Feminism Theory And Practice Unit 1 Concepts in Feminism

Feminism Theory And Practice Unit 1 Concepts in Feminism Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Feminism Theory And Practice Unit 1 Concepts in Feminism Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Feminism Theory And Practice Unit 1 Concepts in Feminism Question Answer can be of great value to excel in the examination.

Feminism Theory And Practice Unit 1 Concepts in Feminism

Join Telegram channel

Feminism Theory And Practice Unit 1 Concepts in Feminism Notes cover all the exercise questions in UGC Syllabus. The Feminism Theory And Practice Unit 1 Concepts in Feminism provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Concepts in Feminism

POLITICAL SCIENCE

FEMINISM THEORY AND PRACTICE

নাৰীবাদ : তত্ত্ব আৰু প্ৰয়োগ

A. Very short type questions :

1. Who is regarded as the first feminist of the World?

Ans: মেৰী ওৱেলষ্টন ক্রাফট।

2. Name the author of the book “Subjection of Women”? 

Ans: জে. এছ, মিল।

 3. Who wrote the book “Vindication of Women’s Right”?

Ans: মেৰী উইলষ্টন ক্রাফট।

4. What do you mean by “Suffrage Movement”? 

Ans: ভোটাধিকাৰ বাবে চলোৱা আন্দোলন।

5. Mention the period known as “First Wave Feminist Movement”?

Ans: ১৭৯০-১৮৬০ৰ সময়ছোৱা।

6. Who is known as the pioneer of Women’s Studies in India”.

Ans: বীণা মজুমদাৰ।

7. Who wrote the book “Le Deuxieme Sexe”?

Ans: চাইমন দ্য ব্যুভৰে।

8. Name the author of the book “A Room of Ones Own”.

Ans: ভার্জিনিয়া উলফ।

9. When for the first time, the term “Feminism” was used?

Ans: ১৯৫০ চনত।

10. What Name the College where Women’s Studies was started?

Ans: চেণ্ডিগো ষ্টেট কলেজ।

11. Who is the pioneer of Women’s Studies in India.

Ans: বীণা মজুমদাৰ।

12. Which decade was declared as “International Women’s decade”?

Ans: ১৯৭৫-১৯৮৫।

13. Who rote the book “The Second Sex”?

Ans: চাইমন দ্য ব্যুভেৰ।

14. Women’s studies in an interdisciplinary subject write Yes/No.

Ans: Yes.

15. Women’s studies is an independent/ dependent/interdependent discipline.

Ans: Interdependent Discipline.

16. “A vindication of the Rights of women” was written by Kate Millett/Mary Wollstone craft/J.S. Mill. 

Ans: Mary Wollstone craft.

17. J.S. Mill/Kart Mask/Mary wollstone craft is regarded as the founder of Modern Feminism.

Ans: Mary Wollstone craft. 

18. Condorcet/J.S. Mill/Germaine Greer wrote the book “The Subjection of Women”.

Ans: J.S. Mill.

19. Women’s studies is a Gender studies. Write Yes/No.

Ans: Yes.

20. The word ‘Feminism’ is derived from French/Greek/Latin word “Femina”.

Ans: Latin word.

21. The Feminist Movements has been started from Third world/Islamic/Western countries.

Ans: Western countries.

22. Who wrote the book “Theorising Patriarchy’?

Ans: চিলভিয়া ওৱালবি।

23. Define Patriarchy. 

Ans: ঘৰৰ মুৰব্বীজনৰ শাসন।

24. What do you mean by “Patriarchal Mode of production”?

Ans: ঘৰৰ ভিতৰত প্ৰতিগৰাকী নাৰীকে গোটেই জীৱন তেওঁলোকৰ ল’ৰা-ছোৱালী, স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ কাৰণে সকলো ধৰণৰ সেৱা বিনা পাৰিশ্রমিকেৰে আগবঢ়াই আহিছে যাক চিলভিয়া ওৱালবি (Sylvia Walby)য়ে “পিতৃতান্ত্রিকতা উৎপাদনৰ বেহা বা পথ বুলি অভিহিত কৰিছে।

25. Who viewed Male Violence as a Structure?

Ans: চিলভিয়া ওৱালবি।

26. According to Lerner, What is the basic Structure of Patriarchy?

Ans: মজুৰিপ্ৰাপ্ত শ্রমিকসকল।

27. “Women are made, they are not born” Who said?

Ans: চাইমন দ্য ব্যুভেৰ।

28. From Which Greek word the term “Patriarchy” derived?

Ans: Patriarkhas.

29.Who wrote the book “Das Capital”?

Ans: কার্লমার্ক্স।

30. Patriarchy means “The rule of the head of the family”. (Write Yes or No)

Ans: Yes.

31. The influence of Patriarchy is not same in everywhere. (Write Yes or No) 

Ans: Yes.

32. Education system may be considered as the medium of influence of Patriarchy (Write Yes or No) 

Ans: Yes.

33. The Women’s Movement was developed in Europe and in other parts of the world from the 18th century. (Write Yes or No)

Ans: Yes.

34. The term ‘Gender’ is derived from French word; Genese’ and Greek word ‘Gene’. (Write Yes or No)

Ans: Yes. 

35. The term Patriarchy is derived from the Latin/Greek/French word “Patriarkhas”.

Ans: Greek. 

36. ‘Patriarchal system is a male dominated/female dominated social system.

Ans: Male dominated.

37. Aristotle / Mary Wollstonraft/J.S. Mill is associated with the Traditional Approach of the patriarchal system.

Ans: Aristotle.

38. The term “Gender” is derived from the French and Greek word, Genies and Gene/Genesis and Geni/Genesis and Genius.

Ans: Genies and Gene. 

39. The primary agencies of socialisation is the family/peer groups/school.

Ans: Family,

Short Question answer: 

1. Why Women are also in favour of patriarchy?

Ans: পিতৃতান্ত্ৰিকতাৰ প্ৰচলন অব্যাহত ৰখাৰ ক্ষেত্ৰত মহিলাসকলেও সমর্থন জনোৱা পৰিলক্ষিত হয়। এনে বহু জটিল সমস্যা তথা কাৰক আছে যিবিলাকৰ পৰিপ্ৰেক্ষিতত মহিলাসকলে প্রত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক পুৰুষতন্ত্রবাদক অক্ষুণ্ণ ৰখাত অৰিহণা যোগাইছে। তলত তাৰে কেইটামান উল্লেখ কৰা হ’ল―

(ক) নাৰীৰ মানসিকতা বর্তমানেও পুৰুষৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ দৈহিক প্রয়োজনীয়তাৰ খাতিৰত কাৰণত তেওঁলোকে আত্মৰক্ষাৰ বাবে পুৰুষৰ সহায় বিচাৰে।

(খ) মাতৃ হিচাপে নাৰীয়ে সন্তান প্ৰসৱ কৰাৰ পিছত লগত এনেদৰে থাকি ভাল পায় যে বাকী সকলোকে ত্যাগ কৰি  হ’লেও তেওঁলোকে ঘৰতে সন্তানটিক নিজে যত্ন লোৱাৰ বাবে আগ্ৰহী হৈ পৰে।

(গ) মহিলাসকলৰ অন্য এগৰাকী মহিলাৰ সৈতে একগোট হৈ তেওঁলোকৰ হিতৰ কাৰণে কাম কৰাৰ নিদৰ্শন পুৰুষৰ তুলনাত নিচেই কম। যদিওবা কেতিয়াবা কৰা দেখা যায় তথাপি সেয়া চিৰস্থায়ী নহয়৷

(ঘ) মহিলাসকলে তেওঁলোকৰ ঐতিহাসিক বুৰঞ্জীবিলাকৰ বিষয়ে সচেতন নহয়। পৰম্পৰাগত মূল্যবোধ ৰাজিৰ প্ৰতি বিশ্বাস আৰু ইয়াৰ লগত মানসিক আৰু অভ্যাসগতভাৱে মহিলাসকল জড়িত হৈ পৰে।

(ঙ) মহিলাসকলে বর্তমানেও শিক্ষা, অর্থনৈতিক, ৰাজনৈতিক ক্ষমতা দখলৰ ক্ষেত্ৰত পুৰুষৰ সমতুল্য হ’ব পৰা নাই।

2. Structure of patriarchy.

Ans: চিলভিয়া ওৱালবি (Sylvia Walby) য়ে পিতৃতান্ত্ৰিকতাৰ ছটা সংৰচনা (Structure) সংজ্ঞায়িত কৰিছিল আৰু সেইবোৰ তলত উল্লেখ কৰা হ’ল।

(১) মজুৰিপ্ৰাপ্ত শ্ৰমিকসকল পিতৃতান্ত্রিকতাৰ প্ৰথমটো আৰ্হি বা গাঁথনি। মহিলা শ্রমিকসকলে একেটা কামকে কৰি পুৰুষতকৈ কম পাৰিশ্ৰমিক লাভ কৰাটোৱে পিতৃতান্ত্রিকতাৰ প্ৰথমটো গাঁথনি সূচিত কৰিছে।

(২) ঘৰৰ ভিতৰত শ্ৰমৰ লিংগভিত্তিক বিভাজন (Secual division of labour)ৰ জৰিয়তে মহিলাসকলে ঘৰুৱা কাম-কাজ, সন্তান লালন-পালন কৰাৰ দৰে প্রাথমিক দায়বদ্ধতাসমূহ পালন কৰিবলগীয়া হৈছে।

(৩) পিতৃতান্ত্রিকতা সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সংস্কৃতি (Culture) য়ে এক তাৎপর্যপূর্ণ ভূমিকা গ্রহণ কৰে। সাধাৰণতে, সংস্কৃতিৰ নামতে বহু ক্ষেত্ৰত মহিলাসকল পুৰুষৰ অধীনস্থ হৈ ৰোৱা পৰিলক্ষিত হয়। আমাৰ সংস্কৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পৌৰাণিক শাস্ত্ৰ (Mythology) বিলাকেও অতিশয় গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। যি কি নহওক, বহু সময়ত এই সংস্কৃতিয়ে নিজেই মহিলাসকলক ব্যৱহাৰৰ আহিলা হিচাপে চিত্রায়িত কৰাও পৰিলক্ষিত হয়।

(৪) বিসদৃশ যৌনগত (Heterosexual) সম্পর্কক পিতৃতান্ত্রিকতাৰ এক উপাদান হিচাপে বিবেচনা কৰা হয়।

(৫) মহিলাসকলৰ বিৰুদ্ধে ঘৰৰ ভিতৰত আৰু কাৰ্যালয়ত পুৰুষৰ যি আতিশয্য সেই আতিশয্যক পিতৃতান্ত্রিকতাৰ এক গাঁথনি স্বৰূপ বুলি অভিহিত কৰা হয়।

(৬) পুৰুষ আৰু মহিলাক বিভাজিত কৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰই এক আধিপত্যমূলক আৰু পিতৃতান্ত্রিক ভূমিকা পালন কৰে।

3. Define Gender.

Ans: লিংগৰ অৱধাৰণাটো সম্প্রতি এক অতি গুৰুত্বপূৰ্ণ বিতৰ্কৰ বিষয়ৰূপে পৰিগণিত হৈছে। “লিংগ অভিধাটো বর্তমান সমাজতাত্ত্বিকভাৱে আৰু এক অৱধাৰগত শ্ৰেণীৰূপে ব্যৱহৃত কৰা হয় আৰু ইয়াৰ এক নির্দিষ্ট অর্থ আছে। লিংগই পুৰুষ আৰু মহিলাৰ সামাজিক আৰু সাংস্কৃতিক সংজ্ঞাৰ লগতে সমাজে পুৰুষ আৰু মহিলাৰ মাজৰ বৈষম্য নিৰূপণ কৰি তেওঁলোকৰ ওপৰত পৃথক পৃথক সামাজিক ভূমিকা ন্যস্ত কৰাৰ পথক সূচিত কৰে।

কুৰি শতিকাৰ মাজভাগত সমাজতাত্বিক শৃংখলা নাৰীবাদী আদর্শই এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিবলৈ লোৱাৰ লগে লগেই লিংগৰ অৱধাৰণাটো পোহৰলৈ আহে। নাৰীবাদৰ অন্যতম বাটকটীয়া এন ওৱাকলে-ই পোন প্ৰথমবাৰৰ কাৰণে “লিংগ” শব্দটোৰ তেওঁৰ “Sex, Gender and Society (1972)” শীর্ষক গ্ৰন্থখনত ব্যাখ্যা আগবঢ়াইছিল। যদিওবা ওৱকলেৰ পূৰ্বেও “লিংগ” অভিধাটো ব্যৱহাৰ কৰা হৈছিল তথাপি অভিধাটোৰ এক সর্বজন গ্রহণযোগ্য সংজ্ঞা আগবঢ়াব পৰা নাছিল। Simone de Beauvoirয়ে তেওঁৰ “The Second Sex” শীর্ষক গ্ৰন্থখনত এই বুলি বর্ণনা কৰিছে যে সমাজত লিংগ অসমতাই পুৰুষসকলক পাউৰুটি উপাৰ্জক হিচাপে গ্ৰহণ কৰা ভূমিকাৰ জৰিয়তে সমাজৰ উৰ্ধত স্থান দিয়াৰ অৱকাশ হৈছে। লিংগ অসমতাই সমাজত এনে এক অধিক্ৰমৰ সূচনা কৰিছে য’ত নেকি মহিলাসকলৰ স্থান মর্যাদা অৱদমিত কৰাৰ উপক্ৰম হৈছে। “লিংগ” অভিধাটো সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সমাজতত্ববিদসকলে যুক্তি দৰ্শাইছে যে “লিংগ” অভিধাটোৰ সংজ্ঞা দিবলৈ হ’লে তিনিটা বৈশিষ্ট্য অপৰিহাৰ্য। এই বৈশিষ্ট্যকেইটা হৈছে—

(ক) এক নিৰ্দিষ্ট অৱস্থাৰ পৰিৱৰ্তে এক প্রক্রিয়া হিচাপে লিংগ (Gender as a process rather than a fixed state)।

(খ) ব্যক্তিবর্গ আৰু সমাজৰ এক বৈশিষ্ট্য হিচাপে লিংগ (Gender as a characteristic of Society as well as individuals.)।

(গ) বৈষম্য আৰু অসমতা সৃষ্টি কৰা এক ব্যৱস্থা হিচাপে লিংগ (Gender as a system that creates differences and inequalities.)।

লিংগ অভিধাটোৰ সংজ্ঞা আগবঢ়াই এন ওৱাকলি (Ann Oakley) য়ে কৈছে— “Gender is a matter of culture, it refers to the social classification of men and women into ‘Masculine’ and feminine.” অর্থাৎ লিংগ হৈছে সংস্কৃতিৰ লগত জড়িত এক বিষয়, ই পুৰুষ আৰু মহিলাসকলক ক্রমে ‘পুলিংগ’ আৰু ‘স্ত্ৰী-লিংগ’ লৈ সামাজিক শ্রেণীবিভাজন কৰাক সূচায়। জনসাধাৰণৰ মাজত পুৰুষ আৰু মহিলাসকলক সাধাৰণতে দৈহিক প্রামাণ্যতাৰ প্ৰসংগৰে সূচিত কৰা হয়। লিংগ হৈছে যৌন সম্পর্কীয় অসমতাৰ সামাজিক আনুষ্ঠানিকতা। ই এক সামাজিক পর্যায় বা স্তৰৰ ধাৰণা যিয়েই নেকি পুৰুষ আৰু মহিলাক নির্দেশিত কৰাৰ লগতে সমাজত তেওঁলোকক তেওঁলোকৰ সম্পর্কিত ভূমিকা প্রদান কৰা হয় আৰু তেনেদৰে যোগাত্মক সামাজিক স্থান নিৰূপণ কৰা হয়। গতিকে ক’ব পৰা যায় যে জীৱ বিজ্ঞানত লিংগতা বা যৌনতাক যিটো ধাৰণা কৰা হয় সেইটোক সমাজ বিজ্ঞানত লিংগ বুলি অভিহিত কৰা হয়। মুঠৰ ওপৰত যিয়েই নহওক লাগে, পিতৃপ্রধান সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত লিংগৰ ধাৰণা মহিলাৰ অধীনস্থতাৰ এক আদর্শগত ব্যৱস্থা স্বৰূপ।

4. Distinction between Gender and Sex.

Ans: যদিও সাধাৰণতে লিংগ আৰু যৌনতা (লিংগভেদৰ) মাজত পার্থক্য নাই যেন লাগে তথাপি উভয়ৰ মাজত পাৰ্থক্য বিশেষকৈ শিক্ষাগত স্তৰত তলত দিয়া ধৰণৰ বিষয়ত প্ৰভেদ দেখা যায় যেনে―

(১) সমাজত মানুহক লিংগৰ ভিত্তিত শ্রেণীবিভাজন কৰাৰ বাবে লিংগক এক পদ্ধতি বুলি অভিহিত কৰিব পাৰি। আনহাতে যৌনতা হৈছে গাঁথনিৰ পাৰ্থক্যৰ ভিত্তিত সমাজত মানুহক শ্রেণীবিভাগ কৰা। লিংগ হৈছে মানুহৰ সামাজিক শ্রেণীবিভাজন, যৌনতা হৈছে মানুহৰ জৈৱিক শ্রেণীবিভাগ।

(২) লিংগ গঢ় দিয়া হয় আনহাতে যৌনতা (লিংগভেদ)ৰ জন্ম দিয়া হয়। এজন শিশুৱে ল’ৰা শিশু বা ছোৱালী শিশু হিচাপে জন্মগ্রহণ কৰে আৰু যেতিয়া সমাজত এক বিশেষ ভূমিকা পালন কৰে তেতিয়া এজন পুৰুষ আৰু এগৰাকী মহিলা হিচাপেহে বিকাশ লাভ কৰে। লিংগ হৈছে যৌনতাৰ কাৰ্যভিত্তিক ধাৰণা, যৌনতা হৈছে লিংগৰ জৈৱিক ধাৰণা।

(৩) লিংগৰ বৈশিষ্ট্যসমূহ (অর্থাৎ পুংলিংগ আৰু স্ত্রীলিংগ) সাংস্কৃতিক আৰু সামাজিকভাৱে সংগঠিত আনহাতে যৌনতাৰ ক্ষেত্ৰত সেইবিলাক জৈৱিক আৰু প্ৰাকৃতিকভাৱে সংগঠিত।

(৪) লিংগই প্রতিপালন আদিৰ প্ৰতিফলন ঘটায় আৰু যৌনতাই প্রকৃতিক প্রতিফলন কৰে। আন কথাত ক’বলৈ হ’লে লিংগই প্ৰতিপালনৰ ফলস্বৰূপে বিকাশ লাভ কৰে আৰু যৌনতাৰ বিকাশ হ’ল প্ৰকৃতিৰ প্ৰতিফলন। এগৰাকী পুৰুষ লিংগই প্ৰতিপালনৰ জৰিয়তে তেওঁৰ সংস্পর্শিত ভূমিকাত অভ্যস্ত হয়, কিন্তু মহিলা লিংগই নিজে নিজে অভ্যস্ত হয়।

(৫) পুৰুষৰ দৰে মহিলাৰ প্ৰকৃতিও যেতিয়া জৈৱিকতাৰ দ্বাৰা চূড়ান্ত কৰা হয় তেতিয়াও লিংগৰ আধিপত্যৰ সৈতে সম্পর্ক থাকে, পুৰুষৰ লগতে মহিলাৰ প্ৰকৃতিও যেতিয়া সামাজিকভাৱে সংগঠিত হয় তেতিয়াৰ লিংগৰ আধিপত্যৰ ভিত্তিত হয়। 

(৬) নাৰীবাদৰ মূল বিষয় হ’ল লিংগভিত্তিক বৈষম্যক দূৰ কৰা, কিন্তু যৌনতাক নহয়। নাৰীবাদ হৈছে এক স্ত্রীবাদী লিংগৰ

আদৰ্শ যৌনতাৰ গাঁঠনিত থকা অসমতাৰ ভিতৰত লিংগ সমতাৰ বাবে যুক্তি প্ৰদৰ্শন কৰে। 

5. Point out the different aspects of shaping Gender Socialisation.

Ans: পুৰুষ আৰু মহিলাৰ মাজৰ লিংগ বৈসাদৃশ্যসমূহ কিছুমান কাৰকে নিৰ্ধাৰণ কৰে। এই কাৰকসমূহ তলত আলোচনা কৰা হ’ল—

(১) সামাজিকীকৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে : সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পুৰুষ-মহিলাৰ মাজৰ লিংগ অসমতাক অধিক প্রকট কৰি তুলিছে। এটা শিশু জন্ম হোৱাৰ লগে লগেই লিংগ অসমতাৰ সন্মুখীন হয়। ল’ৰা সন্তান (যি পৰিয়ালৰ সম্পত্তিৰ ওপৰত উত্তৰাধিকাৰ আৰু নিয়ন্ত্রণ সাব্যস্ত কৰিব, যাৰ ওপৰত পৰিয়ালৰ সম্প্ৰসাৰণৰ দায়িত্ব ন্যস্ত কৰা হয় ইত্যাদি)ক অগ্ৰাধিকাৰ দিয়াৰ সামাজিক প্রক্রিয়াই লিংগ প্রভেদ কৰণত অৰিহণা যোগায়।

(২) এক মতাদর্শ হিচাপে পিতৃতান্ত্রিকতাৰ ভূমিকা : পিতৃতান্ত্রিকতা হৈছে এক মতাদর্শ বা পদ্ধতি যিটোৱে প্ৰকাশ কৰে যে পুৰুষসকল মহিলাসকলতকৈ উচ্চ মহিলাসকল পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত বা নিয়ন্ত্ৰণ হোৱা উচিত। মহিলা হৈছে পুৰুষৰ সম্পত্তিৰ অংশস্বৰূপ। পুৰুষ সদায় নিয়ন্ত্রণকাৰী স্থানত, কিন্তু এনে নিয়ন্ত্ৰণৰ প্রকৃতি বেলেগ বেলেগ হ’ব পাৰে। পিতৃতান্ত্রিক ব্যৱস্থাই সামাজিক শৃংখলাত ইমান দকৈ শিপাইছে যে মহিলাসকলেই লিংগ বৈসাদৃশ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত অগ্রণী সংস্থিতি গ্রহণ কৰা পৰিলক্ষিত হয়। কেতিয়াবা কেতিয়াবা দেখা যায় যে মহিলাসকলৰ ওপৰত পুৰুষৰ আধিপত্য আৰু নিয়ন্ত্রণ ইমান স্পষ্ট যে এনে নিয়ন্ত্রণ দৃশ্যমান নহয় কেৱল মাত্ৰ অনুভৱহে কৰিব পাৰি। আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাত “পিতৃতান্ত্রিক আধিপত্য” (Paternalistic Dominance) ইমান গভীৰভাৱে শিপাইছে যে মহিলাসকলে নিজেও নাজানে যে তেওঁলোক সামাজিক প্ৰমূল্যৰাজিৰ বলি হৈছে। এইক্ষেত্ৰত চিলভিয়া ওৱালবি (Sylvia Walby)ৰ মন্তব্য প্রণিধানযোগ্য— “Patriarchy is a system of social structures and practices in which men dominate, oppress and exploit women” অর্থাৎ, পিতৃতান্ত্রিকতা হৈছে “সামাজিক সংৰচনা আৰু অনুশীলনৰ এক ব্যৱস্থা য’ত নেকি পুৰুষে মহিলাৰ ওপৰত আধিপত্য, নির্যাতন আৰু শোষণ চলায়।

(৩) পৰিচয় জ্ঞাপক আৰু নিৰূপক হিচাপে ধৰ্মৰ ভূমিকা : ধৰ্ম হৈছে একপ্ৰকাৰৰ অনুভূতি আৰু হৃদয়ৰ বিশ্বাস। এক কথাত ক’বলৈ হ’লৈ মহাজাগতিক এক চূড়ান্ত শক্তিৰ অৱস্থিতিৰ ওপৰত থকা আনুগত্যমূলক তথা সত্যৰ ওপৰত প্রতিষ্ঠিত হৃদয়ৰ শুদ্ধ বিশ্বাসেই হৈছে ধর্ম। আলোচ্য বিষয়ৰ ক্ষেত্ৰত ধৰ্ম হৈছে আধুনিক ধাৰণা যি ধৰ্ম পিতৃতান্ত্রিক অর্থাৎ, যিয়েই নেকি পুৰুষ কৰ্তৃত্বক শ্ৰেষ্ঠ হিচাপে ব্যাখ্যা কৰে। যিসকলে পুৰুষতন্ত্রক বিশ্বাস কৰে তেওঁলোকে পিতৃতান্ত্রিক শৃংখলাক অতি স্বাভাৱিকভাৱে বাস্তৱিক বুলি দাবী কৰে। ক্ষমতাৰ নাৰীবাদী মতবাদ, যিটো আনুষ্ঠানিক ধর্মসমূহৰ বিকাশৰ পূৰ্বতে চলিছিল, ক্রমাগতভাৱে সেইটো দুর্বল হৈছে। দেৱীৰ অস্তিত্বক স্থানান্তৰিত কৰাৰ প্ৰয়াস চলিছে। সকলো প্ৰধান ধৰ্মকেই উচ্চ শ্ৰেণীৰ আৰু উচ্চ বৰ্ণৰ পুৰুষৰ দ্বাৰা সৃষ্টি বুলি ব্যাখ্যা আৰু নিয়ন্ত্ৰণ কৰা হৈছে। 

তেওঁলোকে নৈতিকতা, আচৰণ আৰু আনকি আইন আদিব ব্যাখ্যা দিছে। তেওঁলোকে পুৰুষ আৰু মহিলাৰ কৰ্তব্যও নিৰ্ধাৰণ কৰি দিয়াৰ লগতে উভয়ৰ মাজত সম্পর্কও নিৰ্ণয় কৰি দিছে। তেওঁলোকে ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সমাজত এক বিশেষ শক্তি হিচাপে ক্ৰিয়া কৰি আছে। উাহৰণস্বৰূপে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হোৱা সত্ত্বেও এজন ব্যক্তিৰ আইনগত চিনাক্তকৰণ যেনে— বৈবাহিক ক্ষেত্ৰত, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত আৰু উত্তৰাধিকাৰী আদিৰ ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিজনৰ ধৰ্মৰ দ্বাৰা এইবিলাক নিৰূপণ কৰা হয়। এনে ধৰণৰ যথেষ্ট ব্যাখ্যা আছে যিবোৰে নেকি প্ৰতিটো ধর্মই মহিলাসকলক কেনেদৰে কনিষ্ঠ, অপবিত্ৰ, অসন্মানীয় বুলি বিবেচনা কৰাৰ লগতে, কেনেকৈ সিবিলাকে নৈতিকতা আৰু আচৰণৰ দৰে দুই ধৰণৰ অৱস্থানৰ সৃষ্টি কৰে, কেনেকৈ ধর্মীয় আইনে প্রায়েই পথভ্রষ্ট মহিলাৰ বিৰুদ্ধে উগ্রতা প্রয়োগক ন্যায্যতা প্রদান কৰে ইত্যাদি।

(৪) মহিলাসকলৰ শোষণমূলক আর্থ-সামাজিক মর্যাদা : সমাজত মহিলাসকলে গ্ৰহণ কৰা ভূমিকাৰ দ্বাৰাই এগৰাকী মহিলাৰ আর্থ সামাজিক মর্যাদা সমাজত নিৰ্ধাৰণ কৰা হয়। যদিহে এগৰাকী মহিলাৰ পৰ্যাপ্ত পৰিমাণৰ অৰ্থ সংক্রান্তীয় ক্ষমতা থাকে তেন্তে মহিলাগৰাকীয়ে সমাজত বিশেষ সংস্থিতি লাভ কৰাত সহায়ক হ’ব পাৰে। ই উৎপাদন পদ্ধতি উপভোগ আৰু বিতৰণৰ অংশস্বৰূপ যি নেকি লিংগৰ দ্বাৰা সংৰচিত।

(৫) প্রভেদকৰণ আৰু একীকৰণৰ ভূমিকা : সমাজত পুৰুষ আৰু মহিলাৰ কাম-কাজসমূহৰ মাজত এক লিংগভিত্তিক বিভাজন (Sexual division) পৰিলক্ষিত হয়। মহিলাসকলক ভৱিষ্যৎ প্রজন্মৰ উৎপাদক হিচাপে গ্ৰহণ কৰা হয়। মহিলাসকলে পুৰুষৰ তত্বাৱধান লোৱাৰ দায়িত্ব পালন কৰে আৰু এনেদৰে তেওঁলোকৰ ভূমিকাক একেৰকমৰ কৰি গঢ়ি তোলা হয়। তাৰোপৰি পুৰুষৰ পুৰুষত্ব আৰু নাৰীৰ নাৰীত্বৰ অৱধাৰণাক চিহ্নিত কৰি তোলাৰ ক্ষেত্ৰত ভাষাও এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক স্বৰূপে বিবেচিত হৈছে।

6. What do you mean by public Sphere? What is Private Sphere?

Ans: সমাজত মহিলাসকলৰ ক্ষেত্ৰত প্ৰচলিত বৈষম্য আৰু অসমতাৰ বিষয়টো ৰাজহুৱা (সামাজিক) আৰু ব্যক্তিগত (পৰিয়াল) পৰ্যায়ৰ বিভাজনৰ জৰিয়তে অনুধাৱন কৰিব পাৰি। সেয়েহে ৰাজহুৱা আৰু ব্যক্তিগত ক্ষেত্ৰৰ আদৰ্শগত বিভাজনকো মহিলাৰ অধ্যয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মৌলিক ধাৰণা হিচাপে বিবেচনা কৰা হয়। ঊনবিংশ আৰু বিংশ শতিকাত পুৰুষসকলে ৰাজহুৱা জীৱনৰ প্ৰতিটো দিশতে প্রভুত্ব বিস্তাৰ কৰাৰ বিপৰীতে মহিলাসকল পৰিয়াল আৰু ঘৰৰ চাৰিবেৰৰ কাম-কাজসমূহৰ লগত জড়িত হৈ পৰাৰ লগে লগে “ৰাজহুৱা ব্যক্তিগত বিভাজন”ৰ অৱধাৰণাতো বহু পৰিমাণে স্পষ্ট হৈ পৰিছিল। অৱশ্যে কুৰি শতিকাৰ শেষৰ ফালে কেতবোৰ সামাজিক আৰু আইনগত নীতিৰ জৰিয়তে শ্রম শক্তি (Labour Force)ত পুৰুষ-মহিলাৰ বাবে সমান অংশগ্রহণ আৰু পৰিয়ালৰ দায়বদ্ধভাৰো সম ভাগ-বাটোৱাৰাৰ উত্তৰণ ঘটোৱা হৈছিল। কিন্তু “ৰাজহুৱা আৰু ব্যক্তিগত” অভিধা দুটাই দুই বৃহৎ পৃথক পৃথক ক্ষেত্রক সূচায়।

এনে অগ্রগতি সত্ত্বেও মহিলাসকলে দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্রতে বিভিন্ন ৰূপত অসমতা আৰু বৈষম্যৰ বলি হোৱা স্পষ্ট ৰূপত পৰিলক্ষিত হয়। ৰাজহুৱা কৰ্ম পৰিধিৰ ভিতৰত ৰাষ্ট্ৰ বা চৰকাৰৰ সামগ্ৰিক কৰ্তৃত্বাধীন আৰু আইনৰ নিয়ন্ত্রণাধীনভাৱে ব্যক্তিয়ে সম্পাদন কৰা সকলো ধৰণৰ উৎপাদনশীল বা বৈতনিক কাৰ্যসমূহ, ৰাজনৈতিক কাৰ্যসমূহক সামৰি লোৱা হয়। ইয়াৰ পৰিৱৰ্তে ব্যক্তিগত কৰ্মৰাজি যি কোনো প্ৰকাৰৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ প্ৰভাৱৰ পৰা মুক্ত এনে কাৰ্যসমূহ মূলতঃ গৃহ কৰ্মৰ মাজতে সীমাবদ্ধ। 

এইটো সচৰাচৰ দেখা যায় যে সংখ্যাগৰিষ্ঠ মহিলাই এই ব্যক্তিগত কৰ্মৰাজিৰ মাজতে নিয়োজিত হৈ থাকে। ঐতিহাসিকভাৱে, পুৰুষসকলে ৰাজহুৱা কৰ্মৰাজি অর্থাৎ ৰাজহুৱা ক্ষেত্ৰৰ লগত জড়িত হৈ থকাৰ উপৰিও ৰাজহুৱা আৰু ব্যক্তিগত কর্ম পৰিধিৰ মাজত স্বাধীনভাৱে বিচৰণ কৰিব পাৰে। অন্যহাতে, মহিলাসকল প্রায়েই ব্যক্তিগত কৰ্মৰাজিৰ মাজতেই সীমাবদ্ধ। উল্লেখযোগ্য যে এই ব্যক্তিগত কৰ্মৰাজি পুৰুষৰ সম্পূৰ্ণৰূপে কৰ্তৃত্বাধীন এই ৰাজহুৱা ব্যক্তিগত বিভাজন পুৰুষ আৰু মহিলাৰ মাজত দেখা দিয়া বৈষম্য আৰু অসমতাৰ অন্যতম প্রধান আহিলাৰূপে পৰিগণিত হয়।

7. Discuss about the sexual division of labour in the context of rural India.

Ans: ভাৰতত শ্ৰমৰ লিংগভিত্তিক বিভাজন ধাৰণাৰ ওপৰত সামান্যতমো চিন্তা-চৰ্চা হোৱা নাই যে ই একোটা প্রাথমিক তত্ত্বগত বিশ্লেষণ আগবঢ়াব পাৰে। সেয়ে ওপৰত উল্লিখিত বিষয়ৰ ওপৰত মন্তব্য আগবঢ়োৱাতো কঠিন হ’ব। অৱশ্যে কেইটামান লক্ষণীয় বিষয় আমি আলোচনা কৰিব পাৰো।

বৃহৎ জনসংখ্যাৰে ভাৰত এখন বিশাল দেশ। ইয়াত জাতি, ৰীতি-নীতি আৰু আচৰণ আদিৰ ক্ষেত্ৰত বিভিন্ন বিৰাজমান। ইয়াত শ্রেণী, জাতি, ধর্ম, নৃতাত্ত্বিক আৰু আঞ্চলিক ভিন্নতা ইমানেই আছে যে সকলো সামৰি এটা সাধাৰণ তত্ত্ব আগবঢ়োৱাটো সম্ভৱ নহয়। তথাপি আমি Madhu Kishwar আৰু Ruth Vanitaৰ দ্বাৰা সম্পাদিত “In Search of Answer” গ্ৰন্থখনৰ আধাৰতেই কিছু বিশ্লেষণ আগবঢ়োৱাৰ প্ৰয়াস কৰিম।

গ্ৰাম্য ভাৰতত লিংগভিত্তিক বিভাজন:

ভাৰতত অধিকাংশ লোকেই গাঁৱত বাস কৰে আৰু ফলত অধিকাংশ মহিলাই গাঁৱত বাস কৰে। ভাৰতৰ অধিকাংশ নাৰীয়েই সাধাৰণ কৃষক অথবা ভূমিহীন কৃষক শ্রমিক পৰিয়ালৰ। দেশখনত, বিশেষকৈ নাৰীৰ মাজত শিক্ষাৰ হাৰ দুখলগাকৈ কম। ইয়াত বেছিভাগ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বা সামান্য ওপৰত বাস কৰে। ফলত এওঁলোকৰ জীৱনটো জীৱন ধাৰণৰ ন্যূনতম প্রয়োজন যেনে— খাদ্য, ইন্ধন আৰু পানীৰ সন্ধানতে পাৰ হয়। যদিও আজিকালি বহু নাৰীয়ে কৃষক শ্রমিকৰ বৃত্তি এৰি দিছে তথাপিও বুজনসংখক নাৰী কৃষিভিত্তিক শ্রমৰ সৈতে জড়িত। এই গ্রাম্য নাৰীসমাজৰ মাজত প্ৰকৃত স্বাধীনতা, মুক্তি আৰু আত্মবিশ্বাসৰ বাৰুকৈয়ে অভাৱ। তেওঁলোকৰ সামাজিক অৱস্থা আৰু উৎপাদনৰ ওপৰত কোনো আধিপত্য নাথাকে। পৰিয়ালৰ অৰ্থনৈতিক 

অৱস্থাত প্ৰভাৱ পেলোৱাকৈ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ পৰা এওঁলোক বঞ্চিত। অৱশ্যে সকলো ভাৰতীয় নাৰীয়েই পাশ্চাত্য সভ্যতাৰ দৰে সম্পূর্ণৰূপে স্বাধীনতা হেৰুৱাব লগা নহয়। খ্রীষ্টান ধৰ্মত থকাৰ দৰে ভাৰতত ধর্ম অথবা নীতিৰ ক্ষেত্ৰত দ্বিতীয় নাগৰিকৰ দৰে মর্যাদা পাব লগা নহয়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে এওঁলোকৰ অৱস্থা প্রাচীন অথবা আধুনিক পাশ্চাত্য সমাজৰ নাৰীতকৈ ভাল আছিল। ঘৰ চলোৱা আৰু সন্তানৰ পালনৰ সকলো দায়িত্ব এতিয়াও নাৰীৰ ওপৰতে জাপি দিয়া হয়। ঘৰৰ সকলো গেবাৰি নাৰীৰ ৰাজহুৱা দায়িত্ব। 

উপযুক্ত পৰিয়াল পৰিকল্পনাৰ অভাৱত অন্যান্য ঘৰুৱা কাৰ্যৰ লগতে নাৰীয়ে বাৰম্বাৰ গৰ্ভধাৰণৰ সমস্যাত ভুগিব লগা হয়। তথাপিও নাৰীৰ এনে কঠোৰ কৰ্মৰাজিকো নাৰীৰ সাধাৰণ স্বাভাৱিক কর্ম হিচাপে চোৱা হয় আৰু ইয়াকেই নাৰীৰ ভাগ্য আখ্যা দিয়া হয়। গোটেই বিশ্বাস ভবাৰ দৰে নাৰীক ঘৰুৱা কৰ্মৰাজিক উৎপাদনশীল বুলি গণ্য কৰা নহয় আৰু সামাজিক মর্যাদাৰ পৰাও এনে কর্মই বঞ্চিত হ’ব লগা হয়। ইয়াৰ বিপৰীত নাৰীৰ কামক সমাজৰ বাবে লেতেৰা আৰু বীতিগতভাৱে অস্পৃশ্য জ্ঞান কৰা হয়। গ্ৰাম্য ভাৰতত নাৰীয়ে পুৰুষতকৈ অধিক কৰ্ম সম্পাদন কৰে। তাৰোপৰি গ্ৰাম্য সমাজৰ মাটিবিহীন শ্রমিক পৰিয়ালৰ নাৰীসকলে তেওঁলোকৰ স্থানীয় কর্মদাতাৰ যৌন নিষ্পেষণ বলি হ’ব লগা হয়।

আন এটা উল্লেখযোগ্য দিশ হ’ল— ভাৰতৰ গ্ৰাম্য সমাজত নাৰীয়ে অতি প্রতিকূল পৰিৱেশত ঘৰুৱা কৰ্ম সম্পাদন কৰিব লগা হয়। তাৰোপৰি তেওঁলোক একেৰাহে লেতেৰা, প্ৰদূষিত পানী আৰু সেমেকা পৰিৱেশত থাকি কৰ্ম কৰিব লগা হোৱাত ইয়াৰ প্ৰভাৱ নাৰীৰ শৰীৰতো পৰে। 

পৰিয়াল আৰু সামাজিক সম্পদৰ ওপৰত নাৰীৰ নিয়ন্ত্রণ নথকা বিষয়তো উন্নয়নৰ প্ৰক্ৰিয়াটো প্রতিফলিত হয়। উদাহৰণস্বৰূপে ধনী কৃষক শ্ৰেণীৰ অধিক আয়খিনি পৰিয়ালৰ পুৰুষ সদস্যজনৰ সুখ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিহে ব্যয় কৰা হয়। কিন্তু পৰিয়ালত নাৰীৰ সুবিধাৰ বাবে এটা পৰিষ্কাৰ গা-ধোৱা ঘৰ অথবা টয়লেট ব্যৱস্থাকো অৱহেলা কৰা হয়। যদিও আয়ৰ পৰিমাণ অধিক হোৱা বাবে নাৰীয়ে কৃষিগত শ্ৰমৰ পৰা ৰেহাই পায়, তথাপিও ই নাৰীক ঘৰতে আৱদ্ধ হৈ পৰা বন্দীহে কৰি তোলে।

শেষৰ শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ আন এটা প্রধান দিশ হ’ল সমাজ ব্যৱস্থাত থকা পতিতালয়ৰ ধাৰণা। বহু নিম্ন বংশত নাৰীয়ে ইয়াক অর্থনৈতিক বিভাজনৰ কাৰক হিচাপে ধৰি ল’লে। এনে অৱস্থাত নাৰীয়ে শৰীৰ গোটেই পৰিয়ালৰে ভৰণ-পোষণৰ মাধ্যম হৈ পৰে।

8. Discuss about the sexual division of labour in the context of urban India.

Ans: ভাৰতত শ্ৰমৰ লিংগভিত্তিক বিভাজন ধাৰণাৰ ওপৰত সামান্যতমো চিন্তা-চৰ্চা হোৱা নাই যে ই একোটা প্রাথমিক তত্ত্বগত বিশ্লেষণ আগবঢ়াব পাৰে। সেয়ে ওপৰত উল্লিখিত বিষয়ৰ ওপৰত মন্তব্য আগবঢ়োৱাতো কঠিন হ’ব। অৱশ্যে কেইটামান লক্ষণীয় বিষয় আমি আলোচনা কৰিব পাৰো।

বৃহৎ জনসংখ্যাৰে ভাৰত এখন বিশাল দেশ। ইয়াত জাতি, ৰীতি-নীতি আৰু আচৰণ আদিৰ ক্ষেত্ৰত বিভিন্ন বিৰাজমান। ইয়াত শ্রেণী, জাতি, ধর্ম, নৃতাত্ত্বিক আৰু আঞ্চলিক ভিন্নতা ইমানেই আছে যে সকলো সামৰি এটা সাধাৰণ তত্ত্ব 

আগবঢ়োৱাটো সম্ভৱ নহয়। তথাপি আমি Madhu Kishwar আৰু Ruth Vanitaৰ দ্বাৰা সম্পাদিত “In Search of Answer” গ্ৰন্থখনৰ আধাৰতেই কিছু বিশ্লেষণ আগবঢ়োৱাৰ প্ৰয়াস কৰিম।

ভাৰতৰ নগৰাঞ্চলত শ্ৰমৰ লিংগভিত্তিক বিভাজন:

যদিও ভাৰতৰ চহৰীয়া জীৱনত শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ বিষয়ে অধিক তথ্য পোৱা যায়, তথাপিও এক পদ্ধতিমূলক তথ্য সংগ্ৰহৰ মাধ্যমেদি ইয়াৰ ওপৰত বিশ্বাসযোগ্য মন্তব্য প্রদান কৰাৰ সময় আহি পৰিছে।

শিক্ষিত আৰু উচ্চ বংশজাত পৰিয়ালত নাৰীক এটা স্বাধীন কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰা নহয়। ফলত আমি এনে বহু মহিলা পাব পাৰো যি চিকিৎসা বিভাগৰ স্নাতকোত্তৰ হৈও এটা সম্পূর্ণ গৃহিণীৰ জীৱন কটাই থাকিব লগাত পৰিছে। এনে পৰিয়ালত নাৰীৰ দক্ষতা আৰু পাৰদৰ্শিতা উলাই কৰা হয় আৰু তেওঁলোকক এটা সজ্জিত পুতলাৰ জীৱন উপহাৰ দিয়া হয়। নিয়োজিত শিক্ষিত মহিলাৰ ক্ষেত্ৰত এওঁলোকে সাধাৰণতে নাৰ্ছ, শিক্ষক, কেৰাণী, টাইপিষ্ট, বিচিপচনিষ্ট আদি চাকৰিতে সীমাবদ্ধ। যদিও নাৰীয়ে এনে কর্মক্ষেত্ৰত কঠিন কাম সম্পাদন কৰিব লগা হয়, তথাপিও এওঁলোকৰ কামক সদায় দ্বিতীয় পর্যায়ত হিচাপে গণ্য কৰা হয়। তাৰোপৰি নিজৰ ব্যক্তিত্ব বিকাশৰ বাবে নাৰীয়ে একোটা স্বাধীন কেৰিয়াৰ বাছি লোৱাৰ ক্ষেত্ৰতো তেওঁলোক বাৰে বাৰে অৱহেলিত হ’ব লগা হয়।

এটা কথা উল্লেখনীয় যে নাৰীৰ যি ধৰণৰে কাৰিকৰী বিদ্যা নাথাকক কিয় তেওঁলোকক সদায়ে নিম্ন কৌশলৰ প্ৰয়োজন থকা কর্মতহে নিযুক্তি দিয়া হয়। যদিও সংবিধানত নাৰীৰ বাবে বহুখিনি সুবিধা (প্ৰসৱকালীন ছুটী আদি) আছে, তৎসত্বেও চাকৰিৰ সুযোগ অথবা পদোন্নতিৰ ক্ষেত্ৰত এইবোৰক নাৰীৰ বিপৰীতেহে ব্যৱহাৰ কৰা হয়। চাকৰিয়াল নাৰীয়ে সদায়ে পুৰুষ শাসিত পৰিৱেশৰ মাজত সংকোচিত আৰু ব্যক্তিত্বহীন জীৱন কটাব লগা হয়। নাৰীৰ কৰ্মৰ সাৰ্বজনীন মূল্যহীনতাৰ ধাৰণাই নাৰীক পুৰুষসকলক নাৰীৰ বিৰুদ্ধে লঘু মন্তব্য আৰু নিষ্পেষণ কৰিবলৈ প্ৰেৰণা দিয়ে। গ্রাম্য সমাজৰ দৰেই শিক্ষিত চহৰীয়া সমাজতো নাৰীয়ে নিজৰ আয়ৰ ওপৰতো অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে।

আনহাতে চহৰীয়া দুখীয়া আৰু অশিক্ষিত সমাজতো নাৰীয়ে সমানেই প্রতিকূল পৰিৱেশত জীৱন অতিবাহিত কৰিব লগা হয়। যিসকলে সম্পূৰ্ণৰূপে এটা গৃহিণীৰ জীৱন কটাব লগা হয়, তেওঁলোকে গ্ৰাম্য তিৰোতাৰ দৰেই এটা অস্বাস্থ্যকৰ পৰিৱেশত কঠোৰ পৰিশ্ৰম কৰিব লগা হয়। প্ৰকৃততে এওঁলোকৰ অৱস্থা গ্ৰাম্য তিৰোতাতকৈও অধিক শোচনীয় হৈ পৰে কিয়নো এওঁলোকৰ আনকি পৰিষ্কাৰ পানী, বায়ু আৰু পোহৰ একোকে নাপায়। আনহাতে যিসকলে কর্মত নিযুক্তি হয়, তেওঁলোকেও কম বেতনত ঘৰুৱা চাকৰ আদি কাম কৰিব লগা হয়। তাৰোপৰি আন বহুতো কাৰখানা আদিত কৰ্মত নাৰীসকলে মর্যাদাহীন কৰ্মত নিজকে নিয়োগ কৰিব লগা হয়৷ আনহাতে অতি ভয়ংকৰ কথাটো হ’ল যে দুখীয়া অশিক্ষিত চহৰীয়া পৰিয়ালত পুৰুষে নিজৰ আয়ৰ অধিকাংশই চিগাৰেট, মদ আদিৰ নামত ব্যয় কৰে। ফলত সন্তানৰ পোষণ আদি কাৰ্যত নাৰীয়ে দুর্ভোগ ভুগিব লগা হয়।

আমি যদি গ্ৰাম্য আৰু চহৰীয়া পৰ্যায়ত শ্ৰমৰ লিংগভিত্তিক বিভাজনলৈ লক্ষ্য কৰো তেন্তে ভাৰতীয় নাৰীৰ নিষ্পেষিত অৱস্থা ‘সহজেই আমাৰ দৃষ্টিগোচৰ হ’ব। নাৰীক সদায় কম বেতনৰ আৰু কম কৌশলৰ কৰ্মতহে নিয়োগ কৰা হয়। তেওঁলোকৰ হাতত কোনো ধৰণৰ প্ৰশাসনিক ক্ষমতা অর্পণ কৰা নহয় ফলত কৰ্মস্থানত তেওঁলোকে বাৰুকৈয়ে যন্ত্রণা ভুগিব লগা হয়। দৈনিক মজদুৰীৰ কার্যত পুৰুষতকৈ নাৰীৰ অধিক শোষণ কৰা হয়। নাৰীক প্রাকৃতিকভাৱেই কৃষিজাত আৰু ইয়াৰ বাহিৰেও আন কৰ্মত শ্ৰমিকৰূপে ব্যৱহাৰ কৰা হয় আৰু ঘৰুৱা সকলো দায়িত্ব অর্পণ কৰা হয়। এনেদৰে নিজৰ দীঘলীয়া কৰ্মৰাজিৰ পাছতো নাৰীয়ে পৰিয়ালৰ অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সমগুৰুত্ব নাপায়। সমাজৰ প্ৰতিটো পৰ্যায়তে নাৰীয়ে অৱহেলিত হ’ব লগাত পৰে। উৎপাদনৰ সকলো ক্ষেত্রতে, সাংগঠনিক বা অসাংগঠনিক সকলো পৰ্যায়তে নাৰীক সস্তীয়া শ্ৰমৰ উৎস জ্ঞান কৰা হয়। এনেদৰে ভাৰতীয় সমাজত নাৰী সদা উপেক্ষিত আৰু নিষ্পেষিত হোৱাৰ বিপৰীতে এওঁলোকৰ পুৰুষৰ সৈতে থকা সম্পর্কই ওপৰত উল্লেখিত শ্রমৰ লিংগভিত্তিক বিভাজনক সুন্দৰ ৰূপত প্ৰতিফলিত কৰে। 

2 thoughts on “Feminism Theory And Practice Unit 1 Concepts in Feminism”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top