Feminism Theory And Practice Unit 1 Concepts in Feminism

Feminism Theory And Practice Unit 1 Concepts in Feminism Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Feminism Theory And Practice Unit 1 Concepts in Feminism Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Feminism Theory And Practice Unit 1 Concepts in Feminism Question Answer can be of great value to excel in the examination.

Feminism Theory And Practice Unit 1 Concepts in Feminism

Join Telegram channel

Feminism Theory And Practice Unit 1 Concepts in Feminism Notes cover all the exercise questions in UGC Syllabus. The Feminism Theory And Practice Unit 1 Concepts in Feminism provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

9. What do you mean by Gender?

Ans: লিংগৰ অৱধাৰণাটো সম্প্রতি এক অতি গুৰুত্বপূৰ্ণ বিতৰ্কৰ বিষয়ৰূপে পৰিগণিত হৈছে। “লিংগ অভিধাটো বর্তমান সমাজতাত্ত্বিকভাৱে আৰু এক অৱধাৰণাগত শ্ৰেণীৰূপে ব্যৱহৃত কৰা হয় আৰু ইয়াৰ এক নির্দিষ্ট অর্থ আছে। লিংগই পুৰুষ আৰু মহিলাৰ সামাজিক আৰু সাংস্কৃতিক সংজ্ঞাৰ লগতে সমাজে পুৰুষ আৰু মহিলাৰ মাজত বৈষম্য নিৰূপণ কৰি তেওঁলোকৰ ওপৰত পৃথক পৃথক সামাজিক ভূমিকা ন্যস্ত কৰাৰ পথক সূচিত কৰে। 

কুৰি শতিকাৰ মাজভাগত সমাজতাত্বিক শৃংখলাত নাৰীবাদী আদর্শই এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিবলৈ লোৱাৰ লগে লগেই লিংগৰ অৱধাৰণাটো পোহৰলৈ আহে। নাৰীবাদৰ অন্যতম বাটকটীয়া এন ওৱাকলেই পোন প্ৰথমবাৰৰ কাৰণে “লিংগ” শব্দটোৰ তেওঁৰ “Sex, Gender and Society (1972)” শীর্ষক গ্ৰন্থখনত ব্যাখ্যা আগবঢ়াইছিল। যদিওবা অকলেৰ পূৰ্বেও “লিংগ” অভিধাটো ব্যৱহাৰ কৰা হছিল যদিও অভিধাটোৰ এক সর্বজন গ্রহণযোগ্য সংজ্ঞা আগবঢ়াব পৰা নাছিল। Simone de Beauvoir য়ে তেওঁৰ “The Second Sex” শীর্ষক গ্ৰন্থখনত এই বুলি বর্ণনা কৰিছে যে সমাজত লিংগ অসমতাই পুৰুষসকলক পাউৰুতি উপাৰ্জক হিচাপে গ্ৰহণ কৰা ভূমিকাৰ জৰিয়তে সমাজৰ উৰ্ধত স্থান দিয়াৰ অৱকাশ হৈছে। লিংগ অসমতাই সমাজত এনে এক অধিক্ৰমৰ সূচনা কৰিছে য’ত নেকি মহিলাসকলৰ স্থান মর্যাদা অৱদমিত কৰাৰ উপক্ৰম হৈছে। “লিংগ” অভিধাটো সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সমাজতত্ববিদসকলে যুক্তি দৰ্শাইছে যে “লিংগ” অভিধাটোৰ সংজ্ঞা দিবলৈ হ’লে তিনিটা বৈশিষ্ট্য অপৰিহাৰ্য।

এই বৈশিষ্ট্যকেইটা হৈছে—

(ক) এক নির্দিষ্ট অৱস্থাৰ পৰিৱর্তে এক প্রক্রিয়া হিচাপে লিংগ।

(খ) ব্যক্তিবর্গ আৰু সমাজৰ এক বৈশিষ্ট্য হিচাপে লিংগ। 

(গ) বৈষম্য আৰু অসমতা সৃষ্টি কৰা এক ব্যৱস্থা হিচাপে লিংগ।

লিংগ অভিধাটোৰ সংজ্ঞা আগবঢ়াই এন ওৱাকলিয়ে কৈছে— “Gender is a matter of culture, it refers to the social

classification of men and women into ‘Masculine’ feminine. ” অর্থাৎ লিংগ হৈছে সংস্কৃতিৰ লগত জড়িত এক বিষয়, ই পুৰুষ আৰু মহিলাসকলক ক্ৰমে ‘পুলিংগ’ আৰু 

‘স্ত্রী-লিংগ’ লৈ। সামাজিক শ্রেণীবিভাজন কৰাক সূচায়। জনসাধাৰণৰ মাজত পুৰুষ আৰু মহিলাসকলক সাধাৰণতে দৈহিক প্রামাণ্যতাৰ প্ৰসংগৰে সূচিত কৰা হয়। লিংগ হৈছে যৌন সম্পর্কীয় অসমতাৰ সামাজিক আনুষ্ঠানিকতা। ই এক সামাজিক পৰ্যায় বা স্তৰৰ ধাৰণা যিয়েই নেকি পুৰুষ আৰু মহিলাক নির্দেশিত কৰাৰ লগতে সমাজত তেওঁলোকক তেওঁলোকৰ সম্পর্কিত ভূমিকা প্রদান কৰা হয় আৰু তেনেদৰে যোগাত্মক সামাজিক স্থান নিৰূপণ কৰা হয়। গতিকে ক’ব পৰা যায় যে জীৱ বিজ্ঞানত লিংগতা বা যৌনতাক যিটো ধাৰণা কৰা হয় সেইটোক সমাজ বিজ্ঞানত লিংগ বুলি অভিহিত কৰা হয়। মুঠৰ ওপৰত যিয়েই নহওঁক লাগে, পিতৃপ্রধান সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত লিংগৰ ধাৰণা মহিলাৰ অধীনস্থতাৰ এক আদৰ্শগত ব্যৱস্থাস্বৰূপ।

10. Distinguish between Gender and Sex? 

Ans: লিংগ আৰু যৌনতাৰ মাজৰ প্ৰভেদ :

যদিও সাধাৰণতে লিংগ আৰু যৌনতা (লিংগভেদৰ) মাজত পার্থক্য নাই যেন লাগে তথাপিও উভয়ৰ মাজত পার্থক্য বিশেষকৈ শিক্ষাগত স্তৰত তলত দিয়া ধৰণৰ বিষয়ত প্রভেদ দেখা যায়। যেনে—

(১) সমাজত মানুহক লিংগৰ ভিত্তিত শ্রেণীবিভাজন কৰাৰ বাবে লিংগক এক পদ্ধতি বুলি অভিহিত কৰিব পাৰি। আনহাতে যৌনতা হৈছে গাঁথনিৰ পাৰ্থক্যৰ ভিত্তিত সমাজত মানুহক শ্ৰেণীবিভাগ কৰা। লিংগ হৈছে মানুহৰ সামাজিক শ্রেণীবিভাজন, যৌনতা হৈছে মানুহৰ জৈৱিক শ্রেণীবিভাগ।

(২) লিংগ গঢ় দিয়া হয় আনহাতে যৌনতা (লিংগভেদ)ব জন্ম দিয়া হয়। এজন শিশুৱে ল’ৰা শিশু বা ছোৱালী শিশু হিচাপে জন্মগ্রহণ কৰে আৰু যেতিয়া সমাজত এক বিশেষ ভূমিকা পালন কৰে তেতিয়া এজন পুৰুষ আৰু এগৰাকী মহিলা হিচাপেহে বিকাশ লাভ কৰে। লিংগ হৈছে যৌনতাব কার্যভিত্তিক ধাৰণা, যৌনতা হৈছে লিংগৰ জৈৱিক ধাৰণা।

(৩) লিংগৰ বৈশিষ্ট্যসমূহ (অর্থাৎ পুংলিংগ আৰু স্ত্রীলিংগ) সাংস্কৃতিক আৰু সামাজিকভাৱে সংগঠিত আনহাতে যৌনতাৰ ক্ষেত্ৰত সেইবিলাক জৈৱিক আৰু প্ৰাকৃতিকভাৱে সংগঠিত।

(৪) লিংগই প্রতিপালন আদিৰ প্ৰতিফলন ঘটায় আৰু যৌনতাই প্রকৃতিক প্রতিফলন কৰে। আন কথাত ক’বলৈ হ’লে লিংগই প্ৰতিপালনৰ ফলস্বৰূপে বিকাশ লাভ কৰে আৰু যৌনতাৰ বিকাশ হ’ল প্ৰকৃতিৰ প্ৰতিফলন। এগৰাকী পুৰুষ লিংগই প্ৰতিপালনৰ জৰিয়তে তেওঁৰ সংস্পৰ্শিত ভূমিকাত অভ্যস্ত হয়, কিন্তু মহিলা লিংগই নিজে নিজে অভ্যস্ত হয়।

(৫) পুৰুষৰ দৰে মহিলাৰ প্ৰকৃতিও যেতিয়া জৈৱিকতাৰ দ্বাৰা চূড়ান্ত কৰা হয় তেতিয়াও লিংগৰ আধিপত্যৰ সৈতে সম্পর্ক থাকে, পুৰুষৰ লগতে মহিলাৰ প্ৰকৃতিও যেতিয়া সামাজিকভাৱে সংগঠিত হয় তেতিয়া লিংগৰ আধিপত্যৰ ভিত্তিত হয়।

(৬) নাৰীবাদৰ মূল বিষয় হ’ল লিংগভিত্তিক বৈষম্যক দূৰ কৰা, কিন্তু যৌনতাক নহয়। নাৰীবাদ হৈছে এক স্ত্ৰীবাদী লিংগৰ আদর্শ যৌনতাৰ গাঁঠনিত থকা অসমতাৰ ভিতৰত লিংগ সমতাৰ বাবে যুক্তি প্রদর্শন কৰে।

(৭) লিংগভিত্তিক বঞ্চিতকৰণ এটা সামাজিক সমস্যা, আনহাতে যৌনতা অসমতা জন্মগত বিষয়।

(৮) যৌনতাৰ ভিত্তিত পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যই পৰিসংখ্যামূলক বিভাগৰ বিষয়ে ব্যক্ত কৰে, পুৰুষ এটা ভাগত পৰে আৰু মহিলা অন্য এটা ভাগত পৰে। পৰিসংখ্যামূলক শ্ৰেণীবোৰ নিজেই সামাজিক ধাৰণা মাত্ৰ আৰু সেয়ে এইবোৰ শ্ৰেণীয়ে সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত বেছি অৰ্থ নকৰে। এইটো হয় যেতিয়া সেইবোৰ বিভাগে সামাজিক গঠন আয়ত্ব কৰে আৰু বিশেষ ভূমিকা পালন কৰে আৰু তেতিয়াই এইবিলাক লিংগ সমতাৰ ভিতৰত সোমাই পৰে।

তাৰোপৰি, লিংগ আৰু যৌনতাৰ মাজত অতিৰঞ্জিতভাৱে পাৰ্থক্য কৰাটো ভুল। কেৱল শৈক্ষিক ধাৰণাৰ ফালৰ পৰাহে উভয়ৰ মাজত পাৰ্থক্য কৰা হয়, কিন্তু অধিক ব্যাপক হিচাপে লোৱাটো উচিত নহয়। বাস্তৱিকতে জৈৱিক আৰু লিংগভিত্তিক পাৰ্থক্যবোৰ সাৰশূন্য সদৃশ। ইয়াৰ যুক্তি হ’ল জৈৱিক পাৰ্থক্যবোৰ লিংগৰ পার্থক্যৰ ভেঁটি হ’ব নোৱাৰে। মহিলাসকল মাতৃ হ’ব লাগে কিন্তু মাতৃত্বৰ দায়িত্ববোৰ গ্ৰহণ কৰিব নালাগে। শিশু জন্ম দিয়া আৰু লালন-পালন কৰা দুটা পৃথক বিষয়। পুৰুষে মাতৃত্বৰ দায়িত্ব ল’ব পাৰে আৰু শিশুৰ লালন-পালনত সহায় কৰিব পাৰে। তদুপৰি শিশু জন্ম দিয়াটো এক সামাজিক অসুবিধা বা অৰ্হতাহীনতা বুলি মন্তব্য দিয়াটো ভুল কথা, ৰাজহুৱা জীৱনত মহিলাৰ ভূমিকাক অস্বীকাৰ কৰাটো উচিত নহয়। এই ধাৰণাটো কৰাটো ভুল যে কোনটো ব্যক্তিগত, বে-চৰকাৰী, ঘৰুৱা আৰু পাৰিবাৰিক সদায় অ-ৰাজনৈতিক। পুৰুষক ৰাজহুৱা আৰু মহিলাক ব্যক্তিগত হিচাপে প্ৰকাশ কৰাটো হৈছে ৰাজনীতিৰ সীমা সীমিত কৰা। সেই কাৰণে নাৰীবাদীসকলে বক্তব্য দিয়ে যে— “The Politics of everyday life”। চাইমন দ্য ব্যুভেৰে (Simone de Beauvoir) ইংগিত দিছে যে— “Women are made, they are not born.”। পৰিশেষত ক’ব পাৰি যে লিংগ বিভেদকৰণবোৰ হ’ল উগ্ৰ পুৰুষ জাতীয়তাবাদীসকলে সঠিক যুক্তিৰে সৃষ্টি কৰা বিষয়।

Essay type Questions

1. Write about the Development of patriarchy through human civilization.

Ans: মানৱ সভ্যতা বিকাশৰ বিভিন্ন স্তৰৰ মাজত পুৰুষ আৰু নাৰীৰ কৰ্মৰ পৰিচয় ফুটি উঠে। এই স্তৰবোৰে এনে ধৰণেৰে বিকশিত কৰিছে যে যাৰ দ্বাৰা কেৱল এনে ব্যৱস্থাৰ সৃষ্টি হৈছে যিটোৱে নেকি নাৰীৰ স্থান পুৰুষতকৈ অৱনমিত কৰি তুলিছে। ফ্রেডৰিক এঞ্জেলছে তেওঁৰ “পৰিয়াল, ব্যক্তিগত সম্পত্তি আৰু ৰাষ্ট্ৰৰ উৎপত্তি” শীর্ষক গ্ৰন্থখনত স্পষ্টভাৱে উল্লেখ কৰিছে যে সভ্যতাৰ বিকাশৰ প্ৰত্যেকটো স্তৰত পুৰুষে কঠিন কামসমূহ যেনে— চিকাৰ কৰা, খাদ্য সংগ্ৰহ কৰা, পৰিয়ালৰ সুৰক্ষা, যুদ্ধ কৰা আদি কামসমূহ সম্পাদন কৰাৰ বিপৰীত নাৰীয়ে সন্তান জন্ম দিয়া, পালন কৰা, ঘৰুৱা কাম-কাজ চোৱাঃচিতা কৰা কামসমূহ সম্পাদন কৰিছিল। এই কামবোৰৰ জৰিয়তে পুৰুষৰ স্থান আৰু মহিলাৰ স্থান সুকীয়াকৈ চিহ্নিত হ’বলৈ ধৰিলে। পুৰুষে কঠিন কামৰ বোজা লৈ লাহে লাহে কর্তৃত্বশীল মনোভাবেৰে চলিবলৈ ধৰিছিল আৰু ইয়েই লাহে লাহে পিতৃতান্ত্রিকতা ব্যৱস্থাৰ জন্মৰ ক্ষেত্ৰত অৰিহণা যোগায়। সভ্যতাৰ এই স্তৰটি প্রথম স্তৰ য’ত কৰ্তৃত্বশীল মনোভাবৰ প্ৰথম আৰম্ভণি হয়।

পিতৃতান্ত্রিকতাৰ বিকাশৰ দ্বিতীয়টো স্তৰ ব্যক্তিগত সম্পত্তি আহৰণ ব্যৱস্থাৰ বাবে পথ প্রশস্ত হোৱাৰ লগে লগে আৰম্ভ হয়। পুৰুষে কামৰ বোজাৰ লগতে যেতিয়া গধুৰ কামবিলাক কৰিবলৈ লৈছিল লাহে লাহে ব্যক্তিগত আহৰণখিনি সঞ্চয় কৰাৰ মনোভাব জাগিছিল আৰু ইয়ে সন্মতি, সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণৰ প্ৰতি তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰে।

তৃতীয় স্তৰত মাতৃতান্ত্ৰিক ব্যৱস্থাৰ প্ৰচলন হৈছিল। পুৰুষৰ কৰ্তৃত্ব বজাই ৰাখিবৰ বাবেই এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ গোত্ৰ ব্যৱস্থাৰ পৰিৱৰ্তন আনে। এই পৰিৱৰ্তনৰ জৰিয়তে সম্পত্তিৰ উত্তৰাধিকাৰীৰ ব্যৱস্থা কৰা হ’ল। উত্তৰাধিকাৰী ব্যৱস্থাৰ জৰিয়তে পুৰুষে আৰ্জিত ক্ষমতা আৰু কৰ্তৃত্ব পুত্ৰলৈ হস্তান্তৰ কৰাৰ প্ৰথা আৰম্ভ কৰিলে। এইদৰে ক্ৰমান্বয়ে মহিলাৰ স্থান অৱদমিত হোৱাৰ পথ প্ৰশস্ত হ’ল।

পিতৃতান্ত্ৰিকতাৰ প্ৰচলন অব্যাহত ৰখাৰ ক্ষেত্ৰত মহিলাসকলেও সমর্থন জনোৱা পৰিলক্ষিত হয়। এনে বহু জটিল সমস্যা তথা কাৰক আছে যিবিলাকৰ পৰিপ্ৰেক্ষিতত মহিলাসকলে প্রত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক পুৰুষতন্ত্রবাদক অক্ষুণ্ণ ৰখাত অৰিহণা যোগাইছে। তলত তাৰে কেইটামান উল্লেখ কৰা হ’ল―

(ক) নাৰীৰ মানসিকতা বর্তমানেও পুৰুষৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ দৈহিক প্রয়োজনীয়তাৰ খাতিৰত কাৰণত তেওঁলোকে আত্মৰক্ষাৰ বাবে পুৰুষৰ সহায় বিচাৰে।

(খ) মাতৃ হিচাপে নাৰীয়ে সন্তান প্ৰসৱ কৰাৰ পিছত লগত এনেদৰে থাকি ভাল পায় যে বাকী সকলোকে ত্যাগ কৰি  হ’লেও তেওঁলোকে ঘৰতে সন্তানটিক নিজে যত্ন লোৱাৰ বাবে আগ্ৰহী হৈ পৰে।

(গ) মহিলাসকলৰ অন্য এগৰাকী মহিলাৰ সৈতে একগোট হৈ তেওঁলোকৰ হিতৰ কাৰণে কাম কৰাৰ নিদৰ্শন পুৰুষৰ তুলনাত নিচেই কম। যদিওবা কেতিয়াবা কৰা দেখা যায় তথাপি সেয়া চিৰস্থায়ী নহয়৷

(ঘ) মহিলাসকলে তেওঁলোকৰ ঐতিহাসিক বুৰঞ্জীবিলাকৰ বিষয়ে সচেতন নহয়। পৰম্পৰাগত মূল্যবোধ ৰাজিৰ প্ৰতি বিশ্বাস আৰু ইয়াৰ লগত মানসিক আৰু অভ্যাসগতভাৱে মহিলাসকল জড়িত হৈ পৰে।

(ঙ) মহিলাসকলে বর্তমানেও শিক্ষা, অর্থনৈতিক, ৰাজনৈতিক ক্ষমতা দখলৰ ক্ষেত্ৰত পুৰুষৰ সমতুল্য হ’ব পৰা নাই।

2. Define Patriarchy. Discuss about various patriarchal institutions of Women’s deprivation.

Ans: পিতৃতান্ত্রিকতাৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে—

জুলিয়েট মিট্‌ছেল নামৰ এগৰাকী নাৰীবাদী মনঃস্তত্ববিদে পিতৃতান্ত্রিকতাৰ সংজ্ঞা আগবঢ়াই কৈছে যে “পিতৃতান্ত্রিকতাৰ ধাৰণাটো হৈছে বংশানুক্রমিক পদ্ধতি য’ত পিতৃয়ে এনেবিলাক পদ্ধতি প্রয়োগ কৰে”।

চিলভিয়া ওৱালবিয়ে তেওঁৰ ‘Theorising Patriarchy’ শীর্ষক গ্ৰন্থখনত পিতৃতান্ত্ৰিকতাৰ সংজ্ঞা আগবঢ়াইছে এনেদৰে— “Patriarchy is a system of social structure and practices in which men dominate, oppress and exploit women” অর্থাৎ পিতৃতান্ত্রিকতা হৈছে “সামাজিক সংৰচনা আৰু অভ্যাসৰ এক ব্যৱস্থা য’ত পুৰুষসকলে নাৰীসকলৰ ওপৰত আধিপত্য বিস্তাৰ, শাসন আৰু নিষ্পেষণ কৰাৰ পথ প্রশস্ত হয়।”

মহিলা সচেতনকাৰীসকলে পিতৃতান্ত্রিকতাৰ সংজ্ঞা আগবঢ়াই কৈছে— “পিতৃতান্ত্রিকতাই এক পদ্ধতি হিচাপে মহিলাসকলক শৰীৰ ভিত্তিক সিদ্ধান্তৰ উদ্দেশ্য নাকচ কৰাৰ সহায় কৰে।” শৰীৰ ভিত্তিক নিৰ্ধাৰণে সূচায় যে প্রাকৃতিকভাৱে পুৰুষ আৰু মহিলা তেওঁলোকৰ শাৰীৰিক দিশৰ পৰা পৃথক আৰু সেয়েহে উভয়ে পৃথক পৃথক ভূমিকাত অৱতীৰ্ণ হয়। আনহাতে এই সিদ্ধান্তৰ পৰিণাম হ’ল যে প্ৰতিজন পুৰুষ সদায় প্রভুত্বমূলক স্থানত থাকে আৰু মহিলা সদায় নিয়ন্ত্রণাধীন স্থানত থাকে।

পিতৃতান্ত্রিকতা সম্পৰ্কীয় উপৰোক্ত সংজ্ঞাসমূহ পর্যালোচনাৰ অন্তত ক’ব পাৰি যে পিতৃতান্ত্রিকতা হৈছে এক মতাদর্শ। যি প্রকাশ কৰে যে মহিলাসকলতকৈ পুৰুষসকল শ্রেষ্ঠ আৰু উচ্চ পুৰুষৰ দ্বাৰা মহিলাসকল নিয়ন্ত্রিত বা নিয়ন্ত্রণ হোৱা উচিত আৰু মহিলাসকল হৈছে পুৰুষৰ সম্পত্তিৰ অংশস্বৰূপ। অৱশ্যে এই পিতৃতান্ত্রিকতা পদ্ধতিৰ প্রকৃতি সমাজভেদে ইতিহাসৰ বিভিন্ন স্তৰত বিভিন্ন শ্রেণীৰ বাবে বিভিন্ন ধৰণৰ হ’ব পাৰে, যদিওবা ইয়াৰ মৌলিক নীতিসমূহৰ একো পৰিৱৰ্তন নহয়। উদাহৰণস্বৰূপে, আমাৰ আইতাসকলৰ সময়ৰ পিতৃতান্ত্রিকতাৰ অভিজ্ঞতা বৰ্তমানৰ দৰে নহয়। এই অভিজ্ঞতা জনজাতীয় মহিলা, উচ্চ বর্ণ হিন্দু মহিলা, আমেৰিকান মহিলা আৰু ভাৰতীয় মহিলাসকলৰ ক্ষেত্ৰত পৃথক পৃথক হয়। প্ৰতিটো সামাজিক পদ্ধতি বা ঐতিহাসিক পর্যায়ে ইয়াৰ নিজৰ পৰিৱৰ্তনসমূহত কেনেকৈ পিতৃতান্ত্রিকতাই কাম কৰে আৰু কেনেদৰে সামাজিক আৰু সাংস্কৃতিক কামসমূহ পার্থক্য নিৰূপণ কৰা হয় সেয়া সূচিত কৰে। ব্যক্তিৰ পৰিস্থিতি সমূহক যাতে সঠিকভাৱে পৰ্যালোচনা কৰি ইবিলাকৰ লগত, মোকাবিলা কৰাৰ বাবে উপযুক্ত কৌশল আহৰণ কৰিব পৰা যায় আৰু তাৰ বাবে উক্ত পার্থক্যসমূহক চিনাক্ত কৰাৰ আৱশ্যকতা আছে।

পিতৃতান্ত্রিকতাত পুৰুষে কেনেদৰে নিয়ন্ত্রণ চলায়?

সাধাৰণতে নিম্নোক্ত মাধ্যমসমূহৰ ক্ষেত্ৰসমূহত পিতৃতান্ত্ৰিকতাৰ অধীনত পুৰুষৰ দ্বাৰা নাৰীসকল নিয়ন্ত্রিত হ’ব পাৰে—

(১) নাৰীৰ উৎপাদন বা শ্রম ক্ষমতা :

(Women’s Productive or Labour Power)

সাধাৰণতে নাৰীৰ উৎপাদন ক্ষমতাক ঘৰৰ ভিতৰত আৰু বাহিৰৰো বেতনভোগী কাম উভয় ক্ষেত্রতে পুৰুষে নিয়ন্ত্রণ চলায়। ঘৰৰ ভিতৰত প্ৰতিগৰাকী নাৰীকে গোটেই জীৱন তেওঁলোকৰ ল’ৰা-ছোৱালী, স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ কাৰণে সকলো ধৰণৰ সেৱা বিনা পাৰিশ্রমিকেৰে আগবঢ়াই আহিছে যাক চিলভিয়া ওৱালবিয়ে “পিতৃতান্ত্রিকতা উৎপাদনৰ বেহা বা পথ বুলি অভিহিত কৰিছে। মহিলাসকলৰ শ্ৰমতে তেওঁলোকৰ লগত একেলগে বসবাস কৰা স্বামী আৰু অন্যান্যসকলৰ দ্বাৰা হস্তক্ষেপ কৰা হয়। এইক্ষেত্ৰত চিলভিয়া ওৱালবিয়ে তাৎপর্যপূর্ণভাবে মন্তব্য আগবঢ়াই কৈছে যে— গৃহিণীসকল হৈছে উৎপাদক শ্রেণী, ইয়াৰ পৰিৱৰ্তে স্বামীসকল হৈছে হস্তক্ষেপ আৰু নিয়ন্ত্রণকাৰী শ্রেণী। মহিলাসকলৰ হাড়ভঙা অন্তহীন আৰু বাৰে বাৰে কৰি থকা পৰিশ্ৰমক শ্ৰম হিচাপে সমূলাংশে শ্ৰম বুলি গণ্য কৰা নহয় আৰু পত্নীসকলক তেওঁলোকৰ স্বামীসকলৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন অতিবাহিত কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে মহিলাসকলৰ পাৰিশ্ৰমিক পুৰুষসকলে কেৱল ঘৰৰ ভিতৰতে নহয় বৰং ঘৰৰ বাহিৰতো বিভিন্ন ধৰণে নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হয়। পুৰুষসকলে তেওঁলোকৰ পত্নীসকলৰ পৰিশ্ৰম বিক্ৰী কৰিবলৈ বাধা কৰায়। অন্যথা তেওঁলোকৰ স্বামীসকলে শ্রম কৰাত বাধা দান কৰিব পাৰে। নাৰীসকলে কি উপার্জন কৰিব সেয়া পুৰুষসকলে আছুতীয়াকৈ নিৰ্ধাৰণ কৰিব পাৰে, আনকি নাৰীসকলক কামৰ মাজে মাজে বিৰতি লৈ নিৰ্ধাৰিত কাম সম্পাদন কৰিবলৈ পুৰুষসকলে অনুমতি প্রদান কৰিব পাৰে। মহিলাসকলক ভাল মজুৰি যুক্ত চাকৰিত নিয়োজিত হোৱাৰ পৰা বাহিৰত ৰখা হয়। ইয়াৰ পৰিৱৰ্তে নাৰীসকলক অতি নিম্ন দৰত তেওঁলোকৰ শ্রম বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা হয়। তাৰোপৰি নাৰীসকলক ঘৰৰ ভিতৰতে আৱদ্ধ থাকি যিবিলাক ঘৰুৱা ভিত্তিক উৎপাদনী কার্য সিবিলাকত নিয়োজিত থাকিবলৈ বাধ্য কৰোৱা হয়। এইবিলাককো শোষণমূলক পদ্ধতিৰ অন্তৰ্গত বুলিব পাৰি। মহিলাৰ শ্ৰমৰ ওপৰত চলোৱা নিয়ন্ত্রণ আৰু শোষণৰ অৰ্থ হৈছে যে পুৰুষসকল পিতৃতান্ত্রিকতাৰ পৰা পাৰ্থিৱভাৱে অৰ্জন কৰিবলৈ সক্ষম হয়। আন কথাত ক’ব পাৰি যে আমাৰ সমাজত পিতৃতান্ত্রিকতাৰ এক বস্তুগত বুনিয়াদ আছে।

(২) মহিলাৰ পুনঃ উৎপাদন ক্ষমতা :

(Women’s Reproductive Power)

সমাজৰ বিভিন্ন স্তৰত মহিলাসকলৰ পুনঃ উৎপাদনী ক্ষমতাক পুৰুষসকলে নিয়ন্ত্ৰণ কৰা দেখা যায়। এনে বহু সমাজ আছে য’ত তেওঁলোকে কিমানজন সন্তান জন্ম দিব, কেতিয়া জন্ম দিব, তেওঁলোকে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব নে নকৰে বা গৰ্ভধাৰণ বন্ধ কৰিব নে নকৰে এই সকলো বিলাক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত নাৰীসকলৰ কোনো ভূমিকা নাথাকে। নাৰীসকলৰ ওপৰত পুৰুষৰ ব্যক্তিগত জীৱনৰ নিয়ন্ত্ৰণৰ বাহিৰেও পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত গীৰ্জা আৰু ৰাষ্ট্ৰৰ দৰে অনুষ্ঠানসমূহও নাৰীৰ পুনঃ উৎপাদন ক্ষমতাৰ বিষয়ত নীতি-নিয়ম আদি নিৰ্ধাৰণ কৰি দিয়ে। ইয়াক আনুষ্ঠানিক নিয়ন্ত্ৰণ বুলিব পাৰি। উদাহৰণস্বৰূপে, কেথলিক গীৰ্জাসমূহত পুৰুষ পদানুক্রম নেতৃত্ব (ফাদাৰ)ই পুৰুষ আৰু মহিলাই জন্ম নিয়ন্ত্রণ পদ্ধতি প্রয়োগ কৰিব পাৰে নে নোৱাৰে, কোনটো পদ্ধতি সুবিধাজনক, মহিলাই অবাঞ্চিত সন্তানৰ গৰ্ভধাৰণ বা ভ্রূণ হত্যা কৰিব পাৰিবনে নোৱাৰে ইত্যাদি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হয়। মহিলাই কেতিয়া আৰু কিমান সংখ্যক সন্তান প্ৰসৱ কৰিব বিচাৰে সেইবিলাক ক্ষেত্ৰত স্বাধীনতা উপভোগৰ বাবে সমগ্র বিশ্বব্যাপি মহিলাসকলে অৱধাৰিতভাৱে যি সংগ্রাম চলাই আহিছে তাৰ পৰাই বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰত পুৰুষকেন্দ্ৰিক নিয়ন্ত্ৰণ আৰু আধিপত্য যে অধিক শক্তিশালী সেয়া স্পষ্ট ৰূপত প্রতিফলিত হয়।

আধুনক সমাজত পিতৃতান্ত্ৰিক ৰাষ্ট্ৰই ইয়াৰ পৰিয়াল পৰিকল্পনা আঁচনিৰ জৰিয়তে মহিলাৰ পুনঃ উৎপাদন ক্ষমতাক নিয়ন্ত্রণ কৰি আহিছে। ৰাষ্ট্ৰৰ সন্তোষজনক জনসংখ্যাৰ আকাৰ ৰাষ্ট্ৰযন্ত্রই নিৰ্ধাৰণ কৰে আৰু সেই অনুসাৰে মহিলাসকলক ল’ৰা-ছোৱালী জন্ম দিয়াৰ বাবে সক্রিয়ভাৱে উৎসাহ বা নিৰুৎসাহ যোগায়। ভাৰতবৰ্ষত পৰিয়ালৰ আকাৰ সীমিতকৰণৰ বাবে কঠোৰভাৱে এক আক্রমণাত্মক জন্ম নিয়ন্ত্রণ আঁচনি ইতিমধ্যে গ্রহণ কৰা হৈছে। মালয়েছিয়াত দেশৰ ঔদ্যোগিক খণ্ডৰ উৎপাদন বৃদ্ধিৰ বাবে এক সন্তোষজনক পৰিধিৰ আভ্যন্তৰীণ বজাৰ সুনিশ্চিতকৰণৰ বাবে মহিলাসকলক অধিক সন্তান জন্ম দিবলৈ উৎসাহিত কৰা হৈছে। একেদৰে ইউৰোপত জন্মৰ হাৰ একেবাৰে নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত মহিলাসকলক অধিকসংখ্যক সন্তান জন্ম দিবৰ বাবে বিভিন্ন উত্তেজনাৰ সৃষ্টিৰে মহিলাসকলক প্রলোভিত কৰা হয়। ইউৰোপত মহিলাসকলক সম্পূর্ণ পাৰিশ্ৰমিক আদায় দিয়া হয়। আৰু অংশকালীন কৰ্মচাৰীসকলৰ বাবে বহু দীঘলীয়া মাতৃত্বৰ ছুটী, সন্তান 

লালন-পালনৰ সুবিধা আদি প্ৰদান কৰা হয়। এয়েই নহয়, আনকি কিছুমান দেশত আকৌ পুৰুষৰ পিতৃত্বৰ ছুটী আদিৰো বিধান আছে।

ৰাষ্ট্ৰৰ অৰ্থনীতিৰ দ্বাৰা শ্ৰমিকৰ বৰ্ধিত চাহিদা অনুসৰি ৰাষ্ট্ৰৰ আদৰ্শ আৰু নীতি আদিৰ পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে, দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত জাৰ্মানীত ৰাষ্ট্ৰখনৰ পুনঃ নিৰ্মাণৰ বাবে শ্ৰম শক্তিৰ প্ৰয়োজনীয়তা আহি পৰিছিল আৰু তেনে পৰিস্থিতিত মহিলাসকলক কর্মসংস্থাপন প্ৰদান কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণ কাৰ্যত মহিলাসকলক অংশগ্রহণ কৰিবলৈ আহ্বান জনোৱা হৈছিল। ইয়াৰ বিপৰীতে গ্রেট বৃটেইনত এবাৰ যুদ্ধত বিজয়ী হোৱাৰ পিছত যিসকল মহিলাই যুদ্ধত প্রথম শাৰীতে অংশগ্রহণ কৰিছিল তেওঁলোকক স্ব-গৃহলৈ প্ৰত্যাগমন কৰিবলৈ কোৱা হৈছিল। কিয়নো সেই সময়ত কেৱল পুৰুষসকলেই শান্তি প্ৰতিষ্ঠাৰ কামত জড়িত হ’ব পাৰিছিল। 

মাতৃত্বৰ এই আদৰ্শই হৈছে চৰম নাৰীবাদীসকলৰ মহিলাৰ পৰিস্থিতি বিশ্লেষণৰ কেন্দ্ৰীয় বিষয়। চৰম নাৰীবাদীসকলৰ মতে, পিতৃতান্ত্রিক সমাজ ব্যৱস্থাত মহিলাসকলৰ ওপৰত মাতৃত্ব আৰু সন্তান প্রতিপালনৰ দায়িত্ব পালনৰ বাবে বল প্ৰয়োগ কৰাৰ ফলত মহিলাসকলে পুৰুষৰ অধীনস্থ হৈ থাকিবলগীয়া হয়। মহিলাসকলক উপযুক্ত গর্ভনিৰোধকাৰী তথ্যৰ পৰা বঞ্চিত কৰি মাতৃত্বৰ বোজা বহন কৰাৰ বাবে জোঁৰ দিয়া হয়। একে সময়তে মহিলাসকলক গৰ্ভনিৰোধ অসুবিধাজনক, মিতব্যয়ী, আনকি বিপদজনক বুলিয়েই সান্ত্বনা দিয়াৰ চেষ্টা কৰা হয়। চৰম নাৰীবাদীসকলৰ অভিমত হ’ল যে পিতৃতান্ত্রিকতাই মহিলাসকলক একেবাৰে ন্যূনতম আশ্ৰয়ৰ সুযোগ দিয়ে আৰু ইয়াক সম্পূৰ্ণৰূপে সততে অস্বীকাৰ কৰে। কিন্তু একে সময়তে পুৰুষৰ অধীনস্থ মহিলাসকলৰ ওপৰত যৌন সম্ভোগ জড়িত থাকিবৰ কাৰণে প্ৰবল হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হয়।

প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে, পিতৃতান্ত্রিকতাই মহিলাসকলক কেৱল মাতৃ হ’বলৈহে হেঁচা দিয়ে এনে নহয় বৰং ই তেওঁলোকৰ মাতৃত্বৰ চৰ্তাৱলীও নিৰ্ধাৰণ কৰি দিয়ে। মাতৃত্বৰ এই আদৰ্শক নাৰী নিৰ্যাতনৰ এক অন্যতম ভিত্তি হিচাপে গণ্য কৰা হয় কাৰণ ইয়েই পিতৃতান্ত্রিকতাক স্থায়িত্ব ৰূপ প্ৰদান কৰা পুলিংগ আৰু স্ত্ৰী-লিংগ চৰিত্ৰৰ শ্ৰেণীৰ সৃষ্টি কৰে। ৰাজহুৱা আৰু ব্যক্তিগত জীৱনৰ মাজৰ বিভাজনক ই অধিক ৰূপত শক্তিশালী কৰি তোলে। তাৰোপৰি ই মহিলাৰ গতি আৰু উন্নয়নৰ ধাৰাক সীমিত কৰি ৰখাৰ লগতে পুৰুষৰ আধিপত্যক পুনঃ স্থাপন কৰাত সহায় কৰে।

(৩) মহিলাৰ যৌনতাৰ ওপৰত নিয়ন্ত্রণ :

(Control Over Women Sexuality) 

যৌন সম্ভোগৰ ক্ষেত্ৰত নাৰীসকলে আন এক প্ৰকাৰৰ পিতৃতান্ত্রিক নিয়ন্ত্রণৰ সন্মুখীন হ’বলগীয়া হয়। সাধাৰণতে, নাৰীসকলে যৌন সম্ভোগৰ ক্ষেত্ৰত সদায় নিজৰ স্বামীৰ ওপৰত নির্ভৰ কৰে। আন অৰ্থত, মহিলাসকলে তেওঁলোকৰ নাৰীসকলৰ ৰুচি আৰু প্ৰয়োজন অনুসৰি যৌন সম্ভোগৰ সেৱা আগবঢ়াবলৈ বাধ্য থাকে। প্রতিখন সমাজতে বিবাহৰ বাহিৰ চ’ৰাত মহিলাৰ যৌনতা প্ৰদৰ্শনত প্রতিহত কৰাৰ বাবে সম্পূৰ্ণৰূপে নৈতিক আৰু আইনী শাসন ব্যৱস্থাৰ প্ৰচলন আছে। আনহাতে, প্রচলিত ধাৰা অনুসৰি পুৰুষৰ অবৈধ যৌন সম্পর্কৰ ক্ষেত্ৰত একপ্ৰকাৰৰ নীৰৱতা প্ৰদৰ্শন কৰা হৈছে। পুৰুষসকলে তেওঁলোকৰ পত্নী, জীয়েক বা অন্যান্য নাৰীসকলক যৌন সম্পৰ্কৰ ক্ষেত্ৰতো তেওঁলোকৰ নিয়ন্ত্রণাধীন কৰিব বিচাৰে। তেওঁলোকে যৌনতাক লৈ ব্যবসায় কৰিব পাৰে। ধৰ্ষণ আৰু ধৰ্ষণৰ ভাবুকি প্ৰদৰ্শন আদিৰ দ্বাৰা মহিলাৰ যৌনতাক পুৰুষসকলে সন্মান জনোৱাৰ পৰিৱর্তে অৱমাননা আৰু দমন কৰিব পাৰে। উল্লেখনীয় যে মহিলাৰ যৌনতাক নিয়ন্ত্ৰণৰ বাবে তেওঁলোকৰ বস্তু, আচৰণ আৰু গতি-বিধিক অতি সাৱধানতাৰে পৰিয়াল, সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় আচৰণ বিধিৰ দ্বাৰা তদাৰকী তথা নিয়ন্ত্রণ কৰা হয়। এজন চৰ্ম নাৰীবাদী বিশ্লেষকে কৈছে, পিতৃতান্ত্রিকতাৰ অধীনত মহিলা কেৱল মাতৃয়েই এনে নহয় বৰং এওঁলোক যৌন দাসীও। পিতৃতান্ত্রিক মতাদর্শই মাতৃত্বৰ বিষয়টোক তাৎক্ষণিকৰূপে বাদ দি মহিলাক পুৰুষৰ আনন্দৰ বাবে যৌন উপভোগৰ সামগ্ৰী বুলি বিবেচনা কৰে। পিতৃতান্ত্রিকতাৰ ধাৰণা অনুসৰি প্ৰতিখন সমাজ ব্যৱস্থাতে বলাৎকাৰৰ অৱস্থিতি নাথাকিব পাৰে কিন্তু ই পিতৃতান্ত্রিকতাৰ এক গুৰুত্বপূৰ্ণ নিৰ্ধাৰণমূলক বৈশিষ্ট্য। পিতৃতান্ত্রিকতাই বলাৎকাৰক এক ফলপ্ৰসূ ৰাজনৈতিক কৌশল হিচাপে আৰু ক্ষমতাশালী শ্ৰেণীৰ সদস্যসকলে দুর্বলী শ্রেণীৰ সদস্যসকলৰ ওপৰত প্ৰয়োগ কৰা শোষণ আৰু নিষ্পেষণৰ এক ৰাজনৈতিক কার্য হিচাপে গণ্য কৰে। চৰম নাৰীবাদীসকলে পিতৃতান্ত্রিকতাৰ অধীনত মহিলাৰ যৌনতাৰ ওপৰত থকা পুৰুষৰ নিয়ন্ত্ৰণৰ উপৰিও যৌনবৃত্তিৰ আনুষ্ঠানিকীকৰণ, বেশ্যাৰ কীৰ্তি ৰচনা আৰু বলপূর্বক বিসদৃশ যৌন কাৰ্যৰ ওপৰত তেওঁলোকৰ অধ্যয়ন কেন্দ্ৰীভূত কৰিছে।

(৪) মহিলাৰ গতিশীলতা 

(Women Mobility)

মহিলাৰ যৌনতা, উৎপাদন, পুনঃউৎপাদনী ক্ষমতাক নিয়ন্ত্রণ কৰাৰ কাৰণে পুৰুষে মহিলাসকলৰ গতিশীলতাক নিয়ন্ত্ৰণ কৰাৰ প্রয়োজনীয়তা অনুধাৱন কৰা পৰিলক্ষিত হয়। পৰ্দাৰ আৰোপকৰণ ঘৰুৱা স্থান ত্যাগ কৰাৰ ক্ষেত্ৰত নাৰীসকলৰ ওপৰত সীমাবদ্ধতা আৰোপ, ব্যক্তিগত আৰু ৰাজহুৱা জীৱনৰ মাজত দৃঢ় বিচ্ছিন্নকৰণ, লিংগৰ মাজত বাৰ্তালাপৰ ক্ষেত্ৰত সীমাবদ্ধতা আদি সকলোবিলাকেই মহিলাসকলৰ গতিশীলতা আৰু স্বাধীনতাৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰে এনেধৰণে যে এই আৰোপিত নিয়ন্ত্ৰকসমূহ মহিলাসকলৰ বাবেহে অৰ্থাৎ লিংগ বিশেষৰহে কাৰণ পুৰুষসকল এনেধৰণৰ দমন বা নিয়ন্ত্ৰণৰ অধীন হোৱা পৰিলক্ষিত নহয়।

(৫) সম্পত্তি আৰু অন্যান্য অর্থনৈতিক উৎস :

(Property and other Economic Source) 

পৰিয়ালৰ অধিকাংশ সম্পত্তি আৰু অন্যান্য উৎপাদনী সমস্যাসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত হয় আৰু এইবিলাক পুৰুষানুক্রমে এক প্ৰজন্মৰ পৰা আন এক প্রজন্মলৈ অতিক্ৰম কৰে অৰ্থাৎ পিতৃৰ পৰা পুত্ৰলৈ যায়। এয়েই নহয় আনকি য’ত মহিলাসকলৰ এনেধৰণৰ সমল আৰু উৎপাদনী সমল প্ৰাপ্তিৰ আইনগত অধিকাৰ থাকে তেনেক্ষেত্রতো সমগ্র শৃংখলিত প্রথাগত অভ্যাস, আৱেগিক তথা সামাজিক চাপ, সামাজিক অনুমোদন আৰু কেতিয়াবা কেতিয়াবা নীৰৱ সংগ্রাম ইত্যাদিয়ে মহিলাসকলক তেওঁলোকৰ প্রকৃত নিয়ন্ত্রণ অধিকাৰউপভোগৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ পৰিৱৰ্তে অধিকাৰসমূহ হ্রাস কৰাহে পৰিলক্ষিত হয়। এনেদৰে মহিলাসকল সৰ্বত্ৰ অৱহেলিত হৈ ৰয়। ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যাত আগবঢ়োৱা এক ব্যাখ্যাৰ পৰা এইটো স্পষ্ট হয় যে বিশ্বত প্রতিঘণ্টাত সম্পাদিত হোৱা কাৰ্যৰ ৬০%তকৈও অধিক কার্য মহিলাসকলে সম্পন্ন কৰে। কিন্তু বিশ্বৰ আয়ৰ ১০%হে মহিলাসকলে লাভ কৰে আৰু বিশ্বৰ মুঠ সম্পদ ৰাজিৰ ১% মাত্র মহিলাসকলে আহৰণ কৰে।

(৬) আইনগত ব্যৱস্থা

(Legal System)

বিশ্বৰ প্ৰায়বিলাক ৰাষ্ট্ৰৰেই আইনগত ব্যৱস্থাটো পিতৃতান্ত্রিক আৰু আমোলাতান্ত্রিক অর্থাৎ ই পুৰুষ শ্ৰেণী আৰু অৰ্থনৈতিকভাবে আঢ্যৱস্ত শ্রেণীটোৰ প্ৰতি অধিক সহানুভূতিশীল হোৱা দেখা পৰিলক্ষিত হয়। পৰিয়াল, বিবাহ আৰু উত্তৰাধিকাৰীতাৰ সৈতে জড়িত আইনসমূহৰ সৈতে সম্পদৰ ওপৰত পিতৃতান্ত্রিক নিয়ন্ত্রণ নিবিড়ভাৱে সম্পর্কিত। দক্ষিণ এছিয়া অঞ্চলটোৰ প্ৰতিখন ৰাষ্ট্ৰতে প্ৰতিটো আইনগত ব্যৱস্থাই পুৰুষক পৰিয়ালৰ মুৰব্বী হিচাপে ল’ৰা ছোৱালীৰ স্বাভাৱিক অভিভাৱক হিচাপে আৰু সম্পত্তিৰ মুখ্য উত্তৰাধিকাৰী হিচাপে গণ্য কৰে। ন্যায়িক সমীক্ষাৰ ব্যৱস্থা, ন্যায়পালিকা, ন্যায়াধীশ আৰু অধিবক্তাসকলৰ চিন্তাধাৰাৰ ক্ষেত্ৰত আৰু লগতে আইনৰ ব্যাখ্যাৰ ক্ষেত্ৰতো পিতৃতান্ত্রিকতাৰ মনোভাব পৰিস্ফুট হোৱা দেখা যায়।

(৭) ৰাজনৈতিক ব্যৱস্থা আৰু অনুষ্ঠানসমূহ:

(Political System and Institutions)

সমাজৰ প্ৰায় সকলোবিলাক ৰাজনৈতিক অনুষ্ঠানৰ সকলো পর্যায়তে অর্থাৎ গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় সংসদ পর্যন্ত পুৰুষৰ আধিপত্য আৰু নিয়ন্ত্ৰণ বিদ্যমান। ভাৰতৰ ৰাজনৈতিক দল আৰু অন্যান্য সংগঠন বিলাকৰ লগত এমুঠিমান মহিলাহে জড়িত হৈ আছে যিসকলে ৰাষ্ট্ৰৰ ভাগ্য নিয়ন্ত্ৰণত অৱদান যোগায়। কেতবোৰ গুৰুত্ব ৰাজনৈতিক পদবীত অধিষ্ঠিত হয়, ইয়াৰ মূলতে তেওঁলোকৰ নিজা প্রচেষ্টা আৰু অধ্যৱসায়। উদাহৰণস্বৰূপে ভাৰতৰ সর্বোচ্চ শিখৰৰ পদবী হিচাপে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্রতিভা দেৱী সিং পাটিলকো এক সুন্দৰ নিদর্শন হিচাপে উপস্থাপন কৰিব পাৰি। অৱশ্যে তেওঁলোকৰ এই দক্ষতাৰ অন্তৰালত সাধাৰণতে কিছুমান সংগঠন, শক্তিশালী ৰাজনৈতিক পুৰুষৰ ভূমিকা অন্তর্নিহিত হৈ থাকে। এই মহিলাসকলে পুৰুষৰদ্বাৰা প্ৰণিত নীতি আৰু গাঁথনিৰ মাজতে কাৰ্যনিৰ্বাহ কৰে। প্ৰসংগক্ৰমে উল্লেখ কৰি

থোৱাটো উচিত হ’ব যে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ সমূহত বিশ্বৰ অন্যান্য। প্ৰান্তৰ তুলনাত মহিলাসকলৰ প্রতিনিধিত্ব (ৰাজনৈতিক অনুষ্ঠানসমূহত) তুলনামূলকভাৱে কম হোৱা যেন পৰিলক্ষিত হয়।

(৮) গণমাধ্যমসমূহৰ নিয়ন্ত্রণ:

(Mass Media)

গণ মাধ্যম হৈছে এনে এক গুৰুত্বপূৰ্ণ আহিলা যাৰ জৰিয়তে শ্ৰেণী আৰু লিংগভিত্তিক মতাদৰ্শক প্ৰচাৰ কৰা হয়। এই গণ মাধ্যমবিলাক উচ্চ শ্ৰেণীৰ আৰু উচ্চ সম্প্ৰদায়ৰ নিয়ন্ত্ৰণত থাকে। বোলছবি আৰু দূৰদৰ্শনৰ পৰা আৰম্ভ কৰি আলোচনী, সংবাদ পত্র, ৰেডিঅ’ আদি সকলোবিলাকে মহিলা বিষয়ক প্রতিচ্ছবিখন বিকৃত ৰূপত চিত্রায়িত কৰা পৰিলক্ষিত হয়। পুৰুষৰ আধিপত্য আৰু মহিলাৰ অধীনস্থতাৰ সংবাদসমূহ নিৰৱচ্ছিন্নভাৱে সংবাদ মাধ্যমবিলাকত প্ৰচাৰ কৰা হয়। মহিলাৰ বিৰুদ্ধে আতিশয্য, হিংসাব সংবাদসমূহ বিশেষকৈ চলচ্চিত্র বিলাকত প্রবলভাৱে সম্প্ৰচাৰিত কৰা হয়। অন্যান্য খণ্ডসমূহৰ নিচিনাকৈ বৃত্তিগতভাৱেও চালে সংবাদ মাধ্যমসমূহত মহিলাসকলৰ নিম্ন প্রতিনিধিত্বৰ পৰিৱৰ্তে পুৰুষশ্রেণীৰ বহুদিনীয়া প্ৰভুত্ব পৰিলক্ষিত হয়।

(৯) শিক্ষানুষ্ঠান আৰু জ্ঞান পদ্ধতি: 

(Educational Institutions and Knowledge System)

যেতিয়াৰে পৰা শিক্ষণ আৰু শিক্ষা প্রণালীবদ্ধ আৰু আনুষ্ঠানিকীকৰণ হৈছে তেতিয়াৰে পৰাই জ্ঞান দৰ্শন, ধর্মীয় আইন, সাহিত্য, কলা, বিজ্ঞান আদিৰ দৰে ক্ষেত্ৰসমূহত পুৰুষৰ আধিপত্য চলি আহিছে। জ্ঞান সৃষ্টিৰ ক্ষেত্ৰত পুৰুষ শ্ৰেণীটোৰ এনে প্রভুত্ব বিস্তাৰে মহিলা শ্ৰেণীটোৰ জ্ঞান আৰু অভিজ্ঞতাৰ লগতে তেওঁলোকৰ বিশেষ কৌশল আৰু আশাৰ ক্ষেত্রসমূহক সংকীর্ণ কৰি তুলিছে। এনে বহু সংস্কৃতি আছে য’ত মহিলাসকলৰ ওপৰত ধর্মীয় পুথি-পাঁজি ইত্যাদি অধ্যয়ন কৰাৰ ক্ষেত্ৰত পদ্ধতিগতভাৱে মহিলাসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। ইমানেই নহয়, আনকি বর্তমান সময়তো নিচেই কম সংখ্যক মহিলাকহে ধর্মীয় আৰু আইনী সাহিত্য তথা গ্ৰন্থৰাজি অধ্যয়ন কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হয়।

3. Discuss about the structure of patriarchy.

Ans: চিলভিয়া ওৱালবিয়ে পিতৃতান্ত্রিকতাৰ ছটা সংৰচনা সংজ্ঞায়িত কৰিছিল আৰু সেইবোৰ তলত উল্লেখ কৰা হ’ল।

(১) মজুৰিপ্ৰাপ্ত শ্ৰমিকসকল পিতৃতান্ত্ৰিকতাৰ প্ৰথমটো আৰ্হি বা গাঁথনি। মহিলা শ্রমিকসকলে একেটা কামকে কৰি পুৰুষতকৈ কম পাৰিশ্ৰমিক লাভ কৰাটোৱে পিতৃতান্ত্রিকতাৰ প্ৰথমটো গাঁথনি সূচিত কৰিছে।

(২) ঘৰৰ ভিতৰত শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ জৰিয়তে মহিলাসকলে ঘৰুৱা কাম-কাজ, সন্তান লালন-পালন কৰাৰ দৰে প্রাথমিক দায়বদ্ধতাসমূহ পালন কৰিবলগীয়া হৈছে।

(৩) পিতৃতান্ত্রিকতা সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সংস্কৃতিয়ে এক তাৎপর্যপূর্ণ ভূমিকা গ্রহণ কৰে। সাধাৰণতে, সংস্কৃতিৰ নামতে বহুক্ষেত্ৰত মহিলাসকল পুৰুষৰ অধীনস্থ হৈ ৰোৱা পৰিলক্ষিত হয়। আমাৰ সংস্কৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পৌৰাণিক শাস্ত্রবিলাকেও অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যি কি নহওক, বহু সময়ত এই সংস্কৃতিয়ে নিজেই মহিলাসকলক ব্যৱহাৰৰ আহিলা হিচাপে চিত্রায়িত কৰাও পৰিলক্ষিত হয়।

(৪) বিসদৃশ যৌনগত সম্পৰ্কক পিতৃতান্ত্রিকতাৰ এক উপাদান হিচাপে বিবেচনা কৰা হয়।

(৫) মহিলাসকলৰ বিৰুদ্ধে ঘৰৰ ভিতৰত আৰু কাৰ্যালয়ত পুৰুষৰ যি আতিশয্য সেই আতিশয্যক পিতৃতান্ত্রিকতাৰ এক গাঁথনি স্বৰূপ বুলি অভিহিত কৰা হয়।

(৬) পুৰুষ আৰু মহিলাক বিভাজিত কৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰই এক আধিপত্যমূলক আৰু পিতৃতান্ত্রিক ভূমিকা পালন কৰে।

উল্লেখযোগ্য যে আন কেতবোৰ উপাদান আছে যিবিলাকক নেকি পিতৃতান্ত্ৰিকতাৰ গাঁথনিৰ অধ্যয়নৰ ক্ষেত্ৰত কোনো প্ৰকাৰে উলাই কৰিব নোৱাৰি। গার্ডাৰ লার্নাবৰ মতে “পিতৃতান্ত্রিকতাৰ মৌলিক গাঁথনি হৈছে পৰিয়াল।” পৰিয়াল হৈছে এনে এক পদানুক্রমিক ব্যৱস্থা য’ত পুৰুষজন শ্রেষ্ঠ আৰু আধিপত্যৰ গৰাকী, মহিলাসকল সদায় বহতীয়া আৰু নিয়ন্ত্রিত। প্রায় সকলোবিলাক ক্ষেত্ৰতে পুৰুষক পৰিয়ালৰ মুৰব্বী বুলি বিবেচনা কৰা হয় আৰু পুৰুষ মুৰব্বীজনে মহিলাসকলৰ ওপৰত দৈহিক আৰু মানসিকভাবে নিয়ন্ত্রণ সাব্যস্ত কৰে। পৰিয়ালত পুৰুষ উত্তৰাধিকাৰী সৃষ্টি কৰাৰ ক্ষেত্ৰত মহিলাসকলেই হৈছে প্ৰধান আহিলাস্বৰূপ। এনেদৰেই পৰিয়ালেই হৈছে পিতৃতান্ত্রিকতাৰ প্ৰধান সংৰচনা। এয়েই নহয়, আনকি মাতৃতান্ত্রিক সমাজতো পুৰুষৰ যি আধিপত্যমূলক ভূমিকা সেয়া সঁচাকৈয়ে লেখত ল’বলগীয়া।

শৈক্ষিক অনুষ্ঠানসমূহ

শৈক্ষিক অনুষ্ঠানসমূহ হৈছে পিতৃতান্ত্রিকতার দ্বিতীয়টো সংৰচনা। মহিলাসকলক পদ্ধতিগতভাৱে অধীনস্থ কৰি ৰখাৰ ব্যৱস্থা শৈক্ষিক ব্যৱস্থাৰ লগে লগে সূত্রপাত হয়। উল্লেখযোগ্য যে মহিলাসকলে শতিকাজুৰি শৈক্ষিক অনুষ্ঠানসমূহত প্ৰৱেশ আৰু জ্ঞান আহৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত যদিওবা মহিলাসকলক অনুমতি প্রদান কৰা হয় তৎসত্ত্বেও মহিলাসকলক পবিত্র মহিলা হিচাপে, মহিলাৰ উৎসর্গিত প্রতিচ্ছবি, এক অতি স্বভাৱসুলভ পত্নী হিচাপে কন্যা মাতৃ আদি হিচাপে মহিলাসকলক উপস্থাপনৰ জৰিয়তে পিতৃতান্ত্রিকতাৰ স্বৰূপ ব্যক্ত হয়।

ধৰ্ম আৰু ধৰ্মীয় অনুষ্ঠানসমূহো হৈছে আন এক পিতৃতান্ত্রিক সংৰচনা। মহিলাৰ ভূমিকাক নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰত ধৰ্মৰ গুৰুত্ব অপৰিসীম। সকলো প্রধান ধর্মকেই উচ্চ শ্ৰেণীৰ আৰু উচ্চ পুৰুষৰ দ্বাৰা সৃষ্টি, ব্যাখ্যা আৰু নিয়ন্ত্ৰণ কৰা হৈছে। মহিলাসকলক কেতবোৰ ধৰ্মীয় কাম-কাজ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হয়। মহিলাসকলক কেতবোৰ ধৰ্মীয় স্থানত প্ৰৱেশ কৰাত বাধা প্রদান, পুৰুষ দেৱতাসকলক নায়কৰ ৰূপত উপস্থাপন, পুৰুষৰ আধিপত্যৰ বিদ্যমান। এই সকলোবিলাকে মহিলাসকলৰ সমাজত স্থান পুৰুষতকৈ অৱনমিত কৰি তুলিছে।

সম্পত্তিৰ উত্তৰাধিকাৰ লিংগ সংৰচনাৰ আন এক গুৰুত্বপূৰ্ণ দিশ। সম্পত্তিৰ ধাৰণাটোৰ আবিৰ্ভাৱ হোৱাৰে পৰা পুৰুষসকলকে সম্পত্তিৰ একমাত্ৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰি অহা হৈছে। যি কি নহওক ওৱালবিয়ে বিশ্বাস কৰে যে ৰাজহুৱা আৰু ব্যক্তিগত উভয় গাঁথনিতে মহিলাৰ অৱনমিত মর্যাদা বিদ্যমান হোৱা পৰিলক্ষিত হয়।

4. What do you mean by Gender? Distinguish between Gender and Sex.

Ans: লিংগৰ অৱধাৰণাটো সম্প্রতি এক অতি গুৰুত্বপূৰ্ণ বিতৰ্কৰ বিষয়ৰূপে পৰিগণিত হৈছে। “লিংগ অভিধাটো বর্তমান সমাজতাত্ত্বিকভাৱে আৰু এক অৱধাৰণাগত শ্ৰেণীৰূপে ব্যৱহৃত কৰা হয় আৰু ইয়াৰ এক নির্দিষ্ট অর্থ আছে। লিংগই পুৰুষ আৰু মহিলাৰ সামাজিক আৰু সাংস্কৃতিক সংজ্ঞাৰ লগতে সমাজে পুৰুষ আৰু মহিলাৰ মাজত বৈষম্য নিৰূপণ কৰি তেওঁলোকৰ ওপৰত পৃথক পৃথক সামাজিক ভূমিকা ন্যস্ত কৰাৰ পথক সূচিত কৰে। 

কুৰি শতিকাৰ মাজভাগত সমাজতাত্বিক শৃংখলাত নাৰীবাদী আদর্শই এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিবলৈ লোৱাৰ লগে লগেই লিংগৰ অৱধাৰণাটো পোহৰলৈ আহে। নাৰীবাদৰ অন্যতম বাটকটীয়া এন ওৱাকলেই পোন প্ৰথমবাৰৰ কাৰণে “লিংগ” শব্দটোৰ তেওঁৰ “Sex, Gender and Society (1972)” শীর্ষক গ্ৰন্থখনত ব্যাখ্যা আগবঢ়াইছিল। যদিওবা অকলেৰ পূৰ্বেও “লিংগ” অভিধাটো ব্যৱহাৰ কৰা হছিল যদিও অভিধাটোৰ এক সর্বজন গ্রহণযোগ্য সংজ্ঞা আগবঢ়াব পৰা নাছিল। Simone de Beauvoir য়ে তেওঁৰ “The Second Sex” শীর্ষক গ্ৰন্থখনত এই বুলি বর্ণনা কৰিছে যে সমাজত লিংগ অসমতাই পুৰুষসকলক পাউৰুতি উপাৰ্জক হিচাপে গ্ৰহণ কৰা ভূমিকাৰ জৰিয়তে সমাজৰ উৰ্ধত স্থান দিয়াৰ অৱকাশ হৈছে। লিংগ অসমতাই সমাজত এনে এক অধিক্ৰমৰ সূচনা কৰিছে য’ত নেকি মহিলাসকলৰ স্থান মর্যাদা অৱদমিত কৰাৰ উপক্ৰম হৈছে। “লিংগ” অভিধাটো সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সমাজতত্ববিদসকলে যুক্তি দৰ্শাইছে যে “লিংগ” অভিধাটোৰ সংজ্ঞা দিবলৈ হ’লে তিনিটা বৈশিষ্ট্য অপৰিহাৰ্য।

এই বৈশিষ্ট্যকেইটা হৈছে—

(ক) এক নির্দিষ্ট অৱস্থাৰ পৰিৱর্তে এক প্রক্রিয়া হিচাপে লিংগ।

(খ) ব্যক্তিবর্গ আৰু সমাজৰ এক বৈশিষ্ট্য হিচাপে লিংগ। 

(গ) বৈষম্য আৰু অসমতা সৃষ্টি কৰা এক ব্যৱস্থা হিচাপে লিংগ।

লিংগ অভিধাটোৰ সংজ্ঞা আগবঢ়াই এন ওৱাকলিয়ে কৈছে— “Gender is a matter of culture, it refers to the social

classification of men and women into ‘Masculine’ feminine. ” অর্থাৎ লিংগ হৈছে সংস্কৃতিৰ লগত জড়িত এক বিষয়, ই পুৰুষ আৰু মহিলাসকলক ক্ৰমে ‘পুলিংগ’ আৰু ‘স্ত্রী-লিংগ’ লৈ। সামাজিক শ্রেণীবিভাজন কৰাক সূচায়। জনসাধাৰণৰ মাজত পুৰুষ আৰু মহিলাসকলক সাধাৰণতে দৈহিক প্রামাণ্যতাৰ প্ৰসংগৰে সূচিত কৰা হয়। 

লিংগ হৈছে যৌন সম্পর্কীয় অসমতাৰ সামাজিক আনুষ্ঠানিকতা। ই এক সামাজিক পৰ্যায় বা স্তৰৰ ধাৰণা যিয়েই নেকি পুৰুষ আৰু মহিলাক নির্দেশিত কৰাৰ লগতে সমাজত তেওঁলোকক তেওঁলোকৰ সম্পর্কিত ভূমিকা প্রদান কৰা হয় আৰু তেনেদৰে যোগাত্মক সামাজিক স্থান নিৰূপণ কৰা হয়। গতিকে ক’ব পৰা যায় যে জীৱ বিজ্ঞানত লিংগতা বা যৌনতাক যিটো ধাৰণা কৰা হয় সেইটোক সমাজ বিজ্ঞানত লিংগ বুলি অভিহিত কৰা হয়। মুঠৰ ওপৰত যিয়েই নহওঁক লাগে, পিতৃপ্রধান সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত লিংগৰ ধাৰণা মহিলাৰ অধীনস্থতাৰ এক আদৰ্শগত ব্যৱস্থাস্বৰূপ।

লিংগ আৰু যৌনতাৰ মাজৰ প্ৰভেদ:

যদিও সাধাৰণতে লিংগ আৰু যৌনতা (লিংগভেদৰ) মাজত পার্থক্য নাই যেন লাগে তথাপি উভয়ৰ মাজত পাৰ্থক্য বিশেষকৈ শিক্ষাগত স্তৰত তলত দিয়া ধৰণৰ বিষয়ত প্ৰভেদ দেখা যায় যেনে―

(১) সমাজত মানুহক লিংগৰ ভিত্তিত শ্রেণীবিভাজন কৰাৰ বাবে লিংগক এক পদ্ধতি বুলি অভিহিত কৰিব পাৰি। আনহাতে যৌনতা হৈছে গাঁথনিৰ পাৰ্থক্যৰ ভিত্তিত সমাজত মানুহক শ্রেণীবিভাগ কৰা। লিংগ হৈছে মানুহৰ সামাজিক শ্রেণীবিভাজন, যৌনতা হৈছে মানুহৰ জৈৱিক শ্রেণীবিভাগ।

(২) লিংগ গঢ় দিয়া হয় আনহাতে যৌনতা (লিংগভেদ)ৰ জন্ম দিয়া হয়। এজন শিশুৱে ল’ৰা শিশু বা ছোৱালী শিশু হিচাপে জন্মগ্রহণ কৰে আৰু যেতিয়া সমাজত এক বিশেষ ভূমিকা পালন কৰে তেতিয়া এজন পুৰুষ আৰু এগৰাকী মহিলা হিচাপেহে বিকাশ লাভ কৰে। লিংগ হৈছে যৌনতাৰ কাৰ্যভিত্তিক ধাৰণা, যৌনতা হৈছে লিংগৰ জৈৱিক ধাৰণা।

(৩) লিংগৰ বৈশিষ্ট্যসমূহ (অর্থাৎ পুংলিংগ আৰু স্ত্রীলিংগ) সাংস্কৃতিক আৰু সামাজিকভাৱে সংগঠিত আনহাতে যৌনতাৰ ক্ষেত্ৰত সেইবিলাক জৈৱিক আৰু প্ৰাকৃতিকভাৱে সংগঠিত।

(৪) লিংগই প্রতিপালন আদিৰ প্ৰতিফলন ঘটায় আৰু যৌনতাই প্রকৃতিক প্রতিফলন কৰে। আন কথাত ক’বলৈ হ’লে লিংগই প্ৰতিপালনৰ ফলস্বৰূপে বিকাশ লাভ কৰে আৰু যৌনতাৰ বিকাশ হ’ল প্ৰকৃতিৰ প্ৰতিফলন। এগৰাকী পুৰুষ লিংগই প্ৰতিপালনৰ জৰিয়তে তেওঁৰ সংস্পর্শিত ভূমিকাত অভ্যস্ত হয়, কিন্তু মহিলা লিংগই নিজে নিজে অভ্যস্ত হয়।

(৫) পুৰুষৰ দৰে মহিলাৰ প্ৰকৃতিও যেতিয়া জৈৱিকতাৰ দ্বাৰা চূড়ান্ত কৰা হয় তেতিয়াও লিংগৰ আধিপত্যৰ সৈতে সম্পর্ক থাকে, পুৰুষৰ লগতে মহিলাৰ প্ৰকৃতিও যেতিয়া সামাজিকভাৱে সংগঠিত হয় তেতিয়াৰ লিংগৰ আধিপত্যৰ ভিত্তিত হয়। 

(৬) নাৰীবাদৰ মূল বিষয় হ’ল লিংগভিত্তিক বৈষম্যক দূৰ কৰা, কিন্তু যৌনতাক নহয়। নাৰীবাদ হৈছে এক স্ত্রীবাদী লিংগৰ

আদৰ্শ যৌনতাৰ গাঁঠনিত থকা অসমতাৰ ভিতৰত লিংগ সমতাৰ বাবে যুক্তি প্ৰদৰ্শন কৰে।

(৭) লিংগভিত্তিক বঞ্চিতকৰণ এটা সামাজিক সমস্যা, আনহাতে যৌনতা অসমতা জন্মগত বিষয়।

(৮) যৌনতাৰ ভিত্তিত পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যই পৰিসংখ্যামূলক বিভাগৰ বিষয়ে ব্যক্ত কৰে, পুৰুষ এটা ভাগত পৰে আৰু মহিলা অন্য এটা ভাগত পৰে। পৰিসংখ্যামূলক শ্ৰেণীবোৰ নিজেই সামাজিক ধাৰণা মাত্ৰ আৰু সেয়ে এইবোৰ শ্ৰেণীয়ে সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত বেছি অৰ্থ নকৰে। এইটো হয় যেতিয়া সেইবোৰ বিভাগে সামাজিক গঠন আয়ত্ব কৰে আৰু বিশেষ ভূমিকা পালন কৰে আৰু তেতিয়াই এইবিলাক লিংগ সমতাৰ ভিতৰত সোমাই পৰে।

তাৰোপৰি, লিংগ আৰু যৌনতাৰ মাজত অতিৰঞ্জিতভাৱে পাৰ্থক্য কৰাটো ভুল। কেৱল শৈক্ষিক ধাৰণাৰ ফালৰ পৰাহে উভয়ৰ মাজত পাৰ্থক্য কৰা হয়, কিন্তু অধিক ব্যাপক হিচাপে লোৱাটো উচিত নহয়। বাস্তৱিকতে জৈৱিক আৰু লিংগভিত্তিক পার্থক্যবোৰ সাৰশূন্য সদৃশ। ইয়াৰ যুক্তি হ’ল জৈৱিক পার্থক্যবোৰ লিংগৰ পাৰ্থক্যৰ ভেঁটি হ’ব নোৱাৰে। মহিলাসকল মাতৃ হ’ব লাগে কিন্তু মাতৃত্বৰ দায়িত্ববোৰ গ্ৰহণ কৰিব নালাগে। শিশু জন্ম দিয়া আৰু লালন-পালন কৰা দুটা পৃথক বিষয়। পুৰুষে মাতৃত্বৰ দায়িত্ব ল’ব পাৰে আৰু শিশুৰ লালন-পালনত সহায় কৰিব পাৰে। তদুপৰি শিশু জন্ম দিয়াটো এক সামাজিক অসুবিধা বা অৰ্হতাহীনতা বুলি মন্তব্য দিয়াটো ভুল কথা, ৰাজহুৱা জীৱনত মহিলাৰ ভূমিকাক অস্বীকাৰ কৰাটো উচিত নহয়। 

এই ধাৰণাটো কৰাটো ভুল যে কোনটো ব্যক্তিগত, বে-চৰকাৰী, ঘৰুৱা আৰু পাৰিবাৰিক সদায় অ-ৰাজনৈতিক। পুৰুষক ৰাজহুৱা আৰু মহিলাক ব্যক্তিগত হিচাপে প্ৰকাশ কৰাটো হৈছে ৰাজনীতিৰ সীমা সীমিত কৰা। সেই কাৰণে নাৰীবাদীসকলে বক্তব্য দিয়ে যে— “The Politics of everyday life”। চাইমন দ্য ব্যুভেৰে (Simone de Beauvoir) ইংগিত দিছে যে— “Women are made, they are not born.”। পৰিশেষত ক’ব পাৰি যে লিংগ বিভেদকৰণবোৰ হ’ল উগ্ৰ পুৰুষ জাতীয়তাবাদীসকলে সঠিক যুক্তিৰে সৃষ্টি কৰা বিষয়।

5. What do you mean by Gender socialization Discuss various theories of Gender Socialization.

Ans: লিংগৰ সামাজিকীকৰণৰ সৈতে সামাজিক শিক্ষণ মতবাদ আৰু লিংগ নক্সা তত্ত্ব। এই দুয়োটা মতবাদ বহুলভাৱে শিক্ষণ মতবাদৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত। সাধাৰণভাৱে ল’ৰা-ছোৱালীয়ে এই লিংগ সামাজিকীকৰণ আৰু প্ৰকৃত চৰিত্ৰ সমূহ প্ৰকাশ কৰা প্ৰক্ৰিয়াসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন। ইয়াৰ পৰিৱর্তে অন্যান্য মতবাদবিলাকে লিংগ আৰু যৌনতাৰ ওপৰত বিস্তৃতভাৱে গুৰুত্ব আৰোপ কৰে। উদাহৰণস্বৰূপে মনোবিশ্লেষণাত্মক মতবাদটিয়ে লিংগ পৰিচয় উন্নীতকৰণৰ ক্ষেত্ৰত জড়িত অৱচেতন প্ৰক্ৰিয়াৰাজিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

লিংগ সামাজিকীকৰণৰ উপৰোক্ত মতবাদসমূহৰ অন্দৰ্ভত ষ্টকৱাৰ্ডে এইবুলি পৰামৰ্শ আগবঢ়াইছে— এই তিনিটা তত্ত্বই লিংগ সামাজিকীকৰণ বিষয়টো ভালদৰে বৰ্ণনা কৰাত সহায় কৰে (All three theory help explain the process of gender socialisation, even though evidence for some-as comprehensive stand alone, explanatory theories is lacking)। লিংগ সামাজিকীকৰণৰ এই মতবাদকেইটা তলত বহুলভাৱে আলোচনা কৰা হ’ল—

লিংগ সামাজিকীকৰণৰ প্ৰতি থকা আটাইতকৈ ভাল প্রেক্ষাপটতো হ’ল এই যে এই তিনিওটা স্তৰতে ইয়াৰ গুৰুত্ব প্ৰকাশ পোৱাটো লিংগ সামাজিকীকৰণটো আমি ব্যক্তিগত পর্যায়তো বুজিব পৰা গৈছিল কিয়নো ইয়াত লিংগ সামাজিকীকৰণৰ প্ৰক্ৰিয়াটো কেনেকৈ ব্যক্তিগতভাৱে অন্তৱর্তীকালীন হয় তাক সুন্দৰকৈ ব্যাখ্যা কৰা হৈছে। 

লিংগ সামাজিকীকৰণ হ’ল এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে লিংগৰ ধাৰণাটো ব্যক্তি এজনৰ ভিতৰত অন্তর্ভুক্ত কৰিব পাৰো৷ গতিকে এই ক্ষেত্ৰত লিংগ সামাজিকীকৰণক সম্পূর্ণ ব্যক্তিগত পৰ্যায়ৰ ধাৰণাৰ উদাহৰণ হিচাপে লৈ তোমালোকে যুক্তি প্ৰদৰ্শন কৰিব পাৰা। ব্যক্তিসমূহক এটা গোট হিচাপে বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব বা জোৰ দি মনোবিজ্ঞানৰ নিয়মানুবর্তিতাৰ পৰীক্ষামূলক দিশৰ পৰাও আমি লিংগ সামাজিকীকৰণৰ বিভিন্ন তত্ত্বসমূহ ব্যাখ্যা কৰিব পাৰে৷ বা ব্যাখ্যা কৰা দেখা যায়। কিন্তু ব্যক্তিগত দিশত লিংগ সামাজিকীকৰণলৈ চালে আমি দেখা পাম যে ই এক গুৰুত্বপূৰ্ণ অংশ যাৰ জৰিয়তে আমি লিংগ সামাজিকীকৰণ প্ৰক্ৰিয়াটো জানি বা বুজি উঠিব পাৰো।

অনুষ্ঠান মানে কি? মন কৰিবলগীয়া যে সামাজিকীকৰণৰ অভিকর্তাৰ সংজ্ঞাই কেৱল ব্যক্তিয়েই নহয়, শিক্ষাকেন্দ্ৰ আৰু ধৰ্মই লিংগ সামাজিকিকৰণৰ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সমসাময়িক লিংগ সামাজিকীকৰণত গণ্য মাধ্যমৰ গুৰুত্বও বাঢ়ি আহিছে। লিংগ সামাজিকীকৰণ প্ৰক্ৰিয়াতো বুজিবলৈ হ’লে লিংগই কাৰ্য কৰা তিনিওটা মাত্ৰাৰ প্ৰয়োগ কৰিব লাগিব। তলৰ তত্ত্বকেইটা অধ্যয়ন কৰোতে মন কৰিবা কিমান দূৰলৈ এই তত্ত্বসমূহে তিনিওটা যাত্ৰাত লিংগ সামাজিকীকৰণৰ প্ৰক্ৰিয়াটোক বিশ্লেষণ কৰিছে।

সামাজিক শিক্ষণ তত্ত্ব:

যেতিয়া আমি পাঠ্যপুথি বা বক্তৃতাত থকা তত্ত্বৰ কথা কওঁ তেতিয়া আমি ধৰি লওঁ যে তত্ত্ববোৰ ধুনীয়া নিজস্ব একোটি বাকচত খাপ খাই খাই পৰা বিধৰ হওক। ইয়াৰ দ্বাৰা চিনাক্তকৰণত সুবিধা হয় ৷ চৰম নাৰীবাদ আৰু উদাৰতাবাদী নাৰীবাদ বুলি ক’লেই আমি বুজি পাওঁ দুয়োটা কেতিয়াও একে নহয়। বাস্তৱ পৃথিৱীৰ খেলিমেলিৰ তুলনাত তত্ত্বসমূহৰ এই ৰূপ অলপ বেছি সুগঢ়িত যেন লাগে। 

বাস্তৱ পৃথিৱীত মানুহে নিজৰ প্ৰয়োজনত অহা তত্ত্বসমূহকে বাচি বুটলি লয়, গতিকে তুমিও তাকে কৰিবলৈ পিছ হুঁহকাৰ কথা নাই। বাস্তৱ পৃথিৱীত তত্ত্বসমূহ পৰৱৰ্তী তত্ত্বৰ আধাৰত গঢ় লয়। গতিকে আমি প্রায়ে বেলেগ বেলেগ হিচাপে আলোচনা কৰা তত্ত্বসমূহৰো যথেষ্টখিনি কথা উমৈহতীয়াভাৱে থাকে। হয়তো এয়াও আমাৰ বিভিন্নতা প্ৰীতিৰ লক্ষণ। তত্ত্বসমূহ বুজি পাবলৈ হ’লে আগৰ তত্ত্বসমূহৰ পৰা সিহঁত কেনেকৈ ক্রমবিৱৰ্তিত হৈছে  সেয়া বুজাটো অতিকৈ জৰুৰী। ইয়াক এক সম্পূৰ্ণ আৰু শুদ্ধ তত্ত্বৰ বিৱৰ্তন প্ৰক্ৰিয়া বুলিব পাৰি বা এইদৰেও ক’ব পাৰি যে লিংগ বিষয়ক আমাৰ ধাৰণা আৰু দৰ্শনবোৰৰ পৰিৱৰ্তনৰ এটা ভাল উদাহৰণ ই দাঙি ধৰে।

সামাজিক শিক্ষণ তত্ত্ব মনোবিজ্ঞানত আচৰণবাদৰ ফলাফল হিচাপে বিকশিত হৈছিল। আচৰণবাদ সম্পর্কে বি. এফ. স্কিনাৰ আৰু ‘শাস্তি আৰু পুৰস্কাৰ’ পদ্ধতিৰে এন্দুৰৰ আচৰণ পৰিৱৰ্তন কৰাৰ বিষয়ে বোধহয় তোমালোকে জানা। তত্ত্বীয় পদ্ধতি হিচাপে আচৰণবাদে মনোবিজ্ঞানক অধিক বৈজ্ঞানিক চৰিত্ৰ প্ৰদান কৰে; অন্ততঃ ফ্ৰয়ডৰ মনোবিজ্ঞানৰ তুলনাত বেছি বৈজ্ঞানিক। ইয়াৰ দ্বাৰা নিৰীক্ষণযোগ্য, দেখি শুনি আহৰণ কৰা তথ্যসমূহৰ ওপৰত জোৰ দিয়া বুজায় (চিয়ান, ১৯৯৪)। 

ফ্ৰয়ডে কৰা অচেতন অৱস্থাৰ অধ্যয়নসমূহ প্রত্যক্ষভাৱে নিৰীক্ষণ কৰা টান কিন্তু আচৰণবাদত প্রত্যক্ষভাৱে অধ্যয়ন কৰিব পৰা বিষয়ৰ ওপৰতহে গুৰুত্ব দিয়া হয়। আচৰণবাদে দাবী কৰে যে মানুহে আচৰণসমূহ শিকি আয়ত্ব কৰে; গতিকে আমি কেনেকৈনো আচৰণবোৰ শিকো এই বিষয়ত আচৰণবাদীসকল আগ্রহী। তেওঁলোকৰ প্ৰথম উত্তৰটো হ’ল যে আমি শাস্তি আৰু পুৰস্কাৰৰ প্ৰক্ৰিয়াৰে শিকো, যাক “Carrot and stick approach” বুলিব পাৰি। যেতিয়া এটা কেঁচুৱাই প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃলৈ চাই হাঁহে তেতিয়া যি পুৰস্কাৰ লাভ কৰে— মৌখিক প্রশংসা, মনোযোগ আৰু মৰমৰ ৰূপত। এই আচৰণটো পুৰস্কৃত কৰা হ’ল। গতিকে অদূৰ ভৱিষ্যতে কেঁচুৱাটোৱে আকৌ হাঁহিবলৈ চেষ্টা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। সৰু ল’ৰা এটাই ভাতৰ কাহীখন লুটিয়াই দিলে যি গালি খায়; নাখালেও অন্ততঃ তাক কোনেও প্রশংসা বা মৰম নকৰে। সামাজিক শিক্ষণ তত্ব অনুসৰি আমি এইদৰে শিকো — আমাৰ আচৰণৰ বাবে পুৰস্কাৰ পুৰস্কাৰবিহীনতা বা শাস্তিৰ মাধ্যমেৰে কিছুমান অতি কম বয়সৰ শিশুৱে এই পদ্ধতিতে গীত বা কবিতা আওৰাবলৈ শিকি পেলোৱা নিশ্চয় দেখিবলৈ পোৱা যায়।

বোধশক্তি-বিকাশ তত্ত্ব:

এই তত্ত্বটো সামাজিক শিক্ষণ তত্ত্বৰ বিৰুদ্ধে কৰা সমালোচনাৰ ফলশ্রুতি স্বৰূপ। ইয়াতো মনোবিজ্ঞান বিষয়টি ব্যৱহৃত হয়। বিংশ শতিকাৰ মাজভাগত আচৰণবাদে মনোবিজ্ঞানত গুৰুত্ব হেৰুৱায় (চিয়ান, ১৯৯৪)। সামাজিকীকৰণৰ স’তে জড়িত মনোবিজ্ঞানৰ ক্ষেত্রসমূহ ছুইচ তত্ত্ববিদ জ্যাঁ পিয়াগেটৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। পিয়াগেটে (১৯৫৪) সামাজিকীকৰণত শিশুৰ সক্রিয় ভূমিকাত জোৰ দি সামাজিক শিক্ষণ তত্ত্বৰ বিৰোধিতা কৰিছিল। 

ইয়াৰ উপৰিও পিয়াগেটে শিশুৰ বোধশক্তি বিকাশৰ স্তৰসমূহত সামাজিকীকৰণৰ মনোবিজ্ঞানিক অধ্যয়নৰ ওপৰতো গুৰুত্ব দিছিল। এই ধাৰণাই কয় যে শিশুসকল ‘সৰু প্রাপ্তবয়স্ক’ নহয়, বৰং তেওঁলোকে পৃথিৱীখনক অন্যধৰণে ভাবে, অনুভৱ কৰে আৰু বুজে। ক’লবার্গে পিয়াগেটৰ শিশুৰ বিকাশৰ আদৰ্শবোৰক ব্যৱহাৰ কৰি লিংগ সামাজিকীকৰণৰ এক নতুন তত্ত্ব আগবঢ়াইছিল যাক বোধশক্তি বিকাশ তত্ত্ব হিচাপে জনা যায়। 

শিশুৱে কিদৰে লিংগ পৰিচয়ৰ জ্ঞান আৰু নিজক বা আনক লিংগ অনুযায়ী ভাগ কৰিবলৈ সামর্থ্য লাভ কৰে তাকে এই তত্ত্বটোৱে আলোচনা কৰিছে। আমি স্ত্রী বা পুৰুষ হিচাপে নিজস্ব জ্ঞানেই লিংগ পৰিচয় বুলি ইতিমধ্যে আলোচনা কৰিছো। শিশুৱে বিকাশৰ কিছুমান সুনির্দিষ্ট স্তৰত লিংগ পৰিচয় আৰু লিংগানুযায়ী বিভাজনৰ জ্ঞান লাভ কৰে। মুঠতে শিশুৱে সক্রিয়ভাৱে লিংগবোধ আহৰণ কৰে তাৰ আধাৰত সক্রিয়ভাবেই নিজকে সামাজিকীকৃত কৰে— এয়াই তত্ত্বটিৰ মূল কথা।

প্ৰথমটো স্তৰ হৈছে আঢ়ৈৰ পৰা তিনি বছৰ বয়স—

যেতিয়া শিশু এটাই লিংগ পৰিচয় আহৰণ কৰে। এই বয়সত শিশুৱে শুদ্ধভাৱে নিজৰ আৰু আনৰ লিংগ চিনাক্ত কৰিবলৈ সক্ষম হয়। মানুহে জন্মতে এই জ্ঞান লৈ নাহে। এইবাবেই দুবছৰীয়া শিশু এটিয়ে টিভিত বা আন ক’ৰবাত কাৰোবালৈ আঙুলিয়াই কেতিয়াবা সোধে— ‘তেওঁ ল’ৰা নে ছোৱালী?’ বোধশক্তি বিকাশৰ সূত্রমতে, পাঁচ বছৰ বয়সৰ ভিতৰত শিশু এটিয়ে লিংগ স্থায়িত্বৰ জ্ঞান আহৰণ কৰে। লিংগ স্থায়িত্বৰ অৰ্থ হ’ল শিশু এটিয়ে বুজে যে তেওঁৰ লিংগ স্থায়ী আৰু গোটেই জীৱন তেওঁ সেই লিংগৰে হৈ ৰ’ব। 

বোধশক্তি বিকাশ তত্ত্বমতে, সাত বছৰ বয়সতহে শিশুৱে লিংগ ধ্ৰুৱত্বৰ জ্ঞান লাভ কৰে। লিংগ ধ্ৰুৱত্বৰ অৰ্থ হ’ল শিশু এটিয়ে এজন পুৰুষ সেয়া বুজি পায়। লিংগ ধ্ৰুৱত্বই এই জ্ঞান দিয়ে যে বাহ্যিক ৰূপৰ পৰিৱৰ্তনে আভ্যন্তৰীণ লিংগৰ কোনো পৰিৱৰ্তন নঘটায়। এই বয়সলৈ শিশুৰ লিংগবোধৰ জ্ঞান প্রাথমিক নিয়মবোৰতে সীমিত থাকে (যেনে – ছোৱালীৰ দীঘল চুলি থাকে, ল’ৰাৰ ডাঢ়ি থাকে— চিয়ান, ১৯৯৪)।

বোধশক্তি বিকাশ তত্ত্ববিদসকলৰ মতে যদিও আঢ়ৈ তিনি বছৰত শিশুৱে লিংগ পৰিচয় লাভ কৰাৰে পৰা লিংগ সামাজিকীকৰণ আৰম্ভ হয়। আচল লিংগ অনুগত বিভাজন সাত বছৰ বয়সত লিংগ ধ্ৰুৱত্ব আহৰণ নকৰালৈকে আৰম্ভ নহয়। এই বয়সৰ পৰাহে তেওঁলোকে সমাজৰ স্ব-লিংগীয় ব্যক্তিসকলৰ আচৰণ অনুকৰণ কৰিবলৈ সক্রিয়ভাৱে শিকে। ইয়াৰ মূল ধাৰণাটো হ’ল যে যেতিয়া এজনী সৰু ছোৱালীয়ে নিজকে আৰু আনক স্ত্রী বা পুৰুষ হিচাপে বুজিবলৈ শিকে তেতিয়া তাই আন মহিলাসকলৰ দৰে স্ত্ৰী আচৰণ কৰিবলৈ স্ব-প্রণোদিত হয়। শিশুৱে নিজৰ লিংগ কি সেয়া ভালকৈ বুজিলে তেওঁৰ কাৰ্য আৰু চিন্তা সেই লিংগৰ ধৰণে হ’বলৈ ধৰে। (বেম ১৯৮৩)। 

শিশুৱে লিংগ সামঞ্জস্য লাভ কৰিবলৈ প্ৰচেষ্টা কৰে আৰু এই প্ৰক্ৰিয়াত লিংগ সামাজিকীকৰণ প্রাপ্তি হয়। শিশু সাত বছৰ বয়সত লিংগ ধ্ৰুৱত্বৰ শেষ স্তৰ নোপোৱালৈকে সম্পূৰ্ণৰূপে লিংগ অনুগত নহয়। বোধশক্তি বিকাশ তত্ত্বই বাহ্যিক পৰিৱেশ আৰু সমাজৰ গুৰুত্বক একেবাৰে নস্যাৎ নকৰে। লিংগ সামঞ্জস্য লাভৰ বাবে সমাজেই সামগ্রী যোগান ধৰে। কিন্তু ই লিংগ সামাজিকীকৰণ প্ৰক্ৰিয়াত সামাজিকীকৰণৰ অভিকৰ্তাতকৈ সামাজিকীকৰণৰ লক্ষ্যৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে।

সামাজিক শিক্ষণ তত্ত্ব আৰু বোধশক্তি বিকাশ তত্ত্ব— এই দুয়োটা তত্ত্বই মনোবিজ্ঞানৰ দৰে বিদ্যায়তনিক বিষয়লৈ অহা নাৰীবাদৰ দ্বিতীয়টো প্ৰৱাহৰ ধাৰাৰ পূৰ্বে বিকাশ লাভ কৰিছিল। দুয়োটা তত্ত্বই সামাজিকীকৰণৰ সাধাৰণ তত্ত্ব যত নেকি লিংগ সামাজিকীকৰণৰ বিষয়টো প্ৰয়োগ কৰিব পাৰি। যিহেতু এই তত্ত্ববোৰ নাৰীবাদী তত্ত্বৰ পূৰ্বতে বিকশিত হৈছিল। গতিকে ইয়াৰ সমলোচকে ইয়াত ‘পুৰুষ পক্ষপাত’ বুলি আঙুলিওৱাত আচৰিত হ’বলগীয়া নাই। ক’লবাৰ্গে তেওঁৰ তত্ত্বত মূলতঃ সৰু ল’ৰাৰ ওপৰত ধ্যান দিছিল। তত্ত্বটি ছোৱালীতকৈ ল’ৰাৰ ক্ষেত্ৰত বেছিকৈ খাপ খায়। পুৰুষ প্রধান সমাজত ল’ৰাৰ পুৰুষৰ লিংগ পৰিচয় লাভ কৰিবলৈ প্রণোদিত হোৱাটো স্বাভাৱিক কাৰণ পুৰুষ হোৱাত ক্ষমতা আৰু বিশেষাধিকাৰ আছে। গতিকে যদি শিশুৱে লিংগ সামঞ্চস্য লাভৰ বাবে প্ৰচেষ্টা কৰিব পৰাকৈ বুদ্ধিমান হয় তেতিয়া হ’লে তেওঁ এইখিনিও বুজি পাবলৈ সক্ষম হ’ব যে স্ত্রী হোৱাত আমাৰ সমাজত বিশেষ মূল্য নাই। 

সৰু ল’ৰা আৰু ছোৱালীৰ মাজৰ এই পার্থক্যৰ বিষয়ে বোধশক্তি বিকাশ তত্ত্বই ব্যাখ্যা আগনবঢ়ায়। উঞ্জাৰ আৰু ক্ৰফোৰ্ডৰ মতে, বিস্তৃত গৱেষণাই দেখুৱায় যে শিশুৱে তিনি বছৰ বয়সৰ পৰাই নিজ লিংগ অনুযায়ী কার্যকলাপ কৰিবলৈ আৰম্ভ কৰে। ই লিংগ ধ্ৰুৱত্বৰ পিছৰ পৰাহে লিংগ বিভাজন হয় বোলা কথাটোৰ বিৰোধিতা কৰে। সাধাৰণভাৱে ক’বলৈ গ’লে, বোধশক্তি বিকাশ তত্ত্বই শৈশৱ কালত লিংগ বিকাশৰ বহুত দেৰিকৈ আৰম্ভ হয় বুলি ক’ব খোজে।

লিংগ নক্সা তত্ত্ব:

মনোবিজ্ঞানত নাৰীবাদৰ বাঢ়ি অহা প্ৰভাৱ আৰু নাৰীবাদী মনোবিদসকলৰ দৃষ্টিভংগীৰ ফলতে ইয়াৰ পিছৰ তত্ত্ব দুটা সৃষ্টি হয়। প্রথম তত্ত্বটো হ’ল লিংগ নক্সা তত্ত্ব। ই সামাজিক শিক্ষাণ তত্ত্ব আৰু বোধশক্তি বিকাশ তত্ত্বৰ গাঁথনিৰ ওপৰত প্ৰতিষ্ঠিত আৰু সামাজিকীকৰণৰ সাধাৰণীকৃত দৃষ্টিভংগীতকৈও লিংগ সামাজিকীকৰণক নিৰ্দিষ্টকৈ ব্যাখ্যা কৰে। এই তত্ত্বটো চান্দ্ৰাবেময়ে আগবঢ়াইছিল। 

বোধশক্তি বিকাশ তত্ত্বৰ বিৰুদ্ধে তেওঁৰ সমালোচনা আছিল যে শিশুৱে কিয় লিংগৰ ভিত্তিত নিজৰ সামাজিকীকৰণ কৰে তাৰ কোনো ব্যাখ্যা ইয়াত নাই। বেমে প্রশ্ন তুলিছিল কিয় লিংগই শিশুৰ পৰিচয়ৰ মুখ্য সংগঠক নীতিৰ ভূমিকা লয়। কিয় অন্যান্য বিভাজন, যেনে— জাতি, ধর্ম অথবা চকুৰ ৰং মুখ্য নহয়। বেমে ইয়াক ‘লিংগ কিয়?’ বুলি প্রশ্ন তুলিছিল কিয় লিংগই শিশুৰ জীৱনতো মুখ্য পার্থক্য হিচাপে দেখা দিয়ে? যিহেতু বোধশক্তি বিকাশ তত্ত্বই ইয়াৰ কোনো সমাধান নিদিয়ে গতিকে বেমৰ মতে, এটা পূৰ্বচৰ্ত ধৰি লোৱা বাঞ্চনীয় হৈ পৰে। সেয়া হ’ল শিশুৰ বাবে লিংগ পাৰ্থক্যবোৰ ‘প্রাকৃতিকভাৱে আৰু অনিবার্যভাৱে’ (পৃ. ৬০২) আন পার্থক্যতকৈ বেছি গুৰুত্বপূৰ্ণ। বেমে (১৯৮৩) মন কৰাৰ দৰেই বোধশক্তি বিকাশ তত্ত্বত যেন শিশুসকলে নিজকে সামাজিকীকৰণ কৰোঁতে ‘কোনো বাহিৰা প্ৰভাৱ অবিহনেই লিংগ অনুগতভাৱে আচৰণ কৰিবলৈ আৰম্ভ কৰে’ (পৃ. ৬০১)। লিংগ আঁচনি তত্ত্বই এইক্ষেত্ৰত বোধশক্তি বিকাশ তত্ত্বৰ সৈতে সামাজিক শিক্ষা তত্ত্বৰ সমতা স্থাপন কৰিবলৈ চেষ্টা কৰে।

এই সমতা কিদৰে স্থাপিত হয়? তত্ত্বটোৰ নামটোৱে সূচোৱাৰ দৰেই ই আৰম্ভ হয় নক্সাৰ দ্বাৰা। নক্সা হ’ল বোধযুক্ত এক গাঁথনি যিয়ে ব্যক্তিৰ দৃষ্টিভংগীক সংগঠিত কৰে। এই তত্ত্বমতে নক্সাই আমালৈ অহা তথ্য আৰু দৃষ্টিভংগীবোৰক সংগঠিত কৰে। এই তত্ত্বমতে নক্সাই আমালৈ অহা তথ্য আৰু দৃষ্টিভংগীবোৰক সংগঠিত কৰে। তাতকৈও গুৰুত্বপূৰ্ণভাৱে নক্সাই আমাৰ দৃষ্টিভংগী আৰু চিন্তাধাৰাক গঢ় দিয়ে। এইদৰে চাবলৈ হ’লে নক্সা হ’ল এটা সংগঠন প্ৰণালী। ই যেন আমাৰ মগজুৰ ভিতৰত নথি-পত্ৰ ভৰালৰ এটা বৃহৎ প্রণালী। ই নথি-পত্ৰবোৰৰ মাজৰ আন্তঃ সম্পর্কও নিয়ন্ত্রণ কৰে। 

সেয়ে ‘মা’ বুলিলে আমাৰ মনলৈ নাৰী, মহিলা, স্ত্ৰীত্ব, প্রতিপালিকা, মৰম-চেনেহ— ইত্যাদি কথাবোৰ আহি পৰে। যিহেতু ‘মা’ এই নক্সাই উক্ত গুণাৱলীৰ কথা কয়, গতিকে এই গুণাৱলীবোৰ নোহোৱা যিকোনো মাতৃৰ প্ৰতি আমাৰ আকৰ্ষণ কম হ’ব। নক্সা তথ্য সংগঠিত কৰাৰ এক উপায় হ’ব পাৰে; কিন্তু লগতে ই পৃথিৱীখনৰ প্ৰতি আমাৰ দৃষ্টিভংগীকো নিয়ন্ত্ৰণ কৰে। গতিকে Gender Schema অর্থাৎ, লিংগ নক্সা হ’ল এটা বোধযুক্ত গাঁথনি যিয়ে আমাক পুৰুষ আৰু স্ত্রী হিচাপে চৰিত্ৰ আৰু আচৰণবোৰ ভাগ কৰিব পৰাকৈ আৰু তাৰ লগত অন্যান্য সম্পর্ক গঢ়ি তুলিব পৰাকৈ সক্ষম কৰি তোলে। লিংগ নক্সা তত্ত্ব মতে, এই লিংগ নক্সাৰ বাবেই আমি পৃথিৱীখনক লিংগৰ ভিত্তিত বিভাজিত হিচাপে দেখো।

সামাজিকীকৰণ প্রক্রিয়াত শিশুৱে তেওঁলোকৰ নিজৰ প্ৰতি থকা ধাৰণাক লিংগ নক্সাৰ স’তে সন্মিলিত কৰে (মে ১৯৮৩)। শিশুৱে তেওঁলোকৰ সমাজৰ পুৰুষ আৰু স্ত্ৰীৰ স’তে থকা সম্পৰ্কৰ সূত্ৰবোৰ শিকে। তেওঁলোকে এইটোও বুজে যে তেওঁ নিজেও ইয়াৰ অন্তৰ্ভুক্ত। যেতিয়া তেওঁলোকে নিজকে পুৰুষ বা স্ত্ৰী বুলি ভাবিবলৈ আৰম্ভ কৰে তেতিয়াই সেই নির্দিষ্ট লিংগ নক্সা তেওঁৰ পৰিচয়ৰ স’তে সংযোজিত হৈ পৰে। তেওঁলোকে শিকে যে নিজৰ চিন্তাধাৰা বা আচৰণ নিৰ্বাচন কৰোঁতে তেওঁলোকে নিজ লিংগৰ উপযুক্ত আচৰণ বিধি বাচি লোৱা উচিত। বোধশক্তি বিকাশ তত্ত্বই ক’বৰ দৰেই শিশুৱে নিজকে সামাজিকীকৰণ কৰিবলৈ প্ৰণোদিত হয় – কিন্তু লিংগ নক্সাৰ শক্তিৰ কাৰ্য প্ৰণালীৰ মাজেদি।

এইখিনিলৈকে, সামাজিকীকৰণৰ ক্ষেত্ৰত বোধশক্তি বিকাশ তত্ত্বৰ লগত লিংগ নক্সা তত্ত্বৰ বিশেষ প্রভেদ নাই যেনেই লাগে। স্মর্তব্য যে বোধশক্তি বিকাশ তত্ত্বৰ আন এটা সমালোচনা আছিল। যে ই সমাজ আৰু সংস্কৃতিৰ ভূমিকাৰ যথোচিত মনোযোগ নিদিয়ে। এই তত্ত্বটোৰ বিৰুদ্ধে বেমে কৰা সমালোচনা আছিল যে ই লিংগভিত্তিক বিভাজন কিয় ইমান গুৰুত্বপূৰ্ণ সেয়া ব্যাখ্যা নকৰে। লিংগ নক্সা তত্ত্বই এই দুয়োটা সমালোচনাৰে উত্তৰ দিয়ে। তদুপৰি এই তত্ত্বটোৱেই ব্যক্তিগত স্তৰতকৈ সামাজিক স্তৰক বেছি গুৰুত্ব দিয়ে।

লিংগক প্রায় সকলো সংস্কৃতিতে কার্যকৰীভাৱে গুৰুত্বপূর্ণ বুলি ধৰা হয়, সেয়ে ই গুৰুত্বপূর্ণ সাংগঠনিক গোট হৈ পৰে৷ আমাৰ সাংস্কৃতিক সংগৰচনাই আমাক বিশ্বাস জন্মায় যে লিংগ বিভাজন অবিহনে সমাজ নচলে— এইবাবেই লিংগ নক্সা সৃষ্টি হয়। আৰু বৰ্তি থাকে। প্ৰায়বোৰ সংস্কৃতিয়েই লিংগৰ ওপৰত ইমানেই গুৰুত্ব প্রদান কৰে যে ইয়াৰ ভিত্তিতহে অন্যান্য বহুতো গুণ, আচৰণ আৰু বিভাজন সৃষ্টি হয়।

অন্য অৰ্থত ক’বলৈ হ’লে, পৃথিৱী সম্পৰ্কীয় আমাৰ দৃষ্টিভংগীত অন্যান্য বিভাজনতকৈ লিংগ বিভাজন বেছি পৰিৰ্য্যাপ্ত হৈ আছে। বেমে দিয়া এটা উদাহৰণ হ’ল যে মানুহে নিৰৱচ্ছিন্নভাৱে আৰু নিখুঁতভাৱে লিংগ নথকা বস্তু বা শব্দকো পুং আৰু স্ত্রী হিচাপে ভগাই লয়। মানুহে স্বতঃস্ফূর্তভাৱেই “আলসুৱা” আৰু মইনা চৰাইক স্ত্রীবাচক আৰু দৃঢ় তথা ঈগলক পুৰুষবাচক হিচাপে ভগাই লয়। গতিকে লিংগ নক্সা বিশেষভাৱে গুৰুত্বপূৰ্ণ; কিয়নো সংস্কৃতিয়ে ইয়াৰ গুৰুত্ব সৃষ্টি কৰে আৰু কাৰ্যকৰী কৰে।

মনোবিশ্লেষণাত্মক তত্ত্ব:

লিংগ সামাজিকীকৰণৰ ওপৰত আমি অনুসন্ধান কৰিবলগীয়া শেষৰ সূত্রটিও বিষয় হিচাপে মনোবিজ্ঞানৰ সৈতে জড়িত; নাৰীবাদী তাত্ত্বিক নেন্সী ছ’ড’ৰ মত প্ৰকাশ কৰে যে, নাৰীৰ বিশ্বজনীন গৌণতাৰ আধাৰ জৈৱিক নহয়, বৰং সামাজিকহে। ছড’ৰ’ই (1978) তেওঁৰ ‘The Reproduction of Mothering” গ্ৰন্থখনত এই ব্যাখ্যা আগবঢ়াইছে; আৰু এই শিৰোনামাৰ পৰাই নিশ্চয়কৈ অনুমান কৰিব পাৰি তেওঁ নাৰীৰ বিশ্বজনীন গৌণতাৰ কাৰণ হিচাপে কি চিনাক্ত কৰিছে। লিংগ নক্সা তত্ত্বৰ দৰেই মনোবিশ্লেষণাত্মক তত্ত্বও নির্দিষ্টকৈ লিংগ সামাজিকীকৰণৰ সূত্ৰ। ছ’ড’ৰ’ৱে সংজ্ঞানাত্মক বা আচৰণবাদীৰ তত্ত্বৰ সহায় লোৱাৰ সলনি ফ্ৰয়ডৰ মনোবিশ্লেষণৰ ব্যৱহাৰ কৰিছে। ইয়াৰ সহায়ত তেওঁ ব্যাখ্যা কৰিছে নাৰীৰ গৌণ অৱস্থানৰ মূল কাৰণ— মাতৃ হিচাপে তেওঁলোকৰ স্থান মাতৃ হিচাপে নাৰীৰ স্থানক গুৰুত্ব দিয়েই মনোবিশ্লেষণাত্মক পৰম্পৰাৰ অন্যান্য সকলৰ নীতিসমূহ ব্যৱহাৰ কৰি ব্যাখ্যা কৰে কিদৰে লিংগ বিষয়টো আমাৰ ব্যক্তিত্বৰ মানসিক গঠনত প্রোথিত হয়। ইয়াতে লিংগ সামাজিকীকৰণৰ অন্যান্য তত্ত্বসমূহৰ লগত মনোবিশ্লেষণাত্মক তত্বৰ পার্থক্য বুলি লোৱাতো গুৰুত্বপূৰ্ণ। অন্য তত্ত্বসমূহৰ মতে, লিংগৰ ধাৰণাটো আহৃত আচৰণ। শিশুৱে সামাজিকীকৰণৰ প্ৰক্ৰিয়াত ইয়াক আহৰণ কৰে।

আচলতে কিদৰে এয়া ঘটে তাক বুজিবলৈ মনোবিশ্লেষণাত্মক তত্ত্বৰ কেইটামান প্রয়োজনীয় ধাৰণা আগেয়ে বুজি লোৱা প্রয়োজন৷ প্ৰথমটো হৈছে চিনাক্তকৰণ। সামাজিক শিক্ষণ তত্ত্বতকৈ ইয়াক মনোবিশ্লেষণাত্মক তত্ত্বত অলপ বেলেগ ধৰণে ব্যৱহাৰ কৰা হ’ব। মনোবিশ্লেষণাত্মক চিনাক্তকৰণ হৈছে সেই পথ য’ত শিশুৱে নিজৰ আত্মবোধক আন কাৰোবাৰ ওচৰত দেখা সামৰ্থ, গুণাৱলী বা ক্ষমতাৰ সৈতে খাপ খোৱাকৈ পৰিৱৰ্তিত কৰি লয়। 

যেতিয়া এটা শিশুৱে ভুল-শুদ্ধৰ জ্ঞান বিকশিত কৰে, তেতিয়া সি ভুল সকীয়াই দিয়া পিতৃ বা মাতৃৰ এটি ক্ষুদ্ৰ সংস্কৰণ হৈ নপৰে; বৰং চিনাক্তকৰণৰ মতে ভুল-শুদ্ধ বিচাৰৰ সামর্থ্য তাৰ নিজৰ আত্মবোধৰ অংশ হৈ পৰে। ই শিশুটিৰ আন্তৰিক নিয়ন্ত্ৰণৰ জ্ঞান হৈ পৰে। (ছড’ৰ’ ১৯৭৮, পৃ. ৪৩)। আনটো গুৰুত্বপূৰ্ণ ধাৰণা হল অহংসীমা— ফ্ৰ’য়ডৰ পৰা লোৱা আন এটা সংজ্ঞা। আমাৰ নিজৰ আৰু চাৰিওফালৰ পৃথিৱীখনৰ মাজৰ ব্যক্তিগত মানসিক সীমাৰেখাৰ ডালৰ জ্ঞান সম্পর্কে ই বর্ণনা কৰে (ছড’ৰ ১৯৭৮ পৃ. ৬৮)। অহংসীমাই আমাক এইটো বিচৰাত সহায় কৰে যে ক’ত “মই” বা “মোৰ” শেষ হয় আৰু বাকীবোৰ আৰম্ভ হয়। ইয়াক খুবেই স্বাভাৱিক কথা যেন লাগিব পাৰে, কিন্তু মনোবিশ্লেষণাত্মক দৃষ্টিভংগীৰ পৰা ই ইমান সৰল বস্তু নহয়; অহংসীমা আমি জন্মগতভাৱে নাপাওঁ, শৈশৱৰ প্ৰথমছোৱাতে ইয়াক শিকি বিকশিত কৰিহে লওঁ।

মনোবিশ্লেষণাত্মক তত্ত্বক সূত্ৰিত কৰোঁতে ছ’ড’ৰ’ৱে ঈডিপাছ কমপ্লেক্সকে ধৰি ফ্ৰয়ডৰ বিভিন্ন প্ৰাথমিক ধাৰণাৰ ব্যৱহাৰ কৰিছে। কিন্তু এই প্ৰক্ৰিয়াবোৰৰ শেষ ফলাফল বেলেগ; লিংগ পৰিচয় আৰু বিসমকামিতা আহৰণত গুৰুত্ব দিয়াৰ সলনি বেলেগ লিংগৰ মানুহৰ মাজত হোৱা “সম্পর্কগত সম্ভাৱনা”হে মনোবিশ্লেষণাত্মক তত্ত্বই গুরুত্ব দিয়ে (পৃষ্ঠা নং ১৬৬)। ল’ৰা আৰু ছোৱালী উভয়ৰে ক্ষেত্ৰত চিনাক্তকৰণ মাকৰ পৰাই আৰম্ভ হয়, যিহেতু কেঁচুৱা কালত মাকৰ ওপৰত শিশুটি সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ থাকে। 

আমাৰ বিকাশৰ এই একেবাৰে আৰম্ভণি স্তৰটোত, যিটোৰ বিষয়ে প্রাপ্তবয়স্ক অৱস্থাত আমি একো মনত পেলাব নোৱাৰো, এই স্তৰটোত আমাৰ নিজৰ আৰু মাতৃৰ মাজত অহংসীমা বোলা ধাৰণাটো নাথাকে। মনোবিশ্লেষণাত্মক তত্ত্ব মতে এই স্তৰৰ কেঁচুৱাই নিজকে মাতৃৰ পৰা পৃথক হিচাপে অনুভৱ নকৰে। ইয়াৰ পিছত লাহে লাহে কেঁচুৱাটোৱে দেখে যে যদিও যি নিজৰ অস্তিত্বৰ বাবে মাকৰ ওপৰত নিৰ্ভৰশীল, ইয়াৰ বিপৰীতটো কিন্তু শুদ্ধ নহয়। 

একেবাৰে আটাইতকৈ উৎসর্গিত মাতৃগৰাকীৰো নিজৰ কেঁচুৱাটোৰ বাহিৰেও অন্যান্য চিন্তা থাকে। মনোবিশ্লেষণাত্মক তত্বই ধ্যান দিয়ে কিদৰে ল’ৰা-ছোৱালীয়ে এই উপলব্ধিৰ ফলত হোৱা দুঃচিন্তাৰ সমাধান কৰে। অন্য অর্থত, যদি মাৰ মোৰ চিন্তাবোৰৰ বাহিৰেও আন চিন্তা আছে, তেন্তে মা আচলতে মোতকৈ বেলেগ। গুণগতভাৱে এই প্ৰক্ৰিয়াটো ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত বেলেগ বেলেগ, যিয়ে পিছত প্রাপ্তবয়স্ক অৱস্থাত পুৰুষ আৰু মহিলা হিচাপে বেলেগ বেলেগ ব্যক্তিত্বৰ সংৰচনা প্ৰদান কৰে।

ছোৱালী কেঁচুৱাবোৰে মাকৰ লগত একে লিংগৰ হোৱা হেতুকে সিহঁতে ল’ৰা কেঁচুৱাবোৰতকৈও মাকৰ সৈতে এটি দীঘলীয়া সম্পৰ্কৰ জ্ঞান অনুভৱ কৰে। ইয়াৰ কাৰণটো হ’ল লিংগ চিনাক্তকৰণ শিকিবলৈ ল’ৰাতকৈ ছোৱালীয়ে মাকক সহজতে ওচৰত পায়। ফলত ছোৱালীবোৰে মাকৰ সৈতে হোৱা প্ৰত্যক্ষ সম্পৰ্কৰ পৰাই লিংগ পৰিচয়ৰ জ্ঞান বিকশিত কৰিব পাৰে। তদুপৰি ছ’ড’ৰ (1978) য়ে যুক্তি দিয়ে যে যিহেতু মাতৃসকলৰ ইতিমধ্যে লিংগ পৰিচয়ৰ ধাৰণা থাকেই, গতিকে তেওঁলোকে ল’ৰা কেঁচুৱাতকৈও ছোৱালী কেঁচুৱাটিৰ নিজৰ সৈতে অধিক সামঞ্জস্য অনুভৱ কৰে। 

কিছুমান অসতর্ক মুহূর্তত তেওঁলোকে ল’ৰাটিক ঠেলি পঠিয়ায় যিদৰে হয়তো ছোৱালীজনীক নপঠিয়ালেহেঁতেন। এইধৰণৰ প্ৰাৰম্ভিক মানসিক গতিশীলতাৰ বাবে ছোৱালীবোৰৰ ব্যক্তিত্বৰ সংৰচনাত সহমর্মিতা সোমাই পৰে, তেওঁলোকে নিজকে আনৰ পৰা বেছি পৃথক বুলি ভাবিব নোৱাৰে। স্ত্ৰীৰ ব্যক্তিত্বৰ সংৰচনাত অহংসীমা কম বিকশিত।

ল’ৰা কেঁচুৱাবোৰে পুৰুষৰ লিংগ পৰিচয় আহৰণ কৰি ল’বলগীয়া হয়, যিহেতু তেওঁলোকৰ প্ৰথম চিনাকি মাতৃৰ সৈতেহে গঢ়ে। পুৰুষ লিংগ পৰিচয়ৰ অনুপস্থিতিত ল’ৰাই কিদৰে এই পৰিচয় আহৰণ কৰে? ছ’ড’ৰ’ৰ মতে, ল’ৰাৰ পুৰুষ লিংগ বিকাশত পুৰুষত্বৰ বিষয়ে শিকা, তাকো পুৰুষৰ সৈতে প্রাথমিক সম্পর্ক নথকাকৈ— এটা সমস্যা জৰ্জৰিত প্ৰক্ৰিয়া। তদুপৰি পুৰুষ হ’বলৈ ল’ৰাবোৰে মাকৰ সৈতে থকা সংযোগ আৰু একাত্মতাৰ ধাৰণাটোকো ছেদ কৰিবলগীয়া হয়। এই আভ্যন্তৰীণ প্ৰক্ৰিয়াসমূহৰ ফলতে পুৰুষ ব্যক্তিত্বত আনৰ সৈতে নিজৰ পৃথকতাৰ ধাৰণাটো পূর্ণ বিকশিত হয়৷ পুৰুষৰ স্ত্ৰীতকৈ দৃঢ় অহংসীমা থাকে। ল’ৰাই পুৰুষত্বৰ ধাৰণা শিকে স্ত্রীজাতীয় বস্তুবোৰৰ প্ৰত্যাখ্যানৰ পৰা, ইয়াৰ ভিতৰত মাতৃৰ সৈতে থকা একাত্মকতাও সোমাই পৰে। 

এনেধৰণে আন মানুহৰ সৈতে সু-সম্পৰ্কৰ অভাৱতে ল’ৰাই পুৰুষত্বৰ বিষয়ে শিকে সংস্কৃতিৰ পৰা, ছোৱালীয়ে কিন্তু নিজৰ মাকক প্রত্যক্ষভাৱে পৰ্যবেক্ষণ কৰি এয়া শিকিব পাৰে। এই পৰিঘটনাৰ ফলত পুৰুষৰ লিংগ পৰিচয়ৰ ক্ষেত্ৰত দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ সৃষ্টি হয়— -ই স্ত্রী লিংগ পৰিচয়তকৈ কম সুস্থিৰ আৰু স্ত্ৰীজাতীয় সকলো বস্তুৰ প্ৰতি অৱমূল্যায়ন ইয়াৰ প্রাথমিক উপাদান হৈ পৰে।

মনোবিশ্লেষণাত্মক তত্বৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য মন কৰিবলগীয়া । প্ৰথমতে, ই কেৱল লিংগ সামাজিকৰণ কিদৰে ঘটে তাকেই ব্যাখ্যা নকৰে, লগতে কেনেকৈ এই একেটা লিংগ সামাজিকৰণৰ প্ৰক্ৰিয়া আনুবংশিকভাৱে পুনঃ পুনঃ সৃষ্টি হৈ থাকে তাকো দেখুৱায়। এনে প্ৰক্ৰিয়াৰে বিকশিত সহমর্মী আৰু শিথিল অহংসামাৰ ছোৱালীবোৰ মাক হিচাপেও একে সহমর্মী হ’ব, এতেকে তেওঁলোকৰ শিশুসকলৰো একে ব্যক্তিত্ব সংৰচনা সৃষ্টি হ’ব। 

লিংগ বিকাশৰ এই প্রক্রিয়াই কেৱল অনুবংশিক লিংগ বিভাজনৰে সৃষ্টি নকৰে, বৰং লগতে সৃষ্টি কৰে নাৰীৰ এটা নতুন প্রজন্ম, যিটোৱে তেওঁলোকৰ ব্যক্তিত্বৰ বাবেই মাতৃত্বৰ দিশত আগবাঢ়ে আৰু একে অনিবাৰ্য প্ৰক্ৰিয়াৰে তেওঁলোকৰ পুত্র-কন্যাৰ জন্ম দিয়ে। আনকি যিবোৰ পৰিয়ালে কামৰ সমবিভাজনত গুৰুত্ব দিয়ে, তেনেবোৰ ছেদ পৰিয়ালতো ই সমানেই প্রযোজ্য। ছড’ৰ’ৰ তত্বই (১৯৭৮) এই অপৰিৱৰ্তনৰ ব্যাখ্যা কৰি কয় যে মাতৃত্বৰ ইচ্ছা স্ত্রী ব্যক্তিত্বৰ এটা শিত বুনিয়াদী অংশ। মনোবিশ্লেষণাত্মক তত্বৰ দ্বিতীয়টো বৈশিষ্ট্য হ’ল, প্ৰৰণা ই পুৰুষ ব্যক্তিত্বৰ বিকাশৰ মাজেৰে নাৰীৰ গৌণতাৰ কাৰণসমূহৰ ব্যাখ্যা দিয়ে। পুৰুষৰ পুৰুষত্বৰ সংৰচনাতে নাৰীৰ প্ৰতি তথা নাৰীত্বৰ প্ৰতি অৱমূল্যায়ন সোমাই থাকে। ইয়েই পুৰুষৰ তুলনাত নাৰীৰ বিশ্বজনীন গৌণতাৰ কাৰণ ব্যাখ্যা কৰে। চিনাক্তকৰণৰ সূত্রমতে নাৰীক হীন বুলি গণ্য কৰাটো পুৰুষত্বৰ অৰ্থৰ এটা আৱশ্যকীয় অংশ।

2 thoughts on “Feminism Theory And Practice Unit 1 Concepts in Feminism”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top