Gender And Education Unit 1 Introduction To Gender And Its Related Terms

Gender And Education Unit 1 Introduction To Gender And Its Related Terms Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Gender And Education Unit 1 Introduction To Gender And Its Related Terms to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Gender And Education Unit 1 Introduction To Gender And Its Related Terms can be of great value to excel in the examination.

Gender And Education Unit 1 Introduction To Gender And Its Related Terms

Join Telegram channel

Gender And Education Unit 1 Introduction To Gender And Its Related Terms Notes cover all the exercise questions in UGC Syllabus. The Gender And Education Unit 1 Introduction To Gender And Its Related Terms provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Introduction To Gender And Its Related Terms

EDUCATION

GENDER AND EDUCATION

লিংগ আৰু শিক্ষা  

Short Question answer

1. Why Women are also in favour of patriarchy?

উত্তৰঃ পিতৃতান্ত্রিকতাৰ প্ৰচলন অব্যাহত ৰখাৰ ক্ষেত্ৰত মহিলাসকলেও সমৰ্থন জনোৱা পৰিলক্ষিত হয়। এনে বহু জটিল সমস্যা তথা কাৰক আছে যিবিলাকৰ পৰিপ্ৰেক্ষিতত মহিলাসকলে প্রত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক পুৰুষতন্ত্রবাদক অক্ষুণ্ণ ৰখাত অৰিহণা যোগাইছে। তলত তাৰে কেইটামান উল্লেখ কৰা হ’ল—

(ক) নাৰীৰ মানসিকতা বর্তমানেও পুৰুষৰ ওপৰত নিৰ্ভৰশীল । বিশেষকৈ দৈহিক প্রয়োজনীয়তাৰ খাতিৰত কাৰণত তেওঁলোকে আত্মৰক্ষাৰ বাবে পুৰুষৰ সহায় বিচাৰে।

(খ) মাতৃ হিচাপে নাৰীয়ে সন্তান প্ৰসৱ কৰাৰ পিছত সন্তানটিৰ লগত এনেদৰে থাকি ভাল পায় যে বাকী সকলোকে ত্যাগ কৰি হ’লেও তেওঁলোকে ঘৰতে সন্তানটিক নিজে যত্ন লোৱাৰ বাবে আগ্ৰহী হৈ পৰে।

(গ) মহিলাসকলৰ অন্য এগৰাকী মহিলাৰ সৈতে একগোট হৈ তেওঁলোকৰ হিতৰ কাৰণে কাম কৰাৰ নিদৰ্শন পুৰুষৰ তুলনাত নিচেই কম। যদিওবা কেতিয়াবা কৰা দেখা যায় তথাপি সেয়া চিৰস্থায়ী নহয়।

(ঘ) মহিলাসকলে তেওঁলোকৰ ঐতিহাসিক বুৰঞ্জীবিলাকৰ বিষয়ে সচেতন নহয়। পৰম্পৰাগত মূল্যবোধ ৰাজিৰ প্ৰতি বিশ্বাস আৰু ইয়াৰ লগত মানসিক আৰু অভ্যাসগতভাৱে মহিলাসকল স্ব জড়িত হৈ পৰে। 

(ঙ) মহিলাসকলে বর্তমানেও শিক্ষা, অর্থনৈতিক, ৰাজনৈতিক ক্ষমতা দখলৰ ক্ষেত্ৰত পুৰুষৰ সমতুল্য হ’ব পৰা নাই।

2. Structure of patriarchy.

উত্তৰঃ চিলভিয়া ওৱালবি (Sylvia Walby) য়ে পিতৃতান্ত্ৰিকতাৰ ছটা সংৰচনা (Structure) সংজ্ঞায়িত কৰিছিল আৰু সেইবোৰ তলত উল্লেখ কৰা হ’ল।

(১) মজুৰিপ্ৰাপ্ত শ্ৰমিকসকল পিতৃতান্ত্ৰিকতাৰ প্ৰথমটো আৰ্হি বা গাঁথনি। মহিলা শ্রমিকসকলে একেটা কামকে কৰি পুৰুষতকৈ কম পাৰিশ্ৰমিক লাভ কৰাটোৱে পিতৃতান্ত্ৰিকতাৰ প্ৰথমটো গাঁথনি সূচিত কৰিছে।

(২) ঘৰৰ ভিতৰত শ্ৰমৰ লিংগভিত্তিক বিভাজন (Secual division of labour) ৰ জৰিয়তে মহিলাসকলে ঘৰুৱা কাম-কাজ, সন্তান লালন-পালন কৰাৰ দৰে প্ৰাথমিক দায়বদ্ধতাসমূহ পালন কৰিবলগীয়া হৈছে।

(৩) পিতৃতান্ত্রিকতা সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সংস্কৃতি (Culture) য়ে এক তাৎপর্যপূর্ণ ভূমিকা গ্রহণ কৰে। সাধাৰণতে, সংস্কৃতিৰ নামতে বহু ক্ষেত্ৰত মহিলাসকল পুৰুষৰ অধীনস্থ হৈ ৰোৱা পৰিলক্ষিত হয়। আমাৰ সংস্কৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পৌৰাণিক শাস্ত্ৰ (Mythology) বিলাকেও অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যি কি নহওক, বহু সময়ত এই সংস্কৃতিয়ে নিজেই মহিলাসকলক ব্যৱহাৰৰ আহিলা হিচাপে চিত্রায়িত কৰাও পৰিলক্ষিত হয়।

(৪) বিসদৃশ যৌনগত (Heterosexual) সম্পর্ক ক পিতৃতান্ত্রিকতাৰ এক উপাদান হিচাপে বিবেচনা কৰা হয়। 

(৫) মহিলাসকলৰ বিৰুদ্ধে ঘৰৰ ভিতৰত আৰু কাৰ্যালয়ত পুৰুষৰ যি আতিশয্য সেই আতিশয্যক পিতৃতান্ত্ৰিকতাৰ এক গাঁথনই স্বৰূপ বুলি অভিহিত কৰা হয়। 

(৬) পুৰুষ আৰু মহিলাক বিভাজিত কৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰই এক আধিপত্যমূলক আৰু পিতৃতান্ত্রিক ভূমিকা পালন কৰে। 

3. Define Gender.

উত্তৰঃ লিংগৰ অৱধাৰণাটো সম্প্রতি এক অতি গুৰুত্বপূৰ্ণ বিতৰ্কৰ বিষয়ৰূপে পৰিগণিত হৈছে। “লিংগ” অভিধাটো বৰ্তমান সমাজতাত্ত্বিকভাৱে আৰু এক অৱধাৰণাগত শ্ৰেণীৰূপে ব্যৱহৃত কৰা হয় আৰু ইয়াৰ এক নিৰ্দিষ্ট অৰ্থ আছে। লিংগই পুৰুষ আৰু মহিলাৰ সামাজিক আৰু সাংস্কৃতিক সংজ্ঞাৰ লগতে সমাজে পুৰুষ আৰু মহিলাৰ মাজৰ বৈষম্য নিৰূপণ কৰি তেওঁলোকৰ ওপৰত পৃথক পৃথক সামাজিক ভূমিকা ন্যস্ত কৰাৰ পথক সূচিত কৰে।

কুৰি শতিকাৰ মাজভাগত সমাজতাত্বিক শৃংখলা নাৰীবাদী আদৰ্শই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ লোৱাৰ লগে লগেই লিংগৰ অৱধাৰণাটো পোহৰলৈ আহে। নাৰীবাদৰ অন্যতম বাটকটীয়া এন ওৱাকলে-ই পোন প্ৰথমবাৰৰ কাৰণে “লিংগ” শব্দটোৰ তেওঁৰ “Sex, Gender and Society (1972)” শীর্ষক গ্ৰন্থখনত ব্যাখ্যা আগবঢ়াইছিল। যদিওবা ওৱকলেৰ পূৰ্বেও “লিংগ” অভিধাটো ব্যৱহাৰ কৰা হৈছিল তথাপি অভিধাটোৰ এক সৰ্বজন গ্রহণযোগ্য সংজ্ঞা আগবঢ়াব পৰা নাছিল । 

Simone de Beauvoirয়ে তেওঁৰ “The Second Sex” শীর্ষক গ্ৰন্থখনত এই বুলি বর্ণনা কৰিছে যে সমাজত লিংগ অসমতাই পুৰুষসকলক পাউৰুটি উপাৰ্জক হিচাপে গ্ৰহণ কৰা ভূমিকাৰ জৰিয়তে সমাজৰ উৰ্ধত স্থান দিয়াৰ অৱকাশ হৈছে। লিংগ অসমতাই সমাজত এনে এক অধিক্ৰমৰ সূচনা কৰিছে য’ত নেকি মহিলাসকলৰ স্থান মর্যাদা অৱদমিত কৰাৰ উপক্ৰম হৈছে। “লিংগ” অভিধাটো সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সমাজতত্ববিদসকলে যুক্তি দৰ্শাইছে যে “লিংগ” অভিধাটোৰ সংজ্ঞা দিবলৈ হ’লে তিনিটা বৈশিষ্ট্য অপৰিহাৰ্য। এই বৈশিষ্ট্যকেইটা হৈছে—

(ক) এক নিৰ্দিষ্ট অৱস্থাৰ পৰিৱৰ্তে এক প্রক্রিয়া হিচাপে লিংগ (Gender as a process rather than a fixed state) ।

(খ) ব্যক্তিবৰ্গ আৰু সমাজৰ এক বৈশিষ্ট্য হিচাপে লিংগ (Gender as a characteristic of Society as well as individuals.)।

(গ) বৈষম্য আৰু অসমতা সৃষ্টি কৰা এক ব্যৱস্থা হিচাপে লিংগ (Gender as a system that creates differences and inequalities.)।

লিংগ অভিধাটোৰ সংজ্ঞা আগবঢ়াই এন ওৱাকলি (Ann Oakley) য়ে কৈছে— “Gender is a matter of culture, it refers to the social classification of men and women into ‘Masculine’ and feminine.” অর্থাৎ লিংগ হৈছে সংস্কৃতিৰ লগত পড়ত এক বিষয়, ই পুৰুষ আৰু মহিলাসকলক ক্ৰমে ‘পুলিংগ’ আৰু ‘স্ত্ৰী-লিংগ’ লৈ সামাজিক শ্রেণীবিভাজন কৰাক সূচায়। জনসাধাৰণৰ মাজত পুৰুষ আৰু মহিলাসকলক সাধাৰণতে দৈহিক প্রামাণ্যতাৰ প্ৰসংগৰে সূচিত কৰা হয়। লিংগ হৈছে যৌন সম্পৰ্কীয় অসমতাৰ সামাজিক আনুষ্ঠানিকতা। 

ই এক সামাজিক পর্যায় বা স্তৰৰ ধাৰণা যিয়েই নেকি পুৰুষ আৰু মহিলাক নিৰ্দেশিত কৰাৰ লগতে সমাজত তেওঁলোকক তেওঁলোকৰ সম্পর্কিত ভূমিকা প্রদান কৰা হয় আৰু তেনেদৰে যোগাত্মক সামাজিক স্থান নিৰূপণ কৰা হয় ৷ গতিকে ক’ব পৰা যায় যে জীৱ বিজ্ঞানত লিংগতা বা যৌনতাক যিটো ধাৰণা কৰা হয় সেইটোক সমাজ বিজ্ঞানত লিংগ বুলি অভিহিত কৰা হয়। মুঠৰ ওপৰত যিয়েই নহওক লাগে, পিতৃপ্রধান সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত লিংগৰ ধাৰণা মহিলাৰ অধীনস্থতাৰ এক আদৰ্শগত ব্যৱস্থা স্বৰূপ।

4. Distinction between Gender and Sex.

উত্তৰঃ যদিও সাধাৰণতে লিংগ আৰু যৌনতা (লিংগভেদৰ) মাজত পার্থক্য নাই যেন লাগে তথাপি উভয়ৰ মাজত পাৰ্থক্য বিশেষকৈ শিক্ষাগত স্তৰত তলত দিয়া ধৰণৰ বিষয়ত প্ৰভেদ দেখা যায়— যেনে—

(১) সমাজত মানুহক লিংগৰ ভিত্তিত শ্রেণীবিভাজন কৰাৰ বাবে লিংগক এক পদ্ধতি বুলি অভিহিত কৰিব পাৰি। আনহাতে যৌনতা হৈছে গাঁথনিৰ পাৰ্থক্যৰ ভিত্তিত সমাজত মানুহক শ্ৰেণীবিভাগ কৰা। লিংগ হৈছে মানুহৰ সামাজিক শ্রেণীবিভাজন, যৌনতা হৈছে মানুহৰ জৈৱিক শ্রেণীবিভাগ।

(২) লিংগ গঢ় দিয়া হয় আনহাতে যৌনতা (লিংগভেদ)ৰ জন্ম দিয়া হয়। এজন শিশুৱে ল’ৰা শিশু বা ছোৱালী শিশু হিচাপে জন্মগ্রহণ কৰে আৰু যেতিয়া সমাজত এক বিশেষ ভূমিকা পালন কৰে তেতিয়া এজন পুৰুষ আৰু এগৰাকী মহিলা হিচাপেহে বিকাশ লাভ কৰে। লিংগ হৈছে যৌনতাৰ কাৰ্যভিত্তিক ধাৰণা, যৌনতা হৈছে লিংগৰ জৈৱিক ধাৰণা।

(৩) লিংগৰ বৈশিষ্ট্যসমূহ (অর্থাৎ পুংলিংগ আৰু স্ত্রীলিংগ) সাংস্কৃতিক আৰু সামাজিকভাৱে সংগঠিত আনহাতে যৌনতাৰ ক্ষেত্ৰত সেইবিলাক জৈৱিক আৰু প্ৰাকৃতিকভাৱে সংগঠিত।

(৪) লিংগই প্রতিপালন আদিৰ প্ৰতিফলন ঘটায় আৰু যৌনতাই প্রকৃতিক প্রতিফলন কৰে। আন কথাত ক’বলৈ হ’লে লিংগই প্ৰতিপালনৰ ফলস্বৰূপে বিকাশ লাভ কৰে আৰু যৌনতাৰ বিকাশ হ’ল প্ৰকৃতিৰ প্ৰতিফলন। এগৰাকী পুৰুষ লিংগই প্ৰতিপালনৰ জৰিয়তে তেওঁৰ সংস্পর্শিত ভূমিকাত অভ্যস্ত হয়, কিন্তু মহিলা লিংগই নিজে নিজে অভ্যস্ত হয়।

(৫) পুৰুষৰ দৰে মহিলাৰ প্ৰকৃতিও যেতিয়া জৈৱিকতাৰ দ্বাৰা চূড়ান্ত কৰা হয় তেতিয়াও লিংগৰ আধিপত্যৰ সৈতে সম্পর্ক থাকে, পুৰুষৰ লগতে মহিলাৰ প্ৰকৃতিও যেতিয়া সামাজিকভাৱে সংগঠিত হয় তেতিয়াৰ লিংগৰ আধিপত্যৰ ভিত্তিত হয়।

(৬) নাৰীবাদৰ মূল বিষয় হ’ল লিংগভিত্তিক বৈষম্যক দূৰ কৰা, কিন্তু যৌনতাক নহয়। নাৰীবাদ হৈছে এক স্ত্ৰীবাদী লিংগৰ আদৰ্শ যৌনতাৰ গাঁঠনিত থকা অসমতাৰ ভিতৰত লিংগ সমতাৰ বাবে যুক্তি প্রদর্শন কৰে।

5. Point out the different aspects of shaping Gender Socialisation.

উত্তৰঃ পুৰুষ আৰু মহিলাৰ মাজৰ লিংগ বৈসাদৃশ্যসমূহ কিছুমান কাৰকে নিৰ্ধাৰণ কৰে। এই কাৰকসমূহ তলত আলোচনা কৰা হ’ল—

(১) সামাজিকীকৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তেঃ সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পুৰুষ-মহিলাৰ মাজৰ লিংগ অসমতাক অধিক প্রকট কৰি তুলিছে। এটা শিশু জন্ম হোৱাৰ লগে লগেই লিংগ অসমতাৰ সন্মুখীন হয়। ল’ৰা সন্তান (যি পৰিয়ালৰ সম্পত্তিৰ ওপৰত উত্তৰাধিকাৰ আৰু নিয়ন্ত্ৰণ সাব্যস্ত কৰিব, যাৰ ওপৰত পৰিয়ালৰ সম্প্ৰসাৰণৰ দায়িত্ব ন্যস্ত কৰা হয় ইত্যাদি)ক অগ্রাধিকাৰ দিয়াৰ সামাজিক প্রক্রিয়াই লিংগ প্রভেদ কৰণত অৰিহণা যোগায়।

(২) এক মতাদর্শ হিচাপে পিতৃতান্ত্রিকতাৰ ভূমিকাঃ পিতৃতান্ত্রিকতা হৈছে এক মতাদর্শ বা পদ্ধতি যিটোৱে প্ৰকাশ কৰে যে পুৰুষসকল মহিলাসকলতকৈ উচ্চ মহিলাসকল পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত বা নিয়ন্ত্ৰণ হোৱা উচিত। মহিলা হৈছে পুৰুষৰ সম্পত্তিৰ অংশস্বৰূপ। পুৰুষ সদায় নিয়ন্ত্ৰণকাৰী স্থানত, কিন্তু এনে নিয়ন্ত্ৰণৰ প্রকৃতি বেলেগ বেলেগ হ’ব পাৰে। পিতৃতান্ত্ৰিক ব্যৱস্থাই সামাজিক শৃংখলাত ইমান দকৈ শিপাইছে যে মহিলাসকলেই লিংগ বৈসাদৃশ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত অগ্রণী সংস্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হয়। কেতিয়াবা কেতিয়াবা দেখা যায় যে মহিলাসকলৰ ওপৰত পুৰুষৰ আধিপত্য আৰু নিয়ন্ত্রণ ইমান স্পষ্ট যে এনে নিয়ন্ত্রণ দৃশ্যমান নহয় কেৱল মাত্ৰ অনুভৱহে কৰিব পাৰি। আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাত “পিতৃতান্ত্রিক আধিপত্য” (Paternalistic Dominance) ইমান গভীৰভাৱে শিপাইছে যে মহিলাসকলে নিজেও নাজানে যে তেওঁলোক সামাজিক প্ৰমূল্যৰাজিৰ বলি হৈছে। এইক্ষেত্ৰত চিলভিয়া ওৱালবি (Sylvia Walby) ৰ মন্তব্য প্রণিধানযোগ্য— 

“Patriarchy is a system of social structures and practices in which men dominate, oppress and exploit women” অর্থাৎ, পিতৃতান্ত্রিকতা হৈছে “সামাজিক সংৰচনা আৰু অনুশীলনৰ এক ব্যৱস্থা য’ত নেকি পুৰুষে মহিলাৰ ওপৰত আধিপত্য, নির্যাতন আৰু শোষণ চলায়। 

(৩) পৰিচয় জ্ঞাপক আৰু নিৰূপক হিচাপে ধৰ্মৰ ভূমিকা : ধৰ্ম হৈছে একপ্ৰকাৰৰ অনুভূতি আৰু হৃদয়ৰ বিশ্বাস। এক কথাত ক’বলৈ হ’লে মহাজাগতিক এক চূড়ান্ত শক্তিৰ অৱস্থিতিৰ ওপৰত থকা আনুগত্যমূলক তথা সত্যৰ ওপৰত প্রতিষ্ঠিত হৃদয়ৰ শুদ্ধ বিশ্বাসেই হৈছে ধৰ্ম। আলোচ্য বিষয়ৰ ক্ষেত্ৰত ধৰ্ম হৈছে আধুনিক ধাৰণা যি ধৰ্ম পিতৃতান্ত্রিক অর্থাৎ, যিয়েই নেকি পুৰুষ কৰ্তৃত্বক শ্রেষ্ঠ হিচাপে ব্যাখ্যা কৰে। যিসকলে পুৰুষতন্ত্রক বিশ্বাস কৰে তেওঁলোকে পিতৃতান্ত্রিক শৃংখলাক অতি স্বাভাৱিকভাৱে বাস্তৱিক বুলি দাবী কৰে। ক্ষমতাৰ নাৰীবাদী মতবাদ, যিটো আনুষ্ঠানিক ধর্মসমূহৰ বিকাশৰ পূৰ্বতে চলিছিল, ক্রমাগতভাৱে সেইটো দুর্বল হৈছে। দেৱীৰ অস্তিত্বক স্থানান্তৰিত কৰাৰ প্ৰয়াস চলিছে। সকলো প্রধান ধর্মকেই উচ্চ শ্ৰেণীৰ আৰু উচ্চ বৰ্ণৰ পুৰুষৰ দ্বাৰা সৃষ্টি বুলি ব্যাখ্যা আৰু নিয়ন্ত্ৰণ কৰা হৈছে। তেওঁলোকে নৈতিকতা, আচৰণ আৰু আনকি আইন আদিৰ ব্যাখ্যা দিছে। তেওঁলোকে পুৰুষ আৰু মহিলাৰ কৰ্তব্যও নিৰ্ধাৰণ কৰি দিয়াৰ লগতে উভয়ৰ মাজত সম্পর্কও নিৰ্ণয় কৰি দিছে। 

তেওঁলোকে ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সমাজত এক বিশেষ শক্তি হিচাপে ক্ৰিয়া কৰি আছে। উাহৰণস্বৰূপে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হোৱ৷ সত্ত্বেও এজন ব্যক্তিৰ আইনগত চিনাক্তকৰণ যেনে— বৈবাহিক ক্ষেত্ৰত, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত আৰু উত্তৰাধিকাৰী আদিৰ ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিজনৰ ধৰ্মৰ দ্বাৰা এইবিলাক নিৰূপণ কৰা হয়। এনে ধৰণৰ যথেষ্ট ব্যাখ্যা আছে যিবোৰে নেকি প্ৰতিটো ধর্মই মহিলাসকলক কেনেদৰে কনিষ্ঠ, অপবিত্ৰ, অসন্মানীয় বুলি বিবেচনা কৰাৰ লগতে, কেনেকৈ সিবিলাকে নৈতিকতা আৰু আচৰণৰ দৰে দুই ধৰণৰ অৱস্থানৰ সৃষ্টি কৰে, কেনেকৈ ধর্মীয় আইনে প্রায়েই পথভ্রষ্ট মহিলাৰ বিৰুদ্ধে উগ্রতা প্রয়োগক ন্যায্যতা প্ৰদান কৰে ইত্যাদি।

(৪) মহিলাসকলৰ শোষণমূলক আর্থ-সামাজিক মর্যাদাঃ সমাজত মহিলাসকলে গ্ৰহণ কৰা ভূমিকাৰ দ্বাৰাই এগৰাকী মহিলাৰ আর্থ সামাজিক মর্যাদা সমাজত নিৰ্ধাৰণ কৰা হয়। যদিহে এগৰাকী মহিলাৰ পৰ্যাপ্ত পৰিমাণৰ অৰ্থ সংক্রান্তীয় ক্ষমতা থাকে তেন্তে মহিলাগৰাকীয়ে সমাজত বিশেষ সংস্থিতি লাভ কৰাত সহায়ক হ’ব পাৰে। ই উৎপাদন পদ্ধতি উপভোগ আৰু বিতৰণৰ অংশস্বৰূপ যি নেকি লিংগৰ দ্বাৰা সংৰচিত।

(৫) প্রভেদকৰণ আৰু একীকৰণৰ ভূমিকাঃ সমাজত পুৰুষ আৰু মহিলাৰ কাম-কাজসমূহৰ মাজত এক লিংগভিত্তিক বিভাজন (Sexual division) পৰিলক্ষিত হয়। মহিলাসকলক ভৱিষ্যৎ প্রজন্মৰ উৎপাদক হিচাপে গ্ৰহণ কৰা হয়। মহিলাসকলে পুৰুষৰ তত্বাৱধান লোৱাৰ দায়িত্ব পালন কৰে আৰু এনেদৰে তেওঁলোকৰ ভূমিকাক একেৰকমৰ কৰি গঢ়ি তোলা হয়। তাৰোপৰি পুৰুষৰ পুৰুষত্ব আৰু নাৰীৰ নাৰীত্বৰ অৱধাৰণাক চিহ্নিত কৰি তোলাৰ ক্ষেত্ৰত ভাষাও এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক স্বৰূপে বিবেচিত হৈছে।

6. What do you mean by public Sphere? What is Private Sphere?

উত্তৰঃ সমাজত মহিলাসকলৰ ক্ষেত্ৰত প্ৰচলিত বৈষম্য আৰু অসমতাৰ বিষয়টো ৰাজহুৱা (সামাজিক) আৰু ব্যক্তিগত (পৰিয়াল) পৰ্যায়ৰ বিভাজনৰ জৰিয়তে অনুধাৱন কৰিব পাৰি। সেয়েহে ৰাজহুৱা আৰু ব্যক্তিগত ক্ষেত্ৰৰ আদৰ্শগত বিভাজনকো মহিলাৰ অধ্যয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মৌলিক ধাৰণা হিচাপে বিবেচনা কৰা হয়। ঊনবিংশ আৰু বিংশ শতিকাত পুৰুষসকলে ৰাজহুৱা জীৱনৰ প্ৰতিটো দিশতে প্রভুত্ব বিস্তাৰ কৰাৰ বিপৰীতে মহিলাসকল পৰিয়াল আৰু ঘৰৰ চাৰিবেৰৰ কাম-কাজসমূহৰ লগত জড়িত হৈ পৰাৰ লগে লগে “ৰাজহুৱা-ব্যক্তিগত বিভাজন”ৰ অৱধাৰণাতো, বহু পৰিমাণে স্পষ্ট হৈ পৰিছিল। অৱশ্যে কুৰি শতিকাৰ শেষৰ ফালে কেতবোৰ সামাজিক আৰু আইনগত নীতিৰ জৰিয়তে শ্রম শক্তি (Labour Force)ত পুৰুষ-মহিলাৰ বাবে সমান অংশগ্ৰহণ আৰু পৰিয়ালৰ দায়বদ্ধতাৰো সম ভাগ-বাটোৱাৰাৰ উত্তৰণ ঘটোৱা হৈছিল। কিন্তু “ৰাজহুৱা আৰু ব্যক্তিগত” অভিধা দুটাই দুই বৃহৎ পৃথক পৃথক ক্ষেত্রক সূচায়। 

এনে অগ্রগতি সত্ত্বেও মহিলাসকলে দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বিভিন্ন ৰূপত অসমতা আৰু বৈষম্যৰ বলি হোৱা স্পষ্ট ৰূপত পৰিলক্ষিত হয়। 

ৰাজহুৱা কৰ্ম পৰিধিৰ ভিতৰত ৰাষ্ট্ৰ বা চৰকাৰৰ সামগ্ৰিক কৰ্তৃত্বাধীন আৰু আইনৰ নিয়ন্ত্রণাধীনভাৱে ব্যক্তিয়ে সম্পাদন কৰা সকলো ধৰণৰ উৎপাদনশীল বা বৈতনিক কাৰ্যসমূহ, ৰাজনৈতিক কাৰ্যসমূহক সামৰি লোৱা হয়। ইয়াৰ পৰিৱৰ্তে ব্যক্তিগত কৰ্মৰাজি যি কোনো প্ৰকাৰৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ প্ৰভাৱৰ পৰা মুক্ত এনে কাৰ্যসমূহ মূলতঃ গৃহ কৰ্মৰ মাজতে সীমাবদ্ধ। এইটো সচৰাচৰ দেখা যায় যে সংখ্যাগৰিষ্ঠ মহিলাই এই ব্যক্তিগত কৰ্মৰাজিৰ মাজতে নিয়োজিত হৈ থাকে। ঐতিহাসিকভাৱে, পুৰুষসকলে ৰাজহুৱা কৰ্মৰাজি অৰ্থাৎ ৰাজহুৱা ক্ষেত্ৰৰ লগত জড়িত হৈ থকাৰ উপৰিও ৰাজহুৱা আৰু ব্যক্তিগত কর্ম পৰিধিৰ মাজত স্বাধীনভাৱে বিচৰণ কৰিব পাৰে। অন্যহাতে, মহিলাসকল প্রায়েই ব্যক্তিগত কৰ্মৰাজিৰ মাজতেই সীমাবদ্ধ। উল্লেখযোগ্য যে এই ব্যক্তিগত কৰ্মৰাজি পুৰুষৰ সম্পূৰ্ণৰূপে কৰ্তৃত্বাধীন এই ৰাজহুৱা ব্যক্তিগত বিভাজন পুৰুষ আৰু মহিলাৰ মাজত দেখা দিয়া বৈষম্য আৰু অসমতাৰ অন্যতম প্রধান আহিলাৰূপে পৰিগণিত হয়।

7. Discuss about the sexual division of labour in the context of rural India.

উত্তৰঃ ভাৰতত শ্ৰমৰ লিংগভিত্তিক বিভাজন ধাৰণাৰ ওপৰত সামান্যতমো চিন্তা-চৰ্চা হোৱা নাই যে ই একোটা প্রাথমিক তত্ত্বগত বিশ্লেষণ আগবঢ়াব পাৰে। সেয়ে ওপৰত উল্লিখিত বিষয়ৰ ওপৰত মন্তব্য আগবঢ়োৱাতো কঠিন হ’ব। অৱশ্যে কেইটামান লক্ষণীয় বিষয় আমি আলোচনা কৰিব পাৰো।

বৃহৎ জনসংখ্যাৰে ভাৰত এখন বিশাল দেশ। ইয়াত জাতি, ৰীতি-নীতি আৰু আচৰণ আদিৰ ক্ষেত্ৰত বিভিন্ন বিৰাজমান। ইয়াত শ্রেণী, জাতি, ধর্ম, নৃতাত্ত্বিক আৰু আঞ্চলিক ভিন্নতা ইমানেই আছে যে সকলো সামৰি এটা সাধাৰণ তত্ত্ব আগবঢ়োৱাটো সম্ভৱ নহয়। তথাপি আমি Madhu Kishwar আৰু Ruth Vanitaৰ দ্বাৰা সম্পাদিত “In Search of Answer” গ্ৰন্থখনৰ আধাৰতেই কিছু বিশ্লেষণ আগবঢ়োৱাৰ প্ৰয়াস কৰিম।

গ্ৰাম্য ভাৰতত লিংগভিত্তিক বিভাজনঃ ভাৰতত অধিকাংশ লোকেই গাঁৱত বাস কৰে আৰু ফলত অধিকাংশ মহিলাই গাঁৱত বাস কৰে। ভাৰতৰ অধিকাংশ নাৰীয়েই সাধাৰণ কৃষক অথবা ভূমিহীন কৃষক শ্রমিক ‘পৰিয়ালৰ। দেশখনত, বিশেষকৈ নাৰীৰ মাজত শিক্ষাৰ হাৰ দুখলগাকৈ কম। ইয়াত বেছিভাগ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বা সামান্য ওপৰত বাস কৰে। ফলত এওঁলোকৰ জীৱনটো জীৱন ধাৰণৰ ন্যূনতম প্ৰয়োজন যেনে— খাদ্য, ইন্ধন আৰু পানীৰ সন্ধানতে পাৰ হয়। যদিও আজিকালি বহু নাৰীয়ে কৃষক শ্রমিকৰ বৃত্তি এৰি দিছে তথাপিও বুজনসংখক নাৰী কৃষিভিত্তিক শ্ৰমৰ সৈতে জড়িত। এই গ্রাম্য নাৰীসমাজৰ মাজত প্রকৃত স্বাধীনতা, মুক্তি আৰু আত্মবিশ্বাসৰ বাৰুকৈয়ে অভাৱ। তেওঁলোকৰ সামাজিক অৱস্থা আৰু উৎপাদনৰ ওপৰত কোনো আধিপত্য নাথাকে। পৰিয়ালৰ অৰ্থনৈতিক অৱস্থাত প্ৰভাৱ পেলোৱাকৈ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ পৰা এওঁলোক বঞ্চিত। অৱশ্যে সকলো ভাৰতীয় নাৰীয়েই পাশ্চাত্য সভ্যতাৰ দৰে সম্পূৰ্ণৰূপে স্বাধীনতা হেৰুৱাব লগা নহয়। 

খ্ৰীষ্টান ধৰ্মত থকাৰ দৰে ভাৰতত ধৰ্ম অথবা নীতিৰ ক্ষেত্ৰত দ্বিতীয় নাগৰিকৰ দৰে মর্যাদা পাব লগা নহয়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে এওঁলোকৰ অৱস্থা প্রাচীন অথবা আধুনিক পাশ্চাত্য সমাজৰ নাৰীতকৈ ভাল আছিল৷ ঘৰ চলোৱা আৰু সন্তানৰ পালনৰ সকলো দায়িত্ব এতিয়াও নাৰীৰ ওপৰতে জাপি দিয়া হয়। ঘৰৰ সকলো গেবাৰি নাৰীৰ ৰাজহুৱা দায়িত্ব। উপযুক্ত পৰিয়াল পৰিকল্পনাৰ অভাৱত অন্যান্য ঘৰুৱা কাৰ্যৰ লগতে নাৰীয়ে বাৰম্বাৰ গৰ্ভধাৰণৰ সমস্যাত ভুগিব লগা হয় ৷ তথাপিও নাৰীৰ এনে কঠোৰ কৰ্মৰাজিকো নাৰীৰ সাধাৰণ স্বাভাৱিক কৰ্ম হিচাপে চোৱা হয় আৰু ইয়াকেই নাৰীৰ ভাগ্য আখ্যা দিয়া হয়। গোটেই বিশ্বাস ভবাৰ দৰে নাৰীক ঘৰুৱা কৰ্মৰাজিক উৎপাদনশীল বুলি গণ্য কৰা নহয় আৰু সামাজিক মর্যাদাৰ পৰাও এনে কর্মই বঞ্চিত হ’ব লগা হয়। ইয়াৰ বিপৰীত নাৰীৰ কামক সমাজৰ বাবে লেতেৰা আৰু ৰীতিগতভাৱে অস্পৃশ্য জ্ঞান কৰা হয়। গ্ৰাম্য ভাৰতত নাৰীয়ে পুৰুষতকৈ অধিক কৰ্ম সম্পাদন কৰে। তাৰোপৰি গ্ৰাম্য সমাজৰ মাটিবিহীন শ্রমিক পৰিয়ালৰ নাৰীসকলে তেওঁলোকৰ স্থানীয় কর্মদাতাৰ যৌন নিষ্পেষণ বলি হ’ব লগা হয়।

আন এটা উল্লেখযোগ্য দিশ হ’ল— ভাৰতৰ গ্ৰাম্য সমাজত নাৰীয়ে অতি প্রতিকূল পৰিৱেশত ঘৰুৱা কৰ্ম সম্পাদন কৰিব লগা হয়। তাৰোপৰি তেওঁলোক একেৰাহে লেতেৰা, প্ৰদূষিত পানী আৰু সেমেকা পৰিৱেশত থাকি কৰ্ম কৰিব লগা হোৱাত ইয়াৰ প্ৰভাৱ নাৰীৰ শৰীৰতো পৰে।

পৰিয়াল আৰু সামাজিক সম্পদৰ ওপৰত নাৰীৰ নিয়ন্ত্ৰণ নথকা বিষয়তো উন্নয়নৰ প্ৰক্ৰিয়াটো প্ৰতিফলিত হয়। উদাহৰণস্বৰূপে ধনী কৃষক শ্ৰেণীৰ অধিক আয়খিনি পৰিয়ালৰ পুৰুষ সদস্যজনৰ সুখ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিহে ব্যয় কৰা হয়। কিন্তু পৰিয়ালত নাৰীৰ সুবিধাৰ বাবে এটা পৰিষ্কাৰ গা-ধোৱা ঘৰ অথবা টয়লেট ব্যৱস্থাকো অৱহেলা কৰা হয়। যদিও আয়ৰ পৰিমাণ অধিক হোৱা বাবে নাৰীয়ে কৃষিগত শ্ৰমৰ পৰা ৰেহাই পায়, তথাপিও ই নাৰীক ঘৰতে আৱদ্ধ হৈ পৰা বন্দীহে কৰি তোলে।

শেষৰ শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ আন এটা প্রধান দিশ হ’ল সমাজ ব্যৱস্থাত থকা পতিতালয়ৰ ধাৰণা। বহু নিম্ন বংশত নাৰীয়ে ইয়াক অর্থনৈতিক বিভাজনৰ কাৰক হিচাপে ধৰি ল’লে। এনে অৱস্থাত নাৰীয়ে শৰীৰ গোটেই পৰিয়ালৰে ভৰণ-পোষণৰ মাধ্যম হৈ পৰে।

8. Discuss about the sexual division of labour in the context of urban India.

উত্তৰঃ ভাৰতত শ্ৰমৰ লিংগভিত্তিক বিভাজন ধাৰণাৰ ওপৰত সামান্যতমো চিন্তা-চৰ্চা হোৱা নাই যে ই একোটা প্রাথমিক তত্ত্বগত বিশ্লেষণ আগবঢ়াব পাৰে। সেয়ে ওপৰত উল্লিখিত বিষয়ৰ ওপৰত মন্তব্য আগবঢ়োৱাতো কঠিন হ’ব। অৱশ্যে কেইটামান লক্ষণীয় বিষয় আমি আলোচনা কৰিব পাৰো ৷

বৃহৎ জনসংখ্যাৰে ভাৰত এখন বিশাল দেশ। ইয়াত জাতি, ৰীতি-নীতি আৰু আচৰণ আদিৰ ক্ষেত্ৰত বিভিন্ন বিৰাজমান। ইয়াত শ্রেণী, জাতি, ধর্ম, নৃতাত্ত্বিক আৰু আঞ্চলিক ভিন্নতা ইমানেই আছে যে সকলো সামৰি এটা সাধাৰণ তত্ত্ব আগবঢ়োৱাটো সম্ভৱ নহয় ৷ তথাপি আমি Madhu Kishwar আৰু Ruth Vanitaৰ দ্বাৰা সম্পাদিত “In Search of Answer” গ্ৰন্থখনৰ আধাৰতেই কিছু বিশ্লেষণ আগবঢ়োৱাৰ প্ৰয়াস কৰিম।

ভাৰতৰ নগৰাঞ্চলত শ্ৰমৰ লিংগভিত্তিক বিভাজনঃ 

যদিও ভাৰতৰ চহৰীয়া জীৱনত শ্ৰমৰ লিংগভিত্তিক বিভাজন বিষয়ে অধিক তথ্য পোৱা যায়, তথাপিও এক পদ্ধতিমূলক তথ্য সংগ্ৰহৰ মাধ্যমেদি ইয়াৰ ওপৰত বিশ্বাসযোগ্য মন্তব্য প্রদান কৰা সময় আহি পৰিছে।

শিক্ষিত আৰু উচ্চ বংশজাত পৰিয়ালত নাৰীক এটা স্বাধীন কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰা নহয়। ফলত আমি এনে বহু মহিলা পাব পাৰো যি চিকিৎসা বিভাগৰ স্নাতকোত্তৰ হৈও এটা সম্পূৰ্ণ গৃহিণীৰ জীৱন কটাই থাকিব লগাত পৰিছে। এনে পৰিয়ালত নাৰীৰ দক্ষতা আৰু পাৰদৰ্শিতা উলাই কৰা হয় আৰু তেওঁলোকক এটা সজ্জিত পুতলাৰ জীৱন উপহাৰ দিয়া হয়। নিয়োজিত শিক্ষিত মহিলাৰ ক্ষেত্ৰত এওঁলোকে সাধাৰণতে নাৰ্ছ, শিক্ষক, কেৰাণী, টাইপিষ্ট, ৰিচিপচনিষ্ট আদি চাকৰিতে সীমাবদ্ধ। যদিও নাৰীয়ে এনে কর্মক্ষেত্ৰত কঠিন কাম সম্পাদন কৰিব লগা হয়, তথাপিও এওঁলোকৰ কামক সদায় দ্বিতীয় পর্যায়ত হিচাপে গণ্য কৰা হয়। তাৰোপৰি নিজৰ ব্যক্তিত্ব বিকাশৰ বাবে নাৰীয়ে একোটা স্বাধীন কেৰিয়াৰ বাছি লোৱাৰ ক্ষেত্ৰতো তেওঁলোক বাৰে বাৰে অৱহেলিত হ’ব লগা হয়। 

এটা কথা উল্লেখনীয় যে নাৰীৰ যি ধৰণৰে কাৰিকৰী বিদ্যা নাথাকক কিয় তেওঁলোকক সদায়ে নিম্ন কৌশলৰ প্ৰয়োজন থকা কর্মতহে নিযুক্তি দিয়া হয়। যদিও সংবিধানত নাৰীৰ বাবে বহুখিনি সুবিধা (প্ৰসৱকালীন ছুটী আদি) আছে, তৎসত্বেও চাকৰিৰ সুযোগ অথবা পদোন্নতিৰ ক্ষেত্ৰত এইবোৰক নাৰীৰ বিপৰীতেহে ব্যৱহাৰ কৰা হয়। চাকৰিয়াল নাৰীয়ে সদায়ে পুৰুষ শাসিত পৰিৱেশৰ মাজত সংকোচিত আৰু ব্যক্তিত্বহীন জীৱন কটাব লগা হয়। নাৰীৰ কৰ্মৰ সাৰ্বজনীন মূল্যহীনতাৰ ধাৰণাই নাৰীক পুৰুষসকলক নাৰীৰ বিৰুদ্ধে লঘু মন্তব্য আৰু নিষ্পেষণ কৰিবলৈ প্ৰেৰণা দিয়ে। গ্ৰাম্য সমাজৰ দৰেই শিক্ষিত চহৰীয়া সমাজতো নাৰীয়ে নিজৰ আয়ৰ ওপৰতো অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে ৷

আনহাতে চহৰীয়া দুখীয়া আৰু অশিক্ষিত সমাজতো নাৰীয়ে সমানেই প্রতিকূল পৰিৱেশত জীৱন অতিবাহিত কৰিব লগা হয়। যিসকলে সম্পূৰ্ণৰূপে এটা গৃহিণীৰ জীৱন কটাব লগা হয়, তেওঁলোকে গ্রাম্য তিৰোতাৰ দৰেই এটা অস্বাস্থ্যকৰ পৰিৱেশত কঠোৰ পৰিশ্ৰম কৰিব লগা হয়। প্ৰকৃততে এওঁলোকৰ অৱস্থা গ্ৰাম্য তিৰোতাতকৈও অধিক শোচনীয় হৈ পৰে কিয়নো এওঁলোকৰ আনকি পৰিষ্কাৰ পানী, বায়ু আৰু পোহৰ একোকে নাপায়। আনহাতে যিসকলে কর্মত নিযুক্তি হয়, তেওঁলোকেও কম বেতনত ঘৰুৱা চাকৰ আদি কাম কৰিব লগা হয়। তাৰোপৰি আন বহুতো কাৰখানা আদিত কৰ্মত নাৰীসকলে মৰ্যাদাহীন কর্মত নিজকে নিয়োগ কৰিব লগা হয়৷ আনহাতে অতি ভয়ংকৰ কথাটো হ’ল যে দুখীয়া অশিক্ষিত চহৰীয়া পৰিয়ালত পুৰুষে নিজৰ আয়ৰ অধিকাংশই ৷ চিগাৰেট, মদ আদিৰ নামত ব্যয় কৰে। ফলত সন্তানৰ পোষণ আদি কাৰ্যত নাৰীয়ে দুর্ভোগ ভুগিব লগা হয়। 

আমি যদি গ্ৰাম্য আৰু চহৰীয়া পৰ্যায়ত শ্ৰমৰ লিংগভিত্তিক বিভাজনলৈ লক্ষ্য কৰো তেন্তে ভাৰতীয় নাৰীৰ নিষ্পেষিত অৱস্থা সহজেই আমাৰ দৃষ্টিগোচৰ হ’ব। নাৰীক সদায় কম বেতনৰ আৰু কম কৌশলৰ কৰ্মতহে নিয়োগ কৰা হয়। তেওঁলোকৰ হাতত কোনো ধৰণৰ প্ৰশাসনিক ক্ষমতা অৰ্পণ কৰা নহয় ফলত কৰ্মস্থানত তেওঁলোকে বাৰুকৈয়ে যন্ত্রণা ভুগিব লগা হয়। দৈনিক মজদুৰীৰ কার্যত পুৰুষতকৈ নাৰীৰ অধিক শোষণ কৰা হয়। নাৰীক প্রাকৃতিকভাৱেই কৃষিজাত আৰু ইয়াৰ বাহিৰেও আন কৰ্মত শ্ৰমিকৰূপে ব্যৱহাৰ কৰা হয় আৰু ঘৰুৱা সকলো দায়িত্ব অর্পণ কৰা হয়। এনেদৰে নিজৰ দীঘলীয়া কৰ্মৰাজিৰ পাছতো নাৰীয়ে পৰিয়ালৰ অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সমগুৰুত্ব নাপায়। সমাজৰ প্ৰতিটো পৰ্যায়তে নাৰীয়ে অৱহেলিত হ’ব লগাত পৰে। উৎপাদনৰ সকলো ক্ষেত্ৰতে, সাংগঠনিক বা অসাংগঠনিক সকলো পৰ্যায়তে নাৰীক সস্তীয়া শ্ৰমৰ উৎস জ্ঞান কৰা হয়। এনেদৰে ভাৰতীয় সমাজত নাৰী সদা উপেক্ষিত আৰু নিষ্পেষিত হোৱাৰ বিপৰীতে এওঁলোকৰ পুৰুষৰ সৈতে থকা সম্পর্কই ওপৰত উল্লেখিত শ্ৰমৰ লিংগভিত্তিক বিভাজনক সুন্দৰ ৰূপত প্ৰতিফলিত কৰে।

9. What do you mean by Gender?

উত্তৰঃ লিংগৰ অৱধাৰণাটো সম্প্রতি এক অতি গুৰুত্বপূৰ্ণ বিতৰ্কৰ বিষয়ৰূপে পৰিগণিত হৈছে। “লিংগ অভিধাটো বর্তমান সমাজতাত্ত্বিকভাৱে আৰু এক অৱধাৰণাগত শ্ৰেণীৰূপে ব্যৱহৃত কৰা হয় আৰু ইয়াৰ এক নিৰ্দিষ্ট অৰ্থ আছে। লিংগই পুৰুষ আৰু মহিলাৰ সামাজিক আৰু সাংস্কৃতিক সংজ্ঞাৰ লগতে সমাজে পুৰুষ আৰু মহিলাৰ মাজত বৈষম্য নিৰূপণ কৰি তেওঁলোকৰ ওপৰত পৃথক পৃথক সামাজিক ভূমিকা ন্যস্ত কৰাৰ পথক সূচিত কৰে। 

কুৰি শতিকাৰ মাজভাগত সমাজতাত্বিক শৃংখলাত নাৰীবাদী আদৰ্শই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ লোৱাৰ লগে লগেই লিংগৰ অৱধাৰণাটো পোহৰলৈ আহে। নাৰীবাদৰ অন্যতম বাটকটীয়া এন ওৱাকলেই পোন প্ৰথমবাৰৰ কাৰণে “লিংগ” শব্দটোৰ তেওঁৰ “Sex, Gender and Society (1972)” শীর্ষক গ্ৰন্থখনত ব্যাখ্যা আগবঢ়াইছিল। যদিওবা অকলেৰ পূৰ্বেও “লিংগ” অভিধাটো ব্যৱহাৰ কৰা হছিল যদিও অভিধাটোৰ এক সর্বজন গ্রহণযোগ্য সংজ্ঞা আগবঢ়াব পৰা নাছিল। Simone de Beauvoirয়ে তেওঁৰ “The Second Sex” শীর্ষক গ্ৰন্থখনত এই বুলি বর্ণনা কৰিছে যে সমাজত লিংগ অসমতাই পুৰুষসকলক পাউৰুতি উপার্জক হিচাপে গ্ৰহণ কৰা ভূমিকাৰ জৰিয়তে সমাজৰ উৰ্ধত স্থান দিয়াৰ অৱকাশ হৈছে। লিংগ অসমতাই সমাজত এনে এক অধিক্ৰমৰ সূচনা কৰিছে য’ত নেকি মহিলাসকলৰ স্থান মর্যাদা অৱদমিত কৰাৰ উপক্ৰম হৈছে। “লিংগ” অভিধাটো সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সমাজতত্ববিদসকলে যুক্তি দৰ্শাইছে যে “লিংগ” অভিধাটোৰ সংজ্ঞা দিবলৈ হ’লে তিনিটা বৈশিষ্ট্য অপৰিহাৰ্য। এই বৈশিষ্ট্যকেইটা হৈছে—

(ক) এক নির্দিষ্ট অৱস্থাৰ পৰিৱৰ্তে এক প্রক্রিয়া হিচাপে লিংগ।

(খ) ব্যক্তিবৰ্গ আৰু সমাজৰ এক বৈশিষ্ট্য হিচাপে লিংগ। 

(গ) বৈষম্য আৰু অসমতা সৃষ্টি কৰা এক ব্যৱস্থা হিচাপে লিংগ।

লিংগ অভিধাটোৰ সংজ্ঞা আগবঢ়াই এন ওৱাকলিয়ে কৈছে— “Gender is a matter of culture, it refers to the social classification of men and women into ‘Masculine’ and feminine.” অর্থাৎ লিংগ হৈছে সংস্কৃতিৰ লগত জড়িত এক বিষয়, ই পুৰুষ আৰু মহিলাসকলক ক্ৰমে ‘পুলিংগ’ আৰু ‘স্ত্ৰী-লিংগ’ লৈ সামাজিক শ্রেণীবিভাজন কৰাক সূচায়। জনসাধাৰণৰ মাজত পুৰুষ আৰু মহিলাসকলক সাধাৰণতে দৈহিক প্রামাণ্যতাৰ প্ৰসংগৰে সূচিত কৰা হয়। লিংগ হৈছে যৌন সম্পৰ্কীয় অসমতাৰ সামাজিক আনুষ্ঠানিকতা। ই এক সামাজিক পর্যায় বা স্তৰৰ ধাৰণা যিয়েই নেকি পুৰুষ আৰু মহিলাক নিৰ্দেশিত কৰাৰ লগতে সমাজত তেওঁলোকক তেওঁলোকৰ সম্পর্কিত ভূমিকা প্ৰদান কৰা হয় আৰু তেনেদৰে যোগাত্মক সামাজিক স্থান নিৰূপণ কৰা হয়। গতিকে ক’ব পৰা যায় যে জীৱ বিজ্ঞানত লিংগতা বা যৌনতাক যিটো ধাৰণা কৰা হয় সেইটোক সমাজ বিজ্ঞানত লিংগ বুলি অভিহিত কৰা হয়। মুঠৰ ওপৰত যিয়েই নহওঁক লাগে, পিতৃপ্রধান সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত লিংগৰ ধাৰণা মহিলাৰ অধীনস্থতাৰ এক আদৰ্শগত ব্যৱস্থাস্বৰূপ।

10. Distinguish between Gender and Sex? 

উত্তৰঃ লিংগ আৰু যৌনতাৰ মাজৰ প্ৰভেদঃ

যদিও সাধাৰণতে লিংগ আৰু যৌনতা (লিংগভেদৰ) মাজত পার্থক্য নাই যেন লাগে তথাপিও উভয়ৰ মাজত পাৰ্থক্য বিশেষকৈ শিক্ষাগত স্তৰত তলত দিয়া ধৰণৰ বিষয়ত প্রভেদ দেখা যায়। যেনে—

(১) সমাজত মানুহক লিংগৰ ভিত্তিত শ্রেণীবিভাজন কৰাৰ বাবে লিংগক এক পদ্ধতি বুলি অভিহিত কৰিব পাৰি। আনহাতে যৌনতা হৈছে গাঁথনিৰ পাৰ্থক্যৰ ভিত্তিত সমাজত মানুহক শ্রেণীবিভাগ কৰা। লিংগ হৈছে মানুহৰ সামাজিক শ্রেণীবিভাজন, যৌনতা হৈছে মানুহৰ জৈৱিক শ্রেণীবিভাগ। 

(২) লিংগ গঢ় দিয়া হয় আনহাতে যৌনতা (লিংগভেদ)ৰ জন্ম দিয়া হয়। এজন শিশুৱে ল’ৰা শিশু বা ছোৱালী শিশু হিচাপে জন্মগ্রহণ কৰে আৰু যেতিয়া সমাজত এক বিশেষ ভূমিকা পালন কৰে তেতিয়া এজন পুৰুষ আৰু এগৰাকী মহিলা হিচাপেহে বিকাশ লাভ কৰে। লিংগ হৈছে যৌনতাৰ কাৰ্যভিত্তিক ধাৰণা, যৌনতা হৈছে লিংগৰ জৈৱিক ধাৰণা ৷

(৩) লিংগৰ বৈশিষ্ট্যসমূহ (অর্থাৎ পুংলিংগ আৰু স্ত্ৰীলিংগ) সাংস্কৃতিক আৰু সামাজিকভাৱে সংগঠিত আনহাতে যৌনতাৰ ক্ষেত্ৰত সেইবিলাক জৈৱিক আৰু প্ৰাকৃতিকভাৱে সংগঠিত।

(৪) লিংগই প্রতিপালন আদিৰ প্ৰতিফলন ঘটায় আৰু যৌনতাই প্রকৃতিক প্রতিফলন কৰে। আন কথাত ক’বলৈ হ’লে লিংগই প্ৰতিপালনৰ ফলস্বৰূপে বিকাশ লাভ কৰে আৰু যৌনতাৰ বিকাশ হ’ল প্ৰকৃতিৰ প্ৰতিফলন। এগৰাকী পুৰুষ লিংগই প্ৰতিপালনৰ জৰিয়তে তেওঁৰ সংস্পৰ্শিত ভূমিকাত অভ্যস্ত হয়, কিন্তু মহিলা লিংগই নিজে নিজে অভ্যস্ত হয়।

(৫) পুৰুষৰ দৰে মহিলাৰ প্ৰকৃতিও যেতিয়া জৈৱিকতাৰ দ্বাৰা চূড়ান্ত কৰা হয় তেতিয়াও লিংগৰ আধিপত্যৰ সৈতে সম্পর্ক থাকে, পুৰুষৰ লগতে মহিলাৰ প্ৰকৃতিও যেতিয়া সামাজিকভাৱে সংগঠিত হয় তেতিয়া লিংগৰ আধিপত্যৰ ভিত্তিত হয়।

(৬) নাৰীবাদৰ মূল বিষয় হ’ল লিংগভিত্তিক বৈষম্যক দূৰ কৰা, কিন্তু যৌনতাক নহয়। নাৰীবাদ হৈছে এক স্ত্ৰীবাদী লিংগৰ আদৰ্শ যৌনতাৰ গাঁঠনিত থকা অসমতাৰ ভিতৰত লিংগ সমতাৰ বাবে যুক্তি প্ৰদৰ্শন কৰে।

(৭) লিংগভিত্তিক বঞ্চিতকৰণ এটা সামাজিক সমস্যা, আনহাতে যৌনতা অসমতা জন্মগত বিষয়।

(৮) যৌনতাৰ ভিত্তিত পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যই পৰিসংখ্যামূলক বিভাগৰ বিষয়ে ব্যক্ত কৰে, পুৰুষ এটা ভাগত পৰে আৰু মহিলা অন্য এটা ভাগত পৰে। পৰিসংখ্যামূলক শ্ৰেণীবোৰ নিজেই সামাজিক ধাৰণা মাত্ৰ আৰু সেয়ে এইবোৰ শ্ৰেণীয়ে সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত বেছি অৰ্থ নকৰে। এইটো হয় যেতিয়া সেইবোৰ বিভাগে সামাজিক গঠন আয়ত্ব কৰে আৰু বিশেষ ভূমিকা পালন কৰে আৰু তেতিয়াই এইবিলাক লিংগ সমতাৰ ভিতৰত সোমাই পৰে। 

তাৰোপৰি, লিংগ আৰু যৌনতাৰ মাজত অতিৰঞ্জিতভাৱে পাৰ্থক্য কৰাটো ভুল। কেৱল শৈক্ষিক ধাৰণাৰ ফালৰ পৰাহে উভয়ৰ মাজত পাৰ্থক্য কৰা হয়, কিন্তু অধিক ব্যাপক হিচাপে লোৱাটো উচিত নহয়। বাস্তৱিকতে জৈৱিক আৰু লিংগভিত্তিক পার্থক্যবোৰ সাৰশূন্য সদৃশ। ইয়াৰ যুক্তি হ’ল জৈৱিক পার্থক্যবোৰ লিংগৰ পাৰ্থক্যৰ ভেঁটি হ’ব নোৱাৰে। মহিলাসকল মাতৃ হ’ব লাগে কিন্তু মাতৃত্বৰ দায়িত্ববোৰ গ্ৰহণ কৰিব নালাগে। শিশু জন্ম দিয়া আৰু লালন-পালন কৰা দুটা পৃথক বিষয়। পুৰুষে মাতৃত্বৰ দায়িত্ব ল’ব পাৰে আৰু শিশুৰ লালন-পালনত সহায় কৰিব পাৰে। তদুপৰি শিশু জন্ম দিয়াটো এক সামাজিক অসুবিধা বা অৰ্হতাহীনতা বুলি মন্তব্য দিয়াটো ভুল কথা, ৰাজহুৱা জীৱনত মহিলাৰ ভূমিকাক অস্বীকাৰ কৰাটো উচিত নহয়। 

এই ধাৰণাটো কৰাটো ভুল যে কোনটো ব্যক্তিগত, বে-চৰকাৰী, ঘৰুৱা আৰু পাৰিবাৰিক সদায় অ-ৰাজনৈতিক। পুৰুষক ৰাজহুৱা আৰু মহিলাক ব্যক্তিগত হিচাপে প্ৰকাশ কৰাটো হৈছে ৰাজনীতিৰ সীমা সীমিত কৰা। সেই কাৰণে নাৰীবাদীসকলে বক্তব্য দিয়ে যে— “The Politics of everyday life”। চাইমন দ্য ব্যুভেৰে (Simone de Beauvoir) ইংগিত দিছে যে— “Women are made, they are not born.”। পৰিশেষত ক’ব পাৰি যে লিংগ বিভেদকৰণবোৰ হ’ল উগ্ৰ পুৰুষ জাতীয়তাবাদীসকলে সঠিক যুক্তিৰে সৃষ্টি কৰা বিষয়।

Essay type Questions

1. Write about the Development of patriarchy through human civilisation.

উত্তৰঃ মানৱ সভ্যতা বিকাশৰ বিভিন্ন স্তৰৰ মাজত পুৰুষ আৰু নাৰীৰ কৰ্মৰ পৰিচয় ফুটি উঠে। এই স্তৰবোৰে এনে ধৰণেৰে বিকশিত কৰিছে যে যাৰ দ্বাৰা কেৱল এনে ব্যৱস্থাৰ সৃষ্টি হৈছে যিটোৱে নেকি নাৰীৰ স্থান পুৰুষতকৈ অৱনমিত কৰি তুলিছে। ফ্রেডৰিক এঞ্জেলছে তেওঁৰ “পৰিয়াল, ব্যক্তিগত সম্পত্তি আৰু ৰাষ্ট্ৰৰ উৎপত্তি” শীর্ষক গ্ৰন্থখনত স্পষ্টভাৱে উল্লেখ কৰিছে যে সভ্যতাৰ বিকাশৰ প্ৰত্যেকটো স্তৰত পুৰুষে কঠিন কামসমূহ যেনে— চিকাৰ কৰা, খাদ্য সংগ্ৰহ কৰা, পৰিয়ালৰ সুৰক্ষা, যুদ্ধ কৰা আদি কামসমূহ সম্পাদন কৰাৰ বিপৰীত নাৰীয়ে সন্তান জন্ম দিয়া, পালন কৰা, ঘৰুৱা কাম-কাজ চোৱাঃচিতা কৰা কামসমূহ সম্পাদন কৰিছিল। এই কামবোৰৰ জৰিয়তে পুৰুষৰ স্থান আৰু মহিলাৰ স্থান সুকীয়াকৈ চিহ্নিত হ’বলৈ ধৰিলে। পুৰুষে কঠিন কামৰ বোজা লৈ লাহে লাহে কৰ্তৃত্বশীল মনোভাবেৰে চলিবলৈ ধৰিছিল আৰু ইয়েই লাহে লাহে পিতৃতান্ত্রিকতা ব্যৱস্থাৰ জন্মৰ ক্ষেত্ৰত অৰিহণা যোগায়৷ সভ্যতাৰ এই স্তৰটি প্রথম স্তৰ য’ত কৰ্তৃত্বশীল মনোভাবৰ প্ৰথম আৰম্ভণি হয়।

পিতৃতান্ত্রিকতাৰ বিকাশৰ দ্বিতীয়টো স্তৰ ব্যক্তিগত সম্পত্তি আহৰণ ব্যৱস্থাৰ বাবে পথ প্ৰশস্ত হোৱাৰ লগে লগে আৰম্ভ হয়। 

পুৰুষে কামৰ বোজাৰ লগতে যেতিয়া গধুৰ কামবিলাক কৰিবলৈ লৈছিল লাহে লাহে ব্যক্তিগত আণখিনি সঞ্চয় কৰাৰ মনোভাব জাগিছিল আৰু ইয়ে সন্মতি, সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণৰ প্ৰতি তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰে।

তৃতীয় স্তৰত মাতৃতান্ত্ৰিক ব্যৱস্থাৰ প্ৰচলন হৈছিল। পুৰুষৰ কৰ্তৃত্ব বজাই ৰাখিবৰ বাবেই এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ গোত্র ব্যৱস্থাৰ পৰিৱৰ্তন আনে। এই পৰিৱৰ্তনৰ জৰিয়তে সম্পত্তিৰ উত্তৰাধিকাৰীৰ ব্যৱস্থা কৰা হ’ল। উত্তৰাধিকাৰী ব্যৱস্থাৰ জৰিয়তে পুৰুষে আৰ্জিত ক্ষমতা আৰু কৰ্তৃত্ব পুত্ৰলৈ হস্তান্তৰ কৰাৰ প্ৰথা আৰম্ভ কৰিলে। এইদৰে ক্ৰমান্বয়ে মহিলাৰ স্থান অৱদমিত হোৱাৰ পথ প্ৰশস্ত হ’ল।

পিতৃতান্ত্ৰিকতাৰ প্ৰচলন অব্যাহত ৰখাৰ ক্ষেত্ৰত মহিলাসকলেও সমৰ্থন জনোৱা পৰিলক্ষিত হয়। এনে বহু জটিল সমস্যা থকা কাৰক আছে যিবিলাকৰ পৰিপ্ৰেক্ষিতত মহিলাসকল প্রত্যক্ষভাৱেই হওঁক বা পৰোক্ষভাৱেই হওঁক পুৰুষতন্ত্ৰবাদক অক্ষুণ্ণ ৰখাত অৰিহণা যোগাইছে। তলত তাৰে কেইটামান উল্লেখ কৰা হ’ল—

(ক) নাৰীৰ মানসিকতা বর্তমানেও পুৰুষৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ দৈহিক প্রয়োজনীয়তাৰ খাতিৰত কাৰণত তেওঁলোকে আত্মৰক্ষাৰ বাবে পুৰষৰ সহায় বিচাৰে।

(খ) মাতৃ হিচাপে নাৰীয়ে সন্তান প্ৰসৱ কৰাৰ পিছত সন্তানটিৰ লগত এনেদৰে থাকি ভাল পায় যে বাকী সকলোকে ত্যাগ কৰি হ’লেও তেওঁলোকে ঘৰতে সন্তানটিক নিজে যত্ন লোৱাৰ বাবে আগ্ৰহী হৈ পৰে।

(গ) মহিলাসকলৰ অন্য এগৰাকী মহিলাৰ সৈতে একগোট হৈ তেওঁলোকৰ হিতৰ কাৰণে কাম কৰাৰ নিদৰ্শন পুৰুষৰ তুলনাত নিচেই কম। যদিওবা কেতিয়াবা কৰা দেখা যায় তথাপি সেয়া চিৰস্থায়ী নহয় ৷

(ঘ) মহিলাসকলে তেওঁলোকৰ ঐতিহাসিক বুৰঞ্জীবিলাকৰ বিষয়ে সচেতন নহয়। পৰম্পৰাগত মূল্যবোধ ৰাজিৰ প্ৰতি বিশ্বাস আৰু ইয়াৰ লগত মানসিক আৰু অভ্যাসগতভাৱে মহিলাসকল জড়িত হৈ পৰে।

(ঙ) মহিলাসকলে বর্তমানেও শিক্ষা, অর্থনৈতিক অৱস্থা, ৰাজনৈতিক ক্ষমতা দখলৰ ক্ষেত্ৰত পুৰুষৰ সমতুল্য হ’ব পৰা নাই।

2. Define Patriarchy. Discuss about various patriarchal institutions of Women’s deprivation. 

Ans: পিতৃতান্ত্রিকতাৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে—

জুলিয়েট মিট্‌ছেল নামৰ এগৰাকী নাৰীবাদী মনঃস্তত্ববিদে পিতৃতান্ত্রিকতাৰ সংজ্ঞা আগবঢ়াই কৈছে যে “পিতৃতান্ত্ৰিকতাৰ ধাৰণাটো হৈছে বংশানুক্রমিক পদ্ধতি য’ত পিতৃয়ে এনেবিলাক পদ্ধতি প্রয়োগ কৰে”।

চিলভিয়া ওৱালবিয়ে তেওঁৰ ‘Theorising Patriarchy’ শীর্ষক গ্ৰন্থখনত পিতৃতান্ত্রিকতাৰ সংজ্ঞা আগবঢ়াইছে এনেদৰে— “Patriarchy is a system of social structure and practices in which men dominate, oppress and exploit women” অর্থাৎ পিতৃতান্ত্রিকতা হৈছে “সামাজিক সংৰচনা আৰু অভ্যাসৰ এক ব্যৱস্থা য’ত পুৰুষসকলে নাৰীসকলৰ ওপৰত আধিপত্য বিস্তাৰ, শাসন আৰু নিষ্পেষণ কৰাৰ পথ প্রশস্ত হয়।”

মহিলা সচেতনকাৰীসকলে পিতৃতান্ত্রিকতাৰ সংজ্ঞা আগবঢ়াই কৈছে— “পিতৃতান্ত্রিকতাই এক পদ্ধতি হিচাপে মহিলাসকলক শৰীৰ ভিত্তিক সিদ্ধান্তৰ উদ্দেশ্য নাকচ কৰাৰ সহায় কৰে।” শৰীৰ ভিত্তিক নিৰ্ধাৰণে সূচায় যে প্রাকৃতিকভাৱে পুৰুষ আৰু মহিলা তেওঁলোকৰ শাৰীৰিক দিশৰ পৰা পৃথক আৰু সেয়েহে উভয়ে পৃথক পৃথক ভূমিকাত অৱতীৰ্ণ হয়। আনহাতে এই সিদ্ধান্তৰ পৰিণাম হ’ল যে প্ৰতিজন পুৰুষ সদায় প্রভুত্বমূলক স্থানত থাকে আৰু মহিলা সদায় নিয়ন্ত্রণাধীন স্থানত থাকে।

পিতৃতান্ত্রিকতা সম্পৰ্কীয় উপৰোক্ত সংজ্ঞাসমূহ পৰ্যালোচনাৰ অন্তত ক’ব পাৰি যে পিতৃতান্ত্রিকতা হৈছে এক মতাদর্শ। যি প্রকাশ কৰে যে মহিলাসকলতকৈ পুৰুষসকল শ্ৰেষ্ঠ আৰু উচ্চ পুৰুষৰ দ্বাৰা মহিলাসকল নিয়ন্ত্রিত বা নিয়ন্ত্ৰণ হোৱা উচিত আৰু মহিলাসকল হৈছে পুৰুষৰ সম্পত্তিৰ অংশস্বৰূপ। অৱশ্যে এই পিতৃতান্ত্রিকতা পদ্ধতিৰ প্ৰকৃতি সমাজভেদে ইতিহাসৰ বিভিন্ন স্তৰত বিভিন্ন শ্ৰেণীৰ বাবে বিভিন্ন ধৰণৰ হ’ব পাৰে, যদিওবা ইয়াৰ মৌলিক নীতিসমূহৰ একো পৰিৱৰ্তন নহয়। 

উদাহৰণস্বৰূপে, আমাৰ আইতাসকলৰ সময়ৰ পিতৃতান্ত্রিকতাৰ অভিজ্ঞতা বৰ্তমানৰ দৰে নহয়। এই অভিজ্ঞতা জনজাতীয় মহিলা, উচ্চ বর্ণ হিন্দু মহিলা, আমেৰিকান মহিলা আৰু ভাৰতীয় মহিলাসকলৰ ক্ষেত্ৰত পৃথক পৃথক হয়। প্ৰতিটো সামাজিক পদ্ধতি বা ঐতিহাসিক পর্যায়ে ইয়াৰ নিজৰ পৰিৱৰ্তনসমূহত কেনেকৈ পিতৃতান্ত্রিকতাই কাম কৰে আৰু কেনেদৰে সামাজিক আৰু সাংস্কৃতিক কামসমূহ পার্থক্য নিৰূপণ কৰা হয় সেয়া সূচিত কৰে। ব্যক্তিৰ পৰিস্থিতি সমূহক যাতে সঠিকভাৱে পৰ্যালোচনা কৰি ইবিলাকৰ লগত েমাকাবিলা কৰাৰ বাবে উপযুক্ত কৌশল আহৰণ কৰিব পৰা যায় আৰু তাৰ বাবে উক্ত পার্থক্যসমূহক চিনাক্ত কৰাৰ আৱশ্যকতা আছে। 

পিতৃতান্ত্রিকতাত পুৰুষে কেনেদৰে নিয়ন্ত্ৰণ চলায় ? সাধাৰণতে নিম্নোক্ত মাধ্যমসমূহৰ ক্ষেত্ৰসমূহত পিতৃতান্ত্ৰিকতাৰ অধীনত পুৰুষৰ দ্বাৰা নাৰীসকল নিয়ন্ত্রিত হ’ব পাৰে— 

(১) নাৰীৰ উৎপাদন বা শ্রম ক্ষমতা (Women’s Productive or Labour Power ) : সাধাৰণতে নাৰীৰ উৎপাদন ক্ষমতাক ঘৰৰ ভিতৰত আৰু বাহিৰৰো বেতনভোগী কাম উভয় ক্ষেত্ৰতে পুৰুষে নিয়ন্ত্ৰণ চলায়। ঘৰৰ ভিতৰত প্ৰতিগৰাকী নাৰীকে গোটেই জীৱন তেওঁলোকৰ ল’ৰা-ছোৱালী, স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ কাৰণে সকলো ধৰণৰ সেৱা বিনা পাৰিশ্ৰমিকেৰে আগবঢ়াই আহিছে যাক চিলভিয়া ওৱালবিয়ে “পিতৃতান্ত্রিকতা উৎপাদনৰ বেহা বা পথ বুলি অভিহিত কৰিছে। মহিলাসকলৰ শ্ৰমতে তেওঁলোকৰ লগত একেলগে বসবাস কৰা স্বামী আৰু অন্যান্যসকলৰ দ্বাৰা হস্তক্ষেপ কৰা হয়। এইক্ষেত্ৰত চিলভিয়া ওৱালবিয়ে তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য আগবঢ়াই কৈছে যে— গৃহিণীসকল হৈছে উৎপাদক শ্ৰেণী, ইয়াৰ পৰিৱৰ্তে স্বামীসকল হৈছে হস্তক্ষেপ আৰু নিয়ন্ত্ৰণকাৰী শ্রেণী। মহিলাসকলৰ হাড়ভঙা অন্তহীন আৰু বাৰে বাৰে কৰি থকা পৰিশ্ৰমক শ্ৰম হিচাপে সমূলাংশে শ্রম বুলি গণ্য কৰা নহয় আৰু পত্নীসকলক তেওঁলোকৰ স্বামীসকলৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন অতিবাহিত কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে মহিলাসকলৰ পাৰিশ্ৰমিক পুৰুষসকলে কেৱল ঘৰৰ ভিতৰতে নহয় বৰং ঘৰৰ বাহিৰতো বিভিন্ন ধৰণে নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হয়। পুৰুষসকলে তেওঁলোকৰ পত্নীসকলৰ পৰিশ্ৰম বিক্ৰী কৰিবলৈ বাধা কৰায়। অন্যথা তেওঁলোকৰ স্বামীসকলে শ্রম কৰাত বাধা দান কৰিব পাৰে। নাৰীসকলে কি উপাৰ্জন কৰিব সেয়া পুৰুষসকলে আছুতীয়াকৈ নিৰ্ধাৰণ কৰিব পাৰে, আনকি নাৰীসকলক কামৰ মাজে মাজে বিৰতি লৈ নিৰ্ধাৰিত কাম সম্পাদন কৰিবলৈ পুৰুষসকলে অনুমতি প্রদান কৰিব পাৰে। মহিলাসকলক ভাল মজুৰি যুক্ত চাকৰিত নিয়োজিত হোৱাৰ পৰা বাহিৰত ৰখা হয়। ইয়াৰ পৰিৱৰ্তে নাৰীসকলক অতি নিম্ন দৰত তেওঁলোকৰ শ্রম বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা হয়। তাৰোপৰি নাৰীসকলক ঘৰৰ ভিতৰতে আৱদ্ধ থাকি যিবিলাক ঘৰুৱা ভিত্তিক উৎপাদনী কার্য সিবিলাকত নিয়োজিত থাকিবলৈ বাধ্য কৰোৱা হয়। 

এইবিলাককো শোষণমূলক পদ্ধতিৰ অন্তৰ্গত বুলিব পাৰি। মহিলাৰ শ্ৰমৰ ওপৰত চলোৱা নিয়ন্ত্ৰণ আৰু শোষণৰ অৰ্থ হৈছে যে পুৰুষসকল পিতৃতান্ত্রিকতাৰ পৰা পাৰ্থিৱভাৱে অৰ্জন কৰিবলৈ সক্ষম হয়। আন কথাত ক’ব পাৰি যে আমাৰ সমাজত পিতৃতান্ত্রিকতাৰ এক বস্তুগত বুনিয়াদ আছে। 

(২) মহিলাৰ পুনঃ উৎপাদন ক্ষমতা (Women’s Reproductive Power ) : সমাজৰ বিভিন্ন স্তৰত মহিলাসকলৰ পুনঃ উৎপাদনী ক্ষমতাক পুৰুষসকলে নিয়ন্ত্ৰণ কৰা দেখা যায়। এনে বহু সমাজ আছে য’ত ‘তেওঁলোকে কিমানজন সন্তান জন্ম দিব, কেতিয়া জন্ম দিব, তেওঁলোকে গভৰ্ভনিৰোধক ব্যৱহাৰ কৰিব নে নকৰে বা গৰ্ভধাৰণ বন্ধ কৰিব নে নকৰে এই সকলো বিলাক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত নাৰীসকলৰ কোনো ভূমিকা নাথাকে। নাৰীসকলৰ ওপৰত পুৰুষৰ ব্যক্তিগত জীৱনৰ নিয়ন্ত্ৰণৰ বাহিৰেও পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত গীৰ্জা আৰু ৰাষ্ট্ৰৰ দৰে অনুষ্ঠানসমূহও নাৰীৰ পুনঃ উৎপাদন ক্ষমতাৰ বিষয়ত নীতি-নিয়ম আদি নিৰ্ধাৰণ কৰি দিয়ে। ইয়াক আনুষ্ঠানিক নিয়ন্ত্ৰণ বুলিব পাৰি। উদাহৰণস্বৰূপে, কেথলিক গীৰ্জাসমূহত পুৰুষ পদানুক্রম নেতৃত্ব (ফাদাৰ) ই পুৰুষ আৰু মহিলাই জন্ম নিয়ন্ত্রণ পদ্ধতি প্ৰয়োগ কৰিব পাৰে নে নোৱাৰে, কোনটো পদ্ধতি সুবিধাজনক, মহিলাই অবাঞ্চিত সন্তানৰ গৰ্ভধাৰণ বা ভ্রূণ হত্যা কৰিব পাৰিবনে নোৱাৰে ইত্যাদি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হয়। মহিলাই কেতিয়া আৰু কিমান সংখ্যক সন্তান প্ৰসৱ কৰিব বিচাৰে সেইবিলাক ক্ষেত্ৰত স্বাধীনতা উপভোগৰ বাবে সমগ্র বিশ্বব্যাপি মহিলাসকলে অৱধাৰিতভাৱে যি সংগ্রাম চলাই আহিছে তাৰ পৰাই বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰত পুৰুষকেন্দ্ৰিক নিয়ন্ত্ৰণ আৰু আধিপত্য যে অধিক শক্তিশালী সেয়া স্পষ্ট ৰূপত প্রতিফলিত হয়। 

আধুনক সমাজত পিতৃতান্ত্ৰিক ৰাষ্ট্ৰই ইয়াৰ পৰিয়াল পৰিকল্পনা আঁচনিৰ জৰিয়তে মহিলাৰ পুনঃ উৎপাদন ক্ষমতাক নিয়ন্ত্ৰণ কৰি আহিছে। ৰাষ্ট্ৰৰ সন্তোষজনক জনসংখ্যাৰ আকাৰ ৰাষ্ট্রযন্ত্ৰই নিৰ্ধাৰণ কৰে আৰু সেই অনুসাৰে মহিলাসকলক ল’ৰা-ছোৱালী জন্ম দিয়াৰ বাবে সক্রিয়ভাৱে উৎসাহ বা নিৰুৎসাহ যোগায়। ভাৰতবৰ্ষত পৰিয়ালৰ আকাৰ সীমিতকৰণৰ বাবে কঠোৰভাৱে এক আক্রমণাত্মক জন্ম নিয়ন্ত্রণ আঁচনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে। মালয়েছিয়াত দেশৰ ঔদ্যোগিক খণ্ডৰ উৎপাদন বৃদ্ধিৰ বাবে এক সন্তোষজনক পৰিধিৰ আভ্যন্তৰীণ বজাৰ সুনিশ্চিতকৰণৰ বাবে মহিলাসকলক অধিক সন্তান জন্ম দিবলৈ উৎসাহিত কৰা হৈছে। একেদৰে ইউৰোপত জন্মৰ হাৰ একেবাৰে নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত মহিলাসকলক অধিকসংখ্যক সন্তান জন্ম দিবৰ বাবে বিভিন্ন উত্তেজনাৰ সৃষ্টিৰে মহিলাসকলক প্রলোভিত কৰা হয়। ইউৰোপত মহিলাসকলক সম্পূর্ণ পাৰিশ্ৰমিক আদায় দিয়া হয় আৰু অংশকালীন কৰ্মচাৰীসকলৰ বাবে বহু দীঘলীয়া মাতৃত্বৰ ছুটী, সন্তান লালন-পালনৰ সুবিধা আদি প্ৰদান কৰা হয়। এয়েই নহয়, আনকি কিছুমান দেশত আকৌ পুৰুষৰ পিতৃত্বৰ ছুটী আদিৰো বিধান আছে। 

ৰাষ্ট্ৰৰ অৰ্থনীতিৰ দ্বাৰা শ্ৰমিকৰ বৰ্ধিত চাহিদা অনুসৰি ৰাষ্ট্ৰৰ আদৰ্শ আৰু নীতি আদিৰ পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে, দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত জাৰ্মানীত ৰাষ্ট্ৰখনৰ পুনঃ নিৰ্মাণৰ বাবে শ্ৰম শক্তিৰ প্ৰয়োজনীয়তা আহি পৰিছিল আৰু তেনে পৰিস্থিতিত মহিলাসকলক কর্মসংস্থাপন প্ৰদান কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণ কাৰ্যত মহিলাসকলক অংশগ্রহণ কৰিবলৈ আহ্বান জনোৱা হৈছিল। ইয়াৰ বিপৰীতে গ্রেট বৃটেইনত এবাৰ যুদ্ধত বিজয়ী হোৱাৰ পিছত যিসকল মহিলাই যুদ্ধত প্রথম শাৰীতে অংশগ্রহণ কৰিছিল তেওঁলোকক স্ব-গৃহলৈ প্ৰত্যাগমন কৰিবলৈ কোৱা হৈছিল। কিয়নো সেই সময়ত কেৱল পুৰুষসকলেই শান্তি প্ৰতিষ্ঠাৰ কামত জড়িত হ’ব পাৰিছিল। মাতৃত্বৰ এই আদৰ্শই হৈছে চৰম নাৰীবাদীসকলৰ মহিলাৰ পৰিস্থিতি বিশ্লেষণৰ কেন্দ্ৰীয় বিষয়। চৰম নাৰীবাদীসকলৰ মতে, পিতৃতান্ত্রিক সমাজ ব্যৱস্থাত মহিলাসকলৰ ওপৰত মাতৃত্ব আৰু সন্তান প্ৰতিপালনৰ দায়িত্ব পালনৰ বাবে বল প্ৰয়োগ কৰাৰ ফলত মহিলাসকলে পুৰুষৰ অধীনস্থ হৈ থাকিবলগীয়া হয়। মহিলাসকলক উপযুক্ত গৰ্ভনিৰোধকাৰী তথ্যৰ পৰা বঞ্চিত কৰি মাতৃত্বৰ বোজা বহন কৰাৰ বাবে জোঁৰ দিয়া হয়। একে সময়তে মহিলাসকলক গৰ্ভনিৰোধ অসুবিধাজনক, মিতব্যয়ী, আনকি বিপদজনক বুলিয়েই সান্ত্বনা দিয়াৰ চেষ্টা কৰা হয়। চৰম নাৰীবাদীসকলৰ অভিমত হ’ল যে পিতৃতান্ত্রিকতাই মহিলাসকলক একেবাৰে ন্যূনতম আশ্ৰয়ৰ সুযোগ দিয়ে আৰু ইয়াক সম্পূৰ্ণৰূপএ সততে অস্বীকাৰ কৰে। কিন্তু একে সময়তে পুৰুষৰ অধীনস্থ মহিলাসকলৰ ওপৰত যৌন সম্ভোগ জড়িত থাকিবৰ কাৰণে প্ৰবল হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হয়।

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে, পিতৃতান্ত্রিকতাই মহিলাসকলক কেৱল মাতৃ হ’বলৈহে হেঁচা দিয়ে এনে নহয় বৰং ই তেওঁলোকৰ মাতৃত্বৰ চৰ্তাৱলীও নিৰ্ধাৰণ কৰি দিয়ে। মাতৃত্বৰ এই আদৰ্শক নাৰী নিৰ্যাতনৰ এক অন্যতম ভিত্তি হিচাপে গণ্য কৰা হয় কাৰণ ইয়েই পিতৃতান্ত্রিকতাক স্থায়িত্ব ৰূপ প্ৰদান কৰা পুলিংগ আৰু স্ত্ৰী-লিংগ চৰিত্ৰৰ শ্ৰেণীৰ সৃষ্টি কৰে। ৰাজহুৱা আৰু ব্যক্তিগত জীৱনৰ মাজৰ বিভাজনক ই অধিক ৰূপত শক্তিশালী কৰি তোলে। তাৰোপৰি ই মহিলাৰ গতি আৰু উন্নয়নৰ ধাৰাক সীমিত কৰি ৰখাৰ লগতে পুৰুষৰ আধিপত্যক পুনঃ স্থাপন কৰাত সহায় কৰে।

(৩) মহিলাৰ যৌনতাৰ ওপৰত নিয়ন্ত্রণ  (Control Over Women Sexuality ) : যৌন সম্ভোগৰ ক্ষেত্ৰত নাৰীসকলে আন এক প্ৰকাৰৰ পিতৃতান্ত্রিক নিয়ন্ত্ৰণৰ সন্মুখীন হ’বলগীয়া হয়। সাধাৰণতে, নাৰীসকলে যৌন সম্ভোগৰ ক্ষেত্ৰত সদায় নিজৰ স্বামীৰ ওপৰত নিৰ্ভৰ কৰে। আন অর্থত, মহিলাসকলে তেওঁলোকৰ নাৰীসকলৰ ৰুচি আৰু প্ৰয়োজন অনুসৰি যৌন সম্ভোগৰ সেৱা আগবঢ়াবলৈ বাধ্য থাকে। প্রতিখন সমাজতে বিবাহৰ বাহিৰ চ’ৰাত মহিলাৰ যৌনতা প্ৰদৰ্শনত প্ৰতিহত কৰাৰ বাবে সম্পূৰ্ণৰূপে নৈতিক আৰু আইনী শাসন ব্যৱস্থাৰ প্ৰচলন আছে। আনহাতে, প্রচলিত ধাৰা অনুসৰি পুৰুষৰ অবৈধ যৌন সম্পৰ্কৰ ক্ষেত্ৰত একপ্ৰকাৰৰ নীৰৱতা প্ৰদৰ্শন কৰা হৈছে। পুৰুষসকলে তেওঁলোকৰ পত্নী, জীয়েক বা অন্যান্য নাৰীসকলক যৌন সম্পৰ্কৰ ক্ষেত্ৰতো তেওঁলোকৰ নিয়ন্ত্রণাধীন কৰিব বিচাৰে। তেওঁলোকে যৌনতাক লৈ ব্যৱসায় কৰিব পাৰে৷ ধৰ্ষণ আৰু ধৰ্ষণৰ ভাবুকি প্ৰদৰ্শন আদিৰ দ্বাৰা মহিলাৰ যৌনতাক পুৰুষসকলে সন্মান জনোৱাৰ পৰিৱৰ্তে অৱমাননা আৰু দমন কৰিব পাৰে। উল্লেখনীয় যে মহিলাৰ যৌনতাক নিয়ন্ত্ৰণৰ বাবে তেওঁলোকৰ বস্তু, আচৰণ আৰু গতি-বিধিক অতি সাৱধানতাৰে পৰিয়াল, সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় আচৰণ বিধিৰ দ্বাৰা তদাৰকী তথা নিয়ন্ত্ৰণ কৰা হয়।

এজন চৰম নাৰীবাদী বিশ্লেষকে কৈছে, পিতৃতান্ত্রিকতাৰ অধীনত মহিলা কেৱল মাতৃয়েই এনে নহয় বৰং এওঁলোক যৌন দাসীও। পিতৃতান্ত্রিক মতাদর্শই মাতৃত্বৰ বিষয়টোক তাৎক্ষণিকৰূপে বাদ দি মহিলাক পুৰুষৰ আনন্দৰ বাবে যৌন উপভোগৰ সামগ্ৰী বুলি বিবেচনা কৰে। পিতৃতান্ত্রিকতাৰ ধাৰণা অনুসৰি প্ৰতিখন সমাজ ব্যৱস্থাতে বলাৎকাৰৰ অৱস্থিতি নাথাকিব পাৰে কিন্তু ই পিতৃতান্ত্ৰিকতাৰ এক গুৰুত্বপূৰ্ণ নিৰ্ধাৰণমূলক বৈশিষ্ট্য। পিতৃতান্ত্রিকতাই বলাৎকাৰক এক ফলপ্ৰসূ ৰাজনৈতিক কৌশল হিচাপে আৰু ক্ষমতাশালী শ্ৰেণীৰ সদস্যসকলে দুর্বলী শ্ৰেণীৰ সদস্যসকলৰ ওপৰত প্ৰয়োগ কৰা শোষণ আৰু নিষ্পেষণৰ এক ৰাজনৈতিক কাৰ্য হিচাপে গণ্য কৰে। চৰম নাৰীবাদীসকলে পিতৃতান্ত্রিকতাৰ অধীনত মহিলাৰ যৌনতাৰ ওপৰত থকা পুৰুষৰ নিয়ন্ত্ৰণৰ উপৰিও যৌনবৃত্তিৰ আনুষ্ঠানিকীকৰণ, বেশ্যাৰ কীৰ্তি ৰচনা আৰু বলপূর্বক বিসদৃশ যৌন কাৰ্যৰ ওপৰত তেওঁলোকৰ অধ্যয়ন কেন্দ্ৰীভূত কৰিছে। 

(৪) মহিলাৰ গতিশীলতা (Women Mobility) : মহিলাৰ যৌনতা, উৎপাদন, পুনঃউৎপাদনী ক্ষমতাক নিয়ন্ত্রণ কৰাৰ কাৰণে পুৰুষে মহিলাসকলৰ গতিশীলতাক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা অনুধাৱন কৰা পৰিলক্ষিত হয়। পৰ্দাৰ আৰোপকৰণ ঘৰুৱা স্থান ত্যাগ কৰাৰ ক্ষেত্ৰত নাৰীসকলৰ ওপৰত সীমাবদ্ধতা আৰোপ, ব্যক্তিগত আৰু ৰাজহুৱা জীৱনৰ মাজত দৃঢ় বিচ্ছিন্নকৰণ, লিংগৰ মাজত বাৰ্তালাপৰ ক্ষেত্ৰত সীমাবদ্ধতা আদি সকলোবিলাকেই মহিলাসকলৰ গতিশীলতা আৰু স্বাধীনতাৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰে এনেধৰণে যে এই আৰোপিত নিয়ন্ত্রকসমূহ মহিলাসকলৰ বাবেহে অৰ্থাৎ লিংগ বিশেষৰহে কাৰণ পুৰুষসকল এনেধৰণৰ দমন বা নিয়ন্ত্ৰণৰ অধীন হোৱা পৰিলক্ষিত নহয়। 

(৫) সম্পত্তি আৰু অন্যান্য অর্থনৈতিক উৎস (Property and other Economic Source) : পৰিয়ালৰ অধিকাংশ সম্পত্তি আৰু অন্যান্য উৎপাদনী সমস্যাসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত হয় আৰু এইবিলাক পুৰুষানুক্ৰমে এক প্ৰজন্মৰ পৰা আন এক প্রজন্মলৈ অতিক্ৰম কৰে অৰ্থাৎ পিতৃৰ পৰা পুত্ৰলৈ যায়। এয়েই নহয় আনকি য’ত মহিলাসকলৰ এনেধৰণৰ সমল আৰু উৎপাদনী সমল প্ৰাপ্তিৰ আইনগত অধিকাৰ থাকে তেনেক্ষেত্রতো সমগ্র শৃংখলিত প্রথাগত অভ্যাস, আৱেগিক তথা সামাজিক চাপ, সামাজিক অনুমোদন আৰু কেতিয়াবা কেতিয়াবা নীৰৱ সংগ্রাম ইত্যাদিয়ে মহিলাসকলক তেওঁলোকৰ প্ৰকৃত নিয়ন্ত্ৰণ অধিকাৰউপভোগৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ পৰিৱৰ্তে অধিকাৰসমূহ হ্রাস কৰাহে পৰিলক্ষিত হয়। এনেদৰে মহিলাসকল সৰ্বত্ৰ অৱহেলিত হৈ ৰয়। ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যাত আগবঢ়োৱা এক ব্যাখ্যাৰ পৰা এইটো স্পষ্ট হয় যে বিশ্বত প্রতিঘণ্টাত সম্পাদিত হোৱা কাৰ্যৰ ৬০%তকৈও অধিক কার্য মহিলাসকলে সম্পন্ন কে কিন্তু বিশ্বৰ আয়ৰ ১০%হে মহিলাসকলে লাভ কৰে আৰু বিশ্বৰ মুঠ সম্পদ ৰাজিৰ ১% মাত্র মহিলাসকলে আহৰণ কৰে।

(৬) আইনগত ব্যৱস্থা (Legal System) : বিশ্বৰ প্ৰায়বিলাক ৰাষ্ট্ৰৰেই আইনগত ব্যৱস্থাটো পিতৃতান্ত্ৰিক আৰু আমোলাতান্ত্রিক অৰ্থাৎ ই পুৰুষ শ্ৰেণী আৰু অৰ্থনৈতিকভাৱে আঢ্যৱন্ত শ্ৰেণীটোৰ প্ৰতি অধিক সহানুভূতিশীল হোৱা দেখা পৰিলক্ষিত হয়। পৰিয়াল, বিবাহ আৰু উত্তৰাধিকাৰীতাৰ সৈতে জড়িত আইনসমূহৰ সৈতে সম্পদৰ ওপৰত পিতৃতান্ত্রিক নিয়ন্ত্ৰণ নিবিড়ভাৱে সম্পর্কিত। দক্ষিণ এছিয়া অঞ্চলটোৰ প্ৰতিখন ৰাষ্ট্ৰতে প্ৰতিটো আইনগত ব্যৱস্থাই পুৰুষক পৰিয়ালৰ মুৰব্বী হিচাপে ল’ৰাছোৱালীৰ স্বাভাৱিক অভিভাৱক হিচাপে আৰু সম্পত্তিৰ মুখ্য উত্তৰাধিকাৰী হিচাপে গণ্য কৰে। ন্যায়িক সমীক্ষাৰ ব্যৱস্থা, ন্যায়পালিকা, ন্যায়াধীশ আৰু অধিবক্তাসকলৰ চিন্তাধাৰাৰ ক্ষেত্ৰত আৰু লগতে আইনৰ ব্যাখ্যাৰ ক্ষেত্ৰতো পিতৃতান্ত্ৰিকতাৰ মনোভাব পৰিস্ফুট হোৱা দেখা যায়। 

(৭) ৰাজনৈতিক ব্যৱস্থা আৰু অনুষ্ঠানসমূহ (Political System and Institutions) : সমাজৰ প্ৰায় সকলোবিলাক ৰাজনৈতিক অনুষ্ঠানৰ সকলো পর্যায়তে অর্থাৎ গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় সংসদ পর্যন্ত পুৰুষৰ আধিপত্য আৰু নিয়ন্ত্ৰণ বিদ্যমান। ভাৰতৰ ৰাজনৈতিক দল আৰু অন্যান্য সংগঠন বিলাকৰ লগত এমুঠিমান মহিলাহে জড়িত হৈ আছে যিসকলে ৰাষ্ট্ৰৰ ভাগ্য নিয়ন্ত্ৰণত অৱদান যোগায়। কেতবোৰ গুৰুত্ব ৰাজনৈতিক পদবীত অধিষ্ঠিত হয়, ইয়াৰ মূলতে তেওঁলোকৰ নিজা প্রচেষ্টা আৰু অধ্যৱসায় ৷ উদাহৰণস্বৰূপে ভাৰতৰ সর্বোচ্চ শিখৰৰ পদবী হিচাপে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্রতিভা দেৱী সিং পাটিলকো এক সুন্দৰ নিদর্শন হিচাপে উপস্থাপন কৰিব পাৰি। অৱশ্যে তেওঁলোকৰ এই দক্ষতাৰ অন্তৰালত সাধাৰণতে কিছুমান সংগঠন, শক্তিশালী ৰাজনৈতিক পুৰুষৰ ভূমিকা অন্তর্নিহিত হৈ থাকে। এই মহিলাসকলে পুৰুষৰদ্বাৰা প্ৰণিত নীতি আৰু গাঁথনিৰ মাজতে কাৰ্যনিৰ্বাহ কৰে। প্ৰসংগক্ৰমে উল্লেখ কৰি থোৱাটো উচিত হ’ব যে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ সমূহত বিশ্বৰ অন্যান্য প্ৰান্তৰ তুলনাত মহিলাসকলৰ প্ৰতিনিধিত্ব (ৰাজনৈতিক অনুষ্ঠানসমূহত) তুলনামূলকভাৱে কম হোৱা যেন পৰিলক্ষিত হয়। “

(৮) গণমাধ্যমসমূহৰ নিয়ন্ত্ৰণ (Mass Media) : গণ মাধ্যম হৈছে এনে এক গুৰুত্বপূৰ্ণ আহিলা যাৰ জৰিয়তে শ্ৰেণী আৰু লিংগভিত্তিক মতাদৰ্শক প্ৰচাৰ কৰা হয়। এই গণ মাধ্যমবিলাক উচ্চ শ্ৰেণীৰ আৰু উচ্চ সম্প্ৰদায়ৰ নিয়ন্ত্ৰণত থাকে। বোলছবি আৰু দূৰদৰ্শনৰ পৰা আৰম্ভ কৰি আলোচনী, সংবাদ পত্র, ৰেডিঅ’ আদি সকলোবিলাকে মহিলা বিষয়ক প্রতিচ্ছবিখন বিকৃত ৰূপত চিত্রায়িত কৰা পৰিলক্ষিত হয়। পুৰুষৰ আধিপত্য আৰু মহিলাৰ অধীনস্থতাৰ সংবাদসমূহ নিৰৱচ্ছিন্নভাৱে সংবাদ মাধ্যমবিলাকত প্ৰচাৰ কৰা হয়। মহিলাৰ বিৰুদ্ধে আতিশয্য, হিংসাৰ সংবাদসমূহ বিশেষকৈ চলচ্চিত্র বিলাকত প্রবলভাৱে সম্প্ৰচাৰিত কৰা হয়। অন্যান্য খণ্ডসমূহৰ নিচিনাকৈ বৃত্তিগতভাৱেও চালে সংবাদ মাধ্যমসমূহত মহিলাসকলৰ নিম্ন প্রতিনিধিত্বৰ পৰিৱৰ্তে পুৰুষশ্রেণীৰ বহুদিনীয়া প্ৰভুত্ব পৰিলক্ষিত হয়।

(৯) শিক্ষানুষ্ঠান আৰু জ্ঞান পদ্ধতি (Educational Institutions and Knowledge System) : যেতিয়াৰে পৰা শিক্ষণ আৰু শিক্ষা প্ৰণালীবদ্ধ আৰু আনুষ্ঠানিকীকৰণ হৈছে তেতিয়াৰে পৰাই জ্ঞান দর্শন, ধর্মীয় আইন, সাহিত্য, কলা, বিজ্ঞান আদিৰ দৰে ক্ষেত্ৰসমূহত পুৰুষৰ আধিপত্য চলি আহিছে। জ্ঞান সৃষ্টিৰ ক্ষেত্ৰত পুৰুষ শ্ৰেণীটোৰ এনে প্রভুত্ব বিস্তাৰে মহিলা শ্ৰেণীটোৰ জ্ঞান আৰু অভিজ্ঞতাৰ লগতে তেওঁলোকৰ বিশেষ কৌশল আৰু আশাৰ ক্ষেত্রসমূহক সংকীর্ণ কৰি তুলিছে। এনে বহু সংস্কৃতি আছে য’ত মহিলাসকলৰ ওপৰত ধর্মীয় পুথি-পাঁজি ইত্যাদি অধ্যয়ন কৰাৰ ক্ষেত্ৰত পদ্ধতিগতভাৱে মহিলাসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। ইমানেই নহয়, আনকি বর্তমান সময়তো নিচেই কম সংখ্যক মহিলাকহে ধর্মীয় আৰু আইনী সাহিত্য তথা গ্ৰন্থৰাজি অধ্যয়ন কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হয়।

3. Discuss about the structure of patriarchy. 

উত্তৰঃ চিলভিয়া ওৱালবিয়ে পিতৃতান্ত্রিকতাৰ ছটা সংৰচনা সংজ্ঞায়িত কৰিছিল আৰু সেইবোৰ তলত উল্লেখ কৰা হ’ল। 

(১) মজুৰিপ্ৰাপ্ত শ্ৰমিকসকল পিতৃতান্ত্রিকতাৰ প্ৰথমটো আৰ্হি বা গাঁথনি। মহিলা শ্রমিকসকলে একেটা কামকে কৰি পুৰুষতকৈ  কম পাৰিশ্ৰমিক লাভ কৰাটোৱে পিতৃতান্ত্ৰিকতাৰ প্ৰথমটো গাঁথনি সূচিত কৰিছে।

(২) ঘৰৰ ভিতৰত শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ জৰিয়তে মহিলাসকলে ঘৰুৱা কাম-কাজ, সন্তান লালন-পালন কৰাৰ দৰে প্রাথমিক দায়বদ্ধতাসমূহ পালন কৰিবলগীয়া হৈছে।

(৩) পিতৃতান্ত্রিকতা সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সংস্কৃতিয়ে এক তাৎপর্যপূর্ণ ভূমিকা গ্ৰহণ কৰে। সাধাৰণতে, সংস্কৃতিৰ নামতে বহুক্ষেত্ৰত মহিলাসকল পুৰুষৰ অধীনস্থ হৈ ৰোৱা পৰিলক্ষিত হয়। আমাৰ সংস্কৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পৌৰাণিক শাস্ত্ৰবিলাকেও অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যি কি নহওক, বহু সময়ত এই সংস্কৃতিয়ে নিজেই মহিলাসকলক ব্যৱহাৰৰ আহিলা হিচাপে চিত্রায়িত কৰাও পৰিলক্ষিত হয়। 

(৪) বিসদৃশ যৌনগত সম্পর্কৰ্ক পিতৃতান্ত্রিকতার এক উপাদান হিচাপে বিবেচনা কৰা হয়।

(৫) মহিলাসকলৰ বিৰুদ্ধে ঘৰৰ ভিতৰত আৰু কাৰ্যালয়ত পুৰুষৰ যি আতিশয্য সেই আতিশয্যক পিতৃতান্ত্ৰিকতাৰ এক গাঁথনি স্বৰূপ বুলি অভিহিত কৰা হয়।

(৬) পুৰুষ আৰু মহিলাক বিভাজিত কৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰই এক আধিপত্যমূলক আৰু পিতৃতান্ত্রিক ভূমিকা পালন কৰে।

উল্লেখযোগ্য যে আন কেতবোৰ উপাদান আছে যিবিলাকক নেকি পিতৃতান্ত্ৰিকতাৰ গাঁথনিৰ অধ্যয়নৰ ক্ষেত্ৰত কোনো প্ৰকাৰে উলাই কৰিব নোৱাৰি। গাৰ্ডাৰ লানাৰৰ মতে “পিতৃতান্ত্রিকতাৰ মৌলিক গাঁথনি হৈছে পৰিয়াল।” পৰিয়াল হৈছে এনে এক পদানুক্রমিক ব্যৱস্থা য’ত পুৰুষজন শ্ৰেষ্ঠ আৰু আধিপত্যৰ গৰাকী, মহিলাসকল সদায় বহতীয়া আৰু নিয়ন্ত্রিত। প্রায় সকলোবিলাক ক্ষেত্ৰতে পুৰুষক পৰিয়ালৰ মুৰব্বী বুলি বিবেচনা কৰা হয় আৰু পুৰুষ মুৰব্বীজনে মহিলাসকলৰ ওপৰত দৈহিক আৰু মানসিকভাৱে নিয়ন্ত্ৰণ সাব্যস্ত কৰে। পৰিয়ালত পুৰুষ উত্তৰাধিকাৰী সৃষ্টি কৰাৰ ক্ষেত্ৰত মহিলাসকলেই হৈছে প্ৰধান আহিলাস্বৰূপ। এনেদৰেই পৰিয়ালেই হৈছে পিতৃতান্ত্রিকতাৰ প্ৰধান সংৰচনা। এয়েই নহয়, আনকি মাতৃতান্ত্রিক সমাজতো পুৰুষৰ যি আধিপত্যমূলক ভূমিকা সেয়া সঁচাকৈয়ে লেখত ল’বলগীয়া।

শৈক্ষিক অনুষ্ঠানসমূহ শৈক্ষিক অনুষ্ঠানসমূহ হৈছে পিতৃতান্ত্রিকতাৰ দ্বিতীয়টো সংৰচনা ৷ মহিলাসকলক পদ্ধতিগতভাৱে অধীনস্থ কৰি ৰখাৰ ব্যৱস্থা শৈক্ষিক ব্যৱস্থাৰ লগে লগে সূত্রপাত হয়। উল্লেখযোগ্য যে মহিলাসকলে শতিকাজুৰি শৈক্ষিক অনুষ্ঠানসমূহৰ্ত প্ৰৱেশ আৰু জ্ঞান আহৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত যদিওবা মহিলাসকলক অনুমতি প্ৰদান কৰা হয়৷ তৎসত্ত্বেও মহিলাসকলক পবিত্র মহিলা হিচাপে, মহিলাৰ উৎসর্গিত প্রতিচ্ছবি, এক অতি স্বভাৱসুলভ পত্নী হিচাপে কন্যা মাতৃ আদি হিচাপে মহিলাসকলক উপস্থাপনৰ জৰিয়তে পিতৃতান্ত্ৰিকতাৰ স্বৰূপ ব্যক্ত হয়।

ধৰ্ম আৰু ধৰ্মীয় অনুষ্ঠানসমূহো হৈছে আন এক পিতৃতান্ত্রিক সংৰচনা। মহিলাৰ ভূমিকাক নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰত ধৰ্মৰ গুৰুত্ব অপৰিসীম। সকলো প্ৰধান ধৰ্মকেই উচ্চ শ্ৰেণীৰ আৰু উচ্চ পুৰুষৰ দ্বাৰা সৃষ্টি, ব্যাখ্যা আৰু নিয়ন্ত্ৰণ কৰা হৈছে। মহিলাসকলক কেতবোৰ ধৰ্মীয় কাম-কাজ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হয়। মহিলাসকলক কেতবোৰ ধৰ্মীয় স্থানত প্ৰৱেশ কৰাত বাধা প্রদান, পুৰুষ দেৱতাসকলক নায়কৰ ৰূপত উপস্থাপন, পুৰুষৰ আধিপত্যৰ বিদ্যমান। এই সকলোবিলাকে মহিলাসকলৰ সমাজত স্থান পুৰুষতকৈ অৱনমিত কৰি তুলিছে। 

সম্পত্তিৰ উত্তৰাধিকাৰ লিংগ সংৰচনাৰ আন এক গুৰুত্বপূৰ্ণ দিশ। সম্পত্তিৰ ধাৰণাটোৰ আবিৰ্ভাৱ হোৱাৰে পৰা পুৰুষসকলকে সম্পত্তিৰ একমাত্ৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰি অহা হৈছে। যি কি নহওক ওৱালবিয়ে বিশ্বাস কৰে যে ৰাজহুৱা আৰু ব্যক্তিগত উভয় গাঁথনিতে মহিলাৰ অৱনমিত মর্যাদা বিদ্যমান হোৱা পৰিলক্ষিত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top