India’s Foreign Policy in a Globalizing World Unit 4 দক্ষিণ এছিয়াত ভাৰত

India’s Foreign Policy in a Globalizing World Unit 4 দক্ষিণ এছিয়াত ভাৰত: আঞ্চলিক ৰণনীতিৰ ওপৰত বিতৰ্ক, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, India’s Foreign Policy in a Globalizing World Unit 4 দক্ষিণ এছিয়াত ভাৰত: আঞ্চলিক ৰণনীতিৰ ওপৰত বিতৰ্ক Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. India’s Foreign Policy in a Globalizing World Unit 4 দক্ষিণ এছিয়াত ভাৰত: আঞ্চলিক ৰণনীতিৰ ওপৰত বিতৰ্ক Question Answer can be of great value to excel in the examination.

India’s Foreign Policy in a Globalizing World Unit 4 দক্ষিণ এছিয়াত ভাৰত: আঞ্চলিক ৰণনীতিৰ ওপৰত বিতৰ্ক

Join Telegram channel

India’s Foreign Policy in a Globalizing World Unit 4 দক্ষিণ এছিয়াত ভাৰত: আঞ্চলিক ৰণনীতিৰ ওপৰত বিতৰ্ক Notes cover all the exercise questions in UGC Syllabus. The India’s Foreign Policy in a Globalizing World Unit 4 দক্ষিণ এছিয়াত ভাৰত: আঞ্চলিক ৰণনীতিৰ ওপৰত বিতৰ্ক provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

দক্ষিণ এছিয়াত ভাৰত: আঞ্চলিক ৰণনীতিৰ ওপৰত বিতৰ্ক

POLITICAL SCIENCE

INDIA’S FOREIGN POLICY INA GLOBALIZING WORLD

(গোলকীয় বিশ্বত ভাৰতৰ বৈদেশিক নীতি)

অতি চমু প্রশ্নোত্তৰঃ

প্ৰশ্নঃ ১। ছানফ্রান্সিচকো সম্মিলন কোন চনত আহ্বান কৰা হৈছিল?

উত্তৰঃ ১৯৪৫ চনত।

প্ৰশ্নঃ ২। ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় কোন দিনটো? 

উত্তৰঃ ২৪ ডিচেম্বৰ দিনটো।

প্ৰশ্নঃ ৩। কুওমিন্টাং চীনৰ পৰিৱৰ্তে কমিউনিষ্ট চীনক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কোন চনত কৰা হৈছে?

উত্তৰঃ ১৯৭১ চনত।

প্ৰশ্নঃ ৪। চাৰ্কৰ দ্বিতীয় সন্মিলন ক’ত অনুষ্ঠিত হৈছিল? 

উত্তৰঃ বাংগালোৰত।

প্ৰশ্নঃ ৫। কোন চনত নিচাযুক্ত সামগ্ৰী নিষিদ্ধকৰণ বছৰ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ১৯৮৯ চনক।

প্ৰশ্নঃ ৬। চাৰ্কৰ দৰিদ্ৰতা দূৰীকৰণ বছৰ হিচাপে কোন বছৰটোক পালন কৰা হয়?

উত্তৰঃ ১৯৯৫ চনৰ বছৰটোক। 

প্ৰশ্নঃ ৭। কোন চনক দক্ষিণ এছিয়াৰ সেউজীয়া বছৰ হিচাপে ঘোষণা কৰা হয়?

উত্তৰঃ ২০০৭ চনক ।

প্ৰশ্নঃ ৮।  ইউৰোপৰ অৰ্থনৈতিক সংস্থাক কি নামে অভিহিত কৰিব পাৰি?

উত্তৰঃ ইউৰোপীয় সংঘ।

প্ৰশ্নঃ ৯। কোন চনত চাৰ্ক স্থাপিত হৈছিল?

উত্তৰঃ ১৯৮৫ চনত।

প্ৰশ্নঃ ১০। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিমান?

উত্তৰঃ পাঁচ।

প্ৰশ্নঃ ১১। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰাষ্ট্ৰ কেইখনৰ নাম লিখা।

উত্তৰঃ ইংলেণ্ড, ফ্রান্স, আমেৰিকা, ৰুছিয়া আৰু কমিউনিষ্ট চীন হ’ল নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ।

প্ৰশ্নঃ ১২। ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ সামূহিক প্ৰচেষ্টাৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় শাস্তি আৰু নিৰাপত্তা বজাই ৰখাটোৱে হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য।

প্ৰশ্নঃ ১৩। পাৰমাণৱিক শক্তি আয়োগ কিমান চনত গঠন হৈছিল?

উত্তৰঃ ১৯৪৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই পাৰমাণৱিক শক্তি আয়োগ এটা গঠন কৰিছিল।

প্ৰশ্নঃ ১৪। দেশবোৰ চিনাক্তকৰণ কৰা:

(ক) ৰাজ শাসনৰ হকে, গণতান্ত্রিক দলৰ হকে সন্ত্ৰাসবাদীসকলে কৰা সংগ্ৰামে ৰাজনৈতিক অস্থিৰতাৰ বাতাবৰণৰ সৃষ্টি কৰিছিল?

উত্তৰঃ নেপাল।

(খ) প্রথম দেশখন, যিয়ে দক্ষিণ এছিয়াৰ অঞ্চলবিলাকত ইয়াৰ অৰ্থনীতিত ক্ষেত্ৰত উদাৰ ভাৱ পোষণ কৰিছিল?

উত্তৰঃ শ্রীলংকা।

(গ) বহুমুখী দলৰ প্ৰতিযোগিতাৰে ভূমিবন্ধ (Landlock) দেশ।

উত্তৰঃ নেপাল।

(ঘ) গণতান্ত্রিক হকে দল আৰু সৈনিকৰ মাজত হোৱা বিবাদৰ ক্ষেত্ৰত সৈনিকে গণতান্ত্রিক ক্ষেত্ৰত প্ৰভুত্ব বিস্তাৰ কৰে।

উত্তৰঃ পাকিস্তান।

(ঙ) কেন্দ্ৰীত অৱস্থিত আৰু দক্ষিণ এছিয়াৰ সৰহ সংখ্যক দেশৰ সীমাৰ অংশত থকা দেশ।

উত্তৰঃ ভাৰত।

(চ) অতীতৰ দ্বীপৰ দেশৰ মূৰব্বীজন আছিল চুলতান। বৰ্তমান ই হৈছে গণতন্ত্র।

 উত্তৰঃ মালদ্বীপ।

(ছ) ক্ষুদ্র সঞ্চয় আৰু ঋণ সমবায়ে গ্ৰাম্য অঞ্চলত দৰিদ্ৰতা দূৰীকৰণত সহায় কৰিছে।

উত্তৰঃ বাংলাদেশ।

(জ) ৰাজশাসনৰ সৈতে ভূমিবন্ধ দেশখন –

 উত্তৰঃ ভূটান।

প্ৰশ্নঃ ১৫। দক্ষিণ এছিয়াৰ ৰাজনীতিত কোনবোৰ দেশে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল? 

উত্তৰঃ দক্ষিণ এছিয়াৰ ৰাজনীতিত আমেৰিকা আৰু চীনে অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

প্ৰশ্নঃ ১৬। দক্ষিণ এছিয়াৰ দেশসমূহ কি কি?

উত্তৰঃ ভাৰত, ভূটান, বাংলাদেশ, নেপাল, পাকিস্তান।

প্ৰশ্নঃ ১৭। পাকিস্তান কোন চনত স্বাধীন হৈছিল?

উত্তৰঃ ১৯৪৭।

প্ৰশ্নঃ ১৮। বাংলাদেশ কোন চনত স্বাধীন হৈছিল?

উত্তৰঃ ১৯৭১।

প্ৰশ্নঃ ১৯। কোনখন দেশ মৌলবাদী, কিন্তু বর্তমান বহুমুখী দলৰ বাবে ৰজাই আচনিসমূহ ৰূপায়ন কৰে?

উত্তৰঃ ভূটান।

প্ৰশ্নঃ ২০। সিন্ধজল চুক্তিত ভাৰত আৰু পাকিস্তান কেতিয়া স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ১৯৬০।

প্ৰশ্নঃ ২১। কোনখন নদীৰ পানীৰ অংশৰ বাবে ভাৰত আৰু বাংলাদেশে ১৯৯৬ চনত ফাৰক্কা চুক্তিত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ গংগা।

প্ৰশ্নঃ ২২। শ্রীলংকালৈ ভাৰতে কোন চনত শান্তিৰক্ষক সৈনিক প্ৰেৰণ কৰিছিল?

উত্তৰঃ ১৯৮৭।

প্ৰশ্নঃ ২৩। কোনখন দেশ চুলটৰ শাসনত আছিল, কিন্তু বৰ্তমান গণতান্ত্ৰিক হৈছে?

উত্তৰঃ মালদ্বীপ। 

প্ৰশ্নঃ ২৪। ভাৰত আৰু পাকিস্তানৰ মাজত কাৰ্গিল যুদ্ধ কেতিয়া হৈছিল?

 উত্তৰঃ ১৯৯৯ চনত।

প্ৰশ্নঃ ২৫। ভাৰত আৰু পাকিস্তানৰ মাজত টাসকেণ্ট চুক্তি কোন চনত স্বাক্ষৰ হৈছিল?

উত্তৰঃ ১৯৬৬ চনত।

প্ৰশ্নঃ ২৬। ভাৰত আৰু পাকিস্তানৰ মাজত চিমলা চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল?

উত্তৰঃ ১৯৭২ চনত।

প্ৰশ্নঃ ২৭। ভাৰত আৰু পাকিস্তানৰ মাজত আগ্রা চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল? 

উত্তৰঃ ২০০১।

প্ৰশ্নঃ ২৮। কোন দেশক ভূমিবদ্ধ দেশ বোলা হয়?

উত্তৰঃ নেপাল।

প্ৰশ্নঃ ২৯। চার্ক চুক্তি প্রথম ১৯৮৫ চনত ক’ত হৈছিল?

উত্তৰঃ ঢাকা (বাংলাদেশ)।

প্ৰশ্নঃ ৩০। নতুন দিল্লীত চতুর্দশ চাৰ্ক চুক্তি কোন চনত হৈছিল?

উত্তৰঃ ২০০৭।

প্ৰশ্নঃ ৩১। ২০০৭ চনৰ চাৰ্ক চুক্তিত অষ্টম সদস্য হিচাপে কোনখন দেশে যোগদান কৰিছিল?

উত্তৰঃ আফগানিস্তান।

প্ৰশ্নঃ ৩২। দক্ষিণ এছিয়াৰ কোনখন দেশে প্রথম উদাৰীকৰণ অৰ্থনীতি গ্ৰহণ কৰিছিল? 

উত্তৰঃ শ্রীলংকা।

প্ৰশ্নঃ ৩৩। ল ‘কাৰ্ণো চুক্তিত স্বাক্ষৰ কৰা সম্মিলিত সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা।

উত্তৰঃ ১৯২৫ চনৰ ল’কাৰ্ণো চুক্তিত স্বাক্ষৰ কৰা সন্মিলিত সদস্য ৰাষ্ট্ৰকেইখন হ’ল— ইংলেণ্ড, ফ্ৰান্স, জার্মানী, ইটালী আৰু বেলজিয়াম।

প্ৰশ্নঃ ৩৪। পেৰিচ চুক্তি বুলিলে কোনখন চুক্তিক জনা যায়? 

উত্তৰঃ ১৯২৮ চনৰ আগষ্ট মাহৰ ২৭ তাৰিখে স্বাক্ষৰিত হোৱা কেলগ ব্রিয়াগু চুক্তিখনকে পেৰিচ চুক্তি বুলি জনা যায়।

প্ৰশ্নঃ ৩৫। ভাৰত আৰু বাংলাদেশৰ মাজত ঐতিহাসিক সম্পর্ক কি?

উত্তৰঃ বাংলাদেশক এখন পৃথক আৰু স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া ভাৰত প্ৰথম দেশ আৰু ১৯৭১ চনৰ ডিচেম্বৰত স্বাধীনতাৰ ঠিক পিছতে দেশখনৰ সৈতে কূটনৈতিক সম্পর্ক স্থাপন কৰে।

চমু প্রশ্নোত্তৰঃ

প্ৰশ্নঃ ১। নেপালৰ গণতন্ত্ৰলৈ অহা তিনিটা প্রত্যাহ্বান উল্লেখ কৰা। 

উত্তৰঃ নেপালৰ গণতন্ত্ৰলৈ অহা তিনিটা প্ৰত্যাহ্বান হ’ল—

(ক) মাওঁবাদীৰ প্ৰভাৱ বৃদ্ধি হৈছিল ফলত দেশখনৰ বিভিন্ন অংশত ৰাজতন্ত্ৰৰ বিৰুদ্ধে অস্ত্র গ্ৰহণৰ প্ৰস্তুতি চলিছিল। 

(খ) সংসদক পুনৰ সংস্থাপন আৰু জনপ্ৰিয় চৰকাৰ এখনৰ নিৰ্বাচন।

(গ) নেপালৰ বাবে সংবিধান এখন লিখা।

প্ৰশ্নঃ ২। বাংলাদেশৰ সংবিধান মুখ্যত কিহৰ ওপৰত আস্থা ৰাখি ৰচনা কৰা হয়?

উত্তৰঃ ধৰ্মনিৰপেক্ষবাদ, গণতন্ত্ৰ আৰু সমাজবাদৰ ওপৰত আস্থা ৰাখি বাংলাদেশৰ সংবিধান ৰচনা কৰা হয়।

প্ৰশ্নঃ ৩। মুকলি বাণিজ্য চুক্তিখন কোন কোন দেশৰ মাজত আৰু কিয় হয় ? 

উত্তৰঃ এই চুক্তিখন ভাৰত আৰু শ্ৰীলংকাৰ মাজত হয়। ইয়াৰ মূল উদ্দেশ্য হ’ল দুয়োখন দেশৰ মাজত থকা সম্পৰ্ক সৰল কৰা। 

প্ৰশ্নঃ ৪। ভাৰত আৰু বাংলাদেশৰ মাজত থকা সমন্বয় আৰু বৈষম্যৰ দুটাকৈ দিশ উল্লেখ কৰা ।

উত্তৰঃ সমন্বয় থকা দুটা দিশ—

(ক) দুইখন দেশে উগ্রপন্থী আৰু অবাঞ্ছনীয় কাৰ্য্যকলাপক উদ্ঘাটক কৰাত একমত।

(খ) দুইখন দেশেই শান্তি আৰু সমন্বয় স্থাপনৰ জৰিয়তে অর্থনৈতিক, বিত্তীয়, বেহা-বেলাব, পৰিবহন, যোগাযোগ আদি দিশসমূহৰ উন্নতি সাধন কৰাত একমত।

বৈষম্য থকা দুটা দিশ—

(ক) গংগা পানীৰ ভাগ বতোৱাৰ ক্ষেত্ৰত বিবাদ।

(খ) ভাৰত চৰকাৰৰ বাংলাদেশৰ পৰা বেআইনীভাবে অহা বহিৰাগত লোকৰ প্ৰবাহক লৈ অসন্তুষ্টি।

প্ৰশ্নঃ ৫। দক্ষিণ এছিয়াই কোন কোন দেশক সামৰি লৈছে?

উত্তৰঃ দক্ষিণ এছিয়াই সাধাৰণতে নিম্নোক্ত দেশসমূহ সামৰি লয়–বাংলাদেশ, ভূটান, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা। উত্তৰে হিমালয় আৰু বিশাল ভাৰত মহাসাগৰ, আৰৱ সাগৰ আৰু বংগ সাগৰ ক্ৰমে দক্ষিণ, পশ্চিম আৰু পূব দিশত আছে যি অঞ্চলটোক এক প্ৰাকৃতিক সংকীর্ণতা প্ৰদান কৰিছে আৰু যি উপমহাদেশখনৰ ভাষা সমাজ আৰু সাংস্কৃতিক বৈষম্যতা সৃষ্টি কৰাত বহু পৰিমাণে দায়বদ্ধ। অঞ্চলটোৰ চাৰিসীমা পূব আৰু পশ্চিমে সিমান স্পষ্ট নহয় যিমান উত্তৰ আৰু দক্ষিণে স্পষ্ট। প্রায় অঞ্চলটোৰ আলোচনাত আফগানিস্তান আৰু ম্যানমাৰ অন্তর্ভুক্ত হয়। চীন এখন উল্লেখনীয় ৰাষ্ট্ৰ যদিও ইয়াক অঞ্চলটোৰ এটা অংশ হিচাপে গণ্য কৰা হয়। দক্ষিণ এছিয়া বুলিলে যিহেতু সাতখন ৰাষ্ট্ৰক বুজায়। সেয়েহে ‘দক্ষিণ এছিয়া’ বুলিলে প্ৰতিটো ক্ষেত্ৰত বিভিন্নতা থকা এক ভূ-ৰাজনৈতিক অঞ্চলক আখ্যা দিয়া হয়।

প্ৰশ্নঃ ৬। বাহিৰা শক্তিসমূহে কেনেকৈ দক্ষিণ এছিয়াৰ দ্বিপাক্ষিক চুক্তিসমূহক প্ৰভাৱান্বিত কৰিছিল? তোমাৰ ফালৰ পৰা যিকোনো এটা উদাহৰণ দিয়া।

উত্তৰঃ শূন্যত কোনো অঞ্চল জীয়াই নাথাকে। অ-আঞ্চলিক শক্তিৰ পৰা নিজকে যিমানেই পৃথক ৰাখিবৰ চেষ্টা নকৰক কিয় ইয়াক বাহিৰৰ শক্তি আৰু ঘটনা প্ৰভাৱ পেলাবই। দক্ষিণ এছিয়াৰ ৰাজনীতিত আমেৰিকা আৰু চীন প্ৰধান খেলুৱৈ হৈ আছে। যোৱা দহ বছৰত ভাৰত চীন সম্পর্ক উল্লেখনীয়বারে উন্নত হৈছে কিন্তু চীনৰ পাকিস্তানৰ সৈতে কৌশলগত সম্পর্ক এতিয়াও প্রধান উত্তেজক হৈ আছে। গোলকীয়কৰণ আৰু বিভাজনৰ দাবী যে এছিয়াৰ দুয়োখন দেশকে ওচৰ কৰিছে আৰু ১৯৯১ চনৰ পৰা অৰ্থনৈতিক সম্পর্ক ভাল হৈছে।

শীতল যুদ্ধৰ পাছত আমেৰিকাৰ দক্ষিণ এছিয়াত হস্তক্ষেপ খৰকৈ বাঢ়িছে। শীতল যুদ্ধৰ শেষৰ পৰা পাকিস্তান আৰু ভাৰত দুয়োৰে সৈতে আমেৰিকাৰ সম্পৰ্ক আছে আৰু ভাৰত পাকিস্তান সম্পৰ্কত এক মধ্যস্থতাকাৰী হিচাপে কাম কৰি আহিছে। দুয়োখন দেশতে অর্থনৈতিক সংস্কাৰ আৰু মুক্ত বাণিজ্যই অঞ্চলটোত আমেৰিকাৰ খোপনি আৰু গঢ় দিছে। আমেৰিকাত বহু সংখ্যক দক্ষিণ এছিয়াৰ বাসিন্দা আৰু অঞ্চলটোৰ বৃহৎ বজাৰ আৰু জনসাধাৰণেও ভৱিষ্যতৰ আঞ্চলিক সুৰক্ষা আৰু শান্তিত আমেৰিকাৰ এক খোজ দিছে।

প্ৰশ্নঃ ৭। ভাৰতৰ চুবুৰীয়া দেশসমূহে প্ৰায়ে ভাবে যে ভাৰত চৰকাৰে অঞ্চলটোৰ সৰু সৰু দেশসমূহৰ ঘৰুৱা ঘটনাৱলীক হস্তক্ষেপ আৰু দমন কৰিবলৈ প্ৰচেষ্টা চলায়। এই ধাৰণাটো সত্য হয়নে?

উত্তৰঃ উক্ত ধাৰণাটো অসত্য। কাৰণ ভাৰতে অ-হস্তক্ষেপ নীতিৰ ওপৰত বিশ্বাসী। সেয়ে ভাৰতৰ বেলিকা ইয়াৰ ওচৰ-চুবুৰীয়া কোনো ৰাষ্ট্ৰক দমন কৰা বা হস্তক্ষেপ কৰা কোনো কাৰ্যকলাপ বা নীতিৰ বশৱৰ্তী নহয়। শ্রীলংকাৰ চৰকাৰৰ অনুৰোধক ভাৰতে শ্রীলংকা শান্তিবাহিনী পঠাইছিল। নেপাল, ভূটান আদিৰ দৰে সৰু দেশসমূহক উন্নয়নৰ কাম-কাজৰ বাবে ভাৰতে যথেষ্ট সংখ্যক মুদ্রা প্ৰেৰণ কৰে। ২০০৫ চনত পাকিস্তানত হোৱা ভূমিকম্প ক্ষতি পূৰণৰ বাবে ভাৰতে যথেষ্ট সহায় কৰিছিল। আনকি ভাৰতে এই কথাও বিশ্বাস কৰে যে দক্ষিণ এছিয়াৰ সকলো দেশে মুক্তভাৱে বেহা-বেপাৰ কৰাৰ বাবে দুৱাৰ খোলা ৰাখিলেতে সকলো দেশৰ সমানে উন্নতি হ’ব। উক্ত কথাৰ পৰা এইটো সহজে বুজিব পাৰি যে ভাৰতে ইয়াৰ ওচৰ-চুবুৰীয়া দেশসমূহৰ লগত সমন্বয় স্থাপন কৰাৰ ওপৰত নিৰ্ভৰ কৰিহে ইস অর্থনৈতিক আৰু ৰাজনৈতিক নীতি গ্ৰহণ কৰি আহিছে। অন্যহাতে ভাৰতে এই দেশসমূহ দমন বা হস্তক্ষেপ কোনো কালে কৰা নাই।

প্ৰশ্নঃ ৮। এছিয়ানৰ মুখ্য উদ্দেশ্যসমূহ আলোচনা কৰা।

উত্তৰঃ ১৯৬৭ চনত দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সংগঠনটোক সৃষ্টি কৰা হৈছিল। ইন্দোনেচিয়া মালয়েচিয়া, ফিলিপাইনচ, ছিংগাপুৰ আৰু থাইলেণ্ড—এই পাঁচখন দেশৰ প্ৰতিনিধিয়ে বেংকৰ ঘোষণাৰ জৰিয়তে এই সংগঠনটোৰ সৃষ্টি কৰিছিল। দক্ষিণ-পূব এছিয়াৰ এই সংগঠনৰ উদ্দেশ আছিল তলত দিয়া ধৰণৰ-

(ক) এই অঞ্চলটোৰ অর্থনৈতিক উন্নয়ন, সামাজিক প্ৰগতি আৰু সাংস্কৃতিক বিকাশ সাধন কৰা।

(খ) আঞ্চলিক শান্তি প্রতিষ্ঠা কৰা আৰু ইয়াক স্থায়ী কৰা।

(গ) অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, কাৰিকৰী, বিজ্ঞান আৰু প্ৰশাসনীয় আদি উমৈহতীয় বিষয়ত সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সক্ৰিয় সহযোগিতাৰ সৃষ্টি কৰা।

(ঘ) দক্ষিণ-পূৱ এছিয়াৰ অধ্যয়নৰ বিষয়ত সহযোগিতাৰ সৃষ্টি কৰা।

(ঙ) কৃষি, উদ্যোগ, ব্যৱসায়-বাণিজ্যৰ বিকাশৰ বিষয়ত সহযোগিতাৰ সৃষ্টি কৰা।

(চ) একে ধৰণৰ উদ্দেশ্যৰে সৃষ্টি কৰা আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংগঠনসমূহৰ প্ৰতি সহযোগিতা আগবঢ়োৱা।

(ছ) শিক্ষা, কাৰিকৰী আৰু প্ৰশাসনীয় বিষয়ত প্রশিক্ষণ আৰু গৱেষণা কার্যত সহায় আগবঢ়োৱা।

প্ৰশ্নঃ ৯। চাৰ্কৰ সফলতাসমূহ উল্লেখ কৰা। 

উত্তৰঃ আঞ্চলিক সমস্যা সমাধানৰ কাৰণে সংগঠিত কৰা চাৰ্ক এটা আঞ্চলিক সংগঠন, ১৯৮৫ চনত জন্ম লাভ কৰা চাৰ্কে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন বিষয়ত সহযোগিতাৰ সৃষ্টি কৰাৰ বিষয়ত চাৰ্ক কৃতকাৰ্য হৈছে। ইয়াৰ উপৰিও অনা-চৰকাৰী সংগঠন কিছুমানেও সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আলোচনা-চক্র অনুষ্ঠিত কৰি, হ্রস্বম্যাদী প্রশিক্ষণ অনুষ্ঠিত কৰি, তথ্য-পাতি  সৰবৰাহ কৰি, বিভিন্ন ধৰণৰ সভা-সমিতি অনুষ্ঠিত কৰি অনা-চৰকাৰী অনুষ্ঠানসমূহে চাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ সৃষ্টি কৰাৰ বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষিৰ ক্ষেত্ৰত সহযোগিতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে ঢাকাত এটা সংগঠন প্ৰতিষ্ঠা কৰা হৈছে। Food Security Reserve ৰ সৃষ্টিক চাৰ্কৰ এটা অন্যতম সফলতা হিচাবে উল্লেখ কৰিব পাৰি। কৃষিৰ উৎপাদন বৃদ্ধিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা, যোগাযোগ ব্যৱস্থাৰ উন্নতি কৰা, সন্ত্ৰাসবাদক বন্ধ কৰা, নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰা, দেশসমূহৰ মাজত সৃষ্টি হোৱা  পাৰস্পৰিক উত্তেজনাক হ্ৰাস কৰা ব্যৱসায়-বাণিজ্যৰ সুবিধাৰ সৃষ্টি কৰা আদিৰ বিষয়ত চাৰ্কে সফলতা লাভ কৰিছে।

প্ৰশ্নঃ ১০। ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখিত নীতিসমূহ আলোচনা কৰা। 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শাস্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে সংগঠিত ৰাষ্ট্ৰসংঘৰ চনদত তলত দিয়া সাতটা নীতিৰ উল্লেখ আছে।

(ক) সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত এই সংগঠন প্ৰতিষ্ঠা কৰা হ’ব।

(খ) সদস্য ৰাষ্ট্ৰসমূহে চনদত উল্লেখ কৰা সুবিধা ভোগ কৰাৰ কাৰণে চনদৰ নিয়মাৱলী আৰু ইয়াত উল্লেখ থকা দায়িত্ব পালন কৰিব।

(গ) আন্তৰাষ্ট্ৰীয় শাস্তি, নিৰাপত্তা আৰু ন্যায় যাতে ব্যাহত নহয়, সেই উদ্দেশ্যে সদস্য ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব।

(ঘ) সদস্য ৰাষ্ট্ৰসমূহে কোনো ৰাষ্ট্ৰ ৰাজ্যিক অখণ্ডতা আৰু ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে শক্তি প্রয়োগ নকৰিব।

(ঙ) নদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক প্রয়োজনীয় সহায় আগবঢ়াব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰাৰ পৰা বিৰত থাকিব।

(চ) যিবোৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য নহয়, সেই দেশবোৰেও যাতে ৰাষ্ট্ৰসংঘৰ নীতি মতে আন্তৰাষ্ট্ৰীয় শাস্তি আৰু নিৰাপত্তা বজাই ৰখাৰ কাৰণে চেষ্টা কৰে, সেই বিষয়ে ৰাষ্ট্ৰসংঘই চেষ্টা কৰিব।

(ছ) ৰাষ্ট্ৰসংঘই সদস্যসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। কিন্তু কোনো দেশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা প্ৰয়োগ কৰাৰ বিষয়ত এই নীতি প্রযোজ্য নহ’ব।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ

প্ৰশ্নঃ ১। বাংলাদেশ আৰু পাকিস্তানৰ ক্ষেত্ৰত থকা গণতান্ত্ৰিক সাদৃশ্য আৰু পাৰ্থক্যসমূহ কি কি? 

উত্তৰঃ বাংলাদেশ আৰু পাকিস্তান দুইখন দেশই সভ্য আৰু সৈনিক শাসনত অভিজ্ঞপূর্ণ শান্তিযুদ্ধ শেষ হোৱাৰ আগলৈকে দুই দেশৰ পৰিস্থিতি বহুখিনি সাদৃশ্য আছিল। পাকিস্তানে নিজৰ সংবিধান প্ৰস্তুত কৰাৰ পাছত আয়ুব খানে দেশখনৰ প্ৰশাসন ওপৰত আধিপত্য বিস্তাৰ কৰে। অৱশ্যে আয়ুব খানে কাৰ্য্যালয় ত্যাগ কৰিবলগীয়া হৈছিল কাৰণ তেওঁৰ শাসনৰ বিৰুদ্ধে জনগণৰ অসন্তুষ্টি আছিল। এনে পৰিস্থিতিয়ে য়াহয়া খানৰ নেতৃত্ব সৈনিক হস্তক্ষেপৰ বাট  মুকলি কৰি দিয়ে। যাহয়াৰ সামৰিক শাসনকালতে পাকিস্তানে বাংলাদেশ সংকটৰ সম্মুখীন হৈছিল আৰু ১৯৭১ চনত ভাৰতৰ সৈতে এখন যুদ্ধৰে পূব পাকিস্তান বাংলাদেশ নামেৰে  স্বাধীন দেশ হিচাপে বিভক্ত হৈ গৈছিল। ইয়াৰ পাছত ১৯৭১ চনৰ পৰা ১৯৭৭ চনলৈ জুলফিকাৰ আলী ভুট্টো নেতৃত্বত এখন নিৰ্বাচিত চৰকাৰ পাকিস্তানৰ ক্ষমতালৈ আহে। ১৯৭৭ চনত জেনেৰেল জিয়াউল হকে ভুট্টো চৰকাৰ আঁতৰাই পঠালে। ১৯৮২ চনৰ পৰা জেনেফে জিয়াই এক গণতন্ত্রমুখী আন্দোলনৰ সম্মুখীন হ’ল আৰু ১৯৮৮ চনত বেনাজিৰ ভুট্টোৰ নেতৃত্বত  পুনৰ্বাৰ এখন নিৰ্বাচিত চৰকাৰ ক্ষমতালৈ আহে। ইয়াৰ পাছৰ সময়ছোৱাত পাকিস্তানৰ ৰাজনীতি ভূট্টোৰ পাকিস্তান পিপলচ পাৰ্টি আৰু দ্য মুছলিম লীগৰ মাজত প্ৰতিযোগিতাৰ মাজেৰে পৰা হয়। এই গণতন্ত্র ১৯৯৯ চনলৈ বৰ্তি থাকে আৰু যেতিয়া আকৌ সেনাই পুনৰ হস্তক্ষেপ কৰে আৰু জেনেৰেল পারভেজ মুছাৰফে প্রধানমন্ত্রী নাবাজ শ্বৰিফক সলনি কৰে। ২০০১ চনত জেনেৰেল মুছাৰফ ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হয়। এতিয়া পাকিস্তানত সেনাৰ শাসন চলি আছে যদিও সেনাই তেওঁলোকৰ শাসনক গণতন্ত্ৰৰ ছবি দিবলৈ নিৰ্বাচন পাতিছে। 

অন্যহাতে, ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ বাংলাদেশ পাকিস্তানৰ অংশ আছিল। ব্ৰিটিছে ভাৰতৰ পৰা অসম আৰু বঙ্গক পৃথক কৰা ভূখণ্ডক লৈ ই গঠিত। এই অঞ্চলটোৰ জনসাধাৰ্ৰণ পশ্চিম পাকিস্তানৰ দমন আৰু উর্দু ভাষা আৰোপত অসন্তুষ্ট হয়। বেংগলী সংস্কৃতি আৰু ভাষাৰ প্ৰতি কু-ব্যৱহাৰৰ তেওঁলোকে বিভাজনৰ পিছতে বিৰোধীতা আৰম্ভ কৰে। তেওঁলোকে শাসনত উচিত প্রতিনিধিত্ব আৰু ৰাজনৈতিক ক্ষমতাত উচিত অংশ বিচাৰে। শ্বেখ মুজিবৰ ৰহমানে পশ্চিম পাকিস্তানৰ দমনৰ বিষয়ে গণ সংগ্ৰামৰ নেতৃত্ব দিয়ে। তেওঁ পূৰ্বৰ অঞ্চলটোৰ বাবে স্বশাসন বিচাৰে। সেই সময়ত পাকিস্তানত ১৯৭০ চনৰ নিৰ্বাচনত শ্বেখ মুজিবৰৰ নেতৃত্বত আৱামী লীগে পূৱ পাকিস্তানত সকলো আসন দখল কৰে আৰু প্ৰস্তাৱিত পাকিস্তানৰ সংবিধান সভাত সংখ্যা গৰিষ্ঠতা নিশ্চিত কৰে। কিন্তু পশ্চিমৰ নেতাৰ দ্বাৰা দমন কৰা চৰকাৰে সভাখন পতাত অমাস্তি হয়। শ্বেখ মুজিবুৰক গ্ৰেপ্তাৰ কৰা হয়। জেনেৰেল য়াহয়া খানৰ সেনা শাসনত পাকিস্তানৰ সেনাই জন আন্দোলনটো দমন কৰাৰ প্ৰয়াস কৰে। পাকিস্তানত অনুপ্রবৰশ ঘটাই আৰু ভাৰতৰ “ৰেফুজিৰ” সমস্যা সৃষ্টি কৰে। পূৱ পাকিস্তানৰ জনসাধাৰণৰ স্বাধীনতাৰ দাবীক ভাৰত চৰকাৰে সমৰ্থন কৰে আৰু আৰ্থিকভাবে আৰু সামৰিকভাৱে সহায় কৰে। ই ১৯৭১  চনৰ ডিচেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত এখন যুদ্ধৰ সৃষ্টি কৰে আৰু পাকস্তানী সৈন্যই পূর্ব পাকিস্তানত আত্মসমৰ্পণ কৰে আৰু স্বাধীন ৰাষ্ট্ৰ হিচাপে বাংলাদেশ গঠনেৰে এই যুদ্ধৰ এ সামৰণি পৰে। ধৰ্ম নিৰপেক্ষবাদ, গণতন্ত্ৰ আৰু সমাজবাদৰ ওপৰত আস্থা ৰাখি বাংলাদেশৰ যা সংবিধান ৰচনা কৰা হয়। ১৯৭৫ চনত শ্বেখ মুজিবুৰে সংসদীয় চৰকাৰৰ পৰা ৰাষ্ট্ৰপতি চৰকাৰলৈ সংবিধান সংশোধন কৰিলে। তেওঁ নিজৰ আবাসী লীগৰ বাহিৰে আন সকলো লেক নাইকীয়া কৰিলে। 

এই ঘটনাই বহুতো বিবাদ আৰু চিন্তাৰ কাৰণ হিচাপে থিয় দিয়ে। ১৯৭৫ চনৰ আগষ্টত সেনাৰ আন্দোলনে এক নাটকীয় আৰু দুখজনকভাৱে মুজিবক হত্যা  কৰা হয়। নতুন শাসনকর্তা জিয়াউৰ ৰহমানে বাংলাদেশ নেচনেল পাটী নামেৰে যি এক দল গঠন কৰি ১৯৭৯ চনত নিৰ্বাচনত জয়লাভ কৰে। তেওঁক হত্যা কৰা হয় আৰু আন এক সামৰিক শাসন লেফটেনেন্ট জেনেৰেল এচ. এম. এচাৰ্ডৰ নেতৃত্বত আৰম্ভ হয়। সোনকালেই বাংলাদেশৰ জনসাধাৰণে গণতন্ত্ৰৰ সপক্ষে থিয় দিয়ে। এইক্ষেত্রত জনসাধাৰণে আগভাগ লয়। ২ চাক সীমিতভাৱে ৰাজনৈতিক কৰ্ম কৰাত বাধ্য কৰা হ’ল। পাছলৈ তেওঁক পাঁচ বছৰৰ  বাবে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হ’ল। জনগণৰ জৰিয়তে ১৯৯০ চনত প্ৰচাৰ্ডক নামি – দিবলৈ বাধ্য কৰায়। ১৯৯১ চনত নিৰ্বাচন পতা হয়। তেতিয়াৰ পৰা বাংলাদেশত বহুদলীয়-গণতন্ত্র চলি আহিছে।

প্ৰশ্নঃ ২। শ্ৰীলংকাৰ জনজাতীয় বিবাদৰ মুখ্য গুৰি ধৰোতা সকলৰ নাম লিখা। তুমি কিদৰে এই বিবাদৰ সমাধানৰ সম্ভাৱনীয়তা বিচাৰ কৰা।

উত্তৰঃ শ্ৰীলংকাৰ জনজাতীয় বিবাদৰ মুখ্য গুৰি ধৰোতাসকল হ’ল— সিংহলীয় সকল আৰু তামিলসকল।

স্বধীনতাৰ কালছোৱাত শ্ৰীলংকাৰ ৰাজনীতি সংখ্যা গৰিষ্ঠ সিংহলীৰ স্বাৰ্থ প্ৰতিনিধিত্ব কৰা শক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আছিল। তেওঁলোকে ভাৰতৰ পৰা শ্ৰীলংকালৈ অনুপ্ৰৱেশ কৰি শত থিতাপি লোৱা বৃহৎ সংখ্যক তামিলসকলৰ বিৰোধ কৰিছিল। এই অনুপ্ৰৱেশ স্বাধীনতাৰ পাছতো চলি আছিল। সিংহলী জাতীয়তাবাদী সকলে ভাবিছিল যে শ্রীলংকাই তামিলসকলক আমি ৰেহাই দিব নালাগে। কিয়নো শ্রীলংকা কেৱল সিংহলীসকলৰ হে। তামিলৰ প্ৰতি এই অৱজ্ঞাই তামিলৰ সামৰিক জাতীয়তাবাদৰ সৃষ্টি কৰিছিল। ১৯৮৩ চনৰ পাছৰে পৰা LTTE নামৰ সামৰিক বাহিনীটোৱে শ্ৰীলংকাৰ সেনাৰ সৈতে সশস্ত্ৰ সংগ্ৰাম কৰি আহিছে। আৰু ‘তামিল ইলাম’ বা শ্ৰীলংকাৰ তামিলসকলৰ বাবে পৃথক দেশ বিচাৰিছে। LTTE য়ে শ্ৰীলংকাৰ উত্তৰ পূব অংশ নিয়ন্ত্ৰণ কৰে।

শ্ৰীলংকাৰ সমস্যাটোৱে ভাৰতীয় মূলৰ মানুহক সামৰি লয় আৰু ভাৰতত তামিল জনসাধাৰণৰ এক উল্লেখনীয় হেঁচা আছে যে ভাৰত চৰকাৰ শ্ৰীলংকাৰ তামিলত স্বাৰ্থ ৰক্ষা কৰিব লাগে। তামিলৰ সমস্যাৰ সন্দৰ্ভত ভাৰত চৰকাৰে সময়ে সময়ে শ্রীলংকা চৰকাৰৰ লগত আলোচনাও কৰি আহিছে। কিন্তু ১৯৮৭ চনত শ্ৰীলংকাৰ তামিলৰ প্ৰশ্নক লৈ ভাৰত চৰকাৰে পোন প্ৰথমবাৰৰ বাবে প্রত্যক্ষভাৱে জড়িত হয়। ভাৰতে শ্রীলংকাৰ সৈতে এখন চুক্তি কৰে আৰু শ্ৰীলংকাৰ চৰকাৰ আৰু তামিলৰ মাজৰ সম্পৰ্কক স্থায়িত্ব দিবৰ বাবে সেনাৰ দল পঠিয়াই অৱশেষত ভাৰতীয় আৰ্হি LTTE ৰ সৈতে যুদ্ধত লিপ্ত হয়। শ্রীলংকায়ো ভাৰতীয় সেনাৰ উপস্থিতি ভাল কৰা নাছিল। তেওঁলোকে ইয়াক ভাৰতে তেওঁলোকৰ আভ্যন্তৰীণ কথাত হস্তক্ষেপৰ প্ৰচেষ্টাক আখ্যা দিয়ে। ১৯৮৯ চনত শ্ৰীলংকাৰ পৰা বিফলতাৰে ভাৰতীয় শাস্তিৰক্ষক শক্তিক উলিয়াই অনা হয়।

শ্ৰীলংকাৰ বিবাদ হিংসাত্মক হৈয়ে থাকিল। তথাপিও আন্তর্জাতিক বার্মী, বিশেষকৈ যেন ডিভিয়েন দেশবোৰক যেনে নৰৱে আৰু আইলেণ্ড আদিয়ে যুদ্ধ কৰি থকা দলবোৰক আলোচনাৰ বাবে অনাৰ চেষ্টা কৰি আছে।

বিবাদ থাকিলেও শ্রীলংকাত উল্লেখনীয়ভাবে অর্থনৈতিক উন্নতি আছে আৰু উচ্চমানৰ সম্পদৰ বিকাশ লাভ কৰিছে। শ্ৰীলংকাৰ উন্নয়নশীল দেশবোৰৰ ভিতৰত সফলতাৰে জনসাধাৰণৰ বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰাত আগশাৰীৰ দেশবোৰ অন্যতম, ই অঞ্চলটোত উদাৰ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰা প্ৰথম দেশ। ঘৰুৱা যুদ্ধৰ মাজতো বহু বছৰলৈ ধৰি সৰ্বোচ্চ জনমুৰি মুঠ ঘৰুৱা উৎপাদন আছিল । আভ্যন্তৰীণ বিবাদৰ স্বত্বেও ই গণতন্ত্ৰৰ প্ৰচলন কৰি আহিছে।

প্ৰশ্নঃ ৩। ভাৰত আৰু পাকিস্তানৰ মাজত সাম্প্ৰতিক হোৱা চুক্তি কেইখনমান উল্লেখ কৰা। আমি দুইখন দেশৰ মাজত চলি থকা বন্ধুত্বৰ সম্পৰ্কক লৈ নিশ্চিত হ’ব পাৰোনে? 

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা কেইখনমান চুক্তি হ’ল—

(ক) ১৯৬০ চনত বিশ্ব বেংকৰ সহায়ত ভাৰত আৰু পাকিস্তানে ইণ্ডাচ জল চুক্তিত স্বাক্ষৰ কৰে।

(খ) কার্গিল চুক্তি।

(গ) পাকিস্তানৰ সম্ভাবাদীসকলক সমর্থন।

(ঘ) যুদ্ধ নোহোৱা চুক্তি।

(ঙ) আণবিক শক্তিৰ পৰীক্ষা ।

(চ) ভাৰত পাকিস্তানৰ বাছ পৰিবহন সেৱাৰ বাবে চুক্তি। 

১৯৪৭ চনত ইংৰাজ চৰকাৰে শাসনৰ ক্ষমতা হস্তান্তৰ কৰাৰ ফলত ভাৰত আৰু পাকিস্তান নামৰ ৰাষ্ট্ৰ দুখনৰ সৃষ্টি হয়। কিন্তু স্বাধীনতা লাভৰ পিছৰছোৱা কালত দুয়োখন দেশৰ মাজত এক প্ৰকাৰ আধোষ্ঠিত শীতল যুদ্ধৰ সৃষ্টি হোৱা বুলি ক’ব পাৰি। মাইকেল ব্ৰেছাৰৰ মতে  স্বাধীনতা লাভ কৰাৰ সময়ৰ পৰা দুয়োখন দেশৰ মাজত অঘোষিত যুদ্ধৰ সৃষ্টি হৈ থকা বুলি ক’ব পাৰি। কেতিয়াবা হয়তো উত্তেজনা বৃদ্ধি হৈছে আৰু কেতিয়াবা হয়তো উত্তেজনা কমি গৈছে। দেশ বিভাজনৰ ফলত সৃষ্টি হোৱা সমস্যা কিছুমানে দুয়োখন দেশৰ মাজত তিক্ততাৰ সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও পাকিস্তানৰ ধাৰণা হৈছিল যে ভাৰতে এই বিভাজন কেতিয়াও মানি নলৰ আৰু সুবিধা পালেই পাকিস্তানক আক্ৰমণ কৰিব। দুয়োখন দেশৰ বৈদেশিক নীতিৰ  মাজত থকা প্রভেদেও দুয়োখন দেশৰ মাজত তিক্ততাৰ সৃষ্টি কৰাত বৰঙণি যোগাইছিল। কিছুমান সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা সম্ভৱ হৈছিল যদিও, আন কিছুমান সমস্যাই দুয়োখন দেশৰ মাজত তিক্ততাৰো সৃষ্টি কৰিছিল। দুয়োখন দেশৰ মাজত তিক্ততাৰ সৃষ্টি কৰা সমস্যাসমূহৰ ভিতৰত প্ৰধান সমস্যা হৈছে কাশ্মীৰ সমস্যা, পানীৰ সমস্যা, পাকিস্তানৰ সামৰিক নীতি, ভাৰত বিৰোধী প্ৰচাৰ, পাকিস্তানৰ আক্ৰমণাত্মক নীতি, পাকিস্তান দখল কৰা ভাৰতৰ এলেকা চীন দেশলৈ হস্তান্তৰকৰণ, সন্ত্ৰাসবাদীসকলৰ প্ৰতি সমর্থন। 

ওপৰোক্ত আলোচনাৰ পৰা এইটো বুজিব পৰা গ’ল যে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সম্পর্ক বন্ধুত্বপূর্ণ নহয়।

প্ৰশ্নঃ ৪। ‘চার্কে” (SAARC) দক্ষিণ এছিয়াৰ দেশসমূহৰ অৰ্থনৈতিক সমন্বয় স্থাপনৰ ফ’ৰাম হিচাপে ভূমিকা আৰু সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ ‘চাৰ্কে’ অর্থনৈতিক ক্ষেত্ৰত তলত দিয়া ভূমিকা সমূহ পালন কৰে।

(ক) এই অঞ্চলৰ লোকসকলৰ কল্যাণ সাধন কৰা। 

(খ) জনসাধাৰণৰ জীৱনৰ মানদণ্ডক উন্নত কৰা।

(গ) অর্থনৈতিক উন্নয়ন খৰতকীয়া কৰা।

(ঘ) সামুহিক আত্মনিৰ্ভৰশীলতাৰ সৃষ্টি কৰা।

(ঙ) পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ সৃষ্টি কৰা ।

(চ) অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, কাৰিকৰী আৰু বিভাজনৰ বিষয়ত সহযোগিতাৰ সৃষ্টি কৰা।

(ছ) আন আন উন্নয়নশীল দেশৰ লগত সহযোগিতা সৃষ্টি কৰা। আৰু

(জ) বিভিন্ন আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় সংগঠনৰ লগত সহযোগিতা সৃষ্টি কৰা।

সীমাবদ্ধতাসমূহঃ

(ক) এই অঞ্চলৰ ৰাজনৈতিক পৰিবেশ কৃতকার্যতা লাভৰ অনুকূল নহয়। এই অঞ্চলৰ দেশসমূহ, বিশেষকৈ ভাৰত আৰু পাকিস্তানৰ মাজত থকা মতভেদে চাৰ্কৰ কৃতকাৰ্য্যতাত ভালেখিনি বাধাৰ সৃষ্টি কৰে।

(খ) চাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত থকা সম্পদৰ বৈষম্যইও ইয়াৰ উদ্দেশ্য সাধনত বাধান সৃষ্টি কৰিছে।

(গ) চাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহ উন্নয়নশীল ৰাষ্ট্ৰ, কিন্তু এই দেশসমূহৰ উন্নয়নৰ পৰ্যায়ো একে ধৰণৰ নহয়।

(ঘ) ব্যৱসায় বাণিজ্যৰ বিষয়ত থকা অ-সহযোগিতাইও চাৰ্কৰ উদ্দেশ্য সাধনত বাধাৰ সৃষ্টি নকৰাকৈ থকা নাই।

(ঙ) চাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত থকা দুৰ্বল যাতায়ত আৰু যোগাযোগ ব্যৱস্থাইও ইয়ান উদ্দেশ্য সাধনত বাধাৰ সৃষ্টি নকৰাকৈ থকা নাই।

প্ৰশ্নঃ ৫। চাৰ্কৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলীসমূহ উল্লেখ কৰা।

উত্তৰঃ দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতাৰ অনুষ্ঠানবিলাকৰ ভিতৰত ১৯৮৫ চনৰ ডিচেম্বৰ মাহত গঠিত চার্ক এক অতি উল্লেখযোগ্য আঞ্চলিক সংস্থা। এই সংস্থাটোত ভাৰত, নেপাল, ভূটান, শ্রীলংকা, পাকিস্তান, মালদ্বীপ আৰু বাংলাদেশ এই সাতখন দেশ লৈ গঠিত হয়।

চাৰ্কৰ লক্ষ্য: চাৰ্কৰ মুখ্য লক্ষ্যবোৰ হৈছে—

(ক) এই সংস্থাভুক্ত দেশবোৰৰ অৰ্থনৈতিক বিকাশৰ গতি দ্রুত কৰি তোলা।

(খ) জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰা।

(গ) আর্থ সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সাধন কৰা।

(ঘ) সমূহীয়া আত্ম প্রত্যয়ৰ লক্ষ্যত উপনীত হোৱা।

(ঙ) দেশবোৰৰ মাজত মুক্ত আঞ্চলিক বাণিজ্যিক উন্নয়ন সাধন কৰা।  

(চ) উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ মাজৰ সম্পৰ্ক উন্নত কৰা।

(ছ) একে উদ্দেশ্যৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ লগত সহযোগিতা স্থাপন কৰা।

(জ) ইয়াৰ অন্তৰ্গত দেশবোৰৰ মাজত ৰাজনৈতিক সম্বন্ধৰ লগতে সকলো দিশতে সহযোগিত শক্তিশালী কৰি তোলা।

(ঝ) দেশবোৰৰ অৰ্থনৈতিক বিকাশৰ গতি খৰতকীয়া কৰি তোলা। 

(ঞ) মানৱ সম্পদৰ ব্যৱহাৰৰ বাবে যথোপযুক্ত ব্যৱস্থা কৰা আৰু সুবিধা প্ৰদান কৰা।

(ট) বিনিয়োগ বৃদ্ধিক উৎসাহিত কৰা।

(ঠ) বস্তুবাদী সম্পদৰ ব্যৱহাৰৰ সুবিধা দিয়া ইত্যাদি। 

চাৰ্কৰ কাৰ্যাৱলী: চাৰ্ক অনুষ্ঠিত হোৱাৰ পাছৰ পৰা ইয়াৰ কেইবাখনো অধিৱেশন তথা সন্মিলন অনুষ্ঠিত হয়। এই চাৰ্কৰ কাৰ্যাৱলীসমূহ অধিৱেশনত নিৰ্ধাৰণ কৰা হয়। ইয়াৰ কাৰ্যাৱলীসমূহ হৈছে—

(ক) চার্কে বিভিন্ন আলোচনা-বিলোচনাৰ মাধ্যমেৰে ইয়াৰ অন্তৰ্গত দেশবোৰৰ মাজত বুজাবুজিৰ ভাৱ বৃদ্ধি আৰু দেশবোৰত থকা সমস্যাৰ ক্ষেত্ৰত উত্তেজনা হ্রাস কৰাত সহায় কৰে।

(খ) চাৰ্কৰ কাৰ্যকলাপ নিয়মীয়া কৰিবৰ বাবে নেপালৰ ৰাজধানী কাঠমাণ্ডুত ইয়াৰ সচিবালয় পাতিছে আৰু যৎপৰোনাস্তি চেষ্ট চলাইছে।

(গ) চাৰ্কৰ অন্তৰ্গত দেশকেইখনৰ মাজত ব্যৱসায় বাণিজ্য সহজ কৰি তুলিবৰ বাবে সপ্তাহৰ দৰে চুক্তি সম্পাদন কৰিছে আৰু তাক কাৰ্যকৰী কৰাত মনোনিৱেশ কৰিছে।

(ঘ) বহুতো কাৰিকৰী সমিতি গঠন কৰি ইয়াৰি অন্তৰ্ভুক্ত দেশকেইখনৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ চেষ্টা কৰিছে।

(ঙ) খাদ্য নিৰাপত্তা ভঁৰাল স্থাপন, সন্ত্রাসবাদী দমন চুক্তিৰ সংশোধন, ভ্রমন সম্পর্কীয় চুক্তি, উচ্চতন ন্যায়ালৰ বিচাৰক আৰু সংসদৰ সদস্যক ভিচা নোহোৱাকৈ ইয়াৰ অন্তৰ্ভুক্ত দেশবোৰ ভ্ৰমণৰ সুবিধা প্ৰদান আদি কাৰ্যবোৰ সম্পাদন কৰে।

(চ) কৃষি, বিজ্ঞান, কাৰিকৰী প্ৰশিক্ষণ, প্ৰযুক্তিবিদ্যা, তথ্য সৰবৰাহ সমিতি গঠন কৰা আদি কার্যই সম্পাদন কৰে। এই সমিতিৰ পৰামৰ্শ ইয়াৰ অন্তৰ্ভুক্ত দেশবোৰে মানি চলিব লাগে।

(ছ) এই সংস্থাই ড্ৰাগছ সেৱন কাৰ্যক প্ৰতিৰোধ কৰা বিষয়ক চুক্তি সম্পাদন কৰি কাৰ্যকৰী কৰাৰ চেষ্টা চলায়।

(জ) ই চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ৰ দেশবিলাকৰ মাজত পাৰস্পৰিক সহযোগিতাৰ বৃদ্ধি আৰু উন্নত কৰাৰ চেষ্টা চলায়।

(ঝ) ই ইয়াৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰকেইখনৰ মাজত ঘটিত হোৱা প্রাকৃতিক দুর্যোগ হ্রাস কৰা, পাবেশ। উন্নয়ন কৰা, মানৱ সম্পদৰ বিকাশ সাধন কৰা আদিৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰে।

(ঞ) ইয়াৰ অন্তৰ্ভূক্ত বেচৰকাৰী পৰ্যায়ৰ দেশকেইখনৰ মাজত চেমিনাৰ, কৰ্মশালা, প্রশিক্ষণ ব্যৱস্থা, বৈজ্ঞানিক সকলৰ মাজত বৈঠক পতা আদি কাম সম্পাদন কৰে ইত্যাদি।

প্ৰশ্নঃ ৬। দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে চাৰ্কে কেনে ভূমিকা পালন কৰে।

উত্তৰঃ দক্ষিণ এছিয়া দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে চার্কে নিম্নলিখিত দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যেনে—

(ক) চাৰ্কে দক্ষিণ এছিয়া দেশসমূহৰ মাজত বন্ধুত্ব, বিশ্বাস আৰু বুজাবুজিৰ মাধ্যমেৰে বিভিন্ন কাম সম্পাদনৰ বাবে এখন ক্ষেত্ৰত প্ৰদান কৰিছে।

(খ) দক্ষিণ এছিয়া দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে চাৰ্কে ইয়াৰ অন্তৰ্ভুক্ত দেশসমূহৰ আর্থিক আৰু সামাজিক দিশৰ প্ৰগতি খৰতকীয়া কৰিব বিচাৰে।

(গ) প্রথম অৱস্থাত চার্কে কেবল সামুহিক ভেটি স্থাপনৰ বাবে কাৰ্যকৰী সহযোগিতাৰ ওপৰত অধিক গুৰুত্ব দিছিল যদিও বর্তমানেই কৃষি, যোগাযোগ, শিক্ষা, সংস্কৃতি, খেলা-ধূলা, পৰিৱেশ আৰু বতৰ বিজ্ঞান, স্বাস্থ্য আৰু জনসংখ্যা সম্পৰ্কীয় কাৰ্যাৱলী আদিৰ জৰিয়তে দেশবোৰৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

(ঘ) চাৰ্কে ইয়াৰ অধীনত এঘাৰখন কাৰ্যকৰী সমিতি গঠন কৰি তথ্যৰ আদান প্ৰদান আৰু আঁচনি প্ৰস্তুত কৰা নিজস্ব ক্ষেত্ৰসমূহৰ প্ৰকল্প প্ৰস্তুত কৰাৰ বাবে বাৰ্ষিক দিনপঞ্জী প্ৰস্তুত কৰাৰ দায়িত্ব অর্পণ কৰিছে।

(ঙ) চাকে মাদক দ্ৰব্য ৰোধ, গাঁও অঞ্চলৰ উন্নতি সাধন, মহিলাৰ উন্নতি সাধন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰগতি, পৰ্যটন আৰু পৰিবহন ব্যৱস্থাৰ উন্নতি আৰু প্ৰগতিৰ বাবে যথেষ্ট প্রগতিমূলক আঁচনি হাতত লৈছে।

(চ) চাৰ্কে ইয়াৰ অন্তৰ্ভুক্ত দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে কৃষি সম্বন্ধীয় তথ্যপাতিৰ বাবে ঢাকাত, টি. বি. প্ৰতিৰোধৰ বাবে কাঠমাণ্ডুত ছাৰ্কৰ স্বাৰ্থ জড়িত তথ্যপাতিৰ বাবে দিল্লীত আৰু বতৰ বিজ্ঞান গৱেষণাৰ ববে ঢাকাত মুঠ চাৰিটা আঞ্চলিক কেন্দ্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছে।

(ছ) চাৰ্কে মানৱ সম্পদৰ উন্নয়নৰ বাবে পাকিস্তানত আন এটা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছে।

অৱশ্যে চাৰ্কৰ কাৰ্যসমূহ লেহেমীয়া গতিত সংঘটিত হয়। তথাপি ই ইয়াৰ অন্তৰ্ভুক্ত দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে যথেষ্ট প্ৰচেষ্টা হাতত লৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top