Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights

Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights Question Answer can be of great value to excel in the examination.

Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights

Join Telegram channel

Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights Notes cover all the exercise questions in UGC Syllabus. The Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

13. Terrorism: The Concept.

Ans. সন্ত্রাসবাদ, বিদ্রোহ, জনযুদ্ধ, গেৰিলা যুদ্ধ, ত্ৰাস অর্থাৎ ভাবুকিৰে সন্ত্ৰস্ত কৰা উগ্ৰবাদ আদি শব্দবোৰ প্ৰধানত: একে অর্থতে বৰ সাধাৰণভাৱে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। কিন্তু এই সকলোবোৰ কাৰ্যৰে সাধাৰণ উদ্দেশ্য ‘সংঘর্ষ’। প্রকৃততে সন্ত্ৰাসবাদ হৈছে ত্ৰাস তথা ভাবুকিৰে সন্তুষ্ট কৰা কাৰ্যৰ এক সংগঠিত ব্যৱস্থা। সমাজত ভয় আৰু শংকা বিয়পোৱা আচৰণ। সেয়ে ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে মানুহৰ মাজত ভয় ভাব উদ্ৰেক কৰা সংঘৰ্ষমূলক আচৰণকে সন্ত্ৰাসবাদ বুলি অভিহিত কৰা হয়।

Encyclopedia of Social Science, It is a method whereby an organized group or party seeks to achieve its avowed aims chiefly through the systematic use of violence. আকৌ আমেৰিকাৰ Central Intelligence Agency-এ ১৯৮০ চনত প্ৰকাশ কৰিছিল যে, কোনো ব্যক্তি বা সমূহৰ দ্বাৰা ৰাজনৈতিক উদ্দেশ্যত সংঘর্ষ অথবা ভয় সৃষ্টি কৰা কাৰ্যই সন্ত্রাসবাদ, যি সমাজত ত্রাস সৃষ্টি কৰে। সাধাৰণতে চৰকাৰ অথবা কৰ্তৃপক্ষৰ প্ৰতিনিধি বা ব্যক্তিৰ বিৰুদ্ধে সন্ত্রাসবাদী কার্য চলাবলৈ নিৰ্দেশ দিয়া হয়। এনে কাৰ্যই সততে বৃহৎসংখ্যক মানুহৰ প্ৰভাৱ বিস্তাৰ কৰে। অন্যহাতে যিজন মানুহে সংঘর্ষ বিয়পাবৰ বাবে ৰাজনৈতিক উদ্দেশ্যেৰে ত্ৰাস সৃষ্টি কৰে, তেওঁকেই সন্ত্ৰাসবাদী বুলি কোৱা হয়।

ৰাম আহুজাই উল্লেখ কৰিছে, “A terrorist’ is one who impose punishment meted out by organization upon those who are held to interfere with the revolutionary programme.” অন্যহাতে সন্ত্রাসবাদীসকল কেৱল শংকা, ভয়, বিভীষিকা, মৃত্যু, লগতে জড়িত নহয়। তেওঁলোকে নিজৰ সংগঠনৰ প্ৰধান আদৰ্শ বিয়পোৱাৰো চেষ্টা চলায়। সন্ত্রাসবাদী চৰকাৰী বাহিনীৰ হাতত বন্দী হ’লে কেতিয়াও নিজকে নির্দোষী বুলি ক’বলৈ প্ৰয়াস নকৰে। পাকিস্তানী সন্ত্ৰাসবাদী কাছারেও নিজকে নিৰ্দোষী বুলি ক’বলৈ বিচৰা নাছিল বৰঞ্চ নিজৰ আদৰ্শৰ কথাহে ব্যক্ত কৰিছিল। এনে পৰিপ্ৰেক্ষিততে ব্যাপক অর্থত সন্ত্রাসবাদ, বিদ্ৰোহী আৰু বিপ্লৱৰ মাজত সম্পৰ্ক থকাৰ লগতে একেই উদ্দেশ্য বিচাৰি পোৱা যায়। কিন্তু সততে আমি সন্ত্রাসবাদৰ যি সংজ্ঞা গ্রহণ কৰোঁ, ইয়াত সকলো ধৰণৰ সংঘৰ্ষ অন্তৰ্ভুক্ত নকৰে, যিবোৰ সমূহে সংগঠিত ৰূপত কৰে।

সকলো হত্যা বা ডকাইতি সংগঠিত ৰূপত কৰিলেও ইয়াক সন্ত্ৰাসবাদ বুলি ক’ব পৰা নাযায়। সেয়ে সমাজতত্ত্ববিদসকলৰ মতে, ‘সন্ত্ৰাসবাদ, ত্ৰাস আৰু বিদ্ৰোহী কাৰ্যৰ পৰা পৃথক। ত্ৰাসৰ ক্ষেত্ৰত দেখা যায় কেৱল এক বিশেষ শ্রেণীক আঘাত কৰাৰ বিপৰীতে সন্ত্রাসবাদে সামগ্ৰিকভাৱে সংঘৰ্ষৰ সূত্ৰপাত মেলে। সন্ত্রাসবাদ মাথোঁ ব্যক্তিৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষ নহয়, ই এটা সামাজিক সমূহ আৰু ৰাজনৈতিক শক্তিৰ মাজত চলা সংগ্ৰাম৷ আকৌ ‘সন্ত্রাসবাদ’ দলীয় সংঘর্ষ [mob-violence] নহয়। দলীয় সংঘৰ্ষ অপৰিকল্পিত আৰু অনিয়ন্ত্রিত অন্যহাতে সমতাসবাদ আৰু বিদ্ৰোহৰ মাজত পাৰ্থক্য হৈছে, বিদ্রোহী কাৰ্যই স্থানীয় বহু লোক সমর্থন লাভ কৰে, কিন্তু সন্ত্ৰাসবাদৰ ক্ষেত্ৰত এনে ধৰণৰ স্থানীয় লোকৰ কোনো সমর্থন নালাগে। এনেধৰণৰ ব্যাখ্যা তথ্য সংজ্ঞাসমূহৰ পৰা সন্ত্ৰাসবাদৰ সংজ্ঞাত্মক উপাদান কিছুমান বিচাৰি পোৱা যায়। ইয়াৰ ভিতৰত –

(ক) প্রাথমিক লক্ষ্যৰ মানুহৰ মাজত ভয় আৰু শংকাৰ ভাব সৃষ্টি কৰা।

(খ) তাৎক্ষণিক ভুক্তভোগী।

(গে) প্রাথমিক লক্ষ্য।

(ঘ) ধ্বংস কার্য।

(৬) সংঘৰ্ষ। আৰু 

(চ) ৰাজনৈতিক উদ্দেশ্য।

সাধাৰণতে সন্ত্রাসবাদ বিভিন্ন স্বৰূপত প্রকাশ পায়। বিভিন্ন স্থানত বোমা-বাৰুদ দিয়াৰ লগতে মানুহ হত্যা কৰি বিভীষিকা সৃষ্টি কৰাটো সন্ত্ৰাসবাদীসকলৰ উদ্দেশ্য।

14. Characteristics of Terrorism.

Ans. সন্ত্ৰাসবাদৰ প্ৰকৃতি, উদ্দেশ্য আদি ভালদৰে বিশ্লেষণ কৰিলে তলত উল্লেখ কৰা ধৰণে কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বাছি উলিয়াব পাৰি। ৰাম আহুজাই উল্লেখ কৰিছে যে, Terrorism is characterized by. a technique of perpetrating random and brutal intimidation, coercion or destruction of human lives and property, and used intentionally by sub national groups operating under varying degrees of stress, to obtain realistic or illusory goals. সন্ত্রাসবাদে সমাজৰ প্ৰতিমান উলংঘা কৰি ৰাজনৈতিক উদ্দেশ্যে পূৰণৰ বাবে বিভীষিকাৰ সৃষ্টি কৰে। তলত সন্ত্ৰাসবাদৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা হ’ল—

(ক) সন্ত্রাসবাদ সদায় ৰাষ্ট্ৰ, সমাজ বা বিৰোধা।

(খ) সন্ত্ৰাসবাদৰ এটা ৰাজনৈতিক উদ্দেশ্য থাকে।

(গ) সন্ত্রাসবাদ অবৈধ আৰু আইনবিৰুদ্ধ।

(ঘ) সন্ত্রাসবাদে নিজৰ উদ্দেশ্য পূৰণৰ বাবে মানুহৰ মাজত ত্ৰাস, বিভীষিকাৰ সৃষ্টি কৰে। ই মাথোঁ ভুক্তভোগীক শক্তি দিয়াৰ উদ্দেশ্যেৰে নহয়, সামগ্রিকভাৱে নিজৰ উদ্দেশ্যৰ প্ৰতি সজাগ বৃহৎসংখ্যক মানুহক ভয় তথা ভীতি প্রদর্শন কৰাৰ প্ৰয়াস কৰে।

(ঙ) ই সাধাৰণ জনতাৰ এটা অসহায় সুযোগ গ্ৰহণ কৰি নিজৰ গুৰুত্ব বৃদ্ধি কৰাৰ প্ৰয়াস কৰে।

(চ) সন্ত্রাসবাদে যুক্তিবাদী চিন্তা বন্ধ কৰে। আনকি মুকলিভাৱে সন্ত্রাসবাদ কোনো পক্ষৰ পৰা সমালোচনা কৰাটোও সহ্য নকৰে।

সন্ত্রাসবাদ সাধাৰণ সামাজিক আন্দোলনৰ পৰা পৃথক হ’লেও সমাজবিজ্ঞানীসকলে সকলো ধৰণৰ সন্ত্ৰাসবাদী আন্দোলনৰ মাজত কিছুমান নিৰ্দিষ্ট উদ্দেশ্য থকাৰ কথা উল্লেখ কৰিছে। এই উদ্দেশ্যসমূহ হৈছে-

(i) চৰকাৰক প্ৰতিক্ৰিয়া আৰু অতিমাত্ৰা প্ৰতিক্ৰিয়া সৃষ্টি কৰা । এনে প্ৰতিক্ৰিয়াৰ দ্বাৰা সন্ত্রাসবাদীসকলে নিজৰ দাবীৰ প্ৰতি চৰকাৰক অধিক মাত্ৰাত আকৰ্ষিত কৰিব পাৰে। এনে অতি প্ৰতিক্ৰিয়াৰ জৰিয়তে চৰকাৰক কেতিয়াবা উত্তেজিত কৰাৰ লগতে ইয়াৰ দ্বাৰা সাধাৰণ মানুহৰ সহানুভূতি আদায় কৰাৰ প্ৰয়াস কৰে।

(ii) সাধাৰণ মানুহৰ সমৰ্থন আদায় কৰাৰ প্ৰচেষ্টাৰ লগতে বৃহৎ মাত্ৰাত নিজৰ সন্ত্ৰাসবাদী কাৰ্যৰ বাবে সংগঠিত কৰা যোদ্ধাসকলৰ প্ৰতি সাধাৰণ মানুহৰ সম্পূৰ্ণ সহানুভূতি আদায় কৰাৰ চেষ্টা চলায়। নিজৰ সংগঠনটোত যাতে সৰহসংখ্যক মানুহে ভিন্ন স্তৰত যোগদান কৰে তাৰ প্ৰতি যত্নপৰ হয়।

(iii) সন্ত্রাসবাদী সংগঠনসমূহে নিজৰ প্ৰতিদ্বন্দ্বী তথা বিৰোধীসকলৰ লগতে চৰকাৰী তথ্য যোগান ধৰোতাসকলক কৰাৰ বাবে সচেতন হৈ থাকে।

সমাজবিজ্ঞানী Baljit Sing (1977) এ সামগ্রিকভাৱে সন্ত্ৰাসবাদৰ উদ্দেশ্য দিয়া ধৰণে উল্লেখ কৰিছে।

(ক) সৰ্বসাধাৰণ ৰাইজৰ সমৰ্থন আদায় কৰাৰ প্ৰচেষ্টা।

(খ) চৰকাৰক মানসিকভাৱে ধ্বংস কৰাৰ লগতে চৰকাৰী সৈনিকক নিঃশেষ কৰাৰ চেষ্টা।

(গ) আভ্যন্তৰীণ সংহতি আৰু ভাৰসাম্য বিনষ্ট কৰাৰ বাবে ব্যৱস্থা গ্রহণ।

সন্ত্ৰাসবাদৰ উদ্দেশ্য সম্পর্কে অনেক সমাজবিজ্ঞানীয়ে ভিন্ন দৃষ্টিভংগীৰে বিশদ আলোচনা কৰাৰ প্ৰয়াস কৰিছে। কিন্তু সমাজতাত্তববিক দৃষ্টিভংগীৰে দেখা যায়, সমাজৰ নিৰ্ধাৰিত প্ৰতিমান ধ্বংস কৰাটোৱেই এওঁলোকৰ প্ৰধান উদ্দেশ্য।

15. Terrorism: Origin and development.

Ans. ৰাজনৈতিক সন্ত্ৰাসবাদ এটা ক্ষমতাৰ যন্ত্ৰ হিচাপে ১৭৯৩ চনৰ ফ্ৰান্স বিপ্লৱৰ সময়ত দৃষ্টিগোচৰ হৈছিল। এই বিপ্লৱত সন্ত্রাসবাদে দুটা কাৰক অন্তৰ্ভুক্ত কৰিছিল : এটা সমূহৰ মাজত উদ্বেগ আৰু ৰাষ্ট্ৰৰ ৰাজনৈতিক আচৰণক প্ৰভাৱান্বিত কৰাৰ লক্ষ্যত শংকা-ভংয় আৰু সংঘর্ষ সৃষ্টিৰ বাবে সঁজুলি । ফ্রান্স বিপ্লবৰ পাছত প্ৰায় ১৯২১ চনমানলৈকে এনে সন্ত্রাসবাদে বিশেষ প্ৰভুত্ব বিস্তাৰ কৰিব পৰা নাছিল। কিন্তু ১৯২১ চনত IRA নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে আয়াৰলেণ্ডত ব্ৰিটিছসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি কিছু প্রভাব পেলাইছিল। আকৌ বিশ্বযুদ্ধৰ সময়ত ৰাজনৈতিক সন্ত্রাসবাদ পুনৰ উত্থান হয়। ভাৰতবৰ্ষৰ উপৰি আলজেৰিয়া, চিপৰাচ, কেনিয়াৰ দৰে দেশত স্বাধীনতাৰ বাবে সন্ত্রাসবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ইয়াৰ বাবে ত্রাস, হত্যা, বিভীষিকা সৃষ্টি আদি কার্য সম্পন্ন কৰে।

১৯৬০ চনত ৰাজনৈতিক সন্ত্ৰাসবাদ অন্য এটা স্তৰলৈ ধাৱমান হয়। Baljit Sing ৰ মতে ৬০ দশকত দুটা অতি গুণগত পৰিৱৰ্তন সন্তাসবাদত দেখা পোৱা যায়। এইবোৰ হৈছে Tran-National চৰিত্ৰ আৰু ইয়াৰ আত্মনিৰ্ভৰশীল আঁচনিৰ উদ্ভৱ। সন্ত্ৰাসবাদী গোটসমূহ স্বাধীনভাৱে নিজৰ ৰাজনৈতিক স্থানসমূহত কার্যক্ষম হয়। প্রধানতঃ আধুনিক নগৰীয়া সভ্যতা আৰু যোগাযোগ ব্যৱস্থালৈ অহা বৈপ্লৱিক পৰিৱৰ্তনৰ ফলতেই ই সম্ভৱপৰ হয়। দেখা যায়, ১৯৬৯-১৯৭৫ চনৰ ভিতৰত প্ৰায় ৪০ খন দেশত সন্ত্ৰাসবাদৰ জন্ম হয়। Y. Alexander আৰু S.M.Finger-ৰ মতে (১৯৭৭) আধুনিক সভ্যতা আৰু আধুনিক ঔদ্যোগিক ব্যৱস্থাটোৱেই সন্ত্ৰাসবাদী কার্যকলাপ উদ্ভৱ হোৱাত অৰিহণা যোগায়। তেওঁলোকে মূলতঃ বৰ্তমানৰ প্ৰযুক্তি বিদ্যাৰ সমাজখনত সন্ত্রাসবাদে বিস্তাৰ লাভ কৰিবৰ বাবে সুবিধাজনক স্থিতিত থাকে বুলি মত প্ৰকাশ কৰে। তদুপৰি আধুনিক সমাজত অতি সহজে আগ্নেয় অস্ত্ৰ সৰবৰাহ কৰিব পাৰে। যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নতি হোৱাৰ বাবে এনে কাৰ্যৰ বাবে সহজ বাট মুকলি হয়। 

আনকি ৰাসায়নিক অস্ত্ৰ আৰু নিউক্লিয় অস্ত্র সহজলভ্য হোৱাৰো ইংগিত পোৱা গৈছে। মানুহ হত্যা কৰা আৰ মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিবৰ বাবে প্ৰযুক্তিবিদ্যাই নতুন নতুন চিন্তাৰো সম্ভেদ দিয়ে। আধুনিক কল্যাণকামী ৰাষ্ট্র ক্ষমতাহীন সন্ত্রাসবাদী গোটসমূহ ক্ষমতাশালী হৈ উঠে। যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ বিকাশৰ বাবে সামগ্রিকভাৱে পৃথিৱীৰ ইমূৰৰ সন্ত্রাসবাদী গোটসমূহে অন্য এটা মূৰৰ সন্ত্ৰাসবাদী গোটৰ সৈতে সহজে যোগাযোগ কৰিব পাৰে। সন্ত্রাসবাদীসকলৰ মাজত আন্তৰাষ্ট্ৰীয় যোগাযোগ স্থাপন হ’বলৈ ধৰে। তদুপৰি বহু শক্তিহীন ৰাষ্ট্ৰই গোলকীয় প্ৰেক্ষাপটত শক্তিশালী ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিগ্ৰহণৰ পৰা মুক্ত হ’বৰ বাবে সন্ত্ৰাসবাদীৰ সহায় লয়। এনেদৰেই ক্ৰমাগতভাৱে সমগ্ৰ বিশ্বতে সন্ত্রাসবাদ বিয়পি পৰে৷৷

16. In What ways the family can be considered as an institution of Women’s Oppression.

Ans. পৰিয়াল হৈছে সামাজিক অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ, ই সমাজৰ এক মৌলিক উপাদান। কেট মিলেটৰ মতে, পৰিয়াল হৈছে পিতৃতান্ত্ৰিকতাৰ প্ৰধান অনুষ্ঠান, সমাজৰ ক্ষমতাৰ সংৰচনাৰ ই মূল অংশস্বৰূপ, কিন্তু ‘পৰিয়াল’ বোলা এই ব্যৱস্থাটোৱেই সম্ভৱ আটাইতকৈ বেছি পিতৃতান্ত্রিক বা পুৰুষ প্ৰধান চৰিত্ৰৰ। এজন পুৰুষ পৰিয়ালটোৰ বা ঘৰখনৰ মুৰব্বী হিচাপে বিবেচনা কৰা হয়। পৰিয়ালৰ ভিতৰত তেওঁ মহিলাসকলৰ যৌন শ্রম বা উৎপাদন, পুনঃউৎপাদন আৰু গতিশীলতাক নিয়ন্ত্রণ কৰে। পৰিয়ালত এক অধিঃক্রমিক পদ্ধতি বিৰাজমান, য’ত পুৰুষজন শ্রেষ্ঠ আৰু আধিপত্যৰ অধিকাৰী, মহিলাসকল সদায় বহতীয়া আৰু নিয়ন্ত্রিত।

নাৰীবাদীসকলৰ মতে, মহিলাসকলক তলত উল্লেখ কৰা নানান ক্ষেত্ৰসমূহত পৰিয়ালৰ ভিতৰত বিভিন্ন ৰূপত শোষণ, নির্যাতন আৰু বঞ্চনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। তলত ইবিলাক বহুলভাৱে আলোচনা কৰা হয়—

(১) মহিলাৰ উৎপাদন বা শ্ৰম শক্তি : পুৰুষে মহিলাৰ উৎপাদন ক্ষমতাক ঘৰৰ ভিতৰত আৰু বাহিৰৰ বেতনযোগ্য কাম উভয় ক্ষেত্ৰতে শোষণ আৰু নিয়ন্ত্রণ চলায়। ঘৰুৱা জীৱনত মহিলাই ওৰেটো জীৱন তেওঁলোকৰ ল’ৰা-ছোৱালী, স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ বাবে সকলো ধৰণৰ সেৱা অবৈতনিকভাৱে আগবঢ়ায়, যাক চিলভিয়া ওৱাৰ্লাৰে পিতৃতান্ত্রিক উৎপাদনৰ পথ বুলি কৈছে। মহিলাৰ শ্ৰমক তেওঁলোকৰ পৰিয়ালৰ স্বামী আৰু অন্যসকলৰ দ্বাৰা হস্তক্ষেপ কৰা হয়, যিসকলে একেলগে বাস কৰে।

(২) মহিলাৰ পুনঃউৎপাদন কার্য বা ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ : সময়ৰ বিভিন্ন স্তৰত দেখা গৈছে যে পুৰুষে মহিলাৰ পুনঃউৎপাদন ক্ষমতাক নিয়ন্ত্ৰণ কৰে। বহুতো সমাজত তেওঁলোকে কিমানজন সন্তান বিচাৰে, কেতিয়া পাব বিচাৰে, তেওঁলোকে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব নে নকৰে নাইবা গৰ্ভধাৰণ বন্ধ কৰিব নে নকৰে ইত্যাদিবোৰ সিদ্ধান্ত গ্ৰহণ কৰাত মহিলাসকলৰ কোনো স্বাধীনতা নাথাকে। ব্যক্তিগত জীৱনৰ নিয়ন্ত্ৰণৰ বাহিৰেও পুৰুষ সকলে নানান অনুষ্ঠান যেনে— গীর্জা বা ৰাষ্ট্ৰ (ধৰ্ম আৰু ৰাজনীতি) আদিতো নিয়ন্ত্রণ অথবা আধিপত্য চলায় আৰু মহিলাৰ পুনঃউৎপাদন ক্ষমতাৰ বিষয়তো নীতি-নিয়ম আদি নিৰ্ধাৰণ কৰে। এইবোৰক আনুষ্ঠানিক নিয়ন্ত্ৰণ বুলিব পাৰি। উদাহৰণস্বৰূপে, কেথলিক গীর্জাসমূহত পুৰুষ অধিক্রমিক কর্তৃত্বই সিদ্ধান্ত গ্ৰহণ কৰে। মহিলাই সন্তান কেতিয়া আৰু কিমানসংখ্যক সন্তান বিচাৰে বা পছন্দ কৰে সেইবোৰৰ ক্ষেত্ৰত স্বাধীনতা পোৱাৰ বাবে অৱধাৰিতভাৱে মহিলাসকলৰ দ্বাৰা যি সংগ্ৰাম চলি আছে তাৰ পৰাই বাস্তৱিকতে বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰতেই এই পুৰুষকেন্দ্রিক নিয়ন্ত্রণ কিমান শক্তিশালী তাৰেই ইংগিত বহন কৰে।

আধুনিক কালত পিতৃতান্ত্ৰিক ৰাষ্ট্ৰই ইয়াৰ পৰিয়াল-পৰিকল্পনা আঁচনিৰ জৰিয়তে মহিলাৰ পুনঃউৎপাদনী ক্ষমতাক নিয়ন্ত্ৰণ কৰে। ৰাষ্ট্ৰযন্ত্ৰই দেশৰ সন্তোষজনক জনসংখ্যাৰ আকাৰ নিৰ্ধাৰণ কৰে আৰু ফলস্বৰূপে সক্রিয়ভাৱে মহিলাসকলক ল’ৰা-ছোৱালী জন্ম দিয়াৰ বাবে উৎসাহিত বা নিৰুৎসাহিত কৰে। ভাৰতবৰ্ষত কঠোৰভাৱে পৰিয়ালৰ আকাৰ সীমিত কৰাৰ বাবে এক আক্রমণাত্মক জন্ম নিয়ন্ত্রণ আঁচনি আছে। মালয়েছিয়াত দেশৰ ঔদ্যোগিক উৎপাদনৰ কাৰণে এক সন্তোষজনক পৰিধিৰ ঘৰুৱা বজাৰ নিশ্চিতকৰণৰ বাবে মহিলাসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে উদ্‌গনি দিয়া হয়। ইউৰোপত মহিলাসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে বিভিন্ন উত্তেজনাৰ সৃষ্টি কৰি প্রলোভিত কৰা হয়। তেওঁলোকক সম্পূর্ণ প্রাপ্য আদায় দিয়া হয় আৰু অংশকালীন চাকৰিয়ালৰ কাৰণে বহু দীঘলীয়া মাতৃত্বৰ ছুটি, সন্তান পালনৰ সুবিধা আদি প্ৰদান কৰা হয়। আনহাতে কিছুমান দেশত আকৌ পুৰুষৰ পিতৃত্বৰ ছুটি আদিৰো নিয়ম আছে।

পিতৃতান্ত্রিকতাই মহিলাসকলক অকল মাতৃ হ’বলৈ হেঁচা দিয়ে এনে নহয়— ই তেওঁলোকৰ মাতৃত্বৰ চৰ্তাৱলী নিৰ্ধাৰণ কৰে।

মাতৃত্বৰ এই ধাৰণাক মহিলা নিৰ্যাতনৰ এক ভিত্তি বুলি বিবেচনা কৰা হয়, কাৰণ এইটোৱে পুংলিংগ আৰু স্ত্রীলিংগ চৰিত্ৰৰ শ্ৰেণীৰ সৃষ্টি কৰে— যিয়েই পিতৃতান্ত্রিকতাক স্থায়ী কৰে। এইটোৱে ৰাজহুৱা আৰু ব্যক্তিগত জীৱনৰ মাজৰ প্ৰভেদক শক্তিশালী ৰূপত প্রতিষ্ঠিত কৰে। ই মহিলাৰ গতি আৰু বিকাশৰ ধাৰাক সীমিত কৰে আৰু পুৰুষৰ আধিপত্যক পুন:স্থাপন কৰে।

(৩) মহিলাৰ যৌনতাৰ ওপৰত নিয়ন্ত্ৰণ : এইটো মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা অন্য এটা গুৰুত্বপূৰ্ণ বিষয়। মহিলাসকলে তেওঁলোকৰ যৌন সম্ভোগৰ ক্ষেত্ৰত নিজা নিজা পুৰুষসকলৰ প্রয়োজন আৰু ইচ্ছা অনুযায়ী যৌন সেৱা আগবঢ়াবলৈ বাধ্য থাকে। প্রত্যেক সমাজতে বিবাহৰ বাহিৰত মহিলাৰ যৌনতা প্ৰদৰ্শনত বাধা দিয়াৰ বাবে সম্পূৰ্ণ নৈতিক আৰু বিধিগত শাসন ব্যৱস্থাৰ প্ৰচলন আছে। অন্যহাতে প্ৰচলিত ধাৰা অনুযায়ী পুৰুষৰ অবাধ যৌন সম্বন্ধৰ ক্ষেত্ৰত এক অন্ধতা প্ৰদৰ্শন কৰা হৈছে। অন্য এটা মীৰত পুৰুষসকলে তেওঁলোকৰ ঘৈণীয়েক, জীয়েক বা অন্য মহিলাসকলক যৌন সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকক নিয়ন্ত্রণলৈ আনিব পাৰে। মহিলাৰ যৌনতাৰ ওপৰত নিয়ন্ত্রণ চলোৱাৰ বাবে তেওঁলোকৰ কাপোৰ, আচৰণ আৰু চাল-চলন আদিত সাৱধানেৰে পৰিয়াল, সামাজিক, সাংস্কৃতিক, ধৰ্মীয় আচৰণ বিধিৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হয়।

(৪) মহিলাৰ গতিশীলতাৰ ওপৰত নিয়ন্ত্রণ : মহিলাৰ যৌনতা, উৎপাদন, পুনঃউৎপাদনী শক্তিক নিয়ন্ত্ৰণ কৰাৰ বাবে পুৰুষে মহিলাৰ গতিশীলতাক নিয়ন্ত্ৰণ কৰাৰ আৱশ্যক হয়। প্ৰথাৰ বলবৎকৰণ, ঘৰুৱা ঠাই এৰাৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপকৰণ (পৰিয়াল) ব্যক্তিগত আৰু ৰাজহুৱাৰ (সামাজিক) মাজত বিভাজন, দুই বিপৰীত লিংগৰ মাজত বাৰ্তালাপৰ ক্ষেত্ৰত সীমাবদ্ধতা আদি সকলোবোৰেই মহিলাৰ গতিশীলতা আৰু স্বাধীনতাৰ ওপৰত এনেদৰে নিয়ন্ত্ৰণ আৰোপ কৰে যে এইবোৰ তেওঁলোকৰ বাবেহে। আন কথাত এইবোৰ স্ত্রীলিংগ বিশেষৰহে; কাৰণ পুৰুষসকল তেনে দমন বা নিয়ন্ত্ৰণৰ অধীন নহয়।

(৫) সম্পত্তি আৰু অন্যান্য অর্থনৈতিক উৎসসমূহ : সচৰাচৰ দেখা যায় যে পৰিয়ালৰ প্ৰায়ভাগ সম্পত্তি আৰু উৎপাদনী উৎসসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত হয় আৰু এইবিলাক এজন পুৰুষৰ পৰা আন এজন পুৰুষলৈ অতিক্ৰম কৰে। আন কথাত সচৰাচৰ দেউতাকৰ পৰা পুত্ৰলৈ যায়। আনকি য’ত মহিলাসকলৰ তেনেবোৰ সম্পদৰাজিৰ বিধিগত অধিকাৰ থাকে, তাতো সমগ্র শৃংখলিত প্রথাগত নিয়ম, আৱেগিক তথা মানসিক হেঁচা সামাজিক অনুমোদন আৰু কিছু কিছু সময়ত নীৰৱ সংগ্ৰাম আদিয়ে তেওঁলোকক প্ৰকৃত নিয়ন্ত্ৰণৰ অধিকাৰসমূহ বৃদ্ধি কৰাৰ পৰিৱৰ্তে হ্ৰাসহে কৰে। সকলো ক্ষেত্ৰতে তেওঁলোক পিচপৰা অৱস্থাতে থাকে।

17. দ্ৰৰিদ্ৰতা সম্পর্কে বিভিন্ন সমাজবিজ্ঞানীয়ে আগবঢ়োৱা ব্যাখ্যাৰ বিষয়ে আলোচনা কৰা।

Ans. দৰিদ্রতা সম্পর্কে বিভিন্ন সমাজবিজ্ঞানী তথা মানৱবিজ্ঞানীয়ে বিভিন্ন ব্যাখ্যা আগবঢ়াইছে। সেইসকলৰ ভিতৰত গিলিন, দিটমাৰ, কলবাৰ্ট, গদাৰ্ড, কেষ্টলাৰ, আডাম স্মিথ আদিয়েই উল্লেখযোগ্য।

সমাজবিজ্ঞানী গ’দাদ [Goddard]-ৰ মতে, “Poverty is insufficient supply of those things which are requisite for an individual to maintain himself and those dependent upon him in health and vigour.”

“দৰিদ্ৰতা মানে কোনো ব্যক্তিৰ আৰু লগতে তেওঁৰ দ্বাৰা নির্ভৰশীল স্বাস্থ্য, শক্তিৰ পৰিৱৰ্তনৰ বাবে অপৰিহাৰ্য হোৱা প্রয়োজনসমূহৰ যোগানৰ অভাৱ।”

গিলিন [Gillen], দিটমাৰ [Dittmar], কলবাৰ্ট [Colbert] আৰু কেষ্টলাৰ [Kastler]- এ দৰিদ্ৰতাৰ সম্পৰ্কে কৈছে যে, দৰিদ্ৰতাই এজন ব্যক্তিৰ সমাজত জীৱননিৰ্বাহৰ পৰিস্থিতিকে বুজায়, য’ত তেওঁৰ অপর্যাপ্ত আয় বা অবিবেচিত খৰচৰ কাৰণে এক উচ্চ মানবিশিষ্ট জীৱন যাপন কৰিবলৈ অক্ষম হয় আৰু যিটো কাৰণে তেওঁ আৰু তেওঁৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত তেওঁৰ সদস্যভুক্ত সমাজৰ মানদণ্ড অনুসৰি আগবঢ়াত বাধাৰ সৃষ্টি হয়। [Poverty is that Condition of living in which a person: because of either inadequate income or unwise expenditure, does not maintain a standard of living high enough to provide for the physical and mental efficiency of himself and to enable him and his natural dependents to function usefully according to th standards of the society of which he is a member.]

এনেদৰে উচ্চ মানবিশিষ্ট জীৱনযাপন কৰিবলৈ অক্ষম হোৱা পৰিস্থিতিত বসবাস কৰা প্ৰত্যেকজন ব্যক্তিকেই দৰিদ্ৰতাৰ সংজ্ঞাত অন্তৰ্ভুক্ত কৰা হয়। অৱশ্যে স্থান তথা দেশভেদে দৰিদ্ৰতাৰ ব্যাখ্যা একে নহয়। উদাহৰণ স্বৰূপে, আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতি মাহে চাৰি হাজাৰকৈ দৰমহা পোৱা এজন নিযুক্তি থকা ব্যক্তিকো দৰিদ্ৰতাৰ  সীমাৰ অন্তৰ্ভুক্ত কৰিব পাৰে, অথচ ভাৰতবৰ্ষত প্ৰতিমাহে ছশ‌  (৬০০.০০) টকা উপাৰ্জন কৰা এজন ব্যক্তিকো দৰিদ্ৰ বুলি কোৱা নাযায়। 

কিন্তু স্থান বা দেশভেদে দৰিদ্ৰতাৰ ব্যাখ্যা পৃথক হ’লেও এজন হিচাপে অভিহিত কৰে। সেয়ে আডাম স্মিথে উল্লেখ কৰিছে, Man is rich or poor according to the degree in which he can afford to enjoy the necessaries, the conveniences and the amusements of life.” এই ক্ষেত্ৰত স্থানভেদে জীয়াই থকাৰ বাবে ন্যূনতম প্রয়োজনীয়তাৰ মাপ পৃথক হ’ব পাৰে। আকৌ একেখন দেশতে যিসকল ব্যক্তিক এচাম ব্যক্তিয়ে দৰিদ্ৰ হিচাপে অভিহিত কৰিব বিচাৰে সেইসকল ব্যক্তিক অন্য এচাম ব্যক্তিয়ে দৰিদ্ৰ আখ্যা নিদিবও পাৰে। যিহেতু দৰিদ্ৰতা এচাম ব্যক্তিৰ কাৰণে আদৰ্শও হ’ব পাৰে। কোনো এটা সংগঠনত এজন নিম্নবর্গ সহায়ক তেওঁৰ সহকৰ্মীসকলৰ মাজত কৃতকার্য হ’লেও তেওঁৰ ওপৰৱালা বিষয়াসকলৰ জীৱন-যাপনৰ মানদণ্ডৰ সৈতে সমানে আগ বাঢ়িব নোৱাৰে। অন্যহাতেদি ওপৰৱালা বিষয়াসকলেও তেওঁলোকতকৈ কম প্রস্থিতিযুক্ত কর্মীসকলতকৈ বেছি সুবিধাজনকভাৱে জীৱন নিৰ্বাহ কৰিবলৈ প্ৰয়াস কৰে। যদি এনে বিষয়াই নিম্নবৰ্গৰ সহায়ক এজনৰ মানদণ্ড অনুকৰণ কৰে, তেন্তে সহকৰ্মীসকলৰ মাজত বিষয়াগৰাকী উপলুঙাৰ পাত্ৰহে হ’ব। সেয়ে দৰিদ্ৰতাৰ প্ৰকৃত সীমাৰেখাই বিশেষ। কোনো ধৰণৰ ধৰা-বন্ধা পৰিস্থিতিৰ কথাও সূচায় বুলি ক’ব পৰা নাযায়। প্রত্যেকখন সমাজত শ্রেণী অনুসৰি দৰিদ্ৰতাৰ সীমাৰেখাৰ অস্তিত্ব থাকিব পাৰে, সেয়ে দৰিদ্ৰতাৰ সংজ্ঞাও শ্ৰেণী ব্যৱস্থাৰ সৈতে জড়িত আছে। সমাজৰ প্ৰত্যেক শ্ৰেণীৰেই জীৱননৰ্বাহৰ বাবে ন্যূনতম প্রয়োজনীয় সম্বলখিনিৰ মাপ পৃথক পৃথক দেখা যায়।

সমাজবিজ্ঞানী গ্ৰছ আৰু মিলাৰ [Gross and Miller]-এ দৰিদ্ৰতাৰ সম্পৰ্কে ব্যাখ্যা কৰিবলৈ তিনিটা বিশেষ কাৰকৰ ওপৰত গুৰুত্ব দিছে- 

(১) আয়।

(২) কৰ্মৰ সা-সুবিধা (শিক্ষা, চিকিৎসা, বিনোদন)। আৰু 

(৩) সম্পত্তি।

কিন্তু অন্য এচাম সমাজবিজ্ঞানীয়ে গ্ৰছ আৰু মিলাৰৰ এই তিনিওটা কাৰককে নুই কৰিছে। তেওঁলোকৰ মতে দৰিদ্ৰতা ব্যক্তিৰ উপাৰ্জন তথা আয়ৰ সৈতে জড়িত হ’ব নোৱাৰে। যিহেতু যদি মূল্য স্থিতি বৃদ্ধি হৈ থাকে তেন্তে কোনো ব্যক্তিয়ে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক পোহপাল দিবলৈ প্ৰয়োজনীয় সম্বলখিনি যোগাৰ কৰিবলৈ সক্ষম নহ’ব। এই ক্ষেত্ৰত স্বাভাৱিকতে দৰিদ্ৰতা সময় আৰু স্থানৰ সৈতে জড়িত আছে বুলি নিশ্চিতভাৱে ক’ব পৰা যায়। অন্যহাতে ১৯৯০ চনত চলোৱা এক জৰীপ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা ৫৭.৬ শতাংশ ব্যক্তিৰেই টেলিফোন, ৭৯.২ শতাংশ ব্যক্তিৰ দূৰদৰ্শন আৰু ৭২.৬ শতাংশ ব্যক্তিৰেই কাপোৰ ধোৱা যন্ত্ৰ [Washing Machine ] আছিল। ইয়াৰ পৰা দেখা যায় উপার্জন, সম্পত্তি আৰু কৰ্মৰ সা সুবিধাৰ প্ৰত্যক্ষভাৱে কোনো পৰিস্থিতিতেই দৰিদ্ৰতাৰ সৈতে সম্পৰ্ক নাই। সমাজবিজ্ঞানী মাইকেল হেৰিংটন, এচ. এম. মিলাৰ, পামেলা ৰবি, থমাছ গ্লেদউইন্‌ [Michale Harrington, S. M. Pamela Roby, Thomas Gladwin] আদি মানৱ বিজ্ঞানীসকলেও দৰিদ্ৰতাৰ ভিন্ন ব্যাখ্যা আগবঢ়াইছে। মিলাৰ ৰবি আৰু গ্লেউইনে সামাজিক অসমতাকে দৰিদ্ৰতাৰ এক কাৰণ হিচাপে আখ্যা দিছে। অন্যহাতেদি হেৰিংটনৰ মতে দৰিদ্ৰতা হৈছে কোনো এখন সমাজৰ বিশ্বাস প্ৰমূল্য আৰু প্ৰযুক্তিবিদ্যাৰ সৈতে সামঞ্জস্য থকা বিনোদন,শিক্ষা, গৃহ, স্বাস্থ্য আৰু আহাৰৰ নযূনতম মানদণ্ডৰ পৰা বঞ্চনা। মাৰটিন ৰেনে দৰিদ্ৰতাৰ তিনিটা উপাদান উল্লেখ কৰিছে। এই উৎপাদনকেইটা হৈছে, ক্রমে—

(১) জীৱিকা [ Subsistence]

(২) অসমতা [Inequality]

(৩) বাহ্যিকতা [Externality]

তেওঁৰ মতে জীৱিকাই জীৱনযাপনৰ ক্ষেত্ৰত কৰাৰ সামৰ্থ্য আৰু স্বাস্থ্য ৰক্ষাৰ কাৰণে উপযুক্ত সংস্থানৰ ওপৰত গুৰুত্ব দিয়ে। অসমতাই একেখন সমাজতে বেছি সুবিধা লাভ কৰা ব্যক্তিসকলৰ সৈতে কম উপার্জিত নিম্নস্থানৰ ব্যক্তিসকলৰ তুলনা কৰে আৰু বাহ্যিকতাই সমাজৰ স্থিৰতাৰ কাৰণে দৰিদ্ৰতাৰ সামাজিক প্ৰতিফলনৰ ওপৰত গুৰুত্ব দিয়ে।

সাধাৰণতে দৰিদ্ৰতা এটা অৱস্থা, যিটোৱে এজন ব্যক্তিৰ কি আছে আৰু কি থকা উচিত ধাৰণাৰ সম্পৰ্কে ভাবিবলৈ সুবিধা দিয়ে। দৰিদ্ৰতাই ব্যক্তিক ‘সম্পদহীনতা’ আৰু ‘ক্ষমতাহীনতা’ত ভুগিবলৈ বাধ্য কৰোৱায়। বার্চ টিন হেনৰী নামৰ সমাজবিজ্ঞানীগৰাকীয়ে দৰিদ্ৰতাৰ তিনিটা অতি গুৰুত্বপূৰ্ণ দিশ চিনাক্ত কৰিছিল। এই দিশ তিনিটা হৈছে—

(ক) জীৱন যাপনৰ কাৰ্যপন্থাৰ অভাৱ।

(খ) সম্পদৰ অভাৱ (ভূমি, ধন ইত্যাদি)।

(গ) হতাশা আৰু নিৰাশাৰ ভাব।

(ঘ) অন্য ব্যক্তিৰ সৈতে সামাজিক সম্পর্ক বিকাশ কৰা আৰু ৰক্ষা কৰাৰ অসমর্থতা।

তেখেতৰ মতে দৰিদ্ৰতা ব্যাখ্যা কৰিবৰ বাবে মূলতঃ তিনিটা দৃষ্টিভংগী ব্যৱহাৰ কৰা হয়। এই দৃষ্টিভংগীৰ ভেটিকেইটা হৈছে— [i] “the amount of money required by a person to subsist,

[ii] the life below a minimum subsistence level and standard prevalent at a given time in a given place, 

[iii] the comparative state of well-being of a few and the deprivation and destitution of the majority in society.”

সাধাৰণতে দেখা যায়, এই তৃতীয় দৃষ্টিভংগীটোৱে অসমতা আৰু আপেক্ষিকতাৰ ভিত্তিত দৰিদ্ৰতা ব্যাখ্যা কৰিব বিচাৰে। ইয়াৰে প্রথম দুয়োটা দৃষ্টিভংগী মূলতঃ পূৰ্ণাংগ দৰিদ্ৰতাৰ অৰ্থনৈতিক ধাৰণাৰ ওপৰত নিৰ্ভৰশীল।

18. মানৱ সৰবৰাহ বা শিশু সৰবৰাহৰ ধাৰণা দিয়া? শিশু মানৱ সৰবৰাহৰ কৱলত পৰা কাৰণ বিশ্লেষণ কৰা?

Ans. মানৱ সৰবৰাহ বা শিশু সৰবৰাহ সমগ্ৰ বিশ্বত একেলগে গা কৰি উঠা গোলকীয় সমস্যা সমূহৰ ভিতৰত এটা প্ৰধান সমস্যা, যিটো স্থানীয় পটভূমি-ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পেক্ষাপটক সামৰি এক বিশাল ব্যৱসায়িক জাল গঢ়ি উঠা দেখা গৈছে । বিশেষকৈ অনুন্নত দেশ সমূহ য’ত সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ প্ৰাধান্য অধিক সেই দেশ সমূহত এই সমস্যাটো অধিক গা কৰি উঠা পৰিলক্ষিত 

হৈছে । মানৱ সমাজক চৰম বিভিষীকা আৰু লজ্জানত কৰা মানৱ সৰবৰাহৰ দৰে এই সামাজিক ব্যাধিৰ বাবে আজি বহু যুৱক-যুৱতী, শিশু তথা পৰিয়ালৰ জীবন ধ্বংসৰ মুখলৈ ঠেলি দিছে । যত মানুহ-ক পন্য সামগ্ৰীৰ ধাৰনাৰে ব্যৱহাৰ কৰি মানুহক কিনা বেচা কৰা হয় অথবা কিছুমান অনৈতিক কাৰ্যৰ জৰিয়তে তৃতীয় পক্ষ-ৰ মুনাফা লাভ কৰে ।

মানৱ সৰবৰাহ তথা শিশু সৰবৰাহৰ ধাৰণাঃ সৰবৰাহ বা মানৱ সৰবৰাহ তথা শিশু সৰবৰাহ সম্পৰ্কত নব্বৈ দশকৰ পৰা বিভিন্ন প্ৰেক্ষাপটত পৰিলক্ষিত হৈ আহিছে আৰু ইয়াৰ এটি সঠিক তথা সৰ্বসন্মত ধাৰণা বা সংজ্ঞা পোৱা নাছিল । ‘সৰবৰাহ’ সম্পৰ্কত কেইটামান বহুলভাৱে প্ৰচলিত ধাৰণা তলত আলোচনা কৰা হ’ল ।

ৰাষ্ট্ৰসংঘৰ মতে সৰবৰাহঃ মানৱ সৰবৰাহ বা শিশু সৰবৰাহ কাৰ্য বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন পদ্ধতিৰে বিভিন্ন ৰূপত হৈ আহিছিল যদিও ইয়াক ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰথম বাৰৰ বাবে এক গোলকীয় সমস্যা হিচাপে কৰিছিল। UN convention Against Transnational Crime -2000 শীর্ষক কর্মশালাত । এই কর্মশালাতে এই কার্য-ক আইনী প্ৰক্ৰিয়াৰে সমাধান কৰিবলৈ UN Protocol প্ৰস্তুত কৰিছিল আৰু সমগ্ৰ বিশ্বতে ইয়াৰ বিৰূদ্ধে এক জাগৰণ আনিবলৈ প্ৰয়াস কৰিছিল । এই আলোচনাতে ‘সৰবৰাহ’ কাৰ্যক বিশ্বব্যাপী সামঞ্জস্যতা অনাৰ প্ৰয়াসেৰে এটা সংজ্ঞাৱদ্ধ কৰিছিল এই প্ৰট’কল-ৰ ৩ নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি ‘মানৱ সৰবৰাহ’ হৈছে কোনো ব্যক্তি বা ব্যক্তি গোটে এক বা একাধিক গোটক বিভিন্ন সময়ত ঠগ, প্ৰৱঞ্চনা, মৃত্যু ভয়, বা ক্ষমতা অথবা বৃত্তিগত ভয় দেখুৱাই কোনো বৃত্তিত নিয়োজিত কৰিলে, এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ প্ৰব্ৰজিত কৰা, কোনো ঠাইলৈ নির্বাসিত বা স্থানান্তৰ কৰা, অথবা অন্য ঠাইৰ পৰা মানুহক ধৰি আনি কোনো ‘শোষণ’ কৰোৱা কাৰ্যকে মানৱ সৰবৰাহ কাৰ্য বুলি ধৰা হ’ব । এই সংজ্ঞাটো প্ৰধানকৈ তিনিটা চৰ্ত আৱদ্ধ কৰা হৈছিল

ক) ‘শোষণ’ শব্দটোৰে যৌন উত্পীড়ন, বাধ্যতামুলক সেৱা বা বলপুর্বক সেৱা কাৰ্য, দাসত্ব, বন্ধা শ্ৰম, মানৱ অংগৰ স্থানান্তৰকৰণ, টকাৰ বিনিময়ত যৌনাচাৰ, ভিক্ষা বৃত্তি ইত্যাদি সামৰি লোৱা হৈছে।

খ) যদিহে ভুক্তভোগীয়ে বা শোষিত ব্যক্তিয়ে এনে কাৰ্য-ৰ প্রতি সন্মতি থকা বা নিজৰ ইচ্ছা-মতে শোষণ কাৰ্য সমূহ কৰা বুলি কয় তেতিয়া ইয়াক ‘সৰবৰাহ’ হিচাপে ধৰা নহব ।

গ) ভুক্তভোগী বা শোষিত জন শিশু হয় তেতিয়াহ’লে তেখেতৰ সন্মতি থাকিলেও এই কাৰ্যক ‘সৰবৰাহ’ হিচাপে ধৰা হ’ব। শিশু মানে ওঠৰ বা ওঠৰ বছৰ বয়সৰ তলৰ ব্যক্তিক ধৰা হ’ব।

প্রট’কল খনৰ সংজ্ঞা মানৱ সৰবৰাহ বা শিশু সৰবৰাহ কার্য হৈছে এক প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াটোত তিনিটা কাৰক বা অংশ ৰ সমষ্টি ।

প্রথম- ই হৈছে এটা কাৰ্য [an Action] য’ত বলপূর্বক নিয়োগ, ব্যক্তিৰ বেচা-কিনা, বাধ্যকতা মূলক কর্ম, দাস, কোনো ব্যক্তিক অন্য ঠাইৰ আমদানি বা ৰপ্তানি ইত্যাদি কাৰ্য জড়িত থাকে।

দ্বিতীয়তে- কিছুমান মাধ্যম বা উপায় থাকে [By Means of] য’ত চলনা বা প্ৰৱঞ্চনা, ভীতি প্রদর্শন, দৈহিক শক্তি ক্ষমতা প্রয়োগ বা বৃত্তিগত প্ৰভাৱ জড়িত থাকে ।

তৃতীয়তে ‘শোষণ’ কৰাৰ উদ্দেশ্য । প্রট ‘কল খনত এই কথাটো স্পষ্ট কৰি দিছে যে ওপৰো তিনিওটা চৰ্ত আৰু প্ৰক্ৰিয়া কেৱল মাথোন প্রাপ্তবয়স্ক লোক ক্ষেত্ৰতহে প্রযোজ্য হ’ব; শিশু তথা ওঠৰ বয়সৰ ব্যক্তিৰ বাবে এই চর্ত বা প্রক্রিয়া সমূহ বিবেচনা কৰা নহয় । অর্থাত শিশুৰ ক্ষেত্ৰত এই ধৰণৰ যিকোনো কাৰ্য বা প্রক্রিয়া জড়িত হোৱা প্রমানিত হ’লেই ইয়াক ‘শিশু সৰবৰাহ’ বুজা হ’ব । 

চাৰ্ক সন্মিলনৰ সৰবৰাহৰ ধাৰণাঃ দক্ষিন এচীয়া মাগুলিক সহযোগী ৰাষ্ট্ৰ সংগঠন-ৰ ২০০২ চনৰ সন্মিলন-ত ‘সৰবৰাহ’-ৰ সম্পৰ্কত হোৱা পর্যালোচনা-ত মানব সৰবৰাহ-ক এই ধৰণে ব্যাখ্যা কৰিছে— “ মহিলা বা শিশুক কোনো ব্যক্তি বা ব্যক্তি গোটে তেওঁলোকৰ সন্মতি অবিহনে যদি স্থানান্তৰ কৰে, বেচা-কিনা কৰে, বা নিজৰ ঠাইতে টকাৰ বিনিময়ত বলপূর্বক কামত নিয়োগ কৰে, অন্য দেশলৈ টকা বা অন্যান্য চৰ্তৰ বাবে স্থানান্তৰ বা হস্তান্তৰ কৰে অথবা ‘সৰবৰহিত’ কৰা কাৰ্য । ‘সৰবৰহিত’ শব্দটোৰে ইয়াত মহিলা আৰু শিশুক ভীতি প্রদর্শন, বলপ্রয়োগ বা প্ৰৱঞ্চণাৰে অপহৰন, বাল্য বিবাহ তথা বিয়া কৰাই দেহ ব্যৱসায়ত লিপ্ত কৰা কাৰ্য অন্তর্ভুক্ত কৰা হৈছে।”

ভাৰতীয় পটভূমিত ‘সৰবৰাহ’ : সৰবৰাহ সম্পৰ্কত ভাৰতীয় সংবিধানৰ ২৩ নং অনুচ্ছেদ-ত উল্লেখ কৰি কৈছে যে, মানৱ সৰবৰাহ, ভিক্ষাবৃত্তিত বলপূর্বক নিয়োগ বা অন্য কোনো ধৰণৰ বলপূর্বক কৰ্ম-ত নিয়োগ কৰা সাংবিধানিক ভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে । সংবিধানত যদিও ‘মানৱ সৰবৰাহ’-ক বিশেষভাৱে আলোচনা কৰা নাই যদিও এই ‘সৰবৰাহ’—ৰ জৰিয়তে হোৱা শোষণ সমূহৰ বিষয়ে আলোচনা কৰা হৈছে । সংবিধানত সৰবৰাহ শব্দটো সাধাৰণ অৰ্থ-ত ব্যৱহাৰ কৰিছিল আৰু ইয়াক ‘যৌন’ ব্যৱসায়ৰ পৰিৱৰ্তে ‘বলপূর্বক শ্রম’ বুজাবলৈ ব্যৱহাৰ কৰিছিল।

এচিয়া ডেভেলপমেন্ট বেংকৰ ভাৰতত চলোৱা সমীক্ষা অনুসৰি এইটো স্পষ্ট কৰিছে যে সৰবৰাহ এটা প্ৰক্ৰিয়া য’ত এক দীঘলীয়া প্ৰক্ৰিয়াৰে আৰম্ভ হৈ এটা সীমাত শেষ হয় আৰু এই গোটেই প্ৰক্ৰিয়াটো-ত তৃতীয় পক্ষ এটাই পৰিচালিত কৰে আৰু ইয়াৰ জৰিয়তে লাভ আহৰণ কৰি থাকে । উদাহৰণস্বৰূপে, যৌন কর্মী বা এই ব্যৱসায়ত জড়িত লোক সকলক সৰবৰাহিত হোৱা বুলি কোৱা সম্ভৱ নহয়, যৌন কর্মী হৈছে ‘সৰবৰাহ’ প্ৰক্ৰিয়াৰ শেষ অৱস্থা য’ত প্ৰাৰম্ভিক প্রক্রিয়াত বাল্য বিবাহ, প্ৰতাৰনা, প্রলোভন ইত্যাদি জড়িত থাকে ।

ওপৰৰ সংজ্ঞা কেইটাৰ মাজত যদিও কিছুমান পার্থক্য পৰিলক্ষিত হৈ আছে তথাপিও তিনিটা প্রধান সামঞ্জস্যতা চাৰিটা হৈছে— গতি-বিধি বা চাল চলন বা স্থানান্তৰ, প্ৰতাৰণা বা প্ৰৱঞ্চনা, জোৰ জবৰদস্তি বা যৌনতাৰ ব্যৱসায় আৰু শোষনমুলক কাম ।

মানৱ সৰবৰাহ আৰু শিশু দুৰ্দশাগ্রস্ততাঃ সৰবৰাহ জনিত বিভিন্ন ঘটনাৱলী আৰু ধৰণ সমূহৰ পৰা এটা কথা স্পষ্ট যে সমাজৰ যিখিনি মানুহ শাৰীৰিক, অৰ্থনৈতিক আৰু মানসিকভাৱে দুর্বল ব্যক্তি সকল সহজতে সৰবৰাহৰ কৱলত পৰে । এইবাবে শিশু সকল আটাইতকৈ বেছি আশংকাজনক হয় । শিশু এটা—ৰ দৈহিক, মানসিক বিকাশ কম হোৱা তেওঁলোকক সহজতে লক্ষ্য হিচাপে লয় । ইয়াৰ কাৰণ হৈছে—

(ক) শিশু সকল সহজতে প্রলোভিত হয়। 

(খ) ভাল বেয়া বিচাৰ কৰিব পৰাকৈ মানসিকভাৱে বিকশিত নহয়।

(গ) ছোৱালী বিলাক বহু লিংগ বৈষম্যৰ বলি হয়।

(ঘ) শিশু বিলাক অতি মৰম আকলুৱা সৰবৰাহ বা শিশু সৰবৰাহ-ৰ কাৰণ সমূহ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপত্ৰত পৰ্যালোচনা কৰিলে ইয়াৰ বহু কেইটা দিশ উন্মোচিত হয় । 

শিশু সৰবৰাহ সমগ্ৰ বিশ্বতে গা কৰি উঠাৰ বাবে বিশ্ব সকলো ঠাইতে থকা কিছুমান সমস্যা বা কাৰকেহে এই প্রক্রিয়াত আওপকীয়াকৈ ইন্ধন যোগোৱা বুলি মন্তব্য কৰে বৰ্তমান সমাজত ঘটি থকা এই সমস্যা সমূহ হ’লঃ

১. লিংগ বৈষম্য বা লিংগভিত্তিক সংঘর্ষ।

২. শিক্ষা আৰু সজাগতাৰ অভাৱ।

৩. দৰিদ্ৰতা।

৪. ভগ্ন পৰিয়াল ব্যৱস্থা বা যুটীয়া পৰিয়াল ব্যৱস্থাৰ বিলোপ্তি।

৫. ঘৰুৱা অশান্তি।

৬. নিবনুৱা সমস্যা।

৭. বানপানী বা আন প্রাকৃতিক দুর্যোগ।

৮. সামাজিক অৰাজকতা, নৈৰাজ্যবাদী ভাৱধাৰা তথা বিশ্বায়ণৰ প্ৰভাৱ।

৯. গোষ্ঠীগত সংঘর্ষ, সাম্প্রদায়িক সংঘর্ষ।

১০. সামৰিক বাহিনীৰ অত্যাচাৰ, গৃহ যুদ্ধ।

১১. সামাজিক মূল্যবোধৰ অৱক্ষয়, নৈতিক স্খলন।

19. অনৈতিক মানৱ সৰবৰাহ নিবাৰণ আইন ১৯৫৬ সম্পর্কে কি জানা লিখা?

উত্তৰঃ সমাজত হৈ থকা অনৈতিক মানৱ সৰবৰাহ বৰ্তমান সমাজত এটা প্ৰত্যাহ্বান হৈছে। এনে সৰবৰাহ কৰা লোকৰ শাস্তি বিহাৰ লগতে এনে কাৰ্য্য বন্ধ কৰিবৰ বাবে চৰকাৰে এখন আইন প্রণয়ন কৰিছে এই আইনখনেই হ’ল ‘অনৈতিক মানৱ সৰবৰাহ নিবাৰণ আইন ১৯৫৬’।

কোন এই আইনৰ অপৰাধী হয়ঃ

: পতিতাবৃত্তিৰ বাবে ব্যৱহাৰ কৰা আবাস গৃহৰ গৰাকী/ মালিকসকল।

: পতিতাবৃত্তিত জড়িত কৰোৱা।

: পতিতাবৃত্তিত জড়িত কৰিবৰ বাবে ধন লোৱাসকল।

: আনৰ পতিতাবৃত্তিৰ পৰা উপাৰ্জন লাভ কৰাসকল ।

: যৌন উৎপীড়নৰ বাবে পতিতালয়লৈ নিয়া লোকসকল।

: পতিতালয়ত আবদ্ধ কৰি ৰাখোতা। আইনে কি শাস্তি প্রদান কৰিব

: পতিতাবৃত্তিৰ বাবে ব্যৱহাৰ কৰা আবাসগৃহৰ গৰাকীক ২ বছৰৰ পৰা ৭ বছৰ পৰ্য্যন্ত সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকা জৰিমনা।

: পতিতাবৃত্তিত জড়িত কৰা বা পতিতা বৃত্তিৰ বাবে লৈ যোৱা ব্যক্তি গৰাকীক ৩ বছৰৰ পৰা ৭ বছৰলৈ সশ্ৰম কাৰাদণ্ড আৰু হাজাৰ টকা জৰিমনা।

: ইচ্ছাৰ বিৰুদ্ধে এই কামত জড়িত কৰালে ৭ বছৰৰ পৰা ১৪ বছৰলৈ কাৰাদণ্ড।

: এই কামত শিশু জড়িত কৰালে ৭ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে যাবজ্জীবন কাৰাদণ্ড হ’ব।

: পতিতাবৃত্তিত জড়িত কৰাই সেই উপাৰ্জনৰে দিন কটোৱ সকলক ২ বছৰ কাৰাদণ্ড আৰু ১ হাজাৰ টকা জৰিমনা।

: কি এই ক্ষেত্ৰত শিশুক জড়িত কৰালে ৭ বছৰ সশ্ৰম আৰু ১০ বছৰ পৰ্য্যন্ত কাৰাদণ্ড হ’ব।

: যৌন উৎপীড়নৰ বাবে পতিতালয়লৈ যোৱা অপৰাধীসকলক ৩ মাহৰ পৰা ৬ মাহ পৰ্য্যন্ত কাৰাদণ্ড আৰু ২৫ হাজাৰ পৰা ৫০ হাজাৰ পযন্তি জৰিমনা ৷

(ক) যিকোনো ঘৰ বা কোঠা যত কোনো ব্যক্তিক যৌন উৎপীড়ন চলোৱা হয় সেই ঠাইখনেই পতিতালয়।

(খ) ১৮ বছৰৰ তলত সকলো ল’ৰা ছোৱালীকে এই আইনখনে শিশু বুলি গণ্য কৰে।

(গ) সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰি যিবোৰ ব্যক্তিক, শিশুক মানসিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ ঠাইত ৰখা হয় তাকেই আশ্রয় গৃহ বোলা হয়।

(ঘ) আশয়গৃহত ব্যক্তি বা শিশুসকলক শুদ্ধ পথলৈ আনিবলৈ চেষ্টা কৰা হয়।

(ঙ) ব্যৱসায়ৰ বাবে কোনে। লোকক উৎপীড়ন চলোবাক পতিতা বৃত্তি বুলি কোৱা হয়।

(চ) ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে এনে ব্যক্তিসকলক উদ্ধাৰ কৰাৰ বাবে আৰক্ষী বিষয়াক নিয়োগ কৰে।

20. Critically evaluate the problems of women?

Or

Highlight the problems of women and children in contemporary India.

উত্তৰঃ ভাৰতীয় নাৰীক মাতৃ স্বৰূপে গণ্য কৰি আহিছে যদিও ভাৰতীয় নাৰীৰ প্ৰস্থিতি যুগে যুগে উত্থান-পতনমুখী গতিৰে আগবাঢ়ি আছে। ভাৰতীয় সংস্কৃতিত নাৰীক ধৈর্যশীলা, উদাৰ, সহনশীলা, সহানুভৱা, প্ৰেম আৰু দয়াৰ প্ৰতীক হিচাপে গণ্য কৰে তথাপি সময়ে সময়ে নাৰীসকলে বিভিন্ন বাধা আৰু সমস্যাৰ সন্মুখীন হ’ব লগা হৈ আহিছে। পুৰুষতান্ত্ৰিক ভাৰতীয় সমাজত সময় সাপেক্ষে নাৰীসকল লাঞ্ছিতা, অপমানিতা, উপেক্ষিতা হ’ব লগা হৈছে। আক্ষৰিক অৰ্থত সাংবিধানিক তথা আইনগতভাবে নাৰীসকলক সুৰক্ষা প্ৰদান কৰি অহা হৈছে যদিও বাস্তৱক্ষেত্ৰত এতিয়াও নাৰীসকল লাঞ্ছিতা, অপমানিতা, উপেক্ষিতা তথা পুৰুষসকলৰ শোষণ আৰু শাসনৰ পৰা ভাৰতৰ অধিকাংশ নাৰীয়েই মুক্তি পাইছে বুলি গণ্য কৰিলে ভুল কৰা হ’ব। কন্যা সন্তান হত্যা, পুৰুষ সন্তানৰ প্ৰতি আকর্ষণ, ভ্রূণৰ নিৰ্বাচন, দেশত মহিলা-পুৰুষৰ অনুপাতৰ তাৰতম্য, শিক্ষিত হাৰত তাৰতম্যতাই নাৰীসকলৰ প্ৰস্থিতি এতিয়াও নিম্নগামী হৈ থকাটোকে নির্দেশ কৰে। যেই কি নহওক সাম্প্রতিক সমাজত নাৰীসকলে সম্মুখীন হোৱা বিভিন্ন সমস্যাসমূহ বিষয়ে তলত আলোচনা কৰা হ’ল—

(ক) ভাৰতীয় মহিলাসকলে সন্মুখীন হোৱা এক সমস্যা হ’ল। নিৰক্ষৰতা। বর্তমান সময়ত ভাৰতীয় সমাজত নাৰীশিক্ষা অদ্যপৰিমিত সন্তোষজনক নহয়। কেইবাদশকৰ আগতে ভাৰতবৰ্ষত নাৰী শিক্ষাৰ প্ৰচলন নাছিলেই। ভাৰতীয় নাৰীসকল আদিতে পর্যাপ্তৰূপে শিক্ষিত বুলি ক’ব পৰা নাযায়। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষত ৫৪ শতাংশ নাৰীহে শিক্ষিত আৰু ইয়াৰে ৪৪.৬ শতাংশ গ্ৰাম্যাঞ্চলৰ আৰু ৭২.৯ শতাংশ নগৰ অঞ্চলৰ নাৰী। অন্যহাতে ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত শিক্ষিত হাৰ ৬৫.৫ শতাংশ। গতিকে ভাৰতীয় নাৰীসকলক পর্যাপ্ত শিক্ষিত বুলি ক’ব পৰা নাযায়। তদুপৰি বিভিন্ন বৃত্তিমুখী তথা কাৰিকৰী শিক্ষাৰ প্ৰচলন ভাৰতীয় নাৰীসকলৰ মাজত এতিয়াও যথেষ্ট কম বুলি গণ্য কৰিব পাৰি।

(খ) ভাৰতীয় নাৰীসকেেল সন্মুখীন হোৱা অন্য এক সমস্যা হ’ল ভাৰতীয় নাৰীসকলৰ মাজত এতিয়াও নিয়োগহীনতা পৰিলক্ষিত হয়। নাৰীসকল এতিয়াও সম্পূৰ্ণ কাৰ্যমুখী হৈছে বুলি গণ্য কৰিব পৰা নাযায়। বহুতো সাধাৰণ আৰু কাৰিকৰী শিক্ষাৰে শিক্ষিত নাৰীও নিৱনুৱা হৈ থকাৰ উদাহৰণ আছে। বর্তমান সময়ত পুৰুষৰ লগতে নাৰীৰ নিয়োগাভাৱ সমস্যাইও জটিল ৰূপ ধাৰণ কৰিছে।

(গ) ভাৰতীয় নাৰীসকলৰ অন্য এক উল্লেখযোগ্য সামাজিক সমস্যা সমাজত প্ৰচলিত কিছুমান কুপ্রথা। বিধৱা বিবাহ বন্ধ, বাল্যবিবাহৰ প্ৰচলন, যৌতুক প্রথা, সতীদাহ প্রথা, স্ত্রী শিক্ষা বন্ধ আদি ইতিপূর্বে নিষিদ্ধ কৰা হ’ল যদিও ইয়াৰ প্ৰভাৱ ভাৰতীয় সমাজত অদ্যপৰিমিত সম্পূৰ্ণৰূপে মুক্তি পাব পৰা নাই । এতিয়াও বাতৰি কাকত, আলোচনী আদিত যৌতুকৰ বাবে বহু নাৰীয়ে পুৰুষৰ নিৰ্যাতনত দিন কটাবলগীয়া হোৱাৰ লগতে বহু নাৰী মৃত্যুমুখতো পৰিব লগা হৈছে। যৌতুকৰ বাবেই বহু বিবাহযোগ্য নাৰী অবিবাহিতা হৈ কাল কটাব লগা হৈছে। তদুপৰি সমাজভেদে বাল্যবিবাহৰ প্ৰচলন এতিয়াও প্রচলিত আছে। সাংবিধানিক নীতি নিদের্শনা তথা আইনে এতিয়াও এনে কুপ্রথাসমূহ বন্ধ কৰাত সম্পূৰ্ণৰূপে কৃতিত্ব দাবী কৰিবলৈ সমৰ্থৱান হোৱা নাই। ভাৰতীয় সমাজত নাৰীসকলৰ অন্যতম এক সমস্যা নাৰীসকলৰ ওপৰত আৰোপিত ৰক্ষণশীল মনোবৃত্তি। ভাৰতীয় সমাজত থকা জাতিব্যৱস্থাৰ গোড়ামিয়ে ভাৰতীয় নাৰীসকলক অধিক ৰক্ষণশীল নীতি-নিয়মত আবদ্ধ থাকিবলৈ বাধ্য কৰোৱাইছিল। ভাৰতীয় নাৰীসকলৰ ওপৰত আৰোপিত এনে ৰক্ষণশীল নীতি-নিয়মৰ বাবে এতিয়াও বহু নাৰীয়ে পর্দা ব্যৱস্থাক মানি চলিব লগা হোৱাৰ লগতে মুক্ত বিচৰণৰ ক্ষেত্ৰত অধিক সজাগতা অৱলম্বন কৰিব লগা হয়। তদুপৰি তেওঁলোকৰ চালচলন, বিয়া-বাৰু, সামাজিক আদান-প্রদানকে ধৰি বহুক্ষেত্ৰত মহিলাসকলে বহু অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে।

(ঘ) ভাৰতীয় সমাজৰ দৰিদ্ৰতাৰ বাবে নাৰীসমাজৰ অৱস্থা অতিশয় দুখলগা বিধৰ। তেওঁলোকে নাগৰিক তথা ঘৰ নিৰ্মাতা হিচাপে দ্বৈত ভূমিকা পালন কৰিব লাগে। বহু শিক্ষিত নাৰীয়েও পৰিয়ালৰ লালন-পালনতে ব্যস্থ থাকিব লগা হৈছে আৰু বহুনাৰীয়ে পৰিয়ালক সেৱা-শুশ্ৰষাৰ লগতে নিজৰ বত্ততক চম্ভালিব লগীয়া হোৱাৰ উপৰি সন্তান-সন্ততিৰ লালন-পালনত অতিশয় ব্যস্ততাপূর্ণভাৱে জীৱন অতিবাহিত কৰিব লগা হৈছে। সেয়ে বহুমুখী ভূমিকাৰ মহিলাসকলে তেওঁলোকৰ জীৱনত বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।

(ঙ) বহু ভাৰতীয় নাৰীয়ে দৰিদ্ৰতাৰ গ্ৰাসত পৰি অথবা অন্য পৰিস্থিতিৰ বাবে বেশ্যাবৃত্তি গ্ৰহণ কৰিব লগাত পৰিছে। গ্ৰামাঞ্চলৰ বহুতো সহজ-সৰল নাৰীক কৰ্মৰ সুবিধা প্ৰদানৰ প্রলোভনেৰে এটা স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত কৰি বেশ্যাবৃত্তিৰ নিচিনা বৃত্তিত আত্মনিয়োগ কৰিবলৈ বাধ্য কৰোৱাইছে। অৰ্থাৎ মহিলাসকলক এতিয়াও ভাৰতীয় সমাজত পণ্য সামগ্ৰী হিচাপে বিক্ৰীকৰণ কাৰ্য সদাবিদিত হিচাপে সংবাদ মাধ্যমসমূহে প্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে। এইবিলাক সমস্যা মূলতঃ নাৰীসকলে সন্মুখীন হৈ থকা দৰিদ্ৰতা, নিৰক্ষৰতা, অবলা বা নাৰীসকলৰ সহজ-সৰল প্ৰকৃতিৰ বাবেহে সম্ভৱ হৈছে।

(চ) নগৰীকৰণ, উদ্যোগীকৰণ আদিয়ে ভাৰতীয় সমাজখনৰ পৰিৱৰ্তনৰ সূচনা কৰিলেও এই পৰিৱৰ্তনৰ সংমিশ্ৰিত সংস্কৃতিয়ে ভাৰতীয় নাৰীসকলক বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলৈ বাধ্য কৰাইছে। আধুনিক কৌশল উদ্ভাৱনে ভাৰতীয় নাৰীসকলৰ মাজত পৰম্পৰাগতভাৱে প্রচলন থকা কুটিরশিল্প আৰু ক্ষুদ্রশিল্পসমূহলৈ ধ্বংস মাতি আনিলে৷ এনে শিল্পসমূহৰ জৰিয়তে বহু গ্ৰাম্যাঞ্চলৰ নাৰীয়ে তেওঁলোকৰ জীৱনৰ ন্যূনতম প্রয়োজনীতাসমূহ পূৰণৰ পথৰ সন্ধান পাইছিল। সাম্প্রতিক সময়ত

এই নাৰীসকল কৰ্মবিমুখ হৈ অভাৱ-অনাটনত দিন কটাবলগীয়া হৈছে।

(ছ) আধুনিকতাৰ বতাহে কোবাই যোৱা ভাৰতীয় সমাজত বর্তমান সময়ত যুৱ-উচ্ছৃংখলতাৰ প্ৰভাৱ প্ৰতিফলিত হৈছে। যুৱ উচ্ছৃংখলতাৰ প্ৰভাৱ যুৱতীসকলৰ ওপৰতো সঠিকৰূপত প্ৰতিফলিত হৈছে; ফলত অদূৰ ভৱিষ্যতে ভাৰতীয় নাৰীসকলৰ যি আদর্শ, নাৰী প্ৰতীকিৰ যি মূল্য সেয়া আদর্শহীনতাত পৰিণত হৈ পৰাৰ আশংকাক অগ্রাহ্য কৰিব নোৱাৰি। বৰ্তমান সময়ত নগৰ চহৰসমূহত গঢ় লৈ উঠা বিভিন্ন ৰেষ্টুৰেণ্ট, বাৰ আদিত উঠি অহা প্ৰজন্মৰ মহিলাসকলৰ যি আচৰণ, ৰাতিদুপৰলৈ হোৱা অবাধ বিচৰণ আদি আচৰণে অনৈতিক কার্যক প্রশ্রয় দিয়া পৰিলক্ষিত হৈছে। সাম্প্রতিক সময়ত ঘটা এনে বহু অনৈতিক কাৰ্যক বহুমুখে ধিক্কাৰ দিয়াৰ লগতে নাৰীৰ এনে দুৰ্বলতাই ভৱিষ্যতৰ নাৰীসমাজৰ আদর্শনীয় চৰিত্ৰক অৱনমিত কৰাৰ আশংকাক অস্বাকীৰ কৰিব নোৱাৰি।

(জ) বর্তমান সময়তে ভাৰতীয় সমাজত পুৰুষতান্ত্ৰিকতাৰ সুযোগ-সুবিধাৰে নাৰীসকলৰ ওপৰত কৰা অকথ্য নির্যাতন অবিদিত নহয়। নাৰীসকলক এতিয়াও ভাৰতীয় সমাজত পুৰুষৰ অধীন বুলি জনমানসত বিশ্বাস কৰে, সেয়ে যিকোনো ঘৰুৱা কিম্বা সামাজিক মীমাংসা গ্রহণত অশিক্ষিত গ্ৰাম্যাঞ্চলসমূহত নাৰীক মীমাংসা গ্ৰহণৰ সময়ত অংশগ্ৰহণৰ পৰা বিৰত ৰখা পৰিলক্ষিত হয়। তদুপৰি বহু গ্ৰাম্যাঞ্চলত নাৰীক কেৱল পুৰুষৰ সেৱা-শুশ্রষাই তেওঁলোকৰ ধৰ্ম বুলি বিশ্বাস কৰোৱাবলৈ বাধ্য কৰোৱাইছে।

(ঞ) পুত্রসন্তানৰ প্ৰতি লিপ্সা থকা, পুৰুষ প্ৰাধান্য ভাৰতীয় সমাজৰ বাবে নাৰীসকলক অৱহেলাৰ চকুৰে চোৱা অদ্যপৰিমিত পৰিলক্ষিত হয়। সেয়ে আধুনিক চিকিৎসাবিজ্ঞানৰ উত্তৰণে ভ্রূণ পৰীক্ষাৰ জৰিয়তে কন্যা সন্তানৰ ভ্ৰূণহত্যা, নাৰীসকলক যন্ত্ৰৰ দৰে সন্তানৰ গৰ্ভধাৰণ কৰিবলৈ বাধ্য কৰোৱা আদি ঘটনাসমূহ সংঘটিত হৈ থাকে। অৰ্থাৎ ভাৰতীয় সমাজত লিংগ বৈষম্যই নাৰীসকলক বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলৈ বাধ্য কৰিছে। মূলতঃ নাৰীসকলে এতিয়াও পৰনিৰ্ভৰশীল হৈ থাকিবলৈ বাধ্য হৈ পৰিছে।

21. Analyze the measures adopted by the Government of India with regard to women Welfare.

or

Short Notes – Welfare progammes for victimized women.

উত্তৰঃ ব্ৰিটিছ শাসনৰ অন্তিম পৰ্যায়ত সূচনা হোৱা নাৰীৰ প্ৰস্থিতিৰ উচ্চাভিমুখী পৰিৱৰ্তনৰ যথাৰ্থতা প্ৰকাশ পায় স্বাধীনোত্তৰ কালত। স্বাধীনোত্তৰ কালত নাৰী কল্যাণৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হয়। ভাৰতীয় সংবিধানৰ ১৫ নং অনুচ্ছেদত পুৰুষ আৰু নাৰীৰ সম অধিকাৰ স্বীকাৰ কৰা হৈছে যদিও ৰাজ্যিক চৰকাৰৰ প্ৰয়োজন অনুসৰি নাৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰ দিয়া হৈছে। মৌলিক অধিকাৰৰ লগত সংলগ্ন ১৪, ১৫ আৰু ১৬ অনুচ্ছেদচ এইদৰে উল্লেখ আছে যে পুৰুষ নাৰী নিৰ্বিশেষে সকলো আইনৰ চকুত সমান, আইনৰ দ্বাৰা উভয়ে একেই নিৰাপত্তা পাব আৰু চৰকাৰী নিয়োগৰ ক্ষেত্ৰত সমান সা-সুবিধা লাভ কৰিব। এই সাংবিধানিক দৃষ্টিভংগী বা ব্যৱস্থাসমূহ নাৰী সমাজৰ উন্নতিৰ ক্ষেত্ৰত অভিলেখ স্বৰূপ। যি কি নহওক নাৰীৰ সামগ্রিক উন্নতিত বিভিন্ন কার্যসূচী গ্ৰহণ কৰা হৈছে। যেনে—

(ক) অধিকাৰ আৰু প্ৰস্থিতি।

(খ) শিক্ষা।

(গ) স্বাস্থ্য।

(ঘ) আর্থিক স্বাধীনতা।

(ঙ) নাৰী কল্যাণ আঁচনি।

(চ) পৰিয়াল আৰু সম্প্রদায়ত ন্যার্য অধিকাৰ।

(ছ) প্ৰতাৰিত বা সমাজৰ বলি হোৱা নাৰীসকলৰ বাবে কল্যাণমূলক ব্যৱস্থা।

(জ) নাৰী কল্যাণ সংগঠনৰ ভূমিকা।

(ক) নাৰী অধিকাৰ আৰু প্ৰস্থিতিৰ বিকাশ সাধন : স্বাধীনোত্তৰ কালত নাৰীৰ সামাজিক অধিকাৰ আৰু প্ৰস্থিতিৰ সন্দৰ্ভত কেইবাখনো সামাজিক অধিনিয়ম গ্ৰহণ কৰা হয়। হিন্দু বিবাহ আইন অনুসৰি বহুবিবাহ অপৰাধ বুলি বিবেচিত হয় আৰু পুৰুষ আৰু নাৰী উভয়কে বিবাহ বিচ্ছেদৰ অনুমতি দিয়া হয়। হিন্দু উত্তৰাধিকাৰ আইন অনুসৰি স্বামীৰ মৃত্যুৰ পাছত পত্নীয়ে স্বামীৰ সম্পত্তিৰ অধিকাৰ লাভ কৰে। হিন্দু শিশু আৰু অভিভাৱকত্ব আইন মতে ৫ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ তত্ত্বাবধানৰ দায়িত্ব মাকৰ হাতত তুলি দিয়া হয়। সেইদৰে হিন্দু সংপালিত আৰু প্রতিপালিত আইন অনুসৰি হিন্দু নাৰীয়ে কোনো সন্তান নিজৰ নামত তুলি লোৱাৰ অধিকাৰ লাভ কৰে আৰু যৌতুক নিবাৰণী আইন মতে যৌতুক দিয়াজনক ছমাহৰ কাৰাদণ্ড আৰু ৫ হাজাৰ

টকাৰ জৰিমনা আদায় কৰা হয়। একেই শাস্তিমূলক ব্যৱস্থা যৌতুক দাবী কৰাজনৰ ক্ষেত্ৰতো প্রযোজ্য হয়। এই অধিনিয়মখন সংশোধন কৰি ১৯৮৪ চনৰ ১০ আগষ্টত লোকসভাই Dowry Prohibition (Amendment Bill) খন প্ৰৱৰ্তন কৰে। এই একেই মাহতে Fam ily Court Bill খনো প্রৱর্তন হয়।

(খ) নাৰী শিক্ষাৰ সম্প্ৰসাৰণ : The Central Society Welfare Board এ দুটা প্ৰধান উদ্দেশ্য লৈ প্ৰাপ্তবয়স্ক মহিলাৰ বাবে সুষম শিক্ষাৰ পাঠ্যক্ৰম ১৯৫৮ [Condensed of Education for Adult Women, 1958] এই আঁচনি আৰম্ভ কৰে। এই আঁচনিৰ উদ্দেশ্য হ’ল অভাৱগ্ৰস্ত আৰু যোগা নাৰীক সংস্থাপনৰ সুবিধা দিয়া আৰু বিশেষকৈ গ্ৰাম্যাঞ্চলত প্রশিক্ষণপ্রাপ্ত তথা সুদক্ষ কৰ্মীৰ উৎপাদনৰ বাবে ১৯৫৮ চনত প্রাপ্তবয়স্ক শিক্ষাৰ সূচনা কৰা হয়। ইয়াত অন্তৰ্ভুক্ত হৈছে প্ৰধানকৈ প্ৰাথমিক স্কলৰ শিক্ষয়িত্রী বা সেৱিকা, নার্চ, স্বাস্থ্য, পৰিদৰ্শক, পৰিচালিকা আৰু পৰিয়াল পৰিকল্পনাৰ কৰ্মচাৰী। ইয়াৰ উপৰিও এই আঁচনিৰ অধীনত ১৮ বছৰৰ ভিতৰত স্কুলৰ শিক্ষা লাভ কৰা মহিলা মহিলাসকলক দুবছৰৰ ভিতৰত মেট্ৰিক পৰীক্ষা দিয়াৰ বাবে উপযুক্ত কৰি তোলাৰ ব্যৱস্থা লোৱা হয়। ১৯৭৫-৭৬ চনৰ পৰা নতুন আনুসংগিক আঁচনি হিচাপে এই পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাসকলৰ বাবে এবছৰীয়া vocational training course মূল আঁচনিত যোগ দিয়া হয়।

(গ) স্বাস্থ্য সেৱা : স্বাধীনোত্তৰ পাছত সাধাৰণ স্বাস্থ্য সম্বন্ধীয় সা-সুবিধা আগবঢ়োৱা ওপৰিও গৰ্ভৱতী মহিলাৰ বাবে বিশেষ সা-সুবিধা আগবঢ়োৱা হৈছে। এই উদ্দেশ্যে বহুতো মাতৃ আৰু শিশু কল্যাণ কেন্দ্ৰ স্থাপন কৰা হৈছে। বৰ্তমান বহুতো চৰকাৰী বিভাগেও মহিলা আৰু শিশুসকলৰ বাবে চিকিৎসা সেৱা আগবঢ়াইছে। ৰাজ্য চৰকাৰে চাকৰিয়াল মহিলাসকলৰ বাবে Maternity benefits act প্রণয়ন কৰিছে। The employs state insurance act, 1948 প্ৰৱৰ্তনৰ দ্বাৰা কিছুমান কাৰণত মহিলাসকলৰ বাবে Central social wel fare board এ পৰিচালনা কৰা Community development programme আৰু Welfare extension project ৰ অধীনত এনে সা-সুবিধা আগবঢ়োৱা হৈছে। নাৰী স্বাস্থ্যৰ লগত জড়িত আন এটা দিশ হ’ল পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থা পঞ্চবার্ষিক পৰিকল্পনাৰ দ্বাৰা আৰু ভাৰতৰ বহুতো মহিলা সংগঠন আৰু পৰিয়াল পৰিকল্পনা সংস্থাই এই দিশত বহুতো ব্যৱস্থা গ্ৰহণ কৰে। বিভিন্ন ঠাইত পৰিয়াল পৰিচালনা কেন্দ্ৰও স্থাপন কৰিছে।

(ঘ) আর্থিক স্বাধীনতা : আমাৰ সংবিধানে নিয়োগৰ ক্ষেত্ৰত পুৰুষ নাৰীৰ ভিতৰত কোনো বৈষম্য ৰখা নাই। তথাপি কিছুমান বিশেষ নিয়োগ্যতাৰ বাবে মহিলাৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ আইন সংগত ব্যবস্থা গ্ৰহণ কৰা হৈছে। চাকৰিয়াল মহিলাসকলৰ বাবে লোৱা পৰিকল্পনাসমূহ কেইটামান ভাগত ভাগ কৰিব পাৰি—

— কাৰাখানাৰ কৰ্মী

— বাগিচা আৰু খনীৰ কৰ্মী

— নগৰীয়া পৰিয়াল কল্যাণ আঁচনি

— জনকল্যাণ সম্প্রসাৰণ আঁচনি

— ৰাজ্যিক নাৰী কল্যাণ বিভাগ

— কেন্দ্রীয় সমাজ কল্যাণ পৰিষদ

— পৰিয়াল আৰু শিশু কল্যাণ প্রকল্প

(ঙ) প্ৰতাৰিত বা সমাজৰ বলি হোৱা নাৰী কল্যাণ অচিনি প্ৰতাৰিত নাৰীসকলৰ ভিতৰত পৰে নৈতিক অধঃপতন, অপৰাধী, আর্থিক ক্ষেত্ৰত পৰনিৰ্ভৰশীল, বিধৱা আৰু শাৰীৰিক আৰু মানসিকভাৱে অক্ষম।

পতিতালয় : পতিতালয়ৰ জন্ম সাধাৰণতে দুটা কাৰণ হয়।

— অবিবাহিত মহিলা সামাজিক অপবাদ বা কলংকৰ বাবে এনে বৃত্তি ল’বলৈ বাধ্য হয়। 

— দৰিদ্ৰতা, যাৰ বাবে জীৱন-নিৰ্বাহৰ উপায় হিচাপে এই পথ বাচি লয়।

প্রতিপাদন সেৱা : বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ওলাই অহা নিৰাশ্রয় মহিলাসকলক সাময়িকভাৱে আশ্রয় আৰু নিৰাপত্তা প্ৰদান কৰাটো এই আঁচনিৰ উদ্দেশ্য। মহিলাসকলৰ পুনৰসংস্থাপনৰ বাবেও এই আঁচনিয়ে ব্যৱস্থা গ্ৰহণ কৰে।

পৰিত্যক্ত আৰু শাৰীৰিকভাৱে অক্ষম মহিলা : দেশৰ এনে মহিলাসকলৰ প্ৰয়োজনীয় সাহাৰ্য প্ৰদানৰ বাবে ৰাজ্যিক সমাজ কল্যাণ বিভাগ আৰু কেন্দ্ৰিয় সমাজ কল্যাণ বিভাগে আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে।

— নাৰী কল্যাণ সংগঠনৰ ভূমিকা

নাৰী কল্যাণ সংগঠন প্ৰধানকৈ দুই প্ৰকাৰৰ—

(ক) ক্ষুদ্র স্থানীয় সংস্থা, যিবোৰে প্রত্যক্ষভাৱে জনকল্যাণ সেৱাৰ লগত জড়িত। যেনে— অনাথ আশ্ৰম আৰু বিধৱাৰ বাসস্থানৰ ব্যৱস্থা কৰা।

(খ) আন কিছুমান সংগঠন আছে যিবোৰে কল্যাণমূলক সেৱা বিস্তৃত অঞ্চলত আগবঢ়াইছে। এইবোৰে মহিলাসকলৰ ভাগ্য উন্নতিৰ বাবে প্ৰচাৰ চলায় আৰু নিজৰ শাখাৰ সহায়ত প্ৰত্যক্ষভাৱে বা স্থানীয় শাখাত আর্থিক সাহাৰ্য দি পৰোক্ষভাৱে কল্যাণমূলক সেৱা আগবঢ়ায়। এনে কিছুমান মহিলা কল্যাণ সংগঠন হৈছে— সদৌ ভাৰত মহিলা অধিবেশন, ভাৰতৰ জাতীয় মহিলা পৰিষদ, নৈতিক আৰু সামাজিক স্বাস্থ্যসেৱা পৰিষদ, ভাৰতৰ খ্ৰীষ্টান বালিকা মহিলা সংস্থা, কম্ভ বা গান্ধী স্মৃতি ন্যাস ইত্যাদি। বৰ্তমান সময়ত মহিলা কল্যাণ আঁচনি।

(ক) মহিলা সমৃদ্ধি যোজনা ।

(খ) ভাৰতীয় মহিলা যোজানা ।

(গ) গ্রাম্য শিশু আৰু মহিলা উন্নয়ন আঁচনি ।

(ঘ) প্রধানমন্ত্রী সংহত নগৰীয়া মহিলাৰ দৰিদ্ৰতা দূৰীকৰণ আঁচনি।

ইয়াৰ উপৰিও জৱাহৰ যোজনা আঁচনিৰ অধীনত মহিলাসকলৰ নিয়োগৰ বাবে ৩০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰে। সেইদৰে চৰকাৰৰ পৃষ্ঠপোষকতাত নাৰীসকলক অর্থনৈতিক স্বাৱলম্বিতা প্ৰদানৰ উদ্দেশ্যেৰে আত্মসহায়ক গোট গঠন কৰে। এই গোটক চৰকাৰে বেংকৰ জৰিয়তে ঋণ প্রদান আৰু গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বজাৰ তৈয়াৰ কৰাটো সহায় কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ দৰে ৰাজ্য চৰকাৰসমূহেও মহিলা কল্যাণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। যেনে— পঞ্চায়তত ৩৩ আসন সংৰক্ষণ, চৰকাৰী চাকৰি, ঠিকা-ঠুকলিত ৩০ শতাংশ আসন সংৰক্ষণ, মহিলাৰ প্ৰসূতি ছুটী ৭০ দিনৰ পৰা ১৩৫ দিনলৈ বৃদ্ধি, ইন্দিৰা আৱাস যোজনা, ৰন্ধনজ্যোতি ইত্যাদি। ইয়াৰ উপৰিও প্ৰতিখন আৰক্ষী থানাত মহিলা আৰক্ষী কোষ গঠন, রোৱণী শিপিনীক স্বনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যেৰে প্ৰতি বিধানসভা সমষ্টিত পাঁচ হেজাৰ শিপিনীলৈ বিনামূলীয়া সূতা যোগান আদি ব্যবস্থা গ্ৰহণ কৰিছে।

22. নাৰী সমস্যা সমাধানৰ বাবে বিভিন্ন পৰামৰ্শাৱলীসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় নাৰীসকলে সন্মুখীন হৈ থকা সমস্যাসমূহৰ নিৰাময়ৰ বাবে কেইটামান পৰামৰ্শ হৈছে—

(ক) নিৰক্ষৰতা, যিকোনো সমাজৰ দুৰ্বলতাৰ মূল হাতিয়াৰ। শিক্ষাৰ প্ৰসাৰ সঠিক ৰূপত নহ’লে কোনো সমাজে উন্নয়ন লাভ কৰাটো সম্ভৱ নহয়। প্রকৃত শিক্ষাৰ জৰিয়তেহে ব্যক্তিয়ে সমাজৰ প্রতিমান, দায়বদ্ধতা, ভূমিকা সম্পর্কে অবগত হয়। শিক্ষাই তেওঁলোকৰ মানসিকতা বহল কৰাৰ লগতে নিজৰ অধিকাৰ, কৰ্তবা আৰু দায়িত্ববোধৰ প্ৰতি সজাগ হ’বলৈ অনুপ্ৰাণিত কৰিব। নাৰীসকলক উচিত শিক্ষা প্ৰদান কৰাৰ লগতে উচ্চশিক্ষাৰ বাবেও তেওঁলোকক উৎসাহিত কৰা উচিত। প্রকৃত শিক্ষাৰে শিক্ষিত, নাৰীসকলে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ সমর্থৱান হ’ব।

(খ) সাম্প্রতিক সমাজত শিক্ষাৰ লগত নিয়োগৰ ওতপ্রোত সম্বন্ধ থাকে। শিক্ষিত নাৰীয়ে নিয়োগৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয়। নিয়োগৰ সুবিধা বৃদ্ধি কৰি নাৰীসকলক স্বাৱন্মবী কৰি তোলাৰ বাবে যত্নপৰ হ’ব লাগিব। প্রয়োজন হ’লে সমাজত নাৰী নিয়োগ ব্যৱস্থা নিশ্চিতকৰণ উপায় গ্ৰহণ কৰিব লাগিব। নিয়োগসম্পন্ন স্বাৱলম্বী নাৰীয়ে অন্যৰ অধীন বা পৰাধীনতাৰ জীৱনৰ পৰা আঁতৰি স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰাৰ সুবিধা লাভ কৰিব পাৰিব।

(গ) ভাৰতীয় নাৰীসকলে সামাজিক কু-প্রথাৰ বলীৰ পৰা মুক্তি পাবলৈ হ’লে আধুনিকৰণৰ চিন্তাধাৰাৰ প্রতি আগ্রহান্বিত হ’ব লাগিব। নাৰীবাদী চিন্তাধাৰাৰে তেওঁলোকৰ উদ্দাত্ত কণ্ঠ উজ্জীৱিত কৰিব পাৰিব লাগিব। নাৰী নিৰ্যাতন বন্ধ কৰিবৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা উচিত। যদিও চৰকাৰে এই সংক্ৰান্তত বিভিন্ন আইন প্রণয়ন ইতিপূৰ্বে কৰিছে, এইবিলাক সঠিক ৰূপত কাৰ্যক্ষম কৰি তুলিবৰ বাবে জনগণৰ মাজতে সজাগতা সৃষ্টি কৰাটোও একান্ত প্রয়োজন। সজাগতা সৃষ্টিৰ অবিহনে কোনো চৰকাৰী আইন তথা কাৰ্যাৱলীৰ সঠিক ৰূপায়ণ সম্ভৱ নহ’ব।

(ঘ) ভাৰতীয় জাতিব্যৱস্থাত থকা ৰক্ষণশীল মনোভাৱক আঁতৰাব লাগিব। জাতিব্যৱস্থাত থকা সামাজিক চাল-চলন আৰু সামাজিক আদান-প্ৰদানৰ বাধা-নিষেধসমূ দূৰ কৰিবলৈ চৰকাৰী বেচৰকাৰী সংগঠনসমূহে মনোনিবেশ কৰাটো বাঞ্চনীয়। এই সংগঠনসমূহে জনগণক জনাব পাৰিব লাগিব যে এইবিলাক অন্ধতাৰ বাহিৰে একো নহয়।

(ঙ) বেশ্যাবৃত্তি নির্মূল, বিধৱা বিবাহৰ পুনৰ প্ৰচলন, যৌতুক প্রথাত বাধা-নিষেধ আদি কাৰ্যসমূহত জনসজাগতা বৃদ্ধি কৰাটো প্রয়োজন। এনে বহু কুসংস্কাৰ নিৰাময়ৰ বাবে চৰকাৰী আইন বা নীতি-নিদের্শনাসমূহ অধিক কঠোৰভাৱে নিষ্ঠাসহকাৰে চৰকাৰী বিষয়ববীয়াসকলে পালন কৰাত গুৰুত্ব প্ৰদান ককৰিব লাগে। তদুপৰি বেচৰকাৰী সংগঠন, মহিলা সংগঠনসমূহে এনেক্ষেত্ৰত অধিক মনোনিবেশ কৰাটো প্রয়োজন।

(চ) নগৰীকৰণ, উদ্যোগীকৰণ, আধুনিকীকৰণৰ বাবে সৃষ্টি হোৱা নতুন পৰিৱেশৰ লগত নিজকে খাপ খাব পৰাকৈ গঢ়ি তুলিবৰ বাবে নাৰীৰ ওপৰত থকা বাধা-নিষেধ আঁতৰাবৰ বাবে চেষ্টা কৰিব লাগিব। তেওঁলোকক বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰাৰ লগতে, মতামতৰ স্বাধীনতা প্ৰদানৰ অধিক সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিশেষকৈ গ্ৰাম্যাঞ্চলৰ মহিলাসকলক এই ক্ষেত্ৰত অধিক উৎসাহিত কৰাটো অতিশয় প্রয়োজন।

(ছ) সাম্প্রতিক সময়ত উদ্ভৱ হোৱা যুৱ-উচ্ছৃংখলতাৰ কাৰণসমূহ উন্মোচিত কৰি তাৰ প্ৰতিকাৰৰ উপায়সমূহ উদ্ভাৱন কৰাৰ লগতে যুৱক-যুৱতীসকলক জীৱন দৰ্শন তথা ভাৰতীয় সমাজৰ গৌৰৱময় সংস্কৃতিৰ আদৰ্শবোধৰ প্ৰতি সচেতনতা জাগ্রত কৰিব পাৰিব লাগিব ।

(জ) নাৰীসকলক দেশৰ ৰাজনৈতিক ব্যৱস্থাবোৰৰ সৈতে জড়িত হ’বলৈ অনুপ্ৰাণিত কৰাটো প্রয়োজন। ৰাজনৈতিক ব্যৱস্থাসমূহত নাৰীৰ অংশগ্ৰহণেৰেহে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহক সমাজত দাঙি ধৰিবলৈ সুবিধা পাব। দেখা যায় ভ্ৰাম্যাঞ্চলৰ নাৰীসকল বর্তমানেও ৰক্ষণশীল সমাজৰ বাধাবোৰৰ আৱদ্ধ। সেয়েহে এই গ্ৰাম্যাঞ্চলৰ নাৰীয়ে ৰাজনীতিত সক্রিয় অংশগ্রহণেৰে তেওঁলোকৰ অভাৱ-অভিযোগসমূহৰ উপৰি সমস্যাসমূহ দাঙি ধৰাটো নিতান্তই প্রয়োজনীয়। ইতিপূর্বে চৰকাৰীভাৱে মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আৰোপিত কৰিছে। সেয়ে ইয়াৰ সঠিক ৰূপায়ণত মহিলাসকলে নিজে সজাগ হোৱাটো বাঞ্চনীয়।

(ঝ) নাৰীসকলে নিজৰ সৃষ্টিমূলক কৰ্মপ্ৰতিভাৰে সমাজত জনাই দিব পাৰিব লাগিব যে নাৰী পুৰুষ সমান। নাৰীসকলে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে পুৰুষৰ স’তে সমানে কৰ্ম কৰিবলৈ উৎসাহিত হোৱাটো প্রয়োজন। তেওঁলোকে সমাজত নিজকে আৰ্হি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কুণ্ঠাবোধ কৰিব নালাগে যে সমাজগঠনত নাৰীৰ অৱদান অপৰিহার্য। এই প্রমাণ নাৰীসকলে কৰি দৰ্শাবলৈ সাজু হ’ব লাগিব।

(ঞ) নাৰী সমাজৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক দিশত উৎকৰ্ষ সাধনৰ বাবে সকলোৱে সৰ্বাংগীণভাৱে প্রচেষ্টা অব্যাহত ৰখাটো বাঞ্চনীয়। স্থানীয় অৰ্থনীতিৰ সমলবোৰক লৈ নাৰীসকলে নিজকে স্বাৱলম্বী কৰিবলৈ উৎসাহিত কৰিব লাগিব। নাৰী শ্ৰমিকসকলক অধিক সা-সুবিধা প্ৰদান কৰাটো উচিত। চৰকাৰী দান-অনুদানেৰে ভাৰতীয় সমাজত অব্যৱহৃত হোৱা কুটীৰ শিল্পবোৰক পুনৰুজ্জীৱিত কৰি তুলিবৰ বাবে চেষ্টা কৰাটো প্রয়োজন। নাৰীসকলক এনে শিল্পত পুনঃ সম্ভাৱনা দেখিবলৈ পোৱা যাব বুলি আশা কৰিব পাৰি।

23. শিশুৰ শ্ৰমিকৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰি আলোচনা কৰা।

উত্তৰঃ শিশু শ্ৰমিকৰ প্ৰধান প্ৰধান সমস্যাসমূহ হৈছে—

দৰিদ্ৰতা : বিশ্বৰ অনুন্নত দেশবিলাকত দৰিদ্ৰতা সমস্যাই প্ৰকট ৰূপ ধাৰণ কৰিছে। এনে দেশবিলাকত দৰিদ্ৰতাই শিশু শ্রমিকৰ সমস্যা বৃদ্ধিত ইন্ধন যোগায়। ভাৰতবৰ্ষৰ ২০০১ চনৰ হিচাপ অনুসৰি ২৬ শতাংশৰো অধিক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। এনে জাতীয় পৰিয়ালৰ পৰা অহা অধিকাংশ শিশুৱে বিভিন্ন ধৰণৰ কামত শ্রমিক হিচাপে নিয়োজিত হ’বলৈ বাধ্য হয়।

অধিক শ্ৰমৰ বিপৰীতে কম মজুৰিৰ সুবিধা : বহুতো উদ্যোগ, কল-কাৰখানাত মালিক আৰু পৰিচালকসকলে শিশুসকলক শ্রমিক হিচাপে ৰাখিবলৈ বিচাৰে। কিয়নো শ্ৰমিকসকলক কম মজুৰিৰ দ্বাৰা অধিক শ্রম কৰি ল’ব পাৰে। শ্ৰমিকসকলৰ কোনো সংগঠন নথকাৰ সুযোগ উদ্যোগিক মালিক আৰু পৰিচালকসকলে ল’বলৈ বিচাৰে। এনে পৰিৱেশত শিশু শ্ৰমিকৰ মাত্ৰা বাঢ়ি যায়।

কল-কাৰখানাৰ অধিক লাভৰ নিৰাপত্তা : অতি সহজতে শিশু শ্রমিক নিয়োগ কৰি কল-কাৰাখানাৰ মালিকসকলে অধিক লাভ অৰ্জন কৰিবাল বিচাৰে। এনে জাতীয় শ্রমিক নিয়োজিত কৰিলে তেওঁলোকৰ লাভৰ সংখ্যাটো নিৰাপদ হৈ থাকে। দৰিদ্ৰ পৰিয়ালৰ পৰা শিশুসকলেও সুলভ পৰিৱেশত যিকোনো দৰতে শ্রমিক হিচাপে নিয়োজিত হৈ পৰে।

(খ) পৰিয়ালকেন্দ্ৰিক উপাদান : পৰিয়াল বিঘটনেও বহু সময়ত শিশু শ্রমিক বৃদ্ধিত অৰিহণা যোগায়। অত্যধিক মাত্ৰাৰ দৰিদ্ৰতা, পৰিয়ালৰ আৰ্থিক প্রয়োজনীয়তাৰ তাগিদাত বহুতো পৰিয়ালৰ পৰা শিশু শ্রমিক ওলাই আছে। পৰিয়ালসমূহত বাঢ়ি অহা বিবাহ-বিচ্ছেদ, মাক দেউতাকৰ সংঘাত, পিত-মাতৃ আৰু সন্তানৰ মাজত কাজিয়া, পৰিয়ালৰ সদস্যৰ অসৎ অভিপ্রায় আদিয়ে শিশুসকলক পৰিয়ালৰ পৰা ওলাই গৈ বিভিন্ন কল-কাৰাখানাত শ্রমিক হিচাপে কাম কৰিবলৈ বাধ্য কৰে।

(গ) সামাজিক আৰু অন্যান্য উপাদান :

বেয়া অভ্যাসৰ প্ৰতি প্রলোভন : দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীক কেতিয়াবা কিছুমান কাম, যেনে— ধুমপান, মাদকদ্রব্য, জুৱা, লটাৰী, নিয়মিতভাৱে কথাছবি চোৱাৰ অভ্যাস গঢ়ি তোলাত সমাজৰ এচাম মানুহে প্রলোভিত কৰে। এনে কামবোৰৰ বাবে ধন-টকাৰ প্ৰয়োজন হয়। তেনেক্ষেত্ৰত এই কামবোৰত অভ্যস্ত হোৱা ল’ৰা-ছোৱালীবোৰে নিজৰ আৰ্থিক প্রয়োজন পূৰণ কৰিবলৈ শ্ৰমিক হিচাপে কম মজুৰিতে নিয়োজিত

নিয়োগ কর্তাই শিশু শ্রমিকক দিয়া ন্যায্যতা : কিছুমান নিয়োগকর্তাই শিশু শ্রমিক নিয়োগ কৰাৰ সপক্ষে যুক্তি দেখুৱায়। তেওঁলোকে দাবী কৰে যে দৰিদ্ৰ পৰিয়ালৰ বহুতো শিশুৱে শিশু অপৰাধী হিচাপে পৰিগণিত হোৱাৰ আশংকা থাকে। এনে ল’ৰা-ছোৱালীয়ে সৰুতে বিদ্যালয় ত্যাগ কৰি বেয়া কামত প্ৰবৃত্ত হোৱাৰ পৰা ৰক্ষা কৰিবৰ শিশুসকলক শ্রমিক হিচাপে নিযুক্তি দিয়া হয়। এনে পৰিবেশ সৃষ্টিয়ে শিশু শ্রমিকক আগবঢ়াই সামাজিক সমস্যার সৃষ্টি কৰিব।

চৰকাৰী বিধি ব্যৱস্থা অকার্যকাৰিতা : সাংবিধানিক বিধি বিধান আৰু বিভিন্ন আঁচনিৰ জৰিয়তে শিশু। কল্যাণমূলক কাম-কাজ কৰা হৈছে যদিও শিশু শ্রমিক সমস্যাটোর দিশত চৰকাৰীভাৱে কৃতকার্যতা লাভ কৰিব পৰা নাই। আমোলাতান্ত্রিক মেৰপেছত পৰি শিশু শ্রমিক বিষয়টোৱে চৰকাৰী প্ৰশাসনত যিদৰে গুৰুত্ব পাব লাগিছিল, সেইদৰে গুৰুত্ব পোৱা নাই। এনে পৰিপ্ৰেক্ষিতত শিশু শ্ৰমিকৰ সমস্যাটো সমস্যা হৈয়ে আছে।

গণসচেতনতাৰ অভাৱ : শিশুসকলক দেশৰ সম্পদ বুলি আখ্যা দিয়া হয়। সমাজৰ ধৰণী স্বৰূপ সৰ্বস্তৰৰ শিশুসকলৰ বিকাশৰ বাবে যেনেধৰণে ৰাজহুৱাভাৱে সচেতনতা সৃষ্টি হ’ব লাগে ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেনেধৰণে হোৱা নাই। ইয়াৰ ফলস্বৰূপে শিশু শ্ৰমিকৰ দৰে সামাজিক সমস্যাই গা কৰি উঠিছে। শিশু শ্ৰমিকৰ বিলুপ্তিকৰণৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিৰ মাজত সচেতনতা আনিবৰ বাবে সামাজিক সংগঠনসমূহেও যি ধৰণৰ এক সজাগতাৰ আন্দোলন আনিব লাগিছিল, সেয়া হোৱা নাই।

শিশু অপহৰণ আৰু ভীতি প্ৰদৰ্শন : ভাৰতবৰ্ষৰ বহুতো ঠাইত শিশু অপহৰণ আৰু শিশুক ভয় ভীতি প্ৰদৰ্শন কৰি নিয়াৰ কাহিনী সততে দেখা যায়। এনে ধৰণে ভয়-ভাবুকি দি লৈ যোৱা শিশুক পণ্য সামগ্ৰীৰ দৰে বেচা-কিনা কৰি বিভিন্ন হোটেল-ৰেষ্টোৰাঁ, কল-কাৰখানা আদিত শ্ৰমিক হিচাপে কাম কৰাই আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top