Global Politics Unit 3 সমসাময়িক গোলকীয় সমস্যা – I

Global Politics Unit 3 সমসাময়িক গোলকীয় সমস্যা – I, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Global Politics Unit 3 সমসাময়িক গোলকীয় সমস্যা – I Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Global Politics Unit সমসাময়িক গোলকীয় সমস্যা – I Question Answer can be of great value to excel in the examination.

Global Politics Unit সমসাময়িক গোলকীয় সমস্যা – I

Join Telegram channel

Global Politics Unit সমসাময়িক গোলকীয় সমস্যা – I Notes cover all the exercise questions in UGC Syllabus. Global Politics Unit সমসাময়িক গোলকীয় সমস্যা – I provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

১১। বিশ্ব সন্ত্ৰাসবাদৰ কাৰ্য প্ৰণালী সম্পৰ্কে আলোচনা কৰা। (Discuss the working procedure of global terrorism?)

উত্তৰঃ বিশ্ব-সন্ত্ৰাসবাদীসকলৰ প্ৰধান লক্ষ্য হ’ল তেওঁলোকৰ সমস্যাবিলাকৰ প্ৰতি বিশ্বৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰা। যিবিলাক ৰাষ্ট্ৰৰ প্ৰতি সন্ত্ৰাসবাদীসকলৰ মনোভাব একেবাৰে বেয়া সেই ৰাষ্ট্ৰবিলাকক আৰু সেইবিলাকৰ জনসাধাৰণক ভীতিগ্ৰস্ত কৰিবৰ বাবে নানা ধৰণৰ কূটাঘাতমূলক কাৰ্য সংগঠিত কৰে। বিশ্ব-সন্ত্ৰাসবাদীসকলৰ কাৰ্য পদ্ধতিবিলাক হ’ল-

(ক) সন্ত্ৰাসবাদীসকলে আন ৰাষ্ট্ৰত তেওঁলোকৰ সংগঠনৰ শাখা-প্ৰশাখাবিলাক গঠন কৰে।কেতিয়াবা বিদেশী কোনো ৰাষ্ট্ৰত তেওঁলোকৰ মুখ্য কাৰ্যালয় গঠন কৰি ইয়াৰ নিৰ্দেশমতে দেশ-বিদেশত সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে।

(খ) প্ৰায়বিলাক ৰাষ্ট্ৰতে কিছুমান সন্ত্ৰাসবাদী সংগঠন আছে। বিশ্ব-সন্ত্ৰাসবাদী গোটে স্থানীয় সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু ইয়াৰ সহায়ত যিকোনো ৰাষ্ট্ৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংগঠিত কৰে।

(গ) কোনো বিশ্ব-সন্ত্ৰাসবাদী গোটে আন ৰাষ্ট্ৰত তেওঁলোকৰ দূত নিয়োগ কৰি সেইবিলাকৰ দ্বাৰা যিকোনো হিংসাত্মক কাৰ্য সম্পাদন কৰি চৰকাৰ আৰু জনসাধাৰণৰ মনত ত্ৰাসৰ সৃষ্টি কৰিব পাৰে।

(ঘ) বিশ্ব-সন্ত্ৰাসবাদীসকলে তেওঁলোকৰ কাৰ্য সম্পাদনত বিদেশী ৰাষ্ট্ৰৰো সহায় ল’ব পাৰে। উদাহৰণস্বৰূপে – পাকিস্তান, আফগানিস্তান, ইৰাক আদি ৰাষ্ট্ৰত বিশ্ব-সন্ত্ৰাসবাদী সংগঠনক সকলো প্ৰকাৰে সহায় কৰা হয়। এইবিলাক ৰাষ্ট্ৰৰ পৰাই সন্ত্ৰাসবাদীসকলে যিকোনো দেশত হিংসাত্মক কাৰ্য কৰিব পাৰে।

(ঙ) বিশ্বৰ কিছুমান সন্ত্ৰাসবাদী সংগঠনৰ আৰ্থিক অৱস্থা বৰ টনকিয়াল। এই সংগঠনবিলাক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰেৰে সসুজ্জিত। সেয়েহে এই সন্ত্ৰাসবাদীসকলে যিকোনো সময়ত যিকোনো দেশত হিংসাত্মক কাৰ্যৰ দ্বাৰা সংকটৰ সৃষ্টি কৰিব পাৰে।

(চ) বিশ্ব-সন্ত্ৰাসবাদী সংগঠনবিলাকে সন্ত্ৰাসবাদীসকলক সকলো ধৰণৰ প্ৰশিক্ষণ দিয়ে যাতে তেওঁ সুচাৰুৰূপে সন্ত্ৰাসমূলক কাৰ্য সংগঠিত কৰিব পাৰে।

(ছ) অনুন্নত বা উন্নয়নশীল দেশৰ সন্ত্ৰাসবাদীসকলে উন্নত ৰাষ্ট্ৰবিলাকৰ পৰা অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰে আৰু তেওঁলোকৰ কৰ্মীসকলক সেইবিলাক ৰাষ্ট্ৰত উচ্চমানৰ প্ৰশিক্ষণ দিয়ে যাতে তেওঁলোক লক্ষ্যভ্ৰষ্ট নহয়।

(জ) পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত থকা শক্তিশালী সন্ত্ৰাসবাদী সংগঠনবিলাকে সেইবিলাকৰ মাজত পাৰস্পৰিক যোগাযোগ ৰাখে আৰু বন্ধুত্বমূলক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰে যাতে এটাই আনটোক প্ৰয়োজন হ’লে সহায় কৰিব পাৰে।

(ঝ) প্ৰায়বিলাক বিশ্ব-সন্ত্ৰাসবাদী সংগঠনৰ আত্মঘাতী গোট আছে। এই গোটবিলাকৰ সদস্যসকলক বিশেষ প্ৰশিক্ষণ আৰু উদগনি দিয়া হয় যাতে তেওঁলোকে নিজক বলিদান কৰিও সংগঠনৰ লক্ষ্য সাধন কৰাত ইতস্ততঃ নকৰে।

(ঞ) সন্ত্ৰাসবাদী সংগঠনবিলাকে যিকোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সম্পাদন কৰিবৰ বাবে সাজু থাকে। তেওঁলোকে স্থান, কাল, পাত্ৰ ভেদে নানা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে যাতে সকলোৰে মনত ভয়ৰ সঞ্চাৰ হয়। কাৰণ, এইবিলাক হিংসাত্মক কাৰ্যই তেওঁলোকক তেওঁলোকৰ লক্ষ্য সাধন কৰাত সহায় কৰে।

(ট) বিশ্ব-সন্ত্ৰাসবাদী সংগঠনবিলাকে দুৰ্গম অঞ্চলবিলাকত বিভিন্ন ধৰণৰ কাৰ্যালয়, প্ৰশিক্ষণ কেন্দ্ৰ আদি স্থাপন কৰে যাতে তেওঁলোক সহজতে কাৰো হাতত ধৰা নপৰে। সন্ত্ৰাসবাদীসকল বহুতো সময়ত গেৰিলা যুদ্ধত লিপ্ত থাকে আৰু সুযোগ পালেই শত্ৰুপক্ষক আক্ৰমণ কৰে। বিশ্ব-সন্ত্ৰাসবাদীসকলে সাধাৰণতে ওপৰত উল্লেখ কৰা ধৰণৰ কৌশলবিলাক প্ৰয়োগ কৰি নিজৰ সংগঠনবিলাকক সক্রিয় কৰি ৰাখিছে।

১২। বিশ্ব সন্ত্ৰাসবাদৰ কাৰণসমূহ আলোচনা কৰা। (Discuss the causes of global terrorism?)

উত্তৰঃ যি সন্ত্ৰাসবাদে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত সন্ত্ৰাসবাদী কাৰ্যত লিপ্ত থাকি ৰাষ্ট্ৰবিলাকৰ নিৰাপত্তা অনিশ্চিত কৰিব বিচাৰে সেই সন্ত্ৰাসবাদক বিশ্ব সন্ত্ৰাসবাদ বুলি কোৱা হয়। সন্ত্ৰাসবাদী সংগঠনবিলাকে দেশত তেওঁলোকৰ ভিন ভিন ধৰণৰ দাবী পূৰণৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰে। সন্ত্ৰাসবাদ বিশ্ব-সন্ত্ৰাসবাদত পৰিণত হোৱাৰ বহুতো কাৰণ আছে। 

ইয়াৰ প্ৰধান কাৰণবিলাক তলত উল্লেখ কৰা হ’ল-

(ক) কিছুমান ৰাষ্ট্ৰৰ আন ৰাষ্ট্ৰৰ প্ৰতি শত্ৰুতা আছে। সেই ৰাষ্ট্ৰবিলাকে শত্ৰুপক্ষৰ সৈতে, প্ৰত্যক্ষ সংঘৰ্ষ নকৰি কিছুমান সন্ত্ৰাসবাদী সংগঠনক সেই ৰাষ্ট্ৰত হিংসাত্মক কাৰ্যকলাপ কৰিবলৈ ইন্ধন যোগায় যাতে অশান্তি আৰু অৰাজকতাৰ সৃষ্টি হয়। 

(খ) যেতিয়া এখন ৰাষ্ট্ৰই সন্ত্ৰাসবাদী সংগঠনক কঠোৰভাবে দমন কৰে বা সেইবিলাকক জাতিদ্ৰোহী বুলি ঘোষণা কৰে তেতিয়া এই সংগঠনবিলাকে বিদেশৰ পৰা ইয়াৰ হিংসাত্মক কাৰ্য অব্যাহত ৰাখে।

(গ) বহুতো দেশে আন দেশৰ সন্ত্ৰাসবাদীসকলক প্ৰশ্ৰয় দিয়া দেখা যায়। এই সন্ত্ৰাসবাদী গোটবিলাকক নানাভাৱে সহায় কৰে। গতিকে অন্যান্য ৰাষ্ট্ৰৰ প্ৰৰোচনাতো বিশ্ব-সন্ত্ৰাসবাদ চাৰিওফালে বিয়পি পৰিছে।

(ঘ) কিছুমান দেশত ৰাজনীতিৰ সৈতে ধৰ্মক সাঙুৰি লোৱা হৈছে। এইবিলাকে দেশত মৌলবাদী শক্তি বৰ শক্তিশালী। এনে শক্তিয়ে দেশৰ শাসন ব্যৱস্থাক নিয়ন্ত্ৰণ কৰিব পাৰে।

(ঙ) নিবনুৱা সমস্যাক বিশ্ব-সন্ত্ৰাসবাদৰ উদ্ভৱৰ আন এটা কাৰণ বুলি কোৱা হয়। নিবনুৱাসকলে জীৱিকা-নিৰ্বাহৰ আন কোনো উপায় নাপাই সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰে আৰু পৃথিৱীৰ যিকোনো ৰাষ্ট্ৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংগঠিত কৰাৰ বাবে সাজু থাকে।

(চ) বিভিন্ন ৰাষ্ট্ৰৰ চোৰাংচোৱা গোটবিলাকেও বিশ্ব-সন্ত্ৰাসবাদ বিয়পোৱাত সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে পাকিস্তানৰ আই.এছ.আই. এ ভাৰতবৰ্ষত সন্ত্ৰাসবাদী কাৰ্য সংগঠিত কৰিবৰ বাবে সন্ত্ৰাসবাদী  সংগঠনবিলাকক সকলো প্ৰকাৰে সহায় কৰে।

(ছ) কিছুমান দেশত অৱহেলিত এক শ্ৰেণীৰ মানুহে স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰিব পাৰে আৰু অৱশেষত তেওঁলোকে লক্ষ্য পূৰণ কৰিবৰ বাবে সন্ত্ৰাসবাদৰ আশ্ৰয় ল’ব পাৰে।

(জ) কোনো কোনো ৰাজনৈতিক দলৰ উগ্ৰ ভাবধাৰা থাকে। এই ভাবধাৰা কোনো দলে বিদেশতো বিস্তাৰ কৰিবৰ বাবে চেষ্টা কৰিব পাৰে। তেতিয়া এই দলে সন্ত্ৰাসবাদী গোটৰ সহায় ল’ব পাৰে।

(ঝ) বিশ্ব-সন্ত্ৰাসবাদৰ সম্প্ৰসাৰণত চোৰাং বেপাৰ-বাণিজ্যই যথেষ্ট সহায় কৰিছে। এই ব্যৱসায়ীসকলে বিনা বাধাই যাতে অন্যান্য দেশৰ সৈতে নিষিদ্ধ দ্ৰব্যাদিৰ বেহা-বেপাৰ নির্বিঘ্নে কৰিব পাৰে তাৰ বাবে তেওঁলোকে আন্তৰ্জাতিক সন্ত্ৰাসবাদীসকলৰ সহায় ল’ব পাৰে।

(ঞ) অনুন্নত দেশৰ কিছুমান মানুহে উন্নত দেশবিলাকক তেওঁলোকৰ শোচনীয় অৱস্থাৰ বাবে দায়ী বুলি ভাবে। কাৰণ উন্নত দেশবিলাকে অনুন্নত দেশবিলাকক নানাভাৱে শোষণ কৰি আছে। এই শোষণৰ পৰা ৰক্ষা পাবৰ বাবে অনুন্নত এখন দেশৰ কিছু সংখ্যক মানুহে সন্ত্ৰাসবাদৰ আশ্ৰয় ল’ব পাৰে।

(ট) বিশ্ব-সন্ত্ৰাসবাদক সকলোৱে এটা জটিল সমস্যা বুলি বিবেচনা কৰে। কিন্তু নিজৰ সুবিধাৰ বাবে কোনো ৰাষ্ট্ৰই ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে। এনে অৱস্থাত সন্ত্ৰাসবাদে বিশ্বৰ চাৰিওফালে ইয়াৰ শাখা-প্ৰশাখা বিনা বাধাই বিস্তাৰিত কৰিব পাৰিছে।

ওপৰত উল্লেখ কৰা কাৰণবিলাকৰ বাবে সন্ত্ৰাসবাদে প্ৰায়বিলাক দেশতে জটিল অৱস্থাৰ সৃষ্টি কৰা দেখা যায়। সন্ত্ৰাসবাদৰ কাৰণবিলাক নিৰ্মূল কৰিব পাৰিলেহে বিশ্ববাসী সন্ত্ৰাসৰ বিভীষিকাৰ পৰা ৰক্ষা পাব পাৰে।

১৩। জাতিসংঘই নিৰস্ত্ৰীকৰণৰ কাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰিছিল? (What measures did the UN take for disarmament?)

উত্তৰঃ জাতিসংঘই নিৰস্ত্ৰীকৰণ ফলপ্ৰসূ কৰিবৰ কাৰণে ইয়াৰ কাৰ্যকাৰীকতাৰ কালছোৱাত বহুতো ব্যৱস্থা গ্ৰহণ কৰিছিল। লীগে বিভিন্ন স্তৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে তলত আলোচনা কৰা হ’ল।

(ক) স্থায়ী পৰামৰ্শকাৰী আয়োগ (Permanent Advisory Commission): ১৯২০ চনত লীগে এখন স্থায়ী নিৰস্ত্ৰীকৰণ পৰামৰ্শকাৰী আয়োগ গঠন কৰে। এই আয়োগখন সামৰিক, নৌ আৰু বিমানবাহিনীৰ বিশেষজ্ঞক লৈ গঠিত হৈছিল। লীগ পৰিষদৰ প্ৰতিখন দেশকে স্থায়ী পৰামৰ্শকাৰী আয়োগৰ প্ৰতিনিধিত্বৰ সুবিধা দিছিল। এই আয়োগে পৰিষদৰ নিৰস্ত্ৰীকৰণ সম্পৰ্কে পৰামৰ্শ দিয়াৰ কৰ্তৃত্ব লাভ কৰে। ১৯২০ চনৰ ডিচেম্বৰ মাহত স্থায়ী আয়োগে পৰিষদক এই বুলি পৰামৰ্শ দিছিল যে, বৰ্তমান সময়ত নিৰস্ত্ৰীকৰণ কৰাটো বহুত আগতীয়া হৈছে।

(খ) অস্থায়ী মিশ্ৰিত আয়োগ (Temporary Mixed Commission): ১৯২০ চনৰ ডিচেম্বৰ মাহত অস্থায়ী মিশ্ৰিত আয়োগ গঠন কৰা হয়। এই আয়োগৰ উদ্দেশ্য হ’ল অস্ত্ৰ সীমিতকৰণ সম্পৰ্কে পৰিষদক পৰামৰ্শ দিয়া। এই নতুন আয়োগটোৱে যুটীয়াভাৱে স্থায়ী পৰামৰ্শকাৰী আয়োগৰ লগত কাম কৰি ১৯২৩ চনত পাৰস্পৰিক সাহায্যৰে আয়োগৰ এখন খচৰা চুক্তি (Draft Treaty of Mutual Assistance, 1923) উদ্ভাৱন কৰে। এই চুক্তি অনুসৰি আক্ৰমণৰ বলি হোৱা দেশবিলাকক আন্তৰ্জাতিক সাহায্য দিব। দ্বিতীয়তে এই খচৰা চুক্তিমতে দুবছৰৰ ভিতৰত অস্ত্ৰ সীমিত কৰিব লাগিব। তৃতীয়তে যুদ্ধ আৰম্ভ হ’লে পৰিষদে চাৰিদিনৰ ভিতৰতে কোন আক্ৰমণকাৰী, তাক নিৰ্ধাৰণ কৰিব।

ইয়াৰ আগতেও অস্থায়ী মিশ্ৰিত আয়োগে নিৰস্ত্ৰীকৰণ সম্পৰ্কত কিছুমান নীতি দাঙি ধৰিছিল। সেই নীতি জাতিসংঘৰ তৃতীয়খন সভাই ১৯২২ চনত গ্ৰহণ কৰিছিল।

আয়োগে আগবঢ়ো নীতিবিলাক হ’ল-

১। কোনো নিৰস্ত্ৰীকৰণ আঁচনি কাৰ্যকৰী হ’বলৈ হ’লেই সাৰ্বজনীন হ’ব লাগিব।

২। চৰকাৰবিলাকে তেওঁলোকৰ হাতত থকা অস্ত্ৰ-শস্ত্ৰ হ্ৰাস কৰিবলৈ হ’লে তেওঁলোকক নিৰাপত্তা দিব লাগিব।

৩। তেনে নিৰাপত্তা এখন প্ৰতিৰক্ষামূলক পাৰস্পৰিক চুক্তিৰ দ্বাৰাহে সম্ভৱপৰ। আন কথাত এই নিৰাপত্তা প্ৰতিৰক্ষামূলক চুক্তিৰ ওচৰচুবুৰীয়া এখন দেশৰ পৰা তৎকালে সাহায্য দি নিশ্চিত কৰিব পাৰি।

৪। পাৰস্পৰিক চুক্তি কৰা প্ৰথমটো চৰ্ত হ’ব অস্ত্ৰ-শস্ত্ৰ হ্ৰাস কৰাটো আৰু এনে অস্ত্ৰ-শস্ত্ৰ হ্ৰাস কৰিবলৈ সাধাৰণ চুক্তি সম্পাদন কৰিব লাগে।

(গ) জেনেভা প্ৰট’কোল (The Geneya Protocol, 1924): ১৯২৩ চনত অস্থায়ী মিশ্ৰিত আয়োগে পাৰস্পৰিক সাহায্যৰ খচৰা চুক্তিখনত অনুমোদন কৰিছিল যদিও সেই চুক্তি নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত সফল নহ’ল। ১৯২৪ চনৰ ২অক্টোবৰ তাৰিখে জাতিসংঘৰ সভাই জেনেভা প্ৰট’কোল গ্ৰহণ কৰে। এই প্ৰট’কোলখনত ১৯ খন দেশে স্বাক্ষৰ কৰিছিল। জেনেভা প্ৰট’কোলৰ প্ৰতি ১৯ খন দেশে সমৰ্থন জনাইছিল যদিও ১৯২৫ চনৰ মার্চ মাহত অনুষ্ঠিত হোৱা পৰিষদৰ অধিবেশনত প্ৰট’কোলখনৰ প্ৰতি সাধাৰণ সমৰ্থন লাভ কৰিবলৈ সমৰ্থন হোৱা নাছিল। বিশেষকৈ ব্ৰিটেইনে ইয়াৰ বিৰোধিতা কৰাৰ কাৰণে প্ৰট’কোলখন পৰিত্যাগ কৰিবলগীয়া হয়। সেইদৰে ইয়াৰ লগত প্ৰস্তাৱিত নিৰস্ত্ৰীকৰণ সন্মিলনখনো বাতিল কৰা হৈছে। গতিকে দেখা যায় যে, নিৰস্ত্ৰীকৰণৰ বিষয়টো সামূহিক নিৰাপত্তাৰ লগত জড়িত কৰিবলৈ বিচাৰিছিল যদিও সেই চেষ্টা বিফল হয়।

জেনেভা প্ৰট’কোলৰ প্ৰধান নীতিসমূহ আছিল-

১। যিকোনো পৰিস্থিতিত যুদ্ধৰ আশ্ৰয় লোৱাটো নিষিদ্ধ কৰা হৈছে।

২। আক্ৰমণকাৰী চিনাক্তকৰণৰ উপায় নিৰ্ধাৰণ কৰা হৈছে। যদি কোনো ৰাষ্ট্ৰই ন্যায়াধিকৰণৰ কোনো ৰায় নাইবা পৰিষদে নিৰ্ধাৰণ কৰা ব্যৱস্থাৱলী গ্ৰহণ কৰিবলৈ অনিচ্ছুক হয় তেনে দেশকে আক্ৰমণকাৰী বুলি চিনাক্ত কৰিব।

৩। কোনো দেশক আক্ৰমণকাৰী হিচাপে নিৰ্ধাৰণ কৰাৰ পিছত, সেই দেশৰ ওপৰত বাধ্যতামূলক ব্যৱস্থাৱলী কাৰ্যকৰী কৰিব।

ইয়াৰ পিছত ১৯২৪ চনৰ ৩ অক্টোবৰত পৰিষদে অস্থায়ী মিশ্ৰিত আয়োগৰ সলনি নিৰস্ত্ৰীকৰণ সমস্যা সমাধানৰ কাৰণে এখন সমন্বয় আয়োগ গঠন কৰে। কিন্তু এই আয়োগখনেও নিৰস্ত্ৰীকৰণ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সফল নোহোৱাৰ কাৰণে পিছত ভংগ কৰি দিয়া হয়। এই সমন্বয়ৰক্ষী আয়োগ নাইবা প্ৰস্তুতি আয়োগখনে একেৰাহে ৬ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰস্তুতি আয়োগে এখন খচৰা কনভেনছন প্ৰস্তুত কৰি নিৰস্ত্ৰীকৰণ সন্মিলনত উত্থাপন কৰিছিল। 

প্ৰস্তুতি আয়োগৰ কনভেনছনৰ নীতিবিলাক হ’ল-

(ক) সামৰিক বাজেট সানিতকৰণ কৰা।

(খ) সামৰিক সেৱাৰ সময় সীমাবদ্ধ কৰা।

(গ) সামৰিক, নৌ আৰু বিমানবাহিনীৰ কাৰ্যৰ কাম সীমিত কৰা।

(ঘ) লণ্ডনত নৌ-চুক্তিত সন্নিৱিষ্ট কৰা নিয়মাৱলী গ্ৰহণ কৰা আৰু

(ঙ) জেনেভাত সময়ে সময়ে অনুষ্ঠিত কৰিবৰ কাৰণে এখন স্থায়ী নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰা। এই আয়োগে লীগ পৰিষদক প্ৰস্তাৱিত নিৰস্ত্ৰীকৰণ চুক্তি কাৰ্যকৰীতাৰ সম্পৰ্কে পৰামৰ্শ দিব।

লীগৰ উদ্যোগত প্ৰথমখন নিৰস্ত্ৰীকৰণ সন্মিলন জেনেভাত ১৯২৩ চনৰ ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। এই সন্মিলত লীগৰ সদস্যভুক্ত নোহোৱা ৫ খন দেশকে ধৰি মুঠতে ৬১ খন দেশে অংশগ্ৰহণ কৰিছিল। সন্মিলনে বিভিন্ন সময়ত প্ৰায় দুবছৰ ধৰি আলোচনা কৰাৰ পাছত নিৰস্ত্ৰীকৰণ সম্পৰ্কে কেইবাটাও বিষয়ত সাধাৰণ ঐক্যমত প্ৰকাশ কৰে।

(ক) যুদ্ধৰ কিছুমান পদ্ধতি নিষিদ্ধ কৰা হয়।

(খ) বিমানৰ পৰা বোমাবর্ষণ আৰু ৰাসায়নিক, উদ্ভিদ বিষয়ক আৰু গৃহদাহ সম্পৰ্কীয় অস্ত্ৰ প্ৰয়োগ নিষিদ্ধ কৰা।

(গ) পাৰমাণৱিক আৰু ঋণাত্মক অস্ত্ৰ সীমিতকৰণৰ নীতি গ্ৰহণ কৰা।

(ঘ) প্ৰত্যেক দেশৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাজেট প্ৰচাৰ কৰা। আৰু

(ঙ) ইয়াৰ কাৰ্যকৰীতাৰ পৰিদৰ্শন কৰা।

এইদৰে ১৯৩২ চনত অনুষ্ঠিত হোৱা জেনেভা সন্মিলনে নিৰস্ত্ৰীকৰণৰ বিষয়ে ভালকেইটা নীতি গ্ৰহণ কৰিছিল। অৱশ্যে এই নীতিবিলাক কাৰ্যকৰীতাৰ বিষয়লৈ কোনো উপায় সম্পৰ্কত সদস্যসকল একমত হোৱা নাছিল। কেতবোৰ অশুভ শক্তিয়ে দেখা দিয়াৰ ফলত জেনেভা সন্মিলনৰ নিৰস্ত্ৰীকৰণ আলোচনা বিফল হ’ব বুলি ক’ব পাৰি। ১৯৩৩ চনৰ ১৪ অক্টোবৰত জাৰ্মানীয়ে নিৰস্ত্ৰীকৰণ সন্মিলনৰ পৰা নিজৰ সদস্য পদ প্ৰত্যাহাৰ কৰে। সেই সময়তে জাৰ্মানীয়ে জাতিসংঘৰ সদস্য পদো ত্যাগ কৰে। 

নিৰস্ত্ৰীকৰণ সন্মিলনখন স্থাপিত হোৱাৰ পিছত ১৯৩৪ চনৰ ২৯ মে’ তাৰিখে পুনৰ অনুষ্ঠিত হৈছিল। কেইদিনমান আলোচনা হোৱাৰ পাছত পুনৰ ইয়াৰ সদস্যসকলে সন্মিলন ত্যাগ কৰে। ইয়াৰ পাছত ১৯৩৫ চনৰ ১৬ মার্চত জাৰ্মানীয়ে ভাটাই চুক্তিত  নিৰস্ত্ৰীকৰণ সম্পৰ্কে থকা বিভিন্ন দফাবিলাক ভংগ কৰাৰ খতা ঘোষণা কৰে। জাৰ্মানীয়ে ১৯৩৬ চনৰ ৭ মার্চত লোকানোৰ চুক্তি ভংগ কৰাৰ কথা ঘোষণা কৰে। জাৰ্মানীয়ে আনকি ভাটাই চুক্তিৰ ৪২ আৰু ৪৩ অনুচ্ছেদ ভংগ কৰি ৰাইনলেণ্ডলৈ তেওঁলোকৰ সেন্যবাহিনী প্ৰেৰণ কৰে।

১৪। নিৰস্ত্ৰীকৰণ ব্যৱস্থা কি কি কাৰণে বিফল হৈছিল? (What caused the disarmament system of fail?)

উত্তৰঃ প্ৰথম মহাযুদ্ধৰ পিছৰ পৰা দ্বিতীয় মহাযুদ্ধৰ আগলৈকে জাতিসংঘৰ ভিতৰে-বাহিৰে নিৰস্ত্ৰীকৰণৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ব্যৱস্থা সফল নোহোৱাৰ বহুতো কাৰণ আছে।

(ক) অৰ্থনৈতিক সংকট: ১৯২৯-৩১ চনৰ ভিতৰত বিশ্বত যি অৰ্থনৈতিক সংকটে দেখা দিছিল তাৰ ফলত প্ৰায় সকলো বৃহৎ দেশৰে আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছিল। এই দেশবিলাকে নিৰস্ত্ৰীকৰণৰ নিচিনা বিষয়ৰ আলোচনাৰ ওপৰত গুৰুত্ব দিয়াতকৈ কি উপায়েৰে দেশে সন্মুখীন হোৱা গুৰুতৰ অৰ্থনৈতিক সংকট আতৰ কৰিব পাৰে তাৰ ওপৰতহে মনোনিবেশ কৰিছিল।

(খ) দূৰ-প্ৰাচ্যত জাপানৰ আক্ৰমণাত্মক নীতি: নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত কিছুমান বৃহৎ শক্তিগোষ্ঠীয়ে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও জাপান আদি দেশে আক্ৰমণাত্মক নীতি গ্ৰহণ কৰাৰ ফলত বিভিন্ন সময়ত অনুষ্ঠিত হোৱা নিৰস্ত্ৰীকৰণ সন্মিলনসমূহ সফল হ’ব পৰা নাছিল। জাপানে প্ৰথম মহাযুদ্ধৰ পিছৰ পৰা অধিক শক্তিশালী সাম্ৰাজ্য বিস্তাৰৰ নীতি গ্ৰহণ কৰি চীনৰ ভূখণ্ডত আক্ৰমণ কৰিছিল। জাপানৰ আক্ৰমণৰ ফলত আন কিছুমান দেশে এইক্ষেত্ৰত সফল হ’ব পৰা নাছিল।

(গ) জাতিসংঘৰ বিফলতা: জাতিসংঘৰ চনদত সমূহীয়া নিৰাপত্তা ব্যৱস্থা আছিল যদিও লীগে আক্ৰমণকাৰীৰ ওপৰত কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল। কিছুমান দেশে মুকলিভাৱে আন দেশ আক্ৰমণ কৰি জাতিসংঘৰ নীতি উলংঘা কৰিলেও সেই দেশক আক্ৰমণকাৰী বুলি দোষাৰোপ কৰিব নোৱাৰিছিল। সামূহিক নিৰাপত্তাৰ প্ৰতি বৃহৎ শক্তিগোষ্ঠীৰ দৃষ্টিভংগী একে নোহোৱাৰ ফলতো নিৰস্ত্ৰীকৰণ বিফল হৈছিল। ব্ৰিটেইন আদি দেশে নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেও ফ্ৰান্সে নিজৰ নিৰাপত্তাৰ কথা দোহাই দি নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাছিল।

(ঘ) ইটালী আৰু জাৰ্মানীৰ দৃষ্টিভংগী: পেৰিছ শান্তি চুক্তিৰ দ্বাৰা জাৰ্মানী আৰু ইটালী বৰ বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছিল। ভাচাই চুক্তিয়ে তেওঁলোকক নিৰস্ত্ৰ কৰাৰ লগতে তেওঁলোকক চুক্তিখনত চহী কৰিবলৈ বাধ্য কৰিছিল। গতিকে প্ৰবল শক্তিশালী জাৰ্মানীৰ নিচিনা এটা জাতিয়ে শান্তি চুক্তিত লাঞ্ছিত হৈ তেওঁলোকে প্ৰতিহিংসাৰ মনোভাব গ্ৰহণ কৰি আছিল। সেই মনোভাৱৰ ফলতে জাৰ্মানী আৰু ইটালীয়ে পুনৰ সুসজ্জিত হৈ শত্ৰুপক্ষৰ ওপৰত জাপি পৰাৰ কাৰণে নিৰস্ত্ৰ হোৱাৰ পৰিৱৰ্তে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হ’বৰ কাৰণেহে চেষ্টা কৰিছিল।

(ঙ) নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত থকা মত পাৰ্থক্য: বৃহৎ শক্তিগোষ্ঠীৰ নিৰস্ত্ৰীকৰণৰ বিষয় লৈ মত পাৰ্থক্য থকাৰ ফলতে ই বিফল হয়। বৃহৎ শক্তিগোষ্ঠীৰ মাজত কি কি বিষয়ৰ অস্ত্ৰ হ্ৰাস কৰিব লাগিব, এই সম্পৰ্কেও মতভেদ হৈছিল। উদাহৰণস্বৰূপে, নিৰস্ত্ৰীকৰণ সন্মিলনত ফ্ৰান্সে নৌ-শক্তি সীমিত কৰাৰ ওপৰত গুৰুত্ব দিছিল। আনহাতে ইংলেণ্ডে স্থল সৈন্যবাহিনীৰ সংখ্যা হ্ৰাস কৰিবলৈ বিচাৰিছিল।

(চ) দুর্বল প্ৰতিনিধিত্ব: লীগৰ ভিতৰে-বাহিৰে অনুষ্ঠিত হোৱা নিৰস্ত্ৰীকৰণ সন্মিলনসমূহত বৃহৎ শক্তিগোষ্ঠীৰ মূৰব্বীসকলে অংশগ্ৰহণ কৰাতকৈ তেওঁলোকৰ প্ৰতিনিধিবিলাকেহে অংশগ্ৰহণ কৰিছিল। ইয়াৰ ফলত সন্মিলনসমূহত প্ৰতিনিধিত্ব কৰা প্ৰতিনিধিসকলে অকলে কোনো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল, কাৰণ দেশৰ মুৰব্বীৰ অনুমোদনৰ অবিহনে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ বিষয়ত তেওঁৰ প্ৰতিনিধিয়ে অকলে সিদ্ধান্ত গ্ৰহণ কৰাটো সম্ভৱপৰ নাছিল।

(ছ) পুঁজিপতিৰ ষড়যন্ত্ৰ: পুঁজিপতিৰ ষড়যন্ত্ৰত নিৰস্ত্ৰীকৰণ বিফলতাৰ আন এটা কাৰণ। পুঁজিপতি দেশবিলাকত ব্যৱসায়ীসকলে বিভিন্ন ধৰণৰ যুদ্ধৰ সঁজুলি প্ৰস্তুত কৰি প্ৰচুৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়। পুঁজিপতি দেশবিলাকে প্ৰায় সকলো অনুন্নত দেশবিলাকলৈ বিভিন্ন যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি কৰে। ইয়াৰ পৰ তেওঁলোকে প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়। কিন্তু নিৰস্ত্ৰীকৰণ ব্যৱস্থা কাৰ্যকৰী হ’লে পুঁজিপতিসকলৰ উৎপাদন হ্ৰাস পোৱাৰ লগতে উপাৰ্জনো হ্ৰাস পাব। এনে পৰিস্থিতিত পুঁজিপতিসকলে যিকোনো প্ৰকাৰে নিৰস্ত্ৰীকৰণ যাতে সফল নহয় তাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছিল। পুঁজিপতিসকলৰ এনে দৃষ্টিভংগীৰ কাৰণে নিৰস্ত্ৰীকৰণ সফল নোহোৱাটো অস্বাভাৱিক নহয়।

(জ) আগ্ৰহৰ অভাৱ: বিভিন্ন সময়ত নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সন্মিলন অনুষ্ঠিত কৰিলে তাৰ প্ৰতি প্ৰায়বিলাক ৰাষ্ট্ৰৰ আগ্ৰহ নাছিল। ইউৰোপৰ যি সময়ত প্ৰায় সকলো দেশতে সঘনে ইটো-সিটো কাৰণত সংঘৰ্ষ হৈ আছিল আৰু যিটো সময়ত জাৰ্মানী, ইটালী আৰু জাপানে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ বিশ্ব মহাযুদ্ধৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছিল, তেনে সময়তে সৰু-বৰ ৰাষ্ট্ৰবিলাক নিৰস্ত্ৰীকৰণৰ প্ৰতি আগ্ৰহী নোহোৱাৰ যুক্তি নথকাও নহয়। এনে কিছুমান কাৰণৰ ফলতো নিৰস্ত্ৰীকৰণ সফল নহ’ল।

(ঝ) নিৰস্ত্ৰীকৰণ সংজ্ঞাৰ অভাৱ: নিৰস্ত্ৰীকৰণ বিফল হোৱাৰ আন এটা কাৰণ হ’ল ইয়াৰ প্ৰকৃত সংজ্ঞাৰ অভাৱ। নিৰস্ত্ৰীকৰণ বুলি কওঁতে বাস্তৱিকতে কি কি যুদ্ধৰ সঁজুলিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিব লাগিব, সেই বিষয়ে এটা ঐক্যমতত উপনীত হোৱাটো সম্ভৱপৰ নাছিল। কিছুমান নিৰস্ত্ৰীকৰণ বুলি কওঁতে যুদ্ধৰ জাহাজ, টেঙ্ক, যুঁজাৰু বিমান আৰু বন্দুক আদি নিয়ন্ত্ৰণ কৰা কথাটোকে বুজায়। আন কিছুমান যুঁজাৰু সঁজুলি বুলি কওঁতে এটা জাতিয়ে যুদ্ধৰ সময়ত প্ৰয়োগ কৰা সকলো অস্ত্ৰ-শস্ত্ৰৰ কথাকে প্ৰকাশ কৰে। 

এইক্ষেত্ৰত তেওঁলোকে কেৱল অস্ত্ৰ-শস্ত্ৰৰ কথাকে প্ৰকাশ নকৰে, আনকি ইয়াৰ লগত জড়িত মানুহৰ কথাকো প্ৰকাশ কৰে। যুদ্ধৰ সঁজুলি কেৱল টেঙ্গ, যুদ্ধৰ জাহাজ আদি নুবুজায়। বৰং যুদ্ধৰ কাৰ্যাৱলী, ৰাসায়নিক পদাৰ্থ উৎপাদনৰ গৱেষণাগাৰ আদিয়ো অন্তৰ্ভুক্ত হয়। গতিকে যুদ্ধৰ সঁজুলি নিয়ন্ত্ৰণ বুলি কওঁতে বৃহৎ শক্তিগোষ্ঠীৰ মাজত এটা অস্পষ্ট ধাৰণা থকাৰ ফলতো নিৰস্ত্ৰীকৰণ সন্মিলনসমূহ বিফল হৈছিল।

(ঞ) বৈজ্ঞানিক আৱিষ্কাৰৰ প্ৰভাৱ: বৈজ্ঞানিক গৱেষণাৰ ফলত দিনে দিনে নতুন নতুন যুদ্ধৰ সামগ্ৰী উৎপাদন হোৱাৰ ফলতো এনে উৎপাদনৰ ক্ষেত্ৰত এক সীমাবদ্ধতা আৰোপ কৰাটো সম্ভৱপৰ নহয়। কোনো এখন নিৰস্ত্ৰীকৰণ সন্মিলনে কেইখনমান দেশৰ কিছুমান যুদ্ধৰ সঁজুলিৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰিলেও বৈজ্ঞানিক আৱিষ্কাৰৰ ফলত আন কোনো এখন দেশে যুদ্ধৰ সঁজুলিৰ গৰাকী হ’লেও নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বৈজ্ঞানিকৰ নতুন আৱিষ্কাৰেও নিৰস্ত্ৰীকৰণ বিষয়ত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল।

(ট) আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক সঁজুলিৰ পাৰ্থক্যৰ অভাৱ: নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত দেখা দিয়া আন এটা দুৰ্বলতা হ’ল আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক অস্ত্ৰ প্ৰয়োগৰ ক্ষেত্ৰত থকা পাৰ্থক্যৰ সীমাবদ্ধতা। যিবিলাক অস্ত্ৰক কোনো এখন দেশে আজি প্ৰতিৰক্ষামূলক সঁজুলি হিচাপে প্ৰয়োগ কৰিছে দুদিনৰ পিছত সেইবিধ সঁজুলিকেই আক্ৰমণাত্মক সঁজুলি হিচাপে প্ৰয়োগ কৰিব পাৰে।

১৫। পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিটো কি? আলোচনা কৰা। (What is the deal of feel on the proliferation of Nuclear weapons? Discuss.)

উত্তৰঃ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিটো হৈছে ইয়াৰ উদ্দেশ্যে কৰা এটা চুক্তিপত্ৰ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৃথিৱীৰ শান্তিকামী জনসাধাৰণে পাৰমাণৱিক অস্ত্ৰৰ আৱিৰ্ভাব আৰু তাৰ ধ্বংসাত্মক পৰিণতিৰ ফলত আতংকিত হৈ উঠে।

১৯৪৫ চনত আগষ্ট মাহত জাপানৰ নাগাছাকি আৰু হিৰোচিমাৰ ওপৰত মাৰ্কিন যুক্তৰাষ্ট্ৰ পাৰমাণৱিক বোমা বর্ষণ কৰে। তাৰ পিছত ১৯৪৯ চনত ছোভিয়েত ইউনিয়ন পাৰমাণৱিক বোমা প্ৰস্তুত কৰে আৰু ১৯৫২ চনত গ্ৰেট ব্ৰিটেন পাৰমাণৱিক বোমা বিস্ফোৰণত সফল হয়। ১৯৬০ চনত ফান্স আৰু ১৯৬৪ চনত চিন পাৰমাণৱিক বোমাৰ অধিকাৰী হয়। এই পাঁচখন দেশক বাদ দি বৰ্তমান যিবোৰ দেশ পৰমাণু শক্তিধৰ তালিকাত অন্তৰ্ভুক্ত হৈছে সেই দেশমূহ হৈছে – ভাৰত, পাকিস্তান, উত্তৰ কোৰিয়া, ইৰাক, ইজৰায়েল, আৰ্জেন্টিনা আৰু ব্ৰাজিল। পাৰমাণৱিক শক্তি হিচাপে বিশ্বৰ পাঁচটা বৃহৎ শক্তিৰ নীতি সাধাৰণতে একে ধৰণৰ হয়। জাতীয় নিৰাপত্তাৰ কাৰণে নিজৰ পাৰমাণৱিক অস্ত্ৰ সম্ভাৰ বজায় ৰাখিব বিচাৰে। 

কিন্তু আন কোনো দেশে পৰমাণু অস্ত্ৰ উৎপাদন নকৰে আৰু যদিও কৰে তেতিয়াহ’লে সেয়া ধ্বংস কৰি দিয়ে। কাৰণ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ বিভিন্ন দেশত বিয়পি পৰিলে অৱস্থা আৰু জটিলতাৰ হ’ব আৰু সাধাৰণভাৱে পৃথিৱীৰ নিৰাপত্তা বিপন্ন হৈ পৰিব। সেই কাৰণে পাৰমাণৱিক শক্তিৰ প্ৰচাৰৰ ৰোধ কল্পত সেই পাঁচখন দেশে উদ্যোগ লয়। অৱশেষত ১৯৬৮ চনৰ জুন মাহত সন্মিলিত জাতিপুঞ্জত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ চুক্তি (Nuclear Non-Proliferation Treaty) গৃহীত হয় আৰু এই চুক্তিটো ১৯৭০ চনৰ ৫ মাৰ্চত ২৫ বছৰৰ বাবে কাৰ্যকৰী হয়। ১৯৭০ চনত পাঁচটা বৃহৎ শক্তিসহ ১৭০ খন দেশে এই এন.পি.টি. চুক্তিত স্বাক্ষৰ কৰে। 

কেৱল ভাৰত, পাকিস্তান আৰু ইজৰায়েলে এই চুক্তিত স্বাক্ষৰ কৰা নাছিল। এন. পি.টি. চুক্তিত স্বাক্ষৰকাৰী পাৰমাণৱিক অস্ত্ৰবিহীন দেশসমূহ এই মৰ্মত অংগীকাৰবদ্ধ হয় যে, তেওঁলোকে পাৰমাণৱিক বিস্ফোৰণ বা অস্ত্ৰ তৈয়াৰৰ কৌশল ফৰ্মূলা বা প্ৰয়োজনীয় পদাৰ্থসমূহ অৰ্জন কৰিব নোৱাৰে। পাৰমাণৱিক শক্তিধৰ দেশবোৰে অনুৰূপভাৱে অংগীকাৰ কৰে যে, অন্যান্য দেশসমূহক যাতে এনেধৰণৰ কোনো সহায় কৰা নহয়।

কাৰ্য ক্ষেত্ৰত এইধৰণৰ অংগীকাৰ স্বীকাৰ কৰা হোৱা নাছিল। এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত পাৰমাণৱিক অস্ত্ৰ হ্ৰাসৰ পৰিৱৰ্তে বৃদ্ধি হৈছে। কেইখনমান পাৰমাণৱিক অস্ত্ৰবিহীন দেশে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰৰ বাবে সামৰ্থ অৰ্জন কৰিছে। ক’ব পৰা যায় যে – এই বেপাৰত পৰমাণু শক্তিধৰ দেশসমূহৰ সাহায্যও সেইবোৰে পাইছে।

১৯৭০ চনত পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰ ৰোধ চুক্তিটো (NPT) কাৰ্যকৰী হোৱাৰ সময়লৈকে পৃথিৱীৰ বিভিন্ন দেশত ১,০০,০০০ ৰ বেছি পাৰমাণৱিক অস্ত্ৰ উৎপাদিত হৈছে। ছোভিয়েত ইউনিয়ন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ ‘ষ্ট্ৰাটেজিক আমচ লিমিটেশন চুক্তি’ (SALT) অনুযায়ী পাৰমাণৱিক অস্ত্ৰৰ পৰিমাণ হ্ৰাস কৰিলেও বৰ্তমান সেই দুখন দেশৰ হাততে প্ৰায় ৬০,০০০ পাৰমাণৱিক অস্ত্ৰ আছে।

পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী দেশবোৰে কেৱল নিজৰ হাতত অস্ত্ৰ ৰাখি ক্ষান্ত হোৱা নাছিল, কেইটামান দেশক পাৰমাণৱিক অস্ত্ৰ উৎপাদনৰ সামৰ্থ অর্জনত সহযোগিতা কৰিছিল। ইজৰায়েল, পাকিস্তান, দক্ষিণ আফ্ৰিকা প্ৰভৃতি দেশসমূহে কোনোবা নহয় কোনোবা পৰমাণু শক্তিধৰ দেশৰ সহায়তে পাৰমাণৱিক বোমা উৎপাদনৰ যোগ্যতা অৰ্জন কৰিছে। কেলভোকোৰেচিয়ে (Calvocoressi) মন্তব্য কৰিছে – “The advanced powers which were helping developing states to build reactors were engaging in proliferation”.

পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি অনুসৰি পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধ। কিন্তু বাস্তৱতে কোনো দেশেই এই চৰ্ত অনুসৰি কাম-কাজ নকৰে। প্ৰতিটো পৰমাণু অস্ত্ৰৰ অধিকাৰী দেশেই প্ৰকাশ্যে অথবা গোপনে এইবোৰ লৈ পৰীক্ষা কৰিছিল। ১৯৭০ চনৰ পাছৰ পৰা পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ হোৱা নাছিল। বৰঞ্চ মাৰাত্মক পাৰমাণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণ ঘটিছে।

আৰম্ভণিতে এন. পি.টি. চুক্তি ২৫ বছৰৰ কাৰণে বলবৎ আছিল। ১৯৯৫ চনত পুনবিবেচনা কৰি চুক্তিটোৰ ম্যাদ বঢ়াই দিয়া হয়। এই চুক্তিৰ ম্যাদ বৃদ্ধিক ১৭৮ টা দেশে সমৰ্থন জনায়। ভাৰতে এন. পি.টি. চুক্তি গ্ৰহণত সন্মত হোৱা নাছিল। তেওঁৰ মতে এই চুক্তি বৈষম্যমূলক। ১৯৯৫ চনৰ ১১মার্চত ১৭৮ খন দেশে সৰ্বসন্মতভাৱে অনিৰ্দিষ্টকালৰ কাৰণে এন.পি.টি.ৰ ম্যাদ সম্প্ৰসাৰণত স্বাক্ষৰ কৰিলেও এই চুক্তিৰ বিৰুদ্ধে ক্ষোভ পাৰমাণৱিক অস্ত্ৰহীন দেশসমূহৰ মাজত পুঞ্জীভূত হৈছে।

১৬। সৰ্বাত্মক অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তিৰ (CTBT) বিৰুদ্ধে ভাৰতসহ কিছুমান ৰাষ্ট্ৰৰ অভিযোগসমূহ লিখা। (Discuss the allegations of several states, including India, against the comprehensive Nuclear Test Ban Treaty.)

উত্তৰঃ প্ৰকৃতপক্ষে চি.টি.বি.টি অনেক দেশৰ বাবে গ্ৰহণযোগ্য হোৱা নাছিল। ভাৰতসহ লিবিয়া, মিচৰ, লেবানন, মৰিশাচ, তানজানিয়া, কিউবা আদিয়ে এই চুক্তিৰ বিৰুদ্ধে একাধিক অভিযোগ আনিছে। 

অভিযোগসমূহ হ’ল-

(ক) চি.টি.বি.টি. ৰ মাধ্যমেৰে কেৱল পৰমাণু অস্ত্ৰ লৈ পৰীক্ষণ নিষিদ্ধ কৰা হৈছে। কিন্তু ইমান দিনৰ মজুত পৰমাণু অস্ত্ৰৰ কি হ’ব, সেই সম্পৰ্কত একো কোৱা হোৱা নাছিল। সাম্প্ৰতিক এক হিচাপৰ পৰা জনা যায় যে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাতত সঞ্চিত বিভিন্ন শক্তিসম্পন্ন পৰমাণু অস্ত্ৰৰ মুঠ পৰিমাণ ৮,৭১১ টা, ৰাছিয়াত ৬,৮৩৩ টা, ফান্সত ৫২৪ টা, ব্ৰিটেনত ২০০ টা আৰু চীনত ৪৫০ টা। বৰ্তমান পৃথিৱীত এই মুহূৰ্তত যি পৰিমাণ অস্ত্ৰ আছে, তাৰ পৰিমাণ ১২,০০০ মেগাটনৰো বেছি। এই পৰিমাণ অস্ত্ৰ দি পৃথিৱীক কেইবাৰমান ধ্বংস কৰা যাব। চি.টি.বি.টি চুক্তিৰ মাধ্যমেৰে পাঁচটা পৰমাণু শক্তিধৰ দেশৰ মজুত পাৰমাণৱিক অস্ত্ৰ ৰখাৰ বন্দোৱস্ত কৰা হৈছে।

(খ) চি.টি.বি.টি ত কেৱলমাত্ৰ পাৰমাণৱিক বিস্ফোৰণ জনিত পৰীক্ষা-নিৰীক্ষা বন্ধৰ ওপৰত জোৰ দিয়া হৈছে। প্ৰকৃত ঘটনাটো হ’ল এই যে, বিশ্বৰ পাঁচটা পৰমাণু শক্তিধৰ দেশেই উন্নত পৰমাণু প্ৰযুক্তিৰ সহায়তে বিস্ফোৰণ এৰি পাৰমাণৱিক পৰীক্ষা-নিৰীক্ষা চলোৱাত সক্ষম হৈছে। সেই কাৰণে সমালোচকসকলে মন কৰে যে, চি.টি.বি.টি সৰ্বাত্মক নহয়, আকৌ মজুত পৰমাণু অস্ত্ৰক বজায় ৰখা বা উন্নত কৰাৰ বিৰোধীও নহয়। (“…neither comprehensive nor opposed to the maintenance of exiting stockpile or new additions to it”.)

(গ) চি.টি.বি.টি ৰ বিৰুদ্ধে আন এটা অভিযোগ হ’ল এই যে ভাৰতৰ নিৰাপত্তাৰ প্ৰশ্নটোক সম্পূৰ্ণকৈ আগ্ৰহ্য কৰিছে। ভাৰতৰ প্ৰতিবেশী দেশ চীন পৰমাণু শক্তিধৰ দেশ। আন এক প্ৰতিবেশী পাকিস্তান পৰমাণু অস্ত্ৰৰ অধিকাৰী। সৰ্বাত্মক পৰমাণু অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি ভাৰতৰ নিৰাপত্তা পৰিস্থিতিক বিঘ্নিত কৰিব।

(ঘ) চি.টি.বি.টি. ৰ ধাৰাটোৰ বিৰুদ্ধে ভাৰতে তীব্ৰ প্ৰতিবাদ জনাইছে আৰু সেয়া হ’ল “Entry Into Force” বা বলপূৰ্বক স্বাক্ষৰ দান। উক্ত ধাৰাত কোৱা হৈছে যে ১৯৯৬ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা তিনি বছৰৰ মাজত প্ৰতিখন ৰাষ্ট্ৰই চুক্তিত চহী কৰিব লাগে। যদি কোনো ৰাষ্ট্ৰই চহী নকৰে, তেতিয়া হ’লে বৰ্তমান স্বাক্ষৰদানকাৰী ৰাষ্ট্ৰসমূহ সেই ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ভাৰতৰ মতে, এয়া যিকোনো দেশৰ সাৰ্বভৌম অধিকাৰৰ বিৰোধী আৰু মুষ্টিমেয় কেইটামান পৰমাণু শক্তিধৰ দেশৰ সুবিধাজনক অৱস্থাৰ স্বীকৃতিদানৰ ব্যৱস্থা। প্ৰচলিত আন্তৰ্জাতিক আইনৰ নিয়মনীতি অনুসৰি, কোনো দেশক জোৰ কৰি কোনো চুক্তিত চামিল কৰিব নোৱাৰে।

১৯৯৬ চনত এফালে পৰমাণু অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি লৈ আলোচনা কৰা হৈছিল, অন্যফালে এই চুক্তিত চামিল হৈ চীনে তেওঁৰ পৰমাণু অস্ত্ৰ পৰীক্ষা চলাই গৈছে। ১৯৯৮ চনত ভাৰতে পোখৰানত পাঁচটা পৰমাণু বিস্ফোৰণ ঘটায়। তাৰ পিছত পাকিস্তানে পৰমাণু বিস্ফোৰণ ঘটায়। এতিয়ালৈকে এই দুখন ৰাষ্ট্ৰৰ বিৰুদ্ধে চি.টি.বি.টি. ৰ তৰফৰ পৰা তেনেকুৱা কোনো কাৰ্যকৰী পদক্ষেপ লোৱা নাছিল।

বিশ্বক প্ৰকৃতপক্ষত পাৰমাণৱিক অস্ত্ৰমুক্ত কৰিব হ’লে পৰমাণু শক্তিৰ দেশসমূহক ঘোষণা কৰিব লাগিব-

(ক) পৃথিৱীৰ কোনো ৰাষ্ট্ৰ কোনো অৱস্থাতেই অন্য ৰাষ্ট্ৰৰ বিৰুদ্ধে পৰমাণু অস্ত্ৰৰ ব্যৱহাৰ কৰিব নোৱাৰে।

(খ) এটা নিৰ্দিষ্ট সময়সীমাৰ মাজত পৃথিৱীৰ প্ৰতিটো পৰমাণু শক্তিধৰ ৰাষ্ট্ৰ তেওঁৰ যাৱতীয় পৰমাণু অস্ত্ৰ আৰু সা-সৰঞ্জাম ধ্বংস কৰি পেলাব।

(গ) পৃথিৱীৰ ৰাষ্ট্ৰ আৰু পৰমাণু অস্ত্ৰ উৎপাদন কৰিব নোৱাৰে। কেৱল ঘোষণা কৰিলেই নহ’ব, এই ব্যাপাৰত আন্তৰিক প্ৰয়াস একান্ত প্ৰয়োজন।

পৰিশেষত উল্লেখযোগ্য, ২০০৬ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পক্ষৰ পৰা ভাৰতক পাৰমাণৱিক সহযোগিতাৰ প্ৰতিশ্ৰুতি আৰু অসামৰিক ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ দুখন দেশৰ কূটনৈতিক সম্পৰ্কে এক নতুন গতি দান কৰিছে। ২০০৮ চনত ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত এই চুক্তি বাস্তৱ ৰূপ গ্ৰহণ কৰে।

১৭। পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিৰ (NPT) উদ্দেশ্য আৰু প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা। (Discuss the objective and nature of the Treaty on the Non-proliferation Nuclear weapons.)

উত্তৰঃ (ক) চুক্তিৰ ১ নং ধাৰা অনুযায়ী NWS (Nuclear Weapons States) বা পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰসমূহ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰে পাৰমাণৱিক শক্তিহীন ৰাষ্ট্ৰসমূহক কোনো ৰূপ পাৰমাণৱিক অস্ত্ৰ কিম্বা প্ৰযুক্তি হস্তান্তৰ কৰিব নোৱাৰে আৰু কোনো ভাৱেই অস্ত্ৰ নিৰ্মাণত সাহায্য, উৎসাহ দিব নোৱাৰে।

(খ) চুক্তিৰ ২ নং ধাৰাত কোৱা হৈছে যে পাৰমাণৱিক অস্ত্ৰহীন ৰাষ্ট্ৰসমূহ পাৰমাণৱিক বিস্ফোৰণ বা অস্ত্ৰ তৈয়াৰৰ কৌশল, ফৰ্মূলা বা প্ৰয়োজনীয় পদাৰ্থ ইত্যাদিৰ ক্ষেত্ৰত পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰসমূহৰ পৰা কোনো ধৰণৰ সাহায্য ল’ব নোৱাৰে।

(গ) ৩ নং ধাৰা অনুযায়ী পাৰমাণৱিক অস্ত্ৰ বিহীন দেশসমূহ পাৰমাণৱিক শক্তিক কি উদ্দেশ্যত ব্যৱহাৰ কৰিছে সেয়া তদাৰকিৰ বাবে আন্তৰ্জাতিক আণৱিক শক্তি সংস্থা (International Atomic Energy Agency) গঠন কৰিব লাগে। অস্ত্ৰ বিহীন ৰাষ্ট্ৰসমূহ lAEA ৰ নিৰ্দেশনাৱলী মানি চলিবলগীয়া হয়।

(ঘ) ৪ নং ধাৰাৰ চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰবোৰৰ শান্তিপূৰ্ণ উদ্দেশ্যত পাৰমাণৱিক গৱেষণাৰ অধিকাৰ স্বীকাৰ কৰা হৈছে।

(ঙ) ৫ নং ধাৰা অনুযায়ী পাৰমাণৱিক অস্ত্ৰবিহীন দেশসমূহৰ শান্তিপূৰ্ণ পাৰমাণৱিক বিস্ফোৰণৰ অধিকাৰ স্বীকাৰ কৰি লোৱা হয়।

(চ) ৬ নং ধাৰাৰ পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰসমূহক যিকোনো ধৰণৰ পাৰমাণৱিক অস্ত্ৰ প্ৰতিযোগিতা বন্ধ কৰাৰ কথা কোৱা হৈছে।

(ছ) ৭ নং ধাৰা অনুযায়ী চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহ পাৰস্পৰিক আলোচনাৰ মাধ্যমত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ উদ্দেশ্যত প্ৰয়োজনীয় কাৰ্যকৰী ব্যৱস্থা লয়।

(জ) ৮ নং ধাৰাত কোৱা হৈছে যে প্ৰতি পাঁচ বছৰ অন্তৰ চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ এখন সন্মিলন আহ্বান কৰা হয়।

যদিও চুক্তিটো ২৫ বছৰৰ বাবে কাৰ্যকৰ আছিল, কিন্তু চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহ ১৯৯৫ চনৰ ১১ মে’ পৰ্যালোচনা সন্মিলনে (Review conference) এই চুক্তিৰ ম্যাদ অনিৰ্দিষ্টকালৰ কাৰণে সম্প্ৰসাৰণ কৰে। সেই হিচাপত ১৯৭৫, ১৯৮০, ১৯৮৫, ১৯৯০ আৰু ১৯৯৫ চনৰ পৰা ২০০০, ২০০৫ আৰু ২০১৫ চনত চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ পৰ্যালোচনা সন্মিলন (Review conference) অনুষ্ঠিত হয়।

১৮। সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) প্ৰস্তাৱনাৰ গুৰুত্ব সম্পৰ্কে লিখা। (Write about the importance of the Comprehensive Nuclear Test Ban Treaty.)

উত্তৰঃ সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তিৰ (CTBT) প্ৰস্তাৱনাত বিশ্বব্যাপী পাৰমাণৱিক অস্ত্ৰ হ্ৰাস আৰু সার্বিক নিৰস্ত্ৰীকৰণ। ইয়াৰ অনিবাৰ্য লক্ষ্য হ’ল আন্তৰ্জাতিক নিয়ন্ত্ৰণৰ মাধ্যমেৰে সম্পূৰ্ণ নিৰস্ত্ৰীকৰণ। CTBT ৰ ১ নং ধাৰাত কোৱা হৈছে যে চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহ যিকোনো ধৰণৰ পাৰমাণৱিক অস্ত্ৰ-পৰীক্ষাৰ কাৰণে বিস্ফোৰণ ঘটাব নোৱাৰে আৰু তেওঁলোকৰ নিয়ন্ত্ৰণাধীন কোনো অঞ্চলত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা প্ৰতিৰোধ কৰিব। 

চুক্তিৰ ২ নং ধাৰাত সংগঠন সম্পৰ্কে আলোচনা কৰা হৈছে, চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ এখন সন্মিলন, এটা কাৰ্যনিৰ্বাহী পৰিষদ আৰু এটা সচিবালয় থাকিব। চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ সন্মিলন সমগ্র অংশগ্ৰহণকাৰী ৰাষ্ট্ৰৰ সমন্বয়ত গঠিত হ’ব আৰু এয়া হৈছে চূড়ান্ত নীতি প্ৰণয়নকাৰী সংস্থা। সন্মিলন কৰ্তৃক নিৰ্বাচিত ৫১ জন সদস্য লৈ গঠিত হয় কাৰ্যনিৰ্বাহী পৰিষদ। এইটো হ’ব চুক্তিৰ প্ৰধান সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা। সচিবালয় আন্তৰ্জাতিক তথ্য কেন্দ্ৰৰ সূচনা সহ চুক্তিটো বাস্তৱতে যথাযথভাৱে ৰূপায়িত হৈছে নে নাই তাৰ আন্তৰ্জাতিক পৰ্যবেক্ষণ কৰিব। 

চুক্তিৰ ৩ নং ধাৰা অনুযায়ী স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহ চুক্তিৰ বাধ্যবাধকতাসমূহ জাতীয় স্তৰত মানি চলিব আৰু তাৰ লগত অন্যান্য ৰাষ্ট্ৰসমূহৰ আৰু সংগঠনৰ লগত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। 

চুক্তিৰ ৪ নং ধাৰাত আন্তৰ্জাতিক তদাৰকি ব্যৱস্থা গঢ়ি তোলাৰ কথা কোৱা হৈছে। বিশ্বৰ এই ব্যৱস্থাৰ মাধ্যমেৰে বিশ্বৰ কোনোবা স্থানত পাৰমাণৱিক বিস্ফোৰণ হৈছে নে হোৱা নাই তাক চিহ্নিত কৰাটো সম্ভৱ। 

চুক্তিৰ ৫ নং ধাৰা অনুযায়ী স্বাক্ষৰকাৰী ৰাষ্ট্ৰ চুক্তি ভংগ কৰিলে সন্মিলনে তাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিব পাৰিব। চুক্তি লংঘনৰ ঘটনা ঘটিলে সন্মিলনক স্বাক্ষৰকাৰী ৰাষ্ট্ৰবোৰৰ যৌথ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শৰ ক্ষমতা দিয়া হৈছে। 

চুক্তিৰ ৬ নং ধাৰাত অস্ত্ৰ প্ৰতিযোগিতা বন্ধৰ ওপৰত জোৰ দিয়া হৈছে। চুক্তিৰ ৭ নং ধাৰা অনুযায়ী প্ৰতি দহ বছৰ মূৰে মূৰে স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ এখন সন্মিলন (Review conference) অনুষ্ঠিত হোৱাৰ কথা কোৱা হৈছে।

১৯। সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তিৰ (CTBT) প্ৰস্তাৱনা আৰু বিষয়বস্তু সম্পৰ্কে লিখা। (Write about the proposals and content of the comprehensive Nuclear Test Ban Treaty (CTBT)

উত্তৰঃ CTBT ৰ চুক্তিটোৰ প্ৰস্তাৱনাত বিশ্বব্যাপী পাৰমাণৱিক অস্ত্ৰ হ্ৰাস আৰু সার্বিক নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। প্ৰস্তাৱনাত সৰ্বাত্মক পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা ৰোধক পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ এটা অৰ্থবহ পদক্ষেপ (“A meaningful step in the realization of a systematic process to achieve nuclear disarmament”) বুলি  ঘোষণা কৰা হৈছে। 

CTBT ৰ ২ নং ধাৰাত ইয়াৰ গঠন সম্পৰ্কে কোৱা হৈছে যে-

(ক) চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ এখন সন্মিলন, (খ) এটা কাৰ্যনিৰ্বাহী পৰিষদ আৰু (গ) এটা প্ৰায়োগিক সচিবালয় (A Technical Secretariat) ক লৈ CTBT ৰ সংগঠন গঠিত হ’ব। সংগঠনৰ বাবে চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহকে প্ৰয়োজনীয় পৰামৰ্শ দিয়া আৰু সহযোগিতা কৰা হ’ব। ভিয়েনাত গঠিত হ’ব সংগঠনৰ কাৰ্যালয়। চুক্তি স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ সন্মিলন হৈছে সংগঠনৰ পৰিচালক সংস্থা। এই সন্মিলনৰ দায়িত্ব হ’ল চুক্তি- সংক্ৰান্ত নীতিগত বিষয় আৰু চুক্তিৰ ৰূপায়নৰ তদাৰকি কৰা। সন্মিলন কৰ্তৃক নিৰ্বাচিত ৫১ জন সদস্য লৈ গঠিত হয় CTBT ৰ কাৰ্যনিৰ্বাহী পৰিষদ। এই পৰিষদ হৈছে CTBT ৰ প্ৰধান সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা আৰু প্ৰায়োগিক সচিবালয়ৰ কাৰ্য হ’ব চুক্তিটো বাস্তৱতে যথাযথভাৱে ৰূপায়িত হৈছে নে নাই সেয়া পৰ্যবেক্ষণ কৰা। 

CTBT ৰ ৩ নং ধাৰাত কোৱা হৈছে যে প্ৰতিটো স্বাক্ষৰকাৰী ৰাষ্ট্ৰ চুক্তিৰ দায়িত্ব পালনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত। CTBT ৰ ৪ নং ধাৰাত আন্তৰ্জাতিক তদাৰকিৰ ব্যৱস্থা গঢ়ি তোলাৰ কথা কোৱা হৈছে। এই তদাৰকি ব্যৱস্থাৰ কাম হ’ল বিশ্বৰ কোনোবা স্থানত পাৰমাণৱিক বিস্ফোৰণ হৈছে নে হোৱা নাই সেয়া পৰ্যবেক্ষণ কৰা হ’ব। ৫ নং ধাৰাত কোৱা হৈছে যে, স্বাক্ষৰকাৰী কোনো ৰাষ্ট্ৰয়ে চুক্তিভংগ কৰিলে সন্মিলনে তাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিব পাৰিব অথবা সংশ্লিষ্ট বিষয়ত জাতিপুঞ্জৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। 

৬ নং ধাৰাত প্ৰয়োগ আৰু ব্যাখ্যা সংক্ৰান্ত বিষয়ত বিৰোধ উপস্থিত হ’লে তাৰ মীমাংসা কৰা। ৭ নং ধাৰাত কোৱা হৈছে যে CTBT ক সংশোধন কৰিব হ’লে চুক্তি স্বাক্ষৰকাৰী প্ৰতিটো ৰাষ্ট্ৰৰ সন্মতি লোৱা প্ৰয়োজন। চুক্তিৰ ৮ নং ধাৰাত প্ৰতি ১০ বছৰৰ মূৰে মূৰে এটা পৰ্যালোচনা সন্মিলন আহ্বান কৰাৰ কথা কোৱা হৈছে। 

২০। সন্ত্ৰাসবাদৰ লক্ষ্য আৰু কৌশলসমূহ আলোচনা কৰা। (Discuss the goals and strategies of terrorism?)

উত্তৰঃ সন্ত্ৰাসবাদী গোটসমূহৰ কাৰ্যকলাপসমূহ লক্ষ্য কৰিলে কেতবোৰ প্ৰধান লক্ষ্য চকুত পৰে। 

সেইসমূহ হ’ল-

(ক) চৰকাৰৰ ভেঁটি লৰোৱা: সন্ত্ৰাসবাদৰ মূল লক্ষ্য হৈছে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত নিমজ্জিত সাংবিধানিক চৰকাৰটোৰ জন সমৰ্থন নাইকিয়া কৰা। ইয়াৰ বাবেই সন্ত্ৰাসবাদী সংগঠনসমূহে জনসাধাৰণক হিংসাত্মক কাৰ্যৰ লক্ষ্য কৰি লয়।

(খ) সন্ত্ৰাসবাদৰ শত্ৰুৰ বিপক্ষে ভাবুকি দিয়া: সন্ত্ৰাসবাদী সংগঠনসমূহে নিৰ্দিষ্ট কেতবোৰ গোষ্ঠীক (লাগিলে প্ৰতিষ্ঠিত চৰকাৰেই হওঁক) দমনকাৰী, শোষণকাৰী বুলি ভাবে। সেয়ে সন্ত্ৰাসবাদী কাৰ্যৰ দ্বাৰা তেওঁলোকৰ এই শত্ৰু শ্ৰেণীটোক ভাবুকি দিয়াটোও সন্ত্ৰাসবাদী সংগঠনসমূহৰ মুখ্য উদ্দেশ্য।

(গ) সমাজ আৰু চৰকাৰৰ পৰিৱৰ্তন সাধন কৰা: সন্ত্ৰাসবাদ সৃষ্টিত প্ৰতিষ্ঠিত সমাজ আৰু ৰাষ্ট্ৰ ব্যৱস্থাইও মুখ্য ভূমিকা পালন কৰে। সেয়েহে সন্ত্ৰাসবাদী সংগঠনসমূহে মানুহৰ মনত এক পৰিৱৰ্তনমুখিতাৰ সৃষ্টি কৰি প্ৰতিষ্ঠিত সমাজ বা ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰিৱৰ্তন আনিবৰ প্ৰচেষ্টা চলায়।

সন্ত্ৰাসবাদৰ কৌশলসমূহ:

(ক) সাধাৰণতে এটা সৰু ফিৰিঙতিৰ পৰাই সন্ত্ৰাসবাদৰ সূচনা হয় বুলিলেও ভুল কোৱা নহ’ব। আৰম্ভণিতে সন্ত্ৰাসবাদী গোষ্ঠীসমূহে গোপনভাৱে সংগঠিত হোৱাৰ চেষ্টা কৰে। এই সময়তে ই জনসাধাৰণৰ পৰা ধনদাবী আদিৰ জৰিয়তে পজি সংগ্ৰহৰ প্ৰচেষ্টা চলায়। তদুপৰি বেংক আদি বিত্তীয় প্ৰতিষ্ঠানসমূহত লুটপাত চলায়, ব্যৱসায়ী আদি অপহৰণ কৰি ধন দাবী কৰে। এনেদৰে বিত্তীয় অৱস্থা সৱল হোৱাৰ পাছত বিদেশী ৰাষ্ট্ৰৰ সন্ত্ৰাসবাদী গোষ্ঠী বা কোম্পানীসমূহৰ সহযোগত অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহৰ প্ৰচেষ্টা চলায় আৰু যুদ্ধৰ প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰে।

(খ) সন্ত্ৰাসবাদী সংগঠনসমূহে প্ৰথমে আৰক্ষী বাহিনী, সামৰিক, অৰ্দ্ধ সামৰিক বাহিনীৰ লোকসকলক লক্ষ্য হিচাপে লোৱাৰ উপৰিও তেওঁলোকৰ পৰিয়ালৰ লোকসকলকো লক্ষ্য কৰি লৈ জনসাধাৰণৰ মনত ভিত্তি ভাৱৰ সৃষ্টি কৰিব বিচাৰে।

(গ) অপহৰণ, বিমান অপহৰণ, লুটপাত, পনবন্ধী কৰা আদি সন্ত্ৰাসবাদৰ আন পন্থা। এনেধৰণৰ কাৰ্যপন্থাৰ দ্বাৰা নিৰাপত্তা বাহিনীৰ লোকসকলৰ মনোবল ভাঙি দিয়াৰ লগতে দুৰ্বল কৰি তোলাটোৱেই হৈছে সন্ত্ৰাসবাদীৰ আন এক লক্ষ্য।

(ঘ) সাধাৰণ জনসাধাৰণৰ মনত ভয়ৰ ভাব জাগ্ৰত কৰি সন্ত্ৰাসবাদীৰ অস্তিত্ব প্ৰতিপন্ন কৰাটোও সন্ত্ৰাসবাদৰ এক লক্ষ্য, সেয়ে সন্ত্ৰাসবাদে দোষী নিৰ্দোষী কাকো বিচাৰ নকৰে। জনসমাগম থকা ঠাইত বোমা-বাৰুদ নিক্ষেপৰ জৰিয়তে সাধাৰণ জনতাক হত্যা কৰা, আঘাতপ্ৰাপ্ত কৰাটোও সন্ত্ৰাসবাদী গোষ্ঠীৰ এক কৌশল।

(ঙ) সন্ত্ৰাসবাদীসকলৰ এক নিৰ্দিষ্ট লক্ষ্য থাকে আৰু সেই লক্ষ্যত উপনীত হ’বৰ বাবে তেওঁলোকে জীৱন পাত কৰিবলৈও কুণ্ঠাবোধ নকৰে। আনহাতে নিজৰ জীৱন উৎসৰ্গাৰ দ্বাৰা দলৰ আন সদস্যক অনুপ্ৰাণিত কৰাটোও সন্ত্ৰাসবাদীৰ পবিত্ৰ ধৰ্ম বুলি ভবা হয়। সেয়েহে মানৱ বোমা আদিৰ দ্বাৰাও সন্ত্ৰাসবাদীয়ে জনসাধাৰণৰ মাজত সন্ত্ৰাস বিয়পোৱাৰ চেষ্টা কৰে।

(চ) বৰ্তমানৰ উন্নত প্ৰযুক্তিবিদ্যা আৰু বৈজ্ঞানিক উদ্ভাৱনে সন্ত্ৰাসবাদী সকলকো সহায় কৰিছে। এখন ৰাষ্ট্ৰৰ নিৰাপত্তাৰ বাবে ব্যৱহৃত সকলো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ বৰ্তমানৰ সন্ত্ৰাসবাদীৰ হাততো দেখিবলৈ পোৱা যায়। গতিকে সন্ত্ৰাসবাদীৰ কৌশল বা পন্থাসমূহ নিত্য নতুন হৈ থাকে বাবে নিৰাপত্তা বাহিনীৰ বাবেও সন্ত্ৰাসবাদ প্ৰতিহত কৰাটো দুৰূহ হৈ পৰিছে।

২১। সন্ত্ৰাসবাদৰ প্ৰকাৰসমূহ বহলাই আলোচনা কৰা। (Discuss the types of terrorism in detail?)

উত্তৰঃ সন্ত্ৰাসবাদৰ প্ৰকাৰসমূহ তলত আলোচনা কৰা হ’ল-

(ক) ৰাষ্ট্ৰীয়/ দমনমূলক সন্ত্ৰাসবাদ: কেতিয়াবা কেতিয়াবা ৰাষ্ট্ৰযন্ত্ৰই নিজা শাসনৰ গাদী ৰাখিবৰ বাবে ৰাষ্ট্ৰৰ সমালোচক বা বিক্ষোভকাৰীসকলক ৰাষ্ট্ৰৰ শক্তি বাহিনীৰ দ্বাৰা কঠোৰ হাতেৰে দমন কৰিব বিচাৰে। এনেধৰণৰ ৰাষ্ট্ৰৰ শত্ৰু বুলি বিবেচিত কাৰ্য বা মন্তব্যৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰা কাৰ্যই জনসাধাৰণক প্ৰতিষ্ঠানবিৰোধী কাৰ্য কৰা বা মাত মতাৰ ক্ষেত্ৰত ভিতিগ্ৰস্ত কৰি ৰাখে। এনেধৰণৰ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হিংসাত্মক কাৰ্যকলাপক দমনমূলক বা ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সন্ত্ৰাসবাদ বুলি কোৱা হয়।

(খ) বৈপ্লৱিক আৰু যুদ্ধ সম্বন্ধীয় সন্ত্ৰাসবাদ: কেতিয়াবা কেতিয়াবা কোনো এক দুৰ্নীতিগ্ৰস্থ আৰু দমনমূলক শাসনতন্ত্ৰ ওফৰাই নতুন জনমুখী শাসন প্ৰতিষ্ঠাৰ বাবে কোনো বিপ্লৱী সংগঠনে সন্ত্ৰাসবাদৰ কৌশলসমূহ প্ৰয়োগ কৰিব পাৰে। এনেদৰে প্ৰতিষ্ঠিত শাসনতন্ত্ৰ ওফৰাই পঠোৱাৰ বাবে প্ৰয়োগ কৰা সন্ত্ৰাসবাদী কৌশলক বৈপ্লৱিক সন্ত্ৰাসবাদ বুলি কোৱা হয়। আনহাতে যুদ্ধৰ সময়ত যুদ্ধত লিপ্ত ৰাষ্ট্ৰসমূহে সাধাৰণ জনগণক সন্ত্ৰাসিত কৰিব বিচাৰে। এনেদৰে যুদ্ধৰ সময়ত ৰণুৱা ৰাষ্ট্ৰৰ দ্বাৰা সৃষ্টি কৰা সন্ত্ৰাসবাদ যুদ্ধক সন্ত্ৰাস বুলি কোৱা হয়।

(গ) ৰাষ্ট্ৰৰ দ্বাৰা পোষকতা কৰা সন্ত্ৰাসবাদ: কেতিয়াবা কেতিয়াবা কোনো সাৰ্বভৌম ৰাষ্ট্ৰই অন্য সাৰ্বভৌম ৰাষ্ট্ৰৰ শক্তি বিনষ্ট কৰা বা ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰা উদ্দেশ্য কোনো গোষ্ঠীক সন্ত্ৰাসবাদী কাৰ্য পৰিচালনা কৰাৰ বাবে প্ৰৰোচিত কৰিব পাৰে। এনেদৰে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী কাৰ্যকলাপ পৰিচালনা কৰা প্রক্রিয়াক ৰাষ্ট্ৰৰ দ্বাৰা পোষকতা কৰা সন্ত্ৰাসবাদ বুলি কোৱা হয়। এনে সন্ত্ৰাসবাদত ৰাষ্ট্ৰই কোনো সন্ত্ৰাসবাদী গোষ্ঠীক গোপনে অস্ত্ৰ-শস্ত্ৰ, টকা-পইচা বা প্ৰশিক্ষণ আদি প্ৰদান কৰে। সাধাৰণতে এনে সন্ত্ৰাসবাদী গোষ্ঠীসমূহ বিদেশী ৰাষ্ট্ৰখনৰ স্থানীয় সমস্যাসমূহৰ সৈতে জড়িত হৈ পৰে আৰু তেনেদৰেই স্থানীয় ভিত্তি লৈ সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰম্ভ কৰে।

(ঘ) ধৰ্মভিত্তিক সন্ত্ৰাসবাদ: কেতিয়াবা কেতিয়াবা কেতবোৰ সন্ত্ৰাসবাদী গোষ্ঠী ধৰ্মীয় আৱেগ-অনুভূতিৰ ভিত্তিত গঠিত হয়। এনে সন্ত্ৰাসবাদী গোষ্ঠীসমূহে ধৰ্মীয় ব্যাখ্যাৰ দ্বাৰা সন্ত্ৰাসবাদক এক পবিত্ৰ কৰ্তব্য বুলি ব্যাখ্যা কৰে। ইহুদী সন্ত্ৰাসবাদী গোষ্ঠী, ভাৰতৰ শিখ সন্ত্ৰাসবাদী গোষ্ঠী, হিন্দু সন্ত্ৰাসবাদী গোষ্ঠী, ইছলামিক সন্ত্ৰাসবাদী গোষ্ঠী আদি তেনে ধৰ্মভিত্তিক গঠিত সন্ত্ৰাসবাদী গোষ্ঠী সমগ্ৰ বিশ্বতে বিৰাজমান। ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ পিছত সমগ্ৰ বিশ্বখনকে সন্ত্ৰাসবাদী গোষ্ঠীসমূহে ইছলামিক আৰু অ-ইছলামিক (Islamic and non-Islamic) এই দুটা ভাগত বিভক্ত কৰা দেখা গৈছে।

(ঙ) আদৰ্শগত সন্ত্ৰাসবাদ: কেতিয়াবা কেতিয়াবা কেতবোৰ আদৰ্শগত কাৰণতো সন্ত্ৰাসবাদী গোষ্ঠী গঠিত হোৱা দেখা যায়। নক্সালবাদী, মাওবাদী গোট আদি তেনে সন্ত্ৰাসবাদী গোটৰ উদাহৰণ।

(চ) আত্মঘাতী সন্ত্ৰাসবাদ: যেতিয়া সন্ত্ৰাসবাদী গোষ্ঠীয়ে নিজৰ মৃত্যুৰ দ্বাৰা হ’লেও আনৰ ক্ষতি সাধন কৰিব বা সন্ত্ৰাসৰ সৃষ্টি কৰিব বিচাৰে তেতিয়া তেনে সন্ত্ৰাসবাদক আত্মঘাতী সন্ত্ৰাসবাদ বুলি ক’ব পাৰি। আত্মঘাতী সন্ত্ৰাসবাদে আত্মঘাতী বোমা আদিৰ দ্বাৰা জনসাধাৰণৰ সমাগম থকা ঠাইত বোমা- বাৰুদৰ বিস্ফোৰণ ঘটাই সন্ত্ৰাসৰ সৃষ্টি কৰে।

(ছ) পাৰমাণৱিক সন্ত্ৰাসবাদ: বৰ্তমানৰ উন্নত প্ৰযুক্তিবিদ্যাৰ সন্ত্ৰাসবাদী গোষ্ঠীসমূহেও যে পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ আহৰণ কৰা নাই সেই লৈ বিশ্বৰ জনসাধাৰণক সন্দিহান কৰি তুলিছে। ফলত সন্ত্ৰাসবাদী গোষ্ঠীসমূহৰ দ্বাৰা পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ প্ৰয়োগ কৰাৰ সম্ভাৱনীয়তাক সমগ্ৰ বিশ্বৰ জনসাধাৰণ সন্ত্ৰাসিত হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এনেদৰে পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ প্ৰয়োগৰ সম্ভাৱনীয়তাৰ সৃষ্টি হোৱাৰ সন্ত্ৰাসবাদক পাৰমাণৱিক সন্ত্ৰাসবাদ বুলি ক’ব পাৰি।

(জ) চাইবাৰ সন্ত্ৰাসবাদ: সন্ত্ৰাসবাদী গোষ্ঠীসমূহে উপগ্ৰহ, ইণ্টাৰনেটৰ সহযোগত জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা দেখা যায়। সাধাৰণতে লক্ষ্য নিৰ্ধাৰিত ৰাষ্ট্ৰসমূহৰ প্ৰতিৰক্ষামূলক তথ্য আদি গোপনে সংগ্ৰহ কৰা, সন্ত্ৰাস বিয়পাব বিচৰা ঠাইসমূহৰ সম্পূৰ্ণ ছবি কোনো এক কোণত বহি থাকিয়েই নিৰীক্ষণ কৰি তাত নিয়োজিত সন্ত্ৰাসবাদক নিৰ্দেশ দিয়া, সন্ত্ৰাসবাদীৰ জিঘাংসা প্ৰদৰ্শিত ছবি বা ঘটনা ইণ্টাৰনেটৰ জৰিয়তে প্ৰচাৰ কৰা আদি কাৰ্য আজিকালি প্ৰায়বোৰ সন্ত্ৰাসবাদী গোষ্ঠীযেই প্ৰয়োগ কৰা দেখা যায়। এনেদৰে ইণ্টাৰনেট, উপগ্ৰহীয় সেৱা আদিৰ দ্বাৰা পৰিচালিত সন্ত্ৰাসবাদক চাইবাৰ সন্ত্ৰাসবাদ বুলি কোৱা হয়।

(ঝ) জৈৱ সন্ত্ৰাসবাদ: আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণে উদ্ভাৱন কৰা জৈৱিক অস্ত্ৰ-শস্ত্ৰই জনগণৰ মাজত অদেখা, অজানা বেমাৰৰ বীজাণু আদি বিয়পাই জনজীৱন বিপন্ন কৰিব পৰা হৈছে। এনে পৰিস্থিতিত সন্ত্ৰাসবাদী গোষ্ঠীসমূহে জৈৱিক বেমাৰে বা অস্ত্ৰ-শস্ত্ৰই মানুহৰ মাজত সন্ত্ৰাস বিয়পোৱাৰ চেষ্টা কৰিলে তাক জৈৱিক সন্ত্ৰাসবাদ বুলিব পাৰি। যোৱা ৩০ বছৰত প্ৰায় ১৫ বাৰ তেনেধৰণৰ জৈৱিক অস্ত্ৰৰে  সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সূচনা হোৱা দেখা গৈছে। ভিয়েটনামবাসীয়ে লাওচ, আংগোলাক দক্ষিণ আফ্ৰিকীয় শক্তিগোষ্ঠী, আফগানিস্তানত ছোভিয়েট বাহিনী, কিউবাত CIA, ইৰাণত ইৰাকী সন্ত্ৰাসবাদী গোষ্ঠীয়ে এনে জৈৱিক অস্ত্ৰ প্ৰয়োগ কৰিছে।

(ঞ) জটিলতাৰ সন্ত্ৰাসবাদ: বৰ্তমানৰ উন্নত যোগযোগ ব্যৱস্থাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সন্ত্ৰাসবাদীসকলক জটিলৰ পৰা জটিলতৰ পন্থা অৱলম্বন কৰাত সহায় কৰাবলৈ চাই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ চিন্তাবিদসকলে আধুনিক সন্ত্ৰাসবাদক নৱ্য সন্ত্ৰাসবাদ বা জটিলতৰ সন্ত্ৰাসবাদ (Neo-terrorism or complex terrorism) বুলিব বিচাৰিছে। Homer Dixon ৰ মতে আধুনিক সন্ত্ৰাসবাদৰ দুটা ধাৰা লক্ষ্য কৰা যায়। প্ৰথমটোত দেখা যায় যে এক সৰু গোষ্ঠী বা ব্যক্তিৰ হাততো প্ৰযুক্তিগত সক্ষমতা আহি পৰাত ধন-জন হানি কৰিব পৰা হৈছে। 

দ্বিতীয়তে অৰ্থনীতি আৰু প্ৰযুক্তিবিদ্যাৰ সহযোগত কোনো আক্ৰমণ সংঘটিত কৰিবলৈ তেনেই সহজ হৈ পৰিছে। ফলস্বৰূপে এই দুয়োটা কাৰকে এক নতুন আৰু কুটিল গণ ধ্বংস কৰিবলৈ সন্ত্ৰাসবাদী গোষ্ঠীবিলাকক সহায় কৰাত সন্ত্ৰাসবাদে এক জটিলতৰ ৰূপ ধাৰণ (Complex Form) কৰিছে।

২২। সন্ত্ৰাসবাদৰ মুখ্য কাৰণসমূহ বহলাই আলোচনা কৰা। (Discuss in detail the main causes of terrorism?)

উত্তৰঃ সন্ত্ৰাসবাদৰ মুখ্য কাৰণসমূহ তলত আলোচনা কৰা হ’ল- 

(ক) ৰাজনৈতিক কাৰণ: বিশ্বৰ সন্ত্ৰাসবাদী গোষ্ঠীসমূহলৈ লক্ষ্য কৰিলে দেখা যাব যে ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবেও বহুতো সন্ত্ৰাসবাদী সংগঠনৰ জন্ম হৈছে। কেতিয়াবা কেতিয়াবা কোনো এক শ্ৰেণীৰ লোকে ৰাজনৈতিক সমস্যা সমাধানৰ উদ্দেশ্যে সাংবিধানিক উপায় অৱলম্বন কৰাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদৰ পন্থা অৱলম্বন কৰে। তেনেদৰে ৰাজনৈতিক নেতৃত্বৰ অৱহেলাৰ বাবে কোনো ৰাজনৈতিক সমস্যা সমাধানৰ বাবে ক্ষমতা দখলৰ জৰিয়তে তেনে সমস্যা সমাধানৰ প্ৰয়াস কৰি সন্ত্ৰাসবাদৰ আশ্ৰয় লয়। ইজৰাইল-পেলেষ্টাইনৰ সন্ত্ৰাসবাদ তেনে ৰাজনৈতিক কাৰণতেই গঢ় লৈ উঠা বুলিব পাৰি।

(খ) অৰ্থনৈতিক কাৰণ: অৰ্থনৈতিক শোষণ, অসমতা আৰু নিৰ্ভৰশীলতাৰ বাবেও বিশ্বত সন্ত্ৰাসবাদ সূচনা হোৱা দেখা যায়। বিশেষকৈ উন্নত ৰাষ্ট্ৰসমূহৰ একালৰ শোষণ আৰু বৰ্তমানৰো অৰ্থনৈতিক অসমতুল নীতিৰ বাবে বিশ্বৰ কিছু কিছু অঞ্চল সদায়ে এইসমূহ ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে। এনে নিৰ্ভৰশীলতা, উন্নয়নৰ অসমতা আৰু বিশ্বৰ অসম অৰ্থনৈতিক শৃংখলাৰ বাবেও আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ সূচনা হোৱা দেখা গৈছে।

(গ) ধৰ্মীয় কাৰণ: কেতিয়াবা কেতিয়াবা ধৰ্মীয় উন্মাদনাৰ কাৰণতো জনসাধাৰণে সন্ত্ৰাসবাদৰ আশ্ৰয় লোৱা দেখা যায়। তদুপৰি কোনো ধৰ্মীয় গোষ্ঠীৰ লোকে বৰ্তমানৰ শাসনাধিষ্ঠিত ৰাষ্ট্ৰখনৰ পৰা ফালৰি কাটি অন্য চুবুৰীয়া ৰাষ্ট্ৰৰো সেই ধৰ্মৰ লোকসকলক লৈ এখন নতুন ধৰ্মীয় ৰাষ্ট্ৰ গঠন কৰাৰ বাবেও সন্ত্ৰাসবাদৰ আশ্ৰয় লোৱা দেখা যায়। ১৯৩০ ৰ পৰা ১৯৪০ ৰ দশকত পেলেষ্টাইনৰ ইহুদী উগ্ৰপন্থীয়ে ইজৰাইল গঠনৰ বাবে পেলেষ্টাইনীসকলক খেদি পঠাবৰ বাবে সন্ত্ৰাসৰ পন্থা লোৱা আৰু পৰৱৰ্তী সময়ত (১৯৫০ ৰ দশকৰ পৰা) পেলেষ্টাইনীসকলে অনুৰূপ পন্থাকে লোৱাত এ ইজৰাইলী আৰু পেলেষ্টাইনী উগ্ৰপন্থীৰ হিংসাত্মক কাৰ্যৰ পৰা আজিও জনসাধাৰণ মুক্ত হ’ব পৰা নাই। 

তেনেদৰে তালিবান, হৰকত উল মুজাহিদীন আদি সন্ত্ৰাসবাদী সংগঠন এনে ধৰ্মীয় বিশ্বাসৰ ভিত্তিতে গঠিত হৈছে। এনে সন্ত্ৰাসবাদী সংগঠনসমূহে মানুহৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি চলাই যোৱা সন্ত্ৰাসৰ কাৰ্যকলাপৰ প্ৰকৃতি লক্ষ্য কৰি বিখ্যাত চিন্তাবিদ চেমুৱেল হান্টিন্টনে (Samual Huntington) ইয়াক সভ্যতাৰ সংঘাত (Clash of Civilization) বুলি আখ্যা দিব বিচাৰিছে। তেওঁৰ মতে ভৱিষ্যতে যদি এখন বিশ্বযুদ্ধ সংঘটিত হ’বলগীয়া হয় তেতিয়াহ’লে ধৰ্মীয় উন্মাদনাৰ বাবেই হ’ব।

(ঘ) অস্ত্ৰ-শস্ত্ৰৰ মুক্ত সৰবৰাহ: হাতে হাতে লৈ ফুৰিব পৰা মৰাণাস্ত্ৰসমূহৰ উদ্ভাৱনৰ ফলস্বৰূপেও সন্ত্ৰাসবাদে ব্যাপক ৰূপ ধাৰণ কৰা দেখা গৈছে। আজিৰ সন্ত্ৰাসবাদী গোটসমূহে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ বীজ ৰোপণ কৰাৰ মানসেৰে সৰু সৰু উগ্ৰবাদী গোষ্ঠীসমূহকো অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা, প্ৰশিক্ষণ আদিৰ সুবিধা দিয়াতো সমগ্ৰ বিশ্বতে সৰু সৰু সন্ত্ৰাসবাদী গোট নিত্য নতুন ৰূপত গঠিত হোৱা দেখা গৈছে। তদুপৰি অস্ত্ৰ উৎপাদনকাৰী কোম্পানীসমূহৰ লাভা-লাভৰ হাবিয়াসেও অস্ত্ৰ-শস্ত্ৰৰ চোৰাং কাৰবাৰী মাফিয়া আদি য’তে ত’তে সক্ৰিয় হৈছে। এনে হোৱাৰ বাবেও উগ্ৰপন্থীসমূহে ধ্বংসাত্মক অস্ত্ৰ-শস্ত্ৰ সহজতে পাব পৰা হৈছে যাৰ বাবে সন্ত্ৰাসবাদী গোটসমূহ গোজেই গঁজালি হোৱাত সহায়ক হৈছে।

(ঙ) উন্নত যোগাযোগ ব্যৱস্থা: যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নতিয়েও সন্ত্ৰাসবাদক সাৰ-পানী যোগাইছে বুলিব পাৰি। দ্ৰুত যোগাযোগ ব্যৱস্থাই বিশ্বৰ প্ৰত্যেকটো কোণৰ খবৰ তৎমুহূৰ্ততে পাব পৰা কৰাত বিভিন্ন সামাজিক, ৰাজনৈতিক, গোষ্ঠীগত বা ভৌগোলিক এলেকাত সংঘবদ্ধ সৰু সৰু সন্ত্ৰাসবাদী গোটৰ সৈতেও অন্য প্ৰান্তৰৰ সন্ত্ৰাসবাদী গোটসমূহে স্থাপন কৰিব পৰা হ’ল। যোগাযোগৰ উন্নতিয়ে সন্ত্ৰাসবাদী গোটসমূহক নিজৰ লক্ষ্যৰ ৰাষ্ট্ৰখনতে সংঘবদ্ধ নহৈ অন্য ৰাষ্ট্ৰত সংঘটিত, প্ৰশিক্ষিত আৰু বিত্তীয় সাহায্যপ্ৰাপ্ত হৈ লক্ষ্য ৰাষ্ট্ৰত সন্ত্ৰাসবাদী কাৰ্য চলাই যাব পাৰে।

(চ) মাদক দ্ৰব্য সৰবৰাহ আৰু সংগঠিত অপৰাধ: মাদক দ্ৰব্য সৰবৰাহকাৰী, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহকাৰী আদি সংগঠিত অপৰাধীৰ সৈতে সন্ত্ৰাসবাদী সংগঠনসমূহৰ বৰ্দ্ধিত সংযোগীকৰণেও সন্ত্ৰাসবাদক উচিতনি দিয়া দেখা গৈছে। যদিও সন্ত্ৰাসবাদী সংগঠনৰ উদ্দেশ্য আদৰ্শগত আৰু ৰাজনৈতিক তথাপিও বিত্তীয় লাভ আহৰণৰ লগত জড়িত সংগঠিত অপৰাধীচক্ৰ, যেনে- নিচাযুক্ত দ্ৰব্যৰ মাফিয়া (Drug Mafia) বা অস্ত্ৰ-শস্ত্ৰৰ মাফিয়াৰ লগত এক যোগাযোগ আছে। অস্ত্ৰ-শস্ত্ৰৰ মাফিয়াই বিত্তীয় লাভা-লাভৰ বাবে সন্ত্ৰাসবাদী সংগঠনৰ অস্ত্ৰ যোগান ধৰে। 

আনহাতে বিত্তীয় অৱস্থা টনকীয়াল কৰাৰ স্বাৰ্থত সন্ত্ৰাসবাদী সংগঠনসমূহে ড্ৰাগছ মাফিয়াৰ সহায় লয়। অন্যহাতে এই অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ মাফিয়াই দশক দশক জুৰি লাভ কৰা ধনেৰে সন্ত্ৰাসবাদী সংগঠনসমূহক ধনৰ যোগান ধৰাৰ কাৰ্যই সন্ত্ৰাসবাদী সংগঠনসমূহক ব্যাপক উচিতনি দিছে।

(ছ) ৰাষ্ট্ৰৰ উৎসাহ: যদিও ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনে প্ৰত্যেক ৰাষ্ট্ৰই ইখনে সিখনৰ সাৰ্বভৌমত্বক সন্মান জনোৱা আৰু কাৰোৰে আভ্যন্তৰীণ স্বাধীনতাত হস্তক্ষেপ নকৰাৰ দৰে নীতি নিৰ্ধাৰণ কৰিছে তথাপিও চুবুৰীয়া ৰাষ্ট্ৰসমূহে ইখনে সিখনৰ আভ্যন্তৰীণ শান্তি-শৃংখলা বিনষ্ট কৰা ধৰণৰ কাৰ্যকলাপ চলায়ে আছে। আধুনিক ৰাষ্ট্ৰসমূহে নিজ ৰাষ্ট্ৰত গঢ়ি উঠা সন্ত্ৰাসবাদী সংগঠনসমূহক চুবুৰীয়া ৰাষ্ট্ৰত সন্ত্ৰাস চলাই নিয়াত সহায় কৰাৰ উপৰিও বহু ৰাষ্ট্ৰই অন্য ৰাষ্ট্ৰৰ সন্ত্ৰাসবাদী সংগঠনক প্ৰশিক্ষণ, অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা আদি কাৰ্যত সহায় কৰা দেখা যায়। উদাহৰণস্বৰূপে তালিবানৰ শাসনকালত আফগানিস্তানত ইছলামিক উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদীক দিয়া আশ্ৰয় তথা প্ৰশ্ৰয়ৰ কথা উল্লেখ কৰিব পাৰি।

(জ) বিচ্ছিন্নতাবাদ: কেতিয়াবা কেতিয়াবা বহু ভাষা-ভাষী, জাতি-জনগোষ্ঠীৰ ৰাষ্ট্ৰ এখনৰ কোনো এক অঞ্চলৰ জনসাধাৰণতে মূল সুঁতিৰ পৰা ফালৰি কাটি এখন নতুন স্বাধীন ৰাষ্ট্ৰৰ বাবে দাবী উত্থাপন কৰিও বিচ্ছিন্নতাবাদৰ আশ্ৰয় ল’ব পাৰে। স্বাধীন আয়াৰলেণ্ডৰ দাবীৰে গঠিত আইৰিছ গণৰাজ্যিক আন্দোলন (Irish republican movement), কানাডাৰ কোৱেকডচ (Quebecords in Canada), স্পেইনৰ বাস্কৰ (Basques in Spain), য়োগোশ্লোভিয়াৰ ক্ৰোৱেচিয়ান (Croatians in Yugsalavia), তুৰষ্কৰ আৰমেনিয়ান (Armenian in Turkey), শ্ৰীলংকাৰ তামিল (Tamil in SriLanka), ভাৰতৰ আলফা, খালিস্তানি (ULFA, Khalistani in India), ফিলিপাইনৰ মাৰোচ (Maros in Philippines) আদি তেনে সন্ত্ৰাসবাদত বিশ্বাসী বিচ্ছিন্নতাবাদী গোষ্ঠী।

(ঝ) বিশ্ব দাৰিদ্ৰ আৰু নিবনুৱা সমস্যা: বিশ্বৰ উন্নত বা অনুন্নত সকলো ৰাষ্ট্ৰতে নিবনুৱা সমস্যা আৰু দাৰিদ্ৰই ভয়াবহ ৰূপ ধাৰণ কৰা দেখা যায়। জীৱন নিৰ্বাহৰ উপায়ৰ অভাৱ, শোষণ, ধনী আৰু দুখীয়াৰ আয় আৰু উপভোগৰ অসমতাই এক শ্ৰেণীৰ হতাশগ্ৰস্ত লোকক সন্ত্ৰাসবাদৰ পন্থা ল’বলৈ বাধ্য কৰাইছে।

(ঞ) সন্ত্ৰাসবাদ ৰপ্তানি: সন্ত্ৰাসবাদী সংগঠনসমূহে ইয়াৰ গঠনৰ উদ্দেশ্য, কাৰ্যপন্থা, দাবীৰ যুক্তিযুক্ততা আদি সহ নিজস্ব ধ্যান-ধাৰণা সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰচেষ্টা চলোৱাৰ বাবেও সন্ত্ৰাসবাদৰ উদ্ভৱ হৈছে বুলিব পাৰি।

২৩। সন্ত্ৰাসবাদৰ প্ৰভাৱসমূহ বহলাই আলোচনা কৰা। (Discuss the effects of terrorism in detail?)

উত্তৰঃ সন্ত্ৰাসবাদৰ প্ৰভাৱসমূহ তলত আলোচনা কৰা হ’ল-

(ক) বৈদেশিক নীতি নিৰ্ধাৰণত প্ৰভাৱ: সন্ত্ৰাসবাদে বিশ্বৰ সৰু বৰ সকলো ৰাষ্ট্ৰকে চুই যোৱাত সন্ত্ৰাসত জৰ্জৰিত ৰাষ্ট্ৰ, সন্ত্ৰাসৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰ আদিৰ শ্ৰেণীকৰণ কৰি লৈ অনুৰূপ ধৰণে সুৰক্ষামূলক নীতি প্ৰস্তুত কৰা বৈদেশিক সম্পর্ক দিশ নিৰ্ণয় কৰি সেইমতে জাতীয় স্বাৰ্থ সুৰক্ষাৰ বাবে আগবঢ়াটো বৰ্তমানৰ ৰাষ্ট্ৰসমূহৰ বাবে ব্যাপক প্ৰত্যাহ্বানৰ দৰে হৈ পৰিছে। 

(খ) ৰাষ্ট্ৰৰ সম্পৰ্কৰ অৱনতি: সন্ত্ৰাসবাদৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসক প্ৰৰোচিত কৰা ৰাষ্ট্ৰসমূহৰ লগত ভুক্তভোগী ৰাষ্ট্ৰখনৰ সম্পৰ্কৰ অৱনতি ঘটা দেখা যায়। ভাৰত, বাংলাদেশ, শ্ৰীলংকা, পাকিস্তান, ভূটান, চীন আদি ৰাষ্ট্ৰত ভাৰতৰ বহুতো সন্ত্ৰাসবাদী সংগঠনে আশ্ৰয় লোৱাৰ উপৰি এইকেইখন ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত সময়ে সময়ে চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বহু অৱনতি ঘটা দেখা যায়। উদাহৰণস্বৰূপে ভাৰতৰ সংসদ ভৱনত কৰা আক্ৰমণ, তাজ হোটেলত পাকিস্তানী সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণ আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ প্ৰতিৰোধকল্পে ভাৰতে লোৱা ব্যৱস্থাই দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্কৰ বহুখিনি অৱনতি ঘটাইছিল।

(গ) আন্তঃৰাষ্ট্ৰীয় জোঁট বন্ধন: সন্ত্ৰাসবাদী সংগঠনসমূহৰ সন্ত্ৰাসৰ পৰা যিহেতু আমেৰিকাৰ দৰে সৰ্বোচ্চ শক্তিৰ ৰাষ্ট্ৰও হাত সাৰি থাকিব পৰা নাই সেয়েহে ৰাষ্ট্ৰসমূহে সংঘৱদ্ধ উপায়ৰ দ্বাৰা সন্ত্ৰাসবাদীৰ বিপক্ষে যুঁজিবৰ বাবে প্ৰচেষ্টা চলোৱা দেখা গৈছে। ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ উপৰি ইউৰোপীয়ান ইউনিয়ন, ছাৰ্ক (SAARC), আছিয়ান (ASEAN) আদি আঞ্চলিক মঞ্চ আৰু ৰাষ্ট্ৰসমূহেও দ্বিপাক্ষিক বা বহুপাক্ষিক চুক্তি, বুজাবুজি আদিৰে সংঘবদ্ধ হোৱা দেখা গৈছে।

(ঘ) প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকি: সন্ত্ৰাসবাদৰ ন ন কৌশলৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসমূহৰ নিৰাপত্তাৰ প্ৰতি অন্য ধৰণৰ ভাবুকি অহা দেখা গৈছে। ফলত পূৰ্বৰ পৰপম্পৰাগত নিৰাপত্তাৰ দিশসমূহ নতুনকৈ চালি জাৰি চাই সন্ত্ৰাসবাদ দমনৰ দৰে দিশসমূহ বিবেচনা কৰিব লগাত পৰিছে। ৰাষ্ট্ৰই সন্ত্ৰাসবাদীৰ অনিশ্চিত হিংসাত্মক কাৰ্যৰ প্ৰতিৰোধ কৰিব পৰাকৈ তথ্য প্ৰযুক্তি তথা দেশখনৰ সৰ্বস্তৰৰ গতি বিধি লক্ষ্য কৰি থাকিবলগীয়া পৰিস্থিতিৰ সূচনা হৈছে। ফলত ৰাষ্ট্ৰসমূহৰ মাজত ক্ষমতাৰ প্ৰতিযোগিতাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদ দমনৰ বাবদ সহযোগিতাৰহে সূচনা হৈছে।

(ঙ) অৰ্থনৈতিক মন্দাৱস্থা: সন্ত্ৰাসবাদৰ বৰ্দ্ধিত কাৰ্যকলাপে ৰাষ্ট্ৰৰ লগতে জনসাধাৰণক কৰা ক্ষয়-ক্ষতি তথা পুনৰ সংস্থাপনৰ বাবে ৰাষ্ট্ৰই চিন্তা কৰিবলগীয়া হোৱাৰ উপৰি প্ৰতিৰক্ষাৰ নামত অত্যাধিক ব্যয় কৰিব লগা হোৱা বাবে ৰাষ্ট্ৰখনৰ উন্নয়ন স্থবিৰ হয়। আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে ষ্টক মাৰ্কেটৰ দৰে অৰ্থনৈতিক ব্যৱস্থাৰ নিম্নগামিতাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বই অৰ্থনৈতিক মন্দাৱস্থাৰ সন্মুখীন হ’বলগীয়া হোৱাটো আধুনিক সন্ত্ৰাসবাদৰ এক ডাঙৰ প্ৰভাৱ।

(চ) সন্ত্ৰাস প্ৰতিৰোধী ব্যৱস্থাৱলী: সন্ত্ৰাসবাদৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসমূহে নিৰাপত্তাৰ ব্যৱস্থাৱলীৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়। ইয়াৰ ভিতৰত বিদেশী নাগৰিকৰ প্ৰৱেশ পত্ৰ, পাৰ পত্ৰ আৰু ইয়াৰ নিয়ম আদি পুনৰ নিৰ্ধাৰণ কৰিব লগাত পৰে। ফলত সাধাৰণ মানুহে ভ্ৰমণ আদি নানান কাৰণত জীয়াতু ভুগিব লগা অৱস্থাত পৰে। ৯/১১ ঘটনাৰ পিছত আমেৰিকাৰ বিমান বন্দৰত ভাৰতৰ প্রাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম, চিত্ৰ তাৰকা শ্বাহৰুখ খানৰ দৰে ব্যক্তিয়ে সন্মুখীন হোৱা ব্যৱস্থাৱলী আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাষ্ট্ৰৰ কূটনৈতিক বিনিময়ৰ ক্ষেত্ৰত দেখা দিয়ো পৰিৱৰ্তন সৰ্বজনবিদিত।

(ছ) বিশ্বৰ পুনৰ বিভাজন: সন্ত্ৰাসবাদৰ গোলকীয় প্ৰকৃতিৰ বাবেই সমগ্ৰ বিশ্বখন শীতল যুদ্ধৰ পিছতো পুনৰ বিভাজিত হোৱা দেখা যায়।বিশেষকৈ ইছলামিক সন্ত্ৰাসবাদৰ প্ৰভাৱত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ইছলামিক আৰু অ-ইছলামিক এই দুটা ভাগত বিভক্ত হৈ পৰে। অৱশ্যে আমেৰিকাৰ নেতৃত্বৰ সন্ত্ৰাসবাদৰ বিৰোধী গোট আৰু সন্ত্ৰাসবাদৰ খোপনি থকা ৰাষ্ট্ৰসমূহৰ গোটৰ মাজত শীতল যুদ্ধৰ দিনৰ দৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ দুই শক্তি গোষ্ঠী সৃষ্টি কৰাত সন্ত্ৰাসবাদ জড়িত আছে বুলিলে ভুল কোৱা হ’ব।

(জ) আফগানিস্তান আৰু ইৰাকৰ শাসনৰ পৰিৱৰ্তন: আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰত কৰা আঘাতৰ পিছতেই সন্ত্ৰাসবাদৰ বিপেক্ষ যুদ্ধ ঘোষণা কৰা আমেৰিকাই ২০০১ চনৰ অক্টোবৰ মাহত ‘Operation enduring freedom’ ঘোষণা কৰি আফগানিস্তানৰ পৰা তালিবানী শাসন অন্ত পেলোৱাৰ প্ৰচেষ্টা চলায়। এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ বিপক্ষে অন্য এখন সাৰ্বভৌম ৰাষ্ট্ৰই অভিযান আৰম্ভ কৰাৰ দৰে ব্যৱস্থা যদিও আন্তঃৰাষ্ট্ৰীয় আইনৰ পৰিপন্থী তথাপিও সন্ত্ৰাসবাদৰ ভয়াবহতাই জোকাৰি যোৱা বিশ্ব সম্প্ৰদায়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ নং ১৩৬৮ আৰু ১৩৭৩ ৰ জৰিয়তে ২০০১ চনৰ ছেপ্টেম্বৰ মাহত অনুমোদন জনায়। 

আমেৰিকাৰ নেতৃত্বত ৰাষ্ট্ৰসংঘই ২০০১ চনৰ ডিচেম্বৰ মাহলৈ তালিবানী শাসনৰ সামৰণি পেলাই বন (Bonn) চুক্তিৰ জৰিয়তে গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠাৰ প্ৰচেষ্টা চলায়। লগে লগে গণতন্ত্ৰৰ বিৰোধী দলসমূহক (তালিবান, সাম্যবাদী দল, আফগান) নিষিদ্ধ কৰা হয়। Loya jirga নামৰ এক গণতান্ত্ৰিক পৰিষদ গঠন কৰা হয়। ২০০২ চনৰ জুন মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত লয়া জগাই হামিদ কাৰজাইক ক্ষমতাৰ দায়িত্ব দিয়ে।

(ঝ) ৰাষ্ট্ৰসংঘৰ প্ৰতি প্ৰত্যাহ্বান: ৰাষ্ট্ৰসংঘই ১৯৯৭ আৰু ১৯৯৯ চনত দুখন আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰৰ জৰিয়তে বিশ্ব সন্ত্ৰাসবাদক স্বীকৃতি দিয়াৰ উপৰিও সন্ত্ৰাসবাদ দমনৰ বাবে ৰাষ্ট্ৰসমূহৰ সামূহিক ব্যৱস্থাৰ গুৰুত্বক স্বীকৃতি দিয়া হয়। অন্যহাতে ২০০২ চনত ৰাষ্ট্ৰসংঘই Suppression of the financing terrorism নামৰ আন এখন চুক্তি পত্ৰ গ্ৰহণ কৰি সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে বিশ্ব সম্প্ৰদায়ক সন্ত্ৰাসবাদৰ বিপক্ষে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। তদুপৰি ২০০১ চনত ছেপ্টেম্বৰ মাহত গ্ৰহণ কৰি নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱনামা ১৩৬৮ আৰু ১৩৭৩ ও এইক্ষেত্ৰত উল্লেখযোগ্য।

এনেদৰে ৰাষ্ট্ৰসংঘই নিৰাপত্তা পৰিষদ সাধাৰণ সভা অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ জৰিয়তে সন্ত্ৰাসবাদৰ বিপক্ষে ব্যৱস্থাৱলী গ্ৰহণ কৰিছে যদিও সন্ত্ৰাসবাদক সাৰ-পানী যোগোৱা ৰাষ্ট্ৰ আফগানিস্তান আৰু ইৰাকৰ বিপক্ষে আমেৰিকাই একপক্ষীয়ভাৱে লোৱা ব্যৱস্থাই ৰাষ্ট্ৰসংঘৰ ভূমিকা বহু পৰিমাণে স্তিমিত কৰে। ফলত বিশ্বৰ অন্যান্য সৰু-বৰ ৰাষ্ট্ৰৰ পৰা সামূহিক নিৰাপত্তাৰ ব্যৱস্থাৰ প্ৰতি আস্থা আদায় কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই এক নতুন প্ৰত্যাহ্বানৰ মুখামুখি হয়।

(ঞ) আমেৰিকাৰ আধিপত্য প্ৰতিষ্ঠা: ছাদ্দাম হুছেইনৰ পৰাজয়, ওচামা বিন লাডেনক হত্যা কৰাৰ দৰে ঘটনাই সমগ্ৰ বিশ্ববাসীৰ মনত আমেৰিকাৰ সামৰিক শক্তিৰ লগতে সৰ্বোচ্চ শক্তি হিচাপে ইয়াৰ আধিপত্য পুনৰ প্ৰতিষ্ঠাত সহায় কৰে। আমেৰিকাই পুনৰবাৰ ইয়াৰ সৰ্বোচ্চ শক্তি প্ৰদৰ্শন কৰাত সন্ত্ৰাসবাদী আক্ৰমণে সহায় কৰাৰ উপৰি এছিয়া মহাদেশৰ কেন্দ্ৰীয় অঞ্চলত সামৰিক ঘাটি প্ৰতিষ্ঠাতো ই সহায় কৰে। ফলত প্ৰাকৃতিৰ সম্পদত চহকী এই অঞ্চলটোৱে আমেৰিকাক পুনৰ নব্য উপনিৱেশ প্রতিষ্ঠাত সহায় কৰে।

২৪। চমু টোকা লিখা:

(ক) বিশ্ব সন্ত্ৰাসবাদ (global terrorism)।

উত্তৰঃ যি সন্ত্ৰাসবাদে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত সন্ত্ৰাসবাদী কাৰ্যত লিপ্ত থাকি ৰাষ্ট্ৰবিলাকৰ নিৰাপত্তা অনিশ্চিত কৰিব বিচাৰে সেই সন্ত্ৰাসবাদক বিশ্ব সন্ত্ৰাসবাদ বুলি কোৱা হয়। বিশ্ব সন্ত্ৰাসবাদীসকলৰ প্ৰধান লক্ষ্য হ’ল তেওঁলোকৰ সমস্যা বিলাকৰ প্ৰতি বিশ্ব জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰা। যিবিলাক ৰাষ্ট্ৰৰ প্ৰতি সন্ত্ৰাসবাদীসকলৰ মনোভাৱ একেবাৰে বেয়া সেই ৰাষ্ট্ৰবিলাকক আৰু সেইবিলাকৰ জনসাধাৰণক ভীতিগ্ৰস্ত কৰিবৰ বাবে নানা ধৰণৰ কূটাঘাতমূলক কাম সংগঠিত কৰে। 

বিশ্ব সন্ত্ৰাসবাদীসকলে তেওঁলোকৰ সংগঠনৰ জনপ্ৰিয়তা বঢ়াবলৈ কিছুমান কাৰ্য পদ্ধতি অনুসৰণ কৰে। যেনে- সন্ত্ৰাসবাদীসকলে আন ৰাষ্ট্ৰত তেওঁলোকৰ সংগঠনৰ শাখা-প্ৰশাখাবিলাক গঠন কৰে। কেতিয়াবা বিদেশী কোনো ৰাষ্ট্ৰত তেওঁলোকৰ মুখ্য কাৰ্যালয় গঠন কৰি ইয়াৰ নিৰ্দেশমতে দেশ-বিদেশত সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। প্ৰায়বিলাক ৰাষ্ট্ৰতে কিছুমান সন্ত্ৰাসবাদী সংগঠন আছে। বিশ্ব সন্ত্ৰাসবাদী গোটে স্থানীয় সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু ইয়াৰ সহায়ত যিকোনো ৰাষ্ট্ৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংগঠিত কৰে।

সন্ত্ৰাসবাদ বিশ্ব সন্ত্ৰাসবাদত পৰিণত হোৱাৰ বহুতো কাৰণ আছে। ইয়াৰ ভিতৰত নিবনুৱা সমস্যাক বিশ্ব-সন্ত্ৰাসবাদৰ উদ্ভৱৰ এটা কাৰণ বুলি কোৱা হয়। বিভিন্ন ৰাষ্ট্ৰৰ চোৰাংচোৱা গোটবিলাকেও বিশ্ব সন্ত্ৰাসবাদ বিয়পোৱাত সহায় কৰিব পাৰে। কিছুমান দেশত অৱহেলিত এক শ্ৰেণীৰ মানুহে স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰিব পাৰে আৰু অৱশেষত তেওঁলোকে লক্ষ্য পূৰণ কৰিবৰ বাবে সন্ত্ৰাসবাদৰ আশ্ৰয় ল’ব লাগে। বিশ্ব সন্ত্ৰাসবাদৰ সম্প্ৰসাৰণত চোৰাংচোৱা বেপাৰ-বাণিজ্যই যথেষ্ট সহায় কৰিছে। বিশ্ব সন্ত্ৰাসবাদে পৃথিৱীৰ বহুতো ঠাইত আতংকৰ সৃষ্টি কৰিছে। সন্ত্ৰাসবাদ এতিয়া কোনো এখন দেশৰ আভ্যন্তৰীণ সমস্যা হৈ থকা নাই। ই এতিয়া বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰিছে। যিবিলাক দেশত সন্ত্ৰাসবাদীসকল সক্রিয়, সেইবিলাক দেশে ইয়াৰ পৰা ৰক্ষা পাবৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰি আছে। 

বিশ্ব সন্ত্ৰাসবাদক নিৰ্মূল কৰিবৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, যেনে- বিশ্ব সন্ত্ৰাসৰ বিৰুদ্ধে বিশ্বব্যাপী জনমত গঠন কৰিব লাগিব। যিবিলাক ৰাষ্ট্ৰই বিশ্ব সন্ত্ৰাসবাদৰ প্ৰতি সহায় আৰু সহযোগিতা আগবঢ়ায় সেইবিলাক ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিশ্ব সন্ত্ৰাসবাদক নিৰ্মূল কৰিবৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা থকা বৰ প্ৰয়োজন।

গতিকে বিশ্ব শান্তি আৰু প্ৰগতিৰ বাবে সন্ত্ৰাসবাদ এক বাধাস্বৰূপ। এই বাধা অতিক্ৰম কৰিবলৈ সকলো ৰাষ্ট্ৰ আৰু জনসাধাৰণ সচেতন হোৱা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top