India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি

India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি Question Answer can be of great value to excel in the examination.

India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি

Join Telegram channel

India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি Notes cover all the exercise questions in UGC Syllabus. The India’s Foreign Policy in a Globalizing World Unit 5 ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ভাৰতৰ মীমাংসা শৈলী আৰু ৰণনীতি

POLITICAL SCIENCE

INDIA’S FOREIGN POLICY INA GLOBALIZING WORLD

(গোলকীয় বিশ্বত ভাৰতৰ বৈদেশিক নীতি)

অতি চমু প্রশ্নোত্তৰঃ

প্ৰশ্নঃ ১। ‘যুদ্ধতকৈ বাক-বিতণ্ডাই বহুত ভাল’— কথাষাৰ কোনে কৈছিল? 

উত্তৰঃ ইংলেণ্ডৰ পূৰ্বৰ প্ৰধানমন্ত্রী চার্চিলে কৈছিল।

প্ৰশ্নঃ ২। যেতিয়া ৰাষ্ট্ৰসংঘৰ চনদ গঠিত হৈছিল তেতিয়া কেইখন সদস্য ৰাষ্ট্ৰই তাত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ৫১ খন সদস্য ৰাষ্ট্ৰই।

প্ৰশ্নঃ ৩। ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ’ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

প্ৰশ্নঃ ৪। ৰাষ্ট্ৰসংঘত বর্তমান কেইখন সদস্য ৰাষ্ট্ৰ আছে?

উত্তৰঃ ১৯২ খন।

প্ৰশ্নঃ ৫। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্রধান কোন?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্রধান দক্ষিণ কোৰিয়াৰ বেন কি মুন।

প্ৰশ্নঃ ৬। IAEA ৰ সম্পূৰ্ণ নামটো লিখা।

উত্তৰঃ International Atomic Energy Agency (আন্তর্জাতিক পাৰমাণৱিক শক্তি সংঘঠন)। 

প্ৰশ্নঃ ৭। ভেটো ক্ষমতা মানে কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্থায়ী সদস্য ৰাষ্ট্ৰৰ বিৰোধিতা কৰিব পৰা ক্ষমতাই হ’ল ভেটো ক্ষমতা।

প্ৰশ্নঃ ৮। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধান কোন আছিল?

উত্তৰঃ নৰৱে’ৰ ট্ৰিগভি লি।

প্ৰশ্নঃ ৯। ৰাষ্ট্ৰসংঘলৈ অধিক অৱদান আগবঢ়োৱা একমাত্র দেশখনৰ নাম কি?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

প্ৰশ্নঃ ১০। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰাষ্ট্ৰ কেইখনৰ নাম লিখা।

উত্তৰঃ ইংলেণ্ড, ফ্রান্স, আমেৰিকা, ৰুছিয়া আৰু কমিউনিষ্ট চীন হ’ল নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ।

প্ৰশ্নঃ ১১। পাৰমাণৱিক শক্তি আয়োগ কিমান চনত গঠন হৈছিল? 

উত্তৰঃ ১৯৪৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই পাৰমাণৱিক শক্তি আয়োগ এটা গঠন কৰিছিল।

প্ৰশ্নঃ ১২। ল’কার্ণো চুক্তিত স্বাক্ষৰ কৰা সম্মিলিত সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা।

উত্তৰঃ ১৯২৫ চনৰ ল’কার্ণো চুক্তিত স্বাক্ষৰ কৰা সন্মিলিত সদস্য ৰাষ্ট্ৰকেইখন হ’ল— ইংলেণ্ড, ফ্রান্স, জার্মানী, ইটালী আৰু বেলজিয়াম।

প্ৰশ্নঃ ১৩। পেৰিচ চুক্তি বুলিলে কোনখন চুক্তিক জনা যায়?

উত্তৰঃ ১৯২৮ চনৰ আগষ্ট মাহৰ ২৭ তাৰিখে স্বাক্ষৰিত হোৱা কেলগ ব্রিয়াগু চুক্তিখনকে পেৰিচ চুক্তি বুলি জনা যায়।

প্ৰশ্নঃ ১৪। কিমান চনত বাৰুচ পৰিকল্পনা তৈয়াৰ কৰা হৈছিল? 

উত্তৰঃ ১৯৪৬ চনত বাৰুচ পৰিকল্পনা তৈয়াৰ কৰা হৈছিল।

প্ৰশ্নঃ ১৫। বাৰুচ পৰিকল্পনা তৈয়াৰৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ পাৰমাণবিক অস্ত্ৰৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে বাৰুচ পৰিকল্পনা তৈয়াৰ কৰা হৈছিল।

প্ৰশ্নঃ ১৬। কিমান চনত আই. এ. ই. এ. তৈয়াৰ হৈছিল? 

উত্তৰঃ ১৯৫৭ চনত আই. এ. ই. এ. তৈয়াৰ হৈছিল।

প্ৰশ্নঃ ১৭। PTBT ৰ সম্পূর্ণ নাম কি?

উত্তৰঃ Partial Test Ban Treaty.

প্ৰশ্নঃ ১৮। এন.পি.টি.ৰ সম্পূর্ণ নাম কি? 

উত্তৰঃ The Treaty on the Non-proliferation Nuclear weapons.

প্ৰশ্নঃ ১৯। কিমান চনত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি (NPT) স্বাক্ষৰিত হয়?

উত্তৰঃ ১৯৬৮ চনত ১ জুলাই পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি স্বাক্ষৰিত হয়।

প্ৰশ্নঃ ২০। কিমান চনত সোভিয়েত ইউনিয়ন পাৰমাণৱিক বোমা প্রস্তুত কৰে?

উত্তৰঃ ১৯৪৯ চনত ছোভিয়েত ইউনিয়ন পাৰমাণৱিক বোমা প্ৰস্তুত কৰে।

প্ৰশ্নঃ ২১। কিমান চনত আৰু ক’ত মার্কিন যুক্তৰাষ্ট্ৰই পাৰমাণৱিক বোমা বিস্ফোৰণ কৰিছিল?

উত্তৰঃ ১৯৪৫ চনত আগষ্ট মাহত জাপানৰ নাগাছাকি আৰু হিৰোচিমাৰ ওপৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই পাৰমাণৱিক বোমা বিস্ফোৰণ কৰিছিল।

প্ৰশ্নঃ ২২। কিমান বছৰৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি (NPT) কাৰ্যকৰ হৈছিল?

উত্তৰঃ ২৫ বছৰৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি কাৰ্যকৰ হৈছিল।

প্ৰশ্নঃ ২৩। পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিত (NPT) স্বাক্ষৰকাৰী ৰাষ্ট্ৰপক্ষৰ সংখ্যা কিমান আছিল?

উত্তৰঃ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰপক্ষৰ সংখ্যা আছিল ১৮৯।

প্ৰশ্নঃ ২৪। পাঁচটা পৰমাণু শক্তিসম্পন্ন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ পাঁচটা পৰমাণু শক্তিসম্পন্ন ৰাষ্ট্ৰৰ নাম হ’ল—যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, ফ্রান্স, ৰাছিয়া আৰু চীন।

প্ৰশ্নঃ ২৫। কিমান চনত পাৰমাণবিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি (NPT) কাৰ্যকৰ হৈছিল?

উত্তৰঃ ১৯৭০ চনৰ ৫ মার্চ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি কাৰ্যকৰী কৰা হৈছিল।

প্ৰশ্নঃ ২৬। N.P.R. ৰ সম্পূর্ণ নাম লিখা।

উত্তৰঃ Nuclear Non-proliferation regime.

প্ৰশ্নঃ ২৭। C.T.B.T. ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ Comprehensive Nuclear Test Ban Treaty.

প্রশ্নঃ ২৮। কিমান চনত জেনেভাত সম্মিলিত জাতিপুঞ্জৰ সমৰ্থনত সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) সংক্রান্ত আলোচনা আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৯৪ চনৰ জানুৱাৰী মাহত জেনেভাত সম্মিলিত জাতিপুঞ্জৰ সমৰ্থনত সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) সংক্রান্ত আলোচনা আৰম্ভ হৈছিল।

প্ৰশ্নঃ ২৯। কিমান চনত সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) সংক্রান্ত প্রস্তাৱ বিপুল সংখ্যা গৰিষ্ঠতাত অনুমোদিত হয়?

উত্তৰঃ ১৯৯৬ চনত ১০ ছেপ্তেম্বৰত সৰ্বাত্মক পৰামাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) সংক্রান্ত প্রস্তাৱ বিপুল সংখ্যা গৰিষ্ঠতাত অনুমোদিত হয়।

প্ৰশ্নঃ ৩০। নিৰাপত্তা মানে কি?

উত্তৰঃ সাধাৰণ অৰ্থত নিৰাপত্তা মানে ভয় আৰু সন্ত্ৰাসৰ পৰা মুক্ত এটা অৱস্থা বা পৰিবেশৰ কথাক বুজো।

প্ৰশ্নঃ ৩১। ভাৰতে আণৱিক পৰীক্ষা সম্পন্ন কৰাৰ কাৰণ কি?

উত্তৰঃ অস্ত্ৰ-শস্ত্ৰৰ প্ৰসাৰণ ৰোধ কৰা, লগতে আণৱিক বিস্ফোৰণৰ ভয়াবহতা ৰোধ কৰা।

প্ৰশ্নঃ ৩২। বিশ্ব ভাবুকিৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ সন্ত্রাসবাদ আৰু বিশ্ব দৰিদ্ৰতা।

প্ৰশ্নঃ ৩৩। কেতিয়া ভাৰতে কিয় ‘ট’ প্ৰট’ক’লত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ২০০২ চনত।

প্ৰশ্নঃ ৩৪। UNEP ৰ সম্পূৰ্ণ ৰূপ কি? 

উত্তৰঃ United Nations Environment Programme (ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি)।

প্ৰশ্নঃ ৩৫। ভূ-সম্মিলন মানে কি?

উত্তৰঃ ভূ-সন্মিলন হ’ল ১৯৯২ চনৰ জুনত ব্রাজিলৰ ৰিঅ’দি জেনেইৰ’ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় সন্মিলন।

প্ৰশ্নঃ ৩৬। সেউজগৃহ গেছ নির্গত মানে কি?

উত্তৰঃ পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলত থাকি যায়। এই গেছকে সেউজীগৃহ গেছ বোলে।

প্ৰশ্নঃ ৩৭। UNFCCC ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ United Nations Framework Convention on Climate Change (ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সভা)।

প্ৰশ্নঃ ৩৮। বিশ্বজনীন উষ্ণতা বৃদ্ধিৰ কাৰক হিচাপে থকা দুটা গেছৰ নাম লিখা। 

উত্তৰঃ কার্বন ডাই অক্সাইড (CO2), মিথেন।

প্ৰশ্নঃ ৩৯। কেতিয়াৰ পৰা পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰিছিল?

উত্তৰঃ ১৯৭২ চনৰ ষ্টকহ’ম ঘোষণা পত্ৰৰ পিছৰে পৰা।

প্ৰশ্নঃ ৪০। কেতিয়াৰ পৰা বিশ্ব সম্প্রদায়ে পৰিৱেশজনিত সমস্যাৰ ওপৰত গুৰুত্ব দিছিল? 

উত্তৰঃ ১৯৭২ চনৰ ষ্টকহম সন্মিলনৰ পিছৰ পৰাই বিশ্ব সম্প্রদায়ে পৰিৱেশজনিত সমস্যাৰ ওপৰত গুৰুত্ব দিছিল।

প্ৰশ্নঃ ৪১। CDM ৰ সম্পূর্ণ নাম কি?

উত্তৰঃ কাৰ্বন নিষ্কাশন সীমিতকৰণ প্ৰযুক্তি (Clean Development Mechanism)।

প্ৰশ্নঃ ৪২। ষ্টকহ’ম সন্মিলনৰ প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ ষ্টকহ’ম সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল মানৱ পৰিৱেশৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক উদ্‌গণি যোগোৱা আৰু ইয়াৰ বাবে প্ৰধানকৈ মানি চলিবলগীয়া বিধিসমূহ প্ৰস্তুত কৰি উলিওৱা।

প্ৰশ্নঃ ৪৩। ষ্টকহ’ম সন্মিলনৰ এটা পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ ষ্টকহ’ম সন্মিলনৰ এটা পৰামৰ্শ হ’ল— পৰিৱেশ প্ৰদূষণ ৰোধ কৰা।

প্ৰশ্নঃ ৪৪। UNEP ৰ এটা কাৰ্যাৱলী লিখা। 

উত্তৰঃ UNEP ৰ এটা কার্যাৱলী হ’ল— পৰিৱেশ সম্পৰ্কীয় কাৰ্যসমূহ সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা আৰু প্ৰয়োজন সাপেক্ষে উপযুক্ত নীতি নিৰ্দ্ধাৰণ কৰা।

প্ৰশ্নঃ ৪৫। কিমান চনত পৰিচালনা পৰিষদে বাসস্থান সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সম্মিলন অনুষ্ঠিত কৰিছিল?

উত্তৰঃ ১৯৭৬ চনত পৰিৱেশ সম্পৰ্কীয় পৰিচালনা পৰিষদে বাসস্থান সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিল।

প্ৰশ্নঃ ৪৬। কিমান চনৰ, কোন সম্মিলনতে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে জলবায়ু পৰিৱৰ্তন চুক্তিপত্র স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ১৯৯২ চনৰ ৰিঅ’ সন্মিলনতে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে জলবায়ু পৰিৱর্তন চুক্তিপত্র স্বাক্ষৰ কৰিছিল।

প্ৰশ্নঃ ৪৭। বসুন্ধৰা সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলী লিখা।

উত্তৰঃ বসুন্ধৰা সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলী হ’ল অৰণ্য সম্পৰ্কত গ্ৰহণ কৰা অৰণ্য ব্যৱস্থাপনা, সংৰক্ষণ আৰু সুস্থিৰ বিকাশ সম্পৰ্কীয় দলিল।

প্ৰশ্নঃ ৪৮। কেতিয়া আৰু ক’ত ৩৯ নং আন্তঃৰাষ্ট্রীয় পৰিৱেশ ব্যৱস্থাৱলীৰ সম্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ২০০১ চনৰ ১২-১৬ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জর্জিয়াত ৩৯ নং আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ ব্যৱস্থাৱলীৰ সম্মিলনখন অনুষ্ঠিত হৈছিল।

প্ৰশ্নঃ ৪৯। সেউজ জলবায়ু পুঁজি গঠনৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ সেউজ জলবায়ু পুঁজি গঠনৰ মুখ্য উদ্দেশ্য আছিল দুখীয়া আৰু উন্নয়নমূলক ৰাষ্ট্ৰসমূহত কাৰ্বন নির্গতকৰণ ৰহিত শক্তি ব্যৱহাৰ প্ৰণালী অৱলম্বন কৰাত সহায় কৰা।

প্ৰশ্নঃ ৫০। ভাৰতে আণৱিক পৰীক্ষা সম্পন্ন কৰাৰ কাৰণ কি? 

উত্তৰঃ অস্ত্ৰ-শস্ত্ৰৰ প্ৰসাৰণ ৰোধ কৰা, লগতে আণৱিক বিস্ফোৰণৰ ভয়াবহতা ৰোধ কৰা। 

প্ৰশ্নঃ ৫১। পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পার্থক্য কি?

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰৰ নিৰাপত্তা, জাতীয় নিৰাপত্তা বা সামৰিক নিৰাপত্তাক বুজায়, কিন্তু অপৰম্পৰাগত নিৰাপত্তাই জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অস্তিত্বৰ লগত জড়িত দিশবোৰক বুজায়।

প্ৰশ্নঃ ৫২। ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ দুটা উপাদান কি কি?

উত্তৰঃ বিশ্বাস প্ৰতিষ্ঠা আৰু নিৰস্ত্ৰীকৰণ, ক্ষমতাৰ ভাৰসাম্য। 

প্ৰশ্নঃ ৫৩। পাঁচটা মীমাংসা ৰণনীতি কি?

উত্তৰঃ প্ৰতিযোগিতা, সামঞ্জস্য, পৰিহাৰ, আপোচ বা সহযোগিতামূলক।

প্ৰশ্নঃ ৫৪। তিনি প্ৰকাৰৰ মীমাংসা কি?

উত্তৰঃ আক্ৰমণাত্মক, একমোডেটৰ সম্পৰ্ক মুখী আৰু বিশ্লেষক বিবাদ পৰিহাৰকাৰী প্ৰকাৰ।

প্ৰশ্নঃ ৫৫। ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ দুটা উপাদান কি কি?

উত্তৰঃ বিশ্বাস প্রতিষ্ঠা আৰু নিৰস্ত্ৰীকৰণ, ক্ষমতাৰ ভাৰসাম্য।

প্ৰশ্নঃ ৫৬। আন্তর্জাতিক সংগঠনৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰিবৰ কাৰণে আন্তর্জাতিক সংগঠনৰ প্ৰয়োজন। আন্তঃৰাষ্ট্ৰীয় সমস্যাবিলাক শান্তি-আলোচনাৰ মাজেৰে সমাধান কৰাৰ কাৰণে আন্তর্জাতিক সংগঠনৰ প্ৰয়োজন আছে।

প্ৰশ্নঃ ৫৭। আন্তর্জাতিক সংগঠন এক শ্রেষ্ঠ ৰাষ্ট্ৰ বুলি তুমি ভাবানে? কাৰণ দর্শোৱা।

উত্তৰঃ আন্তর্জাতিক সংগঠনক এক শ্ৰেষ্ঠ ৰাষ্ট্ৰ বুলি ক’ব নোৱাৰি। আন্তৰ্জাতিক সংগঠনবোৰ কোনো সার্বভৌম অনুষ্ঠান নহয়। সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ ইচ্ছা আৰু বুজাবুজিৰ জৰিয়তেহে আন্তর্জাতিক সংগঠন গঢ় লৈ উঠে।

প্ৰশ্নঃ ৫৮। নিৰাপত্তা পৰিষদত স্থায়ী সদস্যবোৰে লাভ কৰা দুটা সুবিধা লিখা। 

উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰে লাভ কৰা দুটা সুবিধা হ’ল—

 (ক) ভেটো ক্ষমতা।

 (খ) একনায়কত্ববাদীৰ সুবিধা।

প্ৰশ্নঃ ৫৯। আন্তর্জাতিক ক্ষমাদান মানে কি?

উত্তৰঃ আন্তর্জাতিক ক্ষমাদান এটা বেচৰকাৰী আন্তঃৰাষ্ট্ৰীয় সংগঠন। ১৯৬১ চনত লণ্ডনত আইনজীৱী পিটাৰ বেনেনচনে (Peter Benenson) এ এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল। মানৱ অধিকাৰৰ প্ৰতি দেখুওৱা বেয়া আচৰণ ৰোধ আৰু ভংগ কৰা এই সংগঠনৰ প্ৰধান উদ্দেশ্য।

প্ৰশ্নঃ ৬০। বহুমেৰু পৃথিৱীৰ উদ্ভৱ কিয় হৈছে?

উত্তৰঃ বহুমেৰু পৃথিৱীৰ সম্ভাৱ্য উত্থানৰ এটা মুখ্য বৈশিষ্ট্য হ’ল অর্থনৈতিক চক্ৰ আৰু বিত্তীয় বজাৰৰ প্ৰৱণতা কম আমেৰিকা কেন্দ্ৰিক আৰু অধিক বহুমেৰু প্ৰকৃতিৰ হৈ পৰিছে।

প্ৰশ্নঃ ৬১। বৰ্তমান বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি?

উত্তৰঃ বিশ্বত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ দৰে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজন আছে। ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হোৱাৰ পৰা বৰ্তমানলৈকে বিশ্বযুদ্ধৰ পুনৰাবৃত্তি হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি।

প্ৰশ্নঃ ৬২। হোমাৰ ডিচনৰ (Homer Dixon) মতে আধুনিক সন্ত্ৰাসবাদৰ দুটা ধাৰা লিখা।

উত্তৰঃ Homer Dixon ৰ মতে আধুনিক সন্ত্রাসবাদৰ দুটা ধাৰা লক্ষ্য কৰা যায়। প্ৰথমটোত দেখা যায় যে এক সৰু গোষ্ঠী বা ব্যক্তিৰ হাততো প্ৰযুক্তিগত সক্ষমতা আহি পৰাত ধন-জন হানি কৰিব পৰা হৈছে। দ্বিতীয়তে অৰ্থনীতি আৰু প্ৰযুক্তিবিদ্যাৰ সহযোগত কোনো আক্রমণ সংঘটিত কৰিবলৈ তেনেই সহজ হৈ পৰিছে। ফলস্বৰূপে এই দুয়োটা কাৰকে এক নতুন আৰু কুটিল গণ ধ্বংস কৰিবলৈ সন্ত্রাসবাদী গোষ্ঠীবিলাকক সহায় কৰাত সন্ত্রাসবাদে এক জটিলতাৰ ৰূপ ধাৰণ (Complex Form) কৰিছে।

প্ৰশ্নঃ ৬৩। ভাৰতত মীমাংসাৰ শৈলী কি?

উত্তৰঃ ভাৰতীয়সকলে সাধাৰণতে এটা পলিক্ৰনিক কৰ্ম শৈলী ব্যৱহাৰ কৰে। তেওঁলোক সমান্তৰালভাৱে একাধিক কাৰ্য আৰু লক্ষ্য অনুসৰণ কৰিবলৈ অভ্যস্ত। মীমাংসা কৰোঁতে, তেওঁলোকে প্ৰায়ে এক সামগ্রিক দৃষ্টিভংগী লয় আৰু বিষয়বোৰক ক্রমিক ক্ৰমত সম্বোধন কৰাৰ সলনি তেওঁলোকৰ মাজত আগবাঢ়ি যাব পাৰে।

প্ৰশ্নঃ ৬৪। মানৱ নিৰাপত্তা কি? ইয়াৰ সংকীৰ্ণ আৰু বহল অৰ্থ উল্লেখ কৰা। 

উত্তৰঃ মানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা। ইয়ে ৰাষ্ট্ৰৰ সুৰক্ষাতকৈ জনগণৰ সুৰক্ষাক অধিক গুৰুত্ব দিয়ে অৱশ্যে মানৱ নিৰাপত্তা আৰু ৰাষ্ট্ৰৰ নিৰাপত্তা প্ৰায়েই একে হোৱা দেখা যায়। কিন্তু ৰাষ্ট্ৰ সুৰক্ষিত হ’লেই জনগণ নিজে নজে সুৰক্ষিত নহয়। বিদেশী আক্ৰমণৰ পৰা নাগৰিকক ৰক্ষণাবেক্ষণ প্ৰদান কৰাটো ব্যক্তিৰ নিৰাপত্তাৰ এক প্ৰয়োজনীয় চৰ্ত, কিন্তু ইয়েই পর্যাপ্ত নহয়।

প্ৰশ্নঃ ৬৫। সর্বশ্রেষ্ঠ মীমাংসা শৈলী কি?

উত্তৰঃ বেছিভাগ গৱেষণাই পৰামৰ্শ দিয়ে যে প্রাথমিকভাৱে সহযোগিতামূলক শৈলী থকা আলোচনাকাৰীসকল নতুন সমাধানত উপনীত হোৱাত কঠিন দৰদামকাৰীতকৈ অধিক সফল হয় যি সকলোৰে ফলাফল উন্নত কৰে। ৱেইংগৰ্টৰ মতে, সহযোগিতাৰ দিশে ঝুঁকি থকা আলোচনাকাৰীসকলেও প্ৰক্ৰিয়াটো আৰু তেওঁলোকৰ ফলাফলত অধিক সন্তুষ্ট হোৱাৰ প্ৰৱণতা আছে।

প্ৰশ্নঃ ৬৬। তিনি প্ৰকাৰৰ মীমাংসা শৈলী কি?

উত্তৰঃ এই পৃথিৱীত বিভিন্ন প্ৰকাৰৰ লোক আছে, কিন্তু মাত্র তিনি প্ৰকাৰৰ আলোচনাকাৰী আছে বিশ্লেষক, একমোডেটৰ, আৰু দৃঢ়তা। শ্রেষ্ঠ আলোচনাকাৰীসকলে তেওঁলোকৰ ৰণনীতিত তিনিও প্ৰকাৰৰ বিশেষত্ব অন্তর্ভুক্ত কৰে আৰু তেওঁলোকৰ সমকক্ষক ভালদৰে খাপ খুৱাবলৈ তেওঁলোকৰ যোগাযোগৰ শৈলী কেনেদৰে সলনি কৰিব লাগে জানে।

প্ৰশ্নঃ ৬৭। বহুমেৰু পৃথিৱীৰ অৰ্থ কি?

উত্তৰঃ অশোক কুমাৰ বেহুৰিয়াই কৈছে এখন বহুমেৰু পৃথিৱী হৈছে এনে এখন পৃথিৱী য’ত এটা বা দুখন ৰাজ্যৰ আধিপত্যৰ সলনি কেইবাখনো ৰাজ্যৰ মাজত শক্তি বিতৰণ কৰা হয়। শীতল যুদ্ধৰ সময়ত, পৃথিৱীখন দুটা মুখ্য শক্তি খণ্ডত বিভক্ত হৈছিল, যাৰ ফলত বিশ্লেষকসকলে ইয়াক ‘বাইপোলাৰ’ পৃথিৱী  বুলি অভিহিত কৰিছিল।

প্ৰশ্নঃ ৬৮। মানৱ নিৰাপত্তা কি? ইয়াৰ সংকীৰ্ণ আৰু বহল অর্থ উল্লেখ কৰা।

উত্তৰঃ মানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা। ইয়ে ৰাষ্ট্ৰৰ সুৰক্ষাতকৈ জনগণৰ সুৰক্ষাক অধিক গুৰুত্ব দিয়ে অৱশ্যে মানৱ নিৰাপত্তা আৰু ৰাষ্ট্ৰৰ নিৰাপত্তা প্ৰায়েই একে হোৱা দেখা যায়। কিন্তু ৰাষ্ট্ৰ সুৰক্ষিত হ’লেই জনগণ নিজে নিজে সুৰক্ষিত নহয়। বিদেশী আক্ৰমণৰ পৰা নাগৰিকক ৰক্ষণাবেক্ষণ প্ৰদান কৰাটো ব্যক্তিৰ নিৰাপত্তাৰ এক প্ৰয়োজনীয় চৰ্ত, কিন্তু ইয়েই পর্যাপ্ত নহয়।

চমু প্রশ্নোত্তৰঃ

প্ৰশ্নঃ ১। সহযোগিতা অপৰম্পৰাগত নিৰাপত্তাৰ ভাবুকি প্ৰতিহত কৰাৰ কাৰণে প্ৰয়োজন বুলি ভাবানে?  কেনেকৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাই অপৰম্পৰাগত ভাবুকি নাইকিয়া কৰাত সহায় কৰে?

উত্তৰঃ অপৰম্পৰাগত নিৰাপত্তাৰ ভাবুকি প্ৰতিহত কৰিবলৈ সহযোগিতাৰ প্ৰয়োজন আছে। কাৰণ কোনো এখন দেশে অপৰম্পৰাগত ভাবুকিৰ সম্মুখীন অকলশৰীয়াকৈ হ’ব নোৱাৰে। উদাহৰণস্বৰূপে, পৰিৱেশ অৱক্ষয়, বানপানী, দৰিদ্ৰতা, মহামাৰী ইত্যাদি সমস্যাবোৰ গোলকীয় সমস্যা। গতিকে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাই এই ধৰণৰ অপৰম্পৰাগত ভাবুকি নাইকিয়া কৰাত সহায় কৰিব।

প্ৰশ্নঃ ২। বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা কাৰ্য উল্লেখ কৰা। 

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা কাৰ্য হ’ল—

(ক) বাণিজ্য শুল্ক আৰু অন্যান্য বাণিজ্যিক বাধাসমূহ হ্ৰাস কৰা। 

(খ) বহনক্ষম উন্নয়নৰ বাবে বিশ্বৰ সমাদৰপূৰ্ণ ব্যৱহাৰ সহজ কৰি তোলা।

(গ) আন্তর্জাতিক বাণিজ্যক সম্পৰ্কৰ ক্ষেত্ৰত বিভেদমূলক ব্যৱস্থাসমূহ দূৰ কৰা।

প্ৰশ্নঃ ৩। বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান তিনিখন আইনগত ব্যৱস্থা কি কি?

উত্তৰঃ আইনগত ব্যৱস্থা সমূহ হ’ল—

(ক) শুল্ক আৰু বাণিজ্যৰ সাধাৰণ চুক্তি।

(খ) সেৱা আৰু বাণিজ্য সংক্রান্ত সাধাৰণ চুক্তি।

(গ) বুদ্ধি বৃত্তি সম্পর্কিত সম্পত্তিৰ অধিকাৰসমূহৰ সাধাৰণ চুক্তি।

প্রশ্নঃ ৪। যুদ্ধ পৰিহাৰ কৰাৰ বাবে কেইটামান পৰামৰ্শ উল্লেখ কৰা। 

উত্তৰঃ যুদ্ধৰ ভাবুকিৰ প্ৰত্যুত্তৰ দিবলৈ এখন চৰকাৰৰ প্ৰধানত তিনিটা বিকল্প থাকে।

সেইকেইটা হ’ল—

(ক) আত্মসমৰ্পণ কৰা।

(খ) যুদ্ধত অতিমাত্ৰা ব্যয় হ’ব বুলি ঘোষণা কৰি প্ৰতিপক্ষক আক্ৰমণৰ পৰা বিৰত ৰখা।

(গ) যেতিয়া প্ৰকৃততে যুদ্ধ হয় নিজকে প্ৰতিৰক্ষা প্ৰদান কৰি আক্ৰমণকাৰী ৰাষ্ট্ৰৰ উদ্দেশ্য ব্যৰ্থ কৰা আৰু আক্ৰমণকাৰী শক্তিক ওভোতাই পঠোৱা নাইবা সম্পূৰ্ণৰূপে পৰাস্ত কৰা।

প্ৰশ্নঃ ৫। বাহ্যিক নিৰাপত্তাৰ পৰা ভাবুকি অহা পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত থকা চাৰিটা উপাদান কি কি?

উত্তৰঃ বাহ্যিক নিৰাপত্তাৰ পৰা ভাবুকি অহা পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত থকা চাৰিটা উপাদান হ’ল-

(ক) সামৰিক ব্যৱস্থা।

(খ) প্ৰতিৰোধ আৰু প্ৰতিৰক্ষা।

(গ) ক্ষমতাৰ ভাৰসাম্য।

(ঘ) মিত্র জোঁট গঠন।

প্ৰশ্নঃ ৬। ক্ষমতাৰ ভাৰসাম্য মানে কি? এখন ৰাষ্ট্ৰই এইটো কেনেকৈ লাভ কৰে?

উত্তৰঃ ক্ষমতাৰ ভাৰসাম্যই ক্ষমতা অটুট ৰখাৰ এটা পদ্ধতিক বুজায়। ই বৃহৎ আৰু শক্তিশালী দেশসমূহক নিয়ন্ত্ৰণ কৰাৰ এটা উপায়, যাতে কোনো এখন দেশ অধিক শক্তিশালী হৈ নুঠে। এখন ৰাষ্ট্ৰই তলত উল্লেখ কৰা উপায়বোৰৰ জৰিয়তে ক্ষমতাৰ ভাৰসাম্য অৰ্জন কৰে।

(ক) মিত্রতা স্থাপন।

(খ) বিভাজন আৰু শাসন।

(গ) অস্ত্ৰ আহৰণ।

(ঘ) নিৰস্ত্ৰীকৰণ।

(ঙ) দুই শক্তিশালী ৰাষ্ট্ৰৰ মাজত সৰু ৰাষ্ট্ৰ।

(চ) যুদ্ধ।

(ছ) আভ্যন্তৰীণ হস্তক্ষেপ।

প্ৰশ্নঃ ৭। ক্ষমতাৰ ভাৰসাম্য মানে কি? এখন ৰাষ্ট্ৰই এইটো কেনেকৈ লাভ কৰে?

উত্তৰঃ ক্ষমতাৰ ভাৰসাম্যই ক্ষমতা অটুট ৰখাৰ এটা পদ্ধতিক বুজায়। ই বৃহৎ আৰু শক্তিশালী দেশসমূহক নিয়ন্ত্ৰণ কৰাৰ এটা উপায়, যাতে কোনো এখন দেশ অধিক শক্তিশালী হৈ নুঠে। এখন ৰাষ্ট্ৰই তলত উল্লেখ কৰা উপায়বোৰৰ জৰিয়তে ক্ষমতাৰ ভাৰসাম্য অৰ্জন কৰে—

(ক) মিত্রতা স্থাপন।

(খ) বিভাজন আৰু শাসন। 

(গ) অস্ত্ৰ আহৰণ।

(ঘ) নিৰস্ত্ৰীকৰণ।

(ঙ) দুই শক্তিশালী ৰাষ্ট্ৰৰ মাজত সৰু ৰাষ্ট্ৰ।

(চ) যুদ্ধ।

(ছ)  আভ্যন্তৰীণ হস্তক্ষেপ।

প্ৰশ্নঃ ৮। “নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাটোৱে নিৰাপত্তাৰ প্ৰতি পৰিবৰ্তনশীল ভাবুকিবোৰৰ ক্ষেত্ৰত মনোযোগ দিছে”। এই নতুন ভাবুকিবোৰ কি কি? 

উত্তৰঃ অপৰম্পৰাগত ধাৰণাই নিৰাপত্তাৰ ভাবুকিৰ পৰিৱৰ্তনীয় প্ৰকৃতিৰ বিষয়ে উল্লেখ কৰিছে।

যেনে—

(ক) সন্ত্রাসবাদ।

(খ) পৰিৱেশ অৱক্ষয়।

(গ) মানৱ অধিকাৰ উলংঘন।

(ঘ) গণহত্যা।

(ঙ) দৰিদ্ৰতা।

(চ) উচ্চ হাৰত জনসংখ্যা বৃদ্ধি।

(ছ) শৰণাৰ্থী সমস্যা ।

(জ) মহামাৰী ৰোগ যেনে – এইচ.আই. ভি., এইডছ।

প্ৰশ্নঃ ৯। নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ কি কি?

উত্তৰঃ নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ হ’ল—

(ক) শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

(খ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে কোনো ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা প্ৰয়োগ কৰা ।

(গ) নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ-শস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে আঁচনি প্ৰস্তুত কৰা।

(ঘ) নির্বাচন সংক্রান্ত কাৰ্য্য।

প্ৰশ্নঃ ১০। জৈৱ বৈচিত্ৰতাৰ চুক্তিপত্ৰৰ মূল ব্যৱস্থাৱলীসমূহ কি কি? 

উত্তৰঃ জৈৱিক বৈচিত্ৰতাৰ চুক্তিপত্ৰৰ মূল ব্যৱস্থাৱলীসমূহ হ’ল—

(ক) জৈৱিক সম্পদসমূহৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় আইন বা তেনে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা।

(খ) কোনো ৰাষ্ট্ৰৰ ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহে অন্য ৰাষ্ট্ৰৰ পৰিৱেশৰ ওপৰত পেলোৱা প্রভাৱৰ বাবে আইনী দায়বদ্ধতা আৰোপ কৰা।

(গ) উন্নত প্রযুক্তিসমূহ ৰেহাই মূল্যত হস্তান্তৰ কৰা।

(ঘ) জৈৱ প্ৰযুক্তিৰ কোম্পানীসমূহক নিয়ন্ত্ৰণ কৰা।

(ঙ) জৈৱিক সামগ্ৰীসমূহৰ মালিকীস্বত্ব আৰু এইসমূহৰ উপলব্ধকৰণ।

(চ) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ জৈৱিক সামগ্ৰীসমূহ উদ্ঘাটন কৰাৰ বাবদ ক্ষতিপূৰণ প্ৰদান ইত্যাদি।

প্ৰশ্নঃ ১১। পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ চুক্তিত স্বাক্ষৰিত (NPT) হোৱা তিনিটা বিষয় উল্লেখ কৰা।

উত্তৰঃ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ চুক্তি (NPT) স্বাক্ষৰিত হোৱা তিনিটা বিষয় হল—

(ক) ভৱিষ্যতত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ কৰা।

(খ) পাৰমাণৱিক শক্তিৰ অপব্যৱহাৰ বন্ধ আৰু তাৰ শান্তিপূৰ্ণ ব্যৱহাৰক সুনিশ্চিত কৰা।

(গ) অস্ত্ৰ প্ৰতিযোগিতাত পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ লগে পাৰমাণৱিক নিৰস্ত্ৰীকৰণকো উৎসাহিত কৰা।

প্ৰশ্নঃ ১২। চাৰি প্ৰকাৰৰ আলোচনা কি?

উত্তৰঃ (ক) নীতিগত মীমাংসা। নীতিগত মীমাংসা হৈছে এক প্ৰকাৰৰ দৰদাম যি এক চুক্তিত উপনীত হ’বলৈ পক্ষৰ নীতি আৰু স্বাৰ্থ ব্যৱহাৰ কৰে।

(খ) দলৰ মীমাংসা।

(গ) বহুদলীয় মীমাংসা।

(ঘ) বিৰোধী মীমাংস।

প্ৰশ্নঃ ১৩। ৰাষ্ট্ৰসংঘ এখন সঠিক আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবানে? কাৰণ দৰ্শোৱা।

উত্তৰঃ হয়, ৰাষ্ট্ৰসংঘক এটা সঠিক আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবো।

ইয়াৰ কাৰণ তলত উল্লেখ কৰা হ’ল—

(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

(খ ) ৰাষ্ট্ৰসংঘ জন্ম হোৱাৰ পিছৰ পৰা এতিয়ালৈকে বিশ্বযুদ্ধৰ সৃষ্টি হোৱা নাই।

(গ) আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ শাস্তিপূর্ণ উপায়েৰে মীমাংসা কৰাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।

প্ৰশ্নঃ ১৪। বিদেশী বিৰোধ সন্ত্রাসবাদ আৰু জ্ঞাতি সন্ত্রাসবাদৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ কেতিয়াবা কেতিয়াবা সন্ত্রাসবাদী গোষ্ঠীয়ে বিদেশী ৰাষ্ট্ৰৰ নাগৰিকৰ বিপক্ষে সন্ত্ৰাসবাদৰ পন্থা অৱলম্বন কৰি নিজৰ ৰাজনৈতিক লক্ষ্য পূৰণ কৰিব বিচাৰে। সাধাৰণতে দেশৰ ভূ-খণ্ডৰ বিচ্ছিন্নতা আদিৰ বাবে সৃষ্টি হোৱা এনে সন্ত্রাসবাদী গোষ্ঠীয়ে ৰাজনৈতিক একত্ৰীকৰণ আদিৰ লক্ষ্যৰে এনে কাৰ্য সম্পাদন কৰে। এনেদৰে বিদেশী নাগৰিকৰ বিৰুদ্ধে গ্ৰহণ কৰা সন্ত্ৰাসবাদী কাৰ্যক বিদেশী বিৰোধী সন্ত্ৰাসবাদ বুলিব পাৰি।

কেতিয়াবা কেতিয়াবা কোনো সন্ত্রাসবাদী গোষ্ঠীয়ে নিজ দেশৰ জনগণৰ স্বাৰ্থ সুৰক্ষাৰ বাবে সন্ত্ৰাসৰ পন্থা অৱলম্বন কৰে। এনেদৰে নিজৰ জ্ঞাতি-ভাইসকলৰ স্বাৰ্থ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা সন্ত্রাসবাদক জ্ঞাতি সন্ত্রাসবাদী বুলিব পাৰি। এনে সন্ত্রাসবাদত সন্ত্রাসবাদী গোটটোৱে হিংসাত্মক কাৰ্য সম্পাদন কৰোতে সাৱধানতা অৱলম্বন কৰিব লগা হয়, যাতে নিজৰ দেশী ভাইসকলৰ একো অপকাৰ নহয়।

প্ৰশ্নঃ ১৫। সন্ত্ৰাসবাদৰ বিপক্ষে ৰাষ্ট্ৰসংঘই লোৱা ব্যৱস্থাৱলীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সন্ত্রাসবাদে বিশ্বজনীন ৰূপ লোৱাত বিশ্ব সম্প্রদায়ে ইয়াৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়। সেই মৰ্মে ৰাষ্ট্ৰসমূহে নিজাকৈ দ্বিপাক্ষিক বা বহুপাক্ষিক চুক্তি, সন্ধি বা বুজা বুজিৰ জৰিয়তে ব্যৱস্থা লোৱাৰ উপৰি ৰাষ্ট্ৰসংঘৰ উদ্যোগতো ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে।

ৰাষ্ট্ৰসংঘই লোৱা ব্যৱস্থাৱলীঃ ৰাষ্ট্ৰসংঘই ইয়াৰ প্ৰতিষ্ঠাৰ কালৰে পৰাই সন্ত্ৰাসবাদৰ বিপক্ষে ব্যৱস্থা গ্ৰহণ কৰি অহা দেখা গৈছে। ৰাষ্ট্ৰসংঘৰ চনদ অনুচ্ছেদ ২ (৪) ও কোৱা হৈছে যে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই প্ৰত্যেক ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাক সন্মান জনাই শক্তি প্রয়োগ বা শক্তি প্ৰয়োগৰ ভাবুকি দিয়াৰ পৰা বিৰত থাকিব। তদুপৰি  ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সময়ে সময়ে সন্ত্রাসবাদ প্ৰতিৰোধৰ বাবে সম্মিলন, চুক্তিপত্ৰ আদিৰ ব্যৱস্থা কৰিছে। এইসমূহৰ জৰিয়তে ৰাষ্ট্ৰসমূহৰ সংঘবদ্ধ প্ৰচেষ্টাৰে সন্ত্ৰাসবাদৰ দৰে অপৰম্পৰাগত নিৰাপত্তাৰ বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱা দেখা গৈছে।

প্ৰশ্নঃ ১৬। সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তিৰ (CTBT) পটভূমি সম্পর্কে লিখা। 

উত্তৰঃ ১৯৯৫ চনৰ সম্মিলনত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিৰ (এন.পি.টি) ব্যৰ্থ প্ৰতিশ্ৰুতিৰ ফলত পৰমাণু শক্তিধৰ দেশবোৰ পৰমাণু অস্ত্ৰৰ বিস্ফোৰণ আৰু পৰীক্ষা সম্পূর্ণ নিষিদ্ধ কৰাৰ উদ্দেশ্যে চি.টি.বি.টি. বা সৰ্বাত্মক পাৰমাণৱিক বিস্ফোৰণ পৰীক্ষণ নিষিদ্ধকৰণৰ বাবে উদ্যোগী হয়। পাৰমাণৱিক নিৰস্ত্ৰীকৰণ সম্পর্কে সাম্প্রতিক কালত যিমানবোৰ চুক্তি হৈছে, চি.টি.বি.টি. সেইবোৰৰ মাজত অন্যতম আৰু গুৰুত্বপূর্ণ। পৰমাণু অস্ত্ৰ পৰীক্ষা ৰোধ  কৰাৰ উদ্দেশ্যলৈ প্ৰথমতে জেনেভাত ১৯৯৬ চনৰ জুলাই মাহত ৬১ টা দেশত এখন সন্মিলনত কোনো সর্বসম্মত সিদ্ধান্ত গৃহীত হোৱা নাই। ভাৰত প্ৰস্তাৱিত চুক্তিটোৰ বিৰোধী আছিল। ভাৰতৰ বিদেশমন্ত্ৰীয়ে মন্তব্য কৰিছে, সমগ্ৰ বিশ্বকে পৰমাণু অস্ত্ৰ মুক্ত কৰাত পাঁচটা পৰমাণু শক্তিধৰ দেশকে (মার্কিন যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ব্ৰিটেইন, ফ্রান্স আৰু চীন) সুনির্দিষ্ট কৰি সময়সীমা জনাব লাগে। ভাৰতৰ বক্তব্য হ’ল কেৱল পৰমাণু অস্ত্ৰ পৰীক্ষা নিষিদ্ধ কৰিলেই বিশ্বৰ মজুত পৰমাণু অস্ত্রভাণ্ডাৰ ধ্বংস নহ’ব। বৰঞ্চ বিশ্ব দুখন ভাগত ভাগ হৈ যাব। ভাৰতৰ বক্তব্যক খণ্ডন কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰয়ে কৈছে যে, নিৰ্দিষ্ট সময়সীমাৰ মাজত পৰমাণু অস্ত্ৰ ধ্বংস কৰাৰ দাবি মানি লোৱা সম্ভৱপৰ নহয়। ধাপে ধাপেই বিশ্ব পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ফালে আগুৱাই যাব। যি কি নহওঁক, সন্মিলিত জাতিপুঞ্জৰ সাধাৰণ সভাত নতুন কৰি প্ৰস্তাৱ আনি ১৯৯৬ চনৰ ১২ ছেপ্তেম্বৰৰ মাজত চুক্তিটোক অনুমোদন কৰি লোৱা হয়। সাধাৰণ সভাৰ ১৮৫ সদস্যৰ মাজত ১৫৮ টা ভোট চি.টি.বি. টি. প্রস্তাৱ পাছ হয়। এই চুক্তিৰ প্ৰধান ব্যক্তি হৈছে ডাচ কূটনীতিক জাপ ৰামকেৰ।

প্ৰশ্নঃ ১৭। বিশ্ব বাণিজ্য সংস্থা কি?

উত্তৰঃ ১৫৩ খন ৰাষ্ট্ৰ লৈ ১৯৯৪ চনৰ ১ জানুৱাৰী তাৰিখে বিশ্ব বাণিজ্য সংস্থাৰ স্থাপন কৰা হয়। ইয়াৰ সদৰ কাৰ্যালয় জেনেভাত। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাধাসমূহ দূৰ কৰি বাণিজ্যক উদাৰীকৰণ আৰু অবাধ বাণিজ্য ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা ইয়াৰ মূল উদ্দেশ্য। ভাৰতবৰ্ষ বিশ্ব বাণিজ্য সংস্থাৰ এখন প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ। মৰক্কোৰ মাৰাকেশত অনুষ্ঠিত বিশ্ব বাণিজ্য সংস্থাৰ অধিবেশনত কৃষিৰ তিনিটা ক্ষেত্র চিহ্নিত কৰি দিয়া হয়— বজাৰ প্ৰৱেশ, ৰাষ্ট্ৰীয় সমৰ্থন আৰু ৰপ্তানি সাহায্য। কিন্তু আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক সংকটৰ পৰা ভাৰতৰ কৃষিপণ্যৰ বাণিজ্য প্ৰভাৱ মুক্ত হব পৰা নাই। নিম্নগামী কৃষি পণ্যৰ ৰপ্তানি আৰু উর্ধগামী কৃষি পণ্যৰ আমদানিৰ ফলত ভাৰতবৰ্ষৰ বাণিজ্যক লেনদেনৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰপ্তানি সামগ্রীসমূহ যেনে— চাহ, কফি আদিৰ আন্তর্জাতিক বজাৰৰ দাম হ্ৰাস পোৱাৰ ফলত পৰিমাণগতভাৱে ৰপ্তানি হ্রাস নাপালেও বিদেশী মুদ্রা অর্জনত ভাৰত ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে, কৃষি পণ্যৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ এনে সংকটজনক অৱস্থা যাতে দীর্ঘস্থায়ী নহয়, তাৰ বাবে বিশ্ব বাণিজ্য সংস্থাই প্রচেষ্টা লোৱা উচিত।

প্ৰশ্নঃ ১৮। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ প্ৰধানকৈ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰ বুজায়। তুমি এই উক্তিটোৰ লগত একমত নে? ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।

উত্তৰঃ ওপৰোক্ত উক্তিটোৰ সৈতে মই একমত। নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এটা মূখ্য ভাগ, যিটো বিশ্বত শান্তিৰ প্ৰতিষ্ঠাৰ বাবে দায়িত্ববদ্ধ। ই ১৫ জন সদস্যৰ দ্বাৰা গঠিত—৫ জন স্থায়ী আৰু ১০ জন অস্থায়ী সদস্য ইয়াত আছে। তাৰোপৰি এই সদস্যবোৰক সাধাৰণ সভাই ২ বছৰৰ বাবে নিৰ্বাচিত কৰে। ৫জন স্থায়ী সদস্যই ‘ভেটো’ ক্ষমতা উপভোগ কৰিব পাৰে কিন্তু যদিও সেই সদস্যসমূহৰ কোনো এজন সদস্যই ঋণাত্মক দৃষ্টিভঙ্গীৰে ভোট দিয়ে তেন্তে কোনো সিদ্ধান্ত ল’ব পৰা নাযায়। নিৰাপত্তা পৰিষদে কোনো স্থায়ী সদস্যৰ বিৰুদ্ধে কোনো সিদ্ধান্ত ল’ব। নোৱাৰাটোৱে ই বুজায়। দুখন নাইবা তাতোধিক কোনো দেশৰ মাজত যদি কিবা ঘটনা ঘটে নাইবা যুদ্ধ হয় তেতিয়া নিৰাপত্তা পৰিষদে শান্তিৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। সেই কাৰণে নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ এটা মুখ্য শক্তিশালী বিভাগ বুলি গণ্য কৰা হয়। ৰাষ্ট্ৰসংঘৰ মাজে মাজে সংস্কাৰ হোৱাটো এই কাৰণেই জৰুৰী কিয়নো ইয়াৰ সদস্য সংখ্যা বঢ়াৰ লগতে পৃথিৱীৰ বিভিন্ন দেশক ইয়াৰ সদস্যভুক্ত কৰা হয়। 

প্ৰশ্নঃ ১৯। “নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাটোৱে নিৰাপত্তাৰ প্ৰতি পৰিৱৰ্তনশীল ভাবুকিবোৰৰ ক্ষেত্ৰত মনোযোগ দিছে”— এই নতুন ভাবুকিবোৰ কি কি?

উত্তৰঃ অপৰম্পৰাগত ধাৰণাই নিৰাপত্তাৰ ভাবুকিৰ পৰিৱৰ্তনীয় প্ৰকৃতিৰ বিষয়ে উল্লেখ কৰিছে।

যেনে—

(ক) সন্ত্রাসবাদ।

(খ) পৰিৱেশ অৱক্ষয়।

(গ) মানৱ অধিকাৰ উলংঘন। 

(ঘ) গণহত্যা।

(ঙ) দৰিদ্রতা।

(চ) উচ্চ হাৰত জনসংখ্যা বৃদ্ধি।

(ছ) শৰণাৰ্থী সমস্যা।

(জ) মহামাৰী ৰোগ যেনে— এইচ. আই. ভি., এইডছ।

প্ৰশ্নঃ ২০। পাৰমানৱিক অস্ত্ৰ প্ৰয়োগৰ কু-প্ৰভাৱসমূহ উল্লেখ কৰা। 

উত্তৰঃ (ক) পাৰমানৱিক অস্ত্ৰ-শস্ত্ৰ যেনে বোমা বাৰুদ আদিৰ ব্যৱহাৰৰ ফলত মান জীৱনৰ অৱর্ণনীয় ক্ষতি সাধন হয়।

(খ) পাৰমানৱিক প্ৰসাৰণৰ ফলত পৰিৱেশীয় অৱনতি দ্রুতগতিত সংঘটিত হয়।

(গ) পাৰমাণৱিক প্ৰসাৰণৰ ফলত দেশৰ বিস্তৰ অৰ্থৰ ক্ষতি সাধন হয়।

(ঘ) পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰে দেশৰ সামাজিক, ৰাজনৈতিক, ভৌগোলিক আদি পৰিৱেশত যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

(ঙ) পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰে মানৱ অধিকাৰ উলংঘা কৰে।

(চ) দেশৰ শান্তি শৃংখলা বিনষ্ট কৰাৰ লগতে বিশ্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে।

প্ৰশ্নঃ ২১। সামূহিক নিৰাপত্তাৰ ভেটিসমূহ আলোচনা কৰা। 

উত্তৰঃ সামুহিক নিৰাপত্তাৰ ভেটিসমূহ হ’ল—

(ক) কোনো যুদ্ধ বা সামৰিক শক্তি প্ৰয়োগৰ আগতে কোন ৰাষ্ট্ৰ আক্ৰমণকাৰী সেইটো নিশ্চিত কৰিব লাগিব আৰু এই বিষয়ত সকলো ৰাষ্ট্ৰ একমতত উপনীত হ’ব লাগিব। অর্থাৎ আক্ৰমণকাৰী ৰাষ্ট্ৰক চিহ্নিত কৰাৰ বিষয়ত ৰাষ্ট্ৰসমূহে সৰ্বসম্মত সিদ্ধান্তত উপনীত হোৱাটো সামুহিক নিৰাপত্তাৰ প্ৰধান চৰ্ত।

(খ) সকলো ৰাষ্ট্ৰই আক্রমণক বন্ধ কৰাৰ উদ্দেশ্যে বা আক্রমণক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে সমানে আগ্রহান্বিত হ’ব লাগিব। নিজৰ জাতীয় স্বার্থ জড়িত নাথাকিলেও দেশসমূহে আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধত যোগদান কৰিব লাগিব।

(গ) প্রত্যেক ৰাষ্ট্ৰই আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব লাগিব আৰু এই বিষয়ত তেওঁলোক স্বাধীন বা মুক্ত হ’ব লাগিব।

(ঘ) আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ হ’লে আক্ৰমণকাৰীৰ বাহিৰে বাকী সমবেত হোৱা ৰাষ্ট্ৰসমূহৰ সামূহিক ক্ষমতা আক্ৰমণকাৰীতকৈ বেছি হ’ব লাগিব।

(ঙ) আক্ৰমণকাৰীৰ যেতিয়া বিশ্বাস হ’ব যে প্ৰতিপক্ষৰ ক্ষমতা আক্ৰমণকাৰীতকৈ বেছি, তেতিয়া আক্ৰমণকাৰীয়ে প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাক পৰিৱৰ্তন কৰাৰ চেষ্টাৰ পৰা বিৰত থাকিব। এনে অৱস্থাত যুদ্ধৰ সৃষ্টি নহ’ব।

প্ৰশ্নঃ ২২। অর্থনৈতিক উন্নয়নত আন্তর্জাতিক মুদ্ৰা নিধিৰ ভূমিকা বৰ্ণনা কৰা। 

উত্তৰঃ বৈদেশিক লেনদেনৰ মৌলিক ভাৰসাম্যহীনতা দূৰীকৰণৰ লগত অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো আন্তর্জাতিক মুদ্ৰা নিধিয়ে এক অগ্রণী ভূমিকা পালন কৰি আহিছে।

মুখ্য ভূমিকাসমূহ হ’ল—

(ক) এই আন্তর্জাতিক অনুষ্ঠানটোৱে সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা মুদ্ৰাৰ ভাণ্ডাৰ ৰূপে স্বীকৃতি লাভ কৰিছে।

(খ) এই নিধিৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ পৰা সদস্য ৰাষ্ট্ৰসমূহে বৈদেশিক মুদ্ৰাৰ চাহিদা পূৰণ কৰাত ভালেখিনি সক্ষম হৈছে।

(গ) বৈদেশিক মুদ্ৰাৰ মাধ্যমেৰে ঋণ আগবঢ়াই আন্তর্জাতিক মুদ্ৰা নিধিয়ে সদস্য দেশবোৰৰ হ্ৰস্বকালীন বৈদেশিক লেনদেনৰ ভাৰসাম্যহীনতাৰ সমস্যা সমাধান কৰাত সহায় কৰিছে।

(ঘ) বৈদেশিক বিনিময় মূল্যৰ স্থিৰতা ৰক্ষা আৰু বিশ্বৰ বাণিজ্যস্তৰৰ উন্নতি সাধন আৰু প্ৰসাৰ সাধন কৰি সদস্য ৰাষ্ট্ৰসমূহৰ বৰ্হিবাণিজ্যৰ স্থিৰতাৰ লগত আভ্যন্তৰীণ সুস্থিৰতা ৰক্ষাত আন্তর্জাতিক মুদ্ৰা নিধিৰ ভূমিকা উল্লেখনীয়।

প্ৰশ্নঃ ২৩। উন্নয়নশীল ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নত বিশ্ব বেংকৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ বিশ্ব বেংক স্থাপনৰ প্ৰধান উদ্দেশ্য আছিল যুদ্ধ বিদ্ধস্থ ইউৰোপৰ অৰ্থনৈতিক পুনৰ গঠন আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা। 

বিশ্ব বেংকৰ মুখ্য ভূমিকাসমূহ হ’ল—

(ক) বিশ্ব বেংকৰ পৰা পুঁজিৰ সাহায্য লৈ উন্নয়নশীল ৰাষ্ট্ৰসমূহে বিভিন্ন উন্নয়নমূলক প্রকল্পসমূহৰ ৰূপায়ণত সক্ষম হ’ব পাৰিছে।

(খ) বিশ্ব বেংকৰ অন্তর্ভুক্ত আন্তর্জাতিক উন্নয়ন সংস্থাই নিম্ন আয়ৰ দেশবোৰক কম সুতৰ হাৰত বা সুত বিহীন মধ্যকালীন আৰু দীর্ঘকালীন ঋণ গ্ৰহণৰ সুবিধা প্ৰদান কৰে।

(গ) বিশ্ব বেংকে কৃষি, শক্তি, পৰিবহন, যোগাযোগ, উদ্যোগ, পানীযোগান, নগৰ উন্নয়ণ আদিৰ ক্ষেত্র উন্নয়নশীল ৰাষ্ট্ৰসমূহক যথেষ্ট সুযোগ-সুবিধা আগবঢ়াইছে।

(ঘ) দুর্নীতি দূৰীকৰণৰ অৰ্থে বিশ্ব বেংকে ৰাজনৈতিক দায়বদ্ধতা, সামাজিক সচেতনতা বৃদ্ধি, ব্যক্তিগত খণ্ডৰ মাজত প্ৰতিযোগিতাৰ বৃদ্ধি, নিৰপেক্ষ বিচাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু ৰাজহুৱা খণ্ডৰ দক্ষ পৰিচালনাৰ ওপৰত গুৰুত্ব প্রদান কৰে।

(ঙ) বিশ্ববেংকে পুঁজিৰ বিতৰণ প্ৰণালী আৰু পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰতো স্বচ্ছতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(চ) কোনো সদস্য ৰাষ্ট্ৰলৈ ঋণ প্ৰদান কৰোতে বিশ্ব বেংকে ৰাষ্ট্ৰখনৰ ঋণ পৰিশোধ ক্ষমতা আৰু সুত আদায়ৰ ওপৰতো গুৰুত্ব দিয়ে।

প্ৰশ্নঃ ২৪। আন্তর্জাতিক বিত্ত প্ৰতিষ্ঠানসমূহৰ সদস্য ৰাষ্ট্ৰ হিচাপে ভাৰতৰ সুবিধা আৰু অসুবিধা সমূহ উল্লেখ কৰা।

উত্তৰঃ সুবিধাসমূহ:

(ক) ভাৰতীয় অর্থনীতিয়ে কৃষি, উদ্যোগ, শক্তি, পৰিবহণ, যোগাযোগ আদিৰ নিৰ্দিষ্ট প্রকল্পসমূহৰ উন্নয়নত অগ্ৰগতি লাভ কৰিছে।

(খ) বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন আৰু বৈদেশিক লেন দেনৰ ঘাটি পূৰণ কৰিবলৈ চৰকাৰে সুবিধা অৰ্জন কৰিছে।

(গ) বিশ্ব বেংকৰ নেতৃত্বত গঠিত ‘ভাৰত সাহায্য সংস্থা’ৰ পৰা ভাৰতে 1993 চনলৈ মুঠ 6700 নিযুত ডলাৰলৈ ঋণ সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে।

(ঘ) ঋণ প্ৰদানৰ পূৰ্ব চৰ্ত ৰূপে আন্তর্জাতিক মুদ্ৰা নিধি আৰু বিশ্ববেংকে ‘সাংগঠনিক সমন্বয় কর্মসূচী’ ভাৰত চৰকাৰৰ আগত উত্থাপন কৰে আৰু ফলস্বৰূপে, 1991 চনত ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ আৰম্ভ কৰা হয়।

(ঙ) আভ্যন্তৰীণ ব্যক্তিগত খণ্ড আৰু বৈদেশিক বিনিয়োগৰ পৰিসৰ বঢ়াই দিয়া হয়। 

(চ) উদ্যোগিক উৎপাদনত ৰাজহুৱা খণ্ডৰ পৰিৱৰ্তে ব্যক্তিগতখণ্ডৰ প্ৰাধান্য দি উদ্যোগ স্থাপনৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰা হয়।

অসুবিধাসমূহঃ

(ক) ভাৰতবৰ্ষই মিশ্ৰ অৰ্থনীতিৰ লক্ষ্য পূৰণ কৰাত অসমৰ্থ হৈছে।

(খ) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ঋণ পৰিশোধ ক্ষমতা কম। সেয়েহে, বৈদেশিক লেন দেনৰ ভাৰসাম্যহীনতাৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যেৰে আগবঢ়োৱা হ্রস্বম্যাদী ঋণ ব্যৱস্থাই সমস্যাসমূহ আৰু অধিক জটিল কৰি তুলিছে।

(গ) বিশ্ব বেংকে দুর্নীতি দূৰীকৰণৰ নীতি গ্ৰহণ কৰিলেও বাস্তৱ ক্ষেত্ৰত পুঁজিৰ বিতৰণ আৰু পুঁজিৰ ব্যৱহাৰ স্বচ্ছ হোৱা নাই।

(ঘ) আন্তর্জাতিক বিত্ত আনুষ্ঠানসমূহৰ সাংগঠনিক সমন্বয় কৰ্মসূচীয়ে দাৰিদ্ৰ্য দূৰীকৰণ আৰু দুর্নীতি দূৰীকৰণ, এই উভয় ক্ষেত্ৰতেই ব্যৰ্থ হৈছে।

প্ৰশ্নঃ ২৫। ভাৰতৰ কৃষি পণ্যৰ বাণিজ্যৰ ওপৰত বিশ্ব বাণিজ্য সংস্থাৰ প্ৰভাৱ আলোচনা কৰা। 

উত্তৰঃ প্ৰভাৱসমূহ মিশ্ৰ প্ৰকৃতিৰ। এইসমূহ তলত আলোচনা কৰা হ’ল—

(ক) বিশ্ব বাণিজ্য সংস্থা গঠনৰ তিনি বছৰৰ পিছত কৃষি পণ্যৰ আমদানি উর্ধমুখী হ’বলৈ ধৰে আৰু ৰপ্তানি ক্ষিপ্ৰ গতিত হ্রাস পায়। আর্ন্তজাতিক বজাৰত কৃষি সামগ্ৰীৰ দাম দ্রুত গতিত হ্ৰাস পোৱাৰ ফলত ভাৰতৰ কৃষি পণ্যৰ ৰপ্তানি অধিকভাবে ক্ষতিগ্রস্থ হয়।

(খ) ভাৰতৰ সাধাৰণ চাউল আৰু গমে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সম্মুখীন হ’ব পৰা নাই। ৰপ্তানি সামগ্ৰীসমূহ, যেনেঃ চাহ, কফি আদিৰ আন্তর্জাতিক বজাৰৰ দাম হ্ৰাস পোৱাৰ ফলত পৰিমাণগত ভাৱে ৰপ্তানি হ্রাস নাপালেও বিদেশী মুদ্রা অর্জনত ভাৰত ক্ষতিগ্ৰস্থ হৈছে।

(গ) আন্তর্জাতিক বজাৰত কৃষি পণ্যৰ চৰকাৰী আর্থিক সাহায্য বন্ধ কৰি, বাণিজ্য শুক্ল হ্রাস কৰি আৰু বিভিন্ন চৰকাৰী বাধা-নিষেধ আঁতৰাই বিশ্ব বাণিজ্য সংস্থাই আন্তর্জাতিক বজাৰখন অধিক শক্তিশালী আৰু প্ৰতিযোগিতা পূৰ্ণ কৰি তোলাৰ লক্ষ্য আগত ৰাখিছে।

প্ৰশ্নঃ ২৬। সামৰিক মিত্ৰতাৰ উদ্দেশ্যবোৰ কি কি?

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাৰ কৌশলৰ ক্ষেত্ৰত মিত্ৰতা গঠন এটা অতি দৰকাৰী অংশ। মিত্ৰতা হৈছে ৰাষ্ট্ৰৰ এটা সংঘ যিয়ে সামৰিক বাহিনীক আক্ৰমণক প্ৰতিৰোধ কৰাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে। দেশবোৰে মিত্ৰতা গঠন কৰাৰ মূল কাৰণ হৈছে তেওঁলোকে অন্য দেশ বা মিত্ৰতাৰ বিৰুদ্ধে কার্যকৰী শক্তি বৃদ্ধি কৰা। মিত্ৰতা জাতীয় স্বাৰ্থৰ লগত সম্পূৰ্ণৰূপে জড়িত আৰু জাতীয় স্বার্থৰ সাল-সলনিৰ লগত ইয়াৰ সাল-সলনি সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে।

দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ সময়ছোৱাত সামৰিক মিত্রতা স্থাপন হৈছিল। এইবোৰৰ মুখ্য দৰকাৰী মিত্ৰতাটো আছিল NATO, যিটো ছোভিয়েট সংঘৰ সামৰিক বাহিনীৰ বিৰুদ্ধে গঠন হৈছিল। এই মিত্ৰতাৰ সদস্য ৰাষ্ট্ৰবোৰ আছিল আমেৰিকা, বৃটেইন, ফ্রান্স, কানাডা, ডেনমার্ক, নৰৱে, আয়াৰলেণ্ড, পৰ্টুগাল, টুৰ্কী আৰু গ্ৰীচ। এটা NATO সামৰিক বাহিনী গঠন হৈছিল। যিটো বহু ইউৰোপীয় দেশৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠিত হৈছিল। NATO ক সমর্থন জনাই ‘ৱাৰশ্ব’ চুক্তি “ছোভিয়েট সংঘৰ ” লগতে অন্য কিছুমান সাম্যবাদী দেশবোৰে NATO য়ে কৰা দাবীবোৰৰ মুখামুখি হ’ব বিচাৰিছিল।

১৯৯১ চনত ছোভিয়েট সংঘ ধ্বংস হোৱাৰ পিছত পদ্ধতিটোৰ সম্পূৰ্ণ পৰিৱৰ্তন আহিছিল, যেতিয়া আগৰ ছোভিয়েট প্রজাতন্ত্রই NATO ত সদস্যভুক্তিৰ বাবে আবেদন কৰিছিল। ১৯৯৪ চনত ব্ৰুচেলত হোৱা ইয়াৰ Summit ত NATOৰ দলপতিবিলাকে পূর্ব ইউৰোপীয় দেশবোৰৰ পৰা সামৰিক সহযোগিতা লোৱাৰ বাবে সেই দেশবোৰৰ লগত এই বিষয়ে কথা পাতিব থিৰাং কৰিছিল। এই NATOৰ দলপতিসকলে আমেৰিকাই পোষকতা কৰা “Partnership for peace” নামৰ আঁচনিখন অনুমোদন কৰাৰ মূল কাৰণ আছিল তেওঁলোকে চোভিয়েট ব্লক ৰাষ্ট্ৰ লগতে ৰাছিয়াৰ মাজত এটা সুসংহত সংযোগ স্থাপন কৰিব বিচাৰিছিল।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ 

প্ৰশ্নঃ ১। ৰাষ্ট্ৰসংঘৰ চনদত সামুহিক নিৰাপত্তাৰ বাবে কি কি ব্যৱস্থাৰ উল্লেখ আছিল বহলাই আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদতো সামুহিক নিৰাপত্তা সম্পৰ্কে উল্লেখ কৰিছে। ৰাষ্ট্ৰসংঘৰ চনদৰ সপ্তম অধ্যায়ত সামূহিক নিৰাপত্তাৰ সম্পৰ্কে আলোচনা কৰা হৈছে। চনদখন নিৰাপত্তা পৰিষদৰ হাততহে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ প্ৰধান দায়িত্ব ন্যস্ত কৰিছে। এইক্ষেত্ৰত নিৰাপত্তা পৰিষদে বিশ্বশান্তিৰ বাহক হিচাপে দায়িত্ব পালন কৰিব লাগে। চনদৰ এক অনুচ্ছেদ অনুসৰি শান্তিৰ কাৰণে দেখা দিয়া ভাবুকি আঁতৰ কৰা আৰু বাধা দিবৰ কাৰণে সমূহীয়া ব্যৱস্থা গ্রহণ কৰিব পাৰে। আন কথাত নিৰাপত্তা পৰিষদে কি পৰিস্থিতিত শক্তি প্রয়োগৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে, সেই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এনে সিদ্ধান্ত সকলো সদস্য ৰাষ্ট্ৰৰ ক্ষেত্রতে প্রযোজ্য।

নিৰাপত্তা পৰিষদে শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। নিৰাপত্তা পৰিষদে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। সামৰিক ব্যৱস্থাৰ উপৰি নিৰাপত্তা পৰিষদৰ অসামৰিক ব্যৱস্থা আছে। এনে ব্যৱস্থাৰ ফলত নিৰাপত্তা পৰিষদে অর্থনৈতিক যোগাযোগ ৰেল, ডাক, তাঁৰ, ৰেডিঅ’, জাহাজ বা বিমানৰ যোগাযোগ আক্ৰমণকাৰী ৰাষ্ট্ৰৰ লগত আংশিক বা সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰে। যদি আক্ৰমণকাৰী দেশখনৰ ক্ষেত্ৰত উপৰোক্ত ব্যৱস্থাৱলী যথেষ্ট নহয় তেন্তে সদস্য ৰাষ্ট্ৰবিলাকৰ সৈন্যবাহিনীৰ সমাৱেশ বা অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে। 

নিৰাপত্তা পৰিষদৰ অধীনত এখন সামৰিক ৰক্ষা সমিতি থাকিব আৰু সেই সমিতিখনে বিশ্বশান্তিৰ কাৰণে নিৰাপত্তা পৰিষদে বিচৰামতে ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰবোৰে সামৰিক সাহায্য দিব। আন কথাত বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে প্ৰয়োজন সাপেক্ষে নিৰাপত্তা পৰিষদে আক্ৰমণকাৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে সামৰিক ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে।

তদুপৰি ৰাষ্ট্ৰসংঘৰ ৪৩ অনুচ্ছেদ অনুসৰি এই বিষয়তে নিৰাপত্তা পৰিষদক আন কর্তৃত্বও প্রদান কৰা হৈছে। এই অনুচ্ছেদ অনুসৰি বিশ্বশান্তি আৰু নিৰাপত্তা ভংগ হ’লে সেই সম্পর্কে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিষয়ত নিৰাপত্তা পৰিষদৰ একচেটীয়া কর্তৃত্ব আছে। এই বিষয়ত কোনো আঞ্চলিক সংগঠনৰ কৰ্তৃত্ব নাই। কোনো আঞ্চলিক সংগঠনে নিৰাপত্তা পৰিষদৰ অনুমতি নোলোৱাকৈ বিশ্বশান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত পৃথকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। অৱশ্যে নিৰাপত্তা পৰিষদৰ এই ব্যৱস্থাৰ বিষয়ত দুটা ব্যতিক্রম আছে। ইয়াৰে এটা ব্যতিক্ৰম হ’ল যে, ৰাষ্ট্ৰবিলাকে ব্যক্তিগত বা সমূহীয়াভাৱে তেওঁলোকৰ বিৰুদ্ধে কোনো সশস্ত্র আক্ৰমণ হ’লে নিৰাপত্তা পৰিষদে বিশ্বশান্তি আৰু নিৰাপত্তা সম্পর্কে কোনো ব্যৱস্থা গ্রহণ নকৰালৈকে আত্মৰক্ষাৰ কাৰণে ব্যক্তিগত বা সমূহীয়াভাৱে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব পাৰে। আন কথাত ৰাষ্ট্ৰসংঘৰ কোনো সদস্য ৰাষ্ট্ৰৰ বিৰুদ্ধে সশস্ত্ৰ আক্ৰমণ হ’লে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাকৈ ৰাষ্ট্ৰখনে ব্যক্তিগত বা সমূহীয়াভাৱে আত্মৰক্ষাৰ কাৰণে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

আন এটা ব্যতিক্ৰম হ’ল যে দ্বিতীয় মহাযুদ্ধৰ সময়ত বৰ্তমান ৰাষ্ট্ৰসংঘৰ জনতখনৰ কোনো স্বাক্ষৰকাৰী শত্ৰু দেশ হয় তেন্তে ইয়াৰ সদস্য ৰাষ্ট্ৰখনে সেই ৰাষ্ট্ৰখনৰ বিৰুদ্ধে যেই কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে উপৰোক্ত আলোচনাৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে, ৰাষ্ট্ৰসংঘৰ চনদত জাতিসংঘতকৈয়ো অধিক উন্নত ব্যৱস্থা গ্ৰহণ কৰাৰ বিধান আছে।

ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা সামূহিক নিৰাপত্তাৰ ব্যৱস্থাৱলীৰ কাৰ্যকাৰীতাৰ সম্পৰ্কে পর্যালোচনা কৰি চালে দেখা যায় এই ব্যৱস্থাৱলী লীগৰ তুলনাত অধিক কার্যক্ষমতাৰ আভাস পাব পাৰি। নিৰাপত্তা পৰিষদে কোৰিয়া যুদ্ধৰ সময়ত কেনো ব্যৱস্থা গ্ৰহণ কৰিছিল, সেই বিষয়ে তলত দিয়া ঘটনাৰ পৰাই স্পষ্ট আভাস পাব পাৰি। ১৯৫০ চনৰ জুন মাহত যেতিয়া উত্তৰ কোৰিয়াৰ সৈন্যবাহিনীয়ে দক্ষিণ কোৰিয়া আক্ৰমণ কৰে, তেতিয়া নিৰাপত্তা পৰিষদে কোৰিয়াক শান্তিভংগ হৈছে বুলি দক্ষিণ কোৰিয়াৰ পৰা উত্তৰ কোৰিয়াৰ সৈন্যবাহিনী অপসাৰণৰ দাবী কৰে। নিৰাপত্তা পৰিষদে তেওঁলোকৰ এই প্ৰস্তাৱ কাৰ্যকৰী কৰিবৰ কাৰণে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰবোৰক সামৰিক সাহায্য দিয়াৰ আবেদন জনায় আৰু ইয়াৰ ফলত যুক্তৰাষ্ট্ৰৰ নেতৃত্বত ১৬খন ৰাষ্ট্ৰই কিছুসংখ্যক সৈন্য কোৰিয়াত শান্তি স্থাপনৰ কাৰণে প্ৰেৰণ কৰে। অৱশ্যে ইয়াৰ আগতে আমেৰিকাই ৰাষ্ট্ৰসংঘৰ নামত দক্ষিণ কোৰিয়ালৈ নিজ সৈন্য বাহিনী পঠাই উত্তৰ কোৰিয়াত অনুপ্রৱেশ কৰি নদীৰ ওচৰত আক্ৰমণ কৰিছিল। এনে পৰিস্থিতিত চীনে নিজৰ নিৰাপত্তা বিপদাপন্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকেও প্রতি আক্রমণ কৰিছিল। অৱশ্যে শেষত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ফলত কোৰিয়াত শান্তি স্থাপন হ’ল।

উপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সামূহিক নিৰাপত্তাৰ যি ব্যৱস্থা আছে, সেই ব্যৱস্থা অধিক ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰাটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলৰ ঐক্যমতৰ ওপৰত নিৰ্ভৰশীল। যদি নিৰাপত্তা পৰিষদে গ্ৰহণ কৰা প্ৰস্তাৱৰ ক্ষেত্ৰত স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনে সমৰ্থন কৰে তেন্তে সেই প্ৰস্তাৱ কাৰ্যকৰী কৰা বিষয়লৈ কোনো সমস্যাৰ উদ্ভৱ নহয়। আনহাতে যদি নিৰাপত্তা পৰিষদৰ স্থায়ী ৰাষ্ট্ৰকেইখনৰ কোনো এখনে ভেটো ক্ষমতা প্রয়োগ কৰে তেন্তে তাক কাৰ্যকৰী কৰিব নোৱাৰে। অৱশ্যে ৰাষ্ট্ৰসংঘই শেহতীয়া শান্তি প্ৰতিষ্ঠাৰ বাবে যি প্ৰস্তাৱ গ্ৰহণৰ কৰ্তৃত্ব সাধাৰণ সভাৰ হাতত ন্যস্ত কৰিছে ইয়াৰ ফলত বিশ্বৰ নিৰাপত্তা আৰু শান্তি ভংগৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰস্তাৱ কাৰ্যকৰী কৰা বিষয়লৈ নিৰাপত্তা পৰিষদে ভেটো প্রয়োগ কৰিলেও তাক সাধাৰণ পৰিষদে পৃথক প্ৰস্তাৱ গ্ৰহণ কৰি কাৰ্যকৰী কৰিব পাৰে।

প্ৰশ্নঃ ২। জাতিসংঘই নিৰস্ত্ৰীকৰণৰ কাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰিছিল? 

উত্তৰঃ জাতিসংঘই নিৰস্ত্ৰীকৰণ ফলপ্রসূ কৰিবৰ কাৰণে ইয়াৰ কাৰ্যকাৰীতাৰ কালছোৱাত বহুতো ব্যৱস্থা গ্ৰহণ কৰিছিল। লীগে বিভিন্ন স্তৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে তলত আলোচনা কৰা হ’ল।

(ক) স্থায়ী পৰামৰ্শকাৰী আয়োগ: ১৯২০ চনত লীগে এখন স্থায়ী নিৰস্ত্ৰীকৰণ পৰামৰ্শকাৰী আয়োগ গঠন কৰে। এই আয়োগখন সামৰিক, নৌ, আৰু বিমানবাহিনীৰ বিশেষজ্ঞক লৈ গঠিত হৈছিল। লীগ পৰিষদৰ প্ৰতিখন দেশকে স্থায়ী পৰামৰ্শকাৰী আয়োগৰ প্ৰতিনিধিত্বৰ সুবিধা দিছিল। এই আয়োগে পৰিষদৰ নিৰস্ত্ৰীকৰণ সম্পৰ্কে পৰামৰ্শ দিয়াৰ কৰ্তৃত্ব লাভ কৰে। ১৯২০ চনৰ ডিচেম্বৰ মাহত স্থায়ী আয়োগে পৰিষদক এই বুলি পৰামৰ্শ দিছিল যে, বর্তমান সময়ত নিৰস্ত্ৰীকৰণ কৰাটো বহুত আগতীয়া হৈছে।

(খ) অস্থায়ী মিশ্রিত আয়োগ: ১৯২০ চনৰ ডিচেম্বৰ মাহত অস্থায়ী মিশ্রিত আয়োগ গঠন কৰা হয়। এই আয়োগৰ উদ্দেশ্য হ’ল অস্ত্ৰ সীমিতকৰণ সম্পৰ্কে পৰিষদক পৰামৰ্শ দিয়া। এই নতুন আয়োগটোৱে যুটীয়াভাৱে স্থায়ী পৰামৰ্শকাৰী আয়োগৰ লগত কাম কৰি ১৯২৩ চনত পাৰস্পৰিক সাহায্যৰে আয়োগৰ এখন খচৰা চুক্তি (Draft Treaty of Mutual Assistance, 1923) উদ্ভাৱন কৰে। এই চুক্তি অনুসৰি আক্ৰমণৰ বলি হোৱা দেশবিলাকক আন্তর্জাতিক সাহায্য দিব। দ্বিতীয়তে এই খচৰা চুক্তিমতে দুবছৰৰ ভিতৰত অস্ত্ৰ সীমিত কৰিব লাগিব। তৃতীয়তে যুদ্ধ আৰম্ভ হ’লে পৰিষদে চাৰিদিনৰ ভিতৰতে কোন আক্ৰমণকাৰী, তাক নিৰ্ধাৰণ কৰিব।

ইয়াৰ আগতেও অস্থায়ী মিশ্ৰিত আয়োগে নিৰস্ত্ৰীকৰণ সম্পৰ্কত কিছুমান নীতি দাঙি ধৰিছিল। সেই নীতি জাতিসংঘৰ তৃতীয়খন সভাই ১৯২২ চনত গ্ৰহণ কৰিছিল।

আয়োগে আগবঢ়োৱা নীতিবিলাক হ’ল–

(১) কোনো নিৰস্ত্ৰীকৰণ আঁচনি কাৰ্যকৰী হ’বলৈ হ’লেই সাৰ্বজনীন হ’ব লাগিব। 

(২) চৰকাৰবিলাকে তেওঁলোকৰ হাতত থকা অস্ত্ৰ-শস্ত্ৰ হ্ৰাস কৰিবলৈ হ’লে তেওঁলোকক নিৰাপত্তা দিব লাগিব।

(৩) তেনে নিৰাপত্তা এখন প্ৰতিৰক্ষামূলক পাৰস্পৰিক চুক্তিৰ দ্বাৰাহে সম্ভৱপৰ। আন কথাত এই নিৰাপত্তা প্ৰতিৰক্ষামূলক চুক্তিৰ ওচৰ চুবুৰীয়া এখন দেশৰ পৰা তৎকালে সাহায্য দি নিশ্চিত কৰিব পাৰি ৷

(৪) পাৰস্পৰিক চুক্তি কৰা প্ৰথমটো চৰ্ত হ’ব অস্ত্ৰ-শস্ত্ৰ হ্ৰাস কৰাটো আৰু এনে অস্ত্ৰ-শস্ত্ৰ হ্ৰাস কৰিবলৈ সাধাৰণ চুক্তি সম্পাদন কৰিব লাগে।

(গ) জেনেভা প্রট’কল: ১৯২৩ চনত অস্থায়ী মিশ্ৰিত আয়োগে পাৰস্পৰিক সাহায্যৰ খচৰা চুক্তিখনত অনুমোদন কৰিছিল যদিও সেই চুক্তি নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত সফল নহ’ল। ১৯২৪ চনৰ ২ অক্টোবৰ তাৰিখে জাতিসংঘৰ সভাই জেনেভা প্রট’কল গ্ৰহণ কৰে। এই প্রট’কলখনত ১৯ খন দেশে স্বাক্ষৰ কৰিছিল। জেনেভা প্ৰট’কলৰ প্ৰতি ১৯ খন দেশে সমর্থন জনাইছিল যদিও ১৯২৫ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা পৰিষদৰ অধিবেশনত প্ৰট’কলখনৰ প্রতি সাধাৰণ সমর্থন লাভ কৰিবলৈ সমৰ্থন হোৱা নাছিল। বিশেষকৈ ব্ৰিটেইনে ইয়াৰ বিৰোধিতা কৰাৰ কাৰণে প্ৰট’কলখন পৰিত্যাগ কৰিবলগীয়া হয়। সেইদৰে ইয়াৰ লগত প্ৰস্তাৱিত নিৰস্ত্ৰীকৰণ সন্মিলনখনো বাতিল কৰা হৈছে। গতিকে দেখা যায় যে, নিৰস্ত্ৰীকৰণৰ বিষয়টো সামুহিক নিৰাপত্তাৰ লগত জড়িত কৰিবলৈ বিচাৰিছিল যদিও সেই চেষ্টা বিফল হয়।

জেনেভা প্ৰট’কলৰ প্ৰধান নীতিসমূহ আছিল— 

(১) যিকোনো পৰিস্থিতিত যুদ্ধৰ আশ্ৰয় লোৱাটো নিষিদ্ধ কৰা হৈছে।

(২) আক্ৰমণকাৰী চিনাক্তকৰণৰ উপায় নিৰ্ধাৰণ কৰা হৈছে। যদি কোনো ৰাষ্ট্ৰই ন্যায়াধিকৰণৰ কোনো ৰায় নাইবা পৰিষদে নিৰ্ধাৰণ কৰা ব্যৱস্থাৱলী গ্ৰহণ কৰিবলৈ অনিচ্ছুক হয় তেনে দেশকে আক্ৰমণকাৰী বুলি চিনাক্ত কৰিব ।

(৩) কোনো দেশক আক্ৰমণকাৰী হিচাপে নিৰ্ধাৰণ কৰাৰ পিছত, সেই দেশৰ ওপৰত বাধ্যতামূলক ব্যৱস্থাৱলী কাৰ্যকৰী কৰিব।

ইয়াৰ পিছত ১৯২৪ চনৰ ৩ অক্টোবৰত পৰিষদে অস্থায়ী মিশ্রিত আয়োগৰ সলনি নিৰস্ত্ৰীকৰণ সমস্যা সমাধানৰ কাৰণে এখন সমন্বয় আয়োগ গঠন কৰে। কিন্তু এই আয়োগখনেও নিৰস্ত্ৰীকৰণ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সফল নোহোৱাৰ কাৰণে পিছত ভংগ কৰি দিয়া হয়। এই সমন্বয়ৰক্ষী আয়োগ নাইবা প্রস্তুতি আয়োগখনে একেৰাহে ৬ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰস্তুতি আয়োগে এখন খচৰা কন্‌ভেন্‌ছন প্ৰস্তুত কৰি নিৰস্ত্ৰীকৰণ সন্মিলনত উত্থাপন কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top