History of Assamese Literature Unit 1 অসমীয়া সাহিত্যৰ যুগ বিভাজন

History of Assamese Literature Unit 1 অসমীয়া সাহিত্যৰ যুগ বিভাজন, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, History of Assamese Literature Unit 1 অসমীয়া সাহিত্যৰ যুগ বিভাজন Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. History of Assamese Literature Unit 1 অসমীয়া সাহিত্যৰ যুগ বিভাজন Question Answer can be of great value to excel in the examination.

History of Assamese Literature Unit 1 অসমীয়া সাহিত্যৰ যুগ বিভাজন

Join Telegram channel

History of Assamese Literature Unit 1 অসমীয়া সাহিত্যৰ যুগ বিভাজন Notes cover all the exercise questions in UGC Syllabus. The History of Assamese Literature Unit 1 অসমীয়া সাহিত্যৰ যুগ বিভাজন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমীয়া সাহিত্যৰ যুগ বিভাজন

ASSAMESE

HISTORY OF ASSAMESE LITERATURE

অসমীয়া সাহিত্যৰ বুৰঞ্জী

১। অসমীয়া ভাষাৰ জন্ম সম্পর্কে বিভিন্ন পণ্ডিতে আগবঢ়োৱা মতবাদসমূহ আলোচনা কৰি এটি সিদ্ধান্ত দিয়া। 

উত্তৰঃ অসমীয়া ভাষাৰ জন্ম সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন মত আগবঢ়াইছে। অসমীয়া ভাষা ভাৰতীয় আর্যভাষাৰ পৰা উদ্ভৱ হৈছে— এই সিদ্ধান্তত সকলো একমত। কিন্তু অসমীয়া ভাষা মূল মাগধী প্রাকৃত এই সম্পর্কে ভাষাতত্ত্ববিদসকল একমত নহয়।

অসমীয়া ভাষাৰ উদ্ভৱৰ সম্পৰ্কে প্ৰথম মত দাঙি ধৰিছে— ভাষাবিদ ছাৰ জি. এ. গ্ৰীয়াৰ্ছন, ড° সুনীতি কুমাৰ চট্টোপাধ্যায়, ড° বাণীকান্ত কাকতি আদি পণ্ডিতসকলে। এই মতানুযায়ী বৈদিক ভাষাৰ পৰা বিকশিত মধ্যভাৰতীয় আর্যভাষাৰ শেষস্তৰৰ ভাষা মাগধী অপভ্ৰংশৰ পূৰ্বী শাখাৰ পৰা অসমীয়া ভাষা উদ্ভৱ হৈছে। চট্টোপাধ্যায়ে মাগধী অপভ্রংশক তিনিটা ভাগত ভাগ কৰিছে—

(ক) প্রাচ্য মাগধীৰ পৰা — অসমীয়া, বঙলা, উড়িয়া।

(খ) মধ্য মাগধীৰ পৰা — মৈথিলী আৰু মগহী। 

(গ) পশ্চিম মাগধীৰ পৰা — ভোজপুৰী।

চট্টোপাধ্যায় গ্ৰীয়াছনৰ মত সমৰ্থন কৰি কৈছে যে মাগধী প্ৰাকৃতৰ শেষ স্তৰটো মাগধী অপভ্রংশ বা মাগধী অবহট্ঠ নিদের্শিত হৈছে৷ ইয়াৰে ওড্র ঠালটোৰ পৰা উড়িয়া, বঙ্গ ঠালটোৰ পৰা বঙলা আৰু কামৰূপী ঠালটোৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে। এইমত বর্তমান বিতর্ক হলেও সাধাৰণভাৱে সমৰ্থন কৰিব পাৰি। 

দ্বিতীয় মত আগবঢ়াইছে— ডিম্বেশ্বৰ নেওগ, বেণীমাধৱ বৰুৱা আদিয়ে। তেওঁলোকৰ মতে— অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা জন্ম হোৱা নাই, কামৰূপী প্ৰাকৃতৰ পৰাহে জন্ম হৈছে। 

এই মতক সমৰ্থন কৰা আন দুজন মান ব্যক্তিৰ কথা উল্লেখ কৰিব পাৰি। অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাই Assamese : Origin and Development’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, “মাগধী প্রাকৃত অসমত প্ৰচলিত হোৱাৰ ৰাজনৈতিক আৰু সামাজিক কাৰণ নাই আৰু অসমত ‘কামৰূপী প্ৰাকৃত’ নামেৰে নিজা প্ৰাকৃত এটাহে গঢ় লৈ উঠিছিল।” আন এজন পণ্ডিতে ড° উপেন্দ্রনাথ গোস্বামীয়ে ‘অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশ’ নামৰ গ্ৰন্থত কামৰূপী প্ৰাকৃতৰ কথাটো মানি ল’ব খোজে। তেওঁ ক’ব খোজে যে— তামৰ ফলিবোৰত প্ৰাচীন কামৰূপত গঢ় লৈ উঠা প্ৰাকৃতৰ ভাষাৰ এটা নিদৰ্শন ৰক্ষিত হৈছে আৰু সেয়ে অসমীয়া ভাষাৰ প্ৰাচীনতা দাঙি ধৰা কামৰূপী প্ৰাকৃত।”

ওপৰত উল্লেখ কৰা কামৰূপী প্ৰাকৃতৰ অস্তিত্ব, বিশেষত্ব আৰু স্বকীয়তা সম্পর্কে কোনোজন পণ্ডিতে নিৰ্ভৰযোগ্য তথ্য আগবঢ়াব পৰা নাই। সেয়ে কামৰূপী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ জন্ম হোৱা মতটো বিশেষভাৱে চিন্তনীয় বিষয়।

পণ্ডিত গৱেষক কালিৰাম মেধিয়ে অসমীয়া ভাষাৰ উদ্ভৱত মাগধী প্ৰাকৃতৰ অস্তিত্ব স্বীকাৰ কৰাৰ লগতে অসমীয়া ভাষা প্রাচ্য আৰু পশ্চিমা অপভ্ৰংশৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে বুলি মানি ল’ব খোজে আৰু লগতে অসমীয়া ভাষাত প্ৰাকবৈদিক উপাদানৰ কথাও উল্লেখ কৰিছে।

কনকলাল বৰুৱাই— কামৰূপী ভাষাটো মূলতঃ পূব মৈথিলীৰ এটা ৰূপ বুলি কৈছে। অসমীয়া ভাষাত থকা কিছুমান শব্দ পৈশাচী শাখাৰ ভাষাবোৰৰ লগত মিল আছে বুলিও উল্লেখ কৰিছে। দেৱানন্দ ভৰালীৰ মতে– “সাধাৰণতে মাগধী প্ৰাকৃতৰ পৰাই অসমীয়া ভাষা ওলাইছে বুলি যি ধাৰণা আছে সেইটো ভুল। মাগধী প্ৰাকৃতৰ উপৰিও অসমত দুটা প্রাকৃত ভাষাৰ স্তৰ পোৱা যায়। এটাক ‘সৌমাৰ প্ৰাকৃত’ আৰু আনটোক ‘কামৰূপীয়া প্ৰাকৃত’ (অসমীয়া ভাষাৰ মৌলিক বিচাৰ)। এই মতো গ্রহণযোগ্য নহয়।

আন এটা মত আগবঢ়াইছে— নাথান ব্ৰাউনে। তেওঁ অসমীয়া ভাষাটোত থকা অনা-আৰ্য ভাষাৰ প্ৰচুৰ উপাদানলৈ লক্ষ্য কৰি মত দাঙি ধৰে যে— ‘বর্তমান অধুনা লুপ্ত হোৱা থলুৱা ভাষাৰ লগত সংস্কৃত ভাষাৰ গঠনৰীতি জাপি দিয়াৰ ফলতেই অসমীয়া ভাষাৰ জন্ম হৈছে।

ওপৰত উল্লেখ কৰা অসমীয়া ভাষা সম্পৰ্কীয় মতবিলাক চালিজাৰি চালে প্রথম মতটো অর্থাৎ মাগধী প্রাকৃত মাগধী অপভ্রংশ (কোনো কোনোৰ মতে কামৰূপী অপভ্রংশ)ৰ পৰাই অসমীয়া ভাষাৰ জন্ম হৈছে বুলি সাধাৰণভাৱে গ্ৰহণ কৰিব পাৰি। অসমীয়া ভাষা সম্পৰ্কীয় প্রথম উক্তিটো চীনা পৰিব্ৰজাক হিউৱেনচাঙৰ টোকাত পোৱা যায়। তেওঁৰ ভ্ৰমণ টোকাত উল্লেখ আছে যে- তেওঁলোকৰ (কামরূপৰ মানুহৰ) ভাষা মধ্য ভাৰতৰ ভাষাৰ সৈতে সামান্য প্রভেদ। 

হিউয়েন চাঙৰ এই ঐতিহাসিক উক্তিৰ আধাৰত প্ৰমাণ কৰিব পাৰি যে, খ্ৰীষ্টীয় সপ্তম শতিকা মানতেই অসমীয়া ভাষাই সুকীয়া ৰূপ লাভ কৰিছিল। তদুপৰি অষ্টম-দ্বাদশ শতিকাৰ ভিতৰত ৰচিত চর্যাপদেও অসমীয়া ভাষাৰ মূল সম্পর্কে কিছু আভাস দিয়ে। চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ মিললৈ চাই এই চর্যাপদৰ ভাষাকেই কামৰূপী অপভ্রংশৰ নিদর্শন হিচাপে ল’ব পাৰি। ইয়াৰ পরবর্তীকালত বড়ু চণ্ডীদাসৰ ‘শ্ৰীকৃষ্ণ কীর্তন’ আৰু ৰামাই পণ্ডিতৰ ‘শূন্য পুৰাণ’ নামৰ দুখন পুথি ৰচিত হৈছিল। এই দুখন পুথিতো অসমীয়া আৰু বঙলা ভাষাৰ বহুখিনি লক্ষণ দেখিবলৈ পোৱা যায়। চৈধ্য শতিকাৰ মাধৱ কন্দলীৰ ৰামায়ণৰ ভাষাৰ সৈতে বডু চণ্ডীদাসৰ ‘কৃষ্ণকীর্তন’ৰ বহুখিনি সাদৃশ্য পৰিলক্ষিত হয়। এই পুথিয়েও অসমীয়া ভাষাৰ প্ৰাচীনতম নিদর্শন দাঙি ধৰে। 

২।  বিভিন্ন পণ্ডিতে অসমীয়া সাহিত্যৰ যুগ বিভাজন কেনেদৰে কৰি দেখুওৱাইছে? আলোচনা কৰা? 

উত্তৰঃ লিখিত ৰূপত থকা সাহিত্য ৰাজিৰ ৰূপবস্তু আৰু ভাববস্তুৰ সঠিক বিশ্লেষণ কৰিলে অসমীয়া সাহিত্যৰ বুৰঞ্জীত তিনিটা যুগ বা স্তৰৰ অৱস্থিতি স্পষ্ট ৰূপে ওলাই পৰে। ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ যুগ বিভাজন কৰোঁতেও এই অনুক্রমেই কৰিছে। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ যুগ বিভাজন পোন প্ৰথমবাৰৰ বাবে পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে কৰি দেখুৱাইছিল যদিও সি অপ্রচলিত হৈ বল। ভাষা সাহিত্যৰ আন এজন ওজা

ডিম্বেশ্বৰ নেগে অসমীয়া সাহিত্যৰ যুগ বিভাজন এনেদৰে কৰিছে—

(ক) আদিযুগ : প্ৰাৰম্ভৰ পৰা দ্বাদশ শতিকাৰ শেষলৈকে (৮০০- ১২০০ খৃ:)

(খ) প্রাগবৈষ্ণৱ যুগ : ত্রয়োদশৰ পৰা পঞ্চদশৰ মাজভাগলৈ (১২০০-১৪০০ খৃ:)

(গ) বৈষ্ণৱ যুগ : পঞ্চদশৰ মাজৰ পৰা সপ্তদশৰ মাজলৈ (১৪৫০- ১৬৫০ খৃ:) 

(ঘ) বিস্তাৰ যুগ : সপ্তদশৰ মাজৰ পৰা ঊনবিংশৰ আগছোৱালৈ (১৬৫০- ১৮৩০ খৃ:) 

(ঙ) বর্তমান যুগ : ঊনবিংশৰ আগছোৱাৰ পৰা এতিয়ালৈকে( ১৮৩০- ১৯৪০ খৃ:) 

উল্লেখযোগ্য যে এই বিভাজন কৰা হৈছিল ১৯৪১ খৃষ্টাব্দত। ডা সত্যেন্দ্র নাথ শৰ্মাৰ মতে- “অসমীয়া সাহিত্যৰ বুৰঞ্জীক তিনিটা যুগত ভাগ কৰিব পাৰি— আদি, মধ্য আৰু আধুনিক বা বর্তমান। মধ্যযুগক আকৌ তিনিটা পর্যায় বা স্তৰত বিভাগ কৰিব পাৰি— প্রাক্‌শংকৰী, শংকৰী আৰু উত্তৰ শংকৰী।”

ড° মহেশ্বৰ নেওগে কৰা অসমীয়া সাহিত্য বুৰঞ্জীৰ যুগ বিভাজন এনেধৰণৰ—

(ক) বৌদ্ধযুগ (অষ্টমৰ পৰা দ্বাদশ শতিকালৈ)

(খ) প্রাক্‌শংকৰী যুগ (ত্রয়োদশৰ পৰা পঞ্চদশ শতিকালৈ) 

(গ) শংকৰীযুগ (পঞ্চদশ শতিকাৰ পৰা ষষ্ঠদশলৈ)

(ঘ) শংকৰোত্তৰ যুগ (সপ্তদশৰ পৰা ঊনবিংশ শতিকাৰ দ্বিতীয় দশকলৈ)

(ঙ) আধুনিক যুগ (১৮২৬ চনৰ পৰা বৰ্তমানলৈ) ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ ওলাই পৰে যে অসমীয়া সাহিত্যৰ বুৰঞ্জী তিনিটা স্তৰত বিভাজন কৰি ল’লে বিজ্ঞানসন্মত আলোচনাৰ পথ সুগম হয়। সেইকেইটা হ’ল—

(ক) আদি বা প্রথমস্তৰ :

(খ) মধ্যযুগ বা দ্বিতীয় স্তৰ :

(গ) আধুনিক যুগ বা তৃতীয় স্তৰ :

খৃষ্টীয় দশম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈকে আদি যুগ বা প্রথমস্তৰ। চতুদর্শ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈকে মধ্যযুগ বা দ্বিতীয় স্তৰ আৰু ঊনবিংশ শতিকাৰ তৃতীয় দশকৰ পৰা বর্তমান সময়লৈকে আধুনিক যুগ বা তৃতীয় স্তৰ।

(ক) আদি যুগ বা প্রথম স্তৰ : (খৃঃ ৯৫০ খৃঃ ১৩০০) উদ্ভৱ কালৰ অসমীয়া সাহিত্যৰ নিদৰ্শন ৰূপে চর্যাপদক আগস্থান দিয়া হয়। আনহাতে ভালেমান মন্ত্ৰ পুথিতো অসমীয়া সাহিত্যৰ প্রাচীনতম ৰূপ সংৰক্ষিত হৈ আছে। অৱশ্যে বিষয়বস্তু আৰু ৰচনাৰ পটভূমিলৈ দৃষ্টি ৰাখি অধিকাংশ মন্ত্র সাহিত্য প্রাকৃবৈষ্ণৱ যুগৰ সৃষ্টি বুলি ঠাৱৰোৱা হৈছে।

(খ) মধ্যযুগ বা দ্বিতীয় স্তৰ : (খৃঃ ১৪০০ খৃঃ ১৮৩০) কালগত আৰু বিষয়গত বৈশিষ্ট্যলৈ চাই অসমীয়া সাহিত্যৰ মধ্যযুগকো আকৌ তিনিটা যুগ বা স্তৰত উপবিভাজন কৰা হৈছে। সেয়ে হ’ল— প্রথম পৰ্যায়ৰ প্ৰাকৃশংকৰী যুগ, দ্বিতীয় পৰ্যায়ৰ শংকৰীযুগ আৰু তৃতীয় পৰ্যায়ৰ উত্তৰ শংকৰীযুগ। এই বিভাজনক কোনো কোনোৱে প্রাক্‌শংকৰী যুগ, বৈষ্ণৱ যুগ, উত্তৰ শংকৰী যুগ বা বৈষ্ণৱোত্তৰ যুগ বুলিও অভিহিত কৰে।

খৃষ্টীয় পঞ্চদশ শতিকাৰ কালছোৱাত সমগ্ৰ ভাৰতবৰ্ষ জুৰি নৱবৈষ্ণৱ আন্দোলনে আলোড়নৰ সৃষ্টি কৰিছিল। অসমতো তাৰ প্ৰভাৱ বিস্তৃতভাৱে পৰিছিল। ফলত ভক্তিধৰ্মক কেন্দ্ৰ কৰি সাংস্কৃতিক নব্যধাৰাৰো অভ্যুদয় ঘটিছিল। চিত্র-ভাস্কর্য আদিৰ লগে লগে সংগীত আৰু সাহিত্য কলাৰ উত্থানে অসমীয়া সমাজ সংস্কৃতিক বর্ণাঢ্য কৰি তুলিছিল। 

শ্ৰীমন্ত শংকৰদেৱ আছিল এই নৱবৈষ্ণৱ আন্দোলনৰ মধ্যমণি। সেই অনুসৰিয়েই বৈষ্ণৱ যুগক শংকৰী যুগ বুলি অভিহিত কৰা হৈছে। শংকৰদেৱৰ পূৰ্বৱৰ্তী যুগৰ বৈষ্ণৱকবিসকল আৰু পৰৱৰ্তী যুগৰ অনুগামীসকলেও এই আন্দোলনলৈ প্ৰভূত অৰিহণা আগবঢ়াইছে। সেয়েহে শংকৰদেৱৰ পূৱৰ্তী বৈষ্ণৱ যুগটোক প্ৰাকশংকৰী যুগ আৰু পৰৱৰ্তী যুগটোক উত্তৰ শংকৰী যুগ ৰূপে নামকৰণ কৰা হৈছে। 

(গ) আধুনিক যুগ বা তৃতীয় স্তৰ : (খৃঃ ১৮২৬ ৰ পৰা বৰ্তমানলৈ) ইংৰাজৰ হাতত পৰাস্ত হৈ অত্যাচাৰী মান সেনাই ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চুক্তি মৰ্মে অসম ত্যাগ কৰে। চতুৰ ইংৰাজসকলে সেই চুক্তিৰ গইনা লৈ অসম ৰাজ্যৰ শাসন ক্ষমতা নিজৰ হাতলৈ নিয়ে। ইংৰাজ শাসনত পৰাধীনতাৰ শিকলিৰে বান্ধ খোৱা প্ৰজাবর্গই বৌদ্ধিক বা সাংস্কৃতিক প্ৰতিভা প্ৰকাশৰ সুৰুঙা বিচাৰি নাপাইছিল। তদুপৰি বিভিন্নভাৱে প্ৰৰোচিত হৈ ইংৰাজ চৰকাৰে ১৮৩৬ চনত অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে চুবুৰীয়া বঙলা ভাষাটোক ৰাজ্য ভাষা ৰূপে স্বীকৃতি দি আইন আদালত চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিত সেই ভাষাক চৰকাৰীভাৱে প্ৰতিষ্ঠা কৰিলে। ফলত অসমীয়া ভাষা সাহিত্য জীৱন্তে সমাধিস্থ হ’ব লগা হ’ল। 

১৮৩৬ চনত খৃষ্টধর্ম প্রচাৰৰ অৰ্থে আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল অসমলৈ আহি শদিয়াত থিতাপি লয়হি। এইসকলৰ ভিতৰত ৰেভাৰেণ্ড নাথান ব্ৰাউন, অলিভাৰ টি কট্টৰ আৰু ডক্টৰ মাইলচ্ ব্ৰন্সনৰ নাম বিশেষবারে উল্লেখযোগ্য। খৃষ্টধর্ম প্ৰচাৰৰ বেলিকা দেখা দিয়া ভাষা সমস্যা দূৰ কৰিবলৈ তেওঁলোকে কেৱল অসমীয়া ভাষাত পুথি প্রণয়ন কৰিয়েই ক্ষান্ত নাছিল। ইংৰাজ চৰকাৰৰ ভুল ভাষানীতিৰ বিৰুদ্ধেও এঘড়ী যুঁজিছিল। 

আনন্দৰাম ঢেকীয়াল ফুকনকে আদি কৰি কেইজনমান শিক্ষিত জাতীয় প্ৰেমেৰে উদ্বুদ্ধ যুৱকেও এই যুঁজত অকুণ্ঠভাৱে সহযোগিতা কৰিছিল। এওঁলোকৰ আশাশুধীয়া চেষ্টাৰ বলত ইংৰাজ চৰকাৰে ১৮৭৩ চনত অসমত পুনৰ অসমীয়া ভাষা প্ৰৱৰ্তন কৰিবলৈ বাধ্য হয়। ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে বঙলা ভাষাই খোপনি পুতি লোৱাত অসমৰ সমাজ-সংস্কৃতি, শিক্ষা-দীক্ষা আদিৰ ক্ষেত্ৰত অভাৱনীয় ক্ষতি সাধন হ’ল।

অসমীয়া সাহিত্যৰ আধুনিক যুগটোক চাৰিটা পৰ্যায়ত ভাগ কৰা হৈছে। যেনে— 

(ক) ১৮২৬ খৃষ্টাব্দৰ পৰা ১৮৭০ খৃষ্টাব্দলৈকে প্রথম পর্যায়ত মিচনেৰী সাহিত্যৰ যুগ। 

(খ) ১৮৭০ খৃষ্টাব্দৰ পৰা ১৮৯০ খৃষ্টাব্দলৈকে দ্বিতীয় পৰ্যায়ত হেমচন্দ্ৰ গুণাভিৰামৰ যুগ।

(গ) ১৮৯০ খৃষ্টাব্দৰ পৰা ১৯৪০ খৃষ্টাব্দলৈকে তৃতীয় পৰ্যায়ত ৰোমাণ্টিক যুগ বা বেজবৰুৱাৰ যুগ।

(ঘ) ১৯৪০ খৃষ্টাব্দৰ পৰা বৰ্তমানলৈকে চতুৰ্থ পৰ্যায়ৰ সাম্প্ৰতিক যুগ।

৩। মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ যুগ বিভাজন কিদৰে কৰিছে বহলাই আলোচনা কৰা।

উত্তৰঃ পণ্ডিত হেমচন্দ্ৰ গোস্বামী, কালিৰাম মেধি, দেৱানন্দ ভৰালী, ডিম্বেশ্বৰ নেওগ, বাণীকান্ত কাকতি, সত্যেন্দ্রনাথ শৰ্মা আদি পণ্ডিতসকলে অসমীয়া সাহিত্যৰ যুগবিভাজন নিজৰ নিজৰ চিন্তাৰে কৰাৰ দৰে মহেশ্বৰ নেওগেও অসমীয়া সাহিত্যৰ যুগবিভাজন কৰিছে। তেওঁ অসমীয়া সাহিত্যৰ পাঁচটা প্ৰধান যুগ দেখুৱাইছে : (ক) বৌদ্ধ, (খ) প্ৰাক্ শংকৰ, (গ) শংকৰী, (ঘ) শংকৰোত্তৰ আৰু (ঙ) আধুনিক। তলত কেউটা যুগৰ পৰিচয় দিয়া হ’ল—

(ক) বৌদ্ধ যুগ :

বৌদ্ধ ধৰ্মৰ ধৰ্মতত্ত্ব সম্বলিত নেপালৰ ৰাজদৰবাৰত সংৰক্ষিত হৈ থকা খ্ৰীষ্টীয় অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি ঠাবৰ কৰা চৰ্যাপদবোৰক বৌদ্ধযুগত ধৰা হৈছে।

(খ) প্ৰাক্ শংকৰ যুগ :

শংকৰদেৱৰ সাহিত্য সৃষ্টিৰ আগৰ ত্ৰয়োদশ, চতুদর্শ আৰু পঞ্চদশ এই তিনিটা শতিকাত সৃষ্ট সাহিত্যসমূহক প্রাক্-শংকৰী কালৰ সাহিত্য বুলিছে। এইবোৰক নেওগে প্রাক্ বৈষ্ণৱ বোলা নাই, কাৰণ এইছোৱা সময়ৰ সাহিত্যত বৈষ্ণৱ আদৰ্শই প্ৰকাশ লাভ কৰিছিল। মাধৱ কন্দলি, হেম সৰস্বতী, হৰিবৰ বিপ্ৰ আৰু কবিৰত্ন সৰস্বতী এওঁলোকৰ সময় নিৰূপণ সাহিত্যিক প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল যদিও এওঁলোকৰ শংকৰদেৱৰ আগৰ বুলি নিশ্চিত হৈছে। মহেশ্বৰ নেওগে বডুচণ্ডীদাসকো প্রাক্‌-শংকৰ যুগতে ধৰিছে।

(গ) শংকৰী যুগ :

শংকৰদেৱৰ পৰা মাধৱদেৱ আৰু তেওঁলোকৰ পথ অনুসৰণ কৰি গোপাল আতা আৰু বৈকুণ্ঠ নাথ ভট্টদেৱলৈকে ‘সৃষ্টি কৰা সাহিত্য সম্ভাৰক শংকৰী যুগত ধৰিব পাৰি। এওঁলোকৰ ৰচনাৰ মাজেদি বৈষ্ণৱ আদৰ্শই অধিক প্ৰচাৰ লাভ কৰিছিল। বৈষ্ণৱ আদৰ্শৰ প্ৰভাৱৰ পৰা মুক্ত পীতাম্বৰ, মনকৰ, দুর্গাবৰ কায়স্থ এই তিনিজন পাঁচালি কবি বৈষ্ণৱ যুগৰ।

(ঘ) শংকৰোত্তৰ যুগ :

ভট্টদেৱ, গোপাল চৰণ আদিৰ পিছৰে পৰা ঊনবিংশ শতিকাৰ প্রথম চতুর্থাংশলৈকে উত্তৰ-শংকৰ বা শংকৰোত্তৰ যুগ বুলি ধৰিব পাৰি। নৱবৈষ্ণৱ সমাজৰ দ্বাৰা অনুপ্ৰাণিত সাহিত্য আহোম, কোচ কছাৰী আদি ৰজাসকলৰ পৃষ্ঠপোষকতাত সৃষ্টি হোৱা সাহিত্য শংকৰোত্তৰ যুগৰ প্ৰধান সাহিত্যিক সম্বল। চৰিত-সাহিত্য আৰু বুৰঞ্জী সাহিত্যৰ গদ্যৰ লগতে ব্যৱহাৰিক সাহিত্যিকসমূহক শংকৰোত্তৰ যুগত ধৰা হয়। এই কালছোৱাৰ শেষৰ ফালে বাইবেলৰ অসমীয়া ভাঙনি অসমৰ বাহিৰত প্ৰকাশ হয়। মুঠতে সত্ৰীয়া সাহিত্য, ৰাজধানীৰ সাহিত্য আৰু অনিশ্চিত স্থানৰ লেখকৰ সাহিত্য শংকৰোত্তৰ সাহিত্যৰ তিনিটা বেলেগ ভাগ ৰূপে পৰিগণিত।

(ঙ) আধুনিক যুগ : 

মহেশ্বৰ নেওগে আধুনিক যুগক চাৰিটা ভাগত ভগাইছে। 

আদি ব্ৰিটিছ যুগ :

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ইংৰাজৰ হাতলৈ যোৱাত অসমীয়া ভাষা-সাহিত্যৰ ভেটি অস্থিৰ হৈ উঠে। পঢ়াশালি আৰু আদালতৰ পৰা অসমীয়া ভাষা অপসাৰিত হ’ল। বেষ্টি মিছনেৰীসকল আৰু আনন্দৰাম ঢেকীয়াল ফুকনৰ প্ৰচেষ্টাত অসমীয়া ভাষা-সাহিত্যই পুনর্জীবন লাভ কৰিলে। প্ৰধানকৈ ১৮৪৬ চনত প্রকাশিত অৰুণোদয় কাকতেই অসমীয়া ভাষা প্রতিষ্ঠাৰ সপক্ষবাদী ভূমিকা লৈ সাহিত্য সৃষ্টি কৰিছিল।

হেমচন্দ্ৰ বৰুৱাৰ কাল :

১৯৭৩ চনত অসমীয়া ভাষাই আদালত আৰু পঢ়াশালিত পুনৰ প্রতিষ্ঠা লাভ কৰাৰ পাছত ১৮৮৮-৮৯ চনলৈকে হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদি লেখকসকলৰ হাতত সৃষ্টি হোৱা সাহিত্যক মহেশ্বৰ নেওগে হেমচন্দ্ৰ বৰুৱাৰ কালত ৰাখিব বিচাৰে। আধুনিক স্তৰত এইছোৱা কালেই অসমীয়া ভাষাই সাহিত্যিক প্ৰতিষ্ঠাৰ বাবে যত্ন কৰা কাল।

ৰোমাণ্টিক যুগ বা বেজবৰুৱাৰ যুগ :

১৮৮৯ চনত জোনাকী কাকত প্ৰকাশৰ সময়ৰ পৰা ২য় মহাসমৰৰ সময়লৈকে ৰচিত সাহিত্যক ৰোমাণ্টিক যুগত ধৰিব পাৰি। এইছোৱা সময়ৰ সাহিত্যত পাশ্চাত্য ৰোমাণ্টিক ভাবাদৰ্শৰ সাহিত্যৰ প্ৰভাৱ পোনপটীয়া। অৱশ্যে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, হিতেশ্বৰ বৰবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা আদিৰ লেখাত পাশ্চাত্য প্রভাব থকাৰ বিপৰীতে নলিনীবালা দেৱী, ৰঘুনাথ চৌধাৰীৰ কবিতাত ভাৰতীয় সংস্কৃত সাহিত্যৰ প্ৰভাৱহে দেখা যায়। গুণগত আৰু সংখ্যাগত উভয় দিশতে অসমীয়া সাহিত্যৰ বৰভেটি বান্ধোতা লেখক লক্ষ্মীনাথ বেজবৰুৱাৰ নামেৰে এই যুগক বেজবৰুৱাৰ যুগ বুলিও অভিহিত কৰা হয়।

বর্তমান সাহিত্য :

দ্বিতীয় মহাসমৰৰ প্ৰভাৱ বিস্তাৰ আৰু তাৰ পিছৰ পৰা বৰ্তমান কালৰ আটাইবোৰ সাহিত্যিক বর্তমান সাহিত্য ৰূপে ধৰা হৈছে। বিৰিঞ্চি কুমাৰ বৰুৱা, যোগেশ দাস, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আদিৰ পৰা হোমেন বৰগোহাঞি, মামণি ৰয়ছম গোস্বামী, অৰুণ শৰ্মা, হীৰেণ ভট্টাচার্য আদি লেখকসকলৰ সাহিত্যিক বৰ্তমান সাহিত্য ৰূপে ধৰিব পাৰি।

৪।  সত্যেন্দ্রনাথ শৰ্মাই কৰা অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ পৰিচয় দিয়া।

উত্তৰঃ  খ্ৰীষ্টীয় দশম একাদশ শতিকাতে সাহিত্যিক সম্বলেৰে পৰিপুষ্ট অসমীয়া ভাষাটোৱে নানা বিৱৰ্তনৰ মাজেদি উদ্ভৱকালৰ পৰা বর্তমান অৱস্থাত উপনীত হৈছে। যুগ পৰিৱৰ্তনৰ লগে লগে অসমীয়া ভাষাৰ সাহিত্যিক ৰূপৰো পৰিৱৰ্তন ঘটি আহিছে। তেনে পৰিৱৰ্তনলৈ লক্ষ্য ৰাখি পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ পৰা সত্যেন্দ্ৰনাথ শৰ্মালৈকে বহুজন সাহিত্যৰ বুৰঞ্জী প্ৰণেতাসকলে দেখুওৱা যুগবিভাজনতকৈ সত্যেন্দ্ৰনাথ শৰ্মাই দেখুওৱা যুগবিভাজন অধিক স্পষ্ট আৰু যুক্তিসন্মত।. সত্যেন্দ্রনাথ শর্মাই অসমীয়া সাহিত্যৰ যুগবিভাজন এনেদৰে কৰিছে—

(ক) আদি যুগ : উদ্ভৱকালৰ সাহিত্য :

উদ্ভৱকালীন স্তৰত ধৰিব পাৰি চৰ্যাপদ, বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন, ৰামাই পণ্ডিতৰ শূন্য পুৰাণ আদি। এইসমূহৰ উপৰি শিলালেখ, তাম্রপত্র, ভূজপত্র, ভূমিদান, কাপোৰ, প্ৰভূতিত উৎকীর্ণ ভাষাৰ লিখিত সম্বলসমূহক এই স্তৰত ধৰিব পাৰি। উল্লেখযোগ্য যে এইসমূহৰ ভাষিক মূল্য থাকিলেও সাহিত্যিক মূল্য বৰ কম। 

চর্যাপদ, শ্রীকৃষ্ণ কীর্তন আদি গ্রন্থ সাহিত্যিক মূল্যৰে সমৃদ্ধ। ১৯০৭ চনত মহামহোপাধ্যাই হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজদৰবাৰৰ পৰা উদ্ধাৰ কৰা চাৰিখন গ্রন্থ হ’ল— চর্যাগীতিকোষ, সৰোজ ব্ৰজৰ দোহাকোষ, কৃষ্ণাচার্যৰ দোহাকোষ আৰু ডাকার্ণব এই সমূহ গ্ৰন্থৰ ভিতৰত গ্ৰন্থৰ ভিতৰত চৰ্যাগীতি কোষত অসমীয়া ভাষাৰ প্ৰাৰম্ভিক নিদর্শন ভালেখিনি লক্ষ্য কৰা যায়। ১৯২৬ চনত বাংলাভাষাত হাজাৰ বছৰেৰ পুৰাণ বাংলা ভাষায় বৌদ্ধ গান ও দোহা নাম দি প্রকাশ কৰাৰ পাছত বাংলা ভাষাৰ পণ্ডিতসকলে তেওঁলোকৰ প্ৰাচীনতম্ নিদর্শন বুলি চর্যাপদক দাবী কৰি আহিছে। সেয়ে হ’লেও চর্যাপদৰ লেখকসকল আৰু ভাষিক বৈশিষ্টালৈ লক্ষ্য ৰাখিলে ইয়াক সহজেই অসমীয়া ভাষাৰ প্ৰাচীনতম্ নিদর্শন বুলি দাবী কৰিব পাৰি। সেইদৰে বড়ুচণ্ডীদাসৰ শ্ৰীকৃষ্ণৰ কীৰ্তন আৰু ৰামাই পণ্ডিতৰ শূন্য পুৰাণ অসমীয়া ভাষাৰ উদ্ভৱকালীন স্তৰৰ নিদৰ্শন স্বৰূপ হৈ আহিছে।

(খ) মধ্যযুগ :  মধ্যযুগক প্ৰধানকৈ তিনিটা স্তৰত ভগাব পাৰি—

প্রাক্‌ শংকৰী যুগ :

এই স্তৰত শংকৰদেৱৰ পূৰ্বকালৰ কবি – সাহিত্যিকসকলৰ সাহিত্য সম্ভাৰক সামৰি লোৱা হৈছে। প্ৰাক্‌-শংকৰী যুগৰ কবিসকলৰ ভিতৰত উল্লেখযোগ্য পাঁচজন কবি হ’ল— হেম সৰস্বতী, মাধৱ কন্দলি, হৰিবৰ বিপ্ৰ, ৰুদ্ৰ কন্দলি আৰু কবিৰত্ন সৰস্বতী। হেম সৰস্বতীয়ে দুর্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰিছিল। তেওঁ ৰচনা কৰা প্ৰহ্লাদ চৰিত নামৰ গ্ৰন্থখনেই প্রথম অসমীয়া কাব্য বুলি অভিহিত কৰিব পাৰি। বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে সংস্কৃত ৰামায়ণ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। 

উল্লেখযোগ্য যে মাধৱ কন্দলিয়ে ৰামায়ণ অনুবাদ কৰাৰ প্ৰায় ড্ৰেশ বছৰৰ পাছতহে নব্য ভাৰতীয় আৰ্য ভাষাৰ আন ভাষাসমূহলৈ ৰামায়ণ অনুবাদ কৰা হৈছে। মাধৱ কন্দলিৰ ভণিতা থকা আন এখন কাব্য হ’ল দেৱজিত। দেৱজিত নামৰ কাব্যখনত ৰামায়ণৰ ভাষাৰ ওজস্বিতা লক্ষ্য কৰা নাযায়। দুর্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰা শ্ৰেষ্ঠ কবিজন হ’ল হৰিবৰ বিপ্ৰ। তেওঁ কমতাপুৰৰ ৰাজসভাৰ কবি আছিল। তেওঁৰ নাম দুখন কাব্য পোৱা যায়। লব-কুশৰ যুদ্ধ আৰু বব্ৰুবাহনৰ যুদ্ধ। কবিৰত্ন সৰস্বতীয়ে দুর্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ পৃষ্ঠপোষকতাত মহাভাৰতৰ দ্রোণপর্বৰ অন্তৰ্গত সাত্যকি প্ৰৱেশ নামৰ কাব্য ৰচনা কৰে, ৰুদ্র কন্দলিয়ে সাহিত্য চৰ্চা কৰে শ্ৰীমন্ত তাম্ৰধ্বজৰ অনুপ্ৰেৰণাত বৈষ্ণৱ যুগৰ সাহিত্যৰ দৰে এই যুগত সাহিত্য চৰ্চাৰ কোনো নিৰ্ধাৰিত উদ্দেশ্য নাছিল। সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰি পাঠকক পুৰণি সাহিত্যৰ লগত পৰিচয় ঘটাই বিভিন্ন ৰসৰ আমোদ দিয়াই প্ৰধান লক্ষ্য আছিল।

শংকৰী যুগ :

শংকৰদেৱৰ জন্মৰ সময়ৰ পৰাই বৈষ্ণৱ যুগৰ সীমা নিৰূপণ কৰা হৈছে। বিশেষকৈ শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱ দৰ্শনযুক্ত সাহিত্য সম্ভাৰক কেন্দ্ৰ কৰিয়েই এইছোৱা সময়ক বৈষ্ণৱ যুগ ৰূপে চিহ্নিত কৰা হৈছে।

শংকৰোত্তৰ যুগ :

শংকৰদেৱৰ সময়ছোৱাৰ পৰৱৰ্তী কালকে কোৱা হৈছে বৈষ্ণৱোত্তৰ যুগ। এই যুগৰ লেখকসকলকো শংকৰদেৱৰ বৈষ্ণৱ ভাৱাদর্শই প্ৰভাৱান্বিত কৰিছিল। এই যুগৰ অসমীয়া সাহিত্যক গদ্য সাহিত্যৰ বিকাশৰ যুগ বুলি কোৱা হয়। বৈষ্ণৱোত্তৰ যুগৰ গদ্য-সাহিত্যৰ বিকাশক তিনিটা প্ৰধান শাখাত দেখুৱাব পাৰি—

১। ভট্টদেৱৰ গদ্য।

২। চৰিত পুথিৰ গদ্য আৰু

৩। বুৰঞ্জী সাহিত্যৰ গদ্য

(গ) বর্তমান যুগ : 

মিছনেৰী সাহিত্য :

১৮২৬ খ্ৰীঃত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম মানৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যোৱাৰ পাছত অসমীয়া ভাষা-সাহিত্যৰ বাবে এক সংকটময় যুগৰ সূত্রপাত হয়। বিশেষকৈ বাংলাদেশৰ পৰা অহা এচাম লোকে অসমীয়া ভাষাক বাংলা ভাষাৰ উপভাষা বুলি ইংৰাজসকলক পতিয়ন নিয়াই অসমৰ স্কুল, আদালতত বঙলা ভাষাৰ প্রবর্তন কৰে। 

সেইছোৱা সময়ত অসমীয়া ভাষা-সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত স্থবিৰতা আহি পৰে। ১৮৪৬ খ্ৰীঃত আমেৰিকাৰ পৰা অহা বেপ্তিষ্ট মিছনেৰীসকলে শিৱসাগৰত প্ৰেছ বহুৱাই অৰুণোদই কাকত প্ৰকাশ কৰাৰ পাছৰ পৰাই অসমীয়া ভাষাই পুনৰ জীৱন লাভ কৰে। মিছনেৰীসকলে প্ৰকাশ কৰা অৰুণোদই কাকতৰ জৰিয়তে ৰচনা কৰা সাহিত্যক মিছনেৰী সাহিত্য নামেৰে অভিহিত কৰা হৈছে।

হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ সময় : 

১৯৭৩ চনত অসমীয়া ভাষাই আদালত আৰু পঢ়াশালিত পুনৰ প্রতিষ্ঠা লাভ কৰাৰ পাছত ১৮৮৮- ৮৯ চনলৈকে হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদি লেখকসকলৰ হাতত সৃষ্টি হোৱা সাহিত্যক মহেশ্বৰ নেওগে হেমচন্দ্ৰ বৰুৱাৰ কালত ৰাখিব বিচাৰে। আধুনিক স্তৰত এইছোৱা কালেই অসমীয়া ভাষাই সাহিত্যিক প্ৰতিষ্ঠাৰ বাবে যত্ন কৰা কাল। একেদৰে গুণাভিৰাম বৰুৱাইও সাহিত্যৰ ৰচনাত হাত দিছিল এইখিনি সময়তে। গুণাভিৰাম বৰুৱাই ৰচনা কৰা ৰামনবমী অসমীয়া সাহিত্যৰ প্ৰথমখন সামাজিক নাটক। এইখন নাটকে অসমীয়া সমাজৰ প্ৰচলিত কু-প্রথাবোৰ আঁতৰাই সমাজ সংস্কাৰৰ ভূমিকা লৈছিল। ভাষা-প্রতিষ্ঠাত যোগোৱা অৰিহণা আৰু সংস্কাৰধৰ্মী নাট্য-সাহিত্য সৃষ্টিত গুণাভিৰাম বৰুৱাৰ দৰে হেমচন্দ্ৰ বৰুৱাই কানীয়া কীর্তন নাটকৰ জৰিয়তে অৰিহণা যোগাইছিল।

জোনাকী যুগ :

আধুনিক অসমীয়া ভাষা-সাহিত্যৰ পূৰ্ণ বিকাশৰ স্তৰ জোনাকীৰ যুগ। জোনাকী যুগত অসমীয়া ভাষা দুটা প্রবাহেদি প্রবাহিত হয়। প্ৰথমটো ভাগে মিলাৰ স্কুলৰ শিক্ষাৰ এক প্ৰবাহিত হোৱাসকলৰ ভাষা আৰু দ্বিতীয়টো হ’ল ইংৰাজী শিক্ষাৰে শিক্ষিতসকলৰ ভাষা। প্ৰথমটোৰ প্ৰতিনিধি পদ্মনাথ গোহাঞি বৰুৱা আৰু দ্বিতীয়টোৰ প্রতিনিধি লক্ষ্মীনাথ বেজবৰুৱা। জোনাকী কাকতক কেন্দ্ৰ কৰি এই যুগটোক যিদৰে জোনাকী যুগ বোলা হয়, লেখকসকলৰ ভিতৰত সিংহভাগ অৰিহণা যোগাওঁতা বেজবৰুৱাৰ ৰচনা সম্ভাৰক কেন্দ্ৰ কৰি এই যুগক বেজবৰুৱাৰ যুগ বুলিও অভিহিত কৰা হয়।   

সাম্প্রতিক যুগ :

দ্বিতীয় মহাসমৰৰ আঁৰত ভাৰতৰ স্বাধীনতা সংগ্রামে সমগ্ৰ ভাৰত তথা অসমৰ সামাজিক জীৱনলৈ পৰিৱৰ্তন আনিলে । সমাজৰ প্ৰগতিৰ লগে লগে সাহিত্যইও নিজৰ বোল সলায়। দ্বিতীয় মহাসমৰে জীৱন, জগত আৰু ঈশ্বৰ সম্বন্ধীয় ধাৰণালৈ সংকট কঢ়িয়াই অনাৰ লগে লগে মানুহ স্বাভাৱিকতে নিৰাপত্তাহীনতাত ভূগিব লগা হ’ল। সমসাময়িকভাবে ভাৰত তথা অসম ব্ৰিটিছৰ শোষণৰ বলি হ’ব লগা হ’ল। ঈশ্বৰৰ ওপৰত বিশ্বাসহীনতা আৰু জীৱনৰ নিৰাপত্তাজনিত সমস্যাৰ লগে লগে স্বদেশীৰ স্বাধীনতা প্ৰয়াসী মনোভাৱে সাহিত্যত ঠাই অধিকাৰ কৰিছিল। 

৫। সাহিত্যৰ বুৰঞ্জী বুলিলে কি বুজা? ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য সম্পর্কে বহলাই লিখা?

উত্তৰঃ বুৰঞ্জী শব্দটো টাই ভাষাৰ শব্দ। টাই ভাষাত বুৰঞ্জী শব্দৰ অৰ্থ নজনা কথা জনাৰ ভঁৰাল। আধুনিক বুৰঞ্জীৰ সাধাৰণ অর্থ হ’ল— হৈ যোৱা ঘটনাৰ যথাযথ বর্ণনা। অৱশ্যে বুৰঞ্জীত কোনো দেশ বা জাতি বা বংশৰ উত্থান পতনৰ কাহিনীয়েই নাথাকে। বুৰঞ্জীয়েই তদানীন্তন ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আদি কাৰকবোৰৰো পুংখানুপুংখ বিৱৰণ দাঙি ধৰে।

সাহিত্যৰ বুৰঞ্জীৰ ক্ষেত্ৰখন অৱশ্যে ইয়াতকৈ কিছু পৃথক আৰু বিশাল। সাহিত্যৰ বুৰঞ্জী মানে লিখক আৰু গ্ৰন্থৰ তালিকা নহয়। কিতাপৰ পিছফালে থকা মানুহজন আৰু মানুহজনৰ পিছফালে থকা সমাজ, দেশ আৰু কালক সেইখন গ্ৰন্থই প্রতিনিধিত্ব কৰে। এগৰাকী ইংৰাজ সমালোচকে কৈছিল— Show me a book, I shall tell you at once the history of me nation. Behind every book. There is a man and behind him, There is the nation.’

কোনো জাতিৰ চিন্তা-ভাবনা, কল্পনা, আদৰ্শ আৰু জীৱন ধাৰণৰ পদ্ধতি আদি সাহিত্যৰ মাধমেৰে প্ৰকাশ হয়। সাহিত্য মাজেদি প্রকাশ পোৱা জাতীয় জীৱনৰ অভিব্যক্তিৰ বৰ্ণনাকে সাহিত্য বুৰঞ্জী বুলি কোৱা হয়।

জাতীয় সাহিত্য জাতীয় জীৱনৰ দাপোন স্বৰূপ। গতিকে সাহিত্যৰ যোগেদি প্ৰকাশ পোৱা বিভিন্ন যুগৰ ভাৱ-চিন্তা, অভিজ্ঞতা আৰু প্ৰকাশভংগীৰ লগত কাৰ্য কাৰণ সম্পৰ্ক নিৰূপণ কৰি জাতিৰ মানসিক বিকাশৰ ধাৰাটোৰ লগত পঢ়ুৱৈক পৰিচয় কৰি দিয়াটোৱেই সাহিত্যৰ বুৰঞ্জীৰ প্ৰধান উদ্দেশ্য।

উদাহৰণ স্বৰূপে ক’ব পাৰি যে শংকৰদেৱৰ সময়ৰ সমাজ জীৱনৰ বিষয়ে জানিবলৈ হ’লে শংঙ্কৰী যুগৰ সাহিত্য অধ্যয়নৰ বাহিৰে আন উপায় নাই। চৰিত সাহিত্যৰ অধ্যয়নে যিদৰে শংঙ্কৰোত্তৰ যুগৰ সত্ৰীয়া পৰিৱেশৰ ভকত-বৈষ্ণৱৰ সাত্ত্বিক জীৱন যাত্ৰাৰ বিষয়ে সম্ভেদ দিয়ে। বুৰঞ্জী সাহিত্যৰ অধ্যয়নে সেইদৰে আহোম ৰাজপৰিয়ালৰ ৰাজকীয় জীৱন-যাপন, ৰজা-মন্ত্ৰী, ডা-ডাঙৰীয়াসকলৰ পাৰিবাৰিক বা ৰাজহুৱা জীৱন পদ্ধতি সম্পর্কে তথ্য যোগান ধৰে। ঠিক, সেইদৰে জোনাকী যুগৰ অধ্যয়নৰ পৰা অসমীয়া সমাজৰ ধ্যান-ধাৰণাৰ ঠাই পোৱা পাশ্চাত্য ভাৱ আৰু আদৰ্শৰ পৰিচয় পোৱা যায়। গতিকে ভিন ভিন যুগৰ জাতিৰ মানসিক বিকাশৰ গতি প্ৰকৃতিৰ সম্ভেদ সাহিত্য বুৰঞ্জীয়ে সংকলন কৰি ৰাখে বুলি ক’ব পাৰি।

সাধাৰণতে অতীতৰ ভেটি ওপৰতহে ভৱিষ্যতৰ সৌধ নিৰ্মাণ কৰা হয়। জাতীয় ঝাৱনৰ ভেটি ওপৰতচ সেইদৰে জাতীয় সৌধ প্রতিষ্ঠিত হয়। জাতীয় জীৱনৰ প্রতিছবি প্রতিফলিত হোৱা জাতীয় সাহিত্যই সেই ক্ষেত্ৰত আৰ্হি হিচাপে কাম কৰে। জাতীয় সৌধ নিমাৰ্তাসকলৰ বাবে সাহিত্যৰ বুৰঞ্জীয়ে দিক্ নির্ণয়ৰ ভূমিকা পালন কৰে। গতিকে জাতীয় জীৱনৰ গতি প্রকৃতি ঠাৱৰ কৰি নতুন প্ৰজন্মক পথৰ সন্ধান দিয়াই সাহিত্যৰ বুৰঞ্জীৰ প্ৰধান লক্ষ্য বুলি ক’ব পাৰি।

সাহিত্যৰ বুৰঞ্জীৰ প্ৰণয়ন নতুন পুৰুষসকলক প্ৰকৃত পোহৰ পথৰ সন্ধান দিয়াৰ মহান লক্ষ্য আগত ৰাখি কৰা হয়। দেখাতেই ই অতিশয় জটিল কার্য। প্রণেতাসকলৰ প্ৰজ্ঞাৰ পৰিধি বিস্তৃত হ’লেহে এনে দুরূহ কাৰ্য সুচাৰু ৰূপে পালন কৰি তেওঁলোকে সাৰ্থক সাহিত্যৰ বুৰঞ্জী প্ৰণয়ন কৰিব পাৰে। প্ৰকৃত লক্ষ্যত উপনীত হ’বলৈ প্ৰণেতাসকলে তলত উল্লেখ কৰাৰ দিশবোৰ বিশেষভাৱে গুৰুত্ব দান কাৰ বাঞ্চনীয়।

১। জাতীয় সাহিত্যৰ অন্তৰ্ৱতী ধাৰাটোৰ বিষয়ত বুৰঞ্জী প্ৰণেতাৰ সম্যক জ্ঞান, ধাৰণা থকাটো আৱশ্যকীয় কথা। লেখকে সাহিত্যৰ অন্তৱৰ্তী ধাৰাটো স্পষ্টৰূপত প্ৰদৰ্শন কৰিব নোৱাৰিলে সাহিত্যৰ ইতিবৃত্ত সাৰ্থক হোৱাটো কঠিন।

২। সাহিত্যৰ সকলো উৎপাদনৰ লগত বুৰঞ্জীৰ প্ৰণেতাৰ আত্মিক পৰিচয় থকাটো প্ৰয়োজনীয় কথা। লেখকৰ কালানুক্রমিক যুগ বিভাগ সম্পৰ্কত স্পষ্ট ধাৰণা থকা বাঞ্ছনীয়।

৩। বুৰঞ্জী প্ৰণেতাই আটাইবোৰ মূল পুথি বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি এটা নিজস্ব মতত উপনীত হোৱা বাঞ্চনীয়। তাকে নকৰি লেখকে পূৰ্বৱৰ্তী লেখকসকলৰ মতামতক হয়ভৰ দি লেখা বুৰঞ্জী যথাৰ্থ নহয়। পৰ নিৰ্ভৰতা বা নগৈ গড়গাঁৱৰ বতৰা ক’বলৈ বিচৰা’ লেখকৰ মানসিকতা দোষণীয় কথা।

৪। বিষয়বস্তুৰ সমীক্ষাত্মক বিচাৰ আৰু প্ৰকাশভংগীৰ পৰিমিতিবোধ সাহিত্যৰ বুৰঞ্জীৰ ৰচনাৰ ক্ষেত্ৰত এটা উল্লেখনীয় দিশ। 

৫। বুৰঞ্জী লেখকৰ দৃষ্টিভংগী, বিচাৰধাৰা আৰু সিদ্ধান্ত গ্রহণ যুক্তি আৰু তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত হোৱাটো দৰকাৰী। 

৬। পুৰণি সাহিত্যৰ অনুসন্ধান আৰু সেইবোৰৰ আধুনিক বিজ্ঞানসন্মত পদ্ধতিত কৰিবলগীয়া অধ্যয়নৰ মাজেৰে সিদ্ধান্ত গ্রহণ এটা প্রয়োজনীয় কথা।

৭। আধুনিক সাহিত্যৰ বিষয়তো সদায় নতুন নতুন দিশৰ উন্মোচন ঘটি সাহিত্যৰ ক্ষেত্ৰতত অপ্ৰমাণিত হৈছে। গল্প, কবিতা, উপন্যাস আদিৰ প্ৰকাশ আৰু সেইবোৰৰ নব্য আস্বাদনৰ যত্নও বৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে। সেইবাবে বুৰঞ্জী লেখকৰ বিস্তৃত অধ্যয়নৰ প্রয়োজনীয়তা এটা প্রধান বিষয়। এই ক্ষেত্ৰত পুৰণি সংস্কাৰ পৰিহাৰ কৰি সহানুভূতিক প্রশয় দিয়াতো এটা অতি লাগতিয়াল গুণ হৈ দেখা দিয়ে। কিয়নো সাহিত্যৰ লগত সহানুভূতি অংগাংগীভাৱে জড়িত হৈ থাকে।

বুৰঞ্জী লেখকে ওপৰত উল্লেখ কৰা গুণসমূহ কৰ্ষণ কৰি সাথক সাহিত্যৰ বুৰঞ্জী প্ৰণয়ন কৰিব পাৰে। তেনে সাথক সাহিত্যৰ বুৰঞ্জীয়েহে নতুন প্ৰজন্মক প্ৰকৃত শুদ্ধ পথৰ সন্ধান দিয়াৰ লক্ষ্যত উপনীত হ’ব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top