Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ

Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ Question Answer can be of great value to excel in the examination.

Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ

Join Telegram channel

Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ Notes cover all the exercise questions in UGC Syllabus. Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

বি. আৰ. আম্বেদকাৰ

SOCIOLOGY

INDIAN SOCIOLOGICAL TRADITIONS

ভাৰতীয় সমাজতাত্ত্বিক পৰম্পৰা

অতি চমু প্রশ্নোত্তৰঃ

(ক) শুদ্ধ উত্তৰটো ৰাছি উলিওৱাঃ

১। আম্বেদকাৰৰ জন্ম কোন চনত হৈছিল—

(ক) ১৮৯১ চনত।

(খ) ১৭৮০ চনত।

(গ) ১৮৬০ চনত।

(খ) ১৬২০ চনত।

উত্তৰঃ (ক) ১৮৯১ চনত।

২। স্বৰাজৰ ধাৰণাটো মহাত্মা গান্ধীৰ আগতে ভাৰতীয় স্বাধীনতা আন্দোলনত কোনে প্ৰৱৰ্তন বা গ্ৰহণ কৰিছিল?

(ক) বাল গংগাধৰ তিলক।

(খ) ৰাজা ৰামমোহন ৰায়।

(গ) গোপাল কৃষ্ণ গোখলে। 

(ঘ) উমেশ চন্দ্ৰ বেনাৰ্জী।

উত্তৰঃ (ক) বাল গংগাধর তিলক।

৩। কোনখন বিশ্ববিদ্যালয়ত আম্বেদকাৰে পি. এইচ. ডি ডিগ্ৰী লাভ কৰিছিল?

(ক) আমেৰিকা বিশ্ববিদ্যালয়।

(খ) কলম্বিয়া বিশ্ববিদ্যালয়।

উত্তৰঃ (খ) কলম্বিয়া বিশ্ববিদ্যালয়।

৪। ১৯১৬ চনত আম্বেদকাৰে ক’ত পঢ়িবলৈ গৈছিল?

(ক) আমেৰিকা।

(খ) টোকিঅ’।

(গ) লণ্ডন।

(ঘ) জাপান।

উত্তৰঃ (গ) লণ্ডন।

৫। _______ মানে সমাজত মূল্যৱান সম্পদ, পুৰস্কাৰ আৰু স্থিতি বিতৰণ কৰাৰ স্থিতি?

(ক) পার্থক্য অসমানতা।

(খ) অদ্ভুত।

(গ) বৈষম্য।

(ঘ) ভিন্ন।

উত্তৰঃ (ক) পার্থক্য অসমানতা।

৬। ________ সামাজিক একতাৰ ক্ৰন উচ্চবা নিম্ন, উৎকৃষ্ট বা নিম্নমানৰ।

(ক) অসমান।

(খ) পিৰামিড।

(গ) বৈষম্য।

(ঘ) পদানুক্রম।

উত্তৰঃ (ঘ) পদানুক্রম।

৭। পৃথকীকৰণ, বৈষম্য আৰু পদানুক্ৰমৰ আধাৰত এখন সমাজত মানুহৰ বিভাজন কি?

(ক) সামাজিক শ্রেণীবিভাজন।

(খ) সামাজিক স্তৰীকৰণ।

(গ) সামাজিক পার্থক।

(ঘ) পদানুক্রম। 

উত্তৰঃ (খ) সামাজিক স্তৰাকৰণ।

৮। ভাৰতীয় সংবিধানৰ কোন অংশত ৰাষ্ট্ৰীয় অনুসূচীত জাতি অনুসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু এংলো ইণ্ডিয়ানসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে?

(ক) ষোড়শ খণ্ড।

(খ) দ্বাদশ খণ্ড।

(গ) তৃতীয় খণ্ড।

(ঘ) চতুর্দশ খণ্ড।

উত্তৰঃ (খ) দ্বাদশ খণ্ড।

৯। কোনটো অনুচ্ছেদে অনুসূচীত জাতিৰ বাবে ৰাষ্ট্রীয় আয়োগ স্থাপনৰ পৰিকল্পনা কৰিছে? 

(ক) অনুচ্ছেদ ৩৩০।

(খ) অনুচ্ছেদ ৩০২।

(গ) অনুচ্ছেদ ৩০৫।

(ঘ) অনুচ্ছেদ ৩৩৪।

উত্তৰঃ (ঘ) অনুচ্ছে ৩৩৮।

১০। নিম্নলিখিত কোনটো সাংবিধানিক সংস্থা? 

(ক) অনুসূচীত জাতিৰ বাবে ৰাষ্ট্ৰীয় আয়োগ।

(খ) ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ।

(গ) ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেনী আযোগ।

(ঘ) ৰাষ্ট্ৰীয় সংখ্যালঘু আযোগ।

উত্তৰঃ (ক) অনুসূচীত জাতিৰ বাবে ৰাষ্ট্ৰীয় আয়োগ।

১১। _________ ৰাজনৈতিক উদ্দেশ্যৰ বাবে জাতি সংগ্ৰহ কৰি আছে।

(ক) জাতিৰ ৰাজনীতিকৰণ। 

(খ) ৰাজনীতিৰ জাতিকৰণ।

(গ) ৰাজনৈতিক জাতি।

(ঘ) শোষণ।

উত্তৰঃ (ক) জাতিৰ ৰাজনীতিক।

(খ) উত্তৰ লিখাঃ

১। আম্বেদকাৰৰ পৰিয়ালটো কোন জাতিৰ আছিল? 

উত্তৰঃ আম্বেদকাৰৰ পৰিয়ালটো মহাৰ জাতিৰ আছিল।

২। আম্বেদকাৰে জন্মগ্ৰহণ কৰা নগৰখনৰ নাম কি? 

উত্তৰঃ আম্বেদকাৰৰ জন্ম হৈছিল ইন্দোৰৰ কাষৰ মাহু নামৰ এখন সৰু নগৰত।

৩। মহাৰ জাতিক কি হিচাপে জনা যায়? 

উত্তৰঃ মহাৰ জাতিক সাধাৰণতে মহাৰাষ্ট্ৰত এক অস্পৃশ্য জাতি হিচাপে জনা গৈছিল।

৪। শৈশৱত আম্বেদকাৰৰ নাম কি আছিল?

উত্তৰঃ শৈশৱত আম্বেদকাৰৰ নাম আছিল ভীম চাকপল।

৫। আম্বেদকাৰৰ দেউতাকৰ নাম কি আছিল? 

উত্তৰঃ আম্বেদকাৰৰ দেউতাকৰ নাম আছিল ৰামজী চাকপল।

৬। ৰামজি চাকপল কাৰ শিষ্য আছিল?

উত্তৰঃ ৰামজি চাকপল কবীৰৰ শিষ্য আছিল।

৭। আম্বেদকাৰৰ প্ৰাথমিক শিক্ষা ক’ত আৰম্ভ হৈছিল? 

উত্তৰঃ আম্বেদকাৰৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল মহাৰাষ্ট্ৰৰ চাটাৰ জিলাত।

৮। প্রাথমিক শিক্ষাৰ পাছত আম্বেদকাৰে কোন কলেজত নামভৰ্তি কৰিছিল? 

উত্তৰঃ প্ৰাথমিক শিক্ষাৰ পাছত আম্বেদকাৰে এলফিনষ্টোন কলেজত নামভৰ্তি কৰিছিল।

৯। কিমান চনত এলফিনষ্টোন কলেজত আম্বেদকাৰৰ নামভৰ্তি হৈছিল?

উত্তৰঃ ১৯০৫ চনত এলফিনষ্টোন কলেজত আম্বেদকাৰৰ নামভৰ্তি হৈছিল।

১০। কাৰ দ্বাৰা আম্বেদকাৰে ‘গাইকাড জলপানী’ লাভ কৰিছিল? 

উত্তৰঃ কলেজত অধ্যয়নৰ বাবে আম্বেদকাৰে বৰোধাৰ মহাৰজা গাইকাডৰ দ্বাৰা “গাইকাড জলপানী” লাভ কৰিছিল।

১১। আম্বেদকাৰৰ ৰচনা কৰা নাটকখনৰ নাম কি? 

উত্তৰঃ আম্বেদকাৰৰ ৰচনা কৰা নাটকখনৰ নাম “এজনী জ্ঞানী ছোৱালী”।

১২। শ্বেক্সপীয়েৰৰ কোনখন নাটকৰ ওপৰত ভিত্তি কৰি আম্বেদকাৰে নাটক ৰচনা কৰিছিল? 

উত্তৰঃ শ্বেক্সপীয়েৰৰ “কিংলিয়েৰ” নাটকখনৰ ওপৰত ভিত্তি কৰি আম্বেদকাৰে নাটক ৰচনা কৰিছিল।

১৩। এলফিনষ্টোন কলেজত কোন শ্ৰেণীৰ ল’ৰা -ছোৱালী অধ্যয়ন কৰিছিল?

উত্তৰঃ অভিজাতশ্রেণী।

১৪। কোন দুটা ভাষাত আম্বেদকাৰ যথেষ্ট পাকৈত আছিল?

উত্তৰঃ আম্বেদকাৰ ইংৰাজী আৰু পাৰ্চিয়ান ভাষাত যথেষ্ট পাকৈত আছিল।

১৫। আম্বেদকাৰ কোন দুজন অধ্যাপকৰ অতি পছন্দৰ ছাত্ৰ আছিল?

উত্তৰঃ আম্বেদকাৰ অধ্যাপক মুইলাৰ আৰু অধ্যাপক ইৰানীৰ অতি পছন্দৰ ছাত্ৰ আছিল।

১৬। আম্বেদকাৰক অধ্যাপক মুইলাৰে কি উপহাৰ দিছিল? 

উত্তৰঃ আম্বেদকাৰক অধ্যাপক মুইলাৰে মৰম কৰি নিজৰ চোলাটো উপহাৰ দিছিল।

১৭। এলফিনষ্টোন কলেজৰ দুজন উল্লেখযোগ্য অধ্যাপকৰ নাম লিখা?

উত্তৰঃ এলফিনস্টোন কলেজৰ দুজন উল্লেখযোগ্য অধ্যাপক হৈছে – অধ্যাপক অচৱাল্ড, অধ্যাপক জর্জ অন্তাৰচন।

১৮। আম্বেদকাৰে এম. এ. পঢ়িবৰ বাবে ক’ত নামভৰ্তি কৰিছিল?

উত্তৰঃ আম্বেদকাৰে আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত এম. এ. পঢ়িবৰ বাবে নামভৰ্তি কৰিছিল।

১৯। কোন চনত আম্বেদকাৰে এম. এ. পাছ কৰিছিল?

উত্তৰ: ১৯১৫ চনত আম্বেদকাৰে এম.এ. পাছ কৰিছিল।

২০। কাৰ বাবে আম্বেদকাৰে কাম কৰিছিল?

উত্তৰঃ মূলতঃ দলিতসকলৰ মুক্তিৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰিছিল।

২১। কিমান চনত আম্বেদকাৰে পি. এইচ. ডি. ডিগ্রী লাভ কৰে? 

উত্তৰঃ ১৯১৭ চনত আম্বেদকাৰে পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে।

২২। Master of Science ডিগ্ৰী আম্বেদকাৰে কিমান চনত লাভ কৰিছিল?

উত্তৰঃ ১৯২১ চনত আম্বেদকাৰে Master of Science ডিগ্রী লাভ কৰিছিল।

২৩। কিমান চনত আৰু ক’ৰ সভাপতি হিচাপে আম্বেদকাৰ নিৰ্বাচিত হৈছিল?

উত্তৰঃ ১৯৩০ চনত আম্বেদকাৰে ‘All India Depressed Class Association’ ৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

২৪। কিমান চনত আম্বেদকাৰে দলিতসকলৰ বাবে নিজকে নিয়োজিত কৰিছিল? 

উত্তৰঃ ১৯২৩ চনত আম্বেদকাৰে দলিতসকলৰ জনহিতকৰ উন্নয়নৰ বাবে নিজকে নিয়োজিত কৰিছিল।

২৫। ক’ত ‘All India Depressed Class Association’ এই অভিবৰ্তনটো অনুষ্ঠিত হৈছিল?

উত্তৰঃ নাগপুৰত ‘All India Depressed Class Association’ এই অভিৱৰ্তনটো অনুষ্ঠিত হৈছিল।

২৬। আম্বেদকাৰৰ বক্তৃতা শুনিবলৈ কোন কোন ঠাইৰ পৰা মানুহ আহিছিল? 

উত্তৰঃ মূলতঃ পুনা, নাছিক, চাটাৰা আদিৰ পৰা দলিত প্রতিনিধিসকল আহি আম্বেদকাৰৰ বক্তৃতা শুনিছিল।

২৭। কিমান চনত আম্বেদকাৰে স্বাধীন শ্রমিক দল গঠন কৰিছিল? 

উত্তৰঃ ১৯৩৬ চনত আম্বেদকাৰে এটা স্বাধীন শ্রমিক দল গঠন কৰিছিল।

২৮। স্বাধীন শ্রমিক দলটো কোন সদস্যত মনোনীত হৈছিল?

উত্তৰঃ স্বাধীন শ্রমিক দলটো পিছলৈ All India Scheduled Castes Federation লৈ আম্বেদকাৰৰ Council for Governor General ৰ সদস্য মনোনিত হৈছিল।

২৯। কাৰ সভাপতিত্বত সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছিল? 

উত্তৰঃ আম্বেদকাৰৰ সভাপতিত্বত সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছিল।

৩০। কিমান চনত কোনটো পদৰ দায়িত্ব বহন কৰিছিল আম্বেদকাৰে? 

উত্তৰঃ ১৯৪৯ চনৰ ৩ আগষ্টৰ দিনা ভাৰত চৰকাৰৰ আইন মন্ত্ৰীৰ দায়িত্ব আম্বেদকাৰে বহন কৰিছিল।

৩১। কিমান চনত আম্বেদকাৰে ভাৰতীয় বৌদ্ধ মহাসভা গঠন কৰিছিল? 

উত্তৰঃ ১৯৫৫ চনত আম্বেদকাৰে ভাৰতীয় বৌদ্ধ মহাসভা গঠন কৰিছিল।

৩২। অনুসূচীত জাতি অৰ্থাৎ Scheduled Castes শব্দটো কিমান চনত আৰু কোনে প্রথম ব্যৱহাৰ কৰিছিল?

উত্তৰঃ অনুসূচীত জাতি অর্থাৎ Scheduled Castes শব্দটো প্ৰথম ১৯৩৫ চনত Government of India Act ত ব্ৰিটিছসকলে ব্যৱহাৰ কৰিছিল।

৩৩। দলিতসকলক বেলেগ বেলেগ ঠাইত কি নামেৰে জনা যায়? 

উত্তৰঃ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তথা দলিতসকলক ‘শূদ্র’, ‘অতিশূত্র’, ‘চণ্ডাল’, ‘ধেডচ; ‘অবর্ণ’, ‘নামশূদ্র’, ‘মালি’, ‘হীৰা আদি হিচাপে জনা যায়। 

৩৪। ‘দলিত’ শব্দটো কোন কোন ভাষাত ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ ‘দলিত’ শব্দটো প্ৰধানতঃ মাৰাঠী, হিন্দী, গুজৰাটী আৰু বহুত ভাৰতীয় ভাষাত ব্যৱহাৰ কৰা হৈছিল।

৩৫। বাট্রাণ্ড ৰাছেলৰ গ্ৰন্থৰ নাম কি?

উত্তৰঃ বাট্রাণ্ড ৰাছেলৰ গ্ৰন্থৰ নাম ‘Reconstruction of Society’।

৩৬। আম্বেদকাৰৰ লিখনী ‘Caste in India’ কোন পত্ৰিকাত প্ৰকাশ পাইছিল?

উত্তৰঃ আম্বেদকাৰৰ লিখনী ‘Caste in India’ বিখ্যাত পত্রিকা ‘The American Journal of Sociology’ ত প্ৰকাশ পাইছিল।

৩৭। কিমান চনত অস্পৃশ্যসকলৰ অভিৱৰ্তন অনুষ্ঠিত হৈছিল? 

উত্তৰঃ ১৯২০ চনৰ ২১ মাৰ্চৰ দিনা মনগাঁৱৰ অস্পৃশ্যসকলৰ অভিৱৰ্তন অনুষ্ঠিত হৈছিল।

৩৮। অস্পৃশ্যসকলৰ অভিৱৰ্তনত কোন মহাৰাজ উপস্থিত আছিল?

উত্তৰঃ অস্পৃশ্যসকলৰ অভিৱৰ্তনত চক্ৰপতি শাসু মহাৰাজ উপস্থিত আছিল।

৩৯। আম্বেদকাৰৰ দ্বাৰা গঠিত সংগঠনৰ নাম কি?

উত্তৰঃ আম্বেদকাৰৰ দ্বাৰা গঠিত সংগঠনৰ নাম আছিল ‘Society for the Welfare of the Scheduled Castes’।

৪০। কিমান চনত ‘Society for the Welfare of the Scheduled Castes’ সংগঠনটো গঠন হৈছিল?

উত্তৰঃ ১৯২৪ চনত ২০ জুলাইত ‘Society for the Welfare of the Scheduled Castes’ সংগঠনটো গঠন হৈছিল।

৪১। কিহৰ বাৰে ‘Society for the Welfare of the Scheduled Castes’ সংগঠনটো গঠন কৰা হৈছিল?

উত্তৰঃ অনুসূচীত নজাতিৰ কল্যাণৰ বাবে ‘Society for the Welfare of the Scheduled Castes’ নামৰ সংগঠনটো গঠন কৰা হৈছিল।

৪২। Society for the Welfare of the Scheduled Caste সংগঠনত ধৰণৰ জাতিৰ লোকক উপসভাপতি হিচাপে মনোনীত কৰা হৈছিল আৰু কাক সভাপতি পতা হৈছিল? 

উত্তৰঃ Society for the Welfare of the Scheduled Caste’ সংগঠনত তিনিগৰাকী উচ্চ হিন্দু জাতিৰ লোকক উপসভাপতি হিচাপে মনোনীত কৰা হৈছিল আৰু বিখ্যাত আইনজ্ঞ ড৹ ছাৰ চিমনলাল শেটলৱাক সভাপতি পতা হৈছিল।

৪৩। আম্বেদকাৰে কিমান চনত দলিতসকলক দাসৰ দৰে উচ্চবৰ্ণ লোকসকলে ব্যৱহাৰ কৰা বুলি অভিযোগ কৰিছিল? 

উত্তৰঃ আম্বেদকাৰে ১৯২৪ চনৰ ১৭ মে’ৰ কোলাপুৰ অভিৱৰ্তনত দলিতসকলক দাসৰ দৰে উচ্চবৰ্ণ লোকসকলে ব্যৱহাৰ কৰা বুলি অভিযোগ কৰিছিল।

৪৪। কোনে আম্বেদকাৰক দলিত মুক্তি আন্দোলনলৈ পূৰ্ণ সমর্থন জনাইছিল? 

উত্তৰঃ গান্ধীয়ে আম্বেদকাৰক দলিত মুক্তি আন্দোলনলৈ পূৰ্ণ সমর্থন জনাইছিল।

৪৫। কিমান চনত আৰু কোন ঠাইত চাটাৰ মহাৰ অভিৱৰ্তনখন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯২৬ চনৰ মে’ মাহত ৰহিমতপুৰ নামৰ ঠাইত চাটাৰ মহাৰ অভিৱৰ্তনখন অনুষ্ঠিত “হৈছিল।

৪৬। আম্বেদকাৰৰ পুত্ৰৰ নাম কি?

উত্তৰঃ আম্বেদকাৰৰ পুত্ৰৰ নাম ৰাজৰত্ন আম্বেদকাৰ।

৪৭। বিধান সভাৰ বক্তব্যতে আম্বেদকাৰে কি দাঙি ধৰিছিল?

উত্তৰঃ বিধান সভাৰ প্ৰথমটো বক্তব্যতে আম্বেদকাৰে বাজেটৰ ওপৰত এক তত্ত্বগধুৰ বক্তব্য দাঙি ধৰিছিল।

৪৮। কিমান চনত আৰু কাৰ অভিৱৰ্তনত আম্বেদকাৰে সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯২৭ চনৰ ২ অক্টোবৰ তাৰিখে অস্পৃশ্য যুৱকৰ অভিৱৰ্তনত আম্বেদকাৰে সভাপতিত্ব কৰিছিল।

৪৯। কোনে দলিতসকলৰ বাবে সংগীতৰ আয়োজন কৰিছিল? 

উত্তৰঃ শ্ৰীধৰ পন্টে দলিতসকলৰ বাবে সংগীতৰ আয়োজন কৰিছিল।

৫০। আম্বেদকাৰে কোন কোন চনৰ নিৰ্বাচনত অনুসূচীত জনজাতিসকলৰ বাবে সংৰক্ষণৰ দিশটো অধ্যয়ন কৰিছিল?

উত্তৰঃ আম্বেদকাৰে ১৯৩৭ চন আৰু ১৯৪৫ চনৰ নিৰ্বাচনত অনুসূচীত জনজাতিসকলৰ বাবে সংৰক্ষণৰ দিশটো অধ্যয়ন কৰিছিল।

৫১। আম্বেদকাৰৰ চিন্তা – চৰ্চাত কাৰ কাৰ প্ৰভাৱ গভীৰভাৱে পৰিছিল? 

উত্তৰঃ জন ডিউই, এডৱিন আৰ. এ. চিলিগমেন আদিৰ প্ৰভাৱ আম্বেদকাৰৰ চিন্তা – চৰ্চাত গভীৰভাৱে পৰিছিল।

৫২। আম্বেদকাৰে নিজকে কি হিচাপে গণ্য কৰিছিল?

উত্তৰঃ আম্বেদকাৰে নিজকে ভিত্তিগত প্রগতিশীল ‘Progressive radical ‘আৰু কেতিয়াবা বিশেষ পৰিস্থিতিত সত্য প্রগতিশীল সংৰক্ষক ‘Progressive conservative ‘ হিচাপে গণ্য কৰিছিল।

৫৩। কিমান চনত আম্বেদকাৰে ‘শূদ্র’ সকলৰ পৃথক পৰিচয় গঢ় দিবলৈ চেষ্টা কৰিছিল? 

উত্তৰঃ ১৯৪০ চনৰ শেষৰ ফালে আম্বেদকাৰে ‘শূদ্র’ সকলৰ এক পৃথক পৰিচয় গঢ় দিবলৈ চেষ্টা কৰিছিল।

৫৪। দলিতসকলৰ দুজন নেতাৰ নাম লিখা। 

উত্তৰঃ গুজৰাটৰ মূলদাস বৈশ্য আৰু মহাৰাষ্ট্ৰৰ মুন ভিটোবা ৰাওজি পাণ্ডে।

৫৫। দলিতসকলে ক’ত বসবাস কৰিছিল? 

উত্তৰঃ দলিতসকলে গাঁও আৰু চহৰৰ শেষপ্রান্তত বসবাস কৰিছিল।

৫৬। দলিত আন্দোলনৰ ধাৰক কোন?

উত্তৰঃ দলিত আন্দোলনৰ ধাৰক হ’ল ড° ভীমৰাও আম্বেদকাৰ।

৫৭। অনুসূচীত জনজাতিৰ অন্তৰ্ভুক্তিৰ অন্যতম কাৰণ কি? 

উত্তৰঃ শিক্ষা আৰু অৰ্থনৈতিক উন্নয়নৰ অভাৱ।

৫৮। সংখ্যালঘু গোষ্ঠীবিলাকে কিহৰ স্বীকৃতি দাবী কৰে?

উত্তৰঃ সংখ্যালঘু গোষ্ঠীবিলাকে জাতিগত গোষ্ঠীৰ পৰিচয় আৰু সিহঁতৰ বাসস্থানৰ দাবী কৰে।

৫৯। আম্বেদকাৰৰ মতে জাতিভেদ প্ৰথাৰ সৃষ্টি ক’ৰ পৰা হৈছে?

উত্তৰঃ আম্বেদকাৰৰ মতে জাতিভেদ প্রথাৰ সৃষ্টি বৰ্ণবাদৰ পৰা হৈছে।

৬০। অস্পৃশ্যতা কি?

উত্তৰঃ অস্পৃশ্যতা হল সমাজ ব্যৱস্থাৰ ব্যাধিস্বৰূপ; বৰ্ণ ব্যৱস্থা আৰু জাতি প্রথাৰ কুফল। 

৬১। জাতি প্ৰথাৰ এটা কুফল লিখা। 

উত্তৰঃ জাতিপ্ৰথাই ভাৰতত অনৈক্যৰ সৃষ্টি কৰিছে।

৬২। আম্বেদকাৰে এন্দুৰৰ গাঁত বুলি কি বস্তুৰ উল্লেখ কৰিছে?

উত্তৰঃ আম্বেদকাৰে নিম্ন শ্ৰেণীৰ ক্ষুদ্ৰ পৃথিৱীখনক এন্দুৰৰ গাঁত বুলি উল্লেখ কৰিছে, যাৰ সদস্যপদ অকল জন্মৰ দ্বাৰাহে নিৰ্ধাৰিত হয়।

৬৩। হিন্দু ধর্ম সম্পর্কে আম্বেদকাৰে কৰা ভৱিষ্যতবাণী কি আছিল?

উত্তৰঃ জাতিবাদৰ ওপৰত প্ৰতিষ্ঠিত হিন্দু ধৰ্মৰ পতন হ’ব।

৬৪। ড° আম্বেদকাৰ কোন সম্প্ৰদায়ৰ ব্যক্তি আছিল?

উত্তৰঃ দলিত সম্প্রদায়।

৬৫। পেছোৱাসকলৰ ৰাজত্বকালত অস্পৃশ্য ব্যক্তিয়ে হাতত বা ডিঙিত কি পৰিধান কৰিছিল আৰু কিয়? 

উত্তৰঃ এডাল ক’লা সূতা। যাতে ভুলবশতঃ তেওঁলোকক কোনেও স্পর্শ নকৰে।

৬৬। অস্পৃশ্যসকলৰ কাণ্ডাৰী বুলি কাক কোৱা হয়?

উত্তৰঃ ড° বি. আর. আম্বেদকাৰক।

৬৭। দলিতসকলক সকলোৱে কিয় শোষণ কৰিছিল?

উত্তৰঃ দলিতসকল অর্থনৈতিক ক্ষেত্ৰত বৰ পিছপৰা আছিল সেইকাৰণে দলিতসকলক সকলোৱে শোষণ কৰিছিল।

৬৮। আম্বেদকাৰৰ মতে অস্পৃশ্যতাৰ সৃষ্টি ক’ৰ পৰা হৈছে? 

উত্তৰঃ চতুর্বর্ণ’ সমাজ ব্যৱস্থাৰ পৰা।

৬৯। ভাৰতীয় সমাজ ব্যৱস্থাত মানুহক কেইটা বৰ্ণত বিভক্ত কৰা হৈছে আৰু কি কি? 

উত্তৰঃ ভাৰতীয় সমাজ ব্যৱস্থাত মানুহক চাৰিটা বৰ্ণত বিভক্ত কৰা হৈছে। ভাগকেইটা হ’ল—

(ক) ব্রাহ্মণ। 

(খ) ক্ষত্রিয়। 

(গ) বৈশ্য। 

(ঘ) শূদ্র।

৭০। ব্রাহ্মণসকলক কিয় সকলোতকৈ ওপৰত ৰখা হৈছে?

উত্তৰঃ ব্রাহ্মণসকলে সমাজৰ সকলো বুদ্ধিৰ কাম, আঁচনিৰ সৃষ্টি কৰা, যজ্ঞ সম্পাদন কৰা, জ্ঞান  দিয়া আদি প্রভুস্বৰূপ কামবোৰ কৰে। সেয়েহে তেওঁলোকক সকলোতকৈ ওপৰত স্থান দিয়া হৈছে।

৭১। কোন শ্ৰেণীৰ ব্যক্তি বৈশ্যসকলৰ অন্তৰ্গত? 

উত্তৰঃ কৃষক, জমিদাৰ আৰু ব্যৱসায়ীসকল।

৭২। ক্ষত্রিয়সকল কোন সংখ্যক শ্ৰেণীৰ অন্তৰ্গত?

উত্তৰঃ দ্বিতীয় সংখ্যক।

৭৩। সমাজ ব্যৱস্থাত ক্ষত্ৰিয়সকলৰ কাম কি?    

উত্তৰঃ আনক বা দেশক সুৰক্ষা প্ৰদান কৰা।

৭৪। শূদ্র কি?

উত্তৰঃ শূভ্ৰ হিন্দু সম্প্ৰদায়ৰ চতুৰ্থবৰ্গ, একেবাৰে নিম্ন স্থানত থকা এটা জাতি।

৭৫। শত্ৰসকলৰ কাম কি?

উত্তৰঃ শূদ্ৰসকলে সমাজৰ আন তিনি উচ্চ বৰ্গৰ শ্ৰেণীৰ লোকক সেৱা আগবঢ়ায়।

৭৬। হিন্দু সম্প্ৰদায়ৰ কোনটো জাতি একেবাৰে উৰ্দ্ধ স্তৰত থাকে?

উত্তৰঃ ব্ৰাহ্মণ।

৭৭। আম্বেদকাৰ ধৰ্ম নিৰপেক্ষতাবাদৰ বিৰোধী আছিল নে?

উত্তৰঃ আম্বেদকাৰ ধৰ্ম নিৰপেক্ষতাবাদৰ বিৰোধী নাছিল। আনকি প্ৰতিটো ধৰ্মক সন্মান কৰিছিল কিন্তু যিটো ধৰ্মই এক শ্ৰেণীৰ লোকৰ শোষণৰ পথ মুকলি কৰে, তেনেকুৱা ধৰ্মৰ তেওঁ বিৰোধিতা কৰিছিল।

৭৮। আম্বেদকাৰৰ মতে হিন্দু সমাজ ব্যৱস্থাই কিহৰ ওপৰত গুৰুত্ব প্ৰকাশ কৰা নাছিল? 

উত্তৰঃ ভ্রাতৃত্ববোধৰ ওপৰত গুৰুত্ব প্ৰকাশ কৰা নাছিল ।

৭৯। আম্বেদকাৰৰ মতে হিন্দু সমাজ ব্যৱস্থাত কিহৰ স্থান নাছিল?

উত্তৰঃ ব্যক্তিৰ জ্ঞান, বুদ্ধি আৰু ন্যায়ৰ কোনো স্থান নাছিল।

৮০। অসবর্ণ বা আন্তর্জাতিক বিবাহ কি?

উত্তৰঃ অসবর্ণ বিবাহ বা আন্তর্জাতিক বিবাহ হ’ল মুক্ত বিবাহ। য’ত এটা জাতি বা বৰ্গৰ মানুহে আন এটা জাতি বা বৰ্গৰ মানুহৰ লগত বিবাহ অনুষ্ঠিত কৰিব পাৰে।

৮১। আধুনিক ভাৰতৰ পিতৃ কোন?

উত্তৰঃ ড° বি. আৰ. আম্বেদকাৰ। 

৮২। হিন্দু সমাজ ব্যবস্থা কিহৰ ওপৰত প্ৰতিষ্ঠিত আছিল? 

উত্তৰঃ বৰ্ণ ব্যৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত আছিল।

৮৩। সাম্প্রদায়িক বঁটাক তীব্ৰ বিৰোধিতা কৰি গান্ধীজীয়ে কেতিয়াৰ পৰা অনশন আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৩২ চনৰ ২২ ছেপ্তেম্বৰৰ পৰা।

৮৪। ‘পুনা চুক্তিৰ’ সময়ত আম্বেদকাৰে সমৰ্থন কৰা বঁটা বা পুৰস্কাৰটোৰ (Award) নাহ কি আছিল?

উত্তৰঃ Macdonald award.

৮৫। ‘পুনা চুক্তিত’ অনুসূচীত জাতিৰ আসন সংৰক্ষণৰ সংখ্যা কিমান কৰা হৈছিল?

উত্তৰঃ ১৪৮

৮৬। মনু কোন? 

উত্তৰঃ মনু প্রাচীন ভাৰতবৰ্ষৰ এজন প্রখ্যাত মুনি।

৮৭। মনুৰ সামাজিক, ৰাজনৈতিক অভিমত সন্নিবিষ্ট গ্ৰন্থখন কি?

উত্তৰঃ ‘মনুস্মৃতি’।

৮৮। ‘দ্বিজ’ৰ অৰ্থ কি?

উত্তৰঃ ‘দ্বিজ’ৰ অৰ্থ হ’ল দুবাৰকৈ জন্মপ্ৰাপ্ত শ্ৰেণী ।

৮৯। ‘দ্বিজ’সকলে কোন শ্ৰেণীৰ মানুহক অন্তৰ্ভুক্ত কৰে? 

উত্তৰঃ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য।

৯০। ‘লণ্ডন (Sacred thread) কোন শ্রেণীয়ে পৰিধান নকৰে?

উত্তৰঃ শূদ্ৰসকলে।

৯১। ব্ৰাহ্মণসকলৰ ধাৰ্মিক কর্তব্য কি? 

উত্তৰঃ অধ্যয়ন কৰা, জ্ঞান আহৰণ কৰা আৰু আনক শিক্ষা দিয়াৰ লগতে যজ্ঞ সম্পাদন কৰা।

৯২। আম্বেদকাৰৰ মতে “ব্রাহ্মণবাদ” কি?

উত্তৰঃ পিছপৰা আৰু অস্পৃশ্য জনসাধাৰণক সামাজিকভাৱে শোষণ কৰাৰ এটা প্ৰধান আহিলা।

৯৩। ‘পুনা চুক্তি’ অনুসৰি প্ৰত্যেক সংৰক্ষিত আসনৰ বাবে কিমানজন প্রার্থীক নির্বাচিত কৰিব লাগিব বুলি কোৱা হৈছিল? 

উত্তৰঃ চাৰিজন।

৯৪। ‘পুনা চুক্তি’ কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? 

উত্তৰঃ ১৯৩২ চনৰ ২৬ ছেপ্তেম্বৰত।

৯৫। প্রথম ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল? 

উত্তৰঃ ১৯৩০ চনত।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। আম্বেদকাৰৰ জন্ম বৃত্তান্ত সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ভাৰতীয় সমাজতত্ত্বলৈ যি সকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে, এইসকলৰ ভিতৰত ড৹ ভীমৰাও ৰামজী আম্বেদকাৰ অন্যতম। তেওঁৰ জন্ম হৈছিল ইন্দোৰৰ কাষৰ মাহু নামৰ এখন সৰু নগৰত ১৮৯১ চনৰ ১৪ এপ্ৰিলত। আম্বেদকাৰৰ জন্মগ্ৰহণ কৰা পৰিয়ালটো মহাৰ জাতিৰ আছিল, এই জাতিটোক সাধাৰণতে মহাৰাষ্ট্ৰত এক অস্পৃশ্য জাতি হিচাপে জনা যায়।

২। এলফিনষ্টোন কলেজৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আম্বেদকাৰে ১৯০৫ চনত প্ৰাথমিক শিক্ষা অন্ত পৰাৰ পাছত বম্বেৰ এলফিনষ্টোন কলেজত নামভৰ্তি কৰিছিল। এই কলেজৰ ছাত্ৰ -ছাত্ৰীসকল ধনী আৰু উচ্চ জাতিৰ সমাজৰ

আছিল। এলফিনষ্টোন কলেজ এখন অভিজাতলোকৰ ল’ৰা – ছোৱালী অধ্যয়ন কৰা কলেজ আছিল, সেই সময়ত এই এলফিনষ্টোন কলেজত ভালে সংখ্যক উৎকৃষ্ট মানৰ অধ্যাপক আছিল। এইসকলৰ ভিতৰতে অধ্যাপক অচৱাল্ড অধ্যাপক জর্জ অন্তাৰচন আদি উল্লেখযোগ্য। আম্বেদকাৰ দুগৰাকী অধ্যাপকৰ পছন্দৰ ছাত্ৰ আছিল। সেই সময়ত কলেজৰ পৰিৱেশেই আম্বেদকাৰক মানুহৰ সম্পৰ্কে চিন্তা কৰিবলৈ উৎসাহিত কৰিছিল।

৩। আম্বেদকাৰে ‘আন্তঃশিল্প পৰীক্ষা’ (Inter Art Examination) ত কিমান নম্বৰ লাভ কৰিছিল?

উত্তৰঃ ১৯১০ চনত আম্বেদকাৰে ‘Inter Art Examination ‘ইংৰাজীত ২০০ ৰ ভিতৰত লাভ কৰিছিল মাত্ৰ ৬৯, মাৰাঠীত ১০০ ৰ ভিতৰত পাইছিল মাত্র ৫২ নম্বৰ, অঙ্কত ২০০ ৰ ভিতৰত ৬০ নম্বৰ আৰু অৰ্থনীতিত ১০০ ৰ ভিতৰত লাভ কৰিছিল মাত্র ৪২ নম্বৰ কিন্তু এই আনুষ্ঠানিক শিক্ষাৰ মানপত্ৰ অর্থাৎ মার্ক্সচিটবোৰেই এজন ব্যক্তিৰ ভৱিষ্যতৰ বৌদ্ধিক বিচক্ষণতা ওপৰত প্ৰভাৱ নেপেলায়।

৪। আম্বেদকাৰৰ গ্ৰন্থসমূহ উল্লেখ কৰা।

উত্তৰঃ আম্বেদকাৰৰ প্ৰধান গ্ৰন্থসমূহ হৈছে— 

(ক) The Untouchables, Who are they? 

(খ) Who were the Shudra? 

(গ) States and Minorities. 

(ঘ) Emancipation of the Untouchables. And

(ঙ) Annihilation of caste.

৫। আম্বেদকাৰৰ মতে জাতি কি? 

উত্তৰঃ আম্বেদকাৰৰ মতে জাতি হ’ল হিন্দু সমাজ ব্যৱস্থাৰ ব্ৰাহ্মণ সমাজৰ দ্বাৰা স্ব – নির্মিত এটা সামাজিক ব্যাধি। জাতিৰ জৰিয়তে হিন্দু সমাজ ব্যৱস্থাক বিভিন্ন স্তৰত বিভক্ত কৰা হৈছে আৰু এই বিভক্তিকৰণৰ ফলত এক শ্ৰেণীৰ নিম্ন বৰ্গৰ জাতিয়ে বিভিন্ন অন্যায়ৰ সম্মুখীন হ’ব লগা হৈছে।

৬। ধৰ্মৰ ওপৰত আম্বেদকাৰে কেনেকুৱা বাণী প্ৰকাশ কৰিছিল? 

উত্তৰঃ “মই যিটো ধৰ্মত জন্ম গ্ৰহণ কৰিছো সেইটো ধৰ্মতে ম‍ই মৰিব নিবিচাৰো।”

৭। আম্বেদকাৰৰ মতে জাতি ব্যৱস্থাৰ নীতি কি আছিল?

উত্তৰঃ আম্বেদকাৰৰ মতে জাতি ব্যৱস্থাৰ নীতি আছিল—

(ক) বিভক্ত কৰা।

(খ) আন্তর্জাতিক বা অসবর্ণ বিবাহ বন্ধ কৰা।

(গ) স্পৰ্শ নকৰা।

৮। জাতি প্ৰথাৰ কেইটামান কুফল উল্লেখ কৰা।

উত্তৰঃ জাতি প্ৰথাৰ কেইটামান কুফল হ’ল—

(ক) জাতি প্রথাই অস্পৃশ্য বা নিম্ন শ্ৰেণীৰ সৃষ্টি কৰিছে। 

(খ) এই প্রথাই সমতাৰ অনিষ্ট সাধন কৰিছে।

(গ) এই প্ৰথাৰ ঐক্যৰ মাজত অনৈক্যৰ সৃষ্টি কৰিছে।

(ঘ) ই সমাজক বিভিন্ন ক্ষুদ্ৰ স্তৰত বিভক্ত কৰিছে।

(ঙ) জাতি প্রথাই হিন্দু সমাজৰ উন্নতিত বাধা প্ৰদান কৰিছে।

৯। দলিত আন্দোলন বুলিলে কি বুজা?

উত্তৰঃ বিংশ শতিকাত সিংহলি বৌদ্ধ ভিক্ষাৰীসকলৰ সহায়ত ভাৰতৰ পতিসকলক লৈ খঢ়ি উঠা এটা বৌদ্ধ নবজাগৰণ। ভাৰতৰ দলিত আন্দোলনৰ অন্যতম সৃষ্টিকর্তা ভীমৰাও আম্বেদকাৰে বৰ্ণাশ্ৰম ভিত্তিক ব্ৰাহ্মণ্য হিন্দুসমাজৰ নিম্নাপূর্বক গোটেই দলিত অর্থাৎ শূদ্র বা নিম্নবর্গীয় ব্যক্তিসকলক বৌদ্ধ ধৰ্মৰ দীক্ষিত হ’বলৈ আহ্বান কৰিছিল আৰু ইয়াৰ বাবে এই আন্দোলনে বিশেষ তাৎপর্য লাভ কৰিছিল।

১০। জাতি গঠনৰ ধৰণ কেইটা আৰু কি কি?

উত্তৰঃ জাতি গঠনৰ যুগপৎ দুটা আৰু ই চলিত প্রক্রিয়াবিলাক চিহ্নিত কৰে।

(ক) এটা ধৰ্মনিৰপেক্ষৰ ৰাষ্ট্ৰৰ লগত জাতীয় ব্যক্তিত্বৰ এটা আন্তঃজাতিগত যৌগিক দৃষ্টিভংগী।

(খ) ই এটা জাতিগত গোষ্ঠীৰ ৰূপান্তৰ। বহু সম্প্রদায়ক জাতিৰ এটা জাতিগত সম্প্রদায় আছে। এটা ৰাষ্ট্ৰকেন্দ্রিক জাতিৰ গঠন, পৰৱৰ্তী জাতিগত হিচাপত বর্ণনা কৰিব পৰা যায়। পৰৱৰ্তীকালত উপদেশ আৰু শব্দটোৰ ব্যৱহাৰৰ সময় হয় “জাতি” আৰু “জাতীয়তা” যি  বিকাশৰ অৰ্থত জাতিগত সংযুক্তিৰ অনিবার্য মৃত্যুৰ অৰ্থ নহয়, তাৰ সম্ভৱতঃ কাৰণ হ’ল জাতিসত্তা থাক বিবেচিত কৰা হয় গুণগতভাৱে।

১১। অনুসূচীত জনজাতি বিশ্লেষণ কৰাৰ উপাদানসমূহ কি কি?

উত্তৰঃ ভাৰতীয় সংবিধানে কিছু সংখ্যক জনজাতিক অনুসূচীত জনজাতি হিচাপে চিহ্নিত কৰিছে। কিন্তু কিহৰ ওপৰত ভিত্তি কৰি এটা সম্প্রদায় অনুসূচীত জনজাতি ক্রমত পৰিব তাৰ কোনো নির্দিষ্ট বা সংজ্ঞা দিয়া নাই। তথাপিও এটা সম্প্রদায়ক অনুসূচীত জনজাতি হিচাপে চিহ্নিত কৰাৰ বাবে গ্ৰহণ কৰা নীতিসমূহ হ’ল—

(ক) এক নির্দিষ্ট ভৌগোলিক অঞ্চলত পৰম্পৰাগত জীৱিকা।

(খ) নির্দিষ্ট সংস্কৃতি য’ত জনজাতীয় জীৱন প্রণালী সম্পূৰ্ণৰূপে অন্তর্ভুক্ত। উদাহৰণস্বৰূপে ভাষা তথা ঐতিহ্য, ধর্মীয় বিশ্বাস, কলা আৰু শিল্প আদি।

(গ) আদিম বৈশিষ্ট্যসমূহ, যিয়ে জীৱিকাৰ প্ৰণালী অর্থনীতি আদি পুংখানুপুংখৰূপে বর্ণনা কৰে।

(ঘ) শৈক্ষিক আৰু অৰ্থনৈতিক উন্নতিৰ অভাব।

১২। আম্বেদকাৰৰ কলেজৰ শিক্ষা সম্পর্কে লিখা। 

উত্তৰঃ ড৹ ভীমৰাও ৰামজী ভাৰতীয় সমাজতত্ত্বলৈ গুৰুত্বপূর্ণ অৱদান আগবঢ়াইছে। তেওঁৰ প্রাথমিক শিক্ষা আৰম্ভ হৈছিল মহাৰাষ্ট্ৰৰ চাটাৰা জিলাত। ১৯০৫ চনত প্ৰাথমিক শিক্ষা অন্ত পৰাৰ পাছত তেখেতে বম্বেৰ এলফিনষ্টোন কলেজত নামভৰ্তি কৰিছিল। এই কলেজত অধ্যয়নৰ বাবে আম্বেদকাৰে বৰোদাৰ মহাৰজা গাইকাডৰ দ্বাৰা ‘গাইকাড জলপানী’ লাভ কৰিছিল। তেওঁ এই কলেজীয়া দিনবিলাকত কেৱল খেলা – ধূলা কৰি সময় পাৰ কৰা নাছিল। তাৰ পৰিৱৰ্তে তেখেত লিখা – মেলা আৰু নাট্যকর্মতহে কম – বেছি পৰিমাণে জড়িত হৈছিল। আম্বেদকাৰে শ্বেক্সপীয়েৰৰ ‘কিংলিয়েৰ’ নাটকখনৰ ওপৰত ভিত্তি কৰি ‘এজনী জ্ঞানী ছোৱালী’ নামেৰে এখন নাটক ৰচনা কৰি মঞ্চস্থ কৰে। এলফিনষ্টোন কলেজৰ ছাত্র – ছাত্রসকল ধনী আৰু উচ্চ জাতিৰ আছিল।

আম্বেদকাৰে ইংৰাজী আৰু পাৰ্চিয়ান ভাষাত যথেষ্ট ভাল আছিল কাৰণে এলফিনষ্টোন কলেজৰ অধ্যাপক মুইলাৰ আৰু অধ্যাপক ইৰানীৰ অতি পছন্দৰ ছাত্ৰ হৈ পঢ়িছে। অধ্যাপক মুইলাৰে তেখেতক মৰম কৰি নিজৰ চোলাটো উপহাৰ দিছিল। কিন্তু সেই সময়ত এই কলেজখনত ভালে সংখ্যক উৎকৃষ্ট মানৰ অধ্যাপক আছিল আৰু এইসকলৰ ভিতৰত অধ্যাপক অচৱাল্ড, অধ্যাপক জর্জ অন্তাৰচন আদি উল্লেখযোগ্য।

সেই সময়তে কলেজৰ পৰিৱেশে আম্বেদকাৰক মানুহৰ সম্পৰ্কে চিন্তা কৰিবলৈ উৎসাহিত কৰিছিল কিন্তু এইসকল অধ্যাপকে ব্যক্তিগতভাৱে আম্বেদকাৰক অনুপ্ৰাণিত কৰিব নোৱাৰিছিল বুলি স্বীকাৰ কৰিছিল। কলেজৰ দলিল অনুসৰি অঙ্ক বিষয়ত কিছু পৰিমাণে দুৰ্বল হোৱাৰ বাবে কলেজ কর্তৃপক্ষক পৰীক্ষাত নবহাৰ বাবে সিদ্ধান্ত লোৱাৰ বিষয়টো অবগত কৰে। ফলত তেখেতে এটা বছৰ হেৰুৱাব লগা হৈছিল। যদিও আম্বেদকাৰে পৰীক্ষাত বেছি নম্বৰ পোৱা নাছিল যদিও তেখেত এগৰাকী চিন্তাশীল ব্যক্তি আছিল। কেৱল আনুষ্ঠানিক শিক্ষাৰ মানপত্ৰ অর্থাৎ মার্ক্সচিটবোৰেই এজন ব্যক্তিৰ ভৱিষ্যতৰ বৌদ্ধিক বিচক্ষণতাৰ ওপৰত প্ৰভাৱ নেপেলায়। তেখেতৰ চিন্তাধাৰাই সমাজ জীৱনক বাৰুকৈয়েই প্ৰভাৱ পেলাইছিল।

১৩। দলিতসকলক লৈ আম্বেদকাৰৰ মতামত চমুকৈ দাঙি ধৰা?

উত্তৰঃ ভাৰতীয় সমাজতত্ত্বলৈ যিসকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে, এইসকলৰ ভিতৰত ড° ভীমৰাও ৰামজী আম্বেদকাৰ অন্যতম। তেখেতে জন্মগ্ৰহণ কৰা পৰিয়ালটো মহাৰ জাতিৰ আছিল, যাক সাধাৰণতে মহাৰাষ্ট্ৰত অস্পৃশ্য জাতি হিচাপে জনা যায়। 

সাধাৰণতে প্রশাসনীয় দৃষ্টিকোণৰ পৰা জনজাতি, অনুসূচীত জনজাতি, পিছপৰা শ্ৰেণীৰ লোকসকলক দলিত হিচাপে জনা যায়। কিন্তু ৰাজনৈতিক বাকধাৰাত প্ৰধান দলিত বুলি ক’লে অনুসূচীত জাতিৰ লোকসকলকে সামৰি লয়। যদিও আম্বেদকাৰে জন্মগ্ৰহণ কৰা পৰিয়ালটো মহান জাতি অর্থাৎ অস্পৃশ্য জাতি আছিল কিন্তু দলিতসকলৰ ভিতৰত তেখেতেই প্রথম ভাৰতীয় আছিল যি বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। মূলত দলিতসকলৰ মুক্তিৰ বাবে আম্বেদকাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰিছিল। ১৯২৩ চনত তেওঁ ওকালতি আৰম্ভ কৰাৰ লগতে এই দলিতসকলৰ জনহিতকৰ কাম কৰা তথা উন্নয়নৰ বাবে নিজকে নিয়োজিত কৰিছিল। “All India Depressed class Association’ ৰ অভিৱৰ্তনত ভাৰতৰ বিভিন্ন ৰাজ্যৰ দলিত সংস্থাসমূহে এই অভিৱৰ্তনত যোগ দিছিল। বিভিন্ন ঠাইৰ পৰা যেনে— পুনা, নাছিক, চাটাৰো আদিৰ পৰা দলিত প্রতিনিধিসকল আহি আম্বেদকাৰৰ বক্তৃতা শুনাৰ লগে লগে ৰাজ্যৰ দলিত নেতাসকলেও বক্তব্য ৰাখিবলৈ সক্ষম হৈছিল। আম্বেদকাৰ এগৰাকী চিন্তাশীল ব্যক্তি আছিল। তেখেতৰ চিন্তাধাৰাই সমাজ জীৱনক বাৰুকৈয়েই প্ৰভাৱ পেলাইছিল। দলিতসকলৰ কল্যাণৰ বাবে আৰু সকলোধৰণৰ শোষণ -নিষ্পেষণৰ পৰা মুক্ত হোৱাৰ পথ নিজেই বিচাৰি উলিয়াবৰ বাবে আহ্বান জনাইছিল।

১৪। আম্বেদকাৰে দলিতসকলৰ মুক্তিৰ বাবে গ্ৰহণ কৰা দৃষ্টিভংগী বহলাই লিখা? 

উত্তৰঃ আম্বেদকাৰে দলিতসকলৰ মাজত সামাজিক আৰু ৰাজনৈতিক সচেতনতা গঢ় দিবৰ বাবে আপ্রাণ চেষ্টা কৰিছিল। তেখেতে দলিতসকলৰ মুক্তিৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰিছিল। তেখেতে সমাজত সামাজিক আৰু ৰাজনৈতিকভাৱে দলিতসকলক শোষণ আৰু নিষ্পেষণ কৰা বাস্তৱটো অনুধাৱন কৰি এই শোষণ তথা নিষ্পেষণৰ পৰা মুক্ত হ’বৰ বাবে দলিতসকলক জাগ্ৰত হ’বলৈ আহ্বান জনাইছিল। তেখেতৰ মতে সকলো মানুহ সমান, মাথো চাতুর্যতাৰে এচাম মানুহক জাতি বা বর্ণ ভিত্তিত অস্পৃশ্য বা নিম্ন মানৰ বুলি ভবাৰ কোনো যুক্তি নাই। তেখেতে সকলো কৰ্মৰে মৰ্যাদা অনুধাৱন কৰি সমভাৱাপন্ন সমাজ গঢ়াৰ বাবে দলিতসকলক সকলো দিশৰ পৰা উন্নতিৰ পথত আগবঢ়াই নিয়াৰ পোষকতা কৰিছিল। হিন্দু সমাজৰ তথাকথিত উচ্চ জাতিৰ মানসিকতা পৰিৱৰ্তন কৰি সেই দলিতসকলক প্রয়োজনীয় প্রস্থিতি প্ৰদানৰ আহ্বান জনাইছিল আৰু তেওঁলোকৰ মুক্তিৰ বাবে এটা পৃথক দৰ্শন আৰু দৃষ্টিভংগী গ্ৰহণ কৰিছিল।

১৫। ‘Society for the welfare of the Scheduled Castes’ সংগঠনটোৰ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ‘Society for the welfare of the Scheduled Castes’ সংগঠনটো আম্বেদকাৰে ১৯২৪ চনৰ ২০ জুলাইত অনুসূচীত জনজাতি অৰ্থাৎ পিছপৰা লোকসকলৰ কল্যাণৰ বাবে এক সংগঠন গঠন কৰাৰ কথা ঘোষণা কৰিছিল। এই সংগঠনৰ নাম আছিল ‘Society for the welfare of the Scheduled Castes’ এই সংগঠনটোৰ তিনিগৰাকী উচ্চ হিন্দু জাতিৰ লোকক উপসভাপতি হিচাপে মনোনীত কৰিছিল। বিখ্যাত আইনজ্ঞ ড৹ ছাৰ চিমনলাল শেটলৱাডক সভাপতি পতা হৈছিল আৰু নিজেই কাৰ্যকাৰী সমিতিৰ নেতৃত্ব ল’বলৈ আম্বেদকাৰে আগভাগ লৈছিল। এই সংগঠনৰ পৰাই আম্বেদকাৰে কৈছিল যে সমাজৰ এক বৃহৎ অংশ দলিতসকলৰ আৰ্থিকভাৱে পিছপৰা হোৱাৰ লগতে তেখেতলোকক উচ্চ বৰ্ণৰ মানুহে সামাজিক, ৰাজনৈতিকভাৱে নিষ্পেষণ কৰিছে। এই সংগঠনৰ অভিৱৰ্তন সকলোবিলাক জিলাতে অনুষ্ঠিত কৰিছিল আৰু সৰ্বত্ৰ দলিতৰ মুক্তিৰ বাবে সজাগতা আনিবৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছিল। The Society for the welfare of Scheduled castes ‘ নামৰ সংগঠনটোৱে দেশৰ দলিতসকলৰ কল্যাণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছিল। 

১৬। অভিৱৰ্তনখনত দলিতসকলক উদ্দেশ্য কৰি আম্বেদকাৰে কি কৈছিল?

উত্তৰঃ অভিৱৰ্তনখনত দলিতসকলক উদ্দেশ্য কৰি আম্বেদকাৰে কৈছিল যে দলিতসকলক নিজৰ অৰ্থনৈতিক দিশটো উন্নতি কৰিবৰ বাবে কাম কৰাৰ পৰামৰ্শ দিছিল, সকলোকে ৰাজনৈতিকভাৱেও সচেতন হ’বলৈ আহ্বান জনাইছিল। দলিতসকলক ৰাজনৈতিকভাৱে উচ্চ বৰ্ণৰ মানুহবিলাকে শোষণ কৰাটো সকলোৱে অনুভৱ তথ্য উপলব্ধি কৰাৰ পোষকতা কৰিছিল। তেখেতে কৈছিল যে যদি দুয়োটা সম্প্ৰদায়ৰ লোকে একেলগে উচ্চ বৰ্ণৰ লোকসকলৰ শোষণ তথা দাসত্বৰ পৰা মুক্তি হ’বৰ বাবে সংগ্রাম কৰে, তেন্তে নিম্ন জাতিৰ সামগ্রিক বিকাশ কৰোৱাৰ বাবেই সকলোকে প্ৰেৰণা যোগাব।

১৭। বাল গংগাধৰ তিলকৰ স্বৰাজৰ ধাৰণা আৰু মহাত্মা গান্ধীৰ স্বৰাজৰ ধাৰণাৰ মাজত দুটা প্ৰভেদ লিখা? 

উত্তৰঃ বাল গংগাধৰ তিলকৰ স্বৰাজৰ ধাৰণা আৰু মহাত্মা গান্ধীৰ স্বৰাজৰ ধাৰণাৰ মাজত দুটা প্রভেদ হ’ল—

(ক) বাল গংগাধৰ তিলকৰ স্বৰাজৰ ধাৰণাটো চৰমপন্থী ধাৰণা। আনহাতে মহাত্মা গান্ধীৰ ধাৰণাটো সম্পূৰ্ণৰূপে অহিংসাত্মক।

(খ) তিলকৰ মতে স্বৰাজ হ’ল জন্মগত অধিকাৰ, কিন্তু মহাত্মা গান্ধীয়ে স্বৰাজৰ ধাৰণাত আধ্যাত্মিক গুণৰ ওপৰত গুৰুত্ব দিছে।

১৮। আম্বেদকাৰৰ শিক্ষা জীৱন সম্পৰ্কে আলোচনা কৰা? 

উত্তৰঃ ভাৰতীয় সমাজতত্ত্বলৈ যি সকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে, এই সকলৰ ভিতৰত ভ৹ ভীমৰাও ৰামজী আম্বেদকাৰ অন্যতম। তেখেতৰ জন্ম হৈছিল ইন্দোৰৰ কাষৰ মাহু নামৰ এখন সৰু নগৰত ১৮৯১ চনৰ ১৪ এপ্ৰিলত। শৈশৱতে আম্বেদকাৰৰ নাম আছিল ভীম চাকপল। 

আম্বেদকাৰৰ প্ৰাথমিক শিক্ষা অন্ত পৰাৰ পাছত তেখেতে বঙ্গেৰ এলফিনষ্টোন কলেজত নামভৰ্তি কৰিছিল। কলেজত অধ্যয়নৰ বাবে আম্বেদকাৰে বৰোদাৰ মহাৰজা গাইকাডৰ দ্বাৰা ‘গাইকাড জলপানী’ লাভ কৰিছিল। আম্বেদকাৰে কলেজীয়া দিনবোৰত খেলা – ধূলা কৰি সময় পাৰ কৰা নাছিল। তাৰ পৰিৱৰ্তে তেখেত লিখা – মেলা আৰু নাট্যকৰ্মতহে কম -বেছি পৰিমাণে জড়িত হৈছিল। তেখেতে শ্বেক্সপীয়েৰৰ ‘কিংলিয়েৰ’ নাটকখনৰ ওপৰত ভিত্তি কৰি “এজনী জ্ঞানী ছোৱালী’ নামৰে এখন নাটক ৰচনা কৰি মঞ্চস্থ কৰে। এলফিনষ্টোন কলেজ এখন অভিজাতলোকৰ ল’ৰা – ছোৱালী অধ্যয়ন কৰা কলেজ আছিল। এই কলেজৰ ছাত্ৰ – ছাত্ৰীসকল ধনী আৰু উচ্চ জাতিৰ সমাজৰ আছিল। আম্বেদকাৰ ইংৰাজী আৰু পাৰ্চিয়ান ভাষাত যথেষ্ট ভাল আছিল। 

তেখেতে অধ্যাপক মুইলাৰ আৰু অধ্যাপক ইৰানীৰ অতি পছন্দৰ ছাত্ৰ আছিল আৰু অধ্যাপক মুইলাৰে মৰম কৰি আম্বেদকাৰক নিজৰ চোলাটো উপহাৰ দিছিল। সেই সময়ত কলেজৰ পৰিৱেশে আম্বেদকাৰক মানুহৰ সম্পৰ্কে চিন্তা কৰিবলৈ উৎসাহিত কৰিছিল, কিন্তু অধ্যাপকসকলে ব্যক্তিগতভাৱে আম্বেদকাৰক অনুপ্ৰাণিত কৰিব নোৱাৰিছিল বুলি স্বীকাৰ কৰিছিল।

১৯০১ চনত যি ৩০ গৰাকী ছাত্ৰ – ছাত্ৰীয়ে প্রিভিয়াচ পৰীক্ষাত উত্তীৰ্ণ হৈছিল সেইসকলৰ ভিতৰত আম্বেদকাৰে ৮৮৪ নম্বৰৰ ভিতৰত মাত্ৰ ২৮২ নম্বৰহে লাভ কৰিছিল। ১৯১০ চনত আম্বেদকাৰে Inter Art Examination ত ইংৰাজী ২০০ ৰ ভিতৰত লাভ কৰিছিল মাত্ৰ ৬৯, মাৰাঠীত ১০০ ৰ ভিতৰত পাইছিল মাত্র ৫২ নম্বৰ, অঙ্কত ২০০ ৰ ভিতৰত ৬০ নম্বৰ আৰু অৰ্থনীতিত ১০০ ৰ ভিতৰত লাভ কৰিছিল ৪২ নম্বৰ। আম্বেদকাৰে আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত এম. এ. পঢ়িবৰ বাবে নামভৰ্তি কৰিছিল আৰু ১৯১৫ চনত তেখেতে এম. এ পাছ কৰিছিল। দলিতসকলৰ ভিতৰত তেখেতেই প্ৰথম ভাৰতীয় আছিল, যি বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। কলম্বীয়া বিশ্ববিদ্যালয়ৰ পৰাই তেখেতে ১৯১৭ চনত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯১৬ চনত পি. এইচ. ডি. থেছিচ জমা দিয়াৰ পাছত লণ্ডনত আইন পঢ়িবলৈ গৈছিল কিন্তু London School of Economics and Political Science ত অর্থনীতি পঢ়িবৰ বাবে নামভৰ্তি কৰে। ১৯২১ চনত তেখেতে Master of Science ডিগ্ৰী লাভ কৰাৰ লগতে আইনৰ ডিগ্ৰীও লাভ কৰে। ১৯২৩ চনত ওকালতি আৰম্ভ কৰাৰ লগতে দলিতসকলৰ জনহিতকৰ কাম কৰা তথা উন্নয়নৰ বাবেও নিজকে নিয়োজিত কৰে।

১৯। আম্বেদকাৰৰ দলিত মুক্তিবাদ সম্পর্কে লিখা। 

উত্তৰঃ ড° ভীমৰাও ৰামজী ভাৰতীয় সমাজতত্ত্বলৈ যিসকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই এইসকলৰ ভিতৰত অন্যতম। তেখেতৰ জন্মগ্ৰহণ কৰা পৰিয়ালটো অস্পৃশ্য জাতি হিচাপেই জনা গৈছিল সেই কাৰণেই অনুসূচীত জনজাতি আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ মুক্তিৰ বাবে যুঁজ দিছিল আৰু এই ধৰণৰ লোকসকলকে দলিত হিচাপে অভিহিত কৰা হয়।মূলতঃ দলিতসকলৰ মুক্তিৰ বাবে আম্বেদকাৰে নিৰৱচ্ছিন্নভাবে কাম কৰিছিল। এই অনুসূচীত জাতি অর্থাৎ “Scheduled Castes” শব্দটো প্ৰথম ১৯৩৫ চনত “Government of India Act”ত ব্ৰিটিছসকলে ব্যৱহাৰ কৰিছিল, এই প্ৰসংগতে সততে এই লোকসকলক জাতি ভিত্তিক সমাজত অস্পৃশ্য হিচাপে বিবেচনা কৰিছিল। মহাত্মা গান্ধীয়ে এওঁলোকক ‘হৰিজন’ অর্থাৎ ভগৱানৰ দূত হিচাপে বিবেচনা কৰি সমাজৰ পদানুক্ৰমত একেবাৰে নিম্ন স্থানত অবস্থান কৰোৱাইছিল।

আম্বেদকাৰে দলিতসকলৰ মাজত সামাজিক আৰু ৰাজনৈতিক সচেতনতা গঢ় দিবৰ বাবে আপ্রাণ চেষ্টা কৰিছিল। তেখেতে সমাজত দলিতসকলক শোষণ আৰু নিষ্পেষণ কৰা বাস্তৱটো অনুধাৱন কৰি এই শোষণ তথা নিষ্পেষণৰ পৰা মুক্ত হ’বৰ বাবে এটা পৃথক দৰ্শন আৰু দৃষ্টিভংগী গ্ৰহণ কৰিছিল। এখন সম – ভাৱাপন্ন সমাজ গঠনৰ বাবে সকলোধৰণৰ নিষ্পেষণৰ পৰা দলিতসকল মুক্ত হোৱাটো বিচাৰিছিল। তেখেতৰ মতে সকলো মানুহ সমান, মাথো চাতুর্যতাৰে এচাম মানুহক জাতি বা বর্ণ ভিত্তিত অস্পৃশ্য বা নিম্ন মানৰ বুলি ভবাৰ কোনো যুক্তি নাই। তেখেতে সকলো কৰ্মৰে মৰ্যাদা অনুধাৱন কৰি সমভাৱাপন্ন সমাজ গঢ়াৰ বাবে দলিতসকলক সকলো দিশৰ পৰা উন্নতিৰ পথত আগবঢ়াই নিয়াৰ পোষকতা কৰিছিল। হিন্দু সমাজৰ তথাকথিত উচ্চ জাতিৰ মানসিকতা পৰিৱৰ্তন কৰি দলিতসকলক প্রয়োজনীয় প্ৰস্থিতি প্ৰদানৰ আহ্বান জনাইছিল।

আম্বেদকাৰে আৰ্থিকভাৱে কিছু সকাহ পোৱাৰ লগে লগে ১৯২৪ চনৰ ২০ জুলাইত অনুসূচীত জনজাতিৰ কল্যাণৰ বাবে এক সংগঠন গঠন কৰাৰ কথা ঘোষণা কৰিছিল আৰু এই সংগঠনৰ নাম আছিল ‘Society for the welfare of the Scheduled castes’। এই সংগঠনৰ পৰাই আম্বেদকাৰে কৈছিল যে সমাজৰ এক বৃহৎ অংশ দলিতসকল আর্থিকভাৱে পিছপৰা হোৱাৰ লগতে তেওঁলোকক উচ্চ বৰ্ণৰ মানুহে সামাজিক ৰাজনৈতিকভাৱে নিষ্পেষণ কৰিছে। আম্বেদকাৰে ১৯২৪ চনৰ ১৭ মে’ত কোলাপুৰ অভিৱৰ্তনত দলিতসকলক দাসৰ দৰে উচ্চ বৰ্ণৰ লোকসকলে ব্যৱহাৰ কৰে বুলি অভিযোগ কৰিছিল। গান্ধীয়ে আম্বেদকাৰৰ দলিত মুক্তি আন্দোলনলৈ পূৰ্ণ সমর্থন জনাইছিল। এই সংগঠনটোৱে দলিতসকলৰ কল্যাণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছিল।

আম্বেদকাৰে এই দলিতসকলক নিজৰ অৰ্থনৈতিক দিশটো উন্নতি ঘটাবৰ বাবে কাম কৰাৰ ৰামৰ্শ দিছিল আৰু তেখেতে কৈছিল যে যদি দুয়োটা সম্প্ৰদায়ৰ লোকে একেলগে উচ্চ বৰ্ণৰ লোকসকলৰ শোষণ তথা দাসত্বৰ পৰা মুক্তি হ’বৰ বাবে সংগ্রাম কৰে, তেন্তে নিম্ন জাতিৰ সামগ্রিক বিকাশ কৰোৱাৰ বাবেই সকলোকে প্ৰেৰণা যোগাব। বিধান পৰিষদৰ সদস্য হিচাপে তেখেতে দলিতসকলৰ কল্যাণৰ বাবে বিশেষ প্রচেষ্টা গ্রহণ কৰাৰ লগতে দলিতসকলৰ মাজত সচেতনতা দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল, তেওঁ কৈছিল, যেতিয়ালৈকে দলিতসক সংগ্ৰামৰ বাবে সম্মুখলৈ আগবাঢ়ি নাহিব, তেতিয়ালৈকে তেওঁলোক শোষণ নিষ্পেষণৰ পৰা মুক্ত হ’ব নোৱাৰে। দলিতসকলক আত্মসচেতন হ’বৰ বাবে আহ্বান জনাইছিল। আম্বেদকাৰে বিশ্বাস কৰিছিল যে, সমাজৰ অপশক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি দলিতসকলৰ আছে। আম্বেদকাৰে দলিতসকলৰ অৰ্থনৈতিক উন্নয়নৰ দিশটোৰ প্ৰতিও গুৰুত্ব দিছিল। দলিতসকলৰ যাবে কোনো বৃত্তিয়েই নিষেধ হ’ব নোৱাৰে। সমাজৰ উচ্চবৰ্ণসকলে নীতিসমূহক নিজৰ স্বাৰ্থত গঢ়ি দলিতসকলক শোষণ কৰাৰ প্ৰয়াস কৰে। আম্বেদকাৰে এনে শোষণৰ পৰা মুক্ত হ’বৰ বাবে আহ্বান জনায়। তেখেতে নিজকে এগৰাকী অব্ৰাহ্মণ হিচাপে চিনাকি দিয়াৰ লগতে ভাৰতীয় সমাজ সংৰচনাত যে অব্ৰাহ্মাণসকল অস্পৃশ্য বা নিম্ন প্রস্থিতিপ্ৰাপ্ত নহয়, তাক প্ৰমাণ কৰাৰ চেষ্টা চলাইছিল । ইয়াৰ পৰা দেখা যায় আম্বেদকাৰে ভাৰতবৰ্ষত শোষণ আৰু নিষ্পেষণৰ পৰা দলিতসকলক মুক্ত কৰিবৰ বাবে আপ্রাণ চেষ্টা চলাইছিল।

২০। দলিত সম্পর্কে এটি চমুটোকা লিখা ।

উত্তৰঃ দলিত শব্দটো প্ৰধানতঃ মাৰাঠী, হিন্দী, গুজৰাটী আৰু বহুত ভাৰতীয় ভাষাত ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থ হৈছে দুখীয়া আৰু নিষ্পেষিত লোক। পৰম্পৰাগত হিন্দু বিধি অনুসৰি দলিতসকলক অস্পৃশ্য জাতি হিচাপে বিবেচনা কৰি সমাজৰ পদানুক্ৰমত একেবাৰে নিম্ন স্থানত অৱস্থান কৰোৱাইছিল। এওঁলোকক ‘শূদ্র’, ‘অতিশূদ্র’, ‘চণ্ডাল’, ‘ধেডচ’, ‘অবর্ণ’, ‘নামশূদ্র, ‘কৈৱৰ্ত, ‘মালি’, ‘হীৰা’আদি হিচাপে জনা যায়। সাধাৰণতে প্ৰশাসনীয় দৃষ্টিকোণৰ পৰা জনজাতি, অনুসূচিত জনজাতি আৰু পিছপৰা শ্ৰেণীৰ লোকসকলকে দলিত হিচাপে অভিহিত কৰা হয় আৰু এই দলিতসকলৰ কল্যাণৰ বাবে আৰু সকলোধৰণৰ শোষণ নিষ্পেষণৰ পৰা মুক্ত হোৱাৰ পথ নিজেই বিচাৰি উলিয়াবৰ বাবে আহ্বান জনাইছিল। তেখেতে দলিতসকলৰ মাজত সামাজিক আৰু ৰাজনৈতিক সচেতনতা গঢ় দিবৰ বাবে আপ্রাণ চেষ্টা কৰিছিল। দলিতসকলক নিজৰ অৰ্থনৈতিক দিশটো উন্নতি ঘটাবৰ বাবে কাম কৰাৰ পৰামৰ্শ দিছিল আৰু লগতে সকলোকে ৰাদনৈতিকভাৱে সচেতন হ’বলৈ আহ্বান জনাইছিল, মূলতঃ দলিতসকলৰ মুক্তিৰ বাবে আম্বেদকাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰিছিল। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top