Environmental Studies Unit 5 পৰিৱেশ প্ৰদূষণ

Environmental Studies Unit 5 পৰিৱেশ প্ৰদূষণ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Studies Unit 5 পৰিৱেশ প্ৰদূষণ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Studies Unit 5 পৰিৱেশ প্ৰদূষণ Question Answer can be of great value to excel in the examination.

Environmental Studies Unit 5 পৰিৱেশ প্ৰদূষণ

Join Telegram channel

Environmental Studies Unit 5 পৰিৱেশ প্ৰদূষণ Notes cover all the exercise questions in UGC Syllabus. The Environmental Studies Unit 5 পৰিৱেশ প্ৰদূষণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Environmental pollution

ENVIRONMENTAL STUDIES

পৰিৱেশ অধ্যয়ন


প্ৰদূষণ (pollution) :

আমাৰ পৰিৱেশৰ অনাকাংক্ষিক  সাল-সলনিৰ বাবে হোৱা বায়ু,-পানী আৰু মাটিৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক গুণাগুণৰ পৰিৱৰ্তনে মানুহকে ধৰি জীৱ-জন্তু আৰুআন জীৱিত অৱস্থা আৰু ঔদ্যোগিক আৰুসাংস্কৃতিক অৱস্থাৰ যি অনিষ্ট সাধন কৰে তাকে প্রদূষণ বোলে।

প্ৰদূষণ সৃষ্টিকাৰী কাৰকসমূহক প্রদূষক বুলি কোৱা হয়। প্রদূষকসমূহক সামূহিকভাৱে দুটা ভাগত ভগাব পাৰি-

(১) প্রাকৃতিক প্রদূষক।

(২) মানব কাৰ্য্যকলাপ প্রসূত প্রদূষক।

প্ৰাকৃতিক প্রদূষক : প্রকৃতিৰ নিজা কাৰণত উদ্ভৱ হোৱা প্রদূষণক প্রাকৃতিক প্ৰদূষণ বুলি কোৱা হয় ৷ বিভিন্ন কাৰণত প্রাকৃতিক প্রদূষণ হ’ব পাৰে৷ “যেনে জীৱ-জন্তু আৰু গছ-বন গেলি-পচি বিষাক্ত গেছৰ উদ্ভৱ হয় । এই গেছে আকৌ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হোৱাত সহায় কৰে; আগ্নেয়গিৰি উদ্গীৰণৰ ফলত বিষাক্ত গেছ নিগৰিত হয়; সাগৰৰ জোৱাৰ-ভাটা প্রক্ৰিয়াই ভূমিভাগৰ খনিজ লৱণৰ মাত্ৰা বৃদ্ধিক ৰি খেতিৰ অনুপযোগী কৰি তোলে ইত্যাদি৷

মানৱ কাৰ্যকলাপপ্রসূত প্রদূষক : জনসংখ্যা বৃদ্ধিৰ লগে লগে ভোগ বুদ্ধি হয় আৰু ইয়াৰ লগে লগে উৎপাদনমূলক কাৰ্য্যকলাপ বৃদ্ধি হয় আৰু উচ্ছিষ্ট নিঃসৰণৰ যোগেদি পৰিবেশৰ অৱনতি ঘটে। এনেবোৰ কাৰ্য্য-কলাপক মানৱ কাৰ্য্যকলাপ প্রসূত প্ৰদূষণ বোলা হয়। উদাহৰণস্বৰূপে- বিভিন্ন প্রকাৰৰ প্ৰজ্বলন কাৰ্য্য, কল-কাৰখানাৰ পৰা নিষ্কাসিত হোৱা ধোঁৱা, ছাই, ৰাসায়নিক উচ্ছিষ্ট ইত্যাদি এই শ্রেণী প্ৰদূষকৰ অধীন।

আভ্যন্তৰীণ বায়ু প্রদূষণ আৰু বায়ু প্ৰদূষণৰ কাৰণ আৰু প্রভাৱসমূহ :

বাসগৃহত ব্যৱহাৰ হোৱা বিভিন্ন দ্রব্য সামগ্ৰীৰ পৰাও বায়ুমণ্ডল প্রদূষিত হ’ব পাৰে আৰু তেনেধৰণৰ প্ৰদূষণকে আভ্যন্তৰীণ বায়ুমণ্ডল প্রদূষণ বোলা হয়৷ আভ্যন্তৰীণ বায়ু প্ৰদূষণৰ পৰা বিভিন্ন ধৰণৰ ৰোগ হ’ব পাৰে। উদাহৰণস্বৰূপে ‘হট চাৱাৰত’ ব্যৱহাৰ কৰা ক্লৰিনযুক্ত পানীয়ে ক্ল’ৰফৰ্ম গেছৰ উৎপন্ন কৰি কেঞ্চাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। গেছ ষ্ট’ভ, কেৰাচিন ষ্ট’ভ আদিৰ’পৰা নাইট্ৰ’জেন অক্সাইড গেছ নিৰ্গত হয় আৰু ই কাহ, শিশুৰ পানী লগা আৰু মূৰ কামোৰণিৰ সৃষ্টি কৰে। ধূমপানৰ ধোঁৱাই কেঞ্চাৰ, হৃদৰোগ আৰু শ্বাস-প্রশ্বাসৰ ৰোগৰ সৃষ্টি কৰে; কাৰ্পেট আৰু প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰে ষ্টাইৰেন (Styrene) নামৰ গেছ নিৰ্গত কৰি ‘কিডনি’ আৰু ‘লিভাৰ’ৰ ৰোগ বৃদ্ধি কৰে, ইত্যাদি।

বায়ু প্ৰদূষণৰ কাৰণ : বায়ু প্ৰদূষণৰ কাৰণসমূহক প্রধানকৈ দুটা ভাগত ভাগ কৰা হৈছে – 

(ক) প্রাকৃতিক প্ৰদূষক ৷

(খ) মানৱ কাৰ্য্যকলাপ প্রসূত প্রদূষণ ৷

(ক) প্রাকৃতিক প্ৰদূষক : বায়ু প্রদূষণৰ প্রাকৃতিক কাৰণ বুলিলে প্রাকৃতিক  কাৰণবশত: বায়ুমণ্ডলত হোৱা প্ৰদূষণক বুজাই। এই কাৰকসমূহ হৈছে বনজুই, অগ্নিয়গিৰি উদ্গীৰণ, ভূমিকম্প, ভুত্বকৰ বিৱৰ্তন, বতৰৰ চক্ৰীয় পৰিৱৰ্তন আদি। 

(খ) মানৱ কাৰ্য্যকলাপ প্রসূত প্রদূষণ : মানুহৰ অদূৰদৰ্শী কাৰ্য্যকলাপে বায়ুমণ্ডলক অপ্ৰাকৃতিক আৰু অস্বাস্থ্যকৰ কৰি তুলিছে । সেয়েহে মানৱ কাৰ্য্যকলাপ প্রসূত প্ৰদূষকক বায়ু প্রদূষণৰ মুখ্য কাৰক হিচাপে গণ্য কৰা হৈছে৷ এই প্রক্ৰিয়া আৰম্ভ হৈছিল শিল্প-বিপ্লৰৰ উত্থানৰ কালৰে পৰা আৰু ইয়াক দ্ৰুতগতিত আগুৱাই নিছে কাৰিকৰী কৌশলৰ প্ৰগতিয়ে।

মানৱ কাৰ্য্যকলাপ প্রসূত প্রদূষণৰ কাৰণসমূহ হৈছে ঔদ্যোগীকৰণ, যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা ৷

বায়ু প্ৰদূষণৰ পৰিণাম (Effect of air pollution) : বায়ু প্রদূষণে আচবাব আৰু জীৱ-জন্তুৰ ওপৰত বিভিন্ন ধৰণে কুপ্রভাৱ পেলায়।

(১) গছ-গছনিৰ ওপৰত পৰিণাম (Effect on plants) : গছ-গছনিক অংকুৰণ পৰ্য্যায়ৰ পৰাই প্রদূষিত বায়ুৱে আক্ৰমণ কৰিব পাৰে, যাৰ ফলত গছ-গছনি পৈণত হোৱাৰ পূৰ্বে মৃত্যুমুখত পৰে৷ নতুবা কিছুমান গছৰ জীয়াই থকা শক্তি অধিক হোৱা হেতুকে পৈণত ৰূপ লয়। এই গছৰ ডাল-পাত নতুবা ফল-মুল খাদ্য হিচাপে গ্ৰহণ কৰাৰ ফলত জীৱ জস্তুও পৰোক্ষভাৱে বায়ু প্রদূষণৰদ্বাৰা আক্ৰান্ত হয়।

গছ-গছনি বায়ু প্রদূষণৰদ্বাৰা আক্ৰান্ত হোৱাৰ ফলত পৃথিৱীত গছ-গছনিৰপৰিমাণ কমি গৈছে ৷ যাৰ ফলত প্রাকৃতিক পৰিৱেশ অভাৱনীয় ক্ষতিৰ সন্মুখীন হৈছে৷ ই প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে।

(২) জলজীৱনৰ ওপৰত পৰিণাম (Effect on aquatic life) : প্রদূষিত বায়ু বৰষুণৰ পানীৰ লগত মিহলি হৈ হ্ৰদ-সাগৰ আদিৰ পানী উচ্চ এচিডযুক্ত কৰি তোলে ৷ এই উচ্চ এচিডযুক্ত পানীয়ে জলজ প্রাণী, বিশেষকৈ মাছৰ ওপৰত কুপ্ৰভাৱ পেলাইছে। আনকি কোনো কোনো পানীত বায়ু প্রদূষণৰ দ্বাৰা আক্ৰান্ত হৈ মাছসমূহ সম্পূৰ্ণৰূপে মৰি গৈছে। 

(৩) আচৰবাবৰ ওপৰত প্রভাৱ ( Effects on materials) : বায়ু প্ৰদূষণে আচবাবৰ ওপৰতো প্রভাৱ পেলায় ৷ বিশেষকৈ চামৰাৰ সামগ্ৰী, মাৰ্বল, শিল্পকৰ্ম,কাঁচৰ আচবাব, ফাইবাৰ, কাগজৰ সামগ্ৰী আদি বায়ু প্রদূষণৰ দ্বাৰা আক্ৰান্ত হয়। বায়ুমণ্ডলৰ অ’জন গেচৰ আধিক্যই ৰবৰৰ সামগ্ৰী ভাঙি দিব পাৰে। ঔদ্যোগিক নগৰসমূহত গাঢ় ৰঙৰ পাখৰো প্রদূষিত বায়ুৰ কাৰণে ক’লা পৰি যায়। আনকি ঐতিহাসিক বহুতো ভাস্কৰ্য্য, স্মাৰক ভবন আদি প্রদূষিত বায়ুমণ্ডলৰ বাবেই সোনকালে নষ্ট হ’ব ধৰিছে।প্ৰদূষণে বস্ত্ৰ-সামগ্ৰী, কাঠৰ আচবাবআদিৰো আয়ুস কমায়।

(৪) মানুহৰ ওপৰত পৰিণাম (Effects on man) : বায়ু প্ৰদূষণৰ পৰা ৰক্ষা পাবলৈ মানুহৰ শ্বাসতন্ত্ৰৰ বহুতো ব্যৱস্থা আছে যদিও প্ৰদূষিত কণা (lomicro meter diameter) তকৈ সৰু হ’লে  ই শ্বাসৰন্ধই দি প্ৰৱেশ কৰি হাওঁফাওত উপনীত হয়। হাওঁফাওঁত এই কণাসমূহ তেজৰ লগত মিহলি হৈ alveolar sacs ত জমা হয়। এনেদৰে জমা হোৱা কণাই নতুন নতুন ৰোগৰ সুচনা কৰে। এনেদৰে বছবছৰ ধৰি বায়ু প্ৰদূষণৰ দ্বাৰা আক্ৰান্ত হৈ থাকিলে কেঞ্চাৰ, এজমা, ক্ৰণিক ব্রক্সাইটিছ আদিৰ লগতে বিভিন্ন দুৰাৰোগ্য শ্বাস-প্ৰশ্বাসৰ ৰোগত ভোগে। চিগাৰেটৰ ধোৱা আদিও এনেধৰণৰ প্ৰদূষণৰ ভিতৰত পৰে।

(৫) জীৱ-জন্তুৰ ওপৰত প্রভাৱ (Effects on animals) : প্ৰদূষণৰ বাবে কল-কাৰখানাৰ দাঁতিকাষৰীয়া অঞ্চলৰ বায়ু বিষাক্ত হৈ এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে। একেদৰে যান-বাহনৰ পৰা নিৰ্গত ধোৱাই সীহযুক্ত গেছ বায়ুত মিহলি হোৱাত সহায় কৰে। এনে প্ৰদুষণৰ ফলত মানুহৰ লগতে জীৱ-জন্তুও বিভিন্ন বেমাৰত আক্ৰান্ত হয় আৰু স্বাস্থ্যৰ অৱনতি ঘটে ।

(৬) জলবায়ুৰ ওপৰত প্রভাৱ (Effects on climate) : বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে, যোৱা কেবাদশকো প্ৰদুষণে বিশ্বজুৰি জলবায়ু চক্র আৰু ইয়াৰ আনুষংগিক পৰিঘটনাবোৰৰ সাল-সলনি ঘটাইছে। সেউজ গৃহৰ পৰিঘটনা, অ’জন স্তৰৰ অৱনতি, এচিড বৰযুণ আদিয়ে জলবায়ু চত্ৰুৰ এনে পৰিৱৰ্তন ঘটাইছে যে, সেউজ অঞ্চল মৰুভূমিলৈ ৰূপান্তৰ হোৱাৰ উপক্ৰম হৈছে, মেক অঞ্চলত নিযুত বছৰ জমা হৈ থকা বৰফ গলিছে; যাৰ ফলত সাগৰপৃষ্ট ওফন্দি উঠিছে আৰু ই সাগৰৰ কাষৰীয়া বছতো অঞ্চল জলমগ্ন কৰি তুলিছে, জীৱনযাত্ৰা বিপদাপন্ন কৰি তুলিছে । বিশেষজ্ঞসকলৰ মতে জলবায়ু চক্ৰৰ পৰিৱৰ্তনৰ বাবেই বৰ্ষা ঋতু অনিয়মিত হৈছে আৰু বৰদৈচিলাৰ দৰে ধুমুহা বছৰেকত কেইবাবাৰো আহিবলৈ ধৰিছে।

জল প্ৰদূষণ (water pollution) : পানী অতি তৰল পদাৰ্থ হোৱাৰ বাবে ই অতি সহজতে প্রদূষিত হয় ৷ভূ-পৃষ্ঠৰ পানী বিভিন্ন কাৰণত প্রদূষিত হ’ব পাৰে৷ জলপ্রদূষণৰ কাৰণসমূহ ঘাইকৈ দুটা ভাগত ভগাব পাৰি – কেন্দ্ৰীয় উৎস আৰু সিঁচৰিত উৎস। মুখ্য কেন্দ্ৰীয় উঁৎসবোৰ হৈছে উদ্যোগ, শক্তি উৎপাদন, তেল খনি ইত্যাদি । আনহাতে, সিঁচৰিত উৎসসমূহৰ কোনে৷ নিৰ্দিষ্ট উৎস নাই৷ এই উৎসসমূহ সিচঁৰিত হৈ থাকে৷ যেনে – নলা-নৰ্দমাৰ পৰা বৈ অহা লেতেৰা পানী, কৃষি ক্ষেত্ৰ, ৰাস্তাইদি বৈ যোৱা পানী ইত্যাদি। 

জল প্ৰদূষণ মুখ্যত দুই ভাগত ভগাব পাৰি –

(১) ভূ-পৃষ্ঠৰ জল প্রদূষণ (Surface water pollution)

(২) ভূ-গৰ্ভৰ জল প্ৰদূষণ (Groundwater pollution)

 ভূ-পৃষ্ঠৰ জল প্রদূষণৰ কাৰণ : ভূ-পৃষ্ঠৰ জল প্রদূষণৰ কাৰকসমূহ হৈছে:

(১) নৰ্দমাৰ আবৰ্জনা : নৰ্দমাৰে বৈ যোৱা মল-মূত্ৰ আৰু আবৰ্জনাসমূহ পৰিষ্কাৰ পানীত পৰি পানী প্রদূষণ কৰে ৷ এই সমস্যাটো সাধাৰণতে নগৰ অঞ্চলত সততে দেখিবলৈ পোৱা যায়।

(২) ঔদ্যোগিক আৱৰ্জনা : উদ্যোগৰ পৰা নিৰ্গত হোৱা অৱশিষ্টত বিভিন্ন ধৰণৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে। এই পদাৰ্থ সমূহ উদ্যোগৰ পৰা নিৰ্গত হোৱা অৱশিষ্টৰ লগত গৈ নদ-নদী, সাগৰ আদিত পৰি পানী দূষিত হয়।

(৩) বীজাণুনাশক দ্ৰব্য : কৃত্ৰিম বীজাণুনাশক দ্ৰব্য , যেনে- চাবোন, চাৰ্ফ আদিৰ ব্যৱহাৰৰ ফলত এইবোৰ পানীৰ লগত মিহলি হৈ পানী প্ৰদূষিত কৰে।

(৪) কৃষি কাৰ্য্যত ব্যৱহৃত ৰাসায়নিক দ্ৰব্য : কৃষি কাৰ্য্যত বৰ্তমান যুগত যথেষ্ট পৰিমাণৰ ৰাসায়নিক সাৰ নতুবা কীটনাশক ঔষধ আদি ব্যৱহাৰ কৰা হয়। এইবোৰ বৰষুণৰ পানীয়ে ধুই নি কোনো পৰিস্কাৰ পানীত পেলাই পানী দূষিত কৰে।

(৫) খাৰুৱা তেলঃ সাগৰ তলিৰ পৰা খাৰুৱা তেল নিষ্কাসন পদ্ধতিয়ে সাগৰৰ পানী দূষিত কৰে ৷ 

(৬) ভূৰ্গভৰ পানী প্ৰদূষণ : পৃথিবীৰ মুঠ পানীৰ ৬.২% হৈছে ভূ-গৰ্ভৰ পানী আৰু ই ভূ-পৃষ্ঠৰ পানীতকৈ ৩০ গুণ বেছি। ভূ-গৰ্ভৰ পানী তুলনামূলকভাৱে যথেষ্ট কম পৰিমাণত প্রদূষিত হয় যদিও ই কোনো কোনো কাৰণত প্ৰদূষিত হয় উদাহৰণস্বৰূপে উদ্যোগ, ভূ-গৰ্ভত  কৰা গভীৰ ফুটা আদিৰ জৰিয়তে ভূ-গৰ্ভৰ পানীও প্রদূষিত হয়৷ এই পানী দূষিত হোৱা পদাৰ্থসমূহ হৈছে – ফ্ল’ৰিড, আৰ্চেনিক, নাইট্ৰেট ইত্যাদি আৰু এই ধাতুসমূহে মানুহৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাব পাৰে।

জলপ্রদূষণৰ নিয়ন্ত্ৰণৰ উপায়সমূহ (Methods for control of water pollution) : জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো সহজ ৷ যদিহে সমাজৰ সকলো নাগৰিকে প্ৰদূষণ সম্বন্ধে সচেতন হয়, তেতিয়া সহজেই জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায়। তলত জলপ্রদূষণৰ নিয়ন্ত্ৰণৰ  উপায়সমূহ আগবঢ়োৱা হৈছে-

(১) কৃষি পদ্ধতিত ব্যৱহৃত ৰাসায়নিক সাৰ নতুবা কীটানুনাশক দ্ৰব্য কিছুমান নিৰ্দিষ্ট ঠাইতহে ব্যৱহাৰ কৰিব লাগে। এটা কথাত চকু ৰখা উচিত যাতে ৰাসায়নিক দ্ৰব্য মিহলি পানী বাগৰি গৈ কোনো পৰিস্কাৰ পানী দূষিত কৰিব নোৱাৰে।

(২) গেলা-পচা আৱৰ্জনাৰ কাৰণে পৃথককৈ নৰ্দমাৰ ব্যৱস্থা কৰিব লাগে, যাতে আৱৰ্জনাসমূহে কোনো পৰিস্কাৰ পানী দূষিত কৰিব নোৱাৰে।

জল প্ৰদূষণৰ পৰিণাম : পানী জীৱন ধাৰণ প্ৰক্ৰিয়াৰ অন্যতম উপাদান। সুস্বাস্থ্যৰ কাৰণে বিশুদ্ধ পানী অপৰিহাৰ্য। বৰ্তমান যি দ্ৰুত হাৰত পানীৰ প্ৰদূষণ হবলৈ ধৰিছে তাৰ পৰিণাম মানৱ জাতিৰ লগতে অন্যান্য জীৱ-জন্তুৱে ভোগ কৰিব লগা হৈছে। তলত জল প্ৰদূষণৰ পৰিণামসমূহ উল্লেখ কৰা হল-

(১) দৃষিত পানীৰদ্বাৰা নানাধৰণৰ ৰোগ, যেনে – আমাশয় (Dysentery), টাইফইড (Typhoid), কলেৰা (Cholera),  এমিবিঅ’ ছিছ (Amoebiasis)  আদি মানুহৰ দেহলৈ সংক্ৰমিত হয়। দূষিত পানীত এই ৰোগ সৃষ্টিকাৰী বেক্টেৰীয়াসমূহ মিহলি হৈ থাকে।

(২) আৰ্চেনিক, সীহ, পাৰা আদি প্রাণীৰ বাবে অতি ক্ষতিকাৰক কিছুমান পদাৰ্থ পানীত দ্ৰৱীভূত হৈ থাকে। এই পদাৰ্থসমূহে মানুহৰ স্নায়ুৰোগৰ সৃষ্টি কৰে।

(৩) তেল শোধনাগাৰসমূহৰ পৰা আৰু তেলবাহী জাহাজবোৰৰ পৰা নিৰ্গত পেট্ৰ’লজাত সামগ্ৰীয়ে পানীত থকা জীৱ-জন্তুৰ বিস্তৰ ক্ষতিসাধন কৰে।

(৪) বিভিন্ন কীটনাশক দৰৱ পানীৰ সহায়ত গছ-গছনিলৈ বিয়পি খাদ্য শৃংখলৰ মাধ্যমেৰে মানুহ আৰু অন্যান্য প্রাণীৰ বিস্তৰ ক্ষতিসাধন কৰে।

(৫) কেডমিয়াম প্রদূষণৰ প্রভাৱত মানুহৰ আটাই-আটাই (itai-itai) ৰোগ হয়। এই ৰোগত অস্থিৰ বিষ তথা যকৃৎ নাইবা হাওফাওঁৰ কৰ্কট ৰোগ হয়।

(৬) ফ্ল’ৰাইডযুক্ত পদাৰ্থ মিহলি হৈ পানী দূষিত হয়। এনে পানী সেৱনৰ ফলত ফ্লৰ’ছিছ ৰোগ হয়। এই ৰোগৰ প্রভাৱত অস্থিৰ সন্ধিবোৰৰ স্থিতিস্থাপকতা কমি যায়।

(৭) পানী প্রদূষিত কৰা আন এবিধ পদাৰ্থ হৈছে নাইট্রট ৷ দূষিত পানীৰ দ্বাৰা এই পদাৰ্থ মানুহৰ শৰীৰত প্রৱেশ কৰে৷ ইয়াৰ প্রভাৱত গৰ্ভজাত শিশুৰ মৃত্যু হয়।

শব্দ-প্ৰদূষণ (Noise pollution) : প্রত্যেক দিনাই আমি বিভিন্ন ধৰণৰ শব্দ শুনিবলৈ পাওঁ। যিবোৰ শব্দ শুনিবলৈ আমনিদায়ক আৰু যিবোৰ শব্দই আমাৰ সুখ-শান্তিত ব্যাঘাত জন্মায়

তেনেবোৰ অবাঞ্ছিত শব্দকে কোলাহল (noise) বুলি কোৱা হয় ৷ সাধাৰণতে ডাঙৰ (loud), তীক্ষ্ণ বা টেঙটেঙীয়া (shrill) আৰু কৰ্কশ শব্দই সকলোকে আমনি দিয়ে আৰু ইহঁতে মানৱস্বাস্থ্যৰ ওপৰত মানসিক আৰু শাৰীৰিক ক্ষতিসাধন কৰাৰ উপৰিও সমাজ শৃংখলাত আউল লগায়। এনেধৰণৰ সকলো কোলাহলকে প্ৰদূষণৰ অন্তৰ্ভূক্ত কৰা হৈছে। 

তলত কোলাহলৰ উৎসমূহ আলোচনা কৰা হৈছে –

(১) বিভিন্ন যান-বাহন, ট্ৰাক, বাছ, গাড়ী, স্কুটাৰ আদিৰ ইঞ্জিনে কৰা শব্দ আৰু এইবোৰে বজোৱা হৰ্ণ আৰু চাইৰেন আদিৰ পৰা একধৰণৰ কোলাহলপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰি শব্দ প্রদূষণৰ সৃষ্টি কৰে। উৰাজাহাজ, জেটপ্লেন আদিয়ে সৃষ্টি কৰা শব্দৰ পৰাও প্রদূষণ সৃষ্টি কৰে।

(২) ডাঙৰ ডাঙৰ উদ্যোগ, বিভিন্ন কল-কাৰখানা, শিল ভঙা যন্ত্ৰ, পানী দিয়া মেচিন, জেনেৰেটৰ, ধানৰ মিল আদিয়ে সৃষ্টি কৰা বিকট শব্দৰ পৰা শব্দ প্ৰদূষণ হয়। 

(৩) বিভিন্ন সামাজিক অনুষ্ঠান, উৎসৱ-পাৰ্বণ, মেলা আদিত মানুহে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। তাৰোপৰি এই অনুষ্ঠানসমূহত উচ্চ স্তৰত লাউড স্পীকাৰ, ডেক আদি বজায়ো কোলাহলময় পৰিৱেশৰ সৃষ্টি কৰি শব্দ প্রদূষণ কৰে।

(৪) ঘৰত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী, যেনে – মিক্সি, ভেকুৱাম ক্লিনাৰ, ৱাশ্বিং মেচিন, পানীৰ পাম্প, শীত-তাপ নিয়ন্ত্ৰন মেচিন, ডাঙৰকৈ বজোৱা ৰেডিঅ’, টেলিভিশ্বন, টেপ আদিও কোলাহলৰ উৎস।

(৫) বিজুলী,ঢেৰেকনিৰ শব্দ, বতাহৰ সৌ-সোঁৱনি, ভূমিকম্প, ভূমিজ্খলন, অগ্নিয়গিৰিৰ শব্দ, জীৱ-জন্তু চৰাই-চিৰিকটিৰ চিঞৰ-বাখৰ আদি কোলাহলৰ প্রাকৃতিক উৎস।

শব্দ প্ৰদূষণৰ পৰিণাম (Effects of Noise pollution) :

 শব্দ প্রদূষণে বিভিন্ন ধৰণে মানুহৰ ওপৰত প্রভাৱ পেলায়৷ ই মানুহৰ মানসিক শান্তি ব্যাঘাত জন্মোৱাৰ লগতে শ্ৰৱণ যন্ত্ৰৰো বিকাৰ ঘটায়৷ যিহেতু আমাৰ শৰীৰৰ অপকাৰ হানে, তদুপৰি কোলাহলে সমাজৰ শৃংখলাবদ্ধতাতো ভাঙোন আনে। শব্দ প্রদূষণৰ পৰিণামসমূহ হৈছে –

(১) শব্দ প্রদূষণে মানুহৰ কথাৰ আদান-প্রদানত বাধাৰ সৃষ্টি কৰে৷ স্বাভাৱিকতেই হুলস্থুলীয়া ঠাইত মানুহে কথা-বতৰা পাতোতে যথেষ্ট বাধাৰ সন্মুখীন হয়।

(২) শ্ৰৱণ যন্ত্ৰৰ বিকাৰঃ শব্দ প্রদূষণে শ্ৰৱণ যন্ত্ৰৰ বিকাৰ ঘটাব পাৰে৷ যেতিয়া এজন লোকে উচ্চ প্ৰাবল্যৰ ডাঙৰ শব্দ শুনে, তেওঁৰ কাণৰ পৰ্দা মাত্ৰাধিক কৰ্ম হেঁচা বহন কৰিব লগাত পৰিব৷ এনেধৰণৰ ঘটনা পুনৰ চলি থকাৰ ফলত ব্যক্তিজনৰ শ্ৰৱণ ব্যৱস্থাৰ বিজুটি ঘটিব আৰু এটা সময়ত ই সম্পূৰ্ণৰূপে বিকাৰগ্ৰস্থ হৈ পৰিব।

(৩) শাৰীৰিক আৰু মানসিক পৰিবৰ্তন : ধাৰাবাহিকভাৱে মানুহ দীঘৰ্দিন ধৰি ‘কোলাহলৰ মাজত থাকিলে বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনে দেখা দিব পাৰে। কোলাহলে দৃষ্টিশক্তি কমায়, তেজ চলাচল অনিয়মীয়া হোৱাই নহয় ৰক্তচাপৰ সাল-সলনি ঘটায়; উশাহ-নিশাহত অসুবিধাৰ সৃষ্টি কৰে, পাচনতন্ত্ৰৰ ক্ৰিয়া অনিয়মীয়া হয়। তাৰোপৰি মানসিক পৰিৱৰ্তনৰ ভিতৰত ব্যৱহাৰ-পাতি সালসলনি, আবেগ অনুভূতি আদিৰ সালসলনি হ’ব পাৰে।

শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায় (Methods of control of noise pollution) :

(১) উদ্যোগ বা কল-কাৰখানা আদি জনৱসতিপূৰ্ণ অঞ্চলৰ পৰা নিলগত স্থাপন কৰা৷

(২) ডাঙৰ শব্দ সৃষ্টিকাৰী যন্ত্ৰপাতিবোৰত শব্দ নিবাৰক (Silencer) সংযোগ কৰা।

(৩) ঔদ্যোগিক যন্ত্ৰপাতি থকা কোঠাবোৰৰ বেৰত শব্দশোষক ব্যৱহাৰ কৰা।

(৪) অপ্রয়োজনীয় হাই-উৰুলিৰ সৃষ্টি নকৰা; উচ্চস্তৰত মাইক, লাউডস্পীকাৰ আদি বজোৱাত বাধা আৰোপ কৰা ৷

(৫) কল-কাৰখানাত কাম কৰা কৰ্মচাৰীসকলক কাণত ঠিলা বা কাণ ঢাকখোৱা টুপি ব্যৱহাৰ কৰিবলৈ দিয়া।

(৬) যিহেতু গছ-গছনিয়ে শব্দ শোষণ কৰে, সেয়ে ঔদ্যোগিক অঞ্চলআৰু ৰাষ্ট্ৰীয় পথৰ কাষত ডাঙৰ ডাঙৰ গছ ৰোপন কৰিবলৈ দিয়া।

(৭) গাড়ী-মটৰে য’তে-ত’তে হৰ্ণ বজোৱাটো নিষিদ্ধ কৰাৰ উপৰিও ব্যৱহাৰ কৰা হৰ্ণৰ প্রাবল্যৰ সীমা বান্ধি দিয়া। 

(৮) শৈক্ষিক প্রতিষ্ঠান, চিকিৎসালয় আদি থকা অঞ্চলক নীৰৱতা অঞ্চলৰূপে ঘোষণা কৰা। 

(৯) জনসাধাৰণক কোলাহলৰ অপৰাকিতাসমূহৰ বিষয়ে জনাই দি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সজাগ কৰি তোলা ৷

ভূমি প্রদূষণৰ মুখ্য উৎসমূহ আৰু ভূ-প্রদূষণ নিয়ন্ত্ৰণৰ উপায়সমূহ : ভূমি হৈছে পৃথিৱীৰ উপৰিভাগৰ এটা অংশ৷ এই মাটিয়েই হ’ল পৃথিৱীৰ সৰু-বৰ জন্তুৰ আবাসস্থল। কিন্তু সম্প্রতি বিভিন্ন ঘৰুৱা আৰু ঔদ্যোগিক পেলনীয়া বস্তুৱে এই ভূমি প্রদূষিত কৰি তুলিছে৷ ঘৰুৱা সামগ্ৰী যেনে- জাবৰ-জোথৰ, কাঁচৰ টুকুৰা, প্লাষ্টিক, কাগজ, ফাইবাৰ, বিভিন্ন পাত্ৰ, নৰ্দমাৰ লেতেৰা বস্তু আদিয়ে ভূমিখণ্ডক প্রদূষিত কৰি তুলিছে। তাৰোপৰি উদ্যোগৰ পৰা নিৰ্গত হোৱা বিভিন্ন পেলনীয়া বস্তুৱে ভূমিক দূষিত কৰিছে। 

ভূ-প্রদূষণৰ উৎসমূহক প্রধানকৈ তিনিটা ভাগত ভগাব পাৰি –

(১) ঔদ্যোগিক উচ্ছিষ্ট (Industrial waste)

(২) নগৰাঞ্চলৰ আবৰ্জনা (Urban waste)

(৩) কৃষিজাত আৱৰ্জনা (Agricultural waste)

(১) ঔদ্যোগিক উচ্ছিষ্ট (Industrial waste) : ঔদ্যোগিক বিকাশে মাটি, বনভূমি, বায়ু, পানীৰ উৎস ইত্যাদি সকলোকে আক্ৰান্ত কৰে ৷ প্রায়বোৰ উদ্যোগে কাৰ্বন, ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইডৰ উপৰিও কিছুমান বিশেষ কণা নিৰ্গত কৰে। ইয়াৰ ভিতৰত মুখ্য উদ্যোগসমূহ হৈছে-তেল শোধনাগাৰ, তাপশক্তি প্রকল্প, নিউক্লিয়েৰ শক্তি প্রকল্প ইত্যাদি। উদ্যোগৰ পৰা উৎপন্ন এই উচ্ছিষ্টসমূহ মাটিৰ লগত মিহলি হৈ মাটি প্রদূষণ কৰে। তাৰোপতি এচিড বৰষুণৰ ফলত নাইট্ৰ’জেন, ছালফাৰ আদি গেছসমূহৰ লগত বিক্ৰিয়া ঘটি মাটি আৰু পানীও দূষিত কৰে। কল-কাৰখানাৰ পৰা উৰি অহা ধোঁৱা আৰু ছাই মাটিত জমা হয় আৰু ই গছ-গছনিৰ বিকাশত বাধা জন্মায়। বিভিন্ন তৈলক্ষেত্ৰত খনিজ তেল উলিওৱাৰ সময়ত ইয়াৰ ওচৰ-পাজৰৰ খেতি পথাৰলৈ তেল বাগৰি গৈ পথাৰসমূহ নষ্ট কৰিছে।

(২) নগৰাঞ্চলৰ আবৰ্জনা (Urban waste) : জনসংখ্যা বৃদ্ধি আৰু নগৰাঞ্চলৰ জনৱসতিৰ ঘনত্বই নগৰৰ আশে-পাশে সেউজ আভৰণ কমাই মাটি প্ৰদূষিত হোৱাত সহায় কৰিছে। যানবাহনৰ সাংখ্যাধিক্যতা আৰু বিভিন্ন উদ্যোগৰ উপস্থিতিয়ে গাওঁ অঞ্চলতকৈ চহৰ অঞ্চলত মাটি, বায়ু, পানী আদিৰ প্রদূষণ কৰিছে তদুপৰি জনবসতি বৃদ্ধিৰ বাবে নগৰাঞ্চলত ব্যাপকভাৱে পানী নিষ্কাসন কৰাৰ ফলত উক্ত স্থানত পানীৰ উচ্চতাও কমি গৈছে। এই অঞ্চলত বৰ্ধিত জনসংখ্যাৰ বাবে পেলনীয়া আবৰ্জনা বৃদ্ধি পাই মাটি প্ৰদূষিত কৰিছে। পেলনীয়া উচ্ছিষ্টৰ ভিতৰত আটাইতকৈ ক্ষতিকাৰক উপাদানবিধ হৈছে প্লাষ্টিক ৷ অবক্ষয় নোহোৱা প্লাষ্টিকবোৰ মাটিত একেধৰণে থাকি মাটিৰ উৰ্বৰতা হ্ৰাস কৰে।

(৩) কৃষিজাত আৱৰ্জনা Agricultural waste) : উৎপাদন বৃদ্ধিৰ কাৰণে কৃষিক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰা হয়। এই পদাৰ্থসমূহৰ বেছিভাগেই নাইট্ৰ’জেন, ফচফৰাছ আৰু আৰু পটাছিয়ামৰ দ্বাৰা গঠিত ৷ এই যৌগসমূহে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। এনেকৈয়ে ভূ-প্ৰদূষণে বিভিন্ন ধৰণে পাৰিপাৰ্শ্বিকতা বিনষ্ট হোৱাত সহায় কৰে।

ভূ-প্ৰদূষণৰ পৰিণাম ( Effects of pollution) : বিভিন্ন ধৰণে মানুহে ভূ-প্রদূষণৰ পৰিণামসমূহ ভোগ কৰিব লগা হয়। তলত ভূ-প্রদূষণৰ পৰিণামসমূহ উল্লেখ কৰা হৈছে –

 (১) নগৰাঞ্চলত উৎপন্ন হোৱা লেতেৰা আবৰ্জনা আৰু উদ্যোগৰ উচ্ছিষ্টই মাটি প্রদূষণ কৰাৰ লগতে পৰোক্ষভাৱে মানৱ স্বাস্থ্যৰ ওপৰতো প্রভাৱ পেলায়। এই উচ্ছিষ্টসমূহত থকা Acid, alkalis, pesticide, insecticide, fungicide, heavy metals আদিয়ে মাটিৰ উৰ্বৰতা কমায় আৰু মানুহৰ ওপৰত শাৰীৰিক, মানসিক প্রভাৱ পেলায় ৷

(২) কিছুমান ৰাসায়নিক যৌগই মাটিৰ উৰ্বৰতা কমায় আৰু ই উৎপাদন হ্ৰাস কৰে। এই যৌগসমূহে পৰোক্ষভাৱে মানুহৰ স্বাস্থ্যত প্রভাৱ পেলায়।

(৩) মানুহ, জীৱ-জন্তুৰ মল-মূত্ৰত বিভিন্ন ধৰণৰ বেক্টেৰীয়া থাকে। এই বেক্টেৰীয়াসমূহ মাটিৰ লগত মিহলি হোৱাৰ পাছত খাদ্য বস্তুৰ যোগেদি মানুহৰ শৰীৰত প্রৱেশ কৰি বিভিন্ন বেমাৰ-আজাৰ সৃষ্টি কৰে।

(৪) ৰাসায়নিক সাৰ প্রয়োগ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা হয়। ৰাসায়নিক সাৰত থকা নাইট্ৰ’জেন আৰু ফছফৰাছ আংশিকভাৱে খাদ্য শৃংখলৰ যোগেদি মানুহৰ শৰীৰত প্রৱেশ কৰে আৰু ই মানুহৰ বিভিন্ন ধৰণৰ ৰোগ, যেনে – পাকস্থলী, কিড্নী আদিৰ ৰোগ সৃষ্টি কৰে। 

ভূ- প্ৰদূষণৰ নিয়ন্ত্ৰণ (Control of soil pollution) : জনসংখ্যা আৰু উদ্যোগ বৃদ্ধিৰ লগে লগে ভূ-প্ৰদূষণ দিনে দিনে বৃদ্ধি পাইছে৷ ভূ-প্রদূষন নিয়ন্ত্ৰণৰ উপায়সমূহ তলত আগবঢ়োৱা হ’ল – 

(১) পেলনীয়া আবৰ্জনাসমূহ গোটাই লৈ ধ্বংস কৰি পেলাব লাগে যাতে এইবোৰ মাটিৰ লগত মিহলি হৈ ভূ-প্রদূষণৰ সৃষ্টি কৰিব নোৱাৰে। 

(২) পেলনীয়া আৱৰ্জনাৰ পৰা নতুনকৈ কোনো কামত অহা সামগ্ৰী উৎপাদন কৰিব লাগে।

(৩) জীৱ-জন্তুৰ মল-মূত্ৰৰ পৰা মিথেইন গেছ উৎ পন্ন কৰিব পাৰি ৷ এই গেছ ৰন্ধন কাৰ্য্যত ব্যৱহাৰ কৰা হয়। ৷

(৪) উদ্যোগৰ উচ্ছিষ্টসমূহ এনে ঠাইত পেলাব লাগে যাতে তাৰদ্বাৰা ভূ-প্ৰদূষণ নহয়।

গোটা আৱৰ্জনাৰ শ্ৰেণীবিভাগ : আৱৰ্জনা তিনি প্ৰকাৰৰ- তৰল, গেছীয় আৰু গোটা আৱৰ্জনা। গোটা আৱৰ্জনাক আকৌ ছয় ভাগত ভগাব পাৰি। ঔদ্যোগিক, কৃষিজ, চিকিৎসা সম্বন্ধীয়, খনিজ উচ্ছিষ্ট, নগৰাঞ্চলৰ আবৰ্জনা আৰু মল-মূত্ৰৰ গেলাপচা।

 নগৰাঞ্চল আৰু ঔদ্যোগিক আবৰ্জানাবোৰ চিকিৎসালয়, ঘৰ, কাৰ্য্যালয়, বজাৰ আদিৰ পৰা ওলোৱা অৱশিষ্টৰ পৰা সৃষ্টি হয়। তলত দিয়া ধৰণেৰে আমি নগৰ আৰু উদ্যোগৰ আবৰ্জনাসমূহৰ আলোচনা কৰিব পাৰোঁ৷ –

(১) ঘৰুৱা আবৰ্জনা (Domestic wastes) : ঘৰুৱা আবৰ্জনাৰ ভিতৰত বেছি সংখ্যক অদ্রবীভূত দ্রব্যই পৰে, যেনে – পলিথিনৰ মোনা, খালী বটল, এলুনিমিয়ামৰ পাত্ৰ, পেলনীয়া কাগজ, কাপোৰ আৰু খাদ্য বস্তু ইত্যাদি।

(২) বজাৰৰ আবৰ্জনা : বজাৰৰ বিভিন্ন দোকানসমূহৰ পৰা দৈনিক বহু পৰিমাণৰ আবৰ্জানা পেলোৱা হয়। সেইবোৰ হৈছে পলিথিনৰ মোনা, বটল, কণীৰ চোকোৱা, চাহপাত, অন্যান্য কাগজৰ কাৰ্টুন ইত্যাদি।

(৩) চিকিৎসালয়ৰ আবৰ্জনা : চিকিৎসালয়ৰ,পৰা দৈনিক যথেষ্টসংখ্যক আবৰ্জনা বাহিৰ হয়।

(৪) নিৰ্মাণ কাৰ্য্যৰ আবৰ্জনা : ঘৰ-দুৱাৰ আদি নিৰ্মাণ কৰোঁতে বহু পৰিমাণৰ শিল, বালি, বাঁহ-কাঠ আদি আবৰ্জনা ৰূপত থাকি যায়।

(৫) কৃষিজ আবৰ্জনা : কৃষিজ আবৰ্জনাৰ ভিতৰত শাক-পাচলিৰ পৰা উৎপন্ন আবৰ্জনা আদিক ধৰা হয়।

পৰিবেশ প্ৰদূষণ ৰোধ কৰাত আমাৰ ভূমিকা  :

পৰিবেশ প্রদূষণ ৰোধ কৰাত প্রতিজন ব্যক্তিয়ে পদক্ষেপ লোৱা উচিত৷ সমাজৰ প্রতিজন ব্যক্তি সচেতন হ’লেহে পৰিৱেশক প্রদূষণমুক্ত কৰিব পৰা যাব। সমাজৰেই এজন ব্যক্তি হিচাপে আমিও পৰিৱেশ প্রদূষণ ৰোধ কৰাত আগভাগ লওঁ। কোনো ব্যক্তিয়ে প্ৰদূষণ ৰোধ কৰিলে তাৰ প্রভাৱ কেৱল সেই জাতিটো নাইবা নগৰখন নাইবা দেশখনতেই নপৰে তাৰ প্রভাৱ পৰে সমগ্র বিশ্বজগতৰ ওপৰত; কিয়নো পৰিৱেশৰ কোনো সীমা নাথাকে। সেই কাৰণে পৃথিৱীখন আৰু ইয়াত থকা সকলো বস্তুকে সুৰক্ষিত কৰি ৰখাটো সকলো লোকৰে কৰ্তব্য । এজন মানুহে কৰা এটা ব্যক্তিগত প্রচেষ্টা সমগ্র বিশ্বজগতৰ ওপৰতেই প্রভাৱ বিস্তাৰ কৰে। সেই কাৰণে ক’ব পাৰি –

(১) প্ৰদূষণ দূৰীকৰণতকৈ প্রদূষণ নিবাৰণত অধিক গুৰুত্ব দিব লাগে আৰু সেইমতে কৰ্ম কৰিব লাগে।

(২) বস্তু উৎপাদন কৰোঁতে ব্যৱহাৰ কৰা পদ্ধতিয়ে যাতে প্ৰদূষণ কমকৈ কৰে তাৰ ওপৰত চকু ৰাখিব লাগে।

(৩) এনে সামগ্ৰী ব্যৱহাৰ কৰিব লাগে যাতে সামগ্ৰী কম পৰিমাণত প্রয়োজন হয়।

(৪) Chlorofluorocarbon (CFCs ) জাতীয় পদাৰ্থৰ ব্যৱহাৰ কমাই ব্যৱহাৰ কৰিব লাগে; কিয়নো এইবোৰ পদাৰ্থই অ’জন স্তৰক ধ্বংস কৰাত অৰিহণা যোগায়।

(৫) ৰাসায়নিক যৌগৰ ব্যৱহাৰ কমাই দিব লাগে যাতে ইয়াৰ অৱশিষ্টই গৈ মাটি, পানী আদি দূষিত কৰিব নোৱাৰে ৷

(৬) CFC মুক্ত ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ কৰিব লাগে।

(৭) সম্পূৰ্ণ পৰিস্কাৰ ইন্ধন ব্যৱহাৰ কৰিব লাগে, যাতে ইয়াৰ পৰা নিৰ্গত ধোঁৱাই বায়ু প্রদূষণ সৃষ্টি কৰিব নোৱাৰে৷ তাৰোপৰি যিমান পাৰি কম পৰিমাণত ইন্ধন ব্যৱহাৰ কৰিব লাগে, কিয়নো ইন্ধনসমূহ উৎপাদন প্রক্ৰিয়াৰদ্বাৰাও প্রদূষণ বৃদ্ধি হয়। ৷

(৮) শক্তি ব্যৱহাৰ কৰোতে কমাই কৰিব লাগে। যিমান পাৰি শক্তি সঞ্চয় কৰা প্রয়োজন ৷ শক্তি উৎ পাদন উদ্যোগে প্ৰদূষণ বৃদ্ধি কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। ৷

(৯) ইঞ্জিনযুক্ত যান-বাহনৰ ব্যৱহাৰ কমাই দিব লাগে। পাৰিলে খোজেৰে নতুবা বাইচাইকেলত ভ্ৰমণ কৰাতো পৰিৱেশ সংৰক্ষণৰ কাৰণে জৰুৰী। 

(১০) কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু ঔষধৰ পৰিমাণ কমাই ব্যৱহাৰ কৰা উচিত। ৰাসায়নিক যৌগই ভূমি প্রদূষণ ঘটায়৷ ৷

(১১) শক্তি উৎপাদনকাৰী বেটাৰী ব্যৱহাৰ কৰিব লাগে যাতে পেলনীয়া বেটাৰী কমে।

(১২) গছ-গছনিয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰি ৰাখে৷ সেইকাৰণে যিমান পাৰি গছ-গছনি সুৰক্ষা কৰি ৰাখিব লাগে। বৰ্তমান চৰকাৰে পৰিবেশ সুৰক্ষাৰ বাবে বৃক্ষৰোপণৰ দৰে কিছুমান আঁচনি গ্ৰহণ কৰিছে। মানুহে এই আচঁনিসমূহৰ সফল কৰিবলৈ সহায় কৰিব লাগে।

বিভিন্ন প্ৰাকৃতিক বিপৰ্য্যয়সমূহ : পৃথিৱীত প্রাকৃতিকভাৱে অকস্মাৎ ঘটা ভূঁইকঁপ, বানপানী, ঘূৰ্ণী বতাহ,ভূমিস্খলন, আগ্নেয়গিৰি, উদ্‌গিৰণ আদি পৰিঘটনাবোৰেই হ’ল প্রাকৃতিক বিপৰ্য্যয় ৷ প্রাকৃতিক বিপৰ্য্যয়ত মানুহৰ ধন-সম্পত্তি, ঘৰ-দুৱাৰ ধ্বংস হোৱাৰ লগতে জীৱ-জন্তুৰ লগতে মানুহৰো প্রাণ নাশ হোৱা দেখা যায়। ইয়াৰ বাদেও প্রাকৃতিক দূৰ্যোগৰ ফলত পাৰিপাৰ্শ্বিক সমতাৰ অৱক্ষয় হয়। প্রাকৃতিক বিপৰ্য্যয়ৰ কথা আগতীয়াকৈ গম পোৱা নাযায় আৰু ই যিকোনো ঠাইত যিকোনো সময়তে হ’ব পাৰে বাবে ইয়াৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণো অধিক হয়৷ ভূঁইকঁপৰ বাদে বাকী প্রাকৃতিক দুৰ্য্যোগৰ পৰিমাণ বেছি হোৱাৰ অন্য এটা কাৰণ হৈছে প্রাকৃতিক প্রদূষণ। জনসংখ্যা বৃদ্ধিৰ বাবেও সাম্প্রতিক কালত প্রাকৃতিক দুৰ্য্যোগৰ পৰা ক্ষয়-ক্ষতিৰ পৰিমাণ অধিক হৈছে।

প্রাকৃতিক পৰিঘটনাক নিয়ন্ত্ৰণ বা প্রতিৰোধ কৰাটো সম্ভৱ নহয় যদিও সকলো লোককে প্রাকৃতিক দুৰ্য্যোগৰ বিষয়ে সজাগ কৰি দুৰ্য্যোগৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণটো হ্ৰাস কৰিব পাৰি।

বিভিন্নধৰণৰ প্রাকৃতিক বিপৰ্য্যয়সমূহ হৈছে – ভূঁইকঁপ, আগ্নেয়গিৰি, উদ্‌গিৰণ, বানপানী, ঘূৰ্ণীবতাহ আৰু ভূমিজঙ্খলন ৷

 বানপানী (floods) : পানী প্রবাহিত বৃহৎ নদ-নদীৰ পৃষ্ঠ ওফন্দি, সমতল পৃষ্ঠয়েদি কোবাল সোঁতেৰে বোৱা পানীয়েই হৈছে বানপানী।৷ যেতিয়া কোনো নদ-নদীয়ে সাধাৰণতে পোৱা পানীৰ পৰিমাণতকৈ অধিক পানী পায়, এই অতিৰিক্ত পানীখিনিয়ে তাৰ দাঁতিকাষৰীয়া অঞ্চললৈ বিস্তাৰিত হয় আৰু প্রবাহিত পানীয়ে তাৰ ওচৰৰ অঞ্চলসমূহ বুৰাই পেলাই বানপানীৰ সৃষ্টি কৰে৷

বানপানীৰ কাৰণ : প্রাকৃতিক বানপানী সাধাৰণতে প্ৰচুৰ পৰিমাণৰ বৰষুণ আৰু পাহাৰ বা পৰ্বতৰ পৰা খৰস্ত্রোৰেৰে বৰফ গলি নামি অহা পানীৰ পৰা সৃষ্টি হয়। একেলেথাৰিয়ে নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ ফলত জান, জুৰি, হ্ৰদ আদি পানীৰে উপচি পৰি দাঁতিকাষৰীয়া অঞ্চলসমূহত বানপানীৰ সৃষ্টি কৰে। নগৰ অঞ্চলত পৰিকল্পিতভাৱে বৰষুণৰ পানীবোৰ যাবলৈ নলা-নৰ্দমাৰ ব্যৱস্থা নথকাত বৰষুণৰ বাবেই কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। ভাবতবৰ্ষৰ গংগা আৰু বাংলাদেশৰ পদ্মা নদীৰ অৱবাহিকা অঞ্চল চাপৰ হোৱাৰ বাবেই বানপানী হয়। সম্প্রতি বানপানী অধিক হোৱাৰ মূলতে নদ-নদীসমূহৰ গভীৰতা দিনে দিনে হ্ৰাস পাইছে। ফলত নদ-নদীয়ে সৰহ পানী ধৰি ৰাখিব নোৱাৰে আৰু পানী বাগৰি গৈ বানপানীৰ সৃষ্টি কৰে । নদীৰ উৎপত্তি অৱবাহিকা অঞ্চলৰ পৰ্বত-পাহাৰৰ গছ-গছনি,কাটি ধ্বংস কৰাৰ ফলত, কেউদিশৰ পাহাৰীয়া অঞ্চলৰ পৰা বৰফ গলি নদীৰ বুকুত বহু কম সময়ৰ ভিতৰতে আহি পৰাত বানপানীৰ পৰিমাণ বাঢ়িছে। গছ-গছনিয়েও বহু পৰিমাণৰ পানী ধৰি ৰাখিব পাৰে। তদুপৰি নদীৰ আশে-পাশে থকা খাল- বিলবোৰেও অলপ পানী ধৰি ৰাখে যদিও সেইসমূহো পুতি পেলোৱাৰ ফলত বানপানীৰ পৰিমাণ বৃদ্ধি পাইছে।

বানপানীৰ পৰিণাম (Effect of floods ) : প্ৰতিবছৰে বানপানীৰ ফলত বহুতো ধন-সম্পত্তি নষ্ট হোৱাৰ লগতে জীৱ-জন্তু-মানুহ আদিৰো প্রাণহানি হয়। বানপানী হৈছে মুখ্য প্রাকৃতিক দুৰ্য্যোগ। পৃথিৱীৰ অন্যান্য প্ৰাকৃতিক দুৰ্য্যোগৰ তুলনাত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা আটাইতকৈ বেছি পৃথিৱীৰ প্রাকৃতিক দুৰ্য্যোগত মৃত্যু হোৱাৰ ৩৯ শতাংশ লোকৰ মৃত্যু হৈছে বানপানীৰ কবলত পৰি ৷

বানপানীৰ ফলত খেতি-পথাৰ ডুব গৈ শস্য নষ্ট হয়, তদুপৰি বহুতো অস্থাৱৰ সম্পত্তি নষ্ট হয়। বানপানীত উটি অহা বালিয়ে খেতি-পথাৰ পুতি শস্যৰ অনুপযোগী কৰি তোলে। তদুপৰি খাল-বিল আদি বালিত পোত গৈ জলজীৱবোৰৰ বাসস্থান নাইকিয়া কৰাৰ ফলত পাৰিপাশ্বিক অসমতাৰ সৃষ্টি কৰিছে। বানপানীত উটি অহা জীৱ-জন্তু আনকি মানুহৰ মৃত দেহবোৰ গেলি-পচি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰে। এইবোৰৰ কাৰণেই বানপানীৰ পাছত অঞ্চলসমূহত নানা বীজাণুৰ সৃষ্টি হৈ  মহামাৰী ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটি যথেষ্ট সংখ্যক মানুহৰ মৃত্যু হয়।

সুফল : বহুতো কুফলৰ লগতে বানপানীৰ কিছুমান সুফলো আছে। তাৰ ভিতৰত পানীয়ে কঢ়ি য়াই অনা পলসে খেতি-পথাৰত শস্যৰ পৰিমাণ বৃদ্ধি কৰে আৰু নদীৰ ওচৰৰ জলাশয়সমূহত পানী সোমাই মাছ আদি বৃদ্ধি কৰে।

প্রতিৰোধ আৰু ব্যৱস্থাপনা : বানপানী প্রতিৰোধৰ ব্যৱস্থাসমূহ তলত আলোচনা কৰা হৈছে।

(১) নদীৰ দুয়োপাৰে সুউচ্চ মথাউৰি নিৰ্মাণ কৰিব লাগে যাতে নদীৰ পানী সহজতে উপচি পৰি সমতললৈ আহিব নোৱাৰে৷

(২) নদীসমূহ খান্দি দ কৰিব লাগে যাতে অতিৰিক্ত পানী নদীৰ বুকুতে ৰৈ যায়। ।

(৩) নদীত বান্ধ দি নদীৰ পানীৰ গতিবেগ নিয়ন্ত্ৰণ কৰি বান্ধত জমা হৈ থকা পানীখিনি নিয়ন্ত্ৰণ বেগেৰে এৰি দিব লাগে ৷

(৪) পাহাৰীয়া অঞ্চলত বনানী ধ্বংস ৰোধ কৰিব লাগে আৰু নদীৰ কাষে কাষে পৰ্য্যপ্ত পৰিমাণৰ বৃক্ষৰোপন কৰিব লাগে। 

(৫) সঠিকভাৱে জলবিভাগক পৰিচালনা আঁচনি গ্ৰহণ কৰি অতিৰিক্ত পানীখিনিৰ বিভাজন ঘটাই তাৰ প্রৱলতা হ্ৰাস কৰিব পাৰি ৷

ভূমিকম্প (Earthquake) : কেতিয়াবা পৃথিৱীত হঠাতে হোৱা কম্পনেই হ’ল ভূইকঁপ বা ভূমিকম্প ৷ আন প্ৰাকৃতিক দূৰ্যোগৰ তুলনাত অতি সঘনাই ভূমিকম্প হয় আৰু ভূমিকম্পতেই ক্ষয়-ক্ষতিৰ পৰিমাণ আটাইতকৈ বেছি হয় বাবে পৃথিৱীৰ সকলোতকৈ ধ্বংসকাৰী শক্তি বুলি ইয়াক গণ্য কৰা হয়। এক তথ্য মতে, ভূমিকম্পৰ বাবেই পৃথিৱীত প্ৰতিবছৰে গড়ে দহ হাজাৰ লোকৰ মৃত্যু হয়।

ভূমিকম্পৰ কাৰণ : সাধাৰণতে কম প্ৰাবল‍্যৰ ভূমিকম্পৰ কাৰণসমূহ হৈছে অগ্নিয়গিৰি উদ্গীৰণ, ভূ-স্খলন আদি। এনে ভূমিকম্পই স্থানীয়ভাৱে কম পৰিমাণত কোনো এটুকুৰা ঠাই জোকাৰি যায়। কিন্তু বেছি প্ৰাবল‍্যৰ ভূমিকম্পৰ কাৰণ হিচাপে আধুনিক তত্ত্বই ফলক বিৱৰ্তন নামৰ এটা তত্ত্ব ব্যাখ্যা কৰিছে। এই তত্ত্বই পৃথিৱীৰ উপৰিভাগক বৃহৎ বৃহৎ সাতখন ফলকত বিভক্ত কৰিছে। এই ফলককেইখন বছৰি গড়ে চাৰি বা পাচ ছেঃমিঃ বেগেৰে ঘূৰি থাকে ৷ ইখনৰ ওপৰেদি আনখন গতি কৰি থকা অৱস্থাত দুখন ফলক কেতিয়াবা ঘঁহনি খায় বা কেতিয়াবা দুয়োফালৰ পৰা অহা দুখন ফলকৰ সংঘৰ্ষও হয় বা কাষে কাষে খুন্দা খায়। দুই ফলক সংঘৰ্ষত এখন আনখনৰ তলত সোমাই পৰা অঞ্চলসমূহত ভূমিকম্পৰ প্রৱণতা আটাইতকৈ বেছি। ভূ-পৃষ্ঠৰ ২০-৭০০ কিঃমিঃ গভীৰতাত ভূমিকম্পৰ সৃষ্টি হয় আৰু যাক কোৱা হয় ভূমিকম্প কেন্দ্ৰ (focus) আৰু ভূ-পৃষ্ঠৰ এই কেন্দ্ৰৰপোনে পোনে অৱস্থিত যিটো বিন্দুতে প্রথম ভূমিকম্প অনুভূত হয় তাক কোৱা হয় উপকেন্দ্ৰ (epicentre)। ইণ্ডো  অষ্ট্ৰেলিয়ান আৰু ইউৰেছিয়া নামৰ ফলক দুখনৰ সীমাত অৱস্থিত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্পপ্ৰৱণ অঞ্চল বুলি চিনাক্ত কৰা হৈছে।

ভূমিকম্পৰ পৰিণাম (Effects of Earthquakes) : প্রাকৃতিক দুৰ্য্যোগসমূহৰ ভিতৰত ভূমিকম্পই আটাইতকৈ বেছি ধ্বংস কৰে ৷ ভঁইকপৰ ফলত ঘৰ-দুবাৰ ভাগি স্থাৱৰ-অস্থাৱৰ সম্পত্তি নষ্ট হোৱা, মানুহ তথা জীৱ-জন্তুৰ মৃত্যু, কল-কাৰখানা, বাট-পথ আদি ভাগি পৰা আদি বিভিন্ন ধৰণৰ অনিষ্ট সাধন কৰে৷ ভূমিকম্পৰ ফলত তেলৰ পাইপলাইন ভাগি অগ্নিকাণ্ডৰ সৃষ্টি হ’ব পাৰে৷ ডাঙৰ ডাঙৰ নদীৰ বান্ধ, ভাগি ভূমিকম্পৰ ফলত ভয়ংকৰ বানপানীৰ সৃষ্টি হ’ব পাৰে। ভূমিকম্পৰ ফলত কোনো বৃহৎ অঞ্চল তললৈ বহি যাব পাৰে নাইবা ওপৰলৈ উঠি আহিব পাৰে। গতিকে ক’ব পাৰি যে ভূমিকম্পই যিকোনো মৃহূৰ্ত্ততে কোনো দেশৰ বৃহৎ পৰিমাণৰ অনিষ্ট সাধন  কৰি সমগ্ৰ আৰ্থসামাজিক আৰু পৰিৱেশিক মানৰ অৱনতি ঘটাব পাৰে।

ভূমিকম্পৰ প্রতিৰোধ আৰু ব্যৱস্থাপনা (Prevention and Management) : কিছু সাৱধানতা অৱলম্বন কৰি ভূমিকম্পৰ ফলত হোৱা অনিষ্টৰ পৰিমাণ হ্ৰাস কৰিব পৰা যায়। ভূমিকম্পৰ আগজাননীয়ে ভূমিকম্পৰ ফলত হোৱা অনিষ্টৰ পৰিমাণ যথেষ্ট কমায় যদিও বৈজ্ঞানিকসকলে আজিও সঠিক ৰূপত ভূমিকম্পৰ আগজাননী দিব পৰা নাই৷ ভূমিকম্পপ্ৰৱণ অঞ্চলসমূহ চিনাক্ত কৰি তেনে অঞ্চলসমূহত বসতি নিয়ন্ত্ৰণ কৰিব লাগে ৷

সেই অঞ্চলসমূহৰ ঘৰ-দৃূৱাৰ যাতে সহজে ভাগি নপৰে তাৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে, ঘৰ-দুৱাৰ নিৰ্মাণ কৰিব লাগে। ভূমিকম্পৰ সময়ত ল’ব লগা সাৱধানতাৰ বিষয়ে জনসাধাৰণক অৱগত কৰিও অনিষ্টৰ পৰিমাণ হ্ৰাস কৰিব পৰা যায়। মাটিৰ ব্যৱহাৰৰ উপযুক্ত পৰিকল্পনা আৰু উন্নত ধৰণৰ নিৰ্মান কাৰ্য্যৰদ্বাৰাও ভূমিকম্পৰ পৰা হোৱা ক্ষয়-ক্ষতি হ্ৰাস কৰিব পৰা যায়।

ঘূর্ণী বতাহ (Cyclone) : প্রাকৃতিক দুৰ্য্যোগসমূহৰ ভিতৰত ঘূণা বতাহ হৈছে এক বিধ্বংসীকাৰী পৰিঘটনা। ঘূর্ণী বতাহ হৈছে অতি শক্তিশালী একপ্রকাৰৰ ধুমূহা বতাহ। বায়ুমণ্ডলৰ অত্যন্ত নিম্নচাপলৈ চাৰিওফালৰ উচ্চচাপ অঞ্চলৰ পৰা বায়ু চলি আহোঁতে গঢ় লৈ উঠা বতাহেই হ’ল ঘূর্ণী বতাহ। পৃথিৱীৰ ক্ৰান্তীয় আৰু নাতিশীতোষ্ণ অঞ্চলত ইয়াক পোৱা যায়। বিভিন্ন দেশত ঘূর্ণী বতাহক পৃথক নামেৰে জনা যায়। প্রশান্ত মহাসাগৰৰ উত্তৰ পশ্চিম অঞ্চলত টাইফুন, অষ্ট্ৰলিয়াত উইলকি আৰু বংগোপসাগৰ আৰু আৰৱ সাগৰত ঘূর্ণী বতাহ বা চাইক্ল’ন নামেৰে জনাজাত ৷

 নিম্নচাপ অঞ্চললৈ চাৰিওফালৰ উচ্চচাপৰ পৰা বায়ু প্রবাহিত হোৱাত নিম্নচাপৰ বায়ুসমূহ চক্ৰাকাৰে ঘুৰি ঘূৰি ওপৰলৈ যায়; যাক কোৱা হয় চক্ৰবাৎ বা পকনীয়া। এই চক্রবাতৰ কেন্দ্ৰত চাপ সৰ্বনিম্ন হয় আৰু নিম্নচাপৰ কেন্দ্ৰক প্ৰায় চক্ৰাকাৰ সমচাপ ৰেখাই আগুৰি ধৰি ওপৰলৈ পাক খাই ব’বলৈ ধৰে। এনে চক্ৰবাতৰ ব্যাস ৫০০ ৰ পৰা ৬০০ কিলোমিটাৰ আৰু পৃষ্ঠৰ পৰা ১২০০০ মিটাৰ উচ্চতালৈ বিস্তৃত হ’ব পাৰে। বতাহৰ গতিবেগ ঘন্টাত ১২০ ৰ পৰা ২০০ কি মি. পৰ্য্যন্ত হয় আৰু এই অত্যধিক গতিবেগেই ইয়াৰ বিধ্বংসী ৰূপটোৰ অন্যতম কাৰণ।

 পৰিণাম : ঘূর্ণী বতাহ এক প্রাকৃতিক দুৰ্য্যোগ ৷ গতিকে মানুহৰ পক্ষে এই বতাহ  ৰোধ কৰাটো সম্ভৱপৰ নহয় ৷ কিন্তু ঘূৰ্ণী বতাহৰ আগজাননীৰ দ্বাৰাসাৱধানতা অৱলম্বন কৰি এই বতাহৰ ক্ষয়-ক্ষতি কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি। ক্ৰমে ধুমুহাৰ আগজাননীৰ বাবে ভাৰতীয় বতৰবিজ্ঞান বিভাগে কলকাতা, মুম্বাই, চেন্নাই, বিশাখাপট্টনম আদি ঠাইত শক্তিশালী ৰাডাৰ স্থাপন কৰিছে। কৃত্ৰিম উপগ্ৰহৰ সহায়তো ঘূর্ণী বতাহৰ আগজাননী পাব পাৰি৷ কৃত্ৰিম উপগ্ৰহৰ পৰা বতাহৰ গতিবেগ, অৱস্থান আদিৰ বিষয়ে অধ্যয়ন কৰি ধুমুহাৰ আগজাননী দিব পাৰে। ধুমুহাত ক্ষয়-ক্ষতিৰ পৰিমাণ কমাবলৈ ঘৰ-দুৱাৰসমূহ যাতে ধুমুহাই আক্ৰান্ত কৰিব নোৱাৰে তাৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে গৃহ নিৰ্মাণ কৰিব লাগে । ধুমুহা হোৱাৰ সম্ভাৱনা থকা ঠাইসমূহৰ পৰা আগতীয়াকৈ মানুহ আৰু জীৱ-জন্তু ইত্যাদি কোনো নিৰাপদ স্থানলৈ লৈ যাব লাগে ৷ সাগৰ পৃষ্ঠৰ পৰা অহা পানীয়ে যাতে বানপানীৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে মথাউৰি নিৰ্মাণ কৰিব লাগে।

ভূমিস্খলন (Landslide) : পাহাৰীয়া ওখ ঢাল থকা ঠাইৰ পৰা শিল, বালি, মাটি, শিলাখণ্ড আদি প্রচুৰ পৰিমাণে তীব্ৰগতিত খহি পৰাকে ভূমিঙ্খলন বোলে৷ এনেদৰে হঠাতে ‘বাগৰি অহা ভূমিখণ্ডই নিন্ন অঞ্চলৰ ঘৰ-দূৱাৰ ধ্বংস কৰাৰ লগতে জীৱ-জন্তু আৰু মানুহৰ প্ৰাণলৈ বিস্তৰ ক্ষতিসাধন কৰে।

ভূমিস্খলনৰ  কাৰণ (Causes of Landslide) : ৰাসায়নিক ক্ৰিয়া বা গছ-গছনি আৰু জীৱ-জন্তু আৰু মানুহৰ কাৰ্য্যকলাপৰ বাবেই বৰ্তমানে ভূমিস্খলনৰ পৰিমাণ বাঢ়ি গৈছে। অতিমাত্ৰাত বৰষুণ বা বৰফৰ গলনৰ বাবে প্রধানতঃ ভূমিস্খলন হয়। পাহাৰীয়া অঞ্চলত জুম খেতি আৰু জনবসতি বৃদ্ধিৰ বাবে যধে-মধে গছ-গছনি কটাটোও ভূমিঙ্খলনৰ এটা অন্যতম কাৰণ । গছ-গছনিৰ শিপাই ভূমিভাগ খামুচি ধৰি ৰাখে। ভূমিকম্পৰ কাৰণেও বৃহৎ ভূমিস্খলন হয়। গতিশীল পানী, বতাহ, মাধ্যাকৰ্ষণীয় ত্বৰন সাগৰৰ ঢৌৰ বাবেও ভূমিস্খলন হব পাৰে।

পৰিণাম (Effect of Landslide) : ভূমিস্খলনে বিভিন্ন সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে। ইয়াৰ প্ৰৱলতা লৈ ইয়াৰ পৰিনামসমূহো বেলেগ বেলেগ৷ ভূমিস্খলনৰ  ফলত নিম্নভূমিত থকা জীৱ-জন্তু, মানুহ, ঘৰ-দূৱাৰ, সা-সম্পত্তি আদি শিল আৰু ভূমিখণ্ডই পুতি পেলাব পাৰে। একোটা প্রকাণ্ড ভূমিস্খলনে একোটা বৃহৎ অঞ্চলৰ ঘাই পথ আদি ঢাকি যাতায়াতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে; আকৌ কেতিয়াবা ভূমিস্খলনৰ সৃষ্টি হোৱা অঞ্চলত একোটা হ্ৰদ সৃষ্টি কৰিব পাৰে। আকৌ কেতিয়াবা একোখন ডাঙৰ নদীও ভূমিস্খলনৰ পৰা বন্ধ হৈ যাব পাৰে।

ভূমিস্খলনৰ প্রতিৰোধ (Control of Landslide) : ভূমিস্খল এক প্রাকৃতিক দুৰ্যোগ গতিকে ইয়াক নিৰাময় কৰাটো সম্ভৱ নহয়, কিন্তু অলপ সচেতন হ’লে ইয়াক কিছু পৰিমাণে হ্ৰাস বা প্ৰতিৰোধ কৰিব পৰা যায়। পাহাৰীয়া অঞ্চলত বনানীকৰণৰ যোগেদি গছ-গছনিৰ সংখ্যা বৃদ্ধি কৰিব লাগে যাতে গছৰ শিপাই ভূমিখণ্ড খামোচ মাৰি ধৰি থাকে। তদুপৰি খহনীয়া ৰোধ কৰিবৰ বাবে পকাৰ বান্ধ বা গোজ দিব লাগে, যাতে ভূমিখণ্ড তললৈ খহি আহিব নোৱাৰে | অত্যাধিক বৰষুণ হ’লে যাতে পাহাৰৰ সমতল অঞ্চলত পানী জমা হৈ ভূমিভাগ কোমল কৰিব নোৱাৰে তাৰ বাবে নলা খান্দি বৰষুণৰ পানী তলৰ নদীত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে ৷ যি স্থানত ভূমিস্খলন হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে, তেনে অঞ্চলত মানুহক বসবাস কৰিবলৈ দিব নালাগে৷ তেনে অঞ্চলত বসবাস কৰি থকা কলোকক অলপ বেছি বৰষুণ দিলেই তাৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব লাগে।

Multiple choice objective type questions

(১) সামূহিকভাৱে প্রদূষকবোৰক ভগাব পাৰি-

(ক) প্রাকৃতিক প্রদূষক আৰু মানৱ কাৰ্য্যকলাপ প্রসৃত

(খ) প্রাকৃতিক প্রদূষক আৰু ভূমিকম্পজনিত

(গ) মানৱ কাৰ্য্যকলাপ প্রসূত আৰু বানপানী জনিত

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) প্রাকৃতিক প্রদূষক আৰু মানৱ কাৰ্য্যকলাপ প্রসৃত।

(২) মিনামাটা বেমাৰৰ কাৰণ –

(ক) পাৰা        

(খ) চডিয়াম 

(গ) আৰ্চেনিক   

(ঘ) লেড

উত্তৰঃ (ক) পাৰা।

(৩) পানী প্রদূষণৰ মূল কাৰক হ’ল –

(ক) এম’নিয়া       

(খ) কাৰ্বন -ডাই-অক্স ৷

(গ) ঔদ্যোগিক আৱৰ্জনা 

(ঘ) বানপানী

উত্তৰঃ (গ) ঔদ্যোগিক আৱৰ্জনা।

(৪) ভাৰতত নিউক্লীয় ৰিয়েক্টৰ থকা ঠাই –

(ক) গুৱাহাটী     

(খ) তাৰাপুৰ

(গ) ভূপাল     

(ঘ) দিল্লী

উত্তৰঃ (খ) তাৰাপুৰ।

(৫) প্ৰদূষণৰ উৎসৰণ বেছি দূৰ ব্যাপ্ত নহৈ পৰিৱেশীয় অধেগমন কোনো এক এলেকাত ঘাইকৈ আবদ্ধ হৈ থাকিলে তাক বোলা হয় –

(ক) আঞ্চলিক প্রদূষণ    

(খ) স্থানীয় প্রদূষণ

(গ) গোলকীয় প্রদূষণ    

(ঘ) মহাজাগতিক প্রদূষ

উত্তৰঃ (খ) স্থানীয় প্রদূষণ।

(৬) আৰ্চেনিক প্রদূষণৰ দ্বাৰা আক্ৰান্ত ভাৰতৰ এখন ৰাজ্যৰ নাম-

(ক) পশ্চিমবংগ    

(খ) ভূপাল 

(গ) মহাৰাষ্ট্ৰ         

(ঘ) কেৰেলা

উত্তৰঃ (ক) পশ্চিমবংগ।

(৭) অষ্ট্ৰেলিয়াত ঘূর্ণীবতাহক জনা হয়-

(ক) হাৰিকেন       

(খ) টাইফুন

(গ) উইলী উইলীজ  

(ঘ) ঘূর্ণীবতাহ

উত্তৰঃ (গ) উইলী উইলীজ।

(৮) কাৰ্বাইল নামৰ কীটনাশক দ্ৰব্য তৈয়াৰ কৰিবলৈ ব্যৱহাৰ হয়-

(ক) মিথেইন আইচ’ছায়ানেট

(খ) ভিনাইল ক্লে’ৰাইড

(গ) হাইড্ৰ’জেন ছালফাইড

(ঘ) ছালফাৰ ডাই অক্সাইড

উত্তৰঃ (ক) মিথেইন আইচ’ছায়ানেট।

(৯) অ-‘জ’নস্তৰ পাতল হৈ পৰাত সহায় কৰা গেছবিধৰ নাম –

(ক) হাইড্ৰ’জেন ছালফাইড

(খ) কাৰ্বন ম’নস্কাইড

(গ) হাইড্ৰ’ক্লৰিক এচিড

(ঘ) ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন

উত্তৰঃ (ঘ) ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন।

(১০) মিনামাটা ৰোগৰ সৃষ্টিৰ কাৰণ –

(ক) মাৰ্কিউৰী প্রদূষণ

(খ) কেডমিয়াম প্ৰদূষণ

(গ) ছালফাৰ ডাই অক্সাইড

(ঘ) কাৰ্বন-ম’ন’স্কাইড প্ৰদূষণ

উত্তৰঃ (ক) মাৰ্কিউৰী প্রদূষণ।

(১১) ফ্ল’ৰ’ছিছ বেমাৰৰ কাৰণ-

(ক) আৰ্ছেনিক    

(খ) কেডমিয়াম

(গ) মাৰকিউৰি     

(ঘ) ফ্লৰিণ

উত্তৰঃ (ঘ) ফ্লৰিণ।

(১২) ভূমিকম্প উৎপত্তি হোৱা স্থানক বুজোৱা হয়-

(ক) কেন্দ্ৰ      

(খ) উপকেন্দ্ৰ

(গ) অতিকেন্দ্ৰ   

(ঘ) অপকেন্দ্ৰ

উত্তৰঃ (ক) কেন্দ্ৰ।

(১৩) ভূমিকম্পৰ কেন্দ্ৰৰ পোনে পোনে অৱস্থিত যিটো বিন্দুত প্রথম ভূমিকম্প অনুভূত হয় তাক কোৱা হয় –

(ক) কেন্দ্ৰ    

(খ) উপকেন্দ্ৰ

(গ) অতিকেন্দ্ৰ     

(ঘ) অপকেন্দ্ৰ

উত্তৰঃ (খ) উপকেন্দ্ৰ।

(১৪) ভূমিকম্পৰ প্রাৱল্য জোখা স্কেলডালক কোৱা হয় –

(ক) ডেচিবেল     

(খ) ৰিখটাৰ স্কেল

(গ) হাৰ্টজ     

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৰিখটাৰ স্কেল।

(১৫) Montreal protocol ত স্বাক্ষৰ কৰিছিল –

(ক) ৩৪ খন দেশে     

(খ) ৩৫ খন দেশে

(গ) ৪৪ খন দেশে      

(ঘ) ৪৫ খন দেশে

উত্তৰঃ (ক) ৩৪ খন দেশে।

(১৬) Montreal protocol ৰ উদ্দেশ্য আছিল –

(ক) CO হ্ৰাস কৰা

(খ) CFC হ্ৰাস কৰা

(গ) H S হ্ৰাস কৰা 

(ঘ) SO হ্ৰাস কৰা

উত্তৰঃ (খ) CFC হ্ৰাস কৰা।

(১৭) WHO ৰ মতে, কোনো চহৰত কোলাহলৰ নিৰাপদ সীমা –

(ক) 45 dB     

(খ) 47 dB

 (গ) 60 dB      

(ঘ) 75 dB

উত্তৰঃ (ক) 45 dB

(১৮) তলৰ কোনটো মানৱ প্ৰসূত নিউক্লিয় প্ৰদূষণ নহয়-

(ক) নিউক্লিয়েৰ তাপ বিদ্যুত কেন্দ্ৰ

(খ) তেজষ্ক্ৰিয় আৱৰ্জনা

(গ) নিউক্লিয় বিস্ফোৰণ

(ঘ) তেজষ্ক্ৰিয় আকৰ

উত্তৰঃ (ঘ) তেজষ্ক্ৰিয় আকৰ।

(১৯) বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মতে, ভূগৰ্ভত পানীত থাকিবলগীয়া আৰ্চেনিকৰ পৰিমাণ প্রতি লিটাৰ পানীত- 

(ক) ০.০১ মিলিগ্ৰাম 

(খ) ০.০২ মিলিগ্ৰাম

(গ) ০.০৪ মিলিগ্ৰাম 

(ঘ) ০.০৫ মিলিগ্ৰাম

উত্তৰঃ (ঘ) ০.০৫ মিলিগ্ৰাম।

(২০) যিবিলাক গোটা আৱৰ্জনাক অণুজীৱ বিলাকে অৱক্ষয় কৰিব নোৱাৰে সেইবিলাক আৰৱৰ্জনা-

(ক) জৈৱক্ষয়ী আৱৰ্জনা 

(খ) অজৈৱক্ষয়ী আৱৰ্জনা

(গ) জৈৱিক আৱৰ্জনা 

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অজৈৱক্ষয়ী আৱৰ্জনা।

(২১) ভূপালৰ গেছ দুৰ্ঘটনা সংঘটিত হৈছিল –

(ক) ১৯৮৪ চনৰ ৩ ডিচেম্বৰত

(খ) ১৯৪৮ চনৰ ২৫ অক্টোবৰত

(গ) ১৯৫০ চনৰ ৫ জানুৱাৰীত

(ঘ) ১৯৮৬ চনৰ ২৫ অক্টোবৰত

উত্তৰঃ (ক) ১৯৮৪ চনৰ ৩ ডিচেম্বৰত।

(২২) প্ৰাকৃতিক আৰুকিছুমান কৃত্ৰিম কাৰণত ভূ-পৃষ্ঠৰ ভূমিকম্পৰ সৃষ্টি হ’লে তাক বোলা হয়-

(ক) অবিৱৰ্তনিক ভূমিকম্প

(খ) বিৱৰ্তনিক ভূমিকম্প

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অবিৱৰ্তনিক ভূমিকম্প।

(২৩) অতি প্ৰাৱল্যৰ ভূমিকম্প সৃষ্টি হৈছিল –

(ক) চিলিত        

(খ) জাপানত

 (গ) পশ্চিমবংগ       

(ঘ) ভূপাল

উত্তৰঃ (ক) চিলিত।

(২৪) চাৰ্ণ’বিল আণৱিক দূৰ্ঘটনা সংঘটিত হৈছিল –

(ক) ইউক্ৰেনত     

(খ) জাপানত

(গ) চিলিত        

(ঘ) ভূপালত

উত্তৰঃ (ক) ইউক্ৰেনত।

(২৫) চাৰ্ণবিল আণৱিক বিপৰ্য্যয় সংঘটিত হৈছিল –

(ক) ১৯৮৪ চনৰ ৩ ডিচেম্বৰত

(খ) ১৯৮৬ চনৰ ২৬ এপ্রিলত

(গ) ১৯৫০ চনৰ ৫ জানুৱাৰীত

(ঘ) ১৯৪৮ চনৰ ২৫ অক্টোবৰত

উত্তৰঃ (খ) ১৯৮৬ চনৰ ২৬ এপ্রিলত।

(২৬) বিভিন্ন বিষাক্ত গেছ, যেনে – কাৰ্বন-ডাই-ম’নস্কাইড (CO), নাইট্ৰছ অক্সাইড (NO), নাইট্ৰ’জেন ডাই অক্সাইড (NO2) অ’জ’ন (O3) ইত্যাদি আদাহীত হাইড্ৰ’কাৰ্বন, ধোঁৱা আদিৰ দ্বাৰা বায়ু আক্ৰান্ত হোৱাকে –

(ক) পানী প্রদূষণ     

(খ) মাটি প্রদূষণ 

(গ) বায়ু প্রদূষণ      

(ঘ) শব্দ প্রদূষণ

উত্তৰঃ (গ) বায়ুপ্রদূষণ।

২৭ ৷ প্রদূষকৰ প্রকাৰ–

(ক) মানুহৰ দ্বাৰা সৃষ্ট

(খ) প্রাকৃতিকভাৱে সৃষ্ট

(গ) ‘ক’ আৰু ‘খ’ দুয়োটাই শুদ্ধ 

(ঘ) এটাও শুদ্ধ নহয়

উত্তৰঃ (গ) ‘ক’ আৰু ‘খ’ দুয়োটাই শুদ্ধ।

২৮ ৷ বিশ্ব বন দিৱস পালন কৰা হয়-

(ক) জানুৱাৰী ২১    

(খ) মাৰ্চ ২১

(গ) মাৰ্চ ২২         

(ঘ) এপ্ৰিল ১২

উত্তৰঃ (খ) মাৰ্চ ২১

(২৯) বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ-

(ক) মটৰ গাড়ীৰ ব্যৱহাৰ কম  

(খ) ফিল্টাৰ বা চেকনি ব্যৱহাৰ

(গ) বৃক্ষ ৰোপণ   

(ঘ) ওপৰৰ সকলোবোৰ

উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰ।

(৩০) পানী প্ৰদূষণৰ কাৰণ—

(ক) উদ্যোগীকৰণ 

(খ) ভূ-গৰ্ভস্থ জলৰ প্রদূষণ

(গ) কৃষিৰ আধুনিকীকৰণ 

(ঘ) ওপৰৰ সকলোবোৰ

উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰ।

(৩১) মাটি প্রদূষণৰ কাৰণ—

(ক) জনসংখ্যা বৃদ্ধি 

(খ) বানপানী

(গ) এচিড বৰষুণ  

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ঘ) ওপৰৰ এটাও নহয়।

(৩২) কাৰ্বন মন’ক্সাইড প্রদূষণৰ প্রধান উৎস–

(ক) তাপ শক্তি প্রকল্প   

(খ) শিলৰ কুৱেৰী

(গ) উদ্যোগ      

(ঘ) যানবাহনৰ ইঞ্জিন

উত্তৰঃ (গ) উদ্যোগ। 

(৩৩) বায়ুত অক্সিজেনৰ পৰিমাণ —

(ক) ২২ শতাংশ    

(খ) ২০.৯৫ শতাংশ

(গ) ৪০ শতাংশ    

(ঘ) ৫০ শতাংশ

উত্তৰঃ (খ) ২০.৯৫ শতাংশ।

(৩৪) বায়ুত নাইট্ৰজেনৰ পৰিমাণ-

(ক) ২১ শতাংশ     

(খ) ২৫ শতাংশ

(গ) ৪০ শতাংশ     

(ঘ) ৫০ শতাংশ

উত্তৰঃ (ঘ) ৫০ শতাংশ।

(৩৫) বায়ু প্ৰদূষণৰ প্রধান উৎস হ’ল –

(ক)  তাপ বিদ্যুৎ প্রকল্প    

(খ) জানবাহন 

(গ) উদ্যোগ      

(ঘ) মুক্ত খনন

উত্তৰঃ (গ) উদ্যোগ।

(৩৬) তলত উল্লেখ কৰা কোনটো ভাৰতৰ ঘৰুৱা বায়ু প্ৰদূষণ?

(ক) কাৰ্বন      

(খ) নাইট্ৰ’জেন

(গ) অ’জন     

(ঘ) নিয়ম

উত্তৰঃ (ক) কাৰ্বন।

(৩৭) কোনটো গেছ সেউজ গৃহ গেছ নামে জনাজাত?

(ক) কাৰ্বন ডাই অক্সাইড   

(খ) মিথেন

(গ) জলী বাষ্প   

(ঘ) নাইট্ৰ’জেন

উত্তৰঃ (খ) মিথেন।

(৩৮) ভূমিকম্পৰ কাৰণ হল-

(ক) বানপানী   

(খ) বৰফৰ প্ৰকাণ্ড টুকুৰাৰ স্খলন

(গ) ভূমিস্খলন  

(ঘ) ‘খ’ আৰু ‘গ’ দুয়োটাই

উত্তৰঃ (ঘ) ‘খ’ আৰু ‘গ’ দুয়োটাই।

(৩৯) ভাৰতৰ বানপানী প্ৰৱল ৰাজ্য হ’ল-

(ক) চিকিম    

(খ) অসম

(গ) বিহাৰ     

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অসম।

(৪০) গোটা আৱৰ্জনাৰ উৎস-

(ক) বনানীকৰণ   

(খ) উদ্যোগিকৰণ

(গ) জনসংখ্যা বৃদ্ধি  

(ঘ) ওপৰৰ সকলোবোৰ শুদ্ধ

উত্তৰঃ (গ) জনসংখ্যা বৃদ্ধি।

(৪১) আৱৰ্জনাৰ প্ৰকাৰ-

(ক) জৈৱ ক্রমক্ষয় যুক্ত  

(খ) জৈৱ ক্রমক্ষয়হীন যুক্ত

(গ) দুয়োটাই শুদ্ধ   

(ঘ) ‘ক’ শুদ্ধ আৰু ‘খ’ অশুদ্ধ

উত্তৰঃ (গ) দুয়োটাই শুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top