ভাৰতীয় বেংক-ব্যৱস্থা ৰচনা | Indian Banking System Essay in Assamese

ভাৰতীয় বেংক-ব্যৱস্থা ৰচনা | Indian Banking System Essay in Assamese

Join Telegram channel

বেংক হ’ল দেশৰ অৰ্থনৈতিক উন্নয়নৰ চালিকা শক্তি। সেয়ে বেংকে দেশৰ অৰ্থনৈতিক উন্নয়নত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে আৱশ্যকীয় মৌলিক সা-সুবিধাসমূহৰ কেবাটাও বেংকে যোগান ধৰে। উন্নত বেংক ব্যৱস্থাৰ অবিহনে কোনো দেশেই অর্থনৈতিক প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে। গতিকে কোনো এখন দেশৰ অর্থনৈতিক উন্নতি-অৱনতি বেংক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। যি দেশৰ বেংক-ব্যৱস্থা উন্নত সেই দেশৰ অৰ্থনৈতিক অৱস্থাও উন্নত। প্রত্যেক দেশৰ অৰ্থনৈতিক অৱস্থাৰ উন্নয়নৰ স্বাৰ্থতে মূলতঃ বেংক ব্যৱস্থাই গঢ় লৈ উঠে।

ভাৰতীয় বেংক-ব্যৱস্থা ৰচনা | Indian Banking System Essay in Assamese

ভাৰতীয় বেংক-ব্যৱস্থা ৰচনা | Indian Banking System Essay in Assamese

বেংক ব্যৱসায়িক বিত্তীয় প্রতিষ্ঠান। ধন সংগ্ৰহ কৰা আৰু ধনৰ যোগান ধৰাই এই প্রতিষ্ঠানৰ ঘাই কাম। বেংকে সংগ্ৰহ কৰা ধনৰ ওপৰত সুদ দিয়ে আৰু যিসকলক ধনৰ যোগান ধৰে তেওঁলোকৰপৰাও সুদ গ্ৰহণ কৰে। এই উভয় প্রকাৰৰ লেন-দেনৰ বাবে বেংকৰ কিছুমান গৃহীত নীতি থাকে। বেংকে এই নীতিবোৰ কঠোৰভাৱে মানি চলে। উভয় প্ৰকাৰৰ লেন-দেনৰ মাজেদিয়ে বেংকে লভ্যাংশ অৰ্জন কৰে। বেংকে যিসকলৰ ধন জমা ৰাখে সেইসকলক আমানতকাৰী বোলে। আমানতকাৰীৰপৰা সংগ্ৰহ কৰা ধনৰ পৰিমাণৰ ভিত্তিতহে বেংকে আনলৈ ধনৰ যোগান ধৰে।

ইতিহাস | History

আধুনিক যুগত বেংক ব্যৱস্থা যিদৰে গঢ় লৈ উঠিছে প্রাচীন কালত বেংক ব্যৱস্থা তেনেদৰে গঢ় লৈ উঠা নাছিল যদিও বেংকৰ যি মূল কাম ঋণদান, এই ঋণদান প্রথা প্রাচীন কালতো আছিল। বৈদিক যুগতো ঋণদান প্ৰথাৰ প্ৰচলন আছিল। ধনী মহাজন, জমিদাৰ, পুঁজিপতি, ব্যৱসায়ী আদিয়ে প্রাচীন কালত ধনৰ যোগান ধৰি বেংকৰ ভূমিকা পালন কৰিছিল। ঊনৈশ শতিকালৈ বিভিন্ন ৰূপত এনে ব্যৱস্থাই প্রচলিত আছিল। আনকি এনে বিত্তীয় লেন-দেনক কেন্দ্ৰ কৰি সমাজত এটা শ্ৰেণীৰো উদ্ভৱ হৈছিল। শেঠ, শেট্টি, চৰাফ, চাহুকাৰসকল আছিল এই শ্ৰেণীৰ লোক। এওঁলোকে আছিল সেই সময়ত একো একোটা অনা- আনুষ্ঠানিক বেংক।

Read Also: ভেট বা সংযোজিত কৰ ৰচনা | VAT Essay in Assamese

বিভিন্ন প্ৰকাৰৰ বেংক | Different Types of Banks

ভাৰতত ইংৰাজসকলৰ দিনতহে আধুনিক বেংক ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। ভাৰতবৰ্ষৰ প্ৰথম আনুষ্ঠানিক বেংক “বেংক অব্ হিন্দুস্থান” (Bank of Hindustan) ১৭৭০ চনত স্থাপিত হয়। পিছৰ পৰ্যায়ত কলিকতা, বোম্বাই (মুম্বাই), মাদ্রাজ (চেন্নাই)-ত প্রেছিডেন্সি বেংক স্থাপন হয়। এই প্রেছিডেন্সি বেংক তিনিটা একত্ৰিত কৰি ১৯১৯ চনত ইম্পেৰিয়েল বেংক অব্ ইণ্ডিয়া গঠিত হয় যদিও ১৯৫৫ চনত ই বেংকটোৰ ৰাষ্ট্ৰীয়কৰণ হয় আৰু ইয়াৰ নাম হয় ষ্টেট বেংক অব্ ইণ্ডিয়া (State Bank of India)।

ৰিজাৰ্ভ বেংক আৰু ব্যৱসায়িক বেংকৰ পাৰ্থক্য – ভাৰতৰ দৰে বিশাল আয়তনৰ বৰ্দ্ধিত জনসংখ্যাৰ চাহিদালৈ লক্ষ্য ৰাখি ভাৰতবৰ্ষত বিভিন্ন প্ৰকাৰৰ বেংক ব্যৱস্থাই গঢ় লৈ উঠিছে। ইয়াত বিভিন্ন প্ৰকাৰৰ বেংকে গঢ় লৈ উঠিছে যদিও এই সমূহ বেংক কেন্দ্ৰীয় বেংক হ’ল ভাৰতীয় ৰিজাৰ্ভ বেংক (Reserve Bank of India) অর্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকেই হ’ল বেংকসমূহৰ মুৰব্বী বেংক। ১৯৩৫ চনত স্থাপিত হোৱা এই বেংকটো ১৯৪৯ চনৰ ১ জানুৱাৰীত ৰাষ্ট্ৰীয়কৰণ হয়। এই বেংকেহে মাথো টকা ছপা কৰিব পাৰে। ন্যূনতম সংৰক্ষিত বিধি মানি এই বেংকে টকা ছপা কৰে। এই বেংকে চৰকাৰৰ বেংক হিচাপে চৰকাৰী আদায় গ্ৰহণ কৰে আৰু দিবলগীয়া ধন পৰিশোধ কৰে আৰু ৰাজহুৱা ঋণ পৰিচালনা কৰে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰক ধনৰ যোগান ধৰে। এই বেংকে চৰকাৰী দায়-দায়িত্ব পালন কৰে যদিও ই চৰকাৰী বিভাগ নহয়। চৰকাৰী অধিস্বীকৃত এজেন্টহে। দেশৰ বৈদেশিক মুদ্ৰাৰ লেন-দেনো এই বেংকৰ জৰিয়তে হয়। এই বেংকেই ঋঋণ নিয়ন্ত্ৰণ কৰে।

বেংক ৰাষ্ট্ৰীয়কৰণ | Bank Nationalization

ভাৰতীয় বেংক ব্যৱস্থাৰ ব্যাপক অংশ আগুৰি আছে ব্যৱসায়িক বেংকে। এই ব্যৱসায়িক বেংকৰ ভিতৰত হৈছে অনুসূচীত বেংক, চৰকাৰী বেংক, ব্যক্তিগত খণ্ডৰ বেংক, আঞ্চলিক বেংক, বৈদেশিক বেংক ইত্যাদি। ইয়াৰ বাহিৰেও দেশৰ সমবায় খণ্ডত সমবায় বেংকত গঠিত হৈছে। সমবায় বেংকসমূহ ৰাজ্যিক, জিলা আৰু গাঁও পর্যায়ত গঠিত হৈছে। সমবায় খণ্ডত গঠিত আন এটি উল্লেখযোগ্য বেংক হ’ল ভূমি উন্নয়ন বেংক (Land Development Bank)।

ভাৰতৰ কেন্দ্ৰীয় বেংক হ’ল ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়া। এই বেংকটোৱেই হ’ল দেশখনত গঢ় লৈ উঠা সমস্ত ধৰণৰ ব্যৱসায়িক বেংকসমূহৰ মুৰব্বী বেংক। সেয়ে কেন্দ্রীয় বেংক, ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়া’ৰ অন্যান্য ব্যৱসায়িক বেংকসমূহৰ সৈতে কিছুমান পার্থক্যও আছে। “ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়া”ৰ বাহিৰে আন ব্যৱসায়িক বেংকসমূহৰ মুদ্ৰা ছপোৱাৰ অধিকাৰ নাই। মুদ্রা ছপোৱাৰ সমস্ত দায়িত্ব ৰিজাৰ্ভ বেংকৰ ওপৰত ন্যস্ত কৰা হৈছে। এই বেংকৰ ব্যৱসায়িক বেংকৰ সৈতে কোনো ধৰণৰ প্রতিদ্বন্দ্বিতা নাই। ৰিজাৰ্ভ বেংকে ব্যক্তিগত লোকৰ আমানত গ্ৰহণ নকৰে আৰু ঋণদানো নকৰে৷ ব্যক্তিগত আমানতকাৰীৰ আমানত গ্ৰহণ কৰা আৰু ব্যক্তিগত ঋণ বিচৰাজনক ঋণদান কৰাই হ’ল। ব্যৱসায়িক বেংকসমূহৰ মূল কাৰ্য। ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংক। কিন্তু সকলো ব্যৱসায়িক বেংক ৰাষ্ট্ৰীয়কৃত নহয়। ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াৰ আইন অনুযায়ীয়ে ব্যৱসায়িক বেংকসমূহ গঠিত হয় আৰু এই বেংকৰ তদাৰক মতে পৰিচালিত হয়।

Read Also: Class 12 Banking Solution

ব্যৱসায়িক বেংকসমূহৰ মূল লক্ষ্য হ’ল অধিক মুনাফা উপার্জন কৰা। ইয়াৰ ফলস্বৰূপে এই বেংকসমূহ বৃহৎব্যৱসায়ী গোষ্ঠীৰ নিয়ন্ত্রণাধীন হৈ পৰিল। বৃহৎ ব্যৱসায়ীসকলেহে এনে বেংকৰপৰা ঋণ সংগ্ৰহ কৰি নিজৰ ব্যক্তিগত ব্যৱসায় যোগে অধিক লাভৱান হোৱাৰ বাট মুকলি হ’ল৷ আনহাতে ক্ষুদ্ৰ খেতিয়ক, ব্যৱসায়ী, উদ্যোগপতি আদিয়ে এনে বেংকৰপৰা ঋণ সংগ্ৰহ কৰা ক্ৰমশঃ কঠিন হৈ আহিল ৷ তদুপৰি বৃহৎ ব্যৱসায়ী গোষ্ঠীৰ বেংক ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ অধিকাৰ স্থাপিত হ’লে ইয়াৰ দ্বাৰা অৰ্থনৈতিক সম্পদ আৰু ক্ষমতাৰ কেন্দ্ৰীয়কৰণ ঘটি আৰ্থ-সামাজিক ব্যৱস্থাত অধিক বৈষম্যৰ সৃষ্টি কৰিব। লগতে ক্ষুদ্র ঋণ লওঁতাসকলে মহাজন আৰু বেপাৰীৰ পৰা অধিক সুদৰ হাৰত ঋণ ল’বলৈ বাধ্য হৈ সময়ত সৰ্বহাৰা হৈ পৰিব। এই ব্যৱসায়িক বেংকসমূহে ভাৰতবৰ্ষৰ দৰে কৃষিপ্রধান দেশ এখনতো কৃষিখণ্ডত ঋণদান দিয়াত অৱহেলা কৰা হেতুকে কৃষিখণ্ডই মূলধনৰ অভাৱত আৱশ্যকীয় উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হ’ব পৰা নাছিল। ঘাইকৈ এনেবোৰ কাৰণতে, দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ স্বাৰ্থত ঘাইব্যৱসায়িক বেংককেইটাৰ ৰাষ্ট্ৰীয়কৰণ কৰা আৱশ্যক হৈ পৰিছিল আৰু ১৯৬৯ চনৰ জুলাই মাহত প্রথম পদক্ষেপ হিচাপে ১৪ টা আৰু ১৯৮০ চনত ১৫ এপ্ৰিলত ৬ টা বৃহৎ ব্যৱসায়িক বেংক ৰাষ্ট্ৰীয়কৰণ হয়।

ৰাষ্ট্ৰীয়কৰণে বেংকসমূহৰ কাৰ্যাৱলীলৈ পৰিৱৰ্তন আনে। বেংকসমূহে পূৰ্বতকৈ অধিক উন্নয়নমূলক ভূমিকা লয়। অর্থনৈতিকভাৱে পিছপৰা আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডবোৰে গুৰুত্ব লাভ কৰি ঋণ সংগ্ৰহ কৰিব পৰাৰ বাট ওলায়। বেংকসমূহৰ জৰিয়তে আঞ্চলিক অর্থনৈতিক বৈষম্য দূৰ কৰা, কৰ্মপ্ৰাপ্তিৰ সুযোগ সৃষ্টি কৰা, ঋণদানেৰে শিল্প উদ্যোগ গঢ়ি তোলা, স্ব-নিয়োজনৰ ঋণ আগবঢ়োৱা আদি কার্য সম্প্ৰসাৰিত হয়। ইয়াৰ ফলশ্ৰুতিৰূপে ব্যাপকসংখ্যক লোকৰ মাজত বেংকৰ লেন-দেন প্ৰচলিত হ’বলৈ ধৰাত বেংক সেৱাৰো সম্প্ৰসাৰণ ঘটে। এই আটাইবোৰ কাৰ্যই দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ সহায়ক হৈ উঠে।

সামৰণি

ভাৰতৰ কৃষি প্রধান দেশ। এই দেশৰ শতকৰা ৭০ জন লোক কৃষিজীৱী। এই দেশৰ আয়তনো বিশাল আৰু জনসংখ্যাও অধিক। দেশৰ সকলো অঞ্চল আর্থ-সামাজিকভাৱে সমান উন্নত নহয়। নিবনুৱা সমস্যাই এই দেশক অক্টোপাছৰ দৰে মেৰাই ধৰিছে। উৎপাদন বৃদ্ধি কৰিবলৈ এই দেশৰ কৃষিখণ্ডত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰাৰ যথেষ্ট থল আছে। শিল্প-উদ্যোগৰ ক্ষেত্ৰতো এই দেশত কৰিব লগা কাম বহুত বাকী। ব্যৱসায়ীক বেংকসমূহে এই ক্ষেত্ৰসমূহ ভালদৰে অধ্যয়ন কৰি এই ক্ষেত্ৰসমূহত ধন বিনিয়োগ কৰি দেশৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰাৰ প্ৰয়াস কৰিব লাগে।

কৃষিখণ্ডত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিব পৰাকৈ ব্যৱসায়িক বেংকে কৃষকসকলক যথাসম্ভৱ সহজ ব্যৱস্থাৰে ঋণদান কৰি, কৃষিখণ্ডৰ যথেষ্ট উন্নতি সাধিব পাৰে। এনে ব্যৱস্থাই কৃষিখণ্ডৰ উন্নতি কৰাৰ লগতে কিছু পৰিমাণে নিবনুৱা সমস্যাও সমাধান কৰিব। একে কথা শিল্প-উদ্যোগৰ ক্ষেত্ৰতো খাটে। শিক্ষিত নিবনুৱাসকলক যোগ্যতা অনুসৰি ক্ষুদ্র শিল্প-উদ্যোগ গঢ়িবলৈ, ব্যৱসায় বাণিজ্য কৰিবলৈ ধনৰ যোগান ধৰিলেও নিবনুৱা সমস্যা হ্রাস হোৱাৰ লগে লগে দেশৰ উন্নতিৰ সহায়ক হ’ব। অৱশ্যে বেংকে এনেবোৰ ক্ষেত্ৰত ধন বিনিয়োগ কৰোঁতে সকলো দিশ ভালদৰে চালি-জাৰি চাব পৰা অভিজ্ঞ লোক নিযুক্ত কৰিব লাগিব আৰু উপযুক্ত লোকৰ দ্বাৰা এনে তদাৰকী ব্যৱস্থা কৰিব লাগিব যাতে ঋণ লওঁতাজনো উপকৃত হয় আৰু বেংকো উপকৃত হয়। সামৰণিত এই কথা ক’ব পাৰি যে ব্যৱসায়িক বেংকসমূহে সঠিক পদক্ষেপ ল’লে আমাৰ দেশৰ আর্থ-সামাজিক অৱস্থা ভালেখিনি উন্নত কৰিব পাৰে আৰু আৰ্থ-সামাজিক ক্ষেত্ৰৰ আঞ্চলিক বৈষম্যও দূৰ কৰিব পাৰে।

আমি আশা কৰিছো ভাৰতীয় বেংক-ব্যৱস্থা ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ভাৰতীয় বেংক-ব্যৱস্থা ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top