Introduction to Comparative Government and Politics Unit 4 Themes For Comparative Analysis- I

Introduction to Comparative Government and Politics Unit 4 Themes For Comparative Analysis- I, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Comparative Government and Politics Unit 4 Themes For Comparative Analysis- I Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Comparative Government and Politics Unit 4 Themes For Comparative Analysis- I Question Answer can be of great value to excel in the examination.

Introduction to Comparative Government and Politics Unit 4 Themes For Comparative Analysis- I

Join Telegram channel

Introduction to Comparative Government and Politics Unit 4 Themes For Comparative Analysis- I Notes cover all the exercise questions in UGC Syllabus. The Introduction to Comparative Government and Politics Unit 4 Themes For Comparative Analysis- I provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Themes For Comparative Analysis- I

POLITICAL SCIENCE

INTODUCTION TO COMPARATIVE GOVERNMENT AND POLITICS

তুলনামূলক চৰকাৰ আৰু ৰাজনীতিৰ পৰিচয়

১। ইংলেণ্ডৰ কোনো সংবিধান নাই বুলি কোনে ক’ব খোজে? [Who says there is no constitution in England?]

উত্তৰঃ টকোভলি।

২। ইংলেণ্ডৰ মন্ত্ৰীসভাখনত কোন পাঁচ শ্রেণীৰ মন্ত্ৰী দেখিবলৈ পোৱা যায়? [Which five classes of ministers are found in the cabinet of England.]

উত্তৰঃ ইংলেণ্ডৰ মন্ত্ৰীসভাখনত আমি পাঁচ শ্ৰেণীৰ মন্ত্ৰী দেখিবলৈ পাওঁ আৰু এইবোৰ এনেধৰণৰ প্রথম শ্রেণীত চেঞ্চেলাৰ অৱ এক্সচেকাৰ, এড্‌মিৰেলিটিৰ প্ৰথম লৰ্ড, বৈদেশিক সচিবসকল থাকে। তেওঁলোকে যুটীয়াভাৱে কোনো বিষয়ত চৰকাৰৰ নীতি গ্ৰহণ কৰে। দ্বিতীয় শ্রেণীৰ ভিতৰত থকা মন্ত্ৰীসকল হ’ল – লৰ্ড চেঞ্চেলাৰ, লৰ্ড প্রিভি কাউন্সিলৰ আৰু কাডিন্সিলৰ লৰ্ড প্রেছিডেণ্ট। তৃতীয় শ্রেণীত থাকে সহকাৰী সচিবসকল। চতুর্থ শ্ৰেণীৰ মন্ত্ৰীসকল হ’ল চৰকাৰৰ হুইপসকল। পঞ্চম শ্ৰেণীৰ মন্ত্ৰী হ’ল ট্রেজাৰাৰ কনট্রোলাৰ আৰু ভাইচ চেম্বাৰহীন। ইংলেণ্ডৰ এনে পাঁচশ্রেণীৰ মন্ত্ৰীসকলৰ মুঠ সংখ্যা বর্তমান ৬০জনতকৈ অধিক।

৩। ইংলেণ্ডৰ দেৱানী আদালতক কোন তিনিটা ভাগত ভগাব পৰা যায়?

উত্তৰঃ দেৱানী আদালত পর্যায়ক্রমে তিনিটা ভাগত ভাগ কৰিব পাৰি— ক) কডিণ্টি আদালত, খ) উচ্চ ন্যায়লয়, গ) আপীল আদালত। 

৪। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ পদৰ এটা অৰ্হতা উল্লেখ কৰা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ পদৰ এটা অৰ্হতা হ’ল— আমেৰিকাৰ স্বাভাৱিক নাগৰিক হ’ব লাগিব।

৫। ব্রাজিলৰ ৰাষ্ট্ৰপতিৰ এটা ক্ষমতা উল্লেখ কৰা।

উত্তৰঃ ব্রাজিলৰ ৰাষ্ট্ৰপতিৰ এটা ক্ষমতা হ’ল— তেওঁ, মন্ত্রীপৰিষদৰ সদস্যসকলৰ সহযোগত যুক্তৰাষ্ট্ৰীয় প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ ব্যৱস্থাপনা কৰিব পাৰে।

ৰচনাধর্মী প্রশ্ন :

১। ব্ৰিটিছ সংবিধানৰ ক্ৰমবিকাশৰ ধাৰা কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি বহলাই আলোচনা কৰা?

উত্তৰঃ ব্ৰিটিছ সংবিধানৰ ক্ৰমবিকাশৰ ধাৰা কেইটা হ’ল—

(ক) এংলো ছেক্সন পর্যায় : এংলো ছেক্সন সকলৰ শাসন কালৰ সময়ৰপৰাই বৃটেইনৰ ৰাজতন্ত্র প্রতিষ্ঠা হৈছিল। অৱশ্যে ৰোমান সকলে শাসন কৰিলেও বৃটেইনৰ সাংবিধানিক ব্যৱস্থাত তেওঁলোকৰ কোনো বিশেষ অৱদান পৰিলক্ষিত নহয়। খ্রীষ্টপূর্ব পঞ্চম শতিকতে বিটেইনত প্রবেশ কৰা ছেক্সনসকলে তদানীন্তন ক্ষুদ্র ক্ষুদ্র জাতি উপজাতি সমূহক পৰাভূত কৰি সাতজন সেনাধিনায়কৰ জৰিয়তে ক্রমে পূব এংলীয়া, মেৰিকা, নথুমবাৰলেণ্ড, কেন্ট, ছাচেক্স, ইছেক্স আৰু ৱেছেক্স এই সাতখন ৰাজ্য গঠন কৰিছিল। নৱম শতিকাত ৱেছেক্স আন ৬ খন ৰাজৰ ওপৰত নিজক সার্বভৌমত্ব প্রতিকী কৰি সাতোখন ৰাজ্য মিলাই একগোট কৰি এখন বৃহৎ ৰাজ্য প্রতিষ্ঠা কৰিছিল। ইয়াৰ ফলশ্ৰুতিত ছেক্সন সকলৰ দিনতেই বিটেইনত ৰজাৰ শাসন (ৰাজতন্ত্ৰ) প্ৰতিষ্ঠাৰ লগতে একক সাৰ্বভৌম কৰ্তৃপক্ষৰ সূচনা হৈছিল। প্ৰতিখন গাৱঁতেই এক ক্ষুদ্র ছেক্সন নগৰাঞ্চল গঢ়ি তুলিছিল আৰু এইবোৰ প্ৰত্যেকেই স্থানীয় প্ৰশাসনৰ একোটা গোট আছিল। এই স্থানীয় পদ্ধতিৰ চৰকাৰবোৰ কিছুমান নির্বাচিত বিষয়ববীয়াৰ একোখন নগৰ সভাৰ দ্বাৰা সৃষ্টি হৈছিল।

(খ) নৰ্মানসকলৰ যুগ : উল্লেখ্য যে যদিও এংলো চেক্সনসসকলৰ সময়ৰে পৰা ব্ৰিটেইনৰ সাংবিধানিক বিকাশৰ সূত্ৰপাত হৈছিল বুলি কোৱা হয়, কিন্তু প্রকৃতাৰ্থত একাদশ শতিকাত অর্থাৎ ১০৬৬ চনত নৰ্মান সকলে উইলিয়ামৰ নেতৃত্বত ইংলেণ্ডৰ ৰজা দ্বিতীয় হেৰল্ডক হত্যা কৰি শাসন ক্ষমতা হস্তাগত কৰাব, ব্রিটেইনৰ সাংবিধানিক বিকাশৰ এক নতুন যুগৰ সূত্ৰপাত ঘটিছিল। ৰাজকীয় শক্তিৰ উত্থান এই সময়ছোৱাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিঘটনা আছিল অর্থাৎ নৰ্মান সকলৰ শাসন কালত ৰজাৰ ক্ষমতা অধিকভাৱে বৃদ্ধি পাইছিল। ৰজাৰ অধীনত সমগ্ৰ দেশখনৰ বাবে উমৈহতীয়া আইন প্রণয়ন কৰা হৈছিল। এই সধাৰণ আইনৰ ভিত্তিত সমগ্ৰ দেশৰ শাসন কার্য পৰিচালিত হৈছিল। পূৰ্বৰ এংলো চেক্ৰনসকলৰ শাসন কালত ৰজাক সহায় কৰিবলৈ গঠন কৰা উইটান বা উইটেনাজেমটৰ পৰিৱৰ্তে নৰ্মান ৰজা উইলিয়ামে তেওঁৰ দ্বাৰা মনোনীত একাংশ বুদ্ধিমান জ্ঞানী লোকক লৈ নামেৰে এখন মহা পৰিষদ গঠন কৰিছিল। এই পৰিষদখন প্ৰাৰম্ভিক অৱস্থাত ৰাজবিষয়া গীৰ্জাৰ সন্মানীয় ব্যক্তি, ভূমি মালিক আৰু অভিজাত সম্প্ৰদায়ৰ প্ৰতিনিধিবর্গক লৈ গঠন কৰা হৈছিল। ৰজা উইলিয়ামে সূচনা কৰা ভূমি সম্পদৰ ওপৰত ৰাজহ সংগ্ৰহ নীতিৰপ্ৰতিসমাজৰ সকলো স্তৰৰ সমৰ্থন আদায় কৰিবলৈ প্ৰতিখন কাউণ্টিৰ পৰা চাৰিজনকৈ নাইট মহাপৰিষদৰ বৈঠকলৈ মনোনীত কৰাৰো ব্যৱস্থা কৰিছিল। 

এনেদৰে মহাপৰিষদখনৰ আকাৰ ক্ৰমাৎবৃদ্ধি পাইছিল আৰু এই পৰিষদখনেই পৰৱৰ্তী সময়ত বিটেইনৰ অইন সভালৈ পর্যবাসিত হৈছিল বুলি ক’ব পাৰি। ৰজাক শাসন কার্য পৰিচালনাত’ মহা পৰিষদখনে মন্ত্রণাদাতা হিচাপে দিহা পৰামৰ্শ আগবঢ়াইছিল। তাৎপর্যপূর্ণ যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই ক্ষুদ্র পৰিষদখনৰ পৰাই পৰৱৰ্তী সময়ত ৰাজকীয় পৰিষদ আৰু উচ্চ আদালত গঠন কৰা হৈছিল। এই সন্দৰ্ভত অধ্যাপক মনৰেও মন্তব্য আগবঢ়াইছে এনেদৰে-মহাপৰিষদৰ পৰা ব্ৰিটিছ সংসদ আৰু ক্ষুদ্ৰ পৰিষদৰ পৰা ৰাজকীয় পৰিষদ, কোষাগাৰ আৰু বিচাৰ ব্যৱস্থাৰ সূত্ৰপাত হৈছিল।

এই সময়ছোৱাত ৰজাই সাধাৰণ পৰিষদৰ সহায়ত শাসন প্রক্রিয়া চলাই নিছিল। এই সাধাৰণ পৰিষদ ৰাজ বিষয়া, গীৰ্জাৰে পুৰোহিতসকল আৰু ৰাজ্যৰ আন নেতৃস্থানীয় লোকসকলক লৈ গঠন কৰা হৈছিল। তদুপৰি, সাধাৰণ পৰিষদৰ অধিবেশন অনুষ্ঠিত হৈ নথকাৰ মাজৰ সময়খিনিত চৰকাৰৰ কাম-কাজ চলাই নিবৰ বাবে ৰজাক সহায় কৰিবলৈ আন এখন ক্ষুদ্র পৰিষদ বা ৰাজ দৰবাৰ এই সাধাৰণ পৰিষদৰ মাজৰ পৰাই গঢ়ি তোলা হৈছিল।

(গ) আঞ্জাভিন বা প্লান্টাগেনট যুগ : নৰ্মানৰ উইলিয়ামৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা ৰাজনৈতিক প্রতিষ্ঠানসমূহক প্লান্টাগেনেট। বংশবাদৰ প্রতিষ্ঠাতা দ্বিতীয় হেনৰীয়ে পুনৰুদ্ধাৰ কৰিছিল। প্লান্টাগেনট যুগৰ সময়ছোৱাত সংসদৰ ক্ষমতা বৃদ্ধি পাইছিল। ১৩৪১ চনত সংসদ সন্দৰ্ভত প্রথম এডৱাৰ্ডে যিকেইটা বিষয়ত সহমত পোষণ কৰিছিল, সেইকেইটা তলত উল্লেখ কৰা হ’ল―

(১) ৰজাই সংসদৰ অনুমতি অবিহনে কোনো ধৰণৰ কৰ কাটল আৰোপ নকৰিব।

(২) সংসদে প্রয়োজন সাপেক্ষে হিচাপ পৰীক্ষাৰ কাৰণে হিচাপ পৰীক্ষক নিযুক্তি দিব পাৰিব।

(৩) মন্ত্ৰীসকলক সংসদৰ দ্বাৰা নিযুক্তি হ’ব।

(৪) প্রয়োজন সাপেক্ষে কোনো মন্ত্ৰীয়ে পদত্যাগ কৰিব লগা হ’লে, সংসদ অধিবেশন অনুষ্ঠিত হোৱাৰ পূৰ্বেই তেওঁ পদত্যাগ কৰিব লাগিব আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগসমূহৰ উত্তৰ দিব লাগিব৷

১১৫৪ চনত দ্বিতীয় হেনৰি বিটেইনৰ ৰাজপদত অধিস্থিত হৈ বিটেইনত প্লান্টাগেনেট বংশ প্রতিষ্ঠা কৰে।নৰ্মান শাসন উইলিয়ামে সূচনা কৰা বিভিন্ন ৰাজনৈতিক সংগঠন সমূহক দ্বিতীয় নেনৰিয়ে পুণঃমূল্যায়ন কৰি বিভিন্ন পৰিৱৰ্তনৰ সূচনা কৰিছিল। দ্বিতীয় হেনৰিৰ দিনতেই বৃটিছ সংসদৰ ক্ষমতা বৃদ্ধি কৰা হৈছিল।

১২১৩ চনত ৰজা জনৰ শাসনৰ সময়ছোৱাত প্ৰতিনিধিত্বৰ নীতিৰ সূচনা কৰা হৈছিল। তেওঁৰ দিনতেই মহাপৰিষদৰ সদস্য সংখ্যা বৃদ্ধি কৰাৰ লগতে জনপ্রতিনিধিৰ বিনা সন্মতিত কৰ ধার্য কৰিব নোৱৰা নীতি বলবৎ কৰা হৈছিল।

এই নীতি বর্তমানেও ব্রিটেইনত প্রযোজ্য হৈ আছে। মহাচনদক বর্তমানেও নাগৰিক স্বতন্ত্রতাৰ হিচাপে গণ্য কৰা হয়।

মহাচনদে প্ৰতিষ্ঠা কৰিছিল যে, কোনো অপৰাধত অভিযুক্ত ব্যক্তিয়ে স্বচ্ছ বিচাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব লাগে আৰু সেইকাৰণেই আইনী ব্যৱস্থা দূৰ্নীতি আৰু স্বজন-তোষণৰ পৰা মুক্ত হ’ব লাগে। ১৯৯৮ চনৰ এই আইনখনে মানৱ অধিকাৰ সম্পৰ্কীয় ইউৰোপীয় সম্মিলনত গৃহীত বহুবোৰ অধিকাৰ আৰু স্বতন্ত্রতা বিটিছ আইনৰ অন্তৰ্ভূক্ত কৰিছিল। ৰজা তৃতীয় হেনৰী শাসনাধিস্থ হোৱাৰ সময়ত যিহেতুকে নাবালক আছিল গতিকে ৰজাৰ নামত ছাইমন ডি মণ্টফডএ শাসন কার্য পৰিচালনা কৰিছিল। ৰাজহুৱা বিষয় সমূহৰ ওপৰত সিদ্ধান্ত গ্রহণ কৰা হৈছিল। এই পৰিষদখনকে ব্ৰিটেইনৰ ৰাজনৈতিক ইতিহাসত আদর্শ সংসদ হিচাপে অভিহিত কৰা হৈছিল। পৰিষদৰ প্ৰতিনিধিবৰ্গৰ দুটা ভাগত বিভক্ত হৈ পুঁজিৰ আৱণ্টন দিছিল-বেৰণ আৰু গীৰ্জাৰ প্রতিনিধিসকল একপক্ষ আৰু বাকীসকল আনটো পক্ষত।

তাৎপর্যপূর্ণ যে ১৩৪১ চনত ৰজা তৃতীয় এডৱাৰ্ডৰ শাসন কালত ব্রিটেইনৰ শাসন ব্যৱস্থাত বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এইসমূহ হৈছে—

(১) ৰজাই সংসদৰ অনুমতি অবিহনে কোনো ধৰণৰ কৰ কাটল নকৰিব।

(২) সংসদে প্রয়োজন, সাপেক্ষে হিচাপ পৰীক্ষাৰ কাৰণে হিচাপ পৰীক্ষক নিযুক্তি দিব পাৰিব।

(৩) মন্ত্ৰীসকলক সংসদৰ দ্বাৰা নিযুক্তি হ’ব।

(৪) প্রয়োজন সাপেক্ষে কোনো মন্ত্রীয়ে পদত্যাগ কৰিব লগা হ’লে, সংসদ অধিবেশন, অনুষ্ঠিত হোৱাৰ পূৰ্বেই তেওঁ পদত্যাগ কৰিব লাগিব আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগসমূহৰ উত্তৰ দিব লাগিব।

(ঘ) টিউডৰ সকলৰ যুগ Tudor Period (1485-1603) : ১৪৮৫ চনৰ পৰা ১৬০৩ চনলৈকে এই সময়ছোৱা টিউড্ৰসকলৰ যুগ হিচপে জনা যায়। সাংবিধানিক ইতিহাসৰ এই সময়ছোৱাক ‘বৃটিছ শাসন ব্যৱস্থাৰ সুদৃঢ়কৰণৰ ইতিহাস” হিচাপে জনা যায়। টিউডৰ বংশৰ ৰজাসকলে নিজৰ হাতত ব্যাপক পৰিমাণৰ ক্ষমতা হস্তগত কৰি ৰাখিছিল আৰু ইয়াৰ ফলতেই তেওঁলোকে ৰজাৰ আধিপত্যক শক্তিশালী কৰি তুলিছিল। ৰজাৰ হাতত অত্যধিক ক্ষমতা গঞ্জীভূত হোৱাৰ ফলত সংসদ বর্তি আছিল যদিও ৰজাক নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা সংসদৰ নাছিল। অৱশ্যে, সেই সময়ত ৰাণী এলিজাবেথে শাসন কৰিছিল আৰু তেওঁ প্ৰায়েই সংসদৰ লগত আলোচনাত মিলিত হৈছিল আৰু বিভিন্ন গুৰুত্বপূর্ণ ক্ষেত্ৰত সংসদৰ মতামত বা ৰায়ক গ্ৰহণ কৰিছিল।

(ঙ) ষ্টুৱাৰ্ট যুগ : ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃপ্রথম জেমছ ব্ৰিটেইনৰ সিংহাসনত অধিষ্ঠিত হৈছিল ক্ষমতাত অধিষ্ঠিত হৈয়েই প্রথম জেমছৰ সৈতে সংসদৰ সংঘাতৰ সূত্ৰপাত হৈছিল। প্রথম জেমছে ৰজাক ইশ্বৰৰ প্ৰেৰক হিচাপে জ্ঞান কৰি শাসনক সকলো ক্ষমতা ৰজাৰ হাতত ন্যস্ত থকাৰ পোষকতা কৰিছিল। প্রথম জেমছৰ পৰৱৰ্তী সময়ত ১৬২৫ চনত প্ৰথম জেমছৰ শাসনৰ সময়ছোৱাত ৰজা আৰু সংসদৰ মাজৰ সংঘাতে চুড়ান্তপর্যায় লাভ কৰিছিল আৰু ফলত ইংলেণ্ডত গৃহযুদ্ধৰ সূত্ৰপাত হৈছিল। পৰৱৰ্তী সময়ত প্ৰথম চাৰ্লছৰ ওপৰত আটকাধীন কৰি মোকর্দমা চলোৱা হৈছিল আৰু বিচাৰত দোষী সাব্যস্ত কৰি প্ৰথম চাৰ্লছক ফাঁচী দিয়া হৈছিল। এনে এক পৰিৱেশৰ মাজতে ইংলেণ্ডত ৰজাৰ শাসন আৰু লৰ্ডচ সভাক বিলোপ সাধন কৰা হৈছিল। 

এনে এক জটিল সন্ধিক্ষণৰ সময়ছোৱাতেই ১৬৪৯ সংসদে ইংলেণ্ডক আনুষ্ঠানিকভাৱে এখন ৰাষ্ট্ৰমণ্ডল বা গণৰাজ্য হিচাপে ঘোষণা কৰিছিল আৰু অলিভাৰ ক্ৰমৱেলক ত্রাণকর্তা হিচাপে ঘোষণা কৰিছিল। কিন্তু দুর্ভাগ্যক্রমে এই প্রভুবক্ষক জনো সংসদৰ সৈতে তুমূল বিতৰ্কত লিণ্ড হৈছিল আৰু এনেদৰেই নতুন সংবিধানখন বিফল হোৱাৰ উপক্ৰম হৈছিল। ক্ৰমবেলৰ মৃত্যুৰ পিছ ইংলেণ্ডৰ পুনৰ ৰাজতন্ত্র প্রতিষ্ঠা কৰা হৈছিল। আৰু ষ্টুৱাৰ্ট বংশৰ দ্বিতীয়ক ইংলেণ্ডৰ সম্রাট হিচাপে ঘোষণা কৰা হৈছিল। সাম্প্রতিক সময়ৰ বৃটেইনৰ সংসদীয়-ৰাজনৈতিক পৰম্পৰা গৌৰৱময় বিপ্লৱৰ পৰাই সূত্রপাত ঘটা বুলি কোৱা হয়। যি কি নহওক, গৌৰৱময় বিপ্লৱৰ পিছত দ্বিতীয় আমচ ক্ষমতাচ্যুত হয় আৰু তেওঁৰ ঠাইত তৃতীয় উইলিয়াম ক্ষমতাত অধিস্থিত হৈছিল। 

ক্ষমতাত অধিস্থিত হৈয়েই তেওঁ জনসাধাৰণৰ অধিকাৰ আৰু স্বতন্ত্রতা সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আৰু ৰাজতন্ত্র ওপৰত সংসদৰ কৰ্তৃত্ব অক্ষুণ্ণ ৰক্ষাৰ স্বাৰ্থত “অধিকাৰ বিধেয়ক”ৰ ওপৰত সন্মতি প্ৰদান কৰিছিল। ইয়াৰ পিছৰে পৰা সংসদ পূৰ্বৰ তুলনাত অধিক শক্তিশালী হৈ সীমিত ৰাজতন্ত্ৰ বা সাংবিধানিক ৰাজতন্ত্ৰলৈ পৰ্যবেশিত হৈছিল। বৰ্তমানলৈকে বৃটেইনৰ সাংবিধানিক এই মৌলিক গাঁথনি অটুত থকা পৰিলক্ষিত হয়। ব্ৰিটেইনৰ আইনৰ অনুশাসন আৰু সংসদীয় সার্বভৌমত্বৰ অৱধাৰণাটো সৃষ্টি হোৱা বুলি ক’ব পাৰি, তদুপৰি ব্যক্তি স্বতস্ত্ৰতা সুৰক্ষিত কৰাৰ ওপৰতো অধিকাৰ বিধেয়কত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল।

অধিকাৰ বিধেয়ক গৃহীত হোৱাৰ পিছত ৰাজকীয় পৰিষদৰ সদস্য সংখ্যা ৪০ জনলৈ বৃদ্ধ পাইছিল। পৰিষদৰ এনে বর্ধিত সদস্যৰ পৰিপ্ৰেক্ষিতত ৰজাই পৰিষদৰ কেইজনমান অতি বিশ্বভ সহযোগীৰ লগত মিলিত হৈ বিভিন্ন বিষয়ৰ সিদ্ধান্ত লোৱাৰ বেলিকা পৰামৰ্শ গ্ৰহণ কৰিছিল। ৰজাই পাঁচ (৫) জন অতি বিশ্বস্ত মন্ত্রী ক্রমে ক্লিফর্ড, আৰলিংটন, বাকিংহাম, এছলে আৰু লাওভাৰ ডেল লৈ সঘনে আলাপ আলোচনাত বহিছিল। উল্লেখনীয় যে এই ৫ জন মন্ত্ৰীৰ নামৰ প্ৰথম বর্ণকেইটা লৈ কেবেল সভা গঠন হৈছিল।

জেমছে ৰজাৰ স্থানীয় অধিকাৰৰ ওপৰত বিশ্বাস কৰিছিল আৰু সেইৰাজকীয় ক্ষমতা বা বিশেষাধিকাৰ প্ৰয়োগৰ ওপৰত তেওঁ অত্যধিক গুৰুত্ব আৰোপ কৰিছিল। ঠিক সেইদৰে, প্ৰথম ছাৰ্লছৰ শাসনৰ সময়ত ৰজা আৰ সংসদ এই সংঘাতে গৃহ যুদ্ধৰ ৰূপ ধাৰণ কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত প্ৰথম ছাৰ্লছৰ ওপৰত মোকদমা চলিছিল আৰু গৃহ যুদ্ধ সংঘটিত কৰাৰ অপৰাধত অভিযুক্ত কৰা হৈছিল। এনে পৰিবেশৰ মাজতেই ইংলেণ্ডত ৰজাৰ শাসন আৰু হডিছ অব লৰ্ডছক বিলুপ্ত কৰা হৈছিল। ইংলেণ্ডৰ এনে জটিল সামাজিক আৰু ৰাজনৈতিক সন্ধিক্ষণৰ মাজতেই ১৬৪৯ চনত সংসদে ইংলণ্ডক আনুষ্ঠানিকভাৱে এখন “ৰাষ্ট্ৰমণ্ডল” বা গণৰাজ্য হিচাপে ঘোষণা কৰিছিল আৰু অলিভাৰ ক্রমৱেলক প্রভু ৰক্ষক হিচাপে ঘোষণা কৰিছিল। অৱশ্যে এইৰক্ষকো সংসদৰ লগত সংঘাতত লিণ্ড হৈছিল আৰু তেওঁৰ নতুন সংবিধানখন এইদৰেই ব্যৰ্থ হৈছিল।

Bill of Rightsৰ ওপৰত সম্মতি প্ৰদান কৰিছিল। ইয়াৰ পিছত অৰ্থাৎ ১৬৮৮ চনৰ পিছৰ পৰা সংসদ ক্রমান্বয়ে ৰজাতকৈ অধিক শক্তিশালী হ’বলৈ ধৰিলে, যাৰ ফলত সীমিত ক্ষমতা উপভোগেৰে ৰাজতন্ত্ৰ কেৱল আলংকাৰিক কৰ্তৃত্বলৈ পৰ্যবেসিত হৈ পৰিছিল।

ব্ৰিটিছ সংবিধানৰ বিকাশৰ ইতিহাসত দেখা দিয়া গুৰুত্বপূৰ্ণ পৰিঘটনাসমূহৰ ভিতৰত ১৭০১ চনৰ নিষ্পত্তি গুৰুত্বপূর্ণ, কিয়নো এই আইনে ন্যায়াধীশসকলক আন সাংবিধানিক কর্তৃপক্ষৰ প্ৰভাৱ বা হস্তক্ষেপৰ পৰা মুক্ত কৰি ৰাখিছে আৰু ৰাজনৈতিক প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্রহণ ব্যাপক কৰি তুলিছে। ৰাজনৈতিক প্ৰক্ৰিয়াত জনসাধাৰণৰ এনে অংশগ্ৰহণৰ অংশ হিচাপে ঊনবিংশ শতিকাত সকলো পুরুষকে ভোটাধিকাৰ প্ৰদানৰ লগতে বিংশ শতিকাত এই অধিকাৰ মহিলাসকললৈও বিস্তাৰ কৰা হৈছিল। এইদৰেই এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত ইংলেণ্ডত প্ৰকৃতাৰ্থত সংসদীয় গণতন্ত্র প্রতিষ্ঠা হৈছিল।

(চ) হেনোভাৰসকলৰ যুগ (১৬০৩-১৭১৪) Hanover Period [1714-1837] : ১৭১৪ চনত হেনোভাৰ সকলৰ শাসৰ সূত্ৰপাত হয় আৰু প্ৰথম জর্জে প্ৰথম ৰজা হিচাপে ব্ৰিটেইনৰ ৰাজপদত অধিস্থিত হৈছিল। প্রথম জৰ্জৰ শাস কালতেই ব্রিটেইনত প্রধানমন্ত্রী পদটোৰ সৃষ্টি হৈছিল। প্রথম জৰ্জে মন্ত্ৰী সভাৰ বৈঠক সমূহত সভাপতিত্ব কৰিছিল। জৰ্জৰ অনুপস্থিতিত মন্ত্রী সভাৰ বৈঠকত জেষ্ঠ মন্ত্রীজনে সভাপতিত্ব কৰিছিল। প্রথম জৰ্জৰ শাসন কালৰ শেষৰ ফালে ৰাষ্ট্ৰৰ সমগ্ৰ প্ৰশাসন কাৰ্য ৰবাট ওৱালপোলে পৰিচালনা কৰিছিল। সেয়ে ওৱালপোলকে ব্রিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে অভিহিত কৰা হয়। আনকি দ্বিতীয় জৰ্জৰ শাসন কালতে ওৱাল পোলেই প্রধানমন্ত্ৰীৰ ভূমিকা পাল কৰিছিল৷ হেনোভাৰ যুগৰ প্ৰশাসনীয় আৰু সামাজিক সংস্কাৰমূলক পদক্ষেপসমূহৰ ভিতৰত স্থানীয় শাসন ব্যৱস্থাৰ গণতান্ত্রিকীকৰণ, শিশু, শ্রমিক প্রথা নিৰ্মূলকৰণ, আৰু দাস প্রথা বিলোপ সাধন অন্যতম, তদুপৰি, ১৮৩২ চনৰ সংস্কাৰ আইনৰ জৰিয়তে বিটেইনৰ নিৰ্বাচনী ব্যৱস্থাতো কেতবোৰ পৰিৱৰ্তনৰ সূচনা কৰিছিল।

২। ব্রিটেইনত (১৯৯৭) চনৰ পৰা সৃষ্টি হোৱা সাংবিধানিক আৰু প্রশাসনীয় আইন সংস্কাৰ সম্পর্কে লিখা।

উত্তৰঃ টনী ব্লেয়াৰৰ প্ৰথমখন চৰকাৰ ১৯৯৭ চনৰ ১ মে তাৰিখে ক্ষমতাত অধিষ্ঠিত হৈছিল আৰু ক্ষমতাত অধিষ্ঠিত হৈয়েই চৰকাৰখনে সাংবিধানিক সংস্কাৰৰ ক্ষেত্ৰত বৃহৎ আৰু গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। এই সংস্কাৰসমূহ যিহেতু অত্যন্ত গুৰুত্বপূর্ণ আছিল, গতিকে সমালোচকসকলেও ইয়াৰ প্ৰতি পূর্ণ সমর্থন আগবঢ়াইছিল। আৰু এনে আইনত সমূহৰ সংস্কাৰৰ সাধৰণ পোষকতা কৰিছিল। ব্লেয়াৰ, ৱেলছ, স্কটলেণ্ড আৰু বৃহত্তৰ ইংলেণ্ডৰ বাবে ক্ষমতাৰ হস্তান্তৰ আইন, লৰ্ডছ সভাৰ স্বতন্ত্রতা আইন, বেলছ, স্কটলেণ্ড, আৰু বৃহত্তৰ  সংস্কাৰ আদি প্ৰধান আছিল। ইয়াৰ উপৰিও, সভাৰ কমঞ্চৰ সংস্কাৰ, লোক সেৱাৰ সংস্কাৰ, নির্বাচন আৰু দলীয় নিয়ন্ত্রণ বিধিৰ লগতে স্থানীয় চৰকাৰৰ ক্ষেত্ৰটো বৃহৎ পৰিবৰ্তনৰ সূচনা কৰিছিল। ১৯৯৭ চনত চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই নতুন চৰকাৰখনে এই সংস্কাৰসমূহক বাস্তবায়িত কৰাৰ উদ্দেশ্যে বহুকেইখন পুনৰীক্ষণ সমিতি গঠন কৰি দিছিল আৰু বহুবোৰ বিষয়ত সাংবিধানিক সংস্কাৰ সাধনৰ দিশত অগ্ৰসৰ হৈছিল।

এই সমূহৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—

(ক) নির্বাচনী সংস্কাৰ, বিশেষকৈ ৱেষ্টমিনিষ্টাৰ নিৰ্বাচনত ভোটদানৰ পদ্ধতি,সম্পৰ্কীয় (জেনকিঞ্চ আয়োগ, ১৯৯৮)।

(খ) নিৰ্বাচনী আইন আৰু প্ৰশাসন (হৰাৰ্থ কমিটি, ১৯৯৮)।

(গ) কমণ্ড সভাৰ আধুনিকীকৰণ (চিলেক্ট কমিটি, ১৯৯৭-৯৮)।

(ঘ) লচ সভাৰ সংস্কাৰ (যুটীয়া কমিটি, ২০০১)।

(ঙ) অধিকাৰ বিধেয়ক পৰিচয় (কনচালটেচন পেপাৰ, ১৯৯৬)। 

(চ) তথ্যৰ স্বতন্ত্ৰতা আইনৰ সূচনা (যুটীয়া পৰামৰ্শদায়ক কমিটি, ১৯৯৭)

(ছ) ইংলিছ আঞ্চলিক চৰকাৰ সম্পৰ্কে বিবেচনা (লেৱাৰ পাৰ্টি পলিচি পেপাৰ, ১৯৯৬)

(জ) ন্যায় মন্ত্রণালয়ৰ গঠন (লেবাৰ পলিচি ডকুমেণ্ট, ১৯৯৫) 

(ঝ) স্কটলেণ্ড আৰু ৱেলছৰ ক্ষমতাৰ হস্তান্তৰ (হোৱাইট পেপাৰ, ১৯৯৭)

(ঞ) চৰকাৰৰ নীতি নিধৰিণৰ ক্ষমতাক পুনৰুজ্জীৱিত কৰাৰ বাবে পৰিকল্পনাৰ ঘোষণা (হোৱাইট পেপাৰ, ১৯৯৯)

এই সাহসী আৰু উচ্চাকাংক্ষী কাৰণে বনুৱা দলে তেওঁলোকৰ কাৰ্যকালৰ আৰম্ভণীৰ সংসদ অধিবেশনতেই গুৰুত্বপূর্ণ সাংবিধানিক বিধেয়কসমূহ উত্থাপন কৰিছিল।

(১) স্কটলেও আইন, ১৯৯৮

(২) ৱেলছ চৰকাৰ আইন, ১৯৯৮

(৩) উদ্ভব আয়াৰলেণ্ড লণ্ড আইন, ১৯৯৮

(৪) আঞ্চলিক উন্নয়ন প্রাধিকৰণ আইন, ১৯৯৮,

(৫) বেংক তাব ইংলেণ্ড আইন, ১৯৯৮

(৬) ৰাজনৈতিক দল পঞ্জীয়ন আইন, ১৯৯৮

(৭) বৃহত্তৰ লণ্ডন প্রাধিকাৰী গণগভোট আইন ১৯৯৮, আৰু

(৮) তথ্যৰ স্বতন্ত্ৰতা আৰু স্থানীয় চৰকাৰৰ সংস্কাৰ।

৩। ব্রিটেইনৰ ৰাজনৈতিক অর্থব্যবস্থা সম্পর্কে বহলাই লিখা ? [Write in detail about Political Economy of Britain?]

উত্তৰঃ বিশ্বায়নৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত বিটেইন হৈছে অন্যতম। নিউইয়র্কৰ সমান্তৰালভাৱে লণ্ডনো হৈছে বিশ্বৰ সর্ববৃহৎ বিত্তীয় অভিকেন্দ্র আৰু ইউৰোপৰ চহৰসমূহৰ ভিতৰত লণ্ডনৰেই মুঠ ঘৰুৱা উৎপাদন সকলোতকৈ অধিক। ১৮৪৬ চনত বাণিজ্য আইনৰ বাতিলৰ যোগেদি মুক্ত বাণিজ্যক ব্ৰিটিছ ৰাজনৈতিক অর্থব্যবস্থাৰ মূল ভেটি হিচাপে গঢ়ি তোলাৰ লগতে ১৯শ শতিকাৰ পৰা ক্রমান্বয়ে সমগ্র বিশ্বতে নব্য বাণিজ্যবাদৰ যি জোৱাৰ উঠিছিল, এই দেশখনো ধীৰে ধীৰে সেই দিশলৈ গতি কৰিছিল। ১৯৯০ চনত যোছেফ চেম্বাৰলীনে বাণিজ্যিক সংস্কাৰৰ অংশ হিচাপে মুক্ত বাণিজ্যক পুনৰাই ব্ৰিটিছ ৰাজনীতিৰ কেন্দ্রবিন্দু হিচাপে গঢ়ি তুলিছিল। ১৮ শ শতিকাত, গ্রেট ব্রিটেইনে বিশ্বৰ প্রথম ঔদ্যোগিক ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল আৰু ১৯শ শতিকাত ই গোলকীয় অর্থনীতিৰ এক দমনীয় শক্তি হিচাপে স্বীকৃতি লাভ কৰিছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যেতিয়া ১৯৪৫ চনত ইংলেণ্ডত সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল, বনুৱাদলে অর্থনীতিত সংস্কাৰ সাধনৰ প্ৰতিশ্ৰুতিৰে সেই নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। এই অনুসাৰে সামাজিক সুৰক্ষা সৃষ্টিৰে দেশখনক এখন কল্যাণকামী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিছিল। ১৯৫৯ চনলৈকে, কৰ হ্ৰাসৰ ফলত জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি হৈছিল আৰু অৰ্থনীতিৰ অগ্ৰগতিৰ সমান্তৰালভাৱে কৰ্ম সংস্থাপনহীনৰ সংখ্যাও যথেষ্ট হাস পাইছিল।

১৯৬০ দশকৰ শেষলৈ অৱশ্যে উন্নয়নৰ এই ধাৰা কিছু পৰিমাণে দুৰ্বল হৈ পৰিছিল আৰু কৰ্ম সংস্থাপনহীনৰ সংখ্যাও ক্রমান্বয়ে বৃদ্ধি পাইছিল। ১৯৭০ দশকৰ সময়ছোৱাত মুদ্রাস্ফীতি, ধর্মঘট, শ্রমিকসংঘবোৰৰ মাজত অসন্তুষ্টিয়ে ইংলেণ্ডৰ অৰ্থনীতিক দীঘলীয়া সময়ৰ বাবে দুর্বল কৰি তুলিছিল। কিন্তু ১৯৭০-৭৪ চনলৈকে এডৱাৰ্ডহেথৰ নেতৃত্বাধীন ৰক্ষণশীল আৰু ইয়াৰ পিছতহে উইলছন আৰু জেমছা চাল্লাঘান্ন নেতৃত্বাধীন বনুৱা দলৰ চৰকাৰেও অৰ্থনীতিৰ এই অৱনতিক ৰোধ কৰিব পৰা নাছিল। ১৯৭২ চনলৈকে নিবনুৱাৰ সংখ্যা দহুলাখৰো অধিক হৈছিল আৰু এইদশকটো শেষ হোৱালৈকে এই সংখ্যা অধিকবৃদ্ধি পোৱাৰ সম্ভাৱনা সৃষ্টি হৈছিল। দেশখনৰ । এনে সংকটপূর্ণ সময়তে মাৰ্গাৰেটথেছাৰ প্ৰধান মন্ত্ৰী হিচাপে নির্বাচিত হৈছিল আৰু তেওঁ ক্রমান্বয়ে অৰ্থনীতিৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ কমাই আনিছিল আৰু শ্রমিক সংঘবোৰৰ ক্ষমতাকো দুর্বল কৰি তুলিছিল।

যুদ্ধৰ পৰৱৰ্তী সময়ত চৰকাৰে অৰ্থনীতিৰ ক্ষেত্ৰত গ্ৰহণ কৰা সাম্যবাদী নীতিসমূহক, মার্গাৰেট থেটছাৰে দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে দোষাৰোপ কৰিছিল। তাৰোপৰি বনুৱা দলৰ শাসনৰ সময়ত শ্রমিক সংঘসমূহক অত্যধিক ক্ষমতা প্ৰদান কৰা হৈছিল আৰু থেইছাৰৰ নীতি নিৰ্দ্ধাৰণকৰণৰ বেলিকা যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল। মার্গাৰেট, খেচাৰৰ প্ৰবাৰ বছৰীয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল বিতর্কিত আছিল। অৱশে তেওঁ গ্ৰহণ কৰা শক্তিশালী পদক্ষেপ সমূহৰ কাৰণে থেছাৰৰ সমর্থকসকলে তেওঁক “লৌহ মানবী” আখ্যা দিছিল, কিন্তু তেওঁৰ সমালোচকসকলৰ মতে, থেছাৰে গ্ৰহণ কৰা নীতিসমূহৰ বাবে দেশৰ অর্থনীতি অধিক বিপদৰ গৰাহত পৰিছিল আৰু তেওঁক লৈ ক্রমান্বয়ে দেশত অসন্তুষ্ট বৃদ্ধি পাই আহিছিল। ফলশ্রুতিতে তেওঁ ১৯৯০ চনত প্রধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল।

১৯৭০ দশকৰ অর্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ গৈ মার্গাৰেট থেছাৰে ইংলেণ্ডৰ ৰাজনৈতিক প্ৰণালীত যিদৰে গভীৰ পৰিবৰ্তনৰ সাচ বহুৱাইছিল, এইবোৰেই ক্রমান্বয়ে দেশখনৰ পৰিৱৰ্তিত ৰাজনৈতিক বৈশিষ্ট্য হৈ পৰিছিল। থেছাৰৰ উত্তৰসূৰী জন মেজৰেও প্ৰথমাৱস্থাত তেওঁৰেই নীতিসমূহ অনুসৰণ কৰিছিল, কিন্তু পৰিবৰ্তী সময়ত কৰ নীতিৰ কঠোৰতা, শ্রমিক সংঘবোৰৰ লগত সৌদাহ্যপূর্ণ সম্পর্ক গঢ়ি তোলা আৰু ব্যক্তিগতকৰণক নিয়ন্ত্ৰিত কৰি জন কল্যাণমূলক কাৰ্যসূচীসমূহক পুনৰাই আৰম্ভ কৰা আদিৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছিল। সেই সময়ত প্রধানমন্ত্রী ব্ৰেয়াৰে দলটোক “নতুন বনুৱা দল” হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল আৰু পূৰ্বৰ বনুৱা দলৰ বাওঁপন্থী চিন্তাধাৰা আৰু ৰক্ষণশীল দলৰ সোঁপন্থী চিন্তাধাৰাৰ সংমিশ্রণ ঘটাই এক মধ্যমপন্থা সৃষ্টিৰে শাসন কার্য আগবঢ়াই নিছিল।

কিন্তু এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল যে নতুন বনুৱা দলে সৃষ্টি কৰা আদর্শগত শূন্যতাৰ ফলত শ্রমিক আন্দোলনসমূহ দিশহাৰা হৈ পৰিছিল। তদুপৰি, নতুনকৈ গঢ়ি উঠা কঠোৰ নিৰ্বাচনী কাৰ্যসূচীসমূহ শক্তিশালী কৰি তুলিবৰ বাবেও ইংলেণ্ডৰ সেই সময়ৰ নাগৰিক সমাজ আৰু ৰাজনৈতিক অভিকৰণসমূহৰ মাজত কোনো ধৰণৰ মিত্ৰতা গঢ়ি উঠা নাছিল। গতিকে ইংলেণ্ডৰ ৰাজনৈতিক ব্যৱস্থাত আদর্শগত সংঘাত স্পষ্ট হৈ উঠিছিল। ইয়াৰ ফলশ্ৰুতিত বনুৱা দলে নিৰ্বাচনত পৰাজয় বৰণ কৰিব লগা হোৱা নাছিল; বৰঞ্চ ই ১৯৯৭ চনৰ পৰা ২০১০ চনলৈকে ১.৬ মিলিয়ন নিম্ন মধ্যবিত্ত আৰু ২.৮ মিলিয়ন মধ্যবিত্ত শ্রেণীৰ ভোটাৰ হেৰুৱাব লগাত পৰিছিল, কাৰণ এই ভোটাৰসকল বনুৱা দলৰ অৰ্থনৈতিক নীতিৰ পৰা মুঠেও উপকৃত হ’ব পৰা নাছিল।

চৰকাৰত থকাৰ সময়ত বনুৱা দলে জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাত ব্যর্থ হৈছিল কাৰণ তেওঁলোকে বিত্তীয় বজাৰ জটিল ব্যৱস্থাপনাসমূহক নিয়ন্ত্রণ কৰাত ব্যৰ্থ হৈছিল। অৰ্থনীতিৰ যি উন্নয়নৰ সমান্তৰালভাৱে ব্যক্তিগত ঋণৰ পৰিমাণো বৃদ্ধি পাইছিল। ইয়াৰ ফলত ধনী আৰু দুখীয়াৰ মাজত বৃহৎ পাৰ্থক্যৰ সৃষ্টি হৈছিল। ইংলেণ্ড যদিও উন্নয়নৰ দিশত ক্ষিপ্ৰ গতিৰে আগুৱাই গৈছিল, কিন্তু এয়া বহনক্ষম নাছিল আৰু ইয়াৰ পৰা মূলত ধনীক শ্ৰেণীটোহে উপকৃত হৈছিল। দেশখনৰ গৰিষ্ঠ সংখ্যক মানুহে নিজৰ জীৱন ধাৰণৰ মানদণ্ড বৰ্তাই ৰাখিবৰ বাবে ঋণৰ ওপৰত, নিৰ্ভৰশীল হ’ব লগা হৈছিল। চৰকাৰী তথ্য অনুসৰি গ্রেট বিটেইন ১৯৯১ চনৰ পৰা প্ৰথমবাৰৰ বাবে আর্থিক মণ্ডাৱস্থালৈ গতি কৰিছিল। বিংশ শতিকাৰ শেষৰ দশকটোত সেৱা প্ৰদানকাৰী সংখ্যা বৃদ্ধি পোৱা দেখা গৈছিল কিন্তু অৰ্থনীতিৰ কিছুমান স্তৰত ব্যক্তিগত খণ্ডৰ প্ৰভাৱ থকা স্বত্বেও উদ্যোগ খণ্ডত মন্থৰতা আহি পৰা দেখা গৈছিল।

২০০৮ চনৰ শীত কালৰ পৰা আৰম্ভ হোৱা আর্থিক মণ্ডাৱস্থাক নিয়ন্তন কৰিবৰ বাবে G-20ৰ বিত্তমন্ত্রী আৰু কেন্দ্রীয় বেংকসমূহে বলিষ্ঠ আৰু একত্ৰিত পদক্ষেপ গ্রহণ কৰাৰ পিছতো পৰিবেশ পূর্বৰ দৰে হৈ উঠা নাছিল। ২০০৮ চনৰ আগষ্ট মাহত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে আশংকা প্ৰকাশ কৰিছিল যে মূলতঃ দুটা কাৰণ-আর্থিক সংকটৰ লগতে পণ্যদ্রব্যৰ বর্ধিত মূল্যৰ ফলতেই গ্রেট বিটেইনৰ অর্থনৈতিক সংকট অধিক গাঢ় হৈ পৰিছিল।

২০০৮ চনৰ শেষৰ তিনিটা মাহত দেশখনৰ মুঠ ঘৰুৱা উৎপাদনৰ প্রায় ১.৫ শতাংশ হ্রাস পাইছিল। ধাৰাবাহিকভাবে দুটা ত্রিমাশিকত উন্নয়নৰ হাৰ ঋণাত্মক হোৱাটোয়ে যিহেতু অর্থনীতিত মণ্ডাৱস্থাৰ সৰ্বজন গ্রাহ্য সংজ্ঞা, গতিকে গ্রেট ব্রিটেইনত সেই মানদণ্ড পূৰণ হৈ উঠিছিল। সেই সময়ত দেশখনৰ শ্বেয়াৰ বজাৰৰ সূচকাংক 28 বছৰৰ নিম্নতম পর্যায়ত অৱস্থান কৰিছিল। সেই সময়ত দেশখনৰ শ্বেয়াৰ বজাৰৰ সূচাকাংক FTSE 100  8000ৰ তললৈ নামি গৈছিল।

ঋণৰ বিকাশত মন্থৰতা, প্রকৃত আয়ৰ সংকোচন আৰু গ্রেট বিটেইনৰ গুৰুত্বপূৰ্ণ অংশীদাৰসমূহৰ দূৰ্বল অর্থনৈতিক দৃষ্টিভংগীৰ পৰিপ্ৰেক্ষিতত তেতিয়াৰে পৰা দেশখনৰ বিকাশৰ হাৰ বিসদৃশ হৈ পৰিছিল। তেতিয়াৰে পৰা ২০১১ চনৰ প্ৰথম ত্রিমাশিকলৈকে দেশখনৰ অর্থনীতি ক্রমাগতভাৱে সংকুচিত হৈ আছিল। এই অর্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ বটি চৰকাৰে ভিন্ন পৰিধিৰ পদক্ষেপ আৰু পুনৰুদ্ধাৰ পৰিকল্পনা যেনে-আর্থিক সহযোগিতা, বেংকত পূনৰ বিনিয়োগ আৰু ঋণ উদ্দীপক আঁচনি আদি গ্ৰহণ কৰিছিল। ইয়াৰ পিছত ২০১০ কনজাৰভেটিভ লিবাৰেল ডেমক্রেটিক মৰ্চা চৰকাৰখনে পাঁচ বছৰৰ বাবে ব্যয় সংকোচনৰ পৰিকল্পনা হাতত লৈছিল যিয়ে গ্রেট বিটেইনৰ বাজেট ঘাটি ২০১০ চনৰ মুঠ ঘৰুৱা উৎপাদনৰ ১১ শতাংশতকৈ অধিক আছিল, যিটো ২০১৫ চনলৈকে ১ শতাংশলৈকে হাস কৰাৰ লক্ষ্য বান্ধি লৈছিল। আশা কৰাতকৈ কম আর্থিক বিকাশৰ ফলত মৰ্চা চৰকাৰখনে গ্ৰহণ কৰা বাজেট ঘাটিৰ পৰিকল্পনাত ২০১৬-১৭ বৰ্ষতহে উপনীত হ’ব পৰা হৈছিল। 

৪। গ্রেট ব্রিটেইনৰ চৰকাৰ ব্যৱস্থাৰ মৌলিক বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ ব্রিটেইন চৰকাৰ ব্যৱস্থাৰ মৌলিক বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি―

(ক) গণতান্ত্রিক শাসন ব্যৱস্থা : বিটেইনত ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰৰ এক মিশ্রিত শাসন ব্যৱস্থা থকা যেন অনুমেয় হ’লেও প্রকৃত অৰ্থত তাত গণতান্ত্রিক চৰকাৰ ব্যৱস্থাৰহে প্রচলন আছে। ধনী বা অভিজাত সম্প্রদায়টোক প্রতিনিধিত্ব কৰা বিটিছ সংসদৰ উচ্চ সদন লৰ্ডছ সভাৰো বিশেষ ক্ষমতা নাই; গণতান্ত্রিক পদ্ধতিৰে নির্বাচিত সদস্যবৰ্গৰে গঠিত কমন্স সভাইহে সকলোবিলাক ক্ষমতা উপভোগ কৰে। সেয়েহে বৃটেইনৰ সংবিধান আৰু চৰকাৰ ব্যৱস্থাক গণতান্ত্রিক সংবিধান আৰু গণতান্ত্রিক চৰকাৰ বুলি কোৱা হয়।

(খ) তত্ত্ব আৰু বাস্তৱৰ মাজৰ ব্যবধান : বিটেইনৰ চৰকাৰ ব্যৱস্থাৰ আন এক মৌলিক বৈশিষ্ট্য হ’ল ইয়াৰ সাংবিধানিক অবাত্তৱতা, অর্থাৎ ব্রিটেইনৰ সংবিধানৰ বাহ্যিক ৰূপ আৰু ইয়াৰ অন্তর্নিহিত সত্যৰ মাজত এক বৃহৎ প্ৰাচীৰ আছে। তাত্ত্বিক দিশৰ পৰা চালে সাংবিধানিক ভাৱে ৰজা বা ৰাণী অসীম ক্ষমতাৰ গৰাকী। ব্রিটেইনৰ চৰকাৰক মহাৰাণীৰ চৰকাৰ হিচাপে জনা যায়। কিয়নো ৰজাই প্রধান মন্ত্রী নিয়োগ কৰা, যুদ্ধ ঘোষণা কৰা, শান্তিচুক্তি সম্পাদন কৰা সৈন্যবাহিনীৰ সৰ্বাধিনায়ক হিচাপে বহু দায়িত্ব পালন কৰে। ব্রিটেইনত সংসদীয় সার্বভৌমত্বক সাংবিধানিকভাৱে স্বীকৃতি প্রদান কৰা হৈছে যদিও বাস্তৱ ক্ষেত্রত মন্ত্রীসভাই প্রধান মন্ত্রীক নেতা হিচাপে লৈ সংসদৰ কাম-কাজ আৰু সিদ্ধান্তক গভীৰভাৱে প্ৰভাৱিত কৰে।

(গ) সংসদীয় চৰকাৰ : ব্যৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল যে ই সংসদীয় প্ৰকৃতিৰ। এই সংসদীয় শাসন ব্যৱস্থাত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰপ্ৰধানৰ মাজত প্ৰভেদ পৰিলক্ষিত হয়। ৰাষ্ট্ৰঃপ্রধান হৈছে ইংলেণ্ডৰ ৰাণী, আৰু চৰকাৰৰ প্ৰধান হৈছে ব্ৰিটিছ প্ৰধান মন্ত্ৰী। ৰাষ্ট্ৰপ্ৰধানৰ হাতত কার্যপালিকা। সম্পৰ্কীয় ক্ষমতা ন্যস্ত থাকে যদিও বাস্তৱ ক্ষেত্ৰত সেই ক্ষমতা ৰাষ্ট্ৰপ্ৰধানৰ হৈ প্ৰধান মন্ত্রী সমন্বিতে মন্ত্রী সভাইহে উপভোগ কৰে। প্রধান মন্ত্রী সমন্বিতে মন্ত্রীসভাৰ সকলো সদস্য। সংসদৰ নিম্নসদন কমন্স সভাৰ সংখ্যাগৰিষ্ঠ দলৰ সদস্য। ব্ৰিটিছ সংসদীয় চৰকাৰ ব্যৱস্থাৰ তিনিটা উল্লেখনীয় বৈশিষ্ট্য হৈছে— 

১। ব্ৰিটিছ সংসদীয় চৰকাৰ ব্যৱস্থাৰ ন্যস্ত থাকে, য’ত প্রধান মন্ত্রীয়ে সভাপতিত্ব কৰে। 

(২) ক্ষমতাৰ পৃথকীকৰণ তত্ত্বক অনুসৰণ কৰা নহয় আৰু 

(৩) সংসদ নিম্ন সদন কমন্স সভাৰ সংখ্যাগৰিষ্ঠ সদস্যই চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাব গ্ৰহণ কৰিলে চৰকাৰ অর্থাৎ মন্ত্রীসভাই পদত্যাগ কৰিবলৈ বাধ্য। ইংলেণ্ডত বৰ্তি থকা সংসদীয় চৰকাৰ ব্যৱস্থাৰ পৰিপ্ৰেক্ষিততেই বিটিছ সংবিধানখনক পৃথিৱীৰ সকলো ‘সংসদৰ জননী’ বুলি আখ্যা দিয়া হয়।

(ঘ) সংসদীয় সার্বভৌমত্ব : সার্বভৌম ব্রিটেইনৰ চৰকাৰ ব্যৱস্থাৰ আন এক গুৰুত্বপূর্ণ বৈশিষ্ট্য। সংসদৰ সাৰ্বভৌমত্ব হ’ল ব্ৰিটিছ সংবিধানৰ মূল ভিত্তি। বিটেইনৰ এনে কোনো আইন নাই যাক নেকি বৃটিছ সংসদে প্রণয়ন কৰিব বা নকৰিব পাৰে। ব্ৰিটিছ সংসদৰ আইনক অবৈধ ঘোষণা কৰিব পৰা কোনো ধৰণৰ আদালত নাই। ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত থকাৰ দৰে গ্ৰেট বিটেইনত সাংবিধানিক কৰ্তৃত্ব আৰু আইন প্রণয়নিক কৰ্তৃত্বৰ মাজত কোনো বিধিগত প্রভেদ নাই। ব্ৰিটিছ সংসদেই হৈছে আইন প্রণয়নিক আৰু সাংবিধানিক কৰ্তৃত্বৰ গৰাকী। 

বিটিছ সংসদে সাধাৰণ আইন প্রণয়নৰ জৰিয়তে সিংহাসনৰ উত্তৰাধিকাৰীক পৰিৱৰ্তন কৰাই নহয়, আনকি ৰজাই নিজৰ ৰুচি অনুসৰি কোনো এগৰাকী মহিলাক বিয়া কৰোৱাত নিষেধাজ্ঞ আৰোপ কৰিব পাৰে। প্ৰকৃতাৰ্থত ক’বলৈ হ’লে ব্ৰিটিছ সংবিধানৰ বিষয়ে আশ্চর্যজনক কৰি তুলিব পৰা যিকোনো কাৰ্যই ব্ৰিটিছ সংসদৰ কাৰণে সম্পাদন কৰাটো সম্ভৱপৰ। ব্ৰিটিছ সংসদে এই সকলোবোৰ কাৰ্য নির্বিঘ্নে সম্পাদন কৰিব পাৰে। যদিহে ব্ৰিটিছ সংসদৰ এই কাৰ্যসমূহৰ বৈধতা প্রশ্ন উত্থাপিত হয় তেন্তে তাৰ উত্তৰত ক’ব লাগিব যে ব্ৰিটিছ সংসদ সর্বোচ আৰু সার্বভৌম ক্ষমতা সম্পন্ন।

(ঙ) আইনৰ শাসন : আইনৰ শাসন বিটেইনৰ চৰকাৰ ব্যৱস্থাৰ অন্যতম মৌলিক বৈশিষ্ট্য । যদিওবা ইয়াক সংসদৰ দ্বাৰা প্ৰণোদিত বিধি নহয়, তথাপি সংসদৰ বিভিন্ন আহিম, ন্যায়িক সিদ্ধান্তসমূহ আৰু সাধাৰণ আইনবিলাকত আইনৰ শাসনৰ সুন্দৰ প্ৰতিফলন  ঘটা পৰিলক্ষিত হয়। ব্ৰিটিছ সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰৰ বিধান ও নাই যদিও আইনৰ শাসনৰ জৰিয়তে নাগৰিকৰ অধিকাৰবিলাক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা আছে। ব্রিটেইনৰ নাগৰিকসকল, আদালতবিলাক, প্রশাসনীয় বিষয়াবৰ্গ, ৰজা এইসকলোৱেই আইনৰ শাসনৰ অধীনত। এ. ভি. ডাইছি ৰ মতে আইনৰ শাসনে তিনিটা অৰ্থ সূচায়।

(১) প্রচলিত আইন ভংগ কৰা বুলি আদালতত প্ৰমাণিত নহ’লৈ কোনো ব্যক্তিক শাৰীৰিক আৰু বস্তুগতভাৱে শাস্তি প্রদান কৰিব নোৱাৰিব, অর্থাৎ আইন উলংঘন নকৰিলে কোনো লোককে আটকাধীন কৰিব নোৱাৰে। প্রচলিত আইন ভংগ কৰা বুলি প্ৰমাণিত নোহোৱা পর্যন্ত কোনো ব্যক্তিক তেওঁৰ জীৱন আৰু সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।

(২) কোনো ব্যক্তি আইনৰ উৰ্দ্ধত নহয়। অর্থাৎ সকলো ব্যক্তি আইনৰ চকুত সমান। সামাজিক মর্যাদা নতুবা প্রতিপত্তি আৰু সম্পত্তি | নির্বিশেষে সকলো ব্যক্তি আইনৰ অধীন আৰু আইনে সকলোকে সমানভাৱে ৰক্ষণাবেক্ষণ দিব।

(৩) ব্ৰিটিছ নাগৰিকসকলৰ ন্যায়িক অধিকাৰসমূহ ন্যায়ালয়ৰ সিদ্ধান্তৰ জৰিয়তেহে সুৰক্ষিত কৰা হ’ব।

(চ) ৰাজতন্ত্র, অভিজাততন্ত্ৰ আৰু গণতন্ত্ৰৰ সমাহাৰ : বিটেইনৰ চৰকাৰ ব্যৱস্থাত ৰাজতন্ত্র, অভিজাততন্ত্র আৰু গণতন্ত্র এই তিনিধি। শাসন ব্যৱস্থাই সংমিশ্রণ ঘটিছে। বংশানুক্রমিক নীতিৰ ভিত্তিত প্রতিষ্ঠিত ব্ৰিটিছ ৰাজপদে ৰাজত্ৰক প্ৰতিনিধিত্ব কৰিছে। একেদৰে লৰ্ডছ সভাই লৰ্ডছসকল আৰু সম্ভ্রান্ত শ্রেণীক প্রতিনিধিত্ব কৰাৰ জৰিয়তে অভিজাততন্ত্ৰৰ পোষকতা কৰিছে। অনুৰূপ ধৰণে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্রতিনিধিৰে গঠিত কমন্স সভাই গণতন্ত্রক প্রতিনিধিত্ব কৰিছে। ব্ৰিটেইনৰ জনসাধাৰণে এই ঐতিহাসিকভাৱে প্ৰসিদ্ধ অনুষ্ঠানবিলাকক উৎখাত কৰিবলৈ মুঠেও আগ্রহী হোৱা পৰিলক্ষিত নহয়।

(ছ) একাত্ম বা এককেন্দ্ৰিক চৰকাৰ ব্যৱস্থা : গ্রেট ব্রিটেইনৰ সংবিধানে ব্রিটেইনত এককেন্দ্ৰিক চৰকাৰ ব্যৱস্থা কৰিছে। এককেন্দ্ৰিক চৰকাৰৰ মাতৃভূমি হিচাপেও ব্রিটেইনক অভিহিত কৰা হয়। যুক্তৰাষ্ট্ৰ সংবিধানত থকাৰ দৰে বিটেইনৰ সংবিধানখনে বিৰ্টেইনত কোনো ধৰণৰ প্রাদেশিক নতুবা আঞ্চলিক চৰকাৰ প্ৰতিষ্ঠা কৰা নাই। প্ৰশাসনীয় সুচলতাৰ অর্থে সমগ্ৰ দেশখনক কাউণ্টি, আমোল আদি কেতবোৰ ভাগত যদিওবা বিভক্ত কৰা হৈছে তথাপি ইবিলাকক সাংবিধানিকভাৱে স্বীকৃতি প্রদান কৰা নাই। ব্ৰিটেইনত শাসন কাৰ্যৰ সুবিধাৰ অৰ্থে স্থানীয় প্রশাসনিক গোটবিলাক গঠন কৰাৰ ব্যৱস্থা থাকিলেও সিবিলাকে সংবিধানৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰৰ পৰাহে ক্ষমতা লাভ কৰে। তথাপিও গ্রেট ব্রিটেইনৰ সংসদে যিকোনো বিষয়ৰ ওপৰতে সমগ্ৰ দেশৰ কাৰণে আইন প্রণয়ন কৰিব পাৰে।

(জ) সীমিত ৰাজতন্ত্র : গ্রেট ব্রিটেইনৰ শাসন ব্যৱস্থাত সাংবিধানিক বা-সীমিত ৰাজতন্ত্ৰ পৰিলক্ষিত হয়। গ্রেট ব্রিটেইনত এসময়ৰ অসীম ক্ষমতাৰ গৰাকী ৰাজপদৰ ক্ষমতা সংকুচিত কৰি বৰ্তমানৰ সংসদীয় গণতন্ত্ৰৰ উপযোগী কৰি তোলা হৈছে। আইনগতভাৱে ৰজা ৰাণী ৰাষ্ট্ৰৰ কিন্তু সর্বোচ্চ ক্ষমতাৰগৰাকী, ৰাষ্ট্ৰৰসকলো কাৰ্য ৰাজপদৰ নামতেই পৰিচালিত হিয়; কিন্তু বাস্তৱ ক্ষেত্ৰত ৰজা বা ৰাণী হৈছে নামমাত্ৰ মুৰব্বী। তেওঁ নিজে কোনো ক্ষমতা প্রয়োগ কৰিব নোৱাৰে। প্ৰধান মন্ত্রী সমন্বিতে মন্ত্রীসভাখনে ৰজা বা ৰাণীৰ হৈ সকলোখিনি ক্ষমতা ভোগ কৰে।

(ঝ) ক্ষমতাৰ পৃথকীকৰণ নীতিৰ প্ৰয়োগ নহয় : ব্ৰিটেইনৰ চৰকাৰ ব্যৱস্থা ক্ষমতাৰ পৃথকীকৰণ নীতিৰ ভিত্তিত প্রতিষ্ঠিত নহয়। ব্রিটেইনৰ শাসন ব্যৱস্থা সংসদীয় প্ৰকৃতিৰ হোৱাৰ প্ৰতিটো অংগই ক্ৰমে আন দুটা অংগৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে তথা প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে ব্রিটেইনৰ ৰজা বা ৰাণী ৰাষ্ট্ৰৰ কাৰ্যপালিকাৰ মুৰব্বী হোৱাৰ লগতে একেসময়তে আইন সভাৰো অবিচ্ছেদ্য অংগ। কাৰণ বিটেইনৰ সংসদক ৰজা বা ৰাণী সহ সংসদ বুলি সম্বোধন কৰা হয়। লৰ্ড চেঞ্চেলৰ সংসদৰ উচ্চ সদন হাউচ অৱ লৰ্ডছৰ সভাপতি হোৱাৰ লগতে মন্ত্রী সভাৰো এজন প্ৰভাৱশালী সদস্য। লৰ্ডছ সভাই বিৰ্টেইনৰ সৰ্বোচ আপিল আদালত হিচাপে কাৰ্যনিৰ্বাহ কৰে। চৰকাৰৰ বিভিন্ন অংগবিলাকৰ মাজত ঘনিষ্ঠ সম্পর্ক বিদ্যমান।

(ঞ) ৰাজকীয় প্রজাতন্ত্র : ব্রিটেইনৰ চৰকাৰ ব্যৱস্থাৰ অন্যতম বৈশিষ্ট্য হ’ল যে ই ৰাজকীয় প্রজাতন্ত্ৰ, অৰ্থাৎ ৰাজতন্ত্ৰ আৰু প্ৰজাতন্ত্ৰৰ এক সংমিশ্ৰীত ৰূপ। ইয়াত এফালে বংশানুক্রমিকভাৱে ৰাষ্ট্ৰ মুৰব্বী আছে আৰু আনফালে ৰাষ্ট্ৰ ৰাজনৈতিক ক্ষমতা সাধাৰণ জনতাৰ হাতত ন্যস্ত আছে। সংবিধানিকভাৱে ৰাষ্ট্ৰপৰিচালনাৰ সৰ্বোচ ক্ষমতা ৰজা বা ৰাণীৰ হাতত কেন্দ্ৰীভূত থাকিলেও বাস্তৱক্ষেত্ৰত ৰজাই শাসন নকৰে, বৰং ৰাজত্বহে কৰে। ৰজাৰ এই ক্ষমতাসমূহ প্ৰকৃতাৰ্থত জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্রতিনিধিৰে গঠিত কমন্স সভাৰ সংখ্যাগৰিষ্ঠ দলৰ সদস্যবৰ্গৰে গঠিত প্রধান মন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্রীসভাইহে উপভোগ কৰে। সেয়েহে থেট ব্রিটেইনৰ শাসন ব্যৱস্থাক ৰাজকীয় প্রজাতন্ত্ৰ বুলি অভিহিত কৰা হয়।

(ট) দ্বি-দলীয় ব্যৱস্থা : দ্বি-দলীয় ব্যৱস্থা বিটেইনৰ শাসন পদ্ধতিৰ অন্যতম প্রধান বৈশিষ্ট্য। বিটেইনৰ সংসদীয় গণতন্ত্ৰৰ কৃতকার্যতাৰ মূলতেই হৈছে ইয়াৰ দ্বি-দলীয় সংবিধান বহির্ভূত সংগঠনহে। প্রচলিত প্ৰথা দেশাচাৰৰ ওপৰত ভিত্তি কৰিহে ব্ৰিটেইনত দ্বিদলীয় ব্যৱস্থাৰ উদ্ভৱ হৈছে। এই ৰাজনৈতিক দল দুটা হৈ ৰক্ষণশীল দল আৰু বনুৱা দল জন্মলগ্নৰে পৰাই তুলনামূলকভাবে সমান শক্তিশালী এই দল দুটাই ব্ৰিটেইনৰ সংসদীয় গণতন্ত্রক এক সুস্থিৰ আৰু গতিশীল ৰূপ প্ৰদান কৰিছে।

(ঠ) শক্তিশালী বিৰোধী ৰাজনৈতিক দলৰ অৱস্থিতি : শক্তিশালী বিৰোধী ৰাজনৈতিক দলৰ অৱস্থিতি ৱিটিছ ৰাজনৈতিক পদ্ধতি অন্যা প্রধান বৈশিষ্ট্য। বিটেইনৰ সংসদীয় চৰকাৰ ব্যৱস্থাত সংসদৰ নিম্ন সদন কমন্স সভাৰ সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰা ৰাজনৈলি দলটোৰ স্বীকৃতি প্রাপ্ত নেতাজনৰ মন্ত্ৰীসভা অর্থাৎ চৰকাৰ গঠন কৰা হয় আৰু আনটো দলে বিৰোধী দলৰ ভূমিকাত অৱতীৰ্ণ হয়।

(ড) দ্বি-সদন বিধানমণ্ডলৰ ব্যৱস্থা : ব্রিটেইনত দ্বিসদনযুক্ত সভাৰ ব্যৱস্থা আছে। উচ্চ সদন হৈছে লৰ্ডছ সভা আৰু কমন্স লৰ্ডছ সভাৰ সদস্য সংখ্যা ৬৯৯ জন। এই সদস্যসকল নিম্ন হোৱাৰ পৰিৱৰ্তে মনোনীতহে। আনহাতে নিম্ন সদন কমন্স সভাৰ সদস্য সংখ্য ৬৫৯ জন। এই সমস্যসকল ব্ৰিটিছ নাগৰিকসকলে প্রত্যক্ষভাৱে নির্বাচন কৰে।

(ঢ) অৱৰোধ আৰু সন্তুলনৰ নীতি : ব্রিটেইনৰ শাসন ব্যৱস্থাত পাৰস্পৰিক অৱৰোধন, সন্তুলন নীতিৰ উদাহৰণস্বৰূপে, সংসদত গৃহীত কোনো এখন বিল বা বিধেয়ক ৰজা বা ৰাণীৰ স্বাক্ষৰ অবিহনে আইনত পৰিণত হ’ব নোৱাৰে। একেদৰে প্ৰধান মন্ত্ৰীৰ পৰামৰ্শক্ৰমে ৰজা বা ৰাণীয়ে কমন্স সভাখনৰ কাৰ্যকলাপ শেষ হোৱাৰ পূৰ্বে ভংগ কৰি দিব পাৰে।

(ণ) ন্যায়িক সমীক্ষা ক্ষমতাৰ অভাৱ : বিচাৰ বিভাগৰ আন এক বৈশিষ্ট্য হৈছে ইংলেণ্ডৰ আদালতৰ ন্যায়িক সমীক্ষাৰ ক্ষমতা নাই। কাৰণ ইংলেণ্ডত সংসদীয় সার্বভৌমত্বহে আছে। গতিকে সংসদদ যিকোনো বিষয়ত আইন প্রণয়ন কৰিব পাৰে। সংসদে বিধিমতে প্রণয়ন কৰা আইন ইংলেণ্ডৰ কোনো আদালততে অবৈধ বুলি ঘোষণা কৰিব নোৱাৰে। আদালতে আইনৰ ব্যাখ্যা আগবঢ়াব পাৰে, কিন্তু কোনো আইনৰ বৈধ্যতাৰ বুলি ঘোষণা কৰিব নোৱাৰে। আদালতে আইনৰ ব্যাখ্যা আগবঢ়াব পাৰে, কিন্তু কোনো আইনৰ বৈধ্যতাৰ বিচাৰ কৰিব নোৱাৰে।

৫। ইংলেণ্ডৰ ৰজাৰ ক্ষমতা আৰু কাৰ্য সম্পর্কে আলোচনা কৰা। [Discuss about the Power and functions of England.]

উত্তৰঃ বৰ্তমান ইংলেণ্ডৰ ৰাণী দেশখনৰ নামমাত্ৰ কাৰ্যপালিকা। ৰাণীয়ে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসৰি সকলো ক্ষমতা প্রয়োগ কৰে। ইংলেণ্ডৰ ৰজা/ৰাণীয়ে তেওঁৰ ক্ষমতাসমূহ দুটা উৎসৱ পৰা আহৰণ কৰিছে :

(ক) সংসদীয় আইন আৰু 

(খ) বিশেষাধিকাৰ।

(ক) কার্যনির্বাহক ক্ষমতা : ইংলেণ্ডৰ ৰজা কাৰ্যপালিকাৰ নামমাত্র মুৰব্বী। কাৰ্যপালিকাৰ মুৰব্বী হিচাপে ইংলেণ্ডৰ ৰাষ্ট্ৰীয় প্রশাসন ৰজাৰ নামত পৰিচালনা কৰা হয়। ৰজাই কাৰ্যপালিকাৰ প্ৰকৃত মুৰব্বী প্রধান মন্ত্ৰীক নিযুক্তি দিয়ে আৰু প্রধান মন্ত্ৰীৰ পৰামর্শ অনুসৰি মন্ত্রীসভাৰ বাকী সদস্যসকলক নিযুক্তি দিয়ে। প্রধান মন্ত্রী আৰু মন্ত্রীসভাৰ বাকী মন্ত্রীসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত অৱশ্যে ৰজাই নিজৰ ইচ্ছাক প্ৰয়োগ কৰিব নোৱাৰে। কাৰণ ইংলেণ্ডৰ সংসদীয় গণতন্ত্রত ৰজাই সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ দলপতিজনক প্রধান মন্ত্রী হিচাপে নিযুক্তি দিবলৈ বাধ্য। ইয়াৰ উপৰি ৰজাই ইংলেণ্ডৰ বিচাৰসকলক, বিচপসকলক, সৈন্যবাহিনী, নো বাহিনী আৰু বায়ুসেনা বাহিনীৰ বিষয়াসকলক নিযুক্তি দিয়ে। কাৰ্যপালিকাৰ মুৰব্বী হিচাপে ৰজাই পার্লিয়ামেণ্টে গ্ৰহণ কৰা সকলোবিলাক আইন কার্যকৰী কৰিব লাগে। ইয়াৰ উপৰি ইংলেণ্ডৰ ৰজাই বিদেশী ৰাষ্ট্ৰ লগত সম্বন্ধ স্থাপন কৰিব পাৰে, চুক্তি সম্পাদন কৰিব পাৰে, উপনিবেশ আৰু ডমিনিয়নবিলাকৰ লগত যোগাযোগ ৰক্ষা কৰিব পাৰে; যুদ্ধ ঘোষণা বা শান্তি প্রতিষ্ঠা কৰিব পাৰে আৰু সংসদৰ অনুমোদন নোহোৱাকৈ চুক্তি সম্পাদন কৰিব পাৰে।

(খ) আইন প্রণয়ন ক্ষমতা : ৰাজমুকুট কেৱল শাসন বিভাগৰে অধীন নহয়, জাতীয় সংসদৰো অবিচ্ছেদ্য অংগ। ইংলেণ্ডৰ সংবিধানে সংসদত আইন প্রণয়নৰ ক্ষমতা যুটীয়াভাৱে সংসদ আৰু ৰজাৰ হাতত ন্যস্ত কৰিছে। ৰজাই লৰ্ডছ সভা আৰু কমন্স সভাৰ লগত সংযোগ ৰক্ষা কৰি এই কাম কৰে। ৰজাৰ সম্মতি অবিহনে সংসদে প্রণয়ন কৰা আইন কার্যকৰী কৰিব নোৱাৰে।

তাত্ত্বিকভাৱে ৰজাই ব্ৰিটিছ সংসদ অধিৱেশন আহ্বান কৰিব আৰু স্থগিত ৰাখিব পাৰে, কমন্স সভা ভংগ কৰিব পাৰে, সংসদত গৃহীত হোৱা বিধেয়কত সম্মতি দিব পাৰে আৰু নির্দেশ জাৰি কৰিব পাৰে। অৱশ্যে হংলেণ্ডত মন্ত্রীসভাৰ সদস্যসকলেহে, যিসকল সংসদ সদস্য আইন প্রণয়নৰ প্ৰকৃত ক্ষমতা ভপভোগ কৰে। প্ৰকৃততে ৰজাই কেবিনেটৰ পৰামর্শ অনুসৰিহে সকলোবিলাক কাম কার্যকৰী কৰে। আনকি এই বিধেয়কবিলাক পঢ়িও নাচায়। সংসদে যি বিধেয়কেই গৃহীত নকৰক লাগে ৰজাই তাত সন্মতি প্ৰদান কৰিবলৈ বাধ্য। আনকি সংসদে ৰজাৰ নিজৰ মৃত্যুদণ্ডৰ আজ্ঞাপত্রও যদি তেওঁৰ সন্মতি প্রদানৰ বাবে পঠায় তেতিয়াও তেওঁ সন্মতি প্রদান কৰিবলৈ বাধ্য। সেইদৰে ৰজাক সিংহাসনচ্যুত কৰিবৰ বাবে সংসদে আইন প্রণয়ন কৰিবলৈ তাতো তেওঁ সন্মতি প্ৰদান কৰিবলৈ বাধ্য হৈছিল।

সংসদৰ প্ৰথম অধিৱেশনত আৰু প্ৰত্যেক বিত্তীয় বছৰৰ আৰম্ভণিতে ৰজাই সংসদত ভাষণ দিয়ে। অৱশ্যে ৰজাৰ ভাষণত প্ৰকৃততে মন্ত্রীসভাৰ কাৰ্য আঁচনি আৰু ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় নীতিহে প্রতিফলিত হয়। ইংলেণ্ডৰ সংবিধান অনুযায়ী চৰকাৰৰ নীতি আৰু কাৰ্যাৱলীৰ কাৰণে ৰজা, কেতিয়াও দায়বদ্ধ নহয়। ইয়াৰ বাবে মন্ত্রীসভাহে-সংসদ আৰু ইংলেণ্ডৰ জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকে।

(গ) ন্যায়িক ক্ষমতা : ইংলেণ্ডৰ সংবিধানে ইংলেণ্ডৰ ৰজাক ন্যায়িক ক্ষমতাও প্ৰদান কৰিছে। বর্তমান সময়ত ইংলেণ্ডৰ বিচাৰ বিভাগে কাৰ্যপালিকাৰ হস্তক্ষেপৰ পৰা মুক্ত হৈ স্বাধীন আৰু নিৰপেক্ষভাৱে বিচাৰকার্য সম্পাদন কৰে। তথাপি ইংলেণ্ডৰ বিচাৰ বিভাগ, সম্পূৰ্ণৰূপে ৰজাৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত নহয়। ৰজাই ইংলেণ্ডৰ বিচাৰ বিভাগৰ সকলো বিচাৰকক নিযুক্তি দিয়ে। ইংলেণ্ডৰ বিচাৰ বিভাগৰ সর্বোচ্চ আদালত হিচাপে বাস্তৱ ক্ষেত্ৰত প্ৰীভিকাউন্সিলৰ ন্যায়িক সমিতিয়ে এই কার্য সম্পাদন কৰে। মুঠতে ইংলেণ্ডৰ ন্যায়িক প্ৰশাসন ৰজাৰ নামত পৰিচালনা কৰা হয়।

(ঘ) ধর্মীয় ক্ষমতা : গীৰ্জাৰ শৃংখলা ৰক্ষা কৰা, ধর্ম সম্বন্ধীয় বিবাদ আদি নিষ্পত্তি কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পাৰে। ইংলেণ্ডৰ ৰজাই গীৰ্জাবিলাকৰ মুৰব্বী গীর্জাবিলাকৰ মুৰব্বী হিচাপে ৰজাই আর্কবিচপসকলক, বিচপসকলক আৰু ধৰ্মৰ লগত জড়িত বিষয়াসকলক নিযুক্তি দিয়ে।

(ঙ) বৈদেশিক সংক্রান্তীয় ক্ষমতা : ইংলেণ্ডৰ সংবিধান অনুযায়ী ৰজাৰ অন্য ৰাষ্ট্ৰৰ পৰা ইংলেণ্ডলৈ অহা প্ৰতিনিধিসকলক গ্ৰহণ কৰে। বিদেশত ইংলেণ্ডৰ ৰাষ্ট্ৰীয় স্বার্থ সুৰক্ষাৰ কাৰণে কূটনৈতিক প্রতিনিধি আৰু বিষয়াসকলক নিযুক্তি দিয়ে। অৱশ্যে এই ক্ষেত্ৰত ৰজাই মন্ত্ৰী সভাৰ অনুমোদন বা পৰামৰ্শ অনুযায়ী সিদ্ধান্ত গ্ৰহণ কৰে।

(চ) ৰজাৰ অন্যান্য ক্ষমতা : প্রত্যেক বছৰে ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীয়ে কেবিনেটৰ লগত আলোচনা কৰি ৰাষ্ট্ৰ প্ৰতি বিশেষ সেৱা আগবঢ়োৱা নাগৰিকসকলক বা বিদেশৰ কোনো বিশেষ ব্যক্তিক সন্মানজনক উপাধি প্রদান কৰিব পাৰে। অৱশ্যে এনে ব্যক্তিৰ নামৰ যি তালিকা প্রস্তুত কৰা হয় সেইখনত ৰজাৰ সন্মতি থাকিব লাগে। এনেকৈ প্ৰস্তুত কৰা নামৰ তালিকাত ৰজাৰ পৰামৰ্শ অনুসৰি নতুন নাম সংযোজন কৰা হ’ব পাৰে নাইবা কেতিয়াবা তালিকাত থকা ব্যক্তিৰ নাম কৰ্তন কৰা হ’বও পাৰে। 

ৰজাই যি ক্ষমতা আৰু কাৰ্য সম্পাদন কৰে তাৰ অধিকাংশ ই মন্ত্ৰী পৰিষদৰ দিহা আৰু পৰামৰ্শ মন্ত্ৰীসকলেহে তাৰ বাবে দায়ী হ’ব লগা হয়, ৰজাজন দায়ী নহয়। এই উক্তিটোৱে তিনিটা অর্থ বুজায়— প্ৰথমতে, ইংলেণ্ডৰ ৰজা নিজ কার্যাৱলীৰ বাবে সকলো আইনৰ উৰ্দ্ধত৷ তেওঁৰ কোনো ভুলৰ বাবে ইংলেণ্ডৰ কোনো আদালতে তেওঁৰ ওপৰত বিচাৰ কৰিব নোৱাৰে। উদাহৰণস্বৰূপে ৰজাই যদি কিবা অপৰাধো কৰে তথাপি ইংলেণ্ডত কোনো আইন নাই যি আইনে তেওঁক বিচাৰৰ সন্মুখীন কৰাব পাৰিব। চমুকৈ ক’বলৈ হ’লে ৰজা ব্যক্তিগতভাৱে তেওঁৰ

সকলো কামৰ বাবে আদালতৰ বিচাৰৰ পৰা সম্পূর্ণভাৱে মুক্ত। দ্বিতীয়তে, এই উক্তি অনুসৰি ৰজাই তেওঁৰ সকলো কামৰ বাবে কাৰো ওচৰত দায়বদ্ধ নহয়। আন কথাত ক’বলৈ ৰজাৰ আদেশৰ অধীনত কোনো কামত ভুল কৰে তেন্তে ৰজা নহয়, বিষয়াজনহে তাৰ বাবে দায়ী হয় আৰু তেওঁৰ ওপৰত বিচাৰ কৰি ইংলেণ্ডৰ আদালতে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। দ্বিতীয় চার্লচৰ সময়ত তেওঁৰ এজন সভাসদে ৰজাৰ শোৱনি কোঠাৰ দুৱাৰত চৰ্ত লিখিছিল এনেদৰে— “Here lies our sovereign Lord, the king, whose word no ‘man relies on, who never says a foolish thing; nor ever does a-wise wise” এই লিখনীয়ে এই কথা স্পষ্ট কৰি দিছে যে ৰজাই ভুল নকৰে, অৰ্থাৎ ৰজাই কোৱাবিলাক নিজৰ কিন্তু তেওঁৰ কামবিলাক মন্ত্ৰীপৰিষদৰ। 

দেশৰ প্ৰশাসনিক কামবিলাকৰ বাবে ৰজা দায়বদ্ধ নহয়। তৃতীয়তে, ইংলেণ্ডৰ ৰজাই ভুল নকৰে, উক্তিৰ অৰ্থ হ’ল ৰজাৰ হ’ব লাগে। সেয়ে ৰজাৰ নামত কৰা সকলো কামৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীয়ে উপৰুৱা চহী কৰিব লাগে আৰু বিভাগীয় মন্ত্ৰীগৰাকী সংসদৰ ওচৰত দায়বদ্ধ হ’ব লগা হয় আৰু আদালতৰ ওচৰত জগৰীয়া হ’ব লগা হয়। বিভাগীয় মন্ত্ৰীৰ স্বাক্ষৰ অবিহনে কোনে আইনেই ইংলেণ্ডত বৈধ নহয় । আৰু সেই কাৰণে,কোনো আদালততে প্রয়োগ নহয়। ইয়াৰ কাৰণ হ’ল ৰজাই সংসদৰ আৰম্ভণি অধিৱেশনত সিংহাসনৰ পৰা যি অভিভাষণ পাঠ কৰে সেই অভিভাষণ মন্ত্ৰী পৰিষদে যুগুতাই দিয়ে। আনকি ৰজাৰ ভ্ৰমণসূচীও কেবিনেটেই ঠিক কৰি দিয়ে।

৬। গ্রেট ব্রিটেইনত বৰ্তমানলৈকে ৰাজতন্ত্র প্রচলন অব্যাহত থকাৰ মূল কাৰণসমূহ ব্যাখ্যা কৰা। [Explain the main reasons why monarchy has, continued in Great Britain till to date.]

উত্তৰঃ ৰাজতন্ত্ৰক এতিয়াও ইংলেণ্ডৰ জনসাধাৰণ তথা সকলো ৰাজনৈতিক মতবাদৰ লোকেই ভাল দৃষ্টিৰে গ্ৰহণ কৰি আছে। ইংলেণ্ডত ৰাজতন্ত্র প্ৰৱৰ্তিত হৈ থকাৰ মূল কাৰণবোৰ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি―

(ক) ৰজা ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতীক : ইংলেণ্ডত ৰজাক ৰাষ্ট্ৰীয় ঐক্যৰ প্রতীক হিচাপে গণ্য কৰা হয়। ইংলেণ্ডৰ নিজ দেশ তথা কমনৱেলথ ৰাষ্ট্ৰসমূহৰ মাজত ঐক্য আৰু সংহতিৰ প্রতীক হিচাপে কাম কৰে। তেওঁ কমনৱেলথৰ সদস্যভুক্ত ৰাষ্ট্ৰবিলাকৰ মাজত যোগসূত্র স্থাপন কৰি একত্ৰিত কৰি ৰাখিবলৈ সক্ষম হৈছে। কমনৱেলথৰ সদস্যভুক্ত ৰাষ্ট্ৰবিলাকৰ সদস্যসকলক লৈ গঠিত বিভিন্ন সমিতিবিলাকৰো প্ৰতীক তেওঁৱেই। কমনৱেলথৰ ৰাষ্ট্ৰসমূহেও ৰজাক বিশেষ সম্মান প্রদান কৰে। ৰজাই নিজৰ কামবিলাক দক্ষতাবে সম্পন্ন কৰাৰ উপৰি চৰকাৰৰ কাম কাজতো বিশেষ প্রভাব বিস্তাৰ কৰে। ইয়াৰ উপৰি তেওঁ ইংৰাজ সমাজক নেতৃত্ব প্ৰদান কৰে। 

এসময়ত ৰজাক “The last King of the Empire.” বুলি গণ্য কৰা হৈছিল। দ্বিতীয় মহাযুদ্ধ চলি থকা সময়ত ৰজাই ইংৰাজসকলক সাহসেৰে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ অনুপ্ৰেৰণা যোগাইছিল “ভগৱানে ৰজাক ৰক্ষা কৰক” –এয়া আছিল সেই সময়ৰ জাতীয় সংগীত। ৰজাই সদায় প্রধান মন্ত্ৰীৰ লগত ওচৰ সম্বন্ধ ৰাখে আৰু সেয়ে প্রধান মন্ত্ৰীয়ে গুৰুত্বপূর্ণ বিষয়সমূহৰ ওপৰত সিদ্ধান্ত লোৱাৰ আগতে ৰজাৰ লগত আলোচনা কৰে। ৰজাৰ লগত আলোচনা কৰাৰ পাছতহে কেবিনেটত বিষয়টো উত্থাপন কৰে। এই ক্ষেত্ৰত ক’ব পৰা যায় যে ৰাণী ভিক্টোৰীয়াই বিভিন্ন সময়ত চৰকাৰৰ সিদ্ধান্ত, বিশেষকৈ বৈদেশিক নীতিৰ ক্ষেত্ৰত মীমাংসাসূচক প্রভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

(খ) সাংবিধানিক প্রয়োজনীয়তা : সংসদীয় গণতন্ত্রত এজন নামমাত্র মুৰব্বীৰ প্ৰয়োজন৷ এই মুৰব্বীজন বংশানুক্রমিকভাবে ক্ষমতাত অধিষ্ঠিত হ’ব পাৰে, যাক আমি ৰজা বা ৰাণী বুলি কওঁ নাইবা ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰে এজন ৰাষ্ট্রপ্রধান বা সাংবিধানিক মূৰব্বীৰ ব্যৱস্থাও আছে। ইংলেণ্ডৰ ৰজা বা ৰাণীয়ে কাৰ্যপালিকাৰ নামমাত্র মুৰব্বীৰ কাৰ্য সম্পাদন কৰে। ইংলেণ্ডৰ জনসাধাৰণে ৰাজতন্ত্ৰক উচ্ছেদ কৰি এজন নিৰ্বাচিত ৰাষ্ট্ৰপ্ৰধানৰ হাতত সাংবিধানিক মুৰব্বীৰ ব্যৱস্থাও হ’ব পাৰে। ইংলেণ্ডৰ ৰজা বা ৰাণীয়ে কাৰ্যপালিকাৰ নামমাত্র মুৰব্বীৰ কাৰ্য সম্পাদন করে।

(গ) অধিক ব্যয়বহুল নহয় : ইংলেণ্ডৰ জনসাধাৰণে ৰাজতন্ত্ৰক বৰ ব্যয়বহুল বুলি নাভাবে। কাৰণ ৰজাৰ স্থানত এজন নির্বাচিত ৰাষ্ট্রপ্রধান থাকিলেও খৰচৰ পৰিমাণ বৰ বেছি হাস কৰিব পৰা নহ’ব। তদুপৰি ইংলেণ্ডৰ বাৰ্ষিক বাজেটৰ এটা অতি সামান্য অংশহে ৰাজতন্ত্ৰ কাৰণে খৰচ কৰা হয়। কিছুমান ৰাষ্ট্ৰত নিৰ্বাচিত ৰাষ্ট্ৰপ্ৰধান থাকিলেও খৰচৰ পৰিমাণ ইংলেণ্ডৰ নামমাত্ৰ ৰাষ্ট্ৰপ্ৰধানতকৈ বৰ বেছি কম নহয়।

(ঘ) গণতন্ত্র প্রতিবন্ধক নহয় : ইংলেণ্ডত গণতন্ত্র সীমিত ৰাজতন্ত্র আৰু অভিজ্ঞতাতন্ত্র এক মিশ্ৰিত ৰূপ দেখিবলৈ পোৱা যায়। ইংলেণ্ডৰ সীমিত ৰাজতন্ত্রই জনপ্রিয় সার্বভৌমত্ব আৰু জনসাধাৰণৰ ইচ্ছা অনুসৰি ৰাষ্ট্ৰ পৰিচালনা কৰাত কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰা নাই।

(ঙ) সুদক্ষ প্রশাসক : ইংলেণ্ডৰ ৰজা যদিও নামমাত্র কার্যপালিকা তথাপি চৰকাৰত তেওঁৰ কোনো প্ৰভাৱ নাই বুলি ক’ব নোৱাৰি। ৰজাই এতিয়াও ব্যক্তিগতভাৱে কিছুমান কাম পৰিচালনা কৰে। সেইবিলাকৰ ভিতৰত বিদেশী, কূটনীতিবিদৰ পৰিচয় পত্র গ্রহণ কৰা, সংসদ অধিৱেশনত ভাষণ পাঠ কৰা, কমন্স সভাৰ অধ্যক্ষৰ নিৰ্বাচনত সন্মতি প্ৰদান কৰা, সংসদ ভংগ আৰু প্ৰধান মন্ত্ৰীজনক মনোনীত কৰা ইত্যাদি। ইংলেণ্ডৰ জনসাধাৰণে এতিয়াও ৰজাক বহুক্ষেত্ৰত এজন সুদক্ষ প্রশাসক বুলি গণ্য কৰে।

(চ) ইংলেণ্ডৰ জনসাধাৰণৰ ৰক্ষণশীল চৰিত্ৰ : এতিয়ালৈকে ইংলেণ্ডত ৰাজতন্ত্রজীয়াই থকাৰ এক অন্যতম কাৰণ হ’ল ইংলেণ্ডৰ জনসাধাৰণৰ ৰক্ষণশীল চৰিত্ৰ। ইংলেণ্ডৰ জনসাধাৰণ বৰ্তমান বিশ্বৰ আধুনিকতাৰ লগত সম্পূর্ণ মিল গ’লেও তেওঁলোকে কিন্তু নিজৰ প্ৰাচীন ৰাজনৈতিক বা সামাজিক অনুষ্ঠানসমূহক সম্পূর্ণ ৰূপে ত্যাগ কৰাৰ বাবে মুঠেও পক্ষপাতী নহয় যদিও তেনে অনুষ্ঠানসমূহে ইংলেণ্ডৰ সমাজ ব্যৱস্থাৰ কোনো ধৰণৰ ক্ষতি কৰা নাই। ইংলেণ্ডৰ জনসাধাৰণৰ এই ৰক্ষণশীল চৰিত্ৰই ৰাজতন্ত্ৰক স্থায়িত্ব প্রদান কৰিছে।

(ছ) ৰজা ৰাষ্ট্ৰৰ মুৰব্বী : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ দৰে ইংলেণ্ডৰ ৰজাজন সেই ৰাষ্ট্ৰৰ মুৰব্বী। ইংলেণ্ডৰ ৰজা সমগ্র দেশবাসীৰ ৰজা। ৰজা কোনো এটা ৰাজনৈতিক দল বা কোনো এক বিশেষ সম্প্রদায় বা কোনো এটা শ্ৰেণীৰ প্ৰতিনিধি নহয়। সেয়েহে ইংলেণ্ডৰ জনসাধাৰণে ৰজাক ইমানেই ভালপাই যে “ভগৱানে ৰজাৰাণীক ৰক্ষা কৰক” এই সংগীতটোকে ইংলেণ্ডৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে গ্ৰহণ কৰিছে।

(জ) ৰজাৰ অৱদান : দীর্ঘদিন ধৰি ৰাষ্ট্ৰ পৰিচালনাৰ কাৰ্যত জড়িত হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিটিছ ৰাজপদে ৰাজনৈতিক আৰু প্ৰশাসনিক দিশত যথেষ্ট জ্ঞান আৰু অভিজ্ঞতা অর্জন কৰে। ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীয়েও মন্ত্ৰী সভাত গুৰুত্বপূর্ণ বিষয়সমূহৰ ওপৰত সিদ্ধান্ত গ্রহণ কৰাৰ আগতে ৰজাৰ লগত আলোচনা কৰে। ৰজাই তেওঁৰ সঞ্চিত জ্ঞান আৰু অভিজ্ঞতাৰে চৰকাৰক প্রস্তাবিত কার্যআঁচনি সম্পর্কত সাবধান কৰি দিব পাৰে নাইবা প্রয়োজনবোধে চৰকাৰক প্রস্তাবিত আঁচনি সংশোধনৰ পৰামৰ্শ দিব পাৰে। ইংলেণ্ডৰ জনসাধাৰণেও অনুৰূপধৰণে ৰাজপদৰ প্ৰতি অপৰিসীম শ্রদ্ধা আৰু আস্থাৰ মনোভাৱ প্ৰকাশ কৰে।

৭। ইংলেণ্ডৰ কেবিনেটৰ ক্ষমতা আৰু কাৰ্যাৱলী সম্পর্কে লিখা। [Write about the power and function of the cabinet of England.]

উত্তৰঃ ক্ষমতা আৰু কাৰ্যাৱলী : ইংলেণ্ডৰ চৰম ৰাজতন্ত্ৰৰ দিনত প্রিভি কাউন্সিলৰ ক্ষমতা আৰু স্থান অতি গুৰুত্বপূৰ্ণ আছিল। সেই সময়ত কাউন্সিলে ৰজাৰ প্ৰধান উপদেষ্টাৰ ভূমিকা পালন কৰিছিল। বৰ্তমান কাউন্সিলৰ পৰামৰ্শদাতাৰ ভূমিকা নাথাকিলেও পৰিষদৰ আদেশ জাৰি কৰিব পাৰে৷ উল্লেখযোগ্য যে, কেবিনেটে এনে আদেশ জাৰি নকৰে। ই কেৱল সিদ্ধান্ত গ্ৰহণ কৰে যাতে আদেশ কার্যকৰী কৰা হয়। এইবোৰ আদেশ সংসদ অধিৱেশন আহ্বান কৰা, যুদ্ধ ঘোষণা কৰা, সংসদ অধিৱেশন স্থগিত ৰখা, সংসদ ভংগ কৰা আদিৰ লগত, অৱৰোধ, স্বাস্থ্য, শিক্ষা আদি বিষয়ৰ ক্ষেত্ৰতো আদেশ জাৰি কৰিব পাৰে। প্ৰিভি কাউন্সিলৰ বৈঠকত মন্ত্ৰী পৰিষদৰ মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলে শপত গ্ৰহণ কৰে।

প্রিভি কাউন্সিলে কিছুমান উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিব পাৰে। এইবোৰৰ ভিতৰত অ’ফোর্ড কেম্বীজ, স্কটীচ বিশ্ববিদ্যালয়ৰ কাৰণে বিধিগত সমিতি, বিজ্ঞান, ওদ্যোগিক গৱেষণা সমিতি, চিকিৎসা গৱেষণা, কৃষি গৱেষণা, প্রাকৃতিতক পৰিৱেশ সংৰক্ষণ সমিতি আদি উল্লেখযোগ্য। প্রিভি কাউন্সিলে গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিবিলাকৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সমিতি হ’ব ন্যায়িক সমিতি । ১৮৩৩ চনৰ আইন অনুসৰি এনে সমিতি গঠনৰ ব্যৱস্থা নিৰ্ধাৰিত কৰা হৈছিল। প্রিভি কাউন্সিলে কোনো গোচৰৰ আপীলৰ ৰায় ৰজাক উপদেশ আকাৰতহে দিয়ে। ইয়াৰ ফলত এনে আপীলৰ ৰায় নিম্ন আদালতৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। আদালতে এনে ৰায় কাৰ্যকৰী কৰাত কোনো বাধ্য-বাধকতা নাই।

৮। ইংলেণ্ডৰ মন্ত্রীপৰিষদৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। [Discuss about the features of British Council of Ministers.]

উত্তৰঃ ইংলেণ্ডৰ মন্ত্ৰীপৰিষদৰ বৈশিষ্ট্যসমূহ হ’ল– 

(ক) ৰজাৰ অনুপস্থিতি :  ইংলেণ্ডৰ কেবিনেটৰ বৈঠকত ৰজাৰ অনুপস্থিতি এটা উল্লেখযোগ্য বৈশিষ্ট্য। ৰজাই ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে মন্ত্রীপৰিষদ গঠন কৰে যদিও তেওঁ মন্ত্রীসভাৰ বৈঠকত সভাপতিত্ব কৰিব নোৱাৰে। ইংলেণ্ডৰ প্ৰশাসনৰ সকলো কাম ৰজাৰ নামত কৰা হয়। ৰজাৰ কেবিনেটৰ বৈঠকত অনুপস্থিত থকাৰ কাৰণ হ’ল যে ১৭১৪ চনত প্ৰথম জর্জ ৰজা হৈছিল যদিও ইংৰাজী ভাষা নজনাৰ কাৰণে তেওঁ কেবিনেটৰ বৈঠকত উপস্থিত নাছিল আৰু তেতিয়াৰপৰা এতিয়াও ইংলেণ্ডত এই নিয়ম চলি আছে।

(খ) প্রধান মন্ত্রীৰ নেতৃত্ব : প্রধান মন্ত্ৰীৰ নেতৃত্ব ইংলেণ্ডৰ কেবিনেটৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। তেওঁ কেবিনেটৰ বৈঠকবিলাকত সভাপতিত্ব কৰে। মন্ত্রীসভাৰ সম্প্ৰসাৰণ বা পুনর্গঠন কৰিব পাৰে। প্রধান মন্ত্রীয়ে মন্ত্রীসকলক নিযুক্তি দিয়াৰ বাবে ৰজাক পৰামৰ্শ দিয়ে। মন্ত্রীসভা গঠনত প্রধান মন্ত্ৰীৰ যথেষ্ট ক্ষমতা আছে। প্রধান মন্ত্রী মন্ত্ৰীপৰিষদৰ মুৰব্বী হোৱাৰ উপৰি সংসদ, সংখ্যাগৰিষ্ঠ দল আৰু দেশৰ নেতা। তেওঁ মন্ত্ৰীসকলৰ মাজত দণ্ডৰ বিতৰণ কৰে। বিভিন্ন দপ্তৰৰ কাম-কাজ পৰিদর্শন কৰে। মন্ত্ৰীসকলৰ মাজত কোনো মতভেদ হলে তাক মীমাংসা কৰিব পাৰে।

(গ) গোপনীয়তা : গোপনীয়তা ইংলেণ্ডৰ কেবিনেটৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। কেবিনেটৰ প্ৰত্যেকজন মন্ত্ৰীয়ে এনে গোপনীয়তা পালন কৰি চলিব লাগে। ইয়াৰ বৈঠকবিলাক গোপনভাৱে অনুষ্ঠিত হয়। প্রধান মন্ত্রী বাহিৰে আন মন্ত্ৰীয়ে চৰকাৰৰ নীতি, সিদ্ধান্ত আদিৰ বিষয়ে ঘোষণা কৰিব নোৱাৰে। প্ৰধান মন্ত্ৰীয়ে সাধাৰণতে এনে ঘোষণা, সংবাদমেল বা  সংসদত জাৰি কৰে। ১৯২২ চনত ভাৰতস্থ সচিবজনে ভাৰত সম্পৰ্কীয় ব্ৰিটিছ কেবিনেটৰ কিছুমান নীতি প্ৰকাশ কৰাৰ কাৰণে পদত্যাগ কৰিব লগা হৈছিল। সেইদৰে ১৯৩৪ চনত এজন শক্তিমন্ত্ৰীৰ পুতেক এডগাৰলেনচ বাৰীক তেওঁ লিখা এখন জীৱনীত কেবিনেটৰ এখন স্মাৰক পত্ৰ প্ৰকাশ পোৱাৰ কাৰণে ১৯২০ চনত চৰকাৰী গোপনীয়তা আইন অনুসৰি জৰিমনা বিহিছিল। ইংলেণ্ডৰ মন্ত্ৰীসকলে এই গোপনীয়তা নিয়মিতভাৱে পালন কৰি আহিছে।

(ঘ) মন্ত্রীসভাৰ একতা : ইংলেণ্ডৰ কেবিনেটৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল মন্ত্রীসভাৰ একতা। মন্ত্রীসভাৰ সদস্যসকলে সকলো কাম-কাজ পাৰস্পৰিক বুজাবুজিৰ সমাধান কৰে। বিভিন্ন বিষয়ত মন্ত্ৰীসকলৰ মাজত মতপার্থক্য থাকিলেও তাক মন্ত্রীসভাত মীমাংসা কৰি লয় আৰু এই ক্ষেত্ৰত প্ৰধান মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(ঙ) ৰাজনৈতিক ঐক্য : মন্ত্রীসভাখন একেটা দলৰ সদস্যসকলৰ মাজৰপৰা নিৰ্বাচিত কা হয়। ইংলেণ্ডৰ সংসদৰ নিৰ্বাচনত যিটো ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৱে চৰকাৰ গঠন কৰাৰ সুবিধা পায়। দলৰ নেতাজনক ৰাণীয়ে প্ৰধান মন্ত্রী নিযুক্তি দিয়ে আৰু মন্ত্ৰীপৰিষদৰ আন মন্ত্রীসকলক প্রধান মন্ত্ৰীয়ে প্রস্তুত কৰি দিয়ে। তালিকা অনুসৰি ৰাণীয়ে নিযুক্তি দিয়ে। অৱশ্যে কোনো দলে সংসদৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা নোৱাৰিলে দুটা দলৰ সন্মিলিত চৰকাৰ গঠন হ’ব পাৰে। ইংলেণ্ডত সংযুক্ত চৰকাৰ বিশেষ পৰিস্থিতিত গঠন যদিও এনে চৰকাৰ গঠন হোৱাটো ব্যতিক্রমহে, নিয়ম নহয়। ঐক্য ইংলেণ্ডৰ কেবিনেটৰ মূলমন্ত্র।

(চ) কেবিনেট আৰু সংসদৰ সহযোগিতা : কেবিনেটৰ আন এক বৈশিষ্ট্য হ’ল কেবিনেট আৰু সংসদৰ মাজত থকা সহযোগিতা। মন্ত্রীপৰিষদৰ মন্ত্ৰীসকল সংসদৰ যিকোনো এটা সদনৰ সদস্য হোৱা উচিত। যদি কোনো মন্ত্রীয়ে নিযুক্তি লাভ কৰাৰ সময়ত লৰ্ডছ সভা বা কমন্স সভাৰ সদস্য নহয়, তেন্তে নিৰ্ধাৰিত সময়ত নিম্নসদনৰ নিৰ্বাচিত সদস্য নাইবা উচ্চ সদনৰ পীয়েৰ হিচাপে মনোনীত হ’ব লাগিব। মন্ত্ৰীসকলে তেওঁলোকৰ কামৰ বাবে সংসদৰ ওচৰত দায়বদ্ধ হ’ব লগা হয়। সেয়েহে ইংলেণ্ডৰ মন্ত্রীপৰিষদ আৰু সংসদ সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা থকাটো অপৰিহার্য।

(ছ) মন্ত্রীসভাৰ দায়বদ্ধতা : মন্ত্রীসভাৰ দায়বদ্ধতা দুটা উপায়েৰে কাৰ্যকৰী কৰিব পাৰে— আইনগতভাৱে আৰু ৰাজনৈতিকভাৱে। মন্ত্রীপৰিষদ নিজ কার্যাৱলীৰ কাৰণে ৰজাৰ ওচৰত দায়বদ্ধ। ৰজাই তেওঁৰ ক্ষমতা প্রয়োগ কৰি যি কাম কৰে তেনে প্রত্যেক কামৰ বাবে ৰজা জগৰীয়া নহয়। ৰজাৰ তেনে কাম বা সিদ্ধান্তৰ ক্ষেত্ৰত যদি কোনো ভুল হয়; তেন্তে বিভাগীয় মন্ত্ৰীজনেহে তাৰ কাৰণে দায়বদ্ধ। সেই কাৰণে কোৱা হয় “ইংলেণ্ডৰ ৰজাই ভুল নকৰে”। মন্ত্রীপৰিষদৰ আইনগত দায়বদ্ধতাই ৰজাক কেবিনেটে গ্ৰহণ কৰা সকলো সিদ্ধান্ত, নীতি অৱগত কৰোৱাৰ ওপৰত প্ৰাধান্য দিয়ে। মন্ত্রীপৰিষদৰ ৰাজনৈতিক দায়বদ্ধতাই তিনিটা কথা বুজায়; প্রথমতে, মন্ত্ৰীসকলৰ ভিতৰত তেওঁলোকৰ পৰস্পৰ ওচৰত দানব প্রত্যেকজন মন্ত্রী নিজ কার্যাৱলীৰ কাৰণে আন মন্ত্ৰীৰ ওচৰত দায়বদ্ধ। সংসদ সদস্যসকলে, মন্ত্রীপৰিষদৰ কামত বা নীতিত সন্তুষ্ট নহ’লৈ তেওঁলোকৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উপস্থাপন কৰিব পাৰে আৰু এনে অনাস্থা প্রস্তাব সংখ্যাগৰিষ্ঠ ভেটিত গৃহীত হ’লে মন্ত্রীসভাৰ পতন হয়। মন্ত্রীসকলে উপস্থাপন কৰা চৰকাৰী বিধেয়ক সংসদত গৃহীত নহ’লে মন্ত্ৰীৰ প্ৰতি থকা অনাস্থাৰ কথা প্রকাশ পায়। চৰকাৰৰ নীতি সমালোচনা কৰিও চৰকাৰৰ ওপৰত অনাস্থা প্রকাশ কৰিব পাৰে।

৯। ইংলেণ্ডৰ কেবিনেটৰ একনায়কত্ববাদী ভূমিকা পালনৰ মূল কাৰণৰোৰ আলোচনা কৰা।

উত্তৰঃ  ইংলেণ্ডৰ কেবিনেট সম্পর্কে দিয়া মন্তব্যবোৰৰ পৰাই ইংলেণ্ডৰ কেবিনেটৰ দেশ। প্রশাসনত থকা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উপলব্ধি কৰিব পাৰি। ইংলেণ্ডৰ কেবিনেট একনায়কত্বাদী ভূমিকা পালনৰ মূল কাৰণবোৰ তলত দিয়া ধৰণে বিশ্লেষণ কৰিব পাৰি।

(ক) ইংলেণ্ডৰ দলীয় ব্যবস্থা আৰু ইয়াৰ দৃঢ় শৃংখলাবদ্ধতা : ইংলেণ্ডৰ দলীয় ব্যৱস্থাই কেবিনেটক একনায়কত্ববাদী ভূমিকা পালনৰ বাবে অৰিহণা যোগায়। তদুপৰি ইংলেণ্ডৰ ৰাজনৈতিক, দলৰ দৃঢ় শৃংখলাবদ্ধতাৰ কাৰণেও কেবিনেটে সংসদক নিয়ন্ত্ৰণ কৰাত সহায়ক হৈছে। প্ৰত্যেকজন ৰাজনৈতিক দলৰ সদস্যই নিজৰ দলৰ প্ৰতি আনুগত্যৰ কাৰণে গনিকি সদস্যসকলে নিজৰ ব্যক্তিত্ব ও বিসর্জন দিবলৈ সাজু থাকে। ইয়াৰ ফলত কেবিনেটৰ সমৰ্থন লাভ কৰে। সদস্যসকলে দলীয় নীতিৰ প্ৰতি একমত হ’লে দলৰ সপক্ষে ভোটদান কৰিছিল। একমত নহ’লে আন দলক সমৰ্থন কৰাটো কোনো বাধা নাছিল। গতিকে সংসদৰ সদস্যসকলে সহজে কেবিনেটক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ইংলেণ্ডৰ দলীয় সংগঠনে গা কৰি উঠাত দলীয় অনুশাসন বৰ কটকটীয়া হৈ পৰিল আৰু সকলো পৰিৱৰ্তন হৈ গ’ল। কোনো সদস্যই দলীয় অনুশাসন ভংগ কৰিলে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ দৰে দৃঢ় পদক্ষেপ গ্রহণ কৰিব পাৰে।

(খ) প্রশাসনিক ন্যায় : ইংলেণ্ডত ন্যায়িক প্ৰশাসনৰ ব্যবস্থা থকাৰ ফলত কেবিনেটে চুয়াৰ ক্ষমতা বৃদ্ধি কৰিবলৈ সুবিধা পাইছে। ইংলেণ্ড প্রশাসনীয় গোচৰবিলাক প্রায় সংশ্লিষ্ট বিভাগবিলাকে বিচাৰ কৰে। অতীতত শূশাসনীয় গোচৰবিলাক সাধাৰণ আদালতে বিচাৰ কৰিছিল। বৰ্তমান প্ৰশাসনীয় গোচৰবিলাক বিভাগবোৰে নিজে বিচাৰ কৰি ৰায় ঘোষণা কৰাৰ লগতে আৱশ্যকীয় শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে। প্ৰথম আৰু দ্বিতীয় মহাযুদ্ধৰ সময়ত সংসদে এই দিশত কোবিনেটক কেতবোৰ বিশেষ ক্ষমতা দিছিল। মুঠতে প্রশাসনিক ন্যায় ব্যৱস্থাই কেবিনেটৰ একনায়কত্ববাদী অধিক স্পষ্ট কৰি তুলিছে।

(গ) প্রধান মন্ত্ৰীৰ নেতৃত্ব ইংলেণ্ডৰ কেবিনেটৰ ক্ষমতা বৃদ্ধি হোৱাৰ আন এটা কাৰণ হৈছে প্ৰধান মন্ত্ৰীৰ সবল নেতৃত্ব। প্রধান মন্ত্রী কেৱল মন্ত্রীপৰিষদৰ নেতা নহয়; দলৰ নেতা আৰু সংসদৰো নেতা হোৱাৰ কাৰণে সংসদৰ সদস্যসকলে প্রধান মন্ত্ৰীৰ নেতৃত্ব মাণি চলিব লাগে। মন্ত্ৰী পৰিষদত যি সিদ্ধান্ত লয়, সেইটো দলৰ সিদ্ধান্ত বুলি সংসদৰ সদস্যই তাৰ বিৰোধিতা নকৰে। প্ৰধান মন্ত্ৰীৰ নিযুক্তিৰ পিছত তেওঁ মন্ত্ৰী পৰিষদ গঠন কৰাৰ পৰা আৰম্ভ কৰি সদন ভংগ কৰালৈকে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । প্রধান মন্ত্ৰী ৰাজনৈতিকভাৱে দক্ষ আৰু চতুৰ ব্যক্তি হ’লৈ তেওঁ চৰকাৰৰ ভাৱমূর্তি উজ্জ্বল কৰাৰ লগতে কেবিনেট আৰু দেশকে অধিক শক্তিশালী কৰি তুলিব পাৰে।

(ঘ) মন্ত্ৰীৰ সামূহিক দায়বদ্ধতা : ইংলেণ্ডৰ সংসদীয় গণতন্ত্রত মন্ত্ৰী পৰিষদৰ মন্ত্ৰীসকল সামূহিকভাৱে নিজ কার্যাৱলীৰ কাৰণে সংসদৰ ওচৰত দায়বদ্ধ। ইয়াৰ উপৰি মন্ত্ৰীসকল ইংলেণ্ডৰ ৰজা আৰু জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকে। চৰকাৰে গ্ৰহণ কৰা কোনো সিদ্ধান্ত বা নীতিৰ ক্ষেত্ৰত এজন মন্ত্ৰীৰ পৰাজয় হ’লেও মন্ত্রীসভাৰ সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। গতিকে এজন মন্ত্রীয়ে এটা বিষয়ত সিদ্ধান্ত লোৱাৰ আগতে প্রধান মন্ত্রীত মন্ত্রীপৰিষদৰ সকলো মন্ত্ৰীৰ লগত আলোচনা কৰিব লাগে। যদি তেওঁ প্ৰধান মন্ত্রী আৰু অন্যান্য মন্ত্ৰীসকলৰ লগত ঐক্যমতত উপনীত হ’ব নোৱাৰে তেতিয়া মন্ত্রীসভাৰ পৰা পদত্যগ কৰা উচিত। ইংলেণ্ডৰ আইন ব্যৱস্থাত এজন মন্ত্রীয়ে পদত্যাগ কৰাৰ ফলত আন মন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰাৰ বহুতো উদাহৰণ আছে। জেনেৰেল পীল আৰু আন তিনিজন মন্ত্রীয়ে ডিজৰেলীৰ সংস্কাৰ বিধেয়কত সন্মতি নজনোৱাৰ কাৰণে মন্ত্রীসভাৰ পৰা পদত্যাগ কৰিছিল। ১৯১৪ চনত লৰ্ড মৰলে আৰু বাৰ্নে যুদ্ধ সম্পর্কীয় সিদ্ধান্তত একো নজনোৱাৰ কাৰণে পদত্যাগ কৰিছিল৷ প্ৰধান মন্ত্ৰীয়ে পদত্যাগ কৰিলে সমগ্ৰ মন্ত্ৰীসভাখনৰ পতন ঘটে। গতিকে মন্ত্রী সভাৰ সামূহিক দায়বদ্ধতায়েও মন্ত্রীপৰিষদক অধিক ক্ষমতাশালী কৰি তোলাত সহায় কৰিছে।

(ঙ) জনমতৰ প্ৰভাৱ : গণতন্ত্রত মন্ত্রীপৰিষদে সকলো সময়তে জনমতক গুৰুত্ব দিবলৈ বাধ্য। প্রয়োজনবোধে চৰকাৰে জনমতৰ হেঁচাত পৰি ইতিমধ্যে গ্ৰহণ কৰা নীতি পৰিৱৰ্তন সাধন কৰিবলগীয়া হ’ব পাৰে। ইংলেণ্ডত বিভিন্ন সংগঠনৰ দ্বাৰা প্ৰকাশ কৰা জনগণৰ প্ৰভাৱত সংসদৰ গুৰুত্ব হাস পাইছে। মন্ত্রীপৰিষদে সকলো ক্ষেত্ৰতে জনমতৰ লগত সম্পর্ক ৰাখি বিভিন্ন নীতি আৰু কাৰ্যসূচী নিৰ্দ্ধাৰণ কৰে। গতিকে ইংলেণ্ডৰ সংসদক ভয় কৰি মন্ত্ৰীপৰিষদে কাৰ্যনিৰ্বাহ কৰাৰ কাৰণ নাথাকে।

(চ) আর্থিক নিয়ন্ত্রণ : দেশৰ আৰ্থিক বিষয়ৰ ওপৰত কেবিনেটৰ সম্পূর্ণ নিয়ন্ত্রণ আছে। কেবিনেটে সকলো কৰ প্ৰস্তাৱ সংসদত উত্থাপন কৰিব পাৰে। কেবিনেটে কি কি বিষয়ত কৰ আৰোপ কৰিব, কৰৰ পৰিমাণ কিমান হ’ব আৰু কেনেকৈ সেই কৰ সংগ্ৰহ কৰা হ’ব, তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। চেঞ্চেলাৰ অৱ এক্সচেকাৰে চৰকাৰৰ বছৰেকীয়া বাজেট প্রস্তুত কৰি সংসদত উত্থাপন কৰি গ্ৰহণ কৰাই লয়।

(ছ) সংসদৰ কাৰ্যসূচী প্রণয়ন : কেবিনেটে সদনৰ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যসূচী নিৰ্ধাৰণ কৰিব পাৰে। মন্ত্রীপৰিষদে কোনদিনা বেচৰকাৰী সদস্যৰ বিষয়বিলাক আলোচনা কৰিব তাৰো সিদ্ধান্ত লব পাৰে। কিন্তু সদনৰ অধিকাংশ সময় চৰকাৰী বিষয়বিলাক আলোচনা কৰোঁতে প্রয়োজন হয়। সদনত নিজ দলৰ সদস্যৰ সংখ্যা বেছি থকা বাবে মন্ত্রীসকলে সদনত প্রভুত্ব বিস্তাৰ কৰিব পাৰে।

(জ) সংসদ ভংগৰ ভাবুকি : ইংলেণ্ডৰ সংসদে যিদৰে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰীপৰিষদক ভীতি প্ৰদৰ্শন কৰিব পাৰে, সেইদৰে কেবিনেটেও সংসদ ভংগৰ ভীতি প্রদর্শশনণ্ঠ কৰিব পাৰে। সংসদৰ সদস্যসকলৰ এনে এটা ভয় ভাব থকাৰ কাৰণে মন্ত্রীপৰিষদৰ বিৰুদ্ধে সহজে অনাস্থা প্রস্তাব উত্থাপন নকৰি তেওঁলোকে নীতি আৰু কাৰ্যৰ প্রতি সমর্থন জনোৱাৰ নীতিহে গ্ৰহণ কৰে। সংবিধান অনুসৰি সংসদৰ সদস্যসকলে মন্ত্রীপৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে, প্রধানমন্ত্ৰীয়ে পদত্যাগ নকৰি ৰাণীক সংসদ ভংগ কৰিবৰ কাৰণে পৰামৰ্শ দিব পাৰে। এনে পৰিস্থিতিত ৰাণীয়ে সংসদ ভংগ কৰিবলৈ বাধ্য। এনেবোৰ কাৰণতে কেবিনেটে নিজৰ ক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। প্রধান মন্ত্ৰীৰ হাতত থকা সংসদ ভংগ কৰাৰ ক্ষমতা ন্যস্ত থকাটোরে কেবিনেটৰ একনায়কত্ববাদী চৰিত্ৰক অধিক শক্তিশালী কৰি তুলিছে।

(ঝ) হস্তাস্তৰিত ক্ষমতা : হস্তান্তৰিত আইন প্রণয়নৰ ক্ষমতা থকাৰ ফলত ইংলেণ্ডৰ কেবিনেট অধিক ক্ষমতাসম্পন্ন হ’ব পাৰিছে। সংসদত উত্থাপন কৰা বিধেয়কবিলাকৰ মূল অংশ গ্রহণ কৰি সংসদে অৱশিষ্ট অংশ সম্পূৰ্ণ কৰিবৰ কাৰণে কাৰ্যনিৰ্বাহকক কর্তৃত্ব দিয়ে। সংসদত শতকৰা প্ৰায় ৯০ভাগ বিধেয়ক বিভাগীয় মন্ত্রীয়ে উত্থাপন কৰে। গতিকে এইটো কোৱা হয় যে আইন প্রণয়নৰ বিষয়ত কেবিনেট প্রথম সদন আৰু কমন্স সভা হৈছে দ্বিতীয় সদন।

(ঞ) সংসদীয় জীৱনধাৰা : ইংলেণ্ডৰ সংসদৰ সদস্যসকলৰ চাল-চলনেও কেবিনেটক অধিক ক্ষমতাসম্পন্ন হোৱাত সহায় কৰিছে। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত আত্বিকভাৱে মন্ত্রীপৰিষদ নিজ কাৰ্যাৱলীৰ কাৰণে সংসদৰ ওচৰত দায়বদ্ধ, কিন্তু সংসদ অধিৱেশন বছৰত দুই তিনিবাৰহে অনুষ্ঠিত হয় আৰু সেই অধিবেশন মাত্ৰ কেইদিনমানৰ বাবেহে চলে। উপৰিউক্ত কাৰণবোৰে যদিও কেবিনেটৰ ক্ষমতা যথেষ্ট বৃদ্ধি কৰিছে তথাপি এই কথা স্বীকাৰ কৰিবই লাগিব যে ইংলেণ্ডৰ কিছুমান পৰিস্থিতিয়ে কেবিনেটক নিৰঙ্কুশ একনায়কত্ববাদী ভূমিকা পালনত বাধা আৰোপ কৰিছে।

১০। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কার্যাৱলী সম্পর্কে আলোচনা আগবঢ়োৱা। 

উত্তৰঃ ইংলেণ্ডৰ প্ৰধান মন্ত্রী পদটোৰ এক ইতিহাস আছে। ৱালপোল আছিল ইংলেণ্ডৰ প্রথম প্রধান মন্ত্রী। অৱশ্যে প্রধান মন্ত্রী হিচাপে ৱালপোলৰ তেনে কোনো বিশেষ ক্ষমতা নাছিল। গৌৰৱময় বিপ্লৱৰ বহু বছৰৰ আগতে কেবিনেট প্রথা কাৰ্যকৰী হৈছিল যদিও প্রধান মন্ত্রী পদটো কিন্তু ৰজা প্রথম জৰ্জৰ আগলৈকে সৃষ্টি হোৱা নাছিল। প্রথম জৰ্জৰ পূৰ্বতে কেবিনেটৰ বৈঠকবিলাকত ৰজা বা ৰাণীয়ে সভাপতিত্ব কৰিছিল। ৰজা প্রথম জর্জে নিজে ইংৰাজী ভাষা নাজানিছিল বাবে তেওঁ সেই সময়ৰ সংসদৰ নেতা ৱালপোলক কেবিনেটৰ বৈঠকত সভাপতিত্ব কৰিবলৈ দিছিল আৰু এই ব্যবস্থাই ইংলেণ্ডৰ কেবিনেটৰ প্ৰধান মন্ত্রী পদবীটো সৃষ্টিৰ পথ সুগম কৰি তোলে। ৱালপোল ইংলেণ্ডৰ প্ৰথম প্রধান মন্ত্ৰী হিচাপে নিজৰ অনুগত লোকক মন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰিছিল।

প্রধান মন্ত্রী নিযুক্তি : ইংলেণ্ডৰ সংসদৰ নিম্ন সদন কমন্স সভাৰ নিৰ্বাচনত যিটো ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰে, সেইদলৰ নেতাজনক ৰাণীয়ে প্ৰধান মন্ত্রী হিচাপে নিযুক্ত দিয়ে। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ স্বীকৃত নেতা থাকিলে ৰাণীৰ প্ৰধান মন্ত্রী নিযুক্তি দিয়াৰ বিকল্প নাথাকে। তেওঁ সেই নেতাজনকে প্রধান মন্ত্রী হিচাপে নিযুক্তি দিবলৈ বাধ্য হয়।

প্রধান মন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলী : ইংলেণ্ডৰ প্রধান মন্ত্ৰীৰ হাতত বহুতো ক্ষমতা ন্যস্ত কৰা হৈছে আৰু সেই ক্ষমতাসমূহ তলত দিয়াৰ দৰে পৰ্যালোচনা কৰিব পাৰি—

(ক) মন্ত্রীসভা গঠন কৰা : ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীজনে তেওঁৰ মন্ত্ৰীসভাখন গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মন্ত্রীসভাত অন্তর্ভুক্ত হ’ব লগা মন্ত্ৰীসকলৰ নামৰ তালিকাখন তেৱেঁই প্রস্তুত কৰে। মন্ত্রীসভাৰ সদস্যসকলক বাছনি কৰাৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰীয়ে অৱশ্যে বহুতো দিশ বিবেচনা কৰিবলগীয়া হয়। এই ক্ষেত্ৰত তেওঁ মন্ত্রী সভাখন যাতে প্রতিনিধিত্বমূলক হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। মন্ত্রীপৰিষদখনত দলৰ জেষ্ঠ্য সদস্যসকলক স্থান দিবৰ কাৰণে চেষ্টা কৰিব লাগে। উত্তৰ আয়াৰলেণ্ড, ৱেলচৰ পৰা নির্বাচিত হোৱা প্রতিনিধিকো মন্ত্ৰী সভাত স্থান দিব লাগে। তদুপৰি মন্ত্ৰীসভাত যাতে বিভিন্ন সম্প্ৰদায় আৰু ধৰ্মৰ লোকে স্থান লাভ কৰে তাৰ প্ৰতি গুৰুত্ব দিবলগীয়া হয়। মন্ত্ৰীবিলাকৰ মাজত বিভিন্ন দপ্তৰ বিতৰণ কৰিব পাৰে। ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী মেকডনেল্ডে আৰ্থাৰ, হেণ্ডাৰচনক বৈদেশিক মন্ত্ৰী দপ্তৰৰ দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল। কিন্তু পিছত তেওঁ বৈদেশিক মন্ত্রী দপ্তৰৰ বাহিৰে আন কোনো দপ্তৰ নোলোৱাৰ দৃঢ়তা প্ৰকাশ কৰাৰ কাৰণে মেকডনেণ্ডে হেণ্ডাৰচনক সেই দপ্তৰকে দিবলৈ বাধ্য হৈছিল। প্রধান মন্ত্ৰীৰ পৰামৰ্শমতে মন্ত্ৰীজনে পদত্যাগ নকৰিলে মন্ত্ৰীজনক বৰ্খাস্ত কৰিবলৈ ৰজাক অনুৰোধ কৰিব পাৰে। মুঠতে প্রধান মন্ত্ৰীয়ে তেওঁৰ মন্ত্রীসভাখন গঠনৰ ক্ষেত্ৰত যথেষ্ট সাবধানতা অৱলম্বন কৰিবলগীয়া হয়।

(খ) কেবিনেটৰ সভাপতি : প্রধান মন্ত্রীয়ে কেবিনেটৰ বৈঠকত সভাপতিত্ব কৰে। ইয়াৰ উপৰি প্ৰধান মন্ত্ৰীয়ে কেবিনেটৰ বৈঠক আহ্বান আৰু কাৰ্যসূচী নিৰ্ধাৰণ কৰিব পাৰে। প্ৰথমতে প্রধান মন্ত্ৰীয়ে কেবিনেটৰ বৈঠকত সভাপতিত্ব কৰিব নোৱাৰিছিল কিন্তু ৰজা প্রথম জৰ্জৰ সময়ৰপৰা কেবিনেটৰ বৈঠকত প্রধান মন্ত্ৰীয়ে সভাপতিত্ব কৰে। কেবিনেটৰ বৈঠকত কোনো বিষয় লৈ মন্ত্ৰীৰ মাজত মতভেদ হ’লে প্ৰধান মন্ত্রীজনে তেনে বিবাদ মীমাংসা কৰাৰ বাবে যত্ন কৰিব লাগে। প্রধান মন্ত্ৰীৰ লগত কেবিনেটৰো ঘনিষ্ঠ সম্বন্ধ আছে। প্রধান মন্ত্রীয়ে মন্ত্রীপৰিষদৰ বিভিন্ন কাম-কাজ পৰিদৰ্শন কৰি মন্ত্ৰীসকলক বিভিন্ন দিশত পৰামৰ্শ দিব পাৰে। প্ৰধান মন্ত্ৰীৰ লগত কোনো মন্ত্ৰীৰ মতভেদ হ’লে পদত্যাগ কৰিব লাগে। ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীজনে কিছুমান বিষয় সতীৰ্থৰ লগত আলোচনা নকৰাকৈ নিজে সিদ্ধান্ত ৰহণ কৰিব পাৰে।

(গ) ৰজাৰ লগত সম্বন্ধ স্থাপন : ৰজাৰ লগত ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীৰ ঘনিষ্ঠ সম্পর্ক থাকে। প্রথমতে ৰজাই প্রধান মন্ত্রীক নিযুক্তি দিয়ে। কমল্‌স সভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰজাই প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। অন্যান্য মন্ত্ৰীসকলক ৰজাই প্রধান মন্ত্ৰীৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়ে। অৱশ্যে প্রধান মন্ত্রীয়ে প্রস্তুত কৰা তালিকাত ৰজাই প্রত্যক্ষভাৱে হস্তক্ষেপ কৰিব নোৱাৰে। প্ৰধান মন্ত্ৰীয়ে ৰজাৰ মুখ্য পৰামৰ্শদাতা হিচাপে কাম কৰে। প্ৰধান মন্ত্ৰীয়ে কেবিনেটৰ সদস্যৰ লগত আলোচনা নকৰাকৈ কোনো সিদ্ধান্তৰ বিষয়ে ৰজাক অৱগত কৰাব পাৰে। মন্ত্রীপৰিষদৰ বিভিন্ন সিদ্ধান্তৰ বিষয়েও প্রধান মন্ত্ৰীয়ে জাক সময়ে সময়ে জনাই থাকিব লাগে । দেশৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আদিৰ পৰিস্থিতিৰ বিষয়েও প্রধান মন্ত্রীজনে ৰজাক সঘনে অৱগত কৰি থাকে। এইদৰে প্রধান মন্ত্রীয়ে ৰজা আৰু কেবিনেটৰ মাজত সাঁকোৰ দৰে কাম কৰে।

(ঘ) নিজ দলৰ নেতা হিচাপে প্রধানমন্ত্রী : ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীজন তেওঁৰ নিজ দলটোৰ নেতা। নিজ দলৰ প্ৰধান নেতা হিচাপে প্রধান মন্ত্রীয়ে সংসদৰ ভিতৰে বাহিৰে নিজ দলৰ সদস্যসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। দলীয় নীতি, আঁচনি গ্ৰহণ কৰা বিষয়ত প্রধান মন্ত্রীয়ে আগভাগ লয়। যিকোনো স্বার্থৰ বিনিময়ত প্ৰধান মন্ত্ৰীয়ে দলীয় স্বার্থ বজাই ৰাখিবৰ কাৰণে আৱশ্যকীয় ব্যৱস্থা গ্রহণ কৰিব পাৰে। সাধাৰণ নিৰ্বাচনত জয়লাভ কৰাটো প্ৰধান মন্ত্ৰীৰ মোহিনী শক্তি আৰু ব্যক্তিত্বৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। প্রধান মন্ত্রী চৰকাৰ আৰু দলৰ যোগসূত্র হিচাপে কার্যনির্বাহ কৰে। প্ৰধান মন্ত্ৰীৰ দ্বাৰা দলৰ দৃষ্টিভঙ্গী প্ৰকাশ কৰি তেওঁ দলৰ প্ৰতি যাতে জনসাধাৰণৰ সম্পূর্ণ আস্থা থাকে তাৰ প্রতি লক্ষ্য ৰখিব লাগে। ইংলেণ্ডৰ ৰাজনৈতিকভাৱে সচেতন ব্যক্তিসকলে প্রধান মন্ত্ৰীৰ দলীয় নেতৃত্বৰ ওপৰত আৰু তেওঁৰ দলৰ চৰকাৰে দেশবাসীৰ স্বাৰ্থৰ হকে কৰা কামৰ ওপৰত চোকা দৃষ্টি বাখে। নিজ দলটোক সঠিকভাৱে পৰিচালনা কৰাটো প্ৰধান মন্ত্ৰীৰ দায়িত্ব আৰু কৰ্তব্য ।

(ঙ) কমন্স সভাৰ নেতা : কমন্স সভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাণীয়ে প্রধান মন্ত্রী হিচাপে নিযুক্তি দিয়ে। প্রধান মন্ত্রী সংসদৰ নেতা আৰু মন্ত্রীপৰিষদক তেওঁ সংসদত প্রতিনিধিত্ব কৰে। তেওঁৱেই আনকি সংসদ অধিবেশন কেতিয়া অনুষ্ঠিত হ’ব আৰু কিমান দিনলৈকে ইয়াৰ অধিবেশন চলিব সেই বিষয়ে সিদ্ধান্ত লয়। সদনৰ মজিয়াত চৰকাৰী নীতি আৰু কামৰ ব্যাখ্যা দাঙি ধৰিব লাগে। প্রধান মন্ত্ৰীৰ তত্ত্বাৱধানতে বিভিন্ন দপ্তৰৰ মন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ বিধেয়কবিলাক সদনত উত্থাপন কৰে। চৰকাৰী পক্ষৰ সদস্যক বিৰোধী পক্ষৰ সমালোচনা আৰু বাক্যবাণৰ পৰা ৰক্ষণা-বেক্ষণৰ সকলো দায়িত্ব প্রধান মন্ত্রীয়ে বহন কৰিব লাগে।

(চ) সংসদ ভংগৰ ক্ষমতা : প্রধান মন্ত্রীয়ে নির্দিষ্ট কার্যকালৰ আগতে সংসদ ভংগ কৰিবলৈ ৰজাক পৰামৰ্শ দিব পাৰে। প্ৰধান মন্ত্ৰীৰ পৰামর্শ সাপেক্ষে ৰজাই নির্দিষ্ট কার্যকালৰ আগতে সংসদ ভংগ কৰিব পাৰে। “ৰজাৰ যদিও প্রধান মন্ত্রীয়ে সংসদ ভংগ কৰিবলৈ দিয়। পৰামৰ্শ গ্ৰহণ নকৰাৰ অধিকাৰ আছে বিগত প্রায় ১০০ বছৰতকৈ অধিক কাল বজাই প্রধানমন্ত্ৰীৰ এনে পৰামর্শ অগ্রাহ্য কৰা নাই। প্রধান মন্ত্ৰীৰ এই ক্ষমতা থকা বাবে কমন্স সভাৰ সদস্যসকলৰ সদস্য পদ প্রধান মন্ত্ৰীৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰ কৰে। সংসদ ভংগ হৈ পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’লে সদস্যসকল পৰৱৰ্তী সময়ৰ বাবে আকৌ নিৰ্বাচিত হোৱাটো নিশ্চিত নহয়। সেয়েহে সদস্যসকলে এনে অৱস্থাৰ সহজে সন্মুখীন হ’ব নিবিচাৰে।

(ছ) জনসাধাৰণৰ লগত প্রধান মন্ত্ৰীৰ সমন্ধ : প্রধান মন্ত্রী এজন ৰাষ্ট্ৰীয় নেতা। তেওঁৰ নেতৃত্ৰ ওপৰতে জনসাধাৰণৰ সুখ, শান্তি, উন্নতি বহু পৰিমাণে নিৰ্ভৰ কৰে। তেওঁ গ্ৰহণ কৰা নীতি আৰু আঁচনিয়ে যাতে জনসাধাৰণৰ পৰা সমর্থন লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্রয়োজন হ’লে আনকি তেওঁ সংসদ ভংগ কৰি দি চৰকাৰে গ্ৰহণ কৰা নীতি আৰু আঁচনিৰ বিষয়ে জনসাধাৰণৰ পৰা মতামত গ্রহণ কৰিব পাৰে।

(জ) বৈদেশিক ক্ষমতা : ইংলেণ্ডৰ প্ৰধান মন্ত্রীজনে বৈদেশিক নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণণ ভূমিকা পালন কৰে। প্ৰধান মন্ত্ৰী বিদেশী ৰাষ্ট্ৰৰ লগত ৰাজনৈতিক দিশত প্রধান ভূমিকা পালন কৰাৰ উপৰি অৰ্থনৈতিক দিশতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। তেওঁ বিশেষকৈ কমনৱেলথ ৰাষ্ট্ৰবিলাকৰ লগত সু-সম্পর্ক বজাই ৰাখিবলৈ যত্ন কৰে। বিদেশলৈ পঠোৱা কূটনৈতিক বিষয়াসকলৰ নিযুক্তিৰ ক্ষেত্ৰতো প্রধান মন্ত্ৰীৰ কৰ্তৃত্ব আছে। প্রথম মহাযুদ্ধৰ পিছত গ্ৰহণ কৰা সান্তনাকাৰী নীতিয়ে দ্বিতীয় মহাযুদ্ধৰ আগলৈকে আন্তর্জাতিক সংঘৰ্য উপশম ঘটোৱাত বহু পৰিমাণে সহায় কৰিছিল। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সম্মিলন প্রধান মন্ত্রীয়ে নিজ দেশৰ প্ৰতিনিধিত্ব কৰে। ইংলেণ্ডৰ বিভিন্ন সময়ৰ প্রধান মন্ত্রীসকলে বিভিন্ন ৰাষ্ট্ৰৰ লগত সম্পর্ক উন্নয়নৰ বাবে প্ৰচেষ্টা চলাইছিল আৰু এই ক্ষেত্ৰত সফলতাও লাভ কৰিছে। বৈদেশিক ৰাষ্ট্ৰৰ লগত কোনো বিষয় লৈ জৰুৰীভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ’লে ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীয়ে কেবিনেটৰ বৈঠক আহ্বান নকৰি বৈদেশিক সচিবৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

(ঝ) অর্থনৈতিক ক্ষমতা : ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীৰ ৰাষ্ট্ৰীয় অৰ্থনীতিৰ ওপৰতো যথেষ্ট প্ৰভাৱ আছে। প্রধান মন্ত্ৰীজনৰ ৰাষ্ট্ৰীয় পুঁজি নিয়ন্ত্ৰণৰ বিষয়তো সম্পূর্ণ ক্ষমতা আছে। চেঞ্চেলাৰ অৱ এক্সচেকাৰে ইংলেণ্ডৰ ৰাষ্ট্ৰীয় বাজেট প্রস্তুত কৰিলেও এই সম্পৰ্কে প্ৰধান মন্ত্ৰীৰ যথেষ্ট কৰ্তৃত্ব আছে। চেঞ্চেলাৰ অৱ এক্সচেকাৰ জনে প্রধান মন্ত্রীজনক দেশৰ অর্থনৈতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ লাগে।

১১। লৰ্ডছ সভাৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ আলোচনা কৰা। [Discuss the Power and Functions of House of Lords.]

উত্তৰঃ ইংলেণ্ডৰ উচ্চ সদন লৰ্ডছ সভাৰ বহুতো ক্ষমতা আৰু কার্যাৱলী পৰিলক্ষিত হয়। তলত সেইবোৰ আলোচনা কৰা হ’ল—

(ক) আইন প্রণয়নৰ ক্ষমতা : সংসদৰ এক অবিচ্ছেদ্য অংগ হিচাপে লৰ্ডছ সভাই আইন প্রণয়নত অনুমোদন জনাব লাগে। ১৯১১ চনৰ আগলৈকে লৰ্ডছ সভাই কমন্স সভাৰ সমানে দৰকাৰী বিধি-বিধান ৰচনা কৰিব পাৰিছিল। কিন্তু ১৯১১ চনৰ সংসদী আইনে লৰ্ডছ সভাৰ ক্ষমতা বহু পৰিমাণে সংকুচিত কৰে। ইয়াৰ উপৰি ১৯১৯ চনৰ সংসদীয় আইনে কমন্স সভাৰ দ্বাৰা গৃহীত কোনো সাধাৰণ বিধেয়ক দুবছৰতকৈ অধিক কাল লৰ্ডছ সভাই স্থগিত ৰাখিব নোৱাৰে বুলি ঘোষণা কৰে। ১৯৪৯ চনত এই সময়সীমা সংসদীয় আইনৰ বিধান অনুসৰি এক বছৰলৈ হ্রাস কৰে।

(খ) বিত্তীয় ক্ষমতা : ১৯১১ চনৰ আগলৈকে বিত্তীয় দিশতো লৰ্ডছ সভা আৰু কমন্স সভা সমান ক্ষমতাৰ অধিকাৰী আছিল। কিন্তু ১৯১১চনৰ সংসদীয় আইনে লৰ্ডছ সভাৰ বিত্তীয় ক্ষমতা বহু পৰিমাণে হ্ৰাস কৰে। বর্তমান বিত্ত বিষয়ক কার্যত লৰ্ডছ সভাৰ ক্ষমতা নাই বুলি ক’ব নোৱাৰি। বিত্তীয় বিধেয়ক বিটিছ সংসদ নিম্ন সদন কমন্স সভাতহে উত্থাপিত কৰিব পাৰি। কমন্স সভাই গ্ৰহণ কৰা বিত্ত বিধেয়ক লৰ্ডছ সভাই এমাহৰ ভিতৰ ঘূৰাই পঠাব লাগে। লৰ্ডছ সভাই এই বিলৰ ক্ষেত্ৰত কোনো সংশোধনী প্রস্তাৱ আগবঢ়ালে কমন্স সভাই তেনে সংশোধনী গ্ৰহণ কৰিবলৈ বাধ্য নহয়। যদি এমাহৰ ভিতৰত ৰজা-ৰাণীৰ সন্মতিৰ কাৰণে পঠিওৱাৰ ব্যৱস্থা কৰে। ৰাজকীয় সন্মতি লাভ কৰিলে ই আইনত পৰিণত হয়।

(গ) প্রশাসনীয় ক্ষমতা : কাৰ্যপালিকাক নিয়ন্ত্ৰণৰ ক্ষেত্ৰ লৰ্ডছ সভাৰ ক্ষমতা তেনেই সীমিত। ১৯৩৭ চনৰ ৰাজ্যসভাৰ আইন অনুসৰি এই সদনৰ সদস্যসকলৰ মাজৰ পৰা ৩/৪ জন সদস্য মন্ত্রী হিচাপে নিয়োগ কৰিব পাৰে। লৰ্ড সভাৰ সদস্যসকলে সংসদৰ বিতৰ্কত যোগদান কৰি দেশৰ আভ্যন্তৰীণ তথা আন্তর্জাতিক বিষয়ত চৰকাৰী নীতি আৰু কার্যকলাপ সমালোচনা কৰিব পাৰে। সদস্যসকলে উত্থাপন কৰা বিভিন্ন প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ মন্ত্ৰীসকল বাধ্য। মন্ত্ৰীসকল ব্যক্তিগত বা যুটীয়াভাৱে লৰ্ডছ সভাৰ ওচৰত দায়বদ্ধ নহয়। এই সদনে মন্ত্রীসভা পতন ঘটাব নোৱাৰে। এই সদনত পৰাজয় বৰণ কৰিলে মন্ত্রীসভাই পদত্যাগ কৰিব নালাগে। অৱশ্যে লৰ্ডই সভাই চৰকাৰৰ ওপৰত নানাভাবে প্রভাব বিস্তাৰ কৰিব পাৰে আৰু চৰকাৰৰ বিৰুদ্ধে সবল জনমতৰ সৃষ্টি কৰিব পাৰে। গতিকে চৰকাৰে এই সদনৰ মতামতৰ ওপৰত গুৰুত্ব প্রদান কৰে।

(ঘ) সংবিধান সংশোধনী ক্ষমতা : গণতান্ত্রিক ৰাষ্ট্ৰ আইনসভাৰ এক গুৰুত্বপূর্ণ কার্য হৈছে সংবিধান সংশোধন।

ইংলেণ্ডৰ সংবিধান সংশোধনী ক্ষমতা দুয়োখন সদনৰে আছে। গতিকে সংবিধান সংশোধনী বিধেয়ক লৰ্ডছ সভাতো উত্থাপন কৰিব পাৰি। অৱশ্যে কমন্স সভাত গৃহীত সংবিধান সংশোধনী বিধেয়ক লৰ্ডছ সভালৈ সন্মতিৰ কাৰণে পঠালে এবছৰৰ ভিতৰত লৰ্ডছ সভাই তেনে সংশোধনী বিধেয়কত সন্মতি নজনালে কমন্স সভাই সংশ্লিষ্ট বিধেয়কখনত সন্মতি জনালে বুলি ধৰি লৈ ৰজা-ৰাণীৰ স্বাক্ষৰৰ কাৰণে পঠায় আৰু ৰজা-ৰাণীয়ে সন্মতি প্রদান কৰিলে বিধেয়কখন আইনত পৰিণত হয়।

(ঙ) ন্যায়িক ক্ষমতা : ইংলেণ্ডৰ আপিল আদালত হিচাপে কার্য নিৰ্বাহ কৰে লৰ্ডছ সভাই। লৰ্ডছ সভা হৈছে ইংলেণ্ডৰ সৰ্বোচ আপীল আদালত। গতিকে, লৰ্ডছ সভাই ন্যায়িক কাৰ্যাৱলী সম্পাদন কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। কোমন্স সভাৰ পৰা পঠিওৱা মহাভিযোগ লৰ্ডছ সভাই বিচাৰ কৰে। অৱশ্যে বর্তমান লৰ্ডছ সভাৰ মহাভিযোগৰ বিচাৰ ক্ষমতা বাতিল কৰা হৈছে। আপীল গোচৰ বিচাৰসমূহ লৰ্ড চেঞ্চেলাৰৰ সভাপতিত্বত আপীল লৰ্ডছসমূহে সম্পাদন কৰে। উল্লেখযোগ্য যে, লর্ডছ সভাত আপীল লৰ্ডছৰ সংখ্যা ৯ জন। লৰ্ডছ সভাই আগবেলাটো ন্যায়ালয় হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু পিছবেলাটো আইন সভা হিচাপে কার্য সম্পাদন কৰে। লৰ্ডছ সভাই দেৱানী আৰু ফৌজদাৰী দুয়োটা আপীল গোচৰৰ বিবাদ সম্পাদন কৰে।

(চ) আলাপ-আলোচনা সম্পৰ্কীয় ক্ষমতা : লছ সভাৰ এক গুৰুত্বপূর্ণ কাৰ্য হৈছে আলাপ-আলোচনা তথা বিতৰ্কৰ সহায়ত জনসাধাৰণ আৰু চৰকাৰক প্ৰভাৱ বিস্তাৰ কৰা। এই সদনত বিভিন্ন ধৰণৰ বিশেষজ্ঞ, যেনে-ৰাজনৈতিক নেতা, প্রাক্তন মন্ত্রী আদিৰ উপস্থিতিয়ে যথেষ্ট উন্নত মানৰ মতামত প্ৰকাশ কৰে। লগতে লৰ্ডছ সভাই সবল জনমত গঠনত যথেষ্ট আগভাগ লয়৷ কাৰণ তেওঁলোকৰ ভোটাৰৰ সন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰাখিব নালাগে। সেয়ে এক নিৰপেক্ষ ভূমিকাৰে লৰ্ডছ সভাই জনসম্পর্ক ৰক্ষা কৰিব পাৰে।

(ছ) অন্যান্য ক্ষমতা : লর্ড সভাই অন্যান্য কিছুমান কার্য সম্পাদন কৰিব লাগে। বিশেষকৈ কোনো অঞ্চলৰ বিশেষ স্বাৰ্থ ৰক্ষা সম্পৰ্কত লর্ডছে সভাই বিধেয়ক উত্থাপন কৰিব পাৰে। সাধাৰণতে ইংলেণ্ডত দুই ধৰণৰ বিধেয়ক উত্থাপিত হয়- চৰকাৰী বিধেয়ক আৰু বেচৰকাৰী বিধেয়ক। লর্ডছ সভাই এই দুই শ্ৰেণীৰ বিল উত্থাপন কৰে কিয়নো কমন্স সভাই অন্যান্য কিছুমান কামত ব্যস্ত হৈ থাকিব লাগে। লৰ্ডছ সভাই যথেষ্ট পৰীক্ষা-নিৰীক্ষাৰে এনেবোৰ বিল উত্থাপন আৰু গৃহীত কৰি কমন্স সভালৈ মতামতৰ বাবে প্ৰেৰণ কৰে। গতিকে এনেধৰণৰ বিশেষকৈ বেচৰকাৰী বিধেয়ক সম্পৰ্কত লৰ্ডছ সভাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ওপৰৰ আলোচনাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, ইংলেণ্ডৰ আইন সভাত কমন্স সভাৰ তুলনাত লৰ্ডছ সভাৰ ক্ষমতা তেনেই সীমিত। লর্ডছ সভাই মাত্র পর্যালোচনা কৰা আৰু কোনো সাধাৰণ বিল বা সাংবিধানিক বিল পলম কৰি ৰখাৰ বাহিৰে কোনো গুৰুত্বপূৰ্ণ কার্য সম্পাদন কৰিব নোৱাৰে। বিত্তীয় দিশতো কমন্স সভাৰ তুলনাত লৰ্ডছ সভাৰ ক্ষমতা একেবাৰেই নাই বুলিয়েই ক’ব পাৰি। গণতান্ত্ৰিক ৰাষ্ট্ৰত সদনে জনসাধাৰণক নহয়, লৰ্ডছ সভাই মন্ত্রী সভাকো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ১৯১১ আৰু ১৯৪৯ চনৰ আইনে এসময়ৰ অসীম ক্ষমতা সম্পন্ন লৰ্ডছ সভাৰ ক্ষমতা তেনেই সংকুচিত কৰিলে। সেয়ে অ’গ আৰু ৰায়ে মত প্ৰকাশ কৰিছে যে “লৰ্ডছ সদন এখন দ্বিতীয় সদনেই নহয়, গৌণ সদনো।”

অৱশ্যে যদিও লৰ্ড সভাৰ ক্ষমতা সীমিত বুলি বহুতে মত প্রকাশ কৰিছে তথাপি এই লোকসকল যথেষ্ট ব্যক্তিত্বসম্পন্ন আৰু পাৰ্গত লোক। তেওঁলোকৰ বহুমূলীয়া মতামতে যে ৰাষ্ট্ৰখনৰ উন্নতিৰ জখলাত যথেষ্ট সহায় কৰিছে তাক নুই কৰিব নোৱাৰি। তেওঁলোক যিকোনো গঠনমূলক কার্যত অংশ গ্ৰহণ কৰিব পাৰে। তেওঁলোকৰ ভোট হেৰুওৱাৰ ভয় নাথাকে। সেয়ে ক’ব পাৰি যে লৰ্ডছ সভাৰ ভূমিকা ইংলেণ্ডৰ প্রশাসনত যথেষ্ট বেছি।

১২। লর্ড সভাৰ প্ৰয়োজনীয়তা সম্পর্কে যুক্তি দাঙি ধৰা।

উত্তৰঃ লৰ্ডছ সভাৰ প্ৰয়োজনীয়তা সম্বন্ধে নিম্নোক্ত যুক্তিসমূহ অৱতাৰণা কৰিব পাৰি—

(ক) পর্যালোচনা সদন হিচাপে ভূমিকা : বর্তমান জটিল পৰিস্থিতত কেৱল এখন সদনেই যথেষ্ট নহয়। বিটেইনত নিম্ন সদন কমন্স সভাৰ কুৰি শতিকাত যথেষ্ট পৰিমাণে কাৰ্যৰ পৰিসৰ বৃদ্ধি কৰি দিয়াৰ ফলত এই সদনে কোনো বিল তন্ন তন্নকৈ পৰীক্ষা কৰাত সময়ৰ নাটনি হ’ব পাৰে। গতিকে লৰ্ডছ সভাই এই গুৰু দায়িত্ব পালন কৰি ৰাষ্ট্ৰখনৰ প্রশাসন সুন্দৰভাৱে পৰিচালনা কৰাত যথেষ্ট সহায় কৰিছে।

(খ) জনমত গঠনত ভূমিকা : গণতান্ত্রিক ৰাষ্ট্ৰৰ এক তাপৰিহাৰ্য কাৰ্য হৈছে জনমত গঠন। ইংলেণ্ডৰ প্ৰশাসনত সাধাৰণ বিল উচ্চ সদনে। এবছৰলৈ ৰাখিব পাৰে। আৰু এই সময়ছোৱাত এই সদনে এনে বিলৰ আৱশ্যকতাৰ সম্পর্কে জনসাধাৰণক সচেতন কৰি তুলিব পাৰে। বিতর্ক আৰু আলোচনাৰ সহায়ত এনে বিধেয়কৰ বিৰুদ্ধে জনমত গঠন কৰিব পাৰে। কেতিয়াবা এনে জনমত গঠনে প্রভাৱগোষ্ঠীসমূহক আকৰ্ষিত কৰি কমন্স সভাক হেঁচা প্রয়োগ কৰে। এনে ক্ষেত্ৰতো লৰ্ডছ সভাৰ আৱশ্যকতাক স্বীকাৰ কৰা হয়।

(গ) ইংৰাজসকলৰ ৰক্ষণশীল মনোভাৱ : ইংৰাজসকল অতি ৰক্ষণশীল মনোভাৱসম্পন্ন। সেয়ে লৰ্ডছ সভাৰ অস্তিত্ব তেওঁলোকে আজি পর্যন্ত নুই কৰিব পৰা নাই। ইংলেণ্ডৰ প্ৰশাসনৰ প্ৰতিটো অংগই প্রথা-পৰম্পৰাৰ লগত বিশেষভাৱে জড়িত। ইবিলাক ক্রমবিৱৰ্তমানৰ ফল। গতিকে লৰ্ডছ সভাৰ প্ৰয়োজনীয়তাক ইংৰাজসকলে স্বীকাৰ কৰি আহিছে। অভিজ্ঞতাসম্পন্ন ব্যক্তিৰে গঠিত লৰ্ডছ সভা কেতিয়াও দুর্বল হ’ব নোৱাৰে। মুনৰোৱে মত প্ৰকাশ কৰিছে যে, এই সদনৰ দুৰ্বলতাতেই ইয়াৰ শক্তি নিহিত হৈ আছে। সেয়ে ইংৰাজবাসীয়ে এই সদনৰ বিৰুদ্ধে আক্রোশমূলক মনোভাৱ ল’ব পৰা নাই।

(ঘ) অভিজ্ঞতা সম্পন্ন ব্যক্তিৰে গঠিত সদন : লৰ্ডছ সভাৰ সদস্যসকল যথেষ্ট অভিজ্ঞ ব্যক্তি। কাৰণ সৰহভাগ সদস্যই ৰাজনীতিৰ লগত জড়িত। সাধাৰণতে প্ৰক্তন প্রধান মন্তৰ অধ্যক্ষ, কলা, বিজ্ঞান, সাহিত্য আদিৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলক এই সদনলৈ মনোনীত কৰে। সেয়েহে বিটিছ জাতীয় জীৱনত এই সদনে জনপ্রতিনিধিত্বমূলক সদন হিচাপে এতিয়াও সুপ্রতিষ্ঠিত হৈ আছে।

(ঙ) শাসন পৰিচালিত ভূমিকা : লর্ডছ সভাই ব্ৰিটিছ প্ৰশাসনত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। ১৯৩৭ চনৰ ৰাজসভাৰ আইন অনুসৰি লৰ্ডছ সভাই ৩-৪ জন সদস্যক মন্ত্রীসভাত অন্তর্ভুক্ত কৰিব পাৰে। গতিকে যিবোৰ ব্যক্তিত্বসম্পন্ন নিৰ্বাচনত নিৰ্বাচিত সেৱা দেশৰ হকে আগবঢ়াব পাৰে। লৰ্ডছ সভাৰ অৱস্থিতিত এনে মূল্যৱান সেৱা লাভ কৰিবলৈ ব্ৰিটিছবাসী সক্ষম হৈছে।

(চ) বেচৰকাৰী বিধেয়কত ভূমিকা : সাধাৰণতে কোনো বিশেষ অঞ্চল বা বিশেষ শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাৰ্থে কোনো বিল উত্থাপন কৰিলে তাক বেচৰকাৰী বিধেয়ক বোলা হয়। আৰু এই বেচৰকাৰী বিধেয়ক ক্ষেত্ৰত বিটিছ লৰ্ডছ সভাই বিশেষ ভূমিকা পালন কৰিব পাৰে। বেচৰকাৰী বিধেয়ক লৰ্ডছ সভাত উত্থাপন কৰা হয়। ইয়াৰ বিভিন্ন সমিতিসমূহৰ জৰিয়তে পৰীক্ষা- নিৰীক্ষা কৰি লৰ্ডছ সদনে অনুমোদন জনায়। কমন্স সভাই বিশেষ পৰীক্ষা নকৰাকৈয়ে এনে বিল অনুমোদন কৰিব পাৰে। সেয়ে লৰ্ডছ সভাই এইক্ষেত্ৰত কমন্স সভাৰ কামৰ বোজা বহু পৰিমাণে হাস কৰিবলৈ সক্ষম হৈছে।

(ছ) আপীল আদালত হিচাপে ক্ষমতা : দেশৰ সৰ্বোচ্চ আগীল আদালত হিচাপে ক্ষমতা লাভ কৰিছে। ইংলেণ্ডৰ লৰ্ডছ সভাই এই সদনে আইন প্রণয়ন কৰাৰ উপৰি বিচাৰ বিভাগৰ দায়িত্ব পালন কৰে। দেশৰ গুৰুত্বপূৰ্ণ গোচৰসমূহ এই আদালতে বিচাৰ কৰে।

(জ) দলীয় ৰাজনীতিৰ পৰা উৰ্দ্ধত : লৰ্ডছ সভা দলীয় ৰাজনীতিৰ পৰা মুক্ত। কাৰণ ইয়াৰ সদস্যসকল বংশানুক্রমিক। তেওঁলোকে নির্বাচনৰ যুঁজত নামিব নালাগে বা কোনো দল বা প্রভাৱগোষ্ঠীয়ে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নোৱাৰে। গতিকে লৰ্ডছ সভাই এক নিৰপেক্ষ ভূমিকা পালন কৰি চৰকাৰখনক সু-পৰিচালনাত সহায় কৰিব পাৰে।

(ঝ) বৈদেশিক নীতিৰ সম্পৰ্কত ভূমিকা : বৈদেশিক নীতিৰ সম্পৰ্কত জ্‌দৰ্চছ সভাৰ বিশেষ ভূমিকা আছে। লর্ড সভা যিহেতু দলীয় ৰাজনীতিৰ পৰা মুক্ত, সেয়ে দেশৰ বিভিন্ন সমস্যা তথা বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত মুকলিভাৱে লর্ডছ সভাই আলাপ-আলোচনা কৰি চৰকাৰক ক্ষিপ্ত সিদ্ধান্ত গ্রহণ কৰাত সহায় কৰিব পাৰে। কাৰণ এই সদনৰ অধিকাংশ সদস্যই অভিজ্ঞতাসম্পন্ন ব্যক্তি। তেওঁলোকৰ সু পৰামৰ্শই চৰকাৰক যথেষ্ট সহায় কৰিব পাৰে।

১৩। লৰ্ডছ সভাৰ বিপক্ষে দিয়া যুক্তিসমূহ আলোচনা কৰা। [Discuss the arguments against the house of Lord] 

উত্তৰঃ লৰ্ডছ সভাৰ বিপক্ষে দিয়া যুক্তিসমূহ আলোচনা কৰা হ’ল—

(ক) অগণতান্ত্রিক সদন : সমালোচকসকলৰ মতে লৰ্ডছ সভা এখন অগণতান্ত্রিক সদন। ইয়াৰ সদস্যসকলক জনসাধাৰণে প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত নকৰে। ইয়াৰ অধিকাংশ সদস্য বংশানুক্রমিক। সাধাৰণতে অভিজাত, ধনী তথা ব্যৱসায়ী ব্যক্তিসকলে এই সদন অলংকৃত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ ছুইজাৰলেণ্ড আদি ৰাষ্ট্ৰৰ নিচিনাকৈ তেওঁলোকে জনসাধাৰণৰ নিৰ্বাচিত প্রতিনিধি নহয় ৷ গতিকে গণতান্ত্রিক শাসন ব্যৱস্থাত এই বংশানুক্রমিক লর্ডছসকলে স্থায়ীভাৱে কার্যনির্বাহ কৰাৰ অধিকাৰ লাভ কৰিব নোৱাৰে।

(খ) ৰক্ষণশীল দলৰ প্ৰতিনিধি : লৰ্ডছ সভা হৈছে অভিজাত শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কৰা এক ৰক্ষণশীল সদন। অভিজাত, ধনী আৰু ব্যৱসায়ী সদস্যসকলক লৈ এই সদন গঠন কৰা হৈছে। সেয়ে জেনিংছে মত প্ৰকাশ কৰিছে যে, এইখন সদনক ৰক্ষণশীল দলৰ ঘাটি হিচাপে আখ্যা দিব পাৰি । লৰ্ডছ সভাত শ্রমিক দলৰ কোনো প্রতিনিধিৰ ব্যৱস্থা নাই। ইয়াত মহিলাসকলৰ পৰা প্ৰতিনিধি ৰখাৰ ব্যৱস্থা নাই। ইয়াত কেৱল ৰক্ষণশীল দলৰহে প্রতিনিধি আছে। গতিকে গণতন্ত্ৰত এটা বিৰোধী দলৰ দৰকাৰ। এনে ব্যৱস্থাত বিৰোধী দলৰ অনুপস্থিতিত এই সদনৰ গুৰুত্ব তেনেই নাই বুলি ক’ব পাৰি।

(গ) সমাজৰ অভিজাত শ্ৰেণীৰ দুৰ্গ : লৰ্ডছ সভা হৈছে সমাজৰ অভিজাত শ্রেণী তথা আঢ্যৱন্ত শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কৰা এক সদন। সেই কাৰণে ৰামসে মূৰে কৈছে যে,লৰ্ডছ সভা হৈছে আঢ্যৱন্ত শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কৰা এক সদন। আধুনিক গণতান্তিক নীতিৰ পৰিপন্থী এনে সদনৰ আৱশ্যকতা বর্তমান নাই বুলি সমালোচকসকলে মত আগবঢ়াইছে।

(ঘ) পূর্ণ উদ্যমৰ অভাৱ : লৰ্ডছ সভাৰ সদস্যসকলে সদনৰ কার্যত পূর্ণ উদ্যমেৰে যোগদান নকৰে। সৰহ সংখ্যক সদস্যই লৰ্ডছ সভাৰ বৈঠকসমূহত উপস্থিত নাথাকে। তেওঁলোকে সদনৰ কাৰ্যাৱলীত অংশগ্ৰহণ নকৰে। সেয়ে অধ্যাপক লাস্কিয়ে মতপ্রকাশ কৰিছে যে, লৰ্ডছ সভাৰ সদস্য সংখ্যা এহেজাৰ জনতকৈ বেছি যদিও গড় হিচাপে মাত্র পঞ্চাছজন সদস্যহে ইয়াৰ বৈঠকসমূহত উপস্থিত থাকে। লৰ্ডছ সভাৰ অধিকাংশ সদস্য মন্ত্রীসভাৰ প্ৰাক্তন সদস্য হোৱা হেতুকে তেওঁলোকে সদনৰ বিতৰ্ক উচ্চমানবিশিষ্ট হলেও অধিকাংশ সদস্য উপস্থিত নাথাকে, কাৰণ, তেওঁলোক চৰকাৰী কাৰ্যত অংশগ্ৰহণ কৰাত আগ্রহী নহয়। গতিকে, অধিকাংশ সদস্য, সভাৰ আলোচনা বা বিতৰ্কত অংশগ্ৰহণ নকৰা এনে সদনৰ উপযোগিতা সম্পর্কত সন্দেহ কৰাত যথেষ্ট খল আছে।

(ঙ) দুর্বল সদন : লৰ্ডছ সভা বর্তমান’তেনেই সীমিত ক্ষমতাৰ অধিকাৰী। এই সদনে সাধাৰণ বিধেয়ক এবছৰলৈকেহে পলম কৰি ৰাখিব পাৰে। বিত্তীয় কৰি ৰাখিব পাৰে। এই সদনে মন্ত্রীসভাকো নিয়ন্ত্রণ কৰিব নোৱাৰে। গতিকে এনে এখন দুৰ্বল সদনৰ অৱস্থিতি যুক্তিহীন আৰু অপ্রয়োজনীয় বুলি আখ্যা দিব পাৰি।

(চ) চৰকাৰী অৰ্থৰ অপব্যয় : লৰ্ডছ সভাৰ অৱস্থিতিয়ে চৰকাৰী তহবিলৰ অপব্যয় কৰিছে। কাৰণ লৰ্ডছ সভাৰ সাধাৰণ আৰু বিভাগীয় দুয়োটা ক্ষেত্ৰতে তেনেই সীমিত ক্ষমতা আছে। লৰ্ডছ সভাৰ সন্মতি নোহোৱাকৈয়ে কমন্স সভাৰ সকলো প্ৰকাৰৰ ৰাষ্ট্ৰীয় আইন প্রণয়ন ক্ষমতা আছে। সেয়ে, এই সদন দেশৰ অৰ্থনীতিৰ বোজা স্বৰূপ বুলি ক’ব পাৰি। গতিকে লৰ্ডছ সভা ইমানবোৰ খৰচ বহন কৰি ৰখাতো যুক্তিহীন।

(ছ) সংস্কাৰমূলক আইনৰ প্রতি বিৰোধিতা : এই সদনে সংস্কাৰমূলক আইনৰ বিৰোধিতা কৰে। উচ্চ সদনে সদায় সংৰক্ষণশীল নীতিকহে স্বীকাৰ কৰে। ৰক্ষণশীল দলে চৰকাৰ গঠন কৰিলে এই সদনে এখন কার্যক্ষম সদন হিচাপে কাৰ্যনিৰ্বাহ কৰা দেখা যায়।

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে, বর্তমান লৰ্ডছ সভাৰ বিশেষ গুৰুত্ব নাই। কাৰণ ই সভাই দেশৰ ৰক্ষণশীল তথা অভিজাত শ্ৰেণীৰ স্বাৰ্থৰক্ষাৰ কাৰণেহে কাৰ্যনিৰ্বাহ কৰে।

১৪। কমন্স সভাৰ গঠন, অৰ্হতা আৰু কাৰ্যকাল সম্পর্কে লিখা।

উত্তৰঃ ব্ৰিটিছ সংসদৰ নিম্ন সদন হৈছে কমন্স সভা। বিশ্বৰ ৰাষ্ট্ৰসমূহৰ নির্বাচিত সভা লৰ্ডছ সভা গঠনৰ বহুশ বছৰৰ পিছতহে গঠিত হৈছে। কমন্স সভা ব্ৰিটিছ জনসাধাৰণৰ অধিকাৰী। তলত কমল সভাৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা হ’ল—

গঠন : কমন্স সভাই হৈছে জনসাধাৰণৰ প্ৰতিনিধিৰে গঠিত সদন। বৰ্তমান ইয়াৰ সদস্য সংখ্যা ৩৩৫ জন । ইয়াৰ ভিতৰত ইংলেণ্ডৰ পৰা ৫১৬ জন, ৱেলছৰ পৰা ৩৬ জন, স্কটলেণ্ডৰ পৰা ৭১ জন আৰু উত্তৰ আয়াৰলেণ্ডৰ পৰা ১২জন সদস্যক নির্বাচন কৰা হয়। নিৰ্বাচনৰ সুবিধাৰ কাৰণে সমগ্ৰ দেশখনক ৬৩৫টা সমষ্টিক ভাগ কৰা হয় । সাধাৰণতে ৭০ হেজাৰ ভোটদাতাৰ মাজৰ পৰা এজন সদস্য নির্বাচিত কৰা হয়। সার্বজনীন ভোটাধিকাৰ ভিত্তিত ১৮বছৰ বয়সপ্রাপ্ত সকলো বিটিছ নাগৰিকে পুৰুষ-মহিলা নিৰ্বশেষে কমন্স সভাৰ সদস্যসকলক নির্বাচিত কৰে।

অৰ্হতা: কমন্স সভাৰ সদস্য হ’বলৈ এজন প্ৰাৰ্থীৰ বয়স ২১,বছৰৰ কম হ’ব নালাগিব । তেওঁ ইংলেণ্ডৰ নাগৰিক হ’ব লাগিব। ১৯৫৭ চনৰ আইন অনুসৰি, তেওঁ পগলা দেউলীয়া, দুর্নীতিগ্রস্ত আৰু অপৰাধমূলক কাৰ্যৰ লগত জড়িত দণ্ডিত ব্যক্তি, ইংলেণ্ড আৰু স্কটলেণ্ডৰ গীৰ্জাৰ যাজক, ৰোমান কেথলিক গীৰ্জৰি পুৰোহিত, চৰকাৰী চাকৰিয়াল আমি ব্যক্তিয়ে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী হ’ব নোৱাৰিব। ১৯৬৩ চনৰ পীয়েৰেজ আইন অনুসৰি বংশানুক্রমিকভাবে লৰ্ডছ সভাৰ,সদস্যপদ লাভ কৰা ব্যক্তিয়ে লর্ডছ উপাধি ত্যাগ কৰি কমন্স সভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰিব। কমন্স সভাৰ সদৃস্যসকল ব্ৰিটিছ প্ৰাপ্তবয়স্ক মহিলাই গোপন ভোটৰ সহায়ত নিৰ্বাচিত কৰে।

কার্যকাল : কমন্স সভা হৈছে জনপ্রতিনিধিৰে গঠিত সদন। গতিকে ই লৰ্ডছ সভাৰ দৰে স্থায়ী সদন নহয়। ইয়াক ব্ৰিটিছ নাগৰিকে ৫ বছৰৰ কাৰণে নির্বাচিত কৰে। অৱশ্যে প্রধান মন্ত্ৰীৰ উপদেশ অনুসৰি ৰজা ৰাণীয়ে নির্দিষ্ট কার্যকাল অর্থাৎ ৫ বছৰৰ আগতেই ইয়াক ভংগ কৰিব পাৰে। ৰজা-ৰাণীয়ে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। দেশৰ ৰাজনৈতিক পৰিস্থিতি আৰু নিৰ্বাচনত জয়লাভ কৰাৰ সম্ভাৱনাৰ ওপৰত প্ৰধান মন্ত্ৰীয়ে ৰজা-ৰাণীক এনে পৰামৰ্শ প্ৰদান কৰে। সাধাৰণতে চৰকাৰখনৰ অদস্যসকলৰ মাজত মতবিৰোধ হ’লে বা চৰকাৰৰ সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ সম্ভাৱনা থাকিলে প্রধান মন্ত্ৰীয়ে এনে পৰামৰ্শ প্ৰদান কৰি নিৰ্দিষ্ট সময়ৰ আগতে ৰজা-ৰাণীৰ হতুৱাই কমল সভা ভংগ কৰি দিব পাৰে। 

কেতিয়াবা শাসক দলৰ জনপ্রিয়তা বেছি দেখা নাযায়, তেতিয়া প্রধান মন্ত্রীয়ে কমল সভা ভংগ কৰি দিয়াৰ পৰামৰ্শ দিয়ে যাতে পুনৰ নিৰ্বাচনত নিজৰ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। দেশত জৰুৰী অৱস্থা বাহাল থাকিলে সংসদে আইন প্রণয়ন কৰি ইয়াৰ কাৰ্যকাল বৃদ্ধি কৰিব পাৰে। কমন্স সভ্যত কাম-কাজ পৰিচালনা কৰিবলৈ এজন অধ্যক্ষ আৰু এজন বা দুজন উপাধ্যক্ষ নির্বাচিত কৰে। সদনৰ সদস্যসকলৰ মাজৰ পৰা এই অধ্যক্ষ আৰু উপাধ্যক্ষক নির্বাচন কৰা হয়।

১৫। কমল সভাৰ সদস্যসকলৰ অধিকাৰসমূহ উল্লেখ কৰা?

উত্তৰঃ লৰ্ডছ সভাৰ সদস্যসকলৰ নিচিনাকৈ কমন্স সভাৰ সদস্যসকলৰো কিছুমান বিশেষ অধিকাৰ পৰিলক্ষিত হয়। এই অধিকাৰসমূহ অতি প্রাচীন কালৰ পৰাই কমল সভাৰ সদস্যসকলে ভোগ কৰি আহিছে। তলত সেই অধিকাৰসমূহ আলোচনা কৰা হ’ল—

(ক) ফৌজদাৰী গোচৰৰ বাহিৰে কোনো দেৱানী গোচৰ সম্পৰ্কত কোনো সদস্যকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। সংসদ অধিৱেশন আৰম্ভ হোৱাৰ ৪০ দিন পিছলৈকে কোনো সদস্যক আটক কৰিব নোৱাৰে।

(খ) কমল সভাৰ সদস্যসকলৰ আন এক অধিকাৰ হৈছে বাক্‌ স্বাধীনতা। সংসদত মতামত প্রকাশ অভিযোগত কোনো সদস্যৰ বিৰূদ্ধে গোচৰ তৰিব নোৱাৰে। অৱশ্যে কোনো সদস্যই সংসদৰ নিয়ম অৱমাননা কৰিলে বা অশালীন ব্যৱহাৰ কৰিলে সংশ্লিষ্ট সদস্যৰ বিৰুদ্ধে অধ্যক্ষই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(গ) কমন্স সভাৰ সদস্যসকলে সমূহীয়াভাৱে অধ্যক্ষৰ জৰিয়তে ৰজা-ৰাণীক সাক্ষাৎ কৰাৰ অধিকাৰ আছে।

(ঘ) কমন্স সভাই ইয়াৰ সদস্যসকলৰ বিৰুদ্ধে প্রয়োজন হ’লে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰি সদস্যসকলে আভ্যন্তৰীণ কার্যপ্রণালী নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব পাৰে।

(ঙ) ইয়াৰ উপৰি কমন্স সভাৰ সদস্যসকলে কিছুমান দায়িত্বও পালন কৰিব লগা হয়। প্ৰত্যেকজন সদস্যই ৰাজপদৰ প্ৰতি আনুগত্যৰ শপত বাক্য পাঠ কৰিব লাগে। সদনৰ নীতি- নিয়ম পালন কৰাটো কমন্স সভাৰ সদস্যসকলৰ আন এক প্রধান কর্তব্য। অধ্যক্ষৰ আদেশ উপদেশো কমন্স সভাৰ সদস্যসকলে মানি চলিব লাগে।

১৬। কমন্স সভাৰ ক্ষমতা আৰু কাৰ্যাৱলী সম্পর্কে বহলাই। আলোচনা কৰা। [Discuss the powers and functions the house of commons.]

উত্তৰঃ ইংলেণ্ডৰ দুয়োটা সদনৰ ভিতৰত কমন্স সভাৰ যথেষ্ট বেছি ক্ষমতা আছে। বিশেষকৈ ৰাষ্ট্ৰ পৰিচালনাৰ ক্ষেত্ৰত কমন্স সভাই গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব লগা হয়। সাধাৰণতে, সংসদৰ সাৰ্বভৌমত্ব ইংলেণ্ডৰ কমন্স সভাৰ যোগেদিহে প্রতিফলিত হয়। তলত কমন্স সভাৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচন। কৰা হ’ল―

(ক) আইন প্রণয়ন ক্ষমতা : ১৯১১ চনৰ আইনৰ আগলৈকে বিটিছ সংসদৰ দুয়োটা সদন সমান ক্ষমতাৰ অধিকাৰী আছিল। কিন্তু ইয়াৰ পিছৰে পূৰা কমন্স সভাৰ ক্ষমতা যথেষ্ট বৃদ্ধি পালে। আৰু লৰ্ডছ সভাৰ ক্ষমতা বহুসংকুচিত হৈ আহিল। ব্ৰিটিছ সংসদৰ গুৰুত্বপূৰ্ণ প্ৰতিখন বিধেয়ক কমন্স সভাত প্রথমে উত্থাপিত হয়। কমন্স সভাৰ সন্মতিৰ অবিহনে কোনো বিধেয়ক আইনত পৰিণত নহয়। সাধাৰণতে কোনো বিশেষ অঞ্চল বা শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা বিধেয়কসমূহ লৰ্ডছ সভাত উত্থাপন কৰা হয়। কমন্স সভাত উত্থাপিত আৰু অনুমোদিত সকলো সাধাৰণ বিধেয়ক লৰ্ডছ সভাৰ অনুমতিৰ কাৰণে পঠোৱা হয়। লৰ্ডছ সভাৰ সাধাৰণ বিল অনুমোদনৰ সময়সীমা মাত্ৰ এবছৰ (১৯৪৯ চনৰ আইন অনুসৰি)। এবছৰৰ ভিতৰত যদি এই সদনে অনুমোদন কৰি নপঠায় তেন্তে কমন্স সভাই অনুমোদন কৰিছে বুলি ধৰি লৈ ৰজা-ৰাণীৰ সন্মতিৰ কাৰণে প্ৰেৰণ কৰে। ৰজা-ৰাণীয়ে স্বাক্ষৰ দান কৰাৰ পাছত এনে বিল আইনত পৰিণত হয়। ১৭০৭ চনৰ পৰা বৰ্তমানলৈকে ৰজা-ৰাণীয়ে কোনো বিধেয়কত স্বাক্ষৰ দান নকৰাকৈ থকা নাই। এই দৃষ্টিকোণৰ পৰা ৰজা-ৰাণীৰ ভেটো প্ৰদানৰ ক্ষমতা আছে বুলিয়েই ক’ব পাৰি। গতিকে ব্ৰিটিছ সংসদত কমন্স সভাক আইন প্রণয়নৰ সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী বুলি ক’ব পৰা যায়।

(খ) বিত্তীয় ক্ষমতা : অর্থনৈতিক ক্ষেত্ৰতো লৰ্ডছ সভাৰ তুলনাত কমল সভাইহে প্রকৃত ক্ষমতা উপভোগ কৰিব পাৰে। কমন্স সভাই চৰকাৰৰ আয়-ব্যয় নিয়ন্ত্রণ কৰে। অৰ্থ সংক্রান্তীয় সকলো বিধেয়ক কমন্স সভাতে উত্থাপন কৰা হয়। ৰজা ৰাণীৰ সন্মতি লৈ বিত্তমন্ত্ৰীয়ে কমন্স সভাত বাজেট উত্থাপন কৰে। সাধাৰণতে বিত্তীয় বছৰৰ আগে আগে চৰকাৰে বাজেট গ্রহণৰ ব্যৱস্থা কৰে। অন্যথা চৰকাৰে কোনো ধন খৰচ কৰাৰ ক্ষমতা লাভ নকৰে। কমন্স সভাত গৃহীত এখন বিত্তীয় বিধেয়ক লৰ্ডছ সভাৰ অনুমতিৰ কাৰণে পঠোৱা হয়। ১৯১১ আৰু ১৯৪৯ চনৰ সংসদীয় আইনে লৰ্ডছ সভাৰ অৰ্থ সংক্রান্ত ক্ষমতা তেনেই সীমিত কৰি এনে বিত্তীয় বিধেয়ক মাথোঁ এমাহৰ কাৰণেহে লৰ্ডছ সভাই স্থগিত ৰাখিব পৰা ব্যৱস্থা কৰে। এই সময়ছোৱাত যদি লৰ্ডছ সভাই বিত্তীয় বিধেয়কত অনুমোদন নজনায়, তেন্তে কমন্স সভাই লৰ্ডছ সভাই অনুমোদন জনাইছে বুলি ধৰি লৈ ৰজা-ৰাণীৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। ৰাজকীয় সন্মতি লাভ কৰিলে ই আইনত পৰিণত হয়। গতিকে দেখা গ’ল যে, অর্থ সংক্রান্তীয় ক্ষমতাৰ প্ৰকৃত অধিকাৰী হৈছে কমন্স সভা। কমন্স সভাৰ অনুমতি অবিহনে কোনো বিত্তীয় বিধেয়ক আইনত পৰিণত নহয়। কোনো এখন বিধেয়ক অর্থ বিধেয়ক হয় নে নহয় সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত কমন্স সভাৰ অধ্যক্ষই নিৰ্ধাৰণ কৰে। অৱশ্যে বৰ্তমান সময়ত নিম্নোক্ত কাৰণবশতঃ কমন্স সভাৰ বিত্তীয় নিয়ন্ত্রণ হ্রাস পাইছে- (ক) ব্ৰিটিছ সদনৰ কমন্স সভাত কেৱল বিত্ত মন্ত্ৰীয়েহে বিত্তীয় বিল উত্থাপন কৰিব পাৰে। (খ) বিভাগীয় বিধেয়কখন জটিল প্রক্রিয়াৰ হোৱাৰ কাৰণে কমন্স সভাৰ সকলো সদস্যই ইয়াত অংশগ্ৰহণ কৰিবলৈ অসুবিধা পায়। (গ) বাজেট প্রস্তাৱ আলোচনাৰ সময় বহু কম পৰিমাণে নিৰ্ধাৰিত হোৱাৰ কাৰণে দুই-এটা দাবী আলোচনা কৰাৰ পাছতে নিৰ্ধাৰিত সময় অতিক্রম হৈ যায় আৰু বাজেট গ্ৰহণৰ ভোটৰ সময় আহি পৰে। (ঘ) সদনে বাজেটৰ কোনো নাই। গতিকে ৰাজহৰ পৰিমাণ কমাবহে পাৰে বঢ়াব নোৱাৰে। (ঙ) চৰকাৰী পক্ষৰ সদস্যৰ সংগ বেছি থকাৰ কাৰণে চৰকাৰে নিৰ্ধাৰণ কৰা মতে বাজেট গৃহীত হোৱাত অসুবিধা নহয়।

(গ) প্রশাসনীয় ক্ষমতা : ইংলেণ্ডৰ প্ৰশাসনিক ব্যৱস্থাত কাৰ্যপালিকাৰ ওপৰত কমন্স সভাৰ যথেষ্ট নিয়ন্ত্রণ দেখিবলৈ পোৱা যায় । বিশেষলৈ ব্ৰিটিছ মন্ত্রীসভাৰ গঠন আৰু অপসাৰণৰ ক্ষমতা কমল সভাৰ ওপৰতহে নিৰ্ভৰশীল। কমন্স সভাৰ আস্থাৰ ওপৰতহে ব্ৰিটিছ মন্ত্ৰীসভাৰ স্থায়িত্ব নিৰ্ভৰ কৰে। প্ৰধান মন্ত্রীকে ধৰি অধিক সংখ্যক মলক কমল সভাৰ পৰাই লোৱা হয়। মন্ত্রীসভাৰ চৰকাৰী কাৰ্য আৰু নীতিৰ বাবে ব্যক্তিগত আৰু সামূহিকভাৱে কমন্স সভাৰ ওচৰত দায়বদ্ধ। কমন্স সভাই মন্ত্ৰীসভাৰ কাৰ্যৰ ওপৰত সন্দেহ হ’লে বা অসন্তুষ্টি প্রকাশ কৰিলে অনাস্থা প্ৰস্তাৱৰ সহায়ত মন্ত্ৰী পৰিষদ ভংগ কৰিব পাৰে। তদুপৰি কমন্স সভাই মন্ত্রীসভাক সমালোচনা কৰিব পাৰে, বিভিন্ন বিষয়ত মন্ত্রীসকলক প্রশ্ন সুধিব পাৰে আৰু মন্ত্ৰীসকলে সংশ্লিষ্ট প্রশ্নসমূহৰ যথাযথ উত্তৰ দিবলৈ বাধ্য। কমন্স সভাৰ সৰহ সংখ্যক সদস্যৰ আস্থাৰ ওপৰতেই মন্ত্ৰীসকলৰ ক্ষমতা তথা স্থায়িত্ব নিৰ্ভৰশীল। মঞ্জুৰী প্রত্যাখান কৰি, সভাস্থগিত প্ৰস্তাৱ গ্ৰহণ কৰি নাইবা অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি কমন্স সভাই মন্ত্রীসভাক নিয়ন্ত্ৰণ কৰিব পাৰে। এইদৰে বিভিন্ন উপায়ে কমন্স সভাই কার্যপালিকাক নিয়ন্ত্রণ কৰিব পাৰে। অৱশ্যে বর্তমান মন্ত্রীসভাৰ ওপৰত প্ৰশাসনীয় নিয়ন্ত্রণ বহু পৰিমাণে হ্রাস পাইছে। কাৰণ বর্তমান দলীয় ভিত্তিত মন্ত্রীসভা গঠনৰ ব্যৱস্থা আছে। কমন্স সভাত সংখ্যাগৰিষ্ঠতা লাভ কৰা দলে মন্ত্রীসভা গঠন কৰে। গতিকে যেতিয়ালৈকে।এই সংখ্যাগৰিষ্ঠতা লাভ কৰি থাকিবলৈ সক্ষম হ’ব তেতিয়ালৈকে মন্ত্ৰীসভা পতনৰ কোনো আশংকা নাথাকে। এই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে মন্ত্রীসভাইহে সদনক নিয়ন্ত্রণ কৰিব পাৰে। দ্বিতীয়তে, কমন্স সভা ভংগ কৰাৰ ভাবুকি দি মন্ত্রীসভাই কমন্স সভাক নিয়ন্ত্রণ কব্বি পাৰে। অৱশ্যে সভাক আওকাণ কৰিব নোৱাৰে। কাৰণ ইংলেণ্ডৰ প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে শক্তিশালী বিৰোধী দলৰ ব্যৱস্থা। সেয়ে মন্ত্রীসভাই অতি সাবধানে তেওঁলোকৰ ক্ষমতাক প্ৰয়োগ কৰিব লগা হয়।

(ঘ) সংবিধান সংশোধনী ক্ষমতা : সংবিধান সংশোধনত ব্ৰিটিছ সংসদৰ দুয়োসদনৰে ক্ষমতা আছে। ব্ৰিটিছ সংবিধান অল্লিখিত আৰু নমনীয় হোৱাৰ কাৰণে ইয়াত সাধাৰণ আইন আৰু সাংবিধানিক আইনৰ মাজত-কোনো প্রভেদ নাই। গতিকে সংবিধান সংশোধনৰ ক্ষেত্ৰতো কোনো বিশেষ পদ্ধতি অৱলম্বন কৰা নহয়। ব্ৰিটিছ সংসদে সাধারণ আইন প্ৰস্তুত কৰাৰ নিচিনাকৈ সংবিধানৰ যিকোনো অংশ সংশোধন কৰিব পাৰে। সংবিধান সংশোধনী বিধেয়ক কমন্স সভাত প্রথমে উত্থাপন করা হয়। এই সদনত গৃহীত হোৱাৰ পাছত লৰ্ডছ সভালৈ-সন্মতিৰ কাৰণে প্ৰেৰণ কৰা হয়। লৰ্ডছ সভাই ইয়াৰ পৰ্যালোচনা আগবঢ়াব পাৰে। সংবিধান সংশোধনী বিধেয়কৰ সময়সীমা এবছৰকৈ নিৰ্ধাৰণ কৰা আছে। যদিহে এবছৰৰ ভিতৰত সন্মতি নিদিয়ে, তেন্তে কমন্স সভাই সন্মতি দিছে বুলি ধৰি লৈ ৰাজকীয় সন্মতিৰ কাৰণে পঠায়।

(ঙ) বিতৰ্ক আৰু সমালোচনা ক্ষমতা : কমন্স সভাৰ এক উল্লেখযোগ্য ক্ষমতা হৈছে সভাই আলোচনা কৰিব পাৰে। সেইদৰে ৰজা ৰাণীয়ে সদনলৈ পঠিওৱা বাণীসমূহৰ ওপৰত কৰা হয়। সদনৰ এনেবোৰ আলোচনা অতি গুৰুত্বপূৰ্ণ। ইয়াতে বিৰোধী দলে চৰকাৰক, সমালোচনা কৰি নিজৰ দলৰ সমৰ্থন লাভ কৰিবলৈ যত্ন কৰে। কিন্তু | বর্তমান এই ক্ষমতা সদনৰ যথেষ্ট কমি আহিছে। কাৰণ—

(১) চৰকাৰী পক্ষৰ সংখ্যাগৰিষ্ঠতাই সদনৰ প্ৰাধান্যক হ্ৰাস কৰিছে। 

(২) বিভিন্ন উপায়েৰে আলোচনা আৰু বিতৰ্কৰ ওপৰত বাধা প্রদান কৰা হয়। 

(৩) সদনত থকা দলীয় সদস্য সংখ্যাৰ ভিত্তিত আলোচনাৰ সময় নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা কৰা হয়। 

(৪) দলীয় নেতাই কোন কোন সদস্যই ভাষণ প্রদান কৰিব তাক নিৰ্ধাৰণ কৰা থাকে।

(চ) ন্যায়িক ক্ষমতা : ব্ৰিটিছ কমন্স সভাৰ ন্যায়িক ক্ষমতা তেনেই সীমিত। ন্যায়িক ক্ষমতা লাভ কৰে লৰ্ডছ সভাই। লৰ্ডছ সভা হৈছে ইংলেণ্ডৰ সৰ্বোচ্চ আপীল। লৰ্ডছ সভা হৈছে ইংলেণ্ডৰ সৰ্বোচ্চ আপীল আদালত। অৱশ্যে ব্ৰিটিছ নিম্নসদন কমন্স সভাই কোনো সদস্যই সদনত নীতি-নিয়ম ভংগ কৰিলে বা কোনো ব্যক্তিয়ে সদনক অৱমাননা কৰিলে এই সদনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(ছ) তদন্তমূলক ক্ষমতা : কিছুমান বিষয়ৰ ওপৰত কমল সভাই তদন্তমূলক কার্যও সম্পাদন কৰিব লগা হয়। কমন্স সভাই বিভিন্ন সমিতিসমূহৰ জৰিয়তে এনে তদন্তমূলক কার্য সম্পন্ন কৰে। এনে সমিতিয়ে অনুসন্ধান তথ্য সংগ্রহ, সাক্ষ্য গ্রহণ আদিৰ জৰিয়তে এনে তদন্তমূলক কার্য সম্পাদন কৰি প্রতিবেদন দাখিল কৰে।

(জ) জনসংযোগমূলক ক্ষমতা : কমন্স সভা হৈছে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্রতিনিধিৰে গঠন কৰা সদন। গতিকে এই সদনে চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। বিশেষকৈ ইয়াৰ সদস্যসকলে নিজ নিজ এলেকাৰ । অভাব-অভিযোগ, প্রস্তাৱ আদি উত্থাপন কৰি চৰকাৰৰ দৃষ্টি আকর্ষণ কৰাত সহায় কৰে। চৰকাৰেও এনেবোৰ সমস্যা সমাধান কৰাত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিবলৈ সক্ষম হয়।

(ঝ) শিক্ষা সম্পৰ্কীয় ক্ষমতা : যিহেতু সদনত বিভিন্ন দিশৰ ওপৰত আলোচনা আৰু বিতর্ক কৰা হয়। এনেবোৰ আলোচনাৰ জৰিয়তে বিটিছ জনসাধাৰণে নিজ দেশৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক

আদি সকলো সমস্যাৰ বিষয়ে অবগত হয়। বিভিন্ন প্রচার মাধ্যমৰ সহায়ত সদনৰ এনেবোৰ কাৰ্যাৱলী প্ৰচাৰ কৰা হয়। বিভিন্ন আলোচনা, বিতৰ্ক আদিৰ প্ৰতি জনসাধাৰণৰ আকৰ্ষণ বাঢ়ে। এইদৰে কমন্স সভাৰ এনেবোৰ কাৰ্যৰ জৰিয়তে জনসাধাৰণে বিভিন্ন শিক্ষা লাভ কৰিবলৈ সক্ষম হয়।

(ঞ) প্রশিক্ষণ কেন্দ্র : বহুতে কমন্স সভাক সু-নেতৃত্ব বাছনি কৰাৰ প্ৰশিক্ষণ কেন্দ্ৰ বুলি অভিহিত কৰিব বিচাৰে। চিদনী লিউৱে মত প্ৰকাশ কৰিছে যে কমল সদনে ভৱিষ্যতে নেতৃস্থানীয় ব্যক্তিসকলৰ প্রশিক্ষণ কেন্দ্ৰ হিচাপে কার্যনির্বাহ কৰে। যিসকল সদস্যই ব্যক্তিত্বসম্পন্নভাৱে নিজৰ দক্ষতাৰে বিভিন্ন কার্যক্রমনিকা দেখুৱাবলৈ সক্ষম হয়, সেইসকল সদস্যই দেশৰ ভৱিষ্যতৰ নেতৃত্ব বহন কৰি মন্ত্ৰীসভাৰ সদস্য হিচাপে দেশসেৱা কৰিবলৈ সুবিধা লাভ কৰিব পাৰে। এই ক্ষেত্ৰত কমন্স সভাক এক সুন্দৰ প্ৰশিক্ষণ কেন্দ্র হিচাপে অভিহিত কৰিছে।

১৭। আমেৰিকা যুক্তৰাষ্ট্ৰ কাৰ্যপালিকা সম্পৰ্কে লিখা। [Write about the executive in the United States.]

উত্তৰঃ ‘মিত্ৰ সংহতিৰ’ চৰকাৰৰ বহুতো দুৰ্বলতাৰ ভিতৰত কাৰ্যপালিকা এটাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰ। হৈছিল, এনে এটি কার্যপান্নক কৰ্তৃত্বৰ অভাৱৰ ফলত কংগ্ৰেছে প্রণয়ন কৰা আইন আৰু যুক্তৰাষ্ট্ৰই সম্পাদন কৰা চুক্তিসমূহ কাৰ্যকৰী কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। সেইবাবে ১৭৮৭ চনত ফিলাডেলফিয়াত অনুষ্ঠিত হোৱা সাংবিধানিক সন্মিলনৰ এটা প্রধান লক্ষ্য আছিল, কি ভাবে এটা কাৰ্যপালিকাৰ যোগেদি বিধানমণ্ডলৰ লগত সম্বয় ৰক্ষা কৰি এটা শক্তিশালী যুক্তৰাজ্যিক চৰকাৰ গঠন কৰিব পাৰি। শেষত ৰাষ্ট্ৰপতি পদৰ সৃষ্টি কৰি তেওঁৰ হাতত আমেৰিকাৰ যুক্তৰাষ্ট্ৰ কাৰ্যপালিকাৰ ক্ষমতা অৰ্পণ কৰা হৈছিল। কুৰি সমস্যাসমূহৰ সমাধান বিচাৰি কেন্দ্রীয় কাৰ্যপালিকাৰ ক্ষমতাৰ কার্যকাৰিতাৰ ওপৰত আস্থা স্থাপন কৰা দেখা গৈছে। ইয়াৰ ফলত কোনো কোনো ৰাষ্ট্ৰত সম্পূৰ্ণ একনায়কত্ববাদী শাসন প্রতিষ্ঠা কৰা হৈছে। পাশ্চাত্যৰ গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহত কাৰ্যপালিকাৰ নেতৃত্বক বিভিন্ন উপায়েবে শক্তিশালী কৰাৰ লগে লগে ইয়াৰ ওপৰত নীতিগত নিয়ন্ত্ৰণৰ গুৰুত্ব দি ইয়াক সংবিধানিক সীমাৰ মাজত গঢ় দিয়াৰ প্ৰচেষ্টা পৰিলক্ষিত হৈছে। যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি পদৰ ক্ষেত্ৰত এই লক্ষ্যবোৰে যথেষ্ট প্রভাব বিস্তাৰ কৰিছে। যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতিৰ নেতৃত্ব পৰম্পৰাগত কৰ্তব্য আৰু অলপতে লাভ কৰা বিভিন্ন দায়িত্বৰ এটা সংযোগ বুলি ক’ব পাৰি। ইংলেণ্ডৰ সংবিধানৰ তলত ৰাণী প্রধান মন্ত্ৰী আৰু কেবিনেটক ন্যস্ত কৰা কাৰ্যাৱলীক আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰা হৈছে। যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতিয়ে অকল ৰাজত্বই নকৰে, শাসনো কৰে।

ৰাষ্ট্ৰপতি পদৰ অৰ্হতা : আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় সংবিধানৰ ২নং অনুচ্ছেদৰ ৫নং দফাৰ ১নং ধাৰা অনুসৰি ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনে—

(১) আমেৰিকাৰ স্বাভাৱিক নাগৰিক হ’ব লাগিব।

২) তেওঁৰ বয়স ৩৫ বছৰ হ’ব লাগিব।

(৩) তেওঁ কমেও ১৪ বছৰ আমেৰিকাত বাস কৰা হ’ব লাগিব। 

ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি : আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ নির্বাচন প্রক্রিয়াটো অতি জটিল। সংবিধান অনুসৰি ৰাষ্ট্ৰপতিক এক পৰোক্ষ পদ্ধতিৰে নিৰ্বাচন কৰা হয়। সংবিধানৰ ২ নং অনুচ্ছেদৰ ১ নং ধাৰা অনুসৰি এক বিশেষ নির্বাচনী গোটৰ দ্বাৰা ৰাষ্ট্ৰপতিক নির্বাচন কৰা হয়। এই নির্বাচনী গোটটি প্রতিখন প্ৰদেশৰ পৰা নিৰ্বাচিত প্রতিনিধিসকলক লৈ গঠন কৰা হয়।

ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বৰ্তমান ব্যৱস্থা : ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ মনোনয়ন ব্যৱস্থা সম্বন্ধে সংবিধানত কোনো উল্লেখ নাই। এই ব্যৱস্থা ৰাজনৈতিক দলসমূহৰ যুক্তৰাষ্ট্ৰৰ নিৰ্বাচন প্ৰণালীৰ এটা উল্লেখযোগ্য বৰঙনি বুলি বৰ্ণনা কৰিব পাৰি। বিশেষকৈ এই পদৰ প্ৰাৰ্থীসকলৰ সংখ্যা মাতৃ দুজনৰ মাজত আবদ্ধ কৰা কাৰ্য সম্পূর্ণৰূপে ইয়াৰ ৰাজনৈতিক। দলসমূহৰ বৰঙনি বুলি ক’লে ভুল কৰা নহ’ব। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীসকলক কিভাবে মনোনয়ন কৰা হ’ব এই বিষয়ে সংবিধানত কোনো উল্লেখ নথকাৰ উপৰি, নির্বাচনী ব্যৱস্থাৰ এই দিশটো আইনৰ নিয়ন্ত্ৰণৰ পৰাও সম্পূৰ্ণ বাহিৰত আছে বুলি ক’ব পাৰি। অৱশ্যে সন্মিলনৰ পদ্ধতি, সংগঠন, প্রত্যেক ৰাজ্যৰ প্ৰতিনিধিসকলে ভোট দান কৰাৰ পদ্ধতি সম্বন্ধে কম সংখ্যাৰ ৰাজ্যিক আইন কেইখনমানত কিছু উল্লেখ থাকিলেও এই সন্মিলন ব্যৱস্থাৰ প্ৰধান দিশকেইটি ৰাজ্যিক অথবা যুক্তৰাজ্যিক বিধায়িনী কাৰ্যৰ কোনোটোৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। দৰাচলতে এই জাতীয় সন্মিলনৰ সংগঠন আৰু নিয়ন্ত্রণ সম্পূৰ্ণৰূপে ৰাজনৈতিক দলসমূহৰ দায়িত্ব বুলি ক’ব পাৰি। গতিকে ক’ব পাৰি যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰথমটো পদক্ষেপেই হ’ল ৰাজনৈতিক দলবিলাকৰ জাতীয় অভিৱৰ্তন আহ্বান কৰা। বর্তমান সময়ত গণতান্ত্ৰিক আৰু প্ৰজাতান্ত্ৰিক দলৰ জাতীয় সন্মিলনত ১২০০ পৰা ৩০০০ জনলৈ প্ৰতিনিধি আছে। সাধাৰণতে প্ৰতিখন ৰাজ্যৰ সন্মিলনত দিয়া ভোটৰ সংখ্যা ইয়াৰ কংগ্ৰেছত থকা প্রতিনিধি সংখ্যাৰ সমান বা দুগুণ হ’ব পাৰে। দৰাচলতে ক’বলৈ গ’লে উভয় দলে বর্তমান গ্রহণ কৰা সংশোধিত প্ৰক্ৰিয়াৰ দ্বাৰা যিখন ৰাজ্যই যিটো দলক নিৰ্বাচনৰ সময়ত শক্তিশালী সমৰ্থন আগবঢ়ায় সেই দল জাতীয় সন্মিলনত সেইখন ৰাজ্যক সংখ্যাধিক পৰিমাণৰ ভোটাধিকাৰ প্ৰদান কৰা হৈছে। 

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয় স্তৰত প্ৰতিখন প্রদেশে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ নিৰ্বাচক মণ্ডলীলৈ প্ৰতিনিধি নির্বাচিত কৰে। এই প্রতিনিধিসকলৰ নির্বাচনী প্রথা প্রতিখন প্রদেশে নিজাববীয়াকৈ নিৰ্ধাৰণ কৰে। এই ক্ষেত্ৰত সন্মিলন ব্যৱস্থা আৰু প্ৰাথমিক ব্যৱস্থা বিস্তৃতভাৱে প্রয়োগ কৰা হয়। ওপৰত আলোচনাৰ অন্তত ক’ব পাৰি যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সংবিধানে পৰোক্ষ নিৰ্বাচনৰ ব্যৱস্থা কৰিছে যদিও দলীয় ৰাজনীতিৰ উথ্যানে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াকো প্ৰত্যক্ষ কৰি তুলিছে। ৰাষ্ট্ৰপতি আৰু নিৰ্বাচক মণ্ডলীৰ সদস্যসকলে ৰাজনৈতিক দলৰ সহায়তহে নিৰ্বাচিত হয়। গতিকে নির্বাচক মণ্ডলীত সর্বোচ্চ সংখ্যক আসন লাভ কৰা দলৰ পৰাই ৰাষ্ট্ৰপতিজন নিৰ্বাচিত হোৱাটো প্ৰায় খাটাং হৈ পৰে। তদুপৰি, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দুই-চাৰি মাহৰ পূৰ্বেই ৰাজনৈতিক দলসমূহে ৰাষ্ট্ৰীয় অভিবৰ্তন অনুষ্ঠিত কৰি ৰাষ্ট্ৰপতি পদৰ কাৰণে প্ৰাৰ্থী মনোনীত কৰে। গতিকে এনে পৰিস্থিতিৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো প্রত্যক্ষ নিৰ্বাচনত ৰূপান্তৰিত হৈছে বুলি ক’লে অত্যুক্তি কৰা নহয়।

ৰাষ্ট্ৰপতিৰ বিশেষাধিকাৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰ্মহা আৰু অন্যান্য বিশেষাধিকাৰসমূহ কংগ্ৰেছে সময়ে সময়ে নিৰ্ধাৰণ কৰে। ১৯৬৯ চনত কংগ্ৰেছৰ দ্বাৰা প্ৰণোদিত আইনে ৰাষ্ট্ৰপতিৰ বার্ষিক দুই লাখ ডলাৰ বেতন আৰু পঞ্চাশ হাজাৰ ডলাৰ ভাট্টা নিৰ্ধাৰণ কৰে। কাৰ্যকালৰ ভিতৰত ৰাষ্ট্ৰপতিৰ দৰ্মহা কৰ্তন কৰিব নোৱাৰি। ৰাষ্ট্ৰপতিৰ ভ্ৰমণ, চৰকাৰী আমোদ-প্রমোদৰ লগতে কাৰ্যালয়ৰ খৰচৰ বাবে বার্ষিক বাজেটত সুকীয়াকৈ ব্যৱস্থা কৰা হয়। ৰাষ্ট্ৰপতিক থকাৰ বাবে সুসজ্জিত আৱাসগৃহ ‘স্বৈতগৃহ’ প্ৰদান কৰা হয়। এয়েই নহয়, আনকি অৱসৰৰ পিছত ৰাষ্ট্ৰপতিক বাৰ্ষিক ষাঠি হাজাৰ ডলাৰ ‘পেঞ্চন আৰু ৯৬,০০০ ডলাৰ কাৰ্যালয় খৰচৰ বাবদ প্ৰদান কৰা হয়।

ৰাষ্ট্ৰপতি পদৰ উত্তৰাধিকাৰ : উপৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতিৰ সংবিধানিক উত্তৰাধিকাৰী। কিন্তু ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি ‘উভয়ৰে মৃত্যুত, পদত্যাগ অথবা তেওঁলোকৰ অক্ষমতাত তেওঁলোকৰ কাৰ্যভাৰ গ্ৰহণৰ সম্পৰ্কে ১৯৪৭ চনত কংগ্ৰেছে এখন আইন প্রণয়ন কৰে। এই আইন অনুসৰি ৰাষ্ট্ৰপতি পদ কোনো কাৰণত শূন্য হ’লৈ উপৰাষ্ট্ৰপতিৰ পিছতে থা হৈছে প্ৰতিনিধি সভাৰ অধ্যক্ষক আৰু তাৰ পিছত ক্ৰমে ছিনেটৰ সভাপতি, আৰু তাৰ পিছত কেবিনেটৰ সদস্যবর্গক ক্রম অনুসাৰে ৰখা হৈছে। 

ৰাষ্ট্ৰপতিৰ পদচ্যুতি : ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰবিৰোধী কাৰ্য, ভেটি লোৱা, দুৰ্নীতি অথবা আন ডাঙৰ অপৰাধ আৰু দুষ্কাৰ্যৰ বাবে মহাভিযোগৰদ্বাৰা পদচ্যুত কৰিব পাৰি। অৱশ্যে কোনো ৰাষ্ট্ৰপতিকে পদচ্যুত কৰাৰ দৃষ্টান্ত দেখা নাযায়। ৰাষ্ট্ৰপতি জনছনৰ বিপক্ষে মহাভিযোগৰ প্ৰস্তাৱ মাত্র ১ টা ভোটত পৰাজিত হয়। প্রতিনিধি সভাত সংখ্যা গৰিষ্ঠ ভোটৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ বিপক্ষে মহাভিযোগৰ প্ৰস্তাৱ পাছ হোৱাৰ পাছত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সভাপতিত্বত ছিনেটে এই অভিযোগ বিচাৰ কৰে। ইয়াৰ দুই-তৃতীয়াংশ ভোটৰ দ্বাৰা অভিযোগ সাব্যস্ত হ’লে ৰাষ্ট্ৰপতিক অনুপযুক্ত আৰু পদচ্যুত বুলি ঘোষণা কৰা হয়। ইয়াৰ পিছত সাধাৰণ ন্যায়পালিকা ব্যৱস্থাৰ অধীনত তেওঁৰ বিচাৰ কাৰ্য চলাব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top