History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা

History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা Question Answer can be of great value to excel in the examination.

History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা

Join Telegram channel

History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 7 আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

১। ‘ৰাম-নৱমী’ নাটকখনৰ বিষয়বস্তু আলোচনা কৰি চৰিত্ৰ সৃষ্টিত নাট্যকাৰৰ কৃতিত্ব সম্পর্কে এটি টোকা যুগুত কৰা।

উত্তৰঃ এফালে বাল্য বিবাহে সৃষ্টি কৰা সামাজিক সমস্যা আৰু আনফালে বিধৱা বিবাহৰ সপক্ষে সংস্কাৰকামী মন — এই দুয়োটা ভাৱবস্তুক প্ৰকাশ কৰিবলৈকে গুণাভিৰাম বৰুৱাই ‘ৰাম-নৱমী’ নাটকখন ৰচনা কৰিছিল। নাটকখনৰ কাহিনী এনে ধৰণৰ: শিৱকান্ত শৰ্মাৰ কন্যা বাল-বিধৱা নৱমীৰ লগত উদাৰমনা শিক্ষিত যুৱক ৰামচন্দ্ৰৰ পৰিচয় হয় আৰু দুয়ো প্ৰেমত বন্দী হয়। ৰামচন্দ্ৰৰ বৌয়েক জয়ন্তীৰ সাহায্যত দুয়োৰে মিলন ঘটে। নৱমী অন্তঃসত্ত্বা হ’ল আৰু এই কথা জনাজাত হৈ পৰাত সমাজত হুলস্থূল লাগে। সমাজে তেওঁলোকক এঘৰীয়া কৰিলে। নৱমীয়ে সমাজৰ কঠোৰ নীতি-নিয়মক ধিক্কাৰ দি আত্মহত্যা করে। নৱমীৰ আত্মহত্যাৰ খবৰ পাই জয়ন্তী আৰু ৰামচন্দ্ৰয়ো আত্মহত্যাৰ পথ বাচি লয়। ৰাম আৰু নৱমীৰ দৰে নায়ক-নায়িকাৰ উপৰিও মঙলু, সোণাফুলী, দতো, সীৰাম আদি চৰিত্ৰৰ সংযোগে হাস্য-ব্যংগৰ মাজেদি তদানীন্তন সমাজৰ কেইটিমান গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। 

ৰাম-নৱমীৰ শোকাৱহ পৰিণতিয়ে সমাজৰ বৰমূৰীয়াসকলক বাল-বিধৱাৰ সমস্যাৰ বিষয়ে ভাবিবলৈ বাধ্য কৰে আৰু পলমকৈ হ’লেও বাল-বিধৱাৰ সমস্যাৰ যুক্তিযুক্ততা মানি লয়। নাটকখনৰ মাজত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ বিধবা-বিবাহ আন্দোলনৰ সমৰ্থনৰ উল্লেখ পোৱা যায়। পঞ্চম অঙ্কৰ প্ৰথম দৰ্শনত বিদ্যাসাগৰৰ মতৰ উল্লেখ কৰিছে। উল্লেখযোগ্য যে গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰাম-নবমী নাটক ৰচনা কৰা পূৰ্বেই ১৮৫৬ চনত বাংলা ভাষাত উমেশ চন্দ্ৰ মিত্ৰৰ বিধৱা-বিবাহ নাটক প্রকাশিত হৈছিল।

ৰাম-নৱমী নাটকৰ চৰিত্ৰাংকন : গুণাভিৰাম বৰুৱাৰ ‘ৰাম-নবমী নাটক’ত ডাঙৰ সৰু প্ৰায় ডেৰ কুৰি চৰিত্ৰৰ সমাবেশ ঘটিছে। ইয়াৰে এঘাৰটি নাৰী-চৰিত্র আৰু উনৈশটি পুৰুষ-চৰিত্ৰ। চৰিত্ৰবোৰৰ বিচিত্র চাল-চলনৰ মাজেদি ঊনবিংশ শতিকাৰ শেষাৰ্ধৰ সমসাময়িক অসমীয়া সমাজখনৰ প্ৰতিচ্ছবি ফুটাই তোলাত নাট্যকাৰ সফল হৈছে বুলি ক’ব পাৰি।

নাটক এখনৰ সফলতা নায়ক-নায়িকা চৰিত্র দুটিৰ ওপৰত বহু পৰিমাণে নির্ভৰ কৰে। পৰম্পৰাগত সামাজিক-সংস্কাৰৰ বিপৰীতে নায়ক-নায়িকা আগবাঢ়ি যাব লগা হৈছে। তথাপি এই কথা সত্য যে নায়ক ৰামচন্দ্ৰতকৈ, নায়িকা নৱমী বেছি সজীৱ আৰু বিকাশশীল চৰিত্ৰ। অৱশ্যে টেজিক নাটকৰ নায়ক-নায়িকাক যি শক্তি আৰু গভীৰতা থাকিব লাগে, সেইখিনি নাটকখনৰ নায়ক-নায়িকাৰ মাজত প্ৰায় অনুপস্থিত। 

নায়ক ৰামচন্দ্ৰ নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ শিক্ষিত ডেকা। শিক্ষিত যুৱক যদিও ৰামচন্দ্ৰ বহুপৰিমাণে দুর্বল আৰু পলায়নবাদী মানসিকতাৰ। বন্ধু কামদেৱৰ আগত তিৰোতা সম্পর্কে বেয়া মন্তব্য কৰা ৰামচন্দ্ৰই নাৰীৰ প্ৰতি প্রেমাসক্ত হৈ জয়ন্তীৰ সহযোগত নৱমীৰ লগত দৈহিক সম্পর্কও কৰিছে। নৱমীৰ লগত সম্পর্ক গভীৰ হৈ অহাৰ বাবে কামদেৱৰ আগত খেদ প্ৰকাশ কৰিছে। নৱমীক পত্নী বুলি ৰামচন্দ্ৰই সাহসেৰে সমাজত ঘোষণা কৰিব পৰা নাই। সতেন্দ্রেনাথ শৰ্মাই সেয়ে মন্তব্য কৰিছেঃ “ৰামচন্দ্ৰ চৰিত্ৰটো মানসিক দুৰ্বলতাৰ পৰিচায়ক। বন্ধু মহলত বিধৱা-বিবাহৰ পক্ষে ওকালতি কৰিছে যদিও সমাজৰ ভ্রূকুটিৰ সন্মুখীন হ’বলৈ তেওঁ সাহ গোটাব নোৱাৰি নৱমীক আত্মহত্যাৰ পথলৈ আগবঢ়াই দিছে।” নৱমীৰ আত্মহত্যাৰ খবৰ পাই ৰামচন্দ্ৰও একে পথৰে যাত্ৰী হোৱা কাৰ্য কাপুৰুষালী বুলিহে ক’ব পৰা যায়। ৰামচন্দ্ৰৰ বন্ধু কামদেৱ চৰিত্ৰ সংস্কৃত নাটকৰ বিদূষকৰ লগতহে কিছু মিলে।

নাটকখনৰ নায়িকা হ’ল নৱমী। নায়ক ৰামচন্দ্ৰতকৈ বহু পৰিমাণে সক্রিয় এই বাল বিধৱাগৰাকীয়ে ৰামক মনে-প্রাণে ভাল পাই স্বামী হিচাপে গ্ৰহণ কৰিছে। সেয়ে ৰামচন্দ্ৰৰ সৈতে সম্ভোগত লিপ্ত হৈ নৱমীৰ কোনো খেদ নাই। অৱশ্যে নৱমী চৰিত্ৰত ঠায়ে ঠায়ে অসংগতিয়ে ভূমুকি নমৰাকৈ থকা নাই। অল্পশিক্ষিত, আজলি আৰু অনভিজ্ঞা নৱমীয়ে শাস্ত্রীয় যুক্তি অৱতাৰণা কৰি বিধৱা-বিবাহৰ সপক্ষে মতামত প্ৰকাশ কৰা কাৰ্যটো বৰ স্বাভাৱিক যেন লগা নাই। কঠোৰ দেশাচাৰক ধিক্কাৰ দি ভৱিষ্যতৰ কথা চিন্তা কৰি অৱশেষত আত্মহত্যা কৰা ঘটনাৰ মাজেদি নৱমী চৰিত্ৰই অবশ্যে কাৰুণ্য সৃষ্টি কৰিছে।

নৱমীৰ পাছত এটি উল্লেখযোগ্য নাৰী-চৰিত্ৰ হ’ল জয়ন্তী। জয়ন্তী শিক্ষিত মানসিকতাৰ। ৰামচন্দ্ৰৰ সম্পৰ্কীয় বৌয়েক। ৰাম আৰু নৱমীৰ মিলনৰ সূত্ৰধাৰ এই জয়ন্তীয়ে সেইসময়ৰ কেইবাখনো গধুৰ গ্ৰন্থ অধ্যয়ন কৰিছে। দেশ-বিদেশৰ খা-খবৰো ৰাখিছে।

গৌণ পুৰুষ চৰিত্ৰবোৰৰ ভিতৰত আছে মহাজন, শিৱকান্ত, মঙ্গলু, সীহু, দতো, নিগদতি, হৰিনাথ, ধর্মনাথ ইত্যাদি। আন আন পার্শ্ব নাৰী চৰিত্ৰবোৰ হ’ল নৱমীৰ মাতৃ ফুলেশ্বৰী, বান্ধৱী উর্বশী, পেলনী, সয়ন্দ্রী, সোণাফুলী, জিকাফুলি আদি। এই আটাইবোৰ চৰিত্ৰই তদানীন্তন অসমীয়া গ্রামীণ জীৱনক প্রতিনিধিত্ব কৰিছে। ইয়াৰে কেইবাটাও চৰিত্ৰ চিত্ৰণত নাট্যকাৰ সফল হৈছে।

২। “ৰামনবমী’ নাটকৰ নামকৰণৰ সার্থকতা বিচাৰ কৰি প্ৰাচ্য আৰু পাশ্চাত্য নাটকৰ প্রভাৱ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ৰাম-নৱমী নাটকৰ নামকৰণ: ৰাম-নৱমী নাটকৰ নাম ৰামচন্দ্ৰ আৰু নায়িকা নৱমী। নাটকখন ঘাইকৈ ৰাম আৰু নৱমীক কেন্দ্ৰ কৰি গঢ়ি উঠিছে বাবেই নাটকৰ নামকৰণো যুক্তি-যুক্ত হৈছে। যদিও আৰু এটা দিশো ইয়াত আছে। গুণাভিৰামে ৰাম-নৱমী নাটকৰ বহু ঠাইত ৰাম-নৱমী নামৰ পৱিত্ৰ তিথিৰ কথা উল্লেখ কৰিছে। নাটকখনৰ প্ৰথম অংক ৩য় দৃশ্য আদিত তিথি সম্পৰ্কীয় কথা আছে। চতুর্থ অংকৰ ২য় দৃশ্যত নৱমী আৰু জয়ন্তীৰ সংলাপত ৰাম-নৱমী তিথিৰ কথা উল্লেখ কৰিছে। গতিকে নাটকখনৰ নাম নায় নায়িকাৰ নামেৰে ৰাখিছে যদিও, ৰাম-নবমী নামৰ পৱিত্ৰ তিথিৰ কথাও যে মনত ৰাখিছিল, ই নিঃসন্দেহ। 

ৰাম-নবমী নাটকত পাশ্চাত্য আৰু প্ৰাচ্য নাটকৰ প্ৰভাৱ : পাশ্চাত্য নাট্য সাহিত্যৰ প্ৰভাৱত সৃষ্টি হোৱা প্ৰথম অসমীয়া আধুনিক নাটক হৈছে ‘ৰাম-নৱমী’ নাটক। প্রাচীন অসমীয়া নাটকৰ উদ্দেশ্য আৰু কাৰিকৰী দিশৰ পৰা ই সম্পূর্ণ বেলেগ। কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা গুণাভিৰাম বৰুৱাই কলেজীয়া পাঠ্যপুথিৰ যোগেদি পাশ্চাত্য বিশেষকৈ ছেক্সপীয়েৰৰ নাট্য-সাহিত্যৰ সৈতে স্বাভাৱিকতে পৰিচয় ঘটিছিল। আনহাতে, সেই সময়ৰ কলিকতা হৈ পৰিছিল ভাৰতীয় নৱজাগৰণৰ কেন্দ্ৰভূমি। পাশ্চাত্য সাহিত্যৰ সংস্পৰ্শত নৱ ৰূপ লাভ কৰা আধুনিক বাংলা সাহিত্যৰ সৈতেও গুণাভিৰামৰ সংস্পৰ্শ ঘটিছিল। কলিকতাৰ আধুনিক শৈলীৰ মঞ্চবোৰত ছেক্সপীয়েৰৰ বা আধুনিক বাংলা নাটকৰ অভিনয় চোৱাৰ অভিজ্ঞতাও নিশ্চয় গুণাভিৰামৰ হৈছিল। নেধৰণৰ প্ৰভাৱ বা অভিজ্ঞতাই হয়তো গুণাভিৰাম বৰুৱাক পাশ্চাত্য বিশেষকৈ ছেক্সপীয়েৰ নাটকৰ আৰ্হিত অসমীয়া ভাষাত নাটক ৰচনা কৰিবলৈ অনুপ্ৰাণিত কৰিলে। ৰাম-নৱমী নাটত পাঁচোটা অংক আছে আৰু প্ৰতিটো অংক একাধিক দৃশ্য বা দর্শনত বিভক্ত কৰিছে। পছিমীয়া নাটকৰ আৰ্হিত ইয়াত উপ-কাহিনীৰ অৱতাৰণা কৰা হৈছে। 

লগুৱা মংগল আৰু লিগিৰী সোণাফুলীৰ মাজৰ সম্পৰ্কৰ্ক কেন্দ্ৰ কৰি এই উপকাহিনীটোৱে গহীন ট্রেজিক বিষয়বস্তুৰ মাজত দৰ্শকক নাট্য-বিনোদন (কমিক ৰিলিফ্) যোগাইছে। নাটকৰ ভাষা কথিত অসমীয়া। ৰামনৱমীৰ নাট্য ৰীতি, সংলাপ আৰু চৰিত্ৰাংকনত পাশ্চাত্যৰ বিশেষকৈ ছেক্সপীয়েৰৰ প্ৰভাৱ পৰিলক্ষিত হয়। ছেক্সপীয়েৰৰ নাটকৰ দৰে এই নাটকতো স্বগতোক্তিৰ ব্যৱহাৰ কৰা হৈছে। ছেক্সপীয়েৰৰ ৰোমিঅ’ জুলিয়েট নাটকৰ সংলাপৰ প্ৰভাৱৰ পৰাও ৰামনবমী মুক্ত নহয়। ছেক্সপীয়েৰৰ ৰোমিঅ’ জুলিয়েটৰ What is a name? That which we call a rose, By any other name smell as sweet…. সংলাপ অংশৰ প্ৰতিধ্বনি পোৱা যায় গুণাভিৰাম বৰুৱাৰ নাটকত : নামে কি কৰে? গোলাপক যদি গোলাপ নুবুলি পলাস বোলা যায় তেওঁ সুগন্ধি পোৱা নাযাবনে?” (তৃতীয় অংক, চতুর্থ দৃশ্য)

পাশ্চাত্য নাটকৰ আৰ্হিত ৰচিত হ’লেও ৰাম-নৱমী নাটকত প্রাচীন সংস্কৃত নাটক আৰু অসমীয়া অঙ্কীয়া নাটৰ প্ৰভাবো দেখা যায়। পূজাৰীৰ ৰূপত সূত্ৰধাৰৰ অৱতাৰণা, লেচাৰি গীতৰ সূচনা আদিয়ে অঙ্কীয়া নাটলৈ মনমত পেলায়। ৰাম-নৱমীৰ কাহিনী সংস্থাপনত সংস্কৃত নাটক বিশেষকৈ কালিদাসৰ অভিজ্ঞান শকুন্তলম্ নাটকৰ প্ৰভাৱ দেখা যায়। এই নাটকৰ সৈতে ৰাম-নৱমীৰ কেইটামান সাদৃশ্য উল্লেখ কৰা হ’ল। দুষ্যন্ত শকুন্তলাৰ মাজত পূৰ্বৰাগৰ সূচনা হয় কণ্ব মুনিৰ আশ্ৰমত; তেনেদৰে ৰাম-নৱমী নাটকৰ নায়ক নায়িকাৰ পূৰ্ববাগ সূচনাৰ ঠাই হিচাপে লোৱা হৈছে নৱমীৰ পিতাক শিৱকান্তৰ ফুলনি। কথমুনিব আশ্ৰমৰ প্ৰাকৃতিক পৰিবেশৰ লগত শিৱকান্তৰ ফুলনি বাৰীৰ বৰ্ণনাও প্রায়ে একে। দুষ্যন্তৰ সৈতে প্ৰেম-মিলনত শকুন্তলাক অনসূয়া আৰু প্ৰিয়ম্বদা নামৰ সখীয়েক দুজনীয়ে সহায় কৰাৰ দৰে এই নাটকতো জয়ন্তী আৰু উৰ্বশীৰ সাহায়ত নৱমীয়ে ৰামচন্দ্ৰক প্ৰেম আলিঙ্গন দিবলৈ সুযোগ পায়। তদুপৰি নৱমীক ভোমোৰা এটাই আমনি কৰা, নৱমীয়ে ভৰিত কাঁইটে বিন্ধাৰ চলেৰে ৰামচন্দ্ৰলৈ উভতি চোৱা, ৰামে নৱমীক আঙঠি পিন্ধোৱা আদি ঘটনাত কালিদাসৰ সংস্কৃত নাটকখনৰ প্ৰভাৱ স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায়। মুঠতে, আধুনিক অসমীয়া ভাষাৰ প্ৰথম নাটক ৰাম-নবমীত পাশ্চাত্য আৰু ভাৰতীয় প্ৰাচীন নাটৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা যায়। 

৩। ‘ৰামনবমী’ নাটকখন সমসাময়িক সমাজ-জীৱনৰ প্ৰতিচ্ছবি কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ ১৮৫৭ চনত ৰচনা কৰা ৰাম-নবমী নাটকত ঊনবিংশ শতাব্দীৰ মধ্যভাগৰ অসমীয়া সমাজ জীৱনৰ বহুবোৰ দিশৰ প্ৰতিফলন ঘটিছে। বিধৱা-বিবাহৰ সপক্ষে নাটকখনত সংস্কাৰকামী মনোভাবেৰে বক্তব্য উপস্থাপন কৰিবলৈ যত্ন কৰিছে। অৱশ্যে এই কথা সত্য যে বিধৱা-বিবাহৰ প্ৰচলন কেৱল অসমীয়া উচ্চ বৰ্ণৰ হিন্দুৰ মাজতহে নিষিদ্ধ আছিল। অসমৰ অন্যান্য সম্প্রদায় আৰু জনগোষ্ঠীৰ মাজত এই ক্ষেত্ৰত কোনো বাধা নাই। বাল্য-বিবাহৰ দৰে সামাজিক সংস্কাৰৰ বিৰুদ্ধে আৰু বিধৱা-বিবাহৰ প্ৰচলনৰ সপক্ষে যুক্তি দাঙি ধৰি নাটকখনত স্বাধীনতা পূৰ্ব কালৰ অসমৰ উচ্চ বৰ্ণৰ হিন্দু সমাজৰ এটা সমস্যা শক্তিশালীভাবে প্ৰতিফলিত কৰিছে।

হিন্দু সমাজৰ তীৰ্থযাত্ৰা, ব্রতপালনৰ মাজেদি পূণ্য অৰ্জনৰ যি বিশ্বাস চলি আহিছে, সেইবোৰৰ অসাৰতা, নাট্যকাৰ গুণাভিৰামে যে প্ৰতিপন্ন কৰিছে। শিৱকান্তই তীৰ্থৰ পৰা আহিয়েই নৱমী বিধৱা হোৱাৰ খবৰ নৱমীক গণকে পুথি পাজি চাই সুভগা-যোগ চলা বুলি কোৱা স্বত্তেও বিধৱা হোৱা আদি ঘটনা দেখুৱাই নাট্যকাৰে প্ৰকাৰন্তেৰে নিজৰ সংস্কাৰকামী মনোভাৱকে যেন দাঙি ধৰিছে।

অসমীয়া লোক জীৱনত আহুদীৰ প্ৰভাৱ, নাহৰৰ পাতত জৈমিনিশ্চ লিখা, সমাজৰ ফোপোলা ভেম-ভণ্ডামী, ব্যভিচাৰ আদিৰ বিষয়েও ৰাম নরমী নাটকে বহু আভাস দিছে। ধৰ্মৰ নামত মহাজনৰ দৰে ব্যক্তিয়ে চলোৱা অন্যায়-উৎপীড়ণৰ ছবিও এই নাটকত পোৱা যায়।

সেই সময়ৰ অসমীয়া যুৱতীৰ মাজতো শিক্ষা আৰু অধ্যয়নৰ প্ৰতি আগ্রহ বৃদ্ধি পাইছিল তাৰ প্ৰমাণ হ’ল জয়ন্তী আৰু নৱমী চৰিত্ৰ। জয়ন্তীয়ে শকুন্তলা, কাদম্বৰী, অন্নদামঙ্গল, বিদ্যাসুন্দৰ, কামিনী কুমাৰ, ভূগোল, পুরাবৃত্তসাৰ, পদার্থবিদ্যা, মহাভাৰত, ৰামায়ণ সকলোবোৰ অধ্যয়ন কৰাৰ উপৰিও ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ আৰু ‘অৰুণোদই’ কাকতো পঢ়িছিল। প্রথম অঙ্কৰ পঞ্চম দৰ্শনৰ ফুলেশ্বৰী, জয়ন্তী আৰু নৱমীৰ কথোপকথনৰ মাজত এই কথা প্ৰকাশ পাইছে—

ফুলেশ্বৰী ।। কিবা ভাল ভাল পুথী তহঁতৰ আছেনে? 

জয়ন্তী।। এটাই আছে। অন্নদামঙ্গল, বিদ্যাসুন্দৰ, কামিনী কুমাৰ, ভূগোল, পুৰাবৃত্তসাৰ, পদার্থবিদ্যা, মহাভাৰত, ৰামায়ণ, শকুন্তলা আৰু কাদম্বৰী সকলো আছে। সখীয়ে সকলো পঢ়া নাই। এতিয়া মুঠে ৰামায়ণৰ আদিকাণ্ডহে পঢ়িবলৈ ধৰিছে।

ফুলে।। নহলে মোক কবি ময় কিনিব লৈ পয়সা দিম। 

জয়ন্তী। বাৰু

ফুলে।। অসমীয়া পৃথী পঢ়িছেনে কিবা? 

জয়ন্তী।। ময় কেইখনমান পঢ়িছো। সখীয়ে হলে হাতে লেখা পঢ়িব নোয়াৰে। অসমীয়া লৰাৰ মিত্ৰ আৰু মাজে মাজে অৰুণোদয়ো পঢ়ে। তাত অনেক ভাল ভাল কথা আছে। 

নৱমী।। আই। সখীয়ে নাম দিবও পাৰে। মাতটীও ভাল। পদো সৰহ জানে। আৰু কুমলী আইটীৰ বিয়াৰ দিনা এনেহে যোৰানাম দিছিল দৰাঘৰীয়া বিলাক কান্দি গ’ল।

ফুলে।। অসমিয়া পুথি পঢ়িলেহে পদ শিকিব পাৰি। আই নৱমী। তয়ও পঢ়িবি।

নৱমী।। ছাপা নহলে ময় পঢ়িব নোয়ৰোঁ। 

ফুলে।। আমাৰ গুয়াহাটীতো হুনু ছাপা আনিবলৈ কিবা যতন কৰিছিল। সিদিনা বৰবপায় কইছিল। (ৰাম নৱমী, প্রথম অঙ্ক, পঞ্চম দর্শন)

সেই সময়ত ইংৰাজৰ অধীনত চাকৰি কৰিলে গোলামী কৰা, আকৌ চাকৰি থাকিলেহে সমাজত মান-সন্মান থকাৰ মনোভাৱ ৰাম নৱমীৰ মাজত দেখিবলৈ পোৱা যায় গুৱাহাটীলৈ প্রথম ছপাকল অহাৰ বতৰা ফুলেশ্বৰীৰ সংলাপৰ পৰাই জানিব পৰা যায়।

নাটকখনৰ সংলাপৰ ভাষাই ঊনবিংশ শতিকাৰ মাজভাগৰ অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰিছে বুলিব পাৰি। দহো, সীহু আদিৰ সংলাপত কামৰূপী উপভাষাৰ প্ৰয়োগ কৰিছে। মুঠতে, ৰাম-নৱমী নাটকত নাট্যকাৰে সংস্কাৰকামী মনোভাৱেৰে বিধৱা বিবাহৰ সপক্ষে যুক্তি দাঙি ধৰি, তেওঁৰ সমসাময়িক অসমীয়া সমাজখনৰ বহুবোৰ চিত্র অতি সুন্দৰকৈ প্ৰকাশ কৰাত কৃতকাৰ্য হৈছে।

৪। অৰুণোদই যুগৰ সাহিত্যিকসকলৰ পৰিচয় দি এটি প্রবন্ধ যুগুত কৰা?

উত্তৰঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম দেশৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যায়। অসমৰ ৰাজনৈতিক স্বাধীনতা নোহোৱা হৈ পৰিল। ইংৰাজ শাসনকৰ্তাসকলে তেওঁলোকে চৰকাৰী কাম-কাজত সহায়ৰ বাবে বঙালী কৰ্মচাৰী, যেনে— কেবাণী, মহৰী আদি আমদানি কৰিছিল কাৰণ অসমলৈ আহি অসমীয়া ভাষাৰ লগত অনভিজ্ঞ কিন্তু চতুৰ বঙালীসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ইংৰাজসকলক বুজাই দিছিল যে অসমীয়া ভাষা স্বতন্ত্র বা স্বাধীন ভাষা নহয়, ই বঙলা ভাষাৰ এটা গ্রাম্য ৰূপহে। গতিকে সেই কথাত ভোল গৈ ইংৰাজ শাসকসকলে ১৮৩৬ চনত অসমৰ পঢ়াশালি আৰু আদালতৰ পৰা মাতৃভাষা অসমীয়া আঁতৰাই তাৰ ঠাইত বঙলা ভাষা প্রয়োগ কৰিবলৈ নিৰ্দেশ দিলে। অসমতে অসমীয়া ভাষা এলাগী হৈ পৰিল। ১৮৩৭ চনত আইনমতে ভাৰতবৰ্ষৰ সকলো স্থানীয় চৰকাৰে আন ভাষাৰ সলনি স্কুল-আদালতত স্থানীয় মাতৃভাষা চলাব লাগে কিন্তু অসমত এই আইন অমান্য কৰি বঙলা ভাষাহে চৰকাৰী ভাষা হিচাপে প্ৰচলন কৰা হ’ল। ৰাজনৈতিক স্বাধীনতা হেৰোৱা অসমীয়া জাতিয়ে মুখৰ মাতটিও হেৰুৱাব লগাত পৰিল।

অসমীয়া জাতি আৰু ভাষাৰ বাবে কলীয়া ডাৱৰ আঁতৰি সৌভাগ্যৰ ৰবি উদয় হ’ল। ১৮৩৬-৩৭ চনত সুদূৰ আমেৰিকাৰ পৰা ব্যেপ্তিষ্ট মিছনেৰী চাহাব সপৰিয়ালে আহি অসমত ভৰি দিলেহি। তেওঁলোকৰ উদ্দেশ্য আছিল খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘স্ত্রী শূদ্র চাণ্ডালে আদি সৰ্বসাধাৰণ মানুহে বুজি পোৱাকৈ সংস্কৃত ভাষাৰ বৈষ্ণৱ গ্ৰন্থসমূহ দেশী ভাষাত প্ৰণয়ন কৰিছিল। ঠিক সেইদৰে মিছনেৰীসকলে ধৰ্ম প্ৰচাৰৰ বাবে আহি অনুভৱ কৰিছিল যে থলুৱা ভাষাত ধৰ্ম প্ৰচাৰ কৰিলে সৰ্বসাধাৰণ মানুহে সহজে আঁকোৱালি ল’ব পাৰিব। সেই কথা ভাবি অসমীয়া ভাষাটো শিকি ল’লে। তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ দেখে যে থলুৱা মানুহবিলাকে ঘৰত কয় এটা ভাষা আৰু স্কুল-আদালতৰ ভাষা আন এটা সৰ্বসাধাৰণ মানুহৰ মাজত সোমাই গম পালে যে প্ৰকৃততে অসমৰ ভাষা অসমীয়া আৰু এই ভাষা উদ্ধাৰৰ বাবে প্ৰথমে অহোপুৰুষাৰ্থ কৰিলে। 

সকলো ভাষাৰ কাৰণে ব্যাকৰণ আৰু অভিধান অপৰিহাৰ্য, সেইবাবে ৰবিনঞ্চন চাহাবে, ১৮৩৯ খ্ৰীষ্টাব্দত ইংৰাজীতে অসমীয়া ভাষাৰ ব্যাকৰণ A grammer of the Assamese Language’, ১৮৪৬ খ্রীষ্টাব্দত ডঃ নাথান ব্ৰাউনে চমু অসমীয়া ব্যাকৰণ, ‘Gramatical Notices on the Assamese Lan guage’ আৰু ১৮৬৭ খ্ৰীষ্টাব্দত ড° মাইলছ ব্ৰনছন চাহাবে অসমীয়া আৰু ইংৰাজী অভিধান লিখি প্ৰকাশ কৰে। ১৮৪০ খ্ৰীষ্টাব্দত শ্ৰীমতী কট্টৰৰ Vocabulary and Phrases’ প্রকাশ পায়।

মিছনেৰিসকলৰ যত্নতেই ১৮৭৩ খ্রীষ্টাব্দত দণ্ডবিধি আইনৰ ৩৭৭ ধাৰা অনুসৰি লেফটেনেন্ট গৱৰ্ণৰৰ আদেশত কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ আৰু লখিমপুৰ জিলাৰ বিচাৰালয় আৰু ৰাজস্ব সকলো কৰ্মতে অসমীয়া ভাষা চলাবৰ বাবে আইন জাবি হয়। ইংৰাজ চৰকাৰে অসমৰ পঢ়াশালি আৰু আদালতত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হৈছিল। মিছনেবিসকলে অসমীয়া ডেকা আনন্দৰাম ঢেকীয়াল ফুকন আদিক লগত লৈ ইংৰাজ শাসকসকলক বুজাই দিবলৈ সমৰ্থ হোৱা বাবে অসমীয়া ভাষা পুনৰ অসমত প্ৰতিষ্ঠিত হয়। যি সকল অসমীয়া ডেকাই মিছনেৰিসকলৰ লগত লগ লাগি অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰাত দেহেকেহে লাগিছিল সেই সকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন, নিধিলিৱাই ফাৰবেল আৰু তাৰ পিছত গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ নাম উল্লেখ কৰিব পাৰি।

আনন্দৰাম ঢেকিয়াল ফুকন : ১৭৫৭ শক (ইংৰাজী ১৮২৯ চন)ৰ আহিন মাহত গুৱাহাটীত জন্ম গ্ৰহণ কৰে আনন্দৰাম ঢেকীয়াল ফুকনে। তেওঁৰ পিতৃৰ নাম প্ৰসিদ্ধ ঢেকিয়াল ফুকন বংশৰ হলিৰাম ঢেকিয়াল ফুকনদেৱে বঙলা ভাষাত ‘অসম বুৰঞ্জী’ আৰু ‘‘কামাখ্যা যাত্ৰা পদ্ধতি’ নামৰ দুখন পুথি ৰচনা কৰিছিল। সেই পুথি দুখন ৰচনা কৰি বিনামূল্যে পাঠকৰ মাজত বিলাই দিছিল। সেই সময়ৰ ‘সমাচার চন্দ্রিকা’ নামৰ বঙালী আলোচনীত হলিৰামে সমালোচনাত্মক বচনাও দাঙি ধৰিছিল ।

আনন্দৰাম ঢেকিয়াল ফুকনে ১৮৪১ চনত গুৱাহাটীৰ ইংৰাজী স্কুলৰ পৰা গৈ কলিকতাৰ হিন্দু কলেজত পঢ়িবলৈ লয়। পঢ়াৰ ক্ষেত্ৰত তেওঁক কমিছনাৰ জনকিন্স আৰু মেথি চাহাবে অনুপ্ৰেৰণা যোগাইছিল। কলিকতাৰ কলেজত তিনি বছৰ অধ্যয়ন কৰি আনন্দৰাম অসমলৈ উভতি আহে। তাৰ পাছত গুৱাহাটীত ব্ৰেণ্ড চাহাবৰ ওচৰত আকৌ ইংৰাজী শিক্ষা গ্ৰহণ কৰে। তেওঁ সংস্কৃত আৰু ফাৰ্চী ভাষাও আয়ত্ত কৰিছিল। ১৮৪৬ চনত বিবাহপাশত আবদ্ধ হয় আৰু তাৰ পাছৰ বছৰত চৰকাৰী চাকৰিত ভৰ্তি হয়। বিজনী বজাৰ দেৱান মুন্সিফ আৰু জুনিয়ৰ এছিষ্টেন্ট কমিছনাৰ আদি পদত সুখ্যাতিৰে কাম কৰে। ১৮৫৯ খ্ৰীষ্টাব্দত জুন মাহত ত্ৰিছ বছৰ পূব নৌহওঁতেই এইজনা ব্যক্তিৰ অকাল মৃত্যু হয়।

ওঠৰ বছৰ বয়সৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকনে সাহিত্য সেৱা কৰিবলৈ লৈছিল আৰু তেতিয়াৰ পৰা মৃত্যু পর্যন্ত সাহিত্য সেৱা আৰু দেশৰ হিতৰ বাবে অহোপুৰুষাৰ্থ কৰাটো তেওঁৰ জীৱনৰ ব্ৰত আছিল।

১৮৪৭ চনত ‘অৰুণোদই’ৰ পাতত ‘ইংলণ্ডৰ বিৱৰণ’ আৰু প্ৰায় চাৰিশ পিঠিয়া ‘অসমীয়া ল’বাৰ মিত্ৰ’ দুটা খণ্ডত ১৮৪৯ চনত প্ৰকাশ হয়। ১৮৫৩ চনত মোফাত মিলচ’চাহাবৰ আগত অসমৰ অৰ্থনৈতিক অবস্থা সম্পর্কে ঢেকিয়াল ফুকনে সুন্দৰভাৱে বিবৃতি দাঙি ধৰিছিল। এই স্মাৰক পত্ৰখনত অসমৰ ৰাজনৈতিক, প্রশাসনিক অবস্থা আৰু সমস্যাৰ গভীৰ উপলব্ধি আৰু সমালোচনা, অসমৰ ভাষা আৰু শিক্ষা সমস্যাৰ বিশ্লেষণ, অসমীয়া মানুহৰ অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণ নিৰ্ণয় আৰু তাৰ প্ৰতিকাৰৰ উপায়, অসমৰ ৰাজহ, উৎপন্ন বস্তু আৰু তাৰ উপায় বিশ্লেষণ—– এই সকলোবোৰ কথা নিখুঁত ইংৰাজীত প্ৰকাশ হোৱা আৰু সাহসিকতাৰে উপস্থাপন কৰা দেখিলে আচৰিত নহৈ নোৱাৰি। অসমৰ ৰাজহ, উৎপন্ন বস্তু আৰু মানুহৰ অৱস্থা সম্পর্কে দিয়া এই বিবৃত্তিয়ে ফুকনৰ বিচক্ষণ বুদ্ধি আৰু জ্ঞানৰ পৰিচয় দিয়ে। 

‘A Few Remarks on Assamese Language’ নামৰ ইংৰাজীতে লিখা পুস্তিকা এখন প্রকাশ হয় আৰু এই পুস্তিকাখনত অসমীয়া ভাষাৰ স্বতন্ত্রতা, বঙলা ভাষা জাপি দিয়াৰ বিষময় ফল আদি আলোচনা কৰে। এই পুস্তিকাত ফুকনে ৬২খন পদপুথি আৰু ৪০খন নাটৰ কথা উল্লেখ কৰিছে। ইয়াৰ বাহিৰেও ঢেকিয়াল ফুকনে ইংৰাজী-অসমীয়া আৰু অসমীয়া ইংৰাজী দুখন অভিধান প্ৰণয়ন কৰাৰ উদ্দেশ্যে ইয়াৰ অংশবিশেষ ‘অৰুণোদয় লৈ নিদর্শন ৰূপে পঠাইছিল। সেই বিষয়ে এ, এইচ, ডেফর্থে ১৮৫২ চনৰ ‘অৰুণোদই’ত (দ্বাদশ সংখ্যা) এনেদৰে উল্লেখ কৰিছে―

“কিন্তু এই দুয়ো লোকৰ উপকাৰ হ’বৰ নিমিত্তে শ্ৰীযুত আনন্দৰাম ঢেকিয়াল ফুকনে ইংৰাজী- অসমীয়া আৰু অসমীয়া-ইংৰাজী এইৰূপে দুইখণ্ড অভিধান লিখিছে। এই অভিধানৰ আখৰ জোঁতোৱা আমাতকৈ কি বেলেগ হৈছে হয়।’ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ফুকনে পাদৰী চাহাবৰ বানান পদ্ধতি যথাযথভাৱে মানি চলা নাছিল।  

ফুকনৰ যুক্তিসংগত বিচাৰ, তীক্ষ্ণ বুদ্ধি আৰু দেশহিতৈষীতাৰ ফালে দৃষ্টি ৰাখি কর্ণেল হপকিন্‌চন চাহাবে তেওঁৰ বিষয়ে কৈছে যে ৰামমোহন ৰায় যেনে, অসমত আনন্দৰাম ঢেকিয়াল ফুকনো তেনে আছিল, বংগ দেশত কিন্তু অল্পায়ু ফুকনৰ কাৰ্যকলাপলৈ চাই ৰামমোহন ৰায়তকৈ তেওঁক উচ্চ স্থান দিব পাৰি। ইংলণ্ডৰ বিৱৰণ’ নামৰ পুথিখনতো ঢেকিয়াল ফুকনৰ গভীৰ স্বদেশপ্রেমব নিদর্শন পোৱা যায়।

আনন্দৰাম ঢেকিয়াল ফুকনৰ বাহিৰেও বলৰাম ফুকন, যজ্ঞৰাম দেওধাই বৰুৱা, পূৰ্ণানন্দ ডেকা বৰুৱা, কিনাৰাম সত্ৰিয়া আদি কেবাজনো লেখকে ‘অৰুণোদই’ৰ পাতত প্ৰবন্ধ লেখাৰ উল্লেখ পোৱা যায়। 

যদুৰাম ডেকাবৰুৱা― যদুৰাম ডেকাবৰুৱাৰ জন্ম হয় ১৮০১ খ্ৰীষ্টাব্দত যোৰহাটত। তেওঁৰ পিতৃৰ নাম কৃষ্ণদাস ভঁৰাল বৰুৱা। তেওঁ ডেকা বয়সত চন্দ্ৰকান্ত সিংহ আৰু তাৰ পাছত পুৰন্দৰ সিংহৰ দিনত বিষয়বাব ভোগ কৰিছিল। ইংৰাজৰ অধীনত মুন্সিফ পদ লৈ বিভিন্ন ঠাইত চাকৰি কৰিছিল।। যদুৰামে কলিকতাৰ বিভিন্ন আলোচনীৰ লগতে ‘অৰুণোদয়’ৰ পাততো প্রবন্ধ লিখিছিল। ১৮৩৯ চনত অভিধান এখন কর্ণেল জেকিন্স চাহাবৰ হাতত অৰ্পণ কৰে। সেই অভিধানৰ ওপৰত ভিত্তি কৰিয়েই সম্ভবতঃ ব্ৰন্সন চাহাবে তেওঁৰ অভিধান ১৮৬৭ চনত সম্পূৰ্ণ ভাৱে লিখি প্ৰকাশ কৰে।

অৰুণোদই যুগৰ লেখক হিচাপে যদুৰাম ডেকাবৰুৱাক ক’ব পাৰি কাৰণ অৰুণোদইৰ পাতত তেওঁৰ লিখনি প্ৰকাশ পাইছিল। আনহাতে মিছনেৰিসকলে বিশেষকৈ ব্ৰন্সন চাহাবে প্ৰণয়ন কৰা অভিধানখনিত যদুৰাম ডেকাবৰুৱাই জেনকিন্স চাহাবৰ হাতত অৰ্পণ কৰা অভিধানখনিৰ সহায়ক হৈছিল বুলি অনুমান কৰিব পাৰি।

ডক্টৰ নাথান ব্ৰাউন— যি সময়ত অসমৰ আকাশ কলিয়া ডাৱৰে আৱৰি ধৰিছিল সেই সময়তে ১৮৩৬ চনত ড° ব্রাউন সপৰিয়ালে অসমত ভৰি দিছিল। ৰাজনৈতিক স্বাধীনতা হেৰুওৱাৰ লগতে সেই চনতে অসমীয়া মানুহে মুখৰ ভাষাটোও হেৰুৱাবলগাত পৰে। নাথান ব্ৰাউন আৰু মিছনেৰিসকলে খ্ৰীষ্টধর্ম প্ৰচাৰৰ উদ্দেশ্য অসমত সেই সময়তে ভৰি দিছিল। তেওঁলোকে প্রথমে শদিয়াত থিতাপি লৈ অসমীয়া ভাষা শিকি ল’লে আৰু অসমীয়াতে পাঠ্যপুথি ৰচনা কৰি নকৈ পঢ়াশালি পাতি তাতে চলালে। খ্ৰীষ্টান ধর্ম প্ৰচাৰৰ বাবে বাইবেল পুথিও ভাঙনি কৰে। ১৮৩৯ চনত খামটি বিদ্রোহ আৰু চিংফৌসকলৰ উৎপাতত থাকিব নোৱাৰি জয়পুৰলৈ গুচি আহে। ব্রাউন দম্পতিয়ে জয়পুৰৰ পৰা খামটি, চিংফৌ, নগা আৰু অসমীয়া ভাষাত ধৰ্মপ্ৰচাৰমূলক সৰু সৰু পুস্তিকা প্রকাশ কৰি উলিয়াইছিল। তেওঁলোকে নিজৰ লগতে সৰু প্ৰেছ পাতি প্ৰচাৰ কাৰ্য চলাইছিল। শদিয়াত থাকোতে ব্রাউন চাহাবৰ গাভৰু জীয়েকৰ মৃত্যু হৈছিল। তেওঁৰ পত্নীও সঘনাই অসুস্থ হৈছিল। কিন্তু পাৰিবাৰিক দুখ-কষ্টই তেওঁৰ কৰ্মত বাধা দিব পৰা নাছিল। ১৮৫৫ চনত তেওঁ অসম এৰি নিজ দেশলৈ উভতি যায়।

১৮৪৬ খ্ৰীষ্টাব্দত ড° নাথান ব্ৰাউনে চমু অসমীয়া ব্যাকৰণ Gramatical Notice on the Assamese Language’ বাইবেলৰ ‘নিউ টেষ্টামেন্ট’ৰ অসমীয়া ভাঙনি, বাইবেলৰ মেথিউ, লিউক, মাৰ্ক আদি চাৰিটা খণ্ড ভাঙি ‘খ্ৰীষ্টৰ বিৱৰণ আৰু শুভবাৰ্তা’ নাম দি বেলেগ পুথিৰ আকাৰে ১৮৫৪ চনত প্ৰকাশ কৰে। তদুপৰি যোচেফৰ কাহিনী’, ‘যীশুখ্ৰীষ্টৰ জীৱনী’ ৰচনা কৰিছিল। ‘যাত্ৰিকৰ যাত্ৰা’ পুথিখনো অনুবাদ কৰিছিল। বেভাৰেও কট্টৰৰ লগত লগ লাগি ১৮৪৩ খ্ৰীষ্টাব্দত অসমীয়া ভাষাত ‘অৰুণোদই’ কাকতো ব্রাউন চাহাবে উলিয়াইছিল। গণনাৰ পুথি প্ৰথম আৰু দ্বিতীয় ভাগ ব্রাউন দম্পতীয়ে উলিয়াইছিল। ইয়াৰ বাহিৰেও খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ কাৰণে কেবাখনো সৰু পুস্তিকা অসমীয়া ভাষাত ৰচনা কৰিছিল।

ড° ব্রাউন চালে পুৰণি পুথি সংগ্ৰহ কৰি জৰা কৰি উলিয়াইছিল। তাৰ।ভিতৰত কাশীনাথ তামুলীফুকনৰ অসম বুৰঞ্জী, চুতীয়া বুৰঞ্জী, বকুল কায়স্থৰ, গণিত পুথি বিশেষভাবে উল্লেখযোগ্য। স্বামীৰ সকলো তেখেতৰ সুযোগ্যা পত্নী এলিজা ব্রাউন। ল’ৰা-ছোৱালীৰ উপযোগী এখন ‘সাধুৰ পুথি’, এখন ‘গল্পনা পুথি’ ৰচনা কৰি প্ৰকাশ কৰি। তীৰ এই বহুমূলীয়া অৱদান অসমীয়া ভাষা-সাহিত্যৰ বুৰঞ্জীত চিৰযুগমীয়াত হৈ থাকিব। 

ডক্টৰ মহিলছ এখন – আমেৰিকাৰ নিউয়র্ক চত ১৮১০ খ্রীষ্টাব্দত ব্ৰন্সন চাহাবৰ জন্ম হয়। ১৮৩৭ চনত অসমলৈ আহে। ব্রহ্মপুকদি উজাই আহি থাকোতে নাও ডুবি বন্ধু জেকব থমাছৰ মৃত্যু হয়। অসমলৈ আহি দ্বিতীয়া পত্নী, ভনীয়েক বোড়া আৰু জীয়েকক তেওঁ চিৰদিনৰ বাবে হেৰুৱাবলগাত পৰে। আত্মীয়-স্বজনৰ বিয়োগেও তেওঁ কৰ্মৰ পৰা আঁতৰা পৰা নাছিল। দুখ-শোক মনৰ পৰা আঁতৰাই ধৰ্মপ্ৰচাৰ আৰু সাহিত্য বচনাত একাণপতীয়াভাৱে কাম কৰি যায়। তেওঁ প্ৰথমে নামচাঙত থাকি নগাসকলৰ মাজত ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। তাত সুবিধাজনক নেদেখি জয়পুবলৈ উভতি আহে। তাৰ পাছত নগাঁৱলৈ আহি কামত মনোনিবেশ কৰে। সেই ঠাইত ধৰ্ম প্ৰচাৰৰ লগে লগে সৰু ল’ৰা-ছোৱালীৰ বাবে এখন বিদ্যালয় স্থাপন কৰে আৰু অনাথ শিশুসকলৰ বাবে এখন অনাথ আশ্রম খোলে। ১৮৪৮ চনত স্বাস্থ্যৰ অৱনতি ঘটাত নিজ দেশলৈ উভতি যায়। তিনি বছৰ পাছত অসমলৈ আহি পুনৰ ধৰ্ম প্ৰচাৰৰ কামত নিয়োজিত হয়। কেইবছৰমান ইয়াতে থাকি স্বাস্থ্যলাভৰ বাবে নিজ দেশলৈ উভতি যায়।

১৮৮৩ চনত এইজনা ব্যক্তিৰ কমৰ্ময় জীৱনৰ অৱসান ঘটে। 

ব্ৰন্সন চাহাবে বাইবেলৰ ভালেখিনি গুটিয়া অনুবাদ স্তুতি গীতো অসমীয়ালৈ অনুবাদ কৰিছিল৷ ১৮৬৭ চনত তেওঁৰ অসমীয়া অভিধান স্থপা হৈ ওলায়। এই অভিধানখনত ১,৪০০০ নিভাঁজ অসমীয়া শব্দই ঠাই পাইছে। সংস্কৃত বা তৎসম শব্দৰ সংখ্যা কিছু কম। ইয়াত প্ৰয়োগ কৰা আখৰ জোঁটনি, বানান প্রণালী, সকলো উচ্চাৰণ-ৰীতিৰফালৰ পৰা দৃষ্টি ৰাখি কৰা হৈছে। এই বিষয়ত তেওঁ যদুৰাম ডেকা বৰুৱাই কৰ্ণেল জেনকিন্স চাহাবক উপহাৰ দিয়া অভিধানখনৰ আখৰ জোঁটনিক অনুসৰণ কৰিছিল। অভিধানখনৰ বানানবিলাক উচ্চাৰণ অনুসৰি লিখা, সেইকাৰণে উচ্চাৰণ আৰু লিখাৰ মাজত পার্থক্য নাই। এখন চাহাবৰ অভিধানখনেই প্রথম প্রকাশিত অভিধান। ১৯০০ খ্রীষ্টাব্দলৈকে এইখনেই অসমীয়া ভাষাৰ একমাত্ৰ পথ প্ৰদৰ্শক হৈ আছিল। এই অভিধানখনেই ব্ৰন্সন চাহাবৰ যুগান্তকাৰী অৱদান। 

১৮৮৩ চনত আমেৰিকাৰ মিচিগানত ব্ৰন্সন চাহাবৰ মৃত্যু হয়।

এ, কে গাণি— ১৮৭৪ চনত আমেৰিকাৰ পৰা আহি শিৱসাগৰত খ্রীষ্টিয়ান ধর্মযাজক পদ গ্রহণ কৰে। তেওঁ খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ আৰু পুথি অনুবাদ কার্যত মানোনিৱেশ কৰিছিল। কেইবছৰমান ‘অৰুণোদয়’ সম্পাদনা কৰিছিল। তেওঁ অনুবাদ কৰা পুথিসমূহৰ ভিতৰত ‘প্রাচীন নিয়ম’ (Old Testament), ‘কথ আৰু যোচেফৰ কাহিনী’ বিশেষভাৱে উল্লেখযোগ্য। তেওঁ ‘অল্ড টেষ্টামেন্ট’খন মূল হিব্রু ভাষাৰ পৰা অনুবাদ কৰিছে। ‘নিউ টেষ্টামেন্ট’খন এইচ, পি, মূৰৰ লগত লগ লাগি অনুবাদখিনি সংশোধন কৰিছে। গাৰ্ণিয়ে ১৯০৫ চনত ‘দীপ্তি’ নামৰ এখন মাহেকীয়া আলোচনীও প্রকাশ কৰিছিল। ‘এলোকেশী বেশ্যা’ৰ কাহিনীত সৰুতে বিধৱা হোৱা গাভৰু এজনীয়ে সমাজত দুষ্ট লোকৰ প্ৰৰোচনাত পৰি পথভ্ৰষ্ট হৈছিল। শেষত খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈ শেষত পবিত্ৰ জীৱন যাপন কৰিবলৈ সমৰ্থ হয়। এয়ে আছিল পুথিখনৰ মূল কাহিনী। যদিও অসমীয়া ভাষাত পুথিসমূহ ৰচনা কৰিছিল, তথাপি সকলোবিলাক আছিল উদ্দেশ্যধর্মী। শ্রীমতী গাৰ্ণিৰ ‘ফুলমণি আৰু কৰুণাৰ কাহিনী’ বিশেষ উল্লেখযোগ্য। 

নিধিৰামে ফাৰৱেল – ১৮২৩ চনত তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ সূতৰ গাঁৱত নিধিৰামৰ জন্ম হয়। তেওঁ ওঠৰ বছৰ বয়সত ব্রহ্মন চাহাবৰ পৰা খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰে। মিছনেৰীসকলৰ সহায়ত তেওঁ শিক্ষা গ্ৰহণ কৰে আৰু পাছলৈ এজন প্ৰধান খ্রীষ্ট ধৰ্ম প্ৰচাৰক হৈ প্ৰচাৰ কাৰ্য চলায়। অসমীয়া ভাষাৰ উন্নতি আৰু উদ্ধাৰৰ কাৰণে নিধিৰামে বহুতো চেষ্টা কৰিছিল। অৰুণোদইত ‘বিনয় বচন’, ‘সৰ্গৰ বিৱৰণ’, ‘তীৰ্থৰ বিৱৰণ’, নৰকৰ বিৱৰণ’, ‘হিন্দুস্থানৰ বুৰঞ্জী’ আদি ভালেসংখ্যক প্ৰবন্ধ আৰু কবিতা তেওঁ নিয়মিতভাৱে লিখিছিল, তেওঁন, ল, ফ, নামত অৰুণোদইত প্ৰবন্ধ, পদ্য, বৰঞ্জী আৰু অনুবাদ পুথি প্ৰকাশ কৰিছিল। পদাৰ্থ সাৰ নামে এখন খ্রীষ্ট ধর্ম সম্পৰ্কীয় পুস্তিকা প্রকাশ কৰিছিল। নিধিৰামৰ কবিতাবোৰ পুৰণি পাঁচতঢলা আৰু প্ৰকৃত অৰ্থত ইয়াক কবিতা বোলা টান। খ্রীষ্ট ধর্মত মহিমা, হিন্দু ধৰ্মৰ প্ৰতি ফিৰূপ মনোভাৱ আৰু ত্রাণকর্তা হিচাপে একমাত্ৰ খ্ৰীষ্ট ধর্মৰ গুণ-গান নিধিৰামৰ কবিতাৰ বিষয়বস্তু আছিল।

উপৰোক্ত ব্যক্তিসকলৰ বাহিৰেও আন কেইজনমান ব্যক্তিৰ নাম পোৱা যায়, যিসকলে অৰুণোদয়ৰ যোগেদি সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়াই থৈ গৈছে। ডেনফৰ্থ, ক্লার্ক, ৱাৰ্ড আদিয়ে অৰুণোদয় সম্পাদনা কৰি অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়াই থৈ গৈছে।

অৰুণোদয় অসমীয়া ভাষা-সাহিত্যৰ প্রথম আলোচনী বাতৰি কাকত ৰূপে সাহিত্যৰ বুৰঞ্জীত এক বিশেষ স্থান লাভ কৰিছে। চুকভেকুলীৰ দৰে সোমাই থকা অসমীয়া মানুহক দেশ-বিদেশৰ জ্ঞানৰ বাতৰি দি বহির্জগতৰ লগত পৰিচয় কৰি দিলে। পাশ্চাত্যসাহিত্যৰ ভাবধাৰা অসমীয়া সাহিত্যলৈ বোৱাই আনি আধুনিকতা প্রতিষ্ঠা কৰাত সহায় কৰিলে। বঙলা ভাষা প্ৰচলনৰ বিৰোধিতা কৰি অসমীয়া ভাষাক ন্যায্য স্থান পোৱাত অৰুণোদয় আৰু মিছনেৰীসকলৰ অৱদান লেখত ল’বলগীয়া। অৰুণোদয়ে প্রথম আলোচনী আৰু বাতৰি কাকত হিচাপে বাতৰি কাকতৰ ব্যৱসায় আৰু সাংবাদিকতাৰ পথপ্ৰদৰ্শক হৈ পৰিল৷ অৰুণোদয় কাকতেই পৰৱৰ্তী কাকতসমূহ, যেনে— ‘আসাম দর্পণ’, আসাম বিলাসিনী আৰু আসাম মিহিৰ আদিৰ বাটকটীয়া হৈ পৰিল। অৰুণোদয় কাকতে আনন্দৰাম ঢেকিয়াল ফুকন, নিধিৰাম ফাৰৱেল, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদি একশ্ৰেণীৰ অসমীয়া সাহিত্যিক সৃষ্টি কৰিলে ।

খ্ৰীষ্টান মিছনেৰীসকল আৰু অৰুণোদয় কাকতে অসমীয়া সাহিত্যলৈ যি অৱদান দি গ’ল সেই কথা অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে, কিন্তু অসমীয়া জাতিৰ প্ৰাণৰ সন্ধান, অসমীয়া সমাজৰ সমস্যা আৰু জীৱনযাত্ৰাৰ অভিব্যক্তি তেওঁলোকৰ ৰচনাত প্ৰতিফলিত হোৱা নাছিল। অৰুণোদয়ৰ পাততে লিখনীৰ পাতনি মেলা আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ দৰে দূৰদৰ্শী আৰু দেশহিতৈষী ব্যক্তিৰ ৰচনাৰ মাজেদি অসমীয়া সমাজক সৎপথলৈ অনাৰ আহ্বান শুনা যায়। হেমচন্দ্ৰ আৰু গুণাভিৰাম হাততে স্বদেশপ্ৰীতি আৰু জাতীয়তাবোধৰ সৃষ্টিশীল সাহিত্য ৰচিত হৈছিল। এওঁলোকেই অসমীয়া সাহিত্যত মিছনেৰী স্তৰৰ অৱসান ঘটাই ইতিহাসৰ নতুন স্তৰৰ সূচনা কৰে। 

হেমচন্দ্ৰ বৰুৱা – ১৮৩৫ খ্ৰীষ্টাব্দত শিৱসাগৰৰ ৰজাবাহৰ গাঁৱত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হয়। বাৰ বছৰ বয়সতে পিতৃৰ মৃত্যু ঘটাত খুৰাক লক্ষ্মীৰাম বৰুৱাৰ লগত থাকি সংস্কৃত শিক্ষা গ্ৰহণ কৰে। কেইবছৰমান পাছতে মাহে ৪ টকা বেতনত নকল নবীচৰ কামত সোমায়। সেই সময়ৰ শিৱসাগৰ জিলাৰ অধিপতি কেপ্তেইন ব্রোডী চাহাবৰ সহায়ত খুৰাকে নজনাকৈ ইংৰাজী ভাষা শিকিবলৈ লয়। ইংৰাজী শিক্ষাত ব্যুৎপত্তি থকা কাৰণে চৰকাৰী ‘ট্রেন্সলেটৰ’ হিচাবে নিযুক্তি লাভ কৰে। পাছলৈ অসমৰ জুডিচিয়েল কমিচনাৰ অফিচৰ চুপাৰিনটেণ্ডেণ্ট পদ লাভ কৰে। তেওঁক অস্থায়ীভাৱে এক্সট্রা এছিচটেন্ট কমিছনাৰ পদো যঁচা হৈছিল কিন্তু তেওঁ সেই পদ গ্ৰহণ নকৰিলে। ১৮৮১ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু সাহিত্য চৰ্চাত মনোনিবেশ করে। ১৮৯৬ চনত এইজনা মহান ব্যক্তিৰ গুৱাহাটীৰ নিজা বাসভবনত মৃত্যু হয়।

হেমচন্দ্ৰ বৰুৱাই ‘অৰুণোদই’ কাকতৰ যোগেদি সাহিত্যিক জীৱন আৰম্ভ কৰে। ‘সোনাবচাঁদ’ ছদ্মনাম লৈ অৰুণোদইত প্ৰবন্ধ লিখা বুলি প্ৰমাণ পোৱা যায়। মিছনেৰীসকলে প্রৱর্তন কৰা বর্ণবিন্যাস আৰু অসমীয়া শব্দৰ বানান পদ্ধতি বৈজ্ঞানিক আৰু মূলানুগ কৰিবলৈ তেওঁ অৰুণোদইত প্ৰবন্ধ লিখিছিল। ১৮৫৯ খ্ৰীষ্টাব্দত ‘অসমীয়া ব্যাকৰণ’, ১৮৭৩ চনত ‘আদিপাঠ’, ১৮৮৬ চনত অসমীয়া ল’ৰাৰ ব্যাকরণ, ১৮৯২ চনত পঢ়াশলীয়া অভিধান লিখি প্রকাশ কৰে। তাৰ দুবছৰ পাছত ‘সংক্ষিপ্ত হেমকোষ’ প্রকাশ পায়। তেওঁৰ জীবিত কালত ‘হেমকোষ’ প্রকাশ হৈ ওলোৱা দেখা নাপালে। ১৯০০ চনত হেমচন্দ্ৰ গোস্বামী আৰু গৰ্ডন চাহাবৰ প্ৰচেষ্টাত হেমচন্দ্ৰৰ জীৱনৱ কীর্তিস্তম্ভ ‘হেমকোষ’ ছপা হৈ ওলায়।

ঢ়হেমচন্দ্ৰ বৰুৱাই আদিপাঠ, পাঠমালা, স্বাস্থ্য ৰক্ষাৰ নিয়ম নামৰ পুথিসমূহ ইংৰাজীৰ পৰা অনুবাদ কৰি স্কুলীয়া ছাত্ৰৰ উপযোগীকৈ প্ৰণয়ন কৰি চৰকাৰৰ পৰা ১১০০ টকা পুৰস্কাৰ লাভ কৰিবলৈ সমৰ্থ হৈছিল। ভাষা শিকিবলৈ আৰু শুদ্ধভাৱে লিখিবলৈ ছাত্ৰৰ কাৰণে উপযুক্ত পাঠ ব্যাকৰণ পুথি আৰু অভিধানৰ প্ৰয়োজন। সেই কথা উপলব্ধি কৰি বৰুৱাদেৱে ব্যাকৰণ আৰু অভিধান প্ৰণয়ন কৰিছিল। হেমকোষ দ্বিতীয় অসমীয়া অভিধান। ব্ৰন্সন চাহাবৰ অভিধানতকৈ ‘হেমকোষ’ত আঠ হাজাৰ শব্দ অধিক পোৱা যায়। হেমচন্দ্ৰ বৰুৱাৰ পাণ্ডিত্য, ভাষাজ্ঞান আৰু অশেষ কষ্টৰ আদৰ্শ দাঙি ধৰিছে এই ‘হেমকোষে’।

স্কুলীয়া ছাত্ৰৰ উপযোগী আৰু অসমীয়া ভাষাৰ শিক্ষামূলক সাহিত্য ৰচনাৰ বাহিৰে হেমচন্দ্ৰই সমাজ সংস্কাৰধৰ্মী কেইখনমান পুথিও ৰচনা কৰিছিল। সেইকেইখন হ’ল কানীয়াৰ কীৰ্তন আৰু বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী। এই পুথি দুখনত অসমীয়া সমাজৰ অধঃপতনৰ চিত্ৰ দাঙি ধৰিছে। ‘কানীয়া ‘কীৰ্তন’ আধুনিক যুগৰ দ্বিতীয় নাটক। নাটখন উদ্যেশেধর্মী। সেই সময়ৰ অসমীয়া সমাজৰ কিছুমান লোকে কানি বৰবিহৰ গৰাহত পৰি কেনেকৈ চৰিত্ৰ আৰু সম্পত্তি সকলো নষ্ট পায়, সেই কথা দাঙি ধৰিছে। কানিখোলাৰ হাস্যাসম্পদ ব্যংগ চিত্রই আৰু নাটখনৰ প্রভাৱশীলতাই নাট্য সাহিত্যৰ বুৰঞ্জীত বিশেষ স্থান দিছে। ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ত অসমীয়া সমাজৰ বাহ্যিক নৈষ্ঠিকত আৰু আচাৰ-ব্যৱহাৰৰ অন্তৰালত থকা ব্যভিচাৰ, ভণ্ডামি আৰু দুৰ্নীতিৰ বিকট ৰূপটো প্ৰকাশ পাইছে। 

ধৰ্মৰ নামত গোসাঁই, মহন্ত ব্ৰাহ্মণ আদি উচ্চ শ্ৰেণীৰ লোকৰ ব্যভিচাৰ, ভূত-প্রেত আদিত বিশ্বাস, আসুৰিক চিকিৎসা, কুসংস্কাৰ, আদালতৰ দুৰ্নীতি আৰু অনভিজ্ঞ ইংৰাজ বিষয়াৰ হাস্যাস্পদ ব্যৱহাৰ আদি ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ নামৰ পুথিখনত তীব্ৰ ব্যংগ ৰূপত প্ৰকাশ পাইছে। এই পুথিৰ কোৰখনীয়া সত্ৰৰ ভণ্ড গোসাঁই গোৱৰ্ধন আতাৰ চৰিত্ৰটি ফ্ৰান্সৰ প্ৰসিদ্ধ হাস্যৰসিক নাট্যকাৰ বালজাকৰ ‘টাৰটাফ’ চৰিত্ৰ নাইবা বালজাকৰ পেনগ্লেচৰ দৰে কামুক কপটাচাৰী আৰু মূৰ্খৰ লগত ৰিজাব পাৰি। ব্যঙ্গোক্তি, অপ্রস্তুত, প্রশংসা, শ্লেষোক্তি আদি অলংকাৰ প্ৰয়োগৰ ফলত হেমচন্দ্ৰৰ ব্যংগই তীব্রতা লাভ কৰিছে। তীব্ৰ ব্যংগ ৰচনাত হেমচন্দ্ৰক পৰৱৰ্তী কোনো সাহিত্যিকে চেৰ পেলাব পৰা নাই। ১৮৮২-১৮৮৫ চনলৈকে ‘আসাম নিউজ’ কাকতৰ সম্পাদক ৰূপে হেমচন্দ্ৰ বৰুৱাই বিশেষ অৰিহনা দি গৈছে। অসমীয়া পুথিৰ বাহিৰে তেওঁ অসমীয়া বিবাহ পদ্ধতি (Assamese Marriage System) ইংৰাজীত লিখি উলিয়াইছিল। এই উল্লেখযোগ্য পুথিখনে তেওঁৰ পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিছিল।

পশ্চিমীয়া ভাবধাৰাৰ দ্বাৰা প্ৰভাৱান্বিত হ’লেও বৰুৱা যুক্তিবাদ আৰু উদাৰতাবাদত বিশ্বাসী— সেয়ে তেওঁ বিধবা বিবাহ সমৰ্থন কৰিছিল।  

গুনাভিৰাম বৰুৱা― হেমচন্দ্ৰ বৰুৱাৰ দৰে গুণাভিৰাম বৰুৱাইও ‘অৰুণোদই’ কাকতৰ জৰিয়তে সাহিত্য জগতত প্ৰৱেশ কৰিছিল। ১৮৩৭ চনত যোৰহাটত গুণাভিৰাম বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ৰণৰাম বৰুৱা। সৰুতে পিতৃক হেৰুৱাব লগা হোৱাত আনন্দৰাম ঢেকিয়াল ফুকনৰ তত্ত্বাৱধানতথাকি শিক্ষা গ্ৰহণ কৰে। কলিকতাৰ প্ৰেচিডেন্সি কলেজত দ্বিতীয় বার্ষিক শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰি তেওঁ আইনৰ শিক্ষা গ্ৰহণ কৰে। ঢেকিয়াল ফুকনে তেওঁৰ শিক্ষা-দীক্ষা শেষ হোৱাৰ পাছত বিয়া বাৰুও পাতি দিয়ে। ১৮৫৯ চনত তেওঁ চৰকাৰী চাকৰিত সোমায় আৰু কিছুদিনৰ পাছত একটা এছিষ্টেন্ট কমিছনাৰ পদলৈ উন্নীত হয়। 

প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত ১৮৭০ চনত বিষ্ণুপ্রিয়া নামে বিধৱা ব্ৰাহ্মণ কন্যাক বিয়া কৰায়। দ্বিতীয় বিবাহৰ এবছৰ পাছত হিন্দু ধৰ্মৰ গোড়ামি দেখি উদাৰ ব্ৰাহ্ম ধৰ্ম গ্ৰহণ কৰে। দ্বিতীয় পত্নী বিষ্ণুপ্ৰিয়াৰ গৰ্ভত কেইবাটিও সন্তান জন্ম হয়। তেওঁলোকৰ ভিতৰত ‘ল’ৰা বন্ধুৰ’ সম্পাদক কৰুণাভিৰাম বৰুৱা আৰু জ্ঞানদাভিৰাম বৰুৱাৰ নাম উল্লেখযোগ্য। গুণাভিৰাম বৰুৱাই নগাঁৱত এক্সটা এছিষ্টেন্ট কমিছনাৰ হৈ থকা সময়ত নগাঁও সাহিত্য চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল৷ তেওঁৰ অনুপ্ৰেৰণাত হেমচন্দ্ৰ গোস্বামী, ৰত্নেশ্বৰ মহন্ত, পদ্মহাস গোস্বামী আদিয়ে সাহিত্য চৰ্চাত আত্মনিয়োগ কৰিছিল। ১৮৯০ চনত গুণাভিৰামে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি কলিকতাত নিগাজীকৈ বসতি কৰিবলৈ লয়। কলিকতাতে এইজনা ব্যক্তিৰ ১৮৯৪ চনত মৃত্যু হয়।

গুণাভিৰামে ‘অৰুণোদই’ৰ পাততে সাহিত্য জগতত প্ৰৱেশ কৰিছিল। তেওঁৰ প্ৰথম নাটক ৰাম-নৱমী’ ১৮৫৭ চনত প্ৰকাশ পায়। বঙ্গদেশৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে বিধৱা বিবাহ প্ৰচলনৰ বাবে আন্দোলন চলাইছিল। সেই আদৰ্শেৰে অনুপ্ৰাণিত হৈ গুণাভিৰামে ৰাম-নৱমী নাটক ৰচনা কৰিছিল। নিজেও ব্যক্তিগত জীৱনত সেই আদৰ্শ গ্ৰহণ কৰি দেখুৱাইছিল। বঙ্গদেশত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বিধৱা-বিবাহৰ প্ৰচলনৰ বাবে যি আন্দোলন চলাইছিল আৰু ১৮৫৮ চনত সেই বিধৱা বিবাহ আইন পাছ হয়।

গুণাভিৰামে ৰাম-নৱমী নাটকত পাশ্চাত্য নাটৰ কলা-কৌশল প্রয়োগ কৰা দেখা যায়। ভাৰতীয় নাটৰ ঐতিহ্যৰ বিপৰীতে বিয়োগাত্মক পৰিসমাপ্তি এই নাটখনত দেখা যায়। সেই সময়ত ল’ৰা বন্ধু’ত দুটা সংখ্যাত প্ৰকাশ হৈ আধৰুৱাভাৱে শেষ হোৱা ‘বিধৱা ৰহস্য’ নামৰ নাটখনো গুণাভিৰাম বৰুৱাদেৱৰে ৰচনা বুলি সন্দেহ হয়।

১৮৮০ চনত ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত’ লিখি প্ৰকাশ কৰে। আধুনিক অসমীয়া সাহিত্যত এইখনেই প্রথমে উল্লেখযোগ্য জীৱন চৰিত। আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনৰ ডাঙৰ-সৰু সকলো ঘটনা ফটোগ্ৰাফৰ দৰে অঙ্কন কৰিছে। ১৮৮৪ চনত গুণাভিৰামে আধুনিক বৈজ্ঞানিক দৃষ্টিভংগীৰে প্ৰাচীন কালৰ পৰা ইংৰাজ ৰাজত্বলৈকে সকলো ঘটনা সামৰি ‘অসম বুৰঞ্জী’ লিখি উলিয়ায়।এই বুৰঞ্জীখন নিৰপেক্ষ ঐতিহাসিক সৰল অথচ গাম্ভীৰ্যপূৰ্ণ গদ্যৰীতিৰ কাৰণে বিশেষ মূল্যৱান। ‘কঠিন শব্দৰ ৰহস্য’ নামেৰে নিভাঁজ হাস্যৰস আৰু কৌতুকপূর্ণ পুথি এখন লিখি পাঠকসমাজক উপহাৰ দিছিল।

১৮৮৫ খ্ৰীষ্টাব্দত ‘আসাম বন্ধু’ নামৰ এখন মাহেকীয়া কাকত সম্পাদনা কৰি উলিয়াইছিল। এই কাকতখন ডেৰবছৰ কাল চলি ষোল্লটা সংখ্যা প্রকাশ পাইছিল। এই কাকততে বৰুৱাদেৱৰ ‘আসাম অতীত আৰু বৰ্তমান’ নামৰ ঐতিহাসিক প্রবন্ধ ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। ‘আসাম বন্ধু’কাকতে অসমীয়া সাহিত্যলৈ ৰমণ্যাসবাদৰ প্ৰথম ৰেঙণি পেলাইছিল। ‘কঠিন শব্দৰ ৰহস্য ব্যাখ্যা’ ব্যংগবর্জিত বুদ্ধিনিষ্ঠ হাস্যৰসৰ সুন্দৰ নিদৰ্শন।

ঊনবিংশ শতিকাৰ শেষৰ কালছোৱাত অসমীয়া ভাষা- সাহিত্যৰ নাওখনৰ কাণ্ডাৰী হিচাপে হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ নাম ল’ব পাৰি। গুণাভিৰামৰ সৰলতা, অমায়িক আৰু স্বদেশপ্ৰীতিৰ নিদৰ্শন ‘সৌমাৰ ভ্ৰমণ’ৰ আৰম্ভণি অংশৰ বৰ্ণনাই দাঙি ধৰিছে। ঐতিহাসিক গৱেষণা, জীৱনাচৰিত, ভ্ৰমণ বৃত্তান্ত, নাটক আৰু বাতৰি কাকত সম্পাদনা কৰা আদি সকলো বিষয়তে গুণাভিৰাম বৰুৱা আছিল পথপ্ৰদৰ্শক।

চমু উত্তৰ দিয়া :

১। ‘বাইবেল’ৰ অসমীয়া অনুবাদক―

উত্তৰঃ আত্মাৰাম শৰ্মা। 

২। তলৰ কোনজন ব্যক্তিৰ অনুৰোধক আত্মাৰাম শৰ্মাই ‘বাইবেল’ অসমীয়ালৈ ভাঙনি কৰিছিল—   

উত্তৰঃ ৰেভঃ কেৰি। 

৩। গুৱাহাটীলৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে কোনজন ব্যক্তিক প্রথমে পঠাইছিল—

উত্তৰঃ জেমচ ৰে। 

8। আত্মাৰাম শৰ্মাই বাইবেল অসমীয়ালৈ ভাঙনি কৰা চনটো হ’ল—

উত্তৰঃ ১৮১৩

৫। তলৰ কোনজন ব্যক্তিক আত্মাৰাম শৰ্মাই অসমীয়া ভাষাৰ কাৰ্যকৰী জ্ঞান দি পঠোৱাৰ উল্লেখ পোৱা যায়― 

উত্তৰঃ জেমচ ৰে। 

৬। কাশীনাথ তামুলী ফুকনে লিখা অসম বুৰঞ্জীখন প্রথম ছপা হয়— 

উত্তৰঃ শিৱসাগৰৰ মিছনেৰীৰ প্ৰেছত। 

৭। বিশ্বেশ্বৰ বৈদ্যাধিপৰ ‘বেলিমাৰৰ বুৰঞ্জী’ আৰু দুতিৰাম হাজৰিকাৰ ‘কলিভাৰত’ সূর্যকুমাৰ ভূঞা সম্পাদিত কোনখন গ্ৰন্থত সন্নিৱিষ্ট আছে― 

উত্তৰঃ অসমৰ পদ্য বুৰঞ্জী। 

৮। মণিৰাম দেৱানৰ বুৰঞ্জীবিৱেক ৰত্ন’ গ্ৰন্থখনৰ এতিয়ালৈকে উদ্ধাৰ হোৱা খণ্ড কেইটা—

উত্তৰঃ দুটা। 

৯। আহোম শাসন পদ্ধতি, বৈষ্ণৱ পন্থ আৰু সত্ৰৰ উৎপত্তি, মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ দিনৰ বিৱৰণ কোনখন গ্ৰন্থত পোৱা যায় ―

উত্তৰঃ বুৰঞ্জীবিৱেক ৰত্ন। 

১০। ‘বঙলা-অসমীয়া অভিধান’ৰ ৰচক হ’ল—

উত্তৰঃ যদুৰাম ডেকাবৰুৱা। 

১১। যদুৰাম ডেকাবৰুৱাৰ ‘বঙলা-অসমীয়া অভিধান’ৰ ওপৰত ভিত্তি কৰি কোনজন ইংৰাজে অসমীয়া অভিধান প্ৰস্তুত কৰিছিল—

উত্তৰঃ মাইলছ ব্ৰন্সন। 

১৩। ‘বঙলা-অসমীয়া অভিধান’খন লিখি উলিওৱা চনটো―

উত্তৰঃ ১৯৩৯

১৪। ব্রন্সনৰ ‘অসমীয়া অভিধান’খনৰ প্ৰকাশৰ চনটো

উত্তৰঃ ১৮৬৭

 ১৫। ‘অৰুণোদই’ আলোচনীৰ প্ৰথম সম্পাদক আছিল—

উত্তৰঃ নাথান ব্রাউন।

১৬। কিমান চনলৈকে ‘অৰুণোদই’ আলোচনীখন নিয়মীয়াকৈ প্ৰকাশ হৈ আছিল— 

উত্তৰঃ ১৮৬৭ চনলৈকে। 

১৭। ‘জাত্ৰিকৰ যাত্ৰা’ গ্ৰন্থৰ অনুবাদক— 

উত্তৰঃ নাথান ব্রাউন। 

১৮। কোনজন লেখকে বঙলা ভাষাত সাহিত্য চৰ্চা কৰিছিল— 

উত্তৰঃ হলিৰাম ঢেকিয়াল ফুকন। 

১৯। মিছনেৰীসকলে ধর্মপ্রচাৰৰ বাবে অসমীয়া ভাষাত লিখা প্ৰচাৰ পুস্তিকাসমূহ কোনজন ব্যক্তিয়ে লিখা বুলি ধাৰণা কৰা হয়—

উত্তৰঃ আত্মাৰাম শৰ্মা। 

২০। কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী, চুতীয়া বুৰঞ্জী আৰু বকুল কায়স্থৰ গণিত পুথি ছপা কৰি উলিয়াইছিল— 

উত্তৰঃ নাথান ব্ৰাউনে। 

২১। ব্ৰন্সনৰ ‘অসমীয়া অভিধানখনত কিমান শব্দ সংকলিত হৈছে― 

উত্তৰঃ ১৪,০০০

২২। এলোকেশী বেশ্যাৰ কথা’ গ্ৰন্থখনৰ মূল লেখক হ’ল– 

উত্তৰঃ এম. ই. লেছলি। 

২৩। ‘এলোকেশী বেশ্যাৰ কথা’ গ্ৰন্থখনৰ অসমীয়া অনুবাদ―

উত্তৰঃ এ. কে. গার্নি। 

২৪। কোনজন ব্যক্তি অৰুণোদয়ৰ প্ৰভাৱমুক্ত লেখক নাছিল— 

উত্তৰঃ আত্মাৰাম শৰ্মা। 

২৫। ‘অৰুণোদই’ আলোচনীৰ প্ৰকাশৰ চন–

উত্তৰঃ ১৮৪৬

২৬। Grammatical Notices on Assamese Language ৰ ৰচক কোন―  

উত্তৰঃ নাথান ব্রাউন। 

২৭। ভূগোল বিৱৰণ’ গ্ৰন্থখনৰ লেখক― 

উত্তৰঃ এলিজা ব্রাউন। 

২৮। ‘নিধিলিবাই ফাৰৱেল’ নামটো দিছিল—

উত্তৰঃ মাইলছ ব্ৰন্সনে। 

২৯। আত্মাৰাম শৰ্মাই ‘অল্ড টেষ্টামেণ্ট’খন অনুবাদ কৰা চনটো―

উত্তৰঃ ১৮৩৩

৩০। ‘যাবলৈ মোৰ সত যোৱা নাই, মোৰ হিয়া অসমতে থাকি যাব’— এই বাক্যশাৰীৰ বক্তা আছিল। 

উত্তৰঃ মাইলছ ব্ৰন্সন। 

৩১। বঙ্গ দেশত ৰামমোহন ৰায় যেনে-অসমত আনন্দৰাম ঢেকিয়াল ফুকনো তেনে আছিল; কিন্তু অল্পায়ু ফুকনৰ কাৰ্যকলাপলৈ চাই ৰামমোহন বায়তকৈ তেওঁক উচ্চস্থান দিব পাৰি’—এই বাক্যশাৰীৰ বক্তা আছিল―

উত্তৰঃ কর্ণেল হপকিন্‌চন চাহাব। 

৩২। “হে কৃপাময় জগদিস্বৰ; এই অসম দেশৰ লোকসকলক সভ্য, গিয়ানি আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া, সিবিলাকৰ অভাৱ আৰু দূৰঅবস্থা জানিবলৈ সিবিলাকক গিয়ান দিয়া, আৰু তোমাৰ বিচিত্র শক্তিৰে সিবিলাকক সভ্য কৰা আৰু আমাক জানিবৰ আৰু আগ্যা পালিবৰ জোগ্য কৰা’ কথাখিনি তলৰ কোনখন গ্ৰন্থৰ পৰা উদ্ধৃত কৰা হৈছে―

উত্তৰঃ ইংলণ্ডৰ বিৱৰণ। 

৩৩। হেমচন্দ্ৰ বৰুৱাই আখৰ-জোঁটনিৰ সংস্কাৰ সাধন কৰিব খোজোঁতে কোনজন ব্যক্তিৰ পৰা বাধা পাইছিল বুলি আত্মজীৱন চৰিতত উল্লেখ কৰি থৈ গৈছে― 

উত্তৰঃ মাইলছ ব্ৰন্সন। 

৩৪। তলৰ কোনজন ব্যক্তিয়ে বঙলা ভাষা আঁতৰাই অসমীয়া ভাষা পুনৰ প্ৰৱৰ্তনত প্ৰবল বাধা দিছিল– 

উত্তৰঃ ৰবিন্সন চাহাব।  

৩৫। কোনজন ব্যক্তিৰ প্ৰতিবেদনৰ পৰা ১৯৩৬ চনলৈকে স্কুল কাছাৰিত অসমীয়া ভাষা চলিছিল বুলি জানিব পৰা যায়―

উত্তৰঃ জজ মিল। 

৩৬। অসমীয়াৰ ঠাইত বঙালী ভাষা প্রচলন কৰা চনটো― 

উত্তৰঃ ১৮৩৬.

৩৭। বঙালী ভাষা আঁতৰাই পুনৰ অসমীয়া ভাষা প্ৰচলন হৈছিল— 

উত্তৰঃ ১৮৭৩

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top