Indian Society: Images and Realities Unit 2 Institutions and Region Village

Indian Society: Images and Realities Unit 2 Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Society: Images and Realities Unit 2 Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Society: Images and Realities Unit 2 Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender Question Answer can be of great value to excel in the examination.

Indian Society: Images and Realities Unit 2 Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender

Join Telegram channel

Indian Society: Images and Realities Unit 2 Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender Notes cover all the exercise questions in UGC Syllabus. Indian Society: Images and Realities Unit 2 Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender

SOCIOLOGY

INDIAN SOCIETY: IMAGES AND REALITIES

(ভাৰতীয় সমাজৰ প্ৰকৃতি)

1. সংস্থা বুলিলে কি বুজা?

Ans: প্রত্যেখন সমাজ বা সমূহ বা সংগঠন বা অনুষ্ঠানে নিজা নিজা সামূহিক কাম সম্পাদন কৰিবলৈ কিছুমান ৰীতি-নীতি বা আচাৰ বিধি প্ৰৱৰ্তন কৰে আৰু সেইবোৰ মানি চলে। এইদৰে সৃষ্টি হোৱা সমাজ পদ্ধতিকে সংস্থা বোলা হয়।

2. পৰিয়াল বুলিলে কি বুজা?

Ans: পৰিয়াল হৈছে মানৱ সমাজৰ মূল আধাৰ আৰু বিশ্বজনীন সংস্থা। পৰিয়ালৰ উৎপত্তিৰ পিছতহে মানুহে সমাজ সংগঠনৰ ব্যৱস্থা লয়। পৰিয়ালেই মানুহৰ সামাজিক জীৱনৰ প্ৰথম পদক্ষেপ। কিয়নো পৰিয়ালতেই মানুহৰ জন্ম হয়, ইয়াতেই ডাঙৰ-দীঘল হয়, ইয়াতেই সামাজিক জীৱনৰ প্ৰাথমিক কথাখিনি শিকি নিজকে সমাজৰ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলে। ইয়াকেই পৰিয়াল বুলি কোৱা হয়।

3. পৰিয়ালৰ ক্ৰিয়াসমূহ উল্লেখ কৰা।

Ans: পৰিয়ালৰ ক্ৰিয়াসমূহক চাৰিটা ভাগত ভাগ কৰিছে। যেনে―

(i) সামাজিক কাম।

(ii) ব্যক্তিৰ বাবে পৰিয়ালৰ কাম।

(iii) আর্থিক বিষয়ৰ কাম। আৰু 

(iv) ধর্মীয় কাম।

4. পৰিয়ালক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি? 

Ans: পৰিয়ালক দুটা ভাগত ভাগ কৰিব পাৰি। 

যেনে –

(i) একক পৰিয়াল। আৰু

(ii) যুটীয়া পৰিয়াল। 

5. ধর্ম এটা সামাজিক পদ্ধতি নে সংস্থা।

Ans: সংস্থা।

6. ত্রি-বর্গ মানে কি?

Ans: চাৰি পুৰুষাৰ্থৰ ভিতৰত ধৰ্ম, অৰ্থ আৰু কামক একেলগে ত্ৰি-বৰ্গৰ আখ্যা দিয়া হয়।

7. সামাজিক সংস্থা বুলিলে কি বুজা?

Ans: যেতিয়া কিছুমান বিশেষ ধৰণৰ নীতি-নিয়ম বা ক্রিয়া পদ্ধতি পৰম্পৰাগতভাৱে সমাজত প্ৰচলিত হৈ থাকে, সেই বিলাককে সামাজিক সংস্থাৰ আখ্যা দিয়া হয়। মেক্‌ আইভাৰ আৰু পেজৰ মতে, “সংস্থা হৈছে পদ্ধতিৰ সংস্থাপিতৰূপ”।

8. বৰ্হিবিবাহ কাক বোলে?

Ans: নিজৰ জাতি-ধৰ্ম-সম্প্রদায় তথা আত্মীয় লোকৰ বাহিৰত হোৱা বিবাহক বহিবিবাহ বোলে।

9. মাতৃপ্রধান সিদ্ধান্তৰ মুখ্য প্ৰৱৰ্তক কোন? 

Ans: ৰবাৰ্ট ব্রিফান্ট।

10. আত্মবাদ সিদ্ধান্তৰ মুখ্য প্ৰৱৰ্তক কোন?

Ans: ই.বি. টেইলাৰ।

11. পিতৃ প্ৰধান সিদ্ধান্তৰ মুখ্য প্ৰৱৰ্তক কোন?

 Ans: ই.এ. ৱেষ্টাৰ মাৰ্ক।

12. প্রাথমিক সমূহৰ এটা উদাহৰণ দিয়া।

Ans: পৰিয়াল। 

13. প্রকৃতিবাদ সিদ্ধান্তৰ প্ৰৱৰ্তক কোন?

Ans: মেক্স মূলাৰ।

14. কর্তৃত্বৰ ওপৰত ভিত্তি কৰি পৰিয়ালক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

Ans: কৰ্তৃত্বৰ ওপৰত ভিত্তি কৰি পৰিয়ালক দুটা ভাগত ভাগ কৰিব পাৰি। যেনে

(i) পিতৃ প্রধান পৰিয়াল। আৰু 

(ii) মাতৃপ্রধান পৰিয়াল।

15. কি কি দিশে সমাজ সংৰচনাত পৰিৱৰ্তন আনিছে? 

Ans: সমাজত সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক, প্রজাতীয়, ধর্মীয়, সংস্থাগত আদি।

16. সামাজিক স্তৰীকৰণ কি?

Ans: সমাজক উচ্চ নিম্ন আদি ভাগত বিভক্ত কৰা ব্যৱস্থাটোৱেই হৈছে সামাজিক স্তৰীকৰণ।

17. প্রক্রিয়া কি?

Ans: সামগ্রিকভাৱে যি শক্তিয়ে সামাজিক জীৱন যাপনত অৰিহণা বলি যোগায়, সেই শক্তিক প্রক্রিয়া বা Process বুলিব পাৰি।

18. সামাজিক ক্রিয়াক কিয় সামাজিক আন্তঃক্ৰিয়া বুলি অভিহিত কৰা হয়?

Ans: সামাজিক ক্রিয়া বিভিন্ন, ব্যক্তিৰ মাজত সংঘটিত হয় বাবে এনে ক্রিয়াকে সামাজিক আন্তঃক্ৰিয়া বুলি অভিহিত কৰা হয়।

19. প্রতিযোগিতা কি?

Ans: প্রতিযোগিতা হ’ল প্রতিদ্বন্দ্বীসকলক অতিক্ৰম কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ অবিৰতভাৱে কৰা প্ৰচেষ্টা।

20. সামাজিক প্রতিযোগিতা কি?

Ans: মানুহে জীৱনত প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে যি অহৰহ প্রচেষ্টা চলায়, তাকে সামাজিক প্রতিযোগিতা বোলা হয়। 

21. সংঘর্ষ কি? (Conflict)

Ans: সাধাৰণতে আনৰ বিৰুদ্ধাচৰণ কৰা, আনৰ ওপৰত আক্ৰোশ ভাব লোৱা, কাৰোবাক দমন কৰিবলৈ বিচৰা কাৰোবাৰ লগত অসহাযোগ কৰা প্ৰক্ৰিয়াই হ’ল সংঘর্ষ। 

22. মানৱ জাতিৰ ইতিহাস হৈছে শ্রেণী সংগ্ৰামৰ ইতিহাস’― কথাষাৰ কোনে কৈছে?

Ans: প্রসিদ্ধ সমাজ দার্শনিক কার্ল মার্ক্স। 

23. অপহাৰিতা (Alienation) কি লিখা।

Ans: কার্ল মার্ক্সে প্রয়োগ কৰা অপসাৰিতা বা অপসাৰণ অৱধাৰণাটোৱে পুঞ্জিবাদী উৎপাদন ব্যবস্থাত উৎপাদিত সামগ্ৰীৰ ওপৰত উৎপাদনকাৰীসকলক বা শ্রমিকসকলৰ মনোভাৱৰ অপসাৰণৰ কথাকে উল্লেখ কৰিছে। মার্ক্সৰ অপসাৰিতাৰ ধাৰণাটো শ্ৰেণী সংগ্ৰামৰ লগত ওতঃপ্রোতভাবে জড়িত।

24. প্রতিমান কি?

Ans: সামাজিক সমুহবোৰ নিৰ্দিষ্ট প্রতিমান অনুযায়ী পৰিচালিত হয়। আশানুৰূপ সামাজিক ব্যৱহাৰক বা সামাজিক সমুহবোৰে গ্ৰহণ কৰা কৰ্মৰ মানক প্ৰতিমান বোলা হয়।

25. সামাজিক স্তৰীকৰণৰ স্বৰূপ প্ৰকাৰ কিমান আৰু কি কি লিখা 

Ans: সামাজিক স্তৰীকৰণৰ ব্যৱস্থাক মূলত দুটা স্বৰূপত বা ভাগত ভাগ কৰিব পাৰি―

(i) বন্ধ স্তৰীকৰণ (Closed Stratification)

(ii) মুক্ত স্তৰীকৰণ (Open Stratification)

26. কার্ল-মাক্সে কিহৰ ওপৰত ভিত্তি কৰি সমাজক মূলতঃ কি কি হিচাপে ভাগ কৰিছে?

Ans: অৰ্থনীতিৰ ওপৰত ভিত্তি কৰি সমাজক মূলতঃ বুৰ্জোৱা (Bourgeoise) আৰু পলিটেৰিয়েট (Politariat) হিচাপে ভাগ কৰিছে।

27. সামাজিক স্তৰীকৰণ প্ৰধান কাৰণ অৰ্থনীতি বুলি কোনে মানি ল’ব বিচৰা নাই আৰু তেওঁৰ মত কি? 

Ans: মেক্স ৱেবাৰে মানি ল’ব বিচৰা নাই। মেক্স ৱেবাৰে মতে পৰস্থিতিৰ বিভিন্ন অৱস্থা আৰু ক্ষমতাৰ ভিত্তিতো স্তৰীকৰণ হয়।

28. সমাজতত্ববিদসকলে সামাজিক প্রক্রিয়াক মূলতঃ কেই ভাগত ভাগ কৰিছে আৰু কি কি?

 Ans: সমাজতত্ববিদসকলে সামাজিক প্ৰক্ৰিয়াক মূলতঃ দুটা ভাগত ভাগ কৰিছে―

(i) সংযোজক (Conjuctive) আৰু 

(ii) বিয়োজক (Disjunctive)

29. সহযোগিতাক মূলতঃ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

Ans: সহযোগিতাক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি। এই ভাগ কেইটা হৈছে –

(i) প্রত্যক্ষ সহযোগিতা (Direct Co-Operation) 

(ii) পৰোক্ষ সহযোগিতা ( Indirect co-operation)

30. অর্থনৈতিক প্রতিযোগিতা কি?

Ans: মানুহৰ জীৱনত অৰ্থনীতিৰ প্ৰভাৱ অসীম প্রসিদ্ধ অর্থনীতিবিদ কার্ল মার্ক্সৰ মতে, “মানৱ জাতিৰ ইতিহাস মানেই শ্ৰেণী সংগ্ৰামৰ ইতিহাস।” এই সামাজিক শ্রেণী ব্যৱস্থাটোৰ সৃষ্টি হয় অৰ্থনীতিৰ ওপৰত ভিত্তি কৰিয়েই। এইদৰে অৰ্থনীতিৰ লগত জড়িত প্রতিযোগিতাকে অর্থনৈতিক প্রতিযোগিতা হিচাপে অভিহিত কৰা হয়।

31. সংঘৰ্ষৰ (Conflict) সংজ্ঞা দিয়া।

Ans: (i) এ.ডব্লিউ. গ্ৰীণৰমতে, “ অন্য এজনৰ বা আনৰ ইচ্ছাৰ বিৰুদ্ধাচৰণ; প্রতিবন্ধকতা বা দমন কৰিবলৈ কৰা ইচ্ছাকৃত প্রচেষ্টাই হৈছে সংঘৰ্ষ।

32. সংঘর্ষ কেই প্ৰকাৰৰ (Classification of Conflict) আৰু কি কি?

Ans: সংঘর্ষ দুই প্ৰকাৰৰ―

(i) সুপ্ত আৰু জাগ্রত সংঘর্ষ (Latent and Overt Conflict) 

(ii) সমবায় আৰু ব্যক্তিবাচক সংঘর্ষ (Corporate and Personal Conflict)

33. একক পৰিয়াল আৰু যুটীয়া পৰিয়াল বুলিলে কি বুজা?

 Ans: (i) একক পৰিয়াল: যেতিয়া কোনো এটা পৰিয়ালত কেৱল পিতৃ-মাতৃ আৰু তেওঁলোকৰ অবিবাহিত বা নিম্নবয়স্ত সতি- সন্তানসকল, যিসকলে পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰ কৰি চলে সেই ব্যক্তিসকল থাকে তাকে একক পৰিয়াল বুলি কোৱা হয়।

(ii) যুটীয়া পৰিয়াল: যেতিয়া কোনো পৰিয়ালত পিতৃ মাতৃ আৰু তেওঁলোকৰ সতি-সন্তানৰ বাহিৰেও পিতৃ-মাতৃৰ পিতৃ-মাতৃ বা তেওঁলোকৰ বিবাহিত অথবা প্রাপ্তবয়স্ক সতি-সন্তান, যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে, পিতৃ-মাতৃৰ ককাই-ভাই, বাই-ভনী, আত্মীয়-স্বজন আদিয়ে একে পৰিয়ালত বাস কৰে সেই পৰিয়ালক যুটীয়া পৰিয়াল বোলে। 

34. পিতৃ প্রধান পৰিয়াল আৰু মাতৃপ্রধান পৰিয়াল বুলিলে কি বুজা?

Ans: পৰিয়ালৰ কৰ্তৃত্ব পিতৃ বা জ্যেষ্ঠ পুৰুষ ব্যক্তিৰ হাতত ন্যস্ত থাকে, সেইটো পৰিয়ালক পিতৃ-প্রধান পৰিয়াল বোলে। আনহাতে পৰিয়ালৰ কৰ্তৃত্ব মাতৃ বা জ্যেষ্ঠ মহিলাগৰাকীৰ হাতত থাকে সেইটো পৰিয়ালক মাতৃ প্রধান পৰিয়াল বোলে।

35. ৰাষ্ট্ৰ বুলিলে কি বুজা?

Ans: কোনো এক নিৰ্দিষ্ট ভূখণ্ডৰ ভিতৰত সংগঠিত সমাজ, যি চৰকাৰ আৰু প্ৰজাক বিভক্ত কৰে আৰু যি ৰাজনৈতিকভাৱে নিৰ্দিষ্ট কৰা ভূখণ্ডৰ ভিতৰত সকলো অনুষ্ঠান-প্ৰতিষ্ঠানৰ ওপৰত কৰ্তৃত্ব দাবী কৰিব পাৰে, তাকেই ৰাষ্ট্ৰ বুলি কোৱা হয়। 

36. ধর্ম বুলিলে কি বুজা?

Ans: ধৰ্ম হ’ল অতি মানৱ শক্তিৰ ওপৰত ৰখা বিশ্বাস, যি শক্তিয়ে প্রকৃত আৰু মানৱ জীৱনৰ আৱহমান ধাৰাক নিৰ্দেশিত আৰু নিয়ন্ত্রিত কৰে। অৰ্থাৎ মানৱ শক্তিৰ প্ৰভাৱৰ বাহিৰত এক শক্তি আছে যি শক্তি সমষ্টিয়ে প্রকৃতি তথা পৃথিবী বা মানৱক নিয়ন্ত্রিত কৰে।

37. পিতৃপ্রধান আৰু মাতৃপ্রধান পৰিয়ালৰ পাৰ্থক্য লিখা।

Ans: পিতৃ প্রধান পৰিয়াল মাতৃপ্রধান পৰিয়াল-

(i) পৰিয়ালৰ কৰ্তৃত্ব পিতৃ বা জ্যেষ্ঠ পুৰুষ ব্যক্তিৰ হাতত থাকে।

(ii) পৰিয়ালৰ কৰ্তৃত্ব মাতৃ বা জ্যেষ্ঠ মহিলাগৰাকীৰ হাতত থাকে।

(iii) সন্তানে পিতৃৰ উপাধি গ্ৰহণ কৰে আৰু পৈতৃক সম্পত্তি উত্তৰাধিকাৰী সূত্রে লাভ কৰে। 

(vi) সন্তানে মাতৃৰ উপাধি গ্রহণ কৰে আৰু মাতৃৰ সম্পত্তি উত্তৰাধিকাৰীসুত্ৰেত লাভ কৰে ৷

(v) বিবাহৰ পাছত পত্নী পতিগৃহলৈ যায়।

(vi) বিবাহৰ পাছত পতি পত্নী গৃহলৈ যায়।

38. বিবাহৰ প্ৰকাৰসমূহ উল্লেখ কৰা।

Ans: বিবাহৰ প্ৰকাৰসমূহ হ’ল –

(i) এক পতি-পত্নী বিবাহ।

(ii) বহু পতি-পত্নী বিবাহ।

(iii) অন্তঃবিবাহ।

(iv) বহিঃবিবাহ।

39. পৰোক্ষ সহযোগিতা (Indirect co-operation) কি? 

Ans: একে লক্ষ্যক উদ্দেশ্য পূৰণৰ বাবে ব্যক্তিসকলে অভৌতিকভাৱে আৰু মুখামুখি সম্বন্ধক উলাই যি সহযোগ স্থাপন কৰে তাকে পৰোক্ষ সহযোগ বোলা হয়।

40. আগষ্ট ক’টে মতে সামাজিক স্তৰীকৰণক কোণ কেইটা স্তৰেৰে মানৱ জাতিৰ ক্ৰমবিকাশ ঘটিছে বুলি উল্লেখ কৰিছে?

Ans: দৈৱিক স্তৰ (Pheological Stage), অতিভৌতিক স্তৰ (Metaphyisical Stage) আৰু প্ৰত্যক্ষবাদী বা বৈজ্ঞানিক স্তৰ (Positivism or scientific stage) আদি।

41. সামাজিক প্ৰক্ৰিয়াৰ মূলতঃ কেইটা চৰিত্ৰ আছে আৰু কি কি? 

Ans: সামাজিক প্ৰক্ৰিয়াৰ মূলতঃ পাঁচটা চৰিত্ৰ আছে। যেনে – প্রথমতে, সামাজিক প্ৰক্ৰিয়াৰ সামাজিক ঘটনাৰ লগত সম্বন্ধ আছে। দ্বিতীয়তে, সামাজিক প্ৰক্ৰিয়াবোৰৰ পুনৰাবৃত্তি ঘটে। তৃতীয়তে, সামাজিক ঘটনাসমূহৰ বা সামাজিক প্ৰক্ৰিয়াসমূহৰ আন্তঃসম্বন্ধ থাকে। চতুর্থতে, সামাজিক প্ৰক্ৰিয়াবোৰৰ ধাৰাবাহিকতা আছে আৰু পঞ্চমতে, সামাজিক প্রক্রিয়াই সামাজিক সম্বন্ধৰ ফলাফল নির্ণয় কৰে।

42. সামাজিক সংৰচনা কেই প্ৰকাৰৰ আৰু কি কি? 

Ans: সামাজিক সংৰচনাৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিবলৈ গৈ টালকোট পাৰছনছে চাৰিটা প্ৰকাৰৰ বিষয়ে উল্লেখ কৰিছে। যেনে –

(i) বিশ্বজনীন সামাজিক মূল্য (Universal Social Value) 

(ii) বিশ্লেষাত্মক সামাজিক মূল্য (Speciatiatic Social Value)

(iii) স্বলব্ধ সামাজিক মূল্য (Achieved Social Value) 

(iv) জন্ম প্রদত্ত সামাজিক মূল্য (Ascribed Social Value)

43. সামাজিক আন্তঃক্ৰিয়াৰ স্বৰূপসমূহ নিৰ্ণয় কৰা।

Ans: সামাজিক আন্তঃ ক্ৰিয়াৰ স্বৰূপসমূহ হ’ল― প্রথমতে, আন্তঃক্রিয়া হ’ল এটা স্বাভাৱিকভাৱে গঢ়ি উঠা সামাজিক ক্রিয়া পদ্ধতি। 

দ্বিতীয়তে, আন্তঃ ক্ৰিয়াৰ অবিহনে সমাজ বা সমূহ গঠিত হ’ব নোৱাৰে। 

তৃতীয়তে, আন্তঃ ক্ৰিয়াৰ পদ্ধতিটো হৈছে এটা মানসিক বা ধাৰণাৰ বিষয়।

চতুৰ্থতে, আন্তঃ ক্ৰিয়াৰ বাবে পাৰস্পৰিক সচেতনতাৰ আৱশ্যক। পঞ্চমতে, আন্তঃক্রিয়া প্রগতি বা অনুপ্ৰেৰণাৰ উৎস।

44. প্রত্যক্ষ সহযোগিতা (Direct co-operation) কি? 

Ans: সামাজিক জীৱনৰ বহুবিলাক কাম-কাজ কৰোঁতে, যেনে – খেলা-ধুলা কৰোতে, খেতি পথাৰত কাম কৰোতে, পৰিয়ালত বসবাস কৰোতে, বিয়া-সবাহ আদি ধর্মীয় উৎসৱ পালন কৰোঁতে এজন ব্যক্তিয়ে, আন এজনৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰে। এনে ধৰণৰ মুখামুখি সম্বন্ধৰে আৰু ভৌতিক সান্নিধ্যৰে ঐক্যবদ্ধতা ৰক্ষা কৰাকে প্রত্যক্ষ সহযোগ বোলা হয়। সংঘবদ্ধতা, ভৌতিক সান্নিধ্য আৰু উমৈহতীয়া লক্ষ্য হৈছে প্রত্যক্ষ সহযোগৰ মূল বৈশিষ্ট্য।

45. প্রতিযোগিতা (Competition) কেইপ্ৰকাৰ আৰু কি কি? 

Ans: প্রতিযোগিতা মূলতঃ পাঁচটা ভাগত ভাগ কৰিব পাৰি। যেনে― 

(i) অর্থনৈতিক প্রতিযোগিতা (Economic Competition)

(ii) সামাজিক প্রতিযোগিতা (Social Competition)

(iii) ৰাজনৈতিক প্রতিযোগিতা (Political Competition) 

(iv) সাংস্কৃতিক প্রতিযোগিতা (Cultural Competition) 

(v) প্রজাতীয় প্রতিযোগিতা (Racial Competition)

46. অর্থনৈতিক প্রতিযোগিতা কি?

Ans: মানুহৰ জীৱনত অর্থনীতিৰ প্রভাৱ অসীম। প্রসিদ্ধ অর্থনীতিবিদ কার্ল মার্ক্সৰ মতে, “মানৱ জাতিৰ ইতিহাস মানে শ্ৰেণী:সংগ্ৰামৰ ইতিহাস।” এই সামাজিক শ্ৰেণী ব্যৱস্থাটোৰ সৃষ্টি হয় অর্থনীতিৰ ওপৰত ভিত্তি কৰিয়েই। এইদৰে অৰ্থনীতিৰ লগত জড়িত প্রতিযোগিতাকে অর্থনৈতিক প্রতিযোগিতা হিচাপে অভিহিত কৰা হয়।

47. প্রজাতীয় প্রতিযোগিতা কি?

Ans: নিজস্ব সংস্কৃতি ৰক্ষাৰ বাবে সাংস্কৃতিক প্রতিযোগিতা প্রক্রিয়া অব্যাহত থকাৰ দৰেই সমাজত প্রজাতীয় প্রতিযোগিতাও দেখা যায়। ব্যক্তিয়ে নিজৰ প্ৰজাতীয়তা বা সমূহগত স্থিতি ৰক্ষাৰ বাবেও প্রতিযোগিতা প্রক্রিয়াত অৱতীর্ণ হয়। উদাহৰণস্বৰূপে, উত্তৰ-পূব ভাৰতৰ খিলঞ্জীয়া ত্ৰিপুৰী লোকসকলে বর্তমান প্রজাতীয়তা ৰক্ষাৰ বাবে সংগ্ৰাম কৰিব লগা। হৈছে। একেধৰণেই দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ আৰু শ্বেতাংগসকলৰ প্ৰজাতীয় প্রতিযোগিতাৰ বিষয়ে উল্লেখ কৰিব পাৰি।

48. সামাজিক প্ৰক্ৰিয়াৰ সংজ্ঞা লিখা।

Ans: সমাজতত্ত্ববিদ মৰিছ জিন্সবার্গৰ মতে, “সামাজিক প্রক্রিয়া হৈছে ব্যক্তিৰ সমাজৰ বা সমূহৰ মাজৰ বিভিন্ন ধৰণৰ আন্তঃক্ৰিয়াৰ ফল যিটো সহযোগ আৰু সংঘৰ্ষৰ, সামাজিক বৈষম্য আৰু একতাৰ উৎক সাধন কৰা, এটা নিৰ্দিষ্ট পৰিসৰৰ মজত ব্যাখ্যা বা ইয়াক ধ্বংস কৰা আদিৰ জৰিয়তে প্রকাশ পায়।

মেকাইভাৰ আৰু পেজৰ মতেও, “সামাজিক প্ৰক্ৰিয়া হৈছে এটা পদ্ধতি, যি সকল সমূহৰ সদস্য হিচাপে ব্যক্তি বা সমূহক একত্ৰিত কৰে বা নিৰ্দিষ্ট আহৰণত সহায় কৰে।

49. ৰাজনৈতিক প্রতিযোগিতা কি?

Ans: মানুহে অর্থনৈতিক বা সামাজিক প্রস্থিতি আহৰণৰ প্ৰচেষ্টা চলোৱাৰ দৰেই ৰাজনৈতিক প্ৰস্থিতি লাভৰ যি প্ৰতিযোগিতা চলায় সেয়াই হৈছে ৰাজনৈতিক প্রতিযোগিতা। মানুহে কেৱল অন্ন, বস্ত্র, বাসস্থানৰ মৌলিক প্রয়োজনীয়তা পূৰণতেই সন্তুষ্ট নাথাকে। ব্যক্তিয়ে ৰাজনৈতিক আদর্শ, লক্ষ্য আৰু ক্ষমতা লাভৰ বাবেও প্রতিযোগিতাত অৱতীর্ণ হয়। উদাহৰণস্বৰূপে, বিভিন্ন ৰাজনৈতিক দলৰ আদৰ্শ, লক্ষ্য আদিৰ কথাকে উল্লেখ কৰিব পাৰি।

50. সুপ্ত আৰু জাগ্ৰত সংঘৰ্ষ বুলিলে কি বুজা? 

Ans: সংঘৰ্ষ দুটা পক্ষৰ মাজত সংঘটিত হয়। এই দুটা পক্ষ ব্যক্তি বনাম ব্যক্তিসমূহ, ব্যক্তিসমূহ বনাম ব্যক্তি হ’ব পাৰে। আত্মস্বাৰ্থ ৰক্ষাৰ বাবে এটা পক্ষই আন এটা পক্ষৰ ওপৰত আভ্যন্তৰীণভাৱে বিৰোধী কাৰ্যপন্থা গ্ৰহণ কৰাকে সুপ্ত সংঘর্ষ বোলা হয়। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে আন এজনক বেয়া পোৱা, বা অসহযোগ প্ৰদৰ্শন কৰা আদিয়েই সুপ্ত সংঘৰ্ষৰ উদাহৰণ। সেই ধৰণেই এখন দেশে আন এখন দেশক বেয়া পোৱা, অবিশ্বাস কৰা, সু-সম্পর্ক অটুট নৰখা আদি অৱস্থাই সুপ্ত সংঘৰ্ষৰ উদাহৰণ। সুপ্ত সংঘৰ্ষৰ পাছত যদি প্রত্যক্ষ যুদ্ধ আৰম্ভ হয় তাকে জাগ্ৰত সংঘর্ষ বোলা হয়।

51. সমবায় আৰু ব্যক্তিবাচক সংঘৰ্ষ বুলিলে কি বুজা?

Ans: যদি দুখন সমাজ বা দুটা সমূহৰ মাজত সংঘর্ষ হয়, তাকে সমবায় সংঘৰ্ষ বুলিব পাৰি। এনে সংঘৰ্ষ পৰস্পৰ বিৰোধী ধর্মগোষ্ঠী, প্রজাতীয় বিবাদ, সাংস্কৃতিক বিৰোধ, ৰাষ্ট্ৰীয় বিবাদ, পৃথক ব্যবসায় গোষ্ঠী। আদিৰ মাজতো হ’ব পাৰে। উদাহৰণস্বৰূপে, ইউৰোপৰ ক্ৰোছেড বা ধর্মযুদ্ধসমূহৰ সমবায় সংঘৰ্ষৰ উৎকৃষ্ট উদাহৰণ। যদি একোটা সমূহৰ ব্যক্তিসকলৰ মাজতেই সংঘৰ্ষৰ উদ্ভব হয় তেন্তে তাকে ব্যক্তিবাচক সংঘর্ষ বোলা হয়। সাধাৰভাৱে ক’বলৈ হ’লে ব্যক্তিবাচক সংঘৰ্ষ হৈছে সমবায় সংঘৰ্ষৰ বিপৰীত অৱস্থা। চমুকৈ ক’বলৈ হ’লে ব্যক্তিবাচক সংঘর্ষ কেৱল ব্যক্তিৰ মাজতে আৱদ্ধ থাকে। এনে সংঘৰ্ষৰ ফলত ঘাইকৈ ব্যক্তিৰ সম্পৰ্কৰে অৱনতি ঘটে।

52. সংঘৰ্ষৰ ভূমিকা ( Role of Conflict) সম্পর্কে লিখা। 

Ans: সংঘর্ষক ধ্বংসাত্মক প্রক্রিয়া যেন লাগে যদিও দৰাচলতে সংঘর্ষ অকল ধ্বংসাত্মকেই নহয়, ই সৃষ্টিকাৰক বা গঠনমূলকো। সংঘর্ষৰ গঠনমূলক দিশটো লক্ষ্য কৰি ক’ব পাৰি যে, সংঘৰ্ষই সামাজিক প্রগতি আৰু বিকাশ সাধনত যথেষ্ট অৰিহণা যোগাইছে। সমাজ প্ৰগতিৰ পথক আগুৱাবলৈ হ’লে সুপ্ত বা জাগ্রত সংঘর্ষ হ’বই লাগিব। সমবায়বাচক সংঘর্ষ সৃষ্টি হ’লে একোটা গোটৰ ভিতৰতে আভ্যন্তৰীণ বুজা পৰা আৰু সংহতি বৃদ্ধি হয়। পিতা-পুত্র, বন্ধু-বান্ধৱ আদিৰ মাজত হোৱা সংঘৰ্ষইও বহুতো সময়ত আন্তৰিক বুজাবুজিহে বৃদ্ধি কৰে। তেনেদৰে ক’ব পাৰি যে, ভাষাৰ মাধ্যমৰ বাবে বঙালী ভাষী আৰু অসমীয়া ভাষী মানুহৰ মাজত অসমত সংঘৰ্ষ হৈছিল যদিও ইয়াৰ ফলত দুয়োটা ভাষাৰ মাজত একতা, আভ্যন্তৰীণ শান্তি শৃংখলা সুদৃঢ় হোৱাত সুবিধাহে হ’ল। একে ধৰণেই যুটীয়া পৰিয়াল কিছুমানৰ সংঘৰ্ষৰ বাবেই বিভাজন ঘটি একক পতি-পত্নী পৰিয়াল বা আধুনিক পৰিয়াললৈ পৰিৱৰ্তিত হোৱাত কিছুমান উপকাহে হৈছে বা পতি-পত্নীৰ মাজত হোৱা বিবাদেও আন্তৰিক বুজা পৰাত অৰিহণা যোগায়।

53. প্রতিমানহীনতা (Anomic) কি লিখা। 

Ans: ইমাইল দুৰখেইমে পোনপ্ৰথমে শ্রমবিভাজত আৰু আত্মহত্যাৰ সম্পর্কে আলোচনা কৰিবলৈ গৈ Anomic বা প্রতিমানহীনতা শব্দটোৰ প্রয়োগ কৰিছে। তেওঁৰ মতে, সমাজত ব্যক্তিয়ে দেখুওৱা বিশেষ আচৰণ বা ক্রিয়া-কলাপেই হৈছে সামাজিক ঘটনা। সামাজিক ঘটনাৰ লগত সামুহিক চেতনা আৰু সামাজিক অনুমোদন জড়িত হৈ থাকে। কিছুমান ব্যক্তিগত ক্রিয়াক সমাজে অনুমোদন জনোৱাৰ পৰিবৰ্তে অনুশাসনমূলক ব্যৱস্থাহে গ্ৰহণ কৰে।

54. অপহাৰিতা (Alienation) কি লিখা। 

Ans: কার্ল মার্ক্সে প্রয়োগ কৰা অপসাৰিতা বা অপসাৰণ অৱধাৰণাটোৱে পুঁজিবাদী উৎপাদন ব্যবস্থাত উৎপাদিত সামগ্ৰীৰ ওপৰত উৎপাদনকাৰীসকলৰ বা শ্ৰমিকসকলৰ মনোভাৱৰ অপসাৰণ কথাকে উল্লেখ কৰিছে। মার্ক্সৰ অপসাৰিতাৰ ধাৰণাটো শ্ৰেণী সংগ্ৰামৰ লগত ওতঃপ্রোতভাৱে জড়িত।

55. হিতবাদী পথ বা পৰিহিতবাদী (Attrutism) কি লিখা। 

Ans: আত্মস্বাৰ্থ ৰক্ষা আৰু ব্যক্তিৰ বিকাশ মানুহৰ সহজাত প্রবৃত্তি। সমাজৰ বেছিভাগ ব্যক্তিয়েই আত্মপ্রকাশ বা নিজৰ যোগ্যতা প্রতিপন্ন কৰিব বিচাৰে। হিতবাদী পথ হৈছে নিজৰ স্বাৰ্থৰ পৰিবৰ্তে আনৰ মংগলৰ বাবে বা সমাজৰ মংগলৰ বাবে কাম কৰাৰ নীতি উদাহৰণস্বৰূপে ইমাইল দুখেইমে আত্মহত্যা সম্পর্কে আলোচনা কৰিবলৈ গৈ নিঃস্বার্থমূলক আত্মহত্যাৰ কথা কৈছে। অর্থাৎ বহুতো মানুহে আনৰ উপকাৰ বা সমাজৰ উপকাৰৰ বাবে এনেধৰণৰ আত্মহত্যা কৰে।

56. যান্ত্রিক সংহতি (Mechanical Solidarity) কি লিখা। 

Ans: শ্রমবিভাজনৰ ওপৰত আলোচনা কৰিবলৈ গৈ ইমাইল সুৰহেমে সমাজক দুটা ভাগত ভাগ কৰিছে।

(i) যান্ত্রিক সমাজ। আৰু

(ii) জৈৱিক সমাজ।

সমাজত যান্ত্ৰিক আৰু জৈৱিক বুলি ভাগ কৰাৰ দৰেই সামাজিক ঐক্য বা সংহতিকো যান্ত্রিক সংহতি আৰু জৈৱিক সংহতি হিচাপে বিভক্ত কৰিছে। অর্থাৎ সৰল সহজ বা আদিম প্ৰকৃতিৰ সমাজৰ একতাক যান্ত্রিক সংহতি বোলা হয়।

57. সামাজিক জীৱনত সংঘৰ্ষ আৰু সহযোগৰ ভূমিকা (Role of co-operation and conflict in social life) সম্পর্কে লিখা।

Ans: সামাজিক জীৱনত সংঘৰ্ষ আৰু সহযোগৰ ওতঃপ্রোত সম্বন্ধ আছে। এই সম্পৰ্কৰ বিষয়ে এম্পিদকোলাছ, কেৰোক্লিটাছ, ডাৰউইন, হার্বার্ড স্পেনচাৰ, এ. জি. কিলাৰ এলবিয়াম স্মল, কুলে আদিৰ লেখনিত পোৱা যায়। সাধাৰণ উদাহৰণ এটাৰ পৰাই সহযোগ আৰু সংঘৰ্ষৰ ওতঃপ্রোত সম্বন্ধৰ আভাস পাব পাৰি। শিশুৱে মাকৰ পৰা মৰম স্নেহ তথা অন্যান্য প্রয়োজনখিনি পোৱাৰ বাবে মাকক ভাল পায় বা মাকৰ লগত সহযোগ কৰে। কিন্তু মাকে শিশুটোক পথভ্ৰষ্টমূলক কার্যত বাধাদান কৰাৰ বাবে বা শিশুটোৰ ইচ্ছাত বাধা দান কৰাৰ বাবে কেতিয়াবা কেতিয়াবা বিৰোধিতা কৰা বা সংঘৰ্ষৰ সৃষ্টি হোৱা দেখা যায়। গতিকে দেখা গ’ল যে সংঘৰ্ষৰ লগত সহযোগৰ সহ অৱস্থান থাকিব পাৰে। একে ধৰণেই পৰিয়ালৰ সদস্যসকলৰ সম্পৰ্কত, পতি-পত্নী সম্পর্কত সুহৃদয় বন্ধু বান্ধৱীৰ সম্পর্কতো সংঘৰ্ষ আৰু সহযোগৰ সহ-অৱস্থান পৰিলক্ষিত হয়। মনোবৈজ্ঞানিক সকলৰ মতে, একেজন ব্যক্তিৰ অন্তৰত ভালপোৱা আৰু ঘৃণা, প্ৰেম আৰু শত্ৰুতা এই দুয়োটা ভাৱেই থাকে। গতিকে সংঘৰ্ষ আৰু সহযোগৰ একেলগেই, ক্ৰিয়া কৰে। সহযোগ হৈছে সংঘৰ্ষৰ এটাতেহে। 

58. বিবাহৰ মূল উদ্দেশ্য সমূহ আলোচনা কৰা।

Ans: (i) প্রথমতে, বিবাহৰ মূল উদ্দেশ্য হ’ল যৌন সম্বন্ধ স্থাপন আৰু নিয়মিতকৰণ। 

(ii) দ্বিতীয়তে, সন্তান উৎপাদন আৰু প্ৰতিপালন কৰা।

(iii) তৃতীয়তে, সমাজত পিতৃ-মাতৃৰ ভূমিকা আৰু কৰ্তব্য পালন কৰা।

(iv) চতুর্থতে, সম্পত্তিৰ সংৰক্ষণ কৰা আৰু অৰ্থ আহৰণ কৰা। 

(v) পঞ্চমতে, সামাজিক শৃংখলা অটুট ৰাখি যৌন নিষেধ মানি চলা।

(vi) ষষ্ঠতে, সামাজিক জীৱন-যাপনৰ শিক্ষা গ্রহণ। 

(vii) সপ্তমতে, ধর্মীয় কার্য সম্পাদন।

(viii) অষ্টমতে, বিবাহৰ যোগেদি ব্যক্তিত্বৰ বিকাশ ঘটোৱা।

59. ৰাষ্ট্ৰৰ সংজ্ঞা দিয়া।

Ans: (i) গ্রীক দার্শনিক এৰিষ্টটলৰ মতে, “The State is a union of families having for its end perfect and self sufficing life, by which we mean a happy & perfect life ” অর্থাৎ সুস্থ, সুখী আৰু স্বাৱলম্বী জীৱন-যাপন কৰিবলৈ সংগঠিত হোৱা কিছুমান পৰিয়ালৰ জনসমষ্টিয়েই হ’ল ৰাষ্ট্ৰ।

(ii) ব্লান্টচলিৰ মতে, “The State is the politically organised people of a definite territory ” অর্থাৎ কোনো এক নির্দিষ্ট ভূ-খণ্ডৰ অন্তৰ্গত ৰাজনৈতিকভাৱে সংগঠিত ‘জনসমষ্টিয়েই হ’ল ৰাষ্ট্ৰ।

(iii) আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি উইলচনৰ মতে, “A State is the people organised for law within a definite territory.” অর্থাৎ কোনো এক নিৰ্দিষ্ট ভূ-খণ্ডৰ ভিতৰত আইন শৃংখলাৰ বাবে সংগঠিত জনসমষ্টিয়েই হ’ল ৰাষ্ট্ৰ।

(iv) অধ্যাপক বাৰ্জেছৰ মতে, “The State is a particular portion of mankind viewed as an organised unit ” কোনো এক নিৰ্দিষ্ট ভূ-খণ্ডৰ ভিতৰত সংগঠিত জনসমষ্টিয়েই হ’ল ৰাষ্ট্ৰ। 

60. ৰাষ্ট্ৰৰ উপাদানসমূহ লিখা।

Ans: (i) জনসমষ্টি (Population): জনসমষ্টিক বাদ দি ৰাষ্ট্ৰ কেতিয়াও গঠন হ’ব নোৱাৰে। ৰাষ্ট্ৰ গঠনৰ বাবে কিছুমান মানুহ সংঘবদ্ধ হৈ বসবাস কৰিব লাগিব। অৱশ্যে কিমান সংখ্যক জনসংখ্যাবে ৰাষ্ট্ৰ গঠন হ’ব তাৰ ধৰাবন্ধা নিয়ম নাই। ই নিৰ্ভৰ কৰে ৰাষ্ট্ৰৰ আকাৰৰ ওপৰত।

(ii) নির্দিষ্ট ভূখণ্ড (Definite territory): এটা নিৰ্দিষ্ট এলেকাৰ অবিহনে ৰাষ্ট্ৰ গঠন হ’ব নোৱাৰে। বিশ্বত কোনো এখন ৰাষ্ট্ৰ, – নাই যাব একোটা নির্দিষ্ট এলেকা নাই বা বিশ্বত বৰ্তমান এডোখৰ ভূ-খণ্ড নাই যি ডোখৰ কোনো এখন ৰাষ্ট্ৰৰ অধিকাৰত নাই বা অংশ নহয়।

(iii) চৰকাৰ (Government): এখন ৰাষ্ট্ৰ গঠন হ’বলৈ হ’লে নির্দিষ্ট ভূ-খণ্ডৰ ভিতৰত বসবাস কৰি থকা জনসাধাৰণ সু-সংগঠিত হ’ব লাগিব আৰু আইন-শৃংখলা বজাই ৰাখিবৰ বাবে তেওঁলোক কিছুমান সমূহীয়া নীতি-নিয়মৰ মাজত বান্ধ খাই থাকিব লাগিব। যিটো সংস্থাই এই বিশেষ ভূমিকা পালন কৰে সিয়েই চৰকাৰ।

(iv) সার্বভৌমত্ব (Sovereignty): কোনো এক জনসমষ্টিয়ে চৰকাৰ গঠন কৰি এডোখৰ নিৰ্দিষ্ট ভূ-খণ্ডত স্থায়ীভাৱে বসবাস কৰিলেও সার্বভৌমত্বৰ অবিহনে ৰাষ্ট্ৰ হিচাপে দাবী কৰিব নোৱাৰে। ৰাষ্ট্ৰ হ’বলৈ হ’লে সেই অঞ্চলৰ জনসাধাৰণ আভ্যন্তৰীণ ক্ষেত্ৰত সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী হোৱাৰ উপৰি বহিঃশক্তিৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হ’ব লাগিব।

61. স্বজন পদ্ধতি (Kinship System) বুলিলে কি বুজা?

Ans: বিবাহ আৰু জন্মৰ জৰিয়েত যি এক আত্মীয় গোষ্ঠী গঢ়ি উঠে তাকে স্বজন পদ্ধতি বুলিব পাৰি।

আকৌ নৃতত্ব বিজ্ঞানৰ অভিধানৰ মতেও জন্ম আৰু বিবাহৰ জৰিয়তে যি এক আত্মীয় স্বজন গোষ্ঠীৰ সৃষ্টি হয়, সেয়েই স্বজন পদ্ধতি।

62. স্বজন পদ্ধতি কেই প্ৰকাৰ আৰু কি কি?

Ans: স্বজনপদ্ধতি মূলত দুই প্ৰকাৰৰ যেনে – 

(i) সগোত্রীয় সম্বন্ধীয় স্বজন পদ্ধতি (consangaincal relatives)

(ii) বৈবাহিক সম্বন্ধীয় স্বজন পদ্ধতি (Affixal relatives)

63. বংশ-পৰম্পৰা নিয়মাৱলী কাক বোলা হৈছে? 

Ans: সগোত্রীয় সম্বন্ধীসকলক নিৰূপণ কৰিবৰ বাবে কিছুমান ৰীতি-নীতি বা নিয়মাৱলী মানি চলা হৈছে। এই বিজ্ঞানভিত্তিক নিয়মাবলীকে বংশ পৰম্পৰা নিয়মাৱলী বুলি কোৱা হয়।

64. বংশ পৰম্পৰা নিয়মাৱলী মতে, সগোত্রীয় পদ্ধতিক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

Ans: বংশ-পৰম্পৰা নিয়মাৱলী মতে, সগোত্রীয় পদ্ধতিক তিনিভাগত ভাগ কৰা হৈছে –

(i) পিতৃয়াত্মক।

(ii) মাতৃয়াত্মক। আৰু

(iii) উভয়পক্ষীয় পদ্ধতি।

65. স্বজন পদ্ধতিৰ কামসমূহ চমুকৈ লিখা।

Ans: স্বজন পদ্ধতিৰ কামবোৰ তলত উল্লেখ কৰা হ’ল―

(i) সামাজিক ঐক্য বজাই ৰখাৰ ক্ষেত্ৰত স্বজন পদ্ধতিয়েই মুখ্য ভূমিকা গ্ৰহণ কৰে। আদিম সমাজত এই পদ্ধতিয়েই মানুহ কৰ্তব্য আৰু দায়িত্ব নির্ধাৰণ কৰিছিল। ফলত সমাজত শান্তি-শৃংখলা তথা একতাই বিৰাজ কৰিছিল।

(ii) বিবাহ, শ্মশান যাত্রা, উৎসৱ-পাৰ্বণ আদিত স্বজন সম্বন্ধীয়। লোকে পৰস্পৰে পৰস্পৰক সহায় কৰাৰ বাবে সুখ-দুখৰ সময়ত ব্যক্তিয়ে যথেষ্ট সকাহ পায়। ফলত পৰিয়ালে সংহতি বজাই ৰাখিব পাৰে।

(iii) স্বজন পদ্ধতিৰ সম্বন্ধিত লোকৰ মাজত বিবাহ নিষিদ্ধ হোৱাত সামাজিক শৃংখলা অটুট আছে। তদুপৰি নতুন স্বজনগোষ্ঠীৰ জন্মত অৰিহণা যোগাইছে।

(iv) সামাজিকৰণৰ ক্ষেত্ৰত স্বজন পদ্ধতিৰ বিশেষ গুৰুত্ব আছে। স্বজন সম্বন্ধীয় ব্যক্তিৰ মাজতেই শিশুক ভৱিষ্যতৰ আৰু সামাজিকৰণৰ শিক্ষা দিয়া হয়।

(v) অর্থনৈতিক দিশতো স্বজন পদ্ধতিৰ প্রভাৱ আছে। ব্যবসায় বাণিজ্য বা দুখে-বিপদে স্বজন-পদ্ধতিৰে সম্পর্কিত ব্যক্তিয়ে ইজনে সিজনক  সহায়-সহযোগ আগবঢ়ায়। 

66. সাংস্কৃতিক প্রতিযোগিতা কি?

Ans: বিভিন্ন সংস্কৃতিৰ মাজত চলা প্রতিযোগিতাই হৈছে সাংস্কৃতিক প্রতিযোগিতা। এখন সমাজত যেতিয়া একাধিক সংস্কৃতিয়ে একেলগে দেখা দিয়ে, তেতিয়া কোনটো সমাজে গ্ৰহণ কৰিব বা বৰ্জন কৰিব তাকে লৈ সমাজত প্ৰতিযোগিতা চলে। সমাজৰ প্ৰত্যেক ব্যক্তিয়েই নিজস্ব সংস্কৃতিৰে পৰিচালিত হ’ব বিচাৰে। ফলত দুটা বা অত্যাধিক ভিন্ন সংস্কৃতিৰ ব্যক্তিৰ মাজত নিজস্বতা ৰক্ষা আৰু শ্ৰেষ্ঠতা ৰক্ষাৰ প্ৰতিযোগিতা চলে। যিটো সংস্কৃতিৰ প্ৰতি মানুহে বেছিকৈ আকৃষ্ট হয়, বা যিটো সংস্কৃতিৰ প্ৰতি মানুহ বেছিকৈ অনুপ্রাণিত সেই সংস্কৃতিয়েই বেছিকৈ প্ৰসাৰতা লাভ কৰে। উদাহৰণস্বৰূপে, প্রাচ্যৰ দেশসমূহে পাশ্চাত্য দেশ সমুহৰ সংস্কৃতি আহৰণ কৰাৰ কথা ক’ব পাৰি। সাংস্কৃতিক প্রতিযোগিতাৰ ফলত সদৃশীকৰণ (Assimilation) প্রক্ৰিয়াৰো সৃষ্টি হৈছে। সদৃশীকৰণত দুটা বা ততোধিক সংস্কৃতিৰ সংমিশ্ৰণ হৈছে।

67. প্ৰতিযোগিতাৰ সংজ্ঞা লিখা।

Ans: (i) পাৰ্ক আৰু বাৰ্গেছে প্রতিযোগিতাক সমাজৰ চুক্তিহীন আন্তঃক্রিয়া পদ্ধতি বুলি অভিহিত কৰিছে।

(ii) উডবার্ড আৰু মেক্সৱেলৰ মতে, “প্রতিযোগিতা অব্যক্তিক আৰু অজ্ঞাত, এক ধাৰাবাহিক সংগ্রাম, যিটো সীমিত যোগান আৰু অভাৱৰ ভিত্তিত সৃষ্টি হয়।

(iii) বিছেনছৰ মতে, “অৰ্থাৎ মানুহে জীৱন নিৰ্বাহৰ প্ৰচেষ্টা চলাওঁতে সকলোৱে সমানে অংশগ্রহণ কৰিব নোৱাৰে যদিও দুজন বা ততোধিক ব্যক্তিৰ মাজত লক্ষ্যত উপনীত হ’বলৈ যি প্রক্রিয়া চলে সিয়েই। প্রতিযোগিতা।”

(iv) এগুৰেচন আৰু পাৰ্কৰ মতে, “প্রতিযোগিতা হৈছে, এটা সামাজিক ক্ৰিয়া পদ্ধতি যিটো আমি সীমিত বস্তুবাদী বা অবস্তুবাদী লাভালাভৰ বা ব্যৱহাৰৰ বৰে পৰস্পৰৰ বিৰোধীতাৰে কাম কৰাৰ পদ্ধতি।” 

68. সামাজিক আন্তঃক্ৰিয়াৰ সংজ্ঞা দিয়া।

Ans: (i) আর্নল্ড গ্ৰীণৰ মতে, “মানুহৰ ভাৱ চিন্তাক বাস্তবত ৰূপায়িত কৰিবৰ বাবে আৰু সামাজিক সমস্যাসমূহ সমাধান কৰিবৰ বাবে ব্যক্তিৰ লগত সামাজিক সমূহৰ যি পাৰস্পৰিক সম্বন্ধ গঢ়ি উঠে, সিয়েই সামাজিক আন্তঃক্রিয়া।”

(ii) এলড্রিচ আৰু মিৰিলৰ মতে, “সামাজিক আন্তঃক্রিয়া এটা সামাজিক প্ৰক্ৰিয়া, যাৰ দ্বাৰা দুজন বা ততোধিক ব্যক্তিয়ে অর্থপূর্ণভাৱে একত্রিত হয়, আৰু যাৰ ফলত মানুহৰ ব্যৱহাৰ সামান্যভাৱে হ’লেও সংশোধিত হয়।”

(iii) বিছেছৰ মতে, “অর্থাৎ মানুহে জীৱন-নিৰ্বাহৰ প্ৰচেষ্টা চলাওঁতে সকলোৱে সমানে অংশগ্ৰহণ কৰিব নোৱাৰে যদিও দুজন বা ততোধিক ব্যক্তিৰ মাজত লক্ষ্যত উপনীত হ’বলৈ যি প্রক্রিয়া চলে সিয়েই প্রতিযোগিতা।”

(iv) এন.পি.গিচৰ মতে, “পাৰস্পৰিক বুজাবুজি, আন্তঃ সক্ষমতা আৰু গ্ৰহণযোগ্য পদ্ধতিৰে মানুহৰ মাজত গঢ় লোৱা পদ্ধতিয়েই হ’ল আন্তঃক্রিয়া পদ্ধতি।”

(v) ভাটচন আৰু গেটছও কৈছে যে, “ব্যক্তিয়ে ইজনে সিজনৰ বা পৰস্পৰে মনৰ মাজত ক্ৰিয়া কৰিব পৰা পদ্ধতিয়েই আন্তঃক্রিয়া পদ্ধতি।

69. ৰাষ্ট্ৰৰ কাম সমূহ উল্লেখ কৰা। 

Ans: ৰাষ্ট্ৰৰ কামসমূহ তলত উল্লেখ কৰা হ’ল―

(i) প্ৰতিৰক্ষা [Defence]: যিকোনো ৰাষ্ট্ৰৰ প্ৰথম আৰু প্ৰধান কাম হ’ল বিদেশী আক্ৰমণৰ পৰা দেশ বা ৰাষ্ট্ৰক ৰক্ষা কৰা। প্ৰতিৰক্ষাৰ ব্যৱস্থা যিমানেই শক্তিশালী হয় সিমানেই এখন ৰাষ্ট্ৰৰ নিৰাপত্তা অটুট থাকে। সেই কাৰণে প্ৰতিখন ৰাষ্ট্ৰই প্ৰতিৰক্ষামূলক ব্যৱস্থা শক্তিশালী কৰি ৰাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে।

(ii) আইন-শৃংখলা প্রতিষ্ঠা আৰু অটুট ৰখা [Maintenance of law and order]: সামাজিক অপৰাধ আৰু বিশৃংখলতা নির্মূল কৰিবলৈ সমাজত কিছুমান আইন প্ৰৱৰ্তন কৰি এই আইন ৰক্ষা কৰিব লগা হয়। সার্বভৌম ক্ষমতা থকাৰ বাবে এই কাম ৰাষ্ট্ৰই কৰিব লগা হয়। সামাজিক পৰিস্থিতিৰ লগত সংগতি ৰাখি আইন প্রণয়ন কৰিব লাগে।

(iii) অর্থনৈতিক কাম [Economic Function]: এখন সমাজৰ অৰ্থনৈতিক অৱস্থাটো উন্নয়নৰ বাবে পৰিকল্পনা, উৎপাদন, বিতৰণ, বিনিয়োগ, ‘বজাৰ আদি সকলো দিশতে ৰাষ্ট্ৰই বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে। কৃষি, শিল্প, উদ্যোগ আদি সকলোতে ৰাষ্ট্ৰই দায়িত্ব গ্ৰহণ কৰিব লাগে।

(iv) সামাজিক কল্যাণমূলক কাম [Social welfare function]: এখন সমাজৰ উন্নয়নমূলক সকলো কাম ৰাষ্ট্ৰই কৰিব লাগে। শিক্ষা, স্বাস্থ্যৰক্ষাত সুবিধা প্ৰদান, শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ সুবিধা, জীৱনৰ নিৰাপত্তা, দুখীয়া আৰু শাৰীৰিক অক্ষমৰ নিৰাপত্তা, সম্পত্তি আহৰণৰ সুবিধা, সামাজিক কু-ব্যৱস্থা নির্মূল আদি বিভিন্ন ধৰণৰ সামাজিক উন্নয়নমূলক কাম কৰাৰ দায়িত্ব ৰাষ্ট্ৰই বহন কৰিব লাগে ৷

70. অৰ্থনীতিৰ সামাজিক প্ৰয়োজনীয়তা সমূহ উল্লেখ কৰা।

Ans: (i) অর্থনৈতিক সংস্থাৰ যোগেদি মানুহৰ অভাৱ পূৰ্ণ কৰিব পাৰি। মানুহৰ সীমাহীন অভাৱ পূৰণৰ ক্ষেত্ৰত অৰ্থনীতিয়ে প্রকৃত পথ প্ৰদৰ্শন কৰে।

(ii) যিকোনো এখন সমাজৰ উন্নতি কেৱল অর্থনৈতিক সংস্থাৰ যোগেদিহে সম্ভৱ। অর্থনীতিৰ উন্নয়নৰ লগে লগে সমাজৰো উন্নতি হয়। 

(iii) অৰ্থনৈতিক সংস্থাৰ যোগেদি মানুহে আত্মনিয়োগৰ সুবিধা পায় । উৎপাদনৰ কৌশলসমূহ আয়ত্ত কৰি লৈ মানুহে উৎপাদন কার্যত নিজকে আত্মনিয়োগ কৰিব পাৰে।

(iv) অর্থনৈতিক সংস্থাৰ ফলত সমাজত প্ৰতিযোগিতাৰ মনোভাৱ গঢ় লৈ উঠে। প্রতিযোগিতাই মানৱ সমাজৰ উন্নতি যথেষ্ট সহায় কৰে। 

(v) অর্থনৈতিক সংস্থাৰ ফলত মানুহে যিকোনো উৎপাদন কৰা সামগ্ৰী উপভোগ কৰাৰ সুবিধা পায়।

(vi) অর্থনৈতিক সংস্থাৰ ফলত শ্রম বিভাজন বৃদ্ধি হোৱাত সমাজত বিশেষ বিশেষ কামৰ বাবে নিপুণ ব্যক্তিৰ সৃষ্টি হৈছে।

(vii) অর্থনৈতিক সংস্থাৰ ফলত মানুহৰ অন্তৰত সঞ্চয়ৰ প্ৰতি আগ্রহ বৃদ্ধি হৈছে। সেয়ে বিপদকালীন অৱস্থাত মানুহে পৰনিৰ্ভৰশীল নোহোৱাকৈ চলিব পৰা হৈছে।

(viii) অর্থনৈতিক সংস্থাৰ ফলত মানুহৰ শাৰীৰিক শ্ৰম লাঘৱ হৈছে। কম শ্রমতে অধিক উৎপাদন সম্ভৱ হৈছে।

(ix) অর্থনৈতিক সংস্থাৰ ফলত বজাৰ, যোগান, বিতৰণ, পৰিবহন আদিত দ্রুত উন্নতি হৈছে।

(x) অর্থনৈতিক সংস্থাৰ ফলত উৎপাদিত সামগ্ৰীৰ গুণাগুণ ক্রমে বৃদ্ধি কৰাত সহায় কৰিছে।

(xi) অর্থনৈতিক সংস্থাৰ ফলত মানুহৰ মূল্যবোধ, ৰুচি- অভিৰুচি, পচন্দ-অপচন্দ জীৱন নিৰ্বাহৰ প্ৰণালী আদি মানুহে ইচ্ছামতে গ্ৰহণ কৰিব পৰা হৈছে।

(xii) অর্থনৈতিক সংস্থাৰ ফলত সমাজত গোড়ামি কিছু কমিছে। আনহে নালাগে অর্থনীতিয়ে ধৰ্মীয় বিশ্বাসৰো পৰিৱৰ্তন ঘটায়। 

(xiii) অর্থনৈতিক সংস্থাৰ উন্নয়নৰ ফলত অৰ্থনীতিৰ লগত জড়িত বহুতো সংস্থাই জন্ম লাভ কৰিছে। 

71. ধৰ্মৰ সংজ্ঞা দিয়া।

Ans: (i) ইমাইল দুৰখেইমৰ মতে, “Religion is a system of beliefs & rituals with reference to the secred which binds people together into social group”. অর্থাৎ ধৰ্ম হৈছে বিশ্বাস বীতি-নীতিৰ সমষ্টি, যি বিশ্বাসে কিছুমান বস্তুক পৱিত্ৰ আৰু আন কিছুমানক অপৱিত্ৰ বুলি গণ্য কৰে আৰু একোটা ধৰ্মীয় সমূহর সৃষ্টি করে।

(ii) ব্লান্টচলিৰ আগবাৰ্ণ আৰু নিমকফৰ মতে, “Religion is attitude towards superhuman powers ” অর্থাৎ ধৰ্ম হৈছে মানুহ ঐশ্বৰিক শক্তিৰ প্ৰতি থকা বিশ্বাস।

(iii) মেক আইভাৰ আৰু পেজৰ মতে, “Religion as we understand the term, implies a relationship not merely between man and man but also between man and some higher power. “. অর্থাৎ আমি বুজা মতে, ধৰ্মই কেৱল মানুহৰ মাজৰ সম্পৰ্ককে নুসুচায়, ই মানুহৰ আৰু কিছুমান উচ্চ শক্তিৰ মাজৰা সম্পর্ককো সূচায়। তেওঁলোকেও যি উচ্চ শক্তিৰ কথা কৈছে সিয়েই অলৌকিক শক্তি বুলিব পাৰি।

(iv) ফ্ৰেজাৰৰ মতে, “Religion as a belief in powers superior to man which are believe to direct and control the course of nature of human life”. অর্থাৎ ধৰ্ম হ’ল অতিমানর শক্তিৰ ওপৰত ৰখা বিশ্বাস, যি শক্তিয়ে প্রকৃত আৰু মানৱ জীৱনৰ আবহমান ধাৰাক নিৰ্দেশিত আৰু নিয়ন্ত্রিত কৰে। অৰ্থাৎ মানৱ শক্তিৰ প্রভাৱৰ বাহিৰত এক শক্তি আছে যি শক্তি সমষ্টিয়ে প্রকৃতি তথা মানৱক নিয়ন্ত্ৰিত কৰে।

72. ধৰ্মৰ সামাজিক ক্রিয়াসমূহৰ বিষয়ে আলোচনা কৰা ৷ 

Ans: ধৰ্মৰ সামাজিক ক্রিয়াসমূহ তলত আলোচনা কৰা হ’ল―

প্রথমতে, ধর্মই সামাজিক সংহতি ৰক্ষা কৰাত বিশেষ ভূমিকা গ্রহণ কৰিছে। সাধাৰণতে, এনে ধৰ্মৰ মানুহে একে বৃত্তি আহৰণ আৰু একে ধৰণৰ আচৰণ কৰে। ফলত সংহতিপূর্ণ সাম্প্রদায়িক ভাৱ এটি গঢ়ি উঠে। এইটোৱেই সমাজত ঐক্য সংহতিৰ বান্ধোন সুদৃঢ় কৰে।

দ্বিতীয়তে, ধর্মই সামাজিক নিয়ন্ত্রণ রক্ষাতো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। ধৰ্ম সদায় ৰীতি-নীতি, উচিত-অনুচিত, পবিত্র-অপবিত্র, পাপ পুণ্য আদিৰ লগত জড়িত। ধর্মই সদায় অনুচিত, অপবিত্র, পাপ কর্মক বাধা দি সামাজিক নিয়ন্ত্ৰণ ৰক্ষা কৰে।

তৃতীয়তে, ধৰ্মই মানুহৰ সামাজিক শান্তি প্রতিষ্ঠা করে। ভয়, দুঃচিন্তাৰ পৰা হাত সাৰিবলৈ ধৰ্মৰ আশ্ৰয় লোৱা হয়। বিশেষকৈ যত্নৰ পিছতো মৃত্যুমুখী মানুহজনক ৰাখিব নোৱাৰি মানুহে অসহায়রোধ কৰে আৰু সেই অৱস্থাটো ভগৱানৰ দান বুলি ভাবিয়েই বহুখিনি সান্তনা লাভ কৰে।

চতুৰ্থতে, ধৰ্মই মানুহৰ মহত্ব উপলব্ধি হোৱাত সহায় কৰে। উদাহৰণস্বৰূপে, সন্তান পিতৃ-মাতৃৰ সৃষ্টি যদিও ঈশ্বৰৰ অৱদান হিচাপে গণ্য কৰে। অৰ্থাৎ ঈশ্বৰৰ ওপৰত শ্ৰেষ্ঠত্ব আৰোপ কৰিছে। গতিকে, সেই শ্ৰেষ্ঠত্ব বা ঈশ্বৰৰ কৰুণা লাভৰ বাবে ভোগ-বিলাস, কামনা-বাসনা ত্যাগ কৰাও দেখা যায়। ফলত শ্রেষ্ঠ আধ্যাত্মিক সমাজ গঢ়ি উঠাত অৰিহণা যোগাইছে।

পঞ্চমতে, ধর্মই ব্যক্তিগত জীৱনৰ গুৰুত্ব উপলব্ধিত সহায় কৰে। মানুহে নিজৰ সামৰ্থতা বুজি সেই মতে কাম কৰিলেহে সামগ্রিকভাৱে সমাজখনৰ উন্নতি হ’ব।

ষষ্ঠতে, ধৰ্মই মানুহৰ অৰ্থনৈতিক জীৱনতো প্ৰভাৱ বিস্তাৰ কৰে। এই সম্পর্কে মেক্সৱেবাৰে দেখুৱাইছে যে আমেৰিকা, ইংলেণ্ড আদি প্ৰটেষ্টান্ট ৰাষ্ট্ৰত পুঁজিবাদী ব্যৱস্থাই গা কৰি উঠাৰ দৰে ইটালী, স্পেইন আদি কেথলিক ৰাষ্ট্ৰত পুঁজিবাদী ব্যৱস্থাই গা কৰি উঠিব পৰা নাই।

সপ্তমতে, ধর্মই কলা-সাহিত্য আৰু সংগীতৰ বিকাশ সাধনতো অবদান যোগাইছে। উদাহৰণস্বৰূপে, ভগৱানক জনোৱা পূজা-প্রার্থনাবোৰৰ যথেষ্ট সাহিত্যিক মূল্য আছে। এনে ধৰণে ডাঙৰ মঠ-মন্দিৰ, গীর্জা, চিত্রাঙ্কণ আদিয়ে সমাজত প্ৰভাৱ পেলাইছে।

73. সহযোগিতা (Co-Operation) সম্পর্কে চমুকৈ লিখা।

Ans: সামাজিক প্রক্রিয়াসমূহৰ ভিতৰত সহযোগিতা আটাইতকৈ গুৰুত্বপূৰ্ণ সামাজিক প্রক্রিয়া। সহযোগৰ অবিহনে সমাজৰ কথা কল্পনা কৰিব নোৱাৰি। আনকি পতি-পত্নীৰ সহযোগৰ অবিহনে মানৱ সমাজৰ প্রবহমান গতিও ৰুদ্ধ হৈ যাব। সহযোগিতাৰে ইংৰাজী প্রতিশব্দ ‘Co-Operation ‘ । এই Co-Operation মানে কাম। অর্থাৎ, একেলগে কৰা কামেই সহযোগিতা। কিন্তু প্ৰকৃততে সকলোবোৰ পাৰস্পৰিক ক্রিয়াক সহযোগিতা বুলিব নোৱাৰি। সহযোগিতা হ’বলৈ হ’লে ব্যক্তিসকলে নির্দিষ্ট উদ্দেশ্য আগত ৰাখি সচেতনভাৱেহে অংশগ্রহণ কৰিব লাগিব।

এ.ডব্লিউ গ্ৰীণৰ মতে, “ দুজন বা ততোধিক ব্যক্তিয়ে নির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে বাৰে বাৰে কৰা প্ৰচেষ্টাই হৈছে সহযোগিতা।” মেৰিল আৰু এলড্ৰিজৰ মতে, “উমৈহতীয়া লক্ষ্য সাধনৰ বাবে দুজন বা ততোধিক ব্যক্তিয়ে কৰা সামাজিক আন্তঃক্রিয়া পদ্ধতিয়েই হৈছে সহযোগিতা।

ফেয়াৰ চাইল্ডে সহযোগিতা সম্পর্কে এটা উল্লেখযোগ্য সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে, “ব্যক্তি বা সমূহে তেওঁলোকৰ কাৰ্যসমূহ কম বেছি পৰিমাণে একত্ৰিত কৰি উমৈহতীয়া লক্ষ্য পূৰণৰ বাবে চলোৱা প্রচেষ্টাই হৈছে সহযোগিতা।”

74. প্রতিযোগিতাৰ চৰিত্ৰ বা বৈশিষ্ট্যসমূহ লিখা।

Ans: প্রতিযোগিতাৰ চৰিত্ৰ বা বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়। যেনে-

(i) প্ৰথমতে, পৃথিৱীৰ সকলোবোৰ সমাজতে কম-বেছি পৰিমাণে প্রতিযোগিতা দেখিবলৈ পোৱা হয়। গতিকে, প্রতিযোগিতাক বিশ্বজনীন সামাজিক প্রক্রিয়া হিচাপে গণ্য কৰা হয়। 

(ii) দ্বিতীয়তে, প্রতিযোগিতা কোনো বিষয় বা লক্ষ্য লাভৰ বাবেহে কৰা হয়। প্রতিযোগিতাত অৱতীৰ্ণ হওঁতে প্ৰতিযোগীৰ পৰিৱৰ্তে লক্ষ্য লাভৰ চিন্তাহে কৰা হয়। গতিকে প্রতিযোগিতা হৈছে অব্যক্তিক। 

(iii) তৃতীয়তে, ঘাইকৈ প্রতিযোগিতা চলোৱা হয় সীমিত অভাৱ পূৰ্ণৰ বাবে। গতিকে প্রতিযোগিতাৰ লগত অভাৱৰ সম্বন্ধ আছে।

(iv) চতুর্থতে, প্রতিযোগিতাই সমাজৰ উন্নতি আৰু বিকাশত যথেষ্ট অৰিহণা যোগায়। গতিকে প্রতিযোগিতাৰ ফলত সামাজিক গতিশীলতা বৃদ্ধি পায়। 

(v) পঞ্চমতে, প্রতিযোগিতাই ব্যক্তিত্ব বিকাশ সাধন কৰে আৰু প্রতিযোগীৰ প্ৰস্থিতি নিৰূপণ কৰে।

(vi) ষষ্ঠতে, প্রতিযোগিতা হৈছে অসচেতন কার্য। অর্থাৎ মানুহে নিজৰ অজ্ঞাতেও প্রতিযোগিতাত অৱতীর্ণ হয়। 

75. প্ৰতিযোগিতাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

Ans: সামাজিক জীৱনত প্ৰতিযোগিতাৰ গুৰুত্বসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি―

(i) প্ৰথমতে, প্রতিযোগিতাৰ দ্বাৰা ব্যক্তিয়ে নিজ স্বাৰ্থ পূৰণ কৰিব পাৰে। 

(ii) দ্বিতীয়তে, প্রয়োজনীয়তা পূৰ্ণৰ ক্ষেত্ৰত প্ৰতিযোগিতাই নীতিগত কৌশল অৱলম্বন কৰে।

(iii) তৃতীয়তে, গতিশীল প্রক্রিয়া হিচাপে প্রতিযোগিতাই বহুতো আৱশ্যকীয় কৰ্ম সম্পাদন কৰে।

(iv) চতুর্থতে, প্রতিযোগিতাই সামাজিক কামবোৰ সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। 

(v) পঞ্চমতে, প্রতিযোগিতাই সাংগঠনিক কাম-কাজত বিশেষ অৰিহণা যোগায়।

(vi) ষষ্ঠতে, প্রতিযোগিতা হ’ল প্ৰেৰণাৰ মূল উৎস। 

(vii) সপ্তমতে, প্রতিযোগিতাই কৰ্মসংস্থা সফল আৰু সক্ৰিয় কৰে।

(viii) অষ্টমতে, প্রতিযোগিতাই স্বলব্ধ প্ৰস্থিতিৰ মূল্যাঙ্কন কৰে।

76. সংঘৰ্ষৰ বৈশিষ্ট্যসমূহ (Characteristics of Conflict) লিখা।

Ans: সংঘৰ্ষৰ সংজ্ঞা আৰু কাৰ্যলৈ লক্ষ্য কৰিলে সংঘৰ্ষৰ কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয়। 

তেনে বৈশিষ্ট্য দুটামান তলত চমুকৈ উল্লেখ কৰা হ’ল –

(i) প্ৰথমতে, সংঘৰ্ষ হৈছ এটা সচেতনাত্মক কার্য। ব্যক্তিয়ে বা এটা সমূহে সম্পূর্ণ জ্ঞাত বা সচেতনভাৱেহে ব্যক্তি বা আন সমূহৰ বিপৰীতে নিৰ্দিষ্ট লক্ষ্য সাধনৰ বাবে সংঘর্ষ অৱতীর্ণ হয়।

(ii) দ্বিতীয়তে, সংঘৰ্ষ হৈছে এটা বিশ্বজনীন সামাজিক প্রক্রিয়া। সংঘর্ষ নথকা সমাজ পৃথিৱীত বিৰল। বহুতেই সংঘৰ্ষ আৰু সহযোগিতাক একোটা অৰ্থতে প্রয়োগ কৰিবলৈ বিচাৰিছে।

(iii) তৃতীয়তে, সংঘর্ষ এটা অধাৰাবাহিক প্রক্রিয়া। সমাজত সকলো সময়তে বা একেৰাহে সংঘর্ষ ঘটি নাথাকে। অৱশ্যে সংঘৰ্ষৰ ফলত সামাজিক সমন্বয়ৰ অৱনতি ঘটে আৰু এনে অৱনতি সুদীর্ঘ দিনলৈকে থাকিব পাৰে।

(iv) চতুৰ্থতে, সংঘর্ষ এটা প্ৰক্ৰিয়াৰ লগত জড়িত। কোনো প্ৰতিক্ৰিয়াৰ বিৰুদ্ধেৰে সংঘৰ্ষৰ সূত্ৰপাত হয়।

(v) পঞ্চমতে, সংঘর্ষ কেৱল ধ্বংসাত্মকেই নহয়, ই গঠনাত্মকো। সংঘৰ্ষৰ শেষত হোৱা চুক্তি বা সমাধান নতুন সংগঠন বা সম্পৰ্কৰ সৃষ্টি হয়।

(vi) ষষ্ঠতে, সংঘৰ্ষৰ লগত প্ৰতিযোগিতা আৰু সহযোগিতাৰ ওতঃপ্রোত সম্বন্ধ আছে।

(vii) সপ্তমতে, সংঘৰ্ষত এটা পক্ষই আন এটা পক্ষ বা প্রক্তিপত কৰিবলৈ হিংসা, দমন, নীতিৰ প্ৰদৰ্শন আদিৰ সহায় লয়। 

(viii) অষ্টমতে, সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পাছত অৱসানো ঘটে। সাধাৰণতে জয়-পৰাজয়, চুক্তি আদিৰ মাধ্যমেৰে সংঘৰ্ষৰ অৱসান ঘটে।

77. সামাজিক জীৱনক সংঘৰ্ষ আৰু প্ৰতিযোগিতাৰ ভূমিকা (Role conflict & competition in social life) সম্পর্কে লিখা।

Ans: সংঘৰ্ষ আৰু প্ৰতিযোগিতা এই দুয়োটা সামাজিক প্ৰক্ৰিয়াৰ মাজত পাৰস্পৰিক সাদৃশ্যতা আৰু বৈসাদৃশ্যতা পৰিলক্ষিত হয়। এই দুয়োটা প্ৰক্ৰিয়াৰে লক্ষ্য আৰু উদ্দেশ্য হ’ল – প্রতিদ্বন্দ্বী বা বিপৰীতপক্ষক পৰাভূত কৰা। 

উদাহৰণস্বৰূপে –

(i) প্রথমতে, প্রতিযোগিতাত প্ৰতিযোগীয়ে প্রতিদ্বন্দ্বীক অন্যায় কৰি পৰাভূত কৰিব নিবিচাৰে, কিন্তু সংঘর্ষই অন্যায় সহযোগত বা বলপূৰ্বকভাৱেই পৰাস্ত কৰিব বিচাৰে। প্ৰতিযোগিতাত হিংসা বা ধ্বংস স্থান নাই; কিন্তু সংঘৰ্ষত ধ্বংস বা হিংসাৰ স্থান বিদ্যমান।

(ii) দ্বিতীয়তে, প্রতিযোগিতা এটা অজ্ঞাত প্ৰক্ৰিয়া। কোনো পক্ষই বিপৰীত পক্ষৰ কথা চিন্তা নকৰাকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। উদাহৰণস্বৰূপে, ব্যক্তিয়ে উন্নতি লাভৰ প্ৰতিযোগিতাত অগ্ৰসৰ হওঁতে প্ৰতিযোগীৰ কথা চিন্তা নকৰে। আনহাতে সংঘৰ্ষ নিৰ্দিষ্ট ব্যক্তি বা সমূহৰ মাজতহে সংঘটিত হয়।

(iii) তৃতীয়তে, কোনো বিশেষ কাৰণ বা সমস্যাৰ বাবেহে সংঘৰ্ষ হয়, কিন্তু স্বভাৱগতভাৱেই ব্যক্তিসকল প্রতিযোগিতাত অভ্যস্ত থাকে।

(iv) চতুর্থতে, প্রতিযোগিতা হৈছে এটা ধাৰাবাহিক প্রক্রিয়া। ব্যক্তিয়ে অহৰ্নিশে প্রতিযোগিতাত অৱতীর্ণ হয়। আনহাতে সংঘৰ্ষ ধাৰাবাহিক প্রক্রিয়া নহয়। ব্যক্তিয়ে বিশেষ সমস্যা বা বিশেষ সময়তহে সংঘৰ্ষত অৱতীর্ণ হয়।

(v) পঞ্চমতে, প্রতিযোগিতাই ব্যক্তিক কৰ্মপ্রেৰণা যোগায়। কিন্তু সংঘর্ষই ব্যক্তিক কর্মবিমুখহে কৰে। উদাহৰণস্বৰূপে সংঘৰ্ষৰ সময়ত ব্যক্তিৰ কৰ্মস্পৃহা বিলুপ্তি ঘটাৰ কথা ক’ব পাৰি।

(vi) ষষ্ঠতে, প্রতিযোগিতাত ৰীতি-নীতিৰ প্ৰাধান্যতা বেছি। কিন্তু সংঘৰ্ষত ৰীতি-নীতি বিসর্জন দিয়া হয়। 

78. সহযোগিতা আৰু সংঘৰ্ষৰ মাজত পাৰ্থক্য লিখা।

Ans: সহযোগিতা আৰু সংঘৰ্ষৰ মাজত পাৰ্থক্য হ’ল―

(i) সহযোগিতা দুই বা ততোধিক ব্যক্তিৰ পাৰস্পৰিক বুজাপৰা কিন্তু সংঘর্ষ হ’ল কোনো স্বাৰ্থক লৈ দুই বিপৰীত শক্তিৰ মাজত চলা দ্বন্দ্ব।

(ii) সহযোগিতা সমুহীয়া উদ্দেশ্যৰ সৈতে জড়িত কিন্তু সংঘর্ষ একেটা উদ্দেশ্য সাধনৰ বাবে দুজন ব্যক্তি বা দুটা সমূহৰ মাজত হোৱা প্রতিহিংসামূলক প্রত্যক্ষ কার্য।

(iii) সহযোগিতাৰ বাবে আন্তৰিকতাৰ প্রয়োজন কিন্তু সংঘৰ্ষত আন্তৰিকতা নাথাকে।

(iv) সহযোগিতা আৰু সংঘর্ষ প্রক্রিয়া হিচাপে স্বাভাবিক অৱস্থাৰ বিপৰীত। 

79. চমু টোকা লিখা:

Ans: (i) পৰিয়াল আৰু সামাজিক সংস্থা: পৰিয়াল মানৱ সমাজৰ মূল আধাৰ আৰু বিশ্বজনীন সংস্থা। পৰিয়ালৰ উৎপত্তিৰ পিছতহে মানুহে সমাজ সংগঠনৰ ব্যৱস্থা লয়। পৰিয়ালেই মানুহৰ সামাজিক জীৱনৰ প্রথম পদক্ষেপ। কিয়নো পৰিয়ালতেই মানুহৰ জন্ম হয়, ইয়াতেই ডাঙৰ দীঘল হয়, ইয়াতেই সামাজিক জীৱনৰ প্ৰাথমিক কথা শিকি নিজকে সমাজৰ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলে। গতিকে, পৰিয়ালৰ বিষয়ে বহুলভাৱে অধ্যয়ন কৰাটো অতি প্রয়োজনীয়। এই সম্পর্কে কিংছলি ডেভিছে কৈছে যে, অর্থনীতি, ৰাজনীতি, শিক্ষা আদি সামাজিক সংস্থাৰ বিষয়ে অধ্যয়ন কৰিবলৈ সুকীয়া সমাজ বিজ্ঞান আছে। কিন্তু পৰিয়ালৰ দৰে অতিশয় গুৰুত্বপূৰ্ণ সামাজিক সংস্থাৰ বিষয়ে অধ্যয়ন কৰিবলৈ তেনে কোনো বিশেষ বিজ্ঞান এতিয়াও গঢ়ি নুঠাটো পৰিতাপৰ বিষয়।

একো একোটা পৰিয়ালৰ ব্যক্তি যদিও পৰিয়াল কাক বোলে সঠিকভাৱে ক’ব নোৱাৰো। 

তথাপিও কেইজনমান সমাজতত্ববিদৰ কেইটামান সংজ্ঞা আলোচনা কৰা হ’ল-

(i) মেক আইভাৰ আৰু পেজৰ মতে, “A group defined by a sex relationship sufficiently precise & enduring to provide for the procreation and upbringing of children”. অৰ্থাৎ পৰিয়াল হৈছে এক নিৰ্দিষ্ট আৰু স্থায়ী যৌন সম্বন্ধৰ দ্বাৰা নিৰ্ধাৰিত সামাজিক গোট, যি গোটে জন্ম দিয়া আৰু সিহঁতক লালন-পালন কৰা কার্য সমাপন কৰিব পাৰে। 

(ii) আগবার্ণ আৰু নিমকৃষ্ণৰ মতে, “Family is a more or less durable association of husband & wife or without children, or of a man or woman done with children.” অৰ্থাৎ পৰিয়াল হৈছে বিবাহিত পতি-পত্নী আৰু তেওঁলোকৰ নিজৰ ফালৰ পৰা জন্ম হোৱা বা আনৰ পৰা তুলি লোৱা সন্তানক লৈ গঠিত হোৱা ব্যক্তিৰ সমষ্টি বা সামাজিক গোট।

(iii) কিংছলি ডেভিছৰ মতে, “Family is a group of persons whose relations one another are based upon consanguinity & who are therefore kin to another. ” অর্থাৎ পৰিয়াল এনে কেইজনমান ব্যক্তিৰ সমষ্টি বা গোট, যি গোটৰ পাৰস্পৰিক সম্বন্ধ তেজ-মঙহৰ ওপৰত ভিত্তি কৰা হয় আৰু সেই কাৰণেই এই গোটৰ প্ৰত্যেকেই প্রত্যেকৰ সম্বন্ধীয় হৈ পৰে।

(ii) ৰাজনীতি এক সামাজিক সংস্থা: প্রতিখন মানৱ সমাজৰৰে আন এটা অন্যতম সংস্থা হ’ল ৰাজনৈতিক পদ্ধতি। ৰাজনৈতিক পদ্ধতিৰ অবিহনে কোনো মানৱ সমাজ তিষ্ঠি থাকিব নোৱাৰে। মানুহে সমাজ পাতি বসবাস কৰিবলৈ ওলোৱাৰ লগে লগেই ৰাজনৈতিক পদ্ধতিৰো সূত্রপাত হয়। অৱশ্যে বৰ্তমানৰ ৰাজনৈতিক পদ্ধতিৰ তুলনাত সেই সময়ৰ ৰাজনৈতিক পদ্ধতি যথেষ্ট সৰল আছিল। বৰ্তমানৰ দৰে অতীতৰ ৰাজনৈতিক পদ্ধতিত চৰকাৰ, প্ৰশাসন, প্রশাসক, ৰাজনৈতিক দল, গণতন্ত্র, বিধানসভা, কার্যপালিকা আদিৰ ব্যৱস্থা নাছিল। তথাপি কিছুমান মানুহৰ হাতত ক্ষমতা ন্যস্ত কৰি ন্যায় বিচাৰ কৰাৰ পদ্ধতি প্রচলন আছিল।

মানৱ সমাজত এনে কিছুমান লোক আছে যিসকলে সমাজৰ আন ব্যক্তিৰ সুবিধাৰ প্ৰতি লক্ষ্য নেৰাখি কেৱল নিজৰ স্বাৰ্থৰ বাবে কেতবোৰ কাম কৰে। এনেবোৰ কামে কাৰোবাৰ সম্পত্তিৰ নাশ, কাৰোবাৰ অশান্তি বা সামাজিক বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে, কোনো এজন লোকে যদি আন এজন লোকৰ সম্পত্তি চুৰি কৰি লৈ যায় তেন্তে মানুহজনৰ সম্পত্তি হৈৰুৱাৰ লগতে মানসিক অস্থিৰতাও আহি পৰে। এই ধৰণৰ মানসিক অস্থিৰতাৰ পৰাই সামাজিক অস্থিৰতাৰো সৃষ্টি হ’ব। সমাজ অস্থিৰ হৈ পৰিলে সামাজিক প্ৰগতিৰ আশাই কৰিব নোৱাৰি। উচ্চ মানসিক চিন্তা-চৰ্চা, নতুন আৱিষ্কাৰ আদি অস্থিৰ সমাজত সুচল নহয়। সেয়ে সমাজত সুস্থ পৰিৱেশ বিৰাজ হ’লে সামাজিক পৰিৱেশ অনিষ্টকাৰী ব্যক্তিগত কার্যকলাপ বিলাক নিয়ন্ত্রণ কৰাৰ প্ৰয়োজন।

আদিম মানৱে অঘৰী জীৱন-যাপন কৰা অৱস্থাত কোনো ৰাজনৈতিক, সংস্থা নাছিল। সেই সময়ত মানুহৰ জীৱনৰ নিৰাপত্তাও নাছিল। ব্যক্তিয়ে ইচ্ছামতেই যিকোনো কার্য কৰিব পাৰিছিল। ফলত বলীয়ে দুৰ্বলীৰ ওপৰত অত্যাচাৰ চলাইছিল। দুজন বা দুদল মানুহৰ মাজত সংঘৰ্ষৰ সৃষ্টি হ’লে তাৰ মীমাংসা কৰাৰ কোনো উমৈহতীয়া ব্যৱস্থা নাছিল। ক্রমান্বয়ে মানুহে যেতিয়া স্থায়ীভাৱে সমাজ পাতি বসবাস কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া মানুহে কিছুমান ব্যক্তিগত কাম-কাজক সামুহিক স্বাৰ্থৰ বাবে নিয়ন্ত্ৰণ কৰাৰ প্রয়োজনীয়তা অনুভৱ কৰিলে। তেতিয়া মানুহে সামাজিক স্বাৰ্থৰ বাবে সামুহিকভাৱে এনে চুক্তি কৰিলে যে সামাজিক নিয়ন্ত্ৰণ কৰ্তৃত্ব বা অধিকাৰ সমাজৰ যিকোনো এজন বা এটা সৰু গোটৰ ওপৰত ন্যস্ত কৰা হ’ব। সমাজৰ প্ৰতিজন ব্যক্তিয়ে সেই ব্যক্তিজন বা গোটৰ নিৰ্দেশ মানি চলিব লাগিব। নিৰ্দেশ অমান্যকাৰীজনক শাস্তি বিধানৰ ব্যৱস্থা কৰা হ’ল। সমাজে এইদৰে কৰা চুক্তিকেই ‘সামাজিক চুক্তি তত্ত্ব’ [Social Contract Theory] বুলি জনা যায়। এই ব্যৱস্থাৰ ফলত জন্ম হ’ল সামাজিক নিয়ন্ত্ৰণৰ আটাইতকৈ শক্তিশালী আহিলা ৰাজনৈতিক পদ্ধতি।

ৰাজনৈতিক পদ্ধতি হ’ল এনে এটা সামাজিক ব্যৱস্থা, যিটোৰ দ্বাৰা সমাজত ক্ষমতাৰ বিতৰণ আৰু প্ৰয়োগ কৰা হয়। অর্থাৎ এখন সমাজ সুস্থিৰভাৱে চলিবৰ বাবে যি ব্যৱস্থাৰ প্ৰয়োজন, সেই ব্যৱস্থা প্ৰয়োগ কৰিব পৰাকৈ কোনো লোকক কর্তৃত্ব আৰোপ কৰা হয়। সমাজখনক পৰিচালনা কৰাৰ বাবে কাক কিমান ক্ষমতা দিয়া হ’ব, কেনেকৈ দিয়া হ’ব আৰু এই ক্ষমতাবোৰ কি পদ্ধতিৰে কিমানখিনি কার্যত পৰিণত কৰা হ’ব এই সকলোবোৰ দিশ সামৰিয়েই সৃষ্টি হ’ল ৰাজনৈতিক পদ্ধতি।

(iii) অর্থনীতি এক সামাজিক সংস্থা: অর্থনীতি মানৱ সমাজৰ আটাইকেইটাই অৰ্থনীতিৰ লগত জড়িত। একেবাৰে আদিম বৰ্বৰ মানুহকো এক অবিচ্ছেদ্য সংস্থা। মানুহৰ মৌলিক প্রয়োজনীয় অন্ন-বস্ত্র-বাসস্থান অন্নৰ প্ৰয়োজন হৈছিল। লাহে লাহে মানুহে শীত-তাপৰ পৰা ৰক্ষা পাবৰ বাবে লজ্জা নিবাৰণৰ বাবে গছৰ বাকলি বা জন্তুৰ ছাল ব্যৱহাৰ কৰিবলৈ ল’লে। ৰ’দ-বতাহ-বৰষুণৰ পৰা ৰক্ষা পোৱাৰ লগতে মানসিক শান্তিৰ বাবে মানুহে লাহে লাহে ঘৰ-দুৱাৰ বা বাসস্থান নিৰ্মাণ কৰিবলৈ ল’লে। এইবোৰৰ প্ৰয়োজনীয়তা মানুহে শাৰীৰিক পৰিশ্ৰমেৰে প্ৰকৃতিৰ বুকুত পোৱা বস্তুৱেই পূৰণ কৰিছিল। মানুহে জীয়াই থকাৰ বাবে আহাৰ সংগ্ৰহ, লজ্জা নিবাৰণৰ বাবে বস্ত্ৰ সংগ্ৰহ আৰু সুৰক্ষাৰ বাবে গৃহ নির্মাণতেই অধিক মনোযোগ দিব লগা আৰু অধিক খৰচ কৰিব লগা হৈছিল। অর্থাৎ মানুহে অর্থনৈতিক প্রয়োজনীয়তা পূৰ্ণত অধিক গুৰুত্ব দিছিল। সেয়েহে অর্থনীতিয়ে মানৱ সমাজত আদিম কালৰে পৰা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। তদুপৰি মানৱ সভ্যতাৰ অগ্ৰগতিৰ মূল ভিত্তিও (Basic) হ’ল সমাজৰ অৰ্থনৈতিক পদ্ধতিৰ অগ্ৰগতি। মানুহৰ অৰ্থনৈতিক দিশটো যিমানেই উন্নত হ’বলৈ ধৰিলে বা মানুহে প্ৰকৃতিৰ লগত সংগ্ৰাম কৰি নিজৰ প্ৰয়োজনীয়তাখিনি পূৰণৰ ক্ষেত্ৰত যিমানেই পটুতা অৰ্জন কৰিব পৰা হ’ল সমাজক ক্ৰমে সিমানেই উন্নত বা সভ্য বুলি গণ্য কৰা হ’ল। অর্থনৈতিক উন্নতিৰ লগে লগে প্ৰতিখন সমাজতে একোটা আর্থিক শ্ৰেণীৰ উদ্ভৱ হ’ল, যিটো শ্ৰেণীৰ হাতত অর্থনৈতিক ব্যৱস্থাটোৱে নিৰ্ভৰ কৰিছিল, যেনে – জমিদাৰী, ঔদ্যোগিক, পুঁজিবাদী ইত্যাদি।

বিখ্যাত অর্থনীতিবিদ কার্ল মার্ক্সৰ মতে মানৱ সমাজৰ সকলো সামাজিক সংস্থা, যেনে – ৰাজনীতি, ধৰ্ম, সংস্কৃতি, পৰিয়াল আদি সকলো সামাজিক সমস্যাৰ মূলতে হ’ল অৰ্থনৈতিক পদ্ধতি৷ গতিকে অর্থনৈতিক প্রয়োজনীয়তাই হ’ল সমাজ সংৰচনাৰ মূল (Social Structure) ভেটি। অর্থনৈতিক ব্যৱস্থাৰ মূল বিষয় হ’ল আর্থিক সম্পদ (Economic wealth) নিৰ্ভৰ কৰি অৰ্থনৈতিক ব্যৱস্থা পৰিচালিত হয়। যুগে যুগে মানুহে কম বিনিয়োগ [Minimum Investment ] আৰু কম পৰিশ্ৰমত [Minimum labour] অধিক উৎপাদনৰ কথা চিন্তা কৰি আহিছে। অর্থনৈতিক পদ্ধতি এনে এটা সামাজিক সংস্থা হৈ পৰিল যিটো সংস্থাৰ জন্মৰ পৰা মৃত্যুলৈকে মানুহে কোনো সময়তে এৰাই চলিব নোৱাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top