Environmental Science Unit 2 প্রাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্য

Environmental Science Unit 2 প্রাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Unit 2 প্রাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Unit 2 প্রাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্য Question Answer can be of great value to excel in the examination.

Environmental Science Unit 2 প্রাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্য

Join Telegram channel

Environmental Science Unit 2 প্রাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্য Notes cover all the exercise questions in UGC Syllabus. Environmental Science Unit 2 প্রাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্য The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্রাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্য

ENVIRONMMENTAL SCIENCE

পৰিৱেশ বিজ্ঞান

২/৩ নম্বৰৰ বাবে

১। জৈৱ-বৈচিত্ৰ্য কি? 

উত্তৰঃ পৃথিৱীত দুই প্রকাৰৰ জীৱ আছে। উদ্ভিদ আৰু প্ৰাণী। কণিকা সদৃশ লেংকটনৰ পৰা আৰম্ভ কৰি বিশাল বৰ গছলৈকে, অণুজীবৰ পৰা আৰম্ভ কৰি বৃহদাকাৰ তিমি মাছলৈকে লক্ষ লক্ষ প্ৰজাতিৰ উদ্ভিদ আৰু প্রাণী, সিহঁতৰ বিচিত্ৰ জীৱন প্রণালী, বিভিন্ন ভৌগোলিক পৰিৱেশত সিহঁতৰ সম্বন্ধই হৈছে জৈৱ-বৈচিত্ৰ।

২। জৈৱ-বৈচিত্ৰ্যৰ প্ৰয়োজনীয়তা কোনখিনিত? বিচাৰ কৰা?

উত্তৰঃ মানুহৰ বাবে জৈৱ-বৈচিত্ৰ্যৰ প্ৰয়োজনীয়তা, জীৱন যাপনৰ পৰা আৰম্ভ কৰি মনোৰঞ্জনলৈকে। খাদ্য, বস্তু, বাসস্থান, ঔষধ এই সকলোবোৰ প্রয়োজন মানুহে জীৱকুলৰ পৰাই লাভ কৰে। আনাহাতে মনোৰম প্রাকৃতিক সৌন্দৰ্য উপভোগ কৰি এক আনন্দময় জীৱন যাপনৰ প্ৰেৰণাও মানুহে জীৱসমূহৰ পৰাই পায়।

মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰা ভাত, ৰুটি, দাইল, পাচলি, মাছ মাংস, কণী এই সকলোবোৰ উদ্ভিদ আৰু প্রাণীৰ পৰাই আহে ৷ 

বস্ত্ৰ উৎপাদনৰ,বাবে লগা কপাহ, পাট বা আঁহজাতীয় সামগ্ৰীৰ যোগানো উদ্ভিদ আৰু প্রাণীৰ পৰাই আহে। অসমৰ প্রসিদ্ধ এড়ী আৰু পাট কাপোৰৰ শিল্প এড়ী পলু আৰু এৰা গছ আনহাতে পাট পলু আৰু চোম গছৰ অৱদান।

বাসস্থানৰ বাবে লগা খেৰ, বাঁহ, কাঠ আদিও আহে উদ্ভিদৰ পৰা বেমাৰৰ নানাবিধ ঔষধ গছৰ ডাল, ছাল, শিপা পাত, ফল-ফুলৰ ৰসৰ পৰা প্ৰস্তুত হয়। কেতবোৰ অণুজীৱয়ো আনকি আমাক ঔষধৰ যোগান ধৰে। এণ্টিছেপ্টিক আৰু এণ্টিবায়’টিক ঔষধক অণুজীৱৰ পৰাও উৎপন্ন কৰা হয়।

আনহাতে গছ-গছনিৰে ভৰি থকা অৰণ্য, পক্ষ-পক্ষী, মাছ আদিৰ বৰ্ণময় শোভাই মানুহক স্বৰ্গীয় আনন্দ দান কৰে।

আনহাতে জীৱসমূহৰ মাজত মানুহে আধ্যাত্মিকতাও উপলব্ধি কৰে। জীৱৰ চেতন শক্তি ভগৱানৰ অংশ বুলি বিশ্বাস কৰা হয়। মহাপুৰুষ শংকৰদেৱে ‘সমস্ত ভূততে আছে৷ ময়ি হৰি’ বুলি কৈ সকলো জীৱতে ভগৱানৰ অস্তিত্ব থকা বুলি কৈ থৈ গৈছে আৰু ‘সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি’ বুলি কৈ জীৱসমূহক প্ৰণাম জনাই ভগৱৎৰূপে ভাবিবলৈ পৰামৰ্শ আগবঢ়াই থৈ গৈছে। আমাৰ প্ৰাচীন শাস্ত্ৰসমূহত এনে কেতবোৰ জীৱৰ বিষয়ে উল্লেখ আছে, যিবোৰ এতিয়া দেখা পোৱা নাযায়। বহুতে ইয়াক সাধু কথা বুলিয়ে ভাবে যদিও, শেহতীয়াকৈ তামিলনাডুৰ এটা মন্দিৰত পাঁচমুখী সাপৰ আৱিৰ্ভাৱে প্রতীয়মান কৰিছে যে শাস্ত্ৰসমূহত বৰ্ণিত আজিৰ যুগত অবাস্তৱ যেন লগা কেতবোৰ প্রাণীৰ অস্তিত্ব আছিল আৰু হয়তো এতিয়াও আছে।

এনেদৰে জৈৱ-বৈচিত্ৰ্যই আমাৰ দেহ-মন আৰু আধ্যাত্মিকতা সমৃদ্ধ কৰিছে।

৩। গোলকীয় জৈৱ-বৈচিত্ৰ্য কি? 

উত্তৰঃ সমগ্ৰ বিশ্বৰ মাটি, পানী আৰু বায়ুত পোৱা সমূহ প্রাণী আৰু উদ্ভিদেই হৈছে গোলকীয় জৈৱ বৈচিত্ৰ্য। পৃথিৱীৰ ঠাইভেদে প্রাণী আৰু উদ্ভিদৰ স্বভাৱ আৰু আকাৰ বা ৰং বেলেগ বেলেগ হ’ব পাৰে। কোৱা বাহুল্য যে মানুহো এবিধ প্রাণী গতিকে মানুহো জৈৱ-বৈচিত্ৰ্যৰ অন্তৰ্গত। পৃথিৱীৰ আঢ়ৈশখনৰো অধিক দেশত মানুহ আছেকিন্তু এই দেশসমূহৰ সকলোবোৰ মানুহৰ গাৰ ৰং কৈ নহয়, ভাষা একে নহয়, খাদ্যাভ্যাস একে নহয়। এই বৈচিত্ৰই হৈছে  গোলকীয় জৈৱ-বৈচিত্ৰ্য। মানুহৰ দৰে আন আন প্রাণীবিলাকৰ মাজতো স্বভাৱ, আকৃতি আদিৰ ক্ষেত্রত বৈচিত্ৰ্য লক্ষা কৰা যায়।

৪। প্রাকৃতিক সম্পদ কেই প্রকাৰৰ আৰু কি কি?

উত্তৰঃ প্রাকৃতিক সম্পদ মূলতঃ দুই প্রকাৰৰ। যেনে-

(ক) নবীকৰণ সম্পদঃ এইবিধ সম্পদ এবাৰ খৰচ হলেও কালানুক্ৰমত পুনৰ প্রস্তুত কৰিব পাৰি। যেনে– বনজ সম্পদ, বন্যপ্ৰাণী বায়ুশক্তি, জৈৱভৰ শক্তি, জলবিদ্যুৎ, জোঁৱাৰ শক্তি আদি।

(খ) অনবীকৰণ সম্পদ: এই প্রকাৰ সম্পদ এবাৰ আহৰণ বা খৰচ কৰাৰ পিছত পুনৰ প্রস্তুত কৰিব নোৱাৰি। যেনে-জীৱাশ্ম, কয়ল খনিজ ধাতু ইত্যাদি।

৫। নবীকৰণ শক্তি কাক বোলে? ইয়াৰ প্রধান উৎসমসমূ লিখা। 

উত্তৰঃ যিবোৰ শক্তিৰ উৎসৰপৰা অবিৰতভাৱে শক্তি  উৎপাদন হৈ থাকে আৰু দীৰ্ঘদীন ধৰি ব্যৱহাৰ কৰিলেও কেতিয়াও শেষ হোৱাৰ সম্ভাৱনা নাথাকে, তেনে শক্তিক নবীকৰণ শক্তি বোলে। ইয়াৰ প্ৰধান উৎসসমূহ হ’ল– সৌৰশক্তি, পৱনশক্তি, জলশক্তি, জৈৱ গেছ, ভূ-তাপীয় শক্তি, সাগৰত সঞ্চিত শক্তি, হাইড্ৰ’জেন আদি নবীকৰণ শক্তিৰ উৎস।

৬। অনবীকৰণ শক্তি কাক বোলে? ইয়াৰ প্রধান উৎস লিখা।

উত্তৰঃ প্ৰকৃতিত বহুদিন ধৰি জমা হৈ থকা কিছুমান উৎসৰপৰা শক্তি আহৰণ কৰিলে ভৱিষ্যতে শেষ হোৱাৰ সম্ভাৱনা আছে। এনেধৰনৰ শক্তিক অনবীকৰণ শক্তি বোলে।

৭। অক্ষয় সম্পদ আৰু ক্ষয়িষ্ণু সম্পদ কোনবোৰ?

উত্তৰঃ অক্ষম সম্পদ: যিবোৰ সম্পদ প্রকৃতিত অফুৰন্ত আৰু মানুহে নিৰন্তৰ ব্যৱহাৰ কৰিও শেষ কৰিব নোৱাৰে, সেইসমূহ সম্পদেই অক্ষম সম্পদ। যেনে— বায়ু, বালি, সৌৰ বিকিৰণ ইত্যাদি।

ক্ষয়িষুু সম্পদঃ যিসমূহ সম্পদ ব্যৱহাৰৰ ফলত সম্পদবিধৰ ক্ষয় হোৱা, অৰ্থাৎ সম্পদবিধৰ হ্ৰাসকৰণ সম্ভৱ হয়, তেনে সম্পদসমূহকে ক্ষয়িষুু সম্পদ বোলা হয়। এই সম্পদসমূহক নবীকৰণক্ষম আৰু অনবীকৰণক্ষম এই দুটা ভাগত বিভক্ত কৰা হৈছে। নবীকৰণক্ষম সম্পদসমূহ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও প্ৰকৃতিয়ে সেয়া পুনৰ নবীকৰণ কৰি থাকে। পানী, কাঠ আদি এই শ্ৰেণী সম্পদৰ উদাহৰণ৷ আনহাতে, অনবীকৰণক্ষম সম্পদসমূহ এবাৰ আহৰণ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় বা বহু কোটি বছৰৰ পিছতহে এইবোৰৰ সৃষ্টি সম্ভৱ হয়। পেট্ৰ’ল, কয়লা, লো আদি এই শ্ৰেণীৰ সম্পদৰ উদাহৰণ।

৮। ভাৰতত পোৱা খনিজ পদাৰ্থবোৰ কি কি?

উত্তৰঃ ভাৰতত পোৱা মূল খনিজ পদাৰ্থবোৰ হৈছে–

(ক) কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ।

(খ) লো, ক্ৰমিয়াম, বক্সাইট।

(গ) চূণশিল, ড’ল’মাইট, বোকা।

(ঘ) মেংগানিজ, তাম।

(৬) প্লেটিনাম, সোণ, হীৰা আদি।

৯। সৌৰ শক্তি কি?

উত্তৰঃ সৌৰ শক্তিৰ মূল উৎস হ’ল সূৰ্য। সূৰ্যও অবিৰামভাৱে নিউক্লীয় সংযোজন বিক্ৰিয়া হৈ থকাৰ ফলত তীব্র তাপ আৰু পোহৰউৎপাদন হৈ বিকিৰিত হয়। আদিম যুগৰে পৰা আমি এই তাপ আৰু পোহৰত নানা বস্তু ৰ’দাওঁ। আমি ৰ’দৰ তাপত কাপোৰ, খৰি, শস্য, মাছ, সাগৰৰ পাৰত নিমখ আদি শুকুৱাওঁ। মুঠতে সূৰ্যৰ তাপ আমি আদিম অৱস্থাৰ পৰাই ব্যৱহাৰ কৰি আহিছো।

আজিৰ আধুনিক যুগত সৌৰ শক্তিক বিভিন্ন কামত বিভিন্ন প্রকাৰে ব্যৱহাৰ কৰা হয়। সৌৰকোষ বা ফটোভল্টেইক চেল ব্যৱহাৰ কৰি সৌৰশক্তিক বিদ্যুৎশক্তিলৈ ৰূপান্তৰ কৰিব পৰা যায়। সৌৰকোষত চিলিকন আৰু গেলিয়ামৰ প্লেট ব্যৱহাৰ কৰি সৌৰশক্তিক বিদ্যুৎশক্তিলৈ ৰূপান্তৰিত কৰা হয়। বেছিসংখ্যক সৌৰকোষ বহলভিত্তিত সজাই লৈ একোখন বৃহৎ সৌৰ পেনেল তৈয়াৰ কৰি বহুতো বেছি বিদ্যুৎশক্তি প্ৰস্তুত কৰি ৰাস্তাৰ লাইট, কেলকুলেটৰ , ঘড়ীত পানী গৰম কৰা আদি কামত ব্যৱহাৰ কৰিব পাৰি।

বৰ্তমান যুগত সৌৰশক্তিক সৌৰ চৌকা বা চুলা আদিত ব্যৱহাৰ কৰিব পৰা হৈছে। ইয়াত ৰন্ধা-বঢ়া কাম কৰিব পৰা যায়। এই সৌৰ চুলাৰ দ্বাৰা ৩০০০ চেলছিয়াছ পৰ্যন্ত উত্তাপ সৃষ্টি কৰিব পৰা যায়৷ সৌৰ শক্তিৰে পানী গৰম কৰা হিটাৰো প্রস্তুত কৰিব পৰা হৈছে। 

১০। জোৱাৰৰ শক্তি কি?

উত্তৰঃ সৌৰজগতৰ পৃথিৱী আৰু চন্দ্ৰৰ মাধ্যাকৰ্ষণৰ ফলত সাগৰ আৰু মহাসাগৰত জোৱাৰ-ভাটাৰ সৃষ্টি হয়। জোৱাৰ-ভাটাৰ বিশাল পানী ভাগক আন্দোলিত কৰি ৰাখি এক শক্তি সৃষ্টি কৰে। এই জোৱাৰৰ শক্তিৰ দ্বাৰা টাৰবাইন চলাব পাৰি আৰু বিদ্যুৎশক্তি সৃষ্টি কৰিব পৰা যায়। জোৱাৰ পানী উৰ্ধমুখে বহু ওপৰলৈ উঠি পুনৰ তললৈ নামি যোৱাত টাৰ্বাইন চকৰি ঘূৰাব পৰা যায়। এইদৰে জোৱাৰ আৰু ভাটাৰ গতিৰে চকৰি ঘুৰালে সহজে বিদ্যুৎ উৎপাদিত হ’ব পাৰে। এই বিদ্যুতেৰে মানুহে নানাধৰণৰ কাম কৰিব পাৰি।

১১। জল শক্তি কি?

উত্তৰঃ বোঁৱতী নদীত বান্ধ নিৰ্মাণৰদ্বাৰা জলশক্তি উৎপাদন কৰা হয়। বান্ধ নিৰ্মাণ কৰি নদীৰ পানী সংগ্ৰহ কৰা হয়। আবদ্ধ কৰি ৰখা এই পানী নলীৰে বান্ধৰ ওপৰৰপৰা তললৈ পৰিবলৈ দিয়া হয়। ইয়াৰদ্বাৰা পানীখিনিৰ স্থিতিশক্তিক গতিশক্তিলৈ ৰূপান্তৰিত কৰা হয়। এই পানীয়ে টাৰ্বাইনসমূহ ঘূৰাবলৈ ধৰে আৰু ইয়াৰ লগত সংলগ্ন জেনেৰেটৰ ঘূর্ণীমান হৈ বিদ্যুৎ উৎপাদন হয়। ভাৰতত জলবিদ্যুৎ উৎপাদনৰ পৰিমাণ প্রায় ২৩,৮০০ মেগাৱাট।

১২। সামুদ্ৰিক শক্তি কি?

উত্তৰঃ সমুদ্ৰৰ পৃষ্ঠভাগৰ উষ্ণতা আৰু গভীৰতাৰ উষ্ণতা তাৰতম্যৰ ফলত যি শক্তি উৎপাদন হয় তাকে সামুদ্ৰিক তাপশক্তি বোলা হয়। এই শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ শক্তি উৎপাদন কৰা হয়।

১৩। অৰণ্যক কিয় প্ৰকৃতিৰ হাওফাওঁ বোলা হয়?

উত্তৰঃ বনাঞ্চলত আৰু মানুহৰ বসতিস্থানত থকা গছ-গছনিয়ে সালোক-সংশ্লেষণৰ দ্বাৰা খাদ্য প্রস্তুত কৰাৰ লগতে অক্সিজেন  বায়ুমণ্ডললৈ এৰি দিয়ে। এই অক্সিজেন আমি উশাহত হাওঁফাওঁলৈ নি জীয়াই থাকো। এই কাৰণতে গছ-গছনিক প্রকৃতিৰ হাওফাওঁ বুলি কোৱা হয়। গছ-গছনি অৰণ্যত বেছি থাকে। সেইবাবে অৰণ্যক প্রকৃতিৰ হাওঁফাওঁ বুলি কোৱা হয়।

১৪। বায়ু শক্তি কি?

উত্তৰঃ বতাহৰ পৰা উৎপন্ন হোৱা শক্তিক বায়ুশক্তি বোলে। বায়ুশক্তিৰ সহায়ত বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰিব পাৰি। বতাহৰ তীব্ৰ গতিবেগ ব্যৱহাৰ কৰি বায়ু চকৰি ঘূৰাব পৰা যায়। বতাহৰ ঘূৰি থকা পাখিবোৰৰ ধুৰাৰ লগত সংযোগ কৰি পানীৰ পাম্প, আটা মিল বা বিদ্যুৎ জেনেৰেটৰ চলাব পৰা যায়। আমাৰ দেশ ভাৰতবৰ্ষত মুঠ বায়ু বিদ্যুৎ উৎপাদনৰ ক্ষমতা বিশ হাজাৰ মেগাৱট, কিন্তু ইয়াৰ মাত্ৰ ১০২০ মেগাৱট বায়ু বিদ্যুৎহে উৎপাদন হৈ আছে।

১৫। জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি কেনেধৰণৰ ভাবুকি সৃষ্টি হৈছে আলোচনা কৰা?

উত্তৰঃ প্ৰাকৃতিক দুৰ্যোগৰ ফলত লক্ষ লক্ষ জীৱই মৃত্যু মুখত পৰে। বেমাৰ-আজাৰতো বহু জীৱৰ মৃত্যু হয়। আনহাতে মানুহৰ কেতবোৰ কাৰ্যকলাপ যেনে– কল-কাৰখানা স্থাপন, যান-বাহন আদিৰ পৰা নিৰ্গত বিষাক্ত গেছ আৰু আৱৰ্জনা, কৃষিকাৰ্যত প্রয়োগ কৰা কীটনাশক, কাপোৰ ধুৱাৰ বাবে ব্যৱহাৰ কৰা ডিটাৰজেন্ট, চিকিৎসালয়ৰ অৱশিষ্ট ঔষধ, ব্যৱহাৰ কৰি পেলাই দিয়া পলিথিন, প্লাষ্টিক আদিয়ে পৃথিৱীৰ মাটি, পানী বায়ু প্ৰদূষিত কৰি তুলিছে আৰু ফলত পৃথিৱীত  এনে প্ৰতিকূল পৰিবৰ্তনত ৰব নোৱাৰি কেতবোৰ প্ৰাণীয়ে চিৰবিদায় লৈছে। মানুহৰ আক্ৰমণতো কেতবোৰ জীৱ ধ্বংসপ্ৰাপ্ত হৈছে। নিৰ্বনিকৰণ, ৰাস্তা-ঘাট, ঘৰ আদিৰ নির্মানে জীৱৰ বাসস্থান ধ্বংস কৰিছে। সিহঁতৰ খাদ্য আৰু প্রজনন ক্ষেত্র নষ্ট কৰিছে। ইফালে মাত্ৰাধিক প্ৰদূষণৰ ফলত হোৱা উষ্ণতা বৃদ্ধিয়েও বহুতো জীৱক ধ্বংসৰ ফালে লৈ গৈছে। এনে পৰিবেশজনিত প্রতিকুলতা আৰু মানুহৰ জিঘাংসাৰ বাবে বছৰি ১০ হেজাৰকৈ জীৱ প্রজাতি লুপ্ত হ’বলৈ ধৰিছে। প্রতিদিনে হেনো পৃথিৱীৰ পৰা ২৭টাকৈ জীৱ প্রজাতি ধ্বংস হ’বলৈ ধৰিছে।

১৬। জৈৱ বৈচিত্ৰ্যৰ (Biodiversity) পৰিসৰ দাঙি ধৰা?

উত্তৰঃ সহজ ভাষাত পৃথিৱীত বিভিন্ন আকৃতি আৰু প্রকৃতিৰ জীৱসমূহে যি বিচিত্ৰ পৰিৱেশ ৰচনা কৰিছে তাকে জৈৱ বৈচিত্ৰ্য বোলে। উপনিষদত উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ এই চাৰি প্ৰকাৰৰ জীৱৰ কথা উল্লেখ আছে। অৰ্থাৎ উৰিব পৰা পখী, পানীত বাস কৰা মাছ আদি, মাটিত গজা উদ্ভিদ, ভ্ৰমী ফুৰিব পৰা জন্তু আদি এই সকলোবোৰ হৈছে জীৱ। এনে জীৱবোৰৰ আকাৰ আৰু প্রকাৰ একে নহয়। একেবিধ প্ৰাণীৰে আমি নানান আকাৰ দেখা পাওঁ। উদাহৰণস্বৰূপে মাছৰ ভিতৰতে আমি পাওঁ বাকলি থকা মাছ, বাকলি নথকা মাছ,বায়ুশ্বাসী মাছ আৰু পানীৰ ভিতৰতে উশাহ ল’ব পৰা মাছ; বিভিন্ন ৰঙৰ মাছ। বিশাল আকাৰৰ হাঙৰৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ মোৱা মাছলৈকে কত ধৰণৰ মাছেইঙ্গ চৰাইও সেইদৰে বিভিন্ন ধৰণ— টিপচীৰ পৰা আৰম্ভ কৰি উট পখীলৈকে। কিছুমান চৰায়ে গছৰ ফল খায়, কিছুমানে মাছ খায়, কিছুমানে মৰা শ খায়, কিছুমানে সাপ-বেং, কেঁচু-কুমটিও খায়। একেদৰে স্থলচৰ জন্তু কিছুমান তৃণভোজী, কিছুমান মাংসহাৰী ৷ প্ৰজাতি অনুসৰি বিভিন্ন আকৃতি আৰু প্রকৃতিৰ এই জীৱবোৰ,সিহঁতৰ লগত প্রাকৃতিক পৰিৱেশৰ সম্পৰ্ক আৰু বিভিন্ন পৰিৱেশত সিহঁতৰ অভিযোজন প্ৰক্ৰিয়া আদি সকলোবোৰ জৈৱ-বৈচিত্ৰ্যৰ অন্তৰ্গত বিষয়।

উপনিষদ অনুসৰি পৃথিৱীত ৮৪ লাখ বিধ জীৱ আছে। আধুনিক বিজ্ঞানীসকলে পৃথিৱীৰ ১৪ লাখ বিধ জীৱ চিনাক্ত কৰিছে যদিও তাতকৈ বহুগুণে বেছি প্ৰকাৰৰ জীৱ আজিও চিনাক্ত হোৱা নাই। ইতিমধ্যে চিনাক্ত হোৱা জীৱৰ ভিতৰত ২৫০,০০০ বিধ উদ্ভিদ আৰু ৮,৯৪,০০০ বিধ প্ৰাণী। এই বিশাল জীৱজগতৰ পৰাই মানুহে খাদ্য, বস্তু, বাসস্থান নিৰ্মাণৰ সামগ্ৰীয়েই মাথোন নহয়, ঔষধ, মনোৰঞ্জন আনকি আধ্যাত্মিকতাৰ সমলো লাভ কৰে।

বিজ্ঞানীসকলে জৈৱ-বৈচিত্ৰ্যক দুই প্রকাৰত ভাগ কৰিছে। বংশগতি সম্পৰ্কীয় জৈৱ-বৈচিত্ৰ্য আৰু প্ৰজাতিগত জৈৱ-বৈচিত্ৰ্য।

৪/৫ নম্বৰৰ বাবে

১। বংশগতি সম্পৰ্কীয় জৈৱ-বৈচিত্ৰ্য বা Genetic Biodiversity বিষয়ে আলোচনা কৰা?

উত্তৰঃ জিনৰ ৰূপান্তৰ ঘটি, ক্ৰমবিকাশৰ ফলস্বৰূপে যি বিভিন্ন প্রকাৰৰ জীৱ পৃথিৱীত উদ্ভৱ হয় তাকে বংশগতিমূলক জৈৱ-বৈচিত্ৰ্য বোলা হয়। উল্লেখনীয় যে জীৱসমূহৰ শৰীৰত থকা জিনবোৰ জীৱৰ বিভিন্ন গুণ, লক্ষণ বা আকৃতিৰ প্রাকৃতিক নিৰ্দেশনা কঢ়িয়াই অনা উপাদান। জিনৰ প্ৰকৃতি আৰু গুণ৷গুণ পৰিৱেশ পৰিস্থিতি ভেদে সলনি হৈ থাকে। জিনৰ নতুন নতুন সংযোজনে জীৱক ন ন ধৰণে উপস্থাপিত কৰে। ইয়াৰ ফলতে জীৱৰ ক্ৰমবিকাশ হয় আৰু ন ন জীৱৰ সৃষ্টি হয়।

প্ৰজাতিকুলক জৈৱ-বৈচিত্ৰ্য: প্ৰজাতি অনুসৰি জীৱৰ যি বিভিন্নতা বা বিচিত্ৰতা হয় তাকে প্রজাতি বৈচিত্ৰ্য বোলা হয়। ঠাই বিশেষে পোৱা বিভিন্ন প্ৰজাতিৰ জীৱও জৈৱ-বৈচিত্ৰ্য। যি ঠাইত বহুতো প্রজাতিৰ জীৱ পোৱা যায় সেই ঠাই প্রজাতিগত দিশৰ পৰা অধিক সমৃদ্ধ৷ উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকা, মিচিচিপি উপত্যকা আদি প্রজাতিগত দিশৰ পৰা যথেষ্ট বৈশিষ্ট্যপূৰ্ণ।

পৰিৱেশ তন্ত্ৰমুলক জৈৱ-বৈচিত্ৰ্য: সকলো ঠাইতে সকলোধৰণৰ জীৱ পোৱা নাযায়। মৰুভূমিত যিবোৰ জীৱ পোৱা যায়, সাগৰত সেইবোৰ জীৱ পোৱা নাযায়। অৰ্থাৎ পৰিৱেশতন্ত্ৰ অনুসৰি জীৱ ভিন ভিন হয়। ইয়াকে পৰিৱেশ তন্ত্ৰমূলক জীৱ-বৈচিত্ৰ্য বোলে।

জৈৱ-বৈচিত্ৰ্যৰ মূল্য: প্রাকৃতিক, সামাজিক, আধ্যাত্মিক, সাংস্কৃতিক, নান্দনিক, ঐতিহাসিক আদি বিভিন্ন বিচাৰধাৰাৰে জৈৱ বৈচিত্ৰ্যৰ মূল্যাংকন কৰিব পাৰি। জৈৱ-বৈচিত্ৰ্যৰ অৰ্থনৈতিক বা ব্যৱহাৰিক মূল্য অতি গুৰুত্বপূৰ্ণ ।

জৈৱ-বৈচিত্ৰ্যৰ ব্যৱহাৰিক বা উপভোগীয় মূল্য: জীৱৰ পৰা আমি খাদ্য, বস্তু, বাসস্থান, ঔষধ আদিৰ সামগ্ৰী পাওঁ। শস্য, গাখীৰ মাছ-মাংস, কণী আদি সকলোবোৰ জীৱ মৃূলীয়। এনেবোৰ জীৱৰ খেতি বা পালনেৰে আমি সিহঁতৰ বৃদ্ধি, ঘটাত আৰু সিহঁতৰ দ্বাৰা উৎপন্ন ফল-ফুল, ডাল-পাত আদি বা গাখীৰ, মাংস আদিক আমি আমাৰ উপভোগৰ বাবে গ্রহণ কৰে৷৷ এনেবোৰ দ্ৰব্য দান কৰা জীৱ অবিহনে মানুহ পৃথিৱীত জাই থাকিব নোৱাৰে। এয়াই জৈৱ-বৈচিত্ৰ্যৰ ব্যৱহাৰিক বা উপভোগীয় মূল্য।

জৈৱ-বৈচিত্ৰ্যৰ পৰিৱেশজনিত মূল্য: প্রাকৃতিক পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্রত প্ৰতিবিধ জীৱৰে অৱদান আছে। প্ৰকৃতিয়ে জীৱ জগতখন এনেদৰে সৃষ্টি কৰিছে যে পৰিৱেশৰ ভাৰসাম্যতা আনিবলৈ সকলোৰে সহযোগিতাৰ আৱশ্যক৷ এনে সহযোগিতাৰ অভাৱ হ’লে জৈৱ শৃংখল সোলকি পৰিব। উদাহৰণস্বৰূপে গৰু জীয়াই থাকিবলৈ হ’লে ঘাঁহ থাকিব লাগিব। আকৌ বাঘৰ দৰে মাংসভোজী প্ৰাণী জীয়াই থাকিবলৈ হ’লে গৰু জাতীয় তৃণভোজী থাকিব লাগিব। পৃথিৱীত যদি

তৃণভোজী নিয়ন্ত্ৰণ কৰিবলৈ বাঘজাতীয় জন্তুবোৰ নাথাকে তেনেহ’লে গছ-গছনি ৰক্ষা কৰাটো কঠিন হ’ব। এনেদৰে তৃণৰ পৰা মাংসহাৰী বস্তুলৈ ইটো-সিটোৰ লগত সম্পৰ্কিত। এয়ে হৈছে জৈৱ- বৈচিত্ৰ্যৰ পৰিৱেশজনিত মৃল্য।

জৈৱ-বৈচিত্ৰ্যৰ সাংস্কৃতিক মূল্য : জৈৱ-বৈচিত্ৰ্যৰ সাংস্কৃতিক মূল্যও আছে। আমাৰ শিল্পীসকলে প্রকৃতিৰ বিচিত্ৰ জীৱজগতৰ ছবি আঁকে। সিহঁতক লৈ গীত গায়, কবিতা লিখে, সাহিত্য ৰচনা কৰে। শ্ৰীকৃষ্ণৰ বাঁহীটোৰ পৰা ময়ূৰৰ পাখিটোলৈকে ক’তধৰণৰ বৰ্ণনাৰে গীত-মাত ৰচিত হৈছে তাৰ আদি অন্ত নাই। ফল-ফুল, পখী আদিক লৈ কিমানবিলাক যে গীত-মাত। সিহঁতক লৈ চিত্ৰ-ভাস্কৰ্য। এইবোৰ হৈছে জৈৱ- বৈচিত্ৰ্যৰ সাংস্কৃতিক মূল্য।

জৈৱ-বৈচিত্ৰ্যৰ নান্দনিক মূল্য: জৈৱ-বৈচিত্য্যৰ নান্দনিক মূল্যও যথেষ্ট ৷ কুলিৰ মাত, পদুম ফুলৰ শোভা, শেৱালিৰ স্নিগ্ধ গোন্ধ, ধাননি পথাৰৰ মনোমোহা দৃশ্য আদিয়ে মানুহৰ মনত যি আনন্দ দিয়ে সেয়া অৱশ্যেই নান্দনিক। 

জৈৱ-বৈচিত্ৰ্যৰ আধ্যাত্মিক মূল্য: জৈৱ-বৈচিত্ৰ্যৰ আধাত্মিক মূল্যও আছে। জৈৱ-বৈচিত্ৰ্যৰ আধ্যাত্মিক মূল্যৰ প্ৰতিফলন ঘটে মানুহে উপাসনা কৰা বেলগছ, আঁহত গছ, তুলসী গছ আদিত। আকে হাতীৰ মূৰেৰে গণেশৰ ছবিখনো জৈৱ-বৈচিত্ৰ্যৰ আধ্যাত্মিক মূল্যৰ প্ৰতিফলন। শংকৰে গাত মেৰিয়াই লোৱা সাপডাল, ভগৱান বিষ্ণুৱে উঠি অহা গড়ুৰ, দেৱী দুৰ্গাৰ বাহন সিংহ, ম’হৰূপী মহীষাসুৰ আদিয়ে জৈৱ বৈচিত্ৰ্যৰ আধ্যাত্মিক মূল্য সোঁৱৰাই দিয়ে। 

জৈৱ-বৈচিত্ৰ্যৰ সামাজিক মূল্য: মানুহে সমাজ পাতি থাকি ভাল পায়। নিঃসংগ মানুহে জীৱ-জন্তুৰ লগতে সমাজ পাতি ল’ব বিচাৰে। সেইবাবে মানুহৰ ঘৰ এখনত আমি কুকুৰ মেকুৰীকো মৰম চেনেহ কৰা দেখিবলৈ পাওঁ। বহু মানুহে ঘৰচীয়া জীৱ-জন্তুক নিজৰ সন্তানৰ দৰেই লালন-পালন কৰে। এনে আত্মীয়তাবোধে জৈৱ-বৈচিত্ৰ্যৰ প্রতি মানুহৰ সামাজিক সম্পৰ্ককে প্ৰতিপন্ন কৰে।

জৈৱ-বৈচিত্ৰ্যৰ আৰু নৈতিক প্রমূল‍্য: জৈৱ-বৈচিত্ৰ্যৰ জৰিয়তে নৈতিক প্ৰমূল্যও প্ৰকাশ পায়। অহিংসাৰ বাণী সকলো জীৱৰ প্রতি কৰা দয়াৰ মাজেদি প্রকাশ কৰা হয়। ইশ্বৰ হেনো সকলো মাজতেই বিদ্যমান৷ মহাপুৰুষ শংকৰদেৱে লিখিছিল— কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্রণাম ৷’ অৰ্থাৎ জীৱ মাত্ৰেই শ্ৰদ্ধা, সন্মান আৰু ভক্তিৰ পাত্ৰ ৷ ইয়াৰ দ্বাৰা অতি উচ্চ পৰ্যায়ৰ নৈতিক প্ৰমূল্য সৃষ্টি কৰা হৈছে। ইয়াত সাম্যবাদী প্রমূল্য বিৰাজমান

জৈৱ-বৈচিত্ৰ্যৰ অজ্ঞেয় মূল্য: আমি যিবোৰ প্রাণী বা উদ্ভিদৰ দেখাত একো মূল্য থকা যেন নাভাবো তেনে প্রাণী বা উদ্ভিদৰ মাজত বা কি মহৎ উপকাৰী পদাৰ্থ লুকাই আছে, সেয়া হয়তো গভীৰ গৱেষণাৰ দ্বাৰাহে পোৱা সম্ভৱ। অৰ্থাৎ জৈৱ- বৈচিত্ৰ্যৰ ব্যৱহাৰযোগ্য বহু কথা আজিও অজ্ঞেয়।

চিনকোনা গছৰ পৰা কুইনাইন তৈয়াৰ কৰা হয়। কিন্তু যেতিয়ালৈকে এই আৱিষ্কাৰ হোৱা নাছিল তেতিয়ালৈকে চিনকোনা গছৰ মূল্য কোনেও বুজা নাছিল। এনে অনেক উদাহৰণ আছে। এতিয়াও অচিনাক্ত, অনাবিষ্কৃত প্রাণী আৰু উদ্ভিদৰ বহু ব্যৱহাৰিক দিশ হয়তো আৱিষ্কাৰ হোৱা নাই। এয়ে জৈৱ-বৈচিত্ৰ্যৰ অজ্ঞেয় মূল্য।

জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ: জৈৱ-বৈচিত্ৰ্যৰ গুৰুত্ব উপলব্ধি কৰি সুধীসমাজে ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এনে সংৰক্ষণৰ বাবে আইন-কানুনৰ লগতে বিভিন্ন পৰিকল্পনা, প্রকল্প আদিও হাতত লোৱা হৈছে। 

জৈৱ-বৈচিত্ৰ্যৰ সংস্থাপনৰ ব্যৱস্থা মূলতঃ দুই ধৰণে কৰা হয়। প্ৰথম হৈছে ইন ছিটু (In Situ) বা ঠাইতে কৰা সংৰক্ষণ আৰু এক্স ছিটু ( Ex-Situ) বা স্থানান্তৰ কৰি কৰা সংৰক্ষণ।

১। ‘ইন ছিটু’ বা ঠাইতে কৰা সংৰক্ষণ: কোনো এবিধ বা ততোধিক বিপদগ্ৰস্ত প্ৰজাতিক সিহঁতৰ বসতিস্থানক নিৰাপদ কৰি ৰাখি সিহঁতক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰাটোকে ‘ইন ছিটু’ সংৰক্ষণ, ঠাইতে কৰা সংৰক্ষণ’, ‘স্থানিক সংৰক্ষণ’ বা ‘যথাস্থানত কৰা সংৰক্ষণ’ বোলে। এনে সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ হৈছে ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আদি।

২। স্থানান্তৰিত সংৰক্ষণ, বহিস্থানীক সংৰক্ষণ বা ‘এক্স’ ছিটু’ সংৰক্ষণ: কোনো এক প্ৰজাতিক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰি কৰা সংৰক্ষণকে স্থানান্তৰিত, বহিস্থানিক বা ‘এক্স’ ছিটু’ সংৰক্ষণ বোলে। উদ্ভিদ উদ্যান, প্রাণী উদ্যান, জিন বেংক, বীজ বেংক, নাৰ্ছাৰী আদি স্থানান্তৰিত সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ।

২। প্রাকৃতিক সম্পদৰ সংৰক্ষণ (Conservation of Natural Resources) বুলিলে কি বুজা? ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ জৈৱ-বৈচিত্ৰ্য অন্যতম প্রাকৃতি সম্পদ। এনে প্ৰাকৃতিক সম্পদসমূহৰ সুপৰিকল্পিত, বিজ্ঞানভিত্তিক ব্যৱহাৰৰ দ্বাৰা ইয়াৰ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্ৰাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰাকে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ বোলে। 1948 চনত প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে আন্তৰ্জাতিক সংস্থা (International Union for the Conservation of Natural Resources, IUCN) গঠন হয়।

সংৰক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য:

■ প্রাকৃতিক সম্পদৰ যোগ্য আৰু বিজ্ঞানসন্মত সদব্যৱহাৰৰ যোগেদি পৰিৱেশক সুস্থ আৰু স্বাৱলম্বী কৰা।

■ সুপৰিকল্পিত ব্যৱহাৰ তথা সংৰক্ষণৰ যোগেদি প্রাকৃতিক ভাৰসাম্য বজাই ৰখা।

■ প্ৰকৃতিৰ বুকুত থকা বিৰল প্রজাতিৰ প্রাণী তথা উদ্ভিদসমূহৰ অস্তিত্ব ৰক্ষা কৰা।

■ প্রাকৃতিক সম্পদৰ সুস্থ ব্যৱহাৰৰ মানৱ সমাজৰ কল্যাণ সাধন আৰু দেশৰ অর্থনৈতিক বুনিয়াদ সুদৃঢ় কৰা।

■ উৎপাদন আৰু ব্যৱহাৰৰ সামঞ্জস্য বজাই ৰখা।

■ বন্যপ্ৰাণীৰ স্বভাৱ, বাসস্থান, খাদ্যভাস ইত্যাদি সম্পৰ্কে জ্ঞান লাভ কৰা।

 ■ বায়ু পানী আৰু মাটিৰ সংৰক্ষণৰ জৰিয়তে পৃথিৱীক সংৰক্ষিত কৰা।

■ শক্তিৰ বৈকল্পিক উৎসৰ অনুধাৱন কৰি খনিজ শক্তিৰ সংৰক্ষণ কৰা।

■ যান-বাহন, ৰন্ধন তথা আনক্ষেত্রত সৌৰশক্তি ব্যৱহাৰ বৃদ্ধি কৰা। 

■ কৃষি কাৰ্যত জৈৱিক সাৰ ব্যৱহাৰ কৰা ৷

■ বহল ভিত্তিত বৃক্ষৰোপণৰ জৰিয়তে গোলকীয় উষ্ণতা কমোৱা।

■ পানীৰ অপব্যৱহাৰ ৰোধ কৰা।

■ বনানীকৰণৰ জৰিয়তে উদ্ভিদ আৰু প্রাণীকুল ৰক্ষা কৰা।

■ বিপন্ন প্ৰজাতিসমূহক ৰক্ষণাবেক্ষণ দিয়া।

■ ভুমিস্থলন ৰোধ কৰা।

■ অপ্ৰয়োজনীয়ভাৱে গছকটা আৰু চিকাৰ কৰা নিবাৰণ কৰা।

৩। উদ্ভিদ আৰু প্রাণীৰ সংৰক্ষণ (Conservation of Animals and plants) ব্যবস্থাৰ বিষয়ে লিখা?

উত্তৰঃ  উদ্ভিদ আৰু প্রাণীকুল আৰু সিহঁতৰ আৱাসস্থল ৰক্ষা কৰিবৰ বাবে সংৰক্ষিত অঞ্চলক অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জীৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে আছুতীয়াকৈ ৰখা হৈছে। গছ-ৰোপণ, কৃষিকৰ্ম,গৰু-ম’হ চৰোৱা, গছ কটা, চিকাৰ কৰা আৰু চোৰাং চিকাৰ আদি তাত নিষিদ্ধ৷

অভয়াৰণ্য: প্রাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্রদান কৰা অঞ্চল।

ৰাষ্ট্ৰীয় উদ্যান: ই বন্যপ্ৰাণীৰ এনে এডোখৰ সুৰক্ষিত অঞ্চল, য’ত প্ৰাণীসমূহে স্বাধীনভাৱে বাস কৰি অঞ্চলটোৰ প্রাকৃতিক সমলবোৰ ব্যৱহাৰ কৰিব পাৰে।

জীৱমণ্ডল সংৰক্ষিত অঞ্চল: বন্যপ্ৰাণী, উদ্ভিদ আৰু প্রাণীজাত সম্পদসমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱন শৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্রদান কৰা ভূ-অঞ্চল।

বিপন্ন প্ৰজাতি আৰু সিহঁতৰ সংৰক্ষণ (Endangered species and their conservation):

যিবোৰ প্রাণী আৰু উদ্ভিদৰ প্রজাতি একেবাৰে বিলুপ্তিৰ সীমাত বা বিলুপ্তিৰ একেবাৰে কাষ পাইছেগৈ তেনেকুৱা জীৱৰ প্রজাতিকে বিপন্ন প্ৰজাতি বোলে। 

প্রাণীৰ বিলুপ্তি সংঘটিত হয় বহুতো কাৰণৰ বাবে, তেনেকুৱাবিলাক হ’ল —

(i) অৰ্থনৈতিক লাভৰ বাবে প্রাকৃতিক বাসস্থানৰ ধ্বংস কৰা।

(ii) বিচাৰ-বিবেচনা নকৰাকৈ বন্য প্রাণী ধ্বংস কৰা।

(iii) কৃষি, উদ্যোগ, ৰাস্তা, ৰে’লগাড়ী ইত্যাদিৰ বঢ়োৱাৰ বাবে

(iv) বন্যপ্ৰাণী বাস কৰা বাসস্থানত অবৈধভাৱে মানুহে বসবাস কৰা।

(v) প্রদূষণেও বন্যজীৱৰ বিপদৰ সৃষ্টি কৰে। 

সংৰক্ষণৰ পদ্ধতি (Methods of Conservation):

1. সংৰক্ষণৰ দৃঢ় নীতি [strict policy] প্রৱৰ্তন কৰি।

2. জনসাধাৰণৰ মাজত বন্য জীৱৰ আৱশ্যকীয়তাৰ ওপৰত সজাগতা সৃষ্টি কৰি। 

3. প্রাণীৰ বিপন্ন প্ৰজাতিৰ চিনাক্তকৰণ কৰা উচিত আৰু সিহঁতৰ প্রাকৃতিক বাসস্থান সংৰক্ষণ কৰা উচিত। 

4. বিমোহিত প্রজননৰ জৰিয়তে জীৱৰ সংখ্যা বৃদ্ধি কৰি।

5. বায়’স্ফিয়াৰ ৰিজাৰ্ভ [Biosphere reserve ] বা গেম চেংচুয়েৰী (Game sanctuary] ৰ সৃষ্টি কৰি।

6. চিকাৰ কৰাটো দৃঢ়ভাৱে বন্ধ কৰি, চিকাৰীক অতি কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰি।

কিছুমান ভাবুকিগ্ৰস্ত বন্যপ্ৰাণী: যেনে কৃষ্ণ মৃগ, বগা চকুৱা-ছাগলী, হৰিণ, হাতী, সোণালী মেকুৰী, গোলাপী মূৰীয়া হাঁহ, ঘঁৰিয়াল,জলাহৰ ঘঁৰিয়াল, অজগৰ, গঁড় ইত্যাদিবোৰক আমাৰ অভয়াৰণ্যবোৰত ৰক্ষণাবেক্ষণ দিয়াৰ লগতে সংৰক্ষণ কৰা হৈছে। পৰ্ণপাতী অৰণ্য, পৰ্বতীয়া অৰণ্য, ঘাঁহনি আৰু ডাঙৰ নদী ব-দ্বীপৰে সৈতে ভাৰতীয় অভয়াৰণ্যসমূহৰ দৃশ্য মনোৰম।

৪। ৰেড ডেটা বুক কি?

উত্তৰঃ ৰেড ডেটা বুক হৈছে সকলো বিপন্ন প্রায় প্রাণী উদ্ভিদৰ তথ্য থকা এখন সমল পুথি। উদ্ভিদ, প্রাণী আৰু আন প্রজাতিৰ বাবে বেলেগ বেলেগ ৰেড ডেটা বুক আছে। 1948 চনত গঠিত প্রকৃতি আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ আন্তৰ্জাতিক সংস্থা [International union for conservation of natural and Natural Resources, IUCN] য়ে যাৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডত আছে এই ৰেড ডেটা বুকখন প্রকাশিত কৰি আহিছে।

৫। বন্যপ্ৰাণীৰ অবলুপ্তিৰ কাৰণসমূহ কি কি?

উত্তৰঃ ■ উদ্যোগ-কাৰখানা আৰু মানুহৰ্‌ বসতি স্থাপনে বনাঞ্চলৰ পৰিমাণ হ্ৰাস কৰিছে।

■ বায়ু, মাটি আৰু পানী প্ৰদূষণৰ ফলত বহুতো আপুৰুগীয়া প্রাণী আৰু উদ্ভিদ বিলুপ্ত হৈছে।

■ কাঠ সংগ্ৰহ আৰু জুমখেতিৰ বাবে বনাঞ্চল ধ্বংস।

■ বাঘ, হিংস, হাতী, গঁড় আৰু বিভিন্ন প্ৰজাতিৰ চৰাই আদিৰ চিকাৰে প্রজাতিসমূহৰ বিলুপ্তিৰ পথত আগবাঢ়িছে।

■ প্রাকৃতিক সম্পদৰ অতি বেছি ব্যৱহাৰ।

■ বন্যপ্ৰাণীৰ ছাল, নোম, দাঁত, খৰ্গ আদিৰ চোৰাং ব্যৱসায়।

■ মানুহৰ অন্ধ বিশ্বাস আৰু প্ৰকৃত জ্ঞানৰ অভাৱ।

৬। কেইটামান বিপদাপন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ নামসমূহ লিখ৷?

উত্তৰঃ 1. সিংহ নেলীয়া বান্দৰ [Lion-tailed Macaque]

2. নীলগিৰি লেঙ্গুৰ [Nilgiri Langur]

3. ক্লাউডেড নাহৰফুটুকী বাঘ [Clouded Lion]

4. বৰফত থকা নাহৰফুটুকী বাঘ [snow leopard]

5. হিমালয়ৰ ভালুক [Himalayan Bear]

6. ৰেড পাণ্ডা [Red panda]

7. মাস্ক হৰিণ [Musk deer]

8. ভাৰতীয় ৰক পাইথন [Indian rock Python]

9. এছিয়া বনৰীয়া গাধ [Asiatic wild ass]

10. সিংহ [Lion]

11. ঘৰীয়াল [Crocodile]

অসমৰ কেইটামান বিপদাপন্ন প্ৰজাতি:

1. এশিঙীয়া গঁড় [One horned]

2. সোণালী বান্দৰ [Golden Langur]

3. নলগাহৰি [pygmy hog]

4. হেছপিড হেয়াৰ (Hispid hare)

5. হলক গিবন [Hoolock gibbon]

6. এছিয় হাতী [Asiatic elephant]

7. ঢেকীয়াপতীয়া বাঘ [Royal Bengal Tiger]

8. পেংগলিন [Pangolin]

9. বনৰীয়া ম’হ [Wild buffalo]

10. ম’ৰা চৰাই [Peacock]

11. ধনেশ পক্ষী [Hornbills]

12. অজগৰ সাপ [Reticulated python]

৭। ব্যাঘ্ৰ প্ৰকল্প (Tiger project) কি?

উত্তৰঃ ১৯৫২ চনত ভাৰতত প্রথমতে ব্যাঘ্ৰ সংৰক্ষণ পৰিষদ গঠিত হয় যদিও এই পৰিষদে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত আশানুৰূপ ফল প্রদৰ্শন কৰিব নোৱাৰাৰ ফলত কেন্দ্ৰীয় আৰু WWF (World wide Fund)ৰ অর্থ সাহায্যত ১৯৭৩ চনত ভাৰতত ব্যাঘ্ৰ প্রকল্প’ প্ৰৱৰ্তন কৰা হয়।

গোটেই ভাৰতৰ নটা অঞ্চল ব্যাঘ্ৰ প্রকল্পৰ অন্তৰ্ভুক্ত কৰা হয়। এইবোৰ হ’ল – পশ্চিমবংগৰ সুন্দৰবন, অসমৰ মানস, কৰ্ণাটকৰ বন্দীপুৰ, মধ্যপ্ৰদেশৰ খানা, মহাৰাষ্ট্ৰৰ মেলঘাট, ৰাজস্থানৰ ৰনথমভোৰ,বিহাৰৰ পালমৌ, উৰিষ্যাৰ ছিমলিপাল আৰু পশ্চিমবংগৰ নামখানা ৰেঞ্জ।

অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ 283.7 বৰ্গ কিলোমিটাৰ অঞ্চল অন্তৰ্ভুক্ত কৰি ১৯৭৩ চনৰ এক এপ্ৰিলৰ পৰা ব্যাঘ্ৰ প্রকল্প’ আৰম্ভ কৰি বাঘৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। ২০১০ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ব্যাঘ্ম প্রকল্প আৰম্ভ কৰা হৈছে।

হস্তী প্রকল্প: হাতীৰ সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে ৯১৯২ চনত হস্তী প্রকল্প গ্ৰহণ কৰে। এই প্রকল্পৰ আধাৰত ভাৰতত প্রথমতে বাৰখন ঠাইত হস্তী প্রকল্প গ্ৰহণ কৰা হয় যাৰ ভিতৰত অন্যতম আছিল অসমৰ মানাহ। অতি সম্প্ৰতি অসমৰ শোণিতপুৰ, দিহিং পাটকাই কাজিৰঙা, কাৰ্বি আংলং, ধনশ্ৰী, লামডিং আৰু চিৰাং ৰিপুত হস্তী সংৰক্ষণ বনাঞ্চল (Elephant Reserve)লোৱা হৈছে। মূলতঃ খাদ্যৰ অভাৱত হাতী সিহঁতৰ বাসস্থানৰ পৰা নামি আহে আৰু জনবসতি এলেকাত অত্যাচাৰ চলায়। ফলত হাতী-মানুহৰ সংঘাতৰ সৃষ্টি হৈছে। এনে সংঘাত আঁতৰাবৰ বাবে হাতীৰ খাদ্য বৃক্ষৰোপণৰ ব্যৱস্থা কৰাৰ লগতে হাতীৰ দ্বাৰা পীড়িত জনসাধাৰণক ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা কৰা হৈছে।

আন্তৰাষ্ট্ৰীয়ভাৱে হস্তী প্ৰকল্পৰ অধীনত অবৈধভাৱে হাতী হত্যা কৰা ঘটনা পৰ্যবেক্ষণ কৰাৰ কাৰ্যসূচীও আছে।

৮।  অসমৰ ঔষধি গছবনৰ এখন তালিকা প্রস্তুত কৰা?

নাইবা

অসমৰ বনজ সম্পদৰ বিষয়ে লিখা?

উত্তৰঃ যথাৰ্থতে প্রতিবিধ উদ্ভিদেই কোনোবা নহয় কোনোবা বেমাৰৰ ঔষধৰূপে ব্যৱহৃত হ’ব পাৰে। তথাপি কেতবোৰ বিশেষ গছ বন আছে যিবোৰ কেৱল ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ বাবেই বিখ্যাত তেনে কেইবিধমান গছৰ বিষয়ে ইয়াত আলোচনা কৰা হ’ল।

মহানিম: মহানিমৰ পৰা এশ বিধৰো অধিক ৰোগৰ ঔষধ প্ৰস্তুত কৰা হয়।

আঁহত: আঁহত গছৰ ছাল ধাতু ৰোগৰ ঔষধ। ৰক্ত আৰু পিত্ত দূষিত হ’লে আঁহতৰ ছাল পানীত সিজাই, সেই পানী খালে উপশম পোৱা যায়। আঁহতৰ গুটিয়ে বীৰ্য বৃদ্ধি কৰে। পোৰাৰ্থাত আঁহতৰ ছাল পুৰি ছাঁই কৰি ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

অৰ্জুন: অৰ্জুন গছ হৃদৰোগ, যক্ষ্মা, ৰক্তাতিসাৰ, হাড় ভঙা আদি চিকিৎসাত ব্যৱহাৰ কৰা হয়।

অশোক গছ: অশোক গছৰ পৰা ধাতু দোষ, ৰক্ত প্রসৰ, প্ৰস্ৰাৱবন্ধ, কৃমি আদি ৰোগৰ ঔষধ প্রস্তুত কৰোতে ব্যৱহাৰ হয়।

আকন গছ: আকন গছ ফুলা, দাঁত পোকে খোৱা, প্লীহা বৃদ্ধি, কুষ্ঠ ৰোগ, বাতবিষ আদিত ব্যৱহাৰ কৰা হয়।

আমলখি: আমলখি চুলি, পেট, যোনি আদি ৰোগৰ ঔষধ প্রস্তুত কৰোতে ব্যৱহাৰ হয়। ই ত্ৰিফলাৰ এবিধ অনুপান।

অশ্বগন্ধা: অশ্বগন্ধাৰ পৰা শাৰীৰিক দুৰ্বলতা, অনিদ্ৰা, স্বপ্নদোষ বাতপিত্ত, শ্বাস ৰোগ আদিৰ ঔষধ প্রস্তুত কৰা হয়।

শিলিখা: শিলিখা পেটৰ অসুখ, কোষ্টকাঠিন্য, শূল, পাথৰি মূত্ৰ ৰোগ আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

শেৱালি: জ্বৰ, বাতৰোগ আদিত শেৱালিৰ পাতৰ ৰস ব্যৱহাৰ কৰা হয়

পুনৰ নৱা: শোথ, ৰক্ত প্ৰখৰ, পাণ্ডু ৰোগ, বেৰি বেৰি আদি ৰোগত ঔষধ ৰূপে পুনৰ নৱা ব্যৱহাৰ কৰা হয়।

বাহক: কথ, কুষ্ঠ, বাঁহ আদি ৰোগৰ বাহক তিতা ব্যৱহাৰ কৰা হয়।

কালমেঘ: মেলেৰিয়া, শিশুৰ কৃমি, লিভাৰৰ দোষ আদিত কালমেঘ ব্যৱহাৰ কৰা হয়।

কলমৌ: স্তন দুগ্ধ বৃদ্ধিৰ বাবে  কলমৌ শাক ব্যৱহাৰ কৰা হয়।

মানিমুনি: কাহ, গ্রহণী, ৰক্ত দূৰণতা আদিৰ ক্ষেত্রত ব্যৱহাৰ হয়।

তুলসী: মাটিৰ ব্যৱহাৰ ব্যাপক। ই বায়ু প্রদূষণ প্ৰতিকাৰক।

এনেবোৰ গছ-বনৰ উপৰি কাঁটা খুতুৰা, লাজুকীলতা, বকুল, আদা হালধী, তেঙেছি টেঙা, মাধৱীলতা, নাৰ্জিফুল, নয়নতৰা, পদুম ফুল, ভোমোৰা, ভেদাইলতা, গন্ধসৰৈ, শতমূল, ডালচেনি, তিল, সৰিয়হ, ডিমৰু, অনন্তমূল, নৰসিংহ, পচতীয়া, জাৰ্মানীবন, গুফুল, বিহলঙনি, ঢেকীয়া, নহৰু, পিয়াজ, তৰুৱা কদম, সৰ্পগন্ধা, চজিনা, পানীলাও দুবৰিবন, ভৃংগৰাজ, মধুশোলেং, কৰৱী, অপৰাজিতা, লাটুমণি, ব্ৰাহ্মী শাক, মধুৰীআম, পূৰৈ, সিজুগছ, দোৰোণৰন, কুঁহিয়াৰ, অমিতা, পনৌনৌবা, মাটিকাদুৰি, আনাৰস, নেফাফু, পলাশ, বিলাহী, চতিয়না, সিন্ধিলতা আম, ডালিম, বৰগছ, এৰা, ৰজনীগন্ধা, বিশল্যকৰণী, দুপৰটেঙা, কেঁহৰাজ, বগাসৰিয়হ, জেতুকা, খুদজলকীয়া, ভোটজলকীয়া, মাখিয়তী, চিৰতা, অগৰু, সোমৰাজ, গুলন্স , কালকাসুন্দৰ, চন্দন, পিপলি, পাণ, তামোল বিৰংগ, আবুকাঠ, গন্ধবিৰিণা, আটলচ, চিত্ৰনেলা, জামু, মিচিমি তিতা, আমৈলতা, কল, গাজৰ, মানকচু, কলাকচু, চতীয়না আদি নানাবিধ তৃণ, লতা, গুল্ম, বৃক্ষ জাতীয় নানাবিধ উদ্ভিদে নানাবিধ ৰোগৰ উপশমকাৰী ঔষধৰ যোগান ধৰে।

৯। অসমৰ কাঠ উৎপাদনকাৰী গছ-গছনিৰ এখন তালিকা প্ৰস্তুত কৰা? 

উত্তৰঃ শাল, চেগুন, তিতাচপা, হলখ, হোলোং, শিমলু, চিচু, বনচোম, উৰিয়াম, সাঁচি, ঘোঁৰানিম, আম, কঁঠাল, পমা, জীয়া, লালী, কৰৈ, এজাৰ, সোণাৰু, নাহৰ, তমাল, নাগচম্প৷, সৰৈ, অশোক, কদম, কেন্দু ইত্যাদিয়ে কাঠৰ যোগান ধৰে। সকলোবোৰ গছেই কাঠ উৎপাদন কৰে। কিন্তু নিৰ্মাণকাৰ্যৰ বাবে উপযোগী কাঠ উৎপন্ন কৰা বৃক্ষৰ সংখ্যা বৰ বেছি নহয়। গৃহ নিৰ্মাণ আৰু আচবাবৰ বাবে শাল, চেগুন, তিতাচপা, বনচোম, হোলোং, চিচু, হলখ আদি কাঠ হৈছে উৎকৃষ্ট। অন্যান্য গছৰ কাঠো৷ ঘৰৰ খুঁটা বা বাটাম আদিৰ কামত সম্যকভাৱে ব্যৱহাৰ কৰিব পাৰি। এনেবোৰ কাঠক কেন্দ্ৰ কৰি অসমত কাঠৰ গৃহ নিৰ্মাণৰ এক উন্নত স্থাপত্য গঢ়ি উঠিছিল। আহোম ৰজাৰ ৰাজকাৰেং কাঠেৰে সজা আছিল। ছাহাবুদ্দিন তালিছ নামৰ মোগল লেখকজনে, আহোমৰ কাঠেৰে নিৰ্মিত ৰাজকাৰেঙৰ বৰ্ণনাত, এনে কাঠেৰে নিৰ্মিত শিল্প বিশ্বতে বিৰল বুলি উল্লেখ কৰি গৈছে আৰু ইয়াৰ সেই কাৰ্যৰ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে। অসমৰ কোনো কোনো অঞ্চলত পুৰণি ঘৰ, ৰাজ বাৰী আদিও আজি কাঠেৰে নিৰ্মিত ৰূপত পোৱা যায়। ধুবুৰী জিলাৰ বিলাসীপাৰাত অৱস্থিত চাপৰ জমিদাৰীৰ ৰাজবাৰী কাঠেৰে নিৰ্মিত। গছ-গছনি কমি অহাৰ ফলত অসমৰ কাঠ শিল্প ক্ৰমাৎ লুপ্ত হৈ যাবলৈ ধৰিছে।

১০। জিনগত, প্ৰজাতিগত আৰু ভৌগোলিক জৈৱ বৈচিত্ৰ্যৰ সম্পৰ্কে আলোচনা কৰা?

উত্তৰঃ জিনগত, প্ৰজাতিগত আৰু ভৌগোলিক জৈৱ বৈচিত্ৰ্যৰ উপৰি আৰু কেতবোৰ জৈৱ-বৈচিত্ৰ্য বিজ্ঞানী মহলত চৰ্চিত। তেনে কেতবোৰ জৈৱ-বৈচিত্ৰ্য হল-

ঘৰচীয়া জৈৱ-বৈচিত্ৰ্য: আমি পৰিয়ালৰ ভিতৰত কেতবোৰ জীৱ-জন্তু পুহো বা প্ৰতিপালন কৰো। যেনে- গৰু, ছাগলী, ভেড়া, ঘোঁৰা, কুকুৰ মেকুৰী আদি, আনহাতে আকৌ নানাবিধ ফল ফুল, গছ-গছনি আদিও আমি ৰোও। এইখিনিও জৈৱ-বৈচিত্ৰ্যৰ ভিতৰুৱা আৰু ইয়াক ঘৰচীয়া জৈৱ-বৈচিত্ৰ্য বুলিব পাৰি।

অনুজীৱ-বৈচিত্ৰ্য: আমি চকুৰে নেদেখা বেক্টেৰিয়া, ভাইৰাছ আদিও জীৱ আৰু সিহঁতৰ আকাৰ, প্রকাৰ, বৈশিষ্ট্য বা প্ৰকৃতিত সিহঁতৰ ভূমিকা অনুযায়ী সিহঁত বিচিত্ৰ । এই বৈচিত্ৰ্যকে অণুজীৱমূলক জৈৱ-বৈচিত্ৰ্য বোলে।

খাতুগত বৈচিত্ৰ্য: আমি বছৰটোৰ বিভিন্ন ঋতুত বিভিন্ন প্ৰকাৰৰ  উদ্ভিদ বা জীৱ পাওঁ। যেনে— জাৰকালি কবি, বিলাহী আদি, আনহাতে জহকালি জিকা, ভেণ্ডি আদি পাচলি পাওঁ। শালি ধানৰ খেতি জহকালিহে হয়। এনেদৰে খাতুগতভাৱে আমি বিভিন্ন ধৰনৰ শস্য, পাচলি আদি পাওঁ বা ভিন ভিন প্রকাৰৰ উদ্ভিদ পাও ৷ সাধাৰণতে বাৰিষা আমি উদ্ভিদৰ শ্ৰীবৃদ্ধি বেছিকৈ দেখিবলৈ পাওঁ৷ খৰালি, শুকান বতৰত বহুতো কল্ম, লতা, তৃণ নোহোৱা হয়। এনে বিচিত্ৰতাকে খতুগত জৈৱ-বৈচিত্ৰ্য বুলিব পাৰি। 

১১। বিজ্ঞানীসকলে চিনাক্ত কৰা পৃথিৱীৰ জৈৰ-বৈচিত্ৰ্য ‘হটস্পট’সমূহ উল্লেখ কৰা?

উত্তৰঃ বিজ্ঞানীসকলে পৃথিৱীৰ জৈৱ-বৈচিত্ৰ্যঘন ২৫ টা হটস্পট’ বিচাৰি উলিয়াইছে। বিশ্বৰ জৈৱ-বৈচিত্ৰ্য হটস্পট ২৫ টাৰ ভিতৰত ভাৰতৰ দুটা হটস্পট আছে। এটা হৈছে পশ্চিমঘাট পৰ্বত আৰু উত্তৰ-পূব হিমালয় এলেকা । অসম বা উত্তৰ পূৰ্বাঞ্চল উত্তৰ- পূব হিমালয় এলেকাত অন্তৰ্গত। বিশ্বৰ আন আন জৈৱ-বৈচিত্ৰ্য হটস্পটকেইটা হৈছে- গ্ৰীষ্ণমণ্ডলীয়া এণ্ডিজ, মেছো আমেৰিকান অৰণ্য, কেৰিবিয়ান, ব্ৰাজিলৰ আটলাণ্টিক অৰণ্য, পানাম পশ্চিম ইকুৱেডৰ, ব্ৰাজিলৰ চেৰাড’, মধ্যচিলি, কেলিফৰ্নয়া ফুলৰ ৰাজ্য, মাডাগাস্কাৰ, তাঞ্জীনিয়াৰ উপকুলীয় অঞ্চল, পশ্চিম আফ্ৰিকীয় অৰণ্য, কেপফুলৰ ৰাজ্য, ৰমাল কৰো, ভূ-মধ্যসাগৰীয় অৱবাহিকা, ককেচাছ, মুণ্ডালেণ্ড, বালাচিত্ব, ফিলিপাইনছ, দক্ষিণ মধ্য চীন, শ্ৰীলংকা, দক্ষিণ-পশ্চিম অষ্ট্ৰেলিয়া, নিউ কেলেড’নিয়া, নিউজিলেণ্ড আৰু পৰিনেছিয়া মেইক্ৰনেছিয়া।

১২। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক পৰিৱেশৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ অসম আৰু উত্তৰ-পূৰ্বাঞ্চল ঘন সেউজীয়া বননি, নদী-উপনদী, পাহাৰ-পৰ্বত বিচিত্ৰ প্ৰজাতিৰ জীৱকুলেৰে ভৰা এক প্রকৃতিসমৃদ্ধি অঞ্চল। ইয়াত আজিও ডাইন’চ’ৰ যুগৰ ‘মিচিং লিংক’ৰাইনোচেৰছ বা ‘ৰাইনো’ অৰ্থাৎ গঁড় পোৱা যায়। ইয়েই প্ৰতীয়মান কৰে প্রাকৃতিকভাৱে উত্তৰ-পূৰ্বাঞ্চল কিমান সমৃদ্ধ। বিশ্বৰ তালিকাভুক্ত পঁচিশটা মাথোন জৈৱ-বৈচিত্ৰ্য অঞ্চলৰ ভিতৰত অন্যতম অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা। চাহ গছ, চোম গছ, সাঁচি গছৰ দৰে অতি বহুমূলীয়া,মৌলিক বৈশিষ্ট্যসম্পন্ন গছ, গঁড়, সোণালী বান্দৰ, নল গাহৰিৰ দৰে বিশেষ বিশেষ জন্তু, শিলঘৰীয়া, মুৱা, চন্দ্ৰা, বুকাঘৰীয়া, বতীয়া আদিৰ দৰে বিশেষ  প্রজাতিৰ মাছ, পেলিকান, দেওহাঁহ আদিৰ দৰে বিশেষ প্রজাতিৰ চৰাই, এড়ী আৰু পাট পলুৰ দৰে বিশেষ পোক-পৰুৱা সমৃদ্ধ এই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে দেশক জৈৱ-বৈচিত্ৰ্যৰ দিশেৰে গৌৰৱময় কৰি ৰাখিছে। গাঁৱৰ ৰাইজৰ সৰহসংখ্যকৰে জীৱিকাৰ উপায় কৃষি। এই অনন্য সুন্দৰ প্ৰাকৃতিক প্ৰাচুৰ্যতাৰ মাজতে মানুহৰ গাঁও, নগৰ, চহৰ বা ৰাজ্যবোৰ।

গাঁও: অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ স্বকীয় বৈশিষ্ট্য বহন কৰেগাওবিলাকে। কেইবাটাও পৰিয়াল লগ লাগি একেলগে একোখন চুবা হয়। তেনে কেতবোৰ চুবা লগ লাগি একোখন গাঁও হয় অসমৰ গাঁৱৰ প্ৰধান বৈশিষ্ট্য হ’ল তামোলৰ বাগিচা, বাঁহনী আৰু পথাৰ। অসমৰ পৰিয়ালৰ ‘বাৰী’খনৰ প্রধান উপাদান হৈছে তামোলগছ। তদুপৰি গৰু আৰু আন আন ঘৰচীয়া জীৱ-জন্তু নাথাকিলে অসমৰ গাঁৱৰ পৰিয়াল এটা পৰিপূৰ্ণ নহয়। প্রকৃতিৰ ওপৰত নিৰ্ভৰশীল অসমৰ গাঁও আজিও সুন্দৰ আৰু কৃষ্টি-সংস্কৃতিৰ চাৰণভূমি ৷ প্রশাসনীয় ফালৰ পৰা গাঁওবিলাকত গাঁও পঞ্চায়ত থাকে গাঁও পঞ্চায়তৰ সভাপতিজনক গঞাই নিৰ্বাচন কৰে। কেইবাখনো গাঁও পঞ্চায়ত লগ হৈ এখন আঞ্চলিক পঞ্চায়ত হয়। কেইবাখনো আঞ্চলিক পঞ্চায়ত, এখন জিলাৰ মাজত মিলিত হৈ জিলা পৰিষদ গঠন হয়। অসমত সম্প্ৰতি এই তিনিখলপীয়া ব্যৱস্থাৰে পঞ্চায়তীৰাজ প্রৱৰ্তি হৈ আছে। 

ৱাৰ্ড: গাঁওসমূহত থকাৰ দৰে চহৰসমূহত নগৰ সমিতি বা নগৰ পালিকা, পৌৰসভা আৰু মহানগৰত পৌৰ নিগমৰ দ্বাৰা গণ-প্রশাসন চলোৱা হয়। এই সমিতি সভা বা নিগমৰ সদস্যসকলক ‘ৱাৰ্ড কমিছনাৰ বোলা হয়। তেওঁলোকক চহৰ বা নাগৰিকসকলে নিৰ্বাচিত কৰে। বা নগৰত জনসংখ্যা বেছি। জনসাধাৰণৰ জীৱিকাৰ উপায় চাকৰি উদ্যোগ আৰু ব্যৱসায়। চহৰৰ মুকলি ঠাই কম বাবে বাৰী-বাগিচা সীমিত। পথাৰ প্রায় নাই বুলিবই পাৰি। গাঁৱৰ তুলনাত চহৰ-নগৰসমূহে প্রাকৃতিক পৰিৱেশৰ সুফল কমকৈ পায় আৰু কৃত্ৰিম বা প্রযুক্তি নিৰ্ভৰ জীৱন নিৰ্বাহ কৰিবলগা হয়। 

জিলা: প্ৰশাসনীয় সুবিধাৰ বাবে অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমুহক কেতবোৰ জিলাত ভাগ কৰা হৈছে। জিলাৰ মুখ্য প্রশাসকজনক জিলা উপায়ুক্ত বোলে। জিলা সদৰত প্ৰতিটো চৰকাৰী বিভাগৰ বিভাগীয় জিলা মুৰব্বীসকলৰ কাৰ্যালয় থাকে। একোখন জিলা প্ৰশাসনৰ সুবিধাৰ বাবে কেইবাটাও মহকুমাত ভাগ কৰা হৈছে।

স্বায়ত শাসিত পৰিষদ: সাংবিধানিক বিধি অনুসৰি জনজাতিসকলৰ স্থানীয় প্ৰশাসন, সংস্কৃতি আৰু সমাজৰ সৰ্বাংগীন বিকাশৰ বাবে, তেওঁলোকৰ প্রতিনিধিৰ দ্বাৰা স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হয়। এনে পৰিষদ কেইবাখনো জিলাক লৈ গঠিত হ’ব পাৰে। এনে পৰিষদৰ সদস্যসকলক সকলো নাগৰিকে ভোট দিব,পাৰে যদিও যিটো জনগোষ্ঠীৰ বাবে বিশেষভাৱে এই পৰিষদখন গঠন কৰা হয়। নিৰ্বাচনত তেওঁলোকৰ জনগোষ্ঠীৰ লোকেহে অংশ লব পাৰে। অৱশ্যে সাধাৰণ শ্ৰেণীৰ বাবে বা অন্যান্য শ্ৰেণীৰ বাবে কেইখনমান আসন সংৰক্ষিত থাকে। জিলা স্বায়ত্তশাসিত পৰিষদৰ প্রধানজনক মুখ্য কাৰ্যবাহী সদস্য বোলে। তেওঁ আন আন বিভাগীয় কাৰ্যবাহীসকলক নিযুক্ত কৰে। স্বায়ত্তশাসিত পৰিষদ ৰাজ্য চৰকাৰৰ অধীন। তৎসন্বেও এই পৰিষদে যথেষ্ট ক্ষমতা ভোগ কৰে। স্বায়ত্তশাসিত পৰিষদ পঞ্চায়ত ব্যৱস্থাৰে অন্য এক ৰূপ।

ৰাজ্য আৰু দেশ: যেতিয়া কোনো এক ভৌগোলিক অংশৰ মানুহে এনে এখন চৰকাৰ গঠন কৰে, যি চৰকাৰে সাৰ্বভৌম ক্ষমতা লাভ কৰে, অৰ্থাৎ আন কাৰো তলতীয়া নোহোৱাকৈ শাসন চলাব পাৰে, তেতিয়া সেই ভৌগোলিক অংশটোক দেশ বোলে।

ৰাজ্য: এখন দেশত বিভিন্ন ভাষা-ভাষী বা সস্কৃতিৰ লোক থাকিব পাৰে। যেতিয়া এনে ভিন্ন ভাষিক বা সংস্কৃতিৰ লোকৰ আৰ্থ-সামাজিক বিকাশৰ বাবে দেশৰ সাৰ্বভৌম চৰকাৰৰ অধীনত, সেই দেশখনক কেইবাটাও ভাগত ভগাই প্ৰতিটো ভাগতে নাগৰিকৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে চৰকাৰ গঠন কৰা হয়, তেতিয়া দেশৰ ভিতৰৰে এই ভৌগোলিক অংশক ৰাজ্য বোলে। ৰাজ্যৰ প্ৰতিনিধিসকলক বিধায়কবোলা হয়। তেওঁলোকে বিধানসভা গঠন কৰে। বিধানসভাত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে তেওঁলোকে চৰকাৰ গঠন কৰে। ৰাজ্যৰ মুখ্যজনক মুখ্যমন্ত্ৰী বোলা হয়। আনহাতে দেশৰ প্রধানজনক প্ৰধানমন্ত্ৰী আৰু প্রতিনিধিসকলক সাংসদ বোলা হয়। উত্তৰ-পূৰ্বাঞ্চলত সম্প্ৰতি সাতখন ৰাজ্য আছে যদিও ছিকিমকো অন্তৰ্ভুক্ত কৰাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ সংখ্যা হৈছেগৈ আঠখন।

পাহাৰ আৰু ভৈয়াম: উত্তৰ-পূৰ্বাঞ্চলৰ, অসমক বাদ দি বাকীকেইখন ৰাজ্য পাহাৰীয়া ৷ অসমৰ প্রায় আশী শতাংশ সমতলভূমিৰ বিপৰীতে বাকী ৰাজ্যসমূহৰ সমতল ভূমি চল্লিশ শতাংশৰো কম।

পাহাৰৰ বিপৰীতে সমতল অংশক ভৈয়াম বোলে। ভৈয়াম অঞ্চলৰ লোকৰ জীৱন-জীৱিকা পাহাৰতকৈ কিছু বেলেগ হয়। ভৈয়ামৰ লোকে পানী খেতি কৰে। আনহাতে ভৈয়ামত যাতায়াত ব্যৱস্থা সুচল। উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলসমূহত জুম খেতি হয়। শাক-পাচলি, মাহজাতীয় শস্য আদিৰ খেতিৰে অসমৰ পাহাৰ অঞ্চল সমৃদ্ধ। উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ এলেকা জনজাতিপ্রধান এলেকা ৷ তেওঁলোকৰ ভাষা কৃষ্টি আৰু সমাজৰ সুকীয়া বৈশিষ্ট্য আছে। অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া জনজীৱনত নাৰীসকল সদায় আগৰণুৱা আৰু লিংগ বৈষম, নাই বুলিলেই হয়। নানাবিধ গছ, ফল-ফুলেৰে ভৰা উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ অতি মনোৰম। কয়লা, চূণশিল আদিৰ খনিও উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰত আছে। কিন্তু কয়লাৰ মুক্ত খননে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰৰ বিস্তৰ ক্ষতিসাধন কৰিছে। উত্তৰ-পূৰ্বাঞ্চল জৈৱ-বৈচিত্ৰ্য সমৃদ্ধ কৰাৰ ক্ষেত্ৰত পাহাৰসমূহৰ উল্লেখনীয় অৱদান আছে। অৰ্কিডকে ধৰি  ভালেমান দুষ্প্ৰাপ্য উদ্ভিদ উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ আৰু ভৈয়াম এলেকাত পোৱা যায়।

নদী আৰু জলাশয়: অসমৰ বাবে গৌৰৱৰ কথা যে বিশ্বৰ সৰ্ববৃহৎ নদী ব্যৱস্থাটো আছে অসমত ৷ ব্ৰহ্মপুত্ৰ নদী ব্যৱস্থা [Riverine system] হৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ নদী ব্যৱস্থা। ৪৯ খন উপনৈ আৰু একুৰিৰো অধিক শাখানৈৰে ব্ৰহ্মীপুত্ৰই অসমক নদীমাতৃকা ৰাজ্যৰূপে গঢ় দিছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ লগতে আছে বৰাক আৰু ইয়াৰ উপনৈসমূহ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যবোৰ

পাহাৰীয়া বাবে তাত আছে অনেক জান-জুৰি। আনহাতে জলাশয়ৰ ফালৰ পৰাও অসম তথা উত্তৰ-পূৰ্বাঞ্চল চহকী। অসমত সবাতোকৈ ডাঙৰ জলাশয় হৈছে ধুবুৰী জিলাৰ ধীৰ বিল। ধীৰ বিল এছিয়াৰ দ্বিতীয় বৃহৎ জলাশয়। অসমৰ বিলৰ সংখ্যা এহেজাৰৰো অধিক। এই বিলবোৰ আমাৰ থলুৱা মাছবোৰৰ প্রধান বাসস্থল। মোৱাৰ পৰা আৰম্ভ কৰি আৰি-চিতললৈকে শতাধিক প্রজাতিৰ মাছ বিলত পোৱা যায়। অসমৰ বিলসমূহলৈ সাগৰৰ মোহনা এলেকাৰ পৰা ইলিছমাছে প্রব্ৰজন কৰে কণী পাৰিবলৈ ৷ ইলিছ মাছ প্রৱজনকাৰী মাছ। অসমৰ বিলবোৰ প্ৰব্ৰজনকাৰী পক্ষীৰো আবাসস্থল। জাৰকালি হেজাৰ হেজাৰ প্ৰবজনকাৰী পক্ষীয়ে অসমৰ জলাশয়সমূহলৈ প্রৱজন কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ এটি উল্লেখনীয় জলাশয় হৈছে মণিপুৰৰ লগটক হ্ৰদ। এই হ্ৰদৰ ওপৰত জৈৱ পদাৰ্থৰ ছামনি পৰি যি হাবিৰ সৃষ্টি হৈছে সেয়া পৰিৱেশৰ ৰূপাস্তৰৰ বিশেষ উদাহৰণ। লগটক হ্ৰদৰ ওপৰৰ এই হাবিত পোৱা যায় বিশ্বত হেৰাই যাবলৈ ধৰা বিৰল প্রজাতিৰ নাচনী হৰিণ।

বিল আৰু নদীৰ উপৰি আছে বহুতো পিটনি, খাল, পুখুৰী, দোং, হোলা, খাৱৈ আদি যিবোৰ পৰিৱেশৰ অন্যতম উপাদান। এনে জলাশয়বোৰে বায়ুশ্বাসী মাছৰ বিকাশৰ লগতে বিভিন্ন প্ৰজাতিৰ ভেকুলী, হামুক, সাপ, বেং, কাছ, গুই, জলজ উদ্ভিদ, অৰ্দ্ধজলজ উদ্ভিদ আদিক আশ্ৰয় দি প্ৰকৃতিক সমৃদ্ধি কৰি তুলিছে। জলাশয় আৰু নদী অবিহনে উত্তৰ-পূৰ্বাঞ্চলৰ ভৰপূৰ প্ৰাকৃতিক পৰিৱেশৰ কথা কল্পনা কৰা নাযায়।

১৩। অসমৰ পাৰিপাৰ্ম্বিক সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ বানপানী: বানপানী অসমৰ প্রধান প্রাকৃতিক দুৰ্যোগ। বছৰি হোৱা বানপানীয়ে অসমৰ লক্ষ লক্ষ লোকৰ জীৱন আৰু জীৱিকা মাধমাৰ শোধায়। মৌচুমী বায়ুৰ প্রভাৱত বাৰিষা হোৱা বৰষুণে উত্তৰ-পূৰ্বাঞ্চলৰ নদ-নদী-জলাশয় পৰিপূৰ্ণ কৰিও ওপৰঞ্চিভাৱে পথাৰ আমনি ঘৰসদুৱাৰো বুৰাই পেলায়। অসম যিহেতু তুলনামূলকভাৱে দ, সেইবাবে হিমালয়ৰ পাদদেশীয় অঞ্চলৰ পানীও নদীসমূহেৰে বৈ আহে। বিশেষকৈ ভূটান আৰু অৰুণাচলৰ পানী বিভিন্ন উপনৈৰে আহি অসমৰ গাঁও পথাৰ বুৰাই পেলায়। আনহাতে ভূটানত গঢ়ি উঠা বান্ধবিলাকৰ বাবে অসমত কৃত্ৰিম বানৰো সৃষ্টি হয়। ভূটানৰ কুৰিশ্বু বান্ধৰ ফলত অসমৰ কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, চিৰাং, বাস্কা আদি জিলাত বৰষুণৰ অবিহনেও কৃত্ৰিম বানপানী হয়। বান্ধত পানীৰ পৰিমাণ বাঢ়ি গ’লে জলাধাৰ মুকলি কৰি দিয়ে ফলত এই পানীয়ে নামনিৰ অঞ্চলবোৰ বুৰাই পেলায়। অসমত তীব্ৰ হাৰত হোৱা বৃক্ষ ধ্বংস, বানপানীৰ আন এক কাৰণ। গছ-গছনি নথকাৰ ফলত পানী বৈ আহোতে মাটিও খহি আহে আৰু পানীৰ আয়তন দুই-তিনিগুণলৈ বৃদ্ধি পায়। ফলত বানপানীৰ প্ৰকোপ আৰু বেছি হয়। ইফালে বানপানীৰ লগত অহা এই মাটি আৰু বালিয়ে পথাৰ বালিময় কৰি তোলে। আগতে বানপানীয়ে পথাৰত পলস পেলাইছিল, এতিয়া বালি পেলায়। পলস হয় গছ গছনিৰ পঁচা অংশৰ পৰা। 

কিন্তু বনাঞ্চল ধ্বংস হোৱাত, পাত পঁচি সাৰ হোৱাৰ পৰিৱেশো নাই। গতিকে বানপানীৰ লগত পলস নাহে, আহে মাথোন বালি। এনে বানপানীয়ে এসময়ত ধানৰ বাবে বিখ্যাত ধেমাজি জিলাৰ বহু পথাৰ মৰুভূমিত পৰিণত কৰিছে। বানপানীয়ে অসমৰ বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা, ওৰাং, নামেৰী আদিৰো বিস্তৰ ক্ষতি সাধন কৰি আহিছে। বাট-পথৰ সংখ্যা বৃদ্ধি, বান্ধ নিৰ্মাণ, নিৰ্বণীকৰণ বগৰীকৰণ, জলাশয়বোৰ পোত যোৱা, পাহাৰকটা আদি কাৰণতে দিনক দিনে অসমত বানপানীৰ ফলত হোৱা ক্ষয়ক্ষতিৰ পৰিমাণ বাঢ়িব লাগিছে। ব্যাপক পৰিমাণে গছ-গছনি ৰুই ৰাজ্যখনৰ প্রাকৃতিক ভাৰসাম্যতা আনিব পাৰিলেহে বানপানীৰ ক্ষয়ক্ষতি কমাব পৰা যাব। অপৰিকল্পিতভাৱে বন্ধা বাট-পথ, বান্ধ আদিয়ে অসমৰ বানপানীৰ সমস্যাক জটিল কৰি তুলিছে। অন্য কথা বাদেই, অসমৰ ৰাজধানী

খোদ দিছপুৰতে এতিয়া একঁকাল পানী হয়। এয়া স্বাভাৱিক নহয়, কৃত্ৰিম বানহে। গুৱাহাটীৰ নলা-নৰ্দমাৰ অব্যৱস্থা, অপৰিকল্পিতভাৱে গঢ়া ঘৰ-দুৱাৰ, অ’ভাৰৱীজ, বনাঞ্চল ধ্বংস কৰা, পাহাৰকটা, জলাশয়বোৰ পুতি পেলোৱাই হৈছে গুৱাহাটীৰ কৃত্রিম বানৰ মূল কাৰণ। দিছপুৰ এসময়ত গছে-বনে সুশোভিত এখন মনোৰম ঠাই আছিল। দিছপুৰৰ ভিতৰত বানপানী কল্পনাতীত আছিল। কিন্তু স্থায়ী ৰাজধানী সজাৰ নামত দিছপুৰত যি হাৰত গছ কটা হ’ল তাৰ কুফল আজি স্থায়ী ৰাজধানী দিছপুৰে ভুগিব লাগিছে। অদূৰদৰ্শিতা আৰু পৰিৱেশচেতনাহীন মানসিকতাই অসমৰ ঠায়ে ঠায়ে কৃত্ৰিম বানপানীৰ সৃষ্টিত অৰিহণা যোগাইছে আৰু অসমৰ বানপানীৰ সমস্যাটো অধিক জটিল কৰি তুলিছে।

ভূমিস্খলন: বনপীনীৰ দৰেই অসমৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন এক সমস্যা হৈছে ভূমিস্খলন। এই ভূমিস্খলনে বাৰিষাৰ সময়ছোৱাত, উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যকেইখনৰ লগতে অসমৰ গুৱাহাটীৰ মহানগৰীৰ আশে-পাশে থকা পাহাৰীয়া এলেকাবোৰতো ভয়াৱহ ৰূপ ধাৰণ কৰে। বাৰিষা হোৱা বৰষুণৰ ফলত মাটি কোমল হৈ পৰে। ইফালে বনাঞ্চল ধ্বংস হোৱাৰ ফলত মাটি খামুচি ৰখাৰ যি প্ৰাকৃতিক উপায় সেয়াও নোহোৱা হৈ পৰে। ফলস্বৰূপে পাহাৰৰ মাটি , শিল আদি খহি বাট পথ বন্ধ কৰি পেলায়। পাহাৰৰ মাটি খহি, খোদ গুৱাহাটী মহানগৰীতে বছৰি দহ-বাৰজনকৈ লোকৰ মৃত্যু হয়। কাছাৰ, মনিপূৰ, নাগালেণ্ড, ত্ৰিপুৰা, আৰুণাচল, মিজোৰাম— এই আটাইবোৰ অঞ্চলৰে বাট-পথ বাৰিষা ভূমিস্থলনৰ দ্বাৰা বিপদগ্ৰস্ত হৈ পৰে। নিৰ্বনীকৰণ বা বনাঞ্চল ধ্বংসই হৈছে ভূমিস্থলন বৃদ্ধিৰ মূল কাৰণ। পাহাৰ কাটি ওখ অট্টলিকা সজা, আলিবাট সজা, জুম খেতি আদিও ভূমিস্খলনৰ কাৰন।

ভূমিকম্প: প্রাকৃতিক দুৰ্যোগ ভূমিকম্পৰ দ্বাৰাও অসমে যথেষ্ট ক্ষতিগ্ৰস্ত হ’বলগা হয়। ১৮৩৬ আৰু ১৯৫০ চনৰ দুটা প্রবল ভূঁইকপে অসমক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছিল। এনে ভূমিকম্পৰ ফলতে শালগছ ভৰা পাহাৰ ডুবি হ’লগৈ কামৰূপ জিলাৰ চানডুবি বিলৰ সৃষ্টি হৈছিল। শিৱদৌলৰ সোণৰ কলছীও ভূমিকম্পত এবাৰ খহি পৰিছিল৷ খুব ঘনাই ভূঁইকঁপ নহ’লেও প্রায়ে উত্তৰ-পূৰ্বাঞ্চলত ভূমিকম্প হয় । উত্তৰ-পূৰ্বাঞ্চলৰ মাটি তুলনামূলকভাৱে কোমল। যাৰ বাবে ইয়াত ৰে’লগাড়ী অতি দ্রুতভাৱে চলাব নোৱাৰি। উত্তৰ-পূৰ্বাঞ্চলৰে এক অংশস্বৰূপ চিকিমত অলপতে এক ভূমিকম্পই ব্যাপক ক্ষতি সাধন কৰি থৈ গৈছে। ভূমিকম্পপ্ৰধান এলেকা হিচাপে সেইবাবে উত্তৰ পূৰ্বাঞ্চল চিনাক্ত হৈ পৰিছে। ৰাজ্যখনত বৃহৎ নদীবান্ধবিৰোধী জনমত তাৰ পৰিপ্ৰেক্ষিততে গঢ়ি উঠিছে। 

বনাঞ্চল ধ্বংস: বনাঞ্চল ধ্বংস অৱশ্যে কোনো প্রাকৃতিক দুৰ্যোগ নহয়। বনাঞ্চল ধ্বংসৰ সমস্যা মানুহে সৃষ্টি কৰা সমস্যা। ইয়াৰ প্ৰধান কাৰণ দুটা। এটা হ’ল বৰ্ধিত জনসংখ্যাৰ বাবে বনাঞ্চলত পৰা হেঁচা আৰু আনটো হ’ল অসাধু লোক, অসাধু বিষয়া-কৰ্মচাৰী আৰু ৰাজনৈতিক নেতাই ধনলিপ্সাৰ বাবে চলোৱা বনাঞ্চল ধ্বংসযজ্ঞ। মানুহৰ সংখ্যা বৃদ্ধিৰ লগে লগে অধিক কৃষিভূমি আৰু আবাসভূমিৰ আৱশ্যক হৈ পৰিছে। কেতবোৰ দুখীয়া লোকে জীৱন-জীৱিকাৰ স্বাৰ্থত বনাঞ্চলত আশ্ৰয় লৈছে আৰু বনাঞ্চল ধ্বংস কৰিছে। আনহাতে আন এচাম লোকে ধনৰ লোভত দুখীয়া লোকক ব্যৱহাৰ কৰি বনাঞ্চল ধ্বংস কৰিছে। বনাঞ্চল ধ্বংসৰ ফলতেই ৰাজ্যখনত খহনীয়া আৰু বানপানীৰ প্ৰকোপ বাঢ়িব লাগিছে। আনহাতে বনাঞ্চল ধ্বংসই বায়ুমণ্ডলত গেছসমূহৰ প্রাকৃতিক অনুপাতৰ তাৰতম্য ঘটাইছে আৰু উষ্ণতা বৃদ্ধিতো অৰিহণা যোগাইছে। অসমে বনধ্বংসৰ ফলত বছৰি ৬৯৬ বৰ্গ কিলোমিটাৰকৈ বনাঞ্চল হেৰুৱাব লাগিছে। 

মণিপুৰে বছৰি ৫৩০ বৰ্গ কিলোমিটাৰ, মেঘালয়ে বছৰি ৬৩০ বৰ্গ কিলোমিটাৰ, মিজোৰামে বছৰি ৬৩৩ বৰ্গ কিলোমিটাৰ, নাগালেণ্ডে বছৰি ১০১৪ বৰ্গ কিলোমিটাৰ, ত্ৰিপুৰাই বছৰি ২২৩ বৰ্গ কিলোমিটাৰ আৰু অৰুণাচল প্রদেশে বছৰি ৭০০ বৰ্গ কিলোমিটাৰকৈ বনাঞ্চল হেৰুৱাব লাগিছে। উত্তৰ-পূৰ্বাঞ্চলত সবাতোকৈ বেছি হাৰত বনাঞ্চল ধ্বংস হোৱা ৰাজ্যখন হৈছে নাগালেণ্ড। কেৱল বনাঞ্চলেই নহয়, বনাঞ্চলৰ জীৱ-জন্তুও ব্যাপক হাৰত ধ্বংস হ’বলৈ ধৰিছে। বনাঞ্চল ধ্বংস হোৱাৰ পৰিপ্ৰেক্ষিতত বনাঞ্চলৰ বন্যপ্ৰাণী জনাঞ্চললৈ ঢাপলি মেলিছে। আকৌ জনাঞ্চলত মানুহৰ হাতত মৃত্যু বৰণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত বছৰি ৪০০০ বৰ্গ কিলোমিটাৰৰো অধিক বনাঞ্চল ধ্বংসগ্রাপ্ত হ’বলৈ ধৰিছে আৰু তাৰ ফলত শ শ প্রজাতিৰ উদ্ভিদ মাছ, জন্তু, পক্ষী, সৰীসৃপ, পতংগ আদি নাইকিয়া হ’বলৈ ধৰিছে। অঞ্চলটোৰ বৰষুণৰ পৰিমাণো কমি আহিছে। যোৱা ২০ বছৰৰ আগলৈকে মেঘালয়ৰ মৌচিনৰাম আৰু চেৰাপঞ্জি আছিল বিশ্বৰ সৰ্বাধিক বৰষুণ হোৱা নাই। কিন্তু বৰ্তমান আৰু মেঘালয়ৰ এই ঠাই দুখন বিশ্বৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই হৈ থকা নাই। বনাঞ্চল ধ্বংসৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ গড় উচ্চতাও বাঢ়িব লাগিছে। পাহাৰীয়া শীতল ঠাইবোৰো এতিয়া ভৈয়ামৰ দৰেই গৰম হৈ পৰিছে।

জনসংখ্যা বিস্ফোৰণ: পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলোৱা এক প্রধান কাৰক হৈছে জন বিস্ফোৰণ। বিজ্ঞানে স্বাস্থ্যৰ ক্ষেত্ৰত অনা আমূল পৰিবৰ্তনে কুৰি শতিকাত জন বিস্ফোৰণতো অৰিহণা যোগাইছে। অৱশ্যে জনসংখ্যা বৃদ্ধিৰ কাৰণ মাথোন প্রাকৃতিকভাৱে হোৱা জন্মই নহয়, কাষৰীয়া দেশৰ আৰু ৰাজ্যসমূহৰ পৰা হোৱা ব্যাপক প্রৱজনো অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ। ১৯১১ চনত অসমৰ জনসংখ্যা আছিল ৩৮,৪৯,০০০। ২০০১ চনত অসমৰ জনসংখ্যা হয়গৈ ২,৬৬,২৮,০০০ আৰু ২০১১ চনত অসমৰ জনসংখ্যা ৩ কোটিৰো অধিক হয়। অৰ্থাৎ এশ বছৰত অসমৰ জনসংখ্যা বৃদ্ধিৰ পৰিমান সাতগুণৰো অধিক। এই ব্যাপক হাৰত হোৱা জনসংখ্যা বৃদ্ধিয়ে ৰাজ্যখনৰ প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক পৰিৱেশত ব্যাপকভাৱে প্রভাৱ পেলায় ৰাজ্যখনত অস্বাভাৱিক হাৰত জনসংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ১৯৭৯ চনত অসমত স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। 

এই প্রতিক্ৰিয়াৰ ফলত বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ হয়। সদৌ অসম ছাত্র সন্থা আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত বিদেশী বহিষ্কাৰ আন্দোলন চলে। এই আন্দোলনত ৮০০ৰো অধিক লোক ছহিদ হয়। অসমৰ ৰাজনীতিত এই আন্দোলনে আঞ্চলিকতাবাদী ৰাজনীতিৰ জন্ম দিয়ে আৰু ১৯৮৫ চনৰ পৰা ১৯৯০ আৰু ১৯৯৬ৰ পৰা ২০০০ লৈকে অসমত আঞ্চলিকতাবাদী অগপ দলে শাসন চলায়৷ এনেদৰে অসমত জনবিস্ফোৰণে ৰাজনৈতিক বাতাবৰণেই সলনি কৰি দিয়ে। শেহতীয়াকৈ অসমত স্থানীয় লোকৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে বহিৰাগত লোকৰ সংখ্যা বৃদ্ধিয়ে পুনৰ উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। অসমৰ চৰণীয়া পথাৰ আৰু বনাঞ্চলসমূহ ব্যাপকভাৱে বেদখল হ’বলৈ ধৰিছে। 

১৯৩৫ চনত ব্ৰিটিছাধীন ছাৰ ছাদুল্লা চৰকাৰে ‘অধিক শস্য উৎপাদন আঁচনি’ লৈ বাংলাদেশৰ মৈমনছিং এলেকাৰ পৰা লোক আমদানি কৰি অসমত বহুৱাবলৈ লোৱাৰে পৰা, বাংলাদেশৰ পৰা অসমলৈ বহিৰাগতৰ সোঁত বয়। ই  সম্প্ৰতিও অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত অসমৰ ভৱিষ্যত আৰ্থ-সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈ যোৱাৰ আশংকাই দেখা দিছে।

১৪। ভূমিকম্প হৈ থকা সময়ত আমি কি কৰা উচিত?

উত্তৰঃ ভূমিকম্প হৈ থকা সময়ত আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তলত চমুকৈ উল্লেখ কৰাৰ প্রয়াস কৰা হ’ল –

(১) প্রথম উপদেশটো হৈছে ধৰ্য ধৰি স্থিতিৰেৰে থাকক, সাহস গোটাওক আৰু আনকো সাহস দিয়ক, আতংকিত নহ’’ব।

(২) স্থিৰেৰে থাকি অৱস্থাৰ বুজ ল’লে সম্ভাব্য বিপদৰ পৰা ৰক্ষা পাব পাৰি।

(৩) ঘৰ-বাৰী ধ্বংস হোৱা, আয়না আদি ভাঙি পৰা বা ওপৰৰ পৰা বস্তু আদি খহি পৰিলে শব্দৰ সৃষ্টি হ’ব পাৰে। কিন্তু মমত ৰখা দৰকাৰ যে যেতিয়ালৈকে গাত কিবা এটা খহি নপৰে ভূমিকম্পৰ জোকাৰণিয়ে কোনো ক্ষতি নকৰে। ঘৰৰ ভিতৰত থাকিলে কহি পৰা বস্তুৰ পৰা সেয়ে সাৱধান হ’ব লাগিব।

যদিহে ঘৰৰ ভিতৰত থাকে:

(১) ঘৰৰ ভিতৰতে থকাই শ্ৰেয়। উধাতু  খাই দৌৰি ওলাই আহিবলৈ চেষ্টা কৰিলে বিপদহে চপাই লোৱা হব। সুস্থিৰে ওলাই আহি নিৰাপদ মুকলি ঠাইত আশ্ৰয় লবলৈ যত্ন কৰা উচিত।

(২) মজবুত ডেক্স বা টেবুলৰ তলত আশ্ৰয় লব।

(৩) বিছনাত থাকিলে, বিছনাৰ তলত আশ্ৰয় লব পাৰে। যদিহে বিচনাখন মজবুত হয়।

ঘৰৰ বাহিৰত থাকিলে:

১। ঘৰৰ ভিতৰলৈ আহিব নালাগে।

২। ওখ ঘৰ, দেৱাল, বিজুলী তাৰৰ খুটা আদিৰ পৰা আঁতৰত থকা উচিত।

৩। ওচৰত মুকলি ঠাই থাকিলে তালৈ যাবলৈ যত্ন কৰা উচিত।       

৪। জোকাৰণি শেষ নোহোৱা পৰ্যন্ত বাহিৰতে থাকিলে নিৰাপদ।

১৫। জীৱ বৈচিত্ৰ্য আৰু পৰিবেশৰ লগত সম্পৰ্কে বুজাই লিখা?

উত্তৰঃ জীৱ বৈচিত্ৰ এক অতীব প্ৰয়োজনীয় জৈৱিক অৱস্থা৷ ভূ-পৃষ্ঠৰ জীৱমণ্ডলৰ বিভিন্ন অঞ্চলৰ পৰিবেশ বিভিন্ন প্রকৃতিৰ। পৰিৱেশভেদে জীৱণুৰ পৰা আৰম্ভ কৰি বিভিন্ন উদ্ভিদ প্ৰজাতিৰ আৰু প্রাণী প্ৰজাতিৰ বিভিন্নতা দেখা যায়। এক বিশেষ জৈৱিক পৰিবেশৰ তুলনাত আন এক জৈৱিক পৰিবেশত থকা উদ্ভিদ আৰু প্ৰাণীসমূহৰ লগত জলবায়ুৰ সম্পৰ্ক নিবিড়। উদাহৰণস্বৰূপে লেটিন-আমেৰিকাৰ বৰ্ষাসিক্ত অৰণ্য অঞ্চলত প্রতি হেক্টৰত ৪০-১০০ প্রজাতিৰ গছ পোৱা যায়। বিপৰীতে উত্তৰ আমেৰিকাৰ অৰণ্যৰ প্ৰতি হেক্টৰত ২০-৩০ তকৈ বেছি প্রজাতিৰ গছ পোৱা নাযায়। ইয়াৰ কাৰণ হ’ল লেটিন আমেৰিকাৰ বৰ্ষাসিক্ত অঞ্চলৰ জলবায়ুৰ লগত উত্তৰ আমেৰিকাৰ অৰণ্যৰ জলবায়ুৰ তাৰতম্য। উত্তৰ আমেৰিকাৰ অৰণ্যৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ কোনো এটা প্রজাতিও লেটিন আমেৰিকাৰ বৰ্ষাসিক্ত অঞ্চলত নাথাকিও পাৰে। 

সিও জীৱ বিচিত্ৰতাৰেই ফলশ্ৰুতি জীৱ-বিচিত্ৰতাই হৈছে কোনো এক পৰিবেশত থকা জীৱাণুৰপৰা বিভিন্ন উদ্ভিদ প্ৰজাতি আৰু প্রাণী প্ৰজাতিৰ বৈচিত্ৰ বা বিভিন্নতাৰ অৱস্থা।

পৰিবেশভেদে এই জীৱ বৈচিত্ৰতাৰ অৱস্থা বেলেগে বেলেগ। আকৌ পৰিবেশ এটা গঠিত হয় মাটি, পানী আৰু বায়ুৰ পৰস্পৰিক সম্পৰ্ক ভিত্তিত। সূৰ্য হ’ল এই পৰিবেশৰ মূল কেন্দ্ৰ। এই বায়ু, পানী আৰু মাটিৰ অৱলম্বনতেই সৃষ্টি হয়, জীৱসমূহৰ বৈচিত্ৰময় আবাসস্থান। আকৌ পৃথিৱীৰ কোনো অঞ্চলত আছে সাগৰ, মহাসাগৰ, ক’ৰবাত আছে ব্যাপক সমতলভূমি, ক’ৰবাত বিস্তীৰ্ণ মৰুভূমি, ক’ৰবাত পাহাৰ, ক’ৰবাত নদী আৰু অন্যান্য জলাশয়। সূৰ্যৰ পোহৰ আৰু জলীয় বাষ্পৰ প্ৰভাৱত সৃষ্টি হৈছে বিভিন্ন অৱস্থাৰ: বতৰ, বৰষুণ, ধুমুহা, ব্ৰজ, ৰদ, উত্তাপ ইত্যাদি। প্ৰকৃতিৰ এই বিচিত্ৰ ৰূপৰ সৈতে উপযোগীকৈ সৃষ্টি হৈছে বিচিত্ৰ জীৱ-জন্তু। পৰিবেশ এটা অনুকূল অৱস্থাত থাকিলে জীৱ-জন্তু অৰ্থাৎ জীৱ-বিচিত্ৰতাও ঠিকে থাকে। পৰিবেশ আৰু জলবায়ুৰ পৰিৱৰ্তন হ’লেই জীৱ-বিচিত্ৰতা পৰিৱৰ্তনে দেখা দিয়ে। জলবায়ুৰ পৰিৱৰ্তন হ’লে প্রাকৃতিক সম্পদ তথা জীৱ বিচিত্ৰতাৰ পৰিবৰ্তন হয়। প্রাকৃতিক সম্পদ তথা জীৱ-বিচিত্ৰতাৰ পৰিৱৰ্তনে আনে অৱলুপ্তি।

বৈচিত্ৰতাৰ বৰ্তমানেই হ’ল জীৱ সম্পদৰ ভৱিষ্যত। গতিকে জীৱ সম্পদ সংৰক্ষণ কৰিবলৈ হ’লে সংৰক্ষণ কৰিব লাগিব সমগ্ৰ পৰিবেশতন্ত্ৰ। আচলতে জীৱৰ বৈচিত্ৰই হ’ল জীৱ সম্পদৰ উৎস। গতিকে কোনো এটা জীৱৰ সংৰক্ষণৰ প্রচেষ্টা মানেই প্ৰাকৃতিক সংৰক্ষণ ব্যৱস্থাৰ পূৰ্ণতা নহয়। জীৱ বৈচিত্ৰ ব্যৱস্থাটো সংৰক্ষণ কৰিব পাৰিলেহে প্ৰকৃতিৰ তথা পৰিবেশৰ প্ৰকৃত সংৰক্ষণ হ’ব। আৰ্থসামাজিক বিকাশৰ বাবে উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ স্বাৰ্থত মানুহে পৰিবেশৰ মূল উপাদান বায়ু, পানী, মাটি আৰু প্রাকৃতিক সম্পদৰ ওপৰত কৰা বিৰূপ কাৰ্যই সমগ্র জীৱ বিচিত্ৰতাত ব্যাঘাত জন্মায়। মানুহৰ ক্ষুদ্ৰ স্বাৰ্থ সামৰি, লোভ এৰি প্রকৃতি সংৰক্ষণত গুৰুত্ব দিলেহে পৃথিৱীৰ জীৱ বিচিত্ৰতা ৰক্ষা পৰিব। মুঠতে পৰিবেশৰ লগত জীৱ বিচিত্ৰতাৰ সম্পৰ্ক অতি নিবিড়। এটাক বাদ দি আনটো অসম্পূৰ্ণ । এই জীৱ বিচিত্ৰতাৰ বাবেই পৃথিৱীখন এখন সুন্দৰ সুজলা ঠাই হৈ আছে।

১৬। চমু টোকা লিখাঃ 

নদী আৰু জলাশয়:

অসমৰ বাবে গৌৰৱৰ কথা যে বিশ্বৰ সৰ্ববৃহৎ নদী ব্যৱস্থাটো আছে অসমত ব্ৰহ্মপুত্ৰ নদী ব্যৱস্থা (Riverine system) হৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ নদী ব্যৱস্থা। ৪৯ খন উপনৈ আৰু একুৰিৰো অধিক শাখানৈৰে ব্ৰহ্মপুত্ৰই অসমক নদীমাতৃকা ৰাজ্যৰূপে গঢ় দিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ লগতে আছে বৰাক আৰু ইয়াৰ উপনৈসমূহ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যবোৰ পাহাৰীয়া বাবে তাত আছে অনেক জান-জুৰি। আনহাতে জলাশয়ৰ ফালৰ পৰাও অসম তথা উত্তৰ-পূৰ্বাঞ্চল চহকী৷ অসমত সবাতোকৈ ডাঙৰ জলাশয় হৈছে ধুবুৰী জিলাৰ ধীৰ বিল। ধীৰ বিল এছিয়াৰ দ্বিতীয় বৃহৎ জলাশয়। অসমৰ বিলৰ সংখ্যা এহেজাৰৰো অধিক। এই বিলবোৰ আমাৰ থলুৱা মাছবোৰৰ প্রধান বাসস্থল। মোৱাৰ পৰা আৰম্ভ কৰি আৰি- চিতললৈকে শতাধিক প্রজাতিৰ মাছ বিলত পোৱা যায়। অসমৰ বিলসমূহলৈ সাগৰৰ মোহনা এলেকাৰ পৰা ইলিছমাছে প্রবজন কৰে কণী পাৰিবলৈ ৷ ইলিছ মাছ প্ৰব্ৰজনকাৰী মাছ। অসমৰ বিলবোৰ প্ৰব্ৰজনকাৰী পক্ষীৰো আবাসস্থল। জাৰকালি হেজাৰ হেজাৰ প্ৰব্ৰজনকাৰী পক্ষীয়ে অসমৰ জলাশয়সমূহলৈ প্ৰব্ৰজন কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ এটি উল্লেখনীয় জলাশয় হৈছে মণিপুৰৰ লগটক হ্ৰদ। এই হ্ৰদৰ ওপৰত জৈৱ পদাৰ্থৰ ছামনি পৰি যি হাবিৰ সৃষ্টি হৈছে সেয়া পৰিৱেশৰ ৰূপান্তৰৰ বিশেষ উদাহৰণ লগটক হ্ৰদৰ ওপৰৰ এই হাবিত পোৱা যায় বিশ্বত হেৰাই যাবলৈ ধৰা বিৰল প্রজাতিৰ নাচনী হৰিণ। 

বিল আৰু নদীৰ উপৰি আছে বহুতো পিটনি, খাল, পুখুৰী, দোং হোলা, খাৱৈ আদি যিবোৰ পৰিৱেশৰ অন্যতম উপাদান। এনে জলাশয়বোৰে বায়ুশ্বাসী মাছৰ বিকাশৰ লগতে বিভিন্ন প্ৰজাতিৰ ভেকুলী শামুক, সাপ, বেং, কাছ, গুই, জলজ উদ্ভিদ, অৰ্ধজলজ উদ্ভিদ আদিক আশ্ৰয় দি প্রকৃতিক সমৃদ্ধ কৰি তুলিছে। জলাশয় আৰু নদী অবিহনে উত্তৰ-পূৰ্বাঞ্চলৰ ভৰপূৰ প্রাকৃতিক পৰিবেশৰ কথা কল্পনা কৰা নাযায় ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top