India’s Foreign Policy in a Globalizing World Unit 2 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু USSR / ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক

Join Telegram channel

India’s Foreign Policy in a Globalizing World Unit 2 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু USSR / ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, India’s Foreign Policy in a Globalizing World Unit 2 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু USSR / ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. India’s Foreign Policy in a Globalizing World Unit 2 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু USSR / ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক Question Answer can be of great value to excel in the examination.

India’s Foreign Policy in a Globalizing World Unit 2 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু USSR / ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক

India’s Foreign Policy in a Globalizing World Unit 2 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু USSR / ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক Notes cover all the exercise questions in UGC Syllabus. The India’s Foreign Policy in a Globalizing World Unit 2 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু USSR / ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্ৰশ্নঃ ৮। ইউৰোপীয় ইউনিয়নৰ ক্ষেত্ৰত লিছবন চুক্তিয়ে আনিব বিচৰা গুৰুত্বপূৰ্ণ সংস্কাৰসমূহ উল্লেখ কৰা।

উত্তৰঃ (ক) এখন অধিক গণতান্ত্ৰিক আৰু স্বচ্ছ ইউৰোপ: লিছবন চুক্তিৰ জৰিয়তে ইউৰোপীয় সংসদ আৰু সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় আইন পালিকাবিলাকৰ ওপৰত এক সফল ভূমিকা ন্যস্ত কৰা হৈছে। সদস্য ৰাষ্ট্ৰবিলাকৰ নাগৰিকসকলক ইউৰোপীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিজস্ব মতামত ব্যক্ত কৰাৰ সুযোগ প্ৰদান কৰিছে এই চুক্তি খনে। তদুপৰি সদস্য ৰাষ্ট্ৰসমূহৰ ইউৰোপীয় ইউনিয়নৰ পৰা অব্যাহতিৰ বিষয়তো পোনপ্ৰথমবাৰৰ চুক্তিখনত উল্লেখ কৰা হৈছে।

(খ) আন্তঃৰাষ্ট্ৰীয় পৰিষদৰ নায়ক হিচাপে ইউৰোপ: চুক্তিখনৰ দ্বাৰা ইউৰোপৰ নতুন নীতি আৰু সিদ্ধান্ত গ্ৰহণৰ আৰু ইবিলাকৰ উন্নয়নৰ লগত ইউৰোপত বাহ্যিক নীতি আঁচনি আদিক একীভূতকৰণৰ জৰিয়তে ওপৰোক্ত লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰা হৈছিল। বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহৰ লগত ইউৰোপীয় ইউনিয়নৰ সম্পৰ্ক কেনে হ’ব, সেই সম্পৰ্কত চুক্তি খনে এর স্পষ্ট আভাস দাঙি ধৰিছে। সদস্য ৰাষ্ট্ৰবিলাকৰ বৈদেশিক পৰিক্ৰমা বিষয়ৰ স্বাৰ্থৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰোঁতে ইউৰোপীয় স্বাৰ্থ আৰু প্ৰমূল্যৰাজিৰ উন্নীতকৰণৰ অৰ্থে চুক্তি খনে ইউৰোপৰ অর্থনৈতিক মানৱীয়তাবাদী, ৰাজনৈতিক আৰু কূটনৈতিক শক্তি সৱলীকৰণৰ ওপৰত যথোচিত গুৰুত্ব দিছে।

(গ) অধিকাৰ প্ৰমূল্য, স্বতন্ত্রতা, একাত্মতা আৰু নিৰাপত্তাপূর্ণ ইউৰোপ: ইউৰোপীয় মৌলিক আইনত মৌলিক অধিকাৰৰ চনদৰ সূচনা কৰা, একাত্মবোধৰ নতুন ব্যৱস্থাপনা উদ্ভাৱন আৰু ইউৰোপীয় নাগৰিকসকলৰ সুৰক্ষা তথা ৰক্ষণাবেক্ষণৰ নিশ্চয়তা প্ৰদান কৰাৰ জৰিয়তে লিছবন চুক্তিখনে ইউৰোপীয় প্ৰমূল্যৰাশিক অধিক উন্নত কৰি তুলিছে।

(ঘ) এখন দক্ষতাসম্পন্ন ইউৰোপ গঢ়ি তোলা: চুক্তি খনে সহজ কর্মপদ্ধতি আৰু ভোটিং নিয়মৰ সৈতে ২৭ খন সদস্য ৰাষ্ট্ৰযুক্ত ইউৰোপীয় ইউনিয়নৰ বাবে আধুনিক অনুষ্ঠান গঢ়ি তোলাৰ লগতে সাম্প্ৰতিক ইউনিয়নক অগ্ৰাধিকাৰ ভিত্তিক ক্ষেত্ৰসমূহত কাম কৰিব পৰাৰ সামৰ্থত উন্নীত কৰি তুলিছে।

সাম্প্ৰতিক সময়ত ইউৰোপীয় ইউনিয়ন এক অর্থনৈতিক শক্তিকেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। প্ৰাৰম্ভিক অৱস্থাৰে পৰাই ই সদস্য ৰাষ্ট্ৰবিলাকৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত এখন একক অৰ্থনৈতিক বজাৰ প্ৰতিষ্ঠা কৰিছিল। একক অৰ্থনীতিৰ গুৰুত্ব উপলব্ধি কৰিয়েই এই আঞ্চলিক সংগঠনটোৱে ২০০৮ চনত ক্ৰয় কৰিব পৰা সামৰ্থৰ সমতা বা চমুকৈ PPP (Purchasing Power Parity)ৰ ওপৰত ভিত্তি কৰি মুঠ ঘৰুৱা উৎপাদন ১৮৩৯ ট্রিলিয়ন ডলাৰ (US/ 18.39 Trillion) সৃষ্টি কৰিছিল আৰু এই পৰিমাণ আছিল বিশ্বৰ ক্ৰয় কৰিব পৰা সামৰ্থ্যৰ সমতাৰ ভিত্তিত হোৱা অৰ্থনৈতিক উৎপাদনৰ ২২% ইয়াৰ জৰিয়তে ইউৰোপীয় ইউনিয়নে মুঠ ঘৰুৱা উৎপাদনৰ ক্ৰয় কৰা সামৰ্থৰ মূল্যায়নৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহত্তম বাণিজ্য শিবিৰ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ লগতে মুঠ ঘৰুৱা উৎপাদনক ভিত্তি হিচাপে লৈ পৃথিৱীৰ বৃহত্তম অর্থনীতি হিচাপে পৰিগণিত হৈছে। ইউৰোপীয় ইউনিয়ন দ্ৰৱ্য সামগ্ৰীক ক্ৰয় কৰাৰ ক্ষেত্ৰত বৃহত্তম, আমদানিকৰণৰ ক্ষেত্ৰত দ্বিতীয় বৃহত্তম অর্থনৈতিক সংস্থা হিচাপে স্বীকৃত হোৱাৰ লগতে ভাৰতবৰ্ষ, চীন আৰু ব্ৰাজিল আদিৰ দৰে বৃহৎ ৰাষ্ট্ৰবিলাক  ব্যৱসায়-বাণিজ্যৰ এক বৃহৎ অংশীদাৰ স্বৰূপ হৈ পৰিছে। পৃথিৱীৰ প্ৰায় ৫০০ বৃহৎ আন্তঃৰাষ্ট্ৰীয়  নিগমৰ এক-তৃতীয়াংশৰো অধিকৰেই মুখ্য কাৰ্যালয়বিলাক ইউৰোপীয় ইউনিয়নৰ সদস্য  ৰাষ্ট্ৰবিলাকত অৱস্থিত। ১৯৯৯ চনত সূচনা কৰা ইউৰোপীয় মুদ্ৰা ইউৰো প্ৰৱৰ্তন কৰাৰ এটা দশকৰ ভিতৰতেই পৃথিৱীৰ অধিক শক্তিশালী মুদ্ৰা হিচাপে পৰিগণিত হৈছে।

১৯৯৯ চনত ইউৰোপীয় পৰিষদৰ হেলস্কি (Helski)ত আয়োজিত হোৱা শীর্ষস্থানীয় বৈঠকত ইউৰোপীয় ইউনিয়নক এক নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছিল। সেই লক্ষ্য আছিল ২০০১ চনৰ ভিতৰত ৬০,০০০ জনীয়া সেনাবাহিনী প্রস্তুতকৰণৰ সামৰ্থ আহৰণ কৰা আৰু লগতে  সেই শক্তি এবছৰৰ বাবে অটুট ৰখাৰ প্ৰয়াস কৰা। এই সেনাবাহিনীৰ সদস্যমণ্ডল ইউনিয়নৰ সদস্য ৰাষ্ট্ৰবিলাকৰ ৰাষ্ট্ৰীয় সেনাবাহিনীৰ পৰা লোৱা হ’ব। সেনা বাহিনীবিলাকৰ কাৰ্যকলাপ নিয়ন্ত্রণ তথা সমন্বয় সাধন কৰিবলৈ ৰাজনৈতিক ধাৰা নিৰাপত্তা সমিতি, সামৰিক সমিতি আৰু লগতে সামৰিক বিষয়া গোট গঠন কৰা হ’ব। ব্ৰুছেলছ (Brussels) প্রতিষ্ঠিত সবলসীমা ইয়াৰ কাৰ্যালয়সমূহৰ নিয়ন্ত্ৰণৰ দায়িত্বত থাকিব ইউৰোপীয় পৰিষদ।

যি কি নহওক, ইউৰোপীয় ইউনিয়নৰ কেতবোৰ বিষণ্ণ ক্ষেত্ৰ আছে। ২০০৭ চনৰ মে’ মাহত ইউৰোপীয় ইউনিয়নৰ মুঠ ঘৰুৱা উৎপাদনৰ ২১৪ বিনিয়োগৰ হাৰৰ পৰিৱৰ্তে ইউনিয়নৰ নিবনুৱাৰ হাৰ আছিল ৭। মুদ্রাস্ফীতি আৰু ৰাজহ ঘাটিৰ পৰিমাণ আছিল মুঠ ঘৰুৱা উৎপাদনৰ ক্ৰমে ২২ শতাংশ আৰু ০.৯ শতাংশ। তদুপৰি ইউৰোপীয় ইউনিয়নৰ ব্যক্তিগত সদস্য ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত বাৰ্ষিক জনমূৰি আয় ৰো এক বৃহৎ ব্যৱধান পৰিলক্ষিত হয়। প্ৰাচ্যৰ ইউৰোপীয় দুখীয়া ৰাষ্ট্ৰসমূহৰ বাৰ্ষিক আয় ৭০০০ আমেৰিকান ডলাৰ (US/7000)ৰ পৰা আৰম্ভ কৰি ঊর্ধ্বমান হৈ ধনী ৰাষ্ট্ৰবিলাকৰ ৬৯০০০ ডলাৰলৈকে (US/69000) উপনীত হৈছে। ইউৰোপীয় ইউনিয়নৰ লগত তুলনা কৰি চালে দেখা যায় যে আমেৰিকাৰ মুঠ ঘৰুৱা উৎপাদনৰ জনমূৰি আয় ৩৫% জাপানৰ ১৫% বেছি। ইউৰোপীয় ইউনিয়নে সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰয়োজনীয় খনিজ তেলৰ ৮২% গেছৰ, ৫৭% আৰু ৯৭.৪৮% ইউৰেনিয়াম আমদানি কৰা দেখা যায়। ২০১০ চনৰ গ্ৰীচত দেখা দিয়া বিত্তীয় সংকটে ইউৰোপীয় ইউনিয়নৰ প্ৰতি ভয়ানক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। এই সংকট মোচনৰ ক্ষেত্ৰত ফ্ৰান্স আৰু জাৰ্মানীয়ে গ্ৰহণ কৰা বিপৰীতধর্মী স্থিতি আৰু ইউৰোপীয় ইউনিয়নে এই ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাই সংগঠনটোক এক অসংগঠিত আৰু অসংঘবাদ অনুষ্ঠান হিচাপে পৰিগণিত কৰি তুলিছিল। তদুপৰি ইউৰোপীয় ইউনিয়ন সন্মুখত আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ, গণবিধ্বংসী অস্ত্র-শস্ত্র বা চমুকৈ WMD বিফল ৰাষ্ট্ৰ কেন্দ্রীয় এছিয়াৰ সংঘৰ্ষ জৰ্জৰিত এলেকাত ইউৰোপীয় ইউনিয়নৰ সম্প্ৰসাৰণৰ ফলত উদ্ভৱ হোৱা আঞ্চলিক সংঘাত আৰু সংগঠিত অপৰাধ আদি কাৰকসমূহেও ভয়ানক ভাবুকি হিচাপে দেখা দিছে।

প্ৰশ্নঃ ৯। ইউৰোপীয় ইউনিয়নৰ ভবিষ্যৎ সম্পৰ্কে এটা আলোচনা আগবঢ়োৱা।

উত্তৰঃ ইউৰোপ মহাদেশক এক ঐক্যবদ্ধ ইউৰোপ হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোনটো এক নতুন দর্শন নহয়। যুগ যুগ ধৰি ৰাষ্ট্ৰ নেতা আৰু ৰাজনৈতিক নেতৃবৃন্দই এই লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস চলাই আহিছে। নেপোলিয়ন আৰু হিটলাৰৰ ইউৰোপ আক্ৰমণত সমগ্ৰ ইউৰোপত তেওঁলোকৰ নিৰ্দেশত নিয়ন্ত্রণাধীন কৰাৰ আকাংক্ষাৰ প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায় ইউৰোপৰ ঐক্যবদ্ধকৰণৰ ধাৰণাটো বিভিন্ন ঘাত-প্রতিঘাত অতিক্ৰম কৰি আহি ইউৰোপীয়। ইউনিয়নৰ ৰূপত ইয়াৰ বহিঃপ্রকাশ ঘটে। কিন্তু এই ক্ষেত্ৰত এইটো উল্লেখ কৰা সমীচীন হয় যে ইউৰোপক অর্থনৈতিক আৰু ৰাজনৈতিকভাৱে একত্ৰীকৰণৰ বাবে কেতবোৰ নেৰানেপেৰা প্রচেষ্টা চলোৱাৰ আৱশ্যক। এখন ঐক্যবদ্ধ ইউৰোপ গঠনৰ ধাৰণাটো সদায় এক নিষিদ্ধ অঞ্চল দৰেই হৈ পৰিছে আৰু সেয়ে এই বিভাজনে ইউৰোপীয় ইউনিয়নৰ ভৱিষ্যৎ, মহাদেশখনৰ সকলো অঞ্চলতে সংগঠনটোৰ গ্ৰহণযোগ্যতা আৰু ইয়াৰ সম্যক প্ৰত্যাহ্বানসমূহৰ বিষয়ে গবেষক তথা চিন্তাবিদসকলক সন্দিহান কৰি তুলিছে। এইটো নিশ্চয় সকলোৰে জ্ঞাত যে ইউৰোপীয় ইউনিয়ন গঠন কৰাটো ইমান সহজসাধ্য নাছিল। সদস্য ৰাষ্ট্ৰবিলাকে ইউৰোপীয় অর্থনৈতিক, সম্প্রদায়তেই হওঁক বা ইউৰোপীয় ইউনিয়নতেই হওঁক সদস্য পদ গ্ৰহণ কৰাৰ পূৰ্বে ৰাষ্ট্ৰবিলায়ে ঘৰুৱা ৰাজনৈতিক মঞ্চত দীঘলীয়া বিতৰ্কত লিপ্ত হ’বলগীয়া হৈছিল। এই ক্ষেত্ৰত উদাহৰণস্বৰূপে আমি গ্রেট ব্রিটেইনক আঙুলিয়াব পাৰোঁ। ব্ৰিটেইনৰ উন্নত অৰ্থনীতিৰ প্ৰতি এক উমৈহতীয়া বজাৰে বিপৰীত্যমূলক স্থিতি গ্ৰহণ কৰিব পাৰে বুলি আশংকা কৰিয়েই Margarh. Thatcherৰ নেতৃত্বাধীন ৰক্ষণশীল চৰকাৰখনে ইউৰোপীয় অর্থনৈতিক সম্প্রদায়ত আ গ্ৰহণ কৰাৰ প্ৰতি অনীহা প্ৰকাশ কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত জন মেজৰৰ নেতৃত্বাধীন দলৰ চৰকাৰে ইউৰোপীয় অর্থনৈতিক সম্প্রদায়ত অংশ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তদুপৰি প্ৰহৰাগত সংস্থাৰ গঠন আৰু এক সুকীয়া উমৈহতীয়া মুদ্ৰাৰ অৱতাৰণায়ো বহু ধৰণৰ বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

আনকি আজিৰ তাৰিখতো ইউৰোপীয় ইউনিয়নৰ বহু সদস্য ৰাষ্ট্ৰই ইউৰোক গ্ৰহণ কৰা নাই। এই ক্ষেত্ৰত ব্ৰিটেইন, ডেনমার্ক, চুইডেন আদিৰ দৰে আগশাৰীৰ ইউৰোপীয় অর্থনীতিবিলাকৰ বিষয়ে উদাহৰণস্বৰূপে আঙুলিয়াব পাৰি। বেংকবিলাকৰ এক উমৈহতীয়া সুন্দৰ হাৰৰ নিৰ্ধাৰণ, মুদ্রাস্ফীতিৰ নিয়ন্ত্ৰণ আৰু সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় আৰু ক্ষেত্ৰত কম-বেছি পৰিমাণে সমতা স্থাপন অবিহনে ইউৰোপীয় ইউনিয়নৰ সকলোবিলাক সদস্য ৰাষ্ট্ৰ আৰু বিশেষকৈ উন্নত ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত ইউৰো মুৱাৰ প্ৰচলন কৰাটো সম্ভৱপৰ হৈ নুঠিব আৰু ইয়াৰ অন্যথাই ই ইউৰোপীয় ইউনিয়নৰ একক মুদ্ৰা সংঘ অৱধাৰণাটোৰ প্ৰতি ভাবুকিৰহে সৃষ্টি কৰিব। ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰি চালে দেখা যায় যে ইউৰোপৰ প্ৰাচ্যৰ ৰাষ্ট্ৰসমূহত ইউনিয়নৰ অগ্ৰগতিৰ ক্ষেত্ৰত ৰাছিয়াৰ ইউনিয়নৰ প্ৰতি যি উদাসীনতাৰ ভাব সেয়া ইউনিয়নৰ প্রতি এক তীব্র প্রত্যাহ্বান স্বৰূপে প্ৰমাণিত হৈছে। যদিহে ৰাছিয়াই ঘটনাক্ৰমে ইউৰোপীয় ইউনিয়নৰ অংশগ্ৰহণ নকৰিলেহেঁতেন তেন্তে ইউৰোপীয় ইউনিয়নৰ সংযুক্ত ইউৰোপ (Unified Europe) গঠনৰ সপোনটো চূড়মাৰ হৈ গ’লহেঁতেন। কিয়নো ইউৰোপীয় ইউনিয়নে শক্তি সম্পদবিলাকৰ ক্ষেত্ৰেত সম্পূৰ্ণৰূপে ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। তদুপৰি এক সংযুক্ত সামৰিক কর্তৃত্ব (A Unified Command) আৰু এক উমৈহতীয়া বৈদেশিক নীতি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ইউৰোপীয় ইউনিয়নৰ মন্থৰ প্ৰকৃতিৰ অগ্ৰগতিয়ে সদস্য ৰাষ্ট্ৰবিলাকে যে ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত ইউৰোপীয় ইউনিয়নৰ ইচ্ছাক প্ৰতিষ্ঠিত কৰাৰ প্ৰতি অনিচ্ছা প্ৰকাশ কৰে সেই কথাকেই সূচায়।

ইউৰোপীয় সংঘৰ ওপৰোক্ত প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হোৱা সত্ত্বেও এটা কথা মনত ৰখা উচিত যে ইউৰোপীয় ইউনিয়ন এক অতি ৰাষ্ট্ৰীয় (Supra National) সংগঠন নহয়। অন্যান্য আঞ্চলিক সংগঠনসমূহৰ নিচিনাকৈ ইউৰোপীয় ইউনিয়নে সদস্য ৰাষ্ট্ৰবোৰৰ ওপৰত কর্তৃত্বশীলভাৱে ইয়াৰ ইচ্ছা জাপি দিব নিবিচাৰে, বৰং ই সদস্য ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰে। লিছবন চুক্তিৰ আধাৰত ইউৰোপীয় ইউনিয়নে ইউনিয়নৰ পৰা সদস্য পদ প্ৰত্যাহাৰ কৰিব পৰা এক প্ৰস্তাৱৰ বিষয়ে বিচাৰ-বিবেচনা চলাই আছে। কিন্তু ইউৰোপৰ দিনক দিনে অধিক সংখ্যক ৰাষ্ট্ৰই বিশেষকৈ পূৰ্বৰ প্ৰচাৰ শিবিৰৰ ৰাষ্ট্ৰসমূহে ইউৰোপীয় ইউনিয়নত যোগদান কৰি আহিছে আৰু ই সংগঠনটোৰ ক্ৰমবৰ্ধমান বিশ্বাসযোগ্যতা আৰু ইয়াৰ প্ৰতি থকা ৰাষ্ট্ৰবিলাকৰ আস্থাৰ কথাকেই প্ৰকাশ কৰে। তদুপৰি ইউৰোপীয় ইউনিয়নৰ ইউৰোপক অর্থনৈতিকভাৱে একত্ৰীকৰণৰ যি লক্ষ্য সেই লক্ষ্যই সদস্য ৰাষ্ট্ৰসমূহক লৈ গঠিত হোৱা ‘ইউৰো অঞ্চল’ (Euro Zune)-ৰ আৰ্থ-সামাজিক-ৰাজনৈতিক, সাংস্কৃতিক, শৈক্ষিক, বৈজ্ঞানিক আৰু পৰিৱেশীয় দিশসমূহৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰাকেই প্রতীয়মান কৰে। গতিকে ক’ব পাৰি যে এক অৰ্থনৈতিক সংস্থা হিচাপে ইউৰোপীয় ইউনিয়নৰ যি সফলতা সেই সফলতাই ইউনিয়নৰ সদস্যভুক্ত নোহোৱা ৰাষ্ট্ৰসমূহ আনকি বিশ্বন। আন আন প্ৰান্তৰ তৃতীয় পক্ষকো ইউনিয়নৰ প্ৰতি আকৰ্ষিত কৰি তুলিছে। ফলস্বৰূপে আগন্তক দিনবিলাকত ইউৰোপীয় ইউনিয়ানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধিৰ লগতে ইয়াৰ কাৰ্যৰ পৰিসৰ ক্ষিপ্র গতিত বৃদ্ধি পাব বুলি ঠাৱৰ কৰিব পাৰি।

১০। চমু টোকা লিখা  

(ক) চীন (China)

উত্তৰঃ সাম্প্ৰতিক সময়ত চীন গণৰাজ্যৰ ক্ষিপ্ত উন্নয়নে বিশ্ব জনমত মনোযোগ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। চীনৰ উত্থানৰ বিভিন্ন দিশসমূহৰ প্ৰভাৱ, চীনৰ বৰ্ধিত অর্থনৈতিক প্ৰভাৱ আৰু সামৰিক সামৰ্থতা এই বিষয়সমূহ আৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ মাজত বিশদভাৱে চৰ্চিত হৈছে। চীনৰ এই সফল পথৰ বিষয়ে সঠিকভাৱে অধ্যয়ন কৰাটো অত্যন্ত জটিল। যি কি নহওক, চীন গণৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক হৈছে ১৯৪৯ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় সমাজত চীনৰ নিসংগতা, বিচ্ছিন্নকৰণ, সামাজিকীকৰণ সংহতকৰণৰ এক কাহিনীস্বৰূপ। ১৯৪৯ চনত এক সাম্যবাদী শাসনেৰে সৈতে চীনৰ অভ্যুত্থানে আন্তঃৰাষ্ট্ৰীয় সমাজত এক নৱ্য প্রত্যাহ্বান স্বৰূপে দেখা দিছিল। ১৯৪৯ চনৰ প্ৰতিষ্ঠা লাভৰে পৰা সুদীর্ঘ ২০ বছৰৰ পাছত আন্তঃৰাষ্ট্ৰীয় সমাজত চীন গণৰাজ্যই এক ব্যতিক্রমী স্থান অধিকাৰ কৰিছিল।

চীনে ১৯৭৮ চনৰ পৰা অৰ্থনৈতিক দিশত যি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, ইয়ে চীনক বিশ্বৰ ভিতৰতে অন্যতম এক বৃহৎ শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে। চীনৰ অৰ্থনৈতিক প্ৰগতিৰ প্ৰতি লক্ষ্য কৰিলেই ২০৪০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰকো চেৰ পেলাবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হয় চীন বিশ্বত বৃহৎ শক্তিৰ ৰূপত প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত ইয়াৰ অৰ্থনৈতিক প্ৰগতিৰ লগতে জনসংখ্যা, প্রাকৃতিক সম্পদ, ভৌগোলিক পৰিৱেশ আৰু ৰাজনৈতিক প্রভাব বিশেষভাৱে সংযোজিত হৈছে।

চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা মাও-চে-টুঙৰ নেতৃত্বত সুদীৰ্ঘ আন্দোলনৰ পিছত ১৯৪৯ চনত গণপ্রজাতন্ত্ৰৰ প্ৰতিষ্ঠাৰ জৰিয়তে সাম্যবাদী শাসন প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত চীন গণ-প্রজাতন্ত্ৰৰ বৈদেশিক মুদ্ৰাৰ নাটনিৰ পৰিপ্ৰেক্ষিতত নিজৰ ঘৰুৱা উৎপাদিত বস্তুৰ বিনিময়ত বিদেশৰ পৰা প্ৰযুক্তিবিদ্যা আৰু প্ৰয়োজনীয় সামগ্ৰীৰাজি সংগ্ৰহ কৰিছিল।

চীন গণ-প্রজাতন্ত্ৰৰ ঔদ্যোগিক নীতি আৰু সম্পদৰাজি উদ্‌ঘাটনৰ প্ৰচেষ্টাই চীনক ঔদ্যোগিক অর্থনীতি প্রতিষ্ঠা কৰাত বিশেষভাৱে সহায় কৰিছিল। চীনৰ প্ৰতিজন নাগৰিকক কর্মসংস্থাপন আৰু সামাজিক কল্যাণৰ নিশ্চয়তা প্ৰদান কৰাৰ লগতে উন্নয়নশীল ৰাষ্ট্ৰৰ সৈতে ফেৰ মাি পৰাকৈ নাগৰিকসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি উপযুক্ত স্বাস্থ্যৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছিল। কিন্তু, চীনৰ জনসংখ্যা বৃদ্ধিৰ তুলনাত বাৰ্ষিক আয়ৰ পৰিমাণ তুলনামূলকভাৱে কম হোৱাৰ পৰিপ্ৰেক্ষিতত নিত্য প্রয়োজনীয় সামগ্ৰীৰ নাটনিয়ে দেখা দিছিল। 

১৯৭০ চনত চীনৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ ত্বৰান্বিতকৰণৰ উদ্দেশ্যে ইয়াৰ নেতৃবৃন্দই কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। চীনে অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা নিজকে সম্পূৰ্ণৰূপে আঁতৰত ৰখাৰ ক্ষেত্ৰত পূৰ্বে যি নীতি গ্ৰহণ কৰিছিল তাক ১৯৭২ চনত সলনি কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰৰ মুৰব্বী চৌ এন লাইয়ে ১৯৭৩ চনত “চাৰিটা আধুনিকীকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল, সেইকেইটা হ’ল ক্ৰমে কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা। ১৯৭৮ চনত ডেং জিয়াওপিং (Deng Xiaoping) এ চীনত ‘মুক্ত দ্বাৰ’ বা ‘খোলা দুৱাৰ’ (Open Door) নীতি আৰু অৰ্থনৈতিক সংস্কাৰৰ বিষয়ে ঘোষণা কৰিছিল। ইয়াৰ ফলত বহুত বিদেশী ৰাষ্ট্ৰই চীনত বিনিয়োগ কৰিছিল আৰু ইয়াৰ বাবে চীনৰ উৎপাদন যথেষ্ট হাৰত বৃদ্ধি পাইছিল।

চীনে অৰ্থনৈতিক প্ৰগতিৰ বাবে নিজস্ব বজাৰ অৰ্থনীতি’ প্ৰৱৰ্তন কৰি ক্ৰমাগতভাৱে ইয়াৰ অর্থনীতিক মুক্ত কৰিছিল। ১৯৮২ চন আৰু ১৯৯৮ চনত চীনৰ কৃষি আৰু উদ্যোগিকখণ্ডক ব্যক্তিগতকৰণৰ ব্যৱস্থা কৰা হৈছিল।

চীনে প্ৰৱৰ্তন কৰা নতুন অর্থনৈতিক নীতিয়ে চীন গণৰাজ্যত যি অৰ্থনৈতিক মন্দাৱস্থাৰ সূচনা হৈছিল তাক উপশম কৰাত সক্ষম হৈছিল। উল্লেখ্য যে চীনে কৃষিখণ্ডক ব্যক্তিগতকৰণ কৰাৰ ফলত ইয়াৰ উৎপাদন অভাবনীয়ভাৱে বৃদ্ধি পাইছিল আৰু গ্ৰাম্য জনগণৰ ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগসমূহৰ লগতে আর্থিক অৱস্থা টনকিয়াল হৈছিল। চীনও প্ৰৱৰ্তন কৰা নতুন বাণিজ্যিক আইন আৰু ‘বিশেষ অর্থনৈতিক অঞ্চল ৰ ব্যৱস্থাই ইয়াৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰখনৰ প্ৰসাৰতো যথেষ্ট অৰিহণা যোগাইছিল। চীনে ২০০১ চনত ‘বিশ্ব বাণিজ্য সংস্থা’ৰ সৈতে সংযোজিত হোৱাৰ ফলত ই সমগ্ৰ বিশ্বতে ব্যৱসায়-বাণিজ্য সম্প্ৰসাৰণৰ সুযোগ লাভ কৰিছে।

চীনৰ অৰ্থনৈতিক উন্নতিয়ে ‘আছিয়ান’ সদস্যভুক্ত ৰাষ্ট্ৰসমূহক যিদৰে চিন্তিত কৰি তুলিছিল সেয়া চীনে ‘আছিয়ান’ সদস্যভুক্ত ৰাষ্ট্ৰসমূহক ১৯৯৭ চনত আর্থিক বিপর্যয়ৰ সময়ত সহায় কৰি ইয়াৰ অৰ্থনৈতিক অৱস্থাৰ সুস্থিৰতা অনাৰ লগে লগেই তাৰ অৱসান ঘটিছিল। চীনে লেটিন আমেৰিকা আৰু আফ্ৰিকাত কৰা বিনিয়োগ আৰু সাহায্যই বিশ্ব জনমত দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

(খ) ৰাছিয়া

উত্তৰঃ ১৯৯১ চনৰ শেষৰ ফালে ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত স্বাধীনতা লাভ কৰাৰে পৰাই আনুষ্ঠানিকভাৱে ৰাছিয়াই নিজকে এক সুস্থ সবল ৰাজনৈতিক ব্যৱস্থা হিচাপে গঢ়ি তুলিবলৈ চলোৱা প্ৰচেষ্টাৰ বেলিকা কেতবোৰ গুৰুত্বপূৰ্ণ ভাবুকিৰ সম্মুখীন হৈছিল। উদাহৰণস্বৰূপে- বিধানমণ্ডল আৰু কাৰ্যবাহী গোটৰ নেতৃস্থানীয় সদস্যসকলে ৰাছিয়াৰ ৰাজনৈতিক নির্দেশনা আৰু চৰকাৰী যন্ত্রই অনুসৰণ কৰিবলগীয়া কেতবোৰ বিৰোধী মতামত আগবঢ়াইছিল। ১৯১৩ চনৰ ছেপ্তেম্বৰ আৰু অক্টোবৰ মাহত পৰিস্থিতিয়ে এনে এক উর্দ্ধসীমা অতিক্ৰম কৰিছিল যে ৰাছিয়াৰ তদানীন্তন ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিন (Boris Yeltsin) য়ে সামৰিক শক্তি প্ৰয়োগ কৰি বিধান মণ্ডল ভংগ কৰাৰ লগতে নতুনকৈ সংসদীয় নির্বাচন অনুষ্ঠিত কৰিবলৈ অধিসূচনা জাৰি কৰিবলগীয়া হৈছিল। এই ঘটনাই ৰাছিয়াৰ প্ৰথম সাংবিধানিক সময়ৰ সংকট চিহ্নিত কৰিছিল যাক ১৯৭৮ চনত গ্ৰহণ কৰা বহু সংশোধিত সংবিধানৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৯৩ চনৰ ডিচেম্বৰ মাহত গণভোটৰ জৰিয়তে ৰাছিয়াত এখন নতুন সংবিধান গ্রহণ কৰা হয় আৰু এই সংবিধানখনে ৰাছিয়াৰ বাবে ৰাষ্ট্ৰপতিয় চৰকাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল।

ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত ৰাছিয়াৰ পৰিস্থিতি অত্যন্ত প্ৰত্যাহ্বানমূলক হৈ পৰিছিল। সত্তৰ বছৰীয়া সাম্যবাদৰ অভিজ্ঞতা এক সাম্ৰাজ্যবাদী অংশত এক বিশাল সামৰিক ঔদ্যোগিক জটিলতা আৰু সীমিত গণতান্ত্ৰিক পৰম্পৰাৰে সৃষ্ট ৰাছিয়াৰ পক্ষে মুক্ত বজাৰ অৰ্থনীতিৰে সৈতে গণতান্ত্রিক শাসন ব্যৱস্থালৈ পৰ্যবেসিত হোৱাৰ ক্ষেত্ৰত বহু জটিলতাই দেখা দিছিল । ৰাছিয়াই অদূৰ ভৱিষ্যতে এখন উন্নত বজাৰ অৰ্থনীতিৰ দেশ হিচাপে পৰিণত হোৱাৰ সামান্য সুযোগ অবিহনে সংকটত পৰিব পাৰে। অৱশ্যে, ৰাছিয়া বৰ্তমানেও তেল আৰু সোণৰ দৰে প্রাকৃতিক সম্পদৰাজিৰ অধিকাৰী। প্ৰাৰম্ভিক অৱস্থাত দেশখনে বিভিন্ন ধৰণৰ সংকটকালীন পৰিস্থিতিৰ সন্মুখীন হৈছিল। এইটো সাধাৰণতে কোৱা হয় যে মহাশক্তি ৰাছিয়াৰ একেবাৰে তৃণমূল স্তৰৰ পৰা উত্থান ঘটিছে। ৰাছিয়াই ইয়াৰ হাজাৰ বৰ্ষৰ ইতিহাসত বাৰে বাৰে ভাঙোনৰ সন্মুখীন হৈছিল যদিও প্ৰতিটো সংকটৰ পৰাই ক্ৰমশঃ শক্তিশালী হোৱাহে পৰিলক্ষিত হৈছিল।

ৰাছিয়াৰ খ্যাতিৰ বাবে নিন্দা কৰা হয় বুলি প্ৰায়েই যুক্তি দৰ্শোৱা হৈছিল৷ মুঠৰ ওপৰত, ৰাছিয়াৰ বিশাল ভৌগোলিক মাত্রা আৰু বিশাল প্রাকৃতিক সম্পদৰাজিৰ দ্বাৰা ৰাষ্ট্ৰখনৰ অতীত আৰু ভৱিষ্যতৰ গুৰুত্ব নিৰূপিত হয়।

১৯৯১ চনৰ ৰাছিয়া যুক্তৰাষ্ট্ৰ ভৌগোলিক এলেকাৰ ভিত্তিত বিশ্বৰ ভিতৰতে বৃহত্তম ৰাষ্ট্ৰ। এইটো কোনো কাকতালীয় ঘটনা নহয় যে ১৯৯২ চনৰ পৰা ৰাছিয়ান আলোচনাত একোটি অভিধা কেন্দ্ৰবিন্দুত পৰিণত হৈছিল আৰু ছোভিয়েট যুগত অজ্ঞাত আছিল আৰু উক্ত অভিধাটো আছিল ‘ভূ-ৰাজনীতি’ (Geo-Politics)। ভূ-ৰাজনীতিৰ অৱধাৰণাটো এই ধাৰণাটোৰ সৈতে ৰাছিয়া এনেদৰে সম্পর্কিত যে ভৌগোলিক নিৰ্ধাৰকসমূহ ঐতিহাসিক পৰিৱৰ্তন সাপেক্ষ নহয় আৰু এখন দেশৰ অৱস্থিতি আৰু ইয়াৰ আয়তনে ৰাষ্ট্ৰখনৰ গুৰুত্ব আৰু প্ৰভাৱৰ নিশ্চয়তা প্ৰদান কৰে। আভ্যন্তৰীণ পৰিস্থিতি কিম্বা অর্থনৈতিক আৰু সামৰিক কাৰ্যক্ষমতা নির্বিশেষে বিশ্বশক্তি হিচাপে ৰাছিয়াৰ ভূমিকা থকাৰ দাবীক নিশ্চিত হিচাপে দেখা যায়। কৌশলগত পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ (Strategic Nuclear Weapons )ৰ বেলিকা বিশ্বৰ ভিতৰতে এক বৃহৎ অস্ত্ৰাগাৰ (Arsenal) আদিৰে এক বৃহৎ শক্তি হিচাপে থাকিবলগীয়া বহুখিনি গুণাৱলীয়েই ৰাছিয়াই বহন কৰিছে। তদুপৰি, ৰাছিয়াৰ মনুষ্যবাহী মহাকাশ ভ্রমণ (Manned Space Travel) পৰিচালনা কৰাৰ ক্ষমতাও প্ৰমাণিত হৈছে। সম্ভৱতঃ ভৌগোলিকভাৱে ৰাছিয়াই বিশ্বৰ বৃহত্তম ৰাষ্ট্ৰ হিচাপে এক বুজন সংখ্যক কৌশলগত কেঁচা সামগ্ৰীৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে। ৰাছিয়াৰ আজিকোপতি ধংসাত্মক শক্তিৰ বাবে এক স্পষ্ট সামৰ্থতা আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্যৰ অন্যতম হিচাপে ৰাছিয়াই বিশ্ব পৰিক্ৰমাসমূহত তাৎপর্যপূর্ণ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

১১। ভাৰতলৈ আমেৰিকান সাহায্যৰ ওপৰত এটা চমু টোকা লিখা। 

উত্তৰঃ ভাৰতে আমেৰিকাৰ পৰা লাভ কৰা অৰ্থনৈতিক সহায়ৰ লেহেমীয়া আৰম্ভণি হৈছিল।‌ স্বাধীনতাৰ সময়ত ভাৰতৰ খাদ্য উৎপাদন ইয়াৰ লাখ লাখ খাদ্য যোগান ধৰাৰ বাবে পৰ্যাপ্ত নাছিল; ইয়াৰ ঔদ্যোগিক আৰু সেৱা খণ্ডও যথেষ্ট পিছপৰা আছিল। সেয়েহে, দ্বিপাক্ষিক সহায়ৰ বাবে ভাৰত আন দেশৰ ওপৰত নিৰ্ভৰশীল আছিল। আমেৰিকাৰ পৰা ভাৰতলৈ বহুতো খাদ্য সাহায্য ৰপ্তানিৰ প্ৰথমটো ১৯৫১ চনত আৰম্ভ হৈছিল। ১৯৫৪ চনত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে ভাৰতক অতিৰিক্ত আমেৰিকান ঘেঁহু বিক্ৰী কৰাৰ অনুমতি দি ৰাজহুৱা আইন ৪৮০ পিএল ৪৮০ পাছ কৰে। ভাৰতে ১৯৭০ ৰ দশকৰ আৰম্ভণিলৈকে পি.এল. ৪৮০ ৰ অধীনত আমেৰিকাৰ পৰা খাদ্যশস্য লাভ কৰি আহিছে। ৰাজনৈতিক সম্পৰ্কত সন্দেহৰ কাহিনীটোৱে মুদ্ৰাটোৰ কেৱল এটা দিশ ব্যৱহাৰ কৰে। শীতল যুদ্ধৰ সময়ত, ৰাজনৈতিক পার্থক্য থকা স্বত্বেও, ভাৰতে ১৯৫০-ৰ দশকৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা গুৰুত্বপূৰ্ণ অর্থনৈতিক আৰু খাদ্য সাহায্য লাভ কৰিছিল।

খাদ্য সহায়ৰ উপৰিও, আমেৰিকাই ভাৰতক বৃহৎ দ্বিপাক্ষিক উন্নয়নমূলক সহায় আগবঢ়াইছিল। অৱশ্যে, এই সহায় গধুৰ উদ্যোগৰ বিকাশৰ বাবে উপলব্ধ নাছিল কিন্তু কৃষি, কেঁচা মাল আৰু খনিজ পদাৰ্থৰ বিকাশৰ ক্ষেত্ৰত উপলব্ধ আছিল। এক গধুৰ ঔদ্যোগিক আধাৰ সৃষ্টি কৰাৰ বাবে, ভাৰতে ছোভিয়েট ইউনিয়নৰ ফালে যাব লগা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰদান কৰা উন্নয়নমূলক সাহায্য ১৯৬২ চনত প্ৰায় ৫০০ নিযুত ডলাৰৰ শীৰ্ষত উপনীত হৈছিল। বাংলাদেশ যুদ্ধৰ সময়ত, আমেৰিকাই ভাৰতলৈ ইয়াৰ অৰ্থনৈতিক সাহায্য স্থিৰ কৰি দিছিল। অৱশ্যে, দীঘলীয়া ব্যৱধানৰ পিছত ১৯৭৮ চনত দ্বিপাক্ষিক সহায় আৰম্ভ হৈছিল। কিন্তু ১৯৭০ ৰ দশকৰ শেষৰ ফালৰ পৰা দ্বিপাক্ষিক সাহায্যৰ গুৰুত্ব হ্রাস পাইছিল কিয়নো বিশ্ব বেংকৰ কোমল ধনৰ সহযোগী আন্তর্জাতিক উন্নয়ন কর্তৃপক্ষই আই.ডি.এ. প্ৰদান কৰা বৃদ্ধি পাইছিল। অৱশ্যে আই.ডি.এ.-ৰ বেছিভাগ ধন আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা পৰোক্ষভাৱে পুঁজি যোগান ধৰা হৈছিল। ১৯৮০-ৰ দশকত, বিশ্ব বেঙ্কৰ ঋণ সাধাৰণতে ২ বিলিয়ন ডলাৰ হৈছিল এক বিলিয়ন হৈছে একশ কোটি বা এক হাজাৰ নিযুত। সেয়েহে ভাৰতৰ বাবে, বহুপাক্ষিক বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতি দ্বিপাক্ষিক সাহায্যতকৈ অধিক গুৰুত্বপূর্ণ। ১৯৮১ চনত আন্তর্জাতিক মুদ্ৰা নিধিৰ আই.এম.এফ. পৰা ৫.৮ বিলিয়ন ডলাৰ ঋণৰ বাবে ভাৰতৰ অনুৰোধ পৰিষ্কাৰ কৰাত আমেৰিকাৰ কোনো আপত্তি নাছিল— সদস্য দেশ এখনে বিচৰা সৰ্ববৃহৎ।

১২। পাৰমাণৱিক সমস্যা সন্দৰ্ভত ভাৰতৰ লগত ইন্দো-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পর্ক বর্ণনা কৰা।

উত্তৰঃ ১৯৯০ৰ দশকত শীতল যুদ্ধৰ সমাপ্তিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক একমাত্র অসীম ক্ষমতা হিচাপে এৰি দিছিল। এই নতুন বাস্তৱতাই দেশ-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ পুনৰ মূল্যাঙ্কন আনিছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক ওচৰলৈ অনাৰ বাবে নতুন সুযোগ আহিছিল। সামৰিক সামৰিক সম্পৰ্ক আৰম্ভ হৈছিল; আমেৰিকান বিনিয়োগ আহিবলৈ আৰম্ভ কৰিলে; আৰু যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় দক্ষ পেছাদাৰীসকলে ভাৰতক ইতিবাচক দৃষ্টিভংগীৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত প্ৰক্ষেপ কৰিছিল। ৰাষ্ট্ৰপতি ক্লিন্টনে ২০ চনত ভাৰতলৈ এক বৃহৎ সফল ভ্ৰমণ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত সন্ত্ৰাসবাদ, অ-প্ৰচুৰতা হৈছে মুখ্য বিষয়। শেহতীয়া বছৰবোৰত ইণ্ডো-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ এটা টাৰ্ণিং পইণ্ট আছিল ১৯১৯ চনত কাৰ্গিল সংকটত আমেৰিকাৰ ভূমিকা। ভাৰতে ১৯৯৯ চনৰ কাৰ্গিল সংকটৰ সময়ত ৰাষ্ট্ৰপতি বিল জে ক্লিন্টনৰ ভূমিকাক কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ এলঅ’চি ভাৰতৰ ফালৰ পৰা সৈন্য প্রত্যাহাৰ কৰিবলৈ পাকিস্তানক প্ৰেৰিত কৰাত এক গুৰুত্বপূর্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰিছিল।

ভাৰতে জম্মু-কাশ্মীৰত পাকিস্তানৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি সন্ত্ৰাসবাদৰ বিপদৰ বিৰুদ্ধে যুঁজ দিয়াৰ গুৰুত্ব কঢ়িয়াই আনিবলৈ চেষ্টা কৰিছিল। কিন্তু ২০০১ চনৰ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চহৰসমূহ নিউয়র্ক আৰু ৱাশ্বিংটন বৃহৎ পৰিমাণে আঘাত প্রাপ্ত নোহোৱালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাম কৰিবলৈ বিশেষ আগ্রহ প্রদর্শন কৰা নাছিল। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক সন্ত্ৰাসবাদ বিৰোধী সংগ্ৰহৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। অৱশ্যে আফগানিস্তানত তালিবান আৰু কাশ্মীৰৰ জেহাদিসকলক পাকিস্তানৰ সমর্থনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত কৰা আমাৰ অনুৰোধক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ ‘কেন্দ্ৰস্থল’ কৰি তুলিছে। আল-কায়েদা সন্ত্ৰাসবাদীৰ সৈতে যোগাযোগ কৰিবলৈ আমেৰিকা।যুক্তৰাষ্ট্ৰক ভাৰততকৈ পাকিস্তানৰ অধিক প্ৰয়োজন আছিল। গতিকে আমেৰিকাই ‘ভাল’ সন্ত্ৰাসবাদী আৰু বেয়া সন্ত্রাসবাদীক বিশিষ্ট কৰিছিল। ২০০১ চনৰ অক্টোৱৰ আৰু ডিচেম্বৰত সন্ত্ৰাসবাদীয়ে ক্ৰমান্বয়ে কাশ্মীৰ বিধানসভা আৰু ভাৰতৰ সংসদত কাৰ্যকৰী হোৱাৰ সময়ত তেওঁলোকে সহানুভূতি প্রকাশ কৰিছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধত মিত্রশক্তিক তালিকাভুক্ত কৰিবলৈ উদ্বিগ্ন হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ পাকিস্তানৰ সৈতে শীতল যুদ্ধৰ অংশীদাৰীত্বলৈ ঘূৰি আহিছিল। এসময়ত জেনেৰেল পাৰভেজ মুছাৰফৰ দ্বাৰা পৰিচালিত পাকিস্তানৰ সামৰিক শাসনৰ অত্যন্ত সমালোচনা কৰিছিল, ৱাশ্বিংটনে এতিয়া মুছাৰফক সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ সম্পূৰ্ণ অংশীদাৰ হিচাপে আদৰণি জনাইছে। বুছ প্রশাসনে পাকিস্তানৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা উঠাই লয়, উদাৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু মুছাৰফ চৰকাৰক আগতে কেতিয়াও উপভোগ নকৰা বৈধতা প্ৰদান কৰে। ভাৰতে বৈধভাৱে আশংকা কৰিছিল যে ৱাশ্বিংটন আৰু এবাৰ ইছলামাবাদৰ ফালে হেলনীয়া হ’ব।আমেৰিকা যুক্তৰাষ্ট্ৰ সতৰ্ক হৈ পৰিছিল যে ঘটনাবোৰ নিয়ন্ত্ৰণৰ বাহিৰত যাব পাৰে। নতুন দিল্লীক দেখুৱাবলৈ যে ই এই আক্ৰমণবোৰত পাকিস্তানৰ মিত্ৰতা সম্পৰ্কে ভাৰতৰ অভিযোগক গুৰুত্বসহকাৰে লৈছিল, ৰাষ্ট্ৰপতি জর্জ বুশ্বৰ প্ৰশাসনে পাকিস্তান ভিত্তিক দুটা গোটক স্থান দিছিল, ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্ত্ৰাসবাদী সংগঠনৰ তালিকাত হোৱা আক্ৰমণৰ বাবে দায়ী বুলি ভাবিছিল। 

যদিও পাকিস্তান চৰকাৰ নিজেই সন্ত্রাসবাদী কার্যকলাপত জড়িত বুলি ভাৰতৰ দাবী ৰাজহুৱাভাৱে স্বীকাৰ নকৰে, ৱাশ্বিংটনৰ কথা আৰু কার্যকলাপে স্পষ্টভাৱে বুজাইছিল যে কানাডাৰ দৰে দেশৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ ইছলামাবাদে আৰু অধিক কৰিব পাৰে আৰু কৰিবই লাগিব, ভাৰতক ১৯৬৩ চনত পাৰমাণৱিক শক্তি কেন্দ্ৰ স্থাপন কৰাত সহায় কৰিছিল। কিন্তু ১৯৭০ ৰ দশকত পোখৰাণত ভাৰতৰ শান্তিপূৰ্ণ পাৰমাণৱিক বিস্ফোৰণ আৰু ভাৰতে পাৰমাণৱিক অ-প্ৰচুৰতা চুক্তি স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে এই সহযোগিতা এক ডাৱৰৰ তললৈ আহিছিল।

১৯৭৮ চনত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে ১৯৭৮ চনত পাৰমাণৱিক অপ্ৰসাৰণ আইন গৃহীত কৰে। এই আইনত নিৰ্ধাৰণ কৰা হৈছিল যে ইউৰেনিয়াম সেই দেশবোৰলৈ ৰপ্তানি কৰিব পাৰি যিয়ে তেওঁলোকৰ সকলো পাৰমাণৱিক প্ৰকল্প আন্তর্জাতিক পাৰমাণৱিক শক্তি সংস্থাৰ আই.এ.ই.এ. দ্বাৰা পৰীক্ষা আৰু সুৰক্ষিত কৰাৰ অনুমতি দিয়ে। এইটো পাহৰিব নালাগে যে অপ্ৰসাৰণ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক দৃষ্ট লক্ষ্য। আৰু পাৰমাণৱিক সমস্যাক লৈ দুয়োখন দেশৰ মাজত গুৰুত্বপূৰ্ণ পাৰ্থক্য অব্যাহত আছিল। আমেৰিকাই আশা কৰিছিল যে ভাৰতে ১৯৯৬ চনৰ ব্যাপক পৰীক্ষা নিষেধাজ্ঞা চুক্তি চি.টি.বি.টি. স্বাক্ষৰ কৰিব, কিন্তু ভাৰতে স্বাক্ষৰ নকৰিলে। যেতিয়া ই ১৯৯৮ চনৰ মে মাহত পোখৰণত পুনৰ পাঁচটা পাৰমাণৱিক বোমা বিস্ফোৰণ কৰে আৰু নিজকে পাৰমাণৱিক অস্ত্ৰ ৰাষ্ট্ৰ বুলি ঘোষণা কৰে, আমেৰিকাই সামৰিক আৰু অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰে। দ্বিপাক্ষিক সম্পর্ক এক নতুন নিম্নস্তৰত উপনীত হোৱা যেন লাগিছিল, কিন্তু ভাৰতে ইয়াৰ স্থিতিত থিয় দিছিল। 

দুবছৰ ধৰি ভাৰতৰ তদানীন্তন বৈদেশিক মন্ত্ৰী যশৱন্ত সিং আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-সচিব ষ্ট্ৰোব টালবটৰ মাজত কেইবাটাও আলোচনা অনুষ্ঠিত হৈছিল। ১৯৬০ ৰ দশকৰ আৰম্ভণিৰ পৰাই দুয়োখন দেশে ইজনে সিজনক ইমান গুৰুত্বপূৰ্ণ আৰু নিৰন্তৰ ধৰণে জড়িত কৰা নাছিল। এই আলোচনাবোৰে দ্বিপাক্ষিক সম্পর্কক বহু পৰিমাণে পৰিৱৰ্তন কৰিছিল। ১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে ভাৰতৰ বিৰুদ্ধে থকা কিছুমান নিষেধাজ্ঞা প্রত্যাহাৰ কৰিছিল। কংগ্ৰেছৰ দ্বাৰা নিষেধাজ্ঞা শিথিল কৰাৰ এনে বহুতো পৰৱৰ্তী উদাহৰণৰ ভিতৰত এইটো প্ৰথম আছিল। শেহতীয়াকৈ, আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰত আৰু বিশ্বৰ প্ৰতি সজাগতা বৃদ্ধি পাইছে আৰু বিশ্বই ভাৰতক পাৰমাণৱিক অস্ত্ৰৰ সৈতে এক দায়িত্বশীল দেশ হিচাপে স্বীকৃতি দিছে। ১৯৯০ৰ দশকত ভাৰতে ইয়াৰ অৰ্থনীতি মুকলি কৰাৰ লগে লগে, আমেৰিকান কোম্পানীবোৰে সাহায্যৰ সলনি বিনিয়োগ কৰাটো অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হ’ল। তথ্য প্রযুক্তি আইটি, অর্থাৎ কম্পিউটাৰ হাৰ্ডৱেৰ আৰু ছফটৱেৰ উদ্যোগত যুৱ ভাৰতীয়সকলৰ ভূমিকাই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বাণিজ্যত এক নতুন মাত্রা যোগ কৰিছে। লগতে, আমেৰিকা যুক্তৰাষ্ট্ৰত বসতি স্থাপন কৰা আই.টি পেছাদাৰীসকল তাত আটাইতকৈ সফল একক জাতিগত গোট হৈ পৰিছিল। তেওঁলোকে আমেৰিকাত ভাৰতৰ এক পৃথক প্ৰতিচ্ছবি সৃষ্টি কৰাত সহায় কৰিছিল।

প্ৰশ্নঃ ১৩। ছোভিয়েট ইউনিয়নৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ ভাৰত আৰু ইউ.এছ.এছ.আৰ.ৰ মাজৰ সম্পর্ক কেইবাটাও উমৈহতীয়া কাৰকৰ ওপৰত আধাৰিত আছিল। ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰি ছোভিয়েট ইউনিয়নৰ সাম্ৰাজ্যবাদ বিৰোধী আদৰ্শই ইজনে সিজনৰ সৈতে ভালদৰে তুলনা কৰিছিল। সেয়েহে, ভাৰতত, ছোভিয়েট ডিজাইন আৰু উদ্দেশ্যৰ বিষয়ে পশ্চিমীয়া অনুপ্ৰেৰিত ভয়ক সন্দেহ আৰু প্ৰায়ে প্রত্যাখ্যান কৰা হৈছিল। ১৯৫৫ চনত ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ নেতাৰ ভাৰত ভ্ৰমণৰ পিছত ৰাজনৈতিক সম্পর্ক নাটকীয়ভাৱে উন্নত হ’বলৈ আৰম্ভ কৰে। নিৰাপত্তা পৰিষদত ছোভিয়েট ইউনিয়নে কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ স্থিতিক সমৰ্থন কৰিছিল আৰু পশ্চিমীয়া দেশসমূহৰ দ্বাৰা গৃহীত অগ্ৰহণযোগ্য প্ৰস্তাৱত ভেটো দিছিল। ভাৰতত এটা গধুৰ ঔদ্যোগিক কমপ্লেক্স বিকশিত কৰাত ছোভিয়েট সাহায্য অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। ১৯৫০-ৰ দশকৰ শেষৰ ফালে, ছোভিয়েট ইউনিয়নে ইস্পাত, কয়লা, যন্ত্র-সঁজুলি নিৰ্মাণ আৰু অন্যান্য ৰাজহুৱা খণ্ডৰ ক্ষেত্ৰত ভাৰতৰ মৌলিক উদ্যোগসমূহৰ বিকাশৰ বাবে ভাৰতক বৰ্ধিত বিত্তীয় আৰু কাৰিকৰী সহায় আগবঢ়ায়। ভাৰতে ছোভিয়েট ইউনিয়নৰ সৈতে স্বাক্ষৰ কৰা এক গুৰুত্বপূৰ্ণ চুক্তি আছিল ১৯৫৫ চনৰ ফেব্ৰুৱাৰীত ভিলাইত এটা তীখা প্রকল্প স্থাপনৰ বাবে।

ছোভিয়েট সাহায্যৰ চৰ্তাৱলী ভাৰতৰ বাবে অনকূল আছিল: যেতিয়া পশ্চিমীয়া দেশবোৰে সূতৰ হাৰ হিচাপে ৬ শতাংশ আদায় কৰিছিল, ছোভিয়েট ইউনিয়নে মাত্র ২.৫ শতাংশ মাচুল লৈছিল। ১৯৫৩ চনৰ ডিচেম্বৰত ভাৰত আৰু ছোভিয়েট ইউনিয়নে এক দীর্ঘম্যাদী বাণিজ্য চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ এটা আকৰ্ষণীয় বৈশিষ্ট্য আছিল যে ভাৰতীয় আমদানিৰ বাবে পৰিশোধ ডলাৰৰ দৰে কঠিন মুদ্ৰাত নহয় টকাত কৰিব পাৰি। ইয়াৰ বিপৰীতে পশ্চিমীয়া দেশসমূহৰ সৈতে বাণিজ্য কঠিন মুদ্ৰাত আছিল। এই উদ্দেশ্যৰ বাবে, কেইবাটাও ভাৰতীয় বেংকত ছোভিয়েট ইউনিয়নৰ একাউণ্ট খোলা আৰু ৰক্ষণাবেক্ষণ কৰা হৈছিল।

ভাৰত-ছোভিয়েট বন্ধুত্বৰ এক বিশিষ্ট প্ৰতীক হিচাপে ভাৰতলৈ সামৰিক যোগান উদ্ভৱ হৈছিল। ১৯৬২ চনত, ভাৰত-চীন যুদ্ধৰ ঠিক আগতে, চীনৰ প্ৰতিবাদ স্বত্বেও মিগ যুঁজাৰু বিমান চুক্তি স্বাক্ষৰিত হৈছিল। ইউ.এছ.এছ.আৰে ব্ৰিটিছসকলক যুঁজাৰু বিমানৰ আটাইতকৈ ডাঙৰ যোগানকর্তা হিচাপে প্ৰতিষ্ঠাপন কৰিছিল।

১৯৬৫ চনৰ যুদ্ধৰ পিছত ১৯৬৬ চনৰ জানুৱাৰী মাহত ছোভিয়েট ইউনিয়নে তাচকান্তত ভাৰত আৰু পাকিস্তানৰ নেতাসকলৰ এখন বৈঠকৰ আয়োজন কৰিছিল। ১৯৭১ চনৰ আগষ্ট মাহত ছোভিয়েট আৰু ভাৰতীয় নেতাসকলে শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰে, যি হৈছে ভাৰতে স্বাক্ষৰ কৰা এনে ধৰণৰ প্ৰথম চুক্তি। চুক্তিখনে কোনো দেশক বাহিৰৰ পৰা আক্ৰমণ কৰাৰ ক্ষেত্ৰত তাৎক্ষণিক পাৰস্পৰিক পৰামৰ্শৰ বাবে প্ৰদান কৰিছিল। ই স্পষ্টভাৱে বাংলাদেশৰ প্ৰশ্নত ভাৰতৰ কাষত থিয় দিবলৈ মস্কোৰ প্ৰতিশ্ৰুতিৰ ইংগিত দিছিল।

১৯৭৯ চনৰ ডিচেম্বৰত আফগানিস্তান আক্ৰমণ কৰাৰ পিছত ভাৰতে এক প্ৰকাৰে ছোভিয়েট ইউনিয়নক সমর্থন জনাইছিল। ভাৰতক ইয়াৰ ৰাজহুৱা বিবৃতিত সংযত কৰা হৈছিল। ভাৰতৰ বাবে, পাকিস্তান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত ভার্চুৱেল সামৰিক মিত্ৰতাৰ দ্বাৰা আফগানিস্তানৰ বিষয়টো কিছু পৰিমাণে আচ্ছন্ন হৈ পৰিছিল।

১৯৮৫ চনত মিখাইল গর্বাচেভ ক্ষমতালৈ অহাৰ লগে লগে ছোভিয়েট বৈদেশিক সম্পর্ক এক আমূল পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ যায়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমৰ সৈতে পাৰস্পৰিক ভাৱে লাভজনক সম্পৰ্কৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল৷ “উমৈহতীয়া ইউৰোপীয় গৃহ“ গঢ়ি তোলাৰ তেওঁৰ প্ৰচেষ্টাই ভাৰতৰ দৰে উন্নয়নশীল বিশ্বৰ গুৰুত্ব হ্ৰাস কৰিছিল। ইয়াৰ লগতে চীনৰ সৈতে ছোভিয়েট ৰাছিয়াৰ সম্পৰ্কৰ ফলত ইণ্ডো-ছোভিয়েট সম্পর্কত অস্থায়ী মন্দাৱস্থা সৃষ্টি হয়।

১৪। শীতল যুদ্ধৰ পিছৰ পৰ্যায়ত ইণ্ডো-ৰাছিয়ান সম্পৰ্কটো বিশ্লেষণ কৰা। 

উত্তৰঃ ১৯৯১ চনৰ ডিচেম্বৰত ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত, নতুন ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ য়েলৎচিনৰ অধীনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমৰ সৈতে ঘনিষ্ঠ সহযোগিতা গঢ়ি তোলাৰ নীতিও অব্যাহত আছিল, ভাৰতৰ সৈতে সম্পৰ্কৰ “ব্যৱহাৰিক নৱীকৰণ”ৰ বাবে আহ্বান জনোৱা হৈছিল। ১৯৯৩ চনত ভাৰত আৰু বিশ্ব য়েলৎছিনৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ চুক্তি স্বাক্ষৰিত হয়। ই ১৯৭১চনৰ শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ চুক্তিৰ স্থান লয়। পূৰ্বৰ চুক্তিৰ নিৰাপত্তা ধাৰাটো পৰিত্যাগ কৰা হৈছিল যেতিয়া দুয়োখন দেশে তেওঁলোকৰ শান্তিপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পর্ক অব্যাহত ৰখাৰ সংকল্প লৈছিল। আন এক গুৰুত্বপূৰ্ণ সাফল্য হ’ল ঋণ আৰু ৰুবেল-টকাৰ বিনিময় হৰৰ চুক্তি। সামৰিক ক্ষেত্ৰত সহযোগিতাৰ ক্ষেত্ৰত এক চুক্তিও স্বাক্ষৰিত হৈছিল আৰু য়েল্টছিনে আকৌ এবাৰ নিশ্চিত কৰিছিল যে আমেৰিকাৰ আপত্তি স্বত্বেও ভাৰতে ক্রিওজেনিক ৰকেট ইঞ্জিন লাভ কৰিব ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভঞ্জলাদিমিৰ পুটিনৰ ভ্ৰমণৰ সময়ত কৌশলগত অংশীদাৰিত্বৰ ঘোষণাপত্ৰ স্বাক্ষৰৰ লগে লগে ইণ্ডো-ৰাছিয়াৰ সম্পৰ্কে এক নতুন উচ্চ আৰু গতি লাভ কৰে। ভাৰতৰ প্রধানমন্ত্ৰী বাজপেয়ীৰ ২০০১ চনৰ নৱেম্বৰ ভ্ৰমণৰ ফলস্বৰূপে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ ওপৰত ঘোষণাপত্ৰত স্বাক্ষৰ কৰা হৈছিল। এই ঘোষণাই সন্ত্ৰাসবাদৰ ক্ষেত্ৰত পশ্চিমে গ্ৰহণ কৰা দ্বৈত মানদণ্ডক গৰিহণা দিছিল।

যদিও ৰাছিয়া আৰু এক অতি শক্তি নহয়, ভাৰতৰ বাবে ইয়াৰ গুৰুত্বক অৱমূল্যায়ন কৰিব নোৱাৰি। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাৰ বাবে, ইয়াৰ ভেটোৰ ক্ষমতা আছে। লগতে, আপুনি ইতিমধ্যে জানে, ৰাছিয়া হৈছে একমাত্ৰ গুৰুত্বপূৰ্ণ বিশ্ব শক্তি যি কাশ্মীৰ আৰু সীমান্ত পাৰ সন্ত্ৰাসবাদৰ ওপৰত ভাৰতীয় স্থিতিক ধাৰাবাহিকভাৱে সমৰ্থন কৰি আহিছে। ই বিশ্বৰ এই অংশত ধৰ্মীয় উগ্রবাদ আৰু সন্ত্ৰাসবাদৰ প্ৰসাৰৰ বাবে পাকিস্তানক দায়ী কৰে। কাশ্মীৰৰ প্ৰতি আটাইতকৈ শেহতীয়া সমর্থন ২০০৩ চনৰ নৱেম্বৰত প্ৰধানমন্ত্রী বাজপেয়ীৰ তিনিদিনীয়া মস্কো ভ্ৰমণৰ শেষত জাৰী কৰা যুটীয়া বিবৃতিৰ ৰূপত আহিছিল । ই পাকিস্তানক এলঅ’চিৰ ওপৰেৰে আৰু সীমান্তৰ আন স্থানত জম্মু আৰু কাশ্মীৰ ৰাজ্যলৈ সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ আহ্বান জনাইছিল। ই পাকিস্তানক দুয়োখন দেশৰ মাজত উদ্দেশ্যপূৰ্ণ আলোচনাৰ চৰ্ত হিচাপে পাকিস্তান আৰু পাকিস্তান নিয়ন্ত্রিত অঞ্চলৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰিবলৈও কয়। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ ভিতৰত, ৰাছিয়া হৈছে এক সম্প্ৰসাৰিত নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদৰ বাবে ভাৰতৰ প্রার্থিত্বৰ আটাইতকৈ বিশিষ্ট।

ৰাছিয়া হৈছে উচ্চ মানদণ্ডৰ সামৰিক সঁজুলিৰ ভাৰতৰ আটাইতকৈ নিৰ্ভৰযোগ্য যোগানকর্তা। ৰাছিয়াই ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাৰ সত্তৰ শতাংশতকৈও অধিক যোগান ধৰে যাৰ ভিতৰত আছে অত্যাধুনিক অস্ত্ৰ প্ৰণালী আৰু প্ৰযুক্তি। ৰাছিয়াৰ মুখ্য প্ৰতিৰক্ষা ৰপ্তানিৰ ভিতৰত আছে যুঁজাৰু বিমান যেনে মিগ-চৰ, মুখ্য যুদ্ধ টেংক যেনে টি-৭২ এম.আই, হেলিকপ্টাৰ, এণ্টিটেংক মিছাইল, এণ্টি-শিপ মিছাইল, চাবমেৰিন, পাৰমাণৱিক চাবমেৰিন আকুলা-চ শ্ৰেণীৰ আৰু বিমান বাহক যেনে গৰ্চখোভ। ২০০৪ চনৰ জানুৱাৰীত এক “যুগান্তকাৰী চুক্তি’ত, ভাৰতে ১২খন মিগ-২৯ যুঁজাৰু বিমানৰ সৈতে পুনৰ্নিৰ্মাণ কৰা এডমিৰেল গৰ্চখোভ ক্ৰয় কৰিবলৈ সন্মত হয়। বিমান বাহকখন ২০০৮ চনৰ ভিতৰত ভাৰতলৈ বিতৰণ কৰা হ’ব। ভাৰত আৰু ৰাছিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতা কেৱল ক্রয়তে সীমাবদ্ধ নহয় কিন্তু ইয়াত ভাৰতত ইয়াৰে বহুতো অস্ত্ৰ প্ৰণালীৰ উৎপাদন অন্তর্ভুক্ত থাকে যেনে মিগ-২৭এম, চুখোই-৩০এমকে, টি-জ্জ টেংক ইত্যাদি। ই যুটীয়া গৱেষণা আৰু বিকাশ আৰু সেৱা সহযোগিতাৰ সেৱাৰ দৰে ক্ষেত্ৰসমূহো সামৰি লয় । আটাইতকৈ আকৰ্ষণীয় উদাহৰণহৈছে ভাৰত-ৰাছিয়াৰ যুটীয়া প্ৰচেষ্টা হৈছে চুপাৰচনিক শব্দৰ গতিতকৈ দ্ৰুতগতিত উৰা এণ্টি-শ্বিপ ক্রুজ মিছাইল চিষ্টেম, ব্ৰহ্ম’ছৰ বিকাশ, নিৰ্মাণ আৰু বজাৰ কৰা।

ভাৰত আৰু ৰাছিয়াই শক্তিশালী ঐতিহাসিক সম্পৰ্ক উপভোগ কৰিছে। বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত, বিশ্বৰ বিষয়ে তেওঁলোকৰ দৃষ্টিভংগী যথেষ্ট পৰিমাণে মিলিছে। এইটো তেওঁলোকৰ সুৰক্ষা আৰু অৰ্থনৈতিক স্বাৰ্থৰ পাৰস্পৰিকতাৰ দ্বাৰা অধিক পৰিপূৰক। অন্যথা উৎকৃষ্ট সম্পর্কত ইণ্ডো-ৰাছিয়ান বাণিজ্য হৈছে আটাইতকৈ দুৰ্বল সংযোগ। কিন্তু শক্তি আৰু নিৰাপত্তাৰ দৰে নতুন ক্ষেত্ৰত সহযোগিতাৰ দ্বাৰা দুয়োখন দেশৰ মাজত অর্থনৈতিক বাৰ্তালাপ উজ্জ্বল হৈ উঠিছে।

কিছুমান ক্ষেত্ৰ আছে য’ত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা ৰক্ষা কৰা হৈছে। শক্তি সহযোগিতা সেইবোৰৰ ভিতৰত অন্যতম। ভাৰত শক্তিৰ এক বৃহৎ উপভোক্তা হিচাপে উদীয়মান হৈছে। ৰাছিয়াৰ তেল আৰু গেছৰ ভাণ্ডাৰ আৰু তাপ, জলবিদ্যুৎ আৰু পাৰমাণৱিক শক্তি খণ্ডত ইয়াৰ দক্ষতা ভৱিষ্যতে ভাৰতৰ শক্তি সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ’ব। ছোভিয়েট ৰাছিয়াৰ সহযোগিতাৰে ইতিমধ্যে কেইবাটাও তাপ আৰু জলবিদ্যুৎ প্রকল্প নির্মাণ কৰা হৈছে। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতৰ উচ্চাভিলাষী লক্ষ্যসমূহক ৰাছিয়াৰ সহায়ৰ প্রয়োজন কিয়নো ই হৈছে একমাত্ৰ গুৰুত্বপূৰ্ণ পাৰমাণৱিক শক্তি যি পাৰমাণৱিক শক্তি খণ্ডত ভাৰতৰ সৈতে সহযোগিতা কৰিবলৈ সাজু।

১৫। শীতল যুদ্ধই অস্ত্ৰ প্ৰতিযোগিতা আৰু অস্ত্ৰ নিয়ন্ত্ৰণ দুয়োটা সৃষ্টি কৰিছিল। এনে হোৱাৰ কাৰণসমূহ কি আছিল?

উত্তৰঃ ইয়াৰ মূল কাৰণবোৰ হ’ল—

(ক) শীতল যুদ্ধৰ সময়ছোৱাত দুয়োটা শক্তিগোষ্ঠীৰ মাজত অবিশ্বাস আৰু উত্তেজনা বৃদ্ধি পাইছিল। শীতল যুদ্ধৰ পৰিৱৰ্তে কেতিয়াবা গৰম যুদ্ধৰ সৃষ্টি হ’ব বুলি দুয়োটা শক্তিগোষ্ঠীয়ে সামৰিক শক্তি বৃদ্ধিৰ প্ৰতিযোগিতা আৰম্ভ কৰিছিল। আণৱিক অস্ত্ৰৰ উৎপাদনৰ কাৰণে ভালেমান ধন খৰচ কৰিব লগা হোৱাত দেশৰ উন্নয়নমূলক কামত খৰচ কৰা ধনৰ পৰিমাণ কমি আহিছিল ইয়াৰ ফলত শীতল যুদ্ধৰ প্ৰভাৱ ক্ৰমান্বয়ে কমি আহিছিল।

(খ) দুয়োটা শক্তিগোষ্ঠীৰ মাজত সৃষ্টি হোৱা বুজাবুজিয়েও শীতল যুদ্ধৰ প্ৰভাৱ নাইকীয়া কৰাত বৰঙণি যোগাইছিল। দুয়োখন দেশৰ চৰকাৰ প্ৰধানৰ মাজত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলতাত দুয়োখন দেশে বিভিন্ন বিষয়ত সহযোগিতাৰ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিছিল। অস্ত্ৰ-গতিৰ সীমিতকৰণ আৰু স্থায়ী শাস্তি প্ৰতিষ্ঠাৰ বিষয়ত দুয়োখন দেশে এক মতত উপনীত হৈছিল। কৃষি, যাতায়ত, সাংস্কৃতিক দল বিনিময় আদি বিভিন্ন বিষয়ত দুয়োখন দেশৰ মাজত ভালেমান চুক্তিত স্বাক্ষৰ কৰা হৈছিল। আণৱিক যুদ্ধ পৰিহাৰ কৰা আৰু এই বিষয়ত গৱেষণা কৰাৰ বিষয়তো সহযোগিতা কৰিবলৈ দুয়োখন দেশ সন্মত হৈছিল। দুয়োখন দেশৰ মাজত বিভিন্ন বিষয়ত মতভেদ থাকিলেও দুয়োখন দেশৰ মাজত বিভিন্ন বিষয়ত সহযোগিতৰো সৃষ্টি হৈছিল। এই সহযোগিতাই শীতল যুদ্ধৰ প্ৰভাৱ নাইকীয়া কৰি অস্ত্ৰ নিয়ন্ত্ৰণত বৰঙণি যোগাইছিল।

১৬। শীতল যুদ্ধৰ যুগত আমেৰিকা আৰু ছোভিয়েট যুক্তৰাষ্ট্ৰৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কি আছিল? ই ভাৰতৰ স্বাৰ্থ ৰক্ষা কৰা বুলি তুমি ভাবানে? 

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাবে শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতৰ ভূমিকা আছিল দূতৰপীয়া। এটা স্তৰত, দুয়োটা মিত্ৰ শক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ই বিশেষ যত্ন কৰিছিল । দ্বিতীয় স্তৰত ই নতুনকৈ উপনিবেশকতাবাদৰ পৰা মুক্তি পোৱা দেশবোৰে এই মিত্ৰ শক্তিত যোগ দিয়াৰ বিৰোধিতা কৰিছিল।

ভাৰতৰ নীতি নকাৰাত্মক বা নিস্ক্রিয় কোনোটোৱেই নাছিল। নেহৰুৱে বিশ্ববাসীক কোৱাৰ দৰে, গোষ্ঠী নিৰপেক্ষতা ‘পলায়নবাদী’ নীতি নাছিল। তাৰ বিপৰীতে শীতল যুদ্ধৰ প্ৰতিদ্বন্দিতা নৰম কৰিবলৈ ভাৰতে বিশ্ব ঘটনাক্রমত সক্রিয় অংশ গ্ৰহণৰ পোষকতা কৰিছিল। ভাৰতে দুয়োটা মিত্রগোষ্ঠীৰ মাজৰ দূৰত্ব কমাবলৈ বিচাৰিছিল আৰু এইদৰে মতভেদে পূৰ্ণাঙ্গৰূপ লোৱাত বাধা দিছিল। ভাৰতৰ ৰাজনীতিক আৰু নেতাসকলক প্ৰায়ে শীতল যুদ্ধৰ প্ৰতিদণ্ডীসকলৰ মাজত সমন্বয় ৰক্ষাকাৰী আৰু মধ্যস্থতাকাৰী হিচাবে ব্যৱহাৰ কৰা হৈছিল। উদাহৰণস্বৰূপে ১৯৫০ ৰ দশকৰ প্ৰথম ভাগৰ কোৰিয়া যুদ্ধৰ কথা ক’ব পাৰি।‌ ভাৰতে গোষ্ঠী নিৰপেক্ষ গোটৰ আন সদস্য সমূহকো জড়িত কৰিব বিচাৰিছিল। শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতে আমেৰিকা আৰু ৰাচিয়াই নেতৃত্ব দিয়া মিত্রগোষ্ঠীৰ অংশ নোহোৱা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠন সমূহক সক্ৰিয় কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছিল। নেহৰুৱে স্বতন্ত্ৰ আৰু পৰস্পৰ সহযোগী ৰাষ্ট্ৰসমূহৰ এটা ৰাষ্ট্ৰমণ্ডলত গভীৰ বিশ্বাস কৰিছিল যাতে শীতল যুদ্ধ শেষ কৰিব নোৱাৰিলেও ইয়াক নৰম কৰাত ইতিবাচক ভূমিকা ল’ব পাৰে।

কিছুমানে কোৱাৰ দৰে গোষ্ঠী নিৰপেক্ষতা এনে এটা মহৎ আন্তঃৰাষ্ট্ৰীয় বিষয় নাছিল যি ভাৰতৰ প্রকৃত স্বাৰ্থৰ লগত বিশেষ জড়িত নাছিল। গোষ্ঠী নিৰপেক্ষ নীতিয়ে অন্ততঃ দুই ধৰণে ভাৰতক প্রত্যক্ষভাবে সহায় কৰিছে।

প্ৰথম, গোষ্ঠী নিৰপেক্ষ ভাৰতে এনে আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত আৰু পক্ষ ল’ব লাগিছিল যাৰ দ্বাৰা বৃহৎ শক্তিসমূহ আৰু তাৰ মিত্ৰপক্ষৰ স্বাৰ্থ পূৰণ হোৱাতকৈ ইয়াৰ নিজৰ স্বাৰ্থ পূৰণ হৈছিল। দ্বিতীয়তে, ভাৰতে প্ৰায়ে এটা বিশ্ব শক্তিক আনটো বিশ্বশক্তিৰ বিপক্ষে ভাৰসাম্যতাত ৰাখিব পাৰিছিল। যদি এটা বিশ্বশক্তিয়ে ভাৰতক অৱহেলা কৰা বা অনাহকত হেঁচা প্ৰয়োগ কৰা বুলি ভাৰতে অনুভৱ কৰিছিল, ই আনটো বিশ্বশক্তিৰ ফালে ঢাল যাব পাৰিছিল। দুয়োটা গোটৰ কোনোটাৱে ভাৰতক সহায়ক বুলি ধৰি ল’ব পৰা নাছিল বা উৎপীড়ন কৰিব পৰা নাছিল।

১৭। তৃতীয় বিশ্বৰ দেশবোৰত গোষ্ঠী নিৰপেক্ষ আন্দোলনক ‘তৃতীয় বিকল্প’ বুলি বিবেচনা কৰা হৈছিল। এই বিকল্পই শীতল যুদ্ধৰ চৰম পৰ্য্যায়ত তাৰ বিকাশত কেনেকৈ সহায় কৰিছিল? 

উত্তৰঃ গোষ্ঠী নিৰপেক্ষতাই এচিয়া, আমেৰিকা আৰু লেটিন আমেৰিকাৰ নতুনকৈ স্বতন্ত্ৰ হোৱা দেশসমূহক এক তৃতীয় বিকল্প হিচাপে প্ৰক্ষেপ কৰিলে। এই বিকল্প আছিল দুই মহাশক্তিৰ গোটৰ পৰা আঁতৰি থকাৰ।

গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূলতে আছিল যুগোশ্লাভিয়াৰ যোচেফ ব্ৰজ টিটো, ভাৰতৰ জৱাহৰলাল নেহৰু আৰু ইজিপ্তৰ নেতা গামাল আব্দুল নাচেৰ, এই তিনি নেতাই ১৯৪৬ চনত এক সফল অধিবেশন অনুষ্ঠিত কৰে। ইণ্ডোনেচিয়াৰ সুকার্ণো আৰু ঘানাৰ ক্যোমি এওঁলোকৰ প্ৰৱল সমর্থক আছিল। এই ভজন নেতাক গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ পাঁচজন প্ৰতিষ্ঠাপক বুলি কোৱা হয়। প্রথম গোষ্ঠী নিৰপেক্ষ সন্মিলন ১৯৬১ চনত বেলগ্রেডত অনুষ্ঠিত হয়। এই সন্মিলন অন্ততঃ ৩টা কথাৰ পৰিণতি আছিল।

(ক) এই ৫খন দেশৰ মাজত সহযোগিতা।

(খ) শীতল যুদ্ধৰ প্ৰসাৰ আৰু ইয়াৰ বৰ্দ্ধিত পৰিসৰ। আৰু

(গ) ঔপনিবেশিক শাসনৰ পৰা নতুনকৈ মুক্তি লাভ কৰা বহুতো আফ্ৰিকীয় দেশৰ আন্তঃৰাষ্ট্ৰীয় ৰণক্ষেত্ৰ ত নাটকীয় প্ৰৱেশ। ১৯৬০ চনৰ ভিতৰত ৰাষ্ট্ৰসংঘত ১৬ খন নতুন আফ্ৰিকীয় সদস্য দেশ আছিল।

প্রথম গোষ্ঠী নিৰপেক্ষ অধিবেশনত ২৫খন সদস্য ৰাষ্ট্ৰ উপস্থিত আছিল। সময় যোৱাৰ লগে লিগে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্য সংখ্যা  বাঢ়ি গ’ল। ২০০৬ চনত কিউবাৰ হাভানাত হোৱা সন্মিলনত ১১৬ খন সদস্য ৰাষ্ট্ৰ আৰু ১৫ খন পৰ্য্যবেক্ষক দেশ চামিল হয়।

গোষ্ঠী নিৰপেক্ষ আন্দোলন জনপ্ৰিয় হৈ পৰাৰ লগে লগে বেলেগ বেলেগ ৰাজনৈতিক পদ্ধতি আৰু স্বাৰ্থই ইয়াত যোগদান কৰিলে। ইয়াৰ দ্বাৰা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল নীতিলৈ পৰিবৰ্তন আহিল।

প্ৰশ্নঃ ১৮। গোষ্ঠী নিৰপেক্ষ আন্দোলন বর্তমান অপ্রাসঙ্গিক? এই কথাত তুমি একমতনে? তোমাৰ মতৰ সমৰ্থনত যুক্তি দশোৱা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ দেশবোৰ শীতল যুদ্ধৰ সময়ছোৱাত কেৱল মধ্যস্থতাকাৰীয়েই নাছিল। গোষ্ঠী নিৰপেক্ষ আন্দোলনত অংশ গ্ৰহণকাৰী বেছি ভাগ দেশেই অনুন্নত দেশ’ আখ্যা পাইছিল। এই দেশবোৰৰ সমুখত মুখ্য প্ৰত্যাহ্বান আছিল অধিক অর্থনৈতিক বিকাশ সাধন আৰু নিজৰ দেশৰ জনগণৰ দৰিদ্ৰতা দূৰ কৰা। নতুন দেশসমূহৰ স্বাধীনতাৰ বাবেও আর্থিক বিকাশ অনিবাৰ্য্য আছিল।

বিকাশ অবিহনে কোনো দেশ আচলতে স্বাধীন হ’ব নোৱাৰে। তেওঁলোক ধনী দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিছিল। তাত সেইবোৰ ঔপনিবেশিক দেশো থাকিব পাৰে যাৰ পৰা তেওঁলোকে ৰাজনৈতিক স্বাধীনতা লাভ কৰিছিল।

এই উপলব্ধিৰ পৰাই নতুন অর্থনৈতিক শৃংখলা ধাৰণাটিৰ জন্ম হৈছিল। ১৯৭২ চনত সংযুক্ত ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু বিকাশ সম্বন্ধীয় সন্মিলনত ‘towards a new trade polices for Development’ নামৰ এক প্ৰতিবেদন প্রস্তুত কৰা হয়। এই প্ৰতিবেদনত বিশ্ব বাণিজ্য প্রথাৰ সংস্কাৰৰ প্ৰস্তাৱ লোৱা হয় যাৰ দ্বাৰা,

(ক) উন্নত পশ্চিমীয়া দেশবোৰে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদসমূহ অনুন্নত দেশবিলাকৰ নিজৰ অধীনলৈ অনা হ’ব।

(খ) অনুন্নত দেশবোৰে পশ্চিমীয়া বজাৰত নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব। সেইবাবে দুখীয়া দেশবোৰৰ বাবে ব্যৱসায় অধিক লাভজনক হ’ব।

(গ) পশ্চিমীয়া দেশৰ পৰা আমদানিকৃত প্ৰযুক্তিৰ খৰচ কমিব।

(ঘ) আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক অনুষ্ঠানসমূহত অনুন্নত দেশবোৰৰ গুৰুত্ব বাঢ়িব। ক্রমান্বয়ে গোষ্ঠী নিৰপেক্ষতাৰ প্ৰকৃতি সলনি হয় আৰু অৰ্থনৈতিক বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ১৯৬১ চনত বেলগ্রেডত অনুষ্ঠিত প্ৰথম সন্মিলনত আর্থিক বিষয়ত খুব বেচি গুৰুত্ব দিয়া হোৱা নাছিল। ১৯৭০ চনৰ মাজভাগলৈ এইবোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় হৈ পাৰে। ফলস্বৰূপে, গোষ্ঠী নিৰপেক্ষ আন্দোলন এক অর্থনৈতিক প্ৰভাৱগোষ্ঠী হৈ পৰে। ১৯৮০ ৰ দশকৰ শেষৰ ভাগত অৱশ্যে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গতিময়তাত যতি পৰে। ইয়াৰ মূল কাৰণ আছিল উন্নত দেশসমূহে কৰা বিৰোধিতা। উন্নত দেশসমূহে একজোঁট হৈ কাম কৰাৰ বিপৰীতে এই প্ৰতিৰোধৰ প্ৰতি একগোট হৈ সন্মুখন হ’বলৈ গোষ্ঠী নিৰপেক্ষ দেশবোৰে সংঘৰ্ষ কৰিবলগীয়া হৈছিল।

১৯৯০ ৰ দশকৰ আৰম্ভণিৰ বছৰসমূহত শীতল যুদ্ধৰ অন্ত আৰু ছোভিয়েট সংঘৰ ভাঙোণ হয়। ইয়াৰ লগতে এক আন্তঃৰাষ্ট্ৰীয় আন্দোলন আৰু ভাৰতৰ বৈদেশিক নীতিৰ মূল আদৰ্শৰ ৰূপত গোষ্ঠী নিৰপেক্ষতাৰ প্ৰাসঙ্গিকতা তথা প্ৰভাৱকাৰিতাত কিছু প্ৰভাৱ পৰিছিল। অৱশ্যে গোষ্ঠী নিৰপেক্ষতাত কিছুমান মূল মূল্যবোধ আৰু মজবুত ধাৰণা সন্নিবিষ্ট হৈ আছিল। গোষ্ঠী নিৰপেক্ষতা এই স্বীকৃতিৰ ওপৰত গঢ় লৈ উঠিছিল। যে উপনিবেশিকতাবাদৰ পৰা মুক্ত হোৱা ৰাষ্ট্ৰবোৰে এক উমৈহতীয়া সম্বন্ধ বহন কৰে আৰু সংঘবদ্ধ হ’লে তেওঁলোকে শক্তিশালী শক্তি হ’ব পাৰে। ইয়াৰ অৰ্থ হ’ল দুখীয়া আৰু বিশ্বৰ অতি ক্ষুদ্র দেশবোৰ কোনো বৃহৎ শক্তিৰ সমৰ্থক হোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে স্বতন্ত্র বৈদেশিক নীতি গ্ৰহণ কৰিব পাৰে। প্ৰচলিত অসমতা দূৰ কৰিবলৈ এক বিকল্প বিশ্ব শৃংখলাৰ বিষয়ে চিন্তা কৰি আন্তঃৰাষ্ট্ৰীয় পদ্ধতিক গণতান্ত্রিক কৰাৰ সম্বন্ধৰ ওপৰত ই প্ৰতিষ্ঠিত আছিল। শীতল যুদ্ধ শেষ হোৱাৰ পাচতো এই মূল ধাৰণাসমূহৰ প্রাসঙ্গিকতা আছে।

প্ৰশ্নঃ ১৯। শীতল যুদ্ধ কি? শীতল যুদ্ধৰ মুখ্য ভেটি কেইটামান উল্লেখ কৰা। 

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ ১৯৫৫ চনত ইংলেণ্ড, ফ্রান্স, বৃটেইন, ছোভিয়েট ইউনিয়নৰ নেতৃত্বত মিত্র শক্তিয়ে জার্মানী, ইটালী আৰু জাপানে নেতৃত্ব দিয়া অক্ষ শক্তিক পৰাস্ত কৰি দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি ঘটায়। এই যুদ্ধত বিশ্বৰ প্ৰায়বোৰ বৃহৎ শক্তি জড়িত হৈছিল আৰু ইউৰোপৰ বাহিৰেও দক্ষিণ পূব এচিয়া, চীনদেশ,ব্রহ্মদেশ (বৰ্তমান ম্যানমাৰ) আৰু ভাৰতৰ উত্তৰ পূবৰ কোনো কোনো অংশলৈ বিয়পি পৰিছিল। এই যুদ্ধত বিপুল পৰিমানৰ ধন-জন হানি হয়। ইয়াৰ আগতে ১৯১৪ ৰ পৰা ১৯১৮ চনলৈ হোৱা প্ৰথম বিশ্বযুদ্ধই বিশ্বক জোকাৰি গৈছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পৰাই শীতল যুদ্ধৰ আৰম্ভণি হয়। ১৯৪৫ চনৰ আগষ্ট মাহত আমেৰিকাই হিৰোচিমা আৰু নাগাচাকি নামৰ চহৰ দুখনত দুটা আণৱিক বোমাৰ বিস্ফোৰণ ঘটায় আৰু জাপানে আত্মসমপর্ণ কৰিবলগীয়া হোৱাত বিশ্বযুদ্ধৰ অন্ত পৰে। আমেৰিকাই বোমা বৰ্ষণৰ সিদ্ধান্ত লোৱাৰ বিৰোধীতা কৰা সকলে যুক্তি দর্শায় যে জাপানে আত্মসমর্পণ কৰাতো নিশ্চিত বুলি জানিও আমেৰিকাই বোমা বৰ্ষণ কৰাৰ প্ৰয়োজন নাছিল। তেওঁলোকৰ

মতে আমেৰিকাই এনে কৰাৰ মূলতে আছিল ছোভিয়েট ইউনিয়নক এচিয়া আৰু অন্য ঠাইত সামৰিক আৰু ৰাজনৈতিক লাভ আদায় কৰাত বাধা দিয়া আৰু মস্কোৰ ওচৰত আমেৰিকাৰ শ্রেষ্ঠতা প্রতিপন্ন কৰা। আনহাতে আমেৰিকাৰ সমৰ্থকসকলৰ মতে যুদ্ধ সোনকালে শেষ কৰিবলৈ আৰু আমেৰিকা আৰু মিত্ৰ শক্তিৰ অধিক প্রাণহানি ৰোধ কৰিবলৈ বোমা বর্ষণৰ প্রয়োজন আছিল।

উদ্দেশ্য যিয়েই নহওক, দ্বিতীয় বিশ্বযুদ্ধৰ ফলত বিশ্ব ৰাজনীতিৰ মঞ্চত দুটা নতুন শক্তিৰ জন্ম হ’ল। জার্মানী আৰু জাপানৰ পৰাজয়। ইউৰোপ আৰু বিশ্বৰ বিভিন্ন অংশৰ পতনৰ লগে লগে আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন বিশ্বৰ সবাতোকৈ বৃহৎ শক্তিৰূপে পৃথিৱীৰ যিকোনো ঠাইত ঘটা ঘটনাৰ ওপৰত প্ৰভাৱ পেলাব পৰা শক্তিৰূপে পৰিগণিত হ’ল।

শীতল যুদ্ধ আছিল আমেৰিকা আৰু ছোভিয়েট ৰাচিয়া পৰস্পৰৰ প্ৰতিদ্বন্দী বৃহৎ শক্তি হিচাপে উদয় হোৱাৰ পৰিমাণ।

শীতল যুদ্ধৰ মূল ভেটিসমূহ তলত উল্লেখ কৰা হ’ল –

(ক) পশ্চিমীয়া দেশসমূহে ধাৰণা কৰিছিল যে ৰুছিয়াৰ শক্তি বৃদ্ধি হোৱাৰ ফলত বিশ্বশক্তি প্ৰতিষ্ঠাৰ বিষয়ত বাধাৰ সৃষ্টি হ’ব, সেয়েহে পশ্চিমীয়া দেশসমূহে এটম বোম, হাইড্ৰ’জেন বোম, আণবিক অস্ত্রপাতি আদি বৃদ্ধি কৰি নিজৰ নিৰাপত্তা নিশ্চিত কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। ৰুছিয়াই পশ্চিমীয়া দেশসমূহৰ সামৰিক শক্তি বৃদ্ধি কৰা আঁচনি দেখি নিজৰ দেশৰ সামৰিক শক্তি বৃদ্ধি কৰাত গুৰুত্ব আৰূপ কৰিছিল।

(খ) দ্বিতীয় মহাসমৰৰ পিছত সাম্যবাদী গোষ্ঠী আৰু পুঁজিবাদী গোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হ’ব বুলি দুয়োটা গোষ্ঠীয়ে বিশ্বাস কৰিছিল, সেয়েহে ভৱিষ্যত নিৰাপত্তাৰ কাৰণে দুয়োটা গোষ্ঠীয়ে সামৰিকভাবে সাজু হোৱা নীতি অৱলম্বম কৰিছিল।

(গ) এই শক্তিগোষ্ঠীৰ বিশ্বাস হৈছিল যে আদৰ্শৰ মিল থকা দেশৰ লগত সহযোগিতা কৰিহে ভৱিষ্যত নিৰাপত্তাৰ নিশ্চিত হ’ব পাৰি।

(ঘ) এই শক্তিগোষ্ঠী দুটাৰ মাজৰ যুদ্ধক স্বাধীনতা স্বেচ্ছাচাৰী শাসনৰ মাজত হোৱা যুদ্ধ হিচাবে অভিহিত কৰা হৈছিল। পশ্চিমীয়া দেশসমূহক স্বাধীনতাৰ পৃষ্ঠপোষক আৰু ৰুছিয়াক স্বেচ্ছাচাৰী শাসনৰ পৃষ্ঠপোষক হিচাপে বিবেচনা কৰা হৈছিল।

(ঙ) পশ্চিমীয়া দেশসমূহে সাম্যবাদী আন্দোলনক মষিমূৰ কৰা নীতিৰ প্ৰতি সমর্থন জনাইছিল। গ্ৰীচৰ পৰা ভিয়েটনামলৈ যিবোৰ বিষয়ত এই দেশসমূহে হস্তক্ষেপ কৰিছিল, সেই সকলোবোৰ হস্তক্ষেপতে এই ধাৰণা জড়িত আছিল।

প্ৰশ্নঃ ২০। শীতল যুদ্ধৰ প্ৰভাৱ বা ভূমিকাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ দ্বিতীয় মহাসমৰৰ পিছত আমেৰিকা আৰু ৰুছিয়াৰ মাজত সৃষ্টি হোৱা শীতল যুদ্ধই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ গতি নির্ণয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

শীতল যুদ্ধৰ ভূমিকাৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

(ক) শীতল যুদ্ধই শান্তিৰ সময়তো সামৰিক চুক্তিত স্বাক্ষৰ কৰাৰ পৰা মুকলি কৰিছিল। দ্বিতীয় মহাযুদ্ধৰ পিছত যিবোৰ সমস্যাৰ সৃষ্টি হৈছিল, সেই সমস্যাবোৰৰ সমাধান কৰাৰ পৰিবৰ্ত্তে শক্তিশালী দেশসমূহে আনক প্ৰতিদ্বন্দিতাৰ পৰা আঁতৰ কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰি সময় আৰু সুযোগৰ তাপ ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত নাটো, চিয়াটো, ওৱাশ্ব’ চুক্তি আদিৰ নিচিনা ভালেমান সামৰিক চুক্তিত স্বাক্ষৰ কৰা হৈছিল। পৃথিৱীৰ ভালেমান দেশে এই চুক্তিত স্বাক্ষৰ কৰিছিল। এটা পক্ষই আনটো পক্ষৰ বিৰুদ্ধে সংগঠিত হৈছিল। গোষ্ঠী নিৰপেক্ষ জোট সৃষ্টি হোৱাৰ ফলত সাম্প্রতিক কালত এই চুক্তিসমূহৰ গুৰুত্ব ভালেখিনি কমি আহিছে।

(খ) আদর্শবাদী ৰাজনৈতিক চিন্তাবিদ কিছুমানে বিশ্বৰাষ্ট্ৰৰ সৃষ্টিৰ যি কল্পনা কৰিছিল, শীতল যুদ্ধই সেই কল্পনাক অ-কাৰ্যকৰী কৰি তুলিছিল। পৃথিৱীত শান্তি আৰু শৃংখলা প্ৰতিষ্ঠাৰ কাৰণে ৰাষ্ট্ৰসংঘ নামৰ আন্তঃৰাষ্ট্ৰীয় সংগঠন এটা প্ৰতিষ্ঠা কৰা হৈছিল যদিও, এই সংগঠনে শক্তিগোষ্ঠী দুটাৰ মাজত সৃষ্টি হোৱা প্ৰতিদ্বন্দ্বিতা আঁতৰ কৰিব পৰা নাছিল। ৰাষ্ট্ৰসংঘৰ কথাপতা দোকান আৰু জনমত প্ৰকাশৰ মঞ্চত পৰিণত হৈছিল। বিশ্বৰ কিছুমান দেশক ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হোৱাতো বাধা প্ৰদান কৰা হৈছিল। উদাহৰণস্বৰূপে, আমেৰিকাৰ আপত্তিৰ কাৰণে কমিউনিষ্ট চীনক বহুদিন ধৰি ৰাষ্ট্ৰসংঘৰ সদস্য হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল। ইয়াৰ উপৰিও আদৰ্শৰ জৰিয়তে সমস্যাবোৰ বিশ্লেষণ কৰাৰ ফলত সমস্যা সমাধানত ৰাষ্ট্ৰসংঘ কৃতকাৰ্য হোৱা নাছিল ।

(গ) শীতল যুদ্ধৰ ফলতেই দুয়োটা শক্তিগোষ্ঠীৰ মাজত সামৰিক শক্তি বৃদ্ধিৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল। প্ৰত্যেক গোষ্ঠীয়ে আধুনিক অস্ত্র গতি উৎপাদনত ভালেমান ধন খৰচ কৰিবলগা হৈছিল। সামৰিক বিষয়ত যথেষ্ট পৰিমাণৰ ধন খৰচ কৰিবলগা হোৱাত জনসাধাৰণৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ কাৰণে খৰচ কৰিব লগা ধনৰ পৰিমাণ কমি গৈছিল। আণৱিক অস্ত্র বৃদ্ধিৰ এই প্ৰতিযোগিতাৰ ফলত আণৱিক যুদ্ধৰ সম্ভাৱনাৰো সৃষ্টি হৈছিল।

(ঘ) শীতল যুদ্ধই জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়নতো বাধাৰ সৃষ্টি কৰিছিল। অস্ত্রপাতি উৎপাদনত ভালেমান ধন খৰচ কৰিবলগা হোৱাৰ কাৰণে উন্নয়নমূলক কামত খৰচ কৰিবলগা ধনৰ পৰিমাণ কমি গৈছিল। জনজীৱনৰ বিভিন্ন দিশৰ উন্নতি সাধনত ধন খৰচ কৰাৰ পৰিবৰ্তে শীতল যুদ্ধত অৱতীৰ্ণ হোৱা দেশে সামৰিক শক্তি বৃদ্ধিৰ কাৰণেহে অধিক পৰিমাণৰ ধন খৰচ কৰিছিল।

(ঙ) এচিয়া, আফ্ৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ দেশসমূহে শীতল যুদ্ধত জড়িত কোনো এটা গোষ্ঠীৰ লগতে যোগদান কৰা নাছিল। এই দেশসমূহে সামৰিক চুক্তিসমূহতো যোগদান কৰা নাছিল। ইয়াৰ পৰিবৰ্তে এই দেশসমূহে গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰিছিল। সেয়েহে গোষ্ঠী নিৰপেক্ষ আন্দোলনক শীতল যুদ্ধৰ সৃষ্টি হিচাপে অভিহিত কৰিব পাৰি ।

(চ) শীতল যুদ্ধই সৰু সৰু দেশসমূহৰ গুৰুত্ব বৃদ্ধি কৰিছিল। কিছুমান সৰু দেশে কোনো এটা গোষ্ঠীত যোগদান কৰিছিল যদিও আন কিছুমান দেশে কোনো গোষ্ঠীতেই যোগদান নকৰি নিৰপেক্ষ নীতি অৱলম্বন কৰিছিল। প্ৰত্যেক শক্তিগোষ্ঠীয়ে নিৰপেক্ষতা অৱলম্বন কৰা এই দেশসমূহক নিজৰ গোষ্ঠীত অন্তভুক্ত কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ ফলত এই দেশসমূহে স্বাধীনভাৱে নীতি নিৰ্ধাৰণ কৰাৰ সুবিধা পাইছিল। কোনো এটা গোষ্ঠীয়ে নিৰপেক্ষতা অৱলম্বন কৰা এই দেশসমূহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰা নাছিল। অর্থাৎ শীতল যুদ্ধই গোষ্ঠী নিৰপেক্ষ দেশসমূহৰ শক্তি আৰু মৰ্যাদা বৃদ্ধিত সহায় কৰিছিল

প্ৰশ্নঃ ২১। শীতল যুদ্ধ উপশম হোৱাৰ কাৰণসমূহ বৰ্ণনা কৰা।

উত্তৰঃ তলত দিয়া বিভিন্ন কাৰণত শীতল যুদ্ধৰ প্ৰকোপ কৰি আহিছে। 

(ক) অধ্যাপক ইয়ং হাম কিমৰ মতে শীতল যুদ্ধ প্রশমিত হোৱাৰ প্ৰধান কাৰণ হৈছে আমেৰিকা আৰু ৰুছিয়াই ৰাজনৈতিক বিষয়ত পূৰঠ অভিজ্ঞতা লাভ কৰাটো দুয়োটা শক্তিগোষ্ঠীয়ে আবেগিক দৃষ্টিভঙ্গী বাদ দি ৰাজনৈতিক বিষয়সমূহ গভীৰ দৃষ্টিভঙ্গীৰে বিচাৰ কৰিবলৈ আৰম্ভ কৰাৰ ফলত দুয়োটা শক্তিগোষ্ঠীৰ মাজৰ মানসিক দূৰত্ব ভালেখিনি কমি আহিছিল। দুয়োটা শক্তিগোষ্ঠীয়ে নিজৰ নিজৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ বিষয়ত গ্ৰহণ কৰা নমনীয় চিন্তাধাৰাই দুয়োখন দেশৰ মাজৰ প্ৰভেদ কমাই আনিছিল।

(খ) দুয়োটা শক্তিগোষ্ঠীয়ে উপলব্ধি কৰিছিল যে তেওঁলোকৰ হাতত থকা আণৱিক অস্ত্ৰসমূহৰ প্রয়োগৰ ফলত দুয়োখন দেশে সমানেই ধ্বংসৰ সন্মুখীন হ’ব লাগিব। সেয়েহে দুয়োটা শক্তিগোষ্ঠীয়ে প্ৰত্যাহ্বান বাদ দি সহযোগিতামূলক কামৰ ওপৰত গুৰুত্ব দিছিল।

(গ) কমিউনিষ্ট দেশসমূহৰ মাজত সৃষ্টি হোৱা মতভেদেও শীতল যুদ্ধৰ অৱসানত ভালেখিনি বৰঙণি যোগাইছিল। চীনদেশ, ৰুছিয়া, যুগোশ্লোভিয়া আদি দেশৰ মাজত আদৰ্শৰ বিষয়ত মতভেদৰ সৃষ্টি হৈছিল। অধ্যাপক ‘কিম’ৰ মতে ক’বলৈ হ’লে চীন দেশে কিছু পৰিমাণে ৰক্ষণশীল নীতিক সমৰ্থন কৰিছিল, ৰুছিয়াই উদাৰ নীতি গ্ৰহণ কৰিছিল আৰু যুগোশ্লাভিয়াই কমিউনিষ্ট আদৰ্শৰ সংশোধনৰ ওপৰত গুৰুত্ব দিছিল আদৰ্শৰ বিষয়ত হোৱা এনে মতভেদে শীতল যুদ্ধৰ প্ৰভাৱ কমাই অনাত বৰঙণি যোগাইছিল।

(ঘ) চীন দেশ আৰু ৰুছিয়াৰ মাজত ক্ষমতাৰ কাৰণে সৃষ্টি হোৱা বিৰোধেও শীতল যুদ্ধৰ প্ৰভাৱ নাইকীয়া কৰাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। ১৯৬৯ চনৰ মাৰ্চ মাহত উসুৰি নদীৰ এটা দ্বীপক কেন্দ্ৰ কৰি চীন আৰু ৰুছিয়াৰ মাজৰ সীমান্তত সংঘাতৰ সৃষ্টি হৈছিল। সেই সময়ৰ পৰাই দুয়োখন দেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল।

(ঙ) ত্রিপক্ষীয় ৰাজনীতিৰ সৃষ্টিয়েও শীতল যুদ্ধৰ প্রশমিত কৰাত ভালেখিনি বৰঙণি যোগাইছিল। ১৯৪৯ চনত কমিউনিষ্ট চীনৰ জন্ম হৈছিল যদিও আমেৰিকাই চীন দেশক স্বীকৃতি দিয়া নাছিল। ফৰমোচা চৰকাৰৰ লগতহে আমেৰিকাৰ ঘনিষ্ট সম্পৰ্ক আছিল। সেয়েহে সেই সময়ত চৰকাৰহে নিৰাপত্তা পৰিষদৰ সদস্য আছিল। কিন্তু ৰুছিয়া আৰু চীনৰ মাজত সৃষ্টি হোৱা বিৰোধে আমেৰিকাৰ চীন দেশেও এটম বোমাৰ অধিকাৰী হোৱাৰ ফলত চীন দেশে শক্তিশালী দেশ হিচাবে স্বীকৃতি লাভ কৰিছিল। অর্থাৎ পৃথিৱীত দ্বি-পক্ষীয় ৰাজনীতিৰ পৰিবৰ্তে ত্ৰি-পক্ষীয় ৰাজনীতিৰ সৃষ্টি হৈছিল। ১৯৭১ চনত আমেৰিকাই চীন দেশক স্বীকৃতি দিয়াৰ ফলত চীন দেশে নিৰাপ্ততা পৰিষদৰ সদস্য পদো লাভ কৰিছিল। ত্ৰি-পক্ষীয় ৰাজনীতিৰ সৃষ্টিয়ে শীতল যুদ্ধৰ প্ৰভাৱ কমাই অনাত ভালেখিনি বৰঙণি যোগাইছিল।

(চ) কমিউনিষ্ট দেশসমূহৰ ওপৰত ৰুছিয়াৰ প্ৰভাৱ কমি যোৱাৰ ফলতো শীতল যুদ্ধৰ প্রভাৱ কমি গৈছিল । দ্বিতীয় মহাযুদ্ধৰ শেষৰ পূৱ ইউৰোপৰ কিছুমান দেশত ৰুছিয়াৰ প্ৰভাৱত কমিউনিষ্ট চৰকাৰ প্ৰতিষ্ঠা হৈছিল। আৰম্ভণিতে এই দেশসমূহৰ ওপৰত ৰুছিয়াই প্ৰভাৱ বিস্তাৰ কৰাৰ সুবিধা গ্ৰহণ কৰিছিল যদিও, সময়ৰ সোঁতত এই দেশবোৰৰ ওপৰত ৰুছিয়াৰ প্ৰভাৱ কমি আহিছিল। সেয়েহে এই দেশবোৰক কেন্দ্ৰ কৰি শীতল যুদ্ধ উলাই থকাৰ সম্ভাৱনাও নাইকীয়া হৈছিল।

(ছ) কমিউনিষ্ট সম্প্ৰসাৰণক বাধা দিয়াৰ উদ্দেশ্যে ‘ট্ৰুমেন নীতি’ আৰু ‘মার্শ্বাল পৰিকল্পনাৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰই ভালেমান দেশক আর্থিক সাহায্য দিছিল আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি সেই দেশবোৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা নীতিও আমেৰিকাই গ্ৰহণ কৰিছিল। কিন্তু আৰ্থিক সাহায্য লোৱা দেশসমূহে তেওঁলোকৰ অৰ্থনীতি আৰু আভ্যন্তৰীণ বিষয়ত আন এখন দেশত হস্তক্ষেপক সমৰ্থন কৰিব পৰা নাছিল। ইয়াৰ ফলত এই দেশসমূহক কেন্দ্ৰ কৰি শীতল যুদ্ধ চলাই যোৱাৰ সুবিধা আমেৰিকাৰ কাৰণে কমি আহিছিল।

(জ) শীতল যুদ্ধৰ সময়ছোৱাত দুয়োটা শক্তিগোষ্ঠীৰ মাজত অবিশ্বাস আৰু উত্তেজনা বৃদ্ধি পাইছে। শীতল যুদ্ধৰ পৰিবৰ্তে কেতিয়াবা গৰম যুদ্ধৰ সৃষ্টি হ’ব বুলি দুয়োটা শক্তিগোষ্ঠীয়ে সামৰিক শক্তি বৃদ্ধিৰ প্ৰতিযোগীতা আৰম্ভ কৰিছিল। আণৱিক অস্ত্ৰৰ উৎপাদনৰ কাৰণে ভালেমান ধন খৰচ কৰিবলগীয়া হোৱাত দেশৰ উন্নয়নমূলক কামত খৰচ কৰা ধনৰ পৰিমাণ কমি আহিছিল। ইয়াৰ ফলত শীতল যুদ্ধৰ প্ৰভাৱ ক্ৰমান্বয়ে কমি আহিছিল।

(ঝ) দুয়োটা শক্তিগোষ্ঠীৰ মাজত সৃষ্টি হোৱা বুজাবুজিয়েও শীতল যুদ্ধৰ প্ৰভাৱ নাইকীয়া কৰাত বৰঙণি যোগাইছিল। দুয়োখন দেশৰ চৰকাৰ প্ৰধানৰ মাজত অনুষ্ঠিত হোৱা শীর্ষ সন্মিলনত দুয়োখন দেশে বিভিন্ন বিষয়ত সহযোগীতাৰ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিছিল। অস্ত্রপাতিৰ সীমিতকৰণ আৰু স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বিষয়ত দুয়োখন দেশে এক মতত উপনীত হৈছিল। কৃষি, যাতায়ত, সাংস্কৃতিক দল বিনিময় আদি বিভিন্ন বিষয়ত দুয়োখন দেশৰ মাজত ভালেমান চুক্তিত স্বাক্ষৰ কৰা হৈছিল। আণৱিক যুদ্ধ পৰিহাৰ কৰা আৰু এই বিষয়ত গৱেষণা কৰাৰ বিষয়তো সহযোগিতা কৰিবলৈ দুয়োখন দেশ সন্মত হৈছিল। দুয়োখন দেশৰ মাজত বিভিন্ন বিষয়ত মতভেদ থাকিলেও দুয়োখন দেশৰ মাজত বিভিন্ন বিষয়ত সহযোগিতাৰো সৃষ্টি হৈছিল। এই সহযোগীতাই শীতল যুদ্ধৰ প্ৰভাৱ নাইকীয়া কৰাত বৰঙণি যোগাইছিল।

(ঞ) শীতল যুদ্ধৰ প্ৰভাৱ নাইকীয়া কৰাত বিশ্ব জনমতৰ ভূমিকাও কম নহয়। আণৱিক বোমা উৎপাদন কৰাৰ ক্ষমতা থাকিলেও দুয়োটা শক্তি গোষ্ঠীয়ে বিশ্বজনমতৰ হেঁচাত দুয়োটা শক্তি গোষ্ঠীয়ে নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব দিব লগা হৈছিল। ইয়াৰ ফলত আণবিক বোমা সম্পর্কত দুয়োখন দেশে ভালেমান চুক্তিত স্বাক্ষৰ কৰিছিল। এনেবোৰ কাৰণত শীতল যুদ্ধৰ প্রকোপ ক্রমান্বয়ে কমি আহিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top