History of Assamese Literature Unit 3 প্ৰাক-শংকৰীযুগ :

History of Assamese Literature Unit 3 প্ৰাক-শংকৰীযুগ :, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 3 প্ৰাক-শংকৰীযুগ : Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 3 প্ৰাক-শংকৰীযুগ : Question Answer can be of great value to excel in the examination.

History of Assamese Literature Unit 3 প্ৰাক-শংকৰীযুগ :

Join Telegram channel

History of Assamese Literature Unit 3 প্ৰাক-শংকৰীযুগ : Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 3 প্ৰাক-শংকৰীযুগ : provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্ৰাক-শংকৰীযুগ :

ASSAMESE

HISTORY OF ASSAMESE LITERATURE

অসমীয়া সাহিত্যৰ বুৰঞ্জী

১। প্ৰাক-শংকৰী যুগৰ কবিসকলৰ এটি সাধাৰণ পৰিচয় দিয়া? 

উত্তৰঃ  অসমীয়া সাহিত্যৰ মধ্যযুগটোক স্তৰ বিভাজন কৰা হয়। শংকৰদেৱৰ প্রসিদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি। সেই অনুসৰি শংকৰদেৱৰ পূর্ববর্তী সময়চোৱাক প্রাক শংকৰী যুগ হিচাপে নামকৰণ কৰা হৈছে। প্ৰাক্‌-শংকৰী যুগৰ সময় নিৰ্ধাৰণ কৰা হয় ১৩০০-১৪৯০ খ্রী.। প্ৰাক্‌ শংকৰী যুগটো হ’ল অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠাৰ সময়। এই যুগত মুঠ পাঁচ গৰাকী কবিয়ে কাব্য সাধনা কৰিছিল। তেওঁলোক হ’ল হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী।

হেম সৰস্বতী :

হেম সৰস্বতীয়ে কমতাৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত সাহিত্য সাধনা কৰিছিল বুলি মানি লোৱা হয়। অৱশ্যে তেওঁৰ পৰিচয় সূচক ভনিতাৰপৰা এই তথ্য সম্পৰ্কত নিশ্চিত হ’ব নোৱাৰি। কবিৰ উদ্ভৱকাল আনুমানিক ত্ৰয়োদশ শতিকাৰ অন্তিম ভাগ অথবা চতুদর্শ শতাব্দীৰ প্রথম। তেওঁৰ কাব্যকৃতি হ’ল এশটা খণ্ডত সমাপ্ত প্ৰহ্লাদ চৰিত আৰু ৮৯৯ টা পদযুক্ত হৰগৌৰী সংবাদ। উল্লেখযোগ্য হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিখনেই প্রথম অসমীয়া কাব্য।

কবিৰত্ন সৰস্বতী :

কমতাৰ ৰজা দুর্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতাত কবিৰত্ন সৰস্বতীয়ে কাব্য চৰ্চা কৰিছিল। গতিকে তেওঁ হেম সৰস্বতীৰ কিছুকালৰ পাছৰ বুলি ভাবিবৰ থল আছে। কবিয়ে মহাভাৰতৰ দ্ৰোণপবৰ জয়দ্রথ বধ কাহিনীটো কাব্য আকাৰে বৰ্ণনা কৰিছে।

ৰুদ্ৰ কন্দলী :

কমতা ৰজা দুর্লভনাৰায়ণৰ সমসাময়িক তথা প্ৰতিদ্বন্দী ৰজা ধৰ্মনাৰায়ণৰ পুত্ৰ শ্ৰীমন্ত তাম্ৰধ্বজৰ পৃষ্ঠপোষকতাত ৰুদ্র কন্দলীয়ে কাবা সাধনা কৰিছিল। কন্দলীয়ে মহাভাৰতৰ দ্রোণপবৰ জয়দ্রথ বধ অন্তৰ্গত সাত্যকিৰ যুদ্ধযাত্ৰা আৰু বীৰত্বৰ কথা বৰ্ণনা কৰি সাত্যকি প্ৰৱেশ নামে পদ ৰচনা কৰিছিল। কাব্যখনৰ অংশ বিশেষত ঘৰুৱা জতুৱা ঠাঁচৰ প্ৰয়োগ দেখা যায়। ইয়ে কাব্যখনক মনোহাৰিত্ব প্রদান কৰিছে।

মাধৱ কন্দলি :

মাধৱ কন্দলি প্রাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। তেওঁৰ আত্ম পৰিচয়মূলক বর্ণনাত তেওঁ বৰাহী ৰজা মহামানিক্যৰ পৃষ্ঠপোষকতা লাভ কৰাৰ কথা জানিব পাৰি। বৰাহী ৰজা মহামানিক্যই ডিমাপুৰ কাছাৰ সামৰি নগাঁৱৰ পশ্চিম অঞ্চলত ৰাজত্ব কৰিছিল বুলি সিদ্ধান্ত কৰা হয়। মাধৱ কন্দলিয়ে অসাধাৰণ পাণ্ডিত্যৰে ৰামায়ণৰ অসমীয়া পদ ভাঙনি কৰে। মন কৰিবলগীয়া কথা এয়ে যে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ৰাজ্যিক ভাষাসমূহৰ ভিতৰত কন্দলিয়েই প্রথমতে বাল্মীকি ৰামায়ণৰ ভাঙনি কৰে। সেয়ে ভাৰতীয় ৰামায়ণী সাহিত্যৰ ইতিহাসত কন্দলি গুৰুত্বপূর্ণ ব্যক্তিত্ব। মাধৱ কন্দলিয়ে ৰচনা কৰা অন্য এখন কাব্য হল দেৱজিৎ।

হৰিবৰ বিপ্ৰ : 

কমতাপুৰৰ ৰজা দুর্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰা কবিকেইজনৰ ভিতৰত হৰিৱৰ বিপ্ৰও এজন। কবিয়ে জৈনিমীয়শ্বমেধ পৰৰ বিষয়বস্তুৰ আধাৰত তিনিখন যুদ্ধকাব্য ৰচনা কৰি থৈ যায়। কাব্যকেইখন হ’ল—লব কুশৰ যুদ্ধ, বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ।

২। হেম সৰস্বতীৰ কাব্য সাধনাৰ বিষয়ে কি জানা লিখা? 

উত্তৰঃ হেম সৰস্বতীয়ে তেওঁৰ পুথি ৰচনাত এনেদৰে পৰিচয় দিছে ―

কমতা মণ্ডল                               দুৰ্ল্লভ নাৰায়ণ

নৃপবৰ অনুপাম

তাহান তনয়                               ৰুদ্ৰ সৰোচিত

দেৱজানি কন্যা নাম।।

তাহাৰ তনয়                               হেম সৰোচিত

ধ্ৰুবোৰ অনুজ ভাই।

পদ বন্ধে তেলু                            প্ৰচাৰ কৰিলা

বামন পুৰাণ চাই ।।

এই পদফাকিৰ পৰা ইয়াকে বুজিব পাৰি যে হেম সৰস্বতীৰ মাক— দেউতাকৰ নাম ক্রমে দেৱযানী আৰু ৰুদ্ৰ সৰস্বতী আৰু ককায়েকৰ নাম ধ্ৰুৱ আছিল। সেই সময়ত কমতাৰ ৰজা আৰু দুৰ্লভনাৰায়ণ। দেউতাকৰ দৰে হেম সৰস্বতীও ডাঙৰ পণ্ডিত আচিল। তেওঁ পণ্ডিতৰ বংশৰ ল’ৰা। ‘সৰস্বতী’ তেওঁ পাণ্ডিত্যৰ পৰিচায়ক হিচাপে লাভ কৰা উপাধি।

হেম সৰস্বতীৰ কাব্যপুথি দুখন হ’ল প্ৰহ্লাদ চৰিত্ৰ আৰু হৰ-গৌৰী সম্বাদ। পুথি দুখনৰ ৰচনাৰ সঠিক চন জনা নাযায়। ‘বামনপুৰাণ’ৰ পৰা মূল কাহিনী লৈ হেম সৰস্বতীয়ে এশটা চৰণত ‘প্ৰহ্লাদ চৰিত্ৰ’ পুথি ৰচনা কৰে। বৰ্তমানৰ উপপুৰাণ ‘বামনপুৰাণ’ত প্ৰহ্লাদৰ আখ্যানভাগ নথকাত এইবুলি অনুমান কৰা হয় যে সেই সময়ত ‘বামনপুৰাণ’ নামৰ এখন মহাপুৰাণ আছিল, যিখনৰ বৰ্তমানে বিলুপ্তি ঘটিছে। ইয়াৰ কাহিনীভাগত “পাওঁ যে দৈত্যৰাজ হিৰণ্যকশিপুৰে স্বৰ্গত অত্যাচাৰ চলোৱাত দেৱতাসকলে ভয়তে বিষৰ ওচৰলৈ আহি অসুৰক বধিবলৈ খাটিলে। বিষ্ণুৱে বধ কৰাৰ প্রতিশ্রুতি দিয়াতেই হিৰণ্যকশিপুৰৰ মনত অশান্তিৰ সৃষ্টি হ’বলৈ ধৰে। 

অশান্তিৰ একমাত্ৰ কাৰণ হবিভক্ত পুতেক প্রহ্লাদ। প্রহ্লাদে অনবৰতে হৰিৰ নাম স্মৰণ কৰি থকাটো হিৰণ্যকশিপুৰে ভাল নাপায়। কাৰণ হৰিৰ হাততে হিৰণ্যকশিপুৰৰ ভায়েকৰ মৃত্যু হৈছিল। প্ৰহ্লাদৰ মন ঘুৰাবলৈ প্ৰথমতে শুক্রাচার্যৰ পুতেক যণ্ডামৰ্কক পঢ়ুৱাবলৈ দিলে। তথাপি প্ৰহ্লাদৰ মুখৰপৰা হৰি নাম নুগুচাত পুতেকক প্ৰাণে মাৰিবলৈ থিৰ কৰিলে। তাৰ বাবে প্ৰহ্লাদক হাতীৰে গছকালে, সাপক খুঁটিবলৈ দিলে, গৰম তেলত পেলাই দিলে। তথাপি প্ৰহ্লাদৰ মৃত্যু নহ’ল। পুতেকক প্রাণে মাৰিব নোৱাৰি অৱশেষত “মোৰ পুত্ৰ তোক দেএো ৰাজ্যভাব, মাধৱক পাৰা গালি’ বুলি লোভ দেখুৱাই চলনা কৰি সৈমান কৰিবলৈ খুজিছে। তাতো ফল নধৰাত ক্রোধান্বিত হিৰণ্যকশিপুৰে হৰি ক’ত আছে বুলি প্ৰহ্লাদক প্ৰশ্ন কৰাত ক’লে, ‘আচৰিত ভিন হৰি বিচাৰত এক ফোটিকৰ তত্তে তুমি দেখিও প্রত্যখ।” 

তেতিয়া হিৰণ্যকশিপুৰে গাৰ সমস্ত শক্তিৰে স্তম্ভত বজ্রমুঠি বহুবালে। লগে লগে স্তন্ত ভাঙি নৰসিংহৰ মূৰ্তি তাত বিৰাজি উঠিল। দেৱতা আৰু অসুৰৰ যুদ্ধ চলিল। যুদ্ধ দেখি আতংকিত হ’ল দেবতা আৰু অসুৰ। অৱশেষত নৰসিংহৰাপী হৰিৰ হাতত হিৰণ্যকশিপুৰৰ মৃত্যু হাল। পিতৃৰ মৃত্যুৰ দেখি শোকতে অধীৰ হোৱা প্ৰহ্লাদক ‘নাৰায়ণ আশ্বাসিয়া বুলিলন্ত মধুৰ বচন’। সংক্ষিপ্ত কৈ প্ৰহ্লাদ চৰিত্ৰৰ আখ্যানভাগ ইমানেই। 

এখন সৰু কাব্যপুথি ৰচনাৰ মাজতো হেম সৰস্বতীৰ পাৰদর্শিতা ফুটি উঠিছে। ভাষাৰ সৰল আৰু ঘৰুৱা হোৱাৰ উপৰিও উপযুক্ত উপমা, পটন্তৰ আদিৰ প্ৰয়োগে পুথিখনৰ কাব্যিক সৌন্দৰ্য প্ৰকাশত অৰিহণা যোগাইছে। উদাহৰণ স্বৰূপে ‘তুলাত’ লাগিলা যেন প্রচণ্ড অগনি’, দান্তভাঙ্গা সৰ্পৰ ফেফেনি মাত্ৰ সাৰ আদিলৈ আঙুলিয়াব পাৰি। এই পুথিখনৰ মাজেদি হৰিভক্তিৰ মহত্ব আৰু মাহাত্ম্য প্রকাশ পাইছে। ইয়াৰ ভাষাত প্ৰাকৃত আৰু অপভ্ৰংশৰ ব্যৱহাৰ লক্ষ্য কৰা যায়। এই ক্ষেত্র প্রহ্লাদ, মঞি, তম্ভে, ধাঞি, জোজন, সৰণ, সিৰোগত, প্ৰৱেশিলা আদি লৈ আঙুলিয়াব পাৰি। কেতিয়াবা আকৌ শ, স ঠাইত স্থানবিশেষে ‘খ’ও ব্যৱহাৰ কৰিছে। যেনে— আদেখিলা, বিসোখোত ইত্যাদি ‘অ’কাৰৰ ঠাইত ও’কাৰ ব্যৱহাৰ কৰাৰ কাৰণে ‘সৰস্বতী’ৰ ঠাইত ‘সৰোচতি’ লিখিছে। আখৰ জোঁটনিত কামৰূপী উচ্চাৰণে ঠাই পাইছে। যেনে— পোতি, সম্প্রোতি, কোৰি, ধোৰি, বিসোৰ্জিলা ইত্যাদি। ঘটনা আৰু পৰিস্থিতিৰ সহজবোধ্য বৰ্ণনাৰে প্ৰহ্লাদ চৰিত্ৰ এখন সুখপাঠ্য পুথি য’ত হেম সৰস্বতীৰ পাণ্ডিত্যৰ স্বাক্ষৰ নিহিত হৈ আছে।

হেম সৰস্বতীৰ আন এখন পুথি হৈছে ‘হৰ-গৌৰী সম্বাদ”। ইয়াৰ কাহিনী ভাগত আছে তাড়কাসুৰৰ অত্যাচাৰ, শিৱৰ তপস্যা, মদন ভষ্ম, হব-গৌৰীৰ বিবাহ, কাৰ্তিকৰ জন্ম বৃত্তান্ত ইত্যাদিৰ বৰ্ণনা প্ৰহ্লাদ চৰিত্ৰতকৈ এই পুথিখন বহুগুণে ডাঙৰ। ইয়াত ৮৯৯ টা পদ আছে। অধ্যায় আছে ছটা। দ্বিতীয়ৰ পৰা পঞ্চম অধ্যায়লৈ ইয়াৰ বিষয়বস্তুত কালিকাপুৰাণৰ প্রভাব আছে। পুথিখনত কালিদাসৰ কুমাৰ সম্ভৱৰো প্ৰভাৱ আছে। হৰ গৌৰী সম্বাদ কবিৰ কবিত্ব গুণেৰে পৰিপূৰ্ণ এখন ৰসাল পুথি।  

৩। হৰিবৰ বিপ্ৰৰ কাব্য প্ৰতিভাৰ বিষয়ে কি জানা লিখা?

উত্তৰঃ হৰিবৰ বিপ্ৰৰ জন্ম সম্পৰ্কে সাহিত্য সমালোচকসকলে বিভিন্ন মত আগবঢ়াইছে। কনকলাল বৰুৱাই হৰিবৰ বিপ্ৰক দুর্লভ নাৰায়ণৰ সময় নিৰ্দ্ধাৰণ কৰিছে। চতুদর্শ শতিকাৰ দ্বিতীয় পাদ অর্থাৎ ১৩৩০ ১৪৩০ চন। বাণীকান্ত কাকতিৰ মতে দুর্লভ নাৰায়ণৰ সময় ত্রয়োদশ শতিকাৰ শেষ নাইবা চতুদশ শতিকাৰ আদিভাগ। এই ক্ষেত্ৰত কনকলাল বৰুৱাই উল্লেখ কৰা দুৰ্লভনাৰায়ণেই হৰিবৰ বিপ্ৰৰ পৃষ্ঠপোষক হ’লে হৰিবৰ বিপ্লব সময় চতুদশ শতিকাৰ আদিভাগ অধিক সমীচীন যেন লাগে। হৰিবৰ বিপ্লই আত্মপচিয়ত এনেদৰে উল্লেখ কৰিছে–

 জয় জয় নৃপবৰ                দুর্লভনাৰায়ণ ৰাজা

মতাপুৰে ভৈলা বীৰবৰ। 

সপুত্র বান্ধৱে যেবে              সুখে ৰাজ্য কৰন্তোক

জীৱন্তোক সহস্র বৎসৰ।

তাহান ৰাজ্যত থিত               সর্বজন মনোনীত

অশ্বমেধ পর্ব মধ্যে সাৰ।

বিপ্ৰ হৰিবৰ কবি                    গৌৰীৰ চৰণ সেৱি

পদবন্ধে কৰিলো প্ৰচাৰ।।

ইয়াৰ পৰা এই কথা স্পষ্ট যে হৰিবৰ বিপ্ৰৰ পৃষ্ঠপোষক আছিল ৰজা দুৰ্লভনাৰায়ণ আৰু ‘গৌৰী চৰণ সেৱি’ কথাষাৰ শুদ্ধ হ’লে তেওঁ শাক্ত আছিল বুলি অনুমান কৰিব পাৰি।

হৰিবৰ বিপ্ৰৰ কাব্যপুথি কেইখন হ’ল বব্ৰুবাহনৰ যুদ্ধ, লব-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ। হৰিবৰ বিপ্ৰৰ তিনিওখন গ্ৰন্থ মূলতঃ যুদ্ধভিত্তিক। ‘বব্ৰুবাহনৰ যুদ্ধ’ আৰু ‘লৱ-কুশৰ যুদ্ধ’ দুয়োখনৰে বিষয়বস্তু পুত্ৰ আৰু পিতৃৰ মাজত হোৱা সংঘর্ষ। কাব্য দুখন জৈমিনীয় অশ্বমেধিক পৰ্বতৰ আখ্যানভাগৰ অনুবাদ। দুয়োখন কাব্যতে পদৰ সংখ্যা হ’বগৈ ছশৰো ওপৰ। ঠায়ে ঠায়ে প্রয়োজন অনুসৰি বৰ্ণনা চুটি-দীঘল কৰিছে যদিও মূল কাহিনী প্ৰায় একেই ৰাখিছে। যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰাৰ অনুসৰণত গৈ থকা অৰ্জুনে মণিপুৰ নগৰত তেওঁৰ আৰু চিতাঙ্গদাৰ পুত্ৰ বব্ৰুবাহনৰ লগত যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হয়। বন্ধুত্বৰ ভাৱ লৈ আহিও শত্ৰুৰ আগত পৰিবলগীয়া হোৱাত অর্জুনে বব্ৰুবাহনক কৈছে— 

আগে যেন মুনুয্যে লৱৰে খৰতৰি।

ছাগ বুলি বাঘৰ লগত আছে ধৰি।।

মনুষ্য এড়ন্তে গলৰ নেবে বাঘে। 

যুদ্ধত বব্ৰুবাহনৰ হাতত অৰ্জুনৰ মৃত্যু হ’ল। স্বামী বিৰহত শোকাকুল হৈ পৰা চিত্ৰাঙ্গাদাই তেতিয়া অৰ্জুনক কৈছে―

পিতৃবন্ধী ভৈলা বাপু নভৈল গিয়ান।

কিসক আসিলি তই হৰাইল পৰাণ।।

তোক দেখি মোৰ শোকানলে দহে গাৱ।

কেহ্নি প্ৰাণ ধৰিবে তোমাৰ যিবা মাৱ।। 

চিত্রাঙ্গদাৰ মতে বব্ৰুবাহন পৰশুৰামতকৈ অধিক পাপী। কাৰণ পৰশুৰামে মাককহে কাটিছিল। কিন্তু বজ্রবাহনে পিতৃক হত্যা কৰাৰ লগতে মাককো শোকাগ্নিত জাপি দি পৰোক্ষভাৱে হত্যা কৰিবলৈ ওলাইছে। পিছত চিত্রাঙ্গদা আৰু অৰ্জুনৰে আন এগৰাকী পত্নী নাগকন্যা উলুপীৰ পৰামৰ্শমতে পাতালৰপৰা সঞ্জীৱনী মণি আনি অৰ্জুনক পুনৰ জীয়াই তোলে। সেই দৰে লৱ-কুশৰ যুদ্ধত লৱ আৰু কুশৰে সৈতে ৰামচন্দ্ৰৰ যুদ্ধৰ বৰ্ণনা আছে। জৈমিনি ঋষিয়ে অর্জুন আৰু যুদ্ধৰ বৰ্ণনাৰ মাজত তুলনাৰ বাবে ৰামচন্দ্ৰ আৰু লৱ-কুশৰ যুদ্ধৰ বিৱৰণ দাঙি ধৰিছে।

দুয়োখন পুথি ৰচনাত হৰিবৰ বিপ্ৰই বিশেষভাৱে মূলৰপৰা আঁতৰি যোৱা নাই তথাপিও তাৰ মাজতে তেওঁৰ মৌলিকতা প্ৰকাশ পাইছে। ‘ব্ৰুবাহনৰ যুদ্ধ’ত অৰ্জুনৰ শোক-কথা ৰচনাত, বিভিন্ন বাদ্য-যন্ত্ৰৰ উল্লেখৰ বৰ্ণনাত; ‘লৱ,কুশৰ যুদ্ধ’ত তিনিকুৰিৰো অধিক গছৰ নাম উল্লেখ, বাল্মিকীক সীতাৰ যুঁজা পুত্ৰ সন্তান জন্মৰ বাতৰি দিয়া আদিত কবিগৰাকীৰ মৌলিকতা প্ৰকাশ পাইছে। দুয়োখন কাব্যৰ কাহিনী প্ৰকাশত কবিয়ে অসমীয়া ৰহণেৰে ৰঙাই বোলাই বর্ণনীয় বিষয়ক এক ঘৰুৱা ৰূপ প্ৰদান কৰিছে। ফলত কাব্যপুথি দুখনিত পাঠকে ৰসৰ সন্ধান পাইছে, পৰিস্থিতি, পৰিৱেশ আৰু চৰিত্ৰৰ উপস্থাপনে জনসাধাৰণৰ চিত্ত আলোড়িত কৰিছে। ‘বব্ৰুবাহনৰ যুদ্ধ’ৰ মণিপুৰ নগৰৰ বৰ্ণনাত ঘৰ-দুৱাৰ, ফল-ফুল, গছ-গছনি, দেৱালৰ ছবি আৰু ‘লৱ-কুশৰ যুদ্ধ’ৰ ৰামৰ নুংসৱন ক্ৰিয়াৰ বিৱৰণ, নাৰীৰ বিলাপ বিননি আদিত হৰিৱৰ বিপ্ৰৰ পাৰদৰ্শিতা মন কৰিবলগীয়া। তদুপৰি তেওঁ ধোৱা আৰু ঘৈণীয়েকৰ কলহ আৰু ধোবাই শহুৰেকৰ প্ৰতি অৰুচিৰ ভাষাৰে গালি নিক্ষেপ কৰাৰ বৰ্ণনাত নাটকীয় গুণ আৰোপ কৰিছে।

হৰিবৰ বিপ্ৰৰ তৃতীয়খন কাব্যপুথি তাম্ৰধ্বজৰ যুদ্ধ’ খণ্ডিত ৰূপতহে পোৱা গৈছে। পুথিখনিত গ্রন্থাৰম্ভৰ পিছতে পাণ্ডৱৰ যজ্ঞঘোঁৰাৰ বাণপুৰ প্ৰৱেশ, ময়ুধ্বজৰ যজ্ঞঘোঁৰাৰ লগত সংঘৰ্ষ, পাণ্ডৱৰ যজ্ঞ-ঘোঁৰা ধৰা সম্পর্কে তাম্ৰধ্বজ আৰু মন্ত্ৰী বংশধ্বজ আৰু অনিৰুদ্ধৰ যুদ্ধ, অনিৰুদ্ধৰ পৰাজয় আৰু মূৰ্চ্ছা, বৃষকেতুৰ যুদ্ধ আৰু পৰাজয়, সাত্যকীৰ পৰাজয়, কৃতবৰ্মাৰ পতন, বব্ৰুবাহনৰ দুৰ্ঘোৰ ৰণ আৰু বিষম পৰাজয়, হংসধ্বজৰ পতনত পাণ্ডৱী সেনাৰ ছত্ৰভঙ্গ, অৰ্জুনৰ বিপত্তি, তাম্ৰধ্বজৰ মূৰত কৃষ্ণৰ গদাঘাত, তাম্ৰধ্বজৰ লগত কৃষ্ণার্জুনৰ যুদ্ধ, সাৰথি কৃষ্ণ‍ই যুদ্ধ কৰাত তাম্ৰধ্বজৰ শ্লেষোক্তি, তাম্ৰধ্বজৰ বুকুত কৃষ্ণৰ পদাঘাত, নৃপতিৰ প্ৰতি কৃষ্ণৰ চক্ৰ-নিক্ষেপ, তাম্ৰধ্বজৰ অনেক সেনাক্ষয় আৰু কৃষ্ণক ককৰ্থনা, তাম্ৰধ্বজৰ হাতত কৃষ্ণার্জুন বন্দী, তাম্ৰধ্বজৰ আস্ফালনত কৃষ্ণার্জুনৰ মূৰ্চ্ছা আৰু যজ্ঞঘোঁৰা ধৃত, ময়ূৰধ্বজৰ দ্বাৰা ঘোঁৰা ধৰাৰ বৃত্তান্ত কথন, কৃষ্ণার্জুনক এৰি ঘোঁৰা অনাৰ কাৰণে তাম্ৰধ্বজৰ প্ৰতি ময়ুৰধ্বজৰ কটুবাক্য বৰ্ষণ, কৃষ্ণার্জুন আদিৰ চেতনা লাভ আৰু ঘোঁৰা নেদেখি পুনৰ যুদ্ধোদ্যত, ব্ৰাহ্মণৰ আগত তাম্ৰধ্বজৰ প্ৰাণ দানৰ ইচ্ছা, ব্ৰাহ্মণৰ দ্বাৰা ময়ূৰধ্বজৰ অৰ্দ্ধ শৰীৰ যাজ্ঞা, পুত্ৰ আৰু ভাৰ্যাৰ হাতত কৰত তুলি দি ময়ুধ্বজৰ প্ৰাণ দানোদ্যত, ভাৰ্যাৰ দ্বাৰা ময়ুৰধ্বজৰ শিৰ ছেদন, ময়ুধ্বজৰ দান ব্ৰাহ্মণৰ দ্বাৰা প্ৰত্যাখ্যান, ব্রাহ্মণক ওভতাই আনিবলৈ পত্নী কুন্দমতীক প্ৰেৰণ, প্ৰাণ গ্ৰহণ কৰিবলৈ ময়ুৰধ্বজৰ উত্তীৰ্ণ, কৃষ্ণভক্তিত আপ্লুত ময়ুধ্বজ, ময়ুৰধ্বজ নগৰত কৃষ্ণৰ তিনিদিন যাপন, ঘেঁৰা সহ কৃষ্ণ ধনঞ্জয়ৰ বাণপুৰ ত্যাগ আৰু শেষত লিপিকাৰৰ মিনতি সন্নিৱিষ্ট হৈছে। এই বৰ্ণনাবোৰ ভাষা সৰল আৰু কবিজনাৰ ৰচনাশৈলী সাৱলীল আৰু ৰসপূৰ্ণ ।

প্ৰাক-শংকৰী কবি বুলিয়েই যে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত হৰিবৰ বিপ্ৰ প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰসিদ্ধ কবি। জতুৱা খণ্ডবাক্যৰ ব্যৱহাৰত তেওঁক মাধৱ কন্দলীৰ পিছতে ধৰিব পাৰি।

৪। মাধৱ কন্দলীৰ কাব্য প্ৰতিভাৰ এটি বর্ণনা দিয়া।

উত্তৰঃ মাধৱ কন্দলী প্ৰাক্‌-শংকৰী যুগৰ শ্রেষ্ঠ কবি বুলি কোৱা হয়। মহাপুৰুষ শংকৰদেৱেও তেওঁক অপ্রমাদী কবি বুলি স্বীকাৰ কৰি গৈছে ৷ মাধৱ কন্দলি বৰাহী ৰজা মহামাণিক্যৰ ৰাজসভাৰ কবি আছিল। মাধৱ কন্দলী জনসমাজত কবিৰাজ কন্দলী নামেৰেহে পৰিচিত আছিল। কন্দলী তেওঁৰ পাণ্ডিত্যৰ পৰিচায়ক উপাধি।

মাধৱ কন্দলীৰ কাব্যিক কীৰ্তি হৈছে ‘ৰামায়ণ’। আধুনিক ভাৰতীয় আর্যভাষাৰ ভিতৰত অসমীয়া ভাষাতে পোন প্ৰথম ৰামায়ণ ৰচিত হয়। অসমীয়া জাতিক এই গৌৰৱৰ গৰাকী কৰি তোলে মাধৱ কন্দলীয়ে। মাধৱ কন্দলীয়ে ‘সাত কাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো বুলি আত্ম পৰিচয়ত কৈছে যদিও আদি আৰু উত্তৰাকাণ্ড দুটা পোৱা নাযায়। পিছত মহাপুৰুষ মাধৱদেৱে আৰু মহাপুৰুষ শংকৰদেৱে আদি আৰু উত্তৰাকাণ্ড দুটা ৰচনা কৰি মাধৱ কন্দলীৰ ৰামায়ণক সম্পূৰ্ণ ৰূপ প্ৰদান কৰে।

মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰোঁতে ‘লম্ভা পৰিহৰি সাৰোদ্ধৃতে এই নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তদুপৰি তেওঁ জনসাধাৰণৰ রুচি, সৌন্দর্যানুভূতিপূর্ণ মনবোৰৰ প্ৰতি সততে দৃষ্টি ৰাখিছিল বাবেই কাব্যিক বহণেৰে ৰামায়ণ ৰঞ্জিত কৰিছে।

মাধৱ কন্দলীয়ে ৰামায়ণত প্রাকৃতিক সৌন্দর্য বর্ণনাত অসীম দক্ষতা লক্ষ্য কৰা যায় ৷ ৰামচন্দ্ৰই চিত্রকূট পৰ্বতৰ যি বৰ্ণনা সীতাৰ আগত দাঙি ধৰিছে, তাৰ মাজত কবিজনাৰে প্ৰকৃতিপ্ৰীতিৰ নিদর্শন সোমাই আছে। এই প্রাকৃতিক শোভাই ৰাম-সীতাক পাহৰাই ৰাখিছিল আৰ্য্যোধাৰ কথা, তেওঁলোকৰ মনলৈও নমাই আনিছিল প্ৰকৃতিৰ ৰহণ। বসন্ত কালৰ স’তে কামদেৱৰ পঞ্চাবাণৰ সামঞ্জস্য অতি সুন্দৰ ৰূপত প্ৰকাশ পাইছে―

বসন্ত সময়ে কাম ৰাজ্যৰ পয়ান। 

পুষ্পৰ ধনুত আৰোহিয়া পাঞ্চবাণ ।।

এই প্রাকৃতিক বর্ণনাত উল্লেখ থকা ফল-ফুল, গছ-লতিকা, চৰাই চিৰিকতিৰ নামবোৰে কবিজনাৰ প্ৰকৃতিৰ প্ৰতি থকা অনুসন্ধিৎসাৰ ইঙ্গিত দিয়ে। উপমা, চিত্রকল্প, জতুৱা ঠাঁচৰ প্ৰয়োগত বর্ণনা ৰসাৰ হৈ পৰিছে।

মাধৱ কন্দলীৰ প্ৰাকৃতিক বৰ্ণনাৰ মাজতে পুৰণি অসমীয়া সমাজ চিত্ৰ বিচাৰি পোৱা যায়। এই সমাজ সংহতিপূর্ণ হিন্দু সমাজ কিছুমান উপমাত আকৌ সেই সময়ৰ বৰ্ণ সম্প্ৰদায়ৰ উল্লেখ দেখা যায়। যেনে— কপিলা ৰহিলা যেন চণ্ডালৰ ঠাৱে, “কাকো তুলি আছাৰন্তবস্ত্ৰ যেন ধোৱে, ‘হাৰী জাতি হুৱা বেদ পঢ়িবাক চাস’, ‘‘নিশ্বাস ফোকাৰে যেন উঠাৰিৰ ভাটি’ ইতাদি। সংস্কৃত বা তৎসম শব্দৰ লগত অসমীয়া তদ্ভৱ, অর্ধতৎসম আৰু দেশীয় শব্দৰ প্ৰয়োগত কন্দলীৰ ৰামায়ণৰ শব্দচয়ন অতি আকর্ষণীয় হৈ পৰিছে। সেইদৰে অলঙ্কাৰৰ প্ৰয়োগৰ ক্ষেত্ৰতো তেওঁ মৌলিকতা প্ৰদৰ্শন কৰিছে। মুঠতে ৰামায়ণ অনুবাদ মাধৱ কন্দলীৰ জীৱনৰ কীৰ্তিস্তম্ভ। তেওঁৰ পৰৱৰ্তী কবিসকলেও তেওঁৰ ৰচনাৰীতি, শব্দসম্ভাৰ অনুসৰণ কৰিছিল।

ৰামায়ণৰ উপৰিও মাধৱ কন্দলী বিৰচিত ‘দেৱজিত’ নামৰ আন এখন কাব্যপুথি পোৱা যায় এইখন কাব্যপুথিত কৃষ্ণ আৰু অৰ্জুনৰ মাহাত্ম্য প্ৰকাশ কৰিছে। কৃষ্ণৰ সহায়ত অৰ্জুনে কেনেকৈ স্বৰ্গৰ দেৱতাসকলক জয় কৰিলে তাৰ সৰস আৰু ভক্তিপূৰ্ণ বৰ্ণনা এইখন পুথিত পোৱা যায়। ৰামায়ণৰ ভাষাৰ সতে ‘দেৱজিৎ’ৰ ভাষা মিল নথকাত আৰু মাধৱ কন্দলীৰ ঠাইত কেৱল মাধৱ নামৰ উল্লেখ থকালৈ লক্ষ্য কৰি ‘দেৱজিত’ মাধৱ কন্দলীৰ ৰচনা হয় নে নহয়, সেই বিষয়েও পণ্ডিতসকলৰ মনত সন্দেহ হোৱা দেখা যায়। এই পুথি মাধৱ কন্দলীৰ ৰচনা হওক বা নহওক, কন্দলী ৰচিত ৰামায়ণেই কবিজনাৰ কাব্যকৃতি প্ৰকাশত অতুলনীয় আৰু শ্ৰেষ্ঠ। কেৱল ৰামায়ণেই কবিজনাক শ্রেষ্ঠত্ব প্রদানত অদ্বিতীয় বুলি ক’লেও বঢ়াই কোৱা নহয়। ইয়াৰ মাজতে সংৰক্ষিত হৈছে কবিজনাৰ নিটোল সাহিত্যিক ৰূপ।

৫। মাধৱ কন্দলি ৰামায়ণৰ এটি আভাস দিয়া।

উত্তৰঃ ভাৰতীয় ঐতিহ্যত মাধৱ কন্দলিৰ ৰামায়ণে গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আছে। মাধৱ কন্দলিয়ে সপ্তকাণ্ড ৰামায়ণ বাচনা কৰিছিল বুলি জনা যায় যদিও মাধৱ কন্দলিৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড দুটা পোৱা নাযায়। পৰৱৰ্তীসময়ত ক্রমে মাধৱদেৱ আৰু শংকৰদেৱে এই কাণ্ড দুটা অনুবাদ কৰি মাধৱ কন্দলিৰ ৰামায়ণখন সম্পূৰ্ণ কৰি তোলে। মাধৱ কন্দলিৰ ৰামায়ণৰ কাণ্ড কেইটা হৈছে— আদিকাণ্ড, অয্যোধ্য কাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধাকাণ্ড, সুন্দৰাকাণ্ড, লংকাকাণ্ড, উত্তৰাকাণ্ড।

(ক) আদিকাণ্ড :

অয্যোধা নগৰত মহাবলীশালী আৰু প্রজাবৎসল ৰজা দশৰথৰ তিনিগৰাকী প্ৰধান মহিষী কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰাৰ গৰ্ভত পুত্রেষ্টি যজ্ঞৰ ফলস্বৰূপে চাৰিটা সন্তান জন্ম হয়। কৌশল্যাৰ পৰা ৰাম, কৈকেয়ীৰ গৰ্ভত ভৰত আৰু সুমিত্ৰাৰ গৰ্ভত ক্ৰমে লক্ষ্মণ আৰু শত্রুঘ্নৰ জন্ম হয়। ল’ৰাকেইটাৰ উপযুক্ত শিক্ষাৰ ফলত ধৰ্মজ্ঞ, নীতিজ্ঞ, সকলো প্ৰাণীৰ হিতকাৰী আৰু যুদ্ধবিশাৰদ হৈ উঠে। ৰামৰ পোন্ধৰ বছৰ বয়সত ঋষি বিশ্বামিত্ৰই তেওঁৰ সিদ্ধাশ্ৰমত যজ্ঞ ৰক্ষাৰ্থে দশৰথক অনুৰোধ কৰি ৰাম-লক্ষ্মণক লৈ যায়। পৰৱৰ্তী সময়ত বিশ্বামিত্রসহ ৰাম-লক্ষ্মণে জনকৰ পুৰীত প্ৰৱেশ কৰি জনকৰ কন্যাদানৰ পণ অর্থাৎ ধনুত গুণ লগোৱাৰ চৰ্তৰ কথা শুনি ৰামে গুণ লগাই ধনুখন ভাঙে আৰু গণৰ চৰ্ত অনুসাৰে সীতাক লাভ কৰে। ধনুভঙ্গ কৰি সীতাক লাভ কৰাৰ খবৰ পাই দশৰথে মিথিলাত উপস্থিত হৈ ৰাম-সীতাক আদৰি আনে। অযোধালৈ ঘুৰি আহোঁতে ৰামে পৰশুৰামৰ লগত যুদ্ধত লিপ্ত হ’বলগীয়া হৈছিল। 

(খ) অয্যোধ্য কাণ্ড :

অয্যোধ্য কাণ্ডত দেখা গৈছে উপযুক্ত বয়সত ৰামক ৰাজ্যভাৰ দিবলৈ দশৰথ ৰজাই অভিষেকৰ আয়োজন কৰিছে। কিন্তু দাসী মন্থৰাই কৈকেয়ীক ৰাম অভিষেকৰ সংবাদ দি তেওঁক দশৰথে এসময়ত দুটা বৰ দিয়াৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিয়ে আৰু বৰ দুটা ল’বলৈ কৈকেয়ীক ৰাম ৰজা হলে ভয়াবহ সম্ভাবনা দেখুৱাই একপ্ৰকাৰ জোৰ কৰে। প্রথমতে কৈকেয়ীয়ে সংবাদটি শুনি আনন্দত কুজী মহুৰাক উত্তম আভৰণ প্ৰদান কৰে। কিন্তু শেষত বিপৰীতে যুক্তিত পতিয়ন গৈ দশৰথৰ পৰা দুটা বৰ আদায় কৰে। 

দশৰথৰ অনুৰোধ-উপৰোধ, কাকূতি মিনতিও অৱজ্ঞা কৰি কুঁজীৰ মন্ত্ৰণাত বিষাক্তহৃদয়া কৈকেয়ীয়ে ৰামৰ চৌদ্ধ বছৰ বনবাস আৰু ভৰতক যৌৱৰাজত্বত অভিষেকৰ বৰ আদায় কৰে। পিতৃ সত্য পালিবলৈ গৈ ৰাম বনবাসলৈ ওলাল। ৰামক সংগ দিয়ে পত্নী সীতাই আৰু ভাতৃ লক্ষ্মণে। এই সকলোবোৰ ভৰতৰ অজ্ঞাতে ঘটিছিল। ৰাম বনবাসলৈ যোৱাৰ শোকত ভাগি পৰি দশৰথ ৰজাৰ মৃত্যু হ’ল। দশৰথৰ অন্ত্যেষ্ঠিক্ৰিয়াত উপস্থিত হৈ ভৰতে সকলো জানি ৰাম পুনৰ ৰাজ্যলৈ উভতাই আনিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল। পিছত ৰামৰ অনুপস্থিতি চৌধ্য বছৰৰ বাবে ভৰতে প্রতিনিধি হিচাপে ৰাজ্যৰ শাসনভাৰ চলাব এই চৰ্ত মানি অয্যোধা ৰাজ্য পৰিচালনা কৰিবলৈ লয়।

(গ) অৰণ্যকাণ্ড :

অৰণ্যকাণ্ডত পোৱা গৈছে ভৰতৰ পৰা বিদায় লৈ ৰামে বিন্ধ্যা পৰ্বতৰ দক্ষিণে ৰাক্ষসৰ বিচৰণ ঠাই বুলি জানি ৰামে সেই পিনে যায়। বিন্ধ্যা পর্বতত সোমাই প্রথমে বিবাধ ৰাক্ষসক পাই বধ কৰে। ইয়াৰ পিছত ঋষি মুনি আদি লোকৰ সঙ্গ পাই প্রায় দহ বছৰ কাল কটায়। আৰু দক্ষিণলৈ গৈ দণ্ডকাৰণ্যত গোদাবৰী নদীৰ পাৰত জন্মস্থান নামে ঠাইত অগস্ত্য ঋষি আৰু তেওঁৰ পত্নী লোপমুদ্ৰাক লগ পাই তেওঁলোকৰ আদৰ অভ্যর্থনাত থাকে। ইয়াতে চৌদ্ধ হাজাৰ ৰাক্ষসসহ খৰ-দুষণ ত্ৰিশিৰা সেনাপতি ৰামৰ হাতত নিধন হোৱাত শূৰ্পনখাৰ লংকাযাত্রা আৰু ৰাক্ষসনিধনৰ ভয়াৱহ বাৰ্তা ৰাৱণক দিয়ে আৰু প্ৰতিকাৰাৰ্থে ৰাৱণক তিৰস্কাৰপূৰ্বক আৱেদন কৰে। লগতে সীতাৰ অপূৰ্ব সৌন্দৰ্যৰ কথা কৈ তাই ৰাৱণক লালায়িত কৰে। 

ৰাৱণে মাৰীচৰ সহায় ভিক্ষা কৰে, মাৰীচে ৰাৱণক প্রতিনিৰত কৰিবলৈ বৃথা চেষ্টা কৰি উপায়ন্তৰ হৈ স্বৰ্ণমৃগৰ ৰূপত পঞ্চবটীত বিচৰণ কৰি সীতাৰ দৃষ্টি আকৰ্ষণ কৰে। সীতাৰ প্ৰাৰ্থনাত ৰামে স্বর্ণমৃগ অনুসৰণ কৰে আৰু লক্ষ্মণেও সীতাৰ অনুৰোধ আৰু কটুবাক্যত ৰামক অনুসৰণ কৰিবলৈ বাধ্য হয়। এৰি সুযোগতে ৰাৱণে সন্যাসীৰ বেশত সীতাক অপহৰণ কৰে। পথত জটায়ু পক্ষীৰ বাধা দান কিন্তু জটায়ুৰ পক্ষছেদন কৰি ৰাৱণে লংকাভিমুখে গমন কৰে আৰু অশোকবনত ৰাক্ষসীৰ তত্ত্বাৱধানত ৰাখে। পিছত ৰাৱণৰ কূটকৌশল জটায়ু মুখৰ পৰা জানি সীতাক উদ্ধাৰৰ বাবে ৰাম লক্ষ্মণে ৰণকৌশল তৈয়াৰ কৰে।

(ঙ) কিষ্কিন্ধা কাণ্ড :

এই অধ্যায়ত সীতাৰ সন্ধানত ভ্ৰমি ফুৰি ৰাম লক্ষ্মণে পম্পা সৰোবৰ পালেগৈ। তাতে সুগ্ৰীৱ আৰু হনুমন্তক তেওঁলোকে লগ পায়। বালিয়ে সুগ্ৰীৱৰ ৰাজ্য আৰু স্ত্রী কাঢ়ি লৈ নিজে ৰজা হৈ ছিল। এতিয়া সুগ্ৰীৱ আৰু ৰামৰ ভিতৰত এনে সূত্ৰত মিত্ৰতা হ’ল যে ৰামে সুগ্ৰীৱক নিজা ৰাজ্য ঘূৰাই দিব আৰু সুগ্ৰীৱে ৰামক সীতাক উদ্ধাৰ কৰাত সহায় কৰিব। সুগ্ৰীৱে ৰামৰ কথা মতে বালীৰে যুদ্ধ কৰে আৰু ৰামে শৰ মাৰি ৱালীক বধ কৰে। বালীয়ে মৃত্যু কালত ৰামক বিষমৰূপে তিৰস্কাৰ কৰে, কিন্তু ৰামে কয় যে তেওঁ অয্যোধ্যৰ ৰজাৰ প্ৰতিনিধি স্বৰূপে দুষ্টৰ শাস্তি বিধানহে কৰিছে। এতিয়া সুগ্ৰীৱ কিষ্কিন্ধাৰে ৰজা হৈ পৰে। ৰজা হৈ বানৰ সৈন্যক দিশে দিশে সীতাৰ সন্ধানত পঠালে। প্রধান দলটো হনুমন্ত বা মাৰুতিৰ অধীনত গৈছিল সাগৰৰ কুলৰ পিনে।

(চ) সুন্দৰাকাণ্ড :

সুন্দৰাকাণ্ডত হনুমানৰ সাগৰ লংঘন, পথত সুৰৰ্মা দেৱী আৰু ছায়াগ্রাসী সিংহিকা ৰাক্ষসীৰ বাধাপ্ৰদান বৰ্ণনা কৰি হনুমানৰ নিশাভাগত দেহসংকোচনপূর্বক লংকাত প্ৰৱেশ কৰা দেখুৱাইছে। লংকা নগৰীৰ অধিষ্ঠাত্ৰী ৰাক্ষসীৰ লগত হনুমানৰ সংঘৰ্ষ আৰু হনুমানে তাইক পৰাভৱ কৰি নগৰৰ ভিতৰত প্ৰৱেশ কৰাৰ চিত্ৰ, হনুমানৰ লংকাৰ নানান ঠাইত সীতাৰ অন্বেষণ আৰু অশোক বনত সীতাক আৱিষ্কাৰৰ বৰ্ণনা বিশদভাৱে পোৱা যায়। সীতা অন্বেষণৰ বাবে যাত্ৰা পথত নানান বিপদ-বিঘিনি অতিক্ৰম কৰি হ’লেও হনুমান লংকাত উপস্থিত হ’ল। হনুমানৰ এই সীতা অন্বেষণৰ যাত্ৰাতে কন্দলিয়ে বৰ কৌশলপূৰ্ণভাৱে লংকা নগৰীৰ শৌর্যবীর্য অথবা তাৰ প্ৰাকৃতিক পৰিৱেশ, লংকাবাসীৰ জীৱন প্ৰবাহ, ঘৰ-দুৱাৰ আদিৰ নিখুঁত বৰ্ণনা দাঙি ধৰিছে।

(ছ) লংকাকাণ্ড : 

ওলায়— সীতাক উদ্ধাৰ কৰাৰ নিমিত্তে ৰামে লংকা আক্রমণ কৰিবলৈ – সুগ্ৰীৱে বানৰ সৈন্য আৰু জাম্বৱন্তে ভালুক সৈন্যৰ সহায় ৰামে লাভ কৰে। সাগৰৰ পাৰ পাই নলৰ সহায়ত ৰামে সাগৰত শিলৰ সেতু বান্ধে। ইয়াতে ৰাৱণৰ কনিষ্ঠ ভাতৃ বিভীষণে ৰামৰ লগ লয়হি। বিভীষণে ৰাৱণক অন্যায় কাম কৰা বুলি কোৱাত ৰাৱণে বিভীষণকহে তিৰস্কাৰ কৰে। বিভীষণে তেতিয়া ৰামৰ পক্ষ লয়হি। ৰামে ৰাৱণ বধৰ পিছত বিভীষণকে ৰাজ্যত থাপিব বুলি কয়। সাগৰ পৰ হৈ ৰামে লংকা আক্রমণ কৰে আৰু ৰাৱণৰ সৈতে সকলো ৰাক্ষস সৈন্য বধ কৰে আৰু বিভীষমক ৰজা পাতে। 

বামে তেতিয়া সীতাক লগ পায়। কিন্তু সমাজৰ গ্লানিলৈ ভয় কৰি সীতাক পৰীক্ষা নোহোৱাকৈ সামৰি লবলৈ টান পায়। তেতিয়া সীতাই মম্মাহত গৈ অগ্নিপৰীক্ষাৰ কথা তোলে। অগ্নি প্রজ্জ্বলিত হ’লত সীতাই অগ্নিত প্ৰৱেশ কৰে তৎক্ষণাত অগ্নি দেৱতাই সীতাক লৈ সকলোৰে আগত তেওঁ নিষ্কলুয়া বুলি ঘোষণা কৰে। তেতিয়াহে ৰামে সীতাক গ্ৰহণ কৰে। সেই সময়ত বনবাসৰ চৈধ্য বছৰ প্ৰায় উকলি গৈছিল। ৰামে ৰাৱণৰ আকাশীযান পুষ্পকথ লৈ লক্ষ্মণ সীতা আৰু বন্ধুবৰ্গৰে গৈ অয্যোধা পায়গৈ। সকলোৱে মহা উৎসৱ কৰি তেওঁলোকক আদৰি, ৰামক সিংহাসনত অভিষেক কৰে।

 (জ) উত্তৰাকাণ্ড : 

অভিষেক উৎসৱৰ কেইমাহমানৰ পিছত ৰাজ্যত ঠায়ে ঠায়ে এনে এটা আৰাও হ’ল যে ৰাৱণৰ ঘৰত এবছৰকৈ থকা সীতাক ৰামে সামৰি লোৱাটো ভাল হোৱা নাই। এই লোকাপবাদৰ কাৰণে ৰামে সীতাক ত্যাগ কৰিবলৈ সংকল্প কৰিলে। সীতা তেতিয়া অন্তঃসত্ত্বা আছিল। ৰামে লক্ষ্মণক পাচি ৰথত তোলাই সীতাক গঙ্গাৰ পাৰৰ বনলৈ নি ৰামৰ অভিপ্ৰায় জনাই থৈ আহিল। বাল্মিকী মুনিয়ে নির্বাসিতা সীতাক পাই তেওঁৰ আশ্ৰয়ত ৰাখিলে। তাতে লব-কুশৰ জন্ম হয়। লব-কুশক মুনিয়ে আন শিষ্যসকলৰ লগতে শিক্ষা দিব ধৰিলে। তাতে ৰামায়ণৰ গানো তেওঁলোকক শিকালে।

ইফালে ৰামে নৰ অশান্তিৰে ৰাজ্য চলাব ধৰিলে, সীতাৰ প্ৰতি অন্যায় আচৰণেই তেওঁৰ অশান্তিৰ কাৰণ হৈছিল। পিছত ৰামৰ অশ্বমেধ যজ্ঞ কৰিবলৈ ইচ্ছা গ’ল। এই যজ্ঞলৈ বাল্মিকীয়ে লব-কুশক লৈ উপস্থিত হয়হি। ৰামৰ অনুসন্ধানত লব-কুশ ৰামৰে সন্তান বুলি প্ৰমাণিত হ’ল। সীতাকো লৈ আনিবলৈ মানুহ পঠিয়ালে সীতা অহাত ৰামে তেওঁৰ সতীত্বৰ আৰু কিবা প্রমাণ আছেনে সুধিলে। সীতাই তেতিয়া ক’লে— মই যদি কৰ্ম, মন আৰু বাক্যত ৰামৰ অপৰাধ কৰিছোঁ তেনেহ’লে আই বসুমতীয়ে মোক কোলাত সামৰি লওক। লগে লগে আই বসুমতীয়ে সীতাক পাতাললৈ লৈ গ’ল। বামেও নিজৰ জীৱনৰ কাল চাপিল বুলি অনুভৱ কৰি ৰাজ্যখন চাৰি ভাইৰ মাজত ভাগ কৰি দিলে। আৰু ৰামে সবযুৰ জলত প্ৰৱেশ কৰিলে। বাকী ভায়েকসকল আৰু গোটেই অয্যোধাবাসী স্বর্গ পালেগৈ।

৬। মাধৱ কন্দলি ৰামায়ণৰ সুন্দৰাকাণ্ড অধ্যায়টিৰ এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ ভাৰতীয় ঐতিহ্যত মাধৱ কন্দলিৰ ৰামায়ণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। মাধৱ কন্দলিয়ে সপ্তকাণ্ড ৰামায়ণ ৰাচনা কৰিছিল বুলি জনা যায় যদিও মাধৱ কন্দলিৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড দুটা পোৱা নাযায়। পৰৱৰ্তীসময়ত ক্ৰমে মাধৱদেৱ আৰু শংকৰদেৱে এই কাণ্ড দুটা অনুবাদ কৰি মাধৱ কন্দলিৰ ৰামায়ণখন সম্পূৰ্ণ কৰি তোলে। মাধৱ কন্দলিৰ ৰামায়ণৰ কাণ্ড কেইটা হৈছে— আদিকাণ্ড, অয্যোধা কাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধাকাণ্ড, সুন্দৰাকাণ্ড, লংকাকাণ্ড, উত্তৰাকাণ্ড।

সুন্দৰাকাণ্ডত হনুমানৰ সাগৰ লংঘন, পথত সুৰমা দেৱী আৰু ছায়াগ্রাসী সিংহিকা ৰাক্ষসীৰ বাধাপ্ৰদান বৰ্ণনা কৰি হনুমানৰ নিশাভাগত দেহসংকোচনপূর্বক লংকাত প্ৰৱেশ কৰা দেখুৱাইছে। লংকা নগৰীৰ অধিষ্ঠাত্ৰী ৰাক্ষসীৰ লগত হনুমানৰ সংঘৰ্ষ আৰু হনুমানে তাইক পৰাভৱ কৰি নগৰৰ ভিতৰত প্ৰৱেশ কৰাৰ চিত্র, হনুমানৰ লংকাৰ নানান ঠাইত সীতাৰ অন্বেষণ আৰু অশোক বনত সীতাক আৱিষ্কাৰৰ বৰ্ণনা বিশদভাৱে পোৱা যায়।

সৌন্দৰ্যৰ ফালৰ পৰা সুন্দৰা কাণ্ডক সমালোচকসকলে শ্রেষ্ঠ আসন দিব বিচাৰে। কবিয়ে নিজেও সুন্দৰা কাণ্ডত অসুন্দৰ একো নাই বুলি উল্লেখ কৰিছে—

সুন্দৰ শ্ৰীৰামচন্দ্ৰ সুন্দৰ লক্ষ্মণ।

সুন্দৰ যে সুগ্রীব সুন্দৰ কপিগণ।।

সুন্দৰী জানেকী সীতা জগতৰ আই। 

সুন্দৰাকাণ্ডত কিছু অসুন্দৰ নাই।।

সীতা অন্বেষণৰ বাবে যাত্রা পথত নানান বিপদ – বিঘিনি অতিক্রম কৰি হ’লেও হনুমান লংকাত উপস্থিত হ’ল। হনুমানৰ এই সীতা অন্বেষণৰ যাত্রাতে কন্দলিয়ে বব কৌশলপূৰ্ণভাৱে লংকা নগৰীৰ শৌর্যবীর্য অথবা তাৰ প্ৰাকৃতিক পৰিৱেশ, লংকাবাসীৰ জীৱন প্রবাহ, ঘৰ-দুৱাৰ আদিৰ নিখুঁত বর্ণনা দাঙি ধৰিছে। হনুমানে যেতিয়া অশোক বনৰ শিংশপা গছৰ তলত অৱশ হৈ পৰি থকা সীতাক দেখা পায় তাৰ বর্ণনা কবিৰাজ কন্দলিয়ে চিত্রবৎ দাঙি ধৰিবলৈ সক্ষম হৈছে।

তাসম্বাৰ মাজে দেৱী সংসাৰতে সাৰা। 

মেঘে যেন ঢাকি আছে সৰ্বোত্তম তাৰা।। 

কেশে যেন ঢাকি আছে চম্পক মল্লিকা। 

ভষ্মে যেন ঢাকি আছে অগনিৰ শিখা।। 

থুলন্তৰ মলিন বসন পৰিধানে।

বৃক্ষৰ মূলত আছা স্বামীৰ ধিয়ানে।। 

লংকাপুৰীত উপস্থিত হৈ হনুমন্তই লংকাৰ ৰূপ দেখি অভিভূত হ’ল। সুবেল পৰ্বতৰ ওপৰত উঠি হনুমন্তই লংকাপুৰীত সমুদ্ৰৰ মাজত অম্ৰাৱতী দৰে দেখিলে। লংকাপুৰীৰ নগৰৰ বিভিন্ন দৃশ্যৰ লগতে ৰমণীগণকো প্ৰত্যক্ষ কৰিলে। ৰাৱণে সেই সুন্দৰী ৰমণীসকলৰ সৈতে কামকেলী কৰা, কুম্ভকৰ্ণ থকা স্থান, লোমকর্ণ, অশ্বকর্ণ, নিকুম্ভ, কুম্ভ আদি থকা স্থানসমূহতো সীতাৰ সন্ধান চলালে। উদ্যান, ৰন্ধনশালা, সৈন্য শিবিৰ আদি স্থান চোৱাৰ পাছত ধৌলিবৰত পুষ্কৰ বিমান দেখা পালে। চিত্রকুটতো ৰমণীসকলক দেখা পালে। অশোকবনত প্ৰৱেশ কৰি হনুমন্তই সীতাক দেখা পালে। সীতাৰ ওচৰতে ৰাতিটো কটালে। পুৱা ৰাৱণে সীতাৰ ওচৰলৈ গৈ সীতাক বুজনি দিয়াৰ চেষ্টা কৰিলে। হনুমন্তই দেহাটো ক্ষুদ্ৰ কৰি সকলো ঘটনা প্রত্যক্ষ কৰিলে। হনুমন্তই গীতৰ মাজেৰে সীতাক পতিয়ন নিয়াব বিচাৰিলে যে তেওঁ প্ৰকৃততে ৰামৰহে মিত্র। ৰামনাম লিখা আঙঠি হনুমন্তই সীতাক অৰ্পণ কৰা। পাছত সীতাই ৰাম-লক্ষ্মণৰ খবৰ ল’লে। সীতাৰ পৰা দিব্যমণি লৈ হনুমন্তই বামণ বেশত ৰজাৰ গৃহত প্ৰৱেশ কৰিলে।

মধুবনত প্ৰৱেশ কৰি মধুবন ধ্বংস কৰোঁতে ৰাৱণে হনুমন্তক বন্দী কৰিবলৈ সৈন্যক আদেশ দিলে। হনুমন্তই সকলোকে পৰাস্ত কৰাৰ পাছত ইন্দ্ৰজিতৰ ব্ৰহ্মবাণৰ পাশত হনুমন্তই নিজে বন্দী হ’ল। ৰাৱণে হনুমন্তৰ নেজত জুই দিবলৈ সৈন্যসকলক আদেশ দিলে। হনুমন্তই নেজৰ জুইয়ে লংকাপুৰী দগ্ধ কৰি সাগৰত পৰিল। আকাশ বাণীৰ মতে মুখেৰে নেজৰ জুই নুমুৱালে। সীতাক প্রণাম জনাই হনুমন্তই মহেন্দ্ৰ গিৰি পৰ্বতলৈ প্ৰত্যাৱৰ্তন কৰে। 

সুগ্রীবৰ মধুবনত প্ৰৱেশ কৰি লগৰ বানৰ গণে মধুফল খায়। ৰখীয়াৰ সৈতে যুদ্ধ হয়। হনুমন্তই ৰামৰ আগত যাত্ৰাৰ বিৱৰণ, সীতাৰ দৰ্শন আদি কথা কোৱাৰ লগতে সীতাই দিয়া মণি ৰামক অৰ্পণ কৰে। সীতাৰ বিষয়ে বিতং জানিব পাৰি ৰাম লক্ষ্মণ কপিগণৰ সৈতে লংকা অভিমুখে যাত্ৰা কৰে। বিভীষণে ৰাৱণক ৰামৰ মহত্ত্ব ব্যাখ্যা কৰি সীতাক ঘূৰাই দিবলৈ উপদেশ দিয়ে। ৰাৱণে বিভীষণক দু-ব্যৱহাৰ কৰে। বিভীষণে ৰাৱণৰ চৰণত সেৱা জনাই ৰামৰ ওচৰলৈ যাত্ৰা কৰে। ৰামৰ চৰণত স্থান বিচাৰি বিভীষণে ৰামৰ কাষ চাপে। ৰামে সাগৰ পাৰ হ’বৰ কাৰণে ব্রত পালন কৰে। সাগৰৰ প্ৰতিক্ৰিয়া নেদেখি ৰামে অগ্নিশৰ মাৰি সাগৰৰ পানী নাইকীয়া কৰে। সাগৰৰ অনুৰোধ আৰু পৰামৰ্শমতে নলৰ নেতৃত্বত সাগৰত সেতু বান্ধিলে। ৰাম-লক্ষ্মণ-সুগ্রীব-বিভীষণ-হনুমন্ত কপিগণৰ সৈতে সেই সেতুৱেদি লংকালৈ যাত্ৰা আৰম্ভ কৰে।

সুন্দৰা কাণ্ডত মাধৱ কন্দলিয়ে ৰামায়ণৰ মূল কাহিনী বৰ্ণনা কৰাৰ লগতে প্রাকৃতিক সৌন্দর্য বর্ণনাতো গুৰুত্ব দিছিল। লংকাপুৰীৰ বৰ্ণনা দিবলৈ যাওতে নিজ ভূমিৰ দৃশ্যপট সন্মুখত ৰাখি পাঠকৰ সন্মুখত এখন বাস্তৱ ছবি অঁকাৰ প্ৰয়াসেৰে গছ-বন, পশু-পক্ষী বর্ণনা দিয়াৰ যত্ন কৰিছিল। সুবেল পৰ্বতৰ পৰা লংকা নগৰীলৈকে বিস্তৃত হনুমন্তৰ যাত্রাপথত অলেখ গছ-গছনিৰ উল্লেখ পোৱা যায়। সেই গছ-গছনিৰ মাজত অসমৰ চিনাকি গছ-গছনিৰ আধিক্যই ঘৰুৱা চিত্ৰৰ এক পৰিৱেশ গঢ় দিছে। অসমৰ তেঁতেলি, জামুৰ পৰা আৰম্ভ কৰি গুৱা, নাৰিকললৈকে গছ-গছনিৰ সেই চিত্র কন্দলিয়ে এনেদৰে অংকন কৰিছে—

সুবেলৰ নামি নগৰীক লাগি যান্ত।

অনেক বনক হনুমন্তে দেখিলন্ত।।

গুঞ্জৰিত শবদে ভ্ৰমৰা মধুপান।

পদ্মিনী দীঘী জলাশয় ৰম্য থান।

সৰল পিয়াল খৰ নিখৰ খৰ্জ্জুৰ।

শাল তাল তমাল গমাৰি বিষপুৰ।।

অশ্বত্থ কপিত্থ বট নাৰঙ্গ বদৰ।

তেন্তেলি কণ্টাকি আম জাম নাগেশ্বৰ।।

খাজুৰি হাৰিঠা আমলখি ডহাফল।

ছাতিয়াল গুৱা নাৰিকেল যে শ্রীফল।।

সলঙ্গা মহৰি আৰু কমলা টঙ্গো।

কৰ্দ্দৈ পিচু মৰ্দ্দক যে সোলঙ্গা আমৰা।।

কদম্ব গুলাল পাৰিজাতৰ আশেষ।

সেবতী মালতা গুটিমালী যে বিশেষ।।

বাৰয় বসন্তে অনুকূলে বহে বাৱ।

ষড়ঋতু নদাড়য় কোকিলৰ ৰাৱ।।

গছ-গছনিৰ লগতে চৰাই আৰু খেল-ধেমালিৰ বিৱৰণো পোৱা যায়। চৰাইৰ মাজত অসমৰ চুতীয়া শালিকাৰ নামো পোৱা যায়—

সুবৰ্ণৰ হংস লড় আলি চক্রবাক। 

সুবৰ্ণৰ শৰালি উৰয় জাকে জাক।।

সুৱৰ্ণৰ ময়না ভাতৌ চুতীয়া শালিক।

সুবৰ্ণৰ ৰূপৱতি ফিঞ্চা পুণ্ডৰীক।। 

ভণ্টা, ঘিলা, ঢোপ আদি খেলৰ মাজত অসমৰ লোক জীৱনহে যেন প্ৰকাশ পাইছে ―

ৰঙ্গ থানে কৌতুহলে ৰাক্ষস মিলিলা। 

কৌতূহলে খেলাৰয় সুবৰ্ণৰ ঘিলা।। 

ভণ্টা খেড়ি খেলাৱয় কতো খেলৈ ঝুণ্টি। 

ঠাৱে ঠাৱে ক্ৰীড়া কৰে আকুটি ভ্রুকুটি৷৷ 

ছৱাল মেলেক সবে কৰে হাতাহাতি। 

মাল বান্ধে যুজয় দেখিতে ভাল আতি।। 

ঢোপ খেড়ি খেলাৱয় কতো লুনি লুনি। 

গুৱাল গুৱালী খেলে আনন্দিত শুনি।। 

ফল ফুল টোকোৰা আৱৰ জুৱা পাপ। 

দলি যুজ খেলে কতো লৱৰি হতাশ।।

নাৰীৰ সৌন্দৰ্য বৰ্ণনা : 

সুন্দৰ প্ৰকৃতিৰ চিত্ৰ বৰ্ণনাৰে মন আকৰ্ষণ কৰা মাধৱ কন্দলিয়ে নাৰীৰ সৌন্দৰ্য বৰ্ণনাৰ ক্ষেত্ৰতো সুন্দৰাকাণ্ডত অভিনৱত্ব দেখুৱাইছে। ৰাৱণৰ অন্তেষপুৰৰ নাৰীসকলৰ বৰ্ণনা দিছে এনেদৰে— দেৱাসুৰ ৰণে জিনি লঙ্কেশ্বৰে আনিলেক হৰি।।

শঙ্খিনী চিত্ৰনীনাৰী             পদ্মিনী হস্তিনী আদি,

ত্রিভুবনে যতেক সুন্দৰী। 

দিগবিজয়ত সাজি               দেৱাসুৰ ৰণে জিনি   

লংকেশ্বৰ আনিলেক হৰি

কৰো কতো সুন্দৰী শয্যাত নিদ্ৰা গৈলি।

কালিনী খোপাৰ মাজে বিহৰিল বেণী।। 

কাহাৰো শয্যাত লুলে সাতেসৰি হাৰ।

স্বর্গত মেহেন জিকিমিকি কৰে তাৰ।। 

বদন কমল যেন পূর্ণ শশীকলা।

গাহিবাৰ আছে যেন পঙ্কজৰ মালা।। 

সীতাৰ মোহনীয় সৌন্দর্য বর্ণনা দিবলৈ যাওঁতে কবিয়ে এক বিষাদঘন চিত্ৰ অকংন কৰিছে–

তাসম্বাৰ মাজে দেবী সংসাৰত তাৰা।

মেঘে যেন ঢাকি আছে সৰ্বোত্তম তাৰা।। 

কেশে যেন ঢাকি আছে চম্পক মল্লিকা। 

ভস্মে যেন ঢাকি আছে অগনিৰ শিখা।। 

থূলন্তৰ মলিন বসন পৰিধানে। 

বৃক্ষৰ মূলত আছা স্বামীক ধিয়ানে।।

চকিতা হৰিণী যেন চান্ত আগে পাছে।।

এক গোটা চেলাৰি ভূমিত লুটি আছে।।

নাৰীসকলৰ সৌন্দৰ্য বৰ্ণনাৰ লগতে ৰাক্ষসীবোৰৰ বীভৎস ৰূপৰ বর্ণনা দিবলৈও কবিয়ে পাহৰা নাই—

বিকৃত বিভাস কতো পেচাৰ স্বভাৱ। 

ভেঙ্গুৰা স্বভাৱ কতো দেখিতে কুভাৱ।। 

কতো উৰ্দ্ধনাসিকা হস্তীৰ যেন মুণ্ড। 

গাৱ গোট কৃশ দেখি টোলৰিয়া মুণ্ড।।

কতো নাক চেপেটা পতিলা গোটমান। 

গাৱত পৰয় হালি কুলা হেন কাণ।। 

অজমুখী গোসুখী শূকৰ স্বানমুখী। 

গোলৈপেটী উৰু হাতে নাপাৱয় ঢুকি।। 

বিহাৰিয়া আছয় হস্তীৰ যেন দান্ত। 

ছাগলৰ হেন মুখ সিংহৰ আক্ৰান্ত।। 

কতো কাণী কতো খুবী কতোহো গলণ্ডী। 

কনৈয়াৰী গঞ্জ কাৰী প্ৰচণ্ডী চামুণ্ডী৷৷ 

আগ গঞ্জ যেন শিলিখাৰ ভাঞ্জ। 

হাসান্তে দেখিয় যেন দৰ্শনৰ মাঞ্জ ।। 

আলখনী পিশাচনী কুলক্ষণী ছাৰী।

একৈক শোষতে পীয়ে মদ্য একো জাৰি।। 

এক পাৱ দুই পাৰ তিনি পাৱ চাৰি। 

জিহবাখান মেলি থাকে শৰীৰ আৱৰি।। 

এক আখি দুই আখি কাৰো তিনি আখি। 

দুই কপি হালৈ যেন চটকৰ পাখী৷৷ 

সমাজ-জীৱনৰ চিত্ৰ :

তৎকালীন সমাজ-জীৱনৰ ৰীতি-নীতি, ফকৰা-যোজনা, পটন্তৰ, প্ৰবাদ বাক্য, গালি-শপনি আদিৰ মাজেৰে মাধৱ কন্দলিয়ে অসমৰ সমাজ জীৱনৰ এখন চিত্র অংকন কৰিব বিচাৰিছে। মূলৰ পৰা আঁতৰি নাহিও স্থানীয় এনে বিষয়ৰ সংযোগে কন্দলিৰ মৌলিকত্ব বহন কৰে। মাধৱ কন্দলিৰ সমাজ-জীৱনৰ চিত্ৰৰ মাজেৰে চতুৰ্দশ শতিকাৰ অসমৰ বিষয়েও আভাস পাব পাৰি।

ধর্মঃ

সুন্দৰাকাণ্ডত ৰাক্ষসে বেদ আৰু শাস্ত্ৰ পঢ়াৰ মাজেৰে কন্দলিয়ে হিন্দু ধৰ্মৰ কথাকে আওপকীয়াকৈ ক’ব বিচাৰিছে–

ঠায়ে ঠায়ে দেখন্ত ৰাক্ষসে পঁঢ়ৈ বেদ। 

শাস্ত্রসব পঢ়ন্ত শুনন্ত অবিছেদ।।

পাপীৰ স্থান নৰকত সেই কথা কন্দলিয়ে সোঁৱৰাই দিছে— 

হৰি হৰি কেনে                প্ৰাণ ধৰি আছে, 

আসাম্বৰ নিজ স্বামী। 

 যতেক নৰক                  সাঞ্চিলে পাপিষ্ঠে

ৰাৱণায়ে অধোগামী।। 

ৰাম নাম যে পাপ নিবাৰণৰ মূল সেই কথাও কন্দলিয়ে উল্লেখ  কৰিছে—

নমোঁ ৰঘুপতি                       অগতিৰ গতি,

তুমি দেৱ কৃপাময়।

তোমাৰ চৰিত                       পৰম অমৃত,

মুকুতিকো বিড়ম্বয়।। 

হেনয় তোমাৰ                        চৰণ পঙ্কজে,                  

নুগুছোক মোৰ মতি।

সমস্ত সমাজে                          ডাকি ৰাম বোলোঁ,

পাপ যাউক অধোগতি।।

বিভীষণক ‘বিষ্ণু ভকত’ হিচাবে উল্লেখ কৰাৰ লগতে শিৱৰ প্ৰসংগও উত্থাপন কৰিছে। 

নমো নমো নিত্য ৰাম অনন্ত অনাদি।

শিৱ সনাতন শুদ্ধ বুদ্ধ বেদবাদী।।

মোৰ গতি নাই বিনা তোমাৰ চৰণে।

বোলোঁ ৰাম ৰাম সভাসদ যতজনে।।

শিৱ, দুর্গা আদি দেৱ-দেৱীৰ উল্লেখে তৎকালীন অসমত শৈৱ, শাক্ত পৰম্পৰা যে প্ৰচলিত আছিল সেই কথাৰ উমান দিয়ে।

লোক বিশ্বাস :

লোক-জীৱনৰ বিশ্বাসৰ বিভিন্ন চিত্র কন্দলিৰ ৰামায়ণত পোৱা যায়। সুন্দৰাকাণ্ডতো তাৰ ব্যতিক্রম হোৱা নাই। নাৰীৰ পতিব্রতা ধৰ্মৰ কথা কন্দলিয়ে উল্লেখ কৰিছে– 

হৰি হৰি গোসানীক                পৰিচয় নতৈলোহোঁ,

খুজি পাইবো কমন প্ৰকাৰে। 

দেব দেবী প্রসাদত                 ইংগিতে জানিবোঁ মই,

পতিব্রতা ধৰ্ম্ম ব্যৱহাৰে।।

শাও দিয়া বিৱৰণ আছে এনেদৰে―

সপুত্র বান্ধৱে                                ছন হৈব তোৰ, 

পিশুকো নথৈব সঞ্চ।

এভো চক্ষু নখা                             পাপিষ্ঠ ৰাৱণ,

 মোহোৰ স্বামী নবঞ্চ।।

সীতাক বিকটা, হয়মুখী, বক্ৰমুখী, অজমুখী আদি ৰাক্ষসীয়ে পৰা গালিবোৰৰ মাজেৰে অসমৰ গ্ৰাম্য জীৱনৰ কিছু ৰেঙণি ফুটি উঠে—

কেহো বোলে ধৰধৰ কেহো বোলে মাৰ।    

আলখনী ছাৰীক ৰাখিয় কিক আৰ।। ২৩ পৃ. ২৬০ 

তিথি অনুসৰি অসমত উপবাস, খাদ্য বিধি নিষেধ আদি দেখা যায়। সুন্দৰাকাণ্ডত তাৰো উল্লেখ পোৱা যায়—

কালি গৈল একাদশী             আজি ভৈল দোৱাদশী

লঘনতে ভৈলোহো হতাশা।। 

তিথি, নক্ষত্ৰ অনুসৰি যাত্ৰাৰ শুভাশুভ বাচ-বিচাৰৰ বিষয়ে আছে এনেদৰে—

কালি যে উত্তৰ                       ফাল্গুনী নক্ষত্রে,

আজি হুয়া আছে হস্তা।

দুয়ো যে নক্ষত্রে,                     সুমংগল কহে,

তৰা দুই সুপ্ৰহস্তা।।

অসমৰ সমাজ-জীৱনত জ্যেষ্ঠজন, ইষ্টদেৱতা আদিক শ্রদ্ধা সহকাৰে সন্মান জনোৱা নিয়ম আছে। আশীৰ্বাদৰো এক শুভ, মংগলদায়ক দিশ আছে। শুভ কাম, যাত্ৰাৰ সময়ত ইষ্টদেৱতা, জ্যেষ্ঠজনৰ পৰা আশীর্বাদ লোৱা অসমৰ সমাজ-জীৱনৰ এক পৰম্পৰা। সুন্দৰাকাণ্ডতো যেন তাৰে প্ৰতিফলন ঘটিছে—

ৰাম লক্ষণক                        সুগ্ৰীৱ বীৰক,

কৰিয়া যেন সতকাৰ।

বায়ুযে বাপক                       অঞ্জনা মাৱক,

 প্রণামিলা সাতবাৰ।।

অসমৰ জন-জীৱনত সপোন, কাউৰী মাত, গ্রহ-নক্ষত্ৰৰ প্ৰভাৱ আৰু শুভ-অশুভ বাচ-বিচাৰ কৰা পৰম্পৰা আছে। নাৰীৰ বাওঁচকু, বাওঁবাহু, পুৰুষৰ সোঁ চকু, সোঁ বাহু লৰিলে মংগল বুলি বিশ্বাস কৰে। ত্ৰিজটাৰ সপোনৰ বৰ্ণনাৰ মাজেৰে লোক জীৱনৰ এই বিশ্বাসসমূহ ফুটি উঠিছে—

গোসাঁইক দেখিলোঁ মই স্বপ্নৰ হন্তে। 

সাগৰা পৃথিৱীক আসয় গিলস্তে।। 

আৰু হেন দেখিলোঁ ৰাঘৱ মহাবীৰ। 

মহা কৌতূহলে তেস্ত পিয়ন ৰুধিৰ।।

………………………..

…………………………

বাম নয়ন উৰু বাম কলেৱৰ । 

প্রত্যক্ষে দেখয় সীতা কাম্পৈ ৰামকৰ।। 

ইসব মঙ্গলে তোৰ স্বপ্নৰ ফলে। 

অবিলম্বে স্বামীজোল পাইবে অবিকলে।। 

ডালত বসিয়া মুখ চায়া ৰড়ৈ কাক। 

স্বামীৰ বাৰ্ত্তাক তোৰ আইল জনাইবাক।। 

ত্ৰিজটাৰ স্বপ্নক কৰিয়া বিমৰিশ। 

দুখাতে খানিক দেবী ভৈলন্ত হৰিষ।। 

বক্তব্যক স্পষ্ট আৰু সুদৃঢ় কৰিবলৈ কন্দলিয়ে সুন্দৰাকাণ্ডতো বিভিন্ন পটন্তৰ, জতুৱা, খণ্ডবাক্য আদি ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত ৰামায়ণৰ প্রতি সৰ্বসাধাৰণৰ আগ্রহ বাঢ়িছে। কেইটামান লোকোক্তিৰ নিদর্শন। দাঙি ধৰা হ’ল ―

একেখানে আছে সাপে নেউলে ছাগে বাঘে। 

মূষকে চাচৰি কৰে বিড়ালৰ আগে।। 

ত্রৈলোক্যৰ নাথ এৰি তাপসিক চাম। 

পকা কণ্টকিক এৰি ডহাফল খাম।। 

এবেসে জানিলোঁ জীৱনৰ নাহি ফল।

ফাট দিয়া বসুমতী যাও ৰসাতল।। 

উজনি বাহন্তে মই বাহিলোঁহো ভাটি।  

লাভকে চাহন্তে মূলক কৰিলোঁহো লাঠি।। 

আজিসে মৰিলো শোকে হৃদয় নধৰে। 

তপত খোলাত দিলে যেন মৎস্য মৰে।।

খাদ্য :

সুন্দৰাকাণ্ডত খাদ্যৰ ক্ষেত্ৰত বিভিন্ন ফল-মূল, কৰ্পূৰ-তামোল, মদ মাংস আদিৰ বিৱৰণ পোৱা যায়—

মদ্য মাংস শোণিতক খাই দিনে ৰাতি। 

ব্ৰহ্ম অস্ত্র হানি মোক পাইলেক খিয়াতি।।

মুখ সুঙ্গি চাহন্তে মদ্যৰ পাইল ঘ্রাণ।

বোলন্ত জানকী নুহিব হেন খান।। 

কৰ্পূৰ তাম্বুল খাইল মদন মাদক। 

সীতাক সুমৰি তাৰ মনত খালক৷৷

নিলাজ ভৈলেসে বৰ সুখে জীৱে,

কৈতো ভাত কঠ নাই।

কাব্যিক সৌন্দর্য :

ছন্দৰীতি :  মূল ৰামায়ণ অনুপুষ্ট ছন্দত ৰচিত। কন্দলিৰ ৰামায়ণত বাল্মীকিৰ ছন্দ ৰীতি ৰক্ষিত হোৱা নাই। কবিয়ে নিজেও সেই কথা কৈ গৈছে―

বাল্মীকি ৰচিলা শাস্ত্র গদ্য পদ্য ছন্দে। 

তাহাক বিচাৰ আমি কৰি প্ৰৱন্ধে।।

আপোনাৰ বুদ্ধি অৰ্থ যি মত বুঝিলোঁ। 

সংক্ষেপ কৰিয়া তাক পদ বিৰচিলোঁ।।

কন্দলিয়ে পদ বা পয়াৰ (৮, ৬), দুলড়ী (৬, ৬, ৮) আৰু ছবি (৮, ৮, ১০) ছন্দ ব্যৱহাৰ কৰিছে। চৈধ্য আখৰীয়া দুটা শাৰীৰ শেষ অক্ষৰৰ৷মলেৰে পদ ছন্দ গঠিত হয়। সুন্দৰা কাণ্ডত এই ছন্দ ব্যবহৃত হৈছে—

প্রণমিলোঁ ৰাম তিনি ত্ৰৈলোক্যৰ নাথ। 

নিশাচৰ ৰাৱণক বধিলা লঙ্কাত।।

প্ৰথম আৰু তৃতীয় শাৰীত ৬ + ৬ = ১২ আৰু দ্বিতীয় আৰু চতুর্থ শাৰীত ৮ অক্ষৰৰ চাৰিশৰীয়া ছন্দসজ্জাৰে দুলড়ী ছন্দ গঠিত হয়। দ্বিতীয় আৰু চতুৰ্থ শাৰীৰ শেষ অক্ষৰৰ মিল থাকে—

হৰি হৰি কেনে                 প্রাণ ধৰি আছে,

আসম্বাৰ নিজ স্বামী।

কতকে নৰক                    সঞ্চিলে পাপিষ্ঠে,

ৰাৱণায়ে অধোগামী।।

ছবি ছন্দ চাৰি শাৰীত বিভক্ত। প্রথম, তৃতীয় শাৰীত ৮ + ৮ আৰু দ্বিতীয়, চতুৰ্থ শাৰীত ১০ অক্ষৰকৈ থাকে। দ্বিতীয় আৰু চতুর্থ শাৰীৰ শেষ অক্ষৰৰ মিল থাকে—

মন্ত্রী পাত্ৰ সমস্তত             সমপিয়া ৰাজ্যভাৰ,

তেসম্বে সহিতে কৰে ক্ৰীড়া। 

নাকত আঙ্গুলি দিয়া,           বোলন্ত পৱন সুত,

কিনো ভৈল জগতৰ পীঢ়া।।

ঝুমুৰী (৪ + ৪) ছন্দৰ ব্যৱহাৰো হোৱা দেখা গৈছে―

দুৰ্গতিত তৰিয়োক।

অচিন্তাত থাকিয়োক।।

 কন্দলিৰ ৰামায়ণৰ ছন্দসজ্জাৰ মাজেৰে অসমীয়া ছন্দসজ্জাৰ এক পৰম্পৰা আৰু পচিয়ো জানিব পাৰি।

অলংকাৰ :

কন্দলিৰ ৰামায়ণক অৰ্থালংকাৰ, শব্দালংকাৰ সু প্রয়োগে কন্দলিৰ কবি প্ৰতিভাৰ পৰিচয়ৰ লগতে সৌন্দর্যও বৃদ্ধি কৰাইছে। কন্দলিৰ অলংকাৰৰ উপমান উপামেয়বোৰ অসমৰ জন-জীৱন আৰু জতুৱা মাত-কথাৰ লগত মিল আছে। অনুপ্রাস অলংকাৰ কন্দলিৰ অতি প্ৰিয় অলংকাৰ। অনুপ্রাস অলংকাৰৰ ক্ষেত্ৰত কন্দলিৰ প্ৰতিভা সাৰ্থক ৰূপত ফুটি উঠিছে। ৰূপক, উপমা, উৎপেক্ষা অলংকাৰৰ ক্ষেত্ৰত বাল্মীকিৰ লগত কন্দলিৰ সাদৃশ্য দেখা যায়। সাদৃশ্য থাকিলেও কন্দলিয়ে মৌলিকত্ব প্ৰদৰ্শন কৰিছে। অনুপ্ৰাসৰ প্ৰয়োগৰ ক্ষেত্ৰত কন্দলিৰ স্বাধীন ৰূপ প্ৰতিভাত হৈছে। অনুপ্রাস শব্দালংকাৰ হৈও কন্দলিৰ হাতত অর্থালংকাৰলৈ উন্নীত হৈছে। কন্দলিৰ উপমা প্ৰয়োগৰ কেইটামান উদাহৰণ –

উপমা : 

কাহাৰো শয্যাত লুলে সাতেসৰী হাৰ 

স্বৰ্গত যেন জিকিমিকি কৰে তাৰ।। 

বদন কমল যেন শূন্য শশীকলা। 

গাহিবাৰ আছে যেন পঙ্কজৰ মালা।।

মলোপমা :

তাসম্বাৰ মাজে দেৱী সংসাৰতে সাৰা। 

মেঘে ঢাকি আছে যেন সর্বোত্তম তাৰা।। 

কেশে যেন ঢাকি আছে চম্পক মল্লিকা। 

ভস্মে যেন ঢাকি আছে অগনিৰ শিখা।।

ৰূপক : 

ৰাম মেৰু পৰ্ব্বতক যুদ্ধে উৰুৰাহা।

চাটু বচনক এৰি নমাতি থকাহা।।

উৎপ্রেক্ষা :

কতো বৃক্ষ আগ ভাগি গুচিল আৰম্ভ। 

উৰ্বৰা ভিঠিত যেন থাকি গৈল স্তম্ভ।।

অতিশয়োক্তি :

   মুখ তুলি মাত,             সৰস বদনী, 

দেখোঁ মই চন্দ্রোদয়।

অন্তৰ্গত মোৰ,                 ত্বৰিতে খণ্ডোক

দাৰুণ এ তমোময়।

সমাসোক্তি :

মনুষ্যৰ ৰাৱ কাঢ়ে সকল কালীক। 

ময়না ঘৰুৱা ভাটৌ চুটীয়া শালিক।। 

কতো কতো অন্তেষপুৰে বড়ে ঢোণ্ডাকাক। 

সমক্যে ভাষাৱৈ যেন মনুষ্যৰ বাক।। 

কন্দলিৰ অলংকাৰ প্ৰয়োগ সম্পর্কে কবীন ফুকনদেৱে উল্লেখ কৰিছে— কন্দলিৰ ভাষা যেতিয়া অলংকৃত, বিশেষকৈ ৰূপক, উপমা, উৎপ্রেক্ষা, বিৰোধাভাস সম্বলিত, তেতিয়া তেওঁৰ ভাব আৰুহে পৰিষ্কাৰ হয়, তেওঁৰ ভাষা হয় আৰুহে চুম্বক আৰু স্মৰণীয় ।

ৰস : 

কন্দলিয়ে ‘সমস্ত ৰসক কোনে জানিবাক পাৰে’ বুলি উল্লেখ কৰিছে। বস সৃষ্টিৰ ক্ষেত্ৰত কন্দলি কেৱল পাৰদৰ্শীয়ে নহয়, ৰসগ্রাহী হিচাবে ৰামায়ণক অনুসৃষ্টি কৰিব পৰাটো কন্দলিৰ অন্যতম কৃৰ্তি হিচাবে পৰিচিত। করুণ বসেই মূল ৰামায়ণৰ আধাৰ। কন্দলি ৰামায়ণতো কৰুণ ৰসে মূল বস হিচাবে প্রাধান্য পাইছে। কৰুণ ৰসৰ লগতে শৃংগাৰ, ৰৌদ্ৰ বা বীৰ, হাস্য আদি ৰসো প্ৰকাশ পাইছে। সুন্দরাকাণ্ডত অশোকবনত বন্দী হৈ থকা সীতাৰ বিলাপৰ মাজেৰে কৰুণ ৰসৰ প্ৰকাশ পাইছে— 

ৰামৰ নিকৰ শুনি জগতৰ আই। 

মহাশোকে কান্দিলন্ত ঠৰণ নযাই।। 

সীতাৰ বিলাপ দেখি হনুমন্ত কপি। 

গোসাঁনীৰ দুই পাৱে মাথাগোট থাপি।।

ৰাৱণে অন্তেষপুৰৰ বৰ্ণনা, সীতাৰ ওচৰলৈ যোৱা ৰাৱণৰ বৰ্ণনাত শৃংগাৰ ৰসৰ প্ৰকাশ ঘটিছে। অন্তেষপুৰৰ নাৰীসকলৰ দেহ ভংগীৰ বৰ্ণনা শৃংগাৰ ৰসৰ প্ৰকাশ—

কতো নাৰী নৃত্য কৰি শুতিল ভাগৰে। 

হাতত কেন্দৰা পাৱে সোণাৰ ঘাগৰে।। 

কামে নিদ্ৰা গৈলক মৃদঙ্গ ধৰি কোলে। 

স্বামী বুলি বুলি তাকে নিদ্ৰাত সম্ভোলে।। 

আৰু

বক্ৰভাৱে শুতিলেক ৰঞ্জাইত কটি। 

ভঙ্গিভাৱ কৰি যেন ৰঙ্গে নাচে নটি।। 

বীণা বাম কৰে ধৰি শুতিলা সুন্দৰী। 

কতোজনী শুতিল মৰুত কোলে ধৰি।। 

কতোজনী নিদ্ৰা গৈল মৃদঙ্গ সাৰটি।

স্বামী বুলি ধৰে তাকে সাবটি সাবটি।। 

লংকা নগৰীৰ ৰাক্ষস-ৰাক্ষসীৰ বৰ্ণনা, হনুমানে ৰাৱণৰ মধুবন ধ্বংস কৰা, সুগ্ৰীৱৰ মধুবন ধ্বংস কৰা, দধিমুখৰ লটি-ঘটি আদিৰ মাজেৰে হাস্যৰসৰ প্ৰকাশ ঘটিছে— বিহৰিয়া আছয় হস্তীৰ যেন দান্ত।

ছাগলৰ হেন মুখ সিংহৰ আক্ৰান্ত।। 

কেহো জনীৰ মুণ্ড কেশাইল যেন দল।

দুই তন লম্বিতে সাক্ষাতে যেন ঢোল।।

ওলমিল ওঠ যেন নেৱঠনি শিল। 

ৰুধিৰ মাংসক খাই কৰে কিল কিল। 

আলতাৰ বৰ্ণ কেহোঁ শিঙ্গলীয়া কালী। 

কতোহো কপিলী বগী হাণ্ডিযে চিঙ্গালী।। 

কতো কাণী কতো খুবী কতোহো গলণ্ডী। 

কনৈয়াৰী গঞ্জকাৰী প্ৰচণ্ডী চামুণ্ডী।।

আগগুৰি সক যেন শিলিখাৰ ভাঞ্জ। 

হাসতে দেখিয় যেন দৰ্শনৰ মাঞ্জ ।।

আৰু 

ৰাজাৰ মাতুল বুদ্ধ বা পাইল দুখ। 

এহি বুলি আপোনাৰ হাতে ঘসে মুখ।। 

জাম্ববত প্রমুখে গবাক্ষ নল গয়। 

সমুখে যুক্তস্ত মুখ্য মুখ্য বীৰ চয়।। 

অঙ্গদে ধৰিয়া দধিমুখক আফালি। 

দুই হাতে অনেক চৱৰ চোট ঘালি।। 

ভূমিত পেলাই তাক ওপৰত বসি। 

ইভিতি সিভিতি কৰি দুয়ো গাল ঘসি।। 

বালীপুত্ৰে মৰিলা হাতৰ বৰ সুখে। 

বাজাৰ আগক গৈল ভিওকাৰ মুখে ।।

হনুমন্তৰ সৈতে লংকাত লগা যুদ্ধৰ মাজত বীৰ ৰসৰ আভাস পোৱা যায়। সুৰসাই হনুমন্তক কৰা পৰীক্ষা আৰু হনুমন্তৰ লংকা দাহৰ বৰ্ণনাৰ মাজেৰে কবিয়ে অদ্ভুত ৰসৰ উদ্রেক ঘটাবলৈ সক্ষম হৈছে। ইন্দ্ৰজিতকে ধৰি ৰাক্ষসগণৰ হনুমন্তৰ প্ৰতি প্ৰকাশ কৰা খঙৰ বৰ্ণনাৰ মাজেৰে ৰৌদ্ৰৰস আৰু ৰাক্ষস-ৰাক্ষসীৰ আকৃতি-প্রকৃতিৰ মাজেৰে বীভৎস ৰসৰ প্ৰকাশ ঘটাইছে।

ভাষা :

কন্দলিৰ ৰামায়ণত অপভ্রংশ স্তৰৰ শব্দ, তৎসম শব্দ, তদ্ভৱ শব্দ, কথ্য ভাষাৰ শব্দ ব্যৱহাৰ হৈছে। কন্দলিয়ে আৰম্ভ কৰা ভাষাৰ এই ৰূপটোৱেই কালক্ৰমত বিকাশ লাভ কৰে। পূর্ব নিদর্শন নথকা সত্ত্বেও কন্দলিৰ হাততে লিখিত অসমীয়া সাহিত্যই এক সুকৌশলী ৰচনাশৈলী লাভ করে। কন্দলিয়ে ব্যৱহাৰ কৰা শব্দ সম্ভাৰৰ সকলো শব্দ পৰৱৰ্তী কালৰ কবিসকলে ব্যৱহাৰ কৰা নাছিল। কিন্তু পৰৱৰ্তী কালৰ কবিসকলে কন্দলিৰ ৰচনা ৰীতি আৰু শব্দ ব্যৱহাৰৰ কৌশল অনুকৰণ কৰে। কন্দলিৰ ৰামায়ণত ব্যৱহৃত কিছু শব্দৰ উদাহৰণ—

তৎসম— বজ্র (পৃ. ২৪৬), কৰ্ম্ম (পৃ. ২৪৭), ৰত্নে (পৃ. ২৫৩), বৃক্ষ (পৃ. ২৫৭), দিৱস (পৃ. ২৬৫), হস্তী (২৫৪), ৰাক্ষস, স্বৰ্গ আদি। 

অদ্ধ তৎসম— নিশবদ (পৃ. ২৪৭), ধিয়ানে (পৃ. ২৫৭), ভকত (পৃ. ২৫৬), অগনি (পৃ. ২৬৫), বিমৰিশ (পৃ. ২৬২), সমাপতি (পৃ. ২৬২) আদি। 

অনুৰূপ ধন্যাত্মক— টলবল (পৃ. ২৪৭), ভকভক (পৃ. ২৫৪), জিকমিক (পৃ. ২৫৪), ধৰ্ধৰ (পৃ. ২৭০), তোলবোল (পৃ. ২৭২), ভয়ভীত (পৃ. ২৭৩), খল খালি (পৃ. ২৪৮) আদি। 

দেশী শব্দ– ঢোল (পৃ. ২৬৬), কিল (পৃ. ২৭০), ঘসায়া, পিসায়া (পৃ. ২৭৫)।

তদ্ভৱ– হাত (পৃ. ২৬৯), হিয়া (পৃ. ২৭০), সোন (পৃ.২৬১) আদি। 

বিদেশী শব্দ— পুস্তক

ৰূপতত্ত্বৰ দিশৰ পৰাও কন্দলিৰ ৰামায়ণৰ ভাষা বৈশিষ্ট্যপূর্ণ—

ক) অতীত কৃদন্ত পদত -ইব আৰু কৃদন্ত বিশেষণত-ইল প্ৰত্যয়ৰ প্রয়োগ দেখা যায়। উদাহৰণ – খাটিবেক, মিলাইলন্ত।

খ) সংযোগাত্মক স্বাৰ্থিক প্ৰত্যয় হিচাবে এৰ, এৰে, এৰোৰ প্ৰয়োগ হৈছে। উদাহৰণ হানি-এৰে।

গ) বহুবচনাত্মক প্রত্যয় হিচাবে -গণ, সব, সকল, সমূহ, জাক আদিৰ ব্যৱহাৰ হৈছে। উদাহৰণ – ক্রৌঞ্চসমূহে, সুগণ আদি। 

ঘ) নির্দিষ্টতাবাচক প্রত্যয় হিচাবে গোট, খানি, -গোটা, জন, “টো আদি ব্যৱহৃত হৈছে। উদাহৰণ – দুইখানি, ৰাতিগোট। 

ঙ) স্ত্রীবাচক প্রত্যয় হিচাবে ঈ, নী প্রত্যয় প্রয়োগ হৈছে। উদাহৰণ – ৰাক্ষসিনী, ৰাক্ষসী, যোগিনী, পিশাচনী, কুলক্ষণী। 

চ) বিভক্তিৰ ক্ষেত্ৰত প্ৰথমা এ, দ্বিতীয়া ক, ষষ্ঠী, সপ্তমী-ত আদিৰ ব্যৱহাৰ হোৱা দেখা যায়। উদাহৰণ ৰাৱণে, ৰাৱণক, ৰাঘৱৰ, কুবেৰত।

ছ) নঞার্থক প্রাকৃতি ‘ন’ ক্রিয়াপদৰ আগত উপসর্গ হিচাবে প্রয়োগ হোৱা লক্ষণীয় বিষয়। উদাহৰণ – নমাতি (পৃ. ২৬২), নজানো (পৃ. ২৬২), নোহোওঁ (পৃ. ২৬৪) 

জ) পুৰুষবাচক সর্বনাম ‘আপুনি’ প্রথম পুৰুষৰ আত্মবাচক সর্বনাম হিচাবে ব্যৱহাৰ হৈছে। উদাহৰণ। 

লৈয়োক গোসাঁই হেৰা চিনিয়া আপুনি / সীতাক নখাহা তুমি আপনাক খাহোঁ (পৃ. ২৬২) 

কথ্য ভাষাৰ প্ৰয়োগ কন্দলিৰ ৰামায়ণৰ বিশেষ লক্ষণীয় বিষয়। উদাহৰণ –

স্ত্রীজাতি পৰাধীন নোহে স্বতন্তৰী

সুবৰ্ণক এৰিয়া পিঞ্চয় কাচকাচি

নাৱ টলবল কৰে বিনা কাণ্ডাহাৰে

তপত খোলাত দিলে যেন মৎস মৰে

তুলা নিবে নোৱাৰয় ভাৰ বান্ধে শিলে 

উষ্মবর্ণ শ, ষ, স তিনিওটাৰে ব্যৱহাৰ পোৱা যায়। তুলনামূলকভাৱে “স’ৰ ব্যৱহাৰ বেছি। উদাহৰণ – কৈলাস (২৫৩), আসিছিলি।

সংযুক্ত ব্যঞ্জনসমূহ সৰলীকৰণ কৰা দেখা যায় – দ্বাদশী > দোৱাদশী (পৃ. ২৬৮), শব্দ শব্দ (পৃ. ২৫৩), লক্ষ্মণ>লখমন (পৃ. ২৬২)।

যুক্তবর্ণ ‘ক্ষ’ৰ প্ৰয়োগ দেখা যায়। উদাহৰণ – দক্ষিণ (পৃ. ২৪৬), পরোক্ষ (পৃ. ২৪৭), উপেক্ষা (পৃ. ২৪৭), চক্ষু (পৃ. ২৫৩)। ‘ক্ষ’ সলনি ‘খ’ৰ ব্যৱহাৰো হৈছে। উদাহৰণ – সাখি (২৬০)।

কন্দলিয়ে মূল ৰামায়ণৰ আক্ষৰিক অনুবাদ কৰা নাই। ইয়াক ভাবানুবাদ বুলিও ক’ব পাৰি। ভাষাৰ প্ৰচীনতাৰ ফালৰ পৰাও কন্দলিয়ে অসমীয়া সাহিত্যৰ প্ৰৱৰ্তক হিচাবে দাবী কৰিব পাৰে। প্ৰসংগক্ৰমে মহেশ্বৰ নেওগে উল্লেখ কৰিছে– তেওঁ সাধাৰণতে মূলৰ লগত সম্পৰ্ক ৰাখি চলিছে আৰু মূলৰ শ্লোকবোৰ শক্তিশালীভাৱে চমু কথাত অর্থ প্রকাশক কৰি অনুবাদ কৰিছে। (অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃ. ৫৪) অনুবাদ হৈও ই ৰস বিন্যাসৰ ক্ষেত্ৰত স্ব মহিমাৰে মহিমামণ্ডিত আৰু বৈচিত্র্যময় হৈ পৰিছে। নিৰ্ভাজ ঘৰুৱা চিত্ৰৰ প্ৰয়োগ আৰু মনোহাৰিত্বই কন্দলিৰ ৰামায়ণক এক বিশেষ মাদা দিছে। সুন্দৰা কাণ্ডৰ ক্ষেত্ৰতো কথাখিনি একেধৰণেৰে প্ৰযোজ্য।

বস্তুনিষ্ঠ প্রশ্ন :

১। প্ৰহ্লাদ চৰিত পুথিখনক বৈষ্ণৱ ধৰ্মৰ প্ৰথম পুথি বুলি অভিহিত কৰিছিল―

(ক) বাণীকান্ত কাকতিয়ে।

(খ) মহেশ্বৰ নেওগে।

(গ) কালিৰাম মেধিয়ে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) কালিৰাম মেধিয়ে। 

২। হেম সৰস্বতীয়ে পৃষ্ঠপোষকতা লাভ কৰা ৰজাজন—

(ক) দুর্লভ নাৰায়ণ।  

(খ) ইন্দ্ৰনাৰায়ণ।

(গ) মহামাণিক্য।

(ঘ) অনিৰুদ্ধ দেৱ।

উত্তৰঃ  (ক) দুর্লভ নাৰায়ণ। 

৩। হৰগৌৰী সংবাদত কিমান পদযুক্ত হৈ আছে

(ক) ৯৯৮

(খ) ৮৯৮

(গ) ৯৮৯

(ঘ) ৮৯৯

উত্তৰঃ (ঘ) ৮৯৯

৪। ‘প্ৰহ্লাদ চৰিত’ৰ ৰচক–

(ক) হেম সৰস্বতী। 

(খ) দুৰ্ল্লভ নাৰায়ণ।

(গ) অনন্ত কন্দলি।

(ঘ) কবিৰত্ন সৰস্বতী।

উত্তৰঃ (ক) হেম সৰস্বতী। 

৫। ‘প্ৰহ্লাদ চৰিত’ কোনে সম্পাদনা কৰি প্ৰকাশ কৰিছিল—

(ক) মহেশ্বৰ নেওগ।

(খ) লীলা গগৈ।

(গ) কালিৰাম মেধি। 

(ঘ) অনিৰুদ্ধ দেৱ।

উত্তৰঃ (গ) কালিৰাম মেধি। 

৬। ‘প্ৰহ্লাদ চৰিত’ কিমান চনত সম্পাদনা কৰি প্ৰকাশ কৰিছিল—

(ক) ১৯২৩

(খ) ১৯২৪

(গ) ১৯২৫

(ঘ) ১৯২৬ 

উত্তৰঃ (ক) ১৯২৩।

৭। হৰগৌৰীৰ সংবাদ’ কাৰ ৰচনা –

(ক) সুকবি নাৰায়ণ দেৱ।

(খ) হৰিবৰ বিপ্র।

(গ) হেম সৰস্বতী। 

(ঘ) অনিৰুদ্ধ দেব।

উত্তৰঃ (গ) হেম সৰস্বতী। 

৮। ‘প্ৰহ্লাদ চৰিত’ৰ পদৰ সংখ্যা—

(ক) এশপদ যুক্ত।

(খ) দুশ পদ যুক্ত।

(গ) তিনিশপদ যুক্ত।

(ঘ) চাৰিশ পদ যুক্ত।

উত্তৰঃ (ক) এশপদ যুক্ত। 

৯। হেম সৰস্বতী কোন শতিকাৰ কবি— 

(ক) আনুমানিক দ্বাদশ শতিকাৰ।

(খ) আনুমানিক নৱম শতিকাৰ।

(গ) আনুমানিক দশম শতিকাৰ।

(ঘ) আনুমানিক ত্রয়োদশ শতিকাৰ।

উত্তৰঃ (ঘ) আনুমানিক ত্রয়োদশ শতিকাৰ। 

১০। প্রথম অসমীয়া কাব্যখন–

(ক) ৰামায়ণ।

(খ) হৰগৌৰী সংবাদ।

(গ) প্ৰহ্লাদ চৰিত।

(ঘ) দেৱজিৎ।

উত্তৰঃ (গ) প্ৰহ্লাদ চৰিত। 

১১। প্ৰহ্লাদ চৰিত্ৰ বিষয়বস্তু গ্ৰহণ কৰা হৈছিল—

(ক) ভাগৱত পুৰাণ।

(খ) বামণ পুৰাণ।

(গ) মহাভাৰত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) বামণ পুৰাণ। 

১২। ‘মাধবেসে পিতা-মাতা মাধবেসে প্রাণ মাধৱত পৰে কুন বন্ধ আছে তান’ বাক্যশাৰীৰ ৰচক কোন—

(ক) দুর্লভ নাৰায়ণ।

(খ) কবিৰত্ন সৰস্বতী।

(গ) হেম সৰস্বতী।

(ঘ) হৰিবৰ বিপ্ৰ।

উত্তৰঃ (গ) হেম সৰস্বতী। 

১৩। “হেন দেখি নাৰায়ণে গুণে মনে মনে 

মোক যে এনুৱা চোটে আন সহে কুনে।।’ কাব্যশাৰী অন্তর্গত হৈছে—

(ক) প্ৰহ্লাদ চৰিত।

(খ) হৰগৌৰী সংবাদত।

(গ) কুমাৰ সম্ভৱত।

(ঘ) গীতগোবিন্দত। 

উত্তৰঃ (ক) প্ৰহ্লাদ চৰিত। 

১৪। কমতা মণ্ডল দুর্লভ নাৰায়ণ নৃপবৰ অনুপাম। তাহান ৰাজ্যত ৰুদ্র সৰস্বতী দেবযানী কন্যা নাম।। তাহান তনয় হেম সৰস্বতী ধ্রুবৰ অনুজ ভাই।

পদবন্ধে তেহো প্ৰচাৰ কৰিলা, বামন পুৰাণ চাই।। 

—উক্ত পদফাঁকি তলব কোনখন গ্ৰন্থত উল্লেখ আছে?

(ক) প্ৰহ্লাদ চৰিত।

(খ) হৰগৌৰী সংবাদ।

(গ) তাম্ৰধ্বজৰ যুদ্ধ।

(ঘ) বব্ৰুবাহনৰ যুদ্ধ।

উত্তৰঃ  (ক) প্ৰহ্লাদ চৰিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top