HSLC 2019 Science Question Paper Solved

HSLC 2019 General Science Question Paper Solved, SEBA Class 10 General Science Old Question Paper Solved, দশম শ্ৰেণীৰ বিজ্ঞান 2019 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of SEBA so that you can easily browse through different subjects and select needs one. Assam Board HSLC 2019 Science Question Paper Solved can be of great value to excel in the examination.

HSLC 2019 Science Question Paper Solved

HSLC 2019 General Science Question Paper Solved

Join Telegram channel

HSLC Old Question Paper provided is as per the 2019 Assam Board Exam and covers all the questions from the SEBA HSLC 2019 Question Paper. Access the detailed SEBA Class 10 Science 2019 Paper provided here and get a good grip on the subject. Access the HSLC 2019 Science Question Paper Solved, Class X Science 2019 Old Paper Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

HSLC SCIENCE 2019 QUESTION PAPER

2019

GENERAL SCIENCE OLD PAPER

ALL QUESTION ANSWER


Group – A

১। তলৰ প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে । চাৰিটাৰ ভিতৰত মাত্ৰ এটাহে শুদ্ধ উত্তৰ । শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

( a ) এটা দ্রব্যই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে । গেছটোৱে চূণপানী ঘোলা কৰে । দ্ৰৱটোত আছে— 

( i ) NaCl 

( ii ) HCL 

( iii ) LiCl

( iv ) KCL 

উত্তৰঃ ( ii ) HCL 

( b ) এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে । যৌগটো পানীত দ্ৰৱণীয় । সম্ভৱপৰ মৌলটো হ’ল—

( i ) কেলছিয়াম 

( ii ) কার্বন 

( iii ) ছিলিকন

( iv ) আইৰন

উত্তৰঃ ( iv ) আইন ।

( c ) মৌল X য়ে XCI₂ সংকেতৰ ক্ল’ৰাইড গঠন কৰে । ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ । মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি ? 

( i ) Na 

( ii ) Mg 

( iii ) Al 

( iv ) Si

উত্তৰঃ ( ii ) Mg 

( d ) আমাৰ লালটিত থকা উৎসেচক বিধক বোলা হয়— 

( i ) এমাইলেজ 

( ii ) লাইপেজ

( iii ) ট্রিপচিন  

( iv ) পেপ্‌চিন 

উত্তৰঃ ( i ) এমাইলেজ ।

( e ) মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষাকাৰ্য্য নিয়ন্ত্ৰণ কৰে, সেইটো হ’ল ―

( i ) ডায়েনচেফালন 

( ii ) চেৰিব্রাম

( iii ) চেৰিবেলাম 

( iv ) মেড্যুলা অব্লাংগাতা 

উত্তৰঃ ( iii ) চেৰিবেলাম ।

( f ) জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত , যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্রিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্রিক বৈশিষ্ট্য সম্পন্ন জীৱৰ উদ্ভৱ হয় , সেই প্রক্রিয়াক বোলা হয়—

( i ) প্ৰজাতিকৰণ 

( ii ) ক্রমবিকাশ 

( iii ) বংশানুক্রম

( iv ) বিভিন্নতা 

উত্তৰঃ ( ii ) ক্ৰমবিকাশ ।

( g ) লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎপ্রতিবিম্ব পাবলৈ হ’লে , লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ?

( i ) লেন্‌ছৰ মুখ্য ফ’কাছত 

( ii ) ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত 

( iii ) অসীমত  

( iv ) লেন্‌ছৰ আলোেক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত

উত্তৰঃ ( iv ) লেন্‌ছৰ আলোেক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত ।

( h ) নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ’ল –

( i ) ২৫ মিটাৰ

( ii ) ২৫ ছে.মি.

( iii ) ২.৫ ছে.মি.

 ( iv ) ২.৫ মিটাৰ

উত্তৰঃ ( ii ) ২৫ ছে.মি. ।

( i ) বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1kWh মানে—

( i ) 36 × 10⁶ J 

( ii ) 3.6 × 10⁶ J 

( iii ) 3.6 × 10⁵ J 

( iv ) 36 × 10⁴ J 

উত্তৰঃ ( ii ) 3.6 × 10⁶ J 

( j ) তলৰ কোনটো জীৱ – ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ? 

( i ) খৰি

( ii ) নিউক্লিয় শক্তি

( iii ) গোবৰ গেছ 

( iv ) কয়লা 

উত্তৰঃ ( ii ) নিউক্লিয় শক্তি ।

২। দ্বি – অপসৰণ বিক্রিয়া এটাৰ উদাহৰণ দিয়া । 

উত্তৰঃ Ag⁺ NO⁻₃ ( aq ) + Na⁺ CI⁻ ( aq ) → Ag⁺ + Cl⁻ ( s ) + Na⁺ NO⁻₃ ( aq ) 

৩। ধাতু এটাৰ নমনীয়তা কাক বোলে ? 

উত্তৰঃ টানি তাঁৰ প্ৰস্তুত কৰিব পৰা পদার্থক নমনীয় বুলি কোৱা হয় । ধাতুবোৰক টানি তাঁৰ প্ৰস্তুত কৰিব পাৰি । 100 গ্রাম ছিলভাৰৰ পৰা 200 মিটাৰ তাঁৰ টানিব পাৰি ৷ এক গ্রাম সোণৰ পৰা 2 কিল’মিটাৰ তাঁৰ প্ৰস্তুত কৰিব পাৰি । 

৪। তলৰ কোনবিলাক হাইড্ৰ’কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায় ? 

C₂H₆, C₃H₈ , C₃H₆ , C₂H₂ , আৰু CH₄ 

উত্তৰঃ C₃H₆ আৰু C₂H₂  –এ যোগাত্মক বিক্রিয়াত অংশগ্ৰহণ কৰে । 

৫। প্ৰভাৱী চৰিত্ৰ কাক বোলে ?

উত্তৰঃ জীৱৰ কোনো চৰিত্ৰৰ বাবে থকা বিপৰীতধর্মী লক্ষণযুক্ত সমযুতক জীৱৰ মাজত সংকৰণ ঘটালে প্রথম অপত্য পুৰুষত পিতৃ – মাতৃ দুটা লক্ষণৰ মাত্ৰ এটাহে প্ৰকাশ পায় । প্রকাশ পোৱা লক্ষণটোক প্ৰভাৱী চৰিত্ৰ বোলে । 

৬। চকুৰ উপযোজন ক্ষমতা কি ?

উত্তৰঃ চকুৱে চিলিয়াৰী মাংসপেশীৰ সংকোচন আৰু প্ৰসাৰণ ঘটাই চকুৰ পৰা বিভিন্ন দূৰত্বত অৱস্থিত বস্তুৰ প্ৰতিবিম্ব অক্ষিপটত গঠন কৰিবলৈ সক্ষম হয় । চকুৰ লেন্সৰ ফ’কাছ দূৰত্ব সাল – সলনি কৰাৰ ক্ষমতাক চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয় । 

৭। এটা পৰীক্ষানলত 3mL মান ছডিয়াম ছালফেটৰ দ্ৰব্য লোৱা । আন এটা পৰীক্ষানলত 3mL মান বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ লোৱা । দুয়োটা দ্রৱ মিহলোৱা আৰু তলত দিয়াবোৰৰ উত্তৰ লিখা। 

( a ) ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা । 

উত্তৰঃ অপসাৰণ বিক্ৰিয়াত অধিক সক্রিয় ধাতু এটাই কম সক্রিয় ধাতুৰ লৱণৰ দ্ৰব্যৰ পৰা কম সক্রিয় ধাতুটোক অপসাৰিত কৰিব পাৰে।কিছুমান ধাতুৱে লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰিব পাৰে । 

আনহাতে দ্বিঅপসাৰণ বিক্রিয়াত আয়নীয় যৌগৰ জলীয় দ্ৰৱত থকা আয়নবোৰে অংশগ্ৰহণ কৰে আৰু আয়নৰ বিনিময় হয় । 

( b ) ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা ।

উত্তৰঃ

Class 10 Science paper Solved Question  7b

৮। এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্লৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে । উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায় । 

( a ) জ্বলি থকা মম নুমুওৱা গেছটোৰ নাম লিখা । 

উত্তৰঃ কাৰ্বন – ডাই – অক্সাইড ।

( b ) বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা । 

উত্তৰঃ CaCO₃ + 2HCl → CaCl₂ + H₂O + CO₂ ↑ ( A ) 

নাইবা , 

প্রশমন বিক্রিয়া কি ? দুটা উদাহৰণ দিয়া ৷ 

উত্তৰঃ এছিডে ক্ষাৰক ( বা এলকালি ) ৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ৷ এছিড আৰু ক্ষাৰকে পৰস্পৰক প্রশমিত কৰে । এছিড আৰু ক্ষাৰকৰ মাজৰ এনে বিক্রিয়াক প্রশমন বিক্রিয়া বুলি কোৱা হয় । 

উদাহৰণ :- ( i ) হাইড্ৰ’ক্লৰিক এছিড আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ জলীয় দ্রৱৰ মাজত প্রশমন বিক্ৰিয়া হৈ ছ’ডিয়াম ক্ল’ৰাইড আৰু পানী উৎপন্ন হয় । 

( ii ) পটেছিয়াম হাইড্রক্সাইডৰ জলীয় দ্ৰৱ আৰু নাইট্রিক এছিজৰ জলীয় দ্ৰৱৰ মাজত প্রশমন বিক্রিয়া হৈ পটেছিয়াম হাইড্রক্সাইড আৰু পানী উৎপন্ন হয় । 

৯। আমাৰ তেজত থকা শ্বাসকণাবিধৰ নাম লিখা । কণাবিধৰ কাৰ্য উল্লেখ কৰা । 

উত্তৰঃ লোহিত ৰক্তকণিকাৰ কাৰ্য :- 

( ১ ) শ্বসনৰ বাবে অক্সিজেন আৰু শ্বসন ক্ৰিয়াত উৎপন্ন হোৱা কার্বন – ডাই – অক্সাইড পৰিবহন ।

( ২ ) দেহৰ অম্লত্ব আৰু ক্ষাৰত্বৰ ভাৰসাম্য ৰক্ষা কৰে । 

শ্বেত ৰক্তকণিকাৰ কাৰ্য :- 

( ১ ) দেহত সোমোৱা অণুজীৱক ধ্বংস কৰে।

( ২ ) দেহৰ ক্ষতস্থানক নিৰাময় কৰে ।

১০। এক্সন আৰু ডেন’ড্ৰাইটৰ মাজৰ দুটা পার্থক্য লিখা ।

উত্তৰঃ এক্সন :- দেহকোষৰ পৰা স্নায়ু আৱেগ এক্সনৰ মাজেৰে আন এটা স্নায়ুকোষলৈ যায় ।

ডেন’ড্ৰাইট :- ই নিকটৱৰ্তী স্নায়ুকোষৰ পৰা স্নায়ুবার্তা গ্রহণ কৰে । 

১১। প্রজনন প্রক্রিয়াত DNA ৰ প্ৰতিলিপিকৰণৰ প্ৰয়োজনীয়তা কি ? 

উত্তৰঃ অনুকৃত্যায়ন ডি.এন.এ.ৰ প্ৰধান ধৰ্ম । এই প্রক্রিয়াত মাতৃ ডি.এন.এ.ৰ পৰা একে ধর্ম বা গুণবিশিষ্ট অপত্য ডি.এন.এ.ৰ সৃষ্টি হয় । বহুতো উৎসেচকৰ দ্বাৰা অনুকৃত্যায়ন নিয়ন্ত্রিত হয় । ডি.এন.এ. কোষৰ কোষকেন্দ্ৰত পোৱা যায় আৰু এই ডি.এন.এ. সকলো জীৱৰ ক্ষেত্ৰত বংশগতিৰ বাহক । অপত্য ডি.এন.এ. ই জীৱবিলাকৰ এটা জনুৰ পৰা আন এটা জনুলৈ বংশগতিৰৰ বাহক হিচাপে কাম কৰে । 

১২। 15cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10cm দূৰত্বত এটা বস্তু ৰখা হ’ল । প্ৰতিবিম্বটোৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা । 

উত্তৰঃ ইয়াত   u = −10 ছে.মি. 

                    f = + 15 ছে.মি. ( উত্তল দাপোণ ) , 

                    v = ? 

Class 10 Science paper Solved Question  12

প্রতিবিম্বৰ দূৰত্ব v = 6 ছে.মি. যিহেতু v ৰ মান ধনাত্মক , প্রতিবিম্ব অসৎ , থিয় আৰু ই দাপোণৰ পিছফালে 6 ছে.মি. দূৰত্বত অৱস্থিত হ’ব । 

নাইবা , 

5cm দৈর্ঘ্যৰ বস্তু এটা 10 cm ফ’কাছ দৈৰ্ঘ্যৰ অভিসাৰী লেন্‌ছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল । ইয়াৰ ৰশ্মিচিত্র আঁকা । 

উত্তৰঃ ইয়াত প্রশ্নমতে দিয়া দৈর্ঘ্য যথেষ্ট বেছি । সেয়েহে আমি 1 : 5 স্কেল ধৰি পাৰো ৷ অর্থাৎ 1cm ক 5cm বুলি ধৰি ল’ব পাৰো । এই স্কেলত 5cm ওখ লক্ষ্যবস্তু , লক্ষ্যবস্তুৰ 25cm আৰু ফ’কাছ দৈৰ্ঘ্য 10 ছে.মি. হ’বগৈ 1 ছে.মি. , 5 ছে.মি. , আৰু 2 ছে.মি. , 

প্রশ্নমতে , h = 5cm ( 1cm ) 

             h’ = ?

Class 10 Science paper Solved Question  12b

স্কেল মতে , লক্ষ্যবস্তু h = 1 ছে.মি. , প্রতিবিম্বৰ উচ্চতা 0.66 ছে.মি. , ফ’কাচ দৈৰ্ঘ্য f = 2 ছে.মি. আৰু লক্ষ্যবস্তুৰ দূৰত্ব u = 5 ছে.মি. এই স্কেল মতে চিত্ৰটো অংকন কৰা হৈছে । 

প্ৰকৃত স্থান :- 

প্রতিবিম্বৰ দূৰত্ব v = 3.33 × 5 = 16.65 ছে.মি. 

বস্তুৰ দূৰত্ব u = 25 ছে.মি. 

                f = 2 × 5 

                  = 10 

প্রতিবিম্বৰ উচ্চতা 0.66 × 5 = 3.30 ছে.মি. 

প্রতিবিম্ব ওলোটা , সৎ আৰু লক্ষ্যবস্তুৰ তুলনাত সৰু ( 3.33 ছে.মি. ) আৰু 16.55 ছে.মি. আঁতৰত সোঁফালে অৱস্থিত হ’ব । 

১৩। এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5A প্ৰৱাহ হয় । বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা ৷ 

উত্তৰঃ প্রবাহ ( I ) = 0.5A ( এম্পিয়াৰ ) 

          সময় ( t ) = 10 মিনিট = 600 ছেকেণ্ড . 

∴ বৈদ্যুতিক আধানৰ পৰিমাণ 

                     q = Ixt 

                        = 0.5 × 600 

                        = 300C ( কুলম্ব ) 

নাইবা , 

6 V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয় ? 

উত্তৰঃ 1 জুল পৰিমাণৰ কাৰ্য হয় 1 কুলম্ব আধান সৰবৰাহ কৰোতে । গতিকে , বিভৱভেদ 6 ভল্ট হ’লে শক্তি যোগান ধৰিব 6 জুল ।

নাইবা , 

W = Vxq 

    = 6 ভল্ট × 1 কুলম্ব 

    = 6 × কুলম্ব 

    6 জুল / কুলম্ব x কুলম্ব 

     = 6 জুল 

১৪। অ’জন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে , চমুকৈ ব্যাখ্যা কৰা৷ 

উত্তৰঃ অ’জন ( O₃ ) অক্সিজেনৰ তিনিটা পৰমাণুৰ দ্বাৰা গঠিত । এইবিধ গেছক বায়ুমণ্ডলৰ ওপৰত এটা তৰপত পোৱা যায় । এই অ’জন গেছবিধ অক্সিজেনৰ পৰা অতি বেঙুনীয়া ৰশ্মিয়ে উৎপন্ন করে । 3O₂ → 2O₃ বায়ুমণ্ডলৰ অ’জনৰ তৰপটোৰ এক বিশেষ ভূমিকা আছে । অ’জনৰ তৰপটোৱে সূৰ্যৰ পৰা অহা অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মিবোৰ শোষণ কৰি লয় । অতি বেঙুনীয়া ৰশ্মি শোষণ হোৱা পৃথিৱীৰ জীৱৰ কাৰণে অতি গুৰুত্বপূৰ্ণ । অতি বেঙুনীয়া ৰশ্মি বায়ুমণ্ডলত প্ৰৱেশ কৰিলে উদ্ভিদ আৰু প্ৰাণীৰ মাৰাত্মক অনিষ্ট সাধন কৰে । অতি বেঙুনীয়া ৰশ্মি শস্যৰ কাৰণে ক্ষতিকাৰক । 

১৫। এটা বৈদ্যুতিক মটৰৰ কার্যপ্রণালী ব্যাখ্যা কৰা। 

উত্তৰঃ চুম্বকক্ষেত্ৰত ৰখা বিদ্যুৎ প্ৰৱাহী পৰিবাহী এডালৰ ওপৰত চুম্বকক্ষেত্ৰই ক্রিয়া কৰা বলৰ প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰা আঁহিলাবিধেই বৈদ্যুতিক মটৰ ।

Class 10 Science paper Solved Question  15

চিত্ৰত দেখুওৱাৰ দৰে বৈদ্যুতিক মটৰ ABCD তামৰ অন্তৰিত তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী ABCD ৰে গঠিত ফলা আঙঠি P আৰু Q ৰ লগত কুণ্ডলীটোৰ প্রান্ত দুটা সংযোগ কৰা হয় । P আৰু Q ৰ বৰ্হিৰ্ভাগ লৰচৰ কৰিব নোৱাৰা ব্ৰাচ X আৰু Y ৰ লগত স্পৰ্শ কৰি থাকে । ABCD ৰ কুণ্ডলীৰ প্ৰবাহ উৎস বেটাৰীৰ N পৰা X পৰিবাহী ব্ৰাচৰে সোমায় আৰু Y ব্ৰাচেৰে বেটাৰীলৈ উভতি আহে । X আৰু Y ব্ৰাছ দুডাল বিদ্যুৎ কোষৰ দুই মেৰুৰ লগত সংযোগ কৰা থাকে । এতিয়া বৰ্তনীটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহ চালিত কৰিলে AB আৰু CD বাহু দুটাৰ ওপৰত দুটা সমান কিন্তু বিপৰীতমুখী বলে ক্ৰিয়া কৰিব । 

এই যুগ্ম বলৰ ফলত ABCD কুণ্ডলীটো ঘূৰিবলৈ আৰম্ভ কৰে । গোটেই ব্যৱস্থাটো এনেকুৱা যে কুণ্ডলীটো আধা পাক ঘূৰাৰ পাছত ব্ৰাছ আৰু স্ক্ৰিট বিঙৰ সহায়ত তাৰ মাজেৰে যোৱা প্ৰৱাহৰ দিশ বিপৰীতমুখী হয় ( ওভোতাই দিয়া হয় ) । ফলত AB আৰু CD ৰ ওপৰত প্ৰয়োগ হোৱা বলে কুণ্ডলীটো সদায় একেটা দিশতেই ঘূৰাই থাকে । এইদৰে কুণ্ডলীটোৱে বেটাৰীৰ পৰা আহৰণ কৰা বিদ্যুৎ শক্তিক তাৰ ঘূৰ্ণীয় গতিশক্তিলৈ ৰূপান্তৰিত কৰে । এই গতি শক্তিকেই বিভিন্ন সঁজুলি ঘূৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয় । স্পিট্ ৰিঙৰ সহায়ত তাৰ মাজেৰে যোৱা প্ৰৱাহৰ দিশ বিপৰীতমুখী হয় আৰু ‘ বলৰ ক্ৰিয়াকো বিপৰীতমুখী কৰে । 

১৬। অজৈৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাৰ পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা। 

উত্তৰঃ জৈৱিক বিভঙ্গনীয় পেলনীয়া বস্তুবোৰক মাটিত থকা অণুজীৱই নষ্ট কৰি পেলাব নোৱাৰে ৷ এইবোৰে পৰিৱেশ প্ৰদূষিত কৰে । 

( i ) জৈৱিক অ – বিভঙ্গনীয় পেলনীয়া বস্তুবোৰে নলা – নর্দমা বন্ধ কৰি পেলায় । 

( ii ) মাটিৰ উৰ্বৰা শক্তি হ্ৰাস কৰি উদ্ভিদৰ বৃদ্ধিত বাধা জন্মায় । বায়ু , পানী চলাচলত বাধা দিয়ে । মাটি , পানী প্ৰদূষিত হয় ৷ 

১৭। তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে । সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে । যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় , তেন্তে প্রতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা ? 

উত্তৰঃ ৰঙা লিটমাছ কাগজ তিনি টুকুৰা কৰি লোৱা । প্ৰত্যেকটো পৰীক্ষানলীত ৰঙা লিটমাছ কাগজৰ টুকুৰা দিয়া , এতিয়া পর্যবেক্ষণ কৰা ৷ 

যিটো পৰীক্ষানলীত পাতিত পানী আছে সেইটোত ৰঙা লিটমাছৰ বৰণ বেঙুনীয়া ( Purple ) হ’ব । 

যিটো পৰীক্ষানলীত এছিড আছে সেইটোত ৰঙা লিটমাছৰ টুকুৰা ৰঙা হৈ থাকিব । যিটো পৰীক্ষানলীত ক্ষাৰকৰ দ্ৰৱ আছে সেইটোত ৰঙা লিটমাছৰ কাগজৰ টুকুৰা নীলা হ’ব । 

নাইবা , 

এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় ? এটা উদাহৰণেৰে সৈতে বুজাই লিখা । এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা ?

উত্তৰঃ যেতিয়া এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰে তেতিয়া হাইড্ৰ’জেন গেছ উৎপন্ন হয় । জিংক ধাতুৱে পনীয়া ছালফিউৰিক এছিডৰ (H₂SO₄ ) সৈতে বিক্রিয়া কৰি হাইড্ৰ’জেন গেছ আৰু জিং ছালফেট (ZnSO₄ ) প্রস্তুত কৰে । 

Zn + H₂SO₄ → ZnSO₄ + H₂ ↑ 

উৎপন্ন হোৱা হাইড্ৰ’জেন গেছক চাবোন পানীৰ মাজেৰে যাবলৈ দিলে , চাবোন পানীৰ বুৰবুৰণি উঠিব আৰু ওপৰলৈ উঠি আহিব । বুৰবুৰণিত গেছটো জমা হৈ থাকিব । জ্বলি থকা মমবাতি এডাল বুৰবুৰণিৰ ওচৰত ধৰিলে এটা বিশেষ শব্দ ( পপ্ ) কৰি জ্বলি যাব । 

Class 10 Science paper Solved Question  17

১৮। ( a ) অক্সিজেন বৃদ্ধি অথবা ক্ষতিৰ সংজ্ঞাৰে তলৰ পদসমূহৰ এটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা :

( i ) জাৰণ 

( ii ) বিজাৰণ 

উত্তৰঃ জাৰণ :- কোনো পদাৰ্থত অক্সিজেন যোগ হোৱাকে জাৰণ বুলি কোৱা হয় । 

উদাহৰণ :- ( i ) ছ’ডিয়ামে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম অক্সাইড , Na₂O উৎপন্ন কৰে । 

4Na + O₂ → 2Na₂O 

( ii ) লোহিত তপ্ত অৱস্থাত আইৰণে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি Fe₂O₃ উৎপন্ন কৰে । 

4Fe + 3O₂ → 2Fe₂O₃

এই বিক্ৰিয়া দুটাত ছ’ডিয়াম আইৰণৰ লগত অক্সিজেন যোগ হৈছে । গতিকে এই বিক্ৰিয়াটো জাৰণ বিক্রিয়া ৷ 

বিজাৰণ :- কোনো পদাৰ্থৰ পৰা অক্সিজেন অপসাৰণ কৰাক বিজাৰণ বুলি কোৱা হয় । যেনে :- ( i ) জিংক অক্সাইডক কাৰ্বনৰ সৈতে উত্তপ্ত কৰিলে বিক্ৰিয়াত জিংক আৰু কাৰ্বন – মন – অক্সাইড উৎপন্ন হয় । 

( ii ) Fe₂O₃  ৰ লগত এলুমিনিয়াম যোগ কৰি উত্তপ্ত কৰিলে আইৰণ আৰু Al₂O₃ উৎপন্ন হয় । 

( b ) বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয় ?

উত্তৰঃ মেগনেছিয়ামৰ ফিটাডালত বিভিন্ন অশুদ্ধি মিহলি হৈ থাকিব পাৰে ৷ বিশেষকৈ মেগনেছিয়াম কার্বনেট আৱৰণ এটা ফিটাডালৰ ওপৰত থাকিব পাৰে । সেয়েছে বায়ুত দহনৰ আগতেই ফিটাডাল পৰিষ্কাৰ কৰি ল’ব লাগে ৷ 

১৯। ( a ) কোনটো মৌলৰ দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন আছে ? 

উত্তৰঃ Si ( 2.8.4 ) 

( b ) এটা পৰমাণুৰ ইলেক্‌ট্ৰনীয় বিন্যায় হ’ল 2 , 8 , 7। এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি ? 

উত্তৰঃ পৰমাণুক্ৰমাংক 17 । 

( c ) লিথিয়াম , ছ’ডিয়াম , পটেছিয়াম— এই আটাইকেইটা ধাতু । ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে । এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে ?

উত্তৰঃ লিথিয়াম , ছ’ডিয়াম আৰু পটেছিয়াম আটাইবোৰ ধাতু । এইবোৰৰ যোজক কক্ষত থকা ইলেকট্রনৰ সংখ্যা 1 অর্থাৎ যোজ্যতা 1 । 

নাইবা , 

পর্যাবৃত্ত তালিকাত তিনিটা মৌল A , B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে— 

Group 16Group 17
A
B
C

( a ) মৌল A ধাতু নে অধাতু ?

( b ) C মৌলটো A তকৈ বেছি সক্রিয় নে কম সক্রিয় ? 

( c ) C মৌলটো আকাৰত B তকৈ ডাঙৰ নে সৰু ? 

উত্তৰঃ ( a ) A অধাতু ।

( b ) C ৰ সক্রিয়তা A তকৈ কম ।

( c ) C ৰ আকাৰ B তকৈ সৰু হ’ব ।

২০। হৰম’ন কি ? উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা হৰম’ন বা সঞ্জীৱনী পদার্থৰ এটা উদাহৰণ দিয়া ৷ সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন আৰু কাণ্ডই পোহৰৰ দিশত কৰা গতিৰ মাজৰ পাৰ্থক্য আছেনে ? 

উত্তৰঃ উদ্ভিদৰ দেহত সংশ্লেষিত হোৱা কিছুমান বার্তাবাহক ৰাসায়নিক পদার্থই বাহ্যিক উদ্দীপনাৰ প্ৰতি উদ্ভিদৰ সঁহাৰিক নিয়ন্ত্রিত কৰে । উদ্ভিদ এই বার্তাবাহক ৰাসায়নিক পদার্থখিনিকে হৰম’ন বোলে । এইবিলাক জটিল জৈৱ যৌগ । এইবিলাকে উদ্ভিদ বীজৰ অংকুৰণ , বৃদ্ধি, বিকাশ , চলন , প্রজনন আদিক নিয়ন্ত্রিত কৰে । এইবোৰ উদ্ভিদৰ কোনো বিশেষ ঠাইত সংংশ্লেষিত হয় আৰু ফ্ল’ৱেমকলাৰ দ্বাৰা প্ৰয়োজন মতে ব্যাপন প্রক্রিয়াৰে বিভিন্ন অংগলৈ পৰিবাহিত হয় । সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন আৰু কাণ্ডই পোহৰৰ দিশত কৰা গতিৰ মাজৰ পাৰ্থক্য— 

( i ) লাজুকীলতাৰ পাতৰ চলন ছিছমনেষ্টি । এইবিধ উদ্ভিদৰ পত্রিকাবোৰ স্পৰ্শ কৰিলে জাপ খাই যায় ৷ আনহাতে , উদ্ভিদৰ কাণ্ড , শাখা পোহৰৰ উৎসৰ দিশত বাঢ়ে । পোহৰৰ অভিমুখে অংগৰ চলনক অভিগফট ট্রপিক চলন বোলে । 

( ii ) লাজুকীলতাৰ পত্রিকা স্পৰ্শ কৰিলে কোষবিলাকৰ ৰসস্ফীতিৰ পৰিৱৰ্তন হয় , ফলত পাতবোৰ জাপ খায় আৰু ঠাৰিটো হালি পৰে । আনহাতে , উদ্ভিদৰ ফটট্রপিক চলন অক্সিন নামৰ একপ্ৰকাৰ হৰম’নৰ দ্বাৰা নিয়ন্ত্রিত হয় । 

( iii ) লাজুকীলতাৰ পাতৰ চলন স্পৰ্শ উদ্দীপনাৰ দিশত নহয় । আনহাতে , কাণ্ডৰ চলন পোহৰৰ দিশত হয় । 

নাইবা , 

জলানুবেগ কি ? এটা পৰীক্ষামূলক আৰ্হিৰ সহায়ত জলানুবেগ প্রদর্শিত কৰা । 

উত্তৰঃ উদ্ভিদৰ অংগৰ চলন বা পানী বা আৰ্দ্ৰতাৰ প্ৰভাৱৰ দ্বাৰা নিয়ন্ত্রিত হ’লে তেনে চলনক জলাৰেগ বা হাইড্ৰট্রপিজম বোলে । উদ্ভিদৰ মূল পানী বা আৰ্দ্ৰতাৰ ফালে বৃদ্ধি হয় । উদ্ভিদৰ কাণ্ডক পানীৰ বিপৰীতে বৃদ্ধি হোৱা দেখা নাযায় । 

জলাৰেগৰ পৰীক্ষা :- 

( i ) এখন চালনী ।

( ii ) তলি নোহোৱা বাকচ এটা ।

( iii ) কাঠৰ গুৰি ।

( iv ) বুট / মটৰ / উৰহীৰ বীজ কেইটামান ।

( v ) পানী ( কাঠৰ গুৰি সেমেকা কৰিবৰ কাৰণে ) 

বাকচটোত চালনীখন বহুৱাই ( চিত্ৰ ) সেমেকা কাঠৰ গুৰি ভৰাই তাত কেইটামান পূৰঠ বুট বা মটৰ বা উৰহীৰ বীজ ৰখা হ’ল । বাকচটো ওলোমাই ৰাখিব লাগিব । 

পর্যবেক্ষণ :- 

● গোটেই সঁজুলিটো ২-৩ দিন ৰখাত দেখা যাব যে বীজবোৰে গঁজালি মেলিছে । 

● বীজৰ ভ্রূণমূলবোৰ চালনীৰ বিন্ধাৰ মাজেৰে বাহিৰ ওলাই আহিছে । 

● ওলাই অহা মূলবোৰ পানীৰ তাড়নাত বেঁকা হৈ পুনৰ চালনীৰ বিন্ধাৰে সেমেকা কাঠৰ গুৰিত প্ৰৱেশ কৰে । 

সিদ্ধান্ত :- মূলৰ চলন অভিগজলাবেগী 

Class 10 Science paper Solved Question  20

২১। সপুষ্পক উদ্ভিদত যৌন প্রজনন প্রক্রিয়া বৰ্ণনা কৰা । 

উত্তৰঃ ফুলত থকা পুং কেশৰ আৰু স্ত্রী কেশৰ হ’ল যথাক্রমে পুং আৰু স্ত্রীজনন অংগ । পুং কেশৰে বহন কৰে পৰাগধানী । পৰাগধানীৰ ভিতৰত ডিম্বক থাকে । ডিম্বকৰ ভিতৰত স্ত্রীজনন কোষ বা ডিম্বানুৰ উৎপন্ন হয় । নিষেচনৰ পিছত ডিম্বকটোৰ যোজন কোষটোৰ একেলেঠাৰিয়ে কেইবাবাৰো বিভাজন ঘটি ভ্রূণৰ সৃষ্টি হয় । ইয়াৰ লগে লগে ডিম্বকৰ চাৰিওফালে এখন ডাঠ আৱৰণৰ সৃষ্টি হৈ পৰৱৰ্তী কামত বীজলৈ পৰিৱৰ্তন হয় । গৰ্ভাশয়টো কৰতকীয়াকৈ বৃদ্ধি হৈ আৰু বিকাশ ঘটি পূৰঠ ফললৈ পৰিৱৰ্তন হয় ।  

নাইবা , 

প্রজনন প্রক্রিয়াই কোনো প্রজাতিৰ জীৱৰ আবাদীৰ স্থিতি ৰক্ষা কৰাত কেনেকৈ সহায় কৰে ? 

উত্তৰঃ প্ৰজনন জীৱৰ কাৰণে অপৰিহাৰ্য , 

কাৰণ— 

( ক ) প্রজননে জীৱৰ অস্তিত্ব অক্ষুণ্ণ ৰাখে ৷ 

( খ ) নিজৰ প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰে । 

( গ ) প্ৰজননৰ কাৰণে নতুন প্ৰজন্মৰ সৃষ্টি হৈ জীৱজগতৰ ভাৰসাম্য বজাই ৰাখে ৷ 

২২। ক্ৰমবিকাশ আৰু শ্রেণী বিভাজনৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা । 

উত্তৰঃ জীৱজগতৰ শ্ৰেণীবিভাজন প্ৰক্ৰিয়াটোৰ জীৱৰ ক্ৰমবিকাশৰ লগত ওতঃপ্ৰেতভাৱে সম্বন্ধ আছে । বর্তমান কালত দেখিবলৈ পোৱা প্ৰায়খিনি জীৱই সিহঁতৰ দেহৰ গঠনৰ পৰিৱৰ্তন সাধি আহি আহি এই অৱস্থা পাইছেহি । অতীতৰ জীৱবিলাক সৰল পৰ্যায়ৰ আৰু বৰ্তমান জীৱবিলাক অধিক জটিল পৰ্যায়ৰ । 

জীৱজগতৰ শ্রেণীবিভাজন কৰোতে কোষৰ প্ৰকৃতিৰ পৰা আৰম্ভ কৰি আত্মঃসম্বন্ধীয় চৰিত্ৰগত বৈশিষ্ট্যবিলাক চোৱা যায় । 

নাইবা , 

মানুহে কেইযোৰ লিংগ ক্ৰ’ম’জম বহন কৰে ? মানুহৰ সস্তানৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয় , ব্যাখ্যা কৰা । 

উত্তৰঃ মানুহৰ দেহত 46 সংখ্যক ক্ৰ’ম’জম থাকে । তাৰে দুডাল ক্ৰ’ম’জমক লিংগ ক্ৰ’ম’জম বোলা হয় । পুৰুষৰ ক্ষেত্ৰত লিংগ ক্ৰ’ম’জম দুডাল হ’ল XY । গতিকে ক্ৰ’ম’জমৰ সংখ্যা 44 + XY । 

স্ত্ৰীৰ ক্ষেত্ৰত লিংগ ক্ৰ’ম’জম দুডাল হ’ল XY । গতিকে ক্ৰ’ম’জমৰ সংখ্যা 44 + XY । এই XY আৰু XX ক্ৰ’ম’জমে কেঁচুৱাটো ল’ৰা নে ছোৱালী হ’ব নির্ণয় কৰিব । 

পুৰুষৰ ক্ষেত্ৰত দুই ধৰণৰ শুক্রাণুৰ সৃষ্টি হয় ।    

Class 10 Science paper Solved Question  22

50 % শুক্রাণু X ক্ৰ’ম’জমযুক্ত আৰু 50 % শুক্রাণু Y ক্র’ম’জমযুক্ত । আনহাতে , স্ত্ৰীৰ ক্ষেত্ৰত সৃষ্টি কৰা ডিম্বাণুত ডিম্বকোষবোৰ একে ধৰণৰ হয় , X ক্রম’জম হয় । 

গতিকে X ক্ৰ’ম’জমযুক্ত ডিম্বাণু এটা X ক্ৰ’ম’জমযুক্ত শুক্রাণুৰ দ্বাৰা নিষিক্ত হ’লে কেঁচুৱাটো ছোৱালী আৰু X ক্ৰ’ম’জমযুক্ত ডিম্বাণুটো যদি Y ক্ৰ’ম’জমযুক্ত শুক্রাণুৰ দ্বাৰা নিষিক্ত হয় তেনেহ’লে কেঁচুৱাটো ল’ৰা হব। গতিকে লিংগ ক্ৰ’ম’জমে কেঁচুৱাটো ল’ৰা নে ছোৱালী হ’ব নিৰ্ণয় কৰে । যি সন্তানলৈ পিতৃফালৰ পৰা Y ক্ৰ’ম’জমডাল প্রবাহ ঘটে সেই সন্তানেই ল’ৰা হ’ব । 

২৩। দূৰদৃষ্টি গ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা । দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1m । এই বিকাৰৰ বাবে প্রয়োজন হোৱা লেন্‌ছৰ ক্ষমতা কিমান ? ( ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 0.25m ) 

উত্তৰঃ ছবি চিত্ৰঃ সুদূৰ দৃষ্টিযুক্ত চকুৱে ( i ) দূৰৰ পোহৰ ভালদৰে ফ’কাছ কৰিব পাৰে কিন্তু নিকট বিন্দুৰ ( A ) পোহৰ ৰেটিনাৰ পিছফালে ফ’কাছ কৰে ।

( ii ) এনে দোষ আঁতৰাবলৈ উপযুক্ত পাৱাৰৰ অভিসাৰী লেন্স ব্যৱহাৰ কৰিব লাগে ৷ 

প্রশ্নমতে , u = -25 ছে.মি. 

             V = -1 মিটাৰ 

                = -100 ছে.মি .

Class 10 Science paper Solved Question  23
Class 10 Science paper Solved Question  23 ii

লেন্সখনৰ ক্ষমতা + 3D । উত্তল বা অভিসাৰী লেন্স । 

নাইবা , 

ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় ? কলয়ডীয় দ্ৰৱণত পোহৰৰ বিক্ষিপ্তীকৰণ পর্যবেক্ষণৰ সঁজুলিৰ ৰশ্মিচিত্র অংকন কৰা ৷ 

উত্তৰঃ সূৰ্যৰ পোহৰ ৰশ্মি বায়ুমণ্ডলৰ সূক্ষ্ম ধূলিকণাৰ দ্বাৰা বিক্ষিপ্ত হয়। তৰংগ দৈর্ঘ্য কম হ’লে পোহৰৰ বিক্ষেপণ বেছি হয় । ৰঙা পোহৰৰ তৰংগ দৈর্ঘ্য বেছি । সেয়েহে ৰঙা পোহৰৰ বিক্ষেপণ অন্যান্য ৰঙৰ তুলনাত কম হয় । সূর্যোদয় বা সূর্যাস্তৰ সময়ত পোহৰ ৰশ্মিয়ে বেছি দূৰত্ব অতিক্ৰম কৰিবলগা হয় । ফলত ৰঙা ৰঙৰ বাহিৰে বাকীবোৰ ৰঙৰ বিক্ষেপণ বেছি ঘটে আৰু চাৰিওফালে বিয়পি যায় । আনহাতে , 

Class 10 Science paper Solved Question  23 b

ৰঙা ৰঙ আমাৰ চকুত আহি পৰে । সেয়েহে পুৱা আৰু আবেলি অৰ্থাৎ সূর্যোদয় আৰু অস্তগামী সূৰ্যক ৰঙা দেখা যায় । কলয়ডীয় দ্ৰৱণত পোহৰৰ বিক্ষিপ্তীকৰণ পৰ্যবেক্ষণৰ সঁজুলি ।

২৪। 20° C উষ্ণতাত 1m দৈৰ্ঘ্যৰ ধাতুৰ তাঁৰ এডালৰ ৰোধ 26Ω । যদি তাঁৰডালৰ ব্যাস 0.03cm হয় , তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ’ব ?

উত্তৰঃ দিয়া আছে ,  

                  তাঁৰডালৰ ৰোধ R = 26Ω 

                  তাঁৰডালৰ ব্যাস = 0.3 মি.মি. = 3 × 10⁻⁴ মি . 

        ∴        তাঁৰডালৰ ব্যাসার্ধ r = 1.5 × 10⁻⁴

Class 10 Science paper Solved Question  24

তাঁৰডালৰ দৈৰ্ঘ্য দুগুণ কৰিলে আপেক্ষিক ৰোধ ঠিকেই থাকিব ৷ 

নাইবা , 

4Ω ৰ ৰোধক এটাত প্ৰতি ছেকেণ্ডত হোৱা তাপ 100J । ৰোধকটোৰ দুই মূৰৰ মাজত বিভৱভেদ ‘ উলিওৱা । 

উত্তৰঃ সমাধান— H = 100J , 

                        R = 4Ω 

                         t  = IS 

                         V = ? V 

Class 10 Science paper Solved Question  24a

 V = IR = 5AX 4Ω = 20V 

২৫। চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে , বুজাই লিখা । চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰৱাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সর্বোচ্চ হয় ? 

উত্তৰঃ                     

Class 10 Science paper Solved Question  25

দীঘল আন্তৰিত তাঁৰ এডালক বৃত্তাকাৰ পাকত পকাই থাকিলে স্প্রিংসদৃশ কুণ্ডলীৰ সৃষ্টি হয় তাক ছলেনয়ড বোলা হয় । 

তাঁৰডালৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে ছলেনয়ডটোৱে এডাল দণ্ড চুম্বক হিচাপে কাম কৰে । 

ছলেনয়ডটোৱে এটা মূৰে দণ্ড চুম্বকৰ উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰু হিচাপে আচৰণ কৰে । দণ্ড চুম্বক এডালৰ উত্তৰ মেৰুটো ছলেনয়ডৰ এটা মূৰলৈ অনা হ’ল । যদি ইহঁতৰ মাজত আকৰ্ষণ হয় তেতিয়া ছলেনয়ডৰ মূৰটো দক্ষিণ মেৰু আৰু আনটো মূৰ উত্তৰ মেৰু । যদি বিকর্ষণ হয় তেতিয়া ছলেনয়ডৰ মূৰটো উত্তৰ মেৰু হ’ব আৰু আনটো মূৰ দক্ষিণ মেক । পৰিবাহী আৰু চুম্বকক্ষেত্ৰ যেতিয়া পৰস্পৰ লম্ব তেতিয়া বলৰ মান সর্বোচ্চ হয় । 

২৬। এটা আদর্শ শক্তি উৎসৰ গুণসমূহ কি কি ? তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা । 

উত্তৰঃ কোনো এটা শক্তিৰ উৎস ভাল হ’বলৈ তলত দিয়া বৈশিষ্ট্যবোৰ থাকিব লাগিব ―

( i ) নবীকৰণযোগ্য হ’ব লাগে । 

( ii ) সহজতে পাব পৰা হ’ব লাগে । 

( iii ) প্রতি একক আয়তন বা ভৰত বেছিকৈ কাম কৰিব পৰা হ’ব লাগে৷ 

( iv ) সহজলভ্য আৰু কম দামী হ’ব লাগে । 

( v ) কোনো বিষাক্ত গেছ উৎপন্ন কৰিব নালাগে । 

জীৱাশ্ম ইন্ধন কয়লা , পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ সীমিত আৰু নবীকৰণ অযোগ্য শক্তিৰ উৎস । এইবোৰ শক্তিৰ উৎসৰ এদিন অন্ত পৰিব আৰু যিহেতু সীমিত আৰু নবীকৰণ কৰিব নোৱাৰি , সেয়েহে এই শক্তিৰ উৎস সোনকালেই শেষ হৈ যাব । 

২৭। ( a ) তোমাক এটা হাতুৰী , এটা বেটাৰী , এটা বাল্‌ , অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ’ল । এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ? 

উত্তৰঃ ধাতুবোৰক হাতুৰীৰে পিটি পাতল পাতলৈ পৰিৱৰ্তিত কৰিব পাৰি । গোটা অৱস্থাত থকা অধাতুক হাতুৰীৰে পিটি পাতল পাতলৈ পৰিৱৰ্তিত কৰিব নোৱাৰি । কোবালে ডাঙি গুড়ি হৈ যায় । হাতুৰীৰে কোবালে ধাতুবোৰৰ ধাতবীয় শব্দ হয় কিন্তু গোটা অৱস্থাৰ অধাতুক কোবালে ধাতবীয় শব্দ নহয় । বেটাৰী , বাল্‌ , পৰিবাহী তাঁৰ আৰু চুইচৰ সহায়ত এটা বর্তনী সজাই ধাতুক বৰ্তনীৰ লগত সংযোগ কৰিলে বিদ্যুৎ পৰিবহণ হ’ব । বাল্‌টো জ্বলি উঠিব । আনহাতে গোটা অধাতুক বর্তনীত সংযোগ কৰিলে বিদ্যুৎ পৰিবহন নহ’ব বাল্‌টো নজ্বলিব ৷ কিন্তু অধাতু কাৰ্বনৰ বহুৰূপ গ্রেফাইটক সংযোগ কৰিলে বিদ্যুৎ পৰিবহন হ’ব। গতিকে হাতুৰীৰে পিটি ধাতু নে অধাতু সহজে চিনাক্ত কৰিব পাৰি। 

( i ) ধাতু বিদ্যুতৰ সুপৰিবাহী , অধাতু বিদ্যুতৰ কুপৰিবাহী ।

( ii ) ধাতুৰ ধাতবীয় শব্দ আছে , অধাতুৰ ধাতবীয় শব্দ নাই । 

( b ) প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে । উদ্ভৱ হোৱা গেছটো তেওঁ এটা পৰীক্ষানল ওভোটাই ধৰি সংগ্ৰহ কৰিলে। তলত দিয়াবোৰৰ লগত গেছটোৰ বিক্রিয়া কেনে হ’ব ? 

( i ) শুষ্ক লিটমাছ কাগজ ।

( ii ) সিক্ত লিটমাছ কাগজ ।

উত্তৰঃ ( i ) শুকান লিটমাছ কাগজত কোনো ক্রিয়া নহয় ৷ 

( ii ) সেমেকা লিটমাছ কাগজ ৰঙা হয় ৷ 

( c ) লোত মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় উল্লেখ কৰা। 

উত্তৰঃ ( i ) লোৰ ওপৰত আলকাতত্ৰা , ডাঠকৈ ৰং , এলুমিনিয়াম গুৰিৰ প্ৰলেপ আদি দি মামৰে নধৰাকৈ ৰাখিব পাৰি । 

( ii ) লোৰ ওপৰত জিংকৰ লেপন আৰু টিন প্ৰলেপন দিও মামৰে নধৰাকৈ ৰখা হয় । 

নাইবা , 

( a ) ইলেকট্রন স্থানান্তৰৰ জৰিয়তে ছ’ডিয়াম ক্ল’ৰাইডৰ ( NaCl ) গঠন ব্যাখ্যা কৰা ৷  

উত্তৰঃ Na ৰ ইলেকট্রনীয় বিন্যাস 2.8.1 আৰু Cl ৰ ইলেকট্রনীয় বিন্যাস 2.8.7 । সেয়ে Na আৰু CI পৰমাণু যোজিত হ’লে Na ৰ প্ৰমাণুৰ যোজক কক্ষৰ পৰা এটা ইলেকট্রন CI ৰ পৰমাণুৰ যোজক কক্ষলৈ স্থানান্তৰিত হৈ ক্ৰমে Ne ( 2.8 ) আৰু Ar ( 2.8.8 ) ৰ বিন্যাস লাভ কৰি সুস্থিৰ হয় আৰু ক্ৰমে Na⁺ আৰু CI⁻ উৎপন্ন কৰে । 

ছ’ডিয়াম আয়ন , Na⁺ আৰু ক্ল’ৰাইড আয়ন , CI⁻ বিপৰীত আধানযুক্ত আয়ন হোৱা হেতু এই দুয়োটা আয়ন বিদ্যুৎস্থিতীয় বলৰ দ্বাৰা বান্ধ খাই ছ’ডিয়াম ক্ল’ৰাইড , Na⁺Cl⁻ বা NaCl উৎপন্ন কৰে । ছ’ডিয়াম আৰু ক্ল’ৰিণৰ মাজৰ সম্পূৰ্ণ বিক্রিয়াটো তলত দিয়াৰ দৰে উপস্থাপন কৰা হয়— 

ছড়িয়ামক্ল’ৰিণছড়িয়ামক্ল’ৰাইড
পৰমাণুপৰমাণুআয়নআয়ন
2.8.72.8.72.82.8.8

( b ) NaCI যৌগটোত থকা আয়নসমূহ কি কি ? 

উত্তৰঃ NaCl যৌগটোত থকা আয়নসমূহ হ’ল : Na⁺ আৰু Cl⁻ 

( c ) উভধর্মী অক্সাইড কাক বোলে ? উভধর্মী অক্সাইডৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ যিবোৰ অক্সিডে এছিড আৰু ক্ষাৰক উভয়ৰে সৈতে বিক্রিয়া কৰে, লৱণ আৰু পানী উৎপন্ন কৰে তেনেবোৰ অক্সাইডক উভধর্মী অক্সাইড বুলি কোৱা হয় । ধাতুৰ কিছুমান অক্সাইড উভধর্মী । যেনেঃ ZnO , PbO , SnO উভধর্মী অক্সাইড । 

( i ) ZnO + HCI → ZnCl₂ + H₂O

( ii ) ZnO + 2NaOH → Na₂ZnO₂ + H₂O

২৮। ( a ) লোহা জোৰা দিয়া সময়ত ( welding ) অক্সিজেন আৰু ইথাইনৰ মিশ্ৰণ দহন কৰা হয় । ইথাউন আৰু বায়ুৰ মিশ্রণ কিয় ব্যৱহাৰ কৰা নহয় ? ব্যাখ্যা কৰা । 

উত্তৰঃ ইথাইন আৰু অক্সিজেনৰ মিশ্ৰণৰ দহনত যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হয় । বায়ুত ইথাইন দহন কৰিলে যথেষ্ট তাপ উৎপন্ন হয় য’ত তাপত লো গলি যায় । সেয়েহে অক্সিজেন আৰু ইথাইনৰ মিশ্ৰ দহন কৰা হয় ৷ 

( b ) এষ্টাৰিৰ্ভৱন বিক্রিয়া কি ? এছিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এছিডে ইথানলৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা পদাৰ্থটোৰ নাম আৰু গঠন লিখা । 

উত্তৰঃ এছিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এছিড আৰু ইথানলৰ বিক্ৰিয়াত এষ্টাৰ উৎপন্ন হয় । ইয়াক এটা বিভৱণ বোলে । 

Class 10 Science paper Solved Question  27b

( c ) তলৰ যৌগসমূহৰ নাম লিখা : 

Class 10 Science paper Solved Question  27 c

উত্তৰঃ ( i ) হেক্সাইন ( ii ) প্রপানেল ।

নাইবা , 

( a ) সমগণীয় শ্রেণী কাক বোলে ? উদাহৰণ দি বুজাই লিখা । 

উত্তৰঃ একোটা আণৱিক সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব পৰা একে ৰাসায়নিক ধর্মবিশিষ্ট জৈৱ যৌগবোৰৰ শ্ৰেণীক সমগণীয় শ্রেণী বুলি কোৱা হয় । সমগণীয় শ্রেণী যৌগবোৰক সমগণ বোলে । 

উদাহৰণস্বৰূপে :- CH₃OH , C₂H₅ OH , C₃H₇ , OH , C₄H₉OH , C₅H₁OH সমগণীয় শ্রেণী এই শ্ৰেমীটোক এলকহল বোলা হয় । 

মিথেন ( CH₄) , ইথেন ( C₂H₆ ) , প্রপেন ( C₃H₈) , বিউটেন ( C₄H₁₀ ) , পেণ্টেন ( C₅H₁₂ ) একেটা সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত । এই শ্ৰেণীটোক এলকেন বোলে । 

( b ) তলত দিয়া যৌগবোৰৰ গঠন চিত্র আঁকা : 

( i ) হেক্সানেল ।

( ii ) প্ৰ’পান’ন 

উত্তৰঃ ( i ) হেক্সানেল  

Class 10 Science paper Solved Question  28 i

( ii ) প্ৰ’পান’ন— 

Class 10 Science paper Solved Question  28 ii

( c ) যোগাত্মক বিক্রিয়া দেখুওৱা দুটা হাইড্ৰ কাৰ্বনৰ নাম লিখা । 

উত্তৰঃ হাইড্ৰ’জেনে আৰু ইথিনে নিকেলৰ গুড়ি বা পেলেডিয়াম অণুঘটকৰ উপস্থিতিত সহজে যোজিত হৈ ইথেন উৎপন্ন কৰে । 

Class 10 Science paper Solved Question  28c

২৯। মানুহৰ হৃদযন্ত্ৰৰ এটা পৰিষ্কাৰ চিহ্নিত দৈৰ্ঘ্যচ্ছেদৰ চিত্ৰ আঁকা আৰু ইয়াৰ বিভিন্ন কোঠালিৰ মাজেৰে প্ৰৱাহিত হোৱা তেজৰ ধাৰাৰ দিশ কাঁড় চিনৰ দ্বাৰা দেখুওৱা আৰু হৃদযন্ত্ৰটোৰ মাজেৰে হোৱা তেজ সংবহনৰ এটি চমু বিৱৰণ দিয়া ৷ 

উত্তৰঃ                   

Class 10 Science paper Solved Question  29

মানুহৰ শৰীৰৰ বিভিন্ন অংশলৈ তেজ এবাৰ প্ৰবাহিত হ’বৰ বাবে তেজ দুবাৰ হৃদযন্ত্ৰৰ মাজেৰে প্ৰবাহিত হ’ব লাগে । এনে ধৰণৰ তেজৰ পৰিবহনক দ্বি – পৰিবহন ( Double Circulation ) বোলে । 

তেজৰ দ্বি – পৰিবহন ভাগ দুটা হ’ল :- 

( i ) চিষ্টেমিক পৰিবহন ( Systemic Circulation ) 

( ii ) ক্লোমিয় পৰিবহন ( Pulmonary Circulation ) মানুহৰ হৃদযন্ত্ৰটো দুটা অলিন্দ আৰু দুটা নিলয় মুঠ চাৰিটা কোঠালিত বিভক্ত । সোঁ আৰু বাওঁ অলিন্দ , সোঁ আৰু বাওঁ নিলয় । দেহৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই অনা মহা শিবা দুডাল সোঁ অলিন্দত মুকলি হয় । 

হাওঁফাওঁৰ পৰা বিশুদ্ধ তেজ কঢ়িয়াই অনা চাৰিডাল ক্লোমসিৰা বাওঁ অলিন্দত মুক্ত হয় । 

( i ) সোঁ অলিন্দৰ পৰা অশুদ্ধ তেজ সোঁ নিলয়ৰ পৰা ক্লোম ধমনীৰে হাওঁফাওঁলৈ যায় । 

( ii ) বাওঁ নিলয়ে বাওঁ অলিন্দৰ পৰা পোৱা বিশুদ্ধ তেজ চিষ্টেমিক ধমনীৰে দেহৰ বিভিন্ন অংগ , কলালৈ যায় । এইদৰে হাওঁফাওঁৰ সোঁফালে অলিন্দ – নিলয়ত অশুদ্ধ তেজ আৰু বাওঁফালৰ অলিন্দ – নিলয়ত অক্সিজেনযুক্ত তেজ থাকে । অশুদ্ধ আৰু শুদ্ধ তেজ মিহলি নহয়। 

Class 10 Science paper Solved Question   29 ii

দ্বি – পৰিবহনৰ আৱশ্যকতাঃ হৃদযন্ত্ৰৰ সোঁফালে অক্সিজেনবিহীন (অশুদ্ধ) তেজ আৰু বাওঁফালে অক্সিজেনযুক্ত ( শুদ্ধ ) তেজ থাকে । ইয়াৰ ফলত অশুদ্ধ আৰু শুদ্ধ তেজ মিহলি নহয় । শৰীৰক যথেষ্ট পৰিমাণে অক্সিজেন যোগান ধৰিব পাৰে । 

নাইবা , 

সালোক – সংশ্লেষণ কি ? এই প্রক্রিয়াত সংঘটিত হোৱা কাৰ্যসমূহ কি কি ? উদ্ভিদে কেনেদৰে কাৰ্বন – ডাই – অক্সাইড অৱশোষণ কৰে , লিখা ৷ 

উত্তৰঃ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত কাৰ্বন – ডাই – অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া কৰি শ্বেতসাৰ জাতীয় আহাৰ প্ৰস্তুত কৰে । এই প্ৰক্ৰিয়াত ক্ল’ৰফিলৰ আৱশ্যক । এই পৰিঘটনাক সালোকসংশ্লেষণ বোলা হয় । 

সেউজীয়া জীৱই বহিঃপৰিৱেশৰ পৰা আহৰণ কৰি লোৱা কাৰ্বন – ডাই- অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰহৰিত সহায়ত কাৰ্বহাইড্ৰেটলৈ পৰিৱৰ্তন কৰে ।

এই প্রক্রিয়া তলত দিয়া ধৰণে সংঘটিত হয়—

( i ) পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ ।

( ii ) পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন। 

( iii ) পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ ৰূপান্তৰ । 

( iv ) CO₂ ৰ বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন হয় । পাতত থকা পত্ৰহৰিত্ৰ সহায়ত কার্বন – ডাই – অক্সাইড শোষণ কৰে । CO₂ ৰ প্রয়োজন নোহোৱা সময়ত পত্ৰৰন্ধ্র বন্ধ হৈ থাকে । উদ্ভিদে CO₂ গেছ হিচাপে বায়ুমণ্ডলৰ পৰা পাতত থকা পত্ৰৰৰ্দ্ধৰ জৰিয়তে শোষণ কৰি লয়। 

৩০। 10cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ এখনৰ মুখ্য অক্ষত লম্বভাৱে 20mm উচ্চতাৰ বস্তু এটা ৰখা হ’ল । যদি লেনছ আৰু লক্ষ্যবস্তুৰ মাজৰ দূৰত্ব 15cm হয় , তেন্তে— 

( a ) প্রতিবিম্বৰ প্ৰকৃতি , অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা । 

উত্তৰঃ লক্ষ্যবস্তুৰ উচ্চতা h = + 2 cm 

          ফকাছ দৈর্ঘ্য        f = + 10cm 

          লক্ষ্যবস্তুৰ দূৰত্ব   u = – 15cm 

          প্রতিবিম্বৰ দূৰত্ব   v = ? 

          প্রতিবিম্বৰ উচ্চতা h = ? 

Class 10 Science paper Solved Question  30a

প্রতিবিম্বটো দুগুণে বিৱৰ্ধিত হ’ব । 

( b ) প্রতিবিম্বৰ বিবর্ধন উলিওৱা । 

উত্তৰঃ লক্ষ্যবস্তুৰ উচ্চতা h = + 12cm 

          ফকাছ দৈর্ঘ্য        f = + 10cm

          লক্ষ্যবস্তুৰ দূৰত্ব   u = – 15cm 

          প্রতিবিম্বৰ দূৰত্ব   v = ? 

          প্রতিবিম্বৰ উচ্চতা h’ = ? 

Class 10 Science paper Solved Question  30

নাইবা , 

2m ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনৰ ক্ষমতা নির্ণয় কৰা । 15cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে তাৰ পৰা 10cm দূৰত্বত লেম্‌ছে প্রতিবিম্ব এটা গঠন কৰিব ? তদুপৰি লেন্‌ছত হোৱা বিবৰ্ধন আৰু প্ৰতিবিম্বৰ প্রকৃতি নির্ণয় কৰা ।

Class 10 Science paper Solved Question  30b

চিত্ৰত স্কেলত 1 ছে.মি. = 5 ছে.মি. ধৰা হৈছে 

স্কেল মতে , v = −2 ছে.মি. 

                f = −3 ছে.মি. , 

                u = −3 ছে.মি.

বস্তুটোৰ দূৰত্ব 4 = 30 ছে.মি. 

৩১। বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ? বৃহৎ নদীবান্ধ নিৰ্মানৰ ক্ষেত্ৰত থকা তিনিটা প্রধান সমস্যাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ ( i ) সকলো উপকাৰী জীৱৰ বাসভূমি বনাঞ্চল । 

( ii ) বনাঞ্চলে বহুতো সামগ্ৰীৰ যোগান ধৰে । কাঠ , লো , মৌ আদি বস্তু বনাঞ্চলৰ পৰা পোৱা যায় । 

( iii ) বনাঞ্চলৰ গছ – গছনিয়ে বিষাক্ত গেছ শোষণ কৰি বায়ুক বিশুদ্ধ কৰি ৰাখে । 

( iv ) বনাঞ্চলে মাটিৰ ক্ষয় ৰোধ কৰে ৷ 

( v ) বায়ুমণ্ডলৰ কাৰ্বনচক্র , অক্সিজেনচক্র , জলচক্ৰক নিয়ন্ত্রিত কৰি ৰাখে । 

( vi ) বানপানী নিয়ন্ত্রণ , মাটিৰ উৰ্বৰতা ৰক্ষা , প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে বনাঞ্চলৰ আৱশ্যক । 

( vii ) বনাঞ্চলত থকা গছ – গছনি বহুতো চৰাই – চিৰিকতিৰ বাসস্থান। 

( viii ) গোলকীয় উত্তাপনৰ প্ৰধান কাৰণ হৈছে বনাঞ্চল ধ্বংস । 

( ix ) পাৰিপাৰ্শ্বিক সমতা নিয়ন্ত্ৰণৰ কাৰণে বনাঞ্চল আৰু বন্যপ্ৰাণীৰ আৱশ্যক । 

( x ) বনাঞ্চলৰ সৃষ্টি হওঁতে বহু বছৰৰ আৱশ্যক । 

( xi ) শিল্পত ব্যৱহাৰ্য কেঁচা সামগ্ৰীৰ ভাণ্ডাৰ হ’ল অৰণ্য । বনাঞ্চলৰ ক্ষী বিনাসে ভৱিষ্যতৰ পৰিৱেশৰ ওপৰত এক ভয়ানক প্ৰভাৱ পেলাব যাৰ ফলত মানৱ সভ্যতা এক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । সেয়ে বনাঞ্চল ধ্বংস কৰিব নালাগে । বনাঞ্চল আৰু বন্যপ্রাণীক সংৰক্ষণ কৰিব লাগে ৷ 

বৃহৎ নদীবান্ধ নিৰ্মানৰ ক্ষেত্ৰত থকা তিনিটা প্রধান সমস্যাঃ— 

( i ) সামাজিক সমস্যা :- নদীবান্ধ নিৰ্মাণৰ ফলত কৃষক আৰু জনজাতীয় লোক স্থানান্তৰিত কৰা হয় । তেওঁলোক যথোপযুক্ত ক্ষতিপূৰণ নাইবা পুনঃসংস্থাপনৰ পৰা বঞ্চিত হৈ থাকে । 

( ii ) অর্থনৈতিক সমস্যা :- বৃহৎ নদীবান্ধ নিৰ্মাণত যথেষ্ট অৰ্থৰ প্রয়োজন হয় । এই অর্থভাগ ৰাজহুৱা অর্থ । উপযুক্ত লাভ নোহোৱাৰ কাৰণে জনসাধাৰণ অর্থনৈতিকভাৱে ক্ষতি হয় ৷ 

( iii ) পৰিৱেশিক সমস্যা :- নদীবান্ধ নির্মাণস্থলীত যথেষ্ট অৰণ্য ধ্বংস হয় । ইয়াত প্ৰচুৰ জৈৱ বৈচিত্র্যৰ জীৱনলৈ ভাবুকি আহে । 

নাইবা , 

আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে ? বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত তোমাৰ মতামত লিখা ।

উত্তৰঃ সম্পদৰাজি অসীমিত নহয় । সম্পদবোৰৰ চাহিদা পূৰ্ণহাৰত বৃদ্ধি হ’ব ধৰিছে । প্রাকৃতিক সম্পদসমূহ কম সময়ত অপৰিকল্পিতভাৱে ব্যৱহাৰ নকৰি মানৱজাতিৰ বর্তমান তথা ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ অৰ্থে ইয়াৰ ব্যৱস্থাপনা গ্রহণ কৰিব লাগে ৷ এই ব্যৱস্থাপনাৰ দ্বাৰা মাত্ৰ চহকী আৰু ক্ষমতাশালী মানুহৰ সুবিধা আৰু লাভ নহয় , সমস্ত মানৱজাতিয়েই এই বিকাশৰ দ্বাৰা লাভান্বিত হয় । সম্পদৰ আহৰণ বা ব্যৱহাৰ কৰাৰ সময়ত যদি যথেষ্ট পৰিমাণে নষ্ট হয় তেতিয়া সম্পদৰ অপচয় কৰা হয় । সম্পদৰ পৰিকল্পিত ব্যৱস্থাপনাৰ বাবে আৱৰ্জনাৰ নিৰাপদ নিষ্কাশনৰ প্ৰয়োজন আছে । 

( i ) প্রাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ কৰা । 

( ii ) তিনি R ক ( Reduce Recycle আৰু Reuse ) আমাৰ জীৱন- ধাৰাত সম্পূৰ্ণৰূপে প্ৰয়োগ কৰা । 

( iii ) নিজা বাহনৰ ব্যৱহাৰ কমাই দিয়া । 

( iv ) পৰিৱেশত কোনো ধৰণৰ প্ৰদূষক বস্তু নেপেলোৱা , পৰিৱেশক প্ৰদূষণমুক্ত কৰি ৰখা । 

( v ) প্ৰকৃতিৰ প্ৰতি বন্ধুত্বসুলভ দৃষ্টিভংগী ৰখা ৷ 

প্ৰকৃতিহে প্রকৃত বন্ধু এই মনোভাৱেৰে আমি প্রাকৃতিক সম্পদৰ সুব্যৱহাৰ কৰিব লাগে । 

( vi ) কোনো বনাঞ্চলক আৰু বন্যপ্রাণীক ধ্বংস নকৰা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top