Great Educators And Educational Thought Unit 1 Ancient Indian Educators and Educational Thoughts

Great Educators And Educational Thought Unit 1 Ancient Indian Educators and Educational Thoughts Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Solutions of Great Educators And Educational Thought Unit 1 Ancient Indian Educators and Educational Thoughts to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Great Educators And Educational Thought Unit 1 Ancient Indian Educators and Educational ThoughtsQuestion Answer can be of great value to excel in the examination.

Great Educators And Educational Thought Unit 1 Ancient Indian Educators and Educational Thoughts

Join Telegram channel

Great Educators And Educational Thought Unit 1 Ancient Indian Educators and Educational Thoughts Notes cover all the exercise questions in UGC Syllabus. The Great Educators And Educational Thought Unit 1 Ancient Indian Educators and Educational Thoughts provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Ancient Indian Educators and Educational Thoughts

EDUCATION

মহান শিক্ষাবিদ আৰু শৈক্ষিক চিন্তাধাৰা

GREAT EDUCATORS AND EDUCATIONAL THOUGHTS


১. অদ্বৈত বেদান্ত প্রতিষ্ঠাপক কোন আছিল? 

Who was the propounder of Advaita Vedanta?

উত্তৰঃ শংকৰাচাৰ্য।

২. শংকৰাচাৰ্য কোন আছিল?

উত্তৰঃ শংকৰাচাৰ্য আছিল উচ্চ আধ্যাত্মিক ব্যক্তিত্বৰ অধিকাৰী। তেখেত অসাধাৰণ তীক্ষ্ণ বুদ্ধিৰ গৰাকী আছিল আৰু বিভিন্ন বিভাগৰ জ্ঞান সম্বন্ধীয় বিষয়সমূহৰ সমন্বয় সাধন কৰাত অসীম শক্তি আছিল, যিটোৱে তেওঁক ব্ৰহ্মা বিদ্যাৰ ৰহস্য জনাত সহায় কৰিছিল। তেওঁ বেদান্ত দৰ্শনৰ প্ৰচাৰ তথা ব্যাখ্যা কৰাৰ উপৰিও উত্তৰপুৰুষৰ কামত অহাকৈ আধ্যাত্মিক, ধর্মবিষয়ক তথা আত্মসম্বন্ধীয় শিক্ষাৰ অৱদান আগবঢ়াই থৈ গৈছে। ব্যক্তি আৰু সমাজৰ সুখ শান্তি তথা এক্য সংহতিৰ বাবে কাম কৰা শংকৰচাৰ্য আছিল এজন ধর্ম নিষ্ঠ নেতা।

৩. মায়া কি? 

What is Maya?

উত্তৰঃ শংকৰাচাৰ্যৰ অদ্বৈতবাদক ‘মায়াবাদ’ বা “বিবতবাদ’ বুলিও জনা যায়৷ তেওঁৰ মতে জগতৰ ক্ৰমবিকাশ ব্ৰহ্মৰ পৰাই মায়াৰ যোগেদি হয়। মায়া হ’ল অৱভাস সৃষ্টি কৰা শক্তি। এই শক্তিয়ে জগতৰ বিকাৰ ঘটায় যদিও ব্ৰহ্মৰ কোনো বিকাৰ নঘটে। উদাহৰণ স্বৰূপে যাদুকৰে যেনেকৈ যাদুশক্তিৰদ্বাৰা বিচিত্ৰ বস্তুৰে সাধাৰণ লোকক চমৎকৃত কৰে, কিন্তু নিজে এই বস্তুবোৰ নেদেখে, কিয়নো তেওঁ জানে যে এইবোৰ তেওঁ সৃষ্টি কৰা ভ্ৰম মাত্ৰ ঠিক তেনেকৈয়ে ব্ৰহ্ময়ো শক্তিৰ দ্বাৰা জগত সৃষ্টি কৰিলেও নিজে ইয়াৰ প্ৰভাৱলৈ নাহে ৷ অথ ব্ৰহ্মৰ ওপৰত মায়াৰ কোনো প্ৰভাৱ নাই। যি শক্তিয়ে অসীম আৰু অখণ্ড ব্ৰহ্মক সীমিত আৰু খণ্ডিত কৰে সেয়াই মায়া। মায়াৰ অস্তিত্ব অবিহনে অসীম ব্রহ্ম আৰু অসীম জগতৰ ব্যাখ্যা আগবঢ়াব নোৱাৰি৷

৪. অদ্বৈত বেদান্ত দৰ্শনত শিক্ষকৰ স্থান।

উত্তৰঃ অদ্বৈত শিক্ষাদর্শনে শিক্ষা ব্যৱস্থাত শিক্ষকৰ স্থান গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে। শংকৰাচাৰ্যই শিক্ষকৰ বাবে ‘গুৰু, আচাৰ্য আৰু উপাধ্যায় এই তিনিটা শব্দ ব্যৱহাৰ কৰিছে। তেখেতৰ মতে যিয়ে অজ্ঞতা আৰু মনৰ জটিলতা দুৰ কৰে তেওঁৱেই গুৰু। শিক্ষক জন ছাত্ৰৰ বাবে আধ্যাত্মিক পিতৃ আৰু সকলো জ্ঞানৰ উৎস হয়। আচাযজিনক আচাৰআচৰণ দিশৰ পৰা গন্য কৰা হয়। অথ ধৰ্ম গ্ৰন্থৰ অৰ্থবোৰ নিজৰ আচৰনলৈ পৰিৱৰ্তন কৰা জনেই আচার্য। আৰু যি জন ব্যক্তিয়ে বেদ আৰু আন ধৰ্ম গ্ৰন্থত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে তেওঁৱেই উপাধ্যায়। শংকৰাচাৰ্যই শিক্ষকৰ এনে উজ্জ্বল ব্যক্তিত্বৰ কথা স্বীকাৰ কৰিছিল যি চিন্তা ভাৱনাৰে গম্ভীৰ, আচাৰ-আচৰনেৰে শ্ৰেষ্ঠ আৰু যাৰ জ্ঞানৰ উর্দ্ধতম স্থান স্পষ্ট। শিক্ষকে কেৱল ছাত্ৰক শিক্ষা দিয়াই নহয় বৰং ছাত্ৰক আত্ম উপলব্ধি আৰু পৰম ব্ৰহ্মৰ জ্ঞান লাভ কৰিবলৈ সক্ষম কৰি তোলে। শিক্ষক গৰাকী ছাত্ৰৰ বন্ধু আৰু তত্ত্বাবধায়ক হোৱাৰ উপৰিও ছাত্ৰৰ বাবে এক শক্তি আৰু অযুত প্ৰেৰণাৰ উৎস।

শিক্ষকৰ গুণ আৰু কতবৰি ক্ষেত্ৰত শংকৰাচাৰ্যই উল্লেখ কৰিছে যে—

(১) শিক্ষকে ধর্ম গ্রন্থ সমূহ জনাৰ উপৰিও তেওঁৰ ব্ৰহ্মৰ জ্ঞান থাকিব লাগিব।

(২) শিক্ষক জন নৈতিক গুণৰ অধিকাৰী হব লাগিব।

(৩) তেওঁ মানসিক ভাৱে শান্ত, ইন্দ্ৰিয় সমূহ দমন কৰিব পৰা, বিলাসিতা আৰু অহংকাৰ ভাৱৰ পৰা মুক্ত আৰু আনৰ কল্যাণৰ বাবে দায়িত্বশীল হব লাগিব ৷

(৪) শিক্ষকজনৰ ধৰ্ম সম্পৰ্কীয় জ্ঞান থাকিব লাগিব আৰু সকলো সময়তে সেয়া প্ৰদান কৰিবলৈ সাজু থাকিব লাগিব।

(৫) তেওঁ ছাত্ৰৰ ব্যক্তিত্বক সন্মান কৰিব লাগিব আৰু নিজকে শিক্ষাদানত উচ্চৰ্গা কৰিব লাগিব ।

(৬) শিক্ষকজনৰ ছাত্ৰৰ কোনো বিষয়ত থকা সন্দেহ আৰু আশংকা দুৰ কৰাৰ ।

৫. ব্রহ্ম কি? 

What is Brahma?

উত্তৰঃ ব্ৰহ্ম হ’ল বেদান্ত দৰ্শনৰ প্ৰধান বিষয়। ব্ৰহ্ম হ’ল অদ্বিতীয়,অসীম, সর্বব্যাপী এক সত্তা। শংকৰাচাৰ্যৰ বেদান্ত দর্শন অনুসৰি আত্মা আৰু ব্ৰহ্ম অভিন্ন। আত্মাৰ অন্তিত্বস্বয়ং সিদ্ধ আৰু আত্মাৰ অস্তিত্বতে ব্ৰহ্মৰ অস্তিত্ব । বাহ্যিক জগতৰ বিচিত্ৰতাৰ মাজত যি সৎ, চিৎ আৰু আনন্দ ৰূপে নিত্য, তেওঁৱেই সচিদানন্দ, সেয়াই হ’ল ব্ৰহ্ম । ব্ৰহ্ম দেশ, কাল আৰু নিমিত্ত—এই তিনিওটা লক্ষণ পৰা মুক্ত শংকৰাচাৰ্যই ব্ৰহ্মক ‘দ্বিতীয়হীন’ অৰ্থত ব্যৱহাৰ কৰি ‘অদ্বৈতম’ বুলি অভিহিত কৰিছিল। ব্ৰহ্মৰ দুটা ৰূপ – সগুণ আৰু নিৰ্গুন৷ নিৰ্গুন ব্ৰহ্ম আকাৰহীন, বিকল্পহীন,অবর্ননীয়। সগুণ হ’ল – ঈশ্বৰ।

৬. Acharya Shankar and Ramanuj “ গ্ৰন্থৰ লিখক কোন আছিল? 

Who was the Author of the book “Acharya Shankar and Ramanuj”?

উত্তৰঃ ৰাজেন্দ্ৰ নাথ ঘোষ।

৭. ব্ৰহ্মৰ দুটা ৰূপ কি?

What are the two form of Brahma?

উত্তৰঃ সগুণ আৰু নিৰ্গুন।

৮. শংকৰাচাৰ্যই ব্ৰহ্ম আৰু জগতৰ মাজৰ সম্পৰ্ক কেনেদৰে দেখাইছিল চমুকে বর্ণনা কৰা। 

How did Shankaracharya show the relation between Brahma and the world? Explain shortly.

উত্তৰঃ জগত : শংকৰাচাৰ্যৰ মতে জগতখন মায়াৰ সৃষ্টি। যি শক্তিৰে ব্ৰহ্মই ভ্ৰমৰ সৃষ্টি কৰে সিয়েই মায়া। মায়া আৰু ইশ্বৰ অভিন্ন । জগতৰ এই বিচিত্ৰ ৰূপ মায়াৰ বাবেই সম্ভৱ হৈছে। যি সকলে ব্রহ্ম জ্ঞান লাভ কৰিব পৰা নাই তেওঁলোকৰ বাবে এই জগতেই সত্য। ব্রহ্ম সৃষ্ট জগত সত্য নহয়। শংকৰাচাৰ্যৰ মতে জগত মিছা- মায়া মাত্ৰ। সেয়ে তেওঁৰ মতবাদক ‘মায়া বাদ’, পৰিৱৰ্তন বাদ, অধ্যাসবাদ বুলিও কোৱা হয়। জগতৰ কোনো পৰমাৰ্থিক সত্বা নাই- ব্যৱহাৰিক সত্বাহে আছে।

ব্ৰহ্মঃ ব্রহ্ম হ’ল বেদান্ত দৰ্শনৰ প্ৰধান বিষয়। ব্রহ্ম হ’ল অদ্বিতীয়,অসীম, সর্বব্যাপী এক সত্তা। শংকৰাচাৰ্যৰ বেদান্ত দৰ্শন অনুসৰি আত্মা আৰু ব্ৰহ্ম অভিন্ন। আত্মাৰ অস্তিত্বস্বয়ং সিদ্ধ আৰু আত্মাৰ অস্তিত্বতে ব্ৰহ্মৰ অস্তিত্ব । বাহ্যিক জগতৰ বিচিত্ৰতাৰ মাজত যি সৎ, চিৎ আৰু আনন্দ ৰূপে নিত্য, তেওঁৱেই সচিদানন্দ, সেয়াই হ’ল ব্ৰহ্ম। ব্ৰহ্ম দেশ, কাল আৰু নিমিত্ত-এই তিনিওটা লক্ষণ পৰা মুক্ত শংকৰাচাৰ্যই ব্ৰহ্মক ‘দ্বিতীয়হীন’ অৰ্থত ব্যৱহাৰ কৰি ‘অদ্বৈতম’ বুলি অভিহিত কৰিছিল৷ ব্ৰহ্মৰ দুটা ৰূপ – সগুণ আৰু নিৰ্গুন। নিৰ্গুন ব্ৰহ্ম আকাৰহীন, বিকল্পহীন, অবর্ননীয়। সগুণ হ’ল — ঈশ্বৰ। 

৯. জীৱৰ বন্ধন আৰু মুক্তি সম্পৰ্কীয় অদ্বৈত বেদান্তৰ মতটো ব্যাখ্যা কৰা?

উত্তৰঃ জীৱঃ অদ্বৈত বেদান্তৰ মতে, আত্মা আৰু দেহৰ সমাহাৰেই জীৱ। জীৱ হৈছে জ্ঞাতা, কৰ্তা আৰু ভোক্তা। জীৱ হ’ল বৃত্তি জ্ঞানৰ জ্ঞাতা, সকলো ক্ৰিয়াৰ কৰ্তা আৰু কৰ্মফল ভোক্তা। জীৱ সংখ্যাত অনেক। জীৱ হ’ল গুণ আৰু ক্ৰিয়া সম্পন্ন। ড° ৰাধাকৃষ্ণনৰ মতে, “স্মৃতি আৰু অনুষঙ্গ, পছন্দ আৰু অপছন্দ, পক্ষপাত আৰু উদ্দেশ্যৰ এক সুসংহত সমাহাৰেই হ’ল জীৱ”। (The Individual self is a system of memories and associations, desires and dislike, of preferences and purposes ) । জীৱ দুই প্রকাৰৰ শৰীৰৰ অধিকাৰী। জীৱৰ এটা স্থূল শৰীৰ আৰু এটা সূক্ষ্মশৰীৰ থাকে। জীৱৰ মৃত্যু হ’লে স্থূল শৰীৰ নষ্ট হয় কিন্তু সূক্ষ্ম শৰীৰ বিনষ্ট নহয়৷ মৃত্যুৰ পাছত সূক্ষ্ম শৰীৰ আত্মাৰ লগত সংশ্লিষ্ট হৈ থাকে। মৃত্যু হ’লে জীৱৰ সূক্ষ্ম শৰীৰে এটা স্থূল শৰীৰ ত্যাগ কৰি আন এটা স্থূল শৰীৰত প্ৰৱেশ কৰে। মোক্ষ লাভ কৰিলে সূক্ষ্ম শৰীৰৰ পৰা আত্মাপৃথক হয় আৰু শুদ্ধ স্বৰূপে অৱস্থান কৰে। জীৱৰ স্থূল শৰীৰ হৈছে ক্ষিতি, অপ, তেজ, মৰুৎ, আকাশ আদি পঞ্চকমেন্দ্রিয়, পঞ্চপ্রাণ, মন আৰু বুদ্ধি। জীৱ হ’ল আত্মা আৰু জড়ং সংমিশ্রণ। স্থূল শৰীৰ আৰু সূক্ষ্ম শৰীৰ উভয়েই জড়াত্মক।

অদ্বৈত বেদান্তৰ মতে, অদ্বয় ব্ৰহ্মই হ’ল একমাত্র সত্য। পাৰমাৰ্থিক দিশত জীৱৰ কোনো স্বতন্ত্র সত্তা নাই। জীৱই প্ৰকৃততে ব্ৰহ্ম ৷ জীৱ আৰু ব্ৰহ্ম স্বৰূপতে অভিন্ন। উপাধি যুক্ত ব্রহ্ম বা আত্মাই হ’ল জীৱ। ‘অহংব্ৰহ্মাষ্মি’। অবিদ্যা বা মায়া সংশ্লিষ্ট আত্মাই জীৱ। মায়াৰ বাবেই নিৰ্গুণ ব্রহ্মই সগুণ ব্রহ্ম বা ঈশ্বৰ ৰূপে প্ৰতীত হয়। আকৌ মায়া বা অবিদ্যাৰ প্ৰভাৱতেই সগুণ ব্ৰহ্ম বা ঈশ্বৰ বহু জীৱৰূপে প্ৰতিভাত হয় । মন ৰূপী উপাধিৰ দ্বাৰা উপহিত হোৱাৰ ফলত অদ্বয় ব্ৰহ্ম বহু জীৱৰূপে প্রতিভাত হয়। ব্যৱহাৰিক দিশত সংসাৰী বা বদ্ধজীৱ জ্ঞাতা-কৰ্তাভোক্তা আৰু সংখ্যাত বহুত। কিন্তু পৰমাৰ্থিক দিশত ব্ৰহ্ম ভিন্ন জীৱৰ কোনো স্বতন্ত্র সত্তা নাই। আত্মা বা ব্ৰহ্ম স্মৰূপত নিত্য, শুদ্ধ, মুক্ত আৰু অদ্বয়। শুদ্ধ আত্মা জ্ঞাতা, কৰ্তা আৰু ভোক্তা নহয়। শুদ্ধ আত্মা চৈতন্যস্বৰূপ বা জ্ঞানস্বৰূপ। মায়াৰ প্ৰভাৱত শুদ্ধ আত্মা মন বা অন্তঃকৰণৰ লগত সংশ্লিষ্ট হোৱা বাবে জীৱৰূপে প্ৰতীত হয়। মোক্ষ লাভ হ’লে অন্তঃকৰণৰ লগত জীৱৰ সম্বন্ধ ছিন্ন হয় আৰু আত্মা ৰূপে অৱস্থান কৰে।

জীৱৰ ব্যৱহাৰিক জীৱনত ঘাইকৈ চাৰিটা অৱস্থা লক্ষ্য কৰা হয় ৷ সেই চাৰিটা অৱস্থা হ’ল- জাগ্ৰত অৱস্থা, স্বপ্ন অৱস্থা, সুযুপ্তি অৱস্থা আৰু তুৰীয়া অৱস্থা। এই চাৰিটা অৱস্থাৰ মাজত অনুবৰ্তমান হৈছে শুদ্ধ চৈতন্য। নির্বিশেষ শুদ্ধ চৈতন্য হৈছে আত্মা বা ব্ৰহ্ম। জীৱৰ সকলো অৱস্থাতেই চেতন্য স্বৰূপ আত্মা বিৰাজমান থাকে। চাৰিটা অৱস্থাত অবাধিত ৰূপে থকা আত্মা বা ব্ৰহ্মই পৰমতত্ত্ব বা পৰমাৰ্থ সৎ ৷ জীৱ স্বৰূপতে ব্ৰহ্মই। অবিদ্যা বা মায়াৰ প্ৰভাৱত জীৱই নিজকে অহংজ্ঞানৰ জ্ঞাতা-কৰ্তা-ভোক্তাৰূপে ভাবিলেও ব্ৰহ্মস্বৰূপ জীৱ কেতিয়াও নিজৰ স্বৰূপৰ পৰা বিচ্যুত নহয়৷ তত্ত্বজ্ঞান বা ব্ৰহ্মজ্ঞানৰ দ্বাৰা অবিদ্যা দূৰ হ’লে জীৱই তাৰ ব্ৰহ্মস্বৰূপতা উপলব্ধি কৰে। প্ৰকৃততে জীৱ সকলো সময়তে ব্ৰহ্মস্বৰূপে অৱস্থান কৰে, কিন্তু সংসাৰৰ মায়া বা অবিদ্যাৰ প্ৰভাৱত ব্ৰহ্মস্বৰূপতা আবৃত থাকে বাবে ইয়াক উপলব্ধি নকৰে। সেই বাবে উপলব্ধি নকৰিলেও সংসাৰত জীৱ নিত্য শুদ্ধ-বুদ্ধ-মুক্ত অৱস্থাতেই বিৰাজমান থাকে। ‘তত্বমসি’ বেদান্ত বাক্যত জীৱ আৰু ব্ৰহ্মৰ এই অভিন্নতাৰেই উল্লেখ কৰা হৈছে। ইয়াত ‘তত’ আৰু ‘ত্বম’ শব্দ দুটাই এক আৰু অভিন্ন পদার্থকেই বুজায়। ‘তৎ’ পদৰ দ্বাৰা চৈতন্যস্বৰূপ ব্ৰহ্মক আৰু ‘ত্বম্’ পদৰ দ্বাৰা জীৱৰ অন্তনিহিত শুদ্ধচৈতন্যকে বুজায়। অৰ্থাৎ ‘তৎ’ আৰু ‘ত্বম’ উভয় পদেই জীৱ আৰু ব্ৰহ্মৰ অভেদ্যতা প্ৰতিপন্ন কৰে। অৱশ্যে জীৱ স্বৰূপতে ব্ৰহ্ম হ’লেও ব্ৰহ্মৰ বিবৰ্ত ৰূপে জীৱ বা সংসাৰী জীৱ ব্ৰহ্মৰ পৰা ভিন্ন।

জীৱ আৰু ব্ৰহ্মৰ ব্যৱহাৰিক ভেদ স্বীকাৰ কৰা হয়। অদ্বৈত বেদান্তত জীৱ আৰু ব্ৰহ্মৰ ব্যৱহাৰিক ভেদ সম্পৰ্কে দুটা মতবাদ আছে- 

(ক) প্ৰতিবিম্ব বাদ । আৰু 

(খ) অৱচ্ছেদবাদ। 

প্রতিবিম্ববাদ অনুসৰি জীৱ হৈছে ব্ৰহ্মৰ প্ৰতিবিম্ব। ব্ৰহ্ম বিম্ব। জীৱ প্ৰতিবিম্ব। অদ্বয় ব্রহ্ম মায়াসৃষ্ট অন্তঃ কৰণত প্ৰতিবিম্বিত হৈ বহুজীৱৰূপে প্ৰতিভাত হয়। জীৱ ব্ৰহ্মৰ অৱভাস মাত্র ৷ আনহাতে,অবচ্ছেদবাদ মতে, জীৱ হ’ল অদ্বয় আৰু অখণ্ড ব্ৰহ্মৰ খণ্ড বা আংশিক অভিব্যক্তি। বহু অন্তঃকৰণৰ আৱেষ্টনীত আৱদ্ধ হৈ এক আৰু অখণ্ড ব্ৰহ্মই বহু জীৱৰূপে প্ৰতিভাত হয়৷ জীৱ হ’ল অদ্বয়, বিভ বৰ্মাৰ আংশিক প্ৰকাশ। অস্তঃকৰণ হৈছে মায়া বা অবিদ্যাৰ সৃষ্টি। তত্ত্বজ্ঞান বা ব্ৰহ্ম জ্ঞানৰ দ্বাৰা অবিদ্যা নাশ হ’লে অন্তঃকৰণৰূপী অৱচ্ছেদ অপসাৰণ হয় আৰু তেতিয়াই জীৱই ব্ৰহ্মস্বৰূপতা উপলব্ধি কৰে। জীৱ আৰু ব্ৰহ্মৰ সম্বন্ধৰ বিষয়ে এই দুটা মতবাদৰ ভিতৰত অৱচ্ছেদবাদকেই বেছি যুক্তিযুক্ত বুলি কোৱা হয়।

(৯) জীৱন মুক্তিৰ ধাৰণা :- অদ্বৈত বেদান্তৰ এটা উল্লেখ যোগ্য ধাৰণা হ’ল জীৱন মুক্তিৰ ধাৰণা। জীৱন মুক্তিৰ বিষয়ে আলোচনা কৰাৰ আগতে জীৱৰ বন্ধন আৰু মুক্তিৰ দিশটো আলোকপাত কৰাৰ প্ৰয়োজন ৷ জীৱ স্বৰূপতে ব্ৰহ্ম বা আত্মা। আত্মা নিত্য, শুদ্ধ, বুদ্ধ, অদ্বয়। আত্মা নিত্য মুক্ত। সেইবাবে ব্ৰহ্মস্বৰূপ জীৱ সদামুক্ত। স্বৰূপতে জীৱৰ বন্ধন দশা নাই। মায়া বা অবিদ্যাৰ প্ৰভাৱত জীৱই নিজৰ স্বৰূপ বিস্মৃত হয় আৰু অনাত্মা দেহৰ লগত নিজকে এক বুলি ভাৱে। অবিদ্যাৰ বাবে ব্ৰহ্মস্বৰূপ জীৱই নিজকে অহংজ্ঞানৰ জ্ঞাতা, কৰ্তা আৰু ভোক্তা বুলি ভাৱে। অবিদ্যাৰ বশৱৰ্তী হৈ জীৱই ইন্দ্ৰিয় সুখকে কাম্য বুলি ভাৱি সুখৰ আশাতে কৰ্ম কৰে। কৃতকৰ্মৰ ফলভোগৰ বাবে সংসাৰ বন্ধনত আৱদ্ধ হয় আৰু নানা কষ্ট ভোগ কৰে। অনাদিকালৰ পৰা এই সংসাৰ বন্ধন জন্ম-জন্মান্তৰ প্ৰৱাহেই জীৱৰ বন্ধন দশা। জীৱৰ বন্ধন দশাৰ মূল কাৰণ হ’ল অবিদ্যা। অবিদ্যাৰ বাবেই জীৱই মিথ্যা বস্তুক সত্য বুলি ভাবি তাক কামনা কৰে, অনিত্য বস্তুক নিত্য বুলি ভাবি তাৰ প্ৰতি আকৃষ্ট হয়। ফলস্বৰূপে, জীৱৰ ব্ৰহ্মস্বৰূপতা বিস্মৃত হয়। ব্ৰহ্মস্বৰূপতা সম্পর্কে অজ্ঞতাই হ’ল জীৱৰ বন্ধনৰ কাৰণ।

প্ৰকৃততে জীৱই ব্ৰহ্ম। জীৱ স্বৰূপতে সদামুক্ত। জীৱ ব্ৰহ্মস্বৰূপ হ’লেও অবিদ্যাবশত জীৱই বদ্ধাৱস্থা প্রাপ্ত হয় ৷ অৱশ্যে অবিদ্যা আঁতৰ হ’লে জীৱই নিজৰ ব্ৰহ্মস্বৰূপতা উপলব্ধি কৰে। অবিদ্যা দূৰ হ’লে জীৱৰ ব্ৰহ্মস্বৰূপতা উপলব্ধি বা ব্ৰহ্ম সাক্ষাৎকাৰেই হ’ল মুক্তি বা মোক্ষ। মুক্ত জীৱই ‘মই নিত্য, শুদ্ধ বুদ্ধ, মুক্ত ব্ৰহ্ম’- এই সত্য উপলব্ধি কৰে। ‘অয়ম ব্রহ্মাস্মি’ বা ‘ময়েই সচ্ছিদানন্দ স্বৰূপ ব্ৰহ্ম’। মুক্ত জীৱই ব্ৰহ্মৰ লগত অভিন্নতা উপলব্ধি কৰে। জীৱৰ স্বৰূপত বা ব্ৰহ্মস্বৰূপত অৱস্থানেই হৈছে মুক্তি। অজ্ঞানতাৰ অৱসান হ’লে, জ্ঞানৰ উদয় হ’লে জীৱ ব্ৰহ্মৰ লগত অভিন্ন হৈ পৰে। ব্ৰহ্মজ্ঞানীজন ব্ৰহ্মস্বৰূপেই অৱস্থান কৰে (ব্ৰহ্মবিদ ব্ৰহ্মৈ ভৱতি) অৱশ্যে জীৱৰ মুক্তি বা মোক্ষ লাভ কৰিব লগা বিষয় নহয়। জীৱই নিজৰ স্বৰূপ সম্পর্কে বিস্মৃত হয়। বিস্মৃতিৰ অপমসাৰণেই মুক্তি। অদ্বৈত বেদান্ত মতে, মুক্তি এক আনন্দময় অৱস্থা। মুক্তাৱস্থাত জীৱই নিজৰ স্বৰূপত, সৎ-চিৎ আৰু আনন্দস্বৰূপে বিৰাজ কৰে। মুক্ত জীৱৰ অহংভাৱ নাথাকে-কেৱল চেতনানন্দ স্বৰূপে অৱস্থান কৰে।

শঙ্কৰাচাৰ্য্যৰ মতে-মুক্তি দুই প্রকাবৰ আছে। সেই কেইটা হ’ল-

(১) জীৱন মুক্তি । আৰু 

(২) বিদেহ মুক্তি। 

জীৱিত অৱস্থাত ব্ৰহ্মস্বৰূপতাৰ উপলব্ধিকেই জীৱন মুক্তি বোলা হয়। আনহাতে, মৃত্যুৰ পাছত স্থূল আৰু সূক্ষ্মদেহৰ বিনাশ হ’লে, ব্ৰহ্ম স্বৰূাপতাৰ উপলব্ধিক বিদেহ মুক্তি বোলা হয়। জীৱন মুক্তিৰ ক্ষেত্ৰত জীৱৰ দেহ বিনষ্ট নহ’লেও জীৱই আত্মা আৰু অনাত্মাৰ মাজত ভেদ উপলব্ধি কৰে। জীৱনমুক্ত জীৱই অবিদ্যাজনিত ভ্ৰমত বিভ্রান্ত নহয়৷ জীৱন মুক্তি অৱস্থা লাভ কৰা জীৱ গীতাত উল্লেখ কৰা স্থিত প্রজ্ঞৰ সমতুল্য হয়। অর্থাৎ তেনে জীৱৰ প্রজ্ঞা স্থিৰ হয়। বৈষয়িক সুখ-দুখ আদিয়ে তেনে জীৱক স্পৰ্শ নকৰে। জীৱনমুক্ত ব্যক্তিয়ে ইইলৌকিক আৰু পৰলৌকিক সুখৰ প্ৰতি আকৃষ্ট নহয়। তেওঁ আত্মানন্দতেই তৃপ্ত হৈ থাকে। তেওঁ সুখ-দুখত সমভাৱ পোষণ কৰে ৷ সুখত উত্তাৱল নহয় আৰু দুঃখত ভাগি নপৰে। জীৱনমুক্ত ব্যক্তি দেহধাৰী হৈ সংসাৰত অৱস্থান কৰিও ব্ৰহ্মস্থিতি লাভ কৰে। এনে বহ্মস্থিতিক মুক্তি বোলা হয়।

জীৱন মুক্ত জীৱৰ দুটা অৱস্থা লক্ষ্য কৰা হয়। সেইকেইটা হ’লসমাধি আৰু বুখান। সমাধি স্তৰত জীৱ নিজেই ব্ৰহ্মবিদৰূপে ব্ৰহ্মসাক্ষাৎকাৰ কৰে। যিজন ব্ৰহ্মবিদ তেৱেই ব্ৰহ্ম। বুখান স্তৰত, সমাধিভঙ্গৰ পাছত তেওঁ সংসাৰত অৱস্থান কৰিও অবিদ্যাজনিত ভ্ৰমত বিভ্ৰান্ত নহয়। তেওঁ সংসাৰত কৰ্ম সাধন কৰে যদিও কৰ্মফলৰ বাসনা ত্যাগ কৰে।

এনেদৰে কৰ্মফলৰ বাসনা ত্যাগ কৰি কৰা কৰ্মক নিষ্কাম কৰ্ম বোলা হয়। নিষ্কাম কৰ্ম কৰিলেও কর্মফল ভোগৰ বাবে জীৱই পূৰ্নজন্ম গ্ৰহণ কৰিব নালাগে। দেহ বিনষ্ট হোৱাৰ পাছত এনে জীৱনমুক্ত জীৱই বিদেহ মুক্তি লাভ কৰে। আচাৰ্য্য শঙ্কৰৰ মতে, জ্ঞানেই হ’ল মুক্তিৰ একমাত্র উপায়। জ্ঞানেই মুক্তি-‘জ্ঞানং হি কৈবল্যম’। অবিদ্যাই বন্ধন সকাম কৰ্ম বন্ধনৰ কাৰণ। যাগযজ্ঞ নাইবা ঈশ্বৰ উপাসনাৰ দ্বাৰাও ব্ৰহ্ম সাক্ষাৎকাৰ সম্ভৱ নহয়। অৱশ্যে, প্ৰথম অৱস্থাত ঈশ্বৰ উপাসনাৰ প্ৰয়োজন আছে। উপাসনাৰ যোগেদি জীৱই লাহে লাহে জীৱ— ব্ৰহ্মৰ ভেদৰ মিথ্যাত্ব উপলব্ধি কৰি আত্মা জ্ঞান বা ব্রহ্মজ্ঞান লাভ কৰিবলৈ সমর্থ হয়। আত্মজ্ঞান বা ব্ৰহ্মজ্ঞানেই হ’ল মুক্তিৰ উপায়। এই আত্মজ্ঞান লাভৰ বাবে চিত্ত শুদ্ধি সাধন আৰু শ্ৰৱণ-মনন-নিদিধ্যাসনৰ প্ৰয়োজন।

চিত্ত শুদ্ধিৰ বাবে বিধি সন্মত কৰ্ম কৰিব লাগে। শাস্ত্রবিহিত কর্ম তিনি প্ৰকাৰৰ আছে— নিত্য কৰ্ম, নৈমিত্তিক কৰ্ম আৰু কাম্যকৰ্ম। স্নান, আচমন প্রভৃতিয়েই হ’ল নিত্যকর্ম। শ্রাদ্ধাদি কৰ্মক নৈমিত্তিক কর্ম বোলা হয়। পশু, পুত্রলাভ বা স্বৰ্গলাভৰ বাবে যাগযজ্ঞ কৰাই হ’ল কাম্যকৰ্ম। এই তিনিবিধ কৰ্মৰ বাহিৰে আন এক প্ৰকাৰৰ কৰ্ম হ’ল-নিষিদ্ধ কর্ম। কাম্যকৰ্ম আৰু নিষিদ্ধ কৰ্ম মুক্তিলাভৰ অন্তৰায়। নিষিদ্ধ কর্মই চিত্ত কলুষিত কৰে। কাম্যকৰ্মই জন্ম-জন্মন্তৰ প্ৰৱাহ অব্যাহত ৰাখে। গতিকে, এই দুই প্রকাৰৰ কৰ্ম বৰ্জন কৰিব লাগে। নিত্য আৰু নৈমিত্তিক কর্ম মুক্তি লাভৰ বাবে প্ৰয়োজন ৷ 

ফলাকাংক্ষাবৰ্জিত নিত্য নৈমিত্তিক কৰ্মৰ দ্বাৰা চিত্ত শুদ্ধি ঘটে। কেৱল শুদ্ধ চিত্ততেই ব্ৰহ্মজিজ্ঞাসাই দেখা দিয়ে।

চিত্ত শুদ্ধি হোৱাৰ পাছত মুক্তি কামীয়ে সাধন কৰিব লাগে । সাধন চাৰিবিধ-নিতানিত্যবস্তু বিবেক, ইহামূত্ৰাৰ্থাভোগ-বিৰাগ, শমদমাদিসাধন আৰু মুমুক্ষুত্ব৷ এই চাৰি প্ৰকাৰ সাধনক একেলগে সাধন চতুষ্টয় বোলে। নিত্য আৰু অনিত্য বস্তুৰ ভেদজ্ঞানক নিত্যানিত্যবস্তু বিবেক বোলা হয়। ইহকাল আৰু পৰকালৰ সকলো প্ৰকাৰৰ ভোগত উদাসীন হোৱাকে ইহমূত্ৰাৰ্থাভোগ-বিৰাগ বোলে। ইন্দ্রিয়- সংযম, মনঃ সংযোগ, ধৈর্য, সহিষ্ণুতা, ভোগবিৰাগ, শাস্ত্ৰ আৰু গুৰু বাক্যতবিশ্বাস, অনুকূল বিষয়চিত্তাক শমদমাদিসাধন বোলে। আনহাতে, মুক্তিলাভৰ প্ৰৱল বাসনাকেই মুমুক্ষুত্ব বোলা হয়।

সাধন চতুষ্টয়ৰ অভ্যাসৰ পাছত মুক্তিকামীয়ে শ্ৰৱণ, মনন আৰু নিদিধ্যাসন কৰিব লাগে। মোক্ষার্থীয়ে অতি শ্রদ্ধা সহকাৰে তত্ত্বদর্শী গুৰুৰওচৰত আত্মাতত্ব শ্ৰৱণ কৰিব লাগে। ‘তত্ত্বমসি’, ‘সর্বং খলি.দং ব্ৰহ্ম’ আদি আত্মাতত্ত্ব বিষয়ক কথা শ্ৰৱণ মুক্তি কামীৰ বাবে অতি প্রয়োজনীয়। আত্মাতত্ত্ব বা ব্রহ্ম তত্ত্ব শ্ৰৱণ কৰাৰ পাছত সেই তত্ত্বৰ তাৎপর্য নিৰ্ণয়ৰ বাবে বিচাৰ বিশ্লেষণ কৰিব লাগে। ইয়াকেই মনন বোলে। মননৰ পাছত ধ্যানৰ সহায়ত ব্ৰহ্ম তত্ত্বক অন্তৰত নিয়ত-ধাৰণ কৰি তাৰ সাক্ষাৎকাৰ কৰি ল’ব লাগে। ইয়াক নিদিধ্যাসন বোলে। নিদিধ্যাসনত ব্ৰহ্ম সাক্ষাৎকাৰেই হ’ল ব্ৰহ্মোপলব্ধি বা মুক্তি।

১০. শংকৰাচাৰ্যৰ অদ্বৈত বেদান্তৰ মুল নীতিসমূহ আলোচনা কৰা।

Describe the basic tenets of Shankarachaya’s Advaita Vedanta?

উত্তৰঃ শংকৰাচাৰ্যৰ অদ্বৈত বেদান্তৰ মূলনীতি হিচাপে জগত, ব্ৰহ্ম, ইশ্বৰ আত্মা, মায়া জীৱ আৰু সন্দৰ্ভত উল্লেখ কৰা ধাৰণা সমূহ হল—

১। জগত :- শংকৰাচাৰ্যৰ মতে জগতখন মায়াৰ সৃষ্টি। যি শক্তিৰে ব্ৰহ্মই ভ্ৰমৰ সৃষ্টি কৰে সিয়েই মায়া। মায়া আৰু ইশ্বৰ অভিন্ন । জগতৰ এই বিচিত্ৰ ৰূপ মায়াৰ বাবেই সম্ভৱ হৈছে। যি সকলে ব্রহ্ম জ্ঞান লাভ কৰিব পৰা নাই তেওঁলোকৰ বাবে এই জগতেই সত্য। ব্ৰহ্ম সৃষ্ট জগত সত্য নহয়৷ শংকৰাচাৰ্যৰ মতে জগত মিছা- মায়া মাত্ৰ। সেয়ে তেওঁৰ মতবাদক ‘মায়া বাদ’, পৰিৱৰ্তন বাদ, অধ্যাসবাদ বুলিও কোৱা হয়। জগতৰ কোনো পৰমাৰ্থিক সত্বা নাই- ব্যৱহাৰিক সত্বাহে আছে।

২। ব্ৰহ্ম :- ব্ৰহ্ম হ’ল বেদান্ত দৰ্শনৰ প্ৰধান বিষয়। ব্ৰহ্ম হ’ল অদ্বিতীয়,অসীম, সর্বব্যাপী এক সত্তা। শংকৰাচাৰ্যৰ বেদান্ত দৰ্শন অনুসৰি আত্মা আৰু ব্ৰহ্ম অভিন্ন। আত্মাৰ অন্তিত্বস্বয়ং সিদ্ধ আৰু আত্মাৰ অস্তিত্বতে ব্ৰহ্মৰ অস্তিত্ব । বাহ্যিক জগতৰ বিচিত্ৰতাৰ মাজত যি সৎ, চিৎ আৰু আনন্দ ৰূপে নিত্য, তেওঁৱেই সচিদানন্দ, সেয়াই হ’ল ব্ৰহ্ম । ব্ৰহ্ম দেশ, কাল আৰু নিমিত্ত-এই তিনিওটা লক্ষণ পৰা মুক্ত শংকৰাচাৰ্যই ব্ৰহ্মক ‘দ্বিতীয়হীন’ অৰ্থত ব্যৱহাৰ কৰি ‘অদ্বৈতম’ বুলি অভিহিত কৰিছিল ৷ ব্ৰহ্মৰ দুটা ৰূপ – সগুণ আৰু নিৰ্গুন। নিৰ্গুন ব্ৰহ্ম আকাৰহীন, বিকল্পহীন, অবর্ননীয়। সগুণ হ’ল – ঈশ্বৰ।

৩। ঈশ্বৰ :- শংকৰচাৰ্যৰ মতে মায়া বা ভ্ৰমৰ দ্বাৰা আবৰণ বা ঢাকি দিয়াৰ পিছত ব্ৰহ্মক যি সগুন ৰূপত ধৰি লোৱা হয় সেয়াই ঈশ্বৰ। তেওঁৰ মতে “ ভ্ৰম সহিত ব্ৰহ্মই হৈছে ইশ্বৰ” [Brahma with illusion is Ishwar] ।’ঈশ্বৰ হৈছে বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টিকর্তা, ৰক্ষা কৰোতা আৰু ধ্বংস কৰোতা। অৱশ্যে শংকৰাচাৰ্যই কব খোজে যে এই জগতখনেই হৈছে কাল্পনিক, একমাত্র ব্রহ্মই হৈছে সত্য আৰু ইশ্বৰ হৈছে ব্ৰহ্মৰ এক কাল্পনিক ৰূপ বা মায়া৷ ব্ৰহ্ম হৈছে নিগুন, নিৰাকাৰ আনহাতে ষ্টশ্বৰৰ গুণ আৰু আকাৰ আছে।

৪। আত্মা :- বেদান্ত দৰ্শনৰ মতে আত্মবিদ্যাই শ্রেষ্ঠ বিদ্যা। দেহ, ইন্দ্ৰিয়, মন, বুদ্ধি আৰু ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰাপ্ত সুখ দুখ সাময়িক আৰু পৰিৱৰ্তনশীল । এইবোৰ আত্মাৰ বাহ্য আৱৰৰ্ন, আত্মাৰ স্থায়ী সত্তা নহয়। আত্মা অসীম আৰু অনন্ত। উপনিষদে জীৱক প্ৰকৃত আত্মা উপলব্ধি কৰিবলৈ সহায় কৰাৰ চেষ্টা কৰে। কিয়নো আত্ম জ্ঞানেই হ’ল

সৰ্বশ্ৰেষ্ঠ জ্ঞান। শংকৰাচাৰ্যৰ মতে আত্মা আৰু ব্ৰহ্ম একেই। মানুহে অজ্ঞতাৰ বাবে পৃথক দৃষ্টিৰে চায়। যি জনে আত্মাৰ গভীৰ স্তৰত প্রবেশ কৰিব উপভোগ কৰিবলৈ সমৰ্থ হয়। শংকৰাচাৰ্যৰ মতে, আত্মাই একমাত্র সত্য কিয়নো আত্মাই ব্ৰহ্ম৷ তেওঁৰ মতে আত্মা সত্য, সর্বব্যাপী, স্বয়ংসিদ্ধ, নিৰ্বিশেষ, অসীম আৰু নিজ মহিমাত প্রতিষ্ঠিত। আত্মা হ’ল এক প্ৰকৃত সত্তা তথা সর্বোচ্চ জ্ঞান।

৫। মায়া :- শংকৰাচাৰ্যৰ অদ্বৈতবাদক ‘মায়াবাদ’ বা “বিবতবাদ’ বুলিও জনা যায়। তেওঁৰ মতে জগতৰ ক্ৰমবিকাশ ব্ৰহ্মৰ পৰাই মায়াৰ যোগেদি হয়। মায়া হ’ল অৱভাস সৃষ্টি কৰা শক্তি। এই শক্তিয়ে জগতৰ বিকাৰ ঘটায় যদিও ব্ৰহ্মৰ কোনো বিকাৰ নঘটে। উদাহৰণ স্বৰূপে যাদুকৰে যেনেকৈ যাদুশক্তিৰদ্বাৰা বিচিত্ৰ বস্তুৰে সাধাৰণ লোকক চমৎকৃত কৰে, কিন্তু নিজে এই বস্তুবোৰ নেদেখে, কিয়নো তেওঁ জানে যে এইবোৰ তেওঁ সৃষ্টি কৰা ভ্ৰম মাত্র ঠিক তেনেকৈয়ে ব্ৰহ্ময়ো শক্তিৰ দ্বাৰা জগত সৃষ্টি কৰিলেও নিজে ইয়াৰ প্ৰভাৱলৈ নাহে। অথ ব্ৰহ্মৰ ওপৰত মায়াৰ কোনো প্ৰভাৱ নাই। যি শক্তিয়ে অসীম আৰু অখণ্ড ব্ৰহ্মক সীমিত আৰু খণ্ডিত কৰে সেয়াই মায়া। মায়াৰ অস্তিত্ব অবিহনে অসীম ব্ৰহ্ম আৰু অসীম জগতৰ ব্যাখ্যা আগবঢ়াব নোৱাৰি।

৬। জীৱ :- শংকৰাচাৰ্যৰ মতে জীৱ আৰু ব্ৰহ্ম অভিন্ন । দেহ আৰু আত্মাৰ সংমিশ্রনেই জীৱ। পাৰমাৰ্থিক দৃষ্টিত জীৱ ব্ৰহ্মৰ পৰা অভিন্ন হলেও ব্যৱহাৰিক স্তৰত জীৱ ব্ৰহ্মৰ পৰা ভিন্ন। জীৱ ব্ৰহ্মৰ কায়িক প্ৰকাশ। জীৱ আৰু ইটশ্বৰ পৰম আত্মা ব্ৰহ্মৰ অৱভাস মাত্ৰ৷ গুণ বিশিষ্ট ব্ৰহ্মই হৈছে ইশ্বৰ আৰু অহংমিশতি আত্মা হৈছে জীৱ। আত্মা এক আৰু অদ্বিতীয় হলেও বিভিন্ন জীৱত বিভিন্ন ৰূপত প্ৰকাশিত হয়। সুয্য এক হলেও যেনেকৈ বিভিন্ন পানীৰ পাত্ৰত বহু সুয’ৰূপে প্ৰকাশিত হয়, তেনেকৈয়ে ব্রহ্ম বা আত্মা এক হোৱা স্বত্বেও বহু ৰূপে প্রকাশিত

৭। মোক্ষ [Emancipation or salvation or self- realisation] :- শংকৰাচাৰ্যৰ মতে আত্মা আৰু ব্ৰহ্ম দুয়োটা একে। অবিদ্যাৰ বাবে মানুহে আত্মাক শৰীৰৰ লগত সংযোগ কৰি বন্ধন কৰে। আৰু যেতিয়া আত্মাই নিজকে ব্ৰহ্ম বুলি উপলব্ধি কৰিব পাৰিব তেতিয়া ই সকলো ” বন্ধনৰ পৰা মুক্ত হব। সেয়ে জ্ঞানেই হৈছে মোক্ষ প্ৰাপডিৰ আহিলা। আত্ম উপলব্ধিয়েই হৈছে ব্ৰহ্মৰ জ্ঞান । ব্রহ্ম জ্ঞান বা আত্ম জ্ঞানেই মোক্ষ লাভৰ একমাত্র উপায়।

১১. শংকৰাচাৰ্যৰ শৈক্ষিক দৰ্শনৰ বিষয়ে লিখা।

Write about the educational philosophy of Shankaracharya?

উত্তৰঃ বেদান্ত দর্শন হৈছে আন সকলো দৰ্শনৰে মূল। এই দৰ্শনৰ মতে ব্ৰহ্মই হৈছে প্ৰকৃত সত্য। সেয়ে শংকৰাচাৰ্যৰ শিক্ষা দৰ্শনৰ মূল উদ্দেশ্য হ’ল ব্ৰহ্মৰ আৱিষ্কাৰ। শিক্ষা হৈছে জ্ঞান। ই হল অজ্ঞতা দূৰ কৰিব পৰা এটা উপায়। এই জ্ঞানে আত্মডপলবধি অৰ্থত মুক্তিৰ দিশে আগুৱাই নিয়ে। শংকৰাচাৰ্যৰ মতে কেৱল প্রকৃত জ্ঞানেহে মুক্তি দিব পাৰে। তেওঁৰ মতে আধ্যাত্মিক জ্ঞানৰ বাহিৰে একো শিক্ষা নাই। শংকৰাচাৰ্যৰ মতে “ শিক্ষা হৈছে এটা আধ্যাত্মিক প্রক্রিয়া, যি মুক্তি লাভ কৰালৈকে অবিৰত ভাৱে চলি থাকে, যাৰ দ্বাৰা ব্ৰহ্মৰ প্ৰতি উদ্দেগ জাগৃত হয়, নিজৰ প্ৰকৃত আকাৰ বা গঠন উপলব্ধি কৰে আৰু বিশ্বৱন্মাণ্ড আৰু জীৱন সম্পৰ্কে থকা তাৰ (ব্যক্তিৰ) আচৰণ আৰু চিন্তাৰ অবিৰত পৰিৱৰ্তন, সালসলনি আৰু সংশোধন হয় আৰু যি ব্ৰহ্ম আৰু আত্মাৰ অভিন্নতা বুজিব পাৰে আৰু সকলোতে ব্ৰহ্মক উপলব্ধি বা অনুভৱ কৰিবলৈ সমৰ্থ হয়। শংকৰাচাৰ্যৰ মতে শিক্ষা জীৱন আৰু সমাজৰ মাজত ওতপ্রোত সম্পর্ক আছে। শিক্ষাই ব্যক্তিৰ চিন্তা, আচৰণ কথা বতৰা সকলোতে পৰিৱৰ্তন আনি ব্যক্তিৰ জীৱন সবাংগ সুন্দৰ কৰি তোলাৰ লগতে সুন্দৰ সমাজ গঠনতো অৰিহণা যোগায়। শিক্ষাৰ বিভিন্ন  দিশত তেওঁৰ দৰ্শনৰ প্ৰভাৱ পৰিলক্ষিত হয় সেয়া তলত আলোচনা কৰা হ’ল—

শিক্ষাৰ লক্ষ্য [Aims of Education]

শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত শংকৰাচাৰ্যই আধ্যাত্মিক দৃষ্টিভংগীৰ ওপৰত বেছি গুৰুত্ব দিছে। তেওঁৰ মতে শিক্ষাৰ একমাত্র লক্ষ্য হ’ল শিশুক অজ্ঞানতাৰ পৰা মুক্ত কৰা আৰু অভিজ্ঞ, জ্ঞানী কৰি তোলা যাৰ জৰিয়তে শিশোৱে সত্য আৰু অসত্যৰ জ্ঞান আৰু অজ্ঞনতাৰ মাজত পার্থক্য বিচাৰি পায় আৰু নিজৰ অৰ্ন্তনিহিত জ্ঞান আৰু শক্তি সমূহ চিনাক্ত কৰিব পাৰে। শংকৰাচাৰ্যই ব্ৰহ্ম আৰু মোক্ষক একে বুলিয়েই কৈছে। মানৱ জীৱনৰ চাৰিটা কৰ্ম অৰ্থত চাৰি পুৰোষাৰ্থ – ধর্ম [action or duty], অর্থ [Finance], কৰ্ম [Sex] আৰ’ মোক্ষ [emancipation] ৰ কথা উল্লেখ কৰি কয় যে মোক্ষ লাভেই শিক্ষাৰ প্ৰধান লক্ষ্য। তেখেতৰ শিক্ষা দৰ্শনত প্ৰতিফলিত হোৱা শিক্ষাৰ বিভিন্ন লক্ষ্য সমূহ হ’ল— 

১। আত্ম উপলব্ধি [Self-realization] :- শংকৰাচাৰ্যৰ মতে শিক্ষাৰ প্রধান লক্ষ্য হ’ল আত্ম উপলব্ধি । আত্ম উপলব্ধিৰ অৰ্থ হ’ল আত্মা বা আত্মাৰ সম্পৰ্কে পূৰ্ণ জ্ঞান লাভ। ব্যক্তিৰ আত্মা থাকে আৰু আত্মাৰ ওপৰত সর্বোচ্চ আত্মা থাকে। মানৱ আত্মা হৈছে তাৰ এটা অংশ। ব্যক্তিয়ে তেতিয়াহে পূৰ্ণতা পাব যেতিয়া তেওঁৰ আত্মাক অনুভৱ কৰিব পাৰিব।

২। ব্ৰহ্মৰ উপলব্ধি :- শংকৰাচাৰ্যৰ মতে শিক্ষাৰ লক্ষ্য হ’ল ব্ৰহ্মৰ উপলব্ধিৰ বাবে শিশুক প্ৰস্তুত কৰা। তেখেতৰ মতে আত্মা আৰু ইশ্বৰ একেই। দুয়োটাৰ মাজত কোনো প্রভেদ নাই। সেয়ে শিক্ষাই শিশুক আত্মা উপলব্ধি কৰাত সক্ষম কৰিব লাগে যাতে তেওঁ প্ৰকৃত বাস্তৱটো চিনাক্ত আৰু উপলব্ধি কৰিব পাৰে।

৩। আধ্যাত্মিক বিকাশ :- ব্যক্তিৰ সত্য, শিৱ, সুন্দৰৰ মূল্য উপলব্ধিৰ জৰিয়তে আধ্যাত্মিক বিকাশ কৰাটোও শিক্ষাৰ আন এটা লক্ষ্য । মনৰ আধ্যাত্মিক বিকাশৰ জৰিয়তেহে ব্যক্তিয়ে বৌদ্ধিক, সৌনৰ্দ্দৰ্য্যাত্নমক আৰু নৈতিক মূল্য উপভোগ কৰিব পাৰে।

৪। মুক্তি লাভ :- শংকৰাচাৰ্যৰ মতে মুক্তি বা মোক্ষলাভ কৰাটোও শিক্ষাৰ আন এটা লক্ষ্য । শিশু যে নিজেই ব্ৰহ্ম- এইটো শিকোৱাত বা উপলব্ধি কৰোৱাত সহায় কৰাটো শিক্ষাৰ এটা দায়িত্ব । শিক্ষার্থীয়ে যেতিয়া ব্ৰহ্মক উপলব্ধি কৰিব পাৰিব তেতিয়া নিজ প্ৰচেষ্টাৰে প্ৰকৃত জ্ঞানৰ জৰিয়তে চূড়ান্ত সত্য লাভ কৰিব আৰু সেয়াই হ’ল মুক্তি বা মোক্ষ লাভ।

৫। ধর্মীয় উদ্যমৰ বিকাশ :- শিক্ষাৰ আন এটা লক্ষ্য হৈছে শিশুৰ ধৰ্মীয় শক্তি বা উদ্যমৰ বিকাশ ঘটোৱা। গুৰুকুলত শিক্ষা ব্যৱস্থাত ধৰ্মীয় দিশৰ লগতে শিশুক সমাজকর্মী, পঢ়া-শুনাত মনোযোগী, দানী, ভিক্ষুক আদি বিভিন্ন গুণ সমূহৰ বিকাশ কৰা হয়।

৬। আত্মবিশ্বাসী :- শিক্ষাৰ আন এটা লক্ষ্য হ’ল যাৰ জৰিয়তে শিশুৰ অন্তৰ্নিহিত ব্ৰহ্মৰ জ্ঞান জাগ্ৰহ হয়।

৭। সংহতিৰ গুণ :- শিক্ষাৰ আন এটা লক্ষ্য হ’ল শিক্ষাৰ্থীক সংহতিৰ শিক্ষা দিয়া যিটো মানৱ সমাজৰ বাবে অতি জৰুৰী

১২. এক শৰন নাম ধৰ্ম কোনে উলিয়াইছিল?

Who introduced the “Eak-Sharan-Nam Dharma”?

উত্তৰঃ শংকৰদেৱে।

১৩. সত্ৰ কি?

উত্তৰঃ সত্ৰ মহাপুৰুষ ভ্ৰমণত শংকৰদেৱৰ সৃষ্টি। অসমৰ সমাজ ব্যৱস্থাত সত্ৰ সমূহে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। সত্ৰই সৰ্বসাধাৰণ লোকৰ মাজত শিক্ষাৰ প্ৰসাৰৰ কাৰণে উল্লেখযোগ্য ভূমিকা পালন কৰা দেখা যায়৷ অসমত নাম ধৰ্ম প্ৰচাৰৰ লগে লগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱ-দেৱৰ সহযোগত বিভিন্ন ঠাইত সত্ৰ সমূহ প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰ সমূহে ৰাইজৰ মাজত কেৱল ধৰ্মৰ শিক্ষা দিয়াই নহয় বৰঞ্চ ইয়াৰ লগে লগে অসমীয়া সংস্কৃতিৰ চচতণ্ডি ইয়াত কৰা হয়। কাৰণ সত্ৰ সমূহত নৃত্য, ভাওনা, কলা, আলোচনা আদিও অনুষ্ঠিত হয়, যাৰ দ্বাৰা সৰ্বসাধাৰণ লোকসকলৰ বিভিন্ন বিষয়ৰ সম্যক জ্ঞান দিয়াতো সম্ভৱ হৈ উঠে। সাধাৰণ লোকসকলে নৃত্য, ভাওনা আদিবোৰ চাই আনন্দ পোৱাৰ লগতে তাত অন্তনিহিত হৈ থকা শিক্ষা লাভো সহজেই কৰিব পাৰে। সেয়েহে সত্ৰ সমূহক অসমীয়া সংস্কৃতিৰ কেন্দ্ৰ স্বৰূপে গন্য কৰিব পাৰি। সেয়েহে ইয়াৰ ভূমিকা অসমীয়া সমাজত আজিও পুৰামাত্ৰাই পৰিলক্ষিত হয়। এতিয়াও নৃত্য, ভাওনা কেন্দ্রিত বিভিন্ন অনুষ্ঠান সমূহ যেনে – শ্ৰীকৃষ্ণৰ দেউল উৎসৱ, ৰাস মহোৎসৱ আদি সম্পূৰ্ণ ডলহ মালহেৰে পালন কৰা দেখা যায়। কিছুমান ডাঙৰ সত্ৰত সংস্কৃত ভাষাৰ শিক্ষানুষ্ঠান ‘টোল’ সমূহো জড়িত হৈ আছিল।

অসমৰ বিভিন্ন স্থানত সত্ৰসমূহ প্ৰতিষ্ঠা কৰা হৈছিল। সেই সমূহৰ ভিতৰত কমলাবাৰী, আউনিআতি, বৰপেটা, পাটবাউসী, বৰদোৱা, মধুপুৰ আদি সত্ৰ উল্লেখযোগ্য।এই সত্ৰসমূহৰ সত্ৰধিকাৰ সকলক সামাজত যথেষ্ট আদৰ সন্মান যচা হয়। শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰা বৰ্তমানলৈকে ৰজা-মহাৰজাৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ লোকলৈকো সকলোৰে দান-বৰঙনিৰে সত্ৰসমূহ নিয়াৰিকৈ পৰিচালিত হৈ আহিছে।

১৪. শংকৰদেৱৰ জীৱন দৰ্শনৰ বিষয়ে এটা টোকা লিখা। 

Write a note about Sankardev’s philosophy of life.

উত্তৰঃ শংকৰদেৱ আছিল অসমত নৱবৈষ্ণৰবাদৰ প্ৰতিষ্ঠাপক তেওঁ প্ৰধানকৈ ভাগৱত আৰু ভাগৱত গীতাৰ দ্বাৰ। প্ৰাভাম্বিত হৈছিল। শংকৰ দেৱৰ ধৰ্মক মহাপুৰুষীয়া ধৰ্ম বুলি কোৱা হয়৷ ইয়াত ভগৱানক পুজা কৰাৰ প্ৰধান পদ্ধতি হৈছে নাম কীর্তন। সেয়ে ইয়াক নামধৰ্ম বুলিও কোৱা হয়৷ তেওঁ উদ্ভাৱন কৰা নামধৰ্মৰ মাজতেই তেওঁৰ জীৱন দৰ্শন প্ৰতিফালিত হৈছে। বহুতে তেওঁক এজন বিবৱৰ্তন বাদী দার্শনিক ৰূপে আখ্যা দিয়ে কিয়নো সমসাময়িক সমাজখনৰ ধৰ্মীয় বিশ্বাস, সামাজিক সাংস্কৃতিক পৰম্পৰা, ৰাজনৈতিক খাম-খেয়ালি, অর্থনৈতিক দিশ আদি সকলো দিশতে সংস্কাৰ সাধনৰ অভিনৱ উপায় উলিয়াইছিল। বিভিন্ন শাস্ত্ৰৰ বিস্তৃত অধ্যয়ন, তীর্থ ভ্রমণ, সমসাময়িক পণ্ডিত সকলৰ লগত কৰা আলোচনা আৰু নিজৰ অৰ্ন্তনিহিত প্ৰতিভাৰ সহায়ত “একশৰণ নাম ধৰ্ম” উদ্ধাৱন কৰিছিল আৰু সেই সময়ৰ সমাজ ব্যৱস্থাত ধৰ্মৰ নামত চলি থকা সকলো অসুয়া-অীতি আতৰ কৰি সকলোকে এজন ইশ্বৰৰ উপাসনাত ব্ৰতী হবৰ বাবে আহ্বান জনাছিল।

১৫. শংকৰদেৱৰ ধৰ্মীয় দৰ্শনৰ বৈশিষ্ট্য সমূহ লিখা।

Write the characteristics of Sankardev’s religious phi- losophy?

উত্তৰঃ ১। ব্ৰহ্মই হ’ল প্রকৃত সত্য। কিন্তু জগতৰ অস্বিত্ব অস্বীকাৰ কৰিব পৰা নাযায়।জগত হ’ল ব্ৰহ্মৰ প্ৰকাশ্য ৰূপ।

২। ব্ৰহ্ম আৰু ইশ্বৰ মাজত পাৰ্থক্য নাই। ব্ৰহ্মই ইশ্বৰ, ইশ্বৰেই

৩। জগতৰ সকলো বস্তুতে ব্রহ্ম বিদ্যমান ।

৪। ঈশ্বৰ আৰু তেওঁৰ সৃষ্টিৰ মাজত কোনো পার্থক্য নাই।

৫। জীৱ মাত্রেই ঈশ্বৰৰ এক উপাদান মাথোন। জীৱ হ’ল ঈশ্বৰৰ দৈহিক প্রকাশ।

৬। যি ঈশ্বৰৰ পৰিচয় আৰু পঞ্চভূতক উপলব্ধি কৰিব পাৰে তেওঁ নিজেই ঈশ্বৰ তথা ব্ৰহ্মত্ব লাভ কৰে।

১৬. শংকৰদেৱৰ দৰ্শনৰ মূল দিশ সমূহ উল্লেখ কৰা। 

Mention the basic tenets of Sankardev’s philosophy.

উত্তৰঃ তেওঁ অসমত নৱবৈষ্ণৱবাদৰ প্ৰতিষ্ঠাপক আছিল।

১: তেওঁ ভাগৱত আৰু ভাগৱত গীতাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তেওঁৰ ধৰ্মক মহাপুৰুষীয়া ধৰ্মও বোলা হৈছিল। :

২: তেওঁ উল্লেখ কৰা ‘নাম’ৰ জৰিয়তে মনৰ পবিত্ৰতা আনিব পাৰি, অব্যক্ত আৰু মুৰ্তিশুণ্য, আকাৰহীন ঈশ্বৰক অনুভৱ কৰিব পাৰি।

৩: গীতাৰ দৰে শংকৰদেৱেও ‘এক দেৱ’ বা ইশ্বৰক অৰ্পন কৰাৰ বাহিৰে অন্য ৰীতি নীতি ত্যাগ কৰিব লাগে বুলি কৈছিল। সেয়ে এক নতুন আদৰ্শৰ জন্ম দিছিল ‘এক শৰণ নামধৰ্ম’ নামেৰে।

৪: তেওঁ শক্তিবাদ, শিৱতত্ত্ব আৰু বৌদ্ধবাদৰ বিৰোধী আছিল।

৫: তেওঁৰ দৰ্শনৰ প্ৰকৃতিবাদ, প্ৰয়োগ বাদ আৰু বাস্তৱ বাদৰ লগত কিছু সাদৃশ্য আছিল। অথাৎ প্রকৃতিবাদৰ দৰে শিশুকেন্দ্ৰিক শিক্ষাৰ ধাৰনা, প্রয়োগবাদৰ দৰে কামৰ জৰিয়তে তথা অনুশীলনৰ জৰিয়তে শিকা আৰু বাস্তৱ বাদৰ দৰে বৈজ্ঞানিক দৃষ্টিভংগী, ব্যক্তি আৰু সমাজৰ বিকাশ, বৃত্তি শিক্ষা, ধর্মীয় শিক্ষা আদিত বিশ্বাস কৰিছিল।

১৭. শংকৰদেৱে স্থাপন কৰা মুল ধাৰা সমূহ লিখা।

Write about the major trends set by Sankardev.

উত্তৰঃ ১। আধ্যাত্মিক পৰমার্থিক :- শংকৰদেৱে আধ্যাত্মিক পৰমাৰ্থিক বা ইশ্বৰ প্ৰপ্তিৰ সহজ উপায় হিচাপে একশৰণ নাম ধৰ্ম গ্রহণ কৰিছিল৷

২। ধর্ম উপাসনা বিষয়ক :- শংকৰদেৱৰ মতে নিগুণ ব্রহ্ম বা নির্গুণ কৃষ্ণত পূৰ্ণ বিশ্বাস আৰু কৃষ্ণৰ নাম কীৰ্তনেই [Chanting] হৈছে সবেৎকৃষ্ট ধৰ্ম । ইয়াৰ বাবে তেওঁ “একশৰণ নাম ধৰ্ম ‘‘প্ৰচাৰ কৰিছিল যাৰ জৰিয়তে ভগৱানৰ কৃপা লাভ কৰিব পাৰি আৰু যাক মুক্তি লাভৰ সর্বশেষ তথা এক মাত্র উপায় বুলি কোৱা হৈছে।

৩। সামাজিক সাংস্কৃতিক :- শংকৰদেৱে ধৰ্ম আৰু ভক্তিবাদৰ ক্ষেত্ৰত দেখুওৱা সমতা আৰু ভাতৃত্ব বোধৰ দৃষ্টিভংগীয়ে মধ্যযুগৰ অসমত তেখেতক এজন সমাজ-সংস্কৃতিৰ মুখ্য ব্যক্তি হিচাপে প্রতিষ্ঠা কৰিছিল। শংকৰদেৱে জন্ম বা জাত-পাতৰ ভিত্তিত গঢ়ি উঠা সম্পৰ্কতকৈ দয়া-প্রেম আদিৰ ভিত্তিত গঢ় লোৱা সম্পৰ্কক বেছি গুৰুত্ব দিছিল। তেওঁৰ সাহিত্য ৰাজিত সেয়া স্পষ্টৰূপত প্ৰকাশ পাইছে—

“সমস্তে প্রণীত দেখিবাহা আত্মাৰাম”

“পৰৰ ধৰ্মকে নিহিংসিবা কদাচিত ।”

৪। অর্থনৈতিক আৰু ৰাজনৈতিক নীতিজ্ঞ :- শংকৰদেৱ যদিও ৰাজনৈতিক দার্শনিক বা অর্থনীতিবিদ নাছিল তথাপিও তেওঁৰ কার্যকলাপত এই দুয়োটা দিশ সুন্দৰ ভাৱে ফুটি উঠে। শিক্ষা সম্পূর্ণ কৰি ঘৰলৈ ঘূৰি অহাৰ পিছৰে পৰা তেওঁ “শিৰোমনি ভূঞা”ৰ বাব পালন কৰিব লগা হৈছিল। এই ক্ষেত্ৰত তেওঁৰ ৰাজনৈতিক তথা প্রশাসনিক দক্ষতা ফুটি উঠিছিল। তেনেদৰে পৰিয়ালৰ মুৰব্বী বিচাপে তেওঁ নিজা উপাৰ্জনেৰে পৰিয়ালটো সুন্দৰ ভাৱে সংগীতৰ বিভিন্ন সাসজুঁলি নিৰ্মান আদিৰ ক্ষেত্ৰত আগৰনুৱা আছিল ।

৫। সাহিত্য আৰু কলা :- শংকৰদেৱে বিভিন্ন সাহিত্য আৰু কলা ব্যৱহাৰ কৰিছিল। তেওঁৰ সাহিত্যৰ ক্ষেত্ৰত কিছু নতুন কলা কৌশল আৰু বাক্যৰ ধাৰা ব্যৱহাৰ কৰিছিল। তেওঁ প্ৰতিষ্ঠা কৰা তেনে কিছুমান নতুন ধাৰা হৈছে কীৰ্তন, হৰিকথা লীলা, গীত, কাব্য আদি।

১৮. শংকৰদেৱৰ কৰ্মৰাজিৰ এক বিৱৰণ দিয়া।

Give a description about the works of Sankardev.

উত্তৰঃ শংকৰদেৱৰ সময়ত (মধ্যযুগত) সমাজৰ সাধাৰণ মানুহখিনি যদিও হিন্দু ধৰ্মাৱলম্বী আছিল তথাপিও তেওঁলোকৰ বিভিন্ন কাম কাজত তন্ত্র-মন্ত্ৰ, মূৰ্ত্তি পূজা আদিৰ প্ৰভাৱ পৰিছিল ৷ আনহাতে শংকৰদেৱ আছিল মূৰ্ত্তি পূজাৰ ঘোৰ বিৰোধী। সেয়ে হ’লেও সেই সময়ৰ স্থানীয় পৰিৱেশ গ্ৰহণ কৰিবৰ বাবে কাঠেৰে শ্ৰী কৃষ্ণৰ মূৰ্ত্তি এটা সাজি উলিয়াইছিল আৰু “মদন গোপাল” নাম দি সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে প্ৰাৰ্থনা গৃহত স্থাপন কৰিছিল আৰু ‘শৰণ’ ৰ ব্যৱস্থা কৰিছিল। বুদ্ধৰ ত্ৰিশৰনৰ দৰে শংকৰদেৱেও ‘নাম শৰণ, গুৰু শৰণ, ভকত শৰণ’ ৰ ব্যৱস্থা কৰিছিল। তেখেতে ভাগৱতৰ ভাঙনি, গীত ৰচনা,নাটক আৰু ছুটি কাব্য ৰচনা আদি কৰিছিল। সেই সময়ৰ সমাজৰ গন্যমান্য ব্যক্তি, পণ্ডিত আৰু সাধাৰণ মানুহো তেওঁৰ বৌদ্ধিক আৰু দাৰ্শনিক দৃষ্টিভংগীৰ প্ৰতি সহজে আকৰ্ষিত হৈছিল আৰু তেওঁৰ কাৰ্য্যত সহযোগ কৰিছিল । শংকৰদেৱে যদিও তেওঁ দার্শনিক তত্ত্ব বা নীতি সমূহ কোনো বিশেষ গ্ৰন্থৰ জৰিয়তে প্ৰকাশ কৰা নাছিল, তথাপি বিভিন্ন দিশৰ কৰ্মৰাজিত এই সমূহ সুন্দৰভাৱে পৰিস্ফুট হৈ পৰে। তলত তেওঁৰ কৰ্মৰাজিৰ বিষয়ে উল্লেখ কৰা হ’ল—

নাটক :- শংকৰদেৱে ছয়খন নাটক ৰচনা কৰিছিল। সেয়া হ’ল – ৰামবিজয়, কেলিগোপাল, পাৰিজাত হৰণ, ৰুক্মিনী হৰণ, কালীয়া দমন আৰু পত্নী প্ৰসাদ নাটক।

গীত :- শংকৰদেৱে প্ৰায় বাৰ কুৰি বৰগীত ৰচনা কৰিছিল। এই বৰগীত সমূহৰ গভীৰ আধ্যাত্মিক তথা দাৰ্শনিত গুৰুত্ব আছে। বৰগীতৰ উপৰিও ভটিমা ৰচনা কৰিছিল৷ ইয়াৰ ভিতৰত দেৱ ভটিম।, নাট ভটিমা আৰু ৰাজ ভটিমা।

কীৰ্তন ঘোষা :- শংকৰদেৱে কীৰ্তন ঘোষা ৰচনা কৰিছিল ৷ ভাগৱতত বৰ্ণনা কৰা শ্ৰীকৃষ্ণৰ সমগ্ৰ জীৱন বৃত্তান্ত সহজ সৰল ভাৱে উপস্থাপন কৰিছে।

ভাগৱত :- তেওঁ ভাগৱত গ্ৰন্থখন সর্ব সাধাৰণে বুজিব পৰাকৈ স্থানীয় ভাষালৈ অনুবাদ কৰিছিল।

ৰামায়ণ :- মাধৱ কন্দলীয়ে ৰামায়ণ পাঁচটা কাণ্ডহে অনুবাদ কৰিছিল। বাকী দুটা কাণ্ড শংকৰদেৱ আৰু মাধৱদেৱে অনুবাদ কৰিছিল। শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ডটো অনুবাদ কৰিছিল।

ভক্তি তত্ত্ব :- ভক্তি প্রদীপ, অনাদী পতন, নিমি- নমসিদ্ধ-সংবাদ আৰু ভক্তি ৰত্নাকৰ৷ বিভিন্ন সত্ৰৰ পৰা ভক্তিৰ বিভিন্ন তত্ত্ববোৰ সংগ্ৰহ কৰি ৰচনা কৰিছিল ভক্তি ৰত্নাকৰ।

গুণমালা :- গুণমালা হ’ল ভাগৱতৰ সাৰ মৰ্ম যত শ্ৰীকৃষ্ণৰ গুণযশ তথা সমগ্ৰ জীৱন বৃত্তান্ত নিহিত আছে। ‘গুণমালাকে’ ‘ভুৰুকাত হাতী ভৰোৱা’ বুলি কোৱা হয়।

সত্ৰ :- সত্ৰ হ’ল শংকৰদেৱৰ এক অমৰ সৃষ্টি । জনসাধাৰণৰ মাজত ‘এক শৰণ নাম ধৰ্ম’ প্ৰচাৰৰ বাবে তেওঁ সত্ৰ স্থাপন কৰিছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰস্থাপন কৰি ধৰ্ম, কৃষ্টি, সংস্কৃতি বিকাশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। বৰদোৱা, বৰপেটা, কমলাবাৰী, বেলগুৰি আদি সত্ৰ উল্লেখযোগ্য।

নামঘৰ :- শংকৰদেৱে সৃষ্টি কৰা নামঘৰ হৈছে গাঁৱৰ সমূহীয়া প্ৰাৰ্থনা গৃহ । নামঘৰ সমূহে গাঁৱৰ নৈতিক আৰু সাংস্কৃতিক জীৱন গঢ় দিয়াত সহায় কৰাৰ লগতে সমাজৰ সৰু-সুৰা বিবাদ সমূহৰ মীমাংসা কৰাত সহায় কৰে। নামঘৰ সমূহক গণ শিক্ষাৰ অনুষ্ঠান বুলি ক’ব পাৰি। কিয়নো নামঘৰ হ’ল এক গনতান্ত্রিক অনুষ্ঠান যত সকলোৱে সম সুযোগ তথা অধিকাৰ লাভ কৰে৷ নামঘৰত বৌদ্ধিক আৰু সাংস্কৃতিক বিকাশৰ বাবে ধৰ্মীয় তথা দার্শনিক আলোচনা কৰা হয়। ধৰ্মীয় উৎসৱ, ভাওনা আদি পতা হয়।

১৯. শংকৰদেৱৰ শিক্ষা দৰ্শনৰ বিষয়ে লিখা।

Write about the educational philosophy of Sankardev.

উত্তৰঃ শংকৰদেৱ এজন ধৰ্ম গুৰু হিচাপে খ্যাত আছিল।। ধৰ্মীয় শিক্ষাৰ দিশতো তেওঁৰ অৱদান নুই কৰিব নোৱাৰি। সেই সময়ৰ সমাজ ব্যৱস্থাৰ সংস্কাৰ আৰু বিকাশৰ বাবে তেওঁ যথেষ্ট বলিষ্ঠ ভূমিকা গ্রহণ কৰিছিল। তেওঁ ধৰ্ম প্ৰচাৰৰ বাবে গ্ৰহণ কৰা কাৰ্য ব্যৱস্থাৰ মাজতে শিক্ষাৰ লক্ষ্য সমূহ স্পষ্ট হৈ আছে। তেওঁৰ শিক্ষাৰ লক্ষ্যসমূহ হ’ল—

১। এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰা। ইয়াৰ বাবে যাগ-যজ্ঞ, পূজাপাতল, বলি-বিধান আদিৰ পৰিৱৰ্তে এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰি জনসাধাৰনক অর্থনৈতিক ভাবে সকাহ দিয়াৰ ব্যৱস্থা কৰা।

২। এক ঈশ্বৰক পূজা কৰা আৰু মুক্তি লাভ কৰা ।

৩। ধৰ্মীয় আৰু নৈতিক শিক্ষা প্ৰদান কৰা।

৪। গনতান্ত্রিক ভাবধাৰাৰ বিকাশ কৰা।

৫। জ্ঞান, কৰ্ম আৰু ভক্তি লাভ কৰা

৬। মানুহৰ মাজত একতাৰ ভাৱ, সামাজিক সম্প্ৰীতিৰ ভাৱ আদি বৃদ্ধি কৰা।

৭। শাৰীৰিক বিকাশ। বিভিন্ন শাৰীৰিক অনুশীলনৰ জৰিয়তে ৰোগমুক্ত হৈ থকাৰ ওপৰত গুৰুত্ব দিয়া ।

৮। আধ্যাত্মিক বিকাশ। ইয়াৰ বাবে একাত্মিক সাধনাৰ ওপৰত জোৰ দিয়ে। অন্তৰৰ পবিত্ৰতাই আধ্যাত্মিক শক্তিৰ উৎস।

৯। সাংস্কৃতিক বিকাশো অন্য এটা লক্ষ্য আছিল। গীত-মাত নৃত্য আদিৰ জৰিয়তে জনসাধাৰণক আগবঢ়াই নিব বিচাৰিছিল।

১০। ব্যক্তি আৰু সমাজ উভয়ৰে বিকাশ সাধন কৰাটোও শিক্ষাৰ আন এটা লক্ষ্য আছিল।

১১। সমাজত প্রচলিত অন্ধ বিশ্বাস দুৰ কৰি বৈজ্ঞানিক দৃষ্টিৰ প্ৰসাৰ ঘটোৱা শিক্ষাৰ আন এটা লক্ষ্য।

২০. শংকৰদেৱৰ সময়ত ‘অনুষ্ঠান আৰু শিক্ষাৰ উপায়ৰ’ বিষয়ে এটা টোকা লিখা।

Write a note about the “institution and means of education” at the time of Sankardev.

উত্তৰঃ শিক্ষাদানৰ অনুষ্ঠান বুলিলে সেইসময়ত আনুষ্ঠানিকেই বা অনানষ্ঠানিক শিক্ষাই হওক পাঠশালা, টোল, সত্ৰ আৰু নামঘৰ আদিৰ জৰিয়তে দিয়াৰ ব্যৱস্থা আছিল৷ ইয়াৰে সত্ৰ আৰু নামঘৰ শংকৰদেৱৰ সৃষ্টি। সেয়া তলত আলোচনা কৰা হ’ল—

সত্ৰঃ সত্ৰ মহাপুৰুষ ভ্ৰমণত শংকৰদেৱৰ সৃষ্টি। অসমৰ সমাজ ব্যৱস্থাত সত্ৰ সমূহে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। সত্ৰই সৰ্বসাধাৰণ লোকৰ মাজত শিক্ষাৰ প্ৰসাৰৰ কাৰণে উল্লেখযোগ্য ভূমিকা পালন কৰা দেখা যায় ৷ অসমত নাম ধৰ্ম প্ৰচাৰৰ লগে লগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱ-দেৱৰ সহযোগত বিভিন্ন ঠাইত সত্ৰ সমূহ প্রতিষ্ঠা কৰিছিল। এই সত্ৰ সমূহে ৰাইজৰ মাজত কেৱল ধৰ্মৰ শিক্ষা দিয়াই নহয় বৰঞ্চ ইয়াৰ লগে লগে অসমীয়া সংস্কৃতিৰ চচতণ্ডি ইয়াত কৰা হয়। কাৰণ সত্ৰ সমূহত নৃত্য, ভাওনা, কলা, আলোচনা আদিও অনুষ্ঠিত হয়, যাৰ দ্বাৰা সৰ্বসাধাৰণ লোকসকলৰ বিভিন্ন বিষয়ৰ সম্যক জ্ঞান দিয়াতো সম্ভৱ হৈ উঠে। সাধাৰণ লোকসকলে নৃত্য, ভাওনা আদিবোৰ চাই আনন্দ পোৱাৰ লগতে তাত অন্তনিহিত হৈ থকা শিক্ষা লাভো সহজেই কৰিব পাৰে। সেয়েহে সত্ৰ সমূহক অসমীয়া সংস্কৃতিৰ কেন্দ্ৰ স্বৰূপে গন্য কৰিব পাৰি। সেয়েহে ইয়াৰ ভূমিকা অসমীয়া সমাজত আজিও পুৰামাত্ৰাই পৰিলক্ষিত হয়। এতিয়াও নৃত্য, ভাওনা কেন্দ্রিত বিভিন্ন অনুষ্ঠান সমূহ যেনে – শ্ৰীকৃষ্ণৰ দেউল উৎসৱ, ৰাস মহোৎসৱ আদি সম্পূৰ্ণ ডলহ মালহেৰে পালন কৰা দেখা যায়। কিছুমান ডাঙৰ সত্ৰত সংস্কৃত ভাষাৰ শিক্ষানুষ্ঠান ‘টোল’ সমূহো জড়িত হৈ আছিল।

অসমৰ বিভিন্ন স্থানত সত্ৰসমূহ প্ৰতিষ্ঠা কৰা হৈছিল। সেই সমূহৰ ভিতৰত কমলাবাৰী, আউনিআতি, বৰপেটা, পাটবাউসী, বৰদোৱা, মধুপুৰ আদি সত্ৰ উল্লেখযোগ্য।এই সত্ৰসমূহৰ সত্ৰধিকাৰ সকলক সামাজত যথেষ্ট আদৰ সন্মান যচা হয়। শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰা বৰ্তমানলৈকে ৰজা-মহাৰজাৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ লোকলৈকো সকলোৰে দান-বৰঙনিৰে সত্ৰসমূহ নিয়াৰিকৈ পৰিচালিত হৈ আহিছে।

নামঘৰঃ নামঘৰ হৈছে আমাৰ দেশীয় শিক্ষাৰ এক উল্লেখযোগ্য অনুষ্ঠান । পুৰনি কালৰে পৰা নামঘৰ সমূহে সৰ্বসাধাৰণ লোকৰ শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে। এই নামঘৰ সমূহক সত্ৰৰ এটা শাখা স্বৰূপেও গণ্য কৰিব পাৰি। নামঘৰ অসমৰ সকলো ঠাইতেই আছে। ৰাইজে একেলগ হৈ ঈশ্বৰৰ আৰাধন। কৰাৰ বাবে নামঘৰ সমূহ স্থাপন কৰা হয় যদিও এই নামঘৰতেই সমাজৰ বিভিন্ন বিষয়ৰ আলোচনা, উৎসৱ পাৰ্বন,নাট ভাওনা আদিৰে। আয়োজন কৰা হয়। শংকৰদেৱৰ নাম ধৰ্মও এই নামঘৰ সমূহতেই কাৰ্যকৰী ৰূপ পাইছে। নিৰক্ষৰ লোক সকলক নাট ভাওনা আদিৰ যোগেদি অৱসৰ সময় সাৰ্থক ভাৱে কটোৱাৰ লগতে বিভিন্ন বিষয়ৰ শিক্ষা দিয়াৰো ব্যৱস্থা কৰিব পৰা হৈছে। নামঘৰ সমূহক বাদ দি কেতিয়াও আমি অসমীয়া সমাদৰ সামাজিক জীৱনক অনুভৱ কৰিব নোৱাৰো সেয়েহে আজিও এই নামঘৰ সমূহে সামূহিক প্ৰাৰ্থনাৰ স্থল, বিভিন্ন বিবাদ নিষ্পত্তিৰ স্থল, ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ স্থল আৰু সবেপিৰি সৰ্বসাধাৰণৰ শিক্ষাৰ স্থল বা কেন্দ্ৰ হিচাপে আজিও বিবেচিত হৈ আহিছে।

২১. হিন্দুদৰ্শনৰ পিতৃ বুলি কাক জনা যায়?

Who was known as the father of Hindu Philosophy.

উত্তৰঃ যজ্ঞবন্ধ্য।

২২. যজ্ঞবন্ধ্যৰ শিক্ষা দৰ্শনৰ প্ৰভাৱ বিচাৰ কৰা।

উত্তৰঃ হিন্দু দৰ্শনৰ পিতৃ পুৰুষ স্বৰূপ যাজ্ঞবন্ধ্য তেওঁৰ উপনিষদৰ শিক্ষন, যাজ্ঞবন্ধ্য স্মৃতি আৰু সংহিতাৰ বাবে বিখ্যাত। তেখেতৰ শিক্ষা দৰ্শনৰ বিভিন্ন দিশ সমূহ বৃহদাৰণ্যক উপনিষদত উল্লেখ পোৱা যায়৷ তেওঁ এজন আদর্শবাদী আছিল। অন্যান্য আদর্শবাদী দার্শনিক সকলৰ দৰে তেওঁ আত্মা আৰু পৰমাত্মাৰ বিষয়ে উল্লেখ কৰিছে। তেওঁৰ মতে আত্ম জ্ঞানেই হ’ল শ্রেষ্ঠ জ্ঞান। আত্মা আৰু পৰমাত্মাৰ একাত্মতাৰ জৰিয়তে মুখ্য প্রাপ্তি হয় বুলি তেওঁ ক’ব খোজে।

শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত দেখা যায় যে এজন আদর্শবাদী দার্শনিক হিচাপে যাজ্ঞবন্ধ্যই আত্ম উপলব্ধি, পাৰমার্থিক জ্ঞান লাভ, মুক্তি লাভ আদি অতি উচ্চ পৰ্য্যায়ৰ শিক্ষাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে যদিও আন কেইটামান লক্ষ্য যেনে আধ্যাত্মিক বিকাশ, মানসিক বিকাশ, নৈতিক বিকাশ, বস্তুগত বিকাশ আদি বৰ্তমান সময়ৰ বাবে অতি তাৎপর্যপূর্ণ । শিক্ষাৰ্থীৰ সবল ব্যক্তিত্ব গঢ়ি তুলিবৰ বাবে আধ্যাত্মিক মূল্যবোধ আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা আধুনিক শিক্ষাবিদ সকলে স্বীকাৰ কৰিছে। বৰ্তমান সময়ৰ বস্তুবাদী, যান্ত্ৰিক শিক্ষাৰ সীমাবদ্ধতা সমূহ উপলব্ধি কৰি শিক্ষাৰ্থীৰ মানৱীয় মূল্যবোধ জগাই তোলাৰ ক্ষেত্ৰত আধ্যাত্মিক শিক্ষাৰ গুৰুত্ব অসীম। তেনেদৰে প্ৰতিজন শিক্ষার্থীকে প্রকৃত মানৱীয় গুণৰ অধিকাৰী কৰি গঢ়ি তুলিবলৈ বৰ্তমানৰ শিক্ষা ব্যৱস্থাই গুৰুত্ব দিছে যাৰ বাবে প্ৰাথমিক পৰ্য্যায়ৰ পৰাই বিদ্যালয়ত নৈতিক শিক্ষাৰ পাঠ্যক্ৰম অন্তভুক্ত কৰিছে। ঠিক তেনেদৰে শিক্ষাৰ্থীৰ বস্তুগত উন্নতিও বর্তমান শিক্ষাব্যৱস্থাই গ্ৰহণ কৰিছে। অর্থাৎ বৃত্তিমুখী শিক্ষাৰ জৰিয়তে যাতে শিক্ষার্থী স্বাৱলম্বী হ’ব পাৰে, দেশৰ আৰ্থনৈতিক উন্নয়নত সহায় কৰিব পাৰে, সেয়া বৰ্তমান শিক্ষাৰ জৰিয়তে উপলব্ধি কৰা হৈছে।

পাঠ্যক্ৰমৰ ক্ষেত্ৰতো দেখা যায় যে তেওঁ পাঠ্যক্ৰমত বস্তুবাদী আৰু আধ্যাত্মিক দুয়োটা দিশৰ বিকাশৰ বাবে বিষয় অন্তভুক্ত কৰিছে। যিবোৰ বৰ্তমানৰ শিক্ষাবিদ সকলেও স্বীকাৰ কৰিছে যে শিক্ষাৰ্থীৰ প্রকৃত মানৱীয় মূল্যবোধ সৃষ্টিৰ বাবে পৰিকল্পিত ভাৱে পাঠ্যক্ৰমত বিষয় সমূহ অর্ন্তৰ্ভূক্ত কৰিব লাগে। তেনেদৰে শাৰীৰিক বিকাশ আৰু মনক নিয়ন্ত্ৰণ কৰাৰ শক্তি লাভ কৰিবৰ বাবে আগবঢ়োৱা যোগ অভ্যাস, ধ্যান বর্তমান পাঠ্যক্ৰমৰ অংশ হৈ পৰিছে।

শিক্ষাদানৰ পদ্ধতিৰ ক্ষেত্ৰত যাজ্ঞবন্ধ্যৰ শিক্ষা দৰ্শনে গ্ৰহণ কৰা পদ্ধতি পদ্ধতি আদি বৰ্তমান শিক্ষা ব্যৱস্থাৰ বহুলভাৱে প্ৰচলিত শিক্ষণ পদ্ধতি। তদুপৰি স্ব-অধ্যয়ন পদ্ধতিও উচ্চ-শিক্ষা আৰু মুক্ত শিক্ষা ব্যৱস্থাত ব্যৱহাৰ হোৱা দেখা যায়। যাজ্ঞবন্ধ্যই উল্লেখ কৰাৰ দৰে ভাৰতৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাতো শিক্ষকৰ স্থান যথেষ্ট উন্নত। শিক্ষকক এতিয়াও গুৰুৰূপে সন্মান কৰা হয় আৰু বিশ্বাস কৰা হয় যে শিক্ষকৰ শক্তিশালী ব্যক্তিত্বৰ প্ৰভাৱে শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশত সহায় কৰে। শিক্ষকে শিক্ষাৰ্থীৰ গুৰু, তত্ত্বাৱধায়ক, বন্ধু আৰু শুভচিন্তক হিচাপে শিক্ষাৰ্থীৰ সৰ্বতো মুখী বিকাশৰ বাবে সময়োপযোগী বিভিন্ন শিক্ষণ পদ্ধতি প্রয়োগ কৰিব লাগে। তেনেদৰে শিক্ষাৰ্থীজনে শিক্ষা ব্যৱস্থাত সক্ৰিয় হোৱাটো জৰুৰী, যিটো যাজ্ঞবন্ধ্যৰ শিক্ষা ব্যৱস্থাই উল্লেখ কৰিছে। শিক্ষাৰ্থীৰ স্ব-অধ্যয়নৰ বিষয়েও যাজ্ঞবন্ধ্যই উল্লেখ কৰিছে। শিক্ষকক আদৰ্শ হিচাপে লৈ তেওঁলোকৰ গুণৰাশি অনুকৰণ কৰি শিক্ষাৰ্থীয়ে নিজৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব লাগে। যাজ্ঞবন্ধ্যই আভান্তৰীণ অনুশাসন আয়ত্ব কৰাটো জৰুৰী বুলি উল্লেখ কৰিছে যাৰ দ্বাৰা শিক্ষার্থীয়ে আত্ম উপলব্ধি কৰিব পাৰিব। অৱশ্যে ইয়াৰ বাবে নিয়ন্ত্ৰিত পৰিবেশত শিক্ষার্থীক আধ্যাত্মিক, নৈতিক, ধর্মীয় আদি শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে। বর্তমান শিক্ষা ব্যৱস্থাতো বিভিন্ন শিক্ষাবিদে শিক্ষাৰ্থীক স্বাধীনতা প্ৰদানৰ পোষকতা কৰে যদিও প্ৰকৃততে নিয়ন্ত্ৰিত পৰিবেশ, কিছু বাধা আৰোপৰ প্ৰয়োজনীয়তাও অস্বীকাৰ কৰিব নোৱাৰি। শিক্ষাৰ্থীৰ মানৱীয় প্ৰমুল্যবোধৰ বিকাশৰ বাবে এক নিয়ন্ত্ৰিত পৰিবেশত কিছু নীতি নিয়ম শিকোৱাৰ প্ৰয়োজনীয়তা কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

ওপৰৰ আলোচনাৰ পৰা আমি কবপাৰো যে শিক্ষাৰ প্ৰায় সকলো দিশতে যাক্ষবন্ধ্যৰ শিক্ষা দৰ্শনৰ প্ৰভাৱ পৰিলক্ষিত হয়।

২৩. “আধ্যাত্মিক আত্মাই হৈছে প্ৰকৃত সত্য”এই উক্তিটো কাৰ।

“Spiritual soul is the ultimate Reality” Who made the Statement.

উত্তৰঃ যজ্ঞবন্ধ্যই।

২৪. যজ্ঞবন্ধ্যৰ শিক্ষা দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্যসমূহ লিখা। 

Write about the aims of Education according to Yogyavalkya’s Educational Philosophy.

উত্তৰঃ বৃহদান্যক উপনিষদত যাক্ষবন্ধ্য আৰু মৈত্রেয়ীৰ কথোপকথনৰ ভিত্তিত শিক্ষাৰ লক্ষ্য সমূহ নিম্নোক্ত ধৰণে উল্লেখ কৰিব পাৰি——

(১) শিক্ষাৰ দ্বাৰা আত্ম উপলব্ধি। যাৰ দ্বাৰা ব্যক্তিয়ে নিজকে পৰম ব্ৰহ্মৰ অংশ বুলি উপলব্ধি কৰিব পাৰে।

(২) শিক্ষাৰ দ্বাৰা পাৰমাৰ্থিক বা পৰমাত্মাৰ জ্ঞান লাভ আত্মা- ব্ৰহ্ম, ইশ্বৰ আৰু পৰমাত্মাৰ অংশ সেই বিষয়ে উপলব্ধি কৰা।

৩। শিক্ষাৰ সহায়ত মুক্তি লাভ কৰা । পৰম ব্ৰহ্মৰ মতে আত্মাত একত্ৰিত হ’লেই জীৱই মুক্তি লাভ কৰে আৰু এইটোৱেই জীৱনৰ লক্ষ্য।

(৪) আধ্যাত্মিক বিকাশ ইয়াৰ আন এক লক্ষ্য। পাৰ্থিৱ বিষয়বস্তুতকৈ আধ্যাত্মিক মুল্যবোধ সমূহ যে স্থায়ী আৰু ইয়াৰ জৰিয়তে প্রকৃত শান্তি পাব পাৰি সেই বিষয়ে উপলব্ধি কৰা৷

(৫) বিশ্বৱন্মাণ্ডৰ উৎপত্তিৰ বিষয়ে জ্ঞান দিয়া। 

(৬) নৈতিক বিকাশ শিক্ষাৰ অন্য এক লক্ষ্য।

(৭) বস্তুগত বিকাশ শিক্ষাৰ এটা লক্ষ্য।

(৮) দেহ, মন আৰ আত্মাৰ সমবিকাশও শিক্ষাৰ লক্ষ্য হব লাগে [Harmonious Development of body, mind and soul].

২৫. যজ্ঞবন্ধ্যৰ দৰ্শনৰ মূল নীতি সমূহ লিখা। 

Write about the basic features of Yogyavalkya’s Philosophy.

Ans: যাজ্ঞবন্ধ্যৰ দৰ্শনৰ কেইটামান মূল দিশ তলত উল্লেখ কৰা হ’ল –

(১) পৃথিৱীখন কেৱল বস্তু আৰু শক্তিয়েই নহয় ইয়াত আত্মা বা ব্ৰহ্ম আৰু জ্ঞান সংযুক্ত হৈ আছে।

(২) আত্মা হৈছে অবিনাশী, সত্য, চিৰস্থায়ী, অদৃশ্য, যি সকলো সত্তাত সুপ্তভাৱে ব্যাও হৈ থাকে।

(৩) আত্মা আৰু ব্ৰহ্মৰ প্ৰকৃত জ্ঞানৰ জৰিয়তে পুনৰ জন্মৰ পৰা মুক্তি লাভ কৰিব পাৰি।

(৪) জ্ঞান হৈছে আত্ম, জ্ঞান হৈছে যুক্তি, জ্ঞান হৈছে শক্তি, জ্ঞান হৈছে আভ্যন্তৰীণ শক্তি।

(৫) সম্পদ, ধন দৌলতৰ জৰিয়তে চিৰসুখ লাভ কৰিব নোৱাৰি বা অমৰত্ব ও পাব নোৱাৰি।

(৬) পাৰমাৰ্থিক জ্ঞান হৈছে যি বাহিৰৰ সমৰ্থন নোহোৱাকৈ নিজৰ মতে থিয় দিব পাৰে । সেয়া হৈছে ঈশ্বৰ জ্ঞান, ঐশ্বৰিক জ্ঞান।

(৭) আত্মা সকলোৰে ভিতৰতে থাকে। সকলো আত্মাই এক পৰিব্যাপ্ত আৰু সৰ্বশ্ৰেষ্ঠ [All souls are one immanent and transcendent]

(৮) তেওঁ দার্শনিক অম্বেষণৰ এক অস্বীকাৰ প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰিছে, যাক নেতি নেতি বুলি কোৱা হয়।

(৯) তেওঁৰ দৰ্শনে মানৱ জীৱনৰ চাৰি আশ্ৰমৰ কথা উল্লেখ কৰিছে।

(১০) তেওঁৰ মতে আধ্যাত্মিক আত্মাই হৈছে প্রকৃত সত্য। ২৬. যাজ্ঞবন্ধ্যৰ শিক্ষাদৰ্শনৰ বিষয় আলোচনা কৰা।

26. Discus about the Educational Philosophy of Yagyavalkya

উত্তৰঃ বৃহদান্যক উপনিষদত যাক্ষবন্ধ্য আৰু মৈত্রেয়ীৰ কথোপকথনৰ ভিত্তিত শিক্ষাৰ বিষয়সমূহ নিম্নোক্ত ধৰণে উল্লেখ কৰিব পাৰি—

(১) শিক্ষাৰ দ্বাৰা আত্ম উপলব্ধি। যাৰ দ্বাৰা ব্যক্তিয়ে নিজকে পৰম ব্ৰহ্মৰ অংশ বুলি উপলব্ধি কৰিব পাৰে।

(২) শিক্ষাৰ দ্বাৰা পাৰমাৰ্থিক বা পৰমাত্মাৰ জ্ঞান লাভ আত্মা-ব্রহ্ম, চাংশ (সই বিষয়ে উপলব্ধি কৰা। 

৩। শিক্ষাৰ সহায়ত মুক্তি লাভ কৰা । পৰম ব্ৰহ্মৰ মতে আত্মাত একত্ৰিত হ’লেই জীৱই মুক্তি লাভ কৰে আৰু এইটোৱেই জীৱনৰ লক্ষ্য।

(৪) আধ্যাত্মিক বিকাশ ইয়াৰ আন এক লক্ষ্য ৷ পাৰ্থিৱ বিষয়বস্তুতকৈ আধ্যাত্মিক মুল্যবোধ সমূহ যে স্থায়ী আৰু ইয়াৰ জৰিয়তে প্ৰকৃত শান্তি পাব পাৰি সেই বিষয়ে উপলব্ধি কৰা৷

(৫) বিশ্বৱন্মাণ্ডৰ উৎপত্তিৰ বিষয়ে জ্ঞান দিয়া।

(৬) নৈতিক বিকাশ শিক্ষাৰ অন্য এক লক্ষ্য। 

(৭) বস্তুগত বিকাশ শিক্ষাৰ এটা লক্ষ্য।

(৮) দেহ, মন আৰ আত্মাৰ সমবিকাশও শিক্ষাৰ লক্ষ্য হব লাগে [Harmonious Development of body, mind and soul].

২৭. যাজ্ঞবন্ধ্যৰ শিক্ষা দর্শন সম্পর্কে তোমাৰ পৰ্য্যালোচনা আগবঢ়োৱা। 

Give your assessment about the Educational Philosophy of Yagyavalkya?

উত্তৰঃ Students Do Yourself.

২৮. চমুটোকা লিখা : Write Short Notes:

(ক) যজ্ঞবন্ধ্য আৰু ভাৰতীয় আদর্শবাদ।

Yagyavalkya and Indian Idealism. 

উত্তৰঃ Students Do Yourself.

(খ) যজ্ঞবন্ধ্য আৰু শিক্ষণ পদ্ধতি।

Yagyavalkya and method of Teaching.

উত্তৰঃ যাজ্ঞবান্ধ্যৰ শিক্ষাদৰ্শনত কোনো নিদিষ্ট শিক্ষাদানৰ পদ্ধতিৰ উল্লেখ পোৱা নাযায় যদিও বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত বিভিন্ন উপায়েৰে তেওঁৰ অনুগামী সকলক জ্ঞান দিবলে যত্ন কৰিছিল। ইয়াৰ দ্বাৰা এইটো পতিয়ন হয় যে শিক্ষক অনুযায়ী শিক্ষা দান পদ্ধতি ভিন্ন হ’ব পাৰে। ছাত্ৰসকলক বিশ্ববহ্মাণ্ডৰ প্ৰকৃত সত্য উপলব্ধি কৰিব পৰাকৈ প্ৰয়োজনীয় জ্ঞান প্ৰদানৰ ওপৰত যাজ্ঞবন্ধ্যই গুৰুত্ব দিছিল। সেই সময়ৰ কেইটামান পদ্ধতি হ’ল—

(১) শৱণ, অনুধাৱন বা চিন্তন আৰু ধ্যান [Hearing, Reflection and Meditation] পদ্ধতি অনুসৰণ কৰিছিল অর্থাৎ প্রথমে শুনা, পিছত তাক বিভিন্ন যুক্তিযুক্ততাৰে চিন্তা কৰা বা অনুধাৱন কৰা আৰু শেষত ধ্যানৰ অনুশীলন কৰা ৷ যেতিয়া এই তিনিটা সংযুক্ত হয় তেতিয়াই ব্ৰহ্মৰ প্ৰকৃত উপলব্ধি হ’ব।

(২) প্রশ্নোত্তৰ পদ্ধতিও অন্যতম আছিল। প্রশ্নোত্তৰ পদ্ধতিও ব্যৱহাৰ হোৱা দেখা গৈছিল। বিভিন্ন বিষয়ৰ সম্পকে প্রশ্ন সুধি প্ৰকৃত জ্ঞান আহৰণ কৰিছিল৷

(৩) যুক্তিতর্ক পদ্ধতিও এটা উল্লেখ যোগ্য পদ্ধতি আছিল। কোনো বিষয় বা প্রশ্ন অৱতাৰণা কৰি তাৰ উচিত মীমাংসাৰ বাবে যুক্তি তৰ্কত লিণ্ড হৈছিল।

(৪) সেই সময়ৰ আন এটা উল্লেখযোগ্য পদ্ধতি হ’ল স্বপালিত পদ্ধতি। প্রত্যেকৰে আভ্যন্তৰত নিহিত আত্মাই ব্যক্তিক স্ব- প্ৰমোদনত সহায় কৰে।

(৫) তত্ত্বগধুৰ বিষয় বিলাক বুজিবৰ বাবে বক্তৃতা পদ্ধতি ব্যৱহাৰ কৰিছিল।

(৬) কিছুমান তাত্বিক বিষয় কথোপকথন পদ্ধতিৰে শিকিছিল।

(৭) আলোচনা পদ্ধতিৰে বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিছিল। 

(৮) শ্লোক, সংজ্ঞা আদি বিষয় স্মৰণ পদ্ধতিৰে আয়ত্ব কৰিছিল। 

(৯) মুক্ত পৰিবেশত শিক্ষা দিয়াৰ ব্যৱস্থা আছিল।

(১০) ধ্যান আৰু যোগ [Meditation and Yoga] অনুসৰণ কৰিছিল।

(গ) যাজ্ঞবন্ধ্য আৰু শিক্ষাব্যৱস্থাত শিক্ষকৰ স্থান।

Yagyavalkya and Place of Teacher in Education System.

উত্তৰঃ যাজ্ঞবন্ধ্যৰ শিক্ষা দৰ্শনত শিক্ষকে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল। শিক্ষন পদ্ধতিৰ মুল কেন্দ্ৰবিন্দু হ’ল শিক্ষকজন । শিক্ষক অবিহনে শিক্ষাগ্রহণ অসম্পূর্ণ । শিক্ষকজন আদর্শবাদী, উচ্চ ব্যক্তিত্ব সম্পন্ন, ধীৰ-স্থিৰ, জ্ঞানী, সৎচৰিত্ৰবান আৰু আধ্যাত্মিক তত্ত্বাবধায়ক হ’ব লাগে, যাৰ সানিধ্যত থাকি শিক্ষার্থীসকলো একো একোজন আদর্শ ব্যক্তি হিচাপে গঢ়লৈ উঠিব। শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশ, মানসিক বিকাশ, চিন্তা ধাৰা অনুধাৱন, বিচাৰ শক্তি আদিৰ বিকাশ সাধন কৰিব পৰাকৈ শিক্ষক জন উপযুক্ত জ্ঞান অভিজ্ঞতাৰে সমৃদ্ধ হ’ব লাগিব। শিক্ষাৰ্থীৰ শুদ্ধ পথৰ সন্ধান দিয়াৰ দায়িত্ব শিক্ষকৰ । শিক্ষাৰ্থীক শিক্ষাৰ মূল লক্ষ্যৰ দিশেৰে আগবঢ়াই নিয়াত শিক্ষকৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁ শিক্ষাৰ্থীৰ মনত উদয় হোৱা সকলো শংকা দুৰ কৰিব পৰাকৈ অভিজ্ঞ হ’ব লাগিব। মুঠতে যাজ্ঞবান্ধ্যৰ শিক্ষা দৰ্শনৰ মতে শিক্ষকৰ স্থান এনে ধৰণৰ—

(১) শিক্ষক হ’ল আধ্যাত্মিক তত্ত্বাবধায়ক।

(২) নিজৰ ব্যক্তিত্বৰে শিক্ষাৰ্থীক আকৰ্ষিত কৰিব পাৰিব লাগিব।

(৩) শিক্ষাৰ্থীৰ শাৰীৰিক, বৌদ্ধিক, মানসিক আৰু আধ্যাত্মিক দিশৰ বিকাশ সাধন কৰিব পৰাকৈ শিক্ষক জন অভিজ্ঞতা সম্পন্ন হ’ব লাগিব ৷

(৪) পৰিস্থিতি অনুযায়ী শিক্ষা দানৰ বিভিন্ন পদ্ধতি তথা কৌশল সমূহ প্ৰয়োগ কৰিব পাৰিব লাগিব।

(৫) শিক্ষাৰ্থীৰ বন্ধু আৰু শুভচিন্তক হিচাবে নিজক প্রতিপন্ন কৰা যাতে শিক্ষাৰ্থীৰ মনত উদয় হোৱা যিকোনো সংশয় মুকলিকৈ আলোচনা কৰিব পাৰে।

(৬) নিজস্ব জীৱন ধাৰণৰ প্ৰণালীৰে শিক্ষাৰ্থীক অনুপ্রাণিত কৰিব পাৰিব লাগিব ৷

(৭) শিক্ষকজন উচ্চ জ্ঞান অভিজ্ঞতাৰে সমৃদ্ধ, ধাৰ্মিক, সৎ আৰু নৈতিক গুণৰ অধিকাৰী হ’ব লাগিব৷

(৮) শিক্ষকজন সু-চৰিত্ৰবান হ’ব লাগিব।

(৯) সকলো ছাত্ৰৰ প্ৰতি ব্যৱহাৰ গণতান্ত্ৰিক হোৱা প্ৰয়োজন৷

(ঘ) যজ্ঞবন্ধ্য আৰু অনুশাসন।

Yagyavalkya and Discipline.

উত্তৰঃ শিশুৰ বাবে অনুশাসন অতি প্রয়োজনীয় কিয়নো ইয়াৰ দ্বাৰা শিশোৱে নিয়মানুৱৰ্তিতা, সময়নিষ্ঠা, নম্রতা বাধ্যতা আদি গুণসমূহ আয়ত্ব কৰিব পাৰে। সেয়ে যাক্ষবন্ধ্যই অনুশাসনৰ কথা উল্লেখ কৰিছে। আত্মউপলব্ধিৰ বাবে অনুশাসনৰ অতি প্রয়োজন । এক নিয়ন্ত্ৰিত পৰিবেশত শিক্ষার্থীক স্বাধীনতা দিব লাগে যাতে তেওঁলোকে বিবেকৰ দ্বাৰা পৰিচালিত হৈ আত্ম নিয়ন্ত্ৰিত হ’ব পাৰে। অৰ্থাৎ বাহ্যিক অনুশাসনৰ দ্বাৰা আভ্যন্তৰীণ অনুশাসনৰ বা আত্মানুশাসন আয়ত্ব কৰাত গুৰুত্ব দিছে। কিয়নো আভ্যন্তৰীণ, আত্ম নিয়ন্ত্ৰণ মুলক আৰু আত্ম আবেগিক অনুশাসনহে স্থায়ী হয়। বাহিৰৰ পৰা। জাপি দিয়া অনুশাসন খন্তেকীয়া। শিক্ষার্থী নৈতিক, আধ্যাত্মিক শিক্ষা, ৰীতি-নীতি, আদর্শ, ধর্মীয় শিক্ষা আদি অনুকৰণ কৰি আত্ম অনুশাসন লাভ কৰি আত্ম উপলব্ধিৰ দিশেৰে আগবাঢ়ি যাব পাৰে। মুঠতে যাজ্ঞবন্ধ্যৰ শিক্ষাদৰ্শনৰ মতেঃ 

(১) আত্ম অনুশাসনৰ জৰিয়তে আত্ম উপলব্ধি কৰিব পাৰি।

(২) ব্যহ্যিক অনুশাসন অর্থাৎ নিয়ন্ত্ৰিত পৰিবেশৰ জৰিয়তে আত্ম অনুশাসন আহৰণ কৰা।

(৩) শিক্ষকৰ ব্যক্তিত্বৰ জৰিয়তে শিক্ষাৰ্থীৰ আচৰণ গঢ়ি তোলা। 

(৪) নৈতিক আৰু আধ্যাত্মিক শিক্ষা তথা ৰীতি-নীতি আদৰ্শ আদি অনুকৰণ কৰি আত্মানুশাসন গঢ়ি তোলা।

(৫) নিয়ন্ত্রিত স্বাধীনতাৰ জৰিয়তে অনুশাসন গঢ়ি তোলা ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top