Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights

Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights Question Answer can be of great value to excel in the examination.

Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights

Join Telegram channel

Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights Notes cover all the exercise questions in UGC Syllabus. The Human Rights of Education Unit 2 Understanding and Dealing with Violation of Human Rights provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Understanding and Dealing with Violation of Human Rights

EDUCATION

HUMAN RIGHTS OF EDUCATION

মানৱ অধিকাৰ শিক্ষা

Short Notes

1. What do you mean by Women’s Oppression?

Ans. মহিলাৰ বিৰুদ্ধে নির্যাতন শব্দটোৰ অৰ্থ হ’ল লিংগভিত্তিক যিকোনো হিংসা বা কার্যিক আক্ৰমণ, যিটোৰ ফলাফল হ’ব পৰা ফলাফল মহিলাৰ শাৰীৰিক, যৌন সম্পর্কীয়, মানসিক আঘাত বা নিৰ্যাতন আৰু ইয়াৰ লগতে ব্যক্তিগত-ৰাজহুৱা জীৱনত তেনেকুৱা কাৰ্যক ভাবুকি বা বাধ্যতামূলকভাৱে অধিকাৰৰ পৰা বঞ্চিত কৰা আদি । সেই কাৰণে মহিলাৰ বিৰুদ্ধে হিংসা পৰিবেষ্টিত পৰিৱেশৰ পৰিসৰ যে সীমিত নহয়, তলত দিয়া বিষয়বোৰৰ ক্ষেত্ৰত বুজিব পাৰি।

(১) পৰিয়ালৰ ভিতৰত ঘটা শাৰীৰিক, যৌন আৰু মানসিক নির্যাতন, যেনে— বেয়াকৈ আঘাত কৰা, পৰিয়ালত ছোৱালী শিশুৰ প্ৰতি লিংগভিত্তিক দুৰ্ব্যৱহাৰ কৰা, যৌতুক সম্পৰ্কীয় দুৰ্ব্যৱহাৰ-অত্যাচাৰ, স্ত্রী ইন্দ্ৰিয়ছেদন আৰু অন্যান্য মহিলাৰ ক্ষতিকাৰক পৰম্পৰাগত আচৰণ বা ব্যৱহাৰ, অ-সুলভ নাৰী হিংসা আৰু শোষণৰ সৈতে সম্পর্কিত হিংসা।

(২) একোটা সম্প্ৰদায়ৰ মাজত ঘটা শাৰীৰিক, লিংগভিত্তি আৰু মানসিক হিংসা বা নির্যাতন যেনে— ধর্ষণ, লিংগভিত্তিক অপব্যৱহাৰ, লিংগভিত্তিক নির্যাতন আৰু কৰ্মস্থলীত, শিক্ষানুষ্ঠানও বা অন্য কোনো ঠাইত ভাবুকি প্ৰদান, মহিলাৰ ব্যৱসায়িক সৰবৰাহ আৰু বলপূর্বক বেশ্যা বৃত্তিত জড়িত কাৰণ।

ওপৰত উল্লেখ কৰাবোৰৰ উপৰিও মহিলাৰ বিৰুদ্ধে নির্যাতনমূলক প্রজনন ক্ষমতাক অক্ষম কৰোৱা, বলপূর্বক গর্ভপাত কৰোৱা, বাধ্যতামূলকভাৱে গৰ্ভ প্ৰতিৰোধক ঔষধ সেৱন কৰোৱা, ছোৱালী শিশু হত্যা আৰু প্ৰসৱপূৰ্ণ লিংগ চিনাক্তকৰণ আৰু বাছনিকৰণ আদিকো সামৰি লয়।

2. Elaborate the various steps adopted in international level for the elimination of Women’s Oppression.

Ans. মহিলাৰ বিৰুদ্ধে হোৱা নির্যাতন, হিংসা আদিৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত বিভিন্ন সংস্থাবিলাকে পদক্ষেপ হাতত লৈছে। এই প্রচেষ্টাসমূহৰ ভিতৰত আছে মহিলাৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ বৈষম্য নির্মূলকৰণৰ সন্মিলন বা চমুকৈ CEDAW, নাৰীৰ অধিকাৰ সম্পৰ্কীয় বিশ্ব সন্মিলন (ভিয়েনা) জনসংখ্যা আৰু বিকাশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় অধিবেশন (কাইৰো) আৰু চতুৰ্থ বিশ্ব মহিলা সন্মিলন, ১৯৯৫ (বেইজিং) আদি। বিশ্ব মহিলা সন্মিলন, ১৯৯৫ (বেইজিং)ৰ কৌশলগত উদ্দেশ্য আছিল এক বৃহৎ আৰু বহুমুখী অনুশাসনমূলক সূত্ৰ গ্ৰহণৰ পৰামৰ্শ দিয়া যাতে পৰিয়াল, সম্প্রদায় আৰু ৰাষ্ট্ৰক মহিলাৰ বিৰুদ্ধে কৰা হিংসাৰ পৰা মুক্ত কৰিবলৈ প্ৰত্যাহ্বানমূলক কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে। উল্লেখনীয় যে নাৰীৰ মৌলিক অধিকাৰ আৰু স্বাধীনতাৰ ৰক্ষণাবেক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আন বহুতো চুক্তিপত্র ৰাষ্ট্ৰবিলাকৰ মাজত স্বাক্ষৰিত হৈছে। এই চুক্তিপত্ৰবিলাক তলত উল্লেখ কৰা হ’ল—

১। নাৰীৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ বৈষম্য নির্মূলকৰণ সন্মিলন।

২। বিবাহিত মহিলাৰ জাতীয়তা সম্পৰ্কীয় চুক্তি।

৩। বিবাহ পঞ্জীয়নৰ বয়স আৰু বিবাহৰ ন্যূনতম বয়সৰ সন্মতি সম্পৰ্কীয় চুক্তি।

৪। পুৰুষ-মহিলাৰ সমবেতন চুক্তি।

ৰাষ্ট্ৰসংঘই নাৰীৰ উৎকৰ্ষ সাধন আৰু সকলো প্ৰকাৰৰ বৈষম্য দূৰীকৰণৰ উদ্দেশ্যে দুখন আয়োগ গঠন কৰে। সেই আয়োগ দুখন হৈছে—

(ক) নাৰীৰ মৰ্যাদা উন্নীতকৰণ আয়োগ।

(খ) নাৰীৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ বৈষম্য দূৰীকৰণ সমিতি।

উল্লেখযোগ্য যে নাৰীৰ অধিকাৰ বিষয়ক সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰেই সন্মিলিত ৰাষ্ট্ৰসংঘই ১৯৭৫-১৯৮৫ এই দশকটোক মহিলা দশক’ ৰূপে ঘোষণা কৰিছিল। অনুৰূপধৰণে, ১৯৭৫ বৰ্ষটো আন্তর্জাতিক মহিলা বৰ্ষৰূপে ঘোষণা কৰিছিল। বছৰে ৮ মাৰ্চ তাৰিখটো মহিলা দিৱসৰূপে পালন কৰা হৈ আহিছে। সন্মিলিত ৰাষ্ট্ৰসংঘই ২৫ নৱেম্বৰ তাৰিখটো আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ ৰাষ্ট্ৰ সম্প্ৰদায়ৰ প্ৰতি জনোৱা আহ্বানৰ প্ৰতি বিশ্বৰ প্ৰায়বিলাক ৰাষ্ট্ৰই সন্মান জনাইছে। ১৯৮৫ চনৰ ১ জুলাই তাৰিখে ৰাষ্ট্ৰসংঘই মহিলা উন্নয়ন পুঁজি নামেৰে এক স্বতন্ত্র সংস্থা গঠন কৰে। ইতিমধে চৰকাৰ আৰু সমাজৰ দ্বাৰা মহিলাৰ বিৰুদ্ধে বাঢ়ি অহা নিৰ্যাতনৰ গতিক চিনাক্তকৰণ কৰি আঁতৰ কৰিব পৰা যায়।

3. How the economic system affect the life of the Women?

Ans. অৰ্থনীতি নাৰী নিৰ্যাতনৰ বিষয়টোৱে মহিলা অধ্যয়নত এক বিশেষ তাৎপর্যপূর্ণ স্থান গ্ৰহণ কৰিছে। সমগ্ৰ বিশ্বৰ মুঠ শ্রমিক শক্তিৰ আধা অংশই হৈছে মহিলা, কিন্তু তৎসত্ত্বেও মহিলা সমগ্র বিশ্ব ব্যাপি বিভিন্ন ধৰণৰ সমস্যাৰাজিৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হয়। সাধাৰণতে ৰাষ্ট্ৰ এখনৰ পুৰুষ মহিলা উভয়ৰে অৰ্থনৈতিক সহযোগিতাৰ জৰিয়তেহে ৰাষ্ট্ৰখন প্ৰগতিৰ পথত অগ্ৰসৰ হোৱাতো সম্ভৱপৰ। দৈহিক শক্তিৰে মহিলা সকল পুৰুষৰ সমকক্ষ নহ’লেও কেতবোৰ কাম-কাজ নিষ্ঠা সহকাৰে সম্পাদন কৰাৰ ক্ষেত্ৰত মহিলাসকলৰ কৰ্মকুশলতা, অধ্যৱসায় নিপুণতা পুৰুষৰ তুলনাত কোনোপধ্যেই কম নহয় যদিহে পুৰুষকলৰ দৰে মহিলাসকলকো কৰ্ম কৰাৰ সম সুযোগ সুবিধা প্ৰদান কৰিব পৰা যায় তেন্তে অৰ্থনীতিৰ ক্ষেত্ৰখন সমৃদ্ধিশালী কৰাৰ জৰিয়তে মহিলাসকলে যে পুৰুষৰ সমান্তৰালভাৱে ৰাষ্ট্ৰ তথা সমাজৰ উত্তৰণৰ ক্ষেত্ৰত এক নির্ণায়ক ভূমিকাত অৱতীৰ্ণ হ’ব পাৰিব সেয়া নিশ্চিত। সাধাৰণতে মহিলাসকলে কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ বৈষম্যৰ মুখামুখি হ’বলগহীয়া হয় যাৰ পৰিপ্ৰেক্ষিতত পুৰুষৰ তুলনাত তেওঁলোক বহু পৰিমাণে অনগ্ৰসৰ হৈ আছে।

পুৰুষ আৰু মহিলাৰ মাজৰ কৰ্মৰ পৰিধিৰ মাজত ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ত যি বিভাজন সেই বিভাজনৰ ফলশ্রুতিতো মহিলাসকলে আতিশয্যৰ সন্মুখীন হ’বলগীয়া হৈছে। ঔদ্যোগিক বিপ্লৱৰ আগলৈকে এনে কোনোধৰণৰ ৰাজহুৱা ব্যক্তিগত পৰ্যায়ৰ বিভাজন নাছিল। সকলো ধৰণৰ উৎপাদন আৰু পুনঃ উৎপাদন কাৰ্যৰ প্ৰধান কেন্দ্ৰস্থল আছিল পৰিয়াল। পুৰুষ আৰু মহিলা উভয়েই সহযোগিতা আৰু বুজাপৰাৰ মনোভাবেৰে নিজ নিজ সামর্থ, দক্ষতাৰ ভিত্তি ভিন্ন কার্য সম্পাদন কৰিছিল। আন কথাত ক’বলৈ হ’লে শ্ৰমৰ উৎপাদনৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলা এজন আনজনৰ পৰিপূৰক আছিল। মুনাফা আহৰণৰ পৰিৱৰ্তে জীৱন ধাৰণৰ প্ৰয়োজনীয়তাৰ স্বাৰ্থতহে সকলো ধৰণৰ উৎপাদনী কার্য সম্পাদন কৰা হৈছিল। মহিলাসকলৰ পুনঃ উপাদনী কার্য অর্থাৎ সন্তান জন্ম দিয়া প্রতিপালন কৰাক উচ্চ মর্যাদা আৰু স্বীকৃতি প্ৰদান কৰা হৈছিল। শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ উপস্থিতি নাছিল। পৰিয়াল পৰিচালনাৰ ক্ষেত্ৰত মহিলাসকলে পুৰুষৰ তুলনাত অধিক সক্রিয় ভূমিকা গ্ৰহণ কৰিছিল ৷

মহিলাসকলে উৎপাদন আৰু পুনঃ উৎপাদনী কার্যত গ্রহণ কৰা সক্ৰিয় ভূমিকাক যথোচিত স্বীকৃতি দি গার্হস্থ্য মহিলা ধাৰণাটিৰ প্ৰচলন কৰা হৈছিল। ইয়াৰ পৰাই সেই সময়ত যে মহিলাকেন্দ্ৰিক পৰিয়ালৰ উপস্থিতি আছিল সেয়া সহজতে অনুমান কৰিব পাৰি। গতিকে ক’ব পাৰি যে ঔদ্যোগিক বিপ্লৱৰ পূৰ্বে যিহেতু ৰাজহুৱা আৰু ব্যক্তিগত পৰিধিৰ মাজত কোনোধৰণৰ বিভাজন নাছিল। সেয়ে মহিলাসকলে কৰ্ম (অর্থনীতি) ক্ষেত্ৰত বিশেষ কোনোধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা হোৱা নাছিল। কিন্তু মন কৰিবলগীয়া যে ঔদ্যোগিক বিপ্লৱৰ ফলস্বৰূপে উৎপাদনী কার্য বজাৰকেন্দ্ৰিক অর্থাৎ জীৱন ৰণৰ লগতে মুনাফা আহৰণৰ বাবেও আৰম্ভ কৰাৰ লগে লগে উৎপাদনী কার্যত পুৰুষসকলক নিয়োজিত কৰা হ’ল। তেতিয়াৰে পৰাই অৰ্থনীতিত নাৰী নিৰ্যাতনৰ সূত্ৰপাত হোৱা বুলিব পাৰি। পূৰ্বতে ব্যক্তিগত (পৰিয়াল) পৰ্যায়ত জীৱন ধাৰণৰ বাবে সম্পাদন কৰা আৱশ্যকীয় উৎপাদন কার্যৰ পৰিধিৰ বাহিৰত হৈ পুৰুষসকলে ৰাজহুৱা পৰ্যায়ত উৎপাদনমুখী কাম-কাজৰ লগত নিয়োজিত হৈ পৰিছিল। এনেদৰে ৰাজহুৱা কাম-কাজত পুৰুষসকলৰ নিয়োজিত কৰণে পুৰুষসকলক অর্থনৈতিক মূল্য প্ৰদান কৰাৰ লগতে মহিলাসকলৰ তুলনাত পুৰুষসকল উচ্চ মর্যাদা সম্পন্ন বুলি স্বীকৃতি প্ৰদান কৰিলে।

ইয়াৰ পৰিৱৰ্তে মহিলাসকলে ব্যক্তিগত পৰিধিৰ কাম-কাজৰ মাজতে সীমাবদ্ধ হৈ থাকিবলগীয়া হৈছিল অর্থাৎ পুৰুষসকলে ৰাজহুৱা পৰিধিৰ কাম-কাজসমূহত নিয়োজিত হ’বলগীয়া হোৱাৰ লগে লগে মহিলাসকলে এককভাৱে পাৰিবাৰিক কাম-কাজ সমূহ সম্পাদন কৰিবলগীয়া হৈছিল। এনেদৰে ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ বিভাজনে সমাজত পুৰুষ আৰু মহিলাৰ মাজত সমতা বৃদ্ধি কৰে আৰু পুৰুষ আধিপত্যৰ সম্ভাৱনা অধিক প্রকট কৰি তোলে।

পিতৃতান্ত্রিক অর্থনৈতিক ব্যৱস্থাত অর্থনৈতিক অনুষ্ঠানসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত, পুৰুষে অধিক সম্পত্তি আহৰণ কৰে। অর্থনৈতিক কাম-কাজসমূহ পৰিচালনা কৰাৰ উপৰিও পুৰুষে বিভিন্ন উৎপাদনকৃত সামগ্ৰী ৰাজিৰ মূল্য নিৰ্ধাৰণ কৰে। অধিকাংশ উৎপাদন কাৰ্য মহিলাৰ দ্বাৰা সম্পাদন কৰা হয় যদিও এইক্ষেত্ৰত মহিলাসকলক কোনো স্বীকৃতি নাইবা যুক্তিসংগত মজুৰি আদায় দিয়া নহয়। তেওঁলোকৰ ৰাহী জমাৰ ক্ষেত্ৰত থকা অৰিহণা যিটোক নেকি মাৰিয়া মাইচে “ছাঁয়া কম” বুলি অভিহিত, সেয়া গণ্য কৰা নহয় আৰু কোনো ক্ষেত্ৰতে মহিলা সকলৰ ঘৰুৱা কাম-কাজৰ মূল্য নিৰ্ণয় কৰা নহয়৷ তাৰোপৰি মহিলা সকলৰ উৎপাদক আৰু শিশুৰ প্ৰতি পালনকাৰী হিচাপে গ্ৰহণ কৰা ভূমিকা আৰু শ্রমশক্তিক অর্থনৈতিক অৰিহণা হিচাপে কোনো ক্ষেত্ৰত বিবেচনা কৰা পৰিলক্ষিত নহয়।

উল্লেখনীয় যে মহিলাসকলৰ অৰ্থনৈতিক দুৰাৱস্থাই তেওঁলোকৰ ওপৰত নিৰ্যাতন চলোৱাৰ পথ অতিকৈ সুগম কৰি তুলিছে। অৰ্থনৈতিক অভাৱৰ কাৰণৱশতঃ মহিলাসকলে মানৱীয় প্ৰমূল্যৰাজি হেৰুৱাবলগীয়াৰ উপক্ৰম হৈছে। এই প্ৰসংগতে অৰ্থনীতিৰ ক্ষেত্ৰখনত মহিলাসকলে নিৰ্যাতনৰ সন্মুখীন হোৱা বিভিন্ন দিশসমূহ তলত আলোচনা কৰা হ’ল—

১) সম্পত্তিৰ প্ৰাপ্য অধিকাৰৰ পৰা মহিলাসকলক বঞ্চিতকৰণ : সাধাৰণতে দেখা যায় যে মহিলাসকলৰ সম্পত্তিৰ অধিকাৰ নিজেই সীমিত। পৰিয়ালৰ প্ৰায়ভাগ সম্পত্তি আৰু উৎপাদনী উৎসসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত হয় আৰু এইবিলাক এজন পুৰুষৰ পৰা আন এজন পুৰুষলৈ অতিক্ৰম কৰে। আন কথাত, সচৰাচৰ দেউতাকৰ পৰা পুত্ৰলৈ যায়। আনকি য’ত মহিলাসকলৰ তেনেবোৰ সম্পদৰাজিৰ বিধিগত অধিকাৰ থাকে, তাতো সমগ্র শৃংখলিত প্রথাগত নিয়ম, আৱেগিক তথা মানসিক হেঁচা সামাজিক অনুমোদন আৰু কিছু কিছু সময়ত নীৰৱ সংগ্ৰাম আদিয়ে তেওঁলোকক প্ৰকৃত নিয়ন্ত্ৰণৰ অধিকাৰসমূহ বৃদ্ধি কৰাৰ পৰিৱৰ্তে হ্ৰাসহে কৰে। সকলো ক্ষেত্ৰতে তেওঁলোক পিচপৰা অৱস্থাতে থাকে।

২) কৰ্মস্থলীত মহিলাৰ ওপৰত চলোৱা নিৰ্যাতন : কর্মস্থলীত পুৰুষে মহিলাৰ ওপৰত চলোৱা নিৰ্যাতন বা হায়ৰাণিক মহিলাৰ জীৱনৰ এক বাস্তৱ নিয়মিত ঘটনা বুলিব পাৰি। সংগঠিত অসংগঠিত খণ্ড যিকোনো কৰ্মক্ষেত্ৰত মহিলাসকলে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ পৰিস্থিতিৰ মুখামুখি হ’ব লগা হয়। কৰ্মৰত মহিলাসকলে কৰ্মক্ষেত্ৰত বিভিন্ন সময়ত যৌন নির্যাতন, শাৰীৰিক আতিশয্য, অপমান আদি নীৰৱে সহ্য কৰিবলগীয়া হয়। কর্মস্থলীত যৌন আতিশয্য চলোৱাতো মহিলাৰ মৰ্যাদা আৰু সন্মানৰ বাবে অপমানসূচক কাৰ্য আৰু এই অপকর্ম ত্যাগ কৰা উচিত।

কর্মস্থানত মহিলাসকলৰ ক্ষেত্ৰত যিকোনো নির্যাতন বা শ্লীলতাহীনতাই মানসিক, সামাজিক আনকি অর্থনৈতিক ক্ষেত্ৰত গুৰুতৰভাৱে প্ৰভাৱ পেলায়। এইটোৱে মহিলা কর্মসকলক হয়তু নতুন কাম বিচাৰি কাৰ্যক্ষেত্ৰ ত্যাগ কৰিবলৈ বাধ্য কৰায় নতুবা সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ বাধ্য কৰায়; যিটোৱে একে সময়তে কৰ্মস্থলীত পুৰুষ আধিপত্যতাক অধিক সবল আৰু স্থায়ী ৰূপ দিয়াত সহায় কৰে। সেয়ে, কৰ্মস্থলীত মহিলাৰ নিৰ্যাতন সঠিকভাৱে নিঃশেষ কৰিব লাগে ৷ অপৰাধ আইনৰ উপবন্ধত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪নং ধাৰাই তেনে ব্যক্তিৰ শাস্তিৰ বিধান কৰিছে যিজন ব্যক্তিয়ে কোনো মহিলাক আঘাত কৰে বা অপৰাধজনিত শক্তি প্রয়োগ কৰে। যদি এইটো ইচ্ছাকৃত হয় মহিলাগৰাকীৰ ভদ্ৰতাৰ ক্ষেত্ৰত নিষ্ঠুৰ আচৰণ হ’ব পাৰে। ভাৰতীয় দণ্ডবিধিৰ ৫০৯নং ধাৰাই মহিলাৰ মৰ্যাদাৰ ক্ষেত্ৰত আঘাত হানিব পৰা কোনো কার্য বা বাবে শাস্তিৰ বিদান কৰিছে। শ্রম আইনৰ নীতি অনুযায়ী ১৯৭৬ চনৰ সমবেতন আইনৰ ৫নং উপবন্ধই নিয়োগ কর্তৃপক্ষৰ একে আৰু সমধর্মী কামত নিয়োগৰ ক্ষেত্ৰত আৰু নিয়োগৰ পৰৱৰ্তী পৰিস্থিতিৰ ক্ষেত্ৰত মহিলাৰ প্ৰতি অন্যায় আচৰণ প্ৰদৰ্শন কৰাত বাধা প্ৰদান কৰিছে। নিৰীক্ষক বা তদাৰকী বিষয়াৰ দ্বাৰা মহিলাৰ যৌন বা লিংগভিত্তিক নিৰ্যাতনৰ বাবে নিয়োগকাৰী দায়ী হোৱা উচিত।

ক্রমাগতভাৱে বাঢ়ি অহা সামাজিক ব্যাধিস্বৰূপ কর্মস্থলীত মহিলাৰ আতিশয়াৰ বিৰুদ্ধে মহামান্য উচ্চতম ন্যায়ালয়ে কিছুমান দিকদশক পৰামৰ্শ আগবঢ়াইছিল আৰু লগতে প্ৰচলিত আইনৰ সংশোধন ঘটাই সামাজিকভাৱে কার্যকৰী আইন প্ৰণয়নৰ বাবে মহিলাৰ নিৰ্যাতনৰ নিৰ্ধাৰক হিচাপে তলত দিয়া কাৰ্যসমূহ অন্তর্ভুক্ত কৰিবলৈ পৰামৰ্শ দিছিল।

যৌন নির্যাতনে সাধাৰণতে তলত দিয়া ধৰণৰ কিছুমান অবাঞ্ছিত যৌন সম্বন্ধীয় আচৰণক সংযুক্ত কৰে। যেনে—

১) শাৰীৰিক সম্পৰ্ক আৰু যৌন কাৰ্যৰ বাবে আগবঢ়া। 

২) যৌন অনুগ্ৰহৰ কাৰণে অনুৰোধ বা দাবী কৰা।

৩) যৌনগন্ধী মন্তব্য।

৪) অশ্লীল কিতাপ বা ফটো প্ৰদৰ্শন কৰা।

৫) অন্য ধৰণৰ অবাঞ্ছিত শাৰীৰিক, মৌখিক বা ইংগিতমূলক যৌনগন্ধী প্ৰকৃতিৰ আচৰণ।

৩) শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ ক্ষেত্ৰত অসমতা : মহিলাসকলে অর্থনৈতিক ক্ষেত্ৰত শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ অসমতাৰ বলি হোৱা পৰিলক্ষিত হয়। ইতিমধ্যে উল্লেখ কৰি অহা হৈছে শ্ৰমৰ লিংগভিত্তিক বিভাজনে এক সামাজিক চিন্তাৰ আধাৰত কৰাক সূচায়। মহিলাসকলক তেওঁলোকৰ দক্ষতা, সক্ষমতা আৰু পুৰুষ আৰু মহিলাৰ বাবে কিছুমান নিৰ্দিষ্ট কাম-কাজৰ পোষকতা। পছন্দৰ পৰিৱৰ্তে শাৰীৰিকভাৱে দুৰ্বল বুলি গণ্য কৰি উৎপাদনমূলক অর্থাৎ, অর্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কাম-কাজসমূহত নিয়োজিত হোৱাৰ পৰা বঞ্চিত কৰা হয়। ইয়াৰ ফলত অৰ্থনৈতিক গুৰুত্ব বা উপাৰ্জনৰ স্থল থকা বিভিন্ন ধৰণৰ কল-কাৰখানা, ব্যৱসায়িক প্রতিষ্ঠান আদিত পুৰুষৰ নিয়ন্ত্রণ বা আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হয়। এনে পৰিস্থিতিত যথোপযুক্ত যোগ্যতা থকা সত্ত্বেও মহিলাসকলে এনেবিলাক উৎপাদনমুখী কার্যকলাপত নিয়োজিত হোৱাৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়।

৪) নিযুক্তিৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ প্ৰদৰ্শন : চৰকাৰী খণ্ডতেই কিম্বা বেচৰকাৰী খণ্ডতেই হওক মহিলাসকলে নিযুক্তি লাভৰ ক্ষেত্ৰত চৰম বঞ্চনাৰ সন্মুখীন হোৱা দেখা যায়। শৈক্ষিক আৰু কাৰিকৰীগতভাৱে পুৰুষ-মহিলা উভয়েই সমানেই অহতাসম্পন্ন হোৱা সত্ত্বেও শাৰীৰিক অক্ষমতাৰ দোহাই দি মহিলাসকলক উপযুক্ত পদবীত নিযুক্তি লাভৰ পৰা সততে বঞ্চিত কৰি অহা পৰিলক্ষিত হয়। বিবাহিত মহিলাসকলৰ বেলিকা দেখা যায় যে বহু সময়ত তেওঁলোকে পৰিয়ালৰ স্বামী বা শাহুৰ অনিচ্ছাৰ কাৰণেও প্রয়োজনীয় অৰ্হতা থকা সত্ত্বেও উপযুক্ত পদবীত নিযুক্তি লাভ কৰিবলৈ অপাৰগ হয়। এয়েই নহয়, আনকি বহু সময়ত বিবাহিত মহিলাই নিজেও পিছত কোনো ধৰণৰ উৎপাদনমুখী কামত নিয়োজিত হ’বলৈ আগ্রহী নহয়।

4. Discuss how the State violates Women’s rights in India.

Ans. মহিলাসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰ ব্যৱস্থা বহু পৰিমাণে জগৰীয়া। প্ৰকৃতাৰ্থত ক’বলৈ হ’লে ৰাষ্ট্ৰ হৈছে সামগ্ৰিক ৰূপত পুৰুষৰ আধিপত্য বিস্তাৰৰ এক আহিলা। ৰাষ্ট্ৰৰ বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে পুৰুষৰ আধিপত্য বিস্তাৰৰ পূৰ্ণ প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায়। প্রায়বিলাক ৰাষ্ট্ৰতে সংশ্লিষ্ট ৰাষ্ট্ৰখনৰ নায়ক ( Actors) বিলাকৰ জৰিয়তে নাৰীৰ অধিকাৰ আৰু স্বতন্ত্রতা উলংঘন হোৱা পৰিলক্ষিত হয়। সাধাৰণতে ৰাষ্ট্ৰই ইয়াৰ বিভিন্ন অভিকৰণ সমূহ (যেনে— আৰক্ষী, সেনাবাহিনী, ন্যায়পালিকা)ৰ ওপৰত আইন শান্তি শৃংখলা, নিৰাপত্তা বজাই ৰখাৰ লগতে জনগণৰ জীৱন, সম্পত্তি আৰু স্বাধীনতাৰ নিৰাপত্তা প্ৰদানৰ দায়িত্ব ন্যস্ত কৰা হয়। কিন্তু মন কৰিবলগীয়া দিশটো হ’ল যে এই ৰাষ্ট্ৰীয় অভিকৰণসমূহে ৰাষ্ট্ৰীয় আইন শান্তি শৃংখলা ৰক্ষা কৰাৰ দোহাই দি নাগৰিকৰ মৌলিক স্বাধীনতাসমূহ নিৰ্মমভাৱে উলংঘন কৰা পৰিলক্ষিত হয় যাৰ ফলত পুৰুষ আৰু মহিলা উভয়ে বিভিন্ন প্ৰকাৰে আতিশয্যৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়।

ৰাষ্ট্ৰৰ দ্বাৰা মহিলা নিৰ্যাতনৰ ক্ষেত্ৰত কংগো, ছোমালিয়া, ইজিপ্ত, শ্ৰীলংকা আৰু ইৰাক আদিৰ দেশৰ নাম বিশেষভাৱে উল্লেখনীয়। অৱশ্যে আমাৰ দেশ ভাৰতবৰ্ষতো ৰাষ্ট্ৰৰ দ্বাৰা নাৰী নিৰ্যাতনৰ উদাহৰণ একেবাৰে নোহোৱা নহয়। উদাহৰণস্বৰূপে, জম্মু আৰু কাশ্মীৰ, উত্তৰ পূব অঞ্চলত (মণিপুৰত) বহু দশক ধৰি ‘সশস্ত্ৰ সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন’ ১৯৫৬ বলৱৎ কৰা হৈ আহিছে। যাৰ ফলস্বৰূপে উক্ত অঞ্চলসমূহত শাস্তি শৃংখলা বিঘ্নিত হোৱাৰ লগতে মানৱীয় অধিকাৰসমূহকো সঘনে উলংঘন কার্য চলি আহিছে। মণিপুৰত বলৱৎ হৈ থকা ‘আফচপা’ বৰ্খাস্তকৰণৰ বাবে সুদীৰ্ঘ ছবছৰ ধৰি মণিপুৰৰ যুৱতী ইৰ ‘মচানু শর্মিলাই দাবী জনাই আহিছিল। ২০০৪ চনৰ ১১ জুলাই তাৰিখে সন্দেহযুক্ত ‘আছাম ৰাইফলছ’ৰ সেনাবাহিনীয়ে এগৰাকী যুৱতীক ঘৰৰ পৰা ধৰি নি ধৰ্ষণ শেষত গুলীয়াই হত্যা কৰিছিল। আনকি হত্যাকাৰীয়ে গোপন অংগতো গুলীয়াই ‘ধৰ্ষণ’ৰ সকলো প্রমাণ নিশ্চিহ্ন কৰি থৈ গ’ল। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে মণিপুৰত জুই জ্বলিল। এই আকস্মিক খবৰটোৱে ২০০৪ চনৰ ১৫ জুলাই তাৰিখে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমত জোকাৰি গ’ল। মণিপুৰৰ ঐতিহাসিক ‘কাংলা ফ’ৰ্টৰ সন্মুখত এজাক পঞ্চাশোর্ধ মহিলাই নগ্ন হৈ ‘আছামছ ৰাইফলছ’ সেনাবাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে। অৱশেষত ১৯৫৮ চনৰ ১৫ আগষ্টত কাৰ্যকৰী হোৱা আফচ্পা মণিপুৰৰ পৰা উঠাই দিয়া হয়।

আৰক্ষী হেফাজত (Police Custody)ত মহিলাৰ ওপৰত নির্যাতন, বলাৎকাৰ আৰু হেফাজতত মহিলাৰ মৃত্যু ৰাষ্ট্ৰৰ দ্বাৰা মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ আন এক তাৎপর্যপূর্ণ দিশ। বহুক্ষেত্ৰত দেখা যায় যে সন্ত্রাসবাদী কার্যকলাপ, হত্যা, লুণ্ঠন বা অন্য কোনো ধৰণৰ অসামাজিক কার্যকলাপত লিপ্ত থকাৰ অভিযোগত আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক হেফাজতত ৰাখি অভিযুক্তগৰাকীৰ ওপৰত আৰক্ষীৰ লোকে শাৰীৰিক আৰু অমানবীয় অত্যাচাৰ চলোৱা সততে দেখা যায়।

সমাজত থকা প্ৰায় সকলোবোৰ ৰাজনৈতিক অনুষ্ঠানৰ সকলো স্তৰতেই (একেবাৰে গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় সংসদ পর্যন্ত পুৰুষ শ্ৰেণীৰ নিয়ন্ত্রণ বিদ্যমান। মাত্র এমুঠিমান মহিলাহে ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ লগত জড়িত যিসকলে নেকি আমাৰ দেশৰ ভাগ্য নির্ণয়ত অৰিহণা যোগায়। যেতিয়া কিছুমান মহিলা গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদবীত অধিষ্ঠিত হয় যেনে— শ্রীমাভু বন্দৰনায়ক, ইন্দিৰা গান্ধী, বেনজিৰ ভুট্টো, খালেদা জিয়া, ছোনিয়া গান্ধী, মায়াৱতী, জয়াললিতা, আনোৱাৰা টাইমুৰ আদিয়ে নিজৰ চেষ্টা আৰু অধ্যৱসায়ৰ বলত এইবোৰ আহৰণ কৰে। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ উচ্চতম পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰতিভা দেৱী সিং পাটিলকো এইক্ষেত্ৰত এক সবল উদাহৰণ হিচাপে ল’ব পাৰি। তেওঁলোকৰ লগত সাধাৰণতে কিছুমান সংগঠন, শক্তিশালী ৰাজনৈতিক ব্যক্তি আদি জড়িত থাকে আৰু তেওঁলোকে পুৰুষৰ দ্বাৰা প্ৰণয়ন কৰা নীতি আৰু কাৰ্য বাস্তৱত ৰূপায়িত কৰে। অৱশ্যে ভাৰতৰ তুলনাত দক্ষিণ এছিয়াৰ দেশসমূহত মহিলাৰ প্ৰতিনিধিত্ব তুলনামূলকভাৱে কম হোৱা পৰিলক্ষিত হয়। যি কি নহওক, ৰাষ্ট্ৰৰ দ্বাৰা মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ ক্ষেত্ৰত তিনিটা প্ৰধান দিশ পৰিলক্ষিত হয়।

১) ৰাষ্ট্ৰত সামৰিক বাহিনীৰ অভিযানৰ সময়ত ব্যাপক হাৰত নাৰীৰ ওপৰত নিৰ্যাতন সংঘটিত হয়।

২) ৰাষ্ট্ৰৰ দ্বাৰা গৃহীত আৰু বলবৎকৃত আইনসমূহৰ দ্বাৰা পুৰুষতন্ত্রক সবল ৰূপত প্ৰতিষ্ঠা কৰি নাৰীৰ অধিকাৰ উলংঘন কৰা পৰিলক্ষিত হয়।

৩) মহিলাৰ বাবে সকলো ক্ষেত্ৰতে আছুতীয়াকৈ ৰখা যি সংৰক্ষণমূলক ব্যৱস্থা সেই ব্যৱস্থা বহু সময়ত মহিলাসকলক পুৰুষসকলৰ অধীনত এক আহিলা যেনহে বোধ হয়। 

5. Explain Oppression on Women by Religion. 

Ans. নাৰী নিৰ্যাতনৰ আহিলা হিচাপে পুৰুষ পৰিচালিত আৰু নিয়ন্ত্রিত সামাজিক অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম হৈছে ধৰ্ম। ধৰ্ম এক অনুভূতি, হৃদয়ৰ বিশ্বাস। মহাজাগতিক এক চূড়ান্ত শক্তিৰ অৱস্থিতিৰ ওপৰত থকা আনুগত্যমূলক তথা সত্যৰ ওপৰত প্রতিষ্ঠিত হৃদয়ৰ শুদ্ধ বিশ্বাসেই হৈছে ধৰ্ম। আনহাতে মানৱ কল্যাণৰ লগতে সৃষ্টিৰ অন্যান্য উপাদানসমূহৰ প্ৰতি থকা মানৱীয় কাৰ্যকৰণেই হৈছে ধৰ্ম। আনহাতে মানৱ কল্যাণৰ লগতে সৃষ্টিৰ অন্যান্য উপাদানসমূহৰ প্ৰতি থকা মানৱীয় কাৰ্যকৰণেই হৈছে ধৰ্ম। সমগ্ৰ বিশ্বজুৰি ধৰ্মই এহাতেদি জনগণৰ মাজত ঐক্য সংহতি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা গ্ৰহণ কৰে আনহাতেদি ধৰ্ম আৰু ধৰ্মাৱলম্বী লোকসকলৰ কেতবোৰ সংকীৰ্ণ মনোবৃত্তিয়ে বিভিন্ন ধৰ্মাৱলম্বী লোসকলৰ মাজত সংঘাত, অসূয়া হিংসা বিদ্বেষ অপ্রীতিকৰ অপৰিৱেশৰ সূচনা কৰে। প্রাক ঐতিহাসিক কালৰে পৰাই ধৰ্মই মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ ক্ষেত্ৰত অন্যতম কাৰক ৰূপে চিহ্নিত হৈ আহিছে।

সকলোবিলাক ধৰ্মৰ ৰীতি-নীতিয়েই পুৰুষৰ আধিপত্য বিস্তাৰৰ স্বার্থত কৌশলপূর্ণভাৱে উদ্ভাৱন কৰা হৈছে৷ ধৰ্মীয় ৰীতি-নীতি বিলাকত স্বামী ভক্তিৰ দোহাই দি মহিলা।কলক পুৰুষৰ অধীনস্থ কৰি ৰখাৰ প্ৰয়াস চলোৱা হৈছে। হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান আদিকে ধৰি বিশ্বৰ মূল ধর্মসমূহে মহিলাসকলৰ ওপৰত নানা ধৰণে অৱদমন আৰু নিৰ্যাতন চলোৱাৰ পথ প্ৰশক্ত কৰি ৰাখিছে। এইক্ষেত্ৰত ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে অন্যান্য ধৰ্মৰ তুলনাত হিন্দু আৰু ইছলাম ধৰ্মৰ ক্ষেত্ৰত ধৰ্মৰ দোহাই দি নাৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ ছবিখন অতিকৈ স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে।

হিন্দু আৰু ইছলাম ধৰ্মৰ গোড়া নীতি-নিয়ম আৰু ধৰ্মীয় আচাৰ বিধিবিলাকৰ দ্বাৰা মহিলাসকল পুৰুষৰ দ্বাৰা যুগ যুগ ধৰি নিৰ্যাতিত হৈ আহিছে। হিন্দু মহিলাৰ ক্ষেত্ৰত দীঘলকৈ ওৰণি লোৱা, ডাঙৰকৈ কপালত সেন্দূৰৰ ফোঁট লোৱা, ছোৱালীয়ে কপালত ফোঁট লোৱা, ঋতুস্ৰাৱৰ সময়ত মহিলাসকলক অশুচি বুলি গণ্য কৰা, কন্যা সন্তানক শিৱ লিংগৰ পূজা-অৰ্চনাৰ বাবে উৎসাহিত কৰা, স্বামীৰ চৰণ চুই সেৱা কৰা, পত্নীৰ জীৱন্ত কালত স্বামীৰ মৃত্যু হ’লে তেনে মহিলাক অপৱিত্ৰ বুলি বিবেচনা কৰা আদিৰ অন্তৰালত পুৰুষৰ দ্বাৰা মহিলাৰ নিৰ্যাতনৰ ধাৰণাটোৱেই অন্তৰ্নিহিত হৈ আছে।

একেদৰে ইছলাম ধৰ্মৰ ৰীতি অনুসৰি মহিলাৰ নিজস্ব সত্ত্বা নাই। ইছলাম ধৰ্মত নাৰীৰ স্বকীয় সত্ত্বাক সম্পূৰ্ণৰূপে অগ্রাহ্য কৰাই নহয় বৰং নাৰীক পুৰুষৰ সম্ভোগৰ দ্ৰব্য হিচাপেহে গণ্য কৰা হয়। ইছলাম ধৰ্মৰ এনে ধ্যান-ধাৰণাৰ বশৱৰ্তী হৈয়েই ইছলামিক ৰাষ্ট্ৰবিলাকত মহিলাসকল পুৰুষৰ দ্বাৰা যুগ যুগ ধৰি বঞ্চিত, নির্যাতিত, শোষিত, নিষ্পেষিত হৈ অহাৰ প্ৰতিচ্ছবি এখন দেখিবলৈ পোৱা যায়। ইছলামিক সমাজত প্ৰচলিত ‘পৰ্দা প্রথা’ ইয়াৰ এক সুন্দৰ নিদৰ্শন। মুছলমান সমাজত পৰ্দা প্ৰথাৰ দোহাই দি বিবাহিতা মুছলমান মহিলাসকলক বোৰ্খা পিন্ধিহে ঘৰৰ চাৰিবেৰৰ বাহিৰলৈ যাবলৈ বাধ্য বাধকতা আৰোপ কৰা দেখা যায়। উল্লেখযোগ্য যে পৰ্দা প্ৰথাৰ থকাৰ পৰিপ্ৰেক্ষিততেই মুছলমান মহিলাসকলে সামাজিক জীৱনত মুক্ত মনেৰে বিচৰণ কৰিব নোৱাৰে আৰু ইয়াৰ লগে লগে পাৰিবাৰিক জীৱনতো আত্মনিৰ্ধাৰণৰ অধিকাৰ উপভোগৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে।

অনুৰূপ ধৰণে, খ্ৰীষ্টিয়ান ধর্মইয়ো পুৰুষৰ তুলনাত মহিলাসকলৰ স্থান সমাজত বহু পৰিমাণে অৱনমিত কৰিছে। খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰধান ধর্মগ্রন্থ বাইবেলতো সন্নিবিষ্ট ১০টা নীতিত মহিলাসকলক পুৰুষৰ নিয়ন্ত্রণাধীন কৰি ৰখাৰ লগতে মহিলাসকলক দাসী, পোহনীয়া জন্তুৰ সৈতে তুলনা কৰা হৈছে। খ্ৰীষ্টিয়ান ধৰ্মৰ বাইবেলত সন্নিৱিষ্ট উক্ত ১০টা নীতিত পুৰুষৰ আধিপত্যকে পোষকতা কৰা পৰিলক্ষিত হয়।       

আধুনিক ধৰ্মৰ ধাৰণা হৈছে পিতৃতান্ত্রিক— যিয়েই পুৰুষ 

কর্তৃত্বক শ্রেষ্ঠ হিচাপে ব্যাখ্যা কৰে। যিসকলে পুৰুত্তন্ত্ৰক বিশ্বাস কৰে তেওঁলোকে পিতৃতান্ত্রিক শৃংখলাক অতি স্বাভাবিকভাৱে প্রায়োগিক বুলি উত্থাপন কৰে। ক্ষমতাৰ স্ত্ৰীমতবাদ, যিটো আনুষ্টানিক ধর্মসমূহৰ বিকাশৰ আগতে চলিছিল, ক্রমাগতভাৱে সেইটো দুৰ্বল হৈছে। দেৱীৰ অস্তিত্বক স্থানান্তৰিত কৰাৰ প্ৰয়াস চলিছে। সকলো প্রধান ধৰ্মকেই উচ্চ শ্ৰেণীৰ আৰু উচ্চ বৰ্ণৰ পুৰুষৰ দ্বাৰা সৃষ্টি, ব্যাখ্যা আৰু নিয়ন্ত্ৰণ কৰা হৈছে। তেওঁলোকে নৈতিকতা, আচৰণ আৰু আনকি আইন আদিৰ ব্যাখ্যা দিছে। তেওঁলোকে পুৰুষ আৰু মহিলাৰ কৰ্তব্যও নিৰ্ধাৰণ কৰি দিছে আৰু উভয়ৰ মাজত সম্পর্কও নিৰ্ণয় কৰি দিছে। তেওঁলোকে ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সমাজত এক প্রধান শক্তি হিচাপে কাৰ্য কৰি আছে। দক্ষিণ এছিয়াৰ দেশসমূহত তেওঁলোকৰ ক্ষমতা আৰু অৱস্থিত সবল। উদাহৰণস্বৰূপে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ যদিও এজন ব্যক্তিৰ বিধিগত চিনাক্তকৰণ যেনে— বিয়াৰ ক্ষেত্ৰত, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত আৰু উত্তৰাধিকাৰিতা আদিৰ ক্ষেত্ৰত তেওঁৰ ধৰ্মৰ দ্বাৰা এইবোৰ নিৰ্ধাৰণ কৰা হয়। এনে ধৰণৰ যথেষ্ট ব্যাখ্যা আছে যে কেনেকৈ প্ৰতিটো ধর্মই মহিলাসকলক কনিষ্ঠ, অপবিত্র, অসন্মানীয় বুলি বিবেচনা কৰে, কেনেকৈ সেইবোৰে নৈতিকতা আৰু আচৰণৰ দৰে দুই ধৰণৰ স্থানৰ সৃষ্টি কৰে, কেনেকৈ ধৰ্মীয় আইনে প্রায়েই পথভ্রষ্ট মহিলাৰ বিৰুদ্ধে উগ্রতা প্রয়োগক ন্যায্যতা প্রদান কৰে ইত্যাদি।

6. Write the meaning of population and discuss the reason.

Ans. জনসংখ্যা বিস্ফোৰণ হৈছে ভাৰতবৰ্ষৰ বাবে এক ভয়াবহ সামাজিক সমস্যা। বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষ হৈছে দ্বিতীয় সর্ববৃহৎ জনবহুল দেশ। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হৈছে ১.২১ কোটি। এই জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে ভাৰতবৰ্ষত বিভিন্ন আনুসংগিক সমস্যাই দেখা দিছে। জনসংখ্যা বৃদ্ধিয়ে ভাৰতবৰ্ষত ৰাজনৈতিক সামাজিক, সাংস্কৃতিক আৰু অর্থনৈতিক দিশতো গভীৰ প্ৰভাৱ পেলাইছে। ভাৰতবৰ্ষত দ্রুত হাৰত জনসংখ্যা বৃদ্ধিৰ কিছুমান কাৰক সমাজবিজ্ঞানীসকলে চিনাক্ত কৰিছে। এই কাৰকসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) জন্মহাৰ আৰু মৃত্যুহাৰৰ মাজত বৃহৎ পার্থক্য :

ভাৰতবৰ্ষত জন্ম হাৰ আৰু মৃত্যু হাৰৰ মাজত সামঞ্জস্য নাই। জন্ম আৰু মৃত্যুৰ সংখ্যাৰ মাজত সামঞ্জস্য নথকাৰ বাবে জনসংখ্যা বৃদ্ধি পোৱাৰ পৰিৱেশ সৃষ্টি হয়। দেখা যায় ভাৰতবৰ্ষত জন্ম হাৰ প্ৰতি বছৰে কমি যোৱাৰ লগে লগে মৃত্যুৰ হাৰো কমি আহিছে। ১৯২১ চনৰ পৰা স্বাস্থ্য ক্ষেত্ৰত চৰকাৰী পৃষ্ঠপোষকতাত অধিক গুৰুত্ব প্ৰদান কৰে, যাৰ ফলত ৰোগ ব্যাধিক যথেষ্টভাবে নিয়ন্ত্রণ কৰা হয়। ফলত মৃত্যুৰ সংখ্যাও হ্রাস পায়। মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ লগে লগে জন্মৰ সংখ্যাও হ্রাস পায়। মানুহ শিক্ষিত হ’বলৈ ধৰে। জন্ম নিয়ন্ত্ৰণৰ কৌশল ব্যৱহাৰ কৰে। জনবিস্ফোৰণৰ প্ৰতি সচেতন হৈ সৰু পৰিয়ালৰ প্ৰতি আকর্ষিত হয়। গতিকে জন্ম আৰু মৃত্যুৰ সংখ্যাৰ মাজত সামঞ্জস্য নথকাৰ বাবে জনসংখ্যা বৃদ্ধি পোৱাৰ পৰিৱেশ সৃষ্টি কৰে।

(খ) বিবাহৰ নিম্ন বয়স : ভাৰতবৰ্ষত যথেষ্ট কম সময়ত বিবাহসম্পন্ন কৰা হয়। বাল্যবিবাহ ভাৰতবৰ্ষৰ বাবে বৰ সাধাৰণ ঘটনা। ভাৰতবৰ্ষত বাল্যবিবাহ এক পৰম্পৰা হিচাপে প্ৰচলিত হৈ আহিছে। অৱশ্যে যদিও আধুনিক শিক্ষা আৰু অন্যান্য কাৰণত বিবাহৰ বয়স কিছু ওপৰলৈ উঠে, ইও সন্তোষজনক নহয়। সাম্প্রতিক সময়তো বহু ছোৱালী বিবাহৰ বাবে মানসিক, আৱেগিক আৰু শাৰীৰিকভাৱে প্রস্তুত নোহোৱা অৱস্থাতে বিবাহ সম্পন্ন কৰাৰ বাবে হেঁচা দিয়া হয়। বাল্য বিবাহ অর্থাৎ কম বয়সত বিবাহ কাৰ্যসম্পন্ন হোৱাৰ বাবেই সন্তান জনাও অধিক হাৰত হয়, ফলত জনসংখ্যা সমাজত বৃদ্ধি পায়।

(গ) নিৰক্ষৰতা : নিৰক্ষৰতাৰ বাবেও জনসংখ্যা বৃদ্ধি পায়। ভাৰতবৰ্ষত এতিয়া নিৰক্ষৰ লোকৰ সংখ্যা অধিক। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ সাক্ষৰতাৰ হাৰ মাথো ৭৪.৪ শতাংশ। সেয়েহে দেখা যায় যে ভাৰতবৰ্ষৰ এই নিৰক্ষৰ লোকসকল সাধাৰণতে সমাজৰ ভয়াবহ সমস্যাৰ প্ৰতি প্ৰয়োজন অনুসৰি সচেতন নহয়। নিৰক্ষৰতাৰ বাবে এই লোকসকলে পৰিয়াল পৰিকল্পনাৰ বিষয়ে জ্ঞাত নহয়। সেয়ে দেখা যায়, জনসংখ্যা নিয়ন্ত্ৰণ নোহোৱাৰ অন্য এটা গুৰুত্বপূৰ্ণ কাৰণ নিৰক্ষৰ। নিৰক্ষৰতাৰ বাবেই জনসংখ্যা বৃদ্ধি হৈ জনবিস্ফোৰণ হয়।

(ঘ) পৰিয়াল পৰিকল্পনাৰ প্ৰতি ধৰ্মীয় দৃষ্টিভংগী : সাধাৰণতে ধৰ্মীয় গোড়া তথা সংৰক্ষণশীল মানুহে পৰিয়াল পৰিকল্পনাৰ বিৰুদ্ধে মাত মাতে। ভাৰতবৰ্ষতো সাধাৰণতে বহু নাৰীয়ে ধৰ্মৰ বিৰুদ্ধে গৈ পৰিয়াল পৰিকল্পনাৰ বাবে নিজক সাজু কৰিব নোৱাৰে। তেওঁলোকে ভাবে যে সন্তান ভগৱানৰ দান, ভগৱানৰ দান অৱজ্ঞা কৰিব নাপায়। গতিকে দেখা যায়, ধৰ্মৰ নীতি-নিয়মৰ দোহাই দি এচামে পৰিয়াল পৰিকল্পনাৰ পৰা বিৰত থাকে। এনে পৰিস্থিতিত জনসংখ্যা নিয়ন্ত্রণ কৰাটো অসম্ভৱ হৈ পৰে।

(ঙ) অন্যান্য কাৰণ : জনসংখ্যা বৃদ্ধিৰ অন্য গুৰুত্বপূৰ্ণ কাৰকো থাকে। যুটীয়া পৰিয়ালো এটা অন্যতম কাৰক। যুটীয়া পৰিয়ালত সন্তান লালন-পালন কৰা মানুহৰ অভাৱ নোহোৱাৰ বাবে পৰিয়াল পৰিকল্পনাৰ কথা ভবা নহয়। তদুপৰি বহুতৰে পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থাসমূহৰ বিষয়ে জ্ঞান নাথাকে। জনসংখ্যা বৃদ্ধি পোৱা অন্যান্য কাৰণৰ ভিতৰত অন্য গুৰুত্বপূৰ্ণ কাৰণ হৈছে বহু স্বামী-স্ত্রীয়ে অধিক সন্তান বিচাৰে।

গতিকে দেখা গ’ল যে জনসংখ্যাৰ বিস্ফোৰণে সমাজৰ ওপৰত যথেষ্ট প্রভাব পেলায়। আমাৰ ভাৰতবৰ্ষত জনসংখ্যা বিস্ফোৰণে ইয়াৰ লগতে অন্যান্য আনসংগিক বিভিন্ন সামাজিক সমস্যাৰ সৃষ্টি কৰিছে।

7. Write the Effects of population Explosion.

Ans. জনসংখ্যাৰ বিস্ফোৰণে সমাজৰ ওপৰত যথেষ্ট প্রভাৱ পেলায়। বিশেষকৈ জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে সমাজত বসবাস কৰা মানুহবিলাকৰ জীৱন-যাপনৰ মানদণ্ডৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। স্বাধীনতাৰ পিছত যদিও উদ্যোগীকৰণ আৰু কৃষি ক্ষেত্ৰত চৰকাৰী আৰু বেচৰকাৰী পৃষ্ঠপোষকতাত গুৰুত্ব আৰোপ কৰি অহা হৈছে, তথাপি দেশখনৰ অৰ্থনীতিৰ সন্তোষজনক বিকাশ ঘটা নাই। উল্লেখনীয়ভাৱে জনমূৰি আয়ৰো বিকাশ ঘটা নাই। এতিয়াও দেশখনৰ অধিক সংখ্যক লোক গৃহহীন, যিসকলৰ বসবাস কৰিবৰ বাবে ঘৰ নথকাৰ লগতে নিজৰ স্থায়ী ভূমি নাই। বেছিভাগ লোকৰে খোৱাপানীৰ প্ৰভাৱ, অশিক্ষিত আৰু প্ৰায়ভাগ লোকেই নিৱনুৱা বা অর্ধনিবনুৱা। শিক্ষাৰ প্ৰসাৰ ঘটিল দেশ বা সমাজৰ আর্থিক বিকাশ হয়। কিন্তু ভাৰতবৰ্ষত ইমানেই জনসংখ্যাৰ বিস্ফোৰণ ঘটিছে যে সীমিত সা-সুবিধাৰে এই সকলো লোককে শিক্ষিত কৰিব পৰা নাই। শিক্ষা তথা সাক্ষৰতাৰ হাৰ বৃদ্ধি নোহোৱাৰ বাবেই জীৱন-যাপনৰো সামগ্রিক উন্নতি ঘটা নাই।

জনসংখ্যা বৃদ্ধিৰ লগে লগে ভাৰতবৰ্ষত নগৰ চহৰ সংখ্যা বৃদ্ধি পাইছে। এনে চহৰ অঞ্চলতো আৱশ্যকীয় সা-সুবিধা প্রদানতো চৰকাৰ ব্যৰ্থ হোৱা দেখা যায়, যিহেতু সকলো জনসাধাৰণক সামৰি তেওঁলোকৰ সামগ্রিক বিকাশৰ বাবে কৰিব লগা কামৰ বাবে পুঁজিৰ অভাৱ হয়। সেয়ে জনসংখ্যা বৃদ্ধিৰ বাবে যোগাযোগ ব্যৱস্থা, বিজুলী বাতিৰ ব্যৱস্থা, স্বাস্থ্য সেৱা আদি দিশবোৰৰ ভালদৰে উন্নতি ঘটোৱাত বাধাৰ সৃষ্টি হয়। এনে চহৰ-নগৰত বৃদ্ধি পোৱা দ্ৰুত জনসংখ্যাই সাধাৰণ জীৱন-যাত্ৰাতো বাধাৰ সৃষ্টি কৰে। প্ৰয়োজনীয় বাসস্থানৰ অভাৱৰ লগতে চাহিদা অনুসৰি খাদ্য সামগ্ৰীৰো অভাৱ হয়। খাদ্য সামগ্ৰীৰ অভাৱে দুর্ভিক্ষ কঢ়িয়াই আনে। এনে পৰিস্থিতিত বিশেষকৈ লগৰ চহৰ অঞ্চলসমূহত অপৰাধ আৰু সংঘৰ্ষ বৃদ্ধি হয়। প্ৰতি বছৰে বৃদ্ধি পোৱা জনসংখ্যাই এনে দুষ্কাৰ্য কৰাত উৎসাহ দিয়ে । সমাজতত্ববিদসকলে জনসংখ্যা বিস্ফোৰণৰ ফলত সমাজত পৰা প্ৰভাৱসমূহৰ বিষয়েও উল্লেখ কৰিছে। এই দিশসমূহ হৈছে—

(ক) পৰিয়ালৰ বিঘটন হয়।

(খ) জনসংখ্যা বৃদ্ধিয়ে সমাজৰ সামাজিক সংস্থাসমূহৰ ওপৰত প্রত্যক্ষ প্রভাৱ পেলায়।

(গ) জনসংখ্যা বৃদ্ধিয়ে জীৱন-যাপনৰ গুণগত মানৰ ওপৰতো প্রভাৱ পেলায়। সেয়ে, দেখা যায় জনসংখ্যা বৃদ্ধিয়ে সমাজৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে।

8. How to control the problem of population?

Ans. ভাৰতবৰ্ষৰ বাবে জনসংখ্যা বিস্ফোৰণ হৈছে এক অতি ভয়ংকৰ আৰ্থ-সামাজিক সমস্যা। এই সমস্যাই আমাৰ দেশৰ উন্নতি আৰু ব্যক্তিসকলৰ জীৱন ধাৰণৰ মানদণ্ডৰ অতি বেয়াকৈ প্ৰভাৱ বিস্তাৰ কৰিছে। এই সমস্যাটো অতি জ্বলন্ত আৰু ইয়াৰ সমাধান অতি জৰুৰী।

অধিক জনসংখ্যা জনসংখ্যাৰ আকাৰ আৰু দেশখনৰ সম্পদসমূহৰ ব্যৱহাৰৰ লগত সম্পর্কিত। এই সমস্যাটো দুয়োটা দিশৰ পৰাই সমাধান কৰা উচিত। প্রথমতে, জনসংখ্যাৰ প্রয়োজনীয়তা অনুসৰি বা চাহিদা অনুসৰি উৎপাদন বৃদ্ধি কৰিব লাগে। দ্বিতীয়তে, জনসংখ্যা নিয়ন্ত্ৰণ আৰু হ্ৰাস কৰিব লাগে।

(ক) উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা : দেশৰ বৰ্ধিত জনসংখ্যাক উৎপাদন বৃদ্ধিৰ দ্বাৰা বহন কৰিব। পৰা যায়। এই কাৰ্যৰ বাবে কৃষি আৰু উদ্যোগিক উৎপাদন বৃদ্ধি কৰিব লাগে।

১. কৃষিৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে আধুনিক বৈজ্ঞানিক কৃষি প্ৰণালীৰ ব্যৱহাৰ কৰিব লাগে।

২. উদ্যোগীকৰণ প্ৰক্ৰিয়া গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে উদ্যোগিক উৎপাদন বৃদ্ধি কৰাৰ বাবে আধুনিক কৃত্ৰিম যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰিব লাগে।

৩. ব্যৱসায় আৰু বাণিজ্যৰ উন্নতিয়ে অতিৰিক্ত উপাৰ্জনত অৰিহণা যোগাব আৰু দেশখনৰ বৰ্ধিত জনসংখ্যাক ভৰণ পোষণত সহায়ক হ’ব।

(খ) জনসংখ্যা নিয়ন্ত্রণ আৰু হ্ৰাস কৰাৰ বাবে ব্যৱস্থা :

দেশখনৰ বৰ্ধিত জনসংখ্যাৰ সমস্যাটো কেৱল দ্রুত হাৰত বৃদ্ধি পোৱা জনসংখ্যাক নিয়ন্ত্ৰণৰ দ্বাৰাহে সঠিকভাৱে ৰোধ কৰিব পৰা যাব। এই ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

১. পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থা গ্ৰহণ কৰি জনসংখ্যা নিয়ন্ত্রণ কৰিব পাৰি। দুই প্ৰকাৰে ইয়াক ৰূপায়ণ কৰিব পাৰি —

: জন্ম নিয়ন্ত্রণ ব্যৱস্থা। আৰু

: পৰিয়াল পৰিকল্পনাৰ অন্যান্য ব্যৱস্থা বা পদ্ধতি গ্ৰহণ কৰি।

২. নিৰক্ষৰ জনসাধাৰণৰ মাজত শিক্ষাৰ প্ৰসাৰৰ দ্বাৰা জন্মৰ হাৰ হ্ৰাস কৰিব পাৰি। ইয়ে পৰিয়াল পৰিকল্পনাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব।

৩. মহিলাৰ শিশু বহন কৰা সময়সীমা হ্ৰাস কৰাৰ বাবে বিবাহৰ নুন্যতম বয়স বৃদ্ধি কৰাটো অতি জৰুৰী। ইয়াৰ বাবে বাল্য বিবাহ কঠোৰভাৱে ৰোধ কৰিব লাগে।

৪.মহিলাৰ প্ৰস্থিতিৰ উন্নতি সাধনৰ বাবে প্ৰচেষ্টা কৰিব লাগে ।

৫. সৰু পৰিয়ালৰ সুবিধা বা উপকাৰৰ বিষয়ে সাধাৰণ জনগণৰ মাজত যথেষ্ট প্ৰচাৰ কৰিব লাগে।

৬. যিসকল লোকে পৰিয়াল পৰিকল্পনাৰ গ্ৰহণ কৰে তেওঁলোকক আর্থিক পুৰস্কাৰ, চাকৰিৰ পদোন্নতি আদি কৰাৰ লগতে তেওঁলোকৰ সন্তানৰ বাবে বিনামূলীয়া শিক্ষা, কাৰিকৰী শিক্ষা আদিত নামভৰ্তিৰ ক্ষেত্ৰত অধিক সুবিধা প্ৰদান কৰিব পাৰি।

৭. জনসাধাৰণৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰা উচিত।

৮. দৰিদ্ৰ লোকসকলে যাতে ভৱিষ্যতে বিশ্বাসেৰে মুখামুখি হ’ব পাৰে তাৰ বাবে বিভিন্ন সামাজিক বীমা আৰু সামাজিক নিৰাপত্তাৰ আঁচনি গ্ৰহণ কৰাটো জৰুৰী।

৯. উপযুক্ত চিকিৎসা পদ্ধতি গ্ৰহণৰ দ্বাৰা শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰি।

9. Population policy in India,

Ans. এখন দেশৰ উন্নয়ন, স্বাস্থ্যৰ উন্নয়ন, শিক্ষাৰ উন্নয়ন  আদিৰ বাবে জনসাংখ্যিক অধ্যয়ন আৰু পৰিকল্পিত বা আকাংক্ষিত জনসাংখ্যিক পৰিৱৰ্তনৰ প্ৰয়োজন আছে। জনসংখ্যা আঁচনিৰ সম্পৰ্কে ৰাষ্ট্ৰসংঘই ১৯৭৩ চনত প্ৰকাশ কৰা মতে, “সাধাৰণ অৰ্থত জনসংখ্যাৰ বৈশিষ্ট্য, বা গঠন আৰু বিতৰণ, আকাৰৰ ওপৰত প্ৰভাৱ পেলাবলৈ কৰা প্ৰচেষ্টাকে “জনসংখ্যা আঁচনি” হিচাপে অভিহিত কৰিব পাৰি। অন্যহাতে ব্যাপক অর্থত ই অর্থনৈতিক আৰু সামাজিক পৰিস্থিতি, যি দেশ বা সমাজৰ জনগাঁথনিৰ ওপৰত প্রভাব বিস্তাৰ কৰে, তাক নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োগ কৰা আঁচনিকে ‘জনসংখ্যা আঁচনি’ বুলি কোৱা হয়। উন্নয়নশীল দেশবোৰত জনসংখ্যাৰ বিস্ফোৰণ এক প্রধান সমস্যা। উন্নয়নশীল দেশ হিচাপে ভাৰতবৰ্ষত জনসংখ্যা আঁচনিৰ উদ্দেশ্যসমূহ হৈছে—

(ক) জন্মৰ হাৰ হ্ৰাস কৰা।

(খ) পৰিয়ালৰ শিশুৰ সংখ্যা হ্ৰাস কৰি দুটা শিশুলৈ অৱনমিত কৰা।

(গ) মৰণশীলতা অৰ্থাৎ মৃত্যুৰ সংখ্যা হ্রাস।

(ঘ) জনবিস্ফোৰণৰ জৰিয়তে হ’ব পৰা সমস্যাৰ সম্পৰ্কে সাধাৰণ মানুহক সচেতন কৰা।

(ঙ) পৰিয়াল পৰিকল্পনাৰ আহিলাসমূহৰ সম্পৰ্কে অৱগত আৰু ব্যৱহাৰ কৰাৰ বাবে প্ৰচেষ্টা গ্রহণ।

(চ) এবৰশ্ব্যনৰ সপক্ষে আইন প্রণয়ন।

(জ) পৰিয়াল পৰিকল্পনাৰ উদগনি আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি নকৰিবৰ বাবে উৎসাহ।

10. জনসংখ্যা নিয়ন্ত্ৰণৰ আঁচনি আৰু এই আঁচনি বিফল হোৱাৰ কাৰণসমূহ আলোচনা কৰা?

উত্তৰঃ জনসংখ্যাৰ বৈশিষ্ট্য, বা গঠন আৰু বিতৰণ, আকাৰৰ ওপৰত প্ৰভাৱ পেলাবলৈ কৰা প্ৰচেষ্টাকে ‘জনসংখ্যা আঁচনি’ হিচাপে অভিহিত কৰিছে। অন্যহাতে ব্যাপক অৰ্থত ই অর্থনৈতিক আৰু সামাজিক পৰিস্থিতি, যি দেশ বা সমাজৰ জনগাঁথনিৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে, তাক নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োগ কৰা আঁচনিকে জনসংখ্যা আঁচনি বুলি কোৱা হয়।

এই আঁচনিৰ বিশেষ কিছুমান উদ্দেশ্য আগত ৰাখি প্ৰস্তুত কৰা হৈছিল। সেইবোৰ হৈছে—

: জন্মৰ হাৰ হ্ৰাস কৰা।

: পৰিয়ালৰ শিশুৰ সংখ্যা হ্ৰাস কৰি দুটা শিশুলৈ অৱনমিত

: মৰণশীলতা অৰ্থাৎ মৃত্যুৰ সংখ্যা হ্রাস।

: জনবিস্ফোৰণৰ জৰিয়তে হ’ব পৰা সমস্যাৰ সম্পৰ্কে সাধাৰণ মানুহক সচেতন কৰা ।

: পৰিয়াল পৰিকল্পনাৰ আহিলাসমূহৰ সম্পৰ্কে অৱগত আৰু ব্যৱহাৰ কৰাৰ বাবে প্রচেষ্টা গ্রহণ।

: এবৰশ্ব্যনৰ সপক্ষে আইন প্রণয়ন।

: পৰিয়াল পৰিকল্পনাৰ উদগনি আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি নকৰিবৰ বাবে উৎসাহ।

দেখা যায়, সাধাৰণতে তিনিটা বিশেষ কাৰণৰ ফলশ্রুতিতে ভাৰতবৰ্ষত জনসংখ্যা আঁচনি আৰম্ভ হয়। এই কাৰণ তিনিটা হৈছে—

(ক) জনসংখ্যাৰ মুঠ আকাৰ।

(খ) বিকাশৰ উচ্চ হাৰ।

(গ) গ্ৰাম্য আৰু চহৰ অঞ্চলত ভাৰসাম্য আৰু সম বিতৰণৰ সমস্যা। মূলত: ভাৰতবৰ্ষত জনসংখ্যা আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে জীৱন যাপনৰ মান উন্নীতকৰণ আৰু ব্যক্তিগত সুখ বৃদ্ধি কৰা।

ভাৰতবৰ্ষত জনসংখ্যা দ্রুত হ্ৰাস কৰাত এই আঁচনিসমূহ ৰূপায়ণ কৰিও প্ৰকৃত অৰ্থত সফল হ’ব নোৱাৰাৰ কাৰণসমূহ হৈছে—

(ক) চৰকাৰী কাৰ্যালয়ত দুর্নীতি, চৰকাৰী কৰ্মচাৰী আৰু বিষয়াৰ দুর্নীতি।

(খ) সামাজিক দায়বদ্ধতাৰে সজাগতা সৃষ্টি কৰা ব্যক্তি আৰু অনুষ্ঠানৰ সংখ্যা কম।

(গ) বর্তমানো ভাৰতীয় সমাজ পৰম্পৰা তথা পুৰণা প্ৰথাৰ পৰা মুক্ত নহয়। ইণ্টাৰনেট, পেজাৰ ব্যৱহাৰ কৰা শিক্ষা ব্যৱস্থাত শিক্ষক আৰু ছাত্ৰৰ মাজত পৰিয়াল পৰিকল্পনাৰ বাবে ল’বলগীয়া আঁচনিসমূহ মুকলি কৰাটো সম্ভৱ নহয়। যৌন ক্রিয়া জেল, শুক্রাণু আদিৰ বিষয়ে তথাকথিত আধুনিক শিক্ষাৰ শিক্ষানুষ্ঠানতে আলোচনা কৰিবলৈ সংকোচ কৰা হয়। আচলতে মুকলিভাৱে পৰিয়াল পৰিকল্পনাৰ আহিলা তথা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিব লাগে। জনসচেতনতাৰ অবিহনে জনবিস্ফোৰণ ৰোধ কৰিব পৰা নাযায়। চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলেই নহ’ব। 

11. আঞ্চলিকতাবাদ বুলিলে কি বুজা? ইয়াৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ আঞ্চলিকতাবাদ হৈছে মানুহৰ এটা ধাৰণা যাৰ দ্বাৰা নিজৰ অঞ্চলটোৰ মানুহৰ প্ৰতি ভালপোৱাৰ মনোভাৱ থাকে আৰু আন অঞ্চলৰ মানুহক ঘৃণাৰ চকুৰে চায়। আঞ্চলিকতাবাদ মানে হ’ল সমগ্ৰ দেশখনক সমানে ভালপোৱাৰ বিপৰীতে নিজৰ অঞ্চলটোক বা ঠাইখনক বেছি ভাল পোৱা, তেওঁলোকে দেশৰ সামগ্রিক উন্নয়নৰ বিপৰীতে নিজৰ অঞ্চলৰ উন্নতিহে কামনা কৰে আৰু আঞ্চলিক উন্নয়নৰ পৰা নিজৰ লাভৰ আশা কৰে। আঞ্চলিকতাবাদে নিজৰ অঞ্চলটোৰ প্ৰশাসনিক আৰু অন্যান্য ক্ষেত্ৰত স্ব-নিয়ন্ত্ৰণৰ দাবী জনায় আৰু কোনো বাহিৰৰ লোকৰ সেই অঞ্চললৈ প্ৰব্ৰজন অথবা স্থায়ীভাৱে বসবাস কৰিবলৈ অহাটো কামনা নকৰে। বৰ্তমান আমাৰ ভাৰতত এনে কিছুমান ৰাজ্য আছে যিবিলাক ৰাজ্যত কিছুমান জনসাধাৰণে নিজকে ভূমিপুত্ৰ বুলি ভাবে। তেওঁলোকে তাত সকলো ধৰণৰ সুবিধা ভোদ কৰা আশা কৰে আৰু অন্য ঠাইৰ পৰা অহা লোকসকলক নিজৰ অধীনত ৰাখিব বিচাৰে। এইদৰে আঞ্চলিকতাবাদে সমগ্ৰ দেশৰ পৰিৱৰ্তে নিজৰ অঞ্চলৰ প্ৰতি ভালপোৱা মনোভাৱ জগাই তোলে।

আঞ্চলিকতাবাদে দেশৰ জনসাধাৰণৰ মাজত বহুতো সমস্যা সৃষ্টি কৰে। তথাপি কিছুমান লোকে আঞ্চলিকতাবাদক সমর্থন কৰে আৰু আঞ্চলিকতাবাদৰ জৰিয়তে নিজৰ তথা অঞ্চলৰ উন্নতি কামনা কৰে। আঞ্চলিকতাবাদক জৰিয়তে কিছুমান আঞ্চলিক ৰাজনৈতিক আৰু ধৰ্মীয় দলে ৰাজ্যিক ক্ষমতাও দখল কৰিব পাৰিছে।

আঞ্চলিকতাবাদ সৃষ্টিৰ কাৰণসমূহ: আঞ্চলিকতাবাদ বিভিন্ন অঞ্চলত বেলেগ বেলেগ কাৰণত গঢ় লৈ উঠিব পাৰে। এই সকলোবিলাক কাৰণৰ বিষয়ে আলোচনা 

সম্ভৱ নহয় যদিও আঞ্চলিকতাবাদ সৃষ্টিৰ কেইটামান মূল কাৰণ তলত উল্লেখ কৰা হ’ল—

(ক) ভৌগোলিক অৱস্থান : ভাৰতৰ কিছুমান অঞ্চল এনে ঠাইত অৱস্থিত যে সেই ঠাইৰ লোকে নিজৰ অঞ্চলটোক এটা সুকীয়া অঞ্চল বুলি ভাবিবলৈ বাধ্য হয়; যেনে— উত্তৰ-পূব ভাৰত। ভাৰতৰ এই অংশটো এক ঠেক ভূ-ভাগৰেহে ভাৰতৰ সৈতে সংলগ্ন হৈ আছে। এনে অঞ্চলত থকা লোকে নিজকে দেশৰ পৰা আঁতৰত থকা বুলি ভাবে আৰু সেয়ে আঞ্চলিকতাবাদে গা কৰি উঠে।

(খ) ঐতিহাসিক কাৰণ : ঐতিহাসিক কাৰণতো আঞ্চলিকতাবাদৰ সৃষ্টি হ’ব পাৰে। যেতিয়া এটা অঞ্চলৰ জনগোষ্ঠীয়ে গম পায় যে অতীতত তেওঁলোক ভাৰতীয় সমাজৰ ভিতৰুৱা নাছিল। এনে ভাৱধাৰাৰ ফলত তেওঁলোকৰ মনত আঞ্চলিকতাবাদে গঢ় লৈ উঠে।

(গ) ৰাজনৈতিক কাৰণ : ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যদি এটা অঞ্চল আনবোৰ অঞ্চলতকৈ সুকীয়া বুলি ভাবে তেন্তে আঞ্চলিকতাবাদ সৃষ্টি হ’ব পাৰে। দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনে উত্তৰ ভাৰতৰ ৰাজ্যকেইখনে উত্তৰ ভাৰতৰ ৰাজ্যকেইখনতকৈ নিজকে সুকীয়া বুলি ভাবে, কাৰণ তেওঁলোকৰ ধাৰণা যে ৰাজনৈতিক সা-সুবিধাবিলাক তেওঁলোকতকৈ উত্তৰ ভাৰতে বেছি পায়।

(ঘ) মনস্তাত্ত্বিক কাৰণ : কোনো এটা অঞ্চলৰ জনসাধাৰণে যদি ভাবে যে ভাৰতীয় স্বাধীনতাই তেওঁলোকক সুফল দিব পৰা নাই নাইবা সৰ্বভাৰতীয় পদ্ধতিত যদি তেওঁলোকক সুফল দিব পৰা নাই নাইবা সৰ্বভাৰতীয় পদ্ধতিত যদি তেওঁলোকক মানসিকভাৱে সন্তুষ্ট কৰিব পৰা নাযায়, তেনে ক্ষেত্ৰত আঞ্চলিকতাবাদৰ জন্ম হ’ব পাৰে। যদি কাৰোবাৰ মনত আঞ্চলিক উন্নয়নৰ বাবে আঞ্চলিকতাবাদহে একমাত্র পথ বুলি যুক্তিৰে পতিয়ন যায়, তেনে ক্ষেত্ৰতো আঞ্চলিকতাবাদৰ উদ্ভৱ হ’ব পাৰে।

(ঙ) পৰিবহন আৰু যোগাযোগ ব্যৱস্থা : কোনো এটা অঞ্চলৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা ভাৰতৰ অন্যান্য ঠাইতকৈ পিছপৰা হ’লে সেই অঞ্চলৰ জনসাধাৰণে সহজে বাহিৰৰ সমাজৰ লগত মিলামিছা কৰাৰ সুবিধা নাপায় । তেওঁলোকৰ মনত নিজকে পৃথক যেন ভাব হয় আৰু চৰকাৰে তেওঁলোকৰ নিয়ন্ত্ৰণৰ কাৰণে একোৱেই কৰা নাই বুলি ভাবে। এনে দৃষ্টিভংগীয়েও আঞ্চলিকতাবাদ প্ৰসাৰতা অৰিহণা যোগায়।

(চ) অর্থনৈতিক অৱস্থা : কোনো এটা অঞ্চলৰ ‘লোক অর্থনৈতিকভাৱে দুৰ্বল হ’লে সেই অঞ্চলৰ জনসাধাৰণৰ মনত অর্থনৈতিক উন্নয়নৰ বাবে আঞ্চলিকতাবাদে গঢ় লয়। একেদৰেই এটা অঞ্চলৰ লোক আর্থিক দিশত আগবঢ়া হ’লে তেওঁলোকে আনৰ বাবে কৰিব লগা একো নাই বুলি ভাবে আৰু একোটা অঞ্চলত বাস কৰাৰ বাবে তেওঁলোকৰ মনতো আঞ্চলিকতাবাদৰ জন্ম হয়।

(ছ) বৃত্তি : যদি কোনো এটা অঞ্চলৰ প্ৰায়বোৰ জনসাধাৰণে প্ৰায় একে ধৰণৰ বৃত্তিকে অৱলম্বন কৰি প্ৰায় একে ধৰণৰ জীৱন নিৰ্বাণ কৰে তেন্তে তেওঁলোকৰ মাজতো সম্প্রীতি ভাব উদয় হৈ শেষত আঞ্চলিকতাবাদৰ সৃষ্টি হ’ব পাৰে। ব্যৱসায়, নিয়োগৰ সুবিধা আদিয়েও আঞ্চলিকতাবাদৰ জন্ম দিয়ে।

(জ) সামাজিক অৱস্থা : কোনো এটা অঞ্চলৰ প্ৰায়বোৰ জনসাধাৰণৰে সামাজিক অৱস্থা, যেনে— অর্থনৈতিক, ভাষা, সংস্কৃতি, শিক্ষা ব্যৱস্থা, ধর্ম, পৰিয়াল পদ্ধতি, বিবাহ পদ্ধতি আদি প্রায় একে হয় তেন্তে জনসমূহৰ মনতো আঞ্চলিকতাবাদৰ উদয় হয়।

(ঝ) খনিজ সম্পদ : কোনো এটা অঞ্চলৰ খনিজ ন্মপদত বিশেষ আগবঢ়া হ’লে সেই অঞ্চলৰ জনসাধাৰণে নিজকে আনতকৈ উন্নত বা সুকীয়া বুলি ভাবে। এই ধাৰণাৰ ফলতো আঞ্চলিকতাবাদৰ জন্ম হয়। এনেধৰণৰ কাৰণতে আঞ্চলিকতাবাদে গঢ় লৈ উঠিছিল।

12. Define poverty. Analyse the causes of poverty in India.

or

Define poverty. Discuss the economic and social causes of poverty in India.

Ans. জীৱন ধাৰণৰ বাবে নিম্নতম প্রয়োজনসমূহ যথেষ্ট পৰিমাণে ভোগ কৰিবলৈ নোপোৱা অৱস্থাকে দৰিদ্ৰতা বোলা হয়। দৰিদ্ৰ সমস্যাই মানুহক নিম্নতম সুখ-সুবিধাৰ পৰা বঞ্চিত কৰাৰ উপৰিও মানৱীয় মৰ্যদাৰ পৰাও অৱনমিত কৰে। দৰিদ্র লোক এজনে পৰিয়াল, আত্মীয়, চুবুৰীয়া তথা সমাজ আৰু দেশৰ প্ৰতি দায়িত্ব পালন কৰিবলৈ অসমর্থ। নিৰক্ষৰতা, অন্ধবিশ্বাস, কু-সংস্কাৰ, আঁতৰ কৰিবলৈ কৰা আঁচনিত দৰিদ্ৰই বাধাৰ সৃষ্টি কৰে। সেয়ে দৰিদ্ৰতা দূৰ কৰিব নোৱাৰিলে সামাজিক প্ৰগতি অসম্ভৱ বুলি ক’ব

দৰিদ্ৰতা কম-বেছি পৰিমাণে অতীজৰে পৰা পৃথিৱীৰ সকলো দেশতে দেখা যায়। দৰিদ্ৰতাৰ অৰ্থ সম্পৰ্কে বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে।

গিলিন, দিমাৰ, কলবাৰ্ট আৰু কেষ্টলাৰৰ মতে— দৰিদ্ৰতাই এজন ব্যক্তিয়ে সমাজত জীৱন-নিৰ্বাহ কৰাৰ সেই পৰিস্থিতিকে বুজায়, য’ত তেওঁৰ অপর্যাপ্ত আয় বা অবিবেচিত খৰচৰ কাৰণে এক উচ্চমান বিশিষ্ট জীৱন যাপন কৰিবলৈ অক্ষম হয় আৰু যিটো কাৰণে তেওঁ আৰু তেওঁৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত তেওঁৰ সদস্যভূক্ত সমাজৰ মানদণ্ডৰ মতে আগবঢ়াত অন্তৰায় হয়।

গিলিন আৰু গিলিনৰ মতে, দৰিদ্ৰতা হৈছে আয়ৰ তুলনাত ব্যয়ৰ মাত্ৰা অত্যাধিক, যি জীৱন নিৰ্বাহৰ মানদণ্ড নিম্নখাপৰ আৰু সমাজত বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় বস্তুৰ অভাৱো বুজায়।

দৰিদ্ৰতাই সমাজত জীৱন নিৰ্বাহৰ নিম্নতম মানদণ্ড বুজায়। মানুহৰ দৈনন্দিন আৱশ্যকীয় অভাৱবোৰ পূৰ্ণ নোহোৱা অৱস্থাকে দৰিদ্ৰতা বুলি কোৱা হয়। ভাৰতবৰ্ষৰ বাবে দৰিদ্ৰতা এটা প্ৰধান সমস্যা। বিভিন্ন সমাজশাস্ত্ৰবিদে দৰিদ্ৰতাৰ বিভিন্ন কাৰণ দেখুৱাইছে—

(ক) ব্যক্তিগত কাৰণ : দৰিদ্ৰতাৰ কাৰণৰ ভিতৰত ব্যক্তিগত কাৰণসমূহৰ অৰিহণা নুই কৰিব নোৱাৰি। এই ব্যক্তিগত কাৰণসমূহৰ ভিতৰত ৰোগাৱস্থা, মানসিকভাৱে অসুস্থ, দূৰ্ঘটনা, নিৰক্ষৰতা, এলেহুৱা, মনোভাৱ, নীতিভ্রস্থতা আদিয়ে প্রধান। শাৰীৰিকভাৱে দুৰ্বল বা বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত মানুহে পৰিশ্ৰম কৰিব নোৱাৰে ফলত তেওঁলোকৰ পাৰিশ্ৰমিক কম হয় আৰু অনুপযোগী কৰিলে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ ব্যক্তি দৰিদ্ৰতাৰ শাৰীলৈ যাব পাৰে। নিৰক্ষৰতাৰ বাবেও এজন ব্যক্তিয়ে কাম কৰিবলৈ অপৰাগ হয়। তেওঁ কাম কৰিলেও সেয়া অতি নিম্ন মানদণ্ডৰ হ’ব। অৱশ্যে কেতিয়াবা দৰিদ্ৰতাৰ বাবেও নিৰক্ষৰ হোৱা দেখা যায়। এলাহ দৰিদ্ৰতাৰ অন্যতম কাৰণ। যোগ্যতা সম্পন্ন ব্যক্তিয়ে এলাহৰ বাবে কাম নকৰি দৰিদ্ৰতা মাতি আনে। সেইদৰে নীতিভ্ৰস্ততা আৰু অৱনমিত চৰিত্ৰৰ মানুহে দৰিদ্ৰতাৰ বৃদ্ধিত সহায় কৰে। মদপান, জোৱাখেল আদি অভাসে উচ্চ অর্থ সম্পন্ন ব্যক্তিকো দৰিদ্ৰ কৰি তোলে।

(খ) অৰ্থনৈতিক কাৰণ : অর্থনৈতিক কাৰকৰ ভিতৰত কৃষিভিত্তিক কাৰণ, বিতৰণৰ অসমতা, নিৱনুৱা, অনুপযোগী আর্থিক আঁচনি আদিয়ে প্রধান। প্রয়োজনীয় সাৰ, কৃষিৰ সঁজুলি, কৃষিৰ প্রয়োজনীয় যান্ত্রিক বস্তু আদিৰ অভাৱ, আধুনিক পদ্ধতিৰ অবিহনে পুৰণা পদ্ধতিৰে কৰা উৎপাদনৰ ফলত সীমিত পৰিমাণৰ যি উৎপাদন হয় সেইখিনিয়ে পৰিয়ালটোৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। উৎপাদন উপযুক্ত হ’লেও যদি চৰকাৰী সা-সুবিধা বা সম্পত্তি বিতৰণত অসমতা দেখা যায় তেতিয়াও দৰিদ্ৰতা বৃদ্ধি হয়। সেইদৰে নিবনুৱা সমস্যাই সমাজত দৰিদ্ৰতা বৃদ্ধিত সহায় কৰিছে। দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্রহণ কৰিছে যদিও বা দৰিদ্ৰতা নিৰাময়ৰ পৰিকল্পনাসমূহ সমাজত উচিতভাৱে ব্যৱহাৰ হোৱা নাই। ফেক্টৰী তলাবন্ধ, কমদবা আদিও দেশত দৰিদ্ৰতা বৃদ্ধি কৰাৰ কাৰণ।

(গ) সামাজিক কাৰণ : ভাৰতবৰ্ষত দৰিদ্ৰতা বৃদ্ধি হোৱাৰ কাৰণৰ ভিতৰত সামাজিক কাৰণ অন্যতম। সামাজিক কাৰণৰ ভিতৰত জাতি ব্যৱস্থা, যৌথ পৰিয়াল আৰু ধৰ্মীয় ব্যৱস্থা আদিক অন্তৰ্ভূক্ত কৰিব পাৰি। জাতি ব্যৱস্থাই যিহেতু বৃত্তিৰ বাছনিৰ ক্ষেত্ৰত সদস্যসকলৰ গতিশীলতাৰ অনুমতি দিয়া নাই। জাতি অনুযায়ী ব্যক্তিৰ নিৰ্দিষ্ট বৃত্তি থাকে। ব্যক্তিৰ সামৰ্থ থাকিলেও জাতিৰ দ্বাৰা অনুমুদিত নোহোৱা বাবে বৃত্তি গ্রহণ কৰিব নোৱাৰে। জাতি অনুযায়ী প্রদান কৰা বৃত্তিয়ে ব্যক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। জাতি ব্যৱস্থা উদ্যোগিক তথা অর্থনৈতিক উন্নয়নত অন্তৰায় হয়।

যুটীয়া পৰিয়ালো দৰিদ্ৰতাৰ কাৰণ হ’ব পাৰে। এনে পৰিয়ালত সদস্যসকলে ন্যূনতম নিৰাপত্তা লাভ কৰা বাবে এওঁলোক অলস প্ৰকৃতিৰ হয়। পৰিয়ালৰ কোনো ব্যক্তিৰ উপাৰ্জন নাথাকিলেও অতি সহজতে শিশু শ্রমিক নিয়োগ কৰি কল-কাৰখানাৰ মালিকসকলে অধিক লাভ অর্জন কৰিবাল বিচাৰে। এনে জাতীয় শ্রমিক নিয়োজিত কৰিলে তেওঁলোকৰ লাভৰ সংখ্যাটো নিৰাপদ হৈ থাকে। দৰিদ্ৰ পৰিয়ালৰ পৰা শিশুসকলেও সুলভ পৰিৱেশত যিকোনো দৰতে শ্রমিক হিচাপে নিয়োজিত হৈ পৰে।

(খ) পৰিয়ালকেন্দ্ৰিক উপাদান : পৰিয়াল বিঘটনেও বহু সময়ত শিশু শ্রমিক বৃদ্ধিত অৰিহণা যোগায়। অত্যধিক মাত্ৰাৰ দৰিদ্ৰতা, পৰিয়ালৰ আৰ্থিক প্রয়োজনীয়তাৰ তাগিদাত বহুতো পৰিয়ালৰ পৰা শিশু শ্রমিক ওলাই আহে। পৰিয়ালসমূহত বাঢ়ি অহা বিবাহ-বিচ্ছেদ, মাক দেউতাকৰ সংঘাত, পিত-মাতৃ আৰু সন্তানৰ মাজত কাজিয়া, পৰিয়ালৰ সদস্যৰ অসৎ অভিপ্রায় আদিয়ে শিশুসকলক পৰিয়ালৰ পৰা ওলাই গৈ বিভিন্ন কল-কাৰাখানাত শ্রমিক হিচাপে কাম কৰিবলৈ বাধ্য কৰে।

(গ) সামাজিক আৰু অন্যান্য উপাদান :

বেয়া অভ্যাসৰ প্রতি প্রলোভন : দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীক কেতিয়াবা কিছুমান কাম, যেনে— ধুমপান, মাদকদ্রব্য, জুৱা, লটাৰী, নিয়মিতভাৱে কথাছবি চোৱাৰ অভ্যাস গঢ়ি তোলাত সমাজৰ এচাম মানুহে প্রলোভিত কৰে। এনে কামবোৰৰ বাবে ধন-টকাৰ প্ৰয়োজন হয়। তেনেক্ষেত্ৰত এই কামবোৰত অভ্যস্ত হোৱা ল’ৰা-ছোৱালীবোৰে নিজৰ আৰ্থিক প্রয়োজন পূৰণ কৰিবলৈ শ্ৰমিক হিচাপে কম মজুৰিতে নিয়োজিত হয়।

নিয়োগ কর্তাই শিশু শ্রমিকক দিয়া ন্যায্যতা :

কিছুমান নিয়োগকর্তাই শিশু শ্রমিক নিয়োগ কৰাৰ সপক্ষে যুক্তি দেখুৱায়। তেওঁলোকে দাবী কৰে যে দৰিদ্ৰ পৰিয়ালৰ বহুতো শিশুৱে শিশু অপৰাধী হিচাপে পৰিগণিত হোৱাৰ আশংকা থাকে। এনে ল’ৰা-ছোৱালীয়ে সৰুতে বিদ্যালয় ত্যাগ কৰি বেয়া কামত প্ৰবৃত্ত হোৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে শ্রমিক হিচাপে নিযুক্তি দিয়া হয়। এনে পৰিৱেশ সৃষ্টিয়ে শিশু শ্রমিকক আগবঢ়াই সামাজিক সমস্যাৰ সৃষ্টি কৰিব।

চৰকাৰী বিধি ব্যৱস্থা অকার্যকাৰিতা :

সাংবিধানিক বিধি বিধান আৰু বিভিন্ন আঁচনিৰ জৰিয়তে শিশু কল্যাণমূলক কাম-কাজ কৰা হৈছে যদিও শিশু শ্রমিক সমস্যাটোৰ দিশত চৰকাৰীভাৱে কৃতকার্যতা লাভ কৰিব পৰা নাই। আমোলাতান্ত্ৰিক মেৰপেছত পৰি শিশু শ্রমিক বিষয়টোৱে চৰকাৰী প্ৰশাসনত যিদৰে গুৰুত্ব পাব লাগিছিল, সেইদৰে গুৰুত্ব পোৱা নাই। এনে পৰিপ্ৰেক্ষিতত শিশু শ্ৰমিকৰ সমস্যাটো সমস্যা হৈয়ে আছে।

গণসচেতনতাৰ অভাৱ :

শিশুসকলক দেশৰ সম্পদ বুলি আখ্যা দিয়া হয়। সমাজৰ ধৰণী স্বৰূপ সৰ্বস্তৰৰ শিশুসকলৰ বিকাশৰ বাবে যেনেধৰণে ৰাজহুৱাভাৱে সচেতনতা সৃষ্টি হ’ব লাগে ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেনেধৰণে হোৱা নাই। ইয়াৰ ফলস্বৰূপে শিশু শ্ৰমিকৰ দৰে সামাজিক সমস্যাই গা কৰি উঠিছে। শিশু শ্ৰমিকৰ বিলুপ্তিকৰণৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিৰ মাজত সচেতনতা আনিবৰ বাবে সামাজিক সংগঠনসমূহেও যি ধৰণৰ এক সজাগতাৰ আন্দোলন আনিব লাগিছিল, সেয়া হোৱা নাই।

শিশু অপহৰণ আৰু ভীতি প্রদর্শন :

ভাৰতবৰ্ষৰ বহুতো ঠাইত শিশু অপহৰণ আৰু শিশুক ভয় ভীতি প্ৰদৰ্শন কৰি নিয়াৰ কাহিনী সততে দেখা যায়। এনে ধৰণে ভয়-ভাবুকি দি লৈ যোৱা শিশুক পণ্য সামগ্ৰীৰ দৰে বেচা-কিনা কৰি বিভিন্ন হোটেল-ৰেষ্টোৰা, কল-কাৰখানা আদিত শ্ৰমিক হিচাপে কাম কৰাই আছে।.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top