History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য

History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য Question Answer can be of great value to excel in the examination.

History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য

Join Telegram channel

History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 8 জোনাকী আৰু উত্তৰ জোনাকী স্তৰৰ সাহিত্য in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৮। আৱাহন যুগৰ অসমীয়া সাহিত্যৰ সম্পর্কে এটি আলোচনা আগবঢ়োৱা?      

উত্তৰঃ প্ৰস্তাৱনা : আৱাহন’ যুগটো আধুনিক অসমীয়া সাহিত্যৰ বাবে এক বর্ণিল অধ্যায়। ১৯২৯ চনত প্রকাশিত এই আলোচনীখনৰ সময়ৰ পৰিব্যাপ্তি আছিল ডেৰ দশক কাল। এইখিনি সময়তে আলোচনীখনে অসমীয়া সাহিত্য জগতত নতুন চিন্তাৰ উন্মেষ ঘটালে। ন-পুৰণি অসমীয়া সাহিত্যিকসকলৰ চিন্তা আৰু আনুভূতিক সমন্বয়ে বিষয়বস্তু আৰু আংগিকৰ ক্ষেত্ৰত নতুনত্ব আনিলে। অৱশ্যে ইয়াৰ অন্তৰালত পশ্চিমীয়া শিক্ষা আৰু সাহিত্যিকসকলৰ প্রভাব অনস্বীকার্য। সম্পাদক দীননাথ শৰ্মা আৰু প্ৰতিষ্ঠাপক জমিদাৰ নগেন্দ্ৰনাৰায়ণ চৌধুৰীয়ে আলোচনীখন সকলো পিনৰপৰা সৰ্বাংগ সুন্দৰ কৰি সজাই তুলিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। আটকধুনীয়া অংগসজ্জাৰে সজাই তুলা আলোচনীখন গল্প,কবিতা, নাটক, উপন্যাস, প্রবন্ধৰ উপৰিও দেশ-বিদেশৰ বা-বাতৰি, বৈজ্ঞানিক জগত আদি শিতানেৰে আকৰ্ষণীয় কৰি তুলিছিল’ অসমীয়া পাঠক সমাজক বিশ্বৰ নতুন সাহিত্য, নতুন চিন্তা প্ৰবাহৰ লগত নিয়মিতভাৱে পৰিচয় কৰি দিছিল ‘আৱাহন’-এ। সাহিত্যৰ লগতে ৰাজনীতি, বিজ্ঞান, দর্শন, সমাজনীতি, অৰ্থনাতি, বুৰঞ্জী আদিকো আলোচনীখনে সামৰি লৈছিল।

‘আৱাহন’ প্ৰকাশৰ সময়ছোৱা আছিল অতি গুৰুত্বপূৰ্ণ। প্রথম মহাসমৰ হৈ যোৱাৰ পাছত সমগ্ৰ বিশ্বতে ৰুছ বিপ্লৱে আলোড়নৰ সৃষ্টি কৰিছিল। ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰুছ বিপ্লৱে ইতিবাচক সঁহাৰি জনাইছিল. ব্ৰিটিছ শাসন অৱসান ঘটাই ভাৰতত স্বাধীন গণতান্ত্রিক দেশ প্রতিষ্ঠা কৰিবলৈ সচেতন মহলে উঠি পৰি লাগিল। ভাৰতত স্বাধীনতা আন্দোলন আৰম্ভ হ’ল। এই আন্দোলনে অসমৰ সমাজতো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিলে। ফলত জনসাধাৰণৰ মাজত দেশপ্ৰেম আৰু জাতীয় চেতনা, জগাই তোলাত ‘আৱাহন’ আলোচনীখনৰ ভূমিকা আছিল যথেষ্ট।এই আলোচনাত ‘আৱাহন’ যুগৰ সাহিত্য সম্পৰ্কে আলোচনা কৰোঁতে আলোচনীখনত প্ৰকাশিত কবিতা, গল্প, উপন্যাস, নাটক, প্রবন্ধ, অনুবাদ সাহিত্য আদিব বিচাৰ কৰা হ’ব।

কাব্য সাহিত্য : জোনাকী আলোচনীত আৰম্ভণি ঘটা অসমীয়া ৰোমান্টিক কবিতাৰ ভাব ‘আৱাহন’ আলোচনীতো অক্ষুন্ন আছিল অৱশ্যে ছন্দ আৰু সুৰৰ ক্ষেত্ৰত বৈচিত্র্য লক্ষ্য কৰিবলগীয়া। ‘আৱাহন’ত প্রকাশিত ৰঘুনাথ চৌধাৰীৰ গিৰিমল্লিকা’ কবিতাৰ ছান্দসিত ৰীতি পূৰ্বসূৰী কবিসকলৰ ৰীতি-নীতিৰপৰা আঁতৰি আহিল। দেৱকান্ত বৰুৱাৰ ‘সাগৰ দেখিছা’ কবিতাত চৌধাৰীৰ ভাষা আৰু ৰীতিৰ বলিষ্ঠতা অনুকৰণ কৰা দেখা গৈছে—

‘ৰঞ্জি মনিকর্ণিকাৰ হৰিৎ মেখেলা 

আচ্ছা শোভি শুভ্ৰবেশ কৰি সুৰভিত 

লৌহিত্যৰ তীৰভূমি শ্যামল বননি।

( গিৰিমল্লিকা)

‘নীলিম সলিল বাশি বাধাহীন উর্মিমালা আছে দূৰ দিগন্ত বিয়াপি।’ (সাগৰ দেখিছা) ‘আৱাহন’ আলোচনীৰ অন্যান্য প্রতিভাধৰ কবিসকলৰ ভিতৰত আনন্দ চন্দ্ৰ বৰুৱা, গণেশ গগৈ, যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনাথ ফুকন, চন্দ্ৰধৰ বৰুৱা, ৰত্নকান্ত বৰকাকতি, নীলমণি ফুকন, অতুল চন্দ্ৰ হাজৰিকা, শৈলধৰ ৰাজখোৱা, নলিনীবালা দেৱী, দুৰ্গেশ্বৰ শৰ্মা আদি। আনন্দ চন্দ্ৰ বৰুৱাৰ ‘আৱাহন’ কবিতাটো আলোচনীখনৰ প্ৰথম সংখ্যাৰ প্ৰথম পৃষ্ঠাতে প্ৰকাশ পাইছে। প্ৰেমৰ কবি হিচাপে খ্যাত গণেশ গগৈৰ কবিতাত প্ৰেয়সীৰ দৈহিক সৌন্দৰ্যৰ বৰ্ণনাই অগ্ৰাধিকাৰ পাইছে। দেৱকান্ত বৰুৱায়ো তেজ মঙহৰ প্ৰেয়সীৰ গুণৰ গীত গাইছে। আনহাতে দুৱাৰৰ ‘অতীতক নেযাবা পাহৰি’, ‘শূন্য পৰিচয়’ আদি কবিতাত প্ৰেমৰ বিষাদানুভূতিৰ সুৰৰ অনুৰণন শুনিবলৈ পোৱা যায়। গভীৰ ৰহস্যৰ মাজত নিজকে আত্মগোপন কৰি প্রিয়জনৰ লগত মিলনৰ জয়গান গাইছে অতিন্দ্ৰীয়বাদী কবি নলিনীবালা দেৱী, দুৰ্গশ্বেৰ শৰ্মা, ধৰ্ম্মেশ্বৰী দেৱী বৰুৱানী আদিয়ে।

মন মন্দিৰত পূজিম তোমাক 

আঁকি লৈ তৱ মূৰ্তি

বুকু ভৰা মোৰ ব্যথা-গীতিকাৰে

গাম তোমাৰে আৰতি। (আৰাধনা,) 

‘আৱাহন’ আলোচনীত কে’ৱাটাও গীত প্ৰকাশ পাইছিল। মিত্ৰদেৱ মহন্তৰ ‘চিৰ চেনেহীৰ মোৰ ভাষা জননী’ শীৰ্ষক গীতটো আৰু স্বৰলিপি ‘আৱাহন’ৰ পাততেই প্রকাশিত গতিটোৰ সুৰ চানেকি দিছিল নবীনচন্দ্ৰ শৰ্মাই। পদ্মধৰ চলিহাৰ ‘আৱাহন-গীত ‘টোৰ সুৰচানেকিও আলোচনীখনত প্ৰকাশ পাইছিল। কীৰ্ত্তিনাথ বৰদলৈয়ে গীতটোত সুৰ প্ৰদান কৰিছিল। তেনেদৰে ‘আৱাহন’ত প্ৰকাশ হৈছে পাৰ্বতি প্ৰসাদ বৰুৱাৰ কে’বাটাও গীতৰ স্বৰলিপি। 

গল্প সাহিত্য : অসমীয়া চুটি গল্পই পৰিপূর্ণতা লাভ কৰিছিল ‘আৱাহন’ আলোচনীতহে এই সময়ৰ চুটি গল্পত কে’বাটাও নতুন দিশ লক্ষ্য কৰিব পাৰি। ইয়াৰ প্ৰধান কাৰণ আছিল কলা-কৌশলৰ দিশত পশ্চিমীয়া লেখক মোঁপাছা, চেকভ, চমাৰচেট, মম, অ’হেনৰি আদিৰ গল্পৰ প্ৰেৰণা আৰু আৰ্হি। বিষয়বস্তু আৰু আংগিকৰ ক্ষেত্ৰত অসমীয়া চুটি গল্পই উত্তৰণ লাভ কৰিলে। সমাজৰ মধ্যবিত্ত, জমিদাৰী শ্রেণীটোৰ জীৱন প্ৰণালীয়ে গল্পত ঠাই পালে। লেখকে সমাজত শোষিত- নিপীড়িত লোকৰ জীয়াই থকাৰ অধিকাৰ মাৰ্ক্সবাদী চিন্তাৰ আলমত প্ৰকাশ কৰিলে। নাৰী নিৰ্যাতন, বাল্য বিবাহ আৰু বৈধবাৰ কৰুণ যন্ত্রণাৰ ধ্বনিয়ে সমাজত ইতিবাচক চিন্তা জগাই তুলিছিল গল্পকাৰসকলে।

‘আৱাহন’ যুগৰ গল্পকাৰসকলৰ ভিতৰত প্ৰতিষ্ঠাপক নগেন্দ্ৰনাৰায়ণ চৌধুৰী এগৰাকী পথিকৃৎ গল্পকাৰ। তেওঁৰ গল্পসমূহত সমকালৰ বাস্তৱ সমজাৰ পটভূমি, জন-জাতীয় সমাজ-জীৱন, নৰ-নাৰীৰ প্ৰেম আদি পৰিপুষ্ট। ‘আৱাহন’ৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা ‘পোহাৰী’ গল্পটোত ৰাভা জনজাতীয় যুৱতী এগৰাকীৰ মর্মন্তুদ কাহিনী বৰ্ণনা কৰিছে, তেওঁৰ ধন-ভঁৰাল, ভাগ-বটৰুৱা, গল্প দুটা সমকালীন সমাজৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। আৱাহন’ৰ পাতত প্ৰকাশিত চৌধুৰীৰ ‘ৰসায়ন’ গল্পটো কল্পবিজ্ঞান ভিত্তিত ৰচিত প্ৰথম অসমীয়া গল্প। গল্পটোত বৃদ্ধ এজনে ডেকা হোৱা ঔষধ সেৱন কৰি ক্ৰমাৎ সৰু হৈ বান্দৰত পৰিণত হোৱা বৰ্ণনা কৰা হৈছে। তেওঁৰ ‘বীণা ঝংকাৰ’ গল্পটো এটি ৰোমান্টিকধর্মী গল্প।

আৱাহন যুগৰ প্ৰতিষ্ঠিত আনসকল গল্পকাৰ হ’ল— লক্ষ্মীধৰ শৰ্মা, হলীৰাম ডেকা, মহীচন্দ বৰা, লক্ষ্মীনাথ ফুকন, নকুলচন্দ ভূঞা, ৰমা দাশ, বীণা বৰুৱা, ত্ৰৈলোক্যনাথ গোস্বামী, কৃষ্ণ ভূঞা, ৰাধিকা মোহন গোস্বামী, মুনীন বৰকটকী, চৈয়দ আব্দুল মালিক আদি। লক্ষ্মীধৰ শৰ্মা ‘বিদ্রোহিনী’, ‘ব্যৰ্থতাৰ দান’, ‘ঊষা’ আদি গল্পত নাৰী মনৰ ভিন্ন সুৰ প্ৰতিফলিত হৈছে। নাৰী স্বাধীনতা আৰু সংস্কাৰকামী মনোবৃত্তি দুয়োটা দিশ সমান্তৰালভাবে তেওঁৰ গল্পত ঠাই পাইছে। তেওঁৰ নাৰী মনৰ গোপন ৰহস্যৰ লগত ফ্ৰয়েজৰ যৌন মনস্তত্ত্বৰ প্ৰভাৱ লক্ষ্য কৰা যায়।

মহীচন্দ্ৰ বৰাৰ গল্পত সেই সময়ৰ মধ্যবিত্ত সমাজৰ ক্ষয়িষ্ণু ৰূপটো প্ৰকাশ পাইছিল। সাধাৰণ মানুহৰ চাকৰিয়াল জীৱন আৰু দুনীতি ভ্ৰষ্টাচাৰ, তেওঁৰ গল্পত ঠাই পাইছে। ‘কেৰাণীৰ কপাল’ তেনে এটি গল্প। নৰ-নাৰীৰ প্রেমে কেন্দ্রীয় সমল হিচাপে সঞ্চালন কৰে হলীৰাম ডেকাৰ গল্পত। তেওঁৰ ‘পৰ্বতৰ টিঙৰ বঙলা ঘৰ’, ‘‘বিধান’, ‘বিয়াৰ বিভ্ৰাট’ আদি ‘আৱাহন’ত প্ৰকাশিত উৎকৃষ্ট গল্প। নকুল চন্দ্ৰ ভূঞা এগৰাকী আদর্শবাদী গল্পকাৰ। তেওঁৰ গল্পত অসমীয়া সমাজৰ পুৰণি, জীপাল ৰূপটোৰ মোহাৱিষ্টতাৰ ছাপ আছে যদিও পৰিৱৰ্তিত সমাজৰ সমস্যাসমূহৰ প্ৰতিও সচেতন। বীণা বৰুৱাৰ ‘আঘোণী বাই’ নামৰ বিখ্যাত গল্পটোও ‘আবাহন’ৰ পাততেই প্রকাশিত। গল্পটোত গাঁৱলীয়া সমাজৰ এখন নির্ভাঁজ ছবি অংকন কৰা হৈছে। ‘আৱাহন’ আলোচনীত সাহসিকতাৰে নৰ-নাৰীৰ জৈৱিক প্রেমানুভূতিৰ চিত্র অংকন কৰা এগৰাকী গল্পকাৰ হ’ল ৰমা দাশ। তেওঁৰ ‘বৰ্ষ যেতিয়া নামে’, ‘জীৱনৰ এৰাতি’, ‘দুৰ্যোগৰ ৰাতি’, ‘অবুজ মায়া’ আদি গল্পত দেহজ প্ৰেমৰ বৰ্ণনা পোৱা যায়। ত্রৈলোক্যনাথ গোস্বামীৰ ‘পতিত আৰু পতিতা’। গল্পত ব্রাহ্মণ সমাজৰ বিধৱাৰ দুখ-যন্ত্ৰণাৰ কাহিনী প্ৰকাশ পাইছে। চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীব “দৈৱজ্ঞ দুহিতা’এটা তীব্র সমাজ চেতনামূলক গল্প। ‘আৱাহন’ৰ শেষৰফালে আত্মপ্ৰকাশ কৰিছিল চৈয়দ আব্দুল মালিক আৰু উমাকান্ত শৰ্মাই। মালিকৰ ‘ঘূৰণীয়া পৃথিৱীৰৰ বেঁকা পথ’ আৰু ‘প্ৰাণ পোৱাৰ পিছত’গল্প দুটা ‘আৱাহন’’ত প্ৰকাশ হৈছিল।

উপন্যাস সাহিত্য : সংখ্যাত কম হ’লেও ‘আৱাহন’ত প্রকাশিত উপন্যাসসমূহে অসমীয়া উপন্যাস সাহিত্যৰ এটা শক্তিশালী ধাৰাৰ উন্মেষ ঘটাইছিল দণ্ডিনাথ কলিতাৰ ‘ফুল’ ঐতিহাসিক পটভূমিত ৰচিত এখন উপন্যাস। কিন্তু কাহিনী উপস্থাপন আৰু চৰিত্ৰ সৃষ্টিৰ ফালৰপৰা ঐতিহাসিক বুলি নকৈ অতীতাশ্রয়ী বুলিহে ক’ব পাৰি। তেওঁৰ ‘গণবিপ্লৱ’ নামৰ অন্য এখন উপন্যাসত মায়ামৰীয়া বিদ্ৰোহৰ পটভূমি ৰচিত হৈছে। দৈৱচন্দ্ৰ তালুকদাৰৰ ‘অপূর্ণ’ উপন্যাসখনত সেই সময়ৰ মহাত্মা গান্ধীৰ জাতীয় আন্দোলন, কানি বৰ বিহৰ অপকাৰিতা, স্বদেশী বস্ত্ৰ পৰিধান আদিৰ লগতে দুটা প্ৰেমৰ কাহিনী সমান্তৰালভাৱে সামৰি লৈছে। দীননাথ শৰ্মাৰ ‘ঊষা’, ‘সংগ্রাম’, ‘শান্তি’ আৰু ‘নদাই’ নামৰ চাৰিখন উপন্যাস ‘আৱাহন’ আলোচনীতে প্ৰকাশ হৈছিল। ‘ঊষা’ উপন্যাসত ৰোমান্টিক ভাবপ্রৱণতা আৰু বিৰহ যন্ত্রণা ঘণীভূত হৈছে। ‘শান্তি’ উপন্যাসত অভিজাত লোকৰ ৰক্ষণশীল মনোভাৱ, বিধৱা বিবাহ, কুসংস্কাৰ, আদর্শ সৈতে অন্তর্দ্বন্দ্বৰ প্ৰকাশ ঘটিছে। ৰঞ্জন কুন্তলা, শান্তি-অৰূপ, অনিল আৰু খ্ৰীষ্টান গাভৰুৰ প্রেমানুভূতিৰে উপন্যাসখন সম্পৃক্ত। উপন্যাসৰ কলা-কৌশলৰ পিনৰপৰা ‘নদাই’ উপন্যাসখন এখন সার্থক সামাজিক উপন্যাস বুলিব পাৰি।

নাট্য সাহিত্যঃ ‘আবাহন’ যুগত নাট্য সাহিত্যয়ো গুৰুত্ব লাভ কৰিছিল। নাটকৰ বিষয়বস্তু পৌৰাণিক, ঐতিহাসিক আৰু সমাজিক বিষয়ক আছিল। অতুলচন্দ্ৰ হাজৰিকাৰ ‘বেউলা’, ‘নন্দ দুলাল’, ‘চম্পাৱতী’, কমলাকান্ত ভট্টাচাৰ্যৰ ‘চিত্রাঙ্গদা’, ‘সাবিত্রী’ দণ্ডিনাথ কলিতাৰ ‘অগ্নি পৰীক্ষা’, গণেশৰ গগৈৰ ‘শকুণিৰ প্রতিশোধ’, আনন্দ চন্দ্ৰ বৰুৱাৰ ‘নল-দময়ন্তী’ আৰু বিসর্জন’, বিনন্দ চন্দ্ৰ বৰুৱাৰ ‘পাৰ্থ সাৰথি’, লক্ষ্যধৰ চৌধুৰীৰৰ ‘ৰক্ষ কুমাৰ’ আদি পৌৰাণিক নাটকসমূহ ‘আৱাহন’ আলোচনীত প্রকাশিত। শৈলধৰ ৰাজখোৱাৰ ‘অসম গৌৰৱ’ নামৰ বুৰঞ্জীমূলক নাটকখনো ‘আৱাহন ‘ত প্ৰকাশ পাইছিল। ‘আৱাহন’ত প্রকাশিত সামাজিকমূলক নাটকৰ ভিতৰত অম্বিকাগিৰি রায়চৌধুৰীৰ ‘কল্যাণময়ী’, অতুল চন্দ্ৰ হাজৰিকাৰ ‘কল্যাণী’ উল্লেখযোগ্য। ‘আৱাহন’ব পাতত পাৰ্বতিপ্ৰসাদ বৰুৱাৰ ‘সোণৰ সোলেং’ নামৰ গীতি নাটিকাখনো প্ৰকাশ হৈছিল। নাটকখন প্রতীকধর্মী। মেটাৰলিংকৰ ‘দ্য ব্লু বাথ’ৰ প্ৰভাৱ নাটখনিত স্পষ্ট। লক্ষ্মীধৰ শৰ্মাৰ একাংকিকাধর্মী কে’বাখনো নাটক ‘আৱাহন ‘ত প্ৰকাশ পাইছিল। ইয়াৰ ভিতৰত ‘প্রজাপতি ভুল’ অন্যতম। 

অনুবাদ সাহিত্য : ‘আৱাহন ‘ত উপন্যাস আৰু নটাকৰ অনুবাদো ছোৱা-ছোৱাকৈ প্ৰকাশ পাইছিল। Dicknes ৰ A Tale of Two Cities ৰ পৰা হৰেন্দ্ৰনাথ কলিতাই ‘দুখন নগৰৰ কথা’ লক্ষেশ্বৰ শৰ্মাই Lorn Litan ৰ The Last days in Pompei ৰ পৰা ‘পম্পিয়া প্রলয়ৰ কাহিনী, Enick Maria Rananke All Quite in the Western Front নলিনীকান্ত বৰুৱাই ‘পশ্চিম সীমান্তত পূৰ্ণ শান্তি আৰু Maxim Gorky ৰ Mother খন দয়ানন্দ বৰুৱাই অনুবাদ কৰিছিল। সেইদৰে নবীনচন্দ্ৰ বৰদলৈয়ে শ্বেইক্সপীয়েৰৰ ‘ট্ৰয়লাচ এণ্ড ক্ৰেচিডা’ নাটখন ‘তৰুণ কাঞ্চন’ নামেৰে অসমীয়ালৈ অনুবাদ কৰে।

প্রবন্ধ সাহিত্য : ‘আৱাহন’ৰ পাতত প্ৰকাশিত প্রবন্ধবোৰ আছিল বিবিধ বিষয়ক। বাণীকান্ত কাকতি, বিৰিঞ্চ কুমাৰ বৰুৱা, ত্ৰৈলোক্যনাথ গোস্বামী, তীৰ্থনাথ শৰ্মা, মহেশ্বৰ নেওগ, প্রফুল্লদত্ত গোস্বামী আদি সমালোচকৰ প্ৰবন্ধসমূহ আছিল তত্ত্বগধূৰ আৰি বিশ্লেষণধর্মী।

সাহিত্য সমালোচনা বিষয়ক কেইটামান মননশীল প্ৰৱন্ধ হ’ল— বাণীকান্ত কাকতিৰ ‘কবিৰ অহৈতুক প্রীতি’, ‘সাহিত্যত নাৰীৰ চৰিত্ৰ’, ‘বেজবৰুৱা’, সাহিত্যত একাত্মবোধ’, ‘সৌন্দৰ্যৰ প্ৰতাৰণা’, হৰিনাথ শৰ্মা বৰদলৈৰ ‘মহাকাব্য ইলিয়দ’, হৰেন্দ্ৰকুমাৰ চৌধুৰীৰ ‘জগতৰ শ্ৰেষ্ঠ নাট্যকাৰ’, কৃষ্ণকান্ত সন্দিকৈর‘স্পেনিছ সাহিত্যৰৰ ৰোমিঅ’-জুলিয়েট’, তীৰ্থনাথ শৰ্মাৰ অসমীয়া বৈষ্ণৱ কবি নাদ’, ‘অংকীয়া নাটৰ ৰস চৰ্চা’, সূৰ্য কুমাৰ ভূঞাৰ “আধুনিক অসমীয়া সাহিত্য’, আনন্দ চন্দ্ৰ বৰুৱাৰ ‘উপন্যাস’, ৰজনীকান্ত বৰদলৈৰ ‘অসমত উপন্যাসৰ সঁজুলি’ আদি। ‘কবিৰ অহৈতুকী প্রীতি ত কাকতিয়ে ডান্টে- বিয়েট্ৰীছ প্ৰেমৰ বৰ্ণনাৰে সম্পৃক্ত ডান্টেৰ ‘ন-যৌৱন’ কাব্যখনৰ সমালোচনাৰ আগবঢ়াইছে। 

তেওঁ ‘বেজবৰুৱা’ প্ৰবন্ধটোত লক্ষ্মীনাথ বেজবৰুৱাৰ গভীৰ দেশপ্ৰেমৰ স্বৰূপটো এনেদৰে তুলি ধৰিছে– স্বৰূপটো এনেদৰে তুলি ধৰিছে….. সুগভীৰ স্বদেশানুৰাগ, স্বদেশপ্রীতি বেজবৰুৱাৰ সাহিত্যৰ প্ৰত্যেকটো শব্দৰ ভিতৰেদি প্রকাশ পাইছে। তেওঁৰ সকলো ৰচনাৱলী এই স্বদেশনুৰাগৰ বোলেৰে বোলোৱা। তেওঁৰ হাঁহি-ধেমেলিয়া ৰচনাৰপৰা আৰম্ভ কৰি শেহৰ ডোখৰৰ আধ্যাত্মিক ৰচনাৱলীলৈকে সকলোৰে ঐক্যসূত্ৰ এই স্বদেশানুৰাগ, এই স্বদেশপ্রীতিতেই। তেওঁৰ ভাব, ভাষা সকলে এই অনুৰাগৰেই অনুৱৰ্ত্তী। স্বদেশপ্রীতিয়েই বেজবৰুৱাৰ সাহিত্যৰ মূলমন্ত্ৰ। ‘জগতৰ শ্ৰেষ্ঠ নাট্যকাৰ’ প্ৰৱন্ধত হৰেন্দ্ৰ কুমাৰ চৌধুৰীয়ে ছেক্সপিয়েৰৰ নাটকৰ সুন্দৰ বিশ্লেষণ পোৱা যায়। সাহিত্য বিষয়ৰ লগতে ভাষা সম্পৰ্কীয় কেইখনমান ৰচনা হৈছে– থুলেশ্বৰ মহন্তৰ ‘অসমীয়া ব্যাকৰণ সম্বন্ধে (দৃ ষাৰ)’, ‘অসমীয়া ব্যাকৰণ’, উমাকান্ত মিশ্ৰৰ’ ‘অসমীয়া গমনার্থক ধাতু’, বীণাৰ ‘পালি ভাষাৰ সম্বন্ধে দু-আষাৰ’, ৰামচন্দ্ৰ দাসৰ ‘ব্যাকৰণৰ কথা’, নীলমণি ফুকনৰ ‘ভাষা আৰু সাহিত্যৰ সমস্যা’ আদি। বেজবৰুৱাৰ হাস্য ব্যংগ ৰচনা কৃপাবৰী সাহিত্যসমূহো ‘আৱাহন’ আলোচনীত প্ৰকাশ হৈছিল। ‘আৱাহন’ৰ প্ৰথম সংখ্যাতে প্রকাশিত বেজবৰুৱাৰ এটি প্রবন্ধ ‘কাহুদি আৰু খাৰলি’ য’ত হিন্দু’ মুছলমান, খ্ৰীষ্টানধর্মসমূহৰ চমু ইতিহাসৰ কথা কোৱা হৈছে।

ভ্রমণমূলক সাহিত্যও ‘আৱাহন’ৰ পাতত প্ৰকাশ পাইছিল। তেজেন্দ্র নাৰায়ণ চৌধুৰীৰ ‘গিৰিধি ভ্রমণ’ আৱাহন’ৰ প্ৰথম সংখ্যাতে প্ৰকাশ পোৱা ভ্রমণমূলক প্রবন্ধ। আলোচনীখনৰ কেইবাটাও সংখ্যাত ধাৰাবাহিকভাৱে প্রকাশিত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ‘কুম্ভমেলা যাত্ৰা’ আৰু ‘আগ্ৰা’ৰ বৰ্ণনা অতি মনোৰম। নৰনাথ শৰ্মাৰ ‘সবৰমতী যাত্ৰা’ আৰু নৱকুমাৰ দত্তৰ ‘ব্রাইটনত এভুমুকি’ ‘আৱাহন’’ত প্ৰকাশিত ভ্রমণমূলক টোকা।

ভাষা-সাহিত্য সম্পৰ্কীয় প্রবন্ধসমূহৰ উপৰিও ‘আৱাহন’ত বুৰঞ্জীমূলক সাহিত্যৰ এলানি ৰচনা প্ৰকাশ পাইছিল। ইয়াৰ ভিতৰত কেইখনমান ৰচনা হ’ল–সূর্য কুমাৰ ভূঞাৰ ‘অসমীয়া বুৰঞ্জী সাহিত্য’, বৰ অসম আৰু বুৰঞ্জীৰ বাণী, ৰজনী কান্ত বৰদলৈৰ ‘মায়ামৰা সত্ৰসকলৰ বিষয়ে’, ভুবন চন্দ্ৰ সন্দিকৈৰ ‘বুৰঞ্জীৰ শেষ আধ্যা’, কনকলাল বৰুৱাৰ ‘কামৰূপ সাম্ৰাজ্য’, বেণুধৰ শৰ্মাৰ ‘মণিৰাম দেৱান’, ‘অসমত ফিৰিঙি’, নলিনী কুমাৰ মিশ্ৰৰ ‘ৰুদ্ৰসিংহ ৰজা নিৰক্ষৰ আছিলনে’ ইত্যাদি। সৰ্বেশ্বৰ শৰ্মাৰ কটকীৰ ‘হাতীমূৰা পৰ্বতৰ ভগ্নাৱশেষ, অসম দেশৰ শিলামূর্তি, ‘অসমত বৌদ্ধ শিল্পকলা’, বিৰিঞ্চ কুমাৰ বৰুৱাৰ ‘অসমত মূৰ্তি আৰু ভাস্কর্য’, ‘অসমত টোকটা ভাস্কর্য” আদি পুৰাতত্ত্ব বিষয়ক প্রবন্ধ ‘আবাহন’ত প্রকাশিত।

ৰাজনীতি, সমাজ বিষয়ক, অর্থনীতি, দর্শন, বিজ্ঞান আৰু মনভাব বিষয়ক ৰচনাও ‘আৱাহন’-এ সমালি লৈছিল। সুৰেন্দ্ৰ নাথ শৰ্মাৰ ‘কার্ল মার্ক্স’, ‘কুৰি শতিকাৰ জাতীয় জাগৰণ’, কমলাকান্ত ভট্টাচাৰ্যৰ ‘হিন্দু জাতিৰ অৱনতিৰ কাৰণ’, ৰজনী কুমাৰপদ্মপতিৰ ‘চুতীয়া জাতিৰ ইতিবৃত্ত’, সোমেশ্বৰ দেউৰীৰ ‘দেউৰী সম্প্ৰদায়’ আদি ৰাজনীতি আৰু সামাজিক বিষয়ক ৰচনা। গোপিকা বল্লভ গোস্বামীৰ ‘জাতিভেদ’ আৰু ‘বিধৱা বিবাহ’ শীর্ষক প্রবন্ধ দুটাত ক্ৰমে হিন্দুসকলৰ অধঃপতন আৰু বিধৱা বিপক্ষে থকা সমাজৰ বৰমুৰীয়াসকলৰ বিৰুদ্ধে সকীয়নি দিয়া উল্লেখ আছে। স্বর্ণলতা শ‍ইকীয়াৰ ‘নৱযুগৰ নাৰী জাগৰণ’ আৰু চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীৰ ‘অসম কছাৰী’ মহিলা সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভানেত্ৰীৰ অভিভাষণ’ শীর্ষক লেখা দুটাত নাৰীৰ স্বাধীনতা আৰু পুৰুষতান্ত্রিক সমাজৰ বৈষম্যৰ প্ৰসংগ উল্লেখ কৰিছে।

বিজ্ঞান বিষয়ৰ ৰচনাৰ ভিতৰত ৰঘুনাথ দেৱচৌধুৰীৰ ‘নীহাৰিকাৰপৰা মানুহলৈ’, যাদৱানন্দ দাসৰ ‘ফুলৰ জীৱন বৃত্তান্ত’, সন্তোষ কুমাৰ চক্ৰৱতীৰ ‘প্ৰাচীন ভাৰতীয় আয়ুবিজ্ঞান’ অন্যতম। তাৰনাথ চক্ৰৱৰ্তীৰ ‘পুৰণি অসমীয়া আয়ুৰ্বেদ সম্ভাৰ’ ৰচনাত পুৰণি অসমীয়া আয়ুৰ্বেদৰ চিকিৎসাৰ ঐতিহ্য বিৱৰণ কৰিছে। এইবোৰৰ উপৰিও ‘বৈজ্ঞানিক জগত’ শিতানত ‘ৰামায়ণী মৃত সঞ্জীৱনী’, ‘আটাইতকৈ বেগী জাহাজ’, ‘গছুৱা বাইছিকল’, ‘ডোৰনিয়াৰ এরোপ্লেন’, ‘আমেৰিকাৰ লবাতো ওখ বেংক’, ‘শক্তি জোখা যন্ত্ৰ’ আদি প্ৰকাশ হৈছিল। আনহাতে ‘বিশ্ব-প্ৰৱাহ’ শিতানত দেশ-বিদেশৰ সমাজ, ৰাজনীতি, অর্থনীতি আদি বিষয়ৰ বা বাতৰিয়ে ভৰপূৰ আছিল আন্তর্জাতিক বিষয়ক প্রবন্ধও আলোচনীখনত প্ৰকাশ পাইছিল। সেইবোৰৰ ভিতৰত কমলাপ্ৰসাদ আগৰৱালাৰ ‘’য়ুৰোপৰ কেজনমান বিখ্যাত সংগীতজ্ঞ, গোলোক দেৱীৰৰ ‘নিগ্রোজাতিৰ গণতন্ত্র’, মহানন্দ বৰুৱাৰ ‘জাম্মান পটন্তৰমালা’ পদ্মেশ্বৰ গগৈৰ ‘চীনৰ জাতীয় সমস্যা আৰু যুৱশক্তি’ আদি।

“আৱাহন’ৰ সম্পাদক দীননাথ শৰ্মা এগৰাকী সমাজ সচেতন ব্যক্তি আছিল। সম্পাদকীয় স্তম্ভত তেওঁৰ জাতীয়তাবাদী মনটো প্ৰকাশ পাইছে। শৰ্মাই সম্পাদকীয়ত ‘বৰলাটৰ ঘোষণা’ সন্দৰ্ভত গান্ধীৰ উদ্ধৃতি দি তেওঁ কৈছে— ‘বৃটিছ ৰাজনীতিসকলে যেনেভাৱে ভাৰতক ভুৱা দিবলৈ চাইছে সেই দিন এতিয়া আৰু নাই। কথাত ভোল গৈ ভাৰতে বহুৱাৰ শিক্ষা পাইছে। মহাত্মাজীয়ে কৈছে—তোমালোকে আমাক সাদৰিবলৈ আগবাঢ়িলে আমি পিছ কৰি নাযাওঁ, কিন্তু আন্তৰিকতা নহ’লে আমাৰ সহযোগিতা নোপোৱা।’ শংকৰদেৱৰ কৃতিত্ব সম্পর্কেও সম্পাদকীয়ত এনেদৰে কৈছে—’মহাপুৰুষীয়া ধৰ্ম চিৰ নবীন, চিৰ নিৰ্মল, চিৰ সুন্দৰ। …. সমাজ বন্ধনত বহু সম্প্রদায়তকৈ অসমীয়া সমাজ সুশৃংখল সুনিয়ন্ত্রিত। শংকৰী সাহিত্য ভাৰতীয় যি কোনো ভাষাৰ প্রাচীন সাহিত্য সম্পদতকৈ অধিক সম্পদশালী। মুঠৰ ওপৰত মহাপুৰুষ আজিও অসমীয়াৰ ধৰ্ম, সমাজ, সাহিত্য, সকলোৰে মেৰুদণ্ড।’ শৰ্মাই সমকালীন দেশ আৰু সমাজৰ অস্থিৰতা, আন্দোলন, সমস্যা আদি দিশ বিশ্লেষণেৰে সম্পাদকীয় পৃষ্ঠ সজাই তুলিছিল। 

আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জীত ‘আৱাহন’ৰ স্থানঃ

‘আৱাহন’আলোচনীখনে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ এটা নতুন যুগ সৃষ্টি কৰিলে ৷ পূৰ্বৰ আলোচনীসমূহৰ তুলনাত ‘আৱাহন’ আছিল সুকীয়া। আলোচনীখনত বিশ্ব প্রবাহ, বৈজ্ঞানিক জগত, মহিলা জগত আদি নতুন নতুন শিতান প্ৰকাশ হৈছিল। বিষয়বস্তু আৰু আংগিকৰ ক্ষেত্ৰত নতুনত্বৰ লগতে আকর্ষণীয় অংগসজ্জা, ৰঙীন চিত্ৰেৰে সজ্জিত আলোচনীখনে বিস্তৃত পাঠকৰ সমাদৰ লাভ কৰিছিল। গল্প, প্রবন্ধ, কবিতা, ভ্রমণ, বৃত্তান্ত আৰু ছোৱা-ছোৱাকৈ প্ৰকাশ পোৱা উপন্যাস আৰু নাটকসমূহ আছিল মনোগ্ৰাহী। ‘আৱাহন’ত অসমীয়া চুটি গল্পই কলাসন্মত দিশত উত্তৰণ লাভ কৰিছিল। সাধুকথা ঠাঁচৰ গল্পৰ পৰিৱৰ্তে ব্যক্তিৰ মনঃসমীক্ষণে আঁৱেগিক ভাবৰ সূচনা কৰিলে। ৰোমান্টিকতাৰ প্ৰবাহমান সুঁতিটোৱে এই যুগতে শীৰ্ষস্তৰ লাভ কৰিছিল। জাতি গঠন আৰু সামাজিক আদর্শ স্থাপনৰ ক্ষেত্ৰতো আলোচনীখনৰ ভূমিকা আছিল অশেষ। সাম্যবাদৰ আদৰ্শৰ ভেটিত এখন শোষণবিহীন সুস্থ সমাজ গঢ়ি তুলিবলৈ ‘আৱাহন’-এ জনসাধাৰণক আহ্বান জনাইছিল। এনে এখন সমৃদ্ধিশালী আলোচনী দ্বিতীয় বিশ্বযুদ্ধৰ পাছত অনিয়মীতভাৱে প্রকাশ হয় যদিও ১৯৪২ চনত ‘আৱাহন’ যুগৰ অৱসান ঘটে।

৯। অসমীয়া সাহিত্যৰ জোনাকী যুগটো চিহ্নিত কৰি সেই যুগৰ সাহিত্যৰ সম্যক পৰিচয় দিয়া?

উত্তৰঃ আধুনিক অসমীয়া সাহিত্যৰ ক্ষেত্ৰখন মিছনেৰীসকলে চহালে যদিও, তাতে ভেটি স্থাপন কৰিলে হেম-গুণাভিৰামৰ লগতে আৰু কেইজনমান অসমীয়া সাহিত্যসেৱীয়ে। এইসকল অসমীয়া সাহিত্যিকে অৰুণোদয় গণ্ডীতে সাহিত্য চৰ্চা আৰম্ভ কৰিলেও ইয়াতে সীমাবদ্ধ হৈ থাকিব নোৱাৰিলে। অসমীয়া ভাষা-সাহিত্যলৈ অৰুণোদয়ৰ অৱদান স্বীকাৰ কৰি লৈও মুক্তকণ্ঠে ক’ব পাৰি যে অৰুণোদয় ৰচনাত অসমীয়া জাতিৰ প্ৰাণৰ সন্ধান, সামাজিক সমস্যা আৰু জীৱন সত্তাৰ অভিব্যক্তি বিচাৰি পোৱা নাযায়। স্বতন্তৰীয়া অসমীয়া সাহিত্য সৃষ্টিৰ লক্ষ্যৰে দুই এখন অসমীয়া আলোচনী প্রকাশ হ’বলৈ ধৰাত অৰুণোদয়ৰ প্রভাৱ স্তিমিত হৈ আহিল। ইংৰাজ ৰাজত্বৰ লগে লগে অসমীয়া সমাজত ভালেখিনি সমস্যাই দেখা দিলে। উদাৰ আৰু বহল গণ্ডীলৈ আহি হেমচন্দ্ৰ বৰুৱা-গুণাভিৰাম বৰুৱা প্ৰমুখ্যে সাহিত্যিকসকলে অসমীয়া সাহিত্যত মিছনেৰী যুগৰ অৱসান ঘটাই অসমীয়া সাহিত্যৰ ইতিহাস সৃষ্টিৰে এটি নতুন স্তৰ আৰম্ভ কৰিলে। গভীৰ আত্ম-চেতনাৰে অসমীয়া ভাষা সাহিত্য উন্নয়নৰ দিশত এক জাগৰণ আনিলে। অসমীয়া সাহিত্যৰ এই স্তৰকে হেমচন্দ্ৰ বৰুৱা-গুণাভিৰাম বৰুৱাৰ স্তৰ বোলা হৈছে।

হেমচন্দ্ৰ বৰুৱা-গুণাভিৰাম বৰুৱা আৰু তেওঁলোকৰ সহযোগীসকলে অসমীয়া ভাষা সাহিত্যৰ যি ভেটি স্থাপন কৰি থৈ গ’ল তাতে মন্দিৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিল কলিকতাত অধ্যয়নৰত নতুন এদল শিক্ষিত ডেকা। এই উদ্দেশ্যে কলিকতীয়া ছাত্ৰসকলে ১৮৭২ চনত ‘অসমীয়া সাহিত্য চ’ৰা’ নামৰ এটি অনুষ্ঠান স্থাপন কৰে। ‘সাহিত্য চ’ৰা’ৰ প্ৰভাৱ ক্ৰমে কমি অহাত ১৮৮৮ চনত সভাৰ নতুন নামকৰণ কৰি ‘অসমীয়া ভাষা উন্নতি সাধনী সভা’ প্রতিষ্ঠা কৰিলে। লগে লগে সভাৰ এখন মুখপত্ৰৰ প্ৰয়োজনবোধ কৰি ১৮৮৯ চনৰ 

জানুৱাৰী মাহৰ পৰা চন্দ্ৰ কুমাৰ আগৰৱালাৰ অৰ্থ সাহাৰ্য আৰু সম্পাদনাৰে ‘জোনাকী’ কাকত প্ৰকাশ কৰিলে। ১৮৮৮ চনত স্থাপন কৰা সভাৰ বিভিন্ন বৈঠকত অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধনৰ লক্ষ্যৰে ফলপ্রসু প্রচেষ্টা গ্রহণ কৰে। সেই প্রচেষ্টাসমূহ আছিল—

(১) পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশ।

(২) অসমৰ শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন। 

(৩) শুদ্ধ ব্যাকৰণ আৰু বৰ্ণ বিন্যাসৰ প্ৰচলন।

(৪) সংস্কৃত আৰু আন ভাষাৰ উৎকৃষ্ট গ্রন্থ অনুবাদ। 

(৫) অসমৰ সামাজিক আৰু ধৰ্মীয় ৰীতি-নীতিৰ বৃত্তান্ত সংগ্ৰহ আৰু বুৰঞ্জী প্ৰণয়ন।

(৬) সাহিত্য আৰু পাঠ্যপুথিৰ অভাৱ দূৰীকৰণ। 

এনে বহু উদ্দেশ্য আৰু লক্ষ্যৰে এই অনুষ্ঠান কৰা হৈছিল। ‘জোনাকী’ কাকত তেতিয়া শিক্ষিত ডেকা দলৰ সাহিত্য চৰ্চাৰ বিকিৰণ কেন্দ্ৰত পৰিণত হৈছিল। এই ডেকাদলৰ অন্যতম আছিল লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্র গোস্বামী, পদ্মনাথ গোহাঞি বৰুৱা, সত্যনাথ বৰা আৰু কনকলাল বৰুৱা আদি জোনাকীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰৰ লক্ষা আছিল ‘আমি পোহৰ বিচাৰি যাওঁ”। এই লক্ষ্যৰে আগবাঢ়িল জোনাকী।

অসমীয়া সাহিত্যত প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত সংযোগ সেতু স্থাপন কৰিলে জোনাকীয়ে। বিশেষভাৱে ইংৰাজী সাহিত্যৰ ভাব আৰু ৰূপৰ সমাবেশেৰে অসমীয়া সাহিত্যলৈ নৱজাগৰণ আনিলে এই ডেকা দলে। এই আদৰ্শ গ্ৰহণৰ ফলত জোনাকীয়ে আৰম্ভণিতে ‘লিতিকাই’, ‘পদুম কুঁৱৰী, ‘লাহৰী’ আদি নাটক, উপন্যাস, অনুবাদ নাটক ‘ভ্ৰমৰঙ্গ’, কৃপাবৰৰ চৰিত্ৰ আৰু পুথি সমালোচনাৰ লগতে কবিতাৰ ভাব, ৰূপ আৰু ছন্দৰ ন ন সাজৰ সমাৱেশ ঘটিল অসমীয়া কবিতাত।

ফ্রান্স বিপ্লৱৰ ‘সাম্য-মৈত্ৰী আৰু স্বাধীনতা’ৰ ধ্বনি আৰু ভাবাদর্শ, ৰুছোৰ প্ৰকৃতিৰ বুকুলৈ উভতি যোৱাৰ আহ্বান আৰু কাণ্ট-হেগেলৰ অতিন্দ্ৰীয়বাদী দর্শনে সৃষ্টি কৰা পৰিৱেশত ৰমন্যাস আন্দোলনে পাশ্চাত্য সাহিত্যলৈ নতুন জোৱাৰ আনিছিল। তেনে পৰিৱেশ তেতিয়া অসমত নাছিল। আচলতে ৰমন্যাস আন্দোলনৰ পৰিৱেশ অসমত এক অকালবোধন তথা ব্যতিক্রমী ঘটনা। জোনাকীৰ জৰিয়তেহে ৰমন্যাসিক ভাবাদর্শ অসমীয়া সাহিত্যলৈ আদৰি অনা হয়। লগতে জোনাকীৰ যোগেদি অসমীয়া সাহিত্যলৈ আহিল এক নৱ-জাগৰণ। অৱশ্যে ৰমন্যাসিক ভাবাদর্শ আত্মিকভাৱে গ্ৰহণ কৰিব পৰা পৰিৱেশ অসমত তেতিয়া নাছিল বুলি থাউকতে কৈ থ’ব নোৱাৰি। প্ৰকৃতিৰ ৰম্যভূমি অসম ৰাজ্য। ৰমন্যাসবাদত প্ৰকৃতিৰ বুকুলৈ উভতি যোৱাৰ যি আবেগ সৃষ্টি হৈছিল সেই ক্ষেত্ৰত বৈচিত্ৰময় প্রকৃতি ৰাজ্য অসমৰ কবিসকল সহজেই এই আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈছিল। 

আনকি অৰ্ধশতেক বৰ্ষৰ পূৰ্বে পৰাধীন হোৱা অসমৰ কবিসকলৰ স্বাধীন অসমৰ শৌর্য বীৰ্যৰে মহিমামণ্ডিত অতীতলৈ উভতি যোৱাৰ প্ৰেৰণা জাগিছিল লগতে ৰমন্যাসৰ প্ৰকৃতিপ্ৰীতি অসমীয়া তথা ভাৰতীয় কাব্যৰ ইতিহাসত নতুন বিষয় নহয়। অকল যে কবিতা বা কাকততেই ৰমন্যাসৰ লক্ষণ প্রকাশ পাইছিল এনে কথা নহয় কম-বেছি পৰিমাণে গল্প-উপন্যাস-নাটক আদিতো ইয়াৰ অভিব্যক্তি প্রকাশ পাইছিল।

ৰমন্যাসৰ এনেবোৰ ভাৱাদর্শ বিশেষভাৱে প্ৰসাৰ হৈছিল ‘জোনাকী’ ৰচনাসমূহত। অসমীয়া সাহিত্য ৰমন্যাসবাদেৰে বিশেষভাৱে প্ৰভাৱপুষ্ট “হোৱাৰ সময় ১৮৮৮-১৯৪০ চনলৈ অৰ্ধশতেক বর্ষ। বিশেষভাৱে এই কালছোৱা গীতি কবিতাৰ যুগ। সেইবুলি অসমীয়া সাহিত্যৰ আন আন শাখা প্রশাখাসমূহো সম্প্রসাৰিত নোহোৱাকৈ থকা নাছিল।

জোনাকী যুগত বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, ৰঘুনাথ চৌধাৰী আদি কবিসকলৰ হাতত কবিতাই যেনেকৈ বিকাশ লাভ কৰিলে, তেনেকৈ পদ্মনাথ গোহাঞি বৰুৱা আৰু ৰজনী কান্ত বৰদলৈৰ হাতত উপন্যাসে, চন্দ্ৰধৰ বৰুৱা আৰু বেজবৰুৱাৰ হাতত নাটকে, বেজবৰুৱা আৰু শৰৎ চন্দ্ৰ গোস্বামী আৰু কনকলাল বৰুৱাই পুৰণি সংস্কৃতিক গৌৰৱ উদ্ধাৰ কৰাকে জীৱনৰ ব্ৰত বুলি গ্ৰহণ কৰিলে। এইদৰেই জোনাকী কাকতৰ জড়িয়তে এক নবজাগ্রত সাহিত্যিক চেতনাৰ উন্মেষ ঘটিল— যাৰ ফলত অসমীয়া সাহিত্যক বহুদূৰ আগবঢ়াই নিবলৈ সক্ষম হৈছিল। পিছে জোনাকী কাকত একেলেঠাৰীয়ে ছয় বছৰ আৰু এৰাধৰাকৈ ১৯০১ চনত কেইটামান আৰু ১৯০২ চনত শ্বিলঙৰ পৰা কেইটামান সংখ্যা প্ৰকাশ হৈ বন্ধ হৈছিল।

জোনাকী যুগৰ সাহিত্যিক আন্দোলনৰ অন্যতম কাণ্ডাৰী চন্দ্ৰকুমাৰৰ জোনাকীৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা ‘বনকুঁৱৰী’ নামৰ গীতি কবিতাটোৱেই আধুনিক অসমীয়া কবিতাৰ শুভাৰম্ভ। জোনাকীত প্রকাশ পাই অহা তেওঁৰ গীতি কবিতাসমূহেই অসমীয়া গীতি কবিতাৰ পৰম্পৰা সৃষ্টি কৰে। জোনাকীত প্রকাশিত কবিতাখিনিয়েই তেওঁৰ ‘প্রতিমা’ নামৰ পুথিখনত সন্নিৱিষ্ট কৰা হৈছে। ইয়াতেই আছে তেওঁৰ ভিন্নসুৰী কাব্য প্রতিভা।

লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতাপুথি ‘কদমকলি’ সদায় কলি হৈয়ে থাকিব। তেওঁৰ কদমকলিৰ সকলো কবিতা অৱশ্যে কবিতাৰ সাঁচত নিৰ্মাণ কৰা হোৱা নাই। তেওঁৰ সমস্ত ৰচনা সম্ভাৰৰ লগতে অতীত অসমৰ শৌর্য-বীর্যৰ গৌৰৱময় নিদৰ্শন আৰু বেলিমাৰৰ ইতিহাস ‘Epitomised’ হৈ আছে ‘’বীণ-বৰাগী’ নামৰ কবিতাটিত।

লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাসমূহৰ কিছুমান কবি বেজবৰুৱাই ৰচনা কৰা আৰু আন কিছুমান ৰচনা কৰিছে কৃপাবৰ বৰবৰুৱাই । কৃপাবৰী ৰূপত ৰচনা কৰা কবিতাসমূহ খুহুতীয়া আৰু ব্যঙ্গাত্মক। এইসমূহ কবিতাত কবিত্বৰ পৰিচয় প্ৰায় ক্ষীণ।

পুৰণি লোকগীতৰ আৰ্হিত ৰচনা কৰা প্ৰেমমূলক কবিতা মালতী, ‘ধনবৰ ৰতনী’, ‘প্ৰিয়তমা’ আদি অসমীয়া সাহিত্যত প্ৰণয়মূলক কবিতাৰ অতুলনীয় নিদর্শন। তেওঁৰ সমস্ত ৰচনাত তেওঁৰ প্ৰাণৰ পৰশ, অসমৰ অতীত শৌর্য-বীর্যৰ গৌৰৱময় ঐতিহ্য আৰু বেলিমাৰৰ ইতিহাস সুন্দৰকৈ প্ৰকাশ পাইছে।

তেওঁৰ কবিতাৰ আন এক অনন্য সুৰ হ’ল স্বদেশ আৰু স্বজাতিৰ প্ৰতি একান্ত অনুৰাগ। বেজবৰুৱাৰ কবিতা, নাটক, উপন্যাস, চুটিগল্প, সাধুকথা, কৃপাবৰী ৰচনা, পুথি সমালোচনা, আন আন প্রবন্ধ-পাতি সমস্ততে স্বদেশ আৰু স্ব-জাতিৰ অনুৰাগ ধ্বনিয়েই শুনা যায়। 

বহুমুখী প্রতিভাধৰ বেজবৰুৱাই অসমীয়া সাহিত্যৰ প্ৰতিটো শাখা প্ৰশাখাত হাত বুলাই গৈছে। হেমচন্দ্ৰ গোস্বামী কবি আৰু প্ৰত্নতাত্ত্বিক।জোনাকীৰ দ্বিতীয়গৰাকী সম্পাদক গোস্বামীৰ ‘প্ৰিয়তমাৰ চিঠি’ নামৰ কবিতাটি প্রথম অসমীয়া চনেট। এই কবিতাটিত চনেটৰ সকলো লক্ষণ প্ৰকাশ পাইছে। অসমৰ অতীত ঐতিহ্য বিচাৰি তেওঁ পুৰণি পুথি-পাজি সংগ্ৰহ আৰু প্ৰকাশতে ওৰেটো জীৱন ব্ৰতী হৈ থাকিল ।

জোনাকীৰ অন্যতম কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা। তেওঁ কেৱল ‘জোনাকী’তে আৱদ্ধ নাথাকি ‘বিজুলী’ আৰু ‘ঊষা’— এই দুখন কাকত সম্পাদনা কৰি মহীয়ান কৰিলে জোনাকী যুগ। তেওঁৰ ৰচনাৱলী কবিতা কাব্য, নাটক, বুৰঞ্জী, উপন্যাস, নীতি শিক্ষাকে ধৰি পাঠ্যপুথিৰ সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ যায়। প্ৰকৃততে ‘ভানুমতী’ আৰু ‘লাহৰী’ৰে অসমীয়া সাহিত্যৰ ইতিহাসত শুভাৰম্ভ কৰে উপন্যাসৰ। তেওঁৰ ‘ভানুমতী’ ব্যতিক্রমধর্মী উপন্যাস। উপন্যাসৰ কথক নায়িকা ভানুমতীয়ে নিজেই কাহিনী কৈ গৈছে। উপন্যাসৰ ক্ষেত্ৰত গোহাঞি বৰুৱা প্ৰথম যদিও উপন্যাস সৃষ্টিৰে ইতিহাস সৃষ্টি কৰি গ’ল ৰজনীকান্ত বৰদলৈয়ে।

আধুনিক অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত ১৮৮৯ বৰ্ষটো এক গৌৰৱোজ্জল আৰু ভৱিষ্যতৰ সম্ভাৱনাময় বর্ষ। এই বৰ্ষৰ জানুৱাৰী মাহত জোনাকীৰ শুভাৰম্ভ হয়। অসমীয়া জাতীয় জীৱনৰ উৎসাহ-উদ্দীপনা, আশা আৰু ভৰসা আছিল জোনাকী। দুর্ভাগ্য যে ধাৰাবাহিকভাৱে ছবছৰ আৰু এৰাধৰাকৈ দুবছৰ মাত্ৰ জোনাকী কাকত প্ৰকাশ পাইছিল। অতি কম দিনতে জোনাকী কাকত নির্বাপিত হ’লেও জোনাকীৰ জোনালী পোহৰ চিৰকলীয়া হৈ থাকিল। ইমান কম দিনৰ ভিতৰতে অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত প্ৰচুৰ সম্ভাৱনাময় এক যুগান্তৰ ঘটিল জোনাকীৰ জৰিয়তে। অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত শুভাৰম্ভ হ’ল এক প্ৰচুৰবৰ্ষিণী ‘জোনাকী যুগ”। বহুলভাৱে সম্প্ৰসাৰিত হৈ আহিল আধুনিক অসমীয়া সাহিত্যৰ সাধনা ক্ষেত্র। জোনাকীৰ ৰচনাতে প্ৰকাশ পালে ন ন সাজৰ কবিতা-কাব্য, উপন্যাস, নাটক, সাধুকথা, পুথি সমালোচনা, ব্যঙ্গাত্মক আদি বিভিন্ন ৰচনা। জোনাকী অসমীয়া সাহিত্যৰ উৎসাহ-উদ্দীপনা আৰু এক আশাৰে বৰ্ষা বতৰ।

জোনাকীয়ে অসমীয়া সাহিত্যত সাধনাৰ বহল ক্ষেত্ৰ এখন সৃষ্টি কৰি এক প্রতিযোগিতামূলক চেতনা জগালে। এনে লক্ষ্যৰে ১৮৯০ চনত গোহাঞি বৰুৱাই প্ৰকাশ কৰিলে ‘বিজুলী’ নামে এখন কাকত। উত্তৰপৰীয়া সাহিত্য ব্রতীসকলৰ এচামে সাহিত্য চৰ্চা আৰম্ভ কৰিলে বিজুলীৰ পাতত। ১৯০৯ চনত বেজবৰুৱাৰ বাঁহী’ আৰু গোহাঞি বৰুৱাৰ ‘ঊষা’ কাকত প্ৰকাশ পায়। এই দুই কাকতৰ মাজত কিছু অৰি আছিল যদিও জোনাকী যুগৰ লক্ষ্য আৰু উদ্দেশ্য সফল হোৱাত এই দুই কাকত মাইলৰ খুটি হৈ থাকিব। জোনাকী কাকত বন্ধ হৈ গ’লেও তাৰ প্ৰভাৱ আৰু স্বাক্ষৰ যাউতিযুগীয়া ৷ জোনাকীৰ জোনালী পোহৰ, বিজুলীৰ চিক্‌মিকনি, ঊষাৰ কিৰণ আৰু বাঁহীৰ ধ্বনিয়ে আধুনিক অসমীয়া সাহিত্যৰ ক্ষেত্ৰখন আশাৰে, বৰষা সৃষ্টিৰে সজীৱ কৰি তুলিলে।

‘জোনাকী’য়ে অর্ধশতিকা কালজুৰি নিছিগা ধাৰত অসমীয়া সাহিত্যলৈ প্রবাহিত কৰি আছিল আকাশীগঙ্গাৰ দৰে অবিৰত প্রবাহ। সেয়েহে আধুনিক অসমীয়া সাহিত্যত ‘জোনাকী’য়ে কেতিয়াও নির্বাপিত নোহোৱা এগছি প্রদীপ জ্বলাই থৈ গ’ল।

১০। জোনাকী আৰু বাঁহী আলোচনীৰ যোগেদি প্ৰকাশ পোৱা বেজবৰুৱাৰ জাতীয়তাবাদৰ বিষয়ে আলোচনা আগবঢ়োৱা?

উত্তৰঃ অসমীয়া ভাষা-সাহিত্যৰ সমৃদ্ধিৰ হকে তথা অসমৰ জাতীয় স্বাৰ্থৰ হকে ওৰেটো জীৱন কঠোৰ সংগ্ৰাম কৰা অসমৰ জাতীয় জীৱনৰ অন্যতম মহানায়ক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল ১৮৬৪ চনৰ ১৪ অক্টোবৰত। অসমীয়া ভাষা-সাহিত্যলৈ তথা অসমৰ জাতীয় জীৱনলৈ অনবদ্য বৰঙণি যোগাই থৈ যোৱা জাতীয় জীৱনৰ এইগৰাকী মহীৰূহৰ ড্ৰেশ বছৰীয়া জয়ন্তীৰ কালছোৱাত যথেষ্ট আলোচনা-বিলোচনা হৈছে। সেয়েহে আমি এই লেখাত ‘জোনাকী’ আৰু ‘বাঁহী’ এই দুখন কাকত আলোচনীত বেজবৰুৱাৰ জাতীয় চিন্তাধাৰা কেনেদৰে প্ৰতিফলিত হৈছিল, সেই বিষয়েহে চমুকৈ আলোকপাত কৰিব বিচাৰিছো।

বেজবৰুৱাই কলিকতাত ছাত্ৰ হৈ থকা অৱস্থাতেই এদিনাখন কলিকতাৰ প্ৰেছিডেন্সী কলেজত পঢ়ি থকা চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে চিনা-পৰিচয় ঘটে। তেওঁ আছিল হৰিবিলাস আগৰৱালাৰ সুযোগ্য পুত্র। দুয়োৰে মাজত লাহে লাহে ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠিল আৰু এদিনাখন তেওঁ‘জোনাকী’নামেৰে এখন মাহেকীয়া কাকত উলিয়াবৰ বাবে বেজবৰুৱাৰ ওচৰত প্ৰস্তাৱ দাঙি ধৰিলে। বেজবৰুৱাই অতি উৎসাহেৰে উক্ত প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিলে আৰু ১৮১০ শকৰ মাঘ মাহত ‘জোনাকী’ৰ প্ৰথম সংখ্যা প্রকাশ পালে। যদিও চন্দ্ৰ কুমাৰ আগৰৱালা উক্ত কাকতৰ সম্পাদক, কাৰ্য্যাধক্ষ আৰু স্বত্বাধিকাৰী আছিল, বেজবৰুৱায়ো কাকতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰি ইয়াৰ মান বৃদ্ধি কৰিবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। ‘জোনাকী’ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা আন এগৰাকী জাতীয় জীৱনৰ পুৰোধা ব্যক্তি আছিল হেমচন্দ্ৰ গোস্বামী। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিওগৰাকী পুৰোধাক ‘জোনাকী যুগ’ৰ ‘ত্রিমূর্তি’ আখ্যা দিয়া হৈছিল। ‘জোনাকী ‘ত বহুকেইগৰাকী ন-পুৰণি লেখকৰ বিভিন্ন শিতানৰ লেখা প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ সমৃদ্ধিৰ হকে অহোপুৰুষাৰ্থ কৰিছিল। বেজবৰুৱাৰ নিজৰো বিভিন্ন শিতানৰ লেখা ইয়াত প্ৰকাশ পাইছিল। এইলেখাবোৰৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য আচিল ‘কৃপাবৰ বৰুৱা’ ছদ্মনামত প্ৰকাশিত ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’। এই শিতানত প্রকাশিত লেখাবোৰৰ মাজেদি বেজবৰুৱাই অসমীয়া মানুহৰ নানা দোষ-দুর্বলতা তীব্র ব্যঙ্গাত্মক বাক্যবাণেৰে আঙুলিয়াই দেখুৱাইছিল। একো-একোপাট তীব্র শেল নিক্ষেপ কৰি অসমীয়া মানুহৰ অন্তৰত আঘাত কৰি জাতীয় চেতনা জাগ্ৰত কৰিবৰ বাবে বেজবৰুৱাই অশেষ চেষ্টা কৰিছিল। সেইবোৰৰ ভিতৰত দুই-চাৰিটা লেখাৰ কিছু কিছু অংশ তলত উল্লেখ কৰা হ’ল।

‘অসমীয়া জাতি ডাঙৰ জাতি’ শিৰোনামৰ লেখাটিত বেজবৰুৱাই লিখিছিল— ‘কোনো এটা জাতিক ডাঙৰ কৰিব লাগিলে কিছুমান সঁজুলিৰ আৱশ্যক। জাতীয় ‘ডাঙৰতা লৈ সেই সঁজুলিবিলাক নহ’লে নহয়। কোনো বাঢ়ৈয়ে চাছ, হাতুৰী, ৰেণ্ডা, বটালি প্ৰভৃতি নহ’লে বৰপেৰা সাজিব নোৱাৰে। জাতীয় বৰপেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাৰ ৰেণ্ডা, একতাৰ গজালি, স্থিৰতাৰ কৰত, গাম্ভীৰ্যৰ হাতুৰী, বাহ্যাড়ম্বৰৰ পাক ভোঁহৰ, ধর্মনিষ্ঠাৰ খিলি, সদাচাৰৰ গৰ্ভ-গজাল লাগে। অসমীয়া জাতীয় বৰপেৰা সাজিবলৈ এইবিলাক পূৰাপুৰি আছে। তেন্তেনো অসমীয়া জাতি ডাঙৰ জাতি নহ’ব কিয় হে ককাই কোৱা! অসমীয়া জাতি ডাঙৰ জাতি। জাতিক ডাঙৰীয়া কৰিবৰ হ’লে যিবিলাক উপকৰণৰ আৱশ্যক সেইবিলাক অসমীয়া জাতিৰ সমান ভাৰতবৰ্ষৰ আন আন জাতিত নাই…।

এটা জাতি ডাঙৰ জাতি হিচাপে পৰিচিত হ’বলে যিবোৰ মহৎ গুণ বা বৈশিষ্ট্যৰ প্ৰয়োজন, সেই গুণবোৰ অসমীয়াৰো পূৰামাত্ৰাই আছে বুলি বেজবৰুৱাই কটাক্ষ কৰিহে কৈছে, সেই গুণবোৰ আচলতে অসমীয়াৰ গাত যে নাই, তাকেহে তেওঁ বুজাব খুজিছে। কথাখিনিৰ দ্ধাৰা বেজবৰুৱাই অসমীয়া জাতিৰ গাত তীব্র খোঁচ মাৰিছে।

‘বাতৰি কাকতৰ জাননী’ শীৰ্ষক লেখাটিত কৃপাবৰ বৰুৱাই লিখিছে— “অসমীয়াই বাতৰি কাকতৰ মোল নুবুজে, অসমীয়া কাকত নপঢ়ে, অসমীয়া কাকত পঢ়ি পইচা নিদিয়ে, অসমীয়াই কাকতলৈ মূৰকত ওলোটাই দিয়ে, অসমীয়াই অসমীয়া বাতৰি কাকত দেখিলে উপলুঙাহে কৰে, অসমীয়াই অসমীয়া ভাষাক ভাষা বুলি স্বীকাৰ নকৰে।’

― ধৰা জানিবা অসমীয়াই মাছক মাছ নুবুলি জিজি বোলে, ভাতক ভাত নুবুলি মাম বোলে, থিয় হৈ খোজ কাঢ়ে, চিত হৈ শোৱে, পানী চোৱাই নেখাই পি খায়, মালভোগ কলটো নাকৰ বিন্ধাই নুগুঁজি মুখৰ বিন্ধাই গোঁজে, এনেবিলাক গছত গৰু উঠা হোলোঙাৰে কাণ বিন্ধা কথা মূৰৰ চোকোৰা নুগুচা, দুধকণ্ঠ বালক, ওঁঠ চেপিলে পিয়াহ ওলোৱা, সম্পাদক বিলাকে কয়।।।’

এনেধৰণে ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ শিতানৰ বিভিন্ন লেখাত বেজবৰুৱাই অসমীয়া মানুহৰ সোৰোপালি, পৰশ্ৰীকাতৰতা, ভণ্ডামি, নিজস্বতা বিসর্জন দি বিজতৰীয়া সংস্কৃতি আঁকোৱালি লোৱা, অসমীয়া বাতৰি কাকতৰ প্ৰতি তীব্ৰ অৱহেলা, মাতৃভাষা অসমীয়া জাতিৰ চৰম অৱজ্ঞা, মদগর্বিতা, জাতিদ্রোহিতা ইত্যাদি নানান দোষ ব্যংগাত্মক বাক্যবাণেৰে আঙুলিয়াই দিছিল।

‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ৰ উপৰি কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি ইত্যাদি বিভিন্ন শিতানৰ ব্যংগাত্মক হাস্যৰসাত্মক লেখাৰ যোগেদি বেজবৰুৱাই অসমীয়ামানুহৰ অন্তৰত জাতীয় চেতনা জগাই তুলিবলৈ অশেষ চেষ্টা কৰিছিল। ‘কৃপাবৰ বৰুৱাৰ উইল’ শীৰ্ষক লেখাটোত বেজবৰুৱাই অসমীয়া জাতিলৈ যিকেইটা অমূল্য সম্পদ দান কৰি থৈ যোৱাৰ কথা উল্লেখ কৰিছে,তাৰ জৰিয়তে মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈসমূহৰ প্রাকৃতিক সম্পদৰাজি, নানান মূল্যৱান গছ-গছনি, ফল-মূল, চৰাই- চিৰকটিৰে ভৰি থকা অসমৰ পাহাৰ বিলাক, শস্য-শ্যামলা পথাৰবোৰ, ঐতিহ্যমণ্ডিত মঠ-মন্দিৰ আৰু বিশাল ৰজাদিনীয়া পুখুৰীবোৰ, অসমীয়া মানুহে খাই অত্যন্ত ভালপোৱা নানান তৰহৰ শাক-পাচলি, নানান তৰহমাছ, অসমৰ জাতীয় উৎসৱ বিহুৰ বৈশিষ্ট্য ইত্যাদি বিভিন্ন দিশৰ চিত্ৰসুন্দৰভাৱে ফুটাই তুলিছে। মাতৃভূমি অসমৰ সংস্কৃতি তথা মহান ঐতিহ্য পৰিস্ফুট হৈ উঠিছে। 

উক্ত লেখাটিৰ ১০ নম্বৰ দফাত দান কৰা সম্পদকেইবিধ হৈছে— ‘তাঁতৰপৰা ওলোৱা ন-খনীয়া কাপোৰ, চেলেং কাপোৰ আৰু গামোচাৰ সৈতে হেঁচা পিঠা, সুতুলি পিঠা, ঘিলাপিঠা, লাওপিঠা, ফেনিপিঠা, তিলৰ লাডু, দৈ গাখীৰ, গুড়, সান্দহ আৰু চিৰাৰ স’তে আৰু দেউতাৰ পদুলিত গোন্ধাইছে মাধুৰী, কেতেকী মলেমলায়’ এই নামেৰে শেহনিশা গোৱা হুঁচৰিৰ স’তে ৰঙালী চ’তৰ বিহুটো। চুঙা দিয়া পিঠা, সিজোৱা মোৱা আলু, চিনা আলু, কাঠ আলু আৰু মেজিৰ স’তে ম’হ যুঁজ, হাঁহকণী যুঁজ আৰু পাচিৰে স’তে ভোগালী মাঘ বিহুটো। আকাশ বস্তিৰ স’তে কঙালী কাতি বিহুটো।”

‘জোনাকী’ কাকতৰ পঞ্চম ভাগ, সপ্তম-অষ্টম সংখ্যা (১৮১৬শক)ত প্রকাশিত ‘অসমীয়া ভাষা শীর্ষক নিবন্ধটিত বেজবৰুৱাই লিখিছিল—‘মাতৃভূমি আৰু মাতৃভাষাতকৈ কিবা সোৱাদ বস্তু এই পৃথিৱীত আছে নে নাই ক’ব নোৱাৰো। মানুহ যিমান কি নিজ দেশ আৰু নিজ মাতৃৰপৰা আঁতৰি থাওক, হাজাহ সি মুখেৰে স্বদেশ আৰু স্বভাযাদ্রোহী হওক, তাৰ অন্তৰ যদি সঁচাসঁচিকৈয়ৈ মানুহৰ অন্তৰ, তেন্তে সি মাতৃভাষা আৰু মাতৃভূমিৰ নামত দ্ৰৱণ নহৈ নোৱাৰে। জানি-শুনিয়েই সংস্কৃত কবিয়ে ‘জননী জন্মভূমিশ্চ স্বৰ্গাদিপি গৰীয়সী’ বুলি মানুহৰ মনলৈ কথাটো সুন্দৰ দেৱ ভাষাত কৈ গৈছে। স্বৰ্গলৈ গ’লে কেনে সুখ-সন্তোষ পোৱা যায় ক’ব নোৱাৰো, কিন্তু জননী আৰু জন্মভূমিলৈ গৈ মাতৃ আৰু মাতৃভূমিৰ মুখৰপৰা মধুৰ মাতৃভাষা শুনিবলৈ পালে আমি স্বৰ্গলৈ যাবলৈ ইন্দ্ৰৰ পৰা পোৱা নিমন্ত্রণো যে অস্বীকাৰ কৰিবলৈ সাজু আছো, তাক বোধকৰো স্বয়ং ইন্দ্ৰয়ো জানে। মাতৃভাষাটো বাদ দিলে জননী আৰু জন্মভূমিৰ মূল্য সৰহভাগ বাদ পৰে….।”

১৯০৯ চনত (১৮৩১ শকৰ আঘোণ) বেজবৰুৱাৰ সম্পাদনাত কলিকতাৰ আছাম-বেংগল ষ্টোৰ্ছৰপৰা বাঁহী’ নামেৰে এখন নতুন মাহেকীয়া আলোচনী প্ৰকাশ পায়। বাঁহীৰ প্ৰথম বছৰৰপৰা নৱম বছৰলৈকে বেজবৰুৱাই সম্পাদনাৰ লগতে প্ৰকাশনৰো দায়িত্ব ল’ব লগা হৈছিল। ‘জোনাকী’ৰ দৰে বাঁহীৰ যোগেদিও বেজবৰুৱাই অসমীয়া ভাষা-সাহিত্যৰ সমস্যাৰাজি তথা অসমৰ জাতীয় সমস্যাৰাজিৰ কথা প্ৰকাশ কৰি সেইবোৰৰ সমাধানৰ অৰ্থে নানান মূল্যৱান পৰামৰ্শও আগবঢ়াইছিল।

সুদূৰ কলিকতাত বাস কৰি থাকোতেই বেজবৰুৱাই ৰচনা কৰিছিল ‘অ’মোৰ আপোনাৰ দেশ’ শীর্ষক জাতীয় সংগীতটি। উক্ত জাতীয় সংগীতটি প্ৰকাশ পাইছিল তেওঁৰ দ্বাৰা সম্পাদিত ‘বাঁহী ‘ত। উক্ত জাতীয় সংগীতটিৰ জৰিয়তে অসম মাতৃৰ মাত- কথা যে অতিশয় শুৱলা, অসম মাতৃ যে সুজলা সুফলা, শস্য-শ্যামলা ইত্যাদি কথা সুন্দৰভাৱে পৰিস্ফুট কৰি তুলিছে। অসম মাতৃৰ গুণ-গৰিমা বর্ণিত বেজবৰুৱাৰ দ্বাৰা ৰচিত জাতীয় সংগীতটি গভীর স্বদেশ-প্রেমৰ জ্বলন্ত স্বাক্ষৰ।

বেজবৰুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি যোৱা ‘বিশুদ্ধ ধৰ্ম’ আৰু তেওঁৰ মহৎ অৱদানৰ কথা, লাচিত বৰফুকনকে ধৰি অসমীয়া জাতিৰ বীৰ বীৰাংগনাসকলৰ শৌর্য-বীর্য, মহান ত্যাগৰ কথা, কুমাৰ ভাস্কৰ বৰ্মাকে ধৰি প্ৰাচীন অসমৰ ৰজাসকলৰ কীৰ্তি কাহিনী, মহান সাহিত্যিকসকলৰ অৱদানৰ কথা ইত্যাদি বিভিন্ন কথা বর্ণনা কৰি অসম যে কোনো ক্ষেত্ৰতে দুখীয়া নহয়, সেই কথা উদাত্ত কণ্ঠে ঘোষণা কৰি ‘অসম সংগীত’ নামৰ গভীৰ স্বদেশ প্রেমমূলক কবিতাটো ৰচনা কৰিছিল। উক্ত কবিতাটিৰ এটা পংক্তি তলত দাঙি ধৰা হ’ল—

যতন কৰিলে/সৰু বৰ হয় / তামুলী মোমায়ে ক’লে/ৰজা হৈ ৰাম/ৰজা হ’ব পাৰি/ৰুদ্ৰ সিংহে দেখুৱালে/শংকৰাচাৰ্যৰ/গুৰু অসমীয়া/কুমালি ভট্টনাম/জগত গুৰুৰো

গুৰু হ’ব পাৰি/ভট্টই দেখালে কাম/ৰাজক দবা/বাজক শংখ/বাজক মৃদং খোল/অসম আকৌ/উন্নতি পথত/‘জয় আই অসম’ বোল।’ 

উল্লেখযোগ্য যে প্ৰতিগৰাকী অসমীয়াৰ অন্তৰত তীব্ৰ স্বদেশপ্ৰেমৰ শিহৰণ জগাই তোলা ‘জয় আই অসম’ ধ্বনিটো বেজবৰুৱাৰ মুখৰপৰাই পোনপ্ৰথমবাৰৰ বাবে উচ্চাৰিত হৈছিল। (উক্ত কবিতাটি ‘বাঁহীৰ ষষ্ঠ বছৰ, ১২ শ সংখ্যা, ১৮৩৭ শকত প্ৰকাশিত)।

আকৌ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাহাত্ম্যৰ কথা বৰ্ণনা কৰি ‘ব্ৰহ্মপুত্ৰ সংগীত’ নামৰ কবিতাটিত বেজবৰুৱাই লিখিছিল— ‘লুইত হেৰা! তুমিয়েই নে সেই/লৌহিত্য নৈখনি/(যাৰ) বহল বুকুত নিৰ্মল জলত/স্নানিছিল বশিষ্ঠ মুনি?/গোকর্ণ গালব ঋষি/অসংখ্যক তাপস-তাপসী/(যাৰ) পাৰত বহি আশ্ৰম পাতি/কৰিছিল সামবেদ ধ্বনি?……

(বাঁহী, ৭ম বছৰ, ২য় সংখ্যা, ১৮৩৭ শক)

তদুপৰি ‘আমাৰ জন্মভূমি’, ‘বীণ বৰাগী’ আদিকে ধৰি ভালেকেইটা কবিতাতো বেজবৰুৱাৰ গভীৰ স্বদেশপ্রেম তথা জাতীয়তাবাদৰ সুৰ ধ্বনিত হৈছে।

শিক্ষা গ্ৰহণৰ উদ্দেশ্যে আৰু ব্যৱসায়িক কাম-কাজৰ উদ্দেশ্যে জীৱনৰ সৰহভাগ সময় অসমৰ বাহিৰত (কলিকতা আৰু উৰিষ্যাৰ সম্বলপূৰত) কটাবলগীয়া হোৱা সত্ত্বেও বেজবৰুৱাই অসমীয়া ভাষা-সাহিত্যৰ সমৃদ্ধিৰ হকে তথা অসমৰ উন্নতিৰ হকেই কঠোৰ সংগ্ৰাম চলাই গৈছিল।

‘জোনাকী’ৰ দুবছৰৰ বাবে আৰু বাঁহীৰ প্ৰায় ২০বছৰৰ বাবে সম্পাদক হিচাপে অতিশয় নিষ্ঠাৰে আৰু দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি বেজবৰুৱাই ভাষা জননীৰ উন্নতিৰ হকে আৰু অসমৰ জাতীয় স্বাৰ্থৰ হকে অক্লান্ত পৰিশ্ৰম কৰি শৰীৰ অত্যন্ত ৰুগীয়া হৈ পৰাৰ লগতে আর্থিক দিশতো একেবাৰেই জুৰুলা হৈ পৰিছিল। শাৰীৰিক অসুস্থতাৰ লগতে আর্থিক দীনতাতো ভুগি থকা বেজবৰুৱাই মাতৃভূমিলৈ উভতি আহে আৰু মাতৃভূমিৰ কোলাতে। (ডিব্ৰুগড়ৰ জী-জোঁৱায়েকৰ ঘৰত) ১৯৩৮ চনৰ ২৬ মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰে।

১১। আধুনিক অসমীয়া ভাষাৰ বিকাশত জোনাকী যুগৰ ভাষাৰ ভূমিকা বিচাৰ কৰা?

উত্তৰঃ ১৯৪৬ চনত আমেৰিকাৰ বেপ্তিষ্ট মিছনেৰীসকলৰ সংবাদপত্র ‘অৰুণোদই’ প্ৰকাশ পোৱাৰ পাছৰে পৰা আধুনিক অসমীয়া ভাষা আৰু সাহিত্যৰ বাট মুকলি হয়। ইংৰাজ শাসন প্ৰৱৰ্তিত হোৱাৰ অলপ পাছতেই স্কুল, আদালতৰ পৰা অপসাৰিত হোৱা অসমীয়া ভাষা পুনৰুদ্ধাৰৰ কাৰণে খ্ৰীষ্টিয়ান মিছনেৰীসকলে যি বৰঙণি আগবঢ়ালে সিয়েই আধুনিক অসমীয়া ভাষা আৰু সাহিত্যৰ ভেটি নিৰ্মাণৰ শুভাৰম্ভ কৰিলে বুলি ক’ব পাৰি। ভাষা উদ্ধাৰৰ কাৰ্যত মিছনেৰীসকলৰ প্ৰধান সহায়ক আনন্দৰাম ঢেকিয়াল ফুকনৰ অবদানো উল্লেখযোগ্য। অসমীয়াৰ আত্মপৰিচয়ৰ যুঁজত তেওঁ যুক্তি আৰু সাহসেৰে অৱতীৰ্ণ হৈছিল। মিছনেৰীসকলৰ সাহিত্যিক প্রচেষ্টাই কেইবাজনো অসমীয়া লেখকক উদগনি যোগালে আৰু তেওঁলোকৰ আশাশুধীয়া চেষ্টাৰ ফলতেই অসমীয়া ভাষা আৰু সাহিত্যই নৱপ্ৰতিষ্ঠা লাভ কৰিলে৷ ‘অৰুণোদয়’য়ে আৰম্ভ কৰা ভাষা-সাহিত্যৰ ভেটিটো গঢ় লৈ উঠিল হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, ৰমাকান্ত চৌধুৰী, ভোলানাথ দাস, কমলাকান্ত ভট্টাচার্য আদি লেখকসকলৰ হাতত। এই লেখকসকলৰ যত্নতেই ‘অৰুণোদয়’ৰ কালছোৱাত অসমীয়া ভাষাই আত্মপ্ৰতিষ্ঠা লাভ কৰে যদিও প্ৰকৃতাৰ্থত ইয়াৰ ভেটি কট্‌কটীয়া হৈ পৰিল জোনাকী যুগৰ পৰাহে।

সেই সময়ত উচ্চ শিক্ষাৰ বাবে কলকাতাত থকা অসমীয়া ছাত্ৰসকলে উপলব্ধি কৰিছিল যে অসমীয়া ভাষাক সমৃদ্ধ কৰিব নোৱাৰিলে যি কোনো মুহূৰ্ততেই আকৌ ন্যায্য আসনৰ পৰা বঞ্চিত হ’ব পাৰে। কলিকতা প্রবাসী এই অসমীয়া ছাত্ৰসকলে ১৮৮৮ চনত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ পাতে আৰু এই সভাই কিছুমান গঠনমূলক প্রচেষ্টা হাতত লয়। তাৰ ভিতৰত— ১ পুৰণি পুথি সংগ্ৰহ আৰু প্রকাশ, ২ অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষা প্রচলন, ৩ অশুদ্ধ ব্যাকৰণ আৰু বাক্য-নিব্যাসৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু বৰ্ণ বিন্যাসৰ প্ৰচলন, ৪ সংস্কৃত বা আন ভাষাৰ পৰা ভাল পুথি অনুবাদকরণ, ৫ অসমৰ সামাজিক আৰু ধাৰ্মিক ৰীতি-নীতিৰ বৃত্তান্ত সংগ্ৰহ আৰু বুৰঞ্জী প্ৰণয়ন, ৬ সাহিত্যৰ আৰু পাঠ্যপুথিৰ অভাৱ দূৰীকৰণ। তদুপৰি অ.ভা.উ.সা. সভাই ১৮৮৯ চনত সভাৰ মুখপত্র ‘জোনাকী’ নামৰ মাহেকীয়া আলোচনী উলিয়াই অসমীয়া ভাষাৰ সৰ্বাঙ্গীণ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিলে। কাকতখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। তেওঁ জোনাকীৰ আত্মকথাত লিখিছে— ‘এই পাছ পৰি অহা আন্ধাৰ দেশলৈ অলপ ‘জোনাক’সুমুৱাৰ নোৱাৰিলেও যদি নিজে নিজেও যত্নৰ ফিৰিঙতিৰ পোহৰত বাটপাওঁ আমাৰ শক্তিৰ মিছা ব্যয় হোৱা নাই বুলি ভাবিম। 

আমি জানো তেনে আমাৰ দেশ শিক্ষাত পাছ, জ্ঞানত ভিখাৰী, ধনত দুখীয়া, সংখ্যাবলত শক্তিহীন, স্বাস্থ্যত ৰুগীয়া, কামত এলেহুৱা আৰু পৰাধীন— কিন্তু অমি নিজ শক্তি হইহে কামত হাত দিব পাৰো। আমি যুঁজিবলৈ ওলাইছো আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য দেশৰ উন্নতি ‘জোনাক’। জোনাকী কাকতে যেনেদৰে প্ৰকৃততে এক সাহিত্যিক আন্দোলনৰ সৃষ্টি কৰি আধুনিক সাহিত্যৰ ভাবধাৰা অসমীয়া সাহিত্যলৈ বহন কৰি আনিলে তেনেদৰে আধুনিক অসমীয়া ভাষাকো ভাষা বৈজ্ঞানিক মানসিকতাৰ ধ্যান-ধাৰণাৰে উজ্জীৱিত কৰি তুলিলে।

১.০ জোনাকী যুগৰ ভাষাগত বিশেষত্ব : আধুনিক অসমীয়া ভাষাৰ বিকাশত জোনাকীৰ যুগৰ ভাষাই বিশেষ অগ্ৰাধিকাৰ লাভ কৰিছে। জোনাকীৰ সময়ৰ ভাষাক শব্দচয়ন, বাক্যচয়ন, খণ্ডবাক্য, প্রবচন, অলংকাৰপূৰ্ণ ভাষা আৰু ভাষাৰূপৰ বিবিধ প্রয়োগ আদি ধৰণেৰে ভাষাগত বিশ্লেষণ কৰিব পাৰি।

১.১ শব্দ চয়ন : ভাষা বিশ্লেষণৰ ক্ষেত্ৰত এটি লক্ষ্য কৰিবলগীয়া গুৰুত্বপূৰ্ণ দিশ হ’ল শব্দচয়ন। এই যুগত ৰচনাত অসমীয়া ভাষাৰ নিৰ্ভাঁজ জতুৱা শব্দ সমূহৰ বিশেষ প্রাধান্য দেখা যায়। অৱশ্যে এই ক্ষেত্ৰত এই সময়ৰ লেখকসকলৰ ৰক্ষণশীল নহয়। প্রয়োজন বিশেষে ইংৰাজী, হিন্দী, বাংলা আদি শব্দৰো মুকলি ব্যৱহাৰ কৰিছে। তৎসম, অর্দ্ধতৎসম, তদ্ভৱ, ঘৰুৱা কথিত, নিজাকৈ সজা আদি বিবিধ শব্দৰ সমাবেশেৰে এই যুগৰ ভাষাৰ শব্দসম্ভাৰ আকর্ষণীয় হোৱাই নহয় ভাবৰ সাৰ্থক পৰিলক্ষিত হয়। 

১.১.১ নতুন জতুৱা শব্দৰ প্ৰয়োগ : কিছুমান নতুন জতুৱা শব্দৰ প্ৰয়োগে এই যুগৰ ভাষাক বিশেষ মর্যাদা প্ৰদান কৰিছে। এনে জতুৱা শব্দৰ কিছুমান বিশেষ্য, কিছুমান বিশেষণ হিচাপে ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়। এই স্তৰৰ ভাষাক আকর্ষণীয় কৰি তোলা তেনে কেতবোৰ জতুৱা শব্দ হল – দেও দোপাল পাৰা, ঘুগুলা পচলা, তামিঘৰা, এটহীয়া, ওবণীশিৰ, ভাতঘুমটি, বিকৰুৱা, টোটক লগোৱা, আলাবাদু, ভৰকাল, অতপালি, ভোটোহা, কুন্ধচালি, ফলিগুটি, থিয় কিল, ভমকাফুলীয়া আকাশ, উলাহৰ মাদলি, কটঙা, ওফোন্দাগালী, খলিপাক, উপজিপুৱা, ঠিহাই, অকাজভাগী, কটূকিনা, গৰুৱালি, এখেৰ, গজলীয়া, চোৰ-চাং, পানী পোতা, পিঠিকটা ৰ’দ, হাড় কনকনাই যোৱা জাৰ, ঘোলাহাঁহকণীয়া, কটাৰীনলীয়া মানুহ, মাটিমহীয়া মাৰ, গেজেপনি হাবি, ডাইলপানী । 

১.১.২ দৈনন্দিন জীৱনত ব্যৱহৃত কথিত শব্দৰ প্ৰয়োগ :

অসমীয়া মানুহৰ দৈনন্দিন জীৱনত ব্যৱহৃত সাধাৰণ শব্দ কেতবোৰৰ কথিত ৰূপসমূহৰ যথাযোগ্য স্থানত প্ৰয়োগ কৰিব পৰাটোও এই সময়ৰ শব্দচয়নৰ অন্যতম বৈশিষ্ট্য। এনে শব্দৰ উদাহৰণ হ’ল— দুটা চাইটা, তেহেলৈ, ৰাইকহ, ৰাইকহণী, তামোল ছালি, খাস্তাং, ফটুৱামি, দেখৰমানে, উছাহ, আইগা, চাইঠেঙীয়া, এঘন্টা আদঘন্টা, শাঁতিৰে থকা, ফান্টু।

১.১.৩ ইংৰাজী শব্দ প্রয়োগঃ 

এই যুগৰ লেখকসকলে তেওঁলোকৰ ৰচনাত অসমীয়া ভাষাৰ নিভাঁজ কথিত আৰু জতুৱা শব্দসমূহক প্রাধান্য দিলেও ইংৰাজী শব্দকো প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিছে। বিষয়বস্তুৰ ধাৰণা স্পষ্ট কৰিবৰ বাবে য’তেই প্রয়োজন অনুভৱ কৰিছে তাতেই ইংৰাজী শব্দ ব্যৱহাৰ কৰিছে। অৱশ্যে কোনো কোনো লেখকে নহ’লে নহয় কাৰণেহে ইংৰাজী শব্দৰ ব্যৱহাৰ কৰিছে আৰু কোনো কোনো লেখকে মুকলিভাৱেই বা শব্দ ভাণ্ডাৰক চহকীকৰণৰ হেতু ব্যৱহাৰ কৰিছে।

১.১.৩.১ ইংৰাজী শব্দৰ অসমীয়া লিপ্যন্তৰ আৰু বন্ধনীৰ ভিতৰত ইংৰাজী শব্দৰ প্ৰয়োগঃ কেতিয়াবা প্রতিশব্দৰ আৱশ্যকতা অনুভৱ নকৰি ইংৰাজী শব্দটোকে অসমীয়ালৈ লিপ্যন্তৰ কৰি বন্ধনীৰ ভিতৰত পাঠকৰ প্ৰতি লক্ষ্য কৰি ইংৰাজী শব্দটোৰ প্রয়োগ কৰাটো মন কৰা যায়।

যেনে- ৰোমাণ্টিক romantic), ফেশান (fashion). চেক (cheque), বিটি (retreat), প্লট (plot)) ধর্মপ্রচাৰক শঙ্কৰদেৱ ‘ফিৰ্মাৰ’ (Reformer) ধৰ্ম সংস্কাৰক কিন্তু প্রেকটিকেল বিফর্মাৰ (Practical reformer)…… (পৃঃ২১৪ শ্রীশ্রীশংকৰদেৱ, বেজবৰুৱা গ্রন্থাবলী, প্রথম খণ্ড) 

১.১.৩.২ লিপ্যন্তৰৰ পৰিৱৰ্তে পোনে পোনে ইংৰাজী হৰত ব্যৱহাৰঃ

কেতিয়াবা আকৌ মূল ইংৰাজী শব্দটোকে ইংৰাজী হৰত লিখিছিল। যে- Club, brother-in-law, romantic, rubbish, technique of entertainment. 

১.১.৩.৩ ইংৰাজী শব্দৰ নিজাকৈ কৰা ৰূপান্তৰ আৰু ৰন্ধনীৰ ভিতৰত শব্দৰ ব্যৱহাৰ :

লেখকে ইংৰাজী শব্দৰ নিজে কৰা ৰূপান্তৰ আৰু বন্ধনীৰ ভিতৰত ইংৰাজী শব্দটোৰ ব্যৱহাৰ সাধাৰণ পাঠকলৈ লক্ষ্য কৰিয়েই এই সময়ৰ ৰচনাত এনেধৰণৰ প্ৰয়োগ কৰিছিল। যেনে— অংকবিদ্যা (mathematics), উদ্যম শক্তি (energy), উপলুঙা নাম (romantic), নিগাজী (romantic), ম‍ইমতীয়া (romantic), হাত জোকাৰণি (Forwarding letter), আগভেটোৱা চিঠি (submerged), মগ্ন চৈতন্য (consciousness), কানন কবিতা(pastoral poetry), জীৱন ৰস (life pulsation), ৰাজ ভাষা (Court language)।

― এনেকৈ প্ৰয়োজনবশতঃ ইংৰাজী শব্দ আৰু বাক্যাংশৰ সমতুল্যৰূপে কিছুমান অসমীয়া শব্দ আৰু বাক্যাংশ নতুনকৈ নিৰ্মাণ কৰি লৈছিল। 

১.১.৩.৪ একোটা ইংৰাজী শব্দৰ পৰিৱৰ্তে একাধিক অসমীয়া শব্দৰ প্রয়োগঃ

কেতিয়াবা কোনো ইংৰাজী শব্দৰ সমতুল্য অসমীয়া শব্দ নাপালে সেই ধাৰণাটো বুজাবলৈ লেখকে একাধিক শব্দ প্রয়োগ কৰিছিল। অৱশ্যে ইয়াতো ইংৰাজী শব্দটোক বন্ধনীৰ ভিতৰত ৰখা হৈছিল। যেনে— দুৱলীয়া সাহিত্য (second language), মজলীয়া বিধৰ (medocre ability), তিনিভাগৰ দুভাগ পানী (adulterated), জীৱন কাৰ্যৰ দৈনিক সংক্ষিপ্ত বিৱৰণ (di ary), পর্যবেক্ষণ কৰিব পৰা শক্তি (power of observation), নৱনরোন্মোযালিনী বুদ্ধিসম্পন্ন ব্যক্তি (genius), হাতে কলমে হোৱা অভিজ্ঞতা (pratical knowledge), কম বয়সত বিয়া কৰোৱা (early marriage),

১.১.৩.৫ ইংৰাজী শব্দটোৰ আগত বা পাছত ‘অর্থাৎ’, ‘বা’ লিখি অসমীয়া প্রতিশব্দৰ প্ৰয়োগঃ

মাজে মাজে আকৌ লেখকে ইংৰাজী শব্দটোৰ আগত বা পাছত ‘অর্থাৎ, ‘বা’ লিখি তাৰ পোনপটীয়া অসমীয়া প্রতিশব্দ বা আখ্যা দাঙি ধৰিছিল। যেনে – unpleasant অর্থাৎ‍ অপ্রীতিকৰ কাৰ্য, optium commission অর্থাৎ কানি প্রচলন বহিৰ বিষয়ে তদন্ত কৰিবলৈ অহা কমিটি, দেশীলোকৰ সম্ভাষণ বা native punctuality, Round Table Coference বা মেৰচ’ৰা-মেল, Paying guest অর্থাৎ‍ গাঁঠিৰ পৰা ধন দি ভাত খাই থকা আলহী, home sick অর্থাৎ‍ নিজঘৰ কাতৰুৱা ।

১.১.৪ হিন্দী, বাংলা আদি নব্য ভাৰতীয় আৰ্য ভাষাৰ শব্দৰ প্ৰয়োগ : 

ইংৰাজীৰ দৰেই হিন্দী, বাংলা আৰু আন ভাষাৰ শব্দৰো বিভিন্ন স্থানত প্রয়োগ দেখা যায়— খাবিজ, খোদা, দস্তুৰ, চমজদাৰ, মুলাকাত, খুচী, ধাক্কা, দাৰোগা, খদ্দৰ, হুকুম, হাঙ্গামা, তারিফ, খানা, আদমি।

১.১.৫ চিনাকি তৎসম শব্দৰ প্ৰয়োগ :

প্রয়োজনত সংস্কৃত শ্লোক আদি উদ্ধৃত কৰাৰ বাহিৰে জটিল তৎসম শব্দৰে এই যুগৰ ৰচনা ভাৰাক্ৰান্ত হোৱা নাই। সাধাৰণভাৱে সকলোৰে চিনাকি সহজ তৎসম শব্দৰ প্ৰয়োগহে এই সময়ৰ ভাষাত দেখা পোৱা গৈছে। যেনে— দৰ্প, পুষ্প, দর্শন, মুগ্ধ, গৃহ, দুগ্ধ, বহ্নি, মাতৃ, নিদ্ৰা, ৰক্ত, কাৰ্য, ক্রোধ।

১.১.৬ নিজাকৈ সাজি লোৱা শব্দঃ

নিলেঠা, বিদ্যৰ জাহাজ, নিপনীয়া গাখীৰ, বুদ্ধিয়ে বিজুলীয়ালে, বেমেৰুৱা, দুৱলীয়া কৰ্তব্য, দুঅনীয়া মনোযোগ, কেতিয়াবা মনোযোগ, নিমখ হাৰামী, ডাঙৰতা, লগৰীয়াণী, বোমাৰু, মৌচেপা বৰষুণ, দুৱলীয়া নেতা, খোজলিয়া। কেতিয়াবা আকৌ এটা শব্দৰ সাদৃশ্যত এটা এটা শব্দ গঢ়ি লৈছিল— সনাতনিষ্ট, আর্য সমাজিষ্ট। সম্ভাৱত : নেশ্যনেলিষ্ট শব্দৰ আৰ্হিত গঢ়ি তুলিছিল।

১.১.৭ সন্ধিযুক্ত শব্দ :

কামনাবর্জ্জিত, বিদ্যাৰম্ভ, ঈশ্বৰোপাসনা, ধর্মান্ধ, কাৰ্যাৰম্ভণ, কর্মানুষ্ঠানকাৰী, ঘন্টাকৃতি, কর্মানুষ্ঠানকাৰী, তর্কালংকাৰ, ঘৃতাহুতি, পুণ্যাত্ম, ব্ৰহ্মনিৰ্বাণ প্রাপ্ত, ঈশ্বৰাভিমুখী, অৱস্থানুকৰণ, ধর্মানুমোদিত, আত্মানন্দ।

১.১.৮ সংযুক্ত শব্দঃ

সমাজ-দেহ, স্বাস্থ্য-চেতনা, ৰূপ-লো-তেল, চুণ-কয়লা, সাহিত্য-দর্শন বুৰঞ্জী-কবিতা-গীত-উদ্যোগ-রাজনীতি, বিশ্লেষণ-যন্ত্র, মংগল-সুধা-বহনকাৰী, মহি-চুঙা, শাসন-হেঁচা, বসতি-বৃক্ষ, জয়-সৌৰভ, গান্ধী-টুপী, জীৱন বন্তি। 

১.১.৯ যুৰীয়া শব্দ : 

বাগৰি জাগৰি, উৰুক-মুৰুক, চাকৰ নাকৰ, ৰণুৱা-বণুৱা, দিহা পোহা, লুবুং লুঠং, ঠোঙোনা-মোডোনা, গেৰেউ-গেথেউ। 

জ্ঞান-গৌৰৱ, মান-সম্মান, চলন-ফুৰণ, ৰীতি-নীতি, সকলোতে যাৰ আত্মপ্ৰতিষ্ঠাৰ মূৰ্ত বিকাশ ঘটে, তাকেই কয় মানুহ।’ (পৃঃ ৬২৭ মোৰ জীৱন ধুমুহাৰ এছাটি, অম্বিকাগিৰী ৰচনাবলী)

১.১.১০ কামৰূপী উপভাষাৰ শব্দঃ

শেতেলী, কাথি, বোকা, চাউল, পেক, লেজ, কাকা, বৰেৰ পুৱা, আলেহী, মধুনা, বৰা, ঘুমটি, হান, ছেলা, কাটা, আতা, আবু।

১.১.১১ ধ্বন্যাত্মক শব্দঃ

ঘেচ্-ঘেচ্, ধুপ্-ধুপ্, জক্‌-মক্‌, ঘট্‌টনি, চট্‌ফটীয়া, ধুধুমনি, থক্‌ থক্, ফকফকনি, চপ্‌চপীয়া, ফকীয়া, ঘিচ্‌মিচ্। 

১.১.১২ নতুন বিশেষ শব্দঃ

ফোফদাং মৰা বিলাসিতা, বীভছ আর্তনাদ, জীৱন-স্তম্ভৰ আকাশলঙ্ঘী চূড়া, পলাশী ওঁঠ, হেঙুলী হাত, ফুলকুমলীয়া, বুকু, সোণহালধীয়া বৰণ, লৈৰফেৰীয়া জীৱন, ধাৰাল দা, ধাৰাসাৰ আক্ৰমণ, সাঁজলী কপাল, শাৰদী শেৱালি, শিল-চেঁচা চুমা, ঢেকীঠুৰিয়া বুধি।

১.২. বাক্যচয়ন :

শব্দৰ সম্ভাৰৰ দৰেই এই সময়ৰ বাক্যৰ ৰূপো বৈচিত্ৰপূৰ্ণ। বাক্যৰচনাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতাৰ প্ৰমাণ এই যুগৰ ৰচিত সাহিত্যৰাজিয়ে দাঙি ধৰিব পাৰে। প্ৰয়োজনবোধে সৰল, জটিল আৰু যৌগিক তিনিও ধৰণৰ বাক্য প্রয়োগ কৰাৰ উপৰিও ভাববোধক, প্রশ্নবোধক আদি বাক্য সফলতাৰে ৰচনাত ব্যৱহাৰ কৰিছে। তদুপৰি কিছুমান বাক্য তম্ভৱ শব্দৰে বা সম্পূর্ণ তৎসম শব্দৰে ৰচনা কৰাৰ লগতে পুৰণি সাহিত্য, সংস্কৃত, ইংৰাজী আদিৰ বাক্য বা বাক্যাংশও বাক্যত সন্নিৱিষ্ট কৰিছে। বিষয়বস্তুৰ প্ৰকাশত সহায় হোৱাকৈ চুটি আৰু দীঘল দুই ধৰণৰ বাক্যও উপযুক্তভাৱে ব্যৱহাৰ হোৱা দেখা যায়।

১.২.১. সৰল চুটি বাক্যৰ প্ৰয়োগঃ

চুটি চুটি সৰল বাক্যৰ বহুল প্ৰয়োগ এই সময়ৰ ৰচনাৱলীৰ মাজত দেখা যায়। এটা বা দুটা শব্দৰ বাক্যৰ প্রয়োগো এই সময়ৰ ৰচনাত পৰিলক্ষিত হয়। বাক্যৰ এনে প্রয়োগে ভাষাক প্রাঞ্জল আৰু নিমজ কৰি তুলিছে। যেনে—

‘তেওঁৰ চুলিবিলাক মিহি। মাজে মাজে ঢৌ খেলোৱাৰ নিচিনা ভাঁজ খোৱা আৰু দীঘল কঁকাললৈকে পৰা অলপ অলপ ৰঙচুৱা মুখখনি সুন্দৰ ধুনীয়া, অলপ বহল, গাল দুখন পূর্ব, অলপ অলপ উঠা, তেওঁৰ বৰণ তেজগোৰা বগা, ঢেলঢেলীয়া বগা নহয়। তেওঁৰ কাণ দুখন সৰু সৰু ঘূৰণীয়া।’ (পৃঃ ৯৯, মনোমতী, ৰজনীকান্ত বৰদলৈ)।

এখন গাঁৱত দুজন খেতিয়ক আছিল, দুয়োৰো ওচৰা-ওচৰি ঘৰ, দুয়ো  সংগতিপন্ন চহকী। দুয়ো বুঢ়াৰ বৰ মিল। দুয়োঘৰৰ চাকৰ নাকৰ, বন্ধা ভতুৱা, তিনি ছলী সকলোৱে এই মিল বর্তিছিল।’ (পৃ. ১০৭, বক্তবীজ, শৰৎ চন্দ্ৰ গোস্বামী)

১.২.২. দীঘল বাক্যৰ প্ৰয়োগ :

১.২.২.১ অসমাপিকা ক্রিয়াযুক্ত দীঘল বাক্যৰ প্ৰয়োগঃ 

একেটা বাক্যত চাৰি-পাঁচোটা অসমাপিকা ক্ৰিয়াৰ ব্যৱহাৰ কৰি দীঘল কৰা জটিল বাক্যৰ প্ৰয়োগ এই স্তৰৰ বাক্য গঠন শৈলীৰ মনকৰিবলগীয়া বিশেষত্ব। উদাহৰণস্বৰূপে—

‘ৰজা নোহোৱাকৈ ৰজা বোলাই ফুৰাটো আপদশূন্য নহয় যেন বিবেচনা কৰি ডেবেৰাই ১৫৯৭ শকৰ ব’হাগৰ বাৰ দিন যাওঁতে তুংখঙ্গৰ পৰা কোঁৱৰক আনি ৰজা পাতিলে।’ (পৃ. ১৭, অসম বুৰঞ্জীৰ কথা, সূৰ্যকুমাৰ ভূঞা) । 

১.২.২.২. ইংৰাজী বিৰতি পদ্ধতিৰে দীঘল বাক্যৰ প্ৰয়োগঃ

কেতিয়াবা একেটা বাক্যতে আঠ-নটামান যতি চিহ্ন দি ইংৰাজী বিৰতি পদ্ধতি গ্ৰহণৰ জৰিয়তে এই যুগৰ লেখকসকলৰ বাক্য দীঘলীয়া কৰা পৰিলক্ষিত হয়। উপন্যাস, চিন্তাশীল প্রবন্ধ, জীৱনী সাহিত্য, ভ্রমণমূলক ৰচনা আদিত দীঘলীয়া বাক্যৰ প্ৰয়োগ চকুত পৰে। যেনে— ‘পদুমীয়ে তেতিয়া তাক আকৌ মদ খুৱাই অচেতন কৰি পেলাই থৈ মনে মনে ৰাতি দোভাগ হোৱাত শান্তিৰাম ভকতৰ বহাৰ ফালে আহিল, আৰু পৰীয়া মানটোক আঙঠিটো দেখুৱাই ঘৰৰ ভিতৰত সোমাল আৰু শান্তিৰামক কাণৰ কাষত কেতখিনি কথা কৈ উলিয়াই আনি এৰি দিলে।’ (পৃ. ১১৮, মনোমতী; ৰজনীকান্ত বৰদলৈ)।

১.২.২.৩. যি’, ‘যে’, ‘বা’, ‘আৰু’ আদি প্ৰয়োগৰ জৰিয়তে বাক্যৰ দীঘলীয়াকৰণঃ

“যি ভাষাত শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলিয়ে, লেখিছিল, যি ভাষাত দশম, কীর্তন, ঘোষা, ৰত্নাৱলী আছে, যি ভাষাত আদিকবি বাল্মীকিৰ সাতকাণ্ড ৰামায়ণ, বেদব্যাসৰ অষ্টাদশ পৰ্ব্ব মহাভাৰতৰ সুমধুৰ ভাঙনি আছে, ভাষালৈ শাস্ত্ৰশ্রেষ্ঠ শ্রীমদ্ভাগবত আৰু হিন্দু ধৰ্মৰ কহিনুৰ ভগৱত গীতা মধুৰ ছন্দত তৰ্জ্জমা হৈছে, যি ভাষাৰ বিস্তৰ পুৰাণ, বুৰঞ্জী, ইতিহাস, বাক্য আছে, যি ভাষা আজি পাঁচশ বছৰৰ পৰা উন্নত লিখিত ভাষাৰূপে চলি আহিছে, সেই ভাষা যে মতিভ্রম দুজন-এজন গৱৰ্ণমেন্টৰ কৰ্মচাৰী বা নপঢ়ি -নুশুনি হোৱাৰ ওজাৰ অৱহেলা, উপহাস বা বিদ্রুপত মৰি যাব এনে ভাৱৰ এটি কণিকা পর্যন্তই ও আমাৰ শৰীৰত এটোপা অসমীয়া তেজ থাকে মানে ঠাই পাব নোৱাৰে।’ (পৃ. ১৭২৪ অসমীয়া ভাষা আৰু সাহিত্য, বেজবৰুৱা গ্রন্থাবলী, দ্বিতীয় খণ্ড)।

১.২.৩ তদ্ভব শব্দেৰে ৰচা বাক্যঃ

‘কাছ ধৰিবৰ মনেৰে গঞা মানুহ গৈ পুখুৰীত নামিল।’ (পৃ. ৮৬ বুঢ়ী) আইৰ সাধু, লক্ষ্মীনাথ বেজবৰুৱা। 

“শাহুৱেকে জোঁৱায়েকলৈ ভাত বাঢ়ি দি বহি আছে।’ (পৃ. ১৩৪, বুঢ়ী আইৰ সাধু, লক্ষ্মীনাথ বেজবৰুৱা)।

১.২.৪ তৎসম শব্দেৰে ৰচা বাক্য :

‘কলিত মানুহ অল্পায়ু, অল্পপ্রাণ অন্নগত প্রাণ’ (পৃ. ২০২০, দুইজন মহাপুৰুষে প্ৰচাৰ কৰা ভক্তিতত্ত্ব; বেজবৰুৱা গ্ৰন্থাৱলী, তৃতীয় খণ্ড) ‘ৰস স্বপ্ৰকাশ, অখণ্ড আৰু চিন্ময়’ (পৃ. ১৯৯৮, মহাপুৰুষীয়া ধৰ্ম, বেজবৰুৱা গ্ৰন্থাৱলী,তৃতীয় খণ্ড)। 

১.২.৫ ইংৰাজী শব্দ মিহলি বাক্যঃ

‘অসমীয়া নতুন generation ৰ মনত থিতাপি লৈ domiciled cer tificate পোৱা বিদেশী কৃষ্টি….’ (পৃ. জ্যোতিপ্ৰসাদ ৫১৭ ৰচনাৱলী।)

‘সি যদি ভাৰতত ভালকৈ চলি লাভ দিব পৰা quality ৰ produc tion হয়।’ (পৃ. ৫০৬, জ্যোতিপ্ৰসাদ ৰচনাৱলী।)

১.২.৬ ইংৰাজী বাক্যাংশ সন্নিৱিষ্ট বাক্য :

‘গতিকে তেওঁ মুখ ফুটাই একো নামাতি ৰাণীয়ে নুশুনাকৈ মনে মনে কিজানি এই শ্লোক মাতিলে, ‘Mary in haste, repent a leisure (পৃ. ১৮১৫ বৰুৱাৰ ওভতনি, বেজবৰুৱা গ্ৰন্থাৱলী, ২য় খণ্ড)

‘তেওঁ in a fatherly way অর্থাৎ বাপেকে পুতেকক উপদেশ দিয়াৰ দৰে মোক কৈছিল।’ (পৃ. ২৬ মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা)

১.২.৭. সংস্কৃত অংশ সন্নিৱিষ্ট বাক্য :

এনে স্থলতে ময়ে পৰাজয় স্বীকাৰ কৰি সৈমান হোৱাৰ বাহিৰে নান্যঃপন্থা বিদ্যতে।’ (পৃ. ১৩৭৯, বৰবৰুৱাৰ বুলনি, বেজবৰুৱা গ্ৰন্থাৱলী, দ্বিতীয় খণ্ড) ‘সৰ্ব্বমত্যন্ত গর্হিতং’ বুলি কোৱা কথা ফলিল।’ (প্, ২০, মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা)।

১.২৮. পুৰণি সাহিত্যৰ পদাংশ সন্নিৱিষ্ট বাক্যঃ

“তিনিভাগ হ’লেও শঙ্কৰ-মাধৱৰ প্ৰদৰ্শিত ‘নামে ৰতি, নামে গতি, নামেসে ভকতি পথৰেই পথিক শুদ্ধসত্ব বিষ্ণুভক্তসকলে ভাগৱতী ধৰ্মৰ প্ৰদীপকে জ্বলাই আহিছে। (পৃ. ৪৩ ‘ফুল চন্দন’ বেণুধৰ শৰ্মা)

“হোজা মানুহখিনি ‘পলায় বাসব যেন পাছক নেচায়’ হৈ, প্ৰামণৰ ভয়ত যেনিয়ে পায়, তেনিয়ে পলাল’ (পৃ. ১৩৯, ‘কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত’, বেণুধৰ শৰ্মা) যদিহে কিবা স্বৰূপে তহঁতি এই কথাত মান্ডিনহৈ ৰমলিয়াই ধৰ তেনেহ’লে আপোনাৰ দোষে মৰে বিৰাটৰ ভাই। ডাক দিয়ে ভীষ্ম, মোত কিছু দোষ নাই।'(পৃ.১২৩৭ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বেজবৰুৱা গ্ৰন্থাৱলী, দ্বিতীয় খণ্ড)।

১.২.৯. বুৰঞ্জী ভাষাৰ ঠাচযুক্ত বাক্যঃ ‘ৰজা নোহোৱাকৈ ৰজা বোলাই ফুৰাটো আপদ শূন্য নহয় যেন বিবেচনা কবি ডেৱোই ১৫৯৭শকৰ ব’হাগৰ বাৰ দিন যাওঁতে তুংখংঙৰ পৰা কোঁৱৰক আনি ৰজা পাতিলে। আৰু নিজৰ জীয়েক অহল্যা গাভৰুক বৰকুঁৱৰী পাতিলে। ডেবোৰ ক্ষমতা দিনক-দিনে বাঢ়ি অহাত স্বৰ্গদেৱে সংশয় কৰি ডেক্ট্ৰোক মাৰিবলৈ যুগুত কৰিলে।'(পৃ. ১৭, ‘অসম বুৰঞ্জীৰ কথা’, সূৰ্যকুমাৰ ভূঞা)।

― ইয়াত ৰজা বোলাই ফুৰা’, সংশয় কৰি’, ‘যুগুত কৰিলে’ আদি অসম বুৰঞ্জীৰ আৰ্হিৰ খণ্ডবাক্য ব্যৱহাৰ কৰি ভাষাৰ ঠাঁচ বুৰঞ্জী ভাষাৰ ওচৰ চপাই নিয়া দেখা যায়।

১.৩. খণ্ডবাক্য, প্রবচন আদিৰ প্ৰয়োগঃ 

জোনাকীৰ সময়ত সাহিত্য-চৰ্চা কৰা লেখকসকলৰ সাহিত্যৰাজি খণ্ডবাক্য, প্ৰবচন আদিৰ সুন্দৰ প্ৰয়োগেৰে সমৃদ্ধ হোৱা দেখা যায়। বিষয়বস্তুৰ সুবিধা বুজি বিভিন্ন ঠাইত ব্যাপকভাৱে ব্যৱহৃত প্রবচনসমূহে লেখকৰ অসমীয়া জতুৱা ভাষাৰ সৈতে থকা ঘনিষ্ঠ সম্পর্ক, ইয়াৰ প্ৰতি থকা আন্তৰিকতা আৰু চাতুৰ্যপূৰ্ণ কৌশলৰ ইংগিত বহন কৰিছে।

১.৩.১. অসমীয়া প্রবচন, খণ্ডবাক্যৰ ব্যৱহাৰ : 

জোনাকী স্তৰৰ সাহিত্যত সন্নিৱিষ্ট এনে অসমীয়া প্রবচন, খণ্ডবাক্য আদিৰ নিদৰ্শন তুলি ধৰা হ’ল— ‘বাঁহৰ এফাল মানুহৰ একাল’ (পৃ. ৪২৭,‘লাহৰী’, মেঘ নেবায়’ (পৃ. ২৫৭, গাঁওবুঢ়া’, গোহাঞিবৰুৱাৰ ৰচনাৱলী), ‘গ’ল কণা, (পৃ. ২৭, মোৰ সোঁৱৰণী, পদ্মনাথ গোহাঞিবৰুৱা) মৰে উৰুলিপুঙা, মৰে পদুলি শুঙা, মৰে অলপ পানীৰ মাছ’ (পৃ. ১০১৯, লিতিকাই, বেজবৰুৱা গ্রন্থাবলী, দ্বিতীয় খণ্ড), ‘যার যহত শাক-সেন্দুৰ, তাক পাতে ভোকোৱা এন্দুৰ’ (পৃ. ৩২২ ‘ভূত নে ভ্রম’, গোহাঞিবৰুৱা ৰচনাৱলী)। 

১.৩.২. ইংৰাজী প্রবচনৰ প্ৰয়োগঃ

এনেদৰে অসমীয়া ভাষাৰ বহুতো পটন্তৰ-প্রবচনক গদ্যত ঠাই দিয়াৰ উপৰি দুই-এটা ইংৰাজী প্রবাদে। এই স্তৰৰ ৰচনাত ব্যৱহাৰ কৰা দেখা যায়। উদাহৰণস্বৰূপে—

‘Good cometh out of evil’ ভূত নে ভ্রম, গোহাঞিবৰুৱা ৰচনাৱলী) 

‘Little learning is a dangerous thing’ (পৃঃ ১৫০০ বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি, বেজবৰুৱা গ্ৰন্থাৱলী, দ্বিতীয় খণ্ড)

‘Necessity is the mother of invention (পৃ. ১৭১০, অসমীয়া ভাষা আৰু সাহিত্য, বেজবৰুৱা গ্ৰন্থাৱলী, দ্বিতীয় খণ্ড)

১.৪. অলংকাৰপূৰ্ণ ভাষাৰ প্ৰয়োগঃ

অলংকাৰপূৰ্ণ ভাষাৰ ব্যৱহাৰ এই স্তৰৰ ভাষাৰ আন এটি মনকৰিবলগীয়া দিশ। কাব্যক যিদৰে অলংকাৰৰ প্ৰয়োগে সৌন্দৰ্যশালী কৰি তোলে তেনেদৰে গদ্য সাহিত্যকো সৌন্দর্যপূৰ্ণ আৰু প্ৰভাৱশালী ৰূপত গঢ়ি তোলে উপযুক্ত অলংকাৰৰ ব্যৱহাৰে। উপমা, ৰূপক, অনুপ্রাস আদি অলংকাৰৰ প্ৰয়োগে বর্ণনীয় বিষয়ৰ স্পষ্ট অর্থবোধৰ ক্ষেত্ৰত পাঠকক সহায় কৰাৰ লগতে সাহিত্যিক শ্রুতিমাধুর্যও প্ৰদান কৰে।

১.৪.১. অনুপ্রাসঃ

‘ভোজনৰ পাছত জোনৰ জোনাকত চোতালত বহি আমি জুৰ লৈ আছোঁ ।’ (পৃ. ১২৮, ‘মোৰ সোঁৱৰণী’, পদ্মনাথ গোহাঞিবৰুৱা)

১.৪.২. ৰূপক :

‘অকস্মাৎ পূৰ্ণিমাৰ জোনটিক বেজাৰ ৰাহুৰে কিয় গিলিলে? দেৱী দ’লৰ মেঘত লগা সোণৰ কলচীৰ ওপৰত হঠাৎ আজি চিন্তা-বজ্রপাত কিয় হ’ল? (পৃ. ৫৫৩, ‘পদুম কুঁৱৰী’, বেজবৰুৱা গ্ৰন্থাৱলী, প্ৰথম খণ্ড)

‘মোৰ জঁয় পৰা জীৱন গছ জুপি পুনৰপি ঠন ধৰি উঠিল।’ (পৃ. ৫০৪, ‘ভানুমতী’, গোহাঞিবৰুৱা ৰচনাৱলী)

১.৪.৩. উপমাঃ

‘দেউতা সাগৰৰ দৰে গহীন, পৰ্বতৰ দৰে জটিল।’ (পৃ. ৫০৬, ‘ভানুমতী’, গোহাঞিবৰুৱা ৰচনাৱলী)

‘গোটেই কবিতাটো জোনাকী নিশাৰ আকাশী পৰীৰ লীলা-খেলা যেন লাগে।’ (পৃ. ১৭. ‘কুমাৰ হৰণ’, পুৰণি অসমীয়া সাহিত্য, বাণীকান্ত কাকতি) 

১.৫. বিবিধ ভাষাৰূপৰ প্ৰয়োগ :

১.৫.১. কাব্যিক ভাষাৰ প্ৰয়োগঃ

আবেগধর্মী কাব্যিক ভাষাৰ ব্যৱহাৰ এই স্তৰৰ ভাষাৰ আন এটি বৈশিষ্ট্য। লেখকৰ কল্পনাৰ সু-সংযোজনত বাক্য আলংকাৰিক হোৱাৰ লগতে কাব্যিক মাধুর্যও প্ৰদান কৰে। উদাহৰণ স্বৰূপে –

“জীৱন মৃত্যুময়, কাল পৰিৱেশে হৰিহৰ আতাৰ জীৱন লীলাৰ অৱসান হ’ল। কিন্তু তেওঁৰ গুণ গৰিমাৰ ধ্বনি-প্রতিধ্বনি পৃথিৱীত ৰৈ গ’ল। চিৰকাললৈ।’ (পৃ. ৫০, ‘হৰিহৰ আতা’, সূৰ্যকুমাৰ ভূঞা)— এই কথাখিনিৰ মাজেৰে হৰিহৰ আতাৰ মৃত্যুৰ বৰ্ণনা দিবলৈ গৈ ক্রিয়াপদ বাক্যৰ মাজলৈ আনি ভাষাক আৱেগিক আৰু কাব্যিক গুণসম্পন্ন কৰি তুলিছে।

১.৫.২. ব্যঞ্জনাত্মক ভাষাৰ প্ৰয়োগঃ 

ব্যঞ্জনাত্মক ভাষাৰ প্ৰয়োগো এই সময়ৰ ৰচনাৰাজিৰ মাজত দেখিবলৈ পোৱা যায়। যেনে—ভৰ দুপৰীয়া। চৌফলীয়া ৰ’দ। আকাশত মৰল পৰিছে। সূতাৰ গাঁৱৰ অধিকাংশ মুনিহ প্রজা আজি মাইলমান আঁতৰত। আজি ভালেমান দিনৰে পৰা এটা বাঘে সেই ঠাইৰ মানুহ গৰু মাৰি খাস্তাং কৰিছে। তাকে ধৰি মাৰিবৰ কাৰণে সকলো প্ৰজা বাঘধৰা সঁজুলি লৈ সেই ঠাইত উপস্থিত। ৰাইজে উৰুলিকৃত হৈ সেই কামত মন দিছে।’ (পৃ. ‘মানিক বৰা’, পঞ্চমী, সূৰ্যকুমাৰ ভূঞা)।

— ইয়াত বাঘ ধৰা চিত্ৰকল্পটিৰ জৰিয়তে বাঘৰ দৰে পৰাক্ৰমী মাণিক বৰাক বধ কৰাৰ এটি কাব্যিক পৰিকল্পনা মনোমোহা ৰূপত তুলি ধৰি লেখকে বিষয়টোক কথা কবিতাৰ দৰে চিত্ৰধৰ্মী কৰি তুলিছে। ফলস্বৰূপে, ইয়াৰ ভাষা প্রতীকধর্মী হৈ পৰিছে। ‘ভৰ দুপৰীয়া’, ‘চৌফলীয়া ৰ’দ’, ‘আকাশত মৰল পৰা’ আদি চুটি চুটি বাক্যই আৰু বাঘ ধৰা সঁজুলি আদিয়ে লেখকৰ ভাষাক ব্যঞ্জনাত্মক ৰূপ দিছে।

১.৫.৩. ব্যাখ্যামূলক ভাষাৰ প্ৰয়োগঃ

জোনাকী স্তৰৰ লেখকসকলৰ লেখনিৰ মাজত ব্যাখ্যামূলক ভাষাৰ প্রয়োগ হোৱা পৰিলক্ষিত হয়। এনেধৰণৰ ভাষাৰ প্ৰয়োগে ৰচনাক বৈচিত্র প্ৰদান কৰাৰ লগতে লেখকৰ ভাষাৰীতিকো সমৃদ্ধ কৰি তোলে। যেনে—

‘পৃথিৱীত যত প্ৰকাৰ সূতীক্ষ্ণ অস্ত্র আছে সকলোৰে ভিতৰত শব্দ অস্ত্ৰ সকলোতকৈ চোকা। কথাতে কটা যায়, কথাতে বঁটা পায়, বুলি কয়। ‘ভাতৰ তিতা সহিব পাৰি, মাৰ তিতা সহিব নোৱাৰি। এইবোৰ বুঢ়ালোকৰ সাৰুৱা বচন। শব্দক সেই দেখি শব্দব্রহ্ম বোলে । ওঁকাৰ সেই দেখি মূলমন্ত্র। বাইবেলত সেই দেখি word is God বুলিছে। প্ৰথমতে মানুহে সেইটো গম ধৰিব নোৱাৰে। অৱশ্যে প্ৰথমতে আওকাণ কৰি উচ্চাৰণ কৰি থকা নামে কালত উচ্চাৰণ কৰোঁতাৰ গোটেই অস্তিত্ব অজ্ঞাতসাৰে অভিভূত কৰি পেলায়। এইবাবেই ভাৰতবৰ্ষৰ মানুহে শাক্তই হওক বাশৈৱই হওক বা বৈষ্ণৱেই হওক, তেওঁলোকৰ উপাস্য দেৱতার নাম তেওঁলোকে নিজ সন্তানসকলক দিয়ে। শাক্ত-শৈৱসকলেও তাৰা দুর্গা শিৱ গণপতিৰ নাম নিজৰ সন্তানসকলক দি নামৰ প্ৰাধান্য অজ্ঞাতসাৰে স্বীকাৰ কৰিব লাগিছে। হাতুৰিৰে কোবাওঁতে প্ৰথমতে নোসোমোৱা গজালো পিছত সোমায় যায়। ঈশ্বৰ ৰতি নোহোৱাই ঈশ্বৰৰ নাম প্ৰথমতে চেলেং-পেতেংকৈ লওঁতে লওঁতে কালত তাৰ মন ঈশ্বৰত নিৱিষ্ট হয়।’ (পৃ. ৫, ‘তত্ত্বকথা’, লক্ষ্মীনাথ বেজবৰুৱা)।

― ওপৰৰ উদাহৰণটোত দেখা গৈছে যে অনুচ্ছেদটিৰ প্রথম বাক্যটোৱেই হৈছে মূল আৰু তাক প্ৰতিপন্ন কৰাৰ বাবেই বাকীবোৰ অনুচ্ছেদটোত সন্নিৱিষ্ট কৰা হৈছে।

১.৫.৪. ব্যংগাত্মক ভাষাৰ প্ৰয়োগঃ

১.৫.৪.১. শব্দ বিকৃতকৰণৰ জৰিয়তে ব্যঙ্গাত্মক ভাষাৰ সৃষ্টি : 

লেখকে হাস্য ৰস আৰু ব্যঙ্গ সৃষ্টি কৰিবৰ কাৰণে ধ্বনি-সাদৃশ্য থকা কিছুমান শব্দ বিকৃত প্রয়োগ কৰিছিল। ধ্বনি বিজ্ঞানত এনে প্ৰক্ৰিয়াক শব্দ বিভ্ৰম বোলা হয় আৰু ভাষাৰ এনে প্ৰয়োগৰ জৰিয়তে সেই সময়ত অসমত নতুনকৈ ইংৰাজী শিকি ম‍ইবৰ ভাব দেখুওৱা ডেকাক এহাতেদি ব্যঙ্গ কৰিছিল, আনহাতেদি হাস্যৰসৰ সৃষ্টি কৰি পাঠকক বিমল আনন্দ প্রদান কৰিছিল। উদাহৰণস্বৰূপে— have ৰ ঠাইত hape, reform ৰ ঠাইত inform, beg ৰ ঠাইত bag. 

১.৫.৪.২. পৰম্পৰাগত প্ৰবচন ভাঙি হাস্যৰসাত্মক ভাষাৰ সৃষ্টিঃ

লেখকে কেতিয়াবা আকৌ পৰম্পৰাগতভাৱে প্ৰচলিত প্ৰবচনবোৰ ভাঙি নিজস্বভাৱে তাৰ কিছু পৰিবৰ্তন কৰিও ব্যংগাত্মক ভাষাৰ ব্যৱহাৰ কৰিছে। উদাহৰণস্বৰূপে—

‘ৰাম নথকা ৰামায়ণ, গোপিণী নথকা বৃন্দাবন। ৰুক্মিণী অনুপস্থিত অথচ ৰুক্মিণী হৰণ ভাওনা। বাখৰ নপতোৱা সোণৰ খাৰু যেনে, মাছে নগৰকা পাচলি যেনে, কাকিনী তামোলেৰে নুশুৱা পাছফাল যেনে, জীয়ৰী ছোৱালী নাইকীয়া মাকৰ ঘৰ যেনে, লেডি অর্থাৎ ভালৰ ঘৰৰ তিৰোতা মানুহ নথকা সভা-সমিতিবোৰো তেনে।’ (পৃ. ১২৯১, কৃপাবৰ বৰবৰুৱাৰ ওভতনি, বেজবৰুৱা গ্ৰন্থাৱলী, দ্বিতীয় খণ্ড)।

১.৫.৪.৩. বীজগণিত সূত্ৰৰ আৰ্হিৰ ব্যঙ্গাত্মক ভাষাৰ সৃষ্টি : 

লেখকে কেতিয়াবা বীজগণিত সূত্ৰৰ আৰ্হিত বাক্য ৰচনা কৰিও কোনো কোনো সময়ত হাস্য আৰু ব্যঙ্গাত্মক ভাষাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। যেনে— ‘ভোজ-মদ-কুকুৰা = ()’ (পৃ. ১২৫৭, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বেজবৰুৱা গ্রন্থাবলী, দ্বিতীয় খণ্ড)। 

“শৰাধ-দক্ষিণা। ()’ (পৃ.১২৫৭, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বেজবৰুৱা গ্ৰন্থাৱলী, দ্বিতীয় খণ্ড)।

‘মিছা + ভণ্ডামি = অসম সমাজ’ (পৃ. ১২৫৭, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বেজবৰুৱা গ্ৰন্থাৱলী, দ্বিতীয় খণ্ড)।

‘ভিতৰ কলা’+ বাহিৰ বগা = অসমীয়া (পৃ. ১২৫৭, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বেজবৰুৱা গ্ৰন্থাৱলী দ্বিতীয় খণ্ড)।

‘জোনাকী’ক কেন্দ্ৰ কৰি আধুনিক অসমীয়া ভাষাই পৰিবৰ্তিত আৰু পৰিবৰ্দ্ধিত ৰূপ লাভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাকে কেন্দ্ৰ কৰি পদ্মনাথ গোহাঞি বৰুৱা, বেণুধৰ শৰ্মা, অতুলচন্দ্ৰ হাজৰিকা, অম্বিকাগিৰি ৰায়চৌধুৰী, সত্যনাথ বৰা, তীৰ্থনাথ শৰ্মা, সূৰ্যকুমাৰ ভূঞা, বাণীকান্ত কাকতি, জ্যোতিপ্ৰসাদ আগৰৱালা আদিয়ে আধুনিক অসমীয়া ভাষাৰ সমৃদ্ধি সাধনত অৰিহণা যোগায়। দেখা যায় যে এই সময়ত তৎসম, অর্ধ-তৎসম, তম্ভৱ, কথিত ভাষাৰ শব্দ, উপ-ভাষাৰ শব্দ, ইংৰাজী শব্দৰ অসমীয়া প্রতিশব্দ, হিন্দী, বাংলা, আৰবী,জনগোষ্ঠীয় আদি শব্দই ঠাই পাইছে। বাক্য ৰচনাৰ ক্ষেত্ৰতো এই যুগৰ লেখকসকলে অসামান্য ক্ষমতা দেখুৱাইছে। সম্পূৰ্ণ তৎসম শব্দৰে চা বাক্য, বাক্যৰ একাংশ সংস্কৃত বাক্যৰ ব্যৱহাৰ, মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ বাক্য বা অসমীয়া সাহিত্যৰ পদৰ শাৰীৰ গদ্যৰূপ, অনুবাদ, ইংৰাজী দীঘলীয়া বাক্যৰ আৰ্হিৰে অসমীয়া বাক্য গঠন আদি দেখা যায়। তদুপৰি ফকৰা-যোজনা, প্রবাদ বচন, জতুৱা ঠাঁচ, অলংকাৰ (অনুপ্রাস, ৰূপক, উপমা) আদি য’তেই সুবিধা পাইছে ত’তেই পৰ্যাপ্তৰূপে ব্যৱহাৰ কৰিছে। এনেদৰে জোনাকী স্তৰৰ লেখক সাহিত্যিকসকলে আধুনিক অসমীয়া ভাষাক দৃঢ় আৰু শক্তিশালী ৰূপত গঢ়ি তোলাত, সমৃদ্ধিশালী হোৱাত গতিশীলতা প্ৰদান কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top