Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ

Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ Question Answer can be of great value to excel in the examination.

Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ

Join Telegram channel

Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ Notes cover all the exercise questions in UGC Syllabus. Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

পৰিস্থিতিতন্ত্ৰ

ENVIRONMMENTAL SCIENCE

পৰিৱেশ বিজ্ঞান

২/৩ নম্বৰৰ বাবে

১। প্ৰাণীয়ে কেনেদৰে কীট-পতংগ আৰু ৰোগ নিয়ন্ত্ৰণত সহায় কৰে?

উত্তৰঃ প্ৰাণী বুলি ক’লে আমি কাণকুৰিকা, দহিকতৰা, বুলবুল আদি চৰাইবোৰৰ কথা উল্লেখ কৰিব পাৰো। এইবোৰ চৰাইয়ে আমাৰ খেতি-পথাৰৰ চৌপাশে থকা কীট-পতংগ আদি চিকাৰ কৰি খায়। খেতি-পথাৰ অনিষ্ট কৰা এনে কীট-পতংগবোৰক চৰাইবোৰে ভক্ষণ কৰাৰ ফলত আমাৰ বহুতো উপকাৰ হয়।

খেতি-পথাৰ আৰু ঘৰত অনিষ্টকাৰী পোক ধৰি খোৱা আনটো প্রাণীৰ গোট হ’ল ভেকুলী আৰু বেং। ইহঁতে খেতি অনিষ্ট কৰা কীটৰ উপৰি মহো খায়। ইয়াৰ ফলত মেলেৰিয়াৰ দৰে ভয়ানক ৰোগ প্ৰাকৃতিকভাৱে কিছু পৰিমাণে হ’লেও নিয়ন্ত্ৰিত হয়।

২। কেচু কৃষকৰ পৰম বন্ধু-কথাষাৰ বুজাই লিখা?

উত্তৰঃ কেচুৱে মাটিৰ হিউমাছ অংশ খাই জীয়াই থাকে।ই কোমল মাটিৰে সৈতে হিউমাছ অংশ ভক্ষণ কৰে। হিউমাছত থকা পুষ্টিকৰ দ্রব্যখিনি পাচনতন্ত্ৰত শোষিত হৈ ইয়াৰ শৰীৰত পুষ্টি যোগায় আৰু অলাগতিয়াল দ্রব্যবোৰ শৰীৰৰ পৰা নিষ্কাষিত হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰা মাটিৰ অক্সিজেনৰ পৰিমানো বৃদ্ধি হয়। কেঁচুৱে মাটিত থকা জটিল যৌগবোৰ সৰল পুষ্টিকৰ দ্রব্যলৈ ৰূপান্তৰিত কৰে। যিবোৰ উদ্ভিদে সহজে শিপাৰে শোষণ কৰিব পাৰে। এইদৰে কেঁচুৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে। আজিকালি সাৰ প্রস্তুত কৰিবলৈ কেঁচু ব্যৱহাৰ কৰা হয়। এই সাৰক কেঁচুসাৰ বোলে। কেঁচুসাৰ নিৰাপদ আৰু উৎকৃষ্ট মানৰ সাৰ হিচাপে গণ্য কৰা হয়। সেয়েহে কেঁচুক কৃষকৰ বন্ধু বুলি কোৱা হয়।

৩। উপভোক্ত কাক বোলে? 

উত্তৰঃ সেউজীয়া উদ্ভিদৰ বাহিৰে অৰ্থাৎ উদ্ভিদজগতক বাদ দি প্ৰায় সমগ্ৰ প্ৰাণীজগতৰ জীৱকে উপভোক্তা বা খাদক বুলি ক’ব পাৰি ৷ কাৰণ, প্রায়বোৰ জীৱই উদ্ভিদ অথবা আন জীৱৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই থাকে। আন জীৱৰ ওপৰত নিৰ্ভৰশীল গুণগত পাৰ্থক্যৰ পৰা উপভোক্তা শ্ৰেণীৰ জীৱসমূহক তিনিটা ভাগত ভগোৱা হৈছে। যেনে– 

(ক) প্রাথমিক উপভোক্তা বা খাদক।

(খ) মাধ্যমিক উপভোক্তা বা খাদক।

 (গ) সৰ্বোচ্চ উপভোক্তা বা খাদক।

৪। বায়ু অভিহনে প্ৰাণী আৰু উদ্ভিদ জীয়াই থাকিব নোৱাৰে- বহলাই লিখা?

উত্তৰঃ পৃথিৱীক আৱৰি থকা গেছীয় আৱৰণটোৱেই হ’ল বায়ু। এই বায়ু আমাৰ অতি প্রয়োজনীয় ৷ বায়ু অবিহনে আমি জীয়াই থাকিব নোৱাৰো। প্রাণীয়ে বায়ুত থকা অক্সিজেন গ্রহণ কৰি জীয়াই থাকে। মাটিৰ ওপৰত থকা আৰু পানীত থকা প্রাণীয়েও বায়ুমণ্ডলৰ পৰাই অক্সিজেন আহৰণ কৰে।অক্সিজেন হৈছে প্ৰাণীৰ জীৱন দায়িনী উপাদান। সেইদৰে নাইট্ৰ’জেনে প্ৰাণীৰ কলা গঠনত অৰিহণা যোগায়। প্র’টিনযুক্ত খাদ্য প্রস্তুত কৰাৰ বাবে নাইট্ৰ’জেনৰ প্রয়োজন অপৰিহাৰ্য। আকৌ বায়ুৰ এঙাৰ গেছ উদ্ভিদে খাদ্য প্রস্তুতকৰণ প্রক্ৰিয়া সালোক সংশ্লেষণত ব্যৱহাৰ কৰে। গতিকে দেখা গ’ল যে বায়ু অবিহনে উদ্ভিদ আৰু প্রাণী জীয়াই থাকিব নোৱাৰে।

৫। এটা জলজ পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ লিখা?

উত্তৰঃ পুখুৰী পৰিস্থিতিতন্ত্ৰ এটা সৰু পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ। ইয়াত পানীখিনি নিশ্চল। প্রকৃতিত পুখুৰীবোৰ ঋতুৰ লগত জড়িত। অৰ্থাৎ বাৰিষা প্রচুৰ পানী থাকে। অন্য সময়ত কম পানী থাকে। গাঁও অঞ্চলত ইয়াৰ গুৰুত্ব বেছি। ই বিভিন্ন ধৰণৰ শেলাই, জলজ উদ্ভিদ,পৰুৱা, মাছ, চৰাই আদিৰ বাসস্থান৷ পুখুৰীত মানুহে বহু কাৰ্য সম্পাদন কৰে। ইয়াক কাপোৰ ধোৱা, সাঁতোৰা, গা-ধোৱা, গৰু, ম’হ, ধুওৱা,পানী খোৱা আদি কামত ব্যৱহাৰ কৰা হয় ফলত প্রদূষিত হয়।

৬। ভূ-ৰাসায়নিক চক্র কি?

উত্তৰঃ পৰিস্থিতিতন্ত্ৰত পদাৰ্থৰ পৰিবহণৰ জৰিয়তে শক্তিৰ আদান-প্ৰদান হয়।এই প্ৰক্ৰিয়া এক স্বাভাৱিক প্ৰক্ৰিয়া। প্ৰাথমিক উৎপাদক উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি কাৰ্বহাইড্ৰেট, শ্বেতসাৰ আৰু প্ৰ’টিন উৎপাদন কৰে। তৃণভোজী জীৱই উদ্ভিদ ভক্ষণ কৰি জৈৱিক পদাৰ্থসমূহ নিজৰ দেহলৈ নি অজৈৱিক পদার্থসমূহ পৰিৱেশলৈ এৰি দিয়ে। বিয়োজকে মৃত উদ্ভিদ আৰু জীৱ-জন্তুৰপৰা লাগতিয়াল দ্ৰব্য উৎপাদন কৰি মাটিৰ লগত মিহলাই দিয়ে। মাটিৰ পৰা উদ্ভিদে আকৌ তাক গ্রহণ কৰি খাদ্য উৎপাদন কৰে। এনেদৰে পৰিস্থিতিতন্ত্ৰত উৎপাদক, উপভোক্তা আৰু বিয়োজকৰ মাজত শক্তিৰ পাৰস্পৰিক আদান-প্ৰদান চলি থাকে। শক্তিৰ পৰিবহন আৰু খনিজ পোষক দ্ৰব্যৰ আদান-প্ৰদান কোনো পোশক স্তৰত বন্ধ নহয়, বৰং চক্ৰীয় গতিত চলি থাকে। এই চক্ৰকে জৈৱ ভূ-ৰাসায়নিক চক্র বুলি কোৱা হয়।

৭। পৰিবেশবাদ বুলিলে কি বুজা? 

উত্তৰঃ পৰিবেশবাদ হৈছে কেতবোৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক নীতি যাৰ দ্বাৰা পৰিবেশ সুৰক্ষিত কৰিবলৈ চিন্তা কৰা হৈছে। এনে নীতিৰ আধাৰতে পৰিবেশ সংৰক্ষণৰ কৰ্মসূচী আৰু প্ৰয়োজন সাপেক্ষে ৰাজনৈতিক বা সামাজিক আন্দোলনো গঢ়ি উঠিছে। এনে আন্দোলনত বিজ্ঞানী, বুদ্ধিজীৱী, সমাজবিদ সকলো উবুৰি খাই পৰিছে। অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান গঢ়াৰ আন্দোলন, খানাপাৰা বোমনি পাম সুৰক্ষা আন্দোলন, নামনি সোৱণশিৰি বান্ধ প্রকল্প বন্ধ কৰাৰ আদোলন আদি এনে পৰিবেশবাদী আন্দোলন ৷ 

পৰিবেশবাদৰ মূল লক্ষ্য হৈছে-

১ ৷ ভৱিষ্যত প্ৰজন্মৰ বাবে প্রাকৃতিক সম্পদ সুৰক্ষিত আৰু সঞ্চয় ৰখা। 

২। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰা ৷

৩। বিকল্প শক্তিৰ উৎসৰ সন্ধান কৰা।

৪। প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰ।

৫। বিপদগ্ৰস্ত জৈৱ -বৈচিত্ৰ্যৰ সু-সংৰক্ষণ ইত্যাদি।

৮। পৰিৱেশ নৈতিকতা কি বুজাই লিখা?

উত্তৰঃ পৰিৱেশ নৈতিকতা: নিজৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ যাওঁতে আনৰ বা সমাজৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি থকা সজাগতাই হৈছে নৈতিকতা। পৰিবেশৰ ক্ষতি কৰি যদি কোনোবাই নিজৰ স্বাৰ্থ পূৰণ কৰে বা নিজৰ উন্নতি সাধে, সেয়া পৰিবেশ নৈতিকতাৰ পৰিবাহী। গতিকে পৰিবেশ নৈতিকতা হৈছে আমাৰ এনে চৰিত্ৰগত বৈশিষ্ট্য যাৰ দ্বাৰা পৰিবেশৰ কোনো সানি-বিঘিনি নঘটে। এনে পৰিবেশ নৈতিকতাই পৰিবেশ প্ৰমূল অটুট ৰাখে।

৯। পৰিৱেশ প্ৰমূল‍্য কি?

উত্তৰঃ পৰিৱেশ প্ৰমূল‍্য: যি যি দৃষ্টিকোণৰ আধাৰত আমি পৰিৱেশক মূল্য দিওঁ বা পৰিবেশৰ মূল্য নিৰ্ধাৰণ কৰো, সেয়ে হৈছে পৰিৱেশ প্ৰমূল‍্য। পৰিৱেশ প্ৰমূল‍্যৰ দৃষ্টিভঙ্গীৰে এজোপা গছৰ কাৰ্যৰ অৰ্থনৈতিক মূল্যতকৈ সেই গছ জোপাই যোগান ধৰা অক্সিজেন, ফল-মূল, পাত, ছাঁ, তাপ প্ৰদূষণ, শব্দ প্রদূষণৰ প্ৰতিৰোধত গছজোপাৰ ভূমিকা আদিহে মহত্বপূৰ্ণ। পৰিবেশ প্ৰমূল্য আমাৰ পৰিবেশ সংৰক্ষণমূলক কৰ্মসূচীবোৰত প্রকাশ পায়। ভাৰতৰ সংবিধানৰ ৪৮ (এ) আৰু ৫১ (এ)(জি) ধাৰাত পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত নাগৰিক আৰু চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য নিৰ্দেশিত হৈছে।

১০। পুষ্টি চক্র কি?

উত্তৰঃ পৰিস্থিতিতন্ত্ৰ ভৌতিক, জৈৱিক পদাৰ্থসমূহৰ পৰা উদ্ভিদে পুষ্টি আহৰণ কৰে। উদ্ভিদে আহৰণ কৰা পৃুষ্টিয়েই ভোক্তাবোৰলৈ সৰবৰাহ হয়। উদাহৰণস্বৰূপে বায়ুমণ্ডলৰ নাইট্ৰজেন উদ্ভিদৰ দেহত বিক্ৰিয়াক্ৰমে এমাইনো এচিড, প্ৰ’টিন আদিৰ ৰূপত সঞ্চিত হয়। উদ্ভিদৰ ফল-মূলত সঞ্চিত এই নাইট্ৰজেন ভোক্তাৰূপে তৃণভোজীৰ দেহলৈ যায়। তৃণভোজীক ভক্ষণ কৰা মাংসভোজীয়ে ইয়াক প্র’টিনৰ ৰূপত লয়। একেদৰে কাৰ্বন, ফছফৰাছ আদিও উৎপাদক বা উদ্ভিদৰ দেহত প্রথমে সঞ্চিত হৈ ক্ৰমে তৃণভোজী, মাংসভোজী, বিযোজকৰ মাধ্যমেৰে পুনৰ উদ্ভিদৰ পোষকদ্ৰব্যৰূপে প্রত্যাগমন কৰে। এনেদৰে পুষ্টি চক্র চলি থাকে।

১১। কাৰ্বন চক্র কি?

উত্তৰঃ বায়ুমণ্ডলৰ কাৰ্বনডাই অক্সাইড গছে সূৰ্যৰ পোহৰ আৰু তাপ, পত্ৰহৰিৎ, পানী, পোষকদ্ৰব্যৰ সহায়ত গ্লুক’জলৈ ৰূপান্তৰিত কৰে। গ্লুক’জ ক্ৰমে বহু শৰ্কৰালৈ ৰূপান্তৰিত হয় আৰু তাক তৃণভোজীয়ে ভক্ষণ কৰে। তৃণভোজীৰ শৰীৰৰ কাৰ্বন পদাৰ্থ মাংসভোজীয়ে লাভ কৰে। তৃণ, তৃণভোজী আৰু মাংসভোজীৰ মৃতদেহৰ পচন ঘটে আৰু অনুজীৱৰ দ্বাৰা পুনৰ কাৰ্বন পদাৰ্থ গছৰ পোষকদ্ৰব্যলৈ ৰূপান্তৰিত হয়। পুনৰ গছে কাৰ্বন পদাৰ্থ আহৰণ কৰাৰ সুযোগ লাভ কৰে। আনহাতে অনুজীৱৰ ক্ৰিয়াত কাৰ্বন পদাৰ্থ ভাঙি কাৰ্বনডাই অক্সাইড হয় আৰু তাক আকৌ বায়ুমণ্ডলৰ মাধ্যমেৰে পুনৰ গছে লাভ কৰে। এনেদৰে কাৰ্বন চক্ৰই পৰিপূৰ্ণতা লাভ কৰে।

১২। ফছফৰাছ চক্রৰ কি?

উত্তৰঃ ফছফৰাছ জীৱদেহৰ, বিশেষকৈ প্ৰাণীদেহৰ হাঁড়, দাঁত আদিত সৰহকৈ থাকে। খনিজ ফছফৰাছ জীৱাশ্ম, শিল আদিত থাকে। প্ৰাকৃতিকভাৱে থকা ফছফৰাছ গছে আহৰণ কৰে আৰু ক্ৰমাৎ ভোক্তাৰ মাজেৰে সৰবৰাহ হয়। কৃষকসকলে প্ৰাকৃতিকভাৱে আহৰণ কৰা ফছফৰাছৰ লগত ৰাসায়নিক সাৰ ৰূপে ব্যৱহাৰ কৰা সাৰ পৰিবেশতন্ত্ৰত মিহলি কৰে। গছে শোষণ কৰি ৰোৱা ফছফৰাছ ভাগ পানীৰে উঠি গৈ নৈ, বিল, সাগৰ আদিত পৰে। জলজ প্রাণীবোৰে তাৰ পৰা ফছফৰাছ আহৰণ কৰে। সিহঁতৰ মৃত্যুৰ পিচত সিহঁতৰ হাঁড়, দাঁত আদি ফছিল হয় আৰু তাৰ পৰা ফছফৰাছ পুনৰ জলভাগত আৰু জলভাগৰ পৰা ক্ৰমে স্থলভাগলৈ আহে আৰু এনেদৰে ফছফৰাছ চক্ৰ সম্পন্ন হয়।

৪/৫ নম্বৰৰ বাবে

১। পৰিবেশৰ সংজ্ঞা দাঙি ধৰা?

উত্তৰঃ অসমীয়া ভাষাৰ পৰিবেশ শব্দটো মূলতঃ দুটা শব্দৰ সমাংশ। এটা হৈছে ‘পৰি’ আৰু আনটো হৈছে ‘আৱেশ’। ‘পৰি’ এক উপসৰ্গ, যাৰ ব্যুৎপত্তিগত অৰ্থ হৈছে ‘পৰিক্ৰমা’ অৰ্থাৎ চাৰিওফালে ঘূৰা । ‘আদেশ’ শব্দটোৱে আগুৰি থকাক বুজায়। অৰ্থাৎ কোনো এক জীৱৰ বা কাৰোবাৰ চৌপাশে আগুৰি থকাখিনিক পৰিক্ৰমা কৰিলে যি পোৱা যায় বা তাৰ আধাৰত যি অৱস্থাৰ আমি উমান পাওঁ সেয়ে হৈছে পৰিবেশ। পৰিবেশ যিকোনো জীৱ বা নিৰ্জীৱৰ অস্তিত্বৰ সৈতে সম্পৰ্কিত। ইংৰাজী ভাষাত পৰিবেশক ‘Environment’ বোলা হৈছে। ইংৰাজী ভাষাৰ ‘Environment’ শব্দটো ফ্ৰান্স শব্দ ‘Environor’ পৰা অহা, যাৰ অৰ্থ হৈছে চৌপাশ। অৰ্থাৎ কাৰোবাৰ চৌপাশে থকা বস্তু অ-বস্তু বা জীৱ মিলিয়েই হৈছে পৰিবেশ। ১৯৮৬ চনৰ পৰিবেশ সংৰক্ষণ আইন অনুযায়ী পৰিৱেশ হৈছে– ‘চৌপাশে থকা জৈৱ বা অজৈৱ অস্তিত্বসমূহৰ সমুদায়’। পৰিবেশ কথাটোৱে সামগ্ৰীকভাৱে সকলোবোৰ বিষয়েই সামৰি লয়। যেনে— ভূগোল, সমাজবিজ্ঞান, সংস্কৃতি, ৰাজনীতি ইত্যাদি। মানুহক পৰিবেশৰ অন্যতম অংশ বুলি ধৰিলে মানুহে কৰা সকলোধৰণৰ কাৰ্যকলাপ পৰিবেশৰ অংশ হে পৰে। পৰিবেশ বিজ্ঞানীসকলে সেইবাবে পৰিবেশ বিজ্ঞানক প্রধানকৈ দুটা ভাগত ভাগ কৰিছে। প্রাকৃতিক পৰিবেশ আৰু মানৱ সৃষ্টি পৰিবেশ।

প্রাকৃতিক পৰিবেশ দুই প্রকাৰৰ- জৈৱিক আৰু অজৈৱিক। উদ্ভিদ আৰু প্রাণী হৈছে জীৱ। এই উদ্ভিদ আৰু প্রাণীৰ যি পৰিবেশ সেই পৰিবেশ হৈছে জৈৱিক পৰিবেশ। আকৌ বায়ু, পানী, মাটি, বিভিন্ন ধাতৱ পদাৰ্থ, শক্তি আৰু শক্তিৰ উৎস আদিৰ পৰিবেশ হৈছে অজৈৱিক পৰিবেশ।

আনহাতে মানুহে নিজে বসবাস কৰিবৰ বাবে যি সামাজিক অৱস্থা ৰচনা কৰে সেয়ে হৈছে সামাজিক পৰিবেশ। সামাজিক পৰিবেশ মানৱসৃষ্ট যদিও তাত প্রকৃতিৰ অৱদান অপৰিহাৰ্য। যেনে— এখন গাঁৱৰ সামাজিক পৰিবেশ বাৰী-বাগিচা, নৈ-পথাৰ, বিল সামৰি ৰচিত হয় বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় কাৰ্যালয়, চৰকাৰ, আদালত, বজাৰ আদি মানব সৃষ্ট সামাজিক পৰিবেশৰ অংশ। আনহাতে মানুহে সজা ঘৰ, অট্টালিকা, বাট, দলং, যান-বাহন, উদ্যোগ আদি মানৱসৃষ্ট পৰিবেশৰ উদাহৰণ।

প্রাকৃতিক পৰিবেশ আৰু মানৱসৃষ্ট পৰিবেশ ইটো-সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত।

২। পৰিবেশৰ উপাদানসমূহক কি কি ভাগত ভগাব পাৰি? প্রতিটো ভাগৰে আলোচনা আগবঢ়োৱা?

উত্তৰঃ জীৱ আৰু নিৰ্জীৱ বস্তুৰে ৰচিত পৰিবেশৰ মূল উপাদান হৈছে চাৰিট —

(ক) ভূ-মণ্ডল।

(খ) জলমণ্ডল।

(গ) বায়ুমণ্ডল। আৰু

(ঘ) জীৱ মণ্ডল।

ভূ-মণ্ডল: পৃথিৱীৰ নিৰ্জীৱ প্রাকৃতিক গোটা পদাৰ্থখিনিক লৈ ভূ-মণ্ডল গঠিত। ইয়াত মাটি, শিল, বালি আদি নিহিত। এই ভূ-মণ্ডল দুই প্রকাৰৰ— সাগৰতলিৰ ভূ-মণ্ডল আৰু সাগৰ উপৰি ভাগৰ ভূ-মণ্ডল ৷ সাগৰতলিৰ ভূ-মণ্ডল সাগৰৰ তলিত থাকে বাবে মানুহৰ দৃষ্টিগোচৰ নহয়। কিন্তু এই ভূ-মণ্ডলো নানাবিধ জীৱৰ আশ্রয় আৰু উৎপত্তিস্থল। সাগৰ তলিৰ ভূ-মণ্ডলৰ ওপৰতে স৷গৰৰ জলভাগ আধাৰিত হৈ থাকে।

জলমণ্ডল: পৃথিৱীৰ উপৰিভাগ আৰু অন্তৰ্ভাগৰ পানীভাগ মিলি জলমণ্ডল গঠিত হৈছে। উল্লেখনীয় যে ভূ-ভাগৰ উপৰিভাগৰ চাৰি ভাগৰ তিনি ভাগেই পানী যদিও মানুহে ইয়াৰ মাথোন এক শতাংশহে ব্যৱহাৰ কৰিবলৈ পায়।

বায়ুমণ্ডল: পৃথিৱীৰ উপৰিভাগৰ পৰা ৫০০ কিলোমিটাৰ ওপৰলৈকে বায়ুৰ যি তৰপ আছে সেয়েই বায়ুমণ্ডল ৷ বায়মুণ্ডল নানাবিধ গেছৰ মিশ্ৰণ। এই গেছসমূহে পৃথিৱীৰ জীৱসমূদায়ক জীয়াই ৰখাৰ বাবে নানান প্রাকৃতিক পৰিঘটনা সংঘটিত কৰে। আনকি সূৰ্যৰ পৰা অহা ক্ষতিকাৰক ৰশ্মিসমূহে যাতে কোনো অনিষ্ট সাধন কৰিব নোৱাৰে সেই ক্ষেত্ৰতো বায়ুমণ্ডলে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে।

জীৱ মণ্ডল: প্ৰকৃতিয়ে বায়ু, পানী, মাটিৰ সংযোগত পৃথিৱীত জীৱমণ্ডলৰ  সৃষ্টি কৰিছে। নানাবিধ প্রাণী আৰু উদ্ভিদেৰে এই জীৱমণ্ডল গঢ়ি উঠিছে। সাগৰ পৃষ্ঠৰ পৰা ছয় কিলোমিটাৰ ওপৰলৈ আৰু দহ কিলোমিটাৰ গভীৰলৈকে পৃথিৱীৰ বিভিন্ন ঠাইত উৰণ, বুৰণ, গজন, ভ্ৰমণমূলক চাৰি প্রকাৰৰ জীৱই বাস কৰে। উপনিষদৰ মতে পৃথিৱীত ৮৪ লাখ প্রজাতিৰ জীৱ আছে। আধুনিক বিজ্ঞানীসকলে অৱশ্যে এতিয়ালৈকে ১৪ লাখ প্রজাতিৰ জীৱহে আৱিষ্কাৰ কৰিছে।

৩।  জীৱ আৰু পৰিবেশৰ সম্পর্ক বিচাৰ কৰি এটি টোকা প্রস্তুত কৰা?

উত্তৰঃ জীৱসমূহৰ উৎপত্তি, ধাৰণ আৰু বিকাশৰ সৈতে পৰিবেশৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। শ্ৰীমদ্ভাগৱত গীতাত কোৱা হৈছে– ‘অন্নাদ ভৱতি ভূতানি’ জীৱসমূহ অন্ন, অর্থাৎ খাদ্যৰ পৰা হয়। জীৱসমূহৰ খাদ্য ইয়াৰ চৌপাশৰ মাটি, পানী, বায়ুৰ পৰা হয়। বায়ু আৰু পানী জীৱবিলাকে প্ৰত্যক্ষভাৱে গ্ৰহণ কৰে। আনহাতে উদ্ভিদবিলাকে মাটিৰ পৰা পানী আৰু পোহৰ দ্রব্য শুহি লৈ সূৰ্যৰ তাপৰ সহায়ত আৰু বতাহৰ পৰা কাৰ্বনডাই অক্সাইড গ্ৰহণ কৰি গছে নিজে নিজৰ বাবে খাদ্য প্ৰস্তুত কৰে। আনহাতে গছৰ পৰা প্রাণীবিলাকে ফল-ফুল, পাত-শিপা-ডাল-মূলৰ ৰূপত খাদ্য পায়। কেতবোৰ অণুজীৱই প্রাণী বা উদ্ভিদৰ দেহত খাদ্য হিচাপে গ্ৰহণ কৰে আৰু লগতে মৃত উদ্ভিদ আৰু প্ৰাণী দেহৰ বিয়োজন ঘটাই মাটি, পানী, বায়ুলৈ এৰি দিয়ে। এইদৰে পৰিবেশত আমি জীৱনচক্ৰ বা জৈৱ চক্ৰ দেখিবলৈ পাও। পৃথিৱীৰ জীৱসমূদায়ে বসবাস কৰিবলৈ ইয়াৰ পৰিবেশ সম্বলিত অৱস্থান থাকিব লাগে। কিন্তু মানুহৰ দ্বাৰা সংঘটিত কেতবোৰ ক্ৰিয়াকলাপে ইয়াৰ এই সম্তলন নষ্ট কৰিছে আৰু পৃথিৱীখন ক্ৰমাৎ জীৱৰ জীয়াই থকাৰ ক্ষেত্ৰত প্ৰতিকূল অৱস্থাৰ ফালেও গতি কৰিছে।

মূলতঃ কল-কাৰখানা আৰু যান-বাহনৰ পৰা ওলোৱা প্ৰদূষিত গেছ, কৃষিক্ষেত্ৰত ব্যৱহাৰ কৰা কীটনাশক বা ৰোগ নিয়ন্ত্ৰণত ব্যৱহাৰ কৰা ঔষধ, উদ্যোগিক ক্ষেত্রত ব্যৱহৃত কেতবোৰ ৰাসায়নিক পদাৰ্থই মাটি, পানী, বায়ু প্ৰদূষিত কৰি তুলিছে। আনহাতে খনিজ আহৰণৰ ফলস্বৰূপে ঘটা প্রাকৃতিক পৰিবৰ্তন, উষ্ম গেছৰ দ্বাৰা হোৱা গোলকীয় উষ্ণতা বৃদ্ধি, প্ৰদূষিত গেছ ক্লৰ ফ্লৰ’ কাৰ্বনৰ দৰে গেছৰ দ্বাৰা অ’জন স্তৰৰ ক্ষতি আদিয়ে পৃথিৱীক ক্ৰমাৎ জীৱজগতৰ বসবাসৰ বাবে অনুপযোগী কৰি আনিব ধৰিছে। এনে পৰিপ্ৰেক্ষিতত বিশ্বৰ জাগৰিত নাগৰিকসকলে জলবায়ু, পৰিবেশ আৰু প্রকৃতিৰ ভাৰসাম্য বৰ্তাই ৰাখিবৰ বাবে উপায় সংৰক্ষণমূলক পদক্ষেপ গ্ৰহণৰ বাবে ব্ৰতী হৈছে। ৰাষ্ট্ৰসংঘই দেশে নিৰ্দেশনা দিছে। ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনাৰ ভিত্তিতে পৰিবেশ অধ্যয়ন বিষয়টো বাধ্যতামূলক বিষয় হিচাপে পঢ়ুৱাবলৈ নীতি নিৰ্ধাৰণ কৰা হৈছে। এতিয়া৷ বিশ্ব পৰিবেশৰ ৰক্ষাৰ ভাৰ মূলতঃ মানুহৰ ওপৰত। মানুহে প্রাকৃতিক সম্পদ সমূহ কিদৰে ব্যৱহাৰ কৰে, কিদৰে প্ৰতিকূল পৰিবেশ নিয়ন্ত্ৰণ কৰে তাৰ ওপৰতে নির্ভৰ কৰিছে পৃথিৱীত জীৱকুলৰ ভৱিষ্যৎ। ৰাষ্ট্ৰসংঘই এইক্ষেত্ৰত কেতবোৰ পৰিবেশ নীতি নিৰ্ধাৰণ কৰি দিছে।

৪। পৰিবেশ নীতি সম্পৰ্কে কি জানা লিখা?

উত্তৰঃ ১৯৭৩ চনত ৰাষ্ট্ৰসংঘই ৰাষ্ট্ৰসংঘৰ পৰিবেশ কাৰ্যসূচী (UNEP-United Nations Environment Programme ) গ্রহণ কৰিছে। এই কাৰ্যসূচীৰ আধাৰত আন্তঃৰাষ্ট্ৰীয়ভাৱে কেতবোৰ নীতি নিৰ্ধাৰণ কৰা হৈছে। ১৯৯২ চনত ৰাইঅ দা জেনেৰিঅ’ত অনুষ্ঠিত বিশ্ব সন্মিলনত আন্তঃৰাষ্ট্ৰীয় কৰ্ম আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ কাৰ্যসূচীত কোৱা হৈছে যে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু উদ্যোগসমূহ পৰিবেশ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে দায়বদ্ধ। এই ক্ষেত্ৰত ৰাইঅ’ ঘোষণা পত্ৰত ২৭ টা নীতি নিৰ্ধাৰণ কৰি দিয়া হৈছে। ঘোষণা পত্ৰখনৰ ২১ নং কাৰ্যসূচীত ৪০ টা অধ্যয়ত পৰিৱেশ সংৰক্ষণৰ বিভিন্ন উপায় দাঙি ধৰা হৈছে। আনহাতে ১৯৮৭  চনত বিশ্ব পৰিবেশ আৰু উন্নয়ন আয়োগে আমাৰ সমূহীয়া  ভৱিষ্যত সম্পৰ্কে বিস্তাৰ আলোচনা কৰাৰ লগতে পৰিবেশ বিনষ্ট হোৱা কাৰ্যবোৰৰ বিপৰীতে আমাৰ দায়িত্ব আৰু কৰ্তব্য জনাইছে।

উক্ত আয়োগৰ দৃষ্টিত অতি সম্প্ৰতি মানুহৰ সমাজত আহি পৰা পৰিবেশ সম্পৰ্কীয় প্ৰত্যাহ্বান বিলাক হৈছে –

১। জৈৱ বৈচিত্ৰ ধ্বংস আৰু অদূৰ ভৱিষ্যতে পৰিবেশ ব্যৱস্থাত আহি পৰা দীৰ্ঘম্যাদী ক্ষতি।

২। পৰিবেশ প্ৰদূষণ আৰু বিশ্ব জলবায়ুৰ প্ৰতিকূল পৰিবৰ্তন। 

৩। জলজ পৰিবেশ ব্যৱস্থাসমূহৰ ক্ষতি।

৪। ভূমি অৱক্ষয়। 

৫। ৰাসায়নিক আৱৰ্জনাৰ কু-প্ৰভাৱ।

৬। ব্যাপক হাৰত উৎপন্ন হোৱা প্রদূষণকাৰী আৱৰ্জনা যেনে- প্লাষ্টিক-পলিথিনৰ পৰা ধৰি তেজষ্ক্ৰিয় আৱৰ্জনালৈকে।

৭। পুনৰ উৎপাদন কৰিব নোৱাৰা প্ৰাকৃতিক সম্পদসমূহৰ পৰিমাণ হ্ৰাস।

এনেবোৰ প্ৰত্যাহ্বানৰ মুখা-মুখী হবলৈ কল্যাণকামী বিদ্বৎ সমাজে বিশ্বজুৰি পৰিবেশ আন্দোলন আনিবলৈ চেষ্টা কৰি আছে যাৰ আধাৰ হৈছে পৰিবেশবাদ ৷

৫। ইক’ল’জি বা বাস্তব্যবিদ্যা কি? বাস্তব্যবিদ্যা অধ্যয়নৰ মূল আধাৰ বা নীতিসমূহৰ বিষয়ে লিখা?

উত্তৰঃ পৰিবেশ অধ্যয়নৰ আন এক নাম হৈছে ইক’ল’জি বা বাস্তব্যবিদ্যা। ইক’লজি শব্দটো গ্ৰীক ভাষাৰ ‘ওইকছ’ আৰু ‘লগছ’ শব্দৰ পৰা আহিছে। অইক’ছ (Oikos) মানে হৈছে ঘৰ আৰু ‘লগছ’ (Logos) মানে হৈছে অধ্যয়ন। ইয়াত ঘৰ বোলোতে জীৱকুলে বসবাস কৰা ঘৰ বা বাসস্থান বুজোৱা হৈছে। অৰ্থাৎ জীৱই কি দৰে বাস কৰে সেই বিষয়ে অধ্যয়ন কৰাই হৈছে ইক’লজি বা বাস্তব্যবিদ্যা।

বাস্তব্যবিদ্যা অধ্যয়ন কৰাৰ মূল আধাৰ বা নীতি ছয়টা ৷ উক্ত ছয়টা নীতি হ’ল–

(ক) বংশ বিস্তাৰ: সকলো জীৱই নিজৰ দৰে জীৱ উৎপন্ন কৰি বংশ বিস্তাৰ কৰে। 

(খ) বৈচিত্ৰ্য: প্ৰতিটো প্ৰজাতিয়ে ইটোৰ পৰা সিটোৰ পাৰ্থক্য থকা জীৱৰ উৎপন্ন কৰে। অৰ্থাৎ একে প্রজাতিৰ হ’লেও দুটা জীৱৰ মাজত ৰূপগত বা গুণগত বিচিত্ৰতা থাকে। এনে বিচিত্ৰতাই পৃথিৱীত জীৱ-বৈচিত্ৰ্য সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে দুজন মানুহৰ অৱয়ব একে হ’লেও মুখ দুখন একে নহয়। দুজন মানুহৰ মুখৰ আকৃতিৰ এই যি বৈচিত্ৰ্য তাৰ আধাৰতে মানুহ দুজন চিনাক্তকৰণ হয়।

(গ) জীৱ প্রজাতি বিলাকে মাটি, পানী, বায়ু পৰিবেষ্টিত সুনিদিষ্ট এলেকাত বাস কৰে আৰু তাত খাদ্যৰ সন্ধান কৰাৰ লগতে বংশ বিস্তাৰ কৰে। এই এলেকাটো হৈছে উক্ত জীৱটোৰ বাবে বাসস্থান বা Habitat.

(ঘ) পৰিবেশত খাপ খোৱা গুণ: পৰিবৰ্তনশীল পৰিবেশৰ লগত খাপ খাই পৰি জীৱন নিৰ্বাহ বা বংশ বিস্তাৰ কৰিব পৰা গুণ জীৱৰ মাজত থাকে। ইয়াৰ আধাৰতে জীৱৰ ক্ৰমবিকাশো ঘটি থাকে।

(ঙ) পাৰস্পৰিক নিৰ্ভৰশীলতা: কোনো এবিধ জীৱই অকলে জীয়াই থাকিব নোৱাৰে। জীৱ সমূদায়ৰ মাজত খাদ্য , বাসস্থান আদিৰ ক্ষেত্ৰত পাৰস্পৰিক নিৰ্ভৰশীলতা পৰিলক্ষিত হয়।

৬। ক্ৰম বিকাশ তত্বৰ কি? পৰিৱেশৰ বিভিন্ন বিষয় বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা?

উত্তৰঃ পৰিৱৰ্তিত সময়ৰ লগে লগে প্ৰকৃতিৰ লগত খাপ খাই জীয়াই থকাৰ বাবে জীৱ সমূদায়ৰ এক ক্ৰম বিৱৰ্তন বা বিকাশ চলি থাকে। এনে বিকাশৰ প্ৰক্ৰিয়া থাওকতে দৃষ্টি গোচৰ নহলেও কেইবা হাজাৰ বা লাখ বছৰ বয়সৰ ব্যৱধানত এই বিকাশ প্ৰক্ৰিয়া গৱেষণাৰ আধাৰত ওলাই পৰে। বিশিষ্ট বিজ্ঞানী চাৰ্লছ ডাৰউইনে মানুহৰ উৎপত্তি বান্দৰৰ পৰা হোৱা বুলি শৰীৰতাত্ত্বিক অধ্যয়নৰ দ্বাৰা প্ৰমাণ কৰি থৈ গৈছে। চাৰ্লছ ডাৰউইনে ‘গেলেজেগছ নামৰ দ্বীপত এই শৰীৰ তাত্ত্বিক অধ্যয়ন চলিছিল। প্ৰাকৃতিক পৰিৱেশৰ পৰিবৰ্তনৰ লগে লগে যে জীৱ বিলাকৰ শাৰীৰিক পৰিবৰ্তন ঘটে এই প্ৰথা ক্ৰমবিকাশৰ তত্বই প্ৰতীয়মান কৰিছে। 

পৰিৱেশৰ বিভিন্ন বিষয় বৈশিষ্ট্য:

পৰিবেশ অধ্যয়নত প্রাকৃতিক পৰিবেশ, মানৱসৃষ্ট পৰিবেশ, সামাজিক পৰিবেশ আদিৰ বিষয়ে আলোচনা কৰা হয়। পিছে পৰিবেশৰ আন এক বৈশিষ্ট্যও আছে যেনে— সূক্ষ্ম পৰিবেশ আৰু স্থূল পৰিবেশ, সামাজিক পৰিবেশ এটাত মানুহৰ মনস্তাত্বিক বিষয় যেনে ভাল লগা, বেয়া লগা, প্রেম-বিদ্বেষ, ঈৰ্ষা-হিংসা আদিও পৰিবেশৰ ভিতৰুৱা কথা। এনে বিষয়বিলাকক সূক্ষ্ম পৰিবেশৰ অন্তৰ্গত কৰা হৈছে। অৰ্থাৎ মানুহৰ মনস্তাত্বিক কাৰ্যকলাপবিলাকে যি পৰিবেশ ৰচনা কৰে তাক সূক্ষ্ম পৰিবেশ বোলা হৈছে। আনহাতে প্ৰদূষণ, সেউজগৃহ প্রভাৱ, গোলকীয় উষ্ণতা বৃদ্ধি আদি স্থূল পৰিবেশ বিষয়ৰ অন্তৰ্গত বিষয়।

পৰিবেশৰ সৈতে গণিত, বিজ্ঞান, বুৰঞ্জী, ভূগোল, কলা সাহিত্য, জ্যোৰ্তিবিদ্যা আদি বিভিন্ন বিষয় সাঙোৰ খাই আছে। সেইবাবে পৰিবেশ অধ্যয়নে পৰিবেশ সংৰক্ষণৰ দৃষ্টিকোণেৰে এই সকলোবোৰ বিষয়কে সামৰি লয়। দৰাচলতে পৰিবেশ এক নতুন বিষয় নহয়, নতুন দৃষ্টিভংগীৰে লোৱা বা ল’ব লগা এক বিষয়হে য’ত মানুহৰ সকলো দিশকে সামৰি লোৱাৰ লগতে প্রকৃতি আৰু মানুহৰ সম্বন্ধক ভৌতিক, ৰাসায়নিক, জৈৱিক, সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আৰু আধ্যাত্মিক দিশেৰেও সামৰি লোৱা হৈছে।

আমি জানো যে ‘পৰি’ উপসৰ্গৰ লগত ‘আৱেশ’ শব্দৰ সংযোজন হৈ সংস্কৃত বা অসমীয়া ভাষাৰ ‘পৰিৱেশ’ শব্দটোৰ সৃষ্টি হৈছে। ‘আৱেশ’ মানে হৈছে আগুৰি থকা। চৌপাশ আগুৰি আছে ভৌতিক পদাৰ্থ বায়ু, পানী, মাটি আদি উদ্ভিদ, জন্তু, পখী-চৰাই, সৰীসৃপ আদি জীৱ; তাপ-পোহৰ, শব্দ আদি শক্তি আৰু আকাশে। এই সকলো বিলাকে পাৰস্পৰিক সম্পৰ্ক আৰু নিৰ্ভৰতাৰ আধাৰত জীৱই জীয়াই থকাৰ যি এক অৱস্থা ৰচনা কৰিছে তাকে পৰিৱেশ বুলিব পাৰি। ইংৰাজীৰ ‘Environment’ শব্দটো ফৰাচী ভাষাৰ Environor’ শব্দৰ পৰা অহা। Environment’ মানে হৈছে আগুৰি থকা। অৰ্থাৎ ‘পৰিৱেশ’ শব্দৰ সমাৰ্থকভাৱে ‘এনভাইৰণমেণ্ট’ শব্দৰ অৰ্থও আগুৰি থকা

আনহাতে ‘ইক’ল’জি’ [Ecology] শব্দটো আহিছে গ্ৰীক ভাষাৰ ‘অইকছ’ [Oikos] আৰু ‘লগ’জ’ [Logos] শব্দৰ পৰা। Oikos’ মানে হৈছে ঘৰ আৰু ‘Logos’ মানে হৈছে অধ্যয়ন। অৰ্থাৎ ‘ Ecology’ মানে ঘৰৰ বিষয়ে কৰা অধ্যয়ন। কিন্তু এই ঘৰৰ বিষয়ে কৰা অধ্যয়নৰ কথা কওঁতে আমি সাজি লোৱা কাঠ বাঁহ, ইটা-টিনপাতৰ ঘৰৰ কথা কোৱা হোৱা নাই। এই যি ঘৰৰ কথা কোৱা হৈছে সেই ঘৰটো হৈছে আমাৰ পৃথিৱীখন । জীৱ সম্প্ৰদায়ৰ ঘৰ পৃথিৱীখন। পৃথিৱীৰ চৌপাশৰ ভৌতিক, জৈৱিক আদি উপদানবোৰৰ বিষয়ে আৰু সেইবিলাকৰ পাৰস্পৰিক সম্পৰ্ক আৰু নিৰ্ভৰশীলতাৰ আধাৰত, পৃথিৱীত জীৱ সম্প্ৰদায় জীয়াই থকাৰ যি অৱস্থা ৰচিত হৈছে তাৰ বিষয়ে অধ্যয়ন কৰাকে ইক’ল’জি বা বাস্তৱ‍্যবিদ্যা বুলিব পাৰি। ‘বাস্তৱ’ শব্দৰ অৰ্থ হৈছে যাৰ অৱস্থিতি আছে, অস্তিত্ব আছে। চাৰিওফালে ‘অৱস্থিতি’ থকা বা অৱস্থিতসমূহৰ বিষয়ে যি জ্ঞান সেয়ে বাস্তব্যবিদ্যা। যাৰ অস্তিত্ব নাই, যি অবাস্তৱ বা অলৌকিক তাক বাস্তৱ‍্যবিদ্যা’ অন্তৰ্গত কৰা নহয়। 

ইংৰাজী ‘ইক’ল’জি’ শব্দটো, ১৮৬৯ চনত আনিষ্ট হেকেল নামৰ এজন বিজ্ঞানীয়ে পোনপ্রথমে ব্যৱহাৰ কৰিছিল। ট্ৰেন্সলে’ (১৯৩৫) নামৰ বিজ্ঞানী এজনে ইক’ল’জি’ক ‘পৰিৱেশতন্ত্ৰৰ বিষয়ে অধ্যয়ন ‘ [Study of Ecosystem] বুলি কৈছে। পিছে এই ‘ইক’চিষ্টেম’ বা পৰিৱেশতন্ত্ৰ অথবা পৰিস্থিতিতন্ত্ৰনো কি?

৭। পৰিবেশতন্ত্ৰ বা পৰিস্থিতিতন্ত্ৰ কি? পৰিবেশতন্ত্ৰ বা পৰিস্থিতিতন্ত্ৰৰ গঠন প্ৰক্ৰিয়াটোৰ  বিষয়ে আলোচনা কৰা?

উত্তৰঃ এখন ঠাইৰ উদ্ভিদ আৰু প্রাণী অৰ্থাৎ জীৱ সমুদায়ে তাৰ ভৌতিক পদাৰ্থ আৰু শক্তিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি জীয়াই থাকে আৰু বিকাশ লাভ কৰে। এনেদৰে জীয়াই থকা আৰু বিকাশ লাভ কৰাৰ প্রক্ৰিয়াৰ মাজত পদাৰ্থ আৰু শক্তিৰ বিনিময় তথা ৰূপান্তৰ হয় আৰু শক্তিৰ সৰবৰাহ বা প্রৱাহো ঘটে। এনেদৰে কোনো এখন ঠাইৰ জড় আৰু জীৱৰ মাজৰ পাৰস্পৰিক শক্তি আৰু পদাৰ্থৰ বিনিময়ত গঢ়ি উঠা ব্যৱস্থাটোক পৰিৱেশতন্ত্র বা পৰিস্থিতিতন্ত্ৰ বোলে। এটা পৰিৱেশতন্ত্ৰ উদ্ভিদ, প্ৰাণী, অনুজীৱ আদিৰ জীৱন যাপন প্রণালী আৰু সিহঁতৰ পাৰস্পৰিক নিৰ্ভৰশীলতা তথা ভৌতিক পদাৰ্থ যেনে মাটি, পানী, বায়ু আদিৰ সৈতে হোৱা সিহঁতৰ সম্পৰ্কৰ আধাৰত গঢ়ি উঠে। এটা পৰিৱেশতন্ত্ৰ ক্ষুদ্ৰ, মধ্যমীয়া বা বৃহৎ আকাৰৰ হ’ব পাৰে। উদাহৰণস্বৰূপে এটা পুখুৰীৰ পৰিৱেশতন্ত্ৰ এটা ক্ষুদ্ৰ পৰিৱেশতন্ত। আনহাতে সাগৰৰ পৰিৱেশতন্ত্ৰ মধ্যমীয়াধৰণৰ। পিছে আকাৰ ক্ষুদ্ৰই হওক বা বৃহতেই হওক ইয়াৰ মূল বৈশিষ্ট্য আৰু উপাদানসমূহ একেই।

পৰিৱেশতন্ত্ৰৰ গঠন: জড় আৰু জীৱ সমুদায় মিলি এটা পৰিৱেশতন্ত্ৰ গঠিত হয়। পৰিস্থিতিতন্ত্ৰ এটাৰ জড় বস্তুসমূহৰ গঠনক অজৈৱিক গঠন [Abiotic structure] আৰু জীৱ সমুদায়ৰ দ্বাৰা হোৱা গঠনক জৈৱিক গঠন বা [ Biotic structure] বোলে।

পৰিস্থিতিতন্ত্ৰৰ অজৈৱিক গঠন: ভৌতিক আৰু ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণত পৰিৱেশতন্ত্ৰৰ অজৈৱিক গঠন পৰিস্ফুট হয়। ই জলবায়ুগত, ভূগত, শক্তিগত, পৌষ্টিক আৰু প্রদূষক বা বিষাক্ত পদাৰ্থ আদি কাৰকসমূহৰ সংমিশ্ৰণত গঢ়ি উঠে।

ভৌতিক কাৰক: এখন ঠাইৰ পৰিস্থিতিতন্ত্ৰৰ প্ৰধান কাৰকসমূহ হৈছে ঠাইখনত পৰা ৰ’দ বা সূৰ্যৰ পোহৰ আৰু তাপ, সূৰ্যৰ পোহৰ আৰু তাপৰ প্রখৰতা, উষ্ণতা আৰু উষ্ণতাৰ সৰ্বোচ্চতা আৰু সৰ্বনিম্নতা, গড় বৰষুণ, বতাহ, মাটি আৰু মাটিৰ গুণাগুণ, পানী আৰু পানীৰ গুণাগুণ, ভূ-পৃষ্ঠৰ ধৰণ অর্থাৎ ভূ-পৃষ্ঠ সমান নে ওখোৰা, মোখোৰা, পাহাৰীয়া নে সমতল আদি হৈছে এটা পৰবেশতন্ত্ৰৰ ভৌতিক গঠনৰ কাৰক। 

ৰাসায়নিক কাৰক: নাইট্ৰ’জেন, অক্সিজেন, হাইড্ৰজেন, পটাছিয়াম, ফছফৰাছ, ছালফাৰ কাৰ্বন আদি ৰাসায়নিক পদাৰ্থসমূহে এটা পৰিৱেশতন্ত্ৰত প্রভাৱ পেলায়। পৰিৱেশ এটাত বিষাক্ত দ্ৰব্যৰ উপস্থিতি, লৱণ আদিও ৰাসায়নিক কাৰক। ভৌতিক আৰু ৰাসায়নিক কাৰকবিলাকে পৰিবেশতন্ত্ৰ এটাৰ জীৱ সমুদায়ৰ ওপৰত প্রভাৱ পেলায়। আৰু জীৱ সমুদায়ৰ ক্ৰিয়া কলাপে পৰিস্থিতিতন্ত্ৰৰ এটাৰ ভৌতিক আৰু ৰাসায়নিক বৈশিষ্ট্যৰ ৰূপান্তৰ ঘটাব পাৰে। 

জৈৱিক গঠন: উদ্ভিদ, প্ৰাণী, অনুজীৱ আদিয়ে এটা পৰিৱেশতন্ত্ৰৰ জৈৱিক গঠনৰ কাৰক। এই জীৱসমূহৰ বিভিন্ন জীৱন প্রণালী, সিহঁতৰ খাদ্য আহৰণৰ প্রক্ৰিয়া, সিহঁতৰ পৌষ্টিক পৰ্যায়, সিহঁতৰ বিকাশ আৰু কাৰ্যকলাপে পৰিস্থিতিতন্ত্ৰ গঠনত প্রভাৱ পেলায়। সিহঁতৰ খাদ্য গ্ৰহণৰ স্তৰ অনুযায়ী এটা পৰিৱেশতন্ত্ৰত সিহঁতক তিনিটা স্থানত ভাগ কৰা হৈছে– উৎপাদক, ভোক্তা আৰু বিযোজক। 

উৎপাদক: যিবোৰ জীৱই নিজে নিজৰ দেহত আহাৰ প্রস্তুত কৰি ল’ব পাৰে, সেইবোৰেই হৈছে উৎপাদক। পৰিস্থিতিতন্ত্ৰ এটাৰ উৎপাদক হ’ল সেউজীয়া উদ্ভিদবোৰ। সেউজীয়া উদ্ভিদৰ পাত বা সেউজীয়া অংশত ক্ল’ৰফিল’ বা পত্ৰহৰিৎ’ থাকে। ইয়াৰ সহায়ত, সূৰ্বৰ তাপ,বায়ুৰ কার্বনডাই অক্সাইড আৰু মাটিৰ পৰা আহৰিত পানী আৰু পোষকদ্ৰব্যৰ জৰিয়তে উদ্ভিদে নিজৰ দেহত খাদ্য প্রস্তুত কৰে। এই খাদ্য প্রস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলে। সালোক সংশ্লেষণৰ ফলত গছৰ পাতত মূলতঃ গ্লুকজ উৎপন্ন হয় আৰু আনহাতে অক্সিজেন উৎপন্ন হয়।

ভোক্তা: উৎপাদকে পদাৰ্থৰ ৰূপত সৌৰশক্তি সঞ্চয় কৰে সালোক সংশ্লেষণ প্রক্ৰিয়াৰ যোগেদি ৷ এই পদাৰ্থ ভোক্তাবোৰে ভোগ কৰে। যেনে গছৰ ফল, পাত, মূল আদি গৰু-ছাগলী, মানুহ আদিয়ে খায়। এনেদৰে তেওঁলোকে তেওঁলোকৰ শৰীৰৰ বিকাশ আৰু পৰিচালনাৰ বাবে আৱশ্যকীর শক্তি উৎপাদক বিলাকৰ পৰা লাভ কৰে।

ভোক্তাৰ খাদ্যাভ্যাস অনুযায়ী সিহঁতক কেইবাটাও ভাগত ভাগ কৰা হৈছে-

তৃণভোজী: যিবোৰ প্ৰাণীয়ে প্ৰত্যক্ষভাৱে উৎপাদকৰ পৰা ভোগ কৰে, সিহঁত তৃণভোজী। যেনে— গৰু, ছাগলী আদি। ইহঁতক প্রথম পৰ্যায়ৰ উপভোক্তা বোলে।

মাংসভোজী: মাংসভোজী সেইবোৰ, যিবোৰে উৎপাদক বা উদ্ভিদ জাতীয় বস্তুক প্ৰত্যক্ষভাৱে গ্ৰহণ নকৰে। সিহঁতে তৃণভোজীবিলাকক ভক্ষণ কৰি জীয়াই থাকে। যেনে বাঘ, সিংহ আদি। ইহঁত দ্বিতীয় পৰ্যায়ৰ উপভোক্তা। 

সৰ্বভোজী: ইহঁতে তৃণভোজী আৰু মাংসভোজী দুয়ো প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। যেনে– মানুহ, শিয়াল পঁইতাচোৰা আদি। 

মৃতভোজী: পঁচা উদ্ভিদ আৰু জীৱৰ মৃতদেহ খাই জীয়াই থকা প্রাণীবিলাকক মৃতভোজী বোলে। যেনে— কেচু, কেঁকোৰা, পৰুৱা আদি। 

বিয়োজক: ক্ষুদ্ৰ ক্ষুদ্ৰ অনুজীৱ বা বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে মৃত উদ্ভিদ আৰু প্রাণীদেহৰ জটিল জৈৱ পদাৰ্থবোৰক ভাঙি জৈৱ পদাৰ্থলৈ ৰূপান্তৰিত হৈ  মাটিৰ লগত মিহলি হোৱাৰ পিচত গছে সেইবোৰ পোষকদ্ৰব্য ৰূপে গ্ৰহণ কৰিব পৰা হয়। এইবোৰক বিযোজক বোলে। অৰ্থাৎ সিহঁতে জীৱদেহক বিযোজন ঘটাই পুনৰ পদাৰ্থলৈ ৰূপান্তৰিত কৰে। পৰিবেশত বিযোজকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বিয়োজক অবিহনে জৈৱ চক্ৰ সম্পূৰ্ণ নহয়। বিয়োজকবোৰ হৈছে অতি সূক্ষ্ম প্ৰাণী। বিশেষকৈ বেক্টেৰিয়া আৰু ভেঁকুৰ । বিয়োজকে মৃত জীৱ দেহ ভাঙি তাক সৰল পদাৰ্থলৈ ৰূপান্তৰিত কৰাৰ পিছত উদ্ভিদে তাক শিপাৰ সহায়ত গ্ৰহণ কৰে আৰু দেহত পুষ্টি যোগায়। এইখিনি উদ্ভিদৰ বাবে পোষক দ্ৰব্যত পৰিণত হয়। উদ্ভিদে এই পোষক দ্ৰব্যৰ লগত সৌৰশক্তি, কাৰ্বনডাই অক্সাইড আৰু পানীৰ সংমিশ্ৰণ ঘটাই অন্য প্ৰাণীয়েও গ্ৰহণ কৰিব পৰা খাদ্য দ্ৰব্য প্ৰস্তুত কৰে। উদ্ভিদৰ দেহত ইয়েই ৰূপান্তৰিত হৈ ফল, ফুল , মূল আদি হয় আৰু তৃণভোজীয়ে এইবোৰক খাদ্যৰূপে গ্রহণ কৰে। এনেদৰে বিযোজকৰ সহায়ত পৰিৱেশতন্ত্ৰ এটাত খাদ্য, পুষ্টি বা শক্তিৰ চক্ৰাকাৰ সৰবৰাহ হয়।

৮। পৰিস্থিতিতন্ত্ৰৰ কাৰ্যাৱলীসমূহৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ পৰিস্থিতিতন্ত্ৰ এটাই জীৱ সমুদায়ৰ মাজেদি শক্তি আৰু পদাৰ্থৰ সৰবৰাহ ঘটাই তন্ত্ৰটো বৰ্তাই ৰখাৰ লগতে জীৱ সমুদায়ৰ বিকাশ সাধন কৰে। মূলতঃ সৌৰশক্তিক ই তন্ত্ৰটোৰ মাজত সঞ্চালিত কৰে বায়ু আৰু পানীৰ সহযোগত স্বভোজী- ভোক্তা -বিয়োজকৰ মাধ্যমত। এটা পৰিস্থিতিতন্ত্ৰই প্রকৃতিৰ স্বয়ংক্ৰিয় এক গতিশীল শক্তি প্ৰৱাহৰ প্রতিনিধিত্ব কৰে। পৰিস্থিতিতন্ত্ৰ এটাৰ মূল কাৰ্যাৱালী আমি এনেদৰে পাও–

(ক) খাদ্য সৰবৰাহ মূলকাৰ্য:

(১) খাদ্য শৃংখল। 

(২) খাদ্য জাল।

(৩) খাদ্য স্তৰ।

(খ) শক্তি সৰবৰাহমূলক কাৰ্য।

(গ) পুষ্টি সৰবৰাহমূলক কাৰ্য।

(ঘ) উৎপাদনমূলক কাৰ্য।

(১) প্রাথমিক উৎপাদন। 

(২) মাধ্যমিক উৎপাদন। 

(৩) সৰ্বোচ্চ উৎপাদন।

(ঙ) পৰিস্থিতিতন্ত্ৰটোৰ বিকাশমূলক কাৰ্য।

(চ) পৰিস্থিতিতন্ত্ৰৰ নিয়ন্ত্ৰণমূলক কাৰ্য।

‘শ্ৰীমদ্ভাগৱত গীতা’ শাস্ত্ৰত কোৱা আছে ‘অন্নাদ ভৱত়ি ভূতানি’-জীৱসমূহ অন্নৰ পৰা হয় অৰ্থাৎ খাদ্যৰ পৰা হয়। জীৱই জীৱৰ বাবে খাদ্য প্রস্তুত কৰে। এই হিচাপে জীৱসমূহৰ মাজত এক প্ৰাকৃতিক সম্বন্ধ থাকে আৰু বিজ্ঞানীসকলে খাদ্য-শৃংখল, খাদ্যজাল আৰু খাদ্যস্তৰ হিচাপে ব্যাখ্যা কৰিব খোজে।

৯। খাদ্যশৃংখলৰ বৈশিষ্ট্য লিখা ৷ প্ৰত্যেকৰে উদাহৰণসহ দুই ধৰণৰ খাদ্য শৃংখলৰ ব্যাখ্যা কৰা।

উত্তৰঃ এটা পৰিস্থিতিতন্ত্ৰত জীৱসমূহৰ খাদ্যৰূপে, প্রতিটো জীৱৰ লগত যি ক্ৰমাগত সম্পৰ্ক গঢ়ি উঠি এক শৃংখল ৰূপৰ সৃষ্টি কৰে আৰু তাকে খাদ্য শৃংখল বোলে। যেনে— ঘাহঁক ফৰিঙে খায়, ফৰিঙক খায় বেঙে, বেঙক খায় সাপে, সাপক খায় বৰটোকোলাই, বৰটোকোলাৰ মৃত্যু হ’লে তাক খায় শিয়ালে, শিয়াল মৰিলে তাৰ মৃতদেহ খায় শগুণে, শগুণটোৰ মৃত্যু হ’লে তাৰ মৃতদেহ খায় অনুজীৱবিলাকে।

আকৌ এটা জলজ পৰিৱেশতন্ত্ৰত উদ্ভিদকণাক খায় প্রাণীকণাবোৰে, প্ৰাণীকণাক খায় সৰু মাছে, সৰু মাছক খায় ডাঙৰ মাছে, মাছক খায় চৰায়ে বা উদে আৰু মানুহে। চৰাই, উদ বা মানুহৰ মৃতদেহ খায় অনুজীৱবিলাকে।

আকৌ এখন হাবিৰ পৰিৱেশতন্ত্ৰত ঘাঁহ খায় পশুবিলাকে, পহুক খায় বাঘে, বাঘৰ মৃত্যু হ’লে সেই মৃতদেহ খায় শগুণে এনেদৰে খাদ্যৰ ক্ৰমাগত শৃংখল একো একোটা পৰিবেশতন্ত্ৰত বৰ্তি আছে।খাদ্য শৃংখল দুই প্ৰকাৰৰ। তৃণমূলীয় খাদ্য শৃংখল আৰূ পচন সামগ্ৰীমূলীয় খাদ্য শৃংখল।

তৃণমুলীয় খাদ্য শৃংখল: তৃণমূলীয় খাদ্য শৃংখল তৃণ বা ঘাঁহজাতীয় উদ্ভিদৰ পৰা আৰম্ভ হয়। ঘাঁহ বা উদ্ভিদ পশুয়ে খায়। পশুক শিয়াল, ঘোং, বাঘ আদিয়ে খায় বা মানুহে খায়। শিয়াল, বাঘ আদি মৰিলে শগুণে খায়। শগুণৰ মৃত্যু হ’লে সেই মৃতদেহক অনুজীৱবিলাকে খায়।

ঘাঁহ-> ফৰিং→ র্লং→ সাপ→ বৰটৌবোলা-> শিয়াল–>শগুণ→ অনুজীৱ।

ঘাঁহ → শহাপহু → হাপা…

ঘাঁহ → গৰু/ছীগলী → বাঘ-…

উদ্ভিদকণা → প্রাণীকণা → মাছ→ চৰাই-…

উপৰোক্ত খাদ্য শৃংখলসমূহ তৃণমূলীয় খাদ্য শৃংখলৰ উদাহৰণ।

খাদ্যস্তৰ: কোনো এক জীৱৰ ওপৰত নিৰ্ভৰ কৰি বা কোনো এক স্তৰৰ জীৱক খাদ্য হিচাপে গ্ৰহণ কৰি, কোনো একস্তৰৰ জীৱ জীয়াই থাকে। যেনে— ঘাঁহজাতীয় উদ্ভিদ খাই, তৃণভোজী গৰু, পহু আদি জীয়াই থাকে। সেই হিচাপে তৃণভোজীৰ খাদ্যস্তৰ তৃণসমুদায়। আনহাতে তৃণভোজীক খাই মাংসভোজীবোৰ জীয়াই থাকে। গতিকে মাংসাহাৰীবিলাকৰ খাদ্যস্তৰ তৃণভোজী সমুদায়।

বিযোজক: এটা পৰিৱেশতন্ত্ৰত যেতিয়া কোনো জীৱৰ মৃত্যু হয়, তেতিয়া ইয়াৰ শৰীৰৰ দ্রব্যবোৰ ভাঙি, পুনৰ গছ-গছনিয়ে ব্যৱহাৰ কৰা পোষক দ্রব্যলৈ ৰূপান্তৰিত কৰে অনুজীৱ যেনে— বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে। অৰ্থাৎ ইহঁতে জটিল জীৱদেহৰ বিয়োজন ঘটাই পুনৰ সৰল পদাৰ্থলৈ ৰূপান্তৰিত কৰে। এনে সৰল পদাৰ্থবোৰেই উদ্ভিদৰ বাবে সাৰ বা পোষক দ্ৰব্য হৈ পৰে। এনে সৰল দ্রব্যবোৰ মাটিৰ লগত মিহলি হৈ মাটি হৈ পৰে। ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি পায়। পৰিৱেশতন্ত্ৰ এটাত ৷ বিযোজকৰ ভূমিকা সেয়েহে অতি গুৰুত্বপূৰ্ণ৷ বিযোজকে পৰিৱেশৰ জৈৱ চক্ৰক সম্পূৰ্ণৰূপে দিয়াত সহায় কৰে। বিযোজক অবিহনে পৰিৱেশতন্ত্ৰ এটা বিকশিত হ’ব নোৱাৰে আৰু ইয়াৰ গঠন প্রক্ৰিয়াও সম্পূৰ্ণ কৰিব নোৱাৰে। উৎপাদকেই হওক বা ভোক্তাই হওক অৱশেষত বিযোজকৰ দ্বাৰা মাটিত মিহলি হয় আৰু পৰিৱেশতন্ত্ৰ এটাত জীৱনচক্ৰৰ পুনৰ আৰম্ভণি ঘটায়।

পচনদ্ৰব্যমূলক খাদ্য শৃংখল: উদ্ভিদ বা প্ৰাণীদেহৰ মৃত্যু হ’লে, বিযোজনৰ দ্বাৰা পঁচি গৈ যি পচনদ্ৰব্যৰ সৃষ্টি কৰে তাক খায়ো কেতবোৰ প্ৰাণী বৰ্তি থাকে। এনে খাদ্য শৃংখলেই হৈছে পচনদ্ৰব্যমূলক খাদ্য শৃংখল। যেনে— পঁচা সামগ্ৰীবোৰক গছে সিহঁতৰ পোষক দ্রব্যৰূপে গ্ৰহণ কৰে বা পানীৰ উদ্ভিদকণাবিলাকে পোষকদ্ৰব্যৰূপে গ্রহণ কৰে। সেই উদ্ভিদকণা বিলাক আকৌ কেঁকোৰা বা মিছামাছ আদিয়ে খায়। কেতবোৰ পচন দ্রব্য কেতবোৰ মাছে প্ৰত্যক্ষভাৱে খায়। সিহঁতক আকৌ মানুহ, জন্তু, চৰাই আদিয়ে খায়।

মৃতদেহৰ পচন সামগ্ৰী → মিছামাছ → ডাঙৰ মাছ → মানুহ…

পচন সামগ্ৰী → উদ্ভিদ → উদ্ভিদকণা → মাছ…

এনেবোৰ হৈছে পচনদ্ৰব্যমূলক খাদ্য শৃংখলৰ উদাহৰণ।

খাদ্যস্তৰ: ঠিক যিদৰে তৃণমূলক খাদ্য শৃংখলত আমি তৃণভোজী, মাংসভোজী হিচাপে খাদ্য স্তৰ পাওঁ, পচনমূলক খাদ্যস্তৰতো পচনদ্রব্যভোজী, মাংসভোজীৰূপে খাদ্যস্তৰ পাও। এটা পুখুৰীত তেনেদৰে পচনদ্ৰব্য খোৱা মাছবিলাকে পুখুৰীটোৰ তলিভাগত অৱস্থান কৰে। আনহাতে সেই পচনদ্ৰব্যবোৰক পোষক দ্ৰব্য হিচাপে লৈ বিকশিত হোৱা উদ্ভিদকণাক খাবলৈ পানীৰ উপৰিভাগত আৰু মধ্যাংশত মাছ কিছুমান থাকে। যেনে— ভকুৱা মাছে পানীৰ ওপৰস্তৰত উদ্ভিদকণাক খাদ্যৰূপে গ্ৰহণ কৰে। গতিকে এটা পুখুৰীত তৃণভোজী বা উদ্ভিদকণাভোজী মাছৰ স্থাপন জলভাগৰ ওপৰত আৰু সেইটোৱেই সিহঁতৰ খাদ্যস্তৰ। আনহাতে ৰৌমাছে, পানীৰ মধ্যস্তৰত প্ৰাণীকণা বা জু-প্লেংকটনবোৰক খাদ্যৰূপে খায়। সিহঁতৰ খাদ্যস্তৰ পুখুৰীটোৰ মধ্যভাগত। এনেদৰে প্রাণীৰ খাদ্য বা খাদ্যাভ্যাস অনুসৰি খাদ্যৰ স্তৰ পোৱা যায়।

খাদ্যজাল: পৰিবেশতন্ত্ৰ এটাত কেৱল মাথোন এডালেই খাদ্য শৃংখল নাথাকে। বহুবিলাক খাদ্য শৃংখল থাকে। উদাহৰণস্বৰূপে পুখুৰী এটাৰ ভিতৰত আমি উদ্ভদকণা, উদ্ভিদকণা খোৱা মাছ, মাছখোৱা চৰাই আদিৰ এক খাদ্য শৃংখল পাওঁ। আকৌ পুখুৰীটোত মৰি পচি গেদ হোৱা অংশটো খাই বাচি থকা কেঁকোৰা, কেঁকোৰা খোৱা সাপ, সাপ খোৱা পখী আদি পাওঁ। এনেদৰে কেইবা প্রকাৰৰো খাদ্য শৃংখল আমি পুখুৰী এটাৰ ক্ষুদ্ৰ পৰিবেশতন্ত্ৰ এটাতেই পাওঁ। এখন অৰণ্যৰ বৃহৎ পৰিস্থিতিতন্ত্ৰৰ মাজত আমি বহুতো খাদ্য শৃংখল পাওঁ। এনে বহু খাদ্য শৃংখলৰ সমষ্টি আৰু বিভিন্ন খাদ্যস্তৰত জীৱসমূহৰ সম্বন্ধকে খাদ্যজাল বোলা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top