Introduction to Comparative Government and Politics Unit 5 Themes For Comparative Analysis- II

Introduction to Comparative Government and Politics Unit 5 Themes For Comparative Analysis- II, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Comparative Government and Politics Unit 5 Themes For Comparative Analysis- II Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Comparative Government and Politics Unit 5 Themes For Comparative Analysis- II Question Answer can be of great value to excel in the examination.

Introduction to Comparative Government and Politics Unit 5 Themes For Comparative Analysis- II

Join Telegram channel

Introduction to Comparative Government and Politics Unit 5 Themes For Comparative Analysis- II Notes cover all the exercise questions in UGC Syllabus. The Introduction to Comparative Government and Politics Unit 5 Themes For Comparative Analysis- II provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Themes For Comparative Analysis- II

POLITICAL SCIENCE

INTODUCTION TO COMPARATIVE GOVERNMENT AND POLITICS

তুলনামূলক চৰকাৰ আৰু ৰাজনীতিৰ পৰিচয়

১। ব্ৰাজিলৰ যুক্তৰাষ্ট্ৰৰ কেন্দ্রীয় কার্যপালিকা কোন কেইজন ব্যক্তিক লৈ গঠিত।

[The United States of Brazil’s central committee consists of how many people’]

উত্তৰঃ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু কেবিনেট সদস্য সকললৈ লৈ গঠিত।

২। ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ এটা ক্ষমতা উল্লেখ কৰা।

[Mention a power of the president of Brazil.]

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে মন্ত্রীপৰিষদৰ মন্ত্ৰীসকলক নিযুক্তি আৰু বৰ্খাস্ত কৰিব পাৰে।

৩। ব্ৰাজিলৰ যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বিধানমণ্ডলক কি নামে জনা যায়?

[By What name we know the Central Legislature of the United States of Brazil.]

উত্তৰঃ ৰাষ্ট্ৰীয় কংগ্ৰেছ।

৪। ব্রাজিল যুক্তৰাষ্ট্ৰীয় কেন্দ্ৰীয় আইনসভাৰ যুক্তৰাষ্ট্ৰীয় চিনেট কিমানজন সদস্যৰে গঠিত।

[How many members are there in the Senate the federal territory of Brazil.]

উত্তৰঃ ৮১ জন সদস্যক লৈ গঠিক।

৫। ব্ৰাজিলৰ যুক্তৰাষ্ট্ৰৰ নিম্নসদনত কেইজন সদস্য আছে?

[How many members are there in the chamber of Deputies of the Brazilian United States.]

উত্তৰঃ ৫১৩ জন।

ৰচনাধর্মী প্রশ্নোত্তৰ :

১। ব্রাজিলৰ সাংবিধানিক ক্রমবিকাশ সম্পর্কে বহলাই আলোচনা কৰা? [Discuss in detail about the constitutional development of Brazil.]

উত্তৰঃ দুশ মিলিয়নতকৈও অধিক জনসংখ্যাৰে সৈতে ব্রাজিল হৈছে লেটিন আমেৰিকাৰ আটাইতকৈ বেছি জনবহুল ৰাষ্ট্ৰ আৰু সমগ্ৰ বিশ্বৰ,ভিতৰত ইয়াৰ স্থান পঞ্চম। ব্রাজিলৰ অধিকাংশ লোক দক্ষিণ-মধ্য অঞ্চলত বসবাস কৰে য’ত চাও পাওলো, ৰিঅ’ ডে জেনেৰিা আৰু বেল’ হ’ৰিজণ্টেৰ দৰে ওৰ্দ্যোগিক মহানগৰ অৱস্থিত। ২৬ খন ৰাজ্য আৰু এখন যুক্তৰাষ্ট্ৰীয় জিলাৰে সৈতে ব্রাজিল এখন যুক্তৰাষ্ট্ৰীয় গণৰাজ্য। ১৯৮৮ চনৰ সংবিধানখনে যুক্তৰাষ্ট্ৰীয় চৰকাৰক ব্যাপক ক্ষমতা প্রদান কৰিছে য’ত শাসনৰ তিনিটা প্রধান অংগ ক্রমে বিধানমণ্ডল, কার্যবাহী আৰু ন্যায়পালিকাৰ মাজত ক্ষমতাৰ বিভাজন কৰা হৈছিল। ব্রাজিল, ৰাষ্ট্ৰপতিৰ কাৰ্যকাল চাৰি বছৰীয়া যদিও আন এটা কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে। তদুপৰি, ৰাষ্ট্ৰপতিকেই কেবিনেটক নিযুক্তিৰ ক্ষমতা প্ৰদান কৰা হৈছে। ব্রাজিল, সংসদক নেচনেল কংগ্ৰেছৰ অব ব্রাজিল হিচাপে জনা যায় আৰু ইয়াৰ দুই সদন হ’ল ক্ৰমে ফেডাৰেল চিনেট আৰু চেম্বাৰ অব ডেপুটিজক লৈ গঠিত। এই ফেডাৰেল চিনেট হৈছে ব্রাজিলৰ সংসদৰ উচ্চ সদন আৰু চেম্বাৰ অব ডেপুটিজ নিম্ন সদন। সৰ্বমুঠ ৮১ জন চিনেটৰ আৰু চেম্বাৰ অব ডেপুটিজৰ বাবে ৫১৩ জন সদস্য নির্বাচিত কৰিব। এই চিনেটৰসকলৰ কাৰ্যকাল হ’ল ৮ বছৰীয়া। ইয়াৰে দুই-তৃতীয়াংশ আসনৰ বাবে এটা সময়তে নির্বাচন অনুষ্ঠিত হ’ব আৰু বাকী ৰৈ যোৱা এক তৃতীয়াংশৰ কাৰণে চাৰি বছৰৰ পিছত নিৰ্বাচন অনুষ্ঠিত হ’ব। ব্ৰাজিলৰ চেম্বাৰ অব ডেপুটিজৰ কাৰ্যকাল চাৰিবছৰীয়া চেম্বাৰ অব ডেপুটিজৰ নিৰ্বাচন ৰাজ্যসমূহৰ দ্বাৰা সমানুপাতিক প্রতিনিধিত্বৰ জটিল প্ৰক্ৰিয়াৰ ভিত্তিত অনুষ্ঠিত হয়। এই নিৰ্বাচনত প্ৰত্যেক ৰাজ্যই ন্যুনতম আঁঠখন আসনৰ বাবে যোগ্যতা লাভ কৰে আৰু দেশখনৰ বৃহত্তৰ ৰাজ্য হিচাপে চাও পাওলোয়ে সর্বোচ্চ ৭০ সদস্য নির্বাচনৰ যোগ্যতা লাভ কৰে। আসনৰ এই সংৰক্ষণৰ ক্ষেত্ৰত স্থিতিক গুৰুত্ব প্ৰদান কৰা হয়। ব্রাজিলৰ কংগ্ৰেছক বহুকেইটা ৰাজনৈতিক দলে প্রতিনিধিত্ব কৰে।

১৯ শ শতিকাত ব্রাজিলে অত্যন্ত সাবধানতাৰে ইউৰোপৰ পথক অনুসৰণ কৰিছিল। আৰু ফ্ৰান্স-স্পেইনে আগবঢ়োৱা “লেটিন” ধাৰাৰ পৰিৱৰ্তে ইংলিছ চুইডিছে আগবঢ়োৱা “উত্তৰ ইউৰোপীয়” ধাৰাক আঁকোৱালি লৈছিল। ১৫ শ শতিকাৰ পৰা ১৮২২ চনলৈকে পর্তুগালৰ অধীনত ব্রাজিলত গঢ়ি উঠা স্বৈৰাচাৰী চৰকাৰৰ গাঁথনিৰ পৰিৱৰ্তে ব্রাজিলিয়ান সাম্রাজ্যৰ অধীনত গঠিত ভোটাধিকাৰৰ পৰিসৰ আৰু গুৰুত্ব

নিশ্চিতভাৱে অধিক ব্যাপক আছিল। ঔপনিবেশিক শাসনৰ সময়ছোৱাত, সামাজিক পৰিষদ আৰু স্থানীয় বিচাৰপতিসকলেই আছিল একমাত্র নির্বাচিত বিষয়া। কিন্তু ১৮২২ চনত ব্রাজিলে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰভাৱশালী কৃষক শ্ৰেণীটোৱে বৃহৎ পৰিসৰৰ প্ৰতিনিধিত্বমূলক চৰকাৰ গঠনৰ নতুন দাবী উত্থাপন কৰিছিল আৰু ইয়াৰ ফলশ্ৰুতিতেই ১৯২৪ চনৰ সংবিধানত সম্রাট প্রথম পেড্ৰ’এ নগৰপালিকা পৰিষদত এখন ৰাষ্ট্ৰীয় সংসদৰ সংযোগ কৰিছিল।

যদিও ব্রাজিলৰ সংসদ সাধাৰণতে ব্ৰিটেইনৰ আৰ্হিতেই গঠন কৰা হৈছিল, তথাপিও ব্ৰাজিলৰ সাংবিধানিকতাবাদ দেখাতকৈ অধিক বাস্তবধর্মী আছিল। দৰাচলতে, ইয়াৰ শাসনৰ ব্যৱস্থাৱলীত সাংবিধানিক ৰাজতন্ত্ৰতকৈ স্বৈতন্ত্ৰ লগতহে অধিক সাদৃশ্য বিচাৰি পোৱা গৈছিল। ইয়াৰ মূল কাৰণ আছিল সংবিধানে নীতি আৰু কৰ্মচাৰী সংক্রান্তীয় সকলো গুৰুত্বপূর্ণ বিষয়তে সম্রাটক অবাধ হস্তক্ষেপৰ অধিকাৰ প্ৰদান কৰিছিল। ১৮২৪ চনৰ সংবিধানৰ কিছুমান বিশেষ ব্যৱস্থাৱলীয়েই সম্রাট পেড্ৰ’ৰ গণতন্ত্রসম্পর্কে থকা সীমিত বিশ্বাস বা ধাৰণাক প্ৰকাশ কৰিছিল। উদাহৰণস্বৰূপে, সম্রাটে নিজেই ৰাষ্ট্ৰৰ মন্ত্ৰীসকলক আৰু আঞ্চলিক সভাপতি বা মুৰব্বীসকলক নিযুক্তি প্রদান কৰিছিল। তদুপৰি যদিও ৰাষ্ট্ৰৰ পুঁজিৰ ওপৰত সংসদৰ ক্ষমতা আছিল, তথাপিও সম্রাটে এনে বিধেয়কৰ ক্ষেত্ৰত ভেটো প্ৰদান কৰাৰ ক্ষমতা আছিল আৰু প্ৰয়োজন সাপেক্ষে নিম্নসদন চেম্বাৰ অব ডেপুটিজক ভংগও কৰি দিয়াৰ অধিকাৰ লাভ কৰিছিল। ইয়াৰোপৰি, সম্রাটে বিচপ, দণ্ডাধীশ আৰু ৰাষ্ট্ৰদূতসকলক মনোনীত কৰিছিল আৰু যুদ্ধ ঘোষণা কৰা আৰু শান্তি প্রতিষ্ঠা কৰাৰ একেচেটীয়া অধিকাৰ উপভোগ কৰিছিল।

১৮৮৯ চনৰ ১৫ নৱেম্বৰ তাৰিখে ব্রাজিল গণৰাজ্য হিচাপে ঘোষিত। হোৱাৰ পিছত ১৮৯১ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে ইয়াৰ সংবিধান বলবৎ কৰা হৈছিল আৰু এই সংবিধানখন ৪৩ বছৰৰ কাৰণে কাৰ্যকৰী হৈ আছিল। ডঃ গেটুলিঅ’ ভাৰ্গাছএ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ পোন্ধৰ বছৰীয়া কাৰ্যকালত দুটা বিকল্প বলবৎ কৰিছিল— প্ৰথম, ১৯৩৩ চনৰ মে’ মাহত নির্বাচিত সংবিধান সভাই সংবিধানৰ খছৰা প্ৰস্তুত কৰিছিল আৰু পৰৱৰ্তী বছৰৰ জুলাই মাহৰ ১৬ তাৰিখে সেই সংবিধানখন বলবৎ কৰা হৈছিল; দ্বিতীয়, ১৯৩৪ চনৰ সংবিধানৰ সম্পূর্ণ বিপৰীতে ডঃ গেটুলিঅ’ আৰু তেওঁৰ মন্ত্ৰীসকলে চিনেট আৰু চেম্বাৰ আব ডেপুটিজ বন্ধ কৰাৰ ১৯৩৭ চনৰ ১০নৱেম্বৰ তাৰিখটো নিৰ্ধাৰণ কৰিছিল। ডঃ গেটুলিঅ’ৰ এই পদক্ষেপ নিশ্চিতভাৱে গণতান্ত্রিক চৰকাৰ বিৰোধী আৰু একনায়কত্ববাদৰ পৰিচায়ক।

১৯৬৭ চনত বিধানমণ্ডল আৰু ন্যায়পালিকাতকৈ কাৰ্যপালিকাক উৰ্দ্ধত ৰখা হৈছিল। এনে পদক্ষেপে যদিও যুক্তৰাষ্টীয় ব্যৱস্থাক দুর্বল কৰি তুলিছিল, কিন্তু ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি অহা ভাবুকিৰ পৰিপ্ৰেক্ষিততেই এনেকুৱা ৰাজনৈতিক আৰু প্ৰশাসনীয় ক্ষমতাৰ কেন্দ্ৰীভূতকৰণ প্রয়োজনীয় আছিল। অৱশ্যে ১৯৮৮ চনত গ্ৰহণ কৰা সংবিধানত ব্রাজিলে বিকেন্দ্ৰীকৰণ প্ৰৱণতাৰ অধীনত প্ৰতিষ্ঠাৰ দিশত অগ্ৰসৰ হোৱাৰ ইংগিত পোৱা গৈছিল। ১৯৮৫ চনত বাজিলৰ অসামৰিক শাসনৰ গণতান্ত্রিক নেতৃবর্গই সেই সময়ত প্রচলিত সংবিধানখন (১৯৬৭ চনত বলবৎ হোৱা সংবিধান), যিখনত একনায়কত্ববাদৰ বৈশিষ্ট্য প্রতিফলিত হৈ আছে, সেই সংবিধানখন বাতিল কৰি এখন নতুন গণতান্ত্রিক চৰিত্ৰবিশিষ্ট সংবিধান বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এইদৰেই ১৯৮৮ চনত ব্রাজিলৰ সংবিধানত কিছুমান নতুন সমল অন্তর্ভুক্ত কৰিছিল, যাতে দেশত একনায়কত্ববাদৰ পুনৰুখান ৰোধ কৰিব পৰা যায়।

ইয়াৰ পৰৱৰ্তী সময়ৰ ৰাজনৈতিক আৰু অর্থনৈতিক ফলশ্রুতি হিচাপে তিনিটা গুৰুত্বপূৰ্ণ উল্লেখযোগ্য বৈশিষ্ট্য বিচাৰ কৰি উলিয়াব পাৰি-প্ৰথম, ৰাষ্ট্ৰীয় কংগ্ৰেছৰ লগতে যুক্তৰাষ্ট্ৰীয় কাৰ্যপালিকাক অধিক হুমতাশালী কৰি তোলা হৈছিল। দ্বিতীয়তে, কেন্দ্রীয়ভাৱে সংগৃহীত পুঁজি বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ যোগেদি ৰাজ্যসমূহৰ মাজত বিতৰণ অৰ্থাৎ বিত্তীয় যুক্তৰাজ্যবাদ। তৃতীয়তে, অধিকাৰসমূহ ব্যাপকভাৱে গ্ৰহণ কৰা হৈছিল যিটো আছিল ন্যায়িক শাখা আৰু লোক অভিযোক্তাক স্বায়ত্ব শাসন প্ৰদানৰ পদক্ষেপ । তদুপৰি, অধিক শক্তিশালী যুক্তৰাষ্ট্ৰবাদ, বিধানমণ্ডলত এক সবল আৰু উজ্জীৱিত ৰাজনৈতিক পৰিৱেশ আৰু তথাকথিত ৰাজনীতিৰ ন্যায়াধিকৰণ আছিল এই সাংবিধানিক ক্ৰমবিকাশৰ প্রাসংগিক ফলাফল।

২। ব্রাজিলৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কার্যাৱলী সম্পর্কে আলোচনা কৰা। [Discuss the powers and functions of the president of Brazil.]

উত্তৰঃ ব্রাজিলৰ বৰ্তমানৰ সংবিধানখনৰ অনুচ্ছেদ ৮৪ নং ত ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলী সম্পৰ্কে উল্লেখ কৰা হৈছে— 

(ক) ৰাষ্ট্ৰপতিয়ে মন্ত্রীপৰিষদৰ মন্ত্ৰীসকলক নিযুক্তি আৰু বৰ্খাস্ত কৰিব পাৰে।

(খ) তেওঁ, মন্ত্রীপৰিষদৰ সদস্যসকলকৰ সহযোগত যুক্তৰাষ্ট্ৰীয় প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ ব্যৱস্থাপনা কৰিব পাৰে।

(গ) সংবিধানত উল্লেখিত নিয়ম অনুসৰি বা বিধি অনুসৰি-তেওঁ বিধায়িনী প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে।

(ঘ) আইন অনমোদন,বলবৎ আৰু আদেশ দিব পাৰে আৰু ইয়াৰ লগতে এই আইনসমূহ কার্যকৰী কৰিবৰ বাবে অধ্যাদেশ বা নির্দেশনা জাৰি কৰিব পাৰে।

(ঙ) কোনো বিষয়কৰ ওপৰত সম্পূৰ্ণৰূপে বা আংশিকভাবে ভেটো প্ৰদান কৰিব পাৰে।

(চ) অধ্যাদেশ জাৰি কৰণৰ জৰিয়তে যোগেদি যুক্তৰাষ্ট্ৰীয় প্ৰশাসনৰ কার্যালয় বা পদবী খালী হৈ থাকে, তেনে কার্যালয় বা পদবী সমূহ | সংগঠন বা গাঁথনি সৃষ্টি বা বিলোপ কৰিব পাৰে আৰু যদিহে কোনো বিলোপ কৰিব পাৰে।

(ছ) তেওঁ বিদেশী ৰাষ্ট্ৰ লগত সম্পর্ক বৰ্তাই ৰাখে আৰু আন ৰাষ্ট্ৰৰ কুটনীতিবিদসকলক আদৰণি জনায়।

(জ) ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অনুমোদনক্রমে তেওঁ আন্তঃৰাষ্ট্ৰীয় চুক্তি বা আইনত অনুমোদন জনাব-পাৰে বা,আন্তঃৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত থাকিব পাৰে।

(ঝ) সংবিধানৰ প্ৰক্ৰিয়া অনুসৰি বিশেষ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ কাৰ্যকৰীকৰণৰ দিশত আগবাঢ়িব পাৰে।

(ঞ) সংসদ অধিবেশনৰ-আবম্ভণিতে চৰকাৰৰ হৈ কোনো বাৰ্তা প্ৰেৰণ কৰিব পাৰে । ৰাষ্ট্ৰৰ পৰিৱেশ সম্পর্কে ব্যাখ্যা কৰি ৰাষ্ট্ৰীয় কংগ্ৰেছলৈ আলোচনাৰ বাবে কোনো পৰিকল্পনা আগবঢ়াব পাৰে বা প্রয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ জনাব পাৰে। 

(ট) আইনৰ প্ৰক্ৰিয়া অনুসৰি প্ৰয়োজন সাপেক্ষে ক্ষম দান কৰিব পাৰে বা শান্তিৰ পৰিমাণ হ্ৰাস কৰিব পাৰে।

(ঠ) সামৰিক বাহিনীৰ সৰ্বোচ্চ, আদেশ প্রয়োগ কৰিব পাৰে, স্থল, নৌ আৰু বায়ু সেনা বাহিনীৰ উচ্চপদস্থ বিষয়াসকলক নিযুক্তি দিব পাৰে আৰু এই বিষয়াসকলৰ সক্ষমতা অনুসৰি পদোন্নতি প্ৰদান কৰিব পাৰে।

(ড) চিনেটৰ অনুমোদনক্রমে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি দিব পাৰে, প্রাদেশিক ৰাজ্যসমূহৰ গবৰ্ণৰসকল, দেশৰ এটর্নি জেনেৰেল, ৰাষ্ট্ৰীয় বেংকসমূহৰ সভাপতি বা পৰিচালকসকলৰ লগতে অনান্য শীর্ষ অসামৰিক বিষয়াসকলক আইন অনুসৰি নিযুক্তি দিব পাৰে।

(ঢ) সংবিধানৰ ৭৩ নং অনুচ্ছেদ অনুসৰি ন্যায়াধীশ আৰু দেশৰ হিচাপ পৰীক্ষক নিযুক্ত দিব পাৰে।

(ণ) দেশৰ মহাধিবক্তাজনক সংবিধান প্রচলিত আইন অনুসৰি নিযুক্তি দিয়ে।

(ত) সংবিধানৰ ৮৯ (ছ) নং অনুচ্ছেদ অনুসৰি যুক্তৰাষ্ট পৰিষদৰ সদস্যসকলক নিযুক্তি দিব পাৰে।

(থ) যুক্তৰাষ্ট্ৰ পৰিষদ, ৰাষ্টীয় সুৰক্ষা পৰিষদৰ বৈঠক আহ্বান কৰিব পাৰে আৰু সেই বৈঠক সমূহত সভাপতিত্ব কৰিব পাৰে।

(দ) যদিহে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হয়, তেনেহ’লে ইয়াৰ অনুমোদনক্রমে অন্যথা অধ্যাদেশ জাৰি কৰি বিদেশী ৰাষ্ট্ৰ আগ্ৰাসন ৰোধ কৰাৰ উদ্দেশ্যে যুদ্ধ ঘোষণা কৰিব পাৰে।

(ধ) ৰাষ্টীয় কংগ্ৰেছৰ অনুমোদন বা নিশ্চিতকৰণৰ যোগেদি শান্তি চুক্তি স্বাক্ষৰ কৰিব পাৰে।

(ন) সামৰিক আৰু অসামৰিক পদক বা সন্মান আগবঢ়াব পাৰে।

(প) পৰিপূৰক আইনত উল্লেখ থকা নিয়মাবলী অনুসৰি কোনো বিদেশী ৰাষ্ট্ৰ সামৰিক বাহিনীক নিজৰ দেশৰ ভৌগোলিক চাৰি সীমাৰ মাজেদি পাৰ হৈ যাবলৈ বা নিজৰ চাৰিসীমাৰ ভিতৰত অৱস্থান গ্রহণ কৰিবলৈ অনুমতি প্ৰদান কৰিব পাৰে।

৩। ব্রাজিলৰ ন্যায়িক ব্যৱস্থাৰ স্তৰসমূহ আলোচনা কৰা।

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় উচ্চতম ন্যায়ালয় হৈছে ব্রাজিলৰ সৰ্বোচ্চ ন্যায়ালয় আৰু এই ন্যায়ালয়ৰ ওপৰতেই সংবিধানক সুৰক্ষা প্ৰদানৰ দায়িত্ব ন্যস্ত হোৱাৰ লগতে পুনৰীক্ষণৰ ন্যায়ালয় হিচাপেও ই কার্য সম্পাদন কৰে। তদুপৰি, কোনো ৰাষ্ট্ৰীয় আইন বা আদর্শবাদী বিধিৰ অসাংবিধানিক কার্যপ্রণালী বা কোনো এক যুক্তৰাষ্ট্ৰীয় আইন আদর্শবাদী কর্মৰ সাংবিধানিকভাৱে বৈধ ঘোষিত ক্রিয়া, যাৰ উপদেশমূলক মতামত প্রকাশৰ লগত সাদৃশ্য আছে, সেইবোৰ প্রত্যক্ষভাৱে মীমাংসা আৰু বিচাৰ কৰাৰ যুক্তৰাষ্টীয় উচ্চতম ন্যায়ালয়ৰ মৌলিক অধিকাৰ ক্ষেত্ৰ আছে। ইয়াৰ উপৰিও এই আদালতে উচ্চতম কর্তৃপক্ষ যেনে-ৰাষ্ট্ৰপতি বা কংগ্ৰেছৰ সদস্য আদিৰ বিৰুদ্ধে উত্থাপন হোৱা গোচৰসমূহ মীমাংসা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ মাজত উৎপত্তি হোৱা পার্থক্যসমূহো নিষ্পত্তি কৰে।

ব্ৰাজিলত “পূৰ্বদৃষ্টান্ত”ৰ মতবাদ অনুসৰণ কৰা নহয় যদিও ২০০৪ চনৰ দেশখনৰ সংবিধানৰ সংশোধন ঘটোৱাৰ পিছতহে কোনো বিশেষ পৰিবেশত উচ্চতম ন্যায়ালয়ে বাধ্যতামূলক সিদ্ধান্ত জাৰী কৰা দেখা গৈছিল৷ ব্ৰাজিলৰ উচ্চতম ন্যায়ালয় ১১ জন ন্যায়াধীশৰ দ্বাৰা গঠিত। সংবিধানৰ অনুচ্ছেদ ১২,৩ আৰু ১০১ নং ত ব্ৰাজিলৰ উচ্চতম ন্যায়াধীশ সকলৰ অৰ্হতা সম্পর্কে উল্লেখ কৰিছে।

(১) এওঁলোক ব্রাজিলৰ নাগৰিক হ’ব লাগিব।

(২) এওঁলোকৰ বয়স ৩৫ বছৰৰ উৰ্ধৰ আৰু ৬৫ বছৰৰ অনুৰ্ধৰ হ’ব লাগিব।

(৩) এওঁলোক নৈতিকভাৱে সবল হ’ব লাগিব।

(৪) এওঁলোক ব্যাপকভাৱে আইনৰ জ্ঞান থকা ব্যক্তি হ’ব লাগিব।

যুক্তাৰাষ্ট্ৰীয় চিনেটত একক সংখ্যাগৰিষ্ঠতাৰে  মনোনয়ন অনুমোদন হোৱাৰ পিছত এই ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্রদান কৰে।

যুক্তৰাষ্ট্ৰীয় উচ্চতম ন্যায়লয়ক “কেন্দ্ৰ আৰু ৰাজ্য, কেন্দ্ৰ আৰু যুক্তৰাষ্ট্ৰীয় স্বায়ত্ব শাসিত অঞ্চলৰ মাজত উৎপত্তি হোৱা বিবাদ আৰু সংঘৰ্ষ”ক বিচাৰ কৰাৰ মৌলিক ক্ষমতা প্ৰদান কৰা হৈছে। তদুপৰি, সংবিধানৰ ৫২ নং অনুচ্ছেদ অনুসৰি দেশৰ ৰাষ্ট্ৰপতিগৰাকীৰ মহা অভিযোগৰ প্ৰক্ৰিয়াটোত বিচাৰ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক।

ন্যায়ৰ উর্ধতন ন্যায়াধিকৰণ : ১৯৮৮ চনত সংবিধানৰ যোগেদি গঠিত হোৱা ন্যায়ৰ উর্ধতন ন্যায়াধিকৰণ সংবিধানৰ নীতি অনুসৰি আৰু  আইনৰ শাসনৰ নিশ্চয়তা আৰু সুৰক্ষা প্ৰদানৰ স্বাৰ্থত ব্রাজিলৰ যুক্তৰাষ্ট্ৰীয় আইনসমূহ সঠিকভাৱে ব্যাখ্যাৰ কাৰণে দায়বদ্ধ। এই ন্যায়ৰ উৰ্ধতন ন্যায়াধিকৰণেই হৈছে ব্রাজিল ন্যায়িক ব্যৱস্থাৰ চূড়ান্ত কর্তৃপক্ষ যিয়ে সংবিধানৰ লগত প্রত্যক্ষভাৱে জড়িত নথকা কি সাংবিধানিকভাৱে অনুমোদিত বিষয়বোৰ নিষ্পত্তি কৰিছিল। এই ন্যায়াধিকৰণত সৰ্বমুঠ ৩৫ জন ন্যায়াধীশ আছে আৰু নিযুক্তিৰ সময়ত বয়সৰ ফালৰ পৰা তেওঁলোকৰ ৩৫ বছৰৰ উৰ্ধৰ আৰু, ৬৫বছৰৰ অনুৰ্ধৰ হ’ব লাগিব। 

এই ন্যায়াধীশসকলক দেশৰ ৰাষ্ট্ৰপতিয়ে চিনেটৰ সংখ্যাগৰিষ্ঠ সদস্যৰ অনুমোদনৰ ভিত্তিত নিযুক্তি দিয়ে। সংবিধানৰ ১০৫ নং অনুচ্ছেদে ন্যায়ৰ উৰ্ধতন ন্যায়াধিকৰণত আৰম্ভ হোৱা গোচৰসমূহৰ ক্ষেত্ৰত ইয়াৰ ক্ষমতা আৰু নিয়ন্ত্ৰণসমূহ প্ৰতিষ্ঠা কৰিছে আৰু এই গোচৰসমূহৰ ওপৰত ৰায়দান কৰাৰ পিছত বিশেষ আপীলৰ পুনৰীক্ষণৰ ন্যায়ালয় হিচাপেও এই ন্যায়ৰ উৰ্ধতন ন্যায়াধিকৰণসমূহে কাৰ্যনিৰ্বাহ কৰে। তদুপৰি, ব্ৰাজিলৰ ৰাজ্য বা যুক্তৰাষ্ট্ৰীয় স্বায়িত্ব শাসিত অঞ্চলৰ গৱৰ্ণৰসকল, ন্যায়াধীশসকল, মহালেখা পৰীক্ষকৰ পৰিষদৰ পাৰিষদসকল, পাঁচখন আঞ্চলিক ন্যায়ালয়ৰ আৰোপিত কৰিব পাৰে।

তদুপৰি, এনে কর্তৃপক্ষ বা ৰাজ্যিক মন্ত্রী জড়িত থকা বন্দী প্রত্যক্ষীকৰণৰো ৰায়দান কৰে একেদৰে, যুক্তৰাষ্ট্ৰীয় বা ৰাজ্যসমূহৰ আঞ্চলিক ন্যায়ালয়ে গ্রাহ্য বা অগ্রাহ্য কৰা বন্দী প্রত্যক্ষীকৰণৰ আপীলৰ ওপৰতো এই ন্যায়ালয়সমূহে ৰায়দান কৰে। ২০০৫ চনত ন্যায়িক সংস্কাৰৰ অংশ হিচাপে, এই ন্যায়ৰ উর্ধতন ন্যায়াধীকৰণক বিদেশী ৰায়দানসমূহকো স্বীকৃতি প্রদান কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছিল। ইয়াৰ পূর্বলৈকে এই ক্ষমতা উচ্চতম ন্যায়ালয়ৰ হাততহে আছিল।

যুক্তৰাষ্ট্ৰীয় ন্যায়িক ব্যবস্থা : এই যুক্তৰাষ্ট্ৰীয় ন্যায়িক ব্যৱস্থা মূলতঃ যুক্তৰাষ্ট্ৰীয় আঞ্চলিক ন্যায়াধিকৰণ আৰু যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ দ্বাৰা গঠিত।

(১) যুক্তৰাষ্ট্ৰীয় আঞ্চলিক ন্যায়াধিকৰণ : উল্লেখ কৰা বিষয়সমূহত যুক্তৰাষ্ট্ৰীয় আঞ্চলিক ন্যায়াধিকৰণ সমূহৰ মৌলিক অধিকাৰ ক্ষেত্র আছে—

(ক) সামৰিক ন্যায়াধীশ আৰু শ্রমিক আইনৰ ন্যায়াধীশ সকলকে ধৰি যুক্তৰাষ্ট্ৰীয় ন্যায়াধীশসকলৰ বিৰুদ্ধে তেওঁলোক জড়িত থকা উমৈহতীয়া অপৰাধ বা দায়ৱদ্ধতাৰ অপৰাধৰ গোচৰ আৰু নিৰ্বাচনী ন্যায়ৰ ক্ষমতাক বাদ দি ফৰিয়াদীৰ কাৰ্যালয়ৰ সদস্য সকলৰ বিৰুদ্ধে উত্থাপিত হোৱা গোচৰ।

(খ) ফৗজদাৰী গোচৰৰ পুনৰীক্ষণ, যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সিদ্ধান্তৰ বাতিল কৰণ।

(গ) যুক্তৰাষ্ট্ৰীয় আঞ্চলিক ন্যায়াধীকৰণ বা যুক্তৰাষ্ট্ৰীয় ন্যায়াধীকৰণৰ কাৰ্যৰ বিৰুদ্ধে বন্দী প্রত্যক্ষীকৰণ আৰু পৰমাদেশৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰা; আৰু

(ঘ) যুক্তৰাষ্ট্ৰীয় আঞ্চলিক ন্যায়াধীকৰণৰ অধীনস্থ যুক্তৰাষ্ট্ৰীয় ন্যায়াধীশ সকলৰ ক্ষেত্ৰাধিকাৰৰ মাজত যদি সংঘাতৰ সৃষ্টি হয়, তাৰ নিস্পত্তিকৰণ কৰা।

যুক্তৰাষ্ট্ৰীয় ন্যায়ালয় : যুক্তৰাষ্টীয় চৰকাৰ ইয়াৰ অভিকৰণসমূহ প্রতিষ্ঠান আৰু যুক্তৰাষ্ট্ৰীয় ৰাজহুৱা কোম্পানী আৰু ১০৯ নং বিধানৰ অনুচ্ছেদ ভুক্ত সকলো বিষয় যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত। ব্রাজিলৰ ন্যায়িক পুনৰীক্ষণৰ ব্যৱস্থাত ভাৱমূলক পুনৰীক্ষণ আৰু বাস্তৱ পুনৰীক্ষণ— এই উভয়েই অন্তর্ভূক্ত হৈ আছে। আমেৰিকাৰ ‘ন্যায়িক পুনৰীক্ষণৰ দৰেই ব্রাজিলৰ ন্যায়াধীশসকলৰ হাততো চৰকাৰৰ কামসমূহৰ সাংবিধানিক বৈধতা নিৰ্ধাৰণ কৰিবলৈ, যিকোনো আইন বা নির্দেশনাক অসাংবিধানিক ঘোষণা কৰিবলৈ যথেষ্ট ক্ষমতা প্ৰদান কৰা হৈছে। একেদৰে, ইউৰোপীয়ানভাব মূলক প্ৰণালীৰ দৰে, কোনো আইনৰ “মূলভাৱ”ৰ সাংবিধানিক বৈধতা লগত জড়িত স্বতন্ত কামৰ মোকদমা বা ন্যায় নির্ণয়ৰ সক্ষমতাও ব্রাজিলৰ সংবিধানে উচ্চতম ন্যায়ালয়ৰ হাতত অৰ্পণ কৰিছে। 

এনেদৰেই, ব্রাজিলৰ ন্যায়িক পুণৰীক্ষণৰ ব্যৱস্থাই আইনৰ সাংবিধানিক বৈধতা নির্ণয় কৰ। আৰু মৌলিক অধিকৰ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত মৌলিক আৰু পৃথক পদ্ধতিগত উপাদান প্রয়োগ কৰে। ইয়াৰ ভিতৰত বন্দী প্রত্যক্ষীকৰণ, পৰমাদেশ, নিষিদ্ধকৰণলেখ, ৰাজহুৱা নাগৰিক পদক্ষেপ আৰু জনপ্রিয় কাৰ্যপন্থা আদিও অন্তর্ভুক্ত হৈ আছে। বিচ্ছুৰিত আহিৰ গতানুগতিকতা স্বত্বেও, এই ভিন্নতা কৰি ভিন্ন উপাদানে পৰিপূৰক কৰি তুলিছে যিয়ে উচ্চতম ন্যায়ালয়ৰ ঘোষণা, ঘোষিত কাৰ্যৰ সাংবিধানিক ভাবমূলক পুণৰীক্ষণ যেনে-গোচৰৰ অসাংবিধানিকতা ঘোষণা, ঘোষিত কাৰ্যৰ সাংবিধানিক নার্যতা, মৌলিক অনুশাসনৰ প্ৰতি অসৌজন্য প্ৰদৰ্শনৰ কাৰণে অসাংবিধানিক ঘোষণা আদি প্ৰয়োগ কৰাৰ কাৰণে সক্ষম কৰি তুলিছে যদিও সকলো ন্যায়ধীশেই কোনো এক নিৰ্ধাৰিত গোচৰৰ ৰায়দানত কোনো আইন বা নিয়ন্ত্রণমূলক কামক অসাংবিধানিক ঘোষণা কৰাৰ অধিকাৰ আছে, তথাপিও এইটো গুৰুত্বপূর্ণ যে ইয়াত এনে কিছুমান সাংবিধানিক উপাদান আছে যিয়ে কোনো ন্যায়াধীশ বা ন্যায়ালয়ৰ কোনো সিদ্ধান্ত ই সংবিধানৰ সাম্ভাব্য উলংঘন কৰি বনোৱাৰ লক্ষ্যৰে ৱাজিলৰ উচ্চতম ন্যায়ালয়ক সত্যনিৰূপণৰ ক্ষমতা প্ৰদান কৰা হৈছে। ইয়াৰোপৰি, ২০০৪ চনৰ ন্যায়িক সংস্কাৰৰ যোগেদি আন কিছুমান নতুনত্বও অনা হৈছিল, যিয়ে ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ৰ কৰ্তৃত্বক অধিক শক্তিশালী কৰাত সহায় কৰিব। সেই নতুনত্বসমূহৰ ভিতৰত উচ্চতম ন্যায়ালয়ে “বাধ্যতামূলক পূৰ্বদৃষ্টান্ত” জাৰি আমেৰিকাৰ আইনতো “নিৰ্ণিতানুসৰণ” গঢ়ি তোলা হয়।

৪। ব্রাজিলৰ ৰাজনৈতিক অর্থনীতি সম্পর্কে আলোচনা কৰা। [Discuss the political economy of Brazil.]

উত্তৰঃ ১৯৩০ দশকৰ পৰা ১৯৭০ দশকৰ মাজভাগলৈকে ব্রাজিল অর্থনৈতিক ক্ষেত্ৰত দ্রুততৰে আগবঢ়া বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত এখন অন্যতম ৰাষ্ট হিচাপে পৰিগণিত হৈছিল। কিন্তু তাৰ পিছৰে পৰা ব্ৰাজিলৰ তুলনামূলক বিকাশৰ গতি মহৰ হৈ পৰাত ৰাষ্ট্ৰখন অধিক অস্থিৰ হৈ পৰাত দেশখনে অর্থনৈতিক ক্ষেত্ৰত পূৰ্বৰ গতিধাৰা বৰ্তাই ৰখাত ব্যর্থ হৈছিল। শীতল যুদ্ধৰ সময়ছোৱাত সমগ্ৰবিশ্বত অর্থনৈতিক পৰিবেশৰ যি অৱনতিৰ সূচনা হৈছিল, তাৰ ফলশতিতে অর্থনৈতিক বিশ্বায়নৰ গৰিৱেশ গঢ়ি উঠিছিল। এই সময়ছোৱাত বিশ্বত অর্থনৈতিক পৰিৱেশ গঢ়ি উঠিছিল। এই সময়ছোৱাত শান্তি ৰক্ষাৰ লগতে GATT চুক্তিৰ জড়িয়তে বাণিজ্যিক উদাৰীকৰণ আৰু আন্তঃৰাষ্টীয় মুদ্ৰানিধিৰ আৰ্থিক সহযোগিতাৰ পৰিশোধ ভাৰসাম্যৰ সমস্যাক মোকাবিলা কৰা আদিৰ কাৰণে প্ৰচেষ্টা অন্যাহত আছিল। বিশ্বৰ বহুতো ৰাষ্ট্ৰই বিশ্ব অর্থনীতিৰ নতুন পৰিবেশত নিজকে অভ্যস্ত কৰিবলগা হৈছিল। অৱশ্যে, ব্রাজিলত পৰিবৰ্তন ধীৰ গতিৰে হৈছিল। দৰাচলতে, ১৯৯০ দশকৰ আৰম্ভণিতে লেটিন আমেৰিকাৰ প্ৰায়বোৰ ৰাষ্ট্ৰই বজাৰ অনুকূল সংস্কাৰ গঢ়ি তুলিছিল। কিন্তু এই ক্ষেত্ৰত ব্রাজিলে লেহেমীয়াকৈ আগবাঢ়িছিল কিয়নো দেশখনে প্রচলিত ৰাষ্ট্ৰ গাঁথনি আৰু নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত ঐতিহাসিকভাৱে প্ৰতিস্থিত আদৰ্শ আৰু নীতি নীতিকেই বহুদিনলৈকে খামুচি ধৰি আছিল !

১৯৩০ চনটো ব্ৰাজিলৰ বাবে উল্লেখনীয় বছৰ হিচাপে পৰিগণিত হৈছিল। কাৰণ সেই বছৰটোতে দেশখন স্থানীয় মুষ্টিমেয় লোকৰ চৰকাৰৰ পৰিৱৰ্তন ঘটাই ৰাষ্ট্ৰীয় ৰাজনীতিৰ সূচনা কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত গেটুলিঅ’ ভাৰ্গাছ ৰাষ্ট্ৰপতি হিচাপে ক্ষমতাত অধিষ্ঠিত হৈছিল। ৰাষ্ট্ৰপতি ভাৰ্গাছ আৰু ইয়াৰ পৰৱৰ্তী শাসকসকলে দেশখনৰ তথাকথিত “উন্নয়ন আৰ্হি”ৰ গঢ়ি তুলিছিল। এই আৰ্হি কেইবাটাও দশকজুৰি চলি আছিল আৰু আমদানিৰ বিকল্পৰ দ্বাৰা উদ্যোগিক উৎপাদন বৃদ্ধি কৰি অৰ্থনৈতিক উন্নয়ন সহজসাধ্য কৰি তুলিছিল। এই উন্নয়ন আহিক সঠিকভাৱে বুজিবলৈ আমি ইয়াক পাঁচ ভাগত বিভক্ত কৰিব পাৰোঁ—

(ক) বিকেন্দ্রীকৃত মুষ্টিমেয় লোকৰ চৰকাৰৰ পৰিৱৰ্তন ঘটাই ৰাজনৈতিক কেন্দ্ৰীভূতকৰণৰ পৰ্যায় (১৯৩০-৩৭)

(খ) অসামৰিক একনায়কত্ববাদৰ পৰ্যায় (১৯৩৭-৪৫)

(গ) “জনপ্রিয় গণতান্ত্রিক” পর্যায় (১৯৪৬-৬৪) 

(ঘ) সামৰিক একনায়কত্ববাদব পর্যায় (১৯৪৬-৮৫) 

(ঙ) সংস্কাৰকাৰী সময়ছোৱাত (১৯৮৬ ৰ পৰা বৰ্তমানলৈকে)

সামৰিক একনায়কত্ববাদৰ সময়ত অর্থনৈতিক উপযোগিতাবাদে তিনি প্ৰকাৰৰ গুৰুত্বপূৰ্ণ নীতিৰ কৌশল সৃষ্টি কৰিছিল-১৯৬৪ চনৰ পৰা বিভাগীয় সংশোধন, ১৯৬৭ চনৰ পৰা ক্ষুদ্র বিনিময় হাৰ হস্তান্তৰ আৰু কৰ ৰেহাই। এইবোৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ স্বয়ংক্রিয় কৌশল যিবোৰে সামৰিক একনায়কত্ববাদৰ সময়ছোৱাত ৰাজনৈতিক সংকটসমূহ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। কিন্তু ১৯৮৫ চনত গণতন্ত্র পুনৰ প্রতিষ্ঠা হোৱাৰ পিছত পৰিবেশ পৃথক ধৰণে সৃষ্টি হৈছিল। এই সময়ছোৱাত সামৰিক আৰু অসামৰিক চৰকাৰসমূহৰ মাজত ক্ষমতাৰ হস্তান্তৰ হৈছিল যদিও তেওঁলোকে নীতি নির্ধাৰণৰ আৰ্হি একেদৰেই ৰাখিছিল। “গণতান্ত্রিক উপযোগিতাবাদ’ৰ সমান্তৰালভাৱে “উন্নয়নকামী আৰ্হি” আন এক অভিজ্ঞতা যি ব্ৰাজিলৰ ৰাজনীতিত নতুন আদর্শ বা ধাৰাৰ সৃষ্টি কৰিছিল। এই বিষয়ে তলত উল্লেখ কৰা হ’ল—

(ক) ব্ৰাজিলৰ গণতান্ত্রিক শাসন ব্যৱস্থাৰ পুনঃ নির্মাণ প্ৰক্ৰিয়াত প্রতিষ্ঠানিক সংস্কাৰৰ সূচনা কৰিছিল, বিশেষকৈ এক পুনকুজ্জীৱিত যুক্তৰাষ্ট্ৰবাদ গঢ়ি তোলা হৈছিল যিয়ে সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াৰ অংশ হিচাপে বিৰোধাত্মক কার্যপদ্ধতি পুনৰ প্ৰতিষ্ঠা কৰিছিল।

(খ) দ্রুত উদ্যোগীকৰণৰ দশকবোৰত নগৰাঞ্চলৰ জনসাধাৰণৰ যি প্ৰচুৰ বিকাশ সাধন হৈছিল, তাৰ ফলত ব্ৰাজিলৰ সমাজত অধিক “স্বার্থান্বেষী উপযোগিতাবাদ”এ ভূমিকা মাৰিছিল।

(গ) কাড্’ছ’ প্লান ‘ৰিয়েলৰ অধীনত খন্তেক সময়ৰ বাবে হ’লেও “অর্থনৈতিক উপযোগিতাবাদ” ৰ পৰা “অর্থনৈতিক বাস্তববাদ”ৰ ৰূপান্তৰ ঘটিছিল, কিন্তু ফার্নাণ্ড কল্পৰ ডে মেল্ল’ৰ “জনমত সম্বন্ধীয় উদাবাদ” চূড়ান্ত অৰাজক হিচাপে পৰিগণিত হৈছিল।

১৯৮৫ চনত ব্ৰাজিলত গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা সৃষ্টি হোৱাৰ পিছত ১৯৮৯ চনত ফার্নাণ্ড কল্পৰ ডে মেল্ল’ক দেশখনৰ দ্বিতীয়জন অসামৰিক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰ। হৈছিল ।ৰাষ্টপতি কল্পৰে ব্যক্তিগতকৰণৰ অতি উচ্চাকাংক্ষী কাৰ্যসূচী প্রতিষ্ঠা কৰিছিল, যিয়ে “ৰাজহুৱা ঘাটি হাস, ৰাষ্ট্ৰৰ কৰ্মকুশলতা বৃদ্ধি কৰাৰ লগতে অর্থনীতিক আধুনিকীকৰণ আৰু প্ৰতিযোগিতামূলক” কৰি তোলাৰ লক্ষ্য বান্ধি লৈছিল। ব্রাজিলৰ কংগ্ৰেছ আৰু প্ৰভাৱ । গোষ্ঠীবোৰৰ লগত আভ্যন্তৰীণভাৱে কোনো ধৰণৰ আলোচনা নকৰাকৈ বাণিজ্যিক ‘ উদাৰীকৰণৰ সংস্কাৰ নীতি গ্ৰহণ কৰিছিল।

১৯৯৪ চনৰ ৩ অক্টোবৰ তাৰিখে ফার্নাণ্ড হেনৰিক কার্ড’ছ ৫৪শতাংশ ভোট লাভেৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত, হৈছিল। ৰাষ্ট্ৰপতি কাৰ্ডছে’ ১৯৯৫ চনৰ ১ জানুৱাৰী তাৰিখে শাসনভাৰ হাতত লৈয়েই ব্যাপক অর্থনৈতিক সংস্কাৰৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। ১৯৯৮ চনত তেওঁ পুনৰ চাৰি বছৰীয়া দ্বিতীয়টো কাৰ্যকালৰ বাবে নির্বাচিত হৈছিল। লুইজনাচিঅ’ লুলা ডা ছিলভা ২০০২ চনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। তেওঁ পুনৰ ২০০৬ চনত পদক্ষেপ গ্রহণ কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে সামাজিক সংস্কাৰ সাধনৰ বাবে এক দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব। সেই কাৰণে ব্ৰাজিলত কঠোৰ ব্যয় সংকোচনৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আন কোনো গত্যন্তৰ নাই। ২০০৮ চনৰ আর্থিক মন্দাৱস্থাৰ সময়তো ব্রাজিলৰ অর্থনীতি সুদৃঢ় অৱস্থাত আছিল। আৰু দেশখন ‘সেই সংকটৰ পৰা শীঘ্ৰেই উদ্ধাৰ হৈ ২০১০ চনত ৭.৫ শতাংশ বিকাশেৰে তেওঁলোক আঞ্চলিক শক্তিৰ পৰা গোলকীয় শক্তিলৈ ৰূপান্তৰিত হৈছিল। সেই সময়ত ব্রাজিল বিশ্বৰ সপ্তম বৃহৎ অর্থনীতি হিচাপে পৰিগণিত হৈছিল আৰু পৰৱৰ্তী সময়ত ই পঞ্চম স্থানলৈ উন্নতি ঘটোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছিল। দেশখনৰ তদানীন্তন ৰাষ্ট্ৰপতি লুলাৰৰ শাসনৰ সময়ছোৱাত ৰপ্তানি বৃদ্ধি, অর্থনৈতিক বিকাশ আৰু সামাজিক আচঁনিসমূহে ব্ৰাজিলৰ ১০ মিলিয়ন লোকক দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

নিবনুৱা সংখ্যা হ্রাস আৰু সবল ঘৰুৱা চাহিদাৰ পৰিপ্ৰেক্ষিতত ২০১১ চনৰ প্ৰথম তিনিটা ত্রিমাশিক মুদ্রাস্ফিতীৰ হাৰ ৭.৩ শতাংশলৈ বুদ্ধি পাইছিল। ব্রাজিলত সাধাৰণতে বৈদেশিক বিনিয়োগক উদগণি যোগোৱা হৈছিল। ব্রাজিলেই হৈছে লেটিন আমেৰিকাৰ আটাইতকৈ অধিক বৈদেশিক বিনিয়োগ লাভ কৰা ৰাষ্ট্ৰ আৰু আমেৰিকাই হৈছে ব্রাজিলত সর্বাধিক বিনিয়োগ কৰা ৰাষ্ট্ৰ যিহেতু দীৰ্ঘম্যাদী বিকাশৰ বাবে ব্রাজিলৰ ঘৰুৱা সঞ্চয় পর্যাপ্ত নহয়, সেই বাবেই দেশখনে প্রত্যক্ষ বিদেশী বিনিয়োগকাৰী ওপৰত নিৰ্ভৰ কৰিব লগা হয়। ব্ৰাজিল হৈছে বৰ্তমান বিশ্বৰ সপ্তম বৃহৎ অর্থনীতি আৰু ইয়াৰ মুঠ জনসংখ্যা হ’ল ২০০ মিলিয়ন ৰাষ্ট্ৰপতি দিলমা ৰউচ্ছেফ দেশখনৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে ২০১১ চনৰ পৰা ২০১৩ চনৰ মাজ ভাগলৈকে অত্যন্ত জনপ্রিয় নেত্রী আছিল। কিন্তু ২০১৩ চনত পৰিবহণ ভাড়া বৃদ্ধিক ইচ্ছু হিচাপে লৈ বাওঁপন্থীসকলে তেওঁৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তুলিছিল। এই আন্দোলনে দেশখনৰ ৰাজনৈতিক ব্যবস্থাত চলি অহা ব্যাপক দুর্নীতিকো প্ৰতিফলিত কৰিছিল যাৰ ফলত ব্ৰাজিলৰ অৰ্থনৈতিক বিকাশত গতি পৰিছিল। অৱশ্যে পণ্য দ্ৰব্য ৰপ্‌ডানিৰ মূল্য বৃদ্ধিয়ে ব্রাজিলক যথেষ্ট লাভান্বিত কৰিছিল। ইয়াৰ ফলত মধ্যবিত্ত শ্রেণীটোৰ বিকাশ হৈছিল আৰু বহু মিলিয়ন মানুহে দৰিদ্ৰতাৰ পৰা মুক্তি পাইছিল, কিন্তু অৰ্থনীতিত বৃহৎ চৰকাৰী বিনিয়োগৰ ফলত পুঁজিৰ অপব্যৱহাৰ হোৱা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াকে। কেন্দ্ৰ কৰি মানুহৰ মনত চৰকাৰী ব্যৱস্থাটোক লৈ সন্দেহৰ ভাৱ সৃষ্টি হৈছিল। তদুপৰি, ২০১৬ চনত অনুষ্ঠিত হোৱা ‘ৰিঅ’ অলম্পিকেও দেশখনৰ প্ৰশাসনীয় ক্ষমতাক প্রত্যাহ্বান জনাইছিল।

৫। নাইজেৰিয়াৰ ৰাজনৈতিক ব্যবস্থা সম্পর্কে চমুটোকা লিখা। [Write a brief note about the political system of Nigeria.]

উত্তৰঃ নাইজেৰিয়া হৈছে পশ্চিম আফ্ৰিকাৰ এখন যুক্তৰাষ্ট্ৰীয় গণৰাজ্য। ইয়াৰ জনসংখ্যা, প্রায় ১৭৩ মিলিয়ন। গতিকে সেইফালৰ পৰা নাইজেৰিয়া হৈছে আফ্ৰিকাৰ আটাইতকৈ উত্থান-পতনৰ মুখা-মুখি হৈছিল। তদুপৰি, যোৱা কেইবাটাও বছৰত এই ৰাষ্ট্ৰখনৰ বিভিন্ন স্তৰত সংঘটিত হোৱা সামৰিক অভ্যুত্থানেও ইয়াৰ ৰাজনৈতিক পৰিবেশত আলোড়নৰ সৃষ্টি কৰিছিল যিয়ে সমগ্ৰ ৰাষ্ট্ৰখনকে অস্থিৰ কৰি ৰাখিছিল। ঐতিহাসিক অভিজ্ঞতাৰ পৰা এইটো কথা আমি অৱগত হওঁ যে একাদশ শতিকাত নাইজেৰিয়াৰ এটা বৃহৎ অঞ্চলত ভিন্ন জনজাতীয় লোকে বসবাস কৰিছিল আৰু পৰৱর্তী সময়ত এই সকলোবোৰ একত্ৰিত হৈ এখন জনপ্ৰিয় ৰাজ্যৰ সৃষ্টি কৰিছিল। তদুপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে নাইজেৰিয়াৰ উত্তৰ-পূব অঞ্চলত বৰণ’ সকলে ৰাজত্ব কৰিছিল। তদুপৰি, উত্তৰ-মধ্য নাইজেৰিয়াৰ কাটচিনা ৰাজ্যৰ হাউছা নগৰ ৰাষ্ট্ৰ, কান’, যাৰিয়া আৰু গ’বিৰ; দক্ষিণ-পশ্চিম নাইজেৰিয়াৰ য়ৰুবা “গৰ ৰাজ্য/ৰাষ্ট্ৰৰ ইফি, অয় আৰু ইজেবু; দাক্ষিণাত্যৰ বেনিন আৰু পূব নাইজেৰিয়াৰ ইগ’ব সম্প্রদায়েও ইতিহাসৰ ভিন্ন সময়ত নাইজেৰিয়াত শাসন কার্য চলাইছিল। কিন্তু ১৯ শ শতিকাৰ মাজ ভাগব পৰা ২০ শ শতিকালৈকে ব্ৰিটিছসকলে এই ৰাষ্ট্ৰখনৰ প্ৰশাসনীয়, ৰাজনৈতিক আৰু সামৰিক ক্ষেত্ৰৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু এইদৰেই তাত বৃহৎ ৰাজনৈতিক বিপ্লৱৰ সূচনা হয়। অৱশেষত, বহু বছৰৰ কঠোৰ সংগ্ৰামৰ পিছত সেই দেশখনে ১৯৬০ চনৰ ১ অক্টোবৰ তাৰিখে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়।

নাইজেৰিয়া হৈছে ৰাষ্ট্ৰপতীয় পদ্ধতিৰ যুক্তৰাষ্ট্ৰীয় গণৰাজ্য। ইয়াৰ সংবিধানে চৰকাৰৰ তিনিওটা শাখাৰ মাজত ক্ষমতাৰ বিতৰণৰ সুনিশ্চিত কৰিছে। ৰাষ্ট্ৰখনত ১৯৯৯ চনৰ ফেব্রুৱাৰী মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সামৰিক শাসনৰ অন্ত পৰিছিল আৰু এক বহু দলীয় গণতন্ত্ৰৰ ভিত্তিত অসামৰিক শাসনৰ সূচনা হৈছিল। ইয়াৰ পিছত ২০০০ চনৰ এপ্ৰিল মাহত একেৰাহে দ্বিতীয় বাৰৰ বাবে ৰাষ্টখনত নির্বাচন অনুষ্ঠিত হয়। এই উভয় নির্বাচনতে ৰাষ্ট্ৰপতি অলুছেগান অবাসানজ আৰু তেওঁৰ দল পিপলছ ডেমক্রেটিক পার্টিয়ে জয়লাভ কৰিছিল। অৱশ্যে সামৰিক একনায়কত্ববাদৰ পিছত গণতান্ত্রিক শাসন ব্যবস্থা সুদৃঢ়কৰণ হোৱাৰ পিছতো এনে এক আশংকাৰ সৃষ্টি হৈছিল যে উপযুক্ত উত্তৰাধিকাৰীৰ অভাৱত ৰাষ্ট্ৰপতী অবাসানজ ‘এ সংবিধান সংশোধনীর জড়িয়তে তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰচেষ্টা চলাব।

৬। নাইজেৰিয়াৰ যুক্তৰাষ্ট্ৰৰ কাৰ্যপালিকা সম্পর্কে আলোচনা কৰা। [Discuss the US executive in Nigeria.]

উত্তৰঃ (ক) ৰাষ্ট্ৰপতি : নাইজেৰিয়াত সকলো কার্য নির্বাহক ক্ষমতা ৰ ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰা হৈছে, যিয়ে এক সময়তে ৰাষ্ট্র প্রধান আৰু চৰ্কাৰ, প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ ৰাষ্ট্ৰপতি দুটা কাৰ্যকালৰ বাবে নিৰ্বাচিত হ’ব পাৰে ৰাষ্ট্ৰপতিৰ যুক্তৰাষ্ট্ৰীয় পৰিষদ বা কেবিনেটত নাইজেৰিয়াৰ ৩৬ খন ৰাজ্যৰে প্রতিনিধি অন্তর্ভুক্ত হৈ থাকে। নাইজেৰিয়াৰ নেচনেল এছেম্বলীৰ চিনেট ১০৯ জন সদস্য আৰু প্ৰতিনিধি সভা ৩৬০ জন সদস্যৰে গঠিত। নাইজেৰিয়াৰ প্ৰতিখন ৰাজ্যৰ পৰা ৩ জন সদস্যই চিনেটত প্রতিনিধিত্ব কৰে আৰু বাকী থকা সদস্যসকল ইয়াৰ ৰাজধানী চহৰ আবুজাৰ পৰা নিৰ্বাচিত হয়। তদুপৰি প্ৰতিনিধি সভাব আসন ৰাজ্যসমূহৰ জনসংখ্যাৰ ভিত্তিত আৱণ্টিত হয়। গতিকে, ৰাজ্যভেদে, প্রতিনিধি সভাব আসনৰ সংখ্যা পৃথক হয়। নাইজেৰিয়াৰ নেচনেল এছেম্বলীৰ উচ্চতম ন্যায়ালয়,আপীল আদালত যুক্তৰাষ্ট্ৰীয় উচ্চ ন্যায়ালয় আৰু ৰাজ্যিক পৰ্যায়ৰ উচ্চ ন্যায়ালয়, শ্বাৰিয়াহ ন্যায়লয় আৰু পৰম্পৰাগত ন্যায়লয়ৰ দ্বাৰা গঠিত হয়। ইয়াৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশসকলক চিনেটৰ অনুমোদনক্রমে বাষ্ট্রপতিয়ে নিযুক্তি দিয়ে।

নাইজেৰিয়াৰ ১৯৯৯ চনৰ সংবিধানৰ অনুচ্ছেদ ১৩০ নং অনুসৰি ৰাষ্ট্ৰপতিক “ৰাষ্ট্ৰৰ মুৰব্বী আৰু সামৰিক বাহিনীৰ মুখ্য সেনাধক্ষ্য” হিচাপে বৰ্ণনা কৰা হৈছে। ইয়াৰোপৰি, নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ হাতত বিপদজনক আৰু অত্যধিক কার্যবাহী ক্ষমতা প্ৰদান কৰাৰ লগতে তেওঁক সংবিধানৰ ব্যৱস্থাৰ লগত খাপ খোৱাকৈ প্ৰচলিত আইনৰ পৰিবৰ্তন, সংশোধন, বাতিল আৰু সালসলনি কৰাৰ কাৰ্যবাহী ন্যায়িক ক্ষমতাও প্ৰদান কৰা হৈছে। এইখন সংবিধানৰে অনুচ্ছেদ ৫ নং অনুসৰি ৰাষ্ট্ৰপতিৰ হাতত যুক্তৰাষ্টীয় কাৰ্যবাহী ক্ষমতাও প্ৰদান কৰা হৈছে, যিবোৰ ক্ষমতা তেওঁ প্রত্যক্ষভাৱে বা উপ-ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ মন্ত্ৰীসকল বা দেশৰ লোক সেৱাৰ বিষয়াসকলৰ যোগেদি অপ্ৰত্যক্ষভাৱে কাৰ্যকৰী কৰিব পাবে। যদিও ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰিক প্ৰয়োজনীয়তাৰ কাৰণে এনে ক্ষমতাবোৰ এই বিষয়াসকললৈ হস্তান্তৰ কৰিব পাৰে, কিন্তু তেওঁ এনেদৰে ক্ষমতা হস্তান্তৰ কৰিব লগাৰ ক্ষেত্ৰত কোনো আইনগত বাধ্যবাধকতা নাই। ইয়াৰ সমান্তৰালভাৱে, ৰাজ্যসমূহৰ কাৰ্যবাহী ক্ষমতাসমূহ ৰাজ্যসমূহৰ গৱৰ্ণৰৰ হাতত ন্যস্ত থাকে। তদুপৰি, স্থানীয় পৰ্যায়ৰ ক্ষমতাসমূহ স্থানীয় চৰকাৰৰ মূৰব্বীজনৰ হাতত ন্যস্ত থাকে। যুক্তৰাষ্টীয় কাৰ্যবাহী ক্ষমতাসমূহ প্রয়োজন সাপেক্ষে গৱৰ্ণৰ আৰু স্থানীয় চৰকাৰৰ মূৰব্বীজনে তেওঁলোকৰ ইচ্ছা অনুসৰি অধঃস্তন বিষয়াৰ হাতত ন্যস্ত কৰাৰ স্বতন্ত্ৰতা লাভ কৰে। 

নাইজেৰিয়াৰ সংবিধানে ৰাষ্ট্ৰপতিক অন্যান্য মন্ত্রীসকলকো নিযুক্তি দিয়াৰ ক্ষমতা প্ৰদান কৰিছে। অৱশ্যে ৰাষ্ট্ৰপতিৰ এই তালিকাত চিনেট সভাই অনুমোদন জনাব লাগিব। ৰাষ্ট্ৰপতিয়ে নিজৰ ইচ্ছা আৰু বিচাৰ বিবেচনাৰে যিকোনো মন্ত্রীকে প্রশাসন বা কোনো বিভাগ পৰিচালনাৰ দায়িত্ব অর্পন কৰিব পাৰে। সংবিধানৰ নিৰ্দেশ অনুসৰি ৰাষ্ট্ৰপতিয়ে গোটেই ৩৬ ঘন ৰাজ্যই প্রতিনিধিত্ব পাব পৰাকৈ মন্ত্ৰীসকলক নিযুক্তি দিব লাগে। কিন্তু কোনো মন্ত্রীয়েই মন্ত্ৰীত্বৰ সময়ছোৱাত ইয়াৰ সমান্তৰালভাৱে নেচনেল এছেম্বলী বা আন কোনো এছেম্বলীৰ বিধায়িনী পদবীত কার্যনির্বাহ কৰি থাকিব নোৱাৰিব। অর্থাৎ যদিহে কোনো এজন ব্যক্তিক মন্ত্রী হিচাপে নিযুক্তি প্রদান কৰা হয়, তেনেহ’লে তেওঁ মন্ত্ৰী পদৰ শপত গ্ৰহণ কৰাৰ লগে লগে সকলো এছেম্বলীৰ পৰা পদত্যাগ কৰিব লাগিব।

ইয়াৰ উপৰিও কাৰ্যবাহীক নাইজেৰিয়াৰ সংবিধানে নাগৰিকত্ব সম্বন্ধীয় নিয়ম প্রস্তুতিৰ ক্ষমতাও প্ৰদান কৰিছে। যিহেতু এই আইনসমূহে তেওঁলোকৰ কৰ্তৃত্ব আৰু শক্তি প্রত্যক্ষভাৱে সংবিধানৰ পৰা অৰ্জন কৰে, গতিকে এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে তেওঁৰ মৌলিক কার্যবাহী ক্ষমতা প্রয়োগ কৰা দেখা যায়।

গ্রেট বিটেইনত প্রধানমন্ত্রীজন সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা হোৱাৰ লগতে তেওঁ সংসদীয় মর্যদাও উপভোগ কৰে। কিন্তু ইয়াৰ বিপৰীতে নাইজেৰিয়াত,ৰাষ্ট্ৰপতিজন প্রাপ্ত বয়স্ক ভোটাধিকাৰৰ ভিত্তিত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ যোগেদি নির্বাচিত, হয় আৰু যেতিয়ালৈকে তেওঁ কাৰ্যবাহী মুৰব্বী আৰু মুখ্য সেনাধক্ষ্য হিচাপে ক্ষমতাত অধিষ্ঠিত হৈ থাকে, তেতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে কোনো ধৰণৰ সংসদীয় মর্যদা উপভোগ নকৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নেতৃত্ব প্ৰদান কৰা নাইজেৰিয়াৰ ন্যায়িক ব্যৱস্থা হৈছে এক স্বাহীন ব্যৱস্থা যিয়ে মুখ্যত আইন ব্যাখ্যা কৰে। ক্ষমতাৰ বিভাজন হৈছে নাইজেৰিয়া শাসন ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ, আৰু এই ব্যৱস্থা ১৯৭৯ চনতে আমেৰিকাৰ ৰাষ্ট্ৰপতীয় চৰকাৰৰ আৰ্হিত গঢ়ি তোলা হৈছিল।

সংবিধান আৰু বিধানমণ্ডলে প্ৰদান কৰা সকলো গুৰুত্বপূৰ্ণ কামৰ লগতে ৰাষ্ট্ৰৰ মুৰব্বী আৰু চৰকাৰৰ মুৰব্বী হিচাপে পালন কৰিবলগীয়া সকলো কাৰ্য ৰাষ্ট্ৰপতিয়ে সম্পাদন কৰে। নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) আইনসভাত বিধেয়কসমূহত স্বাক্ষৰ আৰু অনুমোদন প্রদান কৰা।

(খ) কোনো বিধেয়কৰ সাংবিধানিক পুনৰ বিবেচনাৰ বাবে নেচনেল এছেম্বলীলৈ ওভতাই পঠাব পাৰে।

(গ) কোনো বিধেয়কৰ সাংবিধানিক বৈধতাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ বাবে সাংবিধানিক ন্যায়ালয়লৈ প্ৰেৰণ কৰিব পাৰে।

(ঘ) কোনো বিশেষ বিষয়ৰ ওপৰত আলোচনাৰ তুৰ্থে নেচনেল এছেম্বলীৰ অধিবেশন আহ্বান কৰিব পাৰে।

(ঙ) কাৰ্যবাহী মুৰব্বীৰ উপৰিও সংবিধান বা আইন অনুসাৰে প্ৰদান কৰিব লগা সকলোবোৰ নিযুক্তি ৰাষ্টপতিয়ে প্ৰদান কৰে।

(চ) অনুসন্ধান আয়োগৰ সদস্যসকলক নিযুক্তি দিয়ে।

(ছ) ‘সংসদৰ কোনো আইন সন্দৰ্ভত ৰাষ্ট্ৰীয় গণভোট অনুষ্ঠিত কৰিব পাৰে।

(জ) বিদেশী ৰাষ্ট্ৰ কূটনৈতিক বা কনচুলাৰ প্ৰতিনিধিসকলক দেশৰ হৈ গ্ৰহণ কৰে বা স্বীকৃতি প্রদান কৰে।

(ঝ) ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰদূত আৰু কূটনৈতিক বা কনচুলাৰ প্রতিনিধিসকলক নিযুক্তি প্রদান কৰে।

(ঞ) অভিযুক্তক ক্ষমা দান কৰিব পাৰে আৰু শাস্তিৰ পৰিমাণ বা কোনো ধৰণৰ ক্ষতিপূৰ্ণ বা জৰিমনা হ্ৰাস কৰিব পাৰে।

(ট) ৰাষ্ট্ৰৰ গুৰুত্বপূর্ণ সামৰিক আৰু অ- সামৰিক সন্মানসমূহ প্রদান কৰে।

(খ) উপ-ৰাষ্ট্ৰপতি : নাইজেৰিয়াৰ ১৯৯১৯ চনৰ সংবিধানৰ ১৪১ নং অনুচ্ছেদৰ পৰা ১৪৬ নং অনুচ্ছেদলৈ উপ-ৰাষ্ট্ৰপতিৰ বিষয়ে উল্লেখ কৰা হৈছে। সংবিধানৰ ১৪১ নং অনুচ্ছেদত নাইজেৰিয়াত ৰাষ্ট্ৰপতিৰ পিছতেই এজন উপ-ৰাষ্ট্ৰপতি থাকিব বুলি উল্লেখ আছে। সংবিধানৰ ১৪২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকীয়ে নিজ দলৰ সতীৰ্থ এজনক উপৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰে। অৰ্থাৎ ৰাষ্ট্ৰপতিজন নিৰ্বাচিত হ’লেই উপ-ৰাষ্ট্ৰপতিজন নির্বাচিত হোৱা বুলি গণ্য কৰা হয়। ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীৰ থাকিবলগীয়া অৰ্হতাৰাজি একেই। নির্বাচিত হোৱাৰ পিছত দায়িত্বভাৰ গ্ৰহণৰ পূৰ্বে উপৰাষ্ট্ৰপতি হিচাপে নির্বাচিত ব্যক্তিজনে নাইজেৰিয়াৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত শপত বাক্য পাঠ কৰিব লাগে। নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ,ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰিষদ আৰু যুক্তৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ সদস্য হোৱাৰ উপৰিও উপ-ৰাষ্ট্ৰপতিজনে নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় অর্থনৈতিক পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ৰাষ্ট্ৰপতিৰ পদ কোনো কাৰণত খালী হ’লে উপ-ৰাষ্ট্ৰপতিজনে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিব লাগে। নাইজেৰিয়াৰ উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৪ বছৰ।

৭। চীনৰ ৰাষ্ট্ৰীয় পৰিষদৰ কার্যাৱলী আৰু ক্ষমতা সম্পর্কে লিখা। [Write about the functions and powers of the state council of China.]

উত্তৰঃ ৰাষ্ট্ৰীয় পৰিষদে প্ৰশাসনীয় ব্যৱস্থা গ্ৰহণ কৰে, সিদ্ধান্ত লয়। আৰু আদেশ জাৰি কৰে, আৰু সাংবিধানিক আইন অথবা আজ্ঞাণ্ডিৰ লগত সম্পৰ্ক ৰাখি সেইবোৰৰ প্ৰয়োগ পৰিদৰ্শন কৰে। ই জাতীয় গণ কংগ্ৰেছ বা স্থায়ী সমিতিত বিল সমূহ দাখিল কৰে। মন্ত্রী দপ্তৰসমূহ, কমিছন আৰু স্থানীয় প্রশাসনীয় অংগবোৰৰ কাৰ্যৰ মাজত সমন্বয় ৰক্ষা কৰাৰ উপৰি এইবোৰ পৰিচালনা কৰে। স্থানীয় প্রশাসনীয় অংগবোৰৰ সিদ্ধান্ত বা আদেশবোৰত কোনো ত্রুটি পালে ৰাষ্ট্ৰীয় পৰিষদে তাক সংশোধন বা ৰদ কৰিব পাৰে, জাতীয় অর্থনৈতিক আঁচনি আৰু ৰাষ্ট্ৰীয়। বাজেট কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় পৰিষদে ক্ষমতা প্রয়োগ কৰিব পাৰে। তদুপৰি ই বৈদেশিক তথা আভ্যন্তৰীণ বাণিজ্য নিয়ন্ত্ৰণ কৰে।

ৰাষ্ট্ৰীয় পৰিষদে ৰাষ্ট্ৰৰ সাংস্কৃতিক, শিক্ষামূলক আৰু জনস্বাস্থ্য সম্পৰ্কীয় কার্য পৰিচালনা কৰাৰ উপৰি জাতিসমূহ আৰু বিদেশত থকা চীনা বাসিন্দাসকলৰ লগত জড়িত থকা বিষয়ত প্ৰশাসনীয় ব্যৱস্থা গ্ৰহণ কৰে । ই ৰাষ্ট্ৰৰ স্বাৰ্থ ৰক্ষা কৰাৰ লগে লগে ৰাজহুৱা শৃংখলা আৰু জনস্বাৰ্থ ৰক্ষা কৰে। পৰৰাষ্ট পৰিক্ৰমা বিভাগ ৰাষ্ট্ৰীয় পৰিষদৰ অধীনত আছে। ই ৰাষ্ট্ৰৰ প্ৰতিৰক্ষাবাহিনী গঠন কৰে। স্বায়ত্ত পৰিষদৰদ্বাৰা অনুসমর্থিত হয়। আইনজনিত ব্যবস্থা অনুসৰি প্ৰশাসনীয় কৰ্মচাৰীসকলক নিয়োগ আৰু স্থানান্তৰ কৰাৰ ক্ষমতাও ৰাষ্ট্ৰীয় পৰিষদক দিয়া হৈছে। এই কাৰ্য আৰু ক্ষমতাসমূহৰ উপৰি জাতীয় গণ কংগ্ৰেছ প্রয়োগ কৰিব পাৰে।

নিয়োগ আৰু বৰ্খাস্তৰ ক্ষেত্ৰত তলত উল্লেখ কৰা প্ৰশাসনীয় বিষয়াসকল ৰাষ্ট্রীয় ক্ষমতাৰ অধীন- 

(১) ৰাষ্ট্ৰীয় পৰিষদৰ উপসচিব প্রধানকেইগৰাকী।উপমন্ত্ৰী আৰু সহকাৰী মন্ত্ৰীকেইগৰাকী কমিছনৰ উপপ্রধান আৰু সভ্যসকল বিভিন্ন বিভাগীয় মুৰব্বী আৰু উপমুৰব্বীসকল বিভিন্ন মন্ত্রীদপ্তৰ আৰু কমিছনৰ তলত থকা কাৰ্যালয়বোৰৰ সঞ্চালক আৰু উপসঞ্চালকসকল।

(২) ব’ৰ্ডসমূহৰ মুৰব্বী আৰু উপমুৰব্বীসকল। প্ৰদেশবোৰত থকা গণপৰিষদৰ কাৰ্যালয়বোৰৰ সঞ্চালক আৰু উপসঞ্চালকসকল আৰু মন্ত্ৰীদপ্তৰ আৰু কমিছনৰ অধীনস্থ পৌৰ সভাসমূহৰ একেই কৰ্মচাৰীসকল। 

(৩) বিশেষ প্রশাসনীয় কাৰ্যালয়ৰ কমিছনাৰসকল।

(৪) স্বায়ত্ত শাসিত অঞ্চলবোৰত থকা বিষয়া, যিসকলৰ পদ ২নং আৰু ৩নংত উল্লিখিত বিষয়াসকলৰ সমান মর্যাদাৰ।

(৫) বিদেশত থকা ৰাষ্ট্ৰদূতাবাসসমূহৰ উপদেষ্টাসকল আৰু মহাবাণিজ্য দূতসকল। 

(৬) উচ্চ শিক্ষাৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ সভাপতি আৰুউপসভাপতি সকল আৰু 

(৭) ওপৰত উল্লেখ কৰা বিষয়সমূহৰ সমান মর্যাদাসম্পন্ন আন সকলো বিষয়া।

ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে কার্যপৰিচালনা আৰু সভাত সভাপতিত্ব কৰে। তেওঁৰ কাৰ্যত উপ-প্রধান মন্ত্রীকেইগৰাকীয়ে সহায় কৰে। মন্ত্ৰী আৰু কমিছনৰ মুৰব্বীসকলে তেওঁলোকৰ নিজস্ব বিভাগীয় এলেকাৰ ভিতৰত ৰাষ্ট্ৰীয় পৰিষদৰ সিদ্ধান্ত বা আইন আৰু আজ্ঞাণ্ডিব পৰিপন্থী নোহোৱা হুকুম বা নির্দেশ দিব পাৰে। ৰাষ্ট্ৰীয় পৰিষদ জাতীয় গণ কংগ্ৰেছৰ ওচৰত দায়ী আৰু কংগ্ৰেছলৈ প্রতিবেদন দাখিল কৰিব লাগে। অৱশ্যে, কংগ্রেছ অনুষ্ঠিত নোহোৱা সময়ত ই স্থায়ী কমিটিৰ ওচৰত দায়িত্বশীল আৰু ইয়াৰ ওচৰতে প্রতিবেদন দাখিল কৰা দৰকাৰ। জাতীয় গণকংগ্ৰেছৰ সদস্যসকলে ৰাষ্ট্ৰীয় পৰিষদক বা মন্ত্ৰী আৰু কমিছনসমূহক কোনো বিষয়ত প্রশ্ন কৰিলে, ৰাষ্ট্ৰীয় পৰিষদ বা মন্ত্রী আৰু কমিছনাৰসমূহে তাৰ উত্তৰ দিবলৈ বাধ্য।

৮। চীনৰ বিচাৰ ব্যৱস্থা সম্পর্কে লিখা। [Write about China’s justice system.] 

উত্তৰঃ লোকতান্ত্রিক চীন গণৰাজ্যৰ বিচাৰ-ব্যৱস্থাৰ সম্পৰ্কে সংবিধানৰ দ্বিতীয় অধ্যায়ৰ ষষ্ঠ অংশত বাৰটা অনুচ্ছেদত বিষদভাৱে বৰ্ণনা কৰা হৈছে। চীনা নাগৰিকসকলক ক্ষিপ্ৰভাৱে আৰু কম খৰচত ন্যায় প্ৰদান কৰাটোৱেই চীনৰ ন্যায়পালিকাৰ প্ৰধান উদ্দেশ্য। ইয়াৰ গণআদালতসমূহ একমাত্ৰ আইনৰ অধীন বুলি সংবিধানে ব্যাখ্যা কৰিছে। সমাজবাদ প্রতিষ্ঠা কৰাটোৱেই চীনৰ আইনী ব্যৱস্থাৰ মূল লক্ষ্য আৰু এই লক্ষ্যত উপনীত হ’বৰ কাৰণে ৰাষ্ট্ৰখনৰ ভিতৰে বাহিৰে থকা সমাজবাদৰ শত্ৰুবিলাকক মষিমূৰ কৰিব লাগিব। গতিকে ৰাষ্ট্ৰৰ অন্যান্য বিভাগসমূহৰ নিচিনাকৈ ন্যায়পালিকাৰো প্ৰধান কৰ্তব্য হৈছে মাতৃভূমিৰ প্ৰতি এৰকান্তিকতা আৰু সমাজবাদৰ লক্ষ্যৰে নাগৰিকসকলক শিক্ষিত কৰা। ন্যায়পালিকাই সমাজতন্ত্রবাদৰ শত্ৰুবিলাকৰ বিপক্ষে কৰিবলগা সংগ্ৰামৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা হৈছে। চীনৰ গণ আদালতসমূহে শ্ৰম আৰু ৰাষ্ট্ৰৰ শৃংখলা ভংগকাৰী সকলো ধৰণৰ সমাজবাদ বিৰোধী কাৰ্যক কঠোৰভাৱে শাস্তিবিহিবলৈ প্রতিজ্ঞাবদ্ধ হৈছে।

লোক-চীনৰ ন্যায়পালিকাৰ আন এটি বিশেষত্ব হ’ল, ই ৰাষ্ট্ৰৰ এটি ভিন্ন শাখা নহয়,ই গতানুগতিক প্রশাসনীয় গাঁথনিৰ এটা অংশ মাত্র। ইয়াৰ আদালতবোৰে ন্যায়বিধান কাৰ্য চলোৱাৰ সময়ত সর্বোচ্চ গণ ন্যায়বাদী দপ্তৰৰ লগত সহযোগ কৰে। সর্বোচ্চ গণ ন্যায়বাদী দপ্তৰে ৰাষ্ট্ৰীয় পৰিষদৰ সকলো বিভাগ, ৰাষ্ট্ৰৰ সকলো স্থানীয় অংগ, ৰাষ্ট্ৰৰ অংগসমূহত কাম কৰা সকলো লোক আৰু নাগৰিকসকলে আইন

পালন কার্যত ন্যায়বাদীৰ কৰ্তৃত্ব প্রয়োগ কৰে।

৯। চীনৰ ন্যায় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। [Mention the features of the Chinese System]

উত্তৰঃ গণ প্রজাতান্ত্রিক চীনদেশৰ ন্যায়িক ব্যৱস্থা পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰৰ তুলনাত বেলেগ ধৰণৰ। যিহেতু চীন এখন সমাজবাদী আদৰ্শৰ ওপৰত ভিত্তি কৰি ইয়াৰ ন্যায় ব্যৱস্থা প্রতিষ্ঠা কৰা হৈছে। চীনৰ সংবিধানে ক্ষমতাপৃথকীকৰণ ব্যৱস্থা অনুকৰণ নকৰাৰ কাৰণে ইয়াৰ ন্যায়পালিকাৰ বিশেষ অস্তিত্ব নাই। ইয়াৰ মূল লক্ষ্য হৈছে সমাজবাদী আদর্শ সুদৃঢ় কৰা। এই ন্যায়পালিকাৰ কিছুমান বিশেষ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। সেইবোৰ তলত আলোচনা কৰা হ’ল—

(ক) বিচাৰপতিসকলৰ দায়িত্বশীলতা : চীনৰ সৰ্বোচ্চ গণ আদালত ইয়াৰ কাৰ্যাৱলীৰ বাবে জাতীয় গণকংগ্ৰেছ আৰু স্থায়ী সমিতিৰ ওপৰত দায়িত্বশীল। বিভিন্ন স্তৰত আঞ্চলিক গণআদালতসমূহো ইয়াৰ ব্যতিক্রম। নহয়।

(খ) কেন্দ্রীভূত ন্যায়বিভাগ : চীনৰ ন্যায়বিভাগ হৈছে কেন্দ্ৰীভূত। ইয়াৰ বিচাৰকসকলৰ স্বাধীন কর্তৃত্ব নাই। তেওঁলোক আইনৰ অধীন। ইয়াৰ প্ৰধান কাম হৈছে সমাজবাদী শত্রুক বিনাশ কৰা। চীনৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত চৰকাৰৰ অন্যান্য অংগৰ নিয়ন্ত্রণ থাকে।

(গ) সমাজবাদী ব্যৱস্থাক ৰক্ষা কৰা : চীনৰ বিচাৰ ব্যৱস্থা হৈছে সমাজবাদী আদৰ্শৰ ৰক্ষা কৱচ। ই চীনৰ ৰাজনৈতিক ব্যৱস্থাৰ এটা আহিলাস্বৰূপ।

(ঘ) প্রকিডৰেটৰ ব্যৱস্থা : চীনৰ বিচাৰ ব্যৱস্থাৰ এক অপৰিহার্য অংগ হৈছে গণ প্ৰকিউৰেটৰ ব্যৱস্থা। চীনত চাৰিধৰণৰ গণ প্ৰকিউৰেটৰ দণ্ডৰ আছে। সকলো ৰাষ্ট্ৰীয় সংস্থা আৰু এইবিলাকৰ কৰ্মচাৰীসকলে আৰু চীনৰ নাগৰিকসকলে যাতে সংবিধান আৰু আইন মানি চলে সেইটো সুনিশ্চিত কৰাৰ বাবে গণপ্রকিউৰেটৰ ওপৰত ক্ষমতা অর্পণ কৰা হৈছে।

(ঙ) অখণ্ড বিচাৰ ব্যৱস্থা : চীনত চাৰিবিধ আদালত, যেনে সর্বোচ্চ গণ-আদালত, বিভিন্ন স্তৰত অৱস্থিত আঞ্চলিক গণ আদালতসমূহ, সামৰিক আদালত আৰু বিশেষ গণ-আদালতৰ ব্যৱস্থা আছে। সর্বোচ্চ গণ-আদালতৰ স্থান সকলোৰে ওপৰত আৰু ই তলতীয়। সকলে আদালতক নিয়ন্ত্রণ কৰিব পাৰে। সেয়ে চীনৰ বিচাৰ ব্যৱস্থাত বিকেন্দ্রীভূত যদিও ইয়াক অখণ্ড বিচাৰ ব্যৱস্থা বুলিহে কোৱা হয়।

(চ) বিচাৰকসকলৰ নিৰ্বাচন আৰু অপসাৰণ : চীনৰ ন্যায়পালিকাৰ বিচাৰকসকলক নিৰ্দিষ্ট অঞ্চলৰ বিধানমণ্ডলে নিৰ্বাচিত কৰে। চীনৰ সকলো আদালতে বিচাৰকসকলক নির্বাচিত কৰাৰ ব্যৱস্থা আছে। ঠিক সেইদৰে সংশ্লিষ্ট বিধানমণ্ডলে বিচাৰকসকলক পদৰ পৰা অপসাৰণ কৰাৰ ক্ষমতাও আছে।

(ছ) অপৰাধীক নির্যাতন কৰা নিষিদ্ধ : চীনৰ সংবিধানত সংবিধান সংশোধনীৰ জৰিয়তে কোনো অপৰাধীক নির্যাতন কৰাটো নিষিদ্ধ কৰিছে।

(জ) বিচাৰ কাৰ্যত জনগণৰ ভূমিকা : কোনো গুৰুত্বপূৰ্ণ গোচৰৰ বিষয়ে জনগণে আলোচনা কৰিব পাৰে আৰু সংশ্লিষ্ট বিষয়ত প্ৰস্তাৱ গ্রহণ কৰিব পাৰে, যাৰ জৰিয়তে বিচাৰ বিভাগৰ কাৰ্যত জনগণে অংশগ্রহণ। কৰিবলৈ সুবিধা লাভ কৰিছে।

(ঝ) আইনৰ প্রাধান্য : চীনৰ সংবিধানে সকলো ক্ষেত্রতে আইনৰ ওপৰত প্ৰাধান্য দিছে। বিচাৰকসকলেও আইন অনুসৰিহে বিচাৰ কাৰ্য সম্পন্ন কৰে।

(ঞ) বিচাৰ বিভাগীয় সমিতি চীনত বিশেষ গুৰুত্বপূর্ণ আৰু জটিল গোচৰৰ বিষয়ে পৰামৰ্শ দানৰ বাবে আদালতসমূহৰ বিচাৰ বিভাগীয় সমিতি গঠন কৰাৰ ব্যৱস্থা আছে।

১০। চীনৰ গণৰাজ্যৰ ন্যায়পালিকাৰ গঠন সম্পর্কে আলোচনা কৰা। [Discuss the structure of the judiciary in the people’s Republic of China.]

উত্তৰঃ আদালতসমূহৰ সংগঠন তিনিপ্ৰকাৰৰ আদালতৰ দ্বাৰা ন্যায়পালিকাৰ কর্তৃত্ব পালন কৰা হয়। এই তিনি শ্রেণীৰ আদালত যথাক্রমে (ক) স্থানীয় গণ-আদালত, (খ) বিশেষ গণ-আদালত আৰু গে) সর্বোচ্চ গণ-আদালত।

স্থানীয় গণ-আদালতবোৰ পুনৰ তিনিভাগত ভাগ কৰা হয় – 

(ক) মূল গণ-আদালত, 

(খ) মধ্যস্থ গণ-আদালত আৰু 

(গ) উচ্চ, গণ আদালত।

উচ্চ গণ-আদালত আৰু বিশেষ গণআদালতসমূহ প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত ন্যায় মন্ত্ৰীদপ্তৰৰ অনুমোদন আৰু ৰাষ্ট্ৰীয় পৰিষদৰ মঞ্জুৰী পোৱা দৰকাৰ। মূল আদালত আৰু মধ্যস্থ আদালতসমূহ প্ৰতিষ্ঠা কৰিবলৈ প্রদেশ, স্বায়ত্ব শাসিত অঞ্চল আৰু কেন্দ্রীয় কর্তৃত্বৰ লগত থকা পৌৰসভাৰ ন্যায় সম্পৰ্কীয় প্রশাসনীয় অংগবোৰৰ অনুমোদন আৰু প্রদেশ বা পৌৰসভাসমূহত থকা পৰিষদবোৰৰ অথবা স্বায়ত্ত শাসিত অঞ্চলসমূহত থকা স্বশাসনৰ অংগবোৰৰ অনুমোদন দৰকাৰ। আদালতবোৰে দেৱানী আৰু ফৌজদাৰী বিবাদবোৰ বিচাৰ কৰে, আৰু ইয়াৰ বিচাৰ পদ্ধতিৰ দ্বাৰা অপৰাধীসকলক শাস্তি দিয়া হয় আৰু দেৱানী মোকর্দমাবোৰ নিষ্পত্তি কৰা হয়। জনসাধাৰণৰ গণতান্ত্রিক ব্যবস্থা ন্যায়পালিকাৰে ৰক্ষা কৰা হৈছে। ৰাজহুৱা শৃংখলা অটুট দ্বাৰা ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে সাধন কৰা হৈছে। চমুকৈ ক’বলৈ হ’লে আদালতসমূহৰ সকলো কাৰ্যৰ মাজেৰে ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য আৰু স্বেচ্ছাই পালন কৰা কৰ্তব্যৰ প্ৰতি নাগৰিকসকলক শিক্ষিত কৰা হয়।

সংগঠনাত্মক বিধিৰ ৪ নং অনুচ্ছেদত ন্যায় বিচাৰৰ ক্ষেত্ৰত আদালতৰ স্বাধীনতাক সুৰক্ষিত কৰা হৈছে। এই ক্ষেত্ৰত ই কেৱল আইনৰ তলতীয়া হিচাপেহে কাম কৰে। জাতি, প্ৰজাতি, ব্যৱসায়, সামাজিক মর্যাদা, ধর্মবিশ্বাস, পুৰুষ-স্ত্রী ইত্যাদি কোনো বিষয়ত বৈষম্য নাৰাখি সকলোৰে ক্ষেত্ৰত আইন সমানভাৱে প্রযোজ্য। সকলো জাতিৰ লোকে আদালতৰ প্ৰতিবিধান ব্যৱস্থাত নিজৰ কথিত আৰু লিখিত ভাষা ব্যৱহাৰ কৰিব পাৰে আৰু কোনো লোকে স্থানীয় ভাষা নুবুজিলে তেনেলোকৰ বাবে দোভাষীৰ ব্যৱস্থা কৰে। আইনে কোনো বিকল্প ব্যৱস্থাৰ বাবে বিধান নিদিলে সকলো মোকদমাৰ বিচাৰ ৰাজহুৱাভাৱে কৰা হয়। অভিযুক্ত লোকৰ বিচাৰত আত্মৰক্ষাৰ ব্যৱস্থা লোৱাৰ অধিকাৰ দিয়া হৈছে। প্ৰয়োজন হলে আদালতে অভিযুক্তজনৰ বাবে উকীল নিযুক্ত কৰিব পাৰে। ইয়াৰ আদালতসমূহৰ ন্যায় বিচাৰৰ ক্ষেত্ৰত যৌথ ব্যৱস্থা সমূহীয়া ব্যৱস্থা গ্ৰহণ কৰা হয়। সাধাৰণ দেৱানী আৰু সৰু ফৌজদাৰী মোকদমাবোৰ আৰু আইনে বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে নির্দেশ দিয়া মোকৰ্দমাবোৰৰ বাহিৰে আন সকলোবোৰ মোকদমাৰ ক্ষেত্ৰত প্রথমে এজন ন্যায়াধীশ আৰু গণন্যায় উপদেষ্টাসকলৰ এখন বেঞ্চে যৌথভাৱে ন্যায় প্রতিবাদৰ ক্ষেত্ৰত ন্যায়ধীশসকলৰ এখন যুটীয়া বেঞ্চে ন্যায় ব্যৱস্থা গ্ৰহণ কৰে। সকলো স্তৰৰ গণ-আদালতসমূহে ন্যায়পালিকা গঠন কৰা দৰকাৰ। এই কমিটিসমূহে ন্যায়পালিকাৰ অভিজ্ঞতা সংগ্ৰহ কৰাৰ উপৰি অতি গুৰুত্বপূৰ্ণ আৰু কঠিন মোকর্দমাবোৰ আলোচনা কৰে আৰু ন্যায়সালিকাৰ লগত জড়িত হৈ থকা প্ৰশ্নসমূহ পৰীক্ষা কৰি চায়। 

একেই শ্ৰেণীৰ গণপৰিষদবোৰে স্থানীয় গণ আদালতৰ সভাপতিৰ অনুমোদন সাপেক্ষে জাতীয় গণ কংগ্ৰেছৰ স্থায়ী সমিতিয়ে নিযুক্ত আৰু বৰ্খাস্ত কৰিব পাৰে। একেই শ্ৰেণীৰ প্ৰধান ন্যায়বাদীসকলে এনেধৰণৰ বিভিন্ন আদালতৰ ন্যায়পালিকা কমিটিৰ সভাত সংশ্লিষ্ট আদালতৰ সভাপতিয়ে সভাপতিত্ব কৰে। চীনৰ ন্যায়পালিকাৰ ঊর্ধ্বতম ন্যায়ালয় সর্বোচ্চ গণ-আদালত জাতীয় গণ কংগ্ৰেছৰ ওচৰত দায়ী আৰু কংগ্ৰেছৰ অধিৱেশন চলাৰ সময়ত ইয়াৰ ওচৰত প্ৰতিবেদন দাখিল কৰে। ইয়াৰ অধিৱেশন নোহোৱা সময়ত উর্ধ্বতম ন্যায়ালয় ইয়াৰ স্থায়ী সমিতিৰ ওচৰত দায়ী আৰু প্রতিবেদন দাখিল কৰা দৰকাৰ। স্থানীয় গণ আদালতসমূহ একে পৰ্যায়ৰ গণকংগ্ৰেছসমূহৰ ওচৰত দায়ী আৰু প্ৰতিবেদন দিব লাগে। নিম্ন পৰ্যায়ৰ আদালতসমূহ উচ্চ পর্যায়ৰ আদালতসমূহে পৰিদৰ্শন কৰে। সকলো পৰ্যায়ত আদালত ন্যায়পালিকা সম্পৰ্কীয় প্রশাসনীয় কার্যাৱলী ন্যায়পালিকাৰ প্ৰশাসনীয় অংগবোৰৰ দ্বাৰা পৰিচালিত হয়। ৰাজনৈতিক অধিকাৰপ্ৰাপ্ত আৰু ২৩বছৰ পূৰ্ণ হোৱা যিকোনো নাগৰিকে আদালতৰ সভাপতি নির্বাচিত হোৱাৰ বাবে যোগ্যতা অর্জন কৰে। এনে অৰ্হতাসম্পন্ন নাগৰিকসকলে আদালতৰ উপসভাপতি, ডিভিজনৰ প্ৰধান ন্যায়াধীশ, ডিভিজনৰ সহযোগী ন্যায়াধীশ, ন্যায়াধীশ আৰু উপন্যায়াধীশ নিযুক্ত হোৱাৰ বাবেও যোগ্যতা অর্জন কৰে। স্থানীয় আদালতৰ সভাপতি একে পর্যায়ত থকা স্থানীয় কংগ্ৰেছৰ দ্বাৰা নিৰ্বাচিত হয়। স্থানীয় পৰিষদসমূহে একে পৰ্যায়ৰ উপসভাপতি, ডিভিজনৰ প্ৰধান ন্যায়াধীশ, ডিভিজনৰ সহযোগী ন্যায়াধীশ, ন্যায়াধীশ আৰু উপন্যায়াধীশসকলৰ নিয়োগ আৰু স্থানান্তৰ কৰে। আদালতৰ সভাপতিসকলক সংশ্লিষ্ট গণকংগ্ৰেছে পদৰ পৰা স্থানান্তৰো কৰিব পাৰে। সভাপতিসকল চাৰি বছৰীয়া পদাধিকাৰৰ বাবে নির্বাচিত হয়।

মূল গণ আদালতসমূহ : কেইবাশ্ৰেণীৰো মূল আদালত দেখিবলৈ পোৱা যায়। এইবোৰ যথাক্রমে কাউন্টি গণ আদালত আৰু পৌৰসভা গণআদালত,পৌৰ জিলাবোৰৰ গণ আদালত এজন সভাপতি, এজন বা দুজন উপ-সভাপতি আৰু ন্যায়’ধীশসকলৰ দ্বাৰা মূল আদালতসমূহ গঠিত হৈছে। মৌলিক আদালতে এটা ফৌজদাৰী আৰু দেৱানী বিভাজন গঠন কৰিব পাৰে। প্ৰত্যেকটো বিভাজনত এগৰাকী প্রধান ন্যায়াধীশ আৰু প্ৰয়োজন অনুসৰি সহযোগী ন্যায়াধীশ কেইবাগৰাকীও থাকিব পাবে। স্থানীয় অৱস্থাভেদে জনসংখ্যা আৰু মোকদমা অনুসৰি মূল! আদালতে গণ ন্যায়াধিকৰণ প্ৰতিষ্ঠা কৰিব পাৰে। এনে ন্যায়াধিকৰণ মৌলিক আদালতসমূহৰ অংশ হিচাপে থাকে আৰু ইয়াৰ ৰায় আৰু আদেশ মৌলিক আদালতৰ আদেশ বা ৰায় বুলি ধৰা হয়।

মধ্যস্থ গণ আদালতসমূহ : প্রদেশ, স্বায়ত্ত শাসিত অঞ্চল, কেন্দ্রীয় কতৃত্বৰ তলত পোনপটীয়াভাৱে থকা পৌৰসভা, ডাঙৰ পৌৰসভা আৰু স্বায়ত্ত শাসিত এলেকাবোৰত এনেধৰণৰ আদালত স্থাপন কৰা হয়। এজন সভাপতি, এজন বা দুজন উপ-সভাপতি ডিভিজনৰ প্ৰথম ন্যায়াধীশকেইবাগৰাকী আৰু ন্যায়াধীশ-কেইগৰাকীৰ দ্বাৰা মধ্যস্থ গণ আদালতসমূহ গঠিত হয়। ইয়াত দেৱানী আৰু ফৌজদাৰী প্ৰত্যেকৰে একোটা বিভাজন থকাৰ উপৰি প্ৰয়োজন অনুসৰি আন বিভাজনো থাকিব পাবে। আইন আৰু আজ্ঞাপীয়ে অৰ্পণ কৰা মোকর্দমাসমূহ আৰু মৌলিক আদালতবোৰৰ পৰা হস্তান্তৰ কৰা মোকদমাসমূহো প্রথম পৰ্যায়ৰ বিচাৰৰ বাবে ইয়াক অধিকাৰ দিয়া হৈছে। তদুপৰি মৌলিক আদালতসমূহৰ আদেশ আৰু ৰায়ৰ বিপক্ষে কৰা আপীল আৰু প্ৰতিবাদ, আৰু গণ ন্যায়বাদী দপ্তৰে ন্যায়পালিকা পৰিদৰ্শনৰ পদ্ধতি অনুযায়ী কৰা প্রতিবাদসমূহো মধ্যস্থ গণ-আদালতৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত।

উচ্চ গণ আদালত : উচ্চ গণ আদালতবোৰ প্ৰদেশ, স্বায়ত্ত শাসিত অঞ্চল আৰু কেন্দ্রীয় কতৃত্বৰ তলত থকা পৌৰসভাবোৰত গঠন কৰা হয়। এজন সভাপতি, উপ-সভাপতিকেইগৰাকী, ডিভিজনৰ প্ৰধান ন্যায়াধীশকেইগৰাকী, ডিভিজনৰ সহযোগী প্রধান ন্যায়াধীশকেইগৰাকী আকু ন্যায়াধীশসকলৰদ্বাৰা উচ্চ গণ আদালত গঠন কৰা হয়। ইয়াত একোটাকৈ ফৌজদাৰী আৰু দেৱানী বিভাজন থকাৰ উপৰি প্ৰয়োজন অনুসৰি আন বিভাজনো থাকিব পাৰে। উচ্চ গণআদালতৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত প্ৰথম পৰ্যায়ৰ বিচাৰৰ বাবে দিয়া মুকৰ্দমা, নিম্নস্থ আদালতৰ পৰা হস্তান্তৰ কৰ। প্ৰথম পৰ্যায়ৰ বিচাৰৰ মোকদমা, নিম্নস্থ আদালতৰ ছকুম বা ৰায়ৰ বিপক্ষে কৰা প্রতিবাদ বা আপীলসমূহ আৰু ন্যায়বাদী দণ্ডৰে ন্যায়পালিকাৰ পৰিদর্শন পদ্ধতি অনুযায়ী কৰা প্রতিবাদসমূহ অন্তর্ভুক্ত কৰা হৈছে।

বিশেষ গণ আদালত : সামৰিক আদালত,ৰেল পৰিবহণ আদালত আৰু জল পৰিবহণ আদালতবোৰ বিশেষ গণআদালতৰ শ্ৰেণীত পৰে। বিশেষ গণআদালতৰ সংগঠন জাতীয় গণ কংগ্ৰেছৰ স্থায়ী কমিটিয়ে নিৰ্ধাৰণ কৰে।

১১। চীনৰ উচ্চতম গণ আদালতৰ গঠন, কার্যকাল ক্ষমতা, কার্যাৱলী আৰু মূল্যায়ণ সম্পর্কে আলোচনা কৰা। [Discuss the functions and values of the formation of the Supreme Court of China.]

উত্তৰঃ ১৯৮২ চনৰ সংবিধান অনুসৰি চীন গণৰাজ্যৰ উচ্চতম গণআদালতেই হৈছে সবোচ্চ বিচাৰ বিভাগীয় সংস্থা। সংবিধানৰ ১২৭ নং অনুচ্ছেদত এই কথা উল্লেখ আছে। উচ্চতম ন্যায়ালয়ৰ এজন সভাপতি, কেইগৰাকীমান উপসভাপতি, কেইজনমান সহযোগী সভাপতিক লৈ, ভাগবিলাকৰ প্রধান বিচাৰকসকল আৰু কেইজনমান সাধাৰণ বিচাৰক লৈ গঠিত। ইয়াৰ সভাপতিজন জাতীয় গণকংগ্ৰেছৰ কিন্তু নির্বাচিত হয়। আনহাতে, উপসভাপতি আৰু অন্যান্য সহযোগী সভাপতি আৰু সাধাৰণ বিচাৰকসকলক নির্বাচন কৰা ক্ষমতা স্থায়ী ভূমিতিক প্ৰদান কৰা হৈছে।

গঠন : পৃথিৱীৰ আন সংবিধানত উল্লেখ থকাৰ দৰে চীন গণৰাজ্যৰ উচ্চতম গণআদালত বিচাৰকসকলৰ কোনো শিক্ষাগত অৰ্হতাৰ বিষয়ে সাবিধানত উল্লেখ নাই। এজন ব্যক্তি সাধাৰণতে আইনজ্ঞ, সমাজবাদী লৰ অভিজ্ঞ ব্যক্তি হোৱাৰ লগতে ভোটদানৰ অৰ্হতা থাকিলেই আদালতৰ বিচাৰক হোৱাৰ যোগ্যতা লাভ কৰে।

কার্যকাল : উচ্চতম গণআদালতৰ বিচাৰকসকলৰ কাৰ্যকাল ৫বছৰ। কোনো বিচাৰকক কার্যকাল আগতেই জাতীয় কংগ্ৰেছে পদৰ পৰা আঁতৰাব পাৰে নাইবা কোনো বিচাৰকক পদৰ পৰা ঘুৰাই আনি তেওঁৰ ঠাইত আন বিচাৰকক নির্বাচন কৰিব পাৰে। সংবিধান অনুসৰি উচ্চতম গণআদালতৰ সভাপতিজন একেলেথাৰিয়ে দুটা কাৰ্যকালৰ অধিক সেই পদত থাকিব নোৱাৰে। চীনৰ উচ্চতম গণআদালতৰ বিচাৰপতিসকল তেওঁলোকৰ কাৰ্যাৱলীৰ বাবে জাতীয় গণ কংগ্ৰেছৰ ওচৰত দায়বদ্ধ থাকে। আনহাতে, ইয়াৰ বিৰতিৰ সময়ত স্থায়ী সমিতিৰ ওচৰত দায়িত্বশীল হৈ থাকে।

ক্ষমতা আৰু কাৰ্যাৱলী: চীন গণৰাজ্যৰ বিচাৰ ব্যৱস্থাৰ শীৰ্ষস্থানত থকা উচ্চতম গণআদালত বিভিন্ন ক্ষমতা আৰু কাৰ্যৰ অধিকাৰী। এই আদালতৰ একোটাকৈ দেৱানী আৰু ফৌজদাৰী বিভাগ আছে। ইয়াৰ উপৰি প্ৰয়োজন হ’লে আন বিভাগো থাকিব পাৰে। উচ্চতম গণআদালত সাধাৰণতে তিনি প্ৰকাৰৰ ক্ষমতা আৰু কাৰ্যৰ অধিকাৰী; সেইবোৰ হ’ল— মৌলিক ক্ষমতা, আপীল বিচাৰৰ ক্ষমতা আৰু ক্ষমতা।

(ক) মৌলিক ক্ষমতা : চীন গণৰাজ্যৰ উচ্চতম গণ আদালতে বহুতো বিষয়ত মৌলিক ক্ষমতা ভোগ কৰে। ইয়াৰ মৌলিক ক্ষমতাৰ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ সকলো ক্ষেত্ৰলৈ সম্প্রসাৰিত হয়। ই দেবানী আৰু ফৌজদাৰী গোচৰ ইয়াৰ মৌলিক ক্ষমতা হিচাপে শুনিব পাৰে। তলত দিয়া ধৰণে ই মৌলিক ক্ষমতাৰ বিচাৰ কৰিব পাৰে– 

(১) দুই বা ততোধিক ৰাজ্যৰ মাজত বিবাদ। 

(২) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত হোৱা বিবাদ। 

(৩) আন কোনো বিষয় গুৰুত্বপূর্ণ বুলি বিবেচনা কৰিলে বিচাৰৰ বাবে নিজৰ অধীনলৈ আনিব পাৰে।এই আদালতৰ সিদ্ধান্তসমূহ চূড়ান্ত বুলি বিবেচনা কৰা হয় আৰু এই সিদ্ধাত্তসমূহ আইনৰ দৰে বলৱৎ কৰা হয়।

(খ) আপীল ক্ষমতা : চীন গণৰাজ্যৰ উচ্চতম গণআদালতৰ আপীল শুনাৰ ক্ষমতাও আছে। চীনদেশৰ বিশেষ গণ আদালত আইন উচ্চতম স্থানীয় গনআদালতৰ ৰায়ৰ বিৰুদ্ধে অনা আপীল আদি এই আদালততে শুনে । এই সম্পর্কে এই আদালতে চূড়ান্ত সিদ্ধান্ত বহণ কৰে।

(গ) পৰিদৰ্শনমূলক ক্ষমতা : উচ্চতম গণ আদালতে শীর্ষ আদালত হিচাপে দেশৰ বিশেষ গণআদালত আৰু স্থানীয় গণ আদালতবিলাকৰ বিচাৰ বিভাগীয় পৰিচালক আৰু পৰিদৰ্শন কৰাৰ ক্ষমতা আছে। উচ্চতম গণআদালতে নিম্ন আদালতৰ বিচাৰ পদ্ধতি সম্পর্কে নির্দেশাৱলী দিব পাৰে। সকলো নিম্ন আদালতে ইয়াৰ নিৰ্দেশ, পৰামৰ্শ আদি মানি চলিবলৈ বাধ্য।

মূল্যায়ন : আমেৰিকা যুক্তৰাষ্ট্ৰ নিচিনাকৈ চীনৰ উচ্চতম গণ আদালতে ন্যায়িক সমীক্ষাৰ ক্ষমতা উপভোগ নকৰে। এই আদালত সংবিধান ব্যাখ্যা কাৰকো নহয়। ই জাতীয় গণকংগ্ৰেছৰ দ্বাৰা প্ৰণয়ন কৰা কোনো আইনক অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে। চীনৰ উচ্চতম গণআদালত সংবিধানৰ ৰক্ষক বা অভিভাৱক নহয়। কিন্তু চীনৰ ন্যায়পালিকা ৰাষ্ট্ৰীয় ক্ষমতা পৰিচালনাৰ এটা আহিলা বুলিহে আখ্যা দিব পাৰি। চীন গণৰাজ্যৰ বিচাৰ ব্যৱস্থাই দলীয় নীতি আৰু নিৰ্দেশনাৰ অধীনত কাৰ্যনিৰ্বাহ কৰিব লাগে। দলীয় স্বার্থ আৰু লক্ষ্য যাতে সকলো ক্ষেত্ৰতে সংৰক্ষিত হৈ থাকে তাৰ প্রতি ন্যায়পালিকাই সদায় সতর্ক দৃষ্টি ৰাখিব লাগে। গতিকে ই ৰাজনীতিৰ পৰা আঁতৰত থাকিব নোৱাৰে।

১২। লোকচীনৰ স্থায়ী সমিতিৰ গঠন, ক্ষমতা আৰু কার্যাৱলী সম্পর্কে আলোচনা কৰা। [Discuss the structure, powers and functions of the standing committee of the Republic of China.]

উত্তৰঃ লোকচীনৰ জাতীয় গণকংগ্ৰেছৰ স্থায়ী সমিতিক দিয়া ক্ষমতাসমূহলৈ লক্ষ্য ৰাখি ইয়াক ৰাষ্ট্ৰৰ সৰ্বোচ্চ স্থায়ী কাৰ্যকৰী অংগ বুলি ক’ব পাৰি। কাৰণ ই জাতীয় গণকংগ্ৰেছৰ হকে কাৰ্য কৰে। এইখিনিতে উল্লেখযোগ্য যে জাতীয় গণকংগ্ৰেছৰ অধিৱেশন অতি কম সময়ৰ বাবে বছৰি মাত্ৰ এবাৰ অনুষ্ঠিত হয়। ইয়াৰ বিশেষত্বপূর্ণ কাৰ্যাৱলীৰ বেছিভাগেই কাৰ্যপালিকাৰ প্ৰকৃতিৰ বুলি ক’ব পাৰি।

গঠন : ৩০ নং অনুচ্ছেদত ইয়াৰ সাংবিধানিক মর্যাদা সম্বন্ধে আলোচনা কৰা হৈছে। জাতীয় কংগ্ৰেছৰ অধিৱেশন বছৰি মাত্ৰ এবাৰ অনুষ্ঠিত হোৱাৰ বাবে স্থায়ী সমিতিক ইয়াৰ কাৰ্য সম্পাদনৰ স্থায়ী। দায়িত্ব অর্পণ কৰা হৈছে। জাতীয় গণকংগ্ৰেছৰ প্রথম অধিবেশনত নির্বাচিত কৰা আন সদস্যসকলৰ বাহিৰেও, সভাপতি, উপসভাপতি আৰু সচিবপ্রধান ইয়াৰ সভা। ইয়াৰ সভ্য সংখ্যা সম্ভৱতঃ ৬৫ জনতকৈ বেছি। 

সভাপতিয়ে মাহত দুবাৰকৈ ইয়াৰ বৈঠক আহ্বান কৰে। অধিৱেশনত সভাপতিত্ব কৰে আৰু কমিটিৰ কার্য পৰিচালনা কৰে। সভাপতি স্বাস্থ্যজনিত কাৰণবশতঃ দীৰ্ঘকালৰ বাবে কার্য পৰিচালনা কৰিবলৈ অসমৰ্থ হ’লে অথবা তেওঁৰ পদ খালী হ’লে উপসভাপতিসকলৰ মাজৰপৰা এজনে তেওঁ আৰোগ্য নোহোৱালৈকে বা নতুন সভাপতি এজন নির্বাচিত নোহোৱালৈকে কার্যভাৰ পৰিচালনাত থাকে। ইয়াৰ বাহিৰেও স্থায়ী সমিতিয়ে উপসচিব- প্রধানসকলকো নিযুক্ত কৰে।

ক্ষমতা আৰু কার্যাৱলী : স্থায়ী সমিতিয়ে জাতীয় কংগ্ৰেছৰ সদস্যসকলৰ নিৰ্বাচন পৰিচালনা কৰে। কংগ্ৰেছৰ নিৰ্দিষ্ট কার্যকাল অন্তৰ দুমাহৰ পূৰ্বে পৰৱৰ্তী কংগ্ৰেছৰ সদস্যসকলৰ নিৰ্বাচন সমাপ্ত হোৱা উচিত। অসাধাৰণ পৰিস্থিতি উদ্ভৱ হোৱাৰ ফলত নির্বাচন নির্দিষ্ট সময়ত পাতিব নোৱাৰিলে সদস্যসকলৰ কাৰ্যকাল পৰৱৰ্তী কংগ্ৰেছৰ বহিবলগীয়া অধিৱেশনৰ সময়লৈ বঢ়াই দিয়াৰ ব্যৱস্থা ৰখা হৈছে। সাধাৰণতে বছৰি এবাৰকৈ কংগ্ৰেছৰ অধিৱেশন স্থায়ী সমিতিয়ে আহ্বান কৰে। প্ৰয়োজন অনুযায়ী স্থায়ী কমিটিয়ে যিকোনো সময়ত বা এক-পঞ্চমাংশ সদস্যই কৰা প্ৰস্তাৱৰ দ্বাৰা কংগ্ৰেছৰ অধিৱেশন আহ্বান কৰিব পাৰে। কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত নোহোৱা সময়ত স্থায়ী কমিটিয়ে বাজেট কমিটিক পৰিচালনা কৰে। 

স্থায়ী কমিটিয়ে আইনৰ ব্যাখ্যা, আজ্ঞাণ্ডি গ্ৰহণ কৰাৰ উপৰি ৰাষ্ট্ৰীয় পৰিষদ, সর্বোচ্চ গণন্যায়ালয় আৰু সৰ্বোচ্চ গণন্যায়বাদী দপ্তৰৰ কাৰ্য পৰিদৰ্শন কৰে। সংবিধান, আইন আৰু আজ্ঞাপ্তিৰ পৰিপন্থী হোৱা ৰাষ্ট্ৰীয় পৰিষদৰ আদেশ বা সিদ্ধান্তসমূহ ৰদ কৰাৰ অধিকাৰ স্থায়ী সমিতিক দিয়া হৈছে। তদুপৰি প্ৰদেশ, স্বায়ত্তশাসিত অঞ্চল আৰু কেন্দ্ৰীয় কৰ্তৃত্বৰ তলত থকা পৌৰ সভাসমূহৰ ভুল সিদ্ধান্তসমূহ বদ কৰাৰ কিম্বা সংশোধন কৰাৰ ক্ষমতাও স্থায়ী সমিতিক দিয়া হৈছে। কোনো কোনো ৰাষ্ট্ৰৰ সশস্ত্ৰ আক্ৰমণৰ বাবে অথবা কোনো আন্তর্জাতিক চুক্তিৰ আক্ৰমণৰ বিপক্ষে উমৈহতীয়া প্ৰতিৰক্ষা ব্যৱস্থা চৰ্ত পালন কৰিবলৈ যুদ্ধাৱস্থা ঘোষণা কৰাৰ ক্ষমতাও কংগ্ৰেছৰ অধিৱেশন নবহা সময়ত স্থায়ী সমিতিয়ে প্ৰয়োগ কৰিব পাৰে।

জাতীয় গণকংগ্ৰেছৰ অধিবেশন অনুষ্ঠিত নোহোৱা সময়ত উপপ্রধান মন্ত্রী, মন্ত্ৰী, কমিছনৰ মুৰব্বী বা সচিবপ্রধান নিযুক্তি বা স্থানান্তৰ কৰিবলগীয়া হ’লে, স্থায়ী সমিতিয়ে সিদ্ধান্ত ল’ব পাৰে। এই কমিটিক সর্বোচ্চ গণন্যায়ালয়ৰ ন্যায়পালিকা সমিতিৰ উপসভাপতি, বিচাৰকমণ্ডলী আৰু আন সদস্যসকলক নিয়োগ আৰু স্থানান্তৰ কৰাৰ ক্ষমতা দিয়া হৈছে। সেইদৰে সৰ্বোচ্চ ন্যায়বাদী দপ্তৰ ন্যায়বাদী সমিতিৰ উপপ্রধান ন্যায়বাদী | Deputy Chief Procurator], ন্যায়বাদীসকল আৰু আন আন সভ্যসকলৰ ক্ষেত্ৰতো নিযুক্তি আৰু স্থানান্তৰ কৰাৰ ক্ষমতা স্থায়ী সমিতিক দিয়া হৈছে। বিদেশী ৰাষ্ট্ৰলৈ পঠিওৱা পূৰ্ণাধিকাৰী দূতসকলৰ নিয়োগ আৰু প্ৰত্যাৱৰ্তনৰ প্ৰশ্ন সমিতিয়ে থিৰ কৰে। আন ৰাষ্ট্ৰৰ লগত সম্পাদিত কৰা চুক্তিৰ অনুসমৰ্থ আৰু নিৰাকৰণ কৰা সম্পর্কতো স্থায়ী সমিতিক ক্ষমতা দিয়া হৈছে। সামৰিক কূটনৈতিক আৰু বিশেষ উপাধি, আৰু অনুক্ৰম তৈয়াৰ কৰাৰ ক্ষেত্ৰত আৰু ৰাষ্ট্ৰীয় সন্মান, মেডেল আদি প্ৰদানৰ ক্ষেত্ৰতো থিৰ কৰাৰ ইয়াক ক্ষমতা দিয়া হৈছে। স্থায়ী সমিতিয়ে ক্ষমাদানো কৰিব পাৰে।

ৰাষ্ট্ৰীয় চেয়াৰমেন, ভাইচ চেয়াৰমেন, স্থায়ী কমিটিৰ সভাপতি, উপ-সভাপতি আৰু সভ্যসকলে, জাতিসমূহৰ আৰু বিলসমূহৰ কমিটি আৰু ৰাষ্ট্ৰীয় পৰিষদে কমিটিত বিল উত্থাপন কৰিব পাৰে। কংগ্ৰেছৰ সংশ্লিষ্ট কমিটিত যুটীয়া আৰু পৃথক আলোচনাৰ অন্তত উত্থাপিত বিলসমূহ কমিটিৰ সভাপতিৰ দ্বাৰা স্থায়ী কমিটিত দাখিল কৰা হয়। কংগ্ৰেছৰ দুখন কমিটি জাতিসমূহৰ আৰু বিলসমূহৰ কমিটি স্থায়ী সমিতিৰ প্ৰত্যক্ষ পৰিচালনাত কাৰ্য কৰে। এই কাৰ্যাৱলীৰ বাহিৰেও জাতীয় গণকংগ্ৰেছে স্থায়ী সমিতিৰ ওপৰত আন কিছুমান ক্ষমতা আৰু কাৰ্য ন্যস্ত কৰিব পাৰে। স্থায়ী সমিতিৰ প্ৰস্তাৱসমূহৰ ওপৰত ইয়াৰ সদস্যসকলৰ সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটৰ দৰকাৰ। সমিতিয়ে ইয়াৰ কার্য সম্বন্ধে জাতীয় গণকংগ্ৰেছৰ প্ৰত্যেকখন অধিৱেশনত এখন প্রতিবেদন দাখিল কৰাৰ দৰকাৰ। সমিতিয়ে কংগ্ৰেছৰ ওচৰত দায়ী আৰু ইয়াৰ সভ্যসকলক কংগ্ৰেছে প্রত্যাৱৰ্তনৰ নিৰ্দেশ দিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top