জতুৱা-ঠাচ আৰু খণ্ডবাক্য আৰু প্ৰশ্নোত্তৰ

জতুৱা-ঠাচ আৰু খণ্ডবাক্য আৰু প্ৰশ্নোত্তৰ is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of জতুৱা-ঠাচ আৰু খণ্ডবাক্য আৰু প্ৰশ্নোত্তৰ

জতুৱা-ঠাচ আৰু খণ্ডবাক্য আৰু প্ৰশ্নোত্তৰ

Join Telegram channel

Also, you can read the Assam TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Objective-type questions online note in these sections as per Assam Competitive exam Syllabus guidelines. These notes are part of Assam TET Assamese Language also. Here we have given জতুৱা-ঠাচ আৰু খণ্ডবাক্য আৰু প্ৰশ্নোত্তৰ of TET, APSC, PNRD, Assam Police, Post Office, other govt. exam for All Objective type questions, You can practice these here.

জতুৱা-ঠাচ আৰু খণ্ডবাক্য

ASSAMESE LANGUAGE

মূৰ :

মূৰ দি উঠ      –      উদগতি কৰা

মূৰ ঘমা      –      চিন্তা কৰা

মূৰ ঘুমা      –      টোপনিওৱা

মূৰামূৰি      –      নিচেই শেষ সময়

কপাল:

কপাল ফুল      –      সৌভাগ্য উপস্থিত হ

কপাল ফুট      –      দুৰ্ভাগ্য উপস্থিত হ

কপাল ধো      –      আশা এৰ

কপাল খা      –      সৌভাগ্য নষ্ট কৰ

কাণ: 

কাণ কটা      –      টেঙৰ

কাণ কৰ      –      মন দি

কাণে কাণ মাৰি      –      কোনোমতে

কাণ থিয় কৰি      –      শুনিবলৈ আগ্ৰহ কৰ

কাণ সমনীয়া      –      ডাঙৰ দীঘল, সমান ওখ

কাণ বাগৰা      –      লোকৰ মুখে মুখে শুনা

কাণ সৰকা মাৰ      –      নুশুনা ভাও জুৰি মনে মনে থাকা

কাণে কাণে      –      মনে মনে

কাণত পঢ়      –      শুন

কাণ দে      –      মন দি শুন

চকু:

চকু কৰ     –      চোৱা, সাৱধানতা ল

চকুত লগা      –      দেখিবলৈ ভাল লগা

চকু পৰ      –      দেখিবলৈ পোৱা

চকু চৰাহ      –      লোকৰ ভাল দেখি বেজাৰ পোৱা

চকুৰ কুটা      –      শক্ৰ

চকু মুদ      –      প্ৰাণ এৰ

চকুত পৰা      –      আকৰ্ষণ কৰা

চকুত লগা      –      শুৱনি

মুখ: 

মুখ নাই      –      গঢ় লগাই কথা ক’ব নাজানে

মুখৰ কথা      –      মিছা আশ্বাস দিয়া কথা

মুখত দে      –      খা

মুখ বান্ধ      –      বাছি খা

মুখ লাগ      –      চকু চৰহা

মুখলৈ চা      –      আশা কৰ

মুখ মাৰ      –       ভাল বস্তু নোখোৱা

একে মুখে ক      –      আনে কোৱা কথাকে কোৱা

হাত: 

হাত দে      –      কৰিবলৈ ধৰ

হাত ধো      –      সম্পৰ্ক এৰ

হাত উঠ      –      ব্যৱসায়ত ক্ৰমে কৃতকাৰ্য হ

হাত পৰ      –      ব্যৱসায়ত ক্ৰমে অৱনতি হ

বৰ হাত      –      দানী

মন:

মন কৰ      –      মনযোগ দে

মনত কৰ      –      সোৱৰ

মন পা      –      আশা পা

মন দে      –      মনোযোগ দে

মন মেল      –     ইচ্ছা কৰ

মনে ধৰ      –      বিশ্বাস হোৱা

মন চা      –      ছল কৰি বুজ ল

মন যা      –      ইচ্ছা লগা

মনবান্ধ      –      আকাংক্ষা ত্যাগ কৰ

মন সামৰ      –      মন নিয়ন্ত্ৰণ কৰ

মনে      –     চিতে-অন্তৰেৰে

মনে মনে      –      গোপনে

ঘৰ:

ঘৰ পাত      –      তিৰোতা বিয়া কৰাই ল

ঘৰ কৰ      –      গৃহস্থালি কৰ

ঘৰ দে      –      গিৰীয়েক-ঘৈণীয়েকক একেলগে থাকিবলৈ দে

পানী:

পানী কৰ      –      নষ্ট কৰ

পানী হ      –      নষ্ট হ

পানীত পৰ      –      অথলে যা

গা:

গা এৰা দে       –      সম্পৰ্ক ৰক্ষা কৰিবলৈ অমান্তি হ

গা কৰ      –      পুষ্ট হ

গা চাই ফুৰ       –       ধুন-পেচ মাৰি ফুৰ

গা থৰা      –      বহুমূত্ৰ ৰোগ হোৱা

গা দাং      –      সুস্থ হ

গা ঘেলা       –       ধুন-পেচ মাৰি ঘূৰি ফুৰা

গা জুৰা      –      ভাল লগা

গা মূৰ ধো      –      ৰজস্বলা অৱস্থাৰ পৰা গা-ধোৱা

গা টঙা      –      নৰীয়াৰ পৰা অলপ ভাল হ

গা ৰ      –      কোনোমতে ৰক্ষা কৰা

গা পাতি ল      –      দায়িত্ব ল

গা বৱ      –      পনীয়াকৈ শৌচ হোৱা

গা বন্ধ হ      –      গৰ্ভৱতী হোৱা

গা নাই      –      শকত নহয়

গা আছে      –      শকত

দাত:

দাত লাগ      –      মুখ লাগ

দাতে ওঠে নলগা      –      কাজিয়া নকৰা

পেট:

পেট পা      –      মনৰ গোপন কথা জনা

পেট ভাটৌ      –      মুখেৰে নকৈ পেটত কথা লৈ ফুৰা মানুহ।

জতুৱা – ঠাচেৰে বাক্য ৰচনা

১। গোট গৰু : (মহা মূর্খ)-সি এটা গোট গৰু।

২। জাকত জিলিকা : (চকুত লগা)-জাকত জিলিকা গাওখন সকলোৰে প্ৰিয়।

৩। চিকা চন্দা : (ভাল বেয়াৰ বিচাৰ কৰা)-এনেকৈ চিকা চন্দাকৈ থাকিলে কি হ’বহ্ল

৪। চাউল উঠ : (জীৱিকা বন্ধ হোৱা)-ৰমেনৰ এইবাৰ চাউল উঠিল।

৫। ছলাহ-মলাহ : (ফাকি-ফুকা দি ফুৰা)-তাৰ ছলাহ মলাহ কথাত কোনেও ভোল নাযায়।

৬। ছাল বাকলি নোহোৱা : (সম্বল নথকা)-এইবাৰৰ বানপানীত তাৰ ছাল বাকলি গ’ল।

৭। জধা মূর্খ : (মহা মূৰ্খ)-মহেন্দ্ৰ এজন জধা মূর্খ লোক।

৮। জয়-জয় ময়-ময় : (ভাল অৱস্থা)-প্ৰাচীন ভাৰতৰ জয়-জয় ময়-ময় অৱস্থা আছিল।

৯। জয় ঢোল কোবোবা : (বেছিকৈ প্ৰকাশ কৰা)-সি পাছ কৰা কথাটো কৈ জয় ঢোল কোবাব ধৰিছে।

১০। আঠুৱাৰ তলৰ মহ : (দুৰ্বল শক্ৰ)-সি এতিয়া আঠুৱাৰ তলৰ মহ।

১১। অজৌ গছৰ বজৌ গুটি : (অতি দুষ্ট)-সি অজৌ গছৰ বজৌ গুটি।

১২। উনৈশত বা বলা : (বিলাস আৰু আনন্দত ঘূৰি ফুৰা)-গাড়ীখন পাই তাৰ উনৈশত বা বলিছে।

১৩। উভত গোৰে নচা : (অত্যাচাৰ কৰা)-টকা হ’লেই উভত গোৰে নাচিব নালাগে।

১৪। এলাই বাদু : (কোনো কামৰ নোহোৱা)-তাৰ দৰে এলাই বাদু মোক নালাগে।

১৫। এৰা-ধৰা : (আপোচমূলক)-এৰা-ধৰাকৈ চলিম।

১৬। পোটক তোল : (প্ৰতিশোধ লোৱা)-এইবাৰ তাৰ পোটক তুলিহে এৰিম।

১৭। পেপুৱা লাগ : (বিবুদ্ধি হোৱা)-বাঘটো দেখি তাৰ পেপুৱা লাগিল।

১৮। বিধি-পথালি : (বাধা দিয়া)-সকলো কামতে সি বিধি পথালি দিয়ে।

১৯। বিনামেঘে বজ্ৰপাত : (অকস্মাৎ হোৱা দুখ)-বাতৰিটো পাই তাৰ বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ’ল।

২০। বাপতি-সাহোন : (পৈত্ৰিক সম্পত্তি)-এই সা-সৰঞ্জামবোৰ মোৰ বাপতি-সাহোন।

২১। ভিকচান ভাগ : (জীৱিকাৰ পথ নাইকিয়া কৰা)-দোকানখন উঠাই দিয়াত তাৰ ভিকচান ভাগিল।

২২। ধোদৰ পচলা : (এলেহুৱা)-সি এটা ধোদৰ পচলা।

২৩। নলে-গলে লগা : (পৰম বন্ধু)-হৰি আৰু মধু একেবাৰে নলে-গলে লগা।

২৪। নলগা জেঙাত লাগ : (অযথা মূৰপাতি লোৱা)-সি নলগা জেঙাত লাগি ভাল পায়।

২৫। নগুৰ-নাগতি : (কষ্ট পোৱা)-এইবাৰ ইলেকছনত বৰ নগুৰ নাগতি হ’লো।

২৬। নপতা ফুকন : (নিজে নিজে ডাঙৰ হোৱা)-এই নপতা ফুকনক কোনে মাতিছে।

২৭। ডলাৰ বগৰী : (এনেয়ে ঘূৰি ফুৰা)-সি এটা ডলাৰ বগৰী।

২৮। ডাল দৰিদ্ৰ : (অতি দুখীয়া)-ডাল দৰিদ্ৰৰ কোনোদিনে সুখ নাই।

২৯। ঠেৰু ছিগা : (নিৰাশ্ৰয়)-সি এতিয়া ঠেৰু ছিগা মানুহ।

৩০। টাটক নাটক : (লগনীয়া)-এনে ধৰণৰ টাটক নাটক কথা ক’লে কোনে বিশ্বাস কৰিব।

৩১। টেটুৱা খা : (ডিঙিত চেপা খোৱা)-সি টেটুৱা খাই কোনো মতেহে বাচিল।

প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। তলত দিয়া জতুৱা-ঠাচবোৰৰ কোনটোৰ লগত পলায় ক্ৰিয়া প্ৰয়োগ হয় ?

(ক) জাৰ।

(খ) জুই।

(গ) কঠ।

(ঘ) কোচ।

উত্তৰ : (ক) জাৰ।

প্ৰশ্ন ২। তলত দিয়া জতুৱা-ঠাচবোৰৰ কোনটো সঙ্গত ?

(ক) বৰষুণ আনে।

(খ) মিতিৰ ধৰে।

(গ) ৰ’দ নামে।

(ঘ) কঠ পাতে।

উত্তৰ : (ক) বৰষুণ আনে।

প্ৰশ্ন ৩। তলত দিয়া জতুৱা-ঠাচৰ বাক্যবিলাকৰ কোনটো শুদ্ধ ?

(ক) সি যি হ’ক মুৰকত আহি ওলাল।

(খ) এই কিতাপখন মোৰ কি কামত আহিব ?

(গ) ফুটবল খেলা ল’ৰাৰ এদনীয়া।

(ঘ) লামডিঙত গাড়ী আধা ঘন্টা থাকে।

উত্তৰ : (গ) ফুটবল খেলা ল’ৰাৰ এদনীয়া।

প্ৰশ্ন ৪। যি খণ্ডবাক্যৰ শব্দবিলাকে সিহঁতৰ সাধাৰণ অৰ্থ এৰি আন অৰ্থ প্ৰকাশ কৰে তাক কি বোলে ?

(ক) জতুৱা খণ্ডবাক্য।

(খ) জতুৱা ঠাচ।

(গ) প্ৰবাদ বাক্য।

(ঘ) প্ৰবচন।

উত্তৰ :(ক) জতুৱা খণ্ডবাক্য।

প্ৰশ্ন ৫। তলত দিয়া জতুৱা-ঠাচৰ কোনটো অৰ্থ অশুদ্ধ ?

(ক) বাটকুৰি বা : ঘনে পতি অহা যোৱা কৰ।

(খ) নাকনি-কাননি কৰ : কষ্ট বা যাতনা দি অস্থিৰ কৰ।

(গ) কাঠ সংস্কাৰ কৰ : মৰা মানুহক দাহন কৰ।

(ঘ) গাই বাই চা : পাচ হোহকা।

উত্তৰ: (ঘ) গাই বাই চা : পাচ হোহকা।

প্ৰশ্ন ৬। মাটিৰ মানুহ বুলিলে বুজায় ?

(ক) মৰা মানুহ।

(খ) দুষ্ট প্ৰকৃতিৰ মানুহ।

(গ) আদবলীয়া মানুহ।

(ঘ) নিচেই হোজা মানুহ।

উত্তৰ : (ঘ) নিচেই হোজা মানুহ।

প্ৰশ্ন ৭। ৰজা নোহোৱাকৈ ৰজাৰ ক্ষমতা চলোৱা লোকক কি বুলি কোৱা হয়-

(ক) উঠি ৰজা।

(খ) ল’ৰা ৰজা।

(গ) নপতা ফুকন।

(ঘ) তলতীয়া ৰজা।

উত্তৰ :(ক) উঠি ৰজা।

প্ৰশ্ন ৮। তলৰ কোনটো বাক্য শুদ্ধ ?

(ক) তলা-নলা পোৱা মানে গুপ্ত কথা জনা।

(খ) চকু মুদা কুলি বুলি কাম নকৰা মানুহক কোৱা হয়।

(গ) অভিপ্ৰায় বুজি নাপালে মন পোৱা বুলি কোৱা হয়।

(ঘ) কথাবোৰ চমুকৈ ক’লে বকোলা মেলা বুলি কোৱা হয়‌।

উত্তৰ : (ক) তলা-নলা পোৱা মানে গুপ্ত কথা জনা।

প্ৰশ্ন ৯। তলৰ কপাল শব্দটোৰ লগত সংগত হোৱা জতুৱা-ঠাচ কোনটো ?

(ক) কপাল ফুল।

(খ) কপাল ধৰ।

(গ) কপাল কৰ।

(ঘ) কপাল আন।

উত্তৰ :(ক) কপাল ফুল।

প্ৰশ্ন ১০। গা শব্দৰ লগত গা শব্দৰে কৰা জতুৱা-ঠাচ এটা হ’ল-

(ক) গা লাগি কৰ।

(খ) গা শকত।

(গ) গা ধো।

(ঘ) গা মোচ।

উত্তৰ : (ক) গা লাগি কৰ।

প্ৰশ্ন ১১। ‘গোট-গৰু’ জতুৱা ঠাচৰ অৰ্থ হৈছে-

(ক) মহামূৰ্খ।

(খ) এটা গৰু।

(গ) গৰু-পোৱালি।

(ঘ) খঙাল লোক।

উত্তৰ : (ক) মহামূৰ্খ।

প্ৰশ্ন ১২। ‘হাত-লৰ’ শব্দৰ অৰ্থ হ’ল-

(ক) ক্ষমতাশালী।

(খ) চোৰ স্বভাৱৰ।

(গ) নম্ৰ স্বভাৱৰ।

(ঘ) হাত লৰোৱা।

উত্তৰ :(খ) চোৰ স্বভাৱৰ।

প্ৰশ্ন ১৩। মানুহজন বৰ হাত দীঘল- এই বাক্যটোৰ অৰ্থ কি ?

(ক) মানুহজনৰ হাত দুখন বৰ দীঘল।

(খ) মানুহজন বৰ দুষ্ট।

(গ) মানুহজন বৰ শান্ত।

(ঘ) মানুহজন বৰ প্ৰভাৱশালী।

উত্তৰ : (ঘ) মানুহজন বৰ প্ৰভাৱশালী।

প্ৰশ্ন ১৪। সি এটা ধোদৰ পচলা- এই বাক্যটোৰ অৰ্থ হৈছে-

(ক) সি এটা দুষ্ট লোক।

(খ) সি বৰ এলেহুৱা।

(গ) সি মহামূর্খ।

(ঘ) সি এটা চোৰ।

উত্তৰ : (খ) সি বৰ এলেহুৱা।

প্ৰশ্ন ১৫। ‘নপতা ফুকন’- শব্দৰ অৰ্থ কি ?

(ক) নিজে নিজে ডাঙৰ বুলি ভবা লোক।

(খ) মূৰ্খ লোক।

(গ) দাম্ভিক লোক।

(ঘ) শান্ত লোক।

উত্তৰ :(ক) নিজে নিজে ডাঙৰ বুলি ভবা লোক।

প্ৰশ্ন ১৬। ‘পানীৰ মিঠৈ’ মানে কি ?

(ক) পানীত উতলাই প্ৰস্তুত কৰা এবিধ মিঠাই।

(খ) সজাই কোৱা গপিয়াল মিছা কথা।

(গ) পানীত ডুবাই খোৱা এবিধ মিঠাই।

(ঘ) পনীয়া মিঠৈ।

উত্তৰ : (খ) সজাই কোৱা গপিয়াল মিছা কথা।

প্ৰশ্ন ১৭। তলত ভুলকৈ অৰ্থ লিখা জতুৱা ঠাচটো বিচাৰি উলিওৱা :

(ক) এলাই বাদু- কঠালৰ মিঠা বাদু।

(খ) বিনামেঘে বজ্ৰপাত- গম নোপোৱাকৈ অহা দুখ-কষ্ট।

(গ) টুপাই বুৰ মাৰ- সমূলি মিছা মাত।

(ঘ) পোটক তোল- প্ৰতিশোধ ল।

উত্তৰ : (ক) এলাই বাদু- কঠালৰ মিঠা বাদু।

প্ৰশ্ন ১৮। তলৰ কোনটো জতুৱা ঠাচৰ অৰ্থ শুদ্ধ ?

(ক) মৰো জীও সো আধিকৈ- কোনোমতে জীয়াই থাকি।

(খ) মুখৰ ছাই গুচা- মুখত লগা ছাইখিনি গুচাই পেলোৱা।

(গ) চাউল সিজোৱা ল- ভাত খা।

(ঘ) মাটি কৰ- নতুনকৈ মাটি কিনা।

উত্তৰ :(গ) চাউল সিজোৱা ল- ভাত খা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top