Feminism Theory And Practice Unit 2 Approaches to the study of Feminism

Feminism Theory And Practice Unit 2 Approaches to the study of Feminism Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Feminism Theory And Practice Unit 2 Approaches to the study of Feminism Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Feminism Theory And Practice Unit 2 Approaches to the study of Feminism Question Answer can be of great value to excel in the examination.

Feminism Theory And Practice Unit 2 Approaches to the study of Feminism

Join Telegram channel

Feminism Theory And Practice Unit 2 Approaches to the study of Feminism Notes cover all the exercise questions in UGC Syllabus. The Feminism Theory And Practice Unit 2 Approaches to the study of Feminism provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Approaches to the study of Feminism

POLITICAL SCIENCE

FEMINISM THEORY AND PRACTICE

নাৰীবাদ : তত্ত্ব আৰু প্ৰয়োগ

Very objectives type questions.

1. Who wrote the book “The Dialectic of Sex”? 

Ans: Shulasmith Firestone.

2.  Name the author of the book “Sexual Politics”?

Ans: কেট মিলেট।

3. ___authored the book “The Second Sex”.

Ans: চাইমন দ্য ব্যুভেৰ।

4. ne Proponent of Radical feminism?

Ans: কেট মিলেট।

5. What do you mean by “Approach”?

Ans: কোনো এক সমস্যা বিশ্লেষণ বা পৰ্যবেক্ষণৰ আহিলা।

6. Name the Proponent of Marxist Approach to the study of Women’s Studies.

Ans: এঞ্জেলছ।

7. What do you mean by “Second Wave of Feminism”?

Ans: “Second Wave of Feminism” হৈছে ১৯৬০ চনত আমেৰিকাত যুক্তৰাষ্ট্ৰত আৰম্ভ হোৱা নাৰী সজাগতা এক আন্দোলন।

8. Who wrote the book the book “The Femine Mystique”?

Ans: বেটী ফ্রিয়েজন।

9. Mention any two advocate of Liberal Approach to Women’s Studies.

Ans: উইলষ্টন ক্রাফট, কেভী ষ্টেণ্টন।

10. When “Married Women’s Property Act” was passed?

Ans: ১৮৪৮ চনত।

11. Who Wrote the book “The Origin of the Family, Private Property and the State”?

Ans: এঞ্জেলছ। 

12. “Wage Labour is a form of exploitation and Prostitution of Labour”- who said?

Ans: মার্ক্সে কৈছিল।

Choose the correct answer: 

1. Temminist Approaches are the method or ways to investigate and analyse the different issues of women. Write Yes or No.

Ans: Yes.

2. The Profounder of liberal Approach is

J.S. Mill/Mary Wollstoncraft/Betty Frieden. 

Ans: Mary Wollstoneraft.

3. The book “The subjection of Women” was written by J.S. Mill/Mary Wollstoncraft/Gloria Steinem.

Ans: J.S Mill.

4. Liberal Approach focus on the establishment of equality between men and women. Write Yes or No.

Ans: Yes.

5. The Profounder of Marxist Approach to the Women’s Studies is, Karl Marx/Fredrich Angel/ August Bebel.

Ans: Karl Marx.

6. The book “The origin of the Family, Private property and the State” was written by Karl Marx/Fredrich Angel/Dalla Costa.

Ans: Karl Marx.

7. The profounder of Radical Approach is Simone de Beaovoir/Kate Millet/Mary Daly.

Ans: Mary Daly.

8. Radical Approach is extreme in nature, Write Yes or No.

Ans: Yes.

9. The book “The Second Sex” was written by kate Millett/Simone de Beaovoir/Mary Daly.

Ans: Simone de Beaovoir.

10. The book “Sexual Politics” was writen by Kate Millett/Simone de Beaovoir/Betty Frieden. 

Ans: Kate Millett.

11. The profounder of Third World Approach is Kate Millett/Betty Frieden/Chanhra Talpade Mahanty.

Ans: Chanhra Talpade Mahanty.

12. The Third World Approach is an one sided approach. Write Yes or No.

Ans: Yes.

Short type questions-

1. Basic assumption of Liberal Approach to feminism.

Ans: উদাৰনৈতিক দৃষ্টিভংগীৰ কেন্দ্ৰীয় ধাৰণা মূলতঃ ব্যক্তিবাদৰ ওপৰত প্রতিষ্ঠিত। প্রতিজন লোকৰে নিজৰ ব্যক্তিত্ব আৰু সন্মোহিত গুণৰাজিৰ বিকশিত কৰাৰ অধিকাৰ আছে আৰু প্রত্যেকে কর্তৃত্বৰ মৌলিক দায়িত্ব হৈছে। ব্যক্তিক ব্যক্তিত্বৰ আৰু গুণৰাজিৰ বিকাশৰ সুযোগ প্রদান কৰা। অধিকাৰবিলাক নাৰী আৰু পুৰুষৰ বাবে সমানেই প্রয়োজনীয়। নাৰী সকলক স্বেচ্ছাৰীভাৱে অধিকাৰসমূহ

উপভোগ কৰাৰ পৰা বঞ্চিত কৰাটো সম্পূৰ্ণৰূপে অন্যায় আৰু এনে কার্য দীর্ঘদিনৰ বাবে চলি থাকিবলৈ দিব নালাগে। কোনো আদর্শ গণতন্ত্রই নাৰীক অধিকাৰ উপভোগৰ পৰা বঞ্চিত কৰি প্ৰতিষ্ঠিত হ’ব নোৱাৰে৷ কিছুমান উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকে নাৰীবাদ অর্থাৎ নাৰীৰ সম অধিকাৰৰ সৈতে সুখৰ ধাৰণাটোক সংলগ্ন কৰিব বিচাৰে। তেওঁলোকৰ যুক্তি হ’ল যে, সম অধিকাৰৰ অবিহনে নাৰীয়ে সুখো লাভ কৰিব নোৱাৰে। আৰু এনে অৱস্থাত নাৰীৰ সন্মোহিত গুণৰাজিৰো বিকাশ সাধন নহয়। তেওঁলোকৰ মতে, নাৰীসকলৰ ৰাজনৈতিক অধিকাৰৰ নিশ্চয়তাইহে তেওঁলোকৰ সুখ লাভৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে। উদাৰনৈতিক নাৰীবাদীসকলে নাৰীৰ শিক্ষা লাভৰ অধিকাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল।

2. Characteristic of Liberal Approach to feminism.

Ans: সামগ্রিকভাৱে বিশ্লেষণ কৰিলে উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যবিলাক তলত আলোচনা কৰা হ’ল—

(১) সংস্কাৰবাদী: উদাৰনৈতিক নাৰীবাদৰ কেন্দ্ৰীয় বিষয় হৈছে সংস্কাৰবাদীতা। অৱশ্যে চৰম বিপ্লৱৰ জৰিয়তে সমাজৰ সামগ্ৰিক পৰিৱৰ্তনৰ লগত উদাৰনৈতিক নাৰীবাদ জড়িত নহয়। উদাৰতাবাদী নাৰীবাদে অধিকাৰ আৰু সুযোগ-সুবিধাসমূহৰ বিতৰণৰ যি প্ৰচলিত ব্যৱস্থা তাৰো বিৰোধিতা কৰে। বৰ্তমান পুৰুষৰ আধিপত্যৰ অধিকাৰ আদিৰ বিতৰণৰ ব্যৱস্থাক নাৰীৰ সপক্ষে সংস্কাৰ সাধন কৰিব পাৰিলেহে নাৰীসকলে নিজৰ ব্যক্তিত্ব আৰু সন্মোহিত গুণৰাজিৰ বিকাশ সাধন কৰিব পাৰিব বুলি নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে মতপোষণ কৰে।

(২) পুৰুষ-নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানক অস্বীকাৰ: মহিলাৰ অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে পুৰুষ আৰু নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানক অস্বীকাৰ কৰে। তেওঁলোকৰ মতে, নাৰীসকলে সকলো ধৰণৰ কাৰ্য সম্পাদনৰ বাবে যোগ্য নহয়। উদাৰ নাৰীবাদীসকলৰ মতে, পুৰুষ-নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানসমূহ মনত ৰাখি সকলো ধৰণৰ অধিকাৰ আৰু সুযোগ-সুবিধা সকলোৰে কাৰণে সমানে উন্মুক্ত থাকিব লাগে। সকলো ব্যক্তিয়ে নিজৰ যোগ্যতা অনুসৰি এনে অধিকাৰ আৰু সুবিধাসমূহ উপভোগ কৰিব। ৰাষ্ট্ৰই কোনো ধৰণৰ কৃত্রিম ব্যৱধানৰ সৃষ্টি কৰিব নোৱাৰিব।

(৩) নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে, পুৰুষ আৰু নাৰীৰ মনৰ আসক্তি, অভিৰুচি আদি বেলেগ বেলেগ আৰু যিকোনো মূল্যৰে বিনিময়ত এনে প্রভেদসমূহক ধৰি ৰাখিব লাগিব।

(৪) মহিলা অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ সমৰ্থকসকলে বিশ্বাস কৰে যে প্রচলিত সমাজ ব্যৱস্থাক নাৰীৰ পক্ষে শান্তিপূর্ণভাৱে আবেদন নিবেদন, আন্দোলন আৰু অন্যান্য উপায়েৰে সলনি কৰিব পৰা যায়।

3. Criticism of Liberal Approach to feminism.

Ans : উদাৰতাবাদী নাৰীবাদক কেৱল মাত্ৰ নাৰীবাদৰ বিৰোধী সকলেই নহয়, বৰং কিছুমান নাৰীবাদীয়েও সমালোচনা কৰিছিল।

(১) স্ববিৰোধী: উদাৰ নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ কেতিয়াবা বিভিন্ন ধ্যান-ধাৰণাসমূহক লৈ নিজৰ ভিতৰতে মত বিৰোধ ঘটে।

(২) উদাৰ নাৰীবাদী সকলে পৃষ্ঠপোষকতা কৰা নিঃলিংগকৰণ সমাজ ব্যৱস্থা সাধাৰণ অৰ্থত সম্ভৱপৰ নহয়। ‘নাৰীত্ব’ গুণৰ গৰাকী হোৱাৰ সুবাদতে এগৰাক নাৰীক নাৰী হিচাপে সন্মান জনোৱা হয়। সন্তান প্ৰসৱ কৰা, সন্তানৰ যত্ন লোৱা, গৰ্ভধাৰণ কৰা আদি নাৰীৰ এক বৈশিষ্ট্য। নাৰীবাদীসকলে ভবাৰ দৰে ইবিলাকে এগৰাকী নাৰীক নিম্নখাপৰ কৰি নেপেলায়।

(৩) উদাৰ নাৰীবাদীসকলে কোৱাৰ দৰে কেৱল ব্যক্তিগত অধিকাৰ, ব্যক্তি স্বাধীনতা আদিৰ সমাজৰ উন্নতি আনিব নোৱাৰে। এখন সমাজৰ উন্নতি সাধন হ’ব নোৱাৰে। সমাজৰ উন্নতি অবিহনে ব্যক্তিৰ উন্নতি অর্থহীন।

(৪) উদাৰনৈতিক নাৰীবাদী ধাৰণাই ইয়াৰ নিজৰ পৰিসীমাৰ ভিতৰতে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিছুমান মহিলাই লাভান্বিত হোৱা সত্ত্বেও ৰাজনীতিত ক্ষমতা আৰু কৰ্তৃত্ব আহৰণৰ ক্ষেত্ৰত বা আন কাম-কাজত অংশগ্ৰহণৰ ক্ষেত্ৰত পুৰুষ আধিপত্যৰ প্রচলন থকা দেখা যায়।

(৫) উদাৰনৈতিক নাৰীবাদৰ লক্ষ্যক বহুতে অস্বীকাৰ কৰিছিল। তেওঁলোকৰ মতে, উদাৰনৈতিক নাৰীবাদীসকলে সমাজ ব্যৱস্থাত প্রচলিত শ্রেণীব্যৱস্থা, প্রতিযোগিতা, অধিক্রমিক ব্যৱস্থা ইত্যাদিক অৱজ্ঞা কৰি কেৱল মধ্যম শ্ৰেণীৰ মহিলাসকলৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। সমাজত প্ৰচলিত প্রচলিত শ্রেণীব্যৱস্থা, বর্ণ বৈষম্য আদিৰ কাৰণে মহিলাসকলৰ লগতে বহুতো পুৰুষেও অৱদমিত হ’ব লগা হয়।

(৬) উদাৰতাবাদীসকলে ৰাষ্ট্ৰক নিৰপেক্ষ অনুষ্ঠান হিচাপে বিবেচনা কৰা আৰু লিংগ সমতা প্রতিষ্ঠা কৰাৰ বাবে ৰাষ্ট্ৰৰ ক্ষমতাক প্ৰয়োগ কৰিব বিচৰা নীতিক বহুতে সমালোচনা কৰিছে। কিছুমান সমালোচকৰ মতে, ৰাষ্ট্ৰক কেৱল পুৰুষে শাসন নকৰে বৰং পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাৰ প্ৰয়োজনীয়তাকো প্রতিবিম্বিত কৰে।

4. Basic features of Marxist Feminism.

Ans: মার্ক্সীয় নাৰীবাদৰ বৈশিষ্ট্যসমূহ নিম্নোক্ত ধৰণৰ— 

(১) পুঁজিপতি শ্ৰেণীৰ শ্রেণীগত বৈষম্য হ’ল নাৰী শোষণ আৰু বৈষম্যৰ মূল কাৰণ। 

(২) মার্ক্সীয় নাৰীবাদীসকলৰ মতে, পিতৃতান্ত্রিকতা হ’ল অর্থনৈতিক শোষণৰ এক ফলশ্রুতি মাথোন।

(৩) পৰিয়াল ব্যৱস্থাই শ্রমিক শক্তিক সূচিত কৰে। 

(৪) পুঁজিবাদে নাৰীক সংৰক্ষিত শ্রমিক শক্তি হিচাপে গণ্য কৰে।

(৫) মার্ক্সীয় নাৰীবাদ অনুসৰি নাৰীয়ে পুৰুষ প্রধান সমাজ ব্যৱস্থাত পুৰুষৰ বাবে পত্নী, মাতৃ, ভগ্নী আৰু কন্যাৰ ভূমিকা গ্ৰহণ কৰে আৰু এই সূত্রে অমঞ্জুৰীপ্রাপ্ত ঘৰুৱা ভৃত্যৰ ভূমিকাত অৱতীৰ্ণ হ’ব লাগে।

(৬) মার্ক্সীয় নাৰীবাদৰ দৃষ্টিভংগীৰ মূল লক্ষ্য হ’ল পুঁজিবাদক সম্পূৰ্ণৰূপে উৎখাত কৰা। এই উদ্দেশ্যে মার্ক্সীয় দৃষ্টিভংগীয়ে মহিলাসকলক সামগ্রিকভাৱে নিষ্পেষিত আৰু শোষিত শ্ৰেণীটোৰ লগত সাঙুৰি লৈছে।

5. Criticism of Marxist approach to feminism.

Ans: মার্ক্সীয় দৃষ্টিভংগীৰ বিৰুদ্ধে নিম্নোক্ত সমালোচনাসমূহ উত্থাপিত হয়—

(১) মার্ক্সবাদীসকলে পোষণ কৰাৰ দৰে নাৰী কেৱল কোনো পণ্য সামগ্ৰী নহয় । নাৰীসকলক মজুৰি নিদিয়া শ্রমিক বুলি ক’লে ভুল কৰা হ’ব। নাৰীয়ে পালন কৰা মাতৃ, ভগ্নী, অথবা পত্নীৰ ভূমিকা তেওঁৰ ওপৰত কোনো ধৰণৰ বলপূৰ্বকভাৱে জাপি দিয়া ভূমিকা নহয়। ই হৈছে এক সামাজিক সম্বন্ধ যি সম্পূর্ণ অর্থত প্রকৃতিগত, য’ত অৰ্থনীতিৰ কোনো স্থান নাই।

(২) পৰিয়াল যিকোনো সমাজৰ বাবে অতিকৈ প্ৰয়োজনীয় সামাজিক অনুষ্ঠান। কিন্তু মার্ক্সবাদীসকলে পৰিয়ালৰ ধাৰণাটোক অগ্রাহ্য কৰিছে।

(৩) মার্ক্সবাদীসকলে কোৱাৰ দৰে কেৱল পুঁজিবাদীসকলে নাৰীৰ ওপৰত শোষণ কৰা বুলি কোৱাটো ভুল হ’ব। সমাজবাদ, প্রচলন থকা দেশতো নাৰীৰ ওপৰত শোষণ বাহাল থকা পৰিলক্ষিত হয়।

(৪) সম্প্ৰতি পুঁজিবাদী ৰাষ্ট্ৰবিলাকত নানা ধৰণৰ সংস্কাৰমুখী কাৰ্যব্যৱস্থা গ্ৰহণৰ জৰিয়তে লিংগ বৈষম্য দূৰীকৰণৰ প্ৰয়াস কৰা হৈছে। 

(৫) যদিওবা মার্ক্সীয় নাৰীবাদীসকলে পুঁজিবাদ আৰু পুৰুষতন্ত্ৰৰ ওপৰত আলোচনা কৰিছে, তথাপি ইবিলাকৰ ওপৰত মার্ক্সীয় নাৰীয়ে সীমিত পৰিমাণেহে মনোযোগ দিয়া পৰিলক্ষিত হয়।

(৬) মার্ক্সীয় নাৰীবাদৰ ধাৰণাক বিশেষকৈ চৰম নাৰীবাদীয়ে সমালোচনা কৰিছিল । চৰম নাৰীবাদী চিন্তাবিদসকলে আলোচনা কৰে যে আধুনিক সমাজ ব্যৱস্থা আৰু ইয়াৰ মূল গাঁথনি (আইন, ধর্ম, ৰাজনীতি, কলা ইত্যাদি) মূলতঃ পুৰুষৰ সৃষ্টি আৰু সেয়েহে এই সকলোবোৰ পুৰুষতান্ত্ৰিক প্ৰকৃতিৰ।

6. Views of Simon de Beavoir on Radical Feminism.

Ans: চৰম নাৰীবাদ সম্পর্কে চিমন দ্যা ব্যুৰে (১৯০৬ ১৯৮৬) য়ে নিজৰ অভিমত আগবঢ়াইছে। ব্যুভেৰ আছিল এগৰাকী ফৰাচী উপন্যাসিক। উল্লেখযোগ্য যে ব্যুভেৰৰ ১৯৪৯ চনত প্ৰকাশিত The Second Sex’ শীর্ষক গ্রন্থখনে জনমানসত এক বিশেষ আলোড়নৰ সৃষ্টি কৰিছিল। ব্যুভেৰৰ মতে, নাৰীৰ মৰ্যাদা আৰু শাৰীৰিক অৱস্থা পুৰুষ আৰু নাৰীৰ মাজত থকা প্ৰাকৃতিক পাৰ্থক্যৰ দ্বাৰা নিৰ্ধাৰিত নহয় বৰং সামাজিক আৰু বস্তুগত পৰিস্থিতি আৰু শক্তিৰ দ্বাৰাহে নিৰ্ধাৰিত। নাৰীসকলক পুৰুষসকলে নিজ স্বার্থৰ হকে ব্যৱহাৰ কৰে। গতিকে ব্যুভেৰৰ মতে, পুৰুষ আৰু নাৰীৰ মাজৰ পাৰ্থক্যসমূহ চৰম ব্যৱস্থা গ্ৰহণ কৰি দূৰীকৰণৰ জৰিয়তেহে নাৰী মুক্তি সম্ভৱপৰ হয়।

7. Views of Kate Millet’s on Radical Feminism. 

Ans: কেট মিলেট হৈছে চৰম নাৰীবাদৰ আন এগৰাকী প্ৰবক্তা। ১৯৭০ চনত প্রকাশিত কেট মিলটেৰ “Sexual Politics” শীর্ষক গ্ৰন্থখনত তেওঁ যুক্তি দৰ্শাইছিল যে নাৰীসকলক দুর্বলী হিচাপে প্ৰতিষ্ঠা কৰাত কিছুমান অনুষ্ঠান আৰু শক্তিয়ে অৰিহণা যোগাই আহিছে। এই অনুষ্ঠান আৰু শক্তিসমূহ বহু যুগৰ পূৰ্বে সৃষ্ট যদিও বর্তমানেও ইবিলাক ব্যাপি আছে। তেওঁৰ মতে, অতি সৰুকালৰে পৰা ল’ৰা-ছোৱালীক প্ৰদান কৰা শিক্ষাৰ জৰিয়তে ল’ৰাতকৈ ছোৱালীক হীন হিচাপে প্ৰতিষ্ঠা কৰা হয়। তেওঁ বিশ্বাস কৰিছিল যে নাৰীৰ ওপৰত চলি অহা নির্মম অত্যাচাৰৰ প্ৰধান চালিকা শক্তি হৈছে পুৰুষতান্ত্রিকতা (Patriarchy)। 

গতিকে নাৰীৰ শোষণ বন্ধ কৰিবলৈ পুৰুষতন্ত্ৰৰ অৱসান ঘটোৱাটো অতি প্রয়োজনীয়। অৱশ্যে পুৰুষতন্ত্ৰৰ অৱসান ঘটোৱাটো সহজসাধ্য নহয়। এইক্ষেত্ৰত ভিন্ন পর্যায়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ হৈছে নাৰীসকলৰ মাজত সজাগ সচেতনতা বৃদ্ধি। নাৰীসকলে তেওঁলোকৰ অধিকাৰ সমূহৰ বিষয়ে সচেতন হ’লেহে সবলভাবে শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব পাৰিব। মিলেটৰ মতে, নাৰী মুক্তিৰ দ্বিতীয়টো পদক্ষেপ হৈছে ৰাজনৈতিক গাঁথনিসমূহৰ পুনঃগঠন। অর্থৎ ৰাজনৈতিক গাঁথনি বিলাকৰ এনেদৰে পুনঃনির্মাণ কৰিব লাগিব যাতে ইয়াৰ জৰিয়তে নাৰীসকলৰ বিৰুদ্ধে চলি অহা শোষণৰ বিপক্ষে যুঁজ দিয়াত সহায়ক হয়। তেওঁ প্ৰচলিত আর্থ-সামাজিক গাঁথনিয়ে নাৰীৰ ওপৰত চলি অহা শোষণ আৰু অত্যাচাৰৰ বিপক্ষে যুঁজ দিয়াৰ বাবে যথোপযুক্ত নহয় সেয়া অতি সাৱলীলভাৱে “Sexual Politics” শীর্ষক গ্ৰন্থখনত বিশ্লেষণ কৰি দেখুৱাইছে। মুঠৰ ওপৰত ক’বলৈ হ’লে, মিলেটৰ মতে, নাৰীৰ মুক্তিৰ বাবে এক বৈপ্লৱিক পৰিৱৰ্তনৰ বাবে নিতান্তই প্রয়োজনীয়তা আছে।

8. Discuss four features of Radical Feminism.

Ans: ১। সমান অধিকাৰ : সংস্কাৰবাদী দৃষ্টিভংগীৰ এটা প্রধান বৈশিষ্ট্য হ’ল যে, ই পুৰুষ-মহিলাৰ সমান অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। লিংগৰ কাৰণ লৈ পৰুষ-মহিলাৰ মাজত কোনো পার্থক্য থাকিব নালাগে। আইনৰ চকুত সকলো সমান। “ALL are equal before the eyes of Law” নাৰীয়ে পুৰুষৰ লগত সমান অধিকাৰ পালেহে এখন শৃংখলাবদ্ধ সমাজ প্রতিষ্ঠা কৰাটো সম্ভৱপৰ।

২। যৌন নির্যাতন প্ৰতিৰোধ কৰা [Prevention of Sexual harassment] : বর্তমান সমাজ ব্যৱস্থাত নাৰী প্ৰায় পুৰুষৰ যৌন নিৰ্যাতনৰ বলি হয়। বিশ্বৰ প্ৰায়বিলাক দেশতে নাৰীৰ সামাজিক নিৰাপত্তা নাই। এনে পৰিস্থিতিত সংস্কাৰবাদীয়ে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে এক প্রতিবাদী আন্দোলনৰ সূচনা কৰাৰ ওপৰত প্ৰাধান্য দিয়ে।

৩। চৰম দৃষ্টিভংগী [Extreme Approach] : সংস্কাৰবাদীয়ে যিবিলাক কাৰণত নাৰী পুৰুষৰ নিৰ্যাতনৰ বলি হৈছে, সেই কাৰণবিলাক বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব দিছে। তেওঁলোকৰ মতে পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাই নাৰীৰ মর্যাদা, অধিকাৰ অৱনমিত কৰিছে। সেইকাৰণে তেওঁলোক এইক্ষেত্ৰত এক চৰম ব্যৱস্থা গ্ৰহণ কৰি হ’লেও পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাৰ পৰা নিজকে মুক্ত কৰাৰ পোষকতা কৰে।

৪। সামাজিক ন্যায় প্রতিষ্ঠা : সংস্কাৰবাদীয়ে সামাজিক ন্যায় প্রতিষ্ঠাৰ ওপৰত গুৰুত্ব দিয়ে। সামাজিক ন্যায় প্রতিষ্ঠা কৰিবলৈ হ’লে বর্তমান পুৰুষপ্রধান সমাজত নাৰীৰ ওপৰত চলা নির্যাতন, শোষণ, দমন, বঞ্চনা আদি দূৰ কৰিব লাগিব। নাৰীসকলক উচ্চ শিক্ষা গ্ৰহণত প্ৰয়োজনীয় সা-সুবিধা চৰকাৰ প্ৰশাসনে প্ৰদান কৰিব লাগিব। সেই অনুপাতে তেওঁলোকে ৰাজনৈতিক, অর্থনৈতিক দিশতে। সমান অধিকাৰৰ পৰা বঞ্চিত হ’ব নালাগিব।

9. Discuss the Merits of Radical Approach.

Ans : সংস্কাৰবাদী দৃষ্টিভংগীৰ কেতবোৰ গুণ পৰিলক্ষিত হয়। সেইবিলাক হৈছে―

১। শাৰীৰিক নির্যাতন:

এই দৃষ্টিভংগীয়ে মহিলাৰ ওপৰত হোৱা সকলো প্ৰকাৰৰ নির্যাতন ওৰ পেলোৱাৰ পোষকতা কৰে।

২। লিংগতা:

লিংগৰ কাৰণে পুৰুষ-মহিলাৰ মাজত নিৰ্যাতন বৃদ্ধি পাইছে। গতিকে সংস্কাৰবাদীয়ে লিংগৰ বিষয় লৈ থকা ভিন্নতা আঁতৰ কৰাৰ ওপৰত গুৰুত্ব দিয়ে।

৩। বিজ্ঞান প্রযুক্তিবিদ্যাৰ গুৰুত্ব: 

বর্তমান বিশ্বৰ বিজ্ঞান প্ৰযুক্তিৰ প্ৰসাৰতাৰ ফলত মহিলাৰ ওপৰত হোৱা আতিশয্য,শোষণ,বঞ্চনা, অন্যায়, নির্যাতন আদি প্ৰতিৰোধ কৰিব পাৰিব।

৪। সমাজ সংস্কাৰ: 

সংস্কাৰবাদী দৃষ্টিভংগীয়ে বর্তমান সমাজ ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি পুৰুষপ্রধান সমাজ ব্যৱস্থাৰ অৱসান ঘটাব পাৰে।

৫। প্রাচীন পৰম্পৰা: 

নাৰীৰ ওপৰত পুৰুষৰ শোষণ অতি প্ৰাচীন কালৰে পৰা হৈ আছিল। সংস্কাৰবাদীয়ে এই প্রাচীন পৰম্পৰা বিশ্লেষণ কৰি পুৰুষ-মহিলাৰ মাজত সমান অধিকাৰ দাবী কৰে।

৬। ন্যায় প্রতিষ্ঠাৰ গুৰুত্ব: 

বর্তমান সমাজবাদ ব্যৱস্থাত বিভিন্ন দিশত প্ৰকৃত ন্যায় লাভৰ পৰা বঞ্চিত হৈ আহিছে। সংস্কাৰবাদীয়ে মহিলাৰ ন্যায় লাভৰ ওপৰত গুৰুত্ব দিয়ে।

9. Discuss the Objectives of Radical Feminism. 

Ans: সংস্কাৰবাদী নাৰীবাদৰ উদ্দেশ্য :

১। পৰিয়ালতন্ত্রই মহিলাৰ প্ৰধান প্রতিদ্বন্দ্বী। ইয়াৰ ফলতে পৰিয়ালটোৰ মুৰববীজনে তিৰোতাক ঘৰুৱা কামতেই হওক বা আন কামতেই হওক নিজৰ অধীনত ৰাখে। গতিকে এই ক্ষেত্ৰত সংস্কাৰ হ’ব লাগে।

২। সংস্কাৰবাদীৰ মতে পুৰুষেই তিৰোতাক শোষণ আৰু যৌন নির্যাতন কৰে।

৩। সংস্কাৰবাদী নাৰীবাদে বিশ্বাস কৰে যে পুৰুষে নাৰীৰ ওপৰত যি নির্যাতন কৰে সেইটো তেওঁলোকে যুক্তিযুক্ত বুলি আনক পতিয়ন নিয়াব পাৰে। [It is natural that men should be the dominant sex. For Radical Feminist sexual inequality is institutionalised.)

৪ । সংস্কাৰবাদীয়ে বিশ্বাস কৰে সমকামিতাই নাৰীক পুৰুষৰ কৰ্তৃত্বৰ পৰা মুক্ত কৰিব। আধুনিক কালত নাৰীয়ে আন উপায়েৰেও গর্ভধাৰণ কৰিব পাৰে।

৫। ষাঠি দশকৰ পৰাই সংস্কাৰবাদী নাৰীবাদী ভাবধাৰাই বিশ্বৰ পশ্চিমীয়া দেশবিলাকত প্ৰসাৰতা লাভ কৰে। সেই দেশবিলাকৰ ভিতৰত আমেৰিকা, ব্রিটেইন আৰু অষ্ট্ৰেলিয়া বিশেষভাৱে উল্লেখযোগ্য।

Long type questions : 

1. Discuss about the Liberal Approach to the study of Women’s Studies.

Ans: উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ মূল ধাৰণা: 

উদাৰনৈতিক দৃষ্টিভংগীৰ কেন্দ্ৰীয় ধাৰণা মূলতঃ ব্যক্তিবাদৰ ওপৰত প্ৰতিষ্ঠিত। প্রতিজন লোকৰে নিজৰ ব্যক্তিত্ব আৰু সন্মোহিত গুণৰাজিৰ বিকশিত কৰাৰ অধিকাৰ আছে আৰু প্ৰত্যেক কৰ্তৃত্বৰ মৌলিক দায়িত্ব হৈছে। ব্যক্তিৰ ব্যক্তিত্বৰ আৰু গুণৰাজিৰ বিকাশৰ সুযোগ প্ৰদান কৰা। অধিকাৰবিলাক নাৰী আৰু পুৰুষৰ বাবে সমানেই প্রয়োজনীয়। নাৰীসকলক স্বেচ্ছাচাৰীভাৱে অধিকাৰসমূহ উপভোগ কৰাৰ পৰা বঞ্চিত কৰাটো সম্পূৰ্ণৰূপে অন্যায় আৰু এনে কাৰ্য দীৰ্ঘদিনৰ বাবে চলি থাকিবলৈ দিব নালাগে। 

কোনো আদর্শ গণতন্ত্রই নাৰীক অধিকাৰ উপভোগৰ পৰা বঞ্চিত কৰি প্ৰতিষ্ঠিত হ’ব নোৱাৰে। এনে প্রেক্ষাপটত গণতন্ত্ৰৰ প্ৰকৃত অৰ্থ হ’ল পুৰুষ আৰু মহিলাৰ বৈধ অংশগ্রহণ। কিছুমান উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকে নাৰীবাদ অর্থাৎ নাৰীৰ সম অধিকাৰৰ সৈতে সুখৰ ধাৰণাটোক সংলগ্ন কৰিব বিচাৰে। তেওঁলোকৰ যুক্তি হ’ল যে, সম অধিকাৰৰ অবিহনে নাৰীয়ে সুখো লাভ কৰিব নোৱাৰে। আৰু এনে অৱস্থাত নাৰীৰ সন্মোহিত গুণৰাজিৰো বিকাশ সাধন নহয়। তেওঁলোকৰ মতে, নাৰীসকলৰ ৰাজনৈতিক অধিকাৰৰ নিশ্চয়তাইহে তেওঁলোকৰ সুখ লাভৰ নিশ্চয়তা প্রদান কৰিব পাৰে। উদাৰনৈতিক নাৰীবাদীসকলে নাৰীৰ শিক্ষা লাভৰ অধিকাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। 

দাৰনৈতিক দৃষ্টিভংগীৰ বৈশিষ্ট্য―

সামগ্ৰিকভাৱে বিশ্লেষণ কৰিলে উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যবিলাক তলত আলোচনা কৰা হ’ল―

(১) সংস্কাৰবাদী: উদাৰনৈতিক নাৰীবাদৰ কেন্দ্ৰীয় বিষয় হৈছে সংস্কাৰবাদীতা। অৱশ্যে চৰম বিপ্লৱৰ জৰিয়তে সমাজৰ সামগ্রিক পৰিৱৰ্তনৰ লগত উদাৰনৈতিক নাৰীবাদ জড়িত নহয়। উদাৰতাবাদী নাৰীবাদে অধিকাৰ আৰু সুযোগ-সুবিধাসমূহৰ বিতৰণৰ যি প্রচলিত ব্যৱস্থা তাৰো বিৰোধিতা কৰে। বর্তমান পুৰুষৰ আধিপত্যৰ অধিকাৰ আদিৰ বিতৰণৰ ব্যৱস্থাক নাৰীৰ সপক্ষে সংস্কাৰ সাধন কৰিব পাৰিলেহে নাৰীসকলে নিজৰ ব্যক্তিত্ব আৰু সম্মোহিত গুণৰাজিৰ বিকাশ সাধন কৰিব পাৰিব বুলি নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে মতপোষণ কৰে।

(২) পুৰুষ-নাৰীৰ মাজৰ প্রাকৃতিক ব্যৱধানক অস্বীকাৰ: মহিলাৰ অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে পুৰুষ আৰু নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানক অস্বীকাৰ কৰে। তেওঁলোকৰ মতে, নাৰীসকলে সকলো ধৰণৰ কার্য সম্পাদনৰ বাবে যোগ্য নহয়। উদাহৰ নাৰীবাদীসকলৰ মতে, পুৰুষ-নাৰীৰ মাজৰ প্রাকৃতিক ব্যৱধানসমূহ মনত ৰাখি সকলো ধৰণৰ অধিকাৰ আৰু সুযোগ-সুবিধা সকলোৰে কাৰণে সমানে উন্মুক্ত থাকিব লাগে। সকলো ব্যক্তিয়ে নিজৰ যোগ্যতা অনুসৰি এনে অধিকাৰ আৰু সুবিধাসমূহ উপভোগ কৰিব। ৰাষ্ট্ৰই কোনো ধৰণৰ কৃত্রিম ব্যৱধানৰ সৃষ্টি কৰিব নোৱাৰিব।

(৩) উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে, পুৰুষ আৰু নাৰীৰ মনৰ আসক্তি, অভিৰুচি আদি বেলেগ বেলেগ আৰু যিকোনো মূল্যৰে বিনিময়ত এনে প্ৰভেদসমূহক ধৰি ৰাখিব লাগিব।

(৪) উদাৰনৈতিক দৃষ্টিভংগীৰ সমৰ্থকসকলে বিশ্বাস কৰে যে প্রচলিত সমাজ ব্যৱস্থাক নাৰীৰ পক্ষে শান্তিপূর্ণভাৱে আবেদন-নিবেদন, আন্দোলন আৰু অন্যান্য উপায়েৰে সলনি কৰিব পৰা যায়।

উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ মৌলিক নীতিসমূহ:

উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ মৌলিক নীতিসমূহ তলত আলোচনা কৰা হ’ল―

(১) উদাৰনৈতিক নাৰীবাদে প্রচলিত সমাজ ব্যৱস্থাৰ উন্নতিৰ বিপৰীতে ব্যক্তিগত অধিকাৰৰ পোষকতা কৰে। ব্যক্তিগত অধিকাৰক উদাৰনৈতিক নাৰীবাদে সামাজিক অথবা গোট (Group)ৰ অধিকাৰতকৈ বেছি গুৰুত্ব দিয়ে।

(২) উদাৰতাবাদী নাৰীবাদৰ জন্ম যদিও ১৮শ শতিকাত হৈছিল কিন্তু এই ধাৰণাৰ জনপ্ৰিয়তা আৰম্ভ হৈছিল মাত্র বিংশ শতিকাৰ প্ৰথম ভাগতহে।

(৩) এই ধাৰণাই পৃথিৱীত নাৰী আৰু পুৰুষৰ সম-অধিকাৰ সাব্যস্ত কৰে। মহিলাক দৈহিক পৰিমাপ, ধনৰ পৰিমাপ আৰু উত্তৰাধিকাৰী সূত্ৰে সন্মান জনাব নালাগে। তেওঁলোকক সন্মান জনাব লাগে তেওঁলোকৰ সামৰ্থতাৰ বাবেহে।

(৪) উদাৰ নাৰীবাদীসকলে মহিলাসকলে যাতে পুৰুষৰ সমান সুবিধা লাভ কৰিব পাৰে আৰু এই সুবিধাসমূহ ভোগ কৰাত যাতে ৰাজনৈতিক, অর্থনৈতিক, সামাজিক তথা আইনগত বাধা আহি নপৰে তাৰ প্ৰতি নজৰ ৰাখে।

(৫) উদাৰ নাৰীবাদীসকলে পুৰুষ-মহিলাৰ মাজত বিভাজন বা বৈষম্য সৃষ্টি কৰিব পৰা যিকোনো আইন সফলতাৰে প্ৰতিহত কৰাৰ পোষকতা কৰে।

(৬) উদাৰনৈতিক নাৰীবাদী বস্তু পোনপ্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত জনপ্ৰিয় হৈছিল আৰু তাৰ পৰাই অন্যান্য দেশলৈ সম্প্ৰসাৰিত হয়।

(৭) উদাৰতাবাদী নাৰীবাদৰ মতে, যিহেতু লিংগ বৈষম্য (Gender Discrimination) কোনো জীৱ বিজ্ঞান (Biography)ৰ ওপৰত ভিত্তি কৰি হোৱা নাই। গতিকে ই গ্রহণযোগ্য নহয়।

উদাৰতাবাদী নাৰীবাদৰ সমালোচনা:

উদাৰতাবাদী নাৰীবাদক কেৱল মাত্ৰ নাৰীবাদৰ বিৰোধীসকলেই নহয়, বৰং কিছুমান নাৰীবাদীয়েও সমালোচনা কৰিছিল।

(১) স্ববিৰোধী: উদাৰ নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ কেতিয়াবা বিভিন্ন ধ্যান-ধাৰণাসমূহক লৈ নিজৰ ভিতৰতে মতবিৰোধ ঘটে।

(২) উদাৰ নাৰীবাদীসকলে পৃষ্ঠপোষকতা কৰা নিঃলিংগকৰণ (De-Dendered) সমাজ ব্যৱস্থা সাধাৰণ অৰ্থত সম্ভৱপৰ নহয়। ‘নাৰীত্ব’ গুণৰ গৰাকী হোৱাৰ সুবাদতে এগৰাকী নাৰীক নাৰী হিচাপে সন্মান জনোৱা হয়। সন্তান প্ৰসৱ কৰা, সন্তানৰ যত্ন লোৱা, গৰ্ভধাৰণ কৰা আদি নাৰীৰ একক বৈশিষ্ট্য। নাৰীবাদীসকলে ভবাৰ দৰে ইবিলাকে এগৰাকী নাৰীক নিম্নখাপৰ কৰি নেপেলায়।

(৩) উদাৰ নাৰীবাদীসকলে কোৱাৰ দৰে কেৱল ব্যক্তিগত অধিকাৰ, ব্যক্তি স্বাধীনতা আদিৰ সমাজৰ উন্নতিৰ আনিব নোৱাৰে। এখন সমাজৰ উন্নতি সাধন হ’ব নোৱাৰে। সমাজৰ উন্নতি অবিহনে ব্যক্তিৰ উন্নতি অর্থহীন।

(৪) উদাৰনৈতিক নাৰীবাদী ধাৰণাই ইয়াৰ নিজৰ পৰিসীমাৰ ভিতৰতে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিছুমান মহিলাই লাভান্বিত হোৱা সত্ত্বেও ৰাজনীতিত ক্ষমতা আৰু কৰ্তৃত্ব আহৰণৰ ক্ষেত্ৰত বা আন কাম-কাজত অংশগ্ৰহণৰ ক্ষেত্ৰত পুৰুষ আধিপত্যৰ প্রচলন থকা দেখা যায়।

(৫) উদাৰনৈতিক নাৰীবাদৰ লক্ষ্যক বহুতে অস্বীকাৰ কৰিছিল। তেওঁলোকৰ মতে, উদাৰনৈতিক নাৰীবাদীসকলে সমাজ ব্যৱস্থাত প্রচলিত শ্রেণীব্যৱস্থা, প্রতিযোগিতা, অধিক্রমিক ব্যৱস্থা ইত্যাদিক অৱজ্ঞা কৰি কেৱল মধ্যম শ্ৰেণীৰ মহিলাসকলৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। সমাজত প্ৰচলিত শ্রেণীব্যৱস্থা, বর্ণ বৈষম্য আদিৰ কাৰণে মহিলাসকলৰ লগতে বহুতো পুৰুষেও অৱদমিত হ’ব লগা হয়।

(৬) উদাৰতাবাদীসকলে ৰাষ্ট্ৰক নিৰপেক্ষ অনুষ্ঠান হিচাপে বিবেচনা কৰা আৰু লিংগ সমতা প্রতিষ্ঠা কৰাৰ বাবে ৰাষ্ট্ৰৰ ক্ষমতাক প্ৰয়োগ কৰিব বিচৰা নীতিক বহুতে সমালোচনা কৰিছে। কিছুমান সমালোচকৰ মতে, ৰাষ্ট্ৰক কেৱল পুৰুষে শাসন নকৰে বৰং পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাৰ প্ৰয়োজনীয়তাকো প্ৰতিবিম্বিত কৰে। 

2. Critically analyze the Marxist Approach to the study of feminism.

Ans: মার্ক্সীয় দৃষ্টিভংগী পৃষ্ঠপোষকতাকাৰীসকলে পোষকতা কৰা নাৰীবাদ উদাৰতাবাদী নাৰীবাদৰ পৰা বহুকেইটা দিশত পৃথক।মহিলা অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগী অনুসৰি সমাজত পুৰুষৰ স্বাৰ্থত বিতৰণ কৰা অধিকাৰ আৰু সুযোগ-সুবিধাসমূহে নাৰীৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰে। গতিকে অধিকাৰ আৰু সুযোগ-সুবিধাসমূহে নাৰীৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰে। গতিকে অধিকাৰ আৰু সুযোগ-সুবিধাৰ বিতৰণ ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰি নাৰীৰ ক্ষেত্ৰত সমতা প্রতিষ্ঠা কৰিব পাৰি। মার্ক্সীয় নাৰীবাদীসকলৰ মতে, সমাজৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক গাঁথনিৰ মাজত নাৰী আৰু পুৰুষৰ মাজৰ সম্পর্ক গভীৰভাৱে অন্তর্নিহিত হৈ আছে। তেওঁলোকৰ মতে, এক সামাজিক বিপ্লৱৰ জৰিয়তেহে সকলোদিশৰ পৰা সমতাপূর্ণ এখন সমাজ। 

প্রতিষ্ঠা কৰাটো সম্ভৱপৰ। মার্ক্সীয় নাৰীবাদী সকলৰ মতে, সমাজৰ অর্থনৈতিক ব্যৱস্থাৰ আমোল পৰিৱৰ্তন সাধন নকৰাকৈ নাৰীৰ ভাগ্য পৰিৱৰ্তন কৰাতো অসম্ভৱ। অর্থনৈতিক ক্ষেত্ৰত নাৰীসকলে সন্মুখীন হৈ অহা বৈষম্যসমূহে আন আন ক্ষেত্রসমূহতো বৈষ্যমৰ সূচনা কৰিলে। কুৰি শতিকাৰ আশী দশকৰ আগভাগতে সন্মিলিত ৰাষ্ট্ৰসংঘই ইয়াৰ ইয়াৰ এক প্রতিবেদন প্রকাশ কৰিছিল যে বিশ্বৰ মুঠ জনসংখ্যার ৫০% হৈছে মহিলা। কিন্তু নাৰীসকলে মুঠ কৰ্ম সময়ৰ ২/৩ অংশ কাম কৰে, বিশ্বৰ মুঠ আয়ৰ ১১/১০ অংশ লাভ কৰে আৰু বিশ্বৰ মুঠ সম্পদৰাজিৰ ১%তকৈও কম অংশৰহে গৰাকী স্বত্ব লাভ কৰে। অর্থনৈতিক ক্ষেত্ৰত থকা পুৰুষ মহিলাৰ মাজৰ এনে ব্যৱধানে বিশ্বৰ সকলো ৰাষ্ট্ৰতে যে মহিলাসকল অৱহেলিত আৰু শোষণৰ বলি হৈ আহিছে সেয়া স্পষ্টভাৱে প্ৰতিফলিত কৰে। মার্ক্সীয় নাৰীবাদীসকলে এনে ব্যৱধান মষিমূৰ কৰিবৰ বাবে প্রচলিত অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ আমোল পৰিৱৰ্তন সাধন কৰাৰ পোষকতা কৰে।

মার্ক্সীয় দৃষ্টিভংগীৰ মূল ধাৰণা কার্ল মার্ক্স আৰু ফ্ৰেডৰিক এঞ্জেলছৰ চিন্তাধাৰাৰ ওপৰত প্রতিষ্ঠিত। মার্ক্সীয় দৃষ্টিভংগীয়ে সাধাৰণতে শোষিত, নিষ্পেষিত আৰু বঞ্চিত শ্ৰেণীৰ হাতত ক্ষমতাৰ অধিকাৰ নাও থকাৰ পোষকতা কৰে। মার্ক্স আৰু এঞ্জেলছ দুয়োজন পুঁজিবাদী সমাজ ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ আৰু পুঁজিবাদী সমাজ ব্যৱস্থাত নাৰীৰ ওপৰত চলোৱা শোষণ ব্যৱস্থাও স্পষ্ট ৰূপত দাঙি ধৰিছিল। মার্ক্সে শোষক আৰু শোষিত শ্রেণীক দুটা পৰস্পৰ বিপৰীত মেৰুত অবস্থান কৰাইছিল। তেওঁৰ মতে, পুঁজিবাদী ব্যবস্থা সদায় ব্যক্তিগত সম্পত্তিৰ ধাৰণাৰ ওপৰত প্রতিষ্ঠিত য’ত নেকি ব্যক্তিগত সম্পত্তি সদায় পুৰুষতান্ত্রিক হয়। আন কথাত ক’বলৈ হ’লে, পুঁজিবাদী ব্যৱস্থাত পৰিয়ালৰ সম্পত্তিৰ মালিকীস্বত্ব পৰিয়ালৰ পুৰুষসকলে পুৰুষানুক্রমে লাভ কৰে আৰু নাৰীসকলক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয়। 

এই ব্যৱস্থা হৈছে সম্পূর্ণৰূপে অন্যায়মূলক। এনেদৰে নাৰীবাদীসকলৰ ওপৰত চলোৱা শোষণ আৰু অৱদমন পুঁজিবাদী ব্যৱস্থাৰ অন্যতম বৈশিষ্ট্য। মার্ক্সীয় দৃষ্টিভংগী অনুসৰি নাৰীবাদীসকলৰ ওপৰত এই শোষণ অতীতৰে চলি অহা নাই। অর্থাৎ এই ব্যৱস্থা স্থায়ী নহয়। নাৰীৰ ওপৰত পুৰুবে চলোৱা শোষণ হৈছে সামাজিক অগ্রগতিব সময়ত হোৱা এক সামাজিক পৰিঘটনা। পুঁজিবাদী ব্যৱস্থাত এই শোষণ অধিক প্ৰকট হৈ পৰে। তাৰোপৰি পুঁজিবাদী ব্যৱস্থাত পৰিয়ালসমূহ পুৰুষ মুৰব্বী গৰাকীৰ নিৰ্দেশমতেহে চলে। পৰিয়ালসমূহত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলৰ কোনো ভূমিকা পৰিলক্ষিত নহয়। বৰং নাৰীসকলে সন্তান জন্ম দিয়া, সন্তান লালন পালন কৰা, ঘৰুৱা কাম কাজৰ দায়িত্বহে পালন কৰিব লাগে। একমাত্র পুৰুষসকলৰ সন্তুষ্টিৰ বাবেহে মহিলাসকলে তেওঁলোকৰ ওপৰত অর্পিত দায়িত্ব পালন কৰিবলগীয়া হয়। পুঁজিবাদী ব্যৱস্থাত নাৰীসকলৰ নিজস্ব চিন্তাধাৰা, ভাব, আৱেগ-অনুভূতিৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহয়। 

বৰং ইয়াত পুৰুষসকলে নিজৰ যৌন ক্ষুধা নিবাৰণৰ হেতু বিবাহ বহির্ভূত সম্পৰ্কৰ সহায় ল’ব পাৰে যদিও নাৰীৰ ক্ষেত্ৰত সেয়া সম্ভৱপৰ হৈ নুঠে। মুঠৰ ওপৰত ক’বলৈ হ’লে, পুঁজিবাদী সমাজ ব্যৱস্থাত নাৰীসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে গণ্য করা হয়। নাৰীসকলে মুকলিমুৰীয়াভাৱে সমাজ, ৰাজনীতি, অর্থনীতি, সংস্কৃতি আদি কোনো ক্ষেত্রতেই অংশগ্রহণ কৰিব নোৱাৰে। এনেবিলাক দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰি মাৰ্ক্সীয় নাৰীবাদীসকলে পুঁজিবাদী সমাজ ব্যৱস্থাৰ সমূলাংশে নাশ কৰা জৰিয়তেহে নাৰীৰ প্ৰকৃত অধিকাৰ আৰু স্বাধীনতা প্রতিষ্ঠা কৰাটো সম্ভৱপৰ হয় বুলি মত পোষণ কৰে।

মার্ক্সীয় দৃষ্টিভংগীৰ অন্যতম হোতাস্বৰূপ ফ্রেডৰিক এঞ্জেলছে তেওঁৰ “The Origin of the Family, Private Property and the State” শীর্ষক গ্ৰন্থখনত লিংগ বৈষম্য আৰু নাৰী শোষণৰ বিষয়ে উল্লেখ কৰিছে। তেওঁৰ মতে, নাৰীক কৰা অৱদমন বা নিষ্পেষণৰ কাৰণ নাৰীৰ দৈহিক গঠন নহয় ৰং প্রচলিত সমাজ ব্যবস্থা (পুঁজিবাদী) আৰু পুৰুষৰ দমন নীতিৰ ফলশ্রুতি। পুঁজিবাদ আৰু পুৰুষতন্ত্র উভয়েই উভয়ক সাৰ-পানী যোগায়। যৌনবাদী ধাৰণাই পুঁজিবাদী ব্যৱস্থাত মহিলা শ্রমিক সহজলব্ধ হোৱাত সহায় কৰে। ই মহিলাৰ পাৰিশ্রমিক নিম্ন হাৰত ৰখাৰ লগতে উপভোগ্য সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰে, যিবোৰৰ ওপৰত নেকি মহিলাসকলে নির্ভরশীল হ’বলগীয়া হয়। তাৰোপৰি পাৰিবাৰিক পৰিশ্ৰমৰ কাৰণে মহিলাসকলক কোনো পাৰিশ্ৰমিক নিদিয়াটো সম্ভৱপৰ কৰি তোলে। সেয়েহে ৰাজহুৱা উদ্যোগিক ক্ষেত্ৰখনত মহিলাৰ মুক্ত আৰু সম অংশগ্ৰহণৰ বাবে মহিলাসকলৰ স্বতন্ত্ৰতাৰ নিতান্তই প্রয়োজন। সেয়ে মার্ক্সবাদীসকলে অধিক জোৰ দি যুক্তি দৰ্শাইছে যে, তেওঁলোকে এক স্বামী বা এক স্ত্রী পৰিয়ালৰ অৱসান হোৱাতো নিবিচাৰে। বৰং ইয়াক মাজৰ অর্থনৈতিক আহিলা হিচাপেহে কেৱল নোহোৱা কৰিব বিচাৰে।

মার্ক্সীয় নাৰীবাদৰ মতে, সম্পত্তিৰ উত্তৰাধিকাৰী আইনে সম্পত্তিৰ ক্ষেত্ৰত মহিলাৰ ওপৰত পুৰুষৰ দমন অধিক প্রকট কৰি তুলিছে। আইনখনে সমাজত মহিলাৰ স্থান অধিক অৱদমিত কৰি তুলিছিল। পুৰুষতান্ত্রিক ব্যৱস্থাত নাৰীয়ে এক বিশেষ ধৰণেৰে শোষণৰ বলি হ’বলগীয়া হয় আৰু তেওঁলোকৰ মানসিক আৰু দৈহিক বিকাশো সেই ধাৰণাতে আগবাঢ়ে। উল্লেখযোগ্য যে এই শোষণ বা অৱদমনৰ ফলশ্রুতি স্বৰূপেই নাৰীৰ স্বাধীনতাৰ কাৰণে নাৰীবাদী আন্দোলনৰ জন্ম দিছে। মার্ক্সবাদ আৰু নাৰীবাদী আন্দোলনে শোষিত আৰু নিষ্পেষিত শ্ৰেণীটোৰ মুক্তিৰ হকে প্রচেষ্টা চলায়। মার্ক্সীয় নাৰীবাদে লিংগ সম্পৰ্কৰ অস্ত্রোপচাৰ বা পুৰুষ আৰু নাৰীৰ মাজত কিদৰে সমতা স্থাপন কৰিব পাৰে তাৰ চেষ্টা কৰে। লীলা দেশায়ৰ মতে, “It tries to explore the relations between the organisation of sexuality, domestic production, the house and so on, and historical changes in the mode of production system of appropriation and exploitation.” |

মার্ক্সীয় নাৰীবাদে বিশ্বাস কৰে যে নাৰী শোষণৰ প্ৰতিবাদ কৰাটো মার্ক্সবাদৰ এক কর্তব্য। মার্ক্সবাদীসকলে মহিলাসকলৰ সমস্যা যেনে মহিলাসকলৰ কম পাৰিশ্রমিক, ঘৰুৱা শ্ৰম আদিৰ প্ৰতি যথোচিত গুৰুত্ব আৰোপ কৰাৰ লগতে পিতৃপ্ৰধান সমাজ ব্যৱস্থাই কিদৰে নাৰীৰ জীৱনত বিৰূপ প্ৰভাৱ পেলায় তাক সঠিকভাৱে বিশ্লেষণ কৰি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। মার্ক্সীয় নাৰীবাদৰ মতে, পুৰুষ মহিলাৰ মাজৰ পাৰিশ্ৰমিকৰ ব্যৱধানে শ্রেণী বৈষম্যৰো সূচিত কৰিছে।

মার্ক্সীয় নাৰীবাদৰ মৌলিক বৈশিষ্ট্য—

মার্ক্সীয় নাৰীবাদৰ বৈশিষ্ট্যসমূহ নিম্নোক্ত ধৰণৰ — 

(১) পুঁজিপতি শ্ৰেণীৰ শ্ৰেণীগত বৈষম্য হ’ল নাৰী শোষণ আৰু বৈষম্যৰ মূল কাৰণ।

(২) মার্ক্সীয় নাৰীবাদীসকলৰ মতে, পিতৃতান্ত্রিকতা হ’ল অর্থনৈতিক শোষণৰ এক ফলশ্রুতি মাথোন।

(৩) পৰিয়াল ব্যৱস্থাই শ্রমিক শক্তিক সূচিত কৰে।

(৪) পুঁজিবাদে নাৰীক সংৰক্ষিত শ্রমিক শক্তি হিচাপে গণ্য কৰে। 

(৫) মার্ক্সীয় নাৰীবাদ অনুসৰি নাৰীয়ে পুৰুষপ্রধান সমাজ ব্যৱস্থাত পুৰুষৰ বাবে পত্নী, মাতৃ, ভগ্নী আৰু কন্যাৰ ভূমিকাত অৱতীৰ্ণ হ’ব লাগে।

(৬) মার্ক্সীয় নাৰীবাদৰ দৃষ্টিভংগীৰ মূল লক্ষ্য হ’ল পুঁজিবাদক সম্পূৰ্ণৰূপে উৎখাত কৰা। এই উদ্দেশ্যে মার্ক্সীয় দৃষ্টিভংগীয়ে মহিলাসকলক সামগ্রিকভাৱে নিষ্পেষিত আৰু শোষিত শ্ৰেণীটোৰ লগত সাঙুৰি লৈছে।

মার্ক্সীয় নাৰীবাদীসকলে আগবঢ়োৱা পৰামৰ্শাৱলী :

মার্ক্সীয় নাৰীবাদীসকলে নাৰীৰ অধিকাৰ আৰু স্বাধীনতা প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে কিছুমান পৰামৰ্শ আগবঢ়াইছে। এই পৰামৰ্শসমূহ হ’ল—

(১) যিহেতু সমগ্র পুঁজিবাদী ব্যৱস্থাটো ভণ্ডামিৰ ওপৰত প্রতিষ্ঠিত, গতিকে ইয়াক দূৰ কৰাৰ বাবে অবিৰত প্ৰচেষ্টাৰ প্ৰয়োজন। ইয়াৰ বাবে অতিকৈ প্ৰয়োজন হৈছে নাৰী শিক্ষা (Women Education)

(২) ব্যক্তিগত সম্পত্তি ব্যৱস্থাৰ বিলোপ সাধন কৰিব লাগিব। যদিহে সেইটো সম্ভৱপৰ নহয় তেনেহ’লে সম্পত্তিৰ ওপৰত পৰিয়ালৰ ছোৱালীৰো সম অধিকাৰ প্ৰতিষ্ঠাৰ বাবে আইনগত ব্যৱস্থা ল’ব লাগিব।

(৩) এনে এক নতুন ব্যৱস্থা সৃষ্টি কৰিব লাগিব যাতে সকলো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নাৰীয়ে স্পষ্ট মতামত ৰখাৰ সুযোগ লাভ কৰিব পাৰে।

(৪) বৰ্তমানৰ পৰম্পৰাগত আৰু পুৰুষতান্ত্রিক পৰিয়াল ব্যৱস্থাৰ বিলোপ সাধন কৰি এক সামূহিক পৰিয়াল ব্যৱস্থা সৃষ্টি কৰিব লাগিব।

(৫) সমাজৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক গাঁথনিৰ এনে পৰিৱৰ্তন কৰা উচিত যাতে নাৰীয়ে ৰাষ্ট্ৰৰ কাম-কাজত অংশগ্ৰহণ কৰাৰ অফুৰন্ত সুযোগ লাভ কৰে।

সমালোচনা :

নাৰী অধ্যয়নৰ মাৰ্ক্সীয় দৃষ্টিভংগীৰ বিৰুদ্ধে নিম্নোক্ত সমালোচনাসমূহ উত্থাপিত হয়—

(১) মার্ক্সবাদীসকলে পোষণ কৰাৰ দৰে নাৰী কেৱল কোনো পণ্য সামগ্ৰী নহয়। নাৰীসকলক মজুৰি নিদিয়া শ্রমিক বুলি ক’লে ভুল কৰা হ’ব। নাৰীয়ে পালন কৰা মাতৃ, ভগ্নী, অথবা পত্নীৰ ভূমিকা তেওঁৰ ওপৰত কোনো ধৰণৰ বলপূৰ্বকভাৱে জাপি দিয়া ভূমিকা নহয়। ই হৈছে এক সামাজিক সম্বন্ধ যি সম্পূর্ণ অর্থত প্রকৃতিগত, য’ত অৰ্থনীতিৰ কোনো স্থান নাই।

(২) পৰিয়াল যিকোনো সমাজৰ বাবে অতিকৈ প্রয়োজনীয় সামাজিক অনুষ্ঠান। কিন্তু মার্ক্সবাদীসকলে পৰিয়ালৰ ধাৰণাটোক অগ্রাহ্য কৰিছে।

(৩) মার্ক্সবাদীসকলে কোৱাৰ দৰে কেৱল পুঁজিবাদীসকলে নাৰীৰ ওপৰত শোষণ কৰা বুলি কোৱাটো ভুল হ’ব। সমাজবাদ, প্রচলন থকা দেশতো নাৰীৰ ওপৰত শোষণ বাহাল থকা পৰিলক্ষিত হয়।

(৪) সম্প্রতি পুঁজিবাদী ৰাষ্ট্ৰবিলাকত নানা ধৰণৰ সংস্কাৰমুখী কাৰ্য ব্যৱস্থা গ্ৰহণৰ জৰিয়তে লিংগ বৈষম্য দূৰীকৰণৰ প্ৰয়াস কৰা হৈছে।

(৫) যদিওবা মার্ক্সীয় নাৰীবাদীসকলে পুঁজিবাদ আৰু পুৰুষতন্ত্ৰৰ ওপৰত আলোচনা কৰিছে, তথাপি ইবিলাকৰ ওপৰত মার্ক্সীয় নাৰীয়ে সীমিত পৰিমাণেহে মনোযোগ দিয়া পৰিলক্ষিত হয়।

3. Discuss critically about Radical Approach to the study of feminism.

Ans: নাৰীবাদীৰ চৰম দৃষ্টিভংগী বা সংস্কাৰবাদী দৃষ্টিভংগী: ১৯৬০ৰ দশকত নাৰীবাদৰ দ্বিতীয়টো প্ৰবাহৰ বিকাশৰ লগে লগে চৰম নাৰীবাদী ধাৰণাসমূহে গঢ় লৈ উঠে। উদাৰনৈতিক আৰু মার্ক্সীয় নাৰীবাদৰ পৰা চৰম নাৰীবাদী দৃষ্টিভংগী সম্পূর্ণৰূপে পৃথক। চলম নাৰীবাদে নাৰীৰ সমতা প্রতিষ্ঠাৰ হকে পিতৃতান্ত্রিক সমাজ ব্যৱস্থাৰ সম্পূর্ণৰূপে বিলোপ সাধন কৰিব বিচাৰে।

চৰম নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ ভিতৰত চিমন দ্যা ব্যুভেৰ, কেট মিলেট, শ্বুলেমিথ ফায়াৰষ্টন, কিনছন আৰু জার্মেইন গ্ৰীয়েৰ আদিৰ নাম বিশেষভাৱে উল্লেখনীয়।

চৰম নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে, সমাজৰ আধা সংখ্যক জনসংখ্যা হৈছে নাৰী। কিন্তু তেওঁলোকে সমাজৰ আন আধা সংখ্যক অর্থাৎ পুৰুষসকলৰ দ্বাৰা শোষিত আৰু নিষ্পেষিত। সমাজৰ প্রচলিত পুৰুষতান্ত্রিক গাঁথনিয়েই নাৰীসকলক শোষণ আৰু অত্যাচাৰৰ ব্যৱস্থাৰ মাজত থাকিবলৈ বাধ্য কৰি তুলিছে। গতিকে পুৰুষতান্ত্রিক গাঁথনিৰ বিলোপ সাধন কৰিলেহে নাৰী মুক্তিৰ ধাৰণাতো সম্ভৱপৰ হ’ব।

চৰম দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে, মহিলাৰ অনগ্ৰসৰতাৰ প্ৰধান কাৰণ হৈছে মহিলাৰ ওপৰত চলি অহা নির্মম অত্যাচাৰ। গতিকে এনে অত্যাচাৰৰ বিলুপ্তি অবিহনে নাৰীৰ বিকাশ তথা নাৰীৰ শাৰীৰিক আৰু মনস্তাত্বিক অৱস্থাৰ ইতিবাচক পৰিৱৰ্তন সম্ভৱ নহ’ব। কিন্তু এনে পৰিৱর্তন সম্ভব হ’ব একমাত্র বিপ্লৱৰ জৰিয়তেহে। গতিকে মহিলা অধ্যয়নৰ চৰম দৃষ্টিভংগীয়ে পুৰুষতন্ত্ৰৰ বৈপ্লৱিক উপায়েৰে সম্পূৰ্ণৰূপে বিলোপ সাধন কৰি নাৰী সমতা প্রতিষ্ঠাৰ পোষকতা কৰে। এয়েই নহয়, আনকি তেওঁলোকে সমগ্র সমাজ ব্যৱস্থাৰ পুনৰ গঠনৰো পোষকতা কৰে।

চৰম দৃষ্টিভংগী পৃষ্ঠপোষকতা কৰা প্ৰবক্তাসকলৰ অভিমতসমূহ তলত বহুলভাৱে আলোচনা কৰা হ’ল— 

চিমন দ্যা ব্যুভেৰৰ অভিমত

চৰম নাৰীবাদ সম্পর্কে চিমন দ্যা ব্যুভেৰ-য়ে নিজৰ অভিমত আগবঢ়াইছে। ব্যুভেৰ আছিল এগৰাকী ফৰাচী উপন্যাসিক। উল্লেখযোগ্য যে ব্যুভেৰৰ ১৯৪৯ চনত প্ৰকাশিত The Second Sex’ শীর্ষক গ্রন্থখনে জনমানসত এক বিশেষ আলোড়নৰ সৃষ্টি কৰিছিল। ব্যুভেৰৰ মতে, নাৰীৰ মৰ্যাদা আৰু শাৰীৰিক অৱস্থা পুৰুষ আৰু নাৰীৰ মাজত থকা প্ৰাকৃতিক পার্থক্যৰ দ্বাৰা নিৰ্ধাৰিত নহয় বৰং সামাজিক আৰু বস্তুগত পৰিস্থিতি আৰু শক্তিৰ দ্বাৰাহে নিৰ্ধাৰিত। নাৰীসকলক পুৰুষসকলে নিজৰ স্বাৰ্থৰ হকে ব্যৱহাৰ কৰে। গতিকে ব্যুভেৰৰ মতে, পুৰুষ আৰু নাৰীৰ মাজৰ পাৰ্থক্যসমূহ চৰম ব্যৱস্থা গ্ৰহণ কৰি দূৰীকৰণৰ জৰিয়তেহে নাৰী মুক্তি সম্ভৱপৰ হয়। 

শ্বুলামিথ ফায়াৰষ্টনৰ অভিমত

নাৰী অধ্যয়নৰ চৰম দৃষ্টিভংগীৰ আন এজন পৃষ্ঠপোষক হৈছে শ্বুলামিথ ফায়াৰষ্টন। তেওঁ “The Dialectic of Sex” শীর্ষক গ্ৰন্থখনত নাৰীবাদ, নাৰীমুক্তি আদি অৱধাৰণাসমূহ বিভিন্ন দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিছে। তেওঁৰ মতে, পুৰুষ আৰু নাৰীৰ মাজৰ জৈৱিক প্রভেদসমূহ হঠাৎ নিঃশেষ কৰাতো সম্ভৱ নহয়। তেওঁৰ মতে, নাৰীৰ মুক্তিৰ বাবে পুৰুষসকলে অগ্রণী ভূমিকা ল’ব লাগিব আৰু অতি আধুনিক তথ্য কৃত্রিম কৌশলেৰে তেওঁলোকে ইয়াক কার্যকৰী কৰিব লাগিব। 

নাৰীসকলক অতি সহজতে সন্তান জন্ম দিয়া আৰু প্রতিপালন কৰা দায়িত্বৰ পৰা পুৰুষসকলে ৰেহাই দিব লাগিব। নাৰীসকলে গৰ্ভধাৰণৰ পৰা ৰেহাই পাবলৈ গৰ্ভপ্ৰতিবোধক ব্যৱহাৰ কৰিব পাৰে। শিশুসকলক প্ৰতিপালনৰ বাবে কিছুমান বেচৰকাৰী সংস্থা গঠন কৰি দায়িত্ব অর্পণ কৰিব লাগে। ঘৰুৱা কাম-কাজৰ বেলিকা পুৰুষ-মহিলাৰ উভয়ৰে মাজত সমানে ভাগ কৰি ল’ব লাগে। তাৰোপৰি আধুনিকীকৰণ আৰু উন্নয়ন হৈছে নাৰীসকলৰ মুক্তিৰ বাবে আন এক ফলপ্রসূ উপায়। ফায়াৰষ্টনৰ মতে, নাৰী মুক্তিৰ কাৰণে আৰ্থ-সামাজিক আৰু বাজনৈতিক ব্যৱস্থাৰ আমোল পৰিৱৰ্তন সাধন কৰাৰ নিতান্তই আৱশ্যকতা আছে।

চৰম নাৰীবাদ সম্পর্কে কেটমিলেটৰ অভিমত

কেট মিলেট হৈছে নাৰীবাদৰ আন এগৰাকী প্ৰবক্তা। ১৯৭০ চনত প্ৰকাশিত কেট মিলেটৰ “Sexual Politics” শীর্ষক গ্ৰন্থখনত তেওঁ যুক্তি দৰ্শাইছিল যে নাৰীসকলক দুৰ্বলী হিচাপে প্ৰতিষ্ঠা কৰাত কিছুমান অনুষ্ঠান আৰু শক্তিয়ে অৰিহণা যোগাই আহিছে। এই অনুষ্ঠান আৰু শক্তিসমূহ বহু যুগৰ পূৰ্বে সৃষ্ট যদিও বর্তমানেও ইবিলাক ব্যাপি আছে। তেওঁৰ মতে, অতি সৰুকালৰে পৰা ল’ৰা-ছোৱালীক প্ৰদান কৰা শিক্ষাৰ জৰিয়তে ল’ৰাতকৈ ছোৱালীক হীন হিচাপে প্ৰতিষ্ঠা কৰা হয় । তেওঁ বিশ্বাস কৰিছিল যে নাৰীৰ ওপৰত চলি অহা নির্মম অত্যাচাৰৰ প্রধান চালিকা শক্তি হৈছে পুৰুষতান্ত্রিকতা। 

গতিকে নাৰীৰ শোষণ বন্ধ কৰিবলৈ পুৰুষতন্ত্ৰৰ অৱসান ঘটোৱাটো সহজসাধ্য নহয়। এইক্ষেত্ৰত ভিন্ন পর্যায়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইক্ষেত্ৰত প্ৰথমটো পদক্ষেপ হৈছে নাৰীসকলৰ মাজত সজাগ-সচেতনতা বৃদ্ধি। নাৰীসকলে তেওঁলোকৰ অধিকাৰসমূহৰ বিষয়ে সচেতন হ’লেহে সবলভাৱে শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব পাৰিব। মিলেটৰ মতে, নাৰী মুক্তিৰ দ্বিতীয়টো পদক্ষেপ হৈছে ৰাজনৈতিক গাঁথনিসমূহৰ পুনঃগঠন। অৰ্থাৎ ৰাজনৈতিক গাঁথনি বিলাকৰ এনেদৰে পুনঃনির্মাণ কৰিব লাগিব যাতে ইয়াৰ জৰিয়তে নাৰীসকলৰ বিৰুদ্ধে চলি অহা শোষণৰ বিপক্ষে যুঁজ দিয়াত সহায়ক হয়। তেওঁ প্ৰচলিত আর্থ-সামাজিক গাঁথনিয়ে নাৰীৰ ওপৰত চলি অহা শোষণ আৰু অত্যাচাৰৰ বিপক্ষে যুঁজ দিয়াৰ বাবে যথোপযুক্ত নহয় সেয়া অতি সাবলীলভাৱে “Sexual Politics” শীর্ষক গ্ৰন্থখনত বিশ্লেষণ কৰি দেখুৱাইছে। মুঠৰ ওপৰত ক’বলৈ হ’লে, মিলেটৰ মতে, নাৰীৰ মুক্তিৰ বাবে এক বৈপ্লৱিক পৰিৱৰ্তনৰ বাবে নিতান্তই প্রয়োজনীয়তা আছে।

চৰম নাৰীবাদৰ মৌলিক নীতিসমূহ

চৰম নাৰীবাদৰ মৌলিক নীতিসমূহ তলত উল্লেখ কৰা হ’ল— 

(১) সকলো মানৱ সমাজতে পুৰুষতন্ত্রৰ অৱস্থিতিৰ ধাৰণাটো চৰম নাৰীবাদে বিশ্বাস কৰে।

(২) পুঁজিবাদী আৰ্হিৰ অৰ্থনৈতিক আৰু লিংগভিত্তিক শোষণৰ বাবে পুৰুষতান্ত্রিক সম্বন্ধ অতিকৈ আৱশ্যকীয় পথ বুলি বিবেচনা কৰা হয়।

(৩) যৌন অসমতা (Sexual inequality)ক সমাজত আনুষ্ঠানিকীকৰণ (Institutionalized) কৰা হয়। আইনী ব্যৱস্থা বা জনগণৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ জৰিয়তে যৌন সমতা প্রতিষ্ঠা কৰাটো সম্ভৱপৰ নহয়।

(৪) বিবাহ ভিত্তিক পাৰিবাৰিক সম্পৰ্কত নাৰীৰ আচৰণ পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত।

(৫) শ্বুলামিথ ফায়াৰষ্টন (Shulamith Firestone)ৰ দৰে কিছুমান চৰম নাৰীবাদীয়ে যুক্তি দৰ্শাই যে নাৰীৰ মুক্তি প্রযুক্তিগত ভাবেহে সম্ভৱ হ’ব (যেনে— নাৰীসকলক সন্তান জন্ম দিয়াৰ পৰা ৰেহাই দিব লাগিব ইত্যাদি)।

চৰম নাৰীবাদৰ সমালোচনা

(১) চৰম নাৰীবাদী তত্ত্বই আগবঢ়োৱা পুৰুষতন্ত্রৰ ব্যাখ্যা বিশ্লেষণাত্মক (analytical) হোৱাৰ পৰিৱৰ্তে বর্ণণাত্মক (Descriptive) প্ৰকৃতিৰ হোৱা পৰিলক্ষিত হয়, যাৰ ফলত ই পুৰুষ শক্তি (Male Power)ৰ উৎপত্তি সম্পর্কে বিশদ ব্যাখ্যা আগবঢ়াব পৰা নাই আৰু সেয়েহে পুৰুষতন্ত্ৰৰ অৱসানৰ হেতু এক ফলপ্রসূ কৌশল উদ্ভাবন কৰাত চৰম নাৰীবাদ বিফল হৈছে।

(২) বহু সমালোচকে বিশ্বাস করে যে মানুহক শত্রু হিচাপে গণ্য কৰা এক ভুল অৱধাৰণাৰ ওপৰত চৰম নাৰীবাদ প্রতিষ্ঠিত। 

(৩) মহিলাসকলে যৌন শ্রেণী গঠন কৰিব বুলি চৰম নাৰীবাদীসকলে পোষণ কৰা মতৰ কোনো বাস্তব ভিত্তি নাই।

(৪) যিকোনো সামাজিক ব্যৱস্থাৰ বন্ধন শক্তি হিচাপে বিবাহৰ দৰে পবিত্ৰ আৰু বিশুদ্ধ প্ৰথাক চৰম নাৰীবাদীসকলে অৱজ্ঞা কৰা বিষয়টোক সমালোচকসকলে সমালোচনা কৰিছে।

(৫) চৰম নাৰীবাদী দৰ্শনৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোৱে আওপকীয়াকৈ হ’লেও সমাজ ব্যৱস্থাৰ ৰুগ্ন কৰাটোকে সূচায়। 

4. সংস্কাৰীবাদী দৃষ্টিভংগীৰ সমালোচনাত্মক আলোচনা কৰা?

Ans: সংস্কাৰবাদী ধাৰণাটো সমালোচনাৰ উৰ্ধত নহয়৷ সমালোচকসকলে বিভিন্ন দিশৰ পৰা সংস্কাৰবাদী ধাৰণাৰ বিৰূপ সমালোচনা কৰিছে।

১। ধর্মীয় ৰীতি-নীতি: বিশ্বৰ বিভিন্ন দেশৰ ধৰ্মীয় গ্রন্থৰিলাকত পুৰুষৰ তুলনাত নাৰীৰ স্থান কি, সেই বিষয়ে উল্লেখ আছে। প্রায়বিলাক ধৰ্মীয়গ্ৰন্থত নাৰীক পুৰুষৰ অধীন কৰি ৰখা ধাৰণাৰ ওপৰত প্ৰাধান্য দিয়া হৈছে। হিন্দু ধর্মীয় গ্রন্থবিলাক, বাইবেল, কোৰান আদিত নাৰীক পুৰুষৰ তুলনাত উচ্চ স্থান দিয়া নাই। তেনে ক্ষেত্ৰত সংস্কাৰবাদীসকলে কেৱল পিতৃতান্ত্রিক পৰিয়াল উচ্ছেদৰ ওপৰত গুৰুত্ব দি নাৰীৰ স্বতন্ত্রতা সুৰক্ষিত কৰিব নোৱাৰে।

২। মাতৃতান্ত্রিক পৰিয়াল: সংস্কাৰবাদীসকলে বর্তমান সমাজত প্রচলিত পিতৃতান্ত্রিক পৰিয়ালৰ পৰিৱৰ্তে মাতৃতান্ত্রিক পৰিয়ালৰ পোষকতা কৰিছে। মাতৃতান্ত্রিক পৰিয়ালতহে নাৰীৰ স্বতন্ত্রতা সুৰক্ষিত হ’ব। কিন্তু বাস্তব ক্ষেত্ৰত মাতৃতান্ত্রিক পৰিয়াল কার্যকৰী কৰাটো সম্ভৱপৰ নহয়। আনকি বহুতো নাৰীবাদীয়েও পিতৃতান্ত্ৰিক পৰিয়ালৰ পৰিৱৰ্তে মাতৃতান্ত্রিক পৰিয়ালৰ সূচনা কৰাটো পোষকতা নকৰে।

৩। পিতৃতান্ত্রিক পৰিয়ালৰ বিৰোধিতা: সংস্কাৰবাদী নাৰীবাদী আন্দোলনকাৰীয়ে পুৰুষ প্রধান পৰিয়ালৰ পৰিৱৰ্তে মাতৃপ্রধান পৰিয়ালৰ সূচনা হ’লে নাৰীৰ ওপৰত হোৱা শোষণ, নির্যাতন, অন্যায়, যৌন নির্যাতন আদিৰ অৱসান হ’ব বুলি ধাৰণা কৰে। কিন্তু বিশ্বৰ যিবিলাক সমাজত মাতৃপ্রধান পৰিয়াল আছে, সেইবিলাক সমাজতো নাৰীসকল পুৰুষৰ নিৰ্যাতনৰ পৰা মুক্ত হ’ব পৰা নাই।

৪। মহিলা শিক্ষাৰ ওপৰত গুৰত্ব: সংস্কাৰবাদীসকলে আন এটা দিশ অৱজ্ঞা কৰা দেখা গৈছে। মহিলাসকলক সকলো দিশতে সৱল কৰি তুলিবৰ কাৰণে তেওঁলোকৰ মাজত শিক্ষাৰ বহুল প্ৰচাৰ হোৱাটো অতীব প্রয়োজন। কিন্তু বিশ্বৰ প্ৰায়বিলাক দেশতে বিশেষকৈ তৃতীয় বিশ্বৰ মহিলাসকল এতিয়াও শিক্ষাৰ ক্ষেত্ৰত বহু পিছ পৰি আছে। আনকি বহুতো ইছলাম ধর্মীয় নেতাই ছোৱালীবিলাকে স্কুলত শিক্ষা লাভ কৰাটোৰো তীব্ৰ বিৰোধিতা কৰে। কিন্তু বাস্তৱ ক্ষেত্ৰত মহিলাই সন্মুখীন হোৱা বিভিন্ন সমস্যাবিলাক সমাধান কৰিবলৈ হ’লে তেওঁলোক যথোপযুক্তভাৱে শিক্ষিত হ’ব লাগিব। কিন্তু সংস্কাৰবাদী নাৰীবাদী আন্দোলনৰ সমৰ্থকসকলে মহিলাৰ শিক্ষাৰ দিশটোৰ প্ৰতি আওকাণ কৰিছে।

৫। মাতৃত্বৰ দায়িত্ব: সংস্কাৰবাদীসকলৰ মতে মহিলাৰ স্বতন্ত্রতা সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকক মাতৃত্বৰ দায়িত্বৰ পৰা ৰেহাই দিব লাগে। অর্থাৎ মহিলাসকলে ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰাৰ দায়িত্ব বহন কৰিব নালাগে। কিন্তু মাকে ল’ৰা-ছোৱালী জন্ম দিয়া আৰু সেই সম্ভানক ডাঙৰ-দীঘল কৰাটো তেওঁলোকৰ এৰাব নোৱাৰা দায়িত্ব। কিন্তু মহিলাক এনে দায়িত্বৰ পৰা মুক্ত কৰাৰ অৰ্থ হ’ল— পৰিয়াল তথা সমাজখনত এক উশৃংখল পৰিবেশৰ সৃষ্টি কৰা। কিন্তু এনে ধাৰণা বাস্তৱ ক্ষেত্ৰত গ্রহণযোগ্য নহয়।

৬। একপক্ষীয় দৃষ্টিভংগী: আন এটা দিশৰ পৰাও সংস্কাৰবাদী দৃষ্টিভংগী গ্রহণযোগ্য নহয়। সংস্কাৰবাদীৰ মতে নাৰীসকলহে পুৰুষৰ দ্বাৰ নির্যাতিত হৈ আহিছে; নাৰীৰ দ্বাৰা পুৰুষ নির্যাতিত হোৱা নাই। কিন্তু এই দৃষ্টিভংগী একপক্ষীয়। বহুক্ষেত্ৰত নাৰীয়েও পুৰুষক নির্যাতন কৰা দেখা যায়। বর্তমান সমাজত বিবাহ বিচ্ছেদ গোচৰবিলাক বৃদ্ধি হোৱাৰ মূল কাৰণ হ’ল পুৰুষৰ ওপৰত নাৰীৰ নির্যাতন। সেই অনুপাতে ভাৰতত যি দুই-এখন ৰাজ্যত যি মাতৃপ্রধান পৰিয়াল আছে, সেই পৰিয়ালবিলাকতো নাৰীয়ে পুৰুষৰ ওপৰত শোষণ তথা বিভিন্ন প্রকাৰে নির্যাতন কৰা দেখা যায়।

৭। ন্যায় নীতিৰ পৰিপন্থী: সংস্কাৰবাদীয়ে নাৰীক প্রাধান্য দি পুৰুষ কৰ্তৃত্বক সীমিত কৰাটো ন্যায় নীতিৰ এক পৰিপন্থী ব্যবস্থা। ইয়াৰ ফলত সমাজত কেতিয়াও ন্যায় প্রতিষ্ঠা কৰিব নোৱাৰি। ই সমাজত তথা পৰিয়ালত শান্তিৰ পৰিৱৰ্তে অশান্তিৰহে পথ প্ৰশস্ত কৰিব।

৮। সকলো মহিলাৰ সমান অধিকাৰৰ প্রতি অৱহেলা: সংস্কাৰবাদী দৃষ্টিভংগীয়ে সকলো শ্ৰেণীৰ মহিলাৰ সমান অধিকাৰৰ পোষকতা নকৰে। তেওঁলোকে বিশেষকৈ উচ্চ আৰু মধ্যবিত্ত শ্ৰেণীৰ মহিলাৰ বিভিন্ন অধিকাৰৰ ওপৰতহে অধিক প্রাধান্য দিছে। কিন্তু বাস্তৱ ক্ষেত্ৰত সমাজৰ পিছপৰা অৱহেলিত মহিলাসকলে পুৰুষৰ ওপৰত নিৰ্ভৰ কৰিহে এক স্বাভাবিক জীবন যাপন কৰিবলৈ সক্ষম হৈছে। সেই দৃষ্টিকোণৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ মহিলাই সংস্কাৰবাদীসকলে দাবী কৰাৰ দৰে এক স্বতন্ত্র জীৱন যাপন কৰিব নোৱাৰে।

৯। প্রাকৃতিক নিয়মৰ প্ৰতি অৱজ্ঞা: সংস্কাৰবাদীসকলে নাৰীৰ সন্তান জন্ম, গৰ্ভধাৰণ আদিৰ ক্ষেত্ৰত অধিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ওপৰত গুৰুত্ব দিছে। অর্থাৎ নাৰীসকলে সন্তান জন্ম দিয়া, গৰ্ভধাৰণ আদিৰ ক্ষেত্ৰত প্ৰচলিত প্রাকৃতিক নিয়ম পৰিহাৰ কৰি কেতবোৰ কৃত্ৰিম ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। কিন্তু বাস্তৱ ক্ষেত্ৰত নাৰীৰ ক্ষেত্ৰত এই কৃত্রিম ব্যৱস্থাতকৈ প্রাকৃতিক নিয়মবিলাকহে অধিক নিৰাপদ।

১০। সাংবিধানিক ব্যৱস্থা: বিশ্বৰ প্ৰায়বিলাক দেশৰ সংবিধানতে নাৰীক পুৰুষৰ লগত সমান অধিকাৰ প্ৰদান কৰিছে। নাৰীসকলক ৰাজনৈতিক অধিকাৰ দিয়াৰ কাৰণে তেওঁলোকে পুৰুষৰ লগতে ভোটদান আৰু নিজে নিৰ্বাচনত প্ৰতিদ্বন্দ্ববিতা কৰাৰ সুবিধা পাইছে। ইয়াৰ ফলত বহুতো মহিলাই দেশৰ প্ৰশাসনৰ উচ্চপদত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে। সেইদৰে অৰ্থনৈতিক দিশতো নাৰীক স্বাধীনতা দিয়াৰ কাৰণে তেওঁলোকে পুৰুষৰ লগত সমানে চৰকাৰী বা বে-চৰকাৰী খণ্ডত সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সংস্কাৰবাদীসকলে সংবিধানৰ এই দিশটোৰ প্ৰতি আওকাণ কৰিছে।

১১। অর্থনৈতিক ব্যৱস্থা: মার্ক্সবাদী দৃষ্টিভংগীৰ মতে মহিলাৰ ওপৰত হোৱা নির্যাতন আৰু শোষণ পিতৃতান্ত্রিক পৰিয়াল নহয়, দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ কাৰণেহে মহিলাৰ প্ৰতি বিভিন্ন দিশত অন্যায় কৰা হৈছে।

১২। যৌনতাৰ ওপৰত গুৰুত্ব: সমালোচকৰ মতে সংস্কাৰবাদীয়ে অযথা যৌনতাৰ ওপৰত প্রাধান্য দিছে। পুৰুষ-মহিলাৰ মাজত হোৱা যৌন মিলন একপ্ৰকাৰ নিয়ম। সমকামিতাৰ ইয়াৰ বিকল্প হ’ব নোৱাৰে।

উপৰুক্ত দিশত সমালোচকসকলে সংস্কাৰবাদী আন্দোলনৰ কটু সমালোচনা কৰিলেও এই আন্দোলনৰ গুৰুত্ব কোনো প্ৰকাৰে আওকাণ কৰিব নোৱাৰি। বিশেষকৈ সংস্কাৰবাদীসকলে পিতৃতান্ত্ৰিকতাৰ পৰা মহিলাক মুক্ত কৰিবলৈ কৰা দাবীৰ যুক্তিযুক্ততা আছে। নাৰীক ভবিষ্যতে পিতৃপ্রধান পৰিয়ালৰ পৰা সম্পূর্ণভাৱে মুক্ত কৰিব নোৱাৰিলেও এইক্ষেত্ৰত যে পুৰুষৰ কতৃত্ব সীমিত হ’ব লাগে, সেই কথা সকলোৱে স্বীকাৰ কৰিব। সেই অনুপাতে নাৰীৰ ক্ষেত্ৰত ধৰ্মীয় ৰীতি-নীতিবিলাকো শিথিল হোৱাৰ গুৰুত্বও অস্বীকাৰ কৰিব নোৱাৰে। এইবিলাক ক্ষেত্ৰত সংস্কাৰবাদীসকলে সংস্কাৰৰ দাবী উত্থাপন কৰি সফল হ’ব পাৰিলে নাৰীসকল বহুক্ষেত্ৰত সফল হ’বলৈ সক্ষম হ’ব।

5. Discuss the Features of the Radical Approach.

Ans: সংস্কাৰবাদী দৃষ্টিভংগীৰ বহুতো বৈশিষ্ট্য পৰিলক্ষিত হয়। সেই বৈশিষ্ট্যবিলাক হৈছে—

১। সমান অধিকাৰ : সংস্কাৰবাদী দৃষ্টিভংগীৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল যে, ই পুৰুষ-মহিলাৰ সমান অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। লিংগৰ কাৰণ লৈ পৰুষ-মহিলাৰ মাজত কোনো পার্থক্য থাকিব নালাগে। আইনৰ চকুত সকলো সমান। “AIl are equal before the eyes of Law” নাৰীয়ে পুৰুষৰ লগত সমান অধিকাৰ পালেহে এখন শৃংখলাবদ্ধ সমাজ প্রতিষ্ঠা কৰাটো সম্ভৱপৰ।

২। যৌন নির্যাতন প্ৰতিৰোধ কৰা [Prevention of Sexual harassment] : বর্তমান সমাজ ব্যৱস্থাত নাৰী প্ৰায় পুৰুষৰ যৌন নির্যাতনৰ বলি হয়। বিশ্বৰ প্ৰায়বিলাক দেশতে নাৰীৰ সামাজিক নিৰাপত্তা নাই। এনে পৰিস্থিতিত সংস্কাৰবাদীয়ে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে এক প্রতিবাদী আন্দোলনৰ সূচনা কৰাৰ ওপৰত প্রাধান্য দিয়ে।

৩। চৰম দৃষ্টিভংগী [Extreme Approach] : সংস্কাৰবাদীয়ে যিবিলাক কাৰণত নাৰী পুৰুষৰ নিৰ্যাতনৰ বলি হৈছে, সেই কাৰণবিলাক বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব দিছে। তেওঁলোকৰ মতে পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাই নাৰীৰ মৰ্যাদা, অধিকাৰ অৱনমিত কৰিছে। সেইকাৰণে তেওঁলোক এইক্ষেত্ৰত এক চৰম ব্যৱস্থা গ্রহণ কৰি হ’লেও পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাৰ পৰা নিজকে মুক্ত কৰাৰ পোষকতা কৰে।

৪। সামাজিক ন্যায় প্রতিষ্ঠা: সংস্কাৰবাদীয়ে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব দিয়ে। সামাজিক ন্যায় প্রতিষ্ঠা কৰিবলৈ হ’লে বর্তমান পুৰুষপ্রধান সমাজত নাৰীৰ ওপৰত চলা নির্যাতন, শোষণ, দমন, বঞ্চনা আদি দূৰ কৰিব লাগিব। নাৰীসকলক উচ্চ শিক্ষা গ্রহণত প্রয়োজনীয় সা-সুবিধা চৰকাৰ প্ৰশাসনে প্ৰদান কৰিব লাগিব। সেই অনুপাতে তেওঁলোকে ৰাজনৈতিক, অর্থনৈতি দিশতে সমান অধিকাৰৰ পৰা বঞ্চিত হ’ব নালাগিব।

৫। নাৰীবাদী আন্দোলন [Feminist Movement] : সংস্কাৰবাদীসকলে নাৰীক তেওঁলোকৰ বিভিন্ন অধিকাৰৰ বিষয়ে সজাগ কৰি তুলিবৰ কাৰণে এক নাৰীবাদী আন্দোলনৰ পোষকতা কৰে। এক নাৰীবাদী আন্দোলনেহে নাৰীক পুৰুষৰ নিৰ্যাতনৰ মুক্ত কৰিবলৈ সক্ষম হ’ব।

৬। মাতৃতান্ত্রিক ব্যবস্থা : বর্তমান সমাজ ব্যৱস্থাত পিতৃতান্ত্রিক পৰিয়াল ব্যৱস্থাৰ প্ৰাধান্য থকাৰ কাৰণে নাৰীসকলে সকলো ক্ষেত্রতে পদদলিত হৈছে। তেওঁলোকৰ কোনো ক্ষেত্রতে ব্যক্তিগত স্বাধীনতা নাই। গতিকে সংস্কাৰবাদীয়ে দাবী কৰে পুৰুষপ্রধান পৰিয়ালৰ বিপৰীতে মাতৃপ্রধান পৰিয়াল প্রতিষ্ঠা হ’লেহে নাৰীয়ে প্রকৃত স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ’ব। 

৭। প্ৰজনন আৰু গৰ্ভনিৰোধৰ ক্ষেত্ৰত স্বাধীনতা [Freedom of Reproduction and use of Contraception] : সংস্কাৰবাদীসকলে গৰ্ভধাৰণ কৰা, গর্ভপাত কৰা, গৰ্ভনিৰোধক উপায় গ্ৰহণ কৰা বা নকৰা ক্ষেত্ৰত নাৰীৰ সম্পূর্ণ স্বাধীনতা থাকিব লাগে বুলি মতপোষণ কৰিছে। এই ক্ষেত্ৰত কোনো ধৰণৰ বল প্রয়োগ হ’ব নালাগে। কোনো নাৰীয়ে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে গৰ্ভপাত কৰোৱাত বাধ্য বাধকতা বা জোৰ-জুলুম কৰাটো সংস্কাৰবাদীয়ে ৰোধিতা কৰে।

৮। পিতৃতান্ত্রিকতাৰ বিৰোধিতা [Elimination of Patriarchy] : সংস্কাৰবাদীয়ে পিতৃতান্ত্রিক পৰিয়ালেই মহিলা নিৰ্যাতনৰ মূল কাৰণ বুলি অভিহিত কৰে। এই ব্যৱস্থাৰ কাৰণে পুৰুষসকলে যুগ যুগ ধৰি নাৰীৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰি আহিছে। গতিকে সংস্কাৰবাদীয়ে এনে পিতৃতান্ত্রিক পৰিয়ালৰ বিৰোধিতা কৰাৰ লগতে ইয়াক সম্পূর্ণভাৱে উচ্ছেদ কৰাৰো পোষকতা কৰে।

৯। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত গুৰত্ব [Emphasis on the Science and Technology] : আনুষ্ঠানিক সমাজ ব্যৱস্থাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ অপৰিসীম। এনে ব্যৱস্থাই সকলো ক্ষেত্ৰতে আমূল পৰিৱৰ্তন সাধন কৰিব পাৰে। গতিকে নাৰীৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কৌশল প্ৰয়োগৰ ওপৰত আওকাণ কৰিব নোৱাৰি। এই বিলাকে নাৰীৰ জন্ম দিয়া, গৰ্ভ নিৰোধক, গর্ভপাত কৰা আদি ক্ষেত্ৰত সহজলভ্য কৰি তুলিছে।

১০। মহিলা একত্ৰীকৰণ : সংস্কাৰবাদীসকলো মহিলাৰ মাজত এক বুজাবুজি হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মহিলাসকলে বাই-ভনী হিচাপে একগোট হৈ কাম নকৰিলে তেওঁলোকৰ উদ্দেশ্য সফল হ’ব নোৱাৰে।

১১। লিংগতা : সমাজত পুৰুষ-মহিলাৰ মাজত বিভাজন হৈছে। ইয়াৰ ফলত পুৰুষৰ হাতত মহিলা নির্যাতিত হৈছে। গতিকে সংস্কাৰবাদীয়ে সমাজৰ এই দিশটোৰ অধ্যয়নৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে।

6. Asses the Third World Approach to the Study of Women’s Studies.

Ans: তৃতীয় বিশ্বৰ নাৰীবাদী দৃষ্টিভংগীৰ বিষয়ে বিতং ব্যাখ্যাৰ আগবঢ়োৱাৰ পূৰ্বে তৃতীয় বিশ্ব মানেনো কি সেই বিষয়ে থুলমূল আভাস দিয়াৰ প্ৰয়োজনীয়তা আছে।

“তৃতীয় বিশ্ব” আখ্যাৰ দ্বাৰা সাধাৰণতে এছিয়া, আফ্রিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰসমূহক সামৰি লোৱা হয়। সাধাৰণ অৰ্থত পুঁজিবাদী আৰু সমাজবাদী ৰাষ্ট্ৰৰ বাহিৰে আন ৰাষ্ট্ৰবোৰক “তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ” বুলি কোৱা হয়। “তৃতীয় বিশ্ব” অভিধাটো ১৯৫২ চনত ফৰাচী ৰাজনীতি বিজ্ঞান এ. চৌবী (A Sauvy) য়ে প্রথমে ব্যৱহাৰ কৰিছিল তৃতীয় বিশ্বৰ ধাৰণাটো মূলত তিনিটা উপাদানৰ ভিত্তিত প্রতিষ্ঠিত— আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক স্থিতি ৰাজনৈতিক স্থিতি আৰু এই শ্ৰেণীটোৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰখনৰ স্থিতি প্রথম বিশ্ব অর্থাৎ পুঁজিবাদী দ্বিতীয় বিশ্ব অর্থাৎ সমাজবাদী ৰাষ্ট্ৰসমূহক ৰাজনৈতিক ভিত্তিত পৃথকীকৰণ কৰা হয়। ইয়াৰ পৰিৱৰ্তে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মূল সামঞ্জস্য পূর্ণ দিশটো হৈছে অর্থনৈতিক। প্রধানতঃ অর্থনৈতিকভাৱে উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ দ্বাৰা তৃতীয় বিশ্ব গঠিত হৈছে। এই তৃতীয় বিশ্বৰ ইতিহাস হৈছে ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগ্ৰামৰ ইতিহাস।

তৃতীয় বিশ্বৰ নাৰীবাদ হৈছে নাৰীবাদী দৰ্শনৰ এক ৰূপ য’ত নেকি বর্ণবাদ ঔপনিৱেশিকতাবাদ, শ্ৰমৰ লিংগভিত্তিক বিভাজন, ৰাজনৈতিক আধিপত্য ইত্যাদিৰ দৰে ধাৰণাসমূহ কেন্দ্রীভূত হৈ থাকে।ঔপনিৱেশিকোত্তৰ নাৰীবাদ হৈছে ঔপনিৱেশিক ৰাষ্ট্ৰসমূহত বিকশিত হোৱা এক নাৰীবাদী ভাবধাৰা। তৃতীয় বিশ্বৰ নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে, চৰম পাশ্চাত্যৰ দৰ্শনৰ বিৰুদ্ধে কৰা সমালোচনাৰ ফলশ্রুতিতেই তৃতীয় বিশ্বৰ নাৰীবাদ দৰ্শনৰ অভিযান গায়ত্ৰী চক্ৰৱৰ্তীয়ে কৰা বৰ্ণনা অনুসৰি The term “Third World” Was initially Coined in the year 1955 by those emerging from the Old World Order 1/4  Kum Kum Sagaryৰ মত অনুসৰি, “Third World is a term that both signifies and blurs the functioning of an economic, Political and imaginary geography that able to unite vast and vastly differentiated areas of the world into a single underdeveloped terran. উল্লেখনীয় যে তৃতীয় বিশ্বৰ নাৰীবাদী দর্শন তৃতীয় বিশ্বৰ অনুন্নত ৰাষ্ট্ৰ বিলাকৰ মহিলাসকলে সম্মুখীন হোৱা সমস্যা ৰাজিৰ লগত জড়িত, পাশ্চাত্যৰ নাৰীবাদীসকলে নাৰীবাদৰ ধাৰণাতো সমগ্র বিশ্বজুৰি বিস্তাৰিত কৰি তুলিছিল। 

কিন্তু তৃতীয় বিশ্বৰ মহিলাসকলে দৈনন্দিন জীৱনত সম্মুখীন হোৱা সমস্যা ৰাজিক সঠিকভাবে উপস্থাপন কৰা হোৱা নাছিল। তাৰোপৰি পাশ্চাত্যৰ নাৰীবাদীসকলে অশ্বেতকায় জনা পশ্চিমীয়া মহিলাসকলৰ মতামত সমূহক সম্পূর্ণৰূপে আওকাণ কৰা নাছিল। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে সম্মুখীন হোৱা সমস্যাসমূহৰ ভিতৰত সাম্প্রদায়িকতাবাদ, যৌনক, সতীদাহ প্রথা, শ্ৰমৰ লিংগভিত্তিক বিভাজন ইত্যাদিয়েই প্রধান। মহিলাসকলক সদায় দ্বিতীয় শ্রেণীৰ নাগৰিক হিচাপে গণ্য কৰা হয়। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ কন্যা সন্তানৰ ভ্রূণ হত্যা, যৌতুকৰ বাবে হত্যা, সতীদাহ প্রথাৰ দৰে কেতবোৰ বদ অভ্যাসে মহিলাসকলক এক লাঞ্চিত আত্মালৈ পর্যবেক্ষিত কৰি তুলিলে। তৃতীয় বিশ্বৰ নাৰীবাদক ঔপনিৱেশিকোত্তৰ নাৰীবাদ হিচাপেও বৰ্ণনা কৰা হয়। ঔপনিৱেশিকোত্তৰ নাৰীবাদী দর্শনে ঘৰৰ চাৰিবেৰৰ ভিতৰত আৰু বাহিৰতো মহিলাসকলৰ ভঊমিকাক প্রত্যাহ্বান জনোৱাৰ জৰিয়তে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছিল।

তৃতীয় বিশ্বৰ নাৰীবাদে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মহিলাসকলে সম্মুখীন হোৱা সমস্যা ৰাজি চিনাক্ত কৰি সিবিলাক সমাধান কৰাৰ প্রচেষ্টা চলায়। তৃতীয় বিশ্বৰ নাৰীবাদে নিঃঔপনিৱেশিকীকৰণ নতুবা সদস্য স্বাধীনতা প্রাপ্ত ৰাষ্ট্ৰবিলাক আৰু পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ ভিতৰত মহিলাসকলৰ মাজত সামঞ্জস্যতা দেখা পাইছিল।

তৃতীয় বিশ্বৰ নাৰীবাদৰ বৈশিষ্ট্য :

তৃতীয় বিশ্বৰ নাৰীবাদৰ কেতবোৰ মৌলিক বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল 

১) তৃতীয় বিশ্বৰ নাৰীবাদে মহিলাৰ মৌলিক প্রয়োজনসমূহৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

২) তৃতীয় বিশ্বৰ নাৰীবাদে কেৱল লিংগৰ ক্ষেত্ৰত যে সমতাৰ পোষকতা কৰে এনে নহয় বৰং বর্ণ, শ্রেণী আৰু ৰাষ্ট্ৰগত ক্ষেত্ৰতো সমতাৰ পোষকতা কৰে।

৩) তৃতীয় বিশ্বৰ নাৰীবাদে পাশ্চাত্যৰ নাৰীবাদক সমালোচনা কৰে। লগতে পাশ্চাত্যৰ নাৰীবাদ আৰু তৃতীয় বিশ্বৰ নাৰীবাদৰ মৌলিক উদ্দেশ্যৰ মাজৰ প্ৰভেদক স্বীকাৰ কৰে।

৪) তৃতীয় বিশ্বৰ নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকল তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ পৰাই আছিল, যিসকলে নেকি তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মহিলাসকলৰ অৱস্থিতিক সঠিকভাৱে উপস্থাপন কৰিব পাৰিছিল।

৫) তৃতীয় বিশ্বৰ নাৰীবাদৰ ধাৰণাতো মূলতঃ মহিলাৰ কল্যাণ, দৰিদ্ৰতা দূৰীকৰণ, সতীদাহ প্রথা নিৰাময়কৰণ, যৌতুক প্রথা নিবাৰণ, ভ্রূণ হত্যা আদিৰ দৰে সমস্যাৰাজিৰ লগত নিবিড়ভাৱে সম্পর্কিত। 

সমালোচনা :

তৃতীয় বিশ্বৰ নাৰীবাদী দৃষ্টিভংগীৰ বিৰুদ্ধে নিম্নোক্ত সমালোচনা সমূহ উত্থাপিত হোৱা পৰিলক্ষিত হয়—

১) তৃতীয় বিশ্বৰ নাৰীবাদে পৰিচয়ৰ সামগ্ৰিক সুৰক্ষাৰ ওফৰত বিশ্বাস কৰে, কিন্তু বাস্তৱক্ষেত্ৰত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত মহিলাসকল বর্তমানেও বিভিন্ন প্ৰকাৰৰ শোষণ আৰু বৈষম্যৰ বলি হৈ অহা পৰিলক্ষিত হয়।

২) পাশ্চাত্যৰ নাৰীবাদী আৰ্হিৰ বিপৰীতে তৃতীয় বিশ্বৰ নাৰীবাদী দর্শন অধিক পৰিমাণে সামাজিক হোৱা বুলি সততে অভিযোগ উত্থাপন কৰা হয় ।

7. Distinguish between Marxian feminism and Socialist feminism.

Ans: উদাৰনৈতিক নাৰীবাদৰ পৰম্পৰাৰ আধাৰত সমসাময়িকভাৱে মার্ক্সীয় আৰু সমাজবাদী পৰম্পৰাই বিকাশ লাভ কৰিছিল। এই দুয়োপ্ৰকাৰৰ নাৰীবাদী চিন্তাধাৰাই বিশ্বাস কৰে যে মহিলাসকলে কেৱল ৰাজনৈতিক আৰু বিধিগত অসমতাকে সহ্য কৰি থকা নাই। বৰং অর্থনৈতিক আৰু সামাজিক ক্ষেত্ৰতো তেওঁলোকে অধিক পৰিমাণে এই অসমতাক সহ্য কৰি আহিছে। যদিও মার্ক্সীয় আৰু সমাজবাদী এই দুয়োটা ধাৰণা মার্ক্সীয় আদৰ্শৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে তথাপি এই দুয়োটা নাৰীবাদী চিন্তাগোষ্ঠীৰ মাজত এক বিশেষ পার্থক্য পৰিলক্ষিত হয়।

মার্ক্সীয় নাৰীবাদীসকলে দৃঢ়ভাৱে বিশ্বাস কৰে যে মহিলাসকলৰ অৱদমনৰ মূল কাৰণ হৈছে সমাজ ব্যৱস্থাত থকা শ্রেণী বৈষম্যতা। পুঁজিবাদী ব্যৱস্থাৰ পৰিসমাপ্তিৰ লগে লগে মহিলাৰ ক্ষেত্ৰত থকা অসমতাৰে পৰিসমাপ্তি ঘটিব। সমাজবাদী নাৰীবাদীসকলে কয় যে, মহিলাসকলে শ্রেণী বৈষম্যৰ কাৰণে নহয় বৰং পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাৰ কাৰণেহে দুর্ভোগ ভুগিবলগীয়া হয়।

মার্ক্সীয় নাৰীবাদীসকলৰ মতে, পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ পৰিণতিয়েই হ’ল মহিলাৰ অৱদমন। “The Origin of Family, Private Property and the State (1884)” নামৰ গ্ৰন্থখনত ফ্ৰেডৰিক এঞ্জেলছে কৈছে যে, “ব্যক্তিগত সম্পত্তি আৰু পুঁজিবাদ উভয়ে মাতৃত্বৰ অধিকাৰ (Mother Right)ৰ অৱক্ষয়ক প্রভাবিত কৰিছিল। পুঁজিবাদ ব্যক্তিগত সম্পত্তিৰ ওপৰত নিৰ্ভৰশীল যাৰ জৰিয়তে নেকি এটা শ্ৰেণীয়ে আন এটা শ্রেণীক শোষণ কৰাৰ পথ প্রশস্ত হয়”।

পুঁজিবাদী সমাজ ব্যৱস্থাত মহিলাসকলে এক সংৰক্ষিত শ্রমিক শ্ৰেণী হিচাপে থাকে আৰু পুৰুষ শ্ৰমিকৰ সংখ্য কম হ’লৈ তেওঁলোকক অতি নিম্ন মজুৰিৰ বিনিময়ত কামত নিয়োগ কৰা হয়। একে সময়তে তেওঁলোকে ঘৰুৱা পৰিৱেশতো অৱদমিত হ’ব লগা হয়। কিয়নো বিনা পাৰিশ্ৰমিকতে তেওঁলোকে ঘৰুৱা কাম-কাজৰ বোজা বহন কৰিব লগা হয়। গতিকে মার্ক্সবাদীসকলৰ মতে পুঁজিবাদৰ অৱসান ঘটোৱাটো প্ৰধান লক্ষ্য হোৱা উচিত। পুঁজিবাদৰ অৱসানৰ লগে লগে লিংগ বৈষম্যৰো পৰিসমাপ্তি ঘটিব।

সমাজবাদী নাৰীবাদীসকলে এই ধাৰণাক গ্ৰহণ কৰা নাছিল। তেওঁলোকৰ মতে, “মহিলাৰ অৱদমনৰ মূল কাৰণটো কেৱল অর্থনৈতিকেই নহয়। এইক্ষেত্ৰত মহিলাসকল বিশেষকৈ দুটা শক্তিৰ জৰিয়তে অৱদমিত হৈ থাকে। এটা হৈছে পুঁজিবাদ আৰু আনটো হৈছে পুৰুষতন্ত্রবাদ। পুৰুষতন্ত্রবাদে পুঁজিবাদৰ প্ৰকৃতিক নিৰ্ধাৰণ কৰে আৰু যেতিয়াই এই দুয়োটা শক্তি একেলগে সক্ৰিয় হৈ পৰে তেতিয়াই  মহিলাসকলে অৱদমিত হ’ব লগা হয়। 

গতিকে ক’ব পাৰি যে মহিলাসকলে উৎপাদন আৰু পুনঃ উৎপাদন’ (Production and Reproduction) এই দুয়ো দিশতে দুর্ভোগ ভুগিবলগীয়া হয়। গতিকে পুঁজিবাদ আৰু পুৰুষতন্ত্রবাদ উভয়কে সমাজ ব্যৱস্থাৰ পৰা নিঃশেষ কৰা নীতিৰ ওপৰত সমাজবাদী নাৰীবাদীসকলে গুৰুত্ব আৰোপ কৰিছিল। এইক্ষেত্ৰত জুলিয়েট মিচেল (Juliet Mitchell), হেইডি হার্টমেন (Heidi Martman) আদিৰ নাম বিশেষভাৱে লেখত ল’বলগীয়া।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top