Gender And Education Unit 3 Gender Inequality In The School

Gender And Education Unit 3 Gender Inequality In The School Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Gender And Education 3 Gender Inequality In The School to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Gender And Education 3 Gender Inequality In The School can be of great value to excel in the examination.

Gender And Education 3 Gender Inequality In The School

Join Telegram channel

Gender And Education Unit 3 Gender Inequality In The School Notes cover all the exercise questions in UGC Syllabus. The Gender And Education Unit 3 Gender Inequality In The School provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

যিহেতু শেহতীয়াভাৱে ছাত্ৰ আৰু ছাত্রী সকলো শিক্ষার্থীয়ে লিংগভেদে বিভিন্ন দিশত সমানে আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে। সমাজত ৰঘুমলাৰ দৰে শিপাই পৰা লিংগ অসমতাৰ ছবিখন দূৰীকৰণৰ বাবে শিক্ষকসকলে শ্রেণীকোঠাত লিংগভেদে সকলো শিক্ষাৰ্থীক সমানে অনুপ্ৰেৰণা যোগাব লাগিব আৰু ইয়াৰ বাবে শ্ৰেণীকোঠাৰ পৰাই প্রথম পদক্ষেপ আৰম্ভ কৰা প্ৰয়োজন হৈ পৰিছে। 

4. Child Friendly Classroom? Characteristics Child Friendly Classroom.

উত্তৰঃ আধুনিক শিক্ষা ব্যৱস্থা হৈছে শিশুকেন্দ্রিক। এনে শিক্ষা ব্যৱস্থাত প্ৰতিটো শিশুৰ শাৰীৰিক আৰু মানসিক সামৰ্থ, ৰুচি অভিৰুচি, আগ্রহ, আদি দিশসমূহৰ ওপৰত ভিত্তি কৰি শিশুৰ প্রয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ শিক্ষা ব্যৱস্থা প্ৰস্তুত কৰা হয়। অর্থাৎ শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত শিক্ষাৰ অন্যান্য দিশ যেনেপাঠ্যক্রম, পাঠ্যপুথি, শিক্ষণীয় বিষয়বস্তু আদি, শিশুৰ প্ৰয়োজন আৰু চাহিদাসমূহ সম্পূৰ্ণ কৰিব পৰাকৈ সকলো দিশ সামৰি লোৱা হয়। আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত শিশুক নিৰ্ধাৰিত বিষয়বস্তুৰ জ্ঞান প্ৰদান কৰাৰ ক্ষেত্ৰত শ্ৰেণীকোঠাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেয়েহে বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ শিশুবন্ধুত্বমূলক হোৱা আৱশ্যক। 

শ্ৰেণীকোঠাত শিশুসকলে তেওঁলোকৰ প্ৰয়োজনীয় বিষয়বস্তু বিচৰাধৰণে আনন্দ মনে উপভোগ কৰিব পৰা পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ যিহেতু শিক্ষাদান আৰু শিক্ষাগ্রহণ হৈছে ত্ৰিপাক্ষিক প্রক্রিয়া। শ্রেণীকক্ষত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত জ্ঞানৰ আদান-প্রদান প্ৰক্ৰিয়াটো সুস্থ আৰু আনন্দমুখৰ পৰিৱেশতহে উপযুক্তভাৱে সম্পাদন কৰিব পৰা যায়। তেতিয়াহে শিশুৰ অন্তর্নিহিত মানসিক শক্তি আৰু সামৰ্থসমূহৰ পূৰ্ণবিকাশ সম্ভৱপৰ হয়। গতানুগতিকভাৱে চলি অহা শিক্ষক প্রধান শ্রেণীকক্ষত নিৰ্ধাৰিত পাঠ্যপুথিৰ জ্ঞান দানৰ সময়ত শিক্ষকৰ কঠোৰ নীতি-নিয়ম মানি চলি, সু-শৃংখলিত অনুশাসনৰ মাজত আৰু কৃত্ৰিম পৰিৱেশত উপযুক্ত জ্ঞান লাভ কৰাটো সম্ভৱপৰ নহয়। ইয়াৰ বিপৰীতে শিশু বন্ধুত্বমূলক শ্ৰেণীকোঠাত সুস্থ, মৰমীয়াল, দৈহিক আৰু মানসিকভাৱে সুৰক্ষিত আনন্দমুখৰ পৰিৱেশৰ মাজত শিক্ষাৰ্থীৰ শিক্ষাদান কৰা হয়। 

শিশু বন্ধুত্বমূলক শ্রেণীকোঠাত শিশুৰ মানসিক আৰু দৈহিক প্রয়োজনীয়তাসমূহৰ লগতে তেওঁলোকৰ আগ্ৰহ, ৰুচি-অভিৰুচি আদি দিশসমূহৰ পূৰ্ণ বিকাশ আৰু প্ৰকাশত গুৰুত্ব আৰোপ কৰা হয়। শিক্ষার্থীসকলক কোনোধৰণৰ দৈহিক আৰু মানসিক শাস্তি প্ৰদান কৰা নহয় আৰু তেওঁলোকৰ ইচ্ছা, মনোভাব, দৃষ্টিভংগী আদিক সন্মান কৰাৰ লগতে ইয়াৰ প্ৰকাশৰ বাবে পূর্ণ স্বাধীনতা প্ৰদান কৰা হয়। তলত শিশু বন্ধুত্বমূলক শ্ৰেণীকোঠাৰ প্ৰধান বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা হ’ল— 

শিশুৰ বন্ধুত্বমূলক বা শিশুৰ সহায়ক শ্ৰেণীকোঠাৰ বৈশিষ্ট্য [Characteristies Child Friendly Classroom) :

(১) শূন্য বৈষম্যতা [Zero discrimination] : প্ৰতিটো শ্ৰেণীকোঠাত বিভিন্ন আর্থ-সামাজিক পৰিৱেশৰ পৰা অহা ল’ৰা আৰু ছোৱালী শিক্ষার্থীয়ে শিক্ষা গ্রহণ কৰে। ইয়াৰোপৰি শ্ৰেণীকোঠাত বিভিন্ন জাতি, ধর্ম, বর্ণ, সম্প্ৰদায়ৰ পৰা অহা শিক্ষাৰ্থীৰ উপৰি বিভিন্ন মানসিক সামৰ্থৰ আৰু বিশেষ দিশত বিশেষভাৱে সক্ষম [Differently able] শিক্ষার্থীয়ে একেলগে শিক্ষা গ্ৰহণ কৰে। শিশুবন্ধুত্বমূলক শ্রেণীকোঠাত লিংগ, জাতি, বর্ণ, ধর্ম সম্প্রদায় আদিৰ পৰা অহা সকলো শিক্ষার্থীক সম-গুৰুত্ব আৰু সম-মৰ্যদা প্ৰদান কৰা হয়। [Child Friendly classroom doesn’t discriminate, exclude or marginalize any child based on gender, caste, community, religion, socio-economic background, ethnicity, abilities or disabilities etc.] । ইয়াত তলৰ দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

(ক) কোনো কাৰণতে শিক্ষার্থীক শ্রেণীকোঠাত নামভৰ্ত্তি আৰু উপস্থিতিত বাধা দিয়া নহয়। [No child is refused enrolling and attending classes for any reason]

(খ) ল’ৰা আৰু ছোৱালী সকলো শিক্ষার্থীক শিক্ষা গ্রহণৰ সম-সুবিধা প্ৰদান কৰা হয়। [Boys and girls have equal learning opportunities]

(গ) সকলো শিক্ষার্থীক সম-মৰ্যদা আৰু একেধৰণৰ আচৰণ কৰা হয় [All children are treated in the same manner with equal respect] |

(২) শিশুকেন্দ্রিক শ্রেণীকোঠা [Child Centered Classroom] : শিশুবন্ধুত্বমূলক শ্রেণীকোঠাসমূহ শিশুকেন্দ্রিক হোৱা প্ৰয়োজন আৰু সেয়েহে এনেধৰণৰ শ্ৰেণীকোঠাসমূহত সকলো প্রয়োজনীয় সা-সুবিধা প্ৰদান কৰি শিশুৰ উপযোগী কৰি গঢ়ি তোলা হয়। ইয়াত শিশুৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত গুণসম্পন্ন আৰু উচ্চমান বিশিষ্ট শিক্ষা প্ৰদান কৰা হয়। এনেধৰণৰ শ্ৰেণীকোঠাত তলৰ দিশসমূহৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়।

(ক) শিকনীয় কার্যক্রমণিকা প্ৰস্তুত কৰোঁতে প্রত্যেক শিক্ষাৰ্থীৰ আগ্রহৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত প্ৰহণ কৰা হয় [Teachers think about the best interest of each child when deciding on learning activities]

(খ) শিক্ষাৰ্থীসকলৰ শিক্ষাপ্ৰহণৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি এক উপযুক্ত বা মানবিশিষ্ট পাঠ্যক্ৰম যুগুত কৰিবলৈ যত্ন/চেষ্টা কৰে [Teachers try to adjust the standard curriculum to the learning needs of the students] 

(গ) সকলো শিক্ষার্থীয়ে শিকিব পৰাকৈ বিভিন্ন শিক্ষাদান পদ্ধতি প্রয়োগ কৰে [Different teaching methods are used so that all children can learn]

(ঘ) শিক্ষার্থীসকলৰ চিত্তাশক্তি, বিবেচনা শক্তি আৰু নিজৰ মতামতাসমূহ প্ৰকাশ কৰিবলৈ সুবিধা দিব পৰা সকলোধৰণৰ শিক্ষণশিকনৰ উপায় প্ৰয়োগ কৰা হয়। [Teaching learning approeches are used that invite students to think, reason and express | their opinions]

(ঙ) শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সকলো শিক্ষার্থীক সমানে উদগনি যোগায় আৰু লিখা-পঢ়া আৰু অংক শাস্ত্ৰৰ প্ৰাথমিক দক্ষতা বৃদ্ধিত গুৰুত্ব প্ৰদান কৰে।[All children are supported to learn and master the basic skills of reading, writing and arithmetic]

(চ) শিক্ষার্থীসকলে তেওঁলোকৰ অভিজ্ঞতা আৰু উদ্ভাৱনীমূলক সামৰ্থসমূহ প্ৰয়োগ কৰি আৰু একগোট হৈ কাম কৰি শিকাৰ সুবিধা লাভ কৰে।

(ছ) শিক্ষাৰ্থীসকলৰ ভাব-অনুভূতিসমূহ বিভিন্ন মাধ্যমেৰে প্ৰকাশ কৰিবলৈ শিক্ষকে উদগনি যোগায়। [Teachers encourage children to express their feeling through arts and other forms]

(৩) স্বাস্থ্যসন্মত শ্রেণীকোঠা [Healthy Classroom] : শিশুবন্ধুত্বমূলক শ্রেণীকোঠাসমূহ স্বাস্থ্যসন্মতভাৱে শিক্ষাৰ্থীসকলৰ উপযোগীকৈ প্ৰস্তুত কৰা হয়। এনেধৰণৰ শ্ৰেণীকোঠাসমূহ পৰিষ্কাৰপৰিচ্ছন্ন, নিৰাপদ, আহল- বহল আৰু প্ৰয়োজনীয় বতাহ চলাচল কৰিব পৰাকৈ উপযুক্ত দুৱাৰ-খিৰিকীৰ ব্যৱস্থা থাকে। শ্ৰেণীকোঠাত প্রয়োজনীয় পৰিষ্কাৰ আৰু নিৰাপদ খোৱা পানীৰ ব্যৱস্থা থকাৰ উপৰি সময়ে সময়ে শ্ৰেণীকোঠাসমূহ চাফাই ব্যৱস্থা কৰা হয় ৷ কিছুমান শ্ৰেণীকোঠাত বাতানুকুল ব্যৱস্থাও ৰখা দেখা যায়। ইয়াৰ উপৰি এনেধৰণৰ শ্ৰেণীকোঠাত পৰিষ্কাৰ-পৰিচ্ছন্ন প্ৰসাৱগাৰ আৰু শৌচাগাৰো সংলগ্ন কৰা হয়। শিকন-শিক্ষণ কার্যক্রমণিকা আৰু পাঠ্যক্ৰমৰ স্বাস্থ্য শিক্ষা আৰু দক্ষতা বৃদ্ধিৰ বিষয়বস্তু অন্তর্ভুক্ত কৰা

(৪) যত্নপৰ আৰ সুৰক্ষাকাৰী [Caring and Protective] : শিশুবন্ধুত্বমূলক শ্রেণীকোঠাত লিংগভেদে সকলো শিক্ষার্থীক সমানে যত্ন লোৱা হয়। ইয়াত সকলো শিক্ষাৰ্থীয়ে নিৰাপত্তা অনুভৱ কৰিব পৰাকৈ আকর্ষণীয় পৰিৱেশত শিক্ষাদান কৰা হয়। ছাত্রছাত্রীক শিক্ষকসকলে কোনোধৰণৰ বেয়া ব্যৱহাৰ, খং-ৰাগ, গালিগালাজ নকৰে আৰু যত্ন আৰু মৰমেৰে শিক্ষাগ্ৰহণৰ বাবে প্ৰেৰণা যোগায়। শিক্ষার্থী সকলকো পৰস্পৰে পৰস্পৰক সহায়-সহযোগ, কৰিবলৈ উৎসাহ যোগোৱাৰ উপৰি ইজনে-সিজনৰ প্ৰতি সহানুভূতিশীল হ’বলৈ শিক্ষকে পৰামৰ্শ দান কৰে। এনেধৰণৰ শ্ৰেণীকোঠাত শিক্ষকে কোনো শিক্ষাৰ্থীক শাৰীৰিক আৰু মানসিক শান্তি প্ৰদান নকৰে। শিশুবন্ধুত্বমূলক শ্ৰেণীকোঠা সুপৰিকল্পিতভাৱে পৰিচালনা কৰিবলৈ নিৰ্দ্ধাৰিত কিছুমান নিদের্শনাত্মক নীতি-নিয়ম [Guidelines] নিৰ্ধাৰণ কৰা হয় আৰু এই নীতিসমূহ শিক্ষক আৰু শিক্ষার্থী সকলোৱে মানি চলিব লাগে।

(৫) পৰিয়াল আৰু সম্প্রদায় জড়িতকৰণ [Involves Families and Communities] : শিশুবন্ধুত্বমূলক শ্রেণীকোঠাত শিক্ষাৰ্থীসকলৰ পৰিয়ালৰ সদস্য আৰু সমাজৰ দায়িত্বসম্পন্ন সচেতন ব্যক্তিসকলক জড়িত কৰি লোৱা হয়। অভিভাৱকসকলক সময়সাপেক্ষে শ্রেণীকোঠালৈ আমন্ত্রণ জনোৱা হয় আৰু তেওঁলোকৰ ল”ৰা-ছোৱালী-সন্তানৰ শিকনীয় দিশসমূহৰ বিভিন্ন সবলতা আৰু দুর্বলতাসমূহ আলোচনা কৰা হয়। এই ক্ষেত্ৰত শিক্ষার্থীসকলৰ দুৰ্বলতাসমূহ দূৰ কৰিবলৈ আৰু শিক্ষাৰ্থীৰ গুণগত মানদণ্ড উন্নত কৰিবৰ বাবে প্ৰয়োজনীয় বুলি অনুভৱ কৰিলে শিক্ষকসকলক অভিভাৱকসকলে সহায় কৰে আৰু শিক্ষক আৰু অভিভাৱকে একগোট হৈ কৰ্ম সম্পাদন কৰে। শিক্ষকসকলে শিক্ষাৰ্থীৰ সু-স্বাস্থ্য গঠনৰ বাবে প্ৰয়োজন হোৱা পুষ্টিকৰ খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিবৰ বাবে অভিভাৱকসকলক প্ৰয়োজনীয় পৰামৰ্শও প্ৰদান কৰা দেখা “যায়। ইয়াৰ উপৰি শিক্ষাৰ্থীয়ে বিদ্যালয়ত বা শ্ৰেণীকোঠাত সম্পাদন কৰিবলগীয়া কোনো কোনো প্ৰকল্পৰ কাম-কাজ সম্পাদন কৰিবলৈ যাওঁতে প্রয়োজনবোধে অভিভাৱকসকলক আৰু সমাজৰ দায়িত্বশীল আৰু সচেতন সদস্যসকলক সামৰি লোৱা হয়।

5. Role of Teacher to Make the Classroom 1 Child-Friendly.

উত্তৰঃ শ্ৰেণীকোঠাসমূহ শিশুবন্ধুত্বমূলক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। এখন বিদ্যালয়ত শিশুবন্ধুত্বমূলক পৰিৱেশ সৃষ্টি কৰিবলৈ আগবঢ়োৱাতে প্রথমে বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহত শিশুবন্ধুত্বমূলক পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত কৃতকার্য হ’ব লাগিব। ইয়াৰ বাবে বিদ্যালয়ৰ প্ৰতিজন শিক্ষকে শ্ৰেণীকোঠাত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যি কি নহওক, শ্ৰেণীকোঠাত শিশুবন্ধুত্বমূলক পৰিৱেশ সৃষ্টি কৰাৰ বাবে শিক্ষকে তলত আলোচনা কৰা দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

(১) শিক্ষক আৰু শিক্ষাৰ্থীৰ সহযোগিতা বা অংশ গ্রহণ [Participation of Teachers and Students] : শিশুবন্ধুত্বমূলক শ্ৰেণীকোঠাত সকলো দিশ আৰু কামত শিক্ষক আৰু শিক্ষাৰ্থীৰ অংশ গ্রহণ অতি প্রয়োজন। সেয়েহে এনেধৰণৰ শ্ৰেণীকোঠাত শিক্ষকে জাতি, ধর্ম, বর্ণ, ধনী-দুখীয়া নিবিশেষে সকলো শিক্ষার্থীক সমানে অংশগ্ৰহণৰ সুবিধা দিব লাগে। শ্রেণীকোঠাত কোনো অনগ্ৰসৰ শিক্ষার্থী থাকিলে, ভাষাৰ সমস্যা থকা [Language difficulties] শিক্ষার্থী থাকিলে নাইবা অন্য যিকোনো ধৰণৰ অসমৰ্থতা [disabilities] থকা শিক্ষার্থী থাকিলে সহানুভূতিসহকাৰে আগবঢ়াই নিবলৈ যত্ন কৰিব লাগিব আৰু তেওঁলোকৰ উপস্থিতি আৰু অংশগ্ৰহণৰ বাবে বিশেষ পদক্ষেপ ল’ব লাগিব৷ শ্ৰেণীকোঠাত হোৱা সভা আৰু আলোচনাত সকলো ধৰণৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণ আৰু উপস্থিতিৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিব আৰু তেওঁলোকৰ প্ৰয়োজন আৰু মতামতক সন্মান জনাব লাগিব। 

শিক্ষাৰ্থীসকলৰ প্ৰকৃতি আৰু উচ্চতা অনুসৰি শ্ৰেণীকোঠাত বহাৰ ব্যৱস্থা [seating arrangements] নিয়াৰীকৈ কৰিব লাগিব আৰু প্রয়োজনবোধে বহাৰ ঠাই সলনি কৰাৰো ব্যৱস্থা কৰিব লাগিব৷ কিছুমান শ্রেণীত বিভিন্ন ধৰণৰ সমস্যা থকা আৰু লাজকুৰীয়া শিক্ষার্থী থাকিব পাৰে। শ্ৰেণীত তেওঁলোকৰ উপযুক্ত অংশগ্রহণ আৰু সহযোগিতা নিশ্চিত কৰিব লাগিব। শিক্ষার্থীসকলৰ নিজা চিন্তাধাৰা আৰু দৃষ্টিভংগীৰ প্ৰকাশ কৰাৰ সুবিধা দিয়াৰ বাবে শিক্ষকে শ্ৰেণীকোঠাত ঘোষণা ব’ৰ্ড [Bulletion Board] আৰু শিক্ষাৰ্থীৰ মতামত প্রকাশ বক্সৰ ব্যৱস্থা কৰিব পাৰে। ইয়াৰোপৰি শিক্ষাৰ্থীসকলৰ বাবে যুগুত কৰা সামাজিক প্ৰকল্পৰ [Community Project] কার্যসমূহ সম্পাদন কৰিবৰ বাবে শ্ৰেণীকোঠাত প্রয়োজনবোধে উপযুক্ত সময়ত অভিভাৱক আৰু সমাজৰ দায়িত্বশীল ব্যক্তিৰ উপস্থিতি আৰু অংশ গ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। মুঠৰ ওপৰত শিশুবন্ধুত্বমূলক শ্রেণীকোঠাত শিক্ষক, শিক্ষার্থী, অভিভাৱক আৰু সমাজৰ দায়িত্বশীল ব্যক্তিৰ উপস্থিতি আৰু অংশ গ্ৰহণ অতি গুৰুত্বপূৰ্ণ। 

(২) শিক্ষাৰ্থীৰ স্বাস্থ্য আৰু কুশল-মংগল [ Health and Wellbeing of Students) : দার্শনিক পণ্ডিত প্লেটোৱে কৈছিল “এক সুস্থ দেহতহে সুস্থ মনৰ সঞ্চাৰ কৰিব পাৰি।” শিক্ষাৰ্থীসকল সুস্বাস্থ্যৰ অধিকাৰী হ’লেহে শ্ৰেণীকোঠাত উপযুক্ত শিক্ষাদান আৰু শিক্ষাগ্রহণ সম্ভৱ হয়। শিশু বন্ধুত্বমূলক শ্ৰেণীকোঠাৰ শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে প্রয়োজনীয় ব্যৱস্থা,লোৱা তাৰ বাবে শ্রেণী শিক্ষকে নিয়মীয়াকৈ প্ৰতিজন শিক্ষাৰ্থীৰ স্বাস্থ্য সম্পৰ্কীয়195 তথ্যসমূহৰ খতিয়ান ল’ব লাগে । আৰু নিৰ্দিষ্ট বহীত [Reading book] লিপিবদ্ধ কৰিব লাগে। শিক্ষাৰ্থীসকলৰ মাজত কোনো শিক্ষাৰ্থীৰ শ্ৰৱণ [Audio or hearing] দর্শন [Visual or vision] বা অন্য কোনো তেনেধৰণৰ সমস্যা থাকিলে তাক বিচাৰি উলিয়াব লাগে আৰু প্ৰয়োজনবোধে বিহিত ব্যৱস্থা ল’বলৈ অভিভাৱকক পৰামৰ্শ প্ৰদান কৰিব লাগে। 

অলাগতিয়াল কাগজ-পত্ৰ আৰু অন্যান্য জাবৰ-জোথৰ পেলাব পৰাকৈ প্ৰতিটো শ্ৰেণীকোঠাত ঘঁৰাৰ [Waste disposal box] ব্যৱস্থা কৰিব লাগে আৰু শিক্ষাৰ্থীক তাৰ ব্যৱস্থাৰ শিকাব লাগে, যাতে শ্রেণীকোঠাতো পৰিষ্কাৰ হৈ থাকে। শ্রেণীকক্ষৰ লগত প্ৰস্ৰাৱাগাৰ সংলগ্ন হৈ থাকিলে তাক পৰিষ্কাৰকৈ ৰাখিবলৈ শিক্ষার্থীসকলক শিকাব লাগে। ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বাবে প্ৰতিখন বিদ্যালয়ত, সম্ভৱ হ’লে প্ৰতিটো শ্ৰেণীকোঠাত বেলেগ বেলেগ প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা থাকিব লাগে।

(৩) শিক্ষাৰ্থীৰ নিৰাপত্তা আৰু আশ্রয় [Safety and Protection of Students] : শ্রেণী শিক্ষকে শ্রেণীকোঠাত শিক্ষাৰ্থীক উপযুক্ত নিৰাপত্তা প্ৰদান কৰিবলৈ হ’লে তুলৰ দিশসমূহৰ প্রতি দৃষ্টি নিক্ষেপ কৰিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে অধ্যক্ষৰ জড়িয়তে এই দিশসমূহ পূৰ্ণাংগ ৰূপত সজাই তুলিব লাগিব।

(ক) শ্ৰেণীকোঠাৰ চকী-মেজ, বেঞ্চ-ডেক্সসমূহ শিক্ষাৰ্থীৰ বয়স আৰু উচ্চতা অনুসৰি উপযোগী হয় নে নহয়।

(খ) শ্রেণীকোঠাটো শিক্ষার্থী অনুযায়ী আহল-বহল, ওখ, উপযুক্ত পোহৰৰ ব্যৱস্থা আছে নে নাই।

(গ) শ্রেণীকোঠাটোত শিক্ষার্থীসকলে দলীয় কাম-কাজ [Group work] কৰিব পৰা পৰিবেশ আছে নে নাই।

(ঘ) শ্রেণীকোঠাটোত শিক্ষাদানৰ সঁজুলিসমূহ ৰাখিব আৰু প্ৰদৰ্শন কৰিব পৰা ব্যৱস্থা আছে নে নাই।

(ঙ) শ্রেণীকোঠাটোত ঘোষণা ব’ৰ্ড আৰু প্ৰদৰ্শন ব’ৰ্ড [Bulleting board and Display board] ৰ ব্যৱস্থা আছে নে নাই।

(চ) শ্ৰেণীকোঠাটো পৰিষ্কাৰ-পৰিচ্ছন কৰি ৰখা হৈছে নে নাই। 

(ছ) শ্রেণীকোঠাত অতি প্রয়োজনীয় প্রাথমিক শিক্ষণ সঁজুলিসমূহ আছে নে নাই।

ওপৰত উল্লেখ কৰা বিষয়বস্তুসমূহৰ উপৰি শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ উপযুক্ত নিৰাপত্তা প্রদান কৰিবৰ বাবে শ্রেণী শিক্ষকে সকলো শিক্ষাৰ্থীৰ লগত আলোচনা কৰি শিক্ষাৰ্থীৰ আচাৰ-আচৰণ পাৰস্পৰিক সহায়-সহযোগিতা আদিৰ বাবে সর্বজনগাহ্য নীতিনিয়ম শ্ৰেণীকোঠাৰ বাবে প্ৰস্তুত কৰিব লাগিব আৰু এই নীতিনিয়মসমূহ সকলো শিক্ষার্থীক মানি চলিবলৈ পৰামৰ্শ দান কৰিব লাগিব। শ্ৰেণীকোঠাত শিক্ষাগ্ৰহণ কৰোঁতে শিক্ষার্থীসকলে অনুভৱ কৰা অভাৱ আৰু সমস্যাসমূহ দূৰীকৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰোপৰি শিক্ষাৰ্থীসকলক শ্রেণীকক্ষত প্রয়োজনীয় অনুশাসন মানি চলিবলৈ শ্ৰেণীশিক্ষকে পৰামৰ্শ দিব লাগিব।

(৪) শিক্ষাৰ্থীৰ নামভৰ্ত্তি আৰু খতিয়ান [Enrollment and Retention of Students] : শ্ৰেণীত নামভৰ্ত্তি কৰা প্ৰত্যেকজন শিক্ষার্থীক নাম অন্তর্ভুক্তিত সহায় কৰিব লাগে আৰু শ্ৰেণী শিক্ষকজনে প্রতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ খতিয়ান ৰাখিব লাগে। কোনো শিক্ষার্থী শ্রেণীত উপস্থিত নাথাকিলে শিক্ষার্থীজন কিয় শ্ৰেণীকোঠাত অনুপস্থিত আছে তাক জানিব লাগিব আৰু পৰৱৰ্ত্তী সময়ত শিক্ষার্থীজনৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰিব লাগিব। কোনো শিক্ষার্থীয়ে দীঘলীয়া সময় শ্ৰেণীত উপস্থিত নাথাকিলে প্রয়োজনবোধে অভিভাৱকক জনাব লাগিব আৰু তেওঁলোকৰ সহায় ‘ল’ব লাগিব ।

(৫) শিক্ষাৰ্থীৰ শৈক্ষিক সফলতা [Academic Success of Students] : শিক্ষাৰ্থীৰ শৈক্ষিক দিশৰ সফলতা লাভত শিশুবন্ধুত্বমূলক শ্রেণীকোঠাই বিশেষ ভাৱে সহায় কৰিব পাৰে। এই ক্ষেত্ৰত শ্রেণী শিক্ষকে শিশু মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগ কৰি শ্রেণীকোঠাত শিশুকেন্দ্ৰিক আৰু শিশুবন্ধুত্বমূলক শিক্ষণ-শিকন প্ৰক্ৰিয়া প্ৰয়োগ কৰা প্ৰয়োজন। এই ক্ষেত্ৰত শিক্ষকসকল শিক্ষাদানৰ সময়ত শিক্ষাৰ্থীৰ সাম্ভাৱ্য মানসিক বিকাশৰ স্তৰলৈ নামি যাব লাগিব আৰু কোনো এটা নতুন পাঠদানৰ সময়ত সেই বিষয়ত শিক্ষাৰ্থীৰ পূৰ্বজ্ঞানৰ সম্বন্ধে জানি লোৱাৰ পাছতহে মূল পাঠটো শিক্ষাৰ্থীৰ লগত আলোচনা কৰা দৰকাৰ। শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ যোৱাৰ আগতে শিক্ষকে প্রয়োজনীয় পাঠ্যপুথি আৰু শিক্ষণ আহিলাসমূহ প্রস্তুত কৰি ল’ব লাগিব। শিক্ষাৰ্থীৰ শিক্ষা আহৰণৰ প্ৰকৃতি আৰু সামৰ্থৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে পাঠটোকা প্ৰস্তুত কৰি ল’ব লাগিব। 

শিক্ষাদানৰ সময়ত প্ৰয়োজনীয় শিক্ষণীয় শ্ৰৱণ-দৰ্শন সঁজুলিসমূহ উপযুক্ত সময় আৰু স্থানত প্ৰদৰ্শন কৰিব লাগিব। বিষয়বস্তুৰ প্ৰকৃতি আৰু গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত শিক্ষাদান পদ্ধতি প্রয়োগ কৰিব লাগিব। শিক্ষাদানৰ সময়ত শিক্ষাৰ্থীসকলৰ অংশগ্রহণ নিশ্চিত কৰিবৰ বাবে আৰু তেওঁলোকৰ চিত্তা আৰু উদ্ভাৱনী শক্তিৰ প্ৰকাশৰ সুবিধা দিব পৰাকৈ বিষয়বস্তুৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিব লাগিব আৰু সকলো শিক্ষার্থীকে আত্ম-প্ৰকাশৰ সুবিধা প্রদান কৰিব লাগিব । শিক্ষাৰ্থীয়ে প্ৰশ্নসমূহৰ উত্তৰ দিব নোৱাৰিলে নাইবা ভুল উত্তৰ দিলে কোনোধৰণৰ শাৰীৰিক নাইবা মানসিক শাস্তি দিব নালাগিব। চমুকৈ ক’বলৈ হ’লে, শিক্ষাৰ্থীৰ শৈক্ষিক দিশত সফলতা লাভ কৰাৰ ক্ষেত্ৰত শিশুবন্ধুত্বমূলক শ্রেণীকোঠাৰ ভূমিকা অপৰিসীম। 

(৬) শিক্ষকৰ অভিৰোচন [Motivation of Teacher] : শিক্ষার্থীক উপযুক্তভাৱে শিক্ষাদান কৰি সফল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ হ’লে শিক্ষকসকলৰো অভিৰোচনৰ প্ৰয়োজন। এই ক্ষেত্ৰত শিক্ষকসকলৰ বৃত্তিগত দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। প্রয়োজনবোধে শিক্ষকসকলক শিক্ষা বৃত্তিত যোগদান কৰাৰ পিছত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। যিহেতু এনেধৰণৰ প্রশিক্ষণে শিক্ষকৰ শিক্ষাদানৰ দক্ষতা বৃদ্ধি কৰে।

(৭) সম্প্ৰদায়ৰ সহযোগিতা [Community Support] : শিশুবন্ধুত্বমূলক শ্রেণীকোঠাত সম্প্ৰদায়ৰ সদস্যসকলৰ পূৰ্ণ সহযোগিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। সেহে শ্রেণীশিক্ষকে শিক্ষক আৰু শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাত কি কি আৰু কেনেধৰণৰ কাম কৰিছে সেই বিষয়ে জনাবৰ বাবে সময় সাপেক্ষে অভিভাৱক আৰু সম্প্ৰদায়ৰ সচেতন আৰু আগ্ৰহী সদস্যসকলক নিমন্ত্রণ জনাব লাগে। শ্রেণী শিক্ষকে তেওঁলোকৰ লগত শিক্ষাৰ্থীসকলৰ কৃতকার্যতা বা সফলতা, সফলতাত বাধাৰ সৃষ্টি কৰা কাৰকসমূহ, ইয়াৰ প্ৰতিকাৰৰ বাবে ল’ব লগা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিব লাগে। 

শিক্ষার্থীসকলে বিদ্যালয়লৈ অহাৰ পথত সৃষ্টি হোৱা অসুবিধাসমূহ, এই ক্ষেত্ৰত তেওঁলোকৰ প্ৰয়োজনীয় নিৰাপত্তা, কোনো কোনো শিক্ষাৰ্থীৰ অনিয়মীয়া উপস্থিতিৰ কাৰণ, বিশেষভাৱে সক্ষম শিক্ষার্থী যদি শ্রেণীকোঠাত থাকে তেওঁলোকৰ বিশেষ প্রয়োজনীয়তাসমূহ আৰু বিষয়সমূহ অভিভাৱকসকলৰ লগত আলোচনা কৰি ইয়াৰ সমাধানৰ উপায়সমূহ বিচাৰি উলিয়াব লাগে। ইয়াৰ উপৰি শিশুবন্ধুত্বমূলক শ্রেণীকোঠাত শিক্ষকে নিৰক্ষৰ অভিভাৱকক শিক্ষাদানৰ ব্যৱস্থাও কৰা দৰকাৰ। মুঠৰ ওপৰত শ্রেণীকোঠাৰ পৰিৱেশ শিশুবন্ধুত্বমূলক, কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ গুৰুত্ব অপৰিসীম।

6. Girl Friendly Classroom.

উত্তৰঃ লিংগভেদে ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বিভিন্ন দিশত কৃতিত্ব সমন্ধে জানিবৰ বাবে বহুতো অধ্যয়ন কৰা দেখা যায়। ২০০৪ চনত ৰবিনছন আৰু গিলিব্ৰেণ্ডে কৰা অধ্যয়নত প্ৰকাশ পাইছে যে,একক লিংগ বিদ্যালয়ত [Single Sex School] অধ্যয়ন কৰা ছোৱালী শিক্ষার্থীয়ে গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। জিমিনেক্স [Jimenex] আৰু লকহিডে [Lockheed] নৱম শ্ৰেণীত অধ্যয়ন কৰা মুঠ ৩,২৬৫ জন ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ অংক বিষয়ত লাভ কৰা নম্বৰ সংগ্ৰহ কৰিছিল। এই তথ্যসমূহ তেওঁলোকে সহশিক্ষাৰ শিক্ষানুষ্ঠান [Co-education Institutes] আৰু একক লিংগ বিদ্যালয়ৰ [Single Sex school] পৰা সংগ্ৰহ কৰিছিল। সংগৃহীত তথ্যসমূহ অধ্যয়ন কৰি তেওঁলোকে দেখিবলৈ পাইছিল যে, ছোৱালী বিদ্যালয়ত [Coeducational School] অধ্যয়ন কৰা ছোৱালী শিক্ষাৰ্থীয়ে অংক বিষয়ত ভাল নম্বৰ পাবলৈ সক্ষম হৈছিল। অন্যহাতেদি, সহ-শিক্ষাৰ বিদ্যালয়ত -[Co-educational School] অধ্যয়ন কৰা ছোৱালী শিক্ষাৰ্থীসকলে ল’ৰা শিক্ষাৰ্থীসকলৰ দৰে ভাল নম্বৰ পাবলৈ সক্ষম হোৱা নাছিল। 

সাধাৰণতে ছোৱালী শিক্ষাৰৰ্থীসকলে একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰিলে তেওঁলোকে শিক্ষকৰ লগত আৰু সহপাঠী শিক্ষাৰ্থীৰ লগত দ্বিধাহীন ভাৱে মিলামিছা আৰু সহযোগিতা কৰে আৰু মনৰ ভাৱ, সমস্যা আদি মুকলিকৈ প্ৰকাশ কৰে। কিন্তু সহ শিক্ষাৰ বিদ্যালয়ত অধ্যয়ন কৰা ছোৱালী শিক্ষার্থীয়ে বহু ক্ষেত্ৰত মনৰ ভাৱ, সমস্যা আদি মুকলিকৈ প্ৰকাশ নকৰে আৰু ল’ৰা শিক্ষাৰ্থীৰ সন্মুখত তেওঁলোকে নিজকে দুৰ্বল আৰু পিছপৰা বুলি ভাবিবলৈ শিকে। গৱেষকসকলে এই ক্ষেত্ৰত মতপোষণ কৰে যে আমাৰ শিক্ষানুষ্ঠানসমূহৰ শ্ৰেণীকোঠাসমূহ ছোৱালীবন্ধুত্বমূলক নোহোৱা বাবে এনেধৰণৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় ৷ 

বিশেষকৈ সহশিক্ষাৰ বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাত প্ৰায়বোৰ শিক্ষকে ল’ৰা শিক্ষাৰ্থীৰ প্ৰতি বেছি মনোযোগ প্ৰদৰ্শন কৰে আৰু ছোৱালী শিক্ষাৰ্থীসকলৰ প্ৰতি অৱজ্ঞাসূচক মনোভাৱ পোষন কৰে। প্ৰকৃতিগতভাৱে ছোৱালী শিক্ষাৰ্থীসকল নম্ৰ, অমায়িক, লাজুকীয়া আৰু অন্তমুখী [Introvert] হোৱা বাবে শ্ৰেণীকোঠাত ল’ৰা শিক্ষাৰ্থীসকলৰ দৰে আগতীয়াকৈ আৰু মুকলিভাৱে মনৰ ভাৱ প্ৰকাশ নকৰে বা প্ৰকাশ কৰিবলৈ আগবাঢ়ি নাহে। কোনো বিষয়বস্তুৰ জ্ঞান ভালদৰে থাকিলেও ল’ৰা শিক্ষাৰ্থীসকলৰ সন্মুখত আৰু শিক্ষকৰ সন্মুখত প্ৰকাশ কৰিবলৈ লাজ কৰে। কিন্তু বহু শিক্ষকে এই দিশটোৰ প্ৰতি লক্ষ্য নাৰাখি ছোৱালী শিক্ষাৰ্থীসকলৰ প্ৰতি ঋণাত্মক মনোভাৱ প্ৰকাশ কৰে আৰু তেওঁলোক সকলো দিশত ল’ৰা শিক্ষাৰ্থীৰ তুলনাত পিছপৰা বুলি ধৰি লৈ অৱজ্ঞাসূচক মনোভাৱ শ্ৰেণীকোঠাত প্ৰকাশ কৰে। শ্ৰেণীকোঠাত ছোৱালী শিক্ষাৰ্থীসকলৰ অন্তর্নিহিত মানসিক সামৰ্থ আৰু দিক্ষতাসমূহৰ বিকাশ আৰু প্ৰকাশৰ উপযুক্ত পৰিৱেশ সৃষ্টি নকৰে। সেয়েহে আমাৰ সকলো শিক্ষানুষ্ঠানত শ্ৰেণীকোঠাসমূহ ছোৱালীবন্ধুত্বমূলক হোৱা প্রয়োজন। তেতিয়াহে ছোৱালী শিক্ষাৰ্থীসকলৰ সৰ্বতোমুখী বিকাশ আৰু প্ৰকাশ সম্ভৱপৰ হ’ব। শ্ৰেণীকোঠাসমূহ ছোৱালীবন্ধুত্বমূলক কৰি গঢ়ি তুলিবলৈ হ’লে তলৰ দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। 

১। শিক্ষকে শ্রেণীকোঠাত এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব, য’ত ছোৱালী শিক্ষার্থীসকলে সম্পূর্ণ নিৰাপত্তা অনুভৱ কৰিব পাৰে।

২। ছোৱালী শিক্ষার্থীকলে তেওঁলোকৰ মনৰ ভাৱ, আগ্রহ, অভিৰুচি আদি প্ৰকাশ কৰিব পৰা পৰিৱেশ সৃষ্টি কৰিব লাগিব।

৩। ছোৱালী শিক্ষার্থীসকলক কোনোধৰণৰ শাৰীৰিক নাইবা মানসিক শান্তি দিব নালাগিব।

৪। শ্ৰেণীকোঠাত লগৰ ল’ৰা শিক্ষার্থী বা শিক্ষকে ছোৱালী শিক্ষার্থীসকলক অৱসজ্ঞাসূচক মন্তব্য, যৌন আতিশায্য হ’ব পৰা শব্দ বা ভাষা প্রয়োগ কৰা পৰিৱেশ থাকিব নালাগিব।

৫। শিক্ষকসকলে শ্রেণীকোঠাত লিংগভেদে সকলো শিক্ষার্থীক সমান মূল্য দিব লাগিব আৰু লিংগভেদে সম মর্যদা প্ৰদান কৰিব লাগিব ।

৬। বিদ্যালয়ত উপযুক্ত প্রশিক্ষণ প্রাপ্ত শিক্ষক নিয়োগ কৰিব লাগিব আৰু শ্ৰেণীকোঠাত ছোৱালী বন্ধুত্বমূলক পৰিৱেশ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি মহিলা প্রশিক্ষণপ্রাপ্ত শিক্ষক নিযুক্তিত গুৰুত্ব প্ৰদান কৰিব লাগিব৷ যিহেতু শ্ৰেণীকোঠাত মহিলা শিক্ষয়িত্রী থাকিলে ছোৱালী শিক্ষাৰ্থীসকলে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সুবিধা লাভ কৰে।

৭। শ্রেণীকোঠাত হোৱা সকলো আলোচনা আৰু কার্যক্রমণিকাত ল’ৰা শিক্ষাৰ্থীৰ সমানে ছোৱালী শিক্ষার্থীৰো অংশগ্রহণ নিশ্চিত হ’ব লাগিব আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু অভিজ্ঞতাসমূহৰ বিষয়ে প্ৰকাশ কৰাৰ সুবিধা দিব লাগিব। 

৮। ছোৱালী শিক্ষাৰ্থীসকলৰ কাম-কাজ আৰু কৃতকার্যতাৰ শলাগ ল’ব লাগিব আৰু উপযুক্ত মর্যাদা দান কৰিব লাগিব।

৯। শিক্ষকে কোনো এটা প্ৰশ্নৰ উত্তৰ বিচাৰোতে ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীক সমানে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু ছোৱালী শিক্ষাৰ্থীসকলক উত্তৰ দিবলৈ উদগনি যোগাব লাগে।

১০। ছোৱালী শিক্ষার্থীসকলে মনৰ ভাৱ প্ৰকাশ,কৰোতে শিক্ষকে মাজতে হস্তক্ষেপ কৰিব নালাগে। যিহেতু তেওঁলোক বেছি আবেগপ্ৰৱণ।

১১। ছোৱালী শিক্ষাৰ্থীসকলৰ বাবে বেলেগ নিৰাপদ, পৰিষ্কাৰপৰিচ্ছন্ন প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা থাকিব লাগে আৰু প্ৰয়োজনীয় পানীৰ সুবিধা থাকিব লাগে।

১২। ছোৱালী শিক্ষাৰ্থীৰ বাবে বেলেগে পৰিষ্কাৰ আৰু নিৰাপদ খোৱা পানীৰ ব্যৱস্থা শ্ৰেণীকোঠাত থাকিব লাগে।

১৩। শ্রেণীকোঠাত শিক্ষকে ছোৱালী শিক্ষাৰ্থীসকলৰ লগত ল’ৰা শিক্ষাৰ্থীসকলক কৰাৰ দৰে সমানে সহযোগিতা কৰিব লাগে আৰু চাক্ষুস সংযোগ কৰিব লাগে।

১৪। ছোৱালী শিক্ষার্থীসকলক আকৰ্ষণ কৰিব পৰা শিক্ষাদানৰ পদ্ধতি প্ৰয়োগ কৰিব লাগে আৰু তেওঁলোকৰ আগ্ৰহ, অভিৰুচি, মনোভাৱ আদিক প্রাধান্য দি উপযুক্ত শিক্ষণ-শিকন আহিলা শ্ৰেণীকোঠাত ব্যৱহাৰ কৰি ছোৱালী শিক্ষার্থীসকলত শিক্ষা গ্ৰহণৰ প্ৰতি অভিৰোচন সৃষ্টি কৰিব লাগে।

১৫ । শ্ৰেণীৰ দলীয় নেতা নিৰ্বাচনৰ ক্ষেত্ৰত উপযুক্ত ছোৱালী শিক্ষার্থীক প্রতিনিধিত্ব কৰাৰ সুবিধা প্ৰদান কৰিব লাগিব।

১৬। শ্রেণীকোঠাত হোৱা বিভিন্ন কাম-কাজৰ মূল্যায়ন আৰু  আভ্যন্তৰীণ মূল্যায়নৰ ক্ষেত্ৰত শিক্ষকে ছোৱালী শিক্ষাৰ্থীসকলৰ প্ৰতি নিৰপেক্ষ হ’ব লাগিব। 

অর্থাৎ শ্ৰেণীকোঠাত হোৱা সকলো বিষয়ৰ মূল্যায়নৰ সময়ত শিক্ষকসকল সম্পূর্ণ ব্যক্তিনিষ্ঠ হ’ব লাগে আৰু ল’ৰা শিক্ষাৰ্থীসকলৰ প্ৰতি দুৰ্বলতা প্ৰকাশ কৰিব নালাগে।

বর্তমান শিক্ষা ব্যৱস্থাত ল’ৰা আৰু ছোৱালী সকলো শিক্ষাৰ্থীৰ সৰ্বতোমুখী আৰু সমবিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত সকলো শিক্ষাৰ্থীৰ বাহ্যিক আৰু আভ্যন্তৰীণ মানসিক শক্তি আৰু সামৰ্থসমূহৰ বিকাশ আৰু প্ৰকাশ শ্ৰেণীকোঠাৰ পৰাই আৰম্ভ হয়। সেয়েহে শ্ৰেণীকোঠাৰ পৰিৱেশত শিক্ষাৰ্থীৰ সৰ্বতোমুখী বিকাশ সাধন কৰিবলৈ হ’লে শিক্ষকৰ বন্ধুত্বমূলক আচৰণে বিশেষ ভাৱে সহায় কৰিব লাগে। অর্থাৎ শ্ৰেণীকোঠাসমূহ ল’ৰা আৰু ছোৱালী বন্ধুতবমূলক হোৱা অতি প্রয়োজন। শ্রেণীকক্ষত ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ আচৰণ আৰু প্ৰকৃতি বেলেগ বেলেগ হোৱা দেখা যায় আৰু ছোৱালী শিক্ষার্থীসকলে আত্মপ্রকাশ বাবে কম সহায় আৰু সুবিধা পায়। সেয়েহে শিক্ষার্থীসকলে শ্রেণী কোঠাসমূহত অধিক ছোৱালী বন্ধুবমুলক পৰিবেশ গঢ়ি তুলিলে ছোৱালী শিক্ষার্থী আত্মপ্রকাশ আৰু সৰ্বতোমুখী বিকাশ সাধন সম্ভৱপৰ হ’ব। এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি বহুতো শিক্ষাবিদ আৰু অভিভাৱকে একক লিংগ বা একগোত্রীয় [Single sex school] বিদ্যালয়ৰ সপক্ষে মতপোষণ কৰে।

7. Single Sex School. Advantages of Single Sex School. Disadvantages of Single Sex School.

উত্তৰঃ একক লিংগ বা একগোত্রীয় বিদ্যালয় হৈছে এনে এক শিক্ষানুষ্ঠান য’ত কেৱল ছোৱালী বা ল’ৰা শিক্ষাৰ্থীয়ে অধ্যয়ন কৰাৰ সুবিধা লাভ কৰে। বিশ্বৰ বিভিন্ন দেশত সামাজিক পৰম্পৰা আৰু দৃষ্টিভংগী বেলেগ হোৱা বাবে শিক্ষাৰ দিশতো ভিন্ন দৃষ্টিভংগী দেখা যায়। বহুত দেশত অভিভাৱকসকলে তেওঁলোকৰ ল’ৰা  ছোৱালী যৌৱনপ্ৰাপ্তিৰ পিছত সহ শিক্ষাৰ বিদ্যালয়ত শিক্ষা গ্রহণ কৰাতো পছন্দ নকৰে। বিশেষকৈ ছোৱালী সন্তানৰ ক্ষেত্ৰত বহু সংখ্যক অভিভাৱকে তেওঁলোকৰ ছোৱালী কৈশোৰত ভৰি দিয়াৰ পিছত একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰিলে অধিক নিৰাপদ বুলি অনুভৱ কৰে আৰু এনে বিদ্যালয়ত তেওঁলোকৰ ছোৱালী সন্তানে ব্যক্তিত্ব বিকাশ আৰু প্ৰকাশৰ অধিক সুবিধা লাভ কৰিব বুলি আশা কৰে। 

সেয়েহে এই সকল অভিভাৱক তেওঁলোকৰ সন্তানক একক লিংগ বিদ্যালয়ত শিক্ষা প্রদানত অধিক গুৰুত্ব দিয়ে। একক লিংগ বিদ্যালয়সমূহ সেয়েহে মাধ্যমিক আৰু উচ্চ শিক্ষাৰ স্তৰতহে দেখিবলৈ পোৱা যায় ৷ উনৈশ শতিকাৰ আগলৈকে বিশ্বৰ বিভিন্ন, দেশত মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত এনেধৰণৰ একক লিংগ বিদ্যালয়ৰ সংখ্যা যথেষ্ট আছিল। কুৰি শতিকাৰ প্ৰথম দশকৰ পৰা একক লিংগ বিদ্যালয়ৰ সংখ্যা ক্রমাগত ভাৱে হাস পাবলৈ ধৰে। বৰ্তমান সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত মুঠ বিদ্যালয়ৰ মাত্ৰ একৰ পৰা দুই শতাংশ বিদ্যালয়হে একক লিংগ’ বিদ্যালয়ৰ অন্তভুক্ত। 

অৱশ্যে বেলজিয়াম, চিলি, চিংগাপুৰ, গ্রেট ব্রিটেইন, ইংলেণ্ড, হংকং, ইজৰাইল, নিউজিলেণ্ড, অষ্টেলিয়া, দক্ষিণ-কুৰিয়া আৰু প্ৰায়বোৰ ইছলামিক দেশত একক লিংগ বিদ্যালয়ৰ সংখ্যা দহ শতাংশতকৈ বেছি। শেহতীয়াকৈ পুনৰ প্ৰায়বোৰ দেশত একক লিংগ বিদ্যালয়ৰ গুৰুত্ব বাঢ়িবলৈ ধৰিছে। শিক্ষাবিদ আৰু গবেষকসকলে একক লিংগ বিদ্যালয়ৰ কিছুমান বিশেষ সুবিধাৰ কথা উল্লেখ কৰে। তলত একক লিংগ বিদ্যালয়ৰ সুবিধাসমূহ চমুকৈ আলোচনা কৰা হ’ল। একক লিংগ বিদ্যালয়ৰ সুবিধাসমূহ [Advantages of Single Sex School] 

(১) সকলোৰে বাবে শিক্ষা [Education for all] : ভাৰতবৰ্ষৰ সংবিধানে ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ সকলো ল’ৰা-ছোৱালীক জাতি, ধর্ম, বর্ণ, লিংগ ভেদে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দি আহিছে। কিন্তু স্বাধীনতাৰ ৭০ বছৰৰপাছতো ভাৰতবৰ্ষৰ স্বাক্ষৰতাৰ হাৰ মাত্ৰ ৭৪৪.০৪ শতাংশ। এতিয়াও ২৬ শতাংশ নাগৰিক নিৰক্ষৰ । অন্যহাতেদি মহিলাৰ স্বাক্ষৰতা হাৰ ৬৫.৪৬ শতাংশ। মহিলাৰ নিম্ন স্বাক্ষৰতা হাৰৰ এটা কাৰণ হৈছে বহু সংখ্যক অভিভাৱকে তেওঁলোকৰ ছোৱালী সন্তানক সহশিক্ষাৰ বিদ্যালয়ত নামভৰ্ত্তি কৰাটো নিবিচাৰে। এনে ধৰণৰ অভিভাৱকৰ ছোৱালী সন্তানক শিক্ষাদানৰ ক্ষেত্ৰত একক লিংগ বিদ্যালয়ে সহায় কৰিব পাৰে আৰু তেতিয়াহে ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ সকলো ল’ৰা-ছোৱালীক বিনামূলীয়া বাধ্যতামূলক শিক্ষা দানৰ লক্ষ্যত উপনীত হ’ব পৰা যাব।

(২) শিক্ষাগ্রহণত বাধাৰ পৰিমান হ্রাস [Decreases Distractions in Learning] : শিক্ষাবিদ আৰু গৱেষকসকলৰ অধ্যয়নত প্ৰকাশ পাইছে যে, মাধ্যমিক স্তৰৰ একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰা ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ কৃতিত্ব আৰু শিক্ষাগ্ৰহণৰ মান সহশিক্ষাৰ বিদ্যালয়ৰ শিক্ষার্থীতকৈ অধিক উন্নত মানদণ্ড। শিক্ষাবিদসকলৰ মতে, সহ-শিক্ষানুষ্ঠানত অধ্যয়ন কৰা শিক্ষার্থীসকলে এই বয়সত বিপৰীত লিংগৰ প্ৰতি থকা, আকৰ্ষণৰ বাবে মানসিক অন্তদণ্ডত ভোগে আৰু শিক্ষাপ্ৰহণৰ সময়ত শ্ৰেণীকোঠাত সম্পূৰ্ণ মনোনিবেশ কৰিব নোৱাৰে। যিহেতু শ্ৰেণীকোঠাত ল’ৰা আৰু ছোৱালী শিক্ষার্থীয়ে একেলগে শিক্ষাগ্রহণ কৰে। কিন্তু একক লিংগ বিদ্যালয়ত কৌশোৰৰ এই মানসিক সমস্যা কিছু পৰিমানে কম হোৱা বাবে শিক্ষার্থীসকলে শিক্ষাগ্ৰহণৰ সময়ত ভালদৰে মনোনিবেশ কৰিব পাৰে। 

২০০১ চনত অষ্ট্রেলিয়া শিক্ষা আৰু গৱেষণা প্রতিষ্ঠানে [Australian Council for Educational Research] কৰা এটা সমীক্ষাত প্ৰকাশ পাইছে যে একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰা ল’ৰা আৰু ছোৱালীৰ কৃতিত্বৰ হাৰ সহশিক্ষাৰ বিদ্যালয়ত অধ্যয়ন কৰা ল’ৰা আৰু ছোৱালী শিক্ষার্থীতকৈ ১৫ শতাংশৰ পৰা ২২ শতাংশ পর্যন্ত উন্নত মানৰ। সেই একেটা সমীক্ষাতে প্রকাশ পাইছে যৈ একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰা  ল’ৰা আৰু ছোৱালীৰ নৈতিক আৰু সামাজিক আচৰণ সহ শিক্ষা বিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থীতকৈ উন্নত মানদণ্ডৰ। 

(৩) নিৰাপদ [Safety] : কোনো এখন দেশৰ সামাজিক আৰু ধর্মীয় পৰম্পৰাই শিক্ষা ব্যৱস্থাত প্ৰভাৱ পেলোৱা দেখা যায়। কিছুমান সমাজত আৰু ধৰ্মত এতিয়াও ল’ৰা আৰু ছোৱালী একেলগে মিলা-মিছা কৰাটো সহজ ভাৱে লোৱা নহয় । এনেধৰণৰ চিন্তা, কুসংস্কাৰ, ৰীতি-নীতি প্রচলন হৈ থকা সমাজত অভিভাৱকসকলে তেওঁলোকৰ ছোৱালী সন্তানক সহ শিক্ষাৰ বিদ্যালয়ত অধ্যয়ন কৰাটো সামাজিক দৃষ্টিকোণৰ পৰাও নিৰাপদ বুলি নাভাবে। ২০০১ চনত এছিয়ান ডেভেলেপমেণ্ট বেংকে দৰিদ্ৰত। নিৰূপনৰ ওপৰত কৰা এটা অধ্যয়নত প্ৰকাশ পাইছে যে, কম্বোডিয়ান অভিভাৱকসকলে তেওঁলোকৰ কিশোৰী সন্তানসক। সহ শিক্ষাৰ বিদ্যালয়ত নিৰাপদ বুলি নাভাবে। সেয়েহে তেওঁলোকৰ ছোৱালী সন্তানক একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰাত গুৰুত্ব প্ৰদান কৰে।

(৪) শিক্ষাৰ্থীৰ আচৰণজনিত সমস্যা হ্রাস [Reduces Students Behavior Problem] : সহ শিক্ষাৰ বিদ্যালয়ত্ অধ্যয়ন কবা ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ তুলনাত একক লিংগ বিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থী অধিক নিয়মানুৱৰ্ত্তী, নম্ৰ, আৰু সামাজিক ভাবে গ্রহণযোগ্য আচাৰ আচৰণ কৰা পৰিলক্ষিত হয়। ইয়াৰ বিপৰীতে সহ শিক্ষাৰ বিদ্যালয়ত অধ্যয়নৰত ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীসকলৰ মাজত অপৰাধ প্ৰৱনতাৰ মনোভাৱ পৰিলক্ষিত হয়। গতিকে একক লিংগ বিদ্যালয়ত শিক্ষার্থীসকলৰ আচৰণজনিত সমস্যাসমূহ হাস কৰাৰ সুযোগ অধিক।

(৫) নেতৃত্বদানত অধিক সুবিধা প্রদান [Provide more Leadership Opportunities] : একক লিংগ বিদ্যালয়ত ছোৱালী শিক্ষার্থীসকলে নেতৃত্বদানত অধিক সুবিধা লাভ কৰে। কিন্তু সহ শিক্ষাৰ বিদ্যালয়ত ছোৱালী শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাৰ ভিতৰতেই হওক বা শ্ৰেণীকোঠাৰ বাহিৰতেই হওক, বিদ্যালয়ত আয়োজন কৰা কাম-কাজৰ নেতৃত্বদিয়াৰ সুবিধা কেতিয়াবাহে পোৱা দেখা যায়। গতিকে একক লিংগ বিদ্যালয়ে ছোৱালী শিক্ষাৰ্থীক নেতৃত্ব প্ৰদানৰ সুবিধা দিয়ে।

(৬) শিক্ষাৰ্থীৰ মাজত আত্মসন্মান জগাই [Improves Self-esteem among Students] : বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত মাধ্যমিক স্তৰৰ পৰা আত্মসচেতনতা আৰু আত্মসন্মানবোধ বিকাশৰ প্ৰক্ৰিয়া আৰম্ভ হয়। তেওঁলোকৰ মাজত লিংগ ভিত্তিক আমি অনুভৱ জাগি উঠে আৰু এই ‘আমি’ অনুভৱক ঋণাত্মক দিশত ব্যৱহাৰ নকৰি, ধনাত্মক দিশত ব্যৱহাৰ কৰি শিক্ষাৰ্থীসকলৰ বাহ্যিক আৰু আভ্যন্তৰীণ শক্তি আৰু সামৰ্থসমূহ উপযুক্ত ভাবে শুদ্ধ দিশত প্ৰয়োগ কৰি তেওঁলোক আত্মবিকাশত সহায় কৰাৰ লগতে সামাজিক উন্নয়নত প্ৰয়োগ কৰিব পৰা যায়। বিশেষকৈ একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰা ছোৱালী শিক্ষার্থীসকলে অন্য এখন ল’ৰা একক লিংগ বিদ্যালয় বা সহ-শিক্ষাৰ বিদ্যালয়ৰ লগত সকলো দিশত প্রতিযোগিতা মূলক সামাজিকভাৱে আগবাঢ়ে আৰু ‘আমি কিয় নোৱাৰিম’ মানসিকতাৰে তেওঁলোকৰ প্ৰতিভা আৰু সামৰ্থসমূহৰ বিকাশ আৰু প্ৰকাশৰ সুবিধা লাভ কৰে।

(৭) গতিশীল বা অতুলনীয় শিক্ষাৰ প্ৰসাৰ [Address Unique Learning Styles] : লিংগ ভিত্তিক শিক্ষার্থীসকলৰ শাৰীৰিক আৰু মানসিক শক্তি সামৰ্থৰ পাৰ্থক্য থকাৰ লগতে, তেওঁলোকৰ আগ্রহ, ৰুচি-অভিৰুচি, চিন্তা, মনোভাৱ আৰু প্রয়োজনীয়তাসমূহ বেলেগ’ বেলেগ সহ শিক্ষাৰ বিদ্যালয়ত লিংগভেদে সকলো শিক্ষাৰ্থীৰ মানসিক সামৰ্থ আৰু প্ৰয়োজনীয়তাসমূহৰ বিকাশ আৰু প্ৰকাশৰ সুবিধা প্ৰদান কৰাটো সম্ভৱপৰ নহয়। কিন্তু একক লিংগ বিদ্যালয়ত শিক্ষাৰ্থীৰ বাহ্যিক আৰু আভ্যন্তৰীণ মানসিক প্রয়োজনীয়তাসমূহ পূৰ্ণ কৰিব পৰাকৈ পাঠ্যক্ৰমৰ বিষয় বস্তু প্ৰস্তুত কৰিব পৰা যায় আৰু সহপাঠ্যক্ৰমিক কাৰ্যাৱলীৰ প্ৰয়োগৰ ক্ষেত্ৰতো তেওঁলোকৰ আকাংক্ষিত স্তৰত উপনীত হোৱাকৈ সুবিধা প্ৰদান কৰিব পৰা যায়।

(৮) লিংগ পক্ষপাতিত্ব হ্রাস [Decreases gender Bias] : সহ-শিক্ষাৰ বিদ্যালয়ত শিক্ষাদানৰ সময়ত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ আন্তক্ৰিয়াত বা সমন্ধ স্থাপনত লিংগ অসমতা দেখা যায়। এনেধৰণৰ বিদ্যালয়ত শ্ৰেণীকোঠাৰ ভিতৰত আৰু শ্ৰেণীকোঠাৰ বাহিৰত সম্পাদন কৰা সকলো কাম-কাজ, শিক্ষণ-শিকন, খেলাধূলা, আলোচনা চক্র আদি সকলোতে লিংগ পক্ষপাতিত্ব হোৱা দেখা যায়। বিশেষকৈ শিক্ষকসকলে ল’ৰা শিক্ষাৰ্থীসকলক অধিক গুৰত্ব প্রদান কৰে আৰু ছোৱালী শিক্ষার্থীসকলক কম গুৰুত্ব ব অৱহেলা কৰা পৰিলক্ষিত হয়। কিন্তু একক লিংগ বিদ্যালয়ত এনেধৰণৰ পক্ষপাতিত্ব কৰাৰ পৰিৱেশ নাথাকে।

(৯) শিক্ষাৰ্থীৰ কৃতিত্বৰ উন্নতি [Improves Students Achievement] : বিভিন্ন অধ্যয়ন আৰু গবেষণাত প্ৰকাশ পাইছে যে সহ-শিক্ষাৰ বিদ্যালয়ত অধ্যয়ন কৰা ল’ৰা আৰু ছোৱালী দুয়োধৰণৰ শিক্ষাৰ্থীৰে কৃতিত্বৰ হাৰ উন্নত মানদণ্ডৰ। এই ক্ষেত্ৰত শিক্ষার্থীসকলৰ কেৱল বিদ্যায়তনিক দিশতেই নহয়, অন্য সকলো দিশতে তেওঁলোকৰ কৃতিত্ব সহ-শিক্ষাৰ বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ তুলনাত উন্নত হোৱা দেখা যায়।

(১০) অনগ্ৰসৰ শিক্ষাৰ্থীৰ বাবে সুবিধাজনক [Helpful for Backward or Slow Learners] : একক লিংগ বিদ্যালয়ত বিদ্যায়তনিক দিশত অনগ্ৰসৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাসমূহ দূৰীকৰণত সুবিধা হয়। সহ-শিক্ষাৰ বিদ্যালয়ত ল’ৰা আৰু ছোৱালী শিক্ষার্থীসকলৰ মাজত কোনো কোনো অনগ্রসর শিক্ষার্থীয়ে বিদ্যায়তনিক দিশত মুখামুখি হোৱা সমস্যাসমূহ প্রকাশ কৰিবলৈ লাজ কৰি লুকুৱাই ৰাখে। কিন্তু একক লিংগ বিদ্যালয়ত একে লিংগৰ শিক্ষার্থী থকা বাবে আৰু শিক্ষকসকলেও সমস্যাৰ প্রকৃতি আৰু জটিলতা অনুযায়ী উপযুক্ত সমাধান সূত্র উলিয়াই ল’ব পাৰে।

(১১) যৌন আতিশয্য হ্রাস [Reduces Sexual Harassment] : সহ-শিক্ষাৰ বিদ্যালয়ত ছোৱালী শিক্ষাৰ্থীসকলে বহু সময়ত লগৰ সহপাঠী (ল’ৰা শিক্ষার্থী) আৰু কেতিয়াবা শিক্ষক আৰু অন্যান্য ব্যক্তিৰ পৰা মৌখিক [Verbal] আৰু কেতিয়াবা শাৰীৰিক আতিশয্যৰ সন্মুখীন হ’ব লগীয়া হয়। কিন্তু একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰা ছোৱালী শিক্ষাৰ্থয়ে এনে ধৰণৰ মানসিক আৰু শাৰীৰিক যৌন আতিশয্যৰ সন্মুখীন হোৱাৰ অৱকাশ কম।

(১২) সামাজিক আৰু নৈতিক নির্দেশনাৰ সুবিধা প্রদান [Opportunities to provide Social and Moral Guidance] : সহ-শিক্ষাৰ বিদ্যালয়ৰ তুলনাত একক শিক্ষা বিদ্যালয়ত শিক্ষার্থীক নিৰ্দেশনা প্রদানৰ ক্ষেত্ৰতো সুবিধাজনক স্থিতি পৰিলক্ষিত হয়। শিক্ষার্থীসকলক তেওঁলোকৰ বাঞ্চিত লক্ষ্যত উপনীত কৰিবলৈ উপযুক্ত শৈক্ষিক নিৰ্দেশনা প্রয়োজন। এনেধৰণৰ শৈক্ষিক নিৰ্দেশনা শিক্ষানুষ্ঠানত লাভ কৰা আনুষ্ঠানিক শিক্ষা সমাপ্ত হোৱাৰ পিছত গুৰুত্ব কমি আহে। কিন্তু আনুষ্ঠানিক শিক্ষা সমাপ্তিৰ পিছত শিক্ষাৰ্থীসকলে বাস্তৱ জীৱনত সমাজৰ এজন পূৰ্ণাংগ ব্যক্তি হিচাপে জীয়াই থাকিবলৈ হলে নৈতিক আৰু সামাজিক গুণৰাজি অর্জন কৰিব লাগিব আৰু ইয়াৰ সম্পূৰ্ণ বিকাশৰ বাবে শিক্ষানুষ্ঠানৰ পৰাই নৈতিক আৰু সামাজিক নির্দেশনা প্রদান কৰা দৰকাৰ। এই ক্ষেত্ৰত দেখা যায় যে নৈতিক আৰু সামাজিক নির্দেশনা প্রদান কার্য একক লিংগ বিদ্যালয়ত অধিক ফলপ্ৰসূত ভাৱে প্ৰয়োগ কৰিব পৰা যায়।

ওপৰত আলোচনাৰ পৰা দেখা যায় যে, একক লিংগ বিদ্যালয়সমূহৰ সকলো দিশতে বহুখিনি সুবিধ। আছে। এই সুবিধাসমূহ উপযুক্ত ভাৱে প্ৰয়োগ কৰিব পাৰিলে শিক্ষাৰ্থীসকল যে বহু ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব তাত সন্দেহ নাই। তথাপি একক লিংগ বিদ্যালয়সমূহ সম্পূর্ণ আসোৱাহ শূন্য হ’ব নোৱাৰে। তলত একক লিংগ বিদ্যালয়ৰ অসুবিধাসমূহ চমুকৈ আলোচনা কৰা হ’ল। 

একক লিংগ বিদ্যালয়ৰ অসুবিধাসমূহ [Disadvantages of Single Sex School] : 

(১) কিছুসংখ্যক অভিভাৱকৰ বাবে খৰচী [Costly for a section of Parents] : যিসকল অভিভাৱকৰ দুটা সন্তান ভিন্ন লিংগ, সেই সকল অভিভাৱকৰ বাবে একক লিংগ বিদ্যালয় অর্থনৈতিক ভাৱে বেছি খৰচী হোৱা দেখা যায়। যিহেতু অভিভাৱকসকলে ল’ৰা সন্তানক এখন স্কুললৈ পঠোৱা আৰু ছোৱালী সন্তানক অন্য এখন বিদ্যালয়লৈ বেলেগে পঠোৱাৰ ব্যৱস্থা কৰিব লগা হোৱাত অধিক অর্থ ব্যয় কৰিব লগা হয়। গতিকে এনেধৰণৰ অভিভাৱকে একক লিংগ বিদ্যালয় অগ্ৰাধিকাৰ নিদিয়ে ।

(২) অসুৰক্ষিত [Unprotected] : এনেধৰণৰ দুজন দুই লিংগ সন্তানৰ অভিভাৱকে ছোৱালী সন্তানক অকলশৰীয়াকৈ বিদ্যালয়লৈ পঠোৱা নাইবা অকলশৰীয়াকৈ ঘৰত এৰি যোৱাটো অসুৰক্ষিত অনুভৱ কৰে। ইয়াৰ পৰিৱৰ্ত্তে তেওঁলোকৰ ল’ৰা আৰু ছোৱালী দুই সন্তানক একেলগে সহ-শিক্ষাৰ বিদ্যালয়ত নামভৰ্ত্তি কৰিব বিচাৰে। তেতিয়া পৰস্পৰে পৰস্পৰক সুৰক্ষিত হোৱাত ৰখীয়াৰ [Escort] ভূমিকা পালন কৰিব পাৰে আৰু অভিভাৱকসকলৰ বহুখিনি পৰিশ্ৰম লাঘৱ হয়। ইয়াৰ উপৰি অভিভাৱকে দুইজন সন্তানে বিদ্যালয়ত পালন কৰা ভূমিকা সমন্ধেও ইজনৰ পৰা সিজনৰ খবৰ প্ৰতিদিনে জানি ৰাখিব পাৰে।

(৩) প্রশাসনিক ব্যয়বহুলতা [Administrative Cost] : একক লিংগ বিদ্যালয় প্রতিষ্ঠাৰ কাৰণে অধিক চৰকাৰী মূলধন ব্যয় কৰিব লগা হয়। বিদ্যালয় প্রতিষ্ঠাৰ সময়ত ভূমি নির্বাচন, গৃহ নির্মাণ, শিক্ষক নিযুক্তি, অনান্য কৰ্মচাৰী নিযুক্তি আৰু দৰমহা, বিদ্যালয়ৰ দৈনন্দিন পৰিচালনাৰ খৰচ আদিৰ বাবে চৰকাৰে অধিক আর্থিক বোজা বহন কৰিব লগা হয়।

(৪) গুণগত পৰিচালনাৰ সমস্যা [Problem of Quality Management] : ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বাবে বেলেগ বেলেগ বিদ্যালয় প্রতিষ্ঠা কৰিলে শিক্ষানুষ্ঠানসমূহৰ গুণগত মানদণ্ড অক্ষুণ্ণ ৰাখি পৰিচালনা কৰাটো অধিক কষ্টসাধ্য। যিহেতু ল’ৰা আৰু ছোৱালী দুই ধৰণৰ ৱিদ্যালয়ৰ বাবে ভিন্ন অভিজ্ঞতা সম্পন্ন কৰ্মচাৰী নিয়োগ কৰা প্ৰয়োজন হয় আৰু এই ক্ষেত্ৰত দুয়োটা গোটক বেলেগে বেলেগে প্রশিক্ষণ দিয়া দৰকাৰ। কিন্তু এনেধৰণৰ প্ৰশিক্ষণপ্রাপ্ত কৰ্মচাৰী প্ৰস্তুত কৰি উলিওৱাটো যথেষ্ট কষ্টসাধ্য আৰু ব্যয়বহু।

(৫) প্ৰশিক্ষণ প্রাপ্ত আৰু গুণগত শিক্ষকৰ অভাৱ [Lack of Trained and Qualified Teacher] : ছোৱালী একক লিংগ বিদ্যালয়ত নিযুক্তি দিব পৰাকৈ মহিলা প্রশিক্ষণপ্রাপ্ত আৰু গুণসম্পন্ন শিক্ষকৰ অভাৱ পৰিলক্ষিত হয়। বিশেষকৈ পাকিস্তান, ভাৰতবৰ্ষ, আদি উন্নয়নশীল দেশসমূহত এতিয়াও উপযুক্ত প্রশিক্ষণপ্রাপ্ত আৰু মানবিশিষ্ট মহিলা শিক্ষাৰ্থীৰ সংখ্যা অতি কম।

(৬) বাস্তৱ জীৱনৰ বাবে প্ৰস্তুত কৰিব নোৱাৰে [Cannot Prepare for the real life] : একক লিংগ বিদ্যালয়ত শিক্ষার্থীসকলে বিদ্যায়তনিক দিশত ভাল ফলাফল দেখুৱাব পাৰিলেও ভৱিষ্যতৰ বাস্তৱ পৰিস্থিতি আৰু পৰিৱেশৰ বাবে প্ৰস্তুত হোৱাৰ সহায় কৰিব নোৱাৰে। যিহেতু একক লিংগ বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষার্থীসকলে বিদ্যালয়ত বিপৰীত লিংগৰ লগত মিলামিছা কৰাৰ সুবিধা নোপোৱা বাবে ভৱিষ্যতৰ সাংসাৰিক জীৱনৰ বাবে প্রয়োজনীয় গুণসমূহ যেনে-পাৰস্পৰিক বুজাবুজি আৰু এৰাধৰা কৰা গুণসমূহ আহৰণ কৰিবলৈ সুবিধা নাপায়। ফলস্বৰূপে ভৱিষ্যতে সাংসাৰিক জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু বহুতৰ সাংসাৰিক জীৱন সুখদায়ক হৈ নুঠে। 

(৭) প্ৰতিযোগিতাৰ অভাৱ [Lack of Competition] : সহশিক্ষাৰ বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষার্থীসকলৰ ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ মাজত নিজক প্ৰকাশ আৰু প্ৰতিষ্ঠা কৰাৰ বাবে অঘোষিত প্রতিযোগিতা সদায় চলি থাকে। এই প্রতিযোগিতা বিদ্যায়তনিক বিষয়ৰ উপৰি সহপাঠ্যক্রমিক কার্যাৱলী আৰু সামাজিক বিকাশ আৰু প্ৰকাশৰ ক্ষেত্ৰতো পৰিলক্ষিত হয়। এনেধৰণৰ যোগাত্মক প্রতিযোগিতাই শিক্ষাৰ্থীৰ অস্তনিহিত শক্তি আৰু সামৰ্থসমূহৰ বিকাশ আৰু প্ৰকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিন্তু একক লিংগ বিদ্যালয়ত এনেধৰণৰ প্ৰতিযোগিতাৰ পৰিবেশ নাথাকে বাবে শিক্ষাৰ্থীৰ অস্তনিহিত গুণ আৰু সামৰ্থৰ পূণবিকাশ হোৱাৰ সুবিধা নাপায় ৷ 

(৮) সামাজিকীকৰণ প্ৰক্ৰিয়াত বাধা [Create obstacle on Socialization Process] : শিক্ষাৰ এক বিশেষ উদেশ্য হৈছে প্রত্যেকজন শিক্ষার্থীক সামাজিক ৰীতি-নীতি, সংস্কৃতি, পৰম্পৰা, মূল্যবোধ, আদিৰ জ্ঞান প্ৰদান কৰি এজন উপযুক্ত সামাজিক ব্যক্তি হিচাপে গঢ়ি তোলা। এই ক্ষেত্ৰত বৰ্তমান শিক্ষানুষ্ঠানসমূহৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ। কিন্তু একক লিংগ বিদ্যালয়সমূহত শিক্ষার্থীসকলক উপযুক্ত সামাজিক ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ যিমানবোৰ গুণৰ বিকাশ সাধনৰ প্ৰয়োজন, সিমানখিনি সম্ভৱপৰ নহয়। এনেধৰণৰ বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষার্থীসকল আত্মকেন্দ্ৰিক হোৱা দেখা যায় আৰু এই আত্মকেন্দ্রিকতাই শিক্ষাৰ্থীৰ ভৱিষ্যত জীৱনত সামাজিকীকৰণত বাধাৰ সৃষ্টি কৰে।

ওপৰত আলোচনাৰ পৰা দেখা যায় যে একক লিংগ বিদ্যালয়সমূহত লিংগভেদে শিক্ষাৰ্থীৰ বাহ্যিক আৰু আভ্যস্তৰীণ সামৰ্থ আৰু গুণৰাজিৰসমূহৰ বিকাশ সাধন কৰাৰ যথেষ্ট সুবিধা আছে। তথাপি একক লিংগ বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে দোষমুক্ত নহয়। একক লিংগ বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলে ভৱিষ্যত জীৱনত সামাজিক সমাযোজন আৰু বাস্তৱ জীৱনত সন্মুখীন হোৱা কিছুমান সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিফল হোৱাত অৱকাশ থাকে। যি কি নহওক, একক লিংগ বিদ্যালয়েই হওক নাইবা সহ-শিক্ষাৰ বিদ্যালয়েই হওক শিক্ষাৰ্থীসকলৰ সৰ্বাত্মক বিকাশ নিৰ্ভৰ কৰে তেওঁলোকৰ মানসিক সামর্থ, মনোভাব, ব্যক্তিগত প্রচেষ্টা আৰু বিদ্যালয়ত পাঠ্যক্রম, বিষয়বস্তু, প্রশাসনিক সা-সুবিধা, বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু গুণবিশিষ্ট শিক্ষকৰ ওপৰত। সেয়েহে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, পাঠ্যক্রম, সহপাঠ্যক্রমিক কাৰ্যাৱলীৰ সা-সুবিধা, প্রশিক্ষণপ্রাপ্ত শিক্ষক আদি পর্যাপ্ত আৰু উপযুক্ত মানবিশিষ্ট হ’লে শিক্ষাৰ্থীৰ সৰ্বাত্মক বিকাশ সম্ভৱপৰ হ’ব।

8. Gender Inequality in the School Management.

উত্তৰঃ আনুষ্ঠানিক শিক্ষানুষ্ঠান হিচাপে বিদ্যালয়ৰ মূল লক্ষ্য হৈছে শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক, নৈতিক, সামাজিক আদি দিশসমূহৰ বিকাশ সাধন কৰাৰ উপৰিও শিক্ষাৰ্থীৰ আচৰণ, অভ্যাস, ৰুচি-অভিৰুচি, মনোভাব আদি দিশসমূহৰ প্রয়োজন সাপেক্ষে সংশোধন কৰি শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ আৰু প্ৰকাশত সহায় কৰা। বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ ব্যক্তিত্বৰ সর্বতোমুখী বিকাশ সাধনৰ বাবে উপযুক্ত আৰু প্ৰয়োজনীয় সাসুবিধা যেনে- বিদ্যালয় গৃহ, শ্রেণীকোঠা, শ্ৰেণীকোঠাৰ আচবাব, শিক্ষণীয় সঁজুলি, পৰীক্ষাগাৰ, পুথিভঁড়াল, কর্মশালা, গৃহ, ব্যায়ামাগাৰ, সংগ্ৰহালয়, খেলপথাৰ, সভাকক্ষ, প্ৰসাৱগাৰ, শৌচাগাৰ আদিৰ ব্যৱস্থা থাকিব লাগিব আৰু এনেধৰণৰ সকলো সুবিধা লিংগভেদে ল’ৰা আৰু ছোৱালী সকলো শিক্ষাৰ্থীৰ প্রয়োজনীয়তাসমূহ পূৰ কৰিব পৰা হ’ব লাগে। বিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’বৰ বাবে ওপৰত উল্লেখ কৰা অভিকৰণসমূহৰ বাস্তৱিক, সুসংগঠিত, শৃংখলাৱদ্ধ আৰু সুপৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে লোৱা পদক্ষেপেই হৈছে বিদ্যালয় ব্যৱস্থাপনা। 

বিদ্যালয় ব্যৱস্থাপনাৰ যোগেদি বিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শিক্ষক, শিক্ষার্থী আৰু অন্যান্য ব্যক্তিসকলক নির্দেশনা প্রদান আৰু নিয়ন্ত্ৰণ কৰাৰ লগতে বিদ্যালয়ৰ বিভিন্ন কাম-কাজৰ মাজত সমন্বয় ৰক্ষা কৰা। গতিকে বিদ্যালয় ব্যৱস্থাপনা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত ইয়াৰ লগত জড়িতড বিভিন্ন উপাদান যেনে- ব্যক্তি, সামগ্রী, ধ্যান-ধাৰণা, নীতি-নিয়ম আদিৰ বিন্যাসৰ যোগেদি বিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ সফল ৰূপায়ন কৰিব পাৰি। বিদ্যালয় ব্যৱস্থাপনাৰ দ্বাৰা লিংগভেদে সকলো শিক্ষার্থীক প্রণালীবদ্ধভাৱে প্ৰকৃত শিক্ষাদান কৰি ব্যক্তিত্বৰ পূৰ্ণবিকাশত সহায় কৰা। আমাৰ গতানুগতিক বিদ্যালয়সমূহৰ ব্যৱস্থাপনাত ল’ৰা আৰু ছোৱালী সকলো শিক্ষাৰ্থীৰ সমভাৱে কল্যাণ সাধন কৰিব পৰাকৈ পদক্ষেপ লোৱা নহয় ৷ অৰ্থাৎ বিদ্যালয় ব্যৱস্থাপনাৰ অধীনৰ বিভিন্ন দিশ আৰু বিষয়বস্তুসমূহৰ প্ৰস্তুত আৰু প্রয়োগকৰণৰ ক্ষেত্ৰত লিংগ অসমতা দেখা যায়। এই আলোচনাত বিদ্যালয় ব্যৱস্থাপনাৰ সৈতে জড়িত থকা কেইটামান দিশৰ প্ৰস্তুত আৰু প্ৰয়োগকৰণৰ সময়ত দেখা পোৱা লিংগ অসমতা সমন্ধে চমু আভাস আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে।

বিদ্যালয়ৰ আন্তঃগাঁথনি [Infrastructure of School] : বিদ্যালয়ৰ আন্তঃগাঁথনি বুলিলে বিদ্যালয় গৃহ, আচবাবপত্র, শ্ৰেণীকোঠা, চকী-মেজ, ডেক্স-বেঞ্চ, পুথিভঁড়াল, সভাকক্ষ, কার্যলয়, পৰীক্ষাগাৰ, অধ্যক্ষৰ কোঠা, শিক্ষকসকলৰ কোঠা, সংগ্ৰহালয়, ছাত্ৰ জিৰণী কোঠা, ছাত্রী জিৰণী কোঠা, কেণ্টিন, সংগীত চৰ্চাৰ কোঠা, কলা বিষয়ৰ কোঠা, প্রেক্ষাগৃহ, প্ৰাথমিক চিকিৎসা কোঠা, কম্পিউটাৰ কোঠা, প্ৰস্ৰাৱাগাৰ, শৌচাগাৰ, ব্যায়ামাগাৰ, অপেক্ষা গৃহ, পুথিভঁড়ালৰ লগত সংলগ্ন অধ্যয়ন কোঠা [Reading Room] আদি ব্যৱস্থাসমূহৰ সু-পৰিকল্পিত আৰু প্ৰণালীবদ্ধ আয়োজন ব্যৱস্থাক বুজায় । 

আমাৰ প্ৰায়বোৰ প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ বিদ্যালয়ত ছোৱালী শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাসমূহ পূব কৰিব পৰাকৈ আন্তঃগাঁথনিৰ অভাৱ পৰিলক্ষিত হয়। বিশেষকৈ শ্রেণীকোঠাৰ ক্ষেত্ৰত দেখা যায় যে, সহ-শিক্ষাৰ বিদ্যালয়সমূহৰ কিছুসংখ্যক বিদ্যালয়ত চকী-মেজ আৰু ডেক্স-বেঞ্চসমূহ ছোৱালী শিক্ষাৰ্থীৰ বয়স আৰু উচ্চতা অনুযায়ী প্ৰস্তুত কৰা নহয়। যিহেতু সমবয়সৰ ল’ৰা শিক্ষাৰ্থীসকলৰ উচ্চতা ছোৱালী শিক্ষাৰ্থীসকলৰ তুলনাত বেছি। গতিকে ছোৱালী শিক্ষার্থীনকল বহিবৰ বাবে কম উচ্চতাৰ ডেক্স আৰু বেঞ্চৰ ব্যৱস্থা কৰা প্ৰয়োজন যদিও এই বিষয়টো কিছুসংখ্যক বিদ্যালয়ত উপেক্ষা কৰা দেখা যায়। প্রয়োজনীয় বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা প্ৰায়ে অভাৱ পৰিলক্ষিত হয় আৰু ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বাবে বেলেগ খোৱা পানীৰ ব্যৱস্থা নথকা বাবে ছোৱালী শিক্ষাৰ্থীসকল বহুসময়ত অসুবিধাৰ সন্মুখীন হ’বলগা হয় আৰু সহপাঠী ল’ৰা শিক্ষাৰ্থীৰ পৰা আতিশয্যৰ সন্মুখীন হ’ব লগা হয়।

বিদ্যালয়ৰ পুথিভঁড়ালৰ লগত সংলগ্ন কৰি শিক্ষাৰ্থীসকলৰ বাবে অধ্যয়ন কক্ষ বা পাঠাগাৰ থকা অতি প্রয়োজন। এই পাঠাগাৰসমূহত ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বাবে বেলেগ বেলেগ অধ্যয়নৰ বাবে বহাৰ ব্যৱস্থা নকৰিলে কেতিয়াবা কেতিয়াবা ছোৱালী শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হয় আৰু লিংগভেদে সকলো শিক্ষার্থীৰে অধ্যয়নত বাধাৰ সৃষ্টি হয়। কিন্তু আমাৰ প্ৰায়বোৰ বিদ্যালয়তে এনেধৰণৰ পাঠাগাৰৰ অভাৱ আৰু যিবিলাক বিদ্যালয়ত এনে পাঠাগাৰৰ ব্যৱস্থা আছে সেই বিদ্যালয় সমূহতো ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ সুবিধা হোৱাকৈ বেলেগ বহি অধ্যয়ন কৰাৰ ব্যৱস্থা কৰা নহয়।

প্রত্যেক বিদ্যালয়তে আজৰি সময়ত ব্যৱহাৰ কৰিবলৈ ছাত্র আৰু ছাত্ৰী জিৰণী কোঠাৰ প্ৰয়োজন এই ছাত্রী জিৰণী কোঠাৰ পৰিষ্কাৰ আৰু সকলো সুবিধা থকা প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰৰ ‘ব্যৱস্থা অতি জৰুৰী কিন্তু আমাৰ বিদ্যালয়সমূহত উপযুক্ত ছাত্রী জিৰণীকোঠাৰ অভাৱ। এনে ছাত্রী জিৰণী কোঠাৰ লগত একো একোটা সাজ-পাৰ পৰিধান কৰিব পৰা আচুটীয়া কোঠাৰো অতি প্রয়োজন ৷ এনেধৰণৰ সুবিধাসমূহৰ অভাৱে ছোৱালী শিক্ষাৰ্থীসকলক বহুসময়ত অসুবিধাত পেলোৱা দেখা যায়। আমাৰ বিদ্যালয়সমূহত ছোৱালী শিক্ষার্থীসকল সন্মুখীন হোৱা ডাঙৰ সমস্যাটো হৈছে সুবিধাজনক পৰিষ্কাৰ আৰু নিৰাপদ প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰৰ অভাৱ৷ বিশেষকৈ প্ৰাথমিক আৰু উচ্চ প্রাথমিক স্তৰৰ চৰকাৰী বিদ্যালয়সমূহৰ বহুতো বিদ্যালয়ত ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বাবে বেলেগ পৰিষ্কাৰ, নিৰাপদ আৰু সুবিধাজনক প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰৰ অভাৱ। 

ল’ৰা আৰু ছোৱালী শিক্ষার্থীসকলৰ বাবে ওচৰা-ওচৰিকৈ এই প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰসমূহ স্থাপন কৰা বাবে ছোৱালী শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হ’বলগা হয়। বিশেষকৈ মাটিৰ অভাৱৰ দোহাই দি আৰু খৰচৰ পৰিমাণ কমোৱাৰ মানসিকতাৰে বিদ্যালয়সমূহৰ ওচৰা-ওচৰিকৈ ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ প্ৰস্তুত কৰা বাবে ছাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়। যিহেতু ছোৱালী শিক্ষার্থীসকল লাজুকীয়া হোৱা বাবে বহু সময়ত প্রয়োজন সত্বেও শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ ব্যৱহাৰ কৰিবলৈ নাযায়। ফলস্বৰূপে ছোৱালী শিক্ষাৰ্থীসকলৰ বহুতেই ভৱিষ্যত জীৱনত বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। অন্যহাতে, ছোৱালী শিক্ষাৰ্থীসকলে ব্যৱহাৰ কৰা প্ৰস্ৰাৱাগাৰ আৰু সৌচাগাৰসমূহ প্ৰৰ্যাপ্ত পৰিমাণৰ পানীৰ ব্যৱস্থা অতি প্রয়োজন, যাতে প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব পাৰি। 

কিন্তু আমাৰ প্ৰায়বোৰ বিদ্যালয়ত প্রয়োজনীয় পানী যোগানৰ সুবিধা নথকা বাবে প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰসমূহ অপৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত নহয়।.এনেধৰণে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ দিশটো অধ্যয়ন কৰিলে দেখা যায় যে, ছোৱালী শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰ কৰিব পৰাকৈ প্ৰায়বোৰ বিদ্যালয়ত উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ। গতিকে বিদ্যালয় স্তৰত শিক্ষাৰ্থীসকলক শিক্ষা গ্ৰহণৰ উপযুক্ত সুবিধা দানৰ বাবে আন্তঃগাঁথনিৰ দিশত প্ৰয়োজনীয় উন্নয়ন কৰা দৰকাৰ। 

খেল-ধেমালি [Games and Sports] : শিক্ষাৰ্থীৰ ব্যক্তিত্ব বিকাশত খেল-ধেমালিৰ গুৰুত্ব অপৰিসীম। বিদ্যালয়ত এনেধৰণৰ খেল-ধেমালি আয়োজন কৰিবৰ বাবে এখন খেলপথাৰ থকাতো অতি প্রয়োজন। লগতে শিক্ষার্থীসকলৰ প্রয়োজনীয়তাসমূহ পূৰ্ণ কৰিব পৰাকৈ আৱশ্যেকীয় খেলা-ধূলাৰ সঁজুলিসমূহ যোগান ধৰা আৰু সময় সাপেক্ষে এনেবোৰ খেলধেমালিৰ আয়োজন কৰা দৰকাৰ। যিহেতু খেল-ধেমালিত যোগদান কৰিলে শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক, সামাজিক আৰু নৈতিক বিকাশ সাধন হোৱাৰ উপৰিও শিক্ষার্থীসকলৰ অন্য কিছুমান গুণ যেনে- সহযোগিতা, ধৈর্য, সহিষ্ণুতা, সহানুভূতি, দায়িত্ববোধ, শৃংখলাবদ্ধতা, পাৰস্পৰিক বুজা-পৰা, দলীয় নেতৃত্ব দানৰ সুবিধা আদি বিকাশত সহায় কৰে। 

ইয়াৰোপৰি খেলা-ধূলাই শিক্ষাৰ্থীসকলৰ অৱসৰ সময়ৰ উপযুক্ত সদ্ব্যৱহাৰ কৰাত সহায়ক হয়। সেয়েহে বিদ্যালয়ত অধ্যয়নৰত সকলো শিক্ষাৰ্থীৰ বাবে খেল-ধেমালি আয়োজন কৰিব পৰা সুবিধা থকা প্ৰয়োজন। কিন্তু আমাৰ প্ৰায়বোৰ শিক্ষানুষ্ঠানত খেল-ধেমালি আয়োজন কৰিব পৰাকৈ আন্তঃগাঁথনিৰ অভাৱ দেখা যায়। যিবিলাক বিদ্যালয়ত খেলা-ধূলাৰ বাবে আংশিক আন্তঃগাঁথনি আছে, সেইবোৰ বিদ্যালয়তো ল’ৰা আৰু ছোৱালী শিক্ষাৰ্থীসকলৰ খেলা-ধূলাৰ বাবে প্ৰয়োজনীয় সুবিধাৰ অভাৱ। এইধৰণৰ বিদ্যালয়সমূহত ল’ৰা শিক্ষাৰ্থীসকলৰ বাবে খেলাধূলাৰ কিছুপৰিমানৰ সুবিধা আছে যদিও ছোৱালী শিক্ষার্থীসকলৰ বাবে সুবিধাৰ অভাৱ৷ অৰ্থাৎ শিক্ষানুষ্ঠানৰ অন্যান্য দিশসমূহৰ দৰে খেলধেমালিৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰতো লিংগ:অসমতাৰ ছবিখন প্রকট হৈ পৰে।

আমাৰ মাধ্যমিক স্তৰৰ বিদ্যালয়স সমূহত দেখা যায় যে, খেলধেমালিৰ বাবে প্ৰয়োজনীয় আহিলা আৰু সামগ্ৰীৰ যোগান ধৰা হয়। এই সামগ্ৰীসমূহৰ বেছিভাগেই কেৱল ল’ৰা শিক্ষাৰ্থীসকলৰ বাবেহে উ’পযোগী। ছোৱালী শিক্ষাৰ্থীসকলৰ ৰুচি-অভিৰুচি, আগ্রহ আৰু প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰা খেলা-ধূলাৰ সামগ্ৰী বিদ্যালয়সমূহত যোগান ধৰা নহয়। শিক্ষকসকলৰ মাজত এনে এটা দৃষ্টিভংগী সোমাই আছে যে, ল’ৰা শিক্ষাৰ্থীসকলৰহে খেলধেমালিৰ প্ৰতি আগ্রহ আছে। গতিকে খেল-ধেমালিৰ সামগ্ৰী আৰু সঁজুলিসমূহ ক্ৰয় কৰাত সময়ত কেৱল ল’ৰা শিক্ষাৰ্থয়ে ব্যৱহাৰ কৰা খেলা-ধূলাৰ সামগ্ৰীসমূহহে ক্ৰয় কৰা হয়।

প্রধান শিক্ষকেই হওক বা অন্য সহ-শিক্ষকেই হওক, তেওঁলোকে ছোৱালী শিক্ষাৰ্থীৰ বাবে খেল-ধেমালিৰ প্ৰয়োজনীয় সামগ্ৰী আৰু সঁজুলি কিনিলে ধনৰ অপব্যৱহাৰ আৰু অপচয় কৰা যেনহে অনুভৱ কৰে। কাৰণ তেওঁলোকৰ মনত এনে এটা দৃষ্টিভংগী গঢ়ি উঠিছে যে, ছোৱালী শিক্ষাৰ্থীৰ বাবে কিনা খেলা-ধূলাৰ সামগ্ৰীসমূহ ব্যৱহাৰহীন হৈ নষ্ট হোৱাৰ বাদে অন্য কোনো প্রায়োগিক মূল্য পোৱা নাযাব।

বিদ্যালয়সমূহত শাৰীৰিক শিক্ষা আৰু খেল-ধেমালিৰ বাবে প্রতি সপ্তাহত এক নিৰ্ধাৰিত সময়সূচী থকা প্রয়োজন । যিবিলাক বিদ্যালয়ত এনেধৰণৰ সময়সূচী নিৰ্ধাৰণ কৰা আছে, সেই বিদ্যালয়সমূহত দেখা যায় যে, শাৰীৰিক শিক্ষা আৰু খেল-ধেমালিৰ দায়িত্বত থকা শিক্ষকসকলে কেৱল ল’ৰা শিক্ষার্থীসকলক খেলপথাৰলৈ নি শাৰীৰিক শিক্ষা আৰু খেল-ধেমালিৰ লগত জড়িত কৰে আৰু শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু আহিলাৰ অভাৱ বুলি কৈ দায়িত্ব সামৰে।

অন্য এক শ্রেণীৰ শিক্ষকে ইয়াতকৈও বেছি অৱজ্ঞা কৰি ছোৱালী শিক্ষাৰ্থীয়ে খেলা-ধূলা কৰাৰ প্ৰয়োজন নাই বা খেলাধূলা কৰি কি লাভ হ’ব, এনেধৰণৰ মত পোষণ কৰে। এনেদৰে ছোৱালী শিক্ষাৰ্থীসকল তেওঁলোকৰ ন্যায্য প্রাপ্তিৰ পৰা বঞ্চিত হয় আৰু প্ৰতিভাসম্পন্ন ছোৱালী শিক্ষার্থী থাকিলেও তাক প্রকাশ আৰু বিকাশ কৰাৰ সুযোগ নাপায়। ছোৱালী শিক্ষাৰ্থীসকল খেলধেমালিত যোগদান কৰাৰ পৰা বঞ্চিত হোৱাৰ অন্য এটা কাৰণ হৈছে উপযুক্ত সাঁজ-পোছাকৰ অভাৱ আৰু খেলপথাৰত ছোৱালীৰ বাবে উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ। ছোৱালী শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ পৰিধান কৰি অহা সাজ-পোছাক খেলা-ধূলাৰ সময়ত ব্যৱহাৰ উপযোগী নহয়। শাৰীৰিক শিক্ষা আৰু খেলা-ধূলাৰ সময়ত ব্যৱহাৰৰ বাবে পৰিপূৰক সাজ-পোছাক থকা প্রয়োজন। কিন্তু এনেধৰণৰ পৰিপূৰক সাজ-পোছাকৰ অভাৱ। বিদ্যালয় কর্তৃপক্ষ নাইবা চৰকাৰীভাৱে এনেধৰণৰ কোনো সাজ-পোছাক যোগান ধৰা নহয়। 

অভিভাৱকসকলে এনেধৰণৰ খেল-ধেমালিৰ বাবে প্রয়োজনীয় সাজ-পোছাক যোগান ধৰিলেও বিদ্যালয়সমূহৰ খেলপথাৰৰ ওচৰত কোনো সাজ-পোছাক পৰিধান কৰিব পৰা কোঠাৰ ব্যৱস্থা নাই। গতিকে এই সকলোবোৰ দিশতেই ছোৱালী শিক্ষার্থীসকলক অৱজ্ঞা কৰা দেখা যায়। ফলস্বৰূপে কিছুমান দক্ষ আৰু প্ৰতিভাসম্পন্ন ছোৱালী শিক্ষাৰ্থীয়েও তেওঁলোকৰ দক্ষতা আৰু প্ৰতিভাসমূহ প্ৰকাশ আৰু বিকাশ কৰাৰ সুবিধা নাপায়।

বর্তমান সকলো দেশতে নাৰী সৱলীকৰণ আৰু সমঅধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে যদিও ৰাষ্ট, জাতি, সম্প্রদায়, ধর্ম নির্বিশেষে সকলোতে ধাৰাবাহিকভাৱে আৰু নিৰৱে লিংগ অসমতা প্রক্রিয়া চলি আছে। সমাজৰ অন্যান্য স্তৰৰ দৰে বিদ্যালয়তো, শিক্ষাৰ্থীসকলৰ পাঠদানত সহ-পাঠ্যক্রমিক কার্যাৱলীৰ প্ৰয়োগ মূল্যায়ন, নেতৃত্বৰ দায়িত্ব প্রদান আদি সকলো ক্ষেত্ৰতে শ্রেণীকক্ষৰ ভিতৰত আৰু বাহিৰৰ সকলো পৰিৱেশতে শিক্ষাৰ্থীসকলৰ মাজত লিংগ অসমতাৰ ছবিখন স্পষ্ট ৰূপত প্ৰকাশ পায়। 

শিক্ষার্থীসকলৰ মাজত প্ৰকাশ হোৱা এই লিংগ অসমতাৰ ছবিখন পৰিৱৰ্তনৰ বাবে শিক্ষক, শিক্ষার্থী, অভিভাৱক, সমাজৰ প্ৰতিজন ব্যক্তিৰ সহযোগিতাৰ প্ৰয়োজন। তাৰ বাবে ছোৱালী শিক্ষাৰ্থীসকলৰ প্ৰকৃতি, প্রয়োজনীয়তা, আগ্রহ, ৰুচি-অভিৰুচি, সামৰ্থ আদিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ সকলো দিশত আগবঢ়াই নিব পৰাকৈ আন্তঃগাঁথনিৰ বিকাশত গুৰুত্ব দিব লাগিব আৰু ছোৱালী শিক্ষাৰ্থীসকলৰ সহযোগিতা আৰু যোগদান নিশ্চিত কৰিব লাগিব। এই ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষকসকলৰ ভূমিকা সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top