হৰিশংকৰ ব্ৰহ্ম জীৱনী – প্ৰথমজন অসমীয়া মুখ্য নিৰ্বাচন আয়ুক্ত | Harishankar Brahma

হৰিশংকৰ ব্ৰহ্ম | Harishankar Brahma Essay in Assamese | Biography of Harishankar Brahma in Assamese | হৰিশংকৰ ব্ৰহ্ম বিষয়ে জীৱনী | হৰিশংকৰ ব্ৰহ্ম বিষয়ে ৰচনা | হৰিশংকৰ ব্ৰহ্মৰ চমু পৰিচয়।

Join Telegram channel

যি সময়ত সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হবলৈ অসমৰ শিক্ষাৰ্থীসকলৰ বাবে এটা উপযুক্ত পৰিৱেশ নাছিল, শিক্ষাৰ্থীসকলৰ মাজত সচেতনতাৰ অভাৱ আছিল তেনে সময়তে ঊনৈশ পঞ্চাছ দশকৰ শেষৰফালে ভাৰতীয় লোকসেৱা আয়োগৰ কঠিন প্ৰতিযোগীতামূলক পৰীক্ষাত সফলতা লাভ কৰিছিল এজন অসমীয়া সন্তানে। তেওঁৰ নাম আছিল হৰিশংকৰ ব্ৰহ্ম। গুৰুত্বপূৰ্ণ কথা যে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত পদত অধিষ্ঠিত হোৱা প্ৰথমজন অসমীয়া হ’ল হৰিশংকৰ ব্ৰহ্ম (Harishankar Brahma)। হৰিশংকৰ ব্ৰহ্মই ভাৰতৰ ১৯ তম মুখ্য নিৰ্বাচন আয়ুক্ত তথা প্ৰথমজন অসমীয়া মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে অধিষ্ঠিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এক কথাত উত্তৰ পূৱৰ এক উদ্দীপ্ত সূৰ্য্য হ’ল হৰিশংকৰ ব্ৰহ্ম।

হৰিশংকৰ ব্ৰহ্ম

হৰিশংকৰ ব্ৰহ্ম জীৱনী | Harishankar Brahma Biography

নামহৰিশংকৰ ব্ৰহ্ম (Harishankar Brahma[1])
জন্ম চন১৯ এপ্ৰিল, ১৯৫০ চন
জন্ম স্থানগোঁসাইগাঁও, কোকৰাঝাৰ
পৰিয়ালপিতৃৰ নাম- মুঞ্চী ৰাধা কৃষণ আজাদ
মাতৃৰ নাম- গোলাব দেৱী
শিক্ষা১) ডন বস্কো বিদ্যালয়, গুৱাহাটী (Don Bosco School, Guwahati)
২) চেইন্ট এডমুণ্ড কলেজ, শ্বিলং (স্নাতক ডিগ্ৰী) (St. Edmund’s College, Shillong)
৩) গুৱাহাটী বিশ্ববিদ্যালয় (স্নাতকোত্তৰ ডিগ্ৰী) (Guwahati University)     

Also Read: জীৱনী: আইদেউ সন্দিকৈ- অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী | Aideu Handique

ব্যক্তিগত তথা প্ৰাৰম্ভিক জীৱন | Personal & Early Life

কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁওৰ এটা বড়ো পৰিয়ালত ১৯৫০ চনৰ ১৯ এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল হৰিশংকৰ ব্ৰহ্মই (Harishankar Brahma)। গুৱাহাটীৰ ডন বস্কো স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰা পাছত হৰিশংকৰ ব্ৰহ্মই শ্বিলঙত অৱস্থিত চেইন্ট এডমুণ্ড কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। তাৰ পৰৱৰ্তী সময়ত ৰাজনৈতিক বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী সময়ত হৰিশংকৰ ব্ৰহ্মই ১৯৭৫ চনত ভাৰতৰ আটাইতকৈ কঠিন পৰীক্ষা ভাৰতীয় লোক সেৱা আয়োগ (UPSC)-ৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ এজন বিষয়া হিচাপে অন্ধ্ৰপ্ৰদেশ (Andhra Pradesh)-ত কাৰ্যনিৰ্বাহ কৰিছিল।

কম বয়সৰ পৰাই হৰিশংকৰ ব্ৰহ্মই ভাৰতীয় লোকসেৱা আয়োগত কাম কৰাৰ বাবে এটা সপোন পুহি ৰাখিছিল। এই ক্ষেত্ৰত হৰিশংকৰ ব্ৰহ্মই তেখেতৰ পিতৃৰ পৰা লাভ কৰিছিল বহু অনুপ্ৰেৰণা। গুৰুত্বপূৰ্ণ কথা যে তেখেতে লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত কঠিন প্ৰতিযোগীতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ বৰ্তমান সময়ৰ দৰে কিদৰে প্ৰস্তুতি চলাব লাগে এইসমূহ কথাৰ সঠিক নিদেৰ্শনা পোৱা নাছিল। তেখেতে প্ৰথমবাৰ ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈও সফলতা অৰ্জন কৰিব পৰা নাছিল। অৱশ্যে পৰৱৰ্তী সময়ত নিজৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে দ্বিতীয়বাৰ প্ৰায় দুটা বছৰৰ প্ৰস্তুতিৰ অন্ততঃ এই পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

কৰ্মজীৱন | Professional Life

হৰিশংকৰ ব্ৰহ্মই লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰাৰ পিছত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অসামৰিক বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ সুচাৰুৰূপে দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে প্ৰায় ৪০ বছৰ অসামৰিক সেৱাৰ বিভিন্ন পদত হৰিশংকৰ ব্ৰহ্মই দায়িত্ব পালন কৰিছিল। তেখেত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ যুটীয়া সচিবৰ পদতো অধিষ্ঠিত হৈ নিজৰ দায়িত্ব পালন কৰিছিল। ২০০৩ চনৰ মাৰ্চ মাহৰ পৰা ২০০৬ চনৰ ডিচেম্বৰ মাহলৈকে তেখেতে এই যুটীয়া সচিবৰ দায়িত্ব পালন কৰিছিল। মন কৰিবলগীয়া কথা কথা যে অসামৰিক সেৱাৰ বিভিন্ন পদত ব্ৰহ্ম অধিষ্ঠিত হৈ সুচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰিছিল যদিও সকলোতকৈ প্ৰত্যাহ্বানমূলক সময় আছিল কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ যুটীয়া সচিবৰ দায়িত্ব পালন কৰাটো।

বিদ্যুৎ মন্ত্ৰালয়ৰ পৰা সচিব হিচাপে অৱসৰ লোৱাৰ আগতে হৰিশংকৰ ব্ৰহ্মই চাৰি বছৰতকৈও অধিক সময় যুটীয়া সচিব (সীমান্ত ব্যৱস্থাপনা)-ৰ দৰে পদত অধিষ্ঠিত আছিল। গুৰুত্বপূৰ্ণ কথা যে তেখেতে দায়িত্বত থকাৰ সময়খিনিত ভাৰত-পাক-ভাৰত-বাংলাদেশ সীমান্তত প্ৰায় সকলো সীমান্ত বেৰ আৰু অন্যান্য সীমান্ত আন্তঃগাঁথনিমূলক কাম সম্পূৰ্ণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিশেষ সচিব তথা অতিৰিক্ত সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বিদ্যুৎ পৰিষদৰ সদস্য তথা সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে হৰিশংকৰ ব্ৰহ্মই-

১/ জিলা উপায়ুক্ত আৰু দণ্ডাধীশ হিচাপে ৪ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল

২/ হায়দৰাবাদৰ পৌৰ নিগমৰ আয়ুক্ত হিচাপে ৩ বছৰতকৈ অধিক সময় কাৰ্যনিৰ্বাহ কৰিছিল

৩/ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰিবহন আয়ুক্ত (পৰিবহন, পথ আৰু ভৱন) হিচাপেও দুবছৰতকৈ অধিক সময় কাৰ্যনিৰ্বাহ কৰিছিল

৪/ ইয়াৰ ওপৰিও হৰিশংকৰ ব্ৰহ্মই ৫ বছৰ কাল খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ আয়ুক্ত হিচাপে দায়িত্বভাৰ পালন কৰিছিল।

৫/হৰিশংকৰ ব্ৰহ্মই অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰিৱেশ, বন, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

বিভিন্ন গুৰুত্বপূৰ্ণ পদত সুচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰাৰ পিছত ২০১১ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে হৰিশংকৰ ব্ৰহ্মই। 

কীৰ্তিস্তম্ভ | Achievements

গুৰুত্বপূৰ্ণ কথা যে ২০১৫ চনৰ ১৬ জানুৱাৰীৰ পৰা ২০১৫ চনৰ ১৮ এপ্ৰিল পৰ্যন্ত হৰিশংকৰ ব্ৰহ্মই ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত (Chief Election Commissioner) হিচাপে দায়িত্বভাৰ পালন কৰিছিল। নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰাৰ পিছত তেওঁ প্ৰতিখন ৰাজ্যত দুটা লোকসভা নিৰ্বাচন আৰু কমেও এটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচন তদাৰক কৰিছিল। হৰিশংকৰ ব্ৰহ্ম আছিল উত্তৰ পূৰ্বাঞ্চলৰ পৰা নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত হোৱা দ্বিতীয় গৰাকী ব্যক্তি। উত্তৰ পূৰ্বাঞ্চলৰ পৰা নিৰ্বাচন আয়ুক্ত  হিচাপে নিযুক্ত হোৱা প্ৰথমজন ব্যক্তি আছিল জে.এম. লিংডো (J.M. Lyngdoh)। কিন্তু অসমৰ পৰা নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা প্ৰথমজন ব্যক্তি আছিল হৰিশংকৰ ব্ৰহ্ম।

এজন অসামৰিক উচ্চ পদস্থ বিষয়া তথা ভাৰতৰ নিৰ্বাচনী আয়ুক্ত হিচাপে তেখেত বিভিন্ন অভিজ্ঞতাৰে সমৃদ্ধ আছিল। সেইহেতুকে তেখেতে অসম তথা ভাৰতৰ বিভিন্ন বিষয় তথা সমস্যাৰ ওপৰত গুৰুত্বপূৰ্ণ মত পোষণ কৰিছিল।

২০১২ চনৰ ২৮ জুলাইত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা এটা প্ৰবন্ধত হৰিশংকৰ ব্ৰহ্মই অসমত সংঘটিত হোৱা অবাঞ্চিত অপ্ৰীতিকৰ পৰিস্থিতিৰ বাংলাদেশৰ পৰা অসমলৈ অহা অবৈধ প্ৰব্ৰজনৰ বাবে সংঘটিত হৈছে বুলি উল্লেখ কৰিছিল। ইয়াৰ উপৰিও তেখেতে মতপোষন কৰিছিল যে, নিৰ্বাচন আয়োগৰ সম্মুখতো এই অনুপ্ৰৱেশ এক গুৰুত্বপূৰ্ণ সমস্যা।কাৰণ অসমৰ ভোটাৰ তালিকা প্ৰস্তুত কৰোঁতে প্ৰায় ১.৫ লাখ সংখ্যাৰ ডি-ভোটাৰ (সন্দেহজনক ভোটাৰ) ৰ কথাও আহি পৰে। ডি-ভোটাৰৰ বিষয়টো আদালতৰ বিচাৰধীন বিষয়। হৰিশংকৰ ব্ৰহ্মই মতপোষন কৰিছিল যে, আদালতৰ জৰিয়তে অবৈধ প্ৰব্ৰজনকাৰী হিচাপে চিহ্নিত হোৱা‌ লোকসকলক বিতৰণ বিতাড়িত কৰা উচিত। অন্যথা অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান নহ’লে বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতি বিভিন্ন সময়ত উদ্ভৱ হ’ব।

অসমীয়া খিলঞ্জীয়া ভূমিৰ অধিকাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অসম চৰকাৰে গঠন কৰি দিয়া ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল হৰিশংকৰ ব্ৰহ্মই। গুৰুত্বপূৰ্ণ কথা যে, ১৯৮৯ চনতেই অসমত এখন ভূমিনীতি প্ৰবৰ্তন কৰা হৈছিল আৰু তাৰ পৰবৰ্তী সময়চোৱাত ইয়াৰ কোনো ধৰণৰ সংস্কাৰ নোহোৱাৰ ফলত যোৱা সময়চোৱাত বিভিন্ন সমস্যাৰ উদ্ভৱ হৈছিল। কিয়নো, পৰিবৰ্তিত সময়ত এই কৌটিকলীয়া ভূমিনীতিয়ে থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱৰা এক অৱস্থাৰ সৃষ্টি হৈছিল। সেইবাবে ২০১৬ চনত সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে এখন নতুন বাস্তৱসন্মত ভূমিনীতি প্ৰস্তুতৰ বাবে অৱসৰপ্ৰাপ্ত  আই. এ. এছ. (IAS) বিষয়া তথা দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত হৰিশংকৰ ব্ৰহ্মৰ নেতৃত্বত এখন এজনীয়া সমিতি গঠন কৰি দিছিল। 

ব্ৰহ্ম কমিটিয়ে সুদীৰ্ঘ সময়ৰ অধ্যয়নৰ অন্তত প্ৰায় চাৰি কুৰিতকৈও অধিক প্ৰস্তাৱেৰে সৈতে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল । হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে জনজাতীয় বেষ্টনীসমূহ অধিক সংৰক্ষিত কৰা, চক্ৰ বিষয়াৰ কাৰ্যালয়, ভূমি পঞ্জীয়ন কাৰ্যালয়সমূহ কম্পিউটাৰাইজড কৰাকে ধৰি বহুতো পৰামৰ্শ আগবঢ়াইছিল, এই সকলো পৰামৰ্শ নতুন ভূমিনীতিত অন্তৰ্ভুক্ত হৈছে ।

হৰিশংকৰ ব্ৰহ্মৰ নেতৃত্বত গঠন কৰি দিয়া এই ভূমি অধিকাৰ সুৰক্ষা সমিতিয়ে খিলঞ্জীয়া সকলৰ অধিকাৰৰ ওপৰত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল। ইয়াৰ ওপৰিও হৰিশংকৰ ব্ৰহ্মই অসম চৰকাৰক দাখিল কৰা অন্তৱৰ্তীকালিন প্ৰতিবেদনত উল্লেখ কৰিছিল যে, ৰাজ্যৰ ৩৩ খন জিলাৰ ৬৬% মাটি অখিলঞ্জীয়াৰ দখলত আছে বুলি উল্লেখ কৰিছিল। নগাঁও জিলাৰ ৭০% ভূমি অনা-অসমীয়া/ বহিৰাগতৰ দখলত আছে বুলি উল্লেখ কৰিছিল ব্ৰহ্ম সমিতিয়ে। গুৰুত্বপূৰ্ণ কথা যে এই অন্তৱৰ্তীকালিন প্ৰতিবেদন প্ৰস্তুত কৰাৰ প্ৰাকমুহুৰ্তত ৰাজ্যৰ প্ৰতিখন জিলাতেই হৰিশংকৰ ব্ৰহ্মৰ নেতৃত্বত ৰাজহুৱা শুনানি গ্ৰহণ কৰা হৈছিল।

ইয়াৰ উপৰিও এই প্ৰতিবেদনত হৰিশংকৰ ব্ৰহ্মই উল্লেখ কৰিছিল যে, অবৈধ প্ৰব্ৰজনে ৯ খন জিলাৰ জনগাঁথনি একেবাৰে সলাই দিছে। ভাৰত-বাংলাদেশ সীমান্তৰে অৰ্থাৎ অসম, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয় সীমান্তৰে  অসমলৈ বাংলাদেশীৰ অবাধ প্ৰব্ৰজন হয় বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল হৰিশংকৰ ব্ৰহ্ম। তেখেতে খিলঞ্জীয়াৰ লাখ লাখ হেক্টৰ  ভূমি বেদখলকাৰীৰ কবলত পৰা তথা খিলঞ্জীয়াৰ ৯০ শতাংশ মাটিৰে ম্যাদী পট্টা নথকা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। চৰকাৰী মাটি, ট্রাইবেল ব্লক আৰু বেল্টৰ মাটিৰ উপৰিও আঠ হাজাৰ বিঘাৰ ওপৰ সত্ৰৰ ভূমি বাংলাদেশীয়ে দখলত আছে বুলি অভিহিত কৰিছিল হৰিশংকৰ ব্ৰহ্মই। 

Also Read: জীৱনী: অম্বিকাগিৰী ৰায়চৌধুৰী- অসমীয়া সাহিত্যিক | Ambikagiri Raichoudhury

সামৰণি | Conclusion

এজন অসামৰিক বিষয়া হিচাপে দেশৰ ইমুৰৰ পৰা সিমুৰলৈ কৰ্তব্য সম্পাদনৰ বাবে যোৱাৰ বাবেই হওক বা নিজৰ অনুসন্ধিৎসু মনৰ বাবেই সমাজৰ বিভিন্ন সমস্যাৰাজীৰ লগত পৰিচিত হোৱাৰ লগতে সামাজিক ক্ষেত্ৰৰ বিভিন্ন অভিজ্ঞতাৰে চহকী আছিল হৰিশংকৰ ব্ৰহ্ম। যাৰ বাবে সমাজ বিভিন্ন দিশৰ ওপৰত সবল আৰু শক্তিশালী ভাৱে তেওঁ নিজৰ মত প্ৰকাশ কৰিছিল।

বিভিন্ন সময়ত অসমৰ সন্তানে বিশ্ব দৰবাৰত অসমৰ নাম প্ৰজ্জ্বোলিত কৰিছে। বিভিন্ন সময়ত অসম সন্তানে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে। ঠিক সেইদৰে ভাৰতীয় লোকসেৱাৰ ক্ষেত্ৰখনত সুকীয়া মৰ্যাদা লাভ কৰা অসমীয়াৰ ভিতৰত এটা উল্লেখযোগ্য নাম হৈছে হৰিশংকৰ ব্ৰহ্ম। কোকৰাঝাৰৰ গোহাঁই গাওঁত জন্মগ্ৰহণ কৰা ব্ৰক্ষ্ম কেৱল অসমৰৰেই নহয় সমগ্ৰ ভাৰতৰ বাবে এটা চিনাকি নাম। তেওঁ হ’ল অসমবাসীৰ গৌৰৱ। ঊনৈশ পঞ্চাছ দশকৰ শেষৰফালে নিজৰ কষ্টৰ ফলত অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হৰিশংকৰ ব্ৰহ্মৰ  অধ্যাৱসায়, কঠোৰ পৰিশ্ৰম, তেওঁৰ সাধনা নতুন প্ৰজন্মক অনুপ্ৰাণিত উৎস।

Also Read: জীৱনী: মণিৰাম দেৱান- অসমৰ চাহৰ আৱিষ্কাৰক | Maniram Dewan

FAQ

১) হৰিশংকৰ ব্ৰহ্ম কোন?

উঃ- ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত পদত অধিষ্ঠিত হোৱা প্ৰথমজন অসমীয়া হ’ল হৰিশংকৰ ব্ৰহ্ম (Harishankar Brahma)।

২) হৰিশংকৰ ব্ৰহ্মৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১৯ এপ্ৰিল, ১৯৫০ চনত।

৩) হৰিশংকৰ ব্ৰহ্মৰ জন্ম কʼত হৈছিল?

উঃ- গোঁসাইগাঁও, কোকৰাঝাৰত।

৪) হৰিশংকৰ ব্ৰহ্মই কৰ্মজীৱন কেনেকৈ আৰম্ভ কৰিছিল?

উঃ- অন্ধ্ৰপ্ৰদেশত প্ৰশাসনিক সেৱাৰ এজন বিষয়া হিচাপে। 

৫) হৰিশংকৰ ব্ৰহ্ম কিয় বিখ্যাত?

উঃ- অসমৰ পৰা নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা প্ৰথমজন ব্যক্তি হিচাপে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top