আমাৰ পৰিৱেশৰ কাৰকসমূহ – Factors in Our Environment

আমাৰ পৰিৱেশৰ কাৰকসমূহ – Factors in Our Environment is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for আমাৰ পৰিৱেশৰ কাৰকসমূহ – Factors in Our Environment.

আমাৰ পৰিৱেশৰ কাৰকসমূহ – Factors in Our Environment

Join Telegram channel

Table of Contents

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET আমাৰ পৰিৱেশৰ কাৰকসমূহ – Factors in Our Environment for All notes, You can practice these here.

আমাৰ পৰিৱেশৰ কাৰকসমূহ

ENVIRONMENTAL STUDIES

আমাৰ পৰিৱেশ – Our Surroundings

মানুহ, জীৱ-জন্তু, বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু অন্যান্য ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱসমূসৰ জন্ম আৰু বিকাশৰ ওপৰত যিবোৰ বাহ্যিক কাৰকে প্ৰভাৱ বিস্তাৰ কৰে আৰু যি পাৰিপাৰ্শ্বিকত সেইবোৰ ঘটে সেইবোৰক একেলগে পৰিৱেশ বোলা হয়। পৰিৱেশ সংৰক্ষণ অধিনিয়ম অনুযায়ী দিয়া সংজ্ঞা মতে মাটি, বায়ু, পানী আৰু সিবোৰৰ মাজত থকা সম্পৰ্ক তথা মানুহ, অন্যান্য জীৱ, প্ৰাণী, উদ্ভিদ আদি আৰু বিভিন্ন প্ৰকাৰৰ সম্পদৰ সমষ্টিক পৰিৱেশ বুলি কোৱা হয়। গুণাগুণ অনুযায়ী প্ৰাকৃতিক, সামাজিক আৰু মনস্তাত্বিক পৰিৱেশৰ ধাৰণাও কৰা হৈছে।

(a) প্ৰাকৃতিক পৰিৱেশ (Natural Enviroment) :- পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক দুয়োবিধ উপাদানকে একেলগে প্ৰাকৃতিক পৰিৱেশ বুলি কোৱা হয়। প্ৰকৃতিৰ জৈৱিক অথবা জীৱ থকা উপাদানবোৰৰ ভিতৰত আছে নানা প্ৰকাৰৰ প্ৰাণী, উদ্ভিদ, চৰাই, মাছ, অণুজীৱ আদি। জীৱবোৰৰ আকাৰ-প্ৰকাৰ, স্বভাৱ-চৰিত্ৰ, ৰং, খাদ্যাভ্যাস আৰু আন বিবিধ গুণৰ বৈচিত্ৰ্যই পৃথিৱীখন সুন্দৰ, সতেজ কৰি ৰাখিছে। সেই কাৰণে বোধহয় প্ৰকৃতিয়ে মানুহক ইমান আকৰ্ষণ কৰে। মানুহে মানুহৰ সংগ ভাল পায়, অন্যান্য জীৱ-জন্তুৰ সংগও ভাল পায়। পাহাৰ-পৰ্বত, জান-জুৰি, নদ-নদীয়ে মানুহক বিমল আনন্দ দিয়ে। হাবি-বন, নানা-প্ৰকাৰৰ গছ-লতা-ফুল, বিবিধ প্ৰকাৰ সংৰক্ষিত বনাঞ্চল আৰু সেইবোৰত থকা জীৱ-জন্তুবোৰ চাই মানুহে সুখ ভোগ কৰে। প্ৰকৃতিৰ পৰা মানুহ আৰু অন্যান্য জীৱবোৰে খাদ্য, আশ্ৰয় আৰু জীয়াই থকাৰ আন বহুতো সমল লাভ কৰে।

(b) সামাজিক পৰিৱেশ (Social Environment) :- মানুহে ধুনীয়া ঘৰ সাজিব পাৰে; কিন্তু সেই ধুনীয়া ঘৰটোত আনন্দ মনে বাস কৰিবলৈ হ’লে ঘৰটো সজা ঠাইখিনি আৰু অঞ্চলটো পৰিষ্কাৰ হোৱা উচিত, তাত অযথা হাই-উৰুমি থাকিব নালাগে অথবা অন্যান্য প্ৰাকৃতিক আৰু কৃত্ৰিম দুৰ্যোগৰ সম্ভাৱনা নিম্নতম হ’ব লাগে। দৰাচলতে ক’বলৈ গ’লে মানুহৰ সামাজিক কাম-কাজ, পাৰস্পৰিক সম্পৰ্ক, নীতি-নিয়ম, ধৰ্মীয় তথা নৈতিক বান্ধোন, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ৰিয়া-কলাপসমূহৰদ্বাৰা সামাজিক পৰিৱেশ নিৰ্ণিত হয়। সেই পৰিৱেশত আনুষ্ঠানিক শিক্ষাৰ এক বিশেষ অৰিহণা থাকে। মানুহৰ কৃষি কৰ্ম, ঔদ্যোগিক ক্ৰিয়া-কলাপ, সাংস্কৃতিক কাম-কাজ, ধৰ্মীয় তথা পৰম্পৰাগত জ্ঞানৰাজিৰ মাজতো সম্পৰ্ক আছে আৰু সেইবোৰে সামাজিক পৰিৱেশ গঠনত ভাগ লয়। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কালছোৱাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি ইমান খৰ গতিত হ’বলৈ ধৰিলে যে সিবোৰৰ প্ৰভাৱ একেবাৰে পিছপৰা অঞ্চললৈকেও বিস্তৃত হ’ল। প্ৰযুক্তিৰ তীব্ৰ আগ্ৰাসনৰ ফলত সমাজ ব্যৱস্থা নানা প্ৰকাৰে ক্ষতিগ্ৰস্ত হৈছে আৰু পৰম্পৰাগত সমাজ এতিয়া বিধ্বস্ত হোৱাৰ পথত। ইয়াৰ উপৰিও বিস্তৰ ঔদ্যোগিকৰণ তথা ব্যৱসায়-বাণিজ্য আৰু যোগাযোগ ব্যৱস্থাৰ প্ৰসাৰৰ ফলস্বৰূপে নৈতিক, সামাজিক তথা অন্যান্য ব্যক্তিগত সমস্যাই দেখা দিছে আৰু ভৌতিক পৰিৱেশত বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ আৰম্ভ হৈছে। উত্তৰাখণ্ডৰ কেদাৰনাথত যোৱা ১৫ জুন, ২০১৩ তাৰিখে ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰবল বৰষুণ হৈ যি বিস্তৰ ক্ষতি হ’ল, য’ত কেইবা হাজাৰো মানুহৰ মৃত্যু হ’ল, ঘৰবাৰী উছন হ’ল, সেই বৃহৎ প্ৰলয়ৰ মুখ্য কাৰণ পৰিৱেশৰ স্খলন বুলি ইতিমধ্যে চিহ্নিত কৰা হৈছে।

(c) সমাজৰ কথা (Social Institutions) : পৰিয়াল, চুবুৰীয়া, সংস্কৃতি আৰু পৰম্পৰা (family, neighbourhood, culture and tradition) :- সমাজ এখনৰ প্ৰাথমিক গঠনকাৰী একক হৈছে। পাৰস্পৰিক সম্পৰ্ক থকা পৰিয়ালবোৰ লগ লাগি ওচৰ-চুবুৰীয়া হয়। এনে ওচৰ-চুবুৰীয়া বা চুবুৰি কেইটামান লগ লাগি গঠন হয় এখন গাওঁ। একোখন গাৱত অলিখিত কিছুমান বিধান, কিছুমান নীতি-নিয়ম বা আচৰণ বিধি পালন কৰা হয়। সেইমতে, গাওঁখন চলে। গাওঁ এখনৰ নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা থাকে। ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্যে চৰকাৰে কেইবাখনো গাওঁ লগ লগাই একোখন মৌজা গঠন কৰি দিছে। গতিকে মৌজা হৈছে সমাজখনৰে গঠনৰ এক বৃহত্তৰ একক। পৰম্পৰাগত গাওবোৰত সামাজিক বান্ধোন অতি দৃঢ় আছিল আৰু গাঁৱৰ বয়োজ্যেষ্ঠ লোকে প্ৰায় সকলোবোৰ ক্ৰিয়া-কলাপ তদাৰক কৰিছিল। কিন্তু সময়ৰ সোঁতত পৰম্পৰাগত সমাজবোৰত নানা-ধৰণৰ বাঞ্চিত আৰু অবাঞ্চিত পৰিৱৰ্তন ঘটিছে। বিশেষকৈ অপৰিকল্পিতভাৱে আনুষ্ঠানিক শিক্ষাৰ অবাধ প্ৰসাৰ ঘটাৰ ফলত মানুহৰ নৈতিক চৰিত্ৰ তথা চিন্তাধাৰাৰ আমূল পৰিবৰ্তন ঘটিছে। ভাৰত চৰকাৰৰ আৰ্থ-সামাজিক উন্নয়নমূলক বহুতো আচনিৰপৰা এতিয়াও আশা কৰা মতে সুফল লাভ কৰিব পৰা হোৱা নাই। সীমিত ৰাজনৈতিক লাভৰ আশাত গ্ৰহণ কৰা কিছুমান আচনিৰ কু-প্ৰভাৱত সাতামপুৰুষীয়া মিলাপ্ৰীতিৰ বান্ধোন সোলোক-ঢোলোক হৈ পৰাও পৰিলক্ষিত হৈছে। ভাৰতীয় সমাজত তেলীৰ মূৰত তেল ধলা প্ৰৱণতা বৃদ্ধি হ’ব ধৰিছে; প্ৰকৃত দুখীয়া-নিচলা, পিছপৰাসকলে চৰকাৰৰ বহুতো আচনিৰ সুফল লাভ কৰিব পৰা নাই, সমাজত জাতি-ধৰ্মৰ ভিত্তিত বিভাজন বৃদ্ধি পাই গৈছে। এনে ধৰণৰ সামাজিক পৰিঘটনাবোৰৰপৰাও পৰিৱেশত এতিয়া ভাল-বেয়া নানা প্ৰকাৰৰ পৰিৱৰ্তন ঘটিব ধৰিছে। 

(d) কিছুমান সামাজিক সমস্যা- নিৰক্ষৰতা, লিঙ্গ-বৈষম্য (Social Issues-ILliteracy, Gender Discrimination) :- সাম্প্ৰতিক কালতো নিৰক্ষৰতা এক বিশেষ সমস্যাৰূপে থকাটো ভাৰতৰ কাৰণে এক চিন্তাৰ বিষয়। প্ৰাপ্ত তথ্য মতে ভাৰতত শতকৰা প্ৰায় 74 জন মানুহ সাক্ষৰ বাকী 26 জনেই লিখা-পঢ়া নাজানে। অলপতে সৰ্বোচ্চ ন্যায়ালয়ৰে এক তথ্যত প্ৰকাশ পাইছে যে স্বাধীনোত্তৰ কালত ভাৰতৰ সাক্ষৰতাৰ হাৰ বৃদ্ধি পাইছে যদিও প্ৰকৃত শিক্ষিত লোক তথা মূল্যবোধ থকা লোকৰ সংখ্যা বৃদ্ধি হোৱা বুলি ক’ব নোৱাৰি, বৰঞ্চ পৰম্পৰাগত ন্যায়-নীতি লুপ্ত প্ৰায় হ’ব ধৰাৰ ফলত মানুহৰ মাজত উশৃস্খলতা বৃদ্ধিহে পাইছে। শিক্ষাগত অৰ্হতা লাভ কৰা ছাত্র-ছাত্রী বহুতে কৰ্মবিমুখ হৈ পৰিছে, হাতৰ কাম নজনা হৈছে। আনহাতে সমাজত এতিয়াও লিংগ বৈসম্য চলি আছে, নাৰীয়ে পুৰুষৰ সমান সা-সুবিধা কৰ্ম ক্ষেত্ৰত নাপায়। চাকৰিৰ ক্ষেত্ৰতো নাৰীতকৈ পুৰুষ অধিক যোগ্য বুলি নিয়োগকৰ্তাসকলে বিশ্বাস কৰে।

অৱশ্যে পৰম্পৰাগত সমাজত নাৰীৰ স্থান সুকীয়া আছিল, নাৰীৰ কৰ্তব্য বা দায়িত্বও বহুত আছিল। দেখাত ওৰণীৰ তলত আছিল যদিও ঘৰখনৰ সমষ্ট ভাৰ নাৰীৰ ওপৰতে আছিল। ঘৰ চাফ-চিকুণকৈ ৰখা, ৰন্ধা-বঢ়া কৰা, ল’ৰা-ছোৱালী জন্ম দিয়া, প্ৰতিপালন কৰা, আলহী-অতিথিক শুশ্ৰষা কৰা, বিয়া-সবাহৰ নিয়ম-নীতি পালন কৰা, গীত-পদ গোৱা ক’ত যে কিমান কাম, তাৰ উপৰিও পানী অনা, ধান বনা, কাপোৰ ধোঁৱা, কাপোৰ বোৱা, লাগ বুলিলেই যিকোনো ৰোগত বনৌষধি দিয়া, এইবোৰ কাম প্ৰায় প্ৰতিগৰাকী নাৰীয়ে কৰিছিল। এতিয়া পট পৰিৱৰ্তন হ’ল, নাৰীয়ে আনুষ্ঠানিক শিক্ষা লাভ কৰিলে আৰু চৰকাৰেও পুৰুষৰ সমানে সমানে নাৰীক সা-সুবিধা বা নিয়োগৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰিলে; কিন্তু এনে পৰিৱৰ্তনৰ ফলত পাৰম্পৰিক সমাজ ব্যৱস্থাৰো পৰিৱৰ্তন ঘটিবলৈ ধৰিলে আৰু তাৰে প্ৰভাৱ এতিয়া সামাজিক পৰিৱেশৰ ওপৰতো পৰিব ধৰিছে।

পৰিৱেশৰ কাৰক – Environmental Factors

মানুহ, জীৱ-জন্তু, চৰাই-চিৰিকতি, জলচৰ প্ৰাণী, উভচৰ প্ৰাণী, সৰীসৃপ, কীট-পতংগ নিম্ন স্তৰৰ আন আন এককোষী বা বহুকোষী জীৱ তথা সৰু বৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদবোৰেই হৈছে পৰিৱেশৰ জৈৱিক কাৰক। আনহাতে বায়ু, মাটি, পানী, উষ্ণতা, বৰষুণ, বতৰ, জলবায়ু আদি বহুতো জীৱহীন কাৰকে পৰিৱেশ নিয়ন্ত্ৰণ কৰে; সেইবোৰক জীৱহীন বা অজৈৱ কাৰক বোলে।

(a) পৰিৱেশৰ জৈৱিক কাৰক (Biotic Factors):- পুষ্টিৰ দৃষ্টিভংগী অনুযায়ী পৰিৱেশ বা পৰিস্থিতি তন্ত্ৰ এটাৰ জৈৱিক উপাদান মূলতঃ দুই প্ৰকাৰৰ- স্বপোষী অথবা উৎপাদনকাৰী আৰু পৰপোষী অথবা উপভোক্তা।

স্বপোষী বা উৎপাদক (Producers or Autotrophs):- উদ্ভিদে নিজৰ খাদ্য নিজে উৎপন্ন কৰে আৰু অন্য জীৱৰ বাবেও খাদ্য উৎপন্ন কৰে। উদ্ভিদৰ দেহৰ বিভিন্ন অংশ, ফল-মূল আদি প্ৰত্যক্ষভাৱে ভক্ষণ কৰি বহুতো জীৱ জীয়াই থাকে আৰু আন জীৱ ভক্ষণ কৰিও কিছুমান জীৱ জীয়াই থাকে।

সালোকসংশ্লেষণ (Photosynthesis):- উদ্ভিদৰ সেউজীয়া পাতত ক্ল’ৰ’ফিল বা হৰিৎকণা নাম এবিধ ৰঞ্জক পদাৰ্থ থাকে। এই হৰিৎকণাৰ বাবে সূৰ্য্যৰ পোহৰত উদ্ভিদৰ পাতত সালোকসংশ্লেষণ বিক্ৰিয়া ঘটে। এই বিক্ৰিয়াত পানীৰ অণু আৰু বাযুৰপৰা পোৱা কাৰ্বন ডাই-অক্সাইড অণুৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু শ্বেতসাৰ উৎপন্ন হয়। বিক্ৰিয়াটো তলত দিয়া ধৰণে লিখিব পাৰি-

                                                              সূৰ্য্যৰ পোহৰ  

HH₂O(পানী)+6CO₂(কাৰ্বন ডাই-অক্সাইড ) —————— C⁶H₁₂O₆(গ্লুক’জ)+6O₂(অক্সিজেন)  

                                                               হৰিৎকণা

 গ্লুক’জ হৈছে এবিধ বৰ্ণহীন, দানাকাৰ শৰ্কৰা বা কাৰ্ব’হাইড্ৰেট। বিক্ৰিয়াটোত উৎপন্ন হোৱা অক্সিজেনখিনি বায়ুলৈ যায় আৰু কাৰ্ব’হাইড্ৰেটবোৰ উদ্ভিদৰ দেহত জমা হয়। কাৰ্ব’হাইড্ৰেটৰ সাধাৰণ ফৰ্মূলা হৈছে C× (H2O)y। শৰ্কৰা জাতীয় (যেনে- চেনি, গ্লুক’জ) কাৰ্ব’হাইড্ৰেটবোৰ মিঠা, পানীত দ্ৰৱণীয় আৰু দানাকাৰ। অশৰ্কৰা জাতীয় (পলিচেকাৰাইড) কাৰ্ব’হাইড্ৰেটৰ একো সোৱাদ নাথাকে, সেইবোৰ পানীত দ্ৰৱণীয় নহয় আৰু অনিয়তাকাৰ। চাউল, দালি আদিত থকা শ্বেতসাৰ অশৰ্কৰা জাতীয়। কাৰ্ব’হাইড্ৰেট জাতীয় খাদ্যৰপৰা (যেনে-ভাত, ৰুটি, আলু, চিৰা আদি) শৰীৰে শক্তি পায়।

জীৱদেহ আৰু কাৰ্ব’হাইড্ৰেট:- জীৱদেহৰ গঠন আৰু সঞ্চালন প্ৰক্ৰিয়াত কাৰ্ব’হাইড্ৰেটৰ ভূমিকা অত্যাৱশ্যকীয়। উদ্ভিদৰ দেহৰ অংশ চেলুল’জেৰে গঠিত। চেলুল’জ হৈছে আহজাতীয় এবিধ জটিল যৌগ। প্ৰায় তিনি হাজাৰতকৈ অধিক সংখ্যক গ্লুক’জ অণুৰ বহুযোগীকৰণ ঘটি একোটা চেলুল’জ অণু গঠিত হয়। চেলুল’জত ৰাসায়নিক শক্তিৰূপে সৌৰশক্তি জমা হৈ থাকে। উদ্ভিদে গ্লুক’জৰ (শৰ্কৰা) উপৰিও এমিন এছিড আৰু প্ৰ’টিন তথা আন কিছুমান লাগতিয়াল বস্তু উৎপন্ন কৰে।

স্বপোষী অণুজীৱ (Autotrophic bacteria):- কিছুমান অণুজীৱই কিছুমান ৰাসায়নিক পদাৰ্থৰ জাৰণ ঘটাব পাৰে আৰু তাৰপৰা প্ৰয়োজনীয় জৈৱ পদাৰ্থ উৎপন্ন কৰিব পাৰে। আন কিছুমান সালোকসংশ্লেষী বেক্টেৰিয়াকো উৎপাদক বোলা হয়।

পৰপোষী বা উপভোক্তা (Consumers):- পৰপোষী বা উপভোক্তাবোৰে আন জীৱ অথবা আন জীৱে সংশ্লেষণ কৰা জৈৱ পদাৰ্থ ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে। খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি চাৰি প্ৰকাৰৰ উপভোক্তা থকা দেখা যায়। যেনে- তৃণভোজী, বহুভোজী আৰু উচ্চিষ্টভোজী বা মৃতভোজী।

তৃণভোজী অথবা প্ৰাথমিক উপভোক্তা (Herbivores or Primary Consumer):- বিভিন্ন  পতংগ, গৰু-ছাগলী, ভেৰা, শহা আদি জীৱবোৰক প্ৰাথমিক উপভোক্তা বোলে। এইবোৰ জীৱই উদ্ভিদৰপৰা প্ৰত্যক্ষভাৱে জীৱিত বা উদ্ভিদৰ পেলনীয়া অংশ খাদ্য হিচাবে গ্ৰহণ কৰে। প্ৰাণী প্লৱক আৰু পানীৰ তলত বাস কৰা নিতলস্থ প্ৰাণীসমূহো এই শ্ৰেণীত পৰে। 

মাংসভোজী প্ৰাণী (Carnivores or Meat Eaters):- এইবোৰ প্ৰাণীয়ে আন প্ৰাণীৰ মাংস ভক্ষণ কৰি বা আন প্ৰাণী খাই জীয়াই থাকে। সিংহ, বাঘ, সাপ, ভেকুলী আদি এই শ্ৰেণীৰ অন্তৰ্ভূক্ত।

বহুভোজী জীৱ (Omnivores):- মানুহ, শিয়াল, কুকুৰ, এন্দুৰ, পইতাচোৰা, কাউৰী আদি জীৱবোৰে বিভিন্ন প্ৰকাৰৰ খাদ্য গ্ৰহণ কৰিব পাৰে; সেইকাৰণে সেই জীৱবোৰ বহুভোজীৰ অন্তৰ্ভুক্ত।

উচ্চিষ্টভোজী বা মৃতভোজী (Detritivores or Saprophytes):- এইবোৰ প্ৰাণীয়ে জীৱৰ মৃতদেহ, জীৱিত প্ৰাণীৰ উচ্ছিষ্ট ভাগ আৰু অন্যান্য পচা বস্তু ভক্ষণ কৰে। পৰুৱা, উই, গুবৰুৱা, কেকোৰা, কেচু আদি প্ৰাণীবোৰ এই শ্ৰেণীভুক্ত।

পচনকাৰী বা অপঘটক বা বিযোজক (Decomposers):- উৎপাদক আৰু উপভোক্তাৰ মৃতদেহত ক্ৰিয়া কৰি যিবোৰ জীৱাণুৱে কোষত থকা জটিল জৈৱ যৌগবোৰ সৰল অজৈৱ লৱণলৈ ৰূপান্তৰিত কৰে, সেইবোৰক পচনকাৰী বা বিযোজক বোলে। বিভিন্ন প্ৰকাৰৰ জীৱাণু, ভেকুৰ আদি এই শ্ৰেণীভুক্ত।

জলবায়ু (Climate):- কোনো নিৰ্দাৰিত সময় ধৰি (যেনে- ত্ৰিশ বছৰ) কোনো এটা ভৌগোলিক অঞ্চলত চলি থকা বতৰৰ উপাদানসমূহৰ (যেনে- বৰষুণৰ পৰিমাণ, বতাহ, ৰ’দ, মেঘাচ্ছন্ন অৱস্থা, খৰাং অৱস্থা ইত্যাদি) গড়মান হিচাব কৰি সেই অঞ্চলৰ জলবায়ু নিৰ্দাৰণ কৰা হয়। জলবায়ু পৰিৱৰ্তনৰ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ সমিতিয়ে (Intergovernmental Panel on Climate Change, IPCC) প্ৰকাশ কৰা ৰিপ’ৰ্টত অতীতৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ গড় উষ্ণতাৰ তথ্য সদৰি কৰা হৈছে। সেই তথ্য মতে যোৱা এশ-দুশ বছৰৰ ভিতৰত গড় উষ্ণতাৰ পৰিৱৰ্তন 0.5°C ৰ পৰা 1°C ৰ মাজত হোৱা বুলি সাব্যস্ত হৈছে। গতিকে, পৃথিৱীত ভূ-উষ্মীভৱন ঘটিব বুলি আশংকা প্ৰকাশ কৰা হৈছে।

অসমৰ জলবায়ু শীতল কিন্তু সেমেকা। মৌচুমী বতাহৰ কাৰণে জুনৰ মাজ ভাগৰপৰা ছেপ্টেম্বৰ মাহলৈ অসমত সাধাৰণতে যথেষ্ট বৰষুণ হয়। অক্টোবৰৰপৰা মাৰ্চ মাহলৈকে শুকান বতৰ চলে। ফেব্ৰুৱাৰী, মাৰ্চত বা-মাৰলী হয়। অসমৰ গড় উচ্চ উষ্ণতা 30°C আৰু নিম্ন উষ্ণতা 10°C। অসমৰ জলবায়ু ধান, চাউল আৰু মৰাপাটৰ খেতিৰ বাবে উপযোগী।

ভূ-উষ্মীভৱন (Global Warming):- বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড, মিথেন, নাইট্ৰ’জেন অক্সাইড, ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন আদিৰ উপস্থিতিৰ কাৰণে সূৰ্যৰপৰা আপতিত হোৱা তাপ বিকিৰণ আৰু ভূ-পৃষ্ঠৰপৰা নিৰ্গত হোৱা তাপ বিকিৰণৰ মাজত সাম্য অৱস্থা বৰ্তি থাকে। সেই কাৰণে পৃথিৱীৰ গড় উষ্ণতা স্থিৰে থাকে। কিন্তু বিভিন্ন মানৱ সৃষ্ট ক্ৰিয়া-কলাপৰ ফলত বায়ুমণ্ডলত এই গেছবোৰৰ মাত্ৰা বৃদ্ধি পাব ধৰিছে। গতিকে, ভূ-পৃষ্ঠৰপৰা বিকিৰিত হোৱা তাপ শক্তি বায়ুমণ্ডলৰপৰা ওলাই যোৱা প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হ’ব ধৰিছে। ফলস্বৰূপে- বায়ুত অধিক মাত্ৰাত তাপৰ শোষণ হৈ পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি হ’ব বুলি আশংকা কৰা হৈছে। এনেদৰে ভূ-পৃষ্ঠৰ গড় উষ্ণতা বৃদ্ধি হোৱা প্ৰক্ৰিয়াটোৰ নাম ভূ-উষ্মীভৱন। ভূ-পৃষ্ঠৰ স্বাভাৱিক গড় উষ্ণতা হৈছে 15° চেলচিয়াছ। বায়ুমণ্ডলৰ ট্ৰপ’স্পিয়াৰত থকা কাৰ্বন-ডাই অক্সাইড, মিথেন, জলীয় ভাপ, নাইট্ৰাছ অক্সাইড আৰু ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন আদি গেছ নিৰ্দাৰিত পৰিমাণত থকা কাৰণে পৃথিৱীৰ গড় উষ্ণতা স্থিৰে থাকে। এই গেছবোৰক সেউজগৃহ গেছ বুলিও জনা যায়। এই গেছবোৰ নথবাহেতেন পৃথিৱীৰ গড় উষ্ণতা শূন্য ডিগ্ৰীতকৈ 18 ডিগ্ৰী তলত থাকিলেহেতেন অৰ্থাৎ- 18°c ৰ তলত হ’লহেতেন।

ভূ-উষ্মীভৱনৰ ফলত পৃথিৱীৰ গড় উষ্ণতা লাহে লাহে বাঢ়ি আছে আৰু অহা পঞ্চাশ বছৰৰ ভিতৰত এই উষ্ণতা বৃদ্ধি 1.5 ডিগ্ৰী পৰ্য্যন্ত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে। অনুমান কৰা হৈছে যে গড় উষ্ণতাৰ বৃদ্ধি 3 ডিগ্ৰী হ’লে পৃথিৱীৰ বহুতো দ্বীপ জলমগ্ন হ’ব, উপকূলত থকা বহুতো নগৰ জলমগ্ন হ’ব; কাৰণ সমুদ্ৰৰ জলস্তৰ 0.2 ৰ পৰা 1.5 মিটাৰ পৰ্য্যন্ত উঠিব পাৰে। উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহৰ গলন হ’ব, বৰষুণৰ পৰিমাণ সলনি হ’ব, কৃষি কাৰ্য ক্ষতিগ্ৰস্ত হ’ব আৰু কোনো কোনো অঞ্চলত কিছুমান উদ্ভিদ আৰু প্ৰাণী বিলুপ্ত হ’বও পাৰে।

ভূ-পৃষ্ঠৰ গঠন (Topography): ভূ-পৃষ্ঠৰ গঠন সকলোতে একে নহয়। সমতল, মালভূমি, পৰ্বত-পাহাৰ, নদ-নদী, খাল-বিল, হ্ৰদ, সাগৰ-মহাসাগৰ আদিৰে ভূ-পৃষ্ঠ ভৰি আছে। তাৰ মাজতে কোনো অঞ্চলত মৰুভূমি আছে, কোনো অঞ্চল বৰফাবৃত, কোনো অঞ্চলত বতৰ ফৰকাল, কোনো অঞ্চল সেমেকা। সেইদৰে কোনো কোনো অঞ্চলত সঘনে ভূমিস্খলন হয়, ধুমুহা হয় আৰু বহুতো বিপৰ্য্যয় ঘটে। ভূ-পৃষ্ঠৰ গঠন অনুযায়ী জীৱৰ বসতিও বেলেগ বেলেগ ধৰণৰ হয়। যেনে- পৰ্বত এখনৰ উত্তৰ অঞ্চলৰ তুলনাত দক্ষিণ অঞ্চলত উদ্ভিদ আৰু প্ৰাণীৰ বসতিৰ প্ৰভেদ আছে, কাৰণ উত্তৰ গোলাৰ্দত থকা পৰ্বত-পাহাৰৰ উত্তৰ অঞ্চলত ৰ’দ-বৰষুণ যিমান দক্ষিণ অঞ্চলত তাতকৈ বেলেগ। 

ভাৰতৰ উত্তৰ-পুব অঞ্চলত অৱস্থিত অসমৰ ভৌগোলিক অৱস্থান 24°N ৰ পৰা 28°N অক্ষাশ আৰু প্ৰায় 90°E ৰ ৰপৰা 97°E দ্ৰাঘিমাংশৰ মাজত বিস্তৃত। ভূ-পৃষ্ঠৰ গঠন অনুযায়ী অসমৰ প্ৰাকৃতিক বিভাগ তিনিটা- 

(ক) পূবা-পশ্চিমাকৈ থকা ব্ৰহ্মপুত্ৰ উপত্যকা।

(খ) পূবা-পশ্চিমাকৈ দক্ষিণ অঞ্চলত থকা বৰাক উপত্যকা।আৰু 

(গ) এই দুই উপত্যকাৰ মাজত থকা কাৰ্বি আংলং বৰাইল পাৰ্বত্য আঞ্চল আৰু উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top