ফকৰা যোজনা – ভাব বহলাই লিখা,ফকৰা যোজনা ব্যাকৰণ, Fokora Jujona In Assamese, অসমীয়া ফকৰা যোজনা, Assamese Proverbs, Fokora Jujona In Assamese.
( ভ )
★ ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেৱ ডৰায় ।
⇒ ক্ষমতাশালী লোকলৈ সকলোৱে ভয় কৰে। গতিকে কোনেও তেনে লোকৰ বিৰুদ্ধাচৰণ নকৰে ।
★ ভকতত কৰিবা দান, তেহে পাবা বৈকুণ্ঠত স্থান ।
⇒ ভকতক দান কৰিলেহে পুণ্য হয়। সৎকৰ্মত ভকত বৈষ্ণৱক দান কৰিলে মানুহৰ বৈকুণ্ঠত স্থান লাভ হয়।
★ ভাল ভাল ঘোঁৰাই নেপাই ঘাঁহ। ভতুৱা ঘোঁৰাই বিচাৰে মাহ ।
⇒ ভাল লোকেও নোপোৱা বস্তু কেতিয়াবা সাধাৰণ লোকে বিচাৰি হাবাথুৰি খায়। ভাল ঘোঁৰাই ঘাঁহ বিচাৰি নোপোৱা ঠাইত ভতুৱা ঘোঁৰাই মাহ বিচাৰি আমনি কৰে ।
★ ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি ।
⇒ মানুহে খোৱা-বস্তুৰ লগত তিতা মিহলি হ’লেও খাব পাৰে কিন্তু, আনৰ তিতা কথা শুনিব নোৱাৰে ।
★ ভাতে-কাপোৰে গিৰি, পিন্ধনে-উৰণে তিৰী ।
⇒ অভাৱশূণ্য ঘৰখনহে প্ৰকৃত ঘৰ। অভাৱ-অনাটন নথকা ঘৰত আনন্দ বিৰাজ কৰে। সাজ-পাৰতহে নাৰীৰ সৌন্দৰ্য প্ৰকাশ পায় ।
★ ভক্তি নাই ভকতৰ বেশ মাত্ৰ ধৰে ।
ফল নাই বিৰিখৰ টুপ টুপ সৰে ।
⇒ কিছুমান মানুহৰ অন্তৰত ভক্তিভাৱ নাই আৰু আনক দেখুৱাবলৈ ভকতৰ বেশ ধাৰণ কৰি ফুৰে। ভক্তিৰ তত্ব নজনা লোকৰ পৰা তেনে তত্ব শুনিবলৈ আগ্ৰহ কোনেও নকৰে ।
★ ভাল কাপোৰ নষ্ট হয় জাপত, পুত্ৰ নষ্ট হয় নুসুধি বাপত ।
⇒ দেউতাকক নোসোধাকৈ চলা পুত্ৰ নষ্ট হয়। তেনেদৰে ব্যৱহাৰ নকৰাকৈ থকা কাপোৰ জাপতে নষ্ট হয় ।
★ ভাল কৃষি নষ্ট হয় মাজে ল’লৈ বাট ।
ভাল নাৰী নষ্ট হয় নিতৌ বেহালে হাত ।
⇒ খেতিপথাৰৰ মাজেদি মানুহ অহা-যোৱা কৰিলে ভাল খেতিও নষ্ট হয়। তেনেদৰে নিতৌ হাত বেহালে ভাল নাৰীও নষ্ট হয় ।
★ ভালে পায় ভালক, জাবৰে পায় খালক ।
⇒ ভালৰ লগত সাধাৰণতে মানুহ ভাল হয়। সেইকাৰণে ভাল সঙ্গ লোৱা উচিত। বেয়া সঙ্গত থাকিলে মানুহ বেয়া হয় । খালত জাবৰ জমা হোৱাৰ দৰেই ভাল মানুহো বেয়া সঙ্গত পৰি বেয়া হয় ।
★ ভাল ঘৰৰ বান্দীকো আনিবা, বেয়া ঘৰৰ সুন্দৰাকো নানিবা ।
⇒ ভাল ঘৰৰ বান্দীও বিয়া-বাৰুৰ কাৰণে উপযুক্ত কাৰণ, তেওঁলোক প্ৰয়োজনীয় সাংসাৰিক জ্ঞান অভিজ্ঞতা আহৰণ কৰি ৰুচিবোধ উন্নত কৰে। আনহাতে বেয়া পৰিবেশত ডাঙৰ-দীঘল হোৱা সুন্দৰীও প্ৰত্যাখ্যান যোগ্য ।
★ ভায়ে ভায়ে দ্বন্ধ লাগে পৰে পায় আশ;
স্বামী-স্ৰীৰ দ্বন্ঘ লাগে ঘৰতে বনবাস ।
⇒ ভাই-ককাইৰ মাজত হোৱা দ্বন্দ পৰক আসৈ দিয়ে। আনহাতে স্বামী স্ত্রীৰ মাজত হোৱা দ্বন্দ্বই ঘৰুৱা শান্তি বিঘ্নিত কৰি পৰিয়াললৈ দুখ আৰু অশান্তি কঢ়িয়াই আনে ।
★ ভাণ্ড পৰশি লৱণু থবা, শিষ্য পৰশি তত্ত্ব ক’বা ৷
⇒ পাত্ৰ ভালনে বেয়া চাইহে তাত বস্তু থ’ব লাগে। তেতিয়াহে বস্তু সুৰক্ষিত থাকে। তেনেদৰে শিষ্যৰ স্বৰূপ চাইহে তেওঁলোকক তত্ত্বকথা প্ৰদান কৰিব লাগে। সকলো শিষ্যকে সকলো কথা কোৱা অনুচিত ।
★ ভকতে নেমাৰে যদি ভাই, বামুণে নেমাৰে যদি গায়,
মহন্তই নেখায় যদি মদ, পাব ক’ত পৰমপদ ?
⇒ ভকতে যদি ৰিপু দমন কৰিব নোৱাৰে, বামুণে যদি বেদ অধ্যয়ন নকৰে, সাধু-মসন্তই যদি লোভ-মোহ, কাম আদি ৰিপুবোৰ দমন কৰিব নোৱাৰে, তেন্তে ভকতি নৰয়, ঈশ্বৰক নেপায়। (ইয়াত ভাই-মন ভাই। খায়-বেদ । মদ-ৰিপুসমূহ ইত্যাদি ।)
★ ভক্তিয়াৰ পো ভক্তি কৰে, ভক্তিৰ নাই কণ,
নাই নাই গুণ নাই, প্রসাদ খাবৰ মন ।
⇒ গুৰুৰ ওচৰত শৰণ লৈ ভক্ততত্ব গ্ৰহণ কৰি যদি কোনোবাই হৰিনাম স্বৰূপ অমৃতক আওকাণ কৰে, তেনে লোকে কেৱল বিষয়সুখত মজি থকাটোহে বিচাৰে, ভক্তিপৰায়ণ নহয়। (ভক্তিয়াৰ–গুৰু, পো-শিষ্য। প্রসাদ-বিষয়সুখ ।)
★ ভাইৰ সমান বন্ধু নাই, বিপদৰ বন্ধু পাবলৈ নাই ।
⇒ ভাইৰ সমান বন্ধু নাই, তেওঁলোকে বিপদৰ সময়ত বন্ধুৰ দৰেই সহায় কৰে। তেনেদৰে বন্ধুৰ চিন বিপদতহে, সম্পদৰ সময়ত বহুতো বন্ধু পোৱা যায়। কিন্তু বিপদত সকলোৱে গা এৰা দিয়ে ।
★ ভোকত ভাত, পিয়াহত পানী, তাক নেখালে বল হয় হানি ।
⇒ মানুহৰ শাৰীৰিক শক্তি সাম্যৰ্থ অটুট ৰাখিবলৈ হ’লে ভোকত ভাত আৰু পিয়াহত পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ কথা।
সময়মতে প্ৰয়োজনীয় খাদ্য গ্ৰহণ নকৰিলে স্বাস্থ্য হানি হয় ।
See Next page No Below…

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.