Human Rights of Education Unit 3 Introduction to Human Rights Education

Human Rights of Education Unit 3 Introduction to Human Rights Education, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Human Rights of Education Unit 3 Introduction to Human Rights Education Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Human Rights of Education Unit 3 Introduction to Human Rights Education Question Answer can be of great value to excel in the examination.

Human Rights of Education Unit 3 Introduction to Human Rights Education

Join Telegram channel

Human Rights of Education Unit 3 Introduction to Human Rights Education Notes cover all the exercise questions in UGC Syllabus. The Human Rights of Education Unit 3 Introduction to Human Rights Education provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Introduction to Human Rights Education

EDUCATION

HUMAN RIGHTS OF EDUCATION

মানৱ অধিকাৰ শিক্ষা

1. Discuss the evolution and development of the concept of Human Rights in India.

Ans. ভাৰতবৰ্ষত মানৱ অধিকাৰ ধাৰণাৰ বিৱৰ্তন আৰু ক্রমবিকাশ : প্রাচীন ভাৰতীয়সকল মানৱ অধিকাৰৰ বিষয়ে অজ্ঞ আছিল। প্রায় পাঁচ হেজাৰ বছৰৰ আগতেই ভাৰতীয় চিন্তাবিদ আৰু দার্শনিক সকলে উচ্চ স্তৰৰ নৈতিক আইনৰ পৃষ্ঠপোষকতা কৰিছিল। তেওঁলোকে বিশ্বজনীন মূল্যবোধৰ ভিত্তিত জীৱনৰ পাৰ্থিৱ আৰু আধ্যাত্মিক িদশৰ মাজত সমন্বয় সাধন কৰি সংগতিপূর্ণ সামাজিক শৃংখলা প্রতিষ্ঠা কৰিবলৈ বিচাৰিছিল । এনে আইন ধর্মীয় আইন আছিল আৰু ধর্মই প্রত্যেক ব্যক্তিয়ে সামাজিক নৈতিকতা মানি চলি সংগঠিত সমাজ গঢ়ি তোলাত গুৰুত্ব দিয়ে। প্রাচীন ভাৰতত মানৱ অধিকাৰৰ ভেঁটি আছিল ধৰ্ম আৰু ধৰ্মই সংঘাত, শোষণ আৰু দুখৰ পৰা মানুহক উদ্ধাৰ কৰি সামাজিক শৃংখলা প্রতিষ্ঠা কৰিব বিচাৰিছিল।

বৈদিক যুগ মানৱ অধিকাৰ ধৰ্মৰ লগত জড়িত আছিল। বৈদিক যুগৰ দাৰ্শনিকে বিশ্বাস কৰিছিল যে মানুহৰ স্বাভাৱিক মর্যাদাকে সন্মান আৰু ৰক্ষণাবেক্ষণ দিয়াতো ‘বসুদৈৱ কুটুম্বকম” বাক্যশাৰীত আমি সকলো মানৱ পৰিয়াল বুলি অভিহিত কৰা হৈছিল। ঋকবেদত তিনিবিধ নাগৰিক অধিকাৰৰ কথা উল্লেখ আছে— শৰীৰৰ অধিকাৰ (তন) বাসস্থানৰ অধিকাৰ (বৃদ্ধি) আৰু জীৱন ধাৰণৰ অধিকাৰ (জিভাসি) বিখ্যাত সংস্কৃত ব্যাকৰণবিদ পানিনিয়ে বিশৃংখলতা আৰু অৰাজকতাৰ পৰা দেশৰ প্ৰজাবৰ্গক ৰক্ষা কৰাটো বজাৰ কৰ্তব্য বুলি অভিহিত কৰিছিল। আইন প্রণেতা মনুৱে প্ৰজাবৰ্গৰ অধিকাৰৰ পৰম্পৰাগত আইনক স্বীকৃতি দিয়াতো ৰজাৰ কৰ্তব্য বুলি মত পোষণ কৰিছিল। কৌটিল্যই অৰ্থশাস্ত্ৰত নাগৰিক আৰু আইনসংগত অধিকাৰৰ লগতে অর্থনৈতিক অধিকাৰক স্বীকৃতি দিছিল। মহাভাৰতত স্বেচ্ছাচাৰী শাসকৰ বিৰুদ্ধে আন্দোলন কৰাটোক সমর্থন জনোৱা হৈছিল।

মানৱ অধিকাৰৰ ক্ৰমবিকাশত খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকাৰ বুদ্ধ আৰু জৈন ধৰ্মৰ আবির্ভাবে অৰিহণা যোগাইছিল। এই ধর্মসমূহে সামন্তবাদক স্বীকৃতি দি সমাজত প্ৰচলিত বৈষম্যপূর্ণ বর্ণ প্রথা উচ্ছেদ কৰিবলৈ বিচাৰিছিল। ভাৰত বুৰঞ্জীৰ সোণালী যুগ বুলি আখ্যা পোৱা গুপ্ত যুগৰ (৩০০-৫০০ খ্রীষ্টাব্দ) বিষয়ে চীনৰ পৰিব্ৰাজক ফাহিয়েন আৰু হিউয়েন চাঙে জনসাধাৰণৰ অধিকাৰৰ প্ৰতি শাসকৰ দায়বদ্ধতাৰ কথা স্পষ্টকৈ উল্লেখ কৰিছিল।

মধ্যযুগৰ ইছলামিক পৰম্পৰাগত মানৱ অধিকাৰৰ গুৰুত্ব প্ৰকাশ পাইছিল। পবিত্র কোৰাণে বিশ্বজনীন ভাতৃত্বভাব, ন্যায়, সমতাৰ প্ৰচাৰ কৰি আহিছে। মোগল সম্রাট আকবৰে সহনশীলতা আৰু বিশ্বজনীন সমন্বয়ৰ নীতিৰ দ্বাৰা ৰাষ্ট্ৰৰ যন্ত্ৰত প্ৰভাৱ পেলাইছিল। চুফি পৰম্পৰাই বিশ্বজনীন ভাতৃত্বভাবৰ ধাৰণাক কৰি তুলিছিল।

আধুনিক অৰ্থত মানৱ অধিকাৰৰ দৰ্শন ব্ৰিটিছ শাসন কালত ভাৰতত গঢ় লৈ উঠে। ১৮৮৫ চনত ভাৰতৰ জাতীয় কংগ্ৰেছ গঢ়ি উঠাৰ পাছত নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ ভাৰতৰ জনসাধাৰণে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে শক্তিশালী আন্দোলন আৰম্ভ কৰিলে। ১৮৯৫ চনত ভাৰতবৰ্ষত জনসাধাৰণৰ অধিকাৰৰ দাবী উত্থাপন কৰিবলৈ ভাৰতীয় চনদৰ সংবিধান গ্ৰহণ কৰা হয়। ১৯২৫ চনত ভাৰতৰ জাতীয় কংগ্ৰেছে Commonwealth of India Bill ৰ খচৰাৰ পূৰ্ণ ৰূপ দিয়ে। ১৯৩১ চনত বহা কংগ্রেছৰ কৰাচী অধিৱেশনত কিছুমান মানৱ অধিকাৰৰ বিস্তৃত আঁচনি কৰা হয় আৰু ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইনত অন্তর্ভুক্ত কৰিবলৈ দাবী কৰা হয়। ১৯৪৫ চনত তেজ বাহাদুৰ চাপ্রু কমিটীয়ে মৌলিক অধিকাৰৰ কিছুমান লিখিত বিধি গ্রহণ গুৰুত্ব দিছিল। ইয়াৰ ফলস্বৰূপেই ভাৰতৰ সংবিধানিক সভাই মানৱ অধিকাৰ কিছুমান স্বাধীন ভাৰতৰ সংবিধানত অন্তর্ভুক্ত কৰিব লগা হৈছিল।

১৯৫০ চনত গ্ৰহণ কৰা ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা প্ৰস্তাৱনা, মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিসমূহে ভাৰতৰ জনসাধাৰণক মানৱ অধিকাৰৰ প্ৰদানত ঐতিহাসিক ভূমিকা গ্রহণ কৰে।

প্রস্তাৱনা : ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ কথা উল্লেখ আছে। চিন্তা, মত প্ৰকাশৰ বিশ্বাসৰ ধৰ্মীয় উপাসনাৰ অধিকাৰ উল্লেখ কৰা হৈছে। সম মর্যাদা আৰু মানুহৰ মাজত ভাতৃত্ব ভাব জগাই তুলি ব্যক্তি মর্যাদা, ঐকা আৰু সংহতি ৰক্ষা কৰাৰ ব্যৱস্থাৰ উল্লেখ কৰা হৈছে।

মৌলিক অধিকাৰ : ভাৰতৰ সংবিধানৰ তৃতীয় অধ্যায়ত ৭টা অধিকাৰ প্ৰদান কৰা হৈছিল। এই অধিকাৰসমূহে হৈছে—

(১) সমতাৰ অধিকাৰ।

(২) স্বতন্ত্ৰতাৰ অধিকাৰ।

(৩) শোষণৰ বিৰুদ্ধে অধিকাৰ।

(৪) ধর্মীয় বিৰুদ্ধে অধিকাৰ।

(৫) সংস্কৃতি আৰু শিক্ষাৰ অধিকাৰ।

(৬) সম্পত্তিৰ অধিকাৰ।

(৭) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ।

নির্দেশাত্মক নীতি : ভাৰতৰ সংবিধানৰ চতুৰ্থ অধ্যায়ত বিভিন্ন নীতি (৩৬-৫১ অনু) উল্লেখ কৰা হৈছে। এই নীতিবোৰৰ যোগেদি ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ, এখন গান্ধীবাদী ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ আৰু আন্তৰ্জাতিক শান্তি প্রতিষ্ঠা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই নীতিসমূহক কেইটামান ভাগত ভগাব পাৰি

(১) সমাজবাদী নীতি।

(২) শাসন সম্পৰ্কীয় নীতি।

(৩) গান্ধীবাদী নীতি।

(৪) আন্তর্জাতিক নীতি।

(৫) অন্যান্য সাধাৰণ নীতি।

মৌলিক কর্তব্য : সংবিধানৰ ৪২তম সংশোধনী অনুসৰি ১০টা মৌলিক কৰ্ত্তবা ভাৰতৰ সংবিধানত অন্তর্ভুক্ত কৰা হৈছে। এই কর্তব্যসমূহ অন্তর্ভুক্তি প্ৰধান কাৰণ হ’ল যে মৌলিক অধিকাৰসমূহৰ লগত কিছুমান সামাজিক দায়বদ্ধতাও জড়িত থাকে। সংবিধান মানি চলা, মহান আদৰ্শ অনুসৰণ কৰা, দেশৰ প্ৰতিৰক্ষা, ঐক্য সুৰক্ষা কৰা আদি কৰ্তব্যসমূহ মানৱ অধিকাৰৰ এটা অংশহে।

মানৱ অধিকাৰ কাৰ্যকৰীকৰণ : মানৱ অধিকাৰ ৰক্ষণাবেক্ষণ দিবৰ বাবে ভাৰতত ১৯৯৩ চনত ভাৰতত জাতীয় মানৱ অধিকাৰ আয়োগ (NHRC) গঠন কৰা হয়। এই আয়োগ সম্পূর্ণ স্বতন্ত্র আয়োগ। সর্বোচ্চ ন্যায়ালয় প্রধান বিচাৰপতি, অন্যান্য বিচাৰক আৰু মানৱ অধিকাৰৰ লগত জড়িত ব্যক্তিক লৈ এই আয়োগ গঠন কৰাৰ ব্যৱস্থা কৰা হয়। এই আয়োগে দেৱানী আদালতৰ আইন অনুসৰি মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এই আয়োগ মানৱ অধিকাৰৰ। লগত জড়িত বিষয়ত অনুসন্ধান কৰিব পাৰে। এই আয়োগে মানর অদিকাৰৰ লগত জড়িত বিষয়ত অনুসন্ধান কৰিব পাৰে, অধিকাৰ ভংগকাৰী সংস্থাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিব। পাৰে, অধিকাৰ কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থাৱলীৰ পৰামৰ্শ দিব পাৰে।

ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠনৰ ব্যৱস্থাও ১৯৯৩ চনৰ NHRC আৰু আইনত উল্লেখ আছে। ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ৰাজ্যিক সূচী আৰু উমৈহতীয়া সূচীত থকা বিষয়ৰ ওপৰতহে মানৱ অধিকাৰ ভংগৰ বিষয়ত ব্যৱস্থা কৰিব পাৰে।

অনুসূচিত জাতি, জনজাতিৰ বাবে জাতীয় আয়োগ (১৯৮৯) মহিলাৰ বাবে জাতীয় আয়োগ, (১৯৯০) সংখ্যালঘুৰ বাবে জাতীয় আয়োগ (১৯৯২) ইত্যাদি আয়োগ গঠনৰ যোগেদি ভাৰতবৰ্ষৰ মানৱ অধিকাৰ ব্যৱস্থা বৰ্তমানৰ পৰ্যায় পাইছেহি। ভাৰতবৰ্ষৰ মানৱ অধিকাৰৰ ক্ৰমবিকাশত এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে ইয়াত সংখ্যালঘুৰ, আর্থিকভাৱে পিছপৰা সম্প্ৰদায়ৰ, অনুসূচিত জাতি জনজাতিৰ বাবে অধিক অধিকাৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

কেৱল আইন প্রণয়ন কৰি বা কিছুমান আয়োগ গঠন কৰিলেই মানৱ অধিকাৰ ৰক্ষা কৰা সম্ভৱ নহয়। মানৱ অধিকাৰৰ বিষয়ত জনসাধাৰণৰ সচেতন হ’বই লাগিব। সচেতনতা বৃদ্ধিৰ বাবে বৰ্তমান চৰকাৰে, বেচৰকাৰী সংগঠনে জনসাধাৰণৰ মাজত মানৱ অধিকাৰৰ বিষয়ে সচেতনতা বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুঠিত বর্তমান মানৱ অধিকাৰৰ বিষয়টো অন্তৰ্ভুক্ত কৰাও হৈছে। প্ৰাচীন ভাৰতত মানৱ অধিকাৰৰ ধাৰণাটো ধৰ্মীয় নৈতিকতাৰ লগত জড়িত আছিল। কিন্তু কালক্ৰমত এই ধাৰণাটোৱে আইনগত ৰূপ লাভ কৰিছে। এতিয়াও ভাৰতত মানৱ অধিকাৰক অধিক কাৰ্যকৰী ৰূপ দিবলৈ বাকী আছে।

2. What are the means of promoting Human Right Education?

Ans. মানৱ অধিকাৰ শিক্ষাৰ অভিকৰণঃ মানৱ অধিকাৰ শিক্ষাৰ অভিকৰণ সমূহ প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হৈছে—

(1) আনুষ্ঠানিক শিক্ষা।

(2) অনানুষ্ঠানিক শিক্ষা।

অনানুষ্ঠানিক শিক্ষাৰ অভিকৰণসমূহ :

(1) পৰিয়াল। 

(2) ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ।

(3) ৰাষ্ট্ৰীয় চৰকাৰ।

(4) বেচৰকাৰী সংগঠন NGO।

(5) প্রচাৰ মাধ্যম। 

আনুষ্ঠানিক শিক্ষাৰ অভিকৰণসমূহ হ’ল স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত মানৱ অধিকাৰ শিক্ষা।

(1) পৰিয়াল : মানৱ অধিকাৰ শিক্ষাৰ প্ৰথম আৰম্ভণি হয় পৰিয়ালত। এটা শিশুৱে পৰিয়ালত প্ৰথম ভাল-বেয়া, সহায় সহযোগিতা, সমতা, ভাতৃত্ববোধ, সহিষ্ণুতা, পৰোপকাৰ আদি গুণসমূহৰ শিক্ষা লাভ কৰে। যিবিলাকে ভৱিষ্যৎ মানৱ অধিকাৰৰ সংৰক্ষণ, তাৰ বিকাশত সহায়ক হয়। মানুহৰ মাজত সমতা, ধর্মীয় সহিষ্ণুতা আদি বিষয়ত জ্ঞান বিস্তাৰ কৰিলে মানৱ অধিকাৰক শক্তিশালী ভেঁটিত প্রতিষ্ঠা কৰিব পৰা যায়।

(2) ৰাষ্ট্ৰীয় চৰকাৰ : মানৱ অধিকাৰ শিক্ষাৰ দ্বিতীয় অভিকৰণ হ’ল ৰাষ্ট্ৰীয় চৰকাৰ। মানৱ অধিকাৰ শিক্ষাৰ বাবে স্কুল আৰু কলেজৰ পাঠ্যক্ৰমত মানৱ অধিকাৰ শিক্ষাক অন্তর্ভুক্ত কৰিব লাগে।

১৯৯৩ চনত মানৱ অধিকাৰ আয়োগ গঠনৰ যোগেদি ভাৰতত চৰকাৰে মানৱ অধিকাৰ শিক্ষা প্ৰচাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

(3) অনা চৰকাৰী অনুষ্ঠান (NGO) : আমাৰ দেশৰ বৰ্তমান ভালেমান বেচৰকাৰী সংগঠন প্ৰতিষ্ঠা কৰা হৈছে। দেশৰ দূৰদূৰণিৰ ভিতৰুৱা অঞ্চলত বাস কৰা দৰিদ্ৰ জনসাধাৰণৰ আৰ্থিক অৱস্থা উন্নত কৰাতো এই অনুষ্ঠানবোৰৰ প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছে। একে সময়তে ইবিলাকৰ ভালেমানে মানৱ অধিকাৰ শিক্ষাদান আৰু মানৱ অধিকাৰ প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ৰায়দান আগবঢ়াইছে। এনেদৰে মানৱ অধিকাৰ বিকাশৰ কাৰ্যত নিয়োজিত বেচৰকাৰী সংগঠনবিলাকৰ কাম-কাজ উদ্‌গনি দিবৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে সকলোকে আহ্বান জনাইছে।

(4) প্রচাৰ মাধ্যম : মানৱ অধিকাৰ শিক্ষা প্ৰদানত প্ৰচাৰ মাধ্যম বিলাকেও অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰচাৰ মাধ্যমবিলাকে মানৱ অধিকাৰৰ লগত জড়িত বিভিন্ন বা-বাতৰি প্ৰচাৰ কৰি এই বিষয়ত জনগণক কৰে। অৱশ্যে ইয়াৰ বাবে প্ৰচাৰ মাধ্যমবোৰ গণতান্ত্ৰিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব।

আনুষ্ঠানিক অভিকৰণ : বিদ্যালয় মহাবিদ্যালয় আদি : মানৱ অধিকাৰ শিক্ষাৰ অনুষ্ঠানিক অভিকৰণ হিচাপে বিদ্যালয় মহাবিদ্যালয়, বিশ্ববিদ্যালয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা কৰে। অৱশ্যে ইয়াৰ বাবে মানৱ অধিকাৰ বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব UNOৰ মানৱ অধিকাৰ আয়োগে কৰা অনুৰোধমৰ্মে ভাৰতৰ প্ৰায় আটাইবোৰ বিশ্ববিদ্যালয়ত মানৱ অধিকাৰ বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰোপৰি মানৱ অধিকাৰ শিক্ষাৰ কাৰণে চেমিনাৰ আৰু কৰ্মশালা অনুষ্ঠিত কৰিবৰ বাবে আয়োগে অনুদান প্ৰদান কৰিছে। এই আটাইবিলাক ব্যৱস্থাৰ যোগেদি মানৱ অধিকাৰ শিক্ষাৰ কাৰ্যকৰী কৰাৰ যত্ন কৰিছে।

3. Examine the importance of Human Right Education in India. How can it be promoted?

Ans. ভাৰতত মানৱ অধিকাৰ শিক্ষাৰ গুৰুত্ব অসীম। ভাৰতৰ দৰে গণতান্ত্রিক দেশ এখনত মানৱ অধিকাৰৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। গণতান্ত্রিক দেশ এখনৰ প্ৰধান মাপকাঠি হৈছে মৌলিক মানৱ অধিকাৰ, কিন্তু উন্নয়নশীল দেশসমূহৰ জনসাধাৰণ সামাজিক, আর্থিক, ৰাজনৈতিক, শৈক্ষিক ইত্যাদি দিশত পিছপৰা। আনহাতেদি ভাষিক, ধার্মিক, গোষ্ঠীগত, জাতিগত সমস্যাৰে এনেবোৰ দেশ জৰ্জৰিত। কুসংস্কাৰ, অন্ধবিশ্বাস, নিৰক্ষৰতা আদিৰ বাবে মানৱ অধিকাৰৰ ধাৰণাৰ বিষয়ে মানুহৰ অধিক জ্ঞান নেথাকে। মানৱ অধিকাৰ উপভোগৰ দ্বাৰা মানুহে যে এক সুন্দৰ আৰু সভ্য জীৱন যাপন কৰিব পাৰে, এই অধিকাৰবোৰে যে ব্যক্তিক সামাজিক জীৱনৰ বিকাশত সুবিধা প্ৰদান কৰে এই বিষয়ে সকলো লোক সজাগ নহয়। ভাৰতৰ বহু লোক এতিয়াও নিৰক্ষৰ। সেইবাবে মানৱ অধিকাৰবোৰ যে ব্যক্তি আৰু সামাজিক জীৱনৰ বাবে অতি অপৰিহাৰ্য সেই কথা তেওঁলোকে বুজি নেপায়। 

যদি মানুহৰ মানৱ অধিকাৰ বিষয়ে জ্ঞান নেথাকে আৰু এই অধিকাৰবিলাক উন্নত জীৱন-যাপনৰ বাবে অতি প্রয়োজনীয় বুলি বিবেচনা নকৰে তেন্তে ৰাষ্ট্ৰীয় বা আন্তর্জাতিক অনুষ্ঠানৰ দ্বাৰা মানৱ অধিকাৰ স্বীকৃতি প্ৰদান কৰিলেও এই অধিকাৰবিলাক কার্যকৰী কৰা সম্ভৱ নহয়। সেইবাবে মানৱ অধিকাৰৰ শিক্ষা ভাৰতৰ দৰে এখন দেশত অতি গুৰুত্বপূৰ্ণ ।

মানৱ অধিকাৰবিলাক কাৰ্যকৰী কৰি তুলিবলৈ ভাৰতৰ জনসাধাৰণক তেওঁলোকৰ অধিকাৰ, অন্যান্য লোকৰ অধিকাৰৰ বিষয়ে সম্যক জ্ঞান দিবৰ বাবে এই বিষয়ৰ শিক্ষাদান নিতান্ত প্রয়োজন আছে। এই অধিকাৰৰ বিষয়ে মানুহ সচেতন হ’লেহে তেওঁলোকে এই অধিকাৰ সুৰক্ষাৰ বাবে, অধিকাৰ কোনোবাই ভংগ কৰিলে ইয়াৰ বিৰুদ্ধাচৰণ কৰাৰ আৱশ্যকীয় জ্ঞান আহৰণ কৰিব পাৰিব। মানৱ অধিকাৰৰ বিষয়ে প্রয়োজনীয় জ্ঞান আৰু এই অধিকাৰ সুৰক্ষাৰ বাবে ল’ব লগা আৱশ্যকীয় ব্যৱস্থাৱলীৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তুলিবলৈ মানৱ অধিকাৰ বিষয়ে শিক্ষাদান কৰাটো এটা অপৰিহাৰ্য চৰ্ত। মানৱ অধিকাৰৰ বিষয়ে শিক্ষাদান কৰিব পাৰিলেহে জনসাধাৰণে বিভিন্ন মানৱ অধিকাৰ বুজিব পাৰিব আৰু নিজৰ দায়িত্ব পালন কৰিব পাৰিব। মানৱ অধিকাৰ বিষয়ে শিক্ষা থাকিলে মানৱ অধিকাৰ উলংঘা কৰা সমাজৰ শক্তিশালী ব্যক্তি, গোট, চৰকাৰী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অধিকাৰ পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰিব পাৰে।

ভাৰতবৰ্ষ এখন বহুত্ববাদী সমাজ। বিভিন্ন ভাষা, ধর্ম, বর্ণ, জনগোষ্ঠীৰে গঠিত ভাৰতীয় সমাজ ব্যৱস্থাত বিভিন্ন দিশত ভিন্নতা বিৰাজমান। স্বতন্ত্রতা, সমতা আদি ধাৰণা দিশত শক্তিশালী হৈ উঠিব পৰা নাই। ভাৰতত মহিলা, দুৰ্বলীলোকৰ ওপৰত শিশুৰ ওপৰত শোষণ নির্যাতন চলি আহিছে। 

সামাজিক আৰু ধৰ্মীয় প্ৰথা-পৰম্পৰাই নাৰী জাতিক সামাজিক কামৰ পৰা বঞ্চিত কৰি আহিছে। বিবাহিত মহিলাৰ ওপৰত নির্যাতন, বালিকা বিবাহৰ বাধ্য কৰোৱা, নাৰী ব্যৱসায়, যৌন নির্যাতন, ধর্ষণ, কন্যা শিশুৰ ভ্রূণ হত্যা ইত্যাদি অবিচাৰ ভাৰতত বহু দিনৰে পৰা চলি আহিছে। নাবালক-নাবালিকা সকলৰ ওপৰত, বনকৰা ল’ৰা-ছোৱালীৰ ওপৰত নির্যাতন চলি আহিছে। খিলঞ্জীয়াৰ অধিকাৰ, শৰণাৰ্থীৰ অধিকাৰ, সংখ্যালঘিষ্ঠৰ অধিকাৰ আদিৰ বিষয়ত জনসাধাৰণ সচেতন হোৱা নাই।

ভাৰতবৰ্ষত নৃগোষ্ঠীয় সংঘাত সমূহে, সন্ত্ৰাসবাদৰ লগত জড়িত। ঘটনাৱলীয়ে মানৱ অধিকাৰ উলংঘন কৰি আহিছে। মানৱ অধিকাৰৰ বিষয়ে সম্যক জ্ঞান নথকাৰ বাবে বা ভ্ৰান্ত ধাৰণা ধৰাৰ বাবে নৃগোষ্ঠীয় দাবীয়ে সংঘাত সংঘৰ্ষৰ উন্মাদনাৰ সৃষ্টি কৰি আহিছে। সন্ত্ৰাসবাদ দমনৰ নামত চৰকাৰী বিভাগেও বহু সময়ত ভাৰতত মানৱ অধিকাৰ লংঘন কৰি আহিছে। শান্তি, সংহতি, ভৌগোলিক অখণ্ডতাৰ নামত চৰকাৰে বহু সময়ত গণতান্ত্রিক অধিকাৰ দাবী কৰা জনসাধাৰণৰ ওপৰত নির্যাতন চলাই মানৱ অধিকাৰ লংঘন কৰি আহিছে। মানৱ অধিকাৰৰ বিষয়ে অজ্ঞতা থকাৰ বাবে অধিকাৰৰ বিষয়ত সজাগ নোহোৱাৰ বাবে আৰু অধিকাৰ উলংঘনৰ বিৰুদ্ধে ল’বলগীয়া ব্যৱস্থাৰ বিষয়ে অজ্ঞ হোৱাৰ বাবে ভাৰতবৰ্ষত মানৱ অধিকাৰ শিক্ষাৰ প্ৰয়োজন আছে।

ভাৰতত মানৱ অধিকাৰ শিক্ষা সম্প্ৰসাৰণৰ বাবে ব্যৱস্থা গ্রহণ কৰা হৈছে। মানৱ অধিকাৰ শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰসংঘৰ  সাধাৰণ সভাই ১৯৮৮ চনত বিশ্বৰ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবে মানৱ অধিকাৰৰ তথ্য অভিযান আৰম্ভ কৰিছিল।

১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত আৰু ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কেন্দ্ৰক মানৱ অধিকাৰ শিক্ষা গ্ৰহণৰ আঁচনি প্রস্তুত কৰা আৰু ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা শিক্ষাৰ আঁচনিৰ মাজত সমন্বয় সাধন কৰা দায়িত্ব অর্পণ কৰা হয়। ইয়াৰ উপৰিও একে বছৰতে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে (ECOSOC) মানৱ অধিকাৰ শিক্ষা সম্প্ৰসাৰণৰ বাবে আঁছনি গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৯৫ চনৰ জানুৱাৰীৰ পৰা মানৱ অধিকাৰ শিক্ষা দশক ঘোষণা কৰি মানৱ অধিকাৰ শিক্ষাক সার্বজনীন কৰিবৰ বাবে ৰাষ্ট্ৰসমূহক আহ্বান জনাইছিল। ভাৰত চৰকাৰেও শিক্ষা দশকত শিক্ষানুষ্ঠানসমূহত মানৱ অধিকাৰৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰি, জনমত প্ৰচাৰ কৰি মানৱ অধিকাৰ শিক্ষা বিস্তাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

UNESCOৰ যোগেদিও মানৱ অধিকাৰৰ শিক্ষা সম্প্ৰসাৰণৰ কাম হাতত লোৱা হৈছে। ভাৰতবৰ্ষত UNESCOৰ লগত সংগতি ৰাখি মানৱ অধিকাৰৰ আয়োগে শিক্ষা সম্প্ৰসাৰণৰ আঁচনি গ্রহণ কৰিছে।

১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনৰ ১২(H) ধাৰাত উল্লেখ কৰা হৈছে যে— এই আয়োগে সমাজৰ বিভিন্ন গোটৰ মাজত মানৱ অধিকাৰ শিক্ষা সম্প্ৰসাৰণ কৰিব আৰু প্ৰচাৰ পত্ৰ, প্ৰচাৰ মাধ্যম, আলোচনাচক্র, অন্যান্য সা-সুবিধা গ্ৰহণ কৰি মানৱ অধিকাৰ সুৰক্ষাৰ বাবে সজাগতা বৃদ্ধি কৰিব। অৱশ্যে মানৱ অধিকাৰ শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে ভাৰতত এক মানৱ অধিকাৰ সংস্কৃতি গঢ়ি তুলিব লাগিব।

ৰাষ্ট্ৰসংঘই ১৯৬৬ চনত ঘোষণা কৰা ৰাজনৈতিক আৰু নাগৰিক অধিকাৰৰ চুক্তি, অর্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ চুক্তিত স্বীকৃতি অধিকাৰসমূহ প্ৰচাৰ কৰিবলৈ ভাৰতৰ মানৱ অধিকাৰ আয়োগে ব্যৱস্থা গ্ৰহণ কৰিছে। মানৱ অধিকাৰ শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে আয়োগে তিনিদফীয়া আঁচনি গ্ৰহণ কৰিছে। সেইকেইটা হ’ল—

(১) আয়োগে জাতীয় আৰু আঞ্চলিক ৰাজনৈতিক দলবোৰৰ লগত আলোচনা কৰি শিক্ষা বিষয়ক নীতি গ্রহণ কৰিব।

(২) ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত আলোচনা কৰি অসামৰিক বিষয়াসকলৰ মাজত মানৱ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰিব।

(৩) আয়োগে মানৱ সম্পদ উন্নয়ন মন্ত্রণালয়, NCERT আৰু ৰাজ্যৰ শিক্ষা বিষয়ক কৰ্তৃপক্ষৰ লগত আলোচনা কৰি মানৱ অধিকাৰ শিক্ষা নীতি গ্ৰহণ কৰিব। মানৱ অধিকাৰক এক সুকীয়া বিষয়ৰূপে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিব।

মানৱ অধিকাৰ শিক্ষা সম্প্ৰসাৰণৰ বাবে ভাৰতৰ বিশ্ববিদ্যালয় বিলাকত মানৱ অধিকাৰৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হৈছে। কিন্তু মানৱ অধিকাৰৰ শিক্ষা নিৰক্ষৰ লোকৰ মাজলৈ এতিয়াও যাবলৈ বাকী আছে। অনানুষ্ঠানিক শিক্ষাৰ যোগেদি মানৱ অধিকাৰৰ সজাগতা আনিবলৈ হ’লে নিৰক্ষৰ লোকক শিক্ষা প্রদান। কৰিবলৈ চৰকাৰী আৰু বেচৰকাৰী সংগঠন আগবাঢ়ি আহিব লাগিব। শিক্ষাদানৰ বাবে প্ৰশিক্ষণপ্রাপ্ত শিক্ষকৰ প্রয়োজন হয়। গতিকে উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ ব্যৱস্থা কৰাটো অতি প্রয়োজনীয়। মানৱ অধিকাৰৰ পাঠ্যক্ৰমত মানৱ অধিকাৰৰ লগতে মানৱীয় আইন, আইনৰ শাসন, গণতন্ত্র, মহিলা শিশু আৰু সংখ্যালঘুন প্রয়োজনীয়তা আদি অন্তর্ভুক্ত হ’ব লাগে।

ভাৰতবৰ্ষত মানৱ অধিকাৰৰ শিক্ষা সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় আৰু মানৱ সম্পদ উন্নয়ন মন্ত্রণালয়, মানৱ অধিকাৰ আয়োগ, ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদ, বেচৰকাৰী সংগঠন আদি বিভাগে সমন্বিত প্রচেষ্টা গ্রহণ কৰিব লাগিব। বিশ্ববিদ্যালয় অনুদান আয়োগে মানৱ অধিকাৰ শিক্ষা বিকাশৰ বাবে কৰণীয় বহু কর্তব্য আছে। ৰাজ্যিক চৰকাৰৰ শিক্ষা সংস্থাসমূহেও এই বিষয়ত সক্রিয় অংশগ্ৰহণ কৰিব লাগিব।

ভাৰতত মানৱ অধিকাৰ আয়োগে শিক্ষকৰ অৰ্হতা বৃদ্ধি কৰিবলৈ মানৱ অধিকাৰ সম্পৰ্কীয় প্রশিক্ষণ পুস্তিকা প্রকাশ কৰিছে। শিক্ষা প্ৰচাৰ সম্পৰ্কত বহু আলোচনাচক্র অনুষ্ঠিত কৰা হৈছে। কিন্তু মানৱ অধিকাৰ সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশত চৰকাৰে অধিক মনোনিৱেশ কৰিব লাগে।

সাৰ্বজনীন শিক্ষাৰ অবিহনে মানৱ অধিকাৰৰ শিক্ষা সম্ভৱ নহয়। ভাৰতবৰ্ষত এতিয়া সর্বশিক্ষা অভিযান চলিছে যদিও এক বুজনসংখ্যক ল’ৰা-ছোৱালীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে। ১৪ বছৰ বয়স পর্যন্ত ল’ৰা-ছোৱালীক বিনামূলীয়া শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা সত্ত্বেও সফল হোৱা নাই। ভাৰতৰ মানৱ অধিকাৰ আয়োগৰ প্ৰথম সভাপতি আৰ এন মিশ্ৰই মানৱ অধিকাৰ বিষয়টোক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম ৰূপে গ্ৰহণ কৰিবলৈ দিয়া পৰামৰ্শটোক বিশ্ববিদ্যালয় উপাচার্য সকলে গ্ৰহণ কৰিছিল যদিও সকলো বিশ্ববিদ্যালয়ত এতিয়াও কাৰ্যকৰী হোৱা নাই।

ভাৰতৰ শাস্তি শৃংখলা আৰু নিৰাপত্তাৰ দায়িত্বত থকা পুলিচ, অৰ্ধ সামৰিক বাহিনী আৰু সৈন্য বাহিনীৰ লোকসকলে শান্তি শৃংখলা ৰক্ষাৰ নামত, শান্তি আৰু নিৰাপত্তাৰ নামত জনসাধাৰণৰ মানৱ অধিকাৰ সততে উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। গতিকে মানৱ অধিকাৰৰ শিক্ষা পুলিচ বাহিনী, অধ সামৰিক আৰু সামৰিক বাহিনীৰ লোকৰ মাজত সম্প্ৰসাৰণ কৰা নিতান্ত প্রয়োজন আছে।

১০ ডিচেম্বৰ দিনটো মানৱ অধিকাৰ দিৱস ৰূপে পালন কৰা হয়। কিন্তু মানৱ অধিকাৰৰ বিষয়ে অধিক সজাগতা আনিবৰ বাবে ভাৰতত ব্যাপক প্ৰচাৰ ব্যৱস্থা কৰিব লাগিব। প্ৰচাৰ মাধ্যমসমূহে এই বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। 

4. Explain the provisions of Human Rights in part III and part IV of the Constitution of India.

Ans. ভাৰতৰ সংবিধানৰ তৃতীয় আৰু চতুৰ্থ অধ্যায়ত উল্লেখ থকা মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিসমূহত বিভিন্ন মানৱ অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে।

ভাৰতৰ সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে। ভাৰতৰ সংবিধানৰ ক’তো মানৱ অধিকাৰৰ শব্দটো ব্যৱহাৰ কৰা হোৱা নাই। অৱশ্যে ভাৰতৰ সংবিধান প্রণেতাসকলে ৰাষ্ট্ৰসংঘৰ চনদ আৰু মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰত উল্লেখ কৰা মানৱ অধিকাৰবোৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল। মানৱ অধিকাৰবোৰক ভাৰতৰ সংবিধানত মৌলিক অধিকাৰৰূপে সন্নিৱিষ্ট কৰা হৈছে।

ভাৰতৰ সংবিধানৰ তৃতীয় অধ্যায়ত উল্লেখ থকা মানৱ অধিকাৰবোৰ হৈছে-

(১) স্বতন্ত্ৰতাৰ অধিকাৰ (Rights to Freedom) (১৯-২২): ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত চিন্তাৰ, প্ৰকাশৰ, বিশ্বাস আৰু উপাসনাৰ স্বতন্ত্ৰতাৰ অধিকাৰত সন্নিৱিষ্ট কৰা হৈছে।

চিন্তা আৰু মত প্ৰকাশৰ স্বাধীনতা, চাল-চলনৰ বসবাসৰ, বৃত্তি গ্ৰহণৰ স্বাধীনতা।

দোষী সাব্যস্তকৰণৰ ক্ষেত্ৰত নিৰাপত্তাৰ স্বাধীনতা,

জীৱন আৰু ব্যক্তিগত স্বতন্ত্রতা,কিছুমান বিষয়ত গ্ৰেপ্তাৰ আৰু অৱৰোধৰ বিৰুদ্ধে নিৰাপত্তাৰ স্বাধীনতা ইত্যাদি।

কিন্তু ভাৰতৰ সংবিধানে প্ৰদান কৰা অধিকাৰবিলাক অবাধ নহয়। ৰাষ্ট্ৰীয় নিৰাপত্তা, অখণ্ডতা, ৰাজহুৱা শৃংখলা, নৈতিকতা আদিৰ স্বাৰ্থত ৰাষ্ট্ৰই যুক্তিযুক্তভাৱে এনে অধিকাৰবিলাকৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰত নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ আন্তৰ্জাতিক চুক্তিপত্ৰতো এনে নিয়ন্ত্ৰণৰ কথা উল্লেখ আছে।

() শোষণৰ বিৰুদ্ধে অধিকাৰ (Right against exploitation) (২৩, ২৪) : এই অধিকাৰৰ ভিতৰৰৰ স্বতন্ত্রতাবিলাক হৈছে— ব্যৱসায় বন্ধ কৰা আৰু বলপূৰ্বক শ্রম আদায় কৰা নিষিদ্ধ কৰা, শিশুসকলক কল-কাৰখানা, খনি ইত্যাদি কামত নিয়োগত নিষেধ কৰাৰ স্বাধীনতা।

এই অধিকাৰৰ জৰিয়তে কোনো লোকক বলপূর্বকভাবে কোনেও কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব। ১৪ বছৰৰ তলৰ শিশুক কোনো কল-কাৰখানা, খনি বা বিপদজনক কাম কৰাব নোৱাৰিব। মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা পত্ৰৰ ৪ অনুচ্ছেদত দাসত্ব প্রথা নিষিদ্ধ কৰা হৈছে।

() ধৰ্ম আচৰণৰ অধিকাৰ (Rights to religion) (২৫ ২৮) : ধৰ্মীয় অধিকাৰৰ ভিতৰত সন্নিৱিষ্ট স্বাধীনতাবোৰ হৈছে—

বিবেকৰ স্বাধীনতা, কোনো ধর্ম গ্রহণ, চর্চা আৰু প্ৰচাৰৰ স্বাধীনতা, ধৰ্মীয় কাৰ্য সম্পাদন কৰাৰ স্বাধীনতা, ধৰ্মীয় অনুষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ স্বাধীনতা, ধৰ্মীয় শিক্ষা গ্ৰহণৰ স্বাধীনতা ইত্যাদি।

ভাৰতবৰ্ষৰ সকলো নাগৰিককে ধৰ্মীয় বিশ্বাস অনুসৰি উপাসনা কৰা, ধৰ্ম চৰ্চা আৰু প্ৰচাৰৰ স্বাধীনতা প্ৰদান কৰা হৈছে কিন্তু ধৰ্মৰ নামত ৰাজহুৱা শান্তি-শৃংখলা ভংগ কৰা বা নৈতিকতা বিৰোধী কার্যকলাপত লিপ্ত হ’ব নোৱাৰিব।

() সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ (Cultural and Educational Right) (২৯-৩১) : এই অধিকাৰৰ অন্তৰ্ভুক্ত প্রধান স্বাধীনতাসমূহ হৈছে—

সংখ্যালঘুসকলৰ স্বাৰ্থ ৰক্ষা কৰা,

সংখ্যালঘুসকলৰ শিক্ষানুষ্ঠান প্রতিষ্ঠা আৰু শাসন কৰাৰ স্বাধীনতা,

প্রত্যেক জনগোষ্ঠীয়ে নিজা লিপি, ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ স্বাধীনতা থাকিব।

শিক্ষানুষ্ঠানত লিংগ ধৰ্ম, বর্ণ, জাতি নির্বিশেষে সকলোৱে নামভৰ্তি কৰিব পাৰিব।UDHRৰ ঘোষণাৰ ২৬নং অনুচ্ছেদত শিক্ষাৰ অধিকাৰ প্ৰদান কৰা হৈছে।

() সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ (Rights to constitutional) (৩২-৩৪) : ভাৰতৰ সংবিধানে প্ৰদান কৰা বিভিন্ন অধিকাৰবোৰ ৰক্ষা কৰিবৰ কাৰণে, কোনোবাই অধিকাৰবোৰ ভংগ কৰিলে ভাৰতৰ সংবিধানত কিছুমান প্ৰতিকাৰৰ উপায় উল্লেখ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে নাগৰিকৰ আবেদনৰ ভিত্তিত মৌলিক অধিকাৰ বলবৎ কৰিবলৈ কিছুমান আদেশ (order) লেখ (write) জাৰি কৰিব পাৰে।

ভাৰতৰ সংবিধানৰ ১৩নং অনুচ্ছেদত কোৱা হৈছে যে “সংবিধানৰ তৃতীয় অধ্যায়ত সূচীভুক্ত হোৱা অধিকাৰবিলাক ৰাষ্ট্ৰই উলংঘা কৰিব নোৱাৰিব।”

(৬) নির্দেশাত্মক নীতিত মানৱ অধিকাৰ (Human Rights in Directive Policies) (অনু ৩৬-৫১) : ভাৰতৰ সংবিধান চতুর্থ অধ্যায়ৰ নিৰ্দেশাত্মক নীতিত কিছুমান মৌলিক অধিকাৰ লিপিবদ্ধ কৰা হৈছে। অৱশ্যে নির্দেশাত্মক নীতিত উল্লেখ থকা অধিকাৰবিলাক কাৰ্যকৰী কৰা নকৰাটো চৰকাৰৰ ওপৰত নিৰ্ভৰশীল। এই নীতিবোৰ ন্যায়ালয়ত বিচাৰযোগ্য নহয়। নির্দেশাত্মক নীতিত উল্লেখ থকা অধিকাৰবিলাক সমাজবাদী, অর্থনৈতিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত।

১. অর্থনৈতিক নীতি : অর্থনৈতিক নীতিসমূহৰ সন্নিবিষ্ট সমাজবাদী স্পষ্ট প্ৰভাৱ পৰিলক্ষিত হয়। সমাজত বিৰাজিত। অৰ্থনৈতিক অসমতা দূৰ কৰি এক গণতান্ত্ৰিক পৰিবেশ তুলিবলৈ ৰাষ্ট্ৰৰ প্ৰতি সংবিধান প্রেৰিত কিছুমান নির্দেশ আছে। এই নির্দেশসমূহ এনেধৰণৰ —

ক) নাগৰিকৰ জীৱন ধাৰণৰ কাৰণে পর্যাপ্ত উপায়ৰ ব্যৱস্থা কৰা।

খ) অর্থনৈতিক ক্ষেত্ৰত থকা বৈষম্য অতিৰ কৰা আৰু জনসাধাৰণৰ কল্যাণৰ অৰ্থে ৰাষ্ট্ৰৰ প্ৰাকৃতিক সম্পদৰ মালিকীয় আৰু বিতৰণৰ ব্যৱস্থা নিয়ন্ত্রিত কৰা।

গ) ৰাষ্ট্ৰীয় সম্পদ আৰু উৎপাদনৰ উৎস সৰ্বসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে যাতে কেন্দ্ৰীভূত নহয় তাৰ ব্যৱস্থা কৰা।

ঘ) পুৰুষ-মহিলা সকলো শ্রমিকৰ স্বাস্থ্য আৰু শক্তি ৰক্ষণাবেক্ষণ দিয়া তথা শিশুসকলক শোষণৰ পৰা ৰক্ষা কৰা আৰু শক্তিৰে নুকুলোৱা কামত নিয়োজিত হোৱাৰ পৰা তেওঁলোকক বাধা দিয়া।

ঙ) পুৰুষ-মহিলা উভয়কে সমান কামৰ কাৰণে সমান মজুৰি দিয়া।

চ) শিশুসকলক শোষণ, নৈতিক আৰু আৰ্থিক অৱহেলাৰ পৰা ৰক্ষা কৰিবৰ বাবে উপযুক্ত শিশু বিকাশৰ পৰিৱেশ সৃষ্টি কৰা।

ছ) আর্থিক অবস্থা অনুসৰি সকলো লোককে কান অধিকাৰ, শিক্ষা গ্ৰহণৰ অধিকাৰ আৰু কর্মহীনতা, বৃদ্ধ বয়স, ৰুগ্নতা, বিকলাংগতা আৰু অভাৱৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা হাতত ল’ব।

জ) সকলো শ্ৰেণীৰ শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নয়ন, পর্যাপ্ত পৰিমাণৰ পৰিশ্রমিক, বিশ্ৰাম আৰু সামাজিক আৰু সাংস্কৃতিক বিকাশৰ বাবে সুবিধাৰ সৃষ্টি কৰা ।

২. সামাজিক নীতি : ৰাষ্ট্ৰই সামাজিক ন্যায় প্রতিষ্ঠা কৰি জনসাধাৰণক শোষণমুক্ত গণতান্ত্রিক ব্যৱস্থা প্ৰদান কৰিবৰ নিমিত্তে নিম্নলিখিত নির্দেশসমূহ ৰাষ্ট্ৰৰ প্ৰতি প্ৰেৰণ কৰা হৈছে।

ক) সংবিধান বলবৎ কৰাৰ দহ বছৰৰ ভিতৰত ১৪ বছৰ বয়সলৈকে সকলো শিশুক বিনা মাচুলে আৰু বাধ্যতামূলক শিক্ষাদানৰ ব্যৱস্থা কৰা ৷

খ) আর্থিক বা আন কোনো নিৰ্যাতনৰ বাবে যাতে কোনো ব্যক্তি ন্যায় বিচাৰ পোৱাৰ পৰা বঞ্চিত নহয় আৰু বিচাৰ লাভৰ বাবে সুবিধা লাভ কৰে তাৰ ব্যৱস্থা প্ৰদান কৰা।

গ) দেশৰ বিভিন্ন স্থানত কাম কৰা ব্যক্তি তথা ব্যৱসায়ী গোটসমূহৰ মাজত থকা মৰ্যাদা আৰু সা-সুবিধাৰ অসমতা দূৰ কৰাৰ প্ৰয়াস কৰা ।

ঘ) জনসাধাৰণৰ পুষ্টি তথা জীৱন ধাৰণৰ মানদণ্ড আৰু জনস্বাস্থ্য উন্নতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা।

৩. গান্ধীবাদী নীতি : নিৰ্দেশনাত্মক নীতিসমূহৰ কিছুমান গান্ধীবাদী নীতিসমূহৰ কিছুমান গান্ধীবাদী আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত। এই নির্দেশসমূহ তলত উল্লেখ কৰা ধৰণৰ —

ক) গাঁও পঞ্চায়ত স্থাপন কৰা তথা সেইবোৰক স্বায়ত্ত শাসনৰ গোট হিচাপে কাম কৰিবলৈ প্ৰয়োজনীয় ক্ষমতা প্রদান কৰা।

খ) ব্যক্তিগত আৰু সমবায় ভিত্তিত কুটীৰ শিল্পৰ প্ৰমাণ কৰা।

গ) ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে অন্য সকলো হানিকৰ উত্তেজক পানীয় আৰু মাদক দ্রব্য ব্যৱহাৰত বাধা আৰোপ কৰা।

ঘ) কৃষি আৰু পশুপালন কার্যক আধুনিক তথা বৈজ্ঞানিক পদ্ধতিৰে সংগঠন কৰা।

ঙ) গো-হত্যা বন্ধ কৰা।

চ) উদ্যোগ পৰিচালনাত শ্রমিকসকলক অংশগ্রহণ কৰাৰ সুযোগ দিয়া।

ছ) সমাজত পিছপৰা দুৰ্বল শ্ৰেণীৰ, বিশেষকৈ অনুসূচিত জাতি আৰু জনজাতি লোকসকলৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থ ৰক্ষা তথা তেওঁলোকক শোষণ আৰু সকলো ধৰণৰ সামাজিক ধৰণৰ সামাজিক অন্যায়ৰ পৰা ৰক্ষা কৰা।

৪. আন্তঃৰাষ্ট্ৰীয় নীতি : আন্তঃৰাষ্ট্ৰীয় বিষয়ত ভাৰতৰ ভূমিকা কি হোৱা উচিত এই সম্পর্কেও কিছুমান নির্দেশ স্থিৰ কৰা হৈছে এই নির্দেশ অনুযায়ী ৰাষ্ট্ৰই নিম্ন লিখিত বিষয়সমূহ কাৰ্যকৰী কৰাত সচেষ্ট থাকিব।

ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ নীতি ।

খ) ৰাষ্ট্ৰসমূহৰ মাজত ন্যায়সংগত তথা সন্মানজনক সম্পৰ্ক স্থাপন কৰা।

গ) মধ্যস্থতাৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তি কৰা।

৫. অন্যান্য নীতি : নির্দেশাত্মক নীতিসমূহৰ কিছুমান নির্দেশত বিভিন্ন প্ৰকৃতিৰ আদৰ্শ প্ৰতিফলিত হৈছে। এই নির্দেশসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি।

ক) ন্যায়পালিকাক কাৰ্যপালিকাৰ পৰা পৃথক কৰিবৰ নিমিত্তে ৰাষ্ট্ৰই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

খ) সমগ্ৰ ভাৰতবৰ্ষত সমৰূপী দেৱানী আইন প্ৰতিষ্ঠাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

গ) ঐতিহাসিক স্মৃতিচিহ্ন, স্থান, কলাত্মক বস্তুসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা।

ঘ) ৰাষ্ট্ৰই পাৰিপাৰ্শ্বিক অৱস্থাৰ সংৰক্ষণ আৰু উন্নয়ন কৰিবলৈ তথা বননি আৰু বনৰীয়া জীৱ-জন্তুবোৰক ৰক্ষা কৰিবলৈ চেষ্টা কৰা।

5. Importance of Human Rights education.

Ans. ভাৰতত মানৱ অধিকাৰ শিক্ষাৰ গুৰুত্ব অসীম। ভাৰতৰ দৰে গণতান্ত্রিক দেশ এখনত মানৱ অধিকাৰৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। গণতান্ত্রিক দেশ এখনৰ প্ৰধান মাপকাঠি হৈছে মৌলিক মানৱ অধিকাৰ, কিন্তু উন্নয়নশীল দেশ সমূহৰ জনসাধাৰণ সামাজিক, আর্থিক, ৰাজনৈতিক, শৈক্ষিক ইত্যাদি দিশত পিছপৰা। আনহাতেদি ভাষিক, ধার্মিক, গোষ্ঠীগত, জাতিগত সমস্যাৰে এনেবোৰ দেশ জৰ্জৰিত। কুসংস্কাৰ, অন্ধবিশ্বাস, নিৰক্ষৰতা আদিৰ বাবে মানৱ অধিকাৰৰ ধাৰণাৰ বিষয়ে মানুহৰ অধিক জ্ঞান নেথাকে। মানৱ অধিকাৰ উপভোগৰ দ্বাৰা মানুহে যে এক সুন্দৰ আৰু সভ্য জীৱন যাপন কৰিব পাৰে, এই অধিকাৰবোৰে যে ব্যক্তি সামাজিক জীৱনৰ বিকাশত সুবিধা প্ৰদান কৰে এই বিষয়ে সকলো লোক সজাগ নহয়। ভাৰতৰ বহু লোক এতিয়াও নিৰক্ষৰ। সেইবাবে মন অধিকাৰবোৰ যে ব্যক্তি আৰু সামাজিক জীৱনৰ বাবে অভি অপৰিহাৰ্য সেইকথা তেওঁলোকে বুজি নেপায়। 

যদি মানুহৰ মাহ অধিকাৰ বিষয়ে জ্ঞান নেথাকে আৰু এই অধিকাৰবিলাক উন্নত জীৱন-যাপনৰ বাবে অতি প্রয়োজনীয় বুলি বিবেচনা নকৰে তেন্তে ৰাষ্ট্ৰীয় বা আন্তর্জাতিক অনুষ্ঠানৰ দ্বাৰা মানৱ অধিকাৰ স্বীকৃতি প্ৰদান কৰিলেও এই অধিকাৰবিলাক কার্যকৰী কৰা সম্ভৱ নহয়। সেইবাবে মানৱ অধিকাৰৰ শিক্ষা ভাৰতৰ দৰে এখন দেশত অধি গুৰুত্বপূৰ্ণ।

মানৱ অধিকাৰবিলাক কাৰ্যকৰী কৰি তুলিবলৈ ভাৰতৰ জনসাধাৰণক তেওঁলোকৰ অধিকাৰ, অন্যান্য লোকৰ অধিকাৰ বিষয়ে সম্যক জ্ঞান দিবৰ বাবে এই বিষয়ৰ শিক্ষাদানৰ নিতান্ত প্রয়োজন আছে। এই অধিকাৰৰ বিষয়ে মানুহ সচেতন হ’লেহে তেওঁলোকে এই অধিকাৰ সুৰক্ষাৰ বাবে, অধিকাৰ কোনো ভংগ কৰিলে ইয়াৰ বিৰুদ্ধাচৰণ কৰাৰ আৱশ্যকীয় জ্ঞান আহর কৰিব পাৰিব। মানৱ অধিকাৰ বিষয়ে প্রয়োজনীয় জ্ঞান আৰু অধিকাৰ সুৰক্ষাৰ বাবে ল’ব লগা আৱশ্যকীয় ব্যৱস্থাৱলীৰ বিশ্বা জনসাধাৰণক সজাগ কৰি তুলিবলৈ মানৱ অধিকাৰ বিষা শিক্ষাদান কৰাটো এটা অপৰিহাৰ্য চৰ্ত। মানৱ অধিকাৰৰ বিভা শিক্ষাদান কৰিব পাৰিলেহে জনসাধাৰণে বিভিন্ন মানৱ অধিকা বুজিব পাৰিব আৰু নিজৰ দায়িত্ব পালন কৰিব পাৰিব। অধিকাৰ বিষয়ে শিক্ষা থাকিলে মানৱ অধিকাৰ উলংঘা সমাজৰ শক্তিশালী ব্যক্তি, গোট, চৰকাৰী সংগঠনৰ বিৰুদ্ধে ব্যবস্থা। গ্ৰহণ কৰি অধিকাৰ পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰিব পাৰে।

ভাৰতবৰ্ষ এখন বহুত্ববাদী সমাজ। বিভিন্ন ভাষা, ধর্ম, বর্ণ, জনগোষ্ঠীৰে গঠিত ভাৰতীয় সমাজ ব্যৱস্থাত বিভিন্ন দিশত ভিন্নতা বিৰাজমান। স্বতন্ত্রতা, সমতা আদি ধাৰণা বাস্তৱিক দিশত শক্তিশালী হৈ উঠিব পৰা নাই। ভাৰতত মহিলা, দুৰ্বলীলোকৰ ওপৰত, শিশুৰ ওপৰত শোষণ নির্যাতন চলি আহিছে। সামাজিক আৰু ধৰ্মীয় প্ৰথা-পৰম্পৰাই নাৰী জাতিক সামাজিক কামৰ পৰা বঞ্চিত কৰি আহিছে। বিবাহিত মহিলাৰ ওপৰত নির্যাতন, বালিকা বিবাহক বাধ্য কৰোৱা, নাৰী ব্যৱসায়, যৌন নির্যাতন, ধর্ষণ, কন্যা শিশুৰ ভ্রূণ হত্যা ইত্যাদি অবিচাৰ ভাৰতত বহু দিনৰে পৰা চলি আহিছে। নাবালক-নাবালিকা সকলৰ ওপৰত, বনকৰা ল’ৰা-ছোৱালীৰ ওপৰত নির্যাতন চলি আহিছে। খিলঞ্জীয়াৰ অধিকাৰ, শৰণাৰ্থীৰ অধিকাৰ, সংখ্যালঘিষ্ঠৰ অধিকাৰ আদিৰ বিষয়ত জনসাধাৰণ সচেতন হোৱা নাই।

6. মানৱ অধিকাৰৰ দ্বাৰা শিক্ষাৰ বিকাশৰ দিশসমূহ উল্লেখ কৰা?

Ans. শিক্ষা হৈছে সমাজৰ পৰা আন্ধাৰ-অজ্ঞতা নিৰ্মূল কৰাৰ এক প্রধান আহিলা। প্রত্যেক ব্যক্তিয়ে জনা উচিত যে তেওঁ মানুহ হিচাপে জন্মগ্ৰহণ কৰিছে আৰু সেয়ে সমাজত মানুহ হিচাপেই জীয়াই থকা উচিত। অর্থাৎ প্রত্যেকেই তেওঁৰ নিজস্ব অধিকাৰ আৰু স্বত্বসমূহৰ বিষয়ে অৱগত হোৱা প্ৰয়োজন। শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা মানৱ অধিকাৰৰ লগতে এই অধিকাৰসমূহ কিদৰে ৰক্ষণাবেক্ষণ দিব লাগে তাৰ জ্ঞান প্ৰদান কৰে। সেয়ে মানৱ অধিকাৰ শিক্ষা’ক শিক্ষা প্রত্ৰিয়াটোৰ এক অবিচ্ছেদ্য হিচাপে গণ্য কৰা হৈছে আৰু বিদ্যালয় আৰু মহাবিদ্যা পাঠ্যক্ৰমত মানৱ অধিকাৰ বিষয়টো অন্তর্ভুক্ত কৰা হৈছে৷ শিক্ষাৰ দ্বাৰা মানৱ অধিকাৰ বিকাশৰ তিনিটা দিশ তলত উল্লেখ ক হ’ল-

(ক) জ্ঞান- মানৱ অধিকাৰৰ বিষয়ে আৰু এই অধিকাৰসমূহৰ নক্ষণাবেক্ষণৰ বাবে তথ্য প্ৰদান কৰা।

(খ) প্ৰমূল্যবোধ, বিশ্বাস আৰু মনোভাৱ-এই প্রক্রিয়াসমূহৰ উন্নয়নৰ দ্বাৰা এক মানৱ অধিকাৰ সংস্কৃতি গঢ় দিয়া।

(গ) কর্তব্য- মানৱ অধিকাৰৰ সুৰক্ষা আৰু মানৱ অধিকাৰ অপব্যৱহাৰ প্ৰতিৰোধৰ বাবে ৰাইজৰ সজাগ কৰা।

ওপৰোক্ত দিশসমূহৰ পৰা এইটো স্পষ্টভাৱে ক’ব পৰা যায় যে মানৱ অধিকাৰ শিক্ষাৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ মাজত অধিকাৰৰ বাবে সার্বজনীন বাঞ্ছা জগাই তোলা, মানৱ অধিকাৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় কৌশলৰ বিষয়ে শিক্ষার্থীক মৌলিক জ্ঞান প্ৰদান কৰা, এই অধিকাৰ উলংঘা বা বিঘ্নিত হ’ব পৰা ক্ষেত্ৰত ইয়াৰ প্ৰতি সচেতন পদক্ষেপ গ্ৰহণ কৰাৰ শিক্ষা আগবঢ়োৱা।

7. মানৱ অধিকাৰ শিক্ষাৰ প্ৰয়োজনীয়তা [ need for Human Rights Education] কি কি?

Ans. মানৱ অধিকাৰ শিক্ষাৰ প্ৰয়োজনীয়তাসমূহ হ’ল-

(ক) মানুহক মানৱ অধিকাৰৰ বিষয়ে সজাগ কৰি তোলা। 

(খ) এই অধিকাৰে মানুহক যিকোনো প্ৰকাৰৰ বৈষম্য, দুৰ্ব্যৱবহাৰৰ পৰা ৰক্ষা কৰা আৰু বিশ্বব্যাপি এক গণতান্ত্রিক ব্যৱস্থা প্রতিষ্ঠা কৰাত সহায় কৰা।

(গ) ই বহল দৃষ্টিভংগীৰে সৰ্বজনীনযগোলকীয় উন্নয়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমাজ আৰু সম্প্ৰদায়ৰ ধাৰণা গঢ় দিয়াত অৰিহণা যোগায়।

(ঘ) এই অধিকাৰে এক গণতান্ত্রিক আৰু ভিন্ন সংস্কৃতিৰ সমাজ য’ত সহনশীলতা আৰু ধৈর্য সকলোৰে বাবে বাঞ্ছনীয় তেনে ক্ষেত্ৰত মানৱ অধিকাৰৰ প্ৰতি আবশ্যকীয় মর্যাদা প্রদান কৰে। 

(ঙ) নাগৰিকৰ মাজত গোলকীয় সজাগতা আৰু আন্তঃবুজাবুজিৰ মনোভাৱ প্রতিষ্ঠা কৰা।

(চ) ই মানৱ অধিকাৰৰ অপব্যৱহাৰ, সামাজিক অন্যায়, আৰু স্বাৰ্থপৰতা তথা স্ব-অভিযোজন নির্মূল কৰাত সহায় কৰে। 

(ছ) মানৱ অধিকাৰ শিক্ষাই সদায় মানৱ অধিকাৰৰ আদৰ্শগত আৰু ৰাজনৈতিক দিশটো বিবেচনা কৰে।

৪. মানৱ অধিকাৰ শিক্ষাৰ লক্ষ্যসমূহ [Objectives for Human Rights Education] কি কি?

Ans. মানৱ অধিকাৰ শিক্ষাই মানৱ অধিকাৰৰ বিষয়ে আৰু এই অধিকাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে শিক্ষা প্ৰদান কৰে। এই শিক্ষাৰ লক্ষ্য হ’ল মানুহক মানৱ অধিকাৰৰ বিষয়ে জ্ঞাত কৰোৱা, মূল্যবোধ জাগ্ৰত কৰা আৰু মানৱ অধিকাৰৰ বিকাশ, সুৰক্ষা আৰু মর্যাদা প্ৰদান কৰাত সহায় আগবঢ়োৱা। মানৱ অধিকাৰ বিষয়ৰ শিক্ষাই মানুহক মানব অধিকাৰৰ তথ্য যোগান ধৰাত সহায় কৰে। মানৱ অধিকাৰ শিক্ষাই প্ৰদান কৰা শিক্ষাৰ পৰা তলত উল্লেখ কৰা তথ্যসমূহ জানিব পৰা যায়। যেনে— 

(ক) সকলো মানুহে জন্মসূত্ৰে পোৱা মৰ্যাদা আৰু অধিকাৰ প্রতি সন্মান প্ৰদৰ্শন কৰা।

(খ) মানৱ অধিকাৰৰ নীতিসমূহ যেনে— সর্বজনীনত অখণ্ডতা আৰু আন্তঃনিৰ্ভৰশীলতাৰ বিষয়ে জানিব পাৰিব।

(গ) মানৱ অধিকাৰে কিদৰে শান্তিপূর্ণভাৱে সংঘৰ্ষ সমাধন কৰে।’ 

(ঘ) ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় আইনৰ বিষয়ে জ্ঞাত হয়।

(ঙ) আন্তঃৰাষ্টীয় আইন যেনে মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণা তথা শিশুৰ অধিকাৰৰ চুক্তিৰ বিষয়ে জানিব পাৰিব। 

(চ) মানৱ অধিকাৰ আইনৰ দ্বাৰা এই অধিকাৰবোৰৰ সুৰক্ষাৰ বিষয়ে জানিব পাৰিব।

(ছ) মানৱ অধিকাৰ উলংঘা কৰণ যেনে আতিশয্য, গণহত্যা৷ অথবা নাৰী নিৰ্যাতন আৰু ইয়াৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক কাৰকসমূহৰ বিষয়ে জানিব পাৰিব।

(জ) মানৱ অধিকাৰ প্ৰচাৰ, সুৰক্ষা আৰু সন্মানৰ বাবে দায়িত্বশীল ব্যক্তি তথা মাধ্যমসমূহৰ বিষয়ে জ্ঞাত হ’ব।

9. মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰত শিক্ষাৰ অধিকাৰ সম্পর্কে উল্লেখ থকা কথাখিনি লিখা?

Ans. শিক্ষা এক অধিকাৰ । মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণা পত্ৰত উল্লেখ কৰিছে যে-

(ক) প্ৰত্যেকৰেই শিক্ষাৰ অধিকাৰ আছে। অন্ততঃ বুনিয়াদী আৰু প্ৰাথমিক স্তৰত বিনামূলীয়া শিক্ষা ব্যৱস্থা হ’ব লাগে। প্রাথমিক শিক্ষা বাধ্যতামূলক হোৱা উচিত।

(খ) শিক্ষাই মানুহৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ, মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ প্ৰতি সন্মান শ্রদ্ধা বৃদ্ধি কৰিব। শিক্ষাই সকলো জাতি, প্রজাতি আৰু ধৰ্মীয় মাজত পৰস্পৰ বুজাবুজি, সহনশীলতা আৰু বন্ধুত্বপূর্ণভাব জগাই তুলিব লগতে শান্তি-সম্প্রীতি বৰ্তি থকাৰ বাবে ৰাষ্ট্ৰসংঘৰ কাৰ্যাৱলীৰ অগ্ৰগতিত সহায় কৰিব।

সর্বজনীন ঘোষণাৰ লগত সুৰ মিলাই আমাৰ ভাৰতীয় সংবিধানেও ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহত উল্লেখ কৰে যে সকলে। শিশুৰ বাবে ১৪ বছৰ পৰ্যন্ত শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক হ’ব। সাংবিধানিক আইন, ২০০২ (৮৬ দ্বাৰা অনুচ্ছেদ ২১ক সন্নিৱিষ্ট কৰা হয় যাৰ দ্বাৰা ৰাজ্যত ৬ বছৰৰ পৰা ১৪ বছৰৰ সকলো শিশুৰ বাবে শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক যিটো প্রাদেশিক চৰকাৰে আইনৰ দ্বাৰাও নিৰ্ধাৰণ কৰিব পাৰিব। ইয়াৰ ফলস্বৰূপে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৮ চনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়, যাৰ দ্বাৰা তলত উল্লেখ কৰা ব্যৱস্থাসমূহ প্রদান কৰা হয়—

১. প্রত্যেক শিশুৰ সন্তোষজনক আৰু সম মানৰ পূৰ্ণ সময়ৰ প্রাথমিক শিক্ষা গ্রহণ কৰাৰ অধিকাৰ আছে যিয়ে এক নির্দিষ্ট মান আৰু প্ৰমূল্য প্ৰদান কৰে।

২. বাধ্যতামূলক শিক্ষাই সংশ্লিষ্ট চৰকাৰখন নামভৰ্তিকৰণ, উপস্থিতি আৰু প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ বাবে দায়বদ্ধ হ’ব লাগিব।

৩. “বিনামূলীয়া শিক্ষাৰ অৰ্থ হ’ল সংশ্লিষ্ট চৰকাৰৰ দ্বাৰা সাহায্যপ্রাপ্ত নোহোৱা বিদ্যালয়ত যি শিশুৰ অভিভাৱকৰ দ্বাৰ নামভৰ্তিকৰণ হয়, তেওঁলোকৰ বাহিৰে কোনো ধৰণৰ মাচুল বা অর্থ ব্যয় কৰিব নালাগে যিয়ে এই শিক্ষা গ্ৰহণ কৰি থকা বা সম্পূর্ণ কৰাৰ বাবে বাধাৰ সৃষ্টি কৰে।

৪. মুক্ত আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ লগত সংশ্লিষ্ট চৰকাৰ, স্থানীয় কর্তৃপক্ষ, অভিভাৱক, বিদ্যালয় আৰু শিক্ষকসকলৰ কৰ্তব্য আৰু দায়িত্ব জড়িত।

৫. শিশুৰ অধিকাৰসমূহৰ সুৰক্ষা ব্যৱস্থা আৰু বিকেন্দ্ৰীয়ভাৱে আপত্তি নিষ্পত্তিৰ ব্যৱস্থা কৰা হ’ব।

এই আইনী ব্যৱস্থা এনে বিশ্বাসৰ ভিত্তিত গ্ৰহণ কৰা। হয় যে কেৱল সকলোৰে বাবে প্রাথমিক শিক্ষা অন্তর্ভুক্তিৰ জৰিয়তেহে সমাজত সমতা, সামাজিক ন্যায়, গণতন্ত্র আৰু মানৱীয় গুণ আৰু ন্যায় প্রতিষ্ঠা কৰা সম্ভৱ। ৰাজ্য চৰকাৰৰ শিক্ষাৰ অধিকাৰ, বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা (অনুচ্ছেদ ৪৫) আৰু প্ৰতি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ প্ৰয়াস বৃদ্ধি কৰিবলৈ নিৰ্দেশনা জাৰি কৰে।

10. মানৱীয় অধিকাৰ অৰ্থ আৰু ধাৰণ [HUMAN RIGHTS MEANING AND CONCEPT] চমুকৈ লিখা?

Ans. পৃথিৱীৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক বহু অভিযানৰ সৈতে মানৱীয় অধিকাৰৰ বিষয়টো বিশ্বব্যাপি থকা এটা বিষয় আৰু আলোচনা। বাস্তৱত এই মানৱীয় অধিকাৰ বিষয়টো মহান আশীদাৰত ভাগ লোৱাৰ এক সচেতন আৰু দক্ষ প্রচেষ্টা। ই এক মহান সংকল্প লোৱাৰ প্ৰক্ৰিয়া যি মানৱ জীৱনৰ সুৰক্ষা আৰু স্বাধীন কৰাৰ লগতে ব্যক্তিৰ কৰ্ম আৰু সমান সুযোগ আৰু উন্নতিৰ বাবে লোৱা এক দৃঢ় পদক্ষেপ ব্যক্তিৰ সন্মান আৰু মৰ্যাদাৰ বাবে ই এক উপযুক্ত ব্যৱস্থা। মানবীয় অধিকাৰৰ আন্দোলন বিষয়টোরে মানব জাতিৰ আৰম্ভণিৰ পৰা ৰাজনৈতিক আৰু সামাজিক সুশৃংখল অৱস্থালৈ অহাৰ যি যাত্রা তাকে প্রতিনিধিত্ব কৰে। মানৱীয় অধিকাৰৰ ব্যৱস্থাটোৱে মনুষ্য জাতিক উচিত ধৰণে জীয়াই থকাৰ অধিকাৰ সুস্পষ্ট কৰে। এইবোৰ হ’ল জীৱনৰ অধিকাৰ, সকলো প্ৰকাৰৰ ৰাজনৈতিক, সামাজিক, অসামৰিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ স্বাধীনতা যিয়ে ব্যক্তিৰ এক মৰ্যাদাপূৰ্ণ জীৱন ধাৰণৰ বাবে অতি প্রয়োজনীয়। ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰসমূহৰ লগতে এই মানৱীয় অধিকাৰৰ বিষয়টোও যথার্থভাৱে সাঙোৰ খাই আছে। কিন্তু সৰ্বসাধাৰণ জনগণৰ বাবে অর্থনৈতিক অধিকাৰসমূহ যেনে— কৰ্মৰ অধিকাৰ, এক উপযুক্ত যথাৰীতি জীৱন নিৰ্বাহৰ অধিকাৰ, এক সু-স্বাস্থ্যসন্মত জীৱন নিৰ্বাহৰ অধিকাৰ ভাৰত চৰকাৰে এতিয়াও সুৰক্ষিত কৰা নাই।

ৰাষ্ট সংঘৰ চনদত থকা মানৱীয় অধিকাৰৰ ধাৰণা আৰু মানৱ অধিকাৰৰ [Universal Declaration of Human Rights] সার্বজনীন ঘোষণা এক নতুন পদক্ষেপ নহয়। মানৱীয় পত্ৰ অধিকাৰক কেতিয়াবা মৌলিক অধিকাৰ বুলিও কোৱা হয়, কিয়নো মৌলিক অধিকাৰ হ’ল প্ৰাকৃতিক অধিকাৰৰ [National Rights] আধাৰ । মানৱীয় অধিকাৰ হ’ল প্ৰাকৃতিক অধিকাৰৰ ধাৰণাৰ এক ক্ৰমবিকাশ। মানৱীয় অধিকাৰৰ বিষয়ে চিন্তা চৰ্চা কৰা ব্যক্তিসকলৰ ভিতৰত হবচ্, লক, ৰুছো, টছ, কার্লমা’, এঙ্গেলচ, লেনিন আৰু মহাত্মা গান্ধী অন্যতম।

11. মানৱীয় অধিকাৰৰ প্ৰয়োজনীয়তা [Need of Human Rights] কি কি?

Ans. ব্যক্তিৰ প্ৰাথমিক স্বাধীনতা, ন্যায় আৰু বিশ্ব শান্তিৰ মূল ভেটি হ’ল মানৱীয় অধিকাৰসমূহ মানৱীয় অধিকাৰৰ ৰক্ষণাবেক্ষণ মানেই হ’ল সমাজৰ প্ৰত্যেক কর্মক্ষম ব্যক্তিৰ মাজত একা, শান্তি আৰু উন্নতিৰ ব্যৱস্থা সুদৃঢ় কৰা। ৰাষ্ট্ৰসংঘই এই মানৱীয় অধিকাৰ ৰক্ষাৰ পণ লৈছে যাতে আন্তঃৰাষ্ট্ৰীয় সমাজে এই অধিকাৰসমূহৰ বিষয়ে বিবেচনা কৰে। দেশৰ নাগৰিকসকলৰ বাবে কেৱল অধিকাৰ দিয়াটোৱেই যথেষ্ট নহয়। সেয়ে এই অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণ আৰু কাৰ্যকৰী কৰাটো অতি দৰকাৰী বিষয় হিচাপে গণ্য কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ দ্বাৰা ঘোষিত হোৱা মানৱীয় অধিকাৰ শিক্ষা দশক [Universal Declaration of Human Rights] আৰম্ভ হৈছিল ১৯৯৫ চনত আৰু ইয়াক কেন্দ্ৰীভূত কৰা হৈছিল ইতিপূৰ্বে ১৯৯৩ চনৰ জুন মাহত পতা ৰাষ্ট্ৰসংঘৰ অধিৱেশনত। বৰ্তমান মানৱ সমাজৰ চাৰিওফালে বিৰাজ কৰিছে হিংসা, ঘৃণা, প্রতিহিংসাৰ দাবানল, উচ্চ মূল্যবোধৰ অৱক্ষয়, ৰাজনৈতিক শক্তি হাত কৰাৰ প্ৰতাৰণাৰ খেল, পণ্ড প্ৰবৃত্তিৰ জয় আৰু অপৰাধপ্ৰৱণতাৰ ক্ৰমবৰ্দ্ধমান অগ্ৰসৰতা। মানৱ অধিকাৰে ব্যক্তিৰ প্ৰকৃত জীৱন ধাৰণৰ পবিত্ৰতা আৰু মৰ্যাদাৰ লগতে মানৱ সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি যি বিপদ আহিছে তাৰ প্ৰতি দৃষ্টি ৰাখিছে। প্ৰত্যে ব্যক্তিয়ে নিজৰ অধিকাৰ সাব্যস্তৰ বাবে আৰু শান্তিপূৰ্ণ জীৱন-যাপনৰ বাবে যি যুঁজ দি আহিছে তালৈও লক্ষ্য ৰাখিছে। সেয়ে এতিয়া আন্তঃৰাষ্ট্ৰীয় মানৱ সমাজক শিক্ষা আৰু ৰক্ষণাবেক্ষণ দিয়াৰ সময় সমাগত।

12. মানৱীয় অধিকাৰৰ বাবে শিক্ষা [ Education for Human Rights]

Ans. মানৱীয় অধিকাৰ শিক্ষাৰ অৰ্থ হ’ল ‘মানৱীয় অধিকাৰৰ বিষয়ে শিক্ষা” বা ‘মানৱীয় অধিকাৰৰ বাবে শিক্ষা’। মানৱীয় অধিকাৰৰ বাবে শিক্ষা বিশ্বৰ শান্তি, ন্যায় আৰু ব্যক্তিৰ বিকাশৰ বাবে অতি প্রয়োজনীয়। মানবীয় অধিকাৰ শিক্ষাৰ দশকত (১৯৯৫-২০০৪) ইয়াৰ আৱশ্যকতা স্বতঃ প্রমাণিত আৰু স্বতঃ প্ৰতিষ্ঠিত। শিক্ষাই ব্যক্তিৰ মানৱীয় ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰাৰ লগতে ব্যক্তিৰ অধিকাৰ আৰু মৌলিক স্বাধীনতাক শক্তিশালী কৰে। ইয়ে পৃথিৱীৰ বিভিন্ন জাতিৰ মাজত বুজাপৰা, সহিষ্ণুতা আৰু বন্ধুত্ব বৃদ্ধি কৰে, আৰু এনেদৰেই ৰাষ্ট্ৰসংঘই শান্তিৰ বাবে বিভিন্ন কাৰ্যকৰী ব্যৱস্থা ল’ব পাৰে।

১৯৯৩ চনৰ মাৰ্চ মাহত মণ্ট্ৰিলত পতা ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় কংগ্ৰেছ অধিৱেশনত মানবীয় অধিকাৰৰ শিক্ষা আৰু গণতন্ত্ৰৰ সংজ্ঞা দিয়া হয় এনেদৰে— ‘মানৱীয় অধিকাৰ শিক্ষা হ’ল এক মানৱ অধিকাৰ । সভ্য সমাজ আৰু গণতন্ত্ৰৰ বহনক্ষম উন্নয়নৰ বাবে ই এক পূৰ্ব চৰ্ত। মানৱীয় অধিকাৰ শিক্ষাই আমাৰ মাজৰ ভেদাভেদ, অসৎ আচৰণ, সামাজিক মূল্যবোধৰ অৱস্যয় আৰু শোষণ, অসাক্ষৰতা, বন্দীত্ব, সমাজ আৰু প্ৰতিবেশীৰ প্রতি অসচেতন মনোবৃত্তি আদি সকলোবোৰৰ সুৰক্ষাৰ বাট মুকলি কৰে বুলি গণ্য কৰা হয়। এই ক্ষেত্ৰত বিখ্যাত চিন্তাবিদ পাইক আৰু শিৱিৰ মন্তব্য উল্লেখনীয়, “শিক্ষাক মানুহৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ আৰু মানুহৰ অধিকাৰ আৰু মৌলিক স্বাধীনতাক শক্তিশালী কৰাৰ মাধ্যম হিচাপে গণ্য কৰা হয়।” শিক্ষাই শিশু এটাৰ জ্ঞানগত দিশৰ উন্নতি কৰাৰ লগতে শিশুটোৰ মানসিক আৰু সামাজিকভাবে ভাল গুণসমূহৰ বিকাশঃ সহায় কৰে, যিটো আমি সভ্য সমাজৰ বাবে আশীৰ্বাদ বুলি ক পাৰোঁ। পিছে উন্নয়নশীল দেশসমূহত শিশুৰ এই অধিকাৰ কেতিয়াব বিপন্ন হোৱা দেখা যায়, যিহেতু এই দেশসমূহৰ উন্নতিও বহু সংবাদ মাজেৰে আগবাঢ়ে যি হওক মানৱীৰ অধিকাৰৰ শিক্ষা স প্রয়োজনীয় বিষয়, ই আমাক এটা ডাঙৰ পৰিয়ালৰ সদস্যৰ দৰে জীৱন নিৰ্বাহ কৰিবলৈ শিকায়।

13. [PEACE EDUCATION]

Ans. শান্তি মানে হ’ল আমাৰ মাজৰ আনন্দ অনুভব আৰু সন্তুষ্টি যাক আমি গভীৰ দুখৰ মাজতো অনুভব কৰিব পাৰো। সঙ্গ সমাজৰ স্বীকৃতিৰ ছাপ হ’ল শান্তি। ই উপযুক্ত জীৱনধাৰণৰ ফল। মানৱ সমাজৰ বাবে ই আশীৰ্বাদ পৃথিৱীৰ ভেটিৰ নিৰ্মাণ কৰাৰ ই প্রথম সোপান ৰাষ্ট্ৰসংঘৰ চনদত শান্তিৰক্ষাৰ ধাৰণাটোক বিশেষ ধৰণে বৰ্ণোৱা নাই, কিন্তু ইয়াক বহু বছৰ ধৰি বিশ্বত হোৱা বিভিন্ন ধৰণৰ সংঘাতৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে। শান্তি দক্ষাক ৰাষ্ট্ৰসংঘৰ ১৯৫০ চনৰ চনদ, যেনে- শান্তি সংকল্পৰ বাবে। একবদ্ধ হোৱা’ৰ মূল সংস্কৰণৰ অতিৰিক্ত আৰু উন্নত সংস্কৰণ বুলি ক’ব পাৰি। ১৯৫৬ চনৰ ‘চুৱেজ সংকটৰ’ৰ পৰা এই শান্তিৰক্ষাৰ ধাৰণাটো আহিছে। শান্তিৰক্ষাৰ বিষয়টোৰ দ্বাৰা ৰাষ্ট্ৰসংঘই পৃথিৱীৰ বিভিন্ন জাতিৰ মাজত আন্তঃৰাষ্ট্ৰীয় শাস্তি আৰু নিৰাপত্তাৰ পথ সুগম কৰিছে। এই ক্ষেত্ৰত দিয়া ‘শান্তিৰ নোবেল বঁটা’ই উল্লেখনীয় দিশ দর্শাইছে। ১৯৮৮ চনৰ ছেপ্টেম্বৰ মাহত নৰৱেজিয়ান নবেল কমিটিয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষ’ৰ বিভাগটোক শান্তি বঁটা প্ৰদান কৰে।

এইদৰেই সময়ে শান্তিৰ দাবী জনায়। শিক্ষা হ’ল এনে এপার্ট অস্ত্র পৃথিৱীৰ পৰা যুদ্ধৰ অপদেৱতাক আতৰাব পাৰে। 

শান্তি শিক্ষাৰ ধাৰণাটো শিক্ষা জগতত এক নতুন সংযোজন। ই এক বিজ্ঞান য’ত ইয়াত লিংগ নির্বিশেষে সকলোৰে অত্যাৱশ্যকীয় প্রয়োজনৰ বিষয়ে অধ্যয়ন কৰা হয় আৰু লগতে সমাজত এই প্রয়োজনসমূহ কেনেকৈ পূৰ কৰিব পাৰি অধ্যয়ন কৰা হয়। শান্তি শিক্ষা এনে এক শিক্ষা যি শিক্ষাই এখন শান্ত, সহনীয়, অহিংস আৰু ন্যায়সঙ্গত সমাজ গঢ়াত অৰিহণা যোগাই। কেৱল শিক্ষাই পৃথিৱীৰ সকলো জাতিৰ মানুহৰ মাজত বুজাপৰা, সহিষ্ণুতা আৰু বন্ধুত্বৰ সৃষ্টি কৰে। শান্তি শিক্ষাৰ মূল উদ্দেশ্য হ’ল মানুহৰ মাজত সামাজিক শৃংখলা আৰু মূল্যবোধৰ সৃষ্টি কৰা যেনে— সহানুভূতি, ন্যায়, সমতা, লিংগহীন মনোভাব আৰু পৰস্পৰৰ মাজত হিংসাৰহিত আৰু বুজাপৰাৰে জীয়াই থকাৰ মনোবৃত্তি। শিক্ষাক আমি সমাজ পৰিৱৰ্তনৰ সম্ভাব্য আহিলা বুলি জানো ৷ পৃথিৱীত শান্তি আৰু বুজাপৰাৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত শিক্ষাৰ অৱদান গুৰুত্বপূৰ্ণ বুলি প্ৰত্যেকজনক ব্যক্তিয়ে স্বীকাৰ কৰে। দেলোৰে এটা উন্নতৰ ভৱিষ্যতৰ বাবে মিলাপীতিৰে বসবাস কৰাটোত গুৰুত্ব প্ৰদান কৰে। ২০০১-২০১০ চনৰ দশকটোক ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক শান্তি আৰু অহিংসা’ দশক হিচাপে ঘোষণা কৰিছে। পৃথিৱীৰ প্রত্যেকজন ব্যক্তিয়ে শান্তিৰে জীয়াই থাকিব বিচাৰে। শিক্ষাৰ জৰিয়তে শান্তিৰ কাৰকসমূহ বিস্তৃত কৰিব পাৰি।

14. শান্তি শিক্ষাৰ প্ৰয়োজনীয়তা [Need of Peace Education]

Ans. শান্তিৰ নোবেল বঁটা বিজয়ীসকলৰ দ্বাৰা ৰচিত ২০০০ চনৰ মেনিফেষ্ট্ৰে’ৰ [Manifesto] দ্বাৰা প্ৰত্যেক ব্যক্তিকে প্রত্যহ জীৱন নিৰ্বাহৰ বাবে পালন কৰিব লগা কিছুমান নিয়ম ধৰি দিয়া হৈছে। সেইবোৰ হ’ল—

১। জীৱনৰ প্ৰতি সন্মান।

২। হিংসা প্রত্যাহাৰ।

৩। আনৰ লগত আদান-প্ৰদানৰ মনোভাব।

৪ । অন্যৰ কথা সহানুভূতি সহকাৰে শুনা।

৫। পৃথিৱীৰ সংৰক্ষণ।

৬। ঐক্যৰ পুনৰ আৱিষ্কাৰ।

নতুন শতিকাৰ অস্তিত্ব জীয়াই ৰাখিবলৈ হ’লে শান্তি শিক্ষা অপৰিহাৰ্য শান্তি-সংস্কৃতিৰ যি গোলকীয় আন্দোলন আৰম্ভ হৈছে, ইয়ে ভৱিষ্যতৰ বিশ্বৰ বাবে ন্যায়, ঐক্য, স্বাধীনতা, মৰ্যদা আৰু উন্নতিৰ বাট প্রশস্ত কৰিছে। শান্তিৰ সংস্কৃতিয়ে হ’ল মানৱীয় অধিকাৰৰ মূল ভেটি। আজিৰ গোলকীয় অৰ্থনীতিৰ যুগত শান্তি শিক্ষাৰ স্থান অতি গুৰুত্বপূৰ্ণ । শান্তি শিক্ষা এইটো কাৰণেই গুৰুত্বপূৰ্ণ কাৰণ ই প্ৰত্যেকজন শিক্ষার্থীক সাংস্কৃতিকভাৱে চহকী কৰি তোলে আৰু ইয়াৰ দ্বাৰা আজিৰ নৱ প্ৰজন্মই পৰিয়াল আদি সামাজিক অনুষ্ঠানসমূহক সন্মান জনাবলৈ শিকে। বিভিন্ন বিষয় যেনে সামাজিক সমন্বয়, পৰম্পৰা, বিশ্বাস আদিৰ প্ৰচলন আৰু এখন সুসংবদ্ধ সমাজৰ বাবে এনে এক শান্তিৰ পৰিস্থিতি অতি প্রয়োজনীয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top