জৱাহৰলাল নেহৰু ৰচনা | Jawaharlal Nehru Essay in Assamese

জৱাহৰলাল নেহৰু ৰচনা | Jawaharlal Nehru Essay in Assamese

Join Telegram channel

দুৰ্বাৰ সাহসৰ মূর্ত প্রতীক তুমি জৱাহৰলাল

শান্তিদূত নিখিল বিশ্বৰ

তোমাৰ হৃদয় কানন শোভি জাতিষ্কাৰ হোৱা পুষ্প

বিশ্ব কাননত ফুলে জ্যোতিৰূপে

শান্তি প্ৰগতিৰ ৷৷

বিশ্বৰ শান্তি-প্ৰয়াসী মানৱৰ আশাৰ প্ৰতিমূৰ্তি জৱাহৰলাল নেহৰু ভাৰতৰ জাগ্ৰত ন-পুৰুষসকলৰ কৰ্মপ্ৰেৰণাৰ চিৰন্তন প্রতীক। জাতিৰ জনক বাপুজীৰ অহিংসা, প্ৰেম আৰু বিশ্বভ্রাতৃত্বৰ মহান আদর্শ ৰূপায়ণৰ সব্যসাচী নেহৰু বিশ্বৰ এক অবিসম্বাদী ৰাজনীতিবিশাৰদ, মানৱ-প্রেমী আৰু প্ৰগতিৰ জীৱন্ত আদর্শ। স্বাধীন ভাৰতৰ প্ৰাণ প্রতিষ্ঠাতা, শান্তি প্ৰগতিৰ বাটকটীয়া নেহৰুৱে বিশ্ব দৰবাৰত ভাৰতক মৰ্যাদাৰে মহিমামণ্ডিতৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। উদাৰ, বিশাল, আৰু প্ৰগতিশীল দৃষ্টিভংগীৰ অধিকাৰী নেহৰু কৰ্মগ্ৰেৰণাৰো মূর্ত প্রতীক।

জৱাহৰলাল নেহৰু ৰচনা | Jawaharlal Nehru Essay in Assamese

জন্ম আৰু বংশ পৰিচয় | Birth and Lineage Identity

১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে এলাহাবাদ নগৰত নেহৰুৱে সোণৰ চামুচ মুখত লৈ জন্মগ্রহণ কৰিছিল৷ দেউতাক মতিলাল নেহৰু আছিল লব্ধ প্রতিষ্ঠ আইনজ্ঞ আৰু বিখ্যাত ৰাজনীতিবিদ! মাতৃ স্বৰূপৰাণী নেহক আছিল এগৰাকী মহাধর্মপৰায়ণা মহিলা। নেহৰুৱে পিতৃৰপৰা দুৰ্বাৰ সাহসিকতা, স্পষ্টবাদিতা, সত্যপৰায়ণতা আৰু দেশপ্ৰেম; আৰু মাতৃৰপৰা দয়া, ক্ষমা, শান্তি, স্নেহ-প্রীতি আদি সুকুমাৰ গুণবাজি লাভ কৰিছিল।

Read Also: মাদাৰ টেৰেছা ৰচনা | Mother Teresa Essay in Assamese

শিক্ষা

দেউতাকৰ ইচ্ছানুসৰি মাত্ৰ ১৫ বছৰ বয়সতে উচ্চ শিক্ষা লাভৰ কাৰণে নেহৰু বিলাতলৈ যাত্ৰা কৰে আৰু “হেৰো” বিদ্যালয়ত ভর্তি হয়। তাৰ পাছত ১৯০৭ চনত কেম্ব্রিজ “ট্রিনিটি” কলেজত ভর্তি হয় আৰু ১৯১০ চনত ৰসায়ন, ভূ-তত্ত্ব আৰু উদ্ভিদ বিদ্যাত অনাৰ্ছসহ ডিগ্রী লাভ কৰে। সেই সময়তে তেওঁ ফ্রান্স আৰু জাৰ্মানীও ভ্ৰমণ কৰে আৰু পাছত “ইনাৰ টেস্পল”ৰ বেৰিষ্টাৰী ডিগ্ৰী লৈ ১৯১২ চনত সগৌৰৱে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে৷

কৰ্মজীৱন

স্বদেশলৈ ঘূৰি আহি সেই বছৰেই তেওঁ এলাহাবাদ হাইকোর্টত আইন ব্যৱসায় আৰম্ভ কৰে ৷ কিন্তু যাৰ শৰীৰৰ প্ৰতি শিৰাই স্বাধীনতাৰ তপ্ত ৰুধিৰ চিৰ প্ৰৱাহমান, যাৰ হৃদয়ৰ মৰ্মে মর্মে স্বদেশ প্ৰেমৰ আকুল আৱেগ উচ্ছল স্রোতস্বিনীৰ দৰেই মূৰ্ত প্ৰৱাহিত, তেওঁক আইন ব্যৱসায়ে বন্দী কৰি ৰাখিব পাৰে কেনেকৈ? নেহৰুৱে ১৯১২ চনত বাঁকীপুৰ কংগ্ৰেছ অধিবেশনত আৰু পিছত উত্তৰ প্ৰদেশ কংগ্ৰেছ অধিৱেশনত যোগদান কৰি ভাৰতীয় জাতীয় সংগ্ৰামত প্ৰৱেশ কৰে। ১৯১৫ চনত ইংৰাজ চৰকাৰৰ সংবাদপত্ৰৰ ওপৰত দমননীতিৰ প্রতিবাদ কৰি এলাহাবাদৰ এক জনসভাত তেওঁ জীৱনৰ প্ৰথম বক্তৃতা প্ৰদান কৰে।

স্বাধীনতা সংগ্ৰামত

১৯১৬ চনত তেওঁ কমলা কউৰৰ সৈতে বিবাহ-পাশত আবদ্ধ হয়। সেই বছৰেই নেহৰুৰ জীৱনৰ পট-পৰিৱৰ্তনৰ অবিস্মৰণীয় ঘটনাটি সংঘটিত হয়। লক্ষ্ণৌত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত গান্ধীজীৰ সৈতে প্রথম সাক্ষাতেই আছিল এক অবিস্মৰণীয় স্মৃতি। গান্ধীজীৰ শিষ্যত্ব গ্ৰহণ কৰি তেওঁ জীৱনৰ সৰ্বশক্তি স্বাধীনতাৰ বাবে প্ৰয়োগ কৰিবলৈ দৃঢ় প্রতিজ্ঞা হ’ল। ১৯১৭ চনৰ হোমরুল আন্দোলনত তেওঁ যোগদান কৰিলে। ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ তথ্য সংগ্ৰহত তেওঁ দেশবন্ধু চিত্তৰঞ্জন দাসক সহায় কৰিলে। ১৯২১ চনত প্রিন্স অব্ ৱেলছৰ ভাৰত আগমনত হৰতাল পালন প্রসংগত তেওঁ প্ৰথমবাৰৰ বাবে কাৰাৰুদ্ধ হয়।

১৯২২ চনত বিদেশী বস্তু বৰ্জন আন্দোলন পৰিচালনাৰ অভিযোগত আৰু ১৯৩৩ চনত ৰাজ্য পৰিত্যাগৰ আদেশ অমান্য কৰাৰ অভিযোগত কাৰাৰুদ্ধ হয়। তেওঁ মুক্তি লাভ কৰাৰ পাছতে এলাহাবাদ মিউনিচিপেলিটিৰ সভাপতি নির্বাচিত হয়; তদুপৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকৰূপে নিযুক্ত হয়। ১৯২৮ চনত ছাইমন কমিছনৰ বিৰুদ্ধে শোভাযাত্ৰা পৰিচালনাত পুলিচৰ লাঠিৰ আঘাতত তেওঁ আহত হয়। ইয়াৰ পাছত ১৯৩০ চনত লোণ আইন ভংগ আন্দোলনত যোগদানৰ অভিযোগত ছয় মাহ আৰু কিষাণ সন্মিলনত যোগদানৰ অভিযোগত দুবছৰ কাৰাদণ্ডেৰে দণ্ডিত হয়; ১৯৩১ চনত এলাহাবাদ পৰিত্যাগৰ আদেশ অমান্য কৰাৰ ফলত দুবছৰৰ কাৰাদণ্ডৰ আদেশ হয়। সেই বছৰেই তেওঁৰ পিতৃ মতিলাল নেহৰুৰ বিয়োগ ঘটে।

১৯৩৪ চনত কলিকতা ৰাষ্ট্ৰ বিদ্ৰোহী (ইংৰাজী চৰকাৰ বিৰোধী) বক্তৃতা দিয়াৰ বাবে তেওঁ কাৰাবৰণ কৰিব লগা হয়। ১৯৩৫ চনৰ ছেপ্তেম্বৰ মাহত কাৰামুক্ত হোৱাৰ পাছতে দুহিতা ইন্দিৰাৰ সৈতে ছুইজাৰলেণ্ডত চিকিৎসাধীন হৈ থকা পত্নী কমলা নেহৰুক দেখা কৰেগৈ। কেইমাহমানৰ পাছতে তেওঁৰ পত্নীৰ বিয়োগ ঘটে। মর্মান্তিক শোকত অভিভূত নেহৰুৱে কিছুদিন ৰাজনীতিৰপৰা বিৰত থাকে। কিন্তু দেশৰ মাটিৰ আহ্বানে, জাতিৰ আহ্বানে পুনৰায় তেওঁক টানি আনে ৰাজনীতিৰ বুকুলৈ; ১৯৩৬ চনৰ এপ্ৰিল মাহত লক্ষ্ণৌ কংগ্ৰেছত তেওঁ সভাপতি নির্বাচিত হয়। ১৯৩৮ চনত তেওঁৰ মাতৃৰ বিয়োগ ঘটে। সেই বছৰেই তেওঁ স্পেইন আৰু চীন ভ্ৰমণ কৰে। ১৯৪০ চনত সত্যাগ্রহ আন্দোলনত যোগদানৰ কাৰণে তেওঁ ৪ বছৰৰ বাবে কাৰাদণ্ডেৰে দণ্ডিত হয়। কিন্তু এবছৰৰ পাছতেই মুক্তি লাভ কৰি ছাৰ ষ্টেফ’ৰ্ড ক্রীপ্‌চৰ সৈতে ভাৰতীয় সমস্যা সমাধানৰ আলোচনাত বহে। কিন্তু ক্রীপচ্‌ আলোচনা ব্যৰ্থ হোৱাত ১৯৪২ চনত গান্ধীজীৰ “ভাৰত ত্যাগ” আন্দোলনত সক্রিয় ভূমিকা গ্ৰহণ কৰি কাৰাৰুদ্ধ হয়।

১৯৪৫ চনত মুক্তি লাভ কৰিয়েই আজাদহিন্দ ফৌজৰ বিষয়া আৰু সৈন্যসকলৰ ঐতিহাসিক বিচাৰত তেওঁলোকৰ পক্ষ অৱলম্বন কৰি আইনজ্ঞ হিচাপে ছাৰ তেজবাহাদুৰ চাপ্রুক সহায় কৰি স্বদেশপ্ৰেমৰ চৰম নিদৰ্শন প্ৰদৰ্শন কৰে।

স্বাধীনতা লাভ আৰু প্রধানমন্ত্রিত্ব গ্রহণ

১৯৪৬ চনত তেওঁ চতুৰ্থবাৰৰ বাবে কংগ্ৰেছ সভাপতি নির্বাচিত হয় আৰু সেই বছৰেই আগষ্ট মাহত ভাইচৰয়ৰ আমন্ত্রণক্রমে অন্তৱৰ্তী চৰকাৰৰ উপ-সভাপতি পদত অধিষ্ঠিত হয়। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯ আগষ্ট তাৰিখত তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰে।

প্রধানমন্ত্ৰীৰ দায়িত্বত নেহৰু

বৃটিছৰ দুশ বছৰীয়া শোষণে গৰকি ৰাজহাড় বেঁকা কৰা আৰু সাম্প্রদায়িকতাৰ মহা বিদ্বেষেৰে দ্বিখণ্ডিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী এজনৰ সন্মুখত পৰ্বত প্ৰমাণ হৈ থিয় হৈ থকা সমস্যাবোৰ সমাধান কৰিবলৈ নেহৰুৱে যি কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল, তাৰ তুলনা নাই। দৰিদ্ৰতা, খাদ্যাভাৱ, সাম্প্ৰদায়িক সংঘর্ষ, নিৰক্ষৰতা, নিবনুৱা সমস্যা, বৈদেশিক সমস্যা, আভ্যন্তৰীণ নানা সমস্যা আদি এশ এবুৰি সমস্যাত জৰ্জৰিত ভাৰতক সুস্থিৰ অৱস্থালৈ আনিবলৈ তেওঁ অশেষ কষ্ট স্বীকাৰ কৰিব লগা হৈছিল। সুবিশাল ভাৰতৰ সহস্ৰ সমস্যাৰ সন্মুখীন হৈও অলপো বিচলিত নহৈ প্ৰতি সমস্যাৰ সমাধানৰ উপায় অৱলম্বন কৰি, দেশত শান্তি প্রতিষ্ঠা কৰি প্ৰগতিৰ বিপুল আঁচনিৰে নৱ্য ভাৰত গঢ়াত নেহৰুৰ কৃতিত্ব অসীম। প্ৰতিজন ভাৰত বাসীৰ হৃদয়ৰ অনুভূতিক্ বিপুল প্ৰেৰণাৰে ৰঞ্জিত কৰি, প্ৰত্যেকৰে মন-দিগন্তত শান্তি আৰু প্ৰগতিৰ দেদীপ্যমান জ্যোতিৰ ৰেঙণি বোলাই দি নেহৰুৱে ভাৰতত ৰচনা কৰিলে এক মহামিলনৰ ৰংগভূমি। তদুপৰি দেশৰ আৰু বিশ্বৰ কোটি কোটি সদ্যপ্রস্ফুটিত কমল-সদৃশ, নির্দোষ, নিটোল বিশাল প্ৰতিভাৰ সম্ভাৱনাময় শিশুৰ মংগলৰ কাৰণে নেহৰুৱে যি অৱদান আগবঢ়ালে, তাৰ বাবে তেওঁ চিৰকালৰ কাৰণে হৈ ৰ’ল তেওঁলোকৰ নেহৰু খুৰা।

বিশ্ব-শান্তিৰ অগ্রদূত নেহৰু – ভাৰতৰ প্ৰজ্ঞা আৰু মনীষাই অনাদি কালৰেপৰা যুগে যুগে প্ৰেম আৰু শান্তিৰ যি মহাবাণী বিশ্ব মানৱৰ সন্মুখত দাঙি ধৰি আহিছে, তাৰেই চিৰ জ্যোতিষ্মান জুবলৈ নেহৰু বিশ্বৰ বুকুলৈ ধাবমান হৈছিল অসীম আকাশৰ মুক্ত বুকুত হাজাৰ হাজাৰ শান্তিৰ কপৌ উৰুৱাবলৈ। বাণ্ডুং সন্মিলনৰ পঞ্চশীল নীতিৰ প্ৰবক্তা, নিৰস্ত্ৰীকৰণ প্ৰস্তাৱৰ উদ্ভাৱন কৰ্তা নেহৰুৰ বিশ্ব শান্তিৰ প্ৰচেষ্টাই বিশ্বৰ শত সহস্ৰ মুমূর্ষু জাতিৰ প্ৰাণত সঞ্জীৱনীৰ সঞ্চাৰ কৰিলে । স্বাধীনতা, সাম্য, মৈত্ৰীৰ প্ৰেৰণা যোগালে। বিশ্ব যুদ্ধৰ বিপুল সম্ভাৱনাক বিশ্বৰ বুকুৰপৰা সাময়িকভাৱে হ’লেও অন্তর্হিত কৰিলে। বিভিন্ন ৰাষ্ট্ৰই গোলামীৰ কালিমামুক্ত হৈ প্ৰগতিৰ বাটত খোজ দিলে। নেহৰুৰ বিশ্ব-শান্তিৰ গৌৰৱময় প্রচেষ্টা দেখি অতিশয় অভিভূত আমাৰ একমাত্ৰ ভৰসা; তোমাৰ পদচিহ্নই ভৱিষ্যতৰ পৃথিৱীৰ কক্ষপথ।” আজিৰ শান্তি প্রয়াসী হৈ বিশ্বৰ শ্ৰেষ্ঠ, স্থিতপ্রজ্ঞ বিজ্ঞানী আইনষ্টাইনে নেহৰুক সাৱটি ধৰি কৈ উঠিছিল- “তুমিয়েই পৃথিৱী সেয়েহে নেহেৰুৰ ওচৰত ঋণী।

সাহিত্যিক নেহৰু

জীবনাবসান

বিশাল বাৰিধিৰ দৰেই গভীৰ অথচ কুসুম-কোমল অন্তৰৰ গৰাকী নেহৰুৰ প্ৰতিভা বহুমুখী। প্ৰতিভাৰ যাদুঘৰ আখ্যাৰে যদি তেওঁক অলংকৃত কৰো অলপো ভুল কৰা নহ’ব। এই মহান ৰাজনীতিবিদ, নৱ্য ভাৰতৰ বিশ্বকৰ্মাৰ্জনৰ হিয়া মন্দিৰত সাহিত্য আৰু সংস্কৃতিৰ যি ধাৰা অমৃত প্ৰৱাহী মন্দাকিনী হৈ বৈ আছিল, সি কাৰাগাৰৰ বন্ধনৰ ভেদা-ভেদ কৰি অনন্ত স্রোতেৰে বৈ বৈ “এ লে’টাৰ ফ্ৰম ফাদাৰ টু হিজি ডটাৰ”, “গ্নীচেছ অব্ ৱৰ্ল্ড হিষ্টৰী”, “অ’টো বায়’গ্ৰাফী”, “ডিস্কভাৰী অব্ ইণ্ডিয়া” আদি ৰূপত প্ৰতিভাত হৈ তেওঁক বিশ্বৰ শ্ৰেষ্ঠ সাহিত্যিকসকলৰ আসনত প্ৰতিষ্ঠা কৰিলে। জেল জীৱনৰ নিঃসংগতাই কোনোকালেই তেওঁৰ মন-দিগন্তৰ পৰিধিত ক’লাডাৱৰৰ সৃষ্টি কৰিব পৰা নাছিল; বৰঞ্চ তাৰ পৰিৱৰ্তে সৃষ্টি কৰিছিল বিশাল আৱেগ আৰু অনুভূতিৰ জীৱন্ত প্ৰকাশ। সেয়েহে তেখেতৰ সকলোখিনি গ্ৰন্থই জেল জীৱনতে ৰচিত হৈছিল। প্ৰতিখন গ্ৰন্থই এফালে সাহিত্যৰ অক্ষয় কীৰ্তি আৰু নেহেৰুৰ সুকুমাৰ মনৰ ভাস্কৰ প্ৰতিফলন; আৰু আনফালে তেওঁৰ ঐতিহাসিক চেতনা আৰু দার্শনিক গভীৰ জ্ঞানৰ জীৱন্ত নিদর্শন। ১৯৬৪ চনৰ ২৭ মে’ৰ দিনা এইজনা জাতীয় জীৱন নিৰ্মতাই সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাই ইহলীলা সম্বৰণ কৰে।

Read Also: Class 12 Political Science Solution

সামৰণি

দুৰ্বাৰ সাহসী নেহৰু আছিল সম্পূর্ণ আশাবাদী আৰু সেয়েহে ভাৰতবাসীৰ জীৱনৰ প্ৰতি স্তৰত প্ৰগতিৰ আশাৰ ৰেঙণিকে ৰহণাই তুলিবলৈ তেওঁ আপ্রাণ চেষ্টা কৰিছিল। লগে লগে বিশ্বৰ-দৰবাৰত ভাৰতৰ মৰ্যাদা উত্তৰোত্তৰ বৃদ্ধি কৰি ভাৰত মাতৃক মহিমামণ্ডিতা কৰিবলৈকে তেওঁ জীৱনৰ সকলো শক্তি প্রয়োগ কৰিছিল। বিশ্বত আজি ভাৰতৰ যি স্থান সেয়া নেহৰুৰ অনবদ্য জীৱন নৈবেদ্যৰে জীৱন্ত সাক্ষ্য। তেওঁ জীৱন-জোৰা দুৰ্দ্ধৰ্ষ সংগ্ৰামৰ অবিস্মৰণীয় আদর্শ, কৰ্মপ্ৰেৰণা, দেশ আৰু জাতি গঢ়াৰ আকাশলংঘী আকাংক্ষা, বিশাল হৃদয়ৰ মহান উদাৰতা, শান্তি আৰু প্ৰগতিৰ বিশ্ব-বিনন্দিত কর্মগাথাই জাতীয় জীৱনৰ মংগল-মন্দিৰৰ চিৰন্তন নৈবেদ্য হৈ ৰওক।

আমি আশা কৰিছো জৱাহৰলাল নেহৰু ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ জৱাহৰলাল নেহৰু ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

1 thought on “জৱাহৰলাল নেহৰু ৰচনা | Jawaharlal Nehru Essay in Assamese”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top