Human Rights of Education Unit 1 Introduction to Human Rights

Human Rights of Education Unit 1 Introduction to Human Rights, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Human Rights of Education Unit 1 Introduction to Human Rights Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Human Rights of Education Unit 1 Introduction to Human Rights Question Answer can be of great value to excel in the examination.

Human Rights of Education Unit 1 Introduction to Human Rights

Join Telegram channel

Human Rights of Education Unit 1 Introduction to Human Rights Notes cover all the exercise questions in UGC Syllabus. The Human Rights of Education Unit 1 Introduction to Human Rights provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

5. Examine the importance of universalistic approach to Human Rights.

Ans. সার্বজনীন অধ্যয়ন পদ্ধতি আৰু ইয়াৰ গুৰুত্ব : মানৱ অধিকাৰবিলাক বিশ্বজনীন। মানৱ অধিকাৰবোৰ জন্মগত অধিকাৰ। এই অধিকাৰ বিশ্বৰ সকলো অঞ্চলৰ মানুহৰ অধিকাৰ। সমতা, ভাতৃত্বভাব, নৈতিক আৰু মানৱতাবাদী নীতিৰ ওপৰত মানৱ অধিকাৰ প্ৰতিষ্ঠিত। এনে অধিকাৰ বিলাক ব্যক্তিৰ উৎকৰ্ষ সাধনৰ বাবে, সামাজিক, আর্থিক কল্যাণৰ বাবে, শান্তি-সমৃদ্ধিৰ বাবে, মানৱীয়, প্ৰমূল্য আৰু মৰ্যাদাৰ বাবে অতি প্রয়োজনীয়। ন্যায় প্ৰতিষ্ঠাৰ বাবে মানৱ অধিকাৰ প্ৰয়োজন। সেই কাৰণে মানৱ অধিকাৰ বিশ্ব জনীন। এনে চিন্তাধাৰাৰে মানৱ অধিকাৰ অধ্যয়ন কৰা এই দৃষ্টিভংগীক সাৰ্বজনীনকৰণৰ দৃষ্টিভংগী বোলা হয়। অৱশ্যে সাৰ্বজনীনকৰণ দৃষ্টিভংগীয়ে মানৱ অধিকাৰক সার্বজনীন কৰা প্ৰচেষ্টাকো সামৰি লয়।

মানৱ অধিকাৰৰ ক্ৰমবিকাশৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে যুগ যুগ ধৰি অধিকাৰসমূহ মুষ্টিমেয় এক শ্রেণী লোকেহে উপভোগ কৰি আহিছে। সামন্তবাদী ব্যৱস্থাত সামন্ত সকলেহে অবাধ স্বাধীনতা উপভোগ কৰিছিল। তেনেদৰে একনায়কত্ববাদী শাসনত মুষ্টিমেয় কেইজনমানে অবাধ অধিকাৰ উপভোগ কৰিছিল। অৱশ্যে প্রাচীন কালৰে পৰাই অধিকাৰৰ ধাৰণাটোৱেও গতি লাভ কৰিছে। প্রাচীন ষ্টয়িক (Stoick) দার্শনিক সকলৰ লেখনিত মানুহৰ অধিকাৰৰ প্ৰাকৃতিক তত্ত্ব প্রকাশ পাইছিল। ইংলেণ্ডৰ ১২১৫ চনৰ মহাচনদ (Magna Carta), ১৭৭৬ চনৰ আমেৰিকাৰ স্বাধীনতা ঘোষণা পত্ৰ, ১৭৮৯ চনৰ ফ্ৰান্সৰ মানুহ আৰু নাগৰিকৰ অধিকাৰ ঘোষণাই মানৱ অধিকাৰৰ ক্ৰমবিকাশত অৰিহণা যোগাইছিল। এনে অধিকাৰৰ ঘোষণাপত্ৰৰ সত্ত্বেও অধিকাৰ বিলাকে বিশ্বজনীনতা লাভ কৰিব পৰা নাছিল। কাৰণ ইংলেণ্ডৰ মহাচনদে বেৰণ সকলৰ আধিপত্য কমাব পৰা নাছিল। আমেৰিকাৰ স্বাধীনতাৰ ঘোষণা পত্রই নিগ্রোসকলক, দাসসকলক আৰু আদিম অধিবাসী বিলাকৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিব পৰা নাছিল। ১৮৬৪ চনতন্ত্রে আমেৰিকাত দাস প্রথা উচ্ছেদ কৰা হয়। ফৰাচী বিপ্লৱে স্বাধীনতা সমতা আৰু মৈত্ৰীৰ আদৰ্শ গ্ৰহণ কৰিছিল। কিন্তু শ্রমিক সকল বাবে অর্থনৈতিক ন্যায় প্রতিষ্ঠাত আগভাগ লোৱা নাছিল।

১৯১৭ চনৰ বলছেভিক বিপ্লৱে ৰুছিয়াত অৰ্থনৈতিক আৰু সামাজিক অধিকাৰত গুৰুত্ব আৰোপ কৰিছিল। দুই বিশ্বযুদ্ধৰ মাজৰ সময়ছোৱাত গঠন কৰা আন্তর্জাতিক আইন প্রতিষ্ঠান নামৰ (Institute of International Law) সংগঠন এটাই মানৱ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰই ছটা নীতি মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ওপৰত উল্লিখিত অধিকাৰৰ চনদ আৰু বেচৰকাৰী প্ৰতিষ্ঠানে মানৱ অধিকাৰ বিশ্বজনীন কৰিবৰ বাবে প্রত্যেক ৰাষ্ট্ৰই ছটা নীতি মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ওপৰত উল্লিখিত অধিকাৰৰ চনদ আৰু বেচৰকাৰী প্রতিষ্ঠানে মানৱ অধিকাৰ বিশ্বজনীন কৰিবৰ বাবে লোৱা প্ৰচেষ্টাৰ গুৰুত্ব এইখিনিতেই যে মানৱ অধিকাৰক মানৱীয় মর্যাদা প্ৰদানৰ বাবে, মানৱ জাতিক দমন আৰু নিপীড়নৰ পৰা ৰক্ষা কৰিবৰ বাবে সকলোকে সচেতন কৰি তোলা।

বিভিন্ন ঐতিহাসিক উপাদানৰ ফলস্বৰূপে কুৰি শতিকাৰ মাজ ভাগৰ পৰাহে মানৱ অধিকাৰৰ ধাৰণাটোৱে বিশ্বজনীন প্রকৃতি আৰু সামগ্ৰিক ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিলে। ১৯৪১ চনৰ ৬ জানুৱাৰীত দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্টে (Roosevelt) চাৰিবিধ স্বাধীনতা কথা ঘোষণা কৰিছিল। সেই বছৰতে ৰুজভেল্ট আৰু ব্ৰিটিছ প্ৰধানমন্ত্রী চার্চিলে আটলাণ্টিক চনদত কিছুমান অধিকাৰ ঘোষণা কৰিছিল। কিন্তু এই ঘোষণাসমূহে মানৱ অধিকাৰক সাৰ্বজনীন ৰূপত প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। মানৱ অধিকাৰ ধাৰণাটোৱে বিশ্বৰ প্ৰথম আন্তর্জাতিক অনুষ্ঠান ৰাষ্ট্ৰসংঘৰ চনদত গুৰুত্ব লাভ কৰিলে। চনদৰ মতে জাতি, লিংগ, ভাষা নাইবা ধর্ম নির্বিশেষে সকলোৰে বাবে প্ৰদান কৰা মৌলিক স্বতন্ত্ৰতা আৰু মানৱ অধিকাৰ বিশ্বজনীনভাৱে মানি লোৱা আৰু সন্মান কৰা কথা ঘোষণা কৰা হয়। এই অধিকাৰবিলাক বিকাশৰ বাবে ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ লগত যৌথ প্ৰচেষ্টাৰে আৰু সদস্য ৰাষ্ট্ৰই স্বতন্ত্রভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চনদত উল্লেখ কৰা হৈছে। তেতিয়ালৈকে মানৱ অধিকাৰৰ বিষয়টো নিৰ্দিষ্ট সীমাৰ মাজৰ ৰাষ্ট্ৰ আৰু ব্যক্তিৰ মাজতহে আৱদ্ধ আছিল; মানৱ জাতিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মানৱ অধিকাৰক বিশ্বজনীনকৰণ আৰু আন্তর্জাতিককৰণ কৰা হয়।

ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা অধিকাৰবিলাক সাধাৰণ প্ৰকৃতিৰ আছিল কিন্তু ১৯৪৮ চনত ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰৰ ঘোষণাপত্ৰ জাৰি কৰে। এই ঘোষণাই নাগৰিক, ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰক সমতা আৰু বৈষম্যহীনভাৱে উপভোগ কৰাৰ নিৰ্দিষ্ট নির্দেশনা দিয়ে।

মানৱ অধিকাৰৰ ঘোষণাপত্ৰত উল্লেখ কৰা অধিকাৰবিলাকৰ কাৰ্যকৰীকৰণ বাধ্যতামূলক নাছিল। বিভিন্ন ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় অখণ্ডতা সামাজিক আইন শৃংখলা, জাতীয় ঐক্য-সংহতি ৰক্ষাৰ নামত এই অধিকাৰবিলাক খৰ্ব কৰিছিল। গতিকে এনে অধিকাৰবিলাক কাৰ্যকৰী কৰাত বাধাৰ সৃষ্টি হৈছিল। মানৱ অধিকাৰৰ সাৰ্বজনীন নীতিবোৰ প্ৰকৃততে কাৰ্যকৰী কৰিবৰ কাৰণে; অধিকাৰক সুৰক্ষ দিবৰ বাবে বহু বছৰ ধৰি আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আলাপ আলোচনা হৈছিল। ভালেমান আলোচনা আৰু অধ্যয়নৰ পাছত কেইখনমান আন্তঃৰাষ্ট্ৰীয় দলিল আৰু চুক্তিপত্ৰ প্ৰস্তুত কৰা হ’ল।

 ইয়াৰ ভিতৰত উল্লেখযোগ্য চুক্তিসমূহ হ’ল

(১) নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় আন্তর্জাতিক চুক্তিপত্র, ১৯৬৬ আৰু

(২) অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সম্পর্কীয় চুক্তিপত্র, ১৯৬৬

প্রথম চুক্তিপত্ৰত ১০৬ খন ৰাষ্ট্ৰই দ্বিতীয়খন চুক্তিপত্ৰত ১০৫ খন ৰাষ্ট্ৰই ভোটদান কৰিছিল। ৰাষ্ট্ৰসমূহৰ অনুমোদনৰ বাবে চুক্তিপত্ৰখন প্ৰেৰণ কৰা হৈছিল। অনুমোদনৰ পাছত প্ৰথম চুক্তিপত্র ১৯৭৬ চনৰ (৩ জানুৱাৰী) পৰা আৰু দ্বিতীয়খন চুক্তিপত্র একে বছৰৰে (২৩ মার্চ)ৰ পৰা কাৰ্যকৰী কৰা হয়। এনেদৰে মানৱ অধিকাৰসমূহে বিশ্বজনীন ৰূপ লাভ কৰিছে।

মানৱ অধিকাৰ বিশ্বজনীনকৰণ দৃষ্টিভংগীৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল যে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সন্মতিৰ ওপৰত ভিত্তি কৰি জনসাধাৰণৰ মানৱ অধিকাৰক কাৰ্যকৰী কৰা, ৰক্ষা আৰু সন্মান কৰাটো বাধ্যতামূলক কৰিবলৈ যত্ন কৰা হৈছে।

এই দৃষ্টিভংগীৰ আন এটা গুৰুত্ব হৈছে যে কেৱল মানৱ অধিকাৰক উপযুক্ত মর্যাদা দিবলৈ যাওঁতে ব্যক্তি আৰু গোষ্ঠীৰ কৰণীয় দিশ সম্পৰ্কেও গুৰুত্ব প্ৰদান কৰা হৈছে। অধিকাৰ বুলিলে কর্তব্য জড়িত থাকিবই লাগিব। সমাজত জীয়াই থাকোঁতে এজন ব্যক্তিয়ে অন্যান্য ব্যক্তিৰ অধিকাৰৰ সম্পৰ্কে সজাগ হ’ব লাগিব । সমাজৰ অন্যান্য ব্যক্তিৰ বা ব্যক্তিৰ সমষ্টিৰ লগত সম্পৰ্ক স্থাপন কৰোঁতে এজন ব্যক্তিয়ে অন্য ব্যক্তি বা গোষ্ঠীৰ অধিকাৰক সন্মান জনোৱা নিতান্ত প্রয়োজন। সমাজৰ অন্য ব্যক্তিৰ লগত পাৰস্পৰিক বুজাবুজিৰ মাজৰেহে ব্যক্তিয়ে ব্যক্তিত্ব বিকাশ সাধন কৰিব পাৰে। সেইবাবেই মানৱ অধিকাৰৰ ঘোষণাপত্ৰৰ ২(১) অনুচ্ছেদ কোৱা হৈছে যে “প্ৰত্যেকজন ব্যক্তিৰ সমাজৰ প্ৰতি কৰ্তব্য থাকে যাৰ দ্বাৰা মুক্ত আৰু সম্পূৰ্ণ ব্যক্তিত্ব বিকাশ সম্ভৱ।” সেইবাবে আইনৰ দ্বাৰা নিৰ্ধাৰিত বাধ্যবাধকতা মানি চলাত বিশ্বজনীনকৰণ দৃষ্টিভংগীয়ে গুৰুত্ব দিয়ে।

এই দৃষ্টিভংগীৰ আন এটা গুৰুত্ব হৈছে যে আন্তঃৰাষ্ট্ৰীয় আইনৰ বিকাশৰ বাবে এই দৃষ্টিভংগীয়ে অৰিহণা যোগাইছে। মানৱ অধিকাৰ ঘোষণাপত্ৰই বহু ৰাষ্ট্ৰক আৰু ৰাষ্ট্ৰসংঘক কিছুমান নতুন সাংবিধানিক আইন, ৰাষ্ট্ৰীয় আইন আৰু আন্তঃৰাষ্ট্ৰীয় আইন প্রণয়ন কৰিবলৈ বাধ্য কৰাইছিল। মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবেও ৰাষ্ট্ৰভেদে কিছুমান আইন প্রস্তুত কৰিব লগা হ’ল। ইয়াৰ ভিতৰত— Rights and Fundamental Freedom, American Convention of Human Rights, African Charter on Human and Peoples Rights ইত্যাদি।

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত মানৱ অধিকাৰ আয়োগ গঠন কৰাটোও অধিকাৰৰ বিশ্বজনীনকৰণ দৃষ্টিভংগীৰ এটা অৱদান। ভাৰতবৰ্ষত এনে উদ্দেশ্যেই ১৯৯৩ চনত মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল। বিভিন্ন দেশত মানৱ অধিকাৰ ভংগ হ’লে তাৰ প্ৰতিকাৰৰ বাবে নতুন চৰকাৰী যন্ত্ৰ উদ্ভাৱন কৰা হৈছে।

মানৱ অধিকাৰ সম্পৰ্কীয় আন্তর্জাতিক আইন ৰচনাৰ লগে লগে মানুহৰ মাজত মানৱ অধিকাৰৰ অৰ্থ আৰু গুৰুত্বৰ সম্পৰ্কেও সচেতনতা বৃদ্ধি পালে। ইয়াৰ ফলস্বৰূপে বিভিন্ন দেশত জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা বৃদ্ধি পাবলৈ ধৰিলে। মানৱ অধিকাৰ ৰক্ষা আৰু অধিকাৰক মৰ্যাদা দিয়াটোত চৰকাৰৰ বাধ্যবাধকতা আহি পৰিল।

এতিয়াও মানৱ অধিকাৰসমূহে প্ৰকৃত অৰ্থত বিকাশ লাভ কৰিবলৈ বাকী আছে, মানৱ অধিকাৰৰ বিশ্বজনীনকৰণ সম্পূর্ণ অৰ্থত গঢ় লৈ উঠা নাই। তথাপি বিশ্বজনীনকৰণ পদ্ধতিৰ প্ৰধান গুৰুত্ব এইখিনিতেই যে মানৱ জাতিৰ বুৰঞ্জী প্ৰথমবাৰৰ বাবে ধৰ্ম, জাতি, বর্ণ, লিংগ নির্বিশেষে মানৱ সমাজৰ সভ্য হিচাপে এজন ব্যক্তিয়ে কিছুমান নিজৰ বুলি দাবী কৰিব পাৰে। আৰু এক গুৰুত্বপূৰ্ণ দিশ হ’ল যে এই অধিকাৰসমূহক ঐতিহাসিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক ভাবাদর্শগত পার্থক্য থকা সত্ত্বেও সকলো ৰাষ্ট্ৰই মানি লৈছে। এই অধিকাৰসমূহে মানৱ জীৱনৰ আৰ্থ সামাজিক, ৰাজনৈতিক, নাগৰিক, সাংস্কৃতিক আদি সকলো দিশ সামৰি লৈছে।

6. What do you mean by three- generation Right?

Ans. তিনি প্ৰজন্মৰ অধিকাৰসমূহে তিনি প্ৰকাৰৰ মানৱ অধিকাৰ বুজায়। লুইচ বি চ’নে ( Louis B. Sohn ) মানৱ অধিকাৰক তিনিটা ভাগত ভাগ কৰিছে।

(১) প্ৰথম প্ৰজন্মৰ অধিকাৰ।

(২) দ্বিতীয় প্ৰজন্মৰ অধিকাৰ।

(৩) তৃতীয় প্ৰজন্মৰ অধিকাৰ।

১) প্ৰথম প্ৰজন্মৰ অধিকাৰ : অষ্টাদশ শতিকাৰ আমেৰিকা আৰু ফৰাচী বিপ্লৱৰ ভাবধাৰাৰ প্রতিফলন ঘটিছে প্রথম প্রজন্মৰ অধিকাৰসমূহত । ৰাষ্ট্ৰৰ স্বেচ্ছাচাৰী কাৰ্যৰ বিৰুদ্ধে নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰাটো এই অধিকাৰসমূহৰ প্ৰধান উদ্দেশ্য। ওঠৰ আৰু উনৈশ শতিকাৰ উদাৰবাদী আৰু গণতান্ত্রিক আন্দোলনৰ ফলস্বৰূপে এই প্রথম প্ৰজন্মৰ অধিকাৰসমূহ গঢ় লৈ উঠিছে। ১৯৬৬ চনৰ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় আন্তর্জাতিক চুক্তি পত্রই এই অধিকাৰবোৰ সন্নিৱিষ্ট কৰি সাৰ্বজনীন কৰি তুলিলে। গতিকে ১৯৬৬ চনৰ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ চুক্তিপত্ৰত সন্নিৱিষ্ট হোৱা মানৱ অধিকাৰ বুলি কোৱা হয়। এই চুক্তিপত্ৰৰ ৬ ২৭ অনুচ্ছেদত এই অধিকাৰবিলাকক স্বীকৃতি দিয়া হৈছে। অধিকাৰবোৰ হৈছে—

(ক) জীয়াই থকাৰ অধিকাৰ।

(খ) চলাফুৰা আৰু পছন্দ অনুসৰি বাসস্থানৰ অধিকাৰ। 

(গ) চিন্তা, বিচাৰ-বিবেচনাৰ, ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ।

(ঘ) পৰিয়াল গঠনৰ অধিকাৰ।

(ঙ) সংস্থা গঠনৰ অধিকাৰ ।

(চ) চৰকাৰ গঠনৰ অধিকাৰ ইত্যাদি।

এই অধিকাৰসমূহে ৰাষ্ট্ৰৰ কাৰ্যকলাপত বাধ্যবাধকতা আৰোপ কৰে।

২) দ্বিতীয় প্ৰজন্মৰ অধিকাৰ : এই দ্বিতীয় প্ৰজন্মৰ অধিকাৰবিলাক উনৈশ শতিকাৰ শ্ৰমিকসকলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগ্ৰামৰ ফলস্বৰূপে, ৰাজনৈতিক আৰু অৰ্থনৈতিক দাবীৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছে। পুঁজিবাদী ব্যৱস্থাৰ বিভিন্ন পৰ্যায়ত সংঘটিত হোৱা সংগ্ৰাম আৰু আন্দোলনৰ ফলস্বৰূপে এই দ্বিতীয় প্ৰজন্মৰ অধিকাৰবিলাকে আইনগত ৰূপ লাভ কৰিছিল। এই অধিকাৰবিলাকক নিৰাপত্তাকেন্দ্ৰিক বুলিব পাৰি কাৰণ এই অধিকাৰবিলাক ধনাত্মক প্ৰকৃতিৰ। ইয়াৰ কাৰণ হ’ল এই ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰবোৰে ৰাষ্ট্ৰক এনে অধিকাৰ সুনিশ্চিত কৰিবলৈ সুবিধা দিয়ে। মানৱ অধিকাৰৰ ঘোষণা পত্ৰই প্ৰথম আৰু দ্বিতীয় প্ৰজন্মৰ অধিকাৰৰ ভিত্তি ৰচনা কৰিছে। ইয়াৰ উপৰিও ১৯১৭ চনৰ ৰুচ বিপ্লব, ১৯১৯ চনৰ পেৰিচ শান্তি আলোচনা, ১৯৪১ আৰু ১৯৪৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্টে কংগ্ৰেছলৈ প্ৰেৰণ কৰা বাণী আৰু চাৰিবিধ স্বাধীনতাই অর্থনৈতিক, সামাজিক অধিকাৰ ধাৰণাটোক শক্তিশালী ভেঁটি দিছিল। যিবোৰ মানৱ অধিকাৰে মানুহৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰক সুৰক্ষা দিবলৈ বিচাৰিছে, অভাৱ আৰু ভয়ৰপৰা মুক্ত হোৱাৰ অধিকাৰ প্ৰদান প্ৰচেষ্টা কৰিছে সেইবিলাক অধিকাৰক দ্বিতীয় প্ৰজন্মৰ মানৱ অধিকাৰ বুলি কোৱা হয়।

১৯৬৬ চনৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ বিষয়ৰ আন্তৰ্জাতিক চুক্তিপত্ৰৰ ৬-১৫ অনুচ্ছেদলৈ এনে বহু মানৱ অধিকাৰ আলোচনা কৰা হৈছে।

গুৰুত্বপূৰ্ণ অধিকাৰবিলাক হৈছে—

(ক) নিজৰ পছন্দ অনুসৰি কাম কৰাৰ অধিকাৰ ।

(খ) স্বাস্থ্যসন্মতভাৱে কাম কৰাৰ অধিকাৰ।

(গ) শ্রমিক সংস্থা গঠনৰ অধিকাৰ।

(ঘ) সামাজিক নিৰাপত্তাৰ অধিকাৰ।

(ঙ) জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ অধিকাৰ ইত্যাদি।

৩) তৃতীয় প্ৰজন্মৰ অধিকাৰ : কাৰেল ভাচাকৰ (Karel Vasak) মতে তৃতীয় শ্ৰেণীৰ মানৱ অধিকাৰে ফৰাচী বিপ্লৱৰ তৃতীয় নীতি মৈত্রী বা ভাতৃত্বভাবক স্বীকৃতি জনাইছে। কুৰি শতিকাৰ দুখন বিশ্বযুদ্ধৰ পৰিণতিস্বৰূপে সৃষ্টি হোৱা ৰাজনৈতিক আৰু সামাজিক সংঘাতৰ পৰিণতিত তৃতীয় প্ৰজন্মৰ মানৱ অধিকাৰে বিকাশ লাভ কৰিছে। বিশ্বজনীন নিৰ্ভৰশীলতাৰ ফলস্বৰূপে, পাৰিপাৰ্শ্বিক, সাংস্কৃতিক, প্রগতিমূলক ইত্যাদি বিষয়ত আন্তর্জাতিক সহমতৰ ভিত্তিত এই শ্ৰেণীৰ অধিকাৰে স্বীকৃতি লাভ কৰিছে। এই অধিকাৰবিলাক ব্যক্তিৰ অধিকাৰতকৈ সামাজিক গোট আৰু গোষ্ঠীগত অধিকাৰ লগতহে জড়িত।

এই অধিকাৰবিলাকৰ ভিতৰত উল্লেখযোগ্য অধিকাৰবোৰ হৈছে—

(ক) আত্মনিৰ্ধাৰণৰ অধিকাৰ।

(খ) প্ৰগতিৰ অধিকাৰ ।

(গ) শান্তিৰ অধিকাৰ ।

7. Highlight the contribution of Hobbes to the discourse of Human Rights.

Ans. মানৱ অধিকাৰৰ ধাৰণাটোৰ বিকাশত হবছৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। মানুহৰ প্ৰাকৃতিক অধিকাৰৰ ধাৰণাটো প্রাচীন গ্রীক সভ্যতাৰ সময়তেই জন্ম লাভ কৰিছিল যদিও ইংলেণ্ডৰ দার্শনিক হবছৰ লেখনিত এই ধাৰণাটোৱে অধিক ব্যাপকতা লাভ কৰিছিল। জীয়াই থকাৰ প্ৰাকৃতিক অধিকাৰক হবছ, লক আৰু ৰুছোৱে সামাজিক চুক্তি তত্ত্বৰ যোগেদি স্বীকৃতি প্ৰদান কৰিছিল। এই তিনিওজন লেখকে জীয়াই থকাৰ বাবে ব্যক্তিৰ প্ৰাকৃতিক অধিকাৰক আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ বুলি গণ্য কৰিছিল আৰু এনেদৰে মানৱ অধিকাৰৰ ধাৰণাটোক ১৭ আৰু ১৮ শতিকাত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিছিল।

থমাছ হবছৰ ‘লেভিয়াথান’ (Leviathan) নামৰ গ্ৰন্থত ব্যক্তিৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হৈছে। সীমাহীন ক্ষমতাৰ অধিকাৰী সার্বভৌমত্বক হবছে পৃষ্ঠপোষকতা কৰিছিল বুলি অভিহিত কৰা হয় যদিও হবছক ব্যক্তি স্বাধীনতাৰ প্ৰধান সমর্থক বুলি অভিহিত কৰিব পাৰি, কাৰণ হবছে ব্যক্তিৰ আত্মৰক্ষাৰ অধিকাৰক স্বীকৃতি দিছিল।

ৰাষ্ট্ৰৰ সৃষ্টি হোৱাৰ আগতে প্রাকৃতিক ৰাজ্যৰ যি অন্ধকাৰময় চিত্ৰ হবছে দাঙি ধৰিছিল সেই চিত্ৰই হবছৰ ব্যক্তি স্বাধীনতাৰ অধিকাৰক স্বীকৃতি দিয়াৰ দৃষ্টিভংগী দাঙি ধৰিছে। প্ৰকৃতি ৰাজ্যত মানুহে সুখ-শান্তিৰে বসবাস কৰিব পৰা নাছিল। ‘জোৰ যাৰ মুলুক তাৰ’ নীতি প্রচলন আছিল বাবে বলীয়ে দুৰ্বলীৰ ওপৰত শোষণ কৰিছিল। জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ কোনো নিৰাপত্তা নাছিল। প্রকৃতি ৰাজ্যত মানুহৰ জীৱন আছিল দুৰ্ভগীয়া, নিসঙ্গ, ঘৃণনীয়, হিংসুক আৰু চমু (Poor, solitary nasty, brutish and short)। প্রকৃতি ৰাজ্যৰ এনে দুৰ্ভগীয়া অৱস্থাৰ পৰা মুক্তি পাবৰ বাবে, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা বাবে জনসাধাৰণে চুক্তি কৰি এজন লোকৰ হাতত বা কেইজনমান ব্যক্তিৰ হাতত তেওঁলোকৰ ক্ষমতা অর্পণ কৰিলে। সেই ব্যক্তিজনেই অসীম ক্ষমতাৰ অধিকাৰী ৰজা হ’ল। ৰজাজন যহেতু চুক্তিৰ অন্তর্ভুক্ত নাছিল সেইবাবে জনসাধাৰণে ৰজাক ওফৰাই দিব নোৱাৰিব। 

কিন্তু জনসাধাৰণে এটা উদ্দেশ্য সাধন কৰিবলৈহে স্বেচ্ছাকৃতভাৱে চুক্তিৰ আৱদ্ধ হৈ ৰজাৰ কৰ্তৃত্ব মানি লৈছিল। সেই উদ্দেশ্যটো হৈছে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ অধিকাৰ। যেতিয়ালৈকে ৰজাই জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিব পাৰিব তেতিয়ালৈকেহে জনসাধাৰণে ৰজাৰ প্ৰতি আনুগত্য প্রকাশ কৰিব।

হবছৰ মতে জীয়াই থকাৰ অধিকাৰ, আত্মৰক্ষাৰ অধিকাৰ প্রত্যেক ব্যক্তিৰ প্ৰাকৃতিক অধিকাৰ। কাৰণ মানুহ যেনেকৈ আৱেগিক, কল্পনাবিলাসী তেনেকৈ যুক্তিবাদীও। যুক্তিবাদে প্রাকৃতিক আইন মানি চলিবলৈ মানুহক শিক্ষা দিয়ে। এই প্রাকৃতিক আইনক হবছে ‘সভ্য জীৱনৰ মূলনীতি (Doctrine of civil society) বুলি আখ্যা দিছে। সভ্য জীৱনৰ মূল নীতি এই কাৰণেই যে এই প্রাকৃতিক আইন যুক্তিপূর্ণ বিবেচনাৰ ফলাফল। প্রাকৃতিক আইনে এনে পৰিৱেশ সৃষ্টি কৰে য’ত ব্যক্তিয়ে ব্যক্তিগত কল্যাণ সাধন কৰিব পাৰে। হবছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাৰহে পৃষ্ঠপোষক আছিল কিন্তু ৰজাৰ অসীম ক্ষমতাৰ পৃষ্ঠপোষক নহয়৷ হবছৰ মতে ৰাষ্ট্ৰ এক কৌশল, ই মানুহৰ এক উদ্ভাৱন। মানুহৰ ইচ্ছাৰ বাবেহে ৰাষ্ট্ৰ সৃষ্টি কৰা হৈছে। গতিকে ৰাষ্ট্ৰই নাগৰিকৰ জীৱন ৰক্ষা কৰিব লাগে। নাগৰিকৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে পুনৰ অৰাজক অৱস্থাৰ সৃষ্টি হ’ব। গতিকে ৰাষ্ট্ৰৰ নৈতিক কৰ্তৃত্ব শাসিত্ৰৰ সন্মতিৰ দ্বাৰাহে উদ্ভৱ হয়। শাসিতৰ সন্মতিৰ অবিহনে শাসকে শাসন পৰিচালনা কৰিব নোৱাৰে। শাসকে জীয়াই থকাৰ প্ৰাকৃতিক অধিকাৰ ৰক্ষা কৰিব লাগিব। সামাজিক চুক্তিৰ অন্তৰ্ভুক্ত হোৱাটোৱে জীয়াই থকাৰ অধিকাৰ নথকাটো নুবুজায়। গতিকে শাসকে কোনো ব্যক্তিৰ জীৱন কাঢ়ি নিব নোৱাৰে বা কাকো আত্মহত্যা কৰিবলৈ বাধ্য কৰাব নোৱাৰে।

হবছৰ মতে ব্যক্তিয়েই সমাজৰ মূল গাঁথনি। ব্যক্তিৰ সমষ্টিয়েহে সমাজ আৰু ৰাষ্ট্ৰ গঠন কৰে। ব্যক্তি ৰাষ্টৰৰ লগত বিলীন হৈ নেযায়। অসংখ্য বালি কণা লগ লাগি বালিৰ দ’ম হোৱাৰ দৰে ব্যক্তিৰ সমষ্টিয়েহে সমাজ গঠন কৰে। ইয়াত প্ৰতিজন ব্যক্তিৰ নিজস্ব সত্বা থাকে আৰু ব্যক্তিয়ে ব্যক্তি সত্বাৰ সকলো সমাজত বিলীন কৰি নিদিয়ে। এনেদৰে হবছৰ লেখনিত ব্যক্তি অধিকাৰৰ গুৰুত্ব প্ৰকাশ পাইছে। গতিকে হবছৰ Leviathan কেৱল ৰাষ্ট্ৰ শক্তিৰ মতবাদেই নহয়; ই ব্যক্তি অধিকাৰৰ এক শক্তিশালী মতবাদ।

হবছৰ অধিকাৰৰ ধাৰণাটোৱে কেইটামান দিশ প্রতিফলিত কৰে। সেইবোৰ হৈছে—

(1) ব্যক্তিৰ অধিকাৰৰ কিছুমান সীমাবদ্ধতা আছে।

(2) হবছৰ ধাৰণাত প্রাকৃতিক অধিকাৰে গুৰুত্ব পাইছে। কিন্তু অধিকাৰৰ লগত কিছুমান কর্তব্যও থাকে।

(3) ব্যক্তিয়ে সমাজত থাকিহে অধিকাৰ ভোগ কৰিব পাৰে।

(4) ব্যক্তিৰ অধিকাৰ হস্তান্তৰ বিহীন।

(5) সকলো ব্যক্তিৰ চুক্তি কৰাৰ অধিকাৰ থাকে।

(6) অসীম অধিকাৰে অৰাজকতা সৃষ্টি কৰে।

8. What are the implication of third generation Rights”

Ans. তৃতীয় প্ৰজন্মৰ অধিকাৰ : কাৰেল ভাচাকৰ (Karel Vasak) মতে তৃতীয় শ্ৰেণীৰ মানৱ অধিকাৰে ফৰাচী বিপ্লৱৰ তৃতীয় নীতি মৈত্রী বা ভাতৃত্বভাবক স্বীকৃতি জনাইছে। কুৰি শতিকাৰ দুখ ন বিশ্বযুদ্ধৰ পৰিণতি স্বৰূপে সৃষ্টি হোৱা ৰাজনৈতিক আৰু সামাজিক সংঘাতৰ পৰিণতিত তৃতীয় প্ৰজন্মৰ মানৱ অধিকাৰে বিকাশ লাভ কৰিছে। বিশ্বজনীন নিৰ্ভৰশীলতাৰ ফলস্বৰূপে পাৰিপাৰ্শ্বিক, সাংস্কৃতিক, প্রগতিমূলক ইত্যাদি বিষয়ত আন্তর্জাতিক সহমতৰ ভিত্তিত এই শ্ৰেণীৰ অধিকাৰে স্বীকৃতি লাভ কৰিছে। এই অধিকাৰবিলাক ব্যক্তিৰ অধিকাৰতকৈ সামাজিক আৰু গোষ্ঠীগত অধিকাৰৰ লগতহে জড়িত।

এই অধিকাৰবিলাকৰ ভিতৰত উল্লেখযোগ্য অধিকাৰবোৰ হৈছে—

(ক) আত্মনিৰ্ধাৰণৰ অধিকাৰ। 

(খ) প্ৰগতিৰ অধিকাৰ ।

(গ) শান্তিৰ অধিকাৰ ।

তৃতীয় প্ৰজন্মৰ অধিকাৰবিলাক অতি সোনকালে লাভ কৰিব নোৱাৰি। এই অধিকাৰবিলাক গোষ্ঠীগত অধিকাৰ। পৰিৱেশ সম্পৰ্কীয়, সাংস্কৃতিক বিকাশশীল অধিকাৰবিলাক তৃতীয় প্ৰজন্মৰ অধিকাৰ আৰু এইবিলাক অধিকাৰ ব্যক্তিগত নহয়। কিন্তু গোষ্ঠীগত অধিকাৰ হোৱাৰ বাবে এনে অধিকাৰে গোষ্ঠীগত সংঘাতো সৃষ্টি কৰিব পাৰে। কাৰণ এটা গোষ্ঠীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে অন্য প্রতিদ্বন্দ্বী গোষ্ঠীয়েও তেনে অধিকাৰ দাবী কৰিবলৈ যাওঁতে সংঘাতৰ সৃষ্টি হয়।

শান্তি অধিকাৰ বিভিন্ন ৰাষ্ট্ৰৰ কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰে। এখন দেশৰ আৰ্থিক প্ৰগতি শান্তিৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু দেখা যায় যে শান্তিৰ অধিকাৰ থাকিলেও বিভিন্ন কাৰণত গোষ্ঠীৰ মাজত সংঘাত চলি আহিছে। তৃতীয় প্ৰজন্মৰ অধিকাৰবোৰ পৰস্পৰ নিৰ্ভৰশীল। পৰিৱেশ উন্নয়নৰ অধিকাৰ সকলো লোকৰ, সকলো ৰাষ্ট্ৰৰ কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰে। বৰ্তমান উন্নত ৰাষ্ট্ৰবোৰে যেনেকৈ পৰিৱেশ উন্নয়নৰ ওপৰত গুৰুত্ব দিছে তেনেকৈ বৃহৎ উদ্যোগবোৰৰ পৰা সৃষ্টি হোৱা দুষিত গেছে পৰিৱেশ প্ৰদূষণত ঋণাত্মক প্ৰভাৱ পেলাইছে। গতিকে দেখা যায় যে তৃতীয় প্ৰজন্মৰ অধিকাৰবোৰ গুৰুত্বপূৰ্ণ অধিকাৰ হোৱা সত্ত্বেও ইয়াৰ বহু সীমাবদ্ধতা আছে।

9. Estimate the contributions of Hobbes and Locks towards the conceptualization of Human Rights.

Ans. মানৱ অধিকাৰৰ ধাৰণাটোৰ বিকাশত হবছ আৰু লকৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। মানুহৰ প্ৰাকৃতিক অধিকাৰৰ ধাৰণাটো প্রাচীন গ্রীক সভ্যতাৰ সময়তেই জন্ম লাভ কৰিছিল যদিও ইংলেণ্ডৰ দার্শনিক হবছ আৰু লকৰ লেখনিত এই ধাৰণাটোৱে অধিক ব্যাপকতা লাভ কৰিছিল। জীয়াই থকাৰ প্ৰাকৃতিক অধিকাৰক হবছ, লক আৰু ৰুছোৱে সামাজিক চুক্তি তত্ত্বৰ যোগেদি স্বীকৃতি প্রদান কৰিছিল। এই তিনিওজন লেখকে জীয়াই থকাৰ বাবে ব্যক্তিৰ প্রাকৃতিক অধিকাৰক আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ বুলি গণ্য কৰিছিল আৰু এনেদৰে মানৱ অধিকাৰৰ ধাৰণাটোক ১৭ আৰু ১৮ শতিকাত শক্তিশালীভাৱে প্রতিষ্ঠা কৰিছিল।       ‌‌            ‌‌      

থমাছ হবছৰ ‘লেভিয়াথান’ (Leviathan) নামৰ গ্ৰন্থত ব্যক্তিৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হৈছে। সীমাহীন ক্ষমতাৰ অধিকাৰী সার্বভৌমত্বক হবছে পৃষ্ঠপোষকতা কৰিছিল বুলি অভিহিত কৰা হয় যদিও হবছক ব্যক্তি স্বাধীনতাৰ প্ৰধান সমর্থক বুলি অভিহিত কৰিব পাৰি, কাৰণ হবছে ব্যক্তিৰ আত্মৰক্ষাৰ অধিকাৰক স্বীকৃতি দিছিল।

ৰাষ্ট্ৰৰ সৃষ্টি হোৱাৰ আগতে প্ৰাকৃতিক ৰাজ্যৰ যি অন্ধকাৰময় চিত্ৰ হবছে দাঙি ধৰিছিল সেই চিত্ৰই হবছৰ ব্যক্তি স্বাধীনতাৰ অধিকাৰক স্বীকৃতি দিয়াৰ দৃষ্টিভংগী দাঙি ধৰিছে। প্ৰকৃতি ৰাজ্যত মানুহে সুখ-শান্তিৰে বসবাস কৰিব পৰা নাছিল। ‘জোৰ যাৰ মুলুক তাৰ’ নীতি প্রচলন আছিল বাবে বলীয়ে দুৰ্বলীৰ ওপৰত শোষণ কৰিছিল। জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ কোনো নিৰাপত্তা নাছিল। প্রকৃতি ৰাজ্যত মানুহৰ জীৱন আছিল দুৰ্ভগীয়া, নিসঙ্গ, ঘৃণনীয়, হিংসুক আৰু চমু (Poor, solitary nasty, brutish and short)। প্রকৃতি ৰাজ্যৰ এনে দুৰ্ভগীয়া অৱস্থাৰ পৰা মুক্তি পাবৰ বাবে, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে জনসাধাৰণে চুক্তি কৰি এজন লোকৰ হাতত বা কেইজনমান ব্যক্তিৰ হাতত তেওঁলোকৰ ক্ষমতা অর্পণ কৰিলে। সেই ব্যক্তিজনেই অসীম ক্ষমতাৰ অধিকাৰী ৰজা হ’ল। ৰজাজন যিহেতু চুক্তিৰ অন্তৰ্ভুক্ত নাছিল সেইবাবে জনসাধাৰণে ৰজাক ওফৰাই দিব নোৱাৰিব। কিন্তু জনসাধাৰণে এটা উদ্দেশ্য সাধন কৰিবলৈহে স্বেচ্ছাকৃতভাৱে চুক্তিৰ আৱদ্ধ হৈ ৰজাৰ কৰ্তৃত্ব মানি লৈছিল। সেই উদ্দেশ্যটো হৈছে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ অধিকাৰ। যেতিয়ালৈকে ৰজাই জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিব পাৰিব তেতিয়ালৈকেহে জনসাধাৰণে ৰজাৰ প্ৰতি আনুগত্য প্রকাশ কৰিব ।

হবছৰ মতে জীয়াই থকাৰ অধিকাৰ, আত্মৰক্ষাৰ অধিকাৰ প্রত্যেক ব্যক্তিৰ প্ৰাকৃতিক অধিকাৰ। কাৰণ মানুহ যেনেকৈ আৱেগিক, কল্পনাবিলাসী তেনেকৈ যুক্তিবাদীও। যুক্তিবাদে প্রাকৃতিক আইন মানি চলিবলৈ মানুহক শিক্ষা দিয়ে। এই প্রাকৃতিক আইনক হবছে ‘সভ্য জীৱনৰ মূল নীতি (Doctrine of civil society) বুলি আখ্যা দিছে। সভ্য জীৱনৰ মূল নীতি এই কাৰণেই যে এই প্রাকৃতিক আইন যুক্তিপূর্ণ বিবেচনাৰ ফলাফল। প্রাকৃতিক আইনে এনে পৰিৱেশ সৃষ্টি কৰে য’ত ব্যক্তিয়ে ব্যক্তিগত কল্যাণ সাধন কৰিব পাৰে। হবছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাৰহে পৃষ্ঠপোষক আছিল কিন্তু ৰজাৰ অসীম ক্ষমতাৰ পৃষ্ঠপোষক নহয়। হবছৰ মতে ৰাষ্ট্ৰ এক কৌশল, ই মানুহৰ এক উদ্ভাৱন। মানুহৰ ইচ্ছাৰ বাবেহে ৰাষ্ট্ৰ সৃষ্টি কৰা হৈছে। গতিকে ৰাষ্ট্ৰই নাগৰিকৰ জীৱন ৰক্ষা কৰিব লাগে। নাগৰিকৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে পুনৰ অৰাজক অৱস্থাৰ সৃষ্টি হ’ব। গতিকে ৰাষ্ট্ৰৰ নৈতিক কৰ্তৃত্ব শাসিতৰ সন্মতি দ্বাৰাহে উদ্ভৱ হয়। শাসিতৰ সন্মতিৰ অবিহনে শাসকে শাসন পৰিচালনা কৰিব নোৱাৰে। শাসকে জীয়াই থকাৰ প্ৰাকৃতিক অধিকাৰ ৰক্ষা কৰিব লাগিব। সামাজিক চুক্তিৰ অন্তৰ্ভুক্ত হোৱাটোৱে জীয়াই থকাৰ অধিকাৰ নথকাটো নুবুজায় । গতিকে শাসকে কোনো ব্যক্তিৰ জীৱন কাঢ়ি নিব নোৱাৰে বা কাকো আত্মহত্যা কৰিবলৈ বাধ্য কৰাব নোৱাৰে।

হবছৰ মতে ব্যক্তিয়েই সমাজৰ মূল গাঁথনি। ব্যক্তিৰ সমষ্টিয়েহে সমাজ আৰু ৰাষ্ট্ৰ গঠন কৰে। ব্যক্তি ৰাষ্ট্ৰৰ লগত বিলীন হৈ নেযায়। অসংখ্য বালি কণা লগ লাগি বালিৰ দ’ম হোৱাৰ দৰে ব্যক্তিৰ সমষ্টিয়েহে সমাজ গঠন কৰে। ইয়াত প্ৰতিজন ব্যক্তিৰ নিজস্ব সত্ত্বা থাকে আৰু ব্যক্তিয়ে ব্যক্তি সত্ত্বাৰ সকলো সমাজত বিলীন কৰি নিদিয়ে। এনেদৰে হবছৰ লেখনিত ব্যক্তি অধিকাৰৰ গুৰুত্ব প্রকাশ পাইছে। গতিকে হবছৰ Leviathan কেৱল ৰাষ্ট্ৰ শক্তিৰ মতবাদেই | নহয়; ই ব্যক্তি অধিকাৰৰ এক শক্তিশালী মতবাদ ।

হবছৰ অধিকাৰৰ ধাৰণাটোৱে কেইটামান দিশ প্ৰতিফলিত কৰে। সেইবোৰ হৈছে—

(1) ব্যক্তিৰ অধিকাৰৰ কিছুমান সীমাবদ্ধতা আছে।

(2) হবছৰ ধাৰণাত প্ৰাকৃতিক অধিকাৰে গুৰুত্ব পাইছে। কিন্তু অধিকাৰৰ লগত কিছুমান কর্তব্যও থাকে।

(3) ব্যক্তিয়ে সমাজত থাকিহে অধিকাৰ ভোগ কৰিব পাৰে।

(4) ব্যক্তিৰ অধিকাৰ হস্তান্তৰ বিহীন।

(5) সকলো ব্যক্তিৰ চুক্তি কৰাৰ অধিকাৰ থাকে। 

(6) অসীম অধিকাৰে অৰাজকতা সৃষ্টি কৰে ।

লকৰ অধিকাৰৰ ধাৰণা : সোতৰ শতিকাৰ জন লক ইংলেণ্ডৰ এজন বিশিষ্ট ব্যক্তিবাদী লেখক। “টু ট্রিয়েটাইজেচ অন চিভিল গৱৰ্ণমেণ্ট” গ্ৰন্থৰ উপৰিও লকৰ “Essay Concerning Human Understanding” আৰু “Essays on civil government” উল্লেখযোগ্য লেখনি।

সামাজিক চুক্তিৰ তত্ত্বটো অধ্যয়ন কৰিলে লকৰ অধিকাৰৰ ধাৰণাৰ আভাস পাব পাৰি। লকৰ মতে প্ৰকৃতি ৰাজ্যত জনসাধাৰণৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা আছিল। প্রাকৃতিক ৰাজ্যত প্ৰত্যেকজন ব্যক্তি মুক্ত আৰু সমতাৰ ভিত্তিত সহযোগিতা কৰিছিল। কিন্তু প্রত্যেকে প্রাকৃতিক আইন নিজৰ মতে প্ৰয়োগ কৰাৰ বাবে আৰু বিবাদ হ’লে মীমাংসা কৰিবৰ বাবে কোনো আদালত নথকাৰ বাবে অশান্তি সৃষ্টি হৈছিল। এই অশান্তিৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই জনসাধাৰণে দুটা চুক্তি সম্পাদন কৰিলে। প্ৰথমটো চুক্তিৰ দ্বাৰা সমাজ প্ৰতিষ্ঠা কৰা হ’ল আৰু ৰাজনৈতিক সংগঠন গঢ়ি তোলা হ’ল। দ্বিতীয় চুক্তিৰ দ্বাৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ বাবে এজন ৰজাৰ হাতত ক্ষমতা অর্পণ কৰে। ৰজাজনে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিব নোৱাৰিলে জনসাধাৰণে ৰজাক ক্ষমতাচ্যুত কৰিব পাৰি। ইয়াৰ দ্বাৰা এইটো প্রমাণিত হয় যে জনসাধাৰণৰ অধিকাৰ ৰক্ষা কৰাটো ৰজাৰ প্ৰধান কর্তব্য।

লকৰ মতে মানুহৰ আকাংক্ষা মানুহৰ সকলো কাৰ্যৰ উৎস। সকলো মানুহৰ দুখদায়ক কাৰ্যৰ অৱসান ঘটাই সুখদায়ক কার্য কৰাৰ হাবিয়াস বা আকাংক্ষা থাকে। মানুহৰ এটা যুক্তিবাদী মন থাকে। এই যুক্তিবাদী গুণৰ পৰাই মানুহে ভাল-বেয়া বিচাৰ কৰিব পাৰে। গতিকে লকে যুক্তিৰ দ্বাৰা পৰিচালিত ব্যক্তিকেই স্বাধীন বা মুক্ত মানৱ বুলি অভিহিত কৰিছে। যুক্তিবাদী মন থকাৰ বাবেই মানুহে প্ৰকৃতি ৰাজ্যত অসীম স্বাধীনতা উপভোগ কৰিছিল। মানুহে আনৰ পৰা যেনে ব্যৱহাৰ বিচাৰিছিল আনকো তেনে ব্যৱহাৰ কৰিছিল। এনেদৰে মানুহে প্ৰকৃতি ৰাজ্যত স্বতন্ত্ৰতা আৰু সমতা উপভোগ কৰিছিল।

লকে প্রাকৃতিক অধিকাৰৰ কথা বিশ্বাস কৰিছিল, লকৰ মতে প্রকৃতি ৰাজ্যত মানুহে প্রাকৃতিক আইনৰ পৰা প্ৰাকৃতিক অধিকাৰ লাভ কৰিছিল। এই অধিকাৰবিলাক হৈছে— জীৱন ধাৰণৰ অধিকাৰ, স্বতন্ত্ৰতাৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ । 

এই অধিকাৰবিলাক প্ৰাকৃতিক ৰাজ্যত মানুহে উপভোগ কৰিছিল। কাৰণ এই অধিকাৰবিলাক হস্তান্তৰবিহীন। কোনোৱে এই অধিকাৰ কাঢ়ি ল’ব নোৱাৰে। প্ৰাকৃতিক অধিকাৰ লংঘন কৰা চৰকাৰক জনসাধাৰণে ওফৰাই দিব পাৰে বা এনে অধিকাৰ উলংঘা কৰা চৰকাৰক জনসাধাৰণে ওফৰাই দিব পাৰে। এনে অধিকাৰ উলংঘা কৰা ব্যক্তিক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা আছে। এনেদৰে লকে মানৱ অধিকাৰ ধাৰণাক গুৰুত্ব প্ৰদান কৰিছিল।

লকৰ মতে ৰাষ্ট্ৰৰ প্ৰকাৰ গৌণ। ৰাষ্ট্ৰ গণতান্ত্রিক, ধনিকতন্ত্র, নিৰ্বাচিত ৰাজতন্ত্ৰ হ’ব পাৰে। কিন্তু লকৰ ৰাষ্ট্ৰৰ প্ৰধান বৈশিষ্ট্য হৈছে যিসকল লোকে ৰাষ্ট্ৰ গঠন কৰে তেওঁলোকৰ বাবেহে ৰাষ্ট্ৰ বৰ্তি থাকে। লকৰ মতে এখন প্ৰকৃত ৰাষ্ট্ৰ জনসাধাৰণৰ সন্মতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু এনে ৰাষ্ট্ৰ আইনৰ শাসনৰ ওপৰত প্রতিষ্ঠিত। লকৰ ৰাষ্ট্ৰ অসীম ক্ষমতাৰ অধিকাৰী নহয়, সীমিত ক্ষমতাৰ অধিকাৰীহে। প্রাকৃতিক আইনৰ দ্বাৰাহে ই নিয়ন্ত্রিত।

মানৱ অধিকাৰৰ বিকাশত লকৰ অৱদান গুৰুত্বপূৰ্ণ। লকে এক উদাৰ ৰাষ্ট্ৰৰ ধাৰণা পোষণ কৰিছিল। এনে ৰাষ্ট্ৰই শোষণ দূৰ কৰি অধিকাৰ বৃদ্ধিত সহায় কৰে। লকে উদাৰতাবাদৰ কিছুমান বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব দিছিল। এই বৈশিষ্ট্যবিলাকেই লকৰ অধিকাৰৰ ধাৰণাটোক শক্তিশালী ৰূপ দান কৰিছে। এই বৈশিষ্ট্যবিলাক হৈছে—

(1) জনসাধাৰণেই সকলো ক্ষমতাৰ উৎস। কাৰণ চৰকাৰে জনসাধাৰণৰ পৰাহে সন্মতি ল’ব লাগে।

(2) লক প্রাকৃতিক অধিকাৰ ধাৰণাৰ প্ৰধান প্ৰবক্তা আছিল । এই ধাৰণাই মানৱ অধিকাৰ ধাৰণাৰ বিকাশত সহায় কৰিছিল।

(3) মানুহে যুক্তিসংগতভাৱে দায়িত্ব পালন কৰে। ৰাষ্ট্ৰৰ কর্তব্য হ’ল মানুহক এনে দায়িত্ব পালনত সহায় কৰা ।

(4) ব্যক্তিৰ অধিকাৰ ৰক্ষা কৰাত ৰাষ্ট্ৰৰ দায়িত্ব থাকে। ব্যক্তিৰ অধিকাৰ ৰক্ষা কৰিব নোৱাৰা শাসকক জনসাধাৰণে গাদীচ্যুত কৰিব পাৰে।

(5) মানুহৰ ব্যক্তিগত অধিকাৰবিলাক ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিগত। এইবোৰ হস্তান্তৰ কৰিব নোৱাৰি।

এনেদৰে লকৰ দৃষ্টিভংগী লক্ষ্য কৰিলে তেওঁক মানৱ অধিকাৰৰ এজন প্ৰধান পৃষ্ঠপোষক বুলি দাবী কৰিব পাৰি।

10. Identity the second generation Human Rights.

Ans. দ্বিতীয় প্ৰজন্মৰ মানৱ অধিকাৰ : অর্থনৈতিক স্বাধীনতা আৰু নিৰাপত্তা অবিহনে ব্যক্তিৰ অন্যান্য মানৱ অধিকাৰ কেতিয়াও বৰ্তি থাকিব নোৱাৰে। মানৱ অধিকাৰৰ যিটো অংশই অর্থনৈতিক আৰু সামাজিক অধিকাৰসমূহক সুৰক্ষিত কৰিব বিচাৰিছে, অভাৱ আৰু ভয়ৰ পৰা মুক্ত হোৱাৰ অধিকাৰ প্ৰদান কৰিছে সিবিলাকক দ্বিতীয় প্ৰজন্মৰ অধিকাৰ বুলি আখ্যা দিয়া হয়, ফৰাচী বিপ্লৱৰ স্বাধীনতা আৰু সমতাৰ বাণীত এই অধিকাৰবিলাক প্ৰস্ফুতিত হৈছিল। ১৯৬৬ চনৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰবিলাকৰ আলোচনা কৰা হৈছে।

এই অধিকাৰবিলাক হৈছে—

(ক) নিজৰ পছন্দমতে কাম কৰাৰ অধিকাৰ।

(খ) মুক্তভাৱে জীৱিকা বাছনি কৰাৰ অধিকাৰ। 

(গ) ন্যায়সংগত আৰু সুবিধাজনক অৱস্থাত কাম কৰা অধিকাৰ।

(ঘ) শ্রমিক সংঘ গঠন কৰাৰ অধিকাৰ ।

(ঙ) পুৰুষ-মহিলাৰ সমান কামৰ সমান বেতনৰ অধিকাৰ।

(চ) নিজৰ আৰু পৰিয়ালৰ বাবে অন্ন, বস্ত্ৰ আৰু বাসস্থান অধিকাৰ।

(ছ) জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ অধিকাৰ । 

(জ) সামাজিক নিৰাপত্তাৰ অধিকাৰ। 

(ঝ) বিনামূলীয়া প্রাথমিক শিক্ষাকে ধৰি শিক্ষা গ্রহণ অধিকাৰ ।

(ঞ) সাংস্কৃতিক জীৱনত অংশগ্ৰহণ কৰাৰ অধিকাৰ।

(চ) বৈজ্ঞানিক, সাহিত্যিক আৰু কলা সম্পৰ্কীয় উদ্ভাৱনৰ বাবে উদ্ভাৱকসকলে পার্থিৱ লাভালাভ পোৱাৰ অধিকাৰ ইত্যাদি।

প্ৰথম প্ৰজন্মৰ অধিকাৰৰ দৰে দ্বিতীয় প্ৰজন্মৰ অধিকাৰবিলাক সহজে উপভোগ কৰিব নোৱাৰি। কাৰণ অৰ্থনৈতিক আৰু সামাজিক অধিকাৰবিলাক উপভোগ কৰিবলৈ সামাজিক সমতা থাকি লাগিব। এই অধিকাৰবিলাক ইতিবাচক অধিকাৰ। ৰাষ্ট্ৰই এনে অধিকাৰবিলাক সুৰক্ষা দিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। 

11. ভাৰতীয় সংবিধানত উল্লেখ থকা সমতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ ১৪ ৰ পৰা ১৮ নং অনুচ্ছেদলৈকে সমতাৰ অধিকাৰ বিধিবদ্ধ কৰা হৈছে। এই অনুচ্ছেদ সমূহৰ জৰিয়তে ভাৰতবাসীৰ মাজত বিভিন্ন ক্ষেত্ৰত সমতা প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে। সংবিধানৰ ১৪ নং কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সীমাৰ ভিতৰত কোনো ব্যক্তিক ‘আইনৰ দৃষ্টিত সমতা’ অথবা ‘আইনসমূহৰ দ্বাৰা সমভাৱে ৰক্ষিত’ হোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। অর্থাৎ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত কাম কৰা সকলো মানুহে আইনৰ দৃষ্টিত সমান ব্যৱহাৰ পাব আৰু আইনে সকলোকে সমানে ৰক্ষণা-বেক্ষণ দিব। ইয়াত “আইনৰ দৃষ্টিত সমান ব্যৱহাৰ” আৰু “আইনৰ সমান ৰক্ষণা-বেক্ষণ” এই দুটা কথাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

“আইনৰ দৃষ্টিত সমান ব্যৱহাৰ” এই নীতিটো বৃটিছ সংবিধানত থকা আইনৰ শাসনৰ অনুকৰণ বুলিব পাৰি। ভাৰতীয় লোকৰ মাজত সমতা প্রতিষ্ঠা কৰিবলৈ আমাৰ সংবিধানতো এই নীতি সন্নিবিষ্ট কৰা হৈছে। ভাৰতবৰ্ষৰ সকলো লোককে একে আইনৰ মাধ্যমেৰে বিচাৰ কৰা হয় আৰু সমান দোষৰ বাবে সমান শাস্তি প্ৰদান কৰা হয়। অৱশ্যে বৃটেইনৰ দৰে আমাৰ দেশতো আইনৰ শাসনৰ কিছুমান ব্যতিক্রম আছে।

আইনৰ সমান ৰক্ষণা-বেক্ষণে সমানৰ মাজত সমান ব্যৱহাৰক বুজায়। অর্থাৎ সমানৰ মাজত আইনো সমানে প্রয়োগ কৰিব লাগে। উদাহৰণস্বৰূপে দুজন সমান আয়ৰ মানুহে সমানে আয়কৰ দিব লাগে। এজনৰ পৰা বেছি আয়কৰ আদায় কৰি আনজনৰ পৰা কম আয়কৰ আদায় কৰিলে দুয়োজনৰ ক্ষেত্ৰত সমানে আইন প্রয়োগ কৰা নহয়। কিন্তু এই ক্ষেত্ৰত ব্যতিক্রম নথকা নহয়। উদাহৰণস্বৰূপে কিছুমান ক্ষেত্ৰত মহিলা সকলে পুৰুষতকৈ অধিক সা-সুবিধা ভোগ কৰে।

সংবিধানত ১৪ নং অনুচ্ছেদৰ পৰিসৰ বৰ ব্যাপক, কাৰণ এই অধিকাৰ নাগৰিক আৰু বিদেশী সকলো স্তৰৰ জনসাধাৰনৰ কাৰণে সুনিশ্চিত কৰা হৈছে। ১৪ নং অনুচ্ছেদে আইনসভা আৰু শাসন। বিভাগ উভয়কে যথাক্রমে পক্ষপাতপূর্ণ আইন আৰু পক্ষপাত পুৰ্ণ প্রশাসন পৰিচালনা কৰাত বাধা প্ৰদান কৰিছে।

সংবিধানৰ ১৫ নং অনুচ্ছেদত কোৱা হৈছে যে ধর্ম, বর্ণ, জাতি, নাৰী-পুৰুষ বা জন্মস্থান গত কাৰণত ৰাষ্ট্ৰই কোনো নাগৰিকৰ প্ৰতি পৃথক আচৰণ কৰিব নোৱাৰে। এই অনুচ্ছেদৰ দ্বাৰা ভাৰতবৰ্ষত বাস কৰা বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত সমতা প্রতিষ্ঠা কৰিব বিচৰা হৈছে। আন কোনো বাধা-নিষেধ নাথাকিলে জাতি, ধর্ম, বৰ্ণ, জন্মস্থান আদিৰ ভিত্তিত কোনো নাগৰিকক দোকান-পোহাৰ, হোটেল, চিনেমা হ’ল আদিত প্রবেশ বন্ধ কৰিব নোৱাৰিব। ৰাজহুৱা অনুষ্ঠান বিলাক ব্যৱহাৰ কৰিবলৈ সকলোকে সমানে অধিকাৰ দিব লাগিব। অৱশ্যে ল’ৰা-ছোৱালী আৰু মহিলাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা কৰিব পাৰে। সেইদৰে সামাজিক ভাৱে আৰু শিক্ষাৰ ক্ষেত্ৰত পিছপৰা লোক, অনুসূচীত জাতি আৰু জনজাতিৰ লোকৰ কাৰণেও চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। চৰকাৰৰ এনে কাৰ্যক সমতাৰ অধিকাৰৰ বিৰোধী বুলি ক’ব নোৱাৰি ।

ভাৰতীয় সংবিধানৰ ১৬ নং অনুচ্ছেদ মতে চাকৰিৰ ক্ষেত্ৰত সকলোকে সমানে সুযোগ-সুবিধা দিব লাগিব। ইয়াত কোৱা হৈছে যে চৰকাৰী চাকৰি সকলো নাগৰিকৰ বাবে মুকলি থাকিব। জাতি, ধৰ্ম, বর্ণ, জন্মস্থান আদিৰ ভিত্তিত চৰকাৰী চাকৰি লোৱাৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰিব। কিন্তু পিছপৰা শ্ৰেণীৰ লোকৰ কাৰণে চৰকাৰে চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে।

বিভিন্ন জাতি-উপজাতিৰ লোকৰ মাজত যাতে উচ্চ-নীচ, ডাঙৰ সৰু আদি ভাৱ নাথাকে তাৰ কাৰণেও সংবিধানে ব্যৱস্থা গ্রহণ কৰিছে। সংবিধানৰ ১৭ নং অনুচ্ছেদমতে অস্পৃশ্যতাক বৰ্জন কৰা হৈছে। কোনো ব্যক্তিয়ে এই নীতিক অনুসৰণ কৰিলে বিধিমতে তেওঁক শাস্তি দিয়া হ’ব। ভাৰতবৰ্ষত অস্পৃশ্যতাৰ বাবে কোনো লোকক অযোগ্য বুলি ঘোষণা কৰিব নোৱাৰি। প্ৰস্তাৱনাত উল্লেখ কৰা সামাজিক ন্যায়ৰ লগত সংগতি ৰাখি সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

ভাৰতবৰ্ষত ইংৰাজৰ ৰাজত্বকালত সাম্ৰাজ্যবাদী স্বাৰ্থৰক্ষাৰ উদ্দেশ্যে চৰকাৰে কিছুমান অনুগত ব্যক্তিক উপাধি প্ৰদান কৰি জনসাধাৰণৰ মাজত বিভেদৰ সৃষ্টি কৰিছিল। চৰকাৰে কোনো ব্যক্তিক উপাধি প্ৰদান কৰা পক্ষপাতমূলক আৰু সাম্যনীতি বিৰোধী। সেয়েহে আমেৰিকাৰ সংবিধানক অনুকৰণ কৰি ভাৰতীয় সংবিধানৰ ১৮ নং অনুচ্ছেদত এইবুলি কোৱা হৈছে যে শিক্ষাগত যোগ্যতা বা সামৰিক গুণৰ পৰিচায়ক নহয় এনে কোনো উপাধি ৰাষ্ট্ৰই অৰ্পণ কৰিব নোৱাৰে। ভাৰতৰ কোনো নাগৰিকে বিদেশী ৰাষ্ট্ৰৰ পৰাও কোনো উপাধি গ্রহণ কৰিব নোৱাৰে। উপাধি গ্ৰহণ কৰাৰ ফলত সামাজিক সমতা ব্যাহত হ’ব পাৰে বুলি অনুমান কৰি এই ব্যৱস্থাক সংবিধানত সন্নিবিষ্ট কৰা হৈছে। ভাৰত চৰকাৰৰ অধীনত চাকৰি কৰা কোনো বিদেশী লোকে ৰাষ্ট্ৰপতিৰ অনুমতি বিনে আন দেশে প্ৰদান কৰা কোনো উপাধি গ্ৰহণ কৰিব নোৱাৰে। চৰকাৰী কোনো চাকৰিয়ালে ৰাষ্ট্ৰপতিৰ অনুমতি অবিহনে বিদেশৰ পৰা কোনো উপহাৰ গ্ৰহণ কৰিব নোৱাৰে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰত চৰকাৰে প্ৰতি বছৰে সমাজসেৱা আৰু বিভিন্ন বিষয়ত পাৰদৰ্শিতাৰ বাবে কিছুমান ব্যক্তিক সন্মানিত কৰে। অৱশ্যে, এইবোৰক উপাধি নহয় বুলি কোৱা হয়। এইবোৰ হৈছে সন্মানৰ প্ৰতীক। কিন্তু বহুতে এই সন্মানসূচক উপাধি প্রদানক সমতা-বিৰোধী বুলি বিবেচনা কৰে। সন্মানসূচক উপাধি সমূহ কোনেও নামৰ পিছত ব্যৱহাৰ কৰিব নোৱাৰে। সন্মানসুচক উপাধি প্রদানেও সমাজত কেতিয়াবা অসন্তোষৰ সৃষ্টি কৰিব পাৰে।

12. ভাৰতীয় সংবিধানত উল্লেখ থকা স্বাধীনতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমূহৰ ভিতৰত স্বাধীনতাৰ অধিকাৰ বৰ গুৰুত্বপূৰ্ণ। সংবিধানৰ ১৯, ২০, ২১ আৰু ২২ নং অনুচ্ছেদত এই অধিকাৰ সন্নিবিষ্ট কৰা হৈছে। ১৯ নং অনুচ্ছেদত ছয়টা স্বাধীনতাক অন্তৰ্ভুক্ত কৰা হৈছে। মুল সংবিধানত নাগৰিকক সাতোটা স্বাধীনতা প্ৰদান কৰা হৈছিল। কিন্তু ৪৪ তম সংশোধনীত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বিলোপ কৰাৰ ফলত ১৯ নং অনুচ্ছেদে দিয়। সম্পত্তি অর্জন, ৰক্ষা আৰু বেচাৰ অধিকাৰ বাদ দিয়া হৈছে। সংবিধানৰ ১৯ নং অনুচ্ছেদে নাগৰিক সকলক প্ৰদান কৰা স্বাধীনতা সমূহ হ’ল— 

১) বাক্ স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা। 

২) বিনা অস্ত্রই শান্তিপূর্ণভাৱে সমৱেত হোৱাৰ অধিকাৰ।

৩) সংস্থা গঠনৰ অধিকাৰ।

৪) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ।

৫) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ।

৬) যিকোনো বৃত্তি গ্রহণ বা ব্যৱসায় কৰাৰ অধিকাৰ।

স্বাধীনতাৰ এই অধিকাৰ সমূহ চৰম নহয়। চৰকাৰে এই অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। কিন্তু এই বাধা সমূহ যুক্তিসংগত হয় নে নহয় সেইটো ন্যায়পালিকাইহে বিচাৰ কৰিব পাৰে। কোনো আধুনিক ৰাষ্ট্ৰত নাগৰিক সকলে সীমাহীন স্বাধীনতা ভোগ কৰিব নোৱাৰে। কাৰণ, অবাধ স্বাধীনতাই ৰাষ্ট্ৰৰ আৰু সমাজৰ অনিষ্ট সাধন কৰিব পাৰে। তলত নাগৰিকৰ অধিকাৰ সমূহ বাখ্যা কৰা হ’ল—

১) বাক্-স্বাধীনতা আৰু মতামত প্ৰকাশৰ অধিকাৰক গণতান্ত্রিক সমাজ গঠনৰ বাবে অপৰিহাৰ্য বুলি বিবেচনা কৰা হয়। ভাৰতীয় নাগৰিক সকলৰ বাবে এই অধিকাৰটো বৰ গুৰুত্বপুর্ণ। ভাৰতীয় নাগৰিক সকলে তেওঁলোকৰ মতামত লিখিত বা মৌখিক ভাৱে প্ৰকাশ কৰিব পাৰে। ভাৰতীয় সংবিধানে নাগৰিকৰ বাক্-স্বাধীনতা আৰু মতামত প্ৰকাশৰ অধিকাৰৰ ওপৰত কিছুমান যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিছে। ৰাষ্ট্ৰই সাধাৰণ অৱস্থাতো তলত দিয়া উদ্দেশ্যে, বাক-স্বাধীনতা আৰু মতামত প্ৰকাশৰ স্বাধীনতা নিয়ন্ত্ৰণ বা খৰ্ব কৰিব পাৰে- 

ক) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু সংহতি ৰক্ষা।

খ) ৰাষ্ট্ৰীয় নিরাপত্তা ৰক্ষা।

গ) বৈদেশিক ৰাষ্ট্ৰৰ সৈতে মৈত্রীবন্ধন সংৰক্ষণ কৰা।

ঘ) দেশত শান্তি-শৃংখলা ৰক্ষা কৰা।

ঙ) শ্লীলতা বা সদাচাৰ।

চ) আদালত অৱমাননা প্ৰতিৰোধ কৰা।

ছ) মানহানি প্ৰতিৰোধ কৰা।

জ) অপৰাধমুলক কামত প্ৰৰোচনা বন্ধ কৰা।

২) ভাৰতীয় নাগৰিকৰ সমবেত হোৱাৰ অধিকাৰে সংবিধানত স্বীকৃতি লাভ কৰিছে। কিন্তু নাগৰিক সকলে পাঁচোটা চৰ্তৰ ভিত্তিত এই অধিকাৰ ভোগ কৰিব পাৰে। সেই চৰ্ত সমূহ হ’ল—

ক) সভা-সমাৱেশ শান্তিপুর্ণ ভাৱে অনুষ্ঠিত হ’ব।

খ) নাগৰিকসকলে নিৰস্ত্ৰভাৱে সভা-সমাৱেশত সমৱেত হ’ব।

গ) জন-শৃংখলাৰ প্ৰয়োজনত যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰা হ’ব।

ঘ) ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা হ’ব। আৰু

ঙ) জাতীয় সংহতিৰ প্ৰয়োজনত এই অধিকাৰৰ ওপৰত বাধা আৰোপ কৰা হ’ব।

৩) ভাৰতীয় নাগৰিক সকলৰ সংস্থা আৰু সমিতি গঠনৰ অধিকাৰ আছে। কিন্তু নাগৰিকৰ এই অধিকাৰটো অবাধ নহয়। বিশৃংখলা সৃষ্টিকাৰী, নীতি-বিগর্হিত উদ্দেশ্যে গঠিত বা ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘিনকাৰী সংস্থা বা সমিতি সমূহৰ ওপৰত ৰাষ্ট্ৰই যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।

৪) ভাৰতবৰ্ষৰ সকলো ঠাইত স্বাধীনভাৱে যাতায়ত কৰাৰ অধিকাৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ। কিন্তু জনস্বাৰ্থ আৰু অনুসুচীত উপজাতিবিলাকৰ স্বাৰ্থ ৰক্ষাৰ্থে ৰাষ্ট্ৰই এই অধিকাৰৰ ওপৰত বাধা আৰোপ কৰিব পাৰে।

৫) প্ৰতিজন ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস কৰিব পাৰে। কিন্তু এই অধিকাৰো চৰম নহয়। জনস্বার্থ আৰু অনুসূচীত উপজাতিবিলাকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ চৰকাৰে এই বিলাকৰ ওপৰত বাধা-নিষেধ আৰোপ কৰিব পাৰে।

৬) ভাৰতীয় সংবিধানে নাগৰিকসকলক যিকোনো বৃত্তি, পেচা বা ব্যৱসায় কৰিবলৈ অধিকাৰ দিছে। কিন্তু জনস্বাৰ্থ ৰক্ষাৰ প্ৰয়োজনত ৰাষ্ট্ৰই এই অধিকাৰৰ ওপৰত যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিব পাৰে। ৰাষ্ট্ৰই বিভিন্ন বৃত্তিৰ ক্ষেত্ৰত কৰ্মী সকলৰ যোগ্যতা নিৰ্দ্ধাৰণ কৰিব পাৰে।

স্বাধীনতাৰ অধিকাৰৰ ভিতৰত নাগৰিকৰ অন্যান্য কিছুমান স্বাধীনতাও আছে। সংবিধানৰ ২০ নং অনুচ্ছেদে জনসাধাৰণক কিছুমান ক্ষেত্ৰত ৰক্ষণা-বেক্ষণ দিছে। এই অনুচ্ছেদৰ জৰিয়তে জনসাধাৰণক তিনিটা বিষয়ত ৰক্ষণা-বেক্ষণ দিছে। তলত সেইবোৰ উল্লেখ কৰা হ’ল—

ক) কোনো ব্যক্তিক আইন অমান্য কৰাৰ বাহিৰে আন কাৰণত আটক কৰিব নোৱাৰিব আৰু আইন অমান্য কৰাৰ সময়ত যি শাস্তিৰ ব্যৱস্থা আছে, তাতকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব।

খ) কোনো ব্যক্তিক একে দোষতে এবাৰকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব।

গ) কোনো ব্যক্তিক তেওঁৰ নিজৰ বিৰুদ্ধে সাক্ষ্যদান কৰিবলৈ বাধা কৰাব নোৱাৰিব।

ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে আইনে নিৰ্ধাৰণ কৰা ব্যৱস্থাৰ বাহিৰে আন উপায়ে কোনো লোকক তেওঁৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। এই অনুচ্ছেদে কার্যপালিকাৰ ক্ষমতাক সীমিত কৰিছে।

সংবিধানৰ ২২ নং অনুচ্ছেদত উল্লেখ কৰা আছে যে কোনো লোকক আটক কৰিলে তেওঁক আটক কৰাৰ কাৰণ জনাব লাগিব আৰু ২৪ ঘণ্টাৰ ভিতৰত (আটক কৰা ঠাইৰ পৰা বিচাৰকৰ ওচৰলৈ যোৱাৰ কাৰণে দৰকাৰী সময় বাদ দি) কোনো বিচাৰকৰ ওচৰত হাজিৰ কৰাব লাগিব আৰু বিচাৰকৰ অনুমতি সাপেক্ষেহে অধিককাল আটক কৰি ৰাখিব পাৰিব। জনসাধাৰণে যাতে বিনা দোষত কষ্ট ভোগ কৰিব নালাগে তাৰ বাবে সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু নিবাৰক নিৰোধৰ নিচিনা আইন প্রয়োগ কৰি কোনো ব্যক্তিক আটক কৰিলে তাৰ ব্যতিক্ৰম হ’ব পাৰে।

ওপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে ভাৰতীয় সংবিধানৰ ১৯(১) নং অনুচ্ছেদে এফালে যেনেকৈ নাগৰিকসকলক কিছুমান গুৰুত্বপূৰ্ণ অধিকাৰ প্ৰদান কৰিছে, আনহাতে তেনেকৈ ১৯ নং অনুচ্ছেদ ২-৬ ধাৰা সমূহে অধিকাৰ সমূহৰ ওপৰত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ আৰোপৰ ব্যৱস্থা কৰিছে। এইদৰে ভাৰতীয় সংবিধানে ব্যক্তি স্বাধীনতা আৰু সামাজিক নিয়ন্ত্ৰণৰ মাজত ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰিছে। নাগৰিকে চৰম বা অ-নিয়ন্ত্রিত ক্ষমতা ভোগ কৰিব নোৱাৰে। কাৰণ এনে ধৰণৰ স্বাধীনতাই দেশত অৰাজকতা অৰু বিশৃংখলাৰ সৃষ্টি কৰিব পাৰে।

ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিলে সংবিধানৰ ১৯ নং অনুচ্ছেদ স্থগিত থাকিব, অর্থাৎ জৰুৰী অৱস্থাৰ কালছোৱাত নাগৰিকৰ স্বাধীনতাৰ অধিকাৰ ভংগ হলেও আদালতৰ ওচৰত কোনেও বিচাৰ প্ৰাৰ্থনা কৰিব নোৱাৰে। জাতিৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ বাবে সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

13. ভাৰতীয় সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ ভাৰতীয় সংবিধানৰ তৃতীয় অংশত নাগৰিক সকলৰ মৌলিক অধিকাৰ সমূহ লিপিবদ্ধ কৰা হৈছে। সংবিধানৰ ১২ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে এই মৌলিক অধিকাৰ সমূহক বৰ্ণনা কৰা হৈছে। মূল সংবিধানত নাগৰিকৰ অধিকাৰ সমূহক সাতটা ভাগত ভাগ কৰা হৈছিল। কিন্তু সংবিধানৰ ৪৪ তম সংশোধনী আইনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ বাতিল কৰা হৈছে। এতিয়া নাগৰিকৰ ছয়বিধ মৌলিক অধিকাৰ আছে। অর্থাৎ সম্পত্তিৰ অধিকাৰ এতিয়া মৌলিক অধিকাৰ নহয়। বৰ্তমান সম্পত্তিৰ অধিকাৰ ভাৰতীয় নাগৰিক সকলৰ এটা সাধাৰণ অধিকাৰ। ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমূহ হ’ল—

১) সমতাৰ অধিকাৰ।

২) স্বাধীনতাৰ অধিকাৰ।

৩) শোষণৰ বিৰুদ্ধে অধিকাৰ।

৪) ধৰ্মীয় অধিকাৰ।

৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ। আৰু

৬) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ ।

প্রত্যেকজন ভাৰতীয় নাগৰিকে এই ছয়বিধ মৌলিক অধিকাৰ ভোগ কৰিব পাৰে। ভাৰতীয় নাগৰিক সকলৰ এই অধিকাৰ আমাৰ দেশৰ গণতন্ত্ৰৰ কৃতকার্যতাৰ বাবে একান্ত প্রয়োজন। নাগৰিকৰ মৌলিক অধিকাৰৰ স্বীকৃতিক ভাৰতীয় সংবিধানৰ এক বিশেষ অৱদান বুলি ক’ব পাৰি। তলত ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমূহ আলোচনা কৰা হ’ল—

১) সমতাৰ অধিকাৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ ১৪ ৰ পৰা ১৮ নং অনুচ্ছেদলৈকে সমতাৰ অধিকাৰ বিধিবদ্ধ কৰা হৈছে। এই অনুচ্ছেদ সমূহৰ জৰিয়তে ভাৰতবাসীৰ মাজত বিভিন্ন ক্ষেত্ৰত সমতা প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে। সংবিধানৰ ১৪ নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সীমাৰ ভিতৰত কোনো ব্যক্তিক ‘আইনৰ দৃষ্টিত সমতা’ অথবা ‘আইনসমূহৰ দ্বাৰা সমভাৱে ৰক্ষিত’ হোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। অর্থাৎ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত কাম কৰা সকলো মানুহে আইনৰ দৃষ্টিত সমান ব্যৱহাৰ পাব আৰু আইনে সকলোকে সমানে ৰক্ষণা-বেক্ষণ দিব। ইয়াত “আইনৰ দৃষ্টিত সমান ব্যৱহাৰ” আৰু “আইনৰ সমান ৰক্ষণা বেক্ষণ” এই দুটা কথাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

“আইনৰ দৃষ্টিত সমান ব্যৱহাৰ” এই নীতিটো বৃটিছ সংবিধানত থকা আইনৰ শাসনৰ অনুকৰণ বুলিব পাৰি। ভাৰতীয় লোকৰ মাজত সমতা প্রতিষ্ঠা কৰিবলৈ আমাৰ সংবিধানতো এই সন্নিবিষ্ট কৰা হৈছে। ভাৰতবৰ্ষৰ সকলো লোককে একে আইনৰ মাধ্যমেৰে বিচাৰ কৰা হয় আৰু সমান দোষৰ বাবে সমান শাস্তি প্ৰদান কৰা হয়। অৱশ্যে বৃটেইনৰ দৰে আমাৰ দেশতো আইনৰ শাসনৰ কিছুমান ব্যতিক্রম আছে।

আইনৰ সমান ৰক্ষণা-বেক্ষণে সমানৰ মাজত সমান ব্যৱহাৰক বুজায়। অর্থাৎ সমানৰ মাজত আইনো সমানে প্রয়োগ কৰিব লাগে। উদাহৰণস্বৰূপে দুজন সমান আয়ৰ মানুহে সমানে আয়কৰ দিব লাগে। এজনৰ পৰা বেছি আয়কৰ আদায় কৰি আনজনৰ পৰা কম আয়কৰ আদায় কৰিলে দুয়োজনৰ ক্ষেত্ৰত সমানে আইন প্রয়োগ কৰা নহয়। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম নথকা নহয়। উদাহৰণস্বৰূপে কিছুমান ক্ষেত্ৰত মহিলা সকলে পুৰুষতকৈ অধিক সা-সুবিধা ভোগ কৰে।

সংবিধানত ১৪ নং অনুচ্ছেদৰ পৰিসৰ বৰ ব্যাপক, কাৰণ এই অধিকাৰ নাগৰিক আৰু বিদেশী সকলো স্তৰৰ জনসাধাৰনৰ কাৰণে সুনিশ্চিত কৰা হৈছে। ১৪ নং অনুচ্ছেদে আইনসভা আৰু শাসন রিভাগ উভয়কে যথাক্রমে পক্ষপাতপূর্ণ আইন আৰু পক্ষপাত পুৰ্ণ প্রশাসন পৰিচালনা কৰাত বাধা প্ৰদান কৰিছে।

সংবিধানৰ ১৫ নং অনুচ্ছেদত কোৱা হৈছে যে ধর্ম, বর্ণ, জাতি, নাৰী-পুৰুষ বা জন্মস্থান গত কাৰণত ৰাষ্ট্ৰই কোনো নাগৰিকৰ প্ৰতি পৃথক আচৰণ কৰিব নোৱাৰে। এই অনুচ্ছেদৰ দ্বাৰা ভাৰতবৰ্ষত বাস কৰা বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত সমতা প্রতিষ্ঠা কৰিব হৈছে। আন কোনো বাধা-নিষেধ নাথাকিলে জাতি, ধর্ম, বৰ্ণ, জন্মস্থান আদিৰ ভিত্তিত কোনো নাগৰিকক দোকান-পোহাৰ, হোটেল, চিনেমা হ’ল আদিত প্রবেশ বন্ধ কৰিব নোৱাৰিব। ৰাজহুৱা অনুষ্ঠান বিলাক ব্যৱহাৰ কৰিবলৈ সকলোকে সমানে অধিকাৰ দিব লাগিব। অৱশ্যে ল’ৰা-ছোৱালী আৰু মহিলাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা কৰিব পাৰে। সেইদৰে সামাজিক ভাৱে আৰু শিক্ষাৰ ক্ষেত্ৰত পিছপৰা লোক, অনুসূচীত জাতি আৰু জনজাতিৰ লোকৰ কাৰণেও চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। চৰকাৰৰ এনে কাৰ্যক সমতাৰ অধিকাৰৰ বিৰোধী বুলি ক’ব নোৱাৰি।

ভাৰতীয় সংবিধানৰ ১৬ নং অনুচ্ছেদ মতে চাকৰিৰ ক্ষেত্ৰত সকলোকে সমানে সুযোগ-সুবিধা দিব লাগিব। ইয়াত কোৱা হৈছে যে চৰকাৰী চাকৰি সকলো নাগৰিকৰ বাবে মুকলি থাকিব। জাতি, ধৰ্ম, বর্ণ, জন্মস্থান আদিৰ ভিত্তিত চৰকাৰী চাকৰি লোৱাৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰিব। কিন্তু পিছপৰা শ্ৰেণীৰ লোকৰ কাৰণে চৰকাৰে চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে।

বিভিন্ন জাতি-উপজাতিৰ লোকৰ মাজত যাতে উচ্চ-নীচ, ডাঙৰ সৰু আদি ভাৱ নাথাকে তাৰ কাৰণেও সংবিধানে ব্যৱস্থা গ্রহণ কৰিছে। সংবিধানৰ ১৭ নং অনুচ্ছেদমতে অস্পৃশ্যতাক বৰ্জন কৰা হৈছে। কোনো ব্যক্তিয়ে এই নীতিক অনুসৰণ কৰিলে বিধিমতে তেওঁক শাস্তি দিয়া হ’ব। ভাৰতবৰ্ষত অস্পৃশ্যতাৰ বাবে কোনো লোকক অযোগ্য বুলি ঘোষণা কৰিব নোৱাৰি। প্ৰস্তাৱনাত উল্লেখ কৰা সামাজিক ন্যায়ৰ লগত সংগতি ৰাখি সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

ভাৰতবৰ্ষত ইংৰাজৰ ৰাজত্বকালত সাম্ৰাজ্যবাদী স্বাৰ্থৰক্ষাৰ উদ্দেশ্যে চৰকাৰে কিছুমান অনুগত ব্যক্তিক উপাধি প্ৰদান কৰি জনসাধাৰণৰ মাজত বিভেদৰ সৃষ্টি কৰিছিল। চৰকাৰে কোনো ব্যক্তিক উপাধি প্ৰদান কৰা পক্ষপাতমূলক আৰু সাম্যনীতি বিৰোধী। সেয়েহে আমেৰিকাৰ সংবিধানক অনুকৰণ কৰি ভাৰতীয় সংবিধানৰ ১৮ নং অনুচ্ছেদত এইবুলি কোৱা হৈছে যে শিক্ষাগত যোগ্যতা বা সামৰিক গুণৰ পৰিচায়ক নহয় এনে কোনো উপাধি ৰাষ্ট্ৰই অৰ্পণ কৰিব নোৱাৰে। ভাৰতৰ কোনো নাগৰিকে বিদেশী ৰাষ্ট্ৰৰ পৰাও কোনো উপাধি গ্রহণ কৰিব নোৱাৰে। উপাধি গ্ৰহণ কৰাৰ ফলত সামাজিক সমতা ব্যাহত হ’ব পাৰে বুলি অনুমান কৰি এই ব্যৱস্থাক সংবিধানত সন্নিবিষ্ট কৰা হৈছে। ভাৰত চৰকাৰৰ অধীনত চাকৰি কৰা কোনো বিদেশী লোকে ৰাষ্ট্ৰপতিৰ অনুমতি বিনে আন দেশে প্ৰদান কৰা কোনো উপাধি গ্রহণ কৰিব নোৱাৰে। চৰকাৰী কোনো চাকৰিয়ালে ৰাষ্ট্ৰপতিৰ অনুমতি অবিহনে বিদেশৰ পৰা কোনো উপহাৰ গ্ৰহণ কৰিব নোৱাৰে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰত চৰকাৰে প্ৰতি বছৰে সমাজসেৱা আৰু বিভিন্ন বিষয়ত পাৰদৰ্শিতাৰ বাবে কিছুমান ব্যক্তিক সন্মানিত কৰে। অৱশ্যে, এইবোৰক উপাধি নহয় বুলি কোৱা হয়। এইবোৰ হৈছে সন্মানৰ প্ৰতীক। কিন্তু বহুতে এই সন্মানসূচক উপাধি প্রদানক সমতা-বিৰোধী বুলি বিবেচনা কৰে। সন্মানসূচক উপাধি সমূহ কোনেও নামৰ পিছত ব্যৱহাৰ কৰিব নোৱাৰে। সন্মানসুচক উপাধি প্রদানেও সমাজত কেতিয়াবা অসন্তোষৰ সৃষ্টি কৰিব পাৰে।

২) স্বাধীনতাৰ অধিকাৰঃ ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমূহৰ ভিতৰত স্বাধীনতাৰ অধিকাৰ বৰ গুৰুত্বপূৰ্ণ। ১৯, ২০, ২১ আৰু ২২ নং অনুচ্ছেদত এই অধিকাৰ সন্নিবিষ্ট কৰা হৈছে। ১৯ নং অনুচ্ছেদত ছয়টা স্বাধীনতাক অন্তর্ভুক্ত কৰা হৈছে। মুল সংবিধানত নাগৰিকক সাতোটা স্বাধীনতা প্রদান কৰা হৈছিল। কিন্তু ৪৪ তম সংশোধনীত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বিলোপ কৰাৰ ফলত ১৯ নং অনুচ্ছেদে দিয়া সম্পত্তি অর্জন, ৰক্ষা আৰু বেচাৰ অধিকাৰ বাদ দিয়া হৈছে। সংবিধানৰ ১৯ নং অনুচ্ছেদে নাগৰিক সকলক প্ৰদান কৰা স্বাধীনতা সমূহ হ’ল—

১) বাক্ স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা।

২) বিনা অস্ত্রই শান্তিপুর্ণভাৱে সমৱেত হোৱাৰ অধিকাৰ।

৩) সংস্থা গঠনৰ অধিকাৰ।

৪) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ।

৫) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ।

৬) যিকোনো বৃত্তি গ্রহণ বা ব্যৱসায় কৰাৰ অধিকাৰ।

স্বাধীনতাৰ এই অধিকাৰ সমূহ চৰম নহয়। চৰকাৰে এই অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। কিন্তু এই বাধা সমূহ যুক্তিসংগত হয় নে নহয় সেইটো ন্যায়পালিকাইহে বিচাৰ কৰিব পাৰে। কোনো আধুনিক ৰাষ্ট্ৰত নাগৰিক সকলে সীমাহীন স্বাধীনতা ভোগ কৰিব নোৱাৰে। কাৰণ, অবাধ স্বাধীনতাই ৰাষ্ট্ৰৰ আৰু সমাজৰ অনিষ্ট সাধন কৰিব পাৰে। তলত নাগৰিকৰ অধিকাৰ সমূহ বাখ্যা কৰা হ’ল—

১) বাক্-স্বাধীনতা আৰু মতামত প্ৰকাশৰ অধিকাৰক গণতান্ত্রিক সমাজ গঠনৰ বাবে অপৰিহাৰ্য বুলি বিবেচনা কৰা হয়। ভাৰতীয় নাগৰিক সকলৰ বাবে এই অধিকাৰটো বৰ গুৰুত্বপূৰ্ণ। ভাৰতীয় নাগৰিক সকলে তেওঁলোকৰ মতামত লিখিত বা মৌখিক ভাবে প্ৰকাশ কৰিব পাৰে। ভাৰতীয় সংবিধানে নাগৰিকৰ বাক-স্বাধীনতা আৰু মতামত প্ৰকাশৰ অধিকাৰৰ ওপৰত কিছুমান যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিছে। ৰাষ্ট্ৰই সাধাৰণ অৱস্থাতো তলত দিয়া উদ্দেশ্যে, বাক-স্বাধীনতা আৰু মতামত প্ৰকাশৰ স্বাধীনতা নিয়ন্ত্রণ বা খৰ্ব কৰিব পাৰে —

ক) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু সংহতি ৰক্ষা।

খ) ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা।

গ) বৈদেশিক ৰাষ্ট্ৰৰ সৈতে মৈত্রীবন্ধন সংৰক্ষণ কৰা।

ঘ) দেশত শান্তি-শৃংখলা ৰক্ষা কৰা।

ঙ) শ্লীলতা বা সদাচাৰ।

চ) আদালত অৱমাননা প্ৰতিৰোধ কৰা

ছ) মানহানি প্ৰতিৰোধ কৰা;

জ) অপৰাধমূলক কামত প্ৰৰোচনা বন্ধ কৰা।

২) ভাৰতীয় নাগৰিকৰ সমবেত হোৱাৰ অধিকাৰে সংবিধানত স্বীকৃতি লাভ কৰিছে। কিন্তু নাগৰিক সকলে পাঁচোটা চৰ্তৰ ভিত্তিত এই অধিকাৰ ভোগ কৰিব পাৰে। সেই চৰ্ত সমূহ হ’ল—

ক) সভা-সমাবেশ শান্তিপুর্ণ ভাৱে অনুষ্ঠিত হ’ব;

খ) নাগৰিকসকলে নিৰস্ত্ৰভাৱে সভা-সমাৱেশত সমৱেত হ’ব; 

গ) জন-শৃংখলাৰ প্ৰয়োজনত যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰা হ’ব।

ঘ) ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা হ’ব। আৰু

ঙ) জাতীয় সংহতিৰ প্ৰয়োজনত এই অধিকাৰৰ ওপৰত বাধা আৰোপ কৰা হ’ব।

৩) ভাৰতীয় নাগৰিক সকলৰ সংস্থা আৰু সমিতি গঠনৰ অধিকাৰ আছে। কিন্তু নাগৰিকৰ এই অধিকাৰটো অবাধ নহয়। বিশৃংখলা সৃষ্টিকাৰী, নীতি-বিগর্হিত উদ্দেশ্যে গঠিত বা ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘিনকাৰী সংস্থা বা সমিতি সমূহৰ ওপৰত ৰাষ্ট্ৰই যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।

৪) ভাৰতবৰ্ষৰ সকলো ঠাইত স্বাধীনভাৱে যাতায়ত কৰাৰ অধিকাৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ। কিন্তু জনস্বাৰ্থ আৰু অনুসুচীত উপজাতিবিলাকৰ স্বাৰ্থ ৰক্ষাৰ্থে ৰাষ্ট্ৰই এই অধিকাৰৰ ওপৰত বাধা আৰোপ কৰিব পাৰে।

৫) প্ৰতিজন ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস কৰিব পাৰে। কিন্তু এই অধিকাৰো চৰম নহয়। জনস্বার্থ আৰু অনুসূচীত উপজাতিবিলাকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ চৰকাৰে এই বিলাকৰ ওপৰত বাধা-নিষেধ আৰোপ কৰিব পাৰে।

৬) ভাৰতীয় সংবিধানে নাগৰিকসকলক যিকোনো বৃত্তি, পেচা বা ব্যৱসায় কৰিবলৈ অধিকাৰ দিছে। কিন্তু জনস্বাৰ্থ ৰক্ষাৰ প্ৰয়োজনত ৰাষ্ট্ৰই এই অধিকাৰৰ ওপৰত যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিব পাৰে। ৰাষ্ট্ৰই বিভিন্ন বৃত্তিৰ ক্ষেত্ৰত কৰ্মী সকলৰ যোগ্যতা নিৰ্দ্ধাৰণ কৰিব পাৰে।

স্বাধীনতাৰ অধিকাৰৰ ভিতৰত নাগৰিকৰ অন্যান্য কিছুমান স্বাধীনতাও আছে। সংবিধানৰ ২০ নং অনুচ্ছেদে জনসাধাৰণক কিছুমান ক্ষেত্ৰত ৰক্ষণা-বেক্ষণ দিছে। এই অনুচ্ছেদৰ জৰিয়তে জনসাধাৰণক তিনিটা বিষয়ত ৰক্ষণা-বেক্ষণ দিছে। তলত সেইবোৰ উল্লেখ কৰা হ’ল—

ক) কোনো ব্যক্তিক আইন অমান্য কৰাৰ বাহিৰে আন কাৰণত আটক কৰিব নোৱাৰিব আৰু আইন অমান্য কৰাৰ সময়ত যি শাস্তিৰ ব্যৱস্থা আছে, তাতকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব।

খ) কোনো ব্যক্তিক একে দোষতে এবাৰকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব ।

গ) কোনো ব্যক্তিক তেওঁৰ নিজৰ বিৰুদ্ধে সাক্ষ্যদান কৰিবলৈ বাধ্য কৰাব নোৱাৰিব।

ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে আইনে নিৰ্ধাৰণ কৰা ব্যৱস্থাৰ বাহিৰে আন উপায়ে কোনো লোকক তেওঁৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। এই অনুচ্ছেদে কাৰ্যপালিকাৰ ক্ষমতাক সীমিত কৰিছে।

সংবিধানৰ ২২ নং অনুচ্ছেদত উল্লেখ কৰা আছে যে কোনো লোকক আটক কৰিলে তেওঁক আটক কৰাৰ কাৰণ জনাব লাগিব আৰু ২৪ ঘণ্টাৰ ভিতৰত (আটক কৰা ঠাইৰ পৰা বিচাৰকৰ ওচৰলৈ যোৱাৰ কাৰণে দৰকাৰী সময় বাদ দি) কোনো বিচাৰকৰ ওচৰত হাজিৰ কৰাব লাগিব আৰু বিচাৰকৰ অনুমতি সাপেক্ষেহে অধিককাল আটক কৰি ৰাখিব পাৰিব। জনসাধাৰণে যাতে বিনা দোষত কষ্ট ভোগ কৰিব নালাগে তাৰ বাবে সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু নিবাৰক নিৰোধৰ নিচিনা আইন প্রয়োগ কৰি কোনো ব্যক্তিক আটক কৰিলে তাৰ ব্যতিক্ৰম হ’ব পাৰে।

ওপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে ভাৰতীয় সংবিধানৰ ১৯(১) নং অনুচ্ছেদে এফালে যেনেকৈ নাগৰিকসকলক কিছুমান গুৰুত্বপূৰ্ণ অধিকাৰ প্ৰদান কৰিছে, আনহাতে তেনেকৈ ১৯ নং অনুচ্ছেদৰ ২-৬ ধাৰা সমূহে অধিকাৰ সমূহৰ ওপৰত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ আৰোপৰ ব্যৱস্থা কৰিছে। এইদৰে ভাৰতীয় সংবিধানে ব্যক্তি স্বাধীনতা আৰু সামাজিক নিয়ন্ত্ৰণৰ মাজত ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰিছে। নাগৰিকে চৰম বা অ-নিয়ন্ত্রিত ক্ষমতা ভোগ কৰিব নোৱাৰে। কাৰণ এনে ধৰণৰ স্বাধীনতাই দেশত অৰাজকতা অৰু বিশৃংখলাৰ সৃষ্টি কৰিব পাৰে।

ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিলে সংবিধানৰ ১৯ নং অনুচ্ছেদ স্থগিত থাকিব, অর্থাৎ জৰুৰী অৱস্থাৰ কালছোৱাত নাগৰিকৰ স্বাধীনতাৰ অধিকাৰ ভংগ হলেও আদালতৰ ওচৰত কোনেও বিচাৰ প্ৰাৰ্থনা কৰিব নোৱাৰে। জাতিৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ বাবে সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

৩) শোষণৰ বিৰুদ্ধে অধিকাৰঃ সংবিধানৰ ২৩ আৰু ২৪ নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে প্ৰদান কৰা অধিকাৰক মৌলিক অধিকাৰ হিচাপে সুনিশ্চিত কৰা হৈছে। ভাৰতবৰ্ষৰ সমাজৰ দুৰ্বল শ্ৰেণীৰ মানুহৰ ওপৰত বহুতো দিন ধৰি সামন্তবাদী ধাৰা চলি আহিছে বাবে সংবিধানৰ ২৩ নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ লিপিবদ্ধ কৰা হৈছে। ইয়াত কোৱা হৈছে যে মানুহক বেচা-কিনা, বিনা পাৰিশ্রমিকত ‘বেগাৰ খটোৱা’ বা জোৰ কৰি কাম কৰোৱা বে-আইনী। কোনোবাই এনেদৰে কৰিলে তেওঁক শাস্তি বিধান কৰা হ’ব। কিন্তু ৰাষ্ট্ৰই জনস্বাৰ্থ ৰক্ষাৰ কাৰণে বাধ্যতামুলক শ্রম দানৰ ব্যৱস্থা কৰিব পাৰে।

ভাৰতবৰ্ষৰ কল-কাৰখানা সমূহত আর্থিক লাভৰ বাবে মানুহক নানা ভাৱে শোষণ কৰা হয়। সংবিধানৰ ২৪ নং অনুচ্ছেদত ইয়াক বে-আইনী বুলি ঘোষণা কৰা হৈছে। সংবিধানৰ এই অনুচ্ছেদ মতে ১৪ বছৰৰ তলৰ ল’ৰা-ছোৱালীক কাৰখানা, খনি, বা আন কোনো বিপদজনক কামত নিয়োগ কৰিব নোৱাৰিব।

সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক যাতে কোনেও শোষণ কৰিব নোৱাৰে তাৰ বাবে ভাৰতীয় সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতবৰ্ষৰ জনসাধাৰণ সজাগ হলেহে আমাৰ দেশৰ পৰা এই কু প্রথা সমূহ নোহোৱা হ’ব। আমাৰ দেশত যে এতিয়া কোনো ধৰণৰ শোষণ নাই, সেইটো কোনেও দাবী কৰিব নোৱাৰে।

৪) ধৰ্মৰ অধিকাৰ : ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখযোগ্য ধর্মীয় স্বাধীনতাৰ সৈতে সংগতি ৰাখি ধৰ্মীয় বিষয়ত ভাৰতবৰ্ষৰ জনসাধাৰণক কিছুমান স্বাধীনতা প্ৰদান কৰা হৈছে। সংবিধানৰ ২৫, ২৬, ২৭ আৰু ২৮ নং অনুচ্ছেদত ধৰ্মীয় অধিকাৰ সন্নিবিষ্ট কৰা হৈছে।

ক) সংবিধানৰ ২৫ নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষত বাস কৰা সকলো মানুহে নিজৰ অভিৰুচি মতে যিকোনো ধর্ম গ্রহণ, ধর্ম চর্চা, আৰু ধৰ্ম প্ৰচাৰ কৰিব পাৰে, কিন্তু এই অধিকাৰ অবাধ নহয়। আইন শৃংখলা, নৈতিকতা আৰু জনস্বাস্থ্যৰ কাৰণে ৰাষ্ট্ৰই এই অধিকাৰৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

খ) ২৬ নং অনুচ্ছেদ মতে ভাৰতীয় নাগৰিক সকলে ধৰ্মীয় অনুষ্ঠান আদি প্ৰতিষ্ঠা কৰিব পাৰে, স্থাৱৰ-অস্থাৱৰ সম্পত্তি অধিগ্রহণ কৰিব পাৰে আৰু বিধিমতে সেই সম্পত্তিৰ ব্যৱহাৰ কৰিব পাৰে।

গ) সংবিধানৰ ২৭ নং অনুচ্ছেদে ধৰ্মৰ নামত বা ধৰ্মীয় অনুষ্ঠানৰ হয় খৰচৰ বাবে বাধ্যতামুলক ভাৱে ৰাজহ তথা কৰ সংগ্ৰহ বন্ধ কৰিছে।

ঘ) ভাৰতীয় সংবিধানৰ ২৮ নং অনুচ্ছেদ মতে চৰকাৰী অৰ্থৰ দ্বাৰা পৰিচালিত কোনো শিক্ষা অনুষ্ঠানত ধৰ্মীয় শিক্ষা দিয়া বন্ধ কৰা হৈছে। চৰকাৰী স্বীকৃতি প্রাপ্ত নাইবা চৰকাৰী সাহায্য পোৱা কোনো শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষাদানৰ ব্যৱস্থা থাকিলেও সেই অনুষ্ঠানত ভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰী নাইবা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ অনুমতি বিনে কোনো ছাত্র-ছাত্রীক ধর্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰি। এতেকে দেখা গ’ল যে ভাৰতবৰ্ষৰ নাগৰিক সকলৰ বিভিন্ন ধৰণৰ অধিকাৰ আছে। এইবোৰ ব্যৱস্থা থকাৰ পৰা সহজে অনুমান কৰিব পাৰি যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ। ধৰ্মৰ ভিত্তিত ইয়াত মানুহৰ মাজত কোনো ধৰণৰ বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰি।

৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ : ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াত বিভিন্ন সম্প্ৰদায়ৰ মানুহ বাস কৰে, যিবিলাকৰ ভাষা, কৃষ্টি, সংস্কৃতি আদি বেলেগ বেলেগ। সেইকাৰণে সকলো মানুহৰ ভাষা, সংস্কৃতি আৰু কৃষ্টি যাতে সুৰক্ষিত থাকে তাৰ বাবে সংবিধানে ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতবৰ্ষৰ সংবিধানত ভাষা, ধৰ্ম, আৰু সংস্কৃতিগত সংখ্যালঘু সম্প্ৰদায়ৰ কাৰণে শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰক সুনিশ্চিত কৰা হৈছে।

সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ বিধিবদ্ধ কৰা হৈছে। ২৯ নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতবৰ্ষৰ সকলো নাগৰিকে নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰিব। ইয়াৰ ফলত কোনো সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আনৰ ভাষা সংস্কৃতি জাপি দিব নোৱাৰি। চৰকাৰী ধন নাইবা অনুদানেৰে প্ৰতিষ্ঠা কৰা সকলো বোৰ শিক্ষানুষ্ঠানতে জাতি ধর্ম-ভাষা-বর্ণ নির্বিশেষে সকলো ছাত্রই ভৰ্তি হোৱাৰ সুযোগ লাভ কৰিব।

সংবিধানৰ ৩০ নং অনুচ্ছেদৰ জৰিয়তে সংখ্যালঘিষ্ঠ সকলো শ্ৰেণীৰ লোকক শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰাৰ অধিকাৰ দিয়া হৈছে। ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু শ্ৰেণীৰ লোকে নিজৰ ৰুচি অনুযায়ী শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰিব। শিক্ষানুষ্ঠান সমূহক অনুদান দিয়াৰ সময়ত ভাষা বা ধৰ্মৰ ভিত্তিত চৰকাৰে বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰিব। ভাৰতবৰ্ষৰ সকলো মানুহে যাতে নিজৰ নিজৰ ভাষা সংস্কৃতি বজায় ৰাখিব পাৰে আৰু শিক্ষালাভৰ সুবিধা পাব পাৰে, তাৰ ব্যৱস্থা কৰিবলৈ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ প্ৰদান কৰা হৈছে। শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক অধিক উজ্জ্বল কৰিছে।

৬) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ : সংবিধানত মৌলিক অধিকাৰৰ ব্যৱস্থা থাকিলেই যথেষ্ট নহয়, নাগৰিক সকলে যাতে সেই অধিকাৰ ভোগ কৰিব পাৰে আৰু নাগৰিক অধিকাৰৰ ওপৰত যাতে কোনেও অযথা হস্তক্ষেপ কৰিব নোৱাৰে, তাৰ ব্যৱস্থাও থাকিব লাগে। ভাৰতবৰ্ষৰ সংবিধানত নাগৰিক সকলৰ মৌলিক অধিকাৰক ৰক্ষণা-বেক্ষণ দিয়াৰ ব্যৱস্থা আছে। সংবিধানৰ ৩২ আৰু ২২৬ নং অনুচ্ছেদ অনুসৰি নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে আদালতৰ ওচৰ চাপিব পাৰে। কোনো ব্যক্তি, সংস্থা নাইবা চৰকাৰী কোনো কাৰ্যৰ ফলত নাগৰিক অধিকাৰ ব্যাহত হ’লে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত তেনে কাৰ্যৰ বিৰুদ্ধে গোচৰ দিব পাৰি। ন্যায়ালয়ে বন্দী উপস্থাপনৰ, সমাদেশ, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ৎ তলবী, উৎপ্রেষণ আদি পৰোৱানা জাৰি কৰি নাগৰিকৰ অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top