HSLC 2020 Science Question Paper Solved

HSLC 2020 General Science Question Paper Solved, SEBA Class 10 General Science Old Question Paper Solved, দশম শ্ৰেণীৰ বিজ্ঞান 2020 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of SEBA so that you can easily browse through different subjects and select needs one. Assam Board HSLC 2020 Science Question Paper Solved can be of great value to excel in the examination.

HSLC 2020 Science Question Paper Solved

HSLC 2020 General Science Question Paper Solved

Join Telegram channel

HSLC Old Question Paper provided is as per the 2020 Assam Board Exam and covers all the questions from the SEBA HSLC 2020 Question Paper. Access the detailed SEBA Class 10 Science 2020 Paper provided here and get a good grip on the subject. Access the HSLC 2020 Science Question Paper Solved, Class X Science 2020 Old Paper Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

HSLC SCIENCE 2020 QUESTION PAPER

2020

GENERAL SCIENCE OLD PAPER

ALL QUESTION ANSWER


Group – A

১। তলৰ প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে । চাৰিটাৰ ভিতৰত মাত্ৰ এটাহে শুদ্ধ উত্তৰ ৷ শুদ্ধ উত্তৰটো বাছি উলিওৱা:

( a ) NaOH দ্ৰৱ এটাৰ 10mL এ HCI দ্ৰৱ এটাৰ 8mL সম্পূর্ণৰূপে প্রশমিত কৰে । যদি আমি একেটা NaOH দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCI দ্ৰৱৰ ( আগৰ সৈতে একেটা দ্ৰৱ ) পৰিমাণ হ’ব―

( i ) 4ml 

( ii ) 8 ml

( iii ) 16 ml  

( iv ) 12 ml 

উত্তৰঃ ( iii ) 16ml 

( b ) লোৰ টাৱা ( Iron frying pan ) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ’ব ? 

( i ) গ্ৰীজ ব্যৱহাৰ কৰি 

( ii ) ৰং ব্যৱহাৰ কৰি

( iii ) জিংকৰ প্ৰলেপ দি 

( iv ) ওপৰৰ সকলো

উত্তৰঃ ( iii ) জিংকৰ প্রলেপ দি ।

( c ) এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2 , 8 , 7। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যাবোৰ দিয়া হৈছে । ) 

( i ) N ( 7 )

( ii ) F ( 9 ) 

( iii ) P ( 15 )

( iv ) Ae ( 18 )

উত্তৰঃ ( ii ) F ( 9 ) 

( d ) অবাত শ্বসন সংঘটিত হয় :

( i ) মাইট’কন্ড্রিয়াত 

( ii ) ক্ল’ৰপ্লাষ্টত

( iii ) কোষকেন্দ্ৰত 

( iv ) কোষপ্ৰৰসত 

উত্তৰঃ ( iv ) কোষপ্ৰৰসত ।

( e ) তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয় ? 

( i ) বেৰিবেৰি 

( ii ) গৰল ৰোগ

( iii ) ডায়েবেটিছ

( iv ) কটীয়ালগা 

উত্তৰঃ ( ii ) গৰল ৰোগ ।

( f ) যদি জিনীয় গাঁথনি ওখ ( TT ) আৰু চাপৰ ( tt ) যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয় , পিছৰটো অপত্য জনুত আমি কোন ধৰণৰ গছ পাম ?

( i ) ওখ আৰু চাপৰ দুয়ো ধৰণৰ

( ii ) কেৱল ওখ

( iii ) কেৱল চাপৰ 

( iv ) ওপৰৰ কোনো ধৰণৰেই নহয়

উত্তৰঃ ( i ) ওখ আৰু চাপৰ দুয়ো ধৰণৰ ।

( g ) খুব সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা ?

( i ) 50 cm ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ

( ii ) 5 cm ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ

( iii ) 50 cm ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ

( iv ) 5 cm ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ

উত্তৰঃ ( ii ) 5 cm ফক৷ছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ ।

( h ) চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় ? 

( i ) চকুৰ মণি

( ii ) অক্ষিপট 

( iii ) চিলিয়াৰী পেশী

( iv ) চকুৰ পতা 

উত্তৰঃ ( iii ) চিলিয়াৰী পেশী ।

( i ) তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ?

( i ) IR²

( ii ) I²R

( iii ) V² / R  

( iv ) VI

উত্তৰঃ ( i ) IR²

( j ) তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখলা গঠন কৰে ?

( i ) ঘাঁহ , মাছ আৰু ছাগলী 

( ii ) ছাগলী , গৰু আৰু হাতী 

( iii ) ঘাঁহ , ছাগলী আৰু মানুহ 

( iv ) ঘাঁহ , ঘেঁহু আৰু আম

উত্তৰঃ ( iii ) ঘাঁহ , ছাগলী আৰু মানুহ । 

Group-B 

২। কেলছিয়াম অক্সাইডে পানীৰে সৈতে তীব্রভাৱে বিক্ৰিয়া কৰি শিথিলত চূণ ( slaked lime ) কেলছিয়াম হাইড্রক্সাইড উৎপন্ন কৰে । এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা । 

উত্তৰঃ পোৰা চূণত পানী যোগ কৰিলে কেলছিয়াম হাইড্রক্সাইড আৰু তাপ উৎপন্ন কৰে । 

ৰাসায়নিক বিক্রিয়া :- CaO + H₂O→ Ca ( OH )₂ + তাপ শক্তি 

৩। উদাহৰণৰ সৈতে মৌল এটাৰ ‘ বহুৰূপ ’ ( allotrope ) ৰ সংজ্ঞা লিখা ।

উত্তৰঃ যদি কোনো মৌলিক পদার্থক পৃথক ভৌত ধৰ্ম আৰু অনেকাংশত পৃথক ৰাসায়নিক ধৰ্মৰ বৈশিষ্ট্যসহ একাধিক ৰূপত পোৱা যায় , তেনেহলে সেই মৌলৰ এই বিশিষ্ট প্রকৃতিক কোৱা হয় বহুৰূপতা বা বহুৰূপ ( allotrope ) । যেনে – কাৰ্বনৰ দুটা বহুৰূপ হ’ল হীৰা আৰু গ্ৰেফাইট । 

৪। কেটিনেচন কাক বোলে ? 

উত্তৰঃ একেটা মৌলৰ দুই বা ততোধিক পৰমাণুৰে এটাৰ লগত আনটোৰ সৈতে সহযোজী বান্ধনিৰ সৃষ্টি কৰিব পৰা ধৰ্মটোক কেটিনেছন বোলে । কাৰ্বন পৰমাণুৰ ক্ষেত্ৰত এই ধৰ্ম আন যিকোনো মৌলতকৈ অতি বেছি । 

৫। কোনো জীৱই জীৱন কালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি – সন্ততিলৈ বংশানুক্রমিকভাৱে কিয় প্রবাহিত নহয় ?

উত্তৰঃ যেতিয়া মেণ্ডেলে এজোপা বিশুদ্ধ ওখ ( Pure tall ) আৰু এজোপা বিশুদ্ধ চাপৰ ( Pure dwart ) মটৰমাহ উদ্ভিদৰ মাজত সংকৰণ ঘটাইছিল , তেতিয়া তেওঁ F₁ জনুত অকল ওখ মটমাহ উদ্ভিদ পাইছিল । আকৌ , মেণ্ডেলে ওখ মটৰমাহ আৰু চাপৰ মটৰমাহ উদ্ভিদৰ লগত সংকৰণ ঘটোৱাৰ পিছত F₂ জনুত ওখ আৰু চাপৰ গছৰ অনুপাত 3 : 1 পাইছিল । গতিকে এই পৰীক্ষাৰ পৰা দেখা যায় যে বিশেষ লক্ষণ বা বৈশিষ্ট্যবোৰ উত্তৰাধিকাৰ সূত্ৰে স্বতন্ত্রভাৱে আহে ৷ 

৬। তৰাই তিৰবিৰাই কিয় ? 

উত্তৰঃ তৰাৰ তিৰবিৰণি অর্থাৎ তৰাবোৰ তিৰবিৰাই থকা যেন দেখাৰ দুটা কাৰণ— 

( i ) বায়ুমণ্ডলত পোহৰৰ অবিৰাম প্ৰতিসৰণ । 

( ii ) চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণৰ পৰিৱৰ্তন । 

বায়ুমণ্ডলৰ ঘনত্বৰ সঘন পৰিৱৰ্তন ঘটে । ফলত তৰাৰ পৰা অহা পোহৰ ৰশ্মিৰ বায়ুমণ্ডলত অবিৰাম প্রতিসৰণ ঘটে । যিহেতু তৰাবোৰ আমাৰ বাবে পোহৰৰ বিন্দু প্রভৱ ( Point source ) সদৃশ ; গতিকে সিহঁতৰ তাৎকালিক অৱস্থানৰ আমাৰ চকুত ধৰা পৰে । ইয়াৰ বাবে তৰাবোৰ তিৰবিৰাই থকা যেন দেখি । 

বিভিন্ন কাৰণত চকুত প্ৰৱেশ কৰা তৰাৰ পোহৰৰ পৰিমাণৰ সলনি হৈ থাকে , ফলত কেতিয়াবা তৰাটো উজ্জ্বল আৰু কেতিয়াবা ম্লান হোৱাটো দৃষ্টিগোচৰ হয় । ইয়াৰ ফলত তৰা তিৰবিৰাই থকা যেন দেখি । 

৭। তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূগত লিখা আৰু সন্তুলন কৰা । 

( i ) হাইড্ৰজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে । 

উত্তৰঃ 3H₂ S( g ) +3O₂( g )→2H₂O ( l ) + 2SO₂ ( g ) 

( ii ) পটেছিয়াম ধাতুৱে পানীৰ সৈতে বিক্রিয়া কৰি পটেছিয়াম হাইড্রক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে । 

উত্তৰঃ 2K( s ) + 2H₂O ( l ) → 2KOH + H₂ ( g ) ↑ 

৮। তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে । দ্রৱ Aৰ pH মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান ৪। কোনটো দ্ৰন্বত হাইড্ৰজেন আয়নৰ গাঁঢ়তা বেছি ? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় ? 

উত্তৰঃ pH = 6 থকা দ্ৰৱটো হ’ব আম্লিক আৰু pH = 8 থকা দ্ৰৱ হ’ব ক্ষাৰকীয় । দ্ৰৱ A ত হাইড্ৰ’জেনৰ আয়নৰ গাঢ়তা বেছি । 

৯। এখিলা পাতৰ প্ৰস্থচ্ছেদ আঁকা আৰু তাক সঠিকভাবে চিহ্নিত কৰা । 

উত্তৰঃ                        

HSLC 2020 Science Question Paper Solved 9

নাইবা 

পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম লিখা । এইবোৰে কি কাৰ্য প্ৰদৰ্শন কৰে ? 

উত্তৰঃ সেউজীয়া বৰণৰ বিন্দুবিলাকেই হ’ল হৰিৎকণা ( chloroplast ) নামৰ কোষ অংগানু য’ত পত্ৰহৰিৎবিলাক সিঁচৰতি হৈ থাকে । এইবোৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অত্যাৱশ্যকীয় । 

১০। পেশীকোষে কেনেদৰে তাৰ আকৃতি সলনি কৰে ? 

উত্তৰঃ পেশীকোষবোৰত এবিধ বিশেষ প্রটিন থাকে । যেতিয়া ইহঁতে বৈদ্যুতিক প্রবাহ গ্ৰহণ কৰে তেতিয়া ইহঁতৰ আকৃতি সলনি হয় । 

নাইবা 

আমাৰ শৰীৰত আয়ডিনৰ গুৰুত্ব কি ? 

উত্তৰঃ থাইৰ’ক্সিনৰ অভাৱত গলগণ্ড ৰোগ হয় । এই হৰম’নে দেহৰ বৃদ্ধি আৰু বিপাক কার্যত সহায় কৰে আৰু শৰীৰ বা দেহৰ বৰ্ধন নিয়ন্ত্ৰণ কৰে । খাদ্য দ্রব্যত আয়ডিনৰ অভাৱ হ’লে গলগণ্ড ৰোগ হয় । এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আয়ডিনযুক্ত খাদ্যবস্তু আৰু আয়ডিনযুক্ত নিমখ গ্ৰহণ কৰিব লাগে । 

১১। ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰাটো কোনো এক জীৱৰ বাবে কেনেদৰে লাভদায়ক হ’ব পাৰে ? 

উত্তৰঃ ৰেণুধাৰণকাৰী উদ্ভিদক ( Sporophyte ) ৰেণুধৰ উদ্ভিদ বোলে।মছ ফাৰ্ন আৰু সপুষ্পক উদ্ভিদৰ ডিপ্লৱেৰ্ড ( 2n ) ৰেণুধৰ উদ্ভিদৰ ৰেণুস্থলীত পৰিণত ৰেণু মাতৃকোষ মিয়’’ছিছ পদ্ধতিৰে বিভাজিত হৈ চাৰিটা হ্যাপ্লৱেড অপত্য কোষ গঠন নকৰে । ৰেণুস্থল ৰেণুবোৰ পৰিণত হৈ ৰেণুস্থায়ী বিদীর্ণ হয় , ফলত ৰেণুবোৰৰ বিস্তাৰ ঘটে । প্রতিকূল পৰিৱেশত ৰেণুবোৰ দীর্ঘকালীন সুপ্ত অৱস্থাত থাকিব পাৰে । অধিকাংশ উদ্ভিদ ৰেণু সৃষ্টিৰ প্রতিকূল অৱস্থা অতিক্ৰম কৰে । অনুকূল পৰিৱেশত ৰেণু অংকুৰিত হৈ নতুন উদ্ভিদ সৃষ্টি কৰে । 

নাইবা 

স্পাইৰ’গাইৰাই কেনেদৰে বংশবিস্তাৰ কৰে ? 

উত্তৰঃ সর্পিলশেলাই পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ডত টুকুৰা টুকুৰ হৈ বংশবিস্তাৰ কৰে । অর্থাৎ এই সৰু খণ্ডিত টুকুৰাবিলাকৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয় । 

১২। উত্তল লেনছ এখনৰ দুগুণ ফ’কাছ দূৰত্বত এটা লক্ষ্যবস্তু ৰাখি ইয়াৰ ৰেখাচিত্ৰ অংকন কৰা । 

উত্তৰঃ                    

HSLC 2020 Science Question Paper Solved 12

নাইবা 

লেনছৰ ক্ষমতাৰ সংজ্ঞা লিখা । ইয়াৰ S.I. একক কি ? 

উত্তৰঃ লেনছৰ ক্ষমতা এখন উত্তল লেন্‌ছৰ দ্বাৰা সমান্তৰাল ৰশ্মিক প্রতিসৰণৰ দ্বাৰা অভিসাৰী আৰু অৱতল লেনছৰ দ্বাৰা অপসাৰী কৰাৰ জোখক সেই লেনছৰ ক্ষমতা বা পাৱাৰ বোলে । লেনছৰ ক্ষমতাৰ একক ডায়প্টাৰ ( প্রতীক D ) । 

১৩। এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 5 মিনিট সময়ত 0.6A প্রবাহ লয়।বর্তনীটোত চালিত হোঁৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা । 

উত্তৰঃ I = 0.6A 

         t = 5 মিনিট = ( 5 × 60 ) ছেকেণ্ড 

           = 300 ছেকেণ্ড 

       Q = ? 

∴  Q ( আধান ) = Ixt = 0.6 এম্পিয়াৰ × 300 ছেকেণ্ড 

                      = 180 কুলম্ব । 

নাইবা 

পৰিবাহী এডালৰ ভিতৰত বৈদ্যুতিক আধান কেনেকৈ প্রবাহিত হয় ? ব্যাখ্যা কৰা । 

উত্তৰঃ গোটা বস্তুৰ অন্তৰ্ভাগত পৰমাণুবিলাক পৰস্পৰৰ পৰা অতি কম ব্যৱধানত ঠাহ খাই থাকে ৷ গোটা বস্তুত থকা ইলেকট্ৰন বিলাকে সম্পূর্ণ গোটা স্ফটিকৰ মাজেৰে শূন্য স্থানত সহজ আৰু সাৱলম্বভাৱে ভ্ৰমণ কৰিব পাৰে । এই ইলেকট্রনবোৰৰ গতিৰ বাবে বিদ্যুৎ প্রবাহৰ সৃষ্টি হয়। 

১৪। পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা ? 

উত্তৰঃ বৰ্জিত পদাৰ্থবোৰে সৃষ্টি কৰা সমস্যা দূৰ কৰাৰ বাবে প্ৰয়োগ কৰা দুটা পদ্ধতি হ’ল— 

( i ) বৰ্জিত পদাৰ্থবোৰ ( জাবৰ ) পেলোৱাৰ পূৰ্বে পদাৰ্থবোৰৰ পৰা জীৱ ক্ষয়িষ্ণু আৰু অজীৱ ক্ষয়িষ্ণু পৃথক কৰিব লাগিব । 

( ii ) যিবোৰ পদাৰ্থ পুনৰবাৰ ব্যৱহাৰ কৰিব পাৰি , সেইবোৰ পদাৰ্থ পৃথক কৰিব লাগে ৷ যেনে— কাগজ , কাচ , ধাতু আৰু ৰবৰ আদি । 

১৫। আমি সৃষ্টি কৰা জীৱ অনিয়িকৰণ পদার্থবিলাকৰ পৰা হোৱা দুটা সমস্যাৰ উল্লেখ কৰা ৷ 

উত্তৰঃ যিবোৰ পদাৰ্থ জীৱ অৱনমনীয় নহয় , সেইবোৰ পদাৰ্থই কিছুমান সমস্যাৰ সৃষ্টি কৰে ৷ সমস্যাবোৰ হ’ল— 

( i ) যিহেতু অজীৱ অৱনমনীয়শীল বৰ্জিত বস্তুবোৰ সৰলীকৃত পদাৰ্থত বিভক্ত কৰা নাযায় , সেই কাৰণে জীৱমণ্ডলত সঞ্চিত হৈ পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা ব্যাহত কৰে ।

( ii ) সিহঁতে ৰোগৰ সৃষ্টি কৰে । 

( iii ) সিহঁতে জীৱ – বিষয়ক পৰিবৰ্ধনৰ সৃষ্টি কৰে। 

১৬। বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি ? 

উত্তৰঃ বৈদ্যুতিক মটৰত স্পিলট্ ৰিঙৰ সহায়ত ইয়াৰ কুণ্ডলীৰ মাজেৰে হোৱা প্ৰৱাহৰ দিশ পর্যায়ক্রমে বিপৰীতমুখী কৰা হয় । ইয়াৰ ফলত কুণ্ডলীটো সদায় একেটা দিশতে ঘূৰি থাকে । 

১৭। এটা বিকাৰত অলপমান কপাৰ অক্সাইড লোৱা । বিকাৰটো লৰাই থাকি তাত লাহে লাহে লঘু হাইড্ৰ’ক্ল’ৰিক এছিড যোগ কৰা আৰু তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কৰা ৷ 

( i ) দ্ৰৱটোৰ ৰঙটো কি ? 

উত্তৰঃ দ্ৰৱটোৰ ৰং নীলা – সেউজীয়া হ’ব । 

( ii ) কপাৰ অক্সাইত কি ঘটিছে ?

উত্তৰঃ কপাৰ অক্সাইডখিনি দ্ৰীভূত হৈছে । দ্ৰৱটোৰ নীলা – সেউজীয়া ৰং বিক্ৰিয়াত কপাৰ ক্লৰাইড গঠন হোৱাৰ বাবে হৈছে । 

( iii ) কপাৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ( balanced ) ৰাসায়নিক সমীকৰণটো লিখা । 

উত্তৰঃ সন্তুলিত ৰাসায়নিক সমীকৰণ 

CuO + 2HCI → CuCl₂ + H₂O 

নাইবা 

ব্রাইন কাক বোলে ? এই ব্রাইনৰ মাজেৰে বিদ্যুৎ প্রকহিত কৰিলে কি পদার্থ উৎপন্ন হয় ? ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ( balanced ) ৰাসায়নিক সমীকৰণটো লিখা । 

উত্তৰঃ ব্রাইন হ’ল ছড়িয়াম ক্লৰাইডৰ এটা জলীয় দ্ৰৱ । ইয়াৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে ই বিয়োজিত হৈ ছডিয়াম হাইড্রক্সাইড উৎপন্ন কৰে । উৎপাদিত দ্ৰব্যৰ নাম অনুসৰি পদ্ধতিটো ক্লৰ – এলকালি পদ্ধতি বোলে । 

2Nacl ( aq ) + 2H₂O ( l ) → 2NaoH ( aq ) + Cl₂ ( g ) + H₂ ( g ) 

১৮। ( a ) এটা পদার্থ ‘ X ‘ ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ ( white washing ) ব্যৱহাৰ কৰা হয় । 

( i ) পদার্থ ‘ X ’ ৰ নাম আৰু সংকেত লিখা । 

উত্তৰঃ ‘ X ’ হ’ল পোৰা চূণ ( Quick lime ) । ই ঘৰ ৰং কৰাৰ কাৰণে ব্যৱহৃত হয় । 

( ii ) পানীৰে সৈতে ( i ) ত উল্লিখিত পদার্থ ‘ X ‘ এ কৰা বিক্ৰিয়াটো লিখা । 

উত্তৰঃ CaO ( s ) + H₂O → Ca ( OH )₂ ( aq ) ( পোৱা চূণ ) 

( b ) তলৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ চিনাক্ত কৰা । 

CuO ( s ) + H₂( g ) → Cu ( s ) + H₂O ( l ) 

উত্তৰঃ কপাৰ অক্সাইড বিজাৰিত হৈ কপাৰ আৰু হাইড্ৰজেন জাৰিত হৈ H₂O গঠিত হৈছে ।

নাইবা 

( a ) এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘ X ‘ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল । মৌল ‘ X ‘ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা। 

উত্তৰঃ ‘ X ‘ হ’ল তাম্ৰ ধাতু । ই বায়ুত জাৰিত হৈ CuO গঠন কৰে , যাৰ বৰণ ক’লা হয় ।

( b ) লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ? 

উত্তৰঃ লৌহ নির্মিত বস্তুৰ ওপৰত ৰঙৰ আৱৰণ দি মামৰে ধৰাৰ পৰা ৰক্ষা কৰিব পাৰি । যেতিয়া বস্তুবোৰৰ পৃষ্ঠদেশ ৰং কৰা হয় , তেতিয়া পৃষ্ঠদেশ অক্সিজেন আৰু আৰ্দ্ৰ বায়ুৰ সংস্পৰ্শত আহিব নোৱাৰে । ফলস্বৰূপে মামৰে ধৰাৰ পৰা ৰক্ষা পৰে। 

১৯। আধুনিক পর্যাবৃত্ত সূত্ৰটো লিখা । আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কিদৰে দূৰ কৰিছিল ? 

উত্তৰঃ আধুনিক পর্যাবৃত্ত সূত্র :- মৌলৰ ভৌতিক আৰু ৰাসায়নিক ধর্মবোৰ এইবোৰৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্রমে পৰিৱৰ্তন হয় । আধুনিক পর্যাবৃত্ত তালিকাই মেগুেলিভৰ পৰ্যাবৃত্ত তলিকাৰ দোষবোৰ দূৰ কৰিছে । আধুনিক পর্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে । 

( i ) এই আধুনিক পর্যাবৃত্ত তালিকাই সমস্থানিকৰ সমস্যা দূৰ কৰে । কাৰণ সমস্থানিকৰ একেই পাৰমাণৱিক সংখ্যা থাকে । 

( ii ) Ar , K , Co , Ni মৌলসমূহৰ ভুল অনুক্ৰম দূৰ কৰে । 

নাইবা 

নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কি ? নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল ? 

উত্তৰঃ নিউলেণ্ডছৰ অষ্টক সূত্র :- মৌলৰ ধৰ্ম তাৰ অৱস্থানৰ সাপেক্ষে অষ্টম স্থানত অৱস্থিত মৌলৰ ধৰ্মৰ লগত সদৃশ ধৰ্ম । তেওঁ সুৰৰ অষ্টকৰ লগত এই ধাৰণাৰ তুলনা কৰিছিল । সেইকাৰণে ইয়াৰ নাম দিছিল অষ্টক সূত্ৰ । ইয়াক কোৱা হয় নিউলেণ্ডছৰ অষ্টক সূত্র । নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমিতকৰণবোৰ হ’ল – 

( i ) কেলছিয়াম মৌললৈকে এই সূত্র প্রযোজ্য ৷ 

( ii ) নতুনকৈ আৱিষ্কাৰ হোৱা মৌলবোৰৰ ক্ষেত্ৰত এই সূত্র প্রয়োগ নহয়৷ 

( iii ) নয়ল্যাণ্ডে মোটামুটি 21 টাতকৈ বেছি মৌলকে তেওঁৰ সূত্রানুযায়ী শ্রেণীবদ্ধ কৰিব পৰা নাই । 

২০। পৰাগযোজন কি ? পৰাগযোজন আৰু নিষেচনৰ মাজত কিবা পার্থক্য আছেনে ? স্ব – পৰাগযোগ ইতৰ – পৰাগযোগৰ পৰা কেনেদৰে বিসদৃশ ? 

উত্তৰঃ পৰাগযোজন :- ফুলৰ পৰাগৰেণু গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাকে পৰাগযোগ বোলে। 

পৰাগযোগ আৰু নিষেচনৰ পাৰ্থক্য :- 

পৰাগযোগনিষেচন
( i ) ফুলৰ পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগ স্থানান্তৰণ আৰু জমা কৰা কাৰ্যকে পৰাগযোগ বুলি জনা যায়।( i ) পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ  মিলনৰ ৰেণুৰ ফলত যোজন কোষ ( দ্বিগুণ কোষ ) উৎপন্ন হোৱা প্ৰক্ৰিয়াই হ’ল নিষেচন।
( ii ) ই এটা ভৌতিক প্রক্রিয়া। ইয়াত কোনো পদাৰ্থৰ সৃষ্টি নহয়।( ii ) ই এটা ৰাসায়নিক প্রক্রিয়া। নতুন পদার্থ অর্থাৎ ‘ যাইগ’ট উৎপন্ন হয়।

পুংকেশৰৰ পৰা পৰাগৰেণু গৰ্ভমুণ্ডত স্থানান্তৰিত কৰা দৰকাৰ যদি এই স্থানান্তৰ একেই ফুলত হয় , তেতিয়া সেই পদ্ধতিক স্ব – পৰাগযোগ বোলে, আকৌ যেতিয়া একেই ফুলত নহয় পৰাগৰেণু স্থানান্তৰ তেতিয়া সেই পদ্ধতিক ইতৰ – পৰাগৰেণু বোলে । 

নাইবা 

ঋতুচক্র কেনেদৰে সংঘটিত হয় ? 

উত্তৰঃ ডিম্ব নিঃসৰণ স্তৰত নিঃসৃত হোৱা ডিম্বক অনিষিক্ত হলে কপাছ লুটিয়াম ধ্বংস হয় আৰু জৰায়ুৰ অবিঃচ্ছদীয় কোষৰ তৰপ ফাটি গৈ তেজ , শ্লেষ্মা আৰু অনিষিক্ত ডিম্বক যোনী পথেৰে বাহিৰত ওলাই আহে। এই স্তৰৰ সময়কাল ৩ ৫ দিন । 

২১। নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ব্যাখ্যা কৰা । 

উত্তৰঃ নতুন প্রজাতিৰ অভ্যুদ্বয়ৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হ’ল – 

( i ) জিনৰ গতি ।

( ii ) জননিক অভিপ্রায় ( Genetic drift ) ।

( iii ) প্ৰজননৰ স্বতন্ত্রতা ( Reproductive isolation ) ।

( iv ) প্রাকৃতিক নির্বাচন ( Natural selection ) । 

নাইবা 

ভৌগোলিকভাৱে হোৱা পৃথকীকৰণ বুলিলে কি বুজা ? স্ব – পৰাগযোগ ঘটা উদ্ভিদ প্রজাতি এটাৰ বাবে ই প্ৰজাতিকৰণৰ এটা প্ৰধান কাৰক হ’ব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ? 

উত্তৰঃ ভৌগোলিকভাৱে হোৱা পৃথকীকৰণঃ যি একে প্ৰজাতিৰ দুই প্ৰকাৰ জীৱগোষ্ঠীৰ উদ্ভৱ কৰে তাকে ভৌগোলিকভাৱে হোৱা পৃথকীৰণ কোৱা হয় ৷ স্ব – পৰাগযোগকাৰী উদ্ভিদৰ স্বতন্ত্রতাৰ মুখ্য কাৰক ভৌগোলিক স্বতন্ত্রতাৰ ওপৰত নিৰ্ভৰ নকৰে । কাৰণ এই ধৰণৰ উদ্ভিদ পুনঃপ্ৰজননৰ বাবে আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে । 

২২। মানুহৰ মস্তিষ্কৰ অংশসমূহৰ নাম লিখা । চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্রিত ক্রিয়াকলাপসমূহ ব্যক্ত কৰা । 

উত্তৰঃ আমাৰ মস্তিষ্ক বিভিন্ন অংশসমূহ হ’ল– প্ৰমস্তিষ্ক , মধ্যমস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক । 

চেৰিবেলামে মানুহৰ দেহৰ ভাৰসাম্যতা ৰক্ষা কৰে। এডাল বাঁহত খোজ কঢ়াৰ কথা , চাইকেল চলোৱাৰ কথা বা পেঞ্চিলডাল ধৰাৰ কথা— এনে ধৰণৰ কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে চেৰিবেল নামৰ অংশই ।

নাইবা

অক্সিন কি ? এজোপ গছৰ বৃদ্ধিত ই কেনেদৰে সহায় কৰে ? 

উত্তৰঃ অক্সিন হ’ল একধৰণৰ ইণ্ডল আৰু অ্যাচিটিক এচিড । এই ধৰণৰ অক্সিন উদ্ভিদৰ কাণ্ড আৰু মূলৰ অগ্ৰস্থ ভাজক কলাৰ কোষত সংশ্লেষিত হয় আৰু আন অংশত ব্যাপন প্রক্রিয়াত প্রবাহিত হয় । 

২৩। বগা পোহৰৰ বিচ্ছুৰণ মানে কি বুজা ? প্রিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণৰ ৰশ্মিচিত্র অংকন কৰা । 

উত্তৰঃ                   

HSLC 2020 Science Question Paper Solved 23 a

বগা পোহৰক উপাংশ ৰঙবোৰলৈ পৃথকীকৰণকে বিচ্ছুৰণ বোলে । 

নাইবা 

প্ৰেছবায়’পিয়া কি ? নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা । 

উত্তৰঃ বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা সাধাৰণতে কমি আহে।সৰহ সংখ্যক মানুহৰ বাবে নিকট বিন্দুটো ক্ৰমান্বয়ে দূৰলৈ আঁতৰি যায়। তেওঁলোকে সংশোধনীমূলক চষ্মা নহ’লে নিকটৱৰ্তী বস্তুবোৰ স্পষ্টকৈ আৰু অনায়াসে চোৱাত অসুবিধা পায় । ইয়াকে প্রেয়বায়’পিয়া বোলে ।

HSLC 2020 Science Question Paper Solved 23 b

২৪। ৰোধকৰ SI একক লিখা ৷ এটা বৈদ্যুতিক মটৰে 220V উৎসৰ পৰা 5A প্রবাহ লয় ৷ মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা । 

উত্তৰঃ ৰোধকৰ SI একক হ’ল ( Ω – m ) 

                    ইয়াত , I = 5A 

                              V = 220V 

                              T = 2 hr 

∴ ক্ষমতা ( P ) = VI = 220 × 5 

                    = 1,000W অথবা 1.1 kwh  

∴ বৈদ্যুতিক শক্তিৰ পৰিমাণ = Pxt 

                                    = 1.1 kwh x 2 hr 

                                    = 2.2 kwh 

নাইবা 

এটা বৈদ্যুতিক প্রবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে । 8Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15A প্রবাহ লয় । চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা । 

উত্তৰঃ এটা বৈদ্যুতিক বর্তনীৰ ৰোধ বিদ্যুৎ শক্তিৰ হাৰ নিৰ্ণয় কৰে । 

ইয়াত R = 8Ω 

          I = 15A

          t = 2hr 

∴ এটা হিটাৰত প্ৰতিঘণ্টাত সৃষ্টি হোৱা তাপৰ পৰিমাণ , অর্থাৎ ক্ষমতা (P ) 

            = F²R = ( 15 )² x 8 

            = 1800JS-¹ 

২৫। চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেক্টেৰৰ মূল নীতিৰ ব্যাখ্যা কৰা । 

উত্তৰঃ                 

HSLC 2020 Science Question Paper Solved 25

পৰিৱৰ্তী বিদ্যুৎ উৎপাদকৰ কার্যনীতি :- এটা পৰিবাহী বিদ্যুৎ উৎপাদকৰ প্ৰধান অংশ চাৰিটা :- 

( i ) আর্মেচাৰ ( ABCD ) ।

( ii ) এডাল শক্তিশালী চুম্বক ( NS ) ।

( iii ) দুটা আঙঠিৰে সজা পৰিৱৰ্তক বা কমিউটেষ্টৰ ( S₁S₂ ) । আৰু 

( iv ) দুডাল সংযোগী কার্বন ব্ৰাছ ( B₁ B₂ ) । 

প্রথমতে আর্মেচাৰটো চুম্বকডালৰ দুই মেৰুৰ মাজত ৰখা হয় আৰু এক বাহ্যিক বল প্রয়োগৰ দ্বাৰা ইয়াক ঘূৰোৱা হয় । আৰ্মেচাৰটো চুম্বকডালৰ দুই মেৰুৰ মাজত ঘূৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় ক্ষেত্ৰ ৰেখাবোৰৰ মান সলনি হয় । ফলত ফেৰাডেৰ নীতিৰ অনুসৰণত ইয়াৰ দুয়ো মূৰে এটা বিভৱভেদ আৱিষ্ট হয় । এটা সম্পূর্ণ ঘূর্ণনৰ প্রথম অর্ধেকত আৱিষ্ট বিদ্যুৎ প্ৰৱাহৰ দিশ পৰৱৰ্তী অর্ধেক কালত আৱিষ্ট প্ৰৱাহৰ দিশৰ সম্পূৰ্ণ বিপৰীত । এনেদৰেই প্ৰতিটো অৰ্ধঘূর্ণনৰ মূৰে মূৰে বিদ্যুৎ প্ৰৱাহৰ দিশ বিপৰীতমুখী হৈ থাকে। ফলত এই উপাদকৰ পৰা এক পৰিৱৰ্তী বিদ্যুৎ প্ৰৱাহ পোৱা যায় । এই প্ৰক্ৰিয়াত উদ্ভৱ হোৱা ভেদ সংযোগী ব্ৰাছ B₁ আৰু B₂ ৰ দুয়ো মূৰত উপলব্ধ হয় । 

২৬। শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ’ব গাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ? মহাসমুদ্ৰৰ পৰা পাৰ গৰা শক্তিৰ দুটা সীমাবদ্ধতা লিখা । 

উত্তৰঃ হয় , শক্তিৰ উৎস প্ৰদূষণমুক্ত হ’ব পাৰে । যেনে— সৌৰশক্তি , সৌৰকুকাৰ , সৌৰপানী উত্তাপক ( Water heater ) আৰু সৌৰকোষত ব্যৱহাৰ কৰা হয় , কিন্তু বায়ু প্ৰদূষিত নহয় । 

মহাসমুদ্ৰৰ পৰা সংগৃহীত শক্তিৰ সীমাবদ্ধতা হ’ল―

( i ) সমুদ্ৰৰ পৰা সংগৃহীত শক্তিৰ বাবে সম্পূর্ণভাৱে জোৱাৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।জোৱাৰ – ভাটৰ সময়ত পানী সাগৰলৈ কিছুমান শ্রেণীবদ্ধ টার্বাইনৰ মজেদি উভতি যায় আৰু বিদ্যুৎ শক্তি উৎপাদন হয়। 

( ii ) সাগৰত বিদ্যুৎ শক্তি প্রকল্প বহুওৱাটো অতি ব্যয়সাপেক্ষ । 

( iii ) আহৰণ কৰা বিদ্যুৎ শক্তিৰ পৰিমাণ অতি নগণ্য । 

২৭। ( a ) পানীত দ্রবীভূত হোৱা দুটা ধাতৱ অক্সাইডৰ নাম লিখা ৷ 

উত্তৰঃ ছডিয়াম অক্সাইড আৰু মেগনেছিয়াম অক্সাইড পানীত দ্ৰৱীভূত হয় । 

( b ) অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয় ? উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা ৷ 

উত্তৰঃ Fe , Zn , Ni , Sn আদি অক্সাইডবোৰ অকল তাপ দিলে বিজাৰিত নহয় , ইয়াক বিজাৰিত কৰিবৰ কাৰণে এটা বিজাৰকৰ আৱশ্যক , সাধাৰণতে কার্বন বিজাৰক হিচাপে ব্যৱহাৰ কৰে । ধাতুবোৰৰ অক্সাইডক কাৰ্বনৰ সৈতে উত্তপ্ত কৰিলে ধাতুটো পোৱা যায়। 

ZnO + C → Zn + Co

CuO + C → Cu + Co

কার্বন অবিহনে অতি সক্রিয় ধাতুবোৰ , যেনে— ছ’ডিয়াম , কেলছিয়াম , এলুমিনিয়াম ইত্যাদি বিজাৰক পদার্থ হিচাপে ব্যৱহাৰ কৰি ধাতু নিষ্কাশন কৰা যায় । এই অতি সক্রিয় ধাতুবোৰে কম সক্রিয় ধাতুক স্থানান্তৰ কৰিব পাৰে । যেনে— 

Fe₂O₃ ( S ) + 2Al ( S ) → 2Fe ( I ) + Al₂O₃ ( S ) + তাপশক্তি। 

( c ) চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেঁতেলী ( tamarind ) ৰসেৰে পৰিষ্কাৰ কৰা তোমালোকে নিশ্চয় দেখিছা । পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে বুজাই লিখা । 

উত্তৰঃ তাম্র পাত্ৰত আদ্র বায়ুৰ প্ৰভাৱত এটা সেউজীয়া আৱৰণ পৰে আৰু এই আৱৰণে পাত্ৰটোক ক্ষয় কৰে । এই আৱৰণ দূৰ কৰাৰ বাবে আমি নেমুটেঙা বা তেঁতেলীৰ ৰস ব্যৱহাৰ কৰোঁ ৷ এই ৰসত থকা এচিডে ক’পাৰ কাৰ্বনেটৰ আৱৰণক দ্ৰৱীভূত কৰি তাম্ৰ পাত্ৰটোক পৰিষ্কাৰ কৰে । 

নাইবা 

( a ) তলত দিয়াবোৰৰ মাজৰ পৰা আটাইতকৈ বেছি সক্ৰিয় আৰু আটাইতকৈ কম সক্রিয় ধাতুবোৰ চিনাক্ত কৰা । 

AI , K , Cu , Au 

উত্তৰঃ বেছি সক্রিয় ধাতু – K , Al 

         কম সক্রিয় ধাতু – Au , Cu 

( b ) উদাহৰণেৰে সৈতে তলত দিয়াবোৰৰ সংজ্ঞা লিখা । 

( i ) মণিক ।

( ii ) আকৰ ।

উত্তৰঃ ( i ) মণিক :- পৃথিৱীৰ খোলাটোত পোৱা ধাতু আৰু ইয়াৰ যৌগবোৰত থকা প্রাকৃতিক গোটা পদাৰ্থবোৰক খনিজ পদার্থ বোলা হয়। উদাহৰণস্বৰূপে , প্ৰকৃতিত পোৱা CaCO₃, NaCl , Fe₂ , S₃ আদি খনিজ পদার্থ । যিবোৰ খনিজ পদাৰ্থৰ পৰা ধাতুবোৰ লাভজনকভাৱে আৰু কম খৰচত আহৰণ কৰিব পাৰি , তেনেবোৰ খনিজ পদার্থক আকৰ বোলা হয় । কিছুমান খনিজ পদাৰ্থত বেছি পৰিমাণে ধাতু আৰু অতি কম পৰিমাণে অশুদ্ধি থাকে , আনহাতে কিছুমান খনিজ পদার্থত কম পৰিমাণে ধাতু আৰু বেছি পৰিমাণে অশুদ্ধি থাকে । সেইবোৰে ধাতু নিষ্কাশন কৰোঁতে সকলোবোৰ খনিজ পদার্থ ব্যৱহাৰ কৰিব নোৱাৰি । উদাহৰণস্বৰূপে , বক্সাইট আৰু বোকা এলুমিনিয়ামৰ খনিজ পদার্থ । অৱশ্যে বক্সাইটৰ পৰাহে লাভজনকভাৱে আৰু কম খৰচত এলুমিনিয়াম নিষ্কাশন কৰা হয় । গতিকে এলুমিনিয়ামৰ আকৰ বক্সাইটহে , বোকা নহয় ।

উত্তৰঃ ( ii ) আকৰ :- যিবোৰ খনিজ পদাৰ্থৰ পৰা ধাতুবোৰ লাভজনকভাৱে আৰু কম খৰচত আহৰণ কৰিব পাৰি , তেনেবোৰ খনিজ পদার্থক আকৰ বোলা হয় । উদাহৰণস্বৰূপে , এলুমিনিয়ামৰ আকৰ হ’ল বক্সাইট । 

( c ) ধাতুৰ শোধনৰ বাবে ব্যৱহৃত বিদ্যুৎ পৰিশোধন পদ্ধতিটো ব্যাখ্যা কৰা ।

উত্তৰঃ বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে ধাতুৰ শোধন :- এই পদ্ধতিটো বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ ওপৰত আধাৰিত আৰু ক’পাৰ , টিন , লেড , ছিলভাৰ , গোল্ড আদি ধাতুবোৰৰ শোধনৰ বাবে বিস্তৃতভাৱে ব্যৱহাৰ কৰা হয় । এই পদ্ধতিত অশুদ্ধ ধাতুটোক এন’ড হিচাপে আৰু বিশুদ্ধ ধাতুৰ টুকুৰা এটাক কেথ’ড হিচাপে লোৱা হয় । দুৱটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহ চালিত কৰিলে , কেথ’ডত বিশুদ্ধ ধাতু পোৱা যায় । ধাতুটোত থকা বেছি বিদ্যুৎ ধনাত্মক ( বেছি সক্রিয় ) অশুদ্ধিবোৰ আয়ন হিচাপে দ্ৰৱত থাকি যায় । কম সক্রিয় অশুদ্ধিবোৰ বিদ্যুৎ বৈশ্লেষিক কোষৰ তলত সংগ্ৰহ কৰা হয় আৰু সিহঁতক এন’ড বোলা হয় । 

HSLC 2020 Science Question Paper Solved ধাতুৰ শোধনৰ বাবে ব্যৱহৃত বিদ্যুৎ পৰিশোধন পদ্ধতিটো ব্যাখ্যা কৰা

২৮। ( a ) ( C₄H₁₀ ) বিউটেনৰ সমযোগীবোৰৰ গঠন সংকেত আঁকা । 

উত্তৰঃ ( C₄H₁₀ ) বিউটেনৰ গঠন সংকেত – 

HSLC 2020 Science Question Paper Solved 28a

( b ) প্রতিষ্ঠাপন বিক্রিয়া কাক বোলে ? উদাহৰণৰ সৈতে ব্যাখ্যা কৰা ৷ 

উত্তৰঃ প্ৰতিষ্ঠাপন বিক্রিয়া :- প্ৰতিষ্ঠাপন বা অপসাৰণ বিক্রিয়াত অধিক সক্রিয় ধাতু এটাই কম সক্রিয় ধাতুৰ লবনৰ দ্ৰৱৰ পৰা কম সক্রিয় ধাতুটোক অপসাৰিত কৰিব পাৰে । কিছুমান ধাতুৱে লঘু এছিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব পাৰে ।

যেনে :- CuSo₄ ( aq ) + Zn ( s ) → ZnSO₄ ( aq ) + Cu ( s ) 

( c ) পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি ? 

উত্তৰঃ                  

পৰীক্ষাএলকহলকার্বক্সিলিক এচিড
1. লিটমাছ পৰীক্ষাব’ৰনৰ পৰিৱৰ্তন নহয়।নীলা লিটমাছ দ্ৰৱ ৰঙা হয়।
2. ছ’ডিয়াম কাব’নেটকোনো বিক্রিয়া নহয়।তীব্র শব্দ কৰি ফেন বাহিৰ হয়।
3. ছ’ডিয়াম মেটেলফেন আকাৰত H₂ আহে পৰীক্ষা।H₂ বাহিৰ হয় , কিন্তু ফেন বাহিৰ নহয়।

নাইবা 

( a ) ব্ৰ’ম’বিউটেনৰ সমযোগীবোৰৰ গঠন সংকেত আঁকা । 

উত্তৰঃ ব্ৰ’ম’বিউটেনৰ গঠন সকত – 

HSLC 2020 Science Question Paper Solved 28 b

( b ) ইথানয়িক এছিডে কার্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ লগত কিদৰে বিক্ৰিয়া কৰে । 

উত্তৰঃ ইথানয়িক এছিডে কার্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লবন , কার্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে । যি নিমখ উৎপন্ন হয় তাক ছডিয়াম এচিটেট বোলে । 

2CH₃COOH + Na₂CO₃ → 2CH₃COONa + H₂ O + CO₂ 

CH₃COOH + NaHCO₃ → CH₃COONa + H₂O + CO₂ 

( c ) চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ( cleaning action ) ব্যাখ্যা কৰা । 

উত্তৰঃ চাবোনে পানীৰ লগত ফেন সৃষ্টি কৰে । লেতেৰা বস্তুবোৰ চবোনৰ বুৰবুৰণিৰ কেন্দ্ৰত আকৰ্ষিত হয় । এই বুৰবুৰণিবোৰ লগ নালাগে আৰু আয়ন – আয়ন বিকৰ্ষণৰ বাবে সিহঁত অধঃক্ষিপ্ত হয় । বুৰবুৰণিবোৰত থকা লেতেৰা বস্তুবোৰ কলয়ডীয় দ্ৰব ( Colloidal Solution ) হিচাপে জমা হয় আৰু অতি সহজে পানীৰ লগত ওলাই যায়।ফলস্বৰূপে কাপোৰ পৰিষ্কাৰ হয় । 

২৯। ‘ জৈৱ অনুঘটকবোৰ ‘ কি ? এনে দুটা অনুঘটকৰ নাম লিখা আমাৰ শৰীৰত এইবোৰে গ্ৰহণ কৰা ভূমিকাৰ আলোচনা কৰা । পাকগ্ৰন্থিৰ দ্বাৰা পাকস্থলীত নিঃসৰিত হোৱা হাইড্ৰ ক্লৰিক এছিডৰ কাৰ্য কি ? 

উত্তৰঃ জৈৱ অনুঘটক :- আমি জানো যে আমি খোৱা আহাৰ অতি জটিল প্ৰকৃতিৰ । এই জটিল প্ৰকৃতিৰ আহাৰ পাচন নলীত পাচন হ’বলৈ হলে জটিল আহাৰ সবল অৱস্থালৈ পৰিৱৰ্তন ক্ৰাটো প্রয়োজন । কিছুমান জৈৱ অনুঘটকৰ সহায়ত এই জটিল আহাৰক সৰলীকৰণ কৰা হয় । এনে জৈৱ অনুঘটকবিলাকক উৎসেচক কোৱা হয় । এনে দুটা অনুঘটকৰ নাম হ’ল- এমাইলেজ আৰু লাইপেজ । এমাইলেজ মুখগহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সবল চেনিলৈ পৰিৱৰ্তিত কবে আৰু লাইপেজে স্নেহদ্রব্যক ফেটি এছিড আৰু গ্লিছাৰলৈ পৰিৱৰ্তিত কৰে । হাইড্ৰ’ক্লৰিক এছিডে পাচক উৎসেচকৰ ক্ৰিয়াত সাহায্য কৰে আৰু খাদ্যত মিহলি হোৱা বীজাণুক ধ্বংস কৰে । 

নাইবা 

উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে ? জাইলেম আৰু ফ্লমে দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি ? 

উত্তৰঃ উদ্ভিদৰ পাতত প্রস্তুত হোৱা খাদ্যবস্তু দেহৰ বিভিন্ন অংগলৈ স্থানান্তৰ কৰা প্রক্রিয়াকে খাদ্য স্থানান্তৰ বোলে । এই প্রস্তুত হোৱা খাদ্য ৱেমৰ দ্বাৰা বিভিন্ন অংগলৈ পৰিবাহিত হয় । ৰৈখিক চিত্ৰৰ সহায়ত ইয়াৰ দিশ দেখুওৱা হৈছে : 

উদ্ভিদৰ পাতৰ কোষত সঞ্চিত খাদ্য দ্রব্য 

দ্রবীভূত অৱস্থাত খাদ্য দ্রব্য ফ্ল’ৱেম কলাত প্ৰৱেশ        

ফ্ল’ৱেম কলাৰ মাজেৰে উদ্ভিদৰ দেহত উর্দ্ধমুখী , অধ্যমুখী আৰু পার্শ্বীয় দিশবে সকলো অংগলৈ সংবহন ।

উদ্ভিদ দেহৰ এটা অংশত শোষিত হোৱা বা প্রস্তুত হোৱা দ্রব্য আন এটা আশলৈ কঢ়িয়াই নিয়া হয় । 

( i ) পানী আৰু খনিজ দ্ৰৰ্যৰ পৰিবহন :- জাইলেম নলিকাই এই পদাৰ্থবোৰ মূলৰ পৰা শোষণ কৰি দেহৰ অন্যান্য অংশলৈ পৰিবহন কৰে। 

( ii ) খাদ্য আৰু আন পদাৰ্থৰ পৰিবহন :- পাতত প্রস্তুত হোৱা আহাৰ ফ্ল’ৱেমৰ জৰিয়তে দেহৰ অন্যান্য অংশলৈ লৈ যায় । 

৩০। 18cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 27cm দূৰত্বত 70mm আকাৰৰ বস্তু এটা ৰখা হৈছে । দাপোনখনৰ পৰা কিমান দূৰত্বত পর্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব ? প্রতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা । 

উত্তৰঃ বস্তুৰ আকাৰ , ( h ) = 70mm = 7cm 

          ফকাছ দৈৰ্ঘ্য ( f ) = -18 cm

         বস্তুৰ দূৰত্ব ( u ) = -27 cm 

         প্রতিবিম্বৰ দূৰত্ব ( v ) = ? 

HSLC 2020 Science Question Paper Solved 30

∴ বস্তু দৰ্পনৰ পৰা 54 cm দূৰত্বত স্থাপন কৰা হৈছে । প্রতিবিম্ব সদ্ বা বাস্তৱ ৷ 

HSLC 2020 Science Question Paper Solved 30 i

∴ প্রতিবিম্বৰ উচ্চতা = -14cm । অতত্রব প্রতিবিম্ব ওলোটা আৰু বৰ্দ্ধিত আকাৰৰ হব ।

নাইবা 

অৱতল লেনছ এখনৰ ফকাছ দৈর্ঘ্য 15cm । লেনছখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিব লাগিব যাতে তাৰ পৰা 10cm দূৰত্বত লেনছখনে প্রতিবিম্ব এটা গঠন কৰিব পাৰে । তদুপৰি , লেনছত হোৱা বিবর্ধন নির্ণয় কৰা । প্রতিবিম্বটোৰ প্ৰকৃতি কি ? 

উত্তৰঃ অৱতল লেনছে সদায় লক্ষ্যবস্তু থকা ফালে অসৎ , থিয় প্রতিবিম্ব গঠন কৰে ।

প্রতিবিম্বৰ দূৰত্ব v = -10cm 

ফকাছ দৈৰ্ঘ্য f = -15cm 

লক্ষ্যবস্তুৰ দূৰত্ব u = ? 

HSLC 2020 Science Question Paper Solved 30 ii

গতিকে লক্ষ্যবস্তুৰ দূৰত্ব 30cm . 

বিৱর্ধন m = v/u 

ধনাত্মক চিহ্নই বুজায় যে প্রতিবিম্বটো থিয় আৰু অসৎ । প্রতিবিম্বটো লক্ষ্যবস্তুৰ এক তৃতীয়াংশ । 

৩১। জীৱাশ্ম ইন্ধনৰ দুটা উদাহৰণ দিয়া । এজন সাধাৰণ ব্যক্তি হিচাপে : 

( a ) বন আৰু বন্যপ্ৰাণী ।

( b ) জলসম্পদ ।

সমূহৰ ওপৰত কেনে ধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বা ? 

উত্তৰঃ জীৱাশ্ম ইদ্ধনৰ দুটা উদাহৰণ হ’ল— কয়লা আৰু প্ৰাকৃতিক গেছ। 

( a ) বন আৰু বন্যপ্ৰাণী :- কম কাগজ ব্যৱহাৰ কৰিব লাগে । কাৰণ গছৰ পৰা কাগজ তৈয়াৰ হয়৷ জীৱ – জন্তু হত্যা কৰি নোম , চামৰা ( Fur ) , দাঁত , শিং আদি আহৰণ কৰা হয় আৰু ইয়াৰ পৰা নানা ধৰণৰ বস্তু তৈয়াৰ কৰা হয় । এই বস্তুবোৰ ক্ৰয় কৰিব নালাগে ৷ 

( b ) জলসম্পদ :- ছাৱাৰৰ ( shower ) পৰিৱৰ্তে বাল্টিৰে পানী ঢালি গা ধুব লাগে । গা ধোৱা পানী এটা পাত্ৰত জমা কৰি আকৌ ব্যৱহাৰ কৰিব লাগে। 

নাইবা 

পানী সঞ্চয়ন মানে কি বুজা ? পাহাৰীয়া অঞ্চল আৰু সমতল অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিৰ মাজত ভুলনা কৰা। 

উত্তৰঃ এটা জলাধাৰত পানী জমা কৰাকে পাসী সঞ্চয়ন বোলে ৷ ইয়াৰ দুটা উপকাৰিতা হ’ল– 

( ক ) জমা কৰা পানী জলসিঞ্চনত ব্যৱহাৰ হয় 

( খ ) শাক – পাচলিৰ বৃদ্ধিৰ বাবে এই পানী যোগান ধৰা হয় । 

পাহাৰ – পৰ্বতত থকা জল সঞ্চয়ন পদ্ধতিতকৈ সমতল আৰু মালভূমি অঞ্চলত থকা জল সঞ্চয়ন পদ্ধতি পৃথক । যেনে— হিমাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত থকা স্থানীয় জলসিঞ্চন ব্যৱস্থাৰে মানুহে খন্দা কেনেলৰ দ্বাৰা পানী গাঁৱৰ খেতিপথাৰত দিয়া হয় , কিন্তু সমতল অঞ্চলত পানী নানা প্রকাৰে জলাধাৰত জমা ৰখা হয় আৰু এই পানী সময়মতে শষ্যক্ষেত্ৰত দিয়া হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top