দুৰ্নীতিৰ কবলত ভাৰতবৰ্ষ ৰচনা | India is in The Grip of Corruption Essay in Assamese

দুৰ্নীতিৰ কবলত ভাৰতবৰ্ষ ৰচনা | India is in The Grip of Corruption Essay in Assamese

Join Telegram channel

দুৰ্নীতিৰ কবলত ভাৰতবৰ্ষ: দুৰ্নীতিয়েই ভাৰতবৰ্ষৰ বৰ্তমান বহুলোকৰ নীতি হৈ পৰিছে। সাধাৰণ মানুহৰ কথা বাদেই, সমাজৰ গণ্যমান্য, সম্ভ্রান্ত লোক হিচাপে বহু পৰিচিত তথা সুখ্যাতি থকা লোকো দুৰ্নীতিৰ পৰা যুক্ত নহয়৷ পুৱাৰ বাতৰি কাকতখন মেলিলেই সাধাৰণতে পঢ়িবলৈ পোৱা যায়, কোনোবা মন্ত্রী, উচ্চ পদস্থ বিষয়াৰ ঘোচ কেলেংকাৰীৰ কথা। বিশেষকৈ এনেধৰণৰ উচ্চ পদবীধাৰী নাইবা ৰাইজে বাছি দিয়া প্রতিনিধিয়ে সভা-সমিতিত বক্তৃতাত জনগণ তথা দেশৰ বৃহত্তৰ কল্যাণৰ খাতিৰত নিজকে উৎসৰ্গা কৰাৰ ফুলজাৰি ছটিয়ায়। অথচ নিজে ধনৰ ভঁড়াল টনকিয়াল কৰে আৰু ৰাইজৰ ফালে পিঠি দিয়ে।

দুৰ্নীতিৰ কবলত ভাৰতবৰ্ষ ৰচনা

দুৰ্নীতিৰ কবলত ভাৰতবৰ্ষ লোকৰ নীতি

এনেধৰণৰ লোকসকলৰ কথা আৰু কামে সাধাৰণ মানুহৰ দুখকষ্ট দিনে দিনে বৃদ্ধি কৰি তুলিছে। অৱশ্যে সাধাৰণ শ্ৰেণীলোকৰ মাজতো দুর্নীতি অর্থাৎ সহজ উপায়েৰে টকা ঘটাৰ প্ৰবণতাইগা কৰি উঠিছে। এনে লোকৰ ভিতৰত ব্যৱসায়ী, চিকিৎসক, শিল্পী, শিক্ষক ইত্যাদি বিভিন্ন পদবীধাৰী লোক আছে। এনে লোকে সমাজৰ দায়বদ্ধতাৰ প্ৰতি গুৰুত্ব দিয়াতকৈ সোঁৱে বাঁৱে ক’লা টকা ঘটি সমাজৰ দুৰ্দশা চাইহে আনন্দ পায়। এওঁলোকৰ বাবে সত্যপথত থকাটো অৰ্থহীন বৰঞ্চ কৰ্তব্যৰ প্ৰতি অৱহেলা কৰি বে-আইনীভাৱে অৰ্থ উপাৰ্জন কৰাটোহে বুদ্ধিমত্তাৰ কাম বুলি ভাবে। এনে লোকৰ মূলমন্ত্ৰ হৈছে ক’লাই শুভ্ৰ, মিছাই সত্য আৰু দুর্নীতিয়েই নীতি।

চেনী, টেলিকম নিবিদা (টেণ্ডাৰ) বফোৰ্চ, চেয়াৰ তথা হাওলা কেলেংকাৰী) – ভাৰতবৰ্ষৰ্থন দুৰ্নীতিৰ কিমান গভীৰলৈ গৈছে তাৰ প্ৰমাণ নিম্নোক্ত কেলেংকাৰীৰ পৰা অনুধাৱন কৰিব পাৰি। ১৯৯৪ চনৰ ১৬ ডিচেম্বৰ তাৰিখে জ্ঞান প্রকাশ কমিটীয়ে চেনী কেলেংকাৰীৰ ৰিপোৰ্ট লোকসভাত দাখিল কৰিছিল। এইৰিপোৰ্ট মতে, ‘ষ্টেট ট্রেডিং কর্পোৰেচন’ তথা তদানীন্তন খাদ্যমন্ত্রী কল্পনাথ ৰাইক দোষী সাব্যস্ত কৰিছিল আৰু বিৰোধী দলৰ প্ৰবল চাপৰ ফলত মন্ত্ৰীজনে পদত্যাগ কৰিবলগা হৈছিল। এইৰিপোৰ্টৰ ভিত্তিতে অসামৰিক সৰবৰাহ মন্ত্রী এ. কে. এণ্টনীয়েও পদত্যাগ কৰিবলৈ বাধ্য হৈছিল ৷ দুৰ্নীতিৰ আন এক উদাহৰণ হ’ল টেলিকম নিবিদা সংক্রান্তীয় কেলেংকাৰী।

সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীয়ে নিজৰ ৰাজ্য তথা নিকট সম্বন্ধীয় লোকৰ সৰ্বোচ্চ টেলিকম নিবিদা দিয়াক লৈ সংসদত তুমুল প্রতিবাদ হৈছিল। উল্লেখ্য যে হিমাচল প্ৰদেশত উল্লিখিত সংস্থাৰ সৰ্বোচ্চ বিনিয়োগ পুঁজি নাই অথচ দহবাৰখনমান ৰাজ্যৰ টেলিকম পৰিসেৱাৰ কাম ল’ব খুজিছিল। বফোর্চ কেলেংকাৰীৰ কথা সৰ্বজন সমাদৃত। বফোর্চ কেলেংকাৰী হৈছে চুইডেনৰ বফোৰ্চ নামৰ অস্ত্ৰ সৰবৰাহ সংস্থাৰ পৰা ভাৰতে উচ্চ ক্ষমতা সম্পন্ন কামান ক্রয় কৰোতে কিছুসংখ্যক ব্যৱসায়ী তথা বিশিষ্ট ব্যক্তিয়ে দালালী কৰি মোটা অংকৰ টকা লৈছিল। পিছলৈ এই কেলেংকাৰী চি.বি. আই. তদন্ত হয়। একেদৰে হৰ্ষদ মেহেতাৰ ছেয়াৰ কেলেংকাৰী ভাৰতৰ দুৰ্নীতি জগতৰ আন এক সংযোজন। সেইদৰে ১৯৯৫ চনৰ হাওলা কেলেংকাৰীৰ কথা সকলোৱে জানে। এই হাওলা হ’ল স্বদেশী ক’লা টকা বে-আইনীভাৱে বিদেশী মুদ্ৰালৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস।

১৯৯৫ চনৰ ১৩ এপ্রিল তাৰিখে হাওলা কেলেংকাৰীত জড়িত এন. কে. জৈন, এস. কে. জৈন, জে. কে. জৈন আৰু বি. আৰ. জৈনক চি. বি. আই. এ দুর্নীতি দমন আইন তথা বিদেশী মুদ্রা নিয়ন্ত্রণ বিধি অমান্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। তদুপৰি চি. বি. আই. এ অভিযুক্তসকলৰ কাৰ্যালয় তথা ঘৰ তালাচি কি বহু তথ্য উদঘাটন কৰিছিল । সেই মৰ্মে বিপুল পৰিমাণৰ বে-আইনী টকা আৰু ব্যক্তিগত ডায়েৰীত ১১৫ জন ব্যক্তিৰ নাম উদ্ধাৰ কৰে; যাৰ লগত কোটি কোটি টকাৰ ঘোচৰ লেনদেন চলিছিল। উক্ত ১১৫ জন ব্যক্তিৰ ভিতৰত ভালেকেইজন প্রতিষ্ঠিত ৰাজনীতিবিদ, কেন্দ্ৰীয় মন্ত্রী, উচ্চপদস্থ চৰকাৰী বিষয়া আৰু সাংবাদিকো আছিল। বর্তমানেও উক্ত ব্যক্তিসকলৰ ওপৰত আইনী মোকদমা চলি আছে, ভালেকেইজন ৰাজনীতিবিদে পদত্যাগ কৰিছে আৰু জেল হাজোতত ৰখা হৈছে। কিছুদিনৰ পূৰ্বে পশুখাদ্য কেলেংকাৰীত বিহাৰৰ ভালেকেইজন বিশিষ্ট ব্যক্তিৰ নাম জনপ্ৰিয় হৈ পৰিছিল । এক হাজাৰ কোটি টকাৰো বেছি পৰিমাণৰ এই কেলেংকাৰী ‘কাৰচুপি গাওলা কেলেংকাৰী’ নামেৰে পৰিচিত। শেহতীয়াকৈ ইলেক্ট্রনিক মিডিয়া তহল্কা ডট্ কম-ৰ তৰণ তেজপালে প্ৰতিৰক্ষা সংক্রান্তীয় দুর্নীতি উদ্ঘাটন কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

Read Also: সন্ত্রাসবাদ ৰচনা | Terrorism Essay in Assamese

দুৰ্নীতি আৰু অসম

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বিভিন্ন সময়ত বিভিন্ন সৰু-বৰ দুৰ্নীতিৰ কথাই বাতৰিকাকতৰ শিৰোনামা অধিকাৰ কৰি আহিছে। বিশেষকৈ ৰাজনীতি তথা চৰকাৰী উচ্চ পদস্থ বিষয়াৰ অগাধ সম্পত্তিৰ আঁৰত লুকাই আছে বহু জ্ঞাত-অজ্ঞাত দুর্নীতি। শেহতীয়াকৈ ডি এফ অ’ হৈও বন্যজন্তুৰ চোৰাং বেহা, পাৰমিটৰ নামত মোটা অংকৰ ধন দাবী, খাৰুৱা তেল চুৰী সংক্রান্তীয় কেলেংকাৰী, অবৈধ শিক্ষক নিযুক্তি কেলেংকাৰী অসমত চলি থকা অবাধ দুৰ্নীতিৰ জ্বলন্ত প্রমাণ।

Read Also: Class 11 Assamese Question Answer

প্রত্যেক স্তৰতে দুৰ্নীতিৰ প্ৰভাৱ

উল্লিখিত ঘটনাৰাজি পৰ্যালোচনা কৰিলে দেখা যাব যে দুর্নীতি ভাৰতবৰ্ষৰ ৰন্ধ্ৰে ৰন্ধ্ৰে অনুপ্ৰৱেশ কৰিছে। দেশৰ বৰমূৰীয়াসকলেই যেতিয়া দুর্নীতিত জড়িত হৈ পৰিছে তেনেস্থলত সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা কি আশা কৰিব পাৰি? এনে দুর্নীতিগ্ৰস্থতাই নৱপ্ৰজন্মৰ হৃদয়ত দেশৰ প্ৰতি থকা কৰ্তব্য তথা উদ্যমতাৰ বিপৰীতে চৰম উদাসীনতাহে আনি দিছে। বহুতেই সমস্ত মানৱীয়তাৰ তথা নীতি উলংঘা কৰি ধন ঘটাত ব্যস্ত হৈ পৰিছে। চৰকাৰী কাৰ্যালয়ৰ বিষয়াসকলে কাৰ্যালয়ৰ সময়সূচী মানি নচলে; ব্যৱসায়ীয়ে আয়কৰ তথা বিক্ৰীকৰ ফাঁকি দিছে। চিকিৎসক, ইঞ্জিনীয়াৰ আনকি শিক্ষকো নামি পৰিছে সহজে ধন ঘটাৰ পথত। তৰুণ প্রজন্মইও এই প্ৰভাৱত প্রভাবান্বিত।

সামৰণি

এখন দুর্নীতিমুক্ত দেশ গঢ়ি তুলিবলৈ হ’লে বোধকৰো দেশৰ আইন ব্যৱস্থা কঠোৰ কৰিব লাগিব, শিক্ষাৰ প্ৰসাৰ ঘটাই সামাজিক মূল্যবোধ জাগ্রত কৰিব লাগিব আৰু সনাতন ভাৰতীয় আদৰ্শৰ কথা নতুনকৈ প্ৰচাৰ কৰি জনসাধাৰণৰ বিবেকবোধ উদ্দীপ্ত কৰিব পাৰিলে ফলৱতী হ’ব। যিহেতু একেদিনাই এনে বিশাল সমস্যা এটা সমাধান কৰাটো সম্ভৱ নহয়। সেয়ে প্রথমে ভণ্ড ৰাজনীতিবিদ তথা দুর্নীতিগ্রস্ত লোকক সামাজিকভাৱে বহিষ্কাৰ কৰা উচিত। তদুপৰি ফাঁকিবাজ লোভী লোকক ৰাজহুৱাভাৱে কঠোৰ শাস্তি প্রদান কৰি এখন নিকা সমাজ গঢ়ি তোলাটো প্রত্যেক নাগৰিকৰে কৰ্তব্য।

আমি আশা কৰিছো দুৰ্নীতিৰ কবলত ভাৰতবৰ্ষ ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ দুৰ্নীতিৰ কবলত ভাৰতবৰ্ষ ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top