Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা

Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা Question Answer can be of great value to excel in the examination.

Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা

Join Telegram channel

Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা Notes cover all the exercise questions in UGC Syllabus. Environmental Science Unit 3 পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

পৰিৱেশ প্ৰদূষণ, প্রভাৱ আৰু ব্যৱস্থাপনা

ENVIRONMMENTAL SCIENCE

পৰিৱেশ বিজ্ঞান

২/৩/৪ নম্বৰৰ বাবে

১। সেউজ গৃহৰ প্রভাৱ (Green House Effect) বুলিলে কি বুজা?

উত্তৰঃ অবিৰতভাৱে চলি থকা জীৱাশ্ম ইন্ধনৰ দহন আৰু বনাঞ্চল ধ্বংস কৰা কাৰ্যৰ বাবে বায়ুমণ্ডলত কাৰ্বন- ডাই-অক্সাইডৰ পৰিমাণ দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ কাৰণে পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে। প্রাকৃতিক প্রক্ৰিয়াত পৃথিৱীখন গৰম হয় সূৰ্যৰ তাপৰ দ্বাৰা। এই তাপ বিকিৰিত হৈ আকৌ পৃথিৱীৰ পৰা ঘূৰি যায়। কিন্তু বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ অতিমাত্ৰা বৃদ্ধি হোৱা হেতুকে পৃথিৱীৰ পৰা বিকিৰিত হোৱা তাপক এই CO ₂ৰ স্তৰটোৱে বায়ুমণ্ডলৰ বাহিৰলৈ পাৰ হৈ যাব নিদিয়ে। কাৰ্বন- ডাই-অক্সাইডৰ এই ডাঠ স্তৰটোৱে সেইজ গৃহ এটাৰ চাৰিওফালে আৱৰি থকা আইনাৰ দৰে কাৰ্য কৰে। ট্ৰ’পস্ফিয়াৰত CO₂ ৰ এই বৃদ্ধিয়ে বিপজ্জনকভাৱে উষ্ণতা বৃদ্ধি কৰে। এই গোটেই অৱস্থাটোকে সেউজ গৃহ প্রভাৱ বা গোটেই পৃথিৱীখন গৰম হোৱা পৰিঘটনা [Global Warming] বোলে। মিথেন, জলীয় বাষ্প, কাৰ্বন-মন-অক্সাইড আদি সেউজ গৃহ গেছ।

২। এচিড বৰষুণ [Acid Rain] কি?

উত্তৰঃ বায়ুমণ্ডলৰ জলীয় বাষ্পৰ লগত ছালফাৰ-ডাই-অক্সাইড আৰু অন্য কিছুমান প্রদূষকে দূৰ্বল এছিড প্রস্তুত কৰে ৷ এই এছিডবিলাক বৰষুণৰ পানীৰ দ্বাৰা তললৈ নামি আহে। এনেকুৱা বৰষুণক এছিড বৰষুণ বোলে। ডাঙৰ ডাঙৰ অট্টালিকা, এতিহাসিক কীৰ্তিত্তম্ভ ইত্যাদিৰ এই বৰষুণে যথেষ্ট ক্ষতিসাধন কৰে। এছিড বৰষুণৰ প্রধান সংযুক্তি হ’ল ছালফিউৰিক এছিড যিটো পানীত ছালফা-ডাই-অক্সাইড দ্রবীভূত হৈ প্রস্তুত হয়। মাজে-সময়ে নাইট্ৰ’জেনৰ অক্সাইডৰ পৰাও নাইট্ৰিক এছিড প্রস্তুত হয়। এই এচিড বৰষুণৰ লগত মিহলি হয় ধৰাৰ বুকুলৈ নামি আহে।

৩। প্ৰদূষিত পৰিবেশে জনস্বাস্থ্যৰ ওপৰত কি প্রভাৱ পেলায়?

উত্তৰঃ সুস্থ পৰিবেশ সুস্বাস্থ্যৰ কেন্দ্ৰস্থল। প্ৰদূষিত পৰিবেশ হ’ল প্ৰদূষিত বায়ু, মাটি আৰু পানীৰ সংমিশ্ৰণ। দূষিত বায়ু সেৱন, দূষিত পানী পান কৰাৰ অৰ্থ হ’ল, স্বাস্থ্য হানিকৰণ। কিয়নো, প্ৰদূষিত বায়ু, পানীত বিভিন্ন বেমাৰৰ বীজাণু থাকে। এইবোৰে নানা প্রকাৰে মানুহৰ শৰীৰ আক্ৰমণ কৰি ৰোগাক্ৰান্ত কৰি তোলে। ৰুগ্ন শৰীৰেই হ’ল ভগ্ন স্বাস্থ্য।

কল-কাৰখানাবোৰত নানা প্রকাৰৰ বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ আৰু উৎপাদিত হয়। এই বিষাক্ত পৰিবেশত কাম কৰিলে মানুহৰ ৰোগ হোৱাটো আৰু মৃত্যু হোৱাটো একো অস্বাভাৱিক নহয়।

৪। ডেচিবেল কি?

উত্তৰঃ শব্দৰ প্ৰাৱল্য জুখিবলৈ ডেচিবেল নামৰ এককবিধ ব্যৱহাৰ কৰা হয়। মানুহৰ কাণে শূন্যৰপৰা ৮০ ডেচিবেললৈকে সহ্য কৰিব পাৰে। কিন্তু ১৪০ ডেচিবেল শব্দ প্রাৱল্যত একে লেঠাৰিয়ে আঠ ঘণ্টা কাম কৰি থাকিলে মানুহৰ শ্রৱণশক্তি হ্ৰাস পায়। মানুহৰ কাণে ৩০-৬০ ডেচিবেল শব্দ প্রাৱল্য সহজতে সহিব পাৰে।

৫। শব্দ প্ৰদূষণ কি? শব্দ প্ৰদূষণৰ ফলত কি কি ৰোগ হ’ব পাৰে?

উত্তৰঃ ঘৰত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্ৰপাতি, যেনে— ৰেডি অ’, টিভি, ষ্টেৰিঅ’, কাপোৰ ধোৱা মেচিন আৰু কল-কাৰাখানাত ব্যৱহাৰ কৰা বিভিন্ন যন্তুপাতি আদি শব্দ প্রদূষণৰ উৎস। জীৱৰ স্বাভাৱিক জীৱন যাত্ৰাত চিঞৰ-বাখৰ এটা অবিচ্ছেদ্য অংগ।এই চিঞৰ-বাখৰে এটা নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি গ’লে মানুহৰ পৰিৱেশ বিনষ্ট হয়, ইয়াকে শব্দ প্রদূষণ বোলে।

শব্দ প্ৰাৱল্য ৮৫ ডেচিবেলতকৈ বেছি হ’লে মানুহৰ শ্ৰৱণশক্তি নষ্ট হয়। তদুপৰি উচ্চ ৰক্তচাপ, স্নায়ৱিক দুৰ্বলতা, নিদ্ৰাহীনতা, হৃদৰোগ, মূৰ ঘূৰণি আদি ৰোগৰ সৃষ্টি হয়।

৬। কাৰ্বন মন’ক্সাইডৰ প্ৰদূষণ কি?

উত্তৰঃ বায়ুত কাৰ্বন মন’ক্সাইড প্ৰায় ০.১% থাকে। বায়ুত এইবিধ গেছৰ পৰিমাণ অধিক হ’লে বায়ু প্রদূষিত হয়। সাধাৰণতে কল কাৰখানাৰপৰা চিমনিৰে ওলোৱা ধোঁৱাৰ সৈতে কাৰ্বন মন’ক্সাইড বায়ুমণ্ডললৈ উৰি যায়। মটৰ গাড়ী, ৰেল গাড়ী আৰু উৰাজাহাজৰ ইঞ্জিনত ইন্ধন দহনৰ সময়ত কাৰ্বন-মন’ক্সাইড গেছ নিৰ্গত হয় আৰু ই বায়ুতকৈ পাতল বাবে সহজে বায়ুমণ্ডলত প্রৱেশ কৰে। ঔদ্যোগিক অঞ্চলৰ বায়ুমণ্ডলত এই গেছৰ পৰিমাণ অধিক মাত্ৰাত পোৱা যায়। কাৰ্বন মন’ক্সাইডৰ পৰিমাণ হ্ৰাস কৰাৰ কাৰণে চি. এন. জি. চালিত ইঞ্জিনযুক্ত বাছ আৰু টেক্সীৰ ব্যৱহাৰ উপযোগী৷ কাৰখানাসমূহত আঠ ঘণ্টাৰ বেছি কাম কৰা শ্রমিকৰ দেহত (কাৰ্বন মন’অক্সাইড বাবে) বিভিন্ন বেমাৰৰ উপসৰ্গই দেখা দিয়ে। মানুহৰ তেজৰ হিম’গ্লবিনৰ সৈতে বিক্ৰিয়া কৰি ই কাৰ্বক্সি হিম’গ্লবিন (Carboxy Haemoglobin) গঠন কৰে আৰু তেতিয়া তেজত অক্সিজেন পৰিবহণ কৰা হিম’গ্লবিনৰ সংখ্যা হ্ৰাস পায়। ফলস্বৰূপে মূৰৰ বিষ, মূৰ ঘূৰণি আদি লক্ষণ দেখা যায়। বায়ুমণ্ডলত কাৰ্বন মন’ক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলেহে বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়।

৭। ছালফাৰ-ডাই-অক্সাইডৰ প্ৰদূষণ কি?

উত্তৰঃ কয়লা, পেট্ৰ’ল, ডিজেল, উৰাজাহাজৰ ইন্ধন আদি দহনত ছালফাৰ-ডাই-অক্সাইড গেছ নিৰ্গত হয় আৰু চাৰিওফালে বিয়পি পৰে৷ ছালফাৰ-ডাই-অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি ছালফিউৰিক এচিড উৎপন্ন কৰে আৰু এইবোৰ এছিড বৰষুণৰ লগত মিহলি হৈ পৃথিৱীপৃষ্ঠত পৰে। ইয়াৰ বাবে বিদ্যুৎ পৰিবাহী তাৰ, টেলিফোনৰ তাৰ আদিৰ ক্ষয়ীভৱন ঘটে ছালফাৰ-ডাই-অক্সাইডৰ বিক্ৰিয়াৰ ফলত পুৰণি ভাস্কৰ্য আৰু স্মৃতিস্তম্ভৰ ক্ষতি হয়, মাৰ্বলৰ মসৃণতা হ্ৰাস হয়। মথুৰা তেল শোধনাগাৰ আৰু আগ্ৰাৰ দাঁতি কাষৰ লো-তীখাৰ কাৰখানাৰপৰা বায়ুমণ্ডলত প্রৱেশ কৰা ছালফাৰ-ডাই-অক্সাইডে আগ্ৰাৰ বিশ্ববিখ্যাত তাজমহলৰ মাৰ্বলৰ ৰং সলনি কৰিছে। সেইদৰে গ্ৰীছৰ এথেন্সত থকা এক্ৰোপলিছ পাহাৰৰ মাৰ্বলৰ স্তম্ভ আৰু এথেনাৰ ভাস্কৰ্যৰ ক্ষতি সাধন কৰিছে ছালফাৰ-ডাই অক্সাইড, ছালফিউৰাছ আৰু ছালফিউৰিক এছিডে ৷ এই গেছৰ পৰিমান বৃদ্ধি হ’লে ঔদ্যোগিক অঞ্চলৰ গছ-গছনি ধ্বংস হয়।

৮। তাপ প্ৰদূষণ কি?

উত্তৰঃ কোনো উত্তপ্ত পদাৰ্থৰ লগত ঠাণ্ডা পদাৰ্থৰ বিক্ৰিয়াৰ ফলত অন্য কিছুমান প্ৰদূষিত পদাৰ্থৰ সৃষ্টি হয়। এনেদৰে উত্তাপৰ ফলত সৃষ্টি হোৱা পদাৰ্থৰ ফলত পৰিবেশৰ যি পৰিৱৰ্তন হয় তাক তাপীয় প্ৰদূষণ বোলে। বিভিন্ন ইঞ্জিন আদি চলি থাকোতে বেছি তাপ সৃষ্টি কৰে যাৰ ফলত উষ্ণতাৰ বৃহৎ তাৰতম্য ঘটে। ইয়াৰ উপৰি নিউক্লিয় পাৱাৰ,বিদ্যুৎ শক্তি প্রকল্প আদিত উদ্ভৱ হোৱা তাপৰ ফলত তাত ব্যৱহাৰ কৰা পানী আদি বহু পৰিমাণে উত্তাপিত হয়।

তাপীয় প্রদূষণ ৰোধ কৰিবলৈ প্রধানকৈ ডাঙৰ উদ্যোগসমূহ নিয়ন্ৰণ কৰিব লাগে। এনে উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা পানীসমূহ শীতলীকৰণ প্রক্ৰিয়াৰে শোধন কৰি উষ্ণতা হ্ৰাস কৰা হয়।

৯। পৰিবেশ প্রদূষক কি?

উত্তৰঃ যিবোৰ জীৱিত বা জড় পদাথই বা ভৌতিক কাৰকে (তাপ, শব্দ, বিকিৰণ আদি) পৰিবেশত অধিক পৰিমাণে উপস্থিত থাকি পৰিবেশৰ ওপৰত কু-প্রভাৱ পেলায় সেইবোৰক প্ৰদূষণকাৰী বস্তু বোলে। প্ৰদূষকবোৰ মূলতঃ দুই প্রকাৰৰ। যেনে –

(ক) জৈৱনিম্নীকৰণ যোগ্য (Biodegradable): যিবোৰ বস্তু পচি যায় বা জৈৱিক ক্ৰিয়াৰ ফলত নিঃশেষ হয় যেনে- ঘৰুৱা আৱৰ্জনা,মৃত জীৱ, মল-মূত্ৰ ইত্যাদি।

(খ) জৈৱনিম্নীকৰণ অযোগ্য (Non-Biodegradable): যিবিলাক পদাৰ্থ সহজে গলি নাযায় বা জৈৱিক ক্ৰিয়াৰ ফলত নিঃশেষ হৈ নাযায় তেনে পদাৰ্থক জৈৱনিম্নীকৰণ অযোগ্য পদাৰ্থ বোলে। যেনে কীটনাশক বস্তু, এলুমিনিয়াম, পাৰা, প্লাষ্টিক পদাৰ্থ।

১০। বায়ু প্ৰদূষিত কৰা প্ৰধান গেছসমূহ কি কি?

উত্তৰঃ কাৰ্বন মন’ক্সাইড (CO): মটৰ-গাড়ী, পেট্ৰ’লজাত আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কল-কাৰখানা।

ছালফাৰ-ডাই-অক্সাইড (SO₂): তাপ বিদ্যুৎ কাৰখানা আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কাৰখানা।

নাইট্ৰিক অক্সাইড (NO): মটৰগাড়ী, কাৰখানা আৰু তাপ বিদ্যুৎ কাৰখানা।

হাইড্ৰ’কাৰ্বন: মটৰগাড়ী, তেল শোধনাগাৰ, পেট্ৰ’ল ব্যৱহাৰ কৰা কাৰখানা।

১১। বায়ু প্ৰদূষণৰ ফলত হোৱা ৰোগ কি কি?

(ক) SO₂ গেছ কোমল পেশীত সোমাই শৰীৰ, মুখ শুকাই তোলে; ডিঙিত খচ্‌খচনি তোলে আৰু চকু জলজলীয়া কৰে।

(খ) কাৰ্বন মন’ক্সাইডে (CO) মানুহৰ স্নায়ুতন্ত্ৰ হৃদপিণ্ড আৰু হাঁওফাওঁৰ জটিলতাৰ সৃষ্টি কৰে।

(গ) হাইড্ৰ’কাৰ্বনৰ পৰা কৰ্কট ৰোগৰ সৃষ্টি কৰে।

(ঘ) নাইট্ৰ’জেনৰ অক্সাইডে চকু আৰু নাকৰ খচ্‌খচণনি তোলে।

১২। শব্দ প্ৰদূষণৰ ফলত হ’ব পৰা ৰোগ কি কি?

উত্তৰঃ শব্দ প্রাব্যল ৮৫ ডেছিবেলতকৈ বেছি হ’লে মানুহৰ শ্ৰৱনশক্তি নষ্ট হয়। তদুপৰি উচ্চ ৰক্তচাপ, স্নায়ৱিক দুৰ্বলতা, নিদ্ৰাহীনতা, হৃদৰোগ, মূৰ ঘূৰণি আদি ৰোগৰ সৃষ্টি হয়।

১৩। তেজস্ক্ৰিয় প্ৰদূষণ কি?

উত্তৰঃ তেজষ্ক্ৰিয় প্ৰদূষণ (Radioactive pollution): সৃষ্টিৰ আদিৰে পৰা সূৰ্যৰ ৰশ্মি, শিল, মাটি আদিৰ পৰা বিকিৰণ হৈ তেজষ্ক্ৰিয় পদাৰ্থ বায়ু আৰু পানীৰ মাজেদি জীৱৰ শৰীৰত প্রৱেশ কৰি আহিছে। পৰিবেশত তেজষ্ক্ৰিয় পদাৰ্থৰ প্রৱেশ দুই প্রকাৰে ঘটে। প্রাকৃতিকভাৱে আৰু কৃত্ৰিমভাৱে। প্রাকৃতিকভাৱে শিলাখণ্ড আৰু মাটি আদিৰ পৰা কেইবিধমান তেজষ্ক্ৰিয় পদাৰ্থ বিকিৰিত হৈ বায়ুমণ্ডলত প্রৱেশ কৰে। ই বৰষুণৰ পানীৰ লগত মিহলি হৈ ভূ-গৰ্ভৰ মাটি আৰু পানীত পৰেহি। এই বিকিৰিত তেজষ্ক্ৰিয় পদাৰ্থবিলাক বৰষুণৰ পানী আৰু মাটিৰ ওপৰেদি বাগৰি মাটি আৰু পানী দুষিত কৰে।

১৪। মাটি প্ৰদূষণৰ কাৰণবোৰ কি কি?

উত্তৰঃ (ক) বিভিন্ন জাবৰ-জোঁথৰ, আৱৰ্জনা আদি দ’ম কৰি থোৱা ঠাইবোৰ প্ৰদূষিত হয়। এই মাটিত খেতি কৰিলে খেতি নষ্ট হয়।

(খ) বিভিন্ন উদ্যোগৰ পৰা ওলোৱা অপদ্ৰব্যবোৰে মাটি প্ৰদূষিত কৰে।

(গ) কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক, বননাশক আদিয়ে মাটিৰ প্রদূষণ ঘটায়।

(ঘ) টেক্টৰ, যান্ত্ৰিক সঁজুলি ব্যৱহাৰ কৰি মাটি চহোৱা বাবে বেছি দ লৈকে মাটিৰ স্তৰ শিথিল হয়। বৰষুণ, বানপানী আদিয়ে মাটিৰ উপৰিভাগৰ শিথিল মাটিভাগ উঢ়ুৱাই নিয়াৰ ফলত মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পায়।

(ঙ) জলসিঞ্চনৰ বাবে নদীত বান্ধ দি কৃত্ৰিম নলাৰে পানী বোৱাই নি খেতিপথাৰত যোগান ধৰাৰ ফলত মাটিৰ উপৰিভাগ ক্ষয়প্ৰাপ্ত হয়।

১৫। স্থল প্ৰদূষণ কেনেকৈ নিয়ন্ত্ৰণ কৰা হয়? কাৰণ দৰ্শোৱা?

উত্তৰঃ (ক) আৱৰ্জনাসমূহ পেলাই দিয়াৰ আগতে উপযুক্তভাৱে তাক উপচাৰিত কৰিব লাগে যাতে সি প্ৰদূষণৰ সৃষ্টি কৰিব নোৱাৰে।

(খ) কীটনাশক দ্ৰব্যসমূহ যধে-মধে ব্যৱহাৰ কৰাটো বন্ধ কৰিব লাগে। এইবোৰৰ সলনি জৈৱিক প্রক্ৰিয়াৰে কীটনাশক কাৰ্য সংঘটিত কৰিবলৈ উৎসাহিত কৰিব লাগে।

(গ) উদ্যোগসমূহত আৱৰ্জনা আৰু পেলনীয়া বস্তুৰ উপচাৰণ প্রক্ৰিয়া সদায় ব্যৱহাৰ কৰিব লাগে। ইয়াৰ দ্বাৰা প্রদূষণৰ পৰিমাণ বহু কমি যাব।

১৬। মাটিৰ ক্ষয়ীভৱন প্ৰক্ৰিয়াটো বুজাই লিখা?

উত্তৰঃ মাটি বুলি ক’লে সাধাৰণতে আমি সকলো ধৰণৰ কোমল,অদৃঢ়, গুড়ি জাতীয় পদাৰ্থকে বুজো। বৰষুণ, হিমবাহ, বতাহ, ধুমুহা, নদীৰ গতি ইত্যাদিৰ নানা কাৰণত উৰ্বৰ, উৰ্ধস্থ মাটিৰ স্থান পৰিৱৰ্তন হোৱাকে মাটিৰ ক্ষয়িভৱন বোলা হয়। 

মাটিৰ ক্ষয়ীভৱনৰ প্রধান কাৰণসমূহ হ’ল-

(ক) বতাহ। 

(খ) বৰষুণ। 

(গ) বানপানী। 

(ঘ) খেতি নকৰিমাটি চন পেলাই থোৱা। 

(ঙ) গছ-গছনি থকা বনাঞ্চল হ্ৰাস। 

(চ) অনুপযুক্ত কৃষি পদ্ধতি।

১৭। বায়ু প্ৰদূষণ কি?

উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থাৰ সূত্ৰ অনুসৰি প্রদূষণ হ’ল মানুহৰ বিভিন্ন ক্ৰিয়া-কলাপৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পদাৰ্থ বায়ুত মিহলি হৈ মানুহকে আদি কৰি সমস্ত প্ৰাণীজগত আৰু উদ্ভিদজগতৰ ক্ষতি কৰা এক প্রক্ৰিয়া ৷ বায়ুত মিহলি হোৱা নানা ধৰণৰ ক্ষতিকাৰক (জীৱ আৰু উদ্ভিদ) পদাৰ্থৰ উপস্থিতিয়েই বায়ু প্রদূষণ।

বায়ু প্ৰদূষণৰ উৎসসমূহ হ’ল— 

(ক) ধূলিকণা আৰু জীৱাণু। 

(খ) কাৰ্বন-ডাই-অক্সাইড। 

(গ) ছালফাৰ-ডাই-অক্সাইড ৷ 

(ঘ) কাৰ্বন মন’ক্সাইড।

(ঙ) হাইড্ৰ’জেন অক্সাইড। 

(চ) নাইট্ৰ’জেন অক্সাইড। 

(ছ) সীহ ইত্যাদি।

১৮। শব্দ প্ৰদূষণৰ ফলত কি কি ৰোগ হ’ব পাৰে।

উত্তৰঃ ঘৰত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্ৰপাতি (যেনে— ৰেডিঅ’, টিভি, ষ্টেৰিঅ’, কাপোৰ ধোৱা মেচিন আদি) কল-কাৰখানাত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্ৰপাতি আদি শব্দ প্ৰদূষণৰ উৎস। জীৱৰ স্বাভাৱিক জীৱক যাত্ৰাত চিঞৰ-বাখৰ এটা অবিচ্ছেদ্য অংগ। এই চিঞৰ-বাখৰ এটা নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি গ’লে মানুহৰ পৰিবেশ বিনষ্ট হয়, ইয়াকে শব্দ প্ৰসূদষণ বোলে।

শব্দ প্রাৱল্য ৮৫ ডেছিবেলতকৈ বেছি হ’লে মানুহৰ শ্রৱণশক্তি নষ্ট হয়। তদুপৰি উচ্চ ৰক্তচাপ, স্নায়ৱিক দুৰ্বলতা, নিদ্ৰাহীনতা, হৃদৰোগ, মূৰ ঘূৰণি আদি ৰোগৰ সৃষ্টি হয়।

৫/৬ নম্বৰৰ বাবে

১। মাটিৰ ক্ষয়ীভৱনৰ ফলত হোৱা অসুবিধাসমূহ কি কি?

উত্তৰঃ মাটিৰ ক্ষয়ীভৱনে আৰ্থ-সামাজিক আৰু পৰিবেশৰ ওপৰত বিৰূপ প্রভাৱ পেলায়।

(ক) মাটিৰ ক্ষয়ীভৱনৰ ফলত পাহাৰ অঞ্চলত শিলাময় খণ্ডবিলাক দুৰ্বল হৈ পৰে আৰু ইয়াৰ ফলত ভূমিস্খলন হয়। ভূমিস্থলনৰ ফলত বহুতো ধন, জন, সম্পত্তিৰ ক্ষতি সাধন হয়।

(খ) মাটিৰ ক্ষয়ীভৱনৰ ফলত হোৱা এটা প্রধান বিপৰ্যয় হ’ল আকস্মিক বানপানী। গছ-গছনিয়ে পানীৰ এক বুজন অংশ শোষণ কৰি লয়। কিন্তু ক্ষয়ীভৱনৰ দ্বাৰা বনাঞ্চলবিলাক বিলুপ্ত হ’লে অনাবৃত মাটিয়ে পানী শোষণ কৰিব নোৱাৰা হয়। তেতিয়াই আকস্মিক বান আহি বহুতো ক্ষতি কৰে। 

(গ) ক্ষয়ীভৱনৰ ফলত সেউজীয়া বনাঞ্চলসমূহ কমি গৈ মৰুভূমিৰ সৃষ্টি হ’ব পাৰে। এইদৰে উৰ্বৰ মাটি খেতি-বাতিৰ বাবে অনুপযোগী হৈ পৰে ৷ 

(ঘ) মাটিৰ ক্ষয়ীভৱনে পৰিবেশ নষ্ট কৰে আৰু প্রাকৃতিক ভাৰসাম্যও বিনষ্ট কৰে। মাটিৰ ক্ষয়ীভৱন প্রতিৰোধৰ কিছুমান উপায় অৱলম্বন কৰি সুফল পাব পাৰি। যেনে–

(১) প্রয়োজন সাপেক্ষে গছ-গছনি কাটিলেও তাৰ ঠাইত নতুন গছ ৰোপণ কৰাটো প্ৰয়োজনীয় ইয়াৰ ফলত ক্ষয়ীভৱন ৰোধ কৰাৰ লগতে পৰিবেশৰ ভাৰসাম্যতাও অটুট থাকে।

(২) বানপানীৰ সময়ত কাষৰ পথাৰবোৰত মাটিৰ ক্ষয়ীভৱন প্রতিৰোধ কৰিবলৈ নদীৰ দুয়োকাষে শক্তিশালী বান্ধ নিৰ্মাণ কৰা উচিত। 

(৩) মাটি এটুকুৰাত অধিক শস্য ৰোপণ কৰি সুফল পোৱা যায়। ইয়াৰ ফলত মাটি ছন পৰি নাথাকে আৰু ক্ষয়ীভৱনো হ্ৰাস পায়।

(৪) পাহাৰীয়া অঞ্চলসমূহত ঝুম খেতিৰ দ্বাৰা মাটিৰ  ক্ষয়ীভৱন কিছু পৰিমাণে ৰোধ কৰিব পাৰি।

২। পৰিৱেশ সংৰক্ষণৰ বাবে গঢ়ি উঠা সাংগঠনিক ব্যৱস্থা সম্পৰ্কে উল্লেখ কৰা?

উত্তৰঃ পৰিৱেশ এক সামুহিক বিষয়। পৰিৱেশৰ সুৰক্ষাৰ লগতে পৃথিৱীৰ প্ৰতিজন মানুহৰ জীৱন-জীৱিকা আৰু কল্যাণ জড়িত হৈ আছে। গতিকে পৰিৱেশ সংৰক্ষণত মানুহৰ সাংগঠনিক ব্যৱস্থাৰ আৱশ্যক। ইতিমধ্যে, পৃথিৱীৰ সমূহ ৰাষ্ট্ৰৰ সংগঠন ৰাষ্ট্ৰসংঘই পৰিৱেশ সম্পৰ্কীয় কেইবাখনো বিশ্বসন্মিলন অনুষ্ঠিত কৰিছে আৰু পৃথিৱীৰ দেশসমূহৰ প্রতিনিধিক লৈ আন্তঃৰাষ্ট্ৰীয় নীতি-নিৰ্দেশনা আৰু চুক্তি আদি স্বাক্ষৰিত কৰাইছে। এইক্ষেত্ৰত সবাতোকৈ উল্লেখযোগ্য আন্তৰাষ্ট্ৰীয় সন্মিলনখন হৈছে ষ্টকহোম চহৰত ১৯৭২ চনৰ ৫ জুন তাৰিখে হোৱা বিশ্ব পৰিৱেশ সন্মিলন। এই বিশ্ব পৰিৱেশ সন্মিলনৰ দিনটোৱেই বিশ্ব পৰিৱেশ দিৱসৰূপে পালন কৰা হৈছে। ইয়াৰ উপৰি মণ্ট্ৰিল সন্মিলন, জেনেভা সন্মিলন, ৰাইঅ’-ড’-জেনেৰিঅ’ সন্মিলন আদি হৈছে পৰিবেশ ৰক্ষাৰ বাবে বিশ্বৰ দেশসমূহে সাংগঠনিকভাৱে কৰা প্ৰচেষ্টাৰ উদাহৰণ।

কিন্তু ইমানবিলাক বিশ্ব সন্মিলনৰ পিছতো পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলো দেশে নীতিগতভাৱে একেধৰণৰ নীতি ল’বলৈ সক্ষম হ’ব পৰা নাই। অৱশ্যে ৰাষ্ট্ৰসংঘৰ নিৰ্দেশমৰ্মে প্রায়বোৰ দেশেই তেওঁলোকৰ শিক্ষাৰ পাঠ্যক্ৰম পৰিবেশ বিষয়টো সন্নিবিষ্ট কৰিছে। ভাৰতেও ২০০৫ চনৰ পৰা ‘পৰিৱেশ অধ্যয়ন’ক এক বিষয় হিচাপে সকলো বিষয়— যেনে বিজ্ঞান, ক’লা, বাণিজ্য, প্রযুক্তি আদিৰ ছাত্ৰক স্নাতক পৰ্যায়ত বাধ্যতামূলকভাৱে পৰিৱেশ অধ্যয়নৰ শিক্ষা দিছে

এনেবোৰ ব্যৱস্থাই পৰিৱেশ সচেতনতা বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছ। আনহাতে সময়ে সময়ে ঠায়ে ঠায়ে ৰাইজো সংগঠিত হৈ পৰিবেশ সংৰক্ষণৰ হকে মাৰ বান্ধি থিয় দিছে। ভাৰতত এনে পৰিৱেশ আন্দোলনৰ সূত্ৰপাত হৈছিল ১৭ শ শতিকাতেই। ৰাজস্থানৰ যোধপুৰৰ ৰজাই এদল লোকক হাবিত কাঠ কাটিবলৈ যাওঁতে, সেই ঠাইৰ লোকে গছক সাৱটি ধৰি গছ কটীয়াক বাধা দিছিল। জীৱনৰ বিনিময়ত তেওঁলোকে গছকটা বন্ধ কৰিছিল। 

এই আন্দোলনৰ নাম আছিল ‘চিপকো’ আন্দোলন। চিপকো মানে হৈছে সাবটি ধৰা। নতুনকৈ চিপকো আন্দোলন হয় পুনৰ ১৯৭০ চনত গড়ৱাল অঞ্চলত। হিমালয়ৰ পাদদেশীয় অঞ্চলটোত কাঠ কটাৰ অনুমতি লৈ ঠিকাদাৰসকলে জধে-মধে গছ কাটিছিল। ফলত ঠাইখনত বানপানী আৰু খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰে। স্থানীয় ৰাইজে ‘কশৌলী গ্ৰাম স্বৰাজ’ নাম দি এক সংগঠন গঢ়ি তোলে। তেওঁলোকৰ সমূহীয়া চেষ্টাৰ ফলত পুনৰ চিপকো আন্দোলন চলে। ‘গঞাই গছ সাবটি ধৰি গছ কটা মানুহবোৰক গছ কটাৰ পৰা বিৰত কৰাত সক্ষম হয়। ১৯৭৪ চনৰ এই আন্দোলন উত্তৰাঞ্চলৰ আলমোৰা,পিথোৰগড়, নাইনিতাল আদিতো বিয়পি পৰে।

ৰাজস্থানৰ এটা জনগোষ্ঠী বিষ্ণইসকলে, নীলগাই সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁলোকে আধ্যাত্মিক শিক্ষাৰ মাজত পৰিৱেশ শিক্ষা লাভ কৰিছিল তেওঁলোকৰ গুৰু শ্ৰীজন্মেশ্বৰ ভগৱানৰ পৰা। এই শিক্ষাৰ গুণেৰেই মহীয়ান হৈ তেওঁলোকে নীলগাই নামৰ লুপ্তপ্ৰায় প্ৰাণীবিধৰ সংৰক্ষণত মুখ্য ভূমিকা গ্ৰহণ কৰিছে।

কেৰালাৰ ছাইলেণ্ট ভেলী বা নীৰৱ উপত্যকা ৰক্ষাৰ ক্ষেত্রতো ৰইজে কৰা সংগঠিত আন্দোলনেই উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল। এই ছাইলেণ্ট ভেলীৰ মাজেৰে বৈ গৈছে কুন্থিপূৰা নামৰ নৈখন । এই শৈখনত বান্ধ দি চৰকাৰে ৭৫০ মেগাৱাট বিদ্যুৎ উৎপন্ন কৰাৰ বাবে ১০০০ কোটিৰ প্ৰকল্প হাতত লৈছিল। কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কেৰালাৰ ৰাইজ জাঙুৰ খাই উঠে। ১৯৮০ চনত ছাইলেণ্ট ভেলীৰ  জৈৱ-বৈচিত্ৰ্যৰ ৰক্ষাৰ বাবে অৱশেষত কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্প বাতিল কৰিবলৈ বাধ্য হয়।

১৯৮৩ চনত কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ ছালকানি গাৱৰ ৰাইজে বন সংৰক্ষণ আৰু বনানিকৰণৰ বাবে এক সংগঠিত আন্দোলন গঢ়ি তোলে। প্লাইউড উদ্যোগে গাঁওখনৰ ৮০ শতাংশ গছ কাটি নিয়াৰ ফলতে গাঁওখনত গণজাগৰণৰ সুত্ৰপাত হয়। এই আন্দোলনৰ নাম আছিল ‘এপ্পীকো’ আন্দোলন। কানাড়া ভাষাৰ এপ্পীকো মানে সাৱটি ধৰা৷ গাঁওখনৰ লোকসকলে গছ সাবটি ধৰি গছধ্বংসত বাধা আৰোগ কৰিছিল।

সংগঠিত পৰিৱেশ সংৰক্ষণৰ আন এক আন্দোলন হেছে নৰ্মদা বাচাও আন্দোলন। ৩০ হেজাৰ কোটিৰো অধিক ধন ব্যয় সাপেক্ষে এই নৰ্মাদা বান্ধ নিৰ্মাণৰ ফলত হেজাৰ হেজাৰ লোক গৃহহীন হৈছে আৰু জৈৱ-বৈচিত্ৰ্য ব্যাপকভাৱে নষ্ট হৈছে। ফলত নৰ্মদাৰ বান্ধ নিৰ্মাণবিৰোধী আন্দোলন অব্যাহত। 

অসমতো বান্ধ নিৰ্মাণৰ বিৰুদ্ধে ২০০৩ চনতে অৰণ্য সুৰক্ষা সমিতি, অসমে গুৱাহাটীত প্রকৃতি সংগঠনসমূহক লৈ নাগৰিক সভা অনুষ্ঠিত কৰিছিল। কিন্তু প্ৰকৃতি সংগঠনৰ অভিমতৰ প্রতি কৰ্ণপাত নকৰি ২০০৮-৯ চনৰ পৰা নামনি সোৱণশিৰিত নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ হয়। ইয়াৰ প্রতিবাদত কৃষক মুক্তি সগ্ৰাম সমিতিয়ে এই বান্ধ নিৰ্মাণৰ বিৰুদ্ধে ব্যাপক আন্দোলন চলাই আছে। নামনি সোৱণশিৰিৰ বান্ধ নিৰ্মাণ হ’লে অসমৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত ব্যাপক বিপৰীত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। উল্লেখনীয় যে ব্ৰহ্মপুত্ৰ উপত্যকা বিশ্বৰ ২৫টা তালিকাভুক্ত জৈৱ-বৈচিত্যপূৰ্ণ অঞ্চলৰ ভিতৰত অন্যতম। গতিকে ছাইলেণ্ট ভেলী আন্দোলনৰ দৰেই এই আন্দোলনৰো পৰিবেশ সংৰক্ষণমূলক গুৰুত্ব অপৰিসীম।

কেৱল আন্দোলনৰ মাজেদিয়েই যে সংগঠিতভাৱে পৰিবেশ সংৰক্ষণ কৰিব পাৰি এনে নহয়, ৰাইজক নিৰ্মাণমূলক কামত জড়িত কৰিও পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰি। তাৰ এক উদাহৰণ হৈছে ওদালগুৰি জিলাৰ ধনশ্ৰী নদীয়ে কৰা গৰাখহনীয়া প্রতিৰোধ কৰিবলৈ ৰাইজৰ প্ৰচেষ্টা। ২০০৩ চনত বাৰিষা, ব্যাপকভাৱে হোৱা গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে ঘৰ-দুৱাৰ ভাঙি অন্য ঠাইলৈ যাবলৈ ধৰিছিল। তেতিয়া ধনশ্ৰীঘাটস্থ অৰণ্য সুৰক্ষা সমিতিৰ কৰ্মকৰ্তাসকলে, কাষৰ গাঁৱৰ ৰাইজক একত্ৰিত কৰি বাহৰ কেটেলা বান্ধ দি ধনশ্ৰী নৈৰ গৰাখহনীয়া প্রতিৰোধ কৰাত সফল হৈছিল। পিচলৈ স্থানীয় জনপ্ৰতিনিধিৰ সহযোগত খহনীয়া প্রতিৰোধৰ বাবে শিলৰ বান্ধ নিৰ্মাণ কৰা হয়।

এনে সংগঠিত প্ৰচেষ্টাৰে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্রত যথেষ্ট কাম কৰিব পাৰি। ঠাইবিশেষে স্বেচ্ছাসেৱী সংগঠন, শিক্ষানুষ্ঠান আদিয়ে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

ধুবুৰী জিলাৰ চান্দৰডিঙা পাহাৰৰ শিল বাংলাদেশক বিক্ৰী কৰাৰ বিৰুদ্ধে স্থানীয় স্বেসছবাসেৱী সংগঠন ‘ছেবাপে’ই তীব্ৰ আন্দোলন গঢ়ি তুলিছিল। এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত চান্দৰডিঙা পাহাৰ ৰক্ষা পৰে।

অৰণ্য সুৰক্ষা সমিতিৰ গোৱালপাৰা জিলা সমিতিয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন জনাই গোৱালপাৰা জিলাৰ কান্দা পাহাৰত কেইবামহলীয়া আদালত ভৱন নিৰ্মাণৰ কাম বন্ধ কৰি পাহাৰখনৰ ধ্বংসকাৰ্য প্রতিৰোধ কৰাত সক্ষম হয়।

শেহতীয়া ধুবুৰী জিলাৰ চাপৰ অঞ্চলত প্ৰায় ছকুৰি  ইটা ভাতাই কঢ়িয়াই অনা ব্যাপক প্ৰদূষণৰ সমস্যাটো সমাধানৰ বাবে স্থানীয় ছাত্ৰ সংগঠনসমূহে আন্দোলন চলাই আহিছে।

৩। পৰিবেশ প্ৰদূষণৰ বিষয়ে বুজাই লিখা?

উত্তৰঃ পৰিবেশৰ মূল উপাদানসমূহ দূষিত হোৱাকে পৰিবেশ প্ৰদূষণ বুলি কোৱা হয়। পৰিবেশ প্রদূষণ আধুনিক যুগৰ এক ভয়াবহ সমস্যা।পৰিবেশ প্ৰদূষণে পৰিবেশৰ মূল উপাদান বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটাইছে। ফলস্বৰূপে জীৱ বৈচিত্ৰৰ ওপৰত বিৰূপ প্রভাৱ পৰিছে৷ স্বাৰ্থপৰ মানুহে নিজৰ অভাৱ পূৰণৰ বাবে পৰিবেশৰ মূল উপাদান বায়ু পানী, মাটি, প্রাকৃতিক সম্পদ আৰু জীৱ বৈচিত্ৰৰ ওপৰত বিৰূপ প্রভাৱ পেলাইছে। উন্নয়নশীল দেশসমূহে উন্নতিৰ শিখৰত উঠাৰ তীব্ৰ প্রতিযোগিতাত অৱতীৰ্ণ হৈ প্রাকৃতিক সম্পদ লু্ঠনত নামি পৰিছে৷ ফলস্বৰূপে সমগ্র পৃথিৱীকে পৰিবেশ প্রদূষণৰ সমস্যাই আগুৰি ধৰিছে ৷

ঔদ্যোগিক বিকাশৰ ফলত নতুন নতুন মাৰাত্মক ৰাসায়নিক পদাৰ্থৰ আৱিষ্কাৰ হৈছে। এই ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট অংশ উদ্যোগৰ পৰা ওলোৱা ধোঁৱাৰে মিহলি হৈ গৈ বায়ুমণ্ডলত প্রৱেশ কৰে। এনেদৰে বিষাক্ত পদাৰ্থৰ পৰিমাণ বাঢ়ি গ’লে বায়ুমণ্ডল প্ৰদূষিত হয়। প্রদূষিতকাৰী প্ৰদূষকবোৰ হ’ল হাইড্ৰ’কাৰ্বন, কাৰ্বন মন’অক্সাইড, নাইট্ৰ’জেন অক্সাইড, ছালফাৰ-ডাই-অক্সাইড, নাইট্ৰ’জেন অক্সাইড, ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন আৰু উদ্যোগৰপৰা ওলোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থৰ অংশ বিশেষ। উদ্যোগৰ পৰা ওলোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থ ধোঁৱাৰ সৈতে মিহলি হৈ বায়ুমণ্ডলত প্রৱেশ কৰে আৰু তাৰ ফলত ঔদ্যোগিক অঞ্চলৰ বায়ুমণ্ডন ক’লা ক’লা ধোঁৱাৰে আৱৰি থাকে। এনে ডাঠ ক’লা ধোঁৱাৰে আৱৰা ধুঁৱলী কুঁৱলীময় অৱস্থাক  ‘স্মগৰ’ বোলে। ১৯৫০ চনৰ ডিচেম্বৰ মাহত লণ্ডনৰ শিল্পপ্ৰধান অঞ্চলত ‘স্মগ’ৰ সৃষ্টি হৈছিল। ‘স্মগৰ সৃষ্টি হলে বায়ুৰ মূল উপাদানসমূহ নাইকিয়া হয় আৰু মানুহে উশাহ নিশাহ লোৱাত কষ্ট অনুভৱ হয়। 

ভাৰতৰো উদ্যোগ প্রধান চহৰ কলিকতা আৰু মুম্বাইত এনেধৰণৰ ‘স্মগ’ৰ সৃষ্টি হৈছিল। ঔদ্যোগিক অঞ্চলত কয়লা দহনত ছালফাৰ-ডাই-অক্সাইড নিৰ্গত হৈ বায়ুমণ্ডলত প্ৰৱেশ কৰে। বায়ুমণ্ডলত এই গেছৰ পৰিমাণ ০.৫ নিযুতাংশতকৈ অধিক হ’লে সেই অঞ্চলৰ গছ-গছনিৰ ওপৰত বিৰূপ প্রভাৱ পৰে। পেট্ৰ’লিয়াম উদ্যোগৰ উৎপাদন প্রক্ৰিয়াত হাইড্ৰ’জেন নিৰ্গত হয় আৰু এই গেছবোৰ চিমনিৰ ধোঁৱাৰে সৈতে বায়ুমণ্ডললৈ উৰি যায়। বায়ুত হাইড্ৰ’’কাৰ্বন আৰু নাইট্ৰ’জেন অক্সাইডৰ পৰিমাণ বৃদ্ধি হ’লে সৌৰশক্তিৰ লগত ৰাসায়নিক বিক্রিয়া ঘটি আলোক ৰাসায়নিক স্মগৰ সৃষ্টি হয়। এই স্মগ মানুহৰ চকুৰ দৃষ্টিৰ প্ৰতি ক্ষতিকাৰক। উদ্ভিৰ ওপৰতো ইয়াৰ কুপ্ৰভাৱ পৰে। এই পৰিবেশৰ প্ৰদূষণকাৰী গেছ আৰু ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগে। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হ’লে পৃথিৱীত উত্তাপ বৃদ্ধি হয়। বায়ুমণ্ডলত থকা গেছবিলাকৰ পৰিমাণ বৃদ্ধি হ’লে পৃথিৱীক আৱৰি থকা সেউজগৃহ প্রক্ৰিয়াত উষ্ণতা বৃদ্ধি হয় আৰু ইয়াৰ ফলত পৰিবেশত বিসংগতিয়ে দেখা দিয়ে। 

সেউজগৃহ প্রক্ৰিয়াৰ পৰিৱৰ্তন হ’লে কুমেৰু মহাদেশৰ বৰফ গলি পৃথিৱীত বতৰৰ আমূল পৰিৱৰ্তন ঘটাব। বায়ুমণ্ডলত থকা অ’জন স্তৰে সূৰ্যৰপৰা বিকিৰিত হোৱা অতি বেগুনী ৰশ্মিক পৃথিৱীপৃষ্ঠত পোনে পোনে পৰাত বাধা দি আহিছে। পৰিবেশ প্ৰদূষণৰ ফলত অ’জন স্তৰৰ ক্ষতি সাধন হয়। অ’জন স্তৰত ছিদ্ৰ সৃষ্টি হ’লে অতি বেঙুনীয়া ৰশ্মিয়ে প্রত্যেক্ষভাৱে পৃথিৱীত পৰি পৃথিৱীৰ জীৱ জগতৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব।

পৰিবেশৰ আন এক মূল্যবান উপাদান হ’ল পানী। নদ-নদী, জান-জুৰি, কুঁৱা, পুখুৰী, বিল, সাগৰ, মহাসাগৰ আদিয়েই পানীৰ প্ৰধান উৎস। বৰ্তমান যুগৰ বৰ্ধিত জনসংখ্যাৰ আৰু ঔদ্যোগিক উন্নয়নে পানী দূষিত কৰিছে। বায়ুমণ্ডলত ওপঙি থকা গেছীয় অপদ্রব্যবোৰ বৰষুণৰ পানীৰ লগত পৃথিৱীলৈ নামি আহি পানী দূষিত কৰে। নগৰ-চহৰৰ আৱৰ্জনা, ঔদ্যোগিক অপদ্ৰব্য আদিয়ে পানী দূষিত কৰে। তদুপৰি জলবিদ্যুৎ প্রকল্পৰ বাবে নদীত বান্ধ দিয়াৰ ফলত পানীভাগ বন্ধ হৈ থাকে। তেনে বন্ধ পানীত বিভিন্ন ৰোগৰ বীজাণু সৃষ্টি হৈ বীজাণুযুক্ত হয়।

সেইদৰে মাটিৰ ওপৰতে মানুহে বাস কৰে, মাটিৰ ওপৰতে খেতি কৰি খাই জীয়াই থাকে যদিও মানুহেই মাটি দূষিত কৰে। বৰ্তমান যুগত ঔদ্যোগিক বিকাশ, জনসংখ্যা বৃদ্ধি, নগৰীকৰণ, উন্নত কৃষি পদ্ধতি আৰু জধে মধে আলি পদূলি নিৰ্মাণ কৰাৰ ফলত মাটিৰ অৱক্ষয় হৈছে। কৃত্ৰিম সাৰ আৰু কীটনাশক দ্রব্যৰ ব্যৱহাৰ, ঔদ্যোগিক অপদ্ৰব্য, যান্ত্ৰিক কৃষি পদ্ধতি আৰু জলসিঞ্চন।

এনেদৰে ঔদ্যোগিক বিকাশৰ ফলত পৰিবেশৰ মূল উপাদান, বায়ু, পানী আৰু মাটিৰ প্রদূষণ হোৱাৰ উপক্ৰম হৈছে। সমগ্ৰ বিশ্বতে পৰিবেশ প্ৰদূষণ ৰোধ কৰাৰ চিন্তা চৰ্চা আৰম্ভ হৈছে। পৰিবেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰিলে পৃথিৱীখন বাসৰ অনুপযোগী হৈ পৰিছে।

৪। পৰিবেশ সংৰক্ষণত নাগৰিকৰ ভূমিকা কেনেধৰণৰ হোৱা উচিত?

উত্তৰঃ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰতিজন নাগৰিকৰে কৰ্তব্য আছে। দৰাচলতে দেশ এখনৰ প্রতিজন নাগৰিক সচেতন হ’লেহে দেশখনৰ পৰিৱেশ সংৰক্ষণ কৰাটো সম্ভৱপৰ। নাগৰিকসকলে পৰিবেশ আইনসমূহ মানি চলিলে আৰু পৰিৱেশ ধ্বংসকাৰী কাৰ্যকলাপত বাধা আৰোপ কৰিলে পৰিৱেশ সুৰক্ষা বহু পৰিমাণে সম্ভৱ হয়। আমাৰ দেশৰ ভালেমান নাগৰিক আছে যিসকলে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি যোগাইছে। অসমৰ গৌৰীপুৰীয়া জমিদাৰ পৰিয়ালৰ জীয়ৰী পাৰ্বতি বৰুৱাৰ নাম এইক্ষেত্ৰত উল্লেখযোগ্য। বৰুৱা ডাঙৰীয়ানীয়ে হস্তী সংৰক্ষণৰ ক্ষেত্ৰত আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰিছে৷ পাৰ্বতি বৰুৱা বিশ্বৰ একমাত্ৰ মহিলা হস্তীফান্দী। জীৱনজোৰা অভিজ্ঞতাৰ ভিত্তিত অৰ্জা জ্ঞানেৰে তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ হস্তী সংৰক্ষণৰ ক্ষেত্রত মহত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে।

সকলো নাগৰিকে পৰিৱেশ বিশেষজ্ঞতা অৰ্জন কৰাটো সম্ভৱ নহ’লেও শিক্ষাৰ মাধ্যমেৰে লাভ কৰা জ্ঞান আৰু স্বাভাৱিক উপলব্ধিৰে তেওঁলোকে পৰিৱেশ সংৰক্ষণ কাৰ্যসূচীত অংশ ল’ব পাৰে। গছ ৰোপণ, চৌপাশৰ আৱৰ্জনা পৰিষ্কাৰকৰণ, পুনৰুৎপাদনমূলক শক্তি উৎসৰ ব্যৱহাৰ জান-বাহনৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়িতা, পাৰস্পৰিক স্নেহ আৰু সদ্ভাৱ  ৰাখি সমূহীয়া জীৱনৰ সম্পদসমূহৰ ব্যৱহাৰ আদিৰে প্ৰতিজন নাগৰিকে পৰিৱেশ সুস্থ কৰি ৰখাত অৰিহণা যোগাব পাৰে। নাগৰিকৰ ব্যক্তিগত প্রচেষ্টাসমূহ যেতিয়া সংঘবদ্ধ হয় তেতিয়া ইয়াৰ কাৰ্যকাৰিতা যথেষ্ট বৃদ্ধি পায়। কথাতে কয়, ৰাইজে নখ জোকাৰিলে নৈ বয়।

আনহাতে, পৰিৱেশ আইনৰ সদ্ব্যৱহাৰ কৰিও নাগৰিকে পৰিৱেশ সংৰক্ষণমূলক কামত সক্ৰিয় হৈ পৰিব পাৰে। আদালতত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ দ্বাৰা পৰিৱেশধ্বংসী কাৰ্যকলাপ সম্পৰ্কে একো একোজন নাগৰিকে দৃঢ় প্রতিবাদ সাব্যস্ত কৰিব পাৰে।

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্রত প্ৰতিজন নাগৰিকে যদি সচেতনতা প্রকাশ কৰে তেনেহ’লে পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত কৃতকাৰ্য হ’ব পৰা যায়। কিন্তু পৰিৱেশ সমস্যাবোৰৰ ক্ষেত্রত প্ৰায়বোৰ নাগৰিকেই অনীহা প্রকাশ কৰে। সাধাৰণ লোকৰ কথা বাদেই, বহু উচ্চ শিক্ষিত লোকেও কাছ, হৰিণাৰ মাংসৰ লোভ সামৰিব নোৱাৰে। নগৰ-চহৰসমূহত ঘৰুৱা আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাবোৰো নাগৰিকৰ সচেতনহীনতাৰ বাবেই জটিল ৰূপ ধাৰণ কৰে।

৫। পৰিৱেশ সংৰক্ষণত স্থানীয় প্ৰশাসনৰ ভূমিকা কি?

উত্তৰঃ পৰিৱেশ সংৰক্ষণমূলক ভালেমান আইন-কানুন আছে। এই আইনসমূহ কাৰ্যকৰী কৰাৰ দায়িত্ব স্থানীয় প্ৰশাসনৰ। নাগৰিকে সচেতনতা প্রকাশ কৰিলেও আইন ভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দায়িত্ব প্ৰশাসনৰহে। নাগৰিকে আইন হাতত তুলি লোৱাৰ অধিকাৰ নাই। কিন্তু আইন প্রয়োগ কৰোতাসকল যদি নীৰৱ দৰ্শক হয়, যদি নাগৰিকৰ অভিযোগক গুৰুত্ব নিদিয়ে বা যদি তেওঁলোকৰ নিজৰ কৰণীয়খিনি পালন নকৰে তেনেহ’লে পৰিৱেশ সংৰক্ষণ সম্ভৱপৰ নহয়৷ স্থানীয় প্ৰশাসনে ক্ষমতা লাভ কৰাৰ লগতে বৃক্ষৰোপণ, পৰিঙ্কৃতকৰণ, বিধিগত ব্যৱস্থা আদি গ্ৰহণৰ ক্ষেত্ৰত পুঁজিও লাভ কৰে। সেই পুঁজিও যদি সদ্ব্যৱহাৰ নহয়, পৰিৱেশ সংৰক্ষণ সম্ভৱপৰ নহয়। গতিকে স্থানীয় প্ৰশাসনৰ সত্ৰিয়তা, উদ্যোগ, নিষ্ঠা আৰু সততাৰ ওপৰতো পৰিৱেশ সংৰক্ষণৰ বহু কথা নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে পলিথিন নিষিদ্ধকৰণৰ দায়িত্ব প্ৰশাসনৰ। যিবোৰ চহৰত প্ৰশাসন উদ্যোগী সেইবোৰ চহৰত পলিথিনৰ ব্যৱহাৰ নিষিদ্ধ। যিবোৰত প্ৰশাসন নিষ্ক্ৰিয় তাত পলিথিনৰ ব্যৱহাৰ অবাধ গতিত চলিব লাগিছে।

৬। পৰিৱেশ সংৰক্ষণত চৰকাৰৰ ভূমিকা কি?

উত্তৰঃ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা চৰকাৰৰ। চৰকাৰ এখন নিৰ্মাণ কৰে নাগৰিকে ৷ গতিকে নাগৰিকসকলে এনে প্ৰতিনিধি নিৰ্বাচন কৰি পঠিয়াব লাগে, যিসকল পৰিৱেশ সচেতন আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি দায়বদ্ধ । পৰিৱেশৰ প্ৰতি দায়বদ্ধ এখন চৰকাৰে, পৰিৱেশ সংৰক্ষণমূলক আইন-কানুন ৰচনা কৰে, তাক কাৰ্যকৰী কৰে। উন্নয়ন আৰু পৰিকল্পনা শিতানত তেওঁলোকে পৰিবেশ সংৰক্ষণৰ বাবে পুঁজিৰ আবণ্টন দিয়ে আৰু নানান আঁচনি গ্রহণ কৰে আমাৰ দেশৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়তে পৰিৱেশ বিভাগ আছে। বিভাগীয় মন্ত্ৰী, বিষয়া- কৰ্মচাৰীও আছে। তেওঁলোক পৰিৱেশ সংৰক্ষণৰ কামত বৃত্তিগতভাৱে নিয়োজিত ব্যক্তি। চৰকাৰে তেওঁলোকক যথোচিতভাৱে পৰিচালনা কৰিব লাগে। 

তদুপৰি, চৰকাৰৰ অধীনত ‘পৰিৱেশ প্রদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড’ৰ দৰে অনুষ্ঠানবোৰো গঠন হয়। পৰিৱেশ প্ৰদূষণ বর্ডে উদ্যোগসমূহৰ পৰা হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ ভূমিকা লব লাগে। গুৰু উদ্যোগস্থল নিৰ্বাচনৰ ক্ষেত্ৰত এনে ব’ৰ্ডৰ যথেষ্টভূমিকা থাকে। কিন্তু কৰ্মক্ষেত্ৰত দেখা যায়, দুৰ্নীতিৰ প্রভাৱত এনে ব’ৰ্ড বা চৰকাৰী বিভাগসমূহে পৰিৱেশ সংৰক্ষণৰ সলনি, বিনষ্ট কৰাৰ ক্ষেত্ৰতহে অৰিহিনা যোগায়। তাৰ এক উদাহৰণ হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ চাপৰ অঞ্চলটো ৷ এই অঞ্চলত শালি কৃষিভূমি আৰু বনভূমিতো গঢ়ি উঠিছে ইটাৰ ভাতা। অঞ্চলটোত বাৰিষাৰ প্রথম বৰষযুণজাক ক’লা হৈ পৰে। গুৰু উদ্যোগ ইটা ভাতাৰ প্রদূষণে তাত এনে ভয়াবহ ৰূপ লোৱাৰ পিছতো প্রদূষণ ব’ৰ্ডে কোনো গুৰুত্ব নিদিয়াত স্থানীয় ছাত্ৰ সংগঠনসমূহে আৰু পৰিৱেশ সংগঠনসমূহে আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে। গতিকে চৰকাৰে যদি পৰিৱেশ নিয়ন্ত্ৰণত নিকা আৰু নিষ্ঠাসন্মতভাৱে কৰ্তব্য পালন নকৰে, তেনেহ’লে পৰিৱেশ সুৰক্ষিত হ’ব নোৱাৰে। 

এইখিনিতে উল্লেখ কৰিব পাৰি যে কাজিৰঙাৰ কাষৰীয়া নুমলীগড় তেল শোধনাগাৰৰ বিৰুদ্ধেও পৰিৱেশ আইন ভংগৰ অভিযোগ উঠিছে। আনহাতে অসমৰ ঐতিহ্যমণ্ডিত পাটকাই পাহাৰত চলা মুক্ত কয়লাখনন আজিও চৰকাৰৰ দ্বাৰা বন্ধ কৰা হোৱা নাই। ফলত দিখৌ নৈকে ধৰি কেইবাখনো নৈ আৰু স্থানীয় পথাৰবোৰ ব্যাপক প্রদূষণৰ ফলত অনুৎপাদনশীল হৈ পৰিছে। চৰকাৰী বিধি ব্যৱস্থাৰ সঠিক কাৰ্যকৰী নোহোৱাৰ ফলতে বহুক্ষেত্ৰত পৰিৱেশ বিনষ্ট হৈ আহিছে। সেয়েহে পৰিৱেশ ৰক্ষাৰ ক্ষেত্রত চৰকাৰৰ ন্যায় নিষ্ঠা অতি জৰুৰী বিষয়।

৭। পৰিৱেশ সংৰক্ষণৰ বাবে গঢ়ি উঠা আইন- কানুনসমূহৰ বিষয়ে লিখা?

উত্তৰঃ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে ভালেমান আইন-কানুন ৰচনা কৰিছে। ভাৰতৰ প্রথম পৰিৱেশ সম্পৰ্কীয় আইনখন আছিল কলিকতাৰ ধোঁৱা নিয়ন্ত্ৰণ আইন। ১৯১২ চনত ব্ৰিটিছ প্রশাসনে গাড়ী-মটৰ আৰু যন্তুপাতিৰ পৰা ওলোৱা ধোঁৱা নিয়ন্ত্ৰণৰ বাবে এই আইনখন ৰচনা কৰিছিল। ইয়াৰ পিছত স্বাধীন ভাৰতৰ চৰকাৰে পৰিৱেশ সম্পৰ্কীয় ভালেমান আইন-কানুন ৰচনা কৰে।

বন্যপ্ৰাণী সংৰক্ষণ আইন, ১৯৭২: ১৯৭২ চনৰ আগলৈকে ভাৰতৰ বনাঞ্চলত হিংস্ৰ-জন্তুৰ চিকাৰ নিষিদ্ধ নাছিল। চিকাৰীয়ে নিৰ্দিষ্ট মাচুলৰ বিনিময়ত হাবিত চিকাৰ কৰিব পাৰিছিল। ১৯৭২ চনৰ পৰা এই নিয়ম বাতিল কৰা হয় আৰু বন্যপ্ৰাণীৰ চিকাৰ বন্ধ কৰা হয়। এই আইনৰ আধাৰত ভালেমান বনাঞ্চলক অভয়াৰণ্য ঘোষণা কৰা হয়।

জল প্ৰদূষণ নিয়ন্ত্ৰণ আইন, ১৯৭৭: পানী প্ৰদূষণৰ নিয়ন্ত্ৰণ লগতে পানীৰ ব্যৱহাৰৰ ওপৰত এই আইনে কৰ বহুৱায় ৷ জন্মু আৰু কাশ্মীৰক বাদ দি আন সকলোবোৰ ৰাজ্যতে ১৯৭৮ চনৰ পৰা এই আইন বলৱৎ হয়।

বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ আইন, ১৯৯১: ১৯৯১ চনত অসম চৰকাৰে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰে। ১৯৯৫ চনত এই আইন সংশোধন কৰা হয়। এই আইন অনুসৰি উদ্যোগ আৰু যান-বাহনৰ পৰা হোৱা প্ৰদূষণৰ সৰ্বোচ্চ মাত্ৰা নিৰ্ধাৰণ কৰা হয় আৰু এই মাত্ৰা অতিক্ৰম কৰিলে জৰিমনাৰ লগতে শাস্তিসমূলক ব্যৱস্থা পোৱাৰ নিৰ্দেশ দিয়া হয়। 

পৰিৱেশ সংৰক্ষণ আইন, ১৯৮৬: ১৯৮৬ চনৰ ৫ জুনত চুইডেনৰ ষ্টকহম চহৰত আন্তৰ্জাতিক ‘মানৱ পৰিৱেশ’ সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনে ৰাষ্ট্ৰসমূহক পৰিৱেশ সংৰক্ষণ আইন প্ৰণয়নৰ পৰামৰ্শ আগবঢ়াইছিল। ১৯৮৬ চনত ভাৰতত পৰিৱেশ সংৰক্ষণ আইন প্ৰণয়ন হয়। এই আইনখনত চাৰিটা অধ্যায় আছে। প্রথম অধ্যায়ত পৰিৱেশ সংজ্ঞা দিয়া হৈছে। এই সংজ্ঞা অনুসৰি ‘পৰিৱেশ হ’ল মাটি পানী-বায়ুৰ সৈতে মানৱ প্রজাতি আৰু অন্যান্য জীৱ তথা উদ্ভিদৰ সম্পৰ্ক ৷” পৰিবেশ প্ৰদূষণ, প্রদূষক দ্রব্য, বিপজ্জনক পদাৰ্থ আদিৰ ব্যাখ্যাও এই অধ্যায়ত দাঙি ধৰা হৈছে। দ্বিতীয় অধ্যায়ত পৰিৱেশসংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্রত চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত কৰোৱা হৈছে। তৃতীয় অধ্যায়ত পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন আইনগত ব্যৱস্থাবিলাক দিয়া হৈছে। এই আইনত বিপজ্জনক দ্ৰব্য ব্যৱস্থাপনাৰ নিয়মাৱলী, বিষাক্ত দ্রব্য উৎপাদন, জমা আৰু সৰবৰাহ সম্পৰ্কীয় নিয়মাৱলী বৰ্ণনা কৰা হৈছে। চতুৰ্থ অধ্যায়ত পৰিৱেশ সম্পৰ্কীয় তথ্য সংগ্ৰহ, পৰীক্ষা আৰু আইনী ব্যৱস্থা গ্ৰহণৰ বিষয়ে নীতি-নিৰ্দেশনা দিয়া হৈছে। এই আইনৰ অধীনতে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় নিয়মাৱলী ৰচনা কৰিছে।

সংৰক্ষিত নিৱেশ আৰু সামূহিক নিৱেশ আইন, ২০০৩: আমাৰ দেশত এনে কেতবোৰ বনাঞ্চল আছে যিবোৰে আকাৰৰ ফালৰ পৰা ডাঙৰ নহ’লেও সংৰক্ষণৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। তেনে বনাঞ্চল, জলাশয় বা পাহাৰবোৰক অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিব নোৱাৰি। কিন্তু সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰি। এনে সংৰক্ষণৰ ব্যৱস্থা হিচাপে সংৰক্ষিত নিৱেশ (conservation reserve ) আৰু সামূহিক নিৱেশ (community reserve) আইন কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰিছে। সংৰক্ষিত নিৱেশবোৰ বন বিভাগে নিজাববীয়াকৈ ঘোষণা কৰিব পাৰে। সামূহিক নিৱেশসমূহ স্থানীয় ৰাইজৰ দ্বাৰা গঠিত সমিতিৰে পৰিচালিত হয়। অসমৰ ধুবুৰী জিলাৰ হাকামা বিল পক্ষী অভয়াৰণ্য দাবী সমিতিৰ অনুৰোধমৰ্মে হাকামা বিলক সামূহিক নিৱেশ হিচাপে প্রস্তাৱিত কৰা হৈছে আৰু হাকামা সামূহিক নিৱেশেই উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমখন প্রস্তাৱিত সামূহিক নিৱেশ বা Community Reserve.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top