India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি

India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি Question Answer can be of great value to excel in the examination.

India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি

Join Telegram channel

India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি Notes cover all the exercise questions in UGC Syllabus. The India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্ৰশ্নঃ ২০। সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) প্ৰস্তাৱনাৰ গুৰুত্ব সম্পর্কে লিখা।

উত্তৰঃ সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তিৰ (CTBT) প্ৰস্তাৱনাত বিশ্বব্যাপী পাৰমাণৱিক অস্ত্ৰ হ্ৰাস আৰু সার্বিক নিৰস্ত্ৰীকৰণ। ইয়াৰ অনিবাৰ্য লক্ষ্য হ’ল আন্তৰ্জাতিক নিয়ন্ত্ৰণৰ মাধ্যমেৰে সম্পূৰ্ণ নিৰস্ত্ৰীকৰণ। CTBT ৰ ১ নং ধাৰাত কোৱা হৈছে যে চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহ যিকোনো ধৰণৰ পাৰমাণৱিক অস্ত্ৰ-পৰীক্ষাৰ কাৰণে বিস্ফোৰণ ঘটাব নোৱাৰে আৰু তেওঁলোকৰ নিয়ন্ত্রণাধীন কোনো অঞ্চলত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা প্ৰতিৰোধ কৰিব। চুক্তিৰ ২ নং ধাৰাত সংগঠন সম্পর্কে আলোচনা কৰা হৈছে, চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ এখন সন্মিলন, এটা কাৰ্যনির্বাহী পৰিষদ আৰু এটা সচিবালয় থাকিব। চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ সন্মিলন সমগ্র অংশগ্রহণকাৰী ৰাষ্ট্ৰৰ সমন্বয়ত গঠিত হ’ব আৰু এয়া হৈছে চূড়ান্তনীতি প্রণয়নকাৰী সংস্থা। সন্মিলন কর্তৃক নির্বাচিত ৫১ জন সদস্য লৈ গঠিত হয় কাৰ্যনিৰ্বাহী পৰিষদ। এইটো হ’ব চুক্তিৰ প্ৰধান সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা। সচিবালয় আন্তর্জাতিক তথ্য কেন্দ্ৰৰ সূচনাসহ চুক্তিটো বাস্তৱতে যথাযথভাৱে ৰূপায়িত হৈছে নে নাই তাৰ আন্তৰ্জাতিক পর্যবেক্ষণ কৰিব। চুক্তিৰ ৩ নং ধাৰা অনুযায়ী স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহ চুক্তিৰ বাধ্যবাধকতাসমূহ জাতীয় স্তৰত মানি চলিব আৰু তাৰ লগত অন্যান্য ৰাষ্ট্ৰসমূহৰ আৰু সংগঠনৰ লগত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। চুক্তিৰ ৪ নং ধাৰাত আন্তর্জাতিক তদাৰকি ব্যৱস্থা গঢ়ি তোলাৰ কথা কোৱা হৈছে। বিশ্বৰ এই ব্যৱস্থাৰ মাধ্যমেৰে বিশ্বৰ কোনোবা স্থানত পাৰমাণৱিক বিস্ফোৰণ হৈছে নে হোৱা নাই তাক চিহ্নিত কৰাটো সম্ভৱ। চুক্তিৰ ৫ নং ধাৰা অনুযায়ী স্বাক্ষৰকাৰী ৰাষ্ট্ৰ চুক্তি ভংগ কৰিলে সন্মিলনে তাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিব পাৰিব। চুক্তি লংঘনৰ ঘটনা ঘটিলে সন্মিলনক স্বাক্ষৰকাৰী ৰাষ্ট্ৰবোৰৰ যৌথ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শৰ ক্ষমতা দিয়া হৈছে। চুক্তিৰ ৬ নং ধাৰাত অস্ত্ৰ প্ৰতিযোগিতা বন্ধৰ ওপৰত জোৰ দিয়া হৈছে। চুক্তিৰ ৭ নং ধাৰা অনুযায়ী প্ৰতি দহ বছৰ মূৰে মূৰে স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ এখন সম্মিলন ( Review conferance) অনুষ্ঠিত হোৱাৰ কথা কোৱা হৈছে।

প্ৰশ্নঃ ২১। সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তিৰ (CTBT) প্ৰস্তাৱনা আৰু বিষয়বস্তু সম্পর্কে লিখা।

উত্তৰঃ CTBT ৰ চুক্তিটোৰ প্ৰস্তাৱনাত বিশ্বব্যাপী পামাণৱিক অস্ত্ৰ হ্ৰাস আৰু সার্বিক নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। প্ৰস্তাৱনাত সৰ্বাত্মক পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা ৰোধক পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ এটা অর্থবহ পদক্ষেপ (“A meaningful step in the realization of a systematic process to achieve nuclear disarmament”) বুলি ঘোষণা কৰা হৈছে। CTBT ৰ ২ নং ধাৰাত ইয়াৰ গঠন সম্পৰ্কে কোৱা হৈছে যে—

(ক) চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ এখন সন্মিলন।

(খ) এটা কাৰ্যনিৰ্বাহী পৰিষদ। আৰু 

(গ) এটা প্রয়োগিক সচিবালয় ( A Technical secretariat) ক’লৈ CTBT ৰ সংগঠন গঠিত হ’ব। সংগঠনৰ বাবে চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহকে প্ৰয়োজনীয় পৰামৰ্শ দিয়া আৰু সহযোগিতা কৰা হ’ব। ভিয়েনাত গঠিত হ’ব সংগঠনৰ কাৰ্যালয়। চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ সন্মিলন হৈছে সংগঠনৰ পৰিচালক সংস্থা। এই সন্মিলনৰ দায়িত্ব হ’ল চুক্তি-সংক্রান্ত নীতিগত বিষয় আৰু চুক্তিৰ ৰূপায়নৰ তদাৰকি কৰা। সন্মিলন কর্তৃক নির্বাচিত ৫১ জন সদস্য লৈ গঠিত হয়। CTBT ৰ কাৰ্যনিৰ্বাহী পৰিষদ। এই পৰিষদ হৈছে CTBT ৰ প্ৰধান সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা আৰু প্ৰায়োগিক সচিবালয়ৰ কাৰ্য হ’ব চুক্তিটো বাস্তৱতে যথাযথভাৱে ৰূপায়িত হৈছে নে নাই সেয়া পৰ্যবেক্ষণ কৰা। CTBT ৰ ৩ নং ধাৰাত কোৱা হৈছে যে প্ৰতিটো স্বাক্ষৰকাৰী ৰাষ্ট্ৰ। চুক্তিৰ দায়িত্ব পালনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত। CTBT ৰ ৪ নং ধাৰাত আন্তৰ্জাতিক তদাৰকিৰ ব্যৱস্থা গঢ়ি তোলাৰ কথা কোৱা হৈছে। এই তদাৰকি ব্যৱস্থাৰ কাম হ’ল বিশ্বৰ কোনোবা স্থানত পাৰমাণৱিক বিস্ফোৰণ হৈছে নে হোৱা নাই সেয়া পৰ্যবেক্ষণ কৰা হ’ব। ৫ নং ধাৰাত কোৱা হৈছে যে, স্বাক্ষৰকাৰী কোনো ৰাষ্ট্ৰয়ে চুক্তিভংগ কৰিলে সন্মিলনে তাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিব পাৰিব অথবা সংশ্লিষ্ট বিষয়ত জাতিপুঞ্জৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। ৬ নং ধাৰাত চুক্তিৰ প্ৰয়োগ আৰু ব্যাখ্যা সংক্রান্ত বিষয়ত বিৰোধ উপস্থিত হ’লে তাৰ মীমাংসা কৰা। ৭ নং ধাৰাত কোৱা হৈছে যে CTBT ক সংশোধন কৰিব হ’লে চুক্তি স্বাক্ষৰকাৰী প্ৰতিটো ৰাষ্ট্ৰৰ সন্মতি লোৱা প্ৰয়োজন। চুক্তিৰ ৮ নং ধাৰাত প্ৰতি ১০ বছৰৰ মূৰে মূৰে এটা পৰ্যালোচনা সন্মিলন আহ্বান কৰাৰ কথা কোৱা হৈছে।

প্ৰশ্নঃ ২২। পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাৰ চুক্তিপত্ৰৰ বিষয়সমূহ আলোচনা কৰা। 

উত্তৰঃ পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাৰ চুক্তিপত্ৰৰ বিষয়সমূহ তলত আলোচনা কৰা হ’ল—

(ক) ষ্টকহম সন্মিলন, ১৯৭২: পৰিৱেশ সম্পৰ্কীয় সজাগতা সৃষ্টি, পৰিৱেশ সংৰক্ষণ তথা সুস্থিৰ উন্নয়নত গুৰুত্ব দি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা সন্মিলন তথা আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাসমূহৰ ভিতৰত ষ্টকহম সন্মিলনক প্ৰথমটো পদক্ষেপ বুলি কোৱা হয়। ইয়াৰ আগতে ৰাষ্ট্ৰসংঘৰ বিভিন্ন বিশেষীকৃত অভিকৰণে পৰিৱেশৰ ওপৰত আলোচনা কৰিছিল যদিও সেয়া স্পষ্ট আৰু কাৰ্যকৰী ৰূপত হোৱা নাছিল। সেয়ে ১৯৬৮ চনত চুইডেনৰ প্ৰতিনিধিবর্গই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱ পৰিৱেশৰ (Human Environment) ওপৰত এক সন্মিলন অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিছিল। ১৯৬৮ চনৰ ৩ ডিচেম্বৰ তাৰিখে সাধাৰণ সভাই এই প্ৰস্তাৱত সন্মতি জনাই ১৯৬৯ চনত সচিব প্ৰধানক এই সম্মিলনখন অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দায়িত্ব দিছিল। সেই অনুসৰি ২৭ জন সদস্যৰে এখন প্ৰস্তুতি সমিতিও ১৯৬৯ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হয়। এনেদৰে ১৯৬৮ চনৰ পৰা চলোৱা প্ৰচেষ্টাৰ পৰিণতিত ১৯৭২ চনৰ জুন মাহৰ ৫ তাৰিখৰ পৰা ১৬ তাৰিখলৈ চুইডেনৰ ষ্টকহ’ম চহৰত ৰাষ্ট্ৰসংঘৰ উদ্যোগত বিশ্বৰ প্ৰথমখন পৰিৱেশ সন্মিলন সার্বজনীন ৰূপত অনুষ্ঠিত হয়। ষ্টকহ’ম সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল মানৱ পৰিৱেশৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক উদ্‌গণি যোগোৱা আৰু ইয়াৰ বাবে প্ৰধানকৈ মানি চলিবলগীয়া বিধি (Guideline) সমূহ প্ৰস্তুত কৰি উলিওৱা।

(খ) মানৱ পৰিৱেশ সম্পৰ্কীয় কর্ম আঁচনি: ষ্টকহ’ম সন্মিলনৰ মূল নীতিসমূহ বাস্তৱত কাৰ্যকৰী কৰাৰ উদ্দেশ্যে এক কর্ম আঁচনিও প্রস্তুত কৰি উলিওৱা হয়। পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় কৰ্ম আঁচনি বাস্তৱত কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। এই কর্ম আঁচনিখন তিনিটা খণ্ডত বিভক্ত কৰা হৈছে— 

(i) প্ৰথম খণ্ড— আন্তঃৰাষ্ট্ৰীয়ভাৱে তাৎপর্যপূর্ণ বুলি বিবেচিত সমস্যাসমূহক চিনাক্ত কৰিবৰ বাবে ধৰণী কাৰ্যসূচী (Earth Watch Programme) প্ৰস্তুত কৰা হৈছে যাতে ইচ্ছাকৃতভাৱে পৰিৱেশৰ সংকট সৃষ্টিৰ কাৰ্যসমূহৰ সম্পৰ্কত সতৰ্ক কৰি দিব পৰা যায়।

(ii) দ্বিতীয় খণ্ডই পৰিৱেশন ব্যৱস্থাপনাৰ দিশসমূহ আলোচনা কৰাৰ বিপৰীতে।

(iii) তৃতীয় খণ্ডই পৰিৱেশৰ উন্নয়নত সহায়ক দিশসমূহ, যেনে— শিক্ষা, প্রশিক্ষণ, ৰাজহুৱা তথ্য আৰু বিত্ত সম্পৰ্কীয় দিশসমূহ আলোচনা কৰিছে।

(গ) বিশ্ব পৰিৱেশ দিৱস নিৰ্দ্ধাৰণ সম্পৰ্কীয় পৰামৰ্শাৱলী: বিশ্বৰ জনসাধাৰণৰ মনত পৰিৱেশ সম্পৰ্কীয় সচেতনতা সৃষ্টিৰ বাবে ষ্টকহ’ম সন্মিলনে এটা দিন বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰাত একমত হয় আৰু সেই অনুসৰি ৫ জুন তাৰিখটো ‘বিশ্ব পৰিৱেশ দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়।

(ঘ) পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ পৰীক্ষণ সম্পৰ্কীয় প্ৰস্তাৱ: ষ্টকহম সন্মিলনে বায়ুমণ্ডলত পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ পৰীক্ষা কাৰ্যক একেমুখে গৰিহণা দিয়াৰ লগতে যিসমূহ ৰাষ্ট্ৰই বায়ুমণ্ডলত এনে পৰীক্ষা কৰাৰ কথা ভাবিছে সেই ৰাষ্ট্ৰসমূহে বায়ুমণ্ডল তথা পৰিৱেশক সংক্রমিত কৰিব পৰা তেনে পৰীক্ষা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। এই প্রস্তাৱে ঘোষণাপত্ৰৰ ২৬ নং নীতি সমৰ্থন কৰিছে। এই নীতি অনুসৰি পাৰামাণৱিক পৰীক্ষাৰ প্ৰভাৱৰ পৰা মানুহ আৰু বিশ্ব পৰিৱেশক ৰক্ষণাবেক্ষণ দিব লাগে।

(ঙ) মানৱ পৰিৱেশ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সম্মিলন অনুষ্ঠিতকৰণ সম্পৰ্কীয় পৰামৰ্শাৱলী:  ষ্টকহ’ম সন্মিলনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক বিশ্ব মানৱ পৰিৱেশ সম্পৰ্কীয় দ্বিতীয়খন সন্মিলন অনুষ্ঠিত কৰিবৰ বাবে পৰামৰ্শ আগবঢ়ায়।

(চ) ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মিলনৰ সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণ সম্পৰ্কীয় সিদ্ধান্ত: ষ্টকহ’ম সন্মিলনৰ সিদ্ধান্তসমূহ যাতে বিশ্বৰ ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ত কার্যকৰী কৰে তাৰ বাবে ৰাষ্ট্ৰসমূহৰ চৰকাৰসমূহলৈ এই সিদ্ধান্তসমূহ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ লোৱা হয়।

প্ৰশ্নঃ ২৩। UNEP ৰ প্ৰধান কাৰ্যাৱলীসমূহ লিখা।

উত্তৰঃ UNEP ৰ প্ৰধান কাৰ্যাৱলীসমূহ হ’ল—

(ক) পৰিৱেশ সম্পৰ্কীয় কাৰ্যসমূহ সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা আৰু প্ৰয়োজন সাপেক্ষে উপযুক্ত নীতি নিৰ্দ্ধাৰণ কৰা।

(খ) ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিৱেশ সম্পৰ্কীয় কাৰ্যসমূহ নিৰ্দেশনা আৰু সমন্বয়ৰ বাবে সাধাৰণ নীতি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱা।

(গ) ৰাষ্ট্ৰসংঘৰ অধীনত চলি থকা বিভিন্ন পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীৰ সম্পৰ্কত কাৰ্যবাহী সঞ্চালকে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ আৰু পুনৰীক্ষণ কৰা।

(ঘ) বিশ্বৰ পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা যাতে সমগ্ৰ বিশ্বজুৰি গুৰুত্ব লাভ কৰা আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় সমস্যাসমূহৰ প্ৰতি ৰাষ্ট্ৰীয় চৰকাৰসমূহে উপযুক্ত বিবেচনা কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰে।

(ঙ) ৰাষ্ট্ৰসংঘৰ গণ্ডীৰ ভিতৰত থাকি আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আৰু অন্যান্য পেশাদাৰী সামাজক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় জ্ঞান আৰু তথ্য আহৰণ, মূল্যায়ন আৰু বিনিময়ত সহায় আগবঢ়োৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহৰ কাৰিকৰী আৰু প্ৰয়োগ সম্পৰ্কীয় দিশসমূহৰ প্ৰতি উপযুক্ত বৰঙণি আহবঢ়োৱা।

(চ) আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় কার্যসূচীসমূহ যাতে তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহেও বাস্তৱত কার্যকৰী কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, এই আঁচনিসমূহৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱসমূহ অবিৰতভাৱে পুনৰীক্ষণ কৰা আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নমূলক পৰিকল্পনা বা অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত যাতে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহ অন্তর্ভুক্ত হয় তাৰ ব্যৱস্থা কৰা।

(ছ) পৰিৱেশ পুঁজিৰ সম্পদ ব্যৱহাৰৰ সৈতে জড়িত কাৰ্যসূচীসমূহ পুনৰীক্ষণ কৰা আৰু বার্ষিক অনুমোদন জনোৱা ।

পৰিচালনা পৰিষদে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ ইয়াক বাৰ্ষিক প্ৰতিবেদন প্ৰেৰণ কৰিব লাগে।

প্ৰশ্নঃ ২৪। নাইৰোবি ঘোষণাপত্ৰৰ প্ৰধান ব্যৱস্থাৱলীসমূহ আলোচনা কৰা। 

উত্তৰঃ নাইৰোবি ঘোষণাপত্ৰৰ প্ৰধান ব্যৱস্থাৱলীসমূহ হ’ল—

(ক) ঘোষণা পত্ৰৰ মতে পৰিৱেশ প্ৰদূষণৰ মূলতঃ হৈছে দৰিদ্ৰতা আৰু খাদ্যবস্তুৰ পেলনীয়া স্বভাৱ। কিয়নো এই দুয়োটা ব্যৱস্থাতে মানুহে পৰিৱেশৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়ে এক আন্তঃৰাষ্ট্ৰীয় উন্নয়ন কৌশল (International Development Strategy) আৰু নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলা (New International Economic Order) অবিহনে পৰিৱেশ ক্ষয়ীভৱন ৰোধ কৰিব পৰা নাযাব বুলি ঘোষণা পত্ৰত উল্লেখ কৰা হয়।

(খ) মানৱ পৰিৱেশৰ সুৰক্ষাৰ বাবে মানৱ জাতিৰ লগতে সমগ্ৰ ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা, যুদ্ধৰ বিভীষিকাৰ পৰা মুক্ত অৱস্থা প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে সশস্ত্ৰীকৰণৰ নামত বৌদ্ধিক আৰু প্ৰাকৃতিক সম্পদ বিনষ্টকৰণ, জাতিগত বৈষম্য, উপনিৱেশিক বা অন্যান্য শোষণ, বৈদেশিক দমন আদিৰ বিৰুদ্ধে ঠিয় দিব লাগিব।

(গ) সাধাৰণতে পৰিৱেশ সম্পৰ্কীয় সমস্যাসমূহ কোনো ৰাষ্ট্ৰত প্ৰথমে আৰম্ভ হৈ সমগ্ৰ বিশ্ব ছানি ধৰে। গতিকে ৰাষ্ট্ৰসমূহে তেনে পৰিৱেশজনিত সমস্যা আলোচনা বিবেচনাৰ মাধ্যমেৰে বা প্রয়োজন হ’লে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমেৰে সামগ্ৰিকভাৱে সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগে।

(খ) উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহে সন্মুখীন হোৱা গভীৰ পৰিৱেশীয় সমস্যাসমূহ সমাধানৰ বাবে সহায় কৰা উচিত।

(ঙ) পৰিৱেশ বিনষ্ট নোহোৱাকৈ প্ৰাকৃতিক সম্পদসমূহৰ উদ্‌ঘাটন আৰু প্ৰয়োগ কৰিব পৰাকৈ পৰিৱেশৰ উপযোগী ব্যৱস্থাপনা আৰু কৌশল উদ্ভাৱন কৰা আৰু পৰম্পৰাগত কৃষি ব্যৱস্থাৰ সলনি কৰি আধুনিক ব্যৱস্থা উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়া।

(চ) ইতিমধ্যে যি ধৰেণ পৰিৱেশ বিনষ্ট কৰা হ’ল সিয়েই বৰ্তমানৰ মানৱ জাতিৰ বাবে বোজাস্বৰূপ আৰু পুনৰ উন্নীতকৰণ বহু খৰচী। এনেক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মুখ্য দায়িত্ব হ’ল পৰিৱেশৰ ক্ষতি সাধনত বাধা দিব পৰাকৈ উপযুক্ত পৰিবেশৰ অনুকূল পৰিকল্পনা প্ৰস্তুত কৰি উলিওৱা।

(ছ) আমাৰ এই ক্ষুদ্ৰ গ্ৰহটো যাতে ভৱিষ্যত প্ৰজন্মৰ বাবেও বাসোপযোগী কৰি ৰাখিব পৰা যায় তাৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ লগতে সমূহ বিশ্ববাসীয়ে পৰিৱেশৰ ক্ষতিসাধন ৰোধ কৰিবৰ বাবে চেষ্টা কৰিব লাগে।

প্ৰশ্নঃ ২৫। ৰিঅ’ ঘোষণাপত্র কি? এই ঘোষণাপত্ৰৰ প্ৰধান কেইটামান নীতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১৯৯২ চনৰ ধৰিত্ৰী সন্মিলনে পৰিৱেশ আৰু উন্নয়নৰ ওপৰত এখন ঘোঘণাপত্রও গ্ৰহণ কৰে যাক ৰিঅ’ ঘোষণাপত্ৰ নামেৰে জনা যায়। ৰিঅ’ ঘোষণাপত্ৰই ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা গঢ়ি তুলি এক নৱ গোলকীয় অংশীদাৰীত্ব ব্যৱস্থা সৃষ্টি কৰিব বিচাৰে যাতে সমাজ আৰু জনসাধাৰণক পৰিৱেশ আৰু উন্নয়নৰ সুস্থিৰতাৰ লগত সাঙুৰি ল’ব পৰা যায়। ঘোষণা পত্ৰই উন্নয়ন আৰু পৰিৱেশৰ সুস্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত সমাজ আৰু জনসাধাৰণক মুখ্য স্থান বুলি চিহ্নিত কৰিছে। ৰিঅ’ ঘোষণাপত্ৰত সৰ্বমুঠ ২৭ টা নীতি আছে। ইয়াৰে প্ৰধান কেইটামান নীতি হ’ল—

(ক) নীতি (১): পৰিৱেশৰ সুস্থিৰতা ৰক্ষা কৰি দেশৰ সমাজৰ বিকাশত মানুহেই মুখ্য দায়িত্ব পালন কৰে। গতিকে প্রত্যেক ব্যক্তিকে প্ৰকৃতিৰ সৈতে খাপ খুৱাই এক সুস্থ আৰু উৎপাদনমুখী জীৱন কটাব পৰাকৈ জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিব লাগে।

(খ) নীতি (২): ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইন মতে প্ৰত্যেক ৰাষ্ট্ৰৰে নিজা চাৰিসীমাৰ ভিতৰত থকা প্ৰাকৃতিত সম্পদৰ ওপৰত সাৰ্বভৌম ক্ষমতা আছে। কিন্তু ৰাষ্ট্ৰসমূহে এই অধিকাৰ উপভোগ কৰিবলৈ যাওঁতে চাব লাগিব যাতে নিজ ৰাষ্ট্ৰৰ পৰিৱেশ আৰু উন্নয়নৰ নীতিয়ে আন ৰাষ্ট্ৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে বা ৰাষ্ট্ৰীয় অধিকাৰ ক্ষেত্ৰৰ পৰিধি ভাঙি নিজৰ পৰিৱেশ আৰু উন্নয়নৰ নীতি কাৰ্যকৰী কৰা নহয়।

(গ) নীতি (৩): বৰ্তমানৰ আৰু ভৱিষ্যত প্ৰজন্মৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিহে ৰাষ্ট্ৰই বৰ্তমানৰ বিকাশৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগে।

(ঘ) নীতি (৪): ৰাষ্ট্ৰসমূহে সুস্থিৰ বিকাশৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে উন্নয়নৰ প্ৰক্ৰিয়াৰ ভিতৰত পৰিৱেশ সুৰক্ষাৰ দিশসমূহো অন্তর্ভুক্ত কৰি ল’ব লাগিব। অর্থাৎ পৰিৱেশ সুৰক্ষাৰ দিশসমূহ বিকাশৰ পৰা পৃথক বিষয় বুলি গণ্য কৰিব নালাগে।

(ঙ) নীতি (৫): সুস্থিৰ বিকাশৰ লক্ষ্যত দৰিদ্ৰতা নির্মূলকৰণো এক লক্ষ্য বুলি অন্তর্ভুক্ত কৰিব লাগে আৰু ইয়াৰ বাবে সকলো ৰাষ্ট্ৰ আৰু জনসাধাৰণে সহযোগিতা আগবঢ়াব লাগে। দৰিদ্ৰতা নিৰ্মূলকৰণৰ লক্ষ্য সকলো ৰাষ্ট্ৰৰে ৰাষ্ট্ৰীয় নীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰিলে বিশ্বৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড আৰু অভাৱৰ ক্ষেত্ৰত থকা বৈষম্য দূৰ কৰিব পৰা যাব।

(চ) নীতি (৮): ৰাষ্ট্ৰসমূহে সুস্থিৰ বিকাশ আৰু জীৱন ধাৰণৰ উচ্চ মানদণ্ডৰ বাবে উৎপাদনৰ সুস্থিৰতাবিহীন উৎপাদন আৰু উপভোগ ব্যৱস্থা হ্ৰাস কৰিব আৰু উপযুক্ত জনসংখ্যা নীতি গ্ৰহণ কৰিব।

(ছ) নীতি (১০): ৰাষ্ট্ৰই পৰিৱেশৰ সমস্যাসমূহ সমাজৰ সকলো স্তৰৰ জনসাধাৰণৰ সহযোগিতাত সমাধানৰ বাবে প্ৰচেষ্টা চলাব। ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই দেশৰ নাগৰিকক পৰিৱেশ সম্পর্কীয় সকলো তথ্য স্পষ্টকৈ জনাৰ সুবিধা কৰিব। ৰাষ্ট্ৰই বিপদসংকুল সামগ্ৰী আৰু জনসাধাৰণৰ পৰিৱেশ বিনষ্টকাৰী কাম-কাজ সম্পৰ্কত ব্যাপক সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা হাতত ল’ব।

(জ) নীতি (১৩): প্ৰদূষণ আৰু পৰিৱেশ বিনষ্টকাৰী কাম-কাজৰ বাবে ভুক্তভোগীসকলে যাতে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব পাৰিব তাৰ বাবে ৰাষ্ট্ৰীয় আইন প্ৰস্তুত কৰাৰ লগতে কাৰ্যকৰী কৰিব।

প্ৰশ্নঃ ২৬৷ ভাৰতত বাণিজ্য নীতি সংস্কাৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতত বাণিজ্য নীতি সংস্কাৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল ১৯৯০ ৰ দশকত, আমদানি প্ৰতিষ্ঠাপনৰ পৰা আঁতৰি যোৱা আৰু আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰা। ১৯৯১ চনৰ পৰা, ভাৰত ক্ৰমান্বয়ে এক বন্ধ আৰু সংৰক্ষণবাদী অৰ্থনীতিৰ পৰা আঁতৰি আহিছে আৰু বিনিয়োগ ব্যক্তিগতকৰণ আৰু বিদেশী খেলুৱৈসকলৰ উদাৰীকৰণ বাবে বজাৰ মুকলি কৰাৰ ক্ষেত্ৰত নিজকে বজাৰৰ ফালে অভিমুখী কৰি আহিছে। অৱশ্যে, এনে বজাৰমুখী অৰ্থনীতিৰ সৈতে খাপ খোৱাত, ই “শ্বক থেৰাপী“ পদ্ধতি গ্ৰহণ কৰা নাই আৰু ইয়াৰ পৰিৱর্তে ক্ৰমান্বয়ে দৃষ্টিভংগী গ্ৰহণ কৰিছে। লেটিন আমেৰিকা আৰু পূব ইউৰোপৰ দৰে বহুতো দেশৰ বিপৰীতে, ভাৰতে ৰাতিটোৰ ভিতৰতে উদাৰকৰণৰ বাবে আন্তৰ্জাতিক চাপৰ আই.এম.এফ. বা বিশ্ব বেংকৰ পৰা সন্মুখীন হোৱা নাছিল আৰু একপক্ষীয় উদাৰীকৰণৰ বাবে গৈছিল। পৰৱৰ্তী সময়ত, ভাৰতৰ বাবে প্ৰথম আনুষ্ঠানিক বাণিজ্য নীতি ২০০৪ চনত প্ৰস্তুত কৰা হৈছিল যি ২০০৯ চনলৈকে কাৰ্যকৰী হৈ আছে। এই পৰিকল্পনাৰ অধীনত, বাণিজ্য নীতিক নিজেই এক সমাপ্তি হিচাপে নহয়, কিন্তু অধিক অর্থনৈতিক বিকাশ আৰু বিকাশৰ এক সঁজুলি হিচাপে দেখা যায়। বৈদেশিক বাণিজ্য নীতিৰ এক দ্বিমুখী উদ্দেশ্য আছে। ২০০৯ চনৰ ভিতৰত বিশ্বব্যাপী সামগ্রী বাণিজ্যত ভাৰতৰ অংশ দুগুণ কৰা, ২০০৪ চনৰ স্তৰৰ তুলনাত, আৰু নিযুক্তি সৃষ্টিৰ বাবে বাণিজ্য ব্যৱহাৰ কৰা। কেইবাটাও মুক্ত বাণিজ্য ক্ষেত্ৰ স্থাপন কৰা হৈছে যিয়ে ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগৰ সুবিধা প্ৰদান কৰে। ৰপ্তানি কৰ্তাসকলক প্ৰেৰণা যোগান ধৰা এক অতি ৰপ্তানি-অনুকূল বাণিজ্য নীতি ৰপ্তানিৰ দ্বাৰা এইটো প্ৰাপ্ত কৰা দেখা গৈছে, যিটো লাইব ৰেলাইজেচন লৈকে আঁচনিখন তৈয়াৰ কৰাৰ বিপৰীতে। যদিও ৰপ্তানি হৈছে এক গুৰুত্বপূৰ্ণ লক্ষ্য, বৈদেশিক বাণিজ্য নীতিয়ে অর্থনীতিক উদ্দীপিত কৰাৰ বাবে প্ৰয়োজনীয় আমদানিৰ গুৰুত্ব স্বীকাৰ কৰে আৰু আমদানি প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু আমদানি বাধা হ্ৰাস কৰাৰ বাবে আহ্বান জনায়। 

ই বাণিজ্য আৰু অন্যান্য অৰ্থনৈতিক নীতিৰ মাজত সমন্বয় আৰু স্থিৰতাৰ বাবেও আহ্বান জনাইছে। অৰ্ধ নগৰ আৰু গ্ৰাম্য অঞ্চলত ৰপ্তানি আৰু নিযুক্তি সৃষ্টিৰ সম্ভাৱনা থকা কৃষি আৰু অন্যান্য খণ্ডৰ বাবে নিৰ্দিষ্ট খণ্ডগত ৰণনীতি প্ৰস্তুত কৰা হৈছে। শেহতীয়া বছৰবোৰত, ভাৰতৰ বাণিজ্য নীতিৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ বিকাশ হৈছে দ্বিপাক্ষিক আৰু মুক্ত বাণিজ্য চুক্তিৰ ক্ষেত্ৰত ইয়াৰ সম্প্ৰসাৰণ। যদিও ভাৰত বহুপাক্ষিক উদাৰীকৰণৰ দৃঢ় সমর্থক, ই শেহতীয়া বছৰবোৰত আঞ্চলিক বাণিজ্য চুক্তি আৰটিএ বিচাৰিছে। ভাৰতৰ দ্বাৰা স্বাক্ষৰিত কিছুমান আৰ.টি.এ. আৰু দ্বিপাক্ষিক চুক্তিৰ ভিতৰত আছে এছ.এ.এফ.টি.এ. দক্ষিণ এছিয়া মুক্ত বাণিজ্য ক্ষেত্ৰ আৰু ছিংগাপুৰ আৰু থাইলেণ্ডৰ সৈতে বাণিজ্য চুক্তি। আনবোৰৰ ভিতৰত আছে ভাৰত আৰু উপসাগৰীয় সহযোগিতা পৰিষদৰ জিচিচি মাজত মুক্ত বাণিজ্য চুক্তি এফ.টি.এ., আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে বাণিজ্যিক আলোচনা আৰু ২০০৭ত আৰম্ভ হোৱা বাণিজ্য আৰু বিনিয়োগ চুক্তিৰ ওপৰত ইউৰোপীয় ইউনিয়নৰ সৈতে চলি থকা আলোচনা।

ভাৰত আৰু বহুপাক্ষিক বাণিজ্য ব্যৱস্থা ভাৰত জি.এ.টি.টি.ৰ প্ৰতিষ্ঠাপক সদস্য হৈ আহিছে আৰু সেয়েহে দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আলোচনাত অংশগ্ৰহণ কৰি আহিছে। অৱশ্যে কৃষি, সেৱা, সম্পত্তিৰ অধিকাৰ আৰু ঔদ্যোগিক সামগ্ৰীৰ বজাৰৰ প্ৰৱেশাধিকাৰৰ দৰে মুখ্য বাণিজ্যিক বিষয়ৰ ওপৰত আলোচনাত ভাৰতৰ সক্ৰিয় অংশগ্রহণ যথেষ্ট শেহতীয়া। এই বিষয়বোৰ ইতিমধ্যে ইউৰোপীয় ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা বহুপাক্ষিক বাণিজ্য পৰিকাঠামোত প্ৰৱৰ্তন কৰা হৈছিল। আৰম্ভণিতে, উন্নয়নশীল দেশসমূহৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আলোচনাৰ অধীনত সামৰি লোৱা বিষয়বোৰৰ পৰিসৰ আৰু পৰিসৰৰ ওপৰত ইয়াৰ অসন্তুষ্টি ব্যক্ত কৰাত সীমাবদ্ধ আছিল। অৱশ্যে, সময়ৰ লগে লগে, ভাৰতে আন্তর্জাতিক বাণিজ্য আলোচনাত নিজকে এক গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে অৱস্থিত কৰাত সফল হৈছে, এই পৰিৱৰ্তনৰ বাবে অন্যান্য বিষয়ৰ সৈতে নিম্নলিখিত কাৰকবোৰ দায়ী কৰিব পাৰি।

প্ৰতিযোগীসকলৰ বাবে এক সম্ভাব্য বজাৰ হিচাপে ভাৰতত আগ্রহ বৃদ্ধি, দ্রুত অর্থনৈতিক বিকাশ আৰু ইয়াৰ দ্বাৰা আলোচনাৰ ফলাফলত বর্ধিত অংশীদাৰীত্ব, তথ্য সংগ্ৰহৰ জৰিয়তে উন্মোচন আৰু সজাগতা বৃদ্ধি আৰু নিৰ্দিষ্ট বিষয়ত সমমনস্ক গোটৰ সৈতে মিত্রতা গঠন কৰি। ভাৰতে কিছুমান অগ্ৰাধিকাৰৰ বিষয় যেনে— কানকুন মন্ত্ৰীসন্মিলনত কৃষিৰ ক্ষেত্ৰত “সফলতা” অৰ্জন কৰিবলৈ সক্ষম হৈছে, য’ত জি-২০১ সৈতে ভাৰতে নিশ্চিত কৰিছে যে উন্নয়নশীল দেশৰ স্বাৰ্থবোৰ কৃষিৰ ওপৰত আলোচনাত যথাযথভাৱে বিবেচনা কৰা হয় আৰু আজিলৈকে অব্যাহত ৰাখিব। এন.এ.এম.এ. ১১-ৰ জৰিয়তে ঔদ্যোগিক সামগ্ৰীৰ উদাৰীকৰণৰ আলোচনাত স্বাৰ্থ ৰক্ষা কৰাটো আন এক উদাহৰণ। অৱশেষত, ই এক কাৰ্যসূচী নিৰ্ধাৰক হিচাপেও সফল হৈছে, ৰাজহুৱা স্বাস্থ্য আৰু এতিয়া জৈৱ বৈচিত্ৰ্য আৰু এ.বি.এছ. সমস্যাৰ দৰে মেজত ট্ৰিপছ চুক্তি সম্পৰ্কীয় উন্নয়ন সম্পৰ্কীয় বিষয়বোৰ প্ৰাপ্ত কৰাত। এই বিষয়বোৰ আগন্তুক শাখাবোৰত দীঘলীয়াকৈ আলোচনা কৰা হয়।

অৱশ্যে, এইটো মন কৰিবলগীয়া যে ১৯৯১ চনত উদাৰীকৰণৰ পাছতো, ভাৰত আজি এক যথেষ্ট সুৰক্ষামূলক অর্থনীতি হৈ আছে যেনে সুৰক্ষিত সেৱা খণ্ড যেনে সেৱা আৰু বস্ত্ৰ আৰু কাপোৰ আৰু উৎপাদন খণ্ডত আইন, বিশেষকৈ ব্ৰাজিলৰ দৰে অন্যান্য উন্নয়নশীল দেশৰ তুলনাত। নীতিগতভাৱে, ভাৰতে অর্থনৈতিক বিকাশত বিশ্বাস কৰে যাৰ ফলত উন্নয়ন হয় আৰু সেয়েহে, দোহাৰ পিছত, ই ডব্লিউটিঅ’ৰ পৰা এক উন্নয়নমুখী ফলাফলৰ প্ৰচাৰ কৰি আহিছে। এইটোৱে ভাৰতৰ দ্বাৰা অনুসৰণ কৰা ট্ৰেকটোৰ ব্যাখ্যা প্ৰদান কৰিব পাৰে।

প্ৰশ্নঃ ২৭। বাণিজ্যৰ কোৱাণ্টামৰ ওপৰত এটা চমু টোকা লিখা।

উত্তৰঃ ভাৰতৰ বৰ্তমানৰ বাণিজ্যত তিনিটা অংশীদাৰৰ সৈতে বাণিজ্যৰ আধিপত্য আছে ইউৰোপীয় ইউনিয়ন ইউৰোপীয় ইউনিয়ন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন। ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈছে ইউৰোপীয় ইউনিয়ন, ২০০৬ চনত মুঠ ৫৫ বিলিয়ন আমেৰিকান ডলাৰৰ বাণিজ্যৰ সৈতে, ৰপ্তানিত ২৬ বিলিয়ন ডলাৰ আৰু আমদানিৰ ২৯ বিলিয়ন ডলাৰৰ সৈতে, যি ভাৰতৰ বাবে এক সৰু দ্বিপাক্ষিক বাণিজ্য ঘাটি প্রতিফলিত কৰে। দ্বিতীয় স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে বাণিজ্য, মুঠ ৩০ বিলিয়ন, ভাৰতে ১৯ বিলিয়ন ডলাৰৰ ৰপ্তানিৰে গঠিত অতিৰিক্ত পৰিমাণ চলাই আছে, যাৰ তুলনাত ৰৰ বিলিয়ন ডলাৰ আমদানি হৈছে। চীনৰ হংকং সৈতে ভাৰতীয় বাণিজ্য তৃতীয় স্থানত আছে, মুঠ ২৩ বিলিয়ন ডলাৰৰ বাণিজ্যৰ সৈতে ৰপ্তানিত ৮ বিলিয়ন ডলাৰ আৰু আমদানিৰ ১৬ বিলিয়ন ডলাৰ। অন্যান্য গুৰুত্বপূৰ্ণ বাণিজ্যিক অংশীদাৰসকলৰ ভিতৰত আছে সংযুক্ত আৰৱ এমিৰা টেছ ১৯ বিলিয়ন ডলাৰ মুঠ বাণিজ্য, চৌদি আৰৱ মুঠ বাণিজ্য ১৩ বিলিয়ন ডলাৰ, ছিংগাপুৰ মুঠ বাণিজ্যৰৰ বিলিয়ন ডলাৰ, জাপান মুঠ বাণিজ্য ৮ বিলিয়ন ডলাৰ আৰু ইৰাণ মুঠ বাণিজ্য ৭ বিলিয়ন ডলাৰ। ভাৰতে সংযুক্ত আৰৱ আমিৰাত আৰু ছিংগাপুৰৰ সৈতে বাণিজ্য উদ্বৃত্ত, চৌদি আৰৱ আৰু ইৰাণৰ সৈতে গুৰুত্বপূৰ্ণ ঘাটি ভাৰতৰ পেট্ৰ’লিয়াম আমদানিৰ বাবে আৰু জাপানৰ সৈতে সামান্য ঘাটি চলাইছিল। ১০ বৈদেশিক বাণিজ্য নীতিৰ সৈতে সংগতি ৰাখি, ভাৰতৰ বাণিজ্যৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। 

আঁচনিখনৰ শেহতীয়া মূল্যাঙ্কনত, চৰকাৰে ঘোষণা কৰিছিল যে ২০০৮ চনলৈকে, আঁচনিখনৰ দুটা মুখ্য উদ্দেশ্য ইতিমধ্যে পূৰণ কৰা হৈছে। নৱেম্বৰ ২০০৮ লৈকে ৰপ্তানি আছিল ১১৯৩০১ নিযুত যি যোৱা বছৰৰ একে সময়ৰ পৰা ১৯.৪ বৃদ্ধি। নৱেম্বৰ, ২০০৮-ত আমদানিৰ মূল্য আছিল প্ৰায় ২১৫৭১ নিযুত আমেৰিকান ডলাৰ, যি ২০০৭.১১ চনৰ পৰা ৬.১ বৃদ্ধি ৰেকৰ্ড কৰিছিল, মুঠ সামগ্ৰী বাণিজ্য অর্থাৎ আমদানি আৰু ৰপ্তানি, একেলগে ২০০৮ চনত প্ৰায় ৪০০ বিলিয়ন আমেৰিকান ডলাৰ আছিল, যি বিশ্ব বাণিজ্যৰ ১.২ আছিল। যদি সেৱাসমূহৰ বাণিজ্য যোগ কৰা হয়, ইয়াৰ পৰিমাণ আছিল প্ৰায় ৫২৫ বিলিয়ন আমেৰিকান ডলাৰ। ভাৰতৰ জি.ডি.পি.ত অৱদানৰ ক্ষেত্ৰত, সামগ্ৰী আৰু  সেৱাৰ মুঠ বাণিজ্য এতিয়া ইয়াৰ জি.ডি.পি.ৰ প্ৰায় ৫০ সমান। ৰচ উপার্জন খণ্ডক বিভক্ত কৰা।

প্ৰশ্নঃ ২৮। বিশেষ সামগ্রী (এছ.পি.) আৰু বিশেষ সুৰক্ষা প্ৰণালীৰ (এছ.এছ.এম.)ৰ বিষয়ে লিখা। 

উত্তৰঃ এইটো ভাৰতকে ধৰি উন্নয়নশীল দেশসমূহৰ বাবে এক অগ্ৰাধিকাৰৰ বিষয়, আৰু অৱশেষত শেহতীয়া কৈ থকা আলোচনাৰ বিফলতাৰ কাৰণ আছিল। জি-২০ দুয়োটা প্ৰণালীৰ যথেষ্ট সমৰ্থন কৰে আৰু উন্নয়নশীল দেশবোৰৰ বাবে বিশেষ আৰু ডিফাৰেন্সিয়েল ট্রিটমেণ্টৰ অন্তর্নিহিত বুলি বিবেচনা কৰে। যদিও ই দুয়োটা প্ৰণালীৰ ওপৰত সক্রিয়ভাৱে কোনো প্রস্তাৱ দিয়া নাই, ই বিষয়বোৰত ৩৩ জনীয়া গোটক জি-৩৩ সমৰ্থন কৰে। ভাৰত হৈছে জি-৩৩ৰ সদস্য যি হৈছে বিশেষ সামগ্ৰীৰ ওপৰত ব্যৱস্থাৰ মুখ্য প্রবক্তা। জি-৩৩ ত কোৱা হৈছে যে উন্নয়নশীল বিশ্বত বৈধ বাণিজ্যিক আৰু উন্নয়নমূলক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আৰু লগতে ৰাজনৈতিক সংবেদনশীলতাৰ বাবে বিশেষ সামগ্ৰী গুৰুত্বপূৰ্ণ আৰু মূল্যৱান। জি-৩৩ য়ে খাদ্য সুৰক্ষা,জীৱিকা সুৰক্ষা আৰু গ্ৰাম্য বিকাশকে ধৰি জুলাই ফ্ৰেমৱৰ্কত নিৰ্ধাৰিত এছ.পি. বাছনিৰ বাবে কাৰ্যকৰী সূচকৰ গুৰুত্ব পুনৰাবৃত্তি কৰে।

 সূচকৰ তালিকাৰ ওপৰত আধাৰিত কৰি, জি-৩৩ য়ে বিশেষ সামগ্ৰী নিৰ্ধাৰণ কৰিবলৈ প্ৰতিখন দেশৰ স্বাধীনতাৰ ওপৰত জোৰ দিয়ে আৰু উন্নয়নশীল দেশবোৰে তেওঁলোকৰ কমেও ২০ শুল্ক ৰেখাক এছ.পি. ২২ হিচাপে নিৰ্ধাৰণ কৰাৰ বাবে নমনীয়তা বিচাৰে। গোটটোৱে মূল্য আৰু আমদানি বৃদ্ধিৰ তাৰতম্যৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ উন্নয়নশীল দেশবোৰৰ বাবে এছ.এছ.এম. প্ৰণালীৰ গুৰুত্বৰ ওপৰত আৰোপ কৰে। সেয়েহে, এছ.এছ.এম. আৰু এছ.পি.-ৰ মাজত এক পার্থক্য আকৰ্ষণ কৰা হয়, য’ত পিছৰটো ওপৰোক্ত কাৰণৰ বাবে দীর্ঘম্যাদী ৰেহাই, এছ.এছ.এম. হৈছে দেশবোৰক প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায় কৰাৰ বাবে এক হ্রস্বম্যাদী প্ৰণালী। এছ.পি.-১ দৰে, জি-৩৩ য়ে এছ.এছ.এম. ক সকলো উন্নয়নশীল দেশ আৰু সকলো কৃষিজাত সামগ্ৰীৰ বাবে মুকলি কৰিবলৈ আৰু এইবোৰ ৰাজসাহায্য প্রাপ্ত হওঁক বা নহওঁক সকলো দেশৰ পৰা আমদানিৰ বাবে প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে।

ঘৰুৱা ৰাজসাহায্যৰ ক্ষেত্ৰত ঘৰুৱা ৰাজসাহায্যৰ সন্দৰ্ভত জি-২০ ইয়াৰ দ্বাৰা ভাৰতৰ এক আক্রমণাত্মক আগ্রহ আছে। ইয়াৰ উদ্দেশ্য হৈছে উন্নত দেশবোৰে বৰ্তমান ইয়াৰ কৃষকসকলক আগবঢ়োৱা ৰাজসাহায্যত কার্যকৰী কৰ্তন প্ৰৱৰ্তন কৰা, ডি মিনিমাইচ সমর্থন নাইকিয়া কৰা আৰু অন্যান্য বাণিজ্য বিকৃত ৰাজসাহায্য ও.টি.ডি.এ. ২৪-ত কার্যকৰী কৰ্তন আৰু সামগ্ৰী- নিৰ্দিষ্ট শাখাৰ মাজত কেন্দ্ৰীয় সম্পর্ক বজাই ৰখা। একে সময়তে, উন্নয়নশীল দেশসমূহৰ বাবে বিশেষ আৰু পৃথক এছ. এণ্ড. ডি. চিকিৎসা প্ৰতিটো শ্ৰেণীৰ কৃষি আলোচনাৰ অধীনত আৰম্ভ কৰিব বিচৰা হৈছে। ও.টি.ডি.এছ. হ্ৰাস কৰাৰ সূত্ৰৰ সন্দৰ্ভত, কৃষি উৎপাদনৰ মূল্যৰ তুলনাত তুলনামূলকভাৱে অধিক ৰাজসাহায্য আগবঢ়োৱা দেশবোৰৰ বাবে ইউৰোপীয় ইউনিয়নৰ দৰে, জি-২০ য়ে স্তৰযুক্ত পদ্ধতিৰ অধীনত আৰোপ কৰাতকৈ অতিৰিক্ত কৰ্তন চাব বিচাৰে। ই নিশ্চিত কৰিব বিচাৰে যে যিবোৰ উন্নয়নশীল দেশ মুঠ নিম্নতম সমর্থন এ.এম.এছ. অধিকাৰ অবিহনে আছে তেওঁলোকক বাণিজ্য-বিকৃত ঘৰুৱা সমর্থনৰ ওপৰত হ্ৰাসৰ প্ৰতিশ্ৰুতি দিয়াৰ পৰা ৰেহাই দিয়া হয়। এম্বাৰ বক্সৰ অধীনত চূড়ান্ত বাউণ্ড মুঠ এ.এম.এছ. সমৰ্থন ২৫-ত কৰ্তনৰ স্তৰযুক্ত সুত্ৰৰ সন্দৰ্ভত, তেওঁলোকে উন্নয়নশীল দেশবোৰে একেটা বেণ্ডৰ উন্নত দেশবোৰৰ পৰা প্ৰয়োজনতকৈ দুই-তৃতীয়াংশতকৈ কম কৰ্তন কৰিব বিচাৰে। 

সামগ্ৰী নির্দিষ্ট কেপবোৰত, জি-২০ য়ে প্ৰতিটো সামগ্ৰীৰ ব্যয় সীমিত কৰিবলৈ এ.এম.এছ. আৰু ব্লু বক্সত সামগ্রী-নির্দিষ্ট কেপ বিকাশৰ পক্ষপাতী, এক ব্যক্তিগত প্র’ডাক্ট স্তৰত। ইয়াৰ সৈতে সামগ্ৰী নিৰ্দিষ্ট টুপীৰ প্ৰৱঞ্চনা পৰিহাৰ কৰিবলৈ অনুশাসন আৰোপ কৰা উচিত। সঁচাকৈয়ে তেওঁলোকে উন্নয়নশীল দেশসমূহৰ বাবে পৃথক চিকিৎ‍সাৰ আহ্বান জনাইছে। এই পৰিশোধবোৰ এ.এম.এছ. ব্যৱস্থাতকৈ কম ব্যৱসায় বিকৃত হোৱাটো নিশ্চিত কৰিবলৈ ব্লু বক্সত ৰেচ পেকটৰ সৈতে তেওঁলোকৰ এক শক্তিশালী আক্রমণাত্মক আগ্রহ আছে। তেওঁলোকে নিশ্চিত কৰিব বিচাৰে যে বাকচস্থানান্তৰ পৰিহাৰ কৰা হয় আৰু সেয়েহে এই বাকচৰ বাবে অতিৰিক্ত চৰ্ত আৰু লগতে এই বাকচৰ তলত সামগ্রী-নিৰ্দিষ্ট কেপ স্থাপনৰ বাবে আহ্বান জনায়। ২৬ গ্ৰীণ বক্সৰ সন্দৰ্ভত, জি- ২০ য়ে নিশ্চিত কৰিব বিচাৰে যে বাকচ স্থানান্তৰ পৰিহাৰ কৰাৰ বাবে শাখাবোৰ আছে আৰু তেওঁলোকে সেই পৰিমাণে কংক্রিট প্রপো চেল তৈয়াৰ কৰে।

ৰপ্তানি প্রতিযোগিতাত জি-২০ ৰ ৰপ্তানি ৰাজসাহায্য আঁতৰোৱাৰ ক্ষেত্ৰত এক আক্রমণাত্মক আগ্রহ আছে। তেওঁলোকে কাৰ্যকৰীকৰণৰ ম্যাদৰ বাবে নিম্নলিখিত পদক্ষেপবোৰৰ পৰামৰ্শ দিছিল। ফ্রন্টলোডিং ২৮-ৰ দ্বাৰা প্ৰথম বছৰত কমেও ৫০ শতাংশ; কার্যকৰীকৰণৰ ম্যাদৰ মাজভাগত ক্রমান্বয়ে কাৰ্যকৰী কৰিবলগা অতিৰিক্ত ৩০ শতাংশ আৰু বাকী অংশটো ২০১৩ চনৰ শেষৰ ফালে ক্ৰমান্বয়ে ৰূপায়ণ কৰা হ’ব। উন্নয়নশীল দেশসমূহৰ অংশত, জি-২০ য়ে তেওঁলোকক দীঘলীয়া ৰূপায়ণৰ ম্যাদৰ পৰা লাভান্বিত হোৱাটো বিচাৰিব আৰু অনুচ্ছেদ ৯.৪-ৰ ব্যৱস্থাবোৰৰ পৰা লাভান্বিত হোৱাটো অব্যাহত ৰাখিব বিচাৰিব।

সকলো ধৰণৰ ৰপ্তানি ৰাজসাহায্য বাতিল কৰাৰ অন্তিম তাৰিখৰ পিছত পাঁচ বছৰৰ বাবে কৃষি ২৯ চুক্তিৰ। ৰপ্তানি ক্রেডিটৰ শাখাৰ সন্দৰ্ভতো জি-২০ ৰ এক আক্রমণাত্মক আগ্রহ আছে। তেওঁলোকে তৃতীয় দেশৰ ৰপ্তানি স্থানচ্যুত হোৱা পৰিহাৰ কৰিবলৈ আৰু অতিৰিক্ত নিষ্কাশন পৰিহাৰ কৰিবলৈ কঠোৰ শাখা বিকশিত কৰিব বিচাৰে; ৰাজসাহায্যৰ উপাদান চিনাক্ত আৰু নাইকিয়া কৰিব পৰা শাখা। গোটটোৱে উন্নত দেশসমূহৰ দ্বাৰা ৰপ্তানি ঋণ গেৰাণ্টি (ই.চি.জি.) নাইকিয়া কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছে।

জুলাই ২০০৮ ৰ মিনি মন্ত্ৰালয়ত, খচৰা পদ্ধতি চুক্তি স্থাপনৰ লক্ষ্যৰে আলোচনাৰ বাবে এক সংশোধিত ‘জুলাই ২০০৮’ পেকেজ ৩১ প্ৰচাৰ কৰা হৈছিল। যদিও ৰাউণ্ডটোৱে অধিক ঘৃণনীয় বিষয় যেনে অ’টিডিএছ ত কৰ্তন আদিৰ ওপৰত অগ্ৰগতি লাভ কৰিছিল, উপযুক্ত স্তৰ ৩২-ত এক মতভেদৰ ফলত বিশেষ সুৰক্ষা প্ৰণালী আৰম্ভ হ’ব পাৰে যাৰ ফলত ৰাউণ্ডটো খহি পৰিছিল। ভাৰত, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আছিল মুখ্য দোষ গ্ৰহণকাৰী। দেশবোৰে প্ৰমাণ কৰাৰ প্ৰয়োজনীয়তা আছে যে এই বৃদ্ধিয়ে মূল্য বা পৰিমাণৰ ইয়াৰ খাদ্য সুৰক্ষা, জীৱিকা সুৰক্ষা আৰু গ্ৰাম্য বিকাশৰ প্ৰয়োজনীয়তাৰ প্ৰদৰ্শনীয় ক্ষতি কৰিছে বুলি প্ৰমাণ কৰাৰ প্রয়োজনীয়তা আছে।

প্ৰশ্নঃ ২৯৷ ভাৰতৰ বৈদেশিক নীতিক প্ৰভাৱিত কৰা কাৰকবোৰৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য উদ্দেশ্য হৈছে নিজৰ বাবে কৌশলগত স্বায়ত্তশাসন সুৰক্ষিত কৰা যাতে ই ইয়াৰ ৰাষ্ট্ৰীয় স্বাৰ্থ অনুসৰণ কৰিব পাৰে। ভাৰতৰ গুৰুত্বপূৰ্ণ নিৰাপত্তা ৰক্ষাৰ বিষয় হৈছে বাহ্যিক সুৰক্ষা, আভ্যন্তৰীণ সুৰক্ষা, শক্তি সুৰক্ষা সামুদ্রিক সুৰক্ষা, প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰৰ, নিৰন্তৰ অৰ্থনৈতিক বিকাশ।

এই কৌশলগত স্বায়ত্তশাসন আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সৈতে সম্পর্কিত, আৰু ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল ইয়াৰ বাবে কেনে ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা লাভজনক হ’ব। ভাৰতে এনে এখন পৃথিৱী বিচাৰিব যি মেৰুকৰণ নকৰা আৰু আধিপত্যবিহীন— এক আকাংক্ষা নিঃসন্দেহে– কিয়নো এইবোৰে ভাৰতীয় স্বায়ত্তশাসন সর্বাধিক কৰিব।

ভাৰতৰ নিৰাপত্তা ৰক্ষাৰ চিন্তা আৰু অঞ্চলটোৰ সৈতে ইয়াৰ সম্পৰ্ক আৰু ইয়াৰ বাহিৰৰ সম্পর্ক দুটা গোলকীয় প্রেক্ষাপটৰ ভিতৰত চাব লাগিব। আধিপত্য আৰু বিশ্বায়ন। একমাত্র সামৰিক আধিপত্য হিচাপে আৰু এতিয়াও এক শক্তিশালী অৰ্থনীতিৰ সৈতে, আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বব্যাপী আৰু অঞ্চলটোত প্ৰভাৱশালী সামৰিক অভিনেতা। শক্তিৰ এই ঘনত্বৰ বিপৰীতে কাম কৰা এক কাৰক, বিশ্বায়নে নেটৱৰ্কযুক্ত পাৰস্পৰিক নিৰ্ভৰশীলতা লৈ গৈছে, বিশেষকৈ অর্থনৈতিক ক্ষেত্ৰত, লগতে শক্তিৰ প্ৰসাৰ। ই ৰাজ্যখনৰ প্ৰক্ৰিয়াটো কঢ়িয়াই অনা আৰু গঢ়ি তোলাৰ সামৰ্থ্যৰ ওপৰতো প্ৰভাৱ পেলাইছে কিয়নো ৰাজ্যখন এতিয়া প্রাথমিক অভিনেতা নহয়। ভাৰতক “শক্তিৰ ভাৰসাম্য” ধাৰণাৰ ওপৰত ডাঙৰ-দীঘল কৰা হৈছিল, আৰু এইটো আজি আৰু প্ৰযোজ্য নহয়। আন্তর্জাতিক বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় অর্থনীতি দুয়োটাই আলোকপাত কৰে যে আমি “নিৰ্ভৰশীলতাৰ শক্তি”ৰ যুগত আছো।

ইয়াৰ নিৰাপত্তা ৰক্ষাৰ বাবে, ভাৰতে ঘৰুৱা আৰু সামাজিক নীতি আৰু বৈদেশিক নীতিৰ কাৰকৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিছে। আভ্যন্তৰীণ আৰু অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত, অৰ্থনৈতিক আধুনিকীকৰণে নীতিগত গতি কঢ়িয়াই নিছে। অৱশ্যে অনা-প্রদর্শন ক্ষেত্রসমূহ, বিশেষকৈ কৃষিয়ে কেনেদৰে খাদ্য সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ সমস্যা আৰু সামাজিক অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে চাবলৈ ৯ শতাংশ অর্থনৈতিক বিকাশ পৃথক কৰিব লাগিব। ভাৰতৰ জনগাঁথনি কেৱল সামগ্রিক বিকাশৰ সৈতে এক সম্পদ হৈ পৰিব, স্বাস্থ্য, শিক্ষা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত শক্তিশালী বিনিয়োগৰ সৈতে যি বজাৰৰ প্ৰয়োজনীয়তাক যুৱ কর্মশক্তিত দক্ষতা নিৰ্মাণৰ সৈতে সংযুক্ত কৰে। বাহ্যিক নিৰাপত্তা বৃদ্ধি কৰাৰ বাবে, নিম্নতম প্ৰতিৰোধ আৰু ‘প্ৰথম ব্যৱহাৰ নহয়’ নীতিৰ ওপৰত আধাৰিত এক সামগ্রিক পাৰমাণৱিক মতবাদৰ সৈতে অস্ত্র প্ৰণালীৰ প্ৰতিৰক্ষা আধুনিকীকৰণ আৰু উন্নীতকৰণৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

এছিয়াত সামৰিক আধুনিকীকৰণে ৰাজনৈতিক স্থিৰতাক কেনেদৰে প্ৰভাৱিত কৰে সেই প্ৰশ্নটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিব যিহেতু সমগ্ৰ এছিয়াত প্ৰতিৰক্ষা ব্যয় ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বৈদেশিক নীতিৰ স্তৰত, আঞ্চলিক স্থিৰতা বৃদ্ধি কৰাৰ বাবে আৰু দক্ষিণ এছিয়াৰ বাহিৰে দক্ষিণ-পূব এছিয়া আৰু মধ্য এছিয়ালৈ ভাৰতৰ প্ৰসাৰ সম্প্ৰসাৰিত কৰাৰ প্ৰচেষ্টা চলি আছে। একেদৰে, আমেৰিকা যুক্তৰাজ্য আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে বর্ধিত অংশীদাৰীত্ব। এই নীতিগত প্রচেষ্টাবোৰৰ উদ্দেশ্য হৈছে ভাৰতৰ কঠিন আৰু কোমল শক্তিক্ষমতা আৰু ক্ষমতা বৃদ্ধি কৰা, যি ইয়াৰ কৌশলগত স্বায়ত্তশাসন নিশ্চিত কৰিব আৰু লগতে বৃহৎ শক্তিৰ মৰ্যাদা প্রাপ্ত কৰাত সহায় কৰিব। অৱশ্যে, ভাৰতে কেনেদৰে এইবোৰক ইয়াৰ স্বাৰ্থ পূৰণ কৰা ব্যৱহাৰযোগ্য উদ্দেশ্যলৈ ৰূপান্তৰ কৰে যি অতি গুৰুত্বপূৰ্ণ হ’ব আৰু ইয়াতেই দেশৰ বৌদ্ধিক শক্তি গুৰুত্বপূৰ্ণ হৈ পৰে।

ভাৰতত, বৈদেশিক নীতি নিৰ্ধাৰণ দীৰ্ঘদিন ধৰি চৰকাৰৰ আওতাত আছে; প্ৰধানমন্ত্ৰী আৰু কেইজনমান মন্ত্ৰীৰ মাজত সীমাবদ্ধ। নীতি উচ্চাৰণত প্ৰতিৰক্ষা মন্ত্ৰালয়ে পালন কৰা ভূমিকা মহান নহয়। যিহেতু ব্যৱসায়, ৰাজনৈতিক আৰু বৌদ্ধিক অভিজাতসকল পৃথক গোট হৈ আহিছে আৰু ৰাজনৈতিক দলবোৰৰ সৈতে সহ-মিছা নহয়, ই অৱশ্যে বিভিন্ন ধৰণৰ মতামত ৰখাৰ অনুমতি দিছে। ইয়াৰ উপৰিও, এক বৈচিত্র্যময় আদর্শগত আৰু সামাজিক আধাৰৰ সৈতে, ৰাজনৈতিক দল আৰু নাগৰিক সমাজ বহুতো বৈদেশিক নীতিৰ বিতৰ্কৰ অংশীদাৰ হৈ আছে। মিত্ৰজোঁটৰ চৰকাৰবোৰ আজিনিয়ম হোৱাৰ বাবে, সকলো বৈদেশিক আৰু ঘৰুৱা নীতিৰ বিষয়ত সহমত গঢ়ি তোলাটো সহজ কাম নহয়। লগতে, ৰাজনৈতিক ফলাফল নিৰ্ধাৰণত সৰু কিন্তু শক্তিশালী আঞ্চলিক ৰাজনৈতিক দলবোৰৰ উত্থানৰ সৈতে, সিদ্ধান্ত লোৱা অধিক বিভক্ত হৈ পৰিছে। উদাহৰণস্বৰূপে শেহতীয়াকৈ ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসামৰিক পাৰমাণৱিক চুক্তি ২০০৬ (যি পৰীক্ষাৰ পিছৰ পৰা ভাৰতে সন্মুখীন হোৱা প্ৰযুক্তিৰ খৰাং সমাপ্ত কৰিব) চৰকাৰ, পাৰমাণৱিক প্ৰতিষ্ঠান আৰু বিজ্ঞানী, বিৰোধী ৰাজনৈতিক দল আৰু নাগৰিক সমাজৰ ভিতৰৰ পৰা ভাৰতত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল। একেদৰে, দেশৰ অৰ্থনৈতিক আধুনিকীকৰণ আৰু উদাৰীকৰণ কাৰ্যসূচী লাহে লাহে আগবাঢ়িছে, মুখ্যতঃ এফালে ৰাজ্যৰ অংশগ্ৰহণ আৰু ব্যক্তিগতকৰণৰ পৰিমাণৰ ওপৰত ৰাজনৈতিক আৰু আদৰ্শগত পাৰ্থক্য আৰু আনফালে দৃষ্টিশক্তি, ৰাজনৈতিক ইচ্ছা শক্তি আৰু আমোলাতান্ত্ৰিক অৱৰোধৰ অভাৱৰ বাবে। ক্রমান্বয়ে, ভাৰতৰ বৰ্তমান আৰু সম্ভাৱ্য গোলকীয় অর্থনৈতিক আৰু ৰাজনৈতিক ভূমিকাৰ মাজত এক বিসংযোগ দেখা গৈছে যেতিয়া অর্থনৈতিক ক্ষেত্ৰত ভাৰত বিস্ফোৰণ হৈ আছে, ৰাজনীতিৰ মানসিকতাৰ পৰিৱৰ্তন লেহেমীয়া হৈছে। এনেদৰে গণতান্ত্ৰিক পৰিকাঠামোৰ ভিতৰত ভাৰতৰ ৰাজনৈতিক, অর্থনৈতিক আৰু নিৰাপত্তাৰ উদ্বেগৰ বাবে ঘৰুৱা সহমত গঢ়ি তোলাটো প্ৰত্যাহ্বানজনক হৈ আহিছে আৰু চৰকাৰে গ্ৰহণ কৰা ৰণনীতিৰ প্ৰকাৰত প্ৰতিফলিত হৈছে।

প্ৰশ্নঃ ৩০। আন্তর্জাতিক ৰাজনীতিত ভূমিকা বৃদ্ধি কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা বৈদেশিক নীতিৰ ৰণকৌশল বৰ্ণনা কৰা।

উত্তৰঃ ১৯৯৮ চনত বিজেপি নেতৃত্বাধীন চৰকাৰে পাৰমাণৱিক পৰীক্ষাৰ সিদ্ধান্তই ভাৰতক বিশ্বব্যাপী আৰু মুখ্য শক্তিসমূহৰ প্ৰথম স্তৰৰ প্ৰতি আকৰ্ষিত কৰিছিল, যিদৰে কিছুমান ভাৰতীয় বিশ্লেষকে যুক্তি দিছিল পাৰমাণৱিক পৰীক্ষাৰ পিছৰে পৰা, ভাৰতীয় বৈদেশিক নীতিত এক নতুন দৃঢ়তা দেখা গৈছে। এইটো নহয় যে ক্ৰমাগত ভাৰত চৰকাৰে বিশ্ব ৰাজনীতিৰ নেহৰুৱিয়ান দৃষ্টিভংগী ত্যাগ কৰিছে। কিন্তু নেহৰুৰ দ্বাৰা সমৰ্থিত উচ্চ আদৰ্শ আৰু শক্তিশালী আত্ম- প্রতিচ্ছবিৰ সৈতে, এক নতুন ব্যৱহাৰিকতা আৰু আত্মবিশ্বাস আছে। ভাৰতে কেৱল শব্দ আৰু আদৰ্শৰে নিজকে প্ৰক্ষেপ কৰিব বিচাৰে, কিন্তু বর্ধিত অর্থনৈতিক শক্তিয়ে যোৱা কেইবছৰমানত স্থিৰ ৭-৮ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছে আৰু তাৎপৰ্যপূৰ্ণভাৱে, ভাৰতে ধাৰণাটোৰ শক্তিৰ পৰা নতুন যুক্তিলৈ ক্ৰমান্বয়ে আগবাঢ়িছে, যি হৈছে অর্থনৈতিক আৰু ৰাজনৈতিক শক্তি বৃদ্ধি কৰা। শীতল যুদ্ধৰ গাঁথনিগত সীমাবদ্ধতাৰ পৰা মুক্ত হৈ ভাৰতে দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় পৰ্যায়ত কৌশলগত ৰাজনৈতিক আৰু অৰ্থনৈতিক মিত্ৰতা গঢ়ি তুলিব বিচাৰিছে যিয়ে সমৃদ্ধ নিৰাপত্তা লাভাংশৰ প্ৰতিশ্ৰুতি বহন কৰে। ভাৰতীয় বৈদেশিক নীতি, যিটো শীতল যুদ্ধৰ সময়ত অ-সংৰেখনে চিহ্নিত কৰিছিল, আজি নিয়ন সংৰেখনৰ এক নীতি অনুসৰণ কৰা দেখা গৈছে— অৰ্থাৎ ইয়াৰ বিভিন্ন নিৰাপত্তা প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বহুতক নিয়োজিত কৰা। ভাৰতে অঞ্চলটোৰ বাহিৰত নিজকে প্ৰক্ষেপ কৰাৰ মূল চাবিকাঠী হ’ল অঞ্চলটোত স্থিৰতা থকা আৰু নিশ্চিত কৰা। দক্ষিণ এছিয়াত ই ইয়াৰ চুবুৰীয়া দেশবোৰক দ্বিপাক্ষিকভাৱে আৰু অধিক, এক আঞ্চলিক পৰিকাঠামোৰ (চাৰ্ক) ভিতৰত জড়িত কৰি আছে, যাতে ইয়াৰ অন্যান্য বৈদেশিক নীতিৰ উদ্দেশ্য প্রাপ্ত কৰিব পৰা যায়। সকলো চুবুৰীয়া ৰাজ্যৰ সৈতে সম্পৰ্কৰ স্থিৰ উন্নতি হৈছে আৰু ই ভাৰতৰ বাবে ভাল। পশ্চিমত পাকিস্তানৰ সৈতে শান্তি প্ৰক্ৰিয়া আৰু সীমান্ত আলোচনা, পূবত চীনৰ সৈতে বর্ধিত বাণিজ্যে ভাৰতৰ বাবে নতুন লাভাংশ আৰু কাৰ্যকৰী স্থান আনিছে।

আঞ্চলিক স্তৰসমূহক জড়িত কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টা অধিক লক্ষণীয়। ই দক্ষিণ-পূব এছিয়া আৰু মধ্য এছিয়াৰ আঞ্চলিক সংগঠনসমূহত সদস্যপদ আৰু প্ৰতিনিধিত্ব বিচাৰিছে (আনকি কেৱল পৰ্যবেক্ষক হিচাপে) যি ভাৰতক অঞ্চলটোত প্ৰক্ষেপ কৰিব বিচাৰে আৰু লগতে মিত্রতা গঢ়ি তোলাত সহায় কৰিব বিচাৰে। এই প্ৰচেষ্টাবোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দুয়োধৰণৰ বিবেচনাৰ দ্বাৰা পৰিচালিত হৈছে। ভাৰতৰ ‘লুক ইষ্ট’ নীতিয়ে ইয়াক দক্ষিণ-পূব এছিয়াত (চীনৰ দ্বাৰা ক্ৰমান্বয়ে প্ৰভাৱিত হৈ থকা অঞ্চল) যথেষ্ট দৃশ্যমানতা আনিছে দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন (ASEAN) আৰু এ.এছ.ই.এম.ত সদস্য পদৰ সৈতে। কিছুমান বিশ্লেষকে কয় যে ই কেৱল ভাৰতৰ বৰ্ধিত অর্থনৈতিক উপস্থিতি নিশ্চিত নকৰে কিন্তু চীনৰ সন্তুলন ৰক্ষা কৰিবলৈ দেশসমূহৰ দ্বাৰা এক স্বাগতমমূলক পদক্ষেপ লয়। যিকি নহওক, চীন‌ দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন (ASEAN) আৰু এ.আৰ.এফ.ৰ পৰা পূব এছিয়া সনন্মিলনলৈকে ই.এ.এ.ছ সকলো আঞ্চলিক সংগঠনৰ অংশ আৰু মধ্য এছিয়াৰ লগতে ছাংহাই সহযোগিতা সংস্থাৰ এছ.চি.অ’ জৰিয়তে ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰি আছে। 

ইয়াত সোধাটো আকৰ্ষণীয় যে ভাৰত পাকিস্তানৰ পৰা ডিহাইফেনেটেড হৈছে নে নাই, কিন্তু তেতিয়াহে চীনৰ সৈতে হাইফেনেট হ’ব। ভাৰতে ইয়াক এক প্ৰতিসত্তলনমূলক পদক্ষেপ হিচাপে বিবেচনা নকৰে, কিন্তু প্রাকৃতিক বাণিজ্যিক অংশীদাৰ হিচাপে দীৰ্ঘদিন ধৰি ঐতিহাসিক আৰু বাণিজ্যিক সম্পর্ক থকা অঞ্চলটোলৈ লক্ষ্য কৰে। ই ভাৰত মহাসাগৰৰ ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ সৈতেও খাপ খায়, য’ত ইয়াৰ সামুদ্রিক সুৰক্ষাক পশ্চিম এছিয়াৰ হৰমুজ উপসাগৰৰ পৰা দক্ষিণ-পূব এছিয়াৰ মালাক্কা জলপ্রণালীলৈকে বিস্তাৰিত বুলি সংজ্ঞায়িত কৰে— প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাৰ্ষিক প্ৰতিবেদনতো পুনৰাবৃত্তি কৰা এক সত্য। এই বৃহৎ সামুদ্রিক অঞ্চলটোত তেল আৰু কেঁচা মালৰ বাবে বিশ্বৰ কিছুমান ব্যস্ততম সাগৰীয় পথ আছে, যি দুয়োটা ভাৰতৰ নিৰন্তৰ অৰ্থনৈতিক বিকাশৰ বাবে গুৰুত্বপূৰ্ণ আৰু এনেদৰে তেওঁৰ অৰ্থনৈতিক সুৰক্ষাৰ সৈতে সম্পর্কিত।লগতে, অর্থনৈতিকভাৱে শক্তিশালী আৰু দৃশ্যমান ভাৰতীয় প্ৰবাসীসকলৰ ভূমিকা, আৰু আমেৰিকা যুক্তৰাজ্য আৰু গ্রেট ব্ৰিটেইনত ইয়াৰ প্ৰভাৱৰ বিষয়ে বৰ্ধিত ৰাজনৈতিক সচেতনতাই ভাৰতক মূল্যৱান ৰাজনৈতিক আৰু অৰ্থনৈতিক লাভ অৰ্জন কৰিছে।

ফলস্বৰূপে, ভাৰতে ইয়াৰ বৈচিত্র্যময় আঞ্চলিক উপস্থিতি বৃদ্ধি কৰাৰ পিছতো, ই এক নতুন কণ্ঠত কথা পাতি আছে যি কেৱল তৃতীয় বিশ্বৰ প্ৰতিনিধি নহয়। এক নতুন পৰিচয় আৰু ভূমিকালৈ পৰিৱৰ্তনশীল ৰাজ্য হিচাপে, ই ইয়াৰ ৰাষ্ট্ৰীয় স্বাৰ্থ স্পষ্ট কৰিব বিচাৰে কিন্তু লগতে উন্নয়নৰ বিষয়বোৰৰ বাবে কথা পাতিব বিচাৰে। ভাৰতৰ বাবে প্ৰত্যাহ্বানটো হ’ল যে ই এজন আঞ্চলিক বা গোলকীয় অভিনেতা হ’ব নোৱাৰে আৰু বেৰৰ ওপৰত বহিব নোৱাৰে; ইয়াৰ পৰিৱৰ্তে, আই.এ.ই.এ. ভোটৰ ক্ষেত্ৰত ইৰাণৰ দৰে ইয়াক ৰাজনৈতিক স্থিতি ল’বলৈ ক্ৰমান্বয়ে আহ্বান জনোৱা হ’ব। ভাৰতৰ বৈদেশিক নীতিয়ে আজি ব্যৱহাৰবাদৰ সৈতে আদর্শবাদৰ বৰ্ধিত খং প্ৰদৰ্শন কৰে আৰু ই বহুপাক্ষিক আৰু নিয়ম আধাৰিত গোলকীয় শাসনৰ অনুসৰণ অব্যাহত ৰাখিছে।

প্ৰশ্নঃ ৩১। AIIB আৰু NDB ৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ Asian Infrastructure Investment Bank চমুকৈ AIIB নাইবা এছিয়াৰ পৰিকাঠামো / আন্তঃগাঠনি বিনিয়োগ বেংক হৈছে এছিয়া আৰু ইয়াৰ বাহিৰত সামাজিক আৰু

অর্থনৈতিক ফলাফল উন্নত কৰাৰ লক্ষ্যৰে গঠন কৰা এক বহুপাক্ষিক বেংক। ইয়াৰ মুখ্য কার্যালয় বেইজিংত অৱস্থিত। ই 2016 চনৰ পৰা কাৰ্যকৰী হৈছিল। ইয়াৰ লক্ষ্য হৈছে, বহনক্ষম আন্তঃগাথনি আৰু অন্যান্য উৎপাদশীল খণ্ডত বিনিয়োগ কৰি মানুহ, সেৱা আৰু বজাৰক সংযোগ কৰা যি সময়ৰ লগে লগে কোটি কোটি লোকৰ জীৱনত প্ৰভাৱ পেলাৱ আৰু এক উন্নত ভবিষ্যত গঢ়ি তুলিব। ইয়াক AIIB ৰ চুক্তিৰ অনুচ্ছেদসমূহৰ দ্বাৰা এক বহুপাক্ষিক চুক্তি হিচাপে প্ৰতিষ্ঠা কৰা হৈছে। পোনপ্ৰথমতে ইয়াৰ সদস্য সংখ্যা আছিল 57 (প্ৰতিষ্ঠাপক) যদিও বৰ্তমান ইয়াৰ সদস্য সংখ্যা 103। ইয়াৰ বৃহৎসংখ্যক কাৰ্য এছিয়া মহাদেশৰ ভিতৰতে সীমাবদ্ধ।

Asian Infrastructure Investment Bank ৰ গঠন:

Asian Infrastructure Investment Bank ৰ গঠন এনেধৰণৰ— 

(ক) পৰিচালক মণ্ডলী (Board of Directors)

(খ) জেষ্ঠ পৰিচালনা (Senior management)

(গ) আন্তৰ্জাতিক পৰামৰ্শদাতা পেলেন (Internationa; Advisory Panel )

AIIB আৰু ভাৰতবৰ্ষ: চীনৰ পিছতে ভাৰতবৰ্ষ হৈছে AIIB ৰ দ্বিতীয় সৰ্ববৃহৎ অংশীদাৰ (7.6%)। ভাৰতবৰ্ষ হৈছে আন্তঃগাঁথনি প্ৰকল্পৰ বাবে এ.আই.আই.বি. য়ে যোগান ধৰা বিত্তিয় সহায়ৰ সৰ্বাধিক হিতাধিকাৰী। এই প্রকল্পসমূহ বাংগালোৰ মেট্ৰৰেলকে আদি কৰি শক্তি, পানী, পৰিবহন আদিৰ দৰে বিভিন্ন খণ্ডত বিস্তৃত হৈ আছে। বর্তমান সময়ত এ.আই.আই.বি. য়ে কোভিড-19 জৰুৰীকালীন সঁহাৰি পুঁজি আৰু স্বাস্থ্য প্ৰণালী প্ৰস্তুতি প্ৰকল্পৰ বাবে 500 নিযুত ডলাৰৰ অনুমোদন প্রদান কৰিছে।

বর্তমান ফান্স, জার্মানি, ইটালী আৰু ইংলেণ্ডকে ধৰি G 20 ৰাষ্ট্ৰৰ 14 খন এ.আই.আই.বি.ৰ সদস্য। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই এ.আই.আই.বি.ক বহুপাক্ষিত বিত্তীয় ব্যৱস্থাত এক অনিচ্ছামূলক প্ৰৱেশক হিচাপে অভিহিত কৰিব খোজে। কিয়নো, বিশেষতঃ চীনৰ দ্বাৰা অনুমোদিত এ.আই.আই.বি.ৰ উত্থানে অর্ধশতিকা জুৰি বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ একছত্ৰীতাৰ প্ৰতি সংশয় নমাই আনিছে। এ.আই.আই.বি.য়ে সেয়েহে একদেশীয় আধিপত্যতাৰ বিৰোধিতা কৰে।

নতুন উন্নয়ন বেংক (NDB): New Development Bank চমুকৈ এন.ডি.বি. হৈছে BRICS ৰাজ্যসমূহৰ (ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকা) ৰ দ্বাৰা পৰিচালিত এক বহুপাক্ষিক উন্নয়ন বেংক। 2013 চনত দক্ষিণ আফ্ৰিকাৰ ডাৰ্বাণত অনুষ্ঠিত পঞ্চম BRICS সন্মিলনত ইয়াৰ নেতাসকলে নতুন উন্নয়ন বেংক নাইবা এন.ডি.বি. প্ৰতিষ্ঠাৰ বাবে সন্মত হৈছিল, পৰৱৰ্তী সময়ত 2014 চনত ব্ৰাজিলৰ ফৰ্টীলেজাত ষষ্ঠ ব্ৰিছ সন্মিলনত প্ৰতিষ্ঠা কৰা হৈছিল নতুন উন্নয়ন বেংক। এই বেংকটো পাঁচখন উদীয়মান বজাৰৰ মাজত অধিক বিত্তীয় আৰু উন্নয়নমূলক সহযোগিতা বৃদ্ধি কৰিবলৈ স্থাপন কৰা হৈছে।

ফর্টীলেজা ঘোষণাপত্র অনুসৰি এন.ডি.বি. বা নতুন উন্নয়ন বেংক BRICS ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰিব আৰু বিশ্ব উন্নয়নৰ বাবে বহুপাক্ষিক আৰু আঞ্চলিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ প্ৰচেষ্টাত পৰিপূৰক হ’ব। ইয়াৰ মুখ্য কাৰ্যালয় চীনৰ ছাংহাইত থাকিব। বিশ্ব বেংকৰ মূলধনৰ অংশৰ ওপৰত আধাৰিত কৰি ভোট আৱণ্টন কৰা নীতিৰ বিপৰীতে নতুন উন্নয়ন বেংকত প্ৰতিখন অংশগ্ৰহণকাৰী দেশক এটা ভোট আৱণ্টন কৰা হ’ব লগতে কোনো দেশতে ভেটো ক্ষমতা নাথাকিব। 2018 চনত নতুন উন্নয়ন বেংক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত পর্যবেক্ষকৰ মৰ্যাদা লাভ কৰে। যাৰ দ্বাৰা নতুন উন্নয়ন বেংকে ৰাষ্ট্ৰসংঘৰ সৈতে সক্ৰিয় আৰু ফলপ্রসূ সহযোগিতাৰ বাবে এক দৃঢ় আধাৰ স্থাপন কৰে।

নতুন উন্নয়ন বেংকৰ উদ্দেশ্য:

নতুন উন্নয়ন বেংকৰ উদ্দেশ্যসমূহ হ’ল—

(ক) সদস্য দেশসমূহৰ উন্নয়নত উদগনি দিয়া।

(খ) অর্থনৈতিক বিকাশত সহায় কৰা। 

(গ) প্রতিযোগিতা বৃদ্ধি কৰা আৰু চাকৰি সৃষ্টিত সহায় কৰা।

(ঘ) উন্নয়নশীল দেশসমূহৰ মাজত জ্ঞান বিতৰণৰ বাবে এখন মঞ্চ তৈয়াৰ কৰা।

এই উদ্দেশ্যসমূহ পূৰণ কৰিবলৈ নতুন উন্নয়ন বেংক ঋণ, গেৰাণ্টি, সম অংশগ্ৰহণ আৰু অন্যান্য বিত্তীয় প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজহুৱা বা ব্যক্তিগত প্রকল্পবোৰ সমৰ্থন কৰে। অলপতে নতুন উন্নয়ন বেংকে ভাৰতবৰ্ষত 14 টা প্ৰকল্পৰ বাবে 4,183 বিলিয়ন ডলাৰৰ অনুমোদন জনাইছে।

প্ৰশ্নঃ ৩২। চমুটোকা লিখা:

(ক) জলবায়ু পৰিৱৰ্তনৰ লিমা সন্মিলন

উত্তৰঃ ২০১৪ চনৰ ডিচেম্বৰ মাহত পেৰুৰ ৰাজধানী চহৰ লিমাত বিশ্ব জলবায়ু পৰিৱৰ্তনৰ আন এখন বার্ষিক সন্মিলন আন্তঃচৰকাৰ জলবায়ু পৰিৱৰ্তন মণ্ডলী (Inter Governmental Panel on Climate Change) ৰ উদ্যোগত অনুষ্ঠিত হয়। এই সন্মিলনৰো মুখ্য উদ্দেশ্য আছিল ২০১৫ চনত স্বাক্ষৰ কৰিবলগীয়া সাৰ্বজনীন জলবায়ু পৰিৱৰ্তন চুক্তি সম্পৰ্কত আলোচনা কৰা। এই সন্মিলনেও ১৯৯৭ চনৰ কিয়ট’ আচৰণ বিধিৰ দফাসমূহ কাৰ্যকাৰিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অৱশ্যে কাৰ্বন নির্গতকৰণ বা সেউজ গৃহ  গেছসমূহৰ নিৰ্গতকৰণ হ্ৰাস সম্পৰ্কত লিমা সন্মিলনতো উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত মত পাৰ্থক্যৰ সূচনা হয়। ভাৰতবৰ্ষকে প্ৰমুখ্য কৰি উন্নয়নশীল ৰাষ্ট্ৰসমূহে অভিমত দিয়ে যে সেউজ গৃহ গেছসমূহৰ অতিমাত্ৰা নিৰ্গতকৰণৰ বাবে বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহ ঘাইকৈ জগৰীয়া। গতিকে উন্নত ৰাষ্ট্ৰসমূহে কৰা ক্ষতিপূৰণৰ বাবে উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহে অতিৰিক্ত ব্যয় বহন কৰিবলগীয়া হোৱাটো নৈতিকভাৱে গ্ৰহণযোগ্য হ’ব নোৱাৰে। গতিকে উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ষীপ্ৰ বিকাশত বাধা হ’ব পৰাকৈ কাৰ্বন নির্গতকৰণ ৰোধৰ আচিলা লৈ বাধা দিব নালাগে। তদুপৰি কাৰ্বন নির্গতকৰণ ৰোধৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিবিদ্যা আৰু সম্পদ যোগান ধৰাটো উন্নত ৰাষ্ট্ৰসমূহৰ নৈতিক দায়িত্ব বুলি বিবেচনা কৰিব লাগে। বহু বিতৰ্কৰ অন্তত লিমা সন্মিলনে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ এই দাবী গ্ৰহণ কৰি উমৈহতীয়া কিন্তু পার্থক্যমূলক দায়িত্ব গ্রহণ নীতি (Common but differentiated responsiblity) গ্ৰহণ কৰে। এই নীতিয়ে বিশ্বৰ পৰিৱেশৰ সমস্যা সমাধানৰ বাবে উন্নত ৰাষ্ট্ৰসমূহৰ বাবে অধিক দায়িত্বক স্বীকৃতি দিয়ে।

 তদুপৰি উন্নত ৰাষ্ট্ৰসমূহৰ দ্বাৰা পৰিৱেশৰ বিনষ্ট সাধন প্ৰক্ৰিয়াই উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰো জলবায়ুৰ পৰিৱৰ্তন আনি এই ৰাষ্ট্ৰসমূহকো লোকচান আৰু ক্ষতি কৰিছে। গতিকে উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল আৰু উন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবৰ বাবে প্ৰয়োজনীয় উন্নয়ন প্রকল্পসমূহলৈ কাৰ্বন নির্গতকৰণৰ প্ৰয়োজনীয় অভিযোজন (Adaptations) প্ৰদানত অনুমতি আগবঢ়ায়। কিন্তু উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ প্ৰদান কৰিবলগীয়া আর্থিক সাহায্য সম্পৰ্কত এই সন্মিলনত সর্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল।

(খ) জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় সন্মিলন।

উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধি আৰু অ’জন স্তৰৰ ক্ষয়ীভৱনৰ দৰে ঘটনাই বিশ্ববাসীক সচকিত কৰি তোলাৰে পৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰসমূহে পৰিৱেশৰ এইকেইটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ লয়। ১৯৮৮ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ো বিশ্ব জলবায়ু সংগঠন (World Meterological Organization-WMO) ৰ জৰিয়তে বিশ্ব জলবায়ু কাৰ্যসূচীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ সিদ্ধান্ত লয়। এনে সিদ্ধান্তৰ পৰিণতিতে ১৯৯২ চনৰ ৰিঅ’ সন্মিলনতে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে জলবায়ু পৰিৱর্তন চুক্তিপত্র (Climate Change Convention 1992) স্বাক্ষৰ কৰে।

বিশ্ব জলবায়ু পৰিৱৰ্তন চুক্তিপত্ৰৰ অনুচ্ছেদ ১ ত জলবায়ু পৰিৱৰ্তনৰ সংজ্ঞা নিৰ্ণয় কৰি কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তন হৈছে বিশ্বৰ জলবায়ুৰ স্বাভাৱিক প্ৰকৃতিৰ পৰিৱৰ্তন যি পৰিৱৰ্তন মানুহৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰা কাৰ্যৰ দ্বাৰা বায়ুমণ্ডলৰ গঠনৰ পৰিৱৰ্তনৰ বাবে সাধিত হৈছে।

বিশ্ব জলবায়ু পৰিৱৰ্তন সন্মিলনৰ মুখ্য উদ্দেশ্য হৈছে বায়ুমণ্ডললৈ কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গতকৰণ হ্ৰাস কৰা। এই চুক্তিপত্ৰখনে উন্নত ৰাষ্ট্ৰসমূহক কাৰ্বন-ডাই-অক্সাইড নির্গতকৰণ বা সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ হ্ৰাস কৰি ২০০০ চনৰ ভিতৰত ১৯৯০ চনৰ পৰ্যায়লৈ নিবৰ বাবে চুক্তিবদ্ধ কৰে। সেই অনুসৰি উন্নত ৰাষ্ট্ৰসমূহে লোৱা পৰিকল্পনা ৰাষ্ট্ৰসংঘক দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সেউজ গৃহ গেছ আৰু কাৰ্বন-ডাই-অক্সাইডৰ দৰে গেছসমূহ শোষণ কৰা উৎসসমূহ সংৰক্ষণৰ বাবেও নির্দেশ দিয়ে। উন্নয়নশীল ৰাষ্ট্ৰসমূহে কার্বন-ডাই- অক্সাইড আৰু সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ সীমিত কৰিব নালাগে যদিও তেওঁলোকে সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ উৎসসমূহ চিনাক্ত কৰি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে।

(গ) বিশ্ব বাণিজ্য সংস্থা (WTO)।

উত্তৰঃ ১৯৮৬ চনৰ ৮ চেপ্তেম্বৰত উৰুগুৱেত GATT ৰ অষ্টমলানি আলোচনা চক্র অনুষ্ঠিত হয়, যাক ‘উৰুগুৱে ৰাউণ্ড’ নামে জনা যায়। GATT গঠন কৰাৰ পাছৰ পৰা বিশ্ববাণিজ্যৰ গাঁথনিত সদস্য ৰাষ্ট্ৰসমূহৰ জাতীয় আয়ত গৌণ আৰু সেৱা খণ্ডৰ আপেক্ষিক অৱস্থান উন্নত হ’বলৈ ধৰে আৰু কৃষিজাত দ্ৰৱ্যৰ ঠাইত যন্ত্ৰজাত দ্ৰৱ্যৰ আদান-প্ৰদানত যথেষ্ট পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত GATT ৰ উৰুগুৱে আলোচনা সমিতি ১৫ টা বিষয়ৰ ওপৰত মনোনিৱেশ কৰাৰ লগতে তিনিটা নতুন দিশ যেনে—

(১) বৌদ্ধিক সম্পত্তি ভিত্তিক ক্ষমতাৰ বাণিজ্যিক দিশ।

(২) বাণিজ্য সম্পর্কিত বিনিয়োগৰ দিশ। আৰু 

(৩) সেৱাবিশেষ বাণিজ্যক ইয়াৰ অন্তৰ্ভুক্ত কৰা হয়।

উৰুগুৱে ৰাউণ্ডে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত আনিব খোজা প্ৰস্তাৱিত পৰিৱৰ্তনে চূড়ান্তৰূপ প্ৰদান কৰোতে প্রায় আঠ বছৰ সময়ৰ প্ৰয়োজন হয়। শেষত GATT ৰ মুখ্য পৰিচালক আৰ্থাৰ ডানকালে উমৈহতীয়া সমর্থন থাকিব পৰা বিষয়বোৰ বাচি লৈ এখন খচৰা চূড়ান্ত আইন প্ৰস্তুত কৰে। ১৯৯৪ চনৰ এপ্ৰিলত ১০৪ খন ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ সমৰ্থনত স্বাক্ষৰ কৰে। ভাৰতে ১৯৯৪ চনৰে ৩০ ডিচেম্বৰত এই প্ৰস্তাৱৰ সমৰ্থনত স্বাক্ষৰ কৰে। ইয়াৰ যোগেদি বিশ্ব বাণিজ্য সংস্থা গঠনৰ পথ প্রশস্ত হয়।বিশ্ব বাণিজ্য সংস্থা গঠনে কোনো দেশকে সন্তুষ্ট কৰিব পৰা নাই। বিশ্ব বাণিজ্য সংস্থাই ইয়াৰ পৰৱৰ্তী বিশ্ববাণিজ্যৰ ক্ষেত্ৰত উন্নত দেশবোৰৰ নিজৰ মাজত, উন্নয়নশীল দেশবোৰৰ নিজৰ মাজত আৰু উন্নত আৰু উন্নয়নশীল দেশৰ মাজত সততে বিবাদৰ সূত্ৰপাত হৈছে।

সমালোচকসকলে বিশ্ব বাণিজ্য সংস্থাৰ কাৰ্যকলাপৰ মূল্যায়ন কৰি তলত উল্লেখ কৰা দুর্বলতাসমূহ আঙুলিয়াই দিছে—

(১) বিশ্ব বাণিজ্য সংস্থাই কৃষিজাত সামগ্ৰীক লৈ যিবোৰ বিধি ব্যৱস্থাপনা গ্ৰহণ কৰিছে সেইবোৰেও উন্নত দেশৰ স্বাৰ্থ পূৰণ হোৱাতহে সহায় কৰিছে।

(২) বিশ্ব বাণিজ্য সংস্থাৰ বিবাদ মীমাংসা প্রক্রিয়া সমানে শক্তিশালী হোৱা দুই বা ততোধিক পক্ষৰ ক্ষেত্ৰতহে উপযুক্ত।

(৩) বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম-কানুনবিলাক এনেদৰে প্ৰস্তুত কৰা হৈছে যাৰ ব্যৱহাৰে উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশসমূহ অধিক উপকৃত কৰে।

(৪) বিশ্ব বাণিজ্য সংস্থাই উন্নয়নশীল দেশৰ নীতি নিৰ্ধাৰণ অৰ্থাৎ উন্নয়নশীল দেশ এখনে অৰ্থনৈতিক উন্নয়নৰ বাবে শুল্ক নির্ধাৰণ, অনুদান প্রদান ইত্যাদিৰ মাধ্যমত নিজাকৈ অনুসৰণ কৰিব পৰা কৌশলসমূহৰ ক্ষেত্ৰত থকা স্বতন্ত্রতা ভংগ কৰিছে।

(৫) বিশ্ব বাণিজ্য সংস্থা গঠনৰ পাছৰ পৰা শুল্ক আৰু অনাশুল্ক প্রতিবন্ধকতাসমূহৰ এনেকৈ পুনৰ গঠন কৰা হ’ল যাৰ পৰিণামস্বৰূপে উন্নয়নশীল দেশসমূহৰ ৰপ্তানিৰ পথ ৰোধ হোৱাৰ বিপৰীতে উন্নত দেশসমূহৰ পৰা আমদানি কৰাৰ পথ মুকলি ৰাখিবলগীয়া হ’ল। সেইবোৰে উন্নয়নশীল দেশসমূহক অধিক লোকচানৰ সন্মুখীন কৰাইছে।

(৬) ইয়াৰ জৰিয়তে ধনী দেশসমূহ অধিক লাভৱান হৈছিল কাৰণ এইবোৰ দেশে ৰপ্তানিকৃত দ্ৰৱ্যৰ উৎপাদনত ৰাজসাহায্য দিয়াৰ পৰিমাণ একেবাৰে নগণ্য।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top