সন্ধি সম্পর্কে ধাৰণা আৰু প্ৰশ্নোত্তৰ

সন্ধি সম্পর্কে ধাৰণা আৰু প্ৰশ্নোত্তৰ is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of সন্ধি সম্পর্কে ধাৰণা আৰু প্ৰশ্নোত্তৰ.

সন্ধি সম্পর্কে ধাৰণা আৰু প্ৰশ্নোত্তৰ

Join Telegram channel

Also, you can read the Assam TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Objective-type questions online note in these sections as per Assam Competitive exam Syllabus guidelines. These notes are part of Assam TET Assamese Language also. Here we have given সন্ধি সম্পর্কে ধাৰণা আৰু প্ৰশ্নোত্তৰ of TET, APSC, PNRD, Assam Police, Post Office, other govt. exam for All Objective type questions, You can practice these here.

সন্ধি

ASSAMESE LANGUAGE

দুই বৰ্ণৰ মিলন বা সংযোগ সাধনেই হ’ল সন্ধি। অসমীয়া ভাষাত শব্দ আৰু ধাতুৰ শেষত প্ৰত্যয় অথবা বিভক্তি যোগ দি যি নতুন শব্দ সৃষ্টি কৰা হয় তাকেই সন্ধি বোলা হয়।

সন্ধি তিনি প্ৰকাৰৰ- 

(১) স্বৰসন্ধি।

(২) ব্যঞ্জনসন্ধি। 

(৩) অনুস্বাৰ আৰু বিসৰ্গসন্ধি।

স্বৰসন্ধি

শব্দ অথবা ধাতুৰ শেষত থকা স্বৰবৰ্ণৰ সৈতে প্ৰত্যয়ৰ আৰম্ভণিত থকা স্বৰবৰ্ণটো একে হ’লে সাধাৰণতে তাৰে এটা লোপ পায় যেনে: ওজা+পালি=ওজাপালি।

শব্দ অথবা ধাতুৰ শেষত থকা অ, আ, উ, বা ও স্বৰধ্বনিৰ প্ৰত্যয়ৰ আৰম্ভণিত থকা অৰ সৈতে লগ লাগিলে সি ৱ লৈ পৰিৱৰ্তিত হয়। যেনে: ক+অ=কৱ

শব্দ বা ধাতুৰ শেষত থকা ই, ঈ ধ্বনিয়ে ঋ আৰু ঐ প্ৰত্যয়ৰ আৰম্ভণিত থকা অ ৰ সৈতে লগ লাগিলে সি য় লৈ পৰিৱৰ্তিত হয় যেনে: দি+আ=দিয়া।

শব্দ বা ধাতুৰ পিছত থকা ই বা ঈ আৰু ঐ ধ্বনিয়ে প্ৰত্যয়ৰ আৰম্ভণিত থকা এ ৰ সৈতে লগ লাগিলে সি য়ে লৈ ৰূপান্তৰিত হয় যেনে: পিতৃ+এ=পিতৃয়ে।

শব্দ বা ধাতুৰ শেষত উ, ঊ, ও আৰু ঔ, ধ্বনি প্ৰত্যয়ৰ আৰম্ভণিতে থকা এ ধ্বনিৰে লগ লাগিলে সি ৱ লৈ পৰিৱৰ্তিত হয় যেনে: গৰু+এ=গৰুৱে।

কেইটামান উল্লেখযোগ্য স্বৰসন্ধি

(অ+অ) মৃগ+অংক=মৃগাংক।

(অ+আ) লোক+আলয়=লোকালয়

(আ+অ) মহা+অৰ্গ=মহাৰ্গ

(আ+আ)মহা+আশয়=মহাশয়

ই সবৰ্ণৰ সন্ধি:- (ই+ই) প্ৰতি+ইতি= প্ৰতীতি

(ই+ঈ) ক্ষিতি+ঈশ=ক্ষিতীশ

(ঈ+ই) মহী+ইন্দ্ৰ=মহিন্দ্ৰ।

(ঈ+ঈ) পৃথিৱী+ঈশ্বৰ=পৃথিৱীশ্বৰ

(উ+উ) গুৰু+উপদেশ=গুৰূপদেশ।

(উ+ঊ) তৰু+উৰ্ধব=তৰুৰ্দ

(ঊ+উ) বধু+উন্নতি=বধুন্নতি

দেৱ+ঋষি= দেবর্ষি

শোক+ঋত= শোকাৰ্ত

তথা+এবচ= তথৈবচ

মহা+ঔষধি= মহৌষধি

নে+অন= নয়ন

শে+অন= শয়ন

নৈ+অক= নায়ক

গৈ+অন= গায়ন

পো+অন= পৱন

শ্ৰো+ অন= শ্ৰৱণ

নৌ+ইক= নাবিক

(ঊ+ঊ) ভূ+ঊধ্ব=ভূধ্ব।

(ঋ+ঋ) পিতৃ+ঋণ=পিতৃণ।

অতি+অধিক=অত্যাধিক

ইতি+আদি=ইত্যাদি

অতি+আচাৰ=অত্যাচাৰ

প্ৰতি+উপকাৰ=প্ৰত্যুপকাৰ

অনু+এষণ=অন্বেষণ

ভূ+আদি=ভবাদি

মাতৃ+আদেশ=মাত্ৰাদেশ

পিতৃ+আলয়=পিত্ৰালয়

গণ+ঈশ=গণেশ

নৰ+ইন্দ্ৰ=নৰেন্দ্ৰ

ফল+উদয়=ফলোদয়

যথা+উপযুক্ত=যথোপযুক্ত

ভৌ+উক=ভাবুক

কিছুমান স্বৰসন্ধিৰ নিয়ম-বৰ্হিভুত নিপাতন সন্ধি-

স্বৰ+ইৰিণী=স্বৈৰিণী

অক্ষ+উহিণী=অক্ষৌহিণী

প্ৰ+উঢ়ি=প্ৰৌঢ়ি

গো+য=গব্য

ভো+য=ভব্য

গো+অক্ষ=গবাক্ষ

গো+ইন্দ্ৰ=গবেন্দ্ৰ

কুল+অটা=কুলটা

শাৰ+অঙ্গ=শাৰঙ্গ

সীমা+অন্ত=সীমান্ত

প্ৰ+এষণ=প্ৰেষণ

বিম্ব+ওষ্ঠ=বিম্বোষ্ঠ

ব্যঞ্জন সন্ধি

● চ বা ছ পাছত থাকিলে ত্ আৰু দ্ ৰ ঠাইত চ্ হয়। যেনে: উৎ+চাৰণ=উচ্চাৰণ, চলৎ+চিত্ৰ=চলচ্চিত্ৰ, শৰৎ+চন্দ্ৰ=শৰচন্দ্ৰ, সৎ+চিন্তা=সচ্চিন্তা, সৎ+চৰিত্ৰ=সচ্চৰিত্ৰ, উৎ+ছেদ=উচ্ছেদ, উৎ+ছন্ন=উচ্ছন্ন, বিপদ্+চিন্তা=বিপচ্চিন্তা,।

● জ বা ঝ ৰ পিছত থাকিলে আগৰ ত্ আৰু দ্ ৰ ঠাইত জ হয়গৈ। যেনে:-সৎ+জন=সজ্জন, উৎ+জ্বল=উজ্বল, জগৎ+জননী=জগজননী, বিপদ্+জাল=বিপজ্জাল, তৎ+জন্ম=তজন্ম, তদ্+জন্য=তজন্য, জগৎ+জীৱন=জগজীৱন।

● ট, ঠ, ড, ঢ, ঢ় পিছত থাকিলে আগত থকা ত আৰু দ ৰ ঠাইত ড হয় যেনে: উৎ+ডীন=উডীন, মহৎ+টঙ্কাৰ=মহট্টঙ্কাৰ, ভবৎ+ঠক্কুৰ=ভবট্ঠক্কুৰ, মহৎ+ঢাল=মহডঢাল।

● ল পিছত থাকিলে পূৰ্ববৰ্তী ত আৰু দ ৰ ঠাইত ল হয় যেনে: উৎ+লিখিত=উল্লেখিত, উৎ+লাস=উল্লাস, বিপদ+লয়=বিপল্লয়, উদ+লেখ=উল্লেখ, বিদ্যুৎ+লেখা=বিদ্যুৎল্লেখা।

● শ পিছত থাকিলে পূৰ্ববৰ্তী ত আৰু দ ৰ ঠাইত চ হয় আৰু পিছত থকা শ ৰ ঠাইত ছ হয় যেনে: মৃদ+শৱটিকা=মৃচ্ছকটিকা, মহৎ+সংকট=মহচ্ছসংকট, বিপদ+শান্তি=বিপচ্ছান্তি, উদ্+শিষ্ট=উচ্ছিষ্ট, উদ্+শ্বাস=উচ্ছাস।

● চ বৰ্গৰ পিছত ন থাকিলে ন ৰ ঠাইত জ্ঞ হয় যেনে ৰাজ+নী=ৰাজ্ঞী, যজ+ন=যজ্ঞ, যাচ্+না=যাচঞা।

● ত আৰু দ ৰ পিছত হ থাকিলে ত আৰু দ ৰ ঠাইত দ আৰু ধ হয় যেনে: উৎ+হত=উদ্ধত, উৎ+হাৰ=উদ্ধাৰ, তদ্+হিত=তদ্ধিত। 

● ক, খ, গ, ঘ পিছত থাকিলে পূৰ্বপদৰ ম ৰ ঠাইত ্ বা ঙ হয় যেনে: কিম+কৰ=কিংকৰ/কিঙ্কৰ, অহম্+কাৰ= অহংকাৰ/অহঙ্কাৰ,শম্+কৰ=শংকৰ/শঙ্কৰ, সম্+গীত=সংগীত/সঙ্গীত, সম্+গতি=সংগতি/সঙ্গতি, সম্+চয=সংচয়/সঞ্চয়, সম্+ঘ=সংঘ/সঙঘ।

● মূদ্ধন্য ষ ৰ পিছত ত ৰ ঠাইত ট আৰু থ ৰ ঠাইত ঠ হয় যেনে: আকৃষ+ত=আকৃষ্ট, উৎকৃষ+ত=উৎকৃষ্ট, তুষ্+ত=তুষ্ট, বৃষ্+তি=বৃষ্টি, ষষ্+থ=ষষ্ঠ, স্ৰষ্+তা=স্ৰষ্টা

● ঢ়্ পাচত থাকিলে আগৰ ঢ়্ লোপ হয়। যেনে: মূঢ়্+ঢ়=মূঢ়।

● উৎ শব্দ আগত স্থা আৰু স্তনভ ধাতুৰ স্ লোপ হয়। যেনে: উৎ+স্থান=উখান, উৎ+স্থাপন=উখাপন।

● ব্যঞ্জনবৰ্ণ ত থকা কোনো পদ পাচত থাকিলে, দিব্ শব্দৰ ঠাইত দ্যু হয়। যেনে: দিব্+লোক=দ্যুলোক।

● কাম শব্দৰ পাচত থাকি সমাস হ’লে তুম্ প্ৰত্যয়ৰ ম্ আৰু সম্ শব্দৰ ম্ লোপ হয়। যেনে: গন্তম্+কাম=গন্তকাম,সম+কাম=সকাম।

● কৃ ধাতুৰ আগত সম্ বা পৰি উপসৰ্গ থাকিলে, সেই ধাতুৰ আগত এটা স্ হয়। যেনে: সম্+কৃত=সংস্কৃত, পৰি+কাৰ=পৰিষ্কাৰ, সম্+কৰণ=সংস্কৰণ, সম্+কৃতি=সংস্কৃতি।

● আগৰ স্বৰযুক্ত নোহোৱা ব্যঞ্জনবৰ্ণ পাচৰ স্বৰবৰ্ণত বা স্বৰযুক্ত ব্যঞ্জনবৰ্ণত সদায় যোগ হয়। যেনে: বছৰ+এক=বছৰেক, সম্+পত্তি=সম্পত্তি, সম্+বাদ=সম্বাদ।

● কিছুমান সন্ধি নিপাতনত অৰ্থাৎ অনিয়মৰূপে সিদ্ধ হয়। যেনে: গো+পদ=গোষ্পদ, হিনস+অ=সিংহ, তৎ+কৰ=তস্কৰ, মনস্+ঈষা=মনীষা, বন+পতি=বনস্পতি, বৃহ+পতি=বৃহস্পতি, বাক+ঈশ্বৰী=বাগেশ্বৰী, হৰি+চন্দ্ৰ=হৰিশ্চন্দ্ৰ, পতৎ+অঞ্জলি=পতঞ্জলি।

অনুস্বাৰ আৰু বিসৰ্গসন্ধি

● অন্ত:স্থ বা উস্মবৰ্ণ পাচত থাকিলে, আগৰ ম্ মৰি অনুস্বাৰ হয়। যেনে- সম্+সৰ্গ=সংসৰ্গ, সম্+লগ্ন=সংলগ্ন, বশম্+বদ=বসংবদ। কিন্তু সিদ্ধ পদে ৰজা বুজালে ম্ অনুস্বাৰ নহয় যেনে- সম্+ৰাট=সম্ৰাট।

● অনুস্বাৰৰ পাচত যি বৰ্গৰ বৰ্ণ থাকে, অনুস্বাৰ মৰি সেই বৰ্গৰ পঞ্চম বৰ্ণ হয়। যেনে- সং+গতি=সংগতি, সং+চয়=সঞ্চয়, কিং+কৰ=কিঙ্কৰ, সং+পৰ্ক=সম্পৰ্ক।

● চ, ছ পাচত থাকিলে আগৰ বিসৰ্গ মৰি শ্ হয়, ট, ঠ পাচত থাকিলে ষ্ হয় আৰু ত, থ থাকিলে স্ হয়। যেনে- নি:+চয়=নিশ্চয়, শিৰ:+ছেদন=শিৰশ্ছেদন, ধনু:+টঙ্কাৰ=ধনুষ্টঙ্কৰ, নি:+তেজ=নিস্তেজ, মন:+তাপ=মনস্তাপ, নি:+তাৰ=নিস্তাৰ

● অ, বা বৰ্গৰ তৃতীয়, চতুৰ্থ, পঞ্চম, বৰ্ণ, বা য, ৰ,  ল, ৱ, হ, পাচত থাকিলে, অ-কাৰৰ পাচত থকা স-জাত বিসৰ্গ আৰু সেই অ-কাৰ দুয়ো মিলি ও হয়, পাচত যদি অ-কাৰ থাকে, সি লোপ হয়। যেনে-মন:+অভিমত=মনোভিমত, মন:+অভিলাষ=মনোভিলাষ, বয়:+অধিক=বয়োধিক, অধ:+গতি=অধোগতি, শিৰ:+ভূষণ=শিৰোভূষণ, মন:+যোগ=মনোযোগ, মন:+মত=মনোমত, সৰ:+বৰ=সৰোবৰ, মন:+হৰ=মনোহৰ, অত:+নষ্ট=অতোনষ্ট, তত:ভ্ৰষ্ট=ততোভ্ৰষ্ট, অহ:ৰাত্ৰি=অহোৰাত্ৰি।

● অ-কাৰত বাজে আন স্বৰবৰ্ণ পাচত থাকিলে, অ-কাৰৰ পাচত থকা স-জাত বিসৰ্গ লোপ হয়, লোপৰ পাচত শব্দ দুটাৰ সন্ধি নহয়। যেনে- অত:+এব=এতএব।

● স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ বা য, ৰ, ল, ৱ, হ পাচত থাকিলে ৰ-জাত বিসৰ্গ মৰি ৰ হয়। যেনে-পুন:+অপি=পুনৰপি,প্ৰাত:+উখান=প্ৰাতৰুখান, পুন:+জন্ম=পুনজন্ম, দু:+মূল্য=দুৰ্মূল্ল, দু:+ভাবনা=দুৰ্ভাবনা, দু:+ঘোৰ=দুৰ্গোৰ, অন্ত:+আত্মা=অন্তৰাত্মা।

● স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয়, চতুৰ্ত বা পঞ্চম বৰ্ণ বা য, ৰ, ল, ৱ, হ পাচত থাকিলে অ সবৰ্ণৰ বাজে আন স্বৰবৰ্ণৰ পাচত থকা সকলো বিধৰ বিসৰ্গ মৰি ৰ্ হয়। যেনে- নি:+আকাৰ=নিৰাকাৰ, আশী:+বাদ=আশীৰ্বাদ, নি:+মূল=নিৰ্মূল, দু:+আকাংক্ষা=দুৰাকাংক্ষা।

● ক, খ, প, ফ পাচত থাকিলে আগৰ বিসৰ্গ মৰি স্ হয়, কিন্তু সেই বিসৰ্গ অ সবৰ্ণৰ পাচত থাকিলে ষ্ হয়। যেনে-মন:+কামনা=মনস্কামনা, মন:+খেদ=মনস্খেদ, নি:+পাপ=নিষ্পাপ, নি:+ফল=নিষ্ফল।

কিন্তু অন্ত:কৰণ অন্তস্কৰণ, বা শিৰ:পীড়া শিৰস্পীড়া নহয়।

● ৰ পাচত থাকিলে আগৰ বিসৰ্গ মৰি যি ৰ্ হয়, সেই ৰ লোপ হয় আৰু তাৰ আগৰ হ্ৰস্ব স্বৰ দীৰ্ঘ হয়। যেনে- নি:+ৰস=নীৰস, নি:+ৰব=নীৰব, নি:+ৰোগ=নীৰোগ।

প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। তলৰ সন্ধিবোৰৰ বৰ্ণাগম হোৱা সন্ধি কোনটো ?

(ক) উৎ+তম=উত্তম।

(খ) বাঙ+ময়=বাঙময়।

(গ) গো+পদ=গোস্পদ।

(ঘ) গৌৰ+অঙ্গ=গৌৰাঙ্গ।

উত্তৰ: (গ) গো+পদ=গোস্পদ।

প্ৰশ্ন ২। তলৰ সন্ধিবোৰৰ কোনটো সন্ধি শুদ্ধ ?

(ক) পিতৃ+অনুমতি=পিত্ৰৰ্নুমতি।

(খ) পিতৃ+অনুমতি=পিত্ৰনুমতি।

(গ) পিতৃ+অনুমতি=পিত্ৰানুমতি।

(ঘ) পিতা+অনুমতি=পিতানুমতি।

উত্তৰ : (খ) পিতৃ+অনুমতি=পিত্ৰনুমতি।

প্ৰশ্ন ৩। কোনটো শুদ্ধ উত্তৰ লিখা-

(ক) স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰসন্ধি বোলে।

(খ) স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণৰ লগত মিলি যি সন্ধি হয় তাক স্বৰসন্ধি বোলে।

(গ) ধাতু আৰু প্ৰত্যয়ৰ ভিতৰত সন্ধি হ’লে তাক স্বৰসন্ধি বোলে।

(ঘ) শব্দৰ সন্ধি হ’লে সমাস হয়।

উত্তৰ : (ক) স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰসন্ধি বোলে।

প্ৰশ্ন ৪। তলত দিয়াবোৰৰ কোনটো সন্ধি ভুল-

(ক) মহৎ+আশ=মহাশয়।

(খ) সীমা+অন্ত=সীমান্ত।

(গ) গৌৰ+অঙ্গ=গৌৰাঙ্গ।

(ঘ) প্ৰতি+ইতি=প্ৰতীতি।

উত্তৰ : (ক) মহৎ+আশ=মহাশয়।

প্ৰশ্ন ৫। সন্ধি কৰাত কোনটো শুদ্ধ হৈছে বিচাৰ কৰা ?

(ক) শোক+আৰ্ত=শোকাৰ্ত।

(খ) শোক+ঋত=শোকাৰ্ত।

(গ) শোক+ৰত=শোকাৰ্ত।

(ঘ) শোক+ৰ্ত=শোকাৰ্ত।

উত্তৰ: (খ) শোক+ঋত=শোকাৰ্ত।

প্ৰশ্ন ৬। তলত দিয়া সন্ধিবোৰৰ শুদ্ধ কোনটো ?

(ক) নৈ+অক=নায়ক।

(খ) উদ+ধাৰ=উদ্ধাৰ।

(গ) মনস+ইষা=মনীষা।

(ঘ) উৎ+থান=উখান।

উত্তৰ : (ক) নৈ+অক=নায়ক।

প্ৰশ্ন ৭। তলৰ কোনটো বানান শুদ্ধ ?

(ক) অত্যাধিক।

(খ) গুৰুপোদেশ।

(গ) মহাশ্চৰ্য্য।

(ঘ) গৌৰীশ্বৰ।

উত্তৰ :(ঘ) গৌৰীশ্বৰ।

প্ৰশ্ন ৮। তলৰ কোনটো সন্ধি ভুল ?

(ক) শৰৎ+শশী=শৰচ্ছশী।

(খ) মহৎ+সংকট=মহচ্ছঙ্কট।

(গ) বিপদ+শান্তি=বিপচ্ছান্তি।

(ঘ) জগত+জননী=জগজননী।

উত্তৰ : (ঘ) জগত+জননী=জগজননী।

প্ৰশ্ন ৯। অ যোগ উ লগ লাগি হোৱা এটা সন্ধি হ’ল-

(ক) কথা+উপকথন=কথোপকথন।

(খ) চন্দ্ৰ+উদয়=চন্দ্ৰোদয়।

(গ) দৌল+উৎসৱ=দৌলোৎসৱ।

(ঘ) সূৰ্য+উদয়=সূৰ্যোদয়।

উত্তৰ : (ক) কথা+উপকথন=কথোপকথন।

প্ৰশ্ন ১০। সন্ধি সংগত নোহোৱা শব্দ এটা হ’ল-

(ক) আশাতীত।

(খ) লোকালয়।

(গ) চৰাচৰ।

(ঘ) কুশাসন।

উত্তৰ : (ঘ) কুশাসন।

প্ৰশ্ন ১১। সন্ধিৰ পিছত অৰ যোগ হয় তলত দিয়া ধৰণে নিপাতন হ’লে-

(ক) দুই পদৰ তৃতীয়া তৎপুৰুষ সমাস হ’লে।

(খ) অ বৰ্ণৰ পিছত ঋ থাকিলে।

(গ) অ বৰ্ণৰ পিছত ই বৰ্ণ থাকিলে।

(ঘ) ঋ কাৰৰ পিছত স্বৰবৰ্ণ থাকিলে।

উত্তৰ : (খ) অ বৰ্ণৰ পিছত ঋ থাকিলে।

প্ৰশ্ন ১২। তলৰ শুদ্ধ বানানটো বাছি উলিওৱা-

(ক) উল্লেখিত।

(খ) গন্তকাম।

(গ) বিপদহেতু।

(ঘ) মনোখেদ।

উত্তৰ : (খ) গন্তকাম।

প্ৰশ্ন ১৩। সংস্কৃতত সন্ধি কেইবিধ-

(ক) দুবিধ।

(খ) তিনিবিধ।

(গ) সন্ধি নাই।

(ঘ) চাৰিবিধ।

উত্তৰ : (খ) তিনিবিধ।

প্ৰশ্ন ১৪। ‘দীপাৱলী’ শব্দটোত তলৰ কেনেদৰে সন্ধি হৈছে।

(ক) দীপা+ৱলী।

(খ) দীপা+আৱলী।

(গ) দীপ+আৱলী।

(ঘ) দীপা+অৱলী।

উত্তৰ : (গ) দীপ+আৱলী।

প্ৰশ্ন ১৫। তলৰ কথাবোৰৰ পৰা শুদ্ধ স্বৰ সন্ধিটো বাছি উলিওৱা।

(ক) অনু+এষণ=অনুষণ।

(খ) অনু+এষণ=অনেষণ।

(গ) অনু+এষণ=অন্বেষণ।

(ঘ) অনু+এষণ=অন্বেষা।

উত্তৰ: (গ) অনু+এষণ=অন্বেষণ।

প্ৰশ্ন ১৬। তলৰ সন্ধিৰ বিশ্লেষণৰ কোনটো শুদ্ধ ?

(ক) চিত্ত+উদাৰ্য্য=চিত্তৌদাৰ্য্য।

(খ) চিত্ত+ঔদাৰ্য্য=চিত্তৌদাৰ্য্য।

(গ) চিত্ত+অদাৰ্য্য=চিত্তৌদাৰ্য্য।

(ঘ) চিত্ত+ঐদাৰ্য্য=চিত্তৌদাৰ্য্য।

উত্তৰ : (খ) চিত্ত+ঔদাৰ্য্য=চিত্তৌদাৰ্য্য।

প্ৰশ্ন ১৭। উৎ+চাৰণ=উচ্চাৰণ- এই সন্ধিটো তলৰ কোন প্ৰকাৰৰ-

(ক) স্বৰসন্ধি।

(খ) ব্যঞ্জনসন্ধি।

(গ) অনুস্বাৰ সন্ধি।

(ঘ) বিসৰ্গ সন্ধি।

উত্তৰ : (খ) ব্যঞ্জনসন্ধি।

প্ৰশ্ন ১৮। তলৰ সন্ধিৰ কোনটো শুদ্ধ ?

(ক) সীমন্+অন্ত=সীমান্ত।

(খ) সীম+আন্ত=সীমান্ত।

(গ) সীমা+অন্ত=সীমান্ত।

(ঘ) সী+মন্ত=সীমন্ত।

উত্তৰ: (গ) সীমা+অন্ত=সীমান্ত।

প্ৰশ্ন ১৯। তলত উল্লেখ কৰা কোনটো শব্দৰ সন্ধি নিপাতনত সিদ্ধ ?

(ক) মহৌষধ।

(খ) শোকাৰ্ত।

(গ) গবাক্ষ।

(ঘ) ভাবুক।

উত্তৰ : (গ) গবাক্ষ।

প্ৰশ্ন ২০। তলৰ সন্ধিৰ দ্বাৰা দেখুওৱা কোনটো অশুদ্ধ ?

(ক) ভো+উক=ভাবুক।

(খ) ৰাজা+ঋষি=ৰাজষি।

(গ) গৈ+অন=গায়ন।

(ঘ) যথা+উপযুক্ত=যথোপযুক্ত।

উত্তৰ :(ক) ভো+উক=ভাবুক।

প্ৰশ্ন ২১। তলৰ সন্ধিযুক্ত শব্দৰ শুদ্ধটো বাছি উলিওৱা ?

(ক) সচ্ছৰিত্ৰ।

(খ) অধমৃণ।

(গ) কামেশ্বৰ।

(ঘ) বাণীশ্বৰ।

উত্তৰ :(গ) কামেশ্বৰ।

প্ৰশ্ন ২২। তলৰ কোনটো সন্ধি শুদ্ধ ?

(ক) শী+অন=শয়ন।

(খ) শে+অন=শয়ন।

(গ) শু+অন=শয়ন।

(ঘ) শো+অন=শয়ন।

উত্তৰ : (খ) শে+অন=শয়ন।

প্ৰশ্ন ২৩। তলত উল্লেখ কৰা কোনটো শব্দৰ সন্ধি নিপাতনত সিদ্ধ নহয় ?

(ক) অক্ষ+উহিণী=অক্ষৌহিণী।

(খ) গো+ইন্দ্ৰ=গবেন্দ্ৰ।

(গ) ভো+য=ভব্য।

(ঘ) জন+এক=জনৈক।

উত্তৰ : (ঘ) জন+এক=জনৈক।

প্ৰশ্ন ২৪। তলৰ কোনটো শুদ্ধ ?

(ক) পৰিস্+কাৰ=পৰিস্কাৰ।

(খ) পৰি:+কাৰ=পৰিস্কাৰ।

(গ) পৰিষ্+কাৰ=পৰিস্কাৰ।

(ঘ) পৰি+স্কাৰ=পৰিস্কাৰ।

উত্তৰ : (খ) পৰি:+কাৰ=পৰিস্কাৰ।

প্ৰশ্ন ২৫। তলৰ কোনটো শুদ্ধ লিখা-

(ক) উৎকৃষ্+ত=উৎকৃষ্ট।

(খ) উৎ+কৃষ্ট=উৎকৃষ্ট।

(গ) উৎকৃষ্+ট=উৎকৃষ্ট।

(ঘ) উৎ+কৃস্ত=উৎকৃষ্ট।

উত্তৰ :(ক) উৎকৃষ্+ত=উৎকৃষ্ট।

প্ৰশ্ন ২৬। তলৰ কোনটো শুদ্ধ লিখা :

(ক) উৰ্দ্ধ+স্থান=উখান।

(খ) উৰ্দ্ধ+থান=উখান।

(গ) উৎ+স্থান=উখান।

(ঘ) উৎ+থান=উখান।

উত্তৰ :(গ) উৎ+স্থান=উখান।

প্ৰশ্ন ২৭। ‘তজন্য’ শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে ?

(ক) তজ্+জন্য।

(খ) তৎ+জন্য।

(গ) তদ্+জন্য।

(ঘ) তজ+অন্য।

উত্তৰ :(গ) তদ্+জন্য।

প্ৰশ্ন ২৮। ‘সংস্কৃত’ শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে ?

(ক) সং+স্কৃত।

(খ) সম্+স্কৃত।

(গ) সং+কৃত।

(ঘ) সম্+কৃত।

উত্তৰ : (ঘ) সম্+কৃত।

প্ৰশ্ন ২৯। ‘ষড়ানন’ শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে ?

(ক) ষট্+আনন।

(খ) ষড়+আনন।

(গ) সৎ+আনন।

(ঘ) সট্ আনন।

উত্তৰ : (ক) ষট্+আনন।

প্ৰশ্ন ৩০। ‘বয়োধিক’ শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে ?

(ক) বয়+ওধিক।

(খ) বয়:+অধিক।

(গ) বয়ো+অধিক।

(ঘ) বয়+উধিক।

উত্তৰ :(খ) বয়:+অধিক।

প্ৰশ্ন ৩১। ‘নীৰোগ’ শব্দটোৰ সন্ধি তলৰ কেনেদৰে হৈছে ?

(ক) নী+ৰোগ।

(খ) নী:+ৰোগ।

(গ) নি:+ৰোগ।

(ঘ) নি+ৰোগ।

উত্তৰ : (গ) নি:+ৰোগ।

প্ৰশ্ন ৩২। তলৰ কোনযোৰা শব্দৰ সন্ধি অশুদ্ধ ?

(ক) উৎ+নতি=উন্নতি।

(খ) জগৎ+অম্বা=জগদম্বা।

(গ) উৎ+ছন্ন=উচ্ছন্ন।

(ঘ) পকা+অমৃতা=পকামৃতা।

উত্তৰ : (ঘ) পকা+অমৃতা=পকামৃতা।

প্ৰশ্ন ৩৩। সন্ধিযুক্ত তলৰ কোনটো শব্দ বৰ্তমান অসমীয়াত ব্যৱহাৰ কৰাটো বিধেয় নহয় ?

(ক) অন্তৰাত্মা।

(খ) নীলাচল।

(গ) মাত্ৰাদেশ।

(ঘ) বাঙ্ময়।

উত্তৰ : (গ) মাত্ৰাদেশ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top