জৱাহৰলাল নেহৰু – স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী | Jawaharlal Nehru Biography

জৱাহৰলাল নেহৰু | Jawaharlal Nehru Essay in Assamese | Biography of Jawaharlal Nehru in Assamese | জৱাহৰলাল নেহৰু বিষয়ে জীৱনী | জৱাহৰলাল নেহৰু বিষয়ে ৰচনা | জৱাহৰলাল নেহৰুৰ চমু পৰিচয়।

Join Telegram channel

ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ ইতিহাসত যিসকল ব্যক্তিয়ে প্ৰকাশ কৰা আৰু অনুসৰণ কৰা বিভিন্ন ধাৰণা তথা প্ৰমূল্যই ব্যৱস্থাটোৰ বিৱৰ্তন ঘটাত বিশেষ ভূমিকা পালন কৰিছে সেইসকলৰ ভিতৰত অন্যতম হ’ল- জৱাহৰলাল নেহৰু (Jawaharlal Nehru)। জৱাহৰলাল নেহৰুৰ চিন্তা তথা কাৰ্যৰ জৰিয়তে আগবঢ়োৱা অৱদানে ভাৰতৰ সমূহীয়া জাতীয় চেতনা বিকাশ সাধন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

জৱাহৰলাল নেহৰু

জৱাহৰলাল নেহৰু জীৱনী | Jawaharlal Nehru Biography

নামজৱাহৰলাল নেহৰু (Jawaharlal Nehru[1])
জন্ম চন১৪ নৱেম্বৰ ১৮৮৯ চন
জন্ম স্থানএলাহাবাদ, উত্তৰ প্ৰদেশ
পৰিয়ালপিতৃৰ নাম- মতিলাল নেহৰু
মাতৃৰ নাম- স্বৰূপা ৰাণী
শিক্ষা১) হেৰ’ পাব্লিক স্কুল, কেম্ব্ৰিজ
২) ট্ৰিনিটি কলেজ, কেম্ব্ৰিজ     
বঁটাভাৰত ৰত্ন (১৯৫৫ চন)
মৃত্যু ২৭ মে’, ১৯৬৪ চন

Also Read: জীৱনী: মহাত্মা গান্ধী- জাতিৰ পিতা | Mahatma Gandhi

জৱাহৰলাল নেহৰু প্ৰাৰম্ভিক জীৱন | Early Life of Jawaharlal Nehru

উত্তৰ প্ৰদেশৰ এলাহাবাদ চহৰত ১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে জন্ম গ্ৰহণ কৰিছিল জৱাহৰলাল নেহৰুৱে। জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু  আৰু মাতৃৰ নাম আছিল- স্বৰূপৰাণী নেহৰু। 

শিক্ষা | Education

প্ৰাথমিক শিক্ষা আনুষ্ঠানিক শিক্ষানুষ্ঠানত আহৰণ কৰাৰ পৰিৱৰ্তে ঘৰতে শিক্ষা গ্ৰহণ কৰিছিল জৱাহৰলাল নেহৰুৱে। জৱাহৰলাল নেহৰুক ইংৰাজী ল’ৰাৰ দৰে গঢ়ি তোলাৰ উদ্দেশ্যে মতিলাল নেহৰুৱে চোৱা-চিতাৰ কৰাৰ দায়িত্ব দিছিল এগৰাকী ইংৰাজ মহিলাক। ইয়াৰ পৰৱৰ্তী সময়ত টি. ফাৰ্ডিনাণ্ড ব্ৰুকচ নামৰ লোকক জৱাহৰলাল নেহৰুৰ গৃহশিক্ষক নিযুক্ত কৰিছিল মতিলাল নেহৰুৱে। গৃহ শিক্ষকৰ তত্বাৱধানতেই থেকাৰে, এইচ. জি. ওৱেলছ, স্কট, ডিকেন্স আদি আনেকলোকৰ মূল্যবান ৰচনা সম্ভাৰ জৱাহৰলাল নেহৰুৱে অধ্যয়ন কৰাৰ লগতে সংস্কৃত, হিন্দী আৰু উৰ্দু ভাষাৰ জ্ঞান অৰ্জন কৰাৰ লগতে ৰসায়ন, উদ্ভিদ, পদাৰ্থ বিদ্যাৰ বিষয়েও জ্ঞান অৰ্জন কৰিছিল। 

উচ্চ শিক্ষা গ্ৰহণৰ বাবে ১৫ বছৰ বয়সতে বিলাতলৈ যাত্ৰা কৰা জৱাহৰলাল নেহৰুৱে হেৰ’ পাব্লিক স্কুলত শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯০৭ চনত কেম্ব্ৰিজ “ট্রিনিটি” কলেজত ভৰ্তি কৰে আৰু ইয়াৰ পৰাই অনাৰ্ছ সহ: স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন | Career

উচ্চ শিক্ষা গ্ৰহণ কৰি ১৯১২ চনত ভাৰতলৈ প্ৰত্যাবৰ্তন কৰাৰ পৰৱৰ্তী সময়ত এলাহাবাদ হাইকোর্টত কৰ্মজীৱনৰ পাতনি মেলিছিল। ইয়াৰ ওপৰিও ভাৰতীয় ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰিছিল তেওঁ। 

স্বাধীনতা সংগ্ৰাম | Independence Struggle

গুৰুত্বপূৰ্ণ কথা যে ১৯১২ চনত বাঁকীপুৰত অনুষ্ঠিত হোৱা কংগ্রেছ অধিবেশনত আৰু পৰৱৰ্তী সময়ত উত্তৰ প্রদেশত অনুষ্ঠিত হোৱা কংগ্রেছ অধিৱেশনত যােগদান কৰি ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ লগতে এই স্বাধীনতা সংগ্ৰামৰ অন্যতম নেতালৈ পৰিৱৰ্তন হৈছিল জৱাহৰলাল নেহৰু। 

মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা সংগ্ৰাম খন আগবঢ়ায় লৈ যোৱা ব্যক্তিসকলৰ ভিতৰত জৱাহৰলাল নেহৰু আছিল অন্যতম। ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি সৰ্বমুঠ ৯ বাৰত ৩,২৬২ দিন কাৰাবাস খাটিছিল জৱাহৰলাল নেহৰুৱে। 

সদৌ ভাৰত কংগ্ৰেছ সমিতি | All India Congress Committee

গুৰুত্বপূৰ্ণ কথা যে কাৰাবন্দী হৈ থকা অৱস্থাতো কেইবাখনো গ্ৰন্থ ৰচনা কৰি তেওঁ ভাৰতীয় নাগৰিক সকললৈ উপহাৰ হিচাপে দি গৈছে। ইয়াৰ ওপৰিও ভাৰত বৰ্ষৰ ৰাজনৈতিক চিন্তাৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছিল জৱাহৰলাল নেহৰুৱে। ১৯২৩ চনত সদৌ ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল জৱাহৰলাল নেহৰু। ১৯৪৬ চনত ৬ জুলাইত কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰা জৱাহৰলাল নেহৰুৱে ১৯৫১ চনৰ পৰা ১৯৫৪ চনলৈ একেৰাহে তিনিবছৰৰ বাবে কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। উল্লেখ্য যে জৱাহৰলাল নেহৰুৱে  সভাপতিত্বৰ সময়তেই ভাৰতৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। গৱৰ্ণৰ জেনেৰেল ওৱাভেলে ১৯৪৬ চনৰ ১৭ আগষ্টত সেই সময়ৰ কংগ্ৰেছ সভাপতিয়ে জৱাহৰলালক অন্তৰ্ৱতী চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ মৰ্মে তেওঁ অন্তৰ্ৱতী চৰকাৰ গঠন কৰি নেতা নিৰ্বাচিত হৈছিল, ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰি লৰ্ড মাউণ্ট বেটেনে স্বতন্ত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে জৱাহৰলাল নেহৰুক দায়িত্ব প্ৰদান কৰে।

ৰাজনৈতিক জীৱন | Political Life

১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৬৪ চনৰ ২৭ মে’লৈকে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা জৱাহৰলাল নেহৰুৱে আধুনিক ভাৰতবৰ্ষ নিৰ্মাণৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল। জাতীয়তাবাদক সংকীৰ্ণ দৃষ্টিভংগীৰে বিচাৰ বিশ্লেষণ নকৰি জৱাহৰলাল নেহৰুৱে জাতীয়তাবাদ তথা ৰাজনীতি অধ্যয়নৰ এটা ধৰ্মনিৰপেক্ষ পন্থা বিকাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ বিভিন্ন ধৰ্মীয় গোটৰ মাজত একতা স্থাপন দৃঢ়তাৰে পোষকতা কৰিছিল। 

জৱাহৰলাল নেহৰু আছিল ধৰ্মনিৰপেক্ষ জাতীয়তাবাদৰ ধাৰণাটোৰ এজন মুখ্য পৃষ্ঠপোষক। উল্লেখ্য যে ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী সময়ত জৱাহৰলাল নেহৰুৱে ৰাষ্ট্ৰীয় সংহতি স্থাপন কৰাত গুৰুত্ব আৰোপ কৰিছিল। নেহৰুৱে ভাৰতীয় গণতন্ত্ৰৰ লক্ষ্য ধৰ্মনিৰপেক্ষতা, গণতন্ত্ৰ আৰু সমাজবাদৰ আধাৰত প্ৰতিষ্ঠিত হৈ সমাজৰ প্ৰতিজন ব্যক্তিৰে কল্যাণ সাধন কৰাৰ ওপৰত গুৰুত্ব দিছিল। নেহৰুৱে পোষণ কৰা মতামত অনুসৰি কল্যাণকামী ৰাষ্ট্ৰৰ বৈশিষ্ট্য আছিল ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক সমতা। জৱাহৰলাল নেহৰুৰ কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটোৱে ভাৰতীয় সংবিধানটো স্থান লাভ কৰিছে। ৰাজনৈতিক দৃষ্টিভংগীৰে নেহৰুৱে গুৰুত্ব প্ৰদান কৰা কল্যাণকামী ৰাষ্ট্ৰৰ আধাৰ আছিল- সংসদীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভিত্তিত গঠিত এখন প্ৰতিনিধিত্ব মূলক চৰকাৰৰ ওপৰত থকা বিশ্বাস। জৱাহৰলাল নেহৰুৱে সমতাৰ নীতিত বিশ্বাস কৰিছিল। একেদৰে, তেওঁ সমাজবাদী গণতন্ত্ৰৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছিল।

ইয়াৰ উপৰিও জৱাহৰলাল নেহৰুৱে এটা মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থাৰ পোষকতা কৰিছিল। মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থাই কিছু ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ সহাৱস্থান আৰু আন কোনো কোনো ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ সহাৱস্থানৰ কথা কৈছিল। দেশৰ তিৰক্ষা সামগ্ৰী উৎপাদন কৰা উদ্যোগ আৰু সকলোবোৰ মৌলিক গুৰু উদ্যোগ ৰাষ্ট্ৰই নিয়ন্ত্ৰন কৰিব লাগে বুলি তেওঁ মতপোষণ কৰিছিল।

সমাজৰ প্ৰতিজন ব্যক্তিৰে সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা জৱাহৰলাল নেহৰুৱে গণতন্ত্ৰৰ ধাৰণাটো বিকশিত কৰাৰ ক্ষেত্ৰত পশ্চিমীয়া দাৰ্শনিকৰ দ্বাৰা বিশেষ ভাৱে প্ৰভাৱান্বিত হৈছিল। নেহৰুৰ ব্যক্তি সত্বাৰ ওপৰত থকা বিশ্বাসেই জনতাৰ ওপৰতো বিশ্বাস স্থাপন কৰাত সহায় কৰিছিল। তেওঁ একনায়কত্ববাদী সমাজৰ বিৰোধিতা কৰিছিল। গণতন্ত্ৰক জীৱনৰ এটা পন্থা তথা সামাজিক গাঁথনিৰ আধাৰ বুলি বিবেচনা কৰা জৱাহৰলাল নেহৰুৰ মতে গণতন্ত্ৰ হ’ল এক গতিশীল সমাজ গঠন কৰা প্ৰক্ৰিয়া য’ত প্ৰতিগৰাকী ব্যক্তিকে বিকাশৰ সম্পূৰ্ণ সুযোগ দিব পৰা যায়।

গুৰুত্বপূৰ্ণ কথা যে জৱাহৰলাল নেহৰুৱে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সু-সম্পৰ্ক বিকাশৰ বাবে আন্ত: ৰাষ্ট্ৰীয়তাবাদৰ পৃষ্ঠপোষকতা কৰিছিল। যাৰ বাবে তেওঁ এক বিশ্ব সংঘ (world federation) আৰু বিশ্ব চৰকাৰ (world government) গঢ় দিয়াৰ কথা ব্যক্ত কৰিছিল। য’ত সকলো দেশৰে সমান মৰ্যদা থাকিব আৰু সংঘাত সমাধান কৰি শান্তি প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিখন দেশৰে সমান অধিকাৰ আৰু অংশীদাৰীত্ব থাকিব। ৰাষ্ট্ৰীসংঘৰ নীতি সমূহৰো দৃঢ় সমৰ্থক জৱাহৰলাল নেহৰুৱে বিশ্বাস কৰিছিল যে বিশ্ব সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰসংঘই বিশ্বত শান্তি স্থাপনৰ ক্ষেত্ৰত লোৱা ফলপ্ৰসূ সিদ্ধান্তই আন্তঃৰাষ্ট্ৰীয়তাবাদৰ বিকাশ ঘটাব। জৱাহৰলাল নেহেৰুৱে গোষ্ঠীনিৰপেক্ষ আৰু পঞ্চশীল নীতিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি থকা গভীৰ বিশ্বাসক প্ৰকাশ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে শীতল যুদ্ধৰ সময়ত জৱাহৰলাল নেহৰুৱে গোষ্ঠী নিৰপেক্ষ নীতিৰ উদ্ভাৱন কৰিছিল।

সমগ্ৰ জীৱনত তেওঁ পাৰস্পৰিক সহযোগিতা, সদিচ্ছা, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ ওপৰিও আন্তঃৰাষ্ট্ৰীয়বাদ ধাৰণাৰ জৰিয়তে তেওঁ সমগ্ৰ বিশ্বতে শান্তি আৰু সুৰক্ষা ৰখাৰ পৃষ্ঠপোষকতা কৰিছিল।

Also Read: জীৱনী: সুভাষচন্দ্ৰ বসু- নেতাজী | Subhas Chandra Bose

সমাজলৈ অৱদান | Contribution to the Society

ভাৰতৰ বুৰঞ্জী আৰু ভাৰতৰ ৰাজনৈতিক চিন্তাধাৰালৈ জৱাহৰলাল নেহৰুৰ উল্লেখযোগ্য অৱদান সমূহ হ’ল- Glimpses of world history, Autobiography, The discovery of India, Letters from a Father to His Daughter.

ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা জৱাহৰলাল নেহৰুৱে বিশ্বাস কৰিছিল যে আজি শিশু কাইলৈ দেশৰ ভৱিষ্যতৰ নাগৰিক। শিশুৰ প্ৰতি থকা তেওঁৰ অগাধ ভালপোৱা প্ৰকাশ পাইছিল তেওঁৰ আচৰণ আৰু কাম কাজত। জীৱনৰ বহু সময় শিশুৰ মাজত কটোৱা জৱাহৰলাল নেহৰুৱে প্ৰধান মন্ত্ৰী হিচাপে শিশু কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল। যাৰ বাবে দেশৰ সমগ্ৰ শিশুৰ মাজত তেওঁ পৰিচিত হৈছিল চাচা নেহৰু (নেহৰু খুৰা) নামেৰে। 

১৯৬৪ চনত মৃত্যুবৰণ কৰা জৱাহৰলাল নেহৰুৰ শিশু প্ৰীতিৰ কথা মনত ৰাখিয়েই তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

জৱাহৰলাল নেহৰু আছিল বৃটিছৰ দুশ বছৰীয়া শোষণে গৰকি ৰাজহাড় বেঁকা কৰা আৰু সাম্প্রদায়িকতাৰ মহা বিদ্বেষেৰে দ্বিখণ্ডিত হােৱা ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।  তেওঁ হ’ল ভাৰতৰ জাগ্রত ন-পুৰুষসকলৰ কর্মপ্ৰেৰণাৰ চিৰন্তন প্রতীক আৰু বিশ্বৰ শান্তি-প্রয়াসী মানৱৰ আশাৰ প্রতিমূর্তি। কর্মপ্রেৰণাৰ মূর্ত প্রতীক জৱাহৰলাল নেহৰুৱে উদাৰ, বিশাল, আৰু প্রগতিশীল দৃষ্টিভংগীৰে বিশ্ব দৰবাৰত ভাৰতক মর্যাদাৰে  প্রতিষ্ঠিত কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছিল। 

স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই দৰিদ্রতা, খাদ্যাভাৱ, সাম্প্রদায়িক সংঘর্ষ, নিৰক্ষৰতা, নিবনুৱা সমস্যা, বৈদেশিক সমস্যা, আভ্যন্তৰীণ নানা সমস্যা আদি এশ এবুৰি সমস্যাত জৰ্জৰিত ভাৰতক বিভিন্ন সংঘাত, সমস্যা, প্ৰত্যাহ্বানৰ মাজতো নতুন ৰূপত সজাই তুলিবলৈ বিশেষ উদ্যোগ হাতত লৈছিল।

সমাজ ব্যৱস্থাৰ সকলো স্তৰতে প্ৰগতিৰ সূচনা কৰিবলৈ অহোপুৰুষাৰ্থ কৰা বিশ্ববিখ্যাত নেতা আৰু ভাল ৰাজনৈতিক পুৰুষ বুলি বিশ্বৰ সকলো দেশেই স্বীকাৰ কৰা জৱাহৰলাল নেহৰুক ১৯৫৫ চনত ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰা হৈছিল। 

Also Read: জীৱনী: কুশল কোঁৱৰ- অসমৰ স্বাধীনতা সংগ্ৰামী | Kushal Konwar

সামৰণি | Conclusion

একেৰাহে ১৭ বছৰলৈ কার্য নিৰ্বাহ কৰা জৱাহৰলাল নেহৰু কেৱল এজন ৰাজনীতিজ্ঞই নাছিল তেওঁ আছিল জাতীয় প্ৰেমৰ বাবে অমৰ হোৱা এক সু-বিশাল ব্যক্তিত্বৰ সত্বা, নৱ-প্ৰজন্মৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস। এগৰাকী চিন্তাবিদ, ৰাজনীতিবিদ, সাহিত্যৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু তেওঁৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয় তথা বৰ্তমানো জৱাহৰলাল নেহৰুৰ চিন্তাৰ প্ৰাসংগিকতা সকলোৱে অনুভৱ কৰে। বৰ্তমান ৰাজনৈতিক পশ্চাদগমীতাৰ সময়ত নেহৰুৰ মূল্যবোধৰ ৰাজনীতি অনুকৰণীয় আৰু অনুসৰণীয়।

Also Read: জীৱনী: লালা লাজপত ৰায়- স্বাধীনতা সংগ্ৰামী  | Lala Lajpat Rai

FAQ

১) জৱাহৰলাল নেহৰু কোন?

উঃ- জৱাহৰলাল নেহৰু এজন সক্ৰিয় স্বাধীনতা সংগ্ৰামী আৰু স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী আছিল।

২) জৱাহৰলাল নেহৰুৰ জন্ম কেতিয়া হৈছিল?

উঃ-  ১৪ নৱেম্বৰ ১৮৮৯ চনত।

৩) ‘শিশু দিৱস’ কেতিয়া?

উঃ- জৱাহৰলাল নেহৰুৰ জন্ম দিনটো অৰ্থাৎ ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।

৪)  জৱাহৰলাল নেহৰুক কেতিয়া ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰা হয়?

উঃ- ১৯৫৫ চনত। 

৫) জৱাহৰলাল নেহৰুৰ মৃত্যু কেতিয়া হৈছিল?

উঃ-  ১৯৬৪ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top