History of Assamese Literature Unit 2 অসমীয়া লোক সাহিত্য

History of Assamese Literature Unit 2 অসমীয়া লোক সাহিত্য :, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 2 অসমীয়া লোক সাহিত্য : Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 2 অসমীয়া লোক সাহিত্য : Question Answer can be of great value to excel in the examination.

Join Telegram channel

History of Assamese Literature Unit 2 অসমীয়া লোক সাহিত্য : Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 2 অসমীয়া লোক সাহিত্য : provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

(খ) প্রত্ন অসমীয়া সাহিত্যৰ পৰিচয়

১।  অসমীয়া ভাষাৰ প্ৰাচীন নিদর্শন হিচাপে চর্যাপদৰ বিষয়ে জাতিগুৰি মাৰি এটি টোকা লিখা।

উত্তৰঃ কাব্যিক গুণ নিহিত হৈ থকা অসমীয়া লিখিত সাহিত্যৰ প্রথম নিদর্শন তথা প্রথম পদ্য সাহিত্য চর্যাপদক চর্যাগীত, বৌদ্ধ গান বা দোহা নামেৰেও জনা যায়। চর্যাপদসমূহ বৌদ্ধধর্মী তান্ত্রিক সহজযান – পছৰ ধৰ্মীয় সাধনতন্ত্ৰৰ গীত। সিদ্ধ পুৰুষসকলে বৌদ্ধধৰ্মৰ মূল আচাৰ-নীতিসমূহ গীতৰ আকাৰে প্ৰচাৰ কৰিছিল।

চৰ্যাপদবোৰ অৱশ্যে উদ্ধাৰ হোৱা বৰ বেছিদিন হোৱা নাই। ১৯০৪ খ্রীষ্টাব্দত (এই সময় সম্পৰ্কত দ্বিমত নথকা নহয়) মহামহোপাধ্যায় হৰপ্রসাদ শাস্ত্রীয়ে নেপালৰ ৰাজকীয় গ্ৰন্থাগাৰৰপৰা চর্যাচর্য বিনিশ্চয়, সৰোজবজ্ৰৰ দোহাকোষ, কৃষ্ণাচার্যৰ দোহাকোষ আৰু ডাকার্ণব নামে চাৰিখন পুথি উদ্ধাৰ কৰি ১৯১৬ চনত হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধ গান ও দোহা নাম দি বঙ্গীয় সাহিত্য পৰিষদৰ পৰা প্ৰকাশ কৰে। 

চর্যাচর্য বিনিশ্চয়ৰ অৰ্থ হৈছে চৰ্য = আচৰণীয় + অচর্য = অনাচৰণীয়; বিনিশ্চয় = নিৰূপণ বা নিৰ্ধাৰণ; অর্থাৎ বৌদ্ধ ধৰ্মৰ আচাৰ ব্যবহাৰ, বিধি-নিষেধ সম্বন্ধীয় শাস্ত্র। উল্লেখযোগ্য যে চর্যাচর্য বিনিশ্চয় নামটি শাস্ত্রীদেৱে দিয়া। মূল পুথিখনৰ নাম আছিল চর্যাগীতিকোষ। যি কি নহওক এই পুথিখনত ৪৬ টা সম্পূর্ণ আৰু এটা খণ্ডিত গীত পোৱা যায়। এই গীতসমূহ ২৪ জন সিদ্ধাচার্যৰ দ্বাৰা ৰচিত। 

এই সিদ্ধাচাৰ্যসকলৰ ভিতৰত লুইপা (লৌহিত্যপাদ), সৰহপা/সৰহপাদ, মীননাথ, মৎস্যেন্দ্রনাথ (মহীন্দ্র) আদি লোকসকল পুৰণি কামৰূপৰ লোক আছিল বুলি প্রসিদ্ধি আছে। আনহাতে তিব্বতীগ্রন্থ Pag Sam Jon Zan ৰ মতেও সৰহপা কামৰূপৰ ৰাজ্ঞী অঞ্চলৰ লোক আছিল বুলি উল্লেখ আছে। সেই ৰাজ্ঞী পুৰণি কামৰূপৰ ৰাণী অঞ্চল বুলি পণ্ডিতসকলে অনুমান কৰে। এইখিনিতে স্বাভাৱিকতে এটি প্রশ্নৰ উদয় হ’ব পাৰে যে বাঙালীসকলে তেওঁলোকৰ সম্পত্তি বুলি দাবী কৰা এই চর্যাপদসমূহক আমাৰ লিখিত সাহিত্যৰ প্ৰথম সাহিত্যিক নিদর্শন হিচাপে টানি অনাৰ আৰু কিবা যুক্তি আছেনে? যুক্তি নিশ্চয় নোহোৱা নহয়! কিয়নো—

(১) অসমীয়া ভাষাত নিষেধাৰ্থক ‘ন’ ক্ৰিয়াৰ আগত বহে; চর্যাপদতো নিষেধাৰ্থক ‘ন’ ক্ৰিয়াৰ আগত বহে; যেনে— ন জাই, ন লেই আদি। 

(২) অতীত কলাৰ ক্ৰিয়া বুজাবলৈ ল, ইলা আদি প্ৰত্যয় অসমীয়াৰ দৰেই ব্যৱহাৰ কৰিছে। যেনে— চোৰে নিল; বিবাহে চলিলা ইত্যাদি।

(৩) অসমাপিকা ক্ৰিয়া বুজাবলৈ ই আৰু ইয়া প্ৰত্যয় অসমীয়াৰ দৰে চৰ্যাটো ব্যৱহাৰ হৈছে। যেন — গই (গৈ); উঠি, মাআি আদি।

(৪) বিভক্তিযুক্ত পদবোৰো অসমীয়াৰ দৰেই হুবহু। প্রথমা বিভক্তিৰ এ, ই – যেনে— কুম্ভীৰে খাঅ, ৰুখেৰ তেন্তেলি; দ্বিতীয়া বিভক্তিৰ—

‘ক’ যেনে – ঠাকুৰক পৰিনিবিতা ইত্যাদি।

(৫) বহুবচনাত্মক প্রত্যয় আধুনিক অসমীয়াৰ ‘সকল’ চর্যাত সমল হিচাপে ব্যৱহাৰ হৈছে। যেনে— মণ্ডলসঅল। 

(৬) তদুপৰি কিছুমান অতি ঘৰুৱা অসমীয়া শব্দও চৰ্যাত দেখা যায়। যেনে— ঘৰ, চকা, পানী, ভাত, তেন্তেলি, তৰু, চোৰ ইত্যাদি। এনেবোৰ ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক সাদৃশ্যৰ বাবেই চর্যাপদসমূহক আমাৰ অসমীয়া সাহিত্যৰ প্ৰথম লিখিত নিদর্শন বুলি সামৰি লোৱা হৈছে।

চৰ্যাপদৰ বিষয়বস্তু সাঁথৰৰ দৰে ৰহস্যপূর্ণ; ইয়াৰ বাহ্যিক অর্থ যিমান সহজ; গূঢ়ার্থ বা সমার্থ কিন্তু সিমান সহজ নহয়। প্রত্যেকটো চর্যাকেই এক ৰহস্যঘন আৱৰণেৰে আৱৰি ৰাখিছে। ইয়াত সাধনতত্ত্বৰ কথাবোৰ সাংকেতিক ভাষাত লিখা হৈছে। সেয়ে গুৰুৰ আশ্ৰয় অবিহনে ইয়াৰ মমাৰ্থ বুজা কঠিন হৈ পৰে; যি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাথোন। গুৰুৰ আশ্ৰয়ৰ কথা এটি চর্যাত নিৰ্দেশ দিছে এনেদৰে –

দিঢ় কৰিঅ মহাসুহ পৰিমাণ। 

লুই ভনই গুৰু পুচ্ছিঅ জান।

এনে ৰহস্যঘন ভাষাৰ বাবেই হৰপ্ৰসাদ শাস্ত্ৰীদেৱে চৰ্যাপদৰ ভাষাক সন্ধ্যাভাষা বুলি মত পোষণ কৰিছে। সন্ধ্যাৰ আধা আলো আধা ছায়াৰ ৰহস্যঘনতাই আৱৰি থকাৰ বাবেই হয়তো এই ভাষাক সন্ধ্যাভাষা বুলিবলৈ বাধ্য হৈছে। চৰ্যাপদৰ ভাষা সাংকেতিক হোৱাৰ মূলতে অৱশ্যে আন এক কাৰণো জড়িত নোহোৱা নহয়! সেই সময়ত অসমত শাক্ত, শৈৱ, বৈষ্ণৱ আদি অন্যান্য ধৰ্মাৱলম্বীলোক তথা ৰাজৰোষৰ ভয়তে বৌদ্ধ ধর্মাৱলম্বী লোকসকলে এই ধর্ম গোপনে আচৰণ কৰিবলগীয়া হোৱাৰ বাবেও এই ধৰ্ম সাধনতত্ত্বৰ গীতবোৰৰ ভাষা সাংকেতিক হোৱা বুলি অনুমান কৰিব পাৰি। 

গীতবোৰৰ মাজেৰে সংসাৰৰ অনিত্যতা, নিৰ্বাণ লাভৰ উপায় সম্পর্কে উল্লেখ পোৱা যায়। মায়া বা অবিদ্যাক নাশ কৰি অহংভাবৰ বিলুপ্তি ঘটাই শূন্যতাত স্থিত হ’ব পাৰিলেই যে সহজানন্দ লাভ হয়; এই কথাও চর্যাপদসমূহৰ মাজেৰে বুজাবলৈ যত্ন কৰা হৈছে।

অসমীয়া সাহ্যিতৰ প্ৰথম লিখিত সাহিত্য তথা প্রথম পদ্য সাহিত্য হিচাপে ইয়াৰ সাহিত্যিক মূল্য অৱশ্যেই স্বীকাৰ কৰিবলগীয়া। গাবৰ কাৰণে ৰচনা কৰা চৰ্যাপদবোৰক ভাব, ৰচনাৰীতি আৰু সাংগীতিক গুণৰ ফালৰপৰা চৰ্যাপদক দেহ বিচাৰৰ গীত আৰু বৰগীতৰ লগত তুলনা কৰিব পাৰি। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাপদবোৰো নাতিদীর্ঘ ছন্দোবদ্ধ ৰচনা। 

দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাপদবোৰো নাতিদীর্ঘ ছন্দোবদ্ধ ৰচনা। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাতো গভীৰ দাৰ্শনিক তত্ত্ব, সংসাৰৰ অনিত্যতা, জীৱৰ মুক্তিৰ উপায় আদিৰ কথা উল্লেখ আছে! তদুপৰি নৈতিক আৰু আধ্যাত্মিক ভাবেৰেও ভৰপূৰ। বৰগীতৰ দৰে চৰ্যাতো পটমঞ্জৰী, বৰাড়ী, মল্লাৰ আদি ৰাগৰ উল্লেখৰ লগতে গীতিকাৰৰ নামোল্লেখো পোৱা যায়। গীতৰ প্রথম দুশাৰীক ধ্ৰুৱ বা ধ্ৰুং বোলা হৈছে। সাধাৰণতে প্ৰতিটো গীততে দহশাৰী পদ আৰু অন্ত্যানুপ্রাস দেখা যায়। চৰ্যাৰ ছন্দই অপভ্ৰংশ আৰু নব্য ভাৰতীয় আর্যভাষাৰ মাজৰ স্তৰ প্ৰতিফলিত কৰে। পিছৰ কালৰ পয়াৰ আৰু ত্রিপদীৰ ৰূপ ইয়াত স্পষ্ট ৰূপত নাপালেও মাত্রাবৃত্তৰ পাদাকুলক চউপঈ ছন্দ ধ্বনিত হৈছে। (মহেশ্বৰ নেওগ, অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃষ্ঠা- ৪১)

প্রতীক বা ৰূপকৰ প্ৰয়োগে চর্যাপদক এক কাব্যিক মহত্ত্ব প্রদান কৰিছে— 

কা আ তৰুবৰ পঞ্চ বি ডাল।

চঞ্চল চীএ পইঠো কাল।

(ইয়াত দেহৰ পঞ্চ ইন্দ্ৰিয়ক এজোপা তৰুৰ পাঁচোটি ডালৰ লগত তুলনা কৰা হৈছে।)

যিকোনো সাহিত্যই একোখন সমাজৰ দাপোণ। সেই সাহিত্য দাপোণত প্রতিফলিত হয় সমসাময়িক সমাজ জীৱনৰ সামগ্রিক চিত্র। চর্যাপদতো সমসাময়িক সমাজ জীৱনৰ এখন নিখুঁত ছবি উদ্ভাসিত হোৱা দেখিবলৈ পোৱা যায়। ডোমৰ বৃত্তি, তাঁতৰ কাম, জাল গোঁঠা, নাও বোৱা আদি অনেক বৃত্তিৰ কথাও পোৱা যায়। চৰ্যাপদৰ আন এক বিশেষত্ব এয়ে যে ইয়াত প্ৰতিফলিত হোৱা সমাজখন সম্পূৰ্ণৰূপে নিম্নশ্রেণীৰ সমাজ; ইয়াত কোনো উচ্চ অভিজাত শ্রেণীৰ জীৱনধাৰাৰ বিষয়ে উল্লেখ পোৱা নাযায়। 

ভাৰতীয় মানুহৰ যে প্ৰধান আহাৰ ভাত আছিল তাৰ প্ৰমাণো চৰ্যাত পোৱা যায়—

টালত মোৰ ঘৰ নাহি পৰবেশী 

হাড়িত ভাত নাহি নিতি আবেশী।।

সেই সময়ত নৃত্য-গীতৰ মাধ্যমেৰে বৌদ্ধধৰ্ম প্ৰচাৰ প্ৰধান বুদ্ধ কাহিনী নাটকীয় ৰূপত দৰ্শন কৰোৱা হৈছিল বুলিও অনুমান কৰিব পাৰি তলৰ চৰ্যাটিৰ জৰিয়তে―

নাচন্তি বাজিল গান্তি দেৱী।

বুদ্ধ নাটক বিসমা হোই।। 

আনহাতে চোৰৰ ভয়ত দুৱাৰত তলাৰ ব্যৱস্থাৰ কথাও পোৱা যায়— দুআৰে দিঢ় তালা বি দিজ্জই (দুৱাৰত ভাল তলা লগাবা)

এনেদৰে অনেক চর্যাতে সমসাময়িক সমাজৰ জীৱনধাৰাৰ এক চিত্রময় বর্ণনাই চর্যাপদক এক সুকীয়া মর্যাদা প্রদান কৰিছে। যাৰ বাবে চৰ্যাপদক দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ অসমীয়া সমাজজীৱনৰ একোখন নজহা নপমা দলিল বুলিব পাৰি; তদুপৰি যাৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যৰ দ্বাৰ উন্মোচিত হ’ল, সেই চর্যাগীতক অসমীয়া কাব্য ইতিহাসত এক বিশিষ্ট মাইলৰো খুঁটি বুলিব পাৰি।

২। চর্যাপদৰ সাহিত্যিক মূল্য নির্ণয় কৰা।

উত্তৰঃ  ১৯০৭ চনত নেপালৰ ৰাজদৰবাৰৰ পৰা হৰপ্ৰসাদ শাস্ত্রীয়ে চর্যাচর্যবিনিশ্চয়, সৰোজবজ্ৰৰ দোহোকোষ আৰু কৃষ্ণাচাৰ্য্যৰ দোহাকোষ— এই চাৰিখন পুথি সংগ্ৰহ কৰি আনি প্ৰকাশ কৰে। এই পুথিকেইখনৰ লগত পূৰ্বতে সংগ্ৰহ কৰি অনা ডাকার্ণৱ নামৰ পুথিখন লগ লগাই ১৯১৬ চনত বংগীয় সাহিত্য পৰিষদৰ পৰা ‘হাজাৰ বছৰেৰ পুৰাণ বাংলা ভাষাই “বৌদ্ধ গান ও দহা” নামৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায়। এই পুথিৰ গীতৰ ভাষা বাংলা ভাষাৰ আদি স্তৰৰ নিদৰ্শন বুলি পোনতে তেওঁ ক’ব বিচাৰিছিল যদিও পৰৱৰ্তী গৱেষণাই তেওঁক চৰ্যাপদৰ ভাষাত শৌৰসেনী অপভ্ৰংশৰ নিদৰ্শনৰ কথাও স্বীকাৰ কৰিবলৈ বাধ্য কৰিলে। অৱশ্যে পরবর্তী সময়ত চৰ্যাপদ যে অকল বঙলা ভাষাৰেই সম্পদ নহয় অসমীয়া, উড়িয়া আৰু মৈথিলীৰ নিদর্শনো যে চর্যাপদত প্রকটিত হৈ আছে সেই কথা গবেষণা কৰি জৰিয়তে প্রতীয়মান কৰিলে। বাণীকান্ত কাকতি, ডিম্বেশ্বৰ নেওগ আদি ভাষাতাত্ত্বিক পণ্ডিতৰ মতে, চৰ্যাপদত প্রাচীন অসমীয়া ভাষা ৰূপো প্রকটিত হৈ উঠিছিল। যাৰ বাবে চৰ্য্যাপদ উমৈহতীয়া সাহিত্য হৈয়ো প্রত্যেক ভাষাৰে স্বকীয় সাহিত্য ৰূপে পৰিচিত হৈ পৰিছিল।

চৰ্যাপদত ৮৪ জন বৌদ্ধ সিদ্ধাচাৰ্য্যৰ ভিতৰত ২৩ জন সিদ্ধাচাৰ্য্যৰ গীতৰ টীকাসহ উল্লেখ পোৱা গৈছে। লৌহপাদ বা লুইপাদক প্রথমজন চৰ্য্যালেখক। সহজীয়া ধৰ্ম প্ৰচাৰৰ বাবে ৰচিত চৰ্য্যাগীতসমূহৰ মাজেৰে ধৰ্মৰ ফল্গুধাৰা অবিৰ্তভাৱে প্ৰকাশিত হৈ আহিছে। উচ্চ আধ্যাত্মিক ভাবাসম্পন্ন গীত হৈয়ো চৰ্যাপদসমূহ সাহিত্যিক সৌন্দৰ্য্যৰে মহীয়ান হোৱাৰ মূলতে আছে ইয়াৰ বিষয়বস্তুৰ নির্মিতি আৰু ভাষা। 

বৌদ্ধধৰ্মৰ মূলমন্ত্ৰ হৈছে- নির্বাণ লাভ। “নির্বাণ মানে বাসনাৰ নিবৃত্তি। পাৰ্থিৱ স্থিতিৰ অনিত্যতা সম্বন্ধে জ্ঞান লাভ কৰি অবিদ্যা-মোহ ধ্বংস কৰিব পাৰিলেই নির্বান লাভ হয়।” (পৰীক্ষিত হাজৰিকা, ২০০৪ ৪ ৬২)। চৰ্যাপদসমূহৰ মাজেৰে জাগতিক সুখ দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় সম্বন্ধে উল্লেখ আছে। সহজীয়া ধর্ম অনুসৰি কোনো বস্তুৰেই স্থায়িত্ব নাই। অনিত্য এই সংসাৰ-জগত। এই সংসাৰ জগতৰ পৰা নিবৃত্তি লাভ কৰা সহজ নহয়। মানুহে জগত নির্বান আদিৰ বিষয়ে ভ্ৰান্ত ধাৰণা লৈ সংসাৰ বন্ধনত আৱদ্ধ হৈ আছে। এই বিষয়ে চৰ্যাগীতত উল্লেখ আছে এনেদৰে―

“অপণে ৰচি ৰচি ভৱ নির্বাণা।

মিছে লোঅ বন্ধাৱএ অপণা।। 

অন্তে ন জানহু অচিন্ত জোই।

জাম মৰণ ভৱ কইসণ হোই।।”(চৰ্যা নং-২২)

চিত্তৰ উৎকৰ্ষ সাধনৰ জৰিয়তে জাগতিক মায়া-মোহৰ পৰা জীৱক আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। তন্ত্র মন্ত্র, যাগ-যজ্ঞৰ বিপৰীতে যোগ সাধনা কৰি চিত্ত চঞ্চলতা দূৰ কৰি নিৰ্মাণৰ পথত অগ্ৰসৰ হ’বলৈ চৰ্য্যাপদে উপদেশ দিছে। চৰ্যাপদৰ মাজেৰে ধৰ্মৰ এনে এক নিগূঢ় তত্ত্ব ফুটি উঠিছে; যি চৰ্যাপদৰ বিষয়বস্তু আৰু উদ্দেশ্যক একমূখী কৰি তুলি তাক সাহিত্য কর্ম হিচাপে তাত্ত্বিকতা প্ৰদান কৰিছে।

উপৰুৱা দৃষ্টিৰে চালে চৰ্যাপদসমূহ আমাৰ বাবে দুর্বোধ্য। কাৰণ ইয়াৰ মূল তত্ত্বসমূহ জটিল আৰু দার্শনিক ভাবাপন্ন হোৱাৰ লগতে ইয়াৰ ভাষাও সাংকেতিক। “চৰ্যাপদৰ ভাষা দ্রুতৰপীয়া – সাংকেতিক আৰু সাধাৰণ। গীতচকসকলে বিষয়বস্তুৰ গূঢ়তা বোধগম্য কৰিবলৈ উপমা, ৰূপক, ব্যাজোক্তি আৰু উৎপ্রেক্ষা অলংকাৰৰ সহায় লৈছে ; এইয়া শব্দ চয়নৰ কুশলতা আৰু বাহ্যিক সাধাৰণ ভাষাটোৰ অৰ্থ – নির্দেশক উপকৰণ।” (হাজৰিকা, ২০০৪ :১২২) চৰ্যাপদৰ ভাষাক সান্ধ্য ভাষা বুলি কোৱা হয়। সান্ধ্যভাষা বা আলো আধাঁৰি ভাষা বা সাংকেতিক ভাষা যি বুলিয়েই কোৱা নাযাওক কিয় চৰ্যাপদৰ ভাষাইহে ইয়াৰ সাহিত্যিক সৌন্দর্য বিকশিত কৰি তুলিছে। চর্যাপদত লৌকিকতাই প্রধান ঠাই পাইছে।

সমকালীন অসমীয়া সমাজ-সংস্কৃতিৰ চিত্ৰ চৰ্যাপদৰ মাজেৰে বিধৃত হৈছে। অসমত বাস কৰা বিভিন্ন শ্রেণীৰ লোকক জীৱনাচার্য। চৰ্যাপদৰ মাজেৰে প্ৰতিফলিত হৈছে। বিশেষকৈ তাঁতী,যোগী, ব্যাধ, সুতাৰ, শবৰ, চণ্ডাল ব্রাহ্মণ, ডোম, কুমাৰ, নাপিত, মালী আদি বিভিন্ন বৃত্তিধাৰী লোকৰ জীৱনচাৰ্যৰ বিষয়ে চৰ্যাপদত উল্লেখ আছে। কৃষিভিত্তিক অসমৰ সমাজ জীৱনৰ চিত্ৰ চৰ্যাপদৰ মাজেৰে মূর্তমান হৈ উঠিছে। গৰু বান্ধিবৰ বাবে সেই সময়ৰ সমাজত যে গোহালি ঘৰৰ প্ৰচলন আছিল আৰু কৃষিকৰ্মত যে গৰুৱে মূখ্য ভুমিকা গ্ৰহণ কৰিছিল সেই কথা তলৰ গীতফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে যিয়ে অসমৰ কৃষিকৰ্মৰ নিদৰ্শন দাঙি ধৰিছে :

“সৰহ ভণন্তি বৰ সূণ গোহালী কি মো দুঠ্যে বলন্দে।

একেঁলে জগ নাশিঅ ৰে বিহৰুঈ চ্ছন্দ্রে।”(চৰ্যা নং-৩৯) 

ইয়াৰ উপৰিও যৌথ পৰিয়ালৰ চিত্র, বিবাহকেন্দ্রিক লোকসংস্কৃতি, অসমৰ আ-অলংকাৰ, সাজপাৰ, বাদ্যযন্ত্ৰ, খাদ্যাভাস, যাতায়ত ব্যৱস্থা, প্রাকৃতিক সম্পদ, বনজ সম্পদ আদি বিভিন্ন পৰিস্থিতি চিত্ৰ চৰ্য্যাপদৰ মাজেৰে বৰ্ণিত হৈছে। মুঠতে ক’বলৈ গ’লে, অসমৰ সাংস্কৃতিক- অর্থনৈতিক- ভৌগোলিক চিত্ৰ চৰ্য্যাপদৰ মাজেৰে প্ৰকাশি উঠিছে। পৰিবেশ-পৰিস্থিতি আৰু সমকালীন সমাজ-সংস্কৃতিৰ এখন সজল চিত্র লোকচক্ষুৰ আগত দাঙি ধৰিবলৈ সক্ষম হোৱা বাবেই চর্যাগীতসমূহে সাহিত্যিক সৌন্দৰ্য্যৰ স্বাক্ষৰ আজিকোপতি বহন কৰি আহিছে।

চৰ্যাপদৰ গঠনশৈলীয়ে ইয়াৰ সাহিত্যিক সৌন্দৰ্য্যক নতুন মাত্রা প্ৰদান কৰিছে। অসমীয়া গীতি সাহিত্যৰ আলোচনাতো চৰ্য্যাগীতে বিশেষ স্থান লাভ কৰিছে। ধ্ৰুৱপদ বা শাস্ত্রীয় সংগীতত থকা লক্ষণেৰে পৰিপূৰ্ণ চৰ্য্যাগীতবোৰ বৌদ্ধ সহজীয়া পন্থৰ ধৰ্ম সাধনৰ গীত হ’লেও সেইবোৰ সংগীত শাস্ত্ৰৰ বিধানত ৰচিত।” (গোস্বামী, ২০১০: ১১৮) যাৰ বাবে চৰ্য্যাপদসমূহ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা। চৰ্য্যাগীতত তলত উল্লেখ কৰা ৰাগসমূহ সাধাৰণতে ব্যৱহৃত হোৱা দেখিবলৈ পোৱা যায়- অৰুৰাগ, কামোদৰাগ, কগুঞ্জৰীৰাগ, গউড়া ৰাগ, গৱড়া ৰাগ, গুঞ্জৰী/গুৰ্জৰী ৰাগ, দেৱক্ৰীৰাগ, দেশাখ ৰাগ, ধনশ্ৰী ৰাগ, সীৰাগ, পটমঞ্জৰী ৰাগ, বৰাড়ী/বড়াড়ী ৰাগ, বল্লাড়ীৰাগ, বঙলা/বংগালৰাগ, ভৈৰবীৰাগ, মল্লাৰীৰাগ, মালশী, মালশী গৱৰা, ৰামক্ৰীৰাগ, শৱৰী, শীৱৰী ইত্যাদি। 

বিভিন্ন ৰাগ আৰু তালত বন্ধা চৰ্য্যাগীত সমূহৰ এক সাংগীতিক লয় আছে, যি মানুহৰ মন-প্ৰাণ আহলাদিত কৰি মানুহৰ মন বৌদ্ধধৰ্ম অভিমুখী কৰি তোলাত সহায় কৰিছে। চৰ্য্যাগীত গাবৰ সময়ত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰাৰ কথা ক’তো উল্লেখ নাই । চৰ্য্যাপদত উল্লিখিত ডম্বৰু, দুন্দুভি, মাদল, পটহ আদি বাদ্যই চৰ্য্যালেখক সকলৰ এই বাদ্যসমূহৰ সৈতে যে চিনাকি আছিল সেই কথাৰ সম্ভেদ দিয়ে। চৰ্য্যাগীতসমূহ ৰূপকাত্মক। ৰূপক ব্যঞ্জনাৰ ব্যৱহাৰে চৰ্যাপদৰ সাহিত্যিক সৌন্দৰ্য্য বিকশিত কৰি তুলিছে। বর্ণনীয় বিষয়ক মনোগ্ৰাহী কৰিবৰ বাবে সচৰাচৰ ৰূপকৰ ব্যৱহাৰ হয় যদিও চৰ্য্যাপদত ৰূপকৰ ব্যৱহাৰে ইয়াৰ দাৰ্শনিক তত্ত্বৰ নির্মিতিত সহায় কৰিছে। চৰ্যাপদত মানৱীয় আৱেগ-অনুভূতি ৰূপকৰ মাজেৰে সফল ৰূপত চিত্রায়িত হোৱা আমি দেখিবলৈ পাওঁ―

” উঞ্চা উঞ্চা পাবত তঁহি বসই সৱৰী বালী। 

মোৰঙ্গি পীচছ পৰহিণ সৱৰী গিবত গুঞ্জৰী মালী।।

উমত সৱৰো পাগল শৱৰো মা কৰ গুলী গুহাড়া তোহৌৰী। 

ণিঅ ঘৰিণী নামে,সহজ সুন্দাৰী।” (চৰ্য্যা নং-২৮)

এই গীতটিত প্রকৃতি বন্দনাৰ মাজেৰে শৱৰ-শৱৰীৰ মিলন চিত্র অংকিত হৈছে আৰু এই চিত্র অংকনত গীতিকাৰ শৱৰপাদে সফলতা লাভ কৰিছে। কুকুপাদ, ভুসুকপাদ আদি চৰ্য্যাকাৰৰ গীততে ৰূপকে বিশেষভাবে স্থান পোৱা দেখিবলৈ পোৱা যায়।

কাব্যৰ ৰমণীয়তা বৃদ্ধিত সহায় কৰা অলংকাৰে চৰ্য্যাপদৰো ৰমণীয়তা বৃদ্ধি কৰিছে। শব্দালংকাৰ আৰু অৰ্থালংকাৰ এই দুইবিধ অলংকাৰৰে ব্যৱহাৰ চৰ্যাপদত আছে। শব্দালংকাৰৰ ভিতৰত অনুপ্ৰাসৰ ব্যৱহাৰ বেছি। আদ্যানুপ্রাস, অন্ত্যানুপ্রাস আৰু ছেকানুপ্রাসেৰে চৰ্য্যাগীত পৰিপূৰ্ণ হৈ আছে। তলত ইয়াৰ উদাহৰণ দাঙি ধৰা হ’ল―

আদ্যানুপ্রাস :  কবিতাৰ বিভিন্ন চৰণৰ আদ্য বৰ্ণৰ মিল থাকিলে আৰু শুনিবলৈ শুৱলা হলে তাক অদ্যানুপ্রাস বোলা হয়। চর্যাপদত অদ্যানুপ্রাসৰ উদাহৰণ আছে—

“জিম জিম কাৰিয়া

ডিম ডিম তথতা।” (চৰ্যা নং-৯)

অন্ত্যানুপ্রাস : কবিতাৰ বিভিন্ন চৰণৰ শেষৰ ব্যঞ্জন বৰ্ণৰ মিল থাকিলে তাক অন্ত্যানুপ্রাস বোলা হয়। চৰ্যাপদত্ত অন্ত্যানুপ্ৰাসৰ উদাহৰণ আছে—

“কা আ তৰুবৰ পঞ্চ বি ডাল

চঞ্চল চীএ পইঠো কাল।” (চর্য্যা নং-১)

ছেকানুপ্রাস : ছেক শব্দৰ অৰ্থ চতুৰ। সেইবাবে ছেকানুপ্রাসক বিদগ্ধ কবিয়ে প্ৰয়োগ কৰা অনুপ্ৰাস বুলি কোৱা হয়। এইবিধ অনুপ্রাসত দুটা বা তাতোধিক বর্ণ একেটা ক্রমতে সংযুক্ত বা বিযুক্তভাবে দুবাৰ ধ্বনিত হয়। চৰ্যাপদত ইয়াৰ ব্যৱহাৰ থকা পৰিলক্ষিত হয়—

“ধমন চমন বেনি পাণ্ডি বহঠা।” (চৰ্যা নং-১)

“সঅ সম্বেঅন সৰুঅ বিআঁৰেতে অলকথ লকখ ন জাই।” (চৰ্যা নং-১৫)।

অর্থালংকাৰ ভিতৰত উপমা, ৰূপক, উৎপ্রেক্ষা, বিৰোধ, সমাসোক্তি, স্বভাবোক্তি আদি অলংকাৰৰ ব্যৱহাৰ চৰ্যাপদত থকা দেখিবলৈ পোৱা যায়। তলত কেইটমান উদাহৰণ চৰ্য্যাগীতৰ আধাৰত দাঙি ধৰা হ’ল―

উৎপ্রেক্ষা : উপমেয়ক উপমান বুলি হোৱা সন্দেহৰ ভিত্তিত যি অলংকাৰ নির্ণিত হয় তাকে উৎপ্রেক্ষা অলংকাৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে―

“সোনে ভৰিলী কৰুণা নাৱী

ৰূপা ধোই নাহিকে ঠাৱী।” (চৰ্যা নং-৮)

ইয়াত কৰুণা উপমেয়। সোণ আৰু নাৰী হল উপমান। কৰুণা শব্দই ৰোধিচিত্তক বুজাইছে।কৰুণা শব্দৰ দ্যোতনা কৰিবলৈ যাওঁতে উৎপ্রেক্ষা অলংকাৰৰ সৃষ্টি হৈছে।

ৰূপক :  ৰূপকৰ সহায়ত ধৰ্মীয় তত্ত্বৰ ব্যাখ্যা চৰ্য্যাপদত দাঙি ধৰা হৈছে। তলৰ উদাহৰণত উল্লিখিত তেন্তলি আৰু কুম্ভীৰ শব্দই যথাক্ৰমে বোধিচিত্ত আৰু কুম্ভক যোগৰ কথা বুজাইছে। কুম্ভক যোগৰ জৰিয়তে সহজানন্দ প্ৰাপ্তিৰ বিষয়েহে কোৱা হৈছে―

 “দুলি দুহি পিটা ধৰণ নজাই 

ৰুখেৰ তেন্তলি কুম্ভীৰে খাআ। ”(চৰ্য্যা নং-৮)

বিৰোধ :  যত দুটা বস্তুৰ মাজত পৰস্পৰ বিৰোধে দেখা দিয়া যেন। লাগিলেও প্ৰকৃততে তাৰ তাৎপৰ্য নিৰূপনৰ দ্বাৰা সেই বিৰোধৰ অৱসান ঘটে, তাক বিৰোধ বা বিৰোধাভাস অলংকাৰ বুলি জনা যায়। তলত ইয়াৰ উদাহৰণ দাঙি ধৰা হল—

“জো সো বুধী সৌধ নিবুধী 

জো সো ঢৌৰ সৌই যাধী। ”(চৰ্য্যা নং-৮)

সমাসোক্তি :  প্ৰস্তুতৰ ওপৰত অপ্ৰস্তুতৰ ব্যৱহাৰ আৰোপ কৰিলে তাক সমাসোক্তি অলংকাৰ বুলি জনা যায়। উদাহৰণস্বৰূপে 

“ভৱ ণই গহন গম্ভীৰ বেগে বাঁহী।”(চৰ্য্যা নং-৫)

— সাধাৰণতে নদী অচেতন বস্তু যদিও ইয়াত নদীৰ ওপৰত চেতনা আৰোপ কৰা হৈছে বাবেই ৰ সৃষ্টি হৈছে। 

ছন্দৰ ব্যৱহাৰে চৰ্যাপদক শ্রুতিমধুৰ কৰি তোলাৰ লগতে তাৰ সাহিত্যিক সৌন্দর্য্য নির্ণয়তো প্রধান ভূমিকা লৈছে। চৰ্যাপদত মূলতঃ পদ ছন্দৰ ব্যৱহাৰ হৈছে যদিও দুই এটা গীতত ত্রিপদী ছন্দৰো ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়। পয়াৰ ছন্দৰ ভিতৰত হ্রস্ব আৰু দীৰ্ঘ দুয়োটা পয়াৰৰে ব্যৱহাৰ আছে। ইয়াৰ উপৰিও ঝুনা ছন্দৰ ব্যৱহাৰ আছে। সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ মতে, “প্রাকৃতৰ যি তিনিটি ছন্দোৱন্ধৰ পৰা চৰ্য্যাগীতিৰ ছন্দোৱন্ধৰ উদ্ভৱ হৈছে বুলি অনুমান কৰা হয়, সেই পাদাকুলক, চউপইআ আৰু দোহা ছন্দবন্ধও মূলতঃ জাতি বা কলামাত্রা উচ্চাৰণ ৰীতিৰ ছন্দ।” (চক্ৰৱৰ্তী আৰু হাজৰিকা, ২০০৪ :৮৮) তলত চৰ্যাপদৰ ছন্দৰ উদাহৰণ দাঙি ধৰা হ’ল

হ্রস্ব পয়াৰ : ইয়াত ১৩টা অক্ষৰ থাকে। 

“বৰ গুৰু বঅণে কুঠাৰে চিজঅ।

কাহ্ন ভণই তৰু। পুণ ন উইজঅ।।”(চৰ্য্যা নং-৪৫)

ত্রিপদী ছন্দ :

“ণাণা তৰুবৰ                             মৌলিল ৰে

গঅণত লাগেলী ডালী।

একেলী সৱৰী                            এ বণ হিগুই

কণ্ন কুণ্ডল বজ্ৰধাৰী।” (চৰ্য্যা নং-২৮) 

চৰ্যাপদৰ মাজেৰে ক্ষীণ ভাবে হ’লেও কাব্য ৰস আস্বাদন কৰিব পাৰি। চৰ্য্যাপদৰ মাজেৰে ধৰ্মীয় তত্ত্ব প্ৰতিপাদন হোৱা হেতুকে ইয়াৰ মাজেৰে প্ৰধানত : ভক্তিৰসৰ সোৱাদহে অনুভূত হয়। অৱশ্যে এই ভক্তিৰসৰ লগতে শৃংগাৰ আৰু হাস্যৰসে চৰ্য্যাপদক মানুহৰ মাজলৈ লৈ যোৱাত সহায় কৰিছে। কাহ্নপাদৰ ১০ নং চৰ্য্যা আৰু শবৰ পাদৰ ২৮ নং চৰ্য্যাত শৃংগাৰ ৰসৰ আৱিৰ্ভাৱ হৈছে। “তো মুহ চম্বী কমলৰস পীবমি’ ৰূপকাত্মক ভাবে উদ্ধৃত চৰ্য্যাটিত কোৱা হৈছে যে— তোমাৰ মুখ চুহি ম‍ই পৰমাৰ্থ মধুপান কৰিম। কিন্তু সাধাৰণ ভাৱে এই চাৰি মাজেৰে প্ৰেমিক যুগলৰ প্ৰেমৰ চৰিত্ৰহে প্ৰতিভাত হৈছে। য’ত শৃংগাৰ বসে ভুমুকি মাৰিছে। হাস্যৰসৰ সমান্তৰাল ভাৱে অদ্ভুত ৰসৰ উদ্ৰেক হৈছে চৰ্য্যাগীতত। সমকালীন সমাজৰ জাতিগত বিভেদৰ চিত্ৰ হাস্যৰসাত্মকভাবে তুলি ধৰা এটি চৰ্য্যাগীতৰ উল্লেখ কৰা হ’ল—

“নগৰ বাহিৰি ৰে ডোম্বি তোহোৰি কোড়িআ 

ছই ছোই জাই সো ব্রাহ্ম নাড়িয়া।” (চৰ্য্যা নং-২৮)

চৰ্যাপদৰ মাজেৰে বিভিন্ন ৰস প্ৰকাশি উঠিছে যদিও ই চৰ্যাপদৰ মূল তত্ত্বত আঘাত হানিব পৰা নাই বৰঞ্চ সাহিত্যিক সৌন্দৰ্য্য বিকশিত কৰিহে তুলিছে।

শব্দৰ সুবিন্যস্ত চয়ন আৰু শিল্প নৈপুন্যই চৰ্যাপদৰ ভাষাক নতুনত্ব প্ৰদান কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ভঁৰালো চহকী কৰি তুলিছে। শব্দৰ চিত্ৰময় আৰু যথোপযুক্ত ব্যৱহাৰে চৰ্যাপদক প্ৰাণৱন্ত কৰি তুলি মানুহৰ ওচৰলৈ লৈ গৈছে। গুণ্ডিনীৰ ঘৰত মদ বিক্ৰী কৰাৰ মাজেৰে যি তাত্ত্বিক চিত্র বর্ণিত হৈছে তাৰ মাজেৰে আমি চৰ্য্যালেখকৰ শব্দচয়নৰ নিপুনতাৰ উদাহৰণ দাঙি ধৰিব পাৰো—

“এক যে গুণ্ডিনী দুই ঘৰে সান্ধঅ। 

চীঅন বাকলঅ বাৰুনী বান্ধঅ।। 

সহজে থিৰ কৰি বাৰুনী বান্ধ।

জে অজৰামৰ হোই দিয় কান্ধ।।

দশমি দুআৰত চিহ্ন দেখাইআ 

আইল গৰাহক অপনে বহিআ।।”(চৰ্য্যা নং-৩)

অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদর্শন হিচাপে চৰ্য্যাপদৰ গুৰুত্ব অপৰিসীম। ইয়াৰ গঠনশৈলী নিখুঁত বুলি ক’ব পৰা নাযায় যদিও ৰচনাৰ সময়লৈ চাই ই সাহিত্য ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। অনুভূতিৰ গাঢ়তা আৰু মননশীলতাই চৰ্যাপদক সাহিত্যকর্ম হিচাপে বিশিষ্টতা প্ৰদান কৰিছে। চৰ্যাপদৰ সাহিত্যিক মূল্যই মানৱীয় প্রমূল্য নির্ণয়তো তাৎপর্যপূর্ণ ভূমিকা লৈছে; যাৰ বাবে ই সহজীয়া বৌদ্ধধৰ্মৰ গীত হৈয়ো সার্বজনীন ৰূপ লাভ কৰিছে।

৩। চর্যাপদৰ সৈতে অসমীয়া ভাষাৰ সাদৃশ্যৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ  মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্রীয়ে নেপাল ৰাজদবাৰৰ গ্ৰন্থাগাৰৰ পৰা উদ্ধাৰ কৰি আনি প্ৰকাশ কৰা ‘হাজাৰ বছৰেৰ পুৰাণ বাঙ্গলা ভাষায় বৌদ্ধগান ও দোহা’ৰ অন্তৰ্গত চর্যাচর্যবিনিশ্চয়’ চৌবিশজন সিদ্ধাচৰ্যৰ ৪৭ টি গীত সন্নিবিষ্ট হৈছে। দোহাৰ ৰচনাকাল সম্পৰ্কত পণ্ডিতসকলৰ মাজত মতভেদ থাকিলেও সেই সময় অষ্টমৰ্প পৰা দ্বাদশ শতিকা বুলি সৰহভাগ পণ্ডিতেই মত প্ৰকাশ কৰিছে।

সুনীতি কুমাৰ চট্টোপাধ্যায়ে চৰ্টাৰ ভাষাক প্রাচীন বঙলাৰ ভাষাৰ নিদর্শন বুলিছে। সুভদ্রা ঝাৰ মতে চর্যাপদবোৰে মৈথিলী ভাষাৰ আটাইতকৈ প্রাচীন নিদর্শন। বাণীকান্ত কাকতিয়ে চট্টাপদৰ ভাষা বিশ্লেষণ কৰি অসমীয়া ভাষাৰ সৈতে চৰ্যাৰ ধ্বনিভাষিক আৰু ৰূপতাত্বিক দিশত ভালেমান সাদৃশ্য দেখা পাইছে। এই বিষয়ে নিৰপেক্ষভাৱে বিচাৰ-বিশ্লেষণ কৰি কাকতিয়ে চৰ্যাপদৰ ভাষাক অসমীয়া আৰু বঙলা উভয় ভাষাৰ পূৰ্বস্তৰ বুলিছে আৰু বঙলা ভাষাতকৈ অসমীয়া ভাষাৰ সৈতেহে এই ভাষাৰ গভীৰ সাদৃশ্য দেখা পাইছে।

ধ্বনিতত্বৰ দিশৰ পৰা চালে উভয় ভাষাৰ মাজত তলত দিয়া ধৰণৰ সাদৃশ্য পৰিলক্ষিত হয়। 

(ক) সমীভবনৰ নিয়ম অনুসৰি অসমীয়া ভাষাৰ কোনো শব্দত ওচৰা-ওচৰিকৈ দুটা শব্দত ‘আ’ ধ্বনি থাকিলে পৰৱৰ্তী ধ্বনিৰ প্ৰভাৱত পূৰ্বৱর্তী আখৰৰ ‘’আ’ ধ্বনি ‘অ’ ধ্বনিলৈ পৰিৱৰ্তিত হয়।

যেনে: ‘চক’ চর্যা — চকা (অস) চাকা (বঙলা)

(খ) প্ৰাচীন ভাৰতীয় আর্যভাষাত থকা দন্ত্য আৰু মূৰ্দ্ধন্য ধ্বনিৰ মাজত থকা পাৰ্থক্য অসমীয়া ভাষা পৰিলক্ষিত নহয়। চর্যাৰ ক্ষেত্ৰতো অনুৰূপ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়।

(গ) অসমীয়া ভাষাত স্বৰধ্বনিৰ যোগেদি তৎসম শব্দবোৰ অদ্ধতৎসম ৰূপলৈ পৰিৱৰ্তিত হোৱাটো নিয়ম। চর্যাপদতো এনে নিদর্শন পোৱা যায়।

(ঘ) প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ উষ্ম বর্ণ তিনিটা যথাক্রমে শ, ষ আৰু স-ই চর্যাপদ আৰু অসমীয়া মান্যভাষা উভয়তে স্বকীয় ৰূপৰ পৰা আঁতৰি অহাটো পৰিলক্ষিত হয়।

ৰূপগত দিশৰ পৰাও চৰ্যা আৰু অসমীয়া ভাষাৰ মাজত সাদৃশ্য দেখিবলৈ পোৱা যায়।

(ক) অসমীয়া ভাষাৰ প্ৰায়বোৰ শব্দ বিভক্তিৰ প্ৰয়োগ চৰ্যাত দেখিবলৈ পোৱা যায়। যেনে— 

প্রথমা— এ : কুম্ভীৰে খাঅ। 

দ্বিতীয়- ক : ঠাকুৰক পৰিনিবিতা।

তৃতীয়— ৰে, দ্বাৰা, এ : কুঠাৰে চিজঅ 

চতুৰ্থী— লৈ : মেৰু শিখৰ লই

পঞ্চমী— 

ষষ্ঠী— ৰ : হৰিণা হৰিণীৰ নিলঅ নজানিট

সপ্তমী— ত : হাড়ীত ভাত নাহি নিতি আবেশী ইত্যাদি।

অসমীয়া ভাষাত ব্যৱহৃত সৰ্বনাম পদসমূহৰ সৈতে চৰ্যাত ব্যৱহৃত সর্বনাম পদৰ সাদৃশ্য আছে। যেনে— মই, মো, মোত, তই, মোহোৰ, অপনা ইত্যাদি (চর্যা)

ম‍ই, তই, মোহৰ (অসমীয়া) 

অসমীয়াৰ দৰে চৰ্যাতো সম্বন্ধ পদত ‘ৰ’ ব্যৱহাৰ কৰা হৈছে। যেনে— হৰিণাৰ খুব, হৰিণীৰ নিলয়, পুৰণি অসমীয়াৰ দৰে চৰ্যাতো বৰ্তমান কৃদন্ত পদ বুজাবলৈ ‘অন্ত’ ব্যৱহাৰ কৰা হৈছে। যেনে— উজু বাট জাঅন্তে।

অসমীয়াৰ দৰে চৰ্যাকো অতীত কাল বুজাবলৈ ‘ইল’ আৰু ভবিষ্যৎ কাল বুজাবলৈ ‘ইব’ প্রতায় যোগ কৰা হৈছে।

অসমীয়া ভাষাত বহুবচন বুজাবৰ বাবে ব্যৱহাৰ কৰা ‘সকল’ শব্দৰ প্রয়োগ চর্যাতো দেখিবলৈ পোৱা যায়। যেনে— মণ্ডল সকল। সংখ্যাবাচক শব্দ প্ৰয়োগৰ ক্ষেত্ৰতো চৰ্যা আৰু অসমীয়া ভাষাৰ মাজত সাদৃশ্য দেখা যায়। অসমীয়া স্ত্রী-প্রত্যয় ‘ই’ আৰু ‘অনী’ৰ প্ৰয়োগ চর্যাতো আছে। যেনে— সবৰী, হৰিণী, মৃগিনী, শিয়ালী ইত্যাদি।

ইয়াৰ বাহিৰেও চৰ্যাত ব্যৱহৃত ভালেমান শব্দ পুৰণি অসমীয়া ভাষাতো সঞ্চালনিভাৱে পোৱা যায়। যেনে— আজি, উর্দু, উঠি, কাল, কৰি, কুঠাৰ, গোহালি, ঘিণ, ঘাট, চকা, তেতেলী, দুৱাৰ, দাপোন, পানী, তাল, মোলান, ৰাতি, সরু, সাপ, নাল, নৈ, হরিণী ইত্যাদি। চর্যাত ব্যৱহাত ভালেমান শব্দ পৰৱৰ্তী যুগৰ সাহিত্যৰাজিতো সঞ্চালনি ৰূপত ব্যৱহৃত হৈছে। অকল শব্দাৱলীৰ ক্ষেত্ৰতে নহয়, বৈয়াকৰণিক বৈশিষ্ট্যৰ দিশৰ পৰাও চৰ্যাপদৰ সৈতে পৰৱর্তী সাহিত্যৰ, বিশেষকৈ আকীয়া নাট আৰু বৰগীতৰ সাদৃশ্য বিৰাজমান।

৪। প্রত্ন অসমীয়া কবিতা সম্পর্কে এটি আলোচনা আগবঢ়োৱা?

 উত্তৰঃ  প্ৰত্ন অসমীয়া কবিতা বুলিলে চর্যাপদ, শ্রীকৃষ্ণ কীৰ্ত্তন, আৰু শূন্য পুৰাণ আদিকেই প্রধানতঃ সামৰি লোৱা হয়। তলত আটাইবোৰৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা হ’ল 

চর্যাপদ :

চর্যাপদবোৰ অৱশ্যে উদ্ধাৰ হোৱা বৰ বেছিলিন হোৱা নাই। ১৯০৪ খ্রীষ্টাব্দত এই সময় সম্পৰ্কত দ্বিমত নথকা নহয়) মহামহোপাধ্যায় হৰপ্রসাদ শাস্ত্রীতে নেপালৰ ৰাজকীয় গ্ৰন্থাগাৰৰপৰা চর্যাচর্য বিনিশ্চয়, সৰোজবদ্ধৰ দোহাকোষ, চাৰি মোহাকোষ আৰু ডাকার্ণৱ নামে চাৰিখন পুথি উদ্ধাৰ কৰি ১৯১৬ চনত হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধ গান ও দোহা নাম দি বঙ্গীয় সাহিত্য পৰিষদৰ পৰা প্ৰকাশ কৰে।

চর্যাচর্য বিনিশ্চয়ৰ অৰ্থ হৈছে চৰ্য আচৰণীয় + অচর্য = অনাচৰণীয়; বিনিশ্চয় = নিৰূপণ বা নিৰ্ধাৰণ; অর্থাৎ বৌদ্ধ ধৰ্মৰ আচাৰ ব্যৱহাৰ, বিধি-নিষেধ সম্বন্ধীয় শাস্ত্র। উল্লেখযোগ্য যে চর্যাচর্য বিনিশ্চয় নামটি শাস্ত্রীদেৱে দিয়া। মূল পুথিখনৰ নাম আছিল চর্যাগীতিকোষ। যি কি নহওক এই পুথিখনত ৪৬ টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গীত পোৱা যায়। এই গীতসমূহ ২৪ জন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত। এই সিদ্ধাচাৰ্যসকলৰ ভিতৰত লুইপা (লৌহিত্যপাদ), সহপা/সৰহপাদ, মীননাথ, মৎস্যেন্দ্রনাথ (মছীন্দ্ৰ) আদি লোকসকল পুৰণি কামৰূপৰ লোক আছিল বুলি প্ৰসিদ্ধি আছে। আনহাতে তিব্বতীগ্রন্থ Pag Sam Jon Zan ৰ মতেও সহপা কামৰূপৰ ৰাজ্ঞী অঞ্চলৰ লোক আছিল বুলি উল্লেখ আছে। সেই ৰাজ্ঞী পুৰণি কামৰূপৰ ৰাণী অঞ্চল বুলি পণ্ডিতসকলে অনুমান কৰে। এইখিনিতে স্বাভাৱিকতে এটি প্রশ্নৰ উদয় হ’ব পাৰে যে বাঙালীসকলে তেওঁলোকৰ সম্পত্তি বুলি দাবী কৰা এই চৰ্যাপদসমূহক আমার লিখিত সাহিত্যৰ প্ৰথম সাহিত্যিক নিদৰ্শন হিচাপে টানি অনাৰ আৰু কিবা যুক্তি আছেনে? যুক্তি নিশ্চয় নোহোৱা নহয়ঙ্গ কিয়নো— 

(১) অসমীয়া ভাষাত নিষেধাৰ্থক ‘ন’ ক্ৰিয়াৰ আগত বহে; চর্যাপদতো নিষেধার্থক ‘ন’ ক্ৰিয়াৰ আগত বহে; যেনে— ন জাই, নলেই আদি। 

(২) অতীত কলাৰ ক্ৰিয়া বুজাবলৈ ল, ইলা আদি প্ৰত্যয় অসমীয়াৰ দৰেই ব্যৱহাৰ কৰিছে। যেনে- চোৰে নিল; বিবাহে চলিলা ইত্যাদি। 

(৩) অসমাপিকা ক্রিয়া বুজাবলৈ ই আৰু ইয়া প্রত্যয় অসমীয়াৰ দৰে চৰ্যাটো ব্যৱহাৰ হৈছে। যেনে— গই (গৈ); উঠি, মাবিআ আদি। 

(৪) বিভক্তিযুক্ত পদবোৰো অসমীয়াৰ দৰেই হুবহু। প্রথমা বিভক্তিৰ এই-যেনে— কুম্ভীৰে খাঅ, কখেৰ তেতেলি, দ্বিতীয়া বিভক্তিৰ―

‘ক’ যেনে— ঠাকুৰক পৰিনিবিতা ইত্যাদি। 

(৫) বহুবচনাত্মক প্রতায় আধুনিক অসমীয়াৰ সকলা চাত সমল হিচাপে ব্যৱহাৰ হৈছে। যেনে- মণ্ডলসঅল।

(৬) তদুপৰি কিছুমান অতি ঘৰুৱা অসমীয়া শব্দও চৰ্যাত দেখা যায়। যেনে- হ, চকা, পত্নী, ভাত, তেহেলি, তৰু, চোৰ ইত্যাদি।

এনেবোৰ ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক সাদৃশ্যৰ বাবেই চর্যাপদসমূহক আমাৰ অসমীয়া সাহিত্যৰ প্ৰথম লিখিত নিদর্শন বুলি সামৰি লোৱা

চৰ্যাপদৰ বিষয়বস্তু সাঁথৰৰ দৰে ৰহস্যপূর্ণ; ইয়াৰ বাহ্যিক অৰ্থ ফিমান সহজ: গুঢ়ার্থ বা মমার্থ কিন্তু সিমান সহজ নহয়। প্ৰত্যেকটো চর্যাকেই এক ৰহস্যঘন আৱৰণেৰে আৱৰি ৰাখিছে। ইয়াত সাধনতত্ত্বৰ কথাকে সাংকেতিক ভাষাত লিখা হৈছে। সেয়ে গুৰুৰ আশ্ৰয় অবিহনে ইয়াৰ মমাৰ্থ বুজা কঠিন হৈ পৰে; যি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাথোন। গুৰুৰ আশ্ৰয়ৰ কথা এটি চর্যাত্ নির্দেশ দিছে এনেদৰে―

দিঢ় কৰিঅ মহাসুহ পৰিমাণ।

লুই ভনই গুৰু পুচ্ছিঅ জান।

এনে ৰহস্যঘন ভাষাৰ বাবেই হৰপ্ৰসাদ শাস্ত্ৰীদেৱে চৰ্যাপদৰ ভাষাক সন্ধ্যাভাষা বুলি মত পোষণ কৰিছে। সন্ধ্যাৰ আধা আলো আধা ছায়াৰ ৰহস্যখনতাই আৰবি থকাৰ বাবেই হয়তো এই ভাষাক সন্ধ্যাভাষা বুলিবলৈ বাধ্য হৈছে। চৰ্যাপদৰ ভাষা সাংকেতিক হোৱাৰ মূলতে অৱশ্যে আন এক কাৰণো জড়িত নোহোৱা নহয়! সেই সময়ত অসমত শাক্ত, শৈৱ, বৈষ্ণৱ আদি অন্যান্য ধর্মাবলম্বীলোক তথা ৰাজৰোষৰ ভয়তে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই ধর্ম গোপনে আচৰণ কৰিবলগীয়া হোৱাৰ বাবেও এই ধৰ্ম সাধনতত্ত্বৰ গীতবোৰৰ ভাষা সাংকেতিক হোৱা বুলি অনুমান কৰিব পাৰি। গীতবোৰৰ মাজেৰে সংসাৰৰ অনিত্যতা, নির্বাণ লাভৰ উপায় সম্পর্কে উল্লেখ পোৱা যায়। মায়া বা অবিদ্যাক নাশ কৰি অহংভাবৰ বিলুপ্তি ঘটাই শূন্যতাত স্থিত হ’ব পাৰিলেই যে সহজানন্দ লাভ হয়; এই কথাও চর্যাপদসমূহৰ মাজেৰে বুজাবলৈ যত্ন কৰা হৈছে।

অসমীয়া সাহ্যিতৰ প্ৰথম লিখিত সাহিত্য তথা প্রথম পদ্য সাহিত্য হিচাপে ইয়াৰ সাহিত্যিক মূল্য অৱশ্যেই স্বীকাৰ কৰিবলগীয়া। গাবৰ কাৰণে ৰচনা কৰা চৰ্যাপদবোৰক ভাব, ৰচনাৰীতি আৰু সাংগীতিক গুণৰ ফালৰপৰা চৰ্যাপদক দেহ বিচাৰৰ গীত আৰু বৰগীতৰ লগত তুলনা কৰিব পাৰি। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাপদবোৰো নাতিদীর্ঘ ছন্দোবদ্ধ ৰচনা। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাপদবোৰো নাতিদীর্ঘ ছন্দোবদ্ধ ৰচনা। 

দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাতো গভীৰ দাৰ্শনিক তত্ত্ব, সংসাৰৰ অনিত্যতা, জীৱৰ মুক্তিৰ উপায় আদিব কথা উল্লেখ আছে! তদুপৰি নৈতিক আৰু আধ্যাত্মিক ভাবেৰেও ভৰপূৰ। বৰগীতৰ দৰে চৰ্যাতো পটমঞ্জৰী, বৰাড়ী, মল্লাৰ আদি ৰাগৰ উল্লেখৰ লগতে গীতিকাৰৰ নামোল্লেখো পোৱা যায়। গীতৰ প্রথম দুশাৰীক ধ্ৰুৱ বা ধ্ৰুং বোলা হৈছে। সাধাৰণতে প্ৰতিটো গীততে দহশাৰী পদ আৰু অন্ত্যানুপ্রাস দেখা যায়। চৰ্যাৰ ছন্দই অপভ্ৰংশ আৰু নব্য ভাৰতীয় আর্যভাষাৰ মাজৰ স্তৰ প্ৰতিফলিত কৰে। পিছৰ কালৰ পয়াৰ আৰু ত্রিপদীৰ ৰূপ ইয়াত স্পষ্ট ৰূপত নাপালেও মাত্রাবৃত্তৰ পাদাকুলক চউপঈ ছন্দ ধ্বনিত হৈছে। (মহেশ্বৰ নেওগ, অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃষ্ঠা- ৪১)

প্রতীক বা ৰূপকৰ প্রয়োগে চর্যাপদক এক কাব্যিক মহত্ত্ব প্রদান কৰিছে—

কাআ তৰুবৰ পঞ্চ বি ডাল। 

চঞ্চল চীএ পইঠো কাল।

(ইয়াত দেহৰ পঞ্চ ইন্দ্ৰিয়ক এজোপা তৰুৰ পাঁচোটি ডালৰ লগত তুলনা কৰা হৈছে।)

যিকোনো সাহিত্যই একোখন সমাজৰ দাপোণ। সেই সাহিত্য দাপোণত প্রতিফলিত হয় সমসাময়িক সমাজ জীৱনৰ সামগ্রিক চিত্র। চর্যাপদতো | সমসাময়িক সমাজ জীৱনৰ এখন নিখুঁত ছবি উদ্ভাসিত হোৱা দেখিবলৈ | পোৱা যায়। ডোমৰ বৃত্তি, তাঁতৰ কাম, জাল গোঁঠা, নাও বোৱা আদি অনেক বৃত্তিৰ কথাও পোৱা যায়। চৰ্যাপদৰ আন এক বিশেষত্ব এয়ে যে ইয়াত প্ৰতিফলিত হোৱা সমাজখন সম্পূর্ণৰূপে নিম্নশ্রেণীৰ সমাজ; | ইয়াত কোনো উচ্চ অভিজাত শ্রেণীৰ জীৱনধাৰাৰ বিষয়ে উল্লেখ পোৱা নাযায়।

ভাৰতীয় মানুহৰ যে প্ৰধান আহাৰ ভাত আছিল তাৰ প্ৰমাণো চৰ্যাত পোৱা যায়—

টালত মোৰ ঘৰ নাহি পৰবেশী 

হাড়িত ভাত নাহি নিতি আবেশী।।

সেই সময়ত নৃত্য-গীতৰ মাধ্যমেৰে বৌদ্ধধৰ্ম প্ৰচাৰ প্ৰধান বুদ্ধ কাহিনী নাটকীয় ৰূপত দৰ্শন কৰোৱা হৈছিল বুলিও অনুমান কৰিব পাৰি তলৰ চৰ্যাটিৰ জৰিয়তে

নাচন্তি বাজিল গান্তি দেৱী।

বুদ্ধ নাটক বিসমা হোই।।

আনহাতে চোৰৰ ভয়ত দুবাৰত তলাৰ ব্যৱস্থাৰ কথাও পোৱা যায়— 

দুআৰে দিঢ় তালা বি দিজ্জই

(দুৱাৰত ভাল তলা লগাবা)

এনেদৰে অনেক চর্যাতে সমসাময়িক সমাজৰ জীৱনধাৰাৰ এক চিত্রময় বর্ণনাই চর্যাপদক এক সুকীয়া মৰ্যাদা প্রদান কৰিছে। যাৰ বাবে চর্যাপদক দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ অসমীয়া সমাজজীৱনৰ | একোখন নজহা নপমা দলিল বুলিব পাৰি; তদুপৰি যাৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যৰ দ্বাৰ উন্মোচিত হ’ল, সেই চর্যাগীতক অসমীয়া কাব্য ইতিহাসত এক বিশিষ্ট মাইলৰো খুঁটি বুলিব পাৰি। 

বডু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীর্তন :

পণ্ডিতসকলে যিদৰে চৰ্যাপদৰ ভাষাত অসমীয়া, বঙলা, উড়িয়া আদি ভাষাৰ নিদৰ্শন আছে বুলি দাবী কৰিছে; ঠিক তেনেদৰেই অসমীয়া আৰু বঙলা ভাষাৰ আদি স্তৰৰ নিদৰ্শন থকা আন এখন উল্লেখযোগ্য পুথি হৈছে বডু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীর্তন। এই পুথিখনৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদক বসন্তৰঞ্জন ৰায় বিদ্বৎবল্লভে পুথিখন সম্পাদনা কৰোঁতে মূলৰ বহুবোৰ পাঠ এৰি যোৱাৰ লগতে বহুতো নিজস্ব সংযোজন কৰি নিজৰ আপোন কৰি ল’বলৈ যাওঁতে তেওঁ হাঁহিয়াতৰ পাত্ৰ হ’ব লগা হৈছে। সেয়ে এই পুথিখনৰ আন এজন সম্পাদক ড° অমিত্রসূদন ভট্টাচাৰ্যই ক’বলৈ বাধ্য হৈছে যে শ্ৰীকৃষ্ণ কীৰ্তনৰ পাতে পাতে কিমান যে ভুল ভ্রান্তি, অসতর্কতা আৰু দায়িত্বহীনতাৰ পৰিচয় ঘটিছে তাক দেখি শিক্ষিত বঙালী মাত্রেই লজ্জিত আৰু মৰ্মাহত হ’ব।

এনে কথাই প্ৰমাণ কৰে যে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাক সংস্কাৰ কৰি তথা অসমীয়া বৰ্ণৰ পৰিৱৰ্তন কৰি তাক অধিক বঙলুৱা কৰিবলৈ যাওঁতেই পুথিখনৰ এনে দশা হ’বলৈ পালে। মূলতে পুথিখন অসমীয়া বঙালী এই ভাষা দুটাৰ উমৈহতীয়া স্তৰৰ নিদৰ্শন আৰু বৰঞ্চ আমাৰ অসমীয়াৰহে বেছি ওচৰ চপা আছিল বুলিব পাৰি। সেয়ে বঙালী হ’লেও পুথিখনৰ ভাষা সমালোচনা কৰি বসন্তৰঞ্জন ৰায়ে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে পৃথিখনে শেষ লিপিকাৰৰ হাতত পৰাৰ আগতে সম্ভৱতঃ কামৰূপ বা অসম ভ্ৰমণ কৰি আহিছিল। আনহাতে ড° বাণীকান্ত কাকতিয়ে ধ্বনিতাত্ত্বিক-ৰূপতাত্ত্বিক বিশ্লেষণৰ জৰিয়তে শ্রীকৃষ্ণ কীৰ্তনৰ ভাষাত যে অসমীয়া ঠাঁচ যথাৰ্থ ৰূপত বিদ্যমান সেই কথা উনুকিয়াই গৈছে।

(১) পুথিখনত বঙলা ব্যৱহাৰ নোহোৱা অথচ অসমীয়া ভাষাত, ব্যৱহাৰ হোৱা অনেক শব্দ বা পদ পোৱা যায়। যেনে— বাটে বাটে, আছিলা, আই, পেলাইয়া আদি অনেক শব্দ।

(২) পুথিখনত অসমীয়াৰ দৰে ক্ৰিয়াৰ নিষেধাৰ্থক ‘ন’ আগত বহা দেখা গৈছে। যেনে— নহোঁ, নাবোলসি ইত্যাদি। তাৰ পৰিবৰ্তে বাংলাত ক্ৰিয়াৰ নিষেধাৰ্থক ‘ন’ সদায় পাছতহে বহে।

(৩) শব্দৰ ক্ষেত্ৰতো বহুতো শব্দ আছে যিবোৰ অন্ততঃ আধুনিক বঙলাত ব্যৱহাৰ নহয়, অথচ অসমীয়াত এতিয়াও জীৱন্ত ৰূপত চলি আছে।

(৪) আনহাতে বডু শব্দটোও আমাৰ বৰুৱা শব্দৰে ৰূপান্তৰ বুলি ড° সত্যেন্দ্র নাথ শৰ্মাই ক’ব খোজে।

এনেবোৰ যুক্তিৰ খাতিৰতে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত বঙলুৱা ঠাঁচ থাকিলেও প্রাচীন স্তৰৰ জঁকাটোত যে অসমীয়া ৰূপ স্পষ্টভাৱে দেখিবলৈ পোৱা যায় তাক ন দি ক’ব পৰা যায়।

পুথিখনত কৃষ্ণ, ৰাধা আৰু বড়াই (বৰ আই) এই তিনিটি চৰিত্ৰকে লৈ এটি প্রণয় কাহিনী নিৰ্মাণ কৰা হৈছে। যথাৰ্থতে শ্রীকৃষ্ণ কীর্তন ৰাধা-কৃষ্ণৰ প্ৰণয় সম্বলিত এখনি মনোৰম কাব্য। ইয়াত কাহিনীভাগক গীতৰ মাধ্যমেৰে আগুৱাই নিয়া হৈছে। গীতিধর্মিতা ইয়াৰ অন্যতম মুখ্য আকর্ষণ। পুথিখনত ১৬১ টা শ্লোক আৰু ৪১৮ টা পদ আছে। কাব্যখনত অংকীয়া নাটৰ দৰে মাজে মাজে সংস্কৃত শ্লোক আছে আৰু পদবোৰত কথোপকথন থকাত কাব্যখনে নাটকীয় গুণ লাভ কৰিছে।

ৰামাই পণ্ডিতৰ শূন্য পুৰাণ :

শূন্য পুৰাণৰ কবি ৰামাই পণ্ডিতৰ আৱির্ভাৱ সম্পর্কেও সমালোচকসকলৰ মাজত মত পার্থক্য দেখিবলৈ পোৱা যায়। শূন্য পুৰাণৰ সম্পাদক নগেন্দ্ৰনাথ বসু আৰু দীনেশ চন্দ্ৰ সেনৰ একাদশ শতিকাৰ ব্যক্তি যোগেশচন্দ্ৰ বিদ্যানিধিৰ মতে তেওঁ চতুৰ্দশ শতিকাৰ আগৰ নহয়; ড° সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ মতে পঞ্চদশৰ আগৰ নহয়, আৰু ড° সুকুমাৰ সেনৰ মতে ষোড়শ শতিকাৰ আগৰ হ’ব নোৱাৰে। সি যি কি নহওক শূন্য পুৰাণত প্ৰাচীন অসমীয়া ভাষাৰ শব্দ আৰু বৈয়াকৰণিক ৰূপলৈ লক্ষ্য ৰাখি শূন্য পুৰাণক আমাৰ অসমীয়া আৰু বঙলাৰ পূৰ্বাৱস্থাৰ তথা উমৈহতীয়া নিদৰ্শনৰূপে আগুৱাই চলু পাৰি। বঙালী সম্পাদকৰ হাতত পৰি অধিক বঙলুৱা হৈ পৰিলেও পুথিখনৰ বহু ঠাইত অসমীয়া চাপ স্পষ্টৰূপত বিদ্যমান।

(১) পিতাক, খুড়াক, বাপা, পো, খৰিকা, ঝিয়াৰী (জীয়ৰী), দৰৰ জুই, টোপোলা, বেগেতে আদি অসমীয়া শব্দৰ প্ৰয়োগে পুথিখনৰ আমাৰ বুলিবলৈ সকলোকে বাধ্য কৰে।

(২) বিভক্তিসমূহৰ প্ৰয়োগো অসমীয়াৰ দৰেই ব্যৱহৃত হোৱ পৰিলক্ষিত হৈছে।

শূন্য পুৰাণ ধৰ্মদেৱতাৰ পূজাৰ পুথি: ইয়াত সৃষ্টিতত্ত্বৰ ৰহস্যও কাব্যিক ভাষাৰে ফুটাই তোলা হৈছে।

নাছিল জল থল নহিছি আকাশ। 

মেৰু মন্দাৰ নাছিল না (ছিল) কৈলাস।।

নহি ছিষ্টি ছিল আৰু নহি সুৰ নৰ। 

ব্রহ্ম বিষ্ণু নাছিল নাছিল আঁবৰ।।

তদুপৰি —

(১) প্ৰতিটো পদৰে শেষ বৰ্ণৰ মিল ইয়াৰ এটি উল্লেখযোগ্য| বিশেষত্ব বুলিব পাৰি।

(২) ছন্দ আৰু উপমা আদি অলংকাৰৰ যথাযথ প্রয়োগে কাব্যখনিক এক সুকীয়া মর্যাদা প্রদান কৰিছে।

অন্যান্য কাব্যগ্রন্থ :

বহুতো সমালোচকে আকৌ ভৱানী দাসৰ ময়নামতীৰ গান; সুকুৰ মামুদৰ গোপীচন্দ্ৰেৰ গান; দুৰ্লভ মল্লিকৰ গোবিন্দচন্দ্ৰেৰ গীত আদিকো অসমীয়া সাহিত্যৰ পূৰ্বাৱস্থাৰ নিদৰ্শন বুলি দাবী কৰিব খোজে। ডা দীনেশচন্দ্র সেন আৰু বসন্তৰঞ্জন ৰায়ে ময়নামতী গোপীচন্দ্ৰেৰ গান| ১৯২২-২৪ চনত প্ৰকাশ কৰি প্ৰাচীন বঙলা সাহিত্যৰ নিদৰ্শন বুলি দাবী কৰিলেও শব্দ আৰু ব্যাকৰণগত দিশত তাৰ মাজতো বহুবোৰ অসমীয়া ৰূপ পৰিলক্ষিত হয়। যেনে— আই, ইয়াৰ, ঠেং, ডাঙৰ আদি শব্দ ; বিভক্তিযুক্ত পদ যেনে— প্রথমা বিভক্তিৰ -‘এ’ (মায়ে জানে); সপ্তমী বিভক্তিৰ ‘ত’ খাজনাৰ তাপত আদিৰ ব্যৱহাৰ অসমীয়া সদৃশ। অসমাপিকা ক্রিয়াত ব্যৱহৃত ‘ই’ (ৰাজ্য কৰি) ৰ ব্যৱহাৰ অসমীয়াৰ দৰে। এই কথাই প্ৰমাণ কৰে যে বহু শতাব্দী ধৰি চলি অহা এই কাহিনীসমূহেও বঙালী ভাষাৰ প্ৰভাৱ বা লিপিকাৰৰ হাতত পৰি সপ্তদশ শতিকামানত ই লিখিত ৰূপ পৰিগ্ৰহণ কৰে যদিও অসমীয়া ভাষাৰ চিন-মোকাম একেবাৰে নিঃশেষ হৈ যোৱা নাই।

আনহাতে পণ্ডিতসকলৰ মতেও কাহিনী কেইটাৰ পটভূমি একাদশ দ্বাদশ শতিকাৰ। কিয়নো গোপীচন্দ্ৰ আৰু তেওঁৰ মাক ময়নামতীৰ গুৰু হাড়িপাৰ উদ্ভৱকাল দশম-একাদশ শতিকাৰ বুলি অনুমান কৰা হৈছে। কাহিনীৰ জুমুধি দুটা দ্বাদশ-ত্রয়োদশ শতিকাত বঙ্গদেশ আৰু ইয়াৰ ওচৰ-পাঁজৰে প্ৰচলিত আছিল। ড° দীনেশচন্দ্ৰ সেনৰ মতেও ভৱানী দাস আৰু সুকুৰ মামুদ ক্ৰমে ত্ৰিপুৰা আৰু উত্তৰবংগৰ লোক। সেই সময়ত উদ্ভবংগৰ ভাষা বঙালীতকৈ অসমীয়াৰহে বেছি ওচৰ চপা আছিল। এনেবোৰ কথাই প্ৰমাণ কৰে যে কাহিনী কেইটাৰ ওপৰত মাথোন বঙালীৰ হাতৰ পৰশহে পৰিছে; ই মূলত অসমীয়াৰ পূৰ্বস্তৰৰ উদ্ভৱকালীন অসমীয়াৰ উৎকৃষ্ট নিদৰ্শন।

এনেদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে অসমীয়া কবিতাৰ প্রত্ন যুগ এটি বিবাদমান বিষয়। অথচ বহু আলোচনা বিলোচনাই এই কথা পোহৰলৈ আনে যে অসমীয়া, বঙালী, উড়িয়া, হিন্দী আদি ভাষাৰ উমৈহতীয়া ৰূপৰ নিদর্শন হিচাপে অন্যান্য প্রান্তীয় ভাষা সমূহতকৈ অসমীয়া ভাষাই বেছি দাবীদাৰ হৈ ব্যাকৰণগত দিশৰ পৰা সেইসমূহ বিশ্লেষণ কৰি আমাৰ সাহিত্যৰ আওতালৈ টানি আনি এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰিছে। যিবোৰ সাহিত্য এতিয়া আমাৰ বাবে এক আপুৰুগীয়া সম্পদ হৈ পৰিল। 

৫।  অসমীয়া-বঙালী মিশ্রিত সাহিত্যৰ বিষয়ে এটি পৰিচয়সূচক টোকা লিখা।

উত্তৰঃ  চৰ্যাপদৰ ভাষাত যেনেকৈ অসমীয়া, বঙলা, উৰিয়া আদি আধুনিক ভাৰতীয় ভাষা প্রথম নিদর্শন থকা বুলি নিজ নিজ ভাষাৰ পণ্ডিতসকলে দাবী কৰে, তেনেকৈ অসমীয়া আৰু বঙলা ভাষাৰ আদি স্বৰৰ নিদৰ্শন থকা বুলি দাবী কৰিব কৰিব পৰা আন দুখন প্ৰদান গ্ৰন্থ হ’ল— বডু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন আৰু ৰামাই পণ্ডিতৰ শূন্য-পুৰাণ।

অসমীয়া ভাষাৰ বৈয়াকৰণিক লক্ষণযুক্ত আৰু খাচ অসমীয়া শব্দৰ প্রয়োগ থকা দুই-এখন কাব্য আছে যিকেইখন বঙালী লিপিকাৰ আৰু বঙালী সম্পাদকৰ হাতত পৰি বঙলা সাহিত্যৰ অন্তৰ্ভূক্ত হৈছে। বঙালী আৰু অসমীয়াৰ বুলি উভয় পক্ষই দাবী কৰিব পৰা এনে ধৰণৰ এখন প্রাচীনতম পুথি হৈছে— বডু চণ্ডী দাসৰ শ্ৰীকৃষ্ণ কীর্তন। বাণীকান্ত কাকতিয়ে এই গ্ৰন্থৰ ভাষা অধ্যয়ন কৰি শ্ৰীকৃষ্ণ কীর্তন অসমীয়া বঙালী এই ভাষা দুটাৰ উমৈহতীয়া স্তৰ বা অৱস্থাৰ নিদৰ্শন। শ্ৰীকৃষ্ণ-কীৰ্তনৰ উদ্ধাৰকৰ্তা আৰু প্ৰধান সম্পাদক বসন্তৰঞ্জন ৰায় বিদ্বৎবল্লভে ইয়াৰ ভাষা আলোচনা কৰি এঠাইত কৈছে যে পুথিখন শেষ লিপিকাৰৰ হাতত পৰাৰ আগতে সম্ভৱ কামৰূপ বা অসম ভ্ৰমণ কৰি আহিছিল।

‘শ্ৰীকৃষ্ণ-কীৰ্তনৰ কবি হ’ল বড়ু চণ্ডীদাস। বডু শব্দ অসমীয়া ‘বৰুৱা) শব্দৰে এটা ৰূপান্তৰ। শ্ৰীকৃষ্ণ-কীৰ্তনৰ ৰচনাকাল চতুদর্শ শতিকাৰ পিছলৈ কোনো মতে আনিব নোৱাৰি বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।

‘শ্ৰীকৃষ্ণকীৰ্ত্তন’ মূলতঃ ৰাধা আৰু কৃষ্ণৰ মাজত হোৱা প্ৰেম লীলা বিষয়ক কাব্য। পুথিখন আদি বা শৃংগাৰ ৰসাত্মক। মুঠ তেৰটা খণ্ডত বিভক্ত কাব্যখনৰ খণ্ডসমূহ হ’ল–জন্মখণ্ড, তাম্বুলখণ্ড, দানখণ্ড, নৌকাখণ্ড, বংশীখণ্ড আৰু ৰাধা বিহখণ্ড। প্ৰায় প্ৰতিটো খণ্ডই কৃষ্ণ বাধা বিষয়ক একোটা ঘটনা বা আখ্যানেই সম্পূর্ণ যদিও প্ৰত্যেকটোৰে

মাজত সংযোজন বিৰাজমান। কাব্যখনত মাত্ৰ তিনিটা চৰিত্ৰৰ কাৰ্যকলাপ গীতৰ মাধ্যমেদি প্ৰকাশ কৰা হৈছে। এই চৰিত্ৰ তিনিটা হৈছে কৃষ্ণ, ৰাধা আৰু বড়াই।

শ্ৰীকৃষ্ণ-কীৰ্তনত বঙালীত ব্যৱহাৰ নোহোৱা অথচ অসমীয়াত এতিয়াও প্রচলিত বহু শব্দৰ প্ৰয়োগ থকাৰ বাহিৰেও অসমীয়া ব্যাকৰণৰ কিছুমান স্বকীয় বিশেষত্ব পোৱা যায়। উত্তম পুৰুষৰ বৰ্তমান কালৰ ক্ৰিয়াত “ওঁ”, ক্ৰিয়াৰ আগত নিষেধার্থক ‘ন’সংযোগ, অপাদানাৰ্থত ‘হন্তে’ৰ ব্যৱহাৰ, ভৱিষ্যত ক্রিয়ার্থা ক্ৰিয়া বুজাবলৈ ‘ইব্’ ব্যৱহাৰ আদি অসমীয়া ভাষাৰ স্বকীয় বিশেষত্ব কিছুমান পোৱা যায়। এই কাব্যত ব্যৱহাৰ হোৱা শব্দাৱলীৰ লগত বহুতো অসমীয়া শব্দৰ সাদৃশ্য আৰু একৰূপত মন কৰিবলগীয়া। 

শ্ৰীকৃষ্ণ-কীৰ্তনৰ বহু ঠাইত সমান্তৰালভাৱে বঙলা আৰু অসমীয়া ৰূপ সংৰক্ষিত হৈছে। উদাহৰণ স্বৰূপে উত্তৰ পুৰুষৰ বৰ্তমান কালৰ ক্ৰিয়াৰ বিভক্তি ওঁ (অস), ই (ৰং) যেনে চাহি, চাহোঁ, কৰি কৰোঁ। নিষেধাৰ্থক ন অসমীয়াৰ দৰে ক্ৰিয়াৰ আগত বহা ‘কৃষ্ণ-কীৰ্তন’তো দেখা যায়। এইটো অন্ততঃ আধুনিক বঙালীৰ বিশেষত্ব নহয়। অপাদান অৰ্থত পঞ্চমী বিভক্তিৰ চিন ৰূপে ‘হঁতে’ (হস্তে) আৰু ‘হৈতে’ দুয়োটাৰ ব্যৱহাৰ লক্ষ্য কৰা যায়। প্ৰথমটো পুৰণি অসমীয়াত আৰু দ্বিতীয়টো বঙলাত প্রয়োগ হোৱা দেখা যায়। সেইদৰে তুমর্থক ভৱিষ্যত বুজাবলৈ ক্ৰিয়াৰ পাছত ইত আৰু ইব প্ৰত্যয়ৰ প্ৰয়োগ ক্রমে বঙলা অসমীয়া ভাষাৰ বিশেষত্ব। শব্দৰ ক্ষেত্ৰতো বহুতো শব্দ আছে যিবোৰ অন্ততঃ আধুনিক বঙলাত ব্যৱহাৰ নহয়; অথচ অসমীয়াত এতিয়াও জীৱন্ত ৰূপত চলি আছে, ইত্যাদি কাৰণৰ পৰা ক’ব পাৰি কৃষ্ণ-কীৰ্তনৰ ভাষাত বঙলুৱা ঠাচ থাকিলেও প্রাচীন স্তৰৰ জঁকাটোত অসমীয়া ৰূপ স্পষ্টভাৱে দেখিবলৈ পোৱা যায়।

শূন্য পুৰাণ :

কোনো কোনো সাহিত্যৰ ঐতিহাসিকে ধৰ্মদেৱতাৰ মাহাত্ম্যসূচক ৰামাই পণ্ডিতৰ ‘শুনাপুৰাণ ‘ক প্ৰাক্‌-শংকৰী যুগৰ অসমীয়া-বঙালী উমৈহতীয়া সাহিত্যৰ অন্তৰ্ভূক্ত কৰিছে। ধৰ্ম-পূজা বঙ্গদেশৰ পশ্চিমাঞ্চলৰ উৎসৱ। অসমত আনকি প্রাচীন অসমতো ধৰ্মদেৱতাৰ স্বতন্ত্র পূজা আৰু উৎসৱ থকাৰ প্ৰমাণ পোৱা নাযায়। অসমত ‘ধৰ্ম পূজা’ মনসা পূজাৰ অন্তর্গত। ‘কথা গুৰুচতিত’ অনন্ত কন্দলীয়ে ধৰ্মপূজা কৰাৰ কথা উল্লেখ আছে আৰু মনকৰৰ ‘পদ্মাপুৰাণ’ত আৰু দুৰ্গাবৰৰ বেউলা আখ্যানত ধৰ্মদেৱতাৰ উল্লেখ পোৱা যায় আৰু মনসাপূজাত ধৰ্মদেৱতাৰ ঘটস্থাপন কৰা হয়। শূন্য পুৰাণৰ ধৰ্মদেৱতা আৰু ধৰ্মপূজাৰ উৎপত্তি আৰু বিকাশত মহাযানী বৌদ্ধ, তান্ত্রিক হিন্দু, আদিম লোকাচাৰ আৰু বিশ্বাসৰ অৱদান থকা বুলি সতেন্দ্রনাথ শৰ্মাই অনুমান কৰে। আনহাতে ‘শূন্য পুৰাণ’ৰ সৃষ্টি-তত্ত্বৰ লগত মনকৰৰ কাব্যৰ সৃষ্টি-তত্ত্বৰ ভালেখিনি বিষয়গত আৰু ভাষাগত সাদৃশ্য দেখা যায়।

নগেন্দ্ৰনাথ বসু আৰু দীনেশচন্দ্ৰ সেনৰ মতে ৰামাই পণ্ডিত একাদশ শতিকাৰ লোক আৰু বৰ্তমান বংকুৰা জিলাত তেওঁৰ জন্ম। যোগেশচন্দ্ৰ বিদ্যানিধিৰ মতে ‘শূন্য পুৰাণ” চতুদর্শ শতিকাৰ আৰু সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ মতে ই পঞ্চদশ শতিকাৰ নহয়। ই যি নহওক ‘শূন্য পুৰাণ’’ত প্ৰাচীন অসমীয়া ভাষাৰ শব্দ আৰু বৈয়াকৰণিক ৰূপ লক্ষ্য কৰিব লগীয়া যেনে— পিতাক, খুড়াক, বাপা, পো, ছিৰাকনি, খৰিকা আদি অসমীয়া শব্দ, উত্তম পুৰুষত ‘ওঁ’, ষষ্ঠী বিভক্তিৰ চিন ‘ৰ’ আৰু সপ্তমী বিভক্তিৰ চিন ‘ত’, তুমৰ্থক বিভক্তিৰ ব’ আৰু ‘ইব’‘ৰ’ব্যৱহাৰতো অসমীয়া ভাষাৰ লগত যে ‘শূন্য পুৰাণ’ৰ ভাষাৰ কিছু সাদৃশ্য আছিল এই কথা সূচনা কৰে।

প্রাচীন অসমীয়া আৰু বঙলা দুয়ো ভাষাৰ নিদৰ্শন থকা আৰু কেইখনমান গ্ৰন্থ হ’ল— ময়নামতীৰ গান, গোপীচন্দ্ৰেৰ গান, গোপীচন্দ্ৰেৰ গীত, গোক্ষ-বিজয় বা মীন চেতন আৰু কবি সঞ্জয় আৰু কবীন্দ্ৰ পাত্ৰৰ মহাভাৰত আদি ।

চমু উত্তৰ দিয়া :

১। ‘চর্যাপদ’ কোনে সম্পাদনা কৰিছিল— 

উত্তৰঃ  মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে। 

২। ‘চর্যাচর্যবিনিশ্চয়’ নামটো কোনে দিয়া

উত্তৰঃ  মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে। 

৩। হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধ গান ও দোহা’ পুথিখন কোনে সম্পাদনা কৰিছিল—

উত্তৰঃ মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে। 

৪। নেপালৰ পৰা উদ্ধাৰ কৰা চৰ্যাপদসমূহ গ্ৰন্থকাৰে প্ৰকাশ কৰিছিল; সেই গ্ৰন্থখনৰ নাম—

উত্তৰঃ (গ) হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধ গান ও দোহা। 

৫। ‘চর্যাচর্য বিনিশ্চয়’ৰ টীকাকাৰ হ’ল—

উত্তৰঃ মুনি দত্ত। 

৬। ‘চর্যাচর্যবিনিশ্চয়’ত গীত সংকলিত হোৱা সিদ্ধাচৰ্যৰ সংখ্যা হ’ল—

উত্তৰঃ ২৪ জন। 

৭। ‘চর্যাপদ’ কোনে সংগ্ৰহ কৰিছিল—

উত্তৰঃ মহামোহপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে। 

৮। চৰ্যাপদৰ মূল পুথিখনৰ নাম হ’ল—

উত্তৰঃ  চর্যাগীতিকোষ। 

৯। Pag Sam Jon Zan কোন ভাষাৰ গ্ৰ—

উত্তৰঃ তিব্বতী ভাষাৰ। 

১০। চর্যাপদ সমূহ কিমান চনত সংগ্ৰহ কৰিছিল

উত্তৰঃ  ১৯০৭

১১। চর্যাপদ সমূহ কিমান চনত সম্পাদনা কৰি প্ৰকাশ কৰিছিল—

উত্তৰঃ ১৯১৬

১২। চর্যাগীতবোৰ উদ্ধাৰ কৰিছিল―

(ক) ভূটানৰ পৰা।

(খ) নেপালৰ পৰা।

(গ) ম্যানমাৰ পৰা।

(ঘ) মহাৰাষ্ট্ৰ পৰা।

উত্তৰঃ  (খ) নেপালৰ পৰা। 

১৩। সন্ধ্যাৰ আধা আলো আধা ছায়াৰ ৰহস্য ঘনতাই আৱৰি থকা গীত বুলিলে বুজা যায়—

(ক) শ্রীকৃষ্ণ কীৰ্ত্তনক।

(খ) শূন্য পুৰাণক।

(গ) চাৰ্যাপদক।

(ঘ) প্ৰহ্লাদ চৰিত্ৰক।

উত্তৰঃ (গ) চাৰ্যাপদক। 

১৪। তলৰ কোনখন পুথি মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্রীয়ে নেপালৰ ৰাজকীয় গ্ৰন্থাগাৰৰ পৰা উদ্ধাৰ কৰা নাছিল―

(ক) চর্যাগীতিকোষ।

(খ) দোহাকোষ।

(গ) ডাকার্ণৱ।

(ঘ) শ্রীকৃষ্ণ কীৰ্ত্তন।

উত্তৰঃ  (ঘ) শ্রীকৃষ্ণ কীৰ্ত্তন। 

১৫। তিতী ঐতিহ্যমতে তলৰ কোন দুজন ব্যক্তিক একেজন বুলি ধৰা হয়―

(ক) মীননাথ আৰু সৰহপা।

(খ) সৰহপা আৰু লুইপাদ।

(গ) মীননাথ আৰু লুইপাদ।

(খ) কোনোটোৱেই নহয়।

উত্তৰঃ (গ) মীননাথ আৰু লুইপাদ। 

১৬। কিমান নম্বৰ চৰ্যাত ডবা খেলৰ উল্লেখ পোৱা যায়―

(ক) এক নম্বৰ।

(খ) দুই নম্বৰ।

(গ) তিনি নম্বৰ। 

(ঘ) চাৰি নম্বৰ। 

উত্তৰঃ  (খ) দুই নম্বৰ। 

১৭।  কিমান নং চর্যাত বিবাহ যাত্রা, ঢাকঢোলসহ বৰযাত্ৰীৰ শোভাযাত্রা, বিয়ামণ্ডপত নাৰীৰ প্ৰাধান্যৰ কথা বর্ণনা কৰিছে—

(ক) ১৭ নং।

(খ) ১৯ নং।

(গ) ২০ নং।

(ঘ) ১৮ নং।

উত্তৰঃ (খ) ১৯ নং। 

১৮। কঠ আৰু মোটা কাপোৰ বোৱাৰ কথা বর্ণনা কিমান নং চৰ্যাত পোৱা যায়—

(ক) ২৮ নং।

(খ) ২৭ নং।

(গ) ২৬ নং।

(ঘ) ২৯ নং।

উত্তৰঃ (গ) ২৬ নং। 

১৯। তলৰ কোনজন চর্যাকাৰৰ চৰ্যাত ব্যাধ আৰু হৰিণ চিকাৰৰ বর্ণনা আছে—

(ক) কুক্কুৰিপাদৰ চৰ্যাত। 

(খ) কাহ্নুপাদৰ চৰ্যাত। 

(গ) চাটিলৰ চৰ্যাত।

(ঘ) ভূসুকুপাদৰ চৰ্যাত। 

উত্তৰঃ  (ঘ) ভূসুকুপাদৰ চৰ্যাত। 

২০। কোনটো চৰ্যাত ৰজাই সৈন্য-সমান্ত লৈ পৰৰাজ্য অধিকাৰ কৰাৰ প্ৰয়াস বর্ণিত আছে?

(ক) ৪৮ নং। 

(খ) ৭ নং। 

(গ) ১৯ নং। 

(ঘ) ১৭ নং।

উত্তৰঃ (ক) ৪৮ নং। 

২১। চর্যাপদত কোনখন সমাজৰ চিত্ৰ বিশেষভাবে অংকিত কৰা হৈছে—

(ক) উচ্চ অভিজাত শ্ৰেণীৰ চিত্ৰ। 

(খ) নিম্ন শ্রেণীৰ সমাজৰ চিত্ৰ। 

(গ) মধ্যবিত্ত শ্ৰেণীৰ চৰিত্ৰ। 

(ঘ) ওপৰৰ আটাইকেইটাই হয়।

উত্তৰঃ (খ) নিম্ন শ্রেণীৰ সমাজৰ চিত্ৰ। 

২২। দশম শতাব্দীৰ কামৰূপৰ ৰজা ৰত্নপালক বজ্রযানী পন্থাত বিশ্বাস কৰোৱা চৰ্যাকাৰজন কোন আছিল?

(ক) সৰহপাদ।

(খ) লুইপাদ। 

(গ) কাহ্নুপাদ। 

(ঘ) মীননাথ। 

উত্তৰঃ (ক) সৰহপাদ। 

২৩। অসমীয়া ভাষাৰ উপৰিও আন কি কি ভাষাৰ লোকে চর্যাপদক সেই ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি দাবী কৰে—

(ক) মাৰাঠী, গুজৰাটী, হিন্দী। 

(খ) তামিল, হিন্দু, গুজৰাটী। 

(গ) হিন্দী, মাৰাঠী, পাঞ্জাৱী। 

(ঘ) বঙলা, উড়িয়া, মৈথিলী, নেপালী। 

উত্তৰঃ (ঘ) বঙলা, উড়িয়া, মৈথিলী, নেপালী। 

২৪। কোনখন গ্ৰন্থৰ আধাৰত সৰহপাদক কামৰূপৰ ৰাঞ্জী (বৰ্তমান ৰাণী) অঞ্চলত উদ্ভৱ হোৱা বুলি কোৱা হয়?

(ক) দোহাকোষ। 

(খ) ডাকার্ণৱ। 

(গ) Grub To’b

(ঘ) Pag Sam Jon Zan

উত্তৰঃ (গ) Grub To’b.

২৫। তলৰ কোনটো সাহিত্য প্রাচ্য অপভ্ৰংশৰ শেষ স্তৰৰ ৰচনা হিচাপে চিহ্নিত কৰা হৈছে—

(ক) শ্রীকৃষ্ণ কীর্তন। 

(খ) শূন্য পুৰাণ। 

(গ) চর্যাপদ।  

(ঘ) কোনোটোৱেই নহয়। 

উত্তৰঃ (গ) চর্যাপদ। 

২৬। তলৰ কোন বিধ সাহিত্যক সমালোচকসকলে খ্রীষ্টীয় অষ্টম শতিকাৰ পূৰ্বৰ নহয় আৰু দ্বাদশ শতিকাৰ পিছৰ নহয় বুলি ক’ব খোজে—

(ক) চর্যাপদ। 

(খ) শ্রীকৃষ্ণ কীর্তন। 

(গ) শূন্য পুৰাণ। 

(ঘ) কোনোটোৱেই নহয়। 

উত্তৰঃ (ক) চর্যাপদ। 

২৭। নাথ বা যোগী সম্প্ৰদায়ৰ প্ৰৱৰ্তক হ’ল—

(ক) মাধৱ কন্দলী। 

(খ) সৰোহ বজ্ৰ। 

(গ) কৃষ্ণাচার্য। 

(ঘ) মৎসেন্দ্র নাথ। 

উত্তৰঃ (ঘ) মৎসেন্দ্র নাথ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top