India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি

India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি Question Answer can be of great value to excel in the examination.

India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি

Join Telegram channel

India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি Notes cover all the exercise questions in UGC Syllabus. The India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্রস্তুতি আয়োগৰ কন্‌ভেন্‌ছনৰ নীতিবিলাক হ’ল—

(ক) সামৰিক বাজেট সানিতকৰণ কৰা।

(খ) সামৰিক সেৱাৰ সময় সীমাবদ্ধ কৰা।

(গ) সামৰিক, নৌ আৰু বিমানবাহিনীৰ কাৰ্যৰ কাম সীমিত কৰা ।

(ঘ) লণ্ডনত নৌ-চুক্তিত সন্নিৱিষ্ট কৰা নিয়মাৱলী গ্ৰহণ কৰা। আৰু

(ঙ) জেনেভাত সময়ে সময়ে অনুষ্ঠিত কৰিবৰ কাৰণে এখন স্থায়ী নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰা। এই আয়োগে লীগ পৰিষদক প্ৰস্তাৱিত নিৰস্ত্ৰীকৰণ চুক্তি কাৰ্যকৰীতাৰ সম্পৰ্কে পৰামৰ্শ দিব।

লীগৰ উদ্যোগত প্ৰথমখন নিৰস্ত্ৰীকৰণ সন্মিলন জেনেভাত ১৯২৩ চনৰ ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল।এই সন্মিলনত লীগৰ সদস্যভুক্ত নোহোৱা ৫ খন দেশকে ধৰি মুঠতে ৬১ খন দেশে অংশগ্ৰহণ কৰিছিল। সন্মিলনে বিভিন্ন সময়ত প্ৰায় দুবছৰ ধৰি আলোচনা কৰাৰ পাছত নিৰস্ত্ৰীকৰণ সম্পর্কে কেইবাটাও বিষয়ত সাধাৰণ ঐক্যমত প্ৰকাশ কৰে।

(ক) যুদ্ধৰ কিছুমান পদ্ধতি নিষিদ্ধ কৰা হয়।

(খ) বিমানৰ পৰা বোমাবৰ্ষণ আৰু ৰাসায়নিক, উদ্ভিদবিষয়ক আৰু গৃহদাহ সম্পৰ্কীয় অস্ত্ৰ প্রয়োগ নিষিদ্ধ কৰা।

(গ) পাৰমাণৱিক আৰু ঋণাত্মক অস্ত্ৰ সীমিতকৰণৰ নীতি গ্ৰহণ কৰা। 

(ঘ) প্রত্যেক দেশৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাজেট প্ৰচাৰ কৰা। আৰু

(ঙ) ইয়াৰ কাৰ্যকৰীতাৰ পৰিদৰ্শন কৰা।

এইদৰে ১৯৩২ চনত অনুষ্ঠিত হোৱা জেনেভা সম্মিলনে নিৰস্ত্ৰীকৰণৰ বিষয়ে ভালেকেইটা নীতি গ্ৰহণ কৰিছিল। অৱশ্যে এই নীতিবিলাক কাৰ্যকৰীতাৰ বিষয়লৈ কোনো উপায় সম্পৰ্কত সদস্যসকল একমত হোৱা নাছিল । কেতবোৰ অশুভ শক্তিয়ে দেখা  দিয়াৰ ফলত জেনেভা সন্মিলনৰ নিৰস্ত্ৰীকৰণ আলোচনা বিফল হ’ব বুলি ক’ব পাৰি। ১৯৩৩ চনৰ ১৪ অক্টোবৰত জার্মানীয়ে নিৰস্ত্ৰীকৰণ সন্মিলনৰ পৰা নিজৰ সদস্য পদ প্রত্যাহাৰ কৰে। সেই সময়তে জার্মানীয়ে জাতিসংঘৰ সদস্য পদো ত্যাগ কৰে। নিৰস্ত্ৰীকৰণ সন্মিলনখন স্থাপিত হোৱাৰ পিছত ১৯৩৪ চনৰ ২৯ মে’ তাৰিখে পুনৰ অনুষ্ঠিত হৈছিল। কেইদিনমান আলোচনা হোৱাৰ পাছত পুনৰ ইয়াৰ সদস্যসকলে সন্মিলন ত্যাগ কৰে। ইয়াৰ পাছত ১৯৩৫ চনৰ ১৬ মাৰ্চত জাৰ্মানীয়ে ভাটাই চুক্তিত নিৰস্ত্ৰীকৰণ সম্পৰ্কে থকা বিভিন্ন দফাবিলাক ভংগ কৰাৰ খতা ঘোষণা কৰে। জাৰ্মানীয়ে ১৯৩৬ চনৰ ৭ মাৰ্চত লোর্কানোৰ চুক্তি ভংগ কৰাৰ কথা ঘোষণা কৰে। জাৰ্মানীয়ে আনকি ভাটাই চুক্তিৰ ৪২ আৰু ৪৩ অনুচ্ছেদ ভংগ কৰি ৰাইনলেণ্ডলৈ তেওঁলোকৰ সেন্যবাহিনী প্ৰেৰণ কৰে।

প্ৰশ্নঃ ৩। নিৰস্ত্ৰীকৰণ ব্যৱস্থা কি কি কাৰণে বিফল হৈছিল?

উত্তৰঃ প্ৰথম মহাযুদ্ধৰ পিছৰ পৰা দ্বিতীয় মহাযুদ্ধৰ আগলৈকে জাতিসংঘৰ ভিতৰে-বাহিৰে নিৰস্ত্ৰীকৰণৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ব্যৱস্থা সফল নোহোৱাৰ বহুতো কাৰণ আছে।

(ক) অর্থনৈতিক সংকট: ১৯২৯-৩১ চনৰ ভিতৰত বিশ্বত যি অর্থনৈতিক সংকটে দেখা দিছিল তাৰ ফলত প্ৰায় সকলো বৃহৎ দেশৰে আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছিল। এই দেশবিলাকে নিৰস্ত্ৰীকৰণৰ নিচিনা বিষয়ৰ আলোচনাৰ ওপৰত গুৰুত্ব দিয়াতকৈ কি উপায়েৰে। দেশে সন্মুখীন হোৱা গুৰুতৰ অৰ্থনৈতিক সংকট আঁতৰ কৰিব পাৰে তাৰ ওপৰতহে মনোনিৱেশ কৰিছিল।

(খ) দূৰ-প্ৰাচ্যত জাপানৰ আক্ৰমণাত্মক নীতি: নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত কিছুমান বৃহৎ শক্তিগোষ্ঠীয়ে আগ্রহ প্রকাশ কৰিছিল যদিও জাপান আদি দেশে আক্রমণাত্মক নীতি গ্ৰহণ কৰাৰ ফলত বিভিন্ন সময়ত অনুষ্ঠিত হোৱা নিৰস্ত্ৰীকৰণ সন্মিলনসমূহ সফল হ’ব পৰা নাছিল। জাপানে প্রথম মহাযুদ্ধৰ পিছৰ পৰা অধিক শক্তিশালী হৈ সাম্ৰাজ্য বিস্তাৰৰ নীতি গ্ৰহণ কৰি চীনৰ ভূখণ্ডত আক্ৰমণ কৰিছিল। জাপানৰ আক্ৰমণৰ ফলত আন কিছুমান দেশে এইক্ষেত্রত সফল হ’ব পৰা নাছিল।

(গ) জাতিসংঘৰ বিফলতা: জাতিসংঘৰ চনদত সমুহীয়া নিৰাপত্তা ব্যৱস্থা আছিল যদিও লীগে আক্ৰমণকাৰীৰ ওপৰত কোনো ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল। কিছুমান দেশে মুকলিভাৱে আন দেশ আক্ৰমণ কৰি জাতিসংঘৰ নীতি উলংঘা কৰিলেও সেই দেশক আক্ৰমণকাৰী বুলি দোষাৰোপ কৰিব নোৱাৰিছিল। সামূহিক নিৰাপত্তাৰ প্ৰতি বৃহৎ শক্তিগোষ্ঠীৰ দৃষ্টিভংগী একে নোহোৱাৰ ফলতো নিৰস্ত্ৰীকৰণৰ বিফল হৈছিল। ব্ৰিটেইন আদি দেশে নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেও ফ্রান্সে নিজৰ নিৰাপত্তাৰ কথা দোহাই দি নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাছিল।

(ঘ) ইটালী আৰু জাৰ্মানীৰ দৃষ্টিভংগী: পেৰিছ শান্তি চুক্তিৰ দ্বাৰা জাৰ্মানী আৰু ইটালী বৰ বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছিল। ভাৰ্চাই চুক্তিয়ে তেওঁলোকক নিৰস্ত্ৰ কৰাৰ লগতে তেওঁলোকক চুক্তিখনত চহী কৰিবলৈ বাধ্য কৰিছিল। গতিকে প্রবল শক্তিশালী জাৰ্মানীৰ নিচিনা এটা জাতিয়ে শান্তি চুক্তিত লাঞ্ছিত হৈ তেওঁলোকে প্রতিহিংসাৰ মনোভাব গ্রহণ কৰি আছিল। সেই মনোভাবৰ ফলতে জার্মানী আৰু ইটালীয়ে পুনৰ সুসজ্জিত হৈ শত্ৰুপক্ষৰ ওপৰত জাপি পৰাৰ কাৰণে নিৰস্ত্ৰ হোৱাৰ পৰিৱৰ্তে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হ’বৰ কাৰণেহে চেষ্টা কৰিছিল।

(ঙ) নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত থকা মত পার্থক্য: বৃহৎ শক্তিগোষ্ঠীৰ নিৰস্ত্ৰীকৰণৰ বিষয় লৈ মত পাৰ্থক্য থকাৰ ফলতে ই বিফল হয়। বৃহৎ শক্তিগোষ্ঠীৰ মাজত কি কি বিষয়ৰ অস্ত্ৰ হ্ৰাস কৰিব লাগিব, এই সম্পৰ্কেও মতভেদ হৈছিল। উদাহৰণস্বৰূপে, নিৰস্ত্ৰীকৰণ সন্মিলনত ফ্রান্সে নৌ-শক্তি সীমিত কৰাৰ ওপৰত গুৰুত্ব দিছিল। আনহাতে ইংলেণ্ডে স্থল সৈন্যবাহিনীৰ সংখ্যা হ্ৰাস কৰিবলৈ বিচাৰিছিল।

(চ) দুৰ্বল প্ৰতিনিধিত্ব: লীগৰ ভিতৰে বাহিৰে অনুষ্ঠিত হোৱা নিৰস্ত্ৰীকৰণ সন্মিলনসমূহত বৃহৎ শক্তিগোষ্ঠীৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰাতকৈ তেওঁলোকৰ প্ৰতিনিধিবিলাকেহে অংশগ্রহণ কৰিছিল। ইয়াৰ ফলত সন্মিলনসমূহত প্রতিনিধিত্ব কৰা প্ৰতিনিধিসকলে অকলে কোনো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল, কাৰণ দেশৰ মুৰব্বীৰ অনুমোদনৰ অবিহনে কোনো গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণৰ বিষয়ত তেওঁৰ প্ৰতিনিধিয়ে অকলে সিদ্ধান্ত গ্ৰহণ কৰাটো সম্ভৱপৰ নাছিল।

(ছ) পুঁজিপতিৰ ষড়যন্ত্ৰ: পুঁজিপতিৰ ষড়যন্ত্ৰত নিৰস্ত্ৰীকৰণ বিফলতাৰ আন এটা কাৰণ।পুঁজিপতি দেশবিলাকত ব্যৱসায়ীসকলে বিভিন্ন ধৰণৰ যুদ্ধৰ সঁজুলি প্ৰস্তুত কৰি প্ৰচুৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়। পুঁজিপতি দেশবিলাকে প্রায় সকলো অনুন্নত দেশবিলাকলৈ বিভিন্ন যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি কৰে। ইয়াৰ পৰা তেওঁলোকে প্ৰচুৰ পৰিমাণে ধন উপার্জন কৰিবলৈ সক্ষম হয়। কিন্তু নিৰস্ত্ৰীকৰণ ব্যৱস্থা কাৰ্যকৰী হ’লে পুঁজিপতিসকলৰ উৎপাদন হ্রাস পোৱাৰ লগতে উপাৰ্জনো হ্ৰাস পাব। এনে পৰিস্থিতিত পুঁজিপতিসকলে যিকোনো প্ৰকাৰে নিৰস্ত্ৰীকৰণ যাতে সফল নহয় তাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছিল। পুঁজিপতিসকলৰ এনে দৃষ্টিভংগীৰ কাৰণে নিৰস্ত্ৰীকৰণ সফল নোহোৱাটো অস্বাভাৱিক নহয়।

(জ) আগ্ৰহৰ অভাৱ: বিভিন্ন সময়ত নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সন্মিলন অনুষ্ঠিত কৰিলে তাৰ প্ৰতি প্ৰায়বিলাক ৰাষ্ট্ৰৰ আগ্ৰহ নাছিল। ইউৰোপৰ যি সময়ত প্ৰায় সকলো দেশতে সঘনে ইটো-সিটো কাৰণত সংঘৰ্ষ হৈ আছিল আৰু যিটো সময়ত জাৰ্মানী, ইটালী আৰু জাপানে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ বিশ্ব মহাযুদ্ধৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছিল, তেনে সময়তে সৰু-বৰ ৰাষ্ট্ৰবিলাক নিৰস্ত্ৰীকৰণৰ প্ৰতি আগ্ৰহী নোহোৱাৰ যুক্তি নথকাও নহয়। এনে কিছুমান কাৰণৰ ফলতো নিৰস্ত্ৰীকৰণ সফল নহ’ল।

(ঝ) নিৰস্ত্ৰীকৰণ সংজ্ঞাৰ অভাৱ: নিৰস্ত্ৰীকৰণ বিফল হোৱাৰ আন এটা কাৰণ হ’ল ইয়াৰ প্রকৃত সংজ্ঞাৰ অভাৱ। নিৰস্ত্ৰীকৰণ বুলি কওঁতে বাস্তৱিকতে কি কি যুদ্ধৰ সঁজুলিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিব লাগিব, সেই বিষয়ে এটা ঐক্যমতত উপনীত হোৱাটো সম্ভৱপৰ নাছিল। কিছুমান নিৰস্ত্ৰীকৰণ বুলি কওঁতে যুদ্ধৰ জাহাজ, টেঙ্ক, যুঁজাৰু বিমান আৰু বন্দুক আদি নিয়ন্ত্ৰণ কৰা কথাটোকে বুজায়। আন কিছুমান যুঁজাৰু সঁজুলি বুলি কওঁতে এটা জাতিয়ে যুদ্ধৰ সময়ত প্ৰয়োগ কৰা সকলো অস্ত্ৰ-শস্ত্ৰৰ কথাকে প্ৰকাশ কৰে। এইক্ষেত্ৰত তেওঁলোকে কেৱল অস্ত্ৰ-শস্ত্ৰৰ কথাকে প্ৰকাশ নকৰে, আনকি ইয়াৰ লগত জড়িত মানুহৰ কথাকো প্ৰকাশ কৰে। যুদ্ধৰ সঁজুলি কেৱল টেঙ্গ, যুদ্ধৰ জাহাজ আদি নুবুজায়। বৰং যুদ্ধৰ কাৰ্যাৱলী, ৰাসায়নিক পদাৰ্থ উৎপাদনৰ গৱেষণাগাৰ আদিয়ো অন্তর্ভুক্ত হয়। গতিকে যুদ্ধৰ সঁজুলি নিয়ন্ত্ৰণ বুলি কওঁতে বৃহৎ শক্তিগোষ্ঠীৰ মাজত এটা অস্পষ্ট ধাৰণা থকাৰ ফলতো নিৰস্ত্ৰীকৰণ সন্মিলনসমূহ বিফল হৈছিল।

(ঞ) বৈজ্ঞানিক আৱিষ্কাৰৰ প্ৰভাৱ: বৈজ্ঞানিক গৱেষণাৰ ফলত দিনে দিনে নতুন নতুন যুদ্ধৰ সামগ্রী উৎপাদন হোৱাৰ ফলতো এনে উৎপাদনৰ ক্ষেত্ৰত এক সীমাবদ্ধতা আৰোপ কৰাটো সম্ভৱপৰ নহয়। কোনো এখন নিৰস্ত্ৰীকৰণ সন্মিলনে কেইখনমান দেশৰ কিছুমান যুদ্ধৰ সঁজুলিৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰিলেও বৈজ্ঞানিক আৱিষ্কাৰৰ ফলত আন কোনো এখন দেশে যুদ্ধৰ সঁজুলিৰ গৰাকী হ’লেও নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বৈজ্ঞানিকৰ নতুন আবিষ্কাৰেও নিৰস্ত্ৰীকৰণ বিষয়ত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল।

(ট) আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক সঁজুলিৰ পাৰ্থক্যৰ অভাৱ:  নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত দেখা দিয়া আন এটা দুর্বলতা হ’ল আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক অস্ত্ৰ প্ৰয়োগৰ ক্ষেত্ৰত থকা পাৰ্থক্যৰ সীমাবদ্ধতা। যিবিলাক অস্ত্ৰক কোনো এখন দেশে আজি প্ৰতিৰক্ষামূলক সঁজুলি হিচাপে প্ৰয়োগ কৰিছে দুদিনৰ পিছত সেইবিধ সঁজুলিকেই আক্রমণাত্মক সঁজুলি হিচাপে প্রয়োগ কৰিব পাৰে।

প্ৰশ্নঃ ৪। ৰাষ্ট্ৰসংঘৰ চনদত সামূহিক নিৰাপত্তাৰ বাবে কেনে ব্যৱস্থা আছিল লিখা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদৰ সপ্তম অধ্যায়ত সামূহিক নিৰাপত্তাৰ সম্পৰ্কত উল্লেখ আছিল। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ হাততে আন্তৰ্জাতিক শাস্তি আৰু নিৰাপত্তা ৰক্ষাৰ সকলো দায়িত্ব থাকে।

তলত সামূহিক নিৰাপত্তা ৰক্ষাৰ বাবে থকা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল—

(ক) নিৰাপত্তা পৰিষদে বিশ্বশান্তি ৰক্ষাৰ আৰু নিৰাপত্তা ৰক্ষাৰ বাবে শান্তি ৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বাধা আঁতৰাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(খ) নিৰাপত্তা পৰিষদে সামূহিক স্বাৰ্থ ৰক্ষাৰ বাবে সামৰিক আৰু অসামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(গ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে অর্থনৈতিক, ৰেল, ডাক তাঁৰ, ৰেডিঅ’, জাহাজ, বিমান আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ লগত যোগাযোগ বন্ধ কৰিব পাৰে।

(ঘ) আক্ৰমণকাৰী ৰাষ্ট্ৰৰ সৈন্যবাহিনীৰ সমাৱেশ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে।

(ঙ) নিৰাপত্তা পৰিষদৰ অধীনত থকা সামৰিক ৰক্ষা সমিতিয়ে বিশ্বশান্তিৰ কাৰণে সদস্যভুক্ত ৰাষ্ট্ৰবোৰে নিৰাপত্তা পৰিষদে সামৰিক সাহায্য দিব পাৰে।

(চ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বিশ্বশান্তি ৰক্ষাৰ বাবে আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। 

(ছ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বিশ্বশান্তি ৰক্ষাৰ ক্ষেত্ৰত একচেটীয়া কৰ্তৃত্ব গ্রহণ কৰিব পাৰে।

(জ) ৰাষ্ট্ৰসংঘৰ কোনো আঞ্চলিক সংগঠনে নিৰাপত্তা পৰিষদৰ বিনা অনুমতিত বিশ্বশান্তি ৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত পৃথক ব্যৱস্থা ল’ব নোৱাৰে।

(ঝ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আত্মৰক্ষাৰ কাৰণে ব্যক্তিগত বা সমূহীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰি বিশ্বশান্তি ৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে।

(ঞ) ৰাষ্ট্ৰসংঘত স্বাক্ষৰকাৰী কোনো ৰাষ্ট্ৰই শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

প্ৰশ্নঃ ৫। যুদ্ধ কি? যুদ্ধৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ দুখন বা ততোধিক ৰাষ্ট্ৰই নিজৰ উদ্দেশ্য পূৰণৰ বাবে নিজ সৈন্যবাহিনীৰ দ্বাৰা আন ৰাষ্ট্ৰৰ লগত সংঘৰ্ষত লিপ্ত হোৱাকে যুদ্ধ বুলি কোৱা হয়।

যুদ্ধৰ কাৰণ: যুদ্ধ বিভিন্ন কাৰণৰ পৰিপ্ৰেক্ষিতত সংঘটিত হ’ব পাৰে। যুদ্ধৰ কাৰণসমূহ তলত আলোচনা কৰা হ’ল—

(ক) ৰাজনৈতিক কাৰণ: ৰাজনৈতিক কাৰণৰ পৰিপ্ৰেক্ষিতত অর্থাৎ ৰাষ্ট্ৰৰ স্বাৰ্থ শান্তিপূর্ণ উপায়েৰে পূৰণ কৰিব নোৱাৰিলে দুখন দেশৰ মাজত সংঘটিত হোৱা সংঘর্ষকে যুদ্ধ বুলি কোৱা হয়।

(খ) অৰ্থনৈতিক কাৰণ: কোনো দুখন দেশৰ মাজত অৰ্থনৈতিক কাৰণটো যুদ্ধ সংঘটিত হ’ব পাৰে। উদ্যোগৰ বাবে কেঁচামাল সংগ্রহ, উৎপাদিত সামগ্ৰীৰ বজাৰ উৎপাদিত সামগ্ৰীৰ আমদানি, ৰপ্তানি সম্পৰ্কৰ ফলত আকৌ বজাৰৰ ব্যৱস্থা কৰিবৰ বাবে যুদ্ধৰ জৰিয়তে নতুন নতুন এলেকা দখল কৰে। যুদ্ধৰ জৰিয়তে কোনো দেশে নিজৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰিব পাৰে আৰু কোনো কোনো দেশৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিব পাৰে।

(গ) সাংস্কৃতিক কাৰণ: যেতিয়া দেশবিলাকৰ মাজত সাংস্কৃতিক সংঘাতৰ উদ্ভৱ হয় তেতিয়াই যুদ্ধৰ সূচনা হয়।

(ঘ) ভাৱাদৰ্শৰ কাৰণ: দেশবোৰৰ মাজত ভাৱাদৰ্শৰ পাৰ্থক্যৰ ফলতো যুদ্ধৰ সূচনা হ’ব পাৰে।

(ঙ) মনোবৈজ্ঞানিক কাৰণ: মানুহৰ মনত থকা যুঁজাৰু মনোভাৱ, আনৰ কামত হস্তক্ষেপ কৰাৰ মনোভাৱ, ধ্বংসাত্মক অনুভূতি আদি কাৰণেও যুদ্ধ সংঘটিত হয়।

(চ) আন্তর্জাতিক কাৰণ: আন্তর্জাতিক ব্যৱস্থা যেতিয়া যুদ্ধক বাধা দিবলৈ সক্ষম নহয় তেতিয়া ই ব্যাপক হাৰত যুদ্ধ সংঘটিত হয়।

প্ৰশ্নঃ ৬। মানৱ পৰিৱেশ সম্পৰ্কত ঘোষণাপত্ৰৰ প্ৰধান গুৰুত্বপূৰ্ণ নীতিসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ মানৱ পৰিৱেশ সম্পৰ্কত ঘোষণাপত্ৰৰ প্ৰধান গুৰুত্বপূৰ্ণ নীতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

(ক) মানৱীয় দায়বদ্ধতা: প্রত্যেক ব্যক্তিৰে সুস্থ আৰু মৰ্যাদাসম্পন্ন জীৱন যাপনৰ বাবে এক সুস্থ গুণ সম্পন্ন পৰিৱেশত জীৱন ধাৰণৰ উপযুক্ত সুবিধা লাভৰ অধিকাৰ আছে। সেয়ে প্রত্যেকজন ব্যক্তিয়েই বৰ্তমানৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও পৰিৱেশৰ ৰক্ষা আৰু উন্নত কৰাৰ দায়িত্বও আছে। অর্থাৎ সুস্থ পৰিৱেশ লাভ কৰাটো যেনেদৰে আমাৰ অধিকাৰ তেনেদৰে পৰিৱেশ সুস্থ কৰি ৰখাটো আমাৰ দায়িত্ব।

(খ) প্রাকৃতিক জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা: এই পৃথিৱীত উপলব্ধ প্রাকৃতিক সম্পদসমূহ, যেনে— বায়ু, পানী, ভূমি, জলাশয়, জান-জুৰিকে ধৰি আমাৰ প্ৰাকৃতিক জৈৱ বৈচিত্ৰতাক সুৰক্ষিত কৰিব লাগে যাতে বৰ্তমানৰ লগতে ভৱিষ্যত প্রজন্ময়ো ইয়াক ভোগ কৰিব পাৰে। 

(গ) পৰিৱেশ প্ৰদূষণ ৰোধ কৰা: মানৱৰ লগতে জলস্থলৰ জীৱকূলৰ জীৱন বিপন্ন কৰিব পৰাকৈ বায়ু, জল আৰু স্থল প্ৰদূষণ ৰোধৰ বাবে ৰাষ্ট্ৰসমূহে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

(ঘ) ৰাষ্ট্ৰৰ অধিকাৰ: প্ৰত্যেক ৰাষ্ট্ৰৰে নিজা চাৰিসীমাৰ ভিতৰত উপলব্ধ প্ৰাকৃতিক সম্পদৰ ওপৰত অধিকাৰ আছে। কিন্তু এই অধিকাৰ প্ৰয়োগ কৰিবলৈ যাওঁতে চাব লাগিব যাতে তেনে কাৰ্যই আন ৰাষ্ট্ৰৰ অধিকাৰ খৰ্ব নকৰে বা নিজ ৰাষ্ট্ৰীয় চাৰিসীমাৰ বাহিৰত গৈ ইয়াক প্ৰয়োগৰ ব্যৱস্থা কৰা নহয়।

আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতা: ৰাষ্ট্ৰসমূহে কোনো ৰাষ্ট্ৰই নিজা ৰাষ্ট্ৰীয় এলেকাৰ বাহিৰত কৰা পৰিৱেশৰ হানিকাৰক সম্পৰ্কীয় কাৰ্যৰ বাবে পৰিৱেশ ক্ষতি কৰা ৰাষ্ট্ৰখনৰ প্ৰতি গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাপনাৰ লগতে ভুক্তভোগী ৰাষ্ট্ৰখনৰ প্ৰাপ্য ক্ষতিপূৰণ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় আইন প্ৰস্তুত কৰাত সহযোগিতা আগবঢ়াব।

গতিকে দেখা যায় যে মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহ’ম ঘোষণাপত্ৰই ৰাষ্ট্ৰসমূহে পৰিৱেশ প্রদূষণ আদি সম্পৰ্কত পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যসমূহ স্পষ্ট কৰি দিছে। অৱশ্যে ষ্টকহ’ম ঘোষণাপত্ৰৰ নীতিসমূহ ৰাষ্ট্ৰসমূহে মানি চলিবলৈ বাধ্য নহয় যদিও আন্তঃৰাষ্ট্ৰীয় সজাগতা সৃষ্টি তথা বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এই দিশসমূহে প্রধান বিষয় হিচাপে বিবেচিত হোৱাত এই দিশসমূহ মানি চলিবলৈ ৰাষ্ট্ৰসমূহে এক প্ৰকাৰৰ বাধ্য হৈ পৰিছে।

প্ৰশ্নঃ ৭। পৰিৱেশ সুৰক্ষাৰ বাবে কৰা কেতবোৰ আনুষ্ঠানিক আৰু বিত্তীয় ব্যৱস্থাপনাৰ ব্যৱস্থা সম্পর্কে লিখা।

উত্তৰঃ পৰিৱেশ সুৰক্ষাৰ বাবে কৰা কেতবোৰ আনুষ্ঠানিক আৰু বিত্তীয় ব্যৱস্থাপনাৰ ব্যৱস্থা সমূহ হ’ল—

(ক) পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীৰ বাবে পৰিচালনা পৰিষদ: ষ্টকহ’ম সম্মিলনে পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীৰ বাবে এখন পৰিচালনা পৰিষদ গঠনৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লয়। এই পৰিচালনা পৰিষদখন ৫৪ জন সদস্যৰে গঠিত হ’ব আৰু ইয়াৰ কাৰ্যকাল তিনিবছৰীয়া হ’ব। বিশ্বৰ ভৌগোলিক অঞ্চলসমূহৰ পৰা সমানুপাতিক প্রতিনিধিত্বৰ ভিত্তিত এই ৫৪ জন সদস্য নির্বাচিত কৰা হ’ব। এই পৰিচালনা পৰিষদৰ মুখ্য কাৰ্য হ’ব বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰৰ মাজত পৰিৱেশ সম্পৰ্কীয় দিশত সহযোগিতা বৃদ্ধি কৰা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সংগঠনৰ দ্বাৰা কাৰ্যকৰী কৰা বিভিন্ন কাৰ্যসূচীৰ সুসমন্বয় সাধন কৰা।

(খ) পৰিৱেশ সম্পৰ্কীয় সচিবালয়: ষ্টকহ’ম সন্মিলনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা এখন পৰিৱেশ সচিবালয় প্ৰতিষ্ঠাৰ বাবে পৰামৰ্শ আগবঢ়ায়। এনে পৰিৱেশ সচিবালয়ৰ মুখ্যকাৰ্য হৈছে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহৰ সমন্বয় সাধন কৰা। আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক পৰামৰ্শ দিয়া, বিশ্বৰ বিজ্ঞানীসকলৰ মাজত সহযোগিতা বৃদ্ধি কৰা, ৰাষ্ট্ৰসংঘৰ দ্বাৰা কাৰ্যকৰীকৰণৰ বাবে হ্রস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰা।

(গ) পৰিৱেশ সম্পৰ্কীয় পুঁজি: বিশ্ব পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহ বাস্তৱত কাৰ্যকৰী কৰিব পৰাকৈ অতিৰিক্ত পুঁজি যোগান ধৰিব পৰাকৈ এক পৰিৱেশ সম্পৰ্কীয় পুঁজি গঠনৰ পৰামৰ্শ আগবঢ়ায়। সন্মিলনৰ সিদ্ধান্ত মৰ্মে এই পুঁজি ইচ্ছাধীন বৰঙণিৰ দ্বাৰা গঠন কৰা হ’ব। 

(ঘ) পৰিৱেশ সম্পৰ্কীয় সহযোগিতা বোর্ড: ষ্টকহ’ম সন্মিলনে বিশ্ব পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহ ৰূপায়ণ তথা সমন্বয় সাধন কৰাৰ বাবে এখন পৰিৱেশ সম্পৰ্কীয় বোর্ড গঠনৰ বাবে পৰামৰ্শ আগবঢ়ায়।

প্ৰশ্নঃ ৮। ধৰিত্ৰী সন্মিলনে গ্ৰহণ কৰা চূড়ান্ত দলিলৰ প্ৰধান বিষয়সমূহ লিখা। 

উত্তৰঃ ধৰিত্ৰী সন্মিলনে গ্ৰহণ কৰা চূড়ান্ত দলিলৰ প্ৰধান বিষয়সমূহ তলত উল্লেখ কৰা হ’ল—

(ক) দলিলখনৰ মতে উন্নত ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত কেৱল সেউজগৃহ গেছৰ নিৰ্গতকৰণ হ্ৰাসৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আইনগতভাৱে বাধিত হোৱা অৰ্থপূৰ্ণ, বাস্তৱিক আৰু সামানুপাতিক লক্ষ্য সমূহহে (Legaly binding, meaningful, realistic and equitable targets) বিবেচনা কৰিব।

(খ) ধৰিত্ৰী সন্মিলনৰ পিছতো বাদ পৰি যোৱা ৰাষ্ট্ৰসমূহেও চুক্তিপত্ৰখনৰ অনুমোদন জনাব আৰু কাৰ্যকৰী কৰিব।

(গ) বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহৰ ক্ষেত্ৰত সুৰক্ষিত বিকল্পৰ সন্ধান কৰিব আৰু উদ্ভাৱন হোৱা তেনে প্রযুক্তি অনুন্নত বা দুখীয়া ৰাষ্ট্ৰসমূহলৈও হস্তান্তৰ কৰিব।

(ঘ) উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ পৰিৱেশনৰ ফালৰ পৰা উপযুক্ত বুলি বিবেচিত প্রযুক্তিসমূহ হস্তান্তৰৰ বাবে উন্নত ৰাষ্ট্ৰসমূহৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।

(ঙ) জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে কাৰ্যক্ষম ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আপুৰুগীয়া বা লুপ্তপ্ৰায় জীৱসমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব।

(চ) উন্নত ৰাষ্ট্ৰসমূহে সেউজ গৃহ গেছ নির্গতকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ণিত লক্ষ্যত (০.৭ শতাংশ) উপনীত হ’বৰ বাবে চেষ্টা চলাব।

(ছ) ৰাষ্ট্ৰসংঘৰ সুস্থিৰ বিকাশ আয়োগৰ (UN Commission on Sustainable Development) অধীনত অৰণ্যানিৰ সুৰক্ষাৰ বাবে আন্তঃচৰকাৰী মঞ্চ

(Intergovernmental Forum) গঠন কৰিব ইত্যাদি।

প্ৰশ্নঃ ৯। কিয়ট’ আচৰণবিধিৰ মুখ্য ব্যৱস্থাৱলীসমূহ লিখা।

উত্তৰঃ কিয়ট’ আচৰণবিধিৰ মুখ্য ব্যৱস্থাৱলীসমূহ হ’ল–

(ক) ১৯৯০ চনৰ পৰ্যায়লৈকে বায়ুমণ্ডলৰ সেউজ গৃহ গেছৰ পৰিমাণ হ্ৰাস কৰিবলৈ হ’লে ‘Annex-I’³ ৰাষ্ট্ৰসমূহে গড়ে ৫.২ শতাংশ এই গেছসমূহৰ নিৰ্গতকৰণ হ্ৰাস কৰিব। সেই অনুসৰি আমেৰিকাই ২০১২ চনৰ ভিতৰত ৭ শতাংশ, ইউৰোপীয় সংঘৰ অন্যান্য সদস্য ৰাষ্ট্ৰয ৮ শতাংশ, কানাডাই ৬ শতাংশ, জাপানে ৬ শতাংশ সেউজ গৃহ গেছ নিষ্কাশণ হ্ৰাস কৰিব ।ৰাছিয়ায়ো ১৯৯০ চনৰ নিৰ্গতকৰণ স্তৰতে ভৱিষ্যতৰ নিৰ্গতকৰণ স্থবিৰ ৰাখিব লাগিব। অন্যহাতে অষ্ট্ৰেলিয়াই ৮ শতাংশ পর্যন্ত নির্গতকৰণ বৃদ্ধি কৰিব পাৰিব।

(খ) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে নিৰ্গতকৰণৰ কোনো সীমাবদ্ধতা নাই যদিও সেউজ গৃহ গেছ নির্গতকৰণৰ উৎসসমূহ নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলাব লাগিব ।

(গ) সেউজ গৃহ গেছৰ গোটেই ছটা গেছৰে (কার্বন-ডাই-অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন, HFSC, PFS আৰু ছালফাৰ হেক্সাফ্ল’ৰাইড) নির্গতকৰণ হ্ৰাস কৰিব ৷

(ঘ) সেউজ গৃহ গেছ নির্গতকৰণ সীমিতকৰণৰ সময়সীমা ২০০৮ চনৰ পৰা ২০১২ চন হ’ব।

(ঙ) নির্গতকৰণ কৰ্তনৰ উপায় হিচাপে নিৰ্গতকৰণ বাণিজ্য (Emmission Trading), যৌথ প্রকল্প কার্যকৰীকৰণ বা স্বচ্ছ উন্নয়ন সঁজুলি (Clean Development Mechanism) অন্তৰ্ভুক্ত কৰা হ’ব। সাধাৰণতে ‘Non-Annex-I’ দেশসমূহে এই তিনিটা দিশৰ ওপৰত গুৰুত্ব  দিব। উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহত প্ৰকল্প কার্যকৰীকৰণত সহায় কৰিব পাৰিব। 

(চ) যিহেতু আচৰণবিধিয়ে শাস্তিমূলক ব্যৱস্থাৱলীৰ বিষয়ে চিন্তা কৰা নাই সেয়ে সেই বিষয়টো ১৯৯৮ চনত Buenos Aires ত অনুষ্ঠিত হ’বলগীয়া (COP4) সভাত আলোচনা কৰা হ’ব।

প্ৰশ্নঃ ১০। ভিয়েনা চুক্তিপত্ৰৰ অনুচ্ছেদ ২ত চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ দ্বাৰা মানি চলিবলগীয়া প্রধান বাধ্যবাধকতাসমূহ কি কি? 

উত্তৰঃ ভিয়েনা চুক্তিপত্ৰৰ অনুচ্ছেদ ২ ত চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ দ্বাৰা মানি চলিবলগীয়া প্রধান বাধ্যবাধকতাসমূহ হ’ল—

(ক) অ’জন স্তৰৰ পৰিৱৰ্তনৰ ফলস্বৰূপে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱসমূহ ভালদৰে অনুধাৱন কৰা আৰু ইয়াৰ উপযুক্ত মূল্যায়নৰ বাবে শৃংখলাবদ্ধ পর্যবেক্ষণ, গৱেষণা আৰু তথ্য সৰবৰাহত সহযোগিতা আগবঢ়োৱা।

(খ) অ’জন স্তৰৰ ক্ষয়ীভৱন ৰোধকৰণৰ বাবে ল’বলগীয়া সাৱধানতা তথা কৌশলসমূহৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰৰ চৰকাৰে ৰাষ্ট্ৰীয় আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণ কৰা। 

(গ) অ’জন স্তৰৰ ক্ষয়ীভৱন ৰোধৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে সন্মতি জনোৱা ব্যৱস্থাৱলী কাৰ্যকৰীকৰণৰ বাবে সহযোগিতা আগবঢ়োৱা।

(ঘ) চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গঠন কৰা উপযুক্ত কৰ্তৃপক্ষৰ প্রতি সহযোগিতা আগবঢ়োৱা যাতে চুক্তিপত্ৰখনৰ ব্যৱস্থাৱলীসমূহ কাৰ্যকৰী কৰিব পৰা যায় । ১৯৮৫ চনৰ ভিয়েনা চুক্তিপত্ৰখনৰ জৰিয়তেই বিশ্ববাসীয়ে পোনপ্ৰথমবাৰৰ বাবে অজন স্তৰৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ কৰে। ইয়াৰ পিছতে ১৯৮৭ চনত অ’জন স্তৰৰ ক্ষয়ীভৱন সম্পৰ্কত মন্ট্রিয়ালত Montreal Protocol বা মন্ট্রিয়াল আচৰণবিধি গ্ৰহণ কৰা হয় যাক ১৯৯০ চনত লণ্ডন সন্মিলনত সংশোধন কৰা হয়। তদুপৰি ১৯৮৭ চনৰ এই Montreal Protocol on Substances that Deplete the Ozone Layer ক ১৯৯২ আৰু ১৯৯৫ চনত পুনৰবাৰ কোপেনহেগেন আৰু ভিয়েনা সন্মিলনত সংশোধন কৰা হয়। ১৯৯২ চনৰ জুন মাহত ভাৰতে মন্ট্রিয়াল আচৰণবিধিত স্বাক্ষৰ দান কৰে।

প্ৰশ্নঃ ১১। ৰাষ্ট্ৰসংঘৰ সাধাৰণসভাৰ গঠন, কাৰ্যাৱলী আৰু ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰা। 

উত্তৰঃ সাধাৰণসভা হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহৰ ভিতৰত উল্লেখনীয়। এই সভা ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰক লৈ গঠিত হৈছে। এই সভালৈ প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই পাঁচজনকৈ সদস্য পঠিয়াব লাগে যদিও সেই সদস্য ৰাষ্ট্ৰবোৰে কেৱল এটাকৈহে ভোট প্ৰদান কৰাৰ অধিকাৰ আছে।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰকৈহে অনুষ্ঠিত হয়। সাধাৰণসভাৰ অধিৱেশন প্ৰতিবছৰৰ চেপ্তেম্বৰ মাহত আৰম্ভ হৈ বছৰৰ শেষলৈকে চলি থাকে। সচিব প্রধানে নিৰাপত্তা পৰিষদৰ অৰ্দ্ধসংখ্যক সদস্যৰ অনুৰোধ অনুসৰি বিশেষ অধিৱেশন আহ্বান কৰিব পাৰে। 

সাধাৰণ সভাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ সদস্যসকলে প্ৰতি বছৰে এজন সভাপতি নির্বাচিত কৰে। সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনত সাধাৰণ সভাৰ প্ৰায়বোৰ সিদ্ধান্তই গ্ৰহণ কৰা হয় আৰু গৃহীত হয়। কিন্তু দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনতহে বিশেষ বিশেষ বিষয়ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিশেষভাৱে প্রয়োজন হয়।

সাধাৰণসভাৰ ক্ষমতা আৰু কাৰ্য: সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ চনদত সন্নিৱিষ্ট বিষয় বা ইয়াৰ কোনো অংগৰ লগত সম্পর্কযুক্ত বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে। যিবোৰ বিষয়ে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাত ব্যাঘাত জন্মায় তেনে বিষয়ৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। নিৰাপত্তা পৰিষদৰ বিচাৰাধীন কোনো আন্তর্জাতিক সমস্যা সম্পৰ্কত সাধাৰণ সভাই পৰামৰ্শ আগবঢ়াব পাৰে।

(খ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই আন্তর্জাতিক সহযোগিতা বৃদ্ধি, আন্তৰ্জাতিক আইনৰ গুৰুত্ব বৃদ্ধি কৰা আদিৰ ক্ষেত্ৰত পৰামৰ্শ দিব পাৰে।

(গ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই আন্তর্জাতিক সহযোগিতা বৃদ্ধি আৰু মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাসমূহ সকলোৱে যাতে উপলব্ধি কৰিব পাৰে তাৰ বাবে অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, স্বাস্থ্য আদিৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব পাৰে।

(ঘ) ৰাষ্ট্ৰসংঘৰ সাধাৰণসভাই নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক ন্যাসৰক্ষী পৰিষদৰ সকলো সদস্য আৰু অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলক নিৰ্বাচিত কৰিব পাৰে।

(ঙ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিৰাপত্তা পৰিষদ আৰু অন্যান্য সংস্থাসমূহে (যিবোৰ ৰাষ্ট্ৰসংঘৰ অন্তর্ভুক্ত) দাখিল কৰা বিত্তীয় বাজেট সম্পর্কত আলোচনা কৰে। এই ক্ষেত্ৰত সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ সকলো বোজা বহন কৰিব পাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

(চ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহ আৰু অন্যান্য অংশ কাৰ্যসমূহ প্রতিবেদন সম্পৰ্কত আলোচনা কৰিব লাগে।

(ছ) সাধাৰণ সভাই সচিবালয়ৰ কৰ্মচাৰী সকলৰ নিযুক্তি সংক্রান্তীয় প্রক্রিয়াও স্থিৰ কৰিব লাগে। তদুপৰি সাধাৰণ সভাৰ অন্তৰ্গত ন্যাসৰক্ষী পৰিষদে ইয়াৰ অন্তৰ্গত অঞ্চলসমূহ সাধাৰণ সভাৰ তত্বাৱধানত পৰিচালনা কৰে।

প্ৰশ্নঃ ১২। ইউৰোপীয় ইউনিয়নৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। 

উত্তৰঃ ১৯৫১ চনত ইউৰোপীয় ইউনিয়ন গঠিত হয়। সেইসময়ত বেলজিয়াম, জার্মান, ইটালী, ফ্রান্স, নেডাৰলেণ্ড, লাক্সেমার্গে পেৰিছ চুক্তিৰ আধাৰত কয়লা আৰু তীখা নামৰ সংস্থাটো গঠন কৰে। ইয়াৰ পাছত ইউৰোপীয় অৰ্থনৈতিক সমাজ আৰু ইউৰোপীয় আনৱিক শক্তি সমাজ নামৰ দুটা সংস্থা ১৯৭১ চনত গঠন কৰা হয়। এই তিনিওটা সংস্থাক একেলগে ইউৰোপীয় সমাজ বুলি কোৱা হয়। ১৯৯১ চনত এই ইউৰোপীয় সমাজক ইউৰোপীয় ইউনিয়ন নামেৰে নামকৰণ কৰা হয়। প্রথম অৱস্থাত এই ইউনিয়নৰ সদস্যৰ সংখ্যা আছিল ছয়খন। কিন্তু ১৯৭১ চনত ইয়াৰ সদস্য সংখ্যা হয়গৈ নখন দেশ আৰু বৰ্তমান ইয়াৰ সদস্যৰ সংখ্যা পোন্ধৰখন দেশলৈ বৃদ্ধি পাইছে। বর্তমান ব্রিটেইন, পটুর্গাল, অষ্ট্ৰিয়া, ফিনলেণ্ড, ডেনমার্ক, আয়াৰলেণ্ড, চুইডেন, স্পেইন আদি দেশো এই ইউনিয়নৰ সদস্যভুক্ত হৈছে।

উদ্দেশ্য আৰু কাৰ্য: ইউৰোপীয় ইউনিয়নৰ উদ্দেশ্যসমূহ হৈছে—

(ক) ইয়াৰ সদস্যভুক্ত দেশবোৰৰ মাজত মূলধন, সামগ্ৰী, শ্রমিক সৰবৰাহৰ ক্ষেত্ৰত থকা বিত্তীয় আৰু বাস্তৱিক বাধাৰ পৰিমাণ কমাই অনা।

(খ) সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত সকলো দেশৰ বাবে একে ব্যৱস্থা গ্ৰহণ কৰা। 

(গ) ইয়াৰ সদস্যদেশবাৰৰ মাজত অর্থনৈতিক নীতিৰ সামঞ্জস্য ৰক্ষা কৰা।

(ঘ) ইয়াৰ সদস্য দেশবোৰৰ মাজত নিজৰ নিজৰ স্বাৰ্থক প্রতিফলিত কৰাৰ চেষ্টা চলাবলৈ আৰু বুজাবুজিত উপনীত হ’বলৈ সহায় কৰা।

(ঙ) ই ইউৰোপীয় সংঘৰ আইন শৃংখলা অক্ষুন্ন ৰখা ব্যৱস্থা গ্ৰহণ কৰে।

(চ) ইয়াৰ মুখ্য কাম হৈছে আইনৰ অনুশাসন, চুক্তিৰ ব্যাখ্যা, সদস্যভুক্ত দেশবোৰ আৰু প্রতিষ্ঠানসমূহ, ব্যৱসায় আৰু নাগৰিকসকলৰ মাজত সংঘটিত হোৱা বিবাদ মীমাংসা কৰা।

(ছ) ই ইউৰোপীয় ঐক্যৰ গতি সঞ্চাৰিত কৰে।

(জ) ই ইউৰোপীয় সংসদ আৰু পৰিষদে লোৱা সিদ্ধান্তসমূহ কার্যকৰী কৰে।

এই ইউনিয়নৰ প্ৰধান প্ৰতিষ্ঠানসমূহ হ’ল—

(ক) ইউৰোপীয় সংসদ।

(খ) ইউৰোপীয় আয়োজন।

(গ) ইউৰোপীয় পৰিষদ।

(ঘ) ইউৰোপীয় ন্যায়ালয়।

(ঙ) ইউৰোপীয় কেন্দ্রীয় বেংক।

(চ) হিচাপ পৰীক্ষক আদালত।

(ছ) ইউৰোপীয় অর্থনৈতিক আৰু সামাজিক সমিতি।

(জ) আঞ্চলিক সমিতি।

(ঝ) ইউৰোপীয় লোকপাল।

প্ৰশ্নঃ ১৩। ৰাষ্ট্ৰসংঘৰ মূল নীতিসমূহ কি কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাতটা মূল নীতি ইয়াৰ চনদৰ ২ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে। সেইকেইটা হল—

(ক) ৰাষ্ট্ৰসংঘ সদস্য ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ বাবেই ই সকলো সদস্য ৰাষ্ট্ৰকে সমান বুলি গণ্য কৰিব।

(খ) ৰাষ্ট্ৰসংঘৰ চদনত উল্লেখিত সদস্য ৰাষ্ট্ৰসলৰ দায়িত্ব আৰু কৰ্তব্যসমূহ সকলো সদস্য ৰাষ্ট্ৰই নিষ্ঠাৰে পালন কৰিব লাগিব।

(গ) আন আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত ৰাষ্ট্ৰসংঘই হস্তক্ষেপ কৰিব নোৱাৰিব। তথাপিওৰাষ্ট্ৰসংঘই ভীতি প্রদর্শন বা আক্ৰমণৰ ভীতি প্ৰদৰ্শন আদি কাৰণত আন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অধিকাৰ থাকিব।   

(ঘ) সকলো ৰাষ্ট্ৰই তেওঁলোকৰ মাজত সংঘটিত হোৱা বিবাদ শান্তিপূর্ণভাৱে বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে মীমাংসা কৰিব।

(ঙ) ৰাষ্ট্ৰ সংঘৰ চনত নীতি উলংঘা কৰি সকলো ৰাষ্ট্ৰই ৰাষ্ট্ৰৰ অখণ্ডতা নাইবা ৰাজনৈতিক স্বাধীনতা বিপন্ন কৰিবলৈ ভাবুকি দিয়াৰ পৰা বিৰত থাকিব বা শক্তি প্রয়োগৰ পৰা বিৰত থাকিব।

(চ) সকলো ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘই লোৱা সিদ্ধান্ত অনুসৰি কোনো ৰাষ্ট্ৰক সাহাৰ্য দিব আৰু সাহায্য বন্ধ কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ মানি চলিব লাগে।

(ছ) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত নোহোৱা ৰাষ্ট্ৰবোৰেও যাতে ৰাষ্ট্ৰসংঘৰ চনদৰ নিয়মসমূহ মানি চলে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

প্ৰশ্নঃ ১৪। বিশ্ব সন্ত্ৰাসবাদীৰ কাৰ্যকলাপসমূহ আলোচনা কৰা।

উত্তৰঃ বিশ্ব সন্ত্রাসবাদে পৃথিৱীৰ বহুতো ঠাইত আতঙ্কৰ সৃষ্টি কৰিছে। সন্ত্ৰাসবাদ এতিয়া কোনো এখন দেশৰ আভ্যন্তৰীণ সমস্যা হৈ থকা নাই। যিবিলাক দেশত সন্ত্রাসবাদীসকল সক্রিয়, সেইবিলাক দেশে ইয়াৰ পৰা ৰক্ষা পাবৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰি আছে।

কিছুমান ৰাষ্ট্ৰত সন্ত্ৰাসবাদী কার্যকলাপত চৰকাৰেও সহায় আগবঢ়াইছে। উদাহৰণস্বৰূপে, পাকিস্তান, ইৰাক, ইৰাণ, আফগানিস্থান আদি দেশৰ নাম উল্লেখ কৰিব পাৰি। পাকিস্তানৰ সন্ত্ৰসবাদীসকলে ভাৰতবৰ্ষৰ অৱস্থাক জুৰুলা কৰি পেলাইছে।

যিকোনো আন্তর্জাতিক প্রতিযোগিতাত সন্ত্রাসবাদে সদায় এক ভাবুকিৰ সৃষ্টি কৰি আহিছে। বিশ্ব সন্ত্রাসবাদে পৃথিৱীৰ বিভিন্ন দেশত এনেদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে যে অলিম্পিক খেলতো ইয়াৰ বিৰুদ্ধে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়।

বিশ্ব সন্ত্ৰাসবাদে এখন ৰাষ্ট্ৰৰ ভূ-খণ্ডগত অখণ্ডতাক ভাবুকি প্ৰদান কৰিছে। কাৰণ, এখন ৰাষ্ট্ৰই সন্ত্ৰাসবাদীৰ জৰিয়তে আন ৰাষ্ট্ৰত ধ্বংসমূলক কার্যকলাপত সহায় কৰিছে। বিশ্ব সন্ত্ৰাসবাদ আন ৰাষ্ট্ৰৰ সহায়ত গঢ়ি উঠে। পঞ্জাৱ আৰু কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলক পাকিস্তানে সামৰিক প্ৰশিক্ষণ আৰু আধুনিক অস্ত্রশস্ত্ৰ সৰবৰাহ কৰি আছে।

ওচামা বিন লাডেনৰ নেতৃত্বত গঠিত ‘আল কায়দা’ নামৰ বিশ্ব সন্ত্ৰাসবাদী সংগঠনে গোটেই বিশ্বত আতংকৰ সৃষ্টি কৰিছে। ‘আল কায়দা’ ধ্বংসাত্মক কাৰ্যাৱলীৰ বাবেই আমেৰিকাই আফগানিস্তান আক্রমণ কৰি সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ কৰিবলৈ চেষ্টা কৰিছিল।

ভাৰতবৰ্ষ, নেপাল, শ্রীলংকা, বাংলাদেশ, পেলেষ্টাইন আদি ৰাষ্ট্ৰত সন্ত্ৰাসবাদীয়ে সদায় আতংকৰ সৃষ্টি কৰি আছে। এই সন্ত্রাসবাদীসকলক সেইবিলাক ৰাষ্ট্ৰৰ চৰকাৰে কোনো উপায়ে দমন কৰিব পৰা নাই।

প্ৰশ্নঃ ১৫। বিশ্ব সন্ত্রাসবাদ নির্মূল কৰাৰ উপায়সমূহ আলোচনা কৰা।

উত্তৰঃ সন্ত্ৰাসবাদ এতিয়া কোনো এখন ৰাষ্ট্ৰ বা ইয়াৰ কোনো এটা অঞ্চলৰ ভিতৰত সীমাবদ্ধ নহয়। ই বিশ্বৰ বহুতো ঠাইত বিয়পি পৰিছে। সন্ত্রাসবাদে কিছুমান ৰাষ্ট্ৰত সংকটৰ সৃষ্টি কৰিছে।বিশ্ব-সন্ত্রাসবাদক এখন ৰাষ্ট্ৰই দমন কৰিব নোৱাৰে। সন্ত্ৰাসবাদে মানৱ সভ্যতাক ধ্বংসৰ ফালে পৰিচালিত কৰিছে। বিশ্ব- সন্ত্রাসবাদক নির্মূল কৰিবৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰি । সেই ব্যৱস্থাবিলাক তলত উল্লেখ কৰা হ’ল—

(ক) বিশ্ব সন্ত্ৰাসৰ বিৰুদ্ধে বিশ্বব্যাপী জনমত গঠন কৰিব লাগিব। ইয়াৰ বিৰুদ্ধে বিশ্বৰ জনগণ থিয় নিদিলে ই জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে যাব। সন্ত্ৰাসবাদ বিৰাজ কৰিলে কোনো দেশৰ মানুহে শান্তিত বসবাস কৰিব নোৱাৰে। গতিকে সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্ব-জনমত গঠন কৰা একান্ত প্রয়োজন।

(খ) যিবিলাক ৰাষ্ট্ৰই বিশ্ব-সন্ত্ৰাসবাদৰ প্ৰতি সহায় আৰু সহযোগিতা আগবঢ়ায় সেইবিলাক ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কোনো ৰাষ্ট্ৰই যাতে সন্ত্ৰাসবাদীসকলক প্রশ্রয় নিদিয়ে তাৰ বাবে সকলো ৰাষ্ট্ৰক সাৱধান কৰিব লাগিব।

(গ) সন্ত্রাসবাদে প্ৰথমে ৰাষ্ট্ৰীয় স্তৰত ইয়াৰ কাৰ্যকলাপ সংগঠিত কৰে। গতিকে সন্ত্ৰাসবাদ হ’ল প্ৰথমে কোনো এখন ৰাষ্ট্ৰৰ সমস্যা আৰু সেই ৰাষ্ট্ৰই এই সমস্যা সমাধানৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কেতিয়াবা ৰাষ্ট্ৰীয় স্তৰতো সন্ত্ৰাসবাদৰ ওপৰত প্ৰয়োজন গুৰুত্ব আৰোপ কৰা নহয়। সংশ্লিষ্ট ৰাষ্ট্ৰই ইয়াক অঙ্কুৰতে বিনাশ কৰা উচিত।

(ঘ) সন্ত্রাসবাদ বর্তমান বিশ্বৰ এটা গুৰুত্বপূৰ্ণ সমস্যা। সেয়েহে এই সমস্যাৰ প্ৰতি ৰাষ্ট্ৰসংঘ সদায় সচেতন থাকিব লাগে। ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদ দমনৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা প্রয়োজন। এই আন্তর্জাতিক সংগঠনে সকলো সদস্য ৰাষ্ট্ৰক সন্ত্ৰাসবাদ নির্মূলৰ বাবে সতৰ্ক ৰখা দৰকাৰ।

(ঙ) বিশ্ব-সন্ত্রাসবাদ নির্মূল কৰিবৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা থকা বৰ প্ৰয়োজন। সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত এখন দেশে আন এখন দেশক সকলো প্ৰকাৰে সহায় কৰিব লাগে।

(চ) কিছুমান ৰাষ্ট্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে দুমুখীয়া নীতি গ্ৰহণ কৰা দেখা যায়। সেয়েহে সন্ত্ৰাসবাদক দমন কৰিবৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহে কিছুমান নীতি-নিয়ম ৰচনা কৰা উচিত। 

(ছ) সন্ত্রাসবাদীসকলক বহুতো ৰাষ্ট্ৰই আশ্রয় প্ৰদান কৰে আৰু সেইবিলাকক প্ৰশিক্ষণ দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰে। এনে কাৰ্যৰ পৰা যাতে সকলো ৰাষ্ট্ৰ বিৰত থাকে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(জ) বহুতো দেশত সন্ত্রাসবাদীসকলৰ সৈতে কিছু সংখ্যক জনসাধাৰণ আৰু কিছুমান ৰাজনৈতিক দলে ঘনিষ্ঠ সম্পৰ্ক ৰখা দেখা যায়। কেতিয়াবা কিছুমান ৰাজনৈতিক দলে সন্ত্রাসবাদী দলৰ সহায়ত ৰাষ্ট্ৰৰ শাসন ক্ষমতা লাভ কৰে। তাৰোপৰি এতিয়া সন্ত্ৰাসবাদৰ জৰিয়তে নেতৃত্ব লাভ কৰাও সহজ হৈ পৰিছে। এনে ৰাষ্ট্ৰবিৰোধী লোক আৰু ৰাজনৈতিক দলৰ প্ৰতি এখন দেশৰ জনসাধাৰণ সদায় সজাগ থাকিব লাগে।

(ঝ) সন্ত্ৰাসবাদৰ উদ্ভৱৰ কাৰণবিলাক দূৰ কৰিবৰ বাবে সকলো ৰাষ্ট্ৰই সময়মতে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জনসাধাৰণৰ দাবীৰ প্ৰতি চৰকাৰ সদায় সচেতন থকা উচিত।

(ঞ) প্ৰত্যেক ৰাষ্ট্ৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী জনমত গঠন কৰিব লাগে। কাৰণ, কোনো এখন দেশৰ জনসাধাৰণৰ সমৰ্থন নাপালে সন্ত্রাসবাদে সেই দেশত ইয়াৰ ভেটি স্থাপন কৰিব নোৱাৰে। ৰাষ্টীয় ভিত্তিত সন্ত্ৰাসবাদক নির্মূল কৰিব পাৰিলে ই কেতিয়াও বিশ্ব-সন্ত্ৰাসবাদত পৰিণত হ’ব নোৱাৰে।

প্ৰশ্নঃ ১৬। নিৰস্ত্ৰীকৰণ ব্যৱস্থা কি কি কাৰণে বিফল হৈছিল? 

উত্তৰঃ প্ৰথম মহাযুদ্ধৰ পিছৰ পৰা দ্বিতীয় মহাযুদ্ধৰ আগলৈকে জাতিসংঘৰ ভিতৰে বাহিৰে নিৰস্ত্ৰীকৰণৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ব্যৱস্থা সফল নোহোৱাৰ বহুতো কাৰণ আছে।

(ক) অর্থনৈতিক সংকট: ১৯২৯-৩১ চনৰ ভিতৰত বিশ্বত যি অৰ্থনৈতিক সংকটে দেখা দিছিল তাৰ ফলত প্ৰায় সকলো বৃহৎ দেশৰে আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছিল। এই দেশবিলাকে নিৰস্ত্ৰীকৰণৰ নিচিনা বিষয়ৰ আলোচনাৰ ওপৰত গুৰুত্ব দিয়াতকৈ কি উপায়েৰে দেশে সম্মুখীন হোৱা গুৰুতৰ অৰ্থনৈতিক সংকট আতৰ কৰিব পাৰে তাৰ ওপৰতহে মনোনিবেশ কৰিছিল।

(খ) দূৰ-প্ৰাচ্যত জাপানৰ আক্ৰমণাত্মক নীতি: নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত কিছুমান বৃহৎ শক্তিগোষ্ঠীয়ে আগ্রহ প্রকাশ কৰিছিল যদিও জাপান আদি দেশে আক্রমণাত্মক নীতি গ্রহণ কৰাৰ ফলত বিভিন্ন সময়ত অনুষ্ঠিত হোৱা নিৰস্ত্ৰীকৰণ সন্মিলনসমূহ সফল হ’ব পৰা নাছিল। জাপানে প্রথম মহাযুদ্ধৰ পিছৰ পৰা অধিক শক্তিশালী হৈ সাম্ৰাজ্য বিস্তাৰৰ নীতি গ্ৰহণ কৰি চীনৰ ভূখণ্ডত আক্ৰমণ কৰিছিল। জাপানৰ আক্ৰমণৰ ফলত আন কিছুমান দেশে এইক্ষেত্ৰত সফল হ’ব পৰা নাছিল।

(গ) জাতিসংঘৰ বিফলতা: জাতিসংঘৰ চনদত সমূহীয়া নিৰাপত্তা ব্যৱস্থা আছিল যদিও লীগে অক্ৰমণকাৰীৰ ওপৰত কোনো ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল। কিছুমান দেশে মুকলিভাৱে আন দেশ আক্ৰমণ কৰি জাতিসংঘৰ নীতি উলংঘা কৰিলেও সেই দেশক আক্ৰমণকাৰী বুলি দোষাৰোপ কৰিব নোৱাৰিছিল। সামূহিক নিৰাপত্তাৰ প্ৰতি বৃহৎ শক্তিগোষ্ঠীৰ দৃষ্টিভংগী একে নোহোৱাৰ ফলতো নিৰস্ত্ৰীকৰণ বিফল হৈছিল। ব্ৰিটেইন আদি দেশে নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেও ফ্রান্সে নিজৰ নিৰাপত্তাৰ কথা দোহাই দি নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাছিল।

(ঘ) ইটালী আৰু জাৰ্মানীৰ দৃষ্টিভংগী: পেৰিছ শান্তি শান্তিচুক্তিৰ দ্বাৰা জাৰ্মানী আৰু ইটালী বৰ বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছিল। ভাৰ্চাই চুক্তিয়ে তেওঁলোকক নিৰস্ত্ৰ কৰাৰ লগতে তেওঁলোকক চুক্তিখনত চহী কৰিবলৈ বাধ্য কৰিছিল। গতিকে প্রবল শক্তিশালী জাৰ্মানীৰ নিচিনা এটা জাতিয়ে শান্তি চুক্তিত লাঞ্ছিত হৈ তেওঁলোকে প্রতিহিংসাৰ মনোভাব গ্রহণ কৰি আছিল। সেই মনোভাবৰ ফলতে জাৰ্মানী আৰু ইটালীয়ে পুনৰ সুসজ্জিত হৈ শত্রুপক্ষৰ ওপৰত জাপি পৰাৰ কাৰণে নিৰস্ত্ৰ হোৱাৰ পৰিৱৰ্তে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হ’বৰ কাৰণেহে চেষ্টা কৰিছিল।

(ঙ) নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত থকা মত পার্থক্য: বৃহৎ শক্তিগোষ্ঠীৰ নিৰস্ত্ৰীকৰণৰ বিষয় লৈ মত পাৰ্থক্য থকাৰ ফলতে ই বিফল হয়। বৃহৎ শক্তিগোষ্ঠিৰ মাজত কি কি বিষয়ৰ অস্ত্ৰ হ্রাস কৰিব লাগিব, এই সম্পৰ্কেও মতভেদ হৈছিল। উদাহৰণস্বৰূপে, নিৰস্ত্ৰীকৰণ সন্মিলনত ফ্রান্সে নৌ-শক্তি সীমিত কৰাৰ ওপৰত গুৰুত্ব দিছিল। আনহাতে ইংলেণ্ডে স্থল সৈন্যবাহিনীৰ সংখ্যা হ্ৰাস কৰিবলৈ বিচাৰিছিল।

(চ) দুৰ্বল প্ৰতিনিধিত্ব: লীগৰ ভিতৰে বাহিৰে অনুষ্ঠিত হোৱা নিৰস্ত্ৰীকৰণ সন্মিলনসমূহত বৃহৎ শক্তিগোষ্ঠীৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰাতকৈ তেওঁলোকৰ প্ৰতিনিধিবিলাকেহে অংশগ্রহণ কৰিছিল। ইয়াৰ ফলত সন্মিলনসমূহত প্ৰতিনিধিত্ব কৰা প্ৰতিনিধিসকলে অকলে কোনো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল, কাৰণ দেশৰ মূৰব্বীৰ অনুমোদনৰ অবিহনে কোনো গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণৰ বিষয়ত তেওঁৰ প্ৰতিনিধিয়ে অকলে সিদ্ধান্ত গ্ৰহণ কৰাটো সম্ভৱপৰ নাছিল।

(ছ) পুঁজিপতিৰ ষড়যন্ত্র: পুঁজিপতিৰ ষড়যন্ত্ৰত নিৰস্ত্ৰীকৰণ বিফলতাৰ আন এটা কাৰণ। পুঁজিপতি দেশবিলাকত ব্যৱসায়ীসকলে বিভিন্ন ধৰণৰ যুদ্ধৰ সঁজুলি প্ৰস্তুত কৰি প্ৰচুৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়। পুঁজিপতি দেশবিলাকে প্রায় সকলো অনুন্নত দেশবিলাকলৈ বিভিন্ন যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি কৰে। ইয়াৰ পৰ তেওঁলোকে প্ৰচুৰ পৰিমাণে ধন উপার্জন কৰিবলৈ সক্ষম হয়। কিন্তু নিৰস্ত্ৰীকৰণ ব্যৱস্থা কাৰ্যকৰী হ’লে পুঁজিপতিসকলৰ উৎপাদন হ্ৰাস পোৱাৰ লগতে উপাৰ্জনো হ্ৰাস পাব। এনে পৰিস্থিতিত পুঁজিপতিসকলে যিকোনো প্ৰকাৰে নিৰস্ত্ৰীকৰণ যাতে সফল নহয় তাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছিল। পুঁজিপতিসকলৰ এনে দৃষ্টিভংগীৰ কাৰণে নিৰস্ত্ৰীকৰণ সফল নোহোৱাটো অস্বাভাৱিক নহয়।

(জ) আগ্ৰহৰ অভাৱ: বিভিন্ন সময়ত নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সন্মিলন অনুষ্ঠিত কৰিলে তাৰ প্ৰতি প্ৰায়বিলাক ৰাষ্ট্ৰৰ আগ্ৰহ নাছিল। ইউৰোপৰ যি সময়ত প্ৰায় সকলো দেশতে সঘনে ইটো-সিটো কাৰণত সঘৰ্ষ হৈ আছিল আৰু যিটো সময়ত জাৰ্মানী, ইটালী আৰু জাপানে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ বিশ্ব মহাযুদ্ধৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছিল, তেনে সময়তে সৰু-বৰ ৰাষ্ট্ৰবিলাক নিৰস্ত্ৰীকৰণৰ প্ৰতি আগ্ৰহী নোহোৱাৰ যুক্তি নথকাও নহয়। এনে কিছুমান কাৰণৰ ফলতো নিৰস্ত্ৰীকৰণ সফল নহ’ল ।

(ঝ) নিৰস্ত্ৰীকৰণ সংজ্ঞাৰ অভাৱ: নিৰস্ত্ৰীকৰণ বিফল হোৱাৰ আন এটা কাৰণ হ’ল ইয়াৰ প্রকৃত সংজ্ঞাৰ অভাৱ। নিৰস্ত্ৰীকৰণ বুলি কওঁতে বাস্তৱিকতে কিকি যুদ্ধৰ সঁজুলিৰ ক্ষেত্ৰত প্রতিবন্ধকতা আৰোপ কৰিব লাগিব, সেই বিষয়ে এটা ঐক্যমতত উপনীত হোৱাটো সম্ভৱপৰ নাছিল। কিছুমান নিৰস্ত্ৰীকৰণ বুলি কওঁতে যুদ্ধৰ জাহাজ, টেঙ্ক, যুঁজাৰু বিমান আৰু বন্দুক আদি নিয়ন্ত্ৰণ কৰা কথাটোকে বুজায়। আন কিছুমান যুঁজাৰু সঁজুলি বুলি কওঁতে এটা জাতিয়ে যুদ্ধৰ সময়ত প্ৰয়োগ কৰা সকলো অস্ত্ৰ-শস্ত্ৰৰ কথাকে প্ৰকাশ কৰে। এইক্ষেত্ৰত তেওঁলোকে কেৱল অস্ত্ৰ-শস্ত্ৰৰ কথাকে প্ৰকাশ নকৰে, আনকি ইয়াৰ লগত জড়িত মানুহৰ কথাকো প্ৰকাশ কৰে। যুদ্ধৰ সঁজুলি কেৱল টেঙ্গ, যুদ্ধৰ জাহাজ আদি নুবুজায়। বৰং যুদ্ধৰ কাৰ্যাৱলী, ৰাসায়নিক পদাৰ্থ উৎপাদনৰ গৱেষণাগাৰ আদিয়ো অন্তর্ভুক্ত হয়। গতিকে যুদ্ধৰ সঁজুলি নিয়ন্ত্ৰণ বুলি কওঁতে বৃহৎ শক্তিগোষ্ঠিৰ মাজত এটা অস্পষ্ট ধাৰণা থকাৰ ফলতো নিৰস্ত্ৰীকৰণ সন্মিলনসমূহ  বিফল হৈছিল।

(ঞ) বৈজ্ঞানিক আৱিষ্কাৰৰ প্ৰভাৱ: বৈজ্ঞানিক গৱেষণাৰ ফলত দিনে দিনে নতুন নতুন যুদ্ধৰ সামগ্রী উৎপাদন হোৱাৰ ফলতো এনে উৎপাদনৰ ক্ষেত্ৰত এক সীমাবদ্ধতা আৰোপ কৰাটো সম্ভৱপৰ নহয়। কোনো এখন নিৰস্ত্ৰীকৰণ সন্মিলনে কেইখনমান দেশৰ কিছুমান যুদ্ধৰ সঁজুলিৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰিলেও বৈজ্ঞানিক আৱিষ্কাৰৰ ফলত আন কোনো এখন দেশে যুদ্ধৰ সঁজুলিৰ গৰাকী হ’লেও নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বৈজ্ঞানিকৰ নতুন আৱিষ্কাৰেও নিৰস্ত্ৰীকৰণ বিষয়ত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল।

(ট) আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক সঁজুলিৰ পাৰ্থক্যৰ অভাৱ: নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত দেখা দিয়া আন এটা দুর্বলতা হ’ল আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক অস্ত্ৰ প্ৰয়োগৰ ক্ষেত্ৰত থকা পাৰ্থক্যৰ সীমাবদ্ধতা। যিবিলাক অস্ত্ৰক কোনো এখন দেশে আজি প্ৰতিৰক্ষামূলক সঁজুলি  হিচাপে প্ৰয়োগ কৰিছে দুদিনৰ পিছত সেইবিধ সঁজুলিকেই আক্রমণাত্মক সঁজুলি হিচাপে প্ৰয়োগ কৰিব পাৰে।

প্ৰশ্নঃ ১৭। পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিটো (NPT) কি? আলোচনা কৰা। 

উত্তৰঃ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিটো হৈছে ইয়াৰ উদ্দেশ্যে কৰা এটা চুক্তিপত্ৰ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৃথিৱীৰ শান্তিকামী জনসাধাৰণে পাৰমাণৱিক অস্ত্ৰৰ আৱিৰ্ভাব আৰু তাৰ ধ্বংসাত্মক পৰিণতিৰ ফলত আতংকিত হৈ উঠে।১৯৪৫ চনত আগষ্ট মাহত জাপানৰ নাগাছাকি আৰু হিৰোচিমাৰ ওপৰত মার্কিন যুক্তৰাষ্ট্ৰ পাৰমাণবিক বোমা বৰ্ষণ কৰে। তাৰ পিছত ১৯৪৯ ছোভিয়েত ইউনিয়ন পাৰমাণৱিক বোমা প্ৰস্তুত কৰে আৰু ১৯৫২ চনত গ্রেট ব্রিটেন পাৰমাণৱিক বোমা বিস্ফোৰণত সফল হয়। ১৯৬০ চনত ফ্ৰান্স আৰু ১৯৬৪ চনত চিন পাৰমানৱিক বোমাৰ অধিকাৰী হয়। এই পাঁচখন দেশক বাদ দি বর্তমান যিবোৰ দেশ পৰমাণু শক্তিধৰ তালিকাত অন্তর্ভুক্ত হৈছে সেই দেশসমূহ হৈছে— ভাৰত, পাকিস্তান, উত্তৰ কোৰিয়া, ইৰাক, ইজৰায়েল, আর্জেন্টিনা আৰু ব্ৰাজিল। পাৰমানৱিক শক্তি হিচাপে বিশ্বৰ পাঁচটা বৃহৎ শক্তিৰ নীতি সাধাৰণতে একে ধৰণৰ হয়। জাতীয় নিৰাপত্তাৰ কাৰণে নিজৰ পাৰমাণৱিক অস্ত্ৰ সম্ভাৰ বজায় ৰাখিব বিচাৰে। কিন্তু আন কোনো দেশে পৰমাণু অস্ত্র উৎপাদন নকৰে আৰু যদিও কৰে তেতিয়াহ’লে সেয়া ধ্বংস কৰি দিয়ে। কাৰণ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ বিভিন্ন দেশত বিয়পি পৰিলে অৱস্থা আৰু জটিলতৰ হ’ব আৰু সাধাৰণভাৱে পৃথিৱীৰ নিৰাপত্তা বিপন্ন হৈ পৰিব।

সেই কাৰণে পাৰমাণৱিক শক্তিৰ প্ৰচাৰৰ ৰোধ কল্পত সেই পাঁচখন দেশে উদ্যোগ লয়। অৱশেষত ১৯৬৮ চনৰ জুন মাহত সন্মিলিত জাতিপুঞ্জত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ চুক্তি (Nuclear Non-proliferation Treaty) গৃহীত হয় আৰু এই চুক্তিটো ১৯৭০ চনৰ ৫ মাৰ্চত ২৫ বছৰৰ বাবে কাৰ্যকৰী হয়। ১৯৭০ চনত পাঁচটা বৃহৎ শক্তিসহ ১৭০ খন দেশে এই এন. পি. টি. চুক্তিত স্বাক্ষৰ কৰে। কেৱল ভাৰত, পাকিস্তান আৰু ইজৰায়েলে এই চুক্তিত স্বাক্ষৰ কৰা নাছিল। এন. পি. টি. চুক্তিত স্বাক্ষৰকাৰী পাৰমাণৱিক অস্ত্রবিহীন দেশসমূহ এই মৰ্মত অংগীকাৰবদ্ধ হয় যে, তেওঁলোকে পাৰমাণৱিক বিস্ফোৰণ বা অস্ত্ৰ তৈয়াৰৰ কৌশল ফর্মূলা বা প্রয়োজনীয় পদাৰ্থসমূহ অৰ্জন কৰিব নোৱাৰে। পাৰমাণৱিক শক্তিধৰ দেশবোৰে অনুৰূপভাৱে অংগীকাৰ কৰে যে, অন্যান্য দেশসমূহক যাতে এনেধৰণৰ কোনো সহায় কৰা নহয়।

কার্যক্ষেত্ৰত এইধৰণৰ অংগীকাৰ স্বীকাৰ কৰা হোৱা নাছিল। এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত পাৰমাণৱিক অস্ত্ৰ হ্ৰাসৰ পৰিৱৰ্তে বৃদ্ধি হৈছে। কেইখনমান পাৰমাণৱিক অস্ত্রবিহীন দেশে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰৰ বাবে সামর্থ অর্জন কৰিছে। ক’ব পৰা যায় যে— এই বেপাৰত পৰমাণু শক্তিধৰ দেশসমূহৰ সাহায্যও সেইবোৰে পাইছে।

১৯৭০ চনত পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰ ৰোধ চুক্তিটো (NPT) কাৰ্যকৰী হোৱাৰ সময়লৈকে পৃথিৱীৰ বিভিন্ন দেশত ১,০০,০০০ ৰ বেছি পাৰমাণৱিক অস্ত্র উৎপাদিত হৈছে। ছোভিয়েত ইউনিয়ন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ ‘ষ্ট্ৰাটেজিক আর্মচ লিমিটেশন চুক্তি’ (SALT) অনুযায়ী পাৰমাণৱিক অস্ত্ৰৰ পৰিমাণ হ্ৰাস কৰিলেও বর্তমান সেই দুখন দেশৰ হাততে প্রায় ৬০,০০০ পাৰমাণৱিক অস্ত্ৰ আছে। 

পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী দেশবোৰে কেৱল নিজৰ হাতত অস্ত্ৰ ৰাখি ক্ষান্ত হোৱা নাছিল, কেইটামান দেশক পাৰমাণৱিক অস্ত্ৰ উৎপাদনৰ সামৰ্থ অৰ্জনত সহযোগিতা কৰিছিল। ইজৰায়েল, পাকিস্তান, দক্ষিণ আফ্রিকা প্রভৃতি দেশসমূহে কোনোবা নহয় কোনোবা পৰমাণু শক্তিধৰ দেশৰ সহায়তে পাৰমাণৱিক বোমা উৎপাদনৰ যোগ্যতা অৰ্জন কৰিছে। কেলভোকোৰেচিয়ে (Calvocoressi) মন্তব্য কৰিছে— “The advanced powers which were helping developing states to build reactors were engaging in proliferation”.

পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি অনুসৰি পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধ। কিন্তু বাস্তৱতে কোনো দেশেই এই চর্ত অনুসৰি কাম-কাজ নকৰে। প্ৰতিটো পৰমাণু অস্ত্ৰৰ অধিকাৰী দেশেই প্রকাশ্যে অথবা গোপনে এইবোৰ লৈ পৰীক্ষা কৰিছিল। ১৯৭০ চনৰ পাছৰ পৰা পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ হোৱা নাছিল। বৰঞ্চ মাৰাত্মক পাৰমাণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণ ঘটিছে।

আৰম্ভণিতে এন. পি. টি. চুক্তি ২৫ বছৰৰ কাৰণে বলবৎ আছিল। ১৯৯৫ চনত পুনর্বিবেচনা কৰি চুক্তিটোৰ ম্যাদ বঢ়াই দিয়া হয়। এই চুক্তিৰ ম্যাদ বৃদ্ধিক ১৭৮ টা দেশে সমর্থন জনায়। ভাৰতে এন.পি.টি. চুক্তি গ্ৰহণত সন্মত হোৱা নাছিল। তেওঁৰ মতে এই চুক্তি বৈষম্যমূলক। ১৯৯৫ চনৰ ১১ মাৰ্চত ১৭৮ খন দেশে সর্বসন্মতভাৱে অনিৰ্দিষ্টকালৰ কাৰণে এন. পি. টি.ৰ ম্যাদ সম্প্ৰসাৰণত স্বাক্ষৰ কৰিলেও এই চুক্তিৰ বিৰুদ্ধে ক্ষোভ পাৰমাণৱিক অস্ত্রহীন দেশসমূহৰ মাজত পুঞ্জীভূত হৈছে।

প্ৰশ্নঃ ১৮। সৰ্বাত্মক অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তিৰ (CTBT) বিৰুদ্ধে ভাৰতসহ কিছুমান ৰাষ্ট্ৰৰ অভিযোগসমূহ লিখা।

উত্তৰঃ প্রকৃতপক্ষে চি.টি.বি.টি. অনেক দেশৰ বাবে গ্ৰহণযোগ্য হোৱা নাছিল। ভাৰতসহ লিবিয়া, মিচৰ, লেবানন, মৰিশাচ, তানজানিয়া, কিউবা আদিয়ে এই চুক্তিৰ বিৰুদ্ধে একাধিক অভিযোগ আনিছে। অভিযোগসমূহ হ’ল—

(ক) চি. টি. বি. টি’ৰ মাধ্যমেৰে কেৱল পৰমাণু অস্ত্ৰ লৈ পৰীক্ষণ নিষিদ্ধ কৰা হৈছে। কিন্তু ইমান দিনৰ মজুত পৰমাণু অস্ত্ৰৰ কি হ’ব, সেই সম্পৰ্কত একো কোৱা হোৱা নাছিল। সাম্প্রতিক এক হিচাপৰ পৰা জনা যায় যে, মার্কিন যুক্তৰাষ্ট্ৰৰ হাতত সঞ্চিত বিভিন্ন শক্তিসম্পন্ন পৰমাণু লকে অস্ত্ৰৰ মুঠ পৰিমাণ ৮,৭১১ টা, ৰাছিয়াত ৬,৮৩৩ টা, ফ্ৰান্সত ৫২৪ টা, ব্রিটেনত ২০০ টা আৰু চিনত ৪৫০ টা। বর্তমান পৃথিৱীত এই মূহুৰ্তত যি পৰিমাণ অস্ত্ৰ আছে, তাৰ পৰিমাণ ১২,০০০ মেগাটনৰো বেছি। এই পৰিমাণ অস্ত্ৰ দি পৃথিৱীক কেইবাৰমান ধ্বংস কৰা যাব। চি.টি.বি.টি চুক্তিৰ মাধ্যমেৰে পাঁচটা পৰমাণু শক্তিধৰ দেশৰ মজুত পাৰমাণৱিক অস্ত্ৰ ৰখাৰ বন্দোৱস্ত কৰা হৈছে।

(খ) চ.টি.বি.টি ত কেৱলমাত্ৰ পাৰমাণৱিক বিস্ফোৰণজনিত পৰীক্ষা-নিৰীক্ষা বন্ধৰ ওপৰত জোৰ দিয়া হৈছে। প্ৰকৃত ঘটনাটো হ’ল এই যে, বিশ্বৰ পাঁচটা পৰমাণু শক্তিধৰ দেশেই উন্নত পৰমাণু প্রযুক্তিৰ সহায়তে বিস্ফোৰণ এৰি পাৰমাণৱিক পৰীক্ষা-নিৰীক্ষা চলোৱাত সক্ষম হৈছে। সেই কাৰণে সমালোচকসকলে মন কৰে যে, চি.টি.বি.টি সৰ্বাত্মকো নহয়, আকৌ মজুত পৰমাণু অস্ত্ৰক বজায় ৰখা বা উন্নত কৰাৰ বিৰোধীও নহয়। (“… neither comprehensive nor opposed to the maintenance of exiting stockpile or new additions to it”.)

(গ) চি.টি.বি.টি. ৰ বিৰুদ্ধে আন এটা অভিযোগ হ’ল এই যে ভাৰতৰ নিৰাপত্তাৰ প্ৰশ্নটোক সম্পূৰ্ণকৈ অগ্ৰাহ্য কৰিছে। ভাৰতৰ প্রতিবেশী দেশ চীন পৰমাণু শক্তিধৰ দেশ। আন এক প্রতিবেশী পাকিস্তান পৰমাণু অস্ত্ৰৰ অধিকাৰী। সৰ্বাত্মক পৰমাণু অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি ভাৰতৰ নিৰাপত্তা পৰিস্থিতিক বিঘ্নিত কৰিব।

(ঘ) চি.টি.বি.টি.ৰ ধাৰাটোৰ বিৰুদ্ধে ভাৰতে তীব্ৰ প্ৰতিবাদ জনাইছে আৰু সেয়া হ’ল “Entry Into Force” বা বলপূর্বক স্বাক্ষৰ দান। উক্ত ধাৰাত কোৱা হৈছে যে ১৯৯৬ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা তিনি বছৰৰ মাজত প্ৰতিখন ৰাষ্ট্ৰই চুক্তিত চহী কৰিব লাগে। যদি কোনো ৰাষ্ট্ৰই চহী নকৰে, তেতিয়াহ’লে বৰ্তমান স্বাক্ষৰদানকাৰী ৰাষ্ট্ৰসমূহ সেই ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ভাৰতৰ মতে, এয়া যিকোনো দেশৰ সাৰ্বভৌম অধিকাৰৰ বিৰোধী আৰু মুষ্টিমেয় কেইটামান পৰমাণু শক্তিধৰ দেশৰ সুবিধাজনক অৱস্থাৰ স্বীকৃতিদানৰ ব্যৱস্থা। প্রচলিত আন্তৰ্জাতিক আইনৰ নিয়মনীতি অনুসৰি, কোনো দেশক জোৰ কৰি কোনো চুক্তিত চামিল। কৰিব নোৱাৰে।

১৯৯৬ চনত এফালে পৰমাণু অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি লৈ আলোচনা কৰা হৈছিল, অন্যফালে এই চুক্তিত চামিল হৈ চীনে তেওঁৰ পৰমাণু অস্ত্ৰ পৰীক্ষা চলাই গৈছে। ১৯৯৮ চনত ভাৰতে পোখৰানত পাঁচটা পৰমাণু বিস্ফোৰণ ঘটায়। তাৰ পিছত পাকিস্তানে পৰমাণু বিস্ফোৰণ ঘটায়। এতিয়ালৈকে এই দুখন ৰাষ্ট্ৰৰ বিৰুদ্ধে চি.টি.বি.টি. ৰ তৰফৰ পুৰা তেনেকুৱা কোনো কাৰ্যকৰী পদক্ষেপ লোৱা নাছিল।

বিশ্বক প্ৰকৃতপক্ষত পাৰমাণৱিক অস্ত্রমুক্ত কৰিব হ’লে পৰমাণু শক্তিৰ দেশসমূহক ঘোষণা কৰিব লাগিব—

(ক) পৃথিৱীৰ কোনো ৰাষ্ট্ৰ কোনো অৱস্থাতেই অন্য ৰাষ্ট্ৰৰ বিৰুদ্ধে পৰমাণু অস্ত্ৰৰ ব্যৱহাৰ কৰিব নোৱাৰে।

(খ) এটা নিৰ্দিষ্ট সময়সীমাৰ মাজত পৃথিৱীৰ প্ৰতিটো পৰমাণু শক্তিধৰ ৰাষ্ট্ৰ তেওঁৰ যাৱতীয় পৰমাণু অস্ত্ৰ আৰু সা-সৰঞ্জাম ধ্বংস কৰি পেলাব।

(গ) পৃথিৱীৰ ৰাষ্ট্ৰ আৰু পৰমাণু অস্ত্র উৎপাদন কৰিব নোৱাৰে। কেৱল ঘোষণা কৰিলেই নহ’ব, এই ব্যাপাৰত আন্তৰিক প্ৰয়াস একান্ত প্ৰয়োজন।

পৰিশেষত উল্লেখযোগ্য, ২০০৬ চনত মার্কিন যুক্তৰাষ্ট্ৰৰ পক্ষৰ পৰা ভাৰতক পাৰমাণৱিক সহযোগিতাৰ প্ৰতিশ্ৰুতি আৰু অসামৰিক ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ দুখন দেশৰ কূটনৈতিক সম্পর্কে এক নতুন গতি দান কৰিছে। ২০০৮ চনত ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত এই চুক্তি বাস্তৱ ৰূপ গ্ৰহণ কৰে ।

প্ৰশ্নঃ ১৯। পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিৰ (NPT) উদ্দেশ্য আৰু প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ (ক) চুক্তিৰ ১ নং ধাৰা অনুযায়ী NWS (Nuclear Weapons States) বা পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰসমূহ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰে পাৰমাণৱিক শক্তিহীন ৰাষ্ট্ৰসমূহক কোনোৰূপ পাৰমাণৱিক অস্ত্র কিম্বা প্রযুক্তি হস্তান্তৰ কৰিব নোৱাৰে আৰু কোনো ভাৱেই অস্ত্ৰ নির্মাণত সাহায্য, উৎসাহ দিব নোৱাৰে।

(খ) চুক্তিৰ ২ নং ধাৰাত কোৱা হৈছে যে পাৰমাণৱিক অস্ত্রহীন ৰাষ্ট্ৰসমূহ পাৰমাণৱিক বিস্ফোৰণ বা অস্ত্ৰ তৈয়াৰৰ কৌশল, ফর্মূলা বা প্রয়োজনীয় পদার্থ ইত্যাদিৰ ক্ষেত্ৰত পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰসমূহৰ পৰা কোনো ধৰণৰ সাহায্য ল’ব নোৱাৰে।

(গ) ৩ নং ধাৰা অনুযায়ী পাৰমাণৱিক অস্ত্রবিহীন দেশসমূহ পাৰমাণৱিক শক্তিক কি উদ্দেশ্যত ব্যৱহাৰ কৰিছে সেয়া তদাৰকিৰ বাবে আন্তর্জাতিক আণৱিক শক্তি সংস্থা (International Atomic Energy Agency) গঠন কৰিব লাগে। অস্ত্ৰবিহীন ৰাষ্ট্ৰসমূহ IAEA ৰ নিৰ্দেশনাৱলী মানি চলিবলগীয়া হয়। 

(ঘ) ৪ নং ধাৰাৰ চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰবোৰৰ শান্তিপূর্ণ উদ্দেশ্যত পাৰমাণৱিক গৱেষণাৰ অধিকাৰ স্বীকাৰ কৰা হৈছে। 

(ঙ) ৫ নং ধাৰা অনুযায়ী পাৰমাণৱিক অস্ত্রবিহীন দেশসমূহৰ শান্তিপূৰ্ণ পাৰমাণৱিক বিস্ফোৰণৰ অধিকাৰ স্বীকাৰ কৰি লোৱা হয়। 

(চ) ৬ নং ধাৰাত পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰসমূহক যিকোনো ধৰণৰ পাৰমাণৱিক অস্ত্র প্ৰতিযোগিতা বন্ধ কৰাৰ কথা কোৱা হৈছে।

(ছ) ৭ নং ধাৰা অনুযায়ী চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহ পাৰস্পৰিক আলোচনাৰ মাধ্যমত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ উদ্দেশ্যত প্রয়োজনীয় কাৰ্যকৰী ব্যৱস্থা লয়।

(জ) ৮ নং ধাৰাত কোৱা হৈছে যে প্ৰতি পাঁচ বছৰ অন্তৰ চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ এখন সন্মিলন আহ্বান কৰা হয় যদিও চুক্তিটো ২৫ বছৰৰ বাবে কাৰ্যকৰ আছিল, কিন্তু চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহ ১৯৯৫ চনৰ ১১ মে’ পর্যালোচনা সন্মিলনে (Review conference) এই চুক্তিৰ ম্যাদ অনিৰ্দিষ্টকালৰ কাৰণে সম্প্ৰসাৰণ কৰে। সেই হিচাপত ১৯৭৫, ১৯৮০, ১৯৮৫, ১৯৯০ আৰু ১৯৯৫ চনৰ পৰা ২০০০, ২০০৫ আৰু ২০১৫ চনত চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ পৰ্যালোচনা সন্মিলন (Review conference) অনুষ্ঠিত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top