জীৱনী: কুমাৰ ভাস্কৰ বৰ্মন – শেষৰজন বৰ্মন ৰজা | Kumar Bhaskar Varman

কুমাৰ ভাস্কৰ বৰ্মন | Kumar Bhaskar Varman Essay in Assamese | Biography of Kumar Bhaskar Varman in Assamese | কুমাৰ ভাস্কৰ বৰ্মন বিষয়ে জীৱনী | কুমাৰ ভাস্কৰ বৰ্মন বিষয়ে ৰচনা | কুমাৰ ভাস্কৰ বৰ্মনৰ চমু পৰিচয়।

Join Telegram channel

অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ। অন্যহাতে পৌৰাণিক বা প্ৰাচীন সাহিত্যত অসমৰ নাম উল্লেখ আছিল কামৰূপ বা কমতাপুৰ বুলি। পৰৱৰ্তী সময়ত আহোম শাসনৰ সপ্তদশ শতিকাৰ মাজভাগৰ পৰা এই ভূ-খণ্ড ‘অসম’ নামেৰে পৰিচিত হয়। ‘বৰ্মন’ বংশ হ’ল প্ৰাচীন অসমৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশ। এই বৰ্মন বংশৰে এজন সু-প্ৰসিদ্ধ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন (Kumar Bhaskar Varman)। 

কুমাৰ ভাস্কৰ বৰ্মন

কুমাৰ ভাস্কৰ বৰ্মন জীৱনী | Kumar Bhaskar Varman Biography

নাম (Name)কুমাৰ ভাস্কৰ বৰ্মন (Kumar Bhaskar Varman[1])
ৰাজত্ব কাল (Reign)৫৯৪ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দ
পিতৃ (Father)সুস্থিত বৰ্মন

Also Read: জীৱনী: লাচিত বৰফুকন- অসমৰ বীৰ | Lachit Borphukan

কুমাৰ ভাস্কৰ বৰ্মন বংশ ইতিহাস | Family History of Kumar Bhaskar Varman

পুষ্য বৰ্মন আছিল বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাতা। পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰা কামৰূপ ৰাজ্যই হ’ল প্ৰথম ঐতিহাসিক ৰাজ্য। বৰ্মন বংশ‌ প্ৰতিষ্ঠাৰ পৰাই পুৰণি কামৰূপ ৰাজ্যৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়। ১৩ জন ৰজাই ৰাজত্ব কৰা বৰ্মণ ৰাজবংশৰ প্ৰথম ৰজা আছিল পুষ্য বৰ্মন। পুষ্য বৰ্মন আছিল সমুদ্ৰ গুপ্তৰ সম-সাময়িক ৰজা। গুৰুত্বপূৰ্ণ কথা যে বৰ্মন বংশী এজন অন্যতম ৰজা আছিল সুস্থিত বৰ্মণ। সুস্থিত বৰ্মণৰ দুজন পুত্ৰ আছিল। সু-প্ৰতিষ্ঠিত বৰ্মন আৰু কুমাৰ ভাস্কৰ বৰ্মন। পিতৃ সুস্থিত বৰ্মনৰ মৃত্যুৰ পিছত সু প্ৰতিষ্ঠিত বৰ্মনে কামৰূপৰ শাসনভাৰ গ্ৰহণ কৰে। গুৰুত্বপূৰ্ণ কথা যে সুস্থিত বৰ্মণৰ মৃত্যুৰ পিছত গৌড় ৰজাই কামৰূপ আক্ৰমণ কৰিছিল কিন্তু সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মনে সেই আক্ৰমণ প্ৰতিহত কৰে। সুপ্ৰতিষ্ঠিত বৰ্মনে ৫৯৩ খ্ৰীষ্টাব্দৰ পৰা ৫৯৪ খ্ৰীষ্টাব্দলৈ কামৰূপত শাসন কৰে। মাত্ৰ এটা বছৰ শাসন কৰিয়ে মৃত্যুক সাৱটি লোৱা জেষ্ঠ্য ভাতৃ সু প্ৰতিষ্ঠিত বৰ্মনৰ মৃত্যুৰ পিছত ভাস্কৰ বৰ্মনে কামৰূপত শাসন কৰে। ভাস্কৰ বৰ্মন আছিল সেই সময়ৰ ভাৰত বৰ্ষৰ এজন বিখ্যাত ৰজা।

ৰাজত্ব কাল | Reign

৫৯৪ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল কুমাৰ ভাস্কৰ বৰ্মনে। তেওঁ ৫৯৪ খ্ৰীষ্টাব্দত কামৰূপৰ সিংহাসন আৰোহণ কৰিছিল আৰু সুদীৰ্ঘ ৫০ বছৰ অৰ্থাৎ খ্ৰীঃ ৬৫০ লৈকে শাসন কৰিছিল। তেওঁ আছিল বৰ্মন বংশৰ এজন সুদক্ষ শক্তিশালী শাসক। তেওঁক বাণভট্টই কুমাৰ আৰু হিউৱেন চাঙে কুমাৰ ৰজা বুলি অভিহিত কৰিছিল। ভাস্কৰ বৰ্মন আছিল উত্তৰ ভাৰতৰ কনৌজ ৰাজ্যৰ ৰজা হৰ্ষবৰ্দ্ধনৰ সমসাময়িক।

গুৰুত্বপূৰ্ণ কথা যে ভাস্কৰ বৰ্মনে সিংহাসন আৰোহণ কৰা প্ৰাকমুহুৰ্তত গৌড়ৰ শাসক মহাসেন গুপ্ত আৰু শশাঙ্কই পূব দিশৰ কামৰূপ ৰাজ্যৰো একাংশ দখল কৰিছিল। শশাংকৰ হাতত কামৰূপৰ পৰাজয় আৰু পুন্ড্ৰবৰ্ধন হেৰুৱাব লগা হোৱাত কামৰূপৰ মৰ্যাদা অৱনমিত হৈছিল। গতিকে কুমাৰ ভাস্কৰ বৰ্মনে কামৰূপৰ হেৰুৱা মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে গৌড়ৰ বিৰুদ্ধে কুটনৈতিক অভিযান আৰম্ভ কৰিছিল।

অন্যহাতে হৰ্ষবৰ্দ্ধনৰ পূৰ্বৱৰ্ত্তী শাসন কৰ্তা জনৰ নাম আছিল ৰাজ্যবৰ্দ্ধন। ৰাজ্যবৰ্দ্ধনৰ শাসন কালত গৌড় ৰাজ্যৰ ৰজা শশাঙ্কই কনৌজৰ একাংশ অধিকাৰ কৰি লোৱাৰ লগতে দুৰ্ভাগ্যবশতঃ শশাঙ্কৰ সৈতে হোৱা যুদ্ধত ৰাজ্যবৰ্দ্ধনৰ মৃত্যু হৈছিল। 

এইসমূহ কাৰণৰ বাবেই পৰৱৰ্তী সময়ত ভাস্কৰ বৰ্মনে শাসনৰ দায়িত্ব লৈয়ে হৰ্ষবৰ্দ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল আৰু কনৌজৰ ৰজা হৰ্ষবৰ্দ্ধনৰ লগত কুমাৰ ভাস্কৰ বৰ্মনৰ মিত্ৰতা গঢ়ি উঠিছিল। কাৰণ হৰ্ষবৰ্দ্ধনৰো মূল ৰাজনৈতিক শত্ৰু আছিল শশাঙ্ক। যাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মনে ৰাষ্ট্ৰদূত হংসবেগৰ জৰিয়তে হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াওতে ভাস্কৰ বৰ্মনে ভালেমান মূল্যবান বস্তু যেনে অভোগ (Abhoga), জীৱ জন্তুৰ শিঙেৰে তৈয়াৰী অলংকাৰ, মুকুতাৰ মালা, ৰেচম কাপোৰ আদিও প্ৰেৰণ কৰিছিল।

মিত্ৰতাই হৰ্ষবৰ্দ্ধন আৰু ভাস্কৰ বৰ্মনক ৰাজনৈতিক ভাৱে শক্তিশালী কৰি তুলিছিল। এই মিত্ৰতাৰ ফলতেই ভাস্কৰ বৰ্মনে উত্তৰ ভাৰতৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পৰৱৰ্তী সময়ত দুই ৰাজতন্ত্ৰৰ সন্মিলিত সৈন্য বাহিনীয়ে শশাংকৰ ৰাজ্যত আক্ৰমণ কৰিছিল। হৰ্ষবৰ্দ্ধনৰ সম্বন্ধীয় ভাতৃ ভান্দি (banadi) য়ে পশ্চিম দিশৰ পৰা‌ শশাংকৰ গৌড় ৰাজ্য আক্ৰমণ কৰাৰ বিপৰীতে পূব দিশৰ পৰা গৌড় ৰাজ্য আক্ৰমণ কৰিছিল কুমাৰ ভাস্কৰ বৰ্মনে। সন্মিলিত বাহিনীৰ এই আক্ৰমণত তিষ্টিব নোৱাৰি শশাঙ্ক উৰিষ্যালৈ পলাই যায় আৰু তাতে ৬১৯-৬২০ খ্ৰীষ্টাব্দলৈ শাসন কৰে। এই অভিযানত জয়ৰ ফলস্বৰূপে গৌড় ৰাজ্য আৰু তাৰ ৰাজধানী কৰ্ণসুবৰ্ণ ভাস্কৰ বৰ্মনৰ অধীনলৈ যায়। এই ঘটনাৰ স্মৃতি ৰক্ষাৰ্থে ভাস্কৰ বৰ্মনে বিখ্যাত নিধানপুৰ শিলালিপি খন কৰ্ণসুবৰ্ণৰ পৰা প্ৰকাশ কৰে। লগতে ইয়াৰ জৰিয়তে ভৃতি বৰ্মনে পুন্ড্ৰবৰ্ধনত ভূমিদান দিয়া বিষয়টো নিশ্চিত কৰে। 

গুৰুত্বপূৰ্ণ কথা যে কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনৰ লগত কৰা মিত্ৰতাৰ বাবে কামৰূপৰ হেৰুৱা মৰ্যদা পুনৰ লাভ কৰাই নহয় কামৰূপে কেতিয়াও লাভ নকৰা ৰাজনৈতিক গুৰুত্ব তথা ক্ষমতা লাভ কৰে। তদুপৰি কুমাৰ ভাস্কৰ বৰ্মন কনৌজৰ ৰজা হৰ্ষবৰ্দ্ধনে আয়োজন কৰা ধৰ্মসভালৈও নিমন্ত্ৰিত হৈছিল। এই সভাতে হৰ্ষবৰ্দ্ধনে চিনা পৰিব্ৰাজক হিউৱেন চাঙক লগ পায় আৰু কামৰূপ ভ্ৰমণ কৰিবলৈ অনুৰোধ জনাই। হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ অনুৰোধ ৰক্ষা কৰি ৬৪২-৪৩ খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰে আৰু প্ৰায় এটা বছৰ অসমত থাকি অসমৰ বিষয়ে এটা টোকা যুগুত কৰি থৈ গৈছিল। কামৰূপ ৰাজ্য ভ্ৰমণ কৰি হিউৱেন চাঙে লিখা টোকা অনুসৰি সেই সময়ত কামৰূপ ৰাজ্যৰ বিস্তৃতি প্ৰায় ১৭০০ মাইল আৰু ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ বিস্তৃতি প্ৰায় ৬ মাইল আছিল। ইয়াৰ জলবায়ু আছিল শীতল আৰু স্বাস্থ্যকৰ, মাটি আছিল সাৰুৱা। এই দেশৰ মানুহবোৰ আছিল চুটি চাপৰ আৰু তাম বৰণীয়া। মানুহবোৰ সহজ সৰল আৰু সত্যবাদী। ৰজা প্ৰজা সকলো জ্ঞানী আৰু অতিথি পৰায়ণ আছিল। ইয়াৰ মানু্হে দেৱ দেৱীৰ পূজা-অৰ্চনা কৰিছিল। দেশত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ নাছিল।  ভাস্কৰ বৰ্মন হিন্দু ধৰ্মাৱলম্বী লোক আছিল যদিও আন ধৰ্মৰ মানুহকো সমানে শ্ৰদ্ধা কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ভাস্কৰ বৰ্মনৰ অনুৰোধ মৰ্মে হিউৱেন চাঙে নিজ দেশলৈ উভতি গৈ ‘চি ইউ কি’ নামৰ এখন চীনা পুথি সংস্কৃত ভাষালৈ অনুবাদ কৰিছিল। উল্লেখ্য যে হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ আতিথ্যত সন্তুষ্টি লাভ কৰাৰ লগতে কামৰূপ ৰাজ্যৰ শান্তি সমৃদ্ধি দেখি অভিভূত হৈ পৰিছিল। ইয়াৰ ওপৰিও হিউৱেন চাঙে তেওঁৰ টোকাত উল্লেখ কৰিছে যে ভাস্কৰ বৰ্মনে ৰাজ্য শিক্ষা দীক্ষা প্ৰচাৰৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল। উল্লেখ্য যে ভাস্কৰ বৰ্মনৰ চীনা সাহিত্য আৰু দৰ্শনৰ ওপৰতো যথেষ্ট আগ্ৰহ আছিল। হিউৱেন চাঙে কামৰূপক কাম লু পো’ বুলি অভিহিত কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে হিউৱেন চাঙে ভাস্কৰ বৰ্মনক জাতিত ব্ৰাক্ষ্মণ বুলি অভিহিত কৰিছিল অৱশ্যে তেওঁ এই ধাৰণাটো ভুল বুলি কোৱা হয়। কাৰণ তেওঁ জাতিগত ভাৱে ক্ষত্ৰিয় আছিল। 

উল্লেখ্য যে হিউৱেন চাঙ নিজ দেশলৈ উভতি যোৱাৰ সময়ত ভাস্কৰ বৰ্মনে তেওঁক বিভিন্ন বস্তু উপহাৰ হিচাপে প্ৰদান কৰিছিল যদিও সেইসমূহ তেওঁ গ্ৰহণ কৰা নাছিল, কেৱল মাত্ৰ ৰ’দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ এটা বিশেষ ধৰণৰ চালৰ টুপী তেওঁ গ্ৰহণ কৰিছিল। 

ভাস্কৰ বৰ্মন আছিল ধাৰ্মিক, শাস্ত্ৰজ্ঞ আৰু প্ৰতাপী ৰজা। পুৰণি কামৰূপৰ ৰজা সকলৰ ভিতৰত ভাস্কৰ বৰ্মনকে সৰ্বশ্ৰেষ্ঠ ৰজা বুলি অভিহিত কৰা হয়। তেওঁৰ শাসনকালত কামৰূপ ৰাজ্যৰ সন্মান সমগ্ৰ ভাৰততে বিয়পি পৰিছিল। কনৌজ ৰাজ্যৰ ৰজা সম্ৰাট হৰ্ষবৰ্দ্ধনেও ভাস্কৰ বৰ্মনক যথেষ্ট সন্মান কৰিছিল। ভাস্কৰ বৰ্মনৰ ৰাজত্বকাল আছিল প্ৰাচীন অসমৰ এটা গৌৰৱময় অধ্যায়।

গুৰুত্বপূৰ্ণ কথা যে ভাস্কৰ বৰ্মনে ৫৯৪ খ্ৰীষ্টাব্দত শাসনৰ দায়িত্ব লোৱাৰ পৰাই প্ৰাচীন অসমত ভাস্কৰাব্দৰ প্ৰচলন হয়। উল্লেখ্য যে ভাস্কৰাব্দ হ’ল অসমৰ প্ৰথম প্ৰচলিত বৰ্ষপঞ্জী। ইয়াক কামৰূপী চন বুলিও জনা যায়।

বৰ্মণ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মন চিৰকুমাৰ আছিল যাৰ বাবে তেওঁৰ পৰৱৰ্তী সময়ত শাসন কাৰ্য সুচাৰুৰূপে চলাই নিবলৈ কোনো সুযোগ্য উত্তৰাধিকাৰী নাছিল। যাৰ বাবে ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত আনুমানিক ৬৫০ খ্ৰীষ্টাব্দত বৰ্মন বংশৰ ইতি পৰে। ভাস্কৰ বৰ্মনেই আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। ইয়াৰ পৰৱৰ্তী সময়ত শালস্তম্ভ নামৰ এজন বিষয়াই কামৰূপৰ সিংহাসন অধিকাৰ কৰে আৰু শালস্তম্ভ নামৰ এটা ৰাজবংশ প্ৰতিষ্ঠা কৰে।

Also Read: জীৱনী: আইদেউ সন্দিকৈ- অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী | Aideu Handique

সামৰণি | Conclusion

ভাস্কৰ বৰ্মনৰ প্ৰায় ৫০ বছৰীয়া শাসন কাল আছিল প্ৰাচীন অসমৰ ইতিহাসৰ এক গৌৰৱোজ্জল অধ্যায়। গুৰুত্বপূৰ্ণ কথা যে তেওঁৰ ৰাজত্বকালৰ বিষয়ে তেওঁৰ নিজৰ ডুবি আৰু নিধানপুৰৰ তামৰ ফলি, বিহাৰৰ নালন্দাত পোৱা মাটিৰ মোহৰ, কনৌজ ৰাজ্যৰ ৰজা হৰ্ষবৰ্দ্ধনৰ ৰাজ কবি পণ্ডিত বানভট্টৰ দ্বাৰা ৰচিত হৰ্ষচৰিত, হিউৱেন চাঙৰ ভ্ৰমণ বৃত্তান্তত সবিশেষ উল্লেখ আছে। চীনা সমল সমূহত কুমাৰ ভাস্কৰ বৰ্মনক পূব ভাৰতৰ ৰজা বুলি আখ্যা দিয়া হৈছিল। নিধানপুৰৰ তামৰ ফলিত উল্লেখ থকা আছে যে কলি যুগৰ পঞ্জীভূত অন্ধকাৰ আঁতৰ কৰি পৃথিৱীত আৰ্য ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ বাবেই ভাস্কৰ বৰ্মনৰ জন্ম হৈছিল। ইয়াৰ উপৰিও নিধানপুৰৰ তামৰ ফলিত উল্লেখ আছে যে- “তেওঁ বৃহস্পতিৰ দৰে দক্ষ আছিল। তেওঁ ক্ৰুটিবিহীন আছিল আৰু সদায় ন্যায়ৰ পক্ষ লৈছিল। তেওঁ আছিল সৰ্বশ্ৰেষ্ঠ আলোক, সূৰ্যৰ দৰে”। 

ডুবি তামৰ ফলিত উল্লেখ আছে যে ভাস্কৰ বৰ্মনে শাস্ত্ৰ সমূহৰ অৰ্থ আৰু জ্ঞান অৰ্জনৰ জৰিয়তে নিজ বুদ্ধিমত্তাৰ বিকাশ সাধন কৰাৰ লগতে সুমধুৰ আৰু কাব্যিক বাগ্মিতাৰ অধিকাৰী হৈছিল। 

বৰ্মন বংশৰ মুঠ ১৩ জন শাসন কৰ্তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা ভাস্কৰ বৰ্মন আছিল এজন শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী ৰজা। সকলো ধৰ্মৰ প্ৰতি সহিঞ্চুতা প্ৰদৰ্শন কৰা ভাস্কৰ বৰ্মনে তেওঁৰ শাসনকালত ৰাজ্যৰ সামাজিক আৰ্থিক সাংস্কৃতিক আদি সকলো দিশতে সৰ্বাংগীন বিকাশৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল। তেওঁ প্ৰতি সময়ত প্ৰজাৰ মংগলৰ বাবে চেষ্টা কৰিছিল। যাৰ বাবে প্ৰাচীন অসমৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কুমাৰ ভাস্কৰ বৰ্মনক অভিহিত কৰা হয়।

Also Read: জীৱনী: মণিৰাম দেৱান- অসমৰ চাহৰ আৱিষ্কাৰক | Maniram Dewan

FAQ

১) কুমাৰ ভাস্কৰ বৰ্মন কোন আছিল?

উঃ- কুমাৰ ভাস্কৰ বৰ্মন প্ৰাচীন অসমৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশ- বৰ্মন বংশৰ এজন সু-প্ৰসিদ্ধ ৰজা আছিল।  

২) কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনকাল কেতিয়াৰ পৰা কেতিয়ালৈ?

উঃ- ৫৯৪ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দ।

৩) বৰ্মন বংশৰ প্ৰতিস্থাতা কোন আছিল?

উঃ- পুষ্য বৰ্মন।

৪) ভাস্কৰাব্দ কি?

উঃ- ভাস্কৰ বৰ্মনে ৫৯৪ খ্ৰীষ্টাব্দত শাসনৰ দায়িত্ব লোৱাৰ পৰাই প্ৰাচীন অসমত ভাস্কৰাব্দৰ প্ৰচলন হয়। ভাস্কৰাব্দ হ’ল অসমৰ প্ৰথম প্ৰচলিত বৰ্ষপঞ্জী। ইয়াক কামৰূপী চন বুলিও জনা যায়।

৫) বৰ্মন বংশৰ শেষ ৰজা কোন আছিল?

উঃ- কুমাৰ ভাস্কৰ বৰ্মন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top