History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়

History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Question Answer can be of great value to excel in the examination.

History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয়

Join Telegram channel

History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 10 সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ পৰিচয় in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

১৩। অসমীয়া শিশু সাহিত্যত বিজ্ঞান চৰ্চাৰ প্ৰসংগ—এই শীর্ষক এটি আলোচনা আগবঢ়োৱা?

উত্তৰঃ ঊনবিংশ শতিকাত আমেৰিকীয় মিছনেৰিসকলৰ প্ৰচেষ্টাত অসমীয়া বিজ্ঞান-সাহিত্যৰ আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত বিজ্ঞান বিষয়ক গ্ৰন্থসমূহ আছিল পাঠ্যপুথিৰ চাহিদা পূৰণৰ বাবে ৰচনা কৰা। পাঠ্যপুথিসমূহত পাঠ্যক্ৰমৰ চৰিত্ৰ নাছিল আৰু তেনে পুথিসমূহত সৰলীকৃত বৰ্ণনাৰে বিজ্ঞান আৰু গণিতৰ সূত্ৰসমূহ বৰ্ণনা কৰা হৈছিল। অসমীয়া ভাষাত মুদ্রিত বিজ্ঞান বিষয়ক প্রথম গ্রন্থখন আছিল ১৮৪৫ খ্ৰীষ্টাব্দত অসমৰ বিদ্যালয়ত প্ৰৱৰ্তনৰ বাবে নেথান ব্ৰাউনে দুটা খণ্ডত প্ৰকাশ কৰা বকুল কায়স্থৰ গণিতৰ পুথি ‘কিতাবত মঞ্জুৰী’। প্রথম খণ্ডক ‘পদগণিত’ আৰু দ্বিতীয় খণ্ডক ‘লীলাৱতী’ নাম দি প্ৰকাশ কৰিছিল দুয়োখণ্ড আছিল পদ্যত ৰচিত গণিতৰ পুথি। অৰ্থাৎ দুয়োখনেই আছিল ‘বিজ্ঞান-সাহিত্য’ৰ গণ্ডীৰ। 

একে বছৰতে নেথান ব্ৰাউনৰ ‘প্রথম গণনা’ আৰু এলিজাব্রাউন আৰু নেথান ব্রাউনৰ ‘দুতিয়া গণনা’ প্রকাশ পায়। ১৮৪৬ চনত প্ৰকাশ পোৱা প্ৰথম অসমীয়া মাহেকীয়া সংবাদপত্র “অৰুণোদই’ৰ পাতত অসমীয়া বিজ্ঞান-সাহিত্যই প্ৰসাৰতা লাভ কৰে। ১৮৪৯ খ্ৰীষ্টাব্দত প্ৰকাশিত ‘অসমীয়া ল’বাৰ মিত্ৰ’ৰ তৃতীয় খণ্ড ‘ভূগোল প্ৰকৰণ ‘ত অসমীয়া লোক এজনে (আনন্দৰাম ঢেকীয়াল ফুকন) পঢ়াশালিত প্ৰৱৰ্তনৰ বাবে ৰচনা কৰিছিল। ১৮৪৯ খ্ৰীষ্টাব্দত মুৰেৰ বিশ্বকোষৰ আধাৰত ১৭৭ পৃষ্ঠাৰ ‘ভূগোল শিক্ষক’ আৰু ২২২ পৃষ্ঠাৰ ‘সমাচার চন্দ্ৰিকা’ প্ৰকাশ কৰে। ১৮৫১ চনত শ্ৰীমতী এলিজা ব্ৰাউনে পিটাৰ পাৰ্লীৰ অনুকৰণত ‘ভূগোল বিৱৰণ’ প্ৰথম ভাগ শিৱসাগৰৰ মিছন প্ৰেছত ছপা কৰি উলিয়ায়। ১৮৫৫ চনত তেজপুৰৰ নিধিৰাম কেওট ওৰফে নিধি লিবাই ফাৰোৱেলে ই ডব্লিউ ক্লার্কৰ দ্বাৰা সংশোধিত ‘Science in Familiar Dialouge’ ব আৰ্হিত পদার্থবিদ্যা সাৰ অৰ্থাৎ ঈশ্বৰে স্ৰজা বস্তুৰ কথাত শিক্ষক-ছাত্র কথোপকথন’ শিৱসাগৰৰ পৰা প্ৰকাশ কৰে। ১৮৭৩ চনত কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ আৰু লক্ষীমপুৰ জিলাত পঢ়াশালি আৰু আদালতত অসমীয়া ভাষা পুনঃ প্রচলন হয়। 

বেপ্টিষ্ট মিছনেৰিসকলে অসমীয়া ব্যাকৰণ, অভিধান প্ৰকাশ কৰাৰ লগতে পঢ়াশলীয়া পুথি, ভূগোল, সাধাৰণ বিজ্ঞান আৰু স্বাস্থ্য বিজ্ঞান বিষয়ৰ পুথি প্ৰকাশ কৰে। ১৮৮৬ খ্ৰীষ্টাব্দত হেমচন্দ্ৰ বৰুৱাই ‘Way to health’ ৰ অসমীয়া ভাঙনি ‘স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়’ প্ৰকাশ কৰে। আমেৰিকীয় বেপ্টিষ্ট মিছনেৰিসকলে অন্য এখন বিজ্ঞানৰ পাঠ্যপুথি ‘বিজ্ঞানৰ বাৰেবতৰা’ প্ৰকাশ কৰিছিল। অসমীয়া বিজ্ঞান-সাহিত্যৰ ধাৰা আধুনিক মুখি কৰি তোলাত ঊনবিংশ শতিকাৰ শেষ দশক কেইটাত প্ৰকাশিত অসমীয়া পঢ়াশলীয়া পুথিসমূহে বিশেষ অৰিহণা যোগায়। ১৮৯৩ খ্রীষ্টাব্দত প্ৰকাশিত পানীন্দ্ৰনাথ গগৈৰ ‘ল’ৰাশিক্ষা’ৰ শেষছোৱাৰ পাতনিত লিখিছিল’….গা ভালে ৰখাৰ নিয়মবিলাক সৰুকালৰে পৰা শিকা উচিত; সেইকাৰণে শিয়াল, কুকুৰ, মেকুৰী আদিৰ কথা নিদি গা ভালে ৰাখিবৰ নিয়মবিলাক সহজ কথাৰে লিখা হৈছে।’ ৪৪ পৃষ্ঠাৰ শেষছোৱা ‘ল’ৰা শিক্ষাৰ ২৭ পৃষ্ঠাৰ পৰা ৪২ পৃষ্ঠালৈ গা ভালে ৰাখিবৰ উপায়ৰ অন্তৰ্গত ভাল ঘৰ, গা আদি পৰিষ্কাৰ ৰখা, আহাৰ, পানী, পিন্ধা কাপোৰ, টোপনি, ব্যায়াম, বাগিয়াল বস্তু সম্পর্কে সহজ-সৰল ভাষাত গৃহ আৰু স্বাস্থ্য বিজ্ঞানৰ বিষয়ে লিখিছিল।

১৯০২ খ্রীষ্টাব্দত প্ৰকাশিত শ্রদ্ধাচৰণ চৌধুৰীৰ ‘ল’বাৰ নিজা পুথি ‘ত পদ্য আৰু গদ্যত জোন, বেলি, বৰষুণ, উদ্ভিদ, বায়ু, পৃথিৱী, পদার্থ, ধাতু, চৰাই আদিৰ বৈজ্ঞানিক ব্যাখ্যা দিছে। এক কথাত ক’বলৈ গ’লে পঢ়াশলীয়া পুথিৰ মাজেৰে ঊনবিংশ শতিকাত অসমীয়া ভাষাত শিশুৰ উপযোগী বিজ্ঞান সাহিত্যৰ আৰম্ভণি হৈছিল।

১৯১৬ খ্রীষ্টাব্দত সত্যনাথ বৰাই ৰচনা কৰা আধুনিক জ্যোতির্বিজ্ঞানৰ ১২৯ পৃষ্ঠাৰ ‘আকাশ ৰহস্য’ই পাঠ্যপুথিৰ গভীৰ পৰা মুক্ত হৈ প্ৰথম অসমীয়া বিজ্ঞান-সাহিত্যৰ সূচনা কৰে। ‘আকাশ ৰহস্য’ৰ মুখ্য পৃষ্ঠাত লেখকে লিখিছে …ইয়াৰ কথাবোৰ বিজ্ঞানৰ কথা হ’লেও ল’ৰামতীয়া শিকাৰুৰ মনখোৱা কৰিবলৈ বিজ্ঞানৰ গহীন সাজ এৰি দি তাক সাহিত্যৰ সাজ দিয়া হৈছে; আৰু কথাবোৰ উজু ভাষাত মোৰ ভাঙি বুজাবলৈ চেষ্টা কৰা হৈছে। আকাশ ৰহস্য’ত সৌৰ জগত, ৮ টা গ্ৰহ, সৌৰজগতৰ উৎপত্তি, গ্রহাণুপুঞ্জ, গ্ৰহৰ আহ্নিক আৰু বাৰ্ষিক গতি, গ্ৰহৰ পিঠিভাগৰ বিৱৰণ, সূৰ্য্য, উপগ্রহ বা চন্দ্ৰ, তৰা-ৰাজ্য, হাতী-পটী, ধূমকেতু, নেজাল তৰা পপীয়া তৰা আৰু নীহাৰিকাৰ বিষয়ে বৰ্ণনা কৰিছে।

অসমীয়া বিজ্ঞান-সাহিত্য : ১৯৮০ চনত অসম বিজ্ঞান সমিতিয়ে আয়োজন কৰা ‘অসমীয়া বিজ্ঞান সাহিত্য’ শীর্ষক আলোচনাচক্ৰখনে অসমীয়া বিজ্ঞান-সাহিত্য চৰ্চাৰ পৰ্যালোচনাৰ দিশ উন্মোচন কৰে।

আলোচনাচক্ৰত পাঠ কৰা নিবন্ধসমূহৰ সংকলন ‘অসমীয়া বিজ্ঞান সাহিত্য’ ১৯৮২ চনত প্ৰকাশ পায়। সংকলনখনত প্ৰকাশিত ‘অসমীয়া বিজ্ঞান গ্রন্থ সাহিত্য’ নিবন্ধত ১৮৪৫ চনৰ পৰা ১৯৮০ চনলৈকে প্ৰকাশিত ৩৬২ খন গ্ৰন্থৰ (বিজ্ঞান সাহিত্য) তথ্য উল্লেখ কৰা হৈছিল। উক্ত নিবন্ধই অসমীয়া বিজ্ঞান সাহিত্যৰ তথ্যভিত্তিক গৱেষণা আৰু অধ্যয়নৰ দিশ মুকলি কৰে। ভাৰত চৰকাৰৰ ‘বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ’ৰ’ ভাৰতীয় ভাষাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জনপ্ৰিয় বিজ্ঞানৰ গ্ৰন্থপঞ্জী সংকলন আঁচনিৰ অধীনত প্রাদেশিক ভাষাসমূহত ১৮৮১ খ্ৰীষ্টাব্দৰ পৰা ১৯৯৫ খ্ৰীষ্টাব্দলৈ প্ৰকাশিত জনপ্ৰিয় বিজ্ঞান গ্ৰন্থসমূহৰ টোকাসহ গ্ৰন্থপঞ্জী সংকলনৰ কাম সম্পন্ন হৈছিল। অসমীয়াভাষাৰ বিজ্ঞান-সাহিত্যৰ গ্ৰন্থপঞ্জীৰ দায়িত্ব গ্ৰহণ কৰি এই নিবন্ধকাৰে ১৮৮১ চনৰ পৰা ১৯৯৫ চনলৈ সৰ্বমুঠ ৮১৭ খন গ্ৰন্থৰ তথ্য সংগ্ৰহ কৰিছিল। 

সেইতথ্য অনুসৰি কৃষি বিজ্ঞানৰ ৭২খন, নৃতত্বৰ ২৬খন, জ্যোতিৰ্বিজ্ঞানৰ ১৫ খন, জীৱনী ৬৪ খন, উদ্ভিদ বিজ্ঞানৰ ১৯খন, ৰসায়ন বিজ্ঞানৰ ৯ খন, ভূবিজ্ঞানৰ ১১ খন, পৰিৱেশ বিজ্ঞানৰ ১১ খন, শক্তিসম্পর্কীয় ৬ খন, কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাৰ ৬৬ খন, সাধাৰণ বিজ্ঞানৰ ১০৫ খন, ভূগোলৰ ১০ খন, বংশগতি তত্ত্বৰ ১ খন, বিজ্ঞানৰ ইতিহাস ৮ খন, ভূমি পৰিচালনাৰ ২ খন, গণিতৰ ২৪ খন, চিকিৎসা বিজ্ঞানৰ ২০১ খন, প্রাকৃতিক সম্পদৰ ১০ খন, সমুদ্র বিজ্ঞানৰ ১০ খন, পদার্থ বিজ্ঞানৰ ৪৫ খন, বিজ্ঞান সাহিত্যৰ ৩ খন, বিজ্ঞান আৰু সমাজবিজ্ঞানৰ ৯ খন, মহাকাশ অভিযানৰ ২১ খন, জল সম্পদৰ ৯ খন আৰু প্ৰাণী বিজ্ঞানৰ ৫০ খন। এই গ্রন্থপঞ্জীত পাঠ্যপুথি, প্ৰচাৰ পুস্তিকা, প্রতিবেদন, মানচিত্র, বিজ্ঞান-কাহিনী, নাটক আৰু উপন্যাস অন্তৰ্ভুক্ত কৰা হোৱা নাই।’ ২০০৬ পর্যন্ত অসমীয়া ভাষাত প্ৰকাশিত বিজ্ঞান সাহিত্যৰ গ্ৰন্থৰ সংখ্যা হ’ব প্ৰায় ১,০০০ খন। এই গ্ৰন্থসমূহৰ ভিতৰত প্ৰায় ৫০ শতাংশ গ্রন্থ শিশু বিজ্ঞান-সাহিত্যৰ অন্তৰ্গত বিবেচনা কৰিব পাৰি। 

বিজ্ঞানীৰ জীৱনী : অসমীয়া ভাষাত শিশুৰ বাবে যথেষ্ট সংখ্যাক জীৱনী প্ৰকাশ পাইছে। উল্লেখযোগ্য যে অসমীয়া ভাষাত প্ৰকাশিত জীৱনীৰ ভিতৰত প্ৰায় ৭০ খন বিজ্ঞানী আৰু উদ্ভাৱকৰ জীৱনী। ১৯৫১ চনত প্ৰকাশ পোৱা প্ৰভাত চন্দ্ৰ শৰ্মাৰ ‘’চি ভি ৰমন’, ১৯৬০ চনত পাৰুকুটি বৰুৱা আৰু হিতেন্দ্ৰ কুমাৰ বৰুৱাই ৰচনা কৰা ৪৩ গৰাকী বিজ্ঞানীৰ জীৱনী সংকলন ‘বিজ্ঞান আৰু বৈজ্ঞানিক, তৌফিক বৰুৱাই কৰা হেনৰি থ’মাছৰ ‘জৰ্জ ৱেষ্টিং হাউচ’(১৯৬৩ ), কীর্তি বৰদলৈয়ে কৰা মহাকাশচাৰী গাৰমেন টিটোভৰ আত্মজীৱনী (১৯৬২), হাৰুণাৰ ৰচিদ ‘হেনৰি ফ’ৰ্ড’ (১৯৫৭), ড° ৰাজেন্দ্ৰ কুমাৰ ভূঞাৰ ২৭ জন বিজ্ঞানীৰ জীৱনী সংকলন ‘জীৱনীৰ জেউতি’ (১৯৬৯), সুৰেন্দ্ৰনাথ হাজৰিকাৰ ‘লুই পেষ্টুৰ’ (১৯৬৫), নৰেন দত্তৰ ‘মাডাম কুৰি’ (১৯৬২), সত্যব্ৰত শৰ্মাৰ ‘মাডাম কুৰি’ (১৯৬৫), আৰতি ঠাকুৰ অনুদিত আৰ্থাৰ বিকাৰ্ডৰ ‘নিকোলা টেচলা” (১৯৬৩), পদ্ম বৰকটকী অনূদিত ৰাল্‌ফ নাদিগ হিলৰ ‘ৰবাৰ্ট ফুলটন এণ্ড হিজ ষ্টীম ব’টৰ অনুবাদ’ৰবাৰ্ট ফুলটন আৰু তেওঁৰ ভাপ নাওঁ, (১৯৬২), গ্রীণ উর্ড ক্লাৰ্কৰ টমাছ আলভা এডিচন’ (১৯৬০), খলিলু জামানৰ ‘উদ্যোগপতি টাটা’(১৯৬৭), আৰতি ঠাকুৰে কৰা হেনৰি থমাৰ্ছৰ ‘ৰাইট ব্ৰাৰ্ডাৰ্ছ’ৰ অসমীয়া অনুবাদ ‘ৰাইট ভ্রাতৃদ্বয়’ (১৯৬৩), ডিম্বেশ্বৰ চলিহাৰ ‘আৱিষ্কাৰৰ আঁৰে আঁৰে’(১৯৮২), ‘বিজ্ঞানৰ সাধনা’ (২০০০), ‘শতাধিক যশস্বী বিজ্ঞানী’ (২০০৪), দিলীপ কুমাৰ বৰুৱাৰ ‘এলবাৰ্ট আইনষ্টাইন’ (১৯৯৫), দীনেশ বৈশ্যৰ ‘বৈজ্ঞানিক আৱিষ্কাৰ আৰু বিজ্ঞানী’ (১৯৯৪), ড° বিজয়কৃষ্ণ দেৱশৰ্মাৰ ‘চি ভি ৰমন’ (১৯৯১), হোমি জাহাংগীৰ ভাবা (১৯৯৮), ড° মহেন্দ্রনাথ বৰাৰ ‘কুৰিজন বিজ্ঞানী, (১৯৮১), ড° গৌৰীপ্ৰসাদ পাটগিৰিৰ’লুই পেষ্টুৰ’ (১৯৮৫), ড° ৰমেশ চন্দ্ৰ গোস্বামী সম্পাদিত ‘প্রসিদ্ধ ভারতীয় বিজ্ঞানী’ (১৯৯০), বন্দিতা ফুকনৰ ১৯৯৬ চনত প্ৰকাশিত কুৰিখন বিজ্ঞানীৰ জীৱনী-এলবাৰ্ট আইনষ্টাইন, হোমি ভাবা, টমাছ আলভা এডিচন, আলেকজেণ্ডার ফ্লেমিং, চাৰ্লচ ৰবাৰ্ট ডারউইন, উইলবাৰ আৰু আৰভিল বাইট, মেৰী আৰু পায়েৰী কুরী, আইজাক নিউটন, গেলিলিঅ’ গেলিলি, চি ভি ৰমন, আর্কিমিডিচ, আলেকজেণ্ডাৰ গ্রাহাম বেল, লুই পেষ্টুউৰ, আলফ্রেড বার্ণহার্ড নোবেল, গুগলিয়েমো মার্কনি, মাইকেল ফেৰাডে, বিক্ৰম চাৰাভাই আব্দুচ ছালাম, যোচেফ লিষ্টাৰ আৰু উইলিয়াম হাৰভে, হোমেন বৰগোহাঞি ‘বেঞ্জামিন ফ্ৰেংকলিন’ (১৯৯৬), ‘প্ৰতিভাৰ নতুন সংজ্ঞা দিয়া মানুহজন’ (১৯৯৮), সুৰেন্দ্ৰনাথ মেধিৰ ‘মাইকেল ফেৰাডে’(১৯৯২), ড°দীনেশ চন্দ্ৰ গোস্বামী ‘শতাধিক মহান বিজ্ঞানী’ (১৯৯৯), ক্ষীৰধৰ বৰুৱাৰ ‘অসমীয়া বিজ্ঞানী’ (১৯৯৯), যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ বিজ্ঞানীৰ জীৱনী আৰু আৱিষ্কাৰ আৰু ড° অদিতি বেজবৰুৱা, ড° কল্পনা দুৱৰাৰ মহিলা মহাকাশচাৰীৰ জীৱনী সংকলন ‘অনবগুণ্ঠিতা’ (২০০৬) উল্লেখযোগ্য। 

অসমীয়া শিশু উপযোগী বিজ্ঞান বিশ্বকোষ : অসমীয়া ভাষাত শিশু উপযোগী বিজ্ঞান বিশ্বকোষৰ সংখ্যা সীমিত। অসম বিজ্ঞান সমিতিয়ে পাঁচটা খণ্ডত প্ৰকাশ কৰা ‘পা থমিক বিজ্ঞান কোষ ছাত্র-ছাত্রী বিশেষকৈ শিশুৰ উপযোগীকৈ সম্পাদনা কৰি প্ৰকাশ কৰিছে। ড° ভুবনমোহন দাস, ড° ভবেন্দ্ৰনাথ শ‍ইকীয়া আৰু ড শ্যামা প্রসাদ শৰ্মা সম্পাদনাৰ সৈতে জড়িত আছিল। ‘প্রাথমিক বিশ্বকোষ’ৰ প্ৰথম খণ্ড ১৯৬৯চনত, দ্বিতীয় খণ্ড ১৯৭১ চনত, তৃতীয় খণ্ড ১৯৮৩চনত, চতুর্থ খণ্ড ১৯৮৭ চনত আৰু পঞ্চম খণ্ড ১৯৯০ চনত প্ৰকাশ হৈছিল। ‘প্রাথমিক বিশ্বকোষ ‘ত সন্নিবিষ্ট প্ৰবিষ্টিসমূহ সৰল ভাষাত বৰ্ণনা কৰা হৈছে আৰু ছাত্ৰ ছাত্রীয়ে বর্ণানুক্রমিকভাৱে সজোৱা বিজ্ঞানৰ বিভিন্ন বিষয়, উদ্ভাৱন আৰু বিজ্ঞানীৰ বিষয়ে জানিব পাৰে। অসম সাহিত্য সভাই অসমীয়া বিশ্বকোষৰ তিনিটা বিজ্ঞানৰ খণ্ড প্ৰকাশ কৰিছে। অসম সাহিত্য সভাই প্ৰকাশ কৰা শিশু জ্ঞানকোষ’ৰ তিনিটা খণ্ডত বিজ্ঞানৰ বিষয় অন্তৰ্ভুক্ত কৰিছে। প্ৰথম খণ্ডত (১৯৮৪) পৃথিৱী, মানুহ আৰু পৰিৱেশ, দ্বিতীয় খণ্ডত (১৯৮৭), উদ্ভিদ বিজ্ঞান, কৃষি, প্রাণীবিজ্ঞান, চিকিৎসা বিজ্ঞান আৰু তৃতীয় খণ্ডত (১৯৮৯) ৰসায়ন, পদার্থ বিজ্ঞান, ভূতত্ব, জ্যোতির্বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অন্তর্ভুক্ত কৰিছে। 

‘হেমলিন কালাৰ এনছাইক্ল’পীডিয়া’ আৰু শৈলজানন্দ ভঁড়ালীৰ ‘শিশু-জ্ঞানকোষ’ আৰু অসম প্ৰকাশন পৰিষদৰ ‘অসমীয়া বিশ্বকোষ আৰু শান্তনু কৌশিক বৰুৱাৰ ‘অসমীয়া বিশ্বকোষ’ আৰু বাণী মন্দিৰৰ ‘আধুনিক অসমীয়া বিশ্বকোষ’ আদি কেইখনমান বিশ্বকোষ প্রকাশ পাইছে, কিন্তু কেৱল বিজ্ঞানৰ শিশু উপযোগী বিশ্বকোষৰ শাৰীত অসম বিজ্ঞান সমিতিৰ পাঁচটা খণ্ডৰ ‘প্ৰাথমিক বিশ্বকোষ’কহে গণ্য কৰা হয়। তদুপৰি ‘প্রাথমিক বিশ্বকোষ’ কিশোৰ স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবেহে বিশেষ উপযোগী। কোমল বয়সৰ অৰ্থাৎ ৮-৯ বছৰমানৰ শিশুৰ বাবে প্ৰণয়ন কৰা বিশ্বকোষৰ অভাৱ পৰিলক্ষিত হয়।

অসমীয়া বিজ্ঞান কাহিনী : বিজ্ঞানৰ তথ্য আৰু তত্ববোৰ কাহিনীৰ আলমত বৰ্ণনা কৰা প্ৰচেষ্টাক ‘বিজ্ঞান কাহিনী’ কয় বুলি এক ভ্ৰান্ত ধাৰণা আছে। বিজ্ঞান কাহিনী হ’ল বিজ্ঞান আশ্রিত কাল্পনিক কাহিনী বা গল্প। শিশুসকলৰ বাবে এনে বিজ্ঞান আশ্রিত কাল্পনিক কাহিনী বা গল্প। শিশুসকলৰ বাবে এনে বিজ্ঞান কাহিনী বা গল্পৰ সংখ্যা অসমীয়া ভাষাত অতি নগণ্য। শান্তনু তামূলীৰ বিজ্ঞান কাহিনী ‘হে চন্দ্ৰ বিদায়’ (১৯৬৪) শিশুৰ বাবে ৰচনা কৰা প্ৰথম অসমীয়া বিজ্ঞান কাহিনী। ড° বিজয় কৃষ্ণ দেৱ শৰ্মাৰ শিশু উপন্যাস ‘তুলসী তলে মৃগ পহু চৰে’, শান্তনু তামূলীৰ বিজ্ঞান কাহিনী সংকলন ‘মায়ামৃগ’, ড° পদ্মপাণিৰ ‘হার্টিক’(১৯৯২), ৰথীন্দ্ৰনাথ গোস্বামীৰ ‘কিংকিনীৰ বিদ্ৰোহ’ উল্লেখযোগ্য। ড° দীনেশ চন্দ্ৰ গোস্বামীৰ ‘ট্ৰাইটানৰ অভিযান’ (১৯৯১) আৰু ৰুছ বিজ্ঞাণী কাহিনীৰ আধাৰত ৰচনা কৰা শান্তনু তামূলীৰ য়েভগেনি ভেলিটিষ্টভৰ উপন্যাসৰ আধাৰত কৰা ইলেকট্ৰনিক নামৰ ল’ৰাটো (১৯৯৩), শিশু বিজ্ঞান উপন্যাস ইলেকট্রনিক নামৰ ল’ৰাটো’ শিশুসকলৰ মাজত জনপ্ৰিয় অসমীয়া ভাষালৈ শিশু উপযোগী কেবাখনো কালজয়ী উপন্যাসৰ অনুবাদ হৈছে। 

এইচ জি ৱেলছৰ ‘দা ইনভিজিবল মেন’ৰ হেমবালা দাসে কৰা অনুবাদ ‘অদৃশ্য মানৱ’ (১৯৫৬), জুল ভার্নৰ ‘টুৱেন্টি থাউজেণ্ড লীগছ আণ্ডাৰ দা ছি’ৰ বিজয় কৃষ্ণ দেৱ শৰ্মাই কৰা অনুবাদ ‘সাগৰিকা আৰু ড° দীনেশ চন্দ্ৰ গোস্বামীৰ ‘সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ’ (১৯৮৮), জুল ভার্নৰ ফ্ৰম আৰ্থ টু দা মুন’ৰ অনিল কুমাৰ শৰ্মাই কৰা অনুবাদ ‘চন্দ্ৰলোকলৈ’(১৯৬৫), ৰায়হান শ্বাহে আৰ্থাৰ কানান ডয়ালৰ ‘দা লষ্ট ৱৰ্ল্ডৰ অনুবাদ ‘বিলুপ্ত জগত (১৯৭০), জুল ভার্ণব — এ জাৰ্ণি টু দা চেন্টাৰ অৱ দা আৰ্থীৰ এম আব্দুল মজিদ খানে কৰা অনুবাদ ‘ভূগর্ভ অভিযান’, আৰু ড“দীনেশ চন্দ্ৰ গোস্বামীৰ ‘পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান’ (২০০০), জুল ভাৰ্ণৰ ‘এৰাউণ্ড দা ৱৰ্ল্ড ইন এইটি ডেজ’ৰ মহেন্দ্ৰ বৰুৱাই কৰা অনুবাদ (১৯৬২) আৰু সৌৰভ কুমাৰ চলিহাৰ ‘আশী দিনত পৃথিবী ভ্রমণ’ (২০০১), মেৰী ছেলীৰ “ফ্ৰেংকেনষ্টেইন’ব দীনেশ বৈশ্যই কৰা অনুবাদ (১৯৯৩), হেম শৰ্মা অনূদিত আনাতোলি মিত্যায়েভৰ ‘থ্রিস্কা আৰু মহাকাশচাৰী’ (১৯৮৪), মাতা বাৰানোভোর তিয়াকা, বোৰকা দি ৰাকেটা’ৰ অসমীয়া অনুবাদ ‘মহাকাশৰ তাৰকা’ (১৯৯৩), এইচ জি ৱেলছৰ ‘দা বাৰ অৱ দা ৱৰ্ল্ডছ’ৰ অনুবাদ গ্রহযুদ্ধ’ আৰু হৈটি টৈটি, দিলীপ চালাংকিৰ ‘ৰাব্বি মাই ৰবট’ৰ শান্তনু তামুলীয়ে কৰা অনুবাদ ‘ৰাব্বি মোৰ ৰবট’, এইচ জি ৱেলছৰ ‘টাইম মেচিন’ৰ অনুবাদ ‘হিৰন্ময়ী দেৱীৰ ‘সময় যন্ত্ৰ’ (১৯৯৮), সমীক ভৰদ্বাজৰ ‘টাইম মেচিন’ (১৯৯৯) আৰু ক্ষীৰ্ধৰ বৰুৱাৰ ‘সময় যন্ত্ৰ’ (২০০৪), জুল ভার্নব বিজ্ঞান কাহিনীৰ ড” দীনেশ চন্দ্ৰ গোস্বামীয়ে কৰা অনুবাদ ‘কেপ্টেইন গ্রেন্টৰ সন্তান’, জুল ভার্নৰ ‘ফাইভ উইকছ ইন এ বেলুন’ৰ ৰথীন্দ্ৰনাথ গোস্বামীয়ে কৰা অনুবাদ ‘বেলুনত পাঁচ সপ্তাহ’ (২০০০), জুলে ভাৰ্নৰ ৰাউণ্ড দা মুন’ৰ অনিল কুমাৰ শৰ্মাই কৰা অনুবাদ ‘চন্দ্ৰৰ কাষেদি’ (২০০০) আদি উল্লেখযোগ্য। 

শান্তনু তামূলী অনূদিত হৰিকৃষ্ণ দেৱচৰেৰ ঘনজংঘল কম’ (২০০৮), আৰু জুল ভার্নৰ ‘ধূমকেতুত উঠি’ (২০০৮), শেহতীয়াকৈ প্ৰকাশিত দুখন বিজ্ঞান উপন্যাস। এই গ্ৰন্থসমূহৰ কেইবাখনো পৰৱৰ্তী সময়ত বিভিন্ন লেখকে অনুবাদ কৰিছে।

অসমীয়া শিশু বিজ্ঞান-আলোচনী : প্রথম অসমীয়া সংবাদপত্র ‘অৰুনোদই’ (১৮৪৬ খ্ৰীষ্টাব্দ) ৰ পাতত ডাঙৰৰ লগতে শিশু-পঢ়ৱৈৰ বাবেও অনেক লেখনি প্রকাশ পাইছিল। ‘অৰুনোদই’ পঢ়া আৰু সৰু ল’ৰাবিলাকৰ প্ৰতি প্ৰথম ‘প্ৰণই পত্ৰ’ নামেৰে প্রকাশিত চিঠিত অকণিহঁতক সম্বোধন কৰি ‘অৰুনোদই’ পঢ়াৰ বাবে আহ্বান জনাইছিল। কৰুণাভিৰাম বৰুৱাই প্ৰথম অসমীয়া শিশু আলোচনী ‘ল’ৰা বন্ধু’ সম্পাদনা কৰি প্ৰকাশ কৰিছিল। ১৮৮৬ খ্ৰীষ্টাব্দত ‘ল’ৰা-বন্ধু’নগাঁৱৰ পৰা ওলাই দুবছৰকাল বৰ্তিআছিল। ‘‘ল’ৰা-বন্ধু’ৰ মৃত্যুৰ পাছত সুদীৰ্ঘ ২৮ বছৰকাল অসমীয়া ভাষাত দ্বিতীয়খন শিশু আলোচনী প্ৰকাশ হোৱা নাছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱৰ সম্পাদনাত শিশু আলোচনী ‘অকণ’ (১৯১৬ ১৯১৮) প্রকাশ পায়। প্রথম সংখ্যাত কৃষ্ণ দত্ত হাজৰিকাৰ বিজ্ঞানৰ প্ৰবন্ধ ‘সৌৰজগত’ আৰু ডা° শৰৎ চন্দ্ৰ বৰুৱাৰ স্বাস্থ্য বিজ্ঞানৰ ৰচনা ‘ওকণি প্রকাশ পাইছিল। বিভিন্ন বিষয়ৰ প্ৰবন্ধ- পাতিৰ উপৰি ‘অকণ’ৰ পৰৱৰ্তী সংখ্যাবোবত বিজ্ঞান, শৰীৰতত্ত্ব, প্রাণীতত্ত্ব, কৃষি আদি বিষয়ৰ লেখনি প্ৰকাশ, পাইছিল। ক্ষণস্থায়ী ৰঘুনাথ চৌধাৰীৰ ‘মইনা’ (১৯২৩), মহাদেৱ শৰ্মাৰ “অৰুণ’(১৯২৭), তুলসী নাৰায়ণ শৰ্মাৰ ‘আমাৰ দেশ’ (১৯৩২), হৰেন্দ্ৰনাথ শৰ্মাৰ ‘পখিলা’ (১৯৯৩), দীননাথ শৰ্মাৰ ‘পাৰিজাত’ (১৯৪০), বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘ৰংঘৰ’ (১৯৪৮), ইব্রাহিম আলিব ‘কাচিজোন’ (১৯৫১) আদি শিশু আলোচনীসমূহতো বিজ্ঞানৰ লেখনি প্ৰকাশ পাইছিল। 

বিংশ শতাব্দীৰ অসমীয়া শিশু-আলোচনীৰ এটা যুগৰ সৃষ্টি কৰা গৌৰীকান্ত তালুকদাৰ আৰু অতুল চন্দ্ৰ হাজৰিকাৰ সম্পাদিত শিশু আলোচনী ‘দীপক’ (১৯৪৫-১৯৭১খ্ৰীষ্টাব্দ)ত নিয়মীয়াকৈ জীৱ-জগত, উদ্ভিদ জগত, কৃষি, বিজ্ঞান, স্বাস্থ্য বিজ্ঞান আদি বিজ্ঞানৰ বিভিন্ন লিখনি প্ৰকাশ পাইছিল। নৱকান্ত বৰুৱা সম্পাদিত’ জোনবাই’ (১৯৬১-১৯৭০), সুৰেশ চন্দ্ৰ ৰাজখোৱাৰ ‘ৰ’দালি’(১৯৬৯-১৯৭২), জাহিদ চৌধুৰীৰ ‘মইনা’ (১৯৬২), নগেন বৰাৰ জোনৰা’ (১৯৬৬), জনছ মহলীয়াৰ ‘নতুন বেলি’ (১৯৬৭), ভূপেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ‘বাল্যজ্যোতি’ (১৯৬৮), কুমুদ গোস্বামীৰ ‘মুকুতা’ (১৯৮৭), প্রীতি বৰুৱাৰ ‘আকাশ’ (১৯৭৯), হোমেন বৰগোহাঞিৰ সম্পাদনাত ‘কিশোৰ’ আদি অধুনালুপ্ত আলোচনীত শিশু উপযোগী বিজ্ঞানৰ লেখনি প্ৰকাশ পাইছিল। 

১৯৮২ খ্ৰীষ্টাব্দত ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ সম্পাদনাত প্ৰকাশ পায় শিশু-আলোচনী ‘সফুৰা’। ‘সফুঁৰা’ত জীৱ-জগত, প্রাণী জগত, ভূগোল আদি বিষয়ৰ লেখনি প্ৰকাশ পাই আহিছে। ‘সফুঁৰা’ত বিজ্ঞানৰ লেখনিৰ সংখ্যা বাঢ়ি অহা পৰিলক্ষিত হৈছে। শান্তনু তামূলীৰ সম্পাদিত শিশু আলোচনী

‘মৌচাক’ (১৯৮৪) ধাৰাবাহিকতা ৰক্ষা কৰি প্ৰকাশ হৈ আছে। ‘মৌচাক’ত শিশু-সাহিত্য চহকী কৰাৰ লগে লগে অসমীয়া শিশু-বিজ্ঞান সাহিত্যও সমৃদ্ধ কৰি আহিছে প্ৰয়াত ডাঃ নগেন দত্ত আৰু ডাঃ কিৰণ তামূলীৰ স্বাস্থ্য বিজ্ঞানৰ শিতান, পৰিবেশবিদ ডাঃ ৰবীন বেনাৰ্জীৰ ধাৰাবাহিক আত্মজীৱনী ৰবীন পখীৰ কাকলি’, শান্তনু তামূলী আৰু ৰথীন্দ্ৰনাথ গোস্বামীৰ বিজ্ঞানৰ বিভিন্ন লেখা উল্লেখযোগ্য।

১৯৬১ চনত অসম বিজ্ঞান সমিতিয়ে ‘বিজ্ঞান জেউতি’ৰ প্ৰকাশ আৰম্ভ কৰে। ‘বিজ্ঞান জেউতি’ শিশু আলোচনী নহয় যদিও স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া শিতান আছে। অসম বিজ্ঞান সমিতিৰ কেবাখনো শাখাই নিজাববীয়াকৈ আকৌ চেগা-চোৰোকাকৈ বিজ্ঞান আলোচনী প্ৰকাশ কৰি আহিছে। অসম বিজ্ঞান সমিতিৰ ডিব্ৰুগড় শাখাৰ পৰা ড° পৰমা মহন্তৰ সম্পাদনাত ‘জন-বিজ্ঞান’ (১৯৮২-১৯৮৫) নামৰ লোকপ্ৰিয় বিজ্ঞানৰ বাতৰি কাকত এখনো প্রকাশ পাইছিল। দীনেশ বৈশ্য আৰু জ্যোতি ফুকনৰ সম্পাদনাত ‘জ্ঞান-বিজ্ঞান’ (১৯৯০) নামৰ ‘পৰিয়ালৰ সকলোৰে বাবে বুলি প্ৰকাশ পাইছিল। ড° দীনেশ চন্দ্ৰ গোস্বামীৰ সম্পাদনাত ১৯৮৫ খ্ৰীষ্টাব্দত দুমহীয়া বিজ্ঞান পত্রিকা ‘দৃষ্টি’ প্রকাশ পায়। উল্লেখিত বিজ্ঞান আলোচনীসমূহৰ “উপৰি কৃষি, গণিত, ভূগোল, পদার্থ বিজ্ঞান আৰু স্বাস্থ্য বিষয়ক আলোচনী প্ৰকাশ পাইছিল।

কেৱল শিশুৰ বাবে প্ৰকাশিত অসমীয়া বিজ্ঞান আলোচনীখন হ’ল শান্তনু তামূলী সম্পাদিত ‘নতুন আৱিষ্কাৰ’। ১৯৮৮চনৰ পৰা প্ৰতি মাহে প্ৰকাশ পাই থকা ‘নতুন আৱিষ্কাৰ’ একুৰি বছৰ পূৰ্ণ কৰাৰ পথত। ‘নতুন আৱিষ্কাৰ’ ত বিজ্ঞানৰ বিভিন্ন ধাৰাৰ ন ন উদ্ভাৱন আৰু গৱেষণাৰ শেহতীয়া প্রগতি সম্পর্কে শিশুসকলক তেওলোকৰ বোধগম্য হোৱাকৈ উপস্থাপন কৰা হয়। ‘নতুন আৱিষ্কাৰ’ত বিশ্ব বিশ্ৰুত কেবাখনো বিজ্ঞান কাহিনীৰ সাৱলীল অনুবাদ ধাৰাবাহিকভাৱে প্ৰকাশ পাইছে। এনে কেবাখনো উপন্যাস গ্রন্থ আকাৰে পাছত প্ৰকাশ পাইছে। ‘নতুন আৱিষ্কাৰ’ত প্ৰকাশিত প্ৰবন্ধৰ কেবাখনো সংকলন ইতিমধ্যে প্রকাশ পাইছে। তাৰ ভিতৰত বিজয় কৃষ্ণ দেৱ শৰ্মাৰ ‘ৰসায়নৰ কাহিনী’ আৰু শান্তনু তামূলীৰ ‘আকাশ-মহাকাশ’ উল্লেখযোগ্য। ‘নতুন আৱিষ্কাৰ’ত শান্তনু তামূলী, ড° মানৱজ্যোতি বৰদলৈ, ড° মন্টু ভূঞা, অভিজিত শৰ্মা বৰুৱা, ডাঃ কিৰণ তামূলী আদি লেখকৰ বিজ্ঞান বিষয়ক লেখা উল্লেখযোগ্য।

শিশু উপযোগী বিজ্ঞান সাহিত্যৰ প্ৰকাশন প্রতিষ্ঠান 

ক. নেশ্যনেল বুক ট্রাষ্ট, ইণ্ডিয়া : নেশ্যনেল বুক ট্রাষ্ট, ইণ্ডিয়াই ‘নেহৰু বাল পুস্তকালয়’ শিতানত অসমীয়া ভাষালৈ শিশু বিজ্ঞান-সাহিত্যৰ যথেষ্ট সংখ্যক কিতাপ অনুবাদ কৰিছে। বৰ্তমানলৈকে দুশৰো অধিক কিতাপ প্ৰকাশ কৰিছে আৰু প্ৰায় ৪০খন কিতাপ বিজ্ঞান বিষয়ৰ। কিতাপসমূহ সচিত্ৰ, উচ্চমানৰ আৰু বিভিন্ন বিষয়ৰ। বন্যপ্ৰাণী, গছ-গছনি, জ্যোতির্বিজ্ঞান, কীট-পতংগ, সৰীসৃপ, ডাইনোছৰ, উদ্ভাৱন, মহাকাশ অভিযান, ববট, শৰীৰ, প্ৰদূষণ, শস্য, নদী, পানী ইত্যাদি বিষয়ৰ ওপৰত অভিজ্ঞ লেখকৰ দ্বাৰা সহজ-সৰল ভাষাত লিখিত আৰু অনূদিত। এনে কেইখনমান উল্লেখযোগ্য কিতাপ হ’ল- ‘আমাৰ সূৰ্য্য’, আমাৰ এই ধৰাখন’, ‘আমাৰ নদ-নদী’, ‘আমাৰ লাগতিয়াল গছ-গছনি’, ‘আমাৰ শৰীৰ’, ‘ইহঁতৰ জগতখন’, ‘কাছ আৰু কুম্ভীৰ’, ‘গছৰ জগৎ’, ‘গৰুগাড়ী আৰু উপগ্ৰহ’, ‘চাহ সংক্রান্ত এটি কাহিনী’, ‘চিৰিয়াখানা চাবা আহাঁ’, ‘তেজৰ কাহিনী’, ‘ধানৰ কাহিনী’, ‘পখী জগত’, ‘পতংগৰ বিচিত্ৰ জগত’, ‘পানী’, ‘পৃথিৱী’, ‘পৃথিৱী সলনি কৰা আৱিষ্কাৰসমূহ’, ‘প্রদূষণ’, ‘বন্যপ্রাণী সংৰক্ষক এজনৰ দুঃসাহসিক কাৰ্য, ‘বাঘৰ মাহীয়েক মেকুৰী’, ‘বিশ্বলোক যাত্রা’, ‘মহাজাগতিক উপহাৰ’, ‘মোৰ বট বাব্বী’, ইত্যাদি: ‘আমাৰ গছজোপা’, ‘আমাৰ কথা’, ‘এয়া মোৰ কথা’, ‘কাউৰীৰ কথা’, ‘গছনো কি?’, ‘নেজ’, ‘বেলুন’, ‘ৰঙৰ বাবে ৰহণীয়া খেল’ আদি কেইখনমান কেৱল ৰঙীণ ছবিৰ কিতাপ আখৰৰ সৈতে চিনাকি নোহোৱা শিশুৰ বাবেও বিজ্ঞান বিষয়ৰ কিতাপ প্রকাশ কৰিছে।

খ. অসম বিজ্ঞান সমিতি : ১৯৫৩ চনত স্থাপন হোৱা ‘অসম বিজ্ঞান সমিতিয়ে’ ১৯৬১ চনত বিজ্ঞান আলোচনী ‘বিজ্ঞান জেউতি’ আৰু ১৯৬৪ চনৰ পৰা জনপ্ৰিয় বিজ্ঞানৰ কিতাপ প্ৰকাশ কৰিবলৈ লয়। বৰ্তমানলৈকে অসম বিজ্ঞান সমিতিয়ে অসমীয়া ভাষাত প্ৰায় ১৩০খন বিজ্ঞানৰ জনপ্ৰিয় কিতাপ প্ৰকাশ কৰিছে। তাৰ ভিতৰত হৰেন্দ্ৰ কুমাৰ কলিতাৰ ‘আকাশৰ কথা’, অমৰ দত্তৰ ‘শিশু বৈজ্ঞানিকৰ ঘৰুৱা কাৰখানা’ আৰু ‘পানীৰ কথা’, শান্তনু তামূলীৰ ‘সৰীসৃপ’, ক্ষীৰধৰ বৰুৱাৰ ‘আকাশীযানৰ কথা’, ডিম্বেশ্বৰ চলিহাৰ ‘চৰাই’, ড° সোণেশ্বৰ শৰ্মাৰ ‘নীলিম সলিল ৰাশি’, দীনেশ চন্দ্ৰ গোস্বামীৰ ‘মানুহ আৰু মহাকাশ’ আৰু ‘শব্দ’ আৰু ‘আমাৰ’ বেলিটো’, পুণ্ডৰীকাক্ষ ভঁৰালীৰ ‘ধেমালিৰ ছলেৰে বিজ্ঞান’, দীনেশ বৈশ্যৰ ‘বায়ু আৰু পানী’, আনন্দদেৱ গোস্বামীৰ ‘ফুলৰ উ’-কাৰ সৰিল’, বসন্ত ডেকা সম্পাদিত ‘কি কিয় কেনেকৈ, ‘প্রাথমিক বিজ্ঞান কোষ’ৰ পাঁচটা খণ্ড, নাৰায়ণ ভৌমিকৰ ‘সাপৰ পৰিচয়’, ৰমেশ চন্দ্ৰ গোস্বামীৰ ‘চিনাকি বস্তুৰ ভিতৰৰ কথা’, ড° গুৰুপ্ৰসাদ পাটগিৰিৰ ‘লুই পাষ্টুৰ’, ড° অখিল কুমাৰ ডেকাৰ ‘বিজ্ঞানৰ পৰীক্ষা’, ড° শ্যামা প্ৰসাদ শৰ্মাৰ ‘গল্পৰ ছলেৰে বিদ্যুৎ প্ৰৱাহ’, ড° অখিল কুমাৰ ডেকাৰ ‘বিজ্ঞান পৰীক্ষা’, জেছিম হাজৰিকাৰ ‘আজিৰ মেজিক কাইলৈৰ বিজ্ঞান’, চাকিল জামানৰ ‘দহগৰাকী বিজ্ঞানী’, ড° সুৰেশ ডেকাৰ ‘দূৰ অতীতৰ হেৰোৱা জীৱ’, ড° প্ৰদীপ কুমাৰ দাসৰ ‘সমুদ্ৰৰ কথা’, ক্ষীৰধৰ বৰুৱাৰ ‘ৰসায়নৰ ৰসাল পৰীক্ষা’, ড° যজ্ঞেশ্বৰ হাতীবৰুৱাৰ দূৰবীক্ষণ আৰু অণুবীক্ষণ’, ড° অৱনী কুমাৰ ভাগৱতীৰ ‘ভূগোল শিকো আহাঁ’, উৎপল দত্তৰ ‘আমাৰ পৰিৱেশ’ আদি শিশু উপযোগী বিজ্ঞান সাহিত্য।

অসম সাহিত্য সভা, অসম প্ৰকাশন পৰিষদ, ষ্টুডেন্টচ্ ষ্ট’ৰছ, মৌচাক প্রকাশন, পুথিতীর্থ প্রকাশ মিত্র এজেন্সি, জ্যোতি প্রকাশন, বনলতা, লয়াছ বুক ষ্টল, শিশু সাহিত্য ন্যাস, আদি প্রকাশন প্রতিষ্ঠানসমূহে শিশু বিজ্ঞান সাহিত্যলৈ অৱদান আগবঢ়াইছে।

সামৰণি : জনপ্রিয় বিজ্ঞানৰ গ্ৰন্থ একোখনে বিজ্ঞানৰ অগ্ৰগতি আৰু জ্ঞান সম্পর্কে। পঢ়ুৱৈক অৱগত কৰে। কিছুমান জনপ্রিয় বিজ্ঞান গ্ৰন্থৰ নিজস্ব এক জীৱনকাল থাকে আৰু এটা সময়ত তেনে অনেক অমূল্য গ্রন্থ এলাগী হৈ পৰে। গতিকে জনপ্রিয় বিজ্ঞানৰ গ্ৰন্থসমূহৰ বিষয়বস্তু সময়ে সময়ে সংশোধন আৰু নকৈ লিখাৰ প্ৰয়োজন। কিন্তু বাস্তৱক্ষেত্ৰত তেনে হোৱাতো দেখা নাযায় আৰু সম্ভৱপৰো নহয় । 

জীৱনী আৰু বিজ্ঞানৰ ইতিহাস সম্পৰ্কীয় গ্ৰন্থৰ বাহিৰে বিজ্ঞানৰ অন্যান্য বিষয়ৰ গ্ৰন্থসমূহৰ প্ৰকাশকাল আৰু তথ্যৰ সত্যতাক সময়ৰ ব্যৱধানত পর্যালোচনা কৰি চোৱাৰো আৱশ্যক। শিশুৰ বাবে ৰচনা কৰা বিজ্ঞান সাহিত্যৰ ক্ষেত্ৰত লেখকসকল এই দিশত বিশেষভাৱে সজাগ হোৱা বাঞ্জনীয়, যাতে বিজ্ঞান সাহিত্য ত্রুটিহীন হয়।

১৪। সাম্প্রতিক অসমীয়া কবিতাৰ সম্পৰ্কে তোমাৰ মতামত আগবঢ়োৱা?

উত্তৰঃ ঐতিহ্য আৰু পৰম্পৰা প্ৰতিটো জাতিৰ সাহিত্যৰ এৰাব নোৱাৰা সম্পদ। ইয়াৰ আধাৰতে সেই জাতিৰ সাহিত্যৰ প্ৰাণৰ শক্তিধাৰা প্রবাহিত হয়। সাহিত্যৰ প্ৰতিটো বিভাগতে

এই সত্ত্বাৰ স্থিতি, গতি আৰু প্ৰসাৰ সূক্ষ্মভাৱে অনুধাৱন কৰিবলগীয়া বিষয়। এনে ধৰণৰ চিন্তা-চৰ্চাৰ, ধ্যান-ধাৰণাৰ লগত সমকালীন চৌদিশৰ ধ্যান-ধাৰণাৰ, চিন্তা-চেতনাৰ যি সামাগ্ৰিক বাতাবৰণ তাৰ প্রভাৱে সাহিত্যৰ মাজত সোমাই পৰে। আধুনিক সাহিত্যৰ কবিতাৰ ক্ষেত্ৰখনতো বিশ্বসাহিত্যৰ সামগ্ৰিক ৰূপান্তৰ যি বাহ্যিক আৰু অন্তৰ্নিহিত আলোড়ন তাৰ প্ৰভাৱ পৰিছে। পূৰ্বৰ ৰোমান্টিক ধ্যান-ধাৰণাৰ সৰ্বস্ব উজাৰি দিয়া কাল্পনিক মানসিকতা বহু পৰিমাণে নান্দনিক গুণৰ বাবে প্ৰয়োজনীয়খিনি ৰাখি কবিতাৰ বাহ্যিক অবয়বৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা কৰা হৈছে আৰু তাৰ ঠাইত সামাজিক প্রগতি আৰু কল্যাণবোধৰ আধাৰত মানৱীয় আন্তৰিকতাৰে সকলো কথা অগ্রাধিকাৰৰ ভিত্তি জুখি-মাখি চোৱাৰ প্ৰয়াস কৰা হৈছে। বিশ্বসাহিত্যত ইতিমধ্যে সৃষ্টি হোৱা এই ভাবধাৰা আধুনিক অসমীয়া কবিতালৈ বোৱাই অনাত ব্যক্তিসত্ত্বাতকৈ এখন আলোচনীহে যেন প্রথম স্থান পোৱাৰ যোগ্য এনে ভাবো মনলৈ নহাকে নাথাকে। অৱশ্যে এই কথাও নিঃসন্দেহে সত্য যে আলোচনীৰ অন্তৰালত একো একোজন ব্যক্তিয়ে থাকে।

আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰখনত জয়ন্তীৰ অৱদান অগ্রগণ্য; আধুনিক অসমীয়া কবিতাৰ আনুষ্ঠানিক বাটকটীয়া ‘জয়ন্তী’ আলোচনী জয়ন্তী যুগৰ এই কবিতাত সামাজিক চেতনাই প্রথম অগ্রাধিকাৰ লাভ কৰে ১৯৪৩ চনত কমল নাৰায়ণদেৱ আৰু চক্ৰেশ্বৰ প্ৰকাশ পোৱা নতুন জয়ন্তীয়ে মানুহ কল্যাণৰ কথা, সমস্যাৰ অনুভৱ আৰু বিচার-বিশ্লেষণৰ কথাক প্রধানভাৱে উপস্থাপন কৰি কবিতাৰ ক্ষেত্ৰত এক ভাবিব নোৱাৰা ৰূপান্তৰ আনে। এই সম্পর্কক হেম বৰুৱাদেৱৰ এটা উদ্ধৃতিক প্রাসংগিকভাৱে প্ৰয়াস কৰা হ’ল— The gayanti era in our literature is historically significant, it marked a protest and registered a departure from the tra ditionalist romantic ideals to the preceding era. The poetry was critical, Socially Conscious and as traditionalist would sy, anarchic in technique and subject matter, but to be fair it was the poetry of human valures realised and expressed with a conscience.’ যুদ্ধই অনা ভয়াৱহতা, দেশৰ স্বাধীনতাৰ বাবে হোৱা ৰাজনৈতিক সংগ্ৰাম, সামাজিক আন্দোলনৰ অৰ্থনৈতিক বুনিয়াদৰ প্রথম সচেতন উপলব্ধিৰ চিন্তাৰ সংঘাতত ডেকা কবিসকলৰ মোহমুক্তিৰ উপক্ৰম হ’বৰ সময়তে সমাজ মানসৰ কাব্যিক প্রতিফলন দেখা পাওঁ জয়ন্তীৰ পাতত।

পৰৱৰ্তী সময়ৰ পঞ্চাশৰ দশকত ‘ৰামধেনু’ আলোচনীয়ে আধুনিক অসমীয়া কবিতালৈ ভিন্ন ক্ষেত্ৰত চিন্তাধাৰৰ প্ৰগতিৰ সূচনা কৰে। মূলত : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত সুদীৰ্ঘকাল প্ৰকাশ পোৱা ৰামধেনুৰ সময়ছোৱাত সামাজিক পটভূমিৰ আমূল পৰিৱৰ্তন ঘটিছে। সামাজিক বাতাবৰণ বহু পৰিমাণে সলনি হৈছে। সামাজিক চেতনা ব্যক্তিগত চেতনালৈ ৰূপান্তৰ হোৱাৰ ফলত সামাজিত চিন্তা-চেতনা প্ৰকাশত গুণগত, প্রকৃতিগত পৰিৱৰ্তন সাধিত হৈছে। আত্মসচেতনতাবোধ ঘটিছে আৰু তাৰ লগতে সাহিত্যৰ মূলগত সত্য নন্দনতাত্বিক দিশৰ প্ৰতি ৰামধেনুৱে বিশেষ গুৰুত্ব দিছে। স্পষ্ট, বলিষ্ঠ সামাজিক চেতনাক ৰামধেনুৱে পৰিৱেশাধন প্ৰক্ৰিয়াৰ মাজেৰে নতুৰ ৰূপত প্ৰকাশ কৰিছে. প্ৰগতিবাদী চিন্তাধাৰাক সুস্থ আৰু মাৰ্জিত ৰূপত প্ৰকাশ কৰিবলৈ ‘ৰামধেনু’ আলোচনী যত্নপৰ হৈছে আৰু আনহাতে জয়ন্তীৰ স্পষ্ট, বলিষ্ট সামাজিক চেতনা ৰামধেনুৱে পৰিশোধন প্ৰক্ৰিয়াৰ মাজেৰে নতুন ৰূপত প্ৰকাশ কৰাত কবিতাই সৌকুমার্য লাভ কৰিছে। বাস্তববাদী চিন্তাধাৰৰ আধৰতে মানৱতাবাদী কণ্ঠস্বৰ ধ্বনিত হৈছে। 

মানুহৰ হৃদয়ৰ আতস্বৰ কবিসকলে শুনিছে অথচ কবিতাৰ বাবে কলাৰ বাবে, প্রয়োজনী সাত্ত্বিক অনুভবো হৃদয়ত ৰাখিছে। লোক জীৱন স্পৰ্শত কবিতাই পাঠকৰ অধিক ওচৰ চাপিবলৈ যত্ন কৰিছে। শোষণ-নিস্পেষণৰ ছবি কবিতাত মূৰ্তহৈছে অধিক প্ৰতীকাত্মক ৰূপত। বিষয়বস্তু আৰু আংগিত দুয়োটা দিশতে পৰীক্ষা-নীৰিক্ষাৰ পথ মুকলি হৈছে আৰু সাহিত্যৰ অতি প্ৰয়োজনীয় আৰু আকর্ষণীয় সমল হিচাপে কবিতা চিহ্নিত হৈছে।

ৰামধেনুৰ পৰৱৰ্তী কালত (ৰামধেনু ১৯৫০ চনৰ পৰা ১৯৬৭ চনলৈ নিয়মীয়া) কবিতাৰ গতি, প্রকৃতি, বিষয়, আংগিক আবেদন মাধুর্যৰ বহু পৰিমাণে গুণগত পৰিৱৰ্তন ধৰা পৰিছে। পটভূমিৰ অভাৱনীয় পৰিৱৰ্তন হোৱা নাই; সাধাৰণ পৰিৱৰ্তনহে হৈছে। আনহাতে কিন্তু আংগিক আৰু বিষয়বস্তুৰ এই সময়ত সম প্রাধান্য দিবলৈ কবিসকলে যত্নপৰ হৈছে। কবিতাৰ ক্ষেত্ৰত আত্মসচেতনাবোধ বাঢ়িছে। সুকুমাৰ সৌন্দৰ্যক কবিতাৰ প্ৰাণ বুলি কবিসকলে হৃদয়ত বিশ্বাসেৰে লৈছে। ভাষাৰ ক্ষেত্ৰতো মাৰ্জিত অর্থবহ ৰূপক কবিসকলে ব্যৱহাৰ কৰিবলৈ প্ৰয়াস কৰিছে। কবিতাত মননশীলতাই প্রাধান্য লাভ কৰাৰ লগতে অনুভূতিৰ গভীৰতাও লক্ষণীয় বিষয় হৈ পৰিছে। চিন্তাধাৰা বহু পৰিমাণে সু-সংবদ্ধ হৈছে। চিত্ৰকল্প আৰু প্ৰতীকে, কবিতাৰ হৃদয়ত সিংহাসন লাভ কৰিছে মন আৱেগৰ বাহক নহৈ পৰ্যবেক্ষণকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে। এনেদৰে ৰামধেনুৱে সৃষ্টি কৰা বাস্তৱবাদী ধাৰাই কিছু পৰিমাণে পৰিৱৰ্তন আৰু পৰিমাৰ্জন লাভ কৰি এটা নিটোল ৰূপ লাভ কৰিছে। 

সত্তৰ আৰু পৰৱৰ্তী দশক সমূহত কবিতাই মানুহৰ সুখ-দুখ হৃদয়ৰ অনুভূতি উপলব্ধি কৰিবলৈ। এককক সমস্যাতকৈ খণ্ড খণ্ড জীৱন-চিত্ৰ, সমস্যাৰ পটভূমি আৰু পৰিস্থিতি অৱলোকন কৰি বহুধা বিভক্ত মানৱীয় চৰিত্ৰৰ ৰূপৰেখা কৰিবলৈ প্ৰযত্ন হৈছে। এনেদৰে স্বাধীনতাৰ প্ৰাককালৰ পৰা কুৰি শতিকাৰ শেষ বছৰটোলৈ অৰ্থাৎ সামগ্ৰিকভাৱে কুৰি শতিকাৰ পাঠকৰ মনত দুৰ্বোধ্য বুলি এক প্রচ্ছায়াত আগতীয়াকৈ লাভ কৰি বাস্তৱবাদী দৃষ্টিভংগীৰে কৰি মানুহৰ হৃদয়ৰ কথা, সমাজ জীৱনৰ আৰ্থসামাজিক জীৱনধাৰাৰ কথা, লোকজীৱনৰ সম্পদসমূহক বিষয় আৰু আংগিক দুয়োটা ক্ষেত্ৰতে ভিতৰুৱা কৰিবলৈ মাটি আৰু মানুহৰ সু-সমন্বয়ত জাতীয় জীৱন চিত্ৰণৰ ৰূপৰেখা হৈ অগ্ৰসৰ হৈছে। এইটো কথাও বোধহয় সত্য যে কবিতাৰ মূল সত্ত্বা এই সময়ছোৱাত সলনি হোৱা নাই। স্বাধীনতাৰ পৰৱৰ্তী কালত সমস্যাৰ স্বৰূপ কিছু সলনি হৈছে, অর্থনৈতিক প্রগতি কেতিয়াবা কিছু স্থবিৰ, কেতিয়াবা ত্বৰান্বিত হৈছে, বিশ্বায়নৰ প্রভাৱ, ভোগবাদী প্ৰৱণতা, প্ৰযুক্তিৰ অভাৱনীয় বিকাশ ইত্যাদি ইত্যাদি কাৰকবোৰে কবিতাৰ ক্ষেত্ৰখনত আলোড়ন তুলিছে যদিও, কোৱাৰ ধৰণো কিছু সলনি হৈছে যদিও মানুহৰ কথা কোৱাৰ বাবে সকলো সময়তকেবিসকল ব্যস্ত থকা বাবে আৰুঅভাবনীয় কোনো দুর্যোগ বা সুযোগৰ কাৰকে ইন্ধন নোযোগোৱা বাবে কবিতাই সময়ৰ আক্ৰমণত যিখিনি পৰিৱৰ্তন হ’ব লাগে তাতেই ক্ষান্ত থাকি নিজৰ স্বৰূপ ঘোষণা কৰিছে।

সময়ৰ দিশৰ পৰা এটা নতুন শতিকাৰ এটা দশক শেষ হোৱাৰ উপক্ৰম হৈছে। এটা নতুন শতিকাৰ আধাৰভূমিত কুৰি শতিকাৰ কবিতাৰ কিবা যে এক আমূল পৰিৱর্তন একৈশ শতিকা পোৱাৰ লগে লগে হৈছে সেই কথা ক’ব নোৱাৰি। কবিতাৰ ক্ৰম বিৱৰ্তনত যি ৰূপান্তৰ অৱশ্যম্ভাৱী সেইখিনি নিশ্চয় সম্ভৱ হৈছে। আনহাতে কবিতাক জনমুখী, জন দৰদী কৰাৰ এক সচেতন প্রয়াসো লভ্য নকৰাকৈ নাথাকে।

এটা সময়ত আছিল যি সময়ত কাব্য সমালোচনাৰ ধাৰাত দুটা ধাৰা সমালোচকসকলে প্ৰধানকৈ লক্ষ্য কৰিছিল— 

(১) সমাজবাদী, বাস্তৱবাদী ভাৱধাৰা আৰু আনটো।

(২) নব্য ৰোমান্টিক ভাৱধাৰা। 

একাংশ কবিয়ে সমাজমুখী, গগণমুখী, বাস্তৱ জীৱনচৰ্চাক মূল বিষয় হিচাপে লৈ মানৱীয় কল্যাণৰ প্ৰয়াস কৰিছিল আৰু আন এটা দলে জীৱনৰ সমস্যাক সন্মুখত নাৰাখি এনে ধৰণৰ সত্যৰ সন্ধান কৰিছি যাৰ স্বৰ্গীয়, সাত্ত্বিক অনুভূতিয়ে জীৱনক, হৃদয়ক বিমল আনন্দ দান কৰিছিল। অন্তৰালত অৱশ্যে দুয়ো দলৰে আছিল মানুহৰ চকুৰ নিষ্প্রভ চাৱনি আঁতৰাই সপ্রতিভ, উজ্জ্বলময়, মানৱীয় জ্যোতিৰ সন্ধান দিয়া। এই দুটা ধাৰাত কবিতাসমূহ প্ৰধানকৈ বিচাৰ কৰিচোৱা হৈছিল। কিন্তু আশী আৰু নব্বৈৰ দশকমানৰ পৰা কবিতাক এনেধৰণৰ মাত্ৰ দুটা ধাৰাত বিচাৰ কৰা কঠিন হৈ পৰিল। আজিৰ কবিয়ে জীৱনৰ সামগ্ৰিক ৰূপৰ সন্ধান কৰাতকৈ খণ্ডিত ৰূপৰহে চিত্র অঁকাৰ প্ৰয়াস কৰে। বাহ্যিক সমস্যাতকৈ আজিৰ কবিৰ মননশীল পর্যবেক্ষণহে যেন মূল কথা। ক’বলৈ গ’লে মসাজৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত পদাৰ্থৰ অণু-পৰমাণুৰ দৰে সূক্ষ্ম দিশসমূহৰ, পৰিস্থিতিসমূহৰ আৰু মানৱীয় সত্ত্বাৰ সেই পৰিস্থিতিত সৃষ্টি হোৱা গভীৰ অন্তদৰ্শনৰপ্ৰকাশ ঘটিছে সাম্প্রতিক কবিতাত। আধুনিক কবিতাৰ আলোচনাত ড° মহেশ্বৰ নেওগে ‘সঞ্চয়ন’ কাব্য গ্ৰন্থৰ পাতনিত এনে ধৰণৰ মন্তব্য আগবঢ়াইছিল যে জগতৰ উন্মুক্ত বায়ু লগাকৈ সকলো দুৱাৰ খিৰিকী মেলি থোৱা সাম্প্ৰতিক কবিতাৰ ধৰ্ম। 

কুৰি শতিকাৰ আশীৰ দশকমানৰ আগলৈ কবিতাৰ ক্ষেত্ৰখনৰ দৃষ্টিৰ আধাৰত তেখেতে কৰা এই মন্তব্যৰ লগত এনে ধৰণৰ কথাও সংযোগ কৰিবলৈ মন যায় যে সাম্প্ৰতিক কালৰ কৰিসকলে বাহিৰৰ দুৱাৰ খিৰিকীতকৈ মনৰ বিন্দু হেন সুৰুঙাৰে জীৱন সমাজ, চিন্তা আৰু ধ্যান ধাৰণাক জুখি চায়। আজিৰ কবিয়ে একোটা নির্দিষ্ট দর্শন বা চিন্তা দৰ্শন লৈ কবিতা ৰচনা নকৰে, সময়ে সময়ে সৃষ্টি কৰা প্ৰতিটো পৰিস্থিতিৰ আধাৰত পল অনুপল জীৱনক, সমস্যাক জিভাত চাকি চায় আৰু উপলব্ধি কৰা অনুভৱী সত্যক ৰূপায়িত কৰে। সমাজক নির্মোহভাৱে বিশ্লেষণ কৰাৰ শক্তি আৰু বোধ এই কবিসকলৰ আছে।

একৈশ শতিকাৰ প্রথম দশকটোৰ কবিতা সম্পৰ্কত, কবিতাৰ ক্ষেত্ৰখনত দৃষ্টি দিলে কেইটিমান বিশেষ তাৎপর্যপূর্ণ দিশ উন্মোচিত হয়।আমাৰ বোধেৰে তিনিটা প্ৰজন্মৰ সমাহাৰ ঘটিছে, এই দশকৰ কাব্য ক্ষেত্ৰখনত। স্বাধীনতাৰ প্ৰাক কালত জন্ম লাভ কৰা কেইগৰাকীমান কবিয়ে এই দশকৰো কবিতা ৰচনা কৰি আধুনিক বা সাম্প্রতিক কবিতাক সবল আৰু শক্তিমান কৰি ৰাখিছে। ‘ৰামধেনু’ আৰু তাৰ পৰৱৰ্তী সময়ৰে পৰা কাব্য চৰ্চা কৰি এতিয়ালৈ কলম স্থবিৰ নকৰা কবিসকলৰ মাজত আছে কবি নলিনীদৰ ভট্টাচাৰ্য, হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন, হীৰেন্দ্ৰ নাথ দত্ত, হৰেকৃষ্ণ ডেকা আদি কেইগৰাকীমান কবি। পঞ্চাশৰ দশকৰ শেষ আৰু ষাঠি দশকৰ আগভাগতে বাস্তৱবাদী, মানৱতাবাদী সবল কন্ঠস্বৰ কবিতাৰ মাজেৰে ধ্বনিত কৰা কবি নলিনীধৰ ভট্টাচার্যই সাম্প্রতিক সময়তো স্বদেশ আৰু স্বজাতিৰ, সামগ্ৰিকভাৱে মানুহৰ কল্যাণৰ বাবে ভাব আৰু ভাষাৰ সাৰ্থক সমন্বয়ৰ মানুহৰ ভৱিষ্যতৰ উজ্জ্বল ৰূপ সৃষ্টিৰ যি সাত্ত্বিক, অবিৰত সন্ধান কৰিছে সেয়া এই দশকটোৰ কবিতাৰ বিশ্লেষণৰ অন্যতম তাৎপর্যপূর্ণ দিশ। 

কংসৰ ৰাতি

পুতনাৰ ক’লা স্তনদুগ্ধ পি থৰ লাগে স্বপ্ন শিশু

তাই কি যাদুকৰি

কাঢ়ি নিয়ে মোৰ হৃদয়ৰ ফুল, মগজুৰ এটা চাকি        

নেজানিলোঁ, মই নেজানিলোঁ

এতিয়া মাথোন কেউফালে ভয় 

দাপোন দেখিছোঁ কেৱল ক্ষয় 

তথাপি বতাহজাকে আহি মোৰ কাণে কাণে কয় 

চোৱা চোৱা লুইত আজিও নিৰৱধি সাগৰলে বয়। 

(হাড়ৰ দাপোণত)

আন এগৰাকী কবি হীৰেন ভট্টাচার্য। সাম্প্রতিক কালতো অলপো মনৰ জিৰণী নোলোৱাকৈ কবিতাৰ সাধনা কৰি কবিতাক চৰম উৎকর্ষ দান কৰিবলৈ কবি হীৰেন ভট্টাচাৰ্যই কৰা সাধনা একৈশ শতিকাৰ এই দশকৰ আন এক গুৰুত্বপূৰ্ণ কথা। ক’বলৈ গ’লে অসমীয়া কবিতাত হীৰেন ভট্টাচার্য এনে এক সুকীয়া প্ৰতিভা যাৰ কবিতাত উপলব্ধ হয়, সুকীয়া নান্দনিক ছন্দ, জীৱনবোধৰ কোমলতা ভাবৰ মাধুৰ্য আৰু ছন্দৰ গীতি মাধুৰ্য। কবি নলিনীধৰ ভট্টাচার্যৰ দৰে কবি হীৰেন ভট্টাচাৰ্যই শাৰদীয় উৎসৱৰ সংখ্যা গৰিয়সী (২০১০)ত ৰচনা কৰিছে এটি সাবলীল, মনোৰম কবিতা ।

মই বহু দূৰ পামগৈ

নৈৰ ভৰা শৰীৰেৰে বাজি উঠিছে বোধৰ শংখ 

পাল তুৰি দিছে নাৱৰীয়াই 

নাও মোৰ শাওনৰ ঢৌ ভাঙি গৈ আছে কোনোবা মোহনাঘাটেৰে

বতাহত নিঢালে উৰিছে চিলা যেন ৰঙা পালখন।’ 

(পাল তৰা নাওখন)

বিৰামহীন কাব্যৰ্চ্চাৰে আধুনিক অসমীয়া কবিতাক প্রতীক চিত্রকল্প আৰু অভিনৱ ব্যঞ্জনাৰে কল্লোলিত কৰা নীলমণি ফুকনৰ কাব্য সাধনা এই দশকৰ তৃতীয়টি সমগুৰুত্বপূৰ্ণ তাৎপৰ্যমূলক ঘটনা। সাম্প্ৰতিক সময়ৰ ভয়ার্ত জীৱনৰ কোলাহলমুখৰ নীৰৱতা (!) ৰ মাজতো কবিয়ে সন্ধান কৰিচে এক দুঃসহ জীৱন যাত্ৰাৰ অৰ্থবহ চিত্র। 

‘সাগৰৰ গৰ্জনে ৰাতি হৃদয় খহাইছে

অবতৰতে বজ্রপাত পৰিছে

সুবন খাটাত টোপনিতে মানুহবোৰে কোহাল কৰিছে

বাঁহনিখনত ভাপ হৈ উৰি ফুৰিছে 

চকুপানী আৰু সপোনৰ ধলপুৱাটো।’

(কবিতা)                                                            

সাহিত্যৰ আন আন বিভাগৰ একান্তভাৱে সাধনাক নিয়োজিত কৰা কবি নগেন শ‍ইকীয়া। ‘মিত্রভাষ’ কৰি হীৰেন্দ্ৰ নাথ দত্তৰ কাব্য প্ৰতিভাৰ স্বীকৃতি সাহিত্য অকাডেমী বঁটা তথা হীৰেন্দ্ৰ নাথ দত্তৰ কাব্য সাধনা এই দশকৰ কবিতাৰ আকর্ষণীয় দিশ। 

চাকটো সমূলি কুমাৰৰ বাবেই আৰু

কুমাৰ বুলিলেই চাক।

জীৱনকালত মুকুতি ভাবনা 

এন্ধাৰৰ ভিতৰৰ পোহৰৰ চাকি

জল-স্থল সংযোজনা সদৃশ সংহতি 

মুক্তিৰ নিস্পৃহজন বসময়ী ভকতিৰ আৱেষ্টনীৰে সুৰক্ষিত

(মুকুতি ভাবনা)

কবিতাৰ ক্ষেত্ৰখনত বিষয় আৰু আংগিকৰ সম্পৰীক্ষাৰ মাজেৰে কবি হৰেকৃষ্ণ ডেকাই জীবন সত্যৰ ৰূপ স্বকীয় অনুধাৱনেৰে প্ৰকাশ কৰাৰ যত্ন কৰিছে। নৱকান্ত বৰুৱা, ড° নির্মলপ্রভা বৰদলৈ, বীৰেশ্বৰ বৰুৱা আদি কবিৰ মহাপ্ৰস্থান একৈশ শতিকাৰ প্রথম দশকৰ কাবা ইতিহাসব মন কৰিবলগীয়া ঘটনা।

একৈশ শতিকাৰ প্ৰথম দশকত সত্তৰৰ দশকৰ অলপ আগৰ বা সে‍ই দশকৰ, আশীৰ দশকৰ পৰা কাব্যবাণীৰ পূজা-অৰ্চনা কৰা এক বৃহৎ কবিদলৰ কাব্যচৰ্চাৰ অবিৰত সাধনা আন এক মন কৰিবলগীয়া বিষয়। সত্তৰৰ দশকৰ প্ৰতিভাৱন কৰি অৱণী চক্ৰৱৰ্তীৰ বিয়োগ কুৰি শতিকাৰ শেষ দশকটোৰ আন এক তাৎপর্যপূর্ণ ঘটনা যদিও সেই দশকটোৰ পাৰ কাব্যধাৰা, অব্যাহত ৰখা কবিসকলে একৈশ শতিকাৰ প্ৰথম দশকতো কবিতা সাধনাত নিজক নিমগ্ন কৰি ৰাখিছে। এই সময়ৰ কবিসকলৰ কবিতাত সামাজিক চেতনাৰ উপলব্ধি বা তাৰ মূল্যায়ণ অগ্রজ কবিসকলকৰ অনুভৱতকৈ কিছু সুকীয়া হোৱা বুলি আমাৰ বোধ হয়। খাটি খোৱা মানুহৰ জীৱনৰ দুখ-দৈন্যই কতিৰ সত্ত্বাটোত ঘাই আসন লাভ কৰে। সামূহিক সত্ত্বাৰ প্ৰকাশ ব্যক্তিগত স্বকীয় দৃষ্টিভংগীৰে মুখৰ হৈ উঠা বোধটো উপলব্ধ হয়। এই কবিসকলৰ কলমত। ৰবীন্দ্ৰ সৰকাৰ, ৰবীন্দ্ৰ বৰা, আনিছ উজ জামান, জ্ঞান পূজাৰী, ৰাজেন্দ্ৰ নাথ বৰদলৈ আদি কবিসকলে এই দশকৰ কবিতাতো এটি সবল স্থিতি লাভ কৰি আছে। ৰবীন্দ্ৰ সৰকাৰৰ কবিতাত সয়ে সমাজৰ জীৱনলৈ কঢ়িয়াই অনা সামাজিক বিপর্যয়ত মানসিক ভয়বোধৰ কোলাহলসমূহৰ চেতনা এটাই অবিৰ্তভাৱে গভীৰতাৰ মাজেৰে ক্ৰিয়া কৰি থাকে—

‘কালি ৰাতি আমি তিতিছিলোঁ বৰষুণত 

হেজাৰ বছৰীয়া এই বৃষ্টি আৰু বজ্ৰপাতত 

ৰূ-ৰূৱাই জ্বলিছিল আমাৰ শৰীৰ 

চৰণীয়া পথাৰখনক যেন কোনোৱাই 

থকা সৰকা কৰি পেলাইছিল। 

বনৰীয়া ঘাঁহবোৰে খৰখৰীয়া জিভাৰে 

চেলেকিছিল আমাৰ ভৰিবোৰ।’

(এটা ভয়াল ৰাতিৰ কবিতা)

ভাব আৰু ভাষাক অতি সাবলীলভাৱে অন্তলীন কৰি সামাজিক মানৱীয় আবেদনক সংযমশীল ৰূপত প্ৰকাশ কৰিব পৰাৰ দক্ষতা আনিছউজ জামানৰ কবিতাত লক্ষ্য কৰিব পাৰি—

ক’ব পৰা আৰম্ভ কৰিম শাৰীবোৰ

কালৈ থম

কোনে জুকিয়াই চাব

আজি কালি সকলোৰে পিছলৈ চোৱাৰ আগ্রহ কম।

কোনোবা নদীত উটিছে

কোনোব দলং ভাঙি পৰিছে

চাবৰ পৰ নহয়।

(তোমাৰ শব্দবোৰ)

সনাতন মূল্যবোধ, জাতীয় ঐতিহ্য চেতনা মানৱীয় আবেদন জড়িত কৰি কবিতাক একোট বহুল দৃষ্টিভংগী দিয়া ৰবীন্দ্ৰ বৰাৰ কলমো স্থবিৰ হোৱা নাই। এইগৰাকী কবিৰ কবিৰ কবিতাত সহজ-সৰল মানুহৰ সু-সংহত কণ্ঠস্বৰ গতিশীল হৈ উঠে―

যাত্ৰাৰ চিৰসংগী ভাল পাবলৈ

বৰষুণৰ গান শুনি দুখ শোক পাহৰিবলৈ             

শ‍ইচৰ পথাৰখনেই আমাক শিকালে

(সোণসেৰীয়া পথাৰেই যৌৱনৰ বতৰ)

আশীৰ দশকমানৰ পৰা কাব্য সাধনাত নেৰানেপেৰাকৈ লাগি থকা বা এই দশকত নিজৰ স্থিতি লাভ কৰা কবিসকলৰ কবিতাত সামাজিক জীৱন আছে— কিন্তু সেই সামাজিক জীৱন সামগ্রিক সামগ্ৰিকতাৰ ৰূপতপ্ৰকাশ পোৱাকৈ ভগ্নাংশৰ ৰূপতহে যেন অধিক স্পষ্ট। সমাজতকৈ জীৱনহে যেন এই কবিসকলৰ নিৰ্মোহ উপলব্ধি। ব্যক্তি সত্ত্বাৰ নিৰ্জন স্থিতিত সামাজিক চেতনাক মাটি-পানী দি দুয়োটাৰ সমাহাৰত জীৱনৰ স্বৰূপো দিয়া উপলব্ধিৰ নান্দনিক ৰূপ এই কবিসকলৰ কবিতাত বিদ্যমান। সামাজিক সামূহিক বোধ ব্যক্তিবোধৰ শক্তিশালী চাপত কিছু পৰিমাণে একাষৰীয়া হ’বলৈ যেন যত্ন কৰিছে। কুৰি শতিকাত সুকীয়া বিষয় আৰু আংগিকেৰে কবিতাক সমৃদ্ধ কৰা সনন্ত তাঁতিৰ কলমা সাম্প্ৰতিক সময়ত কিছু স্থবিৰ হ’বলৈ ধৰা বিষয়টো এই দশকৰ কাব্য আলোচনাত মন কৰিবলগীয়া বিষয়। আশীৰ দশকৰ কবিসকলৰ অধিকাংশই আজিৰ দশকত ষাঠিৰ অনুর্ধ্ব। মোহন কৃষ্ণ মিশ্র, সুভাষ সাহা, ৰোহিনী কুমাৰ পাঠক প্ৰমুখ্যে কেইগৰাকীমান শক্তিশালী কবিৰ বিয়োগ একৈশ শতিকাৰ এই দশকৰ কবিতাৰ বিয়োগাত্মক অনুৰণক যদিও অধিক সংখ্যক কবিয়ে কাব্যচর্চা কৰি এই দশকৰ কবিতাক সু সমৃদ্ধ কৰিছে। এই দলটোৰ সংখ্যা অতি বৃহৎ। নামোল্লেখ কৰাৰ সময়ত অধিক সাৱধানতা আৰু নাম খোদিত নকৰাত কবিসকলৰ অন্তৰত জাগ্ৰত হোৱা এক দুঃখাত্মক বোধে আমাক ক্ৰিয়া কৰে। আচলতে অসমীয়া সাহিত্যৰ আলোচনাত এক পৰিকল্পতি চৰ্চাৰ অভাৱ যেন মাজে মাজে অনুভূত হয়। বিষয়টো অপ্রাসংগিক যেন কাৰোৱাৰ বোধ হ’লেও ক’ৰবাত কিবা এটাৰ

প্রাসংগিকতাওযেন আছে। অধিক সংখ্যক কবিৰ এই দলটোৱে নিজস্ব সাধনাৰে প্ৰতিষ্ঠা লাভ কৰা বুলি নক’লেও নিজৰ অস্তিত্বৰ প্ৰমাণ কৰিছে। 

প্ৰতিগৰাকী কবিয়ে জীৱনক, সময়ক, পল অনুপলক, অণু-পৰমাণুক, গাঁও আৰু চহৰক, খেতিপথাৰক, চৰাই-চিৰিকতিৰ মানতস, ৰে’লৰ ডাকুক, ত্রাস আৰু সন্ত্ৰাসক, যন্ত্ৰণা আৰু মানৱতাক, প্ৰেম আৰু হিংসাক, স্থবিৰতা অথবা গতিশীলতাক ভিন্ন দৃষ্টিৰেআৰু সুকীয়া উপলব্ধিৰে নির্মোহ ভাৱে বিশ্লেষণ কৰিব বিচৰাটো এই দশকৰ কবিসকৰ উমৈহতীয়া সম্পদ। এই সামূহিক সম্পদক কাব্যৰ আধাৰ হিচাপে লৈ এই দশকটোৰ এইসকল কবিৰ কবিতাই ব্যক্তিগত আৱেগ- অনুভূতি, চিন্তন-মনন আদি ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজেৰে লাভ কৰা প্ৰকাশ এই দশকটোৰ কাব্যধাৰাৰ মূল বিষয় বুলি ভাবিব পাৰি। কাল আৰু সামাজিক চেতনাক মুখৰ কৰিবলৈ যত্নপৰ হোৱা এইসকল কবিয়ে নান্দনিক ৰূপৰ ওপৰতো সমপ্রাধান্য দিয়া কথাটো আমাৰ দৃষ্টিত উল্লেখ কৰিবলগীয়া বিষয়। প্ৰতিগৰাকী কবিয়ে সাধনাৰ পথাৰত একোট সৰু আলি বান্ধি লৈ তাৰ মাজে মাজে আগবাঢ়িছে। বৃহৎ দলটোৰ সকলোৱে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰা অথবা সম-জনপ্ৰিয়তাৰ লাভ নকৰিলেও এই বুজন সংখ্যক কবিৰ কাব্যিক সত্ত্বাক, সাধনাক পাবলগীয়া মর্যাদা দিয়াতো উচিত।

এই কথা অস্বীকাৰ কৰাৰ উপায় নাই যে আশীৰ দশকৰ পৰা এক বুজন সংখ্যক কবিয়ে অবিৰতভাৱে কবিতাৰ ক্ষেত্ৰখনত নিজক নিয়োজিত কৰি অসমীয়া কবিতাক এটা নতুন আয়তন আৰু মৰ্যাদা দিছে। প্ৰতিগৰাকী কবিৰ কবিতাৰ সম্পৰ্কত অসমীয়া সাহিত্যত সমালোচনা-পর্যালোচনা আলোচনা হোৱা নাই। বৰ্তমান সময়ত প্ৰতিগৰাকী কবিৰ কবিতা সমালোচক বা আলোচকসকলে পঢ়াৰ সুযোগ নোপোৱা সত্যটো বোধহয় অস্বীকাৰ কৰাৰ উপায় নাই। বহু সময়ত এটা নিজস্ব স্থিতি লাভ কৰা কবিসকলৰ কবিতাক আলোচকসকলে বিশেষ দৃষ্টি দিয়া বুলি আৰু আলোচনা এই কেইগৰাকী কবিৰ মাজতে সীমাবদ্ধ কৰি ৰখা বুলি ভাব নোহোৱাকৈ নাথাকে। এই বক্তব্যৰ সপক্ষে বা বিপক্ষে বহুত যুক্তি থাকিব যদিও ইয়াৰ সত্যতা বোধহয় তপৰাই উৰুৱাই দিব পৰা নাযাব আলোচকৰো সমস্যা এই বৃহৎ সংখ্যক কবিতা সততে অধ্যয়ন কৰা আৰু কবিসকলৰো সমস্যা কবিতাৰ আলোচক সকলৰ ওচৰলৈ আগবঢ়াই নিয়া। 

সময়, পৰিৱেশ আৰু পৰিস্থিতিৰো এই ক্ষেত্ৰত নির্ণায়ক ভূমিকা নিশ্চয় আছে। আমাৰ আলোচনাত এই বৃহৎ কবিদলৰ কেইগৰাকীমান কবিৰ নাম উল্লেখ কৰিম, যাৰ মর্ম এয়ে নহয় যে নামোল্লেখ নকৰা সকলৰ কবিতাই আলোচনাৰ স্থান পাবৰ যোগ্য নহয়। ইয়াৰ বাবে এক সুস্থ, দীর্ঘকালীন, পৰিকল্পিত ভাৱনাৰ উদ্ভাৱনৰ সময় নিশ্চয় আহি পৰিছে যিয়ে আধুনিক কবিতাৰ সকলো ক্ষেত্ৰ সামৰি এটি বিস্তৃত পৰিমণ্ডলৰ সৃষ্টি কৰিব পাৰিব। বহু সংখ্যক কবিয়ে যথাযোগ্য স্থান পোৱা নাই বুলি ভবাৰ অৱকাশ আছে। প্ৰায় তিনিটা দশক সামৰি কবিতা ৰচনা কৰা এই কবিসকলৰ মাজত আছে— সনন্ত তাঁতী, মীৰা ঠাকুৰ, সমীৰ তাঁতী, নীলিম কুমাৰ, অনুভৱ তুলসী, কৰবী ডেকা হাজৰিকা, লুৎফা হানুম, ছেলিমা বেগম, প্রেম গগৈ, অনুপমা বসুমতাৰী, কৌস্তভমণি শ‍ইকীয়া, অৰ্চনা পূজাৰী, উদয় কুমাৰ শৰ্মা, ইছমাইল হোছেইন, ৰফিকুল হোছেইন, মনজিৎ সিং, অমৃত বসুমতাৰী, চেনীৰাম গগৈ, অনুপম কুমাৰ, নীলিমা ঠাকুৰীয়া হক, ৰাজীৱ বৰুৱা, সমীন্দ্ৰ হুজুৰি, পৰমেশ শীল, প্ৰয়োগ শ‍ইকীয়া, শংকৰ শ‍ইকীয়া, ফণীভূষণ দাস, দেৱপ্ৰসাদ তালুকদাৰ, এম কামালুদ্দিন আহমেদ, প্রাণজিৎ মহন্ত, ৰমেন্দ্ৰ নাৰায়ণ জোৱাদ্দাৰ, লক্ষেশ্বৰ শৰ্মা, জ্যোতি ৰেখা হাজৰিকা, হৰিণ সোণোৱাল। 

কুৰি শতিকাৰ শেষ দুটা দশককৈও অলপ অধিক কালৰ এই কবিতা সমূহৰ সামগ্রিক সত্ত্বাৰ চমু আলোচনা কৰিলে কেইটিমান বিশেষ মন কৰিবলগীয়া কথা উল্লেখ কৰিব পাৰি। সমাজ জীৱনৰ সামগ্রিক সত্তাতকৈ সেই সত্তাৰ ক্ষুদ্রতম এককবোৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কবিসকলে সততে প্ৰয়াস কৰিছে। লোক সাহিত্যৰ পৰা সমল সংগ্ৰহ কৰি তাৰ আধাৰত সামাজিক শোষণ, নিষ্পেষণ, বঞ্চনাৰ প্ৰকাশ কৰিছে। তেজীমলা, কমলাকুঁৱৰী, আদি লোক-কথাৰ চৰিত্ৰৰ আলমত গঢ়ি উঠিছে সামাজিক, ৰাজনৈতিক জীৱনৰ বিচিত্ৰ দিশ, বিচাৰ কৰি চাইছে মানৱীয় অবিচাৰ, দুখ দুৰ্দশাৰ কাহিনী সামাজিক চিন্তা-চেতনাৰ আধাৰত। মহাকাব্যিক চৰিত্ৰই ভিন্ন কবিতাৰ মাজেৰে কবিতাৰ স্তৱকৰ মাজেৰে সামাজিক চিন্তা প্ৰবাহলৈ গতি কৰি আধ্যাত্মিকতাৰ প্ৰতীকী ব্যঞ্জনা সামাজিক ব্যঞ্জনাৰ সমৃদ্ধময় স্তৰলৈ লৈ আহিছে। 

সমকালীন চেতনাৰ উজ্জ্বল হৈ উঠিছে এই চেতনাৰ বিপৰ্যয় ঘটাত তাৰ ৰূপায়ণৰ বাবে কবিসকলে প্ৰতিবাদী কাব্যধাৰা সৃষ্টি কৰিছে। নিঃস্ব, নিপীড়িত, দলিতজনৰ সাৰ্বজনীন চৰিত্ৰ অংকনেৰে সহৃদয়ততা স্থাপনৰ পথো মুকলি হৈছে। সমসাময়িক নৃশংসতাৰ প্ৰতিচ্ছবিৰ ভিতৰেদি নিষ্পেষিতৰ প্ৰতি কাৰণ্য তীব্ৰতাৰে প্ৰকাশ পাইছে। কবিসকলৰ সংবেদনশীল মনত সমসাময়িক অস্থিৰ, অনিশ্চিত পৰিস্থিতিৰ গভীৰ প্ৰভাৱ পৰা দেখা যায়। ‘সমাজ আৰু জীৱনৰ ভিন্ন ভিন্ন পৰিস্থিতিৰ প্ৰতি, সনাতন মানৱীয় অনুভূতিসমূহৰ প্ৰতি, দৃষ্টিকোণ, মতাদর্শ অনুসৰি, তেওঁলোকৰ সঁহাৰিত বেলেগ বেলেগ ধৰণৰ আৰু তাৰ প্ৰকাশো বেলেগ বেলেগ ধৰণৰ। তেওঁলোক কেতিয়াবা ক্ষুব্ধ, কেতিয়াবা ক্রুব্ধ, কেতিয়াবা বিষণ্ণ, কেতিয়াবা বিদ্রোহী, কেতিয়াবা স্পর্শকাতৰ, কেতিয়াবা সৌহার্দ্যবোধেৰে উষ্ণ, কেতিয়াবা আত্মমগ্ন, কেতিয়াবা সমাজ- সচেতন’ (হৰেকৃষ্ণ তৰুণ প্ৰজন্মৰ কবি আৰু কবিতা)। ভাষাৰ ক্ষেত্ৰতো এই কবিসকলে বহু ক্ষেত্ৰত সংযত, মার্জিত, সংবেদনশীল, অন্তঃস্পর্শী, মানৱীয় মর্যাদা বোধসম্পন্ন ধাৰা প্ৰতি সচেতন। ভাষাত আৱেগৰ স্পন্দন বঢ়াবলৈ বিস্তাৰৰ প্ৰয়োজনবোধ তেওঁলোকে কৰিছে। 

প্ৰতীকস্তৰলৈ শব্দক লৈ যোৱাৰ প্ৰয়াসো তেওঁলোকৰ চিন্তাত অন্তলীন হৈ আছে। প্রতীকৰ সামগ্ৰিক চৰিত্ৰ ৰক্ষাতকৈ পাৰস্পৰিক আকর্ষণেৰে সংলগ্নতা অতিক্ৰমী নতুন তাৎপৰ্যৰ ব্যঞ্জন সৃষ্টি কৰিছে। জীৱন আৰু জগতৰ লগত হোৱা সম্পৰ্ক আগৰ চামতকৈ কিছু বেলেগ হৈছে, বাকভংগীত এক ঢৌৰ সৃষ্টি কৰিবলৈ যত্ন কৰে। অধিকসংখ্যক কবিয়ে ভাষাক মেদহীন আৰু প্ৰাঞ্জল কৰিবলৈ প্ৰয়াস কৰিছে৷ তীৰ্ষক প্ৰকাশৰ দ্বাৰা ব্যঞ্জনা সৃষ্টি কৰাৰ প্ৰয়াস যেনেদৰে কবিতাৰ ভাষা, চিত্রকলা আৰু প্রতীকময়ৰূপত দেখা গৈছে, তেনেদৰে বক্তব্যক তাৎপর্যপূর্ণভাবে উপস্থাপন কৰাৰ ফলতো কবিতাই কমনীয়তা লাভ কৰিছে। কবিতাৰ বিষয় অনুসৰি ভাষাৰ তাৰতম্য ঘটিছে, হৃদয়বোধ অনুসৰি ভাষা তাৰল্যৰ পথ অনুসৰণ কৰিছে। বাক্যত অৰ্থপূৰ্ণ শব্দৰ সংযোগ কৰি বক্তব্যক অধিক গাম্ভীর্যময় কৰিবলৈ, সাধাৰণ স্তৰৰ বাক্যকো অর্থপূর্ণ ব্যঞ্জনাময় কৰিবলৈ নিৰন্তৰ চেষ্টা অব্যাহত আছে। 

রূপকময় ভাব কবিতাৰ মূল সত্তালৈও আগবাঢ়ি আহিছে আৰু তাৰ ফলত গোটেই কবিতাটোৱে কেতিয়াবা ৰূপকময় হৈ পৰিছে। এই কথা বিশ্বাসযোগ্যভাবে ক’ব পাৰি যে প্ৰায় তিনি দশকৰ এই বৃহৎ সংখ্যক কবিৰ কবিতাই সুদীর্ঘকালৰ চিন্তা চেতনা, জীৱন শৈলী, ভাব-চিন্তা আৰু তাৰ সংঘাত, জীৱন মুকুতাৰ মাজতো কোলাহল মুখৰ এক পৰিৱেশ সৃষ্টি, বিষাদ বোধ, আত্ম চৈতন্যক সামাজিত চৈতন্যৰৰ সৈতে সংযোগ, মানৱীয় বিপর্যয়ক, আকাশত পৰিৱেশক প্ৰাচুৰ্যৰ্মচ আৰু আশান্বিত কৰাৰ কলাত্মক প্রচেষ্টা, লোক জীৱনৰ ক্ষেত্ৰ আৰু শৈলীক সামাজিক জীৱন পৰিক্ৰমাৰ মাজেৰে ৰূপায়ণৰ সাধনালব্ধ প্রয়াস, অতীত-ঐতিহ্য চেতনা আৰু তাৰ প্রতি সহৃদয়তা, জীৱন পৰিক্ৰমাত উত্তৰণৰ প্ৰয়াস, সুখ আৰু দুখৰ সম গুঞ্জন, জীৱনৰ প্ৰতিটো তৰপ খুলি নিজক বিচাৰি চোৱাৰ প্ৰৱণতা, অৱক্ষয় আধাৰিত জীনৰ অন্তলীন সত্তাই কবি হৃদয়ত সৃষ্টি কৰা বিষোদবোধ, শূন্যতা আৰু পূৰ্ণতাৰ দ্যোতনাত জীৱনৰ সাত্বিক ৰূপৰ বিচাৰ, জীৱনৰ বিচিত্ৰ “উপলব্ধিৰ ক্ষুদ্রতম ৰূপক প্ৰকাশৰ মুখলৈ আগবঢ়াই দিয়াৰ নিৰন্তৰ প্ৰয়াসে এই দশকৰ কবি আৰু কবিতাক সামাজিক বাস্তৱতাৰ কলাত্মক ৰূপত উপস্থাপনৰ মৰ্যাদা প্রদান কৰিছে। 

ৰামধেনু আৰু তাৰ পৰৱৰ্তী কালৰ কবিসকলৰ চিন্তা, চেতনা, কাব্যশৈলী পোনে পোনে গ্ৰহণ নকৰি পৰিৱৰ্তন আৰু পৰিৱৰ্দ্ধনৰ মানসিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সুস্থ ৰূপত প্ৰকাশৰ চেষ্টা এই দীৰ্ঘ সময়ৰ কবিতাত অনুৰণিত হৈছে। সবাতোকৈ উল্লেখযোগ্য কথা এয়ে যে সুদীর্ঘকাল এই দল কবিয়ে কবিতাৰ সাধনাৰ সৈতে যুঁজি আছে। সমালোচকৰ আকৰ্ষণ-বিকর্ষণ, তুষ্টি, ৰোষত পৰিও, সেইদল কবিয়ে কবিতাৰ সাধনাৰ ক্ষেত্ৰতখনত এনে ভাব কৰ্ষণ কৰিছে যিয়ে এই সময়ৰ কবিতাক জনগণৰ বহু ওচৰ চপাই নিছে আৰু কবিতাৰ গতি প্ৰবাহৰ পথ মুকলি কৰি বিস্তাৰিত কৰিছে। সহজবোধ্য নহয় এনে ধাৰণাৰ পৰা পাঠকৰ মনক মুক্ত কৰিব পৰা নাই যদিও, তাৰ মাজতে সহৃদয় পাঠকে কবিতাৰ মর্ম উপলব্ধি কৰিবলৈও সচেষ্টা হৈ আছে, যিটো কবিতাৰ ক্ষেত্ৰত শুভ লক্ষণ বুলিয়ে ক’ব পৰা যায়।

ওপৰৰ চমু আলোচনাত আলোচিত সময়ৰ কবিতাৰ সামগ্রিক দিশ বিশ্লেষণ কৰিব নোৱাৰিলেও কবিতাৰ বিষয় আৰুভাবৰ চমু ৰূপ আলোচনা কৰিবলৈ যত্ন কৰা হৈছে। এইসকল কবিৰ প্ৰায় সৰহ ভাগেই একৈশ শতিকাৰ প্রথম দশকতো কবিতা ৰচনা কৰি কাব্যপ্রবাহক গতিশীল কৰি ৰাখিছে। আটাইবোৰ কবিৰ কবিতাৰ উদ্ধৃতি দিয়া উজু নহয়। সেয়েহে আলোচিত দিশৰ সন্ধানৰ পথ মুকলি থকা কেইগৰাকীমান কবিৰ এটা দশকৰ কবিতাৰ কেইটিমান উল্লেখযোগ্য স্তৱক সামগ্রিক কবিতাৰ নিদৰ্শন হিচাপে উদ্ধৃত কৰা হ’ল—

(১)

কাৰ হাতৰ আঙুলিয়ে কঁপায় আকাশ 

ক’ত আছিলোঁ মই ইমানদিনে 

কোন সহায় নাৰীৰ নীলা চকুযুৰিত 

দিন কাল নমনি 

নিজেই ডুব গ’লোঁ। 

সবৰমতি নে সোমনাথ 

ধুলাবিড়া নে দ্বাৰকা 

নিজে নজনাকৈ নীলা হলো।

(কি সুৰ সুমধুৰ— সমীৰ তাঁতী)

(২)

বহু মানুহে মোক কয়

আপোনাক সেইদিনা ট্ৰেফিকজামত দেখিছিলোঁ

হয়, কোনে মোক ট্ৰেফিকজামত দেখিছিল 

তেওঁক মনত পেলাবলৈও ম‍ই

ট্রেফিকজামত সোমাবলগীয়া হয়। 

(ট্রেফিকজাম— নীলিম কুমাৰ)

(৩)

চেগুন কাঠৰ আত্মাৰ

প্রাচীন ফুচফুচনিত কোনোবাই এদিন 

সৰু ছিদ্ৰ এটা কৰি দিলে

নভবা নিচিন্তাকৈ

সেই ছিদ্ৰৰেহে হ’ল

আদিতম যাত্ৰাৰ সূচনা

নাৰীয়েও মেলি দিলে নাও।

(জুই খুবলি— অনুভৱ তুলসী)

(8)

সমাধিৰ পৰা উঠি আহিছে

হুমুনিয়াহ এটা

এন্ধাৰৰ নৈ, শব্দ ফাটি

মমতাজ তীব্র কন্ঠ

কি মুগ্ধতাৰ বাবে

হত্যা কৰিলা শিলাকুটিক

নিষ্ঠুৰ তুমি।

(তাজমহল— অৰ্চনা পূজাৰী)

(৫) 

পাহাৰৰ বুকুত জুই লাগিলেই 

ধৰফৰাই উঠে জুম খেতিয়কৰ ছোৱালীজনী       

চকুৰ আগতে হেৰুৱায় তাই ওখপথ 

সেউজীয়া প্ৰেমিকক 

তাই প্রেমত ওপজে স্বপ্ন-ছন্দ আৰু সময়ৰ জ্ঞান 

পাহাৰ জ্বলালে সেউজীয়া পোহৰবোৰ হেৰায়

অনাগত ভৱিষ্যৎ অন্ধকাৰ হৈ আহে ক্ৰমে ক্রমে 

জুম খেতিয়ক ছোৱালীজনী পাহাৰটোৰ উত্তৰাধিকাৰী

দুটা নজ্বলা পাহাৰ তাইৰ বুকুখনত গজি উঠে। 

(জুম খেতিয়কৰ ছোৱালীজনী — 

কৌস্তভমণি শ‍ইকীয়া)

(৬)

নাচি গুচি যোৱাতো

প্ৰতিশ্ৰুতিৰ কোনো সংজ্ঞা নাথাকে    

দগ্ধ স্মৃতিৰ কাতৰ হৈ পৰিলেও 

সপোনক হেৰুৱালা চিৰদিনৰ বাবে 

সকলো আঁতৰাই থ’লেও 

ছায়াৰ জীৱন এটা দিব নোৱাৰা কাকো

(সপোনৰ সৰাপাত—লুইফা হানুম চেলিম বেগম) 

সময়ৰ ৰৈখিক চিত্ৰক নিৰহ-নিপানীকভাৱে নাচাই এতি গতিধাৰাৰ আৰম্ভণী বুলি ক’বলৈ মন যায় নব্বৈৰ দশকক। এই দশকৰ আৰম্ভণী কালৰ কাব্যধাৰাত আশীৰ দশকৰ কবিতাৰ বৈপ্লৱিক পৰিৱৰ্তন চকুত নপৰে। দশকটোৰ শেষৰ ফালে আৰু ঐকৈশ শতিকাৰ প্ৰথম দশকটোত কবিতাৰ কিছু বিষয় আৰু আংগিকৰ পৰিৱৰ্তন আভাস দুই চাৰিজন কবিৰ কবিতাত লক্ষ্য কৰা যায়। এই দশকৰ কাব্যধাৰাত নিজকে জড়িত কৰা কবিসকলৰ নাম উল্লেখ এনেদৰে কৰিব পৰা যায়— অজিৎ গগৈ, সৌৰভ শ‍ইকীয়া, নন্দ সিং, অতনু ভট্টাচার্য, গংগা

মোহন মিলি, জীৱন নৰহ, হৰেন গগৈ, হেমাংগ কুমাৰ দত্ত, মৃণাল কুমাৰ গগৈ, বিজয় ৰবি দাস, কুশল দত্ত, প্ৰণৱ কুমাৰ বর্মন, তপন বৰুৱা, ৰুদ্ৰ সিংহ মটক, বিজয় শংকৰ বৰ্মন, ভূষণ কলিতা, পংকজ গোবিন্দ মেধি, বিপুল দত্ত, কমল কুমাৰ মেধি, প্ৰাণজিৎ বৰা, প্ৰণৱ শৰ্মা, মালা মহন্ত, অনিল পাংগিং, ধ্ৰুৱজ্যোতি দাস, প্রাঞ্জল শর্মা বশিষ্ঠ, মনহৰি বায়ন প্রীতম বৰুৱা, জুবিলী গগৈ, বিবিঞ্জ ৰাভা, মিহিৰ মৌচুম ৰয়, অংকুৰ বন্‌জন চাংমাই, কমল কুমাৰ তাঁতী আদি কবিসকল। এই কবিসকলে অগ্রজ কবিসকলৰ কাব্যধাৰাক, বিষয় আৰু আংগিকক গ্ৰহণ কৰিলেও তাত কিছু নতুনত্ব দিবলৈ প্ৰয়াস কৰিছে। বাস্তৱ জীৱন তেওঁলোকৰ অধিক ওচৰ চাপিছে। জাতীয় জীৱনৰ সৈতে আত্মিক সম্পৰ্ক থকা ঠাঁচ দুই এগৰাকী কবিৰ কবিতাত জীৱন্ত যদিও বিশ্বায়ন আৰু তাৰ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰেক্ষাপটত ভাষাই স্বকীয় পৰিসীমাৰ পৰা ওলাই বাহিৰৰ পৰাও ঘুৰি আহিছে। 

কথনভংগীত সুকীয়া প্রকাশ লক্ষ্য কৰা যায়। প্ৰণৱ বৰ্মনৰ প্ৰথম কালৰ কবিতাসমূহত এই কথনভংগীৰ পৰিৱৰ্তন স্পষ্ট। তেওঁৰ সৈতে একে সুৰতে আন দুই চাৰিজন কবিয়ে কবিতাৰ প্ৰাণশক্তিৰ নতুনত্বৰ সঞ্চাৰ কৰিছে যেন বোধ হয়। সেই সময়ত কবিসকলৰ কাব্য সাধনা বর্তমান সময়ত ভৰপক দিছে। ভৱিষ্যতে সাম্প্ৰতিক অসমীয়া কবিতাই গতিধাৰা বিশেষ ৰূপত সলনি ককিৰব নে অগ্রজসকলে কঢ়িয়াই অনা কাব্য প্ৰৱাহৰ মূল চিন্তা প্ৰবাহক সাৰোপগত কৰিব সেয়া সময়েহে ক’ব। এই সময় প্রবাহক গতি দিয়া কবিতাৰ কেইটিমান স্তৱক—

(১)

তুমি পকা ধানৰ দৰে গোন্ধাইছা

বতাহত সৰিব গোন্ধ   

নৈত নামি যোৱা

পূবত বেলি পচিমত মানুহ

নৈত বুৰ মাৰা

তুমি তিতিলা

ম‍ই তাকেই বিচাৰিছিলোঁ।

(তুমি পকাধানৰ দৰে গোন্ধাইছা— জীৱন নৰহা)

(২) 

বিল্ডিংবোৰৰ পৰা বৰষুণৰ দৰে গ্লাছ খহি পৰিছিল

আৰ্তনাদ কৰি এজাক বতাহ 

ঔ আই, বতাহৰো এখন ভৰি ছিগি গৈছে

এম্বুলেঞ্চ চাইবেন বজাই বজাই গুচি গৈছে তিনিমিনিটতে 

চো মাৰি ঘূৰি আহিছে 

কাফিউ

(অকস্মাৎ আর্তনাদ— নেহা নেহা— সৌৰভ শ‍ইকীয়া)

(৩) 

কোনো বাট এটাৰ শেষ যদি হয় অবাট 

বাটটো যদি ছিগি থাকে আশাহীন মানুহৰ কৰুণ স্খলনত 

সেই বাঁটৰ দাঁতিত দিন দুপৰতে যদি হোৱা দিয়ে দুর্বিপাকে 

চৌখিনতো হেৰুৱাই সকলো বাটৰুৱা হয় নামহীন ৰূপ গন্ধ 

বাট বুলিবলৈ গৈ পথভ্ৰষ্ট হোৱা সেই বাটৰুৱাক লৈ যি খেলা খেলা

সেই খেল খেলিবলৈ আমি ওলাই আহিলোঁ বাটলৈ        

(বাট— পংকজ গোবিন্দ মেধি)

(8)

বালিত পৰি কন্দা

কুৰুৱাটো দৰে

শেতেলীত কোনে

দুপৰীয়া খেদে

দলঙত পৰা

মাছটোৰ দৰে মই

নৈত আছোঁ

তথাপি দলঙত।

(দলঙা দুপৰীয়া—বিজয় শংকৰ বৰ্মন)

(৫)

চকুৰ সন্মুখত বৈ আছে

শীতৰ শীর্ণকায় ব্ৰহ্মপুত্ৰ 

বক্ষ-বন্ধনী নথকা বেশ্যাৰ স্তন যুগলৰ দৰে

বাধাহীন তাৰ গতি

………………………..

আপোন মানুহ আত্মজৰ তেজৰ প্ৰতি লালসা

এইহেন সময়ত দুৰ্ভগীয়া মাতমৰা 

কোনে মাতিব তোমাৰ বাবে অমাতৰ মাত।

(মামৰা — গংগামোহন মিলি)

(৬) 

কিমান নিৰ্যাতনৰ ক’লাৰে বুঢ়া হৈ মৰি গ’ল তোৰ দেউতা 

কাৰ কামুকতাত বৰশীৰ মাছৰ দৰে চিপত ওলমিল তোৰ মা

কিমান শোষণৰ হালধীয়া ছাঁত মাতাল হ’ল 

কৰ উঠি ৰজা, বহি ৰজা

অ’ হেৰ নুপুৰ নিপিন্ধা ছোৱালী মৰিয়ম কুৰ্ম

(ক’লী মেম— প্ৰণৱ কুমাৰ বৰ্মন)

আমাৰ চমু আলোচনাত ৰামধেনু যুগৰে পৰা সাম্প্ৰতিক সময়লৈকে কবিতাৰ মূল্যায়ণ নহ’লেও আভাস এটি দিবলৈ যত্ন কৰা হৈছে। পঞ্চাশৰ দশকতে কাব্য জগতত প্ৰতিষ্ঠা লাভ কৰা কবি কেইগাৰকীৰ একবিংশ শতিকাৰ প্ৰথম দশকত ৰচিত কবিতাসমূহহে ইয়াত আলোচনা কৰা হৈছে। আলোচনাৰ সামগ্ৰিক ৰূপ বহন কৰা এই কবিতাৰ ভিতৰ ভাগত সোমাই –

(১) ৰামধেনু বা তাৰ সমসাময়িক কবিসকলৰ এই দশকৰ কবিতা।

(২) সত্তৰ দশকৰ কবিতাৰ স্বকীয় ৰূপ।

(৩) আশীৰ দশকৰ পৰা সাধনা কৰা কবিসকলৰ কবিতাৰ বিষয় আৰু আঙ্গিকৰ সাৰৱৰ্ত্তা।

(৪) নব্বৈ আৰু তাৰ পৰৱৰ্তী একবিংশ শতিকাৰ প্ৰথম দশকত আত্মপ্ৰকাশ কৰা কবিসকলৰ কবিতাৰ চমু আভাসত বিষয়টো সীমাবদ্ধ ৰখা হৈছে। আধুনিক কবিতাৰ পাঠক যে বহু পৰিমাণে কমিছে সেই সত্য কবিকুলে অস্বীকাৰ কৰিব বোধহয় নোৱাৰে। তথাপি আধুনিক কবিতাক মর্যাদাপূর্ণ আসনত প্ৰতিষ্ঠা কৰাত সাম্প্ৰতিক কালৰ ‘গৰীয়সী’ আৰু ‘প্ৰান্তিক’ এই দুখন আলোচনীৰ সবল ভূমিকা উল্লেখযোগ্য বিষয়। ‘গৰীয়সী’আলোচনীয়ে আধুনিকতাৰ প্ৰসংগৰ সকলো শ্ৰেমীৰ কবিতা প্ৰকাশ কৰি কবিতাক গতিশীলতা আৰু বৌদ্ধিক মাত্ৰা প্ৰদান কৰিছে আৰু ‘প্রান্তিক’ আলোচনীয়ে এক সুকীয়া ধাৰাৰো সৃষ্টি কৰাত গুৰুত্ব দিছে। প্রতীকধর্মী, গীতি মাধুর্য সম্পন্ন সুকীয়া আংগিককৰ কবিতাক বিশেষ গুৰুত্ব দি প্ৰকাশ কৰা এক প্ৰৱণতা প্রান্তিক আলোচনত গভীৰভাৱে অনুৰণ হয়। আলোচকসকলে প্রান্তিকৰ এই সুকীয়া কাব্যশৈলীক স্বীকাৰ কৰি ল’লে নতুনত্বৰ সন্ধান দিয়াও হ’ব। 

পঞ্চাশৰ দশকৰ পৰা বিশেষ কাব্যশৈলীৰ গতি আৰু প্ৰগতি লাভ কৰা ছয়টা দশকৰ কবিতাৰ সামগ্রিক মূল্যায়ণৰ বাবে কতিবা, কাব্যপুথি সংগ্রহত জাতীয় অনুষ্ঠান-প্ৰতিষ্ঠানে গুৰুত্ব প্ৰদান কৰি সমগ্ৰ কবিতাৰ সুস্থ, নিৰপেক্ষ আলোচনা কৰিলে আধুনিক কবিতাই নতুন সত্যৰ পথ মুকলি কৰিব। এই ক্ষেত্ৰত কবিসকৰ সাধনালব্ধ প্রয়াসেও গুৰুত্ব লাভ কৰিব পাৰে। সুদীৰ্ঘ কালৰ গতি প্রবাহ অতিক্ৰমি আহি আহি একবিংশ শতিকাত আধুনিক অসমীয়া কবিতাই যি ৰূপ, সৰ আৰু পাঠকৰ অন্তৰ স্পৰ্শ কৰিব পৰা গুণ লাভ কৰিছে সেই সাত্ত্বিক মূল্যায়ণ অসমীয়া কবিতাৰ বাবে প্ৰয়োজনীয় আৰু অপৰিহাৰ্য ইতিহাস হিচাপে নিশ্চয় পৰিগণিত হ’ব।

১৫। আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা? 

উত্তৰঃ আধুনিক অসমীয়া কবিতাৰ বিচৰণ ক্ষেত্ৰখন অতি বহল। এক বিশাল আয়তনৰ মাজতো আধুনিক কবিতাই কেইটিমান বিশিষ্ট লক্ষণ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ হৈছে—

(ক) নগৰীয়া যান্ত্ৰিক জীৱনৰ ছবি : কুৰিশতিকাৰ সমাজ হৈ পৰিছে ক্ৰমশঃ নগৰকেন্দ্ৰিক। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ প্ৰসাৰ সাধন হোৱাৰ লগে লগে যান্ত্ৰিক ব্যৱস্থাৰ লগত নগৰীয়া সমাজ আৱদ্ধ হ’বলৈ বাধ্য হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে ব্যাক্তসত্ত্বা সেই যান্ত্রিক ব্যৱস্থাৰ এক বিশেষ অৱস্থালৈ ৰূপান্তৰিত হৈছে। চহৰীয়া সভ্যতাত মানুহ হৈ পৰিছে একান্তভাৱে নিসংগ। যন্ত্ৰ যুগৰ প্ৰভাৱে মধ্যবিত্তৰ জীৱন কৰি তুলিছে ৰুগ্ন, শ্বাসৰুদ্ধ। মানুহৰ লগত মানুহৰ সম্পৰ্কৰ পৰিবৰ্তন ঘটিছে আৰু সেই সম্পৰ্ক ক্ৰমে যান্ত্ৰিক আৰু হৃদয়হীন হৈ পৰিছে। জীৱন হৈ পৰিছে আত্মকেন্দ্ৰিক, সংকীর্ণ। জৈৱিক সমস্যাই মানুহক কৰি তুলিছে ব্যস্ত। এনে নগৰকেন্দ্ৰিক সভ্যতাৰ বায়ু পানীৰে শোষিত ব্যক্তি মানসৰ প্ৰতিফলন ঘটিছে আধুনিক কবিতাৰ ক্ষেত্ৰখনতো।

(খ) মার্ক্সীয় দর্শন : নতুন সমাজ গঢ়াৰ প্ৰয়াস : সকলো লোককে সম-অধিকাৰ দান কৰি এখন শোষণহীন, শ্রেণীহীন সমাজ গঢ়াৰ বাবে কালমার্ক্সে বিজ্ঞান ভিত্তিক যি সাম্যবাদী চিন্তাধাৰাৰ আদৰ্শ সমাজৰ আগত প্ৰকাশ কৰিলে সেই আদৰ্শ আধুনিক কবিসকলৰো মূল আদৰ্শ হৈ পৰিল৷ ৰোমাণ্টিক যুগত সুন্দৰৰ আৰাধানাই কবি-মানসক প্ৰভাৱিত কৰাৰ দৰে আধুনিক কবি সকলকো মার্ক্সীয় দর্শনে সর্বাত্মকভাৱে প্ৰভাৱিত কৰিছে। ধনীক শ্ৰেণীৰ শোষণ, নিপীড়ণ আৰু বঞ্চনাৰ বিৰুদ্ধে শোষিত শ্রেণীয়ে একত্ৰিতভাৱে বিপ্লৱ কৰিবলৈ মার্ক্সে আগবঢ়োৱা নতুন মতবাদে আধুনিক কবিৰ চিত্তভূমিতো আলোড়ন তোলা দেখা গৈছে। এই আদৰ্শক মূল আদর্শ স্বৰূপে লৈ এখন শ্রেণীহীন নতুন সমাজ গঢ়াৰ প্ৰয়াসত বিশ্বৰ কবিসকলে কলম হাতত লোৱাৰ দৰে আধুনিক অসমীয়া কবিসকলেও কলম তুলি লৈছে। প্ৰকৃততে আধুনিক অসমীয়া কবিতাৰ এক সবল কাব্য-ধাৰা মার্ক্সীয় দৰ্শনৰ প্ৰভাৱৰদ্বাৰা সম্পূৰ্ণ প্ৰভাৱিত। 

(গ) ফ্রয়েডীয় মনোবিজ্ঞান : ইয়াৰ প্ৰভাৱ মনোবিজ্ঞানী ফ্রয়েডৰ মতে আমাৰ চেতন মনৰ সকলো আশা, আকাংক্ষা, কামনা-বাসনা, প্ৰেৰণা-প্রয়োজন, অভিপ্ৰায় আদি বাস্তৱত পুৰণ নহয়। এই অবদমিত অপূর্ণ আশা-আকাংক্ষাবোৰ আমাৰ অজ্ঞাতে চেতন মনৰ পৰা অচেতন মনত ঠাই লয় আৰু ফলস্বৰূপে সেইবোৰ অজ্ঞাত অভিপ্ৰায়ত পৰিণত হৈ সময়ে সময়ে চেতন মনত প্ৰকাশ লাভ কৰিবলৈ ইচ্ছা কৰে। এই অজ্ঞাত দেহ মানসিক প্রয়োজনতাৰ মাজতেই আৱদ্ধ হৈ থাকে আৰু সেইবাবে ফ্রয়েডে ইয়াক যৌন কামনাৰ অন্তৰ্বতী বুলি অভিহিত কৰিছে। ফ্রয়েডে মূলতঃ আমাৰ অৱচেতন মনৰ বিভিন্ন ক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু অৱচেতন মনৰ গোপন ৰহস্য উদ্‌ঘাটন কৰিবলৈ সক্ষম হৈছে। অৱচেতন মনৰ কাৰ্য সমূহৰ এপৰত গুৰুত্ব আৰোপ কৰি ফ্ৰয়েডে মনোবিজ্ঞানৰ যি তথ্য আৱিস্কাৰ কৰিছে সেই তথ্যৰ দ্বাৰা আধুনিক অসমীয়া কবিসকল প্রভাৱিত। ফ্রয়েড়ৰ এই মনোবিজ্ঞানৰ প্রভাৱতেই আধুনিক কবিতাত চিন্তাধাৰাৰ অসংবদ্ধতা পৰিলক্ষিত হৈছে। 

(ঘ) বৰ্তমান জীৱনৰ ক্লান্তি আৰু নৈৰাশ্যবোধ : বিভিন্ন সমস্যাৰদ্বাৰা বৰ্তমানৰ জীৱন হৈ পৰিছে ভাৰাক্ৰান্ত। চৌদিশৰ সমাজ জীৱনত সংঘটিত নানা ঘটনা, নানা সমস্যাই জনমানসক চিন্তাক্লিষ্ট কৰি তুলিছে। সামাজিক আৰু বিশেষকৈ অৰ্থনৈতিকসমস্যাৰদ্বাৰা জৰ্জৰিত সমাজত নৈতিক প্ৰমূল্য সমূহৰ ক্ৰমে ক্ৰমে অৱক্ষয় হোৱাৰ ফলত সমাজ জীৱনত ক্ৰমে গঢ় লৈ উঠিছে এক অনিশ্চয়তাৰ বাতাবৰণ। মানুহৰ লগত মানুহৰ আন্তৰিক সহানুভূতি ক্ৰমে ভাগি পৰিছে— জীৱনৰ প্ৰতিটো খোজতে সন্দেহ, অনিশ্চয়তাই মূৰ দাঙি উঠিছে। সমাজত সহানুভূতিৰ বিপৰীতে গঢ় লৈ উঠিছে ক্রমে হিংসা, দ্বেষ আৰু ক্ষোভৰ বাৰ্তাবৰণ; ফলত জীৱনলৈ নামি আহিছে ক্লান্তি আৰু নৈৰাশ্যবোধ।

(ঙ) ইতিহাস চেতনা : আধুনিক কবিতাৰ আন এটি ধর্ম ইতিহাস চেতনা। ইতিহাস সম্পর্কে আধুনিক কবি মন সচেতন। আধুনিক কবিয়ে অতীতক বৰ্তমানৰ সমভূমি আৰু সমকালত চাবলৈ বিচাৰে। কবিতাৰ ইতিহাস চেতনা সম্পর্কে জীৱনানন্দ দাসে কৈছে— কবিয়ে সমাজক উপলব্ধি কৰাৰ প্ৰয়োজন আছে, কবিতাৰ অস্থিৰ ভিতৰত থাকিব ইতিহাস চেতনা আৰু হৃদয়ত থাকি স্পষ্ট সময়জ্ঞান। ইতিহাসৰ প্ৰকৃত উপলব্ধিয়ে কবিৰ মনলৈ নমাই আনে প্ৰজ্ঞা আৰু নতুন চেতনাবোধ।

(চ) জৈৱ দেহজ কামনা আৰু প্ৰেমৰ সামগ্ৰিক ৰূপৰ প্ৰত্যক্ষীকৰণ : আধুনিক কবি প্ৰেমৰ শ্বাশত ৰূপত বিশ্বাসী নহয়, দেহজ ৰূপত বিশ্বাসী। কুৰি শতিকাৰ শৰীৰ বিদ্যা আৰু মনোবিজ্ঞানে মনৰ বিভিন্ন স্তৰৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সমৰ্থ হোৱাৰ ফলত আৰু তাৰ লগতে সামাজিক অৱক্ষয়ে ৰোমাণ্টিক প্ৰণয়াদর্শক পদে পদে ব্যাহত কৰাৰ ফলত প্ৰেমৰ চিৰন্তন ৰূপৰ প্ৰতি আস্থা ক্ৰমে হেৰাই গৈছে। নিৱনুৱা সমস্যা, দাৰিদ্র্য, চহৰৰ সংকীৰ্ণ পৰিসৰে প্ৰেমৰ উচ্ছাস আৰু আবেগক অর্থহীন কৰি তুলিছে। দেহজ প্রেমত সৌন্দর্য পিপাসাই চৰম পৰিতৃপ্তি লাভ কৰে। সেয়েহে ‘শ্বাশত প্ৰেমৰ তুলনাত ক্ষণিক প্রেমেই কবিৰ দৃষ্টি আকর্ষণ কৰিছে। অতীন্দ্ৰিয় প্ৰেমৰ তুলনাত দেহজ প্রেমে আধুনিক কাব্যত মুখ্য স্থান লাভ কৰিছে।

(ছ) বিজ্ঞানৰ সামগ্রিক প্ৰভাৱ : পদার্থ বিজ্ঞান, জীৱ বিজ্ঞান, মনোবিজ্ঞান, গ্রহতত্ত্ব, ভূতত্ত্ব, নৃতত্ত্ব প্রভৃতি ভিন ভিন বিজ্ঞানৰ মতবাদে আধুনিক কবিৰ চিন্তাধাৰাত প্ৰভাৱ বিস্তাৰ কৰিছে। প্যাংকৰ ৱিকিৰণ তত্ত্ব, হাইজেন বাৰ্গৰ অনির্ণেয়তাৰ প্ৰতি নীতি, আইনষ্টাইনৰ আপেক্ষিকতাবাদ আৰু পদাৰ্থ বিজ্ঞানীৰ তত্ত্ব, জীৱ বিজ্ঞানৰ দিশত ডাৰউইনৰ তত্ত্ব, ফ্ৰেজাৰ, মাৰ্গান প্ৰমুখ্যে নৃতত্ত্ববিদৰ দৃষ্টিভংগী, গ্রহতত্ত্ব, ভূতত্ত্ববিদৰ নতুন নতুন আৱিষ্কাৰ আদিয়ে আধুনিক কবিৰ মানসিক দিগন্তত প্ৰভাৱ পেলাইছে।

এনেদৰে আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ বিভিন্ন দিশৰ পৰা নানান উপাদান আহি পৰিছে। বিষয়বস্তুৰ ক্ষেত্ৰত আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্যৰাজি আলোচনা কৰি সমালোচক ত্ৰৈলোক্যনাথ গোস্বামীয়ে কৈছে— ‘আধুনিক কবিসকলৰ বৈশিষ্ট্য সজাগ জীৱন চেতনা। সামাজিক, ৰাজনৈতিক, অর্থনৈতিক নানান সমস্যাৰ চাকনৈয়াত হাবু-ডুবু খাই ভাগৰি পৰা জনগণৰ প্ৰতি কবিসকলৰ পৰোক্ষ সহানুভূতি আছে আৰু আছে সাম্য মৈত্রী জয়ৰ ক্ষীণ কল্পনা। নতুন দৃষ্টিভংগীৰ সহায়ত জীৱন-ধাৰাৰ নতুন মূল্যাংকন বিচৰাৰ প্ৰয়াস এনেবোৰ কবিতাৰ মাজেৰে স্পষ্ট হৈ পৰিছে।

১৬। যুদ্ধোত্তৰ যুগৰ আধুনিক অসমীয়া কবিতা সম্পর্কে এটি আলোচনা যুগুত কৰা?

উত্তৰঃ আধুনিকতা এটা আপেক্ষিক শব্দ। কবিতাৰ ক্ষেত্ৰত আধুনিকতা বিচাৰ কৰাটো প্ৰকৃততে কঠিন কমা। কবিৰ মনৰ জগত আৰু পাঠকৰ মনৰ জগতত একে সময়তে নতুন চেতনা-অনুভূতিৰ আদান-প্রদান হয় তেতিয়াই কবিতাত আধুনিকতা স্বীকৃতি হয়। আধুনিক কবিতা দৰাচলতে দ্বিতীয় মহাযুদ্ধোত্তৰ কালৰ কবিতা। মহাযুদ্ধই কঢ়িয়াই অনা নতুন চেতনা, সামাজিক পৰিবৰ্তন আদিয়ে নতুন পৰিৱৰ্তন আনিছিল। এই পৰিৱৰ্তন সবল কৰি তুলিছিল জয়ন্তী আলোচনীয়ে। জয়ন্তীৰ কবিতাত সমাজ চেতনা বলিষ্ঠ ৰূপত প্ৰকাশ পাইছিল যদিও প্রগতিবাদত বিশেষ গুৰুত্ব দিয়াৰ বাবে তাত জীৱনৰ সামগ্ৰিক ৰূপ প্ৰকাশিত হোৱা নাছিল। অৱশ্যে জয়ন্তীয়ে প্ৰগতিবাদী কবিতাৰ ক্ষেত্ৰত এক ঐতিহাসিক সূচনাৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী কালৰ পছোৱা ৰামধেনু আলোচনীয়ে এই প্রবাহটোক শক্তিশালী ৰূপ দিছিল

ৰামধেনু যুগৰ কবিতাৰ আঙ্গিক, বিষয়বস্তু দুয়োটাৰে আমূল পৰিৱৰ্তন হৈছিল। দৰাচলতে, এই সময়ৰ কবিতাত বিষয়বস্তুৰ নিৰ্বাচন, শব্দচয়ন, বাক্য বিন্যাস, প্রতীক, চিত্রকল্প, ছন্দ সজ্জা আদি সকলো দিশতে নতুনত্ব আছিল পূৰ্বৰ কবিতাৰ যৌগিক ছন্দৰ পৰা আঁতৰি আহি মুক্তক স্পন্দিত গদ্য ৰূপত আত্মপ্ৰকাশ কৰিলে। শব্দচয়নৰ ক্ষেত্ৰত ইংৰাজী, সংস্কৃত, বাংলা, হিন্দী আদি ভাৰতীয় ভাষাৰ প্ৰভাৱ পৰিল। জাপানী বাইকু কবিতাৰ ৰূপ অসমীয়া কবিতালৈ প্ৰৱাহিত হ’ল। যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাত কবিয়ে প্রতীক আৰু চিত্ৰকল্পৰো সংযোজন কৰিলে। কবিতা জটিল আৰু দুবোধ্য হৈ আহিল। নতুন নতুন ভার, অভিজ্ঞতা, বাস্তব দৃষ্টিভংগী, আঙ্গিকৰ অভিনৱত্ব সোমাই পৰি এই ধাৰাৰ কবিতাই অসমীয়া কাব্য জগতলৈ এটা নতুন যুগ আহ্বান কৰি আনিলে।

যুদ্ধোত্তৰ যুগৰ কবিসকলৰ ভিতৰত অমূল্য বৰুৱাৰ চমকপ্ৰদ আৱিৰ্ভাৱে অসমীয়া কাব্যমোদীৰ মনত আলোড়নৰ সৃষ্টি কৰিছিল। মার্ক্সীয় দৰ্শনত বিশ্বাসী অমূল্য বৰুৱাৰ কবিতাৰ বিষয়বস্তু আছিল কয়লা, কুকুৰ, বেশ্যা আদি। মৰোণোত্তৰভাৱে প্ৰকাশিত তেওঁৰ একমাত্ৰ কবিতা পুথি অচিনা। এই গৰাকী কবিয়ে মাত্র ২৪ বছৰ বয়সতে কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰাণ হেৰুৱায়। অমূল্য বৰুৱাই উন্মোচন কৰা প্ৰগতিবাদী ধাৰাটোৰ গুৰি ধৰে ভৱানন্দ দত্তই ৰাজপথ, পূবেৰুণ আদি কবিতাৰ যোগেদি। একেদৰে চক্ৰেশ্বৰ ভট্টাচাৰ্যই মাথোঁ এখন নোট আদি কবিতাৰ যোগেদি পৰৱৰ্তী কেইবাজনো কবিক সাম্যবাদী ভাৱনাৰে উদ্বুদ্ধ কৰিবলৈ সক্ষম হয়। আধুনিক লক্ষণ বিশিষ্ট, প্রগতিশীল দৃষ্টিভংগীযুক্ত আৰু বৈপ্লৱিক চেতনাৰ অসমীয়া কবিতা ৰচনা ধীৰেন্দ্ৰ নাথ দত্ত এইক্ষেত্ৰত সর্বাগ্রণী। ১৯৩৩ চনত প্ৰকাশিত অভিযান কাব্য সংকলনৰ পাতনিত কৈছে— মোৰ অভিযান সকলো প্ৰকাৰ জড়তা, দীনতা, হীনতাৰ বিৰুদ্ধে সমাজৰ কঠোৰ বান্ধোনৰ বিৰুদ্ধে। ইয়াৰ পিছতে আগবাঢ়ি আহিল অন্য এক প্রতিভা— হেম বৰুৱা। তেওঁৰ কবিতাতে প্রতীক আৰু চিত্ৰকল্পৰ আধুনিক প্রয়োগ প্রথম দেখা গৈছিল। বালিচন্দা (১৯৪৯), মনময়ূৰী (১৯৬৫) তেওঁৰ দুখন কবিতাৰ পুথি। এনেদৰে দেখা যায় যে যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ শুভাৰম্ভ ঘটিছে প্রগতিবাদী কবিতাৰ যোগেদি । পৰবৰ্তী কালত এই বিশিষ্ট প্রগতিবাদী বা মার্ক্সবাদী ধাৰাটোক প্ৰতিনিধিত্ব কৰে হীৰেন গোহাই, হীৰেণ ভট্টাচার্য, আমলেন্দু গুহ, কেশর মহন্ত, হেমাঙ্গ বিশ্বাস আদি কবিসকলে ।

যুদ্ধোত্তৰ যুগত যিগৰাকী কবিৰ কবিতাই আধুনিক কবিতাক সুপ্রতিষ্ঠিত কৰাত আৰু জনপ্ৰিয়তা বৃদ্ধিত সহায় কৰিলে, তেওঁ হ’ল নৱকান্ত বৰুৱা। অসমীয়া কবিতাত মুক্তক আৰু স্পন্দিত গদ্য ব্যৱহাৰত তেখেতে বৈচিত্ৰ্যৰ সৃষ্টি কৰিলে। চল্লিশৰ দশকৰ শেষৰফালে কবি ৰূপে আত্মপ্রকাশ কৰি তেওঁ সপ্তম দশকৰ শেষলৈকে ছখন কবিতাৰ পুথি ৰচনা কৰে – হে অৰণ্য, হে মহানগৰ, এটি দুটি এঘাৰটি তৰা, ৰাৱণ, মোৰ আৰু পৃথিৱী, যতি আৰু কেইটিমান স্কেছ, এখন স্বচ্ছ মুখাৰে ইত্যাদি। যান্ত্ৰিক আৰু নাগৰিক সভ্যতাৰ দানৱীয় অভিব্যক্তিৰ প্ৰতি ঘৃণা, প্রাচীন ঐতিহ্য, সচেতন দৃষ্টিভংগী, মানৱতাবাদ, আধুনিক সমাজ-সভ্যতাই জন্ম দিয়া দ্বিধা, সংকোচ আৰু সুস্থ সমাজ-ব্যৱস্থাৰ প্রতি আগ্রহ এই কাব্য সংকলনকেইটিত প্রকাশ পাইছে।

নৱকান্ত বৰুৱাৰ আৱিৰ্ভাৱৰ লগে লগে অসমীয়া কবিতাত এটা নতুন ধাৰাৰ সৃষ্টি হয়। বহুতে এই ধাৰাটোক বুদ্ধিনিষ্ঠ ধাৰা বুলিও অভিহিত কৰিব খোজে। এই ধাৰাটো মূলতঃ পাশ্চাত্যৰ এলিয়ট, অডেন, স্পেণ্ডাৰ, বোডলেয়াৰ, লুই, মায়াকভস্কি, ৰিস্কে আদি ইউৰোপীয় কবিৰ দ্বাৰা প্ৰভাৱিত। নৱকান্ত বৰুৱাক এই ধাৰাটোৰ নায়ক বুলি কোৱা হয়। নীলমণি ফুকন, ভবেন বৰুৱা, মহেন্দ্ৰ বৰা, অজিৎ‍ বৰুৱা, মহিম বৰা, হৰি বৰকাকতি আদি কবিও এই ধাৰাৰ অন্যতম।

নীলমণি ফুকনৰ (১৯৩৩) কবিতা বুদ্ধিদীপ্ত আৰু চিত্ৰময় ৰচনা৷ তেওঁ যুদ্ধোত্তৰ যুগৰ এজন জনপ্রিয় কবি। তেওঁৰ কবিতাৰ পুথিসমূহৰ ভিতৰত সূর্য হেনো নামি আহে এই নদীয়েদি, নিৰ্জনতাৰ শব্দ, আৰু কি নৈশব্দ, ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে, কাঁইট, গোলাপ আৰু কাঁইট, গোলাপী জামুৰ লগ্ন, কবিতা আদি। মহেন্দ্ৰ বৰাৰ কাব্য সাধনাৰ আৰম্ভণি বিংশ শতিকাৰ চল্লিশৰ দশকত ৷ তেওঁৰ কবিতা পুথি কেইখন হ’ল জাতিস্মৰ, এই নদীয়েদি ইত্যাদি। তেওঁৰ কবিতাত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ স্পষ্ট। জন্মান্তৰাবাদত বিশ্বাসী এইজনা কবিৰ কবিতাৰ ঘাই সুৰ ৰমন্যাসিক চেতনা। বিংশ শতিকাৰ পঞ্চম আৰু ষষ্ঠ দশকৰ কৰি হৰি বৰকাকতি। তেওঁৰ কাব্য পুথি হৈছে কোনোবা শীতৰ এক বগা সন্ধিয়াত, হৰি বৰকাকতিৰ কবিতা, সময় বালিৰ খোজ। হোমেন বৰগোহাঞি বুদ্ধিনিষ্ঠ ধাৰাৰ অন্যতম কৰি। তেওঁৰ কবিতাৰ পুথি হৈমন্তী। মহিম বৰাৰ কবিতাত জন্মান্তৰবাদ, জীৱন, মৃত্যু আৰু কৌতূহল সংশয়ৰ মনোভাব আছে। একমাত্র কবিতাৰ পুথি ৰঙাজিঞা।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সমাজবাদী ধাৰাৰ এজন উল্লেখযোগ্য কবি। তেওঁ জয়ন্তী, পছোৱা আৰু ৰামধেনু আলোচনীত কাব্য চৰ্চা কৰিছিল। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, ফেঁচা, বৰ ভূঁইকঁপ আদি উৎকৃষ্ট কবিতা। সমাজবাদী ধাৰাৰ আন এজন কবি অমলেন্দু গুহ। তেওঁৰ কবিতাত শ্ৰমজীৱী, কৃষক বনুৱা মানুহৰ সংগ্ৰামৰ ছবি আছে। বাওপন্থী চিন্তা চেতনাৰে সমৃদ্ধ আন এগৰাকী কবি তথা গাতিকাৰ হ’ল কেশৱ মহন্ত। আমাৰ পৃথিৱী, আগন্তুক আদি তেওঁৰ উল্লেখযোগ্য কাব্য সংকলন। প্রগতিবাদী ধাৰাটোৰ আন এগৰাকী বিশিষ্ট কবি ৰাম গগৈ তেওঁৰ কাব্য পুথি মাটিৰ স্বপ্ন।

সুগন্ধি পখিলাৰ কবি ৰূপে হীৰেন ভট্টাচাৰ্যৰ কবি প্ৰতিভাই সপ্তম দশকতে পূৰ্ণ বিকাশ লাভ কৰিলে। প্ৰগতিশীল সমাজ চেতনা তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত ধৰা দিছিল। প্রকাশিত কাব্য পুথি — ৰৌদ্ৰকামনা, মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, সুগন্ধি পখিলা আদি। বিপ্লৱী চেতনা, বাস্তৱতা, মানৱতাবোধৰ প্ৰেৰণা সমৃদ্ধ আন এগৰাকী সমাজবাদী কবি হ’ল হেমাঙ্গ বিশ্বাস। কুল খুৰাৰ চোতাল তেওঁৰ কাব্যপুথি।

যুদ্ধোত্তৰ যুগৰ ৰমন্যাসিক কবি হ’ল নিৰ্মলপ্ৰভা বৰদলৈ। কাব্যিক অনুভূতিক অতি সংক্ষেপে অথচ সংবেদনশীলভাবে, মঞ্জুল ভাষা আৰু চিত্রধর্মী ভাষাত প্ৰকাশ কৰিছে। তেওঁৰ কাব্য সংকলনকেইটি হ’ল— বন ফৰিঙৰ ৰং, দিনৰ পাছত দিন, সমীপেষু, অন্তৰঙ্গ।

ৰমন্যাসবাদী, প্রতীকবাদ, প্রগতিবাদ আদি কেওবিধৰে প্ৰতিফলন থকা কবি গৰাকী হ’ল বীৰেণ বৰকটকী। তেওঁৰ কবিতাৰ সংকলন দুখন মন্বন্তৰ আৰু চিৰন্তন। ১৯৪০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত আৱিৰ্ভাৱ হোৱা আন আন কবিসকলৰ ভিতৰত বীৰেশ্বৰ বৰুৱা, দিলীপ বৰুৱা, হীৰেন্দ্ৰনাথ দত্ত, ভবেন বৰুৱা, হৰেকৃষ্ণ ডেকা, দীনেশ গোস্বামী, নলিনীধৰ ভট্টাচাৰ্য, ৰবীন্দ্ৰ সৰকাৰ আদিৰ নাম উল্লেখ কৰিব পাৰি।

ওপৰত কম-বেছি পৰিমাণে আলোচনা কৰা কবিসকলৰ বাহিৰেও ষাঠিৰ দশক বা তাৰ আগেয়ে আৰু সত্তৰ আৰু আশীৰ দোমোজাত আত্মপ্রকাশ কৰি কাব্য-চৰ্চা কৰা আন কেইবাজনো কবিৰ নাম নাথাকিলে এই আলোচনা সম্পূৰ্ণ নহ’ব।

কবীন ফুকন গভীৰ মননশীল ধাৰাটোৰ কবি। তেওঁ ষাঠিৰ দশকৰ কবি। ষাঠিৰ দশকত আত্মপ্ৰকাশ কৰা আন এজন কবি আনিছ উজ জামান। সনন্ত তাঁতী সত্তৰৰ দশকত আত্মপ্ৰকাশ কৰা কবি সকলৰ অন্যতম। তদুপৰি এই সময়ৰ বিশিষ্ট কবিসকলৰ ভিতৰত অনুভৱ তুলসী, নীলিম কুমাৰ, জ্ঞান পূজাৰী, অনুপমা বসুমতাৰী, ৰাজীৱ বৰুৱা, বিপুলজ্যোতি শ‍ইকীয়া, তুলিকা চেতিয়া য়েইন, জ্যোতিৰেখা হাজৰিকা, আদিৰ নাম ল’ব পাৰি। শোষণৰ বিৰুদ্ধে সংগ্ৰাম আৰু নতুন সমাজ এখনৰ প্ৰতি আগ্ৰহ সৰহভাগ নবীন কবিৰে কেন্দ্ৰীয় চিন্তা। 

১৭। আধুনিক অসমীয়া কবিতাৰ ধাৰা সম্পর্কে এটি আলোচনা আগবঢ়োৱা?

উত্তৰঃ আধুনিক কবিতা মূলতঃ জনতাৰ কবিতা। জন-জীৱনৰ-হাই উৰুমিৰে-আধুনিক কবিতা মুখৰিত। যুদ্ধোত্তৰ যুগৰ কবিতাৰ বিষয়, ভাৱ আঙ্গিক আদি দিশৰ পৰা আধুনিক কবিতাৰ কেইবাটাও ধাৰা নিৰ্ণয় কৰিব পাৰে। ভাৱৰ দিশৰ পৰা—

(ক) সমাজবাদী ভাৱধাৰাৰ কবিতা : আধুনিক কবিসকলে মানুহৰ অস্তিত্ব আৰু সমাজ-জীৱনৰ মূল্যায়নৰ ভেটিত কবিতা ৰচনা কৰি আহিছে। জড়তাগ্রস্ত সমাজ জীৱনৰ বুকুত নতুন দিনৰ প্ৰাণ প্রতিষ্ঠা কৰিবৰ বাবে তেওঁলোক জনতাৰ মাজলৈ ওলাই আহিছে। জনজীৱনৰ দুখ-যন্ত্ৰণাৰ উপশম ঘটাবলৈ এইসকল কবিয়ে চেষ্টা কৰিছে। এইদল কবিৰ ভিতৰত ভবানন্দ দত্ত, অমূল্য বৰুৱা, মেষ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কেশৱ মহন্ত, নলিনীধৰ ভট্টাচাৰ্য, বীৰেণ বৰকটকী, ৰাম গগৈ, ৰবীন্দ্ৰ সৰকাৰ নাম ল’ব পাৰি।

সমাজবাদী ধাৰাৰ কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাত এক উচ্চ আদর্শবাদ, জনতাৰ ওপৰত তেওঁৰ সশ্ৰদ্ধ আস্থা আৰু এখন সাম্যবাদী সমাজ ৰচনাৰ সপোন প্ৰতিফলিত হৈছে। তেওঁৰ ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’, “শঙ্কৰদেৱ’, ‘আত্মজ্ঞান’ আদি কবিতাত মানৱতাবাদ, ন্যায় আৰু সমতাৰ আদৰ্শৰ প্ৰতি থকা দৃঢ় বিশ্বাসৰ ধ্বনি শুনিবলৈ পোৱা যায়। 

বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ

বড়ো নাচনিৰ নাচোনৰ তাল ভাগে 

জনতাৰ চকু চকুৰ পানীৰে পূৰ। 

(বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য)

(খ) নৱ্য্য ৰোমাণ্টিক ভাৱধাৰাৰ কবিতা : যুদ্ধোত্তৰ যুগৰ এচাম কবিয়ে ৰোমাণ্টিক ভাবধাৰাকে লৈ আধুনিক দৃষ্টিভংগীৰে কবিতা লিখিছে। এইসকল কবিৰ কবিতাত সামাজিক চেতনাৰ প্রভাৱ স্পষ্ট। নব্য-ৰোমাণ্টিক ভাৱধাৰাৰ কবিসকলৰ চেতনাত ৰোমাণ্টিক ভাৱধাৰা, সত্য আৰু সুন্দৰৰ আৰাধানাৰ ভেটিতহে নতুন সমাজ গঢ়াৰ প্ৰয়াস দেখা হৈছে। এই ভাৱধাৰাৰ কবিতাত আধ্যাত্মিক শুভবুদ্ধি, কলা-সর্বস্বতা, প্রকৃতি, যৌৱনৰ বিষণ্ণতা, দীর্ঘশ্বাস, যৌনতাৰ প্ৰকাশ, সংশয়, অতৃপ্তি, নিৰাশা-হতাশা, নিস্তেজ-নিষ্ক্রিয় সৌন্দৰ্যবোধৰ অনুভূতি দেখা যায়। এই দলৰ কবিসকলৰ ভিতৰত নৱকান্ত বৰুৱা, হৰি বৰকাকতি, ভবেন বৰুৱা, হোমেন বৰগোহাঞি, নীলমণি ফুকন, অজিৎ বৰুৱা, মহেন্দ্ৰ বৰা, হীৰেন ভট্টাচাৰ্য ইত্যাদি কবিৰ নাম উল্লেখ কৰিব পাৰি।

আংগিকৰ ধাৰা

(ক) প্রতীকবাদী ধাৰা : প্রতীক হ’ল শব্দ বা শব্দ গুচ্ছৰ অৰ্থসম্বলিত ৰূপ। প্রতীকে কবিতাৰ ভাষা ব্যঞ্জনাময় কৰি তোলে। প্রতীকবাদ হ’ল এক সাহিত্যিক আন্দোলন যত প্রতীকেই কবিতাৰ মূল আত্মা। অৰ্থাৎ প্ৰতীক আৰু প্ৰতীকবাদ একে বস্তু নহয়। প্রতীকবাদীসকলে ব্যৱহাৰ কৰা প্ৰতীক তেওঁলোকৰ স্বকীয় অভিজ্ঞতাৰ আধাৰত নির্মিত বাবে সৰ্বসাধাৰণৰ বাবে বহুসময়ত তাক বুজি পোৱা কঠিন হৈ পৰে। দৰাচলতে প্রতীকবাদী, কবিসকলে কবিতাত এখন সম্পূৰ্ণ চিত্ৰ ৰচনা কৰি নিদিয়ে, মাথোঁ পাঠকৰ অনুভৱৰ বাবে গোটেই দিয়ে কবিতাৰ শব্দ, ভাৱ আৰু চিত্ৰকল্প।

১৯ শতিকাৰ ফৰাছী প্রতীকবাদী আন্দোলনৰ ফলত এই ধাৰা অসমীয়া কবিতালৈ আহিল ৷ প্ৰতীকবাদী কবিসকলৰ ভিতৰত নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, হোমেন বৰগোহাঞি, হেম বৰুৱা, অজিৎ বৰুৱাৰ নাম উল্লেখযোগ্য। অসমীয়া কবিতাত প্ৰতীকবাদী কবিতাৰ বিভিন্ন উদাহৰণ পোৱা যায়। তাৰ ভিতৰত অজিৎ বৰুৱাৰ ‘জেংৰাই ১৯৬৩’কবিতাত আমি প্রতীকবাদী প্রকাশ দেখা পাওঁ—

ডকা বজোৱা মোৰ হৃদয় ডংকা 

অংক নিমিলে যিনিলে লংকা

ডংকা বজোৱা যিনিলে বজোৱা 

ডংকা বজোৱা…

(খ) চিত্রকল্পবাদী ধাৰা : পশ্চিমীয়া সাহিত্যত বিংশ শতাব্দীৰ দ্বিতীয় দশকত কেইজনমান ইংগমার্কিন কবিয়ে চিত্রকল্পবাদী আন্দোলন গঢ়ি তুলিছিল । মনত ৰখা উচিত যে, চিত্ৰকল্প আৰু চিত্ৰকল্পবাদ একে নহয়। চিত্ৰকল্পবাদীসকলৰ মতে চিত্রকল্প কবিতাৰ আঙ্গিক নহয় ই কবিতাৰ প্ৰাণ বা আত্মা। চিত্ৰকল্পবাদী আন্দোলনৰ গুৰি ধৰোঁতা টমাচ আর্গেষ্ট হিউম আৰু এজৰা পাউণ্ডে চিত্ৰকল্পৰ সম্পৰ্কত এই কথা স্পষ্ট কৰি গৈছে। এই আন্দোলনৰ প্ৰভাৱ বিশ্বৰ বিভিন্ন সাহিত্যত পৰে। অসমীয়া সাহিত্যৰ বিশেষকৈ কবিতাৰ ক্ষেত্ৰত এই প্রভাব পৰে। চিত্রকল্পবাদী ধাৰাৰ অন্তৰ্গত কৰি হিচাপে আমি হেম বৰুৱা, নৱকান্ত বৰুৱা, বীৰেশ্বৰ বৰুৱা, মহেন্দ্ৰ বৰা, নীলমণি ফুকন, হৰি বৰকাকতি, নির্মল প্ৰভা বৰদলৈ, হোমেন বৰগোহাঞি, হীৰেন ভট্টাচাৰ্য আদিৰ কথা উল্লেখ কৰিব পাৰো।

হৰি বৰকাকতিৰ কবিতাত মনোৰম চিত্ৰকল্পৰ সমাৱেশ ঘটিছে প্ৰিয়াৰ চিঠিত—

‘কোনো নাই, নাই সাৰে আছে মাথোঁ 

হেজাৰ প্ৰিয়াৰ চকুৰ লোতক গোট মাৰি

হোৱা আকাশৰ চেঁচা জোন।

নিৰ্মলপ্ৰভা বৰদলৈয়ে কম শব্দতে নিটোল চিত্রকল্প ৰচনা কৰিছে। কবিয়ে ফাগুণৰ চিত্ৰ আঁকিছে এনেদৰে—

নীলা পাটৰ সাজযোৰত

ফাকু ৰঙৰ

জকমকীয়া বুটা।

এনেদৰে, এদল কবিৰ যত্নত চিত্ৰকল্পবাদী ধাৰাই অসমীয়া কবিতাৰ ইতিহাসক উজল কৰি তুলিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top