Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা

Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা Question Answer can be of great value to excel in the examination.

Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা

Join Telegram channel

Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা Notes cover all the exercise questions in UGC Syllabus. Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৮। পৰিৱেশ সংৰক্ষণত স্বেচ্ছাসেৱী সংগঠনৰ ভূমিকা কি?

উত্তৰঃ কোনো সামূহিক কল্যাণকামী সেৱা সম্পন্ন কৰিবলৈ কিছুসংখ্যক লোকে সংগঠিত হৈ কাম কৰিলে, সেই সংগঠনক স্বেচ্ছাসেৱী সংগঠন বোলা হয়। এনে স্বেচ্ছাসেৱী সংগঠন দুই প্ৰকাৰৰ।

বৈতনিক স্বেচ্ছাসেৱী সংগঠন আৰু অবৈতনিক স্বেচ্ছাসেৱী সংগঠন। যেতিয়া স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ সেৱাৰ বিনিময়ত মাননি বা পাৰিশ্ৰমিক গ্রহণ কৰে, তেনে সংগঠন বৈতণিক স্বেচ্ছাসেৱী সংগঠন ৷ আনহাতে যিবোৰ স্বেচ্ছাসেৱী সংগঠনে সেৱাৰ বিনিময়ত কোনো বেতন গ্ৰহণ নকৰে, তেনে স্বেচ্ছাসেৱী সংগঠনক অবৈতনিক স্বেচ্ছাসেৱী সংগঠন বোলে।

পৰিৱেশ সংৰক্ষণৰ বাবে আমাৰ দেশত ভালেমান স্বেচ্ছাসেবী সংগঠন আছে। অসমত অৰণ্য সুৰক্ষা সমিতি, অসম, নেচাৰ্ছ বেকন, আৰণ্যক নেচাৰ্ছ ক্লাব আদিয়ে ৰাজ্যখনৰ প্রকৃতি আৰু পৰিৱেশ সম্পৰ্কে যথেষ্ট কাম-কাজ চলাই আছে। অৰণ্য সুৰক্ষা সমিতি, অসমৰ উঠৰখন শাখাই তিনিচুকীয়া জিলাৰ পৰা কোকৰাঝাৰলৈকে বনাঞ্চল সংৰক্ষণৰ লগতে পৰিৱেশ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ, গৱেষণা, পৰিৱেশ তথ্যৰ প্ৰকাশ, ৰাজ্যখনক পৰিৱেশ ৰাজ্য হিচাপে ঘোষণা কৰাৰ বাবে জনমত গঠন কৰা; পৰিৱেশ বিশ্ববিদ্যালয় আৰু পৰিৱেশ আদালত স্থাপনৰ বাবে জনমত গঠন কৰা, গছ-বিহু, কাতি বিহু, পৰিৱেশ দিৱ ধৰিত্ৰী দিৱস আদি অনুষ্ঠিত কৰাৰ দ্বাৰা পৰিৱেশ সংৰক্ষণৰ ক্ষেত্রত দৃঢ় পদক্ষেপ হাতত লৈছে। সমিতিয়ে পৰিৱেশ ধ্বংসমূলক কাৰ্য বা দুৰ্নীতি আদিৰ বিৰুদ্ধে আদালতত আইনী যুদ্ধতো অৱতীৰ্ণ হৈছে। 

দৰং জিলাৰ ওৰাং বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ দাবীত সমিতিয়ে ১৯৯৬-৯৮ চনলৈকে নেৰানেপেৰাকৈ আন্দোলন চলাই গৈছিল। বৰ্তমান মহামায়া বনাঞ্চলক অভয়াৰণ্য ঘোষণাৰ দাবী জনাই আহিছে। সমিতিয়ে পত্ৰিকা ‘অৰণ্য’ আৰু গ্ল’বেল ৰিচাৰ্ছ মেথোডোল’জি জাৰ্নেল’ (www.grm grlarany. Com ) প্রকাশ কৰি আহিছে। নেচাৰ্ছ বেকনে সোণালী বান্দৰৰ ৰম্যভূমি চক্ৰশিলা বনাঞ্চলক অভয়াৰণ্য ঘোষণা কৰাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ বৰঙনি আগবঢ়াইছে। সংগঠনটোৱে পৰিবেশ সজাগতা শিবিৰ, পৰিৱেশ বিষয়ক গৱেষণা, প্রকল্পমূলক কৰ্মৰাজিৰ লগতে প্রয়োজন সাপেক্ষে আইনী যুঁজতো অৱতীৰ্ণ হৈছে। সংগঠনটোৱে পক্ষী গণনা আৰু গৱেষণাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। আৰণ্যক নেচাৰ্ছ ক্লাবে অসমৰ অৰণ্যসমূহৰ গৱেষণা, প্ৰসাৰ, সীমা নিৰ্ধাৰণ আদিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিছে। প্ৰকৃতিৰ মাজত বিপদণগ্ৰস্ত অৱস্থাত পোৱা বন্যপ্ৰাণীৰ চিকিৎসা প্রদানৰ জৰিয়তে সুস্থ কৰি তোলা আৰু সংৰক্ষণ কৰাৰ বাবে আৰণ্যক নেচার্ছ ক্লাবে কাজিৰঙাকে ধৰি কেইবাখনো বনাঞ্চলত ‘উদ্ধাৰ কেন্দ্ৰ’ স্থাপন কৰিছে। বন বিভাগৰ কেইবাটাও প্রকল্প আৰু অভিযানৰ লগত আৰণ্যক নেচাৰ্ছ ক্লাব জড়িত হৈ আছে।

ৰাষ্ট্ৰীয় পৰ্বায়ত চি এছ ই বা চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট নামৰ সংগঠনটোৱে পৰিৱেশ বিষয়ত ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰি আছে। ‘ডাউন টু আৰ্থ’, তেওঁলোকে প্রকাশ কৰা এখন উল্লেখযোগ্য আলোচনী। প্ৰকৃতি পৰিৱেশ আৰু আইন আদি সম্পৰ্কীয় ভালেমান পুথি-পাঁজিও এই সংগঠনটোৱে প্ৰকাশ কৰিছে। মানেকা গান্ধী নেতৃত্বাধীন পিপলছ ফৰ এনিমেল আন এক ৰাষ্ট্ৰীয় পৰিৱেশ সংগঠন।

পৰিৱেশ সংৰক্ষণৰ বাবে বিশ্ব পৰ্যায়ৰ স্বেচ্ছাসেৱী সংগঠনো আছে। ডব্লিউ ডব্লিউ এফ বা ব’ৰ্ল্ড ৰাইড ফাণ্ড ফৰ নেচাৰ তেনে এক সংগঠন। এই সংগঠনে বিশ্বৰ বিভিন্ন ঠাইত পৰিৱেশ প্ৰকৃতিৰ গৱেষণা আৰু সচেতনতামূলক কাম-কাজ কৰি আছে।

উল্লিখিত উদাহৰণসমূহৰ দৰে আমাৰ  ৰাজ্য, দেশ বা পৃথিৱীত সহস্ৰাধিক পৰিৱেশ আৰু প্ৰকৃতি মূলক স্বেচ্ছাসেৱী সংগঠনে কাম কৰি আছে। এনে সংগঠনবিলাকৰ সক্ৰিয়তাৰ বাবেই এতিয়াও  পৃথিৱীৰ প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষিত হৈ আছে। এনে সংগঠনৰ সক্ৰিয়তা যিমানেই বেছি হ’ব, পৰিৱেশ সংৰক্ষণৰ প্ৰক্ৰিয়াও সিমানেই দৃঢ় হ’ব। চৰকাৰৰ তৰফৰ পৰা এনে ভালেমান স্বেচ্ছাসেৱী সংগঠনক আৰ্থিক সাহায্যও আগবঢ়োৱা হৈছে। 

৯। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ঘৰুৰা আবৰ্জনাসমূহৰ ব্যৱস্থাপনা কিদৰে কৰা উচিত?

উত্তৰঃ আৱৰ্জনা মানে হৈছে ব্যৱহাৰৰ বাবে অনুপযোগী দ্ৰব্য। আমি নানা কামত ব্যৱহাৰৰ বাবে অনা সামগ্ৰীবোৰৰ সকলোখিনি ব্যৱহাৰ নকৰো। যিখিনি আমি ব্যৱহাৰ কৰো তাৰ লগত অতিৰিক্তভাবে অহা দ্রব্যখনি আমি পেলাই দিওঁ। আনহাতে আমি ব্যৱহাৰ কৰা সামগ্ৰীবোৰৰো যেতিয়া ইয়াৰ ব্যৱহাৰিক উপযোগিতা নোহোৱা হয়, তেতিয়াও ই আবৰ্জনা হৈ পৰে। আবৰ্জনাক আমি আঁতৰাই দিয়াটোকে উত্তম বুলি ভাবো ৷ উদাহৰণস্বৰূপে, শাক-পাচলিৰ বাকলি, মল-মূত্ৰ, বস্তু টোপোলাই অনা পেকেট, পলিথিন, কাগজ, সৰা গছপাত, ব্যৱহাৰৰ অনুপযোগী হৈ পৰা জোতা-চেণ্ডেল, চোলা-কাপোৰ, মামৰে ধৰা পুৰণি লোহাৰ সামগ্ৰী, পুৰণি হৈ পৰা প্লাষ্টিকৰ চকী, টেবুল আদি, থোঙা, ফুটা বাল্টি ইত্যাদিয়েই হৈছে আবৰ্জনা। এনে আবৰ্জনা কেতবোৰ হৈছে জৈৱিক আৱৰ্জনা। আনহাতে কেতবোৰ আবৰ্জনা অজৈৱিক। জৈৱিক আবৰ্জনাবোৰ পঁচি যায় বাবে ইয়াক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। আনহাতে অজৈৱিক আবৰ্জনাক পুনৰ ব্যৱহাৰৰ বাবে নতুনকৈ সজাই ল’বও পাৰি। এনেদৰে আমি আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনাৰে অৰ্থনৈতিকভাৱে লাভৱান হ’ব পাৰো বা পৰিবেশো সুৰক্ষিত কৰিব পাৰো।

আবৰ্জনা পুনৰ আৱৰ্তন: আবৰ্জনাক ব্যৱহাৰ উপযোগী দ্ৰব্যলৈ ৰূপান্তৰিত কৰাকে পুনৰাৱৰ্তন বোলে। যেনে- পাচলি বাকলি। পাচলিৰ বাকলি এটা গাঁতত জমা কৰি, গাঁতটো ভৰ্তি হোৱাৰ পাছত কিছুদিন পুতি থ’লে ই সাৰলৈ ৰূপান্তৰিত হয়। ইয়াক সাৰ হিচাপে ব্যৱহাৰ কৰি আমি অধিক পাচলি উৎপাদনৰ কামত ব্যৱহাৰ কৰিব পাৰো। এয়ে পুনৰাৱৰ্তন।

পুনৰ ব্যৱহাৰ: আনহাতে পুনৰ ব্যৱহাৰৰ উদাহৰণ হৈছে পলিথিনৰ থোঙাৰ পুনঃ পুনঃ ব্যৱহাৰ । আমি পলিথিনৰ মোনা এটা কেইবাবাৰো ব্যৱহাৰ কৰিব পাৰো। এনেদৰে ব্যৱহাৰ কৰি আমি আবৰ্জনা নিয়ন্ত্ৰণ কৰিব পাৰো। একেদৰে, ফটা পেণ্টৰ ঠেং দুখন কাটি বজাৰ কৰা মোনা সাজি ল’ব পাৰি। মাছ বা পাচলি আদি পলিথিনৰ থোঙাত নানি, এনেদৰে সাজি লোৱা মোনাত আনিব পাৰি। দেখাত পুৰণি হৈ পৰা বহুতো বস্তু নতুনকৈ ব্যৱহাৰ উপযোগী কৰি ল’ব পৰা যায়। পুনৰ ব্যৱহাৰ আৰু পুনৰ আৱৰ্তনৰ পাৰ্থক্য এইখিনিতেই যে পুনৰাৱৰ্তনত দ্রব্যৰ ৰাসায়নিক গুণৰ পৰিবৰ্তন হয়। কিন্তু পুনৰ ব্যৱহাৰৰ ক্ষেত্ৰত ইয়াৰ ৰূপৰহে পৰিবৰ্তন হয়, দ্রব্যৰ ৰাসায়নিক গুণৰ কোনো পৰিবৰ্তন নহয়।

১০। বায়ু (Air) কি?

উত্তৰঃ বায়ু হৈছে কেতবোৰ গেছৰ মিশ্ৰণ ৷ এগৰাকী প্ৰাপ্তবয়স্ক লোকে দিনে ২২ কিলোগ্ৰাম বায়ু সেৱন কৰে। পৃথিৱীক আগুৰি থকা আৱৰণটোৱে হ’ল বায়ুমণ্ডল ৷ ইয়াত শতকৰা 78.09 ভাগ নাইট্ৰজেন, 20.94 ভাগ অক্সিজেন, 0.03 ভাগ কাৰ্বন-ডাই-অক্সাইড আৰু বাকী অংশ আৰ্গন, হিলিয়াম, নিয়ন, অজ’ন আদি দুৰ্লভ গেছৰ লগতে জলীয় বাষ্প আৰু ধুলিকণা থাকে। বায়ুমণ্ডলক প্রধানকৈ চাৰিটা ভাগত ভাগ কৰা হৈছে – 

(1) ট্ৰপ’স্ফিয়াৰ। 

(2) ষ্টৰেট’স্ফিয়াৰ।

(3) মেছ’স্ফিয়াৰ। আৰু 

(4) থাৰ্ম স্ফীয়াৰ। 

ভূপৃষ্ঠৰ গাতে লাগি থকা  স্তৰটো হ’ল ট্ৰপ’স্ফীয়াৰ। ই প্ৰায় এঘাৰ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। ইয়াৰ পিছৰ স্তৰ ষ্ট্ৰেট ‘স্ফীয়াৰ প্ৰায় পঞ্চাশ কিলোমিটাৰ ওপৰলৈ বিস্তৃত। ইয়াৰ ওপৰত থকা স্তৰটোৰ নাম হল মেছ’স্ফীয়াৰ। ই পচাশীকিলোমিটাৰ দূৰলৈ বিস্তৃত। ইয়াৰ ওপৰৰ স্তৰটোক থাৰ্মস্ফিয়াৰ নামকৰণ কৰা হৈছে। ই মেছ’স্ফিয়াৰৰ ওপৰত প্রায় এহেজাৰ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। সূৰ্যৰ বিকিৰণৰ প্রভাৱত এই স্তৰৰ তল ভাগত থকা গেছীয় পদাৰ্থৰ অনু আৰু পৰমাণুবোৰ আহিত [Charged] হৈ আয়ন আৰু ইলেকট্ৰ’নলৈ ৰূপান্তৰিত হয়। সেইবাবে থাৰ্ম’স্ফিয়াৰ স্তৰটোক আয়ন’স্ফিয়াৰ বুলিও কোৱা হয়।

পৃথিৱীৰ জলবায়ু নিয়ন্ত্ৰণত ট্রপ’স্ফিয়াৰে গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ বায়ুমণ্ডলৰ শতকৰা সত্তৰভাগ গেছ এই স্তৰটোত থাকে। মেঘ, বতাহ, বৰষুণ, তাপ প্রবাহ আদি বিভিন্ন ক্ৰিয়া-বিক্ৰিয়া এই স্তৰটোতে সংঘটিত হয়। মুঠৰ ওপৰত জীৱজগতৰ অস্তিত্ব নিৰ্ভৰ কৰে এই স্তৰটোৰ ওপৰতে। ইয়াত থকা পদাৰ্থবোৰৰ সামান্য তাৰতম্য ঘটিলে পৃথিৱীত সাংঘাতিক প্রতিক্রিয়া হ’ব পাৰে।

১১। বায়ু প্ৰদূষণ বুলিলে কি বুজা? বায়ু প্ৰদূষণৰ উৎসৰ উৎসসমূহ কি কি? বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা?

উত্তৰঃ কিছুমান প্রাকৃতিক প্রক্ৰিয়া বা মানৱীয় কাৰ্যৰ বাবে বায়ুত অক্সিজেনতকৈ অন্য কোনো বৰ্জিত গেছৰ পৰিমাণ বৃদ্ধি বা অন্য গেছসমূহৰ গাঢ়তাৰ বৃদ্ধি হয় যিবিলাক মানুহ আৰু তাৰ পৰিবেশৰ প্রতি অনিষ্টকাৰক। তেনেকুৱা বায়ুক প্রৰদুষিত বায়ু আৰু এই অৱস্থাক ‘বায়ু প্রদূষণ’ বা ‘বায়ুমণ্ডলীয় প্ৰদূষণ’ বোলে।

বায়ু প্ৰদূষণৰ উৎস:

1. যান বাহন [Automobiles]: গাড়ী মটৰগাড়ী, স্কুটাৰ আদি যান-বাহন  হ’ল বায়ু প্ৰদূষণৰ প্ৰধান উৎস। এইবোৰ কাৰ্বন-মন’অক্সাইড, হাইড্ৰ’কাৰ্বন আৰু নাষ্ট্ৰিছ অক্সাইড উৎপন্ন কৰে। 

2. বৈদ্যুতিক শক্তি কেন্দ্ৰ (Electrical power plant): কয়লা পট্ৰ’ল আৰু ডিজেল দহনৰ ফলত ছালফাৰ-ডাই-অক্সাইড উৎপন্ন হয়।

3. ঔদ্যোগিক প্ৰক্ৰিয়া (Industrial processor): পেট্ৰ’লিয়াম শোধনাগাৰ, প্লাইউড আৰু কাগজ কল, চেনিকল ইত্যাদিৰ পৰা ধোঁৱা নিৰ্গত কৰা আৰু বায়ুত অন্য অ-প্ৰাকৃতিক পদাৰ্থ মুক্ত কৰাৰ লগত জড়িত।

4. তাপীয় প্ৰকল্প (Heating plant): তাপীয় প্রকল্প হ’ল বায়ু প্ৰদূষণৰ অন্য এক প্রধান উৎস। 

বায়ু প্রদূষক: কাৰ্বন-মন’অক্সাইড, ছালফাৰ ডাই-অক্সাইড, হাইড্ৰ’কাৰ্বন, ধোঁৱা ইত্যাদি। 

বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ: 

1. যান-বাহনৰ ব্যৱহাৰ ন্যুনতম কৰা উচিত।

2. ধোঁৱাৰ পৰিমাণ হ্ৰাস কৰিবলৈ যান-বাহনত উচিত কৌশল ব্যৱহাৰ কৰা।

3. বায়ুমণ্ডলত মুক্ত হোৱাৰ আগতে উদ্যোগৰ পৰা ওলোৱা ধোঁৱাক প্রদূষণমুক্ত কৰা উচিত।

4. বৃক্ষৰোপণ বৃদ্ধি কৰা উচিত।

5. কাঠ কয়লাৰ সীমিত ব্যৱহাৰ কৰা উচিত।

6. তাপীয় প্রকল্প, উদ্যোগ ইত্যাদিত বাহিৰ হোৱা গেছীয় প্ৰদূষকক আধুনিক কৌশলৰ প্ৰয়োগ কৰি শোধন কৰা উচিত।

১২। বায়ু -প্ৰদূষণৰ কু-প্ৰভাৱ সমুহ কি কি ?

উত্তৰঃ বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট কু-প্ৰভাৱ পেলায় আৰু বহুতো প্রাণনাশক ৰোগ যেনে  হাওঁফাওঁৰ কৰ্কট ৰোগ, চিৰকাৰী ব্ৰংকাইটিছ [Chronic Bronchitis], ক’লা হাওফাওঁ ৰোগ [black lung disease], কাৰ্হঁ, ডিঙিৰ সুৰসুৰণি, চকু উখহা আদি ৰোগ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াৰ বাবে স্বাস-প্রশ্বাসত ব্যাঘত হোৱা, মূৰৰ বিষ আদিও হ’ব পাৰে। সেউজ গৃহ প্রভাৱ, এছিড বৰষুণ হ’ল বায়ু প্ৰদূষণৰ ফল। সেউজ গৃহ প্ৰভাৱৰ বাবে গোটেই বিশ্বৰ উষ্ণতা বাঢ়ি গৈ আছে আৰু এইটো যদি অবিৰতভাৱে চলি থাকে হিমবাহ আৰু বৰফৰে আবৃত অঞ্চলবিলাক গলি যায় যিয়ে পৃথিৱীৰ উপকূলীয় চহৰবোৰত বানপানীৰ সৃষ্টি কৰিব। আকৌ এছিড বৰষুণে ডাঙৰ ডাঙৰ অট্টালিকা, এতিহাসিক কীৰ্তিস্তম্ভ ইত্যাদিৰ বৃহৎ ক্ষতি কৰে।

প্ৰধান বায়ু প্ৰদূষকবোৰ আৰু সিহঁতৰ প্রভাৱসমূহ: 

1. কাৰ্বন মন’অক্সাইড (CO ই হিম’গ্লবিনলৈ আকৃষ্ট হয় আৰু অক্সিজেনক আঁতৰাই কাৰ্বক্সিহিম’গ্লবিন নামৰ এটা অস্থিৰ যৌগ গঠন কৰে। যিটোৱে মূৰৰ বিষ কৰে, লগতে মানসিক আৰু শাৰীৰিক, ক্ৰিয়াৰ মান অৱনমিত কৰে।

2. কাৰ্বন ডাই-অক্সাইড (CO₂ ) CO₂ ৰ বেছ গাঢ়তাই পৃথিৱীৰ চাৰিওফালে এখন ডাঠ আৱৰণৰ সৃষ্টি কৰে যি পৃথিৱীৰ পৰা তাপ ওলাই যোৱাত বাধা প্রদান কৰে আৰু যাৰ কাৰণে দিনকদিনে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা বাঢ়িবলৈ ধৰিছে। ৷

3. ছালফাৰ ডাই-অক্সাইড (SO₂) SO₂ ৰ পৰা ছালফাৰ ট্ৰাই অক্সাইড (SO₃) উৎপন্ন হয় যিটোৱে পানীৰ সৈতে লগ লাগি লঘু H₂SO₄ ৰ দ্ৰব্য প্রস্তুত কৰে। ছালফিউৰিক এছিড বৰষুণৰ লগত অধঃক্ষেপিত হয় আৰু তেতিয়াই এছিড বৰষুণ হোৱা বুলি কোৱা হয়।এই বৰষুণ উদ্ভিদ, মাছ আৰু অন্য জলজ প্র৷ণীৰ বাবে অতি ক্ষতিকাৰক।

4. নাইট্ৰাছ অক্সাইডঃ ই অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ ওপৰত ক্ৰিয়া কৰি পেৰ’ক্সি এচিটাইল নাইট্ৰেট (PAN) প্রস্তুত কৰে। ই যাৰ কাৰণে হাওঁফাওঁৰ বিভিন্ন ৰোগ, চকু উখহা ৰোগ, আনকি মৃত্যু পৰ্যন্ত হ’ব পাৰে।

5. স্মগঃ এইটো প্রধানত বায়ুত কাৰ্বন কণাৰ প্রলম্বন যিয়ে পৃথিৱীপৃষ্ঠত পৰা সূৰ্যৰ পোহৰৰ পৰিমাণ হ্ৰাস কৰে। যেতিয়া ইহঁতে বায়ুত থকা পানীৰ বাষ্পৰ সৈতে লগ লাগে তেতিয়া স্ম’গ উৎপন্ন কৰে। ইয়াৰ কাৰণে চকু উখহা, চকুৰ পৰা পানী ওলোৱা, হাওঁফাওঁৰ কৰ্কট ৰোগ, ব্ৰংকাইটিছ আদি ৰোগ হ’ব পাৰে।

১৩। পানী (water) প্ৰদূষণৰ উৎসসমূহ বিচাৰ কৰা?

উত্তৰঃ পানী হ’ল সকলো জীৱৰ বাবে অপৰিহাৰ্য এক পদাৰ্থ। পৃথিৱীত কোনো জীৱই পানী অবিহনে জীয়াই থাকিব নোৱাৰে। আমাৰ পৃথিৱীৰ পাঁচভাগৰ চাৰিভাগ পানীয়ে আগুৰি আছে যদিও আমাৰ ব্যৱহাৰযোগ্য বা খোৱাৰ বাবে উপযোগী পানীৰ পৰিমাণ অতি সীমিত। পৃথিৱীত পোৱা গোটেই পানীভাগৰ মাত্ৰ এক শতাংশ পানীহে সাধাৰণতে ব্যৱহাৰ হয়। বাকী পানীভাগ সাগৰৰ লুনীয়া পানী বা বৰফ হিচাপে পোৱা যায়। তেনে অৱস্থাত পৃথিৱীৰ উপৰিভাগত থকা নদ-নদী, জান-জুৰি, খাল-বিল, হ্ৰদ আদি থকা পানীখিনি আমাৰ বাবে অতি মূল্যৱান সম্পদ। প্রতিজন মানুহৰ নিজ ব্যৱহাৰৰ বাবে গড়ে 25 লিটাৰ পানী প্ৰতিদিনে প্রয়োজন হয়। আমি দৈনিক কমেও 5 লিটাৰ বিশুদ্ধ পানী খাব লাগে। পানীয়ে শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰি ৰাখে । আমাৰ শৰীৰৰ ভিতৰত কোষত সংঘটিত হোৱা জৈৱ ৰাসায়নিক প্রক্ৰিয়াবোৰ পানীৰ দ্বাৰাই হয়। মানুহৰ দেহৰ 70 শতাংশই পানীৰে গঠিত। পানী প্র’ট’প্লাজমৰ মুখ্য উপাদান। 

পানীতে জীৱৰ উদ্ভৱ হৈছিল। প্রায় 80 ভাগ জীৱই পানীক বাসস্থান হিচাপে ব্যৱহাৰ কৰে। আমাৰ পৃথিৱীত 1.4 বিলিয়ন কিউবিক কিলোমিটাৰ পানী আছে। সাগৰ হ’ল প্রাণী আৰু উদ্ভিদৰ বিশাল ভাণ্ডাৰ। পানীত থকা জীৱসমূহে প্ৰাণীজগতক খাদ্যৰ যোগান ধৰে। ইয়াৰ উপৰিও সাগৰৰ পানীৰ পৰা নিমখ, ইয়াত থকা জীববোৰৰ পৰা ঔষধ আৰু ঢৌৰ পৰা বিদ্যুৎশক্তি উৎপন্ন কৰা হয়। ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ প্ৰায় 27,400 কিলোমিটাৰ অংশ নিৰ্মল পানীৰ নদীৰে পূৰ্ণ ৷ এই নদীসমূহেই ভাৰতীয় সভ্যতাক বিশ্বৰ দৰবাৰত প্রতিষ্ঠিত কৰাইছে। ভাৰতবৰ্ষৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক পৰিবেশত নদীসমূহে ধমনিস্বৰূপে অৱদান যোগাই আছে। নিৰ্মল পানীৰ এক বৃহং অংশ মানুহে শিল্প উদ্যোগ আদি কাৰ্যত ব্যৱহাৰ কৰে আৰু উদ্যোগসমূহত সৃষ্টি হোৱা দুষিত পদাৰ্থসমূহ পানীত নিক্ষেপণ কৰাৰ ফলত পানী প্ৰদূষিত হৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে।

পানী প্ৰদুষণ (Water pollution):

পানী প্ৰদূষণৰ উৎসসমূহ:

তলত উল্লেখ কৰাবোৰেই হ’ল পানী প্ৰদূষণৰ প্রধান উৎস

(i) ঘৰুৱা জৈৱ আৱৰ্জনা [Domestic Organic Waste): নৰ্দমা নিষ্কাশিত পদাৰ্থ।

(ii) উদ্যোগজনিত পানী প্ৰদূষণ (Industrial water pollution): উদ্যোগৰ পৰা ওলোৱা তৰল বৰ্জিত পদাৰ্থ৷

(iii) কৃষিজাত পানী প্ৰদূষণ (Agricultural water pollution): কীটনাশক আৰু ৰাসায়ণিক সাৰ প্রয়োগৰ ফলত হোৱা পানী প্ৰদূষণ

(iv) পানী জাহাজৰ পৰা হোৱা পানী প্ৰদূষণ ( Shipping Water pollution): পানী জাহাজৰ পৰা হোৱা তেল অপব্যয়, হাইড্ৰ’কাৰ্বন আদি।

১৪। পানী প্রদুষণৰ কু-প্ৰভাৱ সমূহ কি কি?

উত্তৰঃ 1. পানীত বৃদ্ধি হোৱা ৰোগজনকৰ দ্বাৰা হোৱা বেমাৰবোৰ হ’ল – টাইফইড, জ্বৰ, কলেৰা, এমিবিঅ’ছিছ আদি এইবিলাকৰ ৰোগজনক প্ৰদূষিত পানীত বৃদ্ধি হয়।

2. মাৰ্কাৰি, আৰ্ছেনিক সদৃশ যৌগবিলাক অতি বেছি বিষাক্ত আঁৰু সেই বিলাকে স্নায়ুতন্ত্ৰত ক্ৰিয়া কৰে।

3, ৰাসায়নিক সাৰৰ পৰা অহা অতিৰিক্ত নাইট্ৰেট’, পুখুৰী, হ্ৰদ জান-জুৰি লৈ বৈ যায়। এইবিলাকে পানীত শেলাইৰ ডাঠ ধুনীয়া তৰপ সৃষ্টি কৰে। তাত থকা শেলাইবিলাকৰ মৃত্যু হোৱাৰ পাছত তাৰ শেলাইবোৰৰ দ্বাৰা পানীৰ পৰা যথেষ্ট পৰিমাণৰ শক্তি ব্যৱহৃত হয়। ইয়াৰ কাৰণে পানীত শ্বাসৰোধ অৱস্থা এটাৰ সৃষ্টি হয় আৰু তন্ত্ৰটো অন্য জীৱৰ বাবে প্রতিকূল হৈ পৰে। হ্ৰদ, পুখুৰী ইত্যাদিৰ উৎপাদকতা বৰ্ধিত হয় যিহেতু ইয়াত যথেষ্ট পৰিমাণে পৰিপুষ্টি থাকে, তাকে ইউট্ৰ’ফিকেচন [Eutrophication] বোলে।

4. তেল কঢ়িওৱা গাড়ীৰ পৰা ওলোৱা পেট্ৰ’লিয়াম উৎপাদিত দ্রব্য আৰু তেলৰ বাবে বহুতো সাগৰীয় জীৱৰ মৃত্যু হয়।

5. উদ্যোগৰ পৰা নিৰ্গমণ হোৱা বহুতো পদাৰ্থ বিষাক্ত দ্ৰব্যৰে গঠিত হয় যিবিলাকে জলজ উদ্ভিদ আৰু প্রাণীৰ স্বাস্থ্যৰ ক্ষতি সাধন কৰে।

১৫। পানী প্রদূষ নিয়ন্ত্ৰণৰ উপায় সমূহ কি কি

উত্তৰঃ 1. আবৰ্জনাবোৰৰ প্রকৃত বিস্তাৰণ ঘটোৱা, যাতে এইবোৰ পানীলৈ গতি কৰিব নোৱাৰে। 

2. কল-কাৰখানাৰ পৰা ওলোৱা আৰু ঘৰুৱা বৰ্জিত আৱৰ্জনাবোৰ যাতে শোধন নকৰাকৈ নৈ আদিত পৰিব নোৱাৰে তাৰ ব্যবস্থা কৰা।

3. ৰাসায়নিক সাৰ, কীটনাশক, পতঙ্গনাশক, ভেঁকুৰনাশক দ্ৰব্যবোৰ বিবেচনাৰে আৰু ন্যুনতমভাৱে ব্যৱহাৰ কৰা উচিত। এই ৰাসায়নিক পদাৰ্থবোৰৰ ঠাইত জৈৱিক উপায় অৱলম্বন কৰা উচিত।

4. নদী আৰু হ্ৰদৰ পানীত গা-ধোৱা আৰু কাপোৰ ধোৱা বন্ধ কৰা। 

5. মেলেৰিয়া পৰজীৱীৰ নিয়ন্ত্ৰণৰ বাবে ডি ডি টিৰ সীমিত আৰু সদ-ব্যৱহাৰ কৰা। 

আমাৰ বদ অভ্যাসৰ বাবেও পানী দুষিতকৰণৰ মাত্ৰা বাঢ়ি গৈ আছে। য’তে-ত’তে শৌচ-প্রসাৱ কৰা, জাৱৰ-জোথঁৰ দ’ম কৰি থৈ পিছত পুখুৰী, নৈ, বিল, জান-জুৰি আদিত পেলাই দিয়াৰ বাবেও পানী দূষিত হয়। শেষত সেই পানী যেতিয়া মাটিৰবিন্ধাইদি নিগৰি গৈ ভূ-গৰ্ভত পৰে, সেই পানীকে মানুহে নলী নাদ বহুৱাই উলিয়াই আনি ব্যৱহাৰ কৰে। তদুপৰি বহু ক্ষেত্ৰত দেখা যায় যে গাঁও অঞ্চলত পানীৰ বাবে বহুওৱা নলী নাদৰ ওচৰতে গা ধোৱা, পুখুৰীত গা ধোৱা, কাপোৰ কানি ধোৱা, বাচন-বৰ্তন ধোৱা আদি কামৰ বাবে পানী দুষিত হয়। এনেদৰে দূষিত পানী খোৱাৰ ফলত আমাৰ দেশৰ কোটি কোটি লোক গ্ৰহণী, জণ্ডিচ, টাইফয়েড আদি ৰোগত ভুগি মৃত্যুক সাৱটি লৈছে এইক্ষেত্ৰত বেছি ক্ষতিগ্ৰস্ত হয় শিশুসকলে প্রকাশিত এক তথ্য অনুপসৰি ভাৰতত বছৰি প্ৰায় দুই লাখ শিশু এবছৰ বয়সৰ ভিতৰতে দূষিত পানী খোৱাৰ ফলত মৃত্যু মুখত পৰে।

বৈজ্ঞানিক পদ্ধতিৰে পায়খানা সাজি আৰু ঘৰুৱা আৱৰ্জনাবোৰ পচন সাৰলৈ ৰূপান্তৰিত কৰি পানীৰ দূষিতকৰণ বহু পৰিমাণে হ্ৰাস কৰিব পাৰিপ্ৰাকৃতিক কাৰণতে পানী প্ৰদূষিত হ’ব পাৰে উদাহৰণস্বৰূপে, অসমৰ কাৰ্বি আংলং জিলাৰ পানীৰ উৎসবোৰত বুজন পৰিমাণৰ ফ্লৰাইড পোৱা গৈছে। এনে ফ্লৰাইডযুক্ত পানী খোৱাৰ ফলত বহুলোক অকালতে বাধ্যকক সাবটি লব লগাত পৰিছে।গুৱাহাটী আৰু নগাঁও জিলাৰ পানীতো ফ্ল’ৰাইড পোৱা গৈছে। ধেমাজী জিলাৰ পানীত আৰ্চেনিক পোৱা বুলি বাতৰি ওলাইছে। প্রাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰা এনে বিষাক্ত পদাৰ্থযুক্ত পানী শোধন কৰিহে খোৱা উচিত।

১৬। মাটি (Soil) প্ৰদূষণৰ কাৰণসমূহ কি কি? সমাধানৰ উপায় দিয়া?

উত্তৰঃ মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰ এক জটিল মিশ্ৰণ ৷ পৃথিৱীৰ ভূভাগৰ বেছি অংশই মাটি খনিজ পদাৰ্থ (শিল, বালি, বোকা,পলশ), বায়ু, পানী আৰু জৈৱিক (উদ্ভিদ আৰু প্রাণী) পদাৰ্থৰে মাটি গঠিত। ৰদ, বৰষুণ, বতাহ আৰু বৰফৰ ক্ৰিয়াৰ-ফলত শিল, মনিক আদি ক্ষয়প্রাপ্তহৈ মাটিৰ সৃষ্টি হৈছে। এই প্ৰক্ৰিয়াটোক অবক্ষয় (Weathering) বুলি কোৱা হয়। বতাহ, পানী, আৰু বৰফে শিলক লাহে লাহে সৰুৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰালৈ ক্ষয় নিয়ায়। শিলৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাবোৰে উদ্ভিদ আৰু জন্তুৰ পৰা অহা পদাৰ্থৰ সৈতে মিহলি হৈ মাটি উৎপন্ন কৰে। জৈৱ পদাৰ্থবোৰ আহে মৃত উদ্ভিদৰ পৰা আৰু বেছিভাগ খনিজ পদাৰ্থ আহে ভূগৰ্ভস্থ শিলৰ পৰা। এই শিলবোৰ, শিলামণ্ডলৰ অংশ আৰু এইবোৰক আধাৰশিলা (Bedrock) বুলি জনা যায়। কোনো অঞ্চলৰ মাটিৰ প্ৰকৃতি সেই অঞ্চলৰ জয়বায়ু, মাটিৰ তলৰ আধাৰশিল আৰু সেই ঠাইৰ উদ্ভিদৰ ওপৰত নির্ভৰ কৰে। 

আদৰ্শ মাটিক তিনিটা ভাগত ভাগ কৰা হয়। মাটিৰ একেবাৰে উপৰিভাগত য’ত উদ্ভিদ গজে তাক শীৰ্ষমৃত্তিকা বোলে। ই মাত্র কেইছেণ্টিমিটাৰ মানহে আগুৰি থাকে। এই স্তৰটোত সাধাৰণতে হিউমাচযুক্ত আলতীয়া মাটি থাকে। এই স্তৰটো খেতি-বাতিৰ বাবে উপযোগী। মাটিৰ দ্বিতীয় স্তৰটোক উপমৃত্তিকা বোলে য’ত আলতীয়া বা লৌহ জাতীয় পদাৰ্থ অধিক পৰিমাণে থাকে। ডাঙৰ গছৰ শিপা এই স্তৰলৈ বিস্তাৰিত হয়। মাটিৰ একেবাৰে তলৰ শিলেৰে আবৃত্ত স্তৰটোক শিলাস্তৰ বোলে।

মাটিত থকা উপাদান সমূহ হ’ল – খনিজ পদাৰ্থ, জৈৱিক পদাৰ্থ,পানী, বায়ু আৰু অনুজীৱ। খনিজ পদাৰ্থসমূহৰ ভিতৰত কেলচিয়াম,মেগনেছিয়াম, এলুমিনিয়াম, আয়ৰণ, ছিলিকন, পটেছিয়াম আৰু ছডিয়ামৰ যৌগ মাটিত থাকে। মাটিত থকা ‘হিউমাচ’ হ’ল এবিধ জৈৱিক পদাৰ্থ। ক্ষয়ীভৱন কমায়, মাটিত নাইট্ৰ’জেন, ফছফৰাছ আৰু ছালফাৰৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে মাটিত থকা অনুজীৱসমূহৰ শক্তিৰ উৎস হিচাপে কান কৰে। মানুহৰ বিভিন্ন কাম কাজৰ বাবে মাটিৰ গুণাগুণ বিনষ্ট হৈ মাটি প্ৰদূষিত হৈ পৰে।

মাটি প্ৰদূষণ (Soil pollution):

মানুহৰ কাৰ্যকলাপ তথা বিভিন্ন প্রাকৃতিক কাৰণত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পালে তাক মাটি প্ৰদূষণ বোলে।

মাটি প্ৰদূষণৰ কাৰণ সংগ্ৰহ:

ঘৰুৱা আবৰ্জনা: ঘৰত সৃষ্টি হোৱা নানাধৰণৰ অলাগতিয়াল দ্ৰব্য, যেনে – ভঙা কাঁচৰ টুকুৰা, প্লাষ্টিক, পলিথিন, ৰান্ধনি ঘৰৰ আবৰ্জনা, ছাই আদি।

উদ্যোগৰ আবৰ্জনা: ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহত সৃষ্টি হোৱা আবৰ্জনা। যেনে – ৰং, প্লীষ্টিক, ধাতৱ পদাৰ্থ ছাই ইত্যাদি৷

সাৰ তথা কীটনাশক দ্ৰব্য: কৃষি কাৰ্যত ব্যৱহৃত কৰা নানা ধৰণৰ ৰাসায়ণিক সাৰ তথা কীটনাশক দৰৱ আদিয়ে মাটি প্রদূষিত কৰে।

এচিদ বৰষুণ: বায়ু প্ৰদুষণৰ ফলত সময়ে সময়ে হোৱা এচিদ বৰষুণে মাটিৰ উৰ্বৰা শক্তি বিনষ্ট কৰে।

তেজক্ৰিয় পদাৰ্থ: নানা ধৰণৰ তেজক্ৰিয় পদাৰ্থ যেনে -ইউৰেনিয়াম, থ’ৰিয়াম আদি বৰষুণৰ লগতে বায়ুমণ্ডলৰ পৰা আহি মাটি প্রদুষিত কৰে।

■ বানপানীৰ ফলত নদীৰ বালিয়ে উৰ্বৰা কৃষি ভূমিৰ ওপৰত তৰপৰ সৃষ্টি কৰি মাটি অসাৰুৱা কৰি তোলে।

■ ভূমিকম্প, আগ্নেয়গিৰি বিস্ফোৰণৰ ফলত শিল, লাভা আৰু ছাইৰে মাটি ওপৰভাগ আগুৰি পেলাই মাটিৰ অনিষ্ট সাধন কৰে।

মাটি প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়ঃ

■  মাটিত জৈৱিক সাৰ, পচনসাৰ, কেঁচুসাৰ আদি ব্যৱহাৰৰ জৰিয়তে।

■ ঘৰুৱা আবৰ্জনাসমূহৰ সঠিক নিষ্কাশন আৰু, স্থানান্তৰণ ।

■ বৃক্ষৰোপণৰ দ্বাৰা মাটিৰ পানী সংৰক্ষণৰ ক্ষমতা বৃদ্ধি তথা উৰ্বৰতা বৃদ্ধি কৰি।

■ উদ্যোগত সৃষ্টি হোৱা আবৰ্জনাসমূহৰ সঠিক নিষ্কাশন আৰু স্থানান্তৰণ।

বাসস্থান: শীত-উষ্ণ, ৰ’দ-বৰষুণ আদিৰ পৰা ৰক্ষা পাবলৈ মানুহে গৃহ সাজি বা বাসস্থান নিৰ্মাণ কৰে। এনে বাসস্থান প্ৰকৃতিয়ে দিয়া গছ- গছনি, মাটি-শিল-বালি আদিক লৈয়ে নিৰ্মাণ হয়। মানুহে নিজৰ বিজ্ঞান  আৰু বুদ্ধিৰে আজি পঞ্চাশ মহলাতকৈ অধিক উচ্চ অট্টালিকা সাজি বাসস্থান নিৰ্মাণৰ ক্ষেত্রত প্ৰযুক্তিগত উৎকৰ্ষ সাধন কৰিছে। আমাৰ দেশত বাসস্থান নিৰ্মাণ সম্পৰ্কীয় বিজ্ঞান বাস্তশাস্ত্ৰ’ৰ প্ৰচলন আছিল। আধুনিক স্থাপত্যবিদ্যাতকৈ বহুতো উন্নত মানৰ গৃহ নিৰ্মাণ প্ৰযুক্তি প্রাচীন ভাৰতত প্রচলিত আছিল। মানুহে সামৰ্থ্য অনুযায়ী বাঁহ-খেৰ-কাঠ,শিল-বালি-ইটা -চিমেণ্টেৰে বাসস্থান সাজি লয় যদিও সকলোৱে নিজৰ বাসস্থান সুৰক্ষিত আৰু সুন্দৰ হোৱাটো বিচাৰে। ঘৰ-দুৱাৰত নক্সা কটা,ৰং দিয়া, চিত্ৰ অংকন কৰা আদিয়ে মানুহৰ নান্দনিক ৰুচি বা কলাত্মক চিন্তা-চৰ্চাৰ উমান দিয়ে। চোৰ-ডকাইত বা দুষ্কৃতিকাৰীৰ পৰা হাত সৰাও বাসস্থান নিৰ্মাণৰ এক প্ৰধান উদ্দেশ্য। সেইবাবে বাসস্থান সদায় মজবুত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। 

প্রাকৃতিক দুৰ্যোগৰ পৰা হাত সৰাৰ বাবেও বাসস্থানসমূহ নিৰ্মাণ কৰা হয়। বানপানীৰ পৰা হাত সাৰিবলৈ,বানপানী অধ্যুষিত এলেকাত মানুহে ঘৰৰ ভেটি ওখ কৰে। ভূমিকম্প প্ৰধান অঞ্চলবোৰত মানুহে কঠিন দ্রব্যৰ সলনি তুলনামূলকভাৱে পাতল দ্ৰব্যৰে ঘৰ সাজে৷ জাপানত ভূঁইকঁপ সঘনে হয়। সেইবাবে তাৰ মানুহে কাগজৰ ঘৰ সাজে। বতাহ-ধুমুহা বেছিকৈ হোৱা ঠাইৰ মানুহে শিলেৰে ঘৰ সাজে আৰু আকাৰ চাপৰ কৰে। সুমেৰু অঞ্চলত গছ আদি পাবলৈ নাই। তাত মানুহে বৰফেৰেই ঘৰ সাজে৷ এনে বৰফৰ ঘৰবোৰক ঙ্গগলু বোলে। মানুহে স্থানীয়ভাৱে উপলব্ধ প্রাকৃতিক দ্রব্যবোৰ ব্যৱহাৰ কৰিয়েই ঘৰ বা বাসস্থান সাজি লয়।

বস্ত্ৰ: লজ্জা নিবাৰণ, শীত-তাপৰ পৰা ৰক্ষা আৰু সৌন্দৰ্য বৰ্ধনৰ কাৰণে মানুহে কাপোৰ বা বস্তু পৰিধান কৰে। আদিম মানুহে জন্তু বা গছৰ ছাল পৰিধান কৰিছিল। কালক্ৰমত আঁহজাতীয় দ্রব্য যেনে কপাহ মৰাপাট, এড়ী, মুগা, পাট আদিৰ পৰা সূতা উলিয়াই, সেই সূতা শালত বৈ বস্তু নিৰ্মাণৰ প্রযুক্তি মানুহে উদ্ভাৱন কৰিছিল। বৰ্তমান আমি হস্তনিৰ্মিত শালৰ সলনি, যন্ত্ৰ লাভ কৰিছো। বিশাল বিশাল বস্ত্ৰ উদ্যোগত নানা প্ৰকাৰৰ বস্তু নিৰ্মাণ হৈছে। তথাপি পৰম্পৰাগত বস্তু উৎপাদনশৈলীৰ জনপ্ৰিয়তা কমা নাই। দেখনিয়াৰ আৰু কলাসুলভ হোৱা বাবে হাতে বোৱা কাপোৰৰ চাহিদা আজিও অটুট আছে। বস্ত্ৰ শিল্পত অসমীয়া সমাজ অতি চহকী। অসমৰ শুৱালকুছি পাট-মুগা শিল্পৰ প্রধান উদ্যোগস্থল। বড়ো, মিচিং, তিৱা, কাৰ্বি, ৰাভা, গাৰোসকলৰ হস্তনির্মিত বস্তু অতি মনোমোহা। নানা ৰঙৰ নানাবিধ ফুলেৰে সজ্জিত এনে বস্তুই অসমীয়া সমাজৰ উচ্চ কলাত্মক ৰুচি আৰু দক্ষ শিল্প গুণৰ পৰিচয় বহন কৰে।

খাদ্য (Food)

■ জীৱৰ বৃদ্ধি আৰু শক্তি উৎপাদনৰ বাবে যিবোৰ পদাৰ্থৰ প্ৰয়োজন হয় তাকে খাদ্য বোলে।

■ খাদ্যৰ পাচন হয়।

■ সকলো খাদ্যই হ’ল পৰিপুষ্টি দ্রব্য।

■ প্রাণীয়ে সিহঁতৰ প্রয়োজনীয় খাদ্য পৰিবেশৰ পৰা পায়।

■ দেহৰ বৃদ্ধি আৰু বিকাশ তথা শক্তি যোগান আৰু বিপাকীয় কাৰ্য নিয়ন্ত্ৰণ কৰাৰ বাবে প্রয়োজনীয় খাদ্যৰ উপাদানকেইটা হ’ল-কাৰ্ব হাইড্ৰেট, প্ৰ’টন, স্নেহ পদাৰ্থ, খনিজ লৱণ, ভিটামিন আৰু পানী।

■ এটা মাত্ৰ শৰ্কৰাৰে গঠিত সৰলতম কাৰ্ব’হাইড্ৰেট হ’ল এক শৰ্কৰা। যেনে- গ্লুক’জ, ফ্ৰুক্ট’জ

■ দুটাৰ পৰা দহটা এক শৰ্কৰাৰ গোটেৰে গঠিত হ’ল স্বল্প শৰ্কৰা। যেনে – চুক্ৰ’জ, মাল্ট’জ

■ বহু শৰ্কৰা হ’ল অসংখ্য এক শৰ্কৰাৰ দ্বাৰা গঠিত কাৰ্ব হাইড্ৰেট ৷ যেনে- শ্বেতসাৰ, চেলুল’জ, গ্লাইক’জেন।

■ প্রাণীৰ পৰিপুষ্টিৰ স্তৰকেইটা হ’ল- খাদ্য গ্ৰহণ, পাচন, শোষণ, আত্মীয়কৰণ আৰু বৰ্জন বা নিষ্কাশন।

■ প্র’টিনবোৰ অসংখ্য এমিন’ এচিডৰ অণুৰে গঠিত। ই হ’ল দেহৰ কলা গঠনকাৰী প্রধান উপাদান।

■ স্নেহ পদার্থই শৰীৰত সঞ্চিত খাদ্য হিচাপে জমা হৈ থকাৰ উপৰি দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে।

■ খনিজ লৱণ দেহত অতি প্রয়োজনীয় জৈৱ উপাদান খনিজ লবনে দেহৰ বিপাকীয় কাৰ্যত অংশগ্ৰহণ কৰে।

■ ভিটামিনবোৰ জীৱদেহত অতি প্রয়োজনীয় জৈৱ যোগ। ছয় প্রকাৰৰ ভিটামিন হ’ল A, B, C, D, E, আৰু K। ভিটামিনৰ অভাৱত শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি হয়।

■ ভিটামিন A-ৰ অভাৱত কুকুৰীকণা, জেৰপ্‌থেল্‌মিয়া, ৰোগ, B-ৰ অভাৱত বেৰি বেৰিক পেলেগ্রা ৰোগ, c-ৰ অভাৱত স্কাভি আৰু D-ৰ অভাৱত পয়ালগা ৰোগ হয়।

১৭। শব্দ প্ৰদূষণ (Noise pollution) বুলিলে কি বুজা? শব্দ প্ৰদূষণৰ উৎস আৰু নিয়ন্ত্ৰণৰ উপায়সমূহ আলোচনা কৰা?

উত্তৰঃ যিবোৰ শব্দ বা ধ্বনিয়ে মানুহৰ বাবে অসহ্যকৰ পৰিবেশৰ সৃষ্টি কৰে, তেনেবোৰ শব্দই সৃষ্টি কৰা প্রদূষণক শব্দ প্ৰদূষণ বোলে। শব্দ প্রদুষণে মানুহৰ স্নায়ুৰ উত্তেজনা, ৰক্তচাপ আদি বঢ়ায়। ফলত অনিদ্ৰা, স্নায়বিক ৰোগ, বিষন্নতা, বমিভাব আদিয়ে দেখা দিয়ে। শব্দ প্ৰদূষণে কিছুমান হৰম’নৰ ক্ষৰণ কমাই দিয়ে। গৰ্ভজাত শিশুৰ শ্ৰৱণশক্তি লোপ পোৱাৰ সম্ভাৱনা থাকে। হঠাতে হোৱা ডাঙৰ শব্দৰ ফলত মানুহৰ কৰ্ণপটক ফাটি শ্ৰৱণশক্তি লোপ পায়।

শব্দ প্ৰদূষণৰ উৎস:

■ লাউড স্পিকাৰ, ৰেডিঅ’, টেলিভিছন আদি ডাঙৰকৈ বজালে ৷

■ যান-বাহন আদিৰ বিকট শব্দ।

■ বিভিন্ন কল-কাৰখানাৰ যান্ত্ৰিক শব্দ।

■ জনবসতি প্রধান অঞ্চলত হোৱা কোলাহল।

■ স্কুল, কলেজ, বজাৰ আদিৰ বিভিন্ন কোলাহল।

শব্দ প্রদূষণৰ নিয়ন্ত্ৰণৰ উপায়:

■  কল-কাৰখানাত কম শব্দ হোৱা, যন্ত্ৰপাতি ব্যৱহাৰ কৰা।

■ যান-বাহনৰ হৰ্ণ বজোৱাত নিয়ন্ত্ৰণ কৰা।

■ মাইক, লাউড স্পিকাৰ, ৰেডিঅ’ আদি কম ভলিউমত বজাব লাগে।

■ শব্দ অভেদ্য ঘৰ তৈয়াৰ কৰিব লাগে।

■ আইন প্রণয়ণৰ দ্বাৰা শব্দ প্ৰদুষণ নিয়ন্ত্ৰণ কৰিব পাৰি।

শব্দৰ একক হ’ল ডেছিবেল। আনহাতে মানুহৰ শ্ৰৱণ কম্পনাংকৰ একক হৈছে হাৰ্জ। মানুহৰ শ্ৰৱণ কম্পনাংকৰ পৰিসৰ ২০ৰ পৰা ২০,০০০ হাৰ্জ । ২০,০০০ হাৰ্জতকৈ বেছি হ’লে তাক আন্ট্ৰা ছাউণ্ড আৰু ২০ হাৰ্জতকৈ কম হ’লে ইনফ্ৰা ছাউণ্ড বোলে। 

শব্দ প্রদূষণৰ বাবে দুইধৰণৰ বধিৰতাৰ সৃষ্টি হ’ব পাৰে। একিউট একিউষ্টিট ট্ৰ’মা আৰু ক্ৰনি নইজনট্ৰ’মী ৷ প্ৰথমবিধ হঠাতে হোৱা বিকট শব্দ। যেনে- বিস্ফোৰণ আদিৰ পৰা হয়। দ্বিতীয়বিধ বহুদিন ধৰি ১২০ ডেছিবেলতকৈ অধিক শব্দ শুনি থাকিলে হয়। এইবিধ বেমাৰ সোনকালে ধৰা নপৰে কাৰণ আক্ৰান্তজনে ইয়াক অনুভৱ কৰিব নোৱাৰে।

বিশ্ব স্বাস সংস্থাৰ মতে শব্দ প্ৰদূষণৰ সৰ্বোচ্চ মাত্ৰা (অঞ্চল ভেদে)

অঞ্চল সময়: পুৱা ৬ বজাৰ পৰানিশা ১০ বজাৰ পৰা নিশা ১০ বজাত পৰা পুৱা ৬ বজা

ঔদ্যোগিক ক্ষেত্ৰ ৭৫ ডেছিবেল ৭০ ডেছিবেল

ব্যৱসায়িক অঞ্চল ৬৫ ডেছিবেল ৫৫ ডেছিবেল

আবাসিক অঞ্চল ৫৫ ডেছিবেল ৪৫ ডেছিবেল

অৰণ্য অঞ্চল ৫০ ডেছিবেল ৪০ ডেছিবেল

১৮। দূৰ্যোগি বুলিলে কি বুজা? ইয়াক কেইটা ভাগ বা শ্রেণীত ভাগ কৰিব পাৰি? প্ৰতিটো ভাগৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ দুৰ্যোগ মানে আচশ্বিতে সংঘটিত হোৱা অতি বিপজ্জনক পৰিঘটনা যাৰ ফলস্বৰূপে জনজীৱন, অন্তঃগাঠনি, অৰ্থনৈতিক পৰিস্থিতি আৰু পৰিৱেশৰ গুৰুত্বৰভাৱে ব্যাঘাত ঘটে। এই ক্ষয়-ক্ষতি ইমান বেছি হয় যে সেই পৰিস্থিতি চম্ভালিবলৈ ব্যক্তি বা সমাজৰ নিজৰ সামৰ্থ নাথাকে। পাঠটিৰ লেখকে ৩০ বিধতকৈ অধিক দুৰ্যোগ চিনাক্ত কৰি পাঁচটা ভাগত বিভক্ত কৰিছে সেইকেইটা উদাহৰণসহ উল্লেখ কৰা হ’ল – 

(ক) জল আৰু জলবায়ুৰ সৈতে জড়িত, যেনে- বানপানী, ধুমুহা, শিলাবৃষ্টি আদি। 

(খ) ভূতাত্বিক গাঁঠনিৰ সৈতে জড়িত, যেনে- ভূমিকম্প, আগ্নেয়গিৰি, ভূমিস্খলন আদি।

(গ) ৰাসায়নিক, ঔদ্যোগিক, আণৱিক কাৰণে হোৱা দুৰ্যোগ।

(ঘ) আকস্কিক ঘটনাৰ কাৰণে হোৱা দুৰ্যোগ, বনজুই নগৰত লগা জুই, ৰেল- উৰাজাহাজ দুঘটনা আদি।

(ঙ) জৈৱিক কাৰণে ঘটা দুৰ্যোগ, যেনে – মহামাৰী কীট-পতঙ্গৰ আক্ৰমণ, গৰু-ম’হৰ বেমাৰ আদি।

১৯। দুৰ্যোগ ব্যবস্থাপনা বুলিলে কি বুজা ? ইয়াৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ দুৰ্যোগ ব্যৱস্থাপনা এলানি কাৰ্যকলাপৰ সমষ্টি যাৰ দ্বাৰা দুৰ্যোগ তথা জৰুৰীকালীন অৱস্থা নিয়ন্ত্রণ কৰি আৰু সাহায্য আগবঢ়াই বিপদগ্ৰস্থ লোকসকলক সুৰক্ষা প্রদান বা দুৰ্যোগৰ কবলৰ পৰা উদ্ধাৰ কৰিব পাৰি। দুৰ্যোগব্যৱস্থাপনাৰ সহায়ত দুৰ্যোগৰ আগতে হৈ থকা সময়ত আৰু পিছৰ পৰিস্থিতি মোকাবিলা কৰা হয়।

দুৰ্যোগ ব্যৱস্থাপনাৰ প্রধান উদ্দেশ্যবোৰ হ’ল –

(ক) ব্যক্তি বিশেষ, সমাজ আৰু সামগ্ৰিকভাৱে ৰাষ্ট্ৰই সন্মূখীন ই’ব লগা সমস্তাৱ্য ধন-জন, ভৌতিক ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস অথবা ইয়াৰ কবলৰ পৰা সম্পূৰ্ণ মুক্ত কৰা।

(খ) ব্যক্তিগত দুখ-কষ্ট লাঘৱ কৰা।

(গ) পুণৰ উদ্ধাৰ কাৰ্য ক্ষিপ্ততৰ কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top