Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান

Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান Question Answer can be of great value to excel in the examination.

Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান

Join Telegram channel

Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান Notes cover all the exercise questions in UGC Syllabus. The Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্ৰশ্নঃ 5. নিৰ্দেশনাৰ প্ৰয়োজনীয়তা বা আৱশ্যকতাসমূহ কি কি ?

উত্তৰঃ নিৰ্দেশনাৰ প্ৰয়োজনীয়তা বা আৱশ্যকতাবোৰ হৈছে-

(১) শিক্ষাৰ্থী তথা ব্যক্তিক কোনো সমস্যা নোহোৱাকৈ জ্ঞান আহৰণৰ অৰ্থে সামৰ্থ আৰু কৌশল আহৰণৰ সহায় কৰাৰ বাবে ।

(২) শিক্ষাৰ্থী তথা ব্যক্তিৰ নিজস্ফ ক্ষমতা আৰু সামৰ্থৰ বিষয়ে জনাত সহায় কৰিবৰ বাবে আৰু সেইবোৰ সৃজনাত্মক কাৰ্যত প্ৰয়োগ কৰাৰ প্ৰকৃত পথ নিৰ্বাচন কৰাত সহায় কৰিবৰ বাবে ।

(৩) শিক্ষাৰ্থী তথা ব্যক্তিসকলক দেহ-মানসিক শক্তি, সামৰ্থ আৰু সমস্যাসমূহৰ উপলব্ধি আৰু সমাধানৰ উপায় উদ্ভাৱন কৰি লোৱাত সহায় কৰিবৰ বাবে ।

(৪) শিক্ষাৰ্থী তথা ব্যক্তিক বুদ্ধি, মানসিক সামৰ্থ, বিশেষ সামৰ্থ, মানসিক ক্ষমতা, ব্যক্তিত্বৰ বিশেষত্ব আৰু নিজস্ব আৰ্থ-সামাজিক অৱস্থা তথা প্ৰয়োজন সম্পৰ্কে ক্ষান লাঘ কৰাত সহায় কৰাৰ বাবে ।

(৫) পৰিৱৰ্তিত সামাজিক জীৱন প্ৰক্ৰিয়াই সৃষ্টি কৰা জটিল অৱস্থাসমূহৰ লগত সমাযোজন স্থাপন কৰাত সহায় কৰিবৰ বাবে ।

(৬) শিক্ষাৰ্থী তথা ব্যক্তিসকলক সুস্থ জাৱনাদৰ্শ উমান দি ব্যক্তিত্ব বিকাশৰ উপযুক্ত পথ দেখুৱাই দিবৰ বাবে ।

(৭) শিক্ষাৰ্থী তথা ব্যক্তিক আত্ম-অনুশাসনৰ ভাবধাৰাৰ প্ৰমূল্য উপলব্ধি কৰাত সাধনৰ বাবে।

(৮) উপযুক্ত শিক্ষা, জ্ঞান আৰু নতুন নতুন অভিজ্ঞতাৰে নিজক পৰিপুষ্ট কৰি ৰখাত শিক্ষাৰ্থী  তথা ব্যক্তিসকলক সহায় কৰিবৰ বাবে ।

(৯) শিক্ষাৰ্থী তথা ব্যক্তিসকলক তেওঁলোকৰ মাজত থকা ব্যক্তিগত পাৰ্থক্য সম্বন্ধে উপলব্ধি কৰোৱাবৰ বাবে ।

(১০) শিক্ষাৰ্থী তথা ব্যক্তিক বগৃহ আৰু বিদ্যালয় পৰিৱেশৰ মাজত সুস্থভাৱে সমাযোজিত হ’ব পৰাকৈ জ্ঞান দান কৰাৰ বাবে ।

(১১) শিক্ষাৰ্থী তথা ব্যক্তিৰ আৱেগিক সমস্যা আৰু আচৰণজনিত সমস্যাবোৰ আঁতৰোৱাৰ বাবে।

(১২) শিক্ষাৰ্থী তথা ব্যক্তিৰ শিকন আৰু পঠন অক্ষমতা আঁতৰ কৰিবৰ বাবে ।

(১৩) যৌন ৰহস্য উদঘাটন আৰু যৌন সমস্যা সমাধানৰ বাবে ।

(১৪) শিক্ষাৰ্থী তথা ব্যক্তিৰ মনৰ পৰা মানসিক সংঘাতৰ ধাৰণা হাস কৰাৰ বাবে ।

(১৫) শিক্ষাৰ্থী তথা ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে উপযুক্ত পথ উদঘাটন কৰি যত্ন লোৱাৰ বাবে ।

(১৬) মানসিকভাৱে বাধাগ্ৰস্ত শিক্ষাৰ্থী তথা ব্যক্তিৰ সমস্যা সমাধানৰ বাবে ।

(১৭) শিক্ষাৰ্থী তথা ব্যক্তিসকলৰ মনত গঢ় লৈ উঠা অপৰাধ প্ৰৱণতাৰ ভাব আঁতৰ কৰিবৰ বাবে ।

(১৮) বিদ্যালয়ৰ প্ৰশিক্ষণ কাৰ্যসূচীসমূহত শিক্ষাৰ্থী তথা ব্যক্ৰিসকলে উপযুক্তভাৱে অংশগ্ৰহণ কৰি উপকৃত হ’বৰ বাবে ।

প্ৰশ্নঃ 6. নিৰ্দেশনাৰ নীতিসমূহ কি কি ?

উত্তৰঃ নিৰ্দেশনাৰ মূল নীতিবোৰ হৈছে –

(১) ব্যক্তিৰ শক্তি, সামৰ্থ, ক্ষমতা, প্ৰয়োজন আদিৰ ক্ষেত্ৰত থকা ব্যক্তিগত বৈষম্যৰ ওপৰত ভিত্তি কৰিহে নিৰ্দেশনাৰ কৰ্ম আঁচনি প্ৰস্তুত কৰা হয় ।

(২) নিৰ্দেশনাই শিক্ষাৰ্থীক নিজকে বুজি পোৱাত সহায় কৰাৰ লগতে বৰ্তমানৰ শৈক্ষিক সুবিধাসমূহ আৰু নিজৰ শক্তি সামৰ্থসমূহ অধ্যয়ন কৰাত সহায় কৰে ।

(৩) নিৰ্দেশনা এক অবিৰল গতিশীল প্ৰক্ৰিয়া যি শিক্ষাৰ্থীৰ সমগ্ৰ শৈক্ষিক জীৱনৰ লগত জড়িত । অৰ্থাৎ শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে নিৰ্দেশনাৰ প্ৰয়োজন হয় ।

(৪) নিৰ্দেশনাই শিক্ষাৰ্থীক সামাজিক আৰু ব্যক্তিগত সমাযোজন ঘটোৱা, উপযুক্ত বিষয় নিৰ্বাচন আৰু ভৱিষৎ জীৱনৰ বাবে কৰ্মপন্থা নিৰ্বাচন কৰাত সহায় কৰে ।

(৫) নিৰ্দেশনা এক সমূহীয়া দায়িত্ব যʼত বিদ্যালয়ে এক গুৰু দায়িত্ব পালন কৰিব লাগে ।

(৬) সকলো ব্যক্তিৰ বাবে নিৰ্দেশনা যথোপযুক্ত, পৰ্যাপ্ত আৰু অবিৰামভাৱে প্ৰদান কৰিব পাৰি।

(৭) নিৰ্দেশনাই শিক্ষাৰ্থী তথ্য ব্যক্তিৰ বহুমুখী আৰু বিস্তৃত চাহিদা পূৰণ কৰাত সহায় কৰে ।

(৮) নিৰ্দেশনাই শিক্ষাৰ্থীক নিজে নিজক বুজি উঠা, নিজক পৰিচালনা কৰা আৰু চূড়ান্ত সিদ্ধান্ত  গ্ৰহণ কৰাত সহায় কৰে ।

(৯) নিৰ্দেশনা শিক্ষাৰ্থী সম্পৰ্কীয় তথ্য সংগ্ৰহ আৰু যোগান সেৱা, বৃত্তিবা ব্যৱসায় সম্পৰ্কীয় তথ্য যোগান সেৱা, তথ্য সংগ্ৰহ সেৱা, পৰামৰ্শদান সেৱা, ব্যৱসায়ৰ বাবে প্ৰস্তুতি সেৱা,সংস্থাপন সেৱা, গৱেষণা সেৱা আদিৰ লগতে নিবিড়ভাৱে জড়িত ।

(১০) নিৰ্দেশনাৰ সেৱা, প্ৰযুক্তি ক্ষান, ব্যক্তি আৰু গোটৰ সহযোগিতা, অভিভাৱকৰ লগত সহযোগিতা, সংগ্ৰহ প্ৰক্ৰিয়া, শিক্ষাৰ্থী সম্পৰ্কীয় পঞ্জীভুক্তকৰণ, সংগ্ৰহ আৰু ব্যাখ্যাকৰণ, বিভিন্ন কৰ্ম সম্পাদনৰ বাবে সময়, তালিকা, তদাৰকীকৰণ আৰু বিভিন্ন ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ উপদেশ আদি বিভিন্ন দিশৰ লগত জড়িত ।

(১১) নিৰ্দেশনাই শিক্ষাৰ্থী তথা ব্যক্তিৰ ইতিবাচক বা যোগাত্মক দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰে ।

(১২) নিৰ্দেশনা প্ৰদানৰ বাবে উপযুক্ত, দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিৰ প্ৰয়োজন । তেওঁৰ শিক্ষাৰ্থী তথা ব্যক্তি সম্পৰ্কে  যথোপযুক্ত তথ্য় সংগ্ৰহ কৰা, বৃত্তিমূলক আৰু শৈক্ষিক দিশৰ বিভিন্ন তথ্য সংগ্ৰহ কৰা, পৰীক্ষা পৰিচালনা কৰা, সাক্ষাতকাৰ লোৱা, পৰামৰ্শদানৰ বাবে প্ৰয়োজনীয় কৌশল ৰচনা কৰা আদি দিশত অভিক্ষতাসম্পন্ন হোৱা প্ৰয়োজন ।

(১৩) নিৰ্দেশনা প্ৰদানৰ বাবে শিক্ষাৰ্থী বা ব্যক্তি সম্পৰ্কে সঠিক ধাৰণা থাকিব লাগিব আৰু তেনে সঠিক তথ্যৰ ভিত্তিতহে নিৰ্দেশনা প্ৰদান কৰাটো প্ৰয়োজন ।

(১৪) নিৰ্দেশনাই শিক্ষাৰ্থীক যিকোনো সমস্যাৰ সমাধান বা পৰিস্থিতি সম্পৰ্কীয় চূড়ান্ত সিদ্ধান্ত লʼব পৰাকৈ সহায় কৰে ।

প্ৰশ্নঃ 7. নিৰ্দেশনাৰ প্ৰকাৰসমূহ উল্লেখ কৰি যিকোনো তিনিটা প্ৰকাৰৰ আলোচনা কৰা ?

উত্তৰঃ নিৰ্দেশনাক নিম্নলিখিত ধৰণেৰে শ্ৰেণী বিভাগ কৰিব পাৰি-

(১) ব্যক্তিগত আৰু সামাজিক নিৰ্দেশনা ।

(২) শিক্ষামূলক বা শৈক্ষিক নিৰ্দেশনা ।

(৩) বৃত্তিমূলক নিৰ্দেশনা ।

(৪) স্বাস্থ্য সম্বন্ধীয় নিৰ্দেশনা ।

(৫) গাইগুটীয়া আৰু দলীয় নিৰ্দেশনা ।

(৬) মূল্যবোধৰ নিৰ্দেশনা ।

(৭) বিবাহ সম্বন্ধীয় নিৰ্দেশনা ।

(৮) অৱসৰ সময়ৰ নিৰ্দেশনা ।

(৯) গৃহ নিৰ্দেশনা ।

(১০) বিদ্যালয় নিৰ্দেশনা ।

(১১) নেতৃত্বৰ নিৰ্দেশনা ।

(১২) ধৰ্মীয় নিৰ্দেশনা ।

(১৩) ভৌতিক নিৰ্দেশনা ।

(১৪) বৃদ্ধ কালৰ নিৰ্দেশনা আদি ।

(১) ব্যক্তিগত নিৰ্দেশনাঃ ব্যক্তিৰ ব্যক্তিগত সম্ভাৱনীয়তাৰ লগত জড়িত দিশবোৰৰ উপযুক্ত বিকাশ  সাধনৰ বাবে প্ৰদান কৰা নিৰ্দেশনাকে ব্যক্তিগত নিৰ্দেশনা বোলা হয় । ব্যক্তিগত নিৰ্দেশনাই শিক্ষাৰ্থী তথা ব্যক্তিৰ ব্যক্তিগত দিশবোৰ, যেনে-অন্তনিহিত শক্তি, আৱেগিক সমাযোজন, মনো-আৱেগিক সম্বন্ধ, যিবোৰে শিক্ষাৰ্থী তথা ব্যক্তিৰ বিকাশত সহায় কৰে আৰু এই ক্ষেত্ৰত সহায় কৰা দিশবোৰ আন্তৰ্ভুক্ত কৰে । ব্যক্তিগত নিৰ্দেশনাই শিক্ষাৰ্থী তথা ব্যক্তি তথা ব্যক্তিৰ মনোবৈজ্ঞানিক অস্বাভাৱিকতা, মানসিক সংঘাত, অপসমাযোজন আৰু হীনমন্যতা আদিৰ পৰা শিক্ষাৰ্থী তথা ব্যক্তিক মুক্ত কৰি ৰখাত সহায় কৰে । সামাদিক পৰিবেশত শিক্ষাৰ্থী তথা ব্যক্তিৰ  সুস্থ ব্যক্তিত্ব বিকাশৰ ব্যক্তিগত আৰু সামাজিক দিশবোৰৰ মাজত সুস্থ সমম্বয় সাধন হʼব  লাগিব । ইয়াৰ বাবে মনোবৈজ্ঞানিক নিৰ্দেশনাৰ প্ৰয়োজন । ব্যক্তিগত নিৰ্দেশনা শিক্ষাৰ্থী তথা  ব্যক্তিৰ প্ৰাথমিক মনোবৈজ্ঞানিক প্ৰয়োজন; যেনে-মৰম, সহানুভূতি. পৰিচয়, নিৰাপত্তা, বাসস্থান আদিৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ যুগুত কৰা হয় । ইয়াৰ মুখ্য উদ্দেশ্য হৈছে শিক্ষাৰ্থী তথা ব্যক্তিৰ চাৰিত্ৰিক গুণৰ বিকাশ আৰু পৰিৱেশৰ লগত সুস্থ সমাযোজন কৰিব পৰা দক্ষতাৰ বিকাশ ঘটোৱা ।

(২) সামাজিক নিৰ্দেশনাঃ ভৌতিক আৰু সামাজিক পৰিৱেশৰ লগত শিক্ষাৰ্থী তথা ব্যক্তিয়ে সমাযোজন  কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সকলোধৰণৰ আৱেগিক আৰু মনোবৈজ্ঞানিক সমস্যা সমাধান কৰি  সুস্থভাৱে সমাযোজন কৰিবৰ বাবে যি নিৰ্দেশনা প্ৰদান কৰা হয় তাকে সামাজিক নিৰ্দেশনা বুলি  কোৱা হয় ।

সামাজিক নিৰ্দেশনাক মনোবৈজ্ঞানিক বা সমাযোজনমূলক নিৰ্দেশনা বুলিও কোৱা হয় ।  এই নিৰ্দেশনাই ভৌতিক আৰু সামাজিক পৰিৱেশ লগত সমাযোজন কৰাত আৰু সকলোধৰণৰ আৱেগিক আৰু মনোবৈজ্ঞানিক সমস্যা সমাধান কৰাত শিক্ষাৰ্থী তথা ব্যক্তিক সহায় কৰে । ই শিক্ষাৰ্থী তথা ব্যক্তিক সামাজিকভাৱে সুস্থ সমাযোজিত কৰি গঢ়ি তোলাৰ লগতে শিক্ষাৰ্থী তথা ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিত্ব বিকাশ সাধনত সহায় কৰে ।

শিক্ষাৰ্থী তথা ব্যক্তি ডাঙৰ হৈ অহাৰ লগে লগে সংগতি বিধানৰ ক্ষেত্ৰত ব্যক্তিগত আৰু সামাজিক সমস্যাৰ সন্মুখীন হয় । শিক্ষৰ তথা ব্যক্তি এটা বাঢ়ি অহাৰ লগে লগেই তেওঁলোকে বিভিন্নধৰণৰ জ্ঞানমূলক আৰু প্ৰক্ষোভমূলক অভিজ্ঞতা অৰ্জন কৰে । সেই জ্ঞানক মানসিক সংগঠনৰ সৈতে সমন্বয় সাধন কৰি শিক্ষাৰ্থী তথা ব্যক্তিৰ মানসিক স্বাস্থ্য বজাই ৰখাটো অতি প্ৰয়োজন। আধুনিক দ্ৰুত পৰিৱৰ্তনশীল সমাজত শিক্ষাৰ্থী তথা ব্যক্তিৱে সকলো সময়তে ব্যক্তিগত  সমাযোজন কাৰ্য সুস্থভাৱে সম্পন্ন কৰিব নোৱাৰে । এনে শিক্ষাৰ্থী তথা ব্যক্তিৱে সিহঁতৰ  চাৰিওফালৰ সমাজৰ নানা ব্যক্তি আৰু শক্তিৰ লগত সংগতি বিধান কৰোৱাব লাগে । শিক্ষাৰ্থী  তথা ব্যক্তিৰ সুস্থ সমাজ-জীৱনৰ বাবে এই সমাযোজন বা সংগতিবিধান অপৰিহাৰ্য । কিন্তু আধুনিক জটিল সমাজত সুস্থভাৱে সমাযোজন কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয় । এনে সমস্যা সমাধান কৰি সমাজৰ লগত শিক্ষাৰ্থী তথা ব্যক্তিৰ সুস্থ সমাযোজন সাধনৰ বাবে  নিৰ্দেশনাৰ অতি প্ৰয়োজন ।

(৩) শিক্ষামূলক বা শিক্ষিক নিৰ্দেশনা (Educational guidance): শিক্ষাৰ্থীৰ অন্তনিৰ্হিত সামৰ্থ, ক্ষমতা, আগ্ৰহ, ৰুচি-অভিৰোচি, অভিক্ষমতা, মানসিক শক্তি, ব্যক্তিত্বৰ সংলক্ষণ আৰু আকাংক্ষা আদিৰ ক্ষেত্ৰত থকা ব্যক্তিগত বৈষম্যৰ প্ৰতি লক্ষ্য ৰাখি কোনবোৰ শিক্ষণীয় তথা বিশেষ বিষয় নিৰ্বাচন কৰিব লাগে, কোনবোৰ বিশেষ বিষয় তেওঁৰ বাবে উপযোগী হʼব আৰু ভৱিষ্যতৰ বাবে উপযুক্ত  আৰু ফলপ্ৰসূ হʼব তেনে বিষয় নিৰ্বাচন কৰিবৰ বাবে প্ৰদান কৰা নিৰ্দেশনাকে শিক্ষামূলক বা শৈক্ষিক নিৰ্দেশনা বুলি কোৱা হয় ।

এই নিৰ্দেশনাই শিক্ষাৰ্থী তথা ব্যক্তিৰ অন্তনিৰ্হিত সামৰ্থ, আগ্ৰহ ব্যক্তিত্বৰ সংলক্ষণ আৰু আকাংক্ষা অনুসৰি বিভিন্ন শিক্ষণীয় বিষয়ৰ মাজৰ পৰা বিষয় নিৰ্বাচন কৰি লʼবৰ বাবে প্ৰদান  কৰা হয়। ই ব্যক্তিগত পাৰ্থক্য অনুসৰি বিভিন্ন বিষয়ৰ লগত শিক্ষাৰ্থী তথা ব্যক্তিক সমাযোজন  কৰাত সহায় কৰে ।

শৈক্ষিক নিৰ্দেশনাৰ মুখ্য লক্ষ্য হৈছে কোনবোৰ বিশেষ বিষয় শিক্ষাৰ্থী তথা ব্যক্তিৰ বাবে উপযোগী হʼব আৰু শিক্ষাৰ্থী তথা ব্যক্তিক ভৱিষ্যতৰ বাবে উপযুক্ত কৰি তুলিব পাৰিব সেই সম্পৰ্কে প্ৰয়োজনীয় নিৰ্দেশনা দিয়া । প্ৰত্যেক শিক্ষাৰ্থী তথা ব্যক্তিৱেই বিভিন্ন মানসিক শক্তি, আগ্ৰহ ও দক্ষতা লৈ জন্মগ্ৰহণ কৰে । বুদ্ধিৰ সকলো বিষয় ক্ষেত্ৰতো শিক্ষাৰ্থী তথা ব্যক্তিৰ মাজত পাৰ্থক্য বিদ্যমান; সেয়ে সকলো বিষয় শিক্ষাৰ্থী তথা ব্যক্তিৰ বাবে সমানে উপযোগী নহয় । বুদ্ধিৰ বাহিৰেও অন্যান্য বিশেষধৰ্মী মানসিক শক্তিৰ ক্ষেত্ৰতো শিক্ষাৰ্থী তথা ব্যক্তিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় । এই ব্যক্তিগত পাৰ্থক্যৰ বাবেই প্ৰত্যেক শিক্ষাৰ্থী তথা ব্যক্তিৰ শিক্ষাৰ বিষয় বেলেগ বেলেগ হোৱা উচিত । বুদ্ধি আৰু মানসিক শক্তি অনুযায়ী কোনোবা শিক্ষাৰ্থী তথা ব্যক্তিৰ বাবে সাহিত্যমূলক বিষয় উপযোগী, কাৰোবাৰ বাবে কাৰিকৰী বিষয়, যন্ত্ৰশিল্প বা অন্য যিকোনো বিষয় উপযোগী হʼব পাৰে । গতিকে যেনে শিক্ষাৰ্থী তথা ব্যক্তিয়ে যি বিষয়ৰ প্ৰতি অভিক্ষমতা বা সামৰ্থ থাকে তেনে বিষয় অধ্যন কৰিলেহে উপকৃত হʼব । যি শিক্ষাৰ্থীৰ ভাষামূলক মানসিক শক্তি বা অভিক্ষমতা থাকে তেওঁক সাহিত্যৰ বিষয়, যাৰ সংখ্যামূলক বিশেষ মানসিক শক্তি থাতে তেনে শিক্ষাৰ্থী তথা ব্যক্তিক গণিতধৰ্মী ব্যাপক পৰীক্ষা-নিৰীক্ষাৰ পৰা প্ৰমাণিত হৈছে যে শিক্ষাৰ্থীৰ মানসিক শক্তি আৰু আগ্ৰহ অনুযায়ী বিষয় নিৰ্বাচন কৰিলেহে তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ হʼব ।

প্ৰশ্নঃ 8. গাইগুটীয়া বা ব্যক্তিগত নিৰ্দেশনাৰ উদ্দেশ্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ গাইগুটীয়া বা ব্যক্তিগত নিৰ্দেশনাৰ উদ্দেশ্যসমূহ হʼল-

(১)  শিক্ষাৰ্থীৰ গাইগুটীয়া বা ব্যক্তিগত সমস্যাবোৰ সমাধান কৰাত সহায় কৰা ।

(২) শিক্ষাৰ্থীক অসন্তুনক ঘৰুৱা পৰিৱেশৰ লগত মোকাবিলা কৰাত আৰু ঘৰুৱা সমস্যাজড়িত পৰিৱেশৰ মাজেৰে নিজক আগুৱাই নিব পৰাকৈ প্ৰস্তুত কৰি তোলাত সহায় কৰা ।

(৩) শিক্ষাৰ্থীৰ দেহ, মানসিক তথা মনোজগতত সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতিত সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰি সুস্থ সমাযোজনত সহায় কৰা ।

(৪) শিক্ষাৰ্থীয়ে শিকনৰ ক্ষেত্ৰত সন্মুখীন হোৱা গাইগুটীয়া বা নিজস্ব বা ব্যক্তিগত সমস্যাবোৰ  সমাধানৰ কৰাত সহায় কৰা ।

(৫) শিক্ষাৰ্থীৰ ব্যক্তিগত সমস্যাৰ কাৰণ আৰু সাধাৰণ পটভূমিৰ বিষয়ে জনাত সহায় কৰা ।

(৬) শিক্ষাৰ্থীৰ মনৰ পৰা হীনমান্যতাৰ মনোভাব হাস কৰি স্বাভাৱিকভাৱে সমাযোজন কৰি আগুৱাই যোৱাত সহায় কৰা ।

(৭) শিক্ষাৰ্থীক পৰিৱৰ্তিত বিদ্যালয় পৰিৱেশ আৰু সামাজিক পৰিৱেশত খাপ খাবৰ বাবে উপযুক্ত পথ নিৰ্দেশনা প্ৰদান কৰি সহায় কৰা ।

প্ৰশ্নঃ 9. সমূহীয়া বা দলগত নিৰ্দেশনা বুলিলে কি বুজা ? দলগত বা সমূহীয়া নিৰ্দেশনা সম্পৰ্কে বিভিন্ন  পণ্ডিতে আগবঢ়োৱা সংজ্ঞা আগবঢ়োৱা ?

উত্তৰঃ শিক্ষাৰ্থী বা ব্যক্তিগত দল বা সমূহৰ মাজত থাকিও কিছমান বিশেষ ক্ষেত্ৰত সমাজৰ বা দলৰ  সদস্যসকলৰ লগত দলৰ বা সমাজৰ মানদণ্ড ৰক্ষা কৰি সমাযোজন কৰাত ব্যৰ্থ হয় । ইয়াৰ প্ৰধান কাৰণ হʼল দলত উদ্ভৱ হোৱা কিছুমান সাধাৰণ সমস্যা, যি সমাধানৰ কৰাৰ সঠিক উপায় উদ্ভাৱন কৰাত তেওঁলোক বিফল হয় । এনে সমস্যাবোৰ সমাধানৰ বাবে দলৰ সদস্যসকলক সমূহীয়া বা দলগতভাৱে প্ৰদান কৰা দিহা-পৰামৰ্শ তথা সহায়কে সমূহীয়া বা দলগত নিৰ্দেশনা বোলা হয় । দলীয় নিৰ্দেশনা দলগতভাৱে বা শ্ৰেণীকক্ষত সমূহীয়াভাৱে দলগত কৰ্মৰ যোগেদি প্ৰদান কৰা হয় । এনে নিৰ্দেশনাত শৈক্ষিক আঁচনি, ঘৰ আৰু বিদ্যালয়ৰ লগত সমাযোজন, সামাজিক পৰিস্থিতি, আজৰি সময়ৰ ব্যৱহাৰ, বৃত্তিগত দিশ, ব্যক্তিত্বৰ বিভিন্ন দিশ আদি দিশবোৰৰ লগত জড়িত সমস্যাবোৰ আলোচনা কৰা হয় আৰু এইবোৰ সমাধানৰ উপায় উদ্ভাৱন কৰা হয় । দলগত বা সমূহীয়া নিৰ্দেশনা সম্পৰ্কত বিভিন্ন পণ্ডিতে বিভিন্ন সংজ্ঞা আগবঢ়াইছে ।

জনছৰ মতে, “দলগত নিৰ্দেশনা হৈছে যিকোনো দলগত প্ৰচেষ্টা বা কৰ্ম যাৰ মুখ্য লক্ষ্য হৈছে প্ৰত্যেক ব্যক্তিকে দলৰ ভিতৰত নিজৰ সমস্যাবোৰ সমাধান কৰি সুস্থভাৱে সমাযোজন কৰাত সহায় কৰা । (Group guidance is any group enterprise or activity in which the primary purpose is to assist each individual in the group to solve his problems and  to make his adjustment.) তেওঁ পুনৰ কৈছে, “দলগত নিৰ্দেশনা বা দলীয় কৰ্মৰ জৰিয়তে দিয়া নিৰ্দেশনা দলত বা শ্ৰেণীকক্ষত গ্ৰহণ কৰা সকলোধৰণৰ দলগত বা দলীয় কৰ্মকে ইয়াৰ অন্তৰ্ভুক্ত । (Group guidance or guidance through group activities, includes all those form of group activities that are in undertaken in group or in classes.)

ক্ৰো আৰু ক্ৰো (Crow and Crow) ৰ মতে “Guidance in group situations usually is though of as referring to those guidance service that are made available by school personal to large or small group of pupils.”

দলগট নিৰ্দেশনা প্ৰদানৰ বাবে সভা, প্ৰদৰ্শনী, বক্তৃতা অনুষ্ঠান, সাংস্কৃতিক কাৰ্যসূচী, ভ্ৰমণ   ক্ষেত্ৰ অধ্যায়ন, চিনেমা, দলগত আলোচনা, পুথিভঁৰাল উপবেশন, জীৱিকা সম্পৰ্কীয় ক্ষেত্ৰঅধ্যয়ন, পৰিশীলন শ্ৰেণী, শিক্ষক-অভিভাৱক সভা, ৰেডিঅʼ কথিকা, টি ভি কথিকা, অভিনয়, কথিকা বা মতামত দৰ্শোৱা অনুষ্ঠান আদি ব্যৱহাৰ কৰিব পাৰি । এনে অনুষ্ঠানৰ জৰিয়তে  শিক্ষাৰ্থীৰ অভিজ্ঞতা আৰু জ্ঞানৰ ভঁৰাল চহকী কৰিব পাৰি যাৰ জৰিয়তে তেওঁলোকে যিকোনো সমস্যা যুক্তিৰে বিচাৰ কৰি চাই সমাধান উলিয়াবলৈ সক্ষ হয় ।

প্ৰশ্নঃ 10. দলগত নিৰ্দেশনাৰ উদ্দেশ্যসমূহ কি কি ?

উত্তৰঃ দলগত নিৰ্দেশনাৰ উদ্দেশ্যসমূহ হʼল-

(১) দলৰ বা শ্ৰেণীকক্ষত সকলোৰে সাধাৰণ সমস্যাবোৰ চিনাক্তকৰণৰ কৰা, সাধাৰণীকৰণ কৰা আৰু সেইবোৰ আলোচনা কৰা ।

(২) শিক্ষকক দলীয় বা সমূহীয়াভাৱে শিক্ষাৰ্থীৰ সমস্যাবোৰ প্ৰত্যেক্ষ কৰা আৰু সেইবো সমাধানৰ বাবে উপায় উদ্ভাৱন কৰাত সহায় কৰা ।

(৩) শিক্ষাৰ্থীক নেতৃত্বৰ প্ৰশিক্ষণ দিয়াত সহায় কৰা ।

(৪) শিক্ষাৰ্থীয়ে সন্মুখীন হোৱা জটিল সমস্যাবোৰৰ প্ৰতি মনোযোগ দিয়া আৰু সেইবোৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাত শিক্ষকক সহায় কৰা।

(৫) শিক্ষাৰ্থীৰ মনোভাব আৰু আচৰণৰ পৰিৱৰ্তন সাধন কৰাত সহায় কৰা ।

(৬) শিক্ষক বা পৰ্যবেক্ষকে কম সময়ৰ ভিতৰত দলৰ মাজত একে সময়তে বহুকেইজন নিক্ষাৰ্থীক নিৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰাত সহায় কৰা ।

(৭) বিদ্যালয়লৈ নতুনকৈ অহা বা নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীক বিদ্যালয় পৰিৱেশত সুন্দৰভাৱে সমাযোজন কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰা ।

(৮) অন্তৰীত শিক্ষাৰ্থীক সমাজিক কৰি তোলাত সহায় কৰা । Kitch আৰু Mc Creasy এ নিৰ্দেশনাৰ নিম্নলিখিত উদ্দেশ্যসমূহ উল্লেখ কৰে ।

(ক) সমূহীয়া সমস্যাবোৰ চিনাক্তকৰণ কৰাত সহায় কৰা ।

(খ) সমাযোজন সম্পৰ্কীয় সমস্যাবোৰ সমাধান কৰিবৰ বাবে উপযোগী তথ্যৰ যোগান ধৰা ।

(গ) আত্মবোধ জগাই তুলিব পৰা অভইজ্ঞতা লাভৰ সুযোগ প্ৰদান কৰা।

(ঘ) ব্যক্তিগত পৰামৰ্শদানৰ ভেটি যুগুত কৰাত সহায় কৰা ।

প্ৰশ্নঃ 11. দলগত নিৰ্দেশনাৰ গুৰুত্ব কি কি ?

উত্তৰঃ দলগত নিৰ্দেশনাৰ গুৰুত্ববোৰ হৈছে-

(১) এনে নিৰ্দেশনা কম সময়ৰ ভিতৰত এক বৃহৎ বা একো একোটা সৰু দলক একে সময়তে প্ৰদান কৰিব পাৰি । সেয়ে ইয়াক মিতব্যয়ী ব্যৱস্থা বুলিও কʼব পাৰি । কিয়নো এনে নিৰ্দেশনাত শিক্ষক বা পৰামৰ্শদাতাক কম শ্ৰম আৰু কম সময়ৰ প্ৰয়োজন হয় ।

(২) এনে নিৰ্দেশনাই বহু শিক্ষাৰ্থীৰ লগত সম্পৰ্ক বজাই ৰখাত আৰু তেওঁলোকৰ সমূহীয়া আৰু সাধাৰণ সমস্যাবোৰ আলোচনা কৰাত সহায় কৰে ।

(৩) এনে নিৰ্দেশনাই নতুনকৈ বিদ্যালয়লৈ অহা শিক্ষাৰ্থীক বিদ্যালয় পৰিৱেশৰ লগত সমাযোজন      কৰাত সহায় কৰা ।

(৪) এনে নিৰ্দেশনাই শিক্ষাৰ্থীৰ ব্যক্তিগত বা দলগত সমস্যাবোৰ সমাধান কৰা বা সন্মুখীন হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মনোভাব আৰু আচৰণৰ উন্নতি সাধন আৰু পৰিৱৰ্তনত সহায় কৰে ।

(৫) এনে নিৰ্দেশনাই নতুনকৈ বিদ্যালয়লৈ অহা শিক্ষাৰ্থীক বিদ্যালয়খনৰ ইতিহাস, পৰস্পৰ, শৈক্ষিক দিত প্ৰয়োগ কৰিবলগীয়া নীতি-নিয়ম, শৃংখলাৱদ্ধতা, শিক্ষাৰ্থীৰ ব্যক্তিগত আৰু সামাজিক জীৱন, বিদ্যালয়ৰ সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ বিষয়ে ভালদৰে জনাত সহায় কৰে ।

(৬) এনে নিৰ্দেশনাই শিক্ষাৰ্থীক বিভিন্ন দিশত নেতৃত্ব দিব পৰাকৈ প্ৰশিক্ষণ দিয়াত সহায় কৰে।

(৭) এনে নিৰ্দেশনাই শিক্ষাৰ্থীৰ নিজৰ কিছুমান সমস্যা আন শিক্ষাৰ্থীৰ সমস্যাৰ লগত ৰিজাই চাই সাধাৰণাকৰণ ৰাত সহায় কৰে যাৰ ফলত শিক্ষাৰ্থীয়ে উৎকন্ঠা দমন কৰি সুস্থভাৱে সমাযোজন কৰিবলৈ সক্ষম হʼব পাৰে ।

(৮) এনে নিৰ্দেশনাৰ জৰিয়তে শিক্ষক বা পৰামৰ্শদাতা কম সময়ৰ ভিতৰত শিক্ষাৰ্থী সম্পৰ্কীয়  বিভিন্ন তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

(৯) এনে নিৰ্দেশনাই পৰামৰ্শদাতাক সমূহীয়া বা দলগতভাৱে শিক্ষাৰ্থীক অধ্যায়ন কৰাৰ লগতে  তেওঁলোকৰ সামাজিক দৃষ্টিভংগী আৰু আচৰণ সম্পৰ্কে অধ্যয়ন কৰাত সহায় কৰে ।

(১০) এনে নিৰ্দেশনাই শিক্ষাৰ্থীক উপযুক্ত আৰু ভাৰসাম্যপূৰ্ণভাৱে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰা আৰু বাস্তৱ সন্মতভাৱে ব্যাখ্যা কৰাৰ লগতে আনৰ দৃষ্টিভংগীকো ব্যাখ্যা কৰাত সহায় কৰে ।

(১১) এনে নিৰ্দেশনাই শিক্ষাৰ্থীক অধিক ক্ষান আহৰণত সহায় কৰে ।

(১২) এনে নিৰ্দেশনাই দলৰ সাধাৰণ বা উমৈহতীয়া সমস্যাবোৰ সহযোগিতাৰ মিলি-জুলি বিচাৰ কৰা আৰু আলোচনা কৰি সমস্যাৰোহ সমাধানৰ পথ উদ্ভাৱন কৰাত সহায় কৰে ।

প্ৰশ্নঃ 12. প্ৰাক্-বিদ্যালয় স্তৰত শৈক্ষিক নিৰ্দেশনাৰ কাৰ্যাৱলীসমূহ ব্যাখ্যা কৰা ।

উত্তৰঃ (১) শিশুক সুস্থ আৰু নিৰাপদ পৰিৱেশত তেওঁলোকৰ ৰুচি-অভিৰুচি, আগ্ৰহ আনিসৰি স্বতঃস্ফূৰ্ত বিকাশ সাধনৰ সুবিধা প্ৰদান কৰিব লাগে ।

(২) সু-সংগঠিত আনুষ্ঠানিক পৰিৱেশত ঘৰুৱা আৰু বিদ্যালয়ৰ বাতাবৰণ সৃষ্টি কৰি শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । তদুপৰি ঘৰুৱা আৰু বিদ্যালয় পৰিৱেশত সুস্থভাৱে সমাযোজন কৰিব পৰাকৈ শিশুক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

(৩) শিশুৰ শাৰীৰিক, মানসিক, সামাজিক প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ গঠনাত্মক খেলা-ধূলা, ব্যায়াম, স্ফাস্থ্য ৰক্ষাৰ নীতি আদি শিকোৱাৰ ব্যৱস্থা কৰিব লাগে ।

(৪) বিভিন্ন বিজ্ঞানসন্মত পদ্ধতি আৰু সা-সঁজুলিৰ সহায়ত শিশুৰ দেহতন্ত্ৰ, স্নায়ুতন্ত্ৰ আৰু জ্ঞানেন্দ্ৰিয়সমূহ কৰ্মক্ষম কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

(৫) গীত-নৃত্য, অভিনয়, খেলা-ধূলা আদি দৈহিক ক্ৰিয়া অনুশীলনৰ দ্বাৰা শিশুক প্ৰয়োজনীয় জ্ঞান দিয়া আৰু সু-অভ্যাস গঠন কৰাৰ ব্যৱস্থা কৰিব লাগে ।

(৬) শিশুৰ শাৰীৰিক স্ফাস্থ্যজনিত অভ্যাস, যেনে-পৰিস্কাৰ পৰিচ্ছন্নতা, পিন্ধা-উৰা, শোচা-প্ৰস্তাৱ কৰা, খোৱা-বোৱা আদি দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় ক্ৰিয়া আচৰণ দক্ষতা বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

(৭) কিছুমান বিশেষধৰণৰ সঁজুলি, যেনে ৰং-বিৰঙৰ ফুল, পুতলা, ছবি, ৰং-বিৰঙৰ কাগজৰ টুকুৰা, কাঠৰ টুকুৰা আৰু আন্যান্য খেলা-ধূলা তথা শৰীৰৰ সঞ্চালন বৃদ্ধি কৰিব পৰা সঁজুলিৰ সহায়ত শিশুৰ ইন্দ্ৰিয় অনুশীলন আৰু মনোবিজ্ঞানসন্মতভাৱে ইন্ধিয় প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে ।

(৮) বিশেষ সংগঠিত বস্তু আৰু প্ৰাকৃতিক পৰিৱেশৰ বাস্তৱ বস্তুৰ সহায়ত শিশুৰ ইন্দ্ৰিয়ানুভূতি  বা সংবেদনত্মাক অনুভূতিৰ বিকাশ সাধন কৰাত গুৰুত্ব দিয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(৯) চিত্ৰংকন, পেইন্টিং, সংগীত, নৃত্য, বিভিন্ন বস্তু তৈয়াৰ কৰা আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি শিশুৰ সূক্ষ্ম কলাত্মক প্ৰতিভাৰ বিকাশ সাধনৰ ব্যৱস্থা কৰিব লাগে ।

(১০) শিশুৱে গছ-গছনি, জীৱ-জন্তু, বৰ্ণ, সংখ্যা, ছবি চিনাক্তকৰণ, বাস্তৱ বস্তুৰ উচ্চতা,দৈৰ্ঘ্য, আকাৰ, আকৃতি, গভীৰতা আদি বুলজি উঠিব পৰাকৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

(১১) শিশুৰ আৱেগ-অনুভূতিবোৰক নিয়ন্ত্ৰণ কৰি সামাজিক আৰু গঠনমূলক কামত লগাব পৰাকৈ শিশুক উপযুক্তভাৱে গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

(১২) শিশুক গীত গাবলৈ দিয়া, আবৃত্তি কৰিবলৈ দিয়া আদিৰ জৰিয়তে শুদ্ধ আৰু স্পষ্টভাৱে বাক্যবোৰ ব্যৱহাৰ কৰিবলৈ দি শিশুৰ ভাষাৰ বিকাশ সাধন কৰিব লাগে ।  

(১৩) প্ৰাক্-বিদ্যালয়ত গৃহ আৰু বিদ্যালয় পৰিৱেশ সৃষ্টি কৰি মৰম, আদৰ-যত্ন, দয়াশীল পৰিৱেশত মুক্তভাৱে খেলা-ধূলা কৰা, দৈহিক শ্ৰম কৰা, উদ্দেশ্যমূলক কাম সম্পাদন কৰিবলৈ দিয়াৰ মাজেৰে শিশুৰ জ্ঞানেন্দ্ৰিয়সমূহৰ বিকাশ, সজ অভ্যাস গঠন, আনন্দদায়ক আৰু গঠনাত্মক চিন্তাৰ বিকাশ, নিজৰ পৰিৱেশক বুলি উঠা আদি দিশৰ বিকাশ সাধনত সহায় কৰিব লাগে ।

(১৪) শিশুৰ সৃজনীমূলক প্ৰতিভাৰ বিকাশৰ জৰিয়তে আত্মপ্ৰকাশৰ সুযোগ দিব লাগে ।

(১৫) শিশুৰ আত্মকেন্দ্ৰীক মনোভাৱৰ ঠাইত সামাজিক মনোভাৱ আৰু দৃষ্টিভংগী গঢ়ি তোলা আৰু দলগতভাৱে কাম কৰিবলৈ শিশুক উৎসাহ যোগাব লাগে ।

(১৬) শিশুৰ কৌতুহল প্ৰৱণতাৰ সৃষ্টি কৰা আৰু কৌতুহল দূৰ কৰাৰ শুদ্ধ আৰু সঠিক ব্যৱস্থা  গ্ৰহণ কৰিব লাগে ।

(১৭) শিশুৰ লিখা, পঢ়া আৰু গণনাৰ প্ৰাথমিক জ্ঞান আৰু প্ৰয়োগ পদ্ধতি শিকোৱা আৰু প্ৰাথমিক শিক্ষাৰ বাবে প্ৰস্তুত কৰি তুলিব লাগে ।

(১৮) শিশুৰ আৱেগিক অনুভূতিবোৰ বিপথে পৰিচালিত হৈ শিশুৰ মনো-দৈহিক বিকাশ যাতে বাধাগ্ৰস্ত নহয় তাৰ সু-ব্যৱস্থা গ্ৰহণ কৰা আৰু শিশুৰ আৱেগ-অনুভূতিবোৰ গঠনাত্মক আৰু সৃজনাত্মকভাৱে প্ৰস্ফুতিতকৰণ কৰাত সহায় কৰিব লাগে ।

(১৯) শিশুক শাৰীৰিকভাৱে সুস্থ আৰু সবল কৰি তোলা, শিশুৰ মনো-দৈহিক চাহিদা বাঞ্জিত পথেৰে পূৰণ কৰা আৰু সুস্থ ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰিব লাগে ।

(২০) মুক্ত পৰিৱেশত নাচ, গান, আবৃত্তি, আভিনয় আৰু খেলা-ধূলাৰে মাজেৰে শিশুৰ মাজত আত্ম-অনুশাসন আৰু সামাজিক চেতনাৰ ভাব জগাই তুলিব লাগে ।

(২১) সাধু, কাহিনী, নাটক, গল্প আদিৰ জৰিয়তে শিশুৰ বৌদ্ধিক, মানসিক, নৈতিক,সাংস্কৃতিক দিশৰ সুস্থ বিকাশ সাধন কৰিব লাগে ।

প্ৰশ্নঃ 13. প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীৰ সৰ্বতোমুখী বিকাশৰ নিৰ্দেশনাসমূহ ব্যাখ্যা কৰা ?

উত্তৰঃ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ সৰ্বতোমুখী বিকাশৰ প্ৰক্ৰিয়াক বিজ্ঞানসন্মতভাৱে আগবঢ়াই  নিয়াৰ বাবে মনোবিজ্ঞানসন্মত নিৰ্দেশনাৰ প্ৰয়োজন । সেয়েহে-

(১) শিক্ষাৰ্থীৰ ব্যক্তিগত পাৰ্থক্যৰ ওপৰত অধিক গুৰুত্ব দি আৰু তেওঁলোকৰ দেহ-মানসিক ক্ষমতাৰ বুজ লৈ সেই অনুপাতে ব্যক্তিগত সুপ্ত প্ৰতিভাসমূহ কেনেকৈ বিকাশ সম্ভৱ কৰি তুলিব পাৰি তাৰ বাবে উপযুক্ত পথ নিৰ্দেশনা প্ৰদান কৰিব লাগে ।

 (২) শিক্ষাৰ্থীয়ে প্ৰাথমিক শিক্ষা পৰ্যায়ত শিক্ষানুষ্ঠানৰ নতুন পৰিৱেশ পৰিস্থিতিত সন্মুখীন হোৱা সমস্যাবোৰৰ লগত মোকাবিলা আৰু সমাধান কৰি বিদ্যালয় পৰিৱেশৰ লগত সুস্থভাৱে সমাযোজ কৰিব পৰাকৈ শিক্ষাৰ্থীক প্ৰস্তুত কৰি তুলিব লাগিব ।

(৩) বিদ্যালয়ত ঘৰুৱা আৰু বিদ্যালয়ৰ পৰিৱেশ সৃষ্টি কৰি মৰম-চেনেহৰ মাধ্যমেৰে খেলা ভিত্তিক পদ্ধতি প্ৰয়োগ কৰি শিক্ষাৰ্থীক পৰিৱেশৰ লগত সহজে খাপ খাব পৰাকৈ প্ৰস্তুত কৰি তুলিব লাগে ।

(৪) শিশুৰ মনত নিজৰ প্ৰতি, শিক্ষকৰ প্ৰতি, পিতৃ-মাতৃৰ প্ৰতি, ডাঙৰৰ প্ৰতি, সমনীয়াৰ প্ৰতি শ্ৰদ্ধা আৰু সম্ভৱ গঢ়ি তোলাত সহায় কৰিব লাগে ।

(৫) সমাজৰ প্ৰতিটো লʼৰা-ছোৱালী তথা শিক্ষাৰ্থীয়েই যাতে ভৱিষ্যতে একো একোজন সু- নাগৰিক হিচাপে নিজকে গঢ়ি তুলিব পাৰে তাৰ বাবে প্ৰয়োজনীয় পথ প্ৰদৰ্শন আৰু পথ  নিৰ্দেশনা প্ৰদান কৰিব লাগে ।

(৬) শিক্ষাৰ্থীক নিজস্ব জন্মগত শক্তি সামৰ্থক উপযুক্তভাৱে উপলব্ধি কৰা, বৌদ্ধিক বিকাশ সাধন কৰা, আচৰণজনিত সমস্যাবোৰ সমাধান কৰা আদি ক্ষেত্ৰত ব্যক্তিগত নিৰ্দেশনা প্ৰদান কৰিব লাগে ।

(৭) সুস্থ স্বাস্থ্য বজাই ৰখা সম্পৰ্কীয় শাৰীৰিক ক্ষান আৰু প্ৰশিক্ষণ প্ৰদানৰ মাজেৰে সুন্দৰ স্বাস্থ্য গঢ়ি তোলাৰ বাবে চিকিৎসা সম্বন্ধীয় নিৰ্দেশনা আৰু পৰামৰ্শ দান গোটৰ ব্যৱস্থা কৰিব লাগে ।

প্ৰশ্নঃ 14. প্ৰাথমিক শিক্ষা পৰ্যায়ত শৈক্ষিক নিৰ্দেশনাসমূহ কি কি ?

উত্তৰঃ প্ৰাথমিক শিক্ষা পৰ্যায়ত লʼৰা-ছোৱলী তথা শিক্ষাৰ্থীক উপযোগী মনোবৈজ্ঞানিক নিৰ্দেশনা দিয়াৰ  বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেয়ে এই পৰ্যায়ত শৈক্ষিক নিৰ্দেশনাৰ বাবে কিছুমান  বিশেষ কাৰ্য সম্পাদনা কৰিব লাগে; যোনে-

 (১) এক সুন্দৰ আৰম্ভণিৰ বাবে শিক্ষাৰ্থীক সহায় কৰিব লাগে । অৰ্থাৎ শিক্ষাৰ্থীয়ে যেতিয়া প্ৰাথমিক পৰ্যায়ত নামভৰ্তি কৰি বিদ্যালয়লৈ যায় তেতিয়া তেওঁলোকে বিদ্যালয়ৰ নতুন পৰিৱেশৰ লগত খাপ খাবলগীয়া হয় । তেওঁলোকে নতুন স্থান, নতুন স্কুল গৃহ, নতুন শিক্ষক, আনিষ্ঠানিক পৰিৱেশত নিজকে সমাযোজন কৰিবলগীয়া হোৱাৰ বাবে ভয়, শংকা আদিৰ বাবে সমাযোজন সমস্যাত পৰিব পাৰে । সেয়ে তেওঁলোকে যাতে এক সুন্দৰ আৰম্ভণিৰে বিদ্যালয়ৰ প্ৰথম দিনটো কটাব পাৰে তাৰ বাবে শিক্ষকে সহানুভূতিৰে, খেলা- ধূলাৰ মাজেৰে আৰু মৰম-চেনেহেৰে এক ঘৰুৱা পৰিৱেশৰ সৃষ্টি কৰিব লাগে, যাতে শিক্ষাৰ্থীয়ে এক ঘৰুৱা পৰিৱেশৰ অনুভূতি লাভ কৰিব পাৰে ।

(২) শিক্ষাৰ্থীয়ে যাতে নিজৰ প্ৰতি, অভিভাৱকৰ প্ৰতি, বিদ্যালয়ৰ প্ৰতি, শিক্ষকৰ প্ৰতি, সহপাঠীৰ প্ৰতি আৰু অন্যান্য লোকসকলৰ প্ৰতি এক শ্ৰদ্ধা আৰু যোগাত্মক তথা আকাংক্ষিত মনোভাব গ্ৰহণ কৰিব পাৰে তাৰ বাবে বিশেষভাৱে শিক্ষাৰ্থীক সহায় কৰিব লাগে ।

(৩) শিক্ষাৰ্থীসকলে মাধ্যমিক পৰ্যায়ত নিজৰ নিজৰ আগ্ৰহ, ৰুচি-অভিৰুচি, সামৰ্থ অনুসৰি যাতে উপযুক্ত বিষয় নিৰ্বাচন কৰিব পাৰে তাৰ বাবে প্ৰাথমিক পৰ্যায়তে তেওঁলোকক সজাগ কৰি তুলিব লাগিব । কোনবোৰ বিষয়ৰ লগতে কেনেধৰণৰ বৃত্তিৰ সম্বন্ধ আছে সেই সম্পৰ্কে শিক্ষাৰ্থীক জ্ঞাত কৰিব লাগে, যাতে যথা সময়ত বিষয় নিৰ্বাচনত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া নহয় ।

(৪) শিক্ষাৰ্থীয়ে শিক্ষা আহৰণৰ সময়ত সন্মুখীন হোৱা বিভিন্ন সমস্যাবোৰ নিৰ্ণয় কৰি সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ শিক্ষাৰ্থীক সহায় কৰিব লাগে । শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাই শিক্ষাৰ্থীৰ শিক্ষাৰ বাঞ্চিত ফলাফল লাঘ কৰাত ব্যাঘাট জন্মায় । সেয়ে তেনে শিক্ষাৰ্থীৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে। শিক্ষাৰ্থীক তেওঁলোকৰ সামৰ্থ আৰু আগ্ৰহ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আহৰণত সহায় কৰিব লাগে

(৫) শিক্ষাৰ্থীক মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ বাবে প্ৰস্তুত কৰি তুলিব লাগে।

(৬) সুস্থ স্বাস্থ্য বজাই ৰাখিবৰ বাবে শিক্ষাৰ্থীক সহায় কৰিব লাগে । ইয়াৰ বাবে বিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকৰ বিভিন্ন ধৰণৰ অস্বাভাৱিকতা, স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টিৰ অভাৱ আদি সমস্যাবোৰ নিৰ্ণয় কৰি উপযুক্ত চিকিৎসা সেৱা দিয়াৰ ব্যৱস্থা কৰিব পাৰে ।

(৭) বিদ্যালয়ত একো একোটা নিৰ্দেশক বা পৰামৰ্শদাতা গোট থাকিব লাগে আৰু প্ৰতিগৰাকী  শিক্ষাৰ্থীৰ আৱেগিক দিশটো পৰ্যবেক্ষণ কৰিব লাগে । ইয়াৰোপৰি তেওঁলোকৰ মানসিক স্বাস্থ্য সম্পৰ্কীয় আৰু সমাযোজন সম্পৰ্কীয় সমস্যাবোৰ সমাধানৰ বাবে সু-ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

প্ৰশ্নঃ 15. প্ৰাথমিক শিক্ষা পৰ্যায়ত বৃত্তিমূলক নিৰ্দেশনাসমূহ কেনে হোৱা উচিত?

উত্তৰঃ (১) হাতেৰে কৰা কাম বা শাৰীৰিক কৰ্মৰ প্ৰতি সন্মান আৰু ভালপোৱাৰ মনোভাৱ তথা শুদ্ধ  মনোভাব গঠন কৰা ।

(২) পৰিস্কাৰ-পৰিচ্ছন্নতাৰে কামবোৰ সম্পাদন কৰা ।

(৩) হস্ত কৰ্ম আৰু হস্তচালনাৰ প্ৰশিক্ষণ লোৱা ।

(৪) মগজু, অন্তৰ, চকু আৰু হাত সুন্দৰ সমন্বয় সাধন কৰা ।

(৫) সহযোগিতাৰে কাম কৰাৰ মনোভাৱ গঢ়ি তোলা ।

(৬) প্ৰণালীবদ্ধভাৱে আৰু শৃংখলিতভাৱে কৰ্ম সম্পাদনা কৰা ।

(৭) প্ৰয়োজনীয় আহিলাসমূহ একাদিক্ৰমে সজোৱা আৰু সেইসমূহৰ সঠিক ব্যৱহাৰৰ জ্ঞান আহৰণ কৰা ।

(৮) সমূহীয়াভাৱে কৰ্ম কৰাৰ স্পৃহা ।

(৯) কৰ্ম সম্পৰ্কীয় জ্ঞান বিতৰণ কৰা ।

(১০) উপযুক্ত আৰু সুস্থ আন্তঃব্যক্তিক সম্পৰ্ক গঢ়ি তোলা ।

(১১) অধিক ভালকৈ কৰ্ম কৰাৰ আকাংক্ষা ।

(১২) কৰ্মম দক্ষতা আৰু কৰ্ম সম্পাদনাৰ কৌশলৰ বিকাশ সাধন কৰা ।

(১৩) কঠোৰ পৰিশ্ৰম কৰাৰ মনোভাব গঢ়ি তোলা ।

প্ৰশ্নঃ 16. মাধ্যমিক শিক্ষা স্তৰ শৈক্ষিক নিৰ্দেশনাসমূহ দাঙি ধৰা ?

উত্তৰঃ মাধ্যমিক শিক্ষা স্তৰক বিশেষকৈ দুটা স্তৰত ভাগ কৰা হৈছে । তলত এই দুই স্তৰত শৈক্ষিক নিৰ্দেশনাই কেনেদৰে সহায় কৰিব লাগে, তাক উল্লেখ কৰা হʼল ।

(ক) মাধ্যমিক স্তৰতঃ বৰ্তমান সময়ত নৱম আৰু দশম শ্ৰেণী দুটাক মাধ্যমিক স্তৰত ৰখাহৈছে । এই দুই শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বিদ্যালয়, শিক্ষক আৰু শিক্ষা সম্পৰ্কত বিশেষ মনোভাব গঢ়ি তোলে, নিজৰ পৰিপক্কতাৰ আধাৰত আগ্ৰহ বৃদ্ধি কৰে, চিন্তা কৰিবলৈ শিকে আৰু তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশ সাধন হয় । এই সময়ছোৱাত তেওঁলোকে প্ৰয়োজনীয়তা আহি পৰে । সেয়ে তেওঁলোকৰ বাবে উপযুক্ত শৈক্ষিক নিৰ্দেশনাৰ প্ৰয়োজন হয় । এই ক্ষেত্ৰত শৈক্ষিক নিৰ্দেশনাৰ কামবোৰ হৈছে-

(১) শিক্ষাৰ্থীক শিক্ষাৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বুলি উঠাত সহায় কৰিব লাগে ।

(২) শিক্ষাৰ্থীক নিজৰ যোগ্যতা, সমৰ্থ, অভিক্ষমতা, কৌশল আৰু কৌশল সম্পৰ্কে বুজা আৰু সেই অনুসৰি পাঠ্য বিষয় নিৰ্বাচন কৰাত সহায় কৰিব লাগে ।

(৩) বিভিন্ন বিষয়ৰ বৃত্তিমূলক গুৰুত্ব সম্পৰ্কে শিক্ষাৰ্থীক অৱগত হোৱাত সহায় কৰিব লাগে ।

(৪) শিক্ষাৰ্থীত বিষয় আৰু কৰ্ম নিৰ্বাচনত সহায় কৰিব লাগে ।

(৫) শিক্ষাৰ্থীক বিভিন্ন বিষয় থকা শিক্ষানুষ্ঠান যেনে-উচ্চতৰ মাধ্যমিক স্কুল, কনিষ্ঠ মহাবিদ্যালয়, বৃত্তমুখী শিক্ষাৰ প্ৰতিষ্ঠা বা নিয়োগ আৰু ভৱিষ্যৎ সামাজিক আৰু সাংস্কৃতি বিকাশ সাধন কৰিব পৰা অনুষ্ঠান আদিৰ সম্পৰ্কত সঠিক তথ্য লাভ কৰাত সহায় কৰিব লাগে ।

(৬) বিষয়ৰ জটিলতা বা কঠিনতা আঁতৰাই ভাল অধ্যয়ন কৌশল গ্ৰহণ কৰি শিক্ষাৰ্থীক শিক্ষাৰ দিশত আগুৱাই যোৱাত সহায় কৰিব লাগে ।

(৭) শিক্ষা আহৰণৰ প্ৰতি অভিৰোচন বা অভিপ্ৰায় জগাই তোলাত সহায় কৰিব লাগে ।

(৮) বিদ্যালয়ৰ শিক্ষা সাং কৰি ভৰ্তি হʼব পৰা পলিটেকনিক বা বিশ্ববিদ্যালয় সম্পৰ্কে সঠিক তথ্য লাভ কৰাত সহায় কৰিব লাগে ।

(খ) উচ্চতৰ মাধ্যমিক/কনিষ্ঠ মহাবিদ্যালয়ত শৈক্ষিক নিৰ্দেশনাঃ উচ্চতৰ মাধ্যমিক শিক্ষাক স্তৰটো একাদশ (Class XI) আৰু দ্বাদশ (Class XII) এই দুটা শ্ৰেণী লৈ গঠিত । উচ্চতৰ  মাধ্যমিক শিক্ষা স্তৰত কলা, বিজ্ঞান, বাণিজ্য আদি বিভিন্ন পাঠ্যক্ৰমৰ ব্যৱস্থা আছে ।

এনে ক্ষেত্ৰত শিক্ষাৰ্থীয়ে পাঠ্যক্ৰম নিৰ্বাচনৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সমস্যাৰ সন্মুখীন হয় । এনে পৰিস্থিতিত, শৈক্ষিক নিৰ্দেশনাৰ প্ৰয়োজন হয় । উচ্চতৰ মাধ্যমিক শিক্ষা স্তৰত শৈক্ষিক নিৰ্দেশনাৰ কামবোৰ হৈছে –

(১) শিক্ষাৰ্থীক তেওঁলোকৰ সামৰ্থ আৰু আগ্ৰহৰ ওপৰত ভিত্তি কৰি বিষয় বা বৃত্তি নিৰ্বাচনত সহায় কৰিব লাগে ।

(২) শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ উদ্দেশ্য বুজি উঠাত, উচ্চতাৰ প্ৰতি আগ্ৰহান্বিতক আৰু ধাৱিত কৰাত আৰু উচ্চ শিক্ষাৰ প্ৰতি স্পৃহা জগাই তোলাত সহায় কৰিব লাগিব ।

(৩) শিক্ষাৰ্থীক বৃত্তি নিৰ্বাচনৰ ক্ষেত্ৰত সহায় কৰিব লাগে ।

(৪) বিভিন্ন প্ৰকাৰৰ বিদ্যালয়ৰ তথা পাঠ্যক্ৰম যেনে-কলা, বাণিজ্য, বিজ্ঞান আদিৰ লক্ষ্য আৰু উদ্দেশ্য বুজি উঠাত সহায় কৰিব লাগে ।

(৫) ভৱিষ্যৎ জীৱনৰ সম্ভাৱনীয়তা আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বিদ্যালয় বা শিক্ষানুষ্ঠানৰ তথ্য যোগান ধৰিব লাগে ।

(৬) শিক্ষাৰ্থীৰ শাৰীৰিকস মানসিক আৰু আৱেগিক বাধাগ্ৰস্ততাবোৰ চিনাক্ত কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে ।

(৭) শিক্ষাৰ্থীৰ পছন্দৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে প্ৰয়োজন হোৱা বাছনি পৰীক্ষা সম্পৰ্কে অৱগত কৰিব লাগে ।

(৮) শিক্ষণীয় বিষয় সম্পৰ্কত অৰ্থাৎ পাঠ্যপুথি নিৰ্বাচন, অধ্যয়ন অভ্যাস গঠন, হবি নিৰ্বাচনৰ, সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলী নিৰ্বাচন, জলপানি লাভ সম্বন্ধে উপযুক্ত দিহা-পৰামৰ্শ আৰু সঁহাৰি দি সহায় কৰিব লাগে ।

(৯) শিক্ষাৰ্থীৰ ৰুচি-অভিৰুচি, অভিক্ষমতা আৰু আগ্ৰহ আদিৰ বিষয়ে জনাত আৰু সুন্দৰ সামাজিক সম্বন্ধ বজাই ৰখাত শিক্ষাৰ্থীক পথ নিৰ্দেশনা প্ৰদান কৰিব লাগে ।

প্ৰশ্নঃ 17. মাধ্যমিক শিক্ষা স্তৰত বৃত্তিমূলক নিৰ্দেশনাসমূহ কি কি ?

উত্তৰঃ মাধ্যমিক স্তৰ বৃত্তিমূলক নিৰ্দেশনাসমূহ হৈছে-

(১) শিক্ষাৰ্থীক নিজৰ যোগ্যতা, অভিক্ষমতা, আগ্ৰহ আৰু ব্যক্তিত্বৰ গুণাৱলীসমূহ বুজি বৃত্তিমূলক ক্ষেত্ৰ নিৰ্বাচন বা বৃত্তি নিৰ্বাচন আৰু বৃত্তীয় দিশত দায়িত্বশীলতা বৃদ্ধি কৰাত সহায় কৰিব লাগে ।

(২) শিক্ষাৰ বিভিন্ন বিষয়ৰ বৃত্তিমূলক গুৰুত্ব আৰু তাৎপৰ্য তথা প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত  হোৱাত সহায় কৰিব লাগে ।

(৩) বিভিন্ন বৃত্তি আৰু সেই বৃত্তি মকৰল হʼব পৰা ক্ষেত্ৰসমূহৰ বিষয়ে জনাত শিক্ষাৰ্থীক সহায় কৰিব লাগে । এনে নিৰদেশনাই শিক্ষাৰ্থীক ভৱিষ্যতে কোনো বৃত্তিক গ্ৰহণৰ বাবে উপযুক্ত পৰিকল্পনাযুগুত কৰাত সহায় কৰিব ।

(৪) শিক্ষাৰ্থীক কৰ্ম ক্ষেত্ৰত প্ৰৱেশ কৰাৰ বাবে কৰ্ম নিৰ্বাচন কৰি আৰু উপযুক্ত প্ৰশিক্ষণ গ্ৰহণ কৰি নিজকে প্ৰস্তুত কৰি তোলাৰ বাবে পথ নিৰ্দেশনা দি সহায় কৰিব লাগে ।

(৫) শিক্ষাৰ্থীক কোন কোন ক্ষেত্ৰত কৰ্মস্থান পাব পাৰি, কোন কোন ক্ষেত্ৰত কৰ্ম পৰিৱৰ্তন কৰিব পাৰি, কেনেকৈ নিজকে বৃত্তিৰ বাবে যোগ্য কৰি তুলিব পাৰি আৰু তাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা কেনেধৰণৰ প্ৰশিক্ষণ অনুষ্ঠান আছে সেইবোৰৰ সঠিক তথ্যৰ যোগান ধৰিব লাগে ।

(৬) শিক্ষাৰ্থীক সঠিক বৃত্তি নিৰ্বাচন কৰা আৰু সেই বৃত্তিত মকৰল হʼব পৰা সকলো প্ৰয়োজনীয় দিশ সম্বন্ধে অৱগত কৰি সহায় কৰিব লাগে ।

প্ৰশ্নঃ 18. উচ্চতৰ মাধ্যমিক শিক্ষা স্তৰত বৃত্তিমূলক নিৰ্দেশনাসমূহ কি কি ?

উত্তৰঃ (১) শিক্ষাৰ্থীক তেওঁলোকৰ অধ্যয়নক বৃত্তিমূলক বা জীৱিকা জীৱনৰ লগত জড়িত হোৱাকৈ নিৰ্বাচন কৰিবৰ বাবে সচেতন কৰি তুলিব লাগিব আৰু এই ক্ষেত্ৰত থথকা সুবিধাসমূহ যে সকলোৰে বাবে মুক্ত সেই সম্পৰ্কে অৱগত কৰিব লাগিব ।

(২) শিক্ষাৰ্থীয়ে ভৱিষ্যতে গ্ৰহণ কৰিব বিচৰা বিশেষ কাৰ্যক্ষেত্ৰ সম্বন্ধে ব্যাপক আৰু বিশদভাৱে  অধ্যয়ন কৰাত সহায় কৰিব লাগে ।

(৩)  শিক্ষাৰ্থীক উচ্চ শিক্ষা গ্ৰহণৰ পথ প্ৰদৰ্শন কৰা আৰু উচ্চ শিক্ষা আহৰণৰ বাবে বৃত্তি,সাহাৰ্য, জলপানি আদিৰ সুবিধা গ্ৰহণ কৰাত সহায় কৰিব লাগে ।

(৪) মহাবিদ্যালয়ত নামভৰ্তি কৰিব নে নকৰে বা উচ্চ শিক্ষা গ্ৰহণ কৰিবনে নকৰে সেই সম্পৰ্কে চিন্তা কৰা আৰু সিদ্ধান্ত লোৱাত সহায় কৰিব লাগে ।

(৫) নিজৰ বৃত্তি সম্বন্ধীয় পৰিকল্পনা সফল কৰিবৰ বাবে, সেই বৃত্তিৰ লগত জড়িত উপযুক্ত আৰু সঠিক ব্যক্তিৰ লগত যোগাযোগ স্থাপন কৰাত সহায় কৰিব লাগে ।

(৬) কৰ্ম জগতখনৰ জটিলতা সম্পৰ্কে কিছু ধাৰণা দিয়াৰ লগতে কৰ্মহীনতাৰ ফলত সৃষ্টি হোৱা নিবনুৱা সমস্যাই যে জটিল ৰূপ ধাৰণ কৰিছে আৰু বৃত্তি নিৰ্বাচনৰ ক্ষেত্ৰতো জটিলতা যে বঢ়ি গৈছে সেই সম্পৰ্কে উপলব্ধি কৰাত সহায় কৰিব লাগে ।

(৭) শিক্ষাৰ্থীক বিশেষ বৃত্তিৰ বাবে জ্ঞান লাভ, বিশ্ষ বৃত্তিৰ বিশেষ বিশেষ বৈশিষ্ট্য, বৃত্তিত প্ৰৱেশৰ বাবে প্ৰয়োজন হোৱা অৰ্হতা, প্ৰশিক্ষণৰ ম্যাদ, দা-দৰমহা, ৰ্কমৰ চৰ্ত, ভৱিষ্যৎ সম্ভাৱনা আদি বিষয়বোৰ সম্পৰ্কত অৱগত হোৱাত কৰিব লাগে ।

(৮) মাবিদ্যালয় পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ বাবে অনুপযুক্ত বা অনিচ্ছুক শিক্ষাৰ্থীক কৰ্ম সম্পৰ্কীয়  দি পূৰ্ণ পৰ্যায়ৰ বৃত্তিৰ বাবে প্ৰস্তুত কৰি তোলাত সহায় কৰিব লাগে ।

প্ৰশ্নঃ 19.  উচ্চ শিক্ষা স্তৰত শৈক্ষিক নিৰ্দেশনাসমূহ কেনেধৰণৰ হোৱা উচিত ?

উত্তৰঃ উচ্চ শিক্ষা স্তৰত শৈক্ষিক নিৰ্দেশনাসমূহ নিম্নলিখিত ধৰণৰ হʼব লাগে-

(১) উচ্চ শিক্ষা স্তৰত শিক্ষাৰ্থীৰ নিজৰ প্ৰতি, পিতৃ-মাতৃৰ প্ৰতি পৰিয়ালৰ প্ৰতি আৰু সমাজৰ প্ৰতি দায়িত্বশীলতা বৃদ্ধি পায় যদিও তেওঁলোকে জীৱনৰ এক সঠিক লক্ষ্য নিৰ্ধাৰণ কৰাত ব্যৰ্থ হয় ।এনে পৰিসিথিতিত তেওঁলোকক সঠিক লক্ষ্য নিৰ্ধাৰৰ বাবে উপযুক্ত নিৰ্দেশনা দিব লাগিব ।

(২) শিক্ষাৰ্থী বিষয়বস্তু নিৰ্বাচন আৰু মহাবিদ্যালয়ৰ বাহিৰৰ জগতখনৰ কামবোৰৰ বিষয়ে অৱগত হোৱাত সহায় কৰিব লাগে ।

(৩) শিক্ষাৰ্থীৰ দৃষ্টিভংগীৰ প্ৰসাৰতা বৃদ্ধি কৰিবৰ বাবে, জ্ঞানৰ ভঁৰাল চহকী কৰিবৰ বাবে পুথিভঁৰালৰ সঠিক প্ৰয়োগৰ লগতে আলোচনা চক্ৰ, অতিৰিক্ত শ্ৰেণী, বৃক্ততানুষ্ঠান আদিৰ ব্যৱস্থা কৰিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰিব লাগে ।

(৪) পুথিভঁৰালত উপলব্ধ হোৱা শিকন সামগ্ৰী ব্যৱহাৰ, টোকা সংগ্ৰহ আদিৰ জৰিয়তে জ্ঞানৰ  পৰিসৰ বৃদ্ধি কৰাৰ বাবে নিৰ্দেশনা দিব লাগে।

(৫) শিক্ষাৰ্থীৰ শৈক্ষিক আৰু মনোবৈজ্ঞানিক সমস্যাবোৰ সমাধান কৰিবৰ বাবে শিক্ষানুষ্ঠানৰ সা-সুবিধা বৃদ্ধি কৰা আৰু শিক্ষাৰ্থীৰ দ্বাৰা সেইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰিব লাগিব ।

প্ৰশ্নঃ 20. উচ্চ শিক্ষা স্তৰত বৃত্তিমূলক নিৰ্দেশনা কেনেধৰণৰ হ’ব লাগে?

উত্তৰঃ উচ্চ শিক্ষা ভাৰত বৃত্তিমূলক নিৰ্দেশনাসমূহ নিম্নলিখিত ধৰণৰ হʼব লাগে –

(১) উচ্চ শিক্ষা সাং কৰাৰ পাছত তেওঁলোকে অধ্যয়ন কৰা বিষয়ৰ লগত জড়িত বৃত্তি বা জীৱিকা সম্পৰ্কে জনা আৰু অৱগত হোৱাত শিক্ষাৰ্থীক সহায় কৰিব লাগিব ।

(২) শিক্ষাৰ্থীয়ে ভৱিষ্যতে গ্ৰহণ কৰিব বিচৰা জীৱিকা বা বৃত্তি সম্পৰ্কীয় বিষয়বোৰ অধ্যন কৰাত সহায় কৰিব লাগিব ।

(৩) শিক্ষাৰ্থীক বিভিন্ন ধৰণৰ জীৱিকাৰ থল বা বৃত্তি ক্ষেত্ৰ সম্পৰ্কে অৱগত হোৱাত সহায় কৰিব লাগিব।

(৪) শিক্ষাৰ্থীক সমাজৰ একো একোজন আৰ্থিকভাৱে উপাৰ্জনক্ষম আৰু উৎপাদনশীল ব্যক্তি হিচাপে গঢ়ি তোলাৰ বাবে নিৰ্দেশনা দিব লাগিব ।

(৫) শিক্ষাৰ্থীক নিজৰ বৃত্তিয় দিশৰ সম্ভাৱনীয়তা পূৰণৰ বাবে জলপানী, সাহাৰ্য আদি চৰকাৰী অনুদান আঁচনিবোৰৰ বিষয়ে জনাত সহায় কৰিব লাগিব ।

(৬) মাধ্যমিক সিক্ষা সাং কৰি উচ্চ শিক্ষাত প্ৰৱেশ কৰা শিক্ষাৰ্থীক অধ্যনৰ বাবে বিষয় নিৰ্বাচন আৰু কোনো উপযুক্ত বৃত্তি লাভ কৰিবৰ বাবে সক্ষম কৰি তোলাত নিৰ্দেশনাই সহায় কৰিব লাগে ।

প্ৰশ্নঃ 21. উত্তম নিৰ্দেশনা কাৰ্যসূচীৰ গুৰুত্ব ব্যাখ্যা কৰা ?

উত্তৰঃ  উত্তম নিৰ্দেশনা কাৰ্যসূচীৰ গুৰুত্বসমূহ উল্লেখ কৰা হʼল-

(১) এনে কাৰ্যসূচীয়ে শিক্ষাৰ্থী তথা ব্যক্তিক নিজস্ফ ক্ষমতা আৰু সামৰ্থৰ বিষয়ে জনা আৰু নিজস্ব সত্তাক উপলব্ধি কৰাত সহায় কৰে ।

(২) এনে কাৰ্য্যসূচীয়ে শিক্ষাৰ্থী তথা ব্যক্তিৰ মানসিক শক্তি- সামৰ্থ প্ৰয়োগ কৰাৰ প্ৰকৃত পথ নিৰ্বাচন কৰি লোৱাত সহায় কৰে ।

(৩) এনে কাৰ্যসূচীয়ে আৱেগিকভাৱে বাধাগ্ৰস্থ শিক্ষাৰ্থী তথা ব্যক্তিসকলক চিনাক্ত কৰাত সহায়   কৰে ।

(৪) এনে কাৰ্যসূচীয়ে শিক্ষাৰ্থী তথা ব্যক্তিৰ ব্যক্তিগত, যৌন আৰু সামাজিক সমস্যা সমাধানত সহায় কৰে ।

(৫) এনে কাৰ্যসূচীয়ে মানসিকভাৱে আৰু বৌদ্ধিকভাৱে বাধাগ্ৰস্থ শিক্ষাৰ্থী তথা ব্যক্তিসকলৰ সমস্যাবোৰ উপলব্ধি কৰি সেইবোৰৰ সমাধানৰ উপায় উদ্ভাৱন কৰাত সহায় কৰে ।

(৬) এনে কাৰ্যসূচী শিক্ষাৰ্থী তথা ব্যক্তিসনলৰ দেহ-মানসিক শক্তি-সামৰ্থসমূহৰ উপযুক্তভাৱে  বিকাশপ্ৰাপ্ত হোৱাৰ উপযুক্ত গতিপথ নিৰ্বাচন কৰি লোৱাত অৰিহণা যোগায় ।

(৭) এনে কাৰ্যসূচীয়ে শিক্ষাৰ্থী তথা ব্যক্তিৰ ভৱিষ্যৎ জীৱনৰ গতিপথ উপযুক্তভাৱে গঢ় দি তোলাতজত আৰু তেওঁলোকক সমাজৰ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলাত সহায় কৰে ।

(৮) এনে কাৰ্যসূচীয়ে শিক্ষাৰ্থী তথা ব্যক্তিক শৈক্ষিক, বৃত্তীয় আৰু মনোবৈজ্ঞানিক সমাযোজন কৰাত সহায় কৰে ।

(৯) এনে কাৰ্যসূচীয়ে শিক্ষাৰ্থী তথা ব্যক্তিসকলৰ অপসমাযোজন আৰু অপৰাধ প্ৰৱণতাৰ বিশেষ কাৰণ আৰু সমস্যাসমূহ উদঘাটন আৰু উপলব্ধি কৰাত বিশেষভাৱে সহায় কৰে ।

(১০) এনে কাৰ্যসূচীয়ে বৌদ্ধিকভাৱে প্ৰতিভাসম্পন্ন শিক্ষাৰ্থী তথা ব্যক্তিসকলৰ উপযুক্ত বিকাশ ধন প্ৰক্ৰিয়াত সহায় কৰে ।

(১১) এনে কাৰ্যসূচীয়ে শিক্ষাৰ্থী তথা ব্যক্তিক নিজৰ সামৰ্থ, অভক্ষমতা, আগ্ৰহ, ব্যক্তিত্বৰ বিশেষত্ব, নিজৰ সবলতা আৰু দুৰ্বলতাবোৰ বুজি উঠাত সহায় কৰে ।

(১২)  এনে কাৰ্যসূচীয়ে শিক্ষাৰ্থী বিষয়, কিতাপ, হবি, সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলী নিৰ্বাচন আৰু পৰীক্ষাৰ বাবে সুন্দৰভাৱে সাজু হোৱাত শিক্ষাৰ্থী তথা ব্যক্তিক সহায় কৰে ।

(১৩) এনে কাৰ্যসূচীয়ে পঠন কাৰ্যত বাধাগ্ৰস্ত শিক্ষাৰ্থী তথা ব্যক্তিসকলৰ সমস্যা উপলদ্ধি কৰা সমাধান কৰাত সহায় কৰে ।

(১৪)  এনে কাৰ্যসূচীয়ে শিক্ষাৰ্থী তথা ব্যক্তিসকলক উপযুক্তভাৱে অনুসাশিত কৰাত সহায় কৰে ।

(১৫) এনে কাৰ্যসূচীয়ে গৃহ পৰিবেশ আৰু বিদ্যালয় পৰিবেশত শিক্ষাৰ্থী তথা ব্যক্তিৰ আচৰণজনিত সমস্যাসমূহ উপলব্ধি কৰাত সহায় কৰে ।

(১৬) এনে কাৰ্যসূচীয়ে বৃত্তিনিৰ্বাচন কৰা, ইয়াৰ বাবে প্ৰস্তুত হোৱা, ইয়াত নিয়োজিত হোৱা আৰু সুন্দৰভাৱে যোৱাত সহায় কৰে । সাম্প্ৰতিক দ্ৰুত পৰিৱৰ্তনশীল পৰিৱেশ পৰিস্থিতিত দুটা বিশেষ দিশৰ পৰা নিৰ্দেশনাৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিছে । সেইকোইটা হৈছে-

(ক) সামাজিক পৰিৱৰ্তন আৰু নিৰ্দেশনাৰ গুৰুত্ব ।

(খ) শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন আৰু নিৰ্দেশনাৰ প্ৰয়োজন ।

প্ৰশ্নঃ 22. সামাজিক পৰিৱৰ্তন আৰু নিৰ্দেশনাৰ গুৰুত্বসমূহ ব্যাখ্যা কৰা ।

উত্তৰঃ সামাজিক পৰিৱৰ্তন আৰু নিৰ্দেশনাৰ গুৰুত্বসমূহ হৈছে-

(১) সাম্প্ৰতিক সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যা, ব্যৱসায়-বাণিজ্য আদিৰ দ্ৰুত উন্নয়নৰ ফলত সামাজিক পৰিৱৰ্তন সাধিত হৈছে । ফলত শিক্ষাৰ্থীৰ শৈক্ষিক প্ৰয়োজনসমূহৰ ক্ষেত্ৰতো পাৰ্থক্য সাধিত হৈছে । ফলত শিক্ষাৰ্থীৰ সমাজত সেয়েহে বিভিন্ন প্ৰয়োজন পূৰণ কৰিব পৰা শিক্ষানুষ্ঠানে গা কৰি উঠিছে আৰু সেইবোৰত শিক্ষাৰ্থীৰ সংখ্যাও বৃদ্ধি পাইছে । বৰ্তমান সময়ত শিক্ষাৰ্খীক পুথিগত ক্ষানৰ লগতে বাস্তৱ জীৱনৰ প্ৰয়োজন পূৰণ কৰিব পৰা ব্যৱহাৰিক জ্ঞান প্ৰদান কৰাটো প্ৰয়োজন হৈ পৰিছে । এই ক্ষেত্ৰত শিক্ষানুষ্ঠাসমূহে কেনেধৰণৰ কৰ্তব্য পালন কৰিব লাগে সেই সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱাত উপযুক্ত পৰামৰ্শ সহায় আৰু সঁহাৰি জনোৱাত নিৰ্দেশনা সেৱাই সহায়কৰে ।

(২) বৰ্তমান সময়ত দ্ৰুত উদ্যোগীকৰণৰ উলস্বৰূপে ব্যক্তিক শ্ৰমৰ বিশেষীকৰণ কৰা হৈছে । সেয়েহে বিভিন্ন উদ্যোগত বিভিন্ন কাৰ্যবোৰ সম্পাদনা কৰিবৰ বাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী, দক্ষ, কোশল ব্যক্তিৰ প্ৰয়োজন হয় । গতিকে শিক্ষাৰ দ্বাৰা বিভিন্ন কাৰ্য়  সম্পাদনা কৰিব পৰা উপযুক্ত মানৱ সম্পদ গঢ়ি তোলাৰ ক্ষেতেৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই ক্ষেত্ৰত নিৰ্দেশনাই বিশেষভাৱে সহায় কৰে ।

(৩) বৰ্তমান সময়ত দ্ৰুত আধুনিকীকৰণৰ ফলত গ্ৰামাঞ্চলৰ লোকসকল নগৰমুখী হৈছে আৰু তাৰ লগে লগে সমাজৰ অন্যান্য উৎপাদন ক্ষেত্ৰ, শিক্ষা, সংস্কৃতিৰ ক্ষেত্ৰলৈ নতুনত্ব আহিছে । উদ্যোগক কেন্দ্ৰ কৰি গঢ়ি উঠা শিল্প নগৰীত নতুন ভাবধাৰা, আদৰ্শ, মানদণ্ডৰে নতুন সমাজ ব্যৱস্থা গঢ়ি উঠিবলৈ ধৰিছে । এনে সমাজত উপযুক্তভাৱে  সমাযোজন কৰাটো বহু ক্ষেত্ৰত বহু ব্যক্তিৰ বাবে জটিল হৈ পৰিছে । এনে সমাজ ব্যৱস্থাৰ লগত সুস্থভাৱে খাপ খাবৰ বাবে পথ প্ৰদৰ্শন কৰাত নিৰ্দেশনাই সহায় কৰে ।

(৪) বৰ্তমান সময়ত শিক্ষানুষ্ঠান আৰু শাক্ষাৰ্থীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ লগে লগে শিক্ষিত লোকৰ সখ্যাও বৃদ্ধি পাবলৈ ধৰিছে । শিক্ষিত লোকসকলৰ মাজত নতুন আদৰ্শ, মানদণ্ড, প্ৰস্থিতি আদিৰ ধাৰণাই গা কৰি উঠিছে, যাৰ ফলত নতুন সামাজিক সংৰচনাৰ সৃষ্টি হৈছে । এনে সমাজৰ লগত খাপ খাব পৰাকৈ মনোভাব গঢ়ি তুলিবৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰাত নিৰ্দেশনা সেৱাই সহায় কৰে ।

(৫) আধুনিক সমাজ ব্যৱস্থাত মানুহৰ মাজত ধৰ্মীয় আৰু নৈতিক মূল্যবোধৰ ভাব হ্ৰাস পাবলৈ ধৰিছে আৰু মানুহৰ মনত আক্মবিশ্বাস হ্ৰাস পাইছে । উপযুক্ত নিৰ্দেশনা সেৱাই মানুহৰ মাজত লৈতিক আৰু আধ্যাত্মিক মূল্যবোধ জগাই তুলি ব্যক্তিক । আত্মবিশ্বাস কৰি তোলাত সহায় কৰে ।

(৬) বৰ্তমান যুগত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, কাৰিকৰী আদি ক্ষেত্ৰত পৰিৱৰ্তন আৰু উন্নতিয়ে মানুহৰ অৱসৰ সময় যথেষ্ট বৃদ্ধি কৰিছে আৰু মানুহক আৰামপ্ৰিয় কৰি তুলিছে । এনে অৱসৰৰ সময়খিনি যথোপযু্ক্তভাৱে আৰু গঠনত্মাকভাৱে ব্যৱহাৰ কৰি   ব্যক্তিয়ে নিজৰ প্ৰতিভা আৰু গুণসমূহ প্ৰকাশ আৰু বিকাশ ঘটাবৰ বাবে দিহা-পৰামৰ্শ দি অনুপ্ৰাণিত কৰাত নিৰ্দেশনাই সহায় কৰে।

(খ) শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন আৰু নিৰ্দেশনাৰ প্ৰয়োজনঃ

(১) সাম্প্ৰতিক সময়ত শিক্ষাৰ্থীৰ সৰ্বতোমুখী বিকাশ সাধন কৰাই শিক্ষাৰ মুখ্য লক্ষ্য পৰিগণিত হৈছে । সেই উদ্দেশ্য আগত ৰাখিয়েই শিক্ষা ব্যৱস্থাক পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত সংগতি ৰাখি নতুন ৰুপত গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । শিক্ষাৰ দিশত হোৱা এনে পৰিৱৰিতনৰ লগত সমাযোজন কৰি নিজকে আগুৱাই নিবৰ বাবে পথ প্ৰদৰ্শন কৰাত নিৰ্দেশনাই সহায় কৰে ।

(২) বৰ্তমান সময়ৰ পগত ৰজিতা খুৱাই শিক্ষাৰ্থীক আগুৱাই নিবৰ বাবে শিক্ষাৰ পাঠ্যক্ৰমৰপৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আহি পৰিছে । শৌক্ষিক আৰু বৃত্তিমুখী দিশৰ বিষয়বস্তুবোৰৰ ক্ষেত্ৰতো পৰিৱৰ্তন সাধন কৰিবলগীয়া হৈছে । গতিকে শিক্ষাৰ কোন স্তৰৰ পাঠ্যক্ৰমত কেনে ধৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰিলে সদা পৰিৱৰ্তনশীল সমাজৰ সামাজিক আৰু কৰ্ম পৰিৱেশত শিক্ষাৰ্থীসকলে উপযুক্তভাৱে সমাযোজন কৰিব পাৰিব সেই দিশত গুৰুত্ব দিয়াটোও জৰুৰী হৈ পৰিছে । এনে ক্ষেত্ৰত সঠিক সিদ্ধান্তগ্ৰহণ কৰাৰ ক্ষেত্ৰত উপযুক্ত নিৰ্দেশনাইহে সহায় কৰিব পাৰে । সেহেয়ে বৰ্তমান শিক্ষাত বহুমুখী পাঠ্যক্ৰম প্ৰৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

(৩) শিক্ষাৰ্থীৰ সুস্থ দেহ-মানসিক বিকাশ তথা পৰিপূৰ্ণ জীৱন-যাপনৰ বাবে সহায় কৰাৰ ক্ষেত্ৰত সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহ গুৰুত্ব প্ৰদান কৰা হৈছে । তদুপৰি সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত সহ-পাঠ্যক্ৰমিক ৰাক্যাৱলীৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে । এই সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহ সঠিকভাৱে ৰূপায়ণ আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত শিক্ষক-শিক্ষাৰ্থী উভয়কে নিৰ্দেশনাই বিশেষভাৱে সহায় কৰে ।

(৪) আধুনিক শিক্ষা ব্যৱস্থাত শিশুবেন্দ্ৰিক তথা শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে শিক্ষাৰ্থীকৰ ব্যক্তিগত বিকাশৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে । সেইবাবে বৰ্তমান শিক্ষাদান-শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াত আমূল পৰিৱৰ্তন সাধন কৰা হৈছে, যাতে শিক্ষাৰ্থীক নিজস্বৰ ক্ষমতা, শক্তি সামৰ্থৰ বিষয়ে উপলব্ধি কৰাত সহাত কৰিব পাৰে । গতিকে কেনে ধৰণৰ শিক্ষাদান পদ্ধতি ব্যৱহাৰ কৰিলে শিক্ষাদান শিক্ষাগ্ৰহণ প্ৰক্ৰিয়া সফল হʼব আৰু শিক্ষাৰ্থীৰ যথোপযুক্ত বিকাশ সাধন হʼব সেই সম্পৰ্কে নিৰ্দেশনা সেৱাই সহায় কৰে ।

(৫) শিক্ষাৰ্থীৰ মনত সুস্থ আদৰ্শ আৰু জীন দৰ্শন গঢ়ি তুলি নিজৰ শিক্ষা জীৱনক সফলভাৱে  আগুৱাই নিয়াত নিৰ্দেশনাই সহায় কৰে ।

(৬) সাম্প্ৰতিক সময়ৰ পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খাব পৰাকৈ উপযুক্ত কৰি তোল বিষয় নিৰ্বাচন কৰি ভৱিষ্যৎ জীৱনৰ বাব নিজকে প্ৰস্তুত কৰি তোলাত নিৰ্দেশনাই শিক্ষাৰ্থীক সহায় কৰে ।

(৭) বিশেষভাৱে সক্ষম আৰু বিশেষ প্ৰয়োজনযুক্ত তথা বৌদ্ধিকভাৱে প্ৰতিভাসম্পপন্ন শিক্ষাৰ্থীসকলক চিনাক্তকৰণ কৰি তেওঁলোকৰ উপযুক্ত বিকাশ সাধন কৰাৰ বাবে কাৰ্যপন্থা হৃদ লোৱাত নিৰ্দেশনাই সহায় কৰে।

(৮) বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ মাজত কৰ্ম প্ৰৱণতা জগাই তোলাৰ লগতে বৃত্তমূলক প্ৰৱণতা আৰু শিক্ষামূলক প্ৰৱণতা জগাই তোলাৰ বাবে নিৰ্দেশনাই বিশেষভাৱে সহায় কৰে ।

(৯) শিক্ষাৰ্থীৰ শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত তখা ব্যক্তিগত বৈষম্য উপলব্ধি কৰি তেওঁলোকৰ চাহিদা, সামৰ্থ, সক্ষমতা আৰু সম্ভাৱনীয়তাসমূহৰ প্ৰাত লক্ষ্য ৰাখি উপযুক্তভাৱে শিক্ষাদান কৰাত নিৰ্দেশনাই সহায় কৰে ।

(১০) শিক্ষণীয় পৰিৱেশত শিক্ষাৰ্থীৰ শৈক্ষিক সমস্যাবোৰ চিনাক্তকৰণ কৰি সেই সমস্যাবোৰৰ সফল সমাধানত নিৰ্দেশনাই সহায় কৰে ।

প্ৰশ্নঃ 23. নিৰ্দেশনাৰ প্ৰধান সমস্যাবোৰ ব্যাখ্যা কৰে ।

উত্তৰঃ নিৰ্দেশনাৰ প্ৰধান সমস্যাবোৰ হৈছে ।

(১) উপযুক্ত নিৰ্দেশনা প্ৰদান কৰিবৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত আৰু অভিজ্ঞ ব্যক্তিৰ অভাৱ ।

(২) বিদ্যালয়ৰ লগত সংশ্লিষ্ট নিৰ্দেশ নথকা ।

(৩) বিদ্যালয় স্ততৰ পৰাই অৰ্থাৎ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীক নিৰ্দেশনা প্ৰদানৰ ব্যৱস্থা থকা।

(৪) বিদ্যালয়ত শিশুক উপযুক্ত নিৰ্দেশনা বিবৰ বাবে অভিক্ষ শিক্ষক পৰামৰ্শদাতাৰ অভাৱ ।

(৫) নিৰ্দেশনাৰ বাবে তথা সংগ্ৰহ, কৰিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত পৰামৰ্শদাতা আৰু কৰ্মচাৰীৰ অভাৱ।

(৬) অভিভাৱকৰ পূৰ্ণ সহযোগিতাৰ অভাৱ ।

(৭) নিৰ্দেশনা প্ৰদান কৰা ক্ষেত্ৰ আৰু কৰ্ম ক্ষেত্ৰৰ মাজত সন্বন্ধ নথকা ।

(৮) নিৰ্দেশনাৰ বাবে প্ৰয়োজন হোৱা মনোবৈজ্ঞানিক উপকৰণবোৰৰ অভাৱ ।

(৯) অভিভাৱক আৰু বিদ্যালয়ৰ আৰ্থিক দুৰৱস্থা ।

(১০) শিক্ষকসকলৰ ক্ৰটি নিৰ্ণায়ক অভীক্ষাৰ লগত পৰিচিত নোহোৱা ।

(১১) শিক্ষক-শিক্ষাৰ অনুষ্ঠানত নিৰ্দেশনা সম্ভন্ধীয় শিক্ষা প্ৰশিক্ষণ প্ৰদানৰ সুবিধা নথকা ।

প্ৰশ্নঃ 24. নিৰ্দেশনাৰ ক্ষেত্ৰত থকা সমস্যা সমাধানৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ নিৰ্দেশনাৰ ক্ষেত্ৰত থকা সমস্যা সমাধানৰ বাবে তলৰ ব্যৱস্থা বা উপায়সমূহ অৱলম্বন কৰিব লাগে ।

(১) প্ৰত্যেক বিদ্যালয়তে নহʼলেও একো একোটা অঞ্চলত থকা বিদ্যায়বোৰৰ বাবে অন্তত এ কোজনকৈ প্ৰশিক্ষণপ্ৰাপ্ত পৰামৰ্শগাতা নিয়োগ কৰিব লাগে ।

(২) শিক্ষাৰ্থীয়ে বিদ্যালয়ত যাতে উপযুক্ত নিৰ্দেশনা লাভৰ সুযোগ পায় তাৰ বাবে দেশে বিভিন্ন অঞ্চলত ‘নিৰ্দেশনাগাৰ’ স্থাপন কৰিব লাগে আৰু স্থানীয় বিদ্যালয়বোৰে যাতে তাৰ সুফল ভোৰ কৰিব পাৰে বা সেই নিৰ্দেশনাগাৰৰ সহায় পায় তাৰ সু-ব্যৱস্থা কৰিব লাগে ।

(৩) বিদ্যালয়ৰ শিক্ষকসকলৰ মাজৰ পৰাই মনোবিজ্ঞান আৰু শিশু মনোবিজ্ঞানৰ জ্ঞান থকা শিক্ষকক নিৰ্বাচন কৰি শিক্ষক পৰামস্দাতা হিচাপে প্ৰস্তুত কৰি তুলিব লাগে । ইয়াৰ বাবে বিশেষ শিক্ষক-প্ৰশিক্ষণ পাঠ্যক্ৰমৰ প্ৰৱতন কৰিব লাগে ।

(৪)  শিশুবা শিক্ষাৰ্থী সম্বন্ধে বিশদভাৱে তথ্য সংগ্ৰহ কৰি শিশু বিকাশৰ উপযোগীকৈ স্বতন্ত্ৰভাৱে শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে ।

(৫) নিৰ্দেশনাৰ প্ৰয়োজনীয়তা সম্বন্ধে অভিভাৱকে যাতে পূৰ্ণ সহযোগিতা আগবঢ়াই তাৰ বাবে তেওঁলোকক সচেতন কৰি তুলিব লাগিব আৰু নিৰ্দেশনা কাৰ্যসূচীৰ বাস্তৱ ৰূপায়নৰ বাবে যাতে তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়ায় তাৰ বাবে উদ্বুদ্ধ কৰিব লাগে ।

(৬) নিৰ্দেশনা আৰু ভৱিষ্যৎবৃত্তিৰ মাজত যাতে সামঞ্জস্য থাকে তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে ।

(৭) নিৰ্দেশনা কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে প্ৰয়োজন হোৱা মনোবৈজ্ঞানিক অভীক্ষাবোৰ অনতিপলমে প্ৰস্তুত কৰি উলিয়াব লাগে ।

(৮) দেশে বিদ্যালয়ত সুনিৰ্দেশনা প্ৰদানৰ বাবে যাৱতীয় সকলো সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব 

(৯) শিক্ষক-প্ৰশিক্ষণ প্ৰতিষ্ঠানত অভিজ্ঞ পৰামৰ্শদাতাৰ দ্বাৰা শিক্ষকক নিৰ্দেশনা প্ৰদানৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব ।

(১০) নিৰ্দেশনা প্ৰদান কাৰ্যক বৃত্তি হিচাপে লʼব পৰাকৈ উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিব  লাগিব । 

1 thought on “Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top