Indian Society: Images and Realities Unit 2 Institutions and Region Village

Indian Society: Images and Realities Unit 2 Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Society: Images and Realities Unit 2 Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Society: Images and Realities Unit 2 Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender Question Answer can be of great value to excel in the examination.

Indian Society: Images and Realities Unit 2 Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender

Join Telegram channel

Indian Society: Images and Realities Unit 2 Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender Notes cover all the exercise questions in UGC Syllabus. Indian Society: Images and Realities Unit 2 Institutions and Region Village, Town and Region Caste, Religion and Ethnicity Family and Gender provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams

80. ভাৰতত স্বজনতা সংগঠন সম্পৰ্কে চলোৱা কাৰ্ভেৰ অধ্যয়নৰ বিষয়ে এটি আলোচনা কৰা?

উত্তৰঃ ইৰাৱতী কাৰ্ভে (১৯৫৩)ই ভাৰতৰ চাৰিটা প্ৰধান সাংস্কৃতিক মণ্ডলৰ স্বজনতা সংগঠনৰ এক তুলনামুলক বিশ্লেষণ কৰিছিল। কাৰ্ভেৰ অধ্যয়নৰ লক্ষ্য আছিল সামাজিক আচৰণৰ এক আঞ্চলিক বিন্যাসৰ দৰে কিছুমান বৈশিষ্ট্য অধ্যয়নৰ লক্ষ্য আছিল সামাজিক আচৰণৰ এক আঞ্চলিক বিন্যাসৰ দৰে কিছুমান বৈশিষ্ট্য পোহৰলৈ অনা । একোটা অঞ্চলে বিভিন্ন ধৰণৰ স্থানীয় বিন্যাস প্ৰদৰ্শন কৰিব পাৰে। পদানুক্রম, জাতিভিত্তিক বিচ্ছিন্নতা আৰু পৃথকীকৰণৰ বাবে বিভিন্ন জাতিৰ আচৰণ বিন্যাসৰ মাজত তাৰতম্য থাকে। কাৰ্ভেই স্বজনতাৰ পৃষ্ঠভূমিত সংস্কৃতি সংক্রমণ (acculturation) আৰু সামাজিক সংগতকৰণ (accomodation) প্ৰক্ৰিয়াটো বিশ্লেষণ কৰিছিল। অধ্যয়নৰ বাবে তেওঁ নৃগোষ্ঠীয় উৎস, নিৰীক্ষণ, লোক-সাহিত্য আৰু সংস্কৃত গ্ৰন্থৰ আধাৰত ৩০০০ বছৰ ব্যাপ্ত এক ঐতিহাসিক দৃষ্টিভংগী গ্ৰহণ কৰিছিল।

কাৰ্ভেৰ তুলনামূলক অধ্যয়নে তলৰ কথাবোৰ বিবেচনা কৰি চাইছিল:

১. ভাৰতীয় ভাষাবোৰত স্বজনতা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ/অভিধাবোৰৰ তালিকা। 

২. তেনে শব্দ/অভিধানবোৰৰ ভাষিক পটভূমি আৰু সেইবোৰৰ সৈতে সামঞ্জস্য থকা আচৰণ আৰু মনোভাৱ।

৩. উত্তৰ পুৰুষ আৰু সম্পত্তিৰ উত্তৰাধিকাৰী নিৰ্ণয় কৰাৰ নিয়ম।

৪. বিবাহ আৰু পৰিয়ালৰ আৰ্হি তথা।

৫. সাংস্কৃতিক উত্তৰ আৰু দ্ৰাবিড়ীয় দক্ষিণৰ মাজৰ প্ৰভেদ। 

কাৰ্ভেই ভাৰতৰ স্বজনতাৰ বিন্যাস বুজাৰ গুৰুত্বপূৰ্ণ আধাৰ ৰূপে ভাষিক অঞ্চলবোৰৰ সংৰচনা, জাতিৰ অনুষ্ঠান আৰু পৰিয়াল সংগঠনক চিনাক্ত কৰিছিল। তেওঁ ভাৰতক ভাষিক, জাতিভিত্তিক আৰু পৰিয়াল সংগঠনৰ আধাৰত উত্তৰ, মধ্য, দক্ষিণ আৰু পূব মণ্ডলত বিভক্ত কৰিছিল।

স্বজনতা সংগঠনে মোটামুটিভাৱে ভাষিক বিন্যাস অনুসৰণ কৰে বুলি ক’ব পাৰি। কিন্তু কিছুমান ক্ষেত্ৰত ভাষা আৰু স্বজনতাৰ মিল নাথাকে। যেনে, মহাৰাষ্টত দ্ৰাবিড়ীয় প্ৰভাৱ আছে আৰু সাংস্কৃতিক ভাষা কোৱা উত্তৰ মণ্ডলৰ চুবুৰীয়াক দ্ৰাবিড়ীয় স্বজনতা ব্যৱস্থাৰ মাজত দেখা পোৱা যায় ইত্যাদি ইত্যাদি।

ভিন্নতা থকা সত্বেও ওপৰত উল্লেখ কৰা কাৰককেইটাৰ পৰা বাহিৰ কৰা উমৈহতীয়া কথা দুটা হ’ল:

(ক) বিবাদ সদায় একেটা জাতি (caste) নাইবা জনজাতি (tribe)ৰ ভিতৰতে সম্পন্ন হয়। আৰু

(খ) পিতৃ অথবা মাতৃৰ সৈতে সন্তানৰ তথা সহোদৰ ভ্ৰাতৃ-ভগ্নীৰ মাজত বিবাহ নিষিদ্ধ।

উত্তৰ ভাৰতত স্বজনতা:

উত্তৰ ভাৰতত (১) তেজৰ সম্পৰ্ক বুজোৱা অভিধা (terms) আৰু (২) বৈবাহিক সম্পর্ক বুজোৱা অভিধা আছে। তাৎক্ষণিকভাৱে সম্বন্ধেৰে বান্ধ খাই থকা তিনিটা প্ৰজন্মৰ ক্ষেত্ৰত ব্যৱহৃত অভিধাবোৰ হ’ল মুখ্য অভিধা। এটা প্ৰজন্মৰ বাবে ব্যৱহৃত অভিধাবোৰ অন্য প্ৰজন্মৰ সৈতে বিনিময় কৰিব পৰা নাযায়। আন সকলোবোৰ অভিধা মুখ্য অভিধাবোৰৰ পৰা উলিয়াই লোৱা হয়।

উত্তৰ মণ্ডলৰ ভিতৰত সিদ্ধি, পঞ্জাবী, হিন্দী (আৰু পাহাৰী) তথা বিহাৰীসকলক সামৰি লোৱা হয়। এই অঞ্চলবোৰত সবর্ণ বিবাহ, অসবর্ণ বিবাহৰ ৰীতি আৰু নিকট আত্মীয়ৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ প্রতিষিদ্ধতাক কঠোৰভাৱে মানি চলা হয়।

‘চাচন নীতি’ (the rule of sasan) হ’ল সকলো বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি। এই নীতি অনুসৰি ব্যক্তিয়ে নিজৰ পিতৃৰ ফালৰ পৰিয়ালত বিয়া কৰাব নোৱাৰে, সপিণ্ড স্বজনক বিয়া কৰোৱাৰ পৰা বিৰত থাকিব লাগে ইত্যাদি। প্রাচীন ব্রাহ্মণ্য অৰ্থত ‘গোত্র’ মানে হ’ল অসবর্ণ গোট। কেতিয়াবা জাতি (caste) এটাকো ‘সবর্ণ গোত্র নাইবা অসবর্ণ গোত্ৰত ভাগ কৰা হয়। ইয়াৰ উপৰি এটা জাতিক এনে কিছুমান গোত্রতো ভগোৱা হ’ব পাৰে যিবোৰে বিবাহ সম্পর্কীয় নীতি নির্দেশনাত কোনোধৰণে ভাগ নলয়। 

উত্তৰ মণ্ডলত গাঁও ভিত্তিক অসবর্ণ বিবাহৰ (Village exogamy) প্রচলন আছে।

অর্থাৎ, উত্তৰ ভাৰতত আমি স্বজনতাৰ অতি কমেও চাৰিটা বৈশিষ্ট্য দেখিবলৈ পাওঁ:

(ক) নির্দিষ্ট ভূখণ্ড কেন্দ্রিক স্বজনতা।

(খ) বংশভিত্তিক স্বজনতা।

(গ) নিকট আত্মীয়ৰ সৈতে যৌন সম্পৰ্ক স্থাপন এক প্রতিষিদ্ধ কাৰ্য্য। আৰু

(ঘ) স্থানীয় অসবর্ণ বিবাহ।

জাতিৰ প্ৰস্থিতি বিবেচনাই সববৰ্ণ বিবাহৰ ক্ষেত্ৰখন সংকীৰ্ণ কৰি তোলে। বিবাহত থকা বাধা-নিষেধবোৰে স্বজনতা আৰু, স্থান দুয়োটা দিশেৰে বহল ক্ষেত্ৰত বিবাহ সম্পন্ন হোৱাত বাধা দিয়ে। বৈবাহিক সম্পর্ক স্থাপনৰ সময়ত সগোত্রভিত্তিক বাধা-নিষেধ আৰু স্থানীয় সবর্ণ বিবাহ ৰীতি কঠোৰভাৱে মানি চলা হয়।

উত্তৰ মণ্ডলত চতুর্গোত্র (চাচন) নীতি মানি চলা হয়। অর্থাৎ, পিতৃ, মাতৃ, পিতামহী আৰু মাতামহীৰ গোত্ৰৰ সৈতে বিবাহ এৰাই চলিব লাগে। অৱশ্যে উত্তৰ ভাৰতৰ ব্ৰাহ্মণ আৰু উচ্চ জাতিৰ লোকসকলেহে সাধাৰণতে এই ৰীতি মানি চলে। মধ্যৱতী জাতি কিছুমানে আৰু নিম্ন জাতিৰ অধিকাংশই দ্বি-গোত্ৰ ৰীতি মানি চলে। অর্থাৎ, পিতৃ আৰু মাতৃৰ গোত্ৰৰ সৈতে বিবাহ এৰাই চলে।

মধ্য ভাৰতত স্বজনতা:

মধ্য ভাৰতত সামৰি লোৱা ভাষিক অঞ্চলকেইটা হ’ল ৰাজস্থান, মধ্যপ্রদেশ (এতিয়া ছট্টিচগড়কো ধৰা হয়), গুজৰাট তথা কাথিয়াবাড় মহাৰাষ্ট্ৰ আৰু ওড়িষা। এই অঞ্চলবোৰত প্ৰচলিত ভাষাবোৰ হ’ল ৰাজস্থানী, হিন্দী, গুজৰাটী তথা কাথিয়াবাড়ী, মাৰাঠী আৰু ওড়িষা। এই আটাইবোৰ ভাষাৰে মূল হ’ল সংস্কৃতি। সেয়েহে এই অঞ্চলকেইটাৰ উত্তৰ মণ্ডলৰ সৈতে ঘনিষ্ঠতা আছে। কিন্তু মধ্য মণ্ডলত দ্রাবিড়ীয় ভাষাৰ প্ৰচলন থকা অঞ্চলো আছে। আনহাতে, কোনো কোনো অঞ্চলত পুব মণ্ডলৰ প্ৰভাৱ পৰিলক্ষিত হয়। জনজাতিসকলৰ নিজস্ব ভাষা আৰু পৰিস্থিতি আছে যিবোৰ অঞ্চলৰ অন্য লোকৰ তুলনাত পৃথক। 

কেন্দ্ৰীয় মণ্ডলৰ বৈশিষ্ট্য তিনিটা হ’ল:

(ক) সংকৰ-সম্পৰ্কীয় ভাই-ভনী (cross cousins)ৰ মাজত বিবাহ হ’ব পাৰে। এই ৰীতি উত্তৰ মণ্ডলত দেখা নাযায়। সংকৰ-সম্পৰ্কীয় ভাই-ভনী বিপৰীত লিংগৰ ভাই-ভনীৰ ল’ৰা-ছোৱালী সমান্তৰাল সম্পর্কীয় ভাই-ভনী (parallel cousins) হ’ল একে লিংগৰ ভাই ভনীৰ সন্তান।

(খ) উত্তৰ মণ্ডলৰ দৰে মধ্য মণ্ডলৰো বহু জাতিক অসবর্ণ গোষ্ঠীত ভগোৱা হয়।

(গ) কিছুমান জাতিত এক অতিবর্ণ পদানুক্রম (hypergamous hierarchy)ত অসববৰ্ণ গোষ্ঠীবোৰ সজাই লোৱা থাকে।

মন কৰিবলগীয়া কথাটো হ’ল ওপৰত উল্লেখ কৰা বৈশিষ্ট্যবোৰ মণ্ডলটোৰ সকলো অঞ্চলতে একেৰূপতে পালন কৰা নহয়। যেনে, জাসকলে দ্বি-গোত্ৰৰ অসবর্ণ বিবাহ আৰু গাঁওভিত্তিক অসবর্ণ বিবাহ ৰীতি মানি চলে; বণিয়াসকলে চতুর্গোত্ৰ নীতি মানি চলে; ৰাজপুত্ৰসকলৰ অতিবর্ণ গোষ্ঠী আছে আৰু বৈবাহিক সম্পৰ্ক স্থাপনৰ সময়ত সামস্ত প্রথা অনুসৰি নিৰ্ধাৰিত সামাজিক প্ৰস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ৰাজপুতসকল সমগোত্রীয় জাতি নহয়। তেওঁলোকে উত্তৰ পুৰুষৰ বিশুদ্ধ ৰূপ আৰু আভিজাত্যক যথেষ্ট গুৰুত্ব দিয়ে। এজন আদর্শ ব্যক্তি আৰু আদৰ্শ শাসকৰ গুণ থকাটো হ’ল প্ৰধান বিচার্য বিষয়। তেওঁলোকৰ মাজত প্ৰতীকি বিবাহ (তৰোৱালৰ সৈতে বিবাহ)ৰ বহুল প্ৰচলন আছিল। বৈবাহিক সম্পর্ক স্থাপনৰ সময়ত ল’ৰা-ছোৱালী উভয় পক্ষৰে মাতৃ দুগৰাকীৰ সামাজিক প্ৰস্থিতিও বিচাৰ কৰি চোৱা হয়।

কাথিয়াৱাড় আৰু গুজৰাটত প্ৰচলিত স্বজনতাৰ ৰীতি হ’ল বিশেষ থলুৱা পৰম্পৰা আৰু উত্তৰ মণ্ডলত চলা অনুশীলনবোৰৰ এক মিশ্রণ। কিছুমান জাতিয়ে সংকৰ- সম্পৰ্কীয় ভাই-ভনীৰ বিবাহক মান্যতা প্ৰদান কৰে, কিছুমান জাতিয়ে বছৰত এবাৰ বিয়াৰ আয়োজন কৰাৰ অনুমতি দিয়ে, কিছুমান জাতিয়ে প্ৰতি চাৰি, পাঁচ, ন অথবা বাৰ বছৰৰ মূৰে মূৰে বিয়াৰ আয়োজন কৰাৰ অনুমতি দিয়ে। বিয়াৰ বছৰ অহাৰ লগে লগে গাৱে গাঁৱে ঘোষণা কৰি দিয়া হয়। তেতিয়া বিয়া পতাৰ দৌৰা-দৌৰি চলে। বহুতো অঞ্চলত নাম্ৰা”” (নিঃসন্তান আৰু বিধবা নবৌয়েক অথবা ভ্ৰাতৃবধূক বিয়া কৰোৱাৰ প্ৰথা) এতিয়াও প্ৰচলিত। ব্ৰাহ্মণ, বণিয়া কুক্ষি আৰু উচ্চ জাতিৰ শিল্পী-কৰ্মকাৰ স্বজনতা সংগঠনৰ উত্তৰ মণ্ডলৰ আৰ্হি অনুসৰণ কৰে। মধ্য মণ্ডলত দক্ষিণ মণ্ডলৰ স্বজনতা সংগঠনৰ আৰ্হি অনুশীলন কৰা জাতিও আছে।

কাঠি, অহিৰ, ঘাড়ৱা চৰণ আৰু গাৰাচিয়া জাতিৰ মাজত সংকৰ সম্পৰ্কীয় ভাই-ভনীৰ মাজত বিবাহৰ প্রথা প্রচলিত। কোলি, ধেড় আৰু ভীল (জনজাতি) সকলে উভয় প্ৰকাৰৰ সংকৰ সম্পৰ্কীয় ভাই-ভনীৰ মাজৰ বিবাহতে অনুমতি দিয়ে। ৰাজস্থান আৰু গুজৰাটৰ অধিকাংশ অঞ্চলতে উত্তৰ মণ্ডলৰ আৰ্হি মানি চলা দেখা যায়। অভিধাৰ ব্যুৎপত্তিগত উৎস সংস্কৃত আৰু কিছউমান স্বজন বুজোৱা অভিধাৰ ব্যুৎপত্তিগত মূল হ’ল মধ্য এচিয়াৰ ভাষাসমূহ।

কাৰ্ভেৰ নিৰীক্ষণত ধৰা পৰিছিল যে মহাৰাষ্ট্ৰ হ’ল এনে এক অঞ্চল য’ত সাংস্কৃতিক উত্তৰ মণ্ডলৰ বৈশিষ্ট্য আৰু দ্ৰাবিড়ীয় দক্ষিণ মণ্ডলৰ বৈশিষ্ট্যবোৰ প্রায় সমান। উত্তৰ মণ্ডলৰ আধিপত্য হয়তো কিছু অধিক হ’ব পাৰে। অঞ্চলটোত গুজৰাটী, ৰাজস্থানী, হিমাচলী আৰু হিন্দীৰ দৰে দক্ষিণ মণ্ডলৰ ভাষাৰ প্ৰচলন আছে। অঞ্চলটোৰ জনজাতিসকলে মুণ্ডাৰি ভাষা কয়। সাংস্কৃতিক ভাষাবোৰৰ সৈতে প্ৰাবিড়ীয় ভাষাবোৰৰ সংমিশ্রণ ঘটিছে। মহাৰাষ্ট্ৰৰ স্বজনতা গাঁথনিটো দক্ষিণ আৰু উত্তৰ মণ্ডলতকৈ কিছু পৃথক।

অঞ্চলটোৰ প্ৰায় ৪০ শতাংশ জনসংখ্যা হ’ল মাৰাঠী আৰু কুবিসকল। সামাজিক প্ৰস্থিতিৰ দিশেৰে মাৰাঠাসকল উচ্চ কিন্তু এগৰাকী বিভৱান কুম্বিয়ে মাৰাঠীসকলৰ সমান সামাজিক প্ৰস্থিতি লাভ কৰিব পাৰে। দুয়োটা দলেই নিজকে ক্ষত্ৰিয় বুলি পৰিচয় দিয়ে। মাৰাঠা-কুলিৰ যৌগিক সম্পৰ্কই এক শাসক গোষ্ঠী সৃষ্টি কৰিছে। আজিও গাঁওবোৰত সদায় একোজন পাটিল অথবা মাৰাঠাই মুখিয়ালৰ দায়িত্ব বহন কৰে।

কুনবিসকল অসবর্ণ গোষ্ঠীত বিভক্ত। ইয়াৰে কিছু গোষ্ঠীয়ে নিঃসন্তান, বিধবা নবৌয়েক নাইবা ভ্রাতৃবধুক বিয়া কৰোৱাৰ প্ৰথা মানি চলে, কিছুমানে সংকৰ-সম্পৰ্কীয় ভাই-ভনীৰ বিবাহক এক প্রতিষিদ্ধ কার্য বুলি মানি চলে আৰু কিছুমান গোষ্ঠীৰ মাজত এনে বিবাহত কোনো বাধা-নিষেধ নাই। – মধ্য মহাৰাষ্ট্ৰত অতিবৰ্ণ আৰু গোষ্ঠী সবর্ণ বিবাহৰ প্ৰচলন আছে। দক্ষিণ মহাৰাষ্টত সংকৰ সম্পৰ্কীয় ভাই-ভনীৰ মাজত বিবাহ আর খুৰাক/মোমায়েক-ভতিজী/ভাগিনীৰ মাজত বিবাহৰ ৰীতি প্রচলিত থকাৰ উদাহৰণ পোৱা গৈছে। মাৰাঠীসকলৰ গোষ্ঠী সংগঠন আৰ্হিটোৰ ৰাজপুত্ৰসকলৰ সৈতে সাদৃশ্য আছে।

উদাহৰণ স্বৰূপে গোষ্ঠীৰ পৌৰাণিক উৎস সম্পর্কীয় বিশ্বাস ৰাজপুত্ৰসকলৰো আছে আৰু মাৰাঠাসকলৰো আছে। দুয়োটা জাতিৰে পৌৰাণিক উৎস তুলনাসাধ্য। তেওঁলোকৰ নামবোৰো ৰাজপুত্ৰসকলৰ সৈতে মিলে। সবর্ণ বিবাহৰ নীতি অৱশ্যে গোষ্ঠীৰ নামৰ ওপৰত নিৰ্ভৰশীল নহয়। গোষ্ঠী এটাৰ সৈতে সংলগ্ন প্রতীকৰ ওপৰতহে এনে বিবাহ নীতি নিৰ্ভৰশীল প্রতীক একোটাক ‘দেৱকা’ বোলা হয়। একে ‘দেৱতাৰ অধিকাৰী পুৰুষ-নাৰীৰ মাজত বিবাহ হ’ব নোৱাৰে। বৈবাহিক সম্পৰ্ক গঢ়াত গোষ্ঠী আৰু ‘দেৱকাই গুৰুত্ব পূর্ণ গ্ৰহণ কৰে। অতিবর্ণ বিবাহবোৰত এটা গোষ্ঠীৰ সামাজিক স্থিতিৰ ভূমিকা সবাতোকৈ তাৎপর্যপূর্ণ।

মাৰাঠসকল অতি কমেও ৯৬টা গোষ্ঠীত বিভক্ত। এই গোষ্ঠীবোৰৰ ভিতৰত গতিশীলতা আৰু সামাজিক প্ৰস্থিতিৰ এককেন্দ্রিক চক্র আছে। নৃগোষ্ঠীয়ভাৱে এই গোষ্ঠীবোৰৰ মাজত কোনো সমসত্ত্বতা নাই। গোষ্ঠীবোৰ ‘পঞ্চবুলী’ (অর্থাৎ পাঁচটা গোষ্ঠী মিলি এটা বুল হ’ব পাৰে) নাইবা সপ্তকূলীয়। সকলোবোৰ গোষ্ঠীয়েই অতিবর্ণত বিভাজিত। উত্তৰ মণ্ডলৰ দৰে মহাৰাষ্ট্ৰ অঞ্চলত দ্বিপাক্ষিক স্বজনতাৰ ক্ষেত্ৰত কোনো প্রতিষিদ্ধ কার্য নাই। সমাস্তৰাল সম্পৰ্কীয় ভাই-ভনীৰ বিবাহ প্রচলিত। অৱশ্যে পিতৃপক্ষৰ সম্পৰ্কীয় ভাই-ভনীৰ সৈতে বিবাহ এক প্রতিষিদ্ধ কার্য। সাধাৰণতে ল’ৰাৰ বিয়াৰ সময়ত মাতৃপক্ষৰ সংকৰ সম্পৰ্কীয় ভগ্নীক অগ্ৰাধিকাৰ দিয়া হয়। একাধিক সহোদৰা ভগ্নীয়ে একেজন পুৰুষকে স্বামীবৰণ কৰিব পাৰে। ভ্রাতৃসকলে কিন্তু দুজনী ভনীয়েকক একেলগে বিয়া কৰোৱাৰ পৰ সাধাৰণতে বিৰত থাকে। উত্তৰ অঞ্চলৰ কুলিকলৰ মাজত নিঃসন্তান, বিধবা নবৌয়েক অথবা ভ্রাতৃবধূক বিয়া কৰোৱাৰ প্রথা প্রচলিত। অঞ্চলটোত বিনিময় বিবাহ এৰাই চলা হয়। গোল্ড, ওৰাও আৰু কোণ্ডৰ দৰে ওড়িয়া জনজাতিসকলে দ্রাবিড়ীয় ভাষা কয়। তেওঁলোকৰ স্বজনতা ব্যৱস্থাৰ দ্ৰাবিড়ীয় ভাষা কোৱা অন্য জাতিৰ সৈতে মিল আছে। মুণ্ডা, হোণ্ডো আৰু একাংশ চাওৰাই মুণ্ডাৰি ভাষা কয়। ওড়িয়া ভাষা কোৱা লোকসকলৰ জাতি বিভাজন উত্তৰ মণ্ডলৰ সৈতে একেধৰণৰ। ওড়িয়াসকলে কেৱল সামান্য পৃথক ধৰণৰ নাম ব্যৱহাৰ কৰে।

ওড়িয়াৰ ব্ৰাহ্মণসকল উত্তৰ প্ৰদেশ, বিবাহৰ আৰু মধ্যপ্ৰদেশৰ পৰা প্ৰব্ৰজন কৰা লোক। আৰণ্যক ব্ৰাহ্মণ আৰু কৰণ (কায়স্থ) সকলে সংকৰ সম্পৰ্কীয় ভাই-ভনীৰ বিবাহত অনুমতি নিদিয়ে। মাত্ৰ কেইটামান কৃষিজীৱী জাতিয়েহে এনে বিবাহ মানি লয়। বাকী জাতিবোৰ এনে বিবাহ নিষেধ কৰিছে। সমাজৰ দুখীয়া শ্রেণীবোৰৰ মাজত নাবালকে নিঃসন্তান বিধবা নবৌয়েক/ভাইবোৱাৰীক বিয়া কৰোৱাৰ প্ৰথা প্রচলিত।

দক্ষিণ ভাৰতৰ স্বজনতা ব্যবস্থা:

ভাৰতৰ দক্ষিণ মণ্ডলত পাঁচটা অঞ্চলক সামৰি লোৱা হৈছে। অঞ্চলকেইটা হ’ল কৰ্ণাটক, অন্ধ্র প্রদেশ, তামিলনাড়ু, কেৰালা আৰু মিশ্র ভাষা কোৱা তথা মিশ্ৰ জাতিৰ মানুহে বাস কৰা অঞ্চলবোৰ। দক্ষিণ মণ্ডলৰ স্বজনতা ব্যৱস্থা আৰু পৰিয়াল সংগঠনৰ আৰ্হি অতি জটিল। ইয়াত পিতৃবংশীয়ে (partrilineal) আৰু পিতৃস্থানীয় (patrilocal) এই দুয়োটা ব্যৱস্থাৰে আধিপত্য দেখা যায়। কিছুমান জাতিৰ মাজত মাতৃবংশীয় আৰু মাতৃস্থানীয় ব্যৱস্থাৰো প্ৰচলন আছে আৰু এনে জাতিবোৰে দুয়োধৰণৰ জনতা সংগঠনৰ বৈশিষ্ট্য বহন কৰে। কিছুমান জাতিয়ে বহুপত্নী বিবাহ ৰীতি মানি চলে, কিছুমান জাতিৰ মাজত বহুপত্নী বিবাহ আৰু বহুপতি বিবাহ দুয়োটা ৰীতি প্রচলিত। কর্ণাটক, অন্ধ প্রদেশ, তামিলনাডু আৰু মালাবাৰ অঞ্চলৰ কিছুমান জাতিৰ মাজত উত্তৰ মণ্ডলৰ দৰে পিতৃবংশীয় আৰু পিতৃস্থানীয় যৌথ পৰিয়ালৰ আধিপত্য দেখা পোৱা গৈছে।

নায়াৰ, টিয়ান, মালাবৰ অঞ্চলৰ কিছুমান মোল্‌লা আৰু কানাবা জিলাৰ বাণ্টসকলৰ সমাজত মাতৃবংশীয় আৰু মাতৃস্থানীয় পৰিয়াল ব্যৱস্থা প্রচলিত। ইয়াক ‘থাৰাৱাড’ বোলা হয়। এনে ব্যৱস্থত মুৰব্বী মহিলা এগৰাকী, তেওঁৰ ভ্ৰাতৃ আৰু ভগ্নীসকল, তেওঁৰ নিজৰ সন্তান আৰু তেওঁৰ ভগ্নীৰ ল’ৰা আৰু ছোৱালীৰ গুৰুত্ব আছে। ‘থাৰাৱাড়”ত কোনো বৈবাহিক সম্পৰ্কৰ স্থান নাই। কিছুমান সমোস্তৱজনিত সম্পর্কর্কক এনে ব্যৱস্থাত বাদ দিয়া হয় (পৰিয়ালৰ পুৰুষবোৰৰ সন্তান)। ‘থাৰৱাড ত কোনো পতি-পত্নী, পিতৃ সন্তান সম্পর্ক নাই।

দক্ষিণ মণ্ডলত উত্তৰ মণ্ডলৰ দৰেই জাতিভিত্তিক অসবর্ণ বিবাহ আৰু গৌষ্ঠীভিত্তিক সবর্ণ বিবাহ ব্যৱস্থা প্রচলিত। কর্ণাটক ইয়াক ‘বেড়াগু’নাইবা ‘বেডাগা’ নাইবা ‘বালি’ বুলি কোৱা হয়। নীলগিৰিৰ কোটাসকলে ইয়াক ‘কেৰি’, কোট্টাই ভেল্লাসকলে ‘কিলাই’, কোয়াসকলে ‘গোট্টা’ আৰু কুৰুৱাসকলে ‘গুপ্ত’ বোলে। কিছুমান তেলুগু লোকে ইয়া ‘ইণ্টি-পেৰ’ আৰু মালায়লীসকলে ইল্ল’ম’ বুলি কয়। ত্ৰেভাংকোৰত এই ব্যৱস্থাক ভৈলি’ বুলি কোৱা হয়। ‘গোত্র’ শব্দটোৰ এই অঞ্চলবোৰত বহুল ব্যৱস্থাৰ দেখা গৈছে। গোষ্ঠীৰ বাবে ব্যৱহৃত প্ৰধান প্ৰতীকবোৰ হ’ল ৰূপ, সোণ, কুঠাৰ, হাতী, সাপ, শেৱালি ফুল, শিল ইত্যাদি।

উত্তৰ মণ্ডলত গাঁওভিত্তিক অসবর্ণ বিবাহ এক বহুলভাৱে স্বীকৃত ৰীতি। কিন্তু দক্ষিণ মণ্ডলত একেখন গাঁৱতে কোনো আন্তঃবিবাহ ঘটা গোষ্ঠী নাথাকে। গোত্ৰসকলে গাঁওভিত্তিক অসবর্ণ বিবাহ হ’বলৈ নিদিয়ে। সবর্ণ বিবাহ অথবা উল্লম অথবা ভেলি হ’ল একমাত্ৰ অনুসৰণযোগ্য নীতি। উত্তৰ মণ্ডলৰ দৰেই দক্ষিণ মণ্ডলৰো প্ৰদত্ত জাতি এটাক অসবর্ণ গোষ্ঠীত ভাগ কৰা হয়। আন্তঃগোষ্ঠী বিবাহে সকলো গোষ্ঠীক সামৰি নলয়। এটা অসবর্ণ জাতিৰ মাজত বিবাহৰ জৰিয়তে জীয়ৰী আদান-প্রদান কৰা কেইটামান পৰিয়ালেৰে অসবর্ণ গোটবোৰৰ ক্ষুদ্ৰ চক্ৰবোৰ গঢ় দিয়া হয়।

দক্ষিণ মণ্ডলৰ কেইটামান বিশেষ বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবোৰ ভাৰতৰ উত্তৰ মণ্ডলৰ ক’তো দেখা পোৱা নাযায়। ডাঙৰ বায়েকৰ ছোৱালীৰ সৈতে, দেউতাকৰ ভনীয়েকৰ ছোৱালীৰ সৈতে, মাকৰ ভায়েকৰ ছোৱালীৰ সৈতে অগ্রমান্য বিবাহ কৰোৱাৰ প্ৰথা কেৱল দক্ষিণ মণ্ডলতহে প্রচলিত। অগ্ৰমান্য বিবাহৰ দৰে ব্যৱস্থাবোৰৰ প্ৰধান উদ্দেশ্য হ’ল গোষ্ঠী এটাৰ একতা আৰু ভ্ৰাতৃত্ববোধ অক্ষুণ্ণ ৰখা আৰু একেটা প্রজন্মতে কন্যা সন্তান ঘূৰাই দিয়া (বিনিময়) নীতিটো বৰ্তাই ৰখা ৷

অৱশ্যে সৰুভনীৰ ছোৱালী বিয়া কৰোৱা, নিঃসন্তান/বিধবা নবৌয়েক / ভাইবোৱাৰীয়েকক বিয়া কৰোৱা, মাতৃৰ ভগ্নীৰ কন্যাসন্তানক বিয়া আদি হ’ল প্রতিষিদ্ধ কাৰ্য। মোমায়েক-ভাগিনীয়েকৰ বিয়া আৰু সংকৰ-সম্পৰ্কীয় ভাই-ভনীৰ বিয়াবোৰৰ পৰা দ্বৈত সম্পৰ্কৰ সৃষ্টি হয়। এজনী সম্পৰ্কীয় ভনী পত্নীও হ’ব পাৰে। বিয়াৰ পাচত এজনী সম্পৰ্কীয় ভনী সম্পৰ্কীয় ভনী হৈ নাথাকে, পত্নী হিচাপে গঢ় লোৱা সম্পৰ্কটোহে বেছি গুৰুত্বপূৰ্ণ হৈ পৰে।

দক্ষিণৰ স্বজনতা ব্যৱস্থাটোৰ উত্তৰৰ স্বজনতা ব্যৱস্থাৰ সৈতে তুলনা কৰি চাই ক’ব পৰা যায় যে দক্ষিণ মণ্ডলত জন্মলাভ কৰা পৰিয়াল আক বিবাহৰ বান্ধোনেৰে বান্ধ খোৱা পৰিয়ালৰ মাজত কোনো স্পষ্ট প্রভেদ নাই। উত্তৰ ভাৰতত এই প্রভেদ সুস্পষ্ট। উত্তৰ ভাৰতত তেজৰ সম্পৰ্ক আৰু বৈবাহিক সম্পৰ্ক বুজোৱা অভিধাবোৰ স্পষ্ট। দক্ষিণ ভাৰতত ব্যৱহৃত অভিধাবোৰে কোনো স্পষ্ট প্রভেদ। সুচাব নোৱাৰে।

এটা উদাহৰণ লোৱা যাওক। উত্তৰ ভাৰতত পিতৃৰ ভনীয়েক আৰু তেওঁৰ পতিক বুজাবলৈ ‘ফুফী-ফুফা’ অভিধা দুটা ব্যৱহাৰ কৰা হয়, মাতৃৰ ভ্ৰাতৃ আৰু তেওঁৰ পত্নীক বুজাবলৈ ‘মামা-মামী’ অভিধা দুটা ব্যৱহাৰ কৰা হয়। দক্ষিণ ভাৰতত ‘আট্টাই’ শব্দটোৰে পেহী আৰু মামী দুয়োকে বুজোৱা হয়। একেদৰে পেহা আৰু মামাৰ বাবে ‘মামা’ সম্বন্ধটোকে ব্যৱহাৰ কৰা হয়। উত্তৰ ভাৰতত ‘জন্মসূত্ৰে সম্প্ৰসাৰিত পৰিয়াল’ আৰু ‘বৈবাহিকসূত্ৰে সম্প্ৰসাৰিত পৰিয়াল’ দেখিবলৈ পোৱা যায়। দক্ষিণ ভাৰতত এনে কোনো স্পষ্টভাৱে বিভাজিত পৰিয়াল নাই। দক্ষিণ ভাৰতত বৈবাহিক সূত্ৰে হোৱা সম্পৰ্কবোৰ বুজাবলৈ কোনো বিশেষ অভিধা নাই। দক্ষিণ ভাৰতত দুটা ক্রমিক প্রজন্মত একেবোৰ আত্মীয়ই দেখা দিয়ে।

ওপৰৰ আলোচনাৰ পৰা আমি গম পালে। যে বৈবাহিক সম্পর্ক, জন্মভিত্তিক সম্পর্ক, বিভিন্ন প্ৰজন্মৰ স্বজন/আত্মীয় সজাই লোৱাৰ দিশত দক্ষিণ আৰু উত্তৰ মণ্ডলৰ স্বজনতা ব্যৱস্থাৰ প্ৰভেধ আছে। দক্ষিণ মণ্ডলৰ স্বজনতা পৰিভাষাত প্ৰজন্ম নীতিৰ আধাৰত স্বজন/আত্মীয়ৰ কোনো স্পষ্ট শ্রেণীবিভাজন নাই। দক্ষিণ মণ্ডলত প্ৰজন্মৰ কোনো উল্লেখ নকৰাকৈ নিজতকৈ বয়সত সৰু অথবা ডাঙৰৰ হিচাপত সম্পৰ্কীয়সকলৰ তালিকা সজোৱা হয়।

দ্রাবিড়ীয় ভাষাত ভ্ৰাতৃ আৰু ভগ্নী বুজোৱা কোনো শব্দ নাই। সৰু ভাই/সৰুভনী আৰু ডাঙৰ ভাই/ডাঙৰ ভনী বুজোৱা শব্দ অৱশ্যে আছে। ইয়াৰ বাবে সাধাৰণতে একাধিক শব্দ ব্যৱহৃত হয়। 

যেনে—

(১) দেউতা আৰু ককাইদেউ (আন্না, আয়্যা)।

(২) মা আৰু বাইদেউ। 

(৩) ভাই আৰু ল’ৰা সন্তান (পিৰকাল)। আৰু 

(৪) ভনী আৰু কন্যা সন্তান (পিন্নাধল)। 

এই অভিধাবোৰেৰে বয়সত ডাঙৰসকলৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰা হয়। ইয়াৰ সৈতে প্ৰকৃত তেজৰ সম্পৰ্ক থকা সম্বন্ধবোৰ যুক্ত নহ’বও পাৰে ৷ উল্লেখ বিন্দুটো হৈছে স্ব-সত্ব (ego’মই’ নিজে) ‘নিজতকৈ ডাঙৰ নাইবা নাইবা সৰু কোন হ’ব সেয়া বয়সৰ ওপৰত নিৰ্ভৰশীল।

অর্থাৎ দক্ষিণ মণ্ডলৰ স্বজনতা ব্যৱস্থাৰ প্ৰধান বিচার্য বিষয় প্রজন্ম নহয় বয়সহে। সবর্ণ স্বজন দলবোৰৰ বাহিৰত হোৱা বিবাহক ‘বাল্লি’নাইবা ‘বেগাডু’ নাইবা ‘কিলাই’ বোলা হয়। কন্যা সন্তান বিনিময় কৰা প্ৰথাক অগ্ৰাধিকাৰ দিয়া হয়। নিকট আত্মীয়ৰ মাজৰ বিবাহকে অগ্ৰাধিকাৰ দিয়া হয়। বিবাহৰ সাধাৰণ নীতিবোৰ হ’ল: ল’ৰাই কেৱল নিজৰ গোষ্ঠীৰ সদস্যাকহে বিয়া কৰাব পাৰিব, এজনী ছোৱালীয়ে নিজৰ বয়সতকৈ ডাঙৰ বয়সৰ দলত পৰা ল’ৰালৈকে বিয়া হ’ব পাৰিব, দৰাৰ বয়স সদায় কইনাৰ পিতৃ-মাতৃতকৈ কম হ’ব লাগিব।

দৰা বাছনিৰ ক্ষেত্ৰত ছোৱালীতকৈ ডাঙৰ সংকৰ-সম্পৰ্কীয় ভাই আৰু ছোৱালীৰ মাকৰ সৰু ভায়েকক অগ্ৰাধিকাৰ দিয়া হয়। ল’ৰাই নিজতকৈ সৰু যিকোনো সংকৰ-সম্পৰ্কীয় ভনীয়েক আৰু বায়েকৰ যিকোনো কন্যাসন্তানক বিয়া কৰাব পাৰে। এই প্রতিক্ৰমিতাৰ বিপৰীতে প্ৰতিক্ৰমী সম্পর্ক থকা স্বজনতা বুজোৱা অভিধা কিছুমান পোৱা যায়।

লুইচ ডুউমণ্টে দক্ষিণ মণ্ডলৰ স্বজনতা ব্যৱস্থাৰ বৈশিষ্ট্য কেইটামানৰ ওপৰত আলোকপাত কৰিছিল। 

বৈশিষ্ট্যকেইটা হ’ল:

(ক) তাৎক্ষণিক বিনিময় নীতি।

(খ) এক সামাজিক সুদৃঢ়কৰণ নীতি।

(গ) এখন সংকীর্ণ ক্ষেত্ৰত থকা স্বজন/আত্মীয় গোটবোৰৰ একোটা থুপ।

(ঘ) জন্মসূত্ৰে হোৱা স্বজন/আত্মীয় আৰু বৈবাহিক সূত্ৰে হোৱা স্বজন/আত্মীয়ৰ মাজত স্পষ্ট প্রভেদৰ অভাৱ। আৰু

(ঙ) সমাজত নাৰীৰ অধিক স্বাধীনতা।

পূৱ ভাৰতত স্বজনতা:

ভাৰতৰ পূব মণ্ডলটো সংহত নহয়। অন্য মণ্ডলবোৰৰ দৰে পূব মণ্ডলটো ভৌগলিকভাৱেও গাতে গা লাগি থকা ধৰণৰ নহয়। এই মণ্ডলত উত্তৰ মণ্ডলৰ ভাষাবোৰৰ লগতে মুণ্ডাৰি মন-খমেৰ ভাষাবোৰো প্ৰচলিত মণ্ডলটোত বাস কৰা প্ৰধান সম্প্রদায়বোৰ হ’ল কোর্কু, অসমীয়া, শক, চেমাং আৰু খাচী প্রচলিত আন ভাষাবোৰ হ’ল মন, খমেৰ আৰু চেইন। অঞ্চলটোত বহুতো অষ্ট’-এচিয়াটিক জনজাতি আছে।

মুণ্ডাৰি ভাষা কোৱা সকলো লোকেই পিতৃবংশীয় তথা পিতৃস্থানীয় পৰিয়াল ব্যৱস্থা মানি চলে। হো আৰু চমস্থালসকলে সংকৰ-সম্পৰ্কীয় ভাই-ভনীৰ মাজত বিয়া পতাৰ ৰীতি অনুশীলন কৰে। কিন্তু পিতৃৰ ভনী নাইবা মাতৃৰ ভাই জীৱিত থকালৈকে তেওঁলোকৰ ছোৱালীবোৰক বিয়া কৰাব নোৱাৰি। এই নিষেধৰ বাবে সংকৰ সম্পৰ্কীয় ভাই-ভনীৰ মাজৰ বিবাহক এক বিৰল পৰিঘটনা বুলি ধৰা হয়। বণ্ডো সমাজে সংকৰ সম্পৰ্কীয় ভাই-ভনীৰ বিবাহক প্রতিষিদ্ধ কাৰ্য বুলি গণ্য নকৰে যদিও এলৱিনৰ প্ৰতিবেদন মতে এনে বিবাহৰ উদাহৰ সততে পোৱা নাযায়।

হো আৰু মুণ্ডাসকলে অবিবাহিত আৰু অবিবাহিতাৰ বাবে পৃথক শোৱনি ঘৰ ৰাখে। তেওঁলোকে বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্থান কৰিব পাৰে। কেতিয়াবা এনে সম্পৰ্কই বিবাহৰ ৰূপ লয়। কিন্তু প্ৰায়েই দেখা যায় যে অবিবাহিত অৱস্থাত পৃথক পৃথককৈ উমৈহতীয়া শোৱনি ঘৰত থকা আৰু শাৰীৰিক সম্পৰ্ক ৰখা সংগীৰ সৈতে ল’ৰা-ছোৱালীয়ে বিয়াত নবহে। তেওঁলোকে সম্পূর্ণ নতুন ব্যক্তিক জীৱন সংগীৰূপে বাচি লয়। এই সমাজবোৰ অসবর্ণ কুলপ্রতীকযুক্ত গোষ্ঠীত বিভক্ত। এজন পুৰুষে নিজ গোষ্ঠীৰ বাহিৰৰ ছোৱালী বিয়া কৰাব লাগে। তেওঁ প্ৰথম সম্পৰ্কীয় ভনীৰ দৰে নিকট আত্মীয় ছোৱালীৰ চক্ৰটোৰ বাহিৰৰ যিকোনো ছোৱালীক বিয়া কৰাব পাৰে।

কইনা পাবৰ বাবে ধন প্ৰদান কৰিব লাগে। হ’বলগীয়া জোৱায়ে হ’বলগীয়া শহুৰৰ ঘৰত আগবঢ়োৱা সেৱাকো কন্যামূল্য বুলি ধৰা হয়। বিয়াৰ পাচত পুৰুষে নিজাকৈ ঘৰ সাজে। বহুতে সৰু ভায়েক আৰু বিধবা মাকৰ দৰে নিকট আত্মীয়ক নতুনকৈ সজা ঘৰত ৰাখে। মুণ্ডাৰিসকলৰ এই ৰীতি ভাৰতৰ আন জাতি, সম্প্রদায়তকৈ পৃথক। তেওঁলোকৰ মাজত যৌথ পৰিয়ালৰ প্ৰচলন নাই। মুণ্ডাৰিসকলে পিতৃবংশীয় সম্পৰ্কবোৰ পূৰ্বপুৰুষৰ উপাসনা আৰু গৃহ পূজাৰ দৰে উমৈহতীয়া অনুশীলনবোৰৰ সহায়ত বৰ্তাই ৰাখে। তেওঁলাকে প্ৰয়োজনত পৰস্পৰক সহায় কৰে যদিও স্বতন্ত্ৰ জীৱন যাপন কৰে।

মেঘালয়ৰ খাচীসকলে মন-খমেৰ ভাষা কয়। খাচীসকল হ’ল দক্ষিণ মণ্ডলৰ নায়াসকলৰ দৰে মাতৃবংশ অনুসৰণকাৰী জাতি। অৱশ্যে আন ৰীতি-নীতিৰ ক্ষেত্ৰত দুয়োটা জাতিৰে পাৰ্থক্য আছে। নায়াৰ সকল মাতৃবংশীয় যৌথ পৰিয়ালত থাকে। ঘৰৰ মহিলাসকলৰ পতিসকল আলহীৰ দৰে। খাচীসকলেও যৌথ পৰিয়ালত বাস কৰে। তেওঁলোকে একেধৰণে উপাসনা কৰে, একেখন শ্মশানতে মৃতকৰ সৎকাৰ কৰা হয়। কিন্তু খাচী বিবাহিত পুৰুষসকলে পত্নীৰ ঘৰৰ চৌহতে পত্নীৰ সৈতে এটা সৰু ঘৰত বাস কৰে। পিতৃৰ মৃত্যুৰ পাচত সম্পত্তি মাতৃৰ হাতলৈ নাইবা সবাতোকৈ সৰু জীয়ৰীৰ হাতলৈ যায়।

যদি বংশত কোনো মহিলা আত্মীয় নাথাকে আৰু বিধৱা মহিলাগৰাকীয়ে পুনৰ বিবাহত নবহাৰ সিদ্ধান্ত লয়, তেন্তে তেওঁ আদা সম্পত্তি লাভ কৰে। খাচী সমাজত বিবাহিত পুৰুষৰ স্থান হিন্দু পিতৃবংশীয় পৰিয়ালবোৰত বোৱাৰী গেৰাকী লাভ কৰা স্থানৰ দৰে। হিন্দু বোৱাৰীগৰাকীক পৰিয়ালৰ সদস্যা হিচাপে অন্তর্ভুক্ত কৰি লোৱা হয়। খাচী জোৱাই এজন সদায় বহিৰাগত হৈয়েই ৰৈ যায়। খাচী মহিলাই যথেষ্ট স্বাধীনতা উপভোগ কৰে। বিবাহ বিচ্ছেদ ঘটিলে সন্তানৰ দায়িত্ব মাতৃগৰাকীয়ে লাভ কৰে। খাচীসকলৰ মাজত গোষ্ঠীভিত্তিক সবর্ণ বিবাহ প্রচলিত। সমান্তৰাল সম্পৰ্কীয় ভাই-ভনীৰ বিয়া হ’ব নোৱাৰে। সংকৰ সম্পৰ্কীয় ভাই-ভনীৰ মাজৰ বিয়া বিৰল।

ওপৰত ভাৰতৰ স্বজনতা সংগঠনটোৰ এক ৰূপৰেখা আলোচনা কৰা হ’ল। স্বজনতা ব্যৱস্থাৰ সৈতে জড়িত প্ৰমূল্য তথা প্রতিমানবোৰ কোনো কোনো অঞ্চলত কোনো ক্ষেত্ৰত কঠোৰ আৰু নমনীয় দুয়োটাই। ইয়াব প্রমাণ বিবাহ বিচ্ছেদ, বিধৱা বিবাহ, নিকট আত্মীয়ৰ মাজত যৌন সম্পর্ক স্থাপনত থকা প্ৰতিষিদ্ধতা, জাতিভিত্তিক অসবর্ণ বিবাহ প্রথা গোষ্ঠীভিত্তিক সবর্ণ বিবাহ প্রথা, বৰ্জনৰ নীতি, পৰিয়ালৰ সংৰচনা, বংশাৱলী আৰু বসতি ব্যৱস্থা, কর্তৃত্ব ব্যৱস্থা, উত্তৰ পুৰুষ আৰু সম্পত্তিৰ উত্তৰাধিকাৰ আদি বিষয়ত পোৱা যায়।

সামাজিক সংগঠন আৰু গতিশীলতাৰ এক মৌলিক নীতিৰূপে স্বজনতা সদায় বর্তি থাকিব। আনহাতে, ই সমাজত বিভাজন তথা বিভেদ সৃষ্টিৰ কাৰণো হৈ ৰ’ব। স্বজনতা এক জটিল পৰিঘটনা। আধুনিক সংগঠনবোৰতো স্বজনতাৰ ভূমিকা অনুমান কৰিব পাৰি। প্ৰৱজন, গতিশীলতা আৰু শিক্ষাই স্বজনতা ব্যৱস্থা তথা গোষ্ঠী সংগঠনৰ নীতি নিয়মবোৰ কিছু দুৰ্বল কৰি পেলাইছে। কাৰণ আজিকালি এটা জাতি উপজাতি নাইবা গোষ্ঠীৰ সদস্যসকল একেলগে একেটা স্থানতে নাথাকে। এসময়ত কোলাত কোলাত প্রচলিত মাতৃপ্রধান সমাজ ব্যবস্থা প্রায় লোপ পাইছে। উত্তৰ-পূৱ ভাৰততো এই প্ৰথা দুৰ্বল হৈ পৰিছে। 

81. ভাৰতবৰ্ষৰ উত্তৰাঞ্চল আৰু দক্ষিণাঞ্চলৰ স্বজন পদ্ধতি সম্বন্ধে এক তুলনামূলক আলোচনা আগবঢ়োৱা?

উত্তৰঃ উত্তৰ ভাৰতত স্বজনতা:

উত্তৰ ভাৰতত (১) তেজৰ সম্পৰ্ক বুজোৱা অভিধা (terms) আৰু (২) বৈবাহিক সম্পর্ক বুজোৱা অভিধা আছে। তাৎক্ষণিকভাৱে সম্বন্ধেৰে বান্ধ খাই থকা তিনিটা প্ৰজন্মৰ ক্ষেত্ৰত ব্যৱহৃত অভিধাবোৰ হ’ল মুখ্য অভিধা। এটা প্ৰজন্মৰ বাবে ব্যৱহৃত অভিধাবোৰ অন্য প্ৰজন্মৰ সৈতে বিনিময় কৰিব পৰা নাযায়। আন সকলোবোৰ অভিধা মুখ্য অভিধাবোৰৰ পৰা উলিয়াই লোৱা হয়।

উত্তৰ মণ্ডলৰ ভিতৰত সিদ্ধি, পঞ্জাবী, হিন্দী (আৰু পাহাৰী) তথা বিহাৰীসকলক সামৰি লোৱা হয়। এই অঞ্চলবোৰত সবর্ণ বিবাহ, অসবর্ণ বিবাহৰ ৰীতি আৰু নিকট আত্মীয়ৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ প্রতিষিদ্ধতাক কঠোৰভাৱে মানি চলা হয়।

‘চাচন নীতি’ (the rule of sasan) হ’ল সকলো বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি। এই নীতি অনুসৰি ব্যক্তিয়ে নিজৰ পিতৃৰ ফালৰ পৰিয়ালত বিয়া কৰাব নোৱাৰে, সপিণ্ড স্বজনক বিয়া কৰোৱাৰ পৰা বিৰত থাকিব লাগে ইত্যাদি। প্রাচীন ব্রাহ্মণ্য অৰ্থত ‘গোত্র’ মানে হ’ল অসবর্ণ গোট। কেতিয়াবা জাতি (caste) এটাকো ‘সবর্ণ গোত্র নাইবা অসবর্ণ গোত্ৰত ভাগ কৰা হয়। ইয়াৰ উপৰি এটা জাতিক এনে কিছুমান গোত্রতো ভগোৱা হ’ব পাৰে যিবোৰে বিবাহ সম্পর্কীয় নীতি নির্দেশনাত কোনোধৰণে ভাগ নলয়। 

উত্তৰ মণ্ডলত গাঁও ভিত্তিক অসবর্ণ বিবাহৰ (Village exogamy) প্রচলন আছে।

অর্থাৎ, উত্তৰ ভাৰতত আমি স্বজনতাৰ অতি কমেও চাৰিটা বৈশিষ্ট্য দেখিবলৈ পাওঁ:

(ক) নির্দিষ্ট ভূখণ্ড কেন্দ্রিক স্বজনতা।

(খ) বংশভিত্তিক স্বজনতা।

(গ) নিকট আত্মীয়ৰ সৈতে যৌন সম্পৰ্ক স্থাপন এক প্রতিষিদ্ধ কাৰ্য্য। আৰু

(ঘ) স্থানীয় অসবর্ণ বিবাহ।

জাতিৰ প্ৰস্থিতি বিবেচনাই সববৰ্ণ বিবাহৰ ক্ষেত্ৰখন সংকীৰ্ণ কৰি তোলে। বিবাহত থকা বাধা-নিষেধবোৰে স্বজনতা আৰু, স্থান দুয়োটা দিশেৰে বহল ক্ষেত্ৰত বিবাহ সম্পন্ন হোৱাত বাধা দিয়ে। বৈবাহিক সম্পর্ক স্থাপনৰ সময়ত সগোত্রভিত্তিক বাধা-নিষেধ আৰু স্থানীয় সবর্ণ বিবাহ ৰীতি কঠোৰভাৱে মানি চলা হয়।

উত্তৰ মণ্ডলত চতুর্গোত্র (চাচন) নীতি মানি চলা হয়। অর্থাৎ, পিতৃ, মাতৃ, পিতামহী আৰু মাতামহীৰ গোত্ৰৰ সৈতে বিবাহ এৰাই চলিব লাগে। অৱশ্যে উত্তৰ ভাৰতৰ ব্ৰাহ্মণ আৰু উচ্চ জাতিৰ লোকসকলেহে সাধাৰণতে এই ৰীতি মানি চলে। মধ্যৱতী জাতি কিছুমানে আৰু নিম্ন জাতিৰ অধিকাংশই দ্বি-গোত্ৰ ৰীতি মানি চলে। অর্থাৎ, পিতৃ আৰু মাতৃৰ গোত্ৰৰ সৈতে বিবাহ এৰাই চলে।

82. ভাৰতীয় সমাজত সামাজিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া হিচাপে সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণৰ তুলনা কৰা আৰু পাৰ্থক্য দেখুওৱা।

Ans: সংস্কৃতকৰণ আৰু পাশ্চাত্যকরণ সামাজিক পৰিৱর্তন এক প্রক্রিয়া। সমাজতাত্বিক এম. এন. শ্রীনিবাসে পোনপ্রথমে সংস্কৃতকৰণ, অৱধাৰণাটো আগবঢ়ায়। এম. এন. শ্রীনিবাসৰ মতে, নিম্নজাতৰ মানুহে পৰম্পৰা পদ্ধতি পবিত্যাগ কৰি বিশ্বাস প্ৰথা আৰু ৰীতি-নীৰিৰে পৰিচালিত হয়, তেন্তে তাকেই সংস্কৃতিকৰণ বোলে।

সংস্কৃতিকৰণে এনে এটা প্ৰক্ৰিয়াৰ আভাস দিয়ে যাৰ যোগেদি মানুহে সাংস্কৃতিক দিশত তেওঁলোকতকৈ আগশাৰীৰ অৱস্থানত থকা লোকৰ নাম আৰু ৰীতিনীতি অৱলম্বন কৰি নিজৰ সামাজিক স্থিতি আগবঢ়াই নিয়াৰ প্ৰয়াস কৰে। কিন্তু সামলোচকসকলৰ মতে, সংস্কৃতিকৰণে কেৱল ব্যক্তিৰ সামাজিক স্থিতিয়ে সলনি কৰে, সংৰচনাত্মক পৰিবৰ্তন নকৰে। তদুপৰি সংস্কৃতকৰণ প্ৰক্ৰিয়া সমাজৰ অসমতা আৰু নিষিদ্ধকৰণৰ ভিত্তিতহে বৰ্তি থাকে। সংস্কৃতিকৰণৰ ফলত উচ্চ জাতিৰ নীতি অনুকৰণ কৰা হৈছিল যি সমাজত মহিলাৰ স্থান অধিক নিম্ন কৰিছিল।

ম এন শ্রীনিবাসৰ মতে সংস্কৃতিকৰণৰ দৰেই পশ্চিমীয়া দেশৰ আৰ্হি প্রাচ্য দেশে অনুকৰণ কৰা পদ্ধতিটোৱেই পাশ্চাত্যকৰণ। সমাজতত্ববিদ মিল্টন ছিংগাৰ, ডেনিয়েল, গোগেন্দ্র সিং। তেওঁলোকৰ মতে পাশ্চাত্যকৰণ হৈছে ভাৰতীয় সমাজে পশ্চিমীয়া সমাজৰ শিক্ষা সংস্কৃতি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আদিৰ ফলত ভাৰতীয় সমাজ সংস্কৃতিত ব্যাপক পৰিৱৰ্তনৰ সূচনা হৈছিল। এনে পৰিৱৰ্তনশীলতা ভাৰতীয় সমাজ সংৰচনাৰ দিশৰো পৰিৱৰ্তন সাধন কৰিছিল। সেই হিচাপে সংস্কৃতিকৰণে অনা পৰিৱৰ্তনতকৈ পাশ্চাত্যকৰণে অমা পৰিৱৰ্তন বহু বেছি গুণে ব্যাপক আছিল। গতিকে দেখা যায় যে ভাৰতীয় সমাজ সংস্কৃতিত পাশ্চাত্যকৰণৰ প্রভাৱ সংস্কৃতিকৰণৰ তুলনাত বেছি গভীৰ। 

83. পৰিয়ালৰ সংজ্ঞা দিয়া। আধুনিক পৰিয়ালৰ সমস্যাসমূহৰ বিষয়ে বৰ্ণনা কৰা।

Ans: মেক আইভাৰ আৰু পেজে, “ Society an Introductory Analysis” নামৰ পুথিখনত উল্লেখ কৰিছে যে, “পৰিয়াল এনে এক নির্দিষ্ট আৰু স্থায়ী যৌন সম্বন্ধৰে পৰিবেষ্টিত ব্যক্তিৰ সমূহ যি সন্তান জন্ম দিয়া আৰু সিহঁতক লালন-পালন কৰা কাৰ্য সম্পাদন কৰে।

আধুনিক পৰিয়ালৰ সমস্যাসমূহ হ’ল –

(ক) ধৰ্মীয় আৰু নৈতিক নীতি-নিয়মবোৰ ক্ৰমে সমাজৰ পৰা আঁতৰিবলৈ ধৰিছে।

(খ) সাম্প্রতিক সময়ত প্ৰাথমিক পৰিয়াল সমূহত বিবাহ বিচ্ছেদৰ প্রাধান্যতা বৃদ্ধি পাইছে।

(গ) এনে পৰিয়ালৰ সদস্য সকলৰ মাজত সামাজিক সম্বন্ধৰ অৱসান হ’বলৈ ধৰিছে।

(ঘ) এনে পৰিয়াল সমূহত পতি-পত্নীৰ মাজত আত্মীয়তা আৰু বৈবাহিক সম্বন্ধ আপেক্ষিক হ’বলৈ ধৰিছে। বিবাহ কেৱল এক চুক্তিলৈ ৰূপান্তৰিত হৈছে।

84. সহযোগিতা বুলিলে কি বুজা? সহযোগিতা আৰু সংঘৰ্ষৰ মাজত পাৰ্থক্য দেখুওৱা।

Ans: প্রথম অংশ –

সামাজিক প্ৰক্ৰিয়াসমূহৰ ভিতৰত সহযোগিতা আটাইতকৈ গুৰুত্বপূৰ্ণ সামাজিক প্ৰক্ৰিয়া। সহযোগৰ অবিহনে সমাজৰ কথা কল্পনা কৰিব নোৱাৰি। আনকি পতি-পত্নীৰ সহযোগৰ অবিহনে মানৱ সমাজৰ প্ৰৱহমান গতিও ৰুদ্ধ হৈ যাব। সহযোগিতাৰে ইংৰাজী প্রতিশব্দ ‘Co-Operation’ এই Co-Operation মানে কাম। অর্থাৎ, একেলগে কৰা কামেই সহযোগিতা। কিন্তু প্রকৃততে সকলোবোৰ পাৰস্পৰিক ক্রিয়াক সহযোগিতা বুলিব নোৱাৰি। সহযোগিতা হ’বলৈ হ’লে ব্যক্তিসকলে নির্দিষ্ট উদ্দেশ্য আগত ৰাখি সচেতনভাবেহে অংশগ্রহণ কৰিব লাগিব। 

এ.ডব্লিউ গ্ৰীণৰ মতে, “দুজন বা ততোধিক ব্যক্তিয়ে নির্দিষ্ট উপনীত হোৱাৰ উদ্দেশ্যে বাৰে বাবে কৰা প্ৰচেষ্টাই হৈছে সহযোগিতা। 

মেৰিল আৰু এলড্রিজৰ মতে, “উমৈহতীয়া লক্ষ্য সাধনৰ বাবে দুজন বা ততোধিক ব্যক্তিয়ে করা সামাজিক আন্তঃক্রিয়া পদ্ধতিয়েই হৈছে সহযোগিতা।

ফেয়াৰ চাইল্ডে সহযোগিতা সম্পর্কে এটা উল্লেখযোগ্য সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে, “ব্যক্তি বা সমূহে তেওঁলোকৰ কাৰ্যসমূহ কম বেছি পৰিমাণে একত্ৰিত কৰি উমৈহতীয়া লক্ষ্য পূৰণৰ বাবে চলোৱা প্রচেষ্টাই হৈছে সহযোগিতা।” 

দ্বিতীয় অংশ ―

সংঘৰ্ষ আৰু প্ৰতিযোগিতা এই দুয়োটা সামাজিক প্ৰক্ৰিয়াৰ মাজত পাৰস্পৰিক সাদৃশ্যতা আৰু বৈসাদৃশ্যতা পৰিলক্ষিত হয়। এই দুয়োটা প্ৰক্ৰিয়াৰে লক্ষ্য আৰু উদ্দেশ্য হ’ল প্রতিদ্বন্দ্বী বা বিপৰীত পক্ষক পৰাভূত কৰা। 

উদাহৰণস্বৰূপে―

(i) প্রথমতে, প্রতিযোগিতাত প্ৰতিযোগীয়ে প্ৰতিদ্বন্দ্বীক অন্যায় কৰি প্ৰাভূত কৰিব নিবিচাৰে, কিন্তু সংঘর্ষই অন্যায় সহযোগত বা বলপূৰ্বকভাৱেই পৰাস্ত কৰিব বিচাৰে। প্ৰতিযোগিতাত হিংসা বা ধ্বংসৰ স্থান নাই; কিন্তু সংঘৰ্ষত ধ্বংস বা হিংসাৰ স্থান বিদ্যমান।

(ii) দ্বিতীয়তে, প্রতিযোগিতা এটা অজ্ঞাত প্রক্রিয়া। কোনো পক্ষই বিপৰীত পক্ষৰ কথা চিন্তা নকৰাকৈ প্ৰতিযোগিতাত অৱতীর্ণ হয়। উদাহৰণস্বৰূপে, ব্যক্তিয়ে উন্নতি লাভৰ প্ৰতিযোগিতাত অগ্ৰসৰ হওঁতে প্ৰতিযোগীৰ কথা চিন্তা নকৰে। আনহাতে সংঘর্ষ নিৰ্দিষ্ট ব্যক্তি বা সমূহৰ মাজতহে সংঘটিত হয়।

(iii) তৃতীয়তে, কোনো বিশেষ কাৰণ বা সমস্যাৰ বাবেহে সংঘৰ্ষ হয়, কিন্তু স্বভাবগতভাবেই ব্যক্তিসকল প্রতিযোগিতাত অভ্যস্ত থাকে।

(iv) চতুর্থতে, প্রতিযোগিতা হৈছে এটা ধাৰাবাহিক প্রক্রিয়া। ব্যক্তিয়ে এহনীশে প্রতিযোগিতাত অৱতীৰ্ণ হয়। আনহাতে সংঘৰ্ষ ধাৰাবাহিক প্রক্রিয়া নহয়। ব্যক্তিয়ে বিশেষ সমস্যা বা বিশেষ সময়তহে সংঘৰ্ষত অৱতীর্ণ হয়। 

(v) পঞ্চমতে, প্রতিযোগিতাই ব্যক্তিক কর্মপ্রেরণা যোগায়। কিন্তু সংখ্যই ব্যক্তিক কর্মবিমুখহে কৰে। উদাহৰণস্বৰূপে সংঘৰ্ষৰ সময়ত ব্যক্তিব কর্মস্পৃহা বিলুপ্তি ঘটাৰ কথা ক’ব পাৰি।

(vi) ষষ্ঠতে, প্রতিযোগিতাত ৰীতি-নীতিৰ প্ৰাধান্যতা বেছি। কিন্তু সংঘৰ্ষত ৰীতি-নীতি বিসর্জন দিয়া হয়।

85. জৈন ধৰ্মৰ উৎপত্তি আৰু বিকাশ সম্পর্কে এটি টোকা লিখা? 

উত্তৰঃ মহাবীৰক জৈন ধৰ্মৰ প্ৰৱৰ্তক বুলি কোৱা হয়। অৱশ্যে জৈন ধর্ম গ্রন্থমতে এই ধৰ্মৰ প্ৰকৃত প্ৰৱৰ্তকজনৰ নাম আছিল ঋষভ। জৈন ধৰ্মাৱলম্বীসকলৰ বিশ্বাস অনুসৰি ঋষভৰ পাছত ২৩ জন সাধকে জৈন ধৰ্ম প্ৰচলন কৰি আহিছিল। মহাবীৰৰ পূৰ্বমুখী প্ৰতিজন সাধককে একোজন তীর্থাংকৰ বোলা হয়। সেই ফালৰ পৰা মহাবীৰ আছিল ২৪ নং তীৰ্থাংকর। মহাবীৰৰ আগৰ তীৰ্থাংকৰজনৰ নাম আছিল পাৰ্শ্বনাথ। তেওঁৰ বাহিৰে অন্যান্য তীৰ্থাংকসকলৰ বিষয়ে ভালদৰে জনা নাযায়।

বৰ্দ্ধমান মহাবীৰৰ (৫৩৭-৪৬৭ খ্রীষ্টাব্দপূর্ব) দেউতাক নাম আছিল সিদ্ধার্থ। তেওঁ কুন্দাপুৰৰ জ্ঞাত্ৰিক কুলৰ প্ৰধান আছিল। মাক ত্রিশলা আছিল ক্ষত্ৰিয় কুলৰ। মগধৰ শাসক পৰিয়ালৰ সৈতে ত্রিশলাৰ তেজৰ সম্পৰ্ক আছিল। প্রায় ৭০/৭২ বছৰ বয়সত মন্ত্ৰসকলৰ ৰাজধানী পাভ নামৰ ঠাইত মহাবীৰৰ মৃত্যু হৈছিল।

মহাবীৰ পত্নীৰ নাম আছিল যশোদা। মহাবীৰে ত্ৰিশ বছৰ বয়সত সংসাৰ ত্যাগ কৰে। তাৰ পাছত বাৰ বছৰ কাল তেওঁ নগ্নভাৱে পূর্ব ভাৰতৰ ভালেমান দেশ ভ্রমণ কৰে। দীর্ঘদিন ৰিজুপালিকা নদীৰ পাৰৰ জিমভিকা গাঁৱৰ এজোপা শাল গছৰ তলত তেওঁ কঠোৰ তপস্যা কৰে। ৪২ বছৰ বয়সত সর্বোত্তম জ্ঞান লাভ কৰে।

মহাবীৰে সিদ্ধি লাভ কৰাৰ পাছত মগধ, বিদেহ, অংগ, ভাগালপুৰ আদি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল। মহাবীৰে কাম, ক্রোধ, লোভ, মাশ্চর্য জয় কৰিব পাৰিছিল। সেইবাবেই তেওঁ প্ৰচাৰ কৰা ধৰ্মটো জয় কৰা। বোলা হয়। ইয়াৰ অৰ্থ হ’ল জিনা। এই ‘জিনা’ শব্দৰ পৰাই জৈন হয়। জৈন ধৰ্মৰ মূল লক্ষ্য আছিল সৎ জীৱন যাপন কৰি পুনৰ জন্মৰ পৰা নিষ্কৃতি লাভ। তেওঁলোকে বিশ্বাস কৰিছিল পূর্বজন্মত কৰা ভাল-বেয়া কামৰ ওপৰত নিৰ্ভৰ কৰিয়েই পুনৰ জন্ম পোৱা-নোপোৱাটো নির্ভ কৰে। জীৱনটো সততাৰে পৰিচালনা কৰিবলৈ হ’লে কিছুমান নীতিৰ। মাজেৰ জীৱনটো আগবঢ়াই নিয়া উচিত। জৈন দর্শনে কোনো ভগৱানৰ অস্তিত্ব স্বীকাৰ নকৰে। ভগৱানক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাটো এটা অর্থহীন কাম বুলিহে তেওঁলোকে ভাৱে।

বিশ্ব চৰাচৰ দুটা ভাগত বিভক্ত। অজীৱ (অর্থাৎ বস্তু) আৰু জীৱ। জীৱ চেতন মনৰ অধিকাৰী । জীৱই দুখ-কষ্ট অনুভৱ কৰিব পাৰে। আত্মা যেতিয়া বস্তুৰ সংস্পৰ্শলৈ আহে, ই তাৰ মায়া-মোহৰ দ্বাৰা বন্দী হয়। আত্মাৰ প্ৰধান লক্ষ্য হ’ল বন্ধনৰ পৰা মুক্তি পোৱা। কোনো ধৰৰ বাহ্যিক আৱৰণ পৰিধান কৰাতোও মহাবীৰে পচণ্ড নকৰিছিল। তেওঁ মাত্ৰ তিনিটা কথাৰ ওপৰত গুৰুত্ব দিছিল। সৎ বা শুদ্ধ বিশ্বাস, সৎ জ্ঞান আৰু সৎ কৰ্ম। জৈন দৰ্শনৰ এয়াই হ’ল মূল মৰ্ম।

86. বৌদ্ধ ধৰ্মৰ উৎপত্তি আৰু বিকাশ সম্পর্কে এটি আলোচনা যুগুত কৰা?

উত্তৰঃ সিদ্ধার্থ (৫৬৬/৬৭-৪৮৬/৮৭ খ্রীষ্টাব্দপূর্ব) হ’ল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। তেওঁ শাক্যসকলৰ গোষ্ঠীপ্রধান সুদ্ধোধন আৰু তেওঁৰ পত্নী মায়াৰ পুত্ৰ। তেওঁলোক আছিল ক্ষত্ৰিয়কুলৰ। তেওঁৰ জন্মৰ সাত দিনৰ পাছতে মাতৃ মায়াৰ মৃত্যু হয় আৰু মাহীমাকে তেওঁক প্ৰতিপালন কৰে। কপিলাবস্তুৰ লুম্বিনী গাঁৱত তেওঁৰ জন্ম। শাক্য ৰাজবংশত জন্ম পোৱাৰ বাবে সিদ্ধার্থক শাক্য মুনিও বোলা হৈছিল। সিদ্ধার্থ সৰুৰে পৰা চিন্তাক্লিষ্ট আছিল। দেউতাকে যশোধৰা নামে কন্যা এটিৰ লগত কম বয়সতে তেওঁৰ বিয়া পাতি দিছিল। সময়ত তেওঁলোকৰ ৰাহুল নামেৰে এটি পুত্ৰ সন্তানৰ জন্ম হয়।

সমাজত মানুহৰ দুখ-কষ্ট, জড়া-ব্যাধি, বার্ধক্য-মৃত্যু, অভাৱ। অনাটন, অন্যায়-অত্যাচাৰ, অনীতি-অনিয়ম আদিয়ে সিদ্ধার্থক চিন্তিত কৰি – তুলিছিল। সেইবোৰে তেওঁৰ মনত আমনি কৰিছিল। এইবোৰৰ বাবেই তেওঁৰ মনত সংসাৰ বিৰাগ দৃষ্টিভংগীয়ে গঢ় লয়। সংসাৰৰ মায়া-মোহৰ উদ্ধত অৱস্থান কৰাৰ তীব্র বাসনা তেওঁৰ মনত গঢ় লয়। মানুহৰ বুদ্ধ অৱস্থা, মানুহৰ পংগুত্ব, সন্ন্যাস আৰু মানুহৰ মৃত্যুৱে তেওঁৰ মনত গভীৰ ৰেখাপাত কৰে। সংসাৰ ত্যাগ কৰাৰ ক্ষেত্ৰত এইবোৰে সিদ্ধার্থক প্রভাৱিত কৰিলে। সংসাৰৰ সকলো মায়া-মোহ ত্যাগ কৰি এদিন তেওঁ ঘৰৰ পৰা ওলাই গ’ল। তেতিয়া তেওঁৰ বয়স আছিল ২৯ বছৰ। পণ্ডিত গুরু আলাৰা কালামাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল যদিও তেওঁ সন্তুষ্ট হ’ব নোৱাৰিলে। উদ্যকা ৰামপুত্ত নামৰ আন এজন পণ্ডিতৰ ওচৰতো দীক্ষা লৈছিল। কিন্তু তেওঁ তাতো প্রকৃত মুক্তিৰ সন্ধান নাপালে। অৱশেষত তেওঁ নিজৰা নদীৰ পাৰত অৱস্থিত উৰুভেলালৈ (বৰ্তমান বুদ্ধগয়া) যায় আৰু এজোপা আহত গছৰ তলত ধ্যান কৰে। গভীৰ তপস্যাৰ ফলত তেওঁৰ শৰীৰ শুকাই খীণাই যায়। সেই আহত গছজোপাক পূজা কৰিবলৈ যোৱা সুজাতা নামৰ এগৰাকী মহিলাৰ পৰা খাদ্য গ্ৰহণ কৰি কথমপি তেওঁ জীয়াই আছিল। কিছুদিনৰ পাছতে তেওঁ পৰম জ্ঞান লাভ কৰে অর্থাৎ বুদ্ধত্বপ্রাপ্ত হয়।

বুদ্ধৰ মতে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱেই পৰিবৰ্তনশীল। এই ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰিয়েই সকলো বস্তু যে অনিত্য আৰু এই অনিত্য অৱস্থাৰ পৰা নিৰ্বাণলৈ গতি কৰিব পাৰি তাৰেই সন্ধান দিছিল। তেওঁ কৰ্মফল আৰু নিৰ্বাণৰ বিষয়ে অনাৱশ্যক তাত্ত্বিক ব্যাখ্যা বিশ্লেষণ দিয়াতকৈ কৰ্মফল আৰু পুনৰ্জন্মৰ পৰা কেনেকৈ সম্পূৰ্ণ মুক্তি লাভ কৰিব পাৰি তাৰ অনুশীলনৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ মতে সকলোবোৰেই অনিত্য, ক্ষন্তেকীয়া আৰু অসাৰ। সেয়ে মানুহৰ দুখ-কষ্টৰ উৎস আৰু সেই দুখ-কষ্টৰ কেনেকৈ অন্ত পৰিব তাৰ পথৰ সন্ধান কৰিছিল। 

বুদ্ধই তেওঁৰ শিষ্যসকলক চাৰিটা প্ৰধান সত্যৰ সম্ভেদ দিছিল।

যথা- 

১। দুখ-কষ্ট।

২। দুখ-কষ্ট উৎপত্তিৰ কাৰণ।

৩। দুখ-কষ্টৰ অৱসান। আৰু

৪। দুখ-কষ্ট নোহোৱা কৰাৰ উপায়।

এইকেইটাক চাৰি আৰ্য সত্য বোলে। বুদ্ধৰ মতে ইচ্ছাই হ মানুহৰ সকলোধৰণৰ দুখৰ উৎস। আশা-আকাংক্ষা নোহোৱা কৰিবলৈ হ’লে মানুহে আঠদফীয়া সৎ পথ লোৱাৰ কথা বুদ্ধই উল্লেখ কৰি গৈছে।

সেয়া হ’ল―

১। সৎ বিশ্বাস: সীমাহীন ইচ্ছা আৰু স্বাৰ্থপৰতাৰে এই সংসাৰখন পৰিপূৰ্ণ । এইবোৰ ধ্বংস কৰিব পৰাৰ মাজতেই লুকাই আছে শান্তিৰ পথ। 

২। সৎ সংকল্প: আনৰ সম্পত্তি আশা নকৰা, বিলাসিতা আৰু ৰিপুসমূহৰ আনন্দৰ বাবে কাম নকৰাৰ মাজতে সোমাই আছে সৎ সংকল্প।

৩। সৎ বচন: মিছা কথা, বক্রোক্তি, লঘু কথা সমাজৰ বাবেই ক্ষতিকাৰক।

৪। সৎ কর্ম: চৌর্যবৃত্তি, ভেজালকৰণ, আত্মসাৎ আদি পৰিত্যাগ কৰা উচিত। সৎ কর্মত স্বার্থহীনতা লুকাই থাকে।

৫। সৎ জীৱিকা: অসৎ উপায়েৰে জীৱিকা অৰ্জন কৰা অনুচিত।

৬। সৎ যত্ন বা চেষ্টা: নিজৰ আৱেগ-অনুভূতিক নিয়ন্ত্ৰণ কৰা দৰকাৰ।

৭। সৎ স্মৃতি: সংসাৰ, জীৱ, শৰীৰ, সকলো পার্থিৱ বস্তু যে অনিত্য সেয়া অনবৰত মনত ৰখা দৰকাৰ।

৮। সৎ সমাধি: সৎ সমাধিয়ে মনক নির্মল কৰি আনন্দ দিয়ে। উল্লিখিত আঠটা পথকে অষ্ট মার্গ বোলে।

টিপিটক হ’ল বৌদ্ধ দৰ্শনৰ মূল ধৰ্ম গ্ৰন্থ। সেয়া হ’ল সুত্ত পিটক, বিনয় পিটক আৰু অভিধর্ম পিটক। সুত্ত পিটক হ’ল পাঁচখন নিকায়ৰ সমষ্টি— দীর্ঘ নিকায়, মাঝহিমা নিকায় সমুত্ত নিকায়, অংগুত্তৰা নিকায় আৰু খুড্ডাকা নিকায়। এইবোৰত ধৰ্মৰ আলোচনা সন্নিবিষ্ট আছে। খুড্ডাকা নিকায়ত কেৱল ধৰ্মপদ আছে। ৰাইছ ডেভিছৰ মতে বিনয় পিটকত নতুন কথাৰ সংযোজন ঘটিছে। অভিধর্ম পিটকত বৌদ্ধ ধৰ্মৰ দার্শনিক দিশটোক আলোচনা কৰা হৈছে।

বৌদ্ধ দৰ্শনৰ মূল উপাদানসমূহ ‘ধর্মচক্র প্রবর্তন সুত্ত (বা সূত্র) ‘ত সংক্ষিপ্তভাৱে আলোচনা কৰা হৈছে। বুদ্ধৰ ‘আর্য সত্য’ আৰু ‘অষ্ট মাৰ্গৰ বিষয়ে এই গ্রন্থত সন্নিবিষ্ট হৈ আছে।

ভাৰতীয় তথা বিশ্ব সভ্যতা-সংস্কৃতিলৈ বৌদ্ধ ধৰ্ম আৰু দৰ্শন এক গুৰুত্বপূৰ্ণ অৱদান। বুদ্ধৰ জীৱন কালৰ পৰা এই ধৰ্ম আৰু দৰ্শনে বিশ্বৰ কোটি কোটি মানুহক আকৰ্ষণ কৰি আহিছে। বৌদ্ধ ধর্ম আজি বিশ্বৰ এক প্ৰধান ধৰ্মীয় ধাৰাৰূপে পৰিগণিত হৈছে। বুদ্ধক অনিষ্ট কৰিব বিচৰা ব্যক্তিয়েও পৰৱৰ্তী সময়ত তেওঁৰ ওচৰত শৰণ লৈছিল। ধর্মানন্দ কৌশাম্বীয়ে উল্লেখ কৰিছে যে মগধৰ ৰজা বিম্বিসাৰে বুদ্ধক তেওঁ বেশ ভূষা, আচৰণ, সুস্বাস্থ্যৰ গৰাকী আৰু সকলো ফালৰ পৰা তেওঁক এজন মাৰ্জিত ৰুচিৰ ক্ষত্ৰিয় বুলি ধৰি লৈছিল আৰু মগধৰ সেনাধ্যক্ষৰ পদবী দিছিল। বিম্বিসাৰে যেতিয়া বুদ্ধৰ সম্পূৰ্ণ পৰিচয় পালে তেতিয়া তেওঁৰ সৈতে বন্ধুত্ব স্থাপন কৰিলে আৰু তেওঁক সহায় কৰিলে।

একাংশ বৌদ্ধবিৰোধী ধৰ্মগুৰুৱে সুস্বাস্থ্যৰ বুদ্ধদেৱক কৃষিকার্য বা আন উৎপাদনমুখী কাৰ্যৰ বাবেহে উপযোগী বুলি কৈ উপহাস কৰিছিল। ইফালে বুদ্ধ জীয়াই থকাৰ সময়তেই বহু বৌদ্ধবিৰোধী লোক বৌদ্ধধৰ্মত দীক্ষা গ্ৰহণ কৰিছিল আৰু নিৰ্বাণ প্রাপ্তিৰ চেষ্টা কৰিছিল। বুদ্ধৰ মহাপৰিনিৰ্বাণৰ পাছতো এই ধৰ্মই যথেষ্ট প্ৰচাৰ লাভ কৰিছিল। বৌদ্ধ ধর্ম আৰু দৰ্শন উন্নয়নশীল সমাজৰ বাবে অতি উপযোগী হৈ পৰিছিল।

87. লিংগ অনুপাত হ্ৰাস পোৱাৰ কাৰণবোৰ কি? 

Ans: জনসংখ্যিক আলোচনাৰ ক্ষেত্ৰত পুৰুষ মহিলাৰ অনুপাত বা লিঙ্গ অনুপাত এক আলোচ্য ক্ষেত্র। জনসংখ্যিক বিজ্ঞানী আৰু সমাজতত্ববিদসকলে লিংগ অনুপাত বৈষম্যতাৰ বাবে ভালেমান কাৰণ আলোচনা কৰিছে। ইয়াৰ ভিতৰত প্ৰধানকৈ স্বাস্থ্য সম্বন্ধীয় কাৰণেই প্ৰধান।

লিংগ অনুপাত হ্ৰাস পোৱাৰ কাৰণবোৰ তলত আলোচনা কৰা হল―

(i) শিশুৰ জন্মৰ সময়ত মাতৃয়ে ল’ব লগী প্রতিষেধক মূলক ব্যবস্থা, সুখাদ্য, সাধাৰণ শিক্ষা, স্বাস্থ্যজনিত সজাগতা, চিকিৎসা সেৱাৰ উপযুক্ত সা-সুবিধাৰ অভাৱ।

(ii) কেঁচুৱা অৱস্থাত কন্যা সন্তানৰ প্ৰতি অৱহেলা, শিশুৰ উচ্চ হাৰৰ মৃত্যু, লিংগ বিশেষে গর্ভপাত কৰা আদি কাৰণৰ পৰা কন্যা সন্তান জন্মত বাধা আহে।

(iii) কিছুমান পৰিয়ালে তেওঁলোকৰ পৰিয়ালত এটা বা দুটা সন্তান বিচাৰে আৰু একে সময়তে লিংগ বিবেচনাৰ ওপৰতো প্রাধান্য দিয়ে।

ধর্মীয় আৰু অন্যান্য বিভিন্ন সাংস্কৃতিক অন্ধবিশ্বাসৰ কাৰণে ভাৰতৰ অনেক ঠাইত কন্যা সন্তানক হত্যা কৰাৰো উদাহৰণ আছে।

ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে লিংগ অনুপাত হ্রাস পোৱাৰ বহুতো কাৰণ আছে। জনসংখ্যিক বিজ্ঞানী আৰু সমাজতত্ববিদসকলে লিংগ অনুপাত বৈষম্যতাৰ বাবে ভালেমান কাৰণ আলোচনা কৰিছে। ইয়াৰ ভিতৰত প্ৰধানকৈ স্বাস্থ্য সম্বন্ধীয় কাৰণেই প্রধান।

88. নগৰীয়া সমাজৰ মূল চৰিত্ৰসমূহ ব্যাখ্যা কৰা। 

Ans: পৰিবৰ্তনশীলতা মানৱ সমাজৰ অন্যতম বৈশিষ্ট্য। পৃথিৱীৰ কোনো সমাজেই স্থবিৰ নহয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগেই সকলো সমাজতে পৰিৱৰ্তনৰ সূচনা হয়। আধুনিকীকৰণৰ ফলস্বৰূপেও বর্তমান গ্ৰাম্য সমাজত নগৰীয়া বা পাশ্চাত্য সংস্কৃতিৰ প্রভাৱ পৰিছে, ফলত গ্রামা সমাজতো দ্রুত পৰিৱৰ্তন ঘটিছে। গ্ৰাম্য অঞ্চলসমূহে ক্ৰমে নগৰ অঞ্চলৰ চৰিত্ৰ আহৰণ কৰিছে।

নগৰীয়া সমাজ অর্থাৎ নগৰ ভাৰতীয় সমাজৰ এক অভিন্ন অংগ। সাধাৰণতে নগৰীয়া সমাজ বুলি কলেই ‘নগৰ’ ৰ ধাৰণা এটাই মনলৈ আহে। 

নগৰীয়া সমাজৰ চৰিত্ৰ বা বৈশিষ্ট্য:

নগৰীয়া সমাজৰ প্ৰধান চৰিত্ৰ বা বৈশিষ্ট্য সমূহ তলত আলোচনা কৰা হল ―

(i) জটিল জীবননির্বাহ পদ্ধতি: নগৰীয়া সমাজত জীবননির্বাহ পদ্ধতি অতি সৰল নহয়। নগৰ অঞ্চলৰ লোকসকল গ্ৰাম্যাঞ্চলৰ লোকৰ দৰে অতিথি পৰায়ণ নহয়।

(ii) নিয়োগৰ সুবিধা: নগৰীয়া সমাজত নিয়োগৰ সুবিধা অধিক হেতুকে অধিক প্রগতিবাদীসকলে জীবন অধিক উন্নতি কৰাৰ সুবিধা গ্রহণ কৰিব পাৰে। তেওঁলোক নিৰাশাবাদী নহৈ অধিক উৎসাহেৰে কৰ্মত লিপ্ত হয়।

(iii) একক পৰিয়ালৰ গুৰুত্ব অধিক/একক পৰিয়াল: সৰু পৰিয়াল: নগৰীয়া সমাজত একক পৰিয়ালৰ ওপৰতহে প্রাধান্য বেছি দিয়ে আৰু থকাৰ অসুবিধাৰ আৰু নিয়ন্ত্ৰণৰ বাবে ব্যক্তিসকলে সৰু সৰু পৰিয়াল পাতি থাকিবলৈহে ভাল পায়। তেওঁলোক অধিক শক্তিশালী।

(iv) অধিক জনসংখ্যা: অধিক জনসংখ্যাৰ থকাটো নগৰীয়া সমাজৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। নগৰীয়া অঞ্চলত ব্যৱসায় প্রতিষ্ঠান, উদ্যোগ, কল-কাৰখানা, শিক্ষানুষ্ঠান আদিৰ সুবিধা থকাৰ বাবে গাঁৱৰ পৰা ব্যক্তিসকল নগৰলৈ যায় আৰু তাতে বসতি কৰেগৈ। সেয়েহে নগৰ অঞ্চলত জনসংখ্যা অধিক হোৱা দেখা যায়।

(v) ভিন্ন পৰিবেশ: একেখন নগৰতে ভিন্ন পৰিবেশ পৰিলক্ষিত হয়, অৰ্থাৎ একোখন নগৰত বিভিন্ন স্থানৰ পৰা বিভিন্ন লোক আহি বসতি কৰেহি। এই লোকসকলক জাতি, ধর্ম, বর্ণ, উদ্দেশ্য আদি মাজত বিভিন্নতা থাকে। সেয়ে একেখন নগৰতে অথবা একেটা এলেকাতে বিভিন্ন ধৰণৰ পৰিবেশ লক্ষ্য কৰিব পাৰি।

(vi) আনুষ্ঠানিক সম্পর্ক: নগৰৰ জনসংখ্যা অধিক আৰু প্ৰত্যেকেই নিজক লৈ ব্যস্ত হৈ থকাৰ কাৰণে ব্যক্তিৰ মাজত স্বাভাৱিক আৰু পোনপটীয়া সম্পৰ্কৰ অভাৱ দেখা যায়। নগৰীয়া সমাজৰ ব্যক্তিসকলৰ মাজত মুখামুখি বন্ধুত্বপূর্ণ সম্পতি প্রায় নাথাকেই।

(vii) ভিন্ন বৃত্তি: নগৰীয়া সমাজত উদ্যোগ, কল-কাৰখানা, ব্যৱসায় প্রতিষ্ঠান, কার্যালয় আদিৰ সুবিধা থকাৰ বাবে অৰ্হতা সম্পন্ন লোকসকলে যিকোনো বৃত্তি গ্ৰহণৰ সুবিধা পায়। নগৰীয়া সমাজৰ লোকসকলৰ মাজত সেয়েহে বৃত্তিৰ ভিন্নতা দেখা যায়।

ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে, নগৰীয়া সমাজৰ বহুত বৈশিষ্ট্য আছে আৰু সেই বৈশিষ্ট্য সমূহ আলোচনা কৰি আমি জানিব পাৰিলো যে, এই সমাজত জীৱনিৰ্বাহ পদ্ধতি অতি সৰল নহয়। নগৰ অঞ্চলৰ লোকসকল গ্ৰাম্যাঞ্চলৰ লোকৰ দৰে অতিথি পৰায়ণ নহয়। ইয়াৰ ওপৰিও নগৰীয়া সমাজত সাম্প্রদায়িকতাৰ মনোভাৱ আৰু ঐক্যতাৰ বান্ধোন কম। নগৰীয়া সমাজত যাতায়াত যোগাযোগ, শিক্ষা দীক্ষা আদিৰ সুবিধা অধিক আধুনিক সভ্যতাই নগৰত সোণকালে প্রবেশ কৰে।

89. গ্ৰাম্য সমাজৰ মূল চৰিত্ৰসমূহ ব্যাখ্যা কৰা।

Ans: ভাৰতীয় সমাজ বুলিলে আমি মূলতঃ গ্ৰাম্য সমাজৰ কথাই বুজোঁ। ভাৰতীয় জনসাধাৰণৰ চাৰিভাগৰ তিনি অংশৰো অধিক গ্রাম্যবাসী। কিন্তু অতীতৰ গাঁও আৰু বৰ্তমানৰ গাঁৱৰ মাজত বহুতো পাৰ্থক্য আছে। বৰ্তমানৰ ভাৰতীয় গ্ৰাম্য সমাজৰ এক স্পষ্ট চানেকি দাঙি ধৰাটো অতিকৈ দূৰত। কিয়নো বৰ্তমানৰ ভাৰতীয় গাঁওবোৰৰ কেৱল একেধৰণৰ সামাজিক পদ্ধতি, সংস্কৃতি, ধর্ম, ৰীতি-নীতি আদি বিদ্যমান নহয়। আধুনিকীকৰণ, নগৰীকৰণ আৰু পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত গ্ৰাম্য সমাজত দ্রুত পৰিৱর্তন হৈছে। গতিকে, বর্তমান কালত গ্রাম্য সমাজৰ প্রকৃত ছবি ভাৰতৰ সকলো অঞ্চলতেই পোৱা নাযায়। তথাপিতো বর্তমানো ভাৰতীয় গ্ৰাম্য সমাজ কৃষিপ্ৰধান আৰু অধিকাংশ মানুহৰে কৃষিয়েই হল। জীৱন নিৰ্বাহৰ মূল পথ। ভাৰতৰ অধিকাংশ গাঁৱেই অতিয়াও পিছপৰা

আনহাতে কৃষিখণ্ডৰ আধুনিকীকৰণো ভাৰতীয় গ্ৰাম্য সমাজত আশানুৰূপভাৱে হোৱা নাই। শিক্ষা-দীক্ষা, যাতায়াত ব্যৱস্থা, বৈদ্যুতিকৰণ, জনসংযোগ আদি দিশতো ভাৰতৰ সকলো গ্ৰাম্যাঞ্চলৰ সমউন্নয়ণ হোৱা নাই। অৱশ্যে বৰ্তমান চৰকাৰে পৰিসল্পনাৰ জৰিয়তে গ্রাম্য সমাজৰ উন্নয়ণৰ গুৰুত্ব আৰোপ কৰিছে। 

গ্রাম্য সমাজৰ চৰিত্ৰ বা বৈশিষ্ট্য: ভাৰতবৰ্ষত গ্রাম্য সমাজৰ কিছুমান স্বকীয় বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবোৰৰ ভিত্তিতে আমি কোনো এখন সমাজক গ্ৰাম্য সমাজ হিচাপে চিনাক্ত কৰিব পাৰি। 

তলত গ্রাম্য সমাজৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হল ―

(i) কৃষিৰ ওপৰত নিৰ্ভৰশীলতা: গ্ৰাম্যাঞ্চলত জীৱিকা নিৰ্বাহৰ পৰিৱৰ্তনৰ সুবিধা অতি কম আৰু ভাৰতীয় গ্রাম্য সমাজৰ অধিকাংশ লোকেই কৃষিজীৱী। কৃষিয়েই হৈছে ভাৰতীয় গ্ৰাম্য সমাজৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান মাধ্যম। সেয়েহে গ্রাম্য অৰ্থনীতিৰ মূল ভিত্তি হৈছে কৃষি

(ii) শ্ৰমৰ বিশেষীকৰণ কম: গ্ৰাম্য সমাজত শ্রম বিভাজন কম। পৰিয়াল বা সমাজৰ সকলো লোকেই সকলো ধৰণৰ কাম কৰে আৰু সেয়ে শ্ৰমৰ বিশেষীকৰণ গ্ৰাম্যাঞ্চত কম।

(iii) যুটীয়া পৰিয়াল ব্যৱস্থা: গ্ৰাম্য সমাজৰ পৰিয়াল ব্যৱস্থা মূলতঃ যুটীয়া প্ৰকৃতিৰ। সাধাৰণতে গ্রাম্য সমাজৰ লোকসকলে যুটীয়া পৰিয়ালৰ মাজত মিলিজুলি বসবাস কৰে।

(iv) ভৌগোলিক বিচ্ছিন্নতা: সাধাৰণতে ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজ বিলাক ভৌগোলিকভাৱে বিভিন্ন স্থানত বিচ্ছিন্ন হৈ থকা দেখা যায়। যাতায়াত আৰু যোগাযোগ ব্যবস্থা সন্তোষজনক নোহোৱাৰ বাবেই গ্রাম্য অঞ্চলৰ লোকসকলে নগৰ অঞ্চলৰ পৰা নিজক বিচ্ছিন্ন কৰি ৰাখে।

(v) পাৰস্পৰিক নিৰ্ভৰশীলতা: গ্রাম্য লোকসকল সাধাৰণতে সামাজিক, অর্থনৈতিক, ধর্মীয় আদি প্রায়বিলাক দিশতে পাৰস্পৰিক নিৰ্ভৰশীল। একেটা পৰিয়ালৰ দৰে গ্ৰাম্য সমাজৰ লোকসকলে আপোনভাৱেৰে জীৱন যাপন কৰে।

(vi) গভীৰ ধৰ্মবিশ্বাস: গ্ৰাম্য জীৱনৰ ধৰ্মৰ প্ৰভাৱ মন কৰিবলগীয়া। তেওঁলোকৰ দৈনন্দিন জীৱন প্ৰায় প্ৰতিটো ক্ষেত্ৰতে ধৰ্মই নিবিড়ভাৱেপ্রভাৱ বিস্তাৰ কৰি থকা দেখা যায়।

(vii) পম্পৰাগত সংস্কৃতি: গ্রাম্য সম্প্ৰদায়ৰ মাজত পৰম্পৰাগত সংস্কৃতি এক অবিচ্ছেদ্য অংগস্বৰূপ। সকলোৱে নিজা সংস্কৃতিৰ প্ৰতা সজাগ আৰু পৰম্পৰা ৰক্ষাৰ চেষ্টা চলায়।

ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে, গ্রাম্য সমাজত জীবন নিৰ্বাহ অতি সৰল প্ৰকৃতিৰ। গ্ৰাম্য অঞ্চলৰ লোকসকল অতিশয় অতিথি পৰায়ণ। একোখন গাঁৱৰ লোকসকলে অতিশয় অতিথি পৰায়ণ। একোথা গাঁৱৰ লোকসকলৰ সাধাৰণতে ভাষা, ধর্ম, জাতি আদি একে। গ্ৰাম্যাঞ্চলত জীৱিকা নিৰ্বাহ পৰিৱৰ্তনৰ সুবিধা অতি কম আৰু ভাৰতীয় গ্ৰাম্য সমাজৰ অধিকাংশ লোকেই কৃষিজীৱি। গ্রাম্য সমাজৰ সকলো ব্যক্তিয়েই প্রায় একে ধৰণৰ সুখ-সুবিধা ভোগ কৰে। ইয়াত বৈষম্য কম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top