Introduction to Comparative Government and Politics Unit 1 Understanding Comparative Politics

Introduction to Comparative Government and Politics Unit 1 Understanding Comparative Politics, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Comparative Government and Politics Unit 1 Understanding Comparative Politics Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Comparative Government and Politics Unit 1 Understanding Comparative Politics Question Answer can be of great value to excel in the examination.

Introduction to Comparative Government and Politics Unit 1 Understanding Comparative Politics

Join Telegram channel

Introduction to Comparative Government and Politics Unit 1 Understanding Comparative Politics Notes cover all the exercise questions in UGC Syllabus. The Introduction to Comparative Government and Politics Unit 1 Understanding Comparative Politics provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Understanding Comparative Politics

POLITICAL SCIENCE

INTODUCTION TO COMPARATIVE GOVERNMENT AND POLITICS

তুলনামূলক চৰকাৰ আৰু ৰাজনীতিৰ পৰিচয়

১। আন্তঃৰাষ্ট্ৰীয় সম্পর্ক বুলিলে কি বুজা? [What do you mean by International Relations?] 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সম্পর্ক বুলিলে আমি কি বুজো? থোৰতে ক’বলৈ হ’লে বিশ্বৰ সাৰ্বভৌম তথা স্বাধীন ৰাষ্ট্ৰবিলাকে নিজা ভূ-খণ্ডৰ সীমা নেওচি পৰৰাষ্ট্ৰ লগত গঢ়ি তোলা সকলো ধৰণৰ সম্পৰ্ককেই আন্তঃৰাষ্ট্ৰীয় সম্পর্কই সাঙুৰি ল’ব পাৰে। এনে সম্পৰ্ক ৰাজনৈতিক বা অৰাজনৈতিক (আর্থিক, সামাজিক, সাংস্কৃতিক, কাৰিকৰী, ন্যায়িক) আৰু চৰকাৰী বা বেচৰকাৰী সকলো ধৰণৰ হ’ব পাৰে। সেয়েহে কোৱা হয় আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অৰ্থ “ৰাষ্ট্ৰীয় সীমাক নেওচি ৰাষ্ট্ৰবিলাকৰ মাজৰ জনসাধাৰণ, দ্রব্য সামগ্ৰী আৰু চিন্তাধাৰাৰ সকলো ধৰণৰ পাৰস্পৰিক যোগাযোগ।”

২। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সংজ্ঞাবিলাকৰ প্ৰধান দুটা দৃষ্টিভংগী কি কি? [What are the two main aspects of the definition of international relations?]

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সংজ্ঞাবিলাকৰ প্ৰধান দুটা দৃষ্টিভংগী হ’ল– 

(ক) ধ্ৰুপদী বা পৰম্পৰাগত দৃষ্টিভংগী। আৰু 

(খ) আধুনিক দৃষ্টিভংগী।

৩। “ক্ষমতা সম্পৰ্কৰ পৰিৱৰ্তিত পদ্ধতিত ৰাষ্ট্ৰীয় নীতিৰ ক্রিয়া-প্ৰতিক্ৰিয়াই হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি” কোনে আগবঢ়াইছিল? [“International Relations is the interactions of state policies _ Within the changing patterns of Power Relationships”- Who said-this]

উত্তৰঃ নর্মন জে পেডেল ফর্ড আৰু লিংকনে আগবঢ়াইছিল। 

৪। “ৰাষ্ট্ৰবিলাকৰ মাজৰ সম্পৰ্কই হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি” ―কোনে কৈছিল? [“International Politics is the relations among States”- Who Said this.]

উত্তৰঃ শ্লেছা ।

৫। “ইতিহাসৰ কোনো এক নির্দিষ্ট সময়ত প্রভাৱশালী ৰাষ্ট্ৰবিলাকৰ মাজত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰাই হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি”- কোনে কৈছিল।

[International Politics consists of Relations between groups of major importance in the life of the world at any period of history”-Who said this.]

উত্তৰঃ  কুইন্সি ৰাইট।

৬। “স্বাধীন ৰাজনৈতিক সম্প্রদায়বোৰৰ মাজত যিবিলাক বিষয়ত বিৰোধ, সংঘর্ষ আৰু স্বার্থ জড়িত থাকে সেই বিষয়বোৰকেই আন্তঃৰাষ্টীয় ৰাজনীতি কোৱা হয়”- কোনে আগবঢ়াইছিল। [“Among the Independent political communities, the issues that involve conflict, conflicts and interests are called international politics.”] 

উত্তৰঃ হেৰণ্ড আৰু মার্গাৰেট স্পাউতে আগবঢ়াইছিল।

৭। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃতিৰ উপাদন কেইটা আৰু কি কি? [What are the elements of the nature of international relations and what are they ]

উত্তৰঃ পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৰাজিৰ পৰ্যালোচনা কৰি চালে দেখা যায় যে আন্তঃৰাষ্টীয় সম্পর্ক তিনিটা বিশেষ উপাদানৰ দ্বাৰা পৰিচালিত হয়। সেই উপাদান তিনিটা হৈছে –

(ক) ৰষ্ট্রীয় স্বার্থ

(খ) সংঘাত আৰু সহযোগিতা

(গ) প্ৰভাৱ আৰু ক্ষমতা প্রয়োগ।

৮। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ দুটা গুৰুত্বপূৰ্ণ প্ৰকৃতি উল্লেখ কৰা? [Mention the two important nature of international relations.]

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ দুটা গুৰুত্বপূৰ্ণ প্ৰকৃতি হৈছে―

(ক) সংঘাত আৰু 

(খ) ক্ষমতা। 

৯। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতিক ‘ক্ষমতা’ সম্পৰ্কে মৰগেনথৰ মন্তব্যটো আগবঢ়োৱা। [Highlight Morgenthau comment on the ‘Power’ of international nature.]

উত্তৰ : ৰাষ্ট্ৰবিলাকৰ স্বাৰ্থ যিয়েই নহওক কিয়, ক্ষমতা হৈ পৰে তৎকালীন স্বার্থ।

১০। আন্তঃৰাষ্ট্ৰীয় শব্দৰ ইংৰাজী প্রতিশব্দ কি? [What is the English synonym of international word.]

উত্তৰঃ international

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ :

১। তুলনামূলক ৰাজনীতিৰ অৰ্থ সম্পর্কে লিখা। [Write about the meaning of comparative politics.]

উত্তৰঃ তুলনামূলক ৰাজনীতিৰ অধ্যয়নে সমসাময়িক ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত এক অতি গুৰুত্বপূর্ণ স্থান লাভ কৰিছে। তুলনামূলক ৰাজনীতিয়ে বিভন্ন ৰাজনৈতিক ব্যৱস্থাবিলাকত বিদ্যামান হোৱা আচৰণ অনুষ্ঠানসমূহ, প্রক্রিয়াসমূহ, আদর্শৰাজি আৰ প্ৰমূল্যৰাজিৰ ওপৰত এক সূক্ষ্ম বিশ্লেষণ কৰি বাস্তৱসন্মত ব্যাখ্যাৰ আভাস দিয়ে, ই বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰাজি, আৰ্হি আৰু নিয়মসমূহৰ সন্ধান কৰে, যিবিলাকৰ জৰিয়তে ৰাজনৈতিক ব্যবস্থাসমূহৰ মৌলিক প্রকৃতি, কার্যপদ্ধতি আৰু বিশ্বাসৰাজি সম্পর্কে জনাত সহায় কৰে। তুলনামূলক ৰাজনীতিয়ে চৰকাৰ আৰু ইয়াৰ অংগসমূহৰ লগতে ৰাষ্ট্ৰীয় চৰকাৰৰ লগত প্রত্যক্ষভাৱে জড়িত নোহোৱা কেতবোৰ সংগঠনৰ ৰূপ (যেনে জনজাতি, সম্প্রদায়, সংঘ, সন্থা আদি)ৰ বিষয়ে অধ্যয়ন কৰে। যদিওবা তুলনামূলক ৰাজনীতিৰ ইতিহাস বহু পুৰণি, তথাপি বিষয়বোৰৰ অধ্যয়নৰ পৰিসৰ দ্বিতীয় মহাসমৰৰ পাছৰ পৰাহে বৃদ্ধি পাবলৈ ধৰিলে। কিয়নো দ্বিতীয় মহাসমৰৰ পূৰ্বে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ইউৰোপৰ মাথোঁ কেইখনমান উন্নত ৰাষ্ট্ৰ ৰাজনৈতিক ব্যৱস্থা আৰু ইবিলাকৰ কাৰ্যাৱলীৰ অধ্যয়নতেই সীমাবদ্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিষয়টোৰ অধ্যয়নৰ পৰিসৰ নিচেই সংকীৰ্ণ আছিল; কিন্তু দ্বিতীয় ‘মহাসমৰৰ পৰৱৰ্তী সময়ত এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰবিলাক ঔপনিবেশিকতাবাদৰ কৱলৰ পৰা মুক্তি লাভ কৰাৰ লগে লগে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ পৰা এই স্বাধীনতা প্ৰাপ্ত ৰাষ্ট্ৰবিলাকলৈ সম্প্ৰসাৰিত হ’বলৈ ধৰিলে। এনেদৰে নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নে তুলনামূলক ৰাজনীতিৰ পৰিসৰ আৰু গতিশীলতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

দ্বিতীয় মহাসমৰৰ আগলৈকে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন চৰকাৰৰ তিনিটা প্রধান অংগ ক্রমে আইনসভা, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ অধ্যয়নতেই সীমাবদ্ধ আছিল। কিন্তু কালক্ৰমত ৰাষ্ট্ৰ আৰু চৰকাৰৰ অধ্যয়নৰ উপৰি কেতবোৰ সংবিধান বহিভূর্ত শক্তি, যেনে- ৰাজনৈতিক দল, প্রভাৱগোষ্ঠী, স্বার্থন্বেষী গোটবিলাকো, তুলনামূলক ৰাজনীতি অধ্যয়নৰ এক নতুন আহিলাৰূপে পৰিগণিত হয়। চৰকাৰৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰাজি পুংখানুপুংখভাৱে বিশ্লেষণ কৰি চোৱাটোৱেই হৈছে তুলনামূলক ৰাজনীতি।

মাইকেল কাৰ্টিজৰ ভাষাত তুলনামূলক ৰাজনীতিয়ে ৰাজনৈতিক অনুষ্ঠান আৰু ৰাজনৈতিক আচৰণৰ কাৰ্যৰ লগত জড়িত নিয়মানুৱর্তিতা, সাদৃশ্য আৰু বৈসাদৃশ্য সম্পর্কে অধ্যয়ন কৰে [“Comparative Politics is concerned with significant regularities, similarities and differences in the working of Political – institutions and in political behaviour]”

জ্যা ব্লনডেলৰ মতে “তুলনামূলক চৰকাৰ হ’ল সমসাময়িক বিশ্বৰ ৰাষ্ট্ৰীয় চৰকাৰ পদ্ধতিৰ অধ্যয়ন”।

ই. এ. ফ্ৰিমেনৰ মতে, “তুলনামূলক ৰাজনীতি হৈছে বিভিন্ন ধৰণৰ চৰকাৰ আৰু ৰাজনৈতিক অনুষ্ঠানসমূহৰ তুলনামূলক বিশ্লেষণ।”

২। তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ মাজৰ প্রভেদসমূহ উল্লেখ কৰা। [Mention the difference between Comparative Government and Comparative Politics.]

উত্তৰঃ তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ মাজৰ প্রভেদসমূহ হৈছে নিম্নোক্ত ধৰণৰ―

(ক) তুলনামূলক চৰকাৰৰ অধ্যয়নক্ষেত্ৰ ৰাষ্ট্ৰকেন্দ্রিক। ইয়াত চৰকাৰৰ বিভিন্ন বিভাগৰ গঠন, সমাজ, কাৰ্যাৱলী আদি বিলাকৰ তুলনামূলক অধ্যয়ন কৰে। আনহাতে তুলনামূলক ৰাজনীতি কেৱল চৰকাৰী অনুষ্ঠানসমূহৰ লগতেই জড়িত নহয়। ইয়াত ৰাষ্ট্ৰৰ কাৰ্যত প্রভাৱ পেলোৱা সকলো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সংস্থা যেনে ৰাজনৈতিক দল, প্রভাৱগোষ্ঠী, শ্রমিক সংঘ বা অন্যান্য বেচৰকাৰী অনুষ্ঠান তথা ক্লাৱসমূহকো জড়িত কৰি তুলনামূলক আলোচনা কৰা হয়।

(খ) তুলনামূলক ৰাজনীতিৰ অধ্যয়ন পদ্ধতি তুলনামূলক চৰকাৰতকৈ অধিক বাস্তৱমুখী আৰু বিজ্ঞানসম্মত তুলনামূলক ৰাজনীতিয়ে গোটেই সমাজখনক অন্তর্ভুক্ত কৰিবলৈ চেষ্টা কৰে।

(গ) তুলনামূলক চৰকাৰ অধ্যয়ন কৰোঁতে ঐতিহাসিক পদ্ধতি অনুসৰণ কৰা দেখা যায়। কিন্তু তুলনামূলক ৰাজনীতি অধ্যয়নৰ কাৰণে বিজ্ঞানসম্মত তথা বিশ্লেষণাত্মক পদ্ধতিক অনুসৰণ কৰা হয়।

(ঘ) তুলনামূলক চৰকাৰৰ অধ্যয়ন সাধাৰণতে সাংবিধানিক চৰকাৰৰ লগত জড়িত। কিন্তু তুলনামূলক ৰাজনীতিয়ে ইয়াৰ বাহিৰতো অধ্যয়ন কৰিবলৈ প্ৰয়াস কৰে।

(ঙ) পৰিসৰৰ ফালৰ পৰা দুয়োটা অধ্যয়নৰ মাজত প্ৰভেদ দেখা যায়। তুলনামূলক চৰকাৰৰ পৰিসৰ ঠেক, কাৰণ ই কেৱল চৰকাৰী কার্যকলাপবোৰৰ লগতে জড়িত হৈ থাকে। আনহাতে তুলনামূলক ৰাজনীতিৰ পৰিসৰ বিস্তৃত। ইয়াত চৰকাৰী, বেচৰকাৰী সকলো প্রতিষ্ঠানৰ বিষয়ে অধ্যয়ন কৰে।

(চ) তুলনামূলক চৰকাৰৰ তুলনাত ৰাজনীতিয়ে ইয়াব অধ্যয়নক্ষেত্ৰত নতুন নতুন পদ্ধতি উদ্ভাৱনৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। তেওঁলোক মূল্যবোধ তথা আদৰ্শৰ বিপৰীতে আলোচনা আৰু গৱেষণাৰ জৰিয়তে ৰাজনৈতিক অধ্যয়নক অগ্ৰাধিকাৰ দিব বিচাৰে।

(ছ) তুলনামূলক চৰকাৰ অধ্যয়নৰ পৰিসৰ আমেৰিকা বা পশ্চিম ইউৰোপৰ কেইখনমান গণতান্ত্রিক দেশৰ ৰাজনৈতিক পদ্ধতিৰ মাজতে সীমাৱদ্ধ। কিন্তু তুলনামূলক ৰাজনীতিৰ অধ্যয়নে এছিয়া, আফিকা,দক্ষিণ আমেৰিকাৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহকো সাঙুৰি অধ্যয়নৰ বিষয় হিচাপে বাছি ল’লে। ইয়াৰ উপৰি তুলনামূলক ৰাজনীতিয়ে সমাজবাদী আদর্শ সাম্যবাদী। আদর্শ গ্ৰহণ কৰা ৰাজনৈতিক পদ্ধতিসমূহ অধ্যয়ন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

৩। তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ‘ৰাজনীতি’ শব্দটিয়ে কোন তিনি প্ৰকাৰৰ অৰ্থ সূচায়। [An the study of comparative politics, which three types of meaning does the word politics identity.]

উত্তৰঃ তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ‘ৰাজনীতি’ শব্দটিয়ে তিনি প্ৰকাৰৰ অৰ্থক সূচায়

(ক) ৰাজনৈতিক কার্যকলাপ,

(খ) ৰাজনৈতিক প্ৰক্ৰিয়া আৰু 

(গ) ৰাজনৈতিক ক্ষমতা।

(ক) ৰাজনৈতিক কার্যকলাপ : ৰাজনৈতিক কার্যকলাপ সংঘর্ষ জৰ্জৰিত পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াসৰ লগতে ক্ষমতা আহৰণৰ বাবে চলা সংগ্ৰামত অৱতীৰ্ণ হোৱা জনসাধাৰণৰ স্বাৰ্থক জড়িত কৰি তাক মীমাংসাকৰণৰ সামূহিক প্ৰচেষ্টাৰ এক ৰূপ।

(খ) ৰাজনৈতিক প্ৰক্ৰিয়া : ৰাজনৈতিক কার্যকলাপৰ পিছতেই হৈছে ৰাজনৈতিক প্ৰক্ৰিয়া ই অধিক বিস্তৃত আৰু সিদ্ধান্ত গ্রহণ প্রক্রিয়াত অংশ গ্ৰহণ কৰা সকলোবিলাকক সাঙুৰি লয়। সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত কেৱল ৰাষ্ট্ৰইহে অৰ্থাৎ চৰকাৰী আনুষ্ঠানিক সংস্থাবিলাকেহে যে অংশ গ্ৰহণ কৰে এনে নহয়, বৰং অন্যান্য অনা আনুষ্ঠানিক চৰকাৰী সংস্থাবিলাকো জড়িত।

(গ) ৰাজনৈতিক ক্ষমতা : ৰাজনৈতিক অধ্যয়নত ই এক মৌলিক অৱধাৰণা। ৰাজনৈতিক ক্ষমতাৰ ধাৰণাটো এতিয়াও প্রায় অস্পষ্ট অবস্থাতেই আছে। এই প্ৰসংগতে কোৱাটো উচিত হ’ব যে, ক্ষমতাৰ লগত কর্তৃত্বৰ অৱধাৰণাতো নিবিড়ভাবে সম্পর্কিত। ই হৈছে শাসন কৰাৰ অধিকাৰৰ স্বীকৃতি প্রদান। তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ৰাজনীতি অভিধাটোৰ অভিজ্ঞতাবাদী থকা পৰিলক্ষিত হয়। ক্ষমতা আহৰণ আৰু ইয়াৰ ব্যৱহাৰৰ বিস্তৃত ব্যাখ্যা আৰু বিশ্লেষণৰ লগত ৰাজনীতি অভিধাটো জড়িত।

৪। তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ সম্বন্ধ সম্পর্কে আলোচনা কৰা।

উত্তৰঃ তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ অধ্যয়ন এইদুয়োটা এটা আনটোৰ লগত ঘনিষ্ঠভাৱে সম্পর্কিত। বহুতো আধুনিক লেখকে তেওঁলোকৰ আলোচনাত তুলনামূলক চৰকাৰ আৰু তলনামূলক ৰাজনীতিৰ মাজত ওতপ্রোত সম্পৰ্ক থকা বুলি দাবী কৰা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত অধ্যাপক হাৰমেন ফাইনাৰৰ নাম উল্লেখনীয়। ফাইনাৰৰ মতে চৰকাৰ অভিধাটোৱে চাৰি প্ৰকাৰ অৰ্থ প্ৰকাশ কৰে।

প্ৰথমতে, ‘ই’ শাসন পৰিচালনা কৰাৰ প্ৰক্ৰিয়াক সূচায়। 

দ্বিতীয়তে, “চৰকাৰ” এনে এক অৱস্থাক সূচায় য’ত শাসন সম্পৰ্কীয় প্রক্রিয়া দেখিবলৈ পোৱা যায়। তেওঁৰ মতে, এনে এক সামাজিক অৱস্থাই শৃংখলাবদ্ধ সামাজিক জীৱনৰ চৰ্তাৱলীক সূচায়।

তৃতীয়তে, “চৰকাৰ” অভিধাটোৱে শাসন কার্য পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা ব্যক্তি সমষ্টিক দিয়া কেতবোৰ নীতি-নির্দেশনাক বুজায়।

চতুৰ্থতে, “চৰকাৰ” শব্দই এনে এক পদ্ধতিক বা ব্যৱস্থাক বুজায় যাৰ জৰিয়তে এখন বিশেষ সমাজ পৰিচালিত হয়। গতিকে ফাইনাৰৰ মতে চৰকাৰ হৈছে এনে এক সিদ্ধান্ত গ্রহণ কৰা ব্যৱস্থাপনা যাৰ জৰিয়তে সমাজত প্ৰচলিত প্ৰভাৱগোষ্ঠী বা স্বার্থান্বেষী গোটসমূহকে ধৰি অন্যান্য গোষ্ঠী, গোট বা সংগঠনসমূহো প্রভাৱান্বিত হয়। এলান বল. ই. এ. ফ্রিমেন আৰু ব্লনডেল প্রভৃতি লেখকসকলেও তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ মাজত থকা সম্পর্ক নিজস্ব ধৰণে বিশ্লেষণ কৰি দেখুৱাইছে। এইচাম লেখকে ৰাষ্ট্ৰৰ ৰাজনৈতিক অনুষ্ঠানসমূহৰ পৰিৱৰ্তে অনানুষ্ঠানিক ৰাজনৈতিক প্ৰক্ৰিয়াৰ অধ্যয়নৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে। ফিমেনৰ মতে, “তুলনামূলক ৰাজনীতি বিশ্লেষণৰ বাহিৰে আন একো নহয়।” অনুৰূপ ধৰণে ব্লনডেলৰ মতে, তুলনামূলক চৰকাৰ হ’ল সমসাময়িক বিশ্বৰ ৰাষ্ট্ৰীয় চৰকাৰ পদ্ধতিৰ আৰ্হিৰ অধ্যয়ন।” এলান বলে চৰকাৰ আৰু ৰাজনীতি— এই দুয়োটাৰ মাজত সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাইছিল।

আন এচাম চিন্তাবিদে তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতি এই দুয়োটা অভিধামতে প্রভেদ নিৰূপণ কৰিছে। তেওঁলোকে তুলনামূলক চৰকাৰৰ অধ্যয়নৰ পৰিসৰ তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰৰ তুলনাত অধিক সংকীর্ণ বুলি অভিমত দিছে। তুলনামূলক চৰকাৰৰ অধ্যয়নে বিভিন্ন ৰাজনৈতিক ব্যৱস্থা আৰু ইয়াৰ অন্তৰ্ভুক্ত সকলোবিলাক বিষয়ৰ উপৰি অৰাষ্ট্ৰীয় ৰাজনীতিৰ বিষয়েও অধ্যয়ন কৰা হয়। সেই দৃষ্টিকোণৰ পৰা তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰ অতি বিস্তৃত। গতিকে তুলনামূলক ৰাজনীতিৰ ছাত্ৰ এজনে কোনো এক ৰাজনৈতিক পদ্ধতিৰ আইন প্রণয়ন, আইন কার্যকৰীকৰণ, আইনৰ বৈধতা বিচাৰকৰণ নতুৱা ৰাজনৈতিক অনুষ্ঠানবিলাকৰ বৰ্ণনামূলক বিশ্লেষণতে আৱদ্ধ হৈ নাথাকে, বৰং বিভিন্ন ৰাজনৈতিক পদ্ধতিৰ কাৰ্যগত আৰু কাঠামোৰ অধ্যয়নৰ ওপৰতহে আধুনিক তুলনামূলক ৰাজনীতি অধ্যয়নৰ ছাত্র এজনে অধিকভাৱে মনোনিৱেশ কৰে।

অধ্যাপক ব্লনডেলে তুলনামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ মাজত এক স্পষ্ট প্রভেদ নিৰ্ণয় কৰিব বিচাৰিছে। এই প্ৰসংগত ব্লনডেলে কৈছে যে তুলনামূলক চৰকাৰৰ দুটা প্রধান দিশ আছে সমান্তৰাল আৰু পোনপটীয়া ৷ যদিহে এই দুয়োটা দিশক বিবেচনা কৰাৰ হয় তেন্তে সমান্তৰাল আৰু পোনপটীয়া এই দুয়োটা অভিধাকেই তুলনামূলক ৰাজনীতিৰ লগত পৰিচয় কৰাব পাৰি। ব্লনডেলৰ মতে তুলনামূলক

ৰাজনীতিৰ অধ্যয়নত পোনপটীয়া তুলনাই ৰাষ্ট্ৰই তুলনামূলক অধ্যয়নৰ উপৰি ৰাজনৈতিক প্ৰক্ৰিয়াত সংযুক্ত আন আনুষংগিক সংগঠন আৰু গোষ্ঠীবিলাকৰ অধ্যয়নকো সাঙুৰি লয়।

এডৱার্ড ফ্রিমেনে তুলামূলক চৰকাৰ আৰু তুলনামূলক ৰাজনীতিৰ মাজত এক স্পষ্ট প্রভেদ নিৰ্ণয় কৰিব বিচাৰিছে। তেওঁৰ মতে, তুলনামূলক চৰকাৰে ৰাজনৈতিক অনুষ্ঠান আৰু বিভিন্ন ধৰণৰ চৰকাৰৰ তুলনামূলক অধ্যয়নক বুজায়। আনহাতে তুলনামূলক ৰাজনীতিৰ আলোচনাত কোনো এক ৰাজনৈতিক ব্যৱস্থাৰ গাঁথনিগত আৰু কাৰ্যগত [Structural and Functional] বিশ্লেষণৰ জৰিয়তে ৰাজনৈতিক ব্যৱস্থাৰ সফলতা আৰু বিফলতা নিৰূপণ কৰা হয়। তুলনামূলক ৰাজনীতি যদিওৱা ৰাজনৈতিক অনুষ্ঠান আৰু মানৱ আচৰণৰ নিয়মানুবর্তিতাৰ সাদৃশ্য আৰু বৈসাদৃশ্য অধ্যয়নৰ লগত জড়িত,তথাপিতো তুলনামূলক আলোচনা কৰোঁতে যাতে গোটেই বিষয়টো অত্যাধিক সবলীকৰণ হৈ নপৰে তাৰ প্রতি যথোচিত গুৰুত্ব প্ৰদান কৰিব লাগে।

৫। তুলনামূলক ৰাজনীতি আৰু তুলনামূলক ৰাজনৈতিক ব্যৱস্থা সম্পর্কে বহলাই আলোচনা কৰা। [Discuss in details Comparative Politics and Comparative Political System.]

উত্তৰঃ “তুলনামূলক ৰাজনীতি” আৰু “তুলনামূলক ৰাজনৈতিক পদ্ধতি” এই দুয়োটা অভিধাৰ নামকৰণৰ ক্ষেত্ৰত বিশেষ মৌলিক প্রভেদ পৰিলক্ষিত নহয়, তথাপি যিহেতুকে আমাৰ অধ্যয়নৰ মূল বিষয় ৰাজনৈতিক কার্যকলাপ, ৰাজনৈতিক প্ৰক্ৰিয়া আৰু ৰাজনৈতিক ক্ষমতা, সেয়েহে আমি বিষয়টোক “তুলনামূলক ৰাজনীতি” হিচাপে অভিহিত কৰাটোৱেই যুক্তিসংগত যি কি নহওক, সাম্প্রতিক সময়ত “তুলনামূলক ৰাজনীতি” আৰু “ৰাজনৈতিক পদ্ধতি” এটাক আনটোৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। সূক্ষ্মভাবে বিশ্লেষণ কৰিলে নিম্নোক্ত দিশসমূহ পৰিলক্ষিত হয়।

(ক) বিশ্লেষণাত্মক আৰু অভিজ্ঞতাবাদী অনুসন্ধান : তুলনামূলক ৰাজনীতিৰ অধ্যয়নত বিশ্লেষণাত্মক গৱেষণাৰ ওপৰত অত্যধিকভাৱে গুৰুত্ব দিয়া হয়। এনে বিশ্লেষণাত্মক আৰু অভিজ্ঞতাবাদী অনুসন্ধানমূলক অধ্যয়নৰ প্ৰয়োগে হোৱাৰ পৰিসৰ যথেষ্ট বিস্তৃত কৰি তুলিছে। ইকষ্টেইনৰ মতে ১৯ শতিকাৰ শেষ দশকত তুলনামূলক ৰাজনীতি বিজ্ঞানে বর্ণনামূলক অধ্যয়নৰ পৰা ওলাই আহিছে।

বর্তমান সময়ত বর্ণনাত্মক অধ্যয়নৰ পৰিৱৰ্তে ৰাজনৈতিক অনুষ্ঠানসমূহক মূল্যাংকনৰ ভিত্তিত অধ্যয়ন কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। কোনে এক ৰাজনৈতিক ব্যৱস্থা এখন সমাজৰ আৰ্থ-সামাজিক ভিত্তিৰ লগত কিদৰে ওতপ্রোতভাৱে সম্পর্কিত হৈ থাকে তাক অধ্যয়নৰ পৰিসৰৰ ভিতৰত সামৰি লোৱা হৈছে।

(খ) আন্তঃগাঁথনিৰ অধ্যয়ন : তুলনামূলক ৰাজনীতি অধ্যয়নত আচৰণবাদীসকলৰ দ্বাৰা আন্তঃগাঁথনিৰ অধ্যয়নৰ অৱতাৰণাই বিষয়টোৰ অধ্যয়নৰ প্ৰকৃতিৰ পৰিৱৰ্তন সাধন কৰিছে। আন্তগাঁথনিৰ অধ্যয়নে সমাজৰ বিভিন্ন দিশত সামগ্রিকভাবে প্রভাৱ পেলোৱা বিভিন্ন দিশসমূহৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়ে।

পৰম্পৰাগত ৰাজনীতি বিজ্ঞানীসকলৰ দৰেই তুলনামূলক ৰাজনীতিৰ অধ্যয়ন কেৱল চৰকাৰৰ অংগ তিনিটাৰ অধ্যয়নৰ ভিতৰতেই সীমাবদ্ধ নহয়, বৰং ৰাজনৈতিক প্রক্রিয়াত মানৱ আচৰণৰ অধ্যয়ন (আচৰণবাদীসকলে সূচনা কৰা) হে অধিক গুৰুত্বপূর্ণ । যদি “চৰকাৰ” অভিধাটোৰ হয়। কিয়নো ৰাজনৈতিক পদ্ধতি বিস্তৃত সামাজিক ব্যৱস্থাৰ এক অংশ স্বৰূপ, যিয়েই নেকি নীতি-নিৰ্দ্ধাৰণ আৰু সিদ্ধান্ত গ্রহণ প্রক্রিয়াত প্রভাব পেলাব পৰা সকলো শক্তিকে সামৰি লয়। এই ক্ষেত্ৰত উদাহৰণস্বৰূপে ক’ব পাৰি, যে ৰাজনৈতিক দল আৰু প্ৰভাৱ গোষ্ঠীসমূহ হৈছে। ৰাজনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা এক গুৰুত্বপূৰ্ণ অধ্যয়নৰ ক্ষেত্ৰ।

(গ) উন্নয়নশীল সমাজৰ অধ্যয়নৰ ওপৰত গুৰুত্ব প্রদান :  তুলনামূলক ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীটোৱে প্ৰধানকৈ পশ্চিমীয়া ৰাজনৈতিক ব্যৱস্থাবোৰৰ লগত সীমাবদ্ধ আছিল আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক ব্যৱস্থাসমূহৰ অধ্যয়নৰ ক্ষেত্ৰত পৰম্পৰাগত দৃষ্টিভংগী প্রয়োগ কৰাত ই অগ্রহণযোগ্য হিচাপে পৰিগণিত হৈছিল। উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ ৰাজনীতি অধ্যয়নৰ  গুৰুত্ব বৃদ্ধি পেৱাটোৱেই তুলনামূলক ৰাজনীতিৰ প্ৰকৃতি পৰিৱৰ্তন হোৱাৰ প্ৰধান কাৰক হিচাপে পৰিগণিত হৈছে। বৰ্তমান সময়ৰ তুলনামূলক ৰাজনীতিৰ অধ্যয়ন পূৰ্বৰ দৰে কেৱল পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ ৰাজনীতি অধ্যয়নতে সীমাবদ্ধ নহয়, বৰং এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ উন্নয়নশীল ৰাষ্ট্ৰবোৰৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ অধ্যয়নো যথেষ্ট তাৎপর্যপূর্ণ। কিয়নো এনে অধ্যয়নৰ জৰিয়তে উন্নয়শীল ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নক সৰ্বজনীন ৰূপ প্ৰদান কৰাৰ লগতে তত্ত্ব নিৰ্মাণ কৰাৰ ওপৰতো যথোচিত গুৰুত্ব আৰোপ কৰা হয়। সমসাময়িক তুলনামূলক ৰাজনীতিৰ লেখকসকলৰ ভিতৰত অন্যতম আলমণ্ড, ছিদনি ভাৰ্বা, মাইৰণ ওৱেনাৰ, লুচিয়ান পাই, ডেভিড এপ্টাৰ প্ৰভৃতি লেখকসকলে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহক ৰাজনৈতিক বিশ্লেষণৰ কাৰণে এক গৱেষণাৰ স্থল হিচাপে অভিহিত কৰিছে। ৰাজনৈতিক প্রক্রিয়াত সামাজিক কাৰকসমূহৰ প্ৰভাৱ লগতে সমাজ আৰু ৰাজনীতিৰ ত মাজৰ পাৰস্পৰিক আক্তঃব্রিয়া সম্বন্ধে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ জৰিয়তে ভালদৰে অনুধাৱন কৰিব পাৰি। তুলনামূলক ৰাজনীতিৰ এনে বিস্তৃত পৰিসৰৰ অধ্যয়নে আৰ্হি আৰু তত্ত্ব গঠন কৰাৰ ক্ষেত্ৰত অভূতপূর্ব বৰঙনি যোগাইছে।

(ঘ) আন্তঃবৈষয়িক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব : ৰাজনৈতিক বাস্তৱবাদক ভালদৰে বাস্তৱ কৰাৰ লগতে বুজি উঠাত সৃহায়ক হোৱাৰ ক্ষেত্ৰত নতুন নতুন কৌশলৰ উদ্ভাৱন আৰু ৰাজনৈতিকভাৱে তাৎপর্যপূর্ণ বিষয়সমূহৰ ক্ষেত্ৰত আন্তঃবৈষয়িক প্ৰকৃতিয়ে তুলনামূলক ৰাজনীতি অধ্যয়নৰ প্ৰকৃতিৰ বিস্তৰ পৰিৱৰ্তন সাধন কৰিছে। ইয়াৰ ফলস্বৰূপে ইতিহাস, নীতিশাস্ত্ৰ আৰু আইনৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীসমূহৰ ঠাইত স্মাজশাস্ত, অর্থনীতি, মনোবিজ্ঞান, জীৱ বিজ্ঞানৰ পৰা কেতবোৰ ন ন দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে। এইক্ষেত্ৰত উদাহৰণ স্বৰূপে ক’ব পাৰি যে ডেভিড ইষ্টনে জীৱ বিজ্ঞানৰ পৰা ব্যৱস্থাপক দৃষ্টিভংগী গ্ৰহণ কৰিছিল। ফলস্বৰূপে ই তুলনামূলক ৰাজনীতিক ৰাজনৈতিক সমাজ শাস্ত্ৰ অৰু ৰাজনৈতিক মনোবিজ্ঞানৰ তুল্য কৰি তুলিছে। সমসাময়িক তুলনামূলক ৰাজনীতিত ৰাজনৈতিক আধুনিকীকৰণ, ৰাজনৈতিক সামাজিকীকৰণ আদি অৱধাৰণাসমূহৰ অধ্যয়নৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। অর্থাৎ আন্তঃসামাজিক বিজ্ঞানৰ সহযোগিতাই ৰাজনৈতিক সমস্যাসমূহক বিস্তৃত সামাজিক দৃষ্টিভংগীৰে অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিছে।

(ঙ) অনানুষ্ঠানিক সংগঠনৰ অধ্যয়ন : সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ৰাষ্ট্ৰ এখনৰ কেৱল চৰকাৰী গাঁথনি বা ৰাজনৈতিক অনুষ্ঠানসমূহৰ অধ্যয়নতেই সীমাবদ্ধ নহয়। ৰাষ্ট্ৰ এখনৰ নীতিনিৰ্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত অনা-চৰকাৰী সংগঠনসমূহ, যেনে প্রভাৱগোষ্ঠী, স্বার্থন্বেষী গোষ্ঠীবিলাকে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে। সেই বিষয় অধ্যয়নৰ গুৰুত্বপূৰ্ণ বিষয় হিচাপে অন্তর্ভুক্ত কৰা হয়।

(চ) প্ৰমূল্যযুক্ত ৰাজনৈতিক : সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়ক্ষেত্ৰ পৰম্পৰাগত আদর্শ স্থাপনকাৰী প্ৰমূল্যৰাজিৰ পৰা মুক্ত, হৈ অভিজ্ঞতাবাদী দৃষ্টিভংগীলৈ পর্যবসিত হৈছে আৰু ইয়াৰ ফলশ্ৰুতিত প্ৰমুল্যমুক্ত ৰাজনৈতিক ৰাজনীতিত ইতিহাস বা নীতিশাস্ত্ৰৰ বিশেষ স্থান নাই। যিহেতুকে বর্তমান সময়ত সমাজবিজ্ঞান, অর্থনীতি আদিৰ বিষয়বস্তুৱেহে তুলনামূলক ৰাজনীতি অধ্যয়নৰ দিশ নির্ণয় কৰে। অৱশ্যে কোনো এক ৰাজনৈতিক তত্ত্ব কিমান দূৰ প্ৰমূল্যযুক্ত হ’ব পাৰে ই এক জটিল প্রশ্ন। প্রত্যেক সমাজবিজ্ঞানৰে অধ্যয়নৰ প্ৰধান বিষয়বস্তু হৈছে মানৱ আচৰণ আৰু এই মানৱ আচৰণক বস্তুনিষ্ঠভাৱে অধ্যয়ন কৰাটো অত্যন্ত জটিল।

(ছ) আন্তঃসাংস্কৃতিক অধ্যয়ন : পূর্বতে তুলনামূলক ধানীতিৰ অধ্যয়নৰ প্ৰকৃতি সংস্কৃতি আছিল। ই কেবল মাত্ৰ পশ্চিমীয় গণতান্ত্রিক পৰম্পৰাৰ অধ্যয়নৰ লগত জড়িত আছিল, আন কথাত একক সাংস্কৃতিকযুক্ত আছিল। কিন্তু দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত এই সাংস্কৃতিক বেষ্টনীযুক্ত তুলনামূলক ৰাজনীতিৰ অধ্যয়ন আন্তঃসাংস্কৃতিক অধ্যয়নলৈ পর্যবসিত হৈছে। পৰম্পৰাগত দৃষ্টিভংগীতো মূলতঃ পশ্চিমীয়া ৰাজনৈতিক ব্যৱস্থা কেন্দ্রিক আছিল আৰু দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তী সময়ত স্বাধীনতা প্রাপ্ত ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত এই দৃষ্টিভংগীটো প্রয়োগ কৰাত ফলপ্রসূ প্রমাণিত হৈছিল। এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নৰ ওপৰত আৰোপ কৰা গুৰুত্বই তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ প্ৰকৃতিৰ পৰিৱর্তন ঘটনাইছে। এনেদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে আধুনিক তুলনামূলক ৰাজনীতি পৰম্পৰা অধ্যয়ন পদ্ধতিৰ পৰা বহু পৰিমাণে পৃথক। আধুনিক তুলনামূলক ৰাজনীতিয়ে ইয়াৰ অধ্যয়ন আৰু বিশ্লেষণৰ আহিলাসমূহ পুনৰ নিৰ্ণীত কৰিছে। ফলস্বৰূপে তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ বিষয়বস্তুসমূহ যথেষ্টভাৱে সম্প্ৰসাৰিত হৈছে। অধ্যয়ন পদ্ধতিৰ পৰিৱৰ্তন হৈছে আৰু অধ্যয়নৰ প্রকৃতি অধিক বোধগম্য হৈ পৰিছে। এনেদৰেই বাস্তৱবাদৰ প্ৰতি কৰা এক অনুসন্ধান আধুনিক তুলনামূলক ৰাজনীতিৰ প্ৰধান বৈশিষ্ট্যস্বৰূপ হৈ পৰিছে।

৬। তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। [Discuss about the scope of Study of Comparative Politics.]

উত্তৰঃ তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰ অধিক বিস্তৃত। ই প্রক্রিয়া, সিদ্ধান্ত গ্রহণ আৰু কৰ্তৃত্বৰ প্ৰয়োগ আদি সকলোখিনিকে সামৰি লয়। তুলনামূলক ৰাজনীতি অধ্যয়ন ‘কেৱল সংবিধানভুক্ত সংস্থাসমূহৰ সংগঠন, আচৰণ তথা কার্যকলাপৰ অধ্যয়নৰ লগত যে জড়িত এনে নহয়, বৰং চৰকাৰী সংস্থাবিলাকৰ লগত তাৎক্ষণিকভাৱে সম্পর্কিত সংবিধান বহির্ভূত সংগঠনসমূহৰ অধ্যয়নকো ই সামৰি লয়। বিভিন্ন ৰাজনৈতিক অনুষ্ঠানসমূহৰ কাৰ্যকলাপ সম্বন্ধে তুলনামূলক আভাস ই প্ৰদান কৰে। ৰাজনৈতিক পদ্ধতিসমূহৰ আইন প্রণয়ন, আইন কাৰ্যকৰীকৰণ, এইবিলাক বৈধ্যতা বিচাৰকৰণৰ লগতে সংবিধান বহির্ভূত সংগঠনসমূহ ৰাজনৈতিক আৰু অন্যান্য প্রভাৱগোষ্ঠী, স্বার্থান্বেষী গোটবিলাকৰ কাৰ্যকলাপসমূহকো সামৰি লয়। এই তুলনামূলক ৰাজনীতি অধ্যয়নে বিভিন্ন বাজনৈতিক পদ্ধতিসমূহৰ ৰাজনৈতিক কার্যকলাপবিলাকৰ অধ্যয়ন তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ প্ৰধান পৰিসৰ।

বৰ্তমানৰ আমাৰ ৰাজনৈতিক জীৱনত ক্ষমতা আহৰণৰ কাৰণে এখন সংগ্রাম অহৰহভাৱে চলিয়েই আহিছে আৰু এই সংগ্রামখনত কেৱল যে ৰাজনৈতিকভাৱে সম্ভ্রান্ত শ্রেণীটোৱেই জড়িত এনে নহয়, বৰং অনা-চৰকাৰী সম্ভ্রান্ত লোক আৰু সাধাৰণ জনতাও সক্রিয় অংশীদাৰস্বৰূপ হৈ পৰিছে। ৰাজনৈতিক কার্যকলাপ হৈছে এনে এক কাৰ্য যিয়ে নেকি সংঘাতৰ সূচন কৰে। এনেধৰণৰ সংঘাত মষিমূৰ কৰা উচিত আৰু লগতে এনে কাৰ্যকলাপৰ প্ৰৰোচনাত যাতে বৰ্তি থকা ৰাজনীতিত হেঙাৰ আহি নপৰে তাৰো নিশ্চয়তা প্রদান কৰিব লাগে। এনেদৰেই উত্তেজনা প্রশমন ঘটোৱাটো ৰাজনৈতিক কার্যকলাপৰ প্ৰধান কার্য।

ৰাজনৈতিক ক্ষমতা তুলনামূলক ৰাজনীতি অধ্যয়নৰ আন এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। ৰাষ্ট্ৰৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ লগত জড়িত সকলোকে “ৰাজনৈতিক প্রক্রিয়া” অভিধাটোৱে সামৰি লয়। এনেধৰণৰ প্ৰতিটো ৰাজনৈতিক প্রক্রিয়াই ৰাজনৈতিক কার্যকলাপৰ লগত নিবিড়ভাবে সম্পর্কিত। এই প্রক্রিয়াটোৰে লগত কেৱল ৰাষ্ট্ৰই নহয়, বৰং অৰাষ্ট্ৰীয় সংস্থাসমূহো জড়িত আৰু ইয়াৰ ফলস্বৰূপে তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসব অধিক বিস্তৃত হৈ পৰিছে। ৰাজনৈতিক ক্ষমতাৰ অধ্যয়ন তুলনামূলকৰাজনীতি অধ্যয়নৰ এটা গুৰুত্বপূর্ণ পৰিসৰ তুলনামূলক ৰাজনীতৰ অধ্যয়নত ই এক মৌলিক অৱধাৰণা । ৰাজনৈতিক ক্ষমতা হৈছে ভীতি প্রদর্শন নতুবা অন্যান্য ৰূপত অনুমোদনৰ জৰিয়তে এজন ব্যক্তিয়ে আনৰ আচৰণৰ ওপৰত প্ৰভাৱ পেলোৱাৰ স্বাৰ্থতো ৰাষ্ট্ৰৰ নিয়ন্ত্রণক গোট বা যন্ত্ৰই ৰাজনৈতিক ক্ষমতাৰপ্ৰয়োগ তথা উপভোগ কৰে। এনেধৰণৰ ক্ষমতাৰ লগত কর্তৃত্ব ওতপ্রোতভাৱে সম্পর্কিত। তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ ক্ষেত্ৰত “ৰাজনীতি” অভিধানটোৰ অভিজ্ঞতাবাদী ধাৰা থকা পৰিলক্ষিত হয়। ক্ষমতা আহৰণৰ লগতে ইয়াক কেনেদৰে ব্যৱহাৰ আৰু প্ৰয়োগ কৰিব পাৰি তাৰ বৰ্ণনা আৰু বিশ্লেষণ আগবঢ়োৱাৰ লগতে ৰাজনীতিৰ অভিজ্ঞতাবাদী ধাৰাটো জড়িত। যিহেতু ৰাজনীতি সামগ্রিকভাৱে কার্যকলাপ, ৰাজনৈতিক প্ৰক্ৰিয়া আৰু ৰাজনৈতিক ক্ষমতাৰ লগত জড়িত থাকে। গতিকে তেনে ক্ষেত্ৰত তুলনামূলক ৰাজনীতি হৈছে ৰাজনৈতিক সংগঠনসমূহৰ স্বৰূপ, ইবিলাকৰ বিকাশ, পাৰস্পৰিক সম্পৰ্ক ভিন্নতা আৰু আহিৰ পৰিৱৰ্তনৰ অধ্যয়ন। সেয়ে তুলনামূলক ৰাজনীতি অধ্যয়নত ছাত্ৰ এজনে ৰাজনৈতিক সংগঠন আৰু ৰাজনৈতিক পদ্ধতিবিলাকৰ অধ্যয়নৰ লগত নিজকে জড়িত কৰিব লাগে যাতে সিবিলাকৰ ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰে সাম্প্ৰতিক কালৰ সকলো লেখকৰ বৰঙনিকে সামৰি লয়। প্ৰক্ৰিয়াৰ অধ্যয়নক অন্তৰ্ভুক্ত কৰি লোৱাৰ ফলত সংকীর্ণতাৰ অৱসান ঘটি তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ক্ষেত্ৰৰ পৰিসৰ যথেষ্ট বিস্তৃত হৈ পৰিছে। দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত স্বাধীনতা লাভ কৰা তৃতীয় বিশ্বৰ দেশবিলাকৰ অধ্যয়নক্ষেত্রসমূহে তুলনামূলক ৰাজনীতিক অত্যাধুনিকীকৰণ কৰি তোলাত অনবদ্য বৰঙনি যোগাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰ “সমাজ বিজ্ঞান গৱেষণা পৰিষদ”ৰ তুলনামূলক ৰাজনীতিৰ সন্দৰ্ভত সমিতি নামৰ সংগঠন দুটাই তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ বিকাশত প্রভূত বৰঙনি যোগাইছে।

তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰ সন্দৰ্ভত ছিডনী ভাৰ্বাই মত দিছে যে সমসাময়িক তুলনামূলক ৰাজনীতিত বৰ্ণনাৰ পৰিৱৰ্তে অধিকভাৱে সংগতিপূর্ণ সমস্যাৰ ওপৰত আলোকপাত কৰিব লাগে। ভাৰ্বাই লগতে এইটোও স্পষ্ট কৰি দিছে যে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰসমূহত কেন্দ্ৰীভূত হৈ নাথাকি এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ নতুন নতুন ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ অধ্যয়নকো সামৰি ল’ব লাগে।

৭। তুলনামূলক ৰাজনীতি অধ্যয়নৰ উদ্দেশ্যসমূহ উল্লেখ কৰা। [Mention the objectives of the study of Comparative Politics.]

উত্তৰঃ সমাজ বিজ্ঞানৰ অন্যান্য বিষয়বিলাকৰ দৰে তুলনামূলক ৰাজনীতি অধ্যয়নৰো কেতবোৰ উদ্দেশ্য আছে। এই উদ্দেশ্যসমূহ তলত উল্লেখ কৰা ধৰণৰ।

(ক) চৰকাৰ আৰু ৰাজনীতি সম্পর্কে শুদ্ধভাৱে প্ৰমাণ কৰিব পৰা জ্ঞান আহৰণ কৰা যিহেতু যিকোনো ধৰণৰ বৈজ্ঞানিক বিশ্লেষণ সত্যৰ ভিত্তিত প্রতিষ্ঠিত, গতিকে তুলনামূলক ৰাজনীতি অধ্যয়নৰ জৰিয়তে চৰকাৰ আৰু ৰাজনীতি সম্পর্কে এনেকুৱা জ্ঞান আহৰণ কৰিব লাগে,যিবিলাক সত্য আৰু শুদ্ধ প্ৰমাণ বুলি ক’ব পাৰি।

(খ) তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ জৰিয়তে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ ৰাজনৈতিক ব্যৱস্থাৱলীসমূহৰ বিষয়ে জ্ঞান আহৰণ কৰাত সহায়ক হয়। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ ৰাজনৈতিক ব্যৱস্থালীসমূহৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য দেখিবলৈ পাওঁ। বিশেষকৈ গাঁথনিগত আৰু কাৰ্যগত দিশৰ পৰা বিভিন্ন ৰাজনৈতিক ব্যৱস্থাবিলাকৰ মাজত যথেষ্ট প্রভেদ পৰিলক্ষিত হয়। বিশ্বত এনে কেতবোৰ ৰাজনৈতিক ব্যৱস্থা আছে যিবিলাক গাঁথনিত দিশৰ পৰা একে হ’লেও কাৰ্যগত দিশৰ পৰা যথেষ্টখিনি প্রভেদ দেখা যায়। উদাহৰণ স্বৰূপে, ভাৰতৰ সংসদীয় চৰকাৰ ব্যৱস্থাৰলগত ইংলেণ্ডৰ সংসদীয় চৰকাৰ ব্যৱস্থাৰ গাঁথনিগতভাবে সাদৃশ্যতা থাকিলেও কার্যগত দিশৰপৰা বিশ্লেষণ কৰি চালে কোনো ধৰণৰ ব্যৱহাৰিক সাদৃশ্য দেখিবলৈ পোৱা নাযায়।

(গ) বিশ্বৰ উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ মাজৰ স্পষ্ট আর্থ সামাজিক বৈষম্যসমূহক আঙুলিয়াইদি তুলনামূলক ৰাজনীতিৰ অধ্যয়নে এক সর্বজনীন ৰূপ লাভ কৰিছে। সমসাময়িক তুলনামূলক ৰাজনীতিৰ লেখকসকলে এনে সমস্যাসমূহৰ ওপৰত বিশেষভাৱে আলোকপাত।

(ঘ) সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ৰাজনৈতিক সামাজিকীকৰণ, ৰাজনৈতিক আধুনিকীকৰণ, ৰাজনৈতিক অংশগ্রহণ, ৰাজনৈতিক সংস্কৃতি আদি গুৰুত্বপূৰ্ণ অভিধাসমূহৰ অধ্যয়নৰ জৰিয়তে বিশ্বৰ বিভিন্ন ৰাজনৈতিক ব্যৱস্থাৱলী সমূহৰ অন্তৰ্ভুক্ত ৰাজনৈতিক সংগঠনসমূহৰ সফলতা বা বিফলতাসমূহৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি। কিয়নো প্ৰতিটো ৰাজনৈতিক ব্যৱস্থাতে উপৰিউক্ত প্ৰক্ৰিয়াসমূহৰ মাজৰ ভিন্নতা পৰিলক্ষিত হয়।

(ঙ) তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ জৰিয়তে কোনো ঘটনাৰ গতিধাৰা আৰু ইয়াৰ পৰিণাম সন্দৰ্ভত ভবিষ্যতবাণী কৰাত সহায়ক হয়। অৱশ্যে ই এক বিতর্কমূলক বিষয় হিচাপে পৰিগণিত হৈছে। 

(চ) তুলনামূলক-চৰকাৰ আৰু ৰাজনীতিৰ অধ্যয়নে বিশ্বৰ বিভিন্ন দেশৰ ৰাজনৈতিক ব্যৱস্থাৱলী, ইবিলাকৰ ৰাজনৈতিক অনুষ্ঠানসমূহ, ৰাজনৈতিক সংস্কৃতি আৰু ৰাজনৈতিক আচৰণ আদিক বিশদভাৱে অধ্যয়ন কৰাৰ সুযোগ প্রদান কৰে।

(ছ) ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ নিচিনাকৈ তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ ক্ষেত্ৰতো আন্তঃবৈষয়িক দৃষ্টিভংগীৰ প্ৰভাৱ পৰিলক্ষিত হয়। এইটো নিশ্চয় সকলোৰে জ্ঞাত যে কোনো এখনৰাষ্ট্ৰৰ ৰাজনৈতিক প্রক্রিয়াক সামাজিক প্ৰসংগত পূর্ণপৰ্যায়ত অধ্যয়ন কৰাটো সম্ভৱপৰ নহয়। সমসাময়িক তুলনামূলক ৰাজনীতি আৰু সমাজৰ মাজৰ দৃশ্যমান আন্তঃক্ৰিয়াৰ দিশটোক ৰক্ষা কৰা হয় বিভিন্ন আন্তঃবৈষয়িক দৃষ্টিভংগী প্ৰয়োগৰ জৰিয়তে আৰু স্বাভাৱিকতে ইয়েই তুলনামূলক ৰাজনীতিৰ গতিশীলতাত এক নতুন দিশৰ উন্মেষ ঘটাইছে।

(জ) তুলনামূলকৰাজনীতিৰ অধ্যয়নত ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক পাৰিপাৰ্শ্বিকতাৰ বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা ৰাষ্ট্ৰৰ সামাজিক গাঁথনি, ভৌগোলিক অৱস্থিতি শিক্ষা ইতিহাস আৰু অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰত্যেক ৰাজনৈতিক ব্যৱস্থাৰ মাজত ভিন্নতা পৰিলক্ষিত হয়। আন কথাত তুলনামূলক ৰাজনীতিৰ অধ্যয়নে বিভিন্ন ৰাজনৈতিক ব্যৱস্থাৰ সফলতা বা বিফলতাৰ আঁৰত অন্তর্নিহিত থকা কাৰকসমূহক বিতংভাৱে পর্যালোচনা কৰাৰ প্ৰয়াস কৰে। আৰু এনে ধৰণৰ অধ্যয়নে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ক্ষেত্ৰত এক নতুন গতিশীলতা প্রদান কৰে।

৮। তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্ৰমবিকাশ সম্পর্কে বহলাই আলোচনা কৰা। [Discuss in detail the growth and development of Comparative study of Politics.]

উত্তৰঃ প্রথম পর্যায় : তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্ৰমবিকাশৰ প্ৰথমটো পৰ্যায় এৰিষ্ট’টলৰ সময়ৰে পৰাই আৰম্ভ হোৱা বুলি ঠাৱৰ কৰিব পাৰি। গ্রীক দার্শনিক এৰিষ্ট’টলে সমসাময়িক গ্ৰীচৰ নগৰ ৰাষ্ট্ৰবিলাকত সংঘটিত হোৱা বিপ্লৱৰ কাৰণসমূহ বিচাৰি ১৫৮ খন নগৰ ৰাষ্ট্ৰ সংবিধান অধ্যয়ন কৰিছিল। এই ক্ষেত্ৰত তেওঁ চৰকাৰৰ প্ৰকৃতি আৰু পদ্ধতি অধ্যয়ন কৰাৰ কাৰণে বিভিন্ন তূলনামূলক কৌশল ব্যৱহাৰ কৰিছিল। তেওঁ সমসাময়িক গ্ৰীচৰ ১৫৮ খন ৰাষ্ট্ৰ সংবিধান অধ্যয়ন কৰি আৰ্জন কৰা জ্ঞানৰ ওপৰত ভিত্তি কৰিয়েই চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছিল। দুটা নীতিৰ ওপৰত ভিত্তি কৰি ইয়াৰে প্ৰথমটো শাসনৰ দায়িত্বত থকা লোকৰ সংখ্যা আৰু দ্বিতীয়টো শাসকসকলে কি উদ্দেশ্যেৰে শাসন কার্য পৰিচালনা কৰে। প্ৰথমটো নীতি অর্থাৎ সংখ্যা নীতি অনুসৰি তেওঁ চৰকাৰক ৰাজতন্ত্র, অভিজাততন্ত্ৰ আৰু সংস্থাতন্ত্র এই তিনি শ্রেণীত বিভক্ত কৰিছে।

আকৌ দ্বিতীয় নীতি অর্থাৎ উদ্দেশ্য নীতিৰ ওপৰত ভিত্তি কৰি তেওঁ চৰকাৰবোৰক স্বাভাৱিক আৰু বিপথগামী এই দুটা ভাগত বিভক্ত কৰিছে। যদি নিজৰ তথা জনসাধাৰণৰ মংগলৰ হয়। আনহাতে, শাসকসকলে যদি জনসাধাৰণৰ কল্যাণক অৱহেলা কৰি কেৱল নিজৰ স্বাৰ্থ পূৰণৰ বাবে শাসনকার্য পৰিচালনা কৰে তেতিয়াহ’লে সেই চৰকাৰক বিপথগামী চৰকাৰ বোলা হয়। এৰিষ্ট’টলৰ ওপৰত উল্লেখ কৰা দুয়োটা নীতি প্ৰয়োগ কৰি চৰকাৰক তলত দিয়া তালিকাখনৰ দৰে ছয় ভাগত বিভক্ত কৰিছে―

শাসকৰ সংখ্যাউৎকৃষ্ট চৰকাৰবিকৃত ৰূপৰ নিকৃষ্ট চৰকাৰ
এজনৰাজতন্ত্রস্বেচ্ছাচাৰী
কিছুসংখ্যাকঅভিজাততন্ত্রধনতন্ত্র
অধিক সংখ্যকপলিটিগণতন্ত্র

এৰিষ্ট’টলে উপৰিউক্ত ৰাজনৈতিক পদ্ধতিসমূহৰ কাৰ্যকলাপসমূহ গভীৰভাৱে অধ্যয়ন কৰিছিল। লিপছেটেৰ মতে এৰিষ্টটলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানটো এয়ে যে তেওঁ শ্ৰেণী গোষ্ঠী আৰু সন্তোলনৰ ওপৰত দি ৰাজনৈতিক ব্যৱস্থাৰ স্থিৰতা সম্পর্কে অধ্যয়ন কৰিছিল। প্রথম বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত মাণ্টেচকু, জে. এছ. মিল, ই.এ. ফ্রিমেন,

জেমচ ব্রাইচে তুলনামূলক অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল । ধৰপদী চিন্তাবিদসকলৰ ভিতৰত অন্তিমজন প্রতিনিধি হিচাপে লর্ড ব্ৰাইচ গ্ৰন্থখনত পৃথিৱীৰ বিভিন্ন দেশৰ ৰাজনৈতিক অনুষ্ঠানবিলাকৰ পৰীক্ষামূলক অধ্যয়ন আগবঢ়াইছে। চৰকাৰ আৰু ৰাজনীতিৰ অধ্যয়ন কৰিবলৈ বিভিন্ন নতুন পদ্ধতিৰ আবিৰ্ভাৱ হৈছে, যাৰ জৰিয়তে ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকবিলাকক সূক্ষ্মভাৱে বিশ্লেষণ কৰিব পাৰি। গতিকে এৰিষ্ট’টল, মেকিয়াভেলী, লর্ড ব্রাইচ, মান্টেছকিউ, টকোভেলি আদি লেখকসকলক তুলনামূলক ৰাজনীতিৰ বিকাশৰ প্ৰথম পৰ্যায়ৰ লেখক বুলি অভিহিত কৰিব পাৰি। ১৬ শতিকাত ফিমেন আৰু জন বড়িনে এৰিষ্ট ‘টল আৰু মেকিয়াভেলীৰ পৰা বহুতো সমল আহৰণ কৰিছিল। তেওঁলোকে প্ৰধানকৈ ইউৰোপীয় ৰাষ্ট্ৰবিলাকৰ চৰকাৰৰ অধ্যয়নৰ ওপৰত মনোনিৱেশ কৰিছিল।

অষ্টাদশ শতিকাত মণ্টেস্কুয়ে তুলনামূলক পদ্ধতিৰ প্ৰয়োগৰ জৰিয়তে আইন আৰু ৰাজনীতি সন্দৰ্ভত তত্ত্ব উদ্ভাৱন কৰিছিল। তেওঁ ৰাজনৈতিক স্বতন্ত্ৰতা আৰু ইয়াক সংৰক্ষিতকৰণৰ বাবে ক্ষমতাৰ পৃথকীকৰণ তত্ত্বৰ প্ৰৱৰ্তনৰ পোষকতা কৰিছিল। ১৮ আৰু ১৯ শ শতিকাত মেক্রিডিছয়ে তুলনামূলক আলোচনাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল। এই ক্ষেত্ৰত আগষ্ট কট, ডাৰখেইম প্রভৃতি সমাজতত্ত্ববিদসকলৰ লিখনীয়ে পৰোক্ষভাৱে অৰিহণা যোগাইছে। অপশ্চিমীয়া বাষট্বিঅলাকৰ দার্শনিকসকলক ৰুছৰ ৰমন্যাসবাদে নতুন চিন্তাধাৰাৰ প্ৰতি আকৃষ্ট কৰি তুলিছিল। কার্লমাক্সৰ তত্ত্বমূলক আলোচনাৰ জৰিয়তে আৰ্থ সামাজিকভিত্তি প্রসংগত বাজনৈতিক ব্যৱস্থাৱলীৰ তুলনামূলক বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এক আদৰ্শগত অনুষ্ঠান যাতে গঠন কৰিব পাৰি তাৰ বাবে তুলনামূলক ৰাজনীতি অধ্যয়নৰ লেখকসকলে “আধাৰ সামগ্ৰী আৰু সামগ্ৰীৰ ভিত্তিত ৰাজনৈতিক পৰিঘটনাসমূহ অধ্যয়ন কৰিব বিচাৰিছিল। এই ক্ষেত্ৰত তেওঁলোকে তুলনামূলক পদ্ধতি অনুসৰণ কৰিছিল।

দ্বিতীয় পর্যায় : তুলনামূলক ৰাজনীতি অধ্যয়নৰ দ্বিতীয় পৰ্যায়ত নৈতিক অনুষ্ঠানসমূহ অধ্যয়ন কৰাৰ ওপৰত গভীৰভাৱে আলোকপাত কৰা হৈছিল এই সময়ছোৱাত তুলনামূলক ৰাজনীতি অধ্যয়নত চৰকাৰী সংগঠনবিলাকৰ অধ্যয়নৰ দৃষ্টিভংগীসমূহ অধিক বাস্তবধর্মী আৰু তুলনাসমূহ অধিক জটিল আছিল। এই সময়ছোৱাত সমস্যাৰাজি অধ্যয়নতে সীমাবদ্ধ নাথাকি কেতবোৰ আন্তঃসাংস্কৃতিক অধ্যয়ন আৰু ইয়াৰ লগত জড়িত আনুধংগিক সমস্যাসমূহৰ বিশ্লেষণৰ লগতো জড়িত হৈ পৰিছিল। 

এই পৰ্যায়ত ফ্রেডৰিক হাৰমেন ফাইনাৰ [Theory and Practise of Modern Government”, “Constitutional Government and Politics” কার্ল ফ্রেডৰিক “Constitutional Government and Democracy” ই.এম.চেইটৰ “Political Institution A Practice গ্ৰন্থকেইখন চৰকাৰে গঠন আৰু পদ্ধতি তুলনামূলক বিশ্লেষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙনি যোগাইছে। তুলনামূলকভাৱে ৰাজনীতিৰ বিৱৰ্তনৰ এই সময়ছোৱাত মণ্টেস্কুৰ Spirit of Laws” শীর্ষক গ্ৰন্থখনে আমেৰিকা, ফ্লাগ আদিকে ধৰি অন্যান্য পশ্চিমীয় ৰাষ্ট্ৰসমূহৰ সংবিধান প্রণয়নৰ প্ৰক্ৰিয়াটো গভীৰভাৱে প্ৰভাৱান্বিত কৰিছিল। ডি টকোভেলিৰ Democracy in America” শীর্ষক গ্রন্থখনো তুলনামূলক ৰাজনীতি অধ্যয়নৰ বিৱৰ্তনৰ ক্ষেত্ৰত এক প্ৰসংশনীয় পদক্ষেপ হিচাপে অভিহিত কৰিব পাৰি। 

তুলনামূলক পদ্ধতিৰ বিকাশৰ ক্ষেত্ৰত সমাজ শাস্ত্র প্রবক্তা আগষ্ট কমটে এক বলিষ্ঠ ভূমিকা গ্রহণ কৰিছিল। জার্মানী “School of Historical Jurisprudence” ত তুলনামূলক অধ্যয়ন এক অপৰিহার্য অংশ হিচাপে বিবেচনা কৰা হৈছে। ১৯ শতিকাত কার্লমার্ক্সও তুলনামূলক অধ্যয়নৰ ক্ষেত্ৰত বহু তত্ত্বগধুৰ মৌলিক অবদান আগবঢ়াই থৈ গৈছে। তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্রমবিকাশৰ এই পর্যায়তেই ৰাজনৈতিক চিন্তাবিদসকলে প্রাচীন গ্রীচ, আমেৰিকা যুক্তৰাষ্ট আৰু উদাৰ গণতান্ত্রিক ৰাষ্ট্ৰবিলাকৰ চৰকাৰসমূহৰ কার্য কলাপ তথা কাৰ্যকৰী যন্ত্র বিষয়ে ভালদৰে বোধগম্য হ’ব পৰাকৈ তুলনামূলক পদ্ধতি গুয়োগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। যি কি নহওক, তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্ৰমবিকাশৰ দ্বিতীয়টো পৰ্যায়ত থোৰতে নিম্নোক্ত, বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়—

(১) এই সময়ছোৱাত ৰাজনৈতিক প্ৰক্ৰিয়াবোৰক সম্পূর্ণৰূপে আওকাণ কৰি আনুষ্ঠানিক সংগঠনবিলাকৰ অধ্যয়নৰ ওপৰতহে যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছিল।

(২) এই পর্যায়ত তুলনামূলক ৰাজনীতিৰ অধ্যয়নত পশ্চিম ইউৰোপীয় ৰাজনৈতিক ব্যৱস্থাসমূহৰ অধ্যয়নৰ ওপৰতহে গুৰুত্ব দিয়া হৈছিল আৰু পাশ্চাত্যবাদী ৰাজনৈতিক ব্যৱস্থাসমূহক আওকাণ কৰা হৈছিল। 

(৩) এই সময়ছোৱাত ৰাষ্ট্ৰ বিশেষহে অধ্যয়ন কৰা হৈছিল। ৰাষ্ট্ৰবলাকৰ মাজৰ কোনোধৰণৰ সাদৃশ্য-বৈশাদৃশ্য বিচাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিল।

(৪) এই সময়ছোৱাত তত্ত্বৰ বিকাশৰ কাৰণে প্ৰয়োজন হোৱা প্ৰকল্প নিৰ্মাণৰ কাৰণে তথ্য সংগ্ৰহ আৰু বিশ্লেষণ হোৱা নাছিল। 

তৃতীয় পর্যায় : ৰাজনীতি বিজ্ঞানৰ আলোচনাত তুলনামূলক ৰাজনীতিৰ অধ্যয়নে দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ৰ পৰাহে এক আন্দোলন হিচাপে গুৰুত্ব লাভ  কৰিছে। এই সময়ছোৱাত অপশ্চিমীয়া ৰাজনৈতিক পদ্ধতিৰ আধাৰ সামগ্রী সংগ্ৰহ, আমেৰিকাৰ আচৰণবাদী বিপ্লৱৰ অভূতপূর্ব বিকাশ, সংস্কৃতি আৰু ব্যক্তিত্বৰ নেতৃত্ব বিষয়ক আৰু মনোবৈজ্ঞানিক তত্ত্ব, সমাজবৈজ্ঞানিক তত্ত্ব, ঐতিহাসিক সমাজশাস্ত্ৰৰ ধাৰণা আদিৰ সৃষ্টিয়ে তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্ৰমবিকাশৰ তৃতীয়টো স্তৰক গভীৰভাৱে প্ৰভাৱান্বিত কৰিছিল। ৫০ ৰ দশকত আধুনিক ৰাজনৈতিক চিন্তাবিদসকলে এছিয়া, আমেৰিকা আদি দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ অধ্যয়নৰ জৰিয়তে তুলনামূলক ৰাজনীতিৰ অত্যাধুনিকীকৰণত যথেষ্ট বৰঙনি যোগাইছিল। 

এনেধৰণৰ অধ্যয়নৰ জৰিয়তে এইচাম লেখকে বত্তিগতভাৱে আমেৰিকা আৰু ইউৰোপীয় ৰাজনীতি বিজ্ঞানীসকলক তীব্র প্রত্যাহ্বান জনাইছিল। এই সময়ছোৱাত আমেৰিকাৰ সমাজবিজ্ঞান গবেষণা পৰিষদে গঠন কৰি দিয়া তুলনামূলক ৰাজনীতি অধ্যয়নৰ জৰিয়তে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ক্ৰমবিকাশৰ ক্ষেত্ৰত অভূতপূর্ব বৰঙনি যোগাইছিল। ঔপনিবেশিকতাবাদৰ অৱসানৰ পিছত নতুনকৈ উন্মেষ ঘটা ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক উন্নয়ন [Political Development] সমস্যা আৰু অপাচাত্যবাদী বিশ্বৰ ৰাজনৈতিক পদ্ধতিবিলাকৰ ওপৰত সবিশেষ অধ্যয়নৰ কাৰণে এই সমিতিখনে কেতবোৰ নতুন তাত্বিক আৰু পদ্ধতিগত দৃষ্টিভংগীৰ উন্মেষ ঘটাইছিল। তদুপৰি তুলনামূলক ৰাজনীতিৰ 

এক অধিক সর্বজনীন ৰূপ গঢ়ি তোলাৰ ক্ষেত্ৰত সমিতিখনে প্রয়োজনীয় পর্যায়সমূহৰ বিষয়ে উল্লেখ কৰিছিল। তুলনামূলক ৰাজনীতিৰ অধ্যয়ন অধিক অভিজ্ঞতাবাদী হৈ পৰাৰ লগতে তত্ত্ব গঠন, উন্নীতকৰণৰ ওপৰত বিশষভাৱে গুৰুত্ব আৰোপ কৰিছিল। আমেৰিকাৰ ৰাজনৈতিক চিন্তাবিদসকলে তেওঁলোকৰ ধাৰণা, চিন্তাসমূহক বাস্তৱায়িতকৰণৰ বাবে এক গৱেষণাগাৰৰ অনুসন্ধান চলাইছিল আৰু এই গৱেষণাস্থলৰ তেওঁলোকে সন্ধান পাইছিল। দ্বিতীয় মহাসমৰৰ পাছত নতুনকৈ স্বাধীনতা লাভ কৰা এছিয়া, আফ্রিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰবিলাকৰ মাজত এই নতুনকৈ স্বাধীনতা প্ৰাপ্ত ৰাষ্ট্ৰসমূহৰ দৰেই আছিল। দ্বিতীয় বিশ্বযুদ্ধই (১৯৩৯-১৯৪৫) পৰম্পৰাগত আৰু আধুনিক তুলনামূলক ৰাজনীতিৰ মাজত এক বৃহৎ বিভাজনৰ সূচনা কৰিছিল ৷ তুলনামূলক ৰাজনীতিৰ অধ্যয়ন পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ পৰা তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহলৈ পর্যবসিত হোৱাৰ পৰিণতি স্বৰূপে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন সাংস্কৃতিক সীমাযুক্ত অধ্যয়নৰ পৰা আন্তঃ সাংস্কৃতিকলৈ ৰূপান্তৰিত হৈছিল। তদুপৰি তত্ত্ব গঠনৰ বৰ্ণনাৰ ওপৰতো তুলনামূলক ৰাজনীতিৰ অধ্যয়নত যথোচিত গুৰুত্ব দিয়া হৈছিল আৰু ই আধুনিক তুলনামূলক ৰাজনীতিৰ দ্বিতীয় গুৰুত্বপূর্ণ বৈশিষ্ট্য হিচাপে পৰিগণিত হৈছিল।

এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে দ্বিতীয় মহাসমৰৰ পৰৱর্তী সময়ৰ কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত আলোকপাত কৰি হেৰল্ড লাছৱেল, আৰ, বেনেডিক্ট, আৰ লিংটন প্রভৃতি অৰ্জন কৰিছিল।

আধুনিক তুলনামূলক ৰাজনীতিয়ে আনুষ্ঠানিক গাঁথনি আৰু বিধিগত প্ৰক্ৰিয়াৰ আওতাৰ বাহিৰত গৈ কেতবোৰ অৱধাৰণা উন্নীতকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব। বিভিন্ন ৰাষ্ট্ৰবিলাকৰ একধর্মী কার্যকলাপ আৰু আচৰণৰ আহি মূল্যায়ন কৰিবৰ কাৰণে তুলনামূলক ৰাজনীতিৰ অধ্যয়নত এক অভিধা ভাষাৰ উদ্ভাৱন ঘটিছে। সাম্প্রতিক তুলনামূলক ৰাজনীতিৰ অধ্যয়নত অভিধাৰ পৰিৱৰ্তে কাৰ্য, পদৰ পৰিৱৰ্তে ভূমিকা আৰু অনুৰূপ ধৰণে সংস্থা অভিধাটোৰ পৰিৱর্তে গাথনি অভিধা প্রয়োগ কৰাৰ ওপৰত গুৰুত্ব দিছে। উচ্চ মানদণ্ডৰ তত্ত্ব আধুনিক তুলনামূলক ৰাজনীতিৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।

দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত তুলনামূলক ৰাজনীতিৰ অধ্যয়ন এক নতুন কাঠামোৰ মাজত সম্পাদন কৰা হৈছে আৰু এই কাঠামোটোক “ক্ষেত্র অধ্যয়ন” নামেৰে জনা যায়। ক্ষেত্র অধ্যয়ন কোনো এক অঞ্চল বা এলেকাৰ ইতিহাস, ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনৈতিক আৰু তুলনামূলক ব্যৱস্থাৰ সংক্ষিপ্ত অধ্যয়নৰ লগত জড়িত। এই সময়ছোৱাত তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ ক্ষেত্ৰত ব্যৱহাৰ পদ্ধতিবিলাকত ৰাজনৈতিক সমাজশাস্ত্ৰই যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছিল। ৰাজনৈতিক বিশ্লেষণমূলক অধ্যয়নৰ কাৰণে ই বহু ধাৰণা আৰু কৌশলৰ সূচনা কৰিছে। যিয়েই গোটেই বিষয়টো অধ্যয়নত এক নতুন অন্তর্দৃষ্টি প্রদান কৰিছে। এনেকুৱা পদ্ধতি আৰু কৌশলৰ জৰিয়তে পাশ্চাত্য আৰু অপাশ্চাত্য সকলো দেশৰে ৰাজনৈতিক বিশ্লেষণ আগবঢ়াব পাৰি। লেখকসকলে বিভিন্ন আন্তঃসম্পর্কীত ধাৰণাৰ ব্যৱহাৰৰ জৰিয়তে তুলনামূলক বিশ্লেষণ আগবঢ়াইছে। উদাহৰণস্বৰূপে ডেভিদ ইষ্টনে উপকৰণ উপপাদ,দাবী, সমর্থন, পৰিৱেশ তথ্য আৰু অভিজ্ঞতা প্ৰেৰণ আদি শব্দ ব্যৱহাৰ কৰিছে। তেনেদৰে আলমণ্ডে উপপাদ, আৰু উপকৰণমূলক কাৰ্যৰ এখন বেলেগ তালিকা দিছে। আনহাতে ডয়েটছে স্বায়ত্তশাসন, স্মৃতি, বোজা, গ্রাহক যোগাযোগ আদি বিভিন্ন শব্দৰ ব্যৱহাৰৰ জৰিয়তে সৰ্বজনীনতা লাভ কৰিবলৈ বিচাৰিছে।

৯। তুলনামূলক ৰাজনীতিত কি নতুন পৰিৱৰ্তন হৈছে তাৰ সম্পর্কে বর্ণনা কৰা [Describe the New changes in Comparative Politics.]

উত্তৰঃ আলমণ্ডৰ মতে দ্বিতীয় মহাসমৰৰ পিছত তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ক্ষেত্ৰত কেতবোৰ পৰিৱৰ্তন আহিছে যাক তেওঁ তলত দিয়া ধৰণে উল্লেখ কৰিছে। 

(ক) অধিক ব্যাপক পৰিসৰ : সমসাময়িক তুলনামূলক ৰাজনীতিৰ পৰিসৰ অধিক ব্যাপক হ’ব বিচাৰে, যাৰ অধ্যয়নক্ষেত্রই অ-পাশ্চাত্য দেশৰ ৰাজনৈতিক ব্যৱস্থা আৰু গাঁথনিকো সামৰি লয়। 

(খ) বাস্তৱতাৰ প্ৰতি গঢ় লৈ উঠা প্ৰৱণতা : বাস্তবতাৰ প্রতি গঢ় লৈ উঠা প্ৰৱণতাই এইটো বুজায় যে তুলনামূলক চৰকাৰৰ পৰিসৰ আনুষ্ঠানিকতাবাদৰ পৰা প্ৰক্ৰিয়ামূলক আৰু আচৰণমূলক অধ্যয়নলৈ গতি কৰিছে।

(গ) অধিক সঠিক আৰু স্পষ্ট : সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়ন অধিক সঠিক আৰু স্পষ্ট হ’ব বিচাৰে। ৰাজনীতি বিজ্ঞানীসকলে অধ্যয়নত বহুতো সংখ্যাগত কৌশল ব্যৱহাৰ কৰাৰ উপৰি আধাৰ সামগ্ৰী সংগ্ৰহ আৰু বিশ্লেষণৰ ওপৰতো গুৰুত্ব দিয়ে।

(ঘ) বৌদ্ধিক ব্যবস্থা গঢ় দিয়াৰ পোষকতা : তুলনামূলক ৰাজনীতিত সমসাময়িক লেখকসকলে বৌদ্ধিক ব্যৱস্থা গঢ় দিয়াৰ পোষকতা কৰে। অন্যান্য সমাজবিজ্ঞানৰ দৰে তুলনামূলক ৰাজনীতিতো তত্ত্ব নিৰ্মাণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। এনেদৰে বিশ্লেষণ ৰাজনীতিৰ অধ্যয়নে নানান ঘাত-প্রতিঘাতৰ মাজেদি অতিক্ৰম কৰি কৰি চালে ক’ব পাৰি যে এৰিষ্টটলৰ সময়ৰ পৰা আৰম্ভ কৰি তুলনামূলক বৰ্তমানৰ পৰ্যায়ত উপনীত হৈছেহি আৰু বর্তমানেও এই বিষয়তো বিৱর্তনৰ পথত ধাবিত হোৱা পৰিলক্ষিত হয়।

১০। তুলনামূলক ৰাজনীতি অধ্যয়নৰ আৱশ্যকতা সম্পর্কে বিশ্লেষণ কৰা। [Explain the Necessity of study of Comparative Politics.]

উত্তৰঃ সমালোচকসকলে তুলনামূলক ৰাজনীতিৰ বৈজ্ঞানিকধর্মী বিশ্লেষণ জটিল বুলি অভিহিত কৰে, তথাপিও সমসাময়িক দৃষ্টিকোণৰ পৰা বিষয়টোৰ গুৰুত্ব আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। সমসাময়িক কেতবোৰ ৰাজনীতি বিজ্ঞানীয়ে এনে তত্ত্বৰ উদ্ভাৱন কৰিছে যাৰ জৰিয়তে অকল গাঁথনিৰ ভিত্তিতে নহয়, বৰঞ্চ আন্তঃগাঁথনিৰ ভিত্তিতো ৰাজনৈতিক ব্যৱস্থাৱলীৰ তুলনা কৰিব পৰা যায়। সেয়েহে কাৰ্টিজৰ ভাষাত ক’বলৈ গ’লে তুলনামূলক ৰাজনীতিৰ অধ্যয়ন সমসাময়িক ৰাজনীতি বিজ্ঞানৰ প্রাণসদৃশ। বিভিন্ন লেখকে তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ আৱশ্যকতা বিভিন্ন দিশৰপৰা বিশ্লেষণ কৰে।

(ক) তুলনামূলক ৰাজনীতিৰ অধ্যয়নে আমাক বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যৱস্থা অধ্যয়নৰ জৰিয়তে সৰ্বোতকৃষ্ট ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে জনাৰ সুবিধা দিয়ে। চৰকাৰ হ’ল এক যাৰ জৰিয়তে জনসাধাৰণৰ ইন্সিত আশা-আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰিব পৰা যায়।

(খ) তুলনামূলক চৰকাৰৰ অধ্যয়নৰ জৰিয়তে বিভিন্ন তত্ত্বৰ উপযোগিতা আৰু ব্যাৱহাৰিক জ্ঞানৰ আভাস পাব পাৰি। উদাহৰণস্বৰূপে, গঁথনিগত আৰু কাৰ্যগত তত্ত্বৰ জৰিয়তে দুখন ৰাজনৈতিক ব্যৱস্থাৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যক বিশ্লেষণ কৰিব পাৰি।

(গ) তুলনামূলক ৰাজনীতিৰ অধ্যয়নে বিভিন্ন ৰাজনৈতিক অনুষ্ঠানবোৰৰ সফলতা- বিফলতা সম্পর্কে জ্ঞান প্ৰদান কৰে। উদাহৰণস্বৰূপে, ইংলেণ্ডৰ দৰে সংসদীয় গণতন্ত অন্য কিছুমান দেশত সফল হ’ব পৰা নাই। কেনে পৰিস্থিতিত ৰাজনৈতিক অনুষ্ঠানে সফলতা লাভ কৰে বা বিফল হয় তাক তুলনামূলক ৰাজনীতিত অধ্যয়ন কৰা হয়।

(ঘ) সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়ন ক্ষেত্ৰৰ পৰিসবে এছিয়া, আফ্রিকা আৰু লেটিন আমেৰিকাৰ তৃতীয় বিশ্বৰ দেশবোৰৰ ৰাজনৈতিক প্রক্রিয়াক সামৰি লয়। এই দেশবোৰৰ ৰাজনৈতিক প্রক্রিয়া, জনসাধাৰণৰ আশা-আকাংক্ষাক বাতৱ ৰূপ দিয়া আহিলা, গণতান্তিকীকৰণ, আধুনিকীকৰণ আৰু ৰাজনৈতিক আচৰণ আদিক অধ্যয়ন ক্ষেত্ৰৰ ভিতৰত সামৰি লোৱা হয়।

(ঙ) তুলনামূলক ৰাজনীতিয়ে ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ দিশটোক বিশ্লেষণ কৰে। সময় সাপেক্ষে ৰাজনৈতিক ব্যবস্থাই নতুন পৰিবৰ্তনৰ পিনে গতি কৰে। উদাহৰণস্বৰূপে, ছোভিয়েট ৰাছিয়াৰ সমসাময়িক ৰাজনৈতিক পৰিৱৰ্তনৰ কথাকে উল্লেখ কৰিব পাৰি।

(চ) তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ জৰিয়তে আমি বিভিন্ন দেশৰ জনসাধাৰণৰ ৰাজনৈতিক সংস্কৃতি আৰু ৰাজনৈতিক আচৰণৰ বিষয়ে জানিব পাৰোঁ। সমাজ সাপেক্ষে জনসাধাৰণৰ ৰাজনৈতিক বিশ্বাস, মূল্যমান, ধাৰণা আদিব যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়। এই ভিন্নতাই এখন দেশৰ ৰাজনৈতিক প্রক্রিয়াত গভীৰভাৱে প্ৰভাৱান্বিত কৰে।

দ্বিতীয় মহাসমৰৰ পিছৰপৰা তুলনামূলক ৰাজনীতিৰ প্ৰকৃতি আৰু পৰিসৰৰ এক নতুনত্ব দেখিবলৈ পোৱা যায়। গুৰুত্বপূর্ণ বিষয় হিচাপে তৃতীয় বিশ্বৰ সমাজ ব্যৱস্থাৰ ৰাজনৈতিক প্রক্রিয়া আৰু সামাজিক কাৰকৰদ্বাৰা এনে ৰাজনৈতিক প্ৰক্ৰিয়া কেনেদৰে প্ৰভাৱান্বিত হয় তাক অধ্যয়নৰ গুৰুত্বপূর্ণ বিষয়বস্তু বুলি বিবেচনা কৰা হৈছে। পাশ্চাত্য ৰাজনৈতিক বিজ্ঞানীসকলেও তৃতীয় বিশ্বৰ সমাজ ব্যৱস্থাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ অধ্যয়নৰ জৰিয়তে বৈধ তত্ত্ব আৰু আৰ্হি নিৰ্মাণৰ ওপৰত মনোনিৱেশ কৰিছে।

১১। তুলনামূলক ৰাজনীতি অধ্যয়নৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ উল্লেখ কৰা। [Mention about the problems relating to the study of Comparative Politics.]

উত্তৰঃ বৰ্তমান সময়ত তুলনামূলক ৰাজনীতিৰ অধ্যয়নৰ গুৰুত্ব যেনেদৰে বৃদ্ধি পাইছে তেনেদৰে বহুতো সমালোচকে তুলনামূলক ৰাজনীতিৰ বিশ্লেষণ অবৈজ্ঞানিক বুলিও সমালোচনা কৰে। তেওঁলোকে তলত দিয়া ধৰণে সমালোচনা আগবঢ়ায়।

(ক) তুলনামূলক ৰাজনীতিৰ বহুতো গুৰুত্বপূৰ্ণ অৱধাৰণা আৰু শব্দৰ কোনো স্পষ্ট আৰু উন্নতমানৰ সংজ্ঞা নাই। বিভিন্ন লেখকে এই ধাৰণাবোৰক তেওঁলোকৰ নিজা দৃষ্টিকোণৰ দ্বাৰা ব্যৱহাৰ কৰে। ফলস্বৰূপে সঠিক তুলনামূলক আলোচনাত কেতবোৰ অসুবিধাৰ সন্মুখীন হয়।

(খ) তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ব্যৱহৃত বহুতো ৰাজনৈতিক শব্দৰ কোনে স্পষ্ট ব্যাখ্যা পোৱা নাযায়। এনে অস্পষ্টতাৰ বাবে তুলনামূলক ৰাজনীতিৰ বৈজ্ঞানিকধর্মী বিশ্লেষণ সম্ভৱপৰ নহয়।

(গ) ৰাজনৈতিক সংগঠনৰ লগত সম্পৰ্কীত অৰাষ্ট্ৰীমূলক অনুষ্ঠান আৰু ৰাজনৈতিক ব্যৱস্থাৰ শুদ্ধ আধাৰ সামগ্ৰী আৰু তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বহুতো গুৰুতৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। তদুপৰি ৰাজনৈতিক ব্যৱস্থাৰ লগত জড়িত বিভিন্ন চলক আদিৰ ক্ষেত্ৰতো প্রকৃত তথ্য আহৰণ কৰাত অসুবিধা আহি পৰে। এনেকুৱা আদিৰ বহুতো বিষয়বস্তু আছে যাৰ সঠিক পৰিমাপ ল’ব নোৱাৰি। ফলস্বৰূপে এনে বিষয়বস্তুৱে তুলনামূলক ৰাজনীতিৰ বৈজ্ঞানিকধৰ্মী বিশ্লেষণত সমস্যাৰ সৃষ্টি কৰে।

(ঘ) সমাজত মানুহৰ ৰাজনৈতিক আচৰণ সদায় পৰিৱৰ্তনশীল পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে ইয়াৰ পৰিৱৰ্তন স্বাভাৱিক এনে ৰাজনৈতিক আচৰণক বৈজ্ঞানিক নীতি বা যুক্তিযুক্তভাৱে অধ্যয়ন কৰিব নোৱাৰি। ফলস্বৰূপে ইয়ে তুলনামূলক ৰাজনীতিৰ বৈজ্ঞানিকধৰ্মী অধ্যয়ন অধিক জটিল কৰি তোলে।

(ঙ) পৃথিৱীৰ বিভিন্ন ৰাজনৈতিক ব্যৱস্থাৰ গাঁথনিগত আৰু কাৰ্যগত ভিন্নতা আছে। ফলস্বৰূপে ৰাজনৈতিক আচৰণৰ মাজতো জটিলতা দেখিবলৈ পোৱা যায়। গতিকে, এনে বেসাদৃশ্যমূলক আৰু জটিল ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নত কোনো এটা কাৰকক ভিত্তি হিচাপে লৈ ৰাজনৈতিক আচৰণৰ অধ্যয়ন কৰিব নোৱাৰি।

(চ) আদর্শ স্থাপনকাৰী দৃষ্টিভংগীৰ সমৰ্থকসকলে প্ৰমূল্যমুক্ত ৰাজনীতি বিজ্ঞানৰ অস্তিত্বক স্বীকাৰ নকৰে। আনকি অভিজ্ঞতাবাদী ৰাজনৈতিক তত্ত্বৰ ক্ষেত্ৰতো কিছুমান সমস্যাৰ উদ্ভৱ হোৱ। দেখা যায়, যেতিয়া ব্যৱহাৰিক তত্ত্ববিদসকলে সমজাতীয় শব্দবোৰক বিভিন্ন ধৰণে ব্যাখ্যা কৰে। উদাহৰণস্বৰূপে মার্ক্সীয় লেখকসকলে ব্যৱস্থাজ্ঞাপন তত্ত্বক অব্যৱস্থাজ্ঞাপক তত্ত্ব বুলি অভিহিত কৰে।

(ছ) তুলনামূলক ৰাজনীতিৰ ছাত্ৰসকলে আঙুলিয়াই দিয়াৰ দৰে এখন দেশৰ ৰাজনীতিত ব্যক্তিয়ে যোগোৱা ভূমিকাক সমৰূপতাৰ ভিত্তিত অধ্যয়ন কৰিব নোৱাৰি। উদাহৰণস্বৰূপে, ইংলেণ্ডৰ জনসাধাৰণৰ বক্ষণশীল চৰিত্ৰক ইণ্ডোনেছিয়াৰ মানুহৰ আচৰণৰ লগত তুলন। কৰিব নোৱাৰি।

(জ) তুলনামূলক ৰাজনীতিৰ অধ্যয়নত ক্ষমতাৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰি এটা ৰাজনৈতিক ব্যৱস্থাৰ স্থিৰতা বজাই ৰখাৰ পোষকতা কৰা হৈছে। কিন্তু প্রত্যেক দেশৰ ৰাজনীতিৰ অগ্ৰণী তত্ত্ববিদসকলে ৰাজনৈতিক ব্যৱস্থাৰ এই পৰিৱৰ্তনমূলক দিশটোক মূল অধ্যয়ন ক্ষেত্ৰৰপৰা বহিভূত কৰি গোটেই দিশটোকে অৱজ্ঞা কৰিছে।

(ঝ) সমালোচকসকলৰ মতে অন্যান্য সমাজবিজ্ঞানৰ দৰে তুলনামূলক ৰাজনীতিতো প্ৰয়োগ কৰা আন্তঃসমাজ বৈজ্ঞানিক দৃষ্টিভংগীয়ে গোটেই বিষয়টোৰ পৰিসৰ ইমান ব্যাপক কৰিছে যে তুলনামূলক ৰাজনীতিৰ পৰিসৰে কি সামৰি লয় আৰু কি বহির্ভূত কৰে তাক ঠাৱৰ কৰাটো জটিল হৈ পৰে।

১২। তুলনামূলক ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। [Mention about the Characteristics of the traditional approach to the study of Comparative Politics.] 

উত্তৰঃ পৰম্পৰাগত দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহক আমি তলত দিয়া ধৰণে আলোচনা কৰিব পাৰোঁ―

(ক) অতুলনামূলক : আদিতে পৰম্পৰাগত দৃষ্টিভংগীয়ে মাত্র এখন দেশকহে অধ্যয়নৰ বাবে লোৱা হৈছিল। তেতিয়া মাথোন এই দৃষ্টিভংগীয়ে ৰাষ্ট্ৰ অনুষ্ঠানবোৰৰ সমান্তৰাল বৰ্ণনাৰ ওপৰতহে গুৰুত্ব দিছিল। এই দৃষ্টিভংগীৰ ঘাই উদ্দেশ্য আছিল বিভিন্ন দেশৰ চৰকাৰ আৰু সাংবিধানিক বর্ণনা দাঙি ধৰা। যিকোনো ধৰণৰ সমস্যাকেই এখন দেশৰ সাংবিধানিক ব্যৱস্থাৰ সৈতে সংগতি ৰাখি অধ্যয়ন কৰা হৈছিল।

(খ) বর্ণনাত্মক : পৰম্পৰাগত দৃষ্টিভংগীয়ে মাথোন বিভিন্ন চৰকাৰৰ বর্ণনাতহে আবদ্ধ আছিল। বৰ্ণনাৰ বাবে নিৰ্বাচিত চৰকাৰবোৰক ইচ্ছামতে বাছি লোৱা হৈছিল। এনে নির্বাচনত কোনো আদর্শ গ্ৰহণ কৰা নাছিল। এই সময়ছোৱাত লিখা গ্রন্থবোৰে মাথোঁ বিভিন্ন দেশৰ ৰাজনৈতিক অনুষ্ঠানবোৰৰ বৰ্ণনাহে কৰিছিল। আইনগত দৃষ্টিভংগীয়েও ৰাজনৈতিক ব্যৱস্থাক ঠেক গণ্ডীত বৰ্ণনা কৰিছিল। ঐতিহাসিক আৰু আইনগত পদ্ধতিৰ দ্বাৰা চৰকাৰৰ গঠন পদ্ধতি আৰু কাৰ্যাবলী আলোচনা কৰা হৈছিল। উদাহৰণস্বৰূপে, ইংলেণ্ডৰ সংসদীয় ব্যৱস্থাৰ বিকাশক যেনেদৰে আলোচনা কৰা হৈছিল, তেনেদৰে ফ্ৰান্সৰ আইনসভাৰ বিকাশ সম্পর্কেও অধ্যয়ন কৰা হৈছিল। অর্থাৎ পৰম্পৰাগত দৃষ্টিভংগীয়ে মাথোন ৰাজনৈতিক গাঁথনিৰ প্ৰতিচ্ছবি দাঙি ধৰাতে আবদ্ধ আছিল। 

(গ) সংকীর্ণতা : তুলনামূলক ৰাজনীতিৰ পৰম্পৰাগত দৃষ্টিভংগী আছিল অতি সংকীণ, যাৰ অধ্যয়ন মাথোন ইংলেণ্ড, ফ্রান্স, ছুইজাৰলেণ্ড আৰু আমেৰিকাকে ধৰি পাশ্চাত্য ইউৰোপৰ কিছুমান দেশতে সীমাবদ্ধ আছিল। ইয়াৰ অন্তৰালত থকা প্ৰধান কাৰণবোৰ হৈছে পাশ্চাত্য দেশবোৰত ভাষাৰ সমস্যা নথকা হেতুকে অতি সহজে ইয়াক অধ্যয়ন কৰিব পৰা গৈছিল। গতিকে ই লেখকসকলক আকৰ্ষিত কৰিছিল। তেওঁলোকৰ গণতন্ত্র গতিধাৰাৰ ওপৰতো বিশ্বাস জন্মিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে গণতন্ত্ই হ’ল একমাত্র স্বাভাৱিক চৰকাৰ যি সমগ্ৰ বিশ্বতে বিস্তাৰিত হ’ব পাৰে।

(ঘ) স্থিতিশীলতা : পৰম্পৰাগত দৃষ্টিভংগীয়ে অধ্যয়ন কৰিব বিচৰা দেশবোৰৰ ৰাজনৈতিক ব্যৱস্থাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। ৰাজনৈতিক পণ্ডিতসকলে সাধাৰণতে সার্বভৌমত্ব,ইয়াৰ স্থান আৰু সাংবিধানিক গাঁথনিৰ বৰ্ণনাৰ ওপৰতহে গুৰুত্ব দিছিল। তেওঁলোকৰ কিছুমানে ৰাজনৈতিক পৰিৱৰ্তনে কঢ়িয়াই অনা গতিশীলশক্তি আৰু উপপাদক অধ্যয়নৰ বিছনা নাছিল এই লেখকসকলে পৰিৱৰ্তনৰ সমস্যাৰ ওপৰত অধ্যয়নো কৰা নাছিল।

১৩। তুলনামূলক ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীৰ বিষয়ে আলোচন কৰা। [Discuss about the traditional approach to the study of Comparative Politics.]

উত্তৰঃ তলত কেতবোৰ পৰম্পৰাগত দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰা হ’ল– 

(ক) ঐতিহাসিক পদ্ধতি [Historical Method] : সমাজবিজ্ঞানৰ বিভিন্ন বিষয়সমূহ অধ্যয়ন কৰিবৰ কাৰণে সমাজবিজ্ঞানীসকলে উদ্ভাৱন কৰা অতি পুৰণি পদ্ধতিটোকে ঐতিহাসিক পদ্ধতি বুলি কোৱা হয়। পুৰণিকালত ঐতিহাসিক পদ্ধতিটো

সমাজবিজ্ঞানীসকলৰ কাৰণে এতি জনপ্রিয় পদ্ধতি আছিল। মণ্টেনক, চিলি, মেইন, ফ্লিনমেন, লাস্কি আদি পুৰণিচাম লেখকে গতিহাসিক পদ্ধতি ৰাজনীতিবিজ্ঞান অধ্যয়নৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰিছিল। এওঁলোকে প্ৰতিহাসিক পদ্ধতিৰ পৃষ্ঠপোষকতা কৰি অতি জনপ্ৰিয় কৰি তুলিছিল। ইতিহাস ৰাজনীতিবিজ্ঞানৰ এক গৱেষণাগাৰ । ইতিহাসে ৰাজনীতিবিজ্ঞান অধ্যয়নৰ বাবে আৱশ্যকীয় তথ্য-পাতি, নথি-পত্ৰ যোগান ধৰে। বৰ্তমানটো হ’ল অতীতৰ দান। বৰ্তমানৰ ৰাষ্ট্ৰৰ ৰূপ, প্ৰকৃতি আৰু ধাৰণা সম্পর্কে এক সম্যক জ্ঞান লাভ কৰিবলৈ হ’লে আমি ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰ অনুষ্ঠানবোৰৰ ঐতিহাসিক উৎপত্তি আৰু বিকাশৰ বিষয়ে জনাটো অতি আৱশ্যক। তুলনামূলক ৰাজনীতি অধ্যয়নৰ বাবে যদিও ঐতিহাসিক পদ্ধতি এটা গ্রহণযোগ্য আৰু জনপিয় পদ্ধতি, ইয়াৰ কিছুমান দোষ নথকা নহয়। 

ঐতিহাসিক পদ্ধতিৰে ৰাজনীতি অধ্যয়নৰ দ্বাৰা এটা বিষয়ৰ ইতিহাসহে জানিব পাৰি। এই পদ্ধতি বিজ্ঞানসন্মত নোহোৱা বাবে বিজ্ঞানসন্মত অধ্যয়ন সম্ভৱ নহয়। আকৌ ইতিহাসৰ তথ্য-পাতি; নথি-পত্ৰই গবেষকসকলক ভুল পথে পৰিচালিত কৰি ভুল সিদ্ধান্ত গ্রহণ কৰাবও পাৰে, কাৰণ ইতিহাসৰ সকলো তথ্য -পাতি সত্য নহ’বও পাৰে। আনহাতে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা তথ্য-পাতিবোৰৰ মিল নেথাকিবও পাৰে। গতিকে ঐতিহাসিক পদ্ধতিৰে এটা প্রকৃত সত্য উদ্ঘাটন কৰাত বহুখিনি বাধা আছে যদিও ঐতিহাসিক পদ্ধতি দোষমুক্ত নহয়, ইয়াৰ আৱশ্যকতা অস্বীকাৰ কৰাৰ কোনো যুক্তি নাই ৷ কাৰণ ঐতিহাসিক পদ্ধতিৰ জৰিয়তে আমি অধ্যয়ন কৰা বিষয়বস্তুটোৰ ইতিহাস সম্পৰ্কে জানিৱ পাৰোঁ আৰু এই তথ্য-পাতিৰ সহায়ত আমি বিজ্ঞানসন্মত আধুনিক পদ্ধতিবোৰ প্ৰয়োগ কৰি এটা বাস্তৱ সত্যতাত উপনীত হ’ব পাৰোঁ। সেয়েহে বৰ্তমান কালতো, ৰাজনীতিবিজ্ঞানীসকলে উদ্ভাৱন কৰা নতুন নতুন বিজ্ঞানসন্মত পদ্ধতিৰ লগতে ঐতিহাসিক পদ্ধতিও গ্ৰহণ কৰা হয়।

(খ) দার্শনিক পদ্ধতি [Philosophical Method] : দার্শনিক পদ্ধতিৰ সহায়ত ৰাজনীতিবিজ্ঞানৰ কোনো এটা বিষয়বস্তুৰ ওপৰত কাল্পনিক ধাৰণা কৰি লৈ অধ্যয়ন কৰা হয়। ঐতিহাসিক পদ্ধতিৰ দৰে দার্শনিক পদ্ধতিও এটা পুৰণি পদ্ধতি। অতীতৰ লেন দার্শনিক পদ্ধতি বহুলভাৱে প্ৰয়োগ কৰিছিল। সেই সময়ত ৰাজনীতিবিজ্ঞানৰ বিভিন্ন ধাৰণাসমূহ, ৰাজনৈতিক অনুষ্ঠানবোৰৰ প্ৰকৃতি, ৰাষ্ট্ৰৰ প্ৰকৃতি, চৰকাৰৰ শ্রেণীবিভাগ ইত্যাদি বিভিন্ন ক্ষেত্ৰত ৰাজনীতিবিদ দার্শনিকসকলে কল্পনা বা ধাৰণা কৰি লৈ কোনটো উৎকৃষ্ট বা নিকৃষ্ট হ’ব সেই বিষয়ে অধ্যয়ন কৰিছিল। প্লেটোৰ আদৰ্শ ৰাষ্ট্ৰ কেনেকুৱা হ’ব লাগে। শিক্ষা ব্যৱস্থা কেনেকুৱা হোৱা উচিত, ন্যায়ৰ ধাৰণা আদি কল্পনা-জগতৰ পৰা উদ্ভৱ হোৱা ধাৰণাহে। ধাৰণাসমূহ দাঙি ধৰিছিল। অর্থাৎ দার্শনিক পদ্ধতিৰ দ্বাৰা কল্পনা আৰু ধাৰণাক ভিত্তি কৰি লৈ ৰাজনীতিবিজ্ঞানৰ অধ্যয়ন দিনে দিনে অধিক বিজ্ঞানসন্মত আৰু বাস্তৱমুখী হৈ পৰাত দার্শনিক হ’ব, চৰকাৰে কেনে ধৰণে কাৰ্য পালন কৰিব, এনেবোৰ ভৱিষ্যত প্ৰশ্নৰ কাল্পনিক ধাৰণাৰে উত্তৰ বিচাৰে। সেয়ে দার্শনিক পদ্ধতিৰ বৰ্তমান বিশেষ গুৰুত্ব নাই বুলিব পাৰি।

(গ) আইনসংগত পদ্ধতি : আইন সংগত পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰক এটা ৰাজনৈতিক অনুষ্ঠান হিচাপে ধৰি নলৈ আইন প্রণয়ন কৰা ব্যক্তি হিচাপে ধৰি লৈহে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা হয়। এই পদ্ধতি অনুসৰি আইন প্রণয়ন আৰু আইন বলৱৎ কৰাই হ’ল ৰাষ্ট্ৰৰ মুখ্য কর্তব্য। ইউৰোপীয় দেশসমূহত ৰাজনীতি আইনশৃংগত পদ্ধতিৰে অধ্যয়ন কৰা হৈছিল। উদাহৰণস্বৰূপে, ফ্রান্স, বেলজিয়াম, জার্মানী আদি দেশসমূহত আইন দুটা ভাগত সাংবিধানিক আৰু প্ৰশাসনীয় হিচাপে ভাগ কৰা হৈছে। এই দেশসমূহত ৰাজনীতিৰ অধ্যয়ন কৰোঁতে যিদৰে সাংবিধানিক আইনৰ সহায় লোৱা হয়, সেইদৰে চৰকাৰৰ প্ৰশীসন কার্য অধ্যয়ন কৰা হয় প্রশাসনীয় আইনৰ সহায়ত প্ৰশাসনীয় আইনে ৰাষ্ট্ৰ, ৰাষ্ট্ৰৰ বিভিন্ন দপ্তৰ আৰু দপ্তৰসমূহৰ কার্যাৱলী, সমস্যাসমূহ, ক্ষমতা আৰু দায়িত্ব আদি দিশবিলাক অন্তর্ভূক্ত কৰে। যিহেতু ৰাজনীতি বিজ্ঞানৰ কার্যকলাপ আইনৰ নীতি-নিয়মৰ ভিতৰতে সমাধ্য কৰা হয়, গতিকে বহুতৰ মতে আইনসংগত পদ্ধতিয়ে এই ক্ষেত্ৰত বহুখিনি সহায় কৰে। সামাজিক পটভূমি অবিহনে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা সম্ভৱ নহয়। আইনসংগত পদ্ধতিক অতি ৰীতিনিষ্ঠ আৰু কঠোৰ সিদ্ধান্তবাদী বুলি কোৱা হয়, কাৰণ ইয়াত সামাজিক আচৰণ মানৱীয় দিশৰ কোনো ধৰণৰ মূল্যংকন কৰা নহয়।

(ঘ) আনুষ্ঠানিক পদ্ধতি : ৰাজনীতি বিজ্ঞান অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীসমূহৰ ভিতৰত প্রাচীনতম হৈছে আনুষ্ঠানিক দৃষ্টিভংগী। এই আনুষ্ঠানিক দৃষ্টিভংগীয়ে ৰাজনৈতিক বিজ্ঞানৰ আলোচনাত ব্যক্তিৰ পৰিৱৰ্তে অনুষ্ঠানবিলাকৰ অধ্যয়নৰ ওপৰতহে গুৰুত্ব দিয়ে। অর্থাৎ এই দৃষ্টিভংগীৰ মতে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ প্রধান বিষয়বস্তু হৈছে ৰাজনৈতিক অনুষ্ঠানসমূহ। সাধাৰণতে ই সেইবিলাক অনুষ্ঠানৰ কথা সূচায় যিবিলাক ৰাষ্ট্ৰৰ সংবিধান বা চৰকাৰখন যিবোৰ তথ্য-পাতিৰ ভিত্তিত প্রতিষ্ঠিত সেইসমূহৰ পৰা সৃষ্ট। ওৱাছবিৰৰ মতে, চৰকাৰ আৰু ৰাজনীতিৰ আনুষ্ঠানিক দিশটোৰ ওপৰত আনুষ্ঠানিক বা গাঁথনিগতদৃষ্টিভংগীয়ে বিশেষ গুৰুত্ব দিয়ে। এই আনুষ্ঠানিক দৃষ্টিভংগীৰ প্রধান পৃষ্ঠপোষকসকলৰ ভিতৰত এৰিষ্টটল, বেগিহট, ওগ’, মনৰো, ফাইনাৰ, লাস্কি, ব্ৰাইচ, আলমণ্ড-পাৱেল আদিৰ নাম উল্লেখনীয়।

আনুষ্ঠানিক দৃষ্টিভংগীয়ে ৰাষ্ট্ৰ, চৰকাৰৰ তিনিটা প্রধান অংগ ক্রমে আইনপালিকা, কার্যপালিকা আৰু ন্যায়পালিকা, ৰাজনৈতিক দল, প্ৰভাৱগোষ্ঠী, স্বার্থান্বেষী গোটবিলাকৰ অধ্যয়ন সামৰি লয়। এই অনুষ্ঠানবিলাকৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলীৰ লগতে ইবিলাকৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ৰ আলোচনাও আনুষ্ঠানিক দৃষ্টিভংগীয়ে সামৰি লয়।

১৪। তুলনামূলক ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীৰ তিনিটা আসোঁৱাহ উল্লেখ কৰা। [Mention three demerits of Traditional Approach to the study of Comparative Politics.] 

উত্তৰঃ তুলনামূলক ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীৰ তিনিটা আসোঁৱাহ হ’ল―

(ক) এই দৃষ্টিভংগীয়ে মাথোন ইউৰোপৰ কেইখনমান দেশৰ সাংবিধানিক ব্যৱস্থাহে অধ্যয়নৰ ক্ষেত্ৰ হিচাপে লৈছিল; উন্নয়নশীল আৰু অনুন্নত দেশৰ অধ্যয়নৰ ওপৰত ই গুৰুত্ব আৰোপ কৰা নাছিল।

(খ) শিলক ৰাজনীতিৰ অধ্যয়ন আছিল আনুষ্ঠানিক। ই মাথোন চৰকাৰৰ যত অনুষ্ঠানৰ অধ্যয়ণৰ ওপৰতহে গুৰুত্ব দিছিল। আনহাতে আনুষ্ঠানিক অনুষ্ঠানবোৰে ক্ষমতা প্রয়োগ আৰু ৰাজনৈতিক সিদ্ধান্ত নিৰ্ধাৰণত কেনেদৰে ভূমিকা পালন কৰে তাক অধ্যয়ন কৰা নহৈছিল। তদুপৰি ই ৰাজনৈতিক আচৰণৰ নিৰ্দেশক আৰু চৰকাৰৰ অনুষ্ঠানবোৰৰ অৰাজনৈতিক ভেটিৰ বিষয়েও অধ্যয়ন কৰা নাছিল।

(গ) পৰম্পৰাগত তুলনামূলক ৰাজনীতি আছিল বৰ্ণনাত্মক। আৰু ইয়াৰ অধ্যয়ন আৰু তুলনাৰ বাবে আধুনিক পদ্ধতি উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়া নাছিল।

১৫। তুলনামূলক ৰাজনীতি অধ্যয়নৰ আধুনিক দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। [Mention the modern characteristic of study of Comparative Politics.]

উত্তৰঃ তুলনামূলক ৰাজনীতি অধ্যয়নৰ আধুনিক দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহক নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰোঁ।

(ক) আধুনিকদৃষ্টিভংগীয়ে ৰাষ্ট্ৰৰ পৰিৱৰ্তে ৰাজনৈতিক ব্যৱস্থাকহে অধ্যয়নৰ ভিত্তি হিচাপে গ্ৰহণ কৰে।

(খ) আধুনিক দৃষ্টিভংগীৰ অধ্যয়নে তুলনামূলক ৰাজনীতিক মাত্ৰ কেইখনমান পাশ্চাত্য ইউৰোপীয় দেশতে আবদ্ধ কৰি ৰখা নাই, বৰং এছিয়া আৰু আফ্ৰিকাৰ তৃতীয় বিশ্বৰ দেশবোৰৰ নতুন ৰাজনৈতিক ব্যৱস্থাবোৰকো ই অধ্যয়ন ক্ষেত্ৰ ভিতৰত সামৰি ল’লে। গতিকে আধুনিক দৃষ্টিভংগীত সংকীর্ণতাবাদৰ প্ৰভাৱ নাই।

(গ) আধুনিক দৃষ্টিভংগীয়ে ৰাজনৈতিক ব্যৱস্থাৰ লগত থকা সামাজিক ব্যৱস্থাৰ অবিচ্ছেদ্য সম্পৰ্কক অধ্যয়ন কৰে। কাৰণ ৰাজনীতিৰ লগত সামাজিক ব্যৱস্থাৰ ওতপ্রোত সম্পৰ্ক আছে আৰু ৰাজনৈতিক প্ৰক্ৰিয়াত সমাজে গুরুত্বপূর্ণ প্রভাৱ পেলায়।

(ঘ) আধুনিক দৃষ্টিভংগীৰ আন এটা বৈশিষ্ট্য হ’ল এয়ে যে ই তত্ত্ব নিৰ্মাণমুখী। বিভিন্ন ৰাজনৈতিক পৰিঘটনাক অভিজ্ঞতাবাদীভাৱে অধ্যয়ন কৰি কেতবোৰ সামৰণি পোৱা যায়। এই সামৰণিৰ ভিত্তিত কোনো নতুন তত্ত্বৰ উদ্ভৱ হ’ব পাৰে বা প্রচলিত কোনো তত্ত্বৰ পৰিৱৰ্তনো হ’ব পাবে।

(ঙ) আধুনিক দৃষ্টিভংগীত অধ্যয়নৰ বাবে ব্যৱহৃত পদ্ধতিবোৰৰ শোধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত ৰাজনীতি বিজ্ঞানে অন্যান্য সমাজ বিজ্ঞানৰ পৰা আধুনিকীকৰণৰ বাবে নতুন নতুন অধ্যয়নৰ গৱেষণা পদ্ধতি আহৰণ কৰিছে। আধুনিক দৃষ্টিভংগীৰ আলমত কোনো এটা পৰিঘটনাক বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ পক্ষপাতী।

(চ) আধুনিক দৃষ্টিভংগীৰ অধ্যয়নে বিভিন্ন দেশৰ ৰাজনৈতিক ব্যৱস্থাৱলীক অধ্যয়ন কৰি তাৰ পৰা এটা গ্রহণযোগ্য সিদ্ধান্তত উপনীত হয়। অর্থাৎ পৰম্পৰাগত দৃষ্টিভংগীৰ দৰে ইয়াৰ অধ্যয়ন কেতবোৰ বিশেষ ৰাজনৈতিক ব্যৱস্থাতে আবদ্ধ নহৈ সর্বজনীন হ’ব বিচাৰে।

(ছ) আধুনিক দৃষ্টিভংগীয়ে এটা ৰাজনৈতিক ব্যৱস্থাৰ কাৰ্যগত দিশটোৰ অধ্যয়নৰ ওপৰত অধিক মনোনিৱেশ কৰে। এই দৃষ্টিভংগীয়ে সংবিধান বহিৰ্ভূত শক্তিয়ে ৰাজনৈতিক ব্যৱস্থাক কেনেদৰে প্ৰভাৱান্বিত কৰে তাকো অধ্যয়নৰ ভিতৰত সাঙুৰি লয়। অর্থাৎ এই দৃষ্টিভংগীৰ ব্যৱহাৰে ৰাজনীতি বিজ্ঞানক অভিজ্ঞতাবাদী কৰি তুলিলে।

১৬। তুলনামূলক ৰাজনীতি অধ্যয়নৰ আচৰণবাদী দৃষ্টিভংগী, বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ তুলনামূলক ৰাজনীতি অধ্যয়নৰ আচৰণবাদী দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহ হ’ল―

(ক) আচৰণবাদী দৃষ্টিভংগীত মানুহে সমাজত ঘটা ঘটনা, অনুষ্ঠান আৰু সামাজিক গাঁথনি অথবা মানুহৰ আদৰ্শতকৈও মানুহ আৰু মানুহৰ গোটসমূহৰ আচৰণৰ বাস্তৱ অৱস্থা আৰু তাত্ত্বিক বিশ্লেষণক প্রাধান দিয়ে।

(খ) সামাজিক আৰু সাংস্কৃতিক নৃতত্ত্ব মনোবিজ্ঞান আৰু সমাজবিজ্ঞান আদি বিষয়বিলাকৰ ওপৰত সামগ্রিক দৃষ্টি ৰাখি গৱেষণা কৰা আৰু তাৰ এক তাত্বিক ৰূপ দিয়া।

(গ) গৱেষণা আৰু তত্ত্ব উদ্ভাৱনৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ কথা মনত ৰাখি আনুভাবিক গৱেষণা কৰা আৰু তাৰ যোগেদি ৰাজনৈতিক তত্ত্বৰ ক্ৰমবিকাশত বৰঙনি যোগোৱা।

(ঘ) ৰাজনৈতিক সমস্যাবোৰ বিশ্লেষণ কৰোতে গৱেষণাৰ আহি তৈয়াৰ কৰি তাক প্ৰয়োগ কৰা।

১৭। তুলনামূলক ৰাজনীতি:অধ্যয়নৰ আচৰণবাদৰ বৌদ্ধিক আধাৰশিলাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। [Mention the characteristic. Intellectual Foundation ‘Stone of study of Comparative Politics.]

উত্তৰঃ তুলনামূলক ৰাজনীতি অধ্যয়নৰ আচৰণবাদৰ বৌদ্ধিক আধাৰশিলাৰ বৈশিষ্ট্যসমূহ হ’ল―

(ক) আচৰণবাদীসকলৰ মতে ৰাজনৈতিক ব্যৱহাৰত কেতবোৰ সমৰূপতা আছে যিবোৰক তত্ত্বৰ ৰূপত প্ৰকাশ কৰি ৰাজনৈতিক ঘটনাৱলীৰ ব্যাখ্যা আৰু পূৰ্বনুমান কৰিব পাৰি।

(খ) আচৰণবাদীসকলে আঙুলিয়াই দিয়ে যে কোনো জ্ঞান বৈধহ’বলৈ হ’লে ই অভিজ্ঞতাবাদী পৰীক্ষাৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব আৰু পৰ্যবেক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব।

(গ) আচৰণবাদীসকলে আধাৰসামগ্ৰী অৰ্জন আৰু ব্যাখ্যাৰ বাবে শুদ্ধ কৌশল প্রয়োগ কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। তদুপৰি গৱেষণাৰ পদ্ধতিবোৰ এনে হ’ব লাগে যিয়ে বৈধ আৰু নিৰ্ভৰযোগ্য, আধাৰ সামগ্ৰী যোগান ধৰে। ইয়াৰ বাবে আচৰণবাদীসকলে কেতবোৰ আধুনিক গৱেষণাৰ পদ্ধতি ব্যৱহাৰ কৰাৰ ওপৰতো গুৰুত্ব দিয়ে।

(ঘ) আচৰণবাদীসকলে সংখ্যায়ন আৰু পৰিমাণৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰে। অন্যান্য সমাজবিজ্ঞানৰ দৰে ৰাজনীতি বিজ্ঞানৰ গৱেষণাৰ আধাৰসামগ্রী সাংখ্যিক হ’ব লাগে।

(ঙ) মূল্যমান নিৰপেক্ষতাক কেন্দ্ৰ কৰি আচৰণবাদী আৰু পৰম্পৰাবাদীসকলৰ মাজত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছে। আচৰণবাদে অভিজ্ঞতামূলক বিশ্লেষণৰ নৈতিক মূল্যায়নক পৃথক কৰিব বিচাৰে। তেওঁলোকৰ মতে তথ্য আৰু প্ৰমূল্য দুটা সম্পূর্ণ বেলেগ ধাৰণা, যাক নেকি সদায় পৃথককৈ ৰাখিব লাগে। কেতিয়াবা দুয়োটাকে অধ্যয়ন কৰিলেও এটাক আনটিৰ লগত লগা কৰিব নালাগে। গতিকে ৰাজনৈতিক আলোচনাক সদায় প্রমূল্য নিৰপেক্ষ কৰিব লাগে।

(চ) আচৰণবাদীসকলে আঙুলিয়াই দিয়ে যে ৰাজনীতি বিজ্ঞানৰ গৱেষণা সদায় প্রণালীবদ্ধ হ’ব লাগে, যাতে এনেকুৱা গৱেষণা তত্ত্ব নির্মাণমুখী হয়। তেওঁলোকে কয় যে আচৰণবাদে তত্ত্বক অৱজ্ঞা কৰাৰ পৰিৱৰ্তে পৰম্পৰাবাদীসকলৰ তুলনাত তত্ত্বৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

(ছ) আচৰণবাদীসকলে বিশুদ্ধ বৈজ্ঞানিক দৃষ্টিভংগীৰ ওপৰত যথেষ্ট মনোনিৱেশ কৰে।

(জ) আচৰণবাদীসকলে সামাজিক বিজ্ঞানসমূহৰ মাজত সংহতি স্থাপনৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁলোকৰ মতে ৰাজনৈতিক ঘটনাৰ প্রকৃত অধ্যয়নৰ বাবে সামাজিক, অর্থনৈতিক আৰু অন্যান্য পৰিৱেশৰ অধ্যয়নৰ প্ৰয়োজন। অন্যথা ই ৰাজনৈতিক ঘটনাক নিখুঁতভাবে অধ্যয়ন কৰিব নোৱাৰিব। এইটো সত্য যে আচৰণবাদী দৃষ্টিভংগীৰ প্ৰয়োগৰ ফলস্বৰূপে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰ অধিক প্ৰসৰিত হোৱাৰ লগতে ৰাজনৈতিক বাস্তবতাক বোধগম্য হোৱাৰ লগতে ব্যাখ্যা কৰাৰ ক্ষেত্ৰত বিষয়টোৰ প্ৰকৃতি অধিক স্পষ্টৰূপত প্ৰকট হৈ পৰিছিল।

১৮। আচৰণবাদৰ বিপক্ষে আগবঢ়োৱা সমালোচনাসমূহ উল্লেখ কৰা। [Mention the Criticisms against behaviorism.] 

উত্তৰঃ আচৰণবাদৰ বিপক্ষে আগবঢ়োৱা সমালোচনাসমূহ তলত উল্লেখ কৰা ধৰণৰ―    

প্ৰথমতে, আচৰণবাদৰ ওপৰত সমালোচনা আগবঢ়াই ওৱাচবিয়ে মন্তব্য দাঙি ধৰি কৈছিল যে আচৰণবাদীসকলে কোনো এটা বিষয় অধ্যয়ন বা গৱেষণাৰ ক্ষেত্ৰত কেনে ধৰণৰ কৌশল আৰু পদ্ধতি গ্রহণ কৰিব তাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বিষয়টোৰ তাত্বিক দিশৰ আৱশ্যকতাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে। গৱেষণাৰ ক্ষেত্ৰত যি বিষয়ৰ ওপৰত অত্যাধুনিক বিজ্ঞানসন্মত কৌশল আৰু অধ্যয়ন পদ্ধতি গ্রহণ কৰিব পৰা যায়। আচৰণবাদীসকলে তেনে বিষয়হে গৱেষণাৰ বাবে বাছনি কৰি লয়। আনহাতে আচৰণবাদীসকলে গৱেষণাৰ জৰিয়তে উপনীত হোৱা সিদ্ধান্ত বা ফলাফলৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে।

দ্বিতীয়তে, আচৰণবাদীসকলে আনুষ্ঠানিক গুণৰ বিনিময়ত আচৰণবাদী গুণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। আমেৰিকাৰ আচৰণবাদীসকলে সমাজৰ ওপৰত অনুষ্ঠানৰ প্ৰভাৱ স্বীকাৰ নকৰে। আনহাতে তেওঁলোকে কেৱল ব্যক্তি আৰু গোষ্ঠীৰ আচৰণৰ ওপৰতহে অধক গুৰুত্ব আৰোপ কৰে।

তৃতীয়তে, আচৰণবাদৰ সমলোচকসকলে যুক্তি দাঙি ধৰি কৈছে যে ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন কেতিয়াও মূল্যবিহীন হ’ব নোৱাৰে। চিডনীৰ মতে, “Values are prior to investigation, whether in Politics or any other Area.

চতুৰ্থতে, ব্যক্তিৰ আচৰণ চিৰ-পৰিৱৰ্তনশীল। সেয়ে, ব্যক্তিৰ সদা- পৰিৱৰ্তনশীল আচৰণ অধ্যয়ন কৰাটো এক জটিল সমস্যা। ব্যক্তিৰ চিন্তাধাৰা, আচাৰ-ব্যৱহাৰ, ভাৱাদৰ্শ, মন সদা- পৰিৱৰ্তনশীল। সেয়ে এজন ব্যক্তিৰ আচৰণ সম্পর্কে এটা সম্যক ধাৰণা দাঙি ধৰা সম্ভৱ গুৰুত্ব আৰোপ কৰি গৱেষণা কৰাতকৈ বিষয়টোৰ স্থিতাৱস্থাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰে। সেয়ে আচৰণবাদীসকলে সাম্প্রতিক সমস্যাসমূহতকৈ স্থিতিশীল বিষয়সমূহৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

১৯। আচৰণবাদোক্তৰ দৃষ্টিভংগীৰ বিকাশৰ কাৰণসমূহ উল্লেখ কৰা। [Mention the reason for the development of post Behavioral. approach.] 

উত্তৰঃ আচৰণবাদোক্তৰ দৃষ্টিভংগীৰ বিকাশৰ কাৰণসমূহ তলত দিয়া ধৰণৰ—

(ক) বিশ্বৰ ব্যৱহাৰিক সমস্যাসমূহ বিশ্লেষণত আচৰণবাদৰ বিফলতা : আচৰণবাদীসকলে বিশ্বৰ ব্যাৱহাৰিক সমস্যাসমূহ দাঙি ধৰা আৰু সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ সূত্র’উদ্ভাৱনত বিফল হোৱাৰ ফলত পৰৱৰ্তী আচৰণবাদৰ জন্ম হয় বুলি ক’ব পাৰি। আচৰণবাদ যেনেধৰণে জনশ্রুতিবাদৰ বিপক্ষে এক বিপ্লৱ, ঠিক সেইদৰে উত্তৰ আচৰণবাদ- আচৰণবাদৰ বিপক্ষে এক বিপ্লৱ। কিন্তু উত্তৰ আচৰণবাদীসকলে জনশ্রুতিবাদ আৰু আচৰণবাদৰ মাজত এক নতুন পদ্ধতি উদ্ভাৱনৰ প্ৰচেষ্টা হাতত লৈছিল ।ইয়াৰ ফলতেই উত্তৰ আচৰণবাদৰ জন্ম হয় ।

(খ) আচৰণবাদৰ বিফলতা : প্রখ্যাত আচৰণবাদী ডেভিড ইষ্টনে ১৯৬৯ চনত আমেৰিকাৰ ৰাজনীতি বিজ্ঞান সংস্থাৰ বাৰ্ষিক অভিৱৰ্তন Annual Convention of the American Political Science Association ত ভাষণ দাঙি ধৰি আচৰণবাদৰ বিফলতাৰ কাৰণ দৰ্শাই এটা দীঘল বক্তৃতা দিছিল। ভাষণ প্রসংগত ডেভিড ইষ্টনে আচৰণবাদীসকলে আচৰণবাদী পদ্ধতি গ্রহণ কৰি পৰিচালনা কৰা ৰাজনীতি বিজ্ঞানৰ বিভিন্ন বিষয়ৰ গৱেষণা কাৰ্যৰ বিফলতা দাঙি ধৰে। ডেভিড ইষ্টনৰ অনুগামী আচৰণবাদীসকলৰ একাংশই একমত দাঙি ধৰি জনশ্ৰুতিবাদ আৰু আচৰণবাদৰ মাজত এক উমৈহতীয়া পদ্ধতি উদ্ভাৱনৰ প্ৰচেষ্টা হাতত লয়; ফলত পৰৱৰ্তী আচৰণবাদৰ জন্ম হয়।

(গ) গৱেষণা পদ্ধতি কৌশলৰ ওপৰত অধিক গুৰুত্ব : আচৰণবাদীসকলে কোনো এটা বিষয় গৱেষণা কৰিবলৈ গৱেষণা পদ্ধতি আৰু কৌশলৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। আচৰণবাদীসকলে সদায় নতুন নতুন গবেষণা পদ্ধতি আৰু কৌশল উদ্ভাৱন কৰাত অধিক গুৰুত্ব দিছিল। আচৰণবাদীসকলৰ বাবে গৱেষণা পদ্ধতি আৰু কৌশল অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল। এনে সময়তে ডেভিড ইষ্টনকে ধৰি কেইগৰাকীমান আচৰণবাদীয়ে মত পোষণ কৰিছিল যে তেওঁলোকৰ গৱেষণা পদ্ধতি বাস্তৱ মানৱ জীৱনৰ পৰা বহুখিনি আঁতৰি আহিছে। সেয়ে তেওঁলোকে অমূল্য সময় নষ্ট নকৰি পৰৱৰ্তী আচৰণবাদৰ উদ্ভাৱনত মনোনিৱেশ কৰে।

(ঘ) আচৰণবাদৰ প্ৰতি গঢ়ি উঠা অসন্তুষ্টিয়ে উত্তৰ আচৰণবাদক জন্ম দিয়ে : আৰম্ভণিতে আচৰণবাদে আমেৰিকাত অধিক জনপ্রিয়তা লাভ কৰে যদিও পৰৱৰ্তী কালছোৱাত আচৰণবাদৰ প্ৰতি এক অসন্তুষ্টিৰ ভাব প্রকট হৈ উঠে। আচৰণবাদৰ প্ৰতি গঢ়ি উঠা এনে ব্যয় কৰি যেতিয়া আচৰণবাদীসকলে সমাজৰ সমস্যাসমূহৰ সমাধানৰ কোনো শুদ্ধ পথ বিচাৰি উলিয়াবলৈ অক্ষম হয় তেতিয়াৰ পৰাই আচৰণবাদৰ জনপ্রিয়তা লোপ পাই অসন্তুষ্টিৰ ভাবে গঢ়ি উঠিবলৈ ধৰে। সেয়ে উত্তৰ আচৰণবাদ— আচৰণবাদৰ বিপক্ষে এক বিপ্লৱ হিচাপেহে জন্ম লাভ কৰে বুলি কোৱা হয়।

(ঙ) ৰাজনীতি বিজ্ঞানক সমস্যা সমাধানৰ বিজ্ঞানলৈ ৰূপান্তৰিত কৰাত বিফলতা : আচৰণবাদীসকলে সমাজৰ বিভিন্ন সমস্যা অধ্যয়ন কৰি এফালে যেনেকৈ সমস্যাসমূহ সমাধানৰ শুদ্ধ পথ বাছি উলিওৱাত বিফল হৈছিল, আনফালে তেনেকৈ ৰাজনীতি বিজ্ঞানক এক সমস্যা সমাধানৰ বিজ্ঞান হিচাপে ৰূপান্তৰিত কৰি তোলাতো বিফল হৈছিল। উত্তৰ আচৰণবাদীসকলৰ মতে আচৰণবাদীসকলে সাম্প্রতিক সামাজিক আৰু ৰাজনৈতিক সমস্যাসমূহ বুজি উঠাত বিফল হৈছিল। আচৰণবাদীসকলে অৰ্থ আৰু সময় নষ্ট কৰি সামাজিক আৰু ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত আশাপ্রদ ফল দেখুওৱাত ব্যর্থ হয়; ফলত উত্তৰ আচৰণবাদৰ জন্ম হয়।

২০। ডেভিড ইষ্টনে আগবঢ়োৱা উত্তৰ আচৰণবাদৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ ডেভিড ইষ্টনে আচৰণবাদৰ বৈশিষ্ট্য সুকীয়াকৈ দাঙি ধৰাৰ দৰে উত্তৰ-আচৰণবাদৰো ৭টা বৈশিষ্ট্য দাঙি ধৰিছিল। এইকেইটা হ’ল― 

(১) অধ্যয়নৰ উদ্দেশ্য আৰু অধ্যয়নৰ ফলাফল অধ্যয়ন পদ্ধতি আৰু কৌশলৰ তুলনাত অধিক গুৰুত্ব লাভ কৰা উচিত,

(২) সামাজিক পৰিৱৰ্তনৰ ওপৰত অধিক গুৰুত্ব,

(৩) বাস্তৱ ৰাজনীতিৰ লগত ৰাজনীতি বিজ্ঞানৰ প্ৰত্যক্ষ সম্পৰ্ক গঢ়ি তোলা,

(৪) ৰাজনীতি বিজ্ঞান মূল্য-বিহীন হোৱা উচিত নহয়,

(৫) সভ্যতাৰ মানৱীয় মূল্যবোধ ৰক্ষণা-বেক্ষণ দিয়া ৰাজনীতি বিজ্ঞানৰ উদ্দেশ্য হোৱা উচিত,

(৬) চিন্তাশীল বা অধ্যয়নশীল হোৱাৰ সলনি কাৰ্যকৰী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ, 

(৭) অনুষ্ঠান প্রতিষ্ঠান, সংস্থা, বিভিন্ন পেছা আদি ৰাজনীতিকৰণ কৰি তোলা।

২১। ডেভিড ইষ্টনৰ ব্যৱস্থাপক তত্ত্বৰ ধাৰণাসম্পর্কে বহলাই আলোচনা কৰা।

উত্তৰঃ ৰাজনীতিৰ অধ্যয়নত ব্যৱস্থাপক দৃষ্টিভংগী প্রয়োগৰ পৃষ্ঠপোষকতা কৰা প্ৰধান প্ৰৱক্তা হ’ল ডেভিড ইষ্টন। তেওঁৰ বিখ্যাত গ্রন্থসমূহ ‘ৰাজনৈতিক ব্যৱস্থা’, ‘ৰাজনৈতিক বিশ্লেষণৰ এটা গাঁথনি’, ৰাজনৈতিক জীৱনৰ এটি পদ্ধতিগত বিশ্লেষণ আদিত এই দৃষ্টিভংগীৰ ধাৰণামূলক গাঁথনিৰ বিকাশ সাধন কৰিছিল। তেওঁ কৈছিল যে ৰাজনীতি বিজ্ঞানৰ পৰম্পৰাগত অধ্যয়নমূলক পদ্ধতিবোৰ অতি ঠেক পৰিসৰৰ আছিল, যাৰ অধ্যয়ন কেৱল আনুষ্ঠানিক ৰাজনৈতিক অনুষ্ঠানৰ অধ্যয়নতহে আবদ্ধ হৈ আছিল।

ডেভিড ইষ্টনৰ মতে এখন সমাজত সকলো ধৰণৰ আন্তঃক্ৰিয়া থাকে, কিন্তু এক বিশেষ ধৰণৰ আন্তঃক্ৰিয়াৰ জৰিয়তে ৰাজনৈতিক ব্যৱস্থাৰ সৃষ্টি হয়। সাধাৰণতে ৰাজনৈতিক সিদ্ধান্তৰ বন্ধনীয় প্ৰকৃতিয়ে ৰাজনৈতিক ব্যৱস্থাক অন্য অৰাজনৈতিক ব্যৱস্থাৰ পৰা পৃথক কৰে। তেওঁৰ মতে ৰাজনীতি হ’ল সমাজৰ বাবে মূল্যমানৰ প্ৰভুত্বজ্ঞাপক অংশ নিৰূপণ আৰু এই ক্ৰিয়াটো পৰিয়াল, ৰাজনৈতিক দল, ছাত্র সংগঠন আদি সকলোতে পৰিস্ফুট হয়। 

তেওঁৰ মতে ৰাজনৈতিক ব্যৱস্থাই সমাজৰ মূল্যমানৰ প্ৰভুত্বজ্ঞাপক অংশ নিৰূপণকহে অধ্যয়ন কৰে; কিন্তু ৰাজনৈতিক ব্যৱস্থাৰ সংজ্ঞাৰ পৰা দল আৰু অন্যান্য ব্যৱস্থা আদি গঢ় লৈ উঠে। এই সকলো বাহ্যিক ব্যৱস্থাই ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱেশৰ সৃষ্টি কৰে। এই পৰিৱেশৰ লগত ৰাজনৈতিক ব্যৱস্থাপক দৃষ্টিভংগীৰ আলোচ্য বিষয় হৈছে ব্যৱস্থা। ডেভিড ইষ্টনৰ মতে, ৰাজনৈতিক ব্যবস্থা হৈছে এক পাৰস্পৰিক প্ৰতিক্ৰিয়াৰ ব্যৱস্থা যাৰ জৰিয়তে প্ৰমূল্যৰ বাধ্যতামূলক আৰু কৰ্তৃত্বসম্পন্ন বিতৰণৰ কাৰ্যাৱলী সম্পাদন কৰা হয়। সাধাৰণতে ৰাজনৈতিক সিদ্ধান্তৰ বান্ধনমুখী প্ৰকৃতিয়ে ৰাজনৈতিক ব্যৱস্থা এটাক অন্যান্য অৰাজনৈতিক ব্যৱস্থাসমূহৰ পৰা। পৃথক কৰে। ইষ্টনৰ মতে ৰাজনীতি হৈছে “সমাজৰ কাৰণে মূল্যায়নৰ কৰ্তৃত্বসম্পন্ন বিতৰণ” আৰু এই প্ৰক্রিয়াটো পৰিয়াল, ৰাজনৈতিক দল, ছাত্র সংগঠন আদি সকলোতে বিৰাজমান।

ডেভিড ইষ্টনে ৰাজনৈতিক ব্যৱস্থাক এক মুক্ত ব্যৱস্থা হিচাপে অভিহিত কৰিছে। প্ৰতিটো ৰাজনৈতিক ব্যৱস্থাৰ ওপৰতে ইয়াৰ পৰিৱেশৰ প্ৰভাৱ পৰে। এই প্ৰসংগতে এইটো উল্লেখ কৰা হ’ব যে ৰাজনৈতিক ব্যৱস্থা সম্পর্কে আলোচনা কৰোঁতে ডেভিড ইষ্টনে পৰিৱেশৰ লগত ৰাজনৈতিক ব্যৱস্থাৰ সম্পৰ্কৰ বিষয়েও ব্যাখ্যা আগবঢ়াইছে। এই ক্ষেত্ৰত ইষ্টনে কৈছে যে প্ৰতিখন সমাজতে ৰাজনৈতিক ব্যৱস্থাৰ উপৰি আন কেতবোৱৰ ব্যৱস্থা থাকে যিবিলাকক সমাজৰ উপব্যৱস্থা বুলিব পাৰি আৰু এই উপব্যৱস্থাবিলাকৰ জৰিয়তে ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱেশৰ সৃষ্টি হয়। 

গতিকে ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ বুলি ক’লে সমাজৰ উপব্যৱস্থাসমূহৰ প্ৰভাৱসমূহকেই বুজায়। ডেভিড ইষ্টনে ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱেশক দুটা ভাগত বিভক্ত কৰিছে; এবিধ হ’ল আন্তঃসামাজিক পৰিৱেশ য’ত অর্থনীতি, সংস্কৃতি, সামাজিক গাঁথনি আৰু ব্যক্তিত্বক সামৰি লোৱা হয়। সাধাৰণতে এইবিলাক হৈছে সমাজৰ পৰিধিৰ ভিতৰতে আৱদ্ধ যাৰ ৰাজনৈতিক, ব্যৱস্থাও এক অংশ এই আন্তঃসামাজিক পৰিৱেশে, ৰাজনৈতিক ব্যৱস্থাৰ চলনশীলতাৰ অৱস্থাক গভীৰভাৱে প্ৰভাৱান্বিত কৰি গঢ় দিয়ে। আনটো হৈছে বাহ্যিক সামাজিক পৰিৱেশ, যি সমাজৰ বাহ্যিক সকলো ব্যৱস্থাকে সামৰি লয়। সেইবোৰ সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ব্যৱস্থাৰ ভিতৰত পৰে। উল্লেখ্য যে এই দুয়োটা পৰিৱেশেই ইয়াৰ উপকৰণ আৰু উৎপাদৰ মাজত এক সামঞ্জস্য ৰখাটো নিতান্তই প্রয়োজনীয়। উপকৰণ হৈছে ৰাজনৈতিক ব্যৱস্থাৰ ওচৰত উত্থাপিত হোৱা দাবী বা চাহিদা আৰু ব্যৱস্থাৰ সমর্থনৰ ফলশ্রুতি। অৱশ্যে ৰাজনৈতিক কর্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিলেই তেনে দাবী উৎপাদত যে পৰিণত হয় তেনে নহয়, কর্তৃপক্ষই তেনে দাবী সমূহৰ প্রতি সমর্থন জনায় নে নজনায় অর্থাৎ কর্তৃপক্ষই তেনে দাবীসমূহ পূৰণ কৰিবলৈ সমৰ্থ হয়নে নহয় সেয়াও বিচাৰ-বিবেচনা কৰা আৱশ্যক। যি কি নহওক, ৰাজনৈতিক ব্যৱস্থাৰ জৰিয়তে উপকৰণ উৎপাদত পৰিণত হয়। এই উৎপাদসমূহ হৈছে প্ৰকৃততে ৰাজনৈতিক সিদ্ধান্ত আৰু বিধি বিধানসমূহ। এই উৎপাদসমূহ চাৰিশ্রেণীত বিভক্ত কৰিব পাৰি। প্ৰথমতে, আহৰণ যেনে- কৰ বা ব্যক্তিগত সেৱা। দ্বিতীয়তে, আচৰণ নিয়ন্ত্রণ, তৃতীয়তে, সেৱা আৰু বস্তুৰ বিতৰণ বা অংশ নিৰূপণ, চতুৰ্থতে, সাংকেতিক উৎপাদ যেনে-নীতি উক্তি, ৰাজনৈতিক প্ৰতীকসমূহৰ প্ৰতি সন্মান প্রদর্শন ইত্যাদি।

ডেভিড ইষ্টনৰ ব্যৱস্থাপক দৃষ্টিভংগীৰ আন এক অবিচ্ছেদ্য অংগ হৈছে তথ্য আৰু অভিজ্ঞতা প্ৰেৰক পথ। ইষ্টনৰ মতে ৰাজনৈতিক ব্যবস্থা এটাত উপপাদবিলাকে ক্রিয়া-প্রতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু এনে ধৰণৰ ক্রিয়া-প্রতিক্ৰিয়াৰ ফলাফলসমূহে ৰাজনৈতিক ব্যৱস্থাটোৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়, যাৰ ফলত উপপাদসমূহৰ পৰা নতুন নতুন উপকৰণৰ সৃষ্টি হয়। এই নতুন উপকৰণৰ পৰা নতুন নতুন উপপাদ সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়াটো এনেদৰে চক্রাকাৰে চলিয়েই থাকে। ডেভিড ইষ্টনৰ মতে এনেদৰে ৰাজনৈতিক ব্যৱস্থাই উপকৰণসমূহক উৎপাদত পৰিণত । কৰে যি প্ৰক্ৰিয়াৰ মাধ্যমেৰে ৰাজনৈতিক ব্যৱস্থা আৰু পৰিৱেশৰ মাজত সমন্বয় সাধন কৰা হয়, তাক তথ্য আৰু অভিজ্ঞতা প্ৰেৰক পথ হিচাপে অভিহিত কৰা হয়। ডেভিড ইষ্টনৰ মতে ৰাজনৈতিক ব্যৱস্থা সদায় মুক্ত আৰু উপযোগীমূলক। তেওঁৰ মতে ৰাজনৈতিক ব্যৱস্থাৰ স্থিৰতা বজাই ৰাখিবলৈ হ’লে উপকৰণ আৰু উপপাদৰ মাত সমতা ৰক্ষা কৰাটো নিতান্তই প্রয়োজনীয়। ৰাজনৈতিক ব্যৱস্থাত দেখা দিয়া সংকট আৰু তেনে সংকট প্ৰতিৰোধৰ বিষয়েও ডেভিড ইষ্টনে আলোচনা কৰিছে। প্ৰতি ৰাজনৈতিক ব্যৱস্থাতে, দাবী আৰু সমৰ্থনৰ পৰা সংকটৰ সূচনা হ’ব পাৰে। সাধাৰণতে ৰাজনৈতিক ব্যৱস্থাত দাবীৰ পৰা দুই ধৰণৰ সংকটৰ সূত্রপাত হ’ব পাৰে। 

প্ৰথমতে, ৰাজনৈতিক ব্যৱস্থা এটাত ৰাজনৈতিক কর্তৃপক্ষই যদি সর্বাধিক সংখ্যক লোক নতুবা বিশেষ প্রভাবশালী ব্যক্তিৰ দাবী পূৰণ কৰাৰ ক্ষেত্ৰত অসমর্থতা প্রতিফলিত হয় তেন্তে তেনে ব্যক্তিসকলৰ মাজতে অসন্তুষ্টিৰ মনোভাৱ জাগ্ৰত হ’ব পাৰে আৰু এই ব্যৱস্থাই সিদ্ধান্ত গ্ৰহণৰ ভেটি দুৰ্বল হোৱাত অৰিহণা যোগাব। দ্বিতীয়তে, কোনো ৰাজনৈতিক ব্যৱস্থাই ৰাজনৈতিক কৰ্তৃপক্ষৰ ওচৰত সীমাহীন দাবী উত্থাপন কৰিলেও সংকটজনক পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা থাকে। কাৰণ কোনো ৰাজনৈতিক ব্যৱস্থাৰ পক্ষেই সীমাহীন দাবীক উপপাদত পৰিণত কৰাটো সম্ভৱ নহয়। ডেভিড ইষ্টনৰ মতে প্ৰতিটো ৰাজনৈতিক ব্যৱস্থাতে দাবী সংক্রান্তীয় সংকটৰ দৰে সমৰ্থন সংক্রান্তীয় অসুবিধায়ো দেখা দিব পাৰে। সমৰ্থন হৈছে এনে এক গীথনি বা প্ৰক্ৰিয়া যিয়ে ৰাজনৈতিক ব্যৱস্থাক দাবীৰ লগত সামঞ্জস্য  ৰাখিব পৰাকৈ প্ৰয়োজনীয় সামর্থ্য প্ৰদান কৰে।

২২। ৰাজনৈতিক ব্যবস্থা সম্পর্কে আলমণ্ডে আগবঢ়োৱা সংজ্ঞাসমূহ বিশ্লেষণ কৰা। [Explain the definitions given by Almond about the political system.]

উত্তৰঃ ৰাজনৈতিক ব্যৱস্থা সম্পর্কে আলমণ্ডে নিজস্ব ধৰণে সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে, “ৰাজনৈতিক ব্যৱস্থা হৈছে সকলো স্বতন্ত্র সমাজতে বিদ্যমান এক পাৰস্পৰিক কাৰ্যব্যৱস্থা, যিয়েই নিয়োগিকীকৰণ নতুবা প্রয়োগীকৰণৰ ভাবুকিৰ জৰিয়তে একত্ৰীকৰণ আৰু উপযোগিতাৰ কাম সম্পন্ন কৰে।” আলমণ্ডে নিম্নোক্ত বৈশিষ্ট্যসমূহক ৰাজনৈতিক ব্যৱস্থাৰ বৈশিষ্ট্য হিচাপে অভিহিত কৰিছে–

(ক) ব্যাপকতা : আলমণ্ডৰ মতে ৰাজনৈতিক ব্যৱস্থাই সকলো পাৰম্পৰিক কাৰ্য সামৰি লয়। যেনে- উপকৰণ, উপপাদ, পৰিণাম দমনৰ ভাবুকি ইত্যাদি। গতিকে ই সকলো ধৰণৰ পাৰস্পৰিক কাৰ্য সামৰি লয়।

(খ) আন্তঃনিবৰ্ভৰশীলতা : আলমণ্ডৰ মতে বিভিন্ন উপব্যবস্থাই পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে সেইবোৰ স্বতন্ত্র নহয়, বৰঞ্চ আন্তঃনির্ভৰশীল হে।

(গ) সীমা : ই হ’ল এনে এটা বিন্দু য’ত এটা ৰাজনৈতিক ব্যৱস্থাৰ শেষ, হয় আৰু আন এটি ৰাজনৈতিক ব্যৱস্থাৰ আৰম্ভণি হয়। আলমণ্ডৰ মতে ৰাজনৈতিক ব্যৱস্থাই সাত প্ৰকাৰৰ কাৰ্য সম্পাদন কৰে। ইয়াৰে চাৰি বিধ হৈছে উপকৰণ (ৰাজনৈতিক) কাৰ্য আৰু তিনিবিধ উপপাদ চৰকাৰী) কাৰ্য।

উপকৰণ (ৰাজনৈতিক) কার্য (১) ৰাজনৈতিক সামাজিকীকৰণ আৰু নিযুক্তি, (২) স্বার্থ জোঁটনি, (৩) স্বার্থ সমষ্টিকৰণ, (৪) ৰাজনৈতিক যোগাযোগ।

(১) ৰাজনৈতিক সামাজিকীকৰণ আৰু নিযুক্তি : ৰাজনৈতিক সমাজিকীকৰণ হ’ল এক মনস্তাত্ত্বিক ধাৰণা৷ ই সমাজৰ ৰাজনৈতিক সাংস্কৃতিক এটা প্ৰজন্মৰ পৰা আন এটি প্ৰজন্মলৈ হস্তান্তৰ কৰা হয়। ই প্ৰত্যক্ষ বা পৰোক্ষ হ’ব পাৰে। অৱশ্যে ৰাজনৈতিক সামাজিকীকৰণ সমাজৰ বিকাশৰ স্তৰৰ লগত জড়িত। ৰাজনৈতিক নিযুক্তিয়ে ৰাজনীতিত নতুন সদস্যক নিযুক্তি কৰা বুজায়।

(২) স্বাৰ্থৰ জোঁটনি : স্বার্থ জোঁটনি হ’ল এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিসমষ্টি আৰু গোষ্ঠীয়ে ৰাজনৈতিক সিদ্ধান্ত নিৰ্ণয়কাৰীৰ ওপৰত দাবী উত্থাপন কৰে। সাধাৰণতে কেতবোৰ প্ৰভাৱগোষ্ঠী, যেনে ধর্মীয় সংগঠন, বাণিজ্য সংস্থা, নৃগোষ্ঠীয় সংঘ আদিয়ে ৰাজনৈতিক কর্তৃপক্ষলৈ দাবী কঢ়িয়াই নিয়ে। যদি দাবীৰ সঁহাৰি স্বৰূপে অহা সিদ্ধান্ত সন্তোষজনক নহয় তেতিয়াহ’লে পুনৰ দাবী উত্থাপন কৰি চৰকাৰক সন্মত কৰোৱাৰ চেষ্টা কৰা হয়। যদি তেনে ক্ষেত্ৰতো দাবী পূৰণ কৰা নহয়, তেতিয়া সমাৰোহৰ জৰিয়তে ৰাজনৈতিক সিদ্ধান্ত নিৰ্ণয়কাৰীৰ দৃষ্টি আকর্ষণ কৰা হয়।।

(৩) স্বাৰ্থৰ সমষ্টিকৰণ : স্বার্থ সমষ্টিকৰণে দাবীবোৰক সাধাৰণ নীতিলৈ পৰিৱৰ্তিত কৰে। এই প্রক্রিয়া প্রত্যেক ৰাজনৈতিক ব্যৱস্থাতে বিৰাজমান আৰু ৰাজনৈতিক দলে এই ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। আনহাতে সর্বাত্মকবাদী ৰাজনৈতিক ব্যৱস্থা য’ত ৰাজনৈতিক দলৰ অভাব, আমোলাতন্তই স্বার্থ সমষ্টিকৰণ কার্য সম্পাদন কৰে।

(৪) ৰাজনৈতিক যোগাযোগ : যোগাযোগেই হ’ল একমাত্র মাধ্যম যাৰ জৰিয়তে অন্য কার্য সম্পন্ন কৰা হয়। ইয়াৰ অৰ্থ এয়ে যে মানৱ দেহৰ ৰক্ত সঞ্চালনৰ দৰে সমাজৰ পৰা ৰাজনৈতিক ব্যৱস্থালৈ নিৰৱচ্ছিন্নভাৱে তথ্য প্রবাহিত হৈ থাকিব লাগিব।

উপপাদ কার্যাবলী : ১। বিধি নির্মাণ, (২) বিধি প্রয়োগ, (৩) বিধি ন্যায্যতাকৰণ।

(১) বিধি নির্মাণ [Rule Formulation] : বিধি নির্মাণ কার্যই পৰিৱৰ্তনৰ সূচনা কৰি পৰিৱেশক প্ৰভাৱান্বিত কৰে। এখন দেশৰ সৰল ৰাজনৈতিক ব্যৱস্থাত প্রাপ্তবয়স্ক সদস্যসকলে এই কাৰ্য সমাধা কৰে। বৰ্তমান সময়ৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত সংসদে বিধি নিৰ্মাণ কাৰ্য সম্পন্ন কৰে।

(২) বিধি প্রয়োগ : বিধি প্রয়োগে সিদ্ধান্ত নির্ণয়কাৰীয়ে বিধি বলবৎ কৰাক বুজায। অৱশ্যে ইয়াৰ বাবে উচ্চ প্রশাসনিক দক্ষতাপূর্ণ আমোলাতন্ত্র প্রয়োজন আবশ্যম্ভাবী।

(৩) বিধি ন্যায্যতাকৰণ : যিসকল লোকে বিধি নামানে বা ইয়াক উলংঘা কৰে তেনে লোকক শাস্তি প্রদান কৰা হয়। গতিকে দোষী ব্যক্তিক শাস্তি প্রদান কৰিব লাগে।

২৩। গাঁথনি কার্য বিষয়ক দৃষ্টিভংগীৰ এক সমালোচনাত্মক মূল্যায়ন আগবঢ়োৱা।

উত্তৰঃ আধুনিক ৰাজনৈতিক বিশ্লেষণৰ ক্ষেত্ৰত আলমণ্ডৰ গাঁথনি কার্য বিষয়ক দৃষ্টিভংগীটোক বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰা হৈছে―

(ক) ৰাজনৈতিক ব্যৱস্থাৰ সংজ্ঞাত আলমণ্ডে কৈছে যে,ৰাজনৈতিক ব্যৱস্থা হ’ল সকলো স্বতন্ত্র সমাজতে বিৰাজমান এক পৰস্পৰ কাৰ্যব্যৱস্থা, যিয়ে নিয়োগ বা নিয়োগৰ ভাবুকিৰে একীকৰণ আৰু উপযোগিতাৰ কামো সম্পাদন কৰে। কিন্তু তেওঁ ‘স্বতন্ত্র সমাজ” শব্দৰ অৰ্থ ব্যাখ্যা কৰিব পৰা নাছিল।

(খ) আলমণ্ডে দিয়া ৰাজনৈতিক ব্যৱস্থাৰ বৈশিষ্ট্যবোৰ সাধাৰণতে পাশ্চাত্য ৰাজনৈতিক ব্যৱস্থা মূলতঃ আমেৰিকা ৰাজনৈতিক ব্যৱস্থাৰ পৰা আহিছে। গতিকে এইবোৰক পাশ্চাত্য দেশৰ বাহিৰে অইন দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়নত প্ৰয়োগ কৰিব নোৱাৰি।

(গ) তেওঁ উপপাদ কাৰ্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। কিন্তু দাবীয়ে কেনেকৈ ৰাজনৈতিক ব্যৱস্থাত প্রবেশ কৰি উপকৰণ কার্য সম্পন্ন কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয়।

(ঘ) তেওঁৰ তত্ত্বত ৰাজনৈতিক ব্যৱস্থাকহে অধ্যয়নৰ ঘাই একক হিচাপে লোৱা হৈছে। ইয়াৰ জৰিয়তে সীমাবদ্ধ দৃশ্যৰাজিৰেহে ৰাজনৈতিক বাস্তৱতাক অধ্যয়ন কৰিব পাৰি। সমাজৰ দৃষ্টিভংগীৰ ফালৰপৰা ৰাজনৈতিক ব্যৱস্থাৰ কাৰ্যাৱলীৰ ওপৰত আলোকপাত নকৰে।

(ঙ) মার্ক্সীয় তত্ত্বই আলমণ্ডৰ তত্ত্বৰ বিৰোধিতা কৰে। মার্ক্সীয় দৰ্শনৰ, মূল হ’ল শ্রেণী সংগ্রাম, কিন্তু গাঁথনি কার্যগত বিশ্লেষণে ইয়াক গ্রহণ নকৰে। কাৰণ সংঘাতৰ পৰিৱর্তে ই ঐক্যমততহে বিশ্বাসী।

গাঁথনি কার্য বিষয়ক দৃষ্টিভংগীটোক বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰিলেও ৰাজনৈতিক পদ্ধতিৰ বিশ্লেষণত নতুন কেতবোৰ ধাৰণামূলক আহিলাৰ উদ্ভাৱন কৰি তুলনামূলক ৰাজনীতি বিষয়টোক অধিক মূল্যৱান কৰিছে। ৰাজনৈতিক বাস্তৱতাক ই এক নতুন অন্তর্দৃষ্টি প্ৰদান কৰিছে। গতিকে ক’ব 

পাৰি যে গাথনি কার্য বিষয়ক দৃষ্টিভংগীটো এক বিস্তৃত দৃষ্টিভংগী যিয়েই সমসাময়িক তুলনামূলক ৰাজনীতিৰ অধ্যয়নক অধিক গতিশীলতা প্ৰদান কৰিছে।

২৪। তুলনামূলক ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত আৰু আধুনিক দৃষ্টিভংগীৰ মাজৰ প্ৰভেদসমূহ উল্লেখ কৰা। [Mention the Differences between Traditional and Modern Approach to the Study of Comparative Politics.]

উত্তৰঃ পৰম্পৰাগত দৃষ্টিভংগী :

(ক) ৰাষ্ট্ৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হয়। 

(খ) প্ৰধানকৈ ইউৰোপীয় ৰাষ্ট্ৰবিলাকৰ বিষয়ে অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।

(গ) ৰাষ্ট্ৰ সামাজিক গাথনিৰ অধ্যয়নৰ ওপৰত কম গুৰুত্ব দিয়া হয়। অর্থাৎ এই পদ্ধতিত অনুষ্ঠান আৰু সংবিধানৰ অধ্যয়ন কৰোতে সামাজিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়া হয়। 

(ঘ) দৃষ্টিভংগীৰ সাংস্কৃতিক সীমা আছে।

(ঙ) এই পদ্ধতিত মাত্ৰ কিছুমান দেশৰ সংবিধান আৰু অনুষ্ঠানবিলাকৰ নক্সা-ভিত্তিক অধ্যয়ন কৰা হয়।

(চ) অনুষ্ঠানৰ অধ্যয়ন

(ছ) দৃষ্টিভংগী বিজ্ঞানসন্মত নহয়।

(জ) মূল্যবোধৰ ওপৰত গুৰুত্ব

আধুনিক দৃষ্টিভংগী : 

(ক) ৰাষ্ট্ৰৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হয়। আধুনিক ৰাজনৈতিক বিশ্লেষণৰ পৰিসৰ বৰ বহল। ই কোনে ৰাজনৈতিক ব্যৱস্থাৰ আনুষ্ঠানিক আৰু অনা আনুষ্ঠানিক আইন সম্পৰ্কীয় আৰু অনা-আহিন সম্পৰ্কীয়, সাংবিধানিক আৰু সংবিধান বহিৰ্ভূত বিষয়বিলাকৰ পৰ্যালোচনা কৰে। 

(খ) পশ্চিমীয়া দেশবিলাকৰ বাহিৰে অন্যান্য দেশৰ বিষয়েও চৰ্চা কৰা হয়।

(গ) সামাজিক পৰিস্থিতি বিবেচনা কৰা হয়।

(ঘ) কোনো সাংস্কৃতিক সীমা নাই। আন্তঃসাংস্কৃতিক।

(ঙ) ইয়াত বহুতো ৰাজনৈতিক ব্যৱস্থাৰ সাদৃশ্যৰ ওপৰত গুৰুত্ব দিয়া হয়। ই সাধাৰণ ভাবৰ আৰু আৰ্হিমূলক।

(চ) ৰাজনৈতিক আচৰণৰ অধ্যয়ন। 

(ছ) বিজ্ঞানসন্মত দৃষ্টিভংগী।

(জ) মূল্যবোধ নিৰপেক্ষ হোৱাৰ চেষ্টা।

২৫। তুলনামূলক ৰাজনীতি অধ্যয়নৰ মাৰ্ক্সীয় দৃষ্টিভংগী সম্পর্কে বহলাই আলোচনা কৰা। [Discuss in details Marxian Approach to the study of Comparative Politics.]

উত্তৰঃ বৈজ্ঞানিক সমাজবাদৰ পিতৃস্বৰূপ কার্লমার্ক্সৰ তত্ত্বই আধুনিক ৰাজনৈতিক বিশ্লেষণৰ ক্ষেত্ৰত এক বিশেষ গুৰুত্বপূৰ্ণ স্থান গ্ৰহণ কৰিছে। যদিও প্ৰকৃতিৰ ক্ষেত্ৰত পৰম্পৰাগত আৰু আধুনিক দুয়োটা দৃষ্টিভংগীয়েই পৃথক তথাপি কিছু কিছু ক্ষেত্ৰত মার্ক্সীয় দৃষ্টিভংগীটোৰ পৰম্পৰাগত আৰু আধুনিক দৃষ্টিভংগীৰ লগত সামঞ্জস্য থকাও পৰিলক্ষিত হয়। এই দৃষ্টিভংগীটোৰ এক তাৎপর্যপূর্ণ বৈশিষ্ট্য হ’ল যে শ্রেণীসংগ্ৰামৰ ফলশ্রুতি হিচাপে উদ্ভৱ হোৱা ৰাষ্ট্ৰ হৈছে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ মূল কেন্দ্ৰবিন্দু সেয়েহে মাৰ্ক্সীয় দৃষ্টিভংগীটোৱে এখন ৰাষ্ট্ৰবিহীন আৰু শ্ৰেণীবিহীন সমাজ প্রতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু উল্লেখ যে এই সমাজখনেই সামাজিক উন্নয়নৰ অন্তিম স্তৰ হিচাপে বিবেচিত হ’ব। 

তদুপৰি ইতিহাস, সমাজশাস্তৰ, মনোবিজ্ঞান আৰু নীতিশাস্ত্ৰ আদিৰ দৰে অন্যান্য বিষয়সমূহত অর্থনীতিয়ে বিশেষভাৱে প্ৰাধান্য বিস্তাৰ কৰে। ৰাজনীতিৰ মূল

অর্থনৈতিক গাঁথনিৰ লগত নিবিড়ভাৱে সম্পর্কিত আৰু উৎপাদনৰ শক্তি আৰু সম্পৰ্কৰ জৰিয়তে ইয়াৰ বহির্প্রকাশ ঘটে। মার্ক্সীয় দৃষ্টিভংগীৰ এক বিশেষ তাৎপর্যপূর্ণ দিশটো হ’ল যে ই ৰাজনীতি অভিধাটোৰ বিষদ বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোনো এক ৰাজনৈতিক ব্যৱস্থাৰ আনুষ্ঠানিক গাঁথনি আৰু উপ-গাঁথনিৰ অধ্যয়নৰ পৰিৱৰ্তে মার্ক্সীয় দৃষ্টিভংগীয়ে ৰাজনৈতিক ব্যৱস্থা এটাৰ মূল শিপাডাল উদ্ঘাটন কৰাৰ ওপতহে গুৰুত্ব দিয়ে। এই দৃষ্টিভংগী অনুসৰি অর্থনৈতিক ব্যৱস্থাই সমাজক শ্রেণী গাঁথনিৰ নিৰ্দেশনা দিয়ে আৰু উৎপাদনৰ আহিলা, বিতৰণ আৰু ইয়াৰ বিনিময়ত উদ্ভৱ হোৱা পৰিৱৰ্তনৰ ফলশ্রুতিত সমাজৰ প্রচলিত শ্রেণী গাঁথনিৰ পৰিৱৰ্তন সাধন কৰে। যিহেতু ক্ষমতাকেন্দ্ৰিক সংঘাত ৰাজনীতি অধ্যয়নৰ মূল বিষয়বস্তু, গতিকে প্রচলিত শ্রেণী গাঁথনি পৰিৱৰ্তনক দুয়োটা পৰস্পৰ বিৰোধী শ্রেণী (ধনী আৰু দুখীয়া)ৰ মাজত উদ্ভৱ হোৱা সংঘৰ্ষৰ ভিত্তিত অধ্যয়ন কৰিব লাগে। এই শ্রেণী সংঘাতৰ অৱস্থাৰ এখন সমাজবাদী সমাজ প্রতিষ্ঠাৰ পাছতহে অৱসান “পৰিব। গতিকে স্বাভাৱিকতেই এইটো স্পষ্ট হয় যে মার্ক্সীয় দৃষ্টিভংগীটোৱে কেৱল সামাজিক বিদ্বেষৰ ওপৰতহে যে আলোকপাত কৰে এনে নহয়, বৰং ইয়াৰ পৰা পৰিত্ৰাণ লাভৰ উপায়ৰো নিদের্শনা দিছে। এনেদৰে মাৰ্ক্সীয় দৃষ্টিভংগীটোৱে এক নির্দেশনাত্মক চৰিত্ৰৰ ৰূপ লাভ কৰিছে। 

এনে দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰি চালে মাৰ্ক্সীয় দৃষ্টিভংগীটোক এক ভাৱাদর্শ হিচাপে গণ্য কৰিব পাৰি। এই দৃষ্টিভংগীটোৱে পুঁজিবাদী ব্যৱস্থাৰ সহজাত দুর্বলতা আৰু আসোঁৱাহসমূহ আঙুলিয়াই দিয়াতে ক্ষান্ত নাথাকি শোষিত আৰু নিষ্পেষিত শ্রেণীটোক একত্ৰিত হৈ পুঁজিপতি দাসত্বৰ শিকলি ছিঙি সৰ্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠা কৰিবৰ বাবে আহবান জনায়। তুলনামূলক ৰাজনীতি বিষয়টিয়ে তৃতীয় বিশ্বব ৰাষ্ট্ৰবিলাকৰ অধ্যয়নৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তেনে পৰিপ্ৰেক্ষিতত মার্ক্সীয় দৃষ্টিভংগীটোৱে দীর্ঘদিন ধৰি সাম্রাজ্যবাদীঅর্থনৈতিক শোষণ আৰু ৰাজনৈতিক নিপীড়নৰ বলি হৈ থকা আফ্রিকা আৰু এছিয়া মহাদেশৰ উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰিবিলাকৰ ৰাজনীতি অধ্যয়ন কৰাৰ প্ৰয়াস কৰা পৰিলক্ষিত হয়। বর্তমানেও এই উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহ নব্য উপনিবেশিকতাবাদৰ গৰাহত। লেনিনয়ে সেয়েহে “সাম্রাজ্যবাদক পুঁজিবাদৰ শীৰ্ষ পৰ্যায়” বুলি অভিহিত কৰিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ অনগ্ৰসৰ ৰাষ্ট্ৰসমূহৰ ৰাজনীতি অধ্যয়ন কৰিবলৈ হ’লে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশক প্ৰভাৱিত কৰা বাহ্যিক সামাজিক কাৰকসমূহৰ প্ৰেক্ষাপটত অধ্যয়ন কৰিব লাগিব। আমেৰিকা, গ্রেট বিটেইন আৰু ফ্রান্স দৰে ধনীক আৰু উন্নত ৰাষ্ট্ৰসমূহ এফালে আৰু আনফালে জাইৰে, জিম্বাৱে আৰু কাম্পু’ছিয়াৰ দৰে তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰ। এই দুই শ্ৰেণীৰ ৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰক্ৰিয়া আৰু অনুষ্ঠানবিলাকৰ মাজৰ তুলনামূলক আলোচনা আগবঢ়োৱাৰ পৰিৱৰ্তে পৰিৱেশৰ পৰা অহা উপকৰণ আৰু ইয়াৰ ফলত সৃষ্ট উপপাদসমূহৰ ওপৰত ভিত্তি কৰিহে দুখীয়া আৰু অনগ্ৰসৰ ৰাষ্টবিলাকৰ ৰাজনৈতিক ব্যৱস্থা অধ্যয়ন কৰা উচিত।

এনেদৰে মার্ক্সবাদী দৃষ্টিভংগীটোৱে নিজকে প্রগতিশীল আৰু বিজ্ঞানসন্মত বুলি দাবী কৰে। এইদৃষ্টিভংগীটোৱে শোষণ, নিষ্পেষণ আৰু অসমতাৰ বিৰোধিতা কৰে আৰু ইয়াৰ পৰিৱৰ্তে সহযোগিতা আৰু পাৰস্পৰিক ঐক্যৰ ভিত্তিত এখন শোষণবিহীন সমতাৰ ভিত্তিত বৈষম্যহীন সমাজ প্রতিষ্ঠাৰ পোষকতা কৰে। এনেদৰে চালে মার্ক্সীয় দৃষ্টিভংগীটো দেখাত অভিজ্ঞতাবাদী যেন লাগিলেও ইয়াৰ এক আদৰ্শগত চৰিত্ৰ আছে। অভিজ্ঞতাবাদী প্ৰকৃতিৰ বাবে মার্ক্সীয় দৃষ্টিভংগীটো অধিক প্রশংসনীয়। একেদৰে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক কাৰক বা শক্তিসমূহ কৰে,সেইসমূহক আমি কোনো ক্ষেত্রতে আওকাণ কৰিব,নোৱাৰোঁ। বহুৰাষ্ট্ৰীয় নিগমসমূহ ৰূপত ক্রিয়াকলাপ, চলাই অহাত অৰিহণা যোগাই আহিছে আৰু ইয়াৰ ফলশ্রুতিতেই ইণ্ডোনেছিয়া, চিলি, ইৰাণ আদিৰ দৰে ৰাষ্ট্ৰবিলাকত বিপ্লৱ আৰু প্ৰতিবিপ্লৱৰ সূত্ৰপাত হৈছিল।

মার্ক্সীয় দৃষ্টিভংগীৰ প্ৰাসংগিকতা সম্পর্কে সমসাময়িক ৰাজনীতি বিজ্ঞানীসকলৰ মাজত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছে। কিছুমানৰ মতে ছোভিয়েট ৰাছিয়াৰ খণ্ডিতকৰণৰ লগে লগে এই দৃষ্টিভংগীয়ে ইয়াৰ পূৰ্বৰ প্ৰাসংগিকতা হেৰুৱাই পেলাইছে। এইচাম সমালোচকৰ মতে মার্ক্সীয় আদর্শ বর্তমান এটা মৃত মতবাদত পৰিণত হৈছে। যিয়ে নহওক কিয় ই এক বিতর্কমূলক বিষয়বস্তু। বিশেষকৈ শীতল যুদ্ধৰ অৱসান হোৱাৰ লগে লগে বহুতো সমালোচকে মার্ক্সীয় নীতিক অপ্রাসংগিক বুলি অভিহিত কৰিব খোজে।

দ্বিতীয় মহাসমৰৰ পিছত স্বাধীনতা লাভ কৰা বহুতো দেশে মার্ক্সীয় সামাজিক আৰু অৰ্থনৈতিক সমতাৰ নীতিৰ প্ৰতি আকৃষ্ট হৈছিল। সেয়েহে এছিয়া-আফ্ৰিকাৰ বহুতো গণতান্ত্ৰিক ৰাষ্ট্ৰই এই দেশবোৰৰ সংবিধানত সন্নিৱিষ্ট কৰা মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতিৰ দৰে কেতবোৰ নীতিক তেওঁলোকৰ নিজস্ব ৰাজনৈতিক ব্যৱস্থাবলীৰ ভিতৰত সন্নিৱিষ্ট কৰিছিল। স্বাভাৱিকতে তুলনামূলক ৰাজনীতি এক গতিশীল বিষয় পৰিৱৰ্তনশীল ৰাজনীতিত মার্ক্সীয় দৃষ্টিভংগীৰ প্ৰাসংগিকতা নথকা বুলি ক’লে গোটেই বিষয়টোকেই অতিৰঞ্জিত কৰা হ’ব, কাৰণ সামাজিক আৰু অর্থনৈতিক নীতিৰ ক্ষেত্ৰত মার্ক্সীয় দৃষ্টিভংগীয়ে বহুতো লোকক এতিয়াও আকৃষ্ট কৰে।

মার্ক্সীয় দৃষ্টিভংগীৰ আন এটি আসোঁৱাহ এয়ে যে এই দৃষ্টিভংগীয়ে ইউৰোপীয় দেশৰ অধ্যয়নৰ ভিত্তিত সমাজবাদী বিপ্লৱ সম্পর্কে যি কাল্পনিক ধাৰণাৰ অনুমান কৰিছিল সি এক অশুদ্ধ অনুমান আছিল। কাৰণ সৰ্বাধিক শোষণৰ কেন্দ্ৰস্থল এই পশ্চিমীয়া উদ্যোগিক দেশবিলাকত মার্ক্সে ভবাৰ দৰে সমাজবাদী বিপ্লব সংঘটিত নহৈ ৰাছিয়াৰ দৰে এখন কৃষিভিত্তিক অর্থনীতিৰ দেশতহে সমাজবাদী বিপ্লৱ সফলতা লাভ কৰিছিল।

২৬। ইউৰোকেন্দ্ৰিকতাবাদ বুলিলে কি বুজা ? ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ইউৰোকেন্দ্ৰিকতাবাদ হৈছে ১৯৮০ ৰ দশকত উদ্ভাৱিত এক ৰাজনৈতিক অভিধা যি ইউৰোপীয় ব্যতিক্রমবাদ পশ্চিমীয়া সভ্যতাৰ এক বিশ্বব্যাপি ধাৰণাক সূচায়। আধুনিক যুগৰ আগভাগত ইউৰোপীয় উপনিবেশিক সাম্রাজ তুংগত থকাৰ সময়ছোৱাতেই ‘ইউৰোকেন্দ্রিকতা’ ধাৰণাটোৱে বিকাশ লাভ কৰিছিল। ১৯৭০ ৰ দশকৰ শেষৰ ফালে উন্মেষণ ঘটা ইউৰোতান্দ্ৰিকতাবাদ”ৰ এই ধাৰণাটো ১৯৯০ ৰ দশকৰ নিঃঔপনিবেশিকীকৰণ আৰু উন্নয়ণশীল ৰাষ্ট্ৰসমূহলৈ (তৃতীয় বিশ্ব) ওদ্যোগিক ৰাষ্ট্ৰ সমূহে উন্নয়ণমূলক আৰু মানৱতাবাদী স্নাহার্য যোগান ধৰাৰ পৰিপ্ৰেক্ষিতত প্ৰাসংগিক তথা বৰ্তি আছে।

ইউৰোকেন্দ্ৰিকতা অভিধাটোৰ অন্তর্নিহিত অর্থ বুজিবলৈ হ’লে ইয়াক নকাৰাত্মক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা হয়। এই অভিধাটোৰ লগত তিক্ততা আৰু বিশ্বৰ অনা-ইউৰোপীয় সংস্কৃতিতকৈ শ্রেষ্ঠতা প্রতিপকৰণ জড়িত হৈ থকাৰ লগতে অনা ইউৰোপীয় সমাজৰ সংস্কৃতি আৰু জীৱনশৈলীৰ সমালোচনাক বুজোৱা হয়।

কুৰি শতিকাৰ প্ৰথমভাগত ব্যৱহৃত ইউৰোপকেন্দ্ৰিক শব্দৰ ভিত্তিত দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত ঔপনিবেশিক পৰিসমাপ্তিৰ সময়ছোৱাত এই ইউৰোকেন্দ্ৰিকতাবাদ অভিধাটো নতুনকৈ ব্যৱহাৰ কৰা হৈছিল।

ইউৰোকেন্দ্ৰিকতাবাদে ইউৰোপীয় সংস্কৃতি প্ৰমূল্যৰাজিক অনা ইউৰোপীয় সমাজৰ ইতিহাসৰ আৰু পৰম্পৰাবোৰৰ পৰা পৃথক বুলি গণ্য কৰাৰ লগতে ইবিলাকৰ ব্যাখ্যাক এক অপ্রাসংগিক প্ৰৱণতা হিচাপে অভিহিত কৰিব খোজে। ই ইউৰোপক এক সংস্কৃতিক সত্বা হিচাপে গণ্য কৰাৰ লগতে ইউৰোপীয় সভ্যতাৰ এক অনান্য ঐতিহাসিক সুবিধা আছে যিয়েই নেকি ইয়াক অনান্য সমগ্ৰ ৰাষ্ট্ৰ ওপৰত স্থায়ী শ্রেষ্ঠত্বৰ দিশে ধাৱিত কৰা বুলি যুক্তি পোষণ কৰে। ইউৰোকেন্দ্ৰিকতাবাদত অন্তর্ভুক্ত উমৈহতীয়া বৈশিষ্ট্যবোৰ হ’ল—

(ক) অনা-ইউৰোপীয় সমাজবোৰক পাশ্চাত্যতকৈ নীচ হিচাপে উপেক্ষা বা তুচ্ছ-তাচ্ছিল্য কৰা; আৰু 

(খ) এছিয়া আৰু আফ্ৰিকাৰ লোকসকলে নিজৰ সমাজত কি কৰে বা অনা-ইউৰোপীয় সমাজবিলাকৰ ইতিহাস প্রত্যক্ষ কৰি আৰু সেইবোৰক কেৱল ইউৰোপীয় দৃষ্টিভংগীৰে পৰ্যালোচন কৰি বা “ইউৰোপৰ বিস্তাৰ”ৰ অংশ হিচাপে আৰু ইয়াৰ সভ্যতাৰ প্ৰভাৱৰ কাৰণে তেওঁলোকক উপেক্ষা বা তুচ্ছ জ্ঞান কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top