ফকৰা যোজনা – ভাব বহলাই লিখা – Fokora Jujona In Assamese

Join Telegram channel

ফকৰা যোজনা – ভাব বহলাই লিখা, ব্যাকৰণ Fokora Jujona In Assamese, অসমীয়া ফকৰা যোজনা, Assamese Proverbs, Fokora Jujona In Assamese.

 (আ)

★ আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন? 

⇒ পৃথিৱীৰ সকলো প্ৰকাৰৰ স্নেহতকৈ মাতৃস্নেহ শ্ৰেষ্ঠ। নৈৰ চিৰন্তন গতি প্ৰবাহৰ দৰেই মাতৃমস্নেহো চিৰন্তন আৰু ই জগতৰ সকলো প্রকাৰৰ স্নেহৰ তুলনাত শ্ৰেষ্ঠ। 

★ আগফালে মাৰো ডাং, পাছফালে ধোবাং বাং। 

⇒ আনক চহকী বুলি দেখুওৱাৰ কাৰণে প্রয়াস কৰা। দৰাচলতে কোনো ধৰণৰ আৰ্থিক নিৰাপত্তা নথকা লোকে নিজৰ লাওলোৱা স্বৰূপটো আনৰ আগত দেখুওৱাৰ ভয়ত গোপন কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰা। 

★ আগ গুণি নুগুণে পাছ, লোভত মৰে বৰশীৰ মাছ । 

⇒ আগতে চিন্তা নকৰাকৈ যিকোনো কাম কৰিলে ভৱিষ্যতে তেনে কামে জীৱনলৈ বিপত্তি কঢ়িয়াই আনিব পাৰে। লোভত পৰি বৰশীৰ টোপ গিলিবলৈ গৈ মাছে বিপদত পৰাৰ দৰে মানুহেও বিপদৰ মুখামুখি হ’ব পাৰে। 

★ আগলৈ চাই মাৰিলো হায়, পিছলৈ চাই সাৰথি নাই। 

⇒ ভাবি-গুণি নোচোৱাকৈ কৰা কামে মানুহৰ বিপদ ঘটাব পাৰে। সেয়ে যিকোনো কাম কৰাৰ আগতে আগ-পাছ গুণিহে কাম কৰা উচিত। 

★ আগ চাই আনিবা, পিছ চাই দিবা

তাৰ পৰিণাম পিছত পাবা। 

⇒ ছোৱালী বিয়া কৰাওঁতে ছোৱালীক ৰূপ গুণ আৰু ঘৰধৰিব পৰা দিশটো চাইহে বিয়া কৰাব লাগে। তেনেদৰে বিয়া দিয়াৰ ক্ষেত্ৰতো দৰাঘৰৰ অৱস্থা, বংশ-পৰিয়াল, লৰাব স্বভাৱ-চৰিত্ৰ চাইহে বিয়া দিব লাগে। 

★ আগতে আছিলো দোৱনী গাই, গোৱালে বুলিছিল আই। 

এতিয়া হ’লো নেজ খুৰীয়া, জাকতো নিদিয়ে ঠাই। 

⇒ উপাৰ্জন ক্ষমতা থকালৈকে মানুহে আনৰ পৰ৷ শ্ৰদ্ধা ভক্তি লাভ কৰে। কিন্তু উপাৰ্জনহীন হ’লে তেনে শ্ৰদ্ধাৰ পৰা বঞ্চিত হয়। গাখীৰতী গাইকহে গোৱালে আদৰ কৰাৰ দৰে উপাৰ্জনক্ষম লোককহে মানুহে আদৰ কৰে। 

★ আইৰ ঘৰলৈ যাম, দুই হাতে খাম। 

কণা-বিধাতাই বোলে মই পাছে পাছে যাম।

⇒ ভাগ্য বেয়া হ’লে মানুহে কেতিয়াও বিপদৰ পৰা হাত সাৰিব নোৱাৰে। মাকৰ ঘৰত গৈ সুখেৰে খোৱাৰ স্বপ্নও দুৰ্ভাগ্যৰ কাৰণে অসাৰ প্রতিপন্ন হ’ব পাৰে। 

★ আকালৰ ভাত, নিদানৰ মাত। 

⇒ আকালৰ সময়ত অন্নদান কৰিলে মানুহে পুণ্য অৰ্জন কৰে। তেনেদৰে বিপদৰ সময়ত মানুহৰ খবৰ লোৱা উচিত। তেতিয়া মানুহৰ সৈতে আন্তৰিকতা বৃদ্ধি হয়। 

★ আৰ্জে নন্দ-গোৱালে, খায় বোন্দা শিয়ালে। 

⇒ সৎ লোকে উপাৰ্জন কৰা ধন উপাৰ্জনকাৰীৰ প্রতি শ্ৰদ্ধা নথকা৷ লোকে জধে-মধে খৰচ কৰে আৰু তাৰ পৰিণতি ভোগ কৰে উপাৰ্জনকাৰীয়ে। তেওঁলোকৰ কষ্টৰ প্রতি দুষ্টলোকৰ সহানুভূতি নাথাকে। 

★ আধি মাটি মৰগীয়া হাল-তাক নকৰি বহি থকাই ভাল। 

⇒ এনেয়ে আধি খেতিৰ পৰা সুফল লাভ কৰিব নোৱাৰি, তাতে যদি মৰগীয়া হাল বাই আধি খেতি কৰা হয়, তেন্তে কষ্টহে বাঢ়ে, তাৰপৰ কোনো লাভ নহয়। 

★ আছে গৰু নাবায় হাল, হোৱাতকৈ নোহোৱাই ভাল। 

⇒ অকৰ্মণ্য মানুহৰ সৈতে সঙ্গত পৰিলে কোনোধৰণৰ সুফল লাভ নহয়। গৰু থাকিও পথাৰত হাল নাবালে যেনেকৈ গৰুহাল গোহালিত ৰখাৰ কোনো কাম নাথাকে৷ 

★ আহক বাৰিষা কাতক পাত, ৰৈ যা ভিনিহি খাই যা ভাত। 

⇒ পাম পাম বুলি আশা পালি ৰৈ থাকিলে কেতিয়াও আশা পূৰণ নহয়। গতিকে নিষ্ফল আশা পৰিত্যাগ কৰা উচিত। 

★ আহিল কণা গ’ল কণা, খাগৰি কাটিলে তিনি অনা। 

⇒ পৃথিৱীত জন্ম লৈ মানুহে যদি সজ কাম কৰিব নোৱাৰে তেন্তে মানৱ জনম বৃথা। কোনো কামত একাগ্ৰতা নাথাকিলে কেৱল অহা-যোৱা কৰিলেই মানুহে কাম সম্পাদন কৰিব নোৱাৰে। কামৰ প্ৰতি আগ্ৰহ আৰু আনত্তৰিকতাও থাকিব লাগিব। 

★ আকালৰ ভাত, আপদৰ মাত। 

⇒ বিপদত খবৰ লোৱাটো মানুহ মাত্ৰৰে কৰ্তব্য। আকালৰ সময়ত অন্নদান কৰা আৰু আপদৰ সময়ত মাতযষাৰ লগোৱোটো মানৱীয়তাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ । 

★ আলচা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। 

⇒ আলচা কাম সময়মতে নকৰিলে তেনে কামৰ পৰা কোনো সুফল পোৱা নাযায়। আলচা কামে কেতিয়াবা অসুবিধাতো পেলাব পাৰে। 

★ আবতৰীয়া বেঙেনাই মোক তোল মোক তোল কৰে। 

⇒ অযোগ্যজনে উচ্চস্থানলৈ যাবৰ কাৰণে খাটনি ধৰাটো নিত্য নৈমিত্তিক ঘটনা। সেয়ে তোষামোদকাৰী সকলৰ পৰা নির্দিষ্ট দূৰত্ব ৰক্ষা কৰি চলা উচিত। 

★ আছে কাপোৰ আছে জাৰ, নাই কাপোৰ নাই জাৰ। 

⇒ মানুহৰ সুবিধা-অসুবিধা সকলো নিজৰ মনৰ ওপৰত নিৰ্ভৰশীল। সেয়ে অৱস্থা চাই ব্যৱস্থা কৰা দেখা যায়। 

★ আজি ভিক্ষাৰিণী কালিলৈ পাটৰাণী। ৷ 

⇒ ভাগ্যৰ বলত কেতিয়াবা মানুহৰ জীৱনলৈ নভবা-নিচিন্তাকৈয়ে পৰিৱৰ্তন আহিব পাৰে। আজিৰ ভিক্ষাৰিণীয়েই কালিলৈ পাটৰাণী হ’বগৈ পাৰে। মুঠতে মানৱ জীৱন ভাগ্যৰ দ্বাৰা নিয়ন্ত্রিত। 

★ আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভঙ্গ কৰা। 

⇒ নিজৰ ক্ষতি সাধন কৰিও কিছুমান মানুহে আনৰ অপকাৰ কৰিব বিচাৰে ৷ মানুহৰ ঈর্ষাকাতৰ স্বভাৱে কেতিয়াবা আনৰ অপকাৰ কৰিবলৈ গৈ নিজৰোে ডাঙৰ অপকাৰ কৰিব পাৰে। 

★ আপদ কালত বুদ্ধি হয় হত। 

যুধিষ্ঠিৰে বুদ্ধি নুসুধিলে মাধৱত।। 

⇒ মানুহে বিপদৰ সময়ত ধৈৰ্য ধৰা উচিত। কিয়নো বিপদৰ সময়ত মানুহৰ হিতাহিত চিন্তা নোহোৱা হয়। গতিকে ভূল সিদ্ধান্ত গ্ৰহণ কৰি নিজৰো বিপদ ঘটাব পাৰে। 

★ আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা। 

⇒ আদা আৰু কেতুৰিৰ দেখাত সাদৃশ্য থাকিলেও দৰাচলতে দুয়োবিধ বস্তু সমানেই মানুহৰ হিতকাৰী নহয়। কেতিয়াবা আযোগ্যজনেও যোগ্যজনৰ দৰে সন্মান বিচৰাৰ অৰ্থত এনেদৰে কোৱা হৈছে। 

★ আদা ৰোৱে যি, ঠেঙুলি ভাঙে সি। 

যিজনে কোনো কাম আৰম্ভ কৰে, তেওঁহে সেই কামৰ পৰিসমাপ্তি ঘটাব পাৰে। গতিকে কোনো কামৰ আদি-অন্ত জানৌতাজন সৰ্বদিশতে অভিজ্ঞ ৷

★ আহাৰ, নিদ্ৰা ভয়; বঢ়ালে বৃদ্ধি হয়। 

⇒ অভ্যাসৰ যোগেদি মানুহে খাদ্যাভ্যাস, নিদ্ৰা আৰু ভয়ভাব নিয়ন্ত্ৰণ কৰিব পাৰে। এইবোৰ বঢ়ালে বাঢ়ে, কমালে কমে। 

★ আহিন-কাতিত দোহে গাই; ষাঠি বছৰত বোলে আই। 

⇒ আহিন-কাতি মাহত গৰুৰ গাখীৰ খিৰাবলৈ পোৱা আৰু ষাঠি বছৰলৈকে মাতৃক সম্বোধন কৰিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা। এনে সৌভাগ্য সকলোৰে নঘটে। 

★ আৰ্জে মানে নাটে, সীয়ে মানে ফাটে। 

⇒ খৰচ কৰিব নাজানিলে অধিক উপাৰ্জন কৰিও কোনে ধৰণৰ সুফল লাভ কৰিব নোৱাৰি। ভাগ্য বেয়া হ’লে যত্ন কৰিলেও মানুহে কোনো ধৰণৰ সুফল নাপায়। 

★ আঁতৰৰ বৌ-বৰালী; ওচৰৰ পুঠি-খলিহা। 

⇒ আনৰ মূল্যবান বস্তুতকৈ ওচৰৰ কম মূল্যৰ বস্তুয়েও মানুহক বেছি উপকাৰ কৰিব পাৰে। সেয়ে দূৰৈৰ ভাল বস্তুৰ প্রতি হেঁপাহ ত্যাগ কৰ৷ উচিত। 

★ আঁকৰীক নকৰিবা হেলা, আঁকৰীক পাবা বিপদৰ বেলা। 

⇒ ৰূপৱতী নহ’লেও বিপদৰ সময়ত গুণৱতী তিৰোতাইহে মানুহক সহায় কৰে। সেয়ে গুণৱতী তিৰোতা দেখিবলৈ কেনেকুৱা তাত গুৰুত্ব নিদি তেওঁলোকৰ সেৱাৰ মনোভাৱ আৰু অন্তৰৰ সৌন্দৰ্যতহে গুৰুত্ব দিয়া উচিত।

★ আগফালে তেতেলী, পাছফালে ঔ; 

সেইঘৰ মানুহ মৰিলনে নৌ।। 

⇒ মানুহে ঘৰৰ সামপ্ৰিক মঙ্গলৰ কাৰণে ঘৰৰ আগফালে তেতেলী আৰু পিছফালে ঔগছ ৰোপণ নকৰে। এনে কাৰ্যৰ যোগেদি ভৱিষ্যতে ঘৰৰ অপায়-অমঙ্গল হ’ব পাৰে বুলি প্রচলিত ধাৰণাৰ বাবে তেনে কৰা হয়। 

★ আগে ধন পাছে তিৰী, তেহে হ’বা ঘৰৰ গিৰী। 

⇒ মানুহে বিয়া-বাৰু কৰোৱাৰ আগতে ধন উপাৰ্জনৰ দিশটোৰ প্রতি চকু দিয়া উচিত। আগতে ধন ঘটিহে বিয়া-বাৰুৰ চিন্তা কৰিব লাগে। 

★ আৰ চিগা চুলি তাৰ চিগাচুলি। 

মাৰি যাওঁ নেঘেৰী খোপা।। 

⇒ লোকৰ বস্তুৰ ওপৰত মালিকীস্বত্ব খটুৱাবলৈ বিচাৰি কিছুমান মানুহে চেষ্টা কৰা দেখা যায়। এওঁলোকৰ নিজা একো নাথাকে, যেনেকৈ চুলি নথকা তিৰোতাই নেঘেৰী খোপা মাৰিবলৈ কৃত্ৰিম চুলিৰ সহায় লয়। 

★ আপোন কি পৰ হ’ব, শিমলু কি চন্দন হ’ব। 

⇒ আপোনজনেহে মানুহক বিপদত সহায় কৰিব পাৰে, পৰে কেতিয়াও মানুহক বিপদত সহায় নকৰে। শিমলু কেতিয়াও চন্দন হ’ব নোৱাৰাৰ দৰেই পৰ কেতিয়াও আপোনজনৰ দৰে হ’ব নোৱাৰে। 

★ আদাৰে ভোজন, শিলিখাৰে শুদ্ধি 

তেহে জানিবা শৰীৰ সিদ্ধি। 

⇒ আহাৰৰ সৈতে আদা ভোজন কৰিলে শৰীৰৰ উপকাৰ হয়। তেনেদৰে, শিলিখাৰে মুখশুদ্ধি কৰিলেও শৰীৰৰ উপকাৰ হয়। 

Read Also: Students Introduction to English Grammar Free eBook Download

See Next page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top