Great Educators And Educational Thought Unit 4 Western Educators and Educational Thoughts (Pragmatist, Existentialist And Modern Thinkers)

Great Educators And Educational Thought Unit 4 Western Educators and Educational Thoughts (Pragmatist, Existentialist And Modern Thinkers) Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Solutions of Great Educators And Educational Thought Unit 4 Western Educators and Educational Thoughts to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Great Educators And Educational Thought Unit 4 Western Educators and Educational Thoughts Question Answer can be of great value to excel in the examination.

Great Educators And Educational Thought Unit 4 Pragmatist, Existentialist And Modern Thinkers

Join Telegram channel

Great Educators And Educational Thought Unit 4 Western Educators and Educational Thoughts Notes cover all the exercise questions in UGC Syllabus. The Great Educators And Educational Thought Unit 4 Western Educators and Educational Thoughts provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Pragmatist, Existentialist And Modern Thinkers

EDUCATION

মহান শিক্ষাবিদ আৰু শৈক্ষিক চিন্তাধাৰা

GREAT EDUCATORS AND EDUCATIONAL THOUGHTS


১) জন ডিউইৰ শিক্ষাৰ সংজ্ঞাটো লিখা।

Write the definition of Education given by John Dewey’s.

উত্তৰঃ জন ডিউইয়ে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা সংজ্ঞাটো যথেষ্ট গুৰুত্বপূৰ্ণ। তেওঁৰ মতে, “শিক্ষা হৈছে অবিৰামভাৱে গোটেই জীৱন ব্যাপী চলি থকা এটা প্রক্রিয়া” Education is a continuous lifelong process-John Dewey.

২) জন ডিউইৰ মতে এটা শিক্ষাৰ নীতি উল্লেখ কৰা। Mention any one principle of Education according to Dewey.

উত্তৰঃ বিশ্বজনীন শিক্ষা নীতিঃ ডিউইয়ে বিশ্বজনীন শিক্ষা নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁৰ মতে, শিক্ষা ব্যৱস্থাক বিশ্বজনীন ৰূপত গঢ়ি তুলিব লাগে। অৰ্থাৎ শিক্ষা ব্যৱস্থা কেৱল এখন ৰাজ্য নাইবা এখন দেশৰ মাজতে সীমাবদ্ধ নহৈ বিশ্বৰ সকলো ৰাষ্ট্ৰতে বসবাস কৰা ব্যক্তিসকলে গ্ৰহণ কৰিব পৰাকৈ তথা উপযোগী হোৱাকৈ গঢ়ি তুলিব লাগে।

৩) ডিউইৰ যিকোনো এটা শিক্ষাৰ বৈশিষ্ট্য উল্লেখ কৰা।

Mention any one feature of Education according to Dewey.

উত্তৰঃ (১) ডিউইয়ে চিন্তা জগতখনতকৈ ক্রিয়া জগতখনৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তেওঁৰ মতে ক্ৰিয়াহে প্ৰধান, চিন্তা হৈছে দ্বিতীয় ৷ অর্থাৎ ব্যক্তিসকলে ক্ৰিয়া কৰিলেহে চিন্তাৰ উদ্ভৱ হ’ব।

৪) ডিউইৰ প্ৰয়োগবাদৰ যিকোনো এটা প্ৰাসংগিকতা লিখা?

Write any one relevance of Dewey’s Pragmatism.

উত্তৰঃ (১) ডিউইৰ প্ৰয়োগবাদে গুৰন্ধ দিয়া ব্যৱহাৰিক আৰু প্রায়োগিক মূল্যবোধ কৰা দেখা যায়। সেয়েহে আধুনিক চিন্তাবিদসকলে বর্তমান সমাজত ব্যক্তিসকলক জীয়াই থাকিবৰ বাবে যে এনে শিক্ষাৰ প্রয়োজন সেয়া মানি লৈছে।

৫) ডিউইৰ প্ৰয়োগবাদৰ যিকোনো এটা অসুস্থ প্ৰভাৱ বা দুৰ্বলতা উল্লেখ কৰা। 

Mention any one bad effect or limitation of Dewey’s Pragmatism.

উত্তৰঃ (ক) ডিউইৰ প্ৰয়োগবাদত শিক্ষার্থীসকলৰ কাৰ্যদক্ষতা, কাৰ্যকুশলতা আদিৰ ওপৰতহে কেৱল গুৰুত্ব দিছে। ইয়াৰ পৰিবৰ্তে শিক্ষাৰ্থীসকলৰ সম্পূৰ্ণ তথা সৰ্বাংগীণ দিশৰ বিকাশ সাধনৰ বাবে নৈতিক, আধ্যাত্মিক, সাংস্কৃতিক, সৌন্দৰ্য্য, অনুভূতি আদি দিশসমূহৰ বিকাশ সাধনক আওকাণ কৰা হৈছে।

৬) নিসংগঠনতন্ত্র বাদ কি?

What is Deconstruction?

উত্তৰঃ নিগঠনতন্ত্রবাদ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে Deconstruction । সাধাৰণতে সাহিত্য বা দৰ্শনৰ ভাষাত নিগঠনতত্ত্বাদে কোনো পঠনে কেৱল এটা বা নির্দিষ্ট অৰ্থক বহন নকৰে। বৰং ইয়াৰ পৰা উদঘাটিত হ’ব পাৰে অলেখ নতুন অৰ্থ আৰু পাঠকেও সেই পাঠসমূহৰ পৰা সৃষ্টি কৰিব পাৰে লেখকে নভৱা কথা৷ অৰ্থাৎ প্ৰতিটো শব্দ বা প্ৰত্যেকটো পাঠৰ আঁৰত যে বহুতো অর্থ লুকাই থাকে তাক অনুধাৱন কৰিব পৰা প্ৰক্ৰিয়াটোক নিগঠনতন্ত্রবাদ [Deconstruction] বোলা হয়।

৭) চাৰট্ৰেৰ স্বাধীনতাৰ অৱধাৰণা কি?

What are Sartre’s ideas of Freedom?

উত্তৰঃ স্বাধীনতা বা স্বাতন্ত্যৰ ইংৰাজী প্রতিশব্দ হ’ল Freedom সাধাৰণ দৃষ্টিত স্বাধীনতা বুলি কওঁতে আন অধিকাৰসমূহক কোনো ধৰণৰ খৰ্ব বুজায়। বিখ্যাত দার্শনিক জিন পল চাৰট্ৰেই অস্তিত্ববাদৰ আধাৰত স্বাধীনতাৰ অৰ্থ বুজাবলৈ গৈ মন্তব্য তথা স্বাধীনতাৰ অৰ্থ প্ৰকাশ কৰে এনেদৰে – স্বাধীনতা হৈছে এনে এক অবস্থা বা পর্যায় যি অৱস্থা বা পৰ্যায়ত ব্যক্তিসকলে নিজৰ অস্তিত্বক প্রাধান্য দি তথা দায়িত্ব হিচাপে লৈ সমাজত মুক্তমনেৰে ঘূৰিব পাৰে। অৰ্থাৎ তেওঁৰ মতে স্বতন্ত্রতা বা স্বাধীনতা হ’ল এনে এক প্রক্রিয়া বা অৱস্থা য’ত ব্যক্তিসকলে নিজৰ ইচ্ছা-আকাংক্ষা বা লক্ষ্যত সফলভাৱে উপনীত হব’ৰ বাবে বা নিজৰ লক্ষ্য অনুসৰি বিচৰণ কৰিবৰ বাবে নিজকে সংকল্পবদ্ধভাৱে প্রস্তুত কৰি তোলে। উদাহৰণস্বৰূপে কবলৈ গলে এজন ব্যক্তিয়ে যদি নিজকে শিক্ষক হিচাপে সমাজত প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেনেহলে তেওঁ নিজৰ লক্ষ্যক বা অস্তিত্বক গুৰুত্ব দি আগবাঢ়িৱ লাগিব। যদি বেলেগ লক্ষ্যক বা আন ব্যক্তিৰ লক্ষ্যক অগ্রাধিকাৰ দি আগবাঢ়িব বিচাৰে তেনে হলে তেওঁ বিফল হ’ব। অর্থাৎ জিন পল চাৰট্ৰেৰ মতে স্বাধীনতা হৈছে নিজৰ অস্তিত্ব তথা লক্ষ্য উদ্দেশ্যক আগত ৰাখি বা দায়িত্ব হিচাপে লৈ কাৰ্যসমূহ কৰি যাবৰ বাবে আৱশ্যক হোৱা এক মুক্ত পৰিৱেশ। তেওঁৰ এই স্বাধীনতাৰ অৱধাৰণাটোক বহু দার্শনিকে ব্যক্তিগত স্বাধীনতা বুলিও মন্তব্য কৰে।

৮) ব্যক্তিত্ববাদৰ ধাৰণা কি?

What is Sartre’s idea of Individualism?

উত্তৰঃ ব্যক্তিত্বৰাদৰ ইংৰাজী প্ৰতিশব্দ হৈছে Individualism। ব্যক্তিত্ববাদ বুলি কওঁতে সাধাৰণতে ব্যক্তিসকলে স্বাধীন আৰু আত্মনিৰ্ভৰশীলহৈ নিজৰ অস্তিত্ব তথা নিজৰ ইচ্ছা আকাংক্ষা অনুসৰি যিকোনো কাৰ্য সূচাৰূৰূপে সম্পাদন কৰিব পৰা ক্ষমতাক বুজায় ৷ অর্থাৎ ব্যক্তিসকলে নিজৰ ক্ষমতা অনুসৰি যিকোনো কাম কৰিব পৰাকে ব্যক্তিত্ববাদ বুলি কোৱা হয়। ইয়াত ব্যক্তিসকলৰ নিজস্ব লক্ষ্য, উদ্দেশ্য, সামথ্য, ৰুচি-অভিৰুচি, যোগ্যতা, সম্ভাৱনীয়তা আদিসমূহৰ ওপৰত প্রাধান্য দিয়া হয়। বিখ্যাত দার্শনিক জিন পল চাৰট্ৰে দৰ্শনশাস্ত্ৰৰ সহায়ত অস্তিত্বৰাদৰ ওপৰত ভিত্তি কৰি ব্যক্তিবাদ সম্পর্কে নিজস্ব মন্তব্য ব্যক্ত কৰিছে। তেওঁ কয় যে প্রত্যেকজন ব্যক্তিয়েই হৈছে জন্মলগ্নৰে পৰা স্বাধীন। সেয়েহে তেওঁৰ মতে ব্যক্তিত্ববাদ হৈছেব্যক্তিসকলে নিজৰ প্রয়োজনক বুজি স্বাধীনভাৱে আত্মনিৰ্ভৰশীল হ’বলৈ কৰিব পৰা কাৰ্য ক্ষমতা। উদাহৰণ স্বৰূপে যেতিয়া আর্থিক সংকটে দেখা দিয়ে তেতিয়া ব্যক্তিসকলে সেই সংকটক দূৰীকৰণ কৰিবৰ বাবে আত্ম যুঁজত অৱতীৰ্ণ হৈ পৰনিৰ্ভৰশীল নোহোৱাকৈ সেই সমস্যা সমাধান কৰিবলৈ সক্ষম হয়। তাকে ব্যক্তিত্ববাদ বুলি আখ্যা দিয়া হয়। অর্থাৎ প্রত্যেকজন ব্যক্তিয়েই নিজৰ নিজৰ প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে আত্মনিৰ্ভৰশীল হৈ স্বাধীনভাৱে যিকোনো কার্য সম্পাদন কৰিব পৰা ক্ষমতাকে ব্যক্তিত্ববাদ বুলি কোৱা হয়। বিশেষভাৱে এই ব্যক্তিত্ববাদৰ অৱধাৰণাটোৱে ব্যক্তিসকলৰ ব্যক্তিগত গুণসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে বুলি বহুতো দার্শনিকে মত প্ৰকাশ কৰে।

৯) ডিউইৰ মতে শিক্ষাৰ নীতিসমূহৰ বিষয়ে আলোচনা কৰা। 

Discuss the principles of education according to Dewey.

উত্তৰঃ ডিউইৰ মতে শিক্ষাৰ ক্ষেত্ৰত থাকিবলগীয়া নীতি সমূহ হ’ল নিম্নলিখিত ধৰণৰ—

(ক) প্রয়োগবাদ :- জন ডিউইয়ে প্রয়োগবাদৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁৰ মতে যিকোনো কামৰ পৰিমাপন আৰু তাৰ ফলাফলৰ ওপৰত গুৰুত্ব দিয়া হয়। তেওঁৰ মতে কামটোৰ ফলাফল ব্যক্তি আৰু সমাজৰ বাবে যেতিয়া ব্যৱহাৰ যোগ্য হ’ব তেতিয়া ই গ্রহণযোগ্য হ’ব । আনহাতে যদি ব্যৱহাৰ যোগ্য নহয় তেতিয়া ই হৈ পৰি অগ্ৰহণযোগ্যষ

(খ) শিক্ষার্থীকেন্দ্রিক নীতি :- ডিউইৰ মতে শিক্ষাৰ আন এক নীতি হ’ল শিক্ষার্থীকেন্দ্ৰিক নীতি। প্রত্যেকজন শিশুৰ প্ৰয়োজনীয়তা, যোগ্যতা আৰু আগ্রহ আদিৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ সুবিধা আৰু স্বাধীনতা প্ৰদান কৰিব লাগে। গতিকে বিদ্যালয়ৰ পৰিৱেশ যিমান দূৰ সম্ভৱ গণতান্ত্রিক কৰি তুলিব লাগে।

(গ) সামাজিক উপযোগিতা নীতি :- ডিউইৰ মতে শিক্ষাৰ আন এক নীতি হ’ল সামাজিক উপযোগিতা নীতি। বিদ্যালয় মানেই হৈছে এখন সৰু সমাজ । অর্থাৎ সমাজ এখনত থকা নীতি নিয়মসমূহ তথা বৈশিষ্ট্য সমূহ বিদ্যালয় এখনতো থকা দেখা যায়। সেয়েহে শিক্ষাৰ পৰিকল্পনা প্রস্তুত কৰোতে সমাজৰ প্ৰয়োজনীয়তাৰ ওপৰত দৃষ্টি ৰখা হয়। সমাজৰ উপযোগিতাৰ প্ৰতি লক্ষ্য ৰাখিহে শিক্ষা প্ৰদান কৰিব লাগে।

(ঘ) আত্ম অভিজ্ঞতা নীতি :- ডিউয়ে আত্ম অভিজ্ঞতা নীতিৰ ওপৰত গুৰুত্ব দিছিল। শিক্ষাৰ্থীসকলক নিজৰ অভিজ্ঞতা, চিন্তণ ক্ষমতা, পৰীক্ষানিৰীক্ষা আদিৰ সহায়ত সত্যতা আৱিষ্কাৰ কৰি দিব লাগে।

(ঙ) শিক্ষা আৰু সমাজৰ সম্পৰ্কৰ নীতি :- ডিউইৰ মতে, শিক্ষাৰ আন এটা নীতি হ’ল শিক্ষা আৰু সমাজৰ সম্পৰ্ক নীতি। তেওঁৰ মতে শিক্ষা আৰু সমাজৰ মাজত সম্পৰ্ক থকাটো নিতান্তই বাঞ্চনীয়। শিক্ষা ব্যৱস্থা গঢ় লৈ উঠে সমাজৰ মাজতহে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰোতে সমাজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিব লগীয়া হয়।

(চ) বিশ্বজনীন শিক্ষা নীতি :- ডিউইয়ে বিশ্বজনীন শিক্ষা নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁৰ মতে, শিক্ষা ব্যৱস্থাক বিশ্বজনীন ৰূপত গঢ়ি তুলিব লাগে। অৰ্থাৎ শিক্ষা ব্যৱস্থা কেৱল এখন ৰাজ্য নাইবা এখন দেশৰ মাজতে সীমাবদ্ধ নহৈ বিশ্বৰ সকলো ৰাষ্ট্ৰতে বসবাস কৰা ব্যক্তিসকলে গ্ৰহণ কৰিব পৰাকৈ তথা উপযোগী হোৱাকৈ গঢ়ি তুলিব লাগে।

(ছ) সামাজিক পৰিৱৰ্তনৰ নীতি :- সামাজিক পৰিৱৰ্তনৰ নীতিৰ ওপৰতো ডিউইয়ে গুৰুত্ব দিয়ে। তেওঁৰ মতে সমাজ পৰিৱৰ্তনশীল। পৰিৱৰ্তনশীল সমাজৰ লগত খাৰ খাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ়ি তুলিব লাগে। সেয়েহে শিক্ষা ব্যৱস্থাটোক নমনীয় হিচাপে গঢ়ি তোলা হয়। পৰিৱৰ্তনশীল সমাজৰ সৈতে খাপ খাব পৰাকৈ উপযুক্ত হিচাপে গঢ়ি তুলিব নোৱাৰিলে সেই শিক্ষা বাস্তৱ জীৱনৰ লগত সম্পৰ্ক হীন হৈ পৰিব। আনহাতে শিক্ষাইও সমাজৰ পৰা অন্ধবিশ্বাস, কুঃসংস্কাৰ, নিৰক্ষৰতা, নিবনুৱা আদি বিলাক নিৰ্মূল কৰি সমাজৰ পৰিবৰ্তনত সহায় কৰে।

১০) ডিউইৰ শিক্ষাৰ বৈশিষ্ট্য সমূহৰ বিষয়ে বহলাই আলোচনা কৰা । 

Explain the features of education according to Dewey.

উত্তৰঃ ডিউইৰ মতে শিক্ষাৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য থকাটো প্রয়োজন। সেই বৈশিষ্ট্যসমূহ হ’ল নিম্নলিখিত ধৰণৰ—

(১) ডিউইয়ে চিন্তা জগতখনতকৈ ক্রিয়া জগতখনৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তেওঁৰ মতে ক্ৰিয়াহে প্রধান, চিন্তা হৈছে দ্বিতীয়। অর্থাৎ ব্যক্তিসকলে ক্ৰিয়া কৰিলেহে চিন্তাৰ উদ্ভৱ হ’ব।

(২) তেওঁৰ মতে সুন্দৰ আৰু সত্যৰ সঠিকতা নিৰ্ণয় আৰু পৰিমাপ আদি সকলোবিলাক অভিজ্ঞতাৰ মাধ্যমেৰে কৰা হয়। নিজৰ অভিজ্ঞতাৰ সহায়ত সত্য বুলি ভৱা বস্তুবিলাকেই হ’ল সত্য, ঠিক তেনেদৰে প্ৰয়োজনত অহা বস্তুবিলাকেই মূল্যবান । আকৌ তেওঁ কৈছিল “Truth is made, just as health, wealth and strength are made in the course of experience”

(৩) ডিউইয়ে শিক্ষা আৰু সামাজিক পৰিৱেশৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। শিশু এটাই সামাজিক পৰিৱেশৰ মাজতহে ডাঙৰ দীঘল হয়। শিক্ষাৰ সহায়ত ব্যক্তিসকলে সমাজৰ লগত পাৰস্পৰিক আদান প্ৰদান কৰাৰ লগতে যিকোনো সমাজত সমাযোজন কৰিবলৈ সমৰ্থৱান হয়।

(৪) ডিউইয়ে বাস্তৱতাক গ্ৰহণ কৰি জীৱনৰ মূল্যবোধ উপলব্ধি কৰাত গুৰত্ব দিয়ে।

(৫) ডিউইয়ে বিজ্ঞান আৰু শিল্পৰ দ্ৰুত পৰিৱৰ্তনৰ সহায়ত সমাজ কল্যাণ আৰু মানৱ সমস্যা সমাধান কৰাত গুৰুত্ব আৰোপ কৰে।

(৬) ডিউইয়ে পৰিৱৰ্তনশীল সামাজিক পৰিৱেশ আৰু সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ সাধনত গুৰুত্ব আৰোপ কৰে। সেয়েহে ডিউইয়ে শিক্ষাৰ দ্বাৰা সামাজিক পৰিৱৰ্তন সাধনত গুৰুত্ব দিয়া দেখা যায়।

ওপৰত আলোচনা কৰা ধৰণৰ বৈশিষ্ট্যসমূহ শিক্ষাৰ ক্ষেত্ৰত দেখা যায়।

১১) ডিউইৰ প্ৰয়োগবাদত শিক্ষকৰ স্থান কি হোৱা উচিত? 

What should be the place of a teacher in Dewey’s pragmatism?

উত্তৰঃ শিক্ষকসকলে একোজন নিৰ্দেশক বা পৰিচালকৰ দৰে ভূমিকা পালন কৰিব লাগে। শিক্ষকসকলে শিক্ষাৰ্থীয়ে কোনবোৰ কাম কেনেদৰে সম্পাদন কৰিব সেই বিষয়ে প্রয়োজনীয় নির্দেশনাহে আগবঢ়ায়। এই ব্যৱস্থাত শিক্ষার্থীসকলে সম্পাদন কৰা কাৰ্যবোৰক শিক্ষকসকলে কেৱল পৰিচালনাহে কৰিব লাগে। শিক্ষকে শিক্ষাৰ্থীসকলৰ সৃজনী প্ৰতিভাৰ বিকাশ সাধনত উৎসাহিত কৰি তোলাৰ লগতে আত্ম প্ৰকাশ কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিব লাগে।

‘প্রয়োগবাদী দার্শনিক তথা শিক্ষাবিদ হিচাপে ডিউইয়ে মন্তব্য দিছিল যে শিক্ষকৰ জ্ঞানৰ যি ভাণ্ডাৰ সেয়া গভীৰ হ’ব লাগিব। শিক্ষক জন হ’ব লাগিব তীক্ষ্ন বুদ্ধিসম্পন্ন, সামর্থবান, সহানুভূতিশীল আৰু ব্যৱহাৰিক জ্ঞানৰ অধিকাৰী । শিশুসকলৰ মানসিক অৱস্থাক বুজিবলৈ শিশুসকলে শিশু মনোবিজ্ঞান অধ্যয়ন কৰিব লাগিব। তদুপৰি সময়ৰ পৰিবৰ্তনৰ লগে লগে পৰিৱৰ্তন হোৱা সমাজৰ প্ৰয়োজনীয়তা আৰু নিজৰ কৰ্তব্যসমূহৰ প্ৰতি সচেতন আৰু সজাগ হৈ থকাটো প্রয়োজন। শিক্ষকসকলে শ্রেণীকক্ষত কেৱল বক্তৃতা বা পুনৰ অনুশীলনত গুৰুত্ব দিয়াৰ পৰিবৰ্তে কৰ্ম বা ক্রিয়াভিত্তিক পদ্ধতিৰে শিক্ষা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে।

১২) ডিউইৰ প্ৰয়োগবাদত শিক্ষাৰ্থীৰ স্থান কি হোৱা উচিত? 

What should be the place of a Student in Dewey’s pragmatism?

উত্তৰঃ জন ডিউইয়ে শিক্ষার্থীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰাৰ কথা। উল্লেখ কৰিছে। তেওঁ শিক্ষাৰ ক্ষেত্ৰত শিক্ষার্থীসকলক স্বাধীনতা প্ৰদান কৰাৰ ওপৰত গুৰত্ব দিছে যদিও মুক্ত স্বাধীনতা প্ৰদানত গুৰুত্ব দিয়া নাই। শিক্ষাৰ্থীসকলক সৃজনশীলতাৰ বিকাশ সাধনৰ সুবিধা দিয়া হয়। শিক্ষার্থীসকলে খেলা আৰু কৰ্মৰ মাজেৰে সম্পূৰ্ণ ইচ্ছা অনুযায়ী অভিজ্ঞতা আহৰণ কৰিব পাৰে। ইয়াত শিক্ষাৰ্থীসকলৰ ৰুচি-অভিৰুচি, যোগ্যতা, প্রয়োজনীয়তা আদিৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত শিক্ষা ব্যৱস্থা কৰা হয়। শিক্ষাৰ্থীসকলৰ সন্মূখত শিক্ষানুষ্ঠানত এক সামাজিক পৰিৱেশ সৃষ্টি কৰি কিছুমান সমস্যা উপস্থাপন কৰা। হয় আৰু শিক্ষাৰ্থীসকলক সেইবিলাক সমাধান কৰিবলৈ দিয়া হয়। শিক্ষার্থীসকলৰ স্বাধীনতাক খৰ্ব কৰা নহয় তথা ইয়াৰ লগতে তেওঁলোকৰ আত্ম প্ৰকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি ইয়াত শিক্ষার্থীসকলে বাস্তৱ সমস্যা সমাধানৰ প্ৰকৃত পথ নিৰ্মাণ কৰিব পাৰে। 

১৩) ডিউইৰ মতে পাঠ্যক্রম কেনে হোৱা উচিত?

What should be the Curriculum according to Dewey?

উত্তৰঃ (১) শিশুৰ যোগ্যতা আৰু আগ্ৰহঃ ডিউইৰ মতে শিক্ষাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰোতে শিশুসকলৰ যোগ্যতা আৰু আগ্ৰহৰ ওপৰত গুৰুত্ব দিব লাগে। শিশুসকলৰ যোগ্যতা আৰু আগ্ৰহৰ ওপৰত গুৰুত্ব দিহে এখন উপযুক্ত পাঠ্যক্রম প্রস্তুত কৰিব পাৰি।

(২) নমনীয় :- ডিউইৰ মতে পৰিৱৰ্তনৰ লগে লগে সমাজ ব্যৱস্থালৈ পৰিবৰ্তন আহে। পৰিবৰ্তনশীল সমাজৰ লগত খাপ খাবৰ বাবে জ্ঞান, অভিজ্ঞতা, কৌশল আদিৰো পৰিবৰ্তন কৰিব লগাত পাৰে। গতিকে ডিউইৰ মতে শিক্ষাৰ পাঠ্যক্ৰম নমনীয় হোৱা উচিত।

(৩) ব্যৱহাৰ যোগ্য :- ডিউইৰ মতে শিক্ষাৰ পাঠ্যক্ৰমখন ব্যৱহাৰিক আৰু বাস্তৱমুখী হ’ব লাগিব। যিবোৰ বিষয়বস্তু ব্যৱহাৰিক তেনে বিষয়সমূহকহে পাঠ্যক্রমত অন্তৰ্ভূক্ত কৰিব লাগে যাতে শিক্ষাৰ্থীৰ জৈৱিক আৰু সামাজিক প্ৰয়োজনসমূহ পূৰণ কৰি শিক্ষাক বাস্তৱমুখী কৰি তুলিব পাৰি।

(৪) সামাজিক দক্ষতা :- ডিউইৰ মতে শিক্ষাৰ পাঠ্যক্ৰম খনে শিক্ষাৰ্থীসকলৰ সামাজিক দক্ষতা বৃদ্ধি কৰি তোলাৰ ওপৰত গুৰুত্ব দিব লাগে । সামাজিক দক্ষতা বৃদ্ধি হ’লেহে শিক্ষার্থীসকলে অর্থনৈতিকভাৱে স্বাৱলম্বী হ’বৰ বাবে অৰ্হতা আৰু সামাজিক গুণসমূহ আহৰণ কৰিব পাৰিব ৷

(৫) জীৱনৰ সৈতে সম্বন্ধ :- ডিউইৰ মতে শিক্ষার্থীসকলৰ বাস্তৱ জীৱনৰ লগত সম্পৰ্ক থকা বিষয়বস্তুসমূহ পাঠ্যক্রমত অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলে বাস্তৱতাক গ্ৰহণ কৰি জীৱনৰ মূল্যবোধ নিশ্চিত কৰিব পাৰে। তদুপৰি শিক্ষাৰ্থীসকলক আত্মবিশ্বাসী আৰু সমাজৰ উৎপাদনক্ষম ব্যক্তি হিচাপে গঢ়ি তোলাত সহায়ক হয়। এই উদ্দেশ্য পুৰণৰ বাবে বৃত্তিমূলক বিষয়সমূহৰ ওপৰতো গুৰুত্ব দিয়া হয়। ঠিক সেইদৰে প্ৰাকৃতিক বিজ্ঞানৰ বিষয়সমূহৰ সহায়ত সম্পূর্ণ বিকাশ সাধন হোৱাৰ পিছত সামাজিক বিজ্ঞান আৰু মানবীয়তা বিষয়ৰ শিক্ষা প্রদান কৰিব লাগে।

(৬) পৰীক্ষণ মূলক :- ডিউইয়ে পাঠ্যক্ৰম পৰীক্ষা নিৰীক্ষা তথা অনুসন্ধান ভিত্তিক হ’ব লাগিব বুলি মত পোষণ কৰে। ইয়াৰ বাবে বিভিন্ন ধৰণৰ সমস্যামূলক পৰিস্থিতি শিশুসকলৰ আগত উপস্থাপন কৰি বিভিন্ন কাৰ্য আৰু পৰীক্ষা নিৰীক্ষা তথা অনুসন্ধানৰ সহায়ত সমাধান কৰিবলৈ দিয়া হয়। কিয়নো পৰীক্ষা নিৰীক্ষাৰ ভিত্তিতহে যিকোনো এটা স্তৰ ভাল-বেয়া, উপযোগিতা-অনুপযোগিতা, শ্রেষ্ঠতা আদি নিৰূপণ কৰিব পৰা যায়।

(৭) ক্রিয়াভিত্তিক :- ডিউইৰ মতে পাঠ্যক্ৰম খন ক্রিয়াভিত্তিক হ’ব লাগে। পাঠ্যক্ৰমত বিষয়বস্তু সহ সম্বন্ধ আৰু সংযোজন কৰি সক্ৰিয় ক্রিয়াভিত্তিক সহাযোগিতাৰ সহায়ত জ্ঞান আহৰণ কৰাৰ ওপৰত ডিউইয়ে গুৰুত্ব প্ৰদান কৰে৷

১৪) ডিউইৰ মতে শিক্ষাদানৰ পদ্ধতি কেনে হোৱা উচিত? 

What should be the method of teaching according to Dewey?

উত্তৰঃ ডিউইয়ে শিক্ষার্থীসকলে নিজস্ব অনুসন্ধান আৰু পৰীক্ষা নিৰীক্ষাৰ সহায়ত সমাজৰ সমস্যা সমাধান কাৰণে প্ৰয়োজনীয় ক্ষমতাৰ বিকাশ সাধনত গুৰুত্ব প্ৰদান কৰে। সেয়েহে শিক্ষার্থীসকলক গতানুগতিক মৌখিক পদ্ধতিতে শিক্ষাদান কৰাতকৈ ক্ৰিয়াৰ যোগেদি হাতে কামে শিকাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত জন ডিউইৰ প্ৰকল্প পদ্ধতি (Project method) কথাকে উল্লেখ কৰিব পাৰি। ডিউইয়ে নিম্নলিখিত ধৰণৰ শিক্ষাদানৰ পদ্ধতি সমূহত গুৰুত্ব দিয়ে— |

(১) কৰ্মৰদ্বাৰা শিক্ষণ :- প্রয়োগবাদী দার্শনিক তথা শিক্ষাবিদ জন ডিউইয়ে·কৰ্মৰ দ্বাৰা শিক্ষণ লাভ কৰাত গুৰুত্ব প্ৰদান কৰে। তেওঁৰ মতে শিক্ষার্থীসকলে হাতেৰে স্পৰ্শ কৰি, কাণেৰে শুনি, চকুৰে দেখি তথা দেহক জড়িত কৰি সম্পাদন কৰা কৰ্ম সহায়ত শিক্ষা লাভ কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। শিক্ষাৰ্থীসকলৰ নিজৰ স্বাভাৱিক গুণসমূহৰ বিকাশ সাধনৰ বাবে শিক্ষকে কেৱল নিৰ্দেশনাহে প্ৰদান কৰিব লাগে। শিক্ষার্থীসকলে সন্মুখীন হোৱা জীৱনৰ সমস্যা আৰু ব্যৱহাৰিক অসুবিধাসমূহ আত্ম অনুসন্ধান আৰু পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সমাধান কৰিবলৈ দিব লাগে। তদুপৰি শিক্ষাৰ্থীসকলক বিজ্ঞান কৌশলসমূহ আহৰণ কৰি শিক্ষকসকলে তেওঁলোকৰ আগত দাঙি ধৰা সমস্যা বিলাক সমাধান কৰিবলৈ দিব লাগে। এনেদৰে শিক্ষাৰ্থীসকলক সমাজৰ একোটা বাস্তৱ অভিজ্ঞতাৰ ওপৰত তথ্যভিত্তিক আৰু ক্ষেত্ৰভিত্তিকভাৱে অধ্যয়ন কৰি অভিজ্ঞতা আহৰণ কৰিব বাবে শিক্ষকে স্বাধীনতা প্ৰদান কৰিব লাগে আৰু তেওঁলোকৰ কৰ্মসমূহক উদ্দেশ্যপূৰ্ণভাৱে পৰিচালিত কৰাত সহায় কৰিব লাগে।

(১) দলীয় বা সমূহীয়া দিশ :- ডিউইয়ে শিক্ষার্থীসকলক সমূহীয়। ক্রিয়াকলাপত অংশ গ্রহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিবিলাকে তেওঁলোকৰ সামাজিক দম্যতাসমূহৰ বিকাশ সাধনত সহায় কৰে। শিক্ষক সকলে সমূহীয়াভাৱে তেওঁলোকৰ বিভিন্ন কৰ্মৰ নিৰ্দেশনা প্রদান কৰিব লাগে। কাম এটা যেতিয়াই সম্পূৰ্ণ হ’ব তেতিয়া শিক্ষকে আন এটা কাম নির্বাচনত নিৰ্দেশনা দিব লাগে আৰু এই ক্ষেত্ৰত শিক্ষক সকলে বিদ্যালয়ত সমূহীয়া প্ৰশিক্ষণ প্ৰদান কৰিব লাগে।

(৩) ব্যক্তিগত দিশ :- ডিউইয়ে শিক্ষাৰ্থীৰ ব্যক্তিগত ক্ষমতা, আগ্রহ, অভিৰুচি আৰু প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষণ পদ্ধতি গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰে। সেয়েহে সমাজৰ প্ৰয়োজনীয়তা পুৰণ কৰিব পৰাকৈ উপযোগিতামুলক শিক্ষণ পদ্ধতি নির্বাচন কৰিব লাগে।

(৪) একীকৃত দিশ :- জন ডিউয়ে অন্যান্য বিষয় আৰু জীৱনৰ লগত একীকৃত কৰি বিষয়সমূহৰ শিক্ষাদান কৰাৰ ওপৰত গুৰুত্ব দিয়ে। এনেদৰে আহৰণ কৰা জ্ঞানসমূহ পদ্ধতিগত আৰু ব্যৱহাৰযোগ্য হয়।

১৫) ডিউইৰ মতে অনুশাসন ব্যৱস্থা কেনে হোৱা উচিত?

What should be the discipline according to Dewey?

উত্তৰঃ ডিউইৰ প্ৰয়োগবাদত শিক্ষার্থীসকলক নৈতিক শিক্ষাৰে অনুশাসিত কৰাৰ পৰিবৰ্তে গণতান্ত্রিক পদ্ধতিৰে সামাজিক ভাৱে তেওঁলোকক অনুশাসিত কৰাৰ ওপৰত গুৰব প্ৰদান কৰে। এই ক্ষেত্ৰত প্রয়োগবাদী দার্শনিক তথা মহান শিক্ষাবিদ জন ডিউইয়ে উল্লেখ কৰিছে যে অনুশাসন হৈছে এবিধ মানসিক গুণৰ সমষ্টি আৰু এই মানসিক গুণৰ বিকাশ সাধন কৰ্ম পদ্ধতিৰ সহায়তহে সম্ভৱপৰ হোৱা দেখা যায়। তেওঁ সামাজিক পৰিৱেশত থাকি দলীয় কার্য সম্পাদনৰ জৰিয়তে সংযম, ধৈর্য, সহায়, সহযোগিতা, সামাজিক সচেতনতা, কামৰ প্ৰতি স্পৃহা জাগ্রত আদি গুণসমূহৰ বিকাশ সাধন কৰি আত্ম অনুশাসন গঢ়ি তুলি সামাজিক শৃংখলতা বজাই ৰখাত গুৰুত্ব দিয়ে। তদুপৰি ইয়াৰ সহায়ত শিক্ষার্থীসকলৰ মাজত দায়িত্বশীলতা, কৰ্তব্যপৰায়ণতা আৰু স্বতঃপ্রণোদিত কর্ম প্ৰেৰণাৰ মনোভাৱ জাগ্রত হয়। এনেদৰেই শিক্ষার্থীসকলে আত্ম অনুশাসিত হবলৈ শিকে। ইয়াত মুক্ত অনুশাসন, শাস্তি আৰু পুৰস্কাৰৰ দ্বাৰা অনুশাসিত কৰাৰ ওপৰত গুৰুত্ব দিয়া নহয়। ওপৰত আলোচনা কৰা ধৰণৰ ডিউইৰ প্ৰয়োগবাদত শিক্ষাৰ লক্ষ্য, দেখিবলৈ পোৱা যায়। বৰ্তমানৰ শিক্ষা ব্যৱস্থাতো এইসমূহৰ প্ৰভাৱ পৰা দেখা যায়।

১৬) ডিউইৰ প্ৰয়োগবাদৰ প্ৰাসংগিকতা সম্পর্কে আলোচনা কৰা?

Discuss the relevance of Dewey’s Pragmatism.

উত্তৰঃ ডিউইৰ প্ৰয়োগবাদৰ প্ৰাসংগিকতা সমূহ হ’ল নিম্নলিখিত ধৰণৰ—.

(১) ডিউইৰ প্ৰয়োগবাদে গুৰুত্ব দিয়া ব্যৱহাৰিক আৰু প্ৰায়োগিক মূল্যবোধ কৰা দেখা যায়। সেয়েহে আধুনিক চিন্তাবিদসকলে বর্তমান সমাজত ব্যক্তিসকলক জীয়াই থাকিবৰ বাবে যে এনে শিক্ষাৰ প্ৰয়োজন সেয়া মানি লৈছে।

(২) ডিউইৰ প্ৰয়োগবাদে গুৰুত্ব দিয়া গণতান্ত্রিক মূল্যবোধ আৰু আদৰ্শক বৰ্তমান বিশ্বৰ প্ৰায়বোৰ দেশেই গ্ৰহণ কৰিছে। বৰ্তমান সময়ৰ গণতান্ত্রিক দেশৰ নাগৰিক হিচাপে গণতান্ত্রিক গুণসমূহ আয়ত্ব কৰাৰ লগতে গণতন্ত্রক সফল কৰি তুলিবৰ বাবে শিক্ষাত গণতান্ত্রিক মূল্যবোধ আৰু আদৰ্শৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো অতি প্রয়োজন। যাৰ ফলস্বৰূপে বৰ্তমান সময়ত দেখা যায় শিক্ষাই গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধনৰ ওপৰত অত্যধিক পৰিমাণে গুৰুত্ব প্ৰদান কৰে।

(৩) ডিউইয়ে উল্লেখ কৰা শিক্ষা যে জীৱনৰ প্ৰস্তুতি নহয়, ই হৈছে গোটেই জীৱনৰ বাবে শিক্ষা। ইয়াৰ পৰাই জানিব পৰা যায় যে জীৱনৰ লগত শিক্ষাৰ এক ওতপ্রোত সম্পর্ক আছে। সেয়েহে বর্তমান সময়ত সমাজত থকা বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান, সংগঠন আদিৰ লগত শিক্ষার্থী সকলে খাপ খাবৰ বাবে শিক্ষাৰ প্ৰয়োজন হয়। 

(৪) ডিউইৰ প্ৰয়োগবাদত জনপ্রিয় প্রকল্প পদ্ধতিক বহু বিদ্যালয়ে ব্যৱহাৰ কৰি শিক্ষণ-শিকন প্ৰক্ৰিয়াক আধুনিকীকৰণ কৰি তুলিবলৈ চেষ্টা কৰিছে। তদুপৰি এই পদ্ধতিৰ সহায়ত শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক দিশৰ বিকাশ সাধন আৰু সমন্বয় সাধনত গুৰুত্ব প্ৰদান কৰিছে।

(৫) ডিউইৰ প্ৰয়োগবাদত গুৰুত্ব দিয়া কৰ্মভিত্তিক শিক্ষাৰ দ্বাৰা আহৰণ কৰা অভিজ্ঞতাই শিক্ষার্থীসকলৰ মনৰ পৰা নিচাত্মিকা ভাৱ নাইকিয়া কৰি আত্ম বিশ্বাসৰ ভাৱ জগাই তোলাত সহায় কৰে। এনেধৰণৰ আত্মবিশ্বাসৰ মনোভাৱে শিক্ষাৰ্থীসকলক বিজ্ঞানসন্মত ভাৱে কাৰ্যক পৰিচালনা কৰি নিৰ্দিষ্ট লক্ষ্যত সফলতা লাভ কৰাত সহায় কৰে বুলি আধুনিক শিক্ষাবিদসকলে দাবী কৰে।

(৬) ডিউইৰ প্ৰয়োগবাদত গুৰুত্ব দিয়া পৰীক্ষা-নিৰীক্ষা তথা অনুসন্ধানৰ সহায়ত আহৰণ কৰা অভিজ্ঞতাই বর্তমান সময়তো শিক্ষা ব্যৱস্থাত অন্ধ অনুকৰণৰ মাধ্যমৰে জ্ঞান আহৰণ কৰাৰ পৰিবৰ্তে পৰীক্ষা নিৰীক্ষা তথা অনুসন্ধানৰ সহায়ত সঠিক জ্ঞান আহৰণ কৰাত গুৰুত্ব প্ৰদান কৰা দেখা যায়।

১৭) ডিউইৰ প্ৰয়োগবাদ অসুস্থ প্ৰভাৱ বা দুৰ্বলতা সম্পর্কে লিখা।

Write about bad effect or limitations of Dewey’s Pragmatism.

উত্তৰঃ অসুস্থ প্ৰভাৱ বা দুর্বলতা থকাও দেখা যায়। সেই সমূহ হ’ল নিম্নলিখিত ধৰণৰ——

(ক) ডিউইৰ প্ৰয়োগবাদত শিক্ষাৰ্থীসকলৰ কাৰ্যদক্ষতা, কার্যকুশলতা আদিৰ ওপৰতহে কেৱল গুৰুত্ব দিছে। ইয়াৰ পৰিবৰ্তে শিক্ষাৰ্থীসকলৰ সম্পূর্ণ তথা সর্বাংগীণ দিশৰ বিকাশ সাধনৰ বাবে নৈতিক, আধ্যাত্মিক, সাংস্কৃতিক, সৌন্দৰ্য্য, অনুভূতি আদি দিশসমূহৰ বিকাশ সাধনক আওকাণ কৰা হৈছে।

(খ) ডিউইৰ প্ৰয়োগবাদত গুৰুত্ব দিয়া কৰ্ম ভিত্তিক শিক্ষাদান পদ্ধতিক বৰ্তমানৰ শিক্ষাবিদসকলে অস্বীকাৰ কৰে৷ বৰ্তমানৰ জ্ঞানৰ বিস্ফোৰণৰ সময়ত কামৰ লগতে বক্তৃতা পদ্ধতিৰো প্ৰয়োজন হয়।

(গ) ডিউইৰ প্ৰকল্প পদ্ধতিৰ ব্যৱহাৰৰ জৰিয়তে শিক্ষাদান কৰিলে অধিক সময় আৰু শ্ৰমৰ প্ৰয়োজন হয়। গতিকে বর্তমান সময়ত শিক্ষাদানৰ ক্ষেত্ৰত এই পদ্ধতি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা হাস পাই অহা দেখা যায়।

(ঘ) ডিউইয়ে পৰীক্ষা নিৰীক্ষা তথা অনসন্ধানৰ সহায়ত অভিজ্ঞতা আহৰণত গুৰুত্ব দিয়ে। কিন্তু পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে সা- সঁজুলি আৰু উপযুক্ত ধৰণৰ পৰীক্ষাগাৰৰ প্ৰয়োজন হয়। যিবিলাক প্ৰয়োগ কৰিবলৈ কেৱল ধনী ধনী দেশবিলাকেহে সক্ষম হয়।

১৮) নিগঠনতন্ত্রবাদ ধাৰণাৰ বিষয়ে আলোচনা কৰা।

Discuss the concept of Deconstruction.

উত্তৰঃ নিসংগঠনতন্ত্রব্দ বা নিগঠনতন্ত্রবাদ হৈছে সাহিত্য আৰু দৰ্শন বিভাগৰ এটা অতি গুৰুত্বপূৰ্ণ অৱধাৰণা । এই অৱধাৰণাটো ১৯৬০ দশকত জে. ডেৰিডাএ আগবঢ়াইছিল। ডেৰিডায়ে নিসংগঠনতন্ত্রবাদ বা নিগঠনতত্ত্বাদ অৱধাৰণাটো ১৯৬৭ চনত ‘Of Grammatology’ ত আগবঢ়াইছিল। তেওঁৰ এই অৱধাৰণাটো মাটিন Heidegger ‘Destruktin’ অৱধাৰণাৰ পৰা লোৱা হৈছে বুলি কোৱা হয়। ইয়াক বিনির্মানবাদো বোলা হয়। নিগঠনতন্ত্রবাদ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে Deconstruction | সাধাৰণতে সাহিত্য বা দৰ্শনৰ ভাষাত নিগঠনতত্ত্বাদে কোনো পঠনে কেৱল এটা বা নির্দিষ্ট অৰ্থক বহন নকৰে। বৰং ইয়াৰ পৰা উদঘাটিত হ’ব পাৰে অলেখ নতুন অৰ্থ আৰু পাঠকেও সেই পাঠসমূহৰ পৰা সৃষ্টি কৰিব পাৰে লেখকে নভৱা কথা। অর্থাৎ প্ৰতিটো শব্দ বা প্রত্যেকটো পাঠৰ আঁৰত যে বহুতো অৰ্থ লুকাই থাকে তাক অনুধাৱন কৰিব পৰা প্রক্রিয়াটোক নিগঠনতন্ত্রবাদ (Deconstruction) বোলা হয়।

জে.ডেৰিডাই কৈছে যে এটা সাধাৰণ বস্তুৰ আভ্যন্তৰত বহুতো অর্থ লুকাই থাকে। তাক আমি ভালদৰে বুজিবলৈ বিস্তৃতভাৱে অনুসন্ধান কৰিলেহে তাৰ প্ৰকৃত অৰ্থত উপনীত হ’বলৈ সক্ষম হ’ব পাৰিম। যদি এটা পাঠৰ ক্ষেত্ৰত চাবলৈ যাও তেতিয়া দেখা পাম যে সেই পাঠটোৰ অৰ্থ কেৱল এটাই নহয়; ইয়াৰ অৰ্থ পৰিস্থিতি, সময়, স্থান, কাল, পাত্রভেদে বিভিন্ন ধৰণৰ হয়। গতিকে এই সমূহক ভালদৰে বুজি পোৱা বা অনুধাৱন কৰিবৰ বাবেই নিগঠনতন্ত্রবাদে বা নিসংগঠনতনস্তবাদ (Deconstruction) পদ্ধতিক এটা কৌশল হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ উদাহৰণস্বৰূপে যদি স্বাধীনতা শব্দটোক চাও তেতিয়া পৰিলক্ষিত হয় হয় যে ইসস্থান,কাল, পাত্র ভেদে বেলেগ ধৰণৰ হয়। বয়সন্ধি কালত এজন লৰা বা এগৰাকী ছোৱালীয়ে মুক্ত ভাৱে ঘূৰি ফুৰা বা অভিভাৱকৰ শাসনৰ মাজত আৱদ্ধ নাথাকি মুক্তভাৱে তথা নিজৰ ইচ্ছা অনুসৰি থকা অৱস্থাটোকে বুজায়। আনহাতে এখন দেশ বা ৰাজ্যৰ বাবে নিজৰ প্ৰৰজাসকলৰ মাজত থাকিব পৰা শাসন ক্ষমতা তথা আন আন ক্ষমতাসমূহ নিজৰ আভ্যন্তৰত থকাকে বুজায়। ঠিক সেইদৰে যদি বিশ্ব স্বাধীনতাৰ কথা কবলৈ যাও তেতিয়া পৃথিৱীৰ সকলো প্রান্ততে যিকোনো কাম নিজ ইচ্ছামতে কৰিব পৰা ক্ষমতাকে বুজা যায়। 

নিসংগঠনতন্ত্রবাদৰ বৈশিষ্ট্যঃ 

১) নিসংগঠনতন্ত্রবাদ দৰ্শন, ভাষা আৰু সাহিত্যৰ মিশ্ৰিত আধাৰৰ ওপৰত প্ৰতিষ্ঠিত।

২) ই কোনো এক নির্দিষ্ট শাব্দিত অৰ্থত বিশ্বাস নকৰে।

৩) এই মতবাদে পাঠকৰ অৰ্থ উদ্ভাৱন ক্ষমতাৰ ওপৰত বিশ্বাস কৰে।

৪) পাঠ বা শব্দৰ অৰ্থ পাঠকে নিজস্ব দৃষ্টিভংগীৰে চালি-জাৰি চাইহে গ্ৰহণ কৰাৰ ওপৰত ই বিশ্বাস কৰে।

৫) ই কোনো পূর্ব নিৰ্ধাৰিত নীতিত নিৰ্ভৰ নকৰিবলৈ পাঠক বা শিক্ষার্থীক আহ্বান জনায়।

৬) ইয়াৰ মতে “সত্য” বা “ বাস্তৱ” ব্যক্তিৰ নিজস্ব দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰশীল৷

৭) ইয়াৰ মতে কোনো এটা পাঠ বা কোনো এটা বাক্যৰ অৰ্থ কেৱল এটাই নহয়৷ ইয়াৰ অৰ্থ-পৰিস্থিতি, সময়, স্থান, কাল, পাত্রভেদে বিভিন্ন ধৰণৰ হয়।

৮) নিসংগঠনতন্ত্রবাদ এটা কৌশলহে মাথোন।

১৯) স্বাধীনতা আৰু ব্যক্তিত্ববাদৰ ওপৰত চাৰট্ৰেৰ ধাৰণাৰ সম্পর্কে লিখা। 

Write about Satre’s idea of freedom and individualism.

উত্তৰঃ স্বাধীনতা বা স্বাতন্ত্যৰ ইংৰাজী প্রতিশব্দ হ’ল Freedom। সাধাৰণ দৃষ্টিত স্বাধীনতা বুলি কওঁতে আন অধিকাৰসমূহক কোনো ধৰণৰ খৰ্ব বুজায়। বিখ্যাত দার্শনিক জিন পল চাৰট্ৰেই অস্তিত্ববাদৰ আধাৰত স্বাধীনতাৰ অৰ্থ বুজাবলৈ গৈ মন্তব্য তথা স্বাধীনতাৰ অৰ্থ প্ৰকাশ কৰে এনেদৰে— স্বাধীনতা হৈছে এনে এক অবস্থা বা পর্যায় যি অৱস্থা বা পৰ্যায়ত ব্যক্তিসকলে নিজৰ অস্তিত্বক প্রাধান্য দি তথা দায়িত্ব হিচাপে লৈ সমাজত মুক্তমনেৰে ঘূৰিব পাৰে। অৰ্থাৎ তেওঁৰ মতে স্বতন্ত্রতা বা স্বাধীনতা হ’ল এনে এক প্ৰক্ৰিয়া বা অৱস্থা য’ত ব্যক্তিসকলে নিজৰ ইচ্ছা-আকাংক্ষা বা লক্ষ্যত সফলভাৱে উপনীত হব’ৰ বাবে বা নিজৰ লক্ষ্য অনুসৰি বিচৰণ কৰিবৰ বাবে নিজকে সংকল্পবদ্ধভাৱে প্ৰস্তুত কৰি তোলে। উদাহৰণস্বৰূপে কবলৈ গলে এজন ব্যক্তিয়ে যদি নিজকে শিক্ষক হিচাপে সমাজত প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেনেহলে তেওঁ নিজৰ লক্ষ্যক বা অস্তিত্বক গুৰুত্ব দি আগবাঢ়িব লাগিব। যদি বেলেগ লক্ষ্যক বা আন ব্যক্তিৰ লক্ষ্যক অগ্রাধিকাৰ দি আগবাঢ়ির বিচাৰে তেনে হলে তেওঁ বিফল হ’ব। অর্থাৎ জিন পল চাৰট্ৰেৰ মতে স্বাধীনতা হৈছে নিজৰ অস্তিত্ব তথা লক্ষ্য উদ্দেশ্যক আগত ৰাখি বা দায়িত্ব হিচাপে লৈ কাৰ্যসমূহ কৰি যাবৰ বাবে আৱশ্যক হোৱা এক মুক্ত পৰিৱেশ। তেওঁৰ এই স্বাধীনতাৰ অৱধাৰণাটোক বহু দাৰ্শনিকে ব্যক্তিগত স্বাধীনতা বুলিও মন্তব্য কৰে।

ব্যক্তিত্বৰাদৰ ইংৰাজী প্রতিশব্দ হৈছে Individualism। ব্যক্তিত্ববাদ বুলি কওঁতে সাধাৰণতে ব্যক্তিসকলে স্বাধীন আৰু আত্মনিৰ্ভৰশীলহৈ নিজৰ অস্তিত্ব তথা নিজৰ ইচ্ছা আকাংক্ষা অনুসৰি যিকোনো কার্য সূচাৰূৰূপে সম্পাদন কৰিব পৰা ক্ষমতাক বুজায়। অর্থাৎ ব্যক্তিসকলে নিজৰ ক্ষমতা অনুসৰি যিকোনো কাম কৰিব পৰাকে ব্যক্তিত্ববাদ বুলি কোৱা হয়। ইয়াত ব্যক্তিসকলৰ নিজস্ব লক্ষ্য, উদ্দেশ্য, সামর্থ্য, ৰুচিঅভিৰুচি, যোগ্যতা, সম্ভাৱনীয়তা আদিসমূহৰ ওপৰত প্ৰাধান্য দিয়া হয়। বিখ্যাত দার্শনিক জিন পল চাৰট্টে দৰ্শনশাস্ত্ৰৰ সহায়ত অস্তিত্বৰাদৰ ওপৰত ভিত্তি কৰি ব্যক্তিবাদ সম্পৰ্কে নিজস্ব মন্তব্য ব্যক্ত কৰিছে। তেওঁ কয় যে প্রত্যেকজন ব্যক্তিয়েই হৈছে জন্মলগ্নৰে পৰা স্বাধীন। 

সেয়েহে তেওঁৰ মতে ব্যক্তিত্ববাদ হৈছেব্যক্তিসকলে নিজৰ প্ৰয়োজনক বুজি স্বাধীনভাৱে আত্মনিৰ্ভৰশীল হ’বলৈ কৰিব পৰা কাৰ্য ক্ষমতা। উদাহৰণ স্বৰূপে যেতিয়া আর্থিক সংকটে দেখা দিয়ে তেতিয়া ব্যক্তিসকলে সেই সংকটক দূৰীকৰণ কৰিবৰ বাবে আত্ম যুঁজত অৱতীৰ্ণ হৈ পৰনিৰ্ভৰশীল নোহোৱাকৈ সেই সমস্যা সমাধান কৰিবলৈ সক্ষম হয়। তাকে ব্যক্তিত্ববাদ বুলি আখ্যা দিয়া হয়। অর্থাৎ প্রত্যেকজন ব্যক্তিয়েই নিজৰ নিজৰ প্রয়োজনসমূহ পূৰণ কৰিবৰ বাবে আত্মনিৰ্ভৰশীল হৈ স্বাধীনভাৱে যিকোনো কার্য সম্পাদন কৰিব পৰা ক্ষমতাকে ব্যক্তিত্ববাদ বুলি কোৱা হয়। বিশেষভাৱে এই ব্যক্তিত্ববাদৰ অৱধাৰণাটোৱে ব্যক্তিসকলৰ ব্যক্তিগত গুণসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে বুলি বহুতো দার্শনিকে মত প্রকাশ কৰে।

২০) শৈক্ষিক ক্ষেত্ৰত ব্যক্তিত্ববাদৰ অৱধাৰণাৰ প্ৰভাৱ কেনেধৰণৰ?

উত্তৰঃ শৈক্ষিক ক্ষেত্ৰত ব্যক্তিত্বৰাদ অৱধাৰণাৰ প্ৰভাৱ শৈক্ষিক ক্ষেত্ৰত ব্যক্তিত্বৰাদ অৱধাৰণাৰ প্ৰভাৱ সমূহ হ’ল নিম্নলিখিত ধৰণৰ—

(ক) সিদ্ধান্ত গ্রহণ :- শিক্ষার্থীসকলক নিজে সিদ্ধান্ত ল’বৰ বাবে সুবিধা প্ৰদান কৰিব লাগে। কাৰণ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতটো হৈছে তেওঁলোকৰ নিজৰ। সেয়ে তেওঁলোকক অনবৰতে পৰিয়ালৰ মানুহে বা আন কোনো ডাঙৰ লোকে সিদ্ধান্ত নিৰ্ধাৰণ কৰি দিয়াতকৈ তেওঁলোকক নিজেই সিদ্ধান্ত ল’বলৈ এৰি দিব লাগে। বিশেষকৈ ব্যক্তিত্ববাদৰ অৱধাৰণাৰ সহায়ত শিক্ষাৰ্থীসকলে উচ্চ মাধ্যমিক পর্যায়ত কি পাঠ্যক্ৰম আৰু কি শাখাত (কলা, বাণিজ্য আৰু বিজ্ঞান) পঢ়িৱ সেই সম্পর্কে নিজে সিদ্ধান্ত ল’ব পাৰিব।

(খ) অন্যান্য বিষয়বস্তুৰ লগত পৰিচিত কৰণ :- ব্যক্তি তথা শিক্ষাৰ্থীসকলৰ সৰ্বাংগীণ দিশৰ বিকাশ সাধনৰ বাবে কেৱল পাঠ্যক্ৰমৰ অন্তর্গত বিষয়বস্তুসমূহেই যথেষ্ট নহয়। গতিকে ব্যক্তিত্ববাদ অৱৰ্ধাৰণাৰ সহায়ত শিক্ষকে পাঠ্যক্ৰমৰ অঙ্গত বিষয়বস্তুসমূহ পঢ়োৱাতে সীমাবদ্ধ নাথাকি পাঠ্যপুথিৰ লগত সংগতি ৰাখি অন্যানা বিষয় বস্তুসমূহক শিক্ষাৰ্থীসকলৰ লগত পৰিচিত কৰাই দিব পাৰিব।

(গ) ভৱিষ্যতৰ সিদ্ধান্ত :- ইয়াৰ সহায়ত শিক্ষার্থীসকলে নিজৰ জীৱনৰ ভৱিষ্যতৰ সিদ্ধান্ত নিজে লব পাৰিব। সেই ক্ষেত্ৰত শিক্ষা ব্যৱস্থাই কোনো মন্তব্য বা কোনো সিদ্ধান্ত লব নোৱাৰিব ৷

(ঘ) সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধন :- ব্যক্তিত্বৰাদ অৱধাৰণাই ব্যক্তিসকলৰ ৰুচি, অভিৰুচি, প্ৰয়োজন আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ফলত ইয়াৰ সহায়ত শিক্ষাৰ্থীসকলে পূর্ণ ব্যক্তিত্বৰ বিকাশ সাধনৰ সুবিধা লাভ কৰে। 

(ঙ) ক্ষমতা অনুসৰি শিক্ষা লাভ ব্যক্তিত্ববাদৰ অৱধাৰণাই শিক্ষার্থীসকলক নিজস্ব ক্ষমতা অনুসৰি প্ৰয়োজনীয় শিক্ষা লাভ কৰাত সহায় কৰে। যাৰ ফলস্বৰূপে শিক্ষার্থীসকলে হতাশা, নিৰাশা আদিৰে পৰা বহু পৰিমাণে নিজকে মুক্ত কৰি ৰাখিব পাৰে।

(চ) আত্মনিৰ্ভৰশীলতাত গুৰুত্ব প্ৰদান :- ব্যক্তিত্বৰাদৰ অৱধাৰণাই শিক্ষাৰ্থীসকলক পৰনিৰ্ভৰশীল হৈ থকাতকৈ আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা কৰে। যিয়ে শিক্ষাৰ্থীসকলক ভৱিষ্যত জীৱনত নিজৰ সমস্যা নিজে সমাধান কৰি স্বাৱলম্বী হবলৈ শিকায়।

(ছ) পছন্দ অনুসৰি শিক্ষা গ্ৰহণ :- ব্যক্তিত্ববাদৰ অৱধাৰণাই ব্যক্তি তথা শিক্ষাৰ্থীসকলৰ ইচ্ছা অনিচ্ছাক প্রাধান্য দিয়ে। সেয়ে প্রতিজন শিক্ষাৰ্থীয়ে নিজৰ পচন্দ তথা ইচ্ছা অনুসৰি বিষয়বস্তু নির্বাচন কৰি লব পৰা সুবিধা লাভ কৰে । ইয়াৰ ফলস্বৰূপে শিক্ষাৰ্থীসকল বিফল হোৱাৰ সম্ভাৱনীয়তা কমি যায়।

(জ) লক্ষ্য উদ্দেশ্যত সফল ৰূপায়ণ :- ব্যক্তিত্বৰাদ অভিধাৰণাইব্যক্তিকেন্দ্ৰিক দিশসমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। যিহেতু প্রত্যেকজন ব্যক্তিৰেই নিজস্ব লক্ষ্য, উদ্দেশ্য থাকে আৰু এই লক্ষ্য, উদ্দেশ্যসমূহ ব্যক্তিগত বৈষম্য থকাৰ বাবে সকলোৱে একে ধৰণৰ নহয়। গতিকে ইয়াৰ ফলস্বৰূপে ব্যক্তিসকলৰ লক্ষ্য উদ্দেশ্যত সফল ৰূপায়ণৰ ক্ষেত্ৰত সহায়ক হয়।

(ঝ) শিক্ষাৰ্থীসকলৰ সুপ্ত প্রতিভাৰ বিকাশ সাধন :- প্রতিজন শিক্ষাৰ্থীয়ে জন্মগতভাৱে কিছুমান সুপ্ত প্রতিভা লগত লৈ আহে। এই অৱধাৰণাৰ সহায়ত শিক্ষাৰ্থীসকলে নিজৰ সুপ্ত প্রতিভাসমূহৰ বিকাশ সাধনৰ বাবে সুবিধা প্ৰদান কৰাটো নিতান্তই আৱশ্যক। কিয়নো এই প্ৰতিভা সমূহৰ বিকাশ সাধনৰ বাবে উপযুক্ত সুবিধা লাভ নকৰিলে শিক্ষার্থীসকলে মানসিক অশান্তিতথা দ্বন্দ্বত ভোগে যিয়ে সমাযোজনৰ সমস্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰ মুখলৈ তেওঁলোকক ঠেলি দিয়ে।

(Write Short Note on )

(ক) ডেৰিডাৰ শৈক্ষিক দৃষ্টিভংগী

Derrida’s educational view point.

উত্তৰঃ শৈক্ষিক ক্ষেত্ৰখন ভালদৰে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে শৈক্ষিক বিষয়বিলাকৰ মাজত সংকটৰ বা সংঘাতৰ সৃষ্টি হয়। সেয়েহে এই সংঘাত বা সংকটবিলাকৰ ওপৰত অধিক সজাগতা সৃষ্টি কৰিবৰ কাৰণে সমালোচনমূলক বিশ্লেষণ আৰু জড়িতভাৱ চিন্তা যেনে পাৰ্থক্য,ন্যায় আৰু দীয়িত্বৰ প্ৰয়োজনীয়তা আহি পৰে। এই ক্ষেত্ৰত ডেৰিডাই উল্লেখ যোগ্য ভূমিকা পালন কৰিছে।

জেকচ ডেৰিডা হৈছে শৈক্ষিক জগতৰ এজন মহান শিক্ষাবিদ তথা দার্শনিক। তেখেতে নতুনত্ব আৰু অসাধাৰণ পদ্ধতিৰ সহায়ত শৈক্ষিক ক্ষেত্ৰত এক নতুন সূচনাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়।

জৈকচ ডেৰিডাৰ শৈক্ষিক ক্ষেত্ৰত ‘থকা দৃষ্টিভংগীসমূহ হ’ল নিম্নলিখিত ধৰণৰ-

(ক) অতিৰিক্ত পদ্ধতি এৰাই চলা :- ডেৰিডাই শৈক্ষিক ক্ষেত্ৰত অতিৰিক্ত পদ্ধতি সমূহক এৰাই চলিব লাগে বুলি মন্তব্য দিয়ে। তেওঁৰ মতে অতিৰিক্ত পদ্ধতিসমূহ জ্ঞানহীন আৰু অৰ্থহীন। তেওঁৰ মতে শিক্ষা বিষয়বস্তুসমূহ উপস্থাপন কৰোতে কঠোৰ আৰু চলিত আদেশ বিলাক এৰাই চলিব লাগে।

(খ) নির্দেশমূলক উচ্চ স্বৰ :- ডেৰিডাৰ মতে নির্দেশমূলক উচ্চ স্বৰ প্ৰয়োগ আৰু উত্তেজনামূলক আৰু ভয়লগোৱা কামবিলাকৰ পৰা আতৰত থাকিব লাগে।

(গ) ল’ৰা ছোৱালী বিভক্ত অগ্রাহ্য :- ডেৰিডাই ল’ৰা ছোৱালীক দুটা ভাগত বিভক্ত কৰাটোক অগ্রাহ্য কৰিছিল। ডেৰিডাৰ মতে পশ্চিমীয়া দৰ্শনে উপস্থিতি আৰু অনুপস্থিতি, দেহ আৰু মন, গঠন আৰু বিষয়বস্তু, ভাল আৰু বেয়া, বক্তৃতা আৰু লিখিত ইত্যাদিৰ যুগ্ম চমকনিৰ ওপৰত বিশ্বাস কৰে যিটোৱে প্ৰথম স্তম্ভ হিচাপে পিছৰটোত গুৰুত্ব প্ৰদান কৰে।

(খ) ৰুচোৰ প্ৰকৃতিবাদ আৰু আদৰ্শবাদলৈ ডেৰিডাৰ প্ৰতিক্ৰিয়া 

Derrida’s reaction to Rousseau’s Naturalism and Idealism.

উত্তৰঃ প্রকৃতিবাদৰ ইংৰাজী প্ৰতিশব্দ হৈছে Naturalism। সাধাৰণ দৃষ্টিত প্রকৃতিবাদ বুলিলে প্ৰকৃতিৰ পৰা আহৰণ কৰা জ্ঞানকে বুজায়। ঠিক তেনেদৰে শিক্ষাক্ষেত্ৰত প্ৰকৃতিবাদ বুলি কওঁতে প্ৰকৃতিৰ বুকুত থাকি মুক্তভাৱে প্ৰকৃতিৰ পৰা জ্ঞান আহৰণ কৰা কৌশলকে বুজোৱা হয়। প্রকৃতিবাদী সকলে বিশ্বাস কৰিছিল যে প্রাকৃতিকভাৱে শিক্ষাক্ষেত্ৰত আহৰণ কৰা জ্ঞানসমূহ সদায়ে স্থায়ী প্ৰকৃতিৰ আৰু সত্য হয়। গতিকে প্রকৃতিবাদী দার্শনিক সকলে প্ৰকৃতিবাদক শিক্ষাদানৰ এক কৌশল হিচাপে দাবী কৰাৰ উদাহৰণো দেখিবলৈ পোৱা যায়।

জেকচ ডেৰিডাই প্রকৃতিবাদ তত্ত্ববৰ সম্পৰ্কত মন্তব্য কৰে যে তেওঁৰ নিগঠনতন্ত্ৰবাদ তত্ত্বৰ লগতে ৰুচোৰ প্ৰকৃতিবাদ তত্ত্বৰ মিন আছে। ডেৰিডাই নিগঠনতন্ত্রবাদত ৰুচোৰ প্ৰকৃতিবাদৰ দৰে প্ৰকৃতিৰপৰা শিক্ষা আহৰণত গুৰুন্ধ প্ৰদান কৰিছে। তদুপৰি ৰুচোৰ প্ৰকৃতিবাদৰ দৰে তেওঁৰ নিগঠনতন্ত্রবাদতো এটা শব্দত প্ৰাকৃতিকভাৱে বহু অৰ্থ প্ৰকাশ কৰাৰ কথা উল্লেখ কৰিছে। তেওঁ মতপোষণ কৰে যে এই অৰ্থসমূহ কেৱল । পৰিস্থিতি আৰু সময় সাপেক্ষে বেলেগ বেলেগ হয়। ডেৰিডাই এই কথাও উল্লেখ কৰিছে যে ৰুচোৰ প্ৰকৃতিবাদ অৱধাৰণাটো শিক্ষাক্ষেত্ৰত অতি ফলপ্ৰসূ তথা গুৰুত্বপূৰ্ণ পদ্ধতি। তেওঁৰ মতে শিক্ষাৰ ক্ষেত্ৰত প্ৰকৃতিবাদ তত্ত্বৰ প্ৰয়োগে শিক্ষা জগতলৈ যথেষ্ট পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব।

আদর্শবাদৰ ইংৰাজী প্রতিশব্দ হৈছে Idealism। সাধাৰণ দৃষ্টিভঙ্গী আদর্শবাদ মানে হৈছে আধ্যত্মবাদৰ ওপৰত অধিক গুৰুত্ব দিয়া। আদর্শবাদীসকলে বিশ্বাস কৰে যে প্ৰকৃতিৰ দৃশ্যমান বস্তুসমূহ সত্য নহয়। চিন্তা আৰু আধ্যাত্মিক উপলব্ধিহে সত্য। সেয়ে তেওঁলোকৰ মতে শিক্ষাৰ সহায়ত আধ্যাত্মিক দিশৰ বিকাশ সাধনত গুৰুত্ব দিব লাগে।

জেকচ ডেৰিডাই ৰুচোৰ আদৰ্শবাদ (Idealism)ৰ অৱধাৰণাটোৰ লগত তেওঁৰ নিগঠনতন্ত্রবাদ (Deconstruction) আৰু লগচেনট্রিজন অৱধাৰণা মিল আছে বুলি মন্তব্য কৰে। তেওঁৰ মতে নিগঠনতন্ত্রবাদত যিদৰে বহুত অৰ্থ প্ৰকাশ পায় ঠিক সেইদৰে আদৰ্শবাদেও বিভিন্ন অৰ্থ প্ৰকাশ কৰে৷ বিশেষকৈ আদর্শবাদত কোনো এটা বিষয় জনাৰ আগতে বিষয়টোৰ ওপৰত এটা ধাৰণা। কৰি লোৱা হয়। ডেৰিডাই ৰুচোৰ আদর্শবাদৰ সম্পৰ্কত কয় যে আদর্শবাদ শিক্ষণ পদ্ধতিৰ সহায়ত শিক্ষার্থীসকলে শিক্ষা গ্ৰহণ কৰিলে শুদ্ধভাৱে জ্ঞান আহৰণ কৰিব পাৰিব। তেওঁ ৰ মতে আদর্শবাদৰ সহায়ত কোনো বিষয়ৰ জ্ঞান আহৰণ কৰাৰ আগতে এটা ধাৰণা কৰি লোৱা হয়। তেনে কৰিলে শিক্ষার্থীসকল জ্ঞান লাভৰ প্ৰতি তথা বিষয়টো জনাৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠে। যাৰ ফলস্বৰূপে শিক্ষার্থীসকলে অতি সহজতে শুদ্ধকৈ জ্ঞান আহৰণ কৰিব পাৰিব।

জেকচ ডেৰিডাই ৰুচোৰ প্ৰকৃতিবাদ আৰু আদৰ্শবাদৰ ওপৰত অতি গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰিছে। যিয়ে প্রকৃতিবাদ আৰু আদৰ্শবাদক জনপ্ৰিয় কৰি তোলাত সহায়ক হৈছে।

(গ) স্বাধীনতা আৰু ব্যক্তিত্ববাদৰ ওপৰত চাৰট্টেৰ ধাৰণা 

Sartre’s idea of freedom and Individualism. 

উত্তৰঃ (ক) স্বাধীনতাৰ ধাৰণা :- স্বাধীনতা বা স্বাতন্ত্যৰ ইংৰাজী প্ৰতিশব্দ হ’ল Freedom। সাধাৰণ দৃষ্টিত স্বাধীনতা বুলি কওঁতে আন অধিকাৰসমূহক কোনো ধৰণৰ খৰ্ব বুজায়। বিখ্যাত দার্শনিক জিন পল চাৰট্ৰেই অস্তিত্ববাদৰ আধাৰত স্বাধীনতাৰ অৰ্থ বুজাবলৈ গৈ মন্তব্য তথা স্বাধীনতাৰ অৰ্থ প্ৰকাশ কৰে এনেদৰে – স্বাধীনতা হৈছে এনে এক অবস্থা বা পর্যায় যি অৱস্থা বা পৰ্যায়ত ব্যক্তিসকলে নিজৰ অস্তিত্বক প্রাধান্য দি তথা দায়িত্ব হিচাপে লৈ সমাজত মুক্তমনেৰে ঘূৰিব পাৰে। অৰ্থাৎ তেওঁৰ মতে স্বতন্ত্রতা বা স্বাধীনতা হ’ল এনে এক প্রক্রিয়া বা অৱস্থা য’ত ব্যক্তিসকলে নিজৰ ইচ্ছা-আকাংক্ষা বা লক্ষ্যত সফলভাৱে উপনীত হব’ৰ বাবে বা নিজৰ লক্ষ্য অনুসৰি বিচৰণ কৰিবৰ বাবে নিজকে সংকল্পবদ্ধভাৱে প্ৰস্তুত কৰি তোলে।

উদাহৰণস্বৰূপে কব’লৈ গলে এজন ব্যক্তিয়ে যদি নিজকে শিক্ষক হিচাপে সমাজত প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেনেহলে তেওঁ নিজৰ লক্ষ্যক বা অস্তিত্বক গুৰুত্ব দি আগবাঢ়িৱ লাগিব। যদি বেলেগ লক্ষ্যক বা আন ব্যক্তিৰ লক্ষ্যক অগ্ৰাধিকাৰ দি আগবাঢ়িৱ বিচাৰে তেনে হলে তেওঁ বিফল হ’ব। অর্থাৎ জিন পল চাৰট্ৰেৰ মতে স্বাধীনতা হৈছে নিজৰ অস্তিত্ব তথা লক্ষ্য উদ্দেশ্যক আগত ৰাখি বা দায়িত্ব হিচাপে লৈ কাৰ্যসমূহ কৰি যাবৰ বাবে আৱশ্যক হোৱা এক মুক্ত পৰিৱেশ। তেওঁৰ এই স্বাধীনতাৰ অৱধাৰণাটোক বহু দার্শনিকে ব্যক্তিগত স্বাধীনতা বুলিও মন্তব্য কৰে। 

(খ) ব্যক্তিত্ববাদৰ ধাৰণা :- ব্যক্তিত্বৰাদৰ ইংৰাজী প্ৰতিশব্দ হৈছে Individualism। ব্যক্তিত্ববাদ বুলি কওঁতে সাধাৰণতে ব্যক্তিসকলে স্বাধীন আৰু আত্মনিৰ্ভৰশীলহৈ নিজৰ অস্তিত্ব তথা নিজৰ ইচ্ছা আকাংক্ষা অনুসৰি যিকোনো কার্য সূচাৰূৰূপে সম্পাদন কৰিব পৰা ক্ষমতাক বুজায়। অর্থাৎ ব্যক্তিসকলে নিজৰ ক্ষমতা অনুসৰি যিকোনো কাম কৰিব পৰাকে ব্যক্তিত্ববাদ বুলি কোৱা হয়। ইয়াত ব্যক্তিসকলৰ নিজস্ব লক্ষ্য, উদ্দেশ্য, সামর্থ্য্য, ৰুচিঅভিৰুচি, যোগ্যতা, সম্ভাৱনীয়তা আদিসমূহৰ ওপৰত প্ৰাধান্য দিয়া হয়। বিখ্যাত দার্শনিক জিন পল চাৰট্ৰে দৰ্শনশাস্ত্ৰৰ সহায়ত অস্তিত্বৰাদৰ ওপৰত ভিত্তি কৰি ব্যক্তিবাদ সম্পর্কে নিজস্ব মন্তব্য ব্যক্ত কৰিছে। তেওঁ কয় যে প্রত্যেকজন ব্যক্তিয়েই হৈছে জন্মলগ্নৰে পৰা স্বাধীন।

সেয়েহে তেওঁৰ মতে ব্যক্তিত্ববাদ হৈছেব্যক্তিসকলে নিজৰ প্ৰয়োজনক বুজি স্বাধীনভাৱে আত্মনিৰ্ভৰশীল হ’বলৈ কৰিব পৰা কাৰ্য ক্ষমতা। উদাহৰণ স্বৰূপে যেতিয়া আর্থিক সংকটে দেখা দিয়ে তেতিয়া ব্যক্তিসকলে সেই সংকটক দূৰীকৰণ কৰিবৰ বাবে আত্ম যুঁজত অৱতীৰ্ণ হৈ পৰনিৰ্ভৰশীল নোহোৱাকৈ সেই সমস্যা সমাধান কৰিবলৈ সক্ষম হয়। তাকে ব্যক্তিত্ববাদ বুলি আখ্যা দিয়া হয়। অর্থাৎ প্রত্যেকজন ব্যক্তিয়েই নিজৰ নিজৰ প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে আত্মনিৰ্ভৰশীল হৈ স্বাধীনভাৱে যিকোনো কার্য সম্পাদন কৰিব পৰা ক্ষমতাকে ব্যক্তিত্ববাদ বুলি কোৱা হয়। বিশেষভাৱে এই ব্যক্তিত্ববাদৰ অৱধাৰণাটোৱে ব্যক্তিসকলৰ ব্যক্তিগত গুণসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে বুলি বহুতো দার্শনিকে মত প্রকাশ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top