Human Rights of Education Unit 1 Introduction to Human Rights

Human Rights of Education Unit 1 Introduction to Human Rights, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Human Rights of Education Unit 1 Introduction to Human Rights Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Human Rights of Education Unit 1 Introduction to Human Rights Question Answer can be of great value to excel in the examination.

Human Rights of Education Unit 1 Introduction to Human Rights

Join Telegram channel

Human Rights of Education Unit 1 Introduction to Human Rights Notes cover all the exercise questions in UGC Syllabus. The Human Rights of Education Unit 1 Introduction to Human Rights provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Introduction to Human Rights

EDUCATION

HUMAN RIGHTS OF EDUCATION

মানৱ অধিকাৰ শিক্ষা

1. Choose the right answer:

(a) Human Rights are:

(i) Universal Rights

(ii) Political Rights

(iii) Economic Rights

(iv) All of Them

Ans. (iv) All of them.

(b) Universal Declaration of Human Rights, 1948 is legally binding on the

(i) Permanent members of UNO

(ii) Third world countries

(iii) Member states of UNO

(iv) None of them

Ans. (iii) Member states of UNO.

(c) Who wanted to protect the Rights to individual liberty.

(i) Hobbes

(ii) Locke

(iii) Rousseau 

(iv) All of them

Ans. (iv) All of them.

(d) Three Generation Rights were formulated by:

(i) United Nations Organization.

(ii) International Conventions on Human Rights.

(iii) Both are correct

(iv) Both are false

Ans. (iv) Both are false.

(e) Who wanted to co-relate the individual Right and general good?

(i) Locke 

(ii) Rawls

(iii) Rousseau 

(iv) None of them

Ans. (ii) Rawls.

(f) Who propagated the idea of ‘Contractual Justice’ as an instrument of protecting every one’s right.

(i) Hobbes 

(ii) Locke

(iii) Rousseau 

(iv) None of them

Ans. (ii) Locke.

(g) The Human Rights of third generation may be formulated as

(i) Individual Rights

(ii) Right to work

(iii) Right of peace

(iv) All are false

Ans. Right of peace.

(h) Which of the following factors violates Human Rights?

(i) Hunger 

(ii) Illiteracy

(iii) Displacement

(iv) All of them

Ans. (iv) All of them.

(i) According to Marx

(i) Human Rights of the individual being is more important than the Social Rights.

(ii) Recognition of Rights of individual being leads to their personality development.

(iii) Both are correct

(iv) Both are false

Ans. (iv) Both are false.

(j) The Magna Carta was adopted in the year

(i) 1115 

(ii) 1215 

(iii) 1315 

(iv) 1415

Ans. (ii) 1215.

(k) Who believed that recognition of the rights of man by the modern state is in no way different from the recognition of slavery by the ancient state?

(i) Marx (ii) Engels

(iii) Both I and II are correct

(iv) Both I and II are wrong

Ans. (iii) Both I and II are correct.

(I) The right to Peace belong to which generation of Human Rights?

(i) First 

(ii) Second 

(iii) Third

Ans. (iii) Third.

(m) Hobbes contribution to ‘Human Rights Concepts belong to

(i) The first Generation of Civil and Political rights. 

(ii) The Second Generation of Economic and Cultural rights.

(iii) The Third Generation of Collective rights etc.

Ans. (iii) The Third Generation of Collective rights etc.

(n) Who were the main exponents of Social Contract theory?

(i) Hobbes, Locke, Rousseau

(ii) Kant, Rousseau, Rawls

(iii) Plato, Aristotle, Machiavelli

Ans. (i) Hobbes, Locke, Rousseau.

Very Short Questions :

1) Human Rights are inalienable right-true or false.

Ans. True.

2) Freedom of speech thought and faith are in-clouded in the 1st/2nd/3rd generation right.

Ans. প্রথম প্রজন্মৰ অধিকাৰ।

3) Development Rights are Rights of the ____ generation.

Ans. তৃতীয় প্ৰজন্মৰ (third)1/4

4) For Hobbes Natural Laws are counsels of____.

Ans. Prudence.

5) Hobbes is the greatest individualist in the history of political thought. Is it true?

Ans. True.

6) “Essays on civil Government” was written by___.

Ans. u’ËBÁ (Locke)1/4

7) “A theory of justice” was written by____.

Ans. Rawls.

8) In which year did the Bolshevik Revolution take place?

Ans. 1917.

9) In which year was slavery officially abolished in America?

Ans. 1864.

10) Right to self determination is 1st/2nd/ 3rd generation right.

Ans. Third generation right.

11) Human Right is depicted as natural right in a greek drama named.

Ans. Antigone.

12) Mention one characteristic of human right.

Ans. মানৱ অধিকাৰবোৰ জন্মগত আৰু হস্তান্তৰবিহীন।

13) Stoics were related with civil/political/ natural right.

Ans. Natural rights.

14) Rawls’ human right is related to politi cal/ economic/ judicial theory.

Ans. Judicial theory.

15) Who said “Right is the child of Law”?

Ans. বেন্থামে কৈছিল।

16) Which one is not against human right?

a) Untouchability

b) Child labour

c) imperialism

d) Civil liberty

Ans. a) Civil liberty.

17) Non-violent is favorable/unfavorable to human right.

Ans. Favorable.

18) According to Marxist point of view only capitalism/ racialism/imperialism/communism/can bring equality.

Ans. Communism.

19) Whether the right to work is a political/ economic/ cultural right?

Ans. অর্থনৈতিক অধিকাৰ ।

Long Question answer

1. How do you explain the concept of Human Rights? Examine its basic elements.

Ans. মানৱ অধিকাৰৰ ধাৰণাটো তুলনামূলকভাৱে নতুন। অতীজৰে পৰা মানুহে কিছুমান অধিকাৰ উপভোগ কৰি আহিছে যদিও সেইবোৰক মানৱ অধিকাৰ বুলি স্বীকৃতি দিয়া নাছিল। বহুতো ৰাষ্ট্ৰৰ সংবিধানত কিছুমান অধিকাৰ স্বীকৃতি দিয়া হৈছে যদিও সেই অধিকাৰবোৰক মৌলিক অধিকাৰ বুলিহে আখ্যা দিয়া হয়। ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হোৱাৰ পাছৰ পৰাহে মানৱ অধিকাৰ ধাৰণাটোৱে গুৰুত্ব লাভ কৰিছে।

মানৱ অধিকাৰ বুলিলে প্ৰকৃতি প্রদত্ত জন্মগত কিছুমান মৌলিক আৰু হস্তান্তৰ বিহীন অধিকাৰৰ কথা বুজা যায়। এনে অধিকাৰৰ অবিহনে এজন ব্যক্তিয়ে মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে। এই মানৱ অধিকাৰসমূহে সভ্য আৰু সুন্দৰ জীৱন-যাপনৰ বাবে সুবিধা প্ৰদান কৰে। সকলো মানুহক সন্মান সহকাৰে নিজৰ মৰ্যাদা ৰক্ষা কৰি নিৰাপত্তাৰ মাজত জীয়াই থাকিবলৈ এনে অধিকাৰে সুবিধা দিয়ে। মানৱ অধিকাৰে এনে এটা পৰিৱেশ সৃষ্টি কৰে যিটো পৰিৱেশত ব্যক্তিয়ে নিজৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰে। ব্যক্তিয়ে শাৰীৰিক মানসিক আৰু বৌদ্ধিক সকলো দিশতে পূর্ণতা লাভ কৰিব পাৰে। মানৱ অধিকাৰ জন্মগত হোৱাৰ বাবে জাতি, ধর্ম, বর্ণ, লিংগ, দেশ নির্বিশেষে সকলোৱে সমানভাৱে ইয়াক উপভোগ কৰিব পাৰে। এই অধিকাৰবিলাকৰ যোগেদি ব্যক্তি আৰু সমাজে সামাজিক, আর্থিক, ধার্মিক, বৌদ্ধিক, ৰাজনৈতিক, সাংস্কৃতিক আদি সকলো দিশতে স্বতন্ত্রভাৱে কাৰ্যকলাপত অংশগ্ৰহণ কৰিব পাৰে আৰু উৎকৰ্ষ সাধন কৰিব পাৰে।

মানৱ অধিকাৰবিলাকে যেনেকৈ ব্যক্তিক ব্যক্তিত্ব বিকাশৰ সুবিধা দিয়ে তেনেকৈ এই অধিকাৰবিলাকে সামাজিক জীৱনৰ ভাষিক, সাংস্কৃতিক গোষ্ঠীগত বিকাশ সাধনতো সুবিধা প্রদান কৰে। কাৰণ বৰ্তমানৰ মানৱ অধিকাৰে তিনি প্ৰজন্মৰ অধিকাৰক সামৰি লয়। প্ৰথম প্ৰজন্মৰ অধিকাৰ নাগৰিকৰ ৰাজনৈতিক আৰু নাগৰিক অধিকাৰ সামৰি লয়। এনে অধিকাৰবিলাকে চৰকাৰক ব্যক্তি অধিকাৰত হস্তক্ষেপ কৰাত বাধা প্ৰদান কৰে। দ্বিতীয় প্ৰজন্মৰ অধিকাৰে সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক নিৰাপত্তাৰ অধিকাৰ প্ৰদান কৰে। তৃতীয় প্ৰজন্মৰ অধিকাৰে কিছুমান পাৰিপাৰ্শ্বিক, সাংস্কৃতিক আৰু উন্নয়নশীল অধিকাৰক সামৰি লয়। এই অধিকাৰে গোট, গোষ্ঠীৰ আত্মনিয়ন্ত্রণ আৰু উন্নয়নশীল অধিকাৰক সামৰি লয়। গতিকে দেখা যে বর্তমান মানৱ অধিকাৰে ব্যক্তিৰ প্ৰাকৃতিক আৰু জন্মগত অধিকাৰৰ উপৰিও গোষ্ঠীৰ আত্মনিৰ্ধাৰণৰ অধিকাৰ অন্তৰ্ভুক্ত কৰে। মানৱ অধিকাৰবিলাকৰ বহুমুখী দিশ থকাৰ বাবে এই অধিকাৰবিলাকক বহুতে মৌলিক অধিকাৰ, প্ৰাকৃতিক অধিকাৰ বংশগত অধিকাৰ, জন্মগত অধিকাৰ নামেৰে অভিহিত হৈ আহিছিল।

মানৱ অধিকাৰৰ বিষয়টো এনে ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত যে মানৱ জাতি জন্মগতভাৱে সমমর্যাদা আৰু সম অধিকাৰৰ অধিকাৰী। মানৱীয়তাৰ খাতিৰতে এনে মৌলিক আৰু হস্তান্তৰবিহীন অধিকাৰৰ প্ৰয়োজন হয়। মানৱীয় মর্যাদা ৰক্ষাৰ বাবেই এই অধিকাৰবোৰ দাবী কৰা হয় আৰু গ্ৰহণ কৰা হয়। এই অধিকাৰবিলাকক আইনগত অধিকাৰ বুলি জাতীয় আৰু আন্তৰ্জাতিক চৰকাৰৰ আইন প্ৰণয়নকাৰী সংস্থাসমূহে গ্ৰহণ কৰিছে। নতুন নতুন অধিকাৰ মানৱ অধিকাৰে বৰ্তমান সামৰি লৈছে।

মানুহৰ সমমৰ্যাদাৰ ধাৰণাটো প্ৰত্যেক সভ্যতা, সংস্কৃতি, ধর্ম আৰু দার্শনিক পৰম্পৰাগত গুৰুত্ব পাই আহিছে। তথাপিও মানৱীয় মর্যাদা ইতিহাসত খর্ব হৈ আহিছে। আৰু বর্তমানেও খর্ব হৈয়েই আছে। জাতি, ধর্ম, বর্ণ, গোষ্ঠী, বিশ্বাস, লিংগ আদিৰ ভিত্তিত মানুহৰ মাজত বৈষম্য ইতিহাসত চলি আহিছে আৰু এতিয়াও চলি আছে। কিছুমান প্রাচীন মতবাদে অজ্ঞতা, বিদ্বেষ ভাবে মানৱ অধিকাৰৰ বিৰুদ্ধে বৈষম্য প্রতিষ্ঠাতহে গুৰুত্ব দি আহিছে। কিন্তু মানৱ অধিকাৰক সন্মান নজনালে সভ্যতা আৰু মানৱীয়তা সমূলঞ্চে বিলুপ্ত হ’ব। যদি সকলো মানুহক মানৱ অধিকাৰ উপভোগ কৰাৰ নিশ্চয়তা প্ৰদান কৰিব পৰা নহয় তেতিয়া হ’লে মানুহৰ সামাজিক, ৰাজনৈতিক, বৌদ্ধিক সাংস্কৃতিক সকলো দিশতে ব্যক্তিত্ব বাধাপ্রাপ্ত হ’ব আৰু সামাজিক আৰু ৰাজনৈতিক জীৱনতো অশান্তি বাঢ়িব। জোৰ যাৰ মুলুক তাৰ নীতিয়ে প্রাধান্য পাব। শক্তিশালী লোকৰ প্ৰাধান্যতা বাঢ়িব আৰু দুৰ্বলীসকল শোষণৰ বলি হ’ব। মানৱ জীৱন প্ৰকৃতিৰ অন্ধকাৰময় অতীতলৈ পুনৰ গতি কৰিব।

এক অৰাজক সমাজত মানৱ অধিকাৰ উপভোগ কৰিব নোৱাৰে। গতিকে এক সুসংগঠিত সমাজতহে ব্যক্তিয়ে মুকলিভাৱে অধিকাৰ উপভোগ কৰিব পাৰে। কাৰণ এনে সমাজত মানৱ অধিকাৰ লংঘন কৰিলে তাৰ প্ৰতিকাৰৰ ব্যৱস্থা আছে। মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে এক কৰ্তৃত্বশীল সংগঠনৰ ব্যৱস্থা সুসংগঠিত গণতান্ত্রিক সমাজতহে থাকে। সেইবাবেই বৰ্তমান ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত লিখিত ৰূপত মানৱ অধিকাৰ স্বীকৃতি দিয়া হৈছে আৰু এনে অধিকাৰবিলাক ৰক্ষণাবেক্ষণৰ বাবে আইনগত সংস্থা গঠন কৰা হৈছে।

বিকাশ : মানৱ অধিকাৰৰ ধাৰণাটো ৰেনেচাঁ বা পুনৰ জাগৰণৰ দিনৰ পৰা গুৰুত্ব পাই আহিছে। মানৱ অধিকাৰ বিষয়ত বৈপ্লৱিক পৰিৱৰ্তন অনা দুখন ঘোষণাপত্র এইক্ষেত্ৰত উল্লেখযোগ্য। সেই দুখন হ’ল : 

(১) আমেৰিকাৰ স্বাধীনতাৰ ঘোষণাপত্ৰ (১৯৭৬) আৰু 

(২) ব্যক্তি আৰু নাগৰিক অধিকাৰৰ ফৰাচী ঘোষণা পত্র

(১৯৮৯)। ইয়াৰ বাহিৰেও ইংলেণ্ডৰ মেগনা কার্টা (১২৯৫) বিশেষভাৱে উল্লেখনীয় পদক্ষেপ আছিল। 

মানৱ অধিকাৰক বিশ্বজনীন কৰিবৰ বাবে ১৯৪৫ চনৰ ৰাষ্ট্ৰসংঘৰ চনদত সংকল্পবদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰা হৈছে। ইয়াত মৌলিক মানৱ অধিকাৰ ৰক্ষাৰ বাবে মানৱীয় মর্যাদা ৰক্ষাৰ বাবে, পুৰুষ-মহিলাৰ সম অধিকাৰ ৰক্ষাৰ বাবে, ন্যায় প্ৰতিষ্ঠাৰ বাবে সংকল্প গ্ৰহণ কৰা হৈছে। ১৯৪৮ চনৰ মানৱ অধিকাৰৰ সার্বজনীন ঘোষণা পত্র ১নং অনুচ্ছেদত কোৱা হৈছে যে সকলো মানুহ জন্মগতভাৱে স্বাধীন মর্যাদা আৰু অধিকাৰৰ ক্ষেত্ৰত সকলো সমান। তেওঁলোক সকলোকে যুক্তি আৰু বিবেচনাশক্তি প্ৰদান কৰা হৈছে আৰু সকলোৱে ইজনে সিজনৰ প্ৰতি ভাতৃত্ববোধৰ মনোভাবেৰে কাম কৰিব লাগে। (All human beings are born free and equal in dignity and rights. They are endowed with reasons and conscience and should act towards one another in a spirit of brotherhood.”) ৩নং অনুচ্ছেদত কোৱা হৈছে যে ব্যক্তিৰ জীৱন ধাৰণৰ অধিকাৰ, স্বতন্ত্ৰতাৰ অধিকাৰ আৰু ব্যক্তিগত নিৰাপত্তাৰ অধিকাৰ প্ৰত্যেক ব্যক্তিৰ মৌলিক অধিকাৰ আৰু বাকী অন্যান্য অধিকাৰ এই তিনিবিধ অধিকাৰৰ ওপৰত নিৰ্ভৰশীল।

বৰ্তমান মানৱ অধিকাৰৰ বিষয়টো ৰাষ্ট্ৰৰ চাৰিবেৰৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই। ৰাষ্ট্ৰীয় আইনৰ দৰে আন্তৰ্জাতিক আইনসমূহেও মানৱ অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰিছে। যোৱা ৬০ বছৰে ৰাষ্ট্ৰসংঘৰ উদ্যোগত মানৱ অধিকাৰৰ বিষয়ত বহু কনভেনচন বা সভা হৈ গৈছে। সেইবিলাকৰ যোগেদি বিশ্বজনীন মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা শক্তিশালী কৰা হৈছে।

মানৱ অধিকাৰৰ উপাদান বা বৈশিষ্ট্য : মানৱ অধিকাৰৰ অৰ্থ, সংজ্ঞা আৰু ধাৰণা বিশ্লেষণ কৰিলে ইয়াৰ কিছুমান ধাৰণা বৈশিষ্ট্য প্রকাশ পায়। মানৱ অধিকাৰৰ উপাদানবোৰ হৈছে।

(১) মানৱ অধিকাৰৰ হ’ল কোনো ব্যক্তি বা ব্যক্তিৰ সমষ্টিৰ অধিকাৰ ৷

(২) এই অধিকাৰসমূহ জন্মগতভাৱে লাভ কৰা অধিকাৰ আৰু ইয়াক হস্তান্তৰ কৰিব নোৱাৰি।

(৩) মানৱ অধিকাৰ বিশ্বজনীন আৰু আইনগত ধাৰণা।

(৪) এই অধিকাৰবিলাকে সমতা আৰু মানৱীয় মর্যাদা ৰক্ষা কৰে, বৈষম্যহীনভাৱে সকলোকে ই স্বতন্ত্রতা আৰু ভাতৃত্ববোধ উপভোগত সহায় কৰে।

(৫) সমাজত সন্মানজনকভাৱে জীয়াই থাকিবৰ বাবে এই অধিকাৰবিলাক মানৱ জীৱনৰ অতি প্ৰয়োজনীয় চর্ত।

(৬) এই অধিকাৰবিলাক সমাজৰ মাজত থাকি কাৰ্যকৰী কৰিব পাৰি আৰু সকলো পৰ্যায়তে ৰাষ্ট্ৰৰ কৰ্তৃত্বৰ অধীনত কাৰ্যকৰী আৰু ৰক্ষণাবেক্ষণ দিব পাৰি।

বহুলভাবে আলোচনা : (১) মানৱ অধিকাৰসমূহ হ’ল ব্যক্তিৰ বা ব্যক্তি সমষ্টিৰ অধিকাৰ। ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে এই অধিকাৰসমূহ প্রদান কৰা হয়। ব্যক্তি বা ব্যক্তিৰ সমষ্টিৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আদি অধিকাৰ থাকিলে ব্যক্তিয়ে নিজৰ পচন্দ অনুসৰি মুক্তভাৱে এই অধিকাৰ উপভোগ কৰিব পাৰে। ব্যক্তিক বা ব্যক্তিৰ সমষ্টিক অধিকাৰ প্ৰদান কৰিলেহে ব্যক্তিয়ে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে আৰু সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি বৰঙণি যোগাব পাৰে। ব্যক্তিক প্ৰদান কৰা এই অধিকাৰবিলাক হ’ল— জীয়াই থকাৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ, ধৰ্মীয় অধিকাৰ, সংস্থা গঠনৰ অধিকাৰ, নিজৰ পছন্দৰ মতে কাম কৰাৰ অধিকাৰ, আত্ম নিৰ্ধাৰণৰ অধিকাৰ, শান্তিৰ অধিকাৰ ইত্যাদি। মানৱ অধিকাৰসমূহ ব্যক্তি আৰু ব্যক্তিৰ সমষ্টিৰ অধিকাৰ। সকলো দেশতে এই অধিকাৰসমূহ ব্যক্তিক বা ব্যক্তি সমষ্টিক প্ৰদান কৰা অধিকাৰহে

(২) এই অধিকাৰসমূহ জন্মগতভাৱে লাভ কৰা অধিকাৰ। এনে অধিকাৰ হস্তান্তৰযোগ্য নহয়। মানুহ জন্মগতভাৱে স্বাধীন। মানুহে সমাজপাতি বাস কৰা আগৰে পৰাই এনে অধিকাৰ ভোগ কৰি আহিছে। এই সম্পৰ্কত হবছ, লক আৰু ৰুছোৰ সামাজিক চুক্তি মতবাদটোত মানৱ অধিকাৰ যে জন্মগত তাক প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰ গঠন হোৱাৰ আগতেও মানুহে প্রকৃতি ৰাজ্যত কিছুমান অধিকাৰ উপভোগ কৰিছিল। ৰুছোৱে কৈছিল— “Men are born free everywhere he is in chain”। প্রাকৃতিক আইন অনুসৰিও মানুহ সকলো সমান; সকলো সমমর্যাদাৰ অধিকাৰী। প্রকৃতিয়ে মানুহৰ মাজৰ বৈষম্য আচৰণ নকৰে। জন্মগতভাৱে মানুহ যিহেতু সমান, সকলো মানুহ সম-অধিকাৰৰ অধিকাৰী সেই কাৰণে এনে অধিকাৰ হস্তান্তৰ কৰিব নোৱাৰি। সামাজিক নৈতিকতা, ঐক্য আৰু প্ৰগতিৰ বাবে কিছুমান বাধ্যবাধকতা থাকিব পাৰে।

(৩) মানৱ অধিকাৰ বিশ্বজনীন আৰু এক আইনগত ধাৰণা। বিশ্বৰ সকলো মানুহে এই অধিকাৰ উপভোগ কৰিব পাৰে বাবে এনে অধিকাৰবিলাক বিশ্বজনীন। জীৱন ধাৰণৰ অধিকাৰ, পছন্দৰ অধিকাৰ, ভোটদানৰ অধিকাৰ, বৃত্তি গ্ৰহণৰ অধিকাৰ, সামাজিক সাংস্কৃতিক অধিকাৰসমূহ সকলো দেশৰ সকলো মানুহে ধর্ম, বর্ণ দেশ, সম্প্রদায় নির্বিশেষে উপভোগ কৰিব পাৰে। মানৱ অধিকাৰৰ লগত আইনৰ প্ৰশ্ন জড়িত হৈ আছে। ৰাষ্ট্ৰসংঘৰ চনদত, ১৯৪৮ চনৰ মানৱ অধিকাৰৰ ঘোষণা পত্ৰত, ১৯৬৬ চনৰ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক, সামাজিক সাংস্কৃতিক অধিকাৰৰ আন্তর্জাতিক চুক্তিসমূহত আইনগত স্বীকৃতি আছে। এই মানৱ অধিকাৰ বিভিন্ন দেশত ৰাষ্ট্ৰীয় আইনে ৰক্ষা কৰিব লাগে। ১৯৯৩ চনত ভাৰতৰ সংসদে মানৱ অধিকাৰক নিশ্চয়তা প্ৰদান কৰি, ব্যক্তিৰ জীৱন, স্বতন্ত্রতা, সমতা আৰু মৰ্যাদা সম্পৰ্কীয় অধিকাৰ স্বীকৃতি প্ৰদান কৰি আইন প্ৰণয়ন কৰিছে। গতিকে মানৱ অধিকাৰ বিশ্বজনীন আৰু ই আইনৰ ধাৰণাৰ লগত জড়িত।

(৪) এই অধিকাৰবিলাকে সমতা আৰু মানৱীয় মর্যাদা ৰক্ষা কৰে। বৈষম্যহীনভাৱে সকলোকে ই স্বতন্ত্ৰতা আৰু ভাতৃত্ববোধ উপভোগত সহায় কৰে। মানৱ অধিকাৰ বিলাক সকলোৰে বাবে সমান। সমানভাবে এই অধিকাৰবোৰে মানৱীয় মর্যাদা ৰক্ষা কৰে। ধনী-দুখীয়া, উচ্চ-নীচ আদিৰ ওপৰত এনে অধিকাৰবিলাক নিৰ্ভৰ নকৰে। পৃথিৱীৰ সকলো জাতি, জনগোষ্ঠী, সম্প্রদায়ে সমানভাৱে এই অধিকাৰ সমানে উপভোগ কৰিব পাৰে। এনে অধিকাৰ উপভোগ কৰাত কোনো বৈষম্য নাই। ই কোনো জাতীয়তাৰ ওপৰত নিৰ্ভৰশীল নহয়। মানৱ অধিকাৰক কোনো এখন ৰাষ্ট্রৰ ভৌগোলিক পৰিসীমাৰ মাজত আৱদ্ধ কৰিব নোৱাৰি। বিদেশী এজনেও অন্য দেশত কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে। বিদেশী বুলি এখন ৰাষ্ট্ৰই বৈষম্য আচৰণ কৰিব নোৱাৰে। মানুহৰ মাজত সমতা, ভাতৃত্ববোধ আৰু মানৱতাবাদী নীতিৰ ওপৰত মানৱ অধিকাৰ প্ৰতিষ্ঠিত। গোষ্ঠীগত, সংখ্যালঘুৰ অধিকাৰবোৰে ভাতৃত্ববোধ উপভোগত সহায় কৰে।

(৫) সমাজত সন্মানজনকভাৱে জীয়াই থাকিবৰ বাবে এই অধিকাৰবিলাক মানৱ জীৱনৰ অতি প্রয়োজনীয় চৰ্ত। কাৰণ এই চৰ্তসমূহৰ অবিহনে মানুহে সভ্য, সুশৃংখল আৰু আনন্দদায়ক জীৱন যাপন কৰিব নোৱাৰে। দাসসকলে সুখী আৰু আত্মনিৰ্ভৰশীল হ’ব নোৱাৰে। একনায়কত্ববাদী চৰকাৰত জনসাধাৰণক অধিকাৰ প্ৰদান কৰা নহয়, ফলস্বৰূপে সুখী, সভ্য জীৱন কৰিবলৈ জনসাধাৰণৰ সম্ভৱ নহয়। কাৰোবাৰ দমন, শোষণত থাকিলে ব্যক্তিয়ে বা সমাজে নিকৃষ্ট জীৱন-যাপন কৰিব লগা হয়। ইয়াৰ অৰ্থ এইটোৱেই যে বাধাহীনভাৱে বা কাৰোৰ দ্বাৰা দমন-শোষণ নেথাকিলেহে ব্যক্তিয়ে বা সমাজে অধিকাৰ সাব্যস্ত কৰি এক সভ্য জীৱন-যাপন কৰিব পাৰে। সেইবাবেই মানৱ অধিকাৰসমূহে ব্যক্তিৰ জীৱন, সমাজ জীৱনৰ বাবে এনে এক অৱস্থা সৃষ্টি কৰে য’ত জনসাধাৰণে মুক্তভাৱে জীয়াই থকাৰ সুবিধা লাভ কৰে। সুন্দৰ সুখী জীৱনৰ বাবে এই অধিকাৰসমূহ প্রধান চৰ্ত। এই অধিকাৰ আত্মনিয়ন্ত্ৰণৰ আৰু প্ৰগতিৰ চৰ্ত। মুঠতে ব্যক্তিৰ কল্যাণ আৰু সামাজিক কল্যাণ এই অধিকাৰৰ ওপৰত নিৰ্ভৰশীল।

(৬) এই অধিকাৰৰ এটা প্রধান উপাদান বা বৈশিষ্ট্য হ’ল যে এই অধিকাৰবিলাক সমাজত থাকি কাৰ্যকৰী কৰিব পাৰি। ৰাষ্ট্ৰৰ কৰ্তৃত্বৰ অধীনত এনে অধিকাৰী কাৰ্যকৰী হয় আৰু কৰ্তৃত্বই ৰক্ষণাবেক্ষণ দিয়ে। এই অধিকাৰবিলাক সামাজিকভাৱে সমাজত থাকি কাৰ্যকৰী হয়। এনে অধিকাৰবিলাক ৰাষ্ট্ৰৰ কৰ্তৃত্বই স্বীকৃতি দিয়ে। ৰাষ্ট্ৰীয় আইনৰ দ্বাৰা এনে অধিকাৰ সাব্যস্ত কৰা হয়। মানৱ অধিকাৰ ভংগ কৰিলে ৰাষ্ট্ৰীয় কৰ্তৃত্ব‍ই ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰে। প্রতিখন দেশতেই মানৱ অধিকাৰ আইন গ্ৰহণ কৰা হৈছে। মানৱ অধিকাৰ লংঘন কৰিলে এই আয়োগে তদন্ত কৰি অধিকাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰে।

2. Define Human Rights. Discuss its nature and importance.

Ans. মানৱ অধিকাৰৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠানে দিয়া সংজ্ঞাটো হ’ল— “আমাৰ প্ৰকৃতিৰ লগত নিহিত অধিকাৰসমূহেই হৈছে মানৱ অধিকাৰ। এই অধিকাৰৰ অবিহনে আমি মানুহ হিচাপে জীয়াই থাকিব নোৱাৰোঁ।” (Human Rights are those rights which are inherent in our nature and without which we cannot live as human being.”)

কিমৰ মতে—“মানৱ অধিকাৰে মানৱ জীৱন সুৰক্ষা আৰু মানৱ মৰ্যাদা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় দাবীবোৰক প্ৰতিনিধিত্ব কৰে। সেইবাবে অধিকাৰসমূহে সম্পূর্ণ সামাজিক আৰু ৰাজনৈতিক অনুমোদন লাভ কৰে।” [“Human Rights represent claims and demands essential to the protection of human life and the enhancement of human dignity and should therefore enjoy full social and political sanctions.” S. Kim ]

ফকৰ মতে— “মানৱ অধিকাৰসমূহ কেৱল আইনগত বা নৈতিক ধাৰণাই নহয় কিন্তু এইবোৰ ঐতিহাসিক বিৱৰ্তনৰ লগত সাঙোৰ খাই আছে। এই অধিকাৰসমূহে আন্তর্জাতিক অৱদমনৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক গাঁথনিৰ বিৰুদ্ধে প্রচলিত ৰাজকীয় বিৰোধিতাৰ লগত ওতঃপ্রোতভাৱে জড়িত।”

[“Human rights are not merely legal or moral abstraction but they are embedded in historical process closely intertwined with the ongoing anti imperial struggle against political economic and cultural structures of in- ternational domination” – Falk.]

ড° এছ. কে. কাপুৰৰ মতে— “Human rights may be regarded as those fundamental and inalienable rights which are essential for life as human being.” [ মানুহৰ জীৱনৰ বাবে প্রয়োজনীয় মৌলিক আৰু হস্তান্তৰবিহীন অধিকাৰবোৰক মানৱ অধিকাৰ বুলি আখ্যা দিব পাৰি।]

চৰকাৰী বিভাগৰ দ্বাৰা মানুহৰ অধিকাৰৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ সাংবিধানিক উপায়েৰে ৰোধ কৰিবলৈ আৰু বিভিন্ন দিশত মানৱীয় ব্যক্তিত্ব প্ৰকাশৰ বাবে সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰতহে মানৱ অধিকাৰৰ কাৰ্যকাৰিতা নিৰ্ভৰ কৰে।

সেই কাৰণে ইলাইন পেজেলচ এ কৈছে— “মানৱ অধিকাৰ ব্যক্তিৰ সহজাত বা প্রাকৃতিক অধিকাৰ আৰু সমাজৰ ওপৰত বা সমাজৰ বিৰুদ্ধে থকা ব্যক্তিৰ অধিকাৰৰ ধাৰণাটোক সমাজে স্বীকৃতি দিবই লাগিব।”

মানৱ অধিকাৰৰ প্ৰকৃতি : মানৱ অধিকাৰ প্ৰকৃতিৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধাৰণা প্ৰকাশ কৰি অহা হৈছে। ১৮ শতিকাৰ মানৱ অধিকাৰক প্ৰাকৃতিক আৰু সহজাত অধিকাৰ বুলি কোৱা হৈছিল। এই অধিকাৰসমূহ মানুহে প্রাকৃতিকভাৱে পাইছে যেতিয়া আনৰ ওপৰত নিৰ্ভৰশীল বুলি ভবা হোৱা নাছিল। কিন্তু ক্রমান্বয়ে এই ধাৰণা পৰিৱৰ্তন হ’বলৈ ধৰিলে।

মানৱ অধিকাৰৰ প্ৰকৃতিৰ বিষয়ে দুটা দৃষ্টিভংগী আছে — (১) দার্শনিক বা তাত্ত্বিক অধ্যয়ন পদ্ধতি (philosophical or Theoretical Approach) আৰু 

(২) ব্যৱহাৰিক অধ্যয়ন পদ্ধতি (pragmatic Approach) দার্শনিক অধ্যয়ন পদ্ধতিৰ আকৌ কিছুমান তত্ত্ব আছে। সেইবোৰ হ’ল— প্রাকৃতিক অধিকাৰ তত্ত্ব আছে। সেইবোৰ হ’ল— 

(১) প্রাকৃতিক অধিকাৰ তত্ত্ব।

(২) ঐতিহাসিক অধিকাৰ তত্ত্ব।

(৩) আইনগত তত্ত্ব।

(৪) অধিকাৰৰ সামাজিক কল্যাণ অধিকাৰ তত্ত্ব। আৰু 

(৫) আদর্শবাদী তত্ত্ব।

(১) প্রাকৃতিক অধিকাৰ তত্ত্ব : এই তত্ত্ব অনুসৰি মানৱ অধিকাৰ বিলাক সহজাত আৰু প্রকৃতিগত; সমাজ গঠন হোৱাৰ পূৰ্বেই এই অধিকাৰবিলাক মানুহে উপভোগ কৰিছিল। এই অধিকাৰবিলাকে সমাজে প্ৰদান কৰা নাছিল। এই অধিকাৰবিলাক স্বতন্ত্র, ই কাৰোৰ ওপৰত নিৰ্ভৰশীল নহয়। ব্যক্তি নিজে এই অধিকাৰৰ মালিক। সেইকাৰণে এই অধিকাৰ হস্তান্তৰ কৰিব নোৱাৰি। এই অধিকাৰবিলাক সকলোৰে বাবে সমান।

(২) ঐতিহাসিক তত্ত্ব : এই তত্ত্ব মতে অধিকাৰ ইতিহাসৰ সৃষ্টি। ইতিহাসৰ প্ৰাৰম্ভিক পৰ্যায়ত মানুহে এই অধিকাৰৰ অনুভৱ কৰিছিল। প্ৰাৰম্ভিক পৰ্যায়ত মানুহে অসম্পূর্ণ জ্ঞান আৰু সীমিত বিচাৰধাৰাৰে পৰিচালিত হৈ মানৱ অধিকাৰৰ ন্যায্যতা বুজি পাইছিল। ঐতিহাসিক বিৱৰ্তনৰ ফলত মানুহে মানি চলা অধিকাৰবিলাক ৰাষ্ট্ৰই মানি চলিবলগীয়া হয়। এনেদৰে অধিকাৰে স্বীকৃতি লাভ কৰিলে। কিন্তু দাসত্ব প্রথাক স্বাভাৱিক বুলি ধৰি লোৱা ঐতিহাসিক ব্যৱস্থাটোক মানি ল’ব নোৱাৰি। সাধাৰণতে ইতিহাসত অধিকাৰৰ ওপৰত যিমান গুৰুত্ব দিয়া হৈছিল সমতাৰ ওপৰত সিমান গুৰুত্ব আৰোপ কৰা হোৱা নাছিল। ফৰাচী বিপ্লৱৰ পাছৰ পৰাহে সাম্য মৈত্ৰী আৰু স্বাধীনতাৰ ধ্বনি শক্তিশালী হৈছিল।

(৩) আইনগত তত্ত্ব : বেন্থাম, হবছ আদি দার্শনিকসকলে অধিকাৰক আইনৰ লগতহে জড়িত কৰে। তেওঁলোকৰ মতে অধিকাৰবিলাক আইনৰহে সৃষ্টি। ৰাষ্ট্ৰই স্বীকৃতি নিদিলে বা কাৰ্যকৰী নকৰিলে কোনো অধিকাৰে স্বীকৃতি নেপায় আৰু অধিকাৰ সুৰক্ষাও কৰিব নোৱাৰি। সেই কাৰণে অধিকাৰবিলাক প্রাকৃতিক হ’ব নোৱাৰে।

(৪) অধিকাৰৰ সামাজিক কল্যাণ তত্ত্ব : এই তত্ত্ব অনুসৰি অধিকাৰক সামাজিক উপযোগিতা দিশৰ পৰা বিচাৰ কৰিব লাগে। যিবোৰ অধিকাৰে সমাজৰ সৰহ সংখ্যক লোকৰ কল্যাণ সাধন কৰে তেনে অধিকাৰহে গ্রহণযোগ্য। সকলো অধিকাৰ সামাজিক দায়বদ্ধতাৰ লগত জড়িত। অধিকাৰে সৰ্বাধিক লোকৰ বাবে সৰ্বাধিক কল্যাণ সাধন কৰিব পাৰিব লাগিব। কেৱল ব্যক্তিৰ অধিকাৰক অগ্ৰাধিকাৰ দিলে সামাজিক কল্যাণ বাধাগ্রস্ত হ’ব পাৰে। গতিকে অধিকাৰৰ প্ৰকৃতি সামাজিক কল্যাণৰ এটা দিশ।

(৫) আদর্শবাদী তত্ত্ব : এই তত্ত্ব অনুসৰি মানৱ অধিকাৰ ব্যক্তিত্ব বিকাশৰ লগত জড়িত। জীৱন-ধাৰণৰ অধিকাৰে বুজায় যে এই অধিকাৰে ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। গতিকে ব্যক্তিৰ অন্তৰ্নিহিত গুণবিলাক বিকাশ সাধন কৰিবলৈ যিবিলাক অধিকাৰৰ প্রয়োজন সেই অধিকাৰবিলাকেই মানৱ অধিকাৰ। এই তত্ত্বক ব্যক্তিত্ব তত্ত্ব বোলা হয় এই কাৰণেই যে আন সকলো অধিকাৰ ব্যক্তি অধিকাৰৰ তলতীয়া ।

ব্যৱহাৰিক অধ্যয়ন পদ্ধতি (Pragmatic Approach) : মানৱ অধিকাৰৰ ব্যৱহাৰিক দিশটো এই দৃষ্টিভংগীয়ে গুৰুত্ব দিয়ে। কেৱল অধিকাৰ থাকিলেই মানুহে অধিকাৰ ভোগ কৰিবলৈ নেপাবও পাৰে। কাৰণ অধিকাৰক স্বীকৃতি দিবলৈ, ৰক্ষণাবেক্ষণ দিবলৈ একোটা অনুষ্ঠানৰ প্ৰয়োজন হয়। মানৱ অধিকাৰ ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ অধীনত আইন প্ৰণয়ন কৰা হৈছে। মানৱ অধিকাৰ প্ৰকৃতি বুজিবলৈ হ’লে আন্তর্জাতিক দলিল, আঞ্চলিক পৰ্যায়ৰ দলিল, চুক্তি, বিশেষ গোটৰ বাবে স্বাক্ষৰিত সন্ধি আদি বিশ্লেষণ কৰি চাব লাগিব। এনেদৰে দলিল, চুক্তি, সন্ধি আদিৰ দ্বাৰাহে মানৱ অধিকাৰে বৰ্তমানৰ অৱস্থাত উপনীত হৈছে। মানৱ অধিকাৰে আৰু নতুন অধিকাৰ ক্ষেত্ৰ সামৰি ল’ব পাৰিব লাগিব।

মানৱ অধিকাৰৰ গুৰুত্ব : মানৱ অধিকাৰৰ গুৰুত্ব অপৰিসীম। নিষ্ঠুৰ দমন নীতি, শোষণ নিষ্পেষণৰ পৰা যুগ যুগ ধৰি পৃট, উৎপীড়িত মানৱ জাতিয়ে মানৱ অধিকাৰৰ যোগেদি এনে শোষণ, নিষ্পেষণৰ পৰা মুক্তি পোৱাৰ পথ সুগম হ’ল। আত্মনিৰ্ধাৰণৰ অধিকাৰ সাব্যস্ত কৰিবলৈ এচিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ মুক্তিকামী জনসাধাৰণে উঠিপৰি লাগিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ৰাষ্ট্ৰসংঘৰ চনদত মানৱ অধিকাৰ প্ৰদান, সুৰক্ষাৰ বাবে, মানৱ মর্যাদা ৰক্ষাৰ বাবে আদর্শ গ্ৰহণ কৰা হ’ল।

মানৱ অধিকাৰ অবিহনে এজন ব্যক্তিয়ে মানুহ হিচাপে জীয়াই থকাৰ সম্ভৱ নহয়। মানৱ অধিকাৰক সন্মান জনাব নোৱাৰিলে স্বতন্ত্রতা অর্থহীন শব্দত পৰিণত হ’ব। কিন্তু ১৯৪৮ চনৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰত মানৱ অধিকাৰৰ গুৰুত্ব প্রকাশ কৰা হৈছে। ঘোষণাপত্ৰৰ ১নং অনুচ্ছেদত কোৱা হৈছে যে “সকলো মানুহে স্বাধীনভাৱে জন্ম লাভ কৰিছে আৰু অধিকাৰ আৰু মৰ্যাদাৰ ক্ষেত্ৰত সকলো সমান।”

মানৱ অধিকাৰ ঘোষণা পত্ৰৰ ৩নং অনুচ্ছেদত কোৱা হৈছে যে ব্যক্তিৰ জীৱন ধাৰণৰ অধিকাৰ, স্বতন্ত্ৰতাৰ অধিকাৰ আৰু ব্যক্তিগত নিৰাপত্তাৰ অধিকাৰ প্ৰত্যেক ব্যক্তিৰ মৌলিক অধিকাৰ আৰু বাকী অধিকাৰসমূহ এই তিনিবিধ অধিকাৰৰ ওপৰত নিৰ্ভৰশীল।

গতিকে দেখা যায় যে মানৱ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মানৱীয় মর্যাদা বৃদ্ধিৰ বাবে, ব্যক্তিক এটা সুন্দৰ আৰু সত্য জীৱন-যাপনৰ বাবে সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মানৱ অধিকাৰৰ গুৰুত্ব ইমান অধিক যে ই মানুহৰ সন্মান, মর্যাদা আৰু সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰে। মানৱ অধিকাৰে এনে কিছুমান অৱস্থা সৃষ্টি কৰে যাৰ দ্বাৰা ব্যক্তিৰ ব্যক্তিত্বৰ পূর্ণ বিকাশ সম্ভৱ হয় আৰু ৰাজনৈতিক, আর্থ-সামাজিক দিশত মানুহে পাৰদৰ্শিতা দেখুৱাব পাৰে। মানৱ অধিকাৰ নেথাকিলে ব্যক্তিৰ ব্যক্তিত্বই বাধা পালেহেঁতেন, সামাজিক-ৰাজনৈতিক আৰু আর্থিক জীৱন দুর্বিষহ হ’লহেঁতেন, জাতীয় জীৱনত অশান্তিয়ে দেখা দিলেহেঁতেন, ব্যক্তি-গোষ্ঠীৰ ৰাষ্ট্ৰৰ মাজত সংঘাত আৰু সংঘৰ্ষই দেখা দিলেহেঁতেন। মানুহ আকৌ জোৰ যাৰ মুলুক তাৰ অৱস্থালৈ, প্ৰাকৃতিক অৰাজক অৱস্থালৈ ঘুৰি গ’লহেঁতেন। মানৱ জীৱনক ঘোৰ অন্ধকাৰৰ পৰা পোহৰলৈ অনাত মানৱ অধিকাৰৰ গুৰুত্ব অপৰিসীম।

নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় চুক্তিপত্র ১৯৬৬, অর্থনৈতিক আৰু সামাজিক অধিকাৰ সম্পৰ্কীয় চুক্তিপত্র ১৯৬৬, শান্তি, প্রগতি আৰু আত্মনিৰ্ধাৰণৰ অধিকাৰ আদিয়ে বিশ্বৰ জনসাধাৰণৰ মানৱ অধিকাৰ সুৰক্ষাত আগভাগ লৈছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিকাৰ সুৰক্ষাৰ বাবে চুক্তি, দলিল, সাংবিধানিক ব্যৱস্থা, আইনগত কাঠামো গঢ়ি তোলা হৈছে। এনে ব্যৱস্থাসমূহে মানৱ অধিকাৰ যে মানৱ জাতিৰ বাবে ব্যক্তিগতভাৱেই হওক বা সামাজিকভাৱেই হওক অতি গুৰুত্বপূৰ্ণ সেই কথা প্রতীয়মান কৰে।

3. Discuss the concept of Human Rights from Marxist perspective.

Ans. মার্ক্সীয় দৃষ্টিভংগীৰ পটভূমিত মানৱ অধিকাৰ : মানৱ অধিকাৰৰ মার্ক্সীয় দৃষ্টিভংগী কার্লমার্ক্স, ফ্ৰেডৰিক এঞ্জেলচ্, লেনিন আৰু মার্ক্সীয় চিন্তাধাৰাৰ অন্যান্য লেখকসকলৰ লেখনিত প্ৰকাশ পাইছে। কার্ল মার্ক্সে ব্যক্তিগত অধিকাৰ, সমতা, ন্যায় আদিৰ বিষয়ে যি মতামত প্রকাশ কৰিছে সেই মতামত শ্ৰেণী সংগ্রাম, ইতিহাসৰ বস্তুবাদী ব্যাখ্যা আদি ধাৰণাৰ লগত জড়িত।

কালমার্ক্সে ইতিহাস ব্যাখ্যা কৰোঁতে বস্তুবাদৰ আশ্ৰয় হৈছে। মার্ক্সৰ (Marx) মতে বস্তু (matter) বা উৎপাদন ব্যৱস্থাই সামাজিক, ৰাজনৈতিক, আইন, ন্যায়, আদি সকলো দিশ নিয়ন্ত্ৰণ কৰে। মার্ক্সৰ মতে Economic structure is the main structure upon which the other super structures are built. অর্থনৈতিক উৎপাদনৰ লগত জড়িত উপাদানবিলাকে কোনো এখন সমাজৰ গাঁথনি নিৰ্ধাৰণ কৰে। সেইদৰে সামাজিক, ৰাজনৈতিক, ধর্মীয় নীতিৰ প্রচলিত মানদণ্ডৰ পৰিৱৰ্তন দেশৰ উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। যাৰ হাতত বস্তু বা উৎপাদন ক্ষমতা থাকে তেওঁলোকে ৰাজনৈতিক ক্ষমতা দখল কৰি দেশৰ প্ৰচলিত নীতিৰ পৰিৱৰ্তন সাধন কৰে।

ৰাজনীতি, সমাজনীতি বুজিবলৈ আৰু সমাজ পৰিৱৰ্তনক বুজিবলৈ বস্তু বা উৎপাদনী ব্যৱস্থা জানিব লাগিব। উৎপাদন ব্যৱস্থাই হ’ল সমাজৰ চালিকা শক্তি আৰু ইয়েই মানৱ ইতিহাসক গঢ় দিয়ে।

মার্ক্সীয় দৃষ্টিভংগীয়ে পুঁজিবাদী উৎপাদন ব্যৱস্থাৰে সৃষ্টি কৰা অধিকাৰৰ ওপৰত বিশ্বাস নকৰে। কাৰণ পুঁজিবাদী উৎপাদন ব্যৱস্থাত মানৱ অধিকাৰ অৰ্থহীন। পুঁজিবাদী উৎপাদনী ব্যৱস্থাত পুঁজিপতিসকলে সকলো অধিকাৰ উপভোগ কৰে। তেওঁলোকে অধিক লাভৰ বাবে শ্ৰমিকসকলক কম মজুৰি দি শোষণ কৰে। সম্পত্তিশালী শ্রেণীয়ে ইতিহাসৰ বিভিন্ন সময়ত শ্ৰমিক আৰু সম্পত্তিহীন সকলক দমন, নিপীড়ণ আৰু শোষণ কৰি আহিছে। এনে অৱস্থাত নিপীড়িতসকলৰ মানৱ অধিকাৰ মূল্যহীন। কালমার্ক্সৰ মতে যেতিয়ালৈকে সমাজত মালিক আৰু শ্রমিক, সম্পত্তিবান আৰু সম্পত্তিহীন, শোষক আৰু শোষিত শ্রেণী থাকিব তেতিয়ালৈকে সকলো ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ এমুঠিমান পুঁজিপতি শ্রেণীয়ে মাত্র উপভোগ কৰিব। সমাজৰ বৃহৎ সংখ্যক দৰিদ্ৰ শোষিত শ্ৰেণীয়ে এই অধিকাৰৰ পৰা বঞ্চিত হ’ব। সেইবাবে পুঁজিবাদী ব্যৱস্থাৰ দ্বাৰা সৃষ্ট মানৱ অধিকাৰৰ ধাৰণা মার্ক্সীয় মানি নলয় ।

মার্ক্সীয় দৃষ্টিভংগীয়ে অধিকাৰৰ সম্পৰ্কত ব্যক্তিক সমাজৰ পৰা বিচ্ছিন্ন কৰাৰ পক্ষপাতি নহয়। কাৰণ ব্যক্তি সমাজৰ অভিন্ন অংগ। ব্যক্তিয়ে সমাজক বাদ দি অকলে কোনো অধিকাৰ উপভোগ কৰিব নোৱাৰে। সমাজে ব্যক্তিক অধিকাৰ দিয়ে আৰু উপযুক্ত পৰিৱেশ গঢ়ি তুলি সমাজেই ব্যক্তিক অধিকাৰ ভোগ কৰণত সহায় কৰে। ব্যক্তিৰ সামাজিক চৰিত্ৰ থকাৰ বাবে সমাজে উপযুক্ত পৰিৱেশ গঢ় দিলেহে ব্যক্তিয়ে অধিকাৰ ভোগ কৰিব পাৰে। উদাৰবাদী সমাজত ব্যক্তি সমাজৰ পৰা পৃথক। প্রত্যেক ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ বাবে সামাজিক স্বার্থ বিসর্জন দিয়ে। এনে সমাজত ব্যক্তিয়ে কেৱল অধিকাৰতহে গুৰুত্ব দি শোষণৰ ধাৰা বজায় ৰখাত সহায় কৰে।

কিন্তু মার্ক্সবাদী লেখকৰ মতে সাম্যবাদী সমাজতহে মাত্র ব্যক্তিয়ে শোষণ, নিপীড়ন আৰু দমনৰ পৰা মুক্ত হৈ সমতাৰ ভিত্তিত অধিকাৰ উপভোগ কৰিব পাৰে। সাম্যবাদী সমাজে এনে এটা পৰিৱেশ সৃষ্টি কৰে য’ত ধনী, বিত্তবান পুঁজিপতিসকলৰ শোষণৰ ব্যৱস্থা নেথাকে। মার্ক্সীয় দৃষ্টিভংগীৰ মতে শোষক আৰু শোষিত শ্ৰেণীৰ মাজত শ্রেণী সংগ্রাম অনিবার্য। শ্রেণী সংগ্ৰামৰ ফলস্বৰূপে এদিন সৰ্বহাৰাৰ একনায়কত্ববাদৰ প্ৰতিষ্ঠা হ’ব। তেতিয়াই শোষণহীন, শ্রেণীহীন এখন সমাজ প্রতিষ্ঠা হয়। এনে সমাজত ধনী দুখীয়াৰ কোনো বৈষম্য নেথাকিব, ব্যক্তিগত সম্পত্তি নেথাকিব, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত মানুহৰ মাজত প্ৰকৃততে সমতা প্রতিষ্ঠা হ’ব। এনে অৱস্থাত ৰাষ্ট্ৰৰ অৱসান ঘটিব। সাম্যবাদী সমাজ প্রতিষ্ঠা হ’লে সমগ্র সমাজ ব্যৱস্থা মানৱীয় মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত হ’ব আৰু সহযোগিতাৰ ভিত্তিত এখন মুক্ত সমাজ গঢ় লৈ উঠিব। এনে সমাজতহে সামাজিক দায়বদ্ধতাৰ ভিত্তিত, সমাজৰ ভিত্তিত মানুহৰ অধিকাৰে পূৰ্ণতা লাভ কৰিব। পুঁজিবাদী ব্যৱস্থাই সৃষ্টি কৰা অসমতা, শোষণ, দমন আৰু অন্যান্য সামাজিক ব্যাধি নাইকিয়া হ’ব।

পুঁজিবাদী ব্যৱস্থা ধ্বংস হ’লেহে সম অধিকাৰ সাব্যস্ত হ’ব। সাধাৰণতে সাম্যবাদ ব্যৱস্থাৰ অধিকাৰবোৰ হ’ল— 

(১) কাম কৰাৰ অধিকাৰ।

(২) জিৰণিৰ অধিকাৰ। 

(৩) সৃষ্টিশীল কামৰ অধিকাৰ।

(৪) শিক্ষাৰ অধিকাৰ।

(৫) সামাজিক নিৰাপত্তাৰ অধিকাৰ।

(৬) ভোটদানৰ অধিকাৰ।

(৭) সংস্থা গঠনৰ অধিকাৰ।

(৮) স্বতন্ত্ৰতাৰ অধিকাৰ।

(৯) সমতাৰ অধিকাৰ।

(১০) ধৰ্ম আৰু ধৰ্মৰ বিৰুদ্ধে প্ৰচাৰ কৰাৰ অধিকাৰ ইত্যাদি। 

অৱশ্যে সমাজবাদী সমাজত এই অধিকাৰবিলাক থাকিলেও অধিকাৰবিলাক অসীম নহয়, জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতিকূল হ’লে এনে অধিকাৰবিলাক ভোগ কৰাত বাধা আৰোপ কৰিব পাৰে। কাৰণ অধিকাৰৰ লগত কৰ্তব্য জড়িত থাকে। সেইবাবে মানৱ অধিকাৰৰ বিষয়ত মার্ক্সীয় দৃষ্টিভংগীয়ে সামাজিক আৰু অৰ্থনৈতিক অধিকাৰক ব্যক্তি অধিকাৰতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে। ব্যক্তিৰ অধিকাৰ সামাজিক দায়বদ্ধতাৰ পটভূমিত আৰ্থ-সামাজিক অধিকাৰৰ বহতীয়া হ’ব লাগে। কাৰণ আর্থ-সামাজিক পটভূমিতহে এজন ব্যক্তিয়ে পূর্ণতা পাব পাৰে।

“Holy Family” নামৰ গ্ৰন্থত মার্ক্স আৰু এঞ্জেলচে ব্যাখ্যা কৰিছে যে আধুনিক ৰাষ্ট্ৰই মানৱ অধিকাৰ স্বীকৃতি দিয়াৰ অৰ্থ হ’ল প্রাচীন দাস প্রথাক স্বীকৃতি দিয়া। আধুনিক ৰাষ্ট্ৰত মানুহে স্বাৰ্থৰ বাবেহে সামাজিক সম্পর্ক গঢ়ি তোলে। গতিকে আধুনিক মানৱ অধিকাৰৰ ধাৰণাটোৱে বুৰ্জোৱা সমাজৰ প্ৰতিদ্বন্দ্বিতামূলক সংগ্রামক বুজায়। অর্থাৎ ব্যক্তি আৰু সমাজৰ মাজত বুৰ্জোৱা সমাজত সংঘাত হয়। ব্যক্তি সমাজৰ পৰা বিচ্ছেদ হয়। লাভৰ আকাংক্ষা, বজাৰ অর্থনীতিয়ে পুঁজিবাদী ব্যৱস্থাত ব্যক্তিক পুঁজিপতি শ্ৰেণীৰ দাসত পৰিণত কৰা হয়। মার্ক্সৰ মতে সাম্যবাদ প্রতিষ্ঠা হ’লেহে ব্যক্তি সমাজৰ সম্পৰ্ক দৃঢ় হ’ব আৰু মালিক দাসৰ সম্পৰ্ক নেথাকিব। সমতাৰ ভিত্তিত প্রকৃত অধিকাৰ সকলোৰে বাবে প্ৰতিষ্ঠিত হ’ব। এনেদৰে মার্ক্সীয় দৃষ্টিভংগীৰ বিষয়ত দুটামান দিশ মন কৰিবলগীয়া—

(১) উদাৰবাদী তত্ত্বই অৱজ্ঞা কৰি অহা সমতা আৰু আৰ্থ-সামাজিক অধিকাৰসমূহ মার্ক্সীয় দৃষ্টিভংগীয়ে গুৰুত্ব দিয়াত আৰু কৃতকাৰ্যতাৰে প্ৰসাৰণ ঘটোৱাত সফল হৈছে।

(২) মানৱ অধিকাৰ সম্পৰ্কে মার্ক্সীয় পদ্ধতিৰ ফলস্বৰূপে অৰ্থনৈতিক নিৰাপত্তা আৰু শোষণ বিৰোধী কিছুমান অধিকাৰ ১৯৬৬ চনৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰত সন্নিৱিষ্ট কৰা হৈছিল।

(৩) নব্য মার্ক্সীয় দৃষ্টিভংগীয়ে দৰিদ্ৰ সীমাৰেখাত থকা শ্রমিকৰ অৱস্থাৰ উন্নীতকৰণৰ বাবে, জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ বাবে অধিকাৰৰ গুৰুত্ব প্ৰদান কৰিছে। কাৰণ অৰ্থনৈতিক অধিকাৰবিলাকে সমতাৰ ভিত্তিত মানুহৰ মুক্তি সাধন কৰিব পাৰে, অভাৱৰ পৰা উদ্ধাৰ কৰিব পাৰে। অধিকাৰ অৰ্থনীতিৰ লগত জড়িত হ’ব লাগে। সেইবাবে মার্ক্সীয় দৃষ্টিভংগীয়ে অর্থনৈতিক অধিকাৰক ৰাজনৈতিক অধিকাৰতকৈ উচ্চ স্থান দিছে।

4. Define Human Rights. Discuss the stages of development of Human Rights.

Ans. মানৱ অধিকাৰৰ প্ৰগতিৰ বিভিন্ন স্তৰ :

প্ৰাচীন গ্ৰীচ আৰু ৰোমত মানৱ অধিকাৰ : মানৱ অধিকাৰৰ ধাৰণাটো কুৰি শতিকাৰ পৰাই অধিক প্ৰচলিত হৈছে যদিও প্রাচীন গ্রীক সভ্যতাৰ সময়তে মানৱ অধিকাৰৰ বিষয়ে উল্লেখ আছে। গ্রীক ভাষাৰ এন্টিগন (Antigone) নামৰ নাটকত মানৱ অধিকাৰক “অপৰিৱৰ্তনীয় ঐশ্বৰিক আইন” বুলি স্বীকৃতি দিয়া হৈছিল। পুৰণি গ্ৰীচ আৰু ৰোমৰ ষ্টইক (stoic) সকলে মানুহৰ প্ৰাকৃতিক অধিকাৰৰ ধাৰণাটোৰ বিকাশ ঘটাইছিল। তেওঁলোকেই প্রথমে ঘোষণা কৰিছিল যে মানুহ হিচাপে প্ৰত্যেকৰ কিছুমান অধিকাৰ থাকে।

মধ্যযুগত মানৱ অধিকাৰ : মধ্যযুগত দার্শনিক থমাচ একুইনাচ, থমাচ আগষ্টাইন আদিয়ে প্রাকৃতিক অধিকাৰক প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছিল। সাধাৰণতে প্রত্যেক সংস্কৃতি, সভ্যতা, ধৰ্ম আৰু দার্শনিক পৰম্পৰাত অধিকাৰৰ ধাৰণাটো প্ৰচলিত আছিল। অৱশ্যে ইতিহাসৰ বিভিন্ন স্তৰত বিশেষ পটভূমিত অধিকাৰৰ ধাৰণাটো সংকীৰ্ণ আছিল। উদাহৰণস্বৰূপে গ্ৰীকৰ ৰাজনৈতিক ব্যৱস্থাত অধিকাৰ নাগৰিকসকলৰ বাবেহে আছিল। দাসসকলৰ কোনো অধিকাৰ নাছিল।

মানৱ অধিকাৰৰ লিখিত ৰূপ : আদৰ্শাত্মক আৰু দার্শনিক ধাৰণাৰ পৰা অধিকাৰ লাভৰ ধাৰণাটোৱে ক্ৰমান্বয়ে লিখিত ৰূপ ল’বলৈ ধৰিলে। এইক্ষেত্ৰত বিশ্বৰ কেইটামান সুদূৰপ্ৰসাৰী ঘটনা উল্লেখ কৰিব পাৰি। সেইবোৰ হ’ল— ইংলেণ্ডৰ মহাচনদ (Magna Carta-1215), আমেৰিকাৰ স্বাধীনতাৰ ঘোষণা পত্ৰ (American Declaration of Independence – 1976), মানৱ অধিকাৰ সম্পৰ্কীয় ফৰাচী ঘোষণা পত্র (French Declaration on the Rights of Man-1789) আৰু ৰুছিয়াৰ বলছেভিক বিপ্লৱ (Bolshevik Revolution in Russia-1917) গুৰুত্বপূৰ্ণ । এই প্রত্যেক ঘোষণাই মানৱ অধিকাৰৰ বিকাশত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল। ১৮শ শতিকাত জন ল’ক, ৰুছো, মাণ্টস্কু, ভল্টেয়াৰ আদিৰ লেখনিয়ে প্রাকৃতিক আইন আৰু প্ৰাকৃতিক অধিকাৰক গুৰুত্ব প্ৰদান কৰি সকলো মানুহ সম-অধিকাৰী বুলি শক্তিশালী বক্তব্য প্রকাশ কৰিছিল। আমেৰিকা স্বাধীনতা ঘোষণা পত্ৰত কোৱা হৈছিল যে— সকলো মানুহক সমানভাৱে সৃষ্টি কৰা হৈছে আৰু সকলোকে হস্তান্তৰ কৰিব নোৱাৰা কিছুমান অধিকাৰ প্ৰদান কৰিছে।

ওঠৰ শতিকাত মানৱ অধিকাৰ : ওঠৰ শতিকাৰ শেষৰ ফালে ইউৰোপ আৰু আমেৰিকাত প্ৰাকৃতিক অধিকাৰৰ ধাৰণাটোক ধৰ্মনিৰপেক্ষ, যুক্তিসংগত আৰু গণতান্ত্ৰিক ৰূপে গঢ়ি তোলা হয়। মানুহৰ অধিকাৰৰ ধাৰণাটো গঢ় লৈ উঠে আৰু ইয়াৰ ফলস্বৰূপে নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ ভেটি গঢ়ি উঠে। ফৰাচী বিপ্লৱৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰীয় সদনে (১৭৯১ চনত) “মানুহ আৰু নাগৰিকৰ অধিকাৰ ঘোষণা”ৰ যোগেদি নাগৰিকৰ ভালেমান অহস্তান্তৰিত অধিকাৰক স্বীকৃতি জনাইছিল।

উনৈশ শতিকাত মানৱ অধিকাৰ : উনৈশ শতিকাৰ মাজ ভাগত উত্তৰ আমেৰিকা আৰু ইউৰোপত উদ্যোগিক অর্থনীতিৰ বিকাশৰ লগে লগে শ্রমিক সংগঠৰ অধিকাৰবোৰে কাম কৰা ভাল পৰিৱেশ আৰু উপযুক্ত মজুৰি প্ৰদান কৰি শ্ৰমিকৰ অৱস্থা উন্নতি সাধিছিল। এছিয়া-আফ্ৰিকাৰ দেশবোৰত উপনিৱেশিক ৰাষ্ট্ৰবোৰে শোষণ কৰি ইউৰোপ আৰু আমেৰিকাৰ শ্ৰমিকৰ অৱস্থা উন্নতি সাধিছিল। ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সেইবোৰ দেশৰ জনসাধাৰণে উপভোগ কৰিছিল। কিন্তু পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰৰ জনসাধাৰণ ঔপনিৱেশিক শাসনৰ ফলত শোষিত হৈছিল। ফলস্বৰূপে এছিয়া-আফ্রিকা, লেটিন আমেৰিকাৰ জনসাধাৰণে অধিকাৰৰ প্ৰতি হাবিয়াস কৰি সংগ্ৰাম কৰিছিল।

কুৰি শতিকাৰ মানৱ অধিকাৰ বিকাশ : দুই বিশ্বযুদ্ধৰ মাজৰ সময়ছোৱাৰ ১৯২৯ চনত ভালেমান আইনজ্ঞ পণ্ডিতৰ প্ৰচেষ্টাত গঠিত হোৱা Institute of International Law নামৰ সংগঠনে মানৱ অধিকাৰ ৰক্ষাৰ বাবে ছটা নীতি ঘোষণা কৰিছিল। হিটলাৰ আৰু মুছোলিনীৰ অন্য জাতিৰ ওপৰত কৰা অত্যাচাৰে ৰাষ্ট্ৰপতি ৰুজভল্টক চাৰিবিধ স্বাধীনতা ঘোষণা কৰিবলৈ বাধ্য কৰাইছিল।

ৰাষ্ট্ৰসংঘৰ অধীনত মানৱ অধিকাৰ বিকাশ : দ্বিতীয় বিশ্বযুদ্ধই মানৱ জাতিৰ যি ধ্বংসলীলা সৃষ্টি কৰিলে, মানৱীয় মর্যাদা আৰু অধিকাৰক যেনেদৰে লুণ্ঠিত কৰা হ’ল সেই অৱস্থাৰ পৰা মুক্তি লাভ কৰি মানৱ সভ্যতা ৰক্ষা কৰিবৰ বাবে ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা কৰা হ’ল। মানৱ ইতিহাসত প্ৰথমবাৰৰ বাবে এক আন্তর্জাতিক সংগঠনে মানৱ সভ্যতা ৰক্ষা কৰিবৰ বাবে ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা কৰা হ’ল। মানৱ ইতিহাসত প্ৰথমবাৰৰ বাবে এক আন্তর্জাতিক সংগঠনে মানৱ অধিকাৰৰ এক ৩০ দফীয়া ঘোষণাপত্ৰ জাৰি কৰে (১৯৪৮ চনৰ ১০ ডিচেম্বৰত)।

ঘোষণাত অন্তর্ভুক্ত প্রধান ৰাজনৈতিক আৰু সামাজিক অধিকাৰ সমূহ হৈছে—

সমতাৰ অধিকাৰ, দাসত্বৰ পৰা মুক্তিৰ অধিকাৰ, মত প্রকাশৰ অধিকাৰ, শোষণ আৰু নিষ্পেষণৰ বিৰুদ্ধে অধিকাৰ, ন্যায়িক ৰক্ষণাবেক্ষণৰ অধিকাৰ ইত্যাদি।

অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক অধিকাৰসমূহ হৈছে— 

কাম কৰাৰ অধিকাৰ, সামাজিক নিৰাপত্তাৰ অধিকাৰ, বিশ্ৰামৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সাংস্কৃতিক অধিকাৰ ইত্যাদি।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ ঘোষণা পত্ৰৰ আধাৰত মানৱ অধিকাৰ ৰক্ষাৰ বাবে কেইবাখনো দলিল ইতিমধ্যে প্ৰস্তুত কৰা হ’ল। সেইবিলাকৰ ভিতৰত—

(১) নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় আন্তর্জাতিক চুক্তি পত্র (১৯৬৬)

(২) অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সম্পর্কীয় আন্তর্জাতিক চুক্তি পত্র (১৯৬৬)

(৩) ১৯৬৬ চনৰ ইচ্ছাধীন দলিল বা আচৰণ বিধি (optional protocol)।

এই দলিলসমূহৰ উপৰিও আৰু বহুতো চুক্তি আন্তর্জাতিক ক্ষেত্ৰত সম্পাদিত হৈছে।

বিভিন্ন সন্মিলনৰ যোগেদি মানৱ অধিকাৰৰ ৰক্ষা বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মানৱ অধিকাৰক নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে বর্তমান আন্তর্জাতিক মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে। প্ৰতিখন ৰাষ্ট্ৰতে মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে, অধিকাৰ ভংগ কৰিলে নিৰাময়ৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে।

সমাজৰ বিৱৰ্তনৰ ফলত সামাজিক, ৰাজনৈতিক, অর্থনৈতিক পৰিৱেশৰ সলনি হোৱাৰ দৰে মানৱ অধিকাৰৰ ধাৰণাটোৰ ক্রমবিকাশ ঘটিছে। বর্তমান নৃগোষ্ঠীয় অধিকাৰ, নাৰী অধিকাৰ, খিলঞ্জীয়া অধিকাৰ, শিশু অধিকাৰ, আশ্রয় প্ৰাৰ্থীৰ অধিকাৰ আদি বিভিন্ন অধিকাৰসমূহৰ ৰক্ষা আৰু বিকাশৰ বাবেও নতুন নতুন বিভাগ গঠন কৰা হৈছে। মানৱ অধিকাৰে আজি একৈশ শতিকাতো এক বিশ্বজনীন চৰিত্ৰ লাভ কৰিবলৈ বাকী আছে। মানৱ অধিকাৰৰ বহু বিষয়ত উন্নত ৰাষ্ট্ৰ আৰু উন্নয়নশীল ৰাষ্ট্ৰৰ মাজত এতিয়াও সর্বসন্মত বা ঐক্যমত পাব পৰা হোৱা নাই। উদাৰীকৰণৰ নামত বহু অবিধাকৰক তৃতীয় বিশ্বৰ দেশসমূহে গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top