Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা

Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা Question Answer can be of great value to excel in the examination.

Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা

Join Telegram channel

Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা Notes cover all the exercise questions in UGC Syllabus. The Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা

SOCIOLOGY

INTRODUCTION TO SOCIOLOGY

সমাজতত্ত্বৰ পৰিচয়

Very Short Question Answer

১। সমাজতত্ত্বৰ পিতৃ বুলি কোৱা হয়-

(ক) আগষ্ট ক ‘ট            

(খ)মেকআইভাৰ

(গ) ৰবাৰ্ট পার্ক               

(ঘ) এলেক্স ইনকেলচৰ

উত্তৰঃ (ক) আগষ্ট ক ‘ট।

২। ‘সমাজতত্ত্ব আৰু নেতৃত্ব যজা ভগ্নী ৰৰূপ’ – কথাষাৰ কোনে কৈছিল?

(ক) এইচ.ই.হবাৰ্ডে           

(খ) এ. এ. ক্ৰবাৰে

(খ) কিংচলি ডেভিচ         

(ঘ) হেৰি.এম. জনচন

উত্তৰঃ (খ) এ. এ. ক্ৰবাৰে।

৩। অসমত প্ৰথম ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সমাজতত্বক পৃথক বিভাগ হিচাপে কিমান চনত আৰম্ভ হৈছিল ?

(ক) ১৯৪৫              

(খ) ১৯৫১

(গ) ১৯৫০               

(ঘ) ১৯৫২

উত্তৰঃ (খ) ১৯৫১

৪। কিমান চনত বিশ্ববিদ্যালয় অনুদান আয়োগে ভাৰতবৰ্ষত সমাজতত্বৰ গৱেষণা আৰু অধ্যয়নৰ মান নিৰূপনৰ বাবে এখনি পূৰ্ণ নিৰীক্ষণ সমিতি গঠন কৰিছিল ?

(ক) ১৯৬১               

(খ) ১৯৬০

(গ) ১৯৫৯               

(ঘ) ১৯৫৫

উত্তৰঃ (ক) ১৯৬১      

৫। ‘Cost and Tribes of Bengal’ নামৰ গ্ৰন্থখন কোনে লিখিছিল?

(ক) হাৰ্বাটৰিচলে              

(খ) কাৰ্ল মাক্স

(গ) মে’ বেবাৰ                 

(ঘ) ইমাইল দূৰসেইমে

উত্তৰঃ (ক) হাৰ্বাটৰিচলে    

৬। কিমান চনত বম্বে বিশ্ববিদ্যালয়ত সমাজতত্বৰ আৰম্ভণি হৈছিল?

(ক) ১৯১৫           

(খ) ১৯১৪

(গ) ১৯১৮             

(ঘ) ১৯২০

উত্তৰঃ (খ) ১৯১৪

৭। কোনে জ্ঞানৰ তিনিটা স্তৰৰ বিধি প্ৰদান কৰিছিল?

(ক) প্লেটো                

(খ) জি. জি. কটন

(গ) মেক আইভাৰ     

(ঘ) পেজে

উত্তৰঃ (ক) প্লেটো।

৮। এৰিষ্টট’লৰ “Ethics and Republic’ নামৰ গ্ৰন্থৰ যোগেদি কোন দেশৰ ৰাজনীতি, আইন কানুন, নীতি -নিয়ম সামাজিক পদ্ধতি ইত্যাদিবোৰৰ বিষয়ে প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰিছিল?

(ক) ফ্ৰান্স         

(খ) জাৰ্মান

(গ) গ্ৰীচ     

(ঘ) ৰোম

উত্তৰঃ (গ) গ্ৰীচ।

৯। কোন খন গ্ৰন্থক ‘ক্ষুদ্ৰ সমাজতত্ব’ বুলি কোৱা হয়?

(ক) ৰামায়ণ।             

(খ)মহাভাৰত।

(গ) বেদ                 

(ঘ) উপনিষদ।

উত্তৰঃ (খ) মহাভাৰত।

১০। ১৯৬৯ চনত কাৰ সভাপতিত্বত ‘Indian Council of social science research, ICSSR প্ৰতিষ্ঠা কৰা হয়।

(ক) ডি. আৰ. ডেভগিল  

(খ) এন্দ্ৰে বেটেইল

(গ) আলেকজেণ্ডাৰ যোশী  

(ঘ) ইৰাৱতী কাৰ্ভেৰ

উত্তৰঃ (ক) ডি. আৰ. ডেভগিল।

১১। Sociology শব্দটো কোন দুটা ভাষাৰ পৰা অনা হৈছে?

উত্তৰঃ ‘Sociology’ শব্দটো লেটিন শব্দ ‘Socious’ আৰু গ্ৰীক শব্দ Logos ৰ পৰা অনা হৈছে।

১২। Socius আৰু ‘Logos’ শব্দ দুটাৰ অৰ্থ কি?

উত্তৰঃ Socius শব্দৰ অৰ্থ Companion বা Associate অৰ্থাৎ সংগী আৰু Logos শব্দৰ অৰ্থ Study বা Science অৰ্থাৎ বিজ্ঞান।

১৩। ‘Principle of Sociology ‘ নামৰ বিখ্যাত গ্ৰন্থখনৰ লিখক কোন আছিল?

উত্তৰঃ হাৰ্বাট স্পেনচাৰ।

১৪। Herbert Spencer ৰ গুৰুত্বপূৰ্ণ অৱদান কি?

উত্তৰঃ সামাজিক জৈৱিকবাদ।

১৫। ‘Sociology – A Guide to Problems and Literature’ (1971) নামৰ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ চি.বি. বটমৰে।

১৬। ‘The Prince ‘ গন্থখন কাৰ ৰচনা?

উত্তৰঃ মেকিয়াভেলীৰ।

১৭। পোন প্ৰথম বাৰৰ বাবে কিমান চনত ‘সমাজতত্ব” শব্দটো ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ১৮৩৯ চনত ।

১৮। পশ্চিমত সমাজতত্বৰ আৰ্হিভাবৰ পটভূমি হিচাপে কি কি তিনিটা বৌদ্ধিক তথা সামাজিক অৱস্থাক চিহ্নিত কৰা হৈছে?

উত্তৰঃ ইউৰোপৰ জ্ঞানোদয় যুগ, ভৌতিক বিজ্ঞানৰ প্ৰগতি, ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰু ফ্ৰান্সৰ ৰাজনৈতিক তথা সামাজিক বিপ্লৱ।

১৯। “The Spirit of Low” নামৰ গন্থখন কোনে লিখিছিল ?

উত্তৰঃ মন্টেছকিউয়ে।

২০। ‘সমাজতত্ব পিতৃ বুলি কাক অভিহিত কৰা হয়?

উত্তৰঃ আগষ্ট ক’টক।

২১। আগষ্ট ক’টক জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৭৯৮ চনৰ জানুৱাৰীৰ ১৯ তাৰিখে।

২২। “Low of three Stage” ৰ বাখ্যা কোনে আগবঢ়াইছিল?

উত্তৰঃ আগষ্ট ক’ট।

২৩। Main Currents in Sociological Thoughts’ শীৰ্ষক গন্থখন কোনে লিখিছিল?

উত্তৰঃ ৰেয়মণ্ড আৰন।

২৪। অভিধানীকভাৱে ‘সমাজতত্ব’ অৰ্থ কি?

উত্তৰঃ সমাজৰ বিজ্ঞান, অৰ্থাৎ Science of Society ।

২৫। ‘positive Philosophy’ কাৰ ৰচনা?

উত্তৰঃ আগষ্ট ক’টৰ।

২৬। কাৰ্লমাক্স কোন আছিল?

উত্তৰঃ কাৰ্লমাক্স উনৈছ শতিকাৰ জাৰ্মানীৰ এগৰাকী প্ৰখ্যাত চিন্তাবিদ।

২৭। সমাজতত্ত্বৰ সাহিত্যৰ বিকাশলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা আগষ্ট ক ‘টৰ বিখ্যাত গ্ৰন্থ কেইখন কি কি?

উত্তৰঃ ‘Positive philosophy’ (ছয় খণ্ড) আৰু ‘Positive polity’ (চাৰি খণ্ড)

২৮। মেক্স ৱেবাৰ কোন আছিল?

উত্তৰঃ জাৰ্মানীৰ এজন বিখ্যাত দাৰ্শনিক।

২৯। ‘আদৰ্শ প্ৰকৰণ’ নামৰ এক সমাজ তাত্ত্বিক অৱধাৰণাটো কোনে আগবঢ়াইছিল?

উত্তৰঃ মেক্স ৱেবাৰে।

৩০। The protestant Ethics and the Spirit of Capitalism ‘ শীৰ্ষক গন্থখন কোনে আগবঢ়াইছিল?

উত্তৰঃ মেক্স ৱেবাৰে।

৩১। The Division of Labour in society ‘আৰু ‘The rules of sociological Method নামৰ গ্ৰন্থকেইখন কোনে লিখিছিল?

উত্তৰঃ ইমাইল দূৰখেইম নামৰ ফ্ৰান্সৰ সমাজতত্ত্ববিদ জনে ।

৩২। ‘The Suicide’ আৰু The Elementary forms of Religious Life ‘ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক কোন?

উত্তৰঃ ইমাইল দূৰখেইম।

৩৩। ‘Economy and society’ আৰু Methodology of the social Science’ গ্ৰন্থ দুখন কোনে লিখিছিল।

উত্তৰঃ মেক্স ৱেবাৰে।

৩৪। কেতিয়া, ক’ত পোন প্ৰথমে The Indian Sociological Society ” প্ৰতিষ্ঠা হয়?

উত্তৰঃ ১৯৫১ চনত বোম্বেত।

৩৫। অসমত প্ৰথম ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সমাজতত্বক পৃথক বিভাগ হিচাপে কিমান চনত আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৫৬ চনত।

৩৬। কিমান চনত বিশ্ববিদ্যালয় অনুদান আয়োগে ভাৰতবৰ্ষত সমাজতত্বৰ গৱেষণা আৰু অধ্যয়নৰ মান নিৰূপনৰ বাবে এখনি পূৰ্ণ নিৰীক্ষণ সমিতি গঠন কৰিছিল ?

উত্তৰঃ ১৯৬১ চনত।

৩৭। Cost and Tribes  নামৰ গ্ৰন্থখন কোনে লিখিছিল ?

উত্তৰঃ হাবাৰ্ট ৰিছলিয়ে ১৮৯১ চনত।

৩৮। কাৰ প্ৰতিষ্ঠাত কলিকতা বিশ্ববিদ্যালয়ত সমাজতত্ত্বৰ আনুষ্ঠানিক আৰম্ভণি হৈছিল?

উত্তৰঃ বি.এন. শীলৰ নেতৃত্বত।

৩৯। কিমান চনত বম্বে বিশ্ববিদ্যালয়ত সমাজতত্বৰ আৰম্ভণি হৈছিল?

উত্তৰঃ ১৯১৪ চনত ।

৪০। বম্বে বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ত্ব  বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমাজতত্ত্বিক অধ্যয়ন আৰু গৱেষণালৈ বৰঙণি আগবঢ়োৱা কেইজনমান পণ্ডিতৰ নাম লিখা।

উত্তৰঃ কে.এম. কাপাৰিয়া, ইৰাৱতী কাভে, এছ. ডি. কৰণডিকাৰ, এম. এন. শ্ৰীনিবাস, এ. আৰ. দেশাই, জে. পি.দেশাই, এম. এছ . ঘূৰি, ৱাই বি.দানলে।

৪১। শ্ৰীনিবাস আৰু পানিনি (১৯৭৩) ভাৰতবৰ্ষৰ সমাজতত্ত্বৰ বিকাশক তিনিটা প্ৰধান ভাগত ভাগ কৰিছে। সেই ভাগ কেইটা কি কি ?

উত্তৰঃ (ক) ১৭৬৩-১৯০০ খ্ৰীষ্টাব্দ।

(খ) ১৯০১-১৯৫০ খ্ৰীষ্টাব্দ।

(গ) স্বাধীনতা পৰৱৰ্তী সময়ত হমাজতত্ত্ব।

৪২। জি. এছ. ঘূৰেৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ গোবিন্দ সদাশিৱ ঘূৰে।

৪৩। জি. এছ. ঘূৰেৰ দ্বাৰা ৰচিত কেইখন গ্ৰন্থৰ নাম লিখা ?

উত্তৰঃ (ক) Castle and Rate in India (১৯৩২,১৯৬৯). 

(খ) Culture and Society (১৯৪৭).

(গ) Indian Sadhus(১৯৫৩).

৪৪। M.N. Srinivas ৰ সম্পূৰ্ণ নামটো কি লিখা? তেওঁৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ Mysore Narasimhachar Srinivas। তেখেতৰ জন্ম ১৯১৬ চনত হৈছিল।

৪৫। ভাৰতবৰ্ষৰ সমাজতত্ত্বৰ দুজন প্ৰধান বাটকটীয়াৰ নাম উল্লেখ কৰা।

উত্তৰঃ ৰাধা কমল মুখাৰ্জী আৰু জি. এছ. ঘূৰে।

৪৬। সমাজতত্ত্বৰ জন্মদাতা কোন?

উত্তৰঃ আগষ্ট ক ‘ট।

৪৭। ‘মানৱ সমাজ হল সামাজিক সম্বন্ধৰ জাল গাঁথনি স্বৰূপ- কথাষাৰ কোনে লিখিছিল?

উত্তৰঃ মেক আইভাৰ আৰু পেজে লিখিছিল।

৪৮। Division of Labour in Society নামৰ গ্ৰন্থ খন কোনে লিখিছিল?

উত্তৰঃ ইমাইল দূৰখেইম।

৪৯। এজন প্ৰত্যক্ষবাদী সমাজতত্ত্ববিধৰ নাম লিখা । 

উত্তৰঃ আগষ্ট ক ‘ট।

৫০। “বিজ্ঞান মানে জ্ঞান” কথাষাৰ কোনে কৈছিল?

উত্তৰঃ অৰ্গবান আৰু নিমকফে।

৫১। পিটিকিম এ. চ’ৰকিন কোনে চিন্তাধাৰাৰ ভিতৰত পৰে?

উত্তৰঃ সমন্ধয়াত্মক চিন্তাধাৰাৰ।

৫২। “Society : an Introductory Analysis” নামৰ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ মেক আইভাৰ আৰু পেজে লিখিছিল।

৫৩। কোনে জ্ঞানৰ তিনিটা স্তৰৰ বিধি প্ৰদান কৰিছিল?

উত্তৰঃ প্লেটোয়ে।

৫৪। আগষ্ট ক’টে লিখা যিকোনো এখন কিতাপৰ নাম লিখা?

উত্তৰঃ Positive philosophy

৫৫। কিংচলে ডেভিছৰ এখন কিতাপৰ নাম লিখা।

উত্তৰঃ মানৱ সমাজ।

৫৬। সমাজতত্ব অধ্যয়নৰ মতামত দুটা উল্লেখ কৰা।

উত্তৰঃ (ক) স্বৰূপাত্মক বা বিশ্লেষণাত্মক। আৰু 

(খ) সম্বন্ধয়াত্মক চিন্তাধাৰা।

৫৭। সমাজতত্ব আৰু নৃ-তত্ত্ব যমজ ভগ্নী-কথাষাৰ কোনে কৈছিল?

উত্তৰঃ এ. এল. ক্ৰুয়াৰে।

৫৮। দুগৰাকী বুৰঞ্জীবিধৰ নাম লিখা?

উত্তৰঃ জি. জি. কটন আৰু বাৰ হাউত।

৫৯। ঐতিহাসিক বস্তুবাদীতাৰ নাম লিখা ।

উত্তৰঃ কাৰ্লমেক্স

৬০। সমাজতত্ত্বই বৰ্তমান কিহৰ বিষয়ে কোনে কৈছিল ?

উত্তৰঃ সমাজ ঘটনাৱলীৰ বিষয়ে।

৬১। অৰ্থনৈতিক সিদ্ধান্তৰ পিতৃ কোন?

উত্তৰঃ কাৰ্লমেক্স।

৬২। কিমান চনত সমাজতত্ত্ব প্ৰতিষ্ঠা হয়?

উত্তৰঃ ১৮৩৯ চনত।

৬৩। আগষ্ট ক ট কোন দেশৰ দাৰ্শনিক আছিল?

উত্তৰঃ ফ্ৰান্সৰ।

৬৪। The Division of Labour in Society নামৰ গ্ৰন্থখনৰ  লিখক কোন?

উত্তৰঃ ইমাইল দূৰখেইম।

৬৫। সমাজতত্ত্ব আৰু নৃতত্ত্বৰ মাজত থকা এটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ সমাজতত্ত্বৰ পৰিসৰ ব্যাপক , কিন্তু নৃতত্ত্বৰ পৰিসৰ সিমান ব্যাপক নহয়।

৬৬। সমাজতত্ত্ব অধ্যয়ন ক্ষেত্ৰ সম্পৰ্কে ইমাইল দূৰখেইমে বিশেয়াত্মক সম্বয়াত্মক চিন্তাধাৰা সমৰ্থন কৰে ।

উত্তৰঃ সম্বন্ধেয়াত্মক চিন্তাধাৰা।

৬৭। কাৰ্লমেক্সৰ মতে পুঁজিবাদী সমাজ ব্যৱস্থাত দুটা শ্ৰেণী আছে- এটা প্ৰলিটেৰীয়েট, আনটো কি?

উত্তৰঃ বুৰ্জোৱা বা ধনীক শ্ৰেণী।

৬৮। কোনে আৰু কেতিয়া সমাজতত্ত্বৰ বিষয়টোৰ জন্ম দিছিল?

উত্তৰঃ আগষ্ট ক’টে ১৮৩৯ খ্ৰীষ্টাব্দত সমাজতত্ব নামৰ বিষয়টোক জন্ম দিয়ে।

৬৯। “The making of sociology” নামৰ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ Fleeher Ronald.

৭০। ” Basic Concept of Sociology ” নামৰ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ Max Weber(মেক্স ৱেবাৰ)

৭১। Sociology Mcgraw Hill book’ Co নামৰ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ Arnold Green

৭২। “What is Sociology” নামৰ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ Alex Inkeles

৭৩। বিশেয়াত্মক বা স্বৰূপাত্মক চিন্তাধাৰা দুজন সমৰ্থকৰ নাম লিখা ।

উত্তৰঃ জৰ্জ চিমেল, এফ. টনিজ।

৭৪। কোন চনত আৰু কেতিয়া আৰু ক’ত জন্ম লাভ সমাজতত্ত্বই কৰে?

উত্তৰঃ ১৮৩৯ চনত আৰু ফ্ৰান্সত জন্ম লাভ কৰে।

৭৫। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সমাজতত্ব বিষয়টো কেতিয়া অন্তৰ্ভুক্ত কৰে?

উত্তৰঃ ১৯৬৮ চনত।

Short Question Answer

১। আগষ্ট কটৰ মতে সমাজতত্ব কি?

উত্তৰঃ সমাজতত্বৰ জন্মদাতা আগষ্ট কটৰ মতে , “সমাজতত্বই বিভিন্ন সমাজৰ সামাজিক পদ্ধতিৰ প্ৰকৃতি আৰু বিভিন্ন স্বৰূপ সম্পৰ্কে বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰে।

২। সমাজশাস্ত্ৰৰ সংজ্ঞা দিয়া।

উত্তৰঃ (i) সমাজতত্ববিদ মেক্স বেবাৰৰ মতে, -“Sociology is the science, which attempt the interpretative understanding of social action.”, অৰ্থাৎ সমাজতত্ব এনে বিজ্ঞান , যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ বিষয়ে অৰ্থপূৰ্ণ ভাৱে বুজিবলৈ সম্ভৱপৰ হয়।

(ii) ইয়াৰ আৰু মেকৰ মতে, “Sociology is the scientific study of the structure life.” অৰ্থাৎ সমাজতত্ব সামাজিক জীৱন গঠন প্ৰণালীৰ বৈজ্ঞানিক অধ্যয়ন। তেওঁলোকৰ মতে সমাজতত্বই সামাজিক সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰে।

৩। শৈক্ষিক বিষয় হিচাপে সমাজতত্বৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ (ক) সমাজতত্বই মানুহৰ আন্তঃক্ৰিয়া আৰু আত্ম : সম্বন্ধবোৰৰ অৱস্থা আৰু পৰিণতিৰ বিষয়ে অধ্যয়ন কৰে।

(খ) মানুহে সমাজত জীয়াই থাকিবৰ বাবে কৰা সামগ্ৰীৰ সকলোবোৰ ক্ৰিয়া মানুহৰ সম্পৰ্কে জ্ঞান, বিশ্বাস কৰা ইত্যাদি সকলোবোৰ নীতি নিয়মেই ইয়াৰ অধ্যয়নৰ অন্তৰ্গত।

৪। বিজ্ঞানৰ দুটা চৰিত উল্লেখ কৰা।

উত্তৰঃ (ক) বিজ্ঞান সাৰ্বজনীন। আৰু 

(খ) বিজ্ঞান নিৰপেক্ষ।

৫। প্ৰত্যক্ষবাদ দৰ্শনৰ মূল কি?

উত্তৰঃ যিকোনো সামাজিক ঘটনাৰ প্ৰকৃত কাৰণ এই কাৰণবোৰৰ স্বৰূপ, প্ৰকৃতি আৰু উৎস আদিৰ বিষয়ে পৰীক্ষা আৰু প্ৰমাণৰ দ্বাৰা প্ৰকৃত জ্ঞান আহৰণ কৰাটোৱেই হ’ল প্ৰত্যক্ষবাদ দৰ্শনৰ মূলতত্ত্ব।

৬। সমাজতত্বই কি কৰে?

উত্তৰঃ সমাজতত্ত্বই সামাজিক ক্ৰিয়া, সামাজিক সম্বন্ধ আৰু এইবোৰৰ প্ৰকৃত স্বৰূপ , ফলাফল আৰু পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে।

৭। সমন্বয়াত্মক চিন্তাধাৰাৰ দুজন সমৰ্থকৰ নাম লিখা।

উত্তৰঃ ইমাইল দূৰখেইম, হব হাউচ।

৮। সমাজতত্ত্বিক অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে লিখা।

উত্তৰঃ সমাজতত্ত্ব অবিহনে মানুহৰ সামাজিক জীৱনৰ সকলো দিশ সম্পৰ্কে সাধাৰণ ভাবে অধ্যয়ন কৰিব নোৱাৰে।

(ক) মূলতঃ সমাজতত্ত্ব প্ৰয়োগিক বিজ্ঞানৰ পৰিৱৰ্তে এটি সমজবিজ্ঞান হিচাপে হে গঢ়ি উঠিছে। সেই দৃষ্টিভংগীৰে চালে দেখা যায় যে সমাজতত্ত্বই সামাজিক ঘটনা সম্পৰ্কে প্ৰকৃত সত্য উদঘাটন কৰাত মন দিয়ে। সমাজতত্ত্বই সমাজৰ বিভিন্ন দিশ , যেনে – সামাজিক পদ্ধতি, সামাজিক দিশ, সামাজিক সমূহ, সমিতি আদিত প্ৰতিফলিত হোৱা সামাজিক আন্তঃক্ৰিয়া আৰু আন্তঃসম্বন্ধবোৰ অধ্যয়ন কৰোঁতে সামাজিক জীৱনৰ প্ৰকৃত ৰূপটোও আলোচিত হয়। 

(খ) সমাজতত্ত্বই বিভিন্ন ঘটনাৰ আন্তঃসম্বন্ধ আলোচনা কৰাৰ দৰেই এটা সমূহৰ লগত আন এটা সমূহৰ, এটা সম্প্ৰদায়ৰ লগত আন এটা সম্প্ৰদায়ৰ মাজত থকা আন্ত সম্বন্ধৰ স্বৰূপ নিৰ্ণয় কৰে। সমাজতত্ত্বই ঐতিহাসিক আৰু তুলনামূলক পদ্ধতিৰে অধ্যয়ন কৰে স্পষ্টভাৱে সিদ্ধান্ত প্ৰকাশ কৰে।

(গ) সমাজতত্ত্বই মানুহৰ মৰ্যাদা আৰু সহজাত গুণাৱলীৰ বিকাশ সাধন কৰে। সমাজতত্ত্বই মানুহৰ মাজত একতাৰ ভাৱ বঢ়াই তোলে। তদুপৰি মানৱ সংস্কৃতি চহকী কৰাত সমাজতত্ত্বৰ  প্ৰভাৱ অসীম। সামাজিক আচৰণৰ ক্ৰমোন্নতি আদিতো সমাজতত্ত্বই প্ৰভাৱ গুৰুত্বপূৰ্ণ।

(ঘ) সমাজতত্ত্বই সামাজিক জীৱন পদ্ধতি, পৰিবৰ্তন, স্তৰিকৰন আদিৰ জৰিয়তে সমাজৰ সামগ্ৰীক ৰূপটো আলোচনা কৰে আৰু বৈজ্ঞানিক পদ্ধতিৰে সামাজিক সমস্যাৰ বাখ্যা সমাজতত্ত্বই আগবঢ়ায়।

(ঙ) সমাজতত্ত্বই দিনক দিনে ক্ৰমবিকাশ লাভৰ ফলত বহুতো দিশত বিশ্লেষিকৰণ হৈছে। বৃত্তি হিচাপে থকা সমাজতত্ত্বৰ কাৰিকৰী সামৰ্থ ইয়াৰ ঘাই কাৰণ। সমাজতত্ত্বৰ অধ্যায়ৰ বৈজ্ঞানিক পদ্ধতিৰ হোৱাৰ বাবেই উদ্যোগ, নগৰ পৰিকল্পনা, ব্যৱসায়, যাতায়ত, বিজ্ঞাপন, প্ৰশাসন আদি প্ৰয়োজনীয় দিশ ব্যৱহাৰিক দৃষ্টিভংগীৰে অধ্যয়ন কৰিব পৰা গৈছে।

৯। সমাজতত্ত্বিক অধ্যয়নৰ ক্ষেত্ৰত বা পৰিসৰ কি ব্যাখ্যা কৰা।

উত্তৰঃ সমাজতত্ত্বই আলোচনা কৰা বিষয়বস্তুকে সমাজতত্ত্ব অধ্যয়নৰ ক্ষেত্ৰ বুলিব পাৰি। সমাজতত্ত্বই মানৱ সমাজ বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰে যদিও সমাজৰ কোনটো দিশত অধ্যয়ন কৰিব এই লৈ সমাজতত্ববিদ সকলৰ মাজত মতবিৰোধ আছে। সমাজতত্ত্বই মানুহ আন্তঃসম্বন্ধৰ স্বৰূপ আৰু পৰিণতি, সামাজিক জীৱন যাপন, মানুহৰ জ্ঞান-বিশ্বাস আদি সকলো বিষয়বস্তু অধ্যয়ন কৰিব পাৰে, কিন্তু এই সকলো অধ্যয়ন কৰিবলৈ হ’লে সমাজতত্বৰ পৰিসৰ অতি বৃহৎ হৈ পৰিব। গতিকে সমাজতত্ব অধ্যয়নৰ ক্ষেত্র থোৰতে নিৰ্ণয় কৰিব নোৱাৰে। অধ্যয়নৰ ক্ষেত্ৰৰ বিষয়ে সমাজতত্ববিদসকল ঐক্যমতত উপনীত হ’ব পৰা নাই। ফলত অধ্যয়ন ক্ষেত্ৰ সম্পৰ্কে সমাজতত্ববিদসকলৰ মাজত দুটা মতবাদ পোৱা যায়। এই দুটা হ’ল –

(i) (বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাধাৰা। আৰু 

(ii) সমন্ধয়াত্মক চিন্তাধাৰা।

১০।  বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাধাৰাৰ চমু টোকা লিখা ৷

উত্তৰঃ জৰ্জ চিমেল, এফ.টনিজ, স্মল, ভিয়েৰ কাণ্ডট, ৱনৱেইজ, মেক্স ৱেবাৰ আদিয়ে বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাধাৰাৰ পৃষ্ঠপোষকতা কৰে। এই শ্ৰেণীৰ লেখক সকলৰ মতে সমাজতত্বৰ জন্মৰ আগৰে পৰাই ৰাজনীতি বিজ্ঞান; অর্থনীতি বিজ্ঞান, বুৰঞ্জী, ভূগোল, মনোবিজ্ঞান নৃতত্ব বিজ্ঞান আদি সমাজ বিজ্ঞানবিলাকে মানৱ সমাজক একোএকোটা দিশ নিজস্ব দৃষ্টিভঙ্গীৰে ইতিমধ্যেই আলোচনা কৰিছে; কিন্তু কোনো এটা বিষয়েই সামাজিক সম্বন্ধৰ ওপৰত আলোচনা কৰা নাই। সমাজক অধ্যয়ন কৰিবলৈ হ’লে ঘাইকৈ সামাজিক সম্বন্ধ; সম্বন্ধৰ উৎস স্বৰূপ আদিৰ বিশ্লেষণৰক জৰিয়তে সমাজতত্বই স্বতন্ত্ৰ মৰ্যাদা সম্পন্ন বিষয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিব লাগে। ই অন্য কোনো বিষয়ৰ ওপৰত ভেজা দি সমাজৰ বিষয়ে অধ্যয়ন কৰিব নালাগে।

সমাজতত্ববিদ পিটিৰিম চৰকিনে, জৰ্জ চিমেল আৰু এফ.টনিজক স্বৰূপাত্মক চিন্তাধাৰাৰ প্রতিষ্ঠাপক হিচাপে অভিহিত কৰিছে। জৰ্জ চিমেলৰ মতে, সমাজতত্বই সামাজিক সম্বন্ধৰ বিভিন্ন পাৰ্থক্য, বিষয়বস্তু আদিৰ বিষয়ে অধ্যয়ন কৰা উচিত। এনে সামাজিক সম্বন্ধ প্রতিযোগিতা, সংঘৰ্ষ সংগঠন, শ্রম বিভাজন আদিত দেখিবলৈ পোৱা যায়। চিমেলৈ সমাজতত্বক সামাজিক সম্বন্ধৰ বৰ্ণনা, বিশ্লেষণ আৰু শ্ৰেণীকৰণৰ এক বিষয় হিচাপে অভিহিত কৰিছে।

বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাধাৰাৰ অন্যতম পৃষ্ঠপোষক স্মলৰ মতে সমাজতত্বই সমাজৰ সকলোবোৰ অধ্যয়ন নকৰে। সামাজিক সম্বন্ধৰ অধ্যয়নেই সমাজতত্বৰ মূল অধ্যয়ন ক্ষেত্র হোৱা উচিত বুলি স্মলে কৈছে। অৰ্থাৎ সমাজতত্বৰ অধ্যয়নৰ ক্ষেত্ৰ হ’ব সামাজিক সম্বন্ধৰ আচৰণ, কাৰ্যপ্ৰণালী ইত্যাদিৰ উৎপণ্ডিৰ বিষয়ৰ স্বৰূপৰ বিষয়ে অধ্যয়ন কৰা।

অন্যতম সমাজ দাৰ্শনিক মেক্স ৱেবাৰে সমাজতত্বৰ জৰিয়তে সামাজিক ব্যৱহাৰ বিলাক বিশ্লেষণ কৰিব বিচাৰে অৱশ্যে এই সামাজিক সন্বন্ধই গোটেই স্বৰূপটো নুবুজায়। তেওঁৰ মতে সামাজিক সম্বনধ গঢ় লৈ উঠা কোনো এটা সামাজিক ক্ৰিয়াত্মক কৰ্তাৰ অভিপ্ৰায়ৰ সন্দৰ্ভত আনৰ ব্যৱহাৰ নিৰ্ণয় কৰাটোকে সামাজিক ব্যৱহাৰ বোলা হয়।

তেওঁৰ মতে গীৰ্জাঘৰ আৰু ৰাজ্যৰ সাধাৰণ প্ৰজাসকলৰ মাজত কেইটামান বিশেষ সম্ভাৱনাপূৰ্ণ সম্বন্ধৰ মাজেৰে সামাজিক ব্যৱহাৰ প্ৰতিফলিত হয়। সমাজতত্বই এই বিশেষ ৰূপটোৰ বিষয়ে অধ্যয়ন কৰি বিশেষাত্মক চিন্তাধাৰাৰ অন্যতম সমৰ্থক সকলেও সম্বন্ধৰ অধ্যয়নৰ ভিত্তিতেই সমাজক বিশেষভাৱে অধ্যয়ন কৰিব বিচাৰিছে। টনিজে সামাজিক সম্বন্ধৰ স্বৰূপৰ ওপৰতেই সমাজ আৰু সম্প্ৰদায়ৰ মাজত পাৰ্থক্য নিৰূপণ কৰিছে।

চমু অৰ্থত ক’বলৈ হ’লে সমাজতত্ব বিশেষাত্মক বা স্বৰূপাত্মক হ’ব লাগে বুলি চিন্তাধাৰাৰ লোকসকলে ক’ব বিচাৰে। কিন্ত বাস্তৱিকতে সমাজতত্ব বিশেষাত্মক নহয়। কাৰণ সমাজতত্বই ক্ৰমবিৱৰ্তনৰ স্তৰে স্তৰে আগবাঢ়ি আহি থকা বিভিন্ন দিশৰ ওপৰত অধ্যয়ন কৰি সমাজতত্বৰ পৰিসৰ বিস্তৃত কৰিছে।

১১। সমন্ধয়াত্মক চিন্তাধাৰাৰ চমু টোকা লিখা।

উত্তৰঃ অৰ্থনীতি বিজ্ঞান, ইতিহাস, ৰাজনীতি বিজ্ঞান, ভূগোল আদি সমাজ বিজ্ঞানৰ অংশসমূহে মানব সমাজৰ একোটা নিজস্ব দিশত অধ্যয়ন কৰে। সম্বন্ধয়াত্মক চিন্তাধাৰা লেখক সকলৰ মতে সমাজতত্বই সকলে৷ সমাজ বিজ্ঞান বিষয়ৰ মাজত সম্বন্ধ স্থাপন কৰি মানৱ সমাজৰ বিষয়ে অধ্যয়ন কৰিব লাগে।

(i) পদ্ধতিগত আৰু সাধাৰণ সমাজতত্ব।

(i) ঐতিহাসিক সমাজতত্ব এই চিন্তাধাৰাক সমৰ্থন জনাই মৰিছ জিন্সৱাৰ্গেও সমাজতত্বৰ কামক বিভাজন কৰিছে। 

১২। সমাজতত্বৰ প্রকৃতিৰ চমু টোকা লিখা।

উত্তৰঃ আমি আগতেই উল্লেখ কৰি আহিছো যে Socious (সমাজ) আৰু Logos (বিজ্ঞান) ৰ পৰা Sociology অৰ্থাৎ সমাজতত্বৰ উৎপত্তি হৈছে। গতিকে উৎপত্তিৰ ফালৰ পৰা চাবলৈ গ’লে সমাজতত্ব এক বিজ্ঞানধৰ্মী বিষয়। মানব সমাজত সমাজতত্বই বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰে।

১৩। বিজ্ঞানৰ অৰ্থটো কি লিখা।

উত্তৰঃ বিজ্ঞান বুলি ক’লে সাধাৰণ অর্থত বহুতেই পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান আদিৰ কথাই ভাবে যদিও এই ধাৰণা শুদ্ধ নহয়। এইবোৰ সমাজতত্বৰ বাবে একো একোটা বিষয়হে।মানুহে প্রাকৃতিক জগতৰ প্রশ্নবোৰত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ প্ৰয়োগ কৰিবলৈ লোৱা মাথোন দুই বা তিনি শতিকাহে হৈছে। কিন্তু এই কম দিনৰ ভিতৰতে মানুহে সামাজিক জীৱনৰ বিষয়ে যিখিনি জ্ঞান আহৰণ কৰিব পাৰিছে ইয়াৰ আগতে হয়তো দহ হাজাৰ বছৰতো সেইখিনি কৰিব পৰা নাছিল।

১৪। বিজ্ঞান কাক বোলে আৰু বিভিন্ন চিন্তাবিদৰ সংজ্ঞা দিয়া।

উত্তৰঃ সমাজতত্ববিদ আগবাৰ্ন আৰু নিমকফৰ মতে বিজ্ঞান মানে জ্ঞান। জ্ঞান মানে তেওঁলোকে প্ৰকৃত জ্ঞানৰ কথাকে বুজাব বিচাৰিছে। যিকোনো ঘটনা বা বস্তুৰ স্বৰূপ, প্ৰকৃতি, ক্ৰিয়া আৰু অন্যান্য গুণাগুণৰ বিষয়ে পৰীক্ষা আৰু প্ৰমাণৰ জৰিয়তে যি বিশেষ জ্ঞান লাভ কৰা হয় সিয়েই প্ৰকৃত জ্ঞান বা বিজ্ঞান।

১৫। সমাজশাস্ত্ৰৰ উৎপত্তি আৰু ক্ৰমবিকাশ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ সমাজশাস্ত হৈছে মানৱ সমাজৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা এক পূৰ্ণ পৰ্যায়ৰ সমাজ বিজ্ঞান। এই বিষয়টোৰ জন্ম হয় ১৮৩৯ চনত আগষ্ট ক’টৰ হাতত। তেওঁৰ মতে, সমাজ শাস্ত্ৰ হৈছে পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা শাস্ত্র।

সমাজশাস্ত্ৰৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ মূলতে হৈছে ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰু ফ্ৰান্সৰ ৰাজনৈতিক বিপ্লৱৰ সূচনাৰে উদ্ভৱ হোৱা প্ৰত্যক্ষবাদ আৰু প্ৰত্যক্ষবাদী দৰ্শন। প্ৰত্যক্ষবাদ হৈছে নতুন চিন্তা চেতনাৰ উন্মেষণ ৷প্ৰত্যক্ষবাদৰ আৱিৰ্ভাৱৰ মূলতেই আছিল ১৭ শ শতিকাত ইংলেণ্ডত আৰম্ভ হোৱা শিল্প বিপ্লৱ আৰু ফ্ৰান্সৰ ৰাজনৈতিক তথা সামাজিক বিপ্লৱ 

ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰু ফ্ৰান্স ৰাজনৈতিক তথা সামাজিক বিপ্লৱৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ইউৰোপৰ সমাজ ব্যৱস্থাত নানাধৰণৰ পৰিৱৰ্তনৰ সূচনা হয়। পৰিয়াল বিঘটন, কৃষিক্ষেত্ৰত পৰিৱৰ্তন,জীৱন-নিৰ্বাহৰ প্রণালী আদি বিভিন্ন দিশতে এই পৰিৱৰ্তনৰ সূচনা হয়। ইয়াৰ লগে লগে উদ্ভৱ হ’ব ধৰিলে নতুন নতুন মতত উপনিত হয় যে যেতিয়ালৈকে সামাজিক ঘটনাসমূহ বিজ্ঞানসন্মত ভাৱে অধ্যয়ন কৰা নহয়, তেতিয়ালৈকে সমাধানো সম্ভৱ নহয়, এনে পৰিপ্ৰেক্ষিততে আগষ্ট ক’টে সমাজশাস্ত্ৰকে মূল দৰ্শনৰ পৰা পৃথক কৰি আনি সুকীয়াকৈ প্রতিষ্ঠা কৰিলে। সমাজশাস্ত্ৰৰ ক্ৰমবিকাশত ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স আদি দেশৰ অৱদান উল্লেখযোগ্য। এই দেশসমূহত চলোৱা সামাজিক জৰীপ কাৰ্যসমূহে সমাজশাস্ত্ৰৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰে।

সমাজশাস্ত্ৰৰ জৰিয়তে এতিয়ালৈকে বহুখিনি সামাজিক সমস্যাৰ সমাধান কৰিব পৰা গৈছে।তদুপৰি সময়ত অগ্ৰগতিৰ লগে লগে সমাজশাস্ত্ৰৰ অধ্যয়নৰ বিষয়বস্তুৰ পৰিসৰো বৃদ্ধি পাই আহিছে৷ আনহাতে, সমাজশাস্ত্ৰীয় আলোচনাক অধিক বিজ্ঞানসন্মত কৰি তোলাৰ প্ৰচেষ্টাই ক্ৰমবিকাশৰ লগতে জনপ্ৰিয়তা অৰ্জন কৰাতো সহায় কৰিছে।

Essay Type Question Answer

১। ভাৰতবৰ্ষত সমাজতত্ত্বৰ উৎপত্তি আৰু ক্ৰমবিকাশ সম্পৰ্কে এটা ব্যাখ্যা দাঙি ধৰা।

উত্তৰঃ অতি প্রাচীন কালৰে পৰাই সমাজ দাৰ্শনিক সকলে সমাজৰ বিষয়ে অধ্যয়ন কৰি আহিছে যদিও এশ যাঠি বছৰ আগতেহে (১৮৩৯) চনত সমাজতত্ব নামৰ বিষয়টো জন্ম হয়। সত্যতাৰ আৰম্ভণিৰ পৰাই আনুমানিক দৃষ্টিভংগীৰে বহুগৰাকীয়ে সমাজ অধ্যয়ন কৰিছিল। খ্ৰীষ্টপূৰ্বপ্ৰায় পাঁচশ বছৰ পৰা পোন্ধৰ শতিকাৰ শেষলৈ পশ্চিমীয়া চিন্তাবিদ সকলে সমাজ কি ? সমাজৰ কিদৰে গঠন হল সমাজ আৰু ব্যক্তিৰ সম্পৰ্ক , মানৱ সমাজৰ ওপৰত ভৌগোলিক পৰিৱেশৰ প্ৰভাৱ আদি চিন্তা চৰ্চা কৰি কিছুমান সিদ্ধান্ত প্ৰকাশ কৰিছিল। গ্ৰীক দাৰ্শনিক প্লেটোয়ে খ্ৰীষ্টপূৰ্ব ৪২৭ ৰ পৰা ৩৪৭ ৰ ভিতৰত জৈৱিক গাঁথনি অৱধাৰণা প্ৰকাশ কৰে। এই অৱধাৰণাতে, সমাজ আৰু জীৱৰ মাজত থকা সম্পর্ক, সম্পৰ্কে আলোচনা কৰে।

খীষ্টপূৰ্ব ৩৮৪-৩২২ এৰিষ্ট’টলে মানুহক সামাজিক প্রাণী হিচাপে অভিহিত কৰি সামাজিক বিৱৰ্ত্তন, মানুহৰ সামাজিক চৰিত্ৰ সামাজিক শ্ৰেণী আদি সমাজতত্ত্বীয় অৱধাৰণা প্ৰকাশ কৰে।  

ভাৰতবৰ্ষত, বিশেষভাৱে কবলৈ হ’লে সমাজতত্বৰ বিকাশ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি—

(ক) স্বাধীনতাৰ পূৰ্বকালত সমাজতত্বৰ উৎপত্তি আৰু বিকাশ।

(খ) স্বাধীনতাৰ পিছত ৯০ দশকলৈ সমাজতত্ববৰ বিকাশ। আৰু

(গ) শেষত ভাৰতত সমাজতাত্বিক গৱেষণাৰ বিকাশ।

স্বাধীনতাৰ পূৰ্বকালত বা প্ৰাকৃস্বাধীনোত্তৰ কালত সমাজতৰ্ত্বৰ বিকাশ : স্বাধীনোত্তৰ পূৰ্বৰ সমাজতত্বৰ বিকাশৰ কথা উল্লেখ কৰিলে আমি কলিকতা বিশ্ববিদ্যালয়ত ১৯১৭ চনত আনুষ্ঠানিকভাবে আৰম্ভ হোৱা সমাজতত্বৰ কথা উল্লেখ কৰিব পাৰো। এইক্ষেত্ৰত বি: এন. ছীলৰ নাম উল্লেখযোগ্য কিয়নো ছীলৰ প্রত্যক্ষ সহযোগত আৰু প্ৰচেষ্টাত সমাজতত্ত্বৰ বিভাগটো গঢ় লৈ উঠে। ইয়াৰ পিছত বিষয়টোৰ দায়িত্ব লয় ৰাধা কমল মুখ্‌জী আৰু বি, এন.চৰকাৰে । তথাপিতো কলিকতাত সমাজতত্ত্বই ইমান মূৰ দাঙি নুঠে। মুম্বাই বিশ্ববিদ্যালয়ত ১৯১৪ চনত ভাৰত চৰকাৰৰ প্রত্যক্ষ সহযোগত সমাজতনত্ব্বৰ বিকাশ হয়। ১৯১৯ চনত এই বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিভাগ প্ৰতিষ্ঠা কৰে।

এইক্ষেত্ৰত প‍্যাট্ৰিক গিবচৰ নাম উল্লেখযোগ্য যিয়ে জি. এছ.ঘূৰে আৰু এন. এ. তুথি কলগ পাই একেলগে ভাৰতত সমাজতত্ত্বৰ বিকাশৰ বৰঙনি যোগাব সক্ষম হয়। সমাজতত্ত্বৰ সূত্ৰ আৰু গৱেষণাৰ বাবে লক্ষেনৈ বিশ্ববিদ্যালয়ত এটা কেন্দ্ৰ আছিল যত সমাজতত্ত্বৰ পৰিচয় হয় ১৯২১ চনত Department of Economics and Sociology নামেৰে আৰু ইয়াৰ মুৰব্বী অধ্যাপক আছিল ৰাধা কোমল মুখাৰ্জী স্বাধীনতাৰ পৰৱৰ্ত্তী সময়ত সমাজতত্ত্ব : স্বাধীনতাৰ পৰৱৰ্তী সময়ত মুম্বাইত Sociological Societyপ্রতিষ্ঠা হৈছিল আৰু ইয়াৰ Sociological Bulletin এখনো প্রকাশ পাইছিল। ইয়াৰ বাহিৰেও বৃত্তগত আন্তঃক্ৰিয়াৰ বাবে লক্ষেনীৰ স্কুলত All Indian anual Sociological আৰম্ভ হৈছিল। লক্ষেনীৰ মতে গবেষণামূলক প্রচেষ্টা প্রধানকৈ তিনিটা দিশত আগবাঢ়িছিল।সেইকেইটা হ’ল-

(ক) বৃহৎ ৰূপত বিশ্ববিদ্যালয়সমূহত ডক্টৰেট গৱেষণা।

(খ) পৰিকল্পনা আৰু প্ৰশাসকসকলৰ আৱশ্যকতা আৰু পৰিকল্পনা প্রক্ৰিয়াত সমাজতাত্বিক চিন্তা আৰু লগতে গৱেষণাৰ বাস্তৱিকতা অনুভৱ, যাৰ দ্বাৰা গৱেষণা প্ৰকল্পৰ সুবিধা মুকলি হল।

(গ) এই সময়ছোৱাত সমাজ বিজ্ঞানৰ গৱেষণা বৃদ্ধিয়ে গৱেষণা সংস্থা প্ৰতিষ্ঠাত সহায়ক হৈছিল। আকৌ গৱেষণাৰ বিকাশে নিয়োগৰ সুবিধা সকলো পৰ্যায়তে আগবঢ়াইছিল। এই সময়তে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ বিভাগসমূহৰ বৃদ্ধিপাইছিল। তাৰ উপৰিও এই সময়ত বৃত্তিগত দিশত দিগস্তমুখী আৰু অনুভূমিক গতিশীলতাইক্ৰিয়া কৰিছিল। ১৯৫০ চনত সমাজতত্ত্বৰ শিকোৱ৷ কাৰ্যতো ভালদৰে প্রতিষ্ঠিত হয় আৰু ২৪০ ৰ মতে এই সময়ছোৱাত সমাজতত্ত্ব তিনিটা দিশ প্ৰতিফলিত হয়-প্ৰথমটো হৈছে সমাজতত্ত্বই বৃহৎ প্ৰস্তুতি লাভ কৰে।

দ্বিতীয়তে, সমাজতত্ত্বই নিজকে অনন্য বিষয়সমূহৰ যেনে মনোবিজ্ঞান, নৃ-তত্ত্ব  আৰু সামাজিক কামৰ পৰা নিজকে পৃথক কৰে।

তাৰ উপৰি আন কিছুমান বিশ্ববিদ্যালয়ত ( Social Pathology) আৰু সামাজিক মনোবিজ্ঞানক বা সমাজতত্ত্বৰ বিষয়ে অন্তৰ্ভুক্ত কৰে। এই সময়ছোৱাত কিছুমান বিশেষ শাখা যেনে গ্ৰাম্য আৰু নগৰীয়া সমাজতত্ব, স্বজনীয় সমাজতত্ব ধৰ্মীয় সমাজতত্ব, সামাজিক স্তৰীকৰণৰ সমাজতনত্ব, শিক্ষাসমাজতত্ব, ৰাজনৈতিক সমাজতত্ব, চিকিৎসা সমাজতত্ব, সামাজিক জনসংখ্যা আৰু অৰ্থনৈতিক উন্নয়ন সমাজতত্বক আৱিৰ্ভাব হয়।

তৃতীয়তে, এইখিনি সময়তে বিভিন্নতাৰ পাছলৈ সমাজতত্ব সামাজিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত উপলব্ধ হয়।

সত্তৰ দশকত সমাজতত্ত্বৰ বিকাশ :- যোৱ৷ শতিকাৰ সত্তৰ দশকত সমাজতত্ত্বক গৱেষণা আৰু বিশেষীকৃত হোৱাৰ যথেষ্ট পৰিবৰ্তন আহে প্রথমাৱস্থাত গ্ৰাম্য সম্প্ৰদায়ৰ অধ্যয়নে গৱেষণাত গুৰুত্ব প্ৰদান কৰিছিল কিন্তু সত্তৰ দশকত ইয়াৰ আকৰ্ষণ অন্যান্য দিশত যেনে গ্ৰাম বা কৃষক সমাজৰ সম্পৰ্ক ভূমি সংস্থাৰ, কৃষি, কৃষক শ্ৰমিক আৰু অনুসূচীত জাতি জনজাতিয়ে গৱেষক সকলৰ দৃষ্টি আকৰ্ষণ কৰে।গ্রাম সমাজৰ সমস্যাবোৰ মাক্সীয়ে গঠনত পৰ্য্যালোচনা কৰা হয় য’ত সংঘৰ্ষ আৰু পাৰ্থক্যৰ ওপৰত গুৰত্ব দিয়া হয়। এই দশকত গুৰুত্ব লাভ কৰা অন্যান্য বিষয়বোৰ হ’ল ওদ্যোগিক সমাজতত্ত্ব, নগৰীয়া সমাজতত্ত্ব, সামাজিক স্তৰীকৰণ ইত্যাদি। এই সময়ছোৱাতেই বিকাশ হয় বৃত্তিৰ সমাজতত্ত্বৰ সংঘৰ্ষৰ সমাজতত্ত্ব মহিলাৰ অধ্যয়ন আৰু হিন্দু-মুছলমাৰ সম্বন্ধৰ অধ্যায়নো এই দশকতেই নতুন কিছুমানে দিশেৰে জাতি স্বজন পদ্ধতি, ধৰ্ম,ৰাজনীতি আৰু জনজাতি অধ্যয়ন ইত্যাদি ওপৰত গভীৰ আৰু বিস্তৃত অধ্যয়ন আৰম্ভ হয়।

আশীৰ দশকত সমাজতত্ত্বৰ বিকাশ :- আশীৰ দশকত সমাজতত্ত্বৰ বিশেষীকৃত ভাগসমূহ বিভিন্ন দিশত আগবাঢ়ে। সেইবোৰ হ’ল (Sociology of Deviance)পথভ্ৰষ্টতাৰ সমাজতত্ব,জ্ঞানৰ সমাজতত্ত্ব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সমাজতত্ত্ব আৰু বুৰঞ্জীমূলক সমাজতত্ত্ব।এই বিষয়সমূহে আশীৰ দশকত গৱেষণাৰো অন্তৰ্ভুক্ত হয়। ইয়াৰোপৰি গৱেষণাৰ দিশত অন্য কিছুমান ক্ষেই যনে পৰিকল্পনা আৰু উন্নয়ন সমাজতত্ত্ব, বৃত্তিৰ সমাজতত্ত্ব, সংঘৰ সমাজতত্ত্ব, দৰিদ্ৰতাৰ সামাজিক উপকৰণ, আইন আৰু সামাজিক পৰিৱৰ্ত্তন, জাতীয় সংহতিৰ সমাজতত্ব মানৱ সম্পদৰ বিকাশ ইত্যাদিয়ে উৎসাহ লাভ কৰে।

নব্বৈ দশকত সমাজতত্ত্বৰ বিকাশ :- নব্বৈ দশকত গোলকীকৰণ আৰু নব্য অৰ্থনৈতিক নীতি ইত্যাদিৰ ফলত ভাৰতীয় সমাজতত্বৰ পৰিসৰ বৃদ্ধি পায়। লগে লগে কিছুমান বিষয়ে সমাজতত্ত্বৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হয়।যেনে-ইকলজি আৰু সমাজ, মানৱ অধিকাৰৰ বিষয়বস্তু,পৰিচালনাৰ সমাজতত্ব, মানৱ সম্পদৰ বিকাশ,গণমাধ্যম আৰু সমাজ আৰু কাৰ্য্যৰ সমাজতত্ত্ব ইত্যাদি।

ভাৰতবৰ্ষ আৰু সমাজতত্ত্ব গৱেষণা :- ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত সমাজতত্বৰ বিকাশৰ লগে লগে স্বাধীনতাৰ পৰাই সমাজতাত্ববিক গৱেষণাৰ বিভিন্ন দিশ বিকশিত হয়। বহুবোৰ বৃত্তিগত আলোচনীত গৱেষণা পত্র, আৰু প্রবন্ধ প্ৰকাশি পায়। সমাজতত্ত্ববিদ পৰিচালনা কৰা বহুবোৰ অধ্যয়ন বিভিন্ন প্ৰতিনিধিৰ দ্বাৰা পৃষ্ঠপোষকতা সমৰ্থন কৰা হয়। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বহুতো বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগত নতুন নতুন পাঠ্যক্রমৰ বাবে গৱেষণা ক্ষেত্ৰখন বিস্তৃত হৈ পৰিছে।

ঠিক সেইদৰে গৱেষণাৰ পদ্ধতিৰো বহুতো পৰিবৰ্তন আৰু বিকাশ ঘটিছে। পৰিমাণগত পদ্ধতিৰ উপৰিও অন্য কিছুমান গৱেষণা পদ্ধতি যেনে- বুৰঞ্জীমূলক বিশ্লেষণ, নমুনা অধ্যয়ন আৰু আংশিক পৰ্যবেক্ষণৰ বৰ্তমান সময়ত সমাজতত্ত্ববিদ আৰু সামাজিক নৃতত্ববিদসকলে সামাজিক সমস্যাৰ প্ৰকৃতি অধ্যয়ণৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে গ্রহণ কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top